AHSEC 2022 Logic and Philosophy Question Paper Solved | দ্বাদশ শ্ৰেণীৰ তর্কবিজ্ঞান আৰু দর্শন পুৰণি প্ৰশ্নকাকত সমাধান

AHSEC 2022 Logic and Philosophy Question Paper Solved | দ্বাদশ শ্ৰেণীৰ তর্কবিজ্ঞান আৰু দর্শন পুৰণি প্ৰশ্নকাকত সমাধান, AHSEC Class 12 Logic and Philosophy Question Paper Solved PDF Download, দ্বাদশ শ্ৰেণীৰ তর্কবিজ্ঞান আৰু দর্শন 2022 ৰ প্ৰশ্নকাকত সমাধান কৰা হৈছে to each Paper is Assam Board Exam in the list of AHSEC so that you can easily browse through different subjects and select needs one. AHSEC 2022 Logic and Philosophy Previous Years Question Paper Solved can be of great value to excel in the examination.

AHSEC 2022 Logic and Philosophy Question Paper Solved

AHSEC 2022 Logic and Philosophy Question Paper Solved | দ্বাদশ শ্ৰেণীৰ তর্কবিজ্ঞান আৰু দর্শন পুৰণি প্ৰশ্নকাকত সমাধান

Join Telegram channel

AHSEC Old Question Paper provided is as per the 2022 AHSEC Board Exam and covers all the questions from the AHSEC Class 12 Logic and Philosophy Solved Question Paper 2022 Assamese Medium. Access the detailed Class 12 Logic and Philosophy 2022 Previous Years Question Paper Solved provided here and get a good grip on the subject. Access the AHSEC 2020 Logic and Philosophy Old Question Paper Solved, AHSEC Class 12 Logic and Philosophy Solved Question Paper 2022 of Assamese in Page Format. Make use of them during your practice and score well in the exams.

LOGIC & PHILOSOPHY

2022

LOGIC & PHILOSOPHY OLD QUESTION PAPER SOLVED

1. অতি চমু উত্তৰ দিয়া।

(a) তর্কবিজ্ঞানৰ আদৰ্শ কি?

উত্তৰঃ সত্যতাই তৰ্কবিজ্ঞানৰ আদৰ্শ।

(b) সাদৃশ্যানুমানৰ সিদ্ধান্ত নিশ্চিত হয়নে?

উত্তৰঃ নহয়।

(c) অবৈজ্ঞানিক আগমনৰ এটি উদাহৰণ দিয়া।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

উত্তৰঃ সকলো কাউৰী হয় কলা।

(d) কাৰণৰ পৰিমাণগত লক্ষণ কি নিয়মৰ ওপৰত প্ৰতিষ্ঠিত?

উত্তৰঃ পদার্থ বিজ্ঞানৰ দ্ৰব্য আৰু শক্তিৰ অবিনশ্বৰতাৰ নিয়মৰ ওপৰত।

(e) কি প্ৰকাৰৰ প্ৰকল্পৰ সহায়ত ‘মাধ্যাকর্ষণ শক্তিৰ নিয়ম’ৰ আৱিষ্কাৰ কৰা হৈছিল?

উত্তৰঃ ব্যাখ্যামূলক প্রকল্প।

(f) গ্রীক শব্দ ‘Ethos’ ৰ অৰ্থ কি?

উত্তৰঃ ‘Ethos’ শব্দৰ অৰ্থ হৈছে— চৰিত্র, আচাৰ – ব্যৱহাৰ বা ৰীতি – নীতি সম্পর্কীয় বিজ্ঞান।

(g) ভাৰতীয় দৰ্শন অনুযায়ী মানৱ জীৱনৰ চৰম লক্ষ্য বা আদর্শ কি?

উত্তৰঃ মোক্ষ।

(h) কাৰণৰ পৰা কাৰ্য আৰু কাৰ্যৰ পৰা কাৰণ নিৰ্ণয় কৰিব পৰা আগমন পদ্ধতিটোৰ নাম লিখা।

উত্তৰঃ কাৰণৰ পৰা কাৰ্য আৰু কাৰ্যৰ পৰা কাৰণ নিৰ্ণয় কৰিব পৰা আগমন পদ্ধতিটোৰ নাম হ’ল সহপৰিৱৰ্তন প্ৰণালী।

(i) গৌণ গুণৰ এটি উদাহৰণ দিয়া।

উত্তৰঃ বস্তুৰ ৰূপ।

(j) নীতিবিদ্যা বিষয়নিষ্ঠ বিজ্ঞান হয়নে?

উত্তৰঃ নহয়।

(k) মূল্যৰ দিশৰ পৰা ধৰ্মৰ সংজ্ঞা কোনে দিছে?

উত্তৰঃ ইমাইল দুৰ্খেইম।

(l) সৰল বাস্তববাদে সত্যতাৰ কোনটো মতবাদ সমর্থন কৰে?

উত্তৰঃ প্রত্যক্ষ।

2. সুসাদৃশ্যানুমানৰ এটা উদাহৰণ দিয়া।

উত্তৰঃ পৃথিৱী আৰু মঙ্গল গ্ৰহৰ ক্ষেত্ৰত দেখা যায় যে দুয়োটা গ্রহতে বায়ু, মাটি পানী আৰু তাৰ আছে। যিহেতু পৃথিৱীত জীৱ আছে, গতিকে মঙ্গল গ্ৰহত জীৱ আছে।

3. ‘কর্তা বিষয়ক প্রকল্প’ কাক বোলে?

উত্তৰঃ কোনো এটা ঘটনা কি ভাৱে বা কি নিয়মত ঘটিলে সেয়া আমি জানো। কিন্তু কোনে ঘটালে অর্থাৎ ঘটনাবোৰৰ কৰ্তা কোন আমি নাজানো। তেতিয়া এই কৰ্তা সম্পৰ্কে আমাৰ মনত যি ধাৰণাৰ উদয় হয় তাক কৰ্তাসম্পৰ্কীয় প্রকল্প বোলে।

4. ‘নানা কাৰণবাদ’ৰ এটা উদাহৰণ দিয়া।

উত্তৰঃ নানাকাৰণবাদত ঘটনাৰ অন্তৰ্গত থকা বিভিন্ন কাৰণবোৰ সাধাৰণ লক্ষণৰ ওপৰত গুৰুত্ব দিয়া নহয়। মৃত্যু নানা কাৰণত হ’ব পাৰে (বেমাৰ, দুৰ্ঘটনা, আত্মহত্যা, হত্যা, পানীত পৰি ইত্যাদি)। কিন্তু মৃত্যুৰ সাধাৰণ আৰু অপৰিহাৰ্য কাৰণ হ’ল হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হোৱা। গতিকে হৃদযন্ত্ৰৰ ক্রিয়া বন্ধ হোৱাটো আচলতে মৃত্যুৰ একমাত্ৰ কাৰণ।

নাইবা

4. ‘কাৰণ সমন্বয়’ বুলিলে কি বুজা?

উত্তৰঃ কাৰণ সমন্বয় মতে বহুকেইটা কাৰণ লগ লাগি কোনো এটা জটিল কার্য সম্পাদন কৰা বুজায়।

5. পৰ্যবেক্ষণৰ নৈতিক চৰ্তটো ব্যাখ্যা কৰা।

উত্তৰঃ নৈতিক চৰ্ত: নিৰপেক্ষতাক পর্যবেক্ষণত আটাইতকৈ প্ৰয়োজনীয় চৰ্ত বুলি বিবেচনা কৰা হয়। ইন্দ্ৰিয় সমূহক মনটোৱে মুক্ত শাসন কৰে সেয়েহে শুদ্ধ পর্যবেক্ষণৰ কাৰণে মনটো নিৰ্দেষ বা সংস্কাৰ মুক্ত হ’ব লাগিব। পূৰ্বধাৰণা বা কু-সংস্কাৰ বা অন্ধবিশ্বাস বা পক্ষপাতিত্ব আদিৰে ভৰপূৰ মন এটাই কেতিয়াও শুদ্ধ পর্যবেক্ষণ কৰিব নোৱাৰে। গতিকে মনটো নির্দোষ বা সংস্কাৰ মুক্ত হ’ব লাগিব।

নাইবা

5. সৰল নিৰীক্ষণৰ দুটা সুবিধা উল্লেখ কৰা।

উত্তৰঃ সৰল নিৰীক্ষণৰ দুটা সুবিধা-

(ক) পৰীক্ষণৰ তুলনাত সৰল পৰ্যবেক্ষণৰ পৰিসৰ অতি ব্যাপক।

(খ) সৰল পৰ্যবেক্ষণত কাৰ্যৰ পৰা কাৰণলৈ আৰু কাৰণৰ পৰা কাৰ্যলৈ যাব পাৰি।

6. মিশ্র অন্বয়ী ব্যতিৰেকী প্ৰণালীৰ এটা বাস্তৱ উদাহৰণ দিয়া।

উত্তৰঃ যিবোৰ অঞ্চলত এনিফিলিছ মহ আছে তাত মেলেৰিয়া ৰোগ হয়। আনহাতে, যিবোৰ অঞ্চলত এনিফিলিছনাই সেইবোৰ অঞ্চলত মেলেৰিয়া ৰোগনহয়৷ গতিকেএনিফিলিছ মহেই মেলেৰিয়াৰ কাৰণ।

মিশ্ৰ অন্বয়ী ব্যতিৰেকী প্ৰণালীৰ দ্বাৰা এই সিদ্ধান্তটো পাব পাৰি।

7. বৈজ্ঞানিক বাস্তৱবাদৰ যিকোনো দুটা বৈশিষ্ট্য লিখা।

উত্তৰঃ বৈজ্ঞানিক বাস্তৱবাদৰ যিকোনো দুটা বৈশিষ্ট্য-

(ক) বৈজ্ঞানিক বাস্তৱবাদৰ মতে, আমাৰ জ্ঞানৰ বিষয়বস্তু জ্ঞাতাৰ মনৰ পৰা স্বতন্ত্র।

(খ) বস্তুৰ গুণসমূহৰ ভিতৰত মুখ্য গুণসমূহ মনৰ পৰা স্বতন্ত্ৰ৷ যেনে বস্তুৰ আকাৰ, বিস্তৃতি, পৰিমাণ আদিৰ পৰিবৰ্তন কৰিব নোৱাৰি। আকৌ গৌণ গুণসূহ পৰিবৰ্তন হ’ব পাৰে ৷

8. ‘নৈতিক বাধ্যতাবোধ’ বুলিলে কি বুজা?

উত্তৰঃ নৈতিক বাধ্যবাধকতাৰ বিভিন্ন সংজ্ঞা থাকিব পাৰে কিন্তু এইটো মুখ্যতঃ এটা কর্তব্য যিটো এজনে পালন কৰিব লাগে কিন্তু ইয়াক পূৰ্ণ কৰাৰ আইনী বাধ্যবাধকতা নাই। নৈতিক দায়বদ্ধতাবোৰ প্রাকৃতিক আইন বা শুদ্ধ আৰু ভুলৰ ওপৰত আধাৰিত আৰু দানৰ বাহিৰত সম্পাদন কৰা হয়। আনহাতে, আন কিছুমান আছে যিবোৰক মূল্যৱান আৰু সহনশীল বিবেচনাৰ দ্বাৰা সমৰ্থন কৰা হয় যদিও সেইবোৰ আইনৰ দ্বাৰা পুনৰুদ্ধাৰ কৰিব নোৱাৰি। নৈতিকতাৰ অধীনত দায়বদ্ধতা ন্যায় বা সমতাৰ অনুভূতিৰ পৰা উদ্ভৱ হয় যিকোনো সম্মানীয় ব্যক্তিয়ে পূৰণ কৰিব লাগে আৰু কেৱল দাতব্য হোৱা দেখা নাযায়। সেয়েহে এইটো সঁচা যে এটা সম্প্ৰদায়ৰ নাগৰিকসকলে সমাজৰ উমৈহতীয়া কল্যাণৰ বাবে সেই সম্প্ৰদায়ৰ ৰক্ষণাবেক্ষণত স্বেচ্ছাই অংশগ্ৰহণ কৰিবলৈ নৈতিকভাৱে বাধ্য।

নাইবা

8. ঐচ্ছিক ক্রিয়া কাক বোলে?

উত্তৰঃ যিবোৰ ক্ৰিয়া কৰ্তাই সজাগ হৈ বুদ্ধি বৃত্তি প্ৰয়োগৰ দ্বাৰা কোনো উদ্দেশ্য সম্পাদন কৰিবলৈ ইচ্ছাকৃতভাৱে কৰে, তেনেবোৰ ক্ৰিয়াক ঐচ্ছিক ক্রিয়া বোলে ৷

9. বিপৰীতমুখী সহপৰিবৰ্ত্তনৰ এটা বাস্তৱ উদাহৰণ দিয়া।

উত্তৰঃ যেতিয়া আপুনি এটা নির্দিষ্ট স্থানলৈ ভ্ৰমণ কৰে, আপোনাৰ গতি বৃদ্ধি হোৱাৰ সৈতে, সেই স্থানত উপস্থিত হ’বলৈ লগা সময় হ্ৰাস হয়। যেতিয়া আপুনি আপোনাৰ গতি হ্ৰাস কৰে, সেই স্থানত উপস্থিত হ’বলৈ লগা সময় বৃদ্ধি হয়। সেয়েহে, পৰিমাণবোৰ বিপৰীত ভাৱে সমানুপাতিক।

10. লাইবনিঝৰ ভাৱবাদক কিয় ‘বহুত্ববাদী ভাৱবাদ বোলা হয়?

উত্তৰঃ লাইবনিজৰ মতে জড়ীয় পৰমাণুবোৰ পৰমসত্তা হ’ব নোৱাৰে। তেওঁ এনে কিছুমান পৰমাণুৰ দৰে অস্তিত্বশীল, অবিভাজ্য অথচ আধ্যাত্মিক হয় তেওঁ অনুসন্ধান কৰি পালে যে চৈতন্যময় তথা ধাৰণাগত পৰমাণুবোৰ পৰমসত্তা। এইবিলাকক তেওঁ চিৎ পৰমাণু নামেৰে অভিহিত কৰিছে। এইবোৰ অসংখ্য আৰু গতিশীল। সেয়েহে লাইৱনিজৰ মতবাদক বহুত্ববাদী ভাৱবাদ বোলা হয়।

নাইবা

10. ‘অস্তিত্ব প্রত্যক্ষ নিৰ্ভৰ’ – এই কথাষাৰৰ অৰ্থ কি?

উত্তৰঃ আত্মগত ভাৱবাদ অনুসৰি, ধাৰণাকহে কেৱল জানিব পাৰি। মনৰ পৰা স্বতন্ত্ৰভাৱে প্রকৃতি জগতৰ অস্তিত্ব নাই। অস্তিত্ব প্রত্যক্ষ নিৰ্ভৰ। ব্যক্তিৰ মনেহে জগতৰ অস্তিত্ব নিৰূপণ কৰিব। মন বহির্ভূত কোনো বস্তুৰ বস্তুনিষ্ঠ অস্তিত্ব নাই। কেৱল ধাৰণা অস্তিত্বশীল। অর্থাৎ কোনো বস্তুৰ অস্তিত্ব জ্ঞাতাৰ প্ৰত্যক্ষৰ ওপৰত নিৰ্ভৰশীল। লকে কয় যে, সকলো জ্ঞান অভিজ্ঞতাজাত হ’লে, আমি ধাৰণাৰ বাহিৰে একো জানিব নোৱাৰো। তেওঁৰ এই চিন্তাধাৰাক আত্মনিষ্ঠ তথা মনোবৈজ্ঞানিক বুলি ক’ব পাৰি। কাৰণ, তেওঁৰ মতে বাহ্য জগত ব্যক্তিৰ চৈতন্য নিৰ্ভৰশীল। ব্যক্তিৰ মনেহে জগতৰ অস্তিত্ব নিৰূপণ কৰিব। গতিকে বাৰ্কলিৰ মতে মনৰ বৰ্হিভুত কোনো বস্তুৰ বস্তুনিষ্ঠ অস্তিত্ব নাই।

11. মুখ্য গুণৰ দুটা বৈশিষ্ট্য লিখা।

উত্তৰঃ মুখ্য গুণৰ দুটা বৈশিষ্ট্য-

(ক) মুখ্যগুণবোৰ বস্তুৰ মৌলিকগুণ আৰু সম্পূৰ্ণ ৰূপে বস্তুগত। 

(খ) মুখ্যগুণবোৰ অপৰিবৰ্তনীয়। যেনে বস্তুৰ আকৃতি, বিস্তৃতি আদি।

12. ‘কাৰ্যকৰী প্ৰকল্প’ কি?

উত্তৰঃ অধিক নিৰ্ভৰযোগ্য প্ৰকল্পৰ অভাৱত অসম্পূর্ণ স্বভাবৰ নাইবা সন্তোষজনক নহয় বুলি জানিও মাত্ৰ কাৰণৰ অনুসন্ধান কাৰ্য আৰম্ভ কৰাৰ উদ্দেশ্যে যি প্ৰকাৰৰ প্ৰকল্পৰ আশ্ৰয় লোৱা হয় তাকেই কাৰ্যকৰী প্ৰকল্প বোলে।

নাইবা

12. ‘অস্তিত্বশীল কাৰণ’ বুলিলে কি বুজা?

উত্তৰঃ প্ৰকল্পৰ উদ্দেশ্য হ’ল বাস্তৱ কাৰণ নিৰ্ণয় কৰাটো। সেয়েহে প্রকল্প বাস্তৱ ঘটনাৰ ওপৰত প্রতিষ্ঠিত হোৱাটো আৱশ্যক। প্রকল্প বাস্তৱ ঘটনাৰ ওপৰত নিৰ্ভৰ নকৰিলে, সত্য আৰোপত ব্যৰ্থ হয়। সেয়েহে আমাৰ মনটো সংস্কাৰমুক্ত হোৱাৰ ওপৰত গুৰুত্ব দিছে। আকাশৰ ধূমকেতু ওলালে ৰাজ্যত অমঙ্গল হয় — এনেবোৰ অবাস্তৱ ধাৰণাই প্ৰকল্পৰ সংস্থাপনত বাধা জন্মায়। গতিকে প্ৰকল্পৰ লগত সংগতি থকা বিবিধ ধাৰণা নিশ্চিত আৰু বাস্তৱৰ লগত সংগতিপূর্ণ হ’ব লাগিব ৷

13. অভ্যাসজনিত ক্রিয়াক নৈতিক অৱধাৰণৰ বিষয়বস্তু বুলি কিয় গণ্য কৰা হয়?

উত্তৰঃ নিজে কৰা।

নাইবা

13. নীতিবিদ্যাত ‘অভিপ্ৰায়’ৰ অৰ্থ কি?

উত্তৰঃ অভিপ্রায় হ’ল এনে এটি মানসিক অৱস্থা যাৰ মাজত কৰ্মৰ উদ্দেশ্য, উদ্দেশ্য সাধনৰ উপায় আৰু কৰ্মৰ ফলত উৎপাদিত প্রত্যাশিত— অপ্রত্যাশিত ফলাফল নিহিত থাকে। উদ্দেশ্য বুলিলে কেৱল লক্ষ্যবস্তুৰ ধাৰণাকে বুজায়। কিন্তু অভিপ্রায় কেৱল লক্ষ্যবস্তুৰ ধাৰণাকে নুবুজায়, সেই লক্ষ্যবস্তু লাভ কৰাৰ উপায় আৰু কৰ্মৰ ফলত উৎপাদিত ভাল-বেয়া পৰিণাম আদিক একেলগে বুজায়। ‘অভিপ্ৰায়’ বুলি ক’লে কিছুমান বিৰুদ্ধে কামনাৰ মাজৰ পৰা বিচাৰ বিবেচনা কৰি এটা কামনাক নিৰ্বাচন কৰি লৈ তাক এটা নিৰ্দিষ্ট পন্থাৰে কাৰ্যত পৰিণত কৰাৰ সংকল্প বুজায়। অভিপ্ৰায়ৰ মাধ্যমে ব্যক্তিৰ চৰিত্ৰ প্ৰতিফলিত হয়। অগ্নিযুগৰ বিপ্লৱীসকলে দেশক ইংৰাজ শাসনৰ পৰা মুক্ত কৰাৰ উদ্দেশ্যে যি সন্তাসবাদক উপায় হিচাপে গ্ৰহণ কৰিছিল, তাৰ পৰিণামত ডকাইতি, নৰহত্যা বা সন্তাসৰ সৃষ্টি হৈছিল। কিন্তু এই পৰিণামসমূহ নিশ্চয় সুখদায়ক নহয়। উদ্দেশ্য হ’ল অভিপ্ৰায়ৰ এটা অংশ। পিতাই পুত্ৰৰ মংগলৰ হকে পুত্ৰক শাস্তি দিয়ে। এইক্ষেত্ৰত পুত্ৰৰ মংগল হ’ল উদ্দেশ্য- শাস্তিদান উদ্দেশ্য নহয়। আচলতে অভিপ্রায় হ’ল পুত্ৰৰ মংগল আৰু শাস্তিদান।

মেকেঞ্জীয়ে বিভিন্ন প্ৰকাৰ অভিপ্ৰায়ৰ কথা উল্লেখ কৰিছে। প্রথমে এটা কামৰ অভিপ্রায় তৎকালিক আৰু দূৰবৰ্তী— এই দুই প্ৰকাৰৰ হ’ব পাৰে। দুজন ব্যক্তিয়ে একেই কাম কৰিছে আৰু তেওঁলোকৰ তৎকালিক অভিপ্রায় অভিন্ন। কিন্তু তেওঁলোকৰ দূৰবৰ্তী অভিপ্রায় একেবাৰে ভিন্ন প্ৰকৃতিৰ হ’ব পাৰে। এজন চোৰে হয়তো নদীত জপিয়াই পৰিল৷ তেওঁক বচাবৰ কাৰণে তেওঁৰ পিছে পিছে খেদি অহা পুলিচ আৰু এজন পথিক হয়তো একে সময়তে নদীত জপিয়াই পৰিল। কিন্তু এইক্ষেত্ৰত তেওঁলোকৰ তৎকালিক অভিপ্ৰায় হ’ল চোৰক পানীৰ পৰা উদ্ধাৰ কৰা। কিন্তু তেওঁলোকৰ দূৰবৰ্তী অভিপ্রায় পৃথক। পথিকজনে চোৰক পানীৰ পৰা উদ্ধাৰ কৰিবলৈ বিচাৰিছে— আনহাতে পুলিচে তেওঁক পানীৰ পৰা উদ্ধাৰ কৰি জেললৈ পঠাবলৈ বিচাৰিছে।

14. আগমন কাক বোলে? নিগমন আৰু আগমনৰ মাজৰ দুটা পার্থক্য উল্লেখ কৰা।

উত্তৰঃ যি কোনো বস্তু বা ঘটনাৰ বিশেষ বিশেষ দৃষ্টান্ত কেইটামানৰ পৰ্যবেক্ষণৰ ওপৰত ভিত্তি সেই কৰি, প্ৰকৃতিৰ একৰূপতা বিধি আৰু কাৰ্যকাৰণ বিধিৰ ওপৰত নিৰ্ভৰ কৰি শ্ৰেণীৰ সকলো বস্তু বা ঘটনা সম্পর্কে এটা যথার্থ সামান্য বচন প্ৰতিষ্ঠা কৰা হয় তাক আগমন বোলে।

নিগমন আৰু আগমনৰ মাজৰ দুটা পার্থক্য-

(i) যি অনুমান প্ৰক্ৰিয়াত বিশেষ বিশেষ দৃষ্টান্ত পর্যবেক্ষণ কৰি সামান্য সম্বন্ধ স্থাপন হয় তাক আগমন বোলে। হৰি, যদু আদি মৃত্যুৰ অভিজ্ঞতাৰ ভিত্তি সকলো মানুহ মৰণশীল সিদ্ধান্তত উপনীত হোৱা যায়। কাৰণ মৰণশীলতা আৰু মানুহৰ মাজত অনিবার্য সম্বন্ধ উত্থাপিত হৈছে।

আনহাতে যি অনুমানত সার্বিক সম্বন্ধৰ জ্ঞানৰ ভিত্তিত বিশেষ বিশেষ সম্বন্ধৰ জ্ঞানত উপনীত হোৱা যায় তাক নিগমন অনুমান বোলে।

যেনে— সকলো মানুহ হয় মণশীল (সার্বিক সম্বন্ধ)

হৰি হয় মানুহ,

এতেকে হৰি হয় মণশীল।

নিগমন অনুমানত আশ্রয় বাক্যবোৰ সত্য বুলি ধৰি লোৱা হয় কিন্তু আগমন অনুমানত আশ্রয় বাক্যবোৰ বাস্তৱ জাতৰ পৰা নিৰীক্ষণ বা পৰীক্ষণৰ দ্বাৰা সংগ্ৰহ কৰা।

(ii) নিগমন অনুমানৰ সিদ্ধান্ত আশ্ৰয় বাক্যতকৈ বেচি ব্যাপক হ’ব নোৱাৰে। আনহাতে আগমনৰ সিদ্ধান্ত সদায় সামান্য বচন আৰু তথ্যপাতিবোৰ বিশেষ দৃষ্টান্ত।

নাইবা

14. অবৈজ্ঞানিক আগমনৰ যিকোনো চাৰিটা বৈশিষ্ট্য লিখা।

উত্তৰঃ অবৈজ্ঞানিক আগমনৰ চাৰিটা বৈশিষ্ট্য-

(ক) অবৈজ্ঞানিক আগমনে সিদ্ধান্ত হিচাপে এটা যথার্থ সামান্য বচন প্ৰতিষ্ঠা কৰে।

(খ) অবৈজ্ঞানিক আগমনে এই সামান্য বচনটো বিশেষ বিশেষ বহুতো দৃষ্টান্তৰ পৰ্যৱেক্ষণৰ ওপৰত নিৰ্ভৰ কৰি প্ৰতিষ্ঠা কৰে।

(গ) অবৈজ্ঞানিক আগমনৰ সিদ্ধান্ত পর্যবেক্ষণৰ ওপৰত নিৰ্ভৰশীল হ’লেও কেৱল পৰ্যবেক্ষণৰ জৰিয়তে সিদ্ধান্তত সামান্য বচন প্ৰতিষ্ঠা কৰিব নোৱাৰি। সেইকাৰণে অবৈজ্ঞানিক আগমনে কিছুমান বিশেষ বিশেষ দৃষ্টান্ত পৰ্যবেক্ষণ কৰি অনুমানৰ জৰিয়তে যথার্থ সামান্য বচনটো প্ৰতিষ্ঠা কৰে। গতিকে অবৈজ্ঞানিক আগমনতো আগমনাত্মক জাঁপ আছে আৰু সেইবাবে ই প্রকৃত আগমন।

(ঘ) অবৈজ্ঞানিক আগমনত অভিজ্ঞতাৰ একৰূপতা বা অবাধিত অভিজ্ঞতাৰ ওপৰত নিৰ্ভৰ কৰা হয়। অবাধিত অভিজ্ঞতা অর্থাৎ অভিজ্ঞতাৰ একৰূপতা আৰু বিৰোধী দৃষ্টান্তৰ অভাৱেই এই আগমনৰ ভিত্তি।

15. পৰীক্ষণৰ সুবিধাসমূহ উল্লেখ কৰা।

উত্তৰঃ পৰীক্ষণৰ সুবিধাসমূহ-

(ক) পৰীক্ষণত ঘটনাৰ পুনঃ পুনঃ প্রত্যক্ষ কৰিব পাৰি। কৃত্রিম পৰিৱেশত ঘটনা প্রস্তুত কৰা হয় বাবে, পৰিবেশ আৰু ঘটনা দুয়োটাই পৰীক্ষাকৰ নিয়ন্ত্রণাধীন। প্রয়োজন সাপেক্ষে পৰীক্ষকে একাধীকবাৰ ঘটনাটো প্ৰস্তুত কৰি বিভিন্ন পৰিবেশত বিভিন্ন দিশৰ পৰা পুনঃ পুনঃ পৰীক্ষা কৰিব পাৰে। নিৰীক্ষণত প্রাকৃতিক পৰিবেশত ঘটনাটো ঘটিলেহে নিৰীক্ষণ কৰাটো সম্ভৱ৷ নিৰীক্ষকে প্রকৃতিক নিয়ন্ত্ৰণ কৰিব নোৱাৰে।

(খ) পৰীক্ষণত পৰীক্ষণীয় ঘটনাক পৰীক্ষাকে অপ্রাসঙ্গিক ঘটনাৰ পৰা সম্পূৰ্ণৰূপে পৃথক কৰিব পাৰে। প্ৰকৃতিৰ ঘটনাবোৰ বৰ জটিল। মিশ্ৰিত ৰূপতহে সেইবোৰ পৰ্যবেক্ষকৰ আগত উপস্থাপিত হয়। পৰীক্ষকে নিজৰ সুবিধামতে ঘটনা বিশ্লেষণ কৰিবলৈ অপ্রাসঙ্গিক ঘটনাৰ পৰা পৃথক কৰি ঘটনা পর্যবেক্ষণ কৰে।

(গ) পৰীক্ষণত পৰীক্ষকেধীৰ স্থিৰভাৱে পৰীক্ষণ কার্য চলাই যাব পাৰে। যিহেতু পৰিৱেশ আৰু ঘটনা পৰীক্ষকৰ নিয়ন্ত্ৰণত থাকে। কিন্তু নিৰীক্ষত নিৰীক্ষকে প্ৰকৃতিৰ ওপৰত নিৰ্ভৰশীল কাৰণে ততাতৈয়াকৈ ঘটনাবোৰ প্ৰত্যক্ষ কৰিব লগাত পৰে।

(ঘ) নিৰীক্ষণৰ সিদ্ধান্ত সম্ভাৱনামূলক কিন্তু পৰীক্ষণৰ সিদ্ধান্ত নিশ্চিত।

নাইবা

15. এৰিষ্ট’টলৰ মতে কাৰণৰ প্ৰকাৰকেইটা কি কি? – চমুকৈ আলোচনা কৰা।

উত্তৰঃ এৰিষ্ট’টলৰ মতে, কাৰণ চাৰি প্ৰকাৰৰ। যেনে—

(ক) উপাদান কাৰণ।

(খ) আকাৰৰ্গত কাৰণ।

(গ) নিমিত্ত কাৰণ। আৰু 

(ঘ) পৰিণাম কাৰণ।

(ক) উপাদান কাৰণ: যি উপাদানৰ সহায়ত অৰ্থাৎ যি দ্রব্য পদাৰ্থৰে কাৰ্য উৎপাদন কৰা হয় তাক উপাদান কাৰণ বোলে। উদাহৰণস্বৰূপে, কাপোৰখন তৈয়াৰ কৰোতে শিপিনীয়ে ব্যৱহাৰ কৰা সূঁতাখিনিয়েই হৈছে উপাদান কাৰণ। উপাদানৰ ওপৰত কাৰ্যৰ প্ৰকৃতি নিৰ্ভৰ কৰে কাৰণে উপাদান কাৰণক এক প্ৰধান আৰু অত্যন্ত আৱশ্যকীয়, কাৰণ বুলি ক’ব পাৰি।

(খ) আকাৰৰ্গত কাৰণ: কোনো কার্য উৎপন্ন কৰোতে উপাদান বা দ্রব্যৰ ওপৰত যি নতুনৰূপ দিয়া হয় তাকে আকাৰগত কাৰণ বোলে। বস্তু এটা উৎপন্ন হোৱাৰ পিছত সেই বস্তুটোত এটা নতুন ৰূপ দেখা যায়। উদাহৰণস্বৰূপে, শিপিনীয়ে সূঁতাৰ পৰা এক বিশেষ ধৰণৰ ৰূপ দিহে কাপোৰখন তৈয়াৰ কৰে। এই ক্ষেত্ৰত কাপোৰখনত যি আকাৰ দিয়া হয় সেয়ে কাপোৰখনৰ আকাৰগত কাৰণ।

(গ) নিমিত্ত কাৰণ: এটা কাৰ্য উৎপন্ন কৰিবলৈ যি শ্রম বা শক্তিৰ প্ৰয়োজন হয় তাকে নিমিত্ত কাৰণ বোলে। উদাহৰণস্বৰূপে, কাপোৰখন তৈয়াৰ কৰিবলৈ যাওঁতে শিপিনীয়ে সুঁতাখিনিত প্ৰয়োগ কৰা শক্তি বা দক্ষতাই হৈছে কাপোৰখনৰ নিমিত্তকাৰণ।

(ঘ) পৰিণাম কাৰণ: যি উদ্দেশ্য আগত ৰাখিয়েই কোনো এটা কাৰ্য উৎপন্ন কৰা হয় তাকে পৰিণাম বা উদ্দেশ্য কাৰণ বোলে। এক আদৰ্শ আগত ৰাখিয়েই কোনো এটা কার্য উৎপন্ন কৰা হয়। সেয়েহে আদর্শ হিচাপে উদ্দেশ্যটো কাৰণটোত অন্তর্নিহিত হৈ থাকে। উদাহৰণস্বৰূপে, কাপোৰখন যেতিয়া সূঁতাৰ পৰা তৈয়াৰ কৰা হয়, তেতিয়া ব্যৱহাৰৰ উদ্দেশ্যৰেহে কৰা হয়।

16. সৰল বাস্তৱবাদৰ যিকোনো চাৰিটা বৈশিষ্ট্য লিখা।

উত্তৰঃ সৰল বাস্তৱবাদৰ চাৰিটা বৈশিষ্ট্যবোৰ হ’ল-

(ক) জ্ঞানৰ বিষয়বস্তুৰ জ্ঞাতাৰ মনৰ পৰা স্বতন্ত্র। বাহ্যবস্তু এটা আছে নে নাই তাক জ্ঞাতাই জনা বা নজনাৰ ওপৰত নিৰ্ভৰ কৰে।

(খ) মনৰ বাহিৰত এখন বাহ্যিক জগত আছে।

(গ) প্ৰত্যক্ষৰ দ্বাৰা বাহ্যিক জগতৰ জ্ঞান লাভ কৰা যায়। প্রত্যক্ষই বাহ্যিক জগতখনক- যি ধৰণে দেখে তাৰ স্বৰূপ ঠিক তেনেকুৱাই।

(ঘ) বাহ্যিক জগতখনৰ বিষয়বস্তুৰ জ্ঞান তাৰ গুণৰদ্বাৰা জনা যায়। গুণসমূহ বস্তুৰ ধৰ্ম আৰু এই সকলোবোৰ গুণ মনৰ পৰা স্বতন্ত্র।

17. লাইৱনিঝৰ বৰ্ণনা অনুসৰি ‘মনাড’ৰ প্ৰকৃতি চমুকৈ ব্যাখ্যা কৰা।

উত্তৰঃ লাইবনিজৰ মতে যিয়েই সত্তাবান, তাৰ আদিম উপাদান হ’ল মনাড। মনাড সক্রিয়, অবিভাজ্য আৰু আধ্যাত্মিক। কাৰ্টেচিয়ান মতবাদ অনুসাৰে যি স্ব-নিৰ্ভৰ সেয়ে দ্রব্য। কাৰ্টেচিয়ান মতে দ্ৰব্যৰ সংখ্যা এক নহয়— তিনিটা দ্ৰব্য আছে। লাইবনিজৰ মতে স্ব-নিৰ্ভৰতা নহয়, আত্মসক্রিয়তাই দ্ৰব্যৰ লক্ষণ যি নিজৰ মাধ্যমে অস্তিত্বশীল হ’ব পাৰে সি দ্ৰব্য নহয়। যি নিজৰ মাধ্যেমে ক্ৰিয়া কৰিব পাৰে তাকেই দ্রব্য বোলে। দ্রব্য হ’ল সেই সত্তা, যিটোৱে ক্ৰিয়া কৰিবলৈ সক্ষম। দ্রব্য হ’ল সক্রিয় কর্তা। মনাড বা চেতন পৰমাণু হ’ল বেকা কৰা এখন ধনুৰ নিচিনা। দ্ৰব্য হ’ল ক্রিয়া সংযুক্ত বিশিষ্ট সত্তা। স্পিনোজাৰ দ্ৰব্য এক আৰু অসীম। লাইবনিজৰ দ্ৰব্য বিশেষ আৰু সংখ্যাত অনন্ত। 

গ্রীক পৰমাণুবিদসকলৰ মতে পৰমাণু হ’ল জগতৰ মূল উপাদান। কিন্তু লাইবনিজৰ মতে জড় পৰমাণু নহয়। অসংখ্য চেতন পৰমাণুৱেই জগতৰ মূল উপাদান। লাইবনিজৰ মতে জড়ৰ লক্ষণ বিস্তৃতি। একমাত্র আধ্যত্মিকেই অবিভাজ্য হ’ব পাৰে। গতিকে আধ্যাত্মিক সত্তাসম্পন্ন সক্ৰিয় চেতন পৰমাণুৱেই হ’ল আদিম উপাদান। লাইবনিজে এই চেতন পৰমাণুসমূহক নামে অভিহিত কৰা কাৰণে তেওঁৰ মতবাদক বোলা হয়। মনাড চেতন পৰমাণু বিস্তৃতিহীন অবিনশ্বৰ খিড়িকীবিহীন, আধ্যাত্মিক বিন্দু। মনাডৰ কোনো বিস্তৃতি থাকিব নোৱাৰে, কাৰণ যাৰ বিস্তৃতি আছে সি বিভাজ্য হ’ব— সৰল নহ’ব। মনাড সৰল আৰু অবিভাজ্য। যিহেতু মনাডুৰ কোনো বিস্তৃতি নাই, সেইকাৰণে তাৰ আকাৰ বা আকৃতি নাই, যিহেতু মনাড অবিভাজ্য, সেইকাৰণে সি আধ্যাত্মিক। মনাড অবিনশ্বৰ। 

গতিকে মনাউৰ স্বাভাৱিক উৎপত্তি বা বিকাশ নাই। অৱশ্যে যিহেতু ঈশ্বৰ মনাডৰ স্ৰষ্টা সেয়ে তেওঁ মনাডক সৃষ্টি বা ধ্বংস কৰিব পাৰে। গতিকে মনাডু অবিনশ্বৰ হ’লেও শাশ্বত, গাণিতিক বিন্দু বা জড়বিন্দু নহয়। মনাড অবাস্তৱ নহয় বাস্তৱ। মনাডেই যথার্থ পৰমাণু। মনাড অবিভাজ্য আৰু বাস্তৱ উভয়ে। মনাড খিৰিকীবিহীন ৷ কোনো মনাডৰ অন্য মনাডৰ ওপৰত প্ৰভাৱ নাই। মনাড নিজৰ পক্ষে নিজেই পর্যাপ্ত— সেই কাৰণে এৰিষ্টটলৰ ‘entelechy’ শব্দটো মনাডবিলাকৰ ক্ষেত্ৰত প্ৰযোজ্য।

নাইবা

17. বাৰ্কলিৰ আত্মগত ভাৱবাদৰ মূল কথা কি?

উত্তৰঃ বাৰ্কলিৰ আত্মগত ভাৱবাদ মতে, ধাৰণাকহে কেৱল জানিব পাৰি অৰ্থাৎ ধাৰণাৰহে বাস্তৱতা আছে। প্রত্যক্ষকাৰীৰ মনৰ পৰা স্বতন্ত্রভাৱে প্ৰকৃতি জগতৰ অস্তিত্ব নাই। বার্কলি আত্মগত ভাৱবাদী নামে পৰিচিত।

পৰবৰ্তীকালত, আধুনিক জগতৰ বাস্তৱবাদী সকলে বাৰ্কলিৰ আত্মগত ভাৱবাদৰ তীব্র সমালোচনা কৰিছে। মুৰে তেওঁৰ সমালোচনাত কৈছে যে, বিষয়বস্তু আৰু সংবেদনৰ মাজত পাৰ্থক্য আছে। বস্তু এটা প্ৰথমতে অস্তিত্বশীল হয় তাৰ পিছতহে ই জ্ঞাত হয়। বার্কলিয়ে কোৱা মতে বস্তু আৰু বস্তুৰ সংবেদন একে নহয়। বাৰ্কলিৰ “অস্তিত্ব প্রত্যক্ষ নিৰ্ভৰ” এই মতবাদৰ যুক্তিগত পৰিণতি হৈছে আত্মজ্ঞানবাদ। ঈশ্বৰ অথবা অসীম মনে বস্তুবোৰৰ প্ৰত্যক্ষকাৰী বুলি কোৱা বিষয়টোৱে বাৰ্কলিৰ আত্মজ্ঞানবাদৰ পৰা ৰক্ষা কৰা বুলি পৰিলক্ষিত হয়। কিন্তু ঈশ্বৰৰ অৱতাৰণাই বাকলিৰ মতবাদৰ দুৰ্বলতাহে প্ৰমাণ কৰে। বিশুদ্ধ আত্মগত ভাৱবাদ গ্রহণযোগ্য নহয়। বাকলিৰ সমালোচক সকলে তেওঁৰ ভাৱবাদ আত্মগত নে বস্তুগত, সেই বিষয়ে প্রশ্ন কৰে। বাকলিৰ ভাৱবাদৰ দ্বিতীয় পর্যায়টোত বস্তুগত ভাৱবাদৰ বৈশিষ্ট্য পৰিলক্ষিত হয়। কিন্তু আকৌ বহু সংখ্যক সমালোচকে বাৰ্কলিৰ ভাৱবাদ আত্মগত বুলিয়েই অভিহিত কৰিছে। গতিকে বাৰ্কলিক বস্তুগত ভাৱবাদী বুলি ক’ব নোৱাৰি।

18. অ-নৈতিক ক্ৰিয়াৰ ওপৰত এটা চমু টোকা লিখা।

উত্তৰঃ যিবোৰ কৰ্মত নৈতিক গুণ আৰোপ কৰিব নোৱাৰি অৰ্থাৎ যি ক্ৰিয়াৰ শুদ্ধ-অশুদ্ধ, উচিত-অনুচিত আদিৰ বিচাৰ কৰিব নোৱাৰি তাক অনৈতিক কাম বোলে।

অনৈতিক কামবোৰ হ’ল – ভূমিকম্প, বানপানী, ধুমুহা, ইতৰ প্ৰাণীৰ কৰ্ম বা আচৰণ, সৰু ল’ৰা – ছোৱালীৰ স্বতঃস্ফূর্ত ক্রিয়াসমূহ, সহজাত ক্রিয়া, প্রত্যাৱৰ্তী ক্রিয়া, ভাবজ ক্রিয়া, বাধ্যবাধকতাৰ বশৱৰ্তী হৈ কৰা কাম আৰু উন্মাদ লোকৰ ক্ৰিয়া।

যি ক্ৰিয়াৰ নৈতিক গুণ আছে অর্থাৎ যি ক্রিয়া শুদ্ধতা, অশুদ্ধতা, উচিত, অনুচিত আদিৰ লগত জড়িত তাকে নৈতিক কাম বোলে।

আনহাতে, যিবোৰ কৰ্মত নৈতিক গুণ আৰোপ কৰিব নোৱাৰি অৰ্থাৎ যি ক্ৰিয়াৰ শুদ্ধ-অশুদ্ধ, উচিত-অনুচিত আদিৰ বিচাৰ কৰিব নোৱাৰি তাক অনৈতিক কাম বোলে ৷

19. চৰম দৃষ্টান্ত কি? পৰীক্ষণলব্ধ চৰম দৃষ্টান্তৰ এটা উদাহৰণ দিয়া।

উত্তৰঃ ঘটনাৰ লগত জড়িত যি বিশিষ্ট দৃষ্টান্ত বা লক্ষণ নিৰ্ণয়ৰ সহায়ত দুই বা ততোধিক প্রতিদ্বন্দ্বী প্ৰকল্পৰ ভিতৰত মাত্ৰ এটাক ঘটনাৰ সন্তোষজনক ব্যাখ্যা হিচাপে অর্থাৎ অপ্রতিদ্বন্দ্বী প্ৰকল্প হিচাপে নির্বাচন কৰি আনবোৰক বৰ্জন কৰা সম্ভৱ হয় সেই দৃষ্টান্ত বা লক্ষণক চৰম দৃষ্টান্ত বোলে।

20. ধৰ্মৰ যিকোনো চাৰিটা সংজ্ঞা লিখা।

উত্তৰঃ ধৰ্মৰ যিকোনো চাৰিটা সংজ্ঞা-

ফ্লিন্ট মতে ‘ধৰ্ম হ’ল এনে এক বা একাধিক সত্তাত মানুহৰ বিশ্বাস, যি সত্তা মানুহতকৈ বহুত বেছি শক্তিশালী আৰু তেওঁ ইন্দ্ৰিয়ৰ অনভিগম্য, অথচ তেওঁৰ আবেগ আৰু কাৰ্যৰ প্ৰতি উদাসীন নহয় আৰু যি বিশ্বাসৰ লগত যুক্ত হৈ আছে তেওঁৰ অনুভূতি আৰু আচৰণ।’

ডেকাৰ্টৰ মত অনুসৰি ‘ধৰ্মৰ পৰাই নীতিৰ উৎপত্তি।’ কিন্তু উপৰোক্ত মতটো গ্রহণ কৰিব নোৱাৰি। কাৰণ, এই মতবাদ অনুযায়ী ঈশ্বৰৰ কোনো নিজস্ব নৈতিক চৰিত্ৰ নাই। মানুহে বিশ্বাস কৰে ঈশ্বৰ সৰ্বশক্তিমান হ’লেও তেওঁ ইচ্ছা কৰিলেই ভালক বেয়া আৰু বেয়াক ভাল কৰিব নোৱাৰে। ঈশ্বৰ নৈতিক আদৰ্শৰ প্ৰকাশ। সেইবাবে, যি ভাল সেইটো ঈশ্বৰৰ স্বভাৱৰ লগত সামঞ্জস্যপূৰ্ণ আৰু যি বেয়া সেইটো তেওঁৰ স্বভাৱৰ বিৰোধী। আকৌ, এই মত অনুসৰি ঈশ্বৰ সৰ্বশক্তিমান। তেওঁৰ বিধি অনুসৰণ কৰাৰ বাবে তেওঁ মানুহক পুৰস্কৃত কৰে আৰু লংঘন কৰিলে মানুহক শাস্তি দিয়ে। কিন্তু পুৰস্কাৰৰ আশাত বা শাস্তিৰ ভয়ত যদি কোনো কাম কৰা হয়, তেতিয়াহ’লে সেই কাৰ্যৰ কোনো নৈতিক মূল্য নাথাকে।

ধর্ম সম্পর্কে কাণ্টে দিয়া সংজ্ঞা হ’ল তেওঁ তিনিটা মানসিক ক্ৰিয়া চিন্তা, অনুভূতি আৰু ইচ্ছাৰ ভিতৰত কেৱল ইচ্ছাকেই গুৰুত্ব দিয়া হৈছে। তেওঁৰ মতে, ধৰ্ম কেৱল ইচ্ছাৰ বিষয়। তেওঁ নৈতিক ইচ্ছাৰ পৰিপ্ৰেক্ষিতত ধৰ্মৰ সংজ্ঞা দিছে আৰু ধৰ্মীয় চেতনাক নৈতিক চেতনাৰ লগত অভিন্ন বুলি গণ্য কৰিছে। ঈশ্বৰৰ লগত সাহচাৰ্যৰ অলৌকিক অভিজ্ঞতা, প্রার্থনা, পূজা, উপাসনা, ঈশ্বৰ প্ৰতি ভক্তি যিবোৰ ধৰ্মীয় অভিজ্ঞতাৰ উল্লেখযোগ্য বৈশিষ্ট্য কাণ্টৰ সংজ্ঞাত সেইবোৰৰ অস্তিত্ব নাই।

হেগেলৰ মতে ধৰ্ম হ’ল ‘জীৱাত্মাক পৰমাত্মা ৰূপে স্বৰূপৰ জ্ঞান।’ তেওঁৰ মতে ‘ধর্ম হ’ল সসীম আত্মাৰ মাধ্যমত নিজৰ ঐশ্বৰিক আত্মাৰ সম্পর্কে জ্ঞান।

নাইবা

20. ধৰ্মৰ চাৰিটা বৈশিষ্ট্য লিখা।

উত্তৰঃ ধৰ্মৰ চাৰিটা বৈশিষ্ট্য-

(ক) ধৰ্মৰ ক্ষেত্ৰত কিছুমান মানসিক শক্তিয়ে প্ৰেৰণাৰূপে ক্ৰিয়া কৰে। যেনে ব্যক্তিৰ জীয়াই থকাৰ বাসনা, আত্মবিকাশ আৰু কল্যাণ লাভৰ আগ্ৰহ আৰু আত্মোপলব্ধিৰ আকাংক্ষা।

(খ) ধর্মই কোনো উচ্চতৰ অতীন্ত্ৰিয় সত্তাত বিশ্বাস কৰে আৰু ব্যক্তিয়ে নিজৰ মঙ্গলৰ কাৰণে এই সত্তাৰ ওপৰত নিৰ্ভৰ কৰে। ঈশ্বৰৰ লগত মানুহৰ সম্পৰ্কক কেন্দ্ৰ কৰি মানুহৰ মনত যি ভাৱে, ধাৰণা, চিন্তা আৰু অনুভূতিৰ উদয় হয়, সেইবিলাক ধৰ্মৰ আভ্যন্তৰীণ দিশ।

(গ) ধৰ্মৰ এটা বাহ্যিক দিশো আছে। অর্থাৎ ধর্মীয় আচাৰ অনুষ্ঠানৰ মাজেদি ধৰ্মীয়া অনুভূতি প্রকাশ পায়।

(ঘ) ধৰ্মৰ সামাজিক আৰু আনুষ্ঠানিক দিশো আছে।

21. অন্বয়ী প্ৰণালীৰ ‘ব্যৱহাৰিক অপূর্ণতা’ কি?

উত্তৰঃ নিজে কৰা।

নাইবা

21. ব্যতিৰেকী প্ৰণালীৰ দুটা সুবিধা আৰু দুটা অসুবিধা উল্লেখ কৰা।

উত্তৰঃ ব্যতিৰেকী প্ৰণালী প্ৰয়োগৰ দুটা সুবিধা হ’ল—

(ক) মাত্ৰ দুটা দৃষ্টান্তৰ প্ৰয়োজন আৰু এই দুটাৰ ওপৰত নিৰ্ভৰ কৰিয়েই কাৰ্য কাৰণ সম্বন্ধ নিৰ্ণয় কৰা হয়৷ গতিকে প্রণালী হিচাপে অতি সৰল।

(খ) প্ৰয়োগৰ সুবিধা থাকিলে আন আন প্ৰণালীয়ে কাৰ্য কাৰণ সম্বন্ধৰ বিষয়ে যি সম্বন্ধ দিয়ে তাক ব্যতিৰেকী প্ৰণালীৰ দ্বাৰা নিশ্চিতভাৱে প্ৰমাণ কৰিব পাৰি।

ব্যতিৰেকী প্ৰণালীৰ দুটা অসুবিধা হ’ল—

(ক) পৰীক্ষণৰ প্ৰণালী হোৱাৰ বাবে এই প্ৰণালীৰ প্ৰয়োগ ক্ষেত্ৰ অতি সংকীৰ্ণ। কাৰণ পৰীক্ষণ সকলো ক্ষেত্ৰতে প্ৰয়োগ কৰিব নোৱাৰি।

(খ) ব্যতিৰেকী প্ৰণালী সতৰ্কৰ্তাৰে প্ৰয়োগ নকৰিলে অনুমান কাকতালীয় দোষ যুক্ত হ’ব পাৰে। ঘড়ীটো বন্ধ হোৱাৰ পিছতেই ৰোগীজনৰ মৃত্যু হয় – ইয়াত ব্যতিৰেকী প্ৰণালী প্ৰয়োগ কৰি যদি অনুমান কৰা হয় যে ঘড়ীটো বন্ধ হোৱাই ৰোগীজনৰ মৃত্যুৰ কাৰণ তেনেহ’লে এই অনুমান দোষযুক্ত হৈ পৰিব।

22. ‘হেগেলৰ বস্তুগত ভাৱবাদৰ মাজেৰে ভাৱবাদৰ পূৰ্ণ প্ৰকাশ ঘটিছে’ – চমুকৈ ব্যাখ্যা কৰা।

উত্তৰঃ বস্তুগত ভাৱবাদ মতে সকলো বস্তু তাৰ ধাৰণাৰ লগত একে। যথার্থ জ্ঞান হ’ল ধাৰণাসমূহৰ তন্ত্র। এই মতবাদ মতে মনতহে সত্তাৰ সৃষ্টি হয়। হেগেলৰ মতে পৰম ধাৰণাই পৰম সত্তা। মানৱৰ সকলো সসীম ধাৰণা সৰ্বশেষত পৰম সত্তাত অন্তৰ্ভুক্ত হয়। পৰম সত্তাই সসীম ধাৰণাৰ মাজেৰে নিজৰ চৈতন্য প্ৰকাশ কৰে। এই জগতৰ পৰম সত্তাই হ’ল পৰম ধাৰণা৷ পৰম ধাৰণা বা পৰম মন অথবা চিন্তাই জগতৰ অন্তনিৰ্হিত সত্তা। মানব দ্বাৰা বোধগম্য হোৱা সকলোৰে প্ৰধান শক্তিটোৱেই হ’ল পৰম ধাৰণা। 

পৰম ধাৰণা আৰু জাগতিক বস্তু আৰু জীৱসমূহৰ মাজৰ সম্পৰ্ক এৰাব নোৱাৰা। পৰম ধাৰণাৰ অবিহনে সসীম বস্তু আৰু জীৱবোৰ অস্তিত্বশীল হ’ব নোৱাৰে। হেগেলৰ পৰম সত্তা জীৱন্ত তথা গতিশীল। এই জগতৰ বৈচিত্ৰতাৰ মাজেৰে সত্তাই নিজৰ স্বৰূপ প্ৰকাশ কৰে। জগত অবিহনে পৰম সত্তা অসম্পূর্ণ। হেগেল মতে ‘চিন্তা আৰু সত্তা পৰিশেষত অভিন্ন’। হেগেলৰ ভাৱবাদে জগতৰ বাস্তৱতা স্বীকাৰ কৰিছে৷ তেওঁৰ মতবাদত ভাৱবাদ আৰু বাস্তৱবাদৰ সমন্বয় ঘটিছে।

বাস্তৱবাদীসকলে বিশেষকে জি.ই. মুৰে হেগেলৰ ভাৱবাদৰ সমালোচনা কৰিছে। কেকেগার্ডে এই মতবাদৰ সমালোচনা কৰি কয় যে কোনো ব্যক্তিৰ নিমিত্তে এনে কথা সম্ভৱ হ’ব নোৱাৰে। কিয়নো সত্তা আৰু মানুহ উভয়ে অসম্পূর্ণ।

23. ধৰ্ম আৰু নৈতিকতাৰ মাজৰ পাৰ্থক্য নির্ণয় কৰা।

উত্তৰঃ এই মতবাদ মতে নীতি আৰু ধৰ্ম স্বতন্ত্রভাৱে উদ্ভৱ হৈছে। ধৰ্মৰ উদ্ভৱ হৈছে কোনো পৰমসত্তাৰ ওপৰত নিৰ্ভৰশীলতাবোধৰ পৰা। মানুহৰ নিজৰ বিবেক নিজৰ সন্মুখত এটা নৈতিক আদৰ্শ দাঙি ধৰে আৰু নৈতিক উন্নতিৰ বাবে মানুহে এই নৈতিক আদর্শ অনুসৰণ কৰাৰ সংকল্প কৰে। এইভাৱে নীতি বিজ্ঞানৰ উদ্ভৱ হৈছে। নীতি আৰু ধৰ্ম পৰস্পৰৰ ওপৰত ক্ৰিয়া কৰে আৰু প্ৰভাৱ বিস্তাৰ কৰে। এই পাৰস্পৰিক ক্ৰিয়া প্ৰতিক্ৰিয়াৰ ফলত নীতি আৰু ধৰ্ম উভয়ৰেই উন্নতি হয়। মানুহৰ ধৰ্ম জ্ঞান মানুহক স্বাভাৱিকভাৱেই ন্যায়ৰ পথত চলাৰ প্ৰেৰণা দিয়ে ৷ সেইবাবে ধৰ্মজ্ঞান বাঢ়াৰ লগে লগে নীতিজ্ঞান উন্নত হৈ থাকে। আকৌ নীতি বৃদ্ধি হ’লে ধৰ্ম ভাৱ গভীৰ আৰু নিবিড় হৈ উঠে। ধৰ্মভাৱ সকলো কু-সংস্কাৰৰ পৰা মুক্ত হৈ পৱিত্ৰ আৰু মহান হৈ উঠে।

নাইবা

23. ‘নৈতিকতাই ধৰ্মৰ উৎস’ – এই মতটো আলোচনা কৰা।

উত্তৰঃ কাণ্ট, মাৰ্টিনিউ আদি নীতিবিজ্ঞানীসকলৰ মতে – নৈতিকতাহে ধৰ্মৰ উৎস।’ অৰ্থাৎ নীতিৰ পৰাই ধৰ্মৰ উৎপত্তি।

কাণ্টৰ মতে “আমাৰ সকলো কৰ্তব্যক ঐশ্বৰিক আদেশ ৰূপে স্বীকাৰ কৰি লোৱাই হ’ল ধৰ্ম। তেওঁ ধৰ্মক নৈতিক ধাৰণাৰ লগত অভিন্ন বুলি গণ্য কৰিছে।

ধর্ম সম্পর্কে কাণ্টে দিয়া সংজ্ঞাৰ দোষবোৰ হ’ল তেওঁৰ সংজ্ঞাত তিনিটা মানসিক ক্রিয়া চিন্তা, অনুভূতি আৰু ইচ্ছাৰ ভিতৰত কেৱল ইচ্ছাকেই গুৰুত্ব দিয়া হৈছে। তেওঁৰ মতে, ধৰ্ম কেৱল ইচ্ছাৰ বিষয়। তেওঁ নৈতিক ইচ্ছাৰ পৰিপ্ৰেক্ষিতত ধৰ্মৰ সংজ্ঞা দিছে আৰু ধৰ্মীয় চেতনাক নৈতিক চেতনাৰ লগত অভিন্ন বুলি গণ্য কৰিছে। ঈশ্বৰৰ লগত সাহচাৰ্যৰ অলৌকিক অভিজ্ঞতা, প্ৰাৰ্থনা, পূজা, উপাসনা, ঈশ্বৰ প্ৰতি ভক্তি যিবোৰ ধৰ্মীয় অভিজ্ঞতাৰ উল্লেখযোগ্য বৈশিষ্ট্য কাণ্টৰ সংজ্ঞাত সেইবোৰৰ অস্তিত্ব নাই।

এই মতবাদৰ সমালোচকসকলে কয় যে ধৰ্ম আৰু নীতি পৰস্পৰ পৃথক। নীতিৰ পৰা ধৰ্মৰ উৎপত্তি হোৱা নাই। ধৰ্মৰ উৎপত্তি হৈছে কোনো পৰম সত্তাৰ ওপৰত নিৰ্ভৰতাবোধৰ পৰা। নীতি আৰু ধৰ্মৰ উৎপত্তি পৃথকভাৱে হৈছে, তথাপি উভয়ে পৰস্পৰৰ ওপৰত ক্রিয়া কৰে আৰু প্ৰভাৱ বিস্তাৰ কৰে। পৰস্পৰৰ এই ক্ৰিয়া আৰু প্ৰতিক্ৰিয়াৰ ফলত নীতি আৰু ধৰ্ম উভয়েই উন্নত হয়। মানুহৰ ধৰ্মভাৱ যিমানে বাঢ়ি যাব তেওঁৰ সৎ আচৰণ কৰাৰ স্বাভাৱিক প্ৰৱণতাও সিমানেই বাঢ়ি থাকিব৷ সেইবাবে ধার্মিক ব্যক্তি সজ্জন স্বভাৱৰ হয়৷ নীতি আৰু ধৰ্ম পৰস্পৰৰ ওপৰত নিৰ্ভৰশীল। নীতি ধৰ্মৰ কাৰণে আৰু ধৰ্ম নীতিৰ কাৰণে অপৰিহাৰ্য। ধৰ্মীয় জীৱনত নৈতিক চেতনাৰ অৱদানৰ মূল্য অসীম। নীতিয়ে ধৰ্ম সংশোধন কৰে আৰু উন্নত কৰে। নীতি অবিহনে ধৰ্ম কেৱল মাত্ৰ লৌকিকতাত বিশ্বাস আৰু কুসংস্কাৰৰ বাহিৰে একো নহয়। ধৰ্মও নীতিৰ কাৰণে অপৰিহাৰ্য। নীতিৰ শেষ পৰিণতি ধৰ্মত।

24. বৈজ্ঞানিক আগমন কাক বোলে? বৈজ্ঞানিক আগমনৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা।

উত্তৰঃ যি আগমনত কোনো বস্তু বা ঘটনাৰ বিশেষ বিশেষ দৃষ্টান্ত কেইটামানৰ পৰ্যবেক্ষণৰ ওপৰত ভিত্তি কৰি, প্ৰকৃতিৰ একৰূপতা বিধি আৰু কাৰ্যকাৰণ বিধিৰ ওপৰত নিৰ্ভৰ কৰি সেই শ্ৰেণীৰ সকলো বস্তু বা ঘটনা সম্পর্কে এটা যথার্থ সামান্য বচন প্রতিষ্ঠা কৰা হয় তাক বৈজ্ঞানিক আগমন বোলে।

বৈজ্ঞানিক আগমনে সিদ্ধান্তৰূপে এটা যথার্থ সামান্য বচন প্রতিষ্ঠা কৰে। ই এটা ধাৰণা বা প্রত্যয় নহয় ৷ প্ৰতিষ্ঠা কৰা বচনটো এটা সামান্য বচন, বিশেষ বচন নহয়। সামান্য বচনত বিধেয় পদ উদ্দেশ্য পদৰ সমগ্ৰ বাচ্যার্থ সম্বন্ধে স্বীকৃত বা অস্বীকৃত। ইয়াক প্ৰত্যক্ষৰ দ্বাৰা প্ৰতিপন্ন কৰিব নোৱাৰি। বৈজ্ঞানিক আগমনৰ উদ্দেশ্য সামান্য বচন প্রতিষ্ঠা বিশেষ বচন নহয়। আকৌ বচনটো যথার্থ বচন হ’ব লাগিব। যথার্থ বচনে নতুন জ্ঞান দিয়ে। শাব্দিক বচনে নতুন জ্ঞান দিব নোৱাৰে। মানুহ মৰণশীল যথার্থ বচন। আনহাতে সকলো মানুহ হয় বিচাৰশীল প্ৰাণী— এইটো শাব্দিক বচন। গতিকে সামান্য বচনটো যথার্থ সামান্য হ’ব লাগিব।

বৈজ্ঞানিক আগমনৰ সিদ্ধান্ত প্রত্যক্ষ সাপেক্ষ পর্যবেক্ষণৰ ওপৰত নিৰ্ভৰশীল। এই পর্যবেক্ষণ নিৰীক্ষণ মূলক বা পৰীক্ষণমূলক হ’ব পাৰে। কিন্তু আগমন প্রত্যক্ষৰ ওপৰতনিৰ্ভৰশীল হ’লেওঁ ইয়াৰ সিদ্ধান্ত প্রত্যক্ষসিদ্ধ নহয়। ই অনুমিতি স্বভাৱৰ৷

গতিকে জ্ঞান প্ৰক্ৰিয়াত বৈজ্ঞানিক আগমনে বিশেষৰপৰা সামান্য অজ্ঞাতৰ পৰা অজ্ঞাতলৈ প্ৰসাৰিত হয়। কিছুমানৰ পৰা সকলোলৈ যোৱা যুক্তিৰ এনে উদ্ধমূখী গতিকেই আপমনাত্মক জাঁপ বোলে।

বিশেষ বিশেষ ঘটনাক প্রত্যক্ষ কৰি সামান্য বচন প্ৰতিষ্ঠা কৰাৰ পথত যি সংকট দেখা দিয়ে তাক দূৰ কৰিবলৈ বৈজ্ঞানিক আগমনে প্রকৃতি একৰূপতাবিধি আৰু কাৰ্যকাৰণ বিধিৰ ওপৰত নিৰ্ভৰ কৰে। এই বিধি দুটা পূর্বতঃসিদ্ধ এই মৌলিক বিধি দুটাই আগমনৰ আকাৰৰ্গত ভিত্তি।

গতিকে, কোনো বস্তু বা ঘটনাৰ বিশেষ বিশেষ দৃষ্টান্ত কেইটামানৰ পৰ্যবেক্ষণৰ ওপৰত ভিত্তি কৰি, প্ৰকৃতিৰ একৰূপতা বিধি আৰু কাৰ্যকাৰণ বিধি ওপৰত নিৰ্ভৰ কৰি এটা যথার্থ সামান্য বচন প্ৰতিষ্ঠা কৰাই বৈজ্ঞানিক আগমন।

নাইবা

24. এটা উদাহৰণ সহ, সাদৃশ্যানুমানৰ সংজ্ঞা দিয়া। এইবিধ অনুমানৰ লক্ষণসমূহ উল্লেখ কৰা।

উত্তৰঃ দুটা বস্তুৰ মাজত কিছুমান গুণ বা লক্ষণৰ সাদৃশ্য লক্ষ্য কৰি সেই সাদৃশ্যৰ ভিত্তিত এটা বস্তুত থকা আন এটা কোনো গুণ বা লক্ষণ দ্বিতীয় বস্তুটোত থকা বুলি যি অনুমান কৰা হয়, তাক সাদৃশ্যানুমান বোলে।

সাদৃশ্যানুমানৰ লক্ষণ সমূহ হ’লঃ

(ক) সাদৃশ্যানুমানত এটা বিশেষ দৃষ্টান্তৰ পৰা আন এটা বিশেষ দৃষ্টান্তত উপনীত হোৱা যায়। ইয়াত বিশেষ বিশেষ কিছুমান দৃষ্টান্ত পৰ্যবেক্ষণ কৰি কোনো সামান্য বচন প্ৰতিষ্ঠা কৰা নহয়। গতিকে সাদৃশ্যানুমান এক প্ৰকাৰৰ অসম্পূর্ণ অনুমান৷

(খ) সাদৃশ্যানুমান কার্যকাৰণ সম্বন্ধৰ ওপৰত প্ৰতিষ্ঠিত নহয়। সেই কাৰণে ইয়াৰ সিদ্ধান্ত সম্ভাৱনামূলক, নিশ্চিত নহয়।

(গ) সাদৃশ্যানুমান দুটা বস্তু বা দৃষ্টান্তৰ মাজত কিছুমান গুণ বা বিষয়ৰ সাদৃশ্যৰ ওপৰত প্রতিষ্ঠিত অনুমান ৷ গতিকে এই সাদৃশ্যও অসম্পূর্ণ সাদৃশ্য।

(ঘ) সাদৃশ্যানুমান প্ৰকৃত আগমনৰ এটা প্ৰকাৰ। কাৰণ আন আন প্ৰকাৰৰ প্ৰকৃত আগমনৰ দৰে সাদৃশ্যানুমানতো জ্ঞাত বিষয়ৰ পৰা অজ্ঞাত বিষয়লৈ যোৱা হয় অর্থাৎ সাদৃশ্যানুমানতো আগমনৰ মূল লক্ষণ আগমনাত্মক জাঁপ আছে।

25. ‘আগমনৰ বিৰোধাভাস’ৰ ওপৰত এটি টোকা লিখা।

উত্তৰঃ মিলৰ মতে প্ৰকৃতিৰ একৰূপতা বিধিটো সকলো আগমনৰে এক আকাৰগত ভিত্তি আৰু পূৰ্বস্বীকার্য। এই বিধিটো সকলো আগমনৰ সার্বিক সিদ্ধান্ত প্ৰতিষ্ঠাৰ ক্ষেত্ৰত আগতীয়াকৈ স্বীকাৰ কৰি লোৱা হয়৷ প্ৰকৃতিৰ আচৰণ এক বুলি ধৰি নল’লে আমি বিশেষ বিশেষ জ্ঞানৰ ভিত্তিত সামান্য বচন প্রতিষ্ঠা কৰিব নোৱাৰো, প্ৰকৃতিৰ একৰূপৰ বিধিটো এক স্বতঃসিদ্ধ নিয়ম, কিন্তু এই বিধিৰ ওপৰত নিৰ্ভৰ কৰিয়েই সকলো আগমনৰ সিদ্ধান্ত প্রমাণিত হয়। এই বিধিটো সকলো আগমনৰ মূল আশ্রয়বাক্য।

মিলে প্ৰকৃতিৰ একৰূপতা বিধিটোক যদিও পূর্বস্বীকার্য স্বতঃসিদ্ধ বুলি কৈছে, তথাপিও অন্য এক প্ৰসংগত সৰল গণনাভিত্তিক আগমনৰ ফল বুলি অভিহিত কৰিছে। অবৈজ্ঞানিক আগমনত যেতিয়া সামান্য বচনটো প্ৰতিষ্ঠা কৰা হয় তেতিয়া কোনো ধৰণৰ কাৰ্যকৰণ সম্বন্ধ প্ৰতিষ্ঠা কৰাৰ চেষ্টা কৰা নহয়। অবাধিত অভিজ্ঞতাৰ ওপৰত নিৰ্ভৰ কৰিয়েই এনে সিদ্ধান্ত কৰা হয়। অভিজ্ঞতাৰ জৰিয়তে আমি বিশেষ বিশেষ একৰূপতা পাওঁ। এক বিশেষ বিশেষ দৃষ্টান্তৰ ওপৰত নিৰ্ভৰ কৰিয়েই আমি সাধাৰণ একৰূপতাত উপনীত হ’ব পাৰো। এনেদৰে আমি প্ৰকৃতিৰ একৰূপতা বিধিটো প্ৰতিষ্ঠা কৰো আৰু প্ৰতিষ্ঠা হোৱাৰ পিছত ই সকলো প্ৰকাৰৰ আগমনৰে ভিত্তি হয়। গতিকে আগমনৰ ভিত্তিয়েই আগমনৰ ফল। মিলৰ এই প্ৰকৃতিৰ একৰূপতা বিধি সম্পৰ্কীয় পৰস্পৰ বিৰোধী উক্তিকেই আগমনৰ বিৰোধভাস বুলি কোৱা হয়।

নাইবা

25. পৰীক্ষণ বুলিলে কি বুজা? পৰীক্ষণৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা।

উত্তৰঃ কৃত্ৰিম পৰিবেশত নিৰ্দিষ্ট উদ্দেশ্যৰে কোনো কৃত্রিম ঘটনাক প্ৰস্তুত কৰি প্ৰত্যক্ষ কৰাই হৈছে পৰীক্ষণ।

পৰীক্ষণৰ বৈশিষ্ট্যসমূহ হ’ল—

(ক) পৰীক্ষণ হৈছে এক উদ্দেশ্যযুক্ত প্রত্যক্ষ। পৰীক্ষণৰ ক্ষেত্ৰত এটা উদ্দেশ্য থাকে আৰু সেই উদ্দেশ্য আগত ৰাখিয়েই বিষয়বস্তুক বাচি লৈ মনক সেই বিষয়বস্তুৰ ওপৰত নিবদ্ধ কৰি পদ্ধতিগত ভাৱে প্ৰত্যক্ষ কৰা হয়।

(খ) পৰীক্ষণ হৈছে কৃত্ৰিম ঘটনাক কৰা প্ৰত্যক্ষ। পৰীক্ষণত প্রত্যক্ষৰ বিষয়বস্তু কৃত্ৰিমভাৱে তৈয়াৰ কৰি লোৱা হয়। সেয়েহে ঘটনাবোৰ প্ৰত্যক্ষ কৰোতে আমি প্ৰকৃতিৰ ওপৰত কৰিব নালাগে। কোনো পৰীক্ষাগাৰ বা গৱেষণাগাৰৰ ওপৰতহে নিৰ্ভৰ কৰিব লাগে।

(গ) পৰীক্ষণ হৈছে কৃত্রিম পৰিৱেশত কৃত্রিম ভাৱে কৰা ঘটনাবোৰৰ প্ৰত্যক্ষ। পৰীক্ষণৰ ক্ষেত্ৰত কৃত্ৰিম পৰিৱেশ এঠাত ঘটনাবোৰ প্ৰত্যক্ষ কৰা হয়। কৃত্ৰিম পৰিৱেশটো পৰীক্ষকজনে নিজে তৈয়াৰ কৰি লয়। ইয়াত পৰিৱেশ সম্পূৰ্ণৰূপে পৰীক্ষকৰ নিয়ন্ত্রণাধীন। প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ নকৰাকৈয়ে এজন ৰসায়নবিদে অক্সিজেন আৰু হাইড্ৰ’জেনৰ বৈদ্যুতিক মিশ্ৰণেৰে পানী প্ৰস্তুত কৰি ল’ব পাৰে৷

(ঘ) পৰীক্ষণত ঘটনা সদায় নিয়ন্ত্রণাধীন প্রত্যক্ষৰ বিষয়বস্তু সম্পূৰ্ণৰূপে পৰীক্ষকৰ নিয়ন্ত্রণাধীন কাৰণে তেওঁৰ ইচ্ছানুযায়ী ঘটনাবোৰ প্ৰত্যক্ষ কৰিব পাৰে। মন নগলে কেতিয়াবা তেওঁ প্ৰত্যক্ষ নকৰিবও পাৰে। পৰীক্ষণৰ বিষয়বস্তু পৰীক্ষকৰ ওপৰত সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰে।

26. প্ৰকল্পৰ স্তৰকেইটা কি কি? উদাহৰণসহ ব্যাখ্যা কৰা।

উত্তৰঃ প্ৰকল্পৰ চাৰিটা স্তৰ হ’ল—

(ক) প্রাকৃতিক ঘটনাৱলীৰ নিৰীক্ষণ: নিৰীক্ষণৰ জৰিয়তে ব্যাখ্যা কৰিবলগীয়া বিষয়ৰ পৰিচয় ঘটে। এই পৰিচয়ৰ ফলত ঘটনাসমূহ সম্পর্কে মনত প্রশ্ন জাগে আৰু ঘটনাসমূহ ব্যাখ্যা কৰাৰ প্ৰয়োজনীয়তা উপলব্ধি কৰা হয়।

(খ) প্রকল্প গঠন: প্ৰকল্পৰ দ্বিতীয় স্তৰ হৈছে প্ৰকল্প গঠন। নিৰীক্ষণৰ পৰা পোৱা ধাৰণাৰ সমৰ্থনত যদি কাৰ্যকাৰণ সম্পর্কে সঠিক প্ৰমাণ পোৱা নাযায় বা কিবা পালেও ই পর্যাপ্ত নহয়, তেতিয়া ইয়াৰ ওপৰত নিৰ্ভৰ কৰি কাৰ্যকাৰণ নিৰ্ণয় কৰিব নোৱাৰি গতিকে সম্ভাব্য কাৰণ সম্বন্ধে যি আনুমানিক ধাৰণা কৰা হয় সেয়াই হৈছে প্ৰকল্প গঠন।

(ঙ) নিগমনাত্মক পদ্ধতিৰ প্ৰয়োগেৰে সিদ্ধান্ত নিঃসৰণ: প্ৰকল্পৰ তৃতীয় স্তৰ হৈছে এনে আনুমানিক ধাৰণাৰ পৰা সিদ্ধান্ত নিঃসৰণ কৰা। এই স্তৰত সম্ভাব্য কাৰণৰ পৰা কিছুমান সিদ্ধান্ত নিঃসৰণ কৰা হয়।

(ঘ) প্ৰমাণীকৰণ: প্ৰকল্পৰ চতৰ্থ স্তৰৰ নিঃসৰণ কৰা সিদ্ধান্তটো প্রমাণীকৰণ কৰা হয় নিগমনাত্মক পদ্ধতিৰে নিঃসৰণ কৰা সিদ্ধান্তবোৰৰ প্ৰামাণ্য পৰীক্ষা কৰা হয়। যদি এনে ধাৰণাৰ পৰা নিঃসৃত সিদ্ধান্তবোৰৰ লগত বাস্তৱ ঘটনাৰ মিল থাকে তেন্তে ধাৰণাটো সত্য হ’ব নাইবা সত্য হোৱাৰ সম্ভাৱনা থাকিব আৰু যদি মিল নাথাকে তেনেহ’লে ই অসত্য হ’ব আৰু তাক বৰ্জন কৰি নতুন প্রকল্প গঠন কৰা হয়।

নাইবা

26. বৈধ প্ৰকল্পৰ চৰ্তসমূহ কি কি? বৈধ প্ৰকল্পৰ যিকোনো দুটা চৰ্ত ব্যাখ্যা কৰা।

উত্তৰঃ বৈধ প্ৰকল্পৰ চৰ্ত সমূহ হ’ল—

(১) প্রকল্প অবাস্তৱ, উদ্ভট নাই বা কাল্পনিক হ’ব নালাগে।

(২) প্ৰকল্প আত্মবিৰোধী হ’ব নালাগে।

(৩) প্ৰকল্প সুনিৰ্দিষ্ট আৰু ধাৰণা যোগ্য হ’ব লাগিব, ই অনিদির্ষ্ট হ’ব নোৱাৰে।

(৪) প্রকল্প প্রতিষ্ঠিত সত্যৰ বা নিয়মৰ বিৰোধী হ’ব নোৱাৰিব।

(৫) প্রকল্প বাস্তৱ তথ্য বা ঘটনাৰ ওপৰত প্ৰতিষ্ঠিত হ’ব লাগিব।

(৬) প্ৰকল্পৰ বিষয় বস্তু ‘অস্তিত্বশীল কাৰণ’ হব লাগিব।

(৭) প্রকল্প সত্যাপনীয় বা সত্যাসত্য প্রমাণযোগ্য হ’ব লাগিব।

(৮) প্রকল্প প্ৰাসংঙ্গিক হ’ব লাগিব।

(৯) প্রকল্প সৰল হ’ব লাগিব।

27. বাস্তৱ উদাহৰণৰ সৈতে অন্বয়ী প্ৰণালীৰ সংজ্ঞা দিয়া। এই প্ৰণালীৰ দুটা সুবিধা উল্লেখ কৰা।

উত্তৰঃ অন্বেষণীয় ঘটনাটো উপস্থিত থকা দুটা বা ততোধিক দৃষ্টান্তৰ মাজত যদি কোনো এটা মাত্র সামান্য সংস্থিতি থাকে আৰু যদি আটাইকেইটা দৃষ্টান্তৰ এই সামান্য সংস্থিতিটোতই মাত্র মিল থাকে, তেনেহ’লে সেইটোৱেই অন্বেষণীয় ঘটনাৰ কাৰণ নাইবা কাৰ্য হ’ব। উদাহৰণ স্বৰূপে, ‘মেলেৰিয়া জ্বৰ’ কাৰ্যৰ কাৰণ নিৰ্ণয় কৰাৰ কাৰণ দুটাতকৈ অধিক মেলেৰিয়া ৰোগীক দৃষ্টান্ত হিচাপে ল’ব লাগে। দৃষ্টান্ত হিচাপে লোৱা ৰোগী কেইজনৰ মেলেৰিয়াৰ কাৰণ নিৰীক্ষণ কৰি দেখা গ’ল যে খোৱা পানী, দৈনন্দিন আহাৰ, বাসস্থান, শাৰীৰিক ব্যায়াম চচা আদিৰ ক্ষেত্ৰত ৰোগী কেইজনৰ বহুত পার্থক্য আছে। কিন্তু তেওঁলোকৰ প্ৰত্যেককে এনফেলিছvমহে কামুৰিছে। এই এন’ফেলিছ মহে কামোৰাটোহে আটাই কেইজন ৰোগীৰ মাজত মিল থকা একমাত্র সংস্থিতি। গতিকে সিদ্ধান্ত কৰা হ’ল, এন’কেলিছ মহৰ কামোৰেই মেলেৰিয়া জ্বৰৰ কাৰণ।

অন্বয়ী প্ৰণালীৰ দুটা সুবিধা-

(ক) অন্বয়ী প্ৰণালীৰ প্ৰয়োগ ক্ষেত্ৰ অতি ব্যাপক। অতি কম সংখ্যক ঘটনাকে পৰীক্ষণ কৰিব পাৰি কিন্তু জগতৰ সকলো ঘটনাকে নিৰীক্ষণ কৰিব পাৰি। আনহাতে পৰীক্ষণতও নিৰীক্ষণ অপৰিহাৰ্য্য।

(খ) অন্বয়ী প্ৰণালীৰ দ্বাৰা কাৰ্যৰ পৰা কাৰণলৈ আৰু কাৰণৰ পৰা কাৰ্য নিৰ্ণয় কৰিব পাৰি। নিৰীক্ষণ মূলক প্ৰণালী হোৱাৰ কাৰণে নিৰীক্ষণৰ সুবিধা বিলাক অন্বয়ী প্ৰণালীটো আছে। ইয়াত উভয় দিশতেই অর্থাৎ কাৰ্যৰ পৰা কাৰণলৈ আৰু কাৰণৰ পৰা কাৰ্য নিৰ্ধাৰণ পথত অগ্ৰসৰ হ’ব পাৰি।কিন্তু পৰীক্ষণ মূলক প্ৰণালী বোৰত তেনে সুবিধা নাই।

নাইবা

27. উদাহৰণসহ পৰিশেষ প্ৰণালীৰ সংজ্ঞা দিয়া। এই প্ৰণালীৰ দুটা অসুবিধা উল্লেখ কৰা।

উত্তৰঃ মিলৰ মতে, যদি কোনো ঘটনাৰ কোনো অংশক পূৰ্বজ্ঞাত আগমনৰ পৰা কোনো বিশেষ পূৰ্বৱৰ্তী অংশৰ কাৰ্য বুলি জনা যায়, তেনেহ’লে সমগ্ৰ ঘটনাৰ পৰা সেই অংশক বাদ দিলে যি অংশ অৱশিষ্ট থাকে, সেই অংশটো পূৰ্বৱৰ্তী অৱশিষ্ট অংশৰ কাৰ্য হ’ব।

প্ৰণালীৰ দুটা অসুবিধা-

(ক) একাধিক কাৰণ লগ লাগি এটা জটিল কার্য বা কার্য সংমিশ্ৰণৰ সৃষ্টি কৰে।

(খ) প্ৰদত্ত জটিলকাৰ্যটোৰ কোনো অংশৰকাৰণ আগমনৰদ্বাৰা আমাৰ পূৰ্বজ্ঞাত। কাৰ্যটোৰ অৱশিষ্ট অংশৰ কাৰণ নিৰ্ণয় কৰিব লাগে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top