AHSEC 2024 Swadesh Adhyayan Question Paper Solved | দ্বাদশ শ্ৰেণীৰ স্বদেশ অধ্যয়ন পুৰণি প্ৰশ্নকাকত সমাধান

AHSEC 2024 Swadesh Adhyayan Question Paper Solved | দ্বাদশ শ্ৰেণীৰ স্বদেশ অধ্যয়ন পুৰণি প্ৰশ্নকাকত সমাধান, AHSEC Class 12 Swadesh Adhyayan Question Paper Solved PDF Download, দ্বাদশ শ্ৰেণীৰ স্বদেশ অধ্যয়ন 2024 ৰ প্ৰশ্নকাকত সমাধান কৰা হৈছে to each Paper is Assam Board Exam in the list of AHSEC so that you can easily browse through different subjects and select needs one. AHSEC 2024 Swadesh Adhyayan Previous Years Question Paper Solved can be of great value to excel in the examination.

AHSEC Swadesh Adhyayan Question Paper Solved

AHSEC 2024 Swadesh Adhyayan Question Paper Solved

Join Telegram channel

AHSEC 2024 Swadesh Adhyayan Question Paper Solved provided is as per the 2024 AHSEC Board Exam and covers all the questions from the AHSEC Class 12 Swadesh Adhyayan Solved Question Paper 2024 Assamese Medium. Access the detailed Class 12 Swadesh Adhyayan 2024 Previous Years Question Paper Solved provided here and get a good grip on the subject. Access the AHSEC 2024 Swadesh Adhyayan Old Question Paper Solved, AHSEC Class 12 Swadesh Adhyayan Solved Question Paper 2024 of Assamese in Page Format. Make use of them during your practice and score well in the exams.

SWADESH ADHYAYAN

2024

SWADESH ADHYAYAN OLD QUESTION PAPER SOLVED

(Geography)

1. নিম্নোক্ত প্রশ্নকেইটাৰ শুদ্ধ উত্তৰ বাছি উলিওৱা:

(a) ২০১১ চনৰ লোকপিয়ল মতে অসমৰ সাক্ষৰতাৰ হাৰ ______________।

(i) ৭৪.২%

(ii) ৭৩.৩%

(iii) ৭০.৮%

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

(iv) ৭২.২%

উত্তৰঃ (iv) ৭২.২%

(b) অসমৰ জলবায়ু কোন প্ৰকাৰৰ?

(i) সেমেকা উপ-ক্রান্তীয়।

(ii) ক্রান্তীয়।

(iii) শুকান।

(iv) গৰম আৰু সেমেকা।

উত্তৰঃ (i) সেমেকা উপ-ক্রান্তীয়।

(c) অসমত কোন চনত কয়লা আৱিষ্কাৰ হৈছিল?

(i) ১৮৬৫

(ii) ১৮৫৭

(iii) ১৭০০

(iv) ১৮৪৭

উত্তৰঃ (i) ১৮৬৫

(d) উপগ্ৰহৰ পৰা প্ৰাপ্ত তথ্য অনুসৰি অসমৰ বনাবৃত ঠাই ____________ শতাংশ।

(i) ১৭%

(ii) ২৭%

(iii) ২১%

(iv) ৩৭%

উত্তৰঃ (iii) ২১%

2. তলৰ প্ৰশ্নবোৰৰ চমু উত্তৰ লিখাঃ

(i) অসমৰ দুটা প্রধান ভূ-প্রাকৃতিক অঞ্চলৰ নাম লিখা।

উত্তৰঃ অসমৰ দুটা প্রধান ভূ-প্রাকৃতিক অঞ্চলৰ নাম হ’ল— ব্ৰহ্মপুত্ৰ উপত্যকা আৰু বৰাক উপত্যকা।

(ii) কৌশল বিকাশ কি?

উত্তৰঃ কৌশল বিকাশ হৈছে কৌশলগত বিকল্পবোৰ গৱেষণা আৰু চিনাক্ত কৰা, আটাইতকৈ প্ৰতিশ্ৰুতিপূৰ্ণ বাছনি কৰা উদ্দেশ্য প্ৰাপ্ত কৰাৰ বাবে সমগ্ৰ সংগঠনত কেনেদৰে সম্পদ আৱন্টন কৰা হ’ব সেইটো নিৰ্ণয় কৰা।

(iii) পানী প্ৰদূষণৰ দুটা কাৰণ উল্লেখ কৰা।

উত্তৰঃ পানী প্ৰদূষণৰ দুটা কাৰণ তলত উল্লেখ কৰা হ’ল—

(ক) নলা-নৰ্দমাৰ পৰা ওলোৱা ঘৰুৱা আৱৰ্জনাবোৰ বিশুদ্ধ পানীত মিহলি হৈ পানী প্ৰদূষণ কৰে।

(খ) কল-কাৰখানাৰ পৰা ওলোৱা বিভিন্ন বিষাক্ত ৰাসায়নিক  পদার্থ, এছিড, ক্ষাৰ, ধাতৱ লৱণ, ফিনল, চায়েনাইড, এমনিয়া, তেজষ্ক্রিয় পদার্থ আদিয়ে নদী বা জলাশয়ৰ পানী দূষিত কৰে।

3. তলৰ যিকোনো দুটা প্রশ্নৰ চমু উত্তৰ লিখাঃ

(i) জনপ্ৰব্ৰজনৰ তিনিটা কাৰণ লিখা।

উত্তৰঃ জনপ্ৰব্ৰজনৰ তিনিটা কাৰণ তলত আলোচনা কৰা হ’ল—

(i) বাসভূমিৰ ভৌতিক অথবা যিকোনাে ধৰণৰ সাংস্কৃতিক পৰিৱেশ বসবাসৰ অনুপযােগী হৈ পৰিলে তেনেবােৰ পৰিৱেশ জনিত সমস্যাই সেই ঠাই এৰি আন ঠাইলৈ আঁতৰি যােৱাৰ বাবে প্রকাৰন্তে হেঁচা প্রয়ােগ কৰে। 

(ii) প্ৰজনৰ হেঁচা সৃষ্টিকাৰী যিকোনাে ধৰণৰ আর্থিক, সামাজিক, ৰাজনৈতিক অথবা প্রাকৃতিক কাৰকক জন প্ৰৱজনৰ বিকর্ষক কাৰক বােলে।

(iii) গ্রামাঞ্চলৰ দৰিদ্ৰতা, কৃষি অথবা বাসভূমিৰ সীমাবদ্ধতা, শিক্ষা আৰু স্বাস্থ্য সেৱাৰ দুৰৱস্থা, জাতিভেদৰ আতিশয় প্রভৃতি আর্থ-সামাজিক সমস্যাৰ লগতে বহুতাে গাঁৱত সঘনাই উদ্ভৱ হােৱা বানপানী, নদীৰ খহনীয়া, খৰাংপীড়ন, ঘূর্ণিবতাহ প্রভৃতি দুর্যোগসমূহৰ বাবে গাওঁবাসীয়ে নিজ নিজ গাওঁ এৰি চহৰলৈ বা আন সুবিধাজনক স্থানলৈ প্ৰৱজন কৰে।

(ii) জৰীপ কি?

উত্তৰঃ কোনো ভূক্ষেত্রক ভালদৰে অধ্যয়ন কৰি লৈ, মানচিত্র প্রস্তুত কৰাকে জৰীপ বোলে। আমি কোনো ওখ ঠাইত থিয় হৈ থাকি, নামনিৰ ঠাইৰ জৰীপ কৰিব পাৰো। নতুবা যিকোনো অৱয়বকে সাৱধানতাৰে অৱলোকন কৰিব পৰাটোও জৰীপ বুলিব পাৰি। অর্থাৎ ভূক্ষেত্ৰৰ জোখ মাখ, উচ্চতা, কৌণিক অৱস্থান, সীমা ইত্যাদিবোৰক গণিত, জ্যামিতি অথবা অন্যান্য বৈজ্ঞানিক সম্বন্ধীয় উপায়েৰে ভালদৰে অধ্যয়ন কৰিলেও জৰীপ কৰা বুলি ক’ব পৰা যাব।

(iii) মেপৰ মাপনী কেই প্রকাৰৰ?

উত্তৰঃ মেপৰ মাপনী তিনি প্রকাৰৰ।

(iv) অসমৰ ৰঙা মাটিৰ ওপৰত এটা টোকা লিখা।

উত্তৰঃ ৰঙা মাটিত লৌহকণা আৰু এলুমিনিয়াম বেছিকৈ থাকে। এই মাটি সাধাৰণতে সেমেকা ক্রান্তীয় অঞ্চলত পোৱা যায়। লৌহকণা বেছিকৈ থকাৰ বাবে এই মাটিৰ ৰং ৰঙচুৱা। ডিমা হাচাও জিলা আৰু কাৰ্বি মালভূমিৰ হামৰেণ অঞ্চলত প্রধানকৈ এই মাটি পোৱা যায়। তদুপৰি গোলাঘাট জিলাৰ দক্ষিণ প্রান্তত আৰু বৰাক উপত্যকাৰ বৰাইল পাহাৰৰ পাদভূমিত লেটাৰাইট পোৱা যায়। এই মাটিৰ ৰং গাঢ় কিন্তু নাইট’জেন, পটাচ, ফছফৰিক এছিড আৰু চুণৰ পৰিমাণ অতি কম।

সামগ্রিকভাৱে অসমৰ মাটি বিভিন্ন শস্য উৎপাদনৰ বাবে উপযোগী যদিও নদী কাষৰীয়া মাটিত বালিৰ অনুপাত বেছি হোৱাৰ বাবে অতিশয় ক্ষয় প্রৱণ। সেইবাবে ব্ৰহ্মপুত্ৰকে আদি কৰি অসমৰ ভালেমান ডাঙৰ নদী উপনদীৰ পাৰ বছৰি হোৱা বানত খহনীয়াৰ কবলত পৰে যাৰ ফলত হাজাৰ হাজাৰ লোকৰ ঘৰ-বাৰী নদীত জাহ যোৱাৰ লগতে খেতি পথাৰৰ বিস্তৰ ক্ষতি হয়।

4. তলৰ প্ৰশ্নবোৰৰ উত্তৰ লিখাঃ (যিকোনো চাৰিটা)

(i) অসমৰ অর্থনীতিত মৌচুমী বতাহৰ প্রভাবৰ বিষয়ে বর্ণনা কৰা।

উত্তৰঃ অসমৰ জলবায়ু মৌচুমী বতাহৰ দ্বাৰা বিশেষভাৱে প্রভাৱান্বিত। বতৰৰ অৱস্থা একোটা বছৰৰ বিভিন্ন সময়ত বিভিন্ন হোৱাৰ বাবে বছৰটোক চাৰিটা ঋতুত ভগোৱা হৈছে। বর্ষা, শীত, শৰৎ আৰু বসন্ত। এই চাৰিটা ঋতুৰ ভিতৰত বর্ষা আৰু শীত ঋতু কিছু দীঘলীয়া। শীত আৰু বৰ্ষাৰ মাজত বসন্ত আৰু বর্ষা আৰু শীতৰ মাজত শৰৎ ঋতু। এই দুই ঋতুকাল যথেষ্ট চুটি। নৱেম্বৰ মাহৰ মাজভাগৰ পৰা ফেব্ৰুৱাৰী মাহৰ মাজলৈকে শীতকাল। এই সময়ত গড় উত্তাপ ১৫° ছেলছিয়াছতকৈ তললৈ নামে। এই ঋতুত পুৱা গধূলি কুঁৱলী পৰা দেখা যায়। মার্চ মাহৰ পৰা উষ্ণতা বাঢ়িবলৈ লয়। লগতে ধূলি-ধুমুহাৰ প্রকোপ বাঢ়ে। মাৰ্চ মাহৰ শেষৰ পৰা প্রায় গোটেই এপ্রিল মাহত অসমত যি ধুমুহা বতাহ বলে তাকে স্থানীয় লোকে বৰদৈচিলা অহা বুলি কয়। এই সময়ছোৱাতে গছে নতুন পাত মেলে আৰু এটা চুটি সময়ৰ বাবে বসন্ত কাল বিৰাজ কৰে। তাৰ পিছত জুন মাহৰ আৰম্ভণিৰে পৰা মৌচুমী বায়ুৰ আগমন ঘটে আৰু ছেপ্টেম্বৰ মাহ পর্যন্ত প্রৱল বৃষ্টিপাত হয়। ইয়াৰ ঠিক আগে আগে প্রধানকৈ মে’ মাহত বায়ুমণ্ডলৰ উষ্ণতা যথেষ্ট অনুভূত হয়। এই সময়ত উত্তাপ ৩০° ছেলছিয়াৰ পৰা ৩৫° ছেলছিয়াছ পর্যন্ত হয়গৈ। ছেপ্টেম্বৰৰ শেষৰ ফালে উত্তাপো কমি আহে আৰু বর্ষা ঋতুৰো অন্ত পৰে। ক্রমে আকাশ ফৰকাল হয়।

অসমৰ অর্থনীতিও প্রধানকৈ কৃষিৰ ওপৰত নিৰ্ভৰশীল। গ্রামাঞ্চলৰ শতকৰা ৮৬ ভাগ লোক শস্য উৎপাদন, মাছমৰা আৰু বনজ সম্পদ আহৰণ কৰা আদি প্রাথমিক কাৰ্যৰ লগত জড়িত। অসমৰ অনুকূল জলবায়ুৰ বাবেই কৃষক সকলৰ এই কার্যকলাপ সম্ভৱ হৈছে। কিন্তু শেহতীয়া তথ্য অনুসৰি অসমৰ জলবায়ু ক্রমে সলনি হৈছে। উষ্ণতাৰ পৰিমাণ বাঢ়িছে আৰু বৃষ্টিপাত অনিয়মীয়া হোৱাৰ লগতে পৰিমাণো হ্রাস হৈছে। জলবায়ুৰ এই পৰিৱৰ্তনৰ গতি আগন্তুক সময়ছোৱাত আৰু অধিক হ’ব বুলি বিজ্ঞানীসকলে তথ্য সহকাৰে আগজাননী দিছে। এনে পৰিবর্তনে নিশ্চিতভাৱে অসমৰ কৃষি ব্যৱস্থা, জলাশয়সমূহত মাছ, কাছৰ উৎপাদন, চাহ উদ্যোগ তথা বনাঞ্চলসমূহত বিৰূপ প্রভাৱ পেলাব। তদুপৰি সমগ্ৰ ৰাজ্যখনৰ জনসাধাৰণ তথা জীৱ-জন্তুৰ স্বাস্থ্যৰ অৱনতি আৰু বিভিন্ন প্ৰকাৰৰ বেমাৰ-আজাৰৰ প্রকোপ বাঢ়িব।

(ii) অসমত জনপ্রবজনৰ সমস্যা আৰু সম্ভাৱনীয়তাবোৰ কি কি?

উত্তৰঃ জন প্রব্রজন এটা অৱধাৰিত প্রক্রিয়া। আৱহমান কালৰ পৰাই এই প্রক্রিয়া চলি আহিছে। মানুহৰ জীৱন-ধাৰণৰ সা-সুবিধাৰ নেতিবাচক স্থানৰ (-ve) পৰা ইতিবাচক (+ve) স্থানলৈ গতি স্বাভাৱিকভাৱে স্বীকৃত যদিও ৰাজনৈতিক দিশৰ পৰা গন্তব্য স্থানৰ খিলঞ্জীয়াৰ নিৰাপত্তাৰ দিশৰ পৰা সমূলি গ্রহণযোগ্য নহয়।

অসমত আন্তঃ আঞ্চলিক জনপ্রব্রজন সাধাৰণতে চহৰমুখী যদিও সৰু চহৰ আৰু সেৱা কেন্দ্ৰৰ পৰা কাষৰীয়া ডাঙৰ চহৰলৈ অধিক হাৰত দেখা যায়। আনকি দাঁতিকাষৰীয়া গ্ৰাম্যঞ্চলৰ পৰা দৈনিক আৰু সাপ্তাহিক সময়ত বিভিন্ন কাম-কাজৰ বাবে নগৰাঞ্চললৈ জনপ্রব্রজন হৈ আছে যদিও সদ্যহতে অসমত সামান্য প্রভাৱ পৰিলেও বিশেষ কৃপ্রভাৱ পৰিলক্ষিত হোৱা নাই। কিন্তু আন্তঃৰাজ্যিক প্রব্রজন আৰু প্রতিবেশী ৰাষ্ট্ৰৰ পৰা হোৱা অবৈধ প্রব্রজন আৰু শৰণাৰ্থীৰ বাবে অসমত স্বৰাজোত্তৰ কালত বিশেষ সামাজিক, সাংস্কৃতিক আৰু অর্থনৈতিক ক্ষেত্রত ক্ষতি হোৱাটো পৰিলক্ষিত হৈছে।

(iii) বহনক্ষম উন্নয়নৰ সংজ্ঞা দিয়া। বহনক্ষম উন্নয়নৰ উদ্দেশ্যসমূহৰ বিষয়ে বর্ণনা কৰা।

উত্তৰঃ বর্তমান পৃথিৱীৰ দেশসমূহৰ মাজত অর্থনৈতিক প্রগতি লাভৰ বাবে যি প্রতিযােগিতাৰ আৰম্ভ হৈছে সিয়ে পৰিৱেশৰ ওপৰত বিৰূপ প্রতিক্রিয়া পেলাইছে। পৰিৱেশৰ ধ্বংসই পৃথিৱীৰ পাৰিপাৰ্শ্বিকতাৰ প্ৰতি ভাবুকি মাতি আনিছে। পৃথিৱীৰ উষ্ণতা প্রতি শতিকাতেই বৃদ্ধি হ’বলৈ ধৰিছে। তাৰ ফলত গােলকীয় উষ্ণতা (Global Warming) সমস্যাৰ উদ্ভৱ হৈছে। জৈৱ-বৈচিত্র্য হ্রাস, জলবায়ু পৰিৱৰ্তন আদি অলেখ সমস্যাই পৰিৱেশ বিনষ্ট কৰিছে। 

অর্থনৈতিক উন্নয়ন আৰু বিকাশৰ বাবে যাতে পৰিৱেশৰ ওপৰত বিৰূপ প্রতিক্রিয়া নপৰে সেই উদ্দেশ্য আগত ৰাখি ১৯৮৭ চনত Brundtland আয়ােগে অবিৰত বা বহনক্ষম উন্নয়ন (Sustainable Development) ৰ ধাৰণাটো দাঙি ধৰিছিল। এই আয়ােগ পৰিৱেশ আৰু উন্নয়নৰ বিশ্ব আয়ােগ (World Commission on environment and development) বুলিও জনাজাত। আয়ােগৰ মতে ‘যি অর্থনৈতিক উন্নয়নৰ দ্বাৰা বর্তমান প্রজন্মৰ অভাৱসমূহ দূৰ হ’ব পাৰে অথচ তাৰ লগে লগে ভৱিষ্যৎ প্রজন্মৰ অভাৱসমূহৰ দূৰীকৰণৰ ক্ষমতাৰ ক্ষেত্ৰত কোনাে ধৰণৰ আপােচ কৰা নহয় সেই অর্থনৈতিক উন্নয়নেই হ’ল অবিৰত বা বহনক্ষম অর্থনৈতিক উন্নয়ন।

২০১৫ চনৰ ছেপ্টেম্বৰত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই বহনক্ষম উন্নয়নৰ হকে এলানি কার্যসূচী হাতত লৈছিল য’ত অন্তর্ভুক্ত আছিল সর্বমুঠ ১৭ টা বহনক্ষম উন্নয়ন লক্ষ্য (SDG, Sustainable Development Goal) যাক ২০৩০ ৰ ভিতৰত সম্পূৰ্ণ কৰা হ’ব। ‘কোনো যাতে থাকি নাযায়’ এই নীতিটোৰ ওপৰত ভিত্তি কৰিয়েই নির্ধাৰণ কৰা নতুন কাৰ্যসূচী লানিয়ে গুৰুত্ব আৰোপ কৰিছিল।

আমাৰ বিশ্বক সলনি কৰিব পৰা সেই ১৭ টা লক্ষ্য হ’ল:

লক্ষ্য-১: দৰিদ্রতা নির্মূল।

লক্ষ্য-২: ভোকৰ নিবৃত্তি।

লক্ষ্য- ৩: সুস্বাস্থ্য আৰু সু-জীবন প্রণালী।

লক্ষ্য- ৪: উন্নত শিক্ষা।

লক্ষ্য-৫: লিংগ সমতা।

লক্ষ্য- ৬: বিশুদ্ধ পানী আৰু অনাময়।

লক্ষ্য ৭: গ্রহণযোগ্য আৰু বিশুদ্ধ শক্তি।

লক্ষ্য- ৮: মর্যাদাপূর্ণ কর্ম আৰু অর্থনৈতিক উন্নয়ন।

লক্ষ্য ৯: উদ্যোগ, উদ্ভাৱন আৰু আন্তঃগাঁথনি।

লক্ষ্য ১০: অসমতা হ্রাস কৰা।

লক্ষ্য- ১১: বহনক্ষম চহৰ আৰু সম্প্রদায়।

লক্ষ্য ১২ দায়বদ্ধ উপভোগ আৰু উৎপাদন।

লক্ষ্য- ১৩: জলবায়ুৰ সংৰক্ষণৰ ওপৰত কৰ্মসূচী।

লক্ষ্য ১৪: পানীৰ তলৰ জীৱন।

লক্ষ্য – ১৫: ভূমিসাগৰ তীৰ।

লক্ষ্য ১৬: শান্তি আৰু ন্যায় শক্তিশালী প্রতিষ্ঠান।

লক্ষ্য ১৭: লক্ষ্য আহৰণৰ বাবে অংশীদাৰিত্ব।

(iv) ভৌগোলিক তথ্য ব্যৱস্থাই ভূগোল অধ্যয়নত কিদৰে সহায় কৰে বর্ণনা কৰা।

উত্তৰঃ ভৌগোলিক তথ্য ব্যৱস্থা (Geographical Information System) চমুকৈ GIS হ’ল এটি পদ্ধতি, অর্থাৎ এক কম্পিউটাৰ ভিত্তিক পদ্ধতি, য’ত পৃথিৱীৰ বিভিন্ন অঞ্চলৰ তথ্যপাতি সংগ্রহ, অধিগ্রহণ, সংৰক্ষণ কৰি ল’ব পাৰি। পিছলৈ সেই আটাইখিনি তথ্যকে কার্যনির্বাহ আৰু বিশ্লেষণৰ দ্বাৰা সামৰি সুতৰি লৈ নথিৰ চামিল কৰি থ’ব পাৰে। এটি সুসম্বলিত ব্যৱস্থা য’ত, হার্ডৱেৰ, ছফটৱেৰ, জনসাধাৰণ, বিভিন্ন সংগঠন আদিবোৰক পৰীক্ষণ, নিৰীক্ষণ কৰি প্ৰচাৰৰ প্ৰসাৰতা ৰখা হয়। GIS প্রযুক্তি এবিধ সঁজুলি, যিয়ে পৃথিৱীৰ বিভিন্ন তথ্য পাতিবোৰৰ বিষয়ে চিন্তা-চর্চা কৰোঁতে আন্তঃপ্রক্রিয়া আৰু বিশ্লেষণ কৰাৰ সুবিধা দিয়ে। মানচিত্র এখনৰ যিকোনো তথ্যকে সম্পাদনাৰ দ্বাৰা ফলাফল কাৰ্যকৰী কৰাত সহায় কৰে।

GIS ছফটওৱেৰে বহুতো কার্যকে সামৰি লয়। যেনে- ডিজিটেল মেপক একগোট কৰা কাৰ্যবোৰ।

(v) অসমৰ কাঁহ আৰু পিতল শিল্পৰ বিষয়ে এটা টোকা লিখা।

উত্তৰঃ কাঁহ আৰু পিতলৰ শিল্পজাত সামগ্ৰী অসমৰ আপুৰুগীয়া সম্পদ। সৰ্থেবাৰী আৰু হাজোত এই দুবিধ শিল্প প্ৰধানকৈ গৰিয়া-মৰিয়া লোকসকলে পৰম্পৰাগতভাৱে কাঁহ-পিতলৰ শিল্পদ্যোগ গঢ়ি তুলিছে। বিভিন্ন প্ৰকাৰৰ বাচন-বৰ্তন, শৰাই, বটা, টো, চৰিয়া, কাঁহী-বাতি-গিলাচ, কলহ, লোটা, ঘটি আদি অসমীয়া সমাজৰ আভিজাত্যৰ প্রতীকী সম্পদ হিচাবে গণ্য কৰা হয়। এই শিল্পদ্যোগৰ কাৰণে বজাৰত কেঁচামালৰ নাটনি দেখা যায়। ভগা-ফুটা, চেপেতা আদি পুৰণি সামগ্ৰীবোৰ ঘৰে ঘৰে সংগ্ৰহ কৰি মজুত কৰি কেঁচামাল যোগাৰ কৰা হয়। এই ব্যৱসায়টো বৰ্তমান অসমৰ বাহিৰৰ ব্যৱসায়ীৰ হাতৰ মুঠিত। অসাধু এই ব্যৱসায়ী চক্ৰটোৱে কেঁচামালৰ মূল্য খেয়াল-খুচি মতে নিৰ্দ্ধাৰণ কৰে। বিভাগীয় কর্তৃপক্ষ এই ক্ষেত্ৰত নীৰৱ। তদুপৰি মোৰাদাবাদ আদিৰ পৰা মেচিনত তৈয়াৰী সস্তীয়া আৰু চিকচিকিয়া অথচ পাতল সামগ্ৰীৰে অসমৰ বজাৰ ভৰি পৰিছে। ফলত স্থানীয় এই কৃষ্টি-সংস্কৃতিৰ বুনিয়াদ স্বৰূপ শিল্পদ্যোগটো বাৰুকৈয়ে ক্ষতিগ্রস্ত হৈছে। খিলঞ্জীয়াৰ সুৰক্ষাৰ স্বাৰ্থত চৰকাৰৰ এইক্ষেত্ৰত সুকীয়া শিল্পনীতিৰ প্রয়োজন। হাতীৰ দাঁতৰ (Ivory) শিল্প অতীজতে বৰপেটাত গঢ়ি উঠিছিল যদিও কেঁচামালৰ অভাৱত আৰু হস্তীকুল সংৰক্ষণৰ স্বাৰ্থত এইবিধ কুটিৰ শিল্প মৃত প্রায়।

(vi) মানচিত্র অভিক্ষেপক শ্রেণীকৰণ কৰি তাৰে যিকোনো এটাৰ বিষয়ে বহলাই বর্ণনা কৰা।

উত্তৰঃ মানচিত্র প্রস্তুত কৰিবলৈ তিনি প্ৰকাৰৰ অভিক্ষেপ ব্যৱহৃত হয় যেনে-

(১) বেলন অভিক্ষেপ (Cylindrical projection)।

(২) শাঙ্কৱ অভিক্ষেপ (Conical Projection)। আৰু

(৩) শীর্ষকেন্দ্রিক অভিক্ষেপ (Zenithal Projection)।

(১) বেলন অভিক্ষেপ: এই অভিক্ষেপত গোটেই পৃথিৱীখনকে দেখুৱাব পৰা যায়। ইয়াত অনুভূমিকভাৱে থকা সৰল সমতুল্য অক্ষৰেখাৰ সৈতে দ্রাঘিমা ৰেখাবোৰে সমকোণৰ সৃষ্টি কৰি কটাকটি কৰি থাকে। দ্রাঘিমাবোৰ সমদূৰৱর্তী আৰু অক্ষৰেখাই প্রতি মাপনী একে থাকে। যদিও বেলন অভিক্ষেপ দেখিবলৈ আয়তৰ নিচিনা, ইয়াক বেলন বুলিয়েই অভিহিত কৰা হয়। কিয়নো, যদিহে এই জালীখনক মেৰিয়াই লৈ দুয়োকাষ লগ লগোৱা যায়, দেখিবলৈ তেতিয়া চুঙা বা বেলনৰ দৰেই হ’ব। এই অভিক্ষেপৰ দুৰ্বল অংশটো মেৰুদেশীয় অঞ্চলৰ সৈতে জড়িত, য’ত পৃথিৱীৰ আকৃতি বিকৃতভাৱে বয়। আনহাতে বিষুৱ অঞ্চল আৰু আশে পাশে, মানচিত্রত ভূ-আকৃতি, প্রকৃত আকৃতিৰ দৰেই শুদ্ধভাৱে থাকে। আটাইতকৈ জনপ্রিয় বেলন অভিক্ষেপ: মার্কেটৰ অভিক্ষেপ (Mercator Projection), কেছিনী (Cassini), গাউছ ক্ ৰুগাৰ (Gauss-krugar), মিলাৰ (Miller) অভিক্ষেপ ইত্যাদি।

(vii) জৈৱবৈচিত্র সংৰক্ষণৰ প্রয়োজনীয়তাৰ বিষয়ে এটা টোকা লিখা আৰু অসমৰ জৈৱবৈচিত্রৰ বর্তমানৰ অৱস্থাৰ বিষয়ে বর্ণনা কৰা।

উত্তৰঃ উদ্ভিদ, প্ৰাণী আৰু অন্যান্য জীৱসমূহ নিজৰ বাসস্থানতেই সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰিব পাৰি অথবা বেলেগ বাসস্থান সৃষ্টি কৰি তাতে কিছুমান বিশেষ জীৱ সংৰক্ষিত কৰিব পাৰি। নিজৰ বাসস্থানতে সংৰক্ষিত কৰা ব্যৱস্থাটোক স্থানিক সংৰক্ষণ (In-Situ Conservation) আৰু বেলেগ ঠাইত নি ৰখা ব্যৱস্থাটোক বহি:স্থানিক (Ex-Situ Conservation) সংৰক্ষণ ব্যৱস্থা বোলে। স্থানিক সংৰক্ষণ ব্যৱস্থাৰ ভিতৰত আছে অভয়াৰণ্য, ৰাষ্ট্ৰীয় উদ্যান আৰু জৈৱ মণ্ডল সংৰক্ষিত অঞ্চল।

অভয়াৰণ্য (Sanctuary): এই অৰণ্যত বিশেষ কিছুমান প্ৰাণীক সুৰক্ষা দিয়া হয়। এই অঞ্চলত মানুহৰ ব্যক্তিগত স্বত্বাধিকাৰ থাকে, খৰি কাটিব পাৰে, কাঠৰ বাবে গছ কাটিব পাৰে আৰু খেতি-বাতি কৰিব পাৰে। কিন্তু মানুহৰ কাৰ্য-কলাপৰদ্বাৰা তাত থকা প্ৰাণীবোৰৰ একো অন্যায় হ’বলৈ দিয়া নহয়। সম্প্ৰতি ভাৰতত অভয়াৰণ্যৰ সংখ্যা 448 বুলি জনা যায়।

ৰাষ্ট্ৰীয় উদ্যান (National Park): এই অৰণ্য অঞ্চলত বিভিন্ন জীৱ-জন্তু নিৰাপদে থাকিব পাৰে। এনে অঞ্চলত মানুহে মাটিৰ অধিকাৰ নাপায়, খেতি কৰিব নোৱাৰে, জংঘল কাটিব নোৱাৰে বা গৰু-ম’হ চৰাবও নোৱাৰে। ভাৰতত বৰ্তমান নব্বৈখন ৰাষ্ট্ৰীয় উদ্যান আছে।

জৈৱ মণ্ডল সংৰক্ষিত অঞ্চল (Biosphere Reserves): এইবিধ সংৰক্ষিত অঞ্চলৰ ভূমিভাগ কেইটামান নিৰ্দাৰিত কাৰ্য্যৰ বাবে তিনিটা ভাগত ভগোৱা হয়- মূল বা কেন্দ্ৰীয় বনাঞ্চল, তাক আগুৰি থকা এটা সীমিত এলেকা য’ত শিক্ষা, প্ৰসাৰণ আৰু গৱেষণামূলক কাম কৰা হয়। একেবাৰে বাহিৰত থকা তৃতীয় অঞ্চলটোত থলুৱা বাসিন্দা সকলে নিজৰ কাম-কাজ চলাব পাৰে, বাস কৰিব পাৰে, খেতি কৰিব পাৰে। ভাৰতত বৰ্তমান 14 টা জৈৱ মণ্ডল সংৰক্ষিত অঞ্চল আছে।

ভাৰতবৰ্ষৰ উত্তৰ-পূবত অৱস্থিত ৰাজ্যসমূহৰ এখন অসম- পর্বত, পাহাৰ, মালভূমি, নদীউপত্যকা, অৰণ্য ইতাদিৰে অনুপম, জৈৱবৈচিত্র্যত চহকী এখন ৰাজ্য। ভাৰতবৰ্ষৰ দুটা জৈৱবৈচিত্র্যৰ হটস্পট (Hotspot) হৈছে পশ্চিমঘাট পর্বত আৰু উত্তৰ-পূব ভাৰত। আমাৰ অসমখন এই উত্তৰ-পূব ভাৰতৰ এক গুৰুত্বপূর্ণ অংগ। অদ্বিতীয় প্রকৃতি, বতৰৰ অৱস্থা, মাটিৰ ধৰণ আদিয়ে এই অঞ্চলটোক জৈৱবৈচিত্র্যৰ ক্ষেত্রত উৎকর্ষ সাধনত সহায় কৰিছে।

অসমৰ জৈৱবৈচিত্র্যৰ কেইটামান বৈশিষ্ট্য হৈছে-

(ক) অৰণ্য বা বনাঞ্চলৰ প্রাচুর্য।

(খ) ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহৰ জালিকা।

(গ) আর্দ্রভূমিৰ পৰিৱেশ তন্ত্র।

(ঘ) ঘাঁহনি পৰিৱেশ তন্ত্র।

(ঙ) ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্য সমূহ।

Part – II

(History)

5. নিম্নোক্ত প্রশ্নকেইটাৰ শুদ্ধ উত্তৰ বাছি উলিওৱা:

(a) তলৰ কোনটো পাৰিৱেশিক আন্দোলন ক্রান্তীয় চিৰসেউজ বনাঞ্চল ধ্বংসৰ বিৰুদ্ধে গঢ়ি উঠিছিল?

(i) চিপকো আন্দোলন।

(ii) নীৰব উপত্যকা আন্দোলন।

(iii) এপিক’ আন্দোলন।

(iv) বিষ্ণয় আন্দোলন।

উত্তৰঃ (i) চিপকো আন্দোলন।

(b) অৰুনোদই ক’ৰ পৰা প্ৰকাশ হৈছিল?

(i) শিৱসাগৰ।

(ii) গুৱাহাটী।

(iii) কলিকতা।

(iv) তেজপুৰ।

উত্তৰঃ (i) শিৱসাগৰ।

(c) ‘ৰহৰ’ ব্যৱহাৰ কৰা হয়—

(i) গছৰ আঠা।

(ii) পানী ফটফটীয়া কৰি ৰাখিবৰ বাবে।

(iii) লা তৈয়াৰ কৰাত।

(iv) খাৰ তৈয়াৰ কৰাত।

উত্তৰঃ (iv) খাৰ তৈয়াৰ কৰাত।

(d) ফুলগুৰি বিদ্ৰোহ কোন চনত হৈছিল?

(i) ১৯৪৭

(ii) ১৮৬১

(iii) ১৮৫৭

(iv) ১৯৫০

উত্তৰঃ (ii) ১৮৬১

6. তলৰ প্ৰশ্নবোৰৰ চমু উত্তৰ দিয়া: (যিকোনো তিনিটা)

(i) গোমধৰ কোঁৱৰ কোন আছিল?

উত্তৰঃ গোমধৰ কোঁৱৰ অসম তথা ভাৰতৰ এজন স্বাধীনতা সংগ্রামী আছিল।

(ii) জনজাতীয় বেল্ট কি?

উত্তৰঃ ১৯৪২ চনত ভাৰতৰ স্বাধীনতাৰ দাবী তুংগত উঠা ভাৰতীয় গণ বিপ্লৱৰ সময়ত প্ৰায়ভাগ কংগ্ৰেছী নেতাক জেলত ভৰাই থোৱা হৈছিল। ১৯৪৫ চনত এওঁলোকৰ সৰহভাগ জেলৰ পৰা মুক্ত হয় আৰু ১৯৪৬ চনৰ সাধাৰণ নিৰ্বাচনত কংগ্ৰেছে একক সংখ্যা গৰিষ্ঠতা লাভ কৰি গোপীনাথ বৰদলৈৰ নেতৃত্বত চৰকাৰ গঠন কৰে। এই চৰকাৰে অসমৰ খিলঞ্জীয়া জনজাতি সকলৰ স্বাৰ্থ সুৰক্ষাৰ অৰ্থে ‘অসম ভূমি ৰাজহ নিয়ামক ১৮৮৬ চন’ সংশোধন কৰি ২৭৯৫ খন গাঁৱৰ ১৫০০ বর্গ কিলোমিটাৰ এলেকা সামৰি ৩৬৮ টা জনজাতীয় গোট আৰু ব্লক গঠন কৰিছিল। 

আনফালে ইংৰাজ চৰকাৰে ভাৰতক হিন্দু আৰু মুছলমান এই দুই ধৰ্মৰ ভিত্তিত ভাগ কৰি হিন্দুস্থান আৰু পাকিস্তান নামেৰে দুখন সুকীয়া ৰাষ্ট্ৰ সৃষ্টি কৰি স্বাধীনতা প্ৰদান কৰাৰ প্ৰস্তাৱৰ ওপৰত গুণা–গঁথা কৰি আছিল। এই প্ৰস্তাৱতে ভাৰতৰ প্ৰদেশ সমূহক এ.বি.চি. এই তিনিটা সংহতিত বিভক্ত কৰিবলৈ ব্যৱস্থা কৰে। এইমতে অসমক বঙ্গদেশৰ সৈতে একেটা সংহতি বা গ্ৰুপত অন্তর্ভূক্ত কৰাৰ প্ৰস্তাৱ কৰা হৈছিল। গোপীনাথ বৰদলৈ, ৰূপনাথ ব্ৰহ্ম, ভীমবৰ দেউৰীৰ দৰে অসমৰ থলুৱা জাতি–জনজাতি নেতা সকলে একমুখে এই প্ৰস্তাৱৰ বিৰোধিতা কৰি অসমক পাকিস্তান অন্তর্ভূক্ত কৰাৰ ষড়যন্ত্ৰৰ পৰা ৰক্ষা কৰিলে।

(iii) ‘ইনাৰ লাইন’ কি?

উত্তৰঃ ব্রিটিছ শাসনকালত সীমান্তৱর্তী পাহাৰীয়া অঞ্চলসমূহৰ লগত ৰাজনৈতিক সম্পর্ক ৰক্ষা কৰাৰ বাবে গ্রহণ কৰা ব্যৱস্থা। এই ব্যৱস্থা অনুসৰি ইনাৰ লাইন নামে এক সীমা নিৰ্দ্ধাৰণ কৰা হয় পাহাৰ আৰু ভৈয়ামৰ মাজত। ভৈয়ামৰ মানুহে সেই সীমা অতিক্ৰম কৰি পাহাৰীয়া অঞ্চলসমূহত প্ৰৱেশ কৰিবলৈ চৰকাৰী অনুমতি ল’ব লাগিছিল।

(iv) মাটিক বিভিন্ন প্ৰকাৰত শ্ৰেণীকৰণ কৰা।

উত্তৰঃ মাটিৰ শ্ৰেণীকৰণসমূহ হ’ল—

১। বাৰী মাটি (য’ত বসতিৰ বাবে গৃহ, বস্তি আৰু পুখুৰী আদি থাকে)

২। কপিত (ধানখেতিৰ বাবে ৰখা মাটি)।

৩। ফৰিঙতি (শুকান ধানখেতিৰ উপযোগী)।

৪। কঠীয়া পৰাৰ বাবে নিদ্দিষ্টকৈ ৰখা মাটি (কঠীয়াতলি)।

৫। জলাতক (পানী ৰৈ যোৱা দ-চানেকীয়া মাটি)।

৬। দলনি (নিম্ন এলেকাৰ জলাতক মাটি)।

৭। হাবিয়নী (অৰণ্যভূমি)।

7. তলৰ যিকোনো দুটা প্রশ্নৰ চমু উত্তৰ লিখাঃ

(i) ইয়াণ্ডাবু সন্ধিৰ চৰ্তাৱলী বর্ণনা কৰা।

উত্তৰঃ ইয়াণ্ডাবু সন্ধিৰ চৰ্তাৱলী তলত উল্লেখ কৰা হ’ল—

(১) ব্রহ্মদেশ আৰু ইষ্ট ইন্ডিয়া কোম্পানীৰ মাজত স্থায়ী শান্তি আৰু বন্ধুত্বপূর্ণ সম্পর্ক ৰক্ষা কৰা হ’ব।

(২) অসম, মণিপুৰ আৰু আৰাকান অঞ্চলবোৰ ইষ্ট ইন্ডিয়া কোম্পানীৰ শাসনৰ অধীনলৈ যায়; লগতে আভাৰ ৰজাই কছাৰী ৰাজ্য আৰু জয়ন্তীয়া ৰাজ্যৰ বিৰুদ্ধে কৰা আচৰণ বন্ধ কৰিবলৈ সম্মতি প্রদান কৰে।

(৩) যুদ্ধৰ ক্ষতিপূৰণ হিচাপে মান বজাই ইষ্ট ইন্ডিয়া কোম্পানীক এক নিযুত পাউণ্ড আদায় দিবলৈ মাস্তি হয়।

(৪) ব্ৰহ্মদেশৰ ৰাজধানী আভাত ইষ্ট ইণ্ডিয়া কোম্পানীৰ কূটনৈতিক প্রতিনিধি ৰখাৰ অনুমতি প্রদান কৰা হয়।

(ii) পাইক প্রথাৰ বিষয়ে এটা টোকা লিখা।

উত্তৰঃ আহোম শাসনত প্রতিজন পুৰুষকে পাইক নামে জনা গৈছিল। এই বিশেষ সামন্তীয় ব্যৱস্থাৰ মাজেৰে সকলো প্রজাকে ‘পাইক প্রথাত’ অন্তর্ভুক্ত কৰি ৰাজখোৱা, বৰা, শইকীয়া, হাজৰিকা আদি বিষয়াৰ জৰিয়তে প্রশাসনিক ব্যৱস্থাটো পৰিচালনা কৰা হৈছিল। ছশবছৰীয়া আহোম প্রশাসনৰ সু-পৰিচালনাৰ প্রধান কাঠামো আছিল এই পাইক প্রথা নামৰ অভিনৱ প্রশাসনীয় ব্যৱস্থাটো। ইয়াৰ প্ৰথম স্বর্ত হিচাবে চাৰিজন পাইকক লৈ এটা গোট গঠন কৰা হয়। প্রত্যেকগৰাকী পূর্ণাংগ পাইককে ৰাজ্যখনৰ অন্তৰ্গত এটুকুৰা নির্দিষ্ট ভূখণ্ড আৱন্তন কৰি খেতি কৰিবলৈ অনুমতি প্রদান কৰা হৈছিল। কৃষিৰ বাবে উৰ্বৰা উৎকৃষ্ট মানৰ আৱশ্চিত কৰা সেই মাটিৰ পৰিমাণ আছিল ২ পুৰা। য’ত পাইকজনে ধান, মাহ বা অন্যান্য খাদ্য-শস্য উৎপন্ন কৰি পৰিয়াল পোহপাল দিব পাৰিছিল। তদুপৰি যিকোনো এজন পাইকে বছৰি ৪ অনা হাৰত এপুৰামাটি (৫৮৭৭ ঘনফুট) সুকীয়াকৈ লৈয়ো খেতি কৰিব পাৰিছিল। গো-পালক সকলৰ বাবে থকা বনাঞ্চলৰ মাটিৰ বিনিময়ত কোনো ধৰণৰ কৰ-কাটল ধাৰ্য কৰা হোৱা নাছিল। অসমৰ ধৰ্ম্মীয় অনুষ্ঠানৰ বাবে ব্রহ্মোত্তৰ, দেবোত্তৰ, ধর্মোত্বৰ আৰু পীৰপাল নামৰ চাৰি শ্ৰেণীৰ মাটি আহোম শাসকসকলে আবন্টন দিছিল। এই মাটিসমূহ কৰবিহীন বা নিস্পেখেৰাজ মাটি।

(iii) ব্রিটিছ শাসনত অসমলৈ কেনেধৰণৰ পৰিৱৰ্তন আনিছিল আলোচনা কৰা।

উত্তৰঃ ব্ৰিটিছ শাসন প্ৰতিষ্ঠা হোৱাৰ পিছত অসমৰ ৰাজহ সংগ্ৰহৰ পদ্ধতিৰ টকা বা মুদ্ৰাৰ মাধ্যমত কৰ সংগ্ৰহ কৰা হৈছিল। অসমত ব্ৰিটিছ শাসনৰ পূৰ্বৱৰ্তী অৱস্থাত মুদ্ৰাৰে ৰাজহ সংগ্ৰহৰ ব্যৱস্থা নাছিল। কিন্তু ব্ৰিটিছে টকাৰ মাধ্যমত মাটিৰ খাজনা আৰু অন্যান্য কৰ-কাটল সংগ্ৰহ কৰিছিল। এই ব্যৱস্থাই অসমীয়া প্ৰজাৰ অৱস্থা শোচনীয় কৰি তুলিছিল। 

(iv) অসমৰ চাহ উদ্যোগৰ বিষয়ে এটা টোকা লিখা।

উত্তৰঃ চাহগছ আৱিষ্কাৰ হোৱাৰ পাছত অসমৰ অর্থনীতিত অতি গুৰুত্বপূর্ণ চাহ উদ্যোগৰ বিষয়ে চিন্তা-চৰ্চা আৰম্ভ হৈছিল ১৮৩৪ চনত। তদানীন্তন গৱৰ্ণৰ জেনেৰেল (লর্ড উইলিয়াম বেন্টিংক) পৰিষদে চাহ খেতিৰ পৰিকল্পনা যুগুত কৰিবলৈ এখন চাহ কমিটি (Tea Committee) নিয়োগ কৰিছিল ১৮৩৪ চনত। সেই সময়ত চাহ ব্যৱসায় নিয়ন্ত্রণ কৰিছিল চীনাসকলে। ব্রিটিছসকলৰ চীন চৰকাৰৰ সৈতে সম্পর্ক সিমান সৌহাদ্যপূর্ণ নাছিল। তেনে পৰিস্থতিত কোম্পানী চৰকাৰে চাহৰ বিকল্প উৎসৰ সন্ধান কৰিছিল যাতে চাহপাতৰ যোগান নিয়মীয়া কৰিব পৰা যায়। ইতিমধ্যে চাহ বৃটিছসকলৰ প্রিয় পানীয় হৈ পৰিছিল। লর্ড আর্মহাষ্ট্ৰৰ সময়তে হিমালয় অঞ্চলত চাহ খেতিৰ সম্ভাৱনা পৰীক্ষা কৰিবলৈ কেবাটাও মিছন প্ৰেৰণ কৰা হৈছিল। বিষয়টোৱে অধিক গুৰুত্ব লাভ কৰে বেন্টিংকৰ দিনত। চাহখেতিৰ বিশদ পৰিকল্পনা প্ৰস্তুতকৰণৰ বাবে জি. আই গর্ডনক সচিব হিচাবে লৈ চাহ কমিটি গঠন কৰা হৈছিল। এই কমিটিয়ে অতি সোনকালে উত্তৰ-পূৱ সীমান্ত, নীলগিৰি আৰু হিমালয়ৰ পাদদেশত অনুসন্ধান আৰম্ভ কৰে। তাৰোপৰি চীনদেশৰ পৰা চাহ গছৰ কাটিং আৰু লগতে শ্রমিক আনি চাহ খেতি কৰিবলৈ পদক্ষেপ লোৱা হৈছিল। প্রথম অৱস্থাত চাহ কমিটিয়ে পূর্বোল্লেখিত অঞ্চলসমূহৰ পৰা প্ৰয়োজনীয় তথ্য সংগ্ৰহ কৰিছিল। চাহ কমিটিৰ সচিব গর্ডন চাহপুলি আৰু শ্রমিক সংগ্ৰহৰ বাবে চীনদেশলৈ গৈছিল। অসমৰ কমিছনাৰ জেনকিন্সেও লেফটেনেন্ট চার্লটনৰ সৈতে শদিয়াত চাহ গছৰ অনুসন্ধান কৰিছিল। তেওঁলোকে শদিয়া আৰু বিচাত বনৰীয়া চাহ গছ প্রত্যক্ষ কৰি উৎসাহী হৈ পৰিছিল আৰু লগে লগে এটা বিৱৰণ প্ৰস্তুত কৰি চাহ কমিটিক জনাইছিল। শদিয়াত চাহ গছৰ আৱিষ্কাৰে স্বাভাৱিকতে কোম্পানী চৰকাৰক উজনি অসমৰ প্ৰতি আকৰ্ষিত কৰিছিল।

বর্তমান অসমত ৭৬৫ খন চাহ বাগিচা আছে। বিশ্বৰ আটাইতকৈ বৃহৎ চাহ উৎপাদনকাৰী অঞ্চল হিচাবে অসম জনাজাত। এই বাগানসমূহ প্রাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ। ইয়াৰ উপৰিও অসমত এক লাখ ক্ষুদ্র চাহ বাগিচাও আছে। বছৰি প্রায় ৫৭০ মিলিয়ন চাহ পাত অসমে উৎপাদন কৰে। স্বৰাজোত্তৰ কালত ক্ষুদ্র চাহ খেতিয়সকলে চাহখেতিৰ জৰিয়তে লাভৱান হৈছে। তেওঁলোকে ডাঙৰ বাগানসমূহত চাহপাত বিক্রী কৰে। (অসমৰ চাহগছৰ বৈজ্ঞানিক নাম Camellia Sinesis var. assamica).

8. তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া: (যিকোনো চাৰিটা)

(i) অসহযোগ আন্দোলনৰ বিষয়ে এটা টোকা লিখা।

উত্তৰঃ মহাত্মা গান্ধীৰ নেতৃত্বত অসহযোগ আন্দোলনৰ আহ্বান দিয়াৰ পিছত গংগা গোবিন্দ বৰুৱা, তাৰাপ্রসাদ চলিহা, ঘনশ্যাম বৰুৱা আৰু চন্দ্ৰধৰ বৰুৱাই স্থানীয় সমস্যাসমূহ ব্রিটিছৰ সৈতে আলাপ-আলোচনা কৰি সমাধান কৰাৰ বাবে অসম এছ’ছিয়েশ্বনে অসহযোগ আন্দোলনৰ পৰা আঁতৰি থকাটো বিচাৰিছিল, কিন্তু এছ’ছিয়েশ্বনৰ গৰিষ্ঠসংখ্যক সদস্যই অসহযোগ আন্দোলনত যোগদান কৰাৰ পক্ষত থিয় হৈছিল। ১৯২০ চনৰ ডিচেম্বৰ মাহত তেজপুৰত অনুষ্ঠিত অসম এছ’ছিয়েশ্বনৰ সপ্তদশ সম্মিলনত স্বৰাজৰ সপক্ষে অসহযোগ আন্দোলনত জাতীয় কংগ্ৰেছে প্রদান কৰা নিৰ্দেশাৱলী মানি চলাৰ বাবে সিদ্ধান্ত লৈছিল। এনেকৈয়ে মূল সুঁতিৰ ব্ৰিটিছ বিৰোধী ৰাজনৈতিক আন্দোলনত অংশগ্ৰহণ কৰাৰ মাজেদি অসম এছ’ছিয়েশ্বনে নিজৰ সুকীয়া পৰিচয় ত্যাগ কৰিবলগীয়া হয়। ১৯২১ চনৰ জুন মাহত অসম প্রাদেশিক কংগ্ৰেছ কমিটি গঠন হয় আৰু এই কমিটিৰ কৰ্মক্ষেত্ৰৰ পৰিসৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ জিলাবোৰৰ মাজতহে সীমাবদ্ধ আছিল। অসম প্রাদেশিক কংগ্রেছ কমিটিৰ সভাপতি ৰূপে কুলধৰ চলিহা আৰু সম্পাদকৰ দায়িত্ব নবীন চন্দ্ৰ বৰদলৈৰ ওপৰত ন্যস্ত কৰা হৈছিল।

(ii) ১৯৪৭ চনৰ পৰৱৰ্তী কালত অসমৰ পাৰিপাৰ্শ্বিক পৰিৱৰ্তনৰ কাৰণ আৰু প্ৰভাৱৰ বিষয়ে আলোচনা কৰা।

উত্তৰঃ ভৌগলিক অৱস্থিতি, দূর্বল আর্থসামাজিক পৰিৱেশ, পৰিৱেশ আৰু জলবায়ুৰ সঘন পৰিৱৰ্তনৰ ফলত অসম এখন অতিশয় বিপদসংকুল ৰাজ্য হিচাপে পৰিগণিত হৈছে। বছৰি বছৰি অহা বানপানী আৰু মাজে মাজে সৃষ্টি হোৱা অনাহুত খৰাং পৰিস্থিতিৰ বাবে ৰাজ্যখনৰ জলবায়ু আৰু সামগ্রিকভাৱে বতৰৰো ব্যাপক পৰিৱৰ্তন ঘটা দেখিবলৈ পোৱা যায়। ৰাজ্যিক পৰিৱেশ পৰিৱৰ্তন ব্যৱস্থাপক সমিতিৰ এক প্রতিবেদনত অসমৰ তাপমাত্ৰাৰ বাৰ্ষিক গড় বৃদ্ধি ০.৫৯° ছেলছিয়াছ (১৯৫১-২০১০) পর্যন্ত বৃদ্ধি হৈছে। ২০৫০ চন পর্যন্ত তাপমাত্ৰাৰ এই বৃদ্ধি ১.৭-২.২ ডিগ্রী ছেলছিয়াছ পর্যন্ত হোৱাৰ আশংকা কৰা হৈছে।

লোক পিয়লৰ তথ্যমতে অসমে দেশৰ সৰ্বমুঠ ভৌগলিক এলেকাৰ ২.৩৯ শতাংশ এলেকা সামৰি আছে। ১৯৬৯ চনত ৰাজ্যখনৰ ভৌগলিক এলেকা ২৬.৫০ শতাংশৰ হোৱাৰ বিপৰীতে সম্প্রতি ই হ্রাস পাই ২০০৩ বর্ষত ২৪.৫৪ শতাংশ হৈছেহি।

সাধাৰণতে অসমৰ পাৰিপাৰ্শ্বিকতাৰ পৰিবৰ্ত্তনৰ অনেক কাৰণ আছে যদিও আটাইতকৈ গুৰুত্বপূর্ণ কাৰণসমূহৰ ভিতৰত কৃষিক্ষেত্ৰৰ ওপৰত উৎপাদনৰ বাবে তীব্রতা বৃদ্ধি, ব্যাপক উদ্যোগীকৰণ আৰু শক্তিৰ ক্ৰমবৰ্দ্ধমান ব্যৱহাৰেই প্রধান বুলি ক’ব পাৰি। স্বৰাজোত্তৰ কালৰ অসমৰ পাৰিপাৰ্শ্বিকতাৰ পৰিৱৰ্ত্তনৰ ভিতৰত ঘাইকৈ উজনি অসমত ঘটা সামগ্রিক ৰূপৰ পৰিৱৰ্ত্তনসমূহ বিশেষভাৱে মন কৰিবলগীয়া। দ্রুতগতিত বন-জংঘল ধ্বংস হোৱাৰ পৰিণতিত একালৰ জৈৱ-বৈচিত্র্যৰে সমৃদ্ধ নাতিশীতোষ্ণ, সেমেকা পলসুৱা বনভূমি আৰু ক্রান্তীয় সেউজীয়া নিম্নভূমিৰ অৰণ্যৰে আবৃত্ত অঞ্চলটোলৈ তীব্র সংকট আহি পৰিছে। জলবায়ু পৰিবৰ্ত্তনে বিভিন্ন প্ৰকাৰৰ প্ৰাকৃতিক দুর্যোগৰ সৃষ্টি কৰে। এই দুর্যোগ প্রধানতঃ বানপানী আৰু গৰাখহনীয়া- এই দুটা কাৰণত সংঘটিত হয়।

(iii) অসমত পেট্ৰলিয়াম উদ্যোগৰ আৰম্ভণিৰ বিষয়ে এটা টোকা লিখা।

উত্তৰঃ অসমৰ অৰ্থনীতিত তেল উদ্যোগৰো বিশেষ ভূমিকা আছে। ১৮২৬ চনতে কেপ্তেইন উইলকক্সে শিৱসাগৰ জিলাৰ দক্ষিণ-পশ্চিমে খনিজ তেল আৰু কয়লক্ষেত্র প্রত্যক্ষ কৰিছিল। খনিজ তেল শোধন কৰিবলৈ বৰ্তমান অসমত ডিগবৈ, নুনমাটি, বঙাইগাঁও আৰু নুমলীগড়ত চাৰিটা শোধনাগাৰ আছে। ইয়াৰ ভিতৰত একমাত্র ডিগবৈ শোধনাগাৰ স্বাধীনতাৰ পূৰ্বে স্থাপন কৰা হৈছিল। খনিজ তেলৰ প্ৰথম প্ৰণালীবদ্ধ ব’ৰিং অর্থাৎ খনন আৰম্ভ হয় ১৮৬৬ চনৰ নৱেম্বৰ মাহত। প্রথম পৰ্যায়ৰ এই অভিযান সফল হোৱা নাছিল। এইক্ষেত্ৰত প্রধান অসুবিধা আছিল যাতায়াত। 

পৰীক্ষামূলক তেল আহৰণত এটা কথা পৰিষ্কাৰ হৈছিল যে মাকুমৰ তৈলক্ষেত্ৰত পর্যাপ্ত পৰিমাণৰ তেল আহৰণ কৰিব পৰা হ’ব। তেল উদ্যোগে বাণিজ্যিক সফলতা লাভ কৰিব নোৱাৰাৰ মূলতে আছিল উপযুক্ত যাতায়াত ব্যৱস্থাৰ অভাৱ। আসাম ৰে’লৱে এণ্ড ট্রেডিং কোম্পানীক ১৮৮২ চনৰ শেষৰফালে লক্ষীমপুৰ জিলাত তেল আহৰণৰ সুবিধা দিয়া হৈছিল। ১৮৮৪ চনত এ. আৰ. টি. চিয়ে কাম আৰম্ভ কৰে। চপ্ত বছৰৰ লিজ লাভ কৰি কোম্পানীয়ে দুবছৰৰ ভিতৰত ১০,৪০০ বেৰেল তেল আহৰণ কৰাৰ অনুমতি পাইছিল। কোম্পানীৰ ব’ৰ্ড অব ডাইৰেক্টৰে ডিগবৈৰ আশে-পাশে ছয় বৰ্গমাইলৰ এটা এলেকাত পুনৰ লিজত বিচাৰিছিল। ১৮৯২ চনত কোম্পানীয়ে ৪ বর্গমাইল এখন ক্ষেত্র ২০ বছৰৰ বাবে লিজত লাভ কৰে। 

১৮৮৮ চনৰ প্ৰথম ভাগত ডিগবৈত প্রথম সফল ব’ৰিঙৰ বাবে টাউনচেণ্ডক কৃতিত্ব দিয়া হয়। তেওঁ সমগ্ৰ বিশ্বৰ ভিতৰতে অসম এখন গুৰুত্বপূৰ্ণ তৈলক্ষেত্ৰ হ’ব বুলি ভৱিষ্যৎবাণী কৰিছিল। অসমৰ তদানীন্তন চীফ কমিছনাৰ চাৰ্লছ এলিয়টলৈ এখন পত্রযোগে জনাইছিল যে ডিগবৈত এটা ডাঙৰ কুৱা এ. আৰ. চিয়ে আৱিষ্কাৰ কৰিছে। 

১৮৯৮ চনলৈকে এ. আৰ. টি. চিয়ে বিভিন্ন গভীৰতাৰ দহটা তৈল খাদত কাম কৰি আছিল যদিও তেল আহৰণৰ পৰিমাণ যথেষ্ট কম আছিল। এ. আৰ. টি. চিয়ে মাৰ্ঘেৰিটাত এটা সৰু ৰিফাইনেৰী খুলি লৈছিল। লণ্ডনত ৩১০,০০ পাউণ্ড ষ্টালিঙৰ এটা পুঁজিৰ বিনিয়োগত আসাম অইল কোম্পানী খোলা হৈছিল। নতুনকৈ গঠন কৰা এ.ও.চিয়ে এ. আৰ . টি . চি আৰু তেল চিণ্ডিকেটৰ পৰা সমূহ তৈলক্ষেত্ৰৰ দায়িত্ব লৈ উৎপাদন কাৰ্য আৰম্ভ কৰিবলৈ আগবাঢ়িছিল। মাকুম আৰু ডিগবৈৰ তৈলক্ষেত্ৰসমূহ এইদৰে ‘ আসাম অইল কোম্পানী লৈ হস্তান্তৰ হৈছিল। এ. ও. চি অসমৰ প্ৰথমটো পেট্ৰ’লিয়াম কোম্পানী হিচাবে অর্থনৈতিক ক্ষেত্ৰত যথেষ্ট গুৰুত্ব লাভ কৰিছিল। এ. আৰ. টি. চিৰ চেয়াৰমেন লৰ্ড ৰিবলছডেল ‘আসাম অইল কোম্পানী’ৰ চেয়াৰমেন নিযুক্ত হৈছিল। ডিগবৈত সদৰ কাৰ্যালয় আৰু এটা ডাঙৰ শোধনাগাৰ স্থাপন কৰাৰ পিছত কোচিন তেল, মম, লুব্রিকেণ্টছ আদি পেট্ৰ’লজাত সামগ্ৰীৰ উৎপাদন আৰম্ভ হৈছিল। ১৯১১ ৩,৫৬৫,১৬৩ গেলন পেট্ৰ’ল উৎপাদিত কৰিছিল।

(iv) অসমলৈ পূর্ববঙ্গীয় কৃষকৰ প্ৰব্ৰজনৰ ঐতিহাসিক পটভূমি আলোচনা কৰা।

উত্তৰঃ অসমলৈ অহা পূর্ববঙ্গীয় এই প্ৰব্ৰজনকাৰী সকলৰ ৮৫ শতাংশ লোকেই আছিল মুছলমান ধৰ্মী। এওঁলোকৰ সংখ্যা ক্রমাৎ বাঢ়ি অহা দেখি থলুৱা জনজাতি আৰু হিন্দুধৰ্মীয় লোকসকলে নিজৰ ভাষা সংস্কৃতি আদিৰ প্ৰতি বিপদৰ আগজাননী দেখিবলৈ পালে। অসম চৰকাৰে নিজৰ অৰ্থনৈতিক লাভৰ বাবে প্ৰব্ৰজন বৃদ্ধি পোৱাতো বিচাৰিছিল আৰু একে সময়তে খিলঞ্জীয়া থলুৱা অধিবাসীসকল যাতে বিতুষ্ট নহয় তাৰ বাবে এক মধ্যৱর্তী পন্থা গ্ৰহণ কৰিছে, এইমতে ১৯২০ চনত ‘লাইন প্রথা’ৰ প্ৰৱৰ্তন কৰি আবাসযোগ্য ভূমি ভাগক তিনিটা শ্ৰেণীত ভাগ কৰে:

(ক) পমুৱা সকলৰ বাবে সুকীয়া বাসযোগ্য ভূমি। 

(খ) পমুৱা সকলে বাস কৰিব নোৱাৰা ভূমি। আৰু 

(গ) একেটা অঞ্চলৰ এফালে পমুৱাসকলে আৰু আনফালে থলুৱাসকলে বাস কৰিব পৰা ভূমিছ। 

পূর্ববঙ্গীয় মুছলমান পমুৱাসকলক এটা নিৰ্দিষ্ট অঞ্চলত বসবাসৰ সুবিধা দিয়া আৰু থলুৱা সকলৰ ভূমিৰ অধিকাৰ ৰক্ষা কৰাৰ এই দুইমুখীয়া ব্যৱস্থাটো পিছে সফল নহ’ল। থলুৱাসকলে অধিক দাম পাই নিজৰ মাটি পমুৱা সকলক বিকিবলৈ ল’লে৷ তদুপৰি দুৰ্নীতি পৰায়ণ ৰাজহ বিষয়াসকলেও ক’লাধনৰ লোভত উৎকোচ লৈ লাইন প্রথা উলংঘা কৰি পমুৱা মুছলমানসকলক মাটি নামজাৰী কৰি দিয়াত আগভাগ ল’লে।

(v) অসমত ভাৰত ত্যাগ আন্দোলনৰ বিষয়ে বহলাই বর্ণনা কৰা।

উত্তৰঃ ১৯৪২ চনৰ ৭ আৰু ৮ আগষ্টত বোম্বাই চহৰত ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধিৱেশন বহিছিল আৰু এই অধিৱেশনতে গান্ধীজীৰ নেতৃত্বত অনির্দিষ্টকালীন অহিংস স্বাধীনতা আন্দোলনৰ প্ৰভাৱ গৃহীত হৈছিল। ব্রিটিছ বিৰোধী স্বাধীনতা সংগ্ৰামৰ পৰ্যায়টোক ভাৰত ত্যাগ আন্দোলন নামেৰে জনা যায়। মহাত্মাই দেশৰ স্বাধীনতা অর্জনৰ বাবে দেশবাসীক ‘কৰা কিম্বা মৰা’ (Do or die) ৰ আহ্বান জনাইছিল। ৯ আগষ্টৰ ৰাতিপুৱা ব্ৰিটিছে গান্ধীজীকে ধৰি অধিৱেশনথলীত সমবেত কংগ্ৰেছৰ কেন্দ্রীয় নেতৃত্বক গ্রেপ্তাৰ কৰিছিল।

অসমতো ব্ৰিটিছ চৰকাৰে কংগ্ৰেছৰ আগশাৰীৰ নেতাসকলক জেললৈ পঠিয়ায় আৰু অসম প্রদেশ কংগ্রেছ কমিটি, জিলা সমিতি, শান্তিসেনাকে ধৰি কংগ্ৰেছৰ অধীন সংগঠনবোৰক আইন বিৰোধী বুলি ঘোষণা কৰে। সভা-সমিতি, সমাবেশ, সমদল, হৰতাল আদি নিষিদ্ধ কৰা হয়। এনে পৰিস্থিতিত ছাদুল্লাই পুনৰ ক্ষমতালৈ অহাৰ সম্ভাৱনা প্রকট হৈ পৰে। ১৯৪২ চনৰ ২৫ আগষ্টত ছাদুল্লাক মন্ত্রীসভা গঠনৰ বাবে আহ্বান জনায় আৰু ইংৰাজৰ প্রতি আনুগত্য প্রকাশ কৰি অসম মন্ত্রীসভাৰ দায়িত্ব লয়।

পাতনিতে অসমতো গান্ধীৰ অহিংস আদর্শেৰে ভাৰত ত্যাগ আন্দোলন আৰম্ভ হৈছিল যদিও পুলিচৰ অত্যাচাৰে সংগ্ৰামীসকলৰ মনত বিদ্ৰোহৰ ভাৱ জগাই তোলে। সংগ্রামী জনতাই চৰকাৰী অফিচ-কাছাৰীত আক্রমণ সংগঠিত কৰে। ৰে’ল লাইনৰ ক্ষতিসাধন কৰাৰ লগতে সামৰিক বাহিনীৰ যোগান ব্যৱস্থা ব্যাহত কৰাৰ বাবে কুটাঘাতমূলক কার্যত লিপ্ত হয়। নগাঁও আৰু দৰং জিলা দুখনত সংগ্রামী জনসাধাৰণে চৰকাৰী বিষয়াক আক্রমণ কৰা, দোকান-পোহাৰত অগ্নিসংযোগ কৰাকে ধৰি ৰাস্তা-দলঙ আৰু চৰকাৰী কাৰ্যালয়ৰ বিস্তৰ ক্ষতি সাধন কৰে। হবিগঞ্জৰ চাহাবীবাজাৰ, গোলাঘাটৰ বৰপথাৰ, কামৰূপৰ পানবাৰী আৰু ৰঙিয়াত ৰে’ললাইন উঠাই দিয়া হয়। বৰপথাৰত ৰে’ল বাগৰাৰ ঘটনাত জড়িত কৰি কুশল কোঁৱৰক ব্ৰিটিছে ফাঁচী দিয়ে। সমগ্ৰ ভাৰত ত্যাগ আন্দোলনত একমাত্র কুশল কোঁৱৰেই আছিল ফাঁচীকাঠত মৃত্যুবৰণ কৰা শ্বহীদ। বজালী অঞ্চলৰ পাটাছাৰকুছি, গোৱালপাৰাৰ ফকিৰাগ্রাম আৰু দৰং জিলাৰ গহপুৰ তথা ঢেকীয়াজুলিত ব্রিটিছৰ পুলিচ বাহিনীয়ে সমদলকাৰী সংগ্ৰামীৰ ওপৰত নির্বিচাৰে গুলীবর্ষণ কৰাৰ ফলত গহপুৰত ১৫ বছৰীয়া কনকলতাই শ্বহীদৰ মৃত্যুবৰণ কৰিছিল; শহীদ হৈছিল মুকুন্দ কাকতি। ঢেকীয়াজুলিত মনবৰ নাথ, মণিৰাম বড়ো, ৰতন কছাৰীকে ধৰি কেইবাজনো স্বাধীনতা সংগ্রামীয়ে ব্রিটিছৰ গুলী বুকু পাতি লৈছিল।

(vi) অসমৰ পলু পোহা আৰু বোৱা-কটা শিল্পৰ বিষয়ে লিখা।

উত্তৰঃ পলু পোহা আৰু বোৱা-কটা শিল্পৰ বাবে অসম ৰামায়ণ মহাভাৰতৰ যুগৰ পৰাই বিখ্যাত। মহাকাব্য ৰামায়ণত অসমক ‘পলু পোহাৰ দেশ’ বুলি কৈছে। কামৰূপৰ বৰ্মণ বংশৰ ৰজা ভাস্কৰ বৰ্মণে কণৌজৰ সম্রাট হর্ষবন্ধনলৈ বন্ধু হিচাপে পঠোৱা উপহাৰসমূহৰ ভিতৰত পাট কাপোৰো আছিল। বিদেশী পর্যটকসকলেও অসমৰ পাট শিল্পক ভূয়সী প্রশংসা কৰি গৈছে। উদাহৰণস্বৰূপে ইংৰাজ ভ্রমণকাৰী ৰাল্‌ল্ফ ফিটচে কোচ ৰাজ্যত পাট, কপাহী আদি কাপোৰ উৎপাদন হোৱাৰ কথা লিখি থৈ গৈছে। পাট, মুগা আৰু এৰী আদি পলু পোহা শিল্প বা পাট শিল্প আৰু বোৱা-কটা বা বয়ন শিল্প অসমৰ বিভিন্ন ৰাজ্যত প্ৰাচীন কালৰে পৰাই আছিল যদিও আহোম স্বৰ্গদেউসকলৰ পৃষ্ঠপোষকতাত এই দুই শিল্পই জনপ্রিয়তা লাভ কৰিবলৈ সক্ষম হৈছিল; কাৰণ, স্বর্গদেউসকলেই পাট-মেজাংকৰী, কিংখাপ, সোণালী-ৰূপালী গুণাৰ বনকৰা কাপোৰৰ ব্যৱহাৰ অসমত জনপ্রিয় কৰি তোলে।

অসমত অতীজৰে পৰা প্ৰধানকৈ তিনিপ্ৰকাৰৰ পলু পোহা হৈ আহিছে পাট পলু, মুগা, পলু আৰু এৰী পলু। পাটপলু পুহি পাট-সুতাৰ ব্যৱসায় কৰা লোকসকলক ‘যুগী’ বা ‘কাটনি’ বোলা হৈছিল। পাট পলুৱে নুনি গছৰ; মুগাই চোম, সোঁৱালু গছৰ এৰী পলুৱে এৰা, কেচেৰু আদি গছৰ পাত খাইছিল। মেজাংকৰী গছৰ পাত খোৱা মুগাৰ পৰা উৎপন্ন হোৱা সুতাক মেজাংকৰী সুতা বুলিছিল। সেইদৰে কুটকুৰা গছৰ কুটকুৰা মুগা, ফুটুকা গছৰ দেওমুগা, আদি মুগাৰ পৰাও সূতা উৎপন্ন হৈছিল যদিও এইবোৰ সূতাৰ গুণাগুণ উত্তম নাছিল। এই মুগা পোহা শিল্পটো অতি আর্কষণীয় আছিল। এই শিল্পত পুৰুষ-মহিলা উভয়ে জড়িত আছিল যদিও ঘৰৰ বাহিৰৰ চোমনিবোৰত প্ৰধানকৈ পুৰুষসকল আৰু ঘৰৰ ভিতৰত পলু আদি পোহা কামত মহিলাসকল জড়িত আছিল। বছৰৰ বিভিন্ন ঋতুৰ উপযোগীকৈ বিভিন্ন জাতৰ মুগাৰ পখিলা বা চকৰা-চকৰী সংগ্ৰহ কৰি উঘাৰ ওপৰত চকৰা-চকৰীবোৰ বান্ধি যোৰা পাতি কণী পাৰিবলৈ সুবিধা কৰি দি পলু ফুটিলে সেই পলুবোৰক জাত অনুযায়ী আৰু বয়স অনুপাতে কেচেক, নুনি, এৰা আদি গছৰ কোমল বা পুৰঠ পাত খোৱাই ডাঙৰ কৰি শুকান গছৰ ঠাল বা বাঁহৰ জালী সাজি পকা মুগাই বাহ লৈ লেটা কুন্দাৰ সুবিধা কৰি দিয়ালৈকে প্রায় সমস্ত কামত প্রধানকৈ মহিলাসকল নিয়োজিত আছিল। মুগাৰ লেটাবোৰ জালীৰ পৰা আঁতৰাই তপত পানীত উতলাই খোলাৰ পৰা টাকুৰি, উঘা, লেটাই, চেৰেকী আদি সঁজুলিৰ সহায়ত সূতা প্রস্তুত কৰা কামখিনিও কৰিছিল অসমীয়া মহিলাসকলেই। এইবোৰ কাম কম-বেছি পৰিমাণে আজিও এওঁলোকেই কৰে। পাটপলুৰ ব্যতিৰেকে আন আন পলুৰ খেতি সকলো শ্ৰেণীৰ বা জাতিৰ মানুহৰ মাজতে প্রচলন থাকিব পাৰিছিল।

(vii) ফুলগুৰিৰ কৃষক বিদ্ৰোহৰ কাৰণ আৰু পৰিণতিৰ বিষয়ে বৰ্ণনা কৰা।

উত্তৰঃ ১৮৬১ চনত নগাঁও জিলাৰ ফুলগুৰি অঞ্চলৰ কৃষক ৰাইজে ব্ৰিটিছৰ খাজনা নীতিৰ বিৰুদ্ধে ৰাইজ মেল পাতি বিদ্ৰোহৰ সূচনা কৰিছিল। ১৮৬০ চনত ব্রিটিছ চৰকাৰে কানিৰ খেতি নিষিদ্ধ কৰে আৰু চৰকাৰৰ এনে সিদ্ধান্তই অসমৰ আন ঠাইৰ লগতে ফুলগুৰি অঞ্চলৰ বিশেষকৈ জনগোষ্ঠীয় লোকসকলৰ ঘৰুৱা অর্থনীতি ভাঙি পেলায়। এই অঞ্চলটোত প্রদেশখনৰ ভিতৰতে কানি খোৱা লোকৰ সংখ্যা আছিল অধিক। কানি খেতি নিষিদ্ধ কৰা কথাটোক কৃষকসকলে জনসাধাৰণৰ সামাজিক ৰীতি আৰু অভ্যাসৰ ওপৰত ব্ৰিটিছৰ অহেতুক হস্তক্ষেপ বুলি ক্ষোভ প্রকাশ কৰিছিল। এই সময়তে ব্রিটিছ চৰকাৰে অনুজ্ঞাপত্ৰৰ ওপৰত কৰ লগোৱাৰ বাবে প্রস্তুতি চলোৱাৰ সংবাদে কৃষকসকলক সতর্ক কৰি তোলে। ফুলগুৰি অঞ্চলৰ তিৱা আৰু কছাৰী জনগোষ্ঠীৰ কৃষকসকলে ঘৰ-বাৰী আৰু তামোল-পাণৰ ওপৰত ব্ৰিটিছে সুকীয়া কৰ আৰোপ কৰিব বুলি ওলোৱা উৰা বাতৰিত পতিয়ন গৈ বিদ্রোহৰ পথ লয়। ১৮৬১ চনৰ ১৭ ছেপ্টেম্বৰত নগাঁৱৰ সদৰত প্ৰায় এহেজাৰ কৃষকে ব্ৰিটিছৰ কৰ নীতিৰ বিৰুদ্ধে প্রতিবাদ জনায়। ডেপুটি কমিছনাৰ স্কন্‌’চে কৃষকসকলক শান্ত কৰাত ব্যর্থ হয় আৰু এদল ৰায়তে বলপূর্বকভাৱে তেওঁৰ কাৰ্যালয়ত প্রৱেশ কৰে। এনে তথাকথিত আইন বিৰোধী কাৰ্যৰ বাবে ডেপুটি কমিছনাৰে তেওঁৰ কাৰ্যালয়ত প্রৱেশ কৰা কৃষকসকলক গ্ৰেপ্তাৰ কৰে আৰু জৰিমনা বিহে। এই ঘটনাৰ চাৰি সপ্তাহ পিছত কৃষকসকলে কানি খেতি নিষিদ্ধ কৰা আৰু অন্যান্য কৰৰ বিৰুদ্ধে আন এটি প্রতিবাদী কাৰ্যসূচী লয়। চৰকাৰৰ পৰা কোনো ধৰণৰ সদুত্তৰ লাভ নকৰাত কৃষকসকলে কৰ নিদিয়াৰ সিদ্ধান্ত লয় আৰু ভৱিষ্যত কার্যপন্থা নির্ধাৰণৰ বাবে এখন ৰাইজমেলৰ আহ্বান কৰে। দূৰ-দূৰণিৰ কৃষকসকলে যাতে ৰাইজমেলত অংশ ল’ব পাৰে, সেয়েহে পাঁচদিনীয়াকৈ ৰাইজমেল পতাৰ সিদ্ধান্ত লোৱা হৈছিল। ৰাইজমেলৰ প্ৰথম দিনা ডেপুটি কমিছনাৰে এটা পুলিচ বাহিনী পঠিয়াই কৃষক নেতাসকলক গ্রেপ্তাৰ কৰে আৰু সমবেত ১০০০ কৃষকক খেদি পঠিওৱাৰ ব্যৱস্থা হাতত লয়। বায়তসকলে চৰকাৰী নির্দেশক অগ্রাহ্য কৰে আৰু দাৰোগাই পুলিচ বাহিনীক উভটাই নিবলৈ বাধ্য হয়। যাৰ ফলত পৰিৱেশ উত্তেজনাময় হৈ পৰে আৰু ডেপুটি কমিছনাৰে লেফটেনেন্ট চিংগাৰক পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে পুলিচ বাহিনীৰে সৈতে ফুলগুৰিলৈ পঠিয়ায়। ইতিমধ্যে যাঠি-জোং লৈ ৩০০০ তকৈ অধিক কৃষকে ফুলগুৰিত সমবেত হৈছিল।

(For Old Course Students in lieu of Project Works)

9. তলৰ প্ৰশ্নসমূহৰ উত্তৰ লিখাঃ (যিকোনো পাঁচটা)

(a) মাজুলী দ্বীপ কিয় ইমান গুৰুত্বপূৰ্ণ, ব্যাখ্যা কৰা।

উত্তৰঃ ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত অৱস্থিত মাজুলী সৰ্বমুঠ ৩৫৩ বৰ্গ কি.মি. এলেকাৰে আৱৰা। পৃথিৱীৰ সৰ্ববৃহৎ নদীদ্বীপ ৰূপে পৰিচিত এই নদীদ্বীপে পৃথিৱীৰ বিভিন্ন ঠাইৰ পৰ্যটককেই আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। ২০১৬ চনত জিলা হিচাপে ঘোষণা কৰা মাজুলী হৈছে পৃথিৱীৰ প্ৰথমটো নদীদ্বীপ। যোৰহাট জিলাৰ পৰা ফেৰীৰ সহায়ত মাজুলীত প্ৰৱেশ কৰিব পাৰি।

মধ্যযুগৰ বহুতো তথ্যত অসমখনক তিনিটা ভৌগোলিক ক্ষেত্ৰত ভাগত ভাগ কৰা দেখা যায়। ব্ৰহ্মপুত্ৰৰ উত্তৰে উত্তৰ কুল, দক্ষিণে দক্ষিণ কুল আৰু মাজত মাজুলী। মহাপুৰুষ শ্রীমন্ত শঙ্কৰদেৱ আৰু মাধৱদেৱৰ কৰ্মভূমি মাজুলী সৃষ্টিৰ আদি কালৰে পৰা এখন একাষৰীয়া, জলপ্লাৱিত আৰু নানান শ্ৰেণীৰ গছ-গছনি আৰু জীৱ-জন্তুৰে ভৰা নিৰিবিলি ঠাই আছিল। ড° ডম্বৰুৰ নাথৰ মতে, মাজুলীৰ এই নিৰিবিলি পৰিৱেশ, পাৰিপাৰ্শ্বিকতাৰ কাৰণেহে আহোম স্বৰ্গদেউ সকলে ইয়াত বহুতো সত্র প্রতিষ্ঠা কৰিছিল।

(b) ভাৰতবৰ্ষত প্ৰৱেশ কৰাৰ পৰা ব্ৰহ্মপুত্ৰ নদীৰ গতিপথৰ এটা চমু বৰ্ণনা দিয়া।

উত্তৰঃ ব্ৰহ্মপুত্ৰৰ উৎস কৈলাশ গিৰিমালাৰ পৰা য়াবলুং চাংপো নামেৰে প্ৰায় ১৭০০ কিলোমিটাৰ পূৱ দিশে বৈ দক্ষিণমুৱা হৈ অৰুণাচল প্ৰদেশত প্ৰৱেশ কৰে । অৰুণাচলত প্ৰৱেশ কৰাৰ পিছত এই নদীক ছিয়াং নামেৰে জনা যায় । প্রায় ২৭৮ কিলোমিটাৰ পথ প্রবাহিত হৈ পাছিঘাটৰ পৰা ৫২ কিলোমিটাৰ নামণিত ছিয়াঙৰ নামনি অংশ অর্থাৎ দিহঙে দিবং আৰু লোহিতৰ লগ লাগিছে। এই সংগমস্থলীক ‘পৰশুৰাম কুণ্ড’ নামেৰে জনা যায়। এই সংগমস্থলীৰ পৰা পশ্চিমমুৱাকৈ বৈ অহা বৃহৎ জলাধৰাই হ’ল ব্ৰহ্মপুত্ৰ।

(c) দূৰ সংবেদনৰ ধাৰণাটো বর্ণনা কৰা আৰু ভূগোল অধ্যয়নত ইয়াৰ ব্যৱহাৰৰ বিষয়ে লিখা।

উত্তৰঃ ই এক বিশেষ প্রযুক্তি, য’ত প্রত্যক্ষ সংস্পর্শত নহাকৈ, সংবেদনৰ জৰিয়তে কোনো ঠাই বা বস্তুৰ বিষয়ে দূৰৰ পৰাই তথ্যপাতি আদি সংগ্ৰহ কৰা হয়। এই প্রযুক্তি মুখ্যভাৱে জড়িত হৈ থাকে, সংবেদনযুক্ত কৃত্রিম উপগ্রহ বা উচ্চতাৰে উৰা বিমান। কৃত্রিম উপগ্ৰহই বা অধিক উচ্চতাৰে উৰা আকাশীযানবোৰে পৃথিৱীখনক সূক্ষ্মাতিসূক্ষ্মৰূপে পৰীক্ষা কৰিব বা তথ্য সংগ্ৰহ কৰিব পাৰে।

সংবেদনশীল উৎকৃষ্ট কেমেৰাৰে ভূচিত্র গ্রহণ কৰি থাকে আৰু গৱেষকসকলে ‘সংবেদন’ক অধ্যয়ন কৰি লৈ নিজৰ প্রয়োজন অনুসৰি সেইবোৰ বিশ্লেষণ আৰু ব্যৱহাৰৰ উপযোগী কৰি তুলিব পৰা হ’ল।

পদ্ধতিমূলকভাৱে চন’গ্রাফি থকা জাহাজৰ দ্বাৰা মহাসমুদ্র তলিৰ হুবহু তথ্য এনেভাৱে পাব পৰা হ’ল, যিটো ডুবাৰু সকলৰ পক্ষে অসাধ্যকৰ।

উপগ্ৰহৰ পৰা দূৰ সংবেদনশীল কেমেৰা ব্যৱহাৰ কৰি, মহাসমুদ্ৰৰ তাপমানৰ সালসলনিৰ হুবহু তথ্যও পাবলৈ সহজসাধ্য হ’ল।

দূৰসংবেনদৰ আন কেতবোৰ বৈশিষ্ট্যপূর্ণ ব্যৱহাৰ এনেধৰণৰ যদি কোনো বৃহৎ বনাঞ্চল ধনাগ্নিত পতিত হয়, মহাকাশৰ পৰা তাৰ চিত্ৰ তৎকালীনভাৱে বনৰক্ষকক যোগান ধৰিব পাৰে।

আকাশত, মেঘৰ চালচলনলৈ লক্ষ্য ৰাখি দৈনিক বতৰৰ বাতৰিৰ যোগান সহজতে দিয়াৰ লগতে, ডাঙৰ ধুমুহা যেনে- ফাইলিন, চিনুক, বৰদৈচিলা, কালবৈশাখী, টর্নেডা, ফণি আদিৰ গতিবিধি আৰু বেগৰ হুবহু তথ্য দিয়ে। আগ্নেয়গিৰিৰ উদগীৰণ হৈ থকা সময়ৰ ছবি, নতুনা, পৃথিৱী পৃষ্ঠত বলি থকা ধূলিৰ ধুমুহাৰ ছবিবোৰো তৎকালীনভাৱে যোগান ধৰে।

(d) অসমৰ পাহাৰীয়া জিলাকেইখনত জনবসতি সেৰেঙা হোৱাৰ পাঁচটা কাৰণ লিখা।

উত্তৰঃ অসমৰ পাহাৰীয়া জিলাকেইখনত জনবসতি সেৰেঙা হোৱাৰ পাঁচটা কাৰণ হ’ল—

(ক) পথ পৰিবহণৰ সু-ব্যৱস্থা।

(খ) কল-কাৰাখানা, উদ্যোগ, চিকিৎসালয়, শিক্ষা অনুষ্ঠানত অতি কম।

(গ) পাহাৰীয়া জিলাকেইখন অসমান হোৱাৰ বাবে সকলো খেতিৰ বাবে উপযোগী নহয়।

(ঘ) পাহাৰীয়া জিলা কেইখনত প্ৰয়োজনীয় নূন্যতম সুবিধাৰ অভাৱ।

(ঙ) বাসগৃহ নিৰ্মাণৰ বাবে উপযুক্ত সমতল ভূমিৰ অভাৱ।

(e) ইয়াণ্ডাবু সন্ধিৰ পটভূমিৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ ঊনৈশ শতিকাৰ আৰম্ভণিতে ইংৰাজে অসম দখল কৰাৰ আগে আহোমসকলে প্রায় ছয়শ বছৰকাল অসমত ৰাজত্ব চলাইছিল। আহোম ৰাজ্যখন পূবে পাটকাই পৰ্বতৰ পৰা পশ্চিমে মানাহ নদীলৈকে প্রায় আঠশ কিলোমিটাৰ পর্যন্ত বিস্তৃত আছিল। ব্ৰহ্মপুত্র নদীৰ উত্তৰে ভূটীয়া, অকা, দফলা, মিচিং, মিচিমি আৰু চিংফৌসকলৰ বসতি অঞ্চল চুইছিল। দক্ষিণে আহোম ৰাজ্যখনে নগাভূমিলৈ বিস্তাৰ লাভ কৰাৰ লগতে মণিপুৰ আৰু ব্ৰহ্মদেশৰ সীমা স্পর্শ কৰিছিল। আহোমসকলে মূলতঃ ব্রহ্মপুত্র উপত্যকাত শাসন কৰিলেও, উত্তৰ-পূব ভাৰতত আহোম ৰাজশক্তিক দাঁতি-কাষৰীয়া সৰু-বৰ ৰাজ্যই মান্যতা প্রদান কৰিছিল।

অসম ৰাজ্যখন ভৌগোলিক অৱস্থানৰ বাবে দীর্ঘদিন ধৰি ভাৰত ভূমিৰ মূল ভূ-খণ্ডৰ পৰা বিচ্ছিন্ন হৈ আছিল। আনহাতে, পাহাৰ-পর্বত, নৈ-বিলেৰে ভৰা অসমৰ শাসনকর্তা আহোমসকলেও একাষৰীয়াকৈ থকা নীতিকে অৱলম্বন কৰিছিল।

আহোম শাসনলৈ চালে দেখা যায়, ৰুদ্ৰসিংহৰ পিছৰকালৰ আহোম ৰাজসকল দুর্বল আছিল। আহোম ৰাজ্য শাসনৰ বাবে সিংহাসনৰ দাবীদাৰ সকলৰ মাজত অৰিয়া-অৰিৰো সৃষ্টি হৈছিল। আহোম শাসনৰ দুৰ্বলতা, ডা-ডাঙৰীয়াৰ মইমতালি আৰু শাক্তপন্থা-বৈষ্ণৱপন্থাৰ সংঘাতৰ ফলত অসমত তিনিটাকৈ মোৱামৰীয়া বিদ্ৰোহৰ সূচনা হৈছিল। আহোম ৰাজশক্তিৰ বিৰুদ্ধে সৃষ্টি হোৱা মোৱামৰীয়া বিদ্রোহে আহোম শাসনৰ ভেটি দুর্বল কৰি তুলিছিল। বিদ্রোহী মোৱামৰীয়াসকলে আহোমৰ ৰাজধানী দখল কৰাৰ চেষ্টা চলোৱাত, গৌৰীনাথ সিংহই ৰাজধানী এৰি গুৱাহাটীত আশ্রয় ল’বলগীয়া হৈছিল। গৌৰীনাথে মোৱামৰীয়া বিদ্রোহ দমন কৰাৰ বাবে সামৰিক সাহায্য বিচাৰি লর্ড কর্ণৱালিচলৈ আবেদন জনাইছিল।

১৭৮৪ চনত ইষ্ট ইন্ডিয়া কোম্পানীয়ে ঘোষণা কৰা নীতি অনুসৰি গৱৰ্ণৰ-জেনেৰেল লর্ড কর্ণৱালিচে দেশীয় ৰাজাৰ আভ্যন্তৰীন ক্ষেত্ৰত হস্তক্ষেপ কৰিব বিচৰা নাছিল। কিন্তু ৰংপুৰৰ কালেক্টৰ আৰু কোচ বিহাৰৰ কমিচনাৰ দুগৰাকীয়ে আহোম ৰাজ্যৰ ৰাজনৈতিক অস্থিৰতাই অসম আৰু বঙ্গদেশৰ ব্যৱসায়-বাণিজ্যৰ পৰিৱেশ বিনষ্ট কৰিব পাৰে বুলি গৱৰ্ণৰ-জেনেৰেলক সতর্ক কৰি দিছিল। আনহাতে গৌৰীনাথ সিংহই কোম্পানীৰ সেনা বাহিনীৰ খা-খৰচ দিবলৈ সম্মতি প্রকাশ কৰাত কৰ্ণৱালিচে, ‘অসমৰ আভ্যন্তৰীণ পৰিস্থিতিটো ভালদৰে জনাৰ বাবে’ আৰু ‘ব্যৱসায়-বাণিজাৰ খা-খবৰ সংগ্ৰহ কৰাৰ অর্থে কেপ্তেইন থমাছ বেলচক অসমলৈ প্রেৰণ কৰাৰ অনুমতি প্রদান কৰিছিল।

(f) আহোম প্রশাসনৰ ভূমিনীতিৰ এটা চমু আভাষ দিয়া।

উত্তৰঃ অসমত আহোম সকলৰ ভূমিনীতি আৰু ইয়াৰ পৰিচালনাৰ বিষয়ে তেনে কোনো ইতিহাস আৰু নিৰ্ভৰযোগ্য তথ্য বিৱৰণী পোৱা নাযায়। দৰাচলতে, আহোম সকলৰ ৰাজহ ব্যৱস্থাৰ সাংগঠনিক পৰিকাঠামোটো প্রথম অৱস্থাত অতি মন্থৰ গতিৰে আগবাঢ়িছিল। এই সম্পর্কে কিছু নির্ভৰযোগ্য তথ্য ব্রিটিছ প্রশাসনিক বিষয়া কেপ্টেইন বেলচ্, জন পিটাৰ বেড, হেমিলন্টন বুকানন আৰু ফ্রান্সিচ জেনকিন্সে প্রণয়ন কৰা ৰাজহ সম্পৰ্কীয় নথিপত্ৰ আৰু টোকা বিৱৰণীত উল্লেখ আছে।

আহোম শাসন ব্যৱস্থাত ৰাজ্যখনৰ চাৰিসীমাৰ অন্তৰ্গত সকলো পৰ্যায়ৰ মাটিৰ সৰ্বময় অধিকর্তা আছিল ৰজা সকল। প্রথম অৱস্থাত দুগৰাকী মন্ত্রী যথাক্রমে বুঢ়াগোঁহাই আৰু বৰগোঁহায়ে মাটি-বাৰী আৰু ৰাজহ বিষয়টো তদাৰক কৰিছিল। পিছলৈ ৰাজ্যৰ পৰিসীমা ব্যাপক হাৰত বিস্তৃতি লাভ কৰাৰ পৰিপ্ৰেক্ষিতত চুহুংমুং ওৰফে দিহিঙ্গীয়া ৰজাৰ ৰাজত্ব কালত (১৪৯৭-১৫৩৯) বৰপাত্র গোঁহাই নামৰ তৃতীয় গৰাকী ডাঙৰীয়াক নতুনকৈ নিযুক্তি দি সম্প্ৰসাৰিত এলেকাসমূহ আৰু ইয়াৰ অন্তৰ্গত মাটি-বাৰী, হাবি-বননি সমূহ তদাৰক কৰিবলৈ দায়িত্ব অর্পণ কৰা হৈছিল। সোতৰশ শতিকাত স্বৰ্গদেউ প্রতাপ সিংহই (১৬০৩-১৬৪১) প্রশাসনিক সুবিধাৰ বাবে সমগ্র ৰাজ্যখনকে উত্তৰ কুল আৰু দক্ষিণ কুল নামেৰে দুটা প্রধান ভৌগলিক খণ্ডত বিভাজিত কৰিছিল। ভূমি সংক্রান্তীয় নীতি নিয়ম প্ৰস্তুতিৰ বাবে বৰবৰুৱা নামৰ প্ৰধান কাৰ্যকৰী বিষয়া গৰাকী নিযুক্তি দিয়াৰ পিছৰ পৰাহে আহোম প্রশাসনত ৰাজহ ব্যৱস্থাতো প্রণালীবদ্ধ হৈ উঠে। চুকাফাই অসমত প্রৱেশ কৰি পোন প্রথমতে ৰাজ্যখনৰ উত্তৰ-পূৱ দিশত বসতিস্থাপন কৰা তিনিটা থলুৱা জনগোষ্ঠী মৰাণ, বৰাহী আৰু কছাৰীসকলৰ বিষয়ে জানিবলৈ উৎসুক হৈ পৰিছিল। দুই জনগোষ্ঠী ঘাইকৈ (মৰাণ আৰু বৰাহী) সকলে তেওঁলোকৰ বসতিস্থলৰ চাৰিওপাশে থকা সেউজ বনাঞ্চলৰ সুপৰিচালনা কৰি পৰম্পৰাগতভাৱে সম্পদসমূহৰ সঠিক ব্যৱহাৰ কৰাত পাৰদৰ্শিতা দেখুৱাইছিল। চুকাফাই এই জনগোষ্ঠীৰ মাজৰে পৰা হাতীধৰা আৰু চিকাৰ কাৰ্যৰ বাবে ‘হাতীচুঙ্গী’ নামৰ এটা ‘খেল’ পতাৰ লগতে মৰাণ জনগোষ্ঠীৰ লোকসকলক পানী আৰু খৰি যোগানৰ দায়িত্ব অর্পণ কৰিছিল।

(g) অসমত বাঁহ-বেতৰ শিল্পৰ ভূমিকা সম্পর্কে চমুকৈ আলোচনা কৰা।

উত্তৰঃ প্রাচীন কালৰ পৰা প্ৰায়ে সকলো অসমীয়া লোকেই কম-বেছি পৰিমাণে বাঁহ-বেতৰ কাম কৰিছিল। বিচনী এখন বব নজনা, জেওৰা এখন বব নজনা অসমীয়া পুৰুষক সমাজে হাঁহিছিল। অসমৰ অৰণ্যসমূহ জাতি, ভলুকা, মকাল, কোটোহা, বিজুলী, আদি বিভিন্ন প্রজাতিৰ বাঁহেৰে ভৰি আছিল। এইবোৰৰ সহায়ত অসমীয়া মানুহে ঘৰ-দুৱাৰ, জেওৰা-জপনা, নঙলা, ভঁৰাল, দলঙ, সাঁকো আদি সজাকে ধৰি নিত্য-ব্যৱহাৰ্য প্রায় সকলো সামগ্রী যেনে- শোৱা চাং, পানী চাং, আখল চাং, ঢৰা, জপা, বিচনা, খাং, পেটাৰি; ঢেঁকীশালৰ বিভিন্ন সঁজুলি যেনে- ডলা, কুলা, চালনী, পাচি, খৰাহি, বাখৰু; মাছ ধৰা বিভিন্ন সঁজুলি যেনে জাকৈ, চেপা, খোকা, ঠুহা, হুকুমা, দলঙা, পাউৰি, উভতি, বান; খেতি-বাতিৰ সঁজুলি যেনে মৈ, যুঁৱলি, ডিলামাৰি, শ’লমাৰি, বিৰীয়া, বাঁওকা, এচাৰি, তোম; যুদ্ধৰ অস্ত্র-শস্ত্র যেনে যাঁঠি, জোং, ধনু-কাঁড়, টোকোন, কোঠৰ প্রাচীৰ; ভাওনাৰ বিভিন্ন সঁজুলি যেনে মুখা, ছোঁ আদি সাজিছিল। সেইদৰে জাতি, বাইদাং আদি বেতেৰে মৰণা মৰা গৰুৰ মোখোৰা, তেলপেৰা বেতেৰি, খালৈ, বিচনী, হাতীৰ আগ ঠেং জুটি বন্ধা ‘খাটাং’ নামৰ শকত বেতৰ বাণ্ডা আদি সাজি লৈছিল। বাঁহ-বেতৰ এই সঁজুলিবোৰ সাজোতে বিভিন্ন মোৰ (manner of braiding or weaving) যেনে- কছাৰি-মোৰ, অজলা-মোৰ, জালি-মোৰ আৰু মতা-গাঁঠি, মাইকী-গাঁঠি, শামুকীয়া-গাঁঠি, অজলা-গাঁঠি আদি বিভিন্ন প্ৰকাৰৰ গাঁঠি (knot) ব্যৱহাৰ কৰা হৈছিল। পুৰুষানুক্রমে বাঁহ-বেতৰ শিল্পজ্ঞান সৰুৱে ডাঙৰৰ পৰা ঘৰখনতেই লাভ কৰিছিল। এই শিল্পই অসমীয়া মানুহক স্বাৱলম্বী হোৱাত সহায় কৰিছিল। এই শিল্পৰ চৰ্চা বহুতো অসমীয়া পৰিয়ালত প্রধানকৈ কৃষক পৰিয়ালত আজিও পূর্ণোদ্যমে চলি আছে। বাঁহ-বেতৰ শিল্পৰ আদৰ আৰু জনপ্রিয়তা আজিও প্রায় অটুট আছে বুলি ক’ব পাৰি।

(h) অসমৰ স্বাধীনতা আন্দোলনত নাৰীৰ ভূমিকা বর্ণনা কৰা।

উত্তৰঃ ভাৰতৰ স্বাধীনতা আন্দোলনত আগ-ভাগ লোৱা মহাত্মা গান্ধী, জৱাহৰলাল নেহৰু, আবুল কালাম আজাদ, সৰোজনী নাইডু আদি মহান জাতীয় নেতৃবৃন্দৰ দ্বাৰা অনুপ্ৰাণিত হৈ পৰাধীনতাৰ শিকলিৰ পৰা মুক্ত হ’বলৈ ভাৰতবৰ্ষৰ আন ৰাজ্যৰ দৰে অসমেও এই আন্দোলনত আগ-ভাগ লৈছিল।

এই অভিযানত অসমৰ নাৰীসকল ও পিছ পৰি থকা নাছিল। অসম ৰাজ্য উদ্ধাৰৰ অৰ্থে ঘৰৰ পৰা ওলাই আহি এই আন্দোলনত জপিয়াই পৰিছিল। বহুতে কাৰাবাস খাঁটিছিল আৰু কিছুমানে জীৱন আহুতি দিছিল। স্বদেশ প্ৰেমৰ মহামন্ত্ৰৰে দিক্ষিত তথা ১৯২১ চনৰ অসহযোগ আন্দোলনৰ পৰা ১৯৪৭ চনত ভাৰতবৰ্ষ স্বাধীন হোৱালৈকে অসমৰ যি সকল স্মৰণীয় আৰু বৰণীয় ব্যক্তিয়ে বিভিন্ন দিশত উল্লেখযোগ্য বৰঙনি আগবঢ়াইছে। সেই সকলৰ ভিতৰৰে প্ৰয়াত কেইগৰাকীমান মহিলা মুক্তি-যুঁজাৰু তথা বীৰাঙ্গনাৰ বিষয়ে চমুকৈ বৰ্ণনা কৰা হ’ল-

স্বাধীনতাক জন্মস্বত্ব বুলি ভৱাজনে প্ৰাণ ত্যাগ কৰিও স্বাধীনতা ৰক্ষা কৰিবলৈ চেষ্টা কৰে। তেওঁৰ বাবে মৃত্যু আগ, ভোগ পিছ। বিয়াল্লিছৰ আন্দোলনৰ চৈধ্যবছৰীয়া কনকলতা বৰুৱা আছিল এগৰাকী পাট্ গাভৰু, যিজনীয়ে মাতৃ ভূমিক স্বাধীন কৰাৰ কাৰণে মৃত্যুক আগ কৰিছিল। দৰং জিলাৰ আওঁহতীয়া গহপুৰ অঞ্চলৰ বৰঙাবাৰী এখনি অখ্যাত গাঁও, যিয়ে কনকলতাক জন্ম দি খ্যাত হ’ল। কনকলতাৰ নাম অসমৰ চুকে কোনে জনাজাত। এজনী ১৪/১৫ বছৰীয়া ছোৱালী হৈও দৰং জিলাৰ এটা বিৰাট শোভাযাত্ৰাত কনকলতাই নেতৃত্ব বহন কৰিছিল। শোভাযাত্ৰা গহপুৰ থানাৰ কাষ পাওঁতেই থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই থানাৰ চৌহদলৈ এখোজো আগবাঢ়ি নাযাবলৈ সকীয়াই দিছিল। উত্তৰত কনকলতাই কৈছিল- থানাখন ৰাইজৰহে, চৰকাৰী বিষয়াসকল ৰাইজৰ সেৱক আৰু বিদেশীৰ তলত কাম কৰিবলৈ কোনো নৈতিক অধিকাৰ নাই। সঙ্গীন আৰু পিষ্টলৰ সন্মুখতো কনকলতাই ডাৰোগাক নিজ কৰ্তব্য পালন কৰিবলৈ সকীয়াই দিয়ে নিজৰ জীৱনৰ বিনিময়ত। পুলিচৰ গুলীত থকা সৰকা হৈ কনকলতা মাটিত বাগৰি পৰিল। মাতৃ ভূমিক উদ্ধাৰৰ অৰ্থে জীৱন আহুতি দিয়া শ্বহীদ কনকলতাৰ নাম অসম বুৰঞ্জীত সদায় স্মৰণীয় হৈ ৰ’ব।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top