চকু হৈছে মানৱ দেহৰ অন্যতম অংগ। পৃথিৱীখনৰ সুন্দৰতা আমি আমাৰ চকুযুৰিৰে উপভোগ কৰোঁ। আমাৰ চকুযুৰি স্বাস্থ্যৱান কৰি ৰখাৰ দায়িত্ব আমাৰেই। বৰ্তমান সময়ত প্ৰযুক্তি বিদ্যাৰ অগ্ৰগতি আৰু কামৰ প্ৰতি থকা আমাৰ দায়িত্ববোধৰ বাবে আমি প্ৰায় সময় Laptop, Computer, Mobile phone ত কাম কৰিব লগা হয়। এই যন্ত্ৰ সমূহে আমাৰ চকুৰ স্বাস্থ্যত প্ৰভাৱ পেলায়। সেয়হে আমি আমাৰ চকুযুৰিৰ স্বাস্থ্য উন্নত ৰখাটো খুবেই প্ৰয়োজনীয়। প্ৰাকৃতিক ভাৱে আমি আমাৰ দৃষ্টিশক্তি বৃদ্ধি কৰিবলৈ কিছু খাদ্য খোৱাৰ অভ্যাস কৰিব লাগিব যিবোৰ খাদ্যয়ে আমাৰ চকুৰ স্বাস্থ্য উন্নত কৰে। এই প্ৰৱন্ধটিৰ জৰিয়তে জানো আহক চকুৰ স্বাস্থ্যৰ বাবে শীৰ্ষ সাত বিধ Top 7 Foods for Eye Health খাদ্য কি কি –

Read Also: Top 10 Superfruits Good for Sleep You Can Add to Your Diet Today
চকুৰ স্বাস্থ্যৰ বাবে শীৰ্ষ ৭ বিধ খাদ্য | Top 7 Foods for Eye Health
১. চৰ্বিযুক্ত মাছ ( Fatty fish): চালমন, টুনা চৰ্বিযুক্ত মাছবোৰত Omega 3 fatty acid পোৱা যায় যিয়ে আমাৰ চকু দৃষ্টি শক্তি উন্নত ৰখাত বিশেষ ভূমিকা পালন কৰে। এইবোৰে শুকান চকুৰ (Dry eye), মেকুলাৰ ডিজেনাৰেচন লক্ষণ হ্ৰাস কৰাত সহায় কৰে।
২. বাদাম আৰু বীজ (Nuts and seeds): আখৰোট, কাঠবাদাম আৰু হেজেলনাট, সূৰ্যমুখী ফুলৰ বীজ, চিয়া বীজত এণ্টিঅক্সিডেণ্ট, ভিটামিন E, অত্যাৱশ্যকীয় ফেটি এচিডৰে সমৃদ্ধ। এইবোৰে অমেগা-3ৰ বিকল্প উৎস হিচাপে কাম কৰিব পাৰে। যি হৈছে চকুৰ বাবে উপকাৰী।
৩. গাজৰ (Carrot): গাজৰ হৈছে বিটা-কেৰোটিন সমৃদ্ধ যি শৰীৰত ভিটামিন A লৈ পৰিৱৰ্তন হয়। যি দৃষ্টিশক্তি উন্নত কৰাত সহায় কৰে।
৪. শাক (Leafy greens): পালেং শাক আৰু অন্যান্য কিছুমান শাক এণ্টিঅক্সিডেণ্ট, ভিটামিন, লগতে লুটিন আৰু জেক্সান্থিন ৰে সমৃদ্ধ যিয়ে চকুক ক্ষতিকাৰক পোহৰৰ পৰা সুৰক্ষিত ৰখাত সহায় কৰে আৰু দৃষ্টিশক্তিও উন্নত কৰে।
৫. কণী (Eggs): কণী হৈছে লুটিন, জেক্সান্থিন আৰু জিংক, ভিটামিন C ৰ উৎকৃষ্ট উৎস। যি স্বাস্থ্যকৰ দৃষ্টি শক্তি বজাই ৰখাত গুৰুত্বপূৰ্ণ অৰিহণা যোগায়।
৬. Citrus ফল আৰু বেৰী (Citrus fruits and berries): কমলা, মৌচুমী, ষ্ট্ৰবেৰি, ব্লু বেৰী আদিৰ দৰে Citrus ফল আৰু বেৰী সমূহ ভিটামিন C ৰে সমৃদ্ধ যি চকুৰ ৰক্ত নলীবোৰ সমৰ্থন কৰে।
৭. মিঠা আলু (Sweet potato): মিঠা আলু হৈছে ভিটামিন A, ভিটামিন C , লুটিনৰে সমৃদ্ধ যি চকুৰ স্বাস্থ্য উন্নত কৰাত সহায় কৰে।
আপোনাৰ দৈনন্দিন আহাৰত এনে সমূহ খাদ্য সংযুক্ত কৰক আৰু আপোনাৰ চকুযুৰিৰ স্বাস্থ্য উন্নত কৰাত প্ৰতিশ্ৰুতিবদ্ধ হওঁক।
FAQ
১. কোনবোৰ খাদ্যই ভাল দৃষ্টিশক্তি বজাই ৰখাত সহায় কৰিব পাৰে?
উঃ ভিটামিন A সমৃদ্ধ খাদ্য, যেনে গাজৰ আৰু মিঠা আলু, চকুৰ স্বাস্থ্যৰ বাবে উৎকৃষ্ট।
২. চকুৰ বাবে কোনো নিৰ্দিষ্ট ফল উপকাৰী নেকি?
উঃ হয়, কমলা আৰু ষ্ট্ৰবেৰীৰ দৰে ফলত ভিটামিন C থাকে, যি চকুৰ স্বাস্থ্য উন্নত কৰে।
৩. বাদাম আৰু বীজে দৃষ্টিশক্তি উন্নত কৰিব পাৰিবনে?
উঃ একেবাৰে! কাঠবাদাম আৰু সূৰ্যমুখী ফুলৰ বীজবোৰ ভিটামিন ইৰে ভৰ্তি, চকুৰ স্বাস্থ্যৰ বাবে অত্যাৱশ্যকীয়।
৪. চকুৰ বাবে শাক গুৰুত্বপূৰ্ণ নেকি?
উত্তৰ: হয়, পালেং শাক জেক্সান্থিন সমৃদ্ধ, যি চকুক ক্ষতিকাৰক পোহৰৰ পৰা সুৰক্ষিত কৰাত সহায় কৰে।
৫. চৰ্বিযুক্ত মাছে চকুৰ স্বাস্থ্যত অৰিহণা যোগায় নেকি?
উঃ হয়! চালমন আৰু টুনা মাজত অমেগা-3 ফেটি এচিড অধিক থাকে, যি চকুৰ আৰ্দ্ৰতা বৃদ্ধি কৰে আৰু শুষ্কতা হ্ৰাস কৰে।
Read Also: Health Benefits of Spinach | পালেং শাকৰ উপকাৰিতা

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.
Subject Ka Complete Video Solution Dekhein
Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:






