⚡ Durga Puja Special Offer Class 10 & 12 All-in-One Bundles (6 Subjects @ ₹299 ₹599)
Ends: 08: 45: 20

Me-Dam-Me-Phi Festival | মে ডাম মে ফি  উৎসৱ

মে ডাম মে ফি (আহোম: 𑜉𑜦𑜧 𑜓𑜪 𑜉𑜦𑜧 𑜇𑜣 ,ইংৰাজী: (Me-Dam-Me-Phi) হৈছে টাই আহোমসকলৰ ফুৰালুং ধৰ্মৰ অধীনত পালন কৰা এক বিশেষ সামাজিক-ধাৰ্মিক পৰম্পৰা। এই উৎসৱৰ মূল উৎস প্ৰাচীন চীনৰ কনফুচিয়াছৰ ধৰ্মৰ পূৰ্বপুৰুষ উপাসনাৰ তত্ত্বৰ পৰা উদ্ভৱ হৈছে, যি সময়ৰ লগে লগে টাই জাতিৰ দাম-ফি পৰম্পৰাত ৰূপান্তৰিত হয়। কনফুচিয়াছৰ বিভিন্ন শিক্ষা-প্ৰচলিত ধৰ্মীয় আদৰ্শ সমূহ আহোম সমাজৰ মাজত আজিও পালন কৰা হয়। বৰ্তমান যুগত মে ডাম মে ফি প্ৰতি বছৰ ৩১ জানুৱাৰীত উদযাপন কৰা হয়, যদিও প্ৰাৰম্ভিক অৱস্থাত এই উৎসৱটি লাক-নি টাই মাহ ডুন-হা (মাৰ্চ-এপ্ৰিল)ৰ সময়ত উদযাপন কৰা হৈছিল।

Me-Dam-Me-Phi Festival | মে ডাম মে ফি  উৎসৱ

Read also: Bathou Festival: Festivals of The Bodo Tribes of Assam | বাথৌ পূজা : অসমৰ বড়ো জনজাতি সকলৰ উৎসৱ 

মে ডাম মে ফিৰ (Me-Dam-Me-Phi) জৰিয়তে আহোমসকলে তেওঁলোকৰ পুৰ্বপুৰুষৰ সৈতে এক অদৃশ্য যোগাযোগ স্থাপন কৰি নিজ তথা সমাজ আৰু দেশৰ মংগলৰ আশীৰ্বাদ বিচাৰে। টাই আহোম ধৰ্মীয় বিশ্বাস অনুসাৰে, পুৰ্বপুৰুষৰ মৃত্যুৰ পিছত তেওঁলোকে দেৱতাৰ ৰূপত সাতখন স্বৰ্গৰ যিকোনো এখনত বাস কৰে আৰু পৃথিৱীত থকাৰ সময়ত তেওঁলোকৰ বংশধৰসকলৰ অভিভাৱক হিচাপে দায়িত্ব গ্রহণ কৰে। টাই আহোমৰ বিশ্বাসত পুনৰ জন্মৰ ধাৰণাৰ পৰিসৰ নাই; মৃতকৰ আত্মাই কিছুমান দিনৰ বাবে মাত্ৰ পৃথিৱীত বিচৰণ কৰে আৰু উত্তৰপুৰুষৰ পৰা পূজা গ্ৰহণৰ পিছতেই তেওঁলোকে দেৱতাৰ শ্ৰেণীত অন্তৰ্ভুক্ত হয়। ঘৰত বিয়া, বিহু আদি অনুষ্ঠানত বা নতুন খেতি মাটিত লোৱাৰ সময়ত তেওঁলোক পুৰ্বপুৰুষক সোঁৱৰি পূজা আগবঢ়ায়। এই প্ৰকাৰৰ পূজাক “মৃতক পূজা” বুলিও কোৱা হয়। এই পূজাত মাছ-মাংস, ভাত, মিঠাই আৰু সাঁজ সাজি অৰ্পণ কৰা হয়। পুৰ্বপুৰুষৰ পূজা কৰি পৰিয়ালটি তেওঁলোকৰ আশীৰ্বাদ লাভ কৰে বুলি এক বিশ্বাস আছে।

অন্য পৰম্পৰাৰ দৰে মে ডাম মে ফি  (Me-Dam-Me-Phi) পালনৰ ক্ষেত্ৰতো বিশেষ নিয়ম-নীতি আছে, যাক আহোম ভাষাত “খ্যেক-লাই” বুলি জনা যায়। লোকবিশ্বাস অনুসৰি এই নিয়মসমূহ অসমলৈ লৈ আহিছিল চাওলুং চ্যুকাফাৰ সৈতে আহা বুৰঞ্জী লিখক ম’-মুন্-ম’-মাই দেওধায়ে। বৰ্তমান সময়ত, এই পৰম্পৰা প্ৰতিবছৰে জানুৱাৰীৰ ৩১ তাৰিখে পালন কৰা হয়। এই পৰম্পৰাৰ বাবে স্থানীয় ৰাইজ একেলগে এখন আঠচুকীয়া অস্থায়ী “হ’-ফী” বা দেউশাল তৈয়াৰ কৰে আৰু ইয়াত আঠখন মেহেঙা (শৰাই) পাতি তেওঁলোকৰ আদি পিতৃ লেংডন দেৱতা আৰু আঠজন “ফী”ৰ উপাসনা কৰে।

মে ডাম মে ফিত  (Me-Dam-Me-Phi) নিৰাকাৰ ঈশ্বৰ ফুৰা-তা-ৰা-আলংক উদ্দেশ্যে প্ৰাৰ্থনা জনোৱাৰ লগতে “ঙি ডাম খাম” বা সোণালী ড্ৰেগন অংকিত পতাকা উত্তোলন কৰা হয়। লগতে সমূহীয়াভাৱে ভোজৰ আয়োজন কৰা হয়। অসমত প্ৰথমবাৰৰ বাবে এই পৰম্পৰাৰ আয়োজন কৰা হৈছিল তিপামৰ বুঢ়াডাঙৰীয়াৰ থানত। ৰাজহুৱাভাৱে আয়োজিত মে-ডাম-মে-ফিৰ উপৰিও, আহোমসকলে ঘৰুৱাভাৱে এই পৰম্পৰা পালন কৰে। ঘৰুৱা আয়োজনত, পাকঘৰৰ দক্ষিণ দিশৰ “ফ’-কাম” নামৰ খুটাত বাছনি কৰি, পাঁচখন মাইহাং আগবঢ়াই পূৰ্বপুৰুষৰ উপাসনা কৰা হয়।

Read also: Tusu Festival : Folk Festivals of The Tea Tribes of Assam |  টুচু পূজা : অসমৰ চাহ জনজাতি সকলৰ লোক উৎসৱ 

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top