ভবেন্দ্ৰ নাথ শইকীয়া জীৱনী | Bhabendra Nath Saikia Biography

ভবেন্দ্ৰ নাথ শইকীয়া | Bhabendra Nath Saikia Essay in Assamese | Biography of Bhabendra Nath Saikia in Assamese | ভবেন্দ্ৰ নাথ শইকীয়া বিষয়ে জীৱনী | ভবেন্দ্ৰ নাথ শইকীয়া বিষয়ে ৰচনা | ভবেন্দ্ৰ নাথ শইকীয়াৰ চমু পৰিচয়।

Join Telegram channel

ভবেন্দ্ৰ নাথ শইকীয়া জীৱনী -ভবেন্দ্ৰ নাথ শইকীয়াই লণ্ডন বিশ্ববিদ্যালয়(London University)ৰ পৰা পদাৰ্থ বিজ্ঞান(Physics) বিষয়ত ডক্তৰেট ডিগ্ৰী(Ph.d) লাভ কৰিছিল। তাৰ পিছত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগত ৰিডাৰ হিচাবে নিজৰ কৰ্মজীৱন আৰম্ভ কৰে। অসমীয়া ভাষাৰ পষেকীয়া আলোচনী প্ৰান্তিক আৰু শিশু আলোচনী সঁফুৰাৰ তেওঁ প্ৰতিষ্ঠাপক সম্পাদক আছিল।

ইয়াৰ উপৰিও তেওঁ ৰেডিঅ’ নাট, একাঙ্কিকা নাটক, ভ্ৰাম্যমাণ থিয়েটাৰৰ বাবে নাটক ৰচনা কৰিছিল। তেওঁ আঠখন অসমীয়া চলচ্চিত্ৰও পৰিচালনা কৰিছিল। ইয়াৰে সাতখন বোলছবিৰ কাৰণে ভাৰত চৰকাৰৰ পৰা তেওঁ ‘ৰজত কমল বঁটা’ লাভ কৰিছিল। তেওঁ ১৯৭৬ চনত সাহিত্য অকাডেমি বঁ‌টা আৰু ১৯৯০ চনত ‘অসম উপত্যকা সাহিত্য বঁটা’ৰ লগতে ‘পদ্মশ্ৰী’ সন্মানো লাভ কৰিছিল।

Bhabendra Nath Saikia

ভবেন্দ্ৰ নাথ শইকীয়া জীৱনী | Bhabendra Nath Saikia Biography

নামভবেন্দ্ৰ নাথ শইকীয়া (Bhabendra Nath Saikia)
জন্ম২০ ফেব্ৰুৱাৰী, ১৯৩২ চনত (নগাঁও, অসম)
মৃত্যু১৩ আগষ্ট, ২০০৩ চনত
জীৱিকাঔপন্যাসিক, গল্পকাৰ, সম্পাদক, নাট্যকাৰ, চিত্ৰ-নিৰ্মাতা, ৰিডাৰ
ছদ্মনামপ্ৰহৰী, সত্যপ্ৰিয় পাঠক, সঞ্জয় আদি
কৰ্মৰাজিঅগ্নিস্নান’, ‘সন্ধ্যাৰাগ’ নামৰ কথাছবি: ‘অন্তৰীপ’ নামৰ উপন্যাস
বঁটাঅসম প্ৰকাশন পৰিষদ বঁটা, সাহিত্য অকাডেমি বঁটা।  অসম উপত্যকা সাহিত্য বঁটা: শ্ৰীমন্ত শংকৰদেৱ বঁটা
দাম্পত্যসংগীপ্ৰীতি শ‍ইকীয়া
সন্তানসংগীতা আৰু ৰশ্মি (জীয়েক)

প্ৰাৰম্ভিক জীৱন

ভবেন্দ্ৰ নাথ শইকীয়াৰ জন্ম হয় ১৯৩২ চনৰ ২০ ফেব্ৰুৱাৰীত নগাঁও চহৰত। তেওঁৰ দেউতাকৰ নাম আছিল বিদূৰ শইকীয়া আৰু মাকৰ নাম আছিল চম্পাৱালা শইকীয়া। ১৯৪৮ চনত তেখেত ষ্টাৰ মাৰ্ক সহ প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ ঐতিহ্যপূৰ্ণ কটন মহাবিদ্যালয়ত ভৰ্তি হয়, আৰু তাৰপৰাই ১৯৫২ চনত পদাৰ্থ বিজ্ঞানত সন্মান সহ বি.এচ. চি. (B.sc honors)পাছ কৰে। তাৰ পাছত ১৯৫৫-১৯৫৬ চনত কলিকতা বিশ্ববিদ্যালয়ৰ প্ৰেচিডেন্সী কলেজৰ পৰা পদাৰ্থ বিজ্ঞানত এম.এচ.চি(M.sc) ডিগ্ৰী লয় আৰু উচ্চ শিক্ষাৰ বাবে বিদেশ যাত্ৰা কৰে। ১৯৬১ চনত তেখেতে লণ্ডন বিশ্ববিদ্যালয়ৰ পৰা ডক্তৰেট ডিগ্ৰী লাভ কৰে। তদুপৰি তেখেতে লণ্ডনৰে ‘ইম্পেৰিয়েল কলেজ অৱ চাইন্স এণ্ড টেকন’লজী’-ৰ পৰা ডিপ্লমাও লাভ কৰে।

ব্যক্তিগত জীৱন

ড॰ ভবেন্দ্ৰ নাথ শইকীয়া প্ৰীতি শইকীয়াৰ লগত বিবাহ পাশত আৱদ্ধ হৈছিল। তেওঁলোকৰ দুজনী পুত্ৰী আছিল ড॰ সংগীতা আৰু ৰশ্মি। ২০০৩ চনৰ ১৩ আগষ্টত ড॰ ভবেন্দ্ৰ নাথ শইকীয়াই ৰোগাক্ৰান্ত হৈ নশ্বৰ দেহ ত্যাগ কৰে।

কৰ্মজীৱন

তেখেতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগত ৰিডাৰ হিচাবে নিজৰ কৰ্মজীৱন আৰম্ভ কৰে। তেখেতৰ বহুতো গল্প অন্যান্য ভাৰতীয় ভাষালৈ অনুবাদ হৈছে। অসমীয়া ভাষাৰ পষেকীয়া আলোচনী প্ৰান্তিক আৰু শিশু আলোচনী সঁফুৰাৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল। তেখেতে ১৯৭৬ চনত সাহিত্য অকাডেমি বঁ‌টা আৰু ১৯৯০ চনত অসম উপত্যকা সাহিত্য বঁটা লাভ কৰাৰ উপৰিও ‘পদ্মশ্ৰী’ সন্মান লাভ কৰে। অসমীয়া নাট্য জগতত ভবেন্দ্ৰ নাথ শইকীয়াই বিশেষ অৱদান আগবঢ়াই গৈছে। কেইবাখনো ৰেডিঅ’ নাট, একাঙ্কিকা নাটক ৰচনা কৰাৰ উপৰিও ভ্ৰাম্যমাণ মঞ্চৰ বাবেই তেখেতে একাধিক নাটক ৰচনা কৰে। বোলছবি জগতত শইকীয়াই আঠখন বোলছবি পৰিচালনা কৰে আৰু তেখেতৰ বোলছবিয়ে ভাৰত আৰু বিদেশত আন্তৰাষ্ট্ৰীয় বোলছবি মহোৎসৱত বিশেষ সুখ্যাতি লাভ কৰে। তেখেতৰ সাতখন বোলছবিৰ কাৰণে ভাৰত চৰকাৰে ‘ৰজত কমল’ বঁটা প্ৰদান কৰে।

ছদ্মনাম আৰু হাস্য-ব্যংগাত্মক ৰচনা

ড॰ ভবেন্দ্ৰ নাথ শইকীয়াই তেওঁৰ একাধিক সাহিত্যিক ৰচনা লিখোঁতে ছদ্মনাম ব্যৱহাৰ কৰিছিল। তেওঁ বিশেষকৈ হাস্য-ব্যংগমিশ্ৰিত ৰচনাসমূহ ছদ্মনামেৰে লিখিছিল। সেই ৰচনাসমূহ ‘প্ৰান্তিক’  আৰু সাপ্তাহিক কাকত  ‘বুধবাৰ’ৰ বিভিন্ন সংখ্যাত প্ৰকাশিত হৈছিল। তেওঁৰ দ্বাৰা সৰ্বাধিক ব্যৱহৃত ছদ্মনামটি আছিল “সত্যপ্ৰিয় পাঠক”। উক্ত ছদ্মনামেৰে লিখা আটাইকেইটা লেখনি প্ৰান্তিকৰ পাততে প্ৰকাশিত হৈছিল।

সেইসমূহৰ নাম হʼল-

  • জয়জয়-ময়ময়,
  • কনফাৰেন্সৰ দোকান,
  • নিতান্ত ঘৰুৱা,
  • শেষ প্ৰস্তাৱ,
  • আধুনিক তাঁতবাতি শিল্প,
  • জীৱাশ্ম বা ফছিল,
  • আৱিষ্কাৰৰ জননী,
  • সোৱণশিৰিৰ চকুলো! ,
  • লাই-লফা লটং-পটং,
  • প্ৰিয়জনৰ গান শুনা যন্ত্ৰ
  • বৃদ্ধৰ বাণী,
  • ঘূৰি-ঘূৰি আকৌ,
  • বুৰ্জোৱা,
  • বলনাস্কিৰ চাকৰি কিয় গ’ল,
  • জাতীয় জীৱনৰ ঘাই সুঁতি,
  • শীতলা,
  • ইনছাল্ট,
  • সংসাৰ-বিজ্ঞানঃগৱেষণা আৰু প্ৰথম খণ্ডৰ ফলাফল,
  • যোৱা তিনি বছৰৰ দৰে…,
  • বেয়া নহয়, ভালেই।

“সত্যপ্ৰিয় পাঠক”ৰ পাছত তেওঁ‌ বেছিকৈ “সদানন্দ পাঠক” ছদ্মনাম ব্যৱহাৰ কৰিছিল। এইটো ছদ্ননামেৰে তেওঁ সৰ্বমুঠ ছটা লেখনি আগবঢ়াইছে। লেখনিকেইটা হৈছে-

(১) সোণালী এণ্টাৰপ্ৰাইজ,

(২) বিগ ক্ল’জ আপ,

(৩) বেলি ডুবাৰ সময়

(৪)পৰম প্ৰিয় বন্ধুবৰ,

(৫)বিশ্বাসঘাতক বান্দৰ, আৰু

(৬) ভিতৰবিলাক।

এইকেইটা লেখা প্ৰকাশ পাইছিল ‘বুধবাৰ’ত। ‘সত্যপ্ৰিয়’ আৰু ‘সদানন্দ পাঠক’ৰ উপৰিও ৰচনা লিখিবলৈ তেওঁ আন বহুকেইটা ছদ্মনামৰ সহায় লৈছিল। সেইসমূহ ৰচনা প্ৰান্তিকৰ পৃষ্ঠাতে ভিন্ ভিন্ সময়ত প্ৰকাশিত হৈছিল। লেখনিবোৰৰ শিৰোনাম আৰু তেওঁ ব্যৱহাৰ কৰা ছদ্মনাম তলত উল্লেখ কৰা হ’ল-

  • এদিন বাদে এদিন- ৰজনী দত্ত,
  • দিগম্বৰ বুৰ্জোৱা- বিৰাজমোহন বৰুৱা,
  • নিজৰ প্ৰেছক্ৰিপছনৰ ঔষধ-গোলোক মহন্ত,
  • কেণ্ডিডেট-দিবাকৰ নেওগ,
  • খাদ্যপ্ৰাণ-গৃহানন্দ স্বামী,
  • শৃংখল-বিচিত্ৰা দত্ত,
  • বাটৰ আমনি-অৰবিন্দ দত্ত,
  • আনন্দ-সুকুমাৰ দত্ত,
  • ডিঙিৰ খজুৱতি-মানবেন্দ্ৰ দাস,
  • সদায় কাঠৰ বাকচ নালাগে-নি.কা.ব.,
  • মোৰ ৰাশিফল সদায় ভাল-পৰমানন্দ ৰাজগুৰু,
  • ব’হাগৰ কথা। সেই সভাখন-এজন অৱসৰপ্ৰাপ্ত মুখ্য অতিথি,
  • ইণ্টিমেট-কুসুম কুমাৰ বৰুৱা।

উল্লেখনীয় যে, তেখেতৰ এই হাস্য-ব্যংগাত্মক ৰচনাসমূহ পাছলৈ ‘কল্পলোকৰ কাহিনী’ নামৰ এখনি গ্ৰন্থত সন্নিৱিষ্ট কৰা হৈছে। অসমীয়া সাহিত্যৰ জগতত বহুসংখ্যক ছদ্মনাম ব্যৱহাৰ কৰা সম্ভৱতঃ তেওঁৱেই একমাত্ৰ সাহিত্যিক। চৌপাশৰ সামাজিক-সাংস্কৃতিক সমস্যাবোৰৰ পুনৰীক্ষণ, অসমীয়া মানুহৰ চৰিত্ৰৰ কেতবোৰ অবিচ্ছেদ্য দিশ উন্মোচন, প্ৰাত্যহিকতাত সঘনাই মুখামুখি হোৱা বেমেজালিবোৰৰ পৰ্যবেক্ষণ- ইত্যাদিয়েই হৈছে তেখেতৰ দ্বাৰা লিখিত এই হাস্য-ব্যংগাত্মক ৰচনালানিৰ অন্তৰ্নিহিত তাৎপৰ্য।

অন্যান্য ৰচনাত সম্পাদনা কৰক

বিদেশৰ পটভূমিত লিখা কেইটামান গল্প ড॰ শইকীয়াই ছদ্মনামত লিখিছিল। তিনিটা গল্প লিখিছিল সঞ্চয় ছদ্মনামেৰে। বাকীকেইটা নিজৰ নামত লিখিছিল। এই সন্দৰ্ভত তেওঁ কৈছিল যে- “মোৰ চুটি গল্প লেখাৰ যিটো ধৰণ, তাৰ পৰা অলপ বেলেগ হ’ব বাবেই সেইকেইটা মোৰ নিজৰ নামত লেখিবলৈ মন কৰা নাছিলোঁ। “[3] ইয়াৰ উপৰিও তেওঁ নিজে সৰু চৰিত্ৰ এটিত অভিনয় কৰা ‘বেউলা’ ছবিখনৰ সমালোচনা লিখিছিল। সেইটো লিখিছিল সুনীতি ছদ্মনামেৰে। সমালোচনাটি ‘আৱাহন’ত প্ৰকাশিত হৈছিল। সাদিনীয়া ‘নৱদূত’ নামৰ এখন কাকতত তেওঁ ‘দৃষ্টিপাত’ নামৰ এটা শিতানত লিখিছিল। সেইবোৰ লিখনি তেওঁপ্ৰহৰী ছদ্মনামত লিখিছিল। চিনেমা বিষয়ক লেখামেলাৰ বাবে তেওঁ চিত্ৰপ্ৰিয় পাঠক ছদ্মনাম ব্যৱহাৰ কৰিছিল। তেওঁৰ আন দুটি ছদ্মনাম আছিল পৰ্যবেক্ষক আৰু সুদৰ্শন। 

সাহিত্যকৰ্ম

নাটক

  • ৰম্যভূমি
  • নীলকণ্ঠ
  • মহাঅৰণ্য
  • দীনবন্ধু
  • পাণ্ডুলিপি
  • আম্ৰপালি
  • অৰণ্যত গধূলি
  • মণিকূট
  • গহ্বৰ
  • অমৃত
  • বৰ্ণমালা
  • বন্দীশাল
  • পৰমানন্দ
  • শুভ-সংবাদ
  • বিষকুম্ভ
  • অন্ধকূপ
  • দিগম্বৰ
  • স্বৰ্ণজয়ন্তী
  • স্বৰ্গৰ দুৱাৰ
  • ৰামধেনু
  • শতাব্দী
  • সমুদ্ৰ-মন্থন
  • জোনাক ৰাতি (অসম্পূৰ্ণ)
  • বৃন্দাবন
  • জন্মভূমি
  • প্ৰতিবিম্ব
  • এজাক জোনাকীৰ জিলমিল (একাংক)

চুটি গল্প- তেখেতৰ চুটি গল্প সংকলন কেইখন হ’ল

  • প্ৰহৰী (১৯৬৩),
  • সেন্দূৰ (১৯৭১),
  • গহ্বৰ (১৯৬৯),
  • শৃংখল (১৯৭৫),
  • উপকণ্ঠ (১৯৯১),
  • এই বন্দৰৰ আবেলি (১৯৮৮),
  • বৃন্দাবন (১৯৬৫),
  • তৰংগ (১৯৭৯),
  • সান্ধ্য ভ্ৰমণ (১৯৯৮),
  • গল্প আৰু শিল্প,
  • আকাশ।

উপন্যাস সম্পাদনা কৰক

  • অন্তৰীপ (১৯৮৬)
  • ৰম্যভূমি (১৯৯১)
  • আতংকৰ শেষত ( ১৯৫২, দশম শ্ৰেণীত থাকোঁতে ৰচনা কৰা; ভ.না. শইকীয়াৰ একমাত্ৰ ডিটেক্টিভ উপন্যাস)

আত্মজীৱনী-

  • জীৱন বৃত্ত
  • জীৱন ৰেখা
  • মোৰ শৈশৱ, মোৰ কৈশোৰ

চিন্তামূলক গ্ৰন্থ- প্ৰবন্ধ সংকলন- শেষ পৃষ্ঠা (চাৰিটা খণ্ড)।

শিশুসাহিত্য-

  • মৰমৰ দেউতা (১৯৯১)
  • তোমালোক ভালে থাকা (তোমালোকৰ ভাল হওক) (১৯৯৮)
  • শান্ত-শিষ্ট হৃষ্ট-পুষ্ট মহাদুষ্ট (১৯৯৭)
  • মহাদুষ্টৰ দুষ্টবুদ্ধি
  • মৰম

চলচ্চিত্ৰ পৰিচালক ৰূপে

অসমীয়া চলচ্চিত্ৰৰ পাতনি ১৯৩৫ চনত জ্যোতিপ্ৰসাদ আগৰৱালাৰ ‘জয়মতী’ কথাছবিৰে হৈছিল। পিছৰ প্ৰায় ৪০ বছৰ ধৰি নিৰ্মাণ হোৱা চলচ্চিত্ৰসমূহৰ বেছিখিনিয়েই আছিল তীব্ৰ বাণিজ্যিক ধৰ্মী। (ব্যতিক্ৰম: পদুম বৰুৱাৰ গঙাচিলনীৰ পাখি)। ভবেন্দ্ৰনাথ শইকীয়াই প্ৰথম বাৰৰ বাবে অসমীয়া অৰ্থবহ চলচ্চিত্ৰৰ শুভাৰম্ভ কৰে।

সন্ধ্যাৰাগ, কথাছবিৰে শইকীয়াই চলচ্চিত্ৰ পৰিচালকৰূপে আত্মপ্ৰকাশ কৰে। এক ব্যতিক্ৰমী আৰু কলাসন্মত ছবি হিচাপে কথাছবিখনে অসম আৰু ভাৰতবৰ্ষৰ চলচ্চিত্ৰপ্ৰেমীৰ মন জোকাৰি যায়। ইয়াৰ পিছত শইকীয়াদেৱে পৰিচালনা কৰে অনিৰ্বান, অগ্নিস্নান, কোলাহল, সাৰথি, আৱৰ্তন, ইতিহাস আৰু কালসন্ধ্যা। ‘কালসন্ধ্যা’ হিন্দীভাষাত নিৰ্মিত। আটাইকেইখন ছবিয়েই কলাসন্মত ছবি হিচাপে উচ্চ প্ৰসংশিত। ‘অগ্নিস্নান’ৰ চিত্ৰনাট্যই সৰ্বভাৰতীয় পৰ্যায়ত শ্ৰেষ্ঠ চিত্ৰনাট্যৰ সন্মান লাভ কৰে। ‘কালসন্ধ্যা’ৰ বাহিৰে আন কেইখন ছবিযে় শ্ৰেষ্ঠ আঞ্চলিক ভাষাৰ ছবিৰ বাবে ৰজত কমল বঁটা পায়।

ভবেন্দ্ৰনাথ শইকীয়াৰ কেউখন অসমীয়া ছবিয়েই নিজৰ গল্প আৰু উপন্যাসৰ চিত্ৰৰূপ। তেখেতৰ ছবিত কথাছবি সুলভ ৰূপকৰ পৰিবৰ্তে সাহিত্যৰ উপাদানৰ পয়োভৰ বেছি বুলি সমালোচকে কয়। সংলাপৰ ওপৰত প্ৰাধান্য দিয়াৰ কাৰণে কিছুমান সমালোচকে তেওঁৰ কথাছবি বৰ বেছি পৰিমাণে সাহিত্যধৰ্মী বুলি অভিযোগ কৰে। ভবেন্দ্ৰনাথ শইকীয়াৰ মতে সাহিত্যধৰ্মীতা তেওঁৰ ছবিৰ বিশেষ উপাদান আৰু কিছুসংখ্যক কথাছবি নিৰ্মাণ কৰিব পাৰিলে সাহিত্যধৰ্মী ছবিৰ এটা ধাৰা তেওঁ সৃষ্টি কৰিব পাৰিলেহেঁতেন বুলি তেখেতে নিজে উল্লেখ কৰি গৈছে।

ক্ৰম বৰ্ষ কথাছবি ভাষা তথ্য

১। ১৯৭৭ সন্ধ্যাৰাগ অসমীয়া ৰজত কমল বঁটা (১৯৭৭)

২। ১৯৮১ অনিৰ্বাণ অসমীয়া ৰজত কমল বঁটা (১৯৮১)

৩। ১৯৮৫ অগ্নিস্নান অসমীয়া ৰজত কমল বঁটা (১৯৮৫)

৪। ১৯৮৮ কোলাহল অসমীয়া ৰজত কমল বঁটা (১৯৮৮)

৫। ১৯৯১ সাৰথি অসমীয়া ৰজত কমল বঁটা (১৯৯২)

৬। ১৯৯৩ আৱৰ্তন অসমীয়া ৰজত কমল বঁটা 1(১৯৯৪)

৭। ১৯৯৫ ইতিহাস অসমীয়া ৰজত কমল বঁটা (১৯৯৬)

৮। ১৯৯৭ কালসন্ধ্যা হিন্দী International Film Festival of India আৰু International Film Festival of India ত প্ৰদৰ্শিত।

নাট্যকাৰ আৰু পৰিচালক ৰূপে

অসমীয়া ভ্ৰাম্যমাণ থিয়েটাৰৰ লগত ড॰ শইকীয়া নাট্যকাৰ আৰু পৰিচালক হিচাপে ওত:প্ৰোতভাৱে জড়িত হৈ আছিল, ভ্ৰাম্যমাণৰ বাবে তেখেতে কেইবাখেনা নাটক ৰচনা কৰি গৈছে। বিশেষকৈ আৱাহন থিয়েটাৰ গোষ্ঠীৰ বাবে তেখেতে ৰচনা আৰু পৰিচালনা কৰা নাটসমূহ আজিও জনপ্ৰিয়তাৰ শীৰ্ষত আছে বুলি গণ্য কৰা হয়।

বঁটা আৰু সন্মান

ড॰ শইকীয়াৰ কৰ্মৰাজিৰ স্বীকৃতি স্বৰূপে বিভিন্ন অনুষ্ঠানে বিভিন্ন সময়ত তেখেতক সন্মান যাচি আহিছে। তাৰে ভিতৰত উল্লেখযোগ্য কেইটিমান হʼল-

  • অসম প্ৰকাশন পৰিষদ বঁটা।
  • সাহিত্য অকাডেমি বঁটা।
  • অসম উপত্যকা সাহিত্য বঁটা।
  • শ্ৰীমন্ত শংকৰদেৱ বঁটা।
  • পদ্মশ্ৰী বঁটা।

১৯৩২ চনৰ ২০ ফেব্ৰুৱাৰী তাৰিখে নগাঁও জিলাৰ ফৌজদাৰীপট্টীত জন্মলাভ কৰা  ড°ভবেন্দ্ৰনাথ শইকীয়া অসমীয়া সমাজৰ (অন্ততঃ পঢ়ুৱৈ আৰু বুদ্ধিজীৱী সমাজৰ) বাবে এটা অচিনাকি নাম নহয়। সূক্ষ্মদৃষ্টিগুণসম্পন্ন মানসিকতাৰ প্ৰয়োগেৰে ৰচিত তেখেতৰ প্ৰতিটো চুটিগল্পই অসমীয়া সাহিত্যৰ এটা টনকিয়াল, নিভাঁজ আৰু মূল্যৱান ভঁৰালৰ কথা সূচায়। নিজৰ সত্তৰ বছৰীয়া জীৱনকালত চাৰিকুৰিৰো অধিক চুটিগল্প লিখি শইকীয়াই যি অসাধাৰণ প্ৰতিভাৰ পৰিচয় দিলে, তাৰ ‘উত্তৰাধিকাৰ-স্বত্ব’(legacy)ৰ উচিত দাবীদাৰ কেৱল তেওঁৰ নিজৰেই গল্পসম্ভাৰ।

Read Also: হাজাৰীপ্ৰসাদ দ্বিবেদী জীৱনী | Hazari Prasad Trivedi Biography

সাহিত্যিক হিচাপে ভবেন্দ্ৰনাথ শইকীয়া কিন্তু এই প্ৰতিভাৰ অভ্যুত্থান মাথোঁ ধুমকেতু সদৃশ নে কি ? নিজৰ জীৱনৰ পাৰ কৰি বছৰকেইটাৰ অভিজ্ঞতাবহুল স্মৃতিবোৰ গোটাই হঠাতে তেওঁ এদিন ‘গল্পই লিখা যাওক তেনেহ’লে’ বুলি ঠিক কৰি পেলালে নে কি ? নাই, নহয়। শইকীয়াৰ নিজৰ ভাষাত : ‘ক্লাছ ফাইভত পদ্য লিখাৰ নিচিনা কামৰ প্ৰতি যি উৎসাহে দেখা দিছিল, সেই উৎসাহে অলপ গহীন-গম্ভীৰ ৰূপত দেখা দিলে ক্লাছ এইটলৈ প্ৰমোছন পোৱাৰ পাছত। গহীন-গম্ভীৰ মানে ,— এইবাৰ গদ্যত হাত দিয়াৰ উৎসাহে দেখা দিলে।’ এই জোৱাৰৰ জোৰতে তেওঁ সহপাঠী প্ৰমোদ দাসৰ লগত লাগি স্কুলখনৰ কাৰণে এখন অসমীয়া আলোচনী উলিয়াবলৈ ঠিক কৰিলে। উলিয়ালে। নাম থ’লে ‘উদয়’। প্ৰৱন্ধ-পাতি ঠিক-ঠাক কৰাৰ লগতে তেওঁ নিজেও এটা গল্প লিখি উলিয়াইছিল। নাম আছিল ‘পথ নিৰূপণ’। গল্পটো ‘উদয়’ আলোচনীৰ দ্বিতীয় সংখ্যাত প্ৰকাশ পোৱাৰ পিছত হেনো সেইটো সংখ্যাৰ তিনিটা কপি তেওঁ যোগাৰ কৰিছিল, আৰু বহুদিনলৈ এটা কপি হাতত বা কাষলতিৰ তলত সুমুৱাই লৈ ফুৰিছিল। কাৰোবাৰ লগত কথা পাতিলে কথা নি-নি সেই সংখ্যাৰ উদয়ত পেলাইছিলগৈ আৰু আলোচনীখন আগবঢ়াই দি সুধিছিল — এইখন দেখিছেনে? আৰু ঠিক এই একেই মানসিকতাৰ পৰিচয় আমি শইকীয়াৰপৰা পিছৰ সময়ছোৱাতো পাওঁ। এবাৰ তেওঁক ‘গল্প এটা লিখি শেষ কৰাৰ পিছত আপুনি কেনেকুৱা অনুভৱ কৰে?’ বুলি সোধোঁতে তেওঁ কৈছিল ‘বিশেষ একো অনুভৱ হয় বুলি ক’ব নোৱাৰি। কিন্তু পঢ়ুৱৈ এজনে নো গল্পটো পঢ়ি কেনেকুৱা পালে, সেয়া জানিবলৈ বৰ আগ্ৰহেৰে লৈ থাকোঁ।’।

এই যে ‘পথ নিৰূপণ’ নামৰ জুইকুৰা জ্বলিল, সেয়া জ্বলিয়েই থাকিল। মেট্ৰিক দি উঠি আকৌ তেওঁ ডিটেক্টিভ্ ধৰ্মী এখন উপন্যাস লিখি উলিয়ালে — ‘আতংকৰ শেষত’। আৰু ষ্টাৰ মাৰ্কসহ মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত তেওঁ কটন কলেজত পঢ়িবলৈ বুলি আগবাঢ়িল। তাতো শিক্ষা-সমাজ আৰু হোষ্টেল-সমাজ ,— এই দুয়োখন সমাজৰ লগত মোটামুটিভাৱে খাপ খাই পৰাৰ পাছত শইকীয়াৰ উদ্দেশ্য হʼল ,— অন্যান্য ক্ৰিয়া-কৰ্মও আৰম্ভ কৰা । স্বাভাৱিকতে গল্প লিখাৰ কথাই মনলৈ আহিল। কিছুদিন পাছত কটন কলেজ ষ্টুডেণ্টছ ইউনিয়ন ছ’ছাইটিয়ে বছৰেকীয়া সাহিত্য-প্ৰতিযোগিতা ঘোষণা কৰিলে। এসপ্তাহমানৰ আজৰি সময় খৰচ কৰি তেওঁ গল্প এটা লিখি উলিয়ালে। নাম — ‘শান্তিৰ বুকুৰ ধুমুহা’। ফলাফল ঘোষণা আৰু বঁটা বিতৰণীৰ দিনা মঞ্চৰ পৰা ঘোষণা কৰা হʼল ,— তেওঁ তৃতীয় পুৰস্কাৰ পাইছিল। লগতে সেই একেটা গল্প কিছুদিনৰ পিছত আৱাহনৰ পাতত ছপা হৈ ওলাইছিল। গোটেই অসমত প্ৰচলিত, জনপ্ৰিয়, গুৰুত্বপূৰ্ণ আলোচনীত ছপা হোৱা সেইটোৱেই শইকীয়াৰ প্ৰথম লেখনি। তেওঁৰ গল্প-সংকলনকেইখন হʼল : প্ৰহৰী, সেন্দূৰ, গহ্বৰ, শৃংখল, উপকন্ঠ, এই বন্দৰৰ আবেলি, বৃন্দাবন, তৰংগ, সান্ধ্যভ্ৰমণ, আকাশ। আৰু তেওঁৰ উপন্যাস কেইখনৰ নাম হʼল : আতংকৰ শেষত, অন্তৰীপ, ৰম্যভূমি।

চলচ্চিত্ৰ নিৰ্মাতাৰূপে ড° ভবেন্দ্ৰনাথ শইকীয়া

কেৱল গল্পই নে ? কেৱল সাহিত্যই নে ? ড° ভবেন্দ্ৰনাথ শইকীয়াৰ আৰু এটা পৰিচয় আছে, আৰু সেয়া হʼল বোলছবি নিৰ্মাতাৰ পৰিচয়। বিয়াৰ পিছত শইকীয়াই তেওঁৰ পত্নী প্ৰীতি শইকীয়াক মাজে-মাজে হেনো কোৱা কৰিছিল — ‘চিনেমা এখন কৰিবলৈ বৰ মন আছিল হে !’। সেই ভবামতে নিজৰ গল্প ‘বানপ্ৰস্থ’ৰ কাহিনীকে ভিত্তি কৰি ‘সন্ধ্যাৰাগ’ বোলছবি নিৰ্মাণ কৰি উলিয়াইছিল। কেইবাখনো ৰেডিঅ’ নাট, একাঙ্কিকা নাটক ৰচনা কৰাৰ উপৰিও ভ্ৰাম্যমাণ মঞ্চৰ বাবেই তেখেতে একাধিক নাটক ৰচনা কৰে। বোলছবি জগতত শইকীয়াই আঠখন বোলছবি পৰিচালনা কৰে আৰু তেখেতৰ বোলছবিয়ে ভাৰত আৰু বিদেশত আন্তৰাষ্ট্ৰীয় বোলছবি মহোৎসৱত বিশেষ সুখ্যাতি লাভ কৰে। তেখেতৰ সাতখন বোলছবিৰ কাৰণে ভাৰত চৰকাৰে ৰজত কমল বঁটা প্ৰদান কৰে।

অসমৰ প্ৰখ্যাত ঔপন্যাসিক, গল্পকাৰ, নাট্যকাৰ, বোলছবি পৰিচালক ভবেন্দ্ৰ নাথ শইকীয়াক বাঙালী লেখক বুলি উপস্থাপন কৰিবলৈ ওলাইছে (EPIC Channel) নামৰ ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ এটা হিন্দী টিভি চেনেলে। চেনেলটোৰ এটা জনপ্ৰিয় প্ৰগ্ৰাম ‘Epic Icons’-ত অসমৰ যশস্বী সাহিত্যিক, নাট্যকাৰজনৰ জীৱন সম্পৰ্কীয় এটা দৰ্শনী প্ৰদৰ্শন কৰা হʼব।

 এই বিভ্ৰান্তিকৰ টুইটটো দৃষ্টিগোচৰ হোৱাৰ পিছত অসমৰ জ্যেষ্ঠ সাংবাদিক আৰু এজন ছবি নিৰ্মাতা উৎপল বৰপূজাৰীয়ে চেনেলটোক সমালোচনা কৰে আৰু ভুলটো দেখুৱাই দিয়ে। বৰপূজাৰীয়ে নিজৰ টুইটটোত কয়, “বংগ পাৰ হৈও অসম বুলি এখন ঠাই আছে আৰু অসমীয়া বুলি এটা ভাষা আছে, যিটো বাঙালী নহয়”। তাৰোপৰি বৰপূজাৰীয়ে এইদৰেও কয়, “আমি অসমীয়াসকলে বাঙালী সাহিত্য আৰু চিনেমা ভাল পাওঁ। কিন্তু তাৰ অৰ্থ এইটো নহয় যে আপোনালোকে এজন প্ৰখ্যাত অসমীয়া লেখক-চিনেমা নিৰ্মাতাক বাঙালী বুলি ক’ব পাৰে”। বৰপূজাৰীৰ উপৰি বহুসংখ্যকে চেনেলটোৰ ভুল আঙুলিয়াই দি তাৰ বাবে ক্ষমা খুজিবলৈ দাবী জনাই টুইটৰ ৰিপ্লাই দিছে।

১৯৩২ চনৰ ২০ ফেব্ৰুৱাৰিত নগাৱঁত জন্মগ্ৰহণ কৰা ভৱেন্দ্ৰ নাথ শইকীয়াই অসমীয়া সাহিত্য আৰু চিনেমা জগত তথা নাট্য জগতলৈ অনবদ্য অৱদান আগ বঢ়াই গৈছে। খুব উচ্চ মানৰ উপন্যাস, নাটক, গল্প লিখা প্ৰয়াত শইকীয়াই ১৯৭৬ চনত সাহিত্য একাডেমি লাভ কৰিছিল। ২০০৩ চনৰ ১৩ আগষ্টত শইকীয়াৰ মৃত্যু হয়। তেওঁ পদ্মশ্ৰী বঁটাও লাভ কৰিছিল।  

প্ৰসংগ ক্ৰমে ক’ব পাৰি যে অসমৰ প্ৰখ্যাত দৌৰৰাণী হিমা দাসকো বংগৰ কন্যা হিচাপে পৰিচয় দি বাতৰি কৰিছিল কলকাতাৰ আগ শাৰীৰ সংবাদ প্ৰতিষ্ঠানে, যাক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।

 অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ যোৱা ব্যক্তিঃ ভৱেন্দ্ৰ নাথ শইকীয়া। একাধাৰে এগৰাকী ঔপন্যাসিক, গল্পলিখক, নাট্যকাৰ আৰু ছবি পৰিচালক ভৱেন্দ্ৰ নাথ শইকীয়া। তেওঁৰ প্ৰায় সকলোবোৰ কৰ্মৰাজিক এৰি যদি আমি কেৱল বোলছবি নিৰ্মাণৰ বিষয়ে ক’বলৈ যাওঁ তেনেহ’লে এক কথাত ক’ব লাগিব যে ভৱেন্দ্ৰ নাথ শইকীয়াৰ দ্বাৰা নিৰ্মিত প্ৰায় প্ৰত্যেকখন ছবিয়ে লাভ কৰিছে ৰজত কমল বঁটা। 

অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ যোৱা ব্যক্তিঃ ভৱেন্দ্ৰ নাথ শইকীয়া

১৯৭৬ চনত ভৱেন্দ্ৰ নাথ শইকীয়াই সাহিত্য একাডেমী বঁটা আৰু ১৯৯০ চনত “অসম উপত্যকা সাহিত্য বঁটা” ৰ লগতে “পদ্মশ্ৰী” বঁটাও লাভ কৰে। কেইবাখনো ৰেডিঅ’ নাট, একাংকিকা নাট তথা ভ্ৰাম্যমাণ মঞ্চৰ বাবে একাধিক নাটক ৰচনা কৰা এইগৰাকী মহান ব্যক্তিয়ে প্ৰথমবাৰৰ বাবে অসমীয়া চলচিত্ৰ জগতত অৰ্থবহ ছবিৰ শুভাৰম্ভ কৰে।

তেওঁৰ দ্বাৰা নিৰ্মিত ছবি সমূহৰ প্ৰায় বোৰেই নিজৰ গল্প আৰু উপন্যাসৰ চিত্ৰৰূপ। তেওঁ নিজৰ ছবিসমূহত প্ৰায়ে সংলাপৰ ওপৰত গুৰুত্ব প্ৰদান কৰা বুলি সমালোচক সকলে ব্যক্ত কৰে। ভবেন্দ্ৰ নাথ শইকীয়াই অসমীয়াৰ লগতে এখন হিন্দী ছবি “কালসন্ধ্যা” ৰো নিৰ্মাণ কৰে;যিখন “ইন্টাৰনেশ্বনেল ফিল্ম অৱ ইণ্ডিয়া” ত প্ৰদৰ্শিত কৰা হয়।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top