নিপ বৰুৱা | Nip Barua Essay in Assamese | Biography of Nip Barua in Assamese | নিপ বৰুৱা বিষয়ে জীৱনী | নিপ বৰুৱা বিষয়ে ৰচনা | নিপ বৰুৱাৰ চমু পৰিচয়।
নিপ বৰুৱা (Nip Barua) অসমীয়া চলচ্চিত্ৰ জগতৰ এগৰাকী জনপ্ৰিয় ব্যক্তি আছিল। অসমৰ চলচ্চিত্ৰসমূহৰ ব্যৱসায়িক দিশত উত্তৰণ যুগ তেওঁৰ পৰাই আৰম্ভ হয়। তেখেত এগৰাকী চলচ্চিত্ৰ প্ৰযোজক, পৰিচালক আছিল। তেখেত মুঠ ১৫খন অসমীয়া চলচ্চিত্ৰ পৰিচালনা কৰিছিল। চলচ্চিত্ৰ কৰাৰ উপৰিও তেখেতে কিছু পৰিমাণে অভিনয় আৰু সংগীত, ফুটবল খেলাৰ প্ৰতিও তেখেতৰ আগ্ৰহ আছিল। কাৰ্টুনিষ্ট হিচাপেও তেখেতে দ্য আছাম ট্ৰিবিউন কাকতৰ বাবে বহু ছবি আঁকিছিল।
নিপ বৰুৱা জীৱনী | Nip Barua Biography
নাম | নিপ বৰুৱা (Nip Barua) |
জন্ম | ১৯২৫ |
মৃত্যু | ১৯৯২ |
পেচা | চলচ্চিত্ৰ প্ৰযোজক |
জন্ম আৰু পৰিয়াল
কামৰূপ জিলাৰ বিহদিয়া গাঁৱৰ চন্দ্ৰনাথ বৰুৱা গড়কাপ্তানি বিভাগৰ চাব ডিভিজনেল অফিচাৰ আছিল। তেখেতে একে জিলাৰ কৰৰা গাঁৱৰ জোনপ্ৰভাক বিয়া কৰাইছিল। চন্দ্ৰনাথ বৰুৱাৰ ঔৰষত আৰু জোনপ্ৰভাৰ গৰ্ভত নিপ বৰুৱাৰ জন্ম হৈছিল। বৰুৱা দম্পতীয়ে নজন পুত্ৰ সন্তান আৰু চাৰিজনী কন্যা সন্তানৰ জন্ম দিছিল। পুত্ৰ সন্তান কেইজন আছিল ক্ৰমে ব্ৰজেন বৰুৱা, দ্বিবন বৰুৱা, দ্বৈতেন বৰুৱা, দ্বিজেন বৰুৱা, নিপ বৰুৱা, গিৰিণ বৰুৱা, ৰমেন বৰুৱা, নিৰেণ বৰুৱা আৰু দ্বিপেন বৰুৱা। কন্যা সন্তানকেইজনীৰ নাম আছিল পদ্মাৱতী দাস বৰুৱা, প্ৰতিভা বৰুৱা দাস, ৰম্ভা বৰুৱা আৰু বিভা বৰুৱা নভীছ। এই আটাইকেইজন ভাই-ভনীয়ে পিছলৈ কম-বেছি পৰিমাণে অসমীয়া চলচ্চিত্ৰৰ সৈতে জড়িত হৈ পৰিছিল।
পৰিচালিত চলচ্চিত্ৰ
নিপ বৰুৱাৰ কথাছবি ‘স্মৃতিৰ পৰশ’ চলচ্চিত্ৰৰ দ্বাৰা পৰিচালক ৰূপে অসমীয়া চলচ্চিত্ৰ জগতত প্ৰৱেশ কৰে। বৰুৱাই মুঠতে ১৫খন ছবি পৰিচালনা কৰিছিল।
ছবিৰ নাম
- স্মৃতিৰ পৰশ ১৯৫৫।
- মাক আৰু মৰম ১৯৫৭।
- ৰঙা পুলিচ ১৯৫৮।
- ভক্ত প্ৰহ্লাদ ১৯৫৯।
- আমাৰ ঘৰ ১৯৬১।
- নৰকাসুৰ ১৯৬২।
- বৰুৱাৰ সংসাৰ ১৯৭০।
- সোনেতৰা ১৯৭৭।
- সোণমাই ১৯৭৮।
- মনিমা ১৯৮০।
- আজলী নবৌ ১৯৮০।
- আই মোৰ জনমে জনমে ১৯৮০।
- ককাদেউতা নাতি আৰু হাতী ১৯৮৪।
- শকুন্তলা আৰু শংকৰ জোচেফ আলি ১৯৮৫।
- দাদু নাতি ও হাতী ১৯৮৬ বাংলা চলচ্চিত্ৰ।
- এণ্টনী মোৰ নাম ১৯৮৬ চনত।
“ অ’ মোৰে দেহিটি ঐ
অ’ মোৰে চেনাইটি ঐ
চকু জুৰণীয়া ৰোৱা কুমলীয়া
কাইলৈ মেলিবি ঠোক….”- এইটোৱেই আছিল বিহুগীত, যি পোনপ্রথম বাৰৰ বাবে অন্তৰ্ভুক্ত হৈছিল অসমীয়া চলচ্চিত্রত।চলচ্চিত্র খনৰ নাম আছিল নিপ বৰুৱা পৰিচালিত ‘স্স্মৃতিৰ পৰশ’ ।বিহুগীতটিত কণ্ঠদান কৰিছিল, গুনদা দাস, ৰমেন বৰুৱা, ননী কাকতি, বিভা বৰুৱা আৰু গিৰীণ বৰুৱাই। ১৯৫৬ চনৰ ৬ এপ্রিল তাৰিখে মুক্তিলাভ কৰা ‘স্স্মৃতিৰ পৰশ’ৰ অভিনয় শিল্পী সকল আছিল বিমলা বৰুৱা, নিভা বৰুৱা, ব্রজেন বৰুৱা, নিপ বৰুৱা, গিৰীণ বৰুৱা, তৰুণ নাথ আদি। সঙ্গীত আছিল ব্রজেন বৰুৱাৰ।‘বৰুৱা আৰ্ট প্রডাকচন’ৰ বেনাৰত নিৰ্মিত ‘স্মৃতিৰ পৰশ’ আন এটা ক্ষেত্রতো প্রথম খন অসমীয়া চিনেমা হিচাপে পৰিচিত। সেইটো হʼল – পোন প্রথম বাৰৰ বাবে অসমীয়া চলচ্চিত্রত হিন্দী গীতৰ অন্তৰ্ভূক্তি। কলিকতাৰ বিখ্যাত কণ্ঠশিল্পী শ্যামল মিত্র আৰু আল্পনা বন্দোপাধ্যায়ৰ কণ্ঠৰ গীত দু্টি আছিল ক্রমে চিনেমা খনৰ নাম আছিল নিপ বৰুৱা পৰিচালিত ‘স্মৃতিৰ পৰশ’, ‘হে চলক পড়ী চান্দনী, ইক বহক ৰহী ৰাগনী’ আৰু ‘কিচিকী য়াদ মে যাতি চলী য়ে জিন্দগী অপনী’। ইয়াৰে প্রথম গীতটি ৰচিছিল বীৰেন দত্তই আৰু দ্বিতীয় গীতটি লিখি উলিয়াইছিল এম গৌতমে।
১৯৫১-৬০ চনলৈ মুঠ ১৯ খন ছবিয়ে লাভ কৰিছিল মুক্তি। ভূপেন হাজৰিকা, নিপ বৰুৱা, ব্ৰজেন বৰুৱাৰ দ্বাৰা নিৰ্মিত ছবিসমূহে দৰ্শকক মনোৰঞ্জন কৰোৱাৰ প্ৰয়াস কৰিছিল সেইটো সময়ত। এই দশকটোত মুক্তিপ্ৰাপ্ত ছবি সমূহ হৈছে।
১৯৫২ চনত নিৰ্মিত নৱতম অসমীয়া চলচিত্ৰ হৈছে “ৰুণুমী”। সুৰেশ চন্দ্ৰ গোস্বামীৰ দ্বাৰা পৰিচালিত ছবিখন হেনৰিক ইবছেনৰ ৰচিত নাটক “দা ৱাৰিয়ৰ্ছ এট হেলগেলেণ্ড” ওপৰত কেন্দ্ৰ কৰি নিৰ্মাণ কৰা হৈছিল। ১৯৫২ চনত ছবিখন যোৰহাটৰ আৰতি টকীজত মুক্তি দিয়া হৈছিল লগতে “ৰুণুমী” য়ে দৰ্শকৰ পৰা সঁহাৰিও লাভ কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ স্বত্বেও ছবিখন কোনো কাৰণ অবিহনেই সেইসময়ৰ বিষ্ণু ৰাম মেধিৰ চৰকাৰখনে ইয়াক বন্ধ কৰি দিয়ে। ফলত দৰ্শকে বৰ বেছি দিনলৈ ছবিখন উপভোগ কৰাৰ সুবিধা লাভ কৰিব নোৱাৰিলে।
অসম আৰু তেতিয়াৰ নগা পাহাৰ (নাগালেণ্ড) ত দৃশ্যগ্ৰহণৰ কাম সম্পন্ন হোৱা এই ছবিখনত মূখ্য চৰিত্ৰত অভিনয় কৰিছিল কনকলতা শইকীয়া, নেয়ীমুদ্দিন আহমেদ, সুৰেশ গোস্বামী, ইন্দ্ৰেশ্বৰ বৰঠাকুৰ আৰু হিৰণ্ময়ী দেৱীয়ে।ছবিখনৰ পৰিচালক সুৰেশ গোস্বামীৰ পৰিয়ালবৰ্গই ছবিখন বন্ধ কৰাৰ কাৰণ ৰাজহুৱা কৰিবলৈ আহ্বান জনোৱাৰ লগতে চৰকাৰক ছবিখন পুনৰুদ্ধাৰৰ বাবেও আবেদন কৰিছে। ছবিখনত সংগীত পৰিচালক হিচাপে কাম কৰিছিল দৰ্প নাথ শৰ্মাই।
১৯৫১-৬০ চনলৈ মুঠ ১৯ খন ছবিয়ে লাভ কৰিছিল মুক্তি। ভূপেন হাজৰিকা, নিপ বৰুৱা, ব্ৰজেন বৰুৱাৰ দ্বাৰা নিৰ্মিত ছবিসমূহে দৰ্শকক মনোৰঞ্জন কৰোৱাৰ প্ৰয়াস কৰিছিল সেইটো সময়ত। এই দশকটোত মুক্তিপ্ৰাপ্ত ছবি সমূহ হৈছে-
১৯৫১ – ৬০ দশকলৈ মুক্তিপ্ৰাপ্ত অসমীয়া ছবিৰ তালিকাঃ
ৰুণুমীঃ
১৯৫২ চনত নিৰ্মিত নৱতম অসমীয়া চলচিত্ৰ হৈছে “ৰুণুমী”। সুৰেশ চন্দ্ৰ গোস্বামীৰ দ্বাৰা পৰিচালিত ছবিখন হেনৰিক ইবছেনৰ ৰচিত নাটক “দা ৱাৰিয়ৰ্ছ এট হেলগেলেণ্ড” ওপৰত কেন্দ্ৰ কৰি নিৰ্মাণ কৰা হৈছিল। ১৯৫২ চনত ছবিখন যোৰহাটৰ আৰতি টকীজত মুক্তি দিয়া হৈছিল লগতে “ৰুণুমী” য়ে দৰ্শকৰ পৰা সঁহাৰিও লাভ কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ স্বত্বেও ছবিখন কোনো কাৰণ অবিহনেই সেইসময়ৰ বিষ্ণু ৰাম মেধিৰ চৰকাৰখনে ইয়াক বন্ধ কৰি দিয়ে। ফলত দৰ্শকে বৰ বেছি দিনলৈ ছবিখন উপভোগ কৰাৰ সুবিধা লাভ কৰিব নোৱাৰিলে।
অসম আৰু তেতিয়াৰ নগা পাহাৰ (নাগালেণ্ড) ত দৃশ্যগ্ৰহণৰ কাম সম্পন্ন হোৱা এই ছবিখনত মূখ্য চৰিত্ৰত অভিনয় কৰিছিল কনকলতা শইকীয়া, নেয়ীমুদ্দিন আহমেদ, সুৰেশ গোস্বামী, ইন্দ্ৰেশ্বৰ বৰঠাকুৰ আৰু হিৰণ্ময়ী দেৱীয়ে।ছবিখনৰ পৰিচালক সুৰেশ গোস্বামীৰ পৰিয়ালবৰ্গই ছবিখন বন্ধ কৰাৰ কাৰণ ৰাজহুৱা কৰিবলৈ আহ্বান জনোৱাৰ লগতে চৰকাৰক ছবিখন পুনৰুদ্ধাৰৰ বাবেও আবেদন কৰিছে। ছবিখনত সংগীত পৰিচালক হিচাপে কাম কৰিছিল দৰ্প নাথ শৰ্মাই।
সতী বেউলাঃ
৫০-৬০ দশকৰ অসমীয়া ছবি নিৰ্মাণত বিশেষভাৱে দেখিবলৈ পোৱা গৈছিল পৌৰাণিক তথা বুৰঞ্জীমূলক ছবিৰ ধাৰা। বুৰঞ্জীৰ আধাৰত নাইবা পুৰাণত অন্তৰ্ভূক্ত কাহিনীক কেন্দ্ৰ কৰি নিৰ্মিত ছবি সমূহ সেই সময়ছোৱাৰ আছিল বিশেষ বৈশিষ্ট্য। এনে ছবিসমূহৰ ভিতৰত নিৰ্মিত এখন ছবি আছিল “সতী বেউলা।” সুনীল গাংগুলীৰ পৰিচালনাৰে নিৰ্মিত এই ছবিখন আছিল দশম অসমীয়া ছবি। অসমীয়া আৰু বাংলা দুয়োটা ভাষাত নিৰ্মিত এই ছবিখন মূলতঃ বাংলা সংস্কৰণৰ অসমীয়া ৰূপান্তৰ আছিল। ১৯৫৩ চনত মুক্তিপ্ৰাপ্ত ছবিখন পদ্মপুৰাণৰ “বেহুলা-লক্ষীন্দৰ” ৰ আখ্যানৰ আধাৰত নিৰ্মাণ কৰা হৈছিল। বাংলা ভাষাৰ পৰা ছবিখন অসমীয়ালৈ অনুবাদ কৰিছিল প্ৰবীন ফুকনে। ছবি বিশ্বাসৰ লগতে ছবিখনত অভিনয় কৰিছিল জনপ্ৰিয় অভিনেতা ফণী শৰ্মাই। বঙলা ভাষাৰ ৰূপান্তৰ হোৱাৰ বাবে অসমীয়া দৰ্শকৰ ফালৰ পৰা ছবিখনে লাভ নকৰিলে আশানুৰূপ দৰ্শকৰ সঁহাৰি।
নিমিলা অংকঃ
১৯৫৫ চনত মুক্তিপ্ৰাপ্ত একাদশ সংখ্যক অসমীয়া ছবিখন হৈছে “নিমিলা অংক”। লক্ষ্যধৰ চৌধুৰীৰ একে নামৰ নাটক খনৰ ওপৰত ভিত্তি কৰি নিৰ্মিত এই ছবিখনৰ চিত্ৰনাট্য হৈছে লক্ষ্যধৰ চৌধুৰীৰ। হাস্যৰস তথা কৰুণৰ মিশ্ৰিত ৰস থকা এই ছবিখনে অসমীয়া ছবিৰ ধাৰা সলনি কৰাত সহায় কৰিছিল। “ছিৰাজ” ৰ বাহিৰে অসমীয়া কোনো ছবিয়ে সফলতাৰ মুখ নেদেখাত ছবি নিৰ্মাণৰ বাবে প্ৰযোজক পোৱাত অসুবিধা হৈছিল। ফলত, ছবি নিৰ্মাণৰ বাবে চান্দাৰ ব্যৱস্থা কৰা হৈছিল। “নিমাতী কইনা” ছবিখনত অভিনীত কেৱল মাত্ৰ অনুপমা ভট্টাচাৰ্যকহে মাননী দি ৰখা হৈছিল; বাকী প্ৰত্যেক কলা-কুশলীক কাপোৰৰ টোপোলা উপহাৰ স্বৰূপ দিয়া হৈছিল। সাংসাৰিক জীৱনৰ অভাৱ-অনাটন সমূহ দেখুৱাই নিৰ্মাণ কৰা এই ছবিখনৰ মূল লক্ষ্য আছিল নিতৌ অভাৱ অনাটনৰ মাজত জীয়াই থকা তাৰণাক প্ৰদৰ্শিত কৰা। ৬৪ হাজাৰ টকীয়া বাজেটৰ এই ছবিখন গুৱাহাটীৰ ছয়-মাইল, পাঞ্জাবাৰী, ৰাজগড়, ফটাশিল আদি ঠাইত চিত্ৰগ্ৰহণ কৰা হৈছিল।
ছবিখনত অভিনয় কৰিছিল লক্ষ্যধৰ চৌধুৰী, অনুপমা চক্ৰৱৰ্তী, গিৰিজা বেগম, ইৰা, ইলা, লীলা, মঞ্জু, মোৱাজ্জিন আলি, জীৱেশ্বৰ চক্ৰৱৰ্তী, হৰেন দাস, বিভূতি চক্ৰৱৰ্তী, যদু বৰা, সূৰ্য বৰা, হেমেন বৰুৱা, যাদৱ দাস, গংগা শৰ্মা, ক্ষীৰদা বিষয়া, প্ৰবোধ দাস, জীৱন শ্ৰীৰাম মেধি, শংকৰ দাস, ধীৰেন দাস, হীৰেন চাহু, ছৌকৎ বদিউৰজ্জামাল, জিণ্টু দত্ত, ললিত বৰা, পূৰ্ণ বৰুৱা, বিমল নাথ, মহম্মদ তাহেৰ, ধৰ্মেশ্বৰ মহন্ত, বীৰেন দত্ত, চাম হুদ, কেশৱ নাথ, তফজ্জুল আলি, আৰ. এন. গোৱেঙ্কা, তাহেউৰ জামাল, ধীৰাজ দাস,ৰমেশ দাস, মহেন্দ্ৰ বৰদলৈ, কিশোৰী পাঠক, কৰুণা শৰ্মা, বকুল বৰুৱা, বীৰেন নাহা আৰু প্ৰিয় দাসে।
পিঁয়লি ফুকনঃ
১৯৫৫ চনত মুক্তিপ্ৰাপ্ত এই ছবিখন পৰিচালনা কৰিছিল ফণী শৰ্মাই। পিয়লী ফুকনৰ জীৱন কাহিনীৰে নিৰ্মিত এই ছবিখনৰ প্ৰযোজনা কৰিছিল গামা প্ৰসাদ আগৰৱালায়ে (ৰূপজ্যোতি প্ৰডাকচন)। ছবিখনত অভিনয় কৰিছিল ফণী শৰ্মা,ৰেবেকা আচাও, ইভা আচাও, চন্দ্ৰধৰ গোস্বামী, হীৰেণ চৌধুৰী, জ্ঞানদা কাকতি, বীণা দাস মান্না,ৰমেশ শৰ্মা, তুলসী দাস, ভূপেন বৰুৱা, দূৰ্গা গোস্বামী, বিবেক আগৰৱালা, নেইমুদ্দিন, ঝৰ্ণা আৰু নয়নীয়ে।
সৰাপাতঃ
কেৱল মাত্ৰ ২১ বছৰ বয়সতে আনোৱাৰ হুছেইনে পৰিচালনা কৰা অসমীয়া ছবিখন হৈছে “সৰাপাত”। ১৯৫৬ চনত মুক্তিপ্ৰাপ্ত এই ছবিখনৰ প্ৰিন্ট বৰ্তমানেও “নেশ্বনেল ফিল্ম অৰ্কাইভ অৱ ইণ্ডিয়া” ত সংৰক্ষণ কৰি ৰখা হৈছে। সমগ্ৰ ভাৰততেই ইমান কম বয়সত কোনোৱে পৰিচালনাৰ বৃত্তিত নমা নাছিল।
ধনী-দুখীয়াৰ মাজত হোৱা এক উচ্চ-নীচৰ ভাৱক কেন্দ্ৰ কৰি “সৰাপাত” নিৰ্মাণ কৰা হৈছিল। মৌজাদাৰৰ ঘৰত আশ্ৰয় লৈ থকা শেৱালি আৰু মৌজাদাৰৰ পুত্ৰ জীৱনৰ প্ৰেম কাহিনীত খলনায়ক হিচাপে থকা মৌজদাৰৰ দ্বিতীয় পত্নী সাৱিত্ৰীক কেন্দ্ৰ কৰিয়েই ঘূৰিছে “সৰাপাত” ৰ কাহিনীভাগ। সাৱিত্ৰীৰ কু-বুদ্ধিৰ বাবেই থান-বান হৈ পৰে মৌজাদাৰৰ সুখৰ সংসাৰ। এয়াই হৈছে ছবিখনৰ কাহিনীভাগ।”সৰাপাত” ত অভিনয় কৰিছিল ফণী শৰ্মা, গিৰিশ চৌধুৰী, জ্ঞানদা কাকতি, অনুপমা ভট্টাচাৰ্য, ৰুণুমী ভট্টাচাৰ্য, ধীৰু ভূঞা, হেমেন চৌধুৰী,শৈলধৰ বৰুৱা আৰু শিশু শিল্পী জ্বলী হাজৰিকাই।
স্মৃতিৰ পৰশঃ
১৯৫৬ চনত মুক্তি প্ৰাপ্ত এই ছবিখন পৰিচালনা কৰিছিল নিপ বৰুৱাই। বৰুৱা আৰ্টছ প্ৰডাকচনৰ বেনাৰত নিৰ্মিত এই ছবিখনৰ সংগীত পৰিচালক ৰূপে আছিল ব্ৰজেন বৰুৱা। উক্ত ছবিখনত অভিনয় কৰিছিল দূৰ্গেশ্বৰ বৰঠাকুৰ, নিভা বৰুৱা, তুলসী গোবিন্দ বৰুৱা, ননী কাকতি, ৰম্ভা বৰুৱা, যদু বৰা, গিৰিণ বৰুৱা, তৰুণ নাথ, চামচুল হুডা, অমলেন্দু বাগচী, বিমল নাথ আৰু ঋষিকেশ মূখাৰ্জীয়ে।
লখিমীঃ
১৯৫৬ চনত মুক্তিপ্ৰাপ্ত এখন অসমীয়া ছবি হৈছে “লখিমী”। ভৱেন দাসৰ কাহিনী, চিত্ৰনাট্য আৰু পৰিচালনাৰে নিৰ্মিত এই ছবিখনৰ প্ৰযোজনা লখিমী প্ৰডাকচনচৰ লগতে ছবিখনৰ সংগীত আছিল ব্ৰজেন বৰুৱাৰ। সেউজী গাঁৱৰ বাসিন্দা মধু মাষ্টৰৰ পৰিয়ালৰ বিভিন্ন ঘটনা-পৰিঘটনাৰে নিৰ্মিত কাহিনীয়েই হৈছে “লখিমী”।
মধু মাষ্টৰৰ পুত্ৰৰ বিধৱা বোৱাৰী লখিমীয়ে ঘৰৰ প্ৰত্যেকটো সদস্যক নিজ মৰম-স্নেহেৰে বান্ধি ৰাখিছিল যদিও লখিমীৰ এই ব্যৱহাৰত ইৰ্ষান্বিত হৈ মাষ্টৰৰ দ্বিতীয় পত্নীয়ে তাইক নিজ পিতৃ গৃহলৈ পঠিয়াই দিয়ে। কিন্তু পিছলৈ ঘটনাক্ৰমে, মাষ্টৰৰ দ্বিতীয় পত্নীৰ চকু খোল খায় আৰু পুনৰবাৰ লখিমীক আদৰি লয়। এয়াই হৈছে “লখিমী” ৰ কাহিনীভাগ। ছবিখনত অভিনয় কৰিছে প্ৰবীণ ফুকন, জ্ঞানদা কাকতি, ৰাণু ডেকা, বিমল বৰুৱা, অনিল দাস, শুভ বৰুৱা, অমলেন্দু বাগ্চী, পূৰ্ণিমা বৰুৱা, বিমল নাথ আৰু শিশু গশিল্পী কল্পনা বৰুৱাই।
এৰা বাটৰ সুৰঃ
১৯৫৬ চনত ড° ভূপেন হাজৰিকাৰ পৰিচালনাৰে আৰু বি.পি ফিল্মৰ প্ৰযোজনাৰে নিৰ্মিত এই ছবিখন মুক্তি লাভ কৰিছিল ১৯৫৬ চনৰ ৩০ নৱেম্বৰ তাৰিখে। ইয়াত অভিনয় কৰিছিল ফণী শৰ্মা, বিষ্ণু প্ৰসাদ ৰাভা, বলৰাজ সাইনী, বিজয় শংকৰ, ইভা আচাওঁ, তাচ্ছাডুক ইউচুফ, অনিল দাস আৰু পূণ্য দেউৰা আদিয়ে।
মাক আৰু মৰমঃ
১৯৫৭ চনত মুক্তিপ্ৰাপ্ত এই ছবিখন আছিল সামাজিক ধৰ্মী। নিপ বৰুৱাৰ দ্বাৰা পৰিচালিত দ্বিতীয় খন ছবি হোৱাৰ উপৰিও “মাক আৰু মৰম” ছবিখনৰ প্ৰযোজনা কৰিছিল ব্ৰজেন বৰুৱাই। ইয়াত অভিনয় কৰিছিল ব্ৰজেন বৰুৱা ,দ্বিৱন বৰুৱা, নিজৰা চৌধুৰী, নেইমুদ্দিন, ভোলা কাকতি, নীৰা, অমলেন্দু বাগচী আৰুমাষ্টাৰ অমৰজ্যোতি আদিয়ে।
ধুমুহাঃ
১৯৫৭ চনত মুক্তিপ্ৰাপ্ত এখন অন্যতম কলা-বগা অসমীয়া ছবি হৈছে “ধুমুহা”। ফণী শৰ্মাৰ কাহিনী, চিত্ৰনাট্য, পৰিচালনাৰে নিৰ্মিত এই ছবিখনৰ সংগীত আছিল ড° ভূপেন হাজৰিকাৰ। ড° ভূপেন হাজৰিকাকো অতিথি শিল্পী ৰূপে কিছু সময়ৰ বাবে উক্ত ছবিখনত দেখিবলৈ পোৱা যায়।
দ্বিতীয় বিশ্বযুদ্ধৰ সময়ছোৱাত অসমীয়া ব্যৱসায়ী এগৰাকীৰ পুত্ৰৰ কাহিনীৰে আগবাঢ়ে ছবিখনৰ কাহিনীভাগ। দূৰ্ভাগ্য বশতঃ ব্যৱসায়ী জনৰ পৰিয়ালবৰ্গ জাপানৰ আগ্ৰাসনৰ প্ৰকোপত অসমলৈ উভতি আহে যদিও তেওঁলোকৰ হাতৰ পৰা হেৰাই যায় তেওঁলোকৰ পুত্ৰ “পোনা”। পিছলৈ, এই “পোনা” ডাঙৰ হৈ ব্যৱসায়ীজনৰ ঘৰতেই অৰ্থাৎ নিজ পিতৃ-মাতৃৰ তাত লগুৱা ৰূপে থাকিবলৈ লয়। এয়াই হৈছে ছবিখনৰ কাহিনীভাগ।ছবিখনত অভিনয় কৰিছিল ফণী শৰ্মা,তুলসী দাস, চন্দ্ৰধৰ গোস্বামী, হিতেশ্বৰ মহন্ত, কুলেন গোস্বামী, দুলাল গোস্বামী, অমলেন্দু বাগছি, দূৰ্লভ শইকীয়া, দয়াল দত্ত, তৰুণ দুৱৰা আৰু চামছুল হুদায়ে।
ৰঙা পুলিচঃ
১৯৫৮ জানুৱাৰী মাহত মুক্তিপ্ৰাপ্ত “ৰঙা পুলিচ” প্ৰথমখন অসমীয়া ছবি যিয়ে ৰাষ্ট্ৰপতিৰ পদক লাভ কৰিছিল। যোৰহাটত গঢ় লৈ উঠা “মিলিত শিল্পী সমাজ” নামৰ এটা সাংস্কৃতিক অনুষ্ঠানে ৰমেশ শৰ্মাই ৰচনা কৰা “ৰঙা পুলিচ” নামে নাটখন নিবেদন কৰিছিল। নাটখনক কেন্দ্ৰ কৰিয়েই নিৰ্মাণ কৰা হৈছিল “ৰঙা পুলিচ”। নাটখন চাবলৈ তাত উপস্থিত হৈছিল নিপ বৰুৱা আৰু ব্ৰজেন বৰুৱা। ছবিখনত অভিনয় কৰে জ্ঞানদা কাকতি, নিপ বৰুৱা,ডা: মুনিন বৰুৱা, তিলমিজুৰ ৰহমান, চৈয়দ আব্দুল মালিক, আব্দুল মজিদ, ভোলা কাকতি, বীণা বৰুৱা, নন্দেশ্বৰ,অমৰ, ছাত্তৰা, চক্ৰেশ্বৰ, জুলকিৰণ,দীপ আৰু ৰীণাই।
নতুন পৃথিৱীঃ
১৯৫৮ চনত মুক্তিপ্ৰাপ্ত এই ছবিখনৰ পৰিচালনা কৰিছিল আনোৱাৰ হুচেইন। ছবিখনত সংগীত পৰিচালক ৰূপে কাম কৰিছিল মুকুল বৰুৱা আৰু ৰাজেশ্বৰ বৰদলৈয়ে। ছবিখনত অভিনয় অনুপমা ভট্টাচাৰ্য্য, বিমল নাথ, বেবী ৰুমা, পদ্ম দেৱী, সৰ্বানন্দ পাঠক, মলয়া দাস, তন্দ্ৰা বৰ্মন আৰু হেমেন চৌধুৰীয়ে।
ভক্ত প্ৰহ্লাদঃ
৫০-৬০ দশকত যেতিয়া অসমীয়া ধৰ্মমূলক ছবি নিৰ্মাণৰ এক ঢৌ উঠিছিল; ঠিক সেইটো সময়তে নিৰ্মিত ভক্তিমূলক ছবি সমূহৰ ভিতৰত উল্লেখযোগ্য এখন আছিল “ভক্ত প্ৰহ্লাদ”। ১৯৫৮ চনত মুক্তিপ্ৰাপ্ত এই ছবিখনৰ পৰিচালনা তথা প্ৰযোজনা কৰিছিল নিপ বৰুৱাই। লগতে, ছবিখনৰ কাহিনী সংগ্ৰহ কৰিছিল অমলেন্দু বাগ্চীয়ে।
সত্যযুগত বিষ্ণুভক্ত প্ৰহ্লাদৰ নিজ পিতৃয়ে কেনে দূৰ্দশা কৰে তাৰেই কাহিনীভাগ দেখুওৱা হৈছে ছবিখনত। বিষ্ণুভক্তি তথা ভগৱানৰ ওপৰত ৰখা আশ্বাসৰ বলত কেনেদৰে দুখ-দূৰ্গতিৰ পৰা ৰক্ষা পাব পাৰি তাৰেই হৈছে “ভক্ত প্ৰহ্লাদ” ৰ কাহিনীভাগ। ছবিখনত অভিনয় কৰিছে সৰ্বেশ্বৰ চক্ৰৱৰ্তী, ফণী শৰ্মা, ইভ আচাও, শৰত দাস, অমলেন্দু বাগ্চী আৰু মানিক দাসে।
কেঁচা সোণ:
১৯৫৯ চনত অসম চৰকাৰৰ দ্বাৰা মুক্ত প্ৰথম খন অসমীয়া ছবি হৈছে “কেঁচা সোণ”। ফণী শৰ্মাৰ পৰিচালনাৰে নিৰ্মিত এই ছবিখনৰ কাহিনী, চিত্ৰনাট্য আছিল ভৰত বৰপূজাৰীৰ। লগতে, ছবিখনৰ সংগীত আছিল ড° ভূপেন হাজৰিকাৰ। এখন চাহ বাগিছাৰ বনুৱা শ্ৰেণীৰ লোক তথা বৰবাবু জগন্নাথ ভূঞাৰ কাহিনীক কেন্দ্ৰ কৰিয়েই ঘূৰিছে “কেঁচা সোণ”।
জগন্নাথে প্ৰায়ে বনুৱা শ্ৰেণীৰ লোক সকলক ওপৰত উঠাবলৈ চেষ্টা কৰিছিল যদিও এবাৰ তাৰেই এগৰাকী ডাক্তৰৰ সৈতে মতভেদৰ সৃষ্টি হয় আৰু তেওঁ বাগিচাখন এৰিবলগীয়াত পৰে। গাঁৱলৈ উভতি আহি জগন্নাথ অসহযোগ আন্দোলনৰ সৈতে জড়িত হৈ পৰে। তেনে সময়তে বনুৱা এজনৰ মৃত্যু হোৱাত তেওঁৰ পুত্ৰক জগন্নাথে নিজ ঘৰলৈ লৈ আনি পঢ়াই-শুনাই ডাঙৰ দীঘল কৰে। ইয়াৰ পিছতেই ঘটা কিছু ঘটনাৰ আঁৰ লৈ নিৰ্মাণ কৰা হৈছিল “কেঁচা সোণ”। ছবিখনত অভিনয় কৰিছে চন্দ্ৰধৰ গোস্বামী, ইভা আচাও, ৰেবেক আচাও, মনোমতী গগৈ, তিলক দুৱৰা, গোলাপ শৰ্মা, অজিত সিংহ, গগন বৰুৱা, বিভূতি কলিতা, ভৰত বৰপূজাৰী, প্ৰীতি বৰা আৰু স্বাগতা চক্ৰৱৰ্তীয়ে।
চাকনৈয়া:
১৯৫৯ চনত মুক্তিপ্ৰাপ্ত এখন অসমীয়া ছবি হৈছে “চাকনৈয়া”। দুই ভাতৃৰ ভাতৃত্ববোধ তথা দায়িত্ববোধৰ কাহিনীৰে নিৰ্মিত এই ছবিখনৰ পৰিচালনা কৰিছিল শৈল বৰুৱাই। দূৰ্গেশ্বৰ বৰুৱাৰ চিত্ৰনাট্য, কাহিনী, সংলাপেৰে ৰচিত এই ছবিখনৰ প্ৰযোজনাৰ দায়িত্ব লৈছিল অতুল বৰুৱা আৰু দেৱেন মেধিয়ে।
দুই ভাতৃ ক্ৰমে জুবিন আৰু গোবিনে ঘটনাৰ পাকচক্ৰত সোমাই দূৰ হ’বলগীয়া হয়। গোবিনে নিজৰ ঘৈণীয়েকৰ কথা মতে ভায়েকৰ পৰা দূৰ হৈ যায়। কিন্তু, পিছলৈ ভাতৃ স্নেহৰ পৰা বিৰত থাকিব নোৱাৰি দুয়ো দুয়োৰে কাষ চাপে। এয়াই হৈছে ছবিখনৰ কাহিনীভাগ।ছবিখনত অভিনয় কৰিছে জ্ঞানদা কাকতি,বীণা বৰুৱা, তুলসী দাস, সৰ্বেশ্বৰ চক্ৰৰ্ৱতী, বেলা দালাল, অনুশ্ৰী বৰদলৈ, সুবোধ গগৈ, দূৰ্গেশ্বৰ বৰঠাকুৰ আৰু অনিল দাসে।
পূবেৰুণ:
১৯৫৯ চনত মুক্তিপ্ৰাপ্ত “পুবেৰুণ” হৈছে প্ৰথম খন অসমীয়া ছবি; য’ত বিদেশী শিল্পীয়ে অভিনয় কৰে। প্ৰভাত মূখাৰ্জীৰ দ্বাৰা পৰিচালিত তথা কে.চি ৰয় আৰু পাজি দাসৰ দ্বাৰা প্ৰযোজিত এই ছবিখন মাতৃ-পুত্ৰৰ সম্পৰ্কৰ কিছু ঘাত-প্ৰতিঘাতৰ ওপৰত কেন্দ্ৰ কৰি নিৰ্মাণ কৰা হয়। ছবিখনত অভিনয় কৰে জ্ঞানন্দা বৰুৱা, ৰাধা গোৱিন্দ বৰুৱা, গ্ল’ৰিয়া, বীণা বৰুৱা, মাৰ্গাৰেট এণ্ডাৰছন, ৰেবেকা আচাও, তচদ্দুক ইউচুফ, পাজী দাস, চঞ্চল দাস, ডাঃ খগেন ৰায়, গৌতম বৰুৱা আৰু বেবী ৰুমাই।
আমাৰ ঘৰঃ
১৯৫৯ চনত মুক্তি পাইছিল অসমীয়া “আমাৰ ঘৰ” শীৰ্ষক ছবিখনে। ছবিখনৰ পৰিচালনা কৰিছিল নিপ বৰুৱাই। ছবিখনৰ বিষয়ে অধিক জানিব পৰা হোৱা যদিও ক’ব পাৰি যে নিপ বৰুৱাৰ দ্বাৰা পৰিচালিত “আমাৰ ঘৰ” হৈছে এখন পৰিয়ালকেন্দ্ৰিক ছবি। আছলতে, নামটোৱে দৰ্শকক ছবিখনৰ কিছু আভাষ দিয়াত সহায় কৰে। ছবিখনত অভিনয় কৰিছিল বিজয় শংকৰ আৰু বিনা বৰুৱাই। ১৯৫৯ চনৰ ৪ ডিচেম্বৰ তাৰিখে মুক্তি লাভ কৰা এই ছবিখনৰ সংগীত পৰিচালক হিচাপে কাম কৰিছিল নিপ বৰুৱাৰে ভাতৃ ব্ৰজেন বৰুৱাই।
সেয়া আছিল ১৯৩৫ চনৰ ১০ মাৰ্চ। সেইদিনাই মুক্তি লাভ কৰিছিল প্ৰথমখন অসমীয়া ছবি ‘জয়মতী’। জ্যোতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰা ‘জয়মতী’ৰে আৰম্ভ হোৱা অসমীয়া ছবিৰ যাত্ৰাই ইতিমধ্যে ৮৫টা বৰ্ষ অতিক্ৰম কৰিলে। ক’লা-বগাৰ যুগৰ পৰা ৰঙীন যুগলৈ, ‘জয়মতী’ৰ পৰা একেবাৰে শেহতীয়াকৈ মুক্তি পোৱা ‘তুমি আৰু মই’ (১৩ মাৰ্চ, ২০২০) ছবিখনলৈ। সুদীৰ্ঘ ৮৫টা বৰ্ষত নিৰ্মাণ হ’ল ৪৫০ খনৰো অধিক অসমীয়া ছবি। গড় হিচাপত বছৰি প্ৰায় ৫ খনকৈ ছবি নিৰ্মাণ হ’লেও এই ছবি সমূহৰ মাজৰে ভালেসংখ্যক ছবিয়ে ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সন্মান অৰ্জন কৰিবলৈ সক্ষম হৈছে। ১৯৫৫ চনৰ ২ ডিচেম্বৰত মুক্তি লাভ কৰা ফণী শৰ্মা পৰিচালিত ‘পিয়লি ফুকন’ ছবিখনে প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় পৰ্যায়ত ‘চাৰ্টিফিকেট অৱ মেৰিট’ লাভ কৰিছিল। ইয়াৰ পিছতে ১৯৫৭ চনৰ ১০ মে’ত মুক্তি পোৱা নিপ বৰুৱা পৰিচালিত ‘মাক আৰু মৰম’ নামৰ ছবিখনেও ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ ‘চাৰ্টিফিকেট অব মেৰিট’ লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনে। ১৯৫৮ চনৰ ৪ এপ্ৰিলত মুক্তি পোৱা নিপ বৰুৱাৰ ‘ৰঙা পুলিচ’ নামৰ ছবিখনে প্ৰথমখন অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবি হিচাপে ৰাষ্ট্ৰীয় বঁটাৰ ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক লাভ কৰে।
সেইদৰে ১৯৫৯ চনৰ ১৮ ছেপ্টেম্বৰত মুক্তি পোৱা ‘পূবেৰুণ’ ছবিখনে শ্ৰেষ্ঠ অসমীয়া ছবিৰ বাবে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক লাভ কৰাৰ লগতে কোনো এক আন্তজাৰ্তিক চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত প্ৰথমখন অসমীয়া ছবি হিচাপে গৌৰৱ অৰ্জন কৰে। ছবিখন প্ৰদৰ্শিত হৈছিল বাৰ্লিন চলচ্চিত্ৰ মহোৎসৱত। ইয়াৰ পৰৱৰ্তী সময়তো ভালেসংখ্যক অসমীয়া ছবিয়ে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ অলেখ সন্মান কঢ়িয়াই অনাৰ উপৰি বহু আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱতো প্ৰদৰ্শিত হোৱাৰ লগতে পুৰস্কৃত হ’বলৈও সক্ষম হয়। কিন্তু প্ৰথমটো শীৰ্ষতম পুৰস্কাৰ ৰাজ্যখনলৈ কঢ়িয়াই আনে জাহ্নু বৰুৱা পৰিচালিত ‘হালধীয়া চৰায়ে বাওঁধান খায়’ নামৰ ছবিখনে। ১৯৮৭ চনৰ ২১ আগষ্টত মুক্তি পোৱা এই ছবিখনে দেশৰ ভিতৰতে শ্ৰেষ্ঠ ছবি হিচাপে বিবেচিত হৈ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ স্বৰ্ণকমল লাভ কৰে আৰু পোন প্ৰথমবাৰৰ বাবে এই ছবিখনৰ জৰিয়তে অসমলৈ আহে শ্ৰেষ্ঠ ছবিৰ সন্মান। ভাৰতীয় পেন’ৰামাতো প্ৰদৰ্শিত হৈছিল এই ছবিখন। এই ছবিখনত অভিনয় কৰিয়েই প্ৰয়াত অভিনেতা ইন্দ্ৰ বণিয়াই লোকাৰ্ণো চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ অভিনেতাৰ পুৰস্কাৰ লাভ কৰিছিল আৰু ছবিখনেও দ্বিতীয় শ্ৰেষ্ঠ ছবিৰ পুৰস্কাৰ লাভ কৰিছিল। এনে এক শীৰ্ষতম বঁটা অসমলৈ অহাৰ পূৰ্বে অৱশ্যে আন কেইবাখনো ছবিয়ে অসমলৈ কঢ়িয়াই আনিছিল ভালেকেইটা শীৰ্ষস্থানীয় বঁটা। ১৯৭৫ চনৰ ১০ অক্টোবৰত মুক্তিলাভ কৰা আব্দুল মজিদ পৰিচালিত ‘চামেলি মেমচাহাব’ ছবিখনে শ্ৰেষ্ঠ অসমীয়া ছবিৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰাৰ লগতে এই ছবিখনৰ জৰিয়তেই ড০ ভূপেন হাজৰিকাই ৰাজ্যখনলৈ কঢ়িয়াই আনিছিল শ্ৰেষ্ঠ সংগীত পৰিচালকৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা। সেইদৰে ১৯৮৫ চনৰ ২৭ ডিচেম্বৰত মুক্তি লাভ কৰা ড০ ভৱেন্দ্ৰ নাথ শইকীয়াৰ ‘অগ্নিস্নান’ ছবিখনে শ্ৰেষ্ঠ চিত্ৰনাট্যৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ৰাজ্যখনলৈ কঢ়িয়াই আনিছিল। ১৯৮৯ চনত জাহ্নু বৰুৱাৰ ‘বনানী’ ছবিখনে শ্ৰেষ্ঠ পৰিৱেশমূলক ছবি হিচাপে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে। অসমলৈ প্ৰথমবাৰৰ বাবে দেশৰ ভিতৰতে শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আহে ১৯৯১ চনৰ ২০ ডিচেম্বৰত মুক্তি লাভ কৰা জাহ্নু বৰুৱাৰ ‘ফিৰিঙতি’ শীৰ্ষক ছবিখনৰ জৰিয়তে। এই ছবিখনত ৰিতু নামৰ চৰিত্ৰটোত অভিনয় কৰি অভিনেত্ৰী মলয়া গোস্বামীয়ে লাভ কৰিছিল দেশৰ ভিতৰতে শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা। ‘ফিৰিঙতি’ ছবিখনে দ্বিতীয় শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাও লাভ কৰে।
Read Also: ভবেন্দ্ৰ নাথ শইকীয়া জীৱনী | Bhabendra Nath Saikia Biography
১৯৯৩চনৰ ৩ ছেপ্টেম্বৰত মুক্তি পোৱা সঞ্জীৱ হাজৰিকা পৰিচালিত ‘হলধৰ’ ছবিখনৰ জৰিয়তে অসমলৈ আহে পৰিচালকৰ প্ৰথম ছবিৰ শিতানত শ্ৰেষ্ঠ পৰিচালকৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা। ইন্দিৰা গান্ধী স্বৰ্ণকমল সন্মান লাভ কৰে ছবিখনৰ পৰিচালক সঞ্জীৱ হাজৰিকাই। পৰৱৰ্তী সময়ত ১৯৯৫চনৰ ১৩ অক্টোবৰত মুক্তি পোৱা ‘সাগৰলৈ বহু দূৰ’ ছবিখনৰ জৰিয়তে শ্ৰেষ্ঠ পৰিচালকৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে জাহ্নু বৰুৱাই। ইফালে ১৯৯৬ চনৰ ১৩ ডিচেম্বৰত মুক্তি পোৱা বিদ্যুৎ চক্ৰৱৰ্তী পৰিচালিত ‘ৰাগ-বিৰাগ’ ছবিখনৰ জৰিয়তে অসমলৈ দ্বিতীয়বাৰৰ বাবে আহে পৰিচালকৰ প্ৰথম ছবিৰ শিতানত শ্ৰেষ্ঠ পৰিচালকৰ সন্মান। এই ছবিখনৰ জৰিয়তে পৰিচালক বিদ্যুৎ চক্ৰৱৰ্তীয়ে লাভ কৰে ‘ইন্দিৰা গান্ধী স্বৰ্ণকমল’ সন্মান।
১৯৯৭ চনৰ ১৯ ডিচেম্বৰত মুক্তি পোৱা ডাঃ সান্ত্বনা বৰদলৈ পৰিচালিত ‘অদাহ্য’ ছবিখনে ভালেসংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা কঢ়িয়াই আনে অসমলৈ। শ্ৰেষ্ঠ অসমীয়া ছবি হিচাপে পুৰস্কৃত হোৱাৰ লগতে ছবিখনৰ চিনেমাটোগ্ৰাফাৰ প্ৰয়াত মৃণালকান্তি দাসে শ্ৰেষ্ঠ চিনেমাটোগ্ৰাফাৰ বঁটা, অভিনেত্ৰী ভাগিৰথীয়ে জুৰিৰ বিশেষ বঁটা লাভ কৰে। তদুপৰি এই ছবিখনে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আন বহুকেইটা সন্মান লাভ কৰিবলৈ সক্ষম হয়। ২০০৩ চনৰ ১৪ নবেম্বৰত মুক্তি পোৱা মঞ্জু বৰা পৰিচালিত ‘আকাশীতৰাৰ কথাৰে’ ছবিখনে শ্ৰেষ্ঠ অসমীয়া ছবিৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰাৰ লগতে এই ছবিখনৰ জৰিয়তে প্ৰথমবাৰৰ বাবে অসমলৈ শ্ৰেষ্ঠ নেপথ্য গায়িকাৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা কঢ়িয়াই আনে তৰালি শৰ্মাই। ২০০৪ চনৰ ৯ জানুৱাৰীত সঞ্জীৱ সভাপণ্ডিত পৰিচালিত ‘জুয়ে পোৰা সোণ’ ছবিখনে শ্ৰেষ্ঠ পৰিৱেশ সংৰক্ষণমূলক শিতানত দেশৰ ভিতৰতে শ্ৰেষ্ঠ হৈ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে। ২০০৯ চনৰ ২২ মে’ত মুক্তি পোৱা মঞ্জু বৰা পৰিচালিত ‘আই ক’ত নাই’ ছবিখনে ৰাষ্ট্ৰীয় একতাৰ শিতানত শ্ৰেষ্ঠ হৈ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ নাৰ্গিছ দত্ত বঁটা লাভ কৰে। কেৱল এয়াই নহয়, অসমৰ আন ভালেসংখ্যক ছবিয়ে শ্ৰেষ্ঠ অসমীয়া ছবিৰ ৰজত কমল লাভ কৰাৰ লগতে আন বহু শিতানত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। ১৯৬৯ চনত মুক্তি পোৱা ‘ড০ বেজবৰুৱা’ ছবিখনে যিদৰে অসমীয়া ছবিজগতলৈ এক নতুন ধাৰা আনিছিল ঠিক সেইদৰে এক ভয়াৱহ পৰ্যায়লৈ যোৱা অসমীয়া ছবি উদ্যোগলৈ আশাৰ ৰেঙনি কঢ়িয়াই আনিছিল ১৯৯৮চনত মুক্তি পোৱা ‘যৌৱনে আমনি কৰে’ ছবিখনে। অস্কাৰৰ নমিনেচনৰ বাবে ভাৰতৰ পৰা অফিছিয়েল এন্ট্ৰী হিচাপেও প্ৰেৰণ কৰা হৈছিল ৰীমা দাসৰ ‘ভিলেজ ৰকষ্টাৰ’ নামৰ অসমীয়া ছবিখন। দেশ-বিদেশত ইতিমধ্যেই উজলিছে বহু অসমীয়া ছবি। অসমীয়া ছবিলৈ দুৰ্যোগো আহিছে আৰু সেই দুৰ্যোগৰ পৰা সময়ে সময়ে মুক্ত হ’বলৈ সক্ষম হৈছে। উত্থান-পতনৰ মাজেৰেই ৮৫টা বৰ্ষ অতিক্ৰম কৰিলে অসমীয়া ছবিজগতে। আহি থকা দিনবোৰত অসমীয়া ছবিয়ে অধিক সফলতা লাভ কৰক। এই সপোন ছবিজগতৰ সৈতে জড়িত হৈ থকা প্ৰতিগৰাকী শিল্পী কলা-কুশলীৰ।
Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.