adplus-dvertising

Surya Kumar Bhuyan Biography | সূৰ্য্যকুমাৰ ভূঞাৰ জীৱনী 

ৰায় বাহাদুৰ সূৰ্য্যকুমাৰ ভূঞা (Surya Kumar Bhuyan) আছিল অসমৰ অন্যতম প্ৰখ্যাত বুৰঞ্জীবিদ, সাহিত্যিক, শিক্ষাবিদ আৰু সমাজসংগঠক। বুৰঞ্জী-গৱেষণাৰ ক্ষেত্ৰত তেওঁৰ অনন্য অৱদান অসমীয়াৰ ইতিহাসক আধুনিক দৃষ্টিভংগীৰে পুনৰ গঢ়ি তোলে। বহুতো প্ৰাচীন অসমীয়াৰ বুৰঞ্জী সংগ্ৰহ কৰি সম্পাদনা কৰাৰ লগতে তেওঁ কাহিনী, প্ৰবন্ধ, জীৱনী আৰু কবিতাৰ জৰিয়তে অসমীয়া সাহিত্যক এক গাম্ভীৰ্যতাৰে ভৰাই তুলিছিল।

Join Telegram channel

তেওঁ অসমৰ বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগৰ স্থাপনৰ ক্ষেত্ৰত অন্যতম মুখ্য ব্যক্তিত্ব আছিল। ১৯৫৩ চনত শ্বিলঙত অনুষ্ঠিত অসম সাহিত্য সভাৰ অধিৱেশনত সভাপতিত্ব কৰাৰ সুযোগ লাভ কৰিছিল আৰু ১৯৫৬ চনত ভাৰত চৰকাৰৰ পৰা “পদ্মশ্ৰী” সন্মানত ভূষিত হয়।

তেওঁ ১৯৫২-৫৩ সময়ছোৱাত ভাৰতৰ ৰাজ্যসভাৰ সদস্য হিচাবেও মনোনীত হৈছিল। তদুপৰি, গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে কৰ্মনিৰ্বাহ কৰি, বিশ্ববিদ্যালয়খনৰ মূল স্থান গুৱাহাটী পৰা জালুকবাৰীলৈ স্থানান্তৰ কৰাৰ ক্ষেত্ৰতো নেতৃত্ব দিছিল।

নগাঁও জিলা বিভাজনৰ আগতে, তেখেতেই আছিল সেই অঞ্চলৰ পৰা অসম সাহিত্য সভালৈ নিৰ্বাচিত হোৱা প্ৰথম ব্যক্তি। অসমীয়া ভাষাৰ ইতিহাস-সাহিত্যক এক নতুন উচ্চতাৰ পৰা চাবলৈ শিকাই যোৱা সূৰ্য্যকুমাৰ ভূঞাৰ দীৰ্ঘ দৃষ্টিভংগী আৰু সৃষ্টিশীলতাৰ বাবে তেওঁ সদায় স্মৰণীয় হৈ থাকিব।

Surya Kumar Bhuyan Biography | সূৰ্য্যকুমাৰ ভূঞাৰ জীৱনী 
  • জন্ম: ১৮৯৪ চনৰ ২৭ জানুৱাৰী তাৰিখে নগাঁৱৰ ফৌজদাৰী পট্টিত জন্ম গ্ৰহণ কৰিছিল।
  • মৃত্যু: ১৯৬৪ চনৰ ৫ জুলাই তাৰিখে মৃত্যু হয়।
  • ছদ্মনাম: ভানুনন্দন নামেৰে লিখনিত পৰিচিত আছিল।
  • পেচা: সাহিত্যিক, বুৰঞ্জীবিদ, প্ৰবন্ধকাৰ, কবি, শিক্ষক আৰু উপাচাৰ্য হিচাপে খ্যাতি অৰ্জন কৰে।
  • ভাষা: মূলত অসমীয়া ভাষাতেই সাহিত্য সাধনা কৰিছিল।
  • ৰাষ্ট্ৰীয়তা: ভাৰতীয়
  • নাগৰিকত্ব: ভাৰত
  • শিক্ষাগত অৰ্হতা:
    • স্নাতক ডিগ্ৰী লাভ কৰে ১৯১৩ চনত
    • স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে ১৯১৬ চনত
  • উল্লেখযোগ্য সন্মান:
    • পদ্মশ্ৰী বঁটা লাভ কৰে ১৯৫৬ চনত
    • ৰায়বাহাদুৰ খিতাপ লাভ কৰে ১৯৩৩ চনত

সূৰ্যকুমাৰ ভূঞা (Surya Kumar Bhuyan) ৰ বংশ পৰিচয়

সূৰ্যকুমাৰ ভূঞাৰ পুৰ্বপুৰুষ কৌণৰ সিং বিহাৰৰ পূৰ্ণিয়া জিলাৰ নিবাসী আছিল। তেওঁৰ তিনিজন সন্তান আছিল — দুজন পুত্ৰ আৰু এগৰাকী কন্যা। এই সন্তানসমূহৰ ভিতৰত সহদেৱ সিং নামৰ পুত্ৰজন আৰু কন্যাগৰাকীৰ অকালতে দেহাৱসান ঘটে। কেৱল মংগল সিং নামৰ পুত্ৰজনে জীৱিত আছিল।

মংগল সিং ইষ্ট ইণ্ডিয়া কোম্পানীৰ অধীনত সৈনিকৰ চাকৰিত নিযুক্ত আছিল। অসমীয়া সেনাক প্ৰশিক্ষণ দিবলৈ তেওঁ ফৌজৰ সৈতে অসমলৈ আহিছিল। পিছলৈ আহোম ৰজা গৌৰিনাথ সিংহৰ শাসনকালত তেওঁ অসমতে স্থায়ীভাৱে বাস কৰিবলৈ স্থিৰ কৰে। শিৱসাগৰৰ শনি ভূঞাৰ পৰিয়ালৰ এগৰাকী কন্যাৰ সৈতে বিবাহ সম্পন্ন কৰি তেওঁ অসমতে পৰিয়াল স্থাপন কৰে। তেওঁহেঁতেনেই সূৰ্যকুমাৰ ভূঞাৰ আজোকা (পিতামহৰ ভ্রাতা) আছিল।

সূৰ্যকুমাৰ ভূঞা (Surya Kumar Bhuyan) ৰ  জন্ম আৰু শৈশৱকাল

১৮৯৪ চনৰ ১৩ জানুৱাৰীত সূৰ্যকুমাৰ ভূঞাৰ জন্ম হৈছিল অসমৰ নগাঁও জিলাৰ ফৌজদাৰীপট্টি নামৰ ঠাইত। তেওঁ এজন সম্ভ্ৰান্ত পৰিয়ালৰ সন্তান আছিল। তেওঁৰ পিতৃ আছিল ৰবিলাল ভূঞা আৰু মাতৃ ভুৱনেশ্বৰী ভূঞা। দুখজনকভাৱে, সূৰ্যকুমাৰ সৰু থাকোঁতেই তেওঁৰ মাতৃৰ মৃত্যু ঘটে। সেই সময়ৰ অসমত ক’লাজ্বৰ (Cholera) মহামাৰীৰ ৰূপ লৈছিল। এই সময়ছোৱাত তেওঁৰ মাতৃৰ লগতে পিতৃৰ দুই ভাতৃ—কনকলাল ভূঞা আৰু মতিলাল ভূঞাৰো মৃত্যু ঘটে।

শৈশৱকালৰ এই কঠিন সময়ত সূৰ্যকুমাৰ ভূঞাক লালন-পালন কৰাৰ দায়িত্ব লবিতা আৰু পাহিতা নামৰ তেওঁৰ দুগৰাকী আইতাকে লৈছিল। এই দুগৰাকী মহিলাৰ যত্নত তেওঁ এক মৰম আৰু শৃংখলাপূৰ্ণ জীৱন লোৱাৰ সুযোগ পাইছিল। তেওঁৰ পিতৃ ৰবিলাল ভূঞাই নগাঁও জিলাৰ মুখ্য জিলা দণ্ডাধীশ (District Magistrate) হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল, যাৰ ফলত পৰিয়ালটো সামাজিকভাৱে প্ৰভাৱশালী আছিল।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

সূৰ্যকুমাৰ ভূঞা (Surya Kumar Bhuyan) ৰ শিক্ষা আৰু বৌদ্ধিক বিকাশ

সূৰ্যকুমাৰ ভূঞাৰ প্ৰাৰম্ভিক শিক্ষা নগাঁও চহৰতেই আৰম্ভ হৈছিল। ১৯০১ চনত তেওঁ নগাঁও চৰকাৰী হাইস্কুলত অষ্টম শ্ৰেণীত নামভৰ্তি কৰে। কিন্তু পিতৃৰ চাকৰিৰ বদলি হোৱাৰ ফলত ১৯০৪ চনত তেওঁলোকৰ পৰিয়াল শ্বিলঙলৈ স্থানান্তৰ হয়। শ্বিলঙলৈ গৈ তেওঁ শ্বিলং চৰকাৰী বিদ্যালয়ত শিক্ষালাভ কৰে আৰু ১৯০৯ চনত প্ৰৱেশিকা (Entrance) পৰীক্ষাত উত্তীৰ্ণ হয়।

সেই একেটা বছৰে, তেওঁ কটন কলেজত I.A. পাঠ্যক্ৰমত নামভৰ্তি কৰে। উল্লেখযোগ্যভাৱে, এই সময়ছোৱাতেই তেওঁ নিজৰ প্ৰথম গ্ৰন্থ ‘আহোমৰ দিন’ ৰচনা কৰে—যি এজন শিক্ষাৰ্থীৰ সাহিত্যিক প্ৰতিভাৰ নিদৰ্শন হিচাপে বিবেচিত হয়। প্ৰৱেশ পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হৈ তেওঁ “জুনিয়ৰ বৃত্তি” আৰু “ভিক্টোৰিয়া মেম’ৰিয়েল সোণৰ পদক” লাভ কৰিছিল। কটন কলেজৰ পৰা I.A. উত্তীৰ্ণ হোৱাৰ পাছত তেওঁ ‘দীপৰু মেধি ৰূপৰ স্মৃতি পদক’ আৰু ‘আনন্দৰাম বৰুৱা বঁটা’ লাভ কৰে। লগতে, তেওঁ ২৫ টকাৰ এটা প্ৰতিযোগিতামূলক বৃত্তিও অৰ্জন কৰে।

এই সময়ছোৱাতেই তেওঁ নগাঁৱত “হিতসাধিনী সভা” নামৰ এগৰাকী ছাত্র সংগঠন সংগঠিত কৰে আৰু তাৰ সৈতে জড়িত আছিল দেৱানন্দ ভঁৰালী, কালিৰাম মেধি, শৰৎ চন্দ্ৰ গোস্বামী, পণ্ডিত তৰানাথ চক্ৰৱৰ্তী কাব্যবিনোদ, হৰিনাৰায়ণ দত্তবৰুৱা, আৰু কমলাকান্ত বৰুৱা আদিৰ দৰে ব্যক্তিবিশেষ।

পাছলৈ, ১৯১৩ চনত সূৰ্যকুমাৰ ভূঞাই কলিকতাৰ প্ৰেচিডেন্সি কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। তেখেতে দ্বিতীয় শ্ৰেণীত উত্তীৰ্ণ হয়। ১৯১৬ চনত তেওঁ ইংৰাজী সাহিত্যত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে আৰু ১৯২৪ চনত বি.এল. (ব্যাচেলৰ অৱ ল’) উপাধি লাভ কৰে। লগতে, ১৯১৭ চনত বালিগাঁৱৰ সংস্কৃত টোলৰ পৰা ‘বিদ্যা-ভূষণ’ উপাধিত ভূষিত কৰা হয়।

তেওঁ কটন কলেজৰ অধ্যাপক হিচাপে নিযুক্ত থাকোঁতেই দুবছৰৰ ছুটী লৈ বিলাতলৈ (ইংলেণ্ড) যাত্ৰা কৰে, য’ত তেওঁ অধ্যাপক হেন্ৰি হাৱাৰ্ড ডডৱেলৰ তত্বাৱধানত ইতিহাসত গৱেষণা আৰম্ভ কৰে। ১৯৩৮ চনত তেওঁৰ ডক্টৰেট থিসিছ ‘A History of The Relations of Assam With The East India Company from 1771 to 1826’ সম্পূৰ্ণ হয় আৰু তাৰ পিছত সেই গৱেষণা গ্ৰন্থখন ‘Anglo-Assamese Relations’ নামেৰে প্ৰকাশিত হয়।

এই গৱেষণাৰ পৰিপূৰক স্বীকৃতি স্বৰূপে, ১৯৫১ চনত তেওঁ লণ্ডন বিশ্ববিদ্যালয়ৰ পৰা ‘ডি-লিট’ উপাধি লাভ কৰিবলৈ সক্ষম হয়। এই উপাধি তেওঁ অসম ইতিহাস আৰু বুৰঞ্জীমূলক গ্ৰন্থৰ সংৰক্ষণ আৰু সম্পাদনাৰ ক্ষেত্ৰত অসামান্য অৱদানৰ বাবে লাভ কৰিছিল।

সূৰ্য্যকুমাৰ ভূঞা (Surya Kumar Bhuyan) ৰ সাংসাৰিক জীৱন

সূৰ্য্যকুমাৰ ভূঞাই ১৯১৭ চনৰ ১৪ ফেব্ৰুৱাৰীত শিক্ষা গ্ৰহণৰ সময়তে বিবাহপাশত আবদ্ধ হয়। লখিমপুৰ জিলাৰ গড়েহগা গাঁৱৰ বিনন্দ চন্দ্ৰ ভূঞাৰ তৃতীয় কন্যা লক্ষেশ্বৰী ভূঞাৰ সৈতে তেওঁৰ বিবাহ সম্পন্ন হয়। বিবাহৰ পিছত তেওঁ নিজৰ পত্নীক এখন কবিতাৰ সংকলন উপহাৰ হিচাপে আগবঢ়াই কৈছিল, “লোৱা, এয়ে তোমাৰ সম্পত্তি।” সেই কবিতাপুথিখন পৰিয়ালৰ সৈতে ভাগ কৰি লৈ তেওঁ ক’লে—“এয়ে মোৰ জীৱনৰ প্ৰথম নিৰ্মালি।” এই উক্তিৰে অনুপ্ৰাণিত হৈ পুথিখনৰ নাম ‘নিৰ্মালি’ দিয়া হয়।

তেওঁ আৰু লক্ষেশ্বৰী ভূঞাৰ ছয় সন্তান আছিল। পুত্ৰসকল— পাৰ্বতী কুমাৰ ভূঞা, ভৱানী কুমাৰ ভূঞা আৰু বিজয় কুমাৰ ভূঞা। কন্যাসকল— শুৱলা ভূঞা, শীতলা ভূঞা আৰু কমলী ভূঞা।

সূৰ্য্যকুমাৰ ভূঞা (Surya Kumar Bhuyan) ৰ কৰ্ম জীৱনৰ অভিযাত্রা

সূৰ্য্যকুমাৰ ভূঞাৰ পেশাগত জীৱন আৰম্ভ হৈছিল বেজবৰুৱা হাইস্কুলত ইংৰাজী শিক্ষক হিচাপে। পিছত তেওঁ ১৯১৭ চনৰ ফেব্ৰুৱাৰীৰ পৰা ১৯১৮ চনৰ মাৰ্চ মাহলৈ যোৰহাট বেপ্টিষ্ট মিছন হাইস্কুলত শিক্ষকৰূপে কৰ্মৰত থাকে। ১৯১৮ চনৰ ৪ জুলাই তাৰিখে তেওঁ কটন কলেজত ইংৰাজী বিষয়ে অধ্যাপক ৰূপে নিযুক্ত হয় আৰু তেওঁ আছিল উক্ত কলেজৰ প্ৰথমগৰাকী অসমীয়া অধ্যাপক।

তেওঁ প্ৰায় ৩০ বছৰ কটন কলেজত অধ্যাপনা কৰে। লগতে ১৯২৮-২৯ চনত কলেজ আলোচনী সম্পাদনা, ‘কস্মোপলিটান’ ছাত্ৰাৱাসৰ অধ্যক্ষ আৰু গুৱাহাটী পৌৰসভাৰ চৰকাৰী সদস্য হিচাপেও দায়িত্ব পালন কৰিছিল। ১৯২৬ চনত ধুবুৰীৰ অসম সাহিত্য সভাৰ বুৰঞ্জী শাখাৰ সভাপতিত্ব আৰু ১৯২৮ চনত গুৱাহাটীত স্থাপিত বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগৰ গঠনত তেখেতৰ গুৰুত্বপূৰ্ণ ভূমিকা আছিল।

ভূঞাই বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগৰ উপ-সঞ্চালক হিচাপে ১৯৫৭ সাললৈ কাম কৰি বহু দুষ্প্ৰাপ্য পুথি, পাঁজিসমূহ সংগ্ৰহ, সংৰক্ষণ আৰু প্ৰকাশৰ কামত নিজকে নিয়োজিত কৰিছিল।

তেওঁ বিভিন্ন সময়ত অসমত শিক্ষা বিভাগৰ পৰিদৰ্শক, শিক্ষাধিকাৰ, কটন কলেজৰ অধ্যক্ষ (প্ৰথম অসমীয়া) আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিশেষ বিষয়া হিচাপে নিযুক্ত হৈছিল। ১৯৫৭-১৯৬০ সময়চোৱাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰূপেও দায়িত্ব লয় আৰু তেওঁৰ নেতৃত্বতেই বিশ্ববিদ্যালয় জালুকবাৰীলৈ স্থানান্তৰিত হয়।

তাৰোপৰি তেখেত ভাৰতীয় বুৰঞ্জী কংগ্ৰেছ, ভাৰতীয় ৰেকৰ্ড কমিছন, ভাৰতৰ স্বাধীনতা আন্দোলনৰ আঞ্চলিক বুৰঞ্জী সমিতি আদি বহুতো গৱেষণামূলক আৰু সাংগঠনিক ক্ষেত্ৰত কৰ্মনিষ্ঠভাৱে জড়িত আছিল। ভাৰতীয় সংবিধান অসমীয়ালৈ অনুবাদ কৰাৰ কাৰ্যত সভাপতি হিচাপে ভূঞাই নেতৃত্ব দিছিল।

সন্মান আৰু উপাধি

ড° সূৰ্য কুমাৰ ভূঞাই তেওঁৰ জীৱনকালত বিভিন্ন সন্মান আৰু খিতাপেৰে সমাদৃত হোৱা দেখা গৈছে।

  • ১৯৩৫ চনত ব্ৰিটিছ চৰকাৰে তেওঁক ‘ছিলভাৰ জুবিলী পদক’ প্ৰদান কৰে।
  • ১৯৩৬ চনত তেওঁ ‘ৰায়বাহাদুৰ’ খিতাপ লাভ কৰে।
  • ১৯৪৬ চনত ব্ৰিটিছ চৰকাৰৰ পৰা Member of the British Empire (MBE) ৰূপে সন্মানিত কৰা হয়।
  • ১৯৫১ চনত লণ্ডন বিশ্ববিদ্যালয়ৰ পৰা তেওঁ ডি.লিট. ডিগ্ৰী লাভ কৰে।
  • ১৯৫২ চনৰ ১৩ মে’ৰ পৰা ১৯৫৪ চনৰ ১ এপ্ৰিললৈকে তেওঁ কংগ্ৰেছ চৰকাৰে মনোনীত ৰাজ্যসভাৰ সাংসদ হিচাপে কাৰ্যনিৰ্বাহ কৰে।
  • ১৯৫৬ চনত ভাৰত চৰকাৰে তেওঁক ‘পদ্মশ্ৰী’ উপাধিত ভূষিত কৰে।

 সূৰ্য্যকুমাৰ ভূঞাৰ সাহিত্যিক জীৱন

সূৰ্য্যকুমাৰ ভূঞাই বিদ্যালয়ৰ দিনৰে পৰা সাহিত্য চৰ্চাত মন দিলে। ১৯১৪ চনত প্ৰথম বিশ্বযুদ্ধ আৰম্ভ হোৱাৰ সময়ত তেওঁ টেনিছনৰ “লকছলি হিল”ৰ আধাৰত “Ye Sons of England” শীৰ্ষক কবিতা ৰচনা কৰিছিল। এই কবিতাখন Century Review পত্রিকাত প্ৰকাশিত হৈ বহুলভাৱে প্ৰশংসিত হৈছিল।

কলিকতাত অধ্যয়নকালত তেওঁ আনন্দৰাম বৰুৱাৰ জীৱনী সংকলনৰ লগতে অধ্যাপক হোৱাৰ সপোন লালন কৰিছিল। এই সময়তে “আহোমৰ দিন” গ্ৰন্থখন লিখা সম্পূৰ্ণ কৰে আৰু পদ্মনাথ গোহাঞিবৰুৱাৰ “ঊষা” পত্রিকাত তেওঁৰ কবিতা আৰু অন্যান্য লেখা প্ৰকাশ পায়।

কবিতা সংকলন

  • নিৰ্মালি (১৯১৮)
  • সু আৰু কু

প্ৰবন্ধ সংকলন

  • আহোমৰ দিন (১৯১৮)
  • বৰফুকনৰ গীত (১৯২৪)
  • তুংখুঙ্গীয়া ফৈদৰ কনাংক
  • পুৰণি অসম বুৰঞ্জী
  • অহোম ৰজাৰ মৈদাম
  • অসমীয়া চনেট কবিতা 
  • সাহিত্যৰ মূল কথা
  • অনিৰুদ্ধৰ প্ৰতি উষা
  • সপ্তম এডৱাৰ্ডৰ স্বৰ্গাৰোহণ

গল্প সংকলন

  • পঞ্চমী (১৯২৭)

 ভ্ৰমণ কাহিনী

  • ইউৰোপ যাত্ৰা

জীৱনী সংকলন

  • গোপাল কৃষ্ণ গোখেল (১৯১৬)
  • আনন্দৰাম বৰুৱা (১৯২০)
  • ৰবীন্দ্ৰনাথ ঠাকুৰ (১৯২০)
  • জোনাকী (১৯২৮)
  • চানেকি (১৯২৮)
  • অসম জীয়ৰী (১৯৩৫)
  • হৰিহৰ আতা (১৯৬০)
  • স্বৰ্গদেউ গদাধৰ সিংহ
  • হাজী মহম্মদ মহসীন
  • আনন্দৰাম ঢেকীয়াল ফুকন
  • জগন্নাথ বৰুৱা
  • মাণিকচন্দ্ৰ বৰুৱা
  • হৰিনাথ দে
  • দ্বিজেন্দ্ৰলাল ৰয়
  • গুৰুদাস বন্দোপাধ্যায়
  • হেমচন্দ্ৰ গোস্বামী
  • মোমাই তামোলী বৰবৰুৱা
  • চাৰ এডৱাৰ্ড গেইট

গ্ৰন্থ সংকলন/সম্পাদনা

  • কামৰূপৰ বুৰঞ্জী (১৯৩০)
  • হৰকান্ত সদৰামিনৰ অসম বুৰঞ্জী (১৯৩০)
  • দেওধাই অসম বুৰঞ্জী (১৯৩২)
  • শ্ৰীনাথ দুৱৰা বৰবৰুৱাৰ তুংখুঙ্গীয়া বুৰঞ্জী (১৯৩২)
  • অসমৰ পদ্য বুৰঞ্জী (১৯৩৩)
  • কছাৰী বুৰঞ্জী (১৯৩৬)
  • পাদশ্যাহ বুৰঞ্জী (১৯৩৬)
  • জয়ন্তীয়া বুৰঞ্জী (১৯৩৭)
  • ত্ৰিপুৰা বুৰঞ্জী (১৯৩৮)
  • অসম বুৰঞ্জীৰ কথা (১৯৩৯)
  • সুকুমাৰ মহন্তৰ ঘৰত পোৱা ‘অসম বুৰঞ্জী’ (১৯৪৫)
  • বুৰঞ্জীৰ বাণী (১৯৫১)
  • বুৰঞ্জীমূলক প্ৰবন্ধাৱলীৰ তালিকা (১৯৫৫)
  • মীৰজুমলাৰ অসম আক্ৰমণ (১৯৫৬)
  • সাতসৰী অসম বুৰঞ্জী (১৯৬০)
  • শৰাইঘাটৰ সুবচনী (১৯৬৩)
  • অবসানে আহোম ৰাজত্ব
  • য়ুৰোপত অসমৰ জ্যোতিষ সূত্ৰ
  • বঙালী ভাষায় আসামেৰ ইতিহাস (বঙালী)
  • জয়মতী উপাখ্যান (১৯২০, ১৯৫৪)
  • কোঁৱৰ বিদ্ৰোহ (১৯৪৮)
  • ৰমণী গাভৰু (১৯৫১)
  • ত্ৰিপদী (১৯৫৯, ২০১০)
  • বঙলা চনেট
  • অন্তিম
  • জননী
  • বঞ্চিত
  • ৰাজেশ্বৰ সিংহ (১৯৭৪)
  • ৰজেশ্বৰ সিংহ
  • কাব্যৰসিক বৈজ্ঞানিকেৰে আত্মচৰিত

ইংৰাজী গ্ৰন্থ 

  • An Assamese Nurjahan (1926)
  • Early British Relations With Assam (1928)
  • Tungkhungia Buranji (1933)
  • Assamese Historical Literature (1928)
  • Assamese Literature: Ancient and Modern (1936)
  • An Account of Assam (1940)
  • Preliminary Report on the Old Records at Assam Secretariat (1931)
  • Lachit Barphukan and His Times (1947)
  • Annals of Delhi Badsahai (1947)
  • Anglo-Assamese Relations: 1714–1826 (1937)
  • The Seven Hindrances (1953)
  • Atan Buragohain and His Times (1937)
  • Bibliography of the Works of Dr. S.K. Bhuyan (1951)
  • Some Literary Reminiscences (1954)
  • Studies in the Literature of Assam (1955)
  • Men I Have Met (1962)
  • Two Years in Parliament
  • Quintessence and Experience
  • London Memories
  • Studies in the History of Assam
  • An Assamese Miscellany

Read also: Dr. Nagen Saikia Biography | ড° নগেন শইকীয়াৰ জীৱনী 

মৃত্যু

ড° সূৰ্য কুমাৰ ভূঞাই ১৯৬৪ চনৰ ৫ জুলাই তাৰিখে ছাত্ৰীবাৰীস্থিত আমেৰিকান বেপ্টিষ্ট মিছন হস্পিতালত ৭০ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেওঁ নিজৰ পত্নী লক্ষেশ্বৰী ভূঞা, তিনি পুত্ৰ, তিনি কন্যা আৰু কেইবাজনো নাতি-নাতিনীক এৰি ইহসংসাৰৰ পৰা বিদায় লয়।

উপসংহাৰ

ড° সূৰ্য কুমাৰ ভূঞা আছিল অসমৰ ইতিহাস-সাহিত্য, বুৰঞ্জী আৰু সমাজচিন্তাৰ এক দীপ্তিমান নক্ষত্র। তেওঁ অসমীয়া জাতিৰ ইতিহাসক আধুনিক দৃষ্টিভংগীৰে বিশ্লেষণ কৰি বুৰঞ্জী গৱেষণাৰ এক নতুন অধ্যায় আৰম্ভ কৰিছিল। সাহিত্যিক, গৱেষক, শিক্ষাবিদ, সমাজসংগঠক, অধ্যক্ষ, উপাচাৰ্য, সংসদ সদস্য—এই সকলো খেত্ৰতে তেওঁৰ অসামান্য অৱদান আজিও যুগান্তকাৰী বুলি গণ্য। তেওঁৰ লিখনিৰ গভীৰতা, দৃষ্টিভংগীৰ স্পষ্টতা আৰু জীৱনৰ আদৰ্শসমূহ নতুন প্ৰজন্মৰ বাবে অনুপ্ৰেৰণা স্বৰূপ।

FAQ

1. সূৰ্য কুমাৰ ভূঞাৰ জন্ম কেতিয়া আৰু ক’ত হৈছিল?
উঃ – তেওঁৰ জন্ম ১৮৯৪ চনৰ ১৩ জানুৱাৰীত নগাঁও জিলাৰ ফৌজদাৰীপট্টি গাঁৱত হৈছিল।

2. সূৰ্য কুমাৰ ভূঞাই কোন বিষয়ত ডক্টৰেট কৰিছিল?
উঃ – তেওঁ “Assam’s relations with the East India Company” সন্দৰ্ভত ইতিহাসত ডক্টৰেট লাভ কৰিছিল।

3. সূৰ্য কুমাৰ ভূঞা কোন উপাধিৰে সন্মানিত হৈছিল?
উঃ – তেওঁ ‘ৰায় বাহাদুৰ’, ‘MBE’, আৰু ‘পদ্মশ্ৰী’ উপাধিত ভূষিত হৈছিল।

4. সূৰ্য কুমাৰ ভূঞা গুৱাহাটী বিশ্ববিদ্যালয়ত কি পদত আছিল?
উঃ – তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য আছিল (১৯৫৭-১৯৬০) আৰু জালুকবাৰীলৈ স্থানান্তৰৰ নেতৃত্ব দিছিল।

5. সূৰ্য কুমাৰ ভূঞাৰ সাহিত্যৰ বিখ্যাত কিতাপ ক’ত প্ৰকাশ পাইছিল?
উঃ – তেওঁৰ বিখ্যাত গ্ৰন্থসমূহৰ ভিতৰত ‘আহোমৰ দিন’, ‘নিৰ্মালি’, ‘অসম বুৰঞ্জীৰ কথা’, আৰু ইংৰাজীত ‘Anglo-Assamese Relations’ অন্যতম।

6. সূৰ্য কুমাৰ ভূঞাৰ মৃত্যু কেতিয়া হৈছিল?
উঃ – তেওঁ ১৯৬৪ চনৰ ৫ জুলাই তাৰিখে শেষ নিশ্বাস ত্যাগ কৰে।

Leave a Comment

Your email address will not be published. Required fields are marked *

error: Content is protected !!
Scroll to Top