Sociology of Gender Unit 2 সামাজিক লিংগৰ সিদ্বান্তসমূহ

Sociology of Gender Unit 2 সামাজিক লিংগৰ সিদ্বান্তসমূহ Notes, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Sociology of Gender Unit 2 সামাজিক লিংগৰ সিদ্বান্তসমূহ to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Sociology of Gender Unit 2 সামাজিক লিংগৰ সিদ্বান্তসমূহ Question Answer can be of great value to excel in the examination.

Sociology of Gender Unit 2 সামাজিক লিংগৰ সিদ্বান্তসমূহ

Join Telegram channel

Sociology of Gender Unit 2 সামাজিক লিংগৰ সিদ্বান্তসমূহ Notes cover all the exercise questions in UGC Syllabus. The Sociology of Gender Unit 2 সামাজিক লিংগৰ সিদ্বান্তসমূহ provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

Gender Theories

SOCIOLOGY

SOCIOLOGY OF GENDER

লিংগৰ সমাজতত্ত্ব

Very objectives type questions

Q.1. Who wrote the book “The Dialectic of Sex”?

Ans: Shulasmith Firestone.

Q.2. Name the author of the book “Sexual Politics”?

Ans: Name the author of the book “Sexual Politics”?

Ans: কেট মিলেট।

Q.3. _____ authored the book “The Second Sex”.

Ans: চাইমন দ্য ব্যুভেৰ।

Q.4. ne Proponent of Radical feminism?

Ans: কেট মিলেট।

Q.5. What do you mean by “Approach”?

Ans: কোনো এক সমস্যা বিশ্লেষণ বা পৰ্যবেক্ষণৰ আহিলা।

Q.6. Name the Proponent of Marxist Approach to the study of Women’s Studies.

Ans: এঞ্জেলছ ।

Q.7. What do you mean by “Second Wave of Feminism”?

Ans: “Second Wave of Feminism” হৈছে ৰাজঝছঙম চনত আমেৰিকাত যুক্তৰাষ্ট্ৰত আৰম্ভ হোৱা নাৰী সজাগতা এক আন্দোলন।

Q.8. Who write the book the book “The Femine Mystique”?

Ans: বেটী ফ্ৰিয়েজন।

Q.9. Mention any two advocate of Liberal Approach to Women’s Studies.

Ans: উইলষ্টন ক্ৰাফট, কেভি ষ্টেণ্টন।

Q.10. When “Marked Women’s Property Act” was passed?

Ans: ১৮৪৮ চনত।

Q.11. Who wrote the book “The Origin of the Family, Private Property and the State”?

Ans: এঞ্জেলছ।

Q.12. “Wage Labour is a form of exploitation and Prostitution of Labour” –  who said?

Ans: মাৰ্ক্সে কৈছিল।

Choose the correct answer 

Q.1. Temminist Approaches are the method or ways to investigate and analyse the different issues of women.Write Yes or No.

Ans: Yes.

Q.2. The Profounder of liberal Approach is J.S Mill/Mary Wollstonecraft/Betty Frieden.

Ans: Mary Wollstonecraft.

Q.3. The book”The subjection of Women” was written by J.S Mill/Mary Wollstonecraft/Gloria Steinem.

Ans: J.S Mill.

Q.4. Liberal Approach focus on the establishment of equality between men and women.Write Yes or No.

Ans: Yes.

Q.5. The Profounder of Marxist Approach to the Woman’s Studies is, Karl Marx/Fredrich  Angel/August Bebel.

Ans: Karl Marx.

Q.6. The book”The origin of the Family, Private property and the State”was written by Karl Marx/Fredrich Angel/Dalla Costa.

Ans: Karl Marx.

Q.7. The profounder of Radical Approach is Simone do Beauvoir/Kate Millet/Mary Daly.

Ans: Mary Daly .

Q.8. Radical Approach is extreme in nature.Write Yes or No.

Ans: Yes.

Q.9. The book “The Second Sex”was written by Kate Millett/Simone de Beaovoir/Mary Daly.

Ans: Simone de Beauvoir.

Q.10. The book “Sexual Politics”was written by Kate Millett/Simone de Beauvoir/Betty Frieden.

Ans: Kate Millett.

Q.11. The profounder of Third World Approach is Kate Milliett/Betty Frieden/Chanhra Talpade Mahanty.

Ans: Chanhra Talpade Mahanty.

Q.12. The Third World Approach is an one sided approach.Write Yes or No.

Ans: Yes.

Short type questions 

Q.1. Basic assumption of Liberal Approach.

Ans: উদাৰনৈতিক দৃষ্টিভংগীৰ কেন্দ্ৰীয় ধাৰণা মূলতঃ ব্যক্তিবাদৰ ওপৰত প্ৰতিষ্ঠিত।প্ৰতিজন লোকৰে নিজৰ ব্যক্তিত্ব আৰু সন্মোহিত গুণৰাজিৰ বিকশিত কৰাৰ অধিকাৰ আছে আৰু প্রত্যেকে কৰ্তৃত্বৰ মৌলিক দায়িত্ব হৈছে।ব্যক্তিৰ ব্যক্তিত্বৰ ওপৰত গুণৰাজিৰ বিকাশৰ সুযোগ প্ৰদান কৰা।অধিকাৰবিলাক নাৰী আৰু পুৰুষৰ বাবে সমানেই প্ৰয়োজনীয়।নাৰী সকলক স্বেচ্ছাৰীভাৱে অধিকাৰসমূহ উপভোগ কৰাৰ পৰা বঞ্চিত কৰাটো সম্পূৰ্ণৰূপে অন্যায় আৰু আৰু এনে কাৰ্য দীৰ্ঘদিনৰ বাবে চলি থাকিবলৈ দিব নালাগে।কোনো আদৰ্শ গণতন্ত্ৰই নাৰীক অধিকাৰ উপভোগৰ পৰা বঞ্চিত কৰি প্ৰতিষ্ঠিত হ’ব নোৱাৰে।কিছুমান উদাৰনৈতিক নাৰীবাদী দৃষ্টিভংগীৰ পৃষ্ঠপোষকে নাৰীবাদ অৰ্থাৎ নাৰীৰ সম অধিকৰাৰ সৈতে সুখৰ ধাৰণাটোক সংলগ্ন কৰিব বিচাৰে।তেওঁলোকৰ যুক্তি হ’ল যে,সম অধিকাৰৰ অবিহনে নাৰীয়ে সুখো লাভ কৰিব নোৱাৰে।আৰু এনে অৱস্থাত নাৰীয়ে সন্মোহিত গুণৰাজিৰে বিকাশ সাধন নহয়।তেওঁলোকৰ মতে, নাৰীসকলৰ ৰাজনৈতিক অধিকাৰৰ নিশ্চয়তাইহে তেওঁলোকৰ সুখ লাভৰ নিশ্চয়তা প্ৰদান কৰিব পাৰে উদাৰনৈতিক নাৰীবাদীসকলে নাৰীৰ শিক্ষা লাভৰ অধিকাৰৰ ওপৰতো গুৰুত্ব আৰোপ কৰিছিল।

Q.2. Characteristics of Liberal Approach.

Ans: সামগ্ৰিকভাৱে বিশ্লেষণ কৰিলে উদাৰনৈতিক নাৰীবাদী দৃষ্টিভংগীৰ কেতবোৰ বৈশিষ্ট্য পৰিলক্ষিত হয়।এই বৈশিষ্ট্যবিলাক তলত আলোচনা কৰা হ’ল – 

(১) সংস্কাৰবাদী: উদাৰনৈতিক নাৰীবাদৰ কেন্দ্ৰীয় বিষয় হৈছে সংস্কাৰবাদীত।অৱশ্য চৰম বিপ্লৱৰ জৰিয়তে সমাজৰ সামগ্ৰিক পৰিৱৰ্তনৰ লগত উদাৰনৈতিক নাৰীবাদ জড়িত নহয়।উদাৰবাদী নাৰীবাদে অধিকাৰ আৰু সুযোগ- সুবিধাসমূহৰ বিতৰণৰ যি প্ৰচলিত ব্যৱস্থা তাৰো বিৰোধিতা কৰে।

বৰ্তমান পুৰুষৰ আধিপত্যৰ অধিকাৰ আদিৰ বিতৰণৰ ব্যৱস্থাক নাৰীৰ সপেক্ষে সংস্কাৰ সাধন কৰিব পাৰিলেহে নাৰীসকলে নিজৰ ব্যক্তিত্ব আৰু সন্মোহিত গুণৰাজিৰ বিকাশ সাধন কৰিব পাৰিব বুলি নাৰী অধ্যয়নৰ উদাৰনৈতিক দৃষ্টিভংগীৰ পৃষ্ঠপোষকসকলে মতপোষণ কৰে।

(২) পুৰুষ-নাৰীৰ মাজৰ প্ৰাকৃতিক ব্যৱধানক অস্বীকাৰ : 

মহিলাৰ অধ্যয়নৰ উদাৰনৈতিক দৃষ্টিভংগীৰ পৃষ্ঠপোষকসকলে পুৰুষ আৰু নাৰীৰ মাজৰ প্ৰাকৃতিক ব্যৱধানক অস্বীকাৰ কৰে।তেওঁলোকৰ মতে, নাৰীসকলে সকলো ধৰণৰ কাৰ্য সম্পাদনৰ বাবে যোগ্য নহয়।উদাৰ নাৰীবাদীসকলৰ মতে, পুৰুষ – নাৰীৰ মাজৰ প্ৰাকৃতিক ব্যৱধানসমূহ মনত ৰাখি সকলো ধৰণৰ অধিকাৰ আৰু সুযোগ-সুবিধা সকলোৰে কাৰণে সমানে উন্মুক্ত থাকিব লাগে।সকলো ব্যক্তিয়ে নিজৰ যোগ্যতা অনুসৰি এনে অধিকাৰ আৰু সুবিধাসমূহ উপভোগ কৰিব।ৰাষ্ট্ৰই কোনো ধৰণৰ কৃত্ৰিম ব্যৱধানৰ সৃষ্টি কৰিব নোৱাৰিব।

(৩) নাৰী অধ্যয়নৰ উদাৰনৈতিক দৃষ্টিভংগীৰ পৃষ্ঠপোষকসকলৰ মতে,পুৰুষ আৰু নাৰীৰ মনৰ আসত্তি,অভিৰুচি আদি বেলেগ বেলেগ আৰু যিকোনো মূল্যৰে বিনিময়ত এনে প্ৰভেদসমূহক ধৰি ৰাখিব লাগিব।

(৪) মহিলা অধ্যয়নৰ উদাৰনৈতিক দৃষ্টিভংগীৰ সমৰ্থকসকলে বিশ্বাস কৰে যে প্ৰচলিত সমাজ ব্যৱস্থাক নাৰীৰ পক্ষে শান্তিপূৰ্ণভাৱে আবেদন নিবেদন,আন্দোলন আৰু অন্যান্য উপায়েৰে সলনি কৰিব পৰা যায়।

Q.3. Criticism of Liberal Approach.

Ans: উদাৰতাবাদী নাৰীবাদক কেৱল মাত্ৰ নাৰীবাদৰ বিৰোধী সকলেই নহয়, বৰং কিছুমান নাৰীবাদীয়েও সমালোচনা কৰিছিল।

(১) স্ববিৰোধী : উদাৰ নাৰীবাদী দৃষ্টিভংগীৰ পৃষ্ঠপোষকসকলৰ কেতিয়াবা বিভিন্ন ধ্যান-ধাৰণাসমূহক লৈ নিজৰ ভিতৰতে মত বিৰোধ ঘটে।

(২) উদাৰ নাৰীবাদী সকলে পৃষ্ঠপোষকতা কৰা নিঃলিংগকৰণ সমাজ ব্যৱস্থা সাধাৰণ অৰ্থত সম্ভৱপৰ নহয়।’নাৰীত্ব’গুৰণ গৰাকী হোৱাৰ সুবাদতে এগৰাকী নাৰীক নাৰী হিচাপে সন্মান জনোৱা হয়।সন্তান প্ৰসৱ কৰা, সন্তানৰ যত্ন লোৱা, গৰ্ভধাৰণ কৰা আদি নাৰীৰ এক বৈশিষ্ট্য।নাৰীবাদীসকলে ভবাৰ দৰে ইবিলাকে এগৰাকী নাৰীক নিম্নখাপৰ কৰি নেপেলায়।

(৩) উদাৰ নাৰীবাদীসকলে কোৱাৰ দৰে কেৱল ব্যক্তিগত অধিকাৰ, ব্যক্তি আদি সমাজৰ উন্নতি আনিব নোৱাৰে।এখন সমাজৰ উন্নতি সাধন হ’ব নোৱাৰে।সমাজৰ উন্নতি অবিহনে ব্যক্তিৰ উন্নতি অৰ্থহীন।

(৪) উদাৰনৈতিক নাৰীবাদী ইয়াৰ নিজৰ পৰিসীমাৰ ভিতৰতে কৃতকাৰ্যতা লাভ কৰিবলৈ সক্ষম হোৱা নাই।কিছুমান মহিলাই লাভান্বিত হোৱা সত্বেও ৰাজনৈতিক ক্ষমতা আৰু কৰ্তৃত্ব আহৰণৰ ক্ষেত্ৰত বা আন কাম-কাজত অংশগ্ৰহণৰ ক্ষেত্ৰত পুৰুষ আধিপত্যৰ প্ৰচলন থকা দেখা যায়।

(৫) উদাৰনৈতিক নাৰীবাদৰ লক্ষক বহুতে অস্বীকাৰ কৰিছিল।তেওঁলোকৰ মতে, উদাৰনৈতিক নাৰীবাদীসকলে সমাজ ব্যৱস্থাৰ প্ৰচলিত শ্ৰেণীব্যৱস্থা,প্ৰতিযোগিতা, অধিক্ৰমৰ ব্যৱস্থা ইত্যাদিক অৱজ্ঞা কৰি কেৱল মধ্যম শ্ৰেণীৰ মহিলাসকলৰ ওপৰতহে গুৰুত্ব আৰোপ কৰিছিল।সমাজত প্ৰচলিত শ্ৰেণীব্যৱস্থা, বৰ্ণ বৈষম্য আদিৰ কাৰণে মহিলাসকলৰ লগতে বহুতো পুৰুষেও অবদমিত হ’ব লগা হয়।

(৬) উদাৰতাবাদীসকলে ৰাষ্ট্ৰক নিৰূপেক্ষ অনুষ্ঠান হিচাপে বিবেচনা কৰা আৰু লিংগৰ সমতা প্ৰতিষ্ঠা কৰাৰ বাবে ৰাষ্ট্ৰীয় ক্ষমতাক প্ৰয়োগ কৰিব বিচৰা নীতিক বহুতে সমালোচনা কৰিছে।কিছুমান সমালোচকৰ মতে,ৰাষ্ট্ৰক কেৱল পুৰুষে শাসন নকৰে বৰং পুঁজিবাদী অৰ্থনৈতিক ব্যৱহাৰ প্ৰয়োজনীয়তাকো প্ৰতিবিম্বিত কৰে।

Q.4. Basic features of Marxist Feminism.

Ans: মাৰ্ক্সীয় নাৰীবাদী বৈশিষ্ট্যসমূহ নিম্নোক্ত ধৰণৰ – 

(১) পুঁজিপতি শ্ৰেণীৰ শ্ৰেণীগত বৈষম্য হ’ল নাৰী শোষণ আৰু বৈষম্যৰ মূল কাৰণ।

(২) মাৰ্ক্সীয় মাৰিবাদীসকলৰ মতে,পিতৃতান্ত্ৰিকতা হ’ল অৰ্থনৈতিক শোষণৰ ফলশ্ৰুতি মাথোন।

(৩) পৰিয়াল ব্যৱস্থাই শ্ৰমিক শক্তিৰ সূচিত কৰে।

(৪) পুঁজিবাদী নাৰীক সংৰক্ষিত শ্ৰমিক শক্তি হিচাপে গণ্য কৰে।

(৫) মাৰ্ক্সীয় নাৰীবাদ অনুসৰি নাৰীয়ে পুৰুষ প্ৰধান সমাজ ব্যৱস্থাত পুৰুষৰ বাবে পত্নী,মাতৃ,ভগ্নী আৰু কন্যাৰ ভূমিকা গ্ৰহণ কৰে আৰু এই সূত্ৰে এমঞ্জুৰীপ্ৰাপ্ত ঘৰুৱা ভমিকাত অৱতীৰ্ণ হ’ব লাগে।

(৬) মাৰ্ক্সীয় নাৰীবাদৰ মূল লক্ষ্য হ’ল পুঁজিবাদক সম্পূৰ্ণৰূপে উৎখাত কৰা।এই উদ্দেশ্য মাৰ্ক্সীয় দৃষ্টিভংগীয়ে মহিলাসকলক সামগ্ৰিকভাৱে নিষ্পেষিত আৰু শোষিত শ্ৰেণীটোৰ লগত সাঙুৰি লৈছে।

Q.5. Criticism of Marxist approach.

Ans: মাৰ্ক্সীয় দৃষ্টিভংগীৰ বিৰুদ্ধে নিম্নোক্ত সমালোচনাসমূহ উখাপিত হয় – 

(১) মাৰ্ক্সবাদীসকলে পোষণ কৰাৰ দৰে নাৰী কেৱল কোনো পণ্য সামগ্ৰী নহয়।নাৰীসকলক মজুৰি নিদিয়া শ্ৰমিক বুলি ক’লে ভুল কৰা হ’ব।নাৰীয়ে পালন কৰা মাতৃ,ভগ্নী, অথবা পত্নীৰ ভূমিকা তেওঁৰ ওপৰত কোনো ধৰণৰ বলপূৰ্বকভাৱে জাপি দিয়া ভূমিকা নহয়।ই হৈছে এক সামাজিক সম্বন্ধ যি সম্পূৰ্ণ অৰ্থত প্ৰকৃতিগত ,য’ত অৰ্থনৈতিৰ কোনো স্থান নাই।

(২) পৰিয়াল যিকোনো সমাজৰ বাবে অতিকৈ প্ৰয়োজনীয় সামাজিক অনুষ্ঠান।কিন্তু মাৰ্ক্সবাদীসকলে পৰিয়ালৰ ধাৰণাটোক আগ্ৰাহ্য কৰিছে।

(৩) মাৰ্ক্সবাদীসকলে কোৱাৰ দৰে কেৱল পুঁজিবাদীসকলে নাৰীৰ ওপৰত শোষণ কৰা বুলি কোৱাটো ভুল হ’ব। সমাজবাদ,প্ৰচলন থকা দেশতো নাৰীৰ ওপৰত শোষণ বাহাল থকা পৰিলক্ষিত হয়।

(৪) সম্প্রতি পুঁজিবাদী ৰাষ্ট্ৰবিলাকত নানা ধৰণৰ সংস্কাৰমুখী কাৰ্যব্যৱস্থা গ্ৰহণৰ জৰিয়তে লিংগ বৈষম্য দুৰিকৰণৰ প্ৰয়াস কৰা হৈছে।

(৫) যদিওবা মাৰ্ক্সীয় নাৰীবাদীসকলে পুঁজিবাদ আৰু পুৰুষতন্ত্ৰৰ ওপৰত আলোচনা কৰিছে, তথাপি ইবিলাকৰ ওপৰত মাৰ্ক্সীয় নাৰীয়ে সীমিত পৰিমানেহে মনোযোগ দিয়া পৰিলক্ষিত হয়।

(৬) মাৰ্ক্সীয় নাৰীবাদৰ ধাৰণাক বিশেষকৈ চৰম নাৰীবাদীয়ে সমালোচনা কৰিছিল।চৰম নাৰীবাদী চিন্তাবিদকলে আলোচনা কৰে যে আধুনিক সমাজ ব্যৱস্থা ইয়াৰ মূল গাঁথনি(আইন ,ধৰ্ম, ৰাজনীতি, কলা ইত্যাদি)মূলতঃ পুৰুষৰ সৃষ্টি আৰু সেয়েহে এই সকলোবোৰ পুৰুষতান্ত্ৰিক প্ৰকৃতিৰ।

Q.6. Views of Simon de Beavoir on Radical Feminism.

Ans: চৰম নাৰীবাদ সম্পৰ্কে চিমন দ্যা ব্যুৰে (১৯০৬-১৯৮৬) য়ে নিজৰ অভিমত আগবঢ়াইছে।ব্যুভেৰ আছিল এগৰাকী ফৰাচী উপন্যাসিক ।উল্লেখযোগ্য যে ব্যুভেৰৰ ১৯৪৯ চনত প্রকাশিত ‘The Second Sex’ শীৰ্ষক গ্ৰন্থখনে জনমানসত এক বিশেষ আলোড়নৰ সৃষ্টি কৰিছিল।ব্যুভেৰৰ মতে,নাৰীৰ মৰ্যাদা আৰু শাৰীৰিক অৱস্থা পুৰুষ আৰু নাৰীৰ মাজত থকা প্ৰাকৃতিক পাৰ্থক্যৰ দ্বাৰা নিৰ্ধাৰিত নহয় বৰং সামাজিক আৰু বস্তুগত পৰিস্হিতি আৰু শক্তিৰ দ্বাৰাহে নিৰ্ধাৰিত।নাৰীসকলক পুৰুষসকলে নিজ স্বাৰ্থৰ হকে ব্যৱহাৰ কৰে ।গতিকে ব্যুভেৰৰ মতে,পুৰুষ আৰু নাৰীৰ মাজৰ পাৰ্থক্যসমূহ চৰম ব্যৱস্থা গ্ৰহণ কৰি দূৰীকৰণৰ জৰিয়তেহে নাৰী মুক্তি সম্ভৱপৰ হয়।

Q.7. Views of Kate Millet’s on Radical Feminism.

Ans: কেট মিলেট হৈছে চৰম নাৰীবাদৰৰ আন এগৰাকী প্ৰবক্তা।১৯৭০ চনত প্ৰকাশিত কেট মিলটেৰ  “Sexual Politics” শীৰ্ষক গ্ৰন্থখনত তেঁও যুক্তি দৰ্শাইছে যে নাৰীসকলক দুর্বলী হিচাপে প্ৰতিষ্ঠা কৰাত কিছুমান অনুষ্ঠান আৰু শক্তিয়ে অৰিহণা যোগাই আহিছে।এই অনুষ্ঠান আৰু শক্তিসমূহ বহু যুগৰ পূৰ্বে সৃষ্ট যদিও বৰ্তমানেও ইবিলাক ব্যাপি আছে।তেওঁৰ মতে, অতি সৰুকালৰে পৰা ল’ৰা-ছোৱালীক প্ৰদান কৰা শিক্ষাৰ জৰিয়তে ল’ৰাতকৈ ছোৱালীক হীন হিচাপে প্ৰতিষ্ঠা কৰা হয়।তেওঁ বিশ্বাস কৰিছিল যে নাৰীৰ ওপৰত চলি অহা নিৰ্মম অত্যাচাৰৰ প্ৰধান চালিকা শক্তি হৈছে পুৰুষতান্ত্রিকতা (Patriarchy)।গতিকে নাৰীক শোষণ বন্ধ কৰিবলৈ পুৰুষতন্ত্ৰৰ অৱসান ঘটোৱাটো অতি প্ৰয়োজনীয়।অৱশ্য পুৰুষতন্ত্ৰৰ অৱসান ঘটোৱাটো সহজসাধ্য নহয়।এইক্ষেত্ৰত ভিন্ন পৰ্যায়ত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব।এই ক্ষেত্ৰত প্ৰথমটো পদক্ষেপ হৈছে নাৰীসকলৰ মাজত সজাগ- সচেতনতা বৃদ্ধি।নাৰীসকলে তেওঁলোকৰ অধিকাৰ সমূহৰ বিষয়ে সচেতন হ’লেহে সবলভাৱে শোষণ আৰু অত্যাচাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিব পাৰিব।মিলেটৰ মতে,নাৰী মুক্তিৰ দ্বিতীয়টো পদক্ষেপ হৈছে ৰাজনৈতিক গাথঁনিসমূহৰ পুনঃ গঠন। অৰ্থাৎ ৰাজনৈতিক গাঁথনি বিলাকৰ এনেদৰে পুনঃ নিৰ্মাণ কৰিব লাগিব যাতে ইয়াৰ জৰিয়তে নাৰীসকলৰ বিৰুদ্ধে চলি অহা শোষণৰ বিপক্ষে যুজঁ দিয়াত সহায়ক হয়।তেওঁ প্ৰচলিত আৰ্থ-সামাজিক গাথঁনিয়ে নাৰীৰ ওপৰত চলি থকা শোষণ আৰু অত্যাচাৰৰ বিপক্ষে যুজঁ দিয়াৰ বাবে যথোপযুক্ত নহয় সেয়া অতি সাৱলীলভাৱে “Sexual Politics”শীৰ্ষক গ্ৰন্থখনত বিশ্লেষণ কৰি দেখুৱাইছে।মুঠৰ ওপৰত ক’বলৈ হ’লে,মিলেটৰ মতে,নাৰীৰ মুক্তিৰ বাবে এক বৈপ্লৱিক পৰিৱৰ্তনৰ বাবে নিতান্তই প্ৰয়োজনীয়তা আছে।

Lang type questions

Q.1. Discuss about the Liberal Approach Characteristics of Liberalism . Main Demands of liberal Feminism. Criticism of Liberal Thinking. 

Ans: উদাৰনৈতিক দৃষ্টিভংগীৰ কেন্দ্ৰীয় মূল ধাৰণা:

উদাৰনৈতিক দৃষ্টিভংগীৰ কেন্দ্ৰীয় ধাৰণা মূলতঃ ব্যক্তিবাদৰ ওপৰত প্ৰতিষ্ঠিত।প্ৰতিজন লোকৰে নিজৰ ব্যক্তিত্ব আৰু সন্মোহিত গুণৰাজিৰ বিকশিত কৰাৰ অধিকাৰ আছে আৰু প্ৰত্যেক কৰ্তৃত্বৰ মৌলিক দায়িত্ব হৈছে।ব্যক্তিৰ ব্যক্তিত্ব আৰু গুণৰাজিৰ বিকাশৰ সুযোগ প্ৰদান কৰা।অধিকাৰবিলাক নাৰী আৰু পুৰুষৰ বাবে সমানেই প্ৰয়োজনীয়।নাৰীসকলক স্বেচ্ছাচাৰীভাৱে অধিকাৰসমূহ উপভোগ কৰাৰ পৰা বঞ্চিত কৰাটো সম্পূৰ্ণৰূপে অন্যায় আৰু এনে কাৰ্য দীৰ্ঘদিনৰ বাবে চলি থাকিবলৈ দিব নালাগে।কোনো আদর্শ গণতন্ত্ৰই নাৰীক অধিকাৰ উপভোগৰ পৰা বঞ্চিত কৰি প্ৰতিষ্ঠিত হ’ব নোৱাৰে।এনে প্ৰেক্ষাপটত গণতন্ত্ৰৰ প্ৰকৃত অৰ্থ হ’ল পুৰুষ আৰু মহিলাৰ বৈধ অংশগ্ৰহণ।কিছুমান উদাৰনৈতিক নাৰীবাদী দৃষ্টিভংগীৰ পৃষ্ঠপোষকে নাৰীবাদ অৰ্থাৎ নাৰীৰ সম অধিকাৰৰ সৈতে সুখৰ ধাৰণাটোক সংলগ্ন কৰিব বিচাৰে।

তেওঁলোকৰ যুক্তি হ’ল যে,সম অধিকাৰৰ অবিহনে নাৰীয়ে সুখো লাভ কৰিব নোৱাৰে।আৰু এনে অৱস্থাত নাৰীৰ সন্মোহিত গুণৰাজিৰো বিকাশ সাধন নহয়।তেওঁলোকৰ মতে, নাৰীসকল ৰাজনৈতিক অধিকাৰৰ নিশ্চয়তাইহে তেওঁলোকৰ সুখ লাভৰ নিশ্চয়তা প্ৰদান কৰিব পাৰে ।উদাৰনৈতিক নাৰীবাদীসকলে নাৰীৰ শিক্ষা লাভৰ অধিকাৰৰ ওপৰতো গুৰুত্ব আৰোপ কৰিছিল।

নাৰী অধ্যয়নৰ উদাৰনৈতিক দৃষ্টিভংগীৰ বৈশিষ্ট্য-

সামগ্ৰিকভাৱে বিশ্লেষণ কৰিলে উদাৰনৈতিক নাৰীবাদী দৃষ্টিভংগীৰ কেতবোৰ বৈশিষ্ট্য পৰিলক্ষিত হয়।এই বৈশিষ্ট্যবিলাক তলত আলোচনা কৰা হ’ল – 

(১) সংস্কাৰবাদী : উদাৰনৈতিক নাৰীবাদৰৰ কেন্দ্ৰীয় বিষয় হৈছে সংস্কাৰবাদীতা।অৱশ্যে চৰম বিপ্লৱৰ জৰিয়তে সমাজৰ সামগ্ৰিক পৰৱৰ্তনৰ লগত উদাৰনৈতিক নাৰীবাদ জড়িত নহয়।উদাৰতাবাদী নাৰীবাদে অধিকাৰ আৰু সুযোগ- সুবিধাসমূহৰ বিতৰণৰ যি প্ৰচলিত ব্যৱস্থা তাৰো বিৰোধিতা কৰে।বৰ্তমান পুৰুষৰ আধিপত্যৰ অধিকাৰ আদিৰ বিতৰণৰ ব্যৱস্থাক নাৰীৰ সাপেক্ষে সংস্কাৰ কৰিব পাৰিলেহে নাৰীসকলে নিজৰ ব্যক্তিত্ব আৰু সন্মোহিত গুণৰাজিৰ বিকাশ সাধন কৰিব পাৰিব বুলি নাৰী অধ্যয়নৰ উদাৰনৈতিক দৃষ্টিভংগীৰ পৃষ্ঠপোষকসকলে মতপোষণ কৰে।

(2) পুৰুষ – নাৰীৰ মাজত প্ৰাকৃতিক ব্যৱধানক অস্বীকাৰ : 

মহিলাৰ অধ্যয়নৰ উদাৰনৈতিক দৃষ্টিভংগীৰ পৃষ্ঠপোষকসকলে পুৰুষ আৰু নাৰীৰ মাজৰ প্ৰাকৃতিক ব্যৱধানক অস্বীকাৰ কৰে।তেওঁলোকৰ মতে, নাৰীসকলে সকলো ধৰণৰ কাৰ্য সম্পাদনৰ বাবে যোগ্য নহয়।উদাহৰ নাৰীবাদীসকলৰ মতে, পুৰুষ-নাৰীৰ মাজৰ প্ৰাকৃতিক ব্যৱধানসমূহ মনত ৰাখি সকলো ধৰণৰ অধিকাৰ আৰু সুযোগ-সুবিধা সকলোৰে কাৰণে সমানে উন্মুক্ত থাকিব লাগে।সকলো ব্যক্তিয়ে নিজৰ যোগ্যতা অনুসৰি এনে অধিকাৰ আৰু সুবিধাসমূহ উপভোগ কৰিব।ৰাষ্ট্ৰয় কোনো ধৰণৰ কৃত্ৰিম ব্যৱধানৰ সৃষ্টি কৰিব নোৱাৰিব।

(৩) নাৰী অধ্যয়নৰ উদাৰনৈতিক দৃষ্টিভংগীৰ পৃষ্ঠপোষকসকলৰ মতে,পুৰুষ আৰু নাৰীৰ মনৰ আসক্তি,অভিৰুচি আদি বেলেগ বেলেগ আৰু যিকোনো মূল্যৰে  বিনিময়ত এনে প্ৰভেদসমূহক ধৰি ৰাখিব লাগিব।

(৪) মহিলা অধ্যয়নৰ উদাৰনৈতিক দৃষ্টিভংগীৰ সমৰ্থকসকলে বিশ্বাস কৰে যে প্ৰচলিত সমাজ ব্যৱস্থাক নাৰীৰ পক্ষে শান্তিপূৰ্ণভাৱে আবেদন-নিবেদন, আন্দোলন আৰু অন্যান্য উপায়েৰে সলনি কৰিব পৰা যায়।

উদাৰনৈতিক নাৰীবাদী দৃষ্টিভংগীৰ মৌলিক নীতিসমূহ :  

(১) উদাৰনৈতিক নাৰীবাদে প্ৰচলিত সমাজ ব্যৱস্থাৰ উন্নতিৰ বিপৰীতে ব্যক্তিগত অধিকাৰৰ পোষকতা কৰে।ব্যক্তিগত অধিকাৰক উদাৰনৈতিক নাৰীবাদে সামাজিক অথবা গোট (Group)ৰ অধিকাৰতকৈ বেছি গুৰুত্ব দিয়ে।

(২) উদাৰতাবাদী নাৰীবাদৰ জন্ম যদিও ১৮ শ শতিকাত হৈছিল কিন্তু এই ধাৰণাৰ জনপ্ৰিয়তা আৰম্ভ হৈছিল মাত্ৰ বিংশ শতিকাৰ প্ৰথম ভাগতহে।

(৩) এই ধাৰণাই পৃথিৱীত নাৰী আৰু পুৰুষৰ সম-অধিকাৰ সাব্যস্ত কৰে।মহিলাৰ দৈহিক পৰিমাণ ,ধনৰ পৰিমাপ আৰু উত্তৰাধিকাৰী সূত্ৰে সন্মান জনাব নালাগে।তেওঁলোকৰJ সন্মান জনাব লাগে তেওঁলোকৰ সামৰ্থতাৰ বাবেহে ।

(৪) উদাৰ নাৰীবাদীসকলে মহিলাসকলে যাতে পুৰুষৰ সমান সুবিধা লাভ কৰিব পাৰে আৰু এই সুবিধাসমূহ ভোগ কৰাত যাতে ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিক তথা আইনগত বাধা আহি নপৰে তাৰ প্ৰতি নজৰ ৰাখে।

(৫) উদাৰ নাৰীবাদীসকলে পুৰুষ-মহিলাৰ মাজত বিভাজন বা বৈষম্য সৃষ্টি কৰিব পৰা যিকোনো আইন সফলতাৰে প্ৰতিহত কৰাৰ পোষকতা কৰে।

(৬) উদাৰনৈতিক নাৰীবাদী বস্তু পোনপ্ৰথমে আমেৰিকা যুক্তৰাষ্ট্ৰৰ জনপ্ৰিয় হৈছিল আৰু তাৰ পৰাই অন্যান্য দেশলৈ সম্প্ৰসাৰিত হয়।

(৭) উদাৰতাবাদী নাৰীবাদৰ মতে,যিহেতু লিংগ বৈষম্য (Gender Discrimination) কোনো জীৱ বিজ্ঞান (Biography) ৰ ওপৰত ভিত্তি কৰি হোৱা নাই।গতিকে ই গ্ৰহণযোগ্য নহয়।

উদাৰতাবাদী নাৰীবাদৰ সমালোচনা : 

উদাৰতাবাদী নাৰীবাদক কেৱল মাত্ৰ নাৰীবাদৰ বিৰোধীসকলেই নহয়, বৰং কিছুমান নাৰীবাদীয়েও সমালোচনা কৰিছিল।

স্ববিৰোধী : উদাৰ নাৰীবাদী দৃষ্টিভংগীৰ পৃষ্ঠপোষকসকলৰ কেতিয়াবা বিভিন্ন ধ্যান-ধাৰণাসমূহক লৈ নিজৰ ভিতৰতে মতবিৰোধ ঘটে।

উদাৰ নাৰীবাদীসকলে পৃষ্ঠপোষকতা কৰা নিঃ লিংগকৰণ (De-Dendered) সমাজ ব্যৱস্থা সাধাৰণ অৰ্থত সম্ভৱপৰ নহয়।’নাৰীত্ব’গুণৰ গৰাকী হোৱাৰ সুবাদতে এগৰাকী নাৰীক নাৰী হিচাপে সন্মান জনোৱা হয়।সন্তান প্ৰসৱ কৰা, সন্তানৰ যত্ন লোৱা, গৰ্ভধাৰণ কৰা আদি নাৰীৰ একক বৈশিষ্ট্য। নাৰীবাদীসকলে ভবাৰ দৰে ইবিলাকে এগৰাকী নাৰীক নিম্নখাপৰ কৰি নেপেলায়।

উদাৰ নাৰীবাদীসকলে কোৱাৰ দৰে কেৱল ব্যক্তিগত অধিকাৰ, ব্যক্তি স্বাধীনতা আদিৰ সমাজৰ উন্নতিৰ আনিব নোৱাৰে।এখন সমাজৰ উন্নতি সাধন হ’ব নোৱাৰে।সমাজৰ উন্নতি অবিহনে ব্যক্তিৰ উন্নতি অৰ্থহীন।

উদাৰনৈতিক নাৰীবাদী ধাৰণাই ইয়াৰ নিজৰ পৰিসীমাৰ ভিতৰতে কৃতকাৰ্যতা লাভ কৰিবলৈ সক্ষম হোৱা নাই।কিছুমান মহিলাই লাভান্বিত হোৱা সত্বেও ৰাজনীতিত ক্ষমতা আৰু কৰ্তৃত্ব আহৰণৰ ক্ষেত্ৰত বা আন কাম-কাজত অংশগ্ৰহণ ক্ষেত্ৰত পুৰুষ আধিপত্যৰ প্ৰচলন থকা দেখা যায়।

উদাৰনৈতিক নাৰীবাদৰ লক্ষ্যক বহুতে অস্বীকাৰ কৰিছিল।তেওঁলোকৰ মতে, উদাৰনৈতিক নাৰীবাদীসকলে সমাজ ব্যৱস্থাত প্ৰচলিত শ্ৰেণীব্যৱস্থা, প্ৰতিযোগিতা, অধিক্ৰমিক ব্যৱস্থা ইত্যাদিৰ অৱজ্ঞা কৰি কেৱল মধ্যম শ্ৰেণীৰ মহিলাসকলৰ ওপৰতহে গুৰুত্ব আৰোপ কৰিছিল। সমাজত প্ৰচলিত শ্ৰেণীব্যৱস্থা, বৰ্ণ বৈষম্য আদিৰ কাৰণে মহিলাসকলৰ লগতে বহুতো পুৰুষেও অবদমিত হ’ব লগা হয়।

উদাৰতাবাদীসকলে ৰাষ্ট্ৰক নিৰপেক্ষ অনুষ্ঠান হিচাপে বিবেচনা কৰা আৰু লিংগ সমতা প্ৰতিষ্ঠা কৰাৰ বাবে ৰাষ্ট্ৰৰ ক্ষমতাক প্ৰয়োগ কৰিব বিচৰা নীতিক বহুতে সমালোচনা কৰিছে।কিছুমান সমালোচকৰ মতে,ৰাষ্ট্ৰক কেৱল পুৰুষে শাসন নকৰে বৰং পুঁজিবাদী অৰ্থনৈতিক ব্যৱস্থাৰ প্ৰয়োজনীয়তাকো প্ৰতিবিম্বিত কৰে।

Q.2. Critically analyse the Marxist Approach.

Ans: মাৰ্ক্সীয় দৃষ্টিভংগী পৃষ্ঠপোষকতাকাৰীসকলে পোষকতা কৰা নাৰীবাদ উদাৰতাবাদী নাৰীবাদৰ পৰা বহুকেইটা দিশত পৃথক।মহিলা অধ্যয়নৰ উদাৰনৈতিক দৃষ্টিভংগী অনুসৰি সমাজত পুৰুষৰ স্বাৰ্থত বিতৰণ কৰা অধিকাৰ আৰু সুযোগ-সুবিধাসমূহে নাৰীৰ ক্ষেত্ৰত বৈষম্যৰ সৃষ্টি কৰে। গতিকে অধিকাৰ আৰু সুযোগ-সুবিধাসমূহে নাৰীৰ ক্ষেত্ৰত বৈষম্যৰ সৃষ্টি কৰে।গতিকে অধিকাৰ আৰু সুযোগ-সুবিধাৰ বিতৰণ ব্যৱস্থাৰ পৰিৱৰ্তন সাধন কৰি নাৰীৰ ক্ষেত্ৰত সমতা প্ৰতিষ্ঠা কৰিব পাৰি।মাৰ্ক্সীয় নাৰীবাদীসকলৰ মতে,সমাজৰ সামাজিক,সাংস্কৃতিক আৰু অৰ্থনৈতিক গাথঁনিৰ মাজত নাৰী আৰু পুৰুষৰ মাজৰ সম্পৰ্ক গভীৰভাৱে অন্তনিৰ্হিত হৈ আছে।তেওঁলোকৰ মতে, এক সামাজিক বিপ্লৱৰ জৰিয়তেহে সকলোদিশৰ পৰা সমতাপূৰ্ণ এখন সমাজ প্ৰতিষ্ঠা কৰাটো সম্ভৱপৰ।মাৰ্ক্সীয় নাৰীবাদী সকলৰ মতে, সমাজৰ অৰ্থনৈতিক ব্যৱস্থাৰ আমোল পৰিবৰ্তন সাধন নকৰাকৈ নাৰীৰ ভাগ্য পৰিৱৰ্তন কৰাতো অসম্ভৱ।অৰ্থনৈতিক ক্ষেত্ৰত নাৰীসকলে সন্মুখীন হৈ অহা বৈষম্য লসমহে আন আন ক্ষেত্ৰসমূহতো বৈষম্যৰ সূচনা কৰিলে।কুৰি শতিকাৰ আশী দশকৰ আগভগতে সন্মিলিত ৰাষ্ট্ৰসংঘই ইয়াৰ এক প্ৰতিবেদন প্ৰকাশ কৰিছিল যে বিশ্বৰ মুঠ জনসংখ্যাৰ ৫০% হৈছে মহিলা।

কিন্তু নাৰীসকলে মুঠ কৰ্ম সময়ৰ ২/৩ অংশ কাম কৰে, বিশ্বৰ মুঠ আয়ৰ ১১/১০ অংশ লাভ কৰে আৰু বিশ্বৰ মুঠ সম্পদৰাজিৰ ১% তকৈও কম অংশৰহে গৰাকী স্বত্ব লাভ কৰে।অৰ্থনৈতিক ক্ষেত্ৰত থকা পুৰুষ মহিলাৰ মাজৰ এনে ব্যৱধানে বিশ্বৰ সকলো ৰাষ্ট্ৰতে যে মহিলাসকলে অৱহেলিত আৰু শোষণৰ বলি হৈ আহিছে সেয়া স্পষ্টভাৱে প্ৰতিফলিত কৰে।মাৰ্ক্সীয় নাৰীবাদীসকলে এনে ব্যৱধান মষিমূৰ কৰিবৰ বাবে প্ৰচলিত অৰ্থনৈতিক আৰু ৰাজনৈতিক ব্যৱস্থাৰ আমোল পৰিৱৰ্তন সাধন কৰাৰ পোষকতা কৰে।

মহিলা অধ্যয়নৰ মাৰ্ক্সীয় দৃষ্টিভংগীৰ মূল কাৰ্ল মাৰ্ক্স আৰু ফ্ৰেডৰিক এঞ্জেলছৰ চিন্তাধাৰাৰ ওপৰত প্ৰতিষ্ঠিত।মাৰ্ক্সীয় দৃষ্টিভংগীয়ে সাধাৰণতে শোষিত, নিষ্পেষিত আৰু বঞ্চিত শ্ৰেণীৰ হাতত ক্ষমতাৰ অধিকাৰ ন্যস্ত থকাৰ পোষকতা কৰে।মাৰ্ক্স আৰু এঞ্জেলছ দুয়োজনে পুঁজিবাদী সমাজ ব্যৱস্থাৰ প্ৰকৃত স্বৰূপ আৰু পুঁজিবাদী সমাজ ব্যৱস্থাত নাৰীৰ ওপৰত চলোৱা শোষণ ব্যৱস্থাও স্পষ্ট ৰূপত দাঙি ধৰিছিল।মাৰ্ক্সে শোষক আৰু শোষিত শ্ৰেণীক দুটা পৰস্পৰ বিপৰীত মেৰুত অৱস্থান কৰাইছিল।তেওঁৰ মতে, পুঁজিবাদী ব্যৱস্থা সদায় ব্যক্তিগত সম্পত্তিৰ ধাৰণাৰ ওপৰত প্ৰতিষ্ঠিত য’ত নেকি ব্যক্তিগত সম্পত্তি সদায় পুৰুষতান্ত্ৰিক হয়।আন কথাত ক’বলৈ হ’লে ,পুঁজিবাদী ব্যৱস্থাত পৰিয়ালৰ সম্পত্তিৰ মালিকীস্বত্ব পৰিয়ালৰ পুৰুষসকলে পুৰুষানুক্ৰমে লাভ কৰে আৰু নাৰীসকলক সম্পত্তিৰ অধিকাৰৰ পৰা বঞ্চিত কৰা হয় এই ব্যৱস্থা হৈছে সম্পূৰ্ণৰূপে অন্যায়মূলক।

এনেদৰে নাৰীবাদীসকলৰ ওপৰত চলোৱা শোষণ আৰু অৱদমন পুঁজিবাদী ব্যৱস্থাৰ অন্যতম বৈশিষ্ট্য।মাৰ্ক্সীয় দৃষ্টিভংগী অনুসৰি নাৰীবাদীসকলৰ ওপৰত এই শোষণ অতিতৰে চলি অহা নাই।অৰ্থাৎ এই ব্যৱস্থা স্থায়ী নহয়।নাৰীৰ ওপৰত পুৰুষে চলোৱা শোষণ হৈছে সামাজিক অগ্ৰগতিৰ সময়ত হোৱা এক সামাজিক পৰিঘটনা।পুঁজিবাদী ব্যৱস্থাত এই শোষণ অধিক প্ৰকট হৈ পৰে।তাৰোপৰি পুঁজিবাদী ব্যৱস্থাত পৰিয়ালসমূহ পুৰুষ মুৰব্বী গৰাকীৰ নিৰ্দেশমতেহে চলে।পৰিয়ালসমূহত সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্রত মহিলাসকলৰ কোনো ভূমিকা পৰিলক্ষিত নহয়।বৰং নাৰীসকলে সন্তান জন্ম দিয়া, সন্তান লালন-পালন কৰা, ঘৰুৱা কাম-কাজৰ দায়িত্ব পালন কৰিব লাগে।একমাত্ৰ পুৰুষসকলৰ সন্তুষ্টিৰ বাবেহে মহিলাসকলে তেওঁলোকৰ ওপৰত অৰ্পিত দায়িত্ব পালন কৰিবলগীয়া হয়।পুঁজিবাদী ব্যৱস্থাত নাৰীসকলৰ নিজস্ব চিন্তাধাৰা, ভাব,আৱেগ-অনুভূতিৰ ওপৰত কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা পৰিলক্ষিত নহয়।বৰং ইয়াত পুৰুষসকলে নিজৰ যৌন ক্ষুদা নিবাৰণৰ হেতু বিবাহ বহিৰ্ভূত সম্পৰ্কৰ সহায় ল’ব পাৰে যদিও নাৰীৰ ক্ষেত্ৰত সেয়া সম্ভৱপৰ হৈ নুঠে। মুঠৰ ওপৰত ক’বলৈ হ’লে ,পুঁজিবাদী সমাজ ব্যৱস্থাত নাৰীসকলক দ্বিতীয় শ্ৰেণীৰ নাগৰিকৰ দৰে গণ্য কৰা হয়।নাৰীসকলে মুকলিমূৰীয়াভাৱে সমাজ,ৰাজনীতি,অৰ্থনীতি, সংস্কৃতি আদি কোনো ক্ষেত্ৰতেই অংশগ্ৰহণ কৰিব নোৱাৰে। এনেবিলাক দৃষ্টিকোণৰ পৰা বিশ্লেষণ কৰি মাৰ্ক্সীয় নাৰীবাদীসকলে পুঁজিবাদী সমাজ ব্যৱস্থাৰ সমূলাংশে নাশ কৰা জৰীয়তেহে নাৰীৰ প্ৰকৃত অধিকাৰ আৰু স্বাধীনতা প্ৰতিষ্ঠা কৰাটো সম্ভৱপৰ হয় বুলি মত পোষণ কৰে।

মাৰ্ক্সীয় দৃষ্টিভংগীৰ অন্যতম হেতাস্বৰূপ ফ্ৰেডৰিক এঞ্জেলছে তেওঁৰ “The Origin of the Family, Private Property and the State” শীৰ্ষক গ্ৰন্থখনত লিংগ বৈষম্য আৰু নাৰী শোষণৰ বিষয়ে উল্লেখ কৰিছে ।তেওঁৰ মতে, নাৰীক কৰা অৱদমন বা নিষ্পেষণৰ কাৰণ নাৰীৰ দৈহিক গঠন নহয় ৰং প্ৰচলিত সমাজ ব্যৱস্থা(পুঁজিবাদী)আৰু পুৰুষৰ দমন নীতিৰ ফলশ্ৰুতি।পুঁজিবাদ আৰু পুৰুষতন্ত্ৰ উভযেই উভয়ক সাৰ-পানী যোগায়।যৌনবাদী ধাৰণাই পুঁজিবাদী ব্যৱস্থাত মহিলা শ্ৰমিক সহজলব্ধ হোৱাত সহায় কৰে।ই মহিলাৰ পাৰিশ্ৰমিক নিম্ন হাৰত ৰখাৰ লগতে উপভোগ্য সামগ্ৰীৰ চাহিদা বৃদ্ধি কৰে,যিবোৰৰ ওপৰত নেকি মহিলাসকলে নিৰ্ভৰশীল হ’বলগীয়া হয়।তাৰোপৰি পাৰিবাৰিক পৰিশ্ৰমৰ কাৰণে মহিলাসকলক কোনো পাৰিশ্ৰমিক নিদিয়াটো সম্ভৱপৰ কৰি তোলে।সেয়েহে ৰাজহুৱা উদ্যোগিক ক্ষেত্ৰখন মহিলাৰ মুক্ত আৰু সম অংশগ্ৰহণৰ বাবে মহিলাসকলৰ স্বতন্ত্ৰতাৰ নিতান্তই প্ৰয়োজন।সেয়ে মাৰ্ক্সবাদীসকলে অধিক জোৰ দি যুক্তি দৰ্শাইছে যে ,তেওঁলোকে এক স্বামী বা এক স্ত্ৰী পৰিয়ালৰ অৱসান হোৱাতো নিবিচাৰে।বৰং ইয়াক সমাজৰ অৰ্থনৈতিক আহিলা হিচাপেহে কেৱল নোহোৱা কৰিব বিচাৰে।মাৰ্ক্সীয় নাৰীবাদৰ মতে,সম্পত্তিৰ উত্তৰাধিকাৰী আইনে সম্পত্তিৰ ক্ষেত্ৰত মহিলাৰ ওপৰত পুৰুষৰ দমন অধিক প্ৰকট কৰি তুলিছে।আইনখনে সমাজত মহিলাৰ স্থান অধিক অবদমিত কৰি তুলিছিল।পুৰুষতান্ত্ৰিক ব্যৱস্থাত নাৰীয়ে এক বিশেষ ধৰণেৰে শোষণৰ বলি হ’বলগীয়া হয় আৰু তেওঁলোকৰ মানসিক আৰু দৈহিক বিকাশো সেই ধৰণাতে আগবাঢ়ে। উল্লেখযোগ্য যে এই শোষণ বা অৱদমনৰ ফলশ্ৰুতি স্বৰূপেই নাৰীৰ স্বাধীনতাৰ কাৰণে নাৰীবাদী আন্দোলনৰ জন্ম দিছে।মাৰ্ক্সবাদ আৰু নাৰীবাদী আন্দোলনে শোষিত আৰু নিষ্পেষিত শ্ৰেণীটোৰ মুক্তিৰ হকে প্ৰচেষ্টা চলায়।মাৰ্ক্সীয় নাৰীবাদে লিংগ সম্পৰ্কৰ অস্ত্ৰোপচাৰ বা পুৰুষ আৰু নাৰীৰ মাজত কিদৰে সমতা স্থাপন কৰিব পাৰে তাৰ চেষ্টা কৰে।লীলা দেশায়ৰ মতে, “It tries to explore the relations between the organisation of sexuality, domestic production, the house and so on, and historical changes in the mode of production system of appropriation and exlpoitation.”।

মাৰ্ক্সীয় নাৰীবাদে বিশ্বাস কৰে যে নাৰী শোষণৰ প্ৰতিবাদ কৰাটো মাৰ্ক্সবাদৰ এক কৰ্তব্য ।মাৰ্ক্সবাদীসকলে মহিলাসকলৰ সমস্যা যেনে – 

মহিলাসকলৰ কাম পাৰিশ্ৰমিক, ঘৰুৱা শ্ৰম আদিৰ প্ৰতি যথোচিত গুৰুত্ব আৰোপ কৰাৰ লগতে পিতৃপ্ৰধান সমাজ ব্যৱস্থাই কিদৰে নাৰীৰ জীৱনত বিৰূপ প্ৰভাৱ পেলায় তাক সঠিকভাৱে বিশ্লেষণ কৰি সমস্যা সমাধান কৰিবলৈ চেষ্টা কৰিব লাগে। মাৰ্ক্সীয় নাৰীবাদৰ মতে,পুৰুষ মহিলাৰ মাজৰ পাৰিশ্ৰমিকৰ ব্যৱধানে শ্ৰেণী বৈষম্যৰো সূচিত কৰিছে।

মাৰ্ক্সীয় নাৰীবাদৰ মৌলিক বৈশিষ্ট্য – মাৰ্ক্সীয় নাৰীবাদৰ বৈশিষ্ট্যসমূহ নিম্নোক্ত ধৰণৰ – 

পুঁজিপতি শ্ৰেণীৰ শ্ৰেণীগত বৈষম্য হ’ল নাৰী শোষণ আৰু বৈষম্যৰ মূল কাৰণ।

মাৰ্ক্সীয় নাৰীবাদীসকলৰ মতে,পিতৃতান্ত্ৰিকতা হ’ল অৰ্থনৈতিক শোষণৰ এক ফলশ্ৰুতি মাথোন।

পৰিয়াল ব্যৱস্থাই শ্ৰমিক শক্তিক সূচিত কৰে।

পুঁজিবাদে নাৰীক সংৰক্ষিত শ্ৰমিক শক্তি হিচাপে গণ্য কৰে।)মাৰ্ক্সীয় নাৰীবাদ অনুসৰি নাৰীয়ে পুৰুষপ্ৰধান সমাজ ব্যৱস্থাত পুৰুষৰ বাবে পত্নী, মাতৃ,ভগ্নী আৰু কন্যাৰ ভূমিকাত অৱতীৰ্ণ হ’ব লাগে।

মাৰ্ক্সীয় নাৰীবাদৰ দৃষ্টিভংগীৰ মূল লক্ষ্য হ’ল পুঁজিবাদক সম্পূৰ্ণৰূপে উৎখাত কৰা।এই উদ্দেশ্য মাৰ্ক্সীয় দৃষ্টিভংগীয়ে মহিলাসকলক সামগ্ৰিকভাৱে নিষ্পেষিত আৰু শোষিত শ্ৰেণীৰ লগত সাঙুৰি লৈছে।

মাৰ্ক্সীয় নাৰীবাদীসকলে আগবঢ়োৱা পৰামর্শাৱলী মাৰ্ক্সীয় নাৰীবাদীসকলে নাৰীৰ অধিকাৰ আৰু স্বাধীনতা প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্যে কিছুমান পৰামৰ্শ আগবঢ়াইছে।এই পৰামৰ্শসমূহ হ’ল – 

যিহেতু সমগ্র পুঁজিবাদী ব্যৱস্থাটো ভণ্ডামিৰ ওপৰত প্ৰতিষ্ঠিত, গতিকে ইয়াক দূৰ কৰাৰ বাবে অবিৰত প্ৰচেষ্টাৰ প্ৰয়োজন ইয়াৰ বাবে অতিকৈ প্ৰয়োজন হৈছে নাৰী শিক্ষা(Women Education)

ব্যক্তিগত সম্পত্তি ব্যৱস্থাৰ বিলোপ সাধন কৰিব লাগিব।যদিহে সেইটো সম্ভৱপৰ নহয় তেনেহ’লে সম্পত্তিৰ ওপৰত পৰিয়ালৰ ছোৱালীৰো সম অধিকাৰ প্ৰতিষ্ঠাৰ বাবে আইনগত ব্যৱস্থা ল’ব লাগিব।

বৰ্তমান পৰম্পৰাগত আৰু পুৰুষতান্ত্ৰিক পৰিয়াল ব্যৱস্থাৰ বিলোপ সাধন কৰি এক সামুহিক পৰিয়াল ব্যৱস্থা সৃষ্টি কৰিব লাগিব।

সমাজৰ আৰ্থ-সামাজিক আৰু ৰাজনৈতিক গাথঁনিৰ এনে পৰিৱৰ্তন কৰা উচিত যাতে ৰাষ্ট্ৰৰ কাম-কাজত অংশগ্ৰহণ কৰাৰ অফুৰন্ত সুযোগ লাভ কৰে।

সমালোচনা : 

নাৰী অধ্যয়নৰ মাৰ্ক্সীয় দৃষ্টিভংগীৰ বিৰুদ্ধে নিম্নোক্ত সমালোচনাসমূহ উখাপিত হয় – 

মাৰ্ক্সবাদীসকলে পোষণ কৰাৰ দৰে নাৰী কেৱল কোনো পণ্য সামগ্ৰী নহয়।নাৰীসকলক মজুৰি নিদিয়া শ্ৰমিক বুলি ক’লে ভুল কৰা হ’ব।নাৰীয়ে পালন কৰা মাতৃ,ভগ্নী অথবা পত্নীৰ ভূমিকা তেওঁৰ ওপৰত কোনো ধৰণৰ বলপূৰ্বকভাৱে জাপি দিয়া ভূমিকা নহয়।ই হৈছে এক সামাজিক সম্বন্ধ যি সম্পূৰ্ণ অৰ্থত প্ৰকৃতিগত ,য’ত অৰ্থনীতিৰ কোনো স্থান নাই।

পৰিয়াল যিকোনো সমাজৰ বাবে অতিকৈ প্ৰয়োজনীয় সামাজিক অনুষ্ঠান।কিন্তু মাৰ্ক্সবাদীসকলে পৰিয়ালৰ ধাৰণাটোক অগ্ৰাহ্য কৰিছে।

মাৰ্ক্সবাদীসকলে কোৱাৰ দৰে কেৱল পুঁজিবাদীসকলে নাৰীৰ ওপৰত শোষণ কৰা বুলি ক’লে ভুল হ’ব।সমাজবাদ,প্ৰচলন থকা দেশতো নাৰীৰ ওপৰত শোষণ বাহাল থকাটো পৰিলক্ষিত হয়।

সম্প্ৰতি পুঁজিবাদী ৰাষ্ট্ৰবিলাকত নানা ধৰণৰ সংস্কাৰমুখী কাৰ্য ব্যৱস্থা গ্ৰহণৰ জৰিয়তে লিংগ বৈষম্য দুৰিকৰণৰ প্ৰকাশ কৰা হৈছে।

যদিওবা মাৰ্ক্সীয় নাৰীবাদীসকলে পুঁজিবাদ আৰু পুৰুষতন্ত্ৰৰ ওপৰত আলোচনা কৰিছে,তথাপি ইবিলাকৰ ওপৰত মাৰ্ক্সীয় নাৰীয়ে সীমিত পৰিমাণেহে মনোযোগ দিয়া পৰিলক্ষিত হয়।

Q.3. Discuss critically about Radical Approach.

Ans: চৰম দৃষ্টিভংগী : 

১৯৬০  ৰ দশকৰ নাৰীবাদৰ দ্বিতীয়টো প্ৰবাহৰ বিকাশৰ লগে লগে চৰম নাৰীবাদী ধাৰণাসমূহ গঢ় লৈ উঠে।উদাৰনৈতিক আৰু মাৰ্ক্সীয় নাৰীবাদৰ পৰা চৰম নাৰীবাদী দৃষ্টিভংগী সম্পূৰ্ণৰূপে পৃথক।চৰম নাৰীবাদে নাৰীৰ সমতা প্ৰতিষ্ঠাৰ হকে পিতৃতান্ত্ৰিক সমাজ ব্যৱস্থাৰ সম্পূৰ্ণৰূপে বিলোপ সাধন কৰিব বিচাৰে।

চৰম নাৰীবাদী দৃষ্টিভংগীৰ পৃষ্ঠপোষকসকলৰ ভিতৰত চিমন দ্যা ব্যুভেৰ, কেট মিলেট,শ্বুলেমিথ ফায়াৰ’ষ্টন,কিনছন আৰু জাৰ্মেইন গ্ৰীয়েৰ আদিৰ নাম বিষেকভাৱে উল্লেখনীয়।

চৰম নাৰীবাদী দৃষ্টিভংগীৰ পৃষ্ঠপোষকসকলৰ মতে,সমাজৰ আধা সংখ্যক জনসংখ্যা হৈছে নাৰী।কিন্তু তেওঁলোকে সমাজৰ আন আধা সংখ্যক অৰ্থাৎ পুৰুষসকলৰ দ্বাৰা শোষিত আৰু নিষ্পেষিত।সমাজৰ প্ৰচলিত পুৰুষতান্ত্ৰিক গাথঁনিয়েই নাৰীসকলক শোষণ আৰু অত্যাচাৰৰ ব্যৱস্থাৰ মাজত থাকিবলৈ বাধ্য কৰি তুলিছে।গতিকে পুৰুষতান্ত্ৰিক গাথঁনিৰ বিলোপ সাধন কৰিলেহে নাৰী মুক্তিৰ ধাৰণাটো সম্ভৱপৰ হ’ব।

মহিলা অধ্যয়নৰ চৰম দৃষ্টিভংগীৰ পৃষ্ঠপোষকসকলৰ মতে,মহিলাৰ অনগ্ৰসতাৰ প্ৰধান কাৰণ হৈছে মহিলাৰ ওপৰত চলি অহা নিৰ্মম অত্যাচাৰ।গতিকে এনে অত্যাচাৰৰ বিলুপ্তি অবিহনে নাৰীৰ বিকাশ তথা নাৰীৰ শাৰীৰিক আৰু মনস্তাত্বিক অৱস্থাৰ ইতিবাচক পৰিৱৰ্তন সম্ভৱ নহ’ব ।কিন্তু এনে পৰিৱৰ্তন সম্ভৱ হ’ব একমাত্ৰ বিপ্লৱৰ জৰিয়তেহে।গতিকে মহিলা অধ্যয়নৰ চৰম দৃষ্টিভংগীয়ে পুৰুষতন্ত্ৰৰ বৈপ্লৱিক উপায়েৰে সম্পূৰ্ণৰূপে বিলোপ সাধন কৰি নাৰী সমতাৰ প্ৰতিষ্ঠাৰ পোষকতা কৰে।এয়েই নহয়, আনকি তেওঁলোকে সমগ্র সমাজ ব্যৱস্থাৰ পুনৰ গঠনৰো পোষকতা কৰে।মহিলা অধ্যয়নৰ চৰম দৃষ্টিভংগী পৃষ্ঠপোষকতা কৰা প্ৰবক্তাসকলৰ অভিমতসমূহ তলত বহুলভাৱে আলোচনা কৰা হ’ল – 

চিমন দ্যা ব্যুভেৰৰ অভিমত চৰম নাৰীবাদ সম্পৰ্কে চিমন দ্যা ব্যুভেৰ-য়ে নিজৰ অভিমত আগবঢ়াইছে।ব্যুভেৰ আছিল এগৰাকী ফৰাচী উপন্যাসিক।উল্লেখযোগ্য যে ব্যুভেৰৰ ১৯৪৯ চনত প্রকাশিত ‘The Second Sex’ শীৰ্ষক গ্ৰন্থখনে জনমানসত এক বিশেষ আলোড়ণৰ সৃষ্টি কৰিছিল।ব্যুভেৰৰ মতে,নাৰীৰ মৰ্যাদা আৰু শাৰীৰিক অৱস্থা পুৰুষ আৰু নাৰীৰ মাজত থকা প্ৰাকৃতিক পাৰ্থক্যৰ দ্বাৰা নিৰ্ধাৰিত নহয় বৰং সামাজিক আৰু বস্তুগত পৰিস্থিতি আৰু শক্তিৰ দ্বাৰাহে নিৰ্ধাৰিত।নাৰীসকলক পুৰুষসকলে নিজৰ স্বাৰ্থৰ হকে ব্যৱহাৰ কৰে।গতিকে ব্যুভেৰৰ মতে,জৰিয়তেহে নাৰী মুক্তি সম্ভৱপৰ হয়।

শ্বুলামিথ ফায়াৰষ্টনৰ অভিমত নাৰী অধ্যয়নৰ চৰম দৃষ্টিভংগীৰ আন এজন পৃষ্ঠপোষক হৈছে শ্বুলামিথ ফায়াৰষ্টন।তেওঁ “The Dialectic of Sex” শীৰ্ষক গ্ৰন্থখনত নাৰীবাদ,নাৰীমুক্তি আদি অৱধাৰণাসমূহ বিভিন্ন দৃষ্টিকোণৰ পৰা বিশ্লেষণ কৰিছে।তেওঁৰ মতে, পুৰুষ আৰু নাৰীৰ মাজৰ জৈৱিক প্ৰভেদসমূহ হঠাৎ নিঃশেষ কৰাতো সম্ভৱ নহয়।তেওঁৰ মতে, নাৰীৰ মুক্তিৰ বাবে পুৰুষসকলে অগ্ৰণী ভূমিকা ল’ব লাগিব আৰু অতি আধুনিক তথা কৃত্ৰিম কৌশলেৰে তেওঁলোকে ইয়াক কাৰ্যকৰী কৰিব লাগিব।নাৰীসকলক অতি সহজতে সন্তান জন্ম দিয়া আৰু প্ৰতিপালন কৰা দায়িত্বৰ পৰা পুৰুষসকলে ৰেহাই দিব লাগিব।নাৰীসকলে গৰ্ভধাৰণৰ পৰা ৰেহাই পাবলৈ গৰ্ভপ্ৰতিৰোধক ব্যৱহাৰ কৰিব পাৰে। শিশুসকলক প্ৰতিপালনৰ বাবে কিছুমান বেচৰকাৰী সংস্থা গঠন কৰি দায়িত্ব অৰ্পণ কৰিব লাগে।ঘৰুৱা কাম-কাজৰ বেলিকা পুৰুষ -মহিলাৰ উভয়ৰে মাজত সমানে ভাগ কৰি ল’ব লাগে। তাৰোপৰি আধুনিকীকৰণ আৰু উন্নয়ন হৈছে নাৰীসকলৰ মুক্তিৰ বাবে আন এক ফলপ্ৰসূ উপায় ফায়াৰষ্টনৰ মতে,নাৰী মুক্তিৰ কাৰণে আৰ্থ-সামাজিক আৰু ৰাজনৈতিক ব্যৱস্থাৰ আমোল পৰিৱৰ্তন সাধন কৰাৰ নিতান্তই আৱশ্যকতা আছে।

চৰম নাৰীবাদ সম্পৰ্কে কেটমিলেটৰ অভিমত

কেট মিলেট হৈছে নাৰীবাদৰ আন এগৰাকী প্ৰৱক্তা। ১৯৭০ চনত প্ৰকাশিত কেট মিলেটৰ “Sexual Politics” শীৰ্ষক গ্ৰন্থখনত তেঁও যুক্তি দৰ্খাইছিল যে নাৰীসকলক দুর্বলী হিচাপে প্ৰতিষ্ঠা কৰাত কিছুমান অনুষ্ঠান আৰু শক্তিয়ে অৰিহণা যোগাই আহিছে।এই অনুষ্ঠান আৰু শক্তিসমূহ বহু যুগৰ পূৰ্বে সৃষ্ট যদিও বৰ্তমানেও ইবিলাক ব্যাপি আছে।তেওঁৰ মতে, অতি সৰু কালৰে পৰা ল’ৰা-ছোৱালীক প্ৰদান কৰা শিক্ষাৰ জৰিয়তে ল’ৰাতকৈ ছোৱালীক হীন হিচাপে প্ৰতিষ্ঠা কৰা হয়।তেওঁ বিশ্বাস কৰিছিল যে নাৰীৰ ওপৰত চলি অহা নিৰ্মম অত্যাচাৰৰ প্ৰধান চালিকা শক্তি হৈছে পুৰুষতান্ত্রিকতা।গতিকে নাৰীৰ শোষণ বন্ধ কৰিবলৈ পুৰুষতন্ত্ৰৰ অৱসান ঘটুৱাটো সহজবাধ্য নহয়। এইক্ষেত্ৰত ভিন্ন পৰ্যায়ত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। এইক্ষেত্ৰত প্ৰথমটো পদক্ষেপ হৈছে নাৰীসকলত মাজত সজাগ-সচেতনতা বৃদ্ধি।নাৰীসকলে তেওঁলোকৰ অধিকাৰসমূহৰ বিষয়ে সচেতন হ’লেহে সবলভাৱে শোষণ আৰু অত্যাচাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিব পাৰিব।মিলেটৰ মতে,নাৰী মুক্তিৰ দ্বিতীয়টো পদক্ষেপ হৈছে ৰাজনৈতিক গাথঁনিসমূহৰ পুনঃ গঠন।অৰ্থাৎ ৰাজনৈতিক গাঁথনি বিলাকৰ এনেদৰে পুনঃ নিৰ্মাণ কৰিব লাগিব যাতে ইয়াৰ জৰিয়তে নাৰীসকলৰ বিৰুদ্ধে চলি অহা শোষণৰ বিপক্ষে যুজঁ দিয়াত সহায়ক হয়।তেওঁ প্ৰচলিত আৰ্থ-সামাজিক গাথঁনিয়ে নাৰীৰ ওপৰত চলি অহা শোষণ আৰু অত্যাচাৰৰ বিপক্ষে যুজঁ দিয়াৰ বাবে যথোপযুক্ত নহয় সেয়া অতি সাৱলীলভাৱে  “Sexual policies”শীৰ্ষক গ্ৰন্থখনত বিশ্লেষণ কৰি দেখুৱাইছে ।মুঠৰ ওপৰত ক’বলৈ হ’লে,মিলেটৰ মতে,নাৰীৰ মুক্তিৰ বাবে এক বৈপ্লৱিক পৰিৱৰ্তন বাবে নিতান্তই প্ৰয়োজনীয়তা আছে।

চৰম নাৰীবাদৰ মৌলিক নীতিসমূহ চৰম নাৰীবাদৰ মৌলিক নীতিসমূহ তলত উল্লেখ কৰা হ’ল – 

সকলো মানৱ সমাজতে পুৰুষতন্ত্ৰৰ অৱস্থিতিৰ ধাৰণাটো চৰম নাৰীবাদে বিশ্বাস কৰে। পুঁজিবাদী আৰ্হিৰ অৰ্থনৈতিক আৰু লিংগভিত্তিক শোষণৰ বাবে পুৰুষতান্ত্ৰিক সম্বন্ধ অতিকৈ আৱশ্যকীয় পথ বুলি বিবেচনা কৰা হয়।

যৌন অসমতা (Sexual inequality) ক সমাজত আনুষ্ঠানিকীকৰণ (Institutionalised)কৰা হয়।আইনী ব্যৱস্থা বা জনগণৰ দৃষ্টিভংগীৰ পৰিবৰ্তনৰ জৰীয়তে যৌন সমতা প্ৰতিষ্ঠা কৰাটো সম্ভৱপৰ নহয় ।

বিবাহ ভিত্তিক পাৰিবাৰিক সম্পৰ্কত নাৰীৰ আচৰণ পুৰুষৰ দ্বাৰা নিয়ন্ত্ৰিত।

শ্বুলামিথ ফায়াৰষ্টন(Shulamith Firestone) ৰ দৰে কিছুমান চৰম নাৰীবাদীয়ে যুক্তি দৰ্শই যে নাৰীৰ মুক্তি প্ৰযুক্তিগত ভাবেহে সম্ভৱ হ’ব (যেনে- নাৰীসকলক সন্তান জন্ম দিয়াৰ পৰা ৰেহাই দিব লাগিব ইত্যাদি)।

চৰম নাৰীবাদৰ সমালোচনা চৰম নাৰীবাদী তত্বই আগবঢ়োৱা পুৰুষতন্ত্ৰৰ ব্যাখ্যা বিশ্লেষণাত্মক (analytical)হোৱাৰ পৰিৱৰ্তে বৰ্ণনাত্মক (Descriptive) প্ৰকৃতিৰ হোৱা পৰিলক্ষিত হয়, যাৰ ফলত ই পুৰুষ শক্তি (Male Power) ৰ উৎপত্তি সম্পৰ্কে বিশদ ব্যাখ্যা আগবঢ়াব পৰা নাই আৰু সেয়েহে পুৰুষতন্ত্ৰৰ অৱসানৰ হেতু এক ফলপ্ৰসূ কৌশল উদ্ভাৱন কৰাত চৰম নাৰীবাদ বিফল হৈছে।

বহু সমালোচকে বিশ্বাস কৰে যে মানুহৰ শত্ৰু হিচাপে গণ্য কৰা এক ভুল অৱধাৰণৰ ওপৰত চৰম নাৰীবাদ প্ৰতিষ্ঠিত।

মহিলাসকলে যৌন শ্ৰেণী গঠন কৰিব বুলি চৰম নাৰীবাদীসকলে পোষণ কৰা মতৰ কোনো বাস্তৱ ভিত্তি নাই।

যিকোনো সামাজিক ব্যৱস্থাৰ বন্ধন শক্তি হিচাপে বিবাহৰ দৰে পবিত্ৰ আৰু বিশুদ্ধ প্ৰথাক চৰম নাৰীবাদীসকলে অৱজ্ঞা কৰা বিষয়টোক সমালোচকসকলে  সমালোচনা কৰিছে।

চৰম নাৰীবাদী দর্শনৰ ওপৰত গুৰুত্ব আৰোপ কৰাটোৱে আওপকীয়াকৈ হ’লেও সমাজ ব্যৱস্থাৰ ৰুগ্ন কৰাটোকে সূচায়।

Q.4. Asses the Third World Approach.

Ans: তৃতীয় বিশ্বৰ নাৰীবাদী দৃষ্টিভংগীৰ বিষয়ে বিতং ব্যাখ্যাৰ আগবঢ়োৱাৰ পূৰ্বে তৃতীয় বিশ্ব মানেনো কি সেই বিষয়ে থুলমূল আভাস দিয়াৰ প্ৰয়োজনীয়তা আছে।

“তৃতীয় বিশ্ব” আখ্যাৰ দ্বাৰা সাধাৰণতে এছিয়া,আফ্ৰিকা আৰু লেটিন আমেৰিকাৰ ৰাষ্ট্ৰসমূহত সামৰি লোৱা হয়।সাধাৰণ অৰ্থত পুঁজিবাদী আৰু সমাজবাদী ৰাষ্ট্ৰৰ বাহিৰে আন ৰাষ্ট্ৰবোৰক “তৃতীয় বিশ্বৰ ৰাষ্ট্ৰ” বুলি কোৱা হয়।”তৃতীয় বিশ্ব”অভিধাটো ১৯৫২ চনত ফৰাচী ৰাজনীতি বিজ্ঞান এ. চৌবি (A Sauvy)য়ে প্ৰথমে ব্যৱহাৰ কৰিছিল তৃতীয় বিশ্বৰ ধাৰণাটোক মূলত তিনিটা উপাদানৰ ভিত্তিত প্ৰতিষ্ঠিত – আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত ৰাষ্ট্ৰখনৰ অৰ্থনৈতিক স্থিতি ৰাজনৈতিক স্থিতি আৰু এই শ্ৰেণীটোৰ অন্তৰ্ভুক্ত ৰাষ্ট্ৰখনৰ স্থিতি প্ৰথম বিশ্ব অৰ্থাৎ পুঁজিবাদী দ্বিতীয় বিশ্ব অৰ্থাৎ সমাজবাদী ৰাষ্ট্ৰসমূহক ৰাজনৈতিক ভিত্তিত পৃথিকীকৰণ কৰা হয়।ইয়াৰ পৰিবৰ্তে তৃতীয় বিশ্বৰ ৰাষ্ট্ৰবিলাকৰ মূল সামঞ্জস্য পূৰ্ণ দিশটো হৈছে অৰ্থনৈতিক।প্ৰধানক : অৰ্থনৈতিকভাৱে উন্নয়নশীল ৰাষ্ট্ৰবিলাকৰ দ্বাৰা তৃতীয় বিশ্ব গঠিত হৈছে।এই তৃতীয় বিশ্বৰ ইতিহাস হৈছে ৰাজনৈতিক আৰু অৰ্থনৈতিক সংগ্ৰামৰ ইতিহাস।

তৃতীয় বিশ্বৰ নাৰীবাদ হৈছে নাৰীবাদী দৰ্শকৰ এক ৰূপ য’ত নেকি বৰ্ণবাদ ঔপনিবেশিকতাবাদ,শ্ৰমৰ লিংগভিত্তিক বিভাজন, ৰাজনৈতিক আধিপত্য ইত্যাদিৰ দৰে ধাৰণাসমূহ কেন্দ্ৰীভূত হৈ থাকে।ঔপনিবেশিকোওৰ নাৰীবাদ হৈছে ঔপনিবেশিক ৰাষ্ট্ৰসমূহত বিকশিত হোৱা এক নাৰীবাদী ভাৱধাৰা ।তৃতীয় বিশ্বৰ নাৰীবাদী দৃষ্টিভংগীৰ পৃষ্ঠপোষকসকলৰ মতে,চৰম পাশ্চাত্যৰ দৰ্শনৰ বিৰুদ্ধে কৰা সমালোচনাৰ ফলশ্ৰুতিতেই তৃতীয় বিশ্বৰ নাৰীবাদ দৰ্শনৰ অভিযান গায়ত্ৰী চক্ৰৱৰ্তীয়ে কৰা বৰ্ণনা অনুসৰি The term “Third World” Was initially Coined Order 1/4 kum kum Sagary  ৰ মত অনুসৰি, “Third World is a term that both signifies and blurs the functioning of an economic, Political and imaginary geography that able to unite vast and vastly differentiated areas of the world into a single underdeveloped terran. উল্লেখনীয় যে তৃতীয় বিশ্বৰ নাৰীবাদী দৰ্শন তৃতীয় বিশ্বৰ অনুন্নত ৰাষ্ট্ৰ বিলাকৰ মহিলাসকলে সন্মুখীন হোৱা সমস্যা ৰাজিৰ লগত জড়িত, পাশ্চাত্যৰ নাৰীবাদীসকলে নাৰীবাদৰ ধাৰণাটো সমগ্র বিশ্বজুৰি বিস্তাৰিত কৰি তুলিছিল ।কিন্তু তৃতীয় বিশ্বৰ মহিলাসকলে দৈনন্দিন জীৱনত সন্মুখীন হোৱা সমস্যা ৰাজিক সঠিকভাৱে উপস্থাপন কৰা হোৱা নাছিল।তাৰোপৰি পাশ্চাত্যৰ নাৰীবাদীসকলে অশ্বেতকায় অনা পশ্চিমীয়া মহিলাসকলৰ মতামত সমূহক সম্পূৰ্ণৰূপে আওকাণ কৰা নাছিল।

তৃতীয় বিশ্বৰ ৰাষ্ট্ৰসমূহে সন্মুখীন হোৱা সমস্যাসমূহৰ ভিতৰত সাম্প্ৰদায়িকভাৱে, যৌতনক,সতীদাহ প্ৰথা,শ্ৰমৰ লিংগভিত্তিক বিভাজন ইত্যাদিযেই প্ৰধান।মহিলাসকলক সদায় দ্বিতীয় শ্ৰেণীৰ নাগৰিক হিচাবে গণ্য কৰা হয়।তৃতীয় বিশ্বৰ ৰাষ্ট্ৰসমূহৰ কন্যা সন্তানৰ ভ্ৰূণ হত্যা,যৌতুকৰ বাবে হত্যা,সতীদাহ প্ৰথাৰ দৰে কেতবোৰ বদ অভ্যাসে মহিলাসকলক এক লাঞ্চিত আত্মালৈ পৰ্যবেক্ষণ কৰি তুলিলে।তৃতীয় বিশ্বৰ নাৰীবাদক ঔপনিবেশিকোওৰ নাৰীবাদ হিচাপেও বৰ্ণনা কৰা হয়। ঔপনিবেশিকোওৰ নাৰীবাদী দৰ্শনৰ ঘৰৰ চাৰিবেৰৰ ভিতৰত আৰু বাহিৰতো মহিলাসকলৰ ভউমিকাক প্ৰত্যাহ্বান জনোৱাৰ জৰিয়তে তেওঁলোকৰ যাত্ৰা আৰম্ভ কৰিছিল।তৃতীয় বিশ্বৰ নাৰীবাদে তৃতীয় বিশ্বৰ ৰাষ্ট্ৰবিলাকৰ মহিলাসকলে সম্মুখীন হোৱা সমস্যা ৰাজি চিনাক্ত কৰি সিবিলাক সমাধান কৰাৰ প্ৰচেষ্টা চলায়।তৃতীয় বিশ্বৰ নাৰীবাদে নিঃঔপনিবেশিকীকৰণ নতুবা সদস্য স্বাধীনতা প্ৰাপ্ত ৰাষ্ট্ৰবিলাক আৰু পুৰুষতান্ত্ৰিক ব্যৱস্থাৰ ভিতৰত মহিলাসকলৰ মাজত সামঞ্জস্য দেখা পাইছিল।

তৃতীয় বিশ্বৰ নাৰীবাদৰ বৈশিষ্ট্য : 

তৃতীয় বিশ্বৰ নাৰীবাদৰ কেতবোৰ মৌলিক বৈশিষ্ট্য পৰিলক্ষিত হয়।এই বৈশিষ্ট্যসমূহ তলত উল্লেখ কৰা হ’ল – তৃতীয় বিশ্বৰ নাৰীবাদে মহিলাৰ মৌলিক প্ৰয়োজনসমূহৰ ওপৰত অধিক গুৰুত্ব দিয়ে।) 

তৃতীয় বিশ্বৰ নাৰীবাদে কেৱল লিংগৰ ক্ষেত্ৰত যে সমতাৰ পোষকতা কৰে এনে নহয় বৰং বৰ্ণ,শ্ৰেণী আৰু ৰাষ্ট্ৰগত ক্ষেত্ৰতো সমতাৰ পোষকতা কৰে।

তৃতীয় বিশ্বৰ নাৰীবাদে পাশ্চাত্যৰ নাৰীবাদক সমালোচনা কৰে।লগতে পাশ্চাত্যৰ নাৰীবাদ আৰু তৃতীয় বিশ্বৰ নাৰীবাদক মৌলিক উদ্দেশ্যৰ মাজৰ প্ৰভেদক স্বীকাৰ কৰে।

তৃতীয় বিশ্বৰ নাৰীবাদী দৃষ্টিভংগীৰ পৃষ্ঠপোষকসকল তৃতীয় বিশ্বৰ ৰাষ্ট্ৰসমূহৰ পৰাই আছিল, যিসকল নেকি তৃতীয় বিশ্বৰ ৰাষ্ট্ৰবিলাকৰ মহিলাসকলৰ অৱস্থিতিক সঠিকভাৱে উপস্থাপন কৰিব পাৰিছিল।)

তৃতীয় বিশ্বৰ নাৰীবাদৰ ধাৰণাতো মূলতঃ মহিলাৰ কল্যাণ, দৰিদ্ৰতা দুৰীকৰণ,সতীদাহ প্ৰথা নিৰাময়কৰণ,যৌতুক প্ৰথা নিবাৰণ, ভ্ৰূণ হত্যা আদিৰ দৰে সমস্যাৰাজিৰ লগত নিবিড়ভাৱে সম্পৰ্কিত।

সমালোচনা : 

তৃতীয় বিশ্বৰ নাৰীবাদী দৃষ্টিভংগীৰ বিৰুদ্ধে নিম্নোক্ত সমালোচনা সমূহ উখাপিত হোৱা পৰিলক্ষিত হয় – 

তৃতীয় বিশ্বৰ নাৰীবাদে পৰিচয়ৰ সামগ্ৰিক সুৰক্ষাৰ ওপৰত বিশ্বাস কৰে, কিন্তু বাস্তৱক্ষেত্ৰত তৃতীয় বিশ্বৰ ৰাষ্ট্ৰসমূহত মহিলাসকল বৰ্তমানেও বিভিন্ন প্ৰকাৰৰ শোষণ আৰু বৈষম্যৰ বলি হৈ অহা পৰিলক্ষিত হয়।

পাশ্চাত্যৰ নাৰীবাদী আৰ্হিত বিপৰীতে তৃতীয় বিশ্বৰ নাৰীবাদী দর্শন অধিক পৰিমাণে সামাজিক হোৱা বুলি সততে অভিযোগ উখাপন কৰা হয়।

Q.6. Distinguish between Marxian feminism and Socialist feminism.

Ans: উদাৰনৈতিক নাৰীবাদৰ পৰম্পৰাৰ আধাৰত সমসাময়িকভাৱে মাৰ্ক্সীয় আৰু সমাজবাদী পৰম্পৰাই বিকাশ লাভ কৰিছিল।এই দুয়োপ্ৰকাৰৰ নাৰীবাদী চিন্তাধাৰাই বিশ্বাস কৰে যে মহিলাসকলে কেৱল ৰাজনৈতিক আৰু ক্ষেত্ৰতো তেওঁলোকে অধিক পৰিমাণে এই অসমতাক সহ্য কৰি আহিছে।যদিও মাৰ্ক্সীয় আৰু সমাজবাদী এই দুয়োটা ধাৰণা মাৰ্ক্সীয় আদৰ্শৰ ওপৰত ভিত্তি কৰি গড়ি উঠিছে তথাপি এই দুয়োটা নাৰীবাদী চিন্তাগোষ্ঠীৰ মাজত এক বিশেষ পাৰ্থক্য পৰিলক্ষিত হয়।

মাৰ্ক্সীয় নাৰীবাদীসকলে দৃঢ়ভাৱে বিশ্বাস কৰে যে মহিলাসকলৰ অৱদমন মূল কাৰণ হৈছে সমাজ ব্যৱস্থাত থকা শ্ৰেণী বৈষম্যতা ।পুঁজিবাদী ব্যৱস্থাৰ পৰিসমাপ্তিৰ লগে লগে মহিলাৰ ক্ষেত্ৰত থকা অসমতাৰে পৰিসমাপ্তি ঘটিব। সমাজবাদী নাৰীবাদীসকলে কয় যে মহিলাসকলে শ্ৰেণী বৈষম্যৰ কাৰণে নহয় বৰং পুৰুষতান্ত্ৰিক সমাজ ব্যৱস্থাৰ কাৰণেহে দুৰ্ভোগ ভুগিবলগীয়া হয়।

মাৰ্ক্সীয় নাৰীবাদীসকলৰ মতে,পুঁজিবাদী উৎপাদন ব্যৱস্থাৰ পৰিণতিযেই হ’ল মহিলাৰ অৱদমন।”The Origin of Family Private Property and the State (1884) ” নামৰ গ্ৰন্থখনত ফ্ৰেডৰিক এঞ্জেলছে কৈছে যে, ” ব্যক্তিগত সম্পত্তি আৰু পুঁজিবাদ উভয়ে মাতৃত্বৰ অধিকাৰ (Mother Right)ৰ অৱক্ষয়ক প্ৰভাৱিত কৰিছিল।পুঁজিবাদ ব্যক্তিগত সম্পত্তিৰ ওপৰত নিৰ্ভৰশীল যাৰ জৰিয়তে নেকি এটা শ্ৰেণীয়ে আন এটা শ্ৰেণীক শোষণ কৰাৰ পথ প্ৰশস্ত হয়”।

পুঁজিবাদী সমাজ ব্যৱস্থাত মহিলাসকলে এক সংৰক্ষিত শ্ৰমিক শ্ৰেণী হিচাপে থাকে আৰু পুৰুষ শ্ৰমিকৰ সংখ্যা কম হ’লে তেওঁলোকক অতি নিম্ন মজৰিৰ বিনিময়ত কামত নিয়োগ কৰা হয়।একে সময়তে তেওঁলোকে ঘৰুৱা পৰিৱেশতো অবদমিত হ’ব লগা হয়।কিয়নো বিনা পৰিশ্ৰমিকতে তেওঁলোকে ঘৰুৱা কাম-কাজৰ বোজা বহন কৰিব লগা হয়।গতিকে মাৰ্ক্সবাদীসকলৰ মতে পুঁজিবাদৰৰ অৱসান ঘটোৱাটো প্ৰধান লক্ষ্য হোৱা উচিত।পুঁজিবাদৰ অৱসানৰ লগে লগে লিংগ বৈষম্যৰো পৰিসমাপ্তি ঘটিব।

সমাজবাদীনাৰীবাদীসকলে এই ধাৰণাক গ্ৰহণ কৰা নাছিল।তেওঁলোকৰ মতে,”মহিলাৰ অবদমনৰ মূল কাৰণটো কেৱল অৰ্থনৈতিকেই নহয়।এইক্ষেত্ৰত মহিলাসকল বিশেষকৈ দুটা শক্তিৰ জৰিয়তে অবদমিত হৈ থাকে।এটা হৈছে পুঁজিবাদ আনটো হৈছে পুৰুষতন্ত্ৰবাদ ।পুৰুষতন্ত্ৰবাদে পুঁজিবাদৰ প্ৰকৃতিৰ নিৰ্ধাৰণ কৰে আৰু যেতিয়াও এই দুয়োটা শক্তি একেলগে সক্ৰিয় হৈ পৰে তেতিয়াই মহিলাসকলে অৱদমিত হ’ব লগা হয়।গতিকে ক’ব পাৰি যে মহিলাসকলে ‘উৎপাদন আৰু পুনঃ উৎপাদন’ (Production and Reproduction)এই দুয়ো দিশতে দুৰ্ভোগ ভুগিবলগীয়া হয়।গতিকে পুঁজিবাদ আৰু পুৰুষতন্ত্ৰবাদ উভয়কে সমাজ ব্যৱস্থাৰ পৰা নিঃশেষ কৰা নীতিৰ ওপৰত সমাজবাদী নাৰীসকলে গুৰুত্ব আৰোপ কৰিছিল।এইক্ষেত্ৰত জুলিয়েট মিটচেল(Juliet Mitchell), হেইডি হাৰ্টমেন (Heidi Hartman) আদিৰ নাম বিশেষভাৱে লেখত ল’বলগীয়া।

Q.7. Example the importance of Women’s Movement.

Ans: নাৰী আন্দোলন বুলিলে এনে ধাৰণা লোৱা হয় যে নাৰীৰ বাবেই এই আন্দোলন।নাৰী সংগঠনসমূহে যেনে সেই উদ্দেশ্য লৈয়েই গঠন কৰা হয়।সাধাৰণতে কোৱা হয় যে নাৰী সমাজৰ অৰ্ধাংশ, তেওঁলোক সামাজিক, অৰ্থনৈতিকভাৱে শোষিত, বঞ্চিত আৰু এই শোষণ বঞ্চনাৰ পৰা মুক্তি পাবৰ বাবেই যেন সংগঠন কৰা প্ৰয়োজন।সমান অধিকাৰ পোৱাৰ বাবেই সমাজৰ সকলো অংশৰ শুভবুদ্ধি সম্পন্ন ৰাইজক সচেতন কৰাৰ কাৰণে এই আন্দোলনৰ প্ৰয়োজন।প্ৰথম অৱস্থাত মনলৈ এনে ধাৰণা আহিলেই বিষয়টো গভীৰভাৱে চালি-জাৰি চালেহে বোধগম্য হ’ব যে নাৰী আন্দোলন আচলতে সমগ্ৰ সমাজৰ বাবেই সমাজৰ স্বাৰ্থ ৰক্ষাৰ আন্দোলন আৰু তাৰ বাবে নাৰী-পূৰুষ উভয়েই একেলগে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব লাগিব।সেয়ে নাৰী আন্দোলনত মুখ্য ভূমিকা নাৰীসকলৰ থাকিলেও নাৰী আন্দোলনৰ সফলতা যেনেকৈ কেৱল নাৰীয়েই সাফল্য নহয়, ঠিক তেনেদৰে নাৰীৰ আন্দোলনৰ দুর্বলতাখিনিও কেৱল নাৰীসকলৰেই দুৰ্বলতা নহয় বৰং সমগ্ৰ মানৱ সমাজৰেই দুৰ্বলতা বা নাৰী-পুৰুষ উভয়ৰেই দুৰ্বলতা।

মানৱ সমাজৰ গঠন, বিকাশ আৰু অগ্ৰগতি সকলো নিৰ্ভৰ কৰে মানুহৰ শ্ৰমৰ ওপৰত।মানৱ সমাজৰ সূচনাৰ পৰাই মানুহে শ্ৰম কৰি জীৱন নিৰ্বাহ কৰিছে।কালক্ৰমত গৃহ নিৰ্মান কৰি বসতি স্থাপন কৰিবলৈ শিকিছে।পৰ্যায়ক্ৰমে সমাজৰ অগ্ৰগতি হৈছে, মানৱ সমাজৰ বস্তু উৎপাদন কৰিবলৈ শিকিছে।উৎপাদন ব্যৱস্থাৰ ৰূপান্তৰৰ লগে লগে সমাজৰ ৰূপান্তৰ হৈছে।সমাজৰ এই ৰূপান্তৰৰ ক্ষেত্ৰত নাৰী-পুৰুষ সকলোৱেই একেলগেই কাম কৰিছে।কাৰণ সমগ্র মানৱ সমাজৰ নাৰী-পুৰুষক লৈ গঠিত।নাৰীৰ বাবে মানৱ সমাজত কোনো পৃথক সংৰক্ষিত অংশ নাই,কোনো স্বতন্ত্ৰ এলেকাও নাই।সংসাৰ,সমাজ,পৰিয়াল এই সকলো নাৰী-পুৰুষৰ যৌথ শ্ৰম আৰু সমষ্টিগত প্ৰয়োজনত গঢ়ি উঠিছে।কেৱল মানৱ জাতিৰ প্ৰজননৰ ক্ষেত্ৰতই নহয়, বৰং মানৱ সমাজৰ সামগ্ৰিক প্ৰয়োজনীয় উৎপাদনৰ ক্ষেত্ৰত পুৰুষ-নাৰীৰ উভয়ৰেই মিলিত ভূমিকা আছে।সমগ্ৰ সমাজৰ প্ৰয়োজনৰ স্বাৰ্থতেই পুৰুষ-নাৰীৰ নিৰ্বিশেষে সমস্ত কৰ্মক্ষম মানুহে সমাজৰ অগ্ৰগতিৰ স্বাৰ্থত শ্ৰম কৰিব লাগিব আৰু সেই শ্ৰম যাতে সংগঠিত, উৎপাদনশীল শ্ৰম হয় তাক চাব লাগিব। নিপীড়িত জনগণৰ শ্ৰমৰ শোষণৰ ওপৰতেই ব্যক্তিগত সম্পত্তিৰ ওপৰত প্ৰতিষ্ঠিত শ্রেণী বিভক্ত সমাজ গঢ়ি উঠে।য’ত অধিকাংশ নাৰীয়েই নিজৰ শ্ৰম সামাজিক উৎপাদনী কাৰ্যত লগাব নোৱাৰে।

নাৰীৰ বাবে যিবোৰ আইনগত, সামাজিক বা পাৰিবাৰিক জীৱনত অধিকাৰৰ কথা আমি কৈছো, সেইবোৰ কেৱল মাত্ৰ নাৰীসকলৰ ভালৰ বাবেই যে এনে নহয় বৰং নাৰী-পুৰুষ উভয়ৰেই আৰু সমগ্ৰ সমাজৰ ভালৰ বাবেই ।নাৰীৰ কোনবিধ অধিকাৰৰ দ্বাৰা কেৱল নাৰীৰ স্বাৰ্থ সিদ্ধি হয়,বিবাহ আৰু বিচ্ছেদৰ সমান অধিকাৰ, পণ-যৌতুক প্ৰথা বৰ্জন, বিধৱা বিবাহ প্ৰৱৰ্তন, বাল্য বিবাহ বৰ্জন, ইবিলাকৰ প্ৰত্যেকৰে লগত সমগ্র সমাজৰ স্বাৰ্থ জড়িত হৈ আছে । ধৰা যাওক যে পণ-যৌতুক প্ৰথাৰ বিৰুদ্ধে আলোড়ন সৃষ্টি হৈছে।পণ-যৌতুক প্ৰথা কেৱল নাৰীসকলকৰ বাবেই নহয় নাৰী-পুৰুষ উভয়ৰ বাবেই অপমানজনক।পুৰুষ-নাৰীৰ বিবাহ সম্বন্ধৰ মাজত এটা বৈষয়িক বা ব্যৱসায়িক লেনদেন ব্যৱস্থাই দেখা যায় যে যেতিয়ালৈকে ল’ৰা-ছোৱালী শিক্ষিত, উপার্জনক্ষম,সমাজ সচেতন নহয় বা হ’ব নোৱাৰে তেতিয়ালৈকে এই অপমানকৰ জীৱন -যাপন কৰিবলগীয়াত পৰিব।শ্ৰেণী বিভক্ত সমাজৰ মূল উৎসৰ পৰা সৃষ্টি হোৱা অৱক্ষয়ী ৰক্ষণশীল, অৱমানকৰ প্ৰথাসমূহৰ অভিশাপৰ পৰা মুক্ত হ’ব নোৱাৰে উন্নত দাম্পত্য জীৱনো এই সমাজ ব্যৱস্থাত সম্ভৱ হ’ব নোৱাৰে। আইন- কানুনৰ দ্বাৰা এই প্ৰথাসমূহ সমূহিকভাৱে দমাই ৰাখিব পাৰি কিন্তু সমূলাংশে নিঃশেষ কৰিব পৰা নাযায়।নাৰীৰ অধিকাৰ ৰক্ষাৰ সংগ্ৰামসমূহ বিচাৰ-বিশ্লেষণ কৰি চালে দেখা যায় যে সেই বিষয়সমূহ কেৱল বিচ্ছিন্নভাৱে নাৰীৰ স্বাৰ্থৰ বাবে নহয় আৰু তাৰ বিৰুদ্ধে সংগ্ৰাম আন্দোলনো কেৱল নাৰীসকলৰ কৰ্ম নহয়।ঠিক তেনেদৰে সমাজৰ কোনো অংশ এনে কোনো বিষয় নাই যিটো কেৱল পুৰুষৰ স্বাৰ্থৰ বাবে আৰু কেৱল পুৰুষৰ দ্বাৰা কৰণীয়।শ্ৰমিকৰ সমস্যাসমূহ নাৰী-পুৰুষৰ উভয়ৰেই সমস্যা, কৃষকৰ সমস্যাসমূহো নাৰী-পুৰুষৰ উভয়ৰেই সমস্যা।সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক সমস্ত ক্ষেত্ৰতে আন্দোলন -সংগ্ৰামৰ এনে সকলো বিষয়তেই নাৰী-পুৰুষ উভয়ৰেই স্বাৰ্থ জড়িত।মানুহক সমাজৰ পৰা বিচ্ছিন্ন কৰি চোৱা যেনেকৈ ভুল,নাৰী আৰু পুৰুষৰ উভয়ৰেই প্ৰয়োজন,অধিকাৰ আৰু সংগ্ৰামৰ ক্ষেত্ৰসমূহকো বিচ্ছিনকৈ চোৱাটো ভুল।নাৰী আন্দোলনৰ সামগ্ৰিক সামাজিক তাৎপৰ্য বুজি নোপোৱাৰ ফলতেই ‘স্বতন্ত্ৰবাদ আৰু নাৰীবাদ’ৰ সৃষ্টি হয় ।অনেক সময়ত নাৰীৰ স্বাৰ্থ পুৰুষৰ স্বাৰ্থ পৰপন্থী বুলি ধৰা হয়।আকৌ অজ্ঞতাবশত: অনেকেই ভাবি লয় যে নাৰীসকলক হেয় কৰি ৰখাৰ বাবে পুৰুষসকলেই দায়ী।সেইবাবেই হয়তো তেওঁলোকৰ আন্দোলন পুৰুষৰ বিৰুদ্ধে যায়।এই প্ৰসংগতে মনত ৰখা দৰকাৰ যে এই সংগ্ৰাম নাৰী-পুৰুষ নিৰ্বিশেষে শ্ৰেণী শত্ৰুৰ বিৰুদ্ধে আৰু সমস্ত শোষিত শ্ৰেণীৰ জনতাৰ বাবে।নাৰীৰ অধিকাৰ ৰক্ষা কৰাটো যে কোনোপধ্যেই পুৰুষৰ অধিকাৰ খৰ্ব কৰা নহয় বৰং নাৰীসকলৰ প্ৰতি সামাজিক অন্যায় অবিচাৰৰ অৱসান কৰি নাৰী-পুৰুষ উভয়ৰ বাবে সমান অধিকাৰ আৰু মৰ্যাদা প্ৰতিষ্ঠা কৰা, উভয়কেই সামাজিক দায়িত্ব পালন কৰাত সহায় কৰে।

সমাজৰ অগ্ৰগতিৰ বাবে জনগণৰ প্ৰত্যেকটো আন্দোলনৰ মাজত নাৰী আৰু পুৰুষৰ যৌথ ভূমিকা আছে।সেই ভূমিকা পালন কৰিব নোৱাৰিলে সমাজৰ অগ্ৰগতি হ’ব নোৱাৰে। মাৰ্ক্সীয় দর্শনৰ ঐতিহাসিক বস্তুবাদী বিশ্লেষণৰ মাজত দেখা গৈছে যে, শ্ৰেণী বিভক্ত সমাজৰ অংকুৰৰ পৰাই সমাজত নাৰীৰ অৱস্থাৰ অৱনতি হৈছে।মানৱ সমাজৰ সূচনাতে নাৰী আৰু পুৰুষৰ মাজত সামাজিক মৰ্যাদাৰ কোনো তাৰতম্য নাছিল।তেওঁলোকে মিলিতভাৱেই কামৰ দ্বাৰা সংঘবব্দ জীৱন -যাপনৰ ব্যৱস্থা কৰিছিল।সমাজত ব্যক্তিগত সম্পত্তিৰ উদ্ভৱৰ পৰাই শ্ৰেণী শোষণৰ সূচনা হয় য’ত নাৰী জাতিৰ পৰাধীনৰ পথ প্ৰশস্ত হয়।তেওঁলোকক সাধাৰণভাৱে সামাজিক উৎপাদনমূখী কামৰ পৰা আঁতৰাই নি ক্ৰমশঃ পাৰিবাৰিক দাসীৰ পৰ্যায়লৈ লয় যোৱা হয়।পুৰুষসকলে ব্যক্তিগত সম্পত্তিৰ মালিক হৈ থাকে আৰু সেই ভিক্তিতেই পুৰুষক কেন্দ্ৰ কৰি ব্যক্তিগত পৰিয়ালসমূহ গঢ়ি উঠে।পুৰুষৰ অধীনত নাৰীক গৃহবন্দী কৰি ৰখা হয়।

এইভাৱেই শ্ৰেণী বিভক্ত সমাজৰ বিভিন্ন স্তৰত সমাজৰ অৰ্ধেক অংশ জনসমষ্টি অৰ্থাৎ নাৰী জাতিৰ অপৰিসীম শ্ৰমক গৃহ দাসত্বলৈ পৰিণত কৰা হয়।সামাজিক উৎপাদনশীল শ্ৰম কৰাৰ সুযোগৰ পৰা নাৰীসকল বঞ্চিত হয়, ই কেৱল নাৰীসকলৰেই ক্ষতি হোৱা নাই সমগ্ৰ সমাজ তেওঁলোকৰ বিলুপ সম্ভাৱনাময় কৰ্মকাণ্ডৰ পৰা বঞ্চিত হৈছে।সমাজৰ অগ্ৰগতি বাধাপ্ৰাপ্ত হৈছে,মন্ত্ৰৰ হৈছে ।ইয়াৰ উপৰিও সমাজৰ আধা অংশ লোকক অজ্ঞানতাৰ অন্ধকাৰৰ মাজত ৰাখি তেওঁলোকক প্ৰভু হিচাপে পুৰুষসকলক একপক্ষীয় দায়িত্বভাৰ বহন কৰিবলৈ গৈ গোটেই সামাজিক আৰু পাৰিবাৰিক জীৱনো ভাৰাক্ৰান্ত হৈছে, পশ্চাদপদতালৈ গতি কৰিছে।এই অসমান বাস্তৱ পৰিস্থিতিৰ প্ৰতিফলনে নাৰী আৰু পুৰুষ উভয়ৰেই ভাৱনা,চিন্তা,ধ্যান-ধাৰণা,মানসিকতাও দিকভ্ৰান্ত কৰিছে। ৰক্ষণশীল ধ্যান-ধাৰণাৰ বংশৱৰ্তী হৈ পুৰুষসকলে নাৰীক পিছলৈ ঠেলিছে নাৰীসকলেও পুৰুষক পিছলৈ টানিছে।নাৰী-পুৰুষৰ মাজত প্ৰভু-দাসী সম্বন্ধ,পুৰুষৰ ‘প্ৰভু’ মনোবৃত্তি আৰু নাৰীক ‘দাসী’ মনোবৃত্তিয়ে যুগ যুগ ধৰি সামাজিক আৰু পাৰিবাৰিক জীৱনত কলুষিত কৰিছে।শ্ৰেণী বিভক্ত দাহ সমাজ আৰু সামন্ততান্ত্ৰিক সমাজত সমাজৰ পিছপৰা শোষিত জনগণৰ লগে লগে নাৰীসকলে জীৱনৰ চৰম বঞ্চনাৰ সন্মুখীন হৈছে।সমাজক আগুৱাই লৈ যোৱাৰ স্বাৰ্থত উৎপাদনশীল শ্ৰমত নিয়োগৰ পৰা তেওঁলোক বঞ্চিত হৈছে, নিজৰ জীৱনলৈ চৰম অৱমাননা,দুখ-দুৰ্দশা নামি আহিছে।ধনতান্ত্ৰীক সমাজত বৃহৎ বৃহৎ কল-কাৰখানা, ব্যাপক শিল্প গঢ়ি উঠাৰ ফলত নাৰীৰ একাংশ অৰ্থাৎ, অৱলা শ্ৰেণীটো সেই কল-কাৰখানাত অৰ্থাৎ সামাজিক উৎপাদনমূলক কামত নিযুক্ত হৈ থাকে।নিপীড়িত নাৰী জাতিৰ অৰ্থনৈতিক স্বাৱলম্বনৰ সূচনা হয়।এইক্ষেত্ৰত এঞ্জেলছৰ মতে,হ’ল – নাৰীৰ মুক্তি লাভৰ প্ৰথম চৰ্তই হ’ল এই যে ,সমগ্ৰ নাৰী সমাজক আকৌ সামাজিক উৎপাদনৰ কামৰ মাজলৈ পুনৰ প্ৰৱেশ কৰাব লাগিব।

কিন্তু দেখা যায় যে কোনো শ্ৰেণী বিভক্ত সমাজেই লাগিলে সি যিমানেই উন্নত সমাজেই নহওক কিয় আনকি সকলোতকৈ উন্নত ধনতান্ত্ৰীক সমাজতো সমগ্ৰ নাৰী সমাজক সামাজিক উৎপাদনৰ কামত নিযুক্ত কৰা সম্ভৱ নহয়।সেই কথা কেৱল নাৰীসকলৰ ক্ষেত্ৰতহে নহয় সমস্ত জনগণৰ বাবেও সত্য। সেয়ে কোনো উন্নত ধনতান্ত্ৰীক দেশতেই নাৰী বা পুৰুষ কাৰো নিবনুৱা সমস্যা সমাধান হ’ব নোৱাৰে। কাৰণ এইক্ষেত্ৰত সমগ্র উৎপাদন ব্যৱস্থাটোৱেই হয় ব্যক্তিগত মুনাফাৰ স্বাৰ্থত, জনগণৰ স্বাৰ্থৰ বাবে নহয়।একমাত্ৰ সমাজতান্ত্ৰিক সমাজ ব্যৱস্থাতেই অন্যান্য শোষিত জনগণৰ লগে লগে সমগ্র নাৰী সমাজক সামাজিক উৎপাদনৰ কামলৈ ঘূৰাই আনটো সম্ভৱ হয়।

তেন্তে দেখা গ’ল, নাৰী মুক্তি আন্দোলনৰ মূল সূত্ৰটো উৎপাদন ব্যৱস্থাৰ পৰিবৰ্তনৰ লগত যুক্ত।সমাজক অন্যান্য শোষিত জনগণ,শ্ৰমিক,কৃষক মধ্যবিত্ত মেহনতী জনগণৰ মুক্তিৰ প্ৰশ্নটোও ঠিক একেইভাৱে সমাজৰ উৎপাদন ব্যৱস্থাৰ পৰিৱৰ্তনৰ লগত জড়িত।সেয়ে নাৰী আন্দোলন কেতিয়াও এটা বিচ্ছিন্ন বিষয় নহয়।সমাজৰ অগ্ৰগতিৰ বাবে প্ৰতিটো আন্দোলন-সংগ্ৰামৰ লগত অংগাংগীভাৱে জড়িত। নাৰীসকলক প্ৰতিটো আন্দোলনৰ মাজলৈ সংগঠিতভাৱে লৈ অহাটো নাৰী-পুৰুষৰ নিৰ্বিশেষে সমাজ সচেতন জনগণৰ অপৰিহাৰ্য সামাজিক দায়িত্ব।ইয়াত পিছপৰি থকা শোষিত বঞ্চিত নাৰীসকলৰ প্ৰতি কোনো অনুকম্পাৰ প্ৰশ্ন নাহে, পুৰুষৰ উদাৰনৈতিক সহৃদয়তাৰ অভিজ্ঞতাৰ কথাও অবাস্তৱ।সমস্ত বিষয়টোক বৈজ্ঞানিক বিশ্লেষণৰ মাধ্যমেৰে ঐতিহাসিক অজ্ঞতাৰে বুজিব লাগিব।বাস্তৱ দৃষ্টিভংগীৰে চাব লাগিব। 1তেতিয়াহ’লে এই কথা স্পষ্ট হৈ উঠিব যে নাৰী আন্দোলন সংগঠিত কৰাটো অনিবাৰ্য সামাজিক প্ৰয়োজন, সমগ্ৰ সমাজৰ অগ্ৰগতিৰ বাবে এটা মৌলিক প্ৰয়োজন।

নাৰী আন্দোলনৰ এই সামাজিক তাৎপৰ্য আমি মনত ৰাখি সেই অনুসাৰেই নাৰী আন্দোলনৰ কৰ্মধাৰা নিৰ্ধাৰণ কৰিব লাগিব।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top