AHSEC 2022 History Question Paper Solved | দ্বাদশ শ্ৰেণীৰ ইতিহাস পুৰণি প্ৰশ্নকাকত সমাধান

AHSEC 2022 History Question Paper Solved | দ্বাদশ শ্ৰেণীৰ ইতিহাস পুৰণি প্ৰশ্নকাকত সমাধান, AHSEC Class 12 History Question Paper Solved PDF Download, দ্বাদশ শ্ৰেণীৰ ইতিহাস 2022 ৰ প্ৰশ্নকাকত সমাধান কৰা হৈছে to each Paper is Assam Board Exam in the list of AHSEC so that you can easily browse through different subjects and select needs one. AHSEC 2022 History Previous Years Question Paper Solved can be of great value to excel in the examination.

AHSEC 2022 History Question Paper Solved

AHSEC 2022 History Question Paper Solved | দ্বাদশ শ্ৰেণীৰ ইতিহাস পুৰণি প্ৰশ্নকাকত সমাধান

Join Telegram channel

AHSEC Old Question Paper provided is as per the 2022 AHSEC Board Exam and covers all the questions from the AHSEC Class 12 History Solved Question Paper 2022 Assamese Medium. Access the detailed Class 12 History 2020 Previous Years Question Paper Solved provided here and get a good grip on the subject. Access the AHSEC 2022 History Old Question Paper Solved, AHSEC Class 12 History Solved Question Paper 2022 of Assamese in Page Format. Make use of them during your practice and score well in the exams.

HISTORY

2022

HISTORY OLD QUESTION PAPER SOLVED

1. তলত দিয়া প্রশ্নসমূহৰ উত্তৰ দিয়াঃ (যিকোনো বাৰটা)

(a) সিন্ধু সভ্যতা প্রথমে ‘ক’ত আৱিষ্কাৰ হৈছিল?

উত্তৰঃ হৰপ্পাত।

(b) প্রথম মহাজনপদখনৰ নাম লিখা।

উত্তৰঃ মগধ।

(c) হৰাপ্পা সভ্যতাৰ স্থানসমূহত পোৱা এবিধ শস্যৰ নাম লিখা।

উত্তৰঃ ঘেঁহু।

(d) ‘চকৰী ফেঁটী বুৰঞ্জী’কোনে প্ৰণয়ন কৰিছিল?

উত্তৰঃ নুমলি বৰগোঁহাই।

(e) কোনজন আহোম ৰজাৰ ৰাজত্ব কালত গুৱাহাটীত উমানন্দ মন্দিৰ নিৰ্মাণ কৰা হৈছিল?

উত্তৰঃ গদাধৰ সিংহ।

(f) প্ৰথম গৰাকী মহিলা ভিক্ষুণী কোন আছিল?

উত্তৰঃ মহ প্ৰজাপতি গৌতমী।

(g) আহোম ৰাজসিংহাসনত আৰোহণ কৰা প্ৰথম গৰাকী মহিলা কোন আছিল?

উত্তৰঃ চাও চিন কোঁৱৰী।

(h) ‘ৰিহ্লা’ৰ লেখক কোন?

উত্তৰঃ ইবন বটুটা ৷

(i) মোগল ৰাজকুমাৰ দাৰা চিকোৰ ব্যক্তিগত চিকিৎসক কোন আছিল?

উত্তৰঃ ফ্রাঙ্কোইচ বাৰ্ণিয়াৰ ৷

(j) আকবৰৰ প্ৰিয় পাণ্ডুলিপি শৈলীৰ নাম লিখা।

উত্তৰঃ নাস্তালিক লিপি।

(k) ভাৰতবৰ্গত প্ৰথমখন ইংৰাজ উপনিবেশৰ নাম লিখা।

উত্তৰঃ চুৰাট।

(l) কোন চনত ইংৰাজসকলে ভাৰতবৰ্ষত সতীদাহ প্রথা বিলুপ্ত কৰিছিল?

উত্তৰঃ ১৮২৯ চনৰ ৪ ডিচেম্বৰত।

(m) কোনে ১৮৫৭ চনৰ বিদ্ৰোহক ভাৰতৰ প্ৰথম স্বাধীনতা সংগ্রাম আখ্যা দিছিল?

উত্তৰঃ বিনায়ক দামোদৰ সাভাৰকৰে।

(n) কোন চনত ভাৰতবৰ্ষৰ ৰাজধানী কলিকতাৰ পৰা দিল্লীলৈ স্থানান্তৰিত কৰা হৈছিল?

উত্তৰঃ ১৯১১ চনত।

(০) ‘জোনাকী’ৰ প্ৰথম সম্পাদক কোন আছিল?

উত্তৰঃ চন্দ্ৰকুমাৰ আগৰৱালা।

(p) ভাৰতবৰ্ষত প্ৰথম ৰেলপথ নির্মাণ কেতিয়া আৰম্ভ হৈছিল?

 উত্তৰঃ ১৮৫৩ চনৰ ১৬ এপ্ৰিলত।

2. তলত দিয়া প্ৰশ্নসমূহৰ চমু উত্তৰ দিয়া: (যিকোনো বাৰটা)

(a) হৰাপ্পা সভ্যতাৰ যিকোনো দুটা  উল্লেখযোগ্য বৈশিষ্ট্য উল্লেখ কৰা।

 উত্তৰঃ পৰিকল্পিত নগৰ, নলা নৰ্দমাৰ ব্যৱস্থা।

(b) হৰাপ্পা সভ্যতাৰ যিকোনো দুটা উল্লেখযোগ্য ক্ষেত্ৰৰ নাম লিখা।

উত্তৰঃ লোথাল আৰু মহেঞ্জোদাৰো ৷

(c) ৰাজস্থানৰ ক্ষেত্ৰী অঞ্চল আৰু কৰ্ণাটকৰ কোলাৰ পৰা হৰাপ্পাবাসীয়ে কি কি ধাতু সংগ্ৰহ কৰিছিল?

উত্তৰঃ তাম আৰু সোণ।

(d) অসমৰ ক’ত আৰু কেতিয়া প্ৰথম কৃষক বিদ্ৰোহ হৈছিল?

উত্তৰঃ পাথৰিঘাটত ১৮৯৪ চনৰ ২৪ জানুৱাৰীত।

(e) মহাযান কি?

উত্তৰঃ মহাযান একাধিক বৌদ্ধ পৰম্পৰা, লেখ, দৰ্শন আৰু কাৰ্যৰ এক বহল গোটক বুজোৱা এক সংজ্ঞা।

(f) মীৰজুমলাই কেতিয়া অসম আক্ৰমণ কৰিছিল? তেওঁৰ লগত অহা লিখকজনৰ নাম কি?

উত্তৰঃ ১৬৬২ চনৰ ১৭ মাৰ্চত অসম আক্ৰমণ কৰিছিল। তেওঁৰ লগত অহা লিখকজন হ’ল ছিহাবুদ্দিন তালিচ।

(g) ক্ষত্রিয়সকলৰ আদৰ্শ জীৱিকা কি?

উত্তৰঃ ক্ষত্রিয়সকলে যুদ্ধ, প্ৰশাসনীয় ব্যৱস্থা, বেদশাস্ত্র অধ্যয়ন আদি কামত নিয়োজিত আছিল । ক্ষত্ৰিয়সকলে শাসন আৰু যুদ্ধ কৰিছিল বাবে ক্ষত্রিয় ধৰ্মৰ প্ৰশংসা কৰা হৈছিল।

(h) লিপিসমূহৰ পৰা পোৱা তথ্যৰ যিকোনো দুটা সীমাবদ্ধতাৰ বিষয়ে লিখা।

উত্তৰঃ (ক) লিপিৰ আখৰবােৰ ভালদৰে খােদিত নকৰাৰ ফলত ইয়াৰ প্রকৃত অর্থ বা তত্ত্ব বুজি পােৱাত অসুবিধা হয়। 

(খ) বহু সময়ত লিপিবােৰ পৰিত্যক্ত অৱস্থাত থকাত ইয়াৰ প্রকৃত পাঠোদ্ধাৰ কৰাত লিপিতত্ত্ব বিদসকলৰ যথেষ্ট অসুবিধাই দেখা দিয়ে।

(i) আবুল ফজলে চিত্ৰক কিয় ‘ভেল্কীবাজী কলা’ বুলি কৈছিল?

উত্তৰঃ আবুল ফজলে চিত্ৰবিলাকক ” ভেল্কিবাজি কলা ” ৰূপে বৰ্ণনা কৰিছিল ৷ কাৰণ তেওঁৰ মতে চিত্ৰই নিৰ্জীব পদাৰ্থকে জীৱন্ত ৰূপত প্ৰতিভাত হৈ পৰাত সহায় কৰিছিল ৷ 

(j) ‘কিতাবখানা’ বুলিলে কি বুজা ?

উত্তৰঃ কিতাপখানা মানে হ’ল পুথিভঁৰাল বা পাণ্ডুলিপি লিখা আৰু সংৰক্ষণ কৰা ঠাই। 

(k) মধ্যযুগৰ ভাৰতবৰ্ষৰ যিকোনো দুজন চুফী সন্তৰ নাম লিখা।

উত্তৰঃ ৰাবি আৰু মনচুৰ – বিন – হালাজ। 

(l) ‘জিম্মী’ আৰু ‘জিজিয়া’ কি?

উত্তৰঃ জিম্মী’সকলৰ বেছিভাগেই হিন্দু আছিল আৰু যিসকলে মুছলমান শাসকবর্গৰ কিছুমানে প্ৰৱৰ্তন কৰা জিজিয়া কৰ পৰিশোধ কৰিছিল। এই শব্দৰ দ্বাৰাই সেইসকল লোকক বুজোৱা হৈছিল। জিজিয়া’সকল অমুছলমান প্ৰজাই মুছলমান শাসকক দিবলগীয়া কৰ।

(m) বিজয় নগৰ সাম্রাজ্য কোনে আৰু কেতিয়া প্ৰতিষ্ঠা কৰিছিল?

উত্তৰঃ হৰিহৰ ৰায় আৰু বুক্কা ৰায়ে ১৩৩৬ চনত বিজয়নগৰ প্ৰতিষ্ঠা কৰিছিল।

(n) শ্বেত নগৰ আৰু কৃষ্ণ নগৰ কি?

উত্তৰঃ ‘শ্বেত নগৰ’ আৰু ‘কৃষ্ণ নগৰৰ’ মাদ্ৰাজৰ ফৰ্ট জৰ্জ আছিল শ্বেট নগৰ। ইয়াতেই প্ৰায়বোৰ ইউৰোপীয় লোক বাস কৰিছিল। ইয়াৰ ভিতৰত কেৱল ইউৰোপীয় আৰু খ্ৰীষ্টানলোকহে থাকিব পাৰিছিল। শ্বেতকায়ৰ অনুকূলে প্ৰশাসনিক নিয়ম আৰু আইন ৰচিত হৈছিল।

কৃষ্ণ নগৰ ফৰ্ট জৰ্জৰ বাহিৰত আছিল। এই দুৰ্গৰ চাৰিওফালে নিৰাপত্তা বেহু নিৰ্মাণ কৰা হৈছিল। আন এখন কৃষ্ণ নগৰ উত্তৰতো নিৰ্মাণ কৰা হৈছিল। সেই ঠাইত তাতী, বাঢ়ৈ, দালাল, শিল্পী আৰু দুভাষীসকল আছিল। এই নতুন নগৰত ভাৰতীয় নগৰৰ দৰে মন্দিৰ এটাৰ মাজতে লৈ বাস গৃহৰ আৰু বজাৰ আছিল। কৃষ্ণ নগৰবোৰৰ মন্দিৰত দান-বৰঙণি দিছিল। 

(0) মহাত্মা গান্ধীয়ে হিন্দুস্তানী ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় ভাষা হ’ব লাগে বুলি কিয় বিবেচনা কৰিছিল?

উত্তৰঃ হিন্দীভাষাটো হিন্দী আৰু উর্দু দুটা ভাষাৰ সংমিশ্রণ হােৱা ভাষা , হিন্দু – মুছলমান দুয়ােটা জাতিৰে গ্রহণযােগ্য ভাষা।হিন্দী ভাষাটো চহকী ভাষাই নহয় ই ভাৰতৰ জনপ্রিয় আৰু দুয়ােটা জাতিৰে মিলনৰ এনাজৰী স্বৰূপ। হিন্দী ভাষা ভাৰতৰ সংখ্যাগৰিষ্ঠৰ ভাৰতবাসীৰ ভাষা। এই ভাষাটো সকলাে ঠাইতে বুজি পােৱা ভাষা , ইংৰাজীৰ পাছতে ইয়াক সকলােৱে গ্ৰহণ কৰে। 

(P) ১৮৫৭ খ্ৰীষ্টাব্দৰ বিদ্ৰোহৰ দুগৰাকী নেত্ৰীৰ নাম লিখা।

উত্তৰঃ ঝান্সীৰ ৰাণী লক্ষ্মীবাঈ আৰু অযোধ্যাৰ ৰাণী বেগম হজৰত মহল।

(q) কোনে ‘প্রত্যক্ষ সংগ্রাম’ৰ আহ্বান জনাইছিল?

ইয়াৰ বাবে কোনটো দিন বাছি লোৱা হৈছিল?

উত্তৰঃ মহম্মদ আলী জিন্নাহে ‘প্রত্যক্ষ সংগ্ৰাম’ৰ আহ্বান জনাইছিলI ইয়াৰ বাবে ১৫ আগষ্ট ১৯৪৬ তাৰিখৰ দিনটো বাছি লোৱা হৈছিল।

3. নিম্নলিখিত প্ৰশ্নসমূহৰ উত্তৰ দিয়া: (যিকোনো দহটা)

(a) হৰাপ্পীয় সভ্যতাৰ নগৰকেন্দ্ৰসমূহৰ আঁচনিৰ এটি বিৱৰণ দিয়া।

উত্তৰঃ বুৰঞ্জীবিদসকলৰ মতে সিন্ধু উপত্যকাৰ সভ্যতা ভাৰতীয় সভ্যতাৰ ভিতৰত আটাইতকৈ প্রাচীনতম আৰু একনগৰীয়া আৰ্হিৰ দ্বাৰা গঢ়ি উঠা সভ্যতা বুলি ক’ব পাৰি। ভাৰত পৰাধীন হৈ থকা সময়ত সেই সময়ৰ প্রত্নতাত্ত্বিক বিভাগৰ ডাইৰেক্টৰ জেনেৰেল ছাৰ জন। মার্চালে পােন প্রথমে সিন্ধু উপত্যকাৰ সভ্যতাৰ আৱিষ্কাৰৰ কথা ঘােষণা কৰে। ইয়াৰ পিছত ১৯২১ চনত সিন্ধু প্রদেশৰ লাৰকানা জিলাৰ মহেঞ্জোদাৰো (বর্তমান পাকিস্তানৰ অন্তর্ভুক্ত) আৰু পঞ্জাৱৰ হাত খনন কার্য চলায়। এইনগৰ দুখনৰ ধ্বংসাবশেষ আৱিষ্কাৰ হােৱাৰ আগলৈকে মানুহে আর্য সভ্যতাকে ভাৰতৰ প্রাচীনতম সভ্যতা বুলি গণ্য কৰিছিল। সিন্ধু উপত্যকাৰ সভ্যতা আৱিষ্কাৰ হােৱাৰ পিছত এই সভ্যতাই আর্য সভ্যতাৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰি আর্যসভ্যতাৰ মান উন্নত কৰাত সহায় কৰিছিল। এছিয়া মহাদেশত এতিয়ালৈ সিন্ধু উপত্যকাৰ সভ্যতাৰ দৰে আন কোনাে মানবিশিষ্ট সভ্যতাৰ নিদর্শন পােৱা হােৱা নাই। ইয়াত আৱিষ্কাৰ হােৱা বিভিন্ন ধৰণৰ সা–সঁজুলিৰ আৱিষ্কাৰে প্রমাণ কৰে যে যীশুখ্রীষ্ট জন্মৰ প্ৰায় চাৰি হাজাৰ বছৰ আগতে সিন্ধু অঞ্চলত এক অতি সভ্য জাতিয়ে শাসন কৰিছিল।  

(b) আহোমসকলৰ শাসন ব্যৱস্থাৰ এটি চমু বিৱৰণ দিয়া ৷

উত্তৰঃ আহোম শাসনতন্ত্ৰ ৰজা মুৰব্বী শাসক আৰু তেওঁ সহায় কৰিবলৈ তিনিজন মন্ত্ৰীৰ এখন মন্ত্রীসভা আছিল— এওঁলোক হ’ল বুঢ়াগোহাঁই, বৰগোহাঁই আৰু বৰপাত্ৰগোহাঁই। এইসকলৰ উপৰি বৰবৰুৱা আৰু বৰফুকন নামে দুজন উচ্চক্ষমতা সম্পন্ন বিশাল দায়িত্বশীল বিষয়া আছিল। বৰবৰুৱা আৰু বৰফুকনতকৈ তলখাপৰ আৰু কেইজনমান স্থানীয় বিষয়া বা গৱৰ্ণৰ আছিল যেনে— শদিয়া খোৱা গোহাঁই, মৰঙ্গী খোৱা গোহাঁই, চাৰিঙ্গীয়া ৰজা, তিপমীয়া ৰজা আদি। আহোমৰ কৰতলীয়া ভালেমান স্থানীয় সৰু সৰু ৰজাই নিজ নিজ অঞ্চলত শাসনকার্য চলাইছিল। এলানি বিষয়াৰ জৰিয়তে ৰজাই ৰাজ্যৰ আইন আৰু বিচাৰ চলাইছিল। সি যি কি নহওঁক ৰজাবিচাৰ বিভাগৰ শীৰ্ষ স্থানত আছিল। বৰবৰুৱা আৰু বৰফুকনৰ বিচাৰ মনঃপুত নহ’লে প্ৰজাই ৰজাৰ ওচৰত আপীল কৰিব পাৰিছিল ৷ শাস্তি বৰ কঠোৰ আছিল । যেনে— হাত-ভৰি কাটি অঙ্গচ্ছেদ কৰা, তপত লোহাৰে দাগ দিয়া- মৃত্যুদণ্ড বিহা, অত্যাচাৰ কৰা ইত্যাদি। অসামৰিক বিষয়সমূহত হিন্দু অইন মতে বিচাৰ কৰা হৈছিল। ৰজা ৰাজ্যখনৰ সৰ্বেসৰ্বা আছিল বাবে ৰজাৰ নামতে মুদ্ৰা তৈয়াৰ কৰা হৈছিল।

(c ) ‘মনুশ্মৃতি’ ৰ পুৰুষ আৰু নাৰীয়ে কেনেদৰে সম্পত্তি আহৰণ কৰিব পাৰে?

উত্তৰঃ (ক) বিবাহৰ সময়ত উপহাৰ হিচাপে লাভ কৰা সম্পত্তি।

(খ) পিতৃ – মাতৃৰ পৰা পােৱা সকলাে ধন – সােণ , সা – সম্পত্তি। আৰু 

(গ) স্বামীয়ে দিয়া সা – সম্পদ। 

আনহাতে , মনুস্মৃতিত পুৰুষসকলৰ সম্পত্তি আহৰণত সাত প্ৰকাৰৰ উপায় বর্ণনা কৰিছে । এই সাত প্ৰকাৰ উপায় হ’ল — উত্তৰাধিকাৰী সূত্রে , বিচাৰি লােৱা , ক্রয় কবি , জয় কৰি , বিনিয়ােগ  কৰি , কাম কৰি আৰু উপহাৰ হিচাপে সম্পত্তি আহৰণ কৰিব পাৰিছিল। সেই যুগত পৰিৱেশ আৰু নিয়ম–নীতি অনুসৰি মহিলা আৰু পুৰুষৰ মাজত থকা সীমাৱদ্ধতা সম্পূৰ্ণৰূপে যুক্তিসঙ্গত নাছিল বুলি ক’ব পৰা নাযায়। কাৰণ সময়ে নিয়ম – নীতি নিৰ্দ্ধাৰণ কৰাৰ লগতে একো একোটা সময়ত সেই নিয়মনীতিত শিথিলতা লক্ষ্য কৰা যায়। অৱশ্যে বর্তমান সময়ৰ লগত তেনে নিয়ম–নীতিৰ তুলনা কৰিব পৰা নাযায়।

(d) মহাভাৰতত দেখা পোৱা সমাজ ব্যৱস্থাৰ বিষয়ে লিখা।

উত্তৰঃ মহাভাৰতৰ ঘটনাৱলীক বুৰঞ্জীবিদসকলে প্ৰধানকৈ দুটা ভাগত ভগাইছে। এই  শ্ৰেণী বিভাজনৰ এটা বৰ্ণনামূলক আৰু নাটকধর্মী। বৰ্ণনামূলক বিভাজনটোৱে সমাজখনৰ বিভিন্ন দিশক সামৰি লৈছিল। আনহাতে নাটকধৰ্মী নামৰ বিভাজনটোৱে মহাভাৰতত উপস্থাপিত বীৰ-বীৰাংগনাসকলৰ কথোপকথনবোৰ ৰূপায়িত কৰা হৈছে। মহাভাৰতৰ অন্তৰ্গত পৃথিৱীৰ ভিতৰত সমাদৰ পোৱা মদ্ভগৱতগীতাখনে অর্জুন আৰু শ্ৰীকৃষ্ণৰ মাজত হোৱা কথোপকথনৰ  যোগেদি বহুতো ধর্মীয় তথা দার্শনিক তথ্য আৰু তত্ত্বৰ অৱতাৰণা কৰিছে। মহাভাৰত নামৰ মহাকাব্যখনৰ মাজত সেই সময়ৰ সম-সাময়িক ৰাজনীতি, সমাজনীতি, ধৰ্ম আদিৰ বিষয়ে যথেষ্ট সমল বুৰঞ্জীবিদসকলে বিচাৰি পাইছে। যদিও কেতিয়াবা কেতিয়াবা দুয়োটা বিভাজনৰ মাজত বিশেষ পার্থক্য বিচাৰি পোৱা নাযায় ৷ গতিকে মহাভাৰত মহাকাব্যখন ইয়াৰ অন্তৰ্গত ঘটনাৱলী বিচাৰি উলিয়াই একত্ৰিত কৰি ৰাইজৰ মাজলৈ আনিবলৈ কেবা ডজন সংস্কৃত পণ্ডিত একত্ৰিতভাৱে কাম কৰিছিল। প্রায় ৪৭ বছৰৰ সেই পণ্ডিতসকলৰ পৰিশ্ৰমৰ পিছতহে মহাভাৰত গ্ৰন্থখন সংকলিত হৈ পৰিছিল ৷

(e) মগধৰ উত্থানৰ কাৰণসমূহ উল্লেখ কৰা।

উত্তৰঃ ১। প্ৰথমে মগধ আছিল প্ৰকৃতি প্ৰদত্ত সুৰক্ষাৰে সুৰক্ষিত এখন নদীমাতৃক ৰাজ্য়। ইয়াৰ চাৰিওফালে পাহাৰ আগুৰি থকাত ই অত্যন্ত সুৰক্ষিত আছিল। ইয়াৰ সাৰুৱা মাটিত হোৱা কৃষি উৎপাদনে স্বাভৱিকতেই অঞ্চলটোলৈ সমৃদ্ধি কঢ়িয়াই আনিছিল। 

২। মগধত খনিজ সম্পদ মূলতঃ লো পোৱা গৈছিল প্ৰচুৰ পৰিমাণে। ই দেশৰ কৃষি উৎপাদনৰ পৰা যুদ্ধ বিগ্ৰহৰ অস্ত্ৰ-সস্ত্ৰ লৈকে বৃহৎ বৰঙণি আগবঢ়াইছিল।

৩। মগধৰ হাবিত বিস্তৰ হাতী পোৱা গৈছিল আৰু এই হাতীৰে দুৰ্ভেদ্য় হস্তী বাহিনী গঠন কৰিছিল। 

৪। গংগা আৰু ইয়াৰ উপনদীসমূহৰ যোগেদি আন্তঃ আৰু বৰ্হি বাণিজ্য় চলাবলৈ যাতায়াত আৰু যোগাযোগ ব্য়ৱস্থা সূচল আছিল। ফলত বাণিজ্যত মগধে এক শক্তিশালী স্থান লাভ কৰিবলৈ সক্ষম হৈছিল।

(f) বুদ্ধৰ শিকনিসমূহৰ বিষয়ে এটি টোকা লিখা।

উত্তৰঃ বৌদ্ধ ধর্মৰ মূল শিকনিসমূহ তলত উল্লেখ কৰা ধৰণে আলােচনা কৰিব পাৰি Iমৰম– , পৰােপকাৰ, অহিংসা, সততা আৰু ইন্দ্রিয় জয় এইকেইটা হ’ল বুদ্ধদেৱৰ ধৰ্মৰ মূলমন্ত্র। তেওঁৰ মতে মানুহৰ দুখ – কষ্টৰ ঘাই কাৰণ হ’ল অজ্ঞতা আৰু আসক্তি। এই দুই গুণৰ কাৰণে মানুহৰ পুনর্জন্ম ৰােধ কৰাৰ পথটো সম্ভৱ হয় অজ্ঞতা আৰু আসক্তিয়ে হ’ল মানুহৰ অতৃপ্ত কামনা। অতৃপ্ত কামনাই হ’ল মানুহৰ জীৱনৰ দুখ – কষ্টৰ কাৰণ। সৎকৰ্মৰ জৰিয়তে আত্মাৰ উন্নতি সাধন কৰি নির্বাণ লাভ নাইবা পুনর্জন্মৰ পৰা মুক্তি লাভ কৰা সম্ভৱ হয়। 

নির্বাণ লাভ কৰাৰ কাৰণে বুদ্ধদেৱে চাৰিটা মহৎ সত্য পথ দেখুৱাই দিছে –

(ক) দুঃখ- মানৱ জীৱনত কষ্ট থাকিবই আৰু দুখ – কষ্ট , ব্যাধি মানুহ মাত্রেই ভােগ কৰিব। 

(খ) দুঃখ সমুদায়- প্রত্যেক দুখৰেই কোনাে এটা সমুদায় বা কাৰণ আছে। এই কাৰণ হ’ল –ইন্দ্রিয় তৃপ্তি বা ভােগ বিলাসৰ প্ৰতি থকা আকর্ষণ আৰু ইয়াৰ ফলত পুনর্জন্ম। 

(গ)  দুঃখ নিৰোধ- এই দুখ – কষ্ট মােচন কৰাৰ উপায় হ’ল — ত্যাগ , মহৎ ত্যাগ। 

(ঘ) দুঃখ নিৰােধৰ উপায়- বৌদ্ধ ধর্মৰ মতে মানুহ জন্ম নােলােৱাকৈ থাকিব পাৰিলে । দুখ – কষ্টৰ পৰা হাত সাৰিব পাৰি। 

বুদ্ধদেৱে নির্বাণ বা মুক্তিলাভ কৰাৰ কাৰণে অষ্টাংগিক মার্গৰ অর্থাৎ আঠটা পন্থা অবলম্বন পথ দিছে। এই আঠটা পন্থা হ’ল— সবাক্য , সৎ চিন্তা, সশ্রম, সদৃষ্টি, সৎ আদর্শ, সৎ ব্যৱহাৰ, সৎ মনােবৃত্তি আৰু সৎ জীৱন। বুদ্ধৰ মতে, এই আঠটা পন্থা অনুসৰণ কৰিব পাৰিলে মানুহে প্রকৃত জ্ঞান লাভ কৰাৰ উপৰিও পুনর্জন্মৰ পৰা নির্বাণপ্রাপ্তি হ’ব। নির্বাণ বা মুক্তি লাভ কৰাই হ’ল বৌদ্ধধৰ্মৰ মূল লক্ষ্য। অষ্টাংগিক মার্গৰ উপৰিও বুদ্ধদেৱে আৰু বহুতাে উপদেশ দিছিল যে— মিছা কথা নােকোৱা , চুৰি নকৰা, কাকো হিংসা নকৰা ইত্যাদি। বৌদ্ধধর্মত ভগৱান আৰু দেৱ–দেৱীৰ অস্তিত্ব স্বীকাৰ কৰা হৈছিল। বৌদ্ধধর্মত জাতিভেদ প্রথা নাই। বৌদ্ধধৰ্মত সংঘ অপৰিহাৰ্য হৈ পৰিছিল। জাতিভেদহীনভাৱে এই সংঘত ২৫ বছৰৰ ওপৰৰ সকলাে পক্ষৰ লােকেই সভ্য হিচাপে অংশগ্রহণ কৰিব পাৰিছিল। কঠিন নিয়মানুবর্তিতাৰ মাজেৰে জীৱন–যাপন কৰাটো সকলাে সভ্যৰ কর্তব্য আছিল। ভিক্ষুসকলে সংঘৰ প্রতি আনুগত্য প্রকাশ কৰাটো বাধ্যতামূলক হিচাপে পৰিগণিত হৈছিল।

(g) বিজয়নগৰৰ দুৰ্গ নিৰ্মাণ সম্পৰ্কে আলোচনা কৰা।

উত্তৰঃ বিজয়নগৰ সাম্ৰাজ্য়ৰ বিভিন্ন ভাগসমূহ দুৰ্গ সদৃশ বিশাল প্ৰাচীয়ে ঘেৰি ৰখা হৈছিল। ইখনৰ পিছত সিখনকৈ সাতখন প্ৰাচীয়ে নগৰখন বেৰি ৰখা হৈছিল। এই প্ৰাচীসমূহে চহৰ আৰু সমগ্ৰ কৃষিভূমি আৰু ইয়াৰ অঞ্চলৰ জংঘল সমূহো ঘেৰি ৰাখিছিল। এই বিশাল প্ৰাচীৰৰ নিৰ্মাণ শৈলী সাধাৰণ আছিল। ইয়াৰ গাঁথনিত কোনো ধৰণৰ চিমেন্ট ব্য়ৱহাৰ কৰা নাছিল। শিলসমূহ খাজ কটা আৰু চেপেটা হোৱাৰ বাবে ইটোৰ ওপৰত সিটো ৰৈ আছিল। প্ৰাচীৰটো ভিতৰ ভাগ জাৱৰ আৰু মাটিৰে বনোৱা হৈছিল। বৰ্গক্ষেত্ৰাকাৰ আৰু আয়তাকাৰ সমূহ প্ৰাচীৰৰ বাহিৰৰ ফালে ওলোৱা আছিল। দুৰ্গ নিৰ্মাণৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হ’ল কৃষিভূমিসমূহো ঘেৰী আছিল। পৰিস্থিতিৰ লগত মোকাবিলা কৰিবলৈ শাসকসকলে দুৰ্গৰ ভিতৰত কৃষি ভূমিসমূহ আৰু খাদ্য় সামগ্ৰীৰ ভঁৰালসমূহ নিৰ্মাণ কৰিছিল। দ্বিতীয় লানি প্ৰাচীৰে নগৰ কেন্দ্ৰৰ অন্তৰ্ভাগ আৱৰি আছিল। এই অট্টালিকাবোৰ আকৌ ওখ ওখ পকীবেৰাৰে আৱৰি আছিল। 

(h) চুফী পৰম্পৰাৰ ইতিহাস পুনঃনিৰ্মাণৰ সমলসমূহৰ বিষয়ে এটি টোকা লিখা।

উত্তৰঃ ১। চুফী পৰম্পৰাৰ আচৰণ পদ্ধতিৰ হাতপুথি:

কশফ-উল-মহজুৰ এই সম্পৰ্কীয় এখন উল্লেখযোগ্য পুথি। পুথিখনৰ লিখক আলী বিন ওচমান হুজৰি (খৃঃ ১০৭১)। এই পুথিখনে ভাৰতীয় চুফী গৰম্পৰাৰ ওপৰত আন দেশৰ প্ৰভাৱ সম্পর্কে বর্ণনা কৰিছে।

২। মূল ফুজাট (চুফী সত্তসকলৰ আলোচনা):

এই সম্পৰ্কীয় এখন প্ৰাৰম্ভিক গ্রন্থ হ’ল ফবাইদ-অল-ফৌদ । প্রসিদ্ধ পাৰ্চী কবি অমীৰ হাছান সিৰ্জী দেহলৱীয়ে শ্বেইখ নিজামুদ্দিন আউলীয়াৰ আলোচনাসূহ ইয়াত সংকলন কৰিছে। বিভিন্ন চুফী ছিলছিলাৰ শ্বেইখসকলৰ অনুমতি লৈ এই মূল ফুজাটসমূহ সংকলন কৰা হৈছিল। ইয়াৰ উদ্দেশ্য মূলতঃ উপদেশমূলক। দক্ষিণ ভাৰতকে ধৰি উপমহাদেশখনৰ বিভিন্ন প্ৰান্তৰত এনে ধৰণৰ অলেখ উদাহৰণ আছে আৰু শতিকা জুৰি এইসমূহ সংকলন কৰি অহা হৈছে।

৩। মুক্তবাট (চিঠিৰ সংকলন):

চুফী সত্সকলে শিষ্য-প্রশিষ্যসকলৰ প্রতি লিখা চিঠিসমূহ ইয়াত সংকলন কৰা হৈছে। এই পত্ৰসমূহত ধর্মতত্ত্বৰ ওপৰত শ্বেইখসকলৰ অনুভৱ আৰু ব্যাখ্যা পোৱা যায়। তেওঁলোকে এই পত্ৰসমূহৰ যোগেদি ভক্তসকলৰ লৌকিক, আধ্যাত্মিক জীৱন তথা আশা-আকাংখা আৰু বিভিন্ন সমস্যাসমূহৰ ওপৰত টিপ্পন্নী আগবঢ়াইছে। ১৭শ শতিকাৰ বিদ্বান পৰা নষ্কবন্দী ছিলছিলাৰ শ্বেইখ আহমদ সিৰহিন্দ (খৃঃ ১৬২৪)য়ে লিখা মুক্তবাট-এ-ইমাম-ৰব্বানী নামগ্ৰন্থখন পণ্ডিত সকলৰ দ্বাৰা আলোচনা কৰা হৈছে। তেওঁৰ বিচাৰধাৰাৰ তুলনাত্মক অধ্যয়ন বাদশাহ আকবৰৰ উদাৰ পন্থী আৰু ধৰ্ম নিৰপেক্ষ বিচাৰধাৰাৰ সৈতে কৰা হৈছে।

৪। তাজকিৰা (চুফী সন্তসকলৰ জীৱনী): 

ভাৰতত লিখা চুফী তাজকিৰা আছিল মীৰ-খুদ ফিমানীৰ চিয়াৰ -উল-আউলীয়া। এই তাজকিৰা মূলতঃ চিষ্টি সন্তসকলৰ ওপৰত আছিল। সকলোতকৈ প্ৰসিদ্ধ তাজকিৰাখন হ’ল আব্দুল হক মুহাদ্দিব ডেহলাভীব (খৃঃ ১৬৪২) আখবাৰ-উল-আখিয়াৰ৷ তাজকিৰাৰ লিখকসকলৰ মুখ্য উদ্দেশ্য হ’ল নিজ নিজ ছিলছিলাৰ প্ৰতিষ্ঠা কৰাৰ লগতে আধ্যাত্মিক বংশাৱলীৰ মহিমা প্ৰচাৰ কৰাটো। তাজকিৰাৰ বহুত বর্ণনাই অদ্ভুত আৰু অবিশ্বাস্য যেন লাগিলেও চুফী পৰম্পৰাৰ মহত্ব আৰু স্বৰূপ বুজাত ইতিহাসবিদসকলক যথেষ্ট সহায় কৰে।

(i) ‘মহান’আৰু ‘লঘু’ পৰম্পৰা দুটাৰ নামকৰণ কোনে  আৰু কিয় কৰিছিল?‘মহান’আৰু ‘লঘু’ পৰম্পৰা দুটায় কি বুজায়?

উত্তৰঃ ৰবাৰ্ট ৰেডক্লিফে ১২শ শতাব্দীৰ এখন কৃষক সমাজৰ সাংস্কৃতিক আচৰণৰ বৰ্ণানা দিবলৈ গৈ ‘মহান’ আৰু ‘লঘু’ পৰম্পৰা এই দুটাৰ নামকৰণ কৰিছিল।কৃষকসকলে সমাজৰ প্ৰভূত্বশালী শ্রেণী যেনেঃ পুৰোহিত আৰু শাসকসকলে পালন কৰা কৰ্মকাণ্ড আৰু পদ্ধতিক অনুসৰণ কৰিছিল। এই কর্মকাণ্ডক ৰেডক্লিফে ‘মহান’ পৰম্পৰা আখ্যা দিছে। একে সময়তে কৃষকসকলে প্ৰভূত্বশালী শ্ৰেণীটোৱে পালন নকৰা আন কিছুমান স্থানীয় আচৰণ বিধিকো পালন কৰে। ইয়াক তেওঁ ‘লঘু’ পৰম্পৰা বুলি অভিহিত কৰিছে। ৰেডক্লিফে এইটোও মন কৰিছিল যে সময়ৰ লগে লগে হোৱা পাৰস্পৰিক আদান-প্ৰদানৰ বাবে এই ‘মহান’ আৰু ‘লঘু’ দুয়োটা পৰম্পৰাৰে পৰিবৰ্তন হয়।

(j) মোগল যুগত জমিদাৰসকলৰ ভূমিকা সম্পর্কে আলোচনা কৰা।

উত্তৰঃ মধ্য বা মােগল যুগত সমাজত জমিদাৰসকলে বিশেষ ভূমিকা পালন কৰিছিল। মাটিৰ গৰাকী হিচাপেও তেওঁলােকে সমাজত আধিপত্য স্থাপনৰ প্ৰয়াস কৰিছিল। মাটিৰ মালিক হোৱাৰ বাবে তেওঁলােকে গ্রাম্য সমাজৰ ওপৰত নিজৰ প্রভুত্ব বিস্তাৰ কৰিবলৈ সক্ষম হৈছিল। অৱশ্যে তেওঁলােকে প্রশাসনীয় দিশতাে বিশেষভাৱে প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছিল। জমিদাৰসকলৰ নিজা মালিকনাধীন মাটি আছিল। এই মাটিবােৰত তেওঁলােকে বনুৱাৰ সহায়ত খেতি – বাতি কৰিছিল। প্রয়ােজন অনুসৰি তেওঁলােকে সেই মাটিবােৰ বিক্ৰী কৰিব পাৰিছিল জমিদাৰসকলৰ তলত কৃষকসকলে তেওঁলােকৰ মাটিত খেতি কৰিছিল। কৃষকসকলৰ পৰা তেওঁলােকে খেতি কৰাৰ বিনিময়ত জমিদাৰসকলে খাজনা সংগ্ৰহ কৰিছিল। তাৰ এটা অংশ চৰকাৰক ৰাজহ হিচাপে পৰিশােধ কৰিছিল। জমিদাৰসকলে সৈন্য বাহিনীৰ নিয়ন্ত্রণ কৰিছিল। আনকি তেওঁলােকে নিজাববীয়াকৈ সৈন্য বাহিনীও ৰাখিছিল। এই সৈন্যবাহিনীটো পদাতিক, অশ্বাৰােহী আৰু হাতী বিভাগেৰে গঠিত আছিল। জমিদাৰসকলে সাধাৰণতে কৃষক শ্রেণীক শােষণ কৰা বুলি কোৱা হয়। অৱশ্যে কৃষকসকলৰ উন্নতিৰ ক্ষেত্ৰত তেওঁলােকে কিছুমান ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হৈছিল। 

(k) পাহাৰীয়াসকলে জীৱন নিৰ্বাহৰ বাবে অৰণ্যবোৰ কেনেদৰে ব্যৱহাৰ কৰিছিল?

উত্তৰঃ পাহাৰীয়াসকলে জীৱিকা নির্বাহৰ বাবে অৰণ্যবোৰ বিভিন্ন প্ৰকাৰে ব্যৱহাৰ কৰিছিল। প্রধানত স্থায়ী কৃষি কাৰ্যতকৈও পুৰণিকালত গ্ৰাম্য ভাৰতত ভূমিৰ প্ৰাচুৰ্যতা আছিল যথেষ্ট। বাহুল্য পৰিমাণে কৃষি কাৰ্য কৰা উত্তৰ আৰু উত্তৰ-পশ্চিম ভাৰতবৰ্ষৰ প্ৰদেশসমূহৰ উপৰিও সেই সময়ত সমগ্র পূর্ব ভাৰত, মধ্য ভাৰত আৰু উত্তৰ ভাৰত (নেপাল তৰাইসহ), ঝাৰখণ্ড, পশ্চিমঘাট পর্বতমালা আৰু দাক্ষিণাত্যৰ মালভূমিৰ পৰা ভাৰতীয় উপদ্বীপলৈ পৰিব্যাপ্ত অঞ্চল বিশাল জংগল ভূমি, গভীৰ অৰণ্যাণী আৰু খাৰবান্দী আদিৰে পৰিপূৰ্ণ আছিল। সমগ্ৰ ভাৰতবৰ্ষতে পৰিব্যাপ্ত সেই সময়ৰ জংগল ভূমিৰ সঠিক সম্ভেদ পোৱাটো কঠিন যদিও অনুমান কৰা, সকলৰ মতে তাৰ পৰিমাণ আছিল গড়ে ৪০ শতাংশ। অৰণ্য অঞ্চলত বসবাস কৰা লোকসকলক সমসাময়িক সাহিত্যত তেতিয়া জংগলী বোলা হৈছিল। জংগলী বুলিলেও আজি সেই শব্দই সাধাৰণতে বুজোৱাৰ দৰে তেতিয়া সভ্যতাৰ অনুপস্থিতি বুজোৱা নাছিল। বৰং সেই শব্দটোৱে তেতিয়া সেই লোকসকলকে বুজাইছিল যিসকলে জীৱিকা নিৰ্বাহৰ বাবে অৰণ্যত উৎপন্ন হোৱা সামগ্ৰীৰ ওপৰত নিৰ্ভৰ কৰিছিল যেনে – চিকাৰ আৰু জুম খেতি। এই কার্যবিলাক আছিল ঋতু নিৰ্ভৰ। উদাহৰণ হিচাপে, ভীলসকলৰ কথাকেই ধৰিব পাৰি তেওঁলোকে গোটেই বছৰটো কেবাটাও ভাগত ভাগ কৰি সেইমতে কাম কৰিছিল। বসন্তকালত অৰণ্যত উৎপন্ন হোৱা সামগ্ৰী গোটোৱা, গ্ৰীষ্ম কালত মাছ মৰা আৰু মৌচুমী বতৰত খেতি-বাতি কৰা আৰু শৰৎ আৰু শীত কালত চিকাৰ কৰা। কামৰ এই ধৰণৰ প্ৰক্ৰিয়াই অৰণ্যত বাস কৰা জনজাতিসকলক ইখন ঠাইৰ পৰা আনখন ঠাইলৈ পৰিভ্ৰমণ কৰি ফুৰাটো প্ৰায় এক নিয়মত পৰিণত কৰি তুলিছিল আৰু সেইটো তেওঁলোকৰ বাবে এক চকুত লগা বৈশিষ্ট্য হৈ পৰিছিল। ৰাষ্ট্ৰৰ বাবে আনহাতে অৰণ্য আছিল কূটঘাতমূলক কাৰ্যৰ স্থান – ই আছিল ৰাষ্ট্ৰৰ বাবে অনিষ্টকাৰীসকলৰ এক আশ্রয়স্থল।

(l) ঊনবিংশ শতিকাত বৃটিছসকলক কি কি বিবেচনাই ভাৰতত নগৰ পৰিকল্পনাত প্রভাব পেলাইছিল?

উত্তৰঃ উনবিংশ শতিকাত ভাৰতৰ নগৰীকৰণৰ দিশত এক নতুন জাগৰণে দেখা দিছিল। কাৰণ মােগলৰ দিনত গঢ়ি উঠা নগৰবােৰৰ গুৰুত্ব কমি অহা দেখা গৈছিল । ইয়াৰ বিপৰীতে ৰাজনৈতিক লাভালাভৰ ওপৰত গুৰুত্ব দি ইংৰাজসকলে ভাৰতত ৰাজনৈতিক আধিপত্য প্রতিষ্ঠাৰ পিছত কলিকতা, মাদ্রাজ আৰু বােম্বেক বদৰ নগৰী হিচাপে গঢ়ি তােলে। লাহে লাহে এই তিনি নগৰীয়ে ইংৰাজৰ ৰাজনৈতিক আৰু প্রশাসনিক কেন্দ্ৰৰূপে গুৰুত্ব লাভ কৰে। অতি কম সময়ৰ ভিতৰত এই তিনি নগৰী মহানগৰীলৈ ৰূপান্তৰিত হয়। ৰাজনৈতিক কাম– কাজ বৃদ্ধিৰ লগে লগে এই তিনি মহানগৰীত দ্রুত হাৰত জনসংখ্যা বাঢ়িবলৈ আৰম্ভ হয়। এনে অৱস্থাৰ পৰিপেক্ষিতত ইংৰাজে এই মহানগৰীবােৰ সুচাৰুৰূপে পৰিচালনা কৰাৰ কাৰণে আৰু তেওঁলােকৰ স্বাৰ্থ আৰু নিৰাপত্তা যাতে সুৰক্ষিত হৈ থাকে তাৰ কাৰণে নগৰ পৰিকল্পনা হাতত লয়। এই পৰিকল্পনা অনুসৰি নগৰবােৰ নিয়মীয়াকৈ জৰীপ কৰি পৰিসংখ্যাৰ তথ্য যুগুত কৰা হৈছিল। প্রতিবেদনাে প্রকাশ কৰা হৈছিল। নগৰ প্ৰশাসনৰ কাৰণে নাগৰিকৰ পৰা পৌৰ কৰ সংগ্ৰহ কৰিছিল। স্থানীয় লােকৰ সৈতে সংঘর্ষ এৰাই চলাৰ কাৰণে স্থানীয় শাসনত ভাৰতীয় নির্বাচিত প্রতিনিধি ৰখাৰ নিয়ম কৰে আৰু নির্দিষ্ট দায়িত্ব অর্পণ কৰা হৈছে।

(m) ভাৰতীয়সকলে ভাৰত ত্যাগ আন্দোলনৰ কাৰ্যসূচী কেনেকৈ ৰূপায়িত কৰিছিল?

উত্তৰঃ ক্রিছ মিছনৰ বিফলতাই ভাৰতবাসীক বিতুষ্ট কৰি তােলে। ফেচীবাদী বিৰােধী শক্তিসমূহৰ প্রতি সহানুভূতিশীল হৈ থাকিলেও দেশৰ প্রচলিত পৰিস্থিতি ভাৰতীয় জনসাধাৰণৰ কাৰণে অসহনীয় হৈ পৰিল। এনে পৰিস্থিতিত কংগ্ৰেছে ইংৰাজ চৰকাৰক ভাৰতৰ স্বাধীনতাৰ দাবী মানি ল’বলৈ বাধ্য কৰাৰ পৰা এক শক্তিশালী সংগ্রাম আৰম্ভ কৰাৰ সিদ্ধান্ত গ্রহণ কৰে। ১৯৪২ চনৰ এপ্রিল মাহৰ হৰিজন’নামৰ সাপ্তাহিকীখনৰ এটা প্রবন্ধত গান্ধীজীয়ে ব্রিটিছক ভাৰত ত্যাগ কৰিবলৈ আহ্বান জনায় আৰু ১৫ জুলাইত ৰাধাত বহা কংগ্ৰেছ ৱর্কিং কমিটিৰ বৈঠকত ভাৰত ত্যাগ ’ প্রস্তাৱটো গ্ৰহণ কৰা হয়। ইংৰাজ চৰকাৰে যুদ্ধকালীন অৱস্থাত কোনাে আন্দোলন সহ্য কৰিবলৈ সন্মত নহ’ল। সেয়ে ৯ আগষ্টৰ পুৱাই গান্ধী, জৱাহৰলাল, আজাদ আদি বহুর্তে নেতা গ্রেপ্তাৰ কৰিলে। সমগ্র প্রদেশজুৰি এই গ্রেপ্তাৰ অভিযান চলিল। কংগ্ৰেছক বে আইনী বুলি ঘােষণা কৰা হ’ল। চৰকাৰৰ এনে কাৰ্যৰ বাবে সকলো পক্ষৰ লােকে আন্দোলনত অংশগ্রহণ কৰে ই তীব্রৰূপ ধাৰণ কৰে আন্দোলন কাৰীসকল হিংসাত্মক কার্যত লিপ্ত হয়।

কিছুমান পুলিচ থানা , ডাকঘৰ, ৰেল লাইন, টেলিগ্রাফ লাইন আদি ধ্বংস কৰা হ’ল। ঠায়ে ঠায়ে ব্রিটিছ শাসনৰ অৱসান ঘটিল আৰু জাতীয় চৰকাৰ প্ৰতিষ্ঠা হ’ল। উত্তৰ প্রদেশ, বিহাৰ , পশ্চিমবংগ, উৰিষ্যা, অন্ধ্রপ্রদেশ, তামিলনাড়ু আৰু মহাৰাষ্ট্রৰ অনেক ঠাইত শাসকসকলে চহৰ আৰু গাৱৰ শাসনভাৰ নিজৰ দখললৈ আনিলে।এইআন্দোলনে অসমতাে ভয়ানক ৰূপ ধাৰণ কৰিলে। ঠায়ে ঠায়ে শান্তি সেনা গঠিত হ’ল আৰু ইয়াৰ সদস্যসকলে আন্দোলনৰ উপৰিও আন জনকল্যাণমূলক কামতাে আত্মনিয়ােগ কৰিলে। পুৰুষ – মহিলা, যুৱক – যুবতী, কিশােৰ – কিশােৰী আদি সকলাে লােকে আন্দোলনত যােগ দিয়ে।মহম্মদ তৈয়বুল্লা, গােপীনাথ বৰদলৈ , ফখৰুদ্দিন আলী আহমেদ , দেৱেশ্বৰ শৰ্মা , পুষ্পলতা দাস , বিষ্ণুৰাম মেধি আদি সকলাে নেতা নেত্রীক আটক কৰি কাৰাৰুদ্ধ কৰে। পুলিচ মিলিটাৰীয়ে আন্দোলন দমন কৰাৰ নামত জধে – মধে হত্যাকাণ্ডত লিপ্ত হয় । বর্তমানৰ শােণিতপুৰ জিলাৰ গহপুৰ থানাত পতাকা উত্তোলন কৰিবলৈ গৈ কনকলতা পুলিচৰ গুলীত নিহত হয়।বৰ পথাৰৰ ৰেল বগৰােৱা মিছ অভিযােগত কুশল কেঁৱৰক ফঁচী দিয়া হ’ল। ১৯৪২ চনৰ গণ আন্দোলনত অসমৰ আন কোৰাকীমান ছহিদ হ’ল— কমলা মিৰি , মুকুন্দ কাকতি , তিলক ডেঙ্কা , মদন ৰাওতা , মদন বর্মন , ওটা কঘৰী, মংগল কুৰ্মী , ঠগীৰাম সূত , লেৰেলা কছাৰী , তিলেশ্বৰ কোচ , হেমকান্ত বনিয়া , গুণাভিৰাম বৰদলৈ , ভােগেশ্বৰী ফুকননী আদি লােকসকল। মহাত্মা গান্ধীয়ে আন্দোলন কাৰীৰ হিংসাত্মক কার্য অথবা চৰকাৰৰ অত্যাচাৰ কোনােটোৱে সমর্থন কৰা নাছিল। সেয়েহে তেওঁ জেলৰ ভিতৰতে ২১ দিনৰ কাৰণে অনশন আৰম্ভ কৰে । শেষত কঠোৰ হাতেৰে চৰকাৰে এই আন্দোলন দমন কৰে। তথাপিও ১৯৪২ চনৰ গণবিপ্লৱে সম্পূৰ্ণৰূপে কৃতকার্য হ’ব নােৱাৰিলে যদিও ই ভাৰতবাসীৰ জাতীয়তাবাদী মনােভাৱ গঢ়ি তুলিছিল আৰু স্বাধীনতাৰ কাৰণে সর্বোচ্চ ত্যাগ কৰি অতুলনীয় মানসিক দৃঢ়তা আৰু ক্ষমতা প্রদর্শন কৰিবলৈ সক্ষম হৈছিল।

(n) চিৰস্থায়ী বন্দবস্ত কি আছিল? জমিদাৰসকল নিৰ্ধাৰিত খাজনা জমা দিয়াত কিয় ব্যর্থ হৈছিল?

উত্তৰঃ এক দীঘলীয়া বিতর্ক আৰু আলােচনাৰ শেষত ১৯৭৩ খ্রীঃত লর্ড কর্ণৱালিছে বংগ, বিহাৰ আৰু উৰিষ্যাত ৰাজহ বিভাগত এক চিৰস্থায়ী বন্দোবস্ত ঘােষণা কৰিছিল। এই নিয়ম অনুসৰি জমিদাৰে চৰকাৰক দিবলগীয়া ৰাজহৰ পৰিমাণ স্থায়ীভাৱে নিৱদ্ধ কৰা হৈছিল। জমিদাৰসকলে সময়মতে ৰাজহ সংগ্ৰহ কৰিব নােৱাৰা কাৰণে চৰকাৰক নির্ধাৰিত সময় খাজনা পৰিশােধ কৰাত ব্যৰ্থ হৈছিল। 

(০) মৌখিক উৎস বুলিলে কি বুজা? ভাৰত বিভাজনৰ বুৰঞ্জী প্ৰণয়নত মৌখিক উৎসই কেনেদৰে সহায় কৰে?

উত্তৰঃ মৌখিক সমল বিলাকৰ পৰা ঐতিহাসিকসকলে চৰকাৰী নথি –পত্ৰৰ ঠেক গণ্ডীৰ পৰা ওলাই সজীৱ অভিজ্ঞতাবােৰ সংগ্ৰহ কৰি বুৰঞ্জী অধ্যয়নৰ পৰিসৰ বহলাব পাৰে। মৌখিক সমলে পৰম্পৰাগত ইতিহাস অধ্যয়নৰ ধাৰাটো সলনি কৰিব পাৰিছে। কাৰণ বিভাজনৰ সময়ৰ ভুক্তভােগী লােকৰ পৰাহে সকলাে ঘটনাৰ বিষয়বস্তু জানিব পাৰি। অৱশ্যে মৌখিক সমলবােৰ চালি – জাবি চোৱা প্রয়ােজন। কাৰণ স্মৃতিয়ে বহু সময়ত মানুহক কোনাে কথাৰপৰা বঞ্চিত কৰিব পাৰে। অর্থাৎ মানুহে পাহৰিব পাৰে বা মুখে চলি অহা কথা বা কাহিনী ঠেকহীন হ’ব পাৰে। 

তথাপিও মৌলিক সমলৰ গুৰুত্ব সদায় বেছি। কাৰণ চৰকাৰী টোকা লিখিত হলেও বহু সময়ত সেইবােৰ পক্ষপাত দুষ্ট হােৱাৰ বহুতাে প্রমাণ পােৱা যায়। সেইবােৰ নিৰপেক্ষ নহয়। সেয়েহে জনসাধাৰণক বাস্তৱ অভিজ্ঞতা ভিত্তিক মৌলিক সমল অধিক গ্রহণযােগ্য।

(p) মোগল ৰাজপৰিয়ালত মহিলাসকলৰ ভূমিকা সম্পৰ্কে আলোচনা কৰা।

উত্তৰঃ পত্নীসকলৰ উপৰি মোগল ৰাজপৰিয়ালত বহু সংখ্যক মহিলা আৰু পুৰুষ গোলাম আছিল।তেওঁলোকে সাধাৰণ কামকে ধৰি কৌশলপূর্ণ বিভিন্ন ধৰণৰ কাম সম্পাদন কৰিছিল। নপুংসক গোলামসকলে ৰক্ষক আৰু চাকৰ হিচাপে ৰাজপৰিয়ালৰ কাম-কাজত ভিতৰে বাহিৰে সহায় কৰিছিল। তদুপৰি চিত্তাকর্ষক বাণিজ্যত ভাগ লোৱা মহিলাসকলৰ প্রতিনিধি হিচাপেও কাম কৰিছিল। নুৰজাহানৰ পিছত মোগল ৰাণী আৰু ৰাজকুমাৰীসকলে গুরুত্বপূর্ণ অর্থনৈতিক উৎসসমূহ নিজৰ নিয়ন্ত্ৰণলৈ আনিবলৈ সক্ষম হৈছিল। ছাহজাহানৰ জীয়েক জাহানাৰা আৰু ৰৌশন আৰাই বছৰি এজন উচ্চ পদবী মনসৱদাৰত সমানেই আয় কৰিছিল।

ইয়াৰ উপৰি জাহানাৰাই বৈদেশিক বাণিজ্যৰ লাভজনক কেন্দ্ৰ বন্দৰ নগৰী চুৰাটৰ পৰাও ৰাজহ আদায় কৰিছিল। অর্থনৈতিকভাৱে সবল পত্নী আৰু ৰাজকুমাৰীসকলে স্মৃতিসৌধ আৰু উদ্যান নিৰ্মাণৰ অধিকাৰো লাভ কৰিছিল। জাহানাৰাই সম্ৰাট ছাহজাহানে নিৰ্মাণ কৰোৱা নতুন ৰাজধানী ছাহজাহানবাদৰ স্থাপত্য কলাৰ প্ৰকল্পত অংশগ্ৰহণ কৰিছিল। ইয়াৰ ভিতৰতে উদ্যান আৰু চোতালৰ সৈতে এটা দুই মহলীয়া কাৰাভানচাই আছিল। ছাহজাহানাবাদৰ প্ৰাণকেন্দ্ৰ ছান্দনী চৌকৰ বজাৰসমূহৰ ৰূপৰেখাও জাহানাৰাই প্ৰস্তুত কৰিছিল। গুলবদন বেগমে ৰচনা কৰা ‘হুমায়ুন নামা’ গ্ৰন্থখনতো মোগলসকলৰ পাৰিবাৰিক জীৱন সম্পর্কে কিছু তথ্য সন্নিবিষ্ট কৰা হৈছে। গুলবদন বেগম আছিল হুমায়ুনৰ ভগ্নী আৰু আকবৰৰ খুৰীয়েক। তেওঁ তুর্কী আৰু ফাৰচী দুয়োটা ভাষাতে সলসলিয়াকৈ লিখিব পাৰিছিল। আকবৰৰ নিৰ্দেশত তেওঁৰ ৰাজত্ব কালৰ ইতিহাস সংকলন কৰোতে আবুল ফজলক গুলবদন বেগমে বাবৰ আৰু হুমায়ুনৰ দিনৰ স্মৃতি কথাবোৰ লিপিবদ্ধ কৰি দি সহায় কৰিছিল। গুলবদন বেগমৰ লিখনি বাদশাহসকলৰ প্ৰশস্তি নাছিল। বৰঞ্চ গ্ৰন্থখনত বাদশাহ আৰু ৰাজকুমাৰী সকলৰ মাজত চলা সংঘাত আৰু মানসিক উদ্বেগ আৰু ইয়াৰ সমাধানত পৰিয়ালৰ বয়সস্থ মহিলাসকলে লোৱা মধ্যস্থতাকাৰী ভূমিকাৰ কথাও বর্ণনা কৰা হৈছে।

4. তলৰ পাঠ্যাংশবোৰ ভালদৰে পঢ়া আৰু প্ৰশ্নবোৰৰ উত্তৰ দিয়াঃ

(a) পুৰুষ আৰু মহিলাই কিদৰে সম্পত্তি আহৰণ কৰিব পাৰে?

মনুস্মৃতিয়ে পুৰুষসকলৰ উপাৰ্জনৰ ক্ষেত্ৰত মুঠতে যি সাতটা উপায় ঘোষণা কৰিছে সেইকেইটা হ’লঃ উত্তৰাধিকাৰী সূত্রে, বিচাৰ তথা অনুসন্ধান কৰি উলিওৱা, ক্রয়, বিজয়, কোনো কামত ধন খটুৱা, কৰ্ম আৰু সজ্জনৰ পৰা উপহাৰ গ্ৰহণ। নাৰীৰ ক্ষেত্ৰত এনে মুঠ ছয়টা উপায়ৰ অন্যতম হ’লঃ (বিবাহৰ সময়ত) অগ্নিক সাক্ষী কৰি আগবঢ়োৱা সম্পদ, শোভাযাত্ৰা কৰি কইনা অনাৰ সময়ত নাইবা মৰম-চেনেহেৰে দিয়া বিভিন্ন উপহাৰ, পিতৃ-মাত-আৰু ভাতৃৰ পৰা প্ৰাপ্ত ধন-সোণ আদি, ইয়াৰ উপৰি (বিবাহৰ পাচত) প্ৰাপ্ত উপহাৰ আৰু ‘মৰমিয়াল’ স্বামীয়ে যি দিয়ে সকলোবোৰ নাৰীৰ সম্পদ বুলি ধৰা হয়।

প্রশ্নসমূহ:

(i) পুৰুষ আৰু নাৰীয়ে কি কি উপায়েৰে সম্পদ আহৰণ কৰিব পাৰিছিল?

উত্তৰঃ পুৰুষ সকলে সাতটা উপায়েৰে সম্পদ আহৰণ কৰিব পাৰিছিল। সেই উপায়কেইটা হ’ল— উত্তৰাধিকাৰ সূত্ৰে, বিচাৰি তথা অনুসন্ধান কৰি উলিওৱা, ক্রয়, বিজয়, কোনো কামত ধন খটোৱা, কৰ্ম আৰু সৰ্জ্জনৰ পৰা গ্ৰহণ ইত্যাদি।

আনহাতে নাৰীসকলে ছয়টা উপায়েৰে সম্পদ আহৰণ কৰিব পাৰিছিল। সেই উপায় কেইটা হ’ল— বিবাহৰ সময়ত আগবঢ়োৱা সম্পদ, শোভাযাত্ৰা কৰি কইনা অনাৰ সময়ত মৰম চেনেহেৰে দিয়া বিভিন্ন উপহাৰ, পিতৃ-মাতৃ আৰু ভাতৃৰ পৰা প্ৰাপ্ত ধন-সোণ ইত্যাদিৰ লগতে বিবাহৰ পিছত বিভিন্ন জনৰ পৰা পোৱা উপহাৰ আৰু স্বামীয়ে মৰমত দিয়া যিকোনো উপহাৰ নাৰীৰ সম্পদ বুলি গণ্য কৰা হয়।

(ii) সম্পদ আহৰণৰ উপায়বোৰে পুৰুষ আৰু মহিলাক পৃথক কৰিছে বুলি তুমি ভাবানে? যদি ভাবা, কেনেকৈ?

উত্তৰঃ সম্পদ আহৰণৰ উপায়বোৰে পুৰুষৰ আৰু মহিলাক কিছু পৰিমাণে পৃথক কৰা পৰিলক্ষিত হয় । কিয়নো পুৰুষৰ ক্ষেত্ৰত উত্তৰাধিকাৰ সূত্ৰে সম্পদ আহৰণ কৰে। কিন্তু মহিলাৰ ক্ষেত্ৰত এই নিয়ম প্রযোজ্য নহয়।

অথবা

(b) ভাষা আৰু লিপিঃ

অশোকৰ সৰহভাগ লিপিৰ ভাষা প্রাকৃত যদিও উপ-মহাদেশখনৰ উত্তৰ-পশ্চিমৰ লিপিৰ ভাষা আছিল আৰামিক আৰু গ্ৰীক। আৰামিক হ’ল প্রাচীন বেবিলনীয় সাম্রাজ্যত বহুলভাবে প্রচলিত ভাষা। অধিক সংখ্যক প্রাকৃত লিপি ব্ৰাহ্মী আখৰেৰে লিখা হৈছিল যদিও উত্তৰ-পশ্চিমাঞ্চলত খৰোষ্টী আখৰো ব্যৱহৃত হৈছিল। আফগানিস্তানৰ লিপিসমূহত আৰামিক আৰু গ্ৰীক আখৰ দেখা গৈছিল।

প্ৰশ্নসমূহ:

(i) লিপি ইতিহাসৰ কি সমলৰ অন্তৰ্ভুক্ত?

উত্তৰঃ লিপি ইতিহাসৰ প্ৰাচীন ভাৰতৰ সমলৰ অন্তৰ্ভুক্ত।

(ii) অশোকৰ লিপিসমূহ কি কি ভাষাত লিখা হৈছিল?

উত্তৰঃ অশোকৰ লিপিসমূহ আৰামিক আৰু গ্ৰীক ভাষাত লিখা হৈছিল।

(iii) অশোকৰ লিপিসমূহত কি কি আখৰ ব্যৱহৃত হৈছিল?

উত্তৰঃ অশোকৰ লিপিসমূহত ব্ৰাহ্মী খৰোষ্টী আৰামিক আৰু গ্ৰীক আখৰ ব্যৱহৃত হৈছিল।

(c) ভূমিৰ খাজনা: টকা নে শস্যৰ মাধ্যমত: ভূমি ৰাজস্ব সংগ্ৰহৰ বিষয়ে আইন-ই- আকবৰী:

আামিল-গুজাৰসকলক অকল টকাৰ মাধ্যমতেই খাজনা সংগ্ৰহ নকৰি লগতে শস্যৰ মাধ্যমতো খাজনা সংগ্ৰহ কৰাৰ ব্যৱস্থাটো চালু ৰাখিবলৈ কোৱা হৈছে। পিচৰ বিধ খাজনা বিভিন্ন উপায়ৰে সংগ্ৰহ কৰা হৈছিল। প্ৰথমতে, কানকুত, হিন্দুত কানৰ অৰ্থ শস্য আৰু কুতৰ অৰ্থ পৰিমাণ নিৰূপণ কৰা। এই ক্ষেত্ৰত কিবা সন্দেহৰ অৱকাশ থাকিলে শস্য চপাই তাক তিনিটা ভাগত ভাগ কৰা হয় – ভাল; মাধ্যম আৰু নিকৃষ্ট। এই বিভাজনৰ দ্বাৰা সন্দেহ দূৰ কৰা হয় । মাজে মাডে আকৌ ভূমিৰ বেছ বা মূল্য নিৰূপণ কৰিও সেইটো কৰা হয়, এই ব্যৱস্থাই সঠিক খাজনা পোৱাত সহায় কৰে। দ্বিতীয়টো হ’ল বাতাই বা ভাওলী, শস্য চপোৱাৰ পিচত সেইবোৰ মজুত কৰি ৰাখি তাক চুক্তি সৰ্তে অংশীদাৰৰ মাজত তেওঁলোকৰ উপস্থিতিতে ভাগ কৰা হয়। এই ক্ষেত্ৰত অৱশ্যে কেইবাজনো চতুৰ পৰিদৰ্শকৰ প্ৰয়োজন হয়। অন্যথা অসৎ প্ৰবৃত্তিৰ আৰু ভুৱা লোকে প্ৰতাৰণা, কৰাৰ অৱকাশ থাকে। তৃতীয়তে, খেত-বাতাই ইয়াত শস্যৰ বীজ সিঁচাৰ পিচত শস্য ক্ষেত্র বিভাজন কৰা হয়। চতুৰ্থতে, লাং-ৰাভাই, ইয়াত শস্য কটাৰ পাচত দম কৰি থয় আৰু পিচত তেওঁলোকৰ মাজত ভাগ কৰি লয়। তেনেদৰে ভাগ-বঁটোৱাৰ কৰাৰ পিচত প্ৰতিজনে নিজৰ অংশটো লাভ ৰূপে ঘৰলৈ নিয়ে।

প্রশ্নসমূহ:

(i) আমিল-গুজাৰসকল কোন?

উত্তৰঃ আমিল গুজাৰসকলে খাজনা সংগ্ৰহ কৰিছিল ৷

(ii) ভূমি ৰাজহ কি মাধ্যমত সংগ্ৰহ কৰা হৈছিল?

উত্তৰঃ শস্যৰ মাধ্যমত ভূমি ৰাজহ সংগ্ৰহ কৰা হৈছিল।

(iii) কি কি পদ্ধতিৰ শস্যৰে ভূমি ৰাজহ সংগ্ৰহ কৰা হৈছিল?

উত্তৰঃ ভাল, মধ্যম আৰু নিকৃষ্ট এই তিনিটা ভাগত শস্যবোৰ ভাগ কৰাই লৈ ভূমি ৰাজহ সংগ্ৰহ কৰা হৈছিল৷ এই বিভাজনৰ দ্বাৰা সন্দেহ দূৰ কৰা হয়। এই ব্যৱস্থাই সঠিক খাজনা লোৱাত সহায় কৰে। দ্বিতীয়তে, বাতাই বা ভাতলী পদ্ধতিৰে শস্য চপাই ভূমি ৰাজহ সংগ্ৰহ কৰা হয়। এই পদ্ধতিত শস্য চপোৱাৰ পিছত সেইবোৰ মজুত কৰি ৰাখি তাক চুক্তিমতে অংশিদাৰৰ মাজত তেওঁলোকৰ উপস্থিতিতে ভাগ কৰা হয়। তৃতীয়তে, খেতবাতাই পদ্ধতিৰ জৰিয়তে বীজ সিচাৰ পিছত শস্য ক্ষেত্ৰ বিভাজন কৰা হয় আৰু সেই বিভাজনৰ ওপৰত ভিত্তি কৰি ভূমি ৰাজহ সংগ্ৰহ কৰা হয়।

অথবা

(d) ‘বাদছাহ নামাৰ ভ্ৰমণ:

মূল্যবান পাণ্ডুলিপি উপহাৰ হিচাবে দান কৰাটো মোগলসকলৰ প্ৰচলিত কূটনৈতিক পৰম্পৰা আছিল। তাকেই অনুসৰণ কৰি অযোধ্যাৰ নবাবে ইংলেণ্ডৰ ৰজা তৃতীয় জর্জক ১৭৯৯ চনত সচিত্ৰ বাদছাহ নামাখন উপহাৰ দিছিল। তেতিয়াৰে পৰা সেইখন ইংলেণ্ডৰ ৰাজকীয় সংগ্ৰহালয়ত, বৰ্তমান উইগুছোৰ ৰাজপ্ৰসাদাত, সংৰক্ষিত কৰি ৰখা হৈছে। ১৯৯৪ চনত সংৰক্ষণ কাৰ্যৰ বাবে বন্ধোৱা পাণ্ডুলিপিবিলাক পৃথক কৰাৰ প্ৰয়োজন হৈছিল। সেইটো কৰোতে তাত সন্নিবিষ্ট কৰা চিত্ৰবোৰ প্ৰদৰ্শন কৰাৰ বাবে সম্ভৱ হৈ পৰিছিল। আৰু পোনপ্ৰথমবাৰৰ বাবে ১৯৯৭ চনত বাদশাহ নামাৰ চিত্ৰবোৰ নতুন দিল্লী, লণ্ডন আৰু ৱাচিংটনত পতা প্ৰদৰ্শনীত প্ৰদৰ্শন কৰা হৈছিল।

প্ৰশ্নসমূহ:

(i) ‘বাদছাহ নামা’ কোনে,আৰু কিয় লিখিছিল?

উত্তৰঃ ‘বাদছাহ নামা’ মোল্লা আব্দুল হামিদ লাহােৰীয়ে লিখিছিল I কাৰণ তেওঁৰ সাহিত্যৰ প্ৰতি অনুৰাগ আছিল।

(ii) ১৭৯৯ চনত কোনে,কাক আৰু কিয় ‘বাদছাহ নামা’ উপহাৰ দিছিল?

উত্তৰঃ অযোধ্যাৰ নবাবে ইংলেণ্ডৰ ৰজা তৃতীয় জৰ্জক ১৭৯৯ চনত সচিত্র বাদছাহ নামাখন উপহাৰ দিছিল । কিয়নো মূল্যবান পাণ্ডুলিপি উপহাৰ হিচাপে দান কৰাটো মোগলসকলৰ প্ৰচলিত কূটনৈতিক পৰম্পৰা আছিল।

(iii) বাদছাহ নামাৰ চিত্ৰবোৰ ক’ত ক’ত প্ৰদৰ্শিত হৈছিল?

উত্তৰঃ বাদছাহ নামাৰ চিত্ৰবোৰ নতুন দিল্লী, লণ্ডন আৰু ৱাচিংটনত পতা প্ৰদৰ্শনীত প্ৰদৰ্শন কৰা হৈছিল।

(e) প্রকৃত সংখ্যালঘুসকল এইখন দেশৰ জনসাধাৰণঃ

জৱাহৰলাল নেহৰুৱে উত্থাপন কৰা উদ্দেশ্যমূলক প্ৰস্তাৱটোক আদৰণি জনাই এন.জি.ৰাঙ্গাই কৈছিল। ‘ছাৰ, সংখ্যালঘুৰ বিষয়ে বহুতো কথা-বতৰা হ’ল। প্রকৃত সংখ্যালঘু কোন? তথাকথিত পাকিস্তান প্ৰদেশৰ হিন্দুসকল, শিখসকল আনকি মুছলিমসকলো নহয়, প্রকৃত সংখ্যালঘুসকল হ’ল দেশখনৰ জনসাধাৰণ। এই মানুহখিনি এতিয়ালৈকে অৱহেলিত আৰু নিষ্পেষিত আৰু অৱদমিত লোক। সেইবাবে সাধাৰণ সামাজিক অধিকাৰৰ সুবিধাখিনিও গ্ৰহণ কৰিবলৈ সমৰ্থ নহয়, অৱস্থাটো কেনেকুৱা? তুমি জনজাতি অঞ্চললৈ যোৱা–আইনমতে, তেওঁলোকৰ নিজ পৰম্পৰাগত নিয়ম কানুন, তেওঁলোকৰ জনজাতীয় আইনমতে, তেওঁলোকৰ মাটি তেওঁলোকৰ পৰা বিচ্ছিন্ন কৰি নিব নোৱাৰে। তথাপি আমাৰ সদাগৰসকল এই জনজাতি এলেকাসমূহলৈ গৈ মুকলি বজাৰৰ নামত তেওঁলোকৰ মাটি কাঢ়ি লয়। এইদৰে যদি তেওঁলোকৰ মাটি কাঢ়ি লোৱাটো আইন বিৰোধী, তথাপিও বেপাৰীসকলে জনজাতী লোকসকলক বিভিন্ন প্ৰকাৰৰ চুক্তিপত্ৰৰ যোগেদি বেলেগ বেলেগ ধৰণৰ দাস হিচাবে ব্যৱহাৰ কৰি আছে আৰু এইটো বংশানুক্রম চুক্তিবদ্ধ দাসত্বলৈ ৰূপান্তৰিত কৰিছে। এতিয়া আমি সাধাৰণ গাঁওবাসীৰ ওচৰলৈ যাও তালৈ টকা ধাৰে দিয়া লোকসকলে জেপত টকা লৈ যায় আৰু গাঁওবাসীসকলক তেওঁলোকৰ জেপৰ ভিতৰত ৰাখিবলৈ সক্ষম হয়। তাত স্বয়ম্ভূ মাটিৰ মালিক, জমিদাৰ আৰু মালগুজাৰৰ লগতে বেলেগ বেলেগ প্ৰকাৰৰ লোকসকল আছে, যিসকলে এই দুখীয়া গাওঁবাসীক শোষণ কৰিবলৈ সমৰ্থ হৈছে। তাতে এই মানুহবিলকাৰ আনকি প্রাথমিক শিক্ষাও নাই। এওঁলোকেই প্রকৃত সংখ্যালঘু যিসকলক সুৰক্ষা আৰু সুৰক্ষাৰ বাবে আশ্বাসৰ দৰকাৰ। তেওঁলোকক আৱশ্যকীয় সুৰক্ষা দিবৰ কাৰণে আমাৰ এই প্ৰস্তাৱটোতকৈ বহুত বেছি কর্মপন্থাৰ দৰকাৰ।’

প্রশ্নসমূহ:

(i) এন. জি. ৰাংগাৰ মতে প্রকৃত সংখ্যালঘু কোন?

উত্তৰঃ প্রকৃত সংখ্যালঘুসকল হ’ল দেশখনৰ জনসাধাৰণ।

(ii) তেওঁলোক কিয় প্রকৃত সংখ্যালঘু?

উত্তৰঃ তেওঁলোকপ্ৰকৃত সংখ্যালঘু। কিয়নো মানুহখিনি অৱহেলিত, নিস্পেষিত আৰু অৱদমিত লোক। সেইবাবে তেওঁলোক সাধাৰণ সামাজিক অধিকাৰৰ সুবিধাখিনিও গ্ৰহণ কৰিবলৈ সামৰ্থ নহয়।

(iii) তেওঁলোকক কিয় সুৰক্ষাৰ প্ৰয়োজন?

উত্তৰঃ মাটিৰ মালিক, জমিদাৰ আৰু মালগুজাৰৰ লগতে বেলেগ বেলেগ প্ৰকাৰৰ লোকসকলেও দুখীয়া গাওঁবাসীক শোষণ কৰিবলৈ সমৰ্থ হৈছে। তাতে এই মানুহ লাকৰৰু প্ৰাথমিক শিক্ষাও নাই। গতিকে তেওঁলোকৰ সুৰক্ষাৰ অতি প্রয়োজন।

অথবা

(f) অষ্টাদশ শতিকাৰ মাজভাগৰ পৰা পৰিৱৰ্তনৰ এটা নতুন পৰ্যায় আৰম্ভ হৈছিল। ব্যৱসায় বাণিজ্য অন্যান্য ঠাইলৈ স্থানান্তৰিত হোৱাত সপ্তদশ শতিকাত গঢ়ি উঠা চুৰাট, মুছলিপটনম আৰু ঢাকাৰ দৰে বাণিজ্যিক কেন্দ্ৰসমূহৰ অৱনতি ঘটিল। ১৭৫৭ চনৰ পলাশীৰ যুদ্ধৰ পাচৰ পৰা বৃটিছসকলে ক্রমান্বয়ে ৰাজনৈতিক নিয়ন্ত্ৰণ আহৰণ কৰিলে৷ তদুপৰি ইংৰাজ ইষ্ট ইণ্ডিয়া কোম্পানীৰ ব্যৱসায় ৰাণিজ্যৰ সম্প্ৰসাৰণ ঘটিল। এইবোৰৰ লগে লগে নতুন অৰ্থনৈতিক ৰাজধানীৰূপে মাদ্রাজ, কলিকতা আৰু বম্বেৰ দৰে উপনিবেশিক বন্দৰ মহানগৰৰ দ্রুত উত্থান ঘটিল; ইহঁত উপনিবেশিক প্রশাসন আৰু সামৰিক শক্তিৰো কেন্দ্ৰস্থল হৈ পৰিল। নতুন নতুন ঘৰ-দুৱাৰ আৰু অনুষ্ঠান প্রতিষ্ঠানসমূহ গঢ় লৈ উঠিল আৰু নগৰীয়া অঞ্চলসমূহ নতুন ৰূপত শৃংখলিত কৰি তোলা হ’ল। ন ন বৃত্তি গঢ়ি উঠিল জাক উপনিবেশিক মহানগৰ সমূহলৈ দলে দলে মানুহৰ আগমন ঘটিল। ১৮০০ চন মানলৈ জনসংখ্যাৰ ফালৰ পৰা এইবোৰ ভাতৰৰ বৃহত্তম মহানগৰত পৰিণত হ’ল।

প্ৰশ্নসমূহ :

(i) সপ্তদশ শতিকাৰ গঢ়ি উঠা বাণিজ্যিক কেন্দ্রসমূহৰ কিয় অৱনতি ঘটিছিল?

উত্তৰঃ ব্যৱসায় বাণিজ্য অন্যান্য ঠাইলৈ স্থানান্তৰিত হোৱাত সপ্তদশ শতিকাত গঢ়ি উঠা চুৰাট, মুছলিপটনম আৰু ঢাকাৰ দৰে বাণিজ্যিক কেন্দ্ৰসমূহৰ অৱনতি ঘটিল। 

(ii) নতুন অর্থনৈতিক ৰাজধানীসমূহৰ উত্থাপনৰ কাৰণবোৰ কি কি আছিল?

উত্তৰঃ ১৭৫৭ চনৰ পলাশীৰ যুদ্ধ পিছত পৰা বৃটিছসকলে ক্ৰমান্বয়ে ৰাজনৈতিক নিয়ন্ত্রণ আহ্বান কৰিলে । তদুপৰি ইংৰাজ ইষ্ট ইণ্ডিয়া কোম্পানীৰ ব্যৱসায়-বাণিজ্যৰ সম্প্ৰসাৰণ ঘটিল৷ এইবোৰৰ লগে লগে নতুন অর্থনৈতিক ৰাজধানীৰূপে মাদ্ৰাজ, কলিকতা আৰু বোম্বেৰ দৰে ঔপনেৱিশক বন্দৰ মহানগৰৰ দ্ৰুত উত্থান ঘটিল।

(iii) নতূনকৈ গড় লৈ উঠা মহানগৰসমূহৰ বৈশিষ্ট্যবোৰ কি কি আছিল?

উত্তৰঃ ইহঁত ঔপনেবিশক প্ৰশাসন আৰু সামৰিক শক্তিৰো কেন্দ্ৰস্থল হৈ পৰিল ৷ নতুন নতুন ঘৰ-দুৱাৰ আৰু অনুষ্ঠান-প্ৰতিষ্ঠানসমূহ গঢ় লৈ উঠিল আৰু নগৰীয়া অঞ্চলসমূহ নতুন ৰূপত শৃংখলিত কৰি তোলা হ’ল। ন ন বৃত্তি গঢ়ি উঠিল আৰু ঔপনিবেশিক মহানগৰসমূহলৈ দলে দলে মানুহৰ আগমন ঘটিল। ১৮০০ চন মানলৈ জনসংখ্যাৰ ফালৰ পৰা এইবোৰ ভাৰতৰ বৃহত্তম মহানগৰত পৰিণত হ’ল ।

5. (i) ভাৰতবৰ্ষৰ এখন মেপ আঁকি তলত দিয়া ঠাইসমূহ চিহ্নিত কৰাঃ

গুৱাহাটী,দিল্লী, কলকাতা।

উত্তৰঃ নিজে কৰা।

অথবা

(ii) ভাৰতবৰ্ষৰ এখন মেপ আঁকি যিকোনো তিনিখন মহাজনপদৰ স্থান চিহ্নিত কৰা।

উত্তৰঃ

কাশী – বাৰানচীৰ ওচৰে-পাজৰে এটা অঞ্চল।

অগনা – এইটো আছিল গাংগেয় সমভূমিৰ ওচৰত। এই ৰাজ্যটো মালিনী নামে পৰিচিত।

কুৰু– কুৰু মূলত পূৰ্বভাৰত পৰিয়ালৰ অন্তৰ্ভুক্ত। তেওঁলোক কুৰুক্ষেত্ৰৰ পৰা উদ্ভুত মানুহ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top