অজিৎ বৰুৱা (Ajit Barua) অসমীয়া সাহিত্যক্ষেত্ৰৰ এক দৃষ্টান্তমূলক নাম। তেওঁ স্বাধীনতা সংগ্ৰামী, সফল প্ৰশাসনিক বিষয়া, লগতে বহুমুখী সাহিত্যিক হিচাপে জনাজাত। কবিতা, গান, উপন্যাস, সমালোচনা, অনুবাদ, ৰম্যৰচনা আদি বহুতো শাখাত তেওঁৰ সৃষ্টি অসমীয়া সাহিত্যক সমৃদ্ধ কৰিছে। এজন কবি হিচাপে তেওঁক সাধাৰণতে ‘জেংৰাই কবি’ বুলি অভিহিত কৰা হয়। আধুনিক অসমীয়া কাব্যৰ ক্ষেত্ৰত তেওঁক প্ৰথমগৰাকী যথার্থ আধুনিকতাবাদী কবি হিচাপে গণ্য কৰা হয়। কবি কুশল দত্তৰ ভাষ্য অনুসৰি— অজিৎ বৰুৱাৰ সাহিত্যৰ বিশেষত্ব হ’ল তেওঁৰ গভীৰ অধ্যয়ন, সামূহিক চেতনা, জীৱন আৰু বিশ্বজগতৰ সূক্ষ্ম বোধ, আৰু সেইবোৰক শিল্পৰ জটিল কিন্তু সুনিয়োজিত ৰূপত প্ৰতিষ্ঠা কৰাৰ ক্ষমতা। এই কাৰণেই তেওঁক অসমীয়া তথা ভাৰতীয় সাহিত্যত এক অনন্য স্থানত প্ৰতিষ্ঠা কৰা হৈছে।

নাম: অজিৎ বৰুৱা (Ajit Barua)
জন্ম: ১৯ আগষ্ট, ১৯২৬; গুৱাহাটী, অসম
মৃত্যু: ৩ এপ্ৰিল, ২০১৫; যোৰপুখুৰী, গুৱাহাটী (বয়স ৮৮)
পিতৃ-মাতৃ: চিত্ৰমল্ল বৰুৱা আৰু পদ্মলতা বৰুৱা
জাতীয়তা: ভাৰতীয়
শিক্ষা:
- কটন কলেজিয়েট হাইস্কুল
- কটন কলেজ
- কলিকতা বিশ্ববিদ্যালয় (স্নাতকোত্তৰ, ইংৰাজী সাহিত্য)
- গুৱাহাটী বিশ্ববিদ্যালয় (আইন)
- আন্তঃৰাষ্ট্ৰীয় লোক প্ৰশাসন বিদ্যালয়, পেৰিছ
পেশা: সাহিত্যিক, প্ৰশাসনিক বিষয়া
সক্ৰিয় সময়কাল: ১৯৩৯–২০১০
উপাধি: জেংৰাই কবি
সন্মান-পুৰস্কাৰ: সাহিত্য অকাডেমি বঁটা, ভাৰতীয় ভাষা পৰিষদ বঁটা, অম্বিকাগিৰী ৰায়চৌধুৰী বঁটা, গণেশ গগৈ বঁটা আদি
অজিৎ বৰুৱা (Ajit Barua) ৰ জন্ম আৰু পৰিয়াল পটভূমি
অজিৎ বৰুৱাৰ জন্ম ১৯২৬ চনৰ ১৯ আগষ্টত গুৱাহাটীৰ যোৰপুখুৰীত হৈছিল। পিতৃ চিত্ৰমল্ল বৰুৱা এজন বিদ্যালয় পৰিদৰ্শক আছিল। মাতৃ পদ্মলতা বৰুৱা অসমীয়া সাহিত্যৰ বিখ্যাত মহাপণ্ডিত আনন্দৰাম বৰুৱাৰ পৰিয়ালৰ জীয়ৰী আছিল। শৈশৱৰ দিনবোৰত দেউতাকৰ চাকৰিৰ বাবে অসমজুৰি বিভিন্ন ঠাইত শিক্ষাগ্ৰহণৰ সুযোগ পাইছিল।
১৯৫৬ চনত অজিৎ বৰুৱা, কৃষ্ণা দাসৰ সৈতে বিবাহ বন্ধনত আবদ্ধ হৈছিল। তেওঁলোকৰ সন্তান পুত্ৰ পৰ্জন্য আৰু কন্যা পাৰমিতা। পৰ্জন্য বৰুৱা কটন কলেজৰ ইংৰাজী বিভাগৰ অধ্যাপক আছিল যদিও ২০০৯ চনত আকস্মিকভাৱে মৃত্যুবৰণ কৰে।
অজিৎ বৰুৱা (Ajit Barua) ৰ শিক্ষাজীৱন
অজিৎ বৰুৱাই দেউতাকৰ চাকৰি (স্কুল পৰিদৰ্শক)ৰ কাৰণে কৈশোৰকালত অবিভক্ত অসমৰ বহু স্থান ঘূৰি শিক্ষাজীৱন অতিক্ৰম কৰিবলগীয়া হৈছিল। ১৯৩৩ চনত তেওঁ প্ৰথমে চান্দকুছি মজলীয়া বিদ্যালয়ত বিদ্যালয়ী জীৱনৰ আৰম্ভণি কৰে। তাৰ পিছত নলবাৰী প্ৰাথমিক বিদ্যালয়, যোৰহাট গৱৰ্ণমেণ্ট হাইস্কুল, বৰপেটা গৱৰ্ণমেণ্ট হাইস্কুল, গোৱালপাৰা গৱৰ্ণমেণ্ট হাইস্কুল, শ্বিলং গৱৰ্ণমেণ্ট হাইস্কুল আৰু নলবাৰী গৰ্ডন হাইস্কুলত প্রাথমিকৰ পৰা মাধ্যমিক স্তৰৰ শিক্ষা লাভ কৰে। অবশেষত ১৯৪৩ চনত কটন কলেজিয়েট হাইস্কুলৰ পৰা ষ্টাৰ মাৰ্কসহ মেট্ৰিকুলেচন পৰীক্ষাত উত্তীৰ্ণ হৈ অসমৰ ভিতৰত তৃতীয় স্থান অৰ্জন কৰে।
তেওঁ সেই বছৰে কলিকতা বিশ্ববিদ্যালয়ৰ অন্তৰ্গত কটন কলেজত আই.এছ-চি. পাঠ্যত নামভৰ্তি কৰে আৰু ১৯৪৫ চনত দ্বিতীয় বিভাগত উক্ত পৰীক্ষা উত্তীৰ্ণ হয়। তাৰ পিছত ইংৰাজী বিষয় লৈ কটন কলেজতে স্নাতক অধ্যয়ন কৰি ১৯৪৭ চনত অনাৰ্ছসহ বি.এ. ডিগ্ৰী লাভ কৰে। পিছত কলিকতা বিশ্ববিদ্যালয়ৰ অধীনেই ইংৰাজী সাহিত্যত স্নাতকোত্তৰ অধ্যয়ন সম্পূৰ্ণ কৰি সুখ্যাতিসহ দ্বিতীয় শ্ৰেণীৰ তৃতীয় বিভাগত এম.এ. ডিগ্ৰী অৰ্জন কৰে।
কর্মজীৱনৰ মাজতো শিক্ষালাভ অব্যাহত ৰাখি ১৯৭২ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা আইন বিষয়ত এল.এল.বি. ডিগ্ৰী লাভ কৰে। তাৰ পাছত ১৯৭৩ চনত ফ্ৰান্স চৰকাৰৰ জলপানি লাভ কৰি পেৰিছৰ আন্তঃৰাষ্ট্ৰীয় লোক প্ৰশাসন বিদ্যালয়ত (I.I.A.P.) দুবছৰ অধ্যয়ন কৰি ১৯৭৫ চনত লোক প্ৰশাসনত ডিগ্ৰী অৰ্জন কৰে। লগতে, ১৯৬৮-৭১ চনৰ ভিতৰত কলিকতাত অসম চৰকাৰৰ বাণিজ্য উপদেষ্টাৰূপে কৰ্মৰত থাকোঁতে আলিয়াঁচ ফঁচেজত ফৰাচী ভাষাৰো অধ্যয়ন কৰিছিল।
অজিৎ বৰুৱা (Ajit Barua) ৰ চাকৰি জীৱন
অজিৎ বৰুৱা প্ৰথমতে নগাঁও মহাবিদ্যালয়ত অধ্যাপক হিচাপে কৰ্মজীৱন আৰম্ভ কৰিছিল। কিন্তু ১৯৫২ চনত এ.চি.এছ. পৰীক্ষাত উত্তীৰ্ণ হৈ অসম প্ৰশাসনিক সেৱাত যোগদান কৰে। একে বছৰে তেওঁ ভাৰতীয় ৰাজস্ব সেৱাত নিযুক্ত হৈ প্ৰথম অসমীয়া হিচাপে আই.আৰ.এছ.ত প্ৰৱেশ কৰে।
তথাপি ১৯৫৮ চনত তেওঁ পুনৰ অসম প্ৰশাসনিক সেৱাত যোগ দিয়ে। তাত উপ-সচিব, উদ্যোগ সচিব, ৰাজস্ব সচিব, নামনি অসমৰ আয়ুক্ত আদি পদত দীৰ্ঘদিন সেৱা আগবঢ়াই ১৯৮৬ চনত অবসৰ গ্ৰহণ কৰে।
অজিৎ বৰুৱা (Ajit Barua) ৰ সাহিত্যিক অৱদান
অজিৎ বৰুৱা সাহিত্যজীৱন আৰম্ভ কৰিছিল কৈশোৰতেই। তেখেতৰ প্ৰথম আলোচিত কবিতা “মন মোৰ নাথাকে ইয়াত”। তাৰ পিছত ১৯৪২ চনত “তাজমহল” কবিতা প্ৰকাশিত হয়।
তেওঁৰ বিখ্যাত কাব্য “ব্ৰহ্মপুত্ৰ” লিখিবলৈ প্ৰায় ২৯ বছৰ সময় লʼলে। ইয়াত অসমীয়া জীৱন, ইতিহাস আৰু ব্ৰহ্মপুত্ৰৰ গভীৰ দিশক কাব্যিক ৰূপত প্ৰতিফলিত কৰা হৈছে।
অজিৎ বৰুৱাৰ সাহিত্যিক অৱদানসমূহ কেইটামান শাখাত ভাগ কৰি তলত বৰ্ণনা কৰা হ’লঃ
কবিতা
- কিছুমান পদ্য আৰু গান (প্ৰথম প্ৰকাশ: ১৯৮২, প্ৰকাশক – অজিৎ বৰুৱা; দ্বিতীয় প্ৰকাশ: ১৯৯২, বনলতা)
- ব্ৰহ্মপুত্ৰ ইত্যাদি পদ্য (প্ৰথম প্ৰকাশ: আগষ্ট ১৯৮৯, অজিৎ বৰুৱা; দ্বিতীয় প্ৰকাশ: জানুৱাৰী ১৯৯২, বনলতা)
- গছ প্ৰেমৰ পদ্য (চিত্ৰাঙ্কন: ৰাজ কুমাৰ মজিন্দাৰ, প্ৰথম প্ৰকাশ: ২০০০, অজিৎ বৰুৱা)
- আৰু কিছুমান পদ্য আৰু গান (প্ৰথম প্ৰকাশ: ২০০১, ষ্টুডেণ্ট ষ্ট’ৰ্ছ)
- অজিৎ বৰুৱা কবিতা সমগ্ৰ (প্ৰথম প্ৰকাশ: ২০১৫, সম্পাদক – কুশল দত্ত, প্ৰকাশক – ভৱানী বুকছ)
উপন্যাস
- এখন প্ৰেমৰ উপন্যাস (প্ৰথম প্ৰকাশ: ১৯৯২, কথা পাব্লিশ্বাৰ্জ; দ্বিতীয় প্ৰকাশ: ১৯৯৭, বনলতা)
প্ৰবন্ধ আৰু সমালোচনা
- সাহিত্যৰ বিষয়ে (প্ৰথম প্ৰকাশ: ১৯৯১, হীৰেন ভট্টাচাৰ্য)
- কাব্য আৰু অন্যান্য (প্ৰথম প্ৰকাশ: ১৯৯৩, কথা পাব্লিশ্বাৰ্জ)
- পদ্যৰ পাছৰ কাব্য (প্ৰথম প্ৰকাশ: ডিচেম্বৰ ১৯৯৪, ষ্টুডেণ্ট ষ্ট’ৰ্ছ)
- বিভিন্ন প্ৰবন্ধ (প্ৰথম প্ৰকাশ: ১৯৯৯, শৰাইঘাট প্ৰকাশন)
- Essays on T.S. Eliot (প্ৰথম প্ৰকাশ: ২০০২, আৰ্কাইভ)
অনুবাদ সাহিত্য
- From The Assamese (স্ব-অনুবাদিত ইংৰাজী কবিতা সংকলন, প্ৰথম প্ৰকাশ: ছেপ্টেম্বৰ ১৯৯০, অজিৎ বৰুৱা)
- ব্ৰহ্মপুত্ৰ, স্কিৎজোফ্ৰেনিয়া ইত্যাদি (স্ব-অনুবাদিত বঙালী কবিতা সংকলন, প্ৰথম প্ৰকাশ: জানুৱাৰী ১৯৯১, অজিৎ বৰুৱা)
- ন্যায়-নিষ্ঠা (আলবে’ৰ ক্যেমুৰ Les Justes নাটৰ ফৰাচী মূলৰপৰা অনুবাদ, প্ৰথম প্ৰকাশ: ১৯৯২, পৰিৱেশক – বনলতা)
- গঁড় (প্ৰথম প্ৰকাশ: ১৯৯৩, বাণী প্ৰকাশ)
- প্লেগ (প্ৰথম প্ৰকাশ: গুৱাহাটী গ্ৰন্থমেলা, ১৯৯৪; দ্বিতীয় প্ৰকাশ: ছেপ্টেম্বৰ ২০০৮, ষ্টুডেণ্ট ষ্ট’ৰ্ছ)
- মানুহৰ স্থিতি (প্ৰথম প্ৰকাশ: ১৯৯৮, জাৰ্ণাল এম্প’ৰিয়াম)
- ছন মাটি (টি.এছ. এলিয়টৰ The Waste Land ৰ অনুবাদ, প্ৰথম প্ৰকাশ: অক্টোবৰ ১৯৯৮, জাৰ্ণাল এম্প’ৰিয়াম)
- নিৰ্বাচিত ফৰাচী কবিতা (দ্বাদশ শতিকাৰপৰা বিংশ শতিকালৈ নিৰ্বাচিত ফৰাচী কবিতা, প্ৰথম প্ৰকাশ: জানুৱাৰী ১৯৯৯, শৰাইঘাট প্ৰকাশন)
- মপাছাঁৰ গল্প (গী দ্য মপাছাঁৰ চুটিগল্পৰ অনুবাদ, প্ৰথম প্ৰকাশ: ডিচেম্বৰ ১৯৯৯, শৰাইঘাট প্ৰকাশন)
- নিৰ্বাচিত আধুনিকতাবাদী আমেৰিকান কবিতা (প্ৰথম প্ৰকাশ: ফেব্ৰুৱাৰী ২০০২, ষ্টুডেণ্ট ষ্ট’ৰ্ছ)
- Poems of Nirmal Prabha Bardoloi (ড° নিৰ্মলপ্ৰভা বৰদলৈৰ কবিতা ইংৰাজী অনুবাদ, প্ৰথম প্ৰকাশ: ২০০৬, সাহিত্য অকাডেমি)
আত্মজীৱনীমূলক লেখা
- স্মৃতিকথা (প্ৰথম প্ৰকাশ: ২০০৮, বৃষ্টি প্ৰকাশন)
সম্পাদনা
- চান্দকুছীয়া বুজৰবৰুৱা বংশাৱলী (প্ৰথম প্ৰকাশ: ২০০২, অজিৎ বৰুৱা)
গীত আৰু আবৃত্তি
- স্মৃতি বীণাৰ তাঁৰ (সুৰ: ব্ৰজেন বৰুৱা আৰু অজিৎ বৰুৱা, সংগীত: ৰমেন বৰুৱা; কণ্ঠ: পুলক বেনাৰ্জী, দ্বীপেন বৰুৱা, বনজ্যোৎস্না মহন্ত বৰুৱা, মনজ্যোৎস্না মহন্ত গোস্বামী আৰু বীণাপাণি ভূঞা; প্ৰকাশক: পল্লৱী এণ্টাৰপ্ৰাইজ; ১৯৮৯)
- স্ব-কণ্ঠ পাঠ আৰু সংগীত পৰিকল্পনা (প্ৰযোজক: হীৰেন ভট্টাচাৰ্য, সংগীত: তৰুণ কলিতা; প্ৰকাশ: ১৯৯৫)
অপ্ৰকাশিত অনুবাদ
- হ্যাম্লেট (শ্বেইক্সপিয়েৰৰ নাটক Hamlet ৰ অসমীয়া অনুবাদ, ‘গৰীয়সী’ত ধাৰাবাহিকভাৱে প্ৰকাশিত)
উপাধি আৰু স্বীকৃতি
অজিৎ বৰুৱাই নিজৰ সাহিত্য সাধনাৰ বাবে বহুতো সময়ত বিভিন্ন প্ৰতিষ্ঠানৰ পৰা সন্মান লাভ কৰিছে। তেওঁৰ কাব্য আৰু সাহিত্যৰ স্বীকৃতি স্বৰূপে লাভ কৰা উল্লেখযোগ্য বঁটা আৰু পুৰস্কাৰসমূহৰ ভিতৰত উল্লেখ কৰিবলগীয়া কিছুমান হ’লঃ
- ১৯৮৮ চনত প্ৰকাশিত “কিছুমান পদ্য আৰু গান” গ্ৰন্থৰ বাবে তেখেতে ভাৰতীয় ভাষা পৰিষদৰ পুৰস্কাৰ লাভ কৰে।
- ১৯৯১ চনত “ব্ৰহ্মপুত্ৰ ইত্যাদি পদ্য” কাব্যৰ বাবে সাহিত্য অকাডেমিৰ অসমীয়া ভাষাৰ সাহিত্য অকাডেমি পুৰস্কাৰে সন্মানিত হয়।
- সাহিত্যৰ অবদানৰ বাবে অসম সাহিত্য সভাই ১৯৯৩ চনত তেওঁক অম্বিকাগিৰী ৰায়চৌধুৰী বঁটা প্ৰদান কৰে।
- জীৱনজোৰা সাহিত্য সাধনাৰ স্বীকৃতি হিচাপে ১৯৯৯ চনত উইলিয়ামছন মেগৰ শৈক্ষিক ন্যাসে তেওঁক অসম উপত্যকা সাহিত্য বঁটা দিয়ে।
- অনুবাদ সাহিত্যত অৱদানৰ বাবে ২০০২ চনত তেখেতে অমূল্য কুমাৰ চক্ৰৱৰ্তী সোঁৱৰণী বঁটা লাভ কৰে।
- পুনৰ জীৱনজোৰা সাহিত্য সাধনাৰ বাবে ২০০৭-০৯ সময়ছোৱাত অসম সাহিত্য সভাই নিজৰা কবি শৈলধৰ ৰাজখোৱা স্মৃতি বঁটা প্ৰদান কৰে।
- ২০১০ চনত অসম চৰকাৰে তেওঁক গণেশ গগৈ বঁটা প্ৰদান কৰে।
- একেদিনতে মুম্বাইস্থিত ৰমানাথ ভট্টাচাৰ্য ফাউণ্ডেচনে তেওঁক পদ্মনাথ বিদ্যাবিনোদ স্মৃতি সাহিত্য পুৰস্কাৰ দিয়াৰ দ্বাৰা সন্মানিত কৰে।
মৃত্যু
২০১৫ চনৰ মার্চ মাহত নিউমোনিয়াৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। কিছু উন্নতি দেখা দিলেও পুনৰ অসুস্থ হৈ ৩ এপ্ৰিল ২০১৫ ত গুৱাহাটী যোৰপুখুৰীৰ বাসভৱনত মৃত্যু ঘটে।
উপসংহাৰ
অজিৎ বৰুৱা (Ajit Barua) অসমীয়া সাহিত্যৰ আধুনিক দিশক মজবুতভাৱে আগবঢ়োৱা এজন প্ৰথিতযশা কবি, ঔপন্যাসিক আৰু চিন্তাবিদ। তেওঁৰ সাহিত্যিক কৃতিত্বে বিশ্বমানৱতা, সমাজচেতনা আৰু আধুনিক চিন্তাধাৰাক এক নতুন ৰূপ দিছিল। ব্ৰহ্মপুত্ৰকেন্দ্ৰিক সাহিত্যিক ধাৰা আৰু আধুনিকতাবাদী ধ্যান-ধাৰণাই তেওঁৰ নামক অসম তথা ভাৰতীয় সাহিত্যত স্থায়ীভাৱে উৎকীর্ণ কৰি ৰাখিছে।
FAQs
১. অজিৎ বৰুৱাক কি উপাধিৰে সম্বোধন কৰা হয়।?
উত্তৰ: তেওঁক “জেংৰাই কবি” বুলি সম্বোধন কৰা হয়।
২. অজিৎ বৰুৱাক বহুল প্ৰশংসিত কাব্য কি?
উত্তৰ: তেওঁৰ বহুল প্ৰশংসিত কাব্য “ব্ৰহ্মপুত্ৰ”।
৩. অজিৎ বৰুৱাই কি কি বঁটা লাভ কৰিছিল?
উত্তৰ: সাহিত্য অকাডেমি বঁটা, ভাৰতীয় ভাষা পৰিষদ বঁটা, অম্বিকাগিৰী ৰায়চৌধুৰী বঁটা, গণেশ গগৈ বঁটা আদি।
৪. কোন বিষয়ত তেওঁ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল?
উত্তৰ: কলিকতা বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী সাহিত্যত তেওঁ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল।
৫. তেওঁ মৃত্যুৰ কেতিয়া হয়?
উত্তৰ: ২০১৫ চনৰ ৩ এপ্ৰিলত গুৱাহাটীত।
Read also: Bhabananda Deka Biography | ভৱানন্দ ডেকাৰ জীৱনী

My self Mahezubin Saikia. Working in Dev Library as a Content Writer. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Health, Finance, Biography, Quotes, Study Materials, and more.







