Assam Day | অসম দিৱস

আজিৰ দিনটো অসমবাসীয়ে ‘অসম দিৱস’ (Assam Day) বা ‘চ্যুকাফা দিৱস’ হিচাপে উলাহত পালন কৰি আহিছে। এই দিনটো অসমৰ ইতিহাসত এক বিশেষ স্থান লাভ কৰিছে। সেই বাবে স্বৰ্গদেও চাওলুং চ্যুকাফাৰ স্মৃতিত আৰু তেওঁৰ ইতিহাসিক পৰিৱৰ্তনৰ স্মৰণত প্ৰতিবছৰে এই দিনটো ‘অসম দিৱস’ হিচাপে পালন কৰা হয়। অসম দিৱস, যাক চ্যুকাফা দিৱস (ইংৰাজী: Assam Day) বুলিও জনা যায়, অসমৰ ইতিহাসত আহোম ৰাজবংশৰ প্ৰথম স্বৰ্গদেউ চাওলুং চ্যুকাফাৰ স্মৃতিত প্ৰতিবছৰে পালন কৰা এটি বিশেষ দিন। চ্যুকাফা দিৱস অসমবাসীৰ বাবে এক গুৰুত্বপূর্ণ আৰু ঐতিহাসিক দিৱস। প্ৰতি বছৰৰ ২ ডিচেম্বৰত উদযাপন কৰা এই দিনটোৱে আহোম ৰাজ্যৰ প্ৰতিষ্ঠাতা চ্যুকাফাৰ বিৰাট অৱদানক স্মৰণ কৰে।  ১২২৮ চনৰ এই দিনটোতেই চ্যুকাফা আৰু তেওঁৰ সৈতে অহা আহোমসকলে পাটকাই পৰ্বত পাৰ হৈ সৌমাৰ অঞ্চলত উপস্থিত হৈ আহোম ৰাজ্য (মু’ঙ দ’ন চ’ন খাম) স্থাপন কৰিছিল বুলি জনা যায়। অসমবাসীয়ে ১৯৮৭ চনৰ পৰা এই দিনটো ‘‘অসম দিৱস’’ হিচাপে আনুষ্ঠানিকভাৱে উদযাপন কৰি আহিছে। ১২২৮ চনৰ ২ ডিচেম্বৰ (১৬ আঘোণ) তাৰিখে চাওলুং চ্যুকাফাই পাটকাই পৰ্বত পাৰ হৈ আহোম ৰাজ্যৰ আধাৰশিলা স্থাপন কৰিছিল। এই দিনটোক চিৰস্মৰণীয় কৰি ৰাখিবলৈ ছৈখোৱা অঞ্চলৰ ভীমকান্ত বুঢ়াগোহাঁই নামৰ এজন সমাজকৰ্মীয়ে ১৯৭২ চনত আৰম্ভ কৰা এক উদ্যমই পাছত ‘‘অসম দিৱস’’ৰ ৰূপ লৈ লয়।

Assam Day | অসম দিৱস
Join Telegram channel

Read also: Bir Chilarai Divas |  বীৰ চিলাৰায় দিৱস

১৯৭২ চনত ছৈখোৱা অঞ্চলৰ সমাজকৰ্মী ভীমকান্ত বুঢ়াগোহাঁইয়ে ২ ডিচেম্বৰ দিনটো চ্যুকাফা দিৱস ৰূপে পালন কৰিবলৈ আগ্ৰহী হৈ শদিয়াৰ মৌজাদাৰ আৰু শদিয়া আঞ্চলিক ছাত্ৰসন্থাৰ সৈতে আলোচনা আৰম্ভ কৰে। সকলোৰে মতামত লাভ কৰি, তেওঁ শদিয়াৰ পাটিদৈ নগাঁৱৰ ৰাজগড় প্ৰথমিক বিদ্যালয়ত প্ৰথমবাৰৰ বাবে এই দিৱস উদযাপনৰ পৰিকল্পনা কৰে। ১৯৭৩ চনত একে ঠাইত ক্ষুদ্ৰ আকাৰত চ্যুকাফা দিৱস পালন কৰা হয়, কিন্তু ১৯৭৪ চনত এই দিৱস বৃহৎ পৰিসৰত আৰু আকৰ্ষণীয়ভাৱে উদযাপন কৰা হয়।

শদিয়াৰ তেতিয়াৰ মৌজাদাৰ, ভীমকান্ত বুঢ়াগোহাঁই আৰু বিখ্যাত বৰঞ্জীবিদ ভবানন্দ বুঢ়াগোহাঁইৰ নেতৃত্বত অনুষ্ঠিত হোৱা সভাখনত শদিয়াৰ সকলো চৰকাৰী আৰু বেচৰকাৰী সংগঠন-প্ৰতিষ্ঠানে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে। সভাখনৰ শুভাৰম্ভ কৰে অসম সাহিত্য সভাৰ তেতিয়াৰ সভাপতি মহেন্দ্ৰ বৰাই। সভাখনৰ নিৰ্দিষ্ট বক্তা আছিল ড॰ নগেন শইকীয়া আৰু সভাপতিত্ব কৰে ড॰ লীলা গগৈয়ে।

ড॰ লীলা গগৈয়ে তেওঁৰ বক্তৃতাৰ সময়ত ২ ডিচেম্বৰক চ্যুকাফা দিৱস বা ‘অসম দিৱস’ (Assam Day) হিচাপে চৰকাৰী বন্ধ ঘোষণা কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনোৱাৰ প্ৰয়োজনীয়তা ওপঙাই তুলিছিল।

১৯৮১ চনত শিৱসাগৰ জিলাৰ চৰাইদেউত প্ৰথমবাৰৰ বাবে চ্যুকাফা দিৱস  বা ‘অসম দিৱস’ (Assam Day)  উদযাপন কৰা হৈছিল। সেই সময়ৰ পৰা বহুতো জাতীয় সংগঠনে এই দিনটো ‘চ্যুকাফা দিৱস’ হিচাপে চৰকাৰী স্বীকৃতি দিয়াৰ দাবী জনাই আহিছে।

১৯৮৭ চনত ড॰ লীলা গগৈ, পদ্ম বৰকটকী আৰু ড॰ ধ্ৰুৱজ্যোতি বৰাই ১ মাৰ্চ তাৰিখে প্ৰকাশিত ‘আজিৰ সময়’ কাকতৰ এক বিশেষ সংখ্যাত চ্যুকাফাৰ ওপৰত বিভিন্ন লেখা লিখি সেই সংখ্যাটো চ্যুকাফা সংখ্যা ৰূপে জনসমক্ষে আগবঢ়াইছিল। সেই একেই বছৰৰ ২ ডিচেম্বৰত চৰকাৰৰ সহযোগত জজ খেল পথাৰত চ্যুকাফা দিৱস উদযাপন কৰা হয়। সেই অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰা তেতিয়াৰ মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই চ্যুকাফা দিৱসক আনুষ্ঠানিকভাৱে ‘অসম দিৱস’ ৰূপে চৰকাৰী স্বীকৃতি প্ৰদান কৰে।

চীনৰ য়ুন্নান প্ৰদেশৰ মাওলুং অঞ্চলৰ টাই আহোম ফৈদৰ ৰাজপুত্ৰ চাওলুং চ্যুকাফাই ১২১৫ চনত আঠজন ডাঙৰীয়া আৰু বিষয়া, প্ৰায় ৯০০০ জন পুৰুষ-স্ত্ৰী-ল’ৰা-ছোৱালী, দুটা হাতী আৰু ৩০০টা ঘোঁৰা লৈ ব্ৰহ্মপুত্ৰ উপত্যকালৈ যাত্ৰা কৰিছিল। প্ৰায় ১৩ বছৰ ধৰি পাটকাই পৰ্বতৰ চাৰিওফালে অনাই-বনাই ঘূৰি ১২২৮ চনত সৌমাৰ খণ্ডত প্ৰৱেশ কৰে। চ্যুকাফাই যুদ্ধ-বিগ্ৰহ এৰি বিচক্ষণতাৰে ব্ৰহ্মপুত্ৰ উপত্যকাৰ সৰু-সৰু জনগোষ্ঠীৰ ৰাজ্যসমূহক একত্ৰিত কৰি এক নতুন ‘‘অসম’’ আৰু ‘‘অসমীয়া জাতি’’ৰ পৰিস্ফুটন ঘটাইছিল। সকলো জনগোষ্ঠীৰ মাজত মিত্ৰতা স্থাপন কৰিবলৈ তেওঁ নিজৰ টাই ভাষা আৰু তাও ধৰ্ম ত্যাগ কৰি নতুন ভাষা আৰু সংস্কৃতিৰ বিকাশত সহায় কৰিছিল। চ্যুকাফাৰ আদৰ্শই আহোমসকলক প্ৰায় ছশ বছৰ ধৰি অসম শাসন কৰিবলৈ অনুপ্ৰাণিত কৰিছিল। লগতে তেওঁ অসমত বুৰঞ্জীৰ পৰম্পৰা আৰম্ভ কৰি ইতিহাস চর্চাৰ এক নতুন দিশ মুকলি কৰিছিল।

চ্যুকাফা দিৱসক কেৱল ইতিহাসৰ পুনৰ স্মৰণৰ দিনহে নহয়, ই অসমৰ ৰাষ্ট্ৰীয় আৰু সাংস্কৃতিক ঐক্যৰ প্ৰতীক। অসম চৰকাৰে এই দিৱসটোক ১৯৯৬ চনৰ পৰা চৰকাৰীভাৱে পালন কৰিবলৈ আৰম্ভ কৰে। উদযাপনৰ সময়ত পুৱা শোভাযাত্ৰা, গৱেষণা আলোচনী, আৰু সাহিত্যিক-কবিতাৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। চ্যুকাফাৰ আদৰ্শৰ প্ৰতি শ্ৰদ্ধা জনাই অসমৰ ৰাজনৈতিক আৰু সাংস্কৃতিক ক্ষেত্ৰত তেখেতৰ ভূমিকা প্ৰদৰ্শন কৰা হয়।

চ্যুকাফা দিৱসৰ উদযাপন হৈছে এক চেতনাৰ আধাৰ। তেখেতৰ জ্ঞান, নেতৃত্ব আৰু আদৰ্শৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰাৰ লগতে চ্যুকাফাৰ ওপৰত ভিত্তি কৰি অসমৰ বৈচিত্র্যত ঐক্যৰ প্ৰতিফলন ঘটোৱাৰ প্ৰয়াস চলোৱা হয়। এই দিৱসৰ জৰিয়তে চ্যুকাফাৰ অবদান চিৰকাল ৰাইজৰ মনত জীয়াই ৰাখিব পাৰি।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

Read also: Guru Nanak Jayanti | গুৰু নানক জয়ন্তী

Leave a Comment

Your email address will not be published. Required fields are marked *

This will close in 0 seconds

Scroll to Top