Sociology of Gender Unit 3 সামাজিক লিংগ : পাৰ্থক্য আৰু অসমতা

Sociology of Gender Unit 3 সামাজিক লিংগ : পাৰ্থক্য আৰু অসমতা Notes, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Sociology of Gender Unit 3 সামাজিক লিংগ : পাৰ্থক্য আৰু অসমতা to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Sociology of Gender Unit 3 সামাজিক লিংগ : পাৰ্থক্য আৰু অসমতা Question Answer can be of great value to excel in the examination.

Sociology of Gender Unit 3 সামাজিক লিংগ : পাৰ্থক্য আৰু অসমতা

Join Telegram channel

Sociology of Gender Unit 3 সামাজিক লিংগ : পাৰ্থক্য আৰু অসমতা Notes cover all the exercise questions in UGC Syllabus. The Sociology of Gender Unit 3 সামাজিক লিংগ : পাৰ্থক্য আৰু অসমতা provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

Gender : Difference and Inequalities

SOCIOLOGY

SOCIOLOGY OF GENDER

লিংগৰ সমাজতত্ত্ব

Very objectives type questions

Q.1. What is Gender Inequalities.

Ans: একৈশ শতিকাতও আমি ভাৰতীয়সকলে ল’ৰা সন্তান জন্ম হ’লে উল্লাসিত হওঁ,কিন্তু ছোৱালী সন্তান জন্ম হ’লে বোবা নিচিনা,হওঁ।তাহানি দিনৰে পৰা বৰ্তমানলৈ ল’ৰা সন্তানৰ প্ৰতি আমাৰ ইমানেই মৰম যে ল’ৰাৰ প্ৰতি থকা দুৰ্বলতাৰ বাবেই ছোৱালী সন্তানক জন্মৰ পূৰ্বে বা জন্মৰ সময়ত মাৰি পেলোৱা হৈছে।যদিওবা সৌভাগ্যক্ৰমে জন্মৰ পূৰ্বে বা জন্মৰ সময়ত ছোৱালী সন্তানক মাৰি পেলোৱা হোৱা নাই, কিন্তু তাইক গোটেই জীৱনত বিভিন্ন বৈষম্যমূলক পৰিস্থিতিৰ সন্মুখীন হ’বলৈ বাধ্য কৰোৱা হৈছে।ধর্মীয় বিশ্বাস মতে যদি নাৰীক দেৱী বুলি মানি লওঁ;কিন্তু আমি নাৰীক মানুহ বুলি স্বীকৃতি দিয়াত বিফল হৈছো; আমি দেৱীক পূজা কৰোঁ সঁচা,কিস্ত ছোৱালীক বা নাৰীক শোষণ কৰোঁ।আমাৰ ভাৱধাৰা আৰু ধৰ্মোপদেশ আমাৰ কৰ্মৰ পৰা পৃথক। ‘Gender’ আৰু ‘Sex’ এই ইংৰাজী শব্দ দুটাৰ অসমীয়া অৰ্থ একেযেন লাগিলেও শব্দ দুটাৰ অৰ্থ কিন্তু একে,বহয়।ইহঁতৰ মাজত এক বিশেষ পাৰ্থক্য বিৰাজমান।Gender ৰ হৈছে এটা সামাজিক-সাংস্কৃতিক পদ যিটোৱে একোজন সমাজত পুৰুষ আৰু স্ত্ৰীক প্ৰদীন কৰা সামাজিকভাৱে সংজ্ঞাবদ্ধ ভূমিকা আৰু আচৰণক বুজায়। উদাহৰণস্বৰূপে,ছোৱালী এজনীয়ে কেনেকুৱা পোছাক পিন্দিব;ল’ৰা এটাই কেনেকুৱা পোছাক পিন্দিব; বিবাহৰ পিছত কইনাই শিৰত সেন্দুৰ ল’ব ,ওৰণি ল’ব,স্বামীক মানি চলিব আদি বিভিন্ন ৰীতি-নীতিসমূহ সামাজিক-সাংস্কৃতিক প্ৰভাৱৰ দ্বাৰা প্ৰভাৱিত।সেয়ে Gender ক সামাজিক লিংগ বোলা হয়।আনহাতে Sex পদটোৱে এটা জৈৱিক আৰু শাৰীৰিক সম্বন্ধীয় পৰিঘটনা (Biological and Physiological Phenomenon) ক বুজাই যিটোৱে মতা মানুহ আৰু তিৰোতা (Man and Woman) ৰ সংজ্ঞা দিয়ে।অৰ্থাৎ Sex য়ে মতা -মাইকীৰ চিনক বুজায়।সামাজিক, ঐতিহাসিক আৰু সাংস্কৃতিক ক্ষেত্ৰত ‘Gender’ মানে হৈছে মুনিহ আৰু তিৰোতাৰ (Man and Woman) মাজৰ এক ক্ষমতা সম্বন্ধীয় সম্পৰ্ক, য’ত মতা মানুহক তিৰোতাতকৈ শ্ৰেষ্ঠ(Superior) বুলি বিবেচনা কৰা হয়।গতিকে ‘Gender’ হৈছে এক মানৱ সৃষ্ট ধাৰণা (Man-made concept) আনহাতে  ‘Sex’ হৈছে মানুহৰ প্ৰাকৃতিক বা জৈৱিক বৈশিষ্ট্য (Natural or biological characteristics)। এই জৈৱিক বৈশিষ্ট্যই সামাজিক লিংগক (Gender) প্ৰভাৱিত কৰে।কাৰণ শিশু এটা জন্ম হোৱাৰ ঠিক পিছতে মতা বা মাইকীৰ চিনত ওপৰত ভিত্তি কৰি সামাজিক-সাংস্কৃতিক ৰীতি-নীতিসমূহ শিকাবলৈ আৰম্ভ কৰা হ’ল।

একেবাৰে সৰল ভাষাত লিংগ অসমতা মানে হৈছে – মতা -মাইকীৰ চিনৰ ওপৰত ভিত্তি কৰি নাৰীৰ বিৰুদ্ধে কৰা বৈষম্য বা পক্ষপতিত্ব। পৰম্পৰাভাৱে নাৰীক সমাজৰ দুৰ্বল লিংগ বুলি বিবেচনা কৰা হয় আৰু পুৰুষৰ তলতহে নাৰীক স্থান দিয়া হয়।নাৰীক আমাৰ গৃহ আৰু সমাজত শোষণ ,মৰ্যাদা হানি আৰু অপবিত্ৰ কৰা হয় আৰু তেওঁলোকৰ বিৰুদ্ধে বৈষম্যমূলক দৃষ্টিভংগী গ্ৰহণ কৰা হয়।নাৰীৰ বিৰুদ্ধে কৰা এই বিশেষ ধৰণৰ বৈষম্য ভাৰতবৰ্ষ আৰু সমগ্ৰ বিশ্বত সম্প্ৰতি বিৰাজমান।

ভাৰতীয় সমাজত লিংগ অসমতাৰ মূল কাৰণ হৈছে পিতৃতান্ত্ৰিক পদ্ধতি।এজন বিখ্যাৎ সমাজতত্ত্ববিদ চিলভিয়া ৱালবীৰ মতে, “পিতৃপ্ৰধান পদ্ধতি হৈছে এক সামাজিক গঠন আৰু অনুশীলন পদ্ধতি, য’ত পুৰুষে নাৰীক দমন কৰে, শোষণ কৰে আৰু অত্যাচাৰ কৰে।” ভাৰতীয় সমাজত নাৰীক শোষণ কৰাটো অতীজৰে পৰা চলি আহিছে।

লিংগ অসমতা এক সাৰ্বজনীন প্ৰক্ৰিয়া।প্ৰতিখন দেশে এই অসমতাৰ সন্মুখীন হ’বলগা হৈছে।যদিও দেশভেদে লিংগ অসমতাৰ প্রকৃতি আৰু পৰিসৰ বেলেগ কিন্তু প্ৰতিখন দেশতে ইয়াৰ প্ৰভাৱ নপৰাকৈ থকা নাই।লিংগ অসমতাৰ ভিন্নতা এখন এখন দেশৰ জনসাধাৰণৰ জীৱন নিৰ্বাহৰ মানদণ্ড, শৈক্ষিক স্তৰ (Educational level), সংস্কৃতি, ৰীতি-নীতি আৰু পৰম্পৰাৰ ওপৰত নিৰ্ভৰ কৰে।পূৰ্বতে তিৰোতাসকলে লিংগ অসমতাৰ বিপৰীতে কোনো প্ৰশ্ন উত্থাপন নকৰিছিল। তেওঁলোকে ইয়াক জীৱনৰ লগৰী বুলিয়ে গণ্য কৰিছিল। তেওঁলোকক বুজোৱা হৈছিল যে তিৰোতাসকল স্বাতন্ত্ৰ্যৰ বাবে লায়ক নহয়; পুৰুষক মানি চলিবলৈয়ে তেওঁলোক জন্ম হৈছে, তেওঁলোকক সদায় পুৰুষে নিৰাপত্তা দিব; তেওঁলোকৰ কৰ্তব্য হৈছে ঘৰুৱা কাম-বন কৰা ; ল’ৰা-ছোৱালী জন্ম দিয়া আৰু ডাঙৰ -দীঘলকৰা ইত্যাদি।

১৮ শতিকাৰ উদ্যোগীকৰণ (Industrialisation) সমগ্ৰ বিশ্বতে আৰ্থ-সাংস্কৃতিক দিশত বহুতো পৰিৱর্তন আনে।আৰু নাৰীসকলৰ সামৰ্থক দমন কৰি ৰখাতো পোহৰলৈ আহে।উদ্যোগীকৰণ আক নগৰিকৰণে নাৰীসকলক শিক্ষা,অৰ্থনীতি,ৰাজনীতি,সামাজিক, বৈজ্ঞানিক আৰু অন্যান্য ক্ষেত্ৰত নিজকে প্ৰমাণ কৰাৰ সুযোগ প্ৰদান কৰিলে।তেওঁলোক অধিকাৰ আৰু সামথক প্ৰতি সজাগ হ’ল ।সম্প্ৰতি লিংগ অসমতাই নাৰী আৰু পুৰুষৰ মনোযোগ সমানে আকৰ্ষণ কৰিছে।

Q.2. Definitions of Caste? Characteristics of caste

Ans: অসমীয়া ভাষাত ব্যৱহৃত  জাতি শব্দটোৰ ইংৰাজী প্ৰতিশব্দ হৈছে ‘কাষ্ট’ (Caste) এই ‘কাষ্ট’ শব্দটো পৰ্টু শব্দ ‘কাষ্টা’ (Caste) ৰ পৰা আহিছে ; যাৰ অৰ্থ হৈছে (breed) বা (lineage)। অৰ্থাৎ, জাতি হৈছে গোষ্ঠী,বংশ বা পৰিয়ালৰ সমষ্টি।পৰ্টুগীজসকলেই ভাৰতীয় জাতি ব্যৱস্থাক বুজাবৰ বাবে প্ৰথম ‘কাষ্ট’ শব্দটো ব্যৱহাৰ কৰিছিল।এই ‘কাষ্ট’ শব্দটোৰ ‘Race’ বা ‘Kind’ ক বুজায়।সংস্কৃত ভাষাত ‘কাষ্ট’ শব্দটো (Varna) বা ‘বৰণ’  (Colour) বুলিহে ব্যৱহাৰ কৰা হয়।জাতি বা বর্ণই হৈছে ভাৰতীয় জাতি ব্যৱস্থাৰ মূল ভিত্তি যি মানুহৰ শ্ৰম আৰু জীৱিকা নিৰ্ধাৰণ কৰে।জাতি আৰু বৰ্ণক কোনো কোনোৱে সমাৰ্থক হিচাপে ব্যৱহাৰ কৰিলেও দুয়োটা কিন্তু ভিন্ন অৱধাৰণাহে জাতি শব্দটো আকৌ ভাৰতীয় সংস্কৃত ভাষাৰ ‘জোন’ শব্দটোৰ পৰাহে উৎপত্তি হৈছে বুলি জনা যায়।’জোন’ মানে জন্ম লাভ কৰা’। অৰ্থাৎ, ভাৰতীয় সমাজ ব্যৱস্থাত জন্মৰ দ্বাৰাহে মানুহৰ জাতি নিৰ্ধাৰিত হয়।

জাতি ব্যৱস্থা অনুসৰি এজন ব্যক্তিৰ জাতি জন্মসূত্রেই নিৰ্ধাৰিত হয়।যি ব্যক্তি যি জাতিত জন্ম গ্ৰহণ কৰে, তেওঁ সেই জাতিৰ বুলি চিনাক্ত হয়।জাতি ব্যৱস্থা গতিশীল নহয় আৰু ইয়াক জন্মসূত্রৰ বাহিৰে আন উপায়েৰে গ্ৰহণ কৰিব নোৱাৰি।ভাৰতীয় হিন্দু সমাজক ‘চতুবৰ্ণ’ৰ আধাৰত স্তৰীকৰণ কৰা হৈছে।এই ‘চতুবৰ্ণ’ অনুসৰি ভাৰতীয় সমাজক ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য আৰু শূদ্ৰ এই চাৰিটা স্তৰত বিভক্ত কৰা হৈছে।এই জাতি ব্যৱস্থা অনুসৰি ব্ৰাহ্মণসকলক সামাজিক প্ৰস্থিতি  বা সৰ্বোচ্চ আৰু শূদ্ৰসকলৰ প্রস্থিতি সৰ্বনিম্ন এই চাৰিটা স্তৰত লোকসকলৰ সামাজিক প্রস্থিতি বা স্থান জন্মৰ জৰিয়তে নিৰূপিত হয়।

সমাজতত্ত্বৰ অভিধান মতে, “A caste is from of social stratification in which case have been hierarchically organised and separated from each other by ruled of ritual purity.”। অৰ্থাৎ, জাতি ব্যৱস্থা হৈছে, সামাজিক স্তৰীকৰণৰ এটা ব্যৱস্থা, যিটোৱে প্ৰচলিত ৰীতি-নীতিৰ আধাৰত ব্যক্তিৰ সংস্তৰণ ঘটায়।জাতি ব্যৱস্থা সম্পৰ্কত বিভিন্ন সমাজবিদে বিভিন্ন সংজ্ঞা আগবঢ়াইছে।

সমাজতত্ত্ববিদ চাৰ হার্বাট ৰিজলি (Sir Herbert Risley) মতে,জাতি হৈছে একে নামধাৰী কিছুমান পৰিয়ালৰ সমষ্টি, যি সমষ্টিৰ লোকসকলে কোনো মানুহ বা কাল্পনিক পূৰ্বপুৰুষৰ বংশধৰ বুলি পৰিচয় দিয়ে, একোটা বংশগত বৃত্তিধাৰী বুলি দাবী কৰে আৰু স্বজাতীয় সম্প্ৰদায় বুলি অভিমত প্ৰকাশ কৰিব পাৰে। (Caste is a collection of families or groups of families bearing a common name which is associated with specific occupation, claiming common descent from a mythical ancestors, human or divine, professing to fol the same hereditary calling and regarded by those who are competent to give an opinion as forming a single homogeneous community .) ভি .এ. স্মিথ (V.A.Smith) ৰ মতে, “এটা জাতি হৈছে কিছুমান পৰিয়ালৰ সমষ্টি, যি বিশেষকৈ খোৱা-বোৱা আৰু বৈবাহিক ক্ষেত্ৰত পৱিত্ৰতা ৰক্ষা কৰিবলৈ বিশেষ কেতবোৰ নীতি-নিয়মৰ দ্বাৰা আভ্যন্তৰীণভাৱে বান্ধ খাই থাকে” (A Caste is a group of. Families internally united by peculiar rules for the observance of ceremonial purity especially in matters of diet and marriage.)। ডি. এন. মজুমদাৰ আৰু টি. এন. মদন (D.N. Majumdar and T.N. Madan) ৰ মতে, “বন্ধ শ্ৰেণী একোটাই হৈছে জাতি।”(Caste is a closed class.)

চি. এইচ.কুলে(C.H. Cooley) ৰ মতে, “যেতিয়াই এটা শ্ৰেণী কঠোৰভাৱে বংশগত হৈ পৰে, তাকে আমি জাতি বুলি ক’ব পাৰোঁ।” (When a Class is somewhat strictly hereditary, we may call it a caste.)।আনৰ্ল্ড গ্ৰীণৰ মতে,যিটোৱে উচ্চ-নীচ গতিশীলতা বন্ধ হয়।” তেওঁ আকৌ কৈছে যে, “জাতি প্ৰথা অনুযায়ী অন্ততঃ আদৰ্শগতভাৱে সামাজিক প্রস্থিতিৰ গতিশীলতা সম্ভৱপৰ নহয়।”(Caste is a system of stratification in which mobility up and down the status ladder, at least ideally may not occur.”)

ৰবাৰ্ট বায়ৰষ্টেডৰ মতে, “যেতিয়া সামাজিক শ্ৰেণীবোৰৰ মাজত পাৰস্পৰিক গতিশীলতা বন্ধ হয়, তেতিয়া আমি সেই শ্ৰেণী সংৰচনাক জাতি বুলি কওঁ।” 

লুণ্ডবাৰ্গৰ মতে, “জাতি হৈছে জন্মৰ জৰিয়তে সৃষ্টি হোৱা এটা কঠোৰ সামাজিক শ্ৰেণী ব্যৱস্থা, যিটোৰ পৰিবৰ্তনৰ ক্ষেত্ৰত চূড়ান্ত অসুবিধাৰ সন্মুখীন হ’বলগীয়া হয়।” ই.এ. ব্লান্টৰ মতে, “এটা জাতি হৈছে এটা অন্তবিৰ্বাহী সামাজিক গোট,যি গোটৰ সদস্যসকলে বংশগত উমৈহতীয়া উপাধি গ্ৰহণ কৰি সামাজিক চাল-চলন কৰি থাকে।এটা জাতিৰ লোকসকলে পৰম্পৰাগত জীৱিকা গ্ৰহণ কৰে আৰু তেওঁলোকৰ উৎপত্তি একে বুলি দাবী কৰে।সাধাৰণতে স্বজাতীয় সমুদায়ৰ ৰূপত বিবেচনা কৰা হয়।”

ষ্টিভেনচনৰ মতে, “প্ৰস্থিতিযুক্ত পৰিয়ালসমূহ বংশানুক্ৰমে পদ্ধতিৰে গঠিত হৈ জাতি প্ৰথাৰ সৃষ্টি হয়।কিছুমান বিশেষ ব্যক্তিৰে গঠিত প্ৰত্যেক জাতিৰে একোটা নাম থাকে আৰু জাতি অনুযায়ী একো একোটা সুকীয়া জীৱনশৈলীও থাকে।”

মেক আইভাৰ আৰু পেজ (Mac Over and page) ৰ মতে, When status is wholly predetermined so that men are born to their lot without any hope of changing it, then the class takes the extreme from of caste.

জাতিৰ বৈশিষ্ট্য (Characteristics of caste): 

বিভিন্ন সমাজবিদে জাতিৰ বৈশিষ্ট্যসমূহ তলত উল্লেখ কৰাৰ দৰে আগবঢ়াইছে।

অধ্যাপক জি. এচ. ঘোৰী এ তেওঁৰ বিখ্যাত গ্ৰন্থ ‘Caste and Class in India’ ত জাতিৰ বৈশিষ্ট্যবোৰ নিম্নলিখিত ধৰণৰ বুলি উল্লেখ কৰিছিল। জাতি ব্যৱস্থাই ভাৰতীয় সমাজখনক বিভিন্ন স্তৰত বিভক্ত কৰিছে।প্ৰত্যেক স্বৰৰ জাতিয়েই কিছুমান সু-নিৰ্দিষ্ট প্রস্হিতি ,ভূমিকা আৰু কৰ্তব্যৰ দ্বাৰা পৰিচালিত হয়।

জাতিসমূহে নিজৰ জাতিৰ মাজত বৰ্তি থকা পালন কৰিবলগীয়া কৰ্তব্যসমূহ পালন নকৰিলে অৰ্থদণ্ড, প্রায়শ্চিও, জাত্যান্তকৰণ,উধৰণী ভোজ,শাৰীৰিক শাস্তি আদিৰ সন্মুখীন হ’বলগীয়া হয়।

জাতি ব্যৱস্থাত জাতিবোৰৰ মাজত উচ্চ-নীচ সংস্তৰণ আছে আৰু প্ৰত্যেকৰে প্রস্থিতি বা স্থান বেলেগ বেলেগ।হিন্দু সমাজত ব্ৰাহ্মণৰ প্রস্থিতি সৰ্বোচ্চ,তাৰ পিছত ক্ষত্ৰিয় আৰু বৈশ্যৰ স্থান

আৰু শূদ্ৰসকলৰ স্থান সৰ্বনিম্ন। জাতি ব্যৱস্থাত জাতিবোৰৰ মাজত খোৱা-বোৱা,চাল-চলন আদিৰ ক্ষেত্ৰত বাধা-নিষেধ আছে।ব্ৰাহ্মণসকলৰ মাজত বা অন্য জাতিৰ মাজতো কিছুমান বস্তু খোৱা-লোৱাৰ ক্ষেত্ৰত কঠোৰ আৰু অলংঘনীয় বাধা-নিষেধ আছে।ব্ৰাহ্মণসকলে অন্য জাতিৰ ঘৰত বা সকলো ধৰণৰ আহাৰ গ্ৰহণ কৰিব।

জাতি অন্তবিবাহী।অৰ্থাৎ প্ৰত্যেক জাতিৰ লোকে নিজৰ জাতিৰ ভিতৰতে বিবাহ সম্পন্ন কৰিবলৈ বিচাৰে ; ফলত বিবাহৰ ক্ষেত্ৰত প্ৰত্যেক জাতিৰে কিছুমান কঠোৰ বাধা-নিষেধ বা নীতি-নিয়ম আছে সেইবোৰ সকলোৱে মানি চলে।

প্ৰত্যেক জাতিৰে একোটা নিৰ্দিষ্ট বৃত্তি থাকে ।ব্ৰাহ্মণসকলে যাগ-যজ্ঞ,পূজা-পাতল কৰা, ক্ষত্ৰিয়সকলে যুদ্ধ-বিগ্ৰহ কৰা, বৈশ্যসকলে কৃষিকৰ্ম কৰা ইত্যাদি প্ৰত্যেকৰে একোটা নিৰ্ধাৰিত বৃত্তি আছে।জাতি ব্যৱস্থাত নিজস্ব বৃত্তি এৰি আন বৃত্তি গ্ৰহণ কৰাটো অনুচিত বুলি ভবা হয়।

উচনীচ বা স্পৃশ্য -অস্পৃশ্যৰ ধাৰণা জাতি ব্যৱস্থাৰ আন এটা বৈশিষ্ট্য।স্পৃশ্যসকলক পবিত্ৰ আৰু অস্পৃশ্যসকলক অপবিত্র বুলি গণ্য কৰা হয়।

এন. কে.দত্ত নামৰ সমাজবিজ্ঞানীজনৰ মতে জাতিৰ বৈশিষ্ট্যবোৰ হৈছে – 

জাতি এক অন্তবিৰ্বাহী সমূহ।এটা জাতিৰ সদস্যসকলে নিজৰ জাতিৰ বাহিৰত বৈবাহিক সম্বন্ধ স্থাপনৰ বাধা-নিষেধ আছে।

খোৱা-লোৱা, চাল-চলন আদিৰ ক্ষেত্ৰত এটা জাতিৰ সদস্যসকলে আন এটা জাতিৰ সদস্যসকলৰ লগত কিছুমান বাধা-নিষেধ মানি চলে।

প্ৰত্যেক জাতিৰ একোটা নিৰ্ধাৰিত জাতিগত বৃত্তি থাকে আৰু জাতিটোৰ সদস্যসকলে সেই বৃত্তিৰ দ্বাৰাই পৰিচালিত হোৱাটো বাঞ্ছা কৰে।

জাতি জন্মৰ ওপৰত আধাৰিত।যি যিটো জাতিৰ জন্ম হয়, তেওঁ সেই জাতিৰ বুলিয়েই পৰিচিত হয়।এই জাতিৰ সদস্যসকল আন এটা জাতিলৈ পৰিৱৰ্তিত হ’ব নোৱাৰে। জাতি ব্যৱস্থাত উচ্চ-নীচ সংভতৰণ আছে।হিন্দু সমাজত আন সকলো জাতিতকৈ ব্ৰাহ্মণৰ স্থান উচ্চ।

সমগ্ৰ জাতি ব্যৱস্থাটোৱেই ব্ৰাহ্মণৰ প্রস্থিতিৰ ওপৰত নিৰ্ভৰশীল।

এই বৈশিষ্ট্যসমূহৰ উপৰি জাতি ব্যৱস্থাৰ আন কিছুমান বৈশিষ্ট্যও পৰিলক্ষিত হয়।সেইবোৰ হৈছে – জাতি ব্যৱস্থাই সমাজক খণ্ড -উপখণ্ডত বিভক্ত কৰে ; সেয়ে জাতি ব্যৱস্থা হৈছে সমাজৰ এক খণ্ড বিভাজন ব্যৱস্থা।

ই হৈছে ধৰ্মীয় আৰু সামাজিক সংস্তৰণ ব্যৱস্থা।

সামাজিক ৰীতি-নীতি,খোৱা-বোৱাৰ ক্ষেত্ৰতো সমাজৰ জাতিবোৰৰ মাজত প্ৰভেদ আছে।,জাতি অন্তবিৰ্বাহী সমুহ।

জাতি ব্যৱস্থাত জাতিৰ নিৰ্ধাৰিত বৃত্তিৰ বাহিৰে পৃথক বৃত্তিৰ গ্ৰহণৰ বাধা-নিষেধ আছে।

সামাজিক আৰু ধর্মীয় নিৰ্ভৰযোগ্যতাৰ স্থান জাতি ব্যৱস্থাত বিদ্যমান ।

ওপৰত বৈশিষ্ট্যসমূহৰ পৰা ক’ব পাৰি যে, জাতি ব্যৱস্থা এক জটিল প্ৰকৃতিৰ সামাজিক ব্যৱস্থা।জাতি-ব্যৱস্থাত খাদ্যভাস,চাল-চলন ,বিবাহ, বৃত্তি আদিৰ লগত সম্পৰ্কযুক্ত।জন্মৰ দ্বাৰাই জাতিৰ সদস্যতা নিৰূপিত হয়।এটা জাতিৰ সদস্যসকলে আন এটা লগত খোৱা-লোৱা, বিয়া-বাৰু কৰোৱা আদিৰ ক্ষেত্ৰত বাধা-নিষেধ আছে।জাতিৰ সদস্যতা পৰিৱৰ্তন নহয়।ব্যক্তিয়ে যিটো জাতিত জন্ম গ্ৰহণ কৰে সেই জাতিৰে সদস্য হয়।জাতি ব্যৱস্থাত স্ফজন পদ্ধতি, বিবাহ, খোৱা-লোৱা আদিত ভিন্নতা দেখা যায়।

ভাৰতৰ হিন্দু সমাজ ব্যৱস্থাৰ অনন্য সংস্তৰণ পদ্ধতিত বিভিন্ন সমূহবিলাকৰ ভিতৰত নিম্নতম ভৰত থকা লোকসকলক পৰম্পৰাগতভাৱে  ‘অস্পৃশ্য জাতি’ বা ‘অনুসূচীত জাতি’ বুলি জনা যায়।এই লোকসকলৰ হিন্দু সংস্তৰণৰ চাৰিবৰ্ণ ; যেনে – ব্ৰাহ্মণ, ক্ষত্ৰিয়,বৈশ্য আৰু শূদ্ৰৰ বাহিৰত ৰখা হৈছিল।এই লোকসকলৰ সাধাৰণতে পঞ্চম বৰ্ণৰ লোক হিচাপে গণ্য কৰা হৈছিল।বৈদিক যুগ তথা ৰামায়ণ, মহাভাৰতৰ যুগতো অস্পৃশ্য জাতিৰ উল্লেখ আছে।সেই সময়ত তেওঁলোকৰ ‘চণ্ডাল’,’নিষাদ’ আদি নামেৰে জনা যায়।

ইংৰাজসকলে ভাৰত শাসন কৰি থকা সময়ছোৱাত সাধাৰণ অস্পৃশ্য জাতিৰ লোকসকলক  ‘ বাহ্য জাতি’ বা Exterior Caste বুলি অভিহিত কৰিছিল।

১৯২৭ চনৰ চাইমন আয়োগে পোন প্ৰথমবাৰৰ বাবে অস্পৃশ্য জাতি বা Untouchable Caste শব্দটো ব্যৱহাৰ কৰিছিল।এই অস্পৃশ্য জাতিৰ লোকসকলত আৰ্থ-সামাজিক উন্নয়নৰ বাবে চৰকাৰে ১৯৫৩ চনত তেওঁলোক এক বিশেষ অনুসূচীৰ অন্তৰ্ভুক্ত কৰে।১৯৫৩ চনত ভাৰতবৰ্ষৰ সংবিধানত তেওঁলোকক অনুসূচীত জাতি হিচাপে অন্তৰ্ভুক্ত কৰা হয়।কিন্তু জাতিৰ পিতা মহামানৱ মহাত্মা কৰিছিল তেওঁৰ মতে হৰিজন (Harijan) মানে ভগৱানৰ মানুহ (The people of the God.)।

Q.3. What do you mean by Family ? Discuss various characteristics of Family? 

Ans: পৰিয়াল হ’ল সমাজৰ বুনিয়াদী একক।ই সমাজৰ সবাতোকৈ গুৰুত্বপূৰ্ণ প্ৰাথমিক গোট।এটা পৰিয়াল পিতৃ, মাতৃ,এটা নাইবা একাধিক সন্তান আৰু কেতিয়াবা নিকট অথবা দূৰসম্পর্কীয় আত্মীয়ৰে গঠিত।পৰিয়াল হ’ল শিশুৱে চিনি পোৱা আৰু সবাতোকৈ তাৎক্ষণিক সামাজিক অনুষ্ঠান।পৰিয়ালত শিশুৱে ভাষা, আচৰণৰ আৰ্হি আৰু সামাজিকভাৱে স্বীকৃত আচাৰ-বিধিবোৰ শিকে।আমাক জন্ম মুহূৰ্তত পৰা শেষ নিশ্বাস পেলোৱা মুহূৰ্তটোলৈকে পৰিয়ালে অবিৰতভাৱে প্ৰভাৱিত কৰে।পৰিয়ালৰ প্ৰকৃতি সাৰ্বজনীন আৰু স্থায়ী যদিও সমাজভেদে ইয়াৰ গাঁথনি ভি্ন ভি্ন হোৱা দেখা যায়।জনজাতীয় আৰু কৃষিজীৱী সমাজবোৰত কেইবাটাও প্ৰজন্মৰ লোক বাস কৰে।এই সমাজবোৰত মূলতঃ ‘যৌথ পৰিয়াল’ৰ অস্তিত্ব দেখা যায়।ঔদ্যোগিক সমাজত পৰিয়াল বুলিলে কেৱল মাত্ৰ পিতৃ- মাতৃ আৰু সন্তানৰ কথা বুজোৱা হয়।সমাজশাস্ত্ৰবিদসকলে এনে পৰিয়ালক ‘একক পৰিয়াল’বোলে।পৰিয়াল একোটা একাধিক সদস্যৰে গঠিত।আটাইবোৰ সদস্যই একেলগে বাস কৰে।তেওঁলোকৰ একোটা ঘৰ থাকে।পৰিয়ালৰ সদস্যবোৰ একেলগে থকাৰ বাবে সুনিৰ্দিষ্ট উদ্দেশ্য কিছুমান বান্ধি লয়।এই অৰ্থত পৰিয়ালবোৰ হ’ল একো একোটা দল।প্ৰতিটো পৰিয়ালতে কিছুমান নীতি-নিয়ম থাকে।এইটো অৰ্থত পৰিয়ালবোৰ একো একোটা অনুষ্ঠান।

পৰিয়ালৰ সংজ্ঞা (Definitions of Family): মেক্ আইভাৰৰ মতে, ‘পৰিয়াল হ’ল এনে এটা গোট যিটোক এক সুনিৰ্দিষ্ট যৌন সম্পৰ্কৰ দ্বাৰা সংজ্ঞাবদ্ধ কৰিব পাৰি আৰু এই সম্পৰ্কটো সন্তানৰ জন্ম তথা লালন-পালনৰ সুবিধা আগবঢ়াবলৈ বৰ্তি থাকে।”

এম এফ নিমক’ফৰ মতে, ‘পৰিয়াল মানে হ’ল কম-বেছি পৰিমাণে সন্তানৰ সৈতে অথবা সন্তান অবিহনে পতি-পত্নীৰ মাজৰ দীৰ্ঘস্থায়ী সম্পৰ্ক অথবা এজন অকলশৰীয়া পুৰুষ নাইবা এগৰাকী অকলশৰীয়া নাৰীৰ সন্তানৰ সৈতে থকা সম্পৰ্ক’।

ইলিয়ট আৰু মেৰিলৰ মতে, ‘পৰিয়াল হ’ল স্বামী ,স্ত্ৰী আৰু সন্তানৰে গঠিত এটা জৈৱ-সামাজিক একক।’

পৰিয়ালৰ বৈশিষ্ট্য (Characteristics of Family): ওপৰত উল্লেখ কৰা সংজ্ঞাকেইটাৰ আধাৰত পৰিয়ালৰ তলত দিয়া বৈশিষ্ট্যকেইটা বাহিৰ কৰা হৈছে – 

(ক) পৰিয়াল হ’ল বিবাহৰ ফল (A form of Marriage): পুৰুষ-নাৰীৰ মাজত শাৰীৰিক সম্পৰ্ক-স্থাপনৰ পথ সুচল কৰি তোলাৰ উপায়টো হ’ল বিবাহ অনুষ্ঠান।

(খ) পৰিয়াল হ’ল এক নামকৰণৰ ব্যৱস্থা (A system of nomenclature): প্ৰতিটো পৰিয়ালকে একোটা নিৰ্দিষ্ট নামেৰে জনা যায় অথবা চিনাক্ত কৰা হয়।

(গ) পৰিয়াল হ’ল এক আৰ্থিক সুবিধা আগবঢ়োৱা অনুষ্ঠান (A economic Provision): প্ৰতিটো পৰিয়ালকে টকা-পৰিচাই পূৰণ কৰিব পৰা প্রয়োজনীয়তাবোৰৰ বাবে আৰ্থিক সুবিধা কিছুমান লাগে।পৰিয়ালৰ মুৰব্বীগৰাকীয়ে অন্য সদস্যৰ আৰ্থিক প্ৰয়োজনবোৰ পূৰণ কৰে।ই পৰিয়ালৰ পৰম্পৰাগত কাৰ্য সম্পাদন পদ্ধতি।পূৰ্বতে এই ব্যৱস্থাটো পৰিয়াল এটা চলিবৰ বাবে পৰ্যাপ্ত আছিল।কিন্তু বৰ্তমান পৰিস্থিতি সলনি হৈছে।পৰিয়ালৰ সদস্যসকলে আজিকালি ঘৰতে একেলগে কাম নকৰে।আধুনিক পৰিয়ালৰ অৰ্থনৈতিক ভূমিকাৰ বহুখিনি সংশোধন ঘটিছে।এতিয়াৰ পৰিয়ালবোৰ উৎপাদনকাৰী পৰিয়াল হৈ থকা নাই।পৰিয়ালবোৰ উৎপাদন উপভোগ কৰা এককলৈ সলনি হৈছে।

(ঘ) পৰিয়াল হ’ল এক উমৈহতীয়া বাসস্থান (A common habitation): পৰিয়াল এটাক বসবাস কৰিবলৈ এটা ঘৰৰ প্ৰয়োজন।সন্তান ঘৰত ওপজে আৰু ডাঙৰ- দীঘল হয়।বাহিৰত কৰ্মৰত পিতৃ -মাতৃয়েও বিশ্ৰাম, সুৰক্ষা আৰু মানসিক শান্তিৰ বাবে ঘৰৰ ওপৰত নিৰ্ভৰশীল।সেয়েহে বাসগৃহক ‘মৰমৰ  ঘৰখন’ বুলিও কোৱা হয়।

Q.4. Discuss various nature of Family? 

Ans: পৰিয়ালৰ প্ৰকৃতি (Nature of Family) পৰিয়াল বহু ধৰণৰ হ’ব পাৰে।পৰিয়ালৰ প্ৰকৃতি হ’ল – 

(ক) সৰ্বজনীনতা (Universality): পৰিয়াল হ’ল পৃথিৱীৰ সবাতোকৈ উমৈহতীয়া আৰু সৰ্বজনীন গোট।ই মানৱ ইতিহাসৰ সৰ্বপ্ৰথম অনুষ্ঠান।পৰিয়াল অবিহনে সংস্কৃতি আৰু সমাজৰ কোনো অস্তিত্ব নাই।প্ৰতিগৰাকী ব্যক্তিয়ে একো একোটা সদস্য।

(খ) আবেগিক ভিত্তি (Emotional basis): পৰিয়াল হ’ল এনে এক অনুষ্ঠান যিটোৱে প্ৰতিগৰাকী সদস্যক আবেগিক সন্তুষ্টি আৰু সুৰক্ষা প্ৰদান কৰে।পৰিয়ালে ইয়াৰ সকলো সদস্যকে সবাতোকৈ অন্তৰংগ আৰু মৰমৰ সম্পৰ্কবোৰ স্থাপনৰ সুযোগ দিয়ে।ব্যক্তিয়ে প্ৰথমে নিজৰ পিতৃ-মাতৃৰ পৰিয়ালত মৰম-চেনেহৰ অভিজ্ঞতা লাভ কৰে।পিতৃ- মাতৃ আৰু ভাতৃ-ভগ্নীয়ে মানুহক মৰম ,সহানুভূতি আৰু দৰদ দেখুৱায়।

(গ) সীমিত আকাৰ (Limited size): পৰিয়ালবোৰৰ আকাৰ সৰু।ই হ’ল সমাজৰ ক্ষুদ্ৰতম সামাজিক গোট।

(ঘ) জীৱন গঢ়াৰ আদি কালছোৱাত পৰিয়ালৰ প্ৰভাৱ (Formative influence): পৰিয়ালে ইয়াৰ সদস্যসকলৰ ওপৰত সবাতোকৈ গভীৰ প্ৰভাৱ পেলায়।ই সদস্যসকলৰ আচৰণ আৰু চৰিত্ৰ গঢ় দিয়ে আৰু ব্যক্তিত্ব গঢ়ি তোলাত সহায় কৰে।শিশুৱে পিতৃ-মাতৃৰ পৰা শাৰীৰিক ,মানসিক আৰু জৈৱিক বৈশিষ্ট্যৰ ঐতিহ্য উত্তৰাধিকাৰী সূত্ৰে লাভ কৰে।

(ঙ) কোষকেন্দ্ৰিক অৱস্থান (Nuclear Position): সমগ্র সামাজিক গাথঁনিটো পৰিয়াল এককক কেন্দ্ৰ কৰি গঠিত।পৰিয়াল হ’ল অন্য সকলোবোৰ সামাজিক দলৰ ভেটি।বিবাহ, পিতৃ -মাতৃয়ে আৰোপ কৰা বাধ্যবাধকতা আৰু ভাতৃ-ভগ্নীৰ সৈতে থকা সম্পৰ্কই পৰিয়ালক এখন সমাজৰ প্ৰধান আনুষ্ঠানিক কোষত পৰিণত কৰিছে।

(চ) সদস্যসকলৰ দায়িত্ব (Responsibility of members): শিশুৱে পৰিয়ালৰ পৰা প্ৰাথমিক মনোভাৱ আৰু ধাৰণা গঢ়াৰ শিক্ষা লাভ কৰে।শিশুৰ সামাজিকীকৰণ প্ৰক্ৰিয়াত পৰিয়ালে গভীৰ প্ৰভাৱ পেলায়।শিশুৱে পৰিয়ালতেই সামাজিক দায়িত্বৰ বিষয়ে শিকে।

(ছ) সামাজিক নিয়ন্ত্ৰণ (Social regulation): পৰিয়ালবোৰক সামাজিক প্ৰথা আৰু আইনসংগত নীতি-নিয়মে নিয়ন্ত্ৰণ কৰে।

এনে প্ৰথা আৰু নীতি-নিয়মবোৰ উলংগা কৰা সহজ নহয়।পৰিয়ালৰ ডাঙৰসকলৰ তত্বাৱধানত শিশুৱে সামাজিক প্ৰথা আৰু আইনসংগত নীতি-নিয়মবোৰ অনুসৰণ কৰে।

(জ) স্থায়িত্ব আৰু অস্থায়িত্ব (Permanent and temporary): পৰিয়াল হ’ল এক বিশ্বজনীন আৰু স্থায়ী অনুষ্ঠান।বিবাহৰ জৰিয়তে পৰিয়ালৰ সদস্যসকলে একোটা নতুন পৰিয়ালৰ সৃষ্টি কৰে।এই প্ৰক্ৰিয়াটো অহনির্শে চলি থাকে।

Q.5. Discuss various types or forms of Family?

Ans: পৰিয়ালৰ প্ৰকাৰ অথবা ৰূপ (Types or Forms of the Family):

সমাজতত্ত্ববিদসকলে আকাৰ ,বাসস্থান, পূৰ্বপুৰুষ, দক্ষতা তথা কৰ্তৃত্ব আৰু বিবাহ – এইকেইটা কাৰকৰ ভিত্তিত পৰিয়ালবোৰৰ শ্ৰেণীবিভাজন কৰিছে।অবশ্য এই কাৰককেইটাৰ কথা বিবেচনা কৰাৰ আগতে আন এটা কথা মানি লোৱা ভাল হ’ব যে এইবোৰৰ উপৰি আন বহুতো কাৰক আছে যিবোৰৰ আধাৰতো পৰিয়ালৰ শ্ৰেণীবিভাজন কৰিব পৰা যায়।ঐতিহাসিক ক্ৰমৰ আধাৰত পৰিয়ালবোৰক প্ৰাচীন, মধ্যযুগীয় আৰু আধুনিক পৰিয়ালত ভগাব পাৰি।সামাজিক পাৰিপাৰ্শ্ববিজ্ঞানৰ ভিত্তিত পৰিয়ালবোৰক গাঁৱলীয়া আৰু চহৰীয়া এই দুভাগত ভগাব পাৰি।গাথঁনিৰ আধাৰত আমি পৰিয়ালবোৰক আদিম কৃষিজীৱী আৰু ঔদ্যোগিক পৰিয়ালৰূপে ভগাব পাৰোঁ।

আকাৰ (Size) ভিত্তিত পৰিয়ালবোৰক তিনিটা ভাগত ভগোৱা হয় – একক পৰিয়াল (Nuclear Family), সম্প্ৰসাৰিত পৰিয়াল (Extended family) আৰু যৌথ পৰিয়াল (Joint family) 

(১) একক পৰিয়াল (Nuclear Family): এনে পৰিয়ালত স্বামী,স্ত্ৰী আৰু তেওঁলোকৰ সন্তানে বাস কৰে।এনে পৰিয়ালৰ আকাৰ সৰু।

(২) সম্প্ৰসাৰিত পৰিয়াল (Extended Family): সম্প্ৰসাৰিত পৰিয়ালৰ সদস্যসকলে ভি্ন ভি্ন ঘৰত বাস কৰে। কিন্তু তেওঁলোকৰ মাজত ঘনিষ্ঠ আত্মীয়তা থাকে আৰু তেওঁলোক কোনো উমৈহতীয়া বৃত্তিত জড়িত।সাধাৰণতে জনজাতি সমাজবোৰত সম্প্ৰসাৰিত পৰিয়াল থকা দেখা যায়।

(৩) যৌথ পৰিয়াল (Joint Family): যৌথ পৰিয়ালবোৰৰ আকাৰ ডাঙৰ।এটা যৌথ পৰিয়ালত বহুকেইটা পৰিয়াল আৰু বহুকেইটা প্ৰজন্মৰ লোক বাস কৰে।এনে পৰিয়ালবোৰ হ’ল প্ৰাণচঞ্চল আত্মীয়তৰে গঠিত গোট।যৌথ পৰিয়ালৰ সদস্যসকল একোটা ঘৰতে একে কতৃত্বৰ অধীনত বাস কৰে।

বাসস্থান (resistance) ৰ ভিত্তিত পৰিয়ালবোৰক য় (Patrilocal) আৰু মাতৃস্থানীয় (matrilocal) পৰিয়ালত ভগোৱা হয়।

(১) পিতৃস্থানী পৰিয়াল (Patrilocal family): এনে পৰিয়ালত বিবাহিতা মহিলাই স্বামীৰ পৰিয়ালৰ সৈতে বাস কৰে।পৃথিৱীৰ অধিকাংশ পৰিয়ালে এই ভাগত পৰে।

(২) মাতৃস্থানীয় পৰিয়াল (Matrilocal family): এনে পৰিয়ালবোৰত বিবাহিত পুৰুষে পত্নীৰ পৰিয়ালৰ সৈতে বাস কৰে।

পূৰ্বপুৰুষ (ancestors) ৰ ভিত্তিত পৰিয়ালবোৰক পিতৃকুলীয়  (patrilineal family) আৰু মাতৃকুলীয় (patrilocal family) পৰিয়ালত ভগোৱা হয়।

(১) পিতৃকুলীয় পৰিয়াল (Patrilineal Family): এনে পৰিয়ালত পূৰ্বজন্মবোৰৰ মুৰব্বী হ’ল একোগৰাকী পুৰুষ।পৃথিৱীৰ অধিকাংশ পৰিয়ালেই পিতৃকুলীয়।

(২) মাতৃকুলীয় পৰিয়াল (Matrilineal Family): এনে পৰিয়ালৰ পূৰ্বজন্মৰ মুৰব্বী হ’ল একোগৰাকী মহিলা।

ক্ষমতা আৰু কতৃত্ব (Power and authority) ৰ আধাৰত পৰিয়ালবোৰক দুভাগত ভগাব পাৰি – পিতৃপ্ৰধান (Patriarchal category) আৰু মাতৃপ্ৰধান (Matriarchal category) পৰিয়াল।

(১) পিতৃপ্ৰধান পৰিয়াল (Patriarchal category): এনে পৰিয়ালত পিতৃগৰাকীয়ে মুৰব্বীৰ ভূমিকা লয়।পৰিয়ালকেন্দ্ৰিক সকলো ক্ষমতা আৰু কতৃত্ব পিতৃগৰাকীৰ হাতত ন্যস্ত থাকে।

(২) মাতৃপ্ৰধান পৰিয়াল (Matriarchal categories): এনে পৰিয়ালত সকলো ক্ষমতা আৰু কৰ্তৃত্ব মাতৃগৰাকীৰ হাতত ন্যস্ত থাকে।মাতৃ এনে পৰিয়ালৰ মুৰব্বী।বিবাহৰ আধাৰ সমাজবোৰক তিনিটা প্ৰধান ভগোৱা হয় – বহুবিবাহ প্ৰথাৰ মানি চলা পৰিয়াল (Polygamous family),বহুপতি প্ৰথা মানি চলা পৰিয়াল (Polyandrous family) আৰু এক বিবাহ প্ৰথা মানি চলা পৰিয়াল (Monogamous family)।

(১) বহুবিবাহ প্ৰথা মানি চলা পৰিয়াল (Polygamous family): এনে পৰিয়ালত এজন মানুহে অকাধিবাৰ বিয়া কৰাব পাৰে।

(২) বহুপতি মানি চলা পৰিয়াল (Polyandrous family): এনে পৰিয়ালত নাৰীয়ে একাধিক পুৰুষৰ সৈতে বিয়া হ’ব পাৰে, পতিসকলৰ সৈতে একেলগে বাস কৰিব পাৰে নাইবা সলনা-সলনিকৈ প্ৰতিগৰাকী পতিৰ সৈতে বাস কৰিব পাৰে।

(৩) একবিবাহ প্ৰথা মানি চলা পৰিয়াল (Monogamous family): এনে পৰিয়ালত এজন পুৰুষে এবাৰত এগৰাকী নাৰীকহে বিয়া কৰাব পাৰে।

Q.6. Elaborate different functions performed by the family?

Ans: পৰিয়ালৰ কার্য (Functions of Family): এটা সমাজৰ অনুষ্ঠান হিচাপে পৰিয়ালে বিভিন্ন কার্য সম্পাদন কৰে।পৰিয়ালৰ কাৰ্যবোৰ তলত চমুকৈ উল্লেখ কৰা হ’ল – 

১) সন্তান জন্ম দিয়া (Production and rearing of the child): সকলো প্ৰাণীয়েই সন্তান জন্ম দিয়ে।যৌন সন্তুষ্টিৰ ফলাফল হ’ল সন্তান জন্ম দিয়া কার্য।সন্তান জন্ম দিবলৈ প্ৰয়োজনীয় হোৱা প্ৰজনন প্ৰক্ৰিয়াটোক পৰিয়ালে আনুষ্ঠানিক মান্যতা প্ৰদান কৰে।প্ৰজনন ক্ৰিয়া সম্পূৰ্ণ কৰি পৰিয়ালবোৰে মানৱ প্ৰজাতিৰ বৃদ্ধি আৰু ধাৰাবাহিকতাত অৱদান আগবঢ়ায়।

২) সন্তান জন্ম দিয়া আৰু ডাঙৰ-দীঘল কৰা (Production and rearing of the child): পৰিয়ালে প্ৰতিগৰাকী ব্যক্তিকে জীৱন দান কৰে আৰু বৰ্তি থকাৰ সুযোগ দিয়ে।মানুহৰ নবজাত কালছোৱা দীঘলীয়া।কেঁচুৱা এটা জন্মৰ সময়ত অসহায় হৈ থাকে।ই পৰিয়ালৰ সুৰক্ষা বিচাৰে।পৰিয়াল হ’ল একমাত্ৰ অনুষ্ঠান যিটোৱে পাৰদৰ্শিতাৰে শিশু এটিক ডাঙৰ-দীঘল কৰিব পাৰে।

৩) ঘৰৰ সুবিধা (Provision of home): পৰিয়ালে ইয়াৰ সদস্যসকলক আশ্ৰয়স্থল প্ৰদান কৰে।সন্তান ঘৰত ওপজে আৰু ডাঙৰ -দীঘল হয়।পুৰুষ আৰু নাৰীয়ে উভয়ে ঘৰ এখনৰ সপোন দেখে।বাহিৰত কৰ্মৰত পিতৃ-মাতৃসকলেও আৰাম, সুৰক্ষা আৰু শান্তিৰ লাভৰ বাবে ঘৰৰ ওপৰত নিৰ্ভৰশীল।

৪) পৰিয়াল হ’ল সংস্কৃতি প্ৰচাৰৰ এক আহিলা আৰু সামাজিকীকৰণৰ এটা প্ৰতিভূ (Family is an instrument of culture transmission and an agent of socialization): পৰিয়ালে ধাৰণা আৰু আদৰ্শ,লোকপন্হা আৰু লোকাচাৰ,প্ৰথা আৰু পৰম্পৰা, বিশ্বাস আৰু প্ৰমূল্যবোৰ এটা প্ৰজন্মৰ পৰা আন প্ৰজন্মলৈ বাগৰি যোৱাত সহায় কৰে।পৰিয়ালবোৰ সামাজিকীকৰণৰো একোটা প্ৰতিভূ।

৫) সামাজিক প্রস্থিতিআৰোপন কৰা (Status ascribing function): মানুহে আমাক নামেৰে চিনি পায়।আমি পৰিয়ালৰ পৰা নাম লাভ কৰোঁ।পৰিয়াল হ’ল আমাৰ সামাজিক চিনাক্তকৰণৰ উৎস।আমাৰ পৰিয়ালবোৰে আমাক বিভিন্ন সামাজিক প্রস্হিতি প্ৰদান কৰে।পৰিয়ালে আমাক নৃগোষ্টীয় প্রস্থিতি ,ৰাষ্টীয়তাৰ প্রস্থিতি,ধৰ্মীয় প্রস্থিতি, বাসস্থানকেন্দ্ৰিক প্রস্থিতি, আৰু শ্ৰেণী প্রস্থিতিৰ লগতে কেতিয়াবা আমাৰ ৰাজনৈতিক আৰু শৈক্ষিক প্রস্থিতি আদিও প্ৰদান কৰে।

৬) আদৰ -যত্ন প্ৰদান কৰা (Affectionate function): মানুহে নিজৰ শাৰীৰিক তথা মানসিক প্ৰয়োজন পূৰণ কৰিব বিচাৰে।পৰিয়াল হ’ল এনে এক অনুষ্ঠান যিটোৱে ইয়াৰসকলক আবেগিক সন্তুষ্টি তথা সুৰক্ষা প্ৰদান কৰে।

৭) অৰ্থনৈতিক কার্য সম্পাদন (Economic function): পৰিয়ালে ইয়াৰ সদস্যজকলৰ অৰ্থনৈতিক প্ৰয়োজন পূৰণ কৰে।পৰিয়ালৰ এক পৰম্পৰাগত কার্য ।পূৰ্বতে পৰিয়ালবোৰ আছিল একো একোটা অৰ্থনৈতিক একক।ঔদ্যোগিকীকৰণৰ ফলস্বৰূপে কল-কাৰখানাই সামগ্ৰী উৎপাদন কৰে আৰু পৰিয়ালবোৰে তেনে সামগ্ৰীবোৰ উপভোগ কৰে।অৰ্থাৎ পৰিয়ালবোৰ বৰ্তমান উৎপাদনকাৰী এককৰ সলনি উপভোক্তা এককত পৰিণত হৈছে।

৮) শৈক্ষিক কাৰ্য সম্পাদন (Educational functions): পৰিয়ালে শিশুক আনুষ্ঠানিক শিক্ষা লাভৰ সহায় কৰে।সময়ৰ সৌতত সমাজলৈ যথেষ্ট পৰিবৰ্তন আহিছে যদিও ই এতিয়াও শিশুহঁতৰ সামাজিক মনোভাৱ আৰু সুঅভ্যাস গঢ়াৰ প্ৰাথমিক প্ৰশিক্ষণ দিয়ে।সিহঁতে ডাঙৰ হৈ ঘৰ আৰু পৰিয়ালৰ ভিতৰ-বাহিৰৰ বিভিন্ন পৰিস্হিতি এনে শিক্ষাৰ ফলতেই নিয়ন্ত্ৰণ কৰিব পৰা হয়।

৯) ধৰ্মীয় কার্য সম্পাদন (religious functions): পৰিয়াল হ’ল ধৰ্মীয় প্ৰশিক্ষণৰ কেন্দ্ৰ।ল’ৰা-ছোৱালীয়ে মাক-দেউতাকৰ পৰা বিভিন্ন ধৰ্মীয় নীতি-নিয়ম শিকে।পৰিয়ালে সন্তানক ধৰ্মীয় প্ৰমূল্য ,নৈতিক ধাৰণা, ঈশ্বৰ উপাসনাৰ পন্হা আদিৰ বিষয়ে শিকায়।পৰিয়ালে ইয়াৰ সদস্যসকলৰ আধ্যাত্মিক প্রয়োজনীয়তা পূৰণ কৰে।

১০) অৱসৰ বিনোদনমূলক কার্য সম্পাদন (The recreational functions): এসময়ত অৱসৰ বিনোদনমূলক কাৰ্যকলাপবোৰ বেছিভাগেই আছিল পৰিয়ালভিত্তিক।ফলত পৰিয়ালৰ সদস্যসকলৰ মাজত ঘনিষ্ঠতা বাঢ়িছিল।কিতাপ পঢ়া,গীত গোৱা, নচা,ঘৰৰ ভিতৰতে খেলিব পৰা বিভিন্ন খেল -ধেমালি আদিৰ দ্বাৰা গোটেই পৰিয়ালটো একতাৰ ডোলেৰে বান্ধ খাই ৰৈছিল।

Q.7. Discuss the merits and demerits of joint family system.

Ans: যুটীয়া হৈছে ভাৰতীয় সমাজৰ উল্লেখযোগ্য বৈশিষ্ট্য।যুটীয়া পৰিয়াল বুলিলে সাধাৰণতে বিবাহিত পতি-পত্নী আৰু তেওঁলোকৰ সন্তানসকলৰ উপৰিও ককাই- ভাই, খুড়া- খুড়ী ইত্যাদি সম্বন্ধেৰে বান্ধ খাই সহবাস কৰি থকা পৰিয়াল ব্যৱস্থাকে বুজা যায়।সমাজতত্ববিদ ইৰাৱতী কাৰ্ৱেৰ মতে, যুটীয়া পৰিয়াল হৈছে কিছুমান ব্যক্তিৰ সমূহ,যিসকল সাধাৰণতে একে গৃহতে বসবাস কৰে, একে ৰান্ধনিশালতে ৰন্ধা-বঢ়া কৰে, যিসকলৰ উমৈহতীয়া সম্পত্তি থাকে, একেলগে পূজা অৰ্চনা কৰে আৰু যিসকলৰ মাজত স্বজনতা সম্বন্ধ থাকে।

ভাৰতীয় সমাজ সংস্কৃতিৰ দিশত প্ৰভাৱিত কৰা যুটীয়া পৰিয়াল ব্যৱস্থাৰ বিভিন্ন ধৰণৰ সুবিধা অসুবিধা সমাজত পৰিলক্ষিত হয়।যুটীয়া পৰিয়ালৰ সুবিধাসমূহ হৈছে এনেধৰণৰ – 

(ক) সমাজত যুটীয়া পৰিয়ালৰ স্থায়িত্ব দেখিবলৈ পোৱা যায়।যুটীয়া পৰিয়ালত ককাই ভাইৰ লগতে তেওঁলোকৰ সন্তানসকলে একেলগে বসবাস কৰে।গতিকে উপৰিপুৰুষসকলৰ মৃত্যুৰ পাছত উত্তৰ পুৰুষসকলে পৰিয়ালৰ সাংস্কৃতিক পৰম্পৰা ৰক্ষা কৰাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়ায়।

(খ) যুটীয়া পৰিয়ালে সকলো সদস্যৰে নূন্যতম আৱশ্যকতাসমূহ পূৰণ কৰাত সহায় কৰে।অৰ্থনৈতিক উন্নয়নৰ মৌলিক স্বত্ব হিচাপে প্ৰয়োজনীয় অন্ন বস্ত্ৰ আৰু বাসস্থানৰ সুবিধা পৰিয়ালৰ সকলো সদস্যৰ বাবে যুটীয়া পৰিয়ালে যোগান ধৰে।

(গ) যুটীয়া পৰিয়াল ব্যৱস্থাৰ সঞ্চয়ৰ উপযুক্ত সুবিধা থাকে।ফলস্বৰূপে পৰিয়ালৰ আৱশ্যকীয় বস্তুসমূহ সময় অনুসৰি যোগাৰ কৰাত সমৰ্থবান হয়।যুটীয়া পৰিয়ালত কোনো নিৰ্দিষ্ট বা বিশেষ ব্যক্তিৰ সম্পত্তিৰ ওপৰত অধিকাৰ নাথাকে।পৰিয়ালৰ মুৰব্বীগৰাকীয়ে অন্য সদস্যক অনৰ্থক যুটীয়া কৰিবলৈ অনুমতি প্ৰদান নকৰে।ফলস্বৰূপে যুটীয়া পৰিয়ালৰ সকলো সদস্য সমূহীয়াভাৱে উপকৃত হয়।

(ঘ) যুটীয়া পৰিয়ালত ব্যৱস্থাত পৰিয়ালৰ সদস্যসকলৰ শাৰীৰিক আৰু মানসিক নিৰাপত্তা প্ৰদান কৰা হয় ।পৰিয়ালৰ দুৰ্বল, ৰুগীয়া,বৃদ্ধ, শিশু, বিকলাংগ আদি সদস্যসকলক যুটীয়া পৰিয়ালৰ সদস্যসকলক মৰম-স্নেহ আৰু আন্তৰিকতাৰে সকলো ফালৰে পৰা সহযোগিতা আগবঢ়ায়।

(ঙ) যুটীয়া পৰিয়ালে সামাজিক নিয়ন্ত্ৰণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।সাধাৰণতে যুটীয়া পৰিয়ালত বয়োজ্যেষ্ঠসকলে অনুজহকলক নিয়ন্ত্ৰণ কৰা দেখা যায়।যুটীয়া পৰিয়ালত অনুজহকলক সামাজিক আচৰণৰ শিক্ষা প্ৰদান কৰি পথভ্ৰষ্টমূলক কাৰ্যৰ পৰা আঁতৰাই ৰখাত সহায় কৰে।যুটীয়া পৰিয়ালত সদস্যসকলৰ মাজত থকা আত্মীয়তাই নিয়ন্ত্ৰণ সফল কৰি তোলে।

(চ) যুটীয়া পৰিয়ালত সদস্যসকলৰ মাজত কাম তথা শ্ৰম বিতৰণ কৰি লোৱাৰ বাবে সময় পায়।অৱসৰ বিনোদনে ব্যক্তিৰ কৰ্মস্পৃহা বৃদ্ধি কৰাৰ লগতে দায়িত্ববোধৰ প্ৰতি সচেতন কৰি তোলে।

(ছ) সাধাৰণতে যুটীয়া পৰিয়ালক আদৰ্শ শিক্ষাৰ কেন্দ্ৰ হিচাপে অভিহিত কৰা হয়।কিয়নো যুটীয়া পৰিয়ালৰ মাজতে সদস্যসকলে প্ৰেম,সহযোগিতা, সহিষুতা,নিয়মানুৱৰ্তিতা, দায়িত্ববোধ,ত্যাগ আদি আদর্শমূলক শিক্ষাসমূহ লাভ কৰে। যুটীয়া পৰিয়ালে সদস্যসকলৰ মাজত সাম্যবাদ আদৰ্শৰ দ্বাৰা বুজা পৰা বৃদ্ধি কৰে।

এনেদৰে দেখা যায় যে যুটীয়া পৰিয়াল ব্যবস্থাৰ সমাজত বিভিন্ন ধৰণৰ সুবিধা আছে।কিন্তু সমাজত যুটীয়া পৰিয়ালৰ কিছুমান অসুবিধাও দেখা যায়।সেইসমূহৰ ভিতৰত – 

(ক) যুটীয়া পৰিয়ালে ব্যক্তিৰ বিভিন্ন ব্যক্তিত্বৰ বিকাশত বিশেষ সুবিধা প্ৰদান নকৰে।কিয়নো এনে পৰিয়াল ব্যৱস্থাত জ্যেষ্ঠসকলে পৰিয়ালৰ অধিক দায়িত্ব গ্ৰহণ কৰে।যাৰ বাবে অনুজসকলে এলেহুৱা হোৱাৰ লগতে কৰ্মস্পৃহা প্ৰকাশ নকৰে।লগতে যুটীয়া পৰিয়ালত আত্মনির্ভৰশীল হ’বৰ বাবে সুবিধা নাথাকে।

(খ) যুটীয়া পৰিয়ালত ব্যক্তিৰ সৃষ্টিশীলতাক বহু সময়ত ধ্বংসমূখী কৰি তোলা হয়।কিয়নো যুটীয়া পৰিয়ালত অনুজসকলে সকলো ক্ষেত্ৰতে জ্যেষ্ঠসকলৰ অনুমতি ল’ব লাগে।যুৱক যুৱতীসকলৰ সৃষ্টিশীল মানসিকতাক বহুসময়ত উৎসাহিত কৰি তোলাৰ সলনি পৰিয়ালৰ মূৰব্বীগৰাকীয়ে বাধা প্ৰদান কৰে।যুটীয়া পৰিয়ালে ব্যক্তিবাদী সৎ ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত বাধা প্ৰদান কৰে।

(গ) যুটীয়া পৰিয়ালৰ সদস্যসকলে মুকলিভাৱে সঞ্চয় আৰু বিনিয়োগ কৰাৰ সুবিধা লাভ নকৰে।কিয়নো যুটীয়া পৰিয়াল ব্যৱস্থাত সম্পত্তিৰ ওপৰত সকলো অংশীদাৰ সদস্যৰে অধিকাৰ থাকে।সেইবাবে যুটীয়া পৰিয়ালৰ সদস্যসকলে স্বাধীনচিতীয়া সঞ্চয় বা বিনিয়োগৰ পৰা বিৰত থাকিব লাগে।

(ঘ) সাধাৰণতে পিতৃপ্ৰধান যুটীয়া পৰিয়ালত নাৰীয়ে দ্বিতীয় স্থানৰ ভূমিকা পালন কৰা দেখা যায়।এনে পৰিয়ালত নাৰীসকলক নিজস্ব ব্যক্তিত্ব বিকাশৰ বাবে পূৰ্ণ স্বাধীনতা প্ৰদান কৰা নহয়।এনে পৰিয়ালত নাৰীসকলক স্বাভাৱিকতে অস্তিত্বহীন সদস্য হিচাপে গণ্য কৰা হয়।পিতৃ প্ৰধান যুটীয়া পৰিয়ালত পুত্ৰ সন্তানে সকলো দিশতে অগ্ৰাধিকাৰ লাভ কৰে।

(ঙ) যুটীয়া পৰিয়ালসমূহত সাধাৰণতে নিখুট সামাজিকীকৰণ প্ৰক্ৰিয়া সম্পন্ন নহয়।যুটীয়া পৰিয়ালত পিতৃ মাতৃয়ে নিজাববীয়াকৈ শিশুৰ উন্নতি ক্ষেত্ৰত অধিক সময় দিবলৈ নাপায়।এনে পৰিয়ালত শিশুসকলে সততে ককাক আইতাকৰ সান্নিধ্য লাভ কৰাৰ ফলত বহু সময়ত পুৰিণিকলিয়া আচৰণে তেওঁলোকক আধুনিক বিশ্ব সভ্যতাৰ পৰা আঁতৰাই ৰাখে।

(চ) যুটীয়া পৰিয়ালত সদস্যৰ সংখ্যা বেছি হোৱাৰ বাবে, ই এক স্থূলস্থুলীয়া আৰু উশৃংখলতাৰ কেন্দ্ৰলৈ ৰূপান্তৰ ঘটে।যিহেতু যুটীয়া পৰিয়ালত সদস্যৰ সংখ্যা বেছি, সেয়ে অগ্ৰজ আৰু অনুজসকলৰ মাজত হাই কাজিয়া আদিৰ মাত্ৰা বেছি হয়।

(ছ) সমাজৰ প্ৰত্যেক মানুহৰে ৰুচি অভিৰুচি পৃথক পৃথক হয়।এই ক্ষেত্ৰত যুটীয়া পৰিয়ালৰ সদস্যসকলৰ মাজত সংঘাত তীব্ৰতৰ হোৱাতো স্বভাবিক।তদুপৰি এই পৰিয়ালত মহিলা সদস্যসকলৰ মাজতো সততে মনোমালিন্য হোৱা দেখা যায়।এনেধৰণৰ যুটীয়া পৰিয়ালৰ কিছুমান অসুবিধা সমাজত পৰিলক্ষিত হয়।যদিও সমাজত যুটীয়া পৰিয়ালৰ কিছুমান নেতিবাচক প্ৰভাৱ পৰে।তথাপি সমাজ ব্যৱস্থাত যুটীয়া পৰিয়ালৰ সদস্যসকলৰ ৰাজনৈতিক, অৰ্থনৈতিক, শৈক্ষিক, সাংস্কৃতিক, সামাজিক ইত্যাদি সকলো দিশতে সহযোগিতা আগবঢ়োৱাৰ ক্ষেত্ৰত বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰি আহিছে।তদুপৰি সামাজিক নিয়ন্ত্ৰণ কৰাত যুটীয়া পৰিয়ালে বিষেকভাৱে সহায় কৰে।

Q.8. define family. Discuss the functions of family as a social institution.

Ans: পৰিয়াল হৈছে এটা বিশ্বজনীন সামাজিক সংস্থা।পৰিয়াল হৈছে মানুহৰ সামাজিক জীৱনৰ প্ৰথম পদক্ষেপ।জন্মৰ পিছৰে পৰা মানুহে পৰিয়ালৰ মাজত থাকি সামাজিক শিক্ষা আহৰণ কৰে।সমাজৰ সকলো ব্যক্তিকে সামাজিক প্ৰাণী হিচাপে গঢ় দিয়াৰ ক্ষেত্ৰত পৰিয়ালৰ ভমিকা অপৰিসীম।এই বিশ্বজনীন সংস্থাটোৰ সম্পৰ্কে বিভিন্নজন সমাজতত্ত্ববিদে বিভিন্ন ধৰণেৰে সংজ্ঞা আগবঢ়াইছে।

সমাজতত্ববিদ মেক আইভাৰ আৰু পেজৰ মতে পৰিয়াল এনে এক নিৰ্দিষ্ট আৰু স্থায়ী যৌন সম্বন্ধৰ দ্বাৰা পৰিবেষ্টিত ব্যক্তিৰ সমূহ যি সন্তান জন্ম দিয়া আৰু সিহঁতক লালন পালন কৰা কাৰ্য সম্পাদন কৰে।

সমাজতত্ববিদ কিংছলি ডেভিছৰ মতে,”পৰিয়াল এনে কিছুমান ব্যক্তিৰ সমষ্টি ।যি সমষ্টিৰ পাৰস্পৰিক সম্বন্ধ কেৱল তেজ-মঙহৰ সম্বন্ধৰ ওপৰত ভিত্তি কৰে আৰু সেই কাৰণেই প্ৰত্যেকেই প্ৰত্যেকৰ সম্বন্ধীয় হৈ পৰে।

পৰিয়ালৰ উপৰোক্ত সংজ্ঞা দুটিয়ে পৰিয়ালৰ সৰ্বজনীন সংজ্ঞা আগবঢ়াবলৈ সমৰ্থ হোৱা নাই ।সেয়ে আনি পৰিয়াল বুলিলে এনেদৰে ক’ব পাৰোঁ যে যিসকল লোকে জন্মস্বত্বে আৰু সামাজিক ৰীতি-নীতি অনুসৰি পিতৃ-মাতৃ,পতি-পত্নী,সন্তান, সন্ততিৰ ভূমিকা গ্ৰহণ কৰি একেলগে উমৈহতীয়া বাসগৃহত থাকি জীৱন -নিৰ্বাহৰ কাৰণে কিছুমান অত্যন্ত প্ৰয়োজনীয় দায়িত্ব আৰু কৰ্তব্য পালন কৰে, সেইসকল লোকৰ সমষ্টিগত সহাৱস্থানেই হৈছে পৰিয়াল।

মানৱ জীৱনৰ মৌলিক সংগঠন পৰিয়াল পদ্ধতিৰ কার্য বহুতো।সমাজতত্ববিদ কিংছলি ডেভিছে এই কাৰ্যসমূহক চাৰিভাগত ভাগ কৰিছে।সন্তান প্ৰজনন,সন্তান প্ৰতিপালন, প্রস্থিতি প্ৰদান আৰু সামাজিকৰণ।আমি পৰিয়ালৰ মূল ক্ৰিয়াসমূহ আলোচনা কৰিলেহে,পৰিয়ালৰ বিষয়ে স্পষ্ট ধাৰণা হ’ব।সামাজিক সংস্থা হিচাপে এই পৰিয়াল ব্যৱস্থাই সমাজৰ বিভিন্ন ধৰণেৰে ক্ৰিয়া কৰা দেখিবলৈ পোৱা যায়।সামাজিক সংস্থা হিচাপে পৰিয়ালৰ কামসমূহ হৈছে এনেধৰণৰ – 

i) সামাজিক (Social Function): 

a) যৌন সম্বন্ধ নিয়ন্ত্ৰণ : যৌন প্ৰবৃত্তি মানুহৰ সহজাত প্ৰবৃত্তি পৰিয়ালৰ প্ৰধান কাম হল মানুহৰ সহজাত যেন প্ৰকৃতিৰ নিয়ন্ত্ৰণ কৰি সামাজিক শান্তি শৃংখলা অটুট ৰখা।

b) সংস্কৃতি হস্তান্তৰ : পৰিয়াল সমাজৰ পৰম্পৰাগত সংস্কৃতিৰ বাহক স্বৰূপ।পৰিয়ালৰ নবজাত সন্তানক পিতৃ- মাতৃৰ উপৰি আন সদস্যসকলেও মাত -কথা, খোৱা-বোৱা, পিন্ধন-উৰণ, স্বাস্থ্য ৰক্ষা,সামাজিক ৰীতি-নীতি,শিক্ষা -দীক্ষা আদিৰ প্ৰতি মনোযোগ দিয়ে পৰিয়ালে শিশুৰ সামাজিকৰণ কৰে।

c) প্রস্থিতি প্ৰদান : মানুহে পৰিয়ালৰ জৰিয়তে সামাজিক প্রস্থিতি লাভ কৰে।বহুতো সমাজে জন্মগত প্রস্থিতিৰ ওপৰত বিশেষ গুৰুত্ব দিয়ে।এনেবোৰ সমাজত এটি শিশুৰ জন্মলাভৰ লগে লগে উচ্চ বা নিম্ন প্রস্থিতি প্ৰদান কৰা হয়।যেনে – ব্ৰাহ্মণৰ ঘৰত জন্মলাভ কৰা লৰাই উচ্চ প্রস্থিতি পায়।সেইদৰে উচ্চ শ্ৰেণীৰ সন্তানে উচ্চ স্থান লবলৈ সমৰ্থ হয়।

d) সামাজিক ক্ৰিয়া নিয়ন্ত্ৰণ : পৰিয়ালৰ কোনো ব্যক্তিয়েই যাতে অসামাজিক বা সমাজবিৰোধী কাম কৰিব নোৱাৰে তাৰ প্ৰতি পৰিয়ালৰ সকলোৱেই চকু ৰাখে।পৰিয়ালৰ কোনো ব্যক্তি অপৰাধমূলক কাৰ্যত জড়িত হৈ পৰিলে পৰিয়ালে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰে।

ii) ব্যক্তিৰ বাবে পৰিয়ালৰ কাম (Functions of family for individual): 

a) যৌন সম্বন্ধ নিয়মীয়াকৰণ : পৰিয়াল ব্যৱস্থাই বিবাহিত স্ত্ৰী-পুৰুষৰ স্থায়ী আৰু নিয়মীয়া যৌন সম্বন্ধ স্থাপনৰ ব্যৱস্থা লয়।বিবাহযোগ্য সন্তানৰ বিবাহৰ ব্যৱস্থা কৰে। প্ৰাক্ -বৈবাহিক জীৱনত যৌন সম্বন্ধ ৰখা প্ৰথা প্ৰায়ভাগ সমাজেই কামনা কৰে।

b) সন্তান প্ৰজনন আৰু প্ৰতিপালন : সন্তান প্ৰজনন আৰু প্ৰতিপালনৰ জৰিয়তে নিজৰ বংশ ৰক্ষা কৰিবলৈ পৰিয়ালে ব্যৱস্থা লয়।বিবাহ পদ্ধতিৰ দ্বাৰা আবদ্ধ স্ত্ৰী-পুৰুষকহে সন্তান প্ৰজননৰ অধিকাৰ দিয়ে।সন্তানৰ জন্ম পৰিয়ালতেই সীমাবদ্ধ হোৱাটো বাঞ্চনীয়।কাৰণ পৰিয়ালৰ বাহিৰত জন্ম হোৱা সন্তানক অবৈধ সন্তানৰ আখ্যাৰে বিতৰ্কলৈ নিয়া হয়।

c ) সন্তান প্ৰতিপালন : পৰিয়ালৰ জন্মগ্ৰহণ কৰা শিশুটোৰ লালন-পালনৰ দায়িত্ব পৰিয়ালেই বহন কৰে।জন্মৰ পৰা শিশুটোক পৰিয়ালৰ সদস্যসকলে পৰিচর্চা কৰে।বৰ্তমান সময়ত শিশুৰ স্বাস্থ্যৰ প্ৰতি পৰিয়ালৰ বিশেষ গুৰুত্ব দিয়া পৰিলক্ষিত হৈছে।

iii ) আৰ্থিক বিষয়ৰ কাম (Economic Functions) : পৰিয়ালৰ অন্যতম প্ৰধান কাম হল পৰিয়ালটোৰ ব্যক্তিসকলৰ জীৱন -নিৰ্বাহৰ ব্যৱস্থা কৰা।সকলো পৰিয়ালে জীৱন -নিৰ্বাহৰ বাবে কিছুমান কাম কৰে দৰাচলতে আৰ্থিক বিষয়ত কাম নকৰিলে পৰিয়াল এটা গঠন হব নোৱাৰে।উদাহৰণস্বৰূপে কৃষিজীৱী পৰিয়াল এটাই উৎপাদনৰ গোট হিচাপে কাম কৰে।ফলত শ্ৰম বিভাজনৰো উদ্ভৱ হয়।

iv ) ধৰ্মীয় কাম (Religious Functions) : পৰিয়ালৰ ধৰ্ম বিশ্বাস অনুসৰি কৰিব পৰা কামসমূহ।যেনে – পূজা-সেৱা, শ্ৰাদ্ধ, উপাসনা, প্রার্থনা আদি পৰিয়ালৰ সকলো ব্যক্তি লগলাগি সম্পাদন কৰে।এইবোৰ পৰিয়ালৰ সমূহ সদস্যৰ মংগলৰ কামনাৰে কৰা হয়।

ওপৰোক্ত আলোচনাৰ পৰা দেখা যায় যে, মানৱ জীৱনৰ মৌলিক সংগঠন পৰিয়াল পদ্ধতিৰ কার্য বহুতো।এইবোৰৰ উপৰিও পৰিয়ালে সামাজিকৰণ,মানসিক আৰু শাৰীৰিক অৱসৰ বিনোদন, আৰ্থিক নিৰাপত্তা আদিৰ কাম কৰিব পাৰে।চমুকৈ কবলৈ গলে পৰিয়ালৰ সদস্যসকলৰ ভাল দায়িত্ব পালনহে সদস্যসকলৰ উন্নতিৰ অৰিহণা যোগায়। 

Q.9. Discuss the Characteristics of Joint Family? 

Ans: বহুলাকৃতি, উমৈহতীয়া বাসস্থান, উমৈহতীয়া ৰান্ধনিশাল, উমৈহতীয়া সম্পত্তি,উমৈহতীয়া সামাজিক আৰু ধৰ্মীয় কৰ্তব্য,উৎপাদনৰ গোট,পাৰস্পৰিক অধিকাৰ আৰু আৰ্তব্য, আৰ্থিক স্থিৰতা, সাংস্কৃতিক ধাৰাবাহিকতা আদি শিতানত যুটীয়া পৰিয়ালৰ মূল বৈশিষ্ট্যসমূহ আলোচনা কৰিব পাৰি।

ক) বহুলাকৃতি : পিতৃ -মাতৃ,তেওঁলোকৰ বিবাহিত আৰু অবিবাহিত ল’ৰা-ছোৱালী আৰু নিকট সম্পৰ্কীয় ব্যক্তিক লৈ যুটীয়া পৰিয়াল গঠিত হয়।গতিকে, স্বাভাৱিকতে,যুটীয়া পৰিয়ালৰ আকাৰ ডাঙৰ বা সদস্য সংখ্যা বেছি।বৰ্তমান আধুনিক পৰিয়ালটোত যিমান সদস্য থাকে।যুটীয়া পৰিয়ালত তাতোকৈ কেইবাগুণো বেছি সদস্য থাকে।অৱশ্যে অতীতৰ যুটীয়া পৰিয়ালবোৰতকৈ বৰ্তমানৰ পৰিয়ালৰ সদস্যৰ সংখ্যা কম।

খ) উমৈহতীয়া বাসস্থান : সাধাৰণতে, যুটীয়া পৰিয়ালৰ সদস্যসকলে একোটা ঘৰতে বাস কৰে।হিন্দু আইনৰ মতে ও কোনো এটা পৰিয়াল যুটীয়া পৰিয়াল হিচাপে পৰিগণিত হ’বলৈ হলে একোটা ঘৰতে বসবাস কৰিবই লাগিব। কিন্তু সমাজতাত্বিক দৃষ্টিভংগীত যদিহে উমৈহতীয়া সম্পত্তিৰ অধিবাসীসকলে পৃথক পৃথক গৃহতো বাস কৰে তাক মূল ঘৰখনৰ লগত প্ৰত্যক্ষ সম্বন্ধ ৰাখে তেন্তে তাকো যুটীয়া পৰিয়াল হিচাপে অভিহিত কৰিব পাৰি।

গ) উমৈহতীয়া ৰান্ধনিশাল : যুটীয়া পৰিয়ালৰ অন্য এটা বৈশিষ্ট্য হৈছে উমৈহতীয়া ৰান্ধনিশাল।যুটীয়া পৰিয়ালৰ সদস্যসকলে একোটা ৰান্ধনিশাল বা একোটা চৰুৰ পৰা আহাৰ খায়।একোটা ঘৰতে বসবাস কৰিলে সদস্যসকলে যদি উমৈহতীয়া ৰান্ধনিশালৰ পৰা আহাৰ গ্ৰহণ নকৰে তেন্তে তাক যুটীয়া পৰিয়াল হিচাপে বিবেচিত হয়।ভাৰতীয় সমাজৰ প্ৰচলিত প্ৰথমতে পৃথক পৰিয়ালহে ৰান্ধনিশালৰ আহাৰ গ্ৰহণ কৰোঁতে সাধাৰণতে, সমূহিকভাৱে পুৰুষ আৰু মহিলাক পৃথকে আহাৰ গ্ৰহণ কৰা দেখা যায়।সমূহিকভাৱে আহাৰ গ্ৰহণ কৰাৰ ফলত একান্তভাৱে জাগৃত হয়।

ঘ ) উমৈহতীয়া সম্পত্তি : উমৈহতীয়া সম্পত্তি যুটীয়া পৰিয়ালৰ সদস্যসকলে সম্পত্তিৰ উমৈহতীয়া অধিকাৰ লাভ কৰে।পৰিয়ালটোৰ সকলো সদস্যই সামৰ্থ অনুযায়ী পৰিয়ালটোৰ উন্নতিৰ হকে শ্ৰম কৰে বা অৰ্থ আহৰণ বা উপাৰ্জন কৰে।এনেকৈ আহৰণ কৰা টকা-পইচা বা সম্পত্তি পৰিয়ালটোৰ উমৈহতীয়া পূজিত জমা হয়।কোনো সদস্যই ইচ্চামতে এনে পুঁজিৰ পৰা অৰ্থ ব্যয় কৰিব নোৱাৰে বা সম্পত্তিৰ ভাগ বিচাৰিব নোৱাৰে।কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে, পৰিয়ালটোৰ সদস্যসকলৰ সম্পত্তিৰ অধিকাৰ নাই।সকলো সদস্যৰে সম্পত্তিৰ সমঅধিকাৰ থাকে আৰু প্ৰয়োজন সাপেক্ষে সদস্যসকলৰ বাবে অৰ্থ ব্যয় কৰা হয়।তেনেকৈ বিশেষ প্ৰয়োজন সাপেক্ষে উমৈহতীয়া সম্পত্তিৰ পৃথিকীকৰণ বা ভাগবাটোৱাৰা হোৱা দেখা যায়।সাধাৰণতে, যুটীয়া পৰিয়ালটোৰ মুৰব্বীজনৰ নিৰ্দেশত বা সদস্যসকলৰ সামূহিক মতামতৰ ওপৰত ভিত্তি কৰি উমৈহতীয়া সম্পত্তি আহৰণ বা বিভাজন কৰা হয়।

ঙ) উমৈহতীয়া সামাজিক আৰু ধৰ্মীয় কৰ্তব্য : যুটীয়া পৰিয়ালৰ সদস্যসকলৰ উমৈহতীয়াভাৱে সামাজিক আৰু ধৰ্মীয় কৰ্তব্য পালন কৰে।যুটীয়া পৰিয়ালবোৰ একে গোত্ৰ বা উপৰি পুৰুষৰ পৰা জন্ম হোৱা বুলি সদস্যসকলৰ বিশ্বাস।গতিকে তেওঁলোকে একোজন কুলদেৱতাকে পূজা সেৱা কৰে।ফলত সকলো সদস্যই ধর্মীয় কৰ্তব্য পালন কৰোঁতে সমূয়িকভাৱে কৰা পৰিলক্ষিত হয়।বিবাহ, ধৰ্মীয় পূজা-পাৰ্বন আদি পৰিয়ালটোৰ সকলোবোৰ সদস্যই একতা আৰু সহযোগেৰে সম্পন্ন কৰে।সেইদৰেই দৈনন্দিন কাম-কাজ,প্ৰথা, ৰীতি-নীতি আদি পৰিয়ালৰ সকলোবোৰ সদস্যই পালন কৰে।যুটীয়া পৰিয়ালৰ সমূহ সদস্যই সামাজিক প্রস্থিতি লাভৰ বাবে উমৈহতীয়া প্ৰচেষ্টা চলায়।বছৰেকীয়া উৎসৱ, শ্ৰাদ্ধ, বিবাহ, পাৰ্বন আদিতো যুটীয়া পৰিয়ালৰ সদস্যসকলৰ উমৈহতীয়া সহযোগিতা পৰিলক্ষিত হয়।

Q.10. Discuss Causes for the changes in Joint Family system? যুটীয়া পৰিয়ালৰ বিঘটনৰ কাৰণসমূহ আলোচনা কৰা।

Ans: সামাজিক পৰিৱৰ্তন এক সামাজিক প্ৰক্ৰিয়া।এই পৰিৱৰ্তনে বৰ্তমান প্ৰচলিত সংস্থাসমূহৰ নীতি-নিয়মবোৰৰ পৰিৱৰ্তনকে নিৰ্দেশ কৰে।যুটীয়া পৰিয়ালৰ বিঘটন ঘটি সমাজত প্ৰাথমিক পৰিয়ালৰ প্ৰাধান্য বৃদ্ধি পাইছে।যুটীয়া পৰিয়ালৰ বিঘটন হোৱাৰ প্ৰধান কাৰণসমূহ হ’ল এনেধৰণৰ – 

(১) উদ্যোগিকৰণ : সাধাৰণতে গ্ৰাম্য সমাজতহে যুটীয়া পৰিয়াল দেখা যায়।সাম্প্ৰতিক সময়ত উদ্যোগিকৰণৰ ব্যাপক প্ৰসাৰণৰ ফলত নগৰ চহৰসমূহত বহুতো কল-কাৰখানা গঢ়ি উঠিছে।ইয়াৰ ফলত যুটীয়া পৰিয়ালৰ সদস্যসকলে পৰিয়ালৰ পৰা বিচ্ছিন্ন হৈ জীৱিকাৰ সন্ধান্ত নগৰমুখী হবলৈ ধৰিছে।

(২) উন্নত পৰিবহন আৰু যোগাযোগ ব্যৱস্থা : উন্নত পৰিবহন আৰু যোগাযোগ ব্যৱস্থাই উদ্যোগ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত সহায় কৰিছে।ইয়াৰ ফলত গাঁও অঞ্চলত বহুলোক জীৱিকাৰ সন্ধানত নগৰলৈ ৰাওনা হৈছে।গাঁৱৰ যুটীয়া পৰিয়ালৰ বিপৰীতে নগৰৰ এওঁলোকে সৰু আকাৰৰ পৰিয়াল পাতি বাস কৰিবলৈ লৈছে।কাৰণ পৰিবহন আৰু যোগাযোগ ব্যৱস্থাৰ পৰিৱৰ্তনে ব্যক্তিৰ উপাৰ্জন উৎসও পৃথক কৰে আৰু প্ৰাচীন সামাজিক পৰম্পৰাসমূহ বিসৰ্জন দিয়ে।ইয়াৰ ফলত যুটীয়া পৰিয়ালৰ অস্তিত্ব নাইকিয়া হোৱাৰ উপক্ৰম হৈছে।

(৩) পশ্চিমীয়া সংস্কৃতিৰ প্ৰভাৱ : পশ্চিমীয়া সংস্কৃতিৰ বিভিন্ন উৎপাদন যেনে – পাশ্চাত্য শিক্ষা,বিজ্ঞান, প্ৰযুক্তিবিদ্যা আৰু পাশ্চাত্য সংস্কৃতিৰ সম্প্ৰসাৰণেও যুটীয়া পৰিয়ালৰ বিঘটনত যথেষ্ট অৰিহনা যোগাইছে।হিন্দু সমাজত থকা সহযোগিতা, সহিষুতা, প্ৰেম আদি মনোভাৱৰ পৰিৱৰ্তন হৈছে।পশ্চিমীয়া আদৰ্শত ব্যক্তিবাদ,স্বতন্ত্ৰতা আদি আমাৰ সমাজত প্ৰচলিত হ’বলৈ ধৰিছে।পৰিয়ালত পতি-পত্নীৰ মাজত স্বাধীনভাৱে মৰম-স্নেহ প্ৰকাশৰ সুবিধা বেছি।আমাৰ দেশলৈ পশ্চিমীয়া সংস্কৃতি সম্প্ৰসাৰণ হোৱাৰ লগে লগে ভাৰতীয়সকলে যুটীয়া পৰিয়ালৰ পৰিৱৰ্তে একক পৰিয়ালৰ পোষকতা কৰিবলৈ ধৰে।এনে একক পৰিয়ালৰ ধাৰণাই যুটীয়া পৰিয়াল পদ্ধতিক বিলুপ্তি ঘটোৱাৰ সম্পূৰ্ণভাৱে সহযোগ কৰিছে।

(৪) নাৰী সচেতনতা : আধুনিক শিক্ষাৰ দ্ৰুত সম্প্ৰসাৰণৰ ফলস্বৰূপে ভাৰতীয় নাৰীসকলে নিজকে আধুনিক শিক্ষাৰে শিক্ষিত কৰি তুলিছে।এনে শিক্ষিতা মহিলাসকল পশ্চিমীয়া সংস্কৃতিৰ প্ৰতি আকৰ্ষিত হোৱাৰ উপৰিও তেওঁলোকৰ অধিকাৰ আৰু সমতাৰ প্ৰতি সচেতন হ’বলৈ ধৰিছে।ফলস্বৰূপে তেওঁলোকৰ চিন্তা-চৰ্চাত ব্যক্তিবাদে গঢ় লৈছে আৰু সেয়ে পৰম্পৰাগত যুটীয়া পৰিয়ালৰ পোষকতা নকৰে।অৰ্থনৈতিক স্বাৱলম্বিতা আৰু প্রস্থিতিৰ ক্ষেত্ৰত নাৰীসকল সচেতন হোৱাৰ বাবে যুটীয়া পৰিয়াল বিলুপ্তিৰ পথত আগবাঢ়ি গৈছে।

(৫) মানসিক আইন : আমাৰ দেশলৈ ইংৰাজসকল অহাৰ পাছত ভাৰতীয় সমাজৰ ৰীতি-নীতি,নিয়ম-কানুন আদিৰ বহু পৰিৱৰ্তন ঘটে।ইংৰাজ শাসন কালত প্ৰৱৰ্তন কৰা কেইবাখনো আইনে প্ৰত্যক্ষ বা পৰোক্ষভাৱে যুটীয়া পৰিয়ালৰ ওপৰত যথেষ্ট প্ৰভাৱ পেলায় ইয়াৰ ভিতৰত ১৮৭২ চনৰ The Civil Marriage Act,১৯৫৫ চনৰ The Hindu Marriage Act, ১৯৫৬ চনৰ, The Hindu Succession Act,আৰু১৯৩৭ চনৰ The Hindu Women’s Right to property আদি আইনে যুটীয়া পৰিয়ালৰ বিঘটনত যথেষ্ট প্ৰভাৱ পেলায়।এই আইনসমূহৰ জৰিয়তে গোড়া হিন্দু নীতি-নিয়ম বিলুপ্তি ঘটাই স্বাধীনতা আৰু সাম্যবাদ প্ৰতিষ্ঠা কৰাৰ উপৰিও নাৰীক স্বাধীনতা আৰু অধিকাৰ প্ৰদান কৰে।ফলত নাৰী -পুৰুষে পৰিয়ালৰ পৰা বিচ্ছিন্ন কৰি একক পৰিয়ালৰ গঢ় দিয়ে।

ইয়াৰ বাহিৰেও কিছুমান সামাজিক, অৰ্থনৈতিক আৰু ধৰ্মীয় কাৰণৰ বাবে যুটীয়া পৰিয়ালৰ বিঘটন হৈছে।ইয়াৰ এটা কাৰণ হ’ল বৰ্ধিত জনসংখ্যা।জনসংখ্যা বৃদ্ধিৰ অনুপাতে কৃষিক্ষেত্ৰ সম্প্ৰসাৰণ নোহোৱাৰ বাবে কৃষিৰ ওপৰত নিৰ্ভৰশীল পৰিয়ালৰ ভৰণ-পোষণৰ সৃষ্টি হৈছে ইয়াৰ ফলত বহু পৰিয়ালৰ বহুসদস্য জীৱিকাৰ সন্ধানত বিভিন্ন ঠাইলৈ আঁতৰি যাব লগা হোৱাৰ বাবে যুটীয়া পৰিয়ালত বিঘটনৰ সৃষ্টি হৈছে।প্ৰাচীন হিন্দু পৰিয়ালত পালন কৰা নানা ধৰ্মীয় যাগ-যজ্ঞ আদি মাঙ্গলিক কাৰ্যসমূহ পৰিয়ালৰ সদস্যসমূহক একগোট কৰি ৰাখিছিল। আধুনিক শিক্ষাৰ প্ৰভাৱত মানুহৰ মনৰ পৰা ধৰ্মীয় ভাব আঁতৰি যোৱাত ব্যক্তিবাদে প্ৰধান্য লাভ কৰাৰ বাবে যুটীয়া পৰিয়ালৰ বিঘটন আৰম্ভ হয়।তদুপৰি প্ৰাচীন সৰল সমাজ ব্যৱস্থা ক্ৰমে জটিল আৰু যান্ত্ৰিক অৱস্থালৈ ধাৱমান হোৱাত যুটীয়া পৰিয়ালত বসবাস কৰা পৃথক প্ৰজন্মৰ মাজত সংঘাতৰ সৃষ্টি হয়, যাৰ ফলত কিছুসংখ্যক সদস্যই যুটীয়া পৰিয়ালৰ পৰা আঁতৰি স্বাধীনভাৱে বসবাস কৰিবলৈ লোৱাত যুটীয়া পৰিয়ালৰ ভাঙোন আৰম্ভ হয়।সৰ্বশেষত ইয়াকে ক’ব পাৰি যে,থকা-মেলাৰ সা-সুবিধাৰ অভাৱৰ বাবেও নগৰ অঞ্চলৰ যুটীয়া পৰিয়ালৰ বিঘটন ঘটে।

Short Notes

(i) Family and Social Group:

Ans: পৰিয়াল আৰু সামাজিক সংস্থা : পৰিয়াল মানৱ সমাজৰ মূল আধাৰ আৰু বিশ্বজনীন সংস্থা।পৰিয়ালৰ উৎপত্তিৰ পিছতহে মানুহে সমাজ সংগঠনৰ ব্যৱস্থা লয়।পৰিয়ালেই মানুহৰ সামাজিক জীৱনৰ প্ৰথম পদক্ষেপ।কিয়নো পৰিয়ালতেই মানুহৰ জন্ম হয়,ইয়াতেই ডাঙৰ- দীঘল হয়,ইয়াতেই সামাজিক জীৱনৰ প্ৰাথমিক কথা শিকি নিজকে সমাজৰ উপযুক্ত ব্যক্তি হিচাপে গঢ়ি তোলে।গতিকে, পৰিয়ালৰ বিষয়ে বহুলভাৱে অধ্যয়ন কৰাটো অতি প্ৰয়োজনীয় ।এই সম্পৰ্কে কিংছলি ডেভিছে কৈছে যে, অৰ্থনীতি, ৰাজনীতি, শিক্ষা আৰু সামাজিক সংস্থাৰ বিষয়ে অধ্যয়ন কৰিবলৈ সুকীয়া সমাজ বিজ্ঞান আছে।কিন্তু পৰিয়ালৰ দৰে অতিশয় গুৰুত্বপূৰ্ণ সামাজিক সংস্থাৰ বিষয়ে অধ্যয়ন কৰিবলৈ তেনে কোনো বিশেষ বিজ্ঞান এতিয়াও গঢ়ি নুঠাটো পৰিতাপৰ বিষয়।

একো একোটা পৰিয়ালৰ ব্যক্তি যদিও পৰিয়াল কাক বোলে সঠিকভাৱে ক’ব নোৱাৰো।তথাপিও কেইজনমান সমাজতত্ববিদৰ কেইটামান সংজ্ঞা আলোচনা কৰা হ’ল – 

(i) মেক আইভাৰ আৰু পেজৰ মতে, “A group defined by a sex relationship sufficiently precise & enduring to provide for the procreation and upbringing of children” অৰ্থাৎ পৰিয়াল হৈছে এক নিৰ্দিষ্ট আৰু স্থায়ী যৌন সম্বন্ধৰ দ্বাৰা নিৰ্ধাৰিত সামাজিক গোট,যি গোটে জন্ম দিয়া আৰু সিহঁতক লালন-পালন কৰা কার্য সমাপন কৰিব পাৰে।

(ii) আগবাৰ্গ আৰু নিমকফৰ মতে, “Family is a more or less durable association of husband & wife or without children, or a man or woman done with children.” অৰ্থাৎ পৰিয়াল হৈছে বিবাহিত পতি-পত্নী আৰু তেওঁলোকৰ নিজৰ ফালৰ পৰা জন্ম হোৱা বা আনৰ পৰা তুলি লোৱা সন্তানক লৈ গঠিত হোৱা ব্যক্তিৰ সমষ্টি বা সামাজিক গোট।

(iii) কিংছলি ডেভিছৰ মতে, “Family is a group of persons whose relations one another are based upon consanguinity & who are therefore kin to another,” অৰ্থাৎ পৰিয়াল এনে কেইজনমান ব্যক্তিৰ সমষ্টি বা গোট,যি গোটৰ পাৰস্পৰিক সম্বন্ধ তেজ-মঙহৰ ওপৰত ভিত্তি কৰা হয় আৰু সেই কাৰণেই এই গোটৰ প্ৰত্যেকেই প্ৰত্যেকৰ সম্বন্ধীয় হৈ পৰে।

(ii) Nuclear Family: 

Ans: পতি-পত্নী আৰু তেওঁলোকৰ অবিবাহিত, সন্তান- সন্ততিক লৈ গঠিত পৰিয়ালক একক পৰিয়াল বা ‘আণৱিক পৰিয়াল বোলা হয়।নে পৰিয়ালৰ আকাৰ সৰু।পৰিয়ালৰ সতি-সন্ততিসকলে বিবাহ পাশত আবদ্ধ হোৱাৰ পিছত তেওঁলোকৰ পিতৃ গৃহ ত্যাগ কৰি বেলেগে থাকিবলৈ লয়।সেয়েহে একক পৰিয়াল বা আণৱিক পৰিয়াল এক স্বতন্ত্ৰতাৰ ওপৰত প্ৰতিষ্ঠিত পৰিয়াল যি পৰিয়ালত বয়োজ্যেষ্ঠসকলৰ নিয়ন্ত্ৰণৰ পৰা কণিষ্ঠসকল মুক্ত হৈ থাকে।আমেৰিকাৰ সমাজ ব্যৱস্থাত এনেধৰণৰ স্বতন্ত্ৰতাৰ ওপৰত ,প্ৰতিষ্ঠিত একক বা আণৱিক পৰিয়ালৰ গুৰুত্ব অধিক।

পৰিয়ালৰ বিভিন্ন প্ৰকাৰ বা স্বৰূপবোৰৰ ভিতৰত একক পৰিয়ালৰ এক বিশ্বজনীন চৰিত্ৰ ফুটি উঠে।অৰ্থাৎ একক পৰিয়াল বিশ্বৰ সকলো সমাজতে বিদ্যমান।বিভিন্ন অধ্যয়নসমূহৰ জৰিয়তে প্ৰকাশ পাইছে যে একক পৰিয়াল এক বিশ্বজনীন সামাজিক সংস্থা মূর্দকে (Murdock)তেওঁৰ অধ্যয়নৰ যোগেদি একক পৰিয়ালক এক বিশ্বজনীন পৰিয়াল হিচাপে অভিহিত কৰিছে।তেওঁৰ মতে একক বা আণৱিক পৰিয়ালে কেইটামান বিশ্বজনীন ক্ৰিয়া সমাপন কৰে।এই পৰিয়ালে যৌন সম্পৰ্ক স্থাপন, সন্তান প্ৰজনন,অৰ্থনৈতিক কার্য আৰু শৈশিক্ষ কার্য সম্পাদন কৰে।মূর্দকে ২৫০ খন সমাজৰ ওপৰত অধ্যয়ন আৰু বিশ্লেষণ কৰি একক পৰিয়াল এক বিশ্বজনীন চৰিত্ৰ সম্পন্ন পৰিয়াল বুলি অভিহিত কৰিছে, যিটো কথা উল্লিখিত ক্ৰিয়া কেইটাও প্ৰতিপন্ন কৰিছে।

একক পৰিয়ালত পিতৃ -মাতৃ আৰু তেওঁলোকৰ সন্তান-সন্ততিসকল একে বাসগৃহতে থাকে।কিন্তু কেতিয়াবা কেতবোৰ একক পৰিয়াল অসম্পূৰ্ণ অৱস্থাত থাকে।এনে পৰিয়ালত পিতৃগৰাকী বা মাতৃগৰাকী তেওঁলোকৰ সন্তান-সন্ততিৰ লগত একেলগে একে বাসগৃহতে নাথাকে। অৰ্থাৎ পিতৃগৰাকী বা মাতৃগৰাকী তেওঁলোকৰ সন্তান-সন্ততিৰ পৰা পৃথকে বাস কৰে।এনে ধৰণৰ একক পৰিয়ালৰ দৃষ্টান্তও পৃথিৱীৰ বিভিন্ন সমাজত দেখিবলৈ পোৱা যায়।এনেধৰণৰ একক পৰিয়াল পদ্ধতি ভাৰতৰ নায়াৰ (Nayar) সকলৰ মাজত, ৱেষ্ট ইণ্ডিজৰ (West Indies) কেতবোৰ লোকৰ মাজত আৰু ৱাশ্বিংটনৰ (Washington) দৰিদ্ৰ নিগ্ৰোসকলৰ মাজত দেখিবলৈ পোৱা যায়।এই প্ৰসংগত Peter Worsley তেওঁৰ ‘Introducing Sociology’ (P – 128) নামৰ গ্ৰন্থত এনেদৰে উল্লেখ কৰিছে – “Sometimes the nuclear family sharing a common resistance, will be ‘incomplete’ as when the father (whether later or genitor) lives apart from the mother (s) and children. This is the situation encountered among the Nayar and which is also found (in variety of forms) in the West Indies, or, as also shall see later among poor Negro’s in Washington D.C . Where the nuclear family is ‘incomplete’ .In this sense it is often ‘complete’ by a succession of fathers and by the addition of other kin such as the mother’s own mother”.

(iii) পিতৃয়াত্মক যুটীয়া পৰিয়াল (Patriarchal Joint Family)

Ans: পিতৃৰ কৰ্তৃত্বৰ ওপৰত আধাৰিত যুটীয়া পৰিয়াল পদ্ধতিকে পিতৃয়াত্মক যুটীয়া পৰিয়াল বোলা হয়।এনেধৰণৰ পৰিয়াল পদ্ধতি মালাবাৰৰ  নাম্বোদাৰী, ছোটনাগপুৰ মুণ্ডা (Mundha), নাগালেণ্ড (Nagaland) ৰ আংগামি নগাসকলৰ (Angami Nagas) মাজত প্ৰচলিত।অৱশ্যে এইকেইটা বিশেষ জনগোষ্ঠীৰ কথা উল্লেখ কৰা হৈছে যদিও ভাৰতীয় সমাজত এই প্ৰকাৰৰ যুটীয়া পৰিয়ালে অধিক প্ৰচলিত পিতৃয়াত্মক যুটীয়া পৰিয়ালৰ কেতবোৰ বৈশিষ্ট্য আছে।সেই বৈশিষ্ট্যবোৰ হৈছে – 

এনে পৰিয়ালত পৰিয়ালৰ সামগ্ৰিক কৰ্তৃত্বৰ অধিকাৰী কৰ্তাজন (Karta) বা পিতৃগৰাকী। পৰিয়ালৰ সন্তান- সন্ততিসকলে পিতৃবংশৰ উপাধি গ্ৰহণ কৰে।

এনে পৰিয়ালত পিতৃ আৰু পিতৃৰ ভায়েক আৰু ভায়েকৰ ল’ৰা ছোৱালীৰ লগত অন্যান্য অবিবাহিত ব্যক্তিসকলকো ধৰা হয়।

পিতৃয়াত্মক যুটীয়া পৰিয়ালত সন্তানসকলে পিতৃৰ সম্পত্তিৰ উত্তৰাধিকাৰী হ’ব পাৰে।

পাৰিবাৰিক বা সম্পত্তিৰ ক্ষেত্ৰত পিতৃৰ চৰম ক্ষমতা থাকে।পিতৃৰ ইচ্ছাৰ ওপৰতহে সম্পত্তি বিভাজন হ’ব পাৰে।

পৰিয়ালত পিতৃয়ে গ্ৰহণ কৰা সিদ্ধান্তক কোনেও প্ৰত্যাহ্বান জনাব নোৱাৰে।

এনে পৰিয়ালত পিতৃজন আইন আৰু আদালত স্বৰূপ।

সামাজিক আৰু পাৰিবাৰিক পদমৰ্যাদা পুত্ৰই লাভ কৰে, জ্যেষ্ঠ পুত্ৰৰ সন্মান বাকী সকলোৰে ওপৰত থাকে।

(iv) মাতৃয়াত্মক যুটীয়া পৰিয়াল (Matriarchal Joint Family)

Ans: মাতৃৰ কৰ্তৃত্বৰ ওপৰত প্ৰতিষ্ঠিত পৰিয়ালেই হৈছে মাতৃয়াত্মক পৰিয়াল।এনে পৰিয়ালত মাতৃ গৰাকীয়ে সৰ্বেসৰ্বা মাতৃয়াত্মক যুটীয়া পৰিয়াল ব্যৱস্থা খুব কম সংখ্যক সমাজতহে দেখিবলৈ পোৱা যায়।মালাবাৰৰ নায়াৰসকল আৰু মেঘালয়ৰ গাৰো আৰু খাচীসকলৰ মাজত এই পৰিয়ালৰ প্ৰচলন দেখা যায়।মাতৃয়াত্মক যুটীয়া পৰিয়ালৰ কেতবোৰ বৈশিষ্ট্য আছে।সেইবোৰ তলত আলোচনা কৰা হ’ল – 

মাতৃয়াত্মক যুটীয়া পৰিয়ালত মাতৃগৰাকীৰ হাততেই সকলো কৰ্তৃত্ব ন্যস্ত থাকে।

ল’ৰা-ছোৱালীবোৰৰ বংশ পৰিচয় বা বংশৰ নাম পিতৃৰহৈ মাতৃ পক্ষৰ আধাৰত নিৰ্ধাৰিত হয়।

মাতৃয়াত্মক যুটীয়া পৰিয়ালত মাতৃগৰাকী আৰু তেওঁৰ ভায়েক- ককায়েক, ভনীয়েক আৰু পৰিয়ালৰ আটাইবোৰ তিৰোতাৰ ল’ৰা-ছোৱালীক ধৰা হয়।

এনে পৰিয়ালৰ ল’ৰাই পিতৃৰ পৰা আঁতৰি থকাৰ বাবে সা-সম্পত্তিৰ ক্ষেত্ৰতো মাকৰ ফালৰ পৰাই এনে প্ৰশ্নৰ সমাধান কৰা হয়।এনে পৰিয়ালত সম্পত্তিৰ অধিকাৰ কেৱল প্ৰধান তিৰোতাৰো নহয় তেওঁৰ নিজৰ ভায়েক বা ভনীয়েকৰ পুতেক আজিও সম্পত্তিৰ অধিকাৰী হ’বলৈ সক্ষম হয়।

সামাজিক সন্মানৰ বিভিন্ন পদ বা উপাধিবোৰ পুতেকৰ পৰিবৰ্তে ভতিজাকলৈ যায়।

মাতৃয়াত্মক পৰিয়ালত মাতৃ  গৰাকীয়েই প্ৰধান যদিও পুৰুষসকল এই পৰিয়ালত সকলো ফালৰ পৰা বঞ্চিত নহয় সামাজিক, ৰাজনৈতিক, আদি দিশত পুৰুষসকলেও কেতবোৰ অধিকাৰ ভোগ কৰে।

(v) মিতাক্ষৰ যুটীয়া পৰিয়াল (Mitakshara Joint Family)

Ans: মিতাক্ষৰ যুটীয়া পৰিয়ালৰ মূল আধাৰ হ’ল স্মৃতিৰ ওপৰত বিজ্ঞানেশ্বৰে লিখা ‘মিতাক্ষৰ’ নামৰ টীকা।মিতাক্ষৰ যুটীয়া পৰিয়ালৰ প্ৰচলন অসম আৰু বংগদেশৰ বাদে ভাৰতৰ আন আন ৰাজ্যসমূহত প্ৰায় দেখা যায়।এনে যুটীয়া পৰিয়ালৰ বৈশিষ্ট্যবোৰ হৈছে – 

মিতাক্ষৰ যুটীয়া পৰিয়ালত পৈতৃক সম্পত্তিৰ ওপৰত সকলে।অংশীদাৰৰ সমান কৰ্তৃত্ব থাকে।এনে পৈকৃত সম্পত্তিৰ অংশীদাৰ জন্মৰ পৰাই হ’ব পাৰে।এনে পৰিয়ালত কোনো। সম্পত্তিৰ অংশীদাৰৰ মৃত্যুৰ পিছত বাকী জীৱিতসকলৰ মাজত ভাগ হৈ যায়।

মিতাক্ষৰ নিয়ম মতে নাৰীসকলে পুৰুষৰ সমানে সম্পত্তিৰ উত্তৰাধিকাৰী হ’ব নোৱাৰে।মিতাক্ষৰ যুটীয়া পৰিয়ালৰ নিয়ম মতে জাতীয় পুৰুষলৈকে কেৱল পুৰুষৰ বংশধৰসকলেই সম্পত্তিৰ উত্তৰাধিকাৰী হয়।

এনে পৰিয়ালত সম্পত্তিৰ বিনিয়োগত পিতৃৰ অধিকাৰ সীমিত অৱশ্যে ধৰ্মকাৰ্যৰ বাবে ঋণ পৰিশোধ কৰিবলৈ পিতৃয়ে যুটীয়া সম্পত্তিৰ কিছু বিক্ৰী কৰিব পাৰে।আন কোনো অংশদাৰসকলৰ বিনা অনুমতিৰ কোনো প্ৰকাৰে সম্পত্তি বিক্ৰী বা বিনিয়োগ।

দায়ভাগ যুটীয়া পৰিয়াল (Dayabhaga Joint Family): 

দায়ভাগ যুটীয়া পৰিয়ালৰ মূল আধাৰ হ’ল জীমুতবাহনৰ দ্বাৰা লিখা ‘দায়ভাগ’নামৰ টীকা।এনে ধৰণৰ পৰিয়াল ব্যৱস্থা অসম আৰু বংগদেশত পোৱা যায়।দায়ভাগৰ নিয়ম অনুসৰি পৰিয়ালৰ যুটীয়া সম্পত্তিৰ ওপৰত পিতৃৰ অপ্ৰতিদ্বন্দ্বী অধিকাৰ আছে।পিতৃগৰাকীৰ মৃত্যুৰ পিছতহে এই অধিকাৰৰ সমাপ্তি ঘটে আৰু পুত্ৰসকলে এই অধিকাৰ ভোগ কৰে।

দায়ভাগ যুটীয়া পৰিয়ালৰ কেতবোৰ বিশেষত্ব আছে।আৰু সেইবোৰ হৈছে – 

দায়ভাগ যুটীয়া পৰিয়ালত পিতৃ গৰাকীয়েই সম্পত্তিৰ প্ৰধান অধিকাৰী।

এনে পৰিয়ালত পিতৃৰ মৃত্যুৰ পিছতহে পুত্র সম্পত্তিৰ অধিকাৰী হ’ব পাৰে।পিতৃৰ জীৱিত অৱস্থাত পুত্ৰসকলে সম্পত্তিৰ অধিকাৰী হ’ব নোৱাৰে। এনে পৰিয়ালত পুত্ৰসকলে পিতৃৰ জীৱিত অৱস্থাত সম্পত্তিদাবী কৰিব নোৱাৰে।কিয়নো এনে সম্পত্তিৰ অধিকাৰ পুত্ৰসকলে পিতৃৰ মৃত্যুৰ পিছতহে লাভ কৰে।

দায়ভাগ যুটীয়া পৰিয়ালত পিতৃয়েই হ’ল একমাত্ৰ আৰু অবিসম্বাদী সম্পত্তিৰ গৰাকী।সেইবাবে পিতৃয়ে বিনিয়োগৰ উদ্দেশ্যতা সম্পত্তি ব্যৱহাৰ কৰিব পাৰে।পিতৃয়ে পৈতৃক সম্পত্তিৰ উপৰিও অন্যান্য স্ফ-উপাৰ্জিত সম্পত্তিসমূহ ব্যৱহাৰ বিনিয়োগ, দান,বিক্ৰী আদি কৰিব পাৰে।

পিতৃ গৰাকীৰ পুত্ৰ সন্তান নাথাকিলে পিতৃৰ মৃত্যুৰ পিছত তেওঁৰ ভাই-ককায়ে সম্পত্তিৰ অংশ লাভ কৰে।অতিজীবিত্বৰ নিয়ম অনুসৰি এনে সম্পত্তি কোনো দ্বিতীয় ব্যক্তিলৈ নগৈ মৃত ব্যক্তিৰ প্ৰকৃত উত্তৰাধিকাৰীসকলে লাভ কৰে।

Q.1. Discuss the Family on the basis of authority.

Ans: পৰিয়াল পৰিচালনাৰ কৰ্তৃত্বৰ ওপৰত ভিত্তি কৰি পৰিয়ালক দুটা ভাগত ভাগ কৰা হৈছে।যেনে – 

(ক) পিতৃপ্ৰধান পৰিয়াল (Patriarchal Family) 

(খ) মাতৃপ্ৰধান পৰিয়াল(Matriarchal Family)

(ক) পিতৃ প্ৰধান পৰিয়াল(Patriarchal Family): মানৱ সমাজৰ ক্ৰমবিৱৰ্তনৰ পটভূমিত এতিয়ালৈকে যিমানবোৰ পৰিয়ালৰ জন্ম আৰু বিকাশ হৈছে , সেইবোৰৰ ভিতৰত পিতৃপ্ৰধান পৰিয়াল অন্যতম । পৃথিৱীৰ প্ৰায়বোৰ সমাজতে পিতৃপ্ৰধান পৰিয়ালৰ অস্তিত্ব বিৰাজমান । আদিম সময়তেই হওক নাইবা আধুনিক সময়তেই হওক জনজাতীয় সময়তেই হওক নাইবা আজনজাতীয় সময়তেই হওক ;গ্ৰাম্য সমাজতেই হওক বা নগৰীয়া সমাজতেই হওক এই পৰিয়ালৰ অস্তিত্ব বিৰাজমান।ভাৰতীয় সমাজ ব্যৱস্থাতো মাতৃপ্ৰধান পৰিয়ালতকৈ পিতৃপ্ৰধান পৰিয়ালত গুৰুত্ব বেছি।পিতৃপ্ৰধান পৰিয়াল বুলিলে পিতৃৰ প্ৰাধান্যৰ ওপৰত প্ৰতিষ্ঠিত পৰিয়ালক বুজা যায়।এনে পৰিয়ালৰ কেন্দ্ৰবিন্দু।পৰিয়ালৰ সা-সম্পত্তিৰ অধিকাৰ পিতৃগৰাকীৰ হাততেই ন্যস্ত থাকে।পৰিয়ালৰ বিভিন্ন বিষয়ত পিতৃগৰাকীৰ সিদ্ধান্তই শেষ সিদ্ধান্ত।এই পিতৃপ্ৰধান পৰিয়ালৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা হ’ল – 

১। এনে পৰিয়ালত প্ৰধান ব্যক্তি বা মুখিয়ালজন হ’ল পিতৃ বা পিতৃস্থানীয় যিকোনো পুৰুষ।পৰিয়ালৰ সকলো ক্ষমতা বা কৰ্তৃত্ব তেওঁৰ হাতত থাকে।তেওঁৰ ইচ্ছাৰ বিৰুদ্ধে কোনো সদস্যই একো কাম কৰিব নোৱাৰে।তেওঁৰ আৰ্দেশ পৰিয়ালৰ সকলো লোকে মানি চলিব লাগে।পৰিয়ালৰ আন আন সদস্যসকল পিতৃগৰাকীৰ অনুগত হৈ থাকিব লগা।পৰিয়ালৰ সকলো সিদ্ধান্ত তেওঁ লয়।সা-সম্পত্তিৰ আহৰণ আৰু বিতৰণ ক্ষমতাও তেওঁৰ হাততেই থাকে।অৰ্থাৎ পৰিয়ালৰ পিতৃয়েই সৰ্বেসৰ্বা।তেওঁৰ অবিহনে তেওঁৰ জ্যেষ্ঠ পুত্ৰই এনে ক্ষমতা লাভ কৰে।পিতৃগৰাকীয়ে সম্পূৰ্ণ ক্ষমতা বা কৰ্তৃত্বৰ অধিকাৰী হৈ পৰিয়াল শাসন কৰে আৰু পৰিয়ালক নিৰাপত্তা দিয়ে।

২। পিতৃপ্ৰধান পৰিয়ালত ব্যক্তিসকলৰ নামৰ উপাধি পিতৃৰ উপাধি অনুসৰি দিয়া হয়।অৰ্থাৎ পিতৃৰ উপাধি যি হয় সেই উপাধিকেই পত্নী,তেওঁলোকৰ সন্তান-সন্ততি আৰু পৰিয়ালৰ লগত আন আন লোকসকলে গ্ৰহণ কৰিব লগা হয়।অৱশ্যে কেতিয়াবা কোনো কোনো পত্নীৰ ক্ষেত্ৰত কিছুমান তাৰতম্য দেখা যায়।কোনো সমাজত পত্নীয়ে নিজৰ পিতৃ-মাতৃৰ উপাধি গ্ৰহণ কৰি থাকে।আনহাতে কিছুমান ক্ষেত্ৰত দেখা যায় যে পতি আৰু পিতৃ -মাতৃৰ উভয়ৰে উপাধিৰ সংমিশ্ৰণত স্বকীয় বৈশিষ্ট্য ৰাখি উপাধি গ্ৰহণ কৰে।সন্তান সকলে পিতৃৰ উপাধি গ্ৰহণ কৰি পিতৃৰ বংশানুক্ৰমে ৰক্ষা কৰে, মাতৃৰ নহয়।

৩। পিতৃপ্ৰধান পৰিয়াল ব্যৱস্থাত বংশগত আত্মীয় লোকৰ  গণনা পিতৃৰ ফালৰ পৰাহে কৰা হয়।অৰ্থাৎ নিজৰ আত্মীয়-স্ফজনৰ সমষ্টিৰ ভিতৰত পিতৃস্থানীয় লোককহে অন্তৰ্ভুক্ত কৰা হয়।অৱশ্যে বহুতো সমাজত মাতৃস্থানীয় লোকৰ কোনো ব্যক্তিকো এক গোষ্ঠীৰ ভিতৰত অন্তৰ্ভুক্ত কৰা হয়।অৱশ্যে পিতৃস্থানীয় লোকক যিমানখিনিলৈকে অন্তৰ্ভুক্ত কৰা হয়।মাতৃস্থানীয় লোকৰ ক্ষেত্ৰত সিমানখিনি কৰা নহয়।

৪। পিতৃপ্ৰধান পৰিয়াল পদ্ধতিৰ আন এটা বিশেষত্ব হ’ল যে এনে পৰিয়াল পদ্ধতিত বিবাহৰ পিছ মুহূৰ্তৰ পৰাই পত্নীয়ে নিজৰ পিতৃ-মাতৃৰ ঘৰ চিৰকালৰ বাবে ত্যাগ কৰি পতিৰ ঘৰ বা পৰিয়াললৈ আঁতৰি আহিব লগীয়া হয় আৰু দম্পতীৰ সন্তান-সন্ততি পতি গৃহতেই ডাঙৰ-দীঘল কৰিবলগীয়া হয়।

৫। পিতৃপ্ৰধান পৰিয়াল ব্যৱস্থাত পৰিয়ালত পুৰুষসকলে স্থান মুখ্য বা উচ্ছত কিন্তু মহিলাসকলৰ স্থান নিম্ন।পুৰুষসকলক এনে পৰিয়ালত বিভিন্ন দিশৰ পৰা বিষেকভাৱে গুৰুত্ব প্ৰদান কৰা হয়।

৬। এনে পৰিয়ালত পিতৃয়েই ধৰ্মীয় আচাৰ অনুষ্ঠানত মুখ্য ভূমিকা গ্ৰহণ কৰে।তেওঁ প্ৰধান পুৰোহিত হিচাপে ধৰ্মীয় অনুষ্ঠানসমূহ সম্পাদন কৰে।

এনেদৰেই পিতৃপ্ৰধান পৰিয়ালৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰিব পাৰি।এইখিনিতেই উল্লেখ কৰি যোৱা প্ৰয়োজন হ’ব যে অতীতৰ পৰাই বিভিন্ন দেশ তথা সামাজত পিতৃপ্ৰধান পৰিয়ালে গুৰুত্ব লাভ কৰি আহিছে।উল্লেখযোগ্য যে অতীতৰ পৰাই ইহুদি, গ্ৰীক,ৰোমান আৰু ভাৰতৰ আৰ্য্যসকলৰ মাজত এই পৰিয়াল ব্যৱস্থাই গুৰুত্ব লাভ কৰি আহিছে।ৰোমানসকলে পৰিয়ালৰ পিতৃগৰাকীকেই অবাধ কৰ্তৃত্ব প্ৰদান কৰিছিল যাতে পৰিয়ালৰ আন আন লোকসকলক তেওঁ নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰে।পেলেষ্টাইনতো (Palestine) পৰিয়ালৰ পিতৃসকলক অবাধ ক্ষমতা আৰু কৰ্তৃত্ব প্ৰদান কৰিছিল।পেলেষ্টাইনীসকলে পিতৃ গৰাকীক ইমানেই ক্ষমতা প্ৰদান কৰিছিল যে পিতৃগৰাকীয়ে ইচ্ছা কৰিলেই বিনা দ্বীধাই নিজৰ কন্যাক কোনো লোকক বিক্ৰী কৰি দিব পাৰিছিল।আনকি ইহুদীসকলেও পেলেষ্টাইনীসকলৰ দৰেই একে পন্হা গ্ৰহণ কৰিছিল।বৈদিক যুগত ভাৰতৰ পিতৃপ্ৰধান পৰিয়ালসমূহত একো একো গৰাকী নাৰী বিবাহৰ পূৰ্বে পিতৃৰ কৰ্তব্য বা নিৰ্দেশত ,বিবাহৰ পিছত স্বামীৰ কৰ্তৃত্ব বা নিৰ্দেশত চলিব লগা হৈছিল।এথেন্সত পিতৃপ্ৰধান পৰিয়ালত নাৰীসকলক সামাজিকভাৱে মুক্ত কৰি দিয়া হোৱা নাছিল।অৱশ্যে বৰ্তমান সময়ত পিতৃপ্ৰধান পৰিয়াল ব্যৱস্থাৰ এনে কঠোৰতা কিছু শিথিল হোৱা পৰিলক্ষিত হৈছে।

(খ) মাতৃপ্ৰধান পৰিয়াল (Matriarchal Family): বিশ্বৰ অনেক সমাজ তথা দেশৰ অতীতৰ পৰা প্ৰচলন হৈ অহা পৰিয়ালবোৰৰ ভিতৰত মাতৃপ্ৰধান পৰিয়ালে অন্যতম।বিশ্বৰ সকলোধৰণৰ সমাজত এনে পৰিয়ালৰ জনপ্ৰিয়তা নাই।

অৱশ্যে এক্সিমো, মালয় দ্বীপৰ বাসিন্দা,ভাৰতৰ ওডামা (Odama Indians) ভাৰতৰ উত্তৰ- পূৰ্বাঞ্চলৰ খাচীসকল আৰু আমেৰিকাৰ কেতবোৰ জনসমূহৰ মাজত এনে পৰিয়াল পদ্ধতিৰ প্ৰচলন আছে।এল.এইচ,মাৰ্গান (L.H.Margan) বেচোপেন (Bachopen) টাইলাৰ (Tylor)  ব্ৰিফালত (Briffault) আদি চিন্তাবিদসকলৰ মতে মাতৃপ্ৰধান পৰিয়ালেই পৃথিৱীৰ আদিতম পৰিয়াল।

মাতৃপ্ৰধান পৰিয়াল বুলি ক’লে মাতৃৰ কতৃত্বক কেন্দ্ৰ কৰি গঢ়ি উঠা মাতৃপ্ৰধান পৰিয়ালকে বুজা যায়।এনে পৰিয়ালত মাতৃগৰাকীযেই সৰ্বেসৰ্বা।পৰিয়ালৰ সকলো ক্ষমতা অধিকাৰ মাতৃৰ হাততেই ন্যস্ত থাকে।মাতৃপ্ৰধান পৰিয়ালৰ কেতবোৰ বিশেষত্ব আছে।এনে বিশেষত্ববোৰ হৈছে – 

১। মাতৃপ্ৰধান পৰিয়াল মাতৃক কেন্দ্ৰ কৰিয়েই গঢ়ি উঠে।এনে পৰিয়ালত পুৰুষ বা পতিগৰাকীয়ে পত্নীৰ ঘৰলৈ আহি পাৰিবাৰিক জীৱন -যাপন কৰিবলগীয়া হয়।অৱশ্যে কেতবোৰ সমাজত পতিয়ে মাজে সময়ে আহি পত্নীৰ ঘৰত থাকি যায়হি।কিন্তু আন কিছুমান সমাজত পতিগৰাকী স্থায়ীকৈ পত্নীৰ ঘৰতে থাকিবলগীয়া হয়।

২। মাতৃপ্ৰধান পৰিয়াল ব্যৱস্থাত পৰিয়ালৰ মুখ্য কৰ্তা হ’ল মাতৃগৰাকী নাইবা মাতৃস্থানীয় কোনো মহিলা।সাধাৰণতে পত্নীৰ অবিহনে পত্নীৰ ভগ্নীয়ে পৰিয়ালৰ কৰ্তৃত্ব চমজি লয়।পৰিয়ালৰ সা-সম্পত্তিৰ অধিকাৰ মাতৃ নাইবা মাতৃৰ ভগ্নীৰ হাততেই ন্যস্ত হয়।

৩। মাতৃপ্ৰধান পৰিয়ালত মাতৃ বা স্ত্ৰীৰ ভূমিকা মুখ্য আৰু পুৰুষৰ ভূমিকা গৌণ।এনে নিয়ম অনুসৰি মাতৃপ্ৰধান পৰিয়ালত মাতৃৰ সামাজিক স্থান পুৰুষতকৈ উচ্চ।

৪। মাতৃপ্ৰধান পৰিয়ালত সন্তানসকলক মাতৃৰ ঘৰত ডাঙৰ -দীঘল কৰা হয় আৰু সিহঁতে মাতৃৰ বংশৰ উপাধি গ্ৰহণ কৰে।আত্মীয় লোকৰ পৰিয়ালত অন্তৰ্ভূক্তিৰ ক্ষেত্ৰতো কেৱল মাতৃৰ ফালৰ লোককহে অন্তৰ্ভুক্ত কৰে।

৫। এনে পৰিয়াল ব্যৱস্থাত পৰিয়ালৰ মাতৃ বা মাতৃৰ দায়িত্বত থকা কোনো নাৰীয়ে সম্পত্তিৰ অধিকাৰ ভোগ কৰে।সম্পত্তিৰ দায়িত্ব নাৰী গৰাকীৰ হাততেই ন্যস্ত থাকে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top