Sociology of Gender Unit 4 সামাজিক লিংগ ,ক্ষমতা আৰু প্ৰতিৰোধ Notes, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Sociology of Gender Unit 4 সামাজিক লিংগ ,ক্ষমতা আৰু প্ৰতিৰোধ to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Sociology of Gender Unit 4 সামাজিক লিংগ ,ক্ষমতা আৰু প্ৰতিৰোধ Question Answer can be of great value to excel in the examination.
Sociology of Gender Unit 4 সামাজিক লিংগ ,ক্ষমতা আৰু প্ৰতিৰোধ
Sociology of Gender Unit 4 সামাজিক লিংগ ,ক্ষমতা আৰু প্ৰতিৰোধ Notes cover all the exercise questions in UGC Syllabus. The Sociology of Gender Unit 4 সামাজিক লিংগ ,ক্ষমতা আৰু প্ৰতিৰোধ provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.
Gender Power And Resisance
SOCIOLOGY
SOCIOLOGY OF GENDER
লিংগৰ সমাজতত্ত্ব
Very objectives type questions
Q.1. discuss about the structure of patriarchy.
Ans: চিলভিয়া ওৱালবিয়ে পিতৃতান্ত্ৰিকতাৰ ছটা সংৰচনা সংজ্ঞায়িত কৰিছিল আৰু সেইবোৰ তলত উল্লেখ কৰা হ’ল।
মজুৰিপ্ৰাপ শ্ৰমিকসকল পিতৃতান্ত্ৰিকতাৰ প্ৰথমটো আৰ্হি বা গাঁথনি।মহিলা শ্ৰমিকসকলে একেটা কামকে কৰি পুৰুষতকৈ কম পাৰিশ্ৰমিক লাভ কৰাটোৱে পিতৃতান্ত্ৰিকতাৰ প্ৰথমটো গাঁথনি সূচিত কৰিছে।
ঘৰত ভিতৰত শ্ৰমৰ লিংগভিত্তিক বিভাজনৰ জৰিয়তে মহিলাসকলে ঘৰুৱা কাম- কাজ ,সন্তান লালন-পালন কৰাৰ দৰে প্ৰাথমিক দায়বদ্ধতাসমূহ পালন কৰিবলগীয়া হৈছে।
পিতৃতান্ত্ৰিকতা সংজ্ঞায়িত কৰাৰ ক্ষেত্ৰত সংস্কৃতিয়ে এক তাৎপৰ্যপূৰ্ণ ভূমিকা গ্ৰহণ কৰে।সাধাৰণতে, সংস্কৃতিৰ নামতে বহুক্ষেত্ৰত মহিলাসকল পুৰুষৰ অধীনস্থ হোৱা পৰিলক্ষিত হয়।আমাৰ সংস্কৃতিক সংৰক্ষণ কৰাৰ ক্ষেত্ৰত পৌৰাণিক শাস্ৰবিলাকেও অতিশয় গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। যি কি নহওক, বহু সময়ত এই সংস্কৃতিয়ে নিজেই মহিলাসকলক ব্যৱহাৰৰ আহিলা হিচাপে চিত্ৰায়িত কৰাও পৰিলক্ষিত হয়।
বিসদৃশ যৌনগত সম্পৰ্কত পিতৃতান্ত্ৰিকতাৰ এটা উপাদান হিচাপে বিবেচনা কৰা হয়।
মহিলাসকলৰ বিৰুদ্ধে ঘৰৰ ভিতৰত আৰু কাৰ্যলয়ত পুৰুষৰ যি আতিশয্য সেই আতিশয্যক পিতৃতান্ত্ৰিকতাৰ এক গাঁথনি স্বৰূপ বুলি অভিহিত কৰা হয়।
পুৰুষ আৰু মহিলাক বিভাজিত কৰণৰ ক্ষেত্ৰত ৰাষ্ট্ৰই এক আধিপত্যমূলক আৰু পিতৃতান্ত্ৰিক ভূমিকা পালন কৰে।
উল্লেখযোগ্য যে আন কেতবোৰ উপাদান আছে যিবিলাকক নেকি পিতৃতান্ত্ৰিকতাৰ গাথঁনিৰ অধ্যয়নৰ ক্ষেত্ৰত কোনো প্ৰকাৰে উলাই কৰিব নোৱাৰি।গাৰ্ডাৰ লাৰ্ণাৰৰ মতে “পিতৃতান্ত্ৰিকতাৰ মৌলিক গাঁথনি হৈছে পৰিয়াল।” পৰিয়াল হৈছে এনে এক পদানুক্ৰমিক ব্যৱস্থা য’ত পুৰুষজন শ্ৰেষ্ঠ আৰু আধিপত্যৰ গৰাকী,মহিলাসকল সদায় বহুতীয়া আৰু নিয়ন্ত্ৰিত।প্ৰায় সকলোবিলাক ক্ষেত্ৰতে পুৰুষক পৰিয়ালৰ মূৰব্বী বুলি বিবেচনা কৰা হয় আৰু পুৰুষ মুৰব্বীজনে মহিলাসকলৰ ওপৰত দৈহিক আৰু মানসিকভাৱে নিয়ন্ত্ৰণ সাব্যস্ত কৰে।পৰিয়ালত পুৰুষ উত্তৰাধিকাৰী সৃষ্টি কৰাৰ ক্ষেত্ৰত মহিলাসকলেই প্ৰধান আহিলাস্বৰূপ ।এনেদৰে পৰিয়ালেই হৈছে পিতৃতান্ত্ৰিকতাৰ প্ৰধান সংৰচনা।এয়েই নহয়,আনকি মাতৃতান্ত্ৰিক সমাজতো পুৰুষৰ যি আধিপত্যমূলক ভূমিকা সেয়া সঁচাকৈয়ে লেখত ল’বলগীয়া।
শৈক্ষিক অনুষ্ঠানসমূহ : শৈক্ষিক অনুষ্ঠানসমূহ হৈছে পিতৃতান্ত্ৰিকতাৰ দ্বিতীয়টো সংৰচনা।মহিলাসকলক পদ্ধতিগতভাৱে অধীনস্থ কৰি ৰখাৰ ব্যৱস্থা শৈক্ষিক ব্যৱস্থাৰ লগে লগে সূত্ৰপাত হয় ।
উল্লেখযোগ্য যে মহিলাসকলে শতিকাজুৰী শৈক্ষিক অনুষ্ঠানসমূহত প্ৰৱেশ আৰু জ্ঞান আহৰণৰ কৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছিল ।অৱশ্যে পৰৱৰ্তী সময়ত যদিওবা মহিলাসকলক অনুমতি প্ৰদান কৰা হয় তৎসত্বেও মহিলাসকলক পবিত্ৰ মহিলা হিচাপে, মহিলাৰ উৎসৰ্গিত প্ৰতিচ্ছবি, এক অতি স্বভাৱসুলভ পত্নী হিচাপে কন্যা মাতৃ আদি হিচাপে মহিলাসকলক উপস্থাপনৰ জৰীয়তে পিতৃতান্ত্ৰিকতাৰ স্বৰূপ ব্যক্ত হয়।
ধৰ্ম আৰু ধৰ্মীয় অনুষ্ঠানসমূহো হৈছে আন এটা পিতৃতান্ত্ৰিক সংৰচনা।মহিলাৰ ভূমিকাক নিষেধাজ্ঞা আৰোপ কৰাৰ ক্ষেত্ৰত ধৰ্মৰ গুৰুত্ব অপৰিসীম।সকলো প্ৰধান ধৰ্মকেই উচ্চ শ্ৰেণীৰ আৰু উচ্চ পুৰুষৰ দ্বাৰা সৃষ্টি, ব্যাখ্যা আৰু নিয়ন্ত্ৰণ কৰা হৈছে।মহিলাসকলক কেতবোৰ ধৰ্মীয় কাম-কাজ ৰূপায়ণ কৰাৰ ক্ষেত্ৰত বাধা আৰোপ কৰা হয়।মহিলাসকলক কেতবোৰ ধৰ্মীয় স্থানত প্ৰৱেশ কৰাত বাধা প্ৰদান, পুৰুষ দেৱতাসকলক নায়কৰ ৰূপত উপস্থাপন, পুৰুষৰ আধিপত্যৰ বিদ্যমান।এই সকলোবিলকে মহিলাসকলৰ সমাজত স্থান পুৰুষতকৈ অৱনমিত কৰি তুলিছে।
সম্পত্তিৰ উত্তৰাধিকাৰ লিংগ সংৰচনাৰ আন এক গুৰুত্বপূৰ্ণ দিশ।সম্পত্তিৰ ধাৰণাটোৰ আবিৰ্ভাৱ হোৱাৰে পৰা পুৰুষসকলকে সম্পত্তিৰ একমাত্ৰ উত্তৰাধিকাৰী হিচাপে গণ্য কৰি অহা হৈছে।যি কি নহওঁক ওৱালবিয়ে বিশ্বাস কৰে যে ৰাজহুৱা আৰু ব্যক্তিগত উভয় গাথঁনিতে মহিলাৰ অৱনমিত মৰ্যাদা বিদ্যমান হোৱা পৰিলক্ষিত হয়।
Q.2. Write about the Development of patriarchy through human civilisation.
Ans: মানৱ সভ্যতা বিকাশৰ বিভিন্ন স্তৰৰ মাজত পুৰুষ আৰু নাৰীৰ কৰ্মৰ পৰিচয় ফুটি উঠে।এই স্তৰবোৰে এনে ধৰণেৰে বিকশিত কৰিছে যে যাৰ দ্বাৰা কেৱল এনে ব্যৱস্থাৰ সৃষ্টি হৈছে যিটোৱে নেকি নাৰীৰ স্থান পুৰুষতকৈ অৱনমিত কৰি তুলিছে।ফ্ৰেডৰিক এঞ্জেলছে তেওঁৰ “পৰিয়াল, ব্যক্তিগত সম্পত্তি আৰু ৰাষ্ট্ৰৰ উৎপত্তি” শীৰ্ষক গ্ৰন্থখনত স্পষ্টভাৱে উল্লেখ কৰিছে যে সভ্যতাৰ বিকাশৰ প্ৰত্যেকটো স্তৰত পুৰুষে কঠিন কামসমূহ যেনে – চিকাৰ কৰা, খাদ্য সংগ্ৰহ কৰা, পৰিয়ালৰ সুৰক্ষা, যুদ্ধ কৰা আদি কামসমূহ সম্পাদন কৰাৰ বিপৰীতে নাৰীয়ে সন্তান জন্ম দিয়া, পালন কৰা, ঘৰুৱা কাম-কাজ, চোৱা-চিতা কৰা কামসমূহ সম্পাদন কৰিছিল।এই কামবোৰৰ জৰিয়তে পুৰুষৰ স্থান আৰু মহিলাৰ স্থান সুকীয়াকৈ চিহ্নিত হ’বলৈ ধৰিলে।পুৰুষে কঠিন কামৰ বোজা লৈ লাহে লাহে কতৃত্বশীল মনোভাবেৰে চলিবলৈ ধৰিছিল আৰু ইয়ে লাহে লাহে পিতৃতান্ত্ৰিকতা ব্যৱস্থাৰ জন্মৰ ক্ষেত্ৰত অৰিহণা যোগায়।
সভ্যতাৰ এই স্তৰটি প্ৰথম স্তৰ য’ত কতৃত্বশীল মনোভাৱৰ প্ৰথম আৰম্ভণি হয়।
পিতৃতান্ত্ৰিকতাৰ বিকাশৰ দ্বিতীয়টো স্তৰ ব্যক্তিগত সম্পত্তি আহৰণ ব্যৱস্থাৰ বাবে পথ প্ৰশস্ত হোৱাৰ লগে লগে আৰম্ভ হয়।পুৰুষে কামৰ বোজাৰ লগতে যেতিয়া গধুৰ কামবিলাক কৰিবলৈ লৈছিল লাহে লাহে ব্যক্তিগত আহৰণখিনি সঞ্চয় কৰাৰ মনোভাৱ জাগিছিল আৰু ইয়ে সন্মতি, সংগ্ৰহ আৰু ৰক্ষণাবেক্ষণৰ প্ৰতি তেওঁলোকৰ উৎসাহ বৃদ্ধি কৰে।
তৃতীয় স্তৰত মাতৃতান্ত্ৰিক ব্যৱস্থাৰ প্ৰচলন হৈছিল।পুৰুষৰ কৰ্তৃত্ব বজাই ৰাখিবৰ বাবেই এই ব্যৱস্থাৰ পৰিৱৰ্তন কৰিবলৈ গোত্ৰ ব্যৱস্থাৰ পৰিৱৰ্তন আনে।এই পৰিবৰ্তনৰ জৰিয়তে সম্পত্তিৰ উত্তৰাধিকাৰীৰ ব্যৱস্থা কৰা হ’ল।
উত্তৰাধিকাৰী ব্যৱস্থাৰ জৰিয়তে পুৰুষে আৰ্জিত ক্ষমতা আৰু কতৃত্ব পুত্ৰলৈ হস্তান্তৰ কৰাৰ প্ৰথা আৰম্ভ কৰিলে।এইদৰে ক্ৰমান্বয়ে মহিলাৰ স্থান অবদমিত হোৱাৰ পথ প্ৰশস্ত কৰে।
পিতৃতান্ত্ৰিকতাৰ প্ৰচলন অব্যাহত ৰখাৰ ক্ষেত্ৰত মহিলাসকলেও সমৰ্থন জনোৱা পৰিলক্ষিত হয়।এনে বহু জটিল সমস্যা থকা কাৰক আছে যিবিলাকৰ পৰিপ্ৰেক্ষিতত মহিলাসকল প্ৰত্যক্ষভাৱেই হওক বা পৰোপক্ষভাৱেই হওক পুৰুষতন্ত্ৰবাদৰ অক্ষুণ্ণ ৰখাত অৰিহণা যোগাইছে।তলত তাৰে কেইটামান উল্লেখ কৰা হ’ল –
(ক) নাৰীৰ মানসিকতা বৰ্তমানেও পুৰুষৰ ওপৰত নিৰ্ভৰশীল।বিশেষকৈ দৈহিক প্ৰয়োজনীয়তাৰ খাতিৰৰ কাৰণত তেওঁলোকে আত্মৰক্ষাৰ বাবে পুৰুষৰ সহায় বিচাৰে।
(খ) মাতৃ হিচাপে নাৰীয়ে সন্তান প্ৰসৱ কৰাৰ পিছত সন্তানটিৰ লগত এনেদৰে থাকি ভাল পায় যে বাকী সকলোকে ত্যাগ কৰি হ’লেও তেওঁলোকে ঘৰতে সন্তানটিক নিজে যত্ন লোৱাৰ বাবে আগ্ৰহী হৈ পৰে।
(গ) মহিলাসকলৰ অন্য এগৰাকী মহিলাৰ সৈতে একগোট হৈ তেওঁলোকৰ হিতৰ কাৰণে কাম কৰাৰ নিদৰ্শন পুৰুষৰ তুলনাত নিচেই কম।যদিওবা কেতিয়াবা কৰা দেখা যায় তথাপি সেয়া চিৰস্থায়ী নহয়।
(ঘ) মহিলাসকলে তেওঁলোকৰ ঐতিহাসিক বুৰঞ্জীবিলাকৰ বিষয়ে সচেতন নহয়।পৰম্পৰাগত মূল্যবোধ ৰাজিৰ প্ৰতি বিশ্বাস আৰু ইয়াৰ লগত মানসিক আৰু অভ্যাসগতভাৱে মহিলাসকল জড়িত হৈ পৰে।
(ঙ) মহিলাসকলে বৰ্তমানেও শিক্ষা,অৰ্থনৈতিক অৱস্থা, ৰাজনৈতিক ক্ষমতা দখলৰ ক্ষেত্ৰত পুৰুষৰ সমতুল্য হ’ব পৰা নাই।
Q.3. Write a note on role of Gender in patriarchal Society.
Ans: পিতৃয়াত্মক সমাজত লিংগৰ ভূমিকা (Told of Gender in patriarchal Masculinity Society) পিতৃয়াত্মক সমাজত পুৰুষে পালন কৰিব লগা মূল ভূমিকাসমূহ হ’ল –
পিতৃয়াত্মক সমাজত যিহেতু পৰিয়ালৰ মুৰব্বী পিতৃ বা জ্যেষ্ঠ পুৰুষ ব্যক্তি সেয়ে পৰিয়ালৰ সকলো কৰ্তৃত্ব পিতৃৰ হাততে ন্যস্ত থাকে ।পিতৃ বা জ্যেষ্ঠ পুৰুষ ব্যক্তিজনে পৰিয়াল পৰিচালনাৰ সকলো কাম কৰিব লাগে।
পিতৃপ্ৰধান পৰিয়ালত যিহেতু পিতৃয়েই সম্পত্তিৰ অধিকাৰী হয় বাসগৃহ, সাজ-পাৰ,বাহন,ব্যবহৃদ সামগ্ৰী, খাদ্য,অৱসৰ বিনোদন আদি সকলোবোৰ পৰিচালনা পিতৃ বা জ্যেষ্ঠ পুৰুষজনে কৰিব লগা হয়।
পিতৃপ্ৰধান পৰিয়ালত মুৰবীজনে(পুৰুষ ব্যক্তি)পৰিয়ালৰ অৰ্থনৈতিক, ৰাজনৈতিক, সামাজিক, ধৰ্মীয়,ঘৰ পৰিচালনা, আদিৰ সকলো দায়িত্ব পিতৃয়ে গ্ৰহণ কৰিব লাগে আৰু সকলো দিশতে সিদ্ধান্ত লোৱাৰ ভূমিকা পালন কৰিব লাগে।
পৰিয়ালৰ মুৰবীজনে খাদ্য,কাপোৰ-কানি,সন্তানৰ পঢ়া শুনাৰ যাবতীয় বস্তু, শিক্ষাৰ খৰচ, ঘৰুৱা খৰচ আদিৰ যোগাৰ কৰিব লাগে।
পিতৃপ্ৰধান পৰিয়ালত মুৰবীজনে নিম্নবয়স্ক সম্ভানৰ ৰক্ষণাবেক্ষণ আৰু সুৰক্ষা প্ৰদান কৰিব লাগে।দুৰ্যোগ বা বিপদৰ সময়ত সাহসেৰে পৰিয়ালৰ সকলোকে সুৰক্ষা দিব লাগে।
পিতৃয়াত্মক ব্যৱস্থাত উৎপাদনমূলক কামত আৰু কষ্টকৰ কামবোৰত পুৰুষে আগভাগ ল’ব লাগে।কৃষি কৰ্মত হাল বোৱা আদি কাম পুৰুষে কৰিব লাগে।
পৰিয়ালৰ কোনো ব্যক্তিৰ বেমাৰ-আজাৰ আদি হ’লে চিকিৎসা কৰা আদি কামৰ দায়িত্ব পৰিয়ালৰ মুৰবীজনে ল’ব লাগে।শত্ৰুৰ আক্ৰমণৰ পৰা পৰিয়ালক ৰক্ষা কৰাৰ দায়িত্বও পৰিয়ালৰ মুৰব্বী পুৰুষ ব্যক্তিজনৰ।
পিতৃতান্ত্ৰিক সমাজ ব্যৱস্থাত পুৰুষে শক্তিশালী ব্যক্তিৰূপে ৰাজনৈতিক নেতৃত্বৰ ভূমিকা পালন কৰি দেশ শাসন কৰা, বন্ধু-বান্ধৱ আৰু সামাজিক সংহতি বজাই ৰখা ,শত্ৰুক দমন কৰা, সম্পত্তি নিয়ন্ত্ৰণ কৰা, পত্নী-মহিলা আৰু সন্তানৰ ওপৰত কৰ্তৃত্ব বজাই ৰখা ,আদি গুৰুত্বপূৰ্ণ ভূমিকাবোৰ পালন কৰিব লাগে।
পিতৃয়াত্মক সমাজত পিতৃ বা জ্যেষ্ঠ পুৰুষজনে পৰিয়ালৰ লোকসকলৰ মাজত কোন কোনবোৰ কাম কৰিব তাক ভাগ কৰিব।অৰ্থাৎ শ্ৰম বিভাজন কৰিব লাগে।
ঘৰৰ পৰিয়াল পৰিচালনাৰ নীতি-নিৰদ্বাৰ কৰা, পৰিয়ালৰ যিকোনো বিপদ বিঘিনি মুৰপাতি লোৱা, সামাজিক সম্পৰ্ক বজাই ৰখা আদি কাম পিতৃপ্ৰধান পৰিয়ালৰ জ্যেষ্ঠ পুৰুষজনেই কৰিব লাগে।
এনে পৰিয়ালত পৰিয়ালৰ মুৰবীজনে এখন,ৰাজনৈতিক, সামাজিক, ধৰ্মীয়,সাংস্কৃতিক কাম কাজৰ বাহিৰেও ল’ৰা- ছোৱালীৰ বিবাহ সম্পৰ্কীয় সকলো দিশতে সিদ্ধান্ত গ্ৰহণৰ ভূমিকা পালন কৰিব লাগে।
পিতৃতান্ত্ৰিক সমাজত পুৰুষে যুদ্ধৰ সিদ্ধান্ত গ্ৰহণ কৰা আৰু নেতৃত্ব দিয়া ,ব্যৱসায় -বাণিজ্য কৰা, উৎপাদনমুখী কাম কৰা, উত্তৰ পুৰুষক পৰিয়ালৰ দায়িত্ব ল’ব পৰাকৈ প্ৰস্তুত কৰা আদি কাম কৰিব লাগে।
পিতৃতান্ত্ৰিক ব্যৱস্থাত সামাজিক আৰু ধৰ্মীয় কাম কাজত পুৰুষে আগস্থান পায়।সামাজিক পৰম্পৰা ৰক্ষা,গতিশীলতা প্ৰদান, ঈশ্বৰ উপাসনা,কাৰ্যত অগ্ৰণী ভূমিকা পালন কৰে।
পিতৃতান্ত্ৰিক সমাজ ব্যৱস্থাত নাৰী সদায় পুৰুষৰ অধীন আৰু সেয়ে নাৰীৰ ভূমিকা পুৰুষে নিদ্বাৰণ কৰে।পুৰুষৰ নিৰ্দেশতে নাৰীয়ে পৰিয়াল তথা সমাজত নিজৰ ভূমিকা পালন কৰে।
পিতৃপ্ৰধান/পিতৃয়ান্তক সমাজত ,নাৰীৰ সামাজিক স্থান নিম্নত আৰু পুৰুষৰ কর্তৃত্বাধিন।সেয়ে নাৰীয়ে পুৰুষৰ নিৰ্দেশমতে সন্তান জন্ম দিয়া, লালন-পালন কৰা, চাফ-চিকুনকৈ ৰখা আৰু থকা,ঘৰ দুৱাৰ পৰিস্কাৰকৈ ৰখা,ৰন্ধা-বঢ়া কৰা, বাচন-বৰ্তন ধোঁৱা,কাপোৰ কানি ধোঁৱা,পুৰুষক শুশ্ৰূষা কৰা আদি দৈনন্দিন কামসমূহ কৰিব লাগে।
পিতৃতান্ত্ৰিক সমাজত মহিলাই স্বামীক সন্মান জনোৱা, স্বামীক বিভিন্ন কামত পাৰ্যমানে সহায় কৰা,স্বামীৰ যৌন আকাংক্ষা পূৰণ কৰা, আদিত ভূমিকা পালন কৰিব লাগে।
পিতৃতান্ত্ৰিক সমাজত নাৰীয়ে বোৱা-কটা,জীৱ -জন্তু পোহা,কৃষি কৰ্ম কৰা, ঘৰুৱা কুটিৰ শিল্পত কাম কৰা আদি অৰ্থনৈতিক উন্নয়নমূলক কাম-কাজ কৰিব লাগে।
পিতৃপ্ৰধান সমাজত ৰাজনৈতিক আৰু ধৰ্মৰ ক্ষেত্ৰত নাৰীৰ ভূমিকা নগণ্য।কোনো নাৰীয়ে ৰাণীৰ দৰে স্থান পালেও তেনে নাৰীও পুৰুষৰ অধীন ,সম্পূৰ্ণ স্বাধীনতাৰে কোনো কাম কৰিব নোৱাৰে।
Q.4. Write down the theory of George Herbert Mead on development of self.
Ans: হাবাৰ্ট মিডে ব্যক্তিৰ ব্যক্তিত্ব বিকাশৰ(Self development)ওপৰত এক উল্লেখনীয় অৱধাৰণা আগবঢ়াইছে।তেওঁ তেওঁৰ পূৰ্বৰ ব্যক্তিত্ব বিকাশৰ ওপৰত দিয়া সিদ্ধান্তসমূহক সমালোচনা কৰিছে।মানুহৰ মন আৰু ব্যক্তিত্বৰ বিষয়ে ভালদৰে নুবুজাকৈ পূৰ্বস্ত পণ্ডিতসকলে শিশুৰ মানসিক বিকাশৰ কথা উল্লেখ কৰিছে বুলি মিডে মন্তব্য কৰিছে।
মিডৰ মতে শিশুৰ ব্যক্তিত্ব বিকাশত সামাজিককৰণৰ (Socialization) ভূমিকা আছে।জন্মতে মানৱ শিশু আৰু কুকুৰৰ পোৱালি (Puppies) একেই বুলি মিডে মন্তব্য কৰিছে।সামাজিক পৰিবেশত লাহে লাহে শিশুৰ বিকাশ ঘটে।জন্মতে শিশুৱে কেৱল কান্দিবহে পাৰে আৰু ক্ৰমে হাঁহিব পৰা যায়।এই অৱস্থাত কন্দা আৰু হহাৰ মাজেৰে শিশুৱে মনৰ ভাৱ প্ৰকাশ কৰে।উদাহৰণস্বৰূপে,ভোক লাগিলে বা দুখ পালে মনৰ ভাৱ ব্যক্ত কৰে অথবা আনন্দ পালে হাঁহি মনৰ ভাৱ ব্যক্ত কৰে।এইবোৰেই হ’ল শিশুৰ ‘সাংকেতিক আন্তঃক্ৰিয়া’ (Symbolic Interaction)।এই সাংকেতিক আন্তঃক্ৰিয়া ক্ৰমে পৰিৱৰ্তন হৈ ভাষালৈ ।শিশুৱে লাহে লাহে কথা ক’ব পৰা হয় আৰু ভাষাৰ দ্বাৰাই মনৰ ভাৱ ব্যক্ত কৰে আৰু আনৰ কথা-বার্তাৰো বুজ হয়।এইদৰে ক্ৰমান্বয়ে শিশুৰ মানসিক বিকাশ হয়।
মিডৰ মতে শিশুৰ সামাজিকৰণৰ ফলত ব্যক্তিত্বৰ বিকাশ দুটা পৰ্যায়ৰ মাজেৰে হয়।ইয়াৰ প্ৰথমট স্তৰত মিডে ‘মই’ বা ‘I’ বুলি দ্বিতীয়টো স্তৰত ‘মোক’ বা ‘Me’ বুলি উল্লেখ কৰিছে।
এই স্তৰ দুটা তলত চমুকৈ আলোচনা কৰা হ’ল –
১) ‘মই’ বা ‘I’: এই স্তৰ শিশুৰ প্ৰাথমিক স্তৰ ।এই স্তৰত শিশুৱে কেৱল নিজৰ কথাহে উপলব্ধি কৰিব পাৰে।শিশুৱে সেই সময়ত আন ব্যক্তিৰ কথা চিন্তা নকৰে।শিশুৱে যুক্তিপূৰ্ণ কথাও চিন্তা নকৰে।আন ব্যক্তিৰ উপস্থিতৰ কথা উপলব্ধি কৰে, যদিও আন ব্যক্তিৰ সৈতে সম্পৰ্ক ৰক্ষাৰ প্ৰতি সজাগ নহয়।সেয়ে সেই সময়ত শিশুৱে কৰা কামবোৰ কেৱল ব্যক্তিকেন্দ্ৰিক।শিশুৱে ক্ৰমান্বয়ে ডাঙৰক অনুকৰণ কৰিবলৈ শিকে যদিও কোনো এজন ব্যক্তিয়ে এটা কাম কিয় কৰে তাৰ কাৰণ নিৰ্ণয় কৰিব নোখোজে।উদাহৰণস্বৰূপে এজন ল’ৰাই এডাল এচাৰি হাতত পালে লাখুটিৰ দৰে লৈ বুঢ়া মানুহৰ ভাও দিব পাৰে।অন্য কোনোবা ল’ৰাই হয়তো হাতত আন এটা বস্তু লৈ বন্দুকৰ দৰে চিকাৰীৰ ভাও দিব পাৰে।এইটো স্তৰত এজনী ছোৱালীয়ে ফটাকানিৰ পুতলা সাজি বা বজাৰৰ পুতলাকে কেঁচুৱা হিচাপে লৈ ওমলাব পাৰে নাইবা ভাত ৰন্ধাৰ ধেমালিও খেলিব পাৰে।কিন্তু ল’ৰা বা ছোৱালীয়ে এইটো স্তৰত যি কামেই নকৰক কিয় তাৰ উচিত-অনুচিত বা তেনে কাম কৰাৰ যোগ্যতাৰ কথা চিন্তা নকৰে।আনহে নালাগে তেওঁৰ কামৰ লগত আনৰ কি সম্পৰ্ক বা ভূমিকা তাকো চিন্তা নকৰে।এজন ল’ৰাই শিক্ষক, পুলিচ বা চিকাৰীৰ ভাও দিওঁতে শিক্ষক, পুলিচ বা চিকাৰীৰ হ’বৰ বাবে কোনো যোগ্যতাৰ প্ৰয়োজন তাক চিন্তা নকৰে।একেদৰেই ছোৱালীয়ে ভাত ৰান্ধোতে বা পুতলা নিচুকাওতে ৰান্ধনি বা মাক হ’বৰ বাবে কেনে যোগ্যতাৰ প্ৰয়োজন তাক চিন্তা কৰি নাচায়।এই স্তৰত শিশুৱে নিজেই অৰ্থাৎ ‘মই’ ‘I’ ভাল পাওঁ বুলি ভবা কামহে কৰে।
২) ‘মোক’ বা ‘আমি’ ‘Me’: শিশুৱে মই স্তৰ পাৰ হোৱাৰ পাছত ‘আমি’ স্তৰত প্ৰৱেশ কৰে।লাহে লাহে শিশুৰ ব্যক্তিত্বৰ বিকাশ ঘটি নিজৰ বাহিৰেও সমাজৰ আনৰ উপস্থিতিৰ কথা চিন্তা কৰিব পৰা হয়।যিকোনো কথা যুক্তিৰে চিন্তা কৰিব পৰা হয়।যিকোনো এটা কাম কৰোতে তাত নিজৰ যোগ্যতা অনুসৰি ভূমিকা পালনৰ কথা চিন্তা কৰিব পৰা হয়।
শিশুৱে এই স্তৰত অকলে শিক্ষক, পুলিচ, চিকাৰী ৰান্ধনী বা মাকৰ ভাও নিদিয়ে।ভাও দিব লগা হ’লে মঞ্চত বা যুক্তিপূৰ্ণভাৱেহে উপস্থাপন কৰে আৰু তাৰ বাবে প্ৰয়োজনীয় যোগ্যতাৰে আৰু চিন্তাৰে ভাও দিয়ে।এই স্তৰত শিশুৱে সাধাৰণতে সংগঠিত খেলহে (Organised Game) খেলে,য’ত আনৰ উপস্থিতি আৰু ভূমিকাৰ কথাও চিন্তা কৰিব লগা হয়।মিডৰ মতে ‘মই’ স্তৰতকৈ ‘আমি’ স্তৰ যথেষ্ট উন্নত আৰু এই স্তৰতে শিশুৰ ব্যক্তিত্বৰ পূৰ্ণ বিকাশ ঘটে।শিশুৰ ব্যক্তিত্ব বিকাশৰ বাবে উপযুক্ত বিকাশ নঘটে।গতিকে অন্য কথাত ক’বলৈ গ’লে শিশুৰ ব্যক্তিত্বৰ বিকাশ ঘটাবৰ বাবে সামাজিকীকৰণ প্ৰক্ৰিয়াৰ প্ৰয়োজন।
Q.5. Write a note on social behaviourism of George Herbert Mead.
Ans: জৰ্জ হাৰ্বাৰ্ট মিডৰ আন এক গুৰুত্বপূৰ্ণ অৱধাৰণা হ’ল সামাজিক আচৰণবাদ (Social behaviourism)।এই সিদ্ধান্তটিত তেঁও মানুহৰ সামাজিক আচৰণৰ সৃষ্টিতত্ত্ব (Genesis) ৰ বিষয়ে মন্তব্য আগবঢ়াইছে।এই ক্ষেত্ৰত মিডে ব্যক্তিৰ সাংকেতিক আন্তঃক্ৰিয়া (Symbolic Interactionism) অৰ ওপৰত অধিক গুৰুত্ব দিছে।তেওঁ তেওঁৰ পূৰ্বস্থ আন্তঃসম্বন্ধৰ ওপৰত চিন্তা কৰা ব্যক্তিসকলৰ ধাৰণাক সমৰ্থন কৰা নাই আৰু তেওঁলোকক তিনিটা দিশৰ ভিত্তিত সমালোচনা কৰিছে ; সেইকেইটা হ’ল –
(ক) য়েওলোকে ব্যক্তিৰ মন (Mind) বা মানসিক ক্ষমতাৰ ধাৰণা কেৱল মানসিক (Mental) পৰিস্হিতিৰ ওপৰতে কৰিছিল।
(খ) সম্ভৱ সেই ব্যক্তিসকলে মানসিক পৰিস্থিতিৰ (Mental) (Phenomena) বিষয়ে শুদ্ধ চিন্তা কৰিব পৰা নাছিল।
(গ) সেই ব্যক্তিসকলৰ হয়তো মন (Mind) আৰু ব্যক্তিত্ব (Self) অৰ ব্যৱস্থাপনাৰ ওপৰত শুদ্ধ ধাৰণা নাছিল।
মিডৰ মতে আউণ্ট (Wundt), ওৱেষ্টন(Waston), জেমছ (James),ডিউৱে(Dewey),আদিৰ সিদ্ধান্তসমূহতো উপৰিউক্ত দুৰ্বলতাসমূহ আছে।মিডে নতুন দৃষ্টিভংগীৰে তুলনামূলক পদ্ধতিৰে মন (Mind) বা মানসিক ক্ষমতাক বিচাৰ কৰিছে।মিডৰ মতে ভাষাৰ প্ৰাথমিক অৱস্থা হ’ল সংকেত (Symbol) বা চিহ্ন।তেওঁৰ মতে সকলো জীৱিত প্ৰাণীৰ মাজতেই আন্তঃসম্বন্ধ থাকে আৰু এই আন্তঃসম্বন্ধ পালনেই হ’ল ক্ৰিয়া (Action)। সংকেত হ’ল ক্ৰিয়া পালনৰ এক মাধ্যম।এই সংকেতৰ দ্বাৰা আমানৱীয় ক্ৰিয়া বিধিবোৰক প্ৰকাশ কৰা হয়।মানৱ সমাজত এই সংকেতবোৰে ভাষাৰ ৰূপ লয়।সংকেতৰ সলনি ভাষাৰ ব্যৱহাৰে মানুহৰ আচৰণৰ (Behaviour) জটিল ৰূপসমূহকো প্ৰকাশ কৰিব পাৰি আৰু আচৰণ পদ্ধতিকো নিয়ন্ত্ৰণ কৰিব পাৰি।গতিকে ব্যক্তিৰ আচৰণ পদ্ধতিৰ পদ্ধতিকো নিয়ন্ত্ৰণ কৰিব পাৰি।গতিকে ব্যক্তিৰ আচৰণ পদ্ধতিৰ প্ৰকাশ ভাষাৰ মাধ্যমত হয়।
মানসিক হার্বাৰ্ট মিডৰ মতে ব্যক্তিয়ে জড়িত হৈ থকা কৰ্মৰাজিৰ পৰা মন বা মানসিক অৱস্থাৰ সৃষ্টি হয়।কোনো ব্যক্তিৰ কাম-কাজ সেই সমাজৰ সামূহিক কাম-কাজৰ দ্বাৰাও প্ৰভাৱিত হয়।ব্যক্তিয়ে যেতিয়া নিজৰ কৰ্মৰ প্ৰতি সমচেতন হয়।তেতিয়া নিৰ্দিষ্ট সামাজিক পদ্ধতিৰে আচৰণ (Behaviour) প্ৰদৰ্শন কৰে।এই আচৰণ প্ৰদৰ্শন কেৱল ভাষাৰ জৰিয়তেহে সম্ভৱ।ব্যক্তিয়ে মানসিক আচৰণ প্ৰদৰ্শন কৰিব বিচৰাৰ ফলতেই ভাষাৰ সৃষ্টি হয়।সামাজিক আচৰণেহে ব্যক্তিৰ ব্যক্তিত্ব প্ৰদৰ্শন কৰিব পাৰে।মিডৰ মতে শিশুৱে ব্যক্তিত্ব গঠনৰ বাবে ভাষাৰ ব্যৱহাৰ কৰে আৰু সমাজে বিচৰাৰ দৰে ভূমিকা পালন কৰে।এইদৰে লাহে লাহে নিজা নিজা আচৰণ পদ্ধতিৰ গঢ় লয় আৰু ভাষৰে তাক প্ৰকাশ কৰে।এনেদৰে ভাষাৰ মাধ্যমত সামাজিক আচৰণে ব্যক্তিৰ সামাজিক কৰ্মৰ বিষয়ে অৱগত কৰায়।
সেয়েহে কোনো এখন সমাজত ব্যক্তিসকলক সম্প্ৰদায় বা সমাজে বিচৰা ধৰণেৰে নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰি।মানুহৰ সকলো আচৰণ সমাজৰ বাবে গ্ৰহনীয় নহয়।সেয়ে সমাজৰ গ্ৰহনীয় আচৰণ পালন কৰিলে সমাজ নিয়ন্ত্ৰিত হৈ থাকে। মিডৰ মতে মানুহৰ নিয়ন্ত্ৰিত আচৰণ ভাষাৰ মদ্যমেৰে প্ৰকাশ পায় বাবে এনে আচৰণ জীৱ-জন্তুৰ আচৰণতকৈ পৃথক।
Q.6. Write do you mean by Socialization ? What are its characteristics?
Ans: সাজিকীকৰণ হৈছে এনে এক শিক্ষণ পদ্ধতি যাৰ সহায়ত আমি সমাজত এজন সদস্য হওঁ।ই সামাজিক প্ৰতিমান আৰু মূল্যবোধক হৃদয়ংগম কৰিবলৈ শিকোৱাৰ লগতে সামাজিক ভূমিকা ; যেনে,শিক্ষক, কৰ্মচাৰী, ছাত্ৰ, বন্ধু,নাগৰিক আদিৰ ভূমিকা পালন কৰিবলৈয়ো শিকায়। সামাজিকীকৰণে আন্তঃক্ৰিয়াৰ সেই প্ৰক্ৰিয়াক বুজায় যাৰ যোগেদি কেঁচুৱা এটাই সংস্কৃতি শিকে আৰু আত্মসচেতন জ্ঞানলৰ্ধ ব্যক্তি ও সামাজিক প্ৰাণী হয়।কিন্তু ই একক প্ৰক্ৰিয়া নহয়।ইয়াত এজনে শিকোৱাৰ সমান্তৰালভাৱে আনজনে শিকেও।চমু অৰ্থত ক’বলৈ গ’লে পিতৃ -মাতৃয়ে শিশুক জন্ম দিয়াৰ দৰে জন্ময়ো তেওঁলোকক পিতৃ- মাতৃ কৰি তোলে। এইদৰে সামাজিকীকৰণে ল’ৰা-ছোৱালীক সমাজত খাপ-খোৱাত সহায় কৰাৰ লগতে বংশ বিস্তাৰতো সহায় কৰে।সামাজিক দৃষ্টিকোণৰ পৰা চাবলৈ গ’লে ই সেই প্ৰক্ৰিয়াক সূচায় যাৰ জৰিয়তে সমাজে এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ বস্তুবাদী আৰু অ-বস্তুবাদী সংস্কৃতি হস্তান্তৰ তথা পৰিচালনা কৰে।অন্যহাতেদি ব্যক্তি এজনৰ দৃষ্টিভংগীৰ পৰা চাবলৈ গ’লে ই এজন ব্যক্তিক সমাজত সৈতে খাপ খাবলৈ শিকায়।কিন্তু সমাজভেদে সামাজিকীকৰণৰ আৰ্হি আৰু স্বৰূপৰ ক্ষেত্ৰত ভিন্নতা থকা দেখা যায়।
ইয়াৰ বৈশিষ্ট্যবোৰ হ’ল –
সামাজিকী এক বিশ্বজনীন প্ৰক্ৰিয়া।প্ৰত্যেক মানৱ সমাজতে সদ্য জন্মজাত শিশুক সমাজৰ এজন সদস্য হিচাপে গঢ়ি তোলাৰ বাবে সামাজিকীকৰণৰ শিক্ষা দিয়া হয়। ই এক দ্বৈত প্ৰক্ৰিয়া। এটা পক্ষই ইয়াত শিকায় আৰু আনটো পক্ষই শিকে।একপক্ষীয়ভাৱে সামাজিকীকৰণ নহয়।দুই পক্ষৰ মাজত হোৱা অৰ্থপূৰ্ণ আন্তঃক্ৰিয়াই হৈছে সামাজিকীকৰণৰ প্ৰধান আৰু শক্তিশালী বুনিয়াদ।
সামাজিকীকৰণ এক ধাৰাবাহিক প্ৰক্ৰিয়া।মানুহে জন্মৰ পৰা মৃত্যুলৈকে নিৰবিচ্ছিন্নভাৱে সামাজিকীকৰণৰ শিক্ষা গ্ৰহণ কৰি থাকে।অন্যহাতেদি অতীতৰ পৰাই ধাৰাবাহিকভাৱে ই মানৱ সমাজত এক মুখ্য স্থান অধিকাৰ কৰিছে।
সামাজিকীকৰণৰ আন এটা উল্লেখযোগ্য চৰিত্ৰ হ’ল ই সংস্কৃতিৰ হস্তান্তৰকৰণ আৰু অতীতৰ সৈতে বৰ্তমানৰ সংযোগকৰণত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।মাক -দেউতাক বা অন্য অগ্ৰজ প্ৰজন্মৰ পৰা পিছৰ প্ৰজন্মই সামাজিকীকৰণৰ জৰিয়তে সমাজত প্ৰচলিত সংস্কৃতিৰ বিষয়ে জ্ঞান লাভ কৰে।এইদৰেই ই অতীতক বৰ্তমানৰ সৈতে সংযোগ কৰে।
সামাজিকীকৰণৰ আন এটা চৰিত্ৰ হ’ল ই সামাজিক সুস্থিৰতা আৰু স্থায়িত্ব বৰ্তাই ৰখাত সহায় কৰে।সামাজিকীকৰণৰ জৰিয়তে এজন ব্যক্তিক সমাজৰ দ্বাৰা অনুমোদিত শৃংখলা বজাই ৰখাত সহায় কৰে।
সামাজিকীকৰণৰ আৰ্হি ,শিক্ষণ পদ্ধতি, স্বৰূপ আৰু প্ৰতিৰূপ,সমাজভেদে পৃথক পৃথক আৰু সময়ৰ পৰিৱৰ্তনৰ লগে লগে এইবোৰতো পৰিৱৰ্তন হোৱা দেখা যায়।
Q.7. Write a note Importance of Socialization?
Ans: সামাজিকীকৰণৰ গুৰুত্ব বিষয়ে তলত চমুকৈ উল্লেখ কৰা হ’ল –
সামাজিকীকৰণে মানৱ জীৱক সামাজিক জীবলৈ ৰূপান্তৰ কৰে।
সামাজিকীকৰণ প্ৰক্ৰিয়াৰ যোগেদি এজন ব্যক্তিয়ে সমাজৰ প্ৰচলিত জনৰীতি, লোকাচাৰ,সংস্কৃতি আদিবোৰৰ বিষয়ে শিক্ষা লাভ কৰে যিয়ে তেওঁক মানৱ সমাজৰ এজন অংশগ্ৰহণকাৰী সদস্য হিচাপে পৰিগণিত কৰায়।
সামাজিকীকৰণৰ যোগেদি এজন ব্যক্তিয়ে সামাজিকভাৱে অনুমোদিত আচৰণ প্ৰণালীৰ শিক্ষা লাভ কৰাৰ লগতে তেওঁৰ আত্মসত্তাৰ বিকাশো ঘটায়।
সামাজিকীকৰণৰ যোগেদি সমাজে এটাৰ পৰা আন এটা প্ৰজন্মলৈ বস্তুবাদী আৰু অ-বস্তুবাদী হস্তান্তৰ কৰাৰ লগতে সেইবোৰৰ পৰিচালনা আৰু পৰিচর্চা কৰে। সামাজিকীকৰণে ব্যক্তিসকলৰ মাজত আন্তঃক্ৰিয়াৰ কৰ্ষণ কৰে।
সংস্কৃতিৰ সংমিশ্ৰণত ই ব্যক্তিৰ ব্যক্তিত্বৰ বিকাশ সাধন কৰে।
ই সামাজিক শৃংখলাবদ্ধতা বজাই ৰখাৰ ক্ষেত্ৰত সহায় কৰে যিহেতু সামাজিক নীতি-নিয়ম,প্ৰথা,পৰম্পৰা, মূল্যবোধ ইত্যাদিবোৰৰ বিষয়ে ইয়াৰ যোগেদি শিক্ষা দিয়া হয়।
সামাজিকীকৰণে পথলৰষ্টতাক বাধা প্ৰদানেৰে ই সমাজত সামাজিক নিয়ন্ত্ৰণ আৰু সামাজিক অনুৰূপতা সু-নিশ্চিত কৰে।
দক্ষতা আৰু নিপুণতাৰ শিক্ষা প্ৰদানেৰে ই ভৱিষ্যত জীৱনত সুৰক্ষিত আৰু নিশ্চিত কৰে।
Q.8. Write a note on stage of Socialization?
Ans: সামাজিকীকৰণৰ কিছুমান স্তৰ আছে।অৰ্থাৎ এজন ব্যক্তিয়ে সকলো কথা এটা স্তৰতেই নিশিকে বা শিকোৱা নহয়।সামাজিকীকৰণৰ শিক্ষণ পদ্ধতি ধাপে ধাপে হয়।এই সন্দৰ্ভত হেৰী এম. জনচন নামৰ সমাজতত্ববিদজনে সামাজিকীকৰণৰ চাৰিটা স্তৰৰ কথা উল্লেখ কৰিছে যাক সমাজতত্ত্বীয় সাহিত্যত বহুলভাৱে ব্যৱহাৰ কৰা হয়।এইবোৰৰ বিষয়ে তলত চমুকৈ উল্লেখ কৰা হ’ল –
(ক) মৌলিক স্তৰ : সামাজিকীকৰণৰ মৌলিক স্তৰ বুলি ক’লে জন্মৰ পৰা এবছৰৰ সময়ছোৱাক ধৰা হয়।জন্মৰ লগে লগে এটি কেঁচুয়াই এক নতুন পৰিবেশৰ সৈতে খাপ খাব লগা হয় যিটো মাকৰ গৰ্ভত থাকোতে পোৱা পৰিবেশৰ পৰা পৃথক।গৰ্ভত থাকোতে ভ্ৰূণ সুৰক্ষিত হৈ থাকে আৰু ঠাণ্ডা গৰমৰ পৰা নিয়ন্ত্ৰিত হৈ থাকে।মাকৰ পৰাই সকলোধৰণৰ প্ৰতিনজাতীয় খাদ্য বা জীয়াই থকাৰ বাবে প্ৰয়োজন হোৱা উপাদানবোৰ পায়।এনে এক আৰামদায়ক আৰু সুৰক্ষিত পৰিবেশৰ পৰা জন্মৰ লগে লগে পোৱা নতুন পৰিবেশৰ সৈতে কেঁচুৱা এটি খাপ খাব লগা হয়।এনেস্থলত গৰম বা ঠাণ্ডা, ভোক ইত্যাদিবোৰক বুজাবৰ বাবে কেঁচুৱাটোৱে কান্দে।এইদৰে মৌলিক স্তৰত এটি কেঁচুৱাই নিজৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ মাকৰ ওপৰত সম্পূৰ্ণভাৱে নিৰ্ভৰশীল হয়।কিন্তু এই স্তৰতো কেঁচুৱা এটাৰ কিছুমান সামৰ্থ থাকে যিবোৰক আমি প্ৰকৃতিগত বুলি কব পাৰোঁ যেনে ,হাত ভৰি লৰচৰ কৰা, কন্দা,চকু টিপ মৰা,ওঁঠ লৰোৱা,মুখ মেলা বা বন্ধ কৰা,মূৰ ঘূৰোৱা ইত্যাদি।
এই স্তৰত প্ৰধান আৰু প্ৰাথমিক সামাজিকীকৰণৰ দায়িত্ব হ’ল কেঁচুৱাটিৰ প্ৰাথমিক প্ৰয়োজনীয়তা পূৰণ কৰা।সাধাৰণতেই মাকেই এই সকলো কাম কৰে।মাক আৰু কেঁচুৱাই অতি নিবিড়ভাৱে কথা পাতে আৰু তেওঁলোকৰ ভূমিকা পৰস্পৰকেন্দ্ৰীয় হয়।ফ্ৰয়েডে এই স্তৰক প্ৰাথমিক চিনাক্তকৰণৰ স্তৰ বুলি উল্লেখ কৰিছে।কিয়নো এই স্তৰত কেঁচুৱা এটাই নিজৰ চিনাকি মাকৰ সৈতে সংযোগ কৰে।
(খ) পায়ু স্তৰ : মৌলিক স্তৰ শেষ হোৱাৰ পৰা তিনি বছৰৰ সময়ছোৱাৰ পায়ু স্তৰ বুলি কোৱা হয়।প্ৰথম স্তৰত মুখামুখি হোৱা প্ৰয়োজনীয়তাখিনি পূৰণ কৰিবলৈ এইটো স্তৰত শিশুৱে নিজকে মাতৃৰ পৰা পৃথক বুলি বুজি পাবলৈ অনুভৱ কৰে।এই স্তৰত শিশু এটিয়ে মাক আৰু আনৰ পৰা সহানুভূতিশীল ব্যৱহাৰ আশা কৰাৰ লগতে অনুৰূপভাৱে নিজেও ব্যৱহাৰ কৰিবলৈ লয়।এই স্তৰত প্ৰধানকৈ শৌচাগাৰ সম্বন্ধীয় শিক্ষা শিশুক দিয়া হয়।এইটো স্তৰত শিশু এটিয়ে ল’ৰা-ছোৱালীৰ পাৰ্থক্য সিমান বুজি নাপায় যদিও আনৰ সংগ বিচাৰে।শিশু এটাই এই স্তৰত মাক আৰু নিজৰ ভূমিকাসমূহৰ বিষয়ে অলপ অলপ বুজিব পৰা হয়।এই স্তৰত মাকে শিশু আৰু আনৰ মাজত মধ্যস্থতাকাৰীৰ ভূমিকা পালন কৰে।
(গ) সুপ্তম্ভৰ : চাৰি বছৰৰ পৰা ১২/১৩ বছৰৰ সময়ছোৱাক এই স্তৰৰ ভিতৰত ধৰা হয়।এই স্তৰত সামাজিকীকৰণৰ অতি জটিল আৰু গুৰুত্বপূৰ্ণ স্তৰ বুলি কোৱা হয়।এই স্তৰত এটি ল’ৰা বা এজনী ছোৱালীয়ে বহু কথা শিকে; যথা – শৌচাগাৰ সম্বন্ধীয়, শিক্ষা, কাপোৰ কানি পিন্ধা, আহাৰ গ্ৰহণ কৰা, গা ধোৱা, ল’ৰা -ছোৱালীৰ পাৰ্থক্যকৰণ কৰা ইত্যাদি।এই স্তৰত ল’ৰা বা ছোৱালী এজনীয়ে নিজকে গুৰুত্ব দিবলৈ ধৰাৰ লগতে অন্যান্য বহু কথা শিকে।ফ্ৰয়েডৰ এই স্তৰত ল’ৰাই মাকৰ প্ৰতি আৰু ছোৱালীয়ে পিতৃৰ প্ৰতি আকৰ্ষণ অনুভৱ কৰে যাক তেওঁ Oedipus আৰু Electra Complex বুলি উল্লেখ কৰিছে। সমাজৰ প্ৰচলিত প্ৰতিমান আৰু সংস্কৃতি অনুযায়ী এটা ল’ৰাই ল’ৰাৰ দৰে আৰু ছোৱালীয়ে ছোৱালীৰ দৰে আচৰণ কৰিবলৈ লয়।তেওঁলোকৰ দৈহিক, হৰম’ন আৰু জিনগত বৈশিষ্ট্যসমূহো লিংগ অনুযায়ী বিকশিত হয়।এই স্তৰৰ তিনি প্ৰকাৰৰ ভূমিকা চিনাক্তকৰণ কৰা হয়।
-তেওঁ/তাই,তেওঁৰ/তাইৰ,পিতৃ -মাতৃ বা ভাই ককাই অথবা বাই -ভনীৰ সৈতে ভূমিকাক চিনাক্তকৰণ কৰে যাক ‘যৌন ভূমিকা চিনাক্তকৰণ’ বুলি কোৱা হয়।
– তেওঁ/ তাইৰ, তেওঁৰ /তাইৰ বংশ সম্বন্ধীয় লোকৰ সৈতে ভূমিকাক চিনাক্তকৰণ কৰে যাক ‘পৰিয়ালত শিশুৰ ভূমিকা’ বুলি কোৱা হয়।
– তেওঁ/ তাই, গোটেই পৰিয়ালৰ সৈতে নিজকে এজন সদস্য হিচাপে চিনাক্ত কৰে।
(ঘ) কৈশোৰ স্তৰ : ১২/১৩ বছৰৰ পৰা ১৮/১৯ বছৰলৈকে এই স্তৰত ধৰা হয়।এইটো স্তৰৰ প্ৰধান চৰিত্ৰ হ’ল ল’ৰা ছোৱালীয়ে পৰিয়ালৰ পৰা স্বাধীন বিচাৰে।তেওঁলোকৰ দৈহিক গঠনতো ভিন্নতা পৰিলক্ষিত হয়।ল’ৰা পুৰুষৰ দৰে আৰু ছোৱালী মহিলাৰ দৰে হয়।তেওঁলোকে নিজস্ব সত্তাক বুজি পোৱা হয়।এই স্তৰত ল’ৰা ছোৱালী আবেগিক আৰু কল্পনাপ্ৰসুত হয়।তেওঁলোকে এই স্তৰত যৌন প্ৰভেদ ভালদৰে বুজি পোৱা হয়।সেই সম্বন্ধে জ্ঞান লাভ কৰে আৰু ইয়াৰ ওপৰত থকা আৰু প্রতিবন্দকতাবোৰৰ বিষয়েও জ্ঞাত হয়।
এইদৰে সামাজিকীকৰণ প্ৰক্ৰিয়া জন্মৰ পৰা আৰম্ভ হয় আৰু সাধাৰণতে এই ভবা হয় যে কৈশৌৰ অৱস্থাৰ পিছৰ পৰা ল’ৰা ছোৱালীয়ে ভাল-বেয়া,উচিত-অনুচিত, পায়-নাপায় ইত্যাদিৰ বিষয়ে সিদ্বান্ত লব পৰা হয়।সেয়ে সমাজতত্ববিদসকলে এই স্তৰলৈকে অধিক আলোচনা কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।কিন্তু এটা কথা ঠিক যে সামাজিকীকৰণ এক জীৱনজোৰা শিক্ষণ প্ৰক্ৰিয়া অৰ্থাৎ মাকৰ গৰ্ভৰ পৰা আৰম্ভ হৈ মৃত্যুত শেষ হয়।
Q.9. Discuss about Agencies of Socialisation.
Ans: সামাজিকীকৰণৰ প্ৰতিনিধিসমূহ : সমূহ,ব্যক্তি আৰু সংস্থাসমূহে সামাজিকীকৰণত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
এইবোৰৰ বিষয়ে তলত চমুকৈ উল্লেখ কৰা হ’ল –
(ক) পৰিয়াল : সময় আৰু গুৰুত্বৰ ফালৰ পৰা পৰিয়ালেই হৈছে সামাজিকীকৰণৰ প্ৰথম আৰু প্ৰধান প্ৰতিনিধি যিয়ে এজন ব্যক্তিক সমাজ ,সমূহ আৰু সম্প্ৰদায়ৰ এজন সদস্য হিচাপে পূৰ্ণাংগ ৰূপত প্ৰস্তুত কৰি তোলে।পৰিয়ালতেই শিশুৰ জন্ম হয়, কথা পাতিবলৈ শিকে আৰু সমাজ অনুমেদিত নীতি নিয়মৰ বিষয়ে প্ৰথমে শিক্ষা লাভ কৰে।পৰিয়ালেই হৈছে মুখামুখি সম্বন্ধৰ প্ৰথম সামাজিক পৰিবেশ যিয়ে এটি শিশুক সমাজৰ প্ৰচলিত সংস্কৃতি অনুযায়ী শিক্ষা প্ৰদান কৰাৰ লগতে প্ৰশিক্ষণ দিয়ে।পৰিয়ালতেই শিশুৰ আচৰণ প্ৰণালীয়ে গঢ় লয় আৰু ভাষাৰ ব্যৱহাৰ প্ৰথমবাৰৰ বাবে কৰে।পিতৃ -মাতৃক অনুসৰণ কৰি বা তেওঁলোকে শিকোৱা আৰ্হি অনুযায়ী শিশুৱে প্ৰাথমিক জ্ঞান পৰিয়ালৰ পৰাই আহৰণ কৰে।পৰিয়ালে ল’ৰা-ছোৱালীক মূল্যবোধৰ শিক্ষা দিয়ে যিয়ে পৰিয়ালৰ বাহিৰে ভিতৰে সামাজিক কার্য কৰাত সহায় কৰে।ইয়াৰ উপৰিও কিছুমান কাৰ্যক প্ৰশংসা কৰি অথবা আন কিছুমানক নিয়ন্ত্ৰণ কৰি পৰিয়ালে সামাজিক সুস্থিৰতা বজাই ৰাখিবলৈ সহায় কৰে।
অন্যহাতেদি পৰিয়ালৰ দৰে সামাজিক সংস্থাটো ভিন্নতা থকা পৰিলক্ষিত হয়।একক পৰিয়াল, যুটীয়া পৰিয়াল, যৌথ পৰিয়াল ইত্যাদিৰ স্বৰুত পৰিয়ালক ভাগ কৰিব পাৰি।এটা কথা ঠিক যে সমাজিকীকৰণ প্ৰক্ৰিয়াত বিশেষকৈ প্ৰাৰম্ভিক অৱস্থাত মাকৰ ভূমিকা অতিশয় গুৰুত্বপূৰ্ণ হয়।এনে অৱস্থাৰ পৰিপ্ৰেক্ষিতত যিবোৰ পৰিয়ালত কাম কৰা বা বৃত্তিৰ তাগিদাত মাক ঘৰৰ বাহিৰত থাকে অৱস্থাটোৱে আশত:ক্ৰিয়াত প্ৰভাৱ পেলায়।সহজ অৰ্থত কবলৈ গ’লে সম্পৰ্কৰ মাত্ৰাই সামাজিকীকৰণত পৰিয়ালৰ ভূমিকাৰ প্ৰভাৱ পেলায়।কিন্তু তৎসত্বেও এটা কথা উল্লেখ কৰাটো সমীচীন হব যে সামাজিকীকৰণত পৰিয়ালৰ ভূমিকা অনস্বীকাৰ্য।
(খ) সমনীয়া সমূহ : সমনীয়া সমূহ হৈছে সামাজিকীকৰণৰ আন এক প্ৰতিনিধি যাক প্ৰায় একে বয়সৰ বন্ধুৰ সমূহ বুলিও কোৱা হয়।সাধাৰণতে চাৰি পাঁচজনীয়া বন্ধুৰ দল এটাই যথেষ্ট সময় একেলগে অতিবাহিত কৰে।পৰিয়ালৰ বাহিৰত মনে মিলা আৰু একেধৰণৰ ইচ্ছা আৰু আশা থকা ল’ৰা-ছোৱালীয়ে সমূহৰ সৃষ্টি কৰে।ইয়াত কোনোধৰণৰ বাধা -নিষেধ নাথাকে। অন্যাৰ্থত কবলৈ গ’লে পৰিয়ালতকৈ সমনীয়াৰ সমূহ অধিক উদাৰ আৰু গণতান্ত্ৰিক প্ৰকৃতিৰ হয়।এনে সমূহত যিহেতু পিতৃ -মাতৃৰ নিয়ন্ত্ৰণৰ দৰে কঠোৰ বাধা নিষেধ নাথাকে সেয়ে সিহঁতে অধিক স্বাভাৱিক আৰু মুক্ত মনেৰে কথা পাতিব পাৰে।সাধাৰণতে এইটো কোৱা হয় যে পিতৃ -মাতৃৰ সৈতে আলোচনা কৰিব নোৱাৰা বহু বিষয় সমনীয়াৰ সৈতে আলোচনা কৰি সমাধান কৰিব পৰা যায়।সমনীয়া সমূহৰ সৈতে শিশুৱে নানা কথা শিকে ; যেনে – মনৰ ভাৱনা,আকোঁৰগোঁজ, সন্তুষ্টিৰ গোপনীয় ভাব,যৌন জ্ঞান ইত্যাদি।
এজন মানুহৰ গোটেই জীৱনত বন্ধুত্বৰ সম্বন্ধ অতি প্ৰয়োজন এই সমনীয়াৰ সমূহ সাধাৰণতে বিদ্যালয় বা মহাবিদ্যালয় অথবা কৰ্মক্ষেত্ৰত সৃষ্টি হয় বুলি কোৱা হয় যাৰ প্ৰভাৱ আমাৰ আচৰণ-প্ৰণালী,দৃষ্টিভংগী আৰু জীৱনত পৰে।
(গ) শিক্ষানুষ্ঠান : সৰু সৰু ল’ৰা ছোৱালীৰ বিদ্যালয়ৰ পৰা আৰম্ভ কৰি মহাবিদ্যালয় বা বিশ্ববিদ্যালয়বোৰক সামাজিকীকৰণৰ আন অতি গুৰুত্বপূৰ্ণ প্ৰতিনিধি বুলি ক’ব পাৰি।শিক্ষা ব্যৱস্থাই বস্তুবাদী আৰু অ-বস্তুবাদী সংস্কৃতিৰ শিক্ষা প্ৰদানেৰে সামাজিক প্ৰতিমান আৰু মূল্যবোধৰ ধাৰাবাহিকতা ৰক্ষা কৰাৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰে যিয়ে সামাজিক সুস্থিৰতা বজাই ৰাখে।
সামাজিক প্ৰতিপত্তি বা সামাজিকভাৱে প্ৰভাৱ বিৰাজ কৰাৰ জ্ঞান আৰু কৌশল আনুষ্ঠানিক শিক্ষা ব্যৱস্থা প্ৰচলন হোৱাৰ আগৰ পৰাই আৰম্ভ হৈছিল আৰু হৈয়ো থাকিব।তৎসত্বেও আনুষ্ঠানিক শিক্ষা ব্যৱস্থাই সদায়েই কেন্দ্ৰবিন্দু হৈ ৰয়। উদাহৰণস্বৰূপে বিদ্যালয়ৰ পাঠ্যক্ৰমে ল’ৰা -ছোৱালীক ইতিহাস, ভূগোল,বিজ্ঞান, ভাষা, সাহিত্য ,কলা ইত্যাদিবোৰৰ বিষয়ে জ্ঞান দিয়ে ।সামাজিক ইতিহাসৰ পাঠ্যক্ৰমে জাতীয় ভাষাৰ উন্মেষ ঘটায়।চিকিৎসা বিজ্ঞান,ব্যৱস্থাপনা শিক্ষা, আইনগত পাঠক্ৰম, আভিযান্ত্রিক পাঠ্যক্ৰম ইত্যাদিবোৰে উঠি অহা চামক ব্যৱহাৰিক আৰু বৃত্তিমুখী শিক্ষা প্ৰদান কৰে।
মাৰ্ক্সীয় দৰ্শন মাৰ্ক্সবাদী চিন্তাবিদসকলৰ মতে বিদ্যালয়সমূহ হৈছে আংশিক শ্ৰম শক্তিৰ অৰ্থনীতিলৈ সামাজিকীকৰণ কৰা এক আহিলা।ক্ৰিয়াত্মকবাদ চিন্তাবিদসকলৰ মতে শিক্ষানুষ্ঠানসমূহে সামাজিকীকৰণৰ ক্ৰিয়া কৰে যি ক্ৰিয়াই সামাজিক ভাৰসাম্যতা অটুট ৰাখে।শৈক্ষিক পাঠ্যক্ৰমৰ যোগেদি এই ক্ৰিয়াবোৰ সম্পন্ন কৰা হয়।
ইয়াৰ প্ৰধান ক্ৰিয়াসমূহ হৈছে –
দমনীয় শ্ৰেণী বা সমূহৰ উপযোগীকৈ ই ভাল আচৰণৰ প্ৰতিমানক প্ৰতিষ্ঠা কৰে।
কৰ্তৃত্বৰ প্ৰতি দায়বদ্ধতা। ধাৰণা বা আৰ্হিৰ এক কাঠামো প্ৰস্তুত কৰা।
এইদৰে আমি ক’ব পাৰো যে শিক্ষানুষ্ঠানৰ প্ৰধান সামাজিকীকৰণৰ কাম হ’ল –
নতুন প্ৰজন্মক আনুষ্ঠানিক আৰু কার্যলিয়কেন্দ্ৰিক আদৰ্শৰ শিক্ষা দিয়া।
নিয়মানুৱৰ্তিতা আৰু শৃংখলাবদ্ধতাৰ বিষয়ে শিকোৱা।
সমাজৰ আধিপত্য শ্ৰেণী বা সমূহৰ প্ৰতিমান আৰু মূল্যবোধক শিকোৱা।
পথভ্ৰষ্টতাক নিয়ন্ত্ৰণ কৰা।সংস্কৃতিৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰখা।
পৰিৱৰ্তিত পৰিস্থিতিত সামাজিক ভাৰসাম্যতাৰ ৰক্ষাৰ বাবে শিক্ষা প্ৰদান কৰা ইত্যাদি।
(ঘ) প্ৰচাৰ-মাধ্যম : প্ৰচাৰ মাধ্যম ; যেনে,দূৰদৰ্শন, বাতৰি কাকত, আলোচনী,ৰেডিঅ’ ,ইণ্টাৰনেট,বোলছবি ইত্যাদিবোৰকো সামাজিকীকৰণৰ আন এক উল্লেখযোগ্য অভিকৰ্তা বুলি আখ্যা দিব পাৰি।এইবোৰ সাধাৰণ লোকৰ ধাৰণাত যথেষ্ট প্ৰভাৱ পেলাই আৰু এইবোৰৰ যোগেদিও শিক্ষা প্ৰদান কৰা হয়।
প্ৰচাৰ মাধ্যমসমূহে ইয়াৰ দৰ্শক আৰু শ্ৰোতাৰ সৈতে সামাজিক ধাৰণা, দৃষ্টিভংগী, মতামত, ধুন-পেচ ইত্যাদিবোৰৰ বিষয়ে ওপৰত যোগাযোগ ৰাখে।প্ৰচাৰ মাধ্যমবোৰে এনে কাম সচেতন আৰু অসচেতনভাৱে কৰা দেখা যায়।সচেতনতাৰে কৰা মানে সেই কামক বুজাই যেতিয়া প্ৰচাৰ মাধ্যমে ইচ্চাকৃতভাৱে কোনো এক বস্তুক সাংস্কৃতিক বা কলাত্মক মূল্যৰে উপস্থাপন বা প্ৰচাৰ কৰে আৰু অসচেতনতাৰে কৰা বুলি প্ৰচাৰ মাধ্যমে দৰ্শক বা শ্ৰোতাক বাছনি কৰিবলৈ এৰি দি যিটো প্ৰচাৰ কৰে তাক বুজা যায়।তদুপৰি প্ৰচাৰ মাধ্যমে অতি শেহতীয়া খবৰ বা ঘটনা অথবা মূল্যবোধকো প্ৰচাৰ কৰে যিটোৰ ভুল-শুদ্ধ বিচাৰ কৰাৰ দায়িত্ব শ্ৰোতাৰ ওপৰত ন্যস্ত থাকে।কেতিয়াবা আকৌ প্ৰচাৰ মাধ্যমে কিছুমান ধাৰণাক বাধা দিও সামাজিক সুস্থিৰতা বজাই ৰখাত সহায় কৰে।
অন্যান্য প্ৰচাৰ মাধ্যমৰ তুলনাত দূৰদৰ্শন অতি বহুলভাৱে ব্যৱহৃত হয় আৰু ইয়াৰ প্ৰগ্ৰেমবোৰে ব্যক্তিৰ ওপৰত গভীৰ ভাৱে প্ৰভাৱ পেলায়।এইটো সাধাৰণতেই ধৰা হয় যে দূৰদৰ্শন চোৱা আৰু যুৱসকলৰ আক্ৰোশমূলক ব্যৱহাৰৰ মাজত এক প্ৰত্যক্ষ আৰু শক্তিশালী যোগসূত্ৰ আছে।আমি ইয়াকো ক’ব পাৰো যে দূৰদৰ্শন হৈছে নৈতিক স্বলনৰ প্ৰধান কাৰণ।এইবোৰৰ বিপৰীতে দূৰদৰ্শনে সংস্কৃতিৰ ধাৰাবাহিকতা ৰক্ষা কৰা, প্ৰতিমান মানি চলা, নতুন ধুন-পেচ গ্ৰহণ কৰা বা শিকি লোৱাৰ ক্ষেত্ৰত সহায় কৰে।
আচল কথাটো হ’ল প্ৰচাৰ মাধ্যমে আমাক যথেষ্ট অভিজ্ঞতা দিয়ে অন্যথাই আমি এইবোৰৰ পৰা বহু আঁতৰত থাকিবলগা হ’লহেতেন।এইদৰে প্ৰচাৰ মাধ্যমসমূহে জনসাধাৰণৰ দৃষ্টিভংগী আৰু ধাৰণাত যথেষ্ট প্ৰভাৱ পেলায়।ভাৰতবৰ্ষকে ধৰি অন্যান্য তৃতীয় বিশ্বৰ দেশত য’ত ৩০ শতাংশতকৈ অধিক লোক নিৰক্ষৰ, ৰেডিঅ’ আৰু দূৰদৰ্শন সামাজিকীকৰণৰ শক্তিশালী প্ৰতিনিধি বুলি বিবেচনা কৰিব পাৰি।
(ঙ) ধৰ্মীয় সংস্থা : সামাজিকীকৰণৰ আন এক অতি উপযোগী প্ৰতিনিধি হৈছে ধৰ্মীয় সংস্থা।ধৰ্ম মানে হৈছে এক অতি মানবীয় শক্তিৰ ওপৰত থকা গভীৰ বিশ্বাস আৰু ধৰ্মীয় সংস্থা হৈছে সেই ঠাই য’ত মানুহে এই অতি মানৱীয় শক্তিক পূজা কৰে।হিন্দু, ইছলাম, খ্ৰীষ্টিয়ান, বৌদ্ধ, জৈন,শিখ এই সকলো ধৰ্মৰে নিৰ্দিষ্ট কিছুমান প্ৰতিমান, বাধা-নিষেধ, আচৰণ-প্ৰণালী,ৰীতি-নীতি,পৱিত্ৰ-অপবিত্র ধাৰণা, বিশ্বাস ইত্যাদিবোৰ আছে।এইবোৰৰ পৰিচালনা আৰু পৰিচৰ্যাৰ ক্ষেত্ৰত ধৰ্মীয় সংস্থাসমূহে যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
হিন্দু ধৰ্মীয় দৰ্শন অনুযায়ী এই জনমত পূণ্য অর্জন কৰিলে মৃত্যুৰ পিছত স্বৰ্গলৈ গমন অন্যথা নৰকলৈ যাব লগা হয় বুলি বিশ্বাস কৰা হয়।এনে বিশ্বাসেই আমাক সামাজিক জীৱনত কল্যাণমূলক কাম কৰাৰ শিক্ষা দিয়াৰ লগতে অনুপ্ৰেৰণা যোগায়।ঠিক একেদৰে জাৰ্মান সমাজতত্ববিদ মেক্স ৱেবাৰৰ ভাষাত কবলৈ গ’লে প্ৰটেষ্টাণ্ট ধৰ্মই কঠোৰ পৰিশ্ৰম কৰাৰ শিক্ষা ও উৎসাহ দিয়ে ।অনুৰূপভাৱে বৌদ্ধ ধৰ্মতো মানৱ কল্যাণৰ শিক্ষা পোৱা যায়।ইছলাম ধৰ্ময়ো সহজ অৰ্থত ক’বলৈ গ’লে ধৰ্মীয় সংস্থাসমূহে এজন ব্যক্তিক জীৱনৰ প্ৰতিটো স্তৰতেই শিক্ষা প্ৰদান কৰি সামাজিকীকৰণৰ পথত এক লেখত ল’বলগীয়া অৱদান আগবঢ়ায়।
(চ) ৰাষ্ট্ৰ : ৰাষ্ট্ৰ হৈছে সামাজিকীকৰণৰ আন এক অভিকৰ্তা।ৰাষ্ট্ৰই আইন কানুন প্ৰণয়ন আৰু বলৱৎ কৰাৰ লগতে ৰাষ্ট্ৰীয় নিৰাপত্তা সু-নিশ্চিত কৰে।সামাজিকভাৱে অনুমেদিত আৰু গ্ৰহনীয় নীতি-নিয়ম, প্ৰথা,প্ৰতিমান, বিশ্বাস, সংস্কৃতি ইত্যাদিল্লাৰক ৰক্ষা ও পৰিচালনা কৰাৰ ওপৰত ই গুৰুত্বপূৰ্ণ আৰোপ কৰে।ৰাষ্ট্ৰীয় দ্বাৰা বলৱৎ কৰা আইন কানুন মানি চলিবলৈ আমি সকলোৱেই বাধ্য।এয়া আমাৰ ৰাষ্ট্ৰীয় কৰ্তব্যও।ৰাষ্ট্ৰই আমাক জাতীয় ভাৱৰ শিক্ষা দিয়ে,ৰাষ্ট্ৰৰ প্ৰতি দায়বদ্ধ আৰু শ্ৰদ্ধাশীল হ’বলৈ শিকাই,ৰাষ্ট্ৰীয় দায়িত্ব আৰু কৰ্তব্য পালন কৰিবলৈ উৎসাহ যোগাই আৰু দায়বদ্ধ নাগৰিকৰ ভূমিকা পালন কৰিবলৈ শিকায়।আমি ৰাষ্ট্ৰ প্ৰদত্ত শিক্ষা ব্যৱস্থাৰেই জীৱনৰ লক্ষ্য নি চন কৰো,বৃত্তি বাছি লওঁ,জীৱন- নিৰ্বাহ কৰোঁমূল্যবোধ আৰু সাংস্কৃতিক গ্ৰহণ কৰোঁ ইত্যাদি।
(ছ) স্বজন আৰু চুবৰীয়াৰ সমূহ : সমনীয়াৰ সমূহৰ দৰেই স্বজন আৰু চুবৰীয়াৰ সমূহেও সামাজিকীকৰণ প্ৰক্ৰিয়াত যথেষ্ট প্ৰভাৱ পেলায়।তেজ (Blood)আৰু বৈবাহিক সম্বন্ধৰ জৰিয়তে সৃষ্টি হোৱা সমূহকেই স্বজন সমূহ কোৱা হয়।তদুপৰি প্ৰাথমিক, দ্বিতীয়ক আৰু তৃতীয়ক স্বজন সম্বন্ধৰ কথা সকলোৱে জানে।অন্যহাতেদি চুবুৰীয়াৰ সমূহ বুলি ক’লে আমি আমাৰ কাষৰ মানুহৰ সমষ্টিক বুজো।আমাৰ ঘৰৰ আশে পাশে থকা ব্যক্তিসকলক লৈ চুবুৰীয়াৰ সমূহ সৃষ্টি হয়।এই দুয়োটাই সামাজিকীকৰণত অৰ্থাৎ শিক্ষণ পদ্ধতিত পোনপটীয়াকৈ প্ৰভাৱ পেলায়।
ল’ৰা-ছোৱালীবোৰে পৰিয়ালৰ পিছতে ই স্বজন সমূহ আৰু ওচৰ চুবুৰীয়াক পায়।এই দুই সামাজিকীকৰণৰ অভিকৰ্তাই সকলোধৰণৰ জ্ঞান, অভিজ্ঞতা, উপদেশ, পৰামৰ্শ আদিবোৰ ল’ৰা ছোৱালীক দিয়া দেখা যায়।
এইদৰে ওপৰত উল্লেখ কৰা সাতটা অভিকৰ্তাৰ উপৰিও স্থানীয় সমদায়,জাতিৰ সমূহ,চহৰীয়া সংগঠন বা অন্যান্য স্বেচ্ছাসেৱী সমূহেও সামাজিকীকৰণ প্ৰক্ৰিয়াত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।ইয়াৰ উপৰিও অৰ্থনীতি, ৰাজনীতি, পৰম্পৰা, আৰক্ষী,আদালত,প্ৰথা ইত্যাদিবোৰকো ইয়াৰ ভিতৰত অন্তৰ্ভুক্ত কৰিব পাৰি।সামাজিকীকৰণ যিহেতু এক জীৱনযোৰা প্ৰক্ৰিয়া আৰু জীৱন-নিৰ্বাহৰ ক্ষেত্ৰত প্ৰতিটো স্তৰতেই অথবা প্ৰতিটো পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ যাওঁতেই নতুন নতুন জ্ঞান আৰু অভিজ্ঞতাৰ প্ৰয়োজন হয় সেয়ে সামাজিকীকৰণৰ গুৰুত্ব আৰু প্ৰয়োজনীয়তা সকলো সময়তেই প্ৰয়োজন হৈ পৰে।
Q.10. Analyse the main causes of Gender Biases.
Ans: ১) সামাজিক পৰম্পৰা আৰু মান্যতা : ভাৰতীয় সমাজত পৰম্পৰাগত ভাবেই পুৰুষক উচ্চ প্রস্থিতি আৰু নাৰীক নিম্ন প্রস্হিতি দি অহা হৈছে।ইয়াৰ ভিত্তিতেই ভাৰতীয় সমাজত পুৰুষ-তান্ত্ৰিকতাই গঢ় লৈছে।নাৰীসকল পুৰুষৰ সম অধিকাৰ আৰু সমমৰ্যদাৰ পৰা বঞ্চিত হৈ আহিছে। পৰম্পৰাগত ভাবেই নাৰীক পুৰুষৰ অধীন কৰি ৰখা হৈছে।ৰামায়ণত ৰামচন্দ্ৰই সীতাক কৰা অগ্নিপৰীক্ষা আৰু বনবাস ,মহাভাৰতত পাশাখেলত দ্ৰৌপদীক পঞ্চপাণ্ডবে পণ হিচাপে দিয়া, ৰাজসভাত দ্ৰৌপদীৰ বস্ত্ৰহৰণ আদি নাৰীৰ নিম্ন প্রস্থিতিৰ উদাহৰণ পুৰুষে নাৰীক নিজতকৈ দুৰ্বল বুলি ভবা,পুৰুষক পৰিচৰ্যা কামেই নাৰীৰ মূল কাম বুলি ভবা আদি নাৰীৰ প্ৰতি পক্ষপাতিত্বমূলক আচৰণকে সূচীয়।ঠিক সেইদৰে ভাৰতীয় সমাজত পুৰুষক উচ্চ মান্যতা প্ৰদান কৰা হয়। বৈদিক যুগৰ পৰা নাৰীক পুৰুষৰ অধীন ৰূপে গণ্য কৰা হৈছে।নাৰীক নিম্ন প্রস্থিতিৰ বুলি ভবাৰ কাৰণেই নাৰীৰ প্ৰতি বহুতো কামত বাধা নিষেধ আৰোপ কৰা হয়।
২) সামাজিক বাধা নিষেধ : ভাৰতীয় সমাজত লিংগ বৈষম্যৰ কাৰণেই বাধা প্ৰদান কৰা হয়।পুৰুষৰ প্রস্থিতি উচ্চত বাবে বহুতো সামাজিক কাম, পূজা অৰ্চনা, সিদ্ধান্ত গ্ৰহণ আদিত পুৰুষক প্ৰধান্য দিয়া হয়।এনে পৰম্পৰা হিন্দু, মুছলমান, বৌদ্ধ, খ্ৰীষ্টান, আদি সকলো ধৰ্মতে দেখা যায়।এনে বাধা -নিষেধে মহিলাৰ প্ৰতি কৰা পক্ষপাতমুলক আৰু বিভেদমূলক আচৰণকে বুজায়।
৩) সামাজিক কু-প্ৰথা : লিংগ পক্ষপাতিত্বৰ বাবেই ভাৰতীয় সমাজত যৌতুক, বাল্যবিবাহ, পৰ্দা প্ৰথা,বিধবা বিবাহত বাধা,ইত্যাদি সামাজিক সমস্যাবোৰ হৈয়েই আছে।এইবোৰক বৰ্তমানে কু-প্ৰথা বুলি গণ্য কৰি আইন প্ৰণয়নৰ দ্বাৰা বন্ধ কৰা হৈছে সমাজত পৰম্পৰাগত ভাৱে মহিলাৰ প্ৰতি থকা বৈষম্যৰ বাবে এইবোৰ সম্পূৰ্ণ নিৰ্মূল কৰিব পৰা হোৱা নাই।বিবাহৰ সময়ত কন্যাদাতাৰ পৰা পতিপক্ষই যৌতুক বিচৰা,নাৰীক ঘৰৰ চৌহদৰ ভিতৰত আবদ্ধ কৰি ৰখা, বিধবাৰ পুনৰ বিবাহৰ বাবে সামাজিক অনুমোদিত নথকা, বাল্য কালতে ছোৱালীক বিয়া দিয়া, নাৰীৰ ওপৰত নিৰ্যাতন চলোৱা আদি মহিলাৰ প্ৰতি থকা বৈশ্যম্যমূলক মনোভাৱৰ উদাহৰণ।ভাৰতবৰ্ষত এতিয়াও এনে ঘটনা প্ৰায়েই সংঘটিত হৈ আহিছে।
৪) মনোবৈজ্ঞানীক দৃষ্টিভংগী : কিছুমান মনোবৈজ্ঞানীক কাৰণতো লিংগ পক্ষপাতমুলক ধাৰণাৰ সূচনা হয়।সৰু কালতে আমাৰ সমাজত ছোৱালীৰ মনত এটা ধাৰণাই গঢ় লৈ উঠে যে পুৰুষ সদায় মহিলাতকৈ শ্ৰেষ্ঠ।পুৰুষৰ নিৰ্দেশ ঈশ্বৰৰ আজ্ঞাৰ দৰে মহিলাই পালন কৰিব লাগে।আমৰ সমাজত সৰুৰে পৰা মহিলাৰ মনত এনে ধাৰণা সুমুৱাই দিয়া হয় যে “সতীৰ দেৱতা পতি,জীৱনৰ সাৰ ; কি দিনো কৰিম পূজা চৰণে তোমাৰ।” পতিক দেৱতা মানি পূজা কৰাৰ বাবে নাৰীৰ মনত এক ধাৰণা গঢ়ি তোলা হয়।বহুতৰে মনত এনে ধাৰণা আছে যে পুৰুষৰ অবিহনে স্ত্ৰীৰ কোনো অস্তিত্ব নাই আৰু পুৰুষৰ দ্বাৰাহে নাৰী সুৰক্ষিত হৈ থাকে।সমাজেও পুৰুষৰ প্ৰতি শ্রদ্বাশীল নাৰীক হে আদৰ্শ বুলি গণ্য কৰে।এনেধৰণৰ মনোবৈজ্ঞানীক ধাৰণাৰ বাবেও মহিলাসকল বৈষম্যৰ বলি হৈ আহিছে।
৫) জাতি ব্যৱস্থা : ভাৰতীয় সমাজত থকা জাতি ব্যৱস্থায়ো লিংগ বৈষম্য বৃদ্ধি কৰি আহিছে।ভাৰতীয় জাতি ব্যৱস্থাত ব্ৰাহ্মণ, ক্ষত্ৰিয়,বৈশ্য ,শুদ্ৰ এই চাৰিও জাতিতে মহিলাক পুৰুষৰ পৰা পৃথক এক নিম্নসমূহৰ দৰে ৰখা হৈছে। জাতিব্যৱস্থাৰ মতে নাৰীৰ কোনো জাতি নাই।পতিৰ জাতিয়েই পত্নীৰ জাতি হয়।ৰামায়ণ-মহাভাৰতৰ যুগতো বিবাহৰ ক্ষেত্ৰত পাত্ৰী নিৰ্বাচনৰ জাতিভেদ নাছিল।পৰবৰ্তী কালত আকৌ বিবাহৰ ক্ষেত্ৰত জাতিভেদ প্ৰথাৰ প্ৰচলন হ’ল ।আকৌ দেখা যায় যে জাতিৰ ওপৰত নিৰ্ভৰ কৰি নাৰীৰ সামাজিক, ৰাজনৈতিক,ধৰ্মীয় ,অৰ্থনৈতিক দিশত বহুতো সীমাবদ্ধতা থাকে।মহিলাৰ সদায় পৰ নিৰ্ভৰশীল বুলি ভবা হৈছে।জাতিৰ ভিত্তিত মহিলাৰ মাজত কৰ্মবিভাজন আছিল আৰু সেয়ে বৈষম্য স্পষ্টভাৱে দেখা পোৱা যায়।বেদ অধ্যয়ন (ধৰ্মগ্ৰন্থৰ অধ্যয়ন),পূজা পাতল,যাগ -যজ্ঞৰ পৰা মহিলাক বিৰত ৰখা হৈছিল।পতিসেৱাৰ ফলতেই পত্নীৰ মুক্তিলাভ হয় বুলি বিশ্বাস কৰা হৈছিল।গুরুকুলত শিক্ষা গ্ৰহণ নাৰীৰ বাবে নাছিল।সীমিত সংখ্যক ব্ৰাহ্মণ কন্যাইহে গুৰুকুলত শিক্ষাগ্ৰহণ কৰিব পাৰিছিল।নাৰীৰ সতীত্ব আৰু পবিত্ৰতা ৰক্ষাৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰা হৈছিল।সতীত্ব ৰক্ষা আছিল নাৰীৰ ভূষণ।এই বিধিব্যৱস্থাবোৰেও নাৰীৰ প্ৰতি বৈষম্যতাকে প্ৰদৰ্শন কৰে।সাংস্কৃতিক তথা অন্যান্য দিশবোৰত মহিলাৰ মৰ্যাদা আৰু প্রস্থিতিক নিম্ন পৰ্যায়ত ৰাখি বহুতো ক্ষেত্ৰত বাধা-নিষেধ আৰোপ কৰি মহিলাৰ প্ৰতি পক্ষপাতমুলক ধাৰণাই সামাজিক বৈষম্য বৃদ্ধি কৰিছে।
Q.11. Mention the Indian Traditional Ideology related to Gender.
Ans: ১) পুৰুষ প্ৰাধান্যতা : পৰম্পৰাগত ভাৱেই ভাৰতীয় সমাজত বহু প্রাচীন কালৰ পৰা পুৰুষৰ প্ৰধান্যতা চলি আহিছে এনে ধাৰণাই নাৰীৰ প্রস্থিতি নিম্ন কৰে আৰু নাৰী-পুৰুষৰ মাজত বৈষম্যৰ সৃষ্টি কৰে।ভাৰতীয় সমাজত পুৰুষে শিক্ষা,ধৰ্ম,অৰ্থনীতি,ৰাজনীতি,সামাজিক কাম কাজ আদিত প্ৰাধান্য পায়।নাৰীয়ে দ্বিতীয় শ্ৰেণীৰ নাগৰিকৰ দৰে এইবোৰ সুবিধা গ্ৰহণ কৰিব পাৰে।সামাজিক আৰু পাৰিবাৰিক গুৰুত্বপূৰ্ণ সিদ্ধান্ত, আৰ্থিক দিশৰ পৰিচালনা, মংগলীক কার্য-কলাপ আদিত পুৰুষৰ প্ৰধান্যতা দেখা যায়।পুৰুষক সকলো দিশতে সক্ষম, সবল আৰু নাৰীক দুৰ্বল বুলি ভবা হয়।যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত প্ৰকাশত নাৰীক স্বাধীনতা দিয়া নহয়।পাৰিবাৰিক দিশৰ আলোচনাত নাৰীৰ মতামত গ্ৰহণ কৰা হয় যদিও সিদ্ধান্ত গ্ৰহণ কৰা পুৰুষৰ প্ৰধান্যতাতহে হয়।এনে পৰম্পৰা ভাৰতীয় সমাজত প্ৰাচীন কালৰে পৰা প্ৰচলন হৈ আছে।এই ধাৰণাবোৰে মানুহৰ মনত এনেদৰে প্ৰভাৱ বিস্তাৰ কৰি আছে যে বৰ্তমান লিংগ সমতা স্থাপনৰ বাবে প্ৰচেষ্টা কৰা হৈছে যদিও উক্ত ধাৰণাসমূহৰ প্ৰভাৱত ই সহজসাধ্য হৈ উঠা নাই।ভাৰতত লিংগ বৈষম্য দূৰ কৰিবৰ বাবে সমাজত প্ৰচলিত এই পুৰুষ প্ৰধান্যৰ ধাৰণা পুৰুষ-মহিলাৰ সকলোৰে মনৰ পৰা পৰিৱৰ্তন কৰিব লাগিব।ইয়াৰ বাবে সামাজিক সচেতনতাৰ প্ৰয়োজন।
২) বাল্য বিবাহ : ভাৰতীয় সমাজত মধ্যযুগৰ পৰা পৰম্পৰাগত ভাৱে বাল্যবিবাহ প্ৰচলন আছিল।স্বাধীনোত্তৰ যুগৰ পৰা বহুতো দাৰ্শনিক আৰু সমাজ সংস্কাৰক বাল্য বিবাহৰ বিৰোধিতা কৰি আহিছে যদিও বৰ্তমানেও বহুত সম্প্ৰদায় আৰু বহুত সমাজত বাল্যবিবাহৰ প্ৰচলন আছে।ই ব্যক্তিৰ বিকাশত বাধাৰ সৃষ্টি কৰাৰ লগে লগে সামাজিক বিকাশতো বাধাৰ সৃষ্টি কৰে।বিভিন্ন আইন প্ৰণয়নৰ দ্বাৰা বাল্যবিবাহ প্ৰথা প্ৰচলনৰ বন্ধ কৰাৰ চেষ্টা কৰি অহা হৈছে যদিও এতিয়াও বাল্যবিবাহ ভাৰতীয় সমাজৰ পৰা সম্পূৰ্ণ নিৰ্মূল কৰিব পৰা নাই।ভাৰতবৰ্ষত আইনগত ভাবে ছোৱালীৰ বাবে ১৮ বছৰ আৰু ল’ৰাৰ বাবে ২১ বছৰ বিবাহৰ নূন্যতম বয়স ধার্য কৰা হৈছে।তথাপিও নিৰ্দিষ্ট নূন্যতম বয়সৰ পূৰ্বে বহুতো ছোৱালীৰ বিবাহ হোৱাৰ বাবে তেনে ছোৱালীৰ জীৱনৰ উন্নয়ন, শৰীৰক-মানসিক বিকাশত বাধাগ্ৰস্ত, স্বাস্থ্যৰ অৱনতি আদি অনেক সমস্যাই দেখা দিয়ে।গতিকে ভাৰতীয় সমাজত লিংগ বৈষম্য নিমুলৰ বাবে বাল্যবিবাহ বন্ধ কৰাৰ প্ৰয়োজন আছে।
৩) যৌতুক প্ৰথা : ভাৰতীয় সমাজত পৰম্পৰাগত ভাৱে যৌতুক প্ৰথাৰ প্ৰচলন আছে।কন্যা দায়গ্ৰস্ত অভিভাৱকৰ পৰা দৰা পক্ষই নগদ ধন আৰু সম্পত্তি দাবী কৰে।কাৰণ ভবা হয় যে পুৰুষ সদায়েই শ্ৰেষ্ঠ আৰু পুৰুষজন উপযুক্ততা যিমানেই বেছি হয় সেই অনুসৰি কন্যাগৃহৰ পৰা পুৰুষৰ সন্মানৰ চিন হিচাপে যৌতুক দিব লাগে।যৌতুক হিচাপে নগদ ধন আৰু সম্পত্তি দিব লগা হোৱাটোৱে মহিলাৰ নিম্নপ্ৰস্থিতিকে নিৰ্দেশ কৰে।অৱশ্যে এইখিনিতে জানি থোৱা ভাল যে যৌতুক পতিপক্ষৰ পৰা দাবী কৰি লোৱা হয়।কিছু কিছু ক্ষেত্ৰত অভিভাৱকে নিজেই কন্যাৰ লগত দিয়া সম্পত্তি যৌতুক নহয়।এইবোৰ উপহাৰ।যৌতুকৰ লগত পতিপক্ষৰ সন্মান আৰু দাবী জড়িত হৈ থাকে।
৪) যৌতুক : যৌতুক প্ৰথাৰ বিপৰীতে ভাৰতীয় সমাজত পৰম্পৰাগত ভাৱে কিছুমান সম্প্ৰদায়ত কন্যামূল্যৰ প্ৰথাৰে প্ৰচলন আছে।এগৰাকী কন্যাক তুলি-তালি ডাঙৰ -দীঘল কৰি বিবাহৰ উপযুক্ত কৰি বিয়া দিয়াৰ বাবে কন্যাৰ অভিভাৱকে দৰাপক্ষৰ পৰা ধন বা সম্পত্তিৰ দাবী কৰে।কন্যাৰ বিনিময়ত কন্যাপক্ষই দাবী কৰা ধন বা সম্পত্তিয়ে কন্যাক পন্যদ্ৰব্যত পৰিণত কৰে।বহুতো কন্যাক সম্পত্তিৰ লোভত অভিভাৱকে অনুপযুক্ত পাত্ৰত ঘটায় আৰু বহুতো লোকে কন্যামূল্য দি অনাৰ বাবে কন্যাক দাসীৰ দৰে গণ্য কৰে।এই প্ৰথায়ো পুৰুষ-নাৰীৰ বৈষম্য বৃদ্ধি কৰি নাৰীৰ প্রস্থিতি নিম্ন কৰিছে। বৰ্তমান অৱশ্যে এই প্ৰথাৰো আইনৰ জৰিয়তে বন্ধ কৰা হৈছে যদিও সমাজত পৰম্পৰাগত ভাৱে চলি থকাৰ বাবে ইয়াক সমাজৰ পৰা একেবাৰে নিৰ্মূল কৰিব পৰা হোৱা নাই।
৫) অন্ত্যেষ্টিক্ৰিয়াত পুত্ৰৰ প্ৰাধান্য : ভাৰতীয় সমাজত পৰম্পৰাগত ভাৱে এক ধাৰণ আছে পিতৃ -মাতৃৰ মৃত্যু হ’লে পুত্ৰই পিণ্ডদান কৰিলেহে মৃতকৰ আত্মাই স্বৰ্গলৈ যাব পাৰে বা নিৰ্বান লাভ কৰিব পাৰে।অৰ্থাৎ ব্যক্তিৰ মৃত্যুৰ পাছত মোক্ষ লাভৰ মূল কৰ্ম হৈছে পুত্ৰৰ দ্বাৰা পিণ্ডদান।কন্যাসন্তানক পিণ্ডদানৰ অধিকাৰ দিয়া হোৱা নাই।বৰ্তমানেও মৃতকৰ কৰ্মত পিণ্ডদান পুত্ৰৰ দ্বাৰা কৰা হয়।কন্যাই পিতৃ -মাতৃৰ মোক্ষ লাভৰ পথ মুকলি কৰিৱ নোৱাৰে অৰ্থাৎ জন্মদাতা পিতৃ- মাতৃৰ অন্ত্যেষ্টিক্ৰিয়াতো পুৰুষ আৰু মহিলা হিচাপে বৈষম্যমূলক আচৰণ দেখা যায়।বৰ্তমান বহুতো ঠাইত কন্যাই অন্ত্যেষ্টিক্ৰিয়াৰ কাম কৰিছে যদিও পুত্ৰক প্ৰাধান্য দিয়া হয়।পুত্ৰৰ অবিহনে বা অনুপস্থিতহে বৰ্তমানো অন্ত্যেষ্টিক্ৰিয়াৰ অধিকাৰ কন্যাই পাইছে।তথাপি সকলো ঠাইতে ইয়াক সকলোৱে সহজে মানি লোৱা নাই।
৬) গৃহকৰ্মত মহিলাৰ প্ৰাধান্য : পৰম্পৰাগত ভাৰতীয় সমাজত এনে ধাৰণাৰ প্ৰচলন আছে যে গৃহকৰ্ম সম্পাদন কৰাৰ ক্ষেত্ৰত মহিলা বা স্ত্ৰীযেহে মূখ্য ভূমিকা পালন কৰিব লাগে।পুৰুষে বাহিৰৰ কামত গুৰুত্ব প্ৰদান কৰিব লাগে। লিংগৰ ভিত্তিত পুৰুষ-মহিলাৰ মাজত কৰ্মবিভাজন পৰম্পৰাগত ভাৱে চলি আহিছে।আজিকালি কিছুমান মহিলাই বাহিৰৰ কামৰ বাবেও যাব লাগে বাবে গৃহকৰ্মও ভাগ কৰি কৰা হৈছে যদিও পৰম্পৰাগত ভাৱেই সকলো ঘৰুৱা দায়িত্ব মহিলাৰ ওপৰত ন্যস্ত থাকে।
৭) পৰিচালনাৰ দায়িত্ব পুৰুষৰ : ভাৰতীয় সমাজত প্ৰচলিত পৰম্পৰাগত ধাৰণা।ঘৰ এখনৰ দায়িত্ব বহন কৰি পৰিচালনা কাম কৰা পুৰুষৰ।আৰ্থিক উপাৰ্জন,ঘৰৰ অৱস্থা উন্নতকৰণ, কৃষি ব্যৱসায় -বাণিজ্য, চাকৰি,আদি যিকোনো দিশতে পুৰুষ জড়িত হৈ ঘৰৰ অৱস্থা উন্নত কৰিব লাগে।
মহিলাই কেৱল ঘৰ বা কাম পালন কৰিলেই হ’ল।গতিকে গোটেই পৰিয়ালটোৱে পিতৃপুৰুষৰ উচিত-অনুচিত বুলি ভবা চিন্তাৰ ওপৰতে নিৰ্ভৰ কৰি চলিব লাগে।বৰ্তমান কালত এই ধাৰণৰ সামান্য পৰিৱৰ্তন ঘটিছে।বহুতো মহিলাই পুৰুষৰ ঘৰ পৰিচালনাত আলোচনা আদি কৰি সহায় কৰা দেখা যায়।আজিকালি আকৌ বহুতো মহিলা উপাৰ্জন কৰিবলৈও লৈছে।তথাপি আজিও পৰম্পৰাগত চিন্তাৰ যথেষ্ট প্ৰভাৱ সমাজত আছে।
৮) পৰ্দা প্ৰথা : ভাৰতীয় সমাজত মধ্য যুগ বা মুছলমান যুগ পৰ্দা প্ৰথাৰ প্ৰচলন হয়।এই প্ৰথাও লিংভিত্তিক।বিভিন্ন সামাজিক আৰু সুৰক্ষাৰ কাৰণত মহিলা সকলক ঘৰৰ ভিতৰতে থকাৰ ব্যৱস্থা কৰা হৈছিল আৰু কিবা কাৰণত বাহিৰলৈ গ’লে সমগ্র মুখমণ্ডল কাপোৰেৰে (বোৰ্খা)ঢাকি ৰাখিব লগা হৈছিল।বৰ্তমান সময়ত এই প্ৰথাৰ প্ৰভাৱ কমিছে যদিও ভাৰতৰ কেইখনমান ৰাজ্যত আৰু কিছুমান সম্প্ৰদায়ৰ মাজত এতিয়াও এই প্ৰথাৰ প্ৰচলন আছে।এই প্ৰথাই মহিলাৰ প্রস্থিতি নিম্নগামী কৰে।
৯) চুন্নত প্ৰথা : চুন্নত এক মুছলমানী প্ৰথা ।এই প্ৰথা পৰম্পৰাগতভাৱে আৰু বৰ্তমানেও চলি আছে।ই এক লিংভিত্তিক পৰম্পৰা।মুছলমান ল’ৰাক শিশু কালতে চুন্নত কৰি মুছলমানী কৰি তোলা হয়।এই প্ৰথা সকলো মুছলমানৰ বাবে বাধ্যতামূলক এক সংস্কাৰ।চুন্নত দিয়াৰ বাবে মুছলমান সমাজত পুৰুষৰ সামাজিক স্থান মহিলাতকৈ বহুত ক্ষেত্ৰত উচ্চ।এই প্ৰথাত পুৰুষাংগৰ সন্মুখভাগৰ ছাল সামান্য কাটি দিয়া হয় যাতে পৰিস্কাৰ পৰিচন্নতাৰ বাবে সুবিধা হয়।
১০) নাৰীৰ নিম্ন প্রস্থিতি : ভাৰতীয় সমাজত পৰম্পৰাগতভাৱে এটা কথাৰ প্ৰচলন হৈ আহিছে যে পুৰুষতকৈ নাৰীৰ সামাজিক প্রস্থিতি সদায় নিম্ন।নাৰীক দ্বিতীয় শ্ৰেণীৰ নাগৰিক বুলি ভবা হয়।বৰ্তমান সময়ত নাৰীয়ে নিজৰ প্রস্থিতি উন্নত কৰিবলৈবহুতো সুবিধা পাইছে আৰু প্রস্থিতিৰ কিছু উন্নত হৈছে যদিও গ্ৰাম্য সমাজত বৰ্তমানেও নাৰীৰ প্ৰতি সমমৰ্যদা প্ৰদান কৰা হোৱা নাই।
Q.12. What are the measures to remove gender biases in traditional.
Ans: ১) শিক্ষাৰ প্ৰসাৰ : শিক্ষাৰ প্ৰসাৰ আৰু প্ৰচাৰ ঘটাব লাগে যাতে সকলো মানুহ শিক্ষিত হৈ নাৰীৰ প্ৰতি থকা মনৰ সংকীৰ্ণতাক দূৰ কৰিব পাৰি।শিক্ষাই মানুহৰ মন উদাৰ কৰি তোলে।
২) প্ৰাপ্তবয়স্ক শিক্ষা : গ্ৰাম্যাঞ্চল আৰু ভিতৰুৱা অঞ্চলৰ প্ৰাপ্তবয়স্ককে ধৰি সকলো লোককে শিক্ষিত কৰি তুলিব লাগে যাতে সকলোৰে মনৰ পৰা লিংগ বৈষম্য নাইকিয়া হয়।
৩) স্ত্ৰী শিক্ষাৰ প্ৰসাৰ : ছোৱালীৰ ওপৰত শিক্ষাৰ অধিক গুৰুত্ব প্ৰদান কৰি যিমান পৰা যায় ছোৱালীক উচ্চ শিক্ষিত কৰি তুলিব লাগে।নাৰীৰ শিক্ষাৰ যিমানে প্ৰসাৰ ঘটিব সিমানেই লিংগ বৈষম্যমূলক পৰম্পৰাগত ধাৰণা কমিব।
৪) সামাজিক সচেতনতা : পৰম্পৰাগত লিংগ বৈষম্যমূলক মনোভাৱ নাইকিয়া কৰিবৰ বাবে সমাজত সচেতনতাৰ প্ৰয়োজন ।ইয়াৰ বাবে শিক্ষাৰ প্ৰসাৰ, প্ৰচাৰ মাধ্যমত প্ৰচাৰ, স্বেচ্ছাসেৱী অনুষ্ঠানৰ প্ৰচেষ্টা আদিৰ জৰিয়তে প্ৰচাৰ কৰিব পাৰি।লিংগভেদ বা লিংগ বৈষম্য যে এক সামাজিক ব্যাধি তাক সকলোৰে বোধগম্য কৰি তুলিব লাগে।
৫) ব্যৱহাৰিক শিক্ষাৰ প্ৰসাৰ : পৰম্পৰাগত শিক্ষাৰ ব্যৱস্থাৰ পৰিৱৰ্তন কৰি ল’ৰা-ছোৱালীক সমানে ব্যৱহাৰিক আৰু কাৰ্যকৰী শিক্ষাৰ প্ৰচলন কৰিব লাগে।ইয়াৰ বাবে সমাজৰ লগত খাপ খুৱাই প্ৰয়োজন ভিত্তিক পাঠ্যক্ৰমৰ প্ৰস্তুত কৰিব লাগে।শিক্ষাৰ জৰিয়তে জীৱনক প্ৰয়োজনীয় কৰি তুলিব লাগে।
৬) অন্ধবিশ্বাস দূৰ কৰা : পৰম্পৰাগত ভাৱে সমাজত প্ৰচলিত লিংভিত্তিক আৰু অন্যান্য অন্ধবিশ্বাসবোৰ দূৰ কৰাৰ চেষ্টা কৰিব লাগে।যুক্তিকৰ আৰু অশুদ্ধ পৰম্পৰাবোৰ যুক্তিযুক্তভাৱে প্ৰতিষ্ঠা কৰি লিংগ বৈষম্যৰ ধাৰণাবোৰ আঁতৰ কৰিব লাগে।বৈজ্ঞানিক দৃষ্টিভংগী বিকাশ ঘটাই পৰম্পৰাগত ভাৱে চলি অহা লিংভিত্তিক পাৰ্থক্যবোৰ ধাৰণা সমাজৰ পৰা নিৰ্মূল কৰিব লাগে।
৭) মনোভাৱৰ পৰিৱৰ্তন : ছোৱালীক পঢ়াই লাভ নাই, ছোৱালী আনৰহে আবদ্ধ থাকিব লাগে আদিৰ দৰে মনোভাৱৰ পৰিবৰ্তন ঘটাব লাগে।
৮) কৰ্মৰ পৃথকীকৰণ বন্ধ : কৰ্মৰ লিংভিত্তিক বিভাজন বন্ধ কৰিব লাগে।সকলো কামতে ল’ৰা -ছোৱালী সকলোকে সমানে লগাব লাগে।সামাজিক, ৰাজনৈতিক, এখন,ধৰ্মীয় আদি সকলো কামতে সকলোৰে সমান স্বাধীনতা থাকিব লাগে।
৯) নাৰী স্বাধীনতা : নাৰী বা ছোৱালীক পঢ়া শুনা,জীৱনৰ উন্নয়নৰ দিশ নিৰ্ণয় কৰা, কৰ্মক্ষেত্ৰৰ নিৰ্বাচন, জীৱন সংগী নিৰ্বাচন আদি বিভিন্ন বিষয়ত স্বাধীনতা প্ৰদান কৰিব লাগে।
পুৰুষে ভোগকৰা কৰ্মক্ষেত্ৰৰ স্বাধীনতাসমূহ নাৰীয়েও ভোগ কৰিব পাব লাগে।
১০) সামাজিক সুৰক্ষা : নাৰীক সামাজিক সুৰক্ষা প্ৰদানত গুৰুত্ব দিব লাগে।বিভিন্ন ক্ষেত্ৰত মহিলাসকল ওলাই গ’লে যাতে মনত ভয় আৰু তাৰ প্ৰতি বিশেষ গুৰুত্ব প্ৰদান কৰিব লাগে।
১১) আইন প্ৰণয়ন : লিংগবৈষম্য দূৰীকৰণ চিন্তাৰ বিকাশ হ’বৰ বাবে লিংভিত্তিক কু-সংস্কাৰবোৰৰ বিৰুদ্ধে আইন প্ৰণয়ন কৰিব লাগে।আইনৰ জৰিয়তে বৈষম্য নিৰ্মূল কৰি সমতাস্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে।আইনৰ দৃষ্টিত সকলো সমান ধাৰণা আগত ৰাখি পৰম্পৰাগত গোড়া ধাৰণা নিৰ্মূল কৰিব লাগে।আইনসমূহ কঠোৰভাৱে পালনৰ ব্যৱস্থা কৰিব লাগে।
১২) সামাজিক সংস্কাৰ : পৰম্পৰাগত কু-সংস্কাৰবোৰ আঁতৰ কৰি এইবোৰৰ অপকাৰীতাৰ বিষয়ে ৰাইজৰ সজাগ কৰি এক সামাজিক সংস্কাৰমূলক পৰিবেশৰ গঢ় দিব পাৰে। ৰেডিঅ’, দূৰদৰ্শন, বাতৰিকাকত, আলোচনী,চিনেমা, সভা-সমিতি,প্ৰচাৰ পত্ৰ,স্বেচ্ছাসেৱী সংগঠন আদিৰ জৰিয়তে সামাজিক কু-সংস্কাৰৰ বিষয়ে সজাগ কৰিব লাগে।যৌতুক ব্যৱস্থা, বাল্যবিবাহ, পৰ্দা প্ৰথা,বিবাহৰ বয়স আদিৰ ক্ষেত্ৰত সামাজিক সংস্কাৰ গঢ়ি তুলিব লাগে।ইত্যাদি ধৰণেৰে সমাজৰ পৰা পৰম্পৰাগত লিংভিত্তিক ধাৰণাসমূহ দূৰ কৰিবলৈ চেষ্টা কৰিব লাগে।
Write Short Notes
(a) The aspect of determining the Dowry
Ans: যৌতুক নিৰ্দ্বাৰণকাৰী দিশবোৰ (The aspect of determining the Dowry): আমাৰ ভাৰতীয় সমাজত যিবোৰ সম্প্ৰদায়ৰ মাজত যৌতুক প্ৰথাৰ প্ৰচলন আছে তেওঁলোকে বিবাহৰ আলোচনাত যৌতুক নিৰ্দ্ধাৰণ কৰা যৌতুকৰ মূল্য কেইটামান দিশৰ ওপৰত নিৰ্ভৰ কৰি ধার্য কৰে।সেই দিশসমূহ হ’ল –
ক) ল’ৰাৰ অৰ্হতা আৰু বৃত্তি : দৰাৰ শিক্ষাগত অৰ্হতা আৰু বৃত্তিৰ ওপৰত নিৰ্ভৰ কৰি যৌতুকৰ পৰিমাণ নিৰ্দ্ধাৰণ কৰা হয়।ল’ৰাৰ শিক্ষা যিমানে বেছি গুৰুত্ব হ’ব তথা ল’ৰাই কি বৃত্তি গ্ৰহণ কৰিছে সেই বৃত্তিৰ যদি মৰ্যাদা বেছি তেন্তে যৌতুকৰ পৰিমাণো বেছি হ’ব।কাৰণ এইক্ষেত্ৰত যৌতুক দৰাপক্ষৰ সন্মান।
খ) দৰাৰ পৰিয়ালৰ আৰ্থিক অৱস্থা : দৰাৰ পৰিয়ালৰ আৰ্থিক অৱস্থা যিমানেই ভাল হ’ব কন্যাপক্ষৰ সন্মান সন্মান ৰক্ষাৰ বাবেও যৌতুকৰ পৰিমাণ সিমানেই বেছি হ’ব।
গ) দৰাৰ পৰিয়ালৰ সামাজিক প্রস্থিতি : দৰাৰ (ল’ৰাৰ) পৰিয়ালৰ সামাজিক প্রস্থিতিৰ ওপৰত লক্ষ্য ৰাখিও যৌতুকৰ পৰিমাণ নিৰ্দ্ধাৰণ কৰা হয়।প্রস্থিতি ইমানেই উচ্ছত হ’ব যৌতুকৰ পৰিমাণ সিমানেই বেছি হ’ব।
ঘ) ছোৱালীৰ দোষ-ক্ৰুটি : ছোৱালীৰ (কন্যাৰ) শাৰীৰিক সৌন্দৰ্য আৰু শিক্ষা-দীক্ষাৰ ওপৰত নিৰ্ভৰ কৰিও যৌতুক নিৰ্দ্ধাৰণ কৰা হয়।ছোৱালীৰ সৌন্দৰ্য কম হ’লে কিবা শাৰীৰিক অসুবিধা থাকিলে যৌতুকৰ পৰিমাণ বেছি হ’ব।আকৌ ছোৱালী বেছি ধুনীয়া হ’লে শিক্ষিতা হ’লে ,কৰ্মপটু হ’লে বা বৃত্তিধাৰী হ’লে যৌতুকৰ পৰিমাণ কমিব।ছোৱালীৰ কিবা বদনাম থাকিলেও যৌতুকৰ পৰিমাণ বাঢ়ে ।
(b) Ways of Dowry prohibition.
Ans: যৌতুক বন্ধ কৰাৰ উপায় : ভাৰতত সামাজিক ব্যাধি যৌতুক প্ৰথা বন্ধ কৰিবৰ বাবে আইনকে ধৰি বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰা হৈছে।তথাপিও এই প্ৰথা সম্পূৰ্ণৰূপে বন্ধ কৰিব পৰা নাই।যৌতুক প্ৰথা বন্ধ কৰিবৰ বাবে তলৰ ব্যৱস্থাসমূহ গ্ৰহণ কৰিব পাৰি।
কন্যাক উপযুক্ত শিক্ষাৰে শিক্ষিত কৰি তুলিব লাগে যাতে যৌতুক দাবী কৰিব নোৱাৰে।
ছোৱালীক নিজৰ শিক্ষা-দীক্ষা আৰু বৃত্তিৰ অন্বেষণ সম্বন্ধে পৰামৰ্শ দিব লাগে আৰু উৎসাহিত কৰি তুলিব লাগে।
ছোৱালীয়ে যৌতুক বিচৰা ল’ৰাক অপছন্দ কৰিব লাগে আৰু যৌতুকৰ বিনিময়ত বিয়াত বহাত আপত্তি কৰিব লাগে।
বিবাহৰ আইনগত পঞ্জীয়নৰ পাছতহে আনুষ্ঠানিক বিবাহ সম্পন্ন কৰিব লাগে।
ৰাজনৈতিক সংস্থা, স্বেচ্ছাসেৱী সংগঠন,মহিলা সমিতি,যুৱক সংঘ আদিয়ে যৌতুক বন্ধৰ আৰু প্ৰচাৰ আৰু সক্রিয় ভূমিকা পালন কৰিব লাগে।
যৌতুক লোৱা আৰু দিয়া দুয়োপক্ষকে শাস্তিৰ ব্যৱস্থা কৰিব লাগে।
ছোৱালীক উপার্জনক্ষম কৰি গঢ়ি তুলিব লাগে যাতে যৌতুক দাবী কৰিব নোৱাৰে।
ল’ৰা-ছোৱালী সকলোকে ঘৰুৱা পৰিবেশত আৰু সমাজত সিদ্ধান্ত গ্ৰহণ, শিক্ষা আহৰণ,নিযুক্তি, বৃত্তি গ্ৰহণ আদিত সম অধিকাৰ প্ৰদান কৰিব লাগে যাতে মহিলাক নিম্ন বুলি ভাবি যৌতুক দাবী কৰা নহয়।
সমাজৰ সকলো শ্ৰেণীৰ লোকক যৌতুকৰ ফলত সৃষ্টি হোৱা সামাজিক সমস্যা সমূহৰ প্ৰতি সজাগ কৰি তুলিব লাগে আৰু এই সমস্যাসমূহ ৰোধৰ বাবে যৌতুক ব্যৱস্থাৰ বিৰুদ্ধে প্ৰচাৰ চলাব লাগে।
স্ত্ৰী-শিক্ষাৰ প্ৰসাৰৰ ওপৰত সমাজ আৰু চৰকাৰে অধিক গুৰুত্ব দিব লাগে যাতে নাৰীয়ে শিক্ষা গ্ৰহণ কৰি এক বৃত্তি গ্ৰহণ কৰিব পাৰে আৰু যৌতুকৰ প্ৰতিবাদ কৰিব পাৰিব।
বিভিন্ন গণ মাধ্যমত যৌতুকৰ বাবে হোৱা সমস্যাৰ বিষয়ে প্ৰচাৰ কৰি সমাজত যৌতুক প্ৰথা বন্ধ কৰাৰ বাবে জনসজাগতাৰ সৃষ্টি কৰিব লাগে।
শিক্ষাব্যৱস্থাত শ্ৰেণীকোঠাত মুকলিকৈ যৌতুকৰ সমস্যাৱলীৰ বিশ্লেষণ কৰিব লাগে যাতে ছাত্ৰ-ছাত্ৰীৰ মনত যৌতুকৰ প্ৰতি এক ঘৃণাৰ চক্ৰ ,বন্ততা আদিৰ আয়োজন কৰিব লাগে।ওপৰত উল্লেখ কৰাৰ ধৰণেৰে যৌতুক প্ৰথা বন্ধৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব লাগে।ইতিমধ্যেই চৰকাৰেও যৌতুক নিবাৰণৰ বাবে আইন(১৯৬১) গ্ৰহণ কৰিছে।
(c) Problems of Child Marriage.
Ans: বাল্যবিবাহে ছোৱালী বা মহিলাৰ জীৱনত বহু সমস্যাৰ সৃষ্টি হয়।তাৰে কিছুমান হ’ল –
বাল্য বিবাহৰ ফলত ছোৱালীয়ে দৈহিক আৰু মানসিক পৰিপক্কতা লাভ নকৰাকৈ যৌন কাৰ্যত লিপ্ত হ’ব লগা হয় আৰু গৰ্ভৱতী হোৱাৰ বাবে প্ৰসূতিজনিত বিভিন্ন সমস্যাত ভুগিব লাগে ।ৰক্তহীনতা,জৰায়ু ,কৰ্কট আদি বিভিন্ন ৰোগত নাৰীয়ে ভুগিব লগাত পৰে।তদুপৰি কম বয়সতে সন্তান জন্ম দিয়াৰ বাবে সন্তানবোৰে নিশকটীয়া আৰু ৰোগীয়া হয়।
বাল্য বিবাহে ছোৱালীৰ আশা,আকাংক্ষা আৰু প্ৰতিভা বিকাশত বাধা প্ৰদান কৰে।বিবাহৰ পাছত গৃহবন্দীৰ দৰে হৈ পৰাত ছোৱালীৰ বিকাশৰ পথ ৰুদ্ধ হৈ পৰে।ছোৱালীৰ আশা-আকাংক্ষা অপুৰণীয় হৈযেই ৰয় আৰু ছোৱালীয়ে নিৰাশা য়া হতাশাত ভোগে।
বাল্য বিবাহৰ ফলত ছোৱালীৰ শিক্ষা-দীক্ষা আৰু কৰ্মসংস্থাপনৰ পৰা বঞ্চিত হয় আৰু তাৰ ফলত সমাজত দৰিদ্ৰতাৰ পৰিমাণো বৃদ্ধি হয়।
বাল্য বিবাহে মহিলাৰ প্রস্থিতি আৰু মৰ্যাদা একেবাৰে নিম্নমানৰ কৰে।কৰ্ম কৰ্তব্য পালনত ব্যৰ্থ হয়।বহুতো ছোৱালী ঘৰুৱা হিংসা, যৌন নিৰ্যাতন আদি সমস্যাৰ সন্মুখীন হয়।
বাল্যবিবাহৰ ফলত সমাজত পৰম্পৰাগত চলি থকা অন্ধবিশ্বাস কু-প্ৰথা আদিৰ ধাৰাবাহিকতা চলি থাকে।
বাল্য বিবাহে লিংগ বৈষম্য বৃদ্ধি কৰে আৰু শ্ৰম বিভাজনৰ ধাৰা অব্যাহত ৰখাত অৰিহণা যোগায়।শ্ৰম বিভাজনৰ ফলত বহু ল’ৰা-ছোৱালীৰ সৃষ্টিশীলতাৰ বিকাশত বাধা হয়।ফলত সমাজৰ উন্নতি আৰু প্রগতিও বাধাপ্ৰাপ্ত হয় ।
শাৰীৰিক অপৰিপক্ক বয়সত ছোৱালীক বিয়া দিয়াৰ ফলত প্ৰসূতিৰ আৰু শিশুৰ মৃত্যুৰ হাৰ বৃদ্ধি হয়।
(d) Causes of Child Marriage.
Ans: বাল্যবিবাহৰ প্ৰচলনৰ মূল কাৰণবোৰ তলত উল্লেখ কৰা হ’ল –
ক) বিদেশী আক্ৰমণ : মধ্যযুগত ভাৰতবৰ্ষত মোগল আক্ৰমণৰ পৰা আৰম্ভ কৰি বহু বিদেশী আক্ৰমণ চলিছিল।আক্ৰমনকাৰীসকলে লগত কম সংখ্যক বা সীমিত সংখ্যকহে মহিলা অনাৰ বাবে ভাৰতীয় মহিলা সকলকে ধৰি বান্ধি লৈ গৈছিল।সাধাৰণতে বিবাহ উপযুক্ত ছোৱালীবোৰক বেছিকৈ নিছিল।সেয়ে বিবাহৰ বয়সৰ পূৰ্বেই বিবাহ দিয়াৰ ব্যৱস্থা আৰম্ভ হৈছিল।কাৰণ বোৱাৰী আৰু মাতৃসকল আক্ৰমনকাৰীৰ পৰা কিছু পৰিমাণে ৰক্ষা পাইছিল।সেয়ে বাল্য কালতে বিবাহ দিয়া প্ৰথাৰ প্ৰচলন হৈছিল।
খ) দৰিদ্ৰতা : বহুতো দৰিদ্ৰ অভিভাৱকে নিজৰ সকলো সন্তানৰ পঢ়া-শুনা, লালন-পালন, ভৰণ-পোষণৰ দায়িত্ব বহন কৰিব নোৱাৰি কন্যা সন্তানক নাবালিকা বা বাল্য কালতে বিয়া দি দিয়ে।
গ) নিৰক্ষৰতা : কৃষিপ্ৰধান ভাৰতবৰ্ষত নিৰক্ষৰ পিতৃ- মাতৃয়ে জ্ঞানৰ অভাৱত বাল্যবিবাহৰ অপকাৰীতাৰ বিষয়ে নাজানি মাত্ৰ নিজৰ আৰু পৰিয়ালৰ বোজা কমিবৰ বাবে ছোৱালীক সোনকালে বিয়া দি দিয়ে।আকৌ বহুতো ল’ৰাৰ ঘৰত কৃষিকাৰ্যত সহায় হ’বৰ বাবে বয়সৰ উপযুক্ততাৰ কথা নভবাকৈ একোজনী ছোৱালী এজনীৰ পাতি লৈ আহে।এইবোৰ কাৰণতো বাল্যবিবাহৰ প্ৰচলন আছে।
ঘ) নাৰীৰ নিম্ন প্রস্হিতি : ভাৰতীয় সমাজ পিতৃপ্ৰধান।ভাৰতীয় সমাজত মহিলাক পুৰুষে নিয়ন্ত্ৰন কৰে।গতিকে ছোৱালীয়ে পিতৃ আৰু জ্যেষ্ঠ ভাতৃৰ নিৰ্দেশ পালন কৰিব লাগে।বহুতো পিতৃয়ে সোনকালে কন্যাৰ বিয়া দি আজৰি হ’ব লগাৰ ধাৰণা থকাৰ বাবে বাল্যকালতে ছোৱালীক বিয়া দি দিয়ে।
ঙ) অন্তবিবাহী : ভাৰতীয় সমাজত জাতি বা জনগোষ্ঠীয় অন্তবিবাহৰ বহুল প্ৰচলন আছে।ছোৱালী ডাঙৰ হ’লে অন্তবিবাহৰ নিয়ম নামানি বেলেগৰ লগত বিয়া হ’লে পৰিয়ালে সমাজৰ নিন্দনীয় হোৱাৰ ভয়ত সৰুতেই নিজৰ জাতি,সম্প্ৰদায় বা জনগোষ্ঠীৰ ভিতৰতে বিয়া দি দিয়ে।
চ) যুটীয়া পৰিয়াল ব্যৱস্থা : ভাৰতীয় সমাজত যুটীয়া পৰিয়াল ব্যৱস্থা এক আদৰ্শগত ব্যৱস্থা হিচাপে পৰম্পৰাগত ভাৱে চলি আহিছে।যুটীয়া পৰিয়ালত সদস্যৰ সংখ্যা বেছি।গতিকে পৰিয়ালৰ সদস্য কম কৰি ৰাখিবলৈ সৰুতে ছোৱালীবোৰক বিয়া দিয়া হৈছিল।কাৰণ কন্যাসকল পৰিয়ালৰ বাবে বোজাস্বৰূপ আছিল।অৱশ্যে আজিকালি ভাৰতীয় সমাজত যুটীয়া পৰিয়ালৰ সংখ্যা কমিছে।
এইবোৰৰ উপৰিও সামাজিক ৰীতি-নীতি,পৰম্পৰা, অন্ধবিশ্বাস আদিৰ বাবে ভাৰতীয় সমাজৰ বহু সম্প্ৰদায়ৰ মাজত আজিও বাল্যবিবাহৰ দৰে কু-প্ৰথা চলিয়েই আছে।ফলত বহুত মহিলাৰ মৰ্যাদা হানি হোৱা, স্বচ্ছজনীত সমস্যা, মানসিক সমস্যা আদি বিভিন্ন সমস্যাৰ উদ্ভৱ হৈছে।
(e) Ways for control of child marriage.
Ans: আইন প্ৰণয়ন হ’লেও বাল্যবিবাহ সম্পূৰ্ণৰূপে ৰোধ হোৱা নাই।বহুতো কাৰণত বাল্যবিবাহৰ প্ৰচলন হৈয়েই আছে। দূৰদৰ্শন, বাতৰিকাকত, আদিত পোৱা বাল্যবিবাহৰ খবৰৰ সংখ্যা বৰ কম নহয়।তথাপি বাল্যবিবাহ ৰোধ কৰাৰ বাবে তলৰ ব্যৱস্থাসমূহ গ্ৰহণ কৰিব পাৰি। –
কন্যা সন্তানক উপযুক্ত শিক্ষাৰে শিক্ষিত কৰি তুলিব লাগে যাতে ছোৱালীবোৰে বাল্যবিবাহৰ প্ৰতিবাদ কৰিব পাৰে।
বাল্যবিবাহৰ অসুবিধা আৰু অপকাৰিতাৰ বিষয়ে জনসজাগতাৰ সৃষ্টি কৰিব লাগে।মহিলাসকলক বেছি সজাগ কৰি তুলিব লাগে যাতে তেওঁলোকে অৱক্যবদ্ধভাৱে বাল্যবিবাহৰ বিৰোধিতা কৰে।
বাল্যবিবাহৰ ক্ষেত্ৰত উদ্ভৱ হোৱা বিশেষকৈ ছোৱালীৰ ক্ষেত্ৰত উদ্ভৱ হোৱা সম্ভাৱ্য সকলো সমস্যাৰ বিষয়ে সজাগতা সৃষ্টিৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে।
অভিভাৱক সকলৰ বাবে সাক্ষৰতাৰ কাৰ্যসূচী আৰু সচেতনতাৰ বৃদ্ধি কৰিব লাগে যাতে তেওঁলোকে বাল্যবিবাহৰ সমস্যাবোৰ ভালদৰে বুজিব পাৰে।
চৰকাৰী আৰু বে-চৰকাৰী সংস্থা সমূহে বাল্যবিবাহ নিষিদ্ধ আইনৰ সফল কাৰ্যকৰীকৰণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব লাগে।
সমাজত প্ৰচলিত ক্ষতিকাৰক পৰম্পৰাসমূহ সলনি কৰি নতুন ৰূপত সমূহীয়া আৰু উন্নয়নমূলক কৰ্মসূচী ৰূপায়ণ কৰিব লাগে।বাল্যবিবাহ বিৰোধী অভিযান গঢ়ি তুলিব লাগে।
মহিলা বা নাৰীক বোজা বুলি ভবাৰ মানসিকতাৰ সলনি কৰি মহিলাকো সম্পদ বুলি ভাবিব লাগে।মহিলাকো নিজকে প্ৰতিষ্ঠিত কৰিব পৰা সুবিধা প্ৰদান কৰিব লাগে।কম বয়সীয়া মহিলা, বিশেষকৈ ছাত্ৰীলৈ (১৮ বছৰৰ তলৰ) অধিক সুবিধা প্ৰদানৰ ব্যৱস্থা কৰিব লাগে।তেওঁলোকৰ বাবে পৰিয়ালত খৰচৰ বোজা বাঢ়িব নালাগে।
বাল্যবিবাহ নিষিদ্ধ আইন ভয়ংকাৰীৰ কঠোৰ শাস্তিবিধানৰ ব্যৱস্থা কৰিব লাগে।আইন ভংগীকাৰীৰ প্ৰতি চৰকাৰে কোঠাৰ হ’ব লাগে।
এতিয়াও বাল্যবিবাহৰ অধিক প্ৰচলন থকা ৰাজ্য গুজৰাট,ৰাজস্থান, উত্তৰ -প্ৰদেশ,মহাৰাষ্ট্ৰ, কৰ্ণাটক আৰু হিমাচল প্ৰদেশত চৰকাৰ আৰু সংস্কাৰকামী সংগঠন সমূহে বেছি গুৰুত্ব প্ৰদান কৰিব লাগে।
প্ৰচাৰ মাধ্যম সমূহে বাল্যবিবাহৰ অপকাৰীতাৰ বিষয়ে বহুল প্ৰচাৰ কৰিব লাগে আৰু বাল্যবিবাহৰ সমৰ্থনকাৰীৰ শাস্তি হোৱাৰ বিষয়ে সজোৰে প্ৰচাৰ কৰিব লাগে।
Q.1. In What ways the family can be considered as an institution of Women’s Oppression.
Ans: পৰিয়াল হৈছে সামাজিক অনুষ্ঠানসমূহৰ ভিতৰত অন্যতম গুৰুত্বপূৰ্ণ, ই সমাজৰ এক মৌলিক উপাদান।কেট মিলেটৰ মতে,পৰিয়াল হৈছে পিতৃতান্ত্ৰিকতাৰ প্ৰধান অনুষ্ঠান, সমাজৰ ক্ষমতাৰ সংৰচনাৰ ই মূল অংশস্বৰূপ, কিন্তু ‘পৰিয়াল’ বোলা এই ব্যৱস্থাটোৱেই সম্ভৱ আটাইতকৈ বেছি পিতৃতান্ত্ৰিক বা পিতৃপ্ৰধান চৰিত্ৰৰ।এজন পুৰুষ পৰিয়ালটোৰ বা ঘৰখনৰ মুৰব্বী হিচাপে বিবেচনা কৰা হয়।পৰিয়ালৰ ভিতৰত তেওঁ মহিলাসকলক যৌন জীৱন, শ্ৰম বা উৎপাদন, পুনঃউৎপাদন আৰু গতিশীলতাক নিয়ন্ত্ৰণ কৰে।পৰিয়ালত এক অধিক্ৰমিক পদ্ধতি বিৰাজমান, য’ত পুৰুষজন জ্যেষ্ঠ আৰু আধিপত্যৰ অধিকাৰী ,মহিলাসকলৰ সদায় বহতীয়া আৰু নিয়ন্ত্ৰিত।
নাৰীবাদীসকলৰ মতে,মহিলাসকলক তলত উল্লেখ কৰা নানান ক্ষেত্ৰসমূহত পৰিয়ালৰ ভিতৰত বিভিন্ন শোষণ ,নিৰ্যাতন আৰু বঞ্চনাৰ সন্মুখীন হোৱা পৰিলক্ষিত হয়।তলত ইবিলাক বহুলভাৱে আলোচনা কৰা হয় –
(১) মহিলাৰ উৎপাদন বা শ্ৰম শক্তি : পুৰুষে মহিলাৰ উৎপাদন ক্ষমতাৰ ঘৰৰ ভিতৰত আৰু বাহিৰত বেতনযোগ্য কাম উভয় ক্ষেত্ৰত শোষণ আৰু নিয়ন্ত্ৰণ চলায়।ঘৰুৱা জীৱনত মহিলাই ওৰেটো জীৱন তেওঁলোকৰ ল’ৰা-ছোৱালী,স্বামী আৰু পৰিয়ালৰ অন্যান্য সদস্যসকলৰ বাবে সকলো ধৰণৰ সেৱা উৎপাদনৰ পথ বুলি কৈছে।মহিলাৰ শ্ৰমক তেওঁলোকৰ পৰিয়ালৰ স্বামী আৰু অন্যসকলৰ দ্বাৰা হস্তক্ষেপ কৰা হয়, যিসকলে একেলগে বাস কৰে।
(২) মহিলাৰ পুনঃউৎপাদন কার্য বা ক্ষমতাৰ ওপৰত নিয়ন্ত্ৰণ : সময়ৰ বিভিন্ন স্তৰত দেখা গৈছে যে পুৰুষে মহিলাৰ পুনঃউৎপাদন ক্ষমতাক নিয়ন্ত্ৰণ কৰে।বহুতো সমাজত তেওঁলোকে গৰ্ভনিৰোধক ব্যৱহাৰ কৰিব নে নকৰে নাইবা গৰ্ভধাৰণ বন্ধ কৰিব নে নকৰে ইত্যাদিবোৰ সিদ্ধান্ত গ্ৰহণ কৰাত মহিলাসকলৰ কোনো স্বাধীনতা নাথাকে।ব্যক্তিগত জীৱনৰ নিয়ন্ত্ৰণৰ বাহিৰেও পুৰুষ সকলো নানান অনুষ্ঠান যেনে – গীৰ্জা বা ৰাষ্ট্ৰ (ধৰ্ম আৰু ৰাজনীতি) আদিতো নিয়ন্ত্ৰণ অথবা আধিপত্য চলায় আৰু মহিলাৰ পুনঃউৎপাদন ক্ষমতাৰ বিষয়তো নীতি-নিয়ম আদি নিৰ্ধাৰণ কৰে।এইবোৰক আনুষ্ঠানিক নিয়ন্ত্ৰণ বুলিব পাৰি।উদাহৰণস্বৰূপে কেথলিক গীৰ্জাসমূহত পুৰুষ অধিক্ৰমিক কৰ্তৃত্বই সিদ্ধান্ত গ্ৰহণ কৰে।মহিলাই সন্তান কেতিয়া আৰু কিমানসংখ্যক সন্তান বিচাৰে বা পছন্দ কৰে সেইবোৰৰ ক্ষেত্ৰত স্বাধীনতা পোৱাৰ বাবে অৱধাৰিতভাৱে মহিলাসকলৰ দ্বাৰা যি সংগ্ৰাম চলি আছে তাৰ পৰাই বাস্তৱিকতে বিশ্বৰ প্ৰত্যেকখন ৰাষ্ট্ৰতেই এই পুৰুষকেন্দ্ৰিক নিয়ন্ত্ৰণ কিমান শক্তিশালী তাৰেই ইংগিত বহন কৰে।
আধুনিক কালত পিতৃতান্ত্ৰিক ৰাষ্ট্ৰই ইয়াৰ পৰিয়াল পৰিকল্পনা আঁচনিৰ জৰিয়তে মহিলাৰ পুনঃউৎপাদনী ক্ষমতাক নিয়ন্ত্ৰণ কৰে।ৰাষ্ট্ৰযন্ত্ৰই দেশৰ সন্তোষজনক জনসংখ্যাৰ আকাৰ নিৰ্ধাৰণ কৰে আৰু ফলস্বৰূপে সক্রিভাৱে মহিলাসকলক ল’ৰা-ছোৱালী জন্ম দিয়াৰ বাবে উৎসাহিত বা নিৰুৎসাহিত কৰে।ভাৰতবৰ্ষত কঠোৰভাৱে পৰিয়ালৰ আকাৰ সীমিত কৰাৰ বাবে এক আক্ৰমনাত্মক জন্ম নিয়ন্ত্ৰণ আঁচনি আছে। মালয়েছিয়াত দেশৰ ঔদ্যোগিক উৎপাদনৰ কাৰণে এক সন্তোষজনক পৰিধিৰ ঘৰুৱা বজাৰ নিশ্চিতকৰণৰ বাবে মহিলাসকলক অধিক সন্তান জন্ম দিয়াৰ বাবে উদ্গনি দিয়া হয়।ইউৰোপত মহিলাসকলক অধিক সন্তান জন্ম দিয়াৰ বাবে বিভিন্ন উত্তেজনাৰ সৃষ্টি কৰি প্ৰলোভিত কৰা হয়।তেওঁলোকক সম্পূৰ্ণ প্ৰাপ্য আদায় দিয়া হয় আৰু অংশকালীন চাকৰিয়ালৰ কাৰণে বহু দীঘলীয়া মাতৃত্বৰ ছুটি সন্তান পালনৰ সুবিধা আদি প্ৰদান কৰা হয়।আনহাতে আন কিছুমান দেশত আকৌ পুৰুষৰ পিতৃত্বৰ ছুটি আদিৰো নিয়ম আছে।
পিতৃতান্ত্ৰিকতাই মহিলাসকলক অকল মাতৃ হ’বলৈ হেঁচা দিয়ে এনে নহয় – ই তেওঁলোকৰ মাতৃত্বৰ স্বত্বাৱলী নিৰ্ধাৰণ কৰে।মাতৃত্বৰ এই ধাৰণাক মহিলা নিৰ্যাতনৰ এক ভিত্তি বুলি বিবেচনা কৰা হয়, কাৰণ এইটোৱে পুংলিংগ আৰু স্ত্ৰীলিংগ চৰিত্ৰৰ শ্ৰেণীৰ সৃষ্টি কৰে – যিয়েই পিতৃতান্ত্ৰিকতাক স্থায়ী কৰে।এইটোৱে ৰাজহুৱা আৰু ব্যক্তিগত জীৱনৰ মাজৰ প্ৰভেদক শক্তিশালী ৰূপত প্ৰতিষ্ঠিত কৰে।ই মহিলাৰ গতি আৰু বিকাশৰ ধাৰাক সীমিত কৰে আৰু পুৰুষক আধিপত্যক পুনঃস্থাপন কৰে।
(৩) মহিলাৰ যৌনতাৰ ওপৰত নিয়ন্ত্ৰণ : এইটো মহিলাৰ ওপৰত নিৰ্যাতন চলোৱা অন্য এটা গুৰুত্বপূৰ্ণ বিষয়। মহিলাসকলে তেওঁলোকৰ যৌন সম্ভোগৰ ক্ষেত্ৰত নিজা নিজা পুৰুষসলকৰ প্ৰয়োজন আৰু ইচ্ছা অনুযায়ী যৌন সেৱা আগবঢ়াবলৈ বাধ্য থাকে।প্ৰত্যেক সমাজতে বিবাহৰ বাহিৰত মহিলাৰ যৌনতা প্ৰদৰ্শনত বাধা দিয়াৰ বাবে সম্পূৰ্ণ নৈতিক আৰু বিধিগত শাসন ব্যৱস্থাৰ প্ৰচলন আছে।অন্যহাতে প্ৰচলিত ধাৰা অনুযায়ী পুৰুষৰ অবাধ যৌন সম্বন্ধৰ ক্ষেত্ৰত এক অন্ধতা প্ৰদৰ্শন কৰা হৈছে।অন্য এটা মীৰত পুৰুষসকলে তেওঁলোকৰ ঘৈণীয়েক,জীয়েক বা অন্য মহিলাসকলক যৌন সম্পৰ্কৰ ক্ষেত্ৰত তেওঁলোকক নিয়ন্ত্ৰণলৈ আনিব পাৰে। মহিলাৰ যৌনতাৰ ওপৰত নিয়ন্ত্ৰণ চলোৱাৰ বাবে তেওঁলোকৰ কাপোৰ, আচৰণ আৰু ছাল-চলন আদিত সাৱধানেৰে পৰিয়াল,সামাজিক, সাংস্কৃতিক, ধৰ্মীয় আচৰণ বিধিৰ জৰিয়তে নিয়ন্ত্ৰণ কৰা হয়।
(৪) মহিলাৰ গতিশীলতাৰ ওপৰত নিয়ন্ত্ৰন : মহিলাৰ যৌনতা,উৎপাদন, পুনঃউৎপাদনী শক্তিক নিয়ন্ত্ৰণ কৰাৰ বাবে পুৰুষে মহিলাৰ গতিশীলতাক নিয়ন্ত্ৰণ কৰাৰ আৱশ্যক হয়।প্ৰথাৰ বলবৎকৰণ,ঘৰুৱা ঠাই এৰাৰ ক্ষেত্ৰত সীমাবদ্ধতা আৰোপকৰণ (পৰিয়াল) ব্যক্তিগত আৰু ৰাজহুৱাৰ (সামাজিক) মাজত বিভাজন,দুই বিপৰীত লিংগৰ মাজত বাৰ্তালাপৰ ক্ষেত্ৰত সীমাবদ্ধতা আদি সকলোবোৰেই মহিলাৰ গতিশীলতা আৰু স্বাধীনতাৰ ওপৰত এনেদৰে নিয়ন্ত্ৰণ আৰোপ কৰে যে এইবোৰ তেওঁলোকৰ বাবেহে ।আন কথাত এইবোৰ স্ত্ৰীলিংগ বিশেষৰহে ; কাৰণ পুৰুষসকল তেনে দমন বা নিয়ন্ত্ৰণৰ অধীন নহয়।
(৫)সম্পত্তি আৰু অন্যান্য অৰ্থনৈতিক উৎসসমূহ : সচৰাচৰ দেখা যায় যে পৰিয়ালৰ প্ৰায়ভাগ সম্পত্তি আৰু উৎপাদনী উৎসসমূহ পুৰুষৰ দ্বাৰা নিয়ন্ত্ৰিত হয় আৰু এইবিলাক এজন পুৰুষৰ পৰা আন এজন পুৰুষলৈ অতিক্ৰম কৰে।আন কথাত সচৰাচৰ দেউতাকৰ পৰা পুত্ৰলৈ যায়।আনকি য’ত মহিলাসকলৰ তেনেবোৰ সম্পদৰাজিৰ বিধিগত অধিকাৰ থাকে, তাতো সমগ্ৰ শৃংখলিত প্ৰথাগত নিয়ম,আৱেগিক তথা মানসিক হেঁচা সামাজিক অনুমোদন আৰু কিছু কিছু সময়ত নীৰৱ সংগ্ৰাম আদিয়ে তেওঁলোকক প্ৰকৃত নিয়ন্ত্ৰণৰ অধিকাৰসমূহ বৃদ্ধি কৰাৰ পৰিবৰ্তে হ্রাসহে কৰে।সকলো ক্ষেত্ৰতে তেওঁলোকে পিচপৰা অৱস্থাতে থাকে।
Q.2. Discuss about various patriarchal institutions of Women’s deprivation.
Ans: সাধাৰণতে নিম্নোক্ত মাধ্যমসমূহৰ ক্ষেত্ৰসমূহত পিতৃতান্ত্ৰিকতাৰ অধীনত পুৰুষৰ দ্বাৰা নাৰীসকল নিয়ন্ত্ৰিত হ’ব পাৰে –
(১) নাৰীৰ উৎপাদন বা শ্ৰম ক্ষমতা : সাধাৰণতে নাৰীৰ উৎপাদন ক্ষমতাক ঘৰৰ ভিতৰত আৰু বাহিৰতো বেতনভোগী কাম উভয় ক্ষেত্ৰতে পুৰুষে নিয়ন্ত্ৰণ চলায়।ঘৰৰ ভিতৰত প্ৰতিগৰাকী নাৰীকে গোটেই জীৱন তেওঁলোকৰ ল’ৰা-ছোৱালী, স্বামী আৰু পৰিয়ালৰ অন্যান্য সদস্যসকলৰ কাৰণে সকলো ধৰণৰ সেৱা বিনা পাৰিশ্ৰমিকেৰে আগবঢ়াই আহিছে যাক চিলভিয়া ওৱালবিয়ে “পিতৃতান্ত্ৰিকতা উৎপাদনৰ বেহা বা পথ বুলি অভিহিত কৰিছে।মহিলাসকলৰ শ্ৰমতে তেওঁলোকৰ লগত একেলগে বসবাস কৰা স্বামী আৰু অন্যান্যসকলৰ দ্বাৰা হস্তক্ষেপ কৰা হয়।এইক্ষেত্ৰত চিলভিয়া ওৱালবিয়ে তাৎপৰ্যপূৰ্ণভাৱে মন্তব্য আগবঢ়াই কৈছে যে – গৃহিনীসকল হৈছে উৎপাদক শ্ৰেণীৰ, ইয়াৰ পৰিবৰ্তে স্বামীসকল আৰু হস্তক্ষেপ নিয়ন্ত্ৰণকাৰী শ্ৰেণী।মহিলাসকলৰ হাড়ভঙা অন্তহীন আৰু বাৰে বাৰে কৰা থকা পাৰিশ্ৰমক শ্ৰম হিচাপে সমূলাংশে শ্ৰম বুলি গণ্য কৰা নহয় আৰু পত্নীসকলক তেওঁলোকৰ স্বামীসকলৰ ওপৰত নিৰ্ভৰশীল হৈ জীৱন অতিবাহিত কৰা পৰিলক্ষিত হয়।
(২) মহিলাৰ পুনঃউৎপাদন ক্ষমতা : সমাজৰ বিভিন্ন স্তৰত মহিলাসকলৰ পুনঃউৎপাদনী ক্ষমতাক পুৰুষসকলে নিয়ন্ত্ৰণ কৰা দেখা পোৱা যায়।এনে বহু সমাজ আছে য’ত তেওঁলোকে কিমানজন সন্তান জন্ম দিব, কেতিয়া জন্ম দিব, তেওঁলোকে গৰ্ভনিৰোধক ব্যৱহাৰ কৰিব নে নকৰে বা গৰ্ভধাৰণ বন্ধ কৰিব নে নকৰে এই সকলো বিলাক সিদ্ধান্ত গ্ৰহণ কৰাৰ ক্ষেত্ৰত নাৰীসকলৰ কোনো ভূমিকা নাথাকে।নাৰীসকলৰ ওপৰত পুৰুষৰ ব্যক্তিগত জীৱনৰ নিয়ন্ত্ৰণৰ বাহিৰেও পুৰুষৰ দ্বাৰা নিয়ন্ত্ৰিত পুৰুষৰ দ্বাৰা নিয়ন্ত্ৰিত আৰু গীৰ্জা আৰু ৰাষ্ট্ৰৰ দৰে অনুষ্ঠানসমূহও নাৰীৰ পুনঃউৎপাদন ক্ষমতাৰ বিষয়ত নীতি-নিয়ম আদি নিৰ্ধাৰণ কৰি দিয়ে।ইয়াক আনুষ্ঠানিক নিয়ম বুলিব পাৰি।উদাহৰণস্বৰূপে,কেথলিক গীৰ্জাসমূহত পুৰুষ পদানুক্ৰম নেতৃত্ব (ফাদাৰ) ই পুৰুষ আৰু মহিলাই জন্ম নিয়ন্ত্ৰণ পদ্ধতি প্ৰয়োগ কৰিব পাৰে নে নোৱাৰে, কোনটো পদ্ধতি সুবিধাজনক, মহিলাই অবাঞ্চিত সন্তানৰ গৰ্ভধাৰণ বা ভ্ৰূণ হত্যা কৰিব পাৰিবনে নোৱাৰে ইত্যাদি ক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণ কৰা পৰিলক্ষিত হয়।মহিলাই কেতিয়া আৰু কিমান সংখ্যক সন্তান প্ৰসৱ কৰিব বিচাৰে সেইবিলাক ক্ষেত্ৰত স্বাধীনতা উপভোগৰ বাবে সমগ্ৰ বিশ্বব্যাপি মহিলাসকলে অৱধাৰিতভাৱে যি সংগ্ৰাম চলাই আহিছে তাৰ পৰাই বিশ্বৰ প্ৰতিখন ৰাষ্ট্ৰত পুৰুষকেন্দ্ৰিক নিয়ন্ত্ৰণ আৰু আধিপত্য যে অধিক শক্তিশালী সেয়া স্পষ্টৰূপে প্ৰতিফলিত হয়।
(৩) মহিলাৰ গতিশীলতা (Women Mobility) : মহিলাৰ যৌনতা,উৎপাদন,পুনঃউৎপাদনী ক্ষমতাক নিয়ন্ত্ৰণ কৰাৰ কাৰণে পুৰুষে মহিলাসকলৰ গতিশীলতাক নিয়ন্ত্ৰণ কৰাৰ প্ৰয়োজনীয়তা অনুধাৱন কৰা পৰিলক্ষিত হয়।পৰ্দাৰ আৰোপকৰণ ঘৰুৱা স্থান ত্যাগ কৰাৰ ক্ষেত্ৰত নাৰীসকলৰ ওপৰত সীমাবদ্ধতা আৰোপ,ব্যক্তিগত আৰু ৰাজহুৱা জীৱনৰ মাজত দৃঢ় বিচ্ছিনকৰণ, লিংগৰ মাজত বাৰ্তালাপৰ ক্ষেত্ৰত সীমাবদ্ধতা আদি সকলোবিলাকেই মহিলাসকলৰ গতিশীলতা আৰু স্বাধীনতাৰ ওপৰত নিয়ন্ত্ৰণ আৰোপ কৰে অনেধৰণে যে আৰোপিত নিয়ন্ত্ৰণসমূহ মহিলাসকলৰ বাবেহে অৰ্থাৎ লিংগ বিশেষৰহে কাৰণ পুৰুষসকল এনেধৰণৰ দমন বা নিয়ন্ত্ৰণৰ অধীন হোৱা পৰিলক্ষিত নহয়।
(৫) সম্পত্তি আৰু অন্যান্য অৰ্থনৈতিক উৎস (Property and other Economic Source):
পৰিয়ালৰ অধিকাংশ সম্পত্তি আৰু অন্যান্য উৎপাদনী সমস্যাসমূহ পুৰুষৰ দ্বাৰা নিয়ন্ত্ৰিত হয় আৰু এইবিলাক পুৰুষানুক্ৰমে এক প্ৰজন্মৰ পৰা আন এক প্ৰজন্মলৈ অতিক্ৰম কৰে অৰ্থাৎ পিতৃৰ পৰা পুত্ৰলৈ যায়।এয়েই নহয় আনকি য’ত মহিলাসকলৰ এনেধৰণৰ সমল আৰু উৎপাদনী সমল প্ৰাপ্তিৰ আইনগত অধিকাৰ থাকে তেনেক্ষেত্রতো সমগ্র শৃংখলিত প্ৰথাগত অভ্যাস, আৱেগিক তথা সামাজিক চাপ, সামাজিক অনুমোদন আৰু কেতিয়াবা কেতিয়াবা নীৰৱ সংগ্ৰাম ইত্যাদিয়ে মহিলাসকলক তেওঁলোকৰ প্ৰকৃত নিয়ন্ত্ৰণ অধিকাৰ উপভোগৰ ক্ষেত্ৰত উৎসাহিত কৰাৰ পৰিবৰ্তে অধিকাৰসমূহ হ্ৰাস কৰাহে পৰিলক্ষিত হয়।এনেদৰে মহিলাসকল সৰ্বত্ৰ অৱহেলিত হৈ ৰয়।ৰাষ্ট্ৰসংঘৰ পৰিসংখ্যাত আগবঢ়োৱা এক ব্যাখ্যাৰ পৰা এইটো স্পষ্ট হয় যে বিশ্বত প্ৰতিঘণ্টাত সম্পাদিত হোৱা কাৰ্যৰ ৬০% তকৈও অধিক কার্য মহিলাসকলে সম্পন্ন কৰে কিন্তু বিশ্বৰ আয়ৰ ১০% হে মহিলাসকলে লাভ কৰে আৰু বিশ্বৰ মুঠ সম্পদ ৰাজিৰ ১% মাত্ৰ মহিলাসকলে আহৰণ কৰে।