Sociology of Gender Unit 1 লিংভিত্তিক সমাজতত্ব

Sociology of Gender Unit 1 লিংভিত্তিক সমাজতত্ব Notes, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Sociology of Gender Unit 1 লিংভিত্তিক সমাজতত্ব to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Sociology of Gender Unit 1 লিংভিত্তিক সমাজতত্ব Question Answer can be of great value to excel in the examination.

Sociology of Gender Unit 1 লিংভিত্তিক সমাজতত্ব

Join Telegram channel

Sociology of Gender Unit 1 লিংভিত্তিক সমাজতত্ব Notes cover all the exercise questions in UGC Syllabus. The Sociology of Gender Unit 1 লিংভিত্তিক সমাজতত্ব provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

Gendering Sociology

SOCIOLOGY

SOCIOLOGY OF GENDER

লিংগৰ সমাজতত্ত্ব

Essay type Questions

1. Write about the Development of patriarchy through human civilization.

Ans: মানৱ সভ্যতা বিকাশৰ বিভিন্ন স্তৰৰ মাজত পুৰুষ আৰু নাৰীৰ কৰ্মৰ পৰিচয় ফুটি উঠে।এই স্তৰবোৰে এনে ধৰণেৰে বিকশিত কৰিছে যে যাৰ দ্বাৰা কেৱল এনে ব্যৱস্থাৰ সৃষ্টি হৈছে যিটোৱে নেকি নাৰীৰ স্থান পুৰুষতকৈ অৱনমিত কৰি তুলিছে।ফ্ৰেডৰিক এঞ্জেলছে তেওঁৰ “পৰিয়াল, ব্যক্তিগত সম্পত্তি আৰু ৰাষ্ট্ৰৰ উৎপত্তি “শীৰ্ষক গ্ৰন্থখনত স্পষ্টভাৱে উল্লেখ কৰিছে যে সভ্যতাৰ বিকাশৰ প্ৰত্যেকটো স্তৰত পুৰুষে কঠিন কামসমূহ যেনে – চিকাৰ কৰা ,খাদ্য সংগ্ৰহ কৰা, পৰিয়ালৰ সুৰক্ষা, যুদ্ধ কৰা আদি কামসমূহ সম্পাদন কৰাৰ বিপৰীত নাৰীয়ে সন্তান জন্ম দিয়া,পালন কৰা, ঘৰুৱা কাম-কাজ চোৱা:চিতা কৰা কামসমূহ সম্পাদন কৰিছিল।এই কামবোৰৰ জৰিয়তে পুৰুষৰ স্থান আৰু মহিলাৰ স্থান সুকীয়াকৈ চিহ্নিত হ’বলৈ ধৰিলে।পুৰুষে কঠিন কামৰ বোজা লৈ লাহে লাহে কৰ্তৃত্বশীল মনোভাবেৰে চলিবলৈ ধৰিছিল আৰু ইয়েই লাহে লাহে পিতৃতান্ত্ৰিকতা ব্যৱস্থাৰ জন্মৰ ক্ষেত্ৰত অৰিহণা যোগায়।সভ্যতাৰ এই স্তৰটি প্ৰথম স্তৰ য’ত কৰ্তৃত্বশীল মনোভাবৰ প্ৰথম আৰম্ভণি হয়। পিতৃতান্ত্ৰিকতাৰ বিকাশৰ দ্বিতীয়টো স্তৰ ব্যক্তিগত সম্পত্তি আহৰণ ব্যৱস্থাৰ বাবে পথ প্ৰশস্ত হোৱাৰ লগে লগে আৰম্ভ হয়।পুৰুষে কামৰ বেজাৰ লগতে যেতিয়া গধুৰ কামবিলাক কৰিবলৈ লৈছিল লাহে লাহে ব্যক্তিগত আহৰণখিনি সঞ্চয় কৰাৰ মনোভাৱ জাগিছিল আৰু ইয়ে সন্মতি, সংগ্ৰহ আৰু ৰক্ষণাবেক্ষণ প্ৰতি তেওঁলোকৰ উৎসাহ বৃদ্ধি কৰে।

তৃতীয় স্তৰত মাতৃতান্ত্ৰিক ব্যৱস্থাৰ প্ৰচলন হৈছিল।পুৰুষৰ কৰ্তব্য বজাই ৰাখিবৰ বাবেই এই ব্যৱস্থাৰ পৰিৱৰ্তন কৰিবলৈ গোত্ৰ ব্যৱস্থাৰ পৰিৱৰ্তন আনে।এই পৰিৱৰ্তনৰ জৰিয়তে সম্পত্তিৰ উত্তৰাধিকাৰী ব্যৱস্থা কৰা হ’ল।উত্তৰাধিকাৰী ব্যৱস্থাৰ জৰিয়তে পুৰুষে আৰ্জিত ক্ষমতা আৰু কৰ্তব্য পুত্ৰলৈ হস্তান্তৰ কৰাৰ প্ৰথা আৰম্ভ কৰিলে।এইদৰে ক্ৰমান্বয়ে মহিলাৰ স্থান অবদমিত হোৱাৰ পথ প্ৰশস্ত হ’ল।

পিতৃতান্ত্ৰিকতাৰ প্ৰচলন অব্যাহত ৰখাৰ ক্ষেত্ৰত মহিলাসকলে সমৰ্থন জনোৱা পৰিলক্ষিত হয়।এনে বহু জটিল সমস্যা থকা কাৰক আছে যিবিলাকৰ পৰিপ্ৰেক্ষিতত মহিলাসকল প্ৰত্যক্ষভাৱেই হওক বা পৰোক্ষভাৱেই হওঁক পুৰুষতন্ত্ৰবাদক অক্ষুন্ন ৰখাত অৰিহণা যোগাইছে।তলত তাৰে কেইটামান উল্লেখ কৰা হ’ল-

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

(ক) নাৰীৰ মানসিকতা বৰ্তমানেও পুৰুষৰ ওপৰত নিৰ্ভৰশীল।বিশেষকৈ দৈহিক প্ৰয়োজনীয়তাৰ খাতিৰত কাৰণত তেওঁলোকে আত্মৰক্ষাৰ বাবে পুৰুষৰ সহায় বিচাৰে।

(খ) মাতৃ হিচাপে নাৰীয়ে সন্তান প্ৰসৱ কৰাৰ পিছত সন্তানটিৰ লগত এনেদৰে থাকি ভাল পায় যে বাকী সকলোকে ত্যাগ কৰি হ’লেও তেওঁলোকে ঘৰতে সন্তানটিক নিজে যত্ন লোৱাৰ বাবে আগ্ৰহী হৈ পৰে।

(গ) মহিলাসকল অন্য এগৰাকী মহিলাৰ সৈতে একগোট হৈ তেওঁলোকৰ হিতৰ কাৰণে কাম কৰাৰ নিদৰ্শন পুৰুষৰ তুলনাত নিচেই কম।যদিওবা কেতিয়াবা কৰা দেখা যায় তথাপি সেয়া চিৰস্থায়ী নহয়।

(ঘ) মহিলাসকলে তেওঁলোকৰ ঐতিহাসিক বুৰঞ্জীবিলাকৰ বিষয়ে সচেতন নহয়।পৰম্পৰাগত মূল্যবোধ ৰাজিত প্ৰতি বিশ্বাস আৰু ইয়াৰ লগত মানসিক আৰু অভ্যাসগতভাৱে মহিলাসকল জড়িত হৈ পৰে।

(ঙ) মহিলাসকলে বৰ্তমানেও শিক্ষা, অৰ্থনৈতিক অৱস্থা, ৰাজনৈতিক ক্ষমতা দখলৰ ক্ষেত্ৰত পুৰুষৰ সমতুল্য হ’ব পৰা নাই।

2. Define Patriarchy .Discuss about various patriarchal institutions of Women’s deprivation.

Ans : পিতৃতান্ত্ৰিকতাৰ সংজ্ঞা বিভিন্নজনে বিভিন্ন ধৰণে আগবঢ়াইছে- 

জুলিয়েট মিট্ ছেল নামৰ এগৰাকী নাৰীবাদী মন:স্তত্ববিদে পিতৃতান্ত্ৰিকতাৰ সংজ্ঞা আগবঢ়াই কৈছে যে “পিতৃতান্ত্ৰিকতাৰ ধাৰণাটো হৈছে বংশানুক্ৰমিক পদ্ধতি য’ত পিতৃয়ে এনেবিলাক পদ্ধতি প্ৰয়োগ কৰে”।

চিলভিয়া ওৱালবিয়ে তেওঁৰ ‘Theorising Patriarchy ‘শীৰ্ষক গ্ৰন্থখনত পিতৃতান্ত্ৰিকতাৰ সংজ্ঞা আগবঢ়াইছে এনেদৰে- “Patriarchy is a system of social structure and practice in which men dominate , oppress and exploit women ” অৰ্থাৎ পিতৃতান্ত্ৰিকতা হৈছে “সামাজিক সংৰচনা আৰু অভ্যাসৰ এক ব্যবস্থা য’ত পুৰুষসকলে নাৰীসকলৰ ওপৰত আধিপত্য বিস্তাৰ, শাসন আৰু নিষ্পেষণ কৰাৰ পথ প্ৰশস্ত হয়।

মহিলা সচেতনকাৰীসকলে পিতৃতান্ত্ৰিকতাৰ সংজ্ঞা আগবঢ়াই কৈছে – “পিতৃতান্ত্ৰিকতাই এক পদ্ধতি হিচাপে মহিলাসকলক শৰীৰ ভিত্তিক সিদ্ধান্তৰ উদ্দেশ্য নাকচ কৰাৰ সহায় কৰে।” শৰীৰ ভিত্তিক নিৰ্ধাৰণে সূচায় যে প্ৰাকৃতিকভাৱে পুৰুষ আৰু মহিলা তেওঁলোকৰ শাৰীৰিক দিশৰ পৰা পৃথক আৰু সেয়েহে উভয়ে পৃথক ভূমিকাত অৱৰ্তীন হয়।আনহাতে এই সিদ্ধান্তৰ পৰিমাণ হ’ল যে প্ৰতিজন পুৰুষ সদায় প্ৰভুত্বমূলক স্থানত থাকে আৰু মহিলা সদায় নিয়ন্ত্ৰণাধীন স্থানত থাকে।

পিতৃতান্ত্ৰিকতা সম্পৰ্কীয় উপৰোক্ত সংজ্ঞাসমূহ পৰ্যালোচনা 

অন্তত ক’ব পাৰি যে পিতৃতান্ত্ৰিকতা হৈছে এক মতাদৰ্শ।যি প্ৰকাশ কৰে যে মহিলাহকলতকৈ পুৰুষসকল শ্ৰেষ্ঠ আৰু উচ্চ পুৰুষৰ দ্বাৰা মহিলাসকল নিয়ন্ত্ৰিত বা নিয়ন্ত্ৰণ হোৱা উচিত আৰু মহিলাসকল হৈছে পুৰুষৰ সম্পত্তিৰ অংশস্বৰুপ।অবশ্য এই পিতৃতান্ত্ৰিকতা পদ্ধতিৰ সমাজভেদে ইতিহাসৰ বিভিন্ন স্তৰত বিভিন্ন শ্ৰেণীৰ বাবে বিভিন্ন ধৰণৰ হ’ব পাৰে, যদিওবা ইয়াৰ মৌলিক নীতিসমূহৰ একো পৰিবৰ্তন নহয়। উদাহৰণস্বৰূপে ,আমাৰ আইতাসকলৰ সময়ত পিতৃতান্ত্ৰিকতাৰ অভিজ্ঞতা বৰ্তমানৰ দৰে নহয়।এই অভিজ্ঞতা জনজাতীয় মহিলা, উচ্চ বৰ্ণ হিন্দু মহিলা, আমেৰিকান মহিলা আৰু ভাৰতীয় মহিলাসকলৰ ক্ষেত্ৰত পৃথক পৃথক হয়।প্ৰতিটো সামাজিক পদ্ধতি বা ঐতিহাসিক পর্যায়ে ইয়াৰ নিজৰ পৰিৱৰ্তনসমূহত কেনেকৈ পিতৃতান্ত্ৰিকতাই কাম কৰে আৰু কেনেদৰে সামাজিক আৰু সাংস্কৃতিক কামসমূহ পাৰ্থক্য নিৰূপণ কৰা হয় সেয়া সূচীত কৰে।ব্যক্তিৰ পৰিস্হিতি সমূহক যাতে সঠিকভাবে পৰ্যালোচনা কৰি ইবিলাকৰ লগত মোকাবিলা কৰাৰ বাবে উপযুক্ত কৌশল আহৰণ কৰিব পৰা যায় আৰু তাৰ বাবে পাৰ্থক্যসমূহক চিনাক্ত কৰাৰ আৱশ্যকতা আছে।পিতৃতান্ত্ৰিকতাত পুৰুষে কেনেদৰে নিয়ন্ত্ৰণ চলাই ?

সাধাৰণতে নিম্নোক্ত মাধ্যমসমূহৰ ক্ষেত্ৰসমূহত পিতৃতান্ত্ৰিকতাৰ অধীনত পুৰুষৰ দ্বাৰা নাৰীসকল নিয়ন্ত্ৰিত হ’ব পাৰে – 

(১) নাৰীৰ উৎপাদন বা শ্ৰম ক্ষমতা (Women’s Productive or Labour Power) :

সাধাৰণতে নাৰীৰ উৎপাদন ক্ষমতাক ঘৰৰ ভিতৰত আৰু বাহিৰৰো বেতনভোগী কাম উভয় ক্ষেত্ৰতে পুৰুষে নিয়ন্ত্ৰণ চলায়।ঘৰৰ ভিতৰত প্ৰতিগৰাকী নাৰীকে গোটেই জীৱন তেওঁলোকৰ ল’ৰা-ছোৱালী, স্বামী আৰু পৰিয়ালৰ অন্যান্য সদস্যসকলৰ কাৰণে সকলো ধৰণৰ সেৱা বিনা পাৰিশ্ৰমিকেৰে আগবঢ়াই আহিছে যাক চিলভিয়া ওৱালবিয়ে “পিতৃতান্ত্ৰিকতা উৎপাদনৰ বেহা বা পথ বুলি অভিহিত কৰিছে।মহিলাহকলৰ শ্ৰমতে তেওঁলোকৰ লগত একেলগে বসবাস কৰা স্বামী আৰু অন্যান্যসকলৰ দ্বাৰা হস্তক্ষেপ কৰা হয়।এইক্ষেত্ৰত চিলভিয়া ওৱালবিয়ে তাৎপৰ্যপূৰ্ণভাৱে মন্তৱ্য আগবঢ়াই কৈছে যে – গৃহিণীসকল হৈছে উৎপাদক শ্ৰেণী,ইয়াৰ পৰিবৰ্তে স্বামীসকল হৈছে হস্তক্ষেপ আৰু নিয়ন্ত্ৰণকাৰী শ্ৰেণী।মহিলাসকলৰ হাড়ভঙা অন্তহীন আৰু বাৰে বাৰে কৰি থকা পৰিশ্ৰমক শ্ৰম হিচাপে সমূলাংশে শ্ৰম বুলি গণ্য কৰা নহয় আৰু পত্নীসকলক তেওঁলোকৰ স্বামীসকলৰ ওপৰত নিৰ্ভৰশীল হৈ জীৱন অতিবাহিত কৰা পৰিলক্ষিত হয়।

উল্লেখযোগ্য যে মহিলাসকলৰ পাৰিশ্ৰমিক পুৰুষসকলে 

কেৱল ঘৰৰ ভিতৰতে নহয় বৰং ঘৰৰ বাহিৰতো বিভিন্ন ধৰণে নিয়ন্ত্ৰণ কৰা পৰিলক্ষিত হয়।পুৰুষসকলে  তেওঁলোকৰ পত্নীসকলৰ পৰিশ্ৰম বিক্ৰী কৰিবলৈ বাধা কৰায়।অন্যথা তেওঁলোকৰ স্বামীসকলে শ্ৰম কৰাত বাধা দান কৰিব পাৰে।নাৰীসকলে কি উপাৰ্জন কৰিব সেয়া পুৰুষসকলে আছুতীয়াকৈ নিৰ্ধাৰণ কৰিব পাৰে,আনকি নাৰীসকলৰ মাজত কামৰ মাজে মাজে বিৰতি লৈ নিৰ্ধাৰিত কাম সম্পাদন কৰিবলৈ পুৰুষসকলে অনুমতি প্ৰদান কৰিব পাৰে। মহিলাসকলৰ ভাল মজুৰি যুক্ত চাকৰিত নিয়োজিত হোৱাৰ পৰা বাহিৰত ৰখা হয়।ইয়াৰ পৰিবৰ্তে নাৰীসকলক অতি নিম্ন দৰত তেওঁলোকৰ শ্ৰম বিক্ৰী কৰিবলৈ বাধ্য কৰোৱা হয়।তাৰোপৰি নাৰীসকলক ঘৰৰ ভিতৰতে আবদ্ধ থাকি যিবিলাক ঘৰুৱা ভিত্তিক উৎপাদনী কাৰ্য সিবিলাকত নিয়োজিত থাকিবলৈ বাধ্য কৰোৱা হয়।এইবিলাককো শোষণমূলক পদ্ধতিৰ অন্তৰ্গত বুলিব পাৰি।মহিলাৰ শ্ৰমৰ ওপৰত চলোৱা নিয়ন্ত্ৰণ আৰু শোষণৰ অৰ্থ হৈছে যে পুৰুষসকল পিতৃতান্ত্ৰিকতাৰ পৰা পাৰ্থিৱভাৱে অৰ্জন কৰিবলৈ সক্ষম হয়।আন কথাত ক’ব পাৰি যে আমাৰ সমাজত পিতৃতান্ত্ৰিকতাৰ এক বস্তুগত বুনিয়াদ আছে।

(২) মহিলাৰ পুনঃ উৎপাদন ক্ষমতা (Women’s Reproductive Power):

সমাজৰ বিভিন্ন স্তৰত মহিলাসকলৰ পুনঃ উৎপাদনী ক্ষমতাক পুৰুষসকলে নিয়ন্ত্ৰণ কৰা দেখা যায়।এনে বহু সমাজ আছে য’ত  তেওঁলোকে কিমানজন সন্তান জন্ম দিব,কেতিয়া জন্ম দিব,তেওঁলোকে গৰ্ভনীৰোধক ব্যৱহাৰ কৰিব নে নকৰে বা গৰ্ভধাৰণ বন্ধ কৰিব নে নকৰে এই সকলো বিলাক সিদ্ধান্ত গ্ৰহণ কৰাৰ ক্ষেত্ৰত নাৰীসকলৰ কোনো ভূমিকা নাথাকে।নাৰীসকলৰ ওপৰত পুৰুষৰ ব্যক্তিগত জীৱনৰ নিয়ন্ত্ৰণৰ বাহিৰেও পুৰুষৰ দ্বাৰা নিয়ন্ত্ৰিত পুৰুষৰ দ্বাৰা নিয়ন্ত্ৰিত গীৰ্জা আৰু ৰাষ্ট্ৰৰ দৰে অনুষ্ঠানসমূহও নাৰীৰ পুনঃ উৎপাদন ক্ষমতাৰ বিষয়ত নীতি-নিয়ম আদি নিৰ্ধাৰণ কৰি দিয়ে।ইয়াক আনুষ্ঠানিক নিয়ন্ত্ৰণ বুলিব পাৰি।উদাহৰণস্বৰূপে,কেথলিক গীৰ্জাসমূহত পুৰুষ পদানুক্ৰম নেতৃত্ব (ফাডাৰ )ই পুৰুষ আৰু মহিলাই জন্ম নিয়ন্ত্ৰণ পদ্ধতি প্ৰয়োগ কৰিব পাৰে নে নোৱাৰে, কোনটো পদ্ধতি সুবিধাজনক,মহিলাই অবাঞ্চিত সন্তানৰ গৰ্ভধাৰণ বা ভ্ৰূণ হত্যা কৰিব পাৰিবনে নোৱাৰে ইত্যাদি ক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণ কৰা পৰিলক্ষিত হয়।মহিলাই কেতিয়া আৰু কিমান সংখ্যক সন্তান প্ৰসৱ কৰিব বিচাৰে সেইবিলাক ক্ষেত্ৰত স্বাধীনতা উপভোগৰ বাবে সমগ্র বিশ্বব্যাপী মহিলাসকলে অৱধাৰিতভাৱে যি সংগ্ৰাম চলাই আহিছে তাৰ পৰাই বিশ্বৰ প্ৰতিখন ৰাষ্ট্ৰত পুৰুষকেন্দ্ৰীক নিয়ন্ত্ৰণ আৰু আধিপত্য যে অধিক শক্তিশালী সেয়া স্পষ্ট ৰূপত প্ৰতিফলিত হয়।

আধুনিক সমাজত পিতৃতান্ত্ৰিক ৰাষ্ট্ৰই ইয়াৰ পৰিয়াল পৰিকল্পনা আঁচনিৰ জৰিয়তে মহিলাৰ পুনঃ উৎপাদন ক্ষমতাক নিয়ন্ত্ৰণ কৰি আহিছে।ৰাষ্ট্ৰৰ সন্তোষজনক জনসংখ্যাৰ আকাৰ ৰাষ্ট্রযন্ত্ৰই নিৰ্ধাৰণ কৰে আৰু সেই অনুসৰি মহিলাসকলক ল’ৰা-ছোৱালী জন্ম দিয়াৰ বাবে সক্ৰিয়ভাৱে উৎসাহ বা নিৰুৎসাহ যোগায়।ভাৰতবৰ্ষত পৰিয়ালৰ আকাৰ সিমিতকৰণৰ বাবে কঠোৰভাৱে এক আক্ৰনাত্মক জন্ম নিয়ন্ত্ৰণ আঁচনি ইতিমধ্যে গ্ৰহণ কৰা হৈছে।মালয়েছিয়াত দেশৰ ঔদ্যোগিক খণ্ডৰ উৎপাদন বৃদ্ধিৰ বাবে এক সন্তোষজনক পৰিধিৰ আভ্যন্তৰীণ বজাৰ সুনিশ্চিতকৰণৰ বাবে মহিলাসকলক অধিক সন্তান জন্ম দিবলৈ উৎসাহিত কৰা হৈছে।একেদৰে ইউৰোপত জন্মৰ হাৰ একেবাৰে নিম্নগামী হোৱাৰ পৰিলক্ষিতত মহিলাসকলক অধিকসংখ্যক সন্তান জন্ম দিবৰ বাবে বিভিন্ন উত্তেজনাৰ সৃষ্টিৰে মহিলাসকলক প্ৰলোভীত কৰা হয়।ইউৰোপত মহিলাসকলক সম্পূৰ্ণ পাৰিশ্ৰমিক আদায় দিয়া হয় আৰু অংশকালীন কৰ্মচাৰীসকলৰ বাবে বহু দীঘলীয়া মাতৃত্বৰ ছুটী, সন্তান লালন-পালনৰ সুবিধা আদি প্ৰদান কৰা হয়।এয়েই নহয়, আনকি কিছুমান দেশত আকৌ পুৰুষৰ পিতৃত্বৰ ছুটী আদিৰো বিধান আছে।ৰাষ্ট্ৰৰ অৰ্থনীতিৰ দ্বাৰা শ্ৰমিকৰ বৰ্ধিত চাহিদা অনুসৰি ৰাষ্ট্ৰৰ আদৰ্শ আৰু নীতি আদিৰ পৰিৱৰ্তন হয় উদাহৰণস্বৰূপে,দ্বিতীয় মহাসমৰৰ পৰৱৰ্তী সময়ত জাৰ্মানীত ৰাষ্ট্ৰখনৰ পুনঃ নিৰ্মাণৰ বাবে শ্ৰম শক্তিৰ প্ৰয়োজনীয়তা আহি পৰিছিল আৰু তেনে পৰিস্থিতিত মহিলাসকলক কৰ্মসংস্থাপন প্ৰদান কৰা হৈছিল আৰু ইয়াৰ জৰিয়তে ৰাষ্ট্ৰ নিৰ্মাণ কাৰ্যক মহিলাসকলক অংশগ্ৰহণ কৰিবলৈ আহ্বান জনোৱা হৈছিল।ইয়াৰ বিপৰীতে গ্ৰেট বৃটেইনত এবাৰ যুদ্ধত বিজয়ী হোৱাৰ পিছত যিসকল মহিলাই যুদ্ধত প্ৰথম শাৰীতে অংশগ্ৰহণ কৰিছিল তেওঁলোকক স্ব-গৃহলৈ প্ৰত্যাগমন কৰিবলৈ কোৱা হৈছিল।কিয়নো সেই সময়ত কেৱল পুৰুষসকলেই শান্তি প্ৰতিষ্ঠাৰ কামত জড়িত হ’ব পাৰিছিল বিশ্লেষণৰ কেন্দ্ৰীয় বিষয়।চৰম নাৰীবাদীসকলৰ মতে পিতৃতান্ত্ৰিক সমাজ ব্যৱস্থাই মহিলাসকলৰ ওপৰত মাতৃত্ব আৰু সন্তান প্ৰতিপালনৰ দায়িত্ব পালনৰ বাবে বল প্রয়োগ কৰাৰ ফলত মহিলাসকলে পুৰুষৰ অধীনস্থ হৈ থাকিবলগীয়া হয়।মহিলাসকলক উপযুক্ত গৰ্ভনিৰোধকাৰী তথ্যৰ পৰা বঞ্চিত কৰি মাতৃত্বৰ বোজা বহন কৰাৰ বাবে জোৰ দিয়া হয়।একে সময়তে মহিলাসকলক গৰ্ভনিৰোধ অসুবিধাজনক, মিতব্যয়ী, আনকি বিপদজনক বুলিয়েই সান্ত্বনা দিয়াৰ চেষ্টা কৰা হয়।চৰম নাৰীবাদীসকলৰ অভিমত হ’ল যে পিতৃতান্ত্ৰিকতাই মহিলাসকলক একেবাৰে নূন্যতম আশ্ৰয়ৰ সুযোগ দিয়ে আৰু ইয়াক সম্পূৰ্ণৰূপে সততে অস্বীকাৰ কৰে।কিন্তু একে সময়তে পুৰুষৰ অধীনস্ত মহিলাহকলৰ ওপৰত যৌন সম্ভোগ জড়িত থাকিবৰ কাৰণে প্ৰবল হেঁচা প্ৰয়োগ কৰা পৰিলক্ষিত হয়।

প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে, পিতৃতান্ত্ৰিকতাই মহিলাসকলক কেৱল মাতৃ হ’বলৈহে হেঁচা দিয়ে এনে নহয় বৰং ই তেওঁলোকৰ মাতৃত্বৰ চৰ্তাৱলিও নিৰ্ধাৰণ কৰি দিয়ে।মাতৃত্বৰ এই আদৰ্শক নাৰী নিৰ্যাতনৰ এক অন্যতম ভিত্তি হিচাপে গণ্য কৰা হয় কাৰণ ইয়েই পিতৃতান্ত্ৰিকতাক স্থায়িত্ব ৰূপ প্ৰদান কৰা পূ-লিংগ আৰু স্ত্ৰী-লিংগ চৰিত্ৰৰ শ্রেণীৰ সৃষ্টি কৰে।ৰাজহুৱা আৰু ব্যক্তিগত জীৱনৰ মাজত বিভাজনক ই অধিক ৰূপত শক্তিশালী কৰি তোলে।তাৰোপৰি ই মহিলাৰ গতি আৰু উন্নয়নৰ ধাৰাক সীমিত কৰি ৰখাৰ লগতে পুৰুষৰ আধিপত্যক পুনঃ স্থাপন কৰাত সহায় কৰে।

(৩) মহিলাৰ যৌনতাৰ ওপৰত নিয়ন্ত্ৰণ (Control Over Woman Sexuality) : 

যৌন সম্ভোগৰ ক্ষেত্ৰত নাৰীসকলে আন এক প্ৰকাৰৰ পিতৃতান্ত্ৰিক নিয়ন্ত্ৰণৰ সন্মূখীন হ’বলগীয়া হয়।সাধাৰণতে, নাৰীসকলে যৌন সম্ভোগৰ ক্ষেত্ৰত সদায় নিজৰ স্বামীৰ ওপৰত নিৰ্ভৰ কৰে।আন অৰ্থত ,মহিলাসকলে তেওঁলোকৰ নাৰীসকলৰ ৰুচি আৰু প্ৰয়োজন অনুসৰি যৌন সম্ভোগৰ সেৱা আগবঢ়াবলৈ বাধ্য থাকে।প্ৰতিখন সমাজতে বিবাহৰ বাহিৰ চ’ৰাত মহিলাৰ যৌনতা প্ৰদৰ্শনত প্ৰতিহত কৰাৰ বাবে সম্পূৰ্ণৰূপে নৈতিক আৰু আইনী শাসন ব্যৱস্থাৰ প্ৰচলন আছে।আনহাতে,প্ৰচলিত ধাৰা অনুসৰি পুৰুষৰ অবৈধ যৌন সম্পৰ্কৰ ক্ষেত্ৰত একপ্ৰকাৰৰ নীৰৱতা প্ৰদৰ্শন কৰা হৈছে।পুৰুষসকলে তেওঁলোকৰ পত্নী, জীয়েক বা অন্যান্য নাৰীসকলক যৌন সম্পৰ্কৰ ক্ষেত্ৰতো তেওঁলোকৰ নিয়ন্ত্ৰণাধীন কৰিব বিচাৰে।তেওঁলোকে যৌনতাক লৈ ব্যৱসায় কৰিব পাৰে।ধৰ্ষণ আৰু ধৰ্ষণৰ ভাবুকি প্ৰদৰ্শন আদিৰ দ্বাৰা মহিলাৰ যৌনতাক পুৰুষসকলে সন্মান জনোৱাৰ পৰিবৰ্তে অৱমাননা আৰু দমন কৰিব পাৰে।উল্লেখনীয় যে মহিলাৰ যৌনতাক নিয়ন্ত্ৰণৰ বাবে তেওঁলোকে বস্ত্ৰ আচৰণ গতি-বিধিক সাৱধানতাৰে পৰিয়াল, সামাজিক সাংস্কৃতিক আৰু ধৰ্মীয় আচৰণ বিধিৰ দ্বাৰা তদাৰকী তথা নিয়ন্ত্ৰণ কৰা হয়।এজন চৰম নাৰীবাদী বিশ্লেষকে কৈছে,পিতৃতান্ত্ৰিকতাৰ অধীনত মহিলা কেৱল মাতৃয়েই এনে নহয় বৰং এওঁলোকে যৌন দাসীও।পিতৃতান্ত্ৰিক মাতৃদৰ্শই মাতৃত্বৰ বিষয়টোক তাৎক্ষণিকৰূপে বাদ দি মহিলাক পুৰুষৰ আনন্দৰ বাবে যৌন উপভোগ সামগ্ৰী বুলি বিবেচনা কৰে।পিতৃতান্ত্ৰিকতাৰ ধাৰণা অনুসৰি প্ৰতিখন সমাজ ব্যৱস্থাতে বলাৎকাৰৰ অৱস্থিতি নাথাকিব পাৰে কিন্তু ই এক পিতৃতান্ত্ৰিকতাৰ এক গুৰুত্বপূৰ্ণ নিৰ্ধাৰণমূলক বৈশিষ্ট্য।পিতৃতান্ত্ৰিকতাই বলাৎকাৰক এক ফলপ্ৰসূ ৰাজনৈতিক কৌশল হিচাপে আৰু ক্ষমতাশালী শ্ৰেণীৰ সদস্যসকলে দুর্বলী শ্ৰেণীৰ সদস্যসকলৰ ওপৰত প্ৰয়োগ কৰা শোষণ আৰু নিষ্পেষণৰ এক ৰাজনৈতিক কাৰ্য হিচাপে গণ্য কৰে।চৰম নাৰীবাদীসকলে পিতৃতান্ত্ৰিকতাৰ অধীনত মহিলাৰ যৌনতাৰ ওপৰত থকা পুৰুষৰ নিয়ন্ত্ৰণৰ উপৰিও যৌনবৃত্তিৰ অনুষ্ঠানিকীকৰণ,বেশ্যাৰ কীৰ্তি ৰচনা আৰু বলপূৰ্বক বিসদৃশ যৌন কাৰ্যৰ ওপৰত তেওঁলোকৰ অধ্যয়ন কেন্দ্ৰীভূত কৰিছে।

(৪) মহিলাৰ গতিশীলতা (Women Mobility) : 

মহিলাৰ যৌনতা ,উৎপাদন, পুনঃ উৎপাদনী ক্ষমতাক নিয়ন্ত্ৰণ কৰাৰ কাৰণে পুৰুষে মহিলাসকলৰ গতিশীলতাক নিয়ন্ত্ৰণ কৰাৰ প্ৰয়োজনীয়তা অনুধাৱন কৰা পৰিলক্ষিত হয়।পৰ্দাৰ আৰোপকৰণ ঘৰুৱা স্থান ত্যাগ কৰাৰ ক্ষেত্ৰত নাৰীসকলৰ ওপৰত সীমাবদ্ধতা আৰোপ,ব্যক্তিগত আৰু ৰাজহুৱা জীৱনৰ মাজত দৃঢ় বিচ্ছিন্নকৰণ,লিংগৰ মাজত বাৰ্তালাপৰ ক্ষেত্ৰত সীমাবদ্ধতা আদি সকলোবিলাকেই মহিলাসকলৰ গতিশীলতা আৰু স্বাধীনতাৰ ওপৰত নিয়ন্ত্ৰন আৰোপ কৰে এনেধৰণে যে এই আৰোপিত নিয়ন্ত্ৰণসমূহ মহিলাৰসকলৰ বাবেহে অৰ্থাৎ লিংগ বিশেষৰহে কাৰণ পুৰুষসকল এনেধৰণৰ দমন বা নিয়ন্ত্ৰণৰ অধীন হোৱা পৰিলক্ষিত নহয়।

(৫) সম্পত্তি আৰু অন্যান্য অৰ্থনৈতিক উৎস (Property and other Economic Source) : 

পৰিয়ালৰ অধিকাংশ সম্পত্তি আৰু অন্যান্য উৎপাদনী সমস্যাসমূহ পুৰুষৰ দ্বাৰা নিয়ন্ত্ৰিত হয় আৰু এইবিলাক পুৰুষানুক্ৰমে এক প্ৰজন্মৰ পৰা আন এক প্ৰজন্মলৈ অতিক্ৰম কৰে অৰ্থাৎ পিতৃৰ পৰা পুত্ৰলৈ যায়।এয়েই নহয় য’ত মহিলাসকলৰ এনেধৰণৰ সমল আৰু উৎপাদনী সমল প্ৰপ্তিৰ আইনগত অধিকাৰ থাকে তেনেক্ষেত্ৰতো সমগ্র শৃংখলিত প্ৰথাগত অভ্যাস, আবেগিক তথা সামাজিক চাপ, সামাজিক অনুমোদন আৰু কেতিয়াবা কেতিয়াবা নীৰৱ সংগ্ৰাম ইত্যাদিয়ে মহিলাসকলক তেওঁলোকৰ প্ৰকৃত নিয়ন্ত্ৰণ অধিকাৰ উপভোগৰ ক্ষেত্ৰত উৎসাহিত কৰাৰ পৰিবৰ্তে অধিকাৰসমূহ হ্ৰাস কৰাহে পৰিলক্ষিত হয়।এনেদৰে মহিলাসকল সৰ্বত্ৰ অৱহেলিত হৈ ৰয়।ৰাষ্ট্ৰসংঘৰ পৰিসংখ্যাত আগবঢ়োৱা এক ব্যাখ্যাৰ পৰা এইটো স্পষ্ট হয় যে বিশ্বত প্ৰতিঘণ্টাত সম্পাদিত হোৱা কাৰ্যৰ ৬০%তকৈও অধিক কার্য মহিলাসকলে সম্পন্ন কৰে কিন্তু বিশ্বৰ আয়ৰ১০%হে মহিলাসকলে লাভ কৰে বিশ্বৰ মুঠ সম্পদ ৰাজিৰ ১%মাত্র মহিলাসকলে আহৰণ কৰে।

(৬) আইনগত ব্যৱস্থা(Legal System) : 

বিশ্বৰ প্ৰায়বিলাক ৰাষ্ট্ৰৰেই আইনগত ব্যৱস্থাটো পিতৃতান্ত্ৰিক আৰু আমোলাতান্ত্ৰিক অৰ্থাৎ ই পুৰুষ আৰু অৰ্থনৈতিকভাৱে আঢ্যৱন্ত শ্ৰেণীটোৰ প্ৰতি অধিক সহানুভূতিশীল হোৱা দেখা পৰিলক্ষিত হয়।পৰিয়াল,বিবাহ আৰু উত্তৰাধিকাৰীতাৰ সৈতে জড়িত আইনসমূহৰ সৈতে সম্পদৰ ওপৰত পিতৃতান্ত্ৰিক নিয়ন্ত্ৰণ নিবিড়ভাৱে সম্পৰ্কিত।দক্ষিণ এছিয়া অঞ্চলটোৰ প্ৰতিখন ৰাষ্ট্ৰতে প্ৰতিটো আইনগত ব্যৱস্থাই পুৰুষক পৰিয়ালৰ মুৰব্বী হিচাপে ল’ৰা-ছোৱালীৰ স্বাভাৱিক অভিভাৱক হিচাপে আৰু সম্পত্তিৰ মুখ্য উত্তৰাধিকাৰী হিচাপে গণ্য কৰে।ন্যায়িক সমীক্ষাৰ ব্যৱস্থা, ন্যায়পালিকা,ন্যায়াধীশ আৰু অধিবক্তাসকলৰ চিন্তাধাৰাৰ ক্ষেত্ৰত আৰু লগতে আইনৰ ব্যাখ্যাৰ ক্ষেত্ৰতো পিতৃতান্ত্ৰিকতাৰ মনোভাৱ পৰিস্ফুট হোৱা দেখা যায়।

(৭) ৰাজনৈতিক ব্যৱস্থা আৰু অনুষ্ঠানসমূহ(Political System and Institutions) : 

সমাজৰ প্ৰায় সকলোবিলাক ৰাজনৈতিক অনুষ্ঠানৰ সকলো পৰ্যায়তে অৰ্থাৎ গাঁও পঞ্চায়তৰ পৰা আৰম্ভ কৰি কেন্দ্ৰীয় সংসদ পৰ্যন্ত পুৰুষৰ আধিপত্য আৰু নিয়ন্ত্ৰণ বিদ্যমান।ভাৰতৰ ৰাজনৈতিক দল আৰু অন্যান্য সংঘঠন বিলাকৰ লগত অমুঠিমান মহিলাহে জড়িত হৈ আছে যিসকল ৰাষ্ট্ৰৰ ভাগ্য নিয়ন্ত্ৰনত অৱদান যোগায়।কেতবোৰ গুৰুত্ব ৰাজনৈতিক পদবীত অধিষ্ঠিত হয়, ইয়াৰ লগতে মূলতে তেওঁলোকৰ নিজা প্ৰচেষ্টা আৰু অধ্যৱসায়।উদাহৰণস্বৰূপে ভাৰতৰ সৰ্বোচ্চ শিখৰত পদবী হিচাপে ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হোৱা প্ৰতিভা দেৱী সিং পাটিলকো এক সুন্দৰ নিদৰ্শন হিচাপে উপস্থাপন কৰিব পাৰি।অৱশ্যে তেওঁলোকৰ এই দক্ষতাৰ অন্তৰালত সাধাৰণতে কিছুমান সংগঠন, শক্তিশালী ৰাজনৈতিক পুৰুষৰ ভূমিকা অন্তনিৰ্হিত হৈ থাকে।এই মহিলাসকলে পুৰুষদ্বাৰা প্ৰাণীত নীতি আৰু গাথঁনিৰ মাজতে কাৰ্যনিৰ্বাহ কৰে।প্ৰসংগক্ৰমে উল্লেখ কৰি থোৱাটো উচিত হ’ব যে দক্ষিণ এছিয়াৰ ৰাষ্ট্ৰ সমূহত বিশ্বৰ অন্যান্য প্ৰান্তৰ তুলনাত মহিলাসকলৰ প্ৰতিনিধিত্ব(ৰাজনৈতিক অনুষ্ঠানসমূহত) তুলনামূলকভাৱে কম হোৱা যেন পৰিলক্ষিত হয়।

(৮) গণমাধ্যমসমূহৰ নিয়ন্ত্ৰণ(Mass Media) : 

গণ মাধ্যম হৈছে এক গুৰুত্বপূৰ্ণ আহিলা যাৰ জৰিয়তে শ্ৰেণী আৰু লিংভিত্তিক মতাদশক প্ৰচাৰ কৰা হয়।এই গণ মাধ্যমবিলাক উচ্চ শ্ৰেণীৰ আৰু উচ্চ সম্প্ৰদায়ৰ নিয়ন্ত্ৰণত থাকে।বোলছবি আৰু দূৰদৰ্শনৰ পৰা আৰম্ভ কৰি আলোচনা, সংবাদ পত্ৰ, ৰেডিঅ,আদি সকলোবিলকে মহিলা বিষয়ক প্ৰতিছবিখন বিকৃত ৰূপত চিত্ৰায়িত কৰা পৰিলক্ষিত হয়। পুৰুষৰ আধিপত্য আৰু মহিলাৰ অধীনস্ততাৰ সংবাদসমূহ নিৰৱচ্ছিন্নভাৱে সংবাদ মাধ্যমবিলাকত প্ৰচাৰ কৰা হয়।মহিলাৰ বিৰুদ্ধে আতিশৰ্য্য,হিংসাৰ সংবাদসমূহ বিশেষকৈ চলচ্চিত্ৰ বিলাকত প্রবলভাৱে সম্প্ৰচাৰিত কৰা হয়।অন্যান্য খণ্ডসমূহৰ নিচিনাকৈ বৃত্তিগতভাৱেও চালে সংবাদ মাধ্যমসমূহত মহিলাসকলৰ নিম্ন প্ৰতিনিধিত্বৰ পৰিৱৰ্তে পুৰুষশ্ৰেণীৰ বহুদিনীয়া প্ৰভুত্ব পৰিলক্ষিত হয়।

(৯) শিক্ষানুষ্ঠান আৰু জ্ঞান পদ্ধতি (Educational Institutions and Knowledge System) : 

যেতিয়াৰ পৰা শিক্ষণ আৰু শিক্ষা প্ৰণালীবদ্ধ আৰু অনুষ্ঠানিকীকৰণ হৈছে তেতিয়াৰে পৰাই জ্ঞান দৰ্শন, ধৰ্মীয় আইন,সাহিত্য, কলা,বিজ্ঞান আদিৰ দৰে ক্ষেত্ৰসমূহত পুৰুষৰ আধিপত্য চলি আহিছে।জ্ঞান সৃষ্টিৰ ক্ষেত্ৰত পুৰুষ শ্ৰেণীটোৰ এনে প্ৰভুত্ব বিস্তাৰে মহিলা শ্ৰেণীটোৰ জ্ঞান আৰু অভিজ্ঞতাৰ লগতে তেওঁলোকৰ বিশেষ কৌশল আৰু আশাৰ ক্ষেত্ৰসমূহক সংকীৰ্ণ কৰি তুলিছে।এনে বহু সংস্কৃতি আছে য’ত মহিলাসকলৰ ওপৰত ধৰ্মীয় পুথি-পজি ইত্যাদি অধ্যয়ন কৰাৰ ক্ষেত্ৰত পদ্ধতিগতভাৱে মহিলাসকলৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা হয়।ইমানেই নহয়, আনকি বৰ্তমান সময়তো নিচেই কম সংখ্যক মহিলাকহে ধৰ্মীয় আৰু আইনী সাহিত্য তথা গ্ৰন্থৰাজি অধ্যয়ন কৰাৰ ক্ষেত্ৰত অনুমতি প্ৰদান কৰা হয়।

3. Discuss about the structure of patriarchy.

উত্তৰঃ চিলভিয়া ওৱালবিয়ে পিতৃতান্ত্ৰিকতাৰ ছটা সংৰচনা সংজ্ঞায়িত কৰিছিল আৰু তলত উল্লেখ কৰা হ’ল – 

(১) মজুৰিপ্ৰাপ শ্ৰমিকসকল পিতৃতান্ত্ৰিকতাৰ প্ৰথমটো আৰ্হি বা গাঁথনি।মহিলা শ্ৰমিকসকলে একেটা কামকে কৰি পুৰুষতকৈ কম পাৰিশ্ৰমিক লাভ কৰাটোৱে পিতৃতান্ত্ৰিকতাৰ প্ৰথমটো গাঁথনি সূচিত কৰিছে।

(২) ঘৰৰ ভিতৰত শ্ৰমৰ লিংগভিত্তিক বিভাজনৰ জৰিয়তে মহিলাসকলে ঘৰুৱা কাম-কাজ, সন্তান লালন-পালন কৰাৰ দৰে প্ৰাথমিক দায়বদ্ধতাসমূহ পালন কৰিবলগীয়া হৈছে।

(৩) পিতৃতান্ত্ৰিকতা সংজ্ঞায়িত কৰাৰ ক্ষেত্ৰত সাংস্কৃতিয়ে এক তাৎপৰ্যপূৰ্ণ ভূমিকা গ্ৰহণ কৰে।সাধাৰণতে, সাংস্কৃতিক নামতে বহুক্ষেত্ৰত মহিলাসকল পুৰুষৰ অধীনস্থ হৈ ৰোৱা পৰিলক্ষিত হয়।আমৰ সাংস্কৃতিক সংৰক্ষণ কৰাৰ ক্ষেত্ৰত পৌৰাণিক শাস্ত্ৰবিলাকেও অতিশয় গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে।যি কি নহওঁক, বহু সময়ত এই সাংস্কৃতিয়ে নিজেই মহিলাসকলক ব্যৱহাৰৰ আহিলা হিচাপে চিত্ৰায়িত কৰাও পৰিলক্ষিত হয়।

(৪) বিসদৃশ যৌনগত সম্পৰ্কক পিতৃতান্ত্ৰিকতাৰ এক উপাদান হিচাপে বিবেচনা কৰা হয়।

(৫) মহিলাসকলৰ বিৰুদ্ধে ঘৰৰ ভিতৰত আৰু কাৰ্যলয়ত  পুৰুষৰ যি আতিশয্ আৰু সেই আতিশয়্ক পিতৃতান্ত্ৰিকতাৰ এক গাঁথনি স্বৰূপ বুলি অভিহিত কৰা হয়।

(৬) পুৰুষ আৰু মহিলাক বিভাজিত কৰণৰ ক্ষেত্ৰত ৰাষ্ট্ৰই এক আধিপত্যমূলক আৰু পিতৃতান্ত্ৰিক ভূমিকা পালন কৰে।

উল্লেখযোগ্য যে আন কেতবোৰ উপাদান আছে যিবিলাক নেকি পিতৃতান্ত্ৰিকতাৰ গাথঁনিৰ অধ্যয়নৰ ক্ষেত্ৰত কোনো প্ৰকাৰে উলাই কৰিব নোৱাৰি।গাৰ্ডান লাৰ্ণৰৰ মতে “পিতৃতান্ত্ৰিকতাৰ মৌলিক গাঁথনি হৈছে পৰিয়াল ” ।পৰিয়াল হৈছে এনে এক পদানুক্ৰমিক ব্যৱস্থা য’ত পুৰুষজন শ্ৰেষ্ঠ আৰু আধিপত্যৰ গৰাকী,মহিলাসকল সদায় বহতীয়া আৰু নিয়ন্ত্ৰিত।প্ৰায় সকলোবিলাক, ক্ষেত্ৰতে পুৰুষক পৰিয়ালৰ মুৰব্বী বুলি বিবেচনা কৰা হয় আৰু পুৰুষ মুৰব্বীজনে মহিলাসকলৰ ওপৰত দৈহিক আৰু মানসিকভাৱে নিয়ন্ত্ৰণ সাব্যস্ত কৰে।পৰিয়ালত পুৰুষ উত্তৰাধিকাৰী সৃষ্টি কৰাৰ ক্ষেত্ৰত মহিলাসকলেই হৈছে প্ৰধান আহিলাস্বৰূপ।এনেদৰেই পৰিয়ালই হৈছে পিতৃতান্ত্ৰিকতাৰ প্ৰধান সংৰচনা।এয়েই নহয়, আনকি মাতৃতান্ত্ৰিক সমাজতো পুৰুষৰ যি আধিপত্যমূলক ভূমিকা সঁচাকৈয়ে লেখত ল’বলগীয়া।

শৈক্ষিক অনুষ্ঠানসমূহ : শৈক্ষিক অনুষ্ঠানসমূহ হৈছে পিতৃতান্ত্ৰিকতাৰ দ্বিতীয়টো সংৰচনা।মহিলাসকল পদ্ধতিগতভাৱে অধীনস্থ কৰি ৰখাৰ ব্যৱস্থা শৈক্ষিক ব্যৱস্থাৰ লগে লগে সূত্ৰপাত হয়।উল্লেখযোগ্য যে মহিলাসকলে শতিকাজুৰি অনুষ্ঠানসমূহত প্ৰবেশ আৰু জ্ঞান আহৰণ কৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছিল।অবশ্য পৰৱৰ্তী সময়ত যদিওবা মহিলাসকলক অনুমতি প্ৰদান কৰা হয় তৎসত্বেও মহিলাসকলক পবিত্র মহিলা হিচাপে, মহিলাৰ উৎসৰ্গিত প্ৰতিচ্ছবি, এক অতি স্বভাবসুলভ পত্নী হিচাপে কন্যা মাতৃ আদি হিচাপে মহিলাসকলক উপস্থাপনৰ জৰিয়তে পিতৃতান্ত্ৰিকতাৰ স্বৰূপ ব্যক্ত হয়।

ধৰ্ম আৰু ধৰ্মীয় অনুষ্ঠানসমূহো হৈছে আন এক পিতৃতান্ত্ৰিক সংৰচনা।মহিলাৰ ভূমিকাক নিষেধাজ্ঞা আৰোপ কৰাৰ ক্ষেত্ৰত ধৰ্মৰ গুৰুত্ব অপৰিসীম।সকলো প্ৰধান ধৰ্মকেই উচ্চ শ্ৰেণীৰ আৰু উচ্চ পুৰুষৰ দ্বাৰা সৃষ্টি, ব্যাখ্যা আৰু নিয়ন্ত্ৰণ কৰা হৈছে।মহিলাসকলক কেতবোৰ ধৰ্মীয় কাম-কাজ ৰূপায়ণ কৰাৰ ক্ষেত্ৰত বাধা প্ৰদান, পুৰুষ দেৱতাসকলক নায়কৰ ৰূপত উপস্থাপন, পুৰুষৰ আধিপত্যৰ বিদ্যমান।এই সকলোবিলকে মহিলাসকলৰ সমাজত স্থান পুৰুষতকৈ অৱনমিত কৰি তুলিছে।

সম্পত্তিৰ উত্তৰাধিকাৰী লিংগ সংৰচনা আন এক গুৰুত্বপূৰ্ণ দিশ।সম্পত্তিৰ ধাৰণাটোৰ আবিৰ্ভাৱ হোৱাৰে পৰা পুৰুষসকলে সম্পত্তিৰ একমাত্র উত্তৰাধিকাৰী হিচাপে গণ্য কৰি অহা হৈছে।যি কি নহওক ওৱালবিয়ে বিশ্বাস কৰে যে ৰাজহুৱা আৰু ব্যক্তিগত উভয় গাথঁনিতে মহিলাৰ অৱনমিত মৰ্যাদা বিদ্যমান হোৱা পৰিলক্ষিত হয়।

4. What do you mean by Gender ? Distinguish between Gender and Sex.

Ans: লিংগৰ অৱধাৰণাটো সম্প্ৰতি এক অতি গুৰুত্বপূৰ্ণ বিতৰ্কৰ বিষয়ৰূপে পৰিগণিত হৈছে।”লিংগ অভিধাটো বৰ্তমান সমাজতাত্ত্বিকভাৱে আৰু এক অৱধাৰণাগত শ্ৰেণীৰূপে ব্যৱহৃত কৰা হয় আৰু ইয়াৰ এক নিৰ্দিষ্ট অৰ্থ আছে।লিংগই পুৰুষ আৰু মহিলাৰ সামাজিক আৰু সাংস্কৃতিক সংজ্ঞাৰ লগতে সমাজে পুৰুষ আৰু মহিলাৰ মাজত বৈষম্য নিৰূপণ কৰি তেওঁলোকৰ ওপৰত পৃথক পৃথক সামাজিক ভূমিকা ন্যস্ত কৰাৰ পথক সূচিত কৰে।

কুৰি শতিকাৰ মাজভাগত সমাজতাত্বিক শৃংখলাত নাৰীবাদী আদর্শই এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিবলৈ লোৱাৰ লগে লগেই লিংগৰ অৱধাৰণাটো পোহৰলৈ আহে।নাৰীবাদৰ অন্যতম বাটকটীয়া এন ওৱাকলেই পোন প্ৰথমবাৰৰ কাৰণে “লিংগ” শব্দটোৰ তেওঁৰ “Sex,Gender and Society (1972)”শীৰ্ষক গ্ৰন্থখনত ব্যাখ্যা আগবঢ়াইছিল।যদিওবা অকলেৰ পূৰ্বেও “লিংগ” অভিধাটো ব্যৱহাৰ কৰা হৈছিল যদিও অভিধাটোৰ এক সৰ্বজন গ্ৰহণযোগ্য সংজ্ঞা আগবঢ়াব পৰা নাছিল।Simone de Beauvoir য়ে তেওঁৰ “The Second Sex”শীৰ্ষক গ্ৰন্থখনত এই বুলি বৰ্ণনা কৰিছে যে সমাজত লিংগ অসমতাই পুৰুষসকলক পাউৰুতি উপাৰ্জন হিচাপে গ্ৰহণ কৰা ভূমিকাৰ জৰিয়তে সমাজৰ উৰ্ধত স্থান দিয়াৰ অৱকাশ হৈছে।লিংগ অসমতাই সমাজত এনে এক অতিক্ৰমৰ সূচনা কৰিছে য’ত নেকি মহিলাসকলৰ স্থান মৰ্যাদা অবদমিত কৰাৰ উপক্ৰম। “লিংগ” অভিধাটো সংজ্ঞায়িত কৰাৰ ক্ষেত্ৰত সমাজতত্ববিদকলে যুক্তি দৰ্শাইছে যে  “লিংগ” অভিধাটোৰ সংজ্ঞা দিবলৈ হ’লে তিনিটা বৈশিষ্ট্য অপৰিহাৰ্য।

এই বৈশিষ্ট্যকেইটা হৈছে – 

(ক) এক নিৰ্দিষ্ট অৱস্থাৰ পৰিবৰ্তে এক প্ৰক্ৰিয়া হিচাপে লিংগ।

(খ) ব্যক্তিগত আৰু সমাজৰ এক বৈশিষ্ট্য হিচাপে লিংগ।

(গ) বৈষম্য আৰু অসমতা সৃষ্টি কৰা ব্যৱস্থা হিচাপে লিংগ।

লিংগ অভিধাটোৰ সংজ্ঞা আগবঢ়াই এন ওৱাকলিয়ে কৈছে – “Gender is a matter of culture,it refers to the social classification of men and women into ‘Masculine’ and feminine.”অৰ্থাৎ লিংগ হৈছে সংস্কৃতিৰ লগত জড়িত এক বিষয়,ই পুৰুষ আৰু মহিলাসকলক ক্ৰমে ‘পুলিংগ’ আৰু  ‘স্ত্ৰী-লিংগ’ লৈ সমাজিক শ্ৰেণীবিভাজন কৰাক সূচায়।জনসাধাৰণৰ মাজত পুৰুষ আৰু মহিলাসকলক সাধাৰণতে দৈহিক প্ৰামান্যতাৰ প্ৰসংগৰে সূচিত কৰা হয়।লিংগ হৈছে যৌন সম্পৰ্কীয় অসমতাৰ সামাজিক আনুষ্ঠানিকতা।ই এক সামাজিক পৰ্যায় বা স্তৰৰ ধাৰণা যিয়েই নেকি পুৰুষ আৰু মহিলাক নিৰ্দেশিত কৰাৰ লগতে সমাজত তেওঁলোকক তেওঁলোকৰ সম্পৰ্কিত ভূমিকা প্ৰদান কৰা হয় আৰু তেনেদৰে যোগাত্মক সামাজিক স্থান নিৰূপণ কৰা হয়।গতিকে ক’ব পৰা যায় যে জীৱ বিজ্ঞানত লিংগ বুলি অভিহিত কৰা হয়।মুঠৰ ওপৰত যিয়েই নহওঁক লাগে, পিতৃপ্ৰধান সমাজ ব্যৱস্থাৰ ক্ষেত্ৰত লিংগৰ ধাৰণা মহিলাৰ অধীনস্থতাৰ এক আদৰ্শগত ব্যৱস্থাস্বৰূপ।

লিংগ আৰু যৌনতাৰ মাজৰ প্ৰভেদ : 

যদিও সাধাৰণতে লিংগ আৰু যৌনতা(লিংগভেদৰ)মাজত পাৰ্থক্য নাই যেন লাগে তথাপিও উভয়ৰ মাজত পাৰ্থক্য বিশেষকৈ শিক্ষাগত স্তৰত তলত দিয়া ধৰণৰ বিষয়ত প্ৰভেদ দেখা যায়।যেনে – 

(১) সমাজত মানুহক লিংগৰ ভিত্তিত শ্ৰেণীবিভাজন কৰাৰ বাবে লিংগক এক পদ্ধতি বুলি অভিহিত কৰিব পাৰি। আনহাতে যৌনতা হৈছে গাথঁনিৰ পাৰ্থক্যৰ ভিত্তিত সমাজত মানুহক শ্ৰেণীবিভাগ কৰা।লিংগ হৈছে মানুহৰ সামাজিক শ্ৰেণীবিভাজন,যৌনতা হৈছে মানুহৰ জৈৱিক শ্ৰেণীবিভাগ।

(২) লিংগ গঢ় দিয়া হয় আনহাতে যৌনতা (লিংগভেদ)ৰ জন্ম দিয়া হয়।এজন শিশুৱে ল’ৰা শিশু বা ছোৱালী শিশু হিচাপে জন্মগ্ৰহণ কৰে আৰু যেতিয়া সমাজত এক বিশেষ ভূমিকা পালন কৰে তেতিয়া এজন পুৰুষ আৰু এগৰাকী মহিলা হিচাপেহে বিকাশ লাভ কৰে।লিংগ হৈছে যৌনতাৰ কাৰ্যভিত্তিক ধাৰণা,যৌনতা হৈছে লিংগৰ জৈৱিক ধাৰণা।

(৩) লিংগৰ বৈশিষ্ট্যসমূহ (অৰ্থাৎ পুংলিংগ আৰু স্ত্ৰীলিংগ) সাংস্কৃতিক আৰু সামাজিকভাৱে সংগঠিত আনহাতে যৌনতাৰ ক্ষেত্ৰত সেইবিলাক জৈৱিক আৰু প্ৰাকৃতিকভাৱে সংগঠিত।

(৪) লিংগই প্ৰতিপালন আদিৰ প্ৰতিফলন ঘটায় আৰু যৌনতাই প্ৰকৃতিক প্ৰতিফলন কৰে ।আন কথাত ক’বলৈ হ’লে লিংগই প্ৰতিপালনৰ ফলস্বৰূপে বিকাশ লাভ কৰে আৰু যৌনতাৰ বিকাশ হ’ল প্ৰকৃতিৰ প্ৰতিফলন।এগৰাকী পুৰুষ লিংগই প্ৰতিপালনৰ জৰিয়তে তেওঁৰ সংস্পৰ্শিত ভূমিকাত অভ্যস্ত হয়, কিন্তু মহিলা লিংগই নিজে নিজে অভ্যস্ত হয়।

(৫) পুৰুষৰ দৰে মহিলাৰ প্ৰকৃতিও যেতিয়া জৈৱিকতাৰ দ্বাৰা চূড়ান্ত কৰা হয় তেতিয়াও লিংগৰ আধিপত্যৰ সৈতে সম্পৰ্ক থাকে, পুৰুষৰ লগতে মহিলাৰ প্ৰকৃতিও যেতিয়া সামাজিকভাৱে সংগঠিত হয় তেতিয়া লিংগৰ আধিপত্যৰ ভিত্তিত হয়।

(৬) নাৰীবাদৰ মূল বিষয় হ’ল লিংভিত্তিক বৈষম্যক দূৰ কৰা,কিন্তু যৌনতাক নহয়।নাৰীবাদ হৈছে এক স্ত্ৰীবাদী লিংগৰ আদৰ্শ যৌনতাৰ গাঁঠনিত থকা অসমতাৰ ভিতৰত লিংগ সমতাৰ বাবে যুক্তি প্রদর্শন কৰে।

(৭) লিংগভিত্তিক বঞ্চিতকৰণ এটা সামাজিক সমস্যা, আনহাতে যৌনতা অসমতা জন্মগত বিষয়।

(৮) যৌনতাৰ ভিত্তিত পুৰুষ আৰু মহিলাৰ মাজৰ পাৰ্থক্যই পৰিসংখ্যামুলক বিভাগৰ বিষয়ে ব্যক্ত কৰে, পুৰুষ এটা ভাগত পৰে আৰু মহিলা অন্য এটা ভাগত পৰে।পৰিসংখ্যামূলক শ্ৰেণীবোৰ নিজেই সামাজিক ধাৰণা মাত্র আৰু সেয়ে এইবোৰ শ্ৰেণীয়ে সামাজিক সম্পৰ্কৰ ক্ষেত্ৰত বেছি অৰ্থ নকৰে।এইটো হয় যেতিয়া সেইবোৰ বিভাগে সামাজিক গঠন আয়ত্ব আৰু বিশেষ ভূমিকা পালন কৰে আৰু তেতিয়াই এইবিলাক লিংগ সমতাৰ ভিতৰত সোমাই পৰে।

তাৰোপৰি, লিংগ আৰু যৌনতাৰ মাজত অতিৰঞ্জিতভাৱে পাৰ্থক্য কৰাটো ভুল।কেৱল শৈক্ষিক ধাৰণাৰ ফালৰ পৰাহে উভয়ৰ মাজত পাৰ্থক্য কৰা হয়, কিন্তু অধিক ব্যাপক হিচাপে লোৱাটো উচিত নহয়।বাস্তৱিকতে জৈৱিক আৰু লিংভিত্তিক পাৰ্থক্যবোৰ সাৰশূন্য সদৃশ ।ইয়াৰ যুক্তি হ’ল জৈৱিক পাৰ্থক্যবোৰ লিংগৰ পাৰ্থক্যৰ ভেঁটি হ’ব নোৱাৰে।মহিলাসকল মাতৃ হ’ব লাগে কিন্তু মাতৃত্বৰ দায়িত্ববোৰ গ্ৰহণ কৰিব নালাগে।শিশু জন্ম দিয়া আৰু লালন-পালন কৰা দুটা পৃথক বিষয়।পুৰুষে মাতৃত্বৰ দায়িত্ব ল’ব পাৰে আৰু শিশুক লালন-পালনত সহায় কৰিব পাৰে।তদুপৰি শিশু jonm দিয়াটো এক সামাজিক অসুবিধা বা অৰ্হতাহীনতা বুলি মন্তব্য দিয়াটো ভুল কথা,ৰাজহুৱা জীৱনত মহিলাৰ ভূমিকাক অস্বীকাৰ কৰাটো উচিত নহয়।এই ধাৰণাটো কৰাটো ভুল যে কোনটো ব্যক্তিগত, বে -চৰকাৰী, ঘৰুৱা আৰু পাৰিবাৰিক সদায় অ-ৰাজনৈতিক। পুৰুষক ৰাজহুৱা আৰু মহিলাক ব্যক্তিগত হিচাপে প্ৰকাশ কৰাটো হৈছে ৰাজনীতিৰ সীমা সীমিত কৰা।সেই কাৰণে নাৰীবাদীসকলে বক্তব্য দিয়ে যে – “The Politics of everyday life”।চাইমন দ্য ব্যুভেৰে (Simone de Beauvoir) ইংগিত দিছে যে – “Women are mode, they are not born.”।পৰিশেষত ক’ব পাৰি যে লিংগ বিভেদকৰণবোৰ হ’ল উগ্ৰ পুৰুষ জাতীয়তাবাদীসকলে সঠিক যুক্তিৰে সৃষ্টি কৰা বিষয়।

5. What do you mean by Gender socialisation Discuss various theories of Gender Socialisation.

উত্তৰঃ লিংগৰ সামাজিকীকৰণৰ সৈতে সামাজিক শিক্ষণ মতবাদ আৰু লিংগ নক্সা তত্ত্ব।এই দুয়োটা মতবাদ বহুলভাৱে শিক্ষণ মতবাদৰ শ্ৰেণীৰ অন্তৰ্ভূক্ত।সাধাৰণভাৱে ল’ৰা- ছোৱালীয়ে এই লিংগ সামাজিকীকৰণ আৰু প্ৰকৃত চৰিত্ৰ সমূহ প্ৰকাশ কৰা প্ৰক্ৰিয়াসমূহৰ ওপৰতো গুৰুত্ব আৰোপ কৰাৰ প্ৰয়োজন।ইয়াৰ পৰিবৰ্তে অন্যান্য মতবাদবিলাকে লিংগ আৰু যৌনতাৰ ওপৰত বিস্তৃতভাৱে গুৰুত্ব আৰোপ কৰে। উদাহৰণস্বৰূপে মনোবিশ্লেষনাত্মক মতবাদটিয়ে লিংগ পৰিচয় উন্নীতকৰণৰ ক্ষেত্ৰত জড়িত অৱচেতন প্ৰক্ৰিয়াৰাজিৰ ওপৰত গুৰুত্ব আৰোপ কৰে।লিংগ সামাজিকীকৰণৰ উপৰোক্ত মতবাদসমূহৰ অন্দৰ্ভত ষ্টকৱাৰ্ডে এইবুলি পৰামৰ্শ আগবঢ়াইছে – এই তিনিটা তত্বই লিংগ সামাজিকীকৰণ বিষয়টো ভালদৰে বৰ্ণনা কৰাত সহায় কৰে(All three theory help explain the process of gender socialisation, even though evidence for some – as comprehensive stand alone,explanatory theories is lacking)। লিংগ সামাজিকীকৰণৰ প্ৰতি থকা আটাইতকৈ ভাল প্ৰেক্ষাপটতো হ’ল এই যে এই তিনিওটা স্তৰতে ইয়াৰ গুৰুত্ব প্ৰকাশ পোৱাটো লিংগ সামাজিকীকৰণটো আমি ব্যক্তিগত পৰ্যায়তো বুজিব পৰা গৈছিল কিয়নো ইয়াত লিংগ সামাজিকীকৰণৰ প্ৰক্ৰিয়াটো কেনেকৈ ব্যক্তিগতভাৱে অন্তৱৰ্তীকালীন হয় তাক সুন্দৰকৈ ব্যাখ্যা কৰা হৈছে।লিংগ সামাজিকীকৰণ হ’ল এনে প্ৰক্ৰিয়া যাৰ জৰিয়তে লিংগৰ ধাৰণাটো ব্যক্তি এজনৰ ভিতৰত অন্তৰ্ভুক্ত কৰিব পাৰো।গতিকে এই ক্ষেত্ৰত লিংগ সামাজিকীকৰণক সম্পূৰ্ণ ব্যক্তিগত পৰ্যায়ৰ ধাৰণাৰ উদাহৰণ হিচাপে লৈ তোমালোকে যুক্তি প্ৰদৰ্শন কৰিব পাৰা। ব্যক্তিগতসমূহ এটা গোট হিচাপে বিশ্লেষণ কৰাৰ ওপৰত গুৰুত্ব বা জোৰ দি মনোবিজ্ঞানৰ নিয়মানুৱৰ্তিতাৰ পৰীক্ষামূলক দিশৰ পৰাও আমি লিংগ সামাজিকীকৰণৰ বিভিন্ন তত্বসমূহ ব্যাখ্যা কৰিব পাৰো বা ব্যাখ্যা কৰা দেখা যায়।কিন্তু ব্যক্তিগত দিশত লিংগ সামাজিকীকৰণলৈ চালে আমি দেখা পাম যে ই এক গুৰুত্বপূৰ্ণ অংশ যাৰ জৰিয়তে আমি লিংগ সামাজিকীকৰণ প্ৰক্ৰিয়াতো জানি বা বুজি উঠিব পাৰো।

অনুষ্ঠান মানে কি? মন কৰিবলগীয়া যে সামাজিকীকৰণৰ অভিকৰ্তাৰ সংজ্ঞাই কেৱল ব্যক্তিযেই নহয়, শিক্ষাকেন্দ্ৰ আৰু ধৰ্মই লিংগ সামাজিকীকৰণৰ প্ৰক্ৰিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।সমসাময়িক লিংগ সামাজিকীকাৰণত গণ্য মাধ্যমৰ গুৰুত্বও বাঢ়ি আহিছে।লিংগ সামাজিকীকৰণৰ প্ৰক্ৰিয়াতো বুজিবলৈ হ’লে লিংগই কাৰ্য কৰা তিনিওটা মাত্ৰাৰ প্ৰয়োগ কৰিব লাগিব।তলৰ তত্বকেইটা অধ্যয়ন কৰোতে মন কৰিবা কিমান দূৰলৈ এই তত্বসমূহে তিনিওটা যাত্ৰাত লিংগ সামাজিকীকৰণৰ প্ৰক্ৰিয়াটোক বিশ্লেষণ কৰিছে।

সামাজিক শিক্ষণ তত্ব : যেতিয়া আমি পাঠ্যপুথি বা বক্তৃতাত থকা তত্বৰ কথা কওঁ তেতিয়া আমি ধৰি লওঁ যে তত্ববোৰ ধুনীয়া নিজস্ব একোটা বাকচত খাপ খাই পৰা বিধৰ হওক। ইয়াৰ দ্বাৰা চিনাক্তকৰণত সুবিধা হয়।চৰম নাৰীবাদ আৰু উদাৰতাবাদী নাৰীবাদ বুলি ক’লেই আমি বুজি পাওঁ দুয়োটা কেতিয়াও একে নহয়।বাস্তৱ পৃথিৱীৰ খেলিমেলিৰ তুলনাত তত্বসমূহৰ এই ৰূপ অলপ বেছি সুগঢ়িত যেন লাগে। বাস্তৱ পৃথিৱীত মানুহে নিজৰ প্ৰয়োজনত অহা তত্বসমূহকে বাচি বুটলি লয়।গতিকে তুমিও তাকে কৰিবলৈ পিছ হুহকাৰ কথা নাই।বাস্তৱ পৃথিৱীত তত্বসমূহে পৰৱৰ্তী তত্বৰ আধাৰত গঢ় লয়।গতিকে আমি প্ৰায়ে বেলেগ বেলেগ হিচাপে আলোচনা কৰা তত্বসমূহৰো যথেষ্টখিনি কথা উমৈহতীয়াভাৱে থাকে।হয়তো এয়াও আমাৰ বিভিন্নতা প্ৰীতিৰ লক্ষণ।তত্বসমূহ বুজি পাবলৈ হ’লে আগৰ তত্বসমূহৰ পৰা সিহঁত কেনেকৈ ক্ৰমবিৱৰ্তিত হৈছে সেয়া বুজাটো অতিকৈ জৰুৰী।ইয়াক এক সম্পূৰ্ণ আৰু শুদ্ধ তত্বৰ বিৱৰ্তন প্ৰক্ৰিয়া বুলিব পাৰি বা এইদৰেও ক’ব পাৰি যে লিংগ বিষয়ক আমাৰ ধাৰণা আৰু দর্শকবোৰৰ পৰিৱৰ্তনৰ এটা ভাল উদাহৰণ ই দাঙি ধৰে।

সামাজিক শিক্ষণ তত্ব মনোবিজ্ঞানত আচৰণবাদৰ ফলাফল হিচাপে বিকশিত হৈছিল।আচৰণবাদ সম্পৰ্কে বি.এফ. স্কিনাৰ আৰু ‘শান্তি আৰু পুৰস্কাৰ’ পদ্ধতিৰে এন্দুৰৰ আচৰণ পৰিৱৰ্তন কৰাৰ বিষয়ে বোধহয় তোমালোকে জানা।তত্ত্বীয় পদ্ধতি হিচাপে আচৰণবাদে মনোবিজ্ঞানক অধিক বৈজ্ঞানিক চৰিত্ৰ প্ৰদান কৰে; অন্ততঃ ফ্ৰয়ডৰ মনোবিজ্ঞানৰ তুলনাত বেছি বৈজ্ঞানিক।ইয়াৰ দ্বাৰা নিৰীক্ষণযোগ্য, দেখি শুনি আহৰণ কৰা তথ্যসমূহৰ ওপৰত জোৰ দিয়া বুজায় (চিয়ান,১৯৯৪)।ফ্ৰয়ডে কৰা অচেতন অৱস্থাৰ অধ্যয়নসমূহ প্ৰত্যক্ষভাৱে নিৰীক্ষণ কৰা টান কিন্তু আচৰণবাদত প্ৰত্যক্ষভাৱে অধ্যয়ন কৰিব পৰা বিষয়ৰ ওপৰতহে গুৰুত্ব দিয়া হয়।আচৰণবাদে দাবী কৰে যে মানুহে আচৰণসমূহ শিকি আয়ত্ব কৰে;গতিকে আমি কেনেকৈনো আচৰণবোৰ শিকো এই বিষয়ত আচৰণবাদীসকল আগ্ৰহী।তেওঁলোকৰ প্রথম উত্তৰটো হ’ল যে আমি শাস্তি আৰু পুৰস্কাৰৰ প্ৰক্ৰিয়াৰে শিকো,যাক “Carrot and stick approach” বুলিব পাৰি।যেতিয়া এটা কেচুৱাই প্রথমবাৰৰ বাবে পিতৃ-মাতৃলৈ চাই হাঁহে তেতিয়া যি পুৰস্কাৰ লাভ কৰে – মৈখিক প্ৰসংশা, মনোযোগ আৰু মৰমৰ ৰূপত।এই আচৰণটো পুৰস্কৃত কৰা হ’ল।গতিকে অদূৰ ভৱিষ্যতে কেঁচুৱাটোৱে আকৌ হাঁহিবলৈ চেষ্টা কৰাৰ সম্পূৰ্ণ সম্ভাৱনা আছে ।সৰু ল’ৰা এটাই ভাতৰ কাহিখন লুটিয়াই দিলে যি গালি খায়;নাখালেও অন্তত:তাক কোনেও প্ৰশংসা বা মৰম নকৰে।সামাজিক শিক্ষণ তত্ব অনুসৰি আমি এইদৰে শিকো – আমাৰ আচৰণৰ বাবে পুৰস্কাৰ, পুৰস্কাৰবিহীনতা বা শান্তিৰ মাধ্যমেৰে কিছুমান অতি  কম বয়সৰ শিশুৱে এই পদ্ধতিতে গীত বা কবিতা আওৰাবলৈ শিকি পেলোৱা নিশ্চিত দেখিবলৈ পোৱা যায়।

বোধশক্তি-বিকাশ তত্ত্ব : এই তত্ত্বটো সামাজিক শিক্ষণ তত্ত্বৰ বিৰুদ্ধে কৰা সমালোচনাৰ ফলশ্ৰুতি স্বৰূপ।ইয়াতে মনোবিজ্ঞান বিষয়টি ব্যৱহৃত হয়।বিংশ শতিকাৰ মাজভাগত আচৰণবাদে মনোবিজ্ঞানত গুৰুত্ব হেৰুৱায়(চিয়ান, ১৯৯৪)। সামাজিকীকৰণৰ স’তে জড়িত মনোবিজ্ঞানৰ ক্ষেত্ৰসমূহ ছুইচ তত্ত্ববিদ জ্যা‌ পিয়াগেটৰ দ্বাৰা প্ৰভাৱান্বিত হৈছিল। পিয়াগেটে(১৯৫৪)সামাজিকীকৰণত শিশুৰ সক্ৰিয় ভূমিকাত জোৰ দি সামাজিক শিক্ষণ তত্ত্বৰ বিৰোধিতা কৰিছিল।ইয়াৰ উপৰিও পিয়াগেটে শিশুৰ বোধশক্তি বিকাশৰ স্তৰসমূহত সামাজিকীকৰণত মনোবিজ্ঞানীক অধ্যয়নৰ ওপৰতহে গুৰুত্ব দিছিল।এই ধাৰণাই কয় যে শিশুসকল  ‘সৰু প্ৰাপ্তবয়স্ক নহয়, বৰং তেওঁলোকে পৃথিৱীখনক অন্যধৰণে ভাবে,অনুভৱ কৰে আৰু বুজে।ক’লবাৰ্গে পিয়াগেটৰ শিশুৰ বিকাশৰ আদর্শবোৰক ব্যৱহাৰ কৰি লিংগ সামাজিকীকৰণৰ এক নতুন তত্ত্ব আগবঢ়াইছিল যাক বোধশক্তি বিকাশ তত্ত্ব হিচাপে জনা যায়।শিশুৱে কিদৰে লিংগ পৰিচয়ৰ জ্ঞান আৰু নিজক বা আনক লিংগ অনুযায়ী ভাগ কৰিবলৈ সামৰ্থ্য লাভ কৰে তাকে এই তত্ত্বটোৱে আলোচনা কৰিছে।আমি স্ত্ৰী বা পুৰুষ হিচাপে নিজস্ব জ্ঞানেই লিংগ পৰিচয় বুলি ইতিমধ্যে আলোচনা কৰিছো। শিশুৱে বিকাশৰ কিছুমান সুনিৰ্দিষ্ট স্তৰত লিংগ পৰিচয় আৰু লিংগানুযায়ী বিভাজনৰ জ্ঞান লাভ কৰে।মুঠতে শিশুৱে সক্ৰিয়ভাৱে লিংগবোধ আহৰণ কৰে তাৰ আধাৰত সক্রিয়ভাৱেই নিজকে সামাজিকীকৃত কৰে – এয়াই তত্ত্বটোৰ মূল কথা।

প্ৰথমটো স্তৰ হৈছে আঢ়ৈৰ পৰা তিনি বছৰ বয়স-

যেতিয়া শিশু এটাই লিংগ পৰিচয় আহৰণ কৰে।এই বয়সত শিশুৱে শুধভাৱে নিজৰ আৰু আনৰ লিংগ চিনাক্ত কৰিবলৈ সক্ষম হয়।মানুহে জন্মতে এই জ্ঞান লৈ নাহে।এইবাবেই দুবছৰীয়া শিশু এটিয়ে টিভিত বা ক’ৰবাদ কাৰোৱালৈ আঙুলিয়াই কেতিয়াবা সোধে – ‘তেওঁ ল’ৰা নে ছোৱালী? বোধশক্তি বিকাশৰ সূত্ৰমতে,পাঁচ বছৰ বয়সৰ ভিতৰত শিশু এটিয়ে লিংগ স্থায়িত্বৰ জ্ঞান আহৰণ কৰে।লিংগ স্থায়িত্বৰ অৰ্থ হ’ল শিশু এটিয়ে বুজে যে তেওঁৰ লিংগ স্থায়ি আৰু গোটেই জীৱন তেওঁ সেই লিংগৰে হৈ ৰ’ব।বোধশক্তি বিকাশ তত্ত্বমতে,সাত বছৰ বয়সতহে শিশুৱে লিংগ ধ্ৰুৱত্বৰ জ্ঞান লাভ কৰে।লিংগ ধ্ৰুৱত্বই এই জ্ঞান দিয়ে যে বাহ্যিক ৰূপৰ পৰিৱৰ্তনে আভ্যন্তৰীণ লিংগৰ কোনো পৰিৱৰ্তন নঘটাই।এই বয়সলৈ শিশুক লিংগবোধৰ জ্ঞান প্ৰাথমিক নিয়মবোৰতে সীমিত থাকে(যেনে – ছোৱালীৰ দীঘল চুলি থাকে, ল’ৰাৰ ডাঢ়ি থাকে – চিয়ান,১৯৯৪)।বোধশক্তি বিকাশ তত্ত্ববিদসকলৰ মতে যদিও আঢ়ৈ তিনি বছৰত শিশুৱে লিংগ পৰিচয় লাভ কৰাৰে পৰা লিংগ সামাজিকীকৰণ আৰম্ভ হয়।আচল লিংগ অনুগত বিভাজন সাত বছৰ বয়সত লিংগ ধ্ৰুৱত্ব আহৰণ নোকোৰালৈকে আৰম্ভ নহয়।এই বয়সৰ পৰাহে তেওঁলোকে সমাজৰ স্ব-লিংগীয় ব্যক্তিসকলৰ আচৰণ অনুকৰণ কৰিবলৈ সক্ৰিয়ভাৱে শিকে।ইয়াৰ মূল ধাৰণাটো হ’ল যে যেতিয়া এজনী সৰু ছোৱালীয়ে নিজকে আৰু আনৰ স্ত্ৰী বা পুৰুষ হিচাপে বুজিবলৈ শিকে তেতিয়া তাই আন মহিলাসকলৰ দৰে স্ত্ৰী আচৰণ কৰিবলৈ স্ব-প্ৰণোদিত হয়।শিশুৱে নিজৰ লিংগ কি সেয়া ভালকৈ বুজিলে তেওঁৰ কার্য আৰু চিন্তা সেই লিংগৰ ধৰণে হ’বলৈ ধৰে (বেম ১৯৮৩)। শিশুৱে লিংগ সামঞ্জস্য লাভ কৰিবলৈ প্ৰচেষ্টা কৰে আৰু এই প্ৰক্ৰিয়াত লিংগ সামাজিকীকৰণ প্ৰপ্তি হয়।শিশু সাত বছৰ বয়সত লিংগ ধ্ৰুৱত্বৰ শেষ স্তৰ নোপোৱালৈকে সম্পূৰ্ণৰূপে লিংগ অনুগত নহয়।বোধশক্তি বিকাশ তত্বই বাহ্যিক পৰিবেশ আৰু সমাজৰ গুৰুত্বক একেবাৰে নস্যাৎ নকৰে।লিংগ সামঞ্জস্য লাভৰ বাবে সমাজেই সামগ্ৰী যোগান ধৰে।কিন্তু ই লিংগ সামাজিকীকৰণ প্ৰক্ৰিয়াত সামাজিকীকৰণত অভিকৰ্তাতকৈ সামাজিকীকৰণৰ লক্ষ্যৰ ওপৰত যথেষ্ট গুৰুত্ব আৰোপ কৰে।

সামাজিক শিক্ষণ তত্ত্ব আৰু বোধশক্তি বিকাশ তত্ত্ব – এই দুয়োটা তত্বই মনোবিজ্ঞানৰ দৰে বিদ্যায়তনিক বিষয়লৈ অহা নাৰীবাদৰ দ্বিতীয়টো প্ৰবাহৰ ধাৰাৰ পূৰ্বে বিকাশ লাভ কৰিছিল।দুয়োটা তত্ত্বই সামাজিকীকৰণৰ সাধাৰণ তত্ত্ব য’ত নেকি লিংগ সামাজিকীকৰণৰ বিষয়টো প্ৰয়োগ কৰিব পাৰি।যিহেতু এই তত্ববোৰ নাৰীবাদী তত্ত্বৰ পূৰ্বতে বিকশিত হৈছিল।গতিকে ইয়াৰ সমালোচকে ইয়াত ‘পুৰুষ পক্ষপাত’ বুলি আঙুলিওৱাত আচৰিত হ’বলগীয়া নাই।ক’লবাৰ্গে তেওঁৰ তত্ত্বৰ মূলতঃ সৰু ল’ৰাৰ ওপৰত ধ্যান দিছিল।তত্বটি ছোৱালীতকৈ ল’ৰাৰ ক্ষেত্ৰত বেছিকৈ খাপ খায়।পুৰুষ প্ৰধান সমাজত ল’ৰাৰ পুৰুষৰ লিংগ পৰিচয় লাভ কৰিবলৈ প্ৰণোদিত হোৱাটো স্বাভাৱিক কাৰণ পুৰুষ হোৱাত ক্ষমতা আৰু বিশেষাধিকাৰ আছে।গতিকে যদি শিশুৱে লিংগ সামঞ্জস্য লাভৰ বাবে প্ৰচেষ্টা কৰিব পৰাকৈ বুদ্ধিমান হয় তেতিয়া হ’লে তেওঁ এইখিনিও বুজি পাবলৈ সক্ষম হ’ব যে স্ত্ৰী হোৱাত আমাৰ সমাজত বিশেষ মূল্য নাই।সৰু ল’ৰা আৰু ছোৱালীৰ মাজৰ এই পাৰ্থক্যৰ বিষয়ে বোধশক্তি বিকাশ তত্বই ব্যাখ্যা আগবঢ়াই।উজ্ঞাৰ আৰু ক্ৰফোৰ্ডৰ মতে,বিস্তৃত গৱেষণাই দেখুৱাই যে শিশুৱে তিনি বছৰ বয়সৰ পৰাই নিজ লিংগ অনুযায়ী কাৰ্যকলাপ কৰিবলৈ আৰম্ভ কৰে।ই লিংগ ধ্ৰুৱত্বৰ পিছৰ পৰাহে লিংগ বিভাজন হয় বোলা কথাটোৰ বিৰোধিতা কৰে।সাধাৰণভাৱে ক’বলৈ গলে বোধশক্তি বিকাশ তত্বই শৈশৱ কালত লিংগ বিকাশৰ বহুত দেৰিকৈ আৰম্ভ হয় বুলি ক’ব খোজে।

লিংগ নক্সা তত্ত্ব : মনোবিজ্ঞানত নাৰীবাদৰ বাঢ়ি অহা প্ৰভাৱ আৰু নাৰীবাদী মনোবিদকলৰ দৃষ্টিভংগীৰ ফলতে ইয়াৰ পিছত তত্ত্ব দুটা সৃষ্টি হয়।প্ৰথম তত্বটো হ’ল লিংগ নক্সা তত্ত্ব।ই সামাজিক শিক্ষণ তত্ত্ব আৰু বোধশক্তি বিকাশ তত্ত্বৰ গাথঁনিৰ ওপৰত প্ৰতিষ্ঠিত আৰু ই সামাজিকীকৰণত সাধাৰণীকৃত দৃষ্টিভংগীতকৈও লিংগ সামাজিকীকৰণক নিৰ্দিষ্টকৈ ব্যাখ্যা কৰে।এই তত্বটো চান্দ্ৰাবেময়ে আগবঢ়াইছিল।বোধশক্তি বিকাশ তত্ত্বৰ বিৰুদ্ধে তেওঁৰ সমালোচনা আছিল যে শিশুৱে কিয় লিংগৰ ভিত্তিত নিজৰ সামাজিকীকৰণ কৰে তাৰ কোনো ব্যাখ্যা ইয়াত নাই।বেমে প্ৰশ্ন তুলিছিল কিয় লিংগই শিশুৰ পৰিচয় মুখ্য সংগঠক নীতিৰ ভূমিকা লয় কিয় অন্যান্য বিভাজন, যেনে – জাতি,ধৰ্ম অথবা চকুৰ ৰং মুখ্য নহয়।বেমে ইয়াক ‘লিংগ কিয়?’ বুলি প্ৰশ্ন তুলিছিল কিয় লিংগই শিশুৰ জীৱনতো মুখ্য পাৰ্থক্য হিচাপে দেখা দিয়ে।যিহেতু বোধশক্তি বিকাশ তত্বই ইয়াৰ কোনো সমাধান নিদিয়ে গতিকে বেমৰ মতে,এটা পূৰ্বচৰ্ত ধৰি লোৱা বাঞ্চনীয় হৈ পৰে।সেয়া হ’ল শিশুৰ বাবে লিংগ পাৰ্থক্যবোৰ  ‘প্ৰাকৃতিকভাৱে আৰু অনিবাৰ্যভাৱে’ (পৃ.৬০২)আন পাৰ্থক্যতকৈ বেছি গুৰুত্বপূৰ্ণ।বেমে(১৯৮৩)মন কৰাৰ দৰেই বোধশক্তি বিকাশ তত্বত যেন শিশুসকলে নিজকে সামাজিকীকৰণ কৰোঁতে ‘কোনো বাহিৰা প্ৰভাৱ অবিহনেই লিংগ অনুগতভাৱে আচৰণ কৰিবলৈ আৰম্ভ কৰে'(পৃ.৬০১)।লিংগ আঁচনি তত্বই এইক্ষেত্ৰত বোধশক্তি বিকাশ তত্ত্বৰ সৈতে সামাজিক শিক্ষা তত্বৰ সমতা স্থাপন কৰিবলৈ চেষ্টা কৰে।

এই সমতা কিদৰে স্থাপিত হয়?তত্বটোৰ নামটোৱে সূচোৱাৰ দৰেই ই আৰম্ভ হয় নক্সাৰ দ্বাৰা।নক্সা হ’ল বোধযুক্ত এক গাঁথনি যিয়ে ব্যক্তিৰ দৃষ্টিভংগীক সংগঠিত কৰে।এই তত্ত্বমতে নক্সাই আমালৈ অহা তথ্য আৰু দৃষ্টিভংগীবোৰক সংগঠিত কৰে। তাতকৈও গুৰুত্বপূৰ্ণভাৱে নক্সাই আমাৰ দৃষ্টিভংগী আৰু চিন্তাধাৰাক গঢ় দিয়ে।এইদৰে চাবলৈ হ’লে নক্সা হ’ল এটা সংগঠন প্ৰণালী।য় আমাৰ মগজুৰ ভিতৰত নথি-পত্ৰ ভৰালৰ এটা বৃহৎ প্ৰণালী।ই নথি-পত্ৰবোৰৰ মাজৰ আন্তঃ সম্পৰ্কও নিয়ন্ত্ৰণ কৰে।সেয়ে  ‘মা’বুলিলে আমাৰ মনলৈ নাৰী, মহিলা, স্ত্ৰীত্ব,প্ৰতিপালিকা,মৰম-চেনেহ – ইত্যাদি কথাবোৰ আহি পৰে।যিহেতু ‘মা’ নক্সাই উক্ত শুনাৱলীৰ কথা কয়, গতিকে এই গুণাৱলিবোৰ নোহোৱা যিকোনো মাতৃৰ প্ৰতি আমাৰ আকৰ্ষণ কম হ’ব।নক্সা তথ্য সংগঠিত কৰাৰ এক উপায় হ’ব পাৰে;কিন্তু লগতে ই পৃথিৱীখনৰ প্ৰতি আমাৰ দৃষ্টিভংগীকো নিয়ন্ত্ৰণ কৰে।গতিকে Gender Schema অৰ্থাৎ, লিংগ নক্সা হ’ল এটা বোধযুক্ত গাঁথনি যিয়ে আমাক পুৰুষ আৰু স্ত্ৰী হিচাপে চৰিত্ৰ আৰু আচৰণবোৰ ভাগ কৰিব পৰাকৈ আৰু তাৰ লগত অন্যান্য সম্পৰ্ক গঢ়ি তুলিব পৰাকৈ সক্ষম কৰি তোলে লিংগ নক্সা তত্ত্ব মতে,এই লিংগ নক্সাৰ বাবেই আমি পৃথিৱীখনক লিংগৰ ভিত্তিত বিভাজিত হিচাপে দেখো।

সামাজিকীকৰণ প্ৰক্ৰিয়াত শিশুৱে তেওঁলোকৰ নিজৰ প্ৰতি থকা ধাৰণাক লিংগ নক্সাৰ স’তে সন্মিলিত কৰে(বেম১৯৮৩)। শিশুৱে তেওঁলোকৰ সমাজৰ পুৰুষ আৰু স্ত্ৰীৰ স’তে থকা সম্পৰ্কৰ সূত্ৰবোৰ শিকে।তেওঁলোকে এইটোও বুজে যে তেওঁ নিজেই ইয়াৰ অন্তৰ্ভুক্ত।যেতিয়া তেওঁলোকে নিজকে পুৰুষ বা স্ত্ৰী বুলি ভাবিবলৈ আৰম্ভ কৰে তেতিয়াই সেই নিৰ্দিষ্ট লিংগ নক্সা তেওঁৰ পৰিচয়ৰ স’তে  সংযোজিত হৈ পৰে।তেওঁলোকে শিকে যে নিজৰ চিন্তাধাৰা বা আচৰণ নিৰ্বাচন কৰোঁতে তেওঁলোকে নিজ লিংগৰ আচৰণ বিধি বাছি লোৱা উচিত। বোধশক্তি বিকাশ তত্বই ক’বৰ দৰেই শিশুৱে নিজকে সামাজিকীকৰণ কৰিবলৈ প্ৰণোদিত হয়- কিন্তু লিংগ নক্সা শক্তিৰ কার্য প্ৰণালীৰ মাজেদি।এইখিনিলৈকে,সামাজিকীকৰণৰ ক্ষেত্ৰত বোধশক্তি বিকাশ তত্ত্বৰ লগত লিংগ নক্সা তত্ত্বৰ বিশেষ প্ৰভেদ নাই যেনেই লাগে।স্মৃৰ্তব্য যে বোধশক্তি বিকাশ তত্বৰ আন এটা সমালোচনা আছিল যে ই সমাজ আৰু সংস্কৃতিৰ ভূমিকাৰ যথোচিত মনোযোগ নিদিয়ে।এই তত্ত্বটোৰ বিৰুদ্ধে বেমে কৰা সমালোচনা আছিল যে ই লিংভিত্তিক বিভাজন কিয় ইমান গুৰুত্বপূৰ্ণ সেয়া ব্যাখ্যা নকৰে।

লিংগ নক্সা তত্বই এই দুয়োটা সমালোচনাৰে উত্তৰ দিয়ে।তদুপৰি এই তত্বটোৱেই ব্যক্তিগত স্তৰতকৈ সামাজিক স্তৰত বেছি গুৰুত্ব দিয়ে। লিংগক প্ৰায় সকলো সংস্কৃতিতে কাৰ্যকৰীভাৱে গুৰুত্বপূৰ্ণ বুলি ধৰা হয়, সেয়ে ই গুৰুত্বপূৰ্ণ সাংগঠনিক গোট হৈ পৰে।আমাৰ সংস্কৃতিক ৰংচনাই আমাক বিশ্বাস জন্মায় যে লিংগ বিভাজন অবিহনে সমাজ নচলে – এইবাবেই লিংগ নক্সা সৃষ্টি হয় আৰু বৰ্তি থাকে।প্ৰায়বোৰ সংস্কৃতিযেই লিংগৰ ওপৰত ইমানেই গুৰুত্ব প্ৰদান কৰে যে ইযাৰ ভিত্তিতহে অন্যান্য বহুতো গুণ,আচৰণ আৰু বিভাজন সৃষ্টি হয়।

অন্য অৰ্থ ক’বলৈ হ’লে,পৃথিৱী সম্পৰ্কীয় আমাৰ দৃষ্টিভংগীত অন্যান্য বিভাজনতকৈ লিংগ বিভাজন বেছি পৰিব্যাপ্ত হৈ আছে।বেমে দিয়া এটা উদাহৰণ হ’ল যে মানুহে নিৰবচ্ছিন্নভাৱে আৰু নিখুঁতভাৱে লিংগ নথকা বস্তু বা শব্দকো পুং আৰু স্ত্ৰী হিচাপে ভগাই লয়।মানুহে স্বতঃস্ফূৰ্তভাৱেই  “আলসূৱা” আৰু মইনা চৰাইক স্ত্ৰীবাচক আৰু দৃঢ় তথা ঈগলক পুৰুষবাচক হিচাপে ভগাই লয়।গতিকে লিংগ নক্সা বিশেষভাৱে গুৰুত্বপূৰ্ণ; কিয়নো সংস্কৃতিয়ে ইয়াৰ গুৰুত্ব সৃষ্টি কৰে আৰু কাৰ্যকৰী কৰে।

মনোবিশ্লেষণাত্মক তত্ত্ব : লিংগ সামাজিকীকৰণৰ ওপৰত আমি অনুসন্ধান কৰিবলগীয়া শেষৰ সূত্ৰটিও বিষয় হিচাপে মনোবিজ্ঞানৰ সৈতে জড়িত; নাৰীবাদী তাত্ত্বিক নেন্সী ছ’ড’ৰ মত প্ৰকাশ কৰে যে,নাৰীৰ বিশ্বজনীন গৌণতাৰ আধাৰ জৈৱিক নহয়, বৰং সামাজিকহে।ছ’ড’ৰ’ই (1978)তেওঁৰ “The Reproduction of Mothering” গ্ৰন্থখনত এই ব্যাখ্যা আগবঢ়াইছে;আৰু এই শিৰোনামৰ পৰাই নিশ্চয়কৈ অনুমান কৰিব পাৰি তেওঁ নাৰীৰ বিশ্বজনীন গৌণতাৰ কাৰণ হিচাপে কি চিনাক্ত কৰিছে।লিংগ নক্সা তত্ত্বৰ দৰেই মনোবিশ্লেষণাত্মক তত্বই নিৰ্দিষ্টকৈ লিংগ সামাজিকীকৰণৰ সূত্ৰ।ছ’ড’ৰ’ৱে সংজ্ঞানাত্মক বা আচৰণবাদীৰ তত্বৰ সহায় লোৱাৰ সলনি ফ্ৰয়ডৰ মনোবিশ্লেষণৰ ব্যৱহাৰ কৰিছে।ইয়াৰ সহায়ত তেওঁ ব্যাখ্যা কৰিছে নাৰীৰ গৌণ অৱস্থানৰ মূল কাৰণ – মাতৃ হিচাপে তেওঁলোকৰ স্থান মাতৃ হিচাপে নাৰীৰ স্থানক গুৰুত্ব দিয়েই মনোবিশ্লেষণাত্মক পৰম্পৰাৰ অন্যান্য সকলৰ নীতিসমূহ ব্যৱহাৰ কৰি ব্যাখ্যা কৰে কিদৰে লিংগ বিষয়টো আমাৰ ব্যক্তিত্বৰ মানসিক গঠনত প্রোথিত হয়।ইয়াতে লিংগ সামাজিকীকৰণৰ অন্যান্য তত্ত্বসমূহৰ লগত মনোবিশ্লেষণাত্মক তত্ত্বৰ পাৰ্থক্য বুলি লোৱাতো গুৰুত্বপূৰ্ণ। অন্য তত্বসমূহৰ মতে,লিংগৰ ধাৰণাটো আ আৰ্হিত আচৰণ।শিশুৱে সামাজিকীকৰণৰ প্ৰক্ৰিয়াত ইয়াক আহৰণ কৰে।আচলতে কিদৰে এয়া ঘটে তাক বুজিবলৈ মনোবিশ্লেষণাত্মক তত্ত্বৰ কেইটামান প্ৰয়োজনীয় ধাৰণা আগেয়ে বুজি লোৱা প্ৰয়োজন।প্ৰথমটো হৈছে চিনাক্তকৰণ।সামাজিক শিক্ষণ তত্বতকৈ ইয়াক মনোবিশ্লেষণাত্মক তত্বত অলপ বেলেগ ধৰণে ব্যৱহাৰ কৰা হ’ব।মনোবিশ্লেষণাত্মক চিনাক্তকৰণ হৈছে সেই পথ য’ত শিশুৱে নিজৰ আত্মবোধক আন কাৰোবাৰ ওচৰত দেখা সমৰ্থ, গুনাৱলী বা ক্ষমতাৰ সৈতে খাপ খোৱাকৈ পৰিৱৰ্তিত কৰি লয়।যেতিয়া এটা শিশুৱে ভুল-শুদ্ধৰ জ্ঞান বিকশিত কৰে,তেতিয়া সি ভুল সকীয়াই দিয়া পিতৃ বা মাতৃৰ এটি ক্ষুদ্ৰ সংস্কৰণ হৈ নপৰে;বৰং চিনাক্তকৰণৰ মতে ভুল-শুদ্ধ বিচাৰৰ সামৰ্থ্য আৰু তাৰ নিজৰ আত্মবোধৰ অংশ হৈ পৰে।ই শিশুটিৰ আন্তৰিক নিয়ন্ত্ৰণৰ জ্ঞান হৈ পৰে। (ছ’ড’ৰ’ ১৯৮৭,পৃ.৪৩)। আনটো গুৰুত্বপূৰ্ণ ধাৰণা হ’ল অহংসীমা – ফ্ৰ’য়ডৰ পৰা লোৱা আন এটা সংজ্ঞা।আমাৰ নিজৰ চাৰিওফালৰ পৃথিৱীখনৰ মাজৰ ব্যক্তিগত মানসিক সীমাৰেখাৰ ডালৰ জ্ঞান সম্পৰ্কে ই বৰ্ণনা কৰে(ছ’ড’ৰ১৯৭৮ পৃ.৬৮)অহংসীমাই আমাক এইটো বিচৰাত সহায় কৰে যে ক’ত “মই”বা “মোৰ” শেষ হয় আৰু বাকীবোৰ আৰম্ভ হয়।ইয়াক খুবেই স্বাভাৱিক কথা যেন লাগিল পাৰে,কিন্তু মনোবিশ্লেষণাত্মক দৃষ্টিভংগীৰ পৰা ই ইমান সৰল বস্তু নহয়; অহংসীমা আমি জন্মগতভাৱে নাপাওঁ,শৈশৱৰ প্ৰথমছোৱাতে ইয়াক শিকি বিকশিত কৰিহে লওঁ।

মনোবিশ্লেষণাত্মক তত্বক সুত্ৰিত কৰোতে ছ’ড’ৰ’ৱে ঈডিপাছ কমপ্লেক্সকে ধৰি ফ্ৰয়ডৰ বিভিন্ন প্ৰাথমিক ধাৰণাৰ ব্যৱহাৰ কৰিছে।কিন্তু এই প্ৰক্ৰিয়াবোৰৰ শেষ ফলাফল বেলেগ; লিংগ পৰিচয় আৰু বিসমকামিতা আহৰণত গুৰুত্ব দিয়াৰ সলনি বেলেগ লিংগৰ মানুহৰ মাজত হোৱা “সম্পৰ্কগত সম্ভাৱনা” হে মনোবিশ্লেষণাত্মক তত্বই গুৰুত্ব দিয়ে।ল’ৰা আৰু ছোৱালী উভয়ৰে ক্ষেত্ৰত চিনাক্তকৰণ মাকৰ পাৰাই আৰম্ভ হয়, যিহেতু কেঁচুৱা কালত মাকৰ ওপৰত শিশুটি সম্পূৰ্ণৰূপে নিৰ্ভৰশীল হৈ থাকে।আমাৰ বিকাশৰ এই একেবাৰে আৰম্ভণি স্তৰটোত,যিটোৰ বিষয়ে প্ৰাপ্তবয়স্ক অৱস্থাত আমি একো মনত পেলাব নোৱাৰো,এই স্তৰটোত আমাৰ নিজৰ আৰু মাতৃৰ মাজত অহংসীমা বোলা ধাৰণাটো নাথাকে।মনোবিশ্লেষণাত্মক তত্ত্ব মতে এই স্তৰৰ কেঁচুয়াই নিজকে মাতৃৰ পৰা পৃথক হিচাপে অনুভৱ নকৰে।ইয়াৰ পিছত লাহে লাহে কেঁচুৱাটোৱে দেখে যে যদিও যি নিজৰ অস্তিত্বৰ বাবে মাকৰ ওপৰত নিৰ্ভৰশীল, ইয়াৰ বিপৰীতটো কিন্তু  শুদ্ধ নহয়।একেবাৰে আটাইতকৈ উৎসৰ্গিত মাতৃগৰাকীৰো নিজৰ কেঁচুৱাটোৰ বাহিৰেও অন্যান্য চিন্তা থাকে।মনোবিশ্লেষণাত্মক তত্বই ধ্যান দিয়ে কিদৰে ল’ৰা-ছোৱালীয়ে এই উপলব্ধিৰ ফলত হোৱা দু:চিন্তাৰ সমাধান কৰে।অন্য অৰ্থত,যদি মাৰ মোৰ চিন্তাবোৰৰ বাহিৰেও আন চিন্তা আছে, তেন্তে মা আচলতে মোতকৈ বেলেগ।

গুনগতভাৱে এই প্ৰক্ৰিয়াটো ল’ৰা আৰু ছোৱালীৰ ক্ষেত্ৰত বেলেগ বেলেগ, যিয়ে পিছত প্ৰাপ্তবয়স্ক অৱস্থাত পুৰুষ আৰু মহিলা হিচাপে বেলেগ বেলেগ ব্যক্তিত্বৰ সংৰচনা প্ৰদান কৰে।ছোৱালী কেঁচুৱাবোৰে মাকৰ লগত একে লিংগৰ হোৱা হেতুকে সিহঁতে ল’ৰা কেঁচুৱাবোৰতকৈও মাকৰ সৈতে এটি দীঘলীয়া সম্পৰ্কৰ জ্ঞান অনুভৱ কৰে।ইয়াৰ কাৰণটো হ’ল লিংগ চিনাক্তকৰণ শিকিবলৈ ল’ৰাতকৈ ছোৱালীয়ে মাকক সহজতে ওচৰত পায়।ফলত ছোৱালীবোৰে মাকৰ সৈতে হোৱা প্ৰত্যক্ষ সম্পৰ্কৰ পৰাই লিংগ পৰিচয়ৰ জ্ঞান বিকশিত কৰিব পাৰে।তদুপৰি ছ’ড’ৰ (1978)য়ে যুক্তি দিয়ে যে যিহেতু মাতৃসকলৰ ইতিমধ্যে লিংগ পৰিচয়ৰ ধাৰণা থাকেই,গতিকে তেওঁলোকে ল’ৰা কেঁচুৱাতকৈও ছোৱালী কেঁচুৱাটিৰ নিজৰ সৈতে অধিক সামঞ্জস্য অনুভৱ কৰে।কিছুমান অসতৰ্ক মুহূৰ্তত তেওঁলোকে ল’ৰাটিক ঠেলি পঠিয়ায় যিদৰে হয়তো ছোৱালীজনীক নপঠিয়ালেহেঁতেন।এইধৰণৰছোৱালী কেঁচুৱাবোৰে মাকৰ লগত একে লিংগৰ হোৱা হেতুকে সিহঁতে ল’ৰা কেঁচুৱাবোৰতকৈও মাকৰ সৈতে এটি দীঘলীয়া সম্পৰ্কৰ জ্ঞান অনুভৱ কৰে।ইয়াৰ কাৰণটো হ’ল লিংগ চিনাক্তকৰণ শিকিবলৈ ল’ৰাতকৈ ছোৱালীয়ে মাকক সহজতে ওচৰত পায়।ফলত ছোৱালীবোৰে মাকৰ সৈতে হোৱা প্ৰত্যক্ষ সম্পৰ্কৰ পৰাই লিংগ পৰিচয়ৰ জ্ঞান বিকশিত কৰিব পাৰে।তদুপৰি ছ’ড’ৰ (1978)য়ে যুক্তি দিয়ে যে যিহেতু মাতৃসকলৰ ইতিমধ্যে লিংগ পৰিচয়ৰ ধাৰণা থাকেই,গতিকে তেওঁলোকে ল’ৰা কেঁচুৱাতকৈও ছোৱালী কেঁচুৱাটিৰ নিজৰ সৈতে অধিক সামঞ্জস্য অনুভৱ কৰে।কিছুমান অসতৰ্ক মুহূৰ্তত তেওঁলোকে ল’ৰাটিক ঠেলি পঠিয়ায় যিদৰে হয়তো ছোৱালীজনীক নপঠিয়ালেহেঁতেন।এইধৰণৰ প্ৰাৰম্ভিক মানসিক গতিশীলতাৰ বাবে ছোৱালীবোৰৰ ব্যক্তিত্বৰ সংৰচনাত সহমৰ্মিতা সোমাই পৰে, তেওঁলোকে নিজকে আনৰ পৰা বেছি পৃথক বুলি ভাবিব নোৱাৰে।স্ত্ৰীৰ ব্যক্তিত্বৰ সংৰচনাত অহংসীমা কম বিকশিত।

ল’ৰা কেঁচুৱাবোৰে পুৰুষৰ লিংগ পৰিচয় আহৰণ কৰি ল’বলগীয়া হয়, যিহেতু তেওঁলোকৰ প্ৰথম চিনাকি মাতৃৰ সৈতেহে গঢ়ে।পুৰুষ লিংগ পৰিচয়ৰ অনুপস্থিতিত ল’ৰাই কিদৰে এই পৰিচয় আহৰণ কৰে?ছ’ড’ৰ’ৰ মতে,ল’ৰাৰ পুৰুষ লিংগ বিকাশত পুৰুষত্বৰ বিষয়ে শিকা,তাকো পুৰুষৰ সৈতে প্ৰাথমিক সম্পৰ্ক নথকাকৈ – এটা সমস্যা জৰ্জৰিত প্ৰক্ৰিয়া।তদুপৰি পুৰুষ হ’বলৈ ল’ৰাবোৰে মাকৰ সৈতে থকা সংযোগ আৰু একাত্মতাৰ  ধাৰণাটোকো ছেদ কৰিবলগীয়া হয়।এই আভ্যন্তৰীণ প্ৰক্ৰিয়াসমূহৰ ফলতে পুৰুষ ব্যক্তিত্বৰ আনৰ সৈতে নিজৰ পৃথকতাৰ ধাৰণাটো পূৰ্ণ বিকশিত হয়।পুৰুষৰ স্ত্ৰীতকৈ দৃঢ় অহংসীমা থাকে।ল’ৰাই পুৰুষত্বৰ ধাৰণা শিকে স্ত্ৰীজাতীয় বস্তুবোৰৰ প্ৰত্যাখ্যানৰ পৰা, ইয়াৰ ভিতৰত মাতৃৰ সৈতে থকা একাত্মকতাও সোমাই পৰে।অনেধৰণে আন মানুহৰ সৈতে সু-সম্পৰ্কৰ অভাৱতে ল’ৰাই পুৰুষত্বৰ বিষয়ে শিকে সংস্কৃতিৰ পৰা, ছোৱালীয়ে কিন্তু নিজৰ মাকৰ প্ৰত্যক্ষভাৱে পৰ্যবেক্ষণ কৰি এয়া শিকিব পাৰে।এই পৰিঘটনাৰ ফলত পুৰুষৰ লিংগ পৰিচয়ৰ ক্ষেত্ৰত দুটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য সৃষ্টি হয় – ই স্ত্ৰী লিংগ পৰিচয়তকৈ কম সুস্থিৰ আৰু স্ত্ৰীজাতীয় সকলো বস্তুৰ প্ৰতি অৱমূল্যায়ন ইয়াৰ প্ৰাথমিক উপাদান হৈ পৰে।

মনোবিশ্লেষণাত্মক তত্ত্বৰ দুটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য মন কৰিবলগীয়া।প্ৰথমতে, ই কেৱল লিংগ সমাজিকৰণ কিদৰে ঘটে তাকেই ব্যাখ্যা নকৰে,লগতে কেনেকৈ এই একোটা লিংগ সামাজিকৰণৰ প্ৰক্ৰিয়া আনুবংশিকভাৱে পুনঃ পুনঃ সৃষ্টি হৈ থাকে তাকো দেখুৱায়।এনে প্ৰক্ৰিয়াৰে বিকশিত সহমৰ্মী আৰু শীতল অহংসামাৰ ছোৱালীবোৰ মাক হিচাপেও একে সসমৰ্মী হ’ব,এতেকে তেওঁলোকৰ শিশুসকলৰো একে ব্যক্তিত্ব সংৰচনা সৃষ্টি হ’ব।লিংগ বিকাশৰ এই প্ৰক্ৰিয়াই কেৱল অনুবংশিক লিংগ বিভাজনৰ সৃষ্টি নকৰে,বৰং লগতে সৃষ্টি কৰে নাৰীৰ এটা নতুন প্ৰজন্ম,যিটোৱে তেওঁলোকৰ ব্যক্তিত্বৰ বাবেই মাতৃত্বৰ দিশত আগবাঢ়ে আৰু একে অনিবাৰ্য প্ৰক্ৰিয়াৰে তেওঁলোকৰ পুত্ৰ-কন্যাৰ জন্ম দিয়ে।আনকি যিবোৰ পৰিয়ালে কামৰ সমবিভাজনত গুৰুত্ব দিয়ে, তেনেবোৰ পৰিয়ালতো ই সমানেই প্ৰযোজ্য।ছ’ড’ৰ’ৰ তত্বই (১৯৭৮)এই অপৰিবৰ্তনৰ ব্যাখ্যা কৰি কয় যে মাতৃত্বৰ ইচ্ছা স্ত্ৰী ব্যক্তিত্বৰ এটা বুনিয়াদী অংশ।মনোবিশ্লেষণাত্মক তত্বৰ তৃতীয় দ্বিতীয়টো বৈশিষ্ট্য হ’ল,ই পুৰুষ ব্যক্তিত্বৰ বিকাশৰ মাজেৰে নাৰীৰ গৌণতাৰ কাৰণসমূহৰ ব্যাখ্যা দিয়ে।পুৰুষৰ পুৰুষত্বৰ সংৰচনাতে নাৰীৰ প্ৰতি তথা নাৰীত্বৰ প্ৰতি অৱমূল্যয়ন সোমাই থাকে।ইয়েই পুৰুষৰ তুলনাত নাৰীৰ বিশ্বজনীন গৌণতাৰ কাৰণ ব্যাখ্যা কৰে।চিনাক্তকৰণৰ সূত্ৰ মতে নাৰীক হীন বুলি গণ্য কৰাটো পুৰুষত্বৰ অৰ্থৰ এটা আৱশ্যকীয় অংশ।

6. Write a note on public Private Divide?

উত্তৰঃ সমাজত ৰাজহুৱা আৰু ব্যক্তিগত পৰ্যায়ৰ যি বিভাজন সেই বিভাজন ঔদ্যোগিক বিপ্লৱৰ সময়ৰ পৰাহে আৰম্ভ হৈছিল।ঔদ্যোগিক বিপ্লৱৰ পূৰ্বতে ৰাজহুৱা আৰু ব্যক্তিগত পৰ্যায়ৰ মাজৰ বিভাজন সিমান স্পষ্ট নাছিল।প্ৰবিলাক উৎপাদনমুলক কার্য ঘৰৰ ভিতৰতে সম্পাদিত হৈছিল য’ত নেকি পৰিয়ালৰ সকলো সদস্যই অংশগ্ৰহণ কৰিছিল।আন কথাত ক’বলৈ হ’লে ,পৰিয়ালৰ প্ৰতিজন সদস্যই মূল আৰ্জোতি আছিল।পৰিয়ালেই আছিল উৎপাদন আৰু পুনঃ উৎপাদনশীলতা উভয়ৰে প্ৰধান কেন্দ্ৰস্থল।পৰিয়ালত পুৰুষ আৰু মহিলাসকলৰ মাজত সম্পৰ্ক সহযোগিতা আৰু প্ৰশংসাসুলভ মনোভাবপন্ন আছিল।পৰৱৰ্তী প্ৰজন্মৰ পুনঃ উৎপাদনৰ ক্ষেত্ৰত মহিলাসকলৰ জ্ঞান, দক্ষতা আৰু তেওঁলোকৰ সামৰ্থ্যতাক যথোচিত গুৰুত্ব প্ৰদান কৰা হৈছিল সেয়ে মহিলাসকলৰ পুনঃ উৎপাদনৰ কার্য অৰ্থাৎ সন্তান জন্ম দিয়া আৰু প্ৰতিপালন কৰা উচ্চ মৰ্যাদা আৰু যথোচিত স্বীকৃতি প্ৰদান কৰা হৈছিল।পুৰুষ-মহিলা উভয়ৰে মুনাফা লাভৰ স্বাৰ্থৰ বিপৰীতে জীৱন ধাৰণৰ স্বাৰ্থত সকলো প্ৰকাৰৰ কাৰ্যত নিয়োজিত হৈছিল।

সমাজত লিংভিত্তিক শ্ৰম বিভাজনৰ কোনো উপস্থিত নাছিল।পৰিয়াল পৰিচালনাৰ ক্ষেত্ৰত পুৰুষৰ তুলনাত মহিলা সকলকহে অধিক সক্ৰিয় দেখা গৈছিল।বহুক্ষেত্ৰত এই পৰম্পৰাগত শৃংখলাটো “Gynocentric”অৰ্থাৎ মহিলাকেন্দ্ৰিক আছিল যেন বোধ হয়।ঔপনিবেশিক আমেৰিকাত “গাৰ্হস্থ্য-মহিলা” (অৰ্থ পৰিয়ালৰ বিভিন্ন বিষয়সমূহৰ ব্যৱস্থাপনা, তত্বাৱধান লোৱা আৰু নিয়ন্ত্ৰণ কৰিব পৰা মহিলা)ধাৰণাটিৰ বহুলভাৱে প্ৰচলন হৈছিল।

ঔদ্যোগিক বিপ্লৱৰ ফলশ্ৰুতি হিচাপে বজাৰকেন্দ্ৰিক অৰ্থনৈতিক আৰু উদ্যোগিকৰণৰ আবিৰ্ভাৱৰ লগে লগেই ৰাজহুৱা আৰু ব্যক্তিগত পৰ্যায়ৰ মাজত ঐক্য,প্ৰকৃতি আৰু মানৱ সমাজৰ মাজৰ পাৰস্পৰিক ঐক্যত নাটকীয়ভাৱে পৰিৱৰ্তনে দেখা দিছিল।বজাৰকেন্দ্ৰিক অৰ্থনৈতিৰ অভ্যুখানৰ লগে লগে উৎপাদন কার্য জীৱন ধাৰণৰ সমান্তৰালভাৱে বজাৰ আৰু মুনাফা আহৰণৰ বাবেও আৰম্ভ কৰা হয়।উৎপাদনী ক্ষেত্ৰ পৰিয়ালৰ চাৰিবেৰৰ ক্ৰমে কাৰখানা, বাণিজ্যিক পামলৈ পৰ্যবেশিত হৈছিল আৰু তাৰ লগে লগে সাধাৰণ শ্ৰেণীৰ জনতাৰ জীৱন ধাৰণৰ ক্ষেত্ৰত প্ৰকৃতিৰ পৰিবৰ্তে বজাৰ প্ৰধান চালিকা শক্তি হিচাপে পৰিগণিত হৈছিল।

এনেদৰে পূৰ্বতে পৰিয়াল পৰ্যায়ত সম্পাদন কৰা জীৱন ধাৰণৰ বাবে নূন্যতম উৎপাদনী কাৰ্যৰ পৰিবৰ্তে পুৰুষসকলে(যাক নেকি অৰ্থনৈতিক পুৰুষ অৰ্থাৎ”Economy Man”বুলি অভিহিত কৰা হয় নতুনকৈ পৰিয়ালৰ চাৰিবেৰৰ বাহিৰত ৰাজহুৱা পৰ্যায়ত উৎপাদনমূখী কাৰ্যৰ লগত জড়িত হৈ পৰিছিল।আনহাতে মহিলাসকলে ঘৰুৱা চাৰিবেৰৰ কাম-কাজৰ লগতে সীমাবদ্ধ আছিল।বহিঃ বিশ্বত কৰ্মৰত হোৱা উদ্দেশ্যেৰে ল’ৰাবিলাকে জ্ঞান আৰু প্ৰয়োজনীয় কৌশল দক্ষতাৰাজি আহৰণৰ অৰ্থে স্কুল, কলেজ আৰু বিশ্ববিদ্যালয়ত গৈ শিক্ষা আহৰণ কৰাৰ বিপৰীতে ছোৱালিবিলাকে ঘৰৰ ভিতৰত কাম-কাযসমূহ নিয়াৰিকৈ সম্পাদন কৰাৰ বাবে যাবতীয় শিক্ষা তথা দক্ষতাৰাজি ঘৰুৱা চৌপাশৰ ভিতৰতে থাকি আৰ্জন কৰিছিল।এনেদৰে পুৰুষসকলে উৎপাদনী কাৰ্যত নিয়োজিত হোৱাৰ জৰিয়তে সমাজত অৰ্থনৈতিক গুৰুত্ব আহৰণ কৰাৰ লগতে মহিলাসকলৰ তুলনাত উচ্চ মৰ্যাদা সম্পন্ন বুলি স্বীকৃতি লাভ কৰিছিল।

ইউৰোপৰ দৰে দক্ষিণ এছিয়া অঞ্চলটোতো বজাৰকৃতকৰণ আৰু উদ্যোগিকীকৰণে ৰাজহুৱা-ব্যক্তিগত বিভাজনৰ সম্পৰ্কৰ ক্ষেত্ৰত অনুৰূপ প্ৰভাৱ পেলাইছিল।আন কথাত,শিক্ষাৰ দৰে উৎপাদনী কার্যয়ো ঘৰৰ চাৰিবেৰৰ পৰা বহিঃ বিশ্বলৈ পসাৰিত হৈছিল।পূৰ্বতে, প্ৰায়বিলাক মানুহেই ঘৰৰ চাৰিবেৰত আবদ্ধ থাকিয়েই জ্ঞান আৰু যাবতীয় উৎপাদনী কৌশল আহৰণ কৰিছিল।ল’ৰা আৰু ছোৱালী উভয়েই ঘৰৰ ভিতৰত থাকিয়েই জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় দক্ষতা আৰু কৌশল ৰাজিৰে দীক্ষিত হৈছিল।এয়েই নহয়, আনকি বৰ্তমানেও দক্ষিণ-এছিয়া অঞ্চলটোৰ পিছপৰা অঞ্চলসমূহত উৎপাদনমূলক কাম-কাজসমূহ ঘৰৰ চাৰিবেৰৰ ভিতৰত সম্পাদিত হয়।তেওঁলোকৰ অৰ্থনীতি বৰ্তমানেও মূলতঃ এক ভৰণ পোষণৰ অৰ্থনীতি, স্বৰূপ পৰিয়ালবিলাকে কৰা উদ্বৃত্ত উৎপাদনসমূহ স্থানীয় বজাৰত তেওঁলোকে নিজে উৎপাদন নকৰা সামগ্ৰীৰাজিৰ বাবে অন্য পৰিয়াল সমূহৰ লগত বিনিময় কৰে।পুৰুষ আৰু মহিলা উভয়েই ঘৰুৱা কাৰ্যকলাপ বিলাকত অংশীদাৰ হয় আৰু এনে পৰিস্থিতিত ৰাজহুৱা আৰু ব্যক্তিগত পৰ্যায়ৰ মাজত কোনোধৰণৰ প্ৰভেদ পৰিলক্ষিত নহয়।অন্যান্য সম্প্ৰদায় আৰু শ্ৰেণীসমূহৰ তুলনাত এই শ্ৰেণীৰ পুৰুষ-মহিলাসকলৰ  মাজত বিশেষ অসমতা দেখা নাযায়।অবশ্য এনে হ’লেও এই সম্প্ৰদায় বিলাকেও ক্ৰমান্বয়ে বজাৰ অৰ্থনীতিৰ লগত একীভূত হোৱাৰ লগতে পিতৃতান্ত্ৰিক চৰিত্ৰ আহৰণৰ দিশত অগ্রহৰ হোৱাৰ উপক্ৰম হৈছে। ৰাজহুৱা আৰু ব্যক্তিগত পৰ্যায়ৰ মাজৰ বিভাজনে এহাতে পুৰুষসকলৰ কেতবোৰ সুযোগ সুবিধা প্ৰদান কৰাৰ ক্ষেত্ৰত এক নতুন দিগন্তৰ সূচনা কৰাৰ বিপৰীতে মহিলাসকলে সম্পাদন কৰা কাৰ্যৱালী আৰু তেওঁলোকৰ মৰ্যাদা যথেষ্ট সীমিত কৰিছিল।আনকথাত ক’বলৈ হ’লে,ইয়েই হৈছে মহিলাকেদ্ৰিক শৃংখলাৰ অৱসান।ৰাজহুৱা আৰু ব্যক্তিগত পৰ্যায়ৰ মাজৰ বিভাজনক আন এক পৰিণাম হৈছে” মহিলাসকলৰ আপেক্ষিক পৃথকীকৰণ লগতে অন্যান্য পুৰুষ আৰু মহিলাসকলৰো পৰা বিচ্ছিন্ন কৰি ৰখা হৈছিল।

ব্যক্তিগত আৰু ৰাজহুৱা পৰ্যায়ক পৰিচালনা কৰি মৌলিক প্ৰমূল্যৰাজিও সূক্ষ্মভাৱে বিভাজিত।প্ৰকৃতাৰ্থত ক’বলৈ হ’লে,এই প্ৰমূল্যৰাজি এটা আনটোৰ বিৰোধী।ব্যক্তিগত পৰ্যায়ত প্ৰেম,সতৰ্কতা, নিজস্বতা,বুজাপৰা প্ৰশংসনীয় হোৱাৰ বিপৰীতে, ৰাজহুৱা পৰিধিয়ে সাহসী প্ৰতিযোগিতা, উচ্চাকাংক্ষা,আক্ৰমণ, ব্যক্তিবাদীৰ পোষকতা কৰে।বজাৰ এলেকাৰ নিৰ্দয়তাৰ বিপৰীতে মহিলাসকলে পুৰুষসকলক ঘৰৰ চাৰিবেৰৰ ভিতৰত এক স্বৰ্গীয় সুখদায়ক স্থান উপলব্ধি কৰোৱাৰ বুলি আশা কৰা হয়।

ৰাজহুৱা-ব্যক্তিগত বিভাজন সম্পৰ্কত

হিলাৰী চাৰ্লছওৱৰ্থৰ অভিমত : ৰাজহুৱা আৰু ব্যক্তিগত পৰ্যায়ত বিভাজন সন্দৰ্ভত পাশ্চাত্যৰ উদাৰতাবাদী নাৰীবাদী চিন্তাবিদ হিলাৰী চাৰ্লছওৱৰ্থে নিজস্ব অভিমত আগবঢ়াইছে। তেওঁৰ মতে, ৰাজহুৱা আৰু ব্যক্তিগত পৰ্যায়ৰ বিভাজনে মহিলাক সামাজিক কাৰ্যকলাপসমূহৰ পৰা বহিৰ্ভূত কৰাই নহয়, বৰং একেবাৰে সমাজৰ নিম্ন পৰ্যায়লৈ মহিলাসকলক পৰ্যবেসিত কৰিছে।এইক্ষেত্ৰত ৰাষ্ট্ৰৰ প্ৰশাসন আইনী ব্যৱস্থা আদিয়ে মহিলাসকলক দ্বিতীয় শ্ৰেণীৰ অন্তৰ্ভূক্ত কৰি লিংগ বৈষম্যৰ সৃষ্টি কৰাৰ লগতে মহিলাসকলক “দ্বিতীয় শ্ৰেণীৰ নাগৰিক”হিচাবে গণ্য কৰিছে।ফলত পুৰুষৰ তুলনাত মহিলাসকলৰ মৰ্যাদা বহুগুণে অৱনমিত হোৱা পৰিলক্ষিত হয়।তাৰোপৰি, মহিলাসকলে কোনোধৰণৰ বৃত্তিমুখী কাৰ্যত নিয়োজিত হ’বৰ বাবে ব্যৱসায়িক প্ৰতিষ্ঠানৰ লগত কোনোধৰণৰ যোগসূত্ৰ ৰক্ষা কৰিব নোৱাৰে।অনুৰূপ ধৰণে, মহিলাসকলক ৰাজনৈতিক অধিকাৰ সমূহ উপভোগৰ পৰাও বঞ্চিত কৰি ৰখা হৈছে।মহিলাসকলক বিধিগত সুৰক্ষা প্ৰদান কৰাৰ ক্ষেত্ৰত ৰাষ্ট্ৰযন্ত্ৰয়ো বিফল হৈছে।পাৰিবাৰিক কাৰ্যকলাপৰ বাবে প্ৰধানতঃ মহিলা জড়িত কৰ্মসংস্থাপনৰ লগত সামঞ্জস্য ৰাখি যাবতীয় বিধি বিধান প্ৰণয়ন কৰাৰ ক্ষেত্ৰতো ৰাষ্ট্ৰযন্ত্ৰ ব্যৰ্থ হৈছে।এই প্ৰসংগত হিলাৰী চাৰ্লছ ওৱৰ্থে মত পোষণ কৰে যে ৰাষ্ট্ৰযন্ত্ৰৰ এই বিফলতাৰ বাবে ৰাষ্ট্ৰক কেতিয়াও নিৰপেক্ষ বুলি অভিহিত কৰিব নোৱাৰি বৰং ৰাষ্ট্ৰই পক্ষপাতমুলক স্থিতিত অৱস্থান কৰাহে পৰিলক্ষিত হয়।চাৰ্লছওৱৰ্থৰ মতে,ৰাষ্ট্ৰযন্ত্ৰৰ এনে বিসংগতিপূৰ্ণ অৱস্থানৰ প্ৰেক্ষাপটত পত্নীৰ ওপৰত স্বামীৰ নিয়ন্ত্ৰণৰ সৰ্বস্ব ক্ষমতা প্ৰদানেৰে পত্নীক স্বামীৰ দ্বাৰা নিৰ্যাতন কৰাৰ পথ প্ৰশস্ত কৰি দিয়া হৈছে।

ৰাজহুৱা ব্যক্তিগত বিভাজন সন্দৰ্ভত

কেথেৰিন মেককিনৰ অভিমত : ৰাজহুৱা ব্যক্তিগত বিভাজনৰ সন্দৰ্ভত আন এগৰাকী বিশিষ্ট নাৰীবাদী চিন্তাবিদ কেথেৰিন মেককিননে মত পোষণ কৰি কৈছে যে, মানৱ অধিকাৰ আইনসমূহেও কেৱল মাত্ৰ ৰাজহুৱা কৰ্মৰ লগত জড়িত বিষয়সমূহৰ ওপৰতে অত্যাধিক গুৰুত্ব আৰোপ কৰিছে।আন কথাত,আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ আইন সমূহো মহিলাসকলক আৰ্থ-সামাজিক, সাংস্কৃতিক তথা ৰাজনৈতিক দিশত উত্তৰণ ঘটোৱাৰ পৰিবৰ্তে মহিলাসকলক যিবিলাক দিশৰ পৰা বঞ্চিতকৰণৰ পদক্ষেপ গ্ৰহণ কৰাহে পৰিলক্ষিত হ’ব।সেয়েহে কেথেৰিনে আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ আইনসমূহত ৰাজহুৱা পৰিধিৰ কাম-কাজসমূহৰ লগতে ব্যক্তিগত অৰ্থাৎ পাৰিবাৰিক কাম-কাজ সমূহকো আইনভূক্তকৰণ কৰাৰ পৰামৰ্শ আগবঢ়াইছে।মহিলাসকল জড়িত হৈ থকা বিভিন্ন ধৰণৰ ঘৰুৱা কাম-কাজ যেনে – সন্তান জন্ম দিয়া, প্ৰতিপালন কৰা, আদি বিভিন্ন বিষয়সমূহত যাবতীয় বিধি বিধান প্ৰণয়ন কৰিলেহে মহিলাসকলক বিধিগতভাৱে সুৰক্ষা প্ৰদান কৰিব পৰা যায়।গতিকে ক’ব পাৰি যে সমাজত প্ৰচলিত লিংগ অসমতা, পুৰুষ-মহিলাৰ অসমতা প্ৰতিৰোধকৰণৰ হকে ৰাজহুৱা ব্যক্তিগত বিভাজনৰ ধাৰণাটো সমূলাংশে নিঃশেষ কৰিব নোৱাৰিলে অনাগত ভৱিষ্যতৰ দিনবিলাকত মহিলাসকলে পুৰুষৰ দ্বাৰা শোষিত, নিষ্পেষিত আৰু অৱদমিত হৈ থাকিব লাগিব।

ৰাজহুৱা আৰু ব্যক্তিগত পৰ্যায়ৰ মাজৰ অধিক ব্যৱধানে মহিলাসকলৰ মৰ্যাদা অধিক অৱনমিত কৰিবলে বুলি যদিহে প্ৰশ্নৰ অৱতাৰণা কৰা হয় তেন্তে তাৰ উত্তৰত ক’ব লাগিব এনেদৰে – এঞ্জেলছ আৰু আন কিছুমান নাৰীবাদী বুৰঞ্জীবিদৰ মতে, “যেতিয়া সমাজত উৎপাদনী কাৰ্য পৰিয়ালৰ ভিতৰতে সম্পাদিত হয় আৰু য’ত ব্যক্তিগত আৰু ৰাজহুৱা পৰ্যায়ৰ মাজৰ ব্যৱধান নিচেই নগণ্য হয় তেতিয়া তেনে সমাজত মহিলাসকলে অধিক পৰিমাণে পুৰুষৰ সম মৰ্যাদা লাভ কৰে।” এই ৰাজহুৱা ব্যক্তিগত বিভাজন প্ৰধানকৈ উৎপাদনৰ বিভিন্ন গতি আৰু অৰ্থনৈতিক ব্যৱস্থাৰ ওপৰত নিৰ্ভৰ কৰে য’ত নেকি মহিলাসকলে ভিন্নমূখী ভূমিকা পালন কৰা দেখা যায়।সেয়ে কোৱা হয় যে প্ৰকৃতাৰ্থত, কৰ্ম আৰু সম্পদৰ লগত মহিলাৰ যি সম্বন্ধ সেই সম্বন্ধহে সমাজত মহিলাৰ মৰ্যাদা নিৰূপণ কৰে।ইতিহাসত মহিলাৰ গৌণ মৰ্যাদা অৰ্থনৈতিক খোদিত হৈ আছে।প্রায় সকলো সমাজতে উৎপাদন কাৰ্য আৰু সম্পত্তিৰ লগত একগোট হিচাপে মহিলা সকলৰ এক প্ৰকাৰৰ নিৰ্দিষ্ট সম্পৰ্ক আছে।মহিলাসকলৰ গৌণ মৰ্যাদাৰ ব্যক্তিগত আৰু মন:তান্ত্ৰিক পৰিণতিসমুহ মহিলাসকলৰ কৰ্মক্ষেত্ৰৰ লগত থকা সম্বন্ধৰ পৰাই অনুধাৱন কৰিব পাৰি।

প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে, বহু ৰাজনৈতিক চিন্তাবিদে মত পোষণ কৰে যে ব্যক্তিগত পৰিধিৰ বেলিকা ৰাষ্ট্ৰই হস্তক্ষেপ কৰা অনুচিত।এইক্ষেত্ৰত যুক্তি দৰ্শোৱা হৈছে যে পৰিয়ালৰ সদস্যসকলৰ মাজত যি গাৰ্হস্থ্য সম্পৰ্ক সেয়া চৰকাৰী নিয়ন্ত্ৰণৰ পৰা বাহিৰত হ’ব লাগে।ঘৰৰ চাহিদাবোৰৰ ভিতৰত সংঘটিত প্ৰতিটো বিষয় বা কাৰ্যকলাপেই এক ব্যক্তিগত বিষয় বুলি গণ্য কৰা হয় আৰু এইক্ষেত্ৰত কোনোধৰণৰ বাহ্যিক হস্তক্ষেপক উৎসাহিত কৰা নহয়। এনেদৰে পৰিয়ালৰ ভিতৰত মহিলাসকলৰ ওপৰত অবিৰতভাৱে অসমান আচৰণ কৰা আৰু নিষ্ঠুৰ নিৰ্যাতন চলোৱাৰ অনুমতি প্ৰদান কৰা হয়।সাম্প্ৰতিক সময়ত পত্নীৰ ওপৰত নিৰ্যাতন, বিবাহজনিত ধৰ্ষণ পিতৃৰ দ্বাৰা কন্যাৰ ধৰ্ষণ আৰু আন আন পুৰুষজনিত সম্পৰ্ক,ছোৱালী আৰু মহিলাসকলৰ ওপৰত শাৰীৰিক আৰু মানসিক নিৰ্যাতন, ছোৱালীবিলাকে আহৰণ কৰা সাধাৰণ বঞ্চিতকৰণৰ অভিজ্ঞতা এই সকলোবিলাক দৃষ্টিৰ অগোচৰ,আলোচনাবিহীন হৈ ৰৈছে।

ব্যক্তিগত আৰু ৰাজহুৱা পৰ্যায়ৰ মাজৰ বিভাজনে সমাজত নাৰী আৰু পুৰুষৰ মাজৰ অসমতা সৃষ্টি কৰাৰ লগতে ঘৰৰ বাহিৰত কৰ্মসংস্থাপনত নিয়োজিত মহিলাসকলৰ ক্ষেত্ৰতো কেতবোৰ সমস্যাৰ সৃষ্টি কৰে।কৰ্মসংস্থাপনত মহিলাসকলৰ স্বতন্ত্ৰতা,গতিশীলতা,প্ৰতিযোগিতাপূৰ্ণ মনোভাৱ, কাম কৰাৰ দীঘলীয়া সময় মহিলাসকলৰ পৰা দাবী কৰা হয়।ইয়াৰ পৰিবৰ্তে পৰিয়ালে মহিলাসকলৰ পৰা দাবী কৰি অধীনস্ততা সেৱা আৰু সহযোগিতা।অগণন কৰ্মৰত মহিলাই প্ৰায়েই এনে ধৰণৰ অসংগত দাবীসমূহ আৰু তেওঁলোকে সন্মুখীন হোৱা শাৰীৰিক আৰু মানসিক বিতুষ্টিসমূহৰ বিষয়ে বাৰ্তালাপ কৰা পৰিলক্ষিত হয়।অবশ্য এগৰাকী আদৰ্শবান গৃহিণী আৰু এজন ফলদায়ক গৰাকীৰ সংযুক্ত কৰাটো অত্যন্ত জটিল কাৰ্য।আনহাতে এজন আদর্শৱান স্বামী আৰু এজন ফলদায়ক গৰাকীৰ সংযুক্ত কৰাৰ বাবে পুৰুষৰ ক্ষেত্ৰত কোনো ধৰণৰ দাবী উস্থাপিত হোৱা পৰিলক্ষিত নহয়।

নাৰীবাদীসকলে ব্যক্তিগত আৰু ৰাজহুৱা পৰ্যায়ৰ মাজৰ দৃঢ় বিভাজনক কঠোৰভাৱে সমালোচনা কৰাৰ লগতে প্ৰত্যাহ্বান জনাইছে।তেওঁলোকে যুক্তি দৰ্শাইছে যে ৰাজহুৱা-ব্যক্তিগত পৰ্যায়ৰ বিভাজনে পুৰুষ-মহিলাৰ মাজৰ অসমতা বৃদ্ধি কৰে আৰু পুৰুষৰ আধিপত্যৰ সম্ভাৱনা অধিক প্ৰকট কৰি তোলে।পুৰুষৰ এনে আধিপত্যকেন্দ্ৰিক বৈষম্যৰ ফলশ্ৰুতি হিচাপে মহিলাসকলৰ ওপৰত শোষণ অত্যাচাৰ আৰু বঞ্চনা চলোৱাৰ পথ প্ৰশস্ত হয়।সেয়েহে এনে বিভাজনক প্ৰত্যাহ্বান জনোৱাটো অত্যন্ত প্ৰয়োজনীয় হৈ পৰিছে।উল্লেখ্য যে এনে বিভাজনক প্ৰত্যাহ্বান জনায়েই নাৰীবাদী আন্দোলন বিলাকে “The Personal in the Political”অৰ্থাৎ ব্যক্তিগতই হৈছে ৰাজনৈতিক শীৰ্ষক জয়গান বহুলভাৱে প্ৰচলন কৰা দেখিবলৈ পোৱা যায়।ইয়াৰ ফলত ব্যক্তিগত অৰ্থাৎ পৰিয়াল পৰ্যায়ত য’ত নেকি পুৰুষৰ নিয়ন্ত্ৰনত থাকি মহিলাসকলে বিভিন্ন ধৰণৰ উপার্জনমুখী কামত নিয়োজিত হৈ থাকিবলগীয়া হয় তেনে পৰিবেশত মহিলাসকলে সন্মুখীন হোৱা বিভিন্ন প্ৰকাৰৰ দমন,শোষণ আৰু বঞ্চনাৰ বিষয়ে সকলোৰে আগত অৱগত কৰিব পাৰে।এনে অৱস্থাতহে ৰাষ্ট্ৰীয় কতৃত্বৰ হস্তক্ষেপৰ জৰিয়তে মহিলাসকলৰ প্ৰতি পুৰুষসকলে কৰা অন্যায় আৰু অত্যাচাৰ নি:শোষ কৰিব পৰা যাব।

7. Discuss about Radical feminist understanding of the sexual division of labour.

উত্তৰঃ শ্ৰমৰ লিংভিত্তিক বিভাজনৰ আধুনিক বিতৰ্ক প্ৰকৃততে চৰম নাৰীবাদৰ প্ৰসাৰৰ লগে লগে আৰম্ভ হয়।পুৰুষ আৰু নাৰীৰ মাজত থকা বিভাজনবোৰৰ কোনো ধৰণৰ জীৱবিজ্ঞানিক ভিত্তিক অস্বীকাৰ কৰি এই চৰম নাৰীবাদীসকলে গোটেই আলোচনাটোকে এক নতুন মাত্ৰা প্ৰদান কৰিছে।দেখা যায় যে তেওঁলোকে পুৰুষ আৰু নাৰীৰ মাজত ক্ষমতাৰ সম্পৰ্কত নাৰী নিষ্পেষিত হোৱাৰ একোটা সম্পূৰ্ণ সামাজিক আৰু ৰাজনৈতিক তত্ত্ব গঠন কৰাৰ প্ৰয়াস কৰে।তেওঁলোকে সকলো ক্ষেত্ৰতে প্ৰচলিত নাৰীবাদী আলোচনাক নতুন মাত্ৰা প্ৰদাৰে এটা নতুন বুনিয়াদ গঢ়ি তোলে।পূৰ্বে প্ৰচলিত ব্যক্তিবাদী আৰু সমাজবাদী চিন্তাধাৰাক সম্পূৰ্ণৰূপে নস্যাৎ কৰি চৰম নাৰীবাদীসকলে ১৯৭০দৰ্শকৰ প্ৰথমৰে পৰা বিশ্বাস কৰি আহিছে যে প্ৰকৃততে মানুহৰ লিংভিত্তিক প্ৰকৃতি বুলি কোনো কথা নাই।এইক্ষেত্ৰত জন কাৰভেটয়ে মত প্ৰকাশ কৰিছে, “উনবিংশ শতিকাৰ নাৰীবাদী চিন্তা আৰু সমসাময়িক নাৰীবাদী চিন্তাধাৰাৰ মূল পাৰ্থক্যটো হ’ল – পূৰ্বৰ নাৰীবাদীসকলে স্বয়ং সম্পূৰ্ণ, মুক্ত মানৱ জীৱনত লিংভিত্তিক প্ৰকৃতিৰ কিছু পৰিমাণে মনী লৈছিল, কিন্তু বৰ্তমানত লিংভিত্তিক প্ৰকৃতিক সম্পূৰ্ণৰূপে অস্বীকাৰ কৰা হয় আৰু বৰ্তমানৰ নাৰীবাদীসকলে উভয়লিংগৰ পৃথিৱীখনত, লিংগজনিত ভূমিকাবোৰৰ বিৰোধিতা কৰে”।আন কথাত তেওঁলোকে মানৱ সভ্যতাক প্ৰকৃতিৰ ভূমিকা আৰু সকলো কথাকে প্ৰকৃতিৰ ভিত্তিত ব্যাখ্যা কৰাটোকে সম্পূৰ্ণৰূপে অস্বীকাৰ কৰে।তেওঁলোকে নব্য বাওঁপন্থীৰ ভিত্তিত Eilhelm Reich আৰু Herbert Marcuse য়ে আগবঢ়োৱা চিন্তাধাৰাক সমৰ্থন আগবঢ়াবলৈ আৰম্ভ কৰে।এওঁলোকে মানৱ আচৰণৰ ক্ষেত্ৰত ভৌতিক প্ৰভাৱ আৰু বৈশিষ্ট্যবোৰক উদাসীন আখ্যাৰে আখ্যায়িত কৰিছে।তেওঁলোকৰ মতে, ইতিহাসৰ সকলো সময়তে মানৱৰ আচৰণ প্ৰকৃততে পুৰুষৰ স্বাৰ্থতহে গঢ় দি লোৱা হৈছে, কোনো ভিত্তিয়ে মানৱৰ কাৰ্যক প্ৰভাৱান্বিত নকৰে।তেওঁলোকৰ মত অনুসৰি, শ্ৰমৰ লিংগভিত্তিক বিভাজনৰ সমস্যা দুটা প্ৰধান কাৰকৰ ওপৰত প্ৰথিষ্ঠিত – পিতৃপ্ৰধান সমাজ আৰু উভয়লিংগৰ ধাৰণা।

চৰম নাৰীবাদীসকলে পিতৃতন্ত্ৰ হ’ল এনে এটা মতাদৰ্শ য’ত পিতৃজনে পৰিয়ালৰ সকলো সদস্যৰ ভিতৰত চৰম কৰ্তৃত্ব উপভোগ কৰে আৰু তেৱেঁই পৰিয়ালৰ অৰ্থনৈতিক উপাদান নিয়ন্ত্ৰণ কৰে।চৰম নাৰীবাদীসকলে ইয়াক পুৰুষৰ শোষণৰ শাৰীত ৰাখে।এওঁলোকৰ মতে, পিতৃতান্ত্ৰিকতা হৈছে ৰাজনৈতিক, অৰ্থনৈতিক, আদৰ্শগত আৰু মনোবৈজ্ঞানীক ৰূপৰ সাৰ্বজনীন ধাৰণা যাৰ জৰিয়তে পুৰুষে নাৰীক শোষণ কৰে।তেওঁলোকৰ মতে, পুৰুষ মহিলা নাৰীৰ পাৰ্থক্যবোৰ অতীতৰ লগতে বৰ্তমানেও শোষক আৰু শোষিতৰ মাজৰ সম্পৰ্কহে এনেক্ষেত্ৰত  ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত হিচাপে লিংগ হৈছে একোটা স্থিতি ।চৰম নাৰীবাদীসকলৰ বিশ্বাস অনুসৰি জীৱতত্বৰ ধাৰণা আগবঢ়োৱাসকলৰ মতে পিতৃতন্ত্ৰ হৈছে একোটা যুক্তিগত আৰু ঐতিহাসিক ধাৰণা।কিন্তু চৰম নাৰীবাদীসকলৰ মতে এনে তত্ববোৰে পুৰুষ আৰু নাৰীৰ মাজৰ শাৰীৰিক বাহ্যিক পাৰ্থক্যখিনিৰ বাহিৰে অন্যান্য কোনোধৰণৰ বিশেষ পাৰ্থক্য প্ৰমাণ কৰিব নোৱাৰে।ফলত তেওঁলোকে ক’ব খোজে যে যৌনতাৰ ধাৰণা হৈছে জীৱ-বিজ্ঞানমূলক আৰু লিংগৰ হৈছে মনোবৈজ্ঞানীক আৰু সাংস্কৃতিক।এনে অৱস্থাত পিতৃতন্ত্ৰ হৈছে নাৰীৰ ওপৰত পুৰুষৰ শোষণৰ এক ব্যৱস্থা।দ্বিতীয় মুখ্য ধাৰণাটো হৈছে উভয়লিংগ ইয়াৰ জৰিয়তে ব্যাখ্যা কৰা হৈছে যে পুৰুষ আৰু নাৰীৰ মাজৰ বিভাজন প্ৰকৃততে পিতৃতান্ত্ৰিক সমাজৰহে দান,কোনো জীৱবিজ্ঞানমূলক ভিত্তিত ই গঢ়ি উঠা নাই।এনে বিভাজন সমাজৰ ভিন্ন লিংগীয় ভূমিকাৰ অৱসান ঘটাৰ লগে লগে নাইকিয়া হৈ পৰিব।

চৰম নাৰীবাদীসকলে এক সম্পূৰ্ণ সামাজিক আৰু ৰাজনৈতিক তত্ত্ব আগবঢ়াইছে।সেয়ে এটা সাৰ্বজনীন সামাজিক তত্ত্বৰ পৰা পুৰুষ নাৰীৰ সম্পৰ্কৰ বিচাৰ কৰিবলৈ নগৈ তেওঁলোকে পুৰুষ-নাৰীৰ সম্পৰ্কৰ পৰা, পিতৃতান্ত্ৰিকতাৰ এটা সাৰ্বজনীন সামাজিক তত্ত্ব বিচাৰি উলিয়াইছে।ইয়াৰ আধাৰত Eva, Figes, Germain Gneer,Kate Millett আৰু  Shulamith Firestone য়ে শ্ৰমৰ লিংগভিত্তিক বিভাজনৰ মূল ব্যাখ্যা আগবঢ়াইছে।তেওঁলোকৰ মতে,পুৰুষ আৰু নাৰীৰ শ্ৰমৰ অসমান বিভাজন পিতৃপ্ৰধান সমাজ ব্যৱস্থাৰ দ্বাৰা সৃষ্ট, যি ব্যৱস্থা পুৰুষ আৰু নাৰীৰ বিৰোধিতাৰ আধাৰত গঢ় লৈ উঠিছে।সেয়ে Kate Millettয়ে মাৰ্ক্সবাদী আলোচনাত সমালোচনা কৰি মন্তব্য প্ৰকাশ কৰিছে যে এনে আলোচনাই পৰিয়াল আৰু বিবাহক সম্পূৰ্ণৰূপে একোটা অৰ্থনৈতিক পৰিঘটনাৰ সৈতে তুলনা কৰা হৈছে য’ত অৰ্থনীতিয়ে মুখ্য ভূমিকা গ্ৰহণ কৰে।ইয়াৰ ফলত শ্ৰমৰ লিংগভিত্তিক অসমান বিভাজনৰ সৈতে গোটেই পুৰুষৰতান্ত্ৰিক সমাজ ব্যৱস্থাটোক চৰম নাৰীবাদীসকলে উৎপাদনৰ কোনো কাৰকৰ ওপৰত নিৰ্ভৰশীল নহয় বুলি ক’ব খোজে।শ্ৰমৰ এনে ভিন্নতা প্ৰকৃততে জৈৱিক প্ৰজননৰ ওপৰত কৰ্তৃত্ব আনিবলৈ কৰা পুৰুষ প্ৰধান সমাজৰ প্ৰয়াসৰ ফচলহে।সমাজত কৰ্তৃত্ব, প্ৰভুত্ব আৰু নিয়ন্ত্ৰণ আনিবলৈ পুৰুষপ্ৰধান সমাজ ব্যৱস্থাক মাৱল জীৱনক দুটা পৃথক ভাগত বিভক্ত কৰে -ঘৰুৱা আৰু ৰাজহুৱা।পৰিচয়ৰ এনে সামাজিক ভিন্নতা কেৱল পুৰুষৰ ক্ষেত্ৰতহে থাকে। 

আনহাতে, নাৰীৰ ক্ষেত্ৰত অকি সীমিত ভূমিকাহে দিয়া হয়।মিলেটে প্ৰকাশ কৰা অনুসৰি পুৰুষপ্ৰধান সমাজ ব্যৱস্থাৰ এটা অন্যতম উদ্দেশ্য হৈছে সমাজত নাৰীৰ ওপৰত পুৰুষৰ অৰ্থনৈতিক কৰ্তৃত্ব প্ৰতিষ্ঠা কৰা।পৰম্পৰাগত পুৰুষপ্ৰধান ব্যৱস্থাত নাৰীক ব্যক্তিৰ মৰ্যাদা দিয়া নহয় আৰু নাৰীক সম্পত্তিৰ অধিকাৰৰ পৰা বঞ্চিত কৰা হয়।যদিও সমসাময়িক সমাজ ব্যৱস্থাত নাৰীৰ এনে অধিকাৰ আছে,তথাপিও তেওঁলোকে এতিয়াও অৰ্থনৈতিকভাৱে শোষিত হৈয়েই আছে।কিয়নো তেওঁলোকে ঘৰত সম্পাদন কৰা কাৰ্যৰ বাবে কোনোধৰণৰ পৰিতোষিত দিয়া নহয় আৰু মাত্ৰ কিছুমান সাধাৰণ নিয়োগ ব্যৱস্থাহে নাৰীৰ বাবে মুকলি কৰি দিয়া হৈছে।

ShuLamith Firestone ৰ ব্যাখ্যাই নাৰীবাদী ধাৰণাক সম্পূৰ্ণভাৱে যুক্তিগত ৰূপত উপস্থাপন কৰিবলৈ সক্ষম হৈছে।তেওঁ১৯৭০চনত  “The Dialectic of Sex”গ্ৰন্থখন প্ৰকাশ কৰে।এই গ্ৰন্থখনে ইতিহাসত পুৰুষ-নাৰীৰ সমস্যবোৰক নতুন ৰূপত ব্যাখ্যা কৰাৰ প্ৰয়াস কৰে।তেওঁ প্ৰকাশ কৰা মতে, অন্যান্য অৰ্থনৈতিক শ্ৰেণীতকৈ লিংগৰ শ্ৰেণী বহু পৰিমাণে গভীৰ আৰু অদৃশ্য।তথাপিও ই সাৰ্বজনীন আৰু নাৰীৰ শোষণৰ ইতিহাসক মানৱ সভ্যতাৰ ইতিহাসৰ ৰূপত গঢ়ি তোলে।তেওঁ দাবী কৰে যে নাৰীবাদীসকলে কেৱল পাশ্চাত্য সংস্কৃতিকে প্ৰশ্ন কৰিব নালাগে, গোটেই সংস্কৃতিৰ ধাৰণাটোৱেই প্ৰকৃততে গ্ৰহণযোগ্য নহয়।আনহাতে জীৱবিজ্ঞানকো সমানে সমালোচনা কৰি তেওঁ প্ৰকাশ কৰে যে শ্ৰমৰ অসমান বিভাজনৰ বাবে মূলতঃ দায়ী জীৱবিজ্ঞান। জীৱবিজ্ঞানৰ মতে, পুৰুষ আৰু নাৰী পৃঠকভাৱে স্পষ্ট আৰু সমান হ’ব নোৱাৰে।জীৱবিজ্ঞানৰ আধাৰত গঠিত পৰিয়াল একোটা সাধাৰণতে ক্ষমতা বিভাজনৰ বিভেদকামী ধাৰণাৰ ভিত্তিত গঠিত।

Firestone মতে,জৈৱিক পৰিয়াল একোটা হ’ল পুৰুষ মহিলাৰ মৌলিক পুনঃ উৎপাদনশীল গোট।ইয়াত চাৰিটা মুখ্য কাৰকে প্ৰভাৱ পেলায়।

১)জন্ম নিয়ন্ত্ৰণ ব্যৱহাৰ সৃষ্টি হোৱাৰ আগতে জীৱবিজ্ঞানত নাৰীৰ অৱস্থা অতি পুতৌজনক আছিল। শাৰীৰিকভাৱে জীয়াই থকাৰ বাবে নাৰীয়ে পুৰুষৰ তত্বাৱধানত থাকিবলৈ বাধ্য আছিল।

২)নবালক সকলে জীয়াই থাকিবলৈ জ্যেষ্ঠসকলৰ ওপৰত নিৰ্ভৰ কৰিব লগা হয়।

৩) অতীত অথবা বৰ্তমানৰ সকলো সমাজতে মাতৃ আৰু শিশুৰ মাজত পাৰস্পৰিক নির্ভৰশীলতা বিৰাজমান আৰু ইয়েই নাৰী অথবা শিশুৰ মনোবৈজ্ঞানীক চৰিত্ৰ গঠন আৰু নিয়ন্ত্ৰণ কৰে।৪)পুৰুষ-নাৰীৰ স্বাভাৱিক পুনঃউৎপাদনশীলতাৰ পৃথকতাই শ্ৰেণীৰ উৎপত্তিৰ সময়ত শ্ৰমৰ বিভাজন আনি দিছিল।প্ৰাথমিক অৱস্থাত নাৰীবাদী আন্দোলনৰ ধাৰাৰ বিপৰীতে Firestone য়ে মন্তব্য কৰে যে লিংগজনিত শ্ৰেণী বিলুপ্তি কৰিবলৈ হ’লে একমাত্র পুৰুষৰ পক্ষপাতিত্বক বিলুপ্ত কৰিলেই নহ’ব,কিন্তু লিংভিত্তিক বৈষম্যতাকেই সম্পূৰ্ণৰূপে বিলুপ্তি কৰিব লাগিব।তেওঁৰ মতে, শ্ৰমৰ বিভাজনৰ গোটেই ধাৰণাটোকে স্বতঃস্ফুৰ্ত নিয়ন্ত্ৰণৰ যোগেদি শ্ৰমৰ ধাৰণাৰ বিলুপ্তিৰে লুপ্ত কৰিব পৰা যায়।

শ্ৰমৰ লিংগজনিত বিভাজনৰ চৰম নাৰীবাদীসকলৰ ধাৰণাক এনেদৰে ক’ব পাৰি যে জৈৱিকভাৱে নাম হ’ল পুৰুষৰ পৰা পৃথক আৰু সাংস্কৃতিকভাৱে মানৱৰ পৰা পৃথক।প্ৰকৃতিয়ে প্ৰাথমিক বিভেদ সৃষ্টি কৰিছিল – মানৱৰ অৰ্ধেক অংশই গোটেই মানৱৰে সন্তানবোৰৰ লালন-পালন কৰিব লাগিব যিটোক পাছৰ পৰ্যায়ত পুৰুষৰ স্বাৰ্থত স্বাভাৱিক আৰু আনুষ্ঠানিক ৰূপত গঢ়ি তোলে হৈছে।এনেদৰে শ্ৰমৰ প্ৰাথমিক বিভাজন এক বৃহৎ সাংস্কৃতিক ত্যাগৰ বিনিময়তহে সম্ভৱ হৈ উঠে।ফলত শ্ৰমৰ বিভাজনৰ এনে ধাৰণাক বিলুপ্তি ঘটাব লাগে।চৰম নাৰীবাদীসকলে এনেদৰে এৰি যোৱা ধাৰণাবোৰক পাছৰ পৰ্যায়ৰ নাৰীবাদীসকলে তেওঁলোকৰ কৰ্মৰাজিৰ ক্ষেত্ৰত বিশেষভাৱে সহায় হৈছিল।বিশেষত:মাক্সবাদীবুলি পৰিচয় দিয়া নাৰীবাদীসকলে চৰম নাৰীবাদী সকলৰ পিতৃ প্ৰধান সমাজৰ ধাৰণাক বিশেষভাৱে গুৰুত্ব প্ৰদান কৰিছিল।

১৯৬০ আৰু ৭০ ৰ দশকত আৰম্ভণিতে মাক্সবাদী সকলৰ চিন্তাধাৰাত নব্য বাওঁপন্থী আন্দোলনৰ প্ৰভাৱ সুস্পষ্টকৈ পৰা দেখা যায়।সেই সময়ত উন্নত পুঁজিবাদী সমাজত থকা শ্ৰমিক শ্ৰেণীটোৱে একোটা আন্দোলন গঢ়ি তুলিবলৈ সক্ষম হোৱা নাছিল।”The German Ideology”গ্ৰন্থত মাৰ্ক্স আৰু এঞ্জেলছে(Engels)প্ৰকাশ কৰিছে যে শ্ৰমৰ বিভাজনৰ উৎপত্তি হ’ল প্ৰকৃততে লিংগজনিত কৰ্মত শ্ৰমৰ বিভাজন।শ্ৰমৰ বিভাজন আচলতে পৰিয়ালৰ শ্ৰমৰ প্ৰাকৃতিক বিভাজনৰ ওপৰত নিৰ্ভৰশীল আৰু সমাজত বিভিন্ন পৰিয়ালৰ সৃষ্টি হোৱাৰ লগে লগে ই পৰস্পৰ বিৰোধী হৈ পৰে।ফলত শ্ৰম আৰু উৎপাদনৰ ক্ষেত্ৰ বিভাজনৰ বিভেদ আহি পৰে আৰু পত্নী তথা সন্তানবোৰ স্বামীৰ তত্বাৱধানত আহি পৰে।মাৰ্ক্স আৰু এঞ্জেলছে উল্লেখ কৰা অনুসৰি বৰ্তমানৰ সমাজ ব্যৱস্থাতো শ্ৰমৰ বিভাজন প্ৰচলিত আৰু পৰিয়ালত এতিয়াও শ্ৰমৰ প্ৰাকৃতিক বিভাজন প্ৰচলিত।সেয়ে সামাজিক ব্যৱস্থা পৰিয়ালৰ মাজতে আবদ্ধ।আনহাতে, এনে পৰিয়ালত নাৰীৰ মৰ্যাদা বজাৰত ক্ৰয়-বিক্ৰয় হোৱা সামগ্ৰীৰ দৰে হৈ পৰে ।মাৰ্ক্সীয় চিন্তাধাৰা অনুসৰি প্ৰাথমিক অৱস্থাত পৰিয়ালৰ ধাৰণাই সমাজ শ্ৰমত বিভাজনৰ সূচনা কৰিছিল।আৰু এনে বিভাজনৰ ভিত্তিতেই লিংগজনিত কৰ্মৰ শ্ৰম বিভাজনৰ ধাৰণাই গা কৰি উঠে।মাৰ্ক্সবাদীসকলে নাৰীবাদৰ ধাৰণা আগবঢ়াওতে প্ৰথমতে সদায়েই Marx, এঞ্জেলছ অথবা Millassoux ৰ দৰে ব্যক্তিসকলৰ লিখনিসমূহক গুৰুত্ব প্ৰদান কৰে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top