AHSEC 2020 Logic and Philosophy Question Paper Solved | দ্বাদশ শ্ৰেণীৰ তর্কবিজ্ঞান আৰু দর্শন পুৰণি প্ৰশ্নকাকত সমাধান, AHSEC Class 12 Logic and Philosophy Question Paper Solved PDF Download, দ্বাদশ শ্ৰেণীৰ তর্কবিজ্ঞান আৰু দর্শন 2020 ৰ প্ৰশ্নকাকত সমাধান কৰা হৈছে to each Paper is Assam Board Exam in the list of AHSEC so that you can easily browse through different subjects and select needs one. AHSEC 2020 Logic and Philosophy Previous Years Question Paper Solved can be of great value to excel in the examination.
AHSEC 2020 Logic and Philosophy Question Paper Solved | দ্বাদশ শ্ৰেণীৰ তর্কবিজ্ঞান আৰু দর্শন পুৰণি প্ৰশ্নকাকত সমাধান
AHSEC Old Question Paper provided is as per the 2020 AHSEC Board Exam and covers all the questions from the AHSEC Class 12 Logic and Philosophy Solved Question Paper 2020 Assamese Medium. Access the detailed Class 12 Logic and Philosophy 2020 Previous Years Question Paper Solved provided here and get a good grip on the subject. Access the AHSEC 2020 Logic and Philosophy Old Question Paper Solved, AHSEC Class 12 Logic and Philosophy Solved Question Paper 2020 of Assamese in Page Format. Make use of them during your practice and score well in the exams.
LOGIC & PHILOSOPHY
2020
LOGIC & PHILOSOPHY OLD QUESTION PAPER SOLVED
১। অতি চমু প্রশ্নোত্তৰ:
(ক) আগমনৰ মূল লক্ষণ কি?
উত্তৰঃ আগমনৰ মূল লক্ষণ হ’ল – আগমনাত্মক জাঁপ।
(খ) সাদৃশ্যমূলক অনুমানে কাৰ্য-কৰণ বিধিৰ ওপৰত নিৰ্ভৰ কৰেনে?
উত্তৰঃ কৰে।
(গ) বৈজ্ঞানিক আগমনে কোন প্ৰকাৰৰ বচন প্ৰতিষ্ঠা কৰে?
উত্তৰঃ সাৰ্বিক যথাৰ্থ বচন।
(ঘ) ‘আগমনৰ ভিত্তিয়েই আগমনৰ ফল’— কথাষাৰ কোনে কৈছিল?
উত্তৰঃ ডোনাল্ড কেৰি উইলিয়াম।
(ঙ) কি প্ৰকাৰৰ প্ৰকল্পৰ সহায়ত নেপচুন গ্রহ আৱিষ্কাৰ কৰা হৈছিল?
উত্তৰঃ কৰ্তা সম্পৰ্কীয় প্ৰকল্পৰ সহায়ত নেপচুন গ্রহ আৱিষ্কাৰ কৰা হৈছিল।
(চ) অন্বয়ী প্ৰণালীৰ বাবে কেইটা দৃষ্টান্তৰ প্ৰয়োজন হয়?
উত্তৰঃ দুই বা ততোধিক।
(ছ) বৈজ্ঞানিক বাস্তৱবাদৰ প্ৰৱৰ্ত্তক কোন?
উত্তৰঃ বৈজ্ঞানিক বাস্তৱবাদৰ প্ৰৱৰ্ত্তক হ’ল জন লক।
(জ) মুখ্যগণৰ এটি উদাহৰণ দিয়া।
উত্তৰঃ বস্তুৰ আকাৰ।
(ঝ) অনৈতিক ক্ৰিয়াৰ এটা উদাহৰণ দিয়া।
উত্তৰঃ সৰু ল’ৰা-ছোৱালী বা শিশুৰ স্বতঃস্ফূৰ্ত।
(ঞ) নীতিবিদ্যাৰ আদর্শ কি?
উত্তৰঃ সমাজত বসবাস কৰা মানুহৰ আচৰণৰ আলোচনা আৰু মূল্যায়ন।
(ট) “ধর্ম হ’ল আবেগ-স্পর্শিত নৈতিকতা”—কথাষাৰ কোনে কৈছিল?
উত্তৰঃ মেথিউ আর্নল্ডে।
(ঠ) লেটিন শব্দ ‘Religare’ ৰ অৰ্থ কি?
উত্তৰঃ লেটিন শব্দ ‘Religare’ ৰ অৰ্থ হৈছে ‘বন্ধন’।
২। অ-বৈজ্ঞানিক আগমনৰ সংজ্ঞা দিয়া।
উত্তৰঃ যি আগমনত কোনো বস্তু বা ঘটনাৰ বহুতো দৃষ্টান্ত পর্যবেক্ষণ কৰি আৰু কাৰ্যকৰণ সম্বন্ধ প্ৰতিষ্ঠা কৰাৰ কোনো চেষ্টা নকৰাকৈ কেৱল পৰ্যবেক্ষণৰ পৰা পোৱা অবাধিত অভিজ্ঞতাৰ ওপৰত নিৰ্ভৰ কৰি এটা যথার্থ সামান্য বচন প্ৰতি’। কৰা হয় তাক অবৈজ্ঞানিক আগমন বোলে।
৩। কাৰণ কি? এটা উদাৰণ দিয়া।
উত্তৰঃ কাৰণ হ’ল বিভিন্ন উপকৰণৰ এটা সমষ্টি। কাৰণ উপস্থিত থাকিলে কার্য উপস্থিত থাকিবই। আকৌ কাৰণ অনুপস্থিত থাকিলে কাৰ্য অনুপস্থিত থাকে। জগতৰ সকলোবোৰ ঘটনা কাৰ্য আৰু কাৰণৰ সম্বন্ধেৰে জড়িত হৈ আছে। কাৰণ নোহোৱাকৈ কোনো কার্য সংঘটিত হ’ব নোৱাৰে।
৪। এটা উপযুক্ত উদাহৰণ সহ ‘নানা কাৰণ বাদ’ৰ সংজ্ঞা দিয়া।
উত্তৰঃ নানাকাৰণবাদ মতে, এটা কাৰ্যৰ কাৰণ এটা নহৈ বহুতো হ’ব পাৰে। জগতৰ ঘটনাবোৰ বৰ জটিল। ঘটনাৰ কাৰণবোৰ কেতিয়াবা এনেভাৱে জড়িত হৈ থাকে যে ঘটনাৰ প্ৰকৃত কাৰণ নিৰ্ণয় কৰাত অসুবিধাৰ সন্মুখীন হ’ব লগা হয়।
নাইবা
৪। নিৰীক্ষণ আৰু পৰীক্ষণৰ দুটা পার্থক্য উল্লেখ কৰা।
উত্তৰঃ নিৰীক্ষণ আৰু পৰীক্ষণৰ দুটা পার্থক্য-
পৰ্যবেক্ষণৰ দুটা ভাগ নিৰীক্ষণ আৰু পৰীক্ষণ। কোনো এটা নির্দিষ্ট উদ্দেশ্য অনুযায়ী প্রাকৃতিক পৰিৱেশত ঘটনাৰ উদ্ঘাটন কৰি কাৰণ নিৰ্ণয় কৰা। কিন্তু সুনিয়ন্তিৱত স্বৰচিত পৰিৱেশত ঘটনাৰ উদ্ঘাটন হৈছে পৰীক্ষণ।
প্ৰকৃতিত উদ্ভৱ হোৱা ভূমিকম্পৰ কাৰণবোৰ উদ্ঘাটন হোৱা নিৰীক্ষণ। আনহাতে বিজ্ঞানগত কৃত্রিম উপায়ে ভূমিকম্প বনায় তাৰ কাৰণ সম্পর্কে পর্যবেক্ষণ হৈছে পৰীক্ষণ।
৫। নীতিবিদ্যাক কিয় আদর্শনিষ্ঠ বিজ্ঞান বুলি কোৱা হয়?
উত্তৰঃ যি বিজ্ঞানে কোনো এটা আদৰ্শক মাপকাঠী হিচাপে লৈ বিষয়বস্তুৰ মূল্য নিৰ্ধাৰণ কৰে তাক আদর্শনিষ্ঠ বিজ্ঞান বোলে। নীতিবিদ্যাৰ আদৰ্শ হৈছে পৰম কল্যাণ বা পৰম শ্রেয়। নীতিবিদ্যাই পৰমশ্রেয়ক আদৰ্শৰ মাপকাঠী হিচাপে লৈ মানুহৰ আচৰণ আৰু ঐচ্ছিক ক্ৰিয়াৰ নৈতিক মূল্য নিৰ্ধাৰণ কৰে। এতেকে নীতিবিদ্যাক আদর্শনিষ্ঠ বিজ্ঞান বুলি কোৱা হয়।
৬। পৰিশেষ প্ৰণালী সম্বনেধ মিলৰ সংজ্ঞাটো আগবঢ়োৱা।
উত্তৰঃ মিলৰ মতে, যদি কোনো ঘটনাৰ কোনো অংশক পূৰ্বজ্ঞাত আগমনৰ পৰা কোনো বিশেষ পূৰ্বৱৰ্তী অংশৰকাৰ্যবুলিজনা যায়, তেনেহ’লে সমগ্ৰ ঘটনাৰ পৰা সেইঅংশক বাদ দিলে যি অংশ অৱশিষ্ট থাকে, সেই অংশটো পূৰ্বৱৰ্তী অৱশিষ্ট অংশৰ কাৰ্য হ’ব।
নাইবা
৬। মিশ্ৰ অন্বয়ী-ব্যতিৰেক প্ৰণালীৰ এটা বাস্তৱ উদাৰণ দিয়া?
উত্তৰঃ সদৰ্থক আৰু নঞর্থক দুই শ্ৰেণীৰ দৃষ্টান্ত লোৱা হয় বাবে নানা কাৰণবাদ দোষৰ সম্ভাৱনা অতিকম।ই যদিও নিৰীক্ষণ নিৰ্ভৰশীল গতিকে ইয়াৰ সিদ্ধান্ত সম্পূৰ্ণ নিশ্চিত নহয়, মাত্র সম্ভাৱনামূলক হয়।
৭। বৈধ প্ৰকল্পৰ যিকোনো দুটা চৰ্ত উল্লেখ কৰা।
উত্তৰঃ বৈধ প্ৰকল্পৰ দুটা চৰ্ত-
(ক) প্ৰকল্প অবাস্তৱ, উদ্ভট নাই বা কাল্পনিক হ’ব নালাগে।
(খ) প্ৰকল্প আত্মবিৰোধী হ’ব নালাগে।
৮। ঐচ্ছিক ক্ৰিয়াৰ সংজ্ঞা দিয়া। এটা ঐচ্ছিক ক্ৰিয়াত কেইটা স্তৰ থাকে?
উত্তৰঃ যিবোৰ ক্ৰিয়া কৰ্তাই সজাগ হৈ বুদ্ধিবৃত্তি প্ৰয়োগৰ দ্বাৰা কোনো উদ্দেশ্য সম্পাদন কৰিবলৈ ইচ্ছাকৃতবাৱে কৰে তেনেবোৰ ক্ৰিয়াক ঐচ্ছিক ক্রিয়া বোলে। ঐচ্ছিক ক্রিয়া এক প্ৰকাৰৰ নৈতিক ক্রিয়া। এটা ঐচ্ছিক ক্ৰিয়াত তিনিটা স্তৰ থাকে।
৯। মুখ্য গুণ আৰু গৌণগুণৰ মাজত থকা দুটা পার্থক্য আগবঢ়োৱা।
উত্তৰঃ মুখ্য গুণ আৰু গৌণগুণৰ মাজত থকা দুটা পার্থক্য-
(ক) মুখ্যগুণবোৰ বস্তুৰ মৌলিকগুণ আৰু সম্পূৰ্ণ ৰূপে বস্তুগত। আনহাতে গৌণগুণবোৰ বস্তুৰ মৌলিক গুণ নহয় আৰু জ্ঞাতাৰ মনতহে থাকে।
(খ) মুখ্যগুণবোৰ অপৰিবৰ্তনীয়। যেনে বস্তুৰ আকৃতি, বিস্তৃতি আদি। আনহতে গৌণ গুণবোৰ কিছুমান পৰিৱৰ্তনশীল গুণ। স্থান বা ব্যক্তিভেদে গৌণগুণবোৰ পৰিবৰ্তন হব পাৰে। যেনে ৰূপ, ৰস, গোন্ধ আদি।
১০। নিয়ম বিষয়ক প্রকল্প’ৰ এটি উদাহৰণ দিয়া।
উত্তৰঃ কোনো এটা ঘটনাৰ কৰ্তা কোন সেয়া আমি জানো কিন্তু কি নিয়মত বা কিভাৱে ঘটনাটো ঘটালে তাক আমি নাজানো৷ তেতিয়া অজ্ঞাত এই নিয়ম সম্পৰ্কে যি ধাৰণা কৰা হয় তাকেই নিয়ম সম্পৰ্কীয় প্রকল্প বোলে।
নাইবা
১০। ‘কাৰ্যকৰী প্ৰকল্প’ৰ সংজ্ঞা দিয়া।
উত্তৰঃ অধিক নিৰ্ভৰযোগ্য প্ৰকল্পৰ অভাৱত অসম্পূর্ণ স্বভাবৰ নাইবা সন্তোষজনক নহয় বুলি জানিও মাত্ৰ কাৰণৰ অনুসন্ধান কাৰ্য আৰম্ভ কৰাৰ উদ্দেশ্যে যি প্ৰকাৰৰ প্ৰকল্পৰ আশ্ৰয় লোৱা হয় তাকেই কাৰ্যকৰী প্ৰকল্প বোলে।
১১। ব্যতিৰেক প্ৰণালী প্রতিষ্ঠিত হোৱা অপসৰণৰ সূত্ৰটো উল্লেখ কৰা।
উত্তৰঃ ব্যতিৰেকী প্ৰণালীত প্রয়োগ হোৱা অপসৰণৰ সূত্ৰটো হ’ল “কাৰ্যৰ কোনো ক্ষতি নকৰাকৈ যদি পূৰ্বৱৰ্তী ঘটনাৰ কোনো অংশ বাদ দিব নোৱাৰি, সেই অংশটো কাৰ্যটোৰ কাৰণ বা কাৰণৰ অংগ হ’বই লাগিব।”
১২। সৰল বাস্তৱবাদৰ দুটা বৈশিষ্ট্য আগবঢ়োৱা।
উত্তৰঃ সৰল বাস্তৱবাদৰ দুটা বৈশিষ্ট্য –
(ক) জ্ঞানৰ বিষয়বস্তুৰ জ্ঞাতাৰ মনৰ পৰা স্বতন্ত্র। বাহ্যবস্তু এটা আছে নে নাই তাক জাতাই জনা বা নজনাৰ ওপৰত নিৰ্ভৰ কৰে।
(খ) মনৰ বাহিৰত এখন বাহ্যিক জগত আছে।
নাইবা
১২। সৰল বাস্তৱবাদৰ দুটা সমালোচনা আগবঢ়োৱা।
উত্তৰঃ সৰল বাস্তৱবাদৰ দুটা সমালোচনা-
(ক) সকল বাস্তববাদে প্রত্যক্ষ অধিক গুরুত্ব দিয়া যাবে প্রভা অনজনিত সীমাবদ্ধতা সকল বাস্তববাদত বিদ্যমান।
(খ) সৰল বাস্তববাদে সপোন, ভ্রান্ত জ্ঞান আদিক ব্যাখ্যা কৰিব নোৱাৰে।
১৩৷ ‘পূর্ব-স্থাপিত শৃংখলা’ মতবাদ কি?
উত্তৰঃ কাৰ্যকাৰণ সম্পৰ্কত এটা দার্শনিক তত্ত্ব, যাৰ অধীনত প্ৰতিটো পদার্থ কেবল নিজকেই প্ৰভাৱিত কৰে, তথাপি বিশ্বৰ গোটেই পদাৰ্থ কার্যত মিথষ্ক্রিয়া বুলি ভবা হয়। এজন আনৰ লগত কাৰণ, সেইসকল ঈশ্বৰৰ দ্বাৰা এজন আনৰ লগত মিলিত হোৱাৰ আগতেই প্রকল্পিত হৈ আছিল।
১৪। বৈজ্ঞানিক বাস্তৱবাদৰ চাৰিটা বৈশিষ্ট্য লিখা।
উত্তৰঃ বৈজ্ঞানিক বাস্তৱবাদৰ চাৰিটা বৈশিষ্ট্য-
(ক) বৈজ্ঞানিক বাস্তববাদৰ মতে, আমাৰ জ্ঞানৰ বিষয়বস্তু জ্ঞাতাৰ মনৰ পৰা স্বতন্ত্র।
(খ) বস্তুৰ গুণসমূহৰ ভিতৰত মুখ্য গুণসমূহ মনৰ পৰা স্বতন্ত্র। যেনে বস্তুৰ আকাৰ, বিস্তৃতি, পৰিমাণ আদিৰ পৰিবৰ্তন কৰিব নোৱাৰি। আকৌ গৌণ গুণসূহ পৰিবৰ্তন হ’ব পাৰে।
(গ) বৈজ্ঞানিক বাস্তৱবাদ মতে, বস্তু এটা আমি দেখিব নোৱাৰো। তাৰ প্ৰতিলিপিহে জ্ঞাতাই দেখিবলৈ পায়।
(ঘ) জ্ঞান এটা সম্পূর্ণ স্বাধীন প্ৰক্ৰিয়া। এই প্ৰক্ৰিয়াই বস্তুৰ প্ৰকৃত স্বৰূপ নহয় প্রতিলিপিহে প্রভাবান্বিত কৰে।
১৫। প্ৰকল্পৰ চাৰিটা স্তৰ কি কি? আলোচনা কৰা।
উত্তৰঃ প্ৰকল্পৰ চাৰিটা স্তৰ-
(ক) প্রাকৃতিক ঘটনাৱলীৰ নিৰীক্ষণ: নিৰীক্ষণৰ জৰিয়তে ব্যাখ্যা কৰিবলগীয়া বিষয়ৰ পৰিচয় ঘটে। এই পৰিচয়ৰ ফলত ঘটনাসমূহ সম্পর্কে মনত প্রশ্ন জাগে আৰু ঘটনাসমূহ ব্যাখ্যা কৰাৰ প্ৰয়োজনীয়তা উপলব্ধি কৰা হয়।
(খ) প্রকল্প গঠন: প্ৰকল্পৰ দ্বিতীয় স্তৰ হৈছে প্ৰকল্প গঠন। নিৰীক্ষণৰ পৰা পোৱা ধাৰণাৰ সমৰ্থনত যদি কাৰ্যকাৰণ সম্পর্কে সঠিক প্রমাণ পোৱা নাযায় বা কিবা পালেও ই পর্যাপ্ত নহয়, তেতিয়া ইয়াৰ ওপৰত নিৰ্ভৰ কৰি কাৰ্যকাৰণ নিৰ্ণয় কৰিব নোৱাৰি। গতিকে সম্ভাব্য কারণ সম্বন্ধে যি আনুমানিক ধাৰণা কৰা হয় সেয়াই হৈছে প্ৰকল্প গঠন।
(গ) নিগমনাত্মক পদ্ধতিৰ প্ৰয়োগেৰে সিদ্ধান্ত নিঃসৰণ: প্ৰকল্পৰ তৃতীয় স্তৰ হৈছে এনে আনুমানিক ধাৰণাৰ পৰা সিদ্ধান্ত নিঃসৰণ কৰা। এই স্তৰত সম্ভাব্য কাৰণৰ পৰা কিছুমান সিদ্ধান্ত নিঃসৰণ কৰা হয়।
(ঘ) প্ৰমাণীকৰণ: প্ৰকল্পৰ চৰ্থ ভৰৰ নিঃসৰণ কৰা সিদ্ধান্তটো প্রমাণীকৰণ কৰা হয়। নিগমনাত্মক পদ্ধতিবে নিঃসৰণ কৰা সিদ্ধান্তবোৰৰ প্রামাণ্য পৰীক্ষা কৰা হয়। যদি এনে ধাৰণাৰ পৰা নিঃসৃত সিদ্ধান্তবোৰৰ লগত বাস্তৱ ঘটনাৰ মিল থাকে তেন্তে ধাৰণাটো সত্য হ’ব নাইবা সত্য হোৱাৰ সম্ভাবনা থাকিব আৰু যদি মিল নাথাকে তেনেহ’লে ই অসত্য হ’ব আৰু তাক বৰ্জন কৰি নতুন প্রকল্প গঠন কৰা হয়।
১৬। হেগেলৰ বস্তুনিষ্ঠ ভাৱবাদৰ চাৰিটা বৈশিষ্ট্য আগবঢ়োৱা।
উত্তৰঃ হেগেলৰ বস্তুগত ভাৱবাদৰ চাৰিট্য বৈশিষ্ট্য হ’ল –
(ক) পৰম ধাৰণা বা পৰম মন অথবা চিন্তাই জগতৰ অন্তর্নিহিত সত্তা। পৰম ধাৰণা অবিহনে সসীম বস্তু আৰু জীৱবোৰ অস্তিত্বশীল হ’ব নোৱাৰে।
(খ) জগতৰ বৈচিত্ৰতাৰ মাজেৰে সতাই নিজৰ স্বৰূপ প্ৰকাশ কৰে। জগত অবিহানে পৰম সত্তা অসম্পূর্ণ। সসীম মানৱৰ চিন্তা সমূহত সংঘাত থাকে। সংঘাতবোৰ সম্ভাৰ মাজতে সুসংহত আৰু সমন্বিত হয়।
(গ) হেগেলৰ মতবাদত ভারবাদ আৰু বাস্তববাদৰ সমন্বয় ঘটিছে। অর্থাৎ বস্তুগত ভাববাদৰ মাজেৰে ভাৱবাদৰ পূর্ণ প্রকাশ ঘটিছে।
(ঘ) পৰম সত্তা গতিশীল আৰু জীৱন্ত।
১৭। পৰিশেষ প্ৰণালীৰ দুটা সুবিধা আৰু দুটা অসুবিধা উল্লেখ কৰা।
উত্তৰঃ পৰিশেষ প্ৰণালীৰ দুটা সুবিধা-
(ক) জ্যোতির্বিজ্ঞানআৰুৰসায়নবিজ্ঞানত পৰিশেষপ্ৰণালীৰব্যাপকব্যৱহাৰহয় এইনাদীৰ যথাযথ প্রয়োগে বহুত নতুন আবিষ্কাৰ সম্ভৱ কৰি তুলিছে।
(খ) এই প্রণালীত কাৰ্যৰ পৰা কাৰণ আৰু কাৰণৰ পৰা কাৰ্যলৈ গতি কৰিব পাৰি।
নাইবা
১৭। অন্বয়ী প্ৰণালীৰ ‘প্রকৃতিগত অপূর্ণতা’ কি? এই অসুবিধা কেনেকৈ দূৰ কৰিব পাৰি?
উত্তৰঃ এই অসুবিধা দূৰ কৰাৰ উপায়-
(ক) অন্বয়ীগুণালীৰ প্ৰয়োগ ক্ষেত্র অতি ব্যাপক। অতি কম সংখ্যক ঘটনাকে পৰীক্ষণ কৰিব পাৰিকিন্তুজগত সকলো ঘটনাকে নিৰীক্ষণ কৰিব পাৰি। আনহাতে পৰীক্ষণতও নিৰীক্ষণ অপৰিহাৰ্য্য।
(খ) অন্বয়ী প্ৰণালীৰ দ্বাৰা কাৰ্যৰ পৰা কাৰণলৈ আৰু কাৰণৰ পৰা কাৰ্য নির্ণয় কৰিব পাৰি। নিৰীক্ষণ মূলক প্ৰণালী হোৱাৰ কাৰণে নিৰীক্ষণৰসুবিধাবিলাক অন্বয়ীপ্রণালীটো আছে। ইয়াত উভয় দিশতেই অৰ্থাৎকাৰ্যৰ পৰাকাৰণলৈ আৰুকাৰণৰ পৰাকাৰ্যনিৰ্ধাৰণ পথত অগ্ৰসৰ হ’ব পাৰি। কিন্তু পৰীক্ষণমূলক প্ৰণালীবোৰত তেনে সুবিধা নাই।
১৮। সাদৃশ্যমূলক অনুমানৰ যিকোনো চাৰিটা বৈশিষ্ট্য লিখা।
উত্তৰঃ সাদৃশ্যমূলক অনুমানৰ যিকোনো চাৰিটা বৈশিষ্ট্য-
(ক) সাদৃশ্যানুমানত এটা বিশেষ দৃষ্টান্তৰ পৰা আন এটা বিশেষ দৃষ্টান্তত উপনীত হোৱা যায়। ইয়াত বিশেষ বিশেষ কিছুমান দৃষ্টান্ত পর্যবেক্ষণ কৰি কোনো সামান্য বচন প্ৰতিষ্ঠা কৰা নহয়৷ গতিকে সাদৃশ্যানুমান এক প্ৰকাৰৰ অসম্পূর্ণ অনুমান।
(খ) সাদৃশ্যানুমান কাৰ্যকাৰণ সম্বন্ধৰ ওপৰত প্ৰতিষ্ঠিত নহয়৷ সেই কাৰণে ইয়াৰ সিদ্ধান্ত সম্ভাৱনামূলক, নিশ্চিত নহয়।
(গ) সাদৃশ্যানুমান দুটা বস্তু বা দৃষ্টান্তৰ মাজত কিছুমান গুণ বা বিষয়ৰ সাদৃশ্যৰ ওপৰত প্রতিষ্ঠিত অনুমান। গতিকে এই সাদৃশ্যও অসম্পূর্ণ সাদৃশ্য।
(ঘ) সাদৃশ্যানুমান প্ৰকৃত আগমনৰ এটা প্ৰকাৰ। কাৰণ আন আন প্ৰকাৰৰ প্ৰকৃত আগমনৰ দৰে সাদৃশ্যানুমানতো জ্ঞাত বিষয়ৰ পৰা অজ্ঞাত বিষয়লৈ যোৱা হয় অর্থাৎ সাদৃশ্যানুমানতো আগমনৰ মূল লক্ষণ আগমনাত্মক জাঁপ আছে।
১৯। অনুকূল আৰু প্ৰতিকূল উপকৰণৰ সমষ্টিতহে কোনো এটা কার্য সংঘটিত হয়’ কথাষাৰ ব্যাখ্যা কৰা।
উত্তৰঃ অনুকুল উপকাৰণ হৈছে যি উপকাৰণৰ সহায়ত কাৰ্যটো সংঘটিত হয় আৰু যি উপকাৰণৰ অবিহনে কাৰ্যটো সংঘটিত হয় সেয়াই প্রতিকূল উপকাৰণ। অনুকূল আৰু প্ৰতিকূল উপকাৰণৰ সমষ্টিতহে কোনো কার্য সংঘটিত হয়। যেনে— ছাদৰ পৰা পৰি মিস্ত্রীজনৰ মৃত্যু হোৱাৰ ক্ষেত্ৰত ছাদখনৰ উচ্চতা, মাটিৰ কঠিনতা, আঘাতৰ গভীৰতা আদি বোৰেই হ’ল অনুকূল উপকাৰণ। আকৌ তেওঁৰ শাৰীৰিক ক্ষমতা, কোনো ব্যক্তিৰ পৰা সহায় নোপোৱা, তৎক্ষণিক চিৎসাৰ অভাৱ আদিৰ অনুপস্থিতিয়ে হ’ল প্রতিকূল উপকাৰণ।
২০। “অস্তিত্ব প্রত্যক্ষ নিৰ্ভৰ” – কথাষাৰ চমুকৈ ব্যাখ্যা কৰা।
উত্তৰঃ অস্তিত্ব প্রত্যক্ষ নির্ভৰ। অর্থাৎ ব্যক্তিৰ মনেছে জগতৰ অস্তিত্ব নিরূপণ কৰিব। মন বহির্ভূত কোনো বস্তুৰ বস্তুনিষ্ঠ অস্তিত্ব নাই। কেৱল ধাৰণা অস্তিত্বশীল। আত্মগত ভাৱবাদ অনুসৰি, ধাৰণাকহে কেৱল জানিব পাৰি। মনৰ পৰা স্বতন্ত্রভাৱে প্রকৃতি জগতৰ অস্তিত্ব নাই। অস্তিত্ব প্রত্যক্ষ নিৰ্ভৰ। ব্যক্তিৰ মনেহে জগতৰ অস্তিত্ব নিৰূপণ কৰিব। মন বহির্ভূত কোনো বস্তুৰ বস্তুনিষ্ঠ অস্তিত্ব নাই। কেৱল ধাৰণা অস্তিত্বশীল। অর্থাৎ কোনো বস্তুৰ অস্তিত্ব জ্ঞাতাৰ প্ৰত্যক্ষৰ ওপৰত নিৰ্ভৰশীল। লকে কয় যে, সকলো জ্ঞান অভিজ্ঞতা জাত হ’লে, আমি ধাৰণাৰ বাহিৰে একো জানিব নোৱাৰো। তেওঁৰ এই চিন্তাধাৰাক আত্মনিষ্ঠ তথা মনোবৈজ্ঞানিক বুলি ক’ব পাৰি। কাৰণ, তেওঁৰ মতে বাহ্য জগত ব্যক্তিৰ চৈতন্য নিৰ্ভৰশীল। ব্যক্তিৰ মনেহে জগতৰ অস্তিত্ব নিৰূপণ কৰিব। গতিকে বাৰ্কলিৰ মতে মনৰ বৰ্হিভুত কোনো বস্তুৰ বস্তুনিষ্ঠ অস্তিত্ব নাই।
নাইবা
২০। বাৰ্কলিৰ আত্মগত ভাববাদৰ সংজ্ঞা দিয়া। বাৰ্কলি এজন আত্মজ্ঞানবাদী দার্শনিক হয়নে?
উত্তৰঃ বাৰ্কলিৰ আত্মগত ভাৱবাদ মতে, ধাৰণাকহে কেৱল জানিব পাৰি অর্থাৎ বাংলা বাস্তবতা আছে। প্রত্যক্ষকাৰীৰ মনৰ পৰা স্বতন্ত্রভাৱে প্ৰকৃতি জগতৰ অস্তিত্ব নাই। বাকলি আত্মগত ভারবাদী নামে পৰিচিত।
পৰবৰ্তীকালত, আধুনিক জগতৰ বাস্তৱবাদীসকলে বাকলিৰ আত্মগত ভাববাদৰ তীব্র সমালোচনা কৰিছে। মুৰে তেওঁৰ সমালোচনাত কৈছে যে, বিষয়বস্তু আৰু সংবেদনৰ মাজত পার্থক্য আছে। বস্তু এটা প্ৰথমতে অস্তিত্বশীল হয় তাৰ পিছতহে ই জ্ঞাত হয়। বার্কলিয়ে কোৱা মতে বজ্ৰ আৰু বস্তুৰ সংবেদন একে নহয়। বাকলিৰ “অস্তিত্ব প্রত্যক্ষ নিৰ্ভৰ” এই মতবাদৰ যুক্তিগত পৰিণতি হৈছে আত্মজ্ঞানবাদ। ঈশ্বৰ অথবা অসীম মনে বস্তুবোৰৰ প্ৰত্যক্ষকাৰী বুলি কোৱা বিষয়টোৱে বাকলিৰ আত্মজ্ঞানবাদৰ পৰা ৰক্ষা কৰা বুলি পৰিলক্ষিত হয়। কিন্তু ঈশ্বৰৰ অৱতাৰণাই বাকলিৰ মতবাদৰ দুৰ্বলতাহে প্রমাণ কৰে। বিশুদ্ধ আত্মগত ভারবাদ গ্রহণযোগ্য নহয়। বাকলিৰ সমালোচকসকলে তেওঁৰ ভাৱবাদ আত্মগত নে বস্তুগত, সেই বিষয়ে প্রশ্ন কৰে। বাকলিৰ ভাববাদৰ দ্বিতীয় পর্যায়টোত বস্তুগত ভাববাদৰ বৈশিষ্ট্য পৰিলক্ষিত হয়। কিন্তু আকৌ বহু সংখ্যক সমালোচকে বার্কলিৰ ভাৱবাদ আত্মগত বুলিয়েই অভিহিত কৰিছে। গতিকে বাকলিক বলগত ভাববাদী বুলি ক’ব নোৱাৰি।
২১। নীতিবিদ্যা ব্যৱহাৰিক বা প্রায়োগিক বিজ্ঞান হয়নে? ব্যাখ্যা কৰা।
উত্তৰঃ যি বিজ্ঞান কোনো বস্তুৰ প্ৰকৃত স্বভাৱ, প্রকৃতি বা লক্ষণৰ বিষয়ে আলোচনা কৰে আৰু ইয়াৰ উৎপত্তি আৰু বিকাশৰ বৰ্ণনা দিয়ে তাকে বস্তুনিষ্ঠ বিজ্ঞান বুলি কোৱা হয়। নীতি বিজ্ঞান সেই অৰ্থত বস্তুনিষ্ঠ বিজ্ঞান নহয়। কাৰণ নীতি বিজ্ঞানৰ আদৰ্শ হৈছে পৰম কল্যাণ বা পৰমশ্রেয়। পৰমশ্ৰেয়ক আদৰ্শৰ মাপকাঠী হিচাপে লৈ মানুহৰ আচৰণ আৰু ঐচ্ছিক ক্ৰিয়াৰ নৈতিক মূল্য নিৰ্ধাৰণ কৰাই নীতি বিজ্ঞানৰ কাম। নীতিবিদ্যাই মানুহৰ আচৰণ আলোচনা কৰোঁতে বস্তুনিষ্ঠ বিজ্ঞানৰ দৰে সেইবোৰৰ স্বৰূপ, উৎপত্তি, বিকাশৰ আলোচনা নকৰে। কিন্তু পৰমশ্রেয়ক লাভ কৰিবলৈ সেই আচৰণ কেনে হোৱা উচিত সেইটোহে নীতিবিদ্যাৰ মূল বিষয়বস্তু। গতিকে নীতিবিজ্ঞান বস্তুনিষ্ঠ বিজ্ঞান।
২২। “ধৰ্মৰ পৰাই নীতিৰ উৎপত্তি” — কথাষাৰ ব্যাখ্যা কৰা।
উত্তৰঃ ডেকাৰ্টৰ মত অনুসৰি ‘ধৰ্মৰ পৰাই নীতিৰ উৎপত্তি।’ কিন্তু উপৰোক্ত মতটো গ্ৰহণ কৰিব নোৱাৰি। কাৰণ, এই মতবাদ অনুযায়ী ঈশ্বৰৰ কোনো নিজস্ব নৈতিক চৰিত্ৰ নাই। মানুহে বিশ্বাস কৰে ঈশ্বৰ সৰ্বশক্তিমান হ’লেও তেওঁ ইচ্ছা কৰিলেই ভালক বেয়া আৰু বেয়াক ভাল কৰিব নোৱাৰে। ঈশ্বৰ নৈতিক আদৰ্শৰ প্ৰকাশ। সেইবাবে, যি ভাল সেইটো ঈশ্বৰৰ স্বভাৱৰ লগত সামঞ্জস্যপূৰ্ণ আৰু যি বেয়া সেইটো তেওঁৰ স্বভাৱৰ বিৰোধী। আকৌ, এই মত অনুসৰি ঈশ্বৰ সৰ্বশক্তিমান। তেওঁৰ বিধি অনুসৰণ কৰাৰ বাবে তেওঁ মানুহক পুৰস্কৃত কৰে আৰু লংঘন কৰিলে মানুহক শাস্তি দিয়ে। কিন্তু পুৰস্কাৰৰ আশাত বা শাস্তিৰ ভয়ত যদি কোনো কাম কৰা হয়, তেতিয়াহ’লে সেই কাৰ্যৰ কোনো নৈতিক মূল্য নাথাকে।
২৩। ধৰ্মৰ চাৰিটা বৈশিষ্ট্য লিখা।
উত্তৰঃ ধৰ্মৰ চাৰিটা বৈশিষ্ট্য-
প্ৰথমতে, ধৰ্মৰ ক্ষেত্ৰত কিছুমান মানসিক শক্তিয়ে প্ৰেৰণাৰূপে ক্রিয়া করে। যেনে ব্যক্তিৰ জীয়াই থকাৰ বাসনা, আত্মবিকাশ আৰু কল্যাণ লাভৰ আগ্ৰহ আৰু আত্মোপলব্ধিৰ আকাংক্ষা।
দ্বিতীয়তে, ধর্মই কোনো উচ্চতৰ অতীন্ত্ৰিয় সত্তাত বিশ্বাস কৰে আৰু ব্যক্তিয়ে নিজৰ মঙ্গলৰ কাৰণে এই সত্তাৰ ওপৰত নিৰ্ভৰ কৰে। ঈশ্বৰৰ লগত মানুহৰ সম্পৰ্কক কেন্দ্ৰ কৰি মানুহৰ মনত যি ভাৱে, ধাৰণা, চিন্তা আৰু অনুভূতিৰ উদয় হয়, সেইবিলাক ধৰ্মৰ আভ্যন্তৰীণ দিশ।
তৃতীয়তে, ধৰ্মৰ এটা বাহ্যিক দিশো আছে। অর্থাৎ ধর্মীয় আচাৰ অনুষ্ঠানৰ মাজেদি ধর্মীয়া অনুভূতি প্রকাশ পায়।
চতুৰ্থতে, ধৰ্মৰ সামাজিক আৰু আনুষ্ঠানিক দিশো আছে।
২৪। বৈজ্ঞানিক আগমন কাক বোলে? বৈজ্ঞানিক আগমনৰ বৈষ্ট্যসমূহ কি কি?
উত্তৰঃ যি আগমনত কোনো বস্তু বা ঘটনাৰ বিশেষ বিশেষ দৃষ্টান্ত কেইটামানৰ পৰ্যবেক্ষণৰ ওপৰত নিৰ্ভৰ কৰি প্ৰকৃতিৰ একৰূপতা আৰু কাৰ্যকৰণ বিধিৰ ওপাত নিৰ্ভৰ কৰি সেই শ্ৰেণীৰ সকলো বস্তু বা ঘটনা সম্পর্কে এটা সামান্য বচন প্ৰতিষ্ঠা কৰা হয় তাকে বৈজ্ঞানিক আগমন বোলে।
বৈজ্ঞানিক আগমনৰ বৈষ্ট্যসমূহ-
1. বৈজ্ঞানিক আগমনত সিদ্ধান্ত হিচাপে এটা কন প্রতিষ্ঠা কৰা হয়। ধাৰণা বা প্রত্যয় নহয়। বচনত দুই পা মাজত সম্বন্ধ স্থাপন কৰি বৈজ্ঞানিক আগমনে এটা বচন প্রতিষ্ঠা কৰিব বিচাৰে।
2. বৈজ্ঞানিক আগমনে সিদ্ধান্তত প্ৰতিষ্ঠা কৰা বচনটো সামান্য বচন। পৰিমান অনুসৰি বচন দুই প্ৰকাৰৰ সার্বিক বা সামান্য আৰু বিশেষ বচন। সামান্য বচনত বিধেয় পদক উদ্দেশ্যপদৰ সম্পূৰ্ণ বাচ্যার্থৰ ক্ষেত্ৰত স্বীকাৰ বা অস্বীকাৰ কৰা হয়। বিশেষ বচনত বিধেয় পদক উদ্দেশ্য পদৰ আংশিক বাচ্যার্থৰ ক্ষেত্ৰত স্বীকাৰ বা অস্বীকাৰ কৰা হয়। বৈজ্ঞানিক আগমনত প্ৰতিষ্ঠা কৰা বচন বিশেষ বচন নহয়, সামান্য বচন।
3. তাৎপৰ্য অনুসৰি বচনক দুই ভাগত ভাগ কৰা হয়। যেনে যথার্থ বা সংশ্লেষক আৰু শাব্দিক বা বিশ্লেষক। যথার্থ বচনত বিধেয় পদে উদ্দেশ্য পদ সম্পর্কে নতুন তথ্য বা জ্ঞানৰ সন্ধান দিয়ে। কিন্তু শাব্দিক বচনত বিধেয় পদে উদ্দেশ্য সম্পর্কে কোনো নতুন জ্ঞানৰ সন্ধান দিব নোৱাৰে। উদ্দেশ্য পদ লক্ষণার্থকে সম্পূর্ণভাৱে বা আংশিকভাবে প্ৰকাশ কৰে। বৈজ্ঞানিক আগমনে যি সামান্য বচন প্রতিষ্ঠা কৰে সেই সামান্য বচন। যথার্থ বা সংশ্লেষক হ’ব লাগিব। শাব্দিক বা বিশ্লেষক নহয়।
নাইবা
২৪। বৈজ্ঞানিক আগমন আৰু অবৈজ্ঞানিক আগমনৰ মাজত থকা যিকোনো তিনিটা সাদৃশ্য আৰু তিনিটা বৈসাদৃশ্য উল্লেখ কৰা।
উত্তৰঃ বৈজ্ঞানিক আগমন আৰু অবৈজ্ঞানিক আগমনৰ মাজত থকা তিনিটা সাদৃশ্য-
(ক) দুয়ো প্ৰকাৰৰ আগমনতেই একো একোটা যথার্থ সামান্য বচন প্রতিষ্ঠা কৰা হয়।
(খ) উভয়েই পর্যবেক্ষণৰ ওপৰত নিৰ্ভৰশীল।
(গ) দুয়ো প্ৰকাৰৰ অনুমানতেই “আগমনাত্মক জাপ” থাকে।
বৈজ্ঞানিক আগমন আৰু অবৈজ্ঞানিক আগমনৰ মাজত থকা তিনিটা বৈসাদৃশ্য-
1. বৈজ্ঞানিক আগমনত পৰীক্ষণ, নিৰীক্ষণ উভয়েৰে ঘটনা সংগ্রহ হয়। কিন্তু অবৈজ্ঞানিক আগমনত কেৱল নিৰীক্ষণহে সমল। আৰু অবাধিত অভিজ্ঞতাত নিৰ্ভৰ, কাৰ্য কাৰণত নহয়।
2. অবৈজ্ঞানিক প্রক্রিয়া অতি সবল, কেৱল দৃষ্টান্তবোৰৰ সামান্যীকৰণ আনহাতে বৈজ্ঞানিক আগমনত পর্যবেক্ষণ, প্রকল্প গঠন, প্রণালীকৰণ আদি বহুতো স্তব আছে। গতিকে বৈজ্ঞানিক আগমনৰ সিদ্ধান্ত সদায় নিশ্চিত আনহাতে অবৈজ্ঞানিক আগমনত অনিশ্চিত।
3. বৈজ্ঞানিক আৰু অবৈজ্ঞানিক আগমনৰ পাৰ্থক্য: আনহাতে অবৈজ্ঞানিক আগমনত কার্য কাৰণৰ সম্বন্ধ চেষ্টা নকৰালৈ কেৱল পৰ্যবেক্ষণৰ দ্বাৰা পোৱা অবাধিত অভিজ্ঞতাৰ ওপৰত | নিৰ্ভৰ কৰি এটা সামান্য যথার্থ বচন প্রতিষ্ঠাই অবৈজ্ঞানিক আগমন। যেনে ৰঙা ফুল গোন্ধবিহীন পলাশ মদাৰ, জবা আদি বহুতো ফুল গন্ধবিহীন ইয়াৰ সিদ্ধান্ত সম্ভাৱনামূলক বা অনিশ্চিত স্বভাৱৰ।
২৫। নিৰীক্ষণ কাক বোলে? নিৰীক্ষণৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা।
উত্তৰঃ নিৰীক্ষণ হ’ল এক নিৰ্দিষ্ট উদ্দেশ্যৰে সুনিয়ন্ত্রিত সুস্পষ্ট প্রত্যক্ষ।
নিৰীক্ষণৰ বৈশিষ্ট্যবোৰ তলত উল্লেখ কৰা হ’ল—
(ক) নিৰীক্ষণ এক প্ৰকাৰ প্ৰত্যক্ষ। পর্যবেক্ষণত বা নিৰীক্ষণত জ্ঞানেন্দ্ৰিয়ৰ লগত বস্তুৰ প্রত্যক্ষভাৱে সংযোগ হয়। এই সংযোগৰ ফলত বস্তুটো সম্বন্ধে আমাৰ এটা ধাৰণা হয়।
(খ) নিৰীক্ষণ এক উদ্দেশ্যযুক্ত প্রত্যক্ষ। নিৰীক্ষণগত সদায় এটা উদ্দেশ্য নিহিত হৈ থাকে। যিকোনো প্রত্যক্ষকে অমি নিৰীক্ষণ বুলি ক’ব নোৱাৰো দিনটোত প্ৰত্যক্ষ কৰা সৰু বৰ সকলোবোৰ ঘটনাকে আমি মনত ৰাখিব নোৱাৰো। কাৰণ মনৰ পৰা কোনো প্রস্তুতি নথকাকৈ সেই ঘটনাবোৰ প্রত্যক্ষ কৰা হয়৷ গতিকে নির্দিষ্ট উদ্দেশ্য প্রণোদিত প্ৰত্যক্ষহে নিৰীক্ষণ।
(গ) নিৰীক্ষণ নির্বাচনাত্মক। বাস্তৱজীৱনত আমি বহুতো বস্তু প্রত্যক্ষ কৰো। সকলোবোৰ বস্তুৰ ওপৰত আমি সমানে গুৰুত্ব নিদিওঁ। যিবিলাক প্রত্যক্ষত এটা উদ্দেশ্য নিহিত হৈ থাকে তেনেবোৰ প্ৰত্যক্ষকহে গুৰুত্ব সহকাৰে লোৱা হয়। গতিকে উদ্দেশ্য প্রণোদিত বস্তু নির্বাচন কৰি নিৰীক্ষণ কৰা হয়।
(ঘ) নিৰীক্ষণ সদায় সুনিয়ন্ত্রিত। অলাগতিয়াল বিষয়ৰ পৰা মনক আঁতৰাই আনি সতর্কতাৰে আৰু সুনিয়ন্ত্ৰিতভাৱে কেৱল নিৰ্বাচিত বিষয়বস্তুক প্ৰত্যক্ষ কৰা হয়৷ এনে প্ৰত্যক্ষই নিৰীক্ষণ।
নাইবা
২৫। ‘কাৰণ’ৰ সংজ্ঞা দিয়া৷ কাৰণৰ গুণগত আৰু পৰিমাণগত লক্ষণসমূহ লিখা।
উত্তৰঃ কাবডেথ ৰীডৰ মতে, গুণগত দিশৰ পৰা কাৰণ হৈছে কাৰ্যৰ অন্য নিৰপেক্ষ, অর্থাৎ চৰ্তহীন, নিয়ত, অৱ্য্যবাহিত, পূৰ্বৱৰ্তী ঘটনা। পৰিমাণগত দিশৰ পৰা কাৰণ আৰু কাৰ্য সমপৰিমাণৰ বা সমান।
কাৰণৰ গুণগত লক্ষণসমূহ-
(ক) কাৰণ আৰু কাৰ্য পৰস্পৰ সাপেক্ষ অর্থাৎ পৰস্পৰ নিৰ্ভৰশীল। কাৰণ নাথাকিলে কাৰ্যৰ কোনো অর্থ নহয়। আকৌ কার্য নাথাকিলে কাৰণ অৰ্থহীন। অর্থাৎ এটাৰ অবিহনে আনটো নিৰৰ্থক। সেইবাবে কৰ্য আৰু কাৰণ পৰস্পৰ সাপেক্ষ।
(খ) কাৰণ আৰু কাৰ্য দুয়োটাই কোনো বিশেষ সময়ত সংঘটিত হোৱা ঘটনা। প্রকৃতি পৰিবৰ্তনশীল। পৰিবৰ্তনৰ কাৰণ অনুসন্ধান কৰি আমি উত্তৰ বিচাৰি ফুৰো। বৈজ্ঞানিক সকলে পৰিবৰ্তনৰ কাৰণ অনুসন্ধান কৰি বিভিন্ন নিয়ম আবিস্কাৰত প্ৰবৃত্ত কৰাইছিল।
(গ) কাৰণ কাৰ্যৰ পূৰ্বৱৰ্তী ঘটনা। কাৰণ আৰু কাৰ্যৰ যিকোনা এটা আগত আৰু আনটো পাঠত হব নোৱাৰো। কাৰণ সদায় আগে ঘটে আৰু কাৰ্য তাৰ অনুৱৰ্তী হয়। অর্থাৎ কাৰণ হবলৈ ই কাৰ্যৰ পূৰ্বৱর্তী ঘটনা হ’ব লাগিব।
কাৰণৰ পৰিমাণগত লক্ষণসমূহ- পৰিমাণগত দিশৰ পৰা কাৰণ আৰু কাৰ্য পৰস্পৰ সমান। কাৰণৰ গুমগত স্বভাৱৰ পৰা বিভাজনৰ ‘দ্ৰব্য আৰু শক্তিৰ অবিনশ্বৰতা নিয়ম’ৰ পৰা এই পৰিমাণগত লক্ষণটো পোৱা যায়। কাৰণৰ গুণগত লক্ষণ আলোচনা কৰিলে দেখা যায় যে কাৰণ কাৰ্যৰ পৰ্যান্ত হেতু আৰু কাৰ্য কাৰণৰ অৱশ্যাম্ভাবী পৰিণাম। কাৰণ যিহেতু কাৰ্য উৎপাদনৰ বাবে পর্যাপ্ত হেতু সেই হেতুকার্য কাৰণৰ ৰূপান্তৰ মাত্ৰ। গতিকে পৰিমাণৰ কালৰ পৰা কাৰণ আৰু কাৰ্য সমান হ’বই লাগিব। যদি নহয়, তেনেহলে সেই কাৰণ কাৰ্যৰ প্ৰকৃত কাৰণ হ’ব নোৱাৰে। দ্বিতীয়তে ‘দ্ৰব্য আৰু শক্তিৰ অবিনশ্বৰতা’ বিজ্ঞানৰ এই নিয়ম অনুসাৰে এই বিশ্বজগতত “দ্ৰব্য আৰু ‘শক্তি’ৰ পৰিমাণৰ কোনো হ্রাস-বৃদ্ধি নহয়।
(ক) ‘দ্ৰব্যৰ অবিনশ্বৰতা নিয়ম’ মতে এই জগতত বস্তুৰ পৰিমাণ যি আছে সেয়েই থাকিব। ইয়াৰ কোনো হ্ৰাস বৃদ্ধি নহয়। কালৰ কৱলত এটা বস্তুৰ নাম আৰু ৰৰূপ ধ্বংস হৈ আন কোনো নতুন বস্তুৰ সৃষ্টি হ’ব পাৰে। কিন্তু তাৰ ফলত ইয়াৰ পৰিমাণৰ কোনো পৰিবৰ্তন নহয়। পৰীক্ষণৰ দ্বাৰা দেখা গৈছে যে নির্দিষ্ট পৰিমাণৰ হাইড্ৰজেন আৰু অকিজেন মিশ্রিত কৰা হয় ঠিক সেই পৰিমাণৰে পানী পোৱা যায়। গতিকে বস্তুৰ ৰূপ বা আকাৰৰ পৰিবৰ্তন হলেও ইয়াৰ পৰিমাণৰ কোনো হাস বৃদ্ধি নহয়। ই অবিনশ্বর।
(খ) শক্তিৰ অবিনশ্বৰতা নিয়ম’ এই জগতত শক্তিৰ পৰিমাণ যি আছে সেয়ে থাকিব। ইয়াৰ কোনো হ্রাস-বৃদ্ধি নহয়। একপ্রকাৰৰ শক্তি আন প্ৰকাৰৰ শক্তিলৈ ৰূপান্তৰিত হ’ব পাৰে। কিন্তু এই ৰূপান্তৰৰ ফলত ইয়াৰ পৰিমাণৰ কোনো হ্রাস-বৃদ্ধি নহয়।
২৬। প্রকল্প কাক বোলে? প্ৰকল্পৰ প্ৰকৃতি ব্যাখ্যা কৰা।
উত্তৰঃ প্রকল্প হ’ল বাস্তৱ তথ্যক অনুসৰণ কৰি কিছুমান সিদ্ধান্তত উপনীত হোৱাৰ উদ্দেশ্যে কোনো সঠিক প্রমাণ নোহোৱাকৈ অথবা অপর্যাপ্ত প্রমাণৰ ওপৰত নিৰ্ভৰ কৰি গঠন কৰা আনুমানিক ধাৰণা,যদি দেখা যায় যে সিদ্ধান্তবোৰৰ লগত জ্ঞাত সত্যৰ মিল আছে, তেনেহলে এই ধাৰণাও সত্য হ’ব বা সত্য হোৱাৰ সম্ভাৱনা থাকিব।
প্ৰকল্পৰ প্ৰকৃতি আলোচনা কৰিলে দেখা যায় যে প্রকল্প এটা আনুমানিক ধাৰণা। এই দাৰণাৰ সমর্থন সঠিক প্রমাণ পোৱা নাই বা কিবা পালেও ই পর্যান্ত নহয় বা সম্পূর্ণ নির্ভৰযোগ্য নহয় । এনে ধাৰণা গঠন কৰাৰ উদ্দেশ্য হৈছে এনে ধাৰণাৰ পৰা জ্ঞাত বাস্তব সত্যৰ অনুসৰি কিছুমান সিদ্ধান্তত উপনীত হোৱা। এই সিদ্ধান্তসমূহৰ লগত জ্ঞাত সত্য অর্থাৎ বাস্তব ঘটনাৰ মিল থাকিলে ধাৰণাটো সত্য হ’ব। যেনে-নিউটনে চালে যে আপেল গছৰ পৰা সৰি পৰিলে ওপৰলৈ নগৈ পোনে পোনে মাটিলৈ নামি আহে। সেয়েহে তেওঁ প্রকল্প গঠন কৰিলে যে পৃথিৱীৰ আকৰ্ষণৰ বাবে এইটো হৈছে। তেওঁ এই প্রকল্প পরবর্তী কালত সত্য প্রমাণিত হৈ, মাধ্যাকর্ষণ আৱিস্কাৰ হ’ল।
নাইবা
২৬। ষ্টেবিঙৰ মতে প্ৰকল্পৰ বিভিন্ন প্ৰকাৰবোৰ কি কি? আলোচনা কৰা।
উত্তৰঃ আধুনিক তর্ক বিদ ষ্টেৰিঙৰ মতে, প্রকল্প চাৰি প্ৰকাৰৰ–
(ক) ব্যাখ্যামূলক প্রকল্প: ব্যাখ্যামূলক প্রকল্প হৈছে আটাইতকৈ সৰল প্রকল্প। কোনো এটা ঘটনা ঘটিলে স্বাভাৱিকতে তাক ব্যাখ্যা কৰিবলৈ বিচৰা হয়। অর্থাৎ ঘটনাটো কিয়, কিদৰে ঘটে তাক নির্ণয় কৰিবলৈ বিচৰা হয়। এই সমস্যা সমাধানৰ বাবে মনত নানা ধাৰণাৰ সৃষ্টি হয়। এনে ধাৰণাই হৈছে প্রকল্প। একে প্রকল্পই সংঘটিত ঘটনাৰ সমুচিত ব্যাখ্যা দিবলৈ বিচাৰে। এনে ধৰণৰ প্ৰকল্পকে ব্যাখ্যামূলক প্রকল্প বোলে। নিউটনৰ মাধ্যাকর্ষণ শক্তি সম্বন্ধীয় সিদ্ধান্ত বা নেপচুনৰ আৱিষ্কাৰমূলক প্ৰকল্পত ঘটনাৰ বা পৰিস্থিতিৰ অন্তৰ্ভুক্ত বহু ঘটনা বা তথ্য সাধাৰণ পৰ্যবেক্ষণৰ অন্তৰ্গত নাছিল।
(খ) বর্ণনামূলক প্রকল্প: অন্বেষণীয় জটিল ঘটনা বা তথ্যসমূহৰ সুশৃংখলিত সম্বন্ধ নির্ণয় কৰিবলৈ সংকেত প্ৰদানৰ বাবে ব্যৱহাৰ কৰা হয়। বৰ্ণনামূলক প্ৰকল্পৰ মূল উদ্দেশ্য হ’ল ঘটনাসমূহৰ সাংকেতিক আভাস দিয়া। নভোমণ্ডলৰ গ্ৰহ-নক্ষত্ৰৰ গতিবিধি বুজিবলৈ চেষ্টা কৰাত বৰ্ণনামূলক প্রকল্পই সহায় কৰে। এই ক্ষেত্ৰত গ্রহ-নক্ষত্ৰসমূহৰ স্থিতি, গতি আদিক জ্যামিতিক চিত্ৰৰ সহায়ত বুজাই গ্যাণিতিক ঘটনা আৰু লেখৰ জৰিয়তে বর্ণনা কৰা প্ৰয়োজন।
(গ) সাদৃশ্যমূলক প্রকল্পঃ সাদৃশ্যমূলক প্রকল্প হ’ল বৰ্ণনামূলক প্রকল্পৰে পৰিবর্ধিত আক উন্নত স্তৰ। সাদৃশ্যমূলক প্রকল্প হৈছে এনে প্রকল্প যত ধাৰণা কৰা হয় যে কোনো এক শ্ৰেণীৰ ক্ষেত্ৰত যি সত্য হয়, আন এক ঘটনা শ্ৰেণীৰ ক্ষেত্ৰতো সেইটো সত্য হয়, যদিহে দুয়োটা শ্ৰেণীৰে কিছুমান নিৰ্দিষ্ট সাধাৰণ, আকাৰৰ্গত ধৰ্ম থাকে। উদাহৰণ স্বৰূপে, মেক্সৱেল আৰু আন বহুতো বিজ্ঞানীয়ে বিদ্যুৎ চুম্বকীয় সূত্ৰ আদিৰ আৱিষ্কাৰ সাদৃশ্যমূলক প্ৰকল্পৰ সহায়তে কৰিছিল।
(ঘ) কাৰ্যকৰী প্ৰকল্পঃ অধিক নিৰ্ভৰযোগ্য প্ৰকল্পৰ অভাৱত অসম্পূর্ণ স্বভাৱৰ বা সন্তোষজনক নহয় বুলি জানিও কেৱল অনুসন্ধান কার্য চলাই যাবলৈ বুলি যদি কোনো প্রকল্প গঠন কৰা হয় তাক কাৰ্যকৰী প্ৰকল্প বোলে। এই বিধ প্ৰকল্পৰ উদ্দেশ্য হৈছে অনুসন্ধান কাৰ্য আৰম্ভ কৰাৰ বাবে প্ৰকল্প গঠন কৰা। নিৰ্ভৰযোগ্য আৰু সন্তোষজনক নোহোৱা স্বত্বেও কেবল অনুসন্ধান কার্য চলাবলৈ সাময়িকভাৱে গ্ৰহণ কৰা প্ৰকল্পই হৈছে কাৰ্যকৰী প্ৰকল্প।
২৭৷ ‘সহ-পৰিৱৰ্ত্তন প্ৰণালী’ সম্পৰ্কে মিলৰ সূত্র উল্লেখ কৰা। এই প্ৰণালীৰ অসুবিধাসমূহ কি কি?
উত্তৰঃ নিজে কৰা।
নাইবা
২৭। উদাহৰণসহ ব্যতিৰেকী প্ৰণালীৰ ব্যাখ্যা কৰা।
উত্তৰঃ অন্বেষণীয় ঘটনাটো উপস্থিত থকা এটা দৃষ্টান্ত আৰু ঘটনাজোট পস্থিতনথকা আন দৃষ্টান্তৰ মাজত যদি কেৱল এটা সংস্থিতি বা বিষয়ৰ বাহিৰে আন সবাতে বিয়াতে সম্পূর্ণভাবে মিল থাকে আৰু মিল নথকা অর্থাৎ পার্থক্য থকা সেই একমাত্র বিষয়টোরেই আয়োজনীয় ঘটনাটোৰ কাৰ্য্য নাইবা কাৰণ নাইবা কাৰণৰ অপৰিহাৰ্য অংগ হব।
গতিকে এটা সমর্থক আনটোনঞর্থক হ’ব লাগিব। আৰু দৃষ্টান্তমুলীৰ মানবাধিবেজী অনিল থকা বিষয়টোৱেই অন্বেষণীয় ঘটনার কার্য বা কারণ হয়। অক্তর উপর ব কাঁচৰ পাত্ৰত বৈদ্যুতিক ঘণ্টা বজালে শব্দ হয়। কিন্তু বায়ুশূন্যতার মানে জানো শহ গতিকে বায়ুৰ উপস্থিতিয়ে শব্দ হোৱাৰ কাৰণ। এই প্ৰণালী মূলতঃ পৰীক্ষণ প্ৰণালী।