Sociology of Gender Unit 1 লিংভিত্তিক সমাজতত্ব

Sociology of Gender Unit 1 লিংভিত্তিক সমাজতত্ব Notes, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Sociology of Gender Unit 1 লিংভিত্তিক সমাজতত্ব to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Sociology of Gender Unit 1 লিংভিত্তিক সমাজতত্ব Question Answer can be of great value to excel in the examination.

Sociology of Gender Unit 1 লিংভিত্তিক সমাজতত্ব

Join Telegram channel

Sociology of Gender Unit 1 লিংভিত্তিক সমাজতত্ব Notes cover all the exercise questions in UGC Syllabus. The Sociology of Gender Unit 1 লিংভিত্তিক সমাজতত্ব provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

8. Write about the agents of gender socialisation.

উত্তৰঃ লিংগ সামাজিকীকৰণৰ গৱেষণা পৰিচালনা কৰাৰ ক্ষেত্ৰত তত্ত্বসমূহ বিভিন্ন ধৰণে প্ৰয়োগ কৰা হয়।বিভিন্ন বিষয় বস্তুবোৰ তলত উল্লেখ কৰা ধৰণে পৰিচয় কৰিব পাৰি – পুনৰ সংস্থাপন, সামাজিকীকৰণ প্ৰক্ৰিয়াটোত সৰু ল’ৰা -ছোৱালীৰ সক্রিয় অংশগ্ৰহণ আৰু উন্নয়নশীল পৰিৱৰ্তন – এই বিষয়বিলাক গৱেষণাৰ লগতে তুলনাত্মকভাৱে আলোচনা কৰা হ’ব। ইয়াৰে কিছুমান বিষয় অন্য কিছুমানতকৈ অধিক চূড়ান্ত। শৈশৱকালত লিংগ পৃথকীকৰণৰ প্ৰকৃতি তথা স্বভাৱৰ সূক্ষ্ম অধ্যয়নৰ পিছত ই আৰু অধিক বিকৃত হৈ পৰে।সৰু ল’ৰা আৰু সৰু ছোৱালীৰ মাজত মাক-দেউতাকে যিটো লিংগভেদ তথা লিংগ পৃথকীকৰণৰ অৱতাৰণা কৰিছিল সেইটোও এক মিশ্ৰিত ফলাফল মাজেৰে অতিবাহিত হৈছে।তুলনামূলকভাৱে চাবলৈ গলে অধ্যয়নৰ এই নতুনক্ষেত্ৰ হিচাপে লিংগ সামাজিকীকৰণ প্ৰক্ৰিয়াটো ক্ৰমান্বয়ে আৰু অধিক উন্নত শিখৰলৈ অতিক্ৰম কৰিব ধৰিছে।

সামাজিকীকৰণৰ অভিকৰণ হিচাপে মাক- দেউতাক (অভিভাৱক) যিসকলে লিংগক ব্যক্তিৰ বৈশিষ্ট্যমূলক আৰু ব্যক্তিগত দৃষ্টিভংগীৰে অধ্যয়ন কৰে সেইসকলৰ মতে শিশু এটাৰ মাক-দেউতাক তথা অভিভাৱকক লিংগ সামাজিকীকৰণৰ তাৎপৰ্যপূৰ্ণ উৎস হিচাপে অভিহিত কৰা হয়।সৰু ল’ৰা-ছোৱালী তথা শিশুৰ লিংগ ভেদক লৈ প্ৰথমবাৰৰ বাবে কৰা এক সমীক্ষাৰ তথ্যৰ প্ৰকাশ পোৱা মতে,গৱেষক সকলে অভিভাৱকসকলক আহ্বান জনোৱা হৈছিল যে কিমান ধৰণৰ বিশেষনেৰে তেওঁলোকৰ ল’ৰা -ছোৱালী সমূহক ব্যাখ্যা তথা নামকৰণ কৰা হয়।সৰু ল’ৰা এটাৰ অভিভাৱকতকৈ,সৰু ছোৱালী এজনীৰ অভিভাৱকে কোমল, সৰু, আমনোযোগী, সু-গঠিত ইত্যাদিবোৰ বিশেষণ অধিকভাৱে বাছনি কৰে।গৱেষণাটো এইধৰণে সামৰণি পৰিছিল “কিয়নো একেবাৰে শিশু অৱস্থাত ল’ৰা বা ছোৱালীৰ শাৰীৰিক গঠন প্ৰায়ে একেই প্ৰকৃতিৰ হয় আৰু অভিভাৱকসকলে  প্ৰকৃত বাস্তৱ পাৰ্থক্যবোৰৰ ওপৰত গুৰুত্ব নিদি সম্ভৱতঃ তেওঁলোকে নিজে আৰোপিত কৰা সমসাময়িক লিংগ বৈষম্যকৰণৰ ওপৰতহে অধিক গুৰুত্ব আৰোপ কৰিছিল।শেহতীয়া অধিক সংখ্যক গৱেষণাই এইক্ষেত্ৰত ক্ৰমান্বয়ে নতুন কিছুমান তথ্যগত পাৰ্থক্য উলিয়াবলৈ সক্ষম হৈছে।ক্লিয়েৰফিল্ড আৰু নেলছনে-এ ২০০৬ চনত প্ৰকাশ কৰিছিল যে মাতৃসকলে সৰু ছোৱালী এজনীৰ লগত অধিকভাৱে কথা-বতৰাত জড়িত হৈ থাকে।আনকি নতুন অভিভাৱকসকলৰো প্ৰথম গৱেষণামূলক পৰীক্ষাত এই কথা প্ৰকাশ পাইছে।কলট্রেনে উল্লেখ কৰিছিল, “নাবালক অৱস্থাত তথা সৰু কেঁচুৱা অৱস্থাত সকলো ল’ৰা-ছোৱালীয়ে একে ধৰণৰ শাৰীৰিক বৈশিষ্ট্যই প্ৰকাশ কৰে কিন্তু এইক্ষেত্ৰত বয়োজ্যেষ্ঠ তথা অভিভাৱকসকলে ইহঁতৰ মাজত বৈসাদৃশ্য আনিবলৈ অনৰ্থকভাৱে বহুদূৰ অতিক্ৰম কৰে।”

আনহাতে আন এক তাৎপৰ্যপূৰ্ণ কথা হ’ল প্ৰকাশ যে,অভিভাৱক সকল এই লিংগভেদ প্ৰথাত জড়িত হৈ নাথাকে।লিটন আৰু ৰোমনি’য়েক উচ্চ পৰ্যায়ৰ বিশ্লেষণত প্ৰকাশ কৰিছিল যে, যোৱা ষাটি বছৰৰ গৱেষণামূলক অধ্যয়নৰ তুলনাত তেওঁলোকৰ এশ পঞ্চাশটা অধ্যয়নত লিংগভেদৰ এই প্ৰক্ৰিয়াটো তাৎপৰ্যপূৰ্ণভাৱে কমি আহিছে।ওপৰত এই সম্পৰীক্ষাসমূহ তলত উল্লেখ কৰা প্ৰক্ৰিয়া তথা কাৰ্যকলাপসমূহৰ ওপৰত প্ৰযোজ্য হোৱা দেখা যায়।যেনে – “সফলতাসমূহত উৎসাহিত কৰে,সুমধুৰ কথা-বাৰ্তা,বাধাজনক ক্ৰিয়া-কলাপ আৰু নিয়মানুৱৰ্তী অনুশীলনসমূহ এনেবোৰ ক্ষেত্ৰত অভিভাৱকসকলে নাবালক আৰু নাবালিকাসকলৰ মাজত সম-ব্যৱহাৰ কৰা পৰিলক্ষিত হয়”।

যদিও অভিভাৱকসকলৰ সামাজিকীকৰণৰ ওপৰত চলা অধিকাংশ গৱেষণাই অস্পষ্ট;তথাপি কিছুমান ক্ষেত্ৰত ই চুড়ান্তভাৱে প্ৰকাশ পাইছে।যেনে – পুতলা,খেলা-ধূলা আৰু বিভিন্ন ক্ৰিয়া-কলাপৰ প্ৰতি অভিভাৱক সম্বন্ধীয় ভাৱমূৰ্তি। গৱেষণাত প্ৰকাশ পাইছে যে, যেতিয়া বাছনি কৰিবলৈ সুবিধা দিয়ে তেতিয়া অভিভাৱকে শিশু ল’ৰা এটাক বেলেগ পুতলা দিয়ে আৰু শিশু ছোৱালী বা নাবালিকা ছোৱালী এজনীক বেলেগ পুতলা দিয়ে।তেওঁলোকে সাধাৰণতে ল’ৰা শিশু এটাৰ কাৰণে ফুটবল এটা আৰু ছোৱালী শিশু এজনীৰ কাৰণে পুতলা এজনী বাছনি কৰা দেখা যায়।অনেক্ষেত্ৰত পুতলা বাছনি কৰা প্ৰভাৱৰ পৰা এইটো দেখা যায় যে এইধৰণৰ অভিভাৱকে শিশুৰ সৈতে অধিক সময় কথা-বতৰাত জড়িত হৈ থাকে।অভিভাৱকে ল’ৰাৰ সৈতে খেলে আৰু সাধাৰণতে দেউতাকৰ খেলা-ধেমালিবোৰ হয় শাৰীৰিক পৰিশ্ৰম সম্পদ,খহটা বা কৰ্কশ ধৰণৰ খেলা।আনহাতে, গৱেষণাত আৰু প্ৰকাশিত তথ্য অনুসৰি যে ল’ৰা আৰু ছোৱালীৰ লিংগভেদৰ প্ৰতি অভিভাৱকসকলৰ বিভিন্ন ভাৱমূৰ্তি প্ৰকাশ পায়।ফ্ৰি’মেনৰ ব্যাখ্যা মতে  “গৱেষসকলে যিসকলে জ্যেষ্ঠজনক তথা অভিভাৱকক ব্যাখ্যা কৰে তেওঁলোকৰ লিংগভেদৰ উন্মেষৰ প্রতি সঁহাৰি দি কয় যে যিসকল ল’ৰাই বা শিশুৱে ছোৱালীৰ খেলত জড়িত হৈ পৰে তেওঁলোকে আমাৰ শিক্ষক তথা অভিভাৱকৰ দ্বাৰা অধিকভাৱে সমালোচিত হোৱা দেখা যায়।সেইসমূহ ছোৱালীতকৈ যিসমূহে ল’ৰা এজনে ব্যৱহাৰ কৰা সা-সামগ্ৰী বা কাৰ্যকলাপসমূহ ব্যৱহাৰ কৰে।কিন্তু ল’ৰা-ছোৱালীৰ মাজত থকা ঠেক মনোবৃত্তিসমূহ স্পষ্ট ৰূপত বৰ্তমান সম্প্ৰসাৰণ হৈ আঁতৰি যাব ধৰিছে।

সমনীয়া দলৰ – সামাজিকীকৰণ : লিংগৰ অধ্যয়ন কৰা পণ্ডিতসকলে যিয়ে এই সামাজিকীকৰণ প্ৰক্ৰিয়াতো অধ্যয়ন কৰে তেওঁলোকে আমাৰ সামাজিকীকৰণৰ ধাৰণাটো লৈ এক নতুন চিন্তাৰ অৱতাৰণা কৰে।সামাজিকীকৰণৰ অধিক ব্যাখাই সামাজিকীকৰণৰ  ‘পৰিৱৰ্তনশীল মতাদৰ্শ’ৰ যুক্তিৰ দ্বাৰা পৰিচালিত কৰা হৈছিল।সৰু ল’ৰা-ছোৱালীয়ে নিজে এটাই আনটোক সামাজিকীকৰণৰ কৰা ব্যৱস্থাটোকে তেওঁলোকে “সংলাপীয় আদৰ্শ’টোক অধিক প্রাধান্য দিয়ে।

যিবিলাক সমগোট সামাজিকীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰে তেওঁলোকে শিশুৰ ব্যক্তিগত চাৰিত্ৰিকগত বৈশিষ্ট্যৰ পৰিবৰ্তে শিশু তথা সৰু-ছোৱালীৰ মাজত হোৱা কথা-বার্তাক অধিক গুৰুত্ব দি  ‘লিংগ সম্বন্ধীয় বিষয়টো অধ্যয়ন কৰে। সমগোট সামাজিকীকৰণৰ গৱেষণাত পোৱা এটা আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় হ’ল সৰু ল’ৰা-ছোৱালীৰ খেলৰ যৌন পৃথকীকৰণৰ প্ৰকৃতি বা স্বভাৱ । তিনি বছৰীয়া এজন ল’ৰা বা এজনী ছোৱালীয়ে উভয়ে আৰম্ভণিৰ অৱস্থাত সমলিংগৰ খেলৰ লগৰীয়াকে অগ্ৰাধিকাৰ দিয়ে।এই অগ্ৰাধিকাৰটো বিভিন্ন সংস্কৃতিৰ মাজত বিচাৰি পোৱা যায়; যিটো নেকি প্ৰাপ্তবয়স্কৰ দ্বাৰা প্ৰভাৱিত নহয় আৰু ই সাধাৰণতে কৈশোৰ কাললৈ বিয়পি থকাও দেখা যায়।যদিও প্ৰথমতে এই অগ্ৰাধিকাৰটো ছোৱালীৰ ক্ষেত্ৰতহে দেখা গৈছিল; ল’ৰাবোৰে ছোৱালীতকৈ সাধাৰণতে লিংগ পৃথকীকৰণলৈ অধিক কঠোৰ হোৱা দেখা যায় আৰু প্ৰাপ্তবয়স্কৰ লগতো কথা-বতৰা পতাৰ ক্ষেত্ৰত সংকোচ কৰা পৰিলক্ষিত হয়।ইয়াৰ ফলাফল হিচাপে ল’ৰা-ছোৱালীয়ে যে সমলিংগ গোটৰ পৰা এজন পুৰুষ বা এজন ল’ৰা আৰু এজনী নাৰী বা এজনী ছোৱালীক কেনেদৰে বুজাব পাৰি তাক বুজি উঠে।১৯৯৯ চনত ষ্ট’কৱাৰ্ডে ইয়াক শৈশৱ কালত এক ধৰ্মীয় বিশ্বাস বুলি অভিহিত কৰিছিল।এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ বাগৰি যোৱা,এক ধৰণৰ খেল,বিভিন্ন ক্ৰিয়া-কলাপ,বিভিন্ন নীতি-নিয়ম ইত্যাদি।এইটো প্ৰাপ্তবয়স্কসকলৰ দ্বাৰা সহজে প্ৰভাৱিত নহয়।এইক্ষেত্ৰত ল’ৰা আৰু ছোৱালীৰ বাবে কেতবোৰ সঠিক অৱদান আছে সেইবোৰৰ বিপক্ষে যিবোৰে সিহঁতক ভংগ কৰে তথা বিৰোধ কৰে।

এটা গৱেষণাত লিংগ পৃথকীকৰণ খেলৰ সন্দৰ্ভত ব্যাখ্যা প্ৰকাশ এনেদৰে যে,ল’ৰা আৰু ছোৱালীয়ে বিভিন্ন ধৰণেৰে খেলে,আৰু সেয়েহে তেওঁলোক কাৰ খেলৰ ধৰণ প্ৰায় বহুখিনি একে বা সদৃশ হয় তাক সক্ৰিয়ভাৱে অনুসন্ধান কৰিব পাৰে(ষ্ট’কৱাৰ্ড ১৯৯৯)এইক্ষেত্ৰত ছোৱালীবোৰে নিৰ্দিষ্টকৈ অন্য এজনী বা দুজনী ছোৱালীৰ সৈতে নলে গলে লগা বন্ধুত্ব স্থাপন কৰা দেখা যায়।তেওঁলোকে কথা-বতৰা আৰু মনোভাবৰ সন্মতিৰ জৰিয়তে এইভাব প্ৰকাশ কৰিব বিচাৰে।অন্যহাতে ল’ৰাবোৰে এটা বৃহৎ গোটত অন্তৰ্ভূক্তি হৈ বিভিন্ন ধৰণৰ কঠিন ক্ৰিয়াকলাপ অংশগ্ৰহণ কৰিব বিচাৰে যিটোৱে নেকি বহুত সময় তাত ঠাই লয়; আৰু সাধাৰণতে দুঃসাহসিক তথা ভয়ানক হয়(ষ্ট’কৱাৰ্ড১৯৯৯) ১৯৯৯ চনত ষ্টকৱাৰ্ডে এটা ব্যাখ্যাত কৈছিল যে, “ল’ৰা-ছোৱালী উভয়ে তেওঁলোকৰ কথা-বতৰাৰ দ্বাৰা আনক প্ৰভাৱিত কৰা দেখা যায়, আৰু সাধাৰণতে এইটো তেওঁলোকৰ বিভিন্ন ধৰণেৰে উবায়েৰে কৰা দেখা যায়।আন এক ক্ষেত্ৰত ছোৱালীবোৰে ল’ৰাবোৰতকৈ ,ছোৱালীবোৰক সহজেই সফলভাবে প্ৰভাৱিত কৰিব পাৰে।ইয়াৰ ফলস্বৰূপে মেক’বিমে ১৯৯০ চনত ব্যাখ্যা আগবঢ়াইছিল যে,ছোৱালীবোৰে ইচ্ছাকৃতভাৱে ল’ৰাবোৰক পৰিহাৰ কৰে।আনহাতে এইক্ষেত্ৰত অৰ্থাৎ ল’ৰা-ছোৱালীৰ পৰিহাৰ কৰাৰ ক্ষেত্ৰত এই তত্বটো কমকৈ সফল হোৱা দেখা যায়।

আৰু এক ব্যাখ্যা অনুসৰি, সেই সমনীয়া দল স্বীকৃতি দিয়াটো প্ৰয়োজনীয় তথা গুৰুত্বপূৰ্ণ, যেনে অভিভাৱকসকলৰ তাৎপৰ্যপূৰ্ণভাৱে লিংগ চৰিত্ৰকৰণৰ প্ৰভাৱিত কৰে। অভিভাৱকৰ ছোৱালীতকৈ ল’ৰাৰ প্ৰতি এক ঋণাত্মক প্ৰত্যাশা আৰু ভাৱমূৰ্তি থকা দেখা যায়।তদুপৰি সমনীয়া দল সামাজিকীকৰণেও ছোৱালীয়ে ল’ৰাৰ নিচিনা আচৰণ কৰাতকৈ ল’ৰাই ছোৱালীৰ আচৰণ প্ৰদৰ্শন কৰাত শাস্তি দিয়া পৰিলক্ষিত হয়।যেতিয়া ছোৱালীয়ে ল’ৰাৰ নিচিনা আচৰণ কৰা দেখা যায় তেতিয়া ‘টমৱয়’ শব্দটো সাধাৰণতে কেতিয়াবা দুৰ্লভভাৱে ব্যৱহাৰ কৰা হয়; যদিও আনকি ইয়াক বিস্তৃত ৰূপত জনা যায়; অন্যহাতে ‘ছিছি’ শব্দটো বিস্তাৰিত ৰূপত প্ৰয়োগ কৰা হয় যদিও ল’ৰাই ছোৱালীৰ নিচিনা আচৰণ প্ৰদৰ্শন কৰে, ইয়াক এইক্ষেত্ৰত প্ৰায়ে ক্ৰমাগতভাৱে ঋণাত্মক দিশৰ ধাৰণা কৰি লোৱা হয়।পৰিশেষত হোৱাৰটনে এনেদৰে প্ৰকাশ কৰিছিল যে, “এক গতৰ লিংগ সামাজিকীকৰণৰ স্পষ্ট কৰাৰ কাৰণে ছোৱালীবোৰে ল’ৰাতকৈ সহজেই লিংগৰ পৰিসীমা অতিক্ৰম কৰে।অন্যলিংগৰ সৈতে যেতিয়া ছোৱালীবোৰে বিভিন্ন কাৰ্যকলাপ বা খেলত অংশগ্ৰহণ কৰে তেতিয়া ল’ৰাবোৰতকৈ কমকৈ ঋণাত্মক মনোযোগ আকৰ্ষণ কৰে।সংবাদ মাধ্যম আৰু সামাজিকীকৰণ অভিভাৱক আৰু উচ্চ বংশজ লোকসকলৰ মতে,যেনে – টেলিভিছন(দূৰদৰ্শন, কম্পিউটাৰ গেমছ আৰু সাহিত্য আদিবোৰেও ল’ৰা আৰু ছোৱালী উভয়ৰে কাৰণে লিংগ সম্বন্ধীয় এক প্রকৃত আৰু সুস্পষ্ট ধাৰণা লোৱাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়ায়। 

গৱেষণাত প্ৰকাশ হৈছে যে সৰু ল’ৰা-ছোৱালীৰ মাজত লিংগ বিভেদ সম্বন্ধীয় চৰিত্ৰবোৰ মষিমূৰ কৰাত বহুলাংশে অৰিহণা আগবঢ়ায়; আৰু এই সম্বন্ধীয় কিতাপবিলাক পুথিভঁৰাল আৰু কিতাপৰ দোকানবোৰত সহজতে, উপলব্ধ হয়।এই বিষয়ত এই প্ৰাথমিক গ্ৰন্থসমূহে ছোৱালীবোৰক পৰম্পৰাগতভাৱে লিংগ সম্বন্ধীয় প্ৰকৃত আৰু সুস্পষ্ট ধাৰণা দিয়ে ঘৰুৱা কিছুমান কাম আৰু পৰামৰ্শৰ জৰিয়তে।উদাহৰণস্বৰূপে,চালে দেখা যায় যে ল’ৰাবোৰে যেতিয়া বিস্তৃত পৰিসৰত সিঁচৰতি হৈ থকা কিছুমান কাৰ্যত তথা ক্ৰিয়া-কলাপত জড়িত হৈ থাকে; ইয়াৰ উপৰিও যেতিয়া তেওঁলোকে ঘৰুৱা কিছুমান জড়িত হৈ দেখুৱাই যেনে – ৰন্ধন কার্য ইত্যাদি আৰু যেতিয়া ল’ৰাবোৰে বিভিন্ন বাহ্যিক কাৰ্যকলাপ তথা বস্তু সজা কাৰ্যত জড়িত হৈ থাকে, এনেদৰেও বিভিন্ন ক্ষেত্ৰত ছোৱালীসমূহে লিংগসম্বন্ধীয় প্ৰকৃত বাস্তৱ ধাৰণা আৰু নির্দশন লাভ কৰিবলৈ সক্ষম হ’ব পাৰে।দুৰদৰ্শনৰ যোগেদি প্ৰচাৰ কৰা কিছুমান বিস্তৃত কাৰ্যসূচীৰ ক্ষেত্ৰতো তাৎপৰ্যপূৰ্ণভাৱে অনুষ্ঠান পৰিচালনা কৰাৰ ক্ষেত্ৰত ল’ৰাসকলৰ প্ৰতি বা পুৰুষৰ প্ৰতি পক্ষপাতমুলক আচৰণ প্ৰদৰ্শন কৰা দেখা যায়।এইক্ষেত্ৰত ১৯৯০ চনৰ এক গৱেষণামূলক সমীক্ষাত প্ৰকাশ পোৱা মতে মহিলাৰ চৰিত্ৰতকৈ পুৰুষ চৰিত্ৰৰ সংখ্যা বহু তাকৰ,মহিলাৰ চৰিত্ৰবোৰ সাধাৰণতে পুৰুষ চৰিত্ৰতকৈ কম বয়সৰ হয়, আৰু এইক্ষেত্ৰত কৰ্মচাৰী হিচাপে পুৰুষৰ চৰিত্ৰতকৈ মহিলাৰ চৰিত্ৰই অধিক প্ৰাধান্য পোৱা দেখা যায় আৰু অধিকভাৱে বৰ্ণিত হোৱা দেখা যায়।এটকিমৰ দূৰদৰ্শনৰ ৫০০ খনতকৈও অধিক অনুষ্ঠান সম্পৰ্কে আগবঢ়োৱা প্ৰতিবেদন দেখা যায় যে “পুৰুষ চৰিত্ৰতকৈ মহিলাৰ চৰিত্ৰৰ প্ৰাধান্যই ইয়াকে বুজাই যে,এইক্ষেত্ৰত আমাৰ অনুষ্টুপীয়া জ্ঞান-বুদ্ধিৰ বিকাশ ঘটায় এই বিষয়ত এক সুস্পষ্ট আৰু সুনিৰ্দিষ্ট ধাৰণা প্ৰকাশ কৰি লিংগ সামাজিকীকৰণৰ আয়ত্ব কৰিব পাৰিব লাগিব”। 

আজিকালি বাণিজ্যিক ক্ষেত্ৰত সংশ্লিষ্ট কৰ্তৃপক্ষৰ মাজত খুব কমকৈ পুৰুষ কণ্ঠই ভুমুকি মৰা দেখা যায় আৰু পুৰুষ আৰু নাৰীৰ চৰিত্ৰৰ বৈষম্যমূলক ৰূপত প্ৰতিফলিত হোৱা দেখা যায়।গৱেষসকলে ধাৰণা আগবঢ়াইছে যে যেতিয়া ল’ৰা-ছোৱালীয়ে হাইস্কুলীয়া শিক্ষা অতিক্ৰম কৰে তেতিয়া সাধাৰণতে দেখা যায় যে তেওঁলোকে শ্ৰেণীকোঠাত উপস্থিত থকাতকৈ দূৰদৰ্শন বা টেলিভিছনৰ সন্মুখত অধিক সময় অতিবাহিত কৰে এইখিনিতে সহপাঠ্যক্ৰমিক অধ্যয়নত প্ৰকাশিত হৈছে যে যিবিলাক ল’ৰা-ছোৱালীয়ে টেলিভিছন বা দূৰদৰ্শন আগত অধিক সময় কটায় সাধাৰণতে তেওঁলোকৰ যৌনতা সম্বন্ধে অধিক লিংগ বিভেদকৰণৰ মনোভাৱ থকা দৃষ্টিগোচৰ হয়।আন বিভিন্ন অধ্যয়নত প্ৰকাশ পোৱা অনুসৰি এনেক্ষেত্ৰত টেলিভিছনৰ কিছুমান অনুষ্ঠানেও তেওঁলোকৰ ব্যক্তিগত বাছনি, কেৰিয়াৰ সম্বন্ধীয় আশা-আশংকা আৰু নিজস্ব স্বকীয়তাতো প্ৰভাৱ পেলায়।

9. Discuss about the reference of the concept of public private divide.

উত্তৰঃ সাম্প্ৰতিক সময়ত উদাৰীকৰণ,ব্যক্তিগত কাৰণ আৰু বিশ্বায়ন বা LPG ৰ যুগত পুৰুষ-মহিলাৰ কৰ্মক্ষেত্ৰত এক আমূল পৰিবৰ্তন সংঘটিত হৈছে।আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত মানৱীয় অধিকাৰসমূহৰ সফল ৰূপায়ণৰ বাবে গ্ৰহণ কৰা যাবতীয় পদক্ষেপসমূহ বিশ্বৰ প্ৰতিখন গণতান্ত্ৰিক ৰাষ্ট্ৰৰ ৰাষ্ট্ৰীয় বিধিগত ব্যৱস্থাত পূৰ্ণপ্ৰতিফলন ঘটা দেখিবলৈ পোৱা যায়, যিবিলাকে নেকি পুৰুষ-মহিলাৰ মাজৰ ব্যৱধানসমূহ দূৰীকৰণত অৱদান যোগাইছে।এনেদৰে পুৰুষ-মহিলাৰ মাজত ব্যৱধানৰ সংকোচনে তেওঁলোকৰ কামৰ পৰিধিত সামঞ্জস্যতা আনি দিছে।এনে এক অৱস্থাৰ প্ৰেক্ষাপটত ৰাজহুৱা-ব্যক্তিগত পৰ্যায়ৰ বিভাজনৰ অৱধাৰণাটো সম্পূৰ্ণৰূপে অপ্ৰাসংগিক হৈ পৰাৰ উপক্ৰম হৈ পৰিছে।

নাৰীবাদী দৰ্শন অনুসৰি পুৰুষৰ তুলনাত মহিলাসকল কোনো গুণে কম নহয়।সেয়েহে মহিলাসকল “দ্বিতীয় শ্ৰেণীৰ নাগৰিক”(Second Class Citizen”) বুলি বিবেচনা কৰোতে অযুক্তিকৰ আৰু অপ্ৰাসংগিক দৈহিক অবয়বৰ ক্ষেত্ৰত পুৰুষ-মহিলাৰ মাজত প্ৰভেদ থাকিলেও মহিলাসকলে পুৰুষৰ সমান্তৰালভাৱে শাৰীৰিক শক্তি বৌদ্ধিক চিন্তা-চৰ্চা কৰিব পৰা শক্তি লাভ কৰিছে।কিন্তু তেনেস্থলত মহিলাসকলৰ ওপৰত পুৰুষসকলৰ দ্বাৰা চলাই অহা শোষণ,নিষ্পেষণ বঞ্চনা আদি পিতৃতান্ত্ৰিক সমাজৰ আসোঁৱাহ পূৰ্ণ চিন্তাধাৰা সমূহক পৰিৱৰ্তন সাধন কৰাই নাৰীবাদী দৰ্শনৰ অন্যতম প্ৰধান লক্ষ্যৰূপে গণ্য কৰা হয়।

সূক্ষ্মভাবে চালে দেখা যায় যে ঊনবিংশ শতিকাৰ আদিভাগৰ পৰাই বিশ্বৰ উন্নত ৰাষ্টসমূহৰ মহিলাসকলে পুৰুষৰ সমান্তৰালভাৱে বিভিন্ন কৰ্মক্ষেত্ৰত নিয়োজিত হোৱাৰ সুযোগ লাভ কৰিবলৈ সক্ষম হৈছে।ইয়াৰ পৰা এইটো অনুমেয় যে মহিলাৰ কৰ্মৰ ক্ষেত্ৰত ৰাজহুৱা আৰু ব্যক্তিগত পৰ্যায়ৰ যি বিভাজন সেয়া বহুলাংশে নোহোৱা হৈ পৰিল।আমেৰিকা, ইংলেণ্ড, ফ্ৰান্স,কানাডা আদি ৰাষ্ট্ৰসমূহত মহিলাসকলে ভোটাধিকাৰ(Right to Vote) লাভৰ জৰিয়তে ৰাজনৈতিক ক্ষেত্ৰখনত প্ৰবেশ কৰাটোৱে পুৰুষ-মহিলাৰ মাজৰ ব্যক্তিগত ৰাজহুৱা পৰ্যায়ৰ যি বিভাজন সেয়া নোহোৱাটোকে সূচিত কৰে।অনুৰূপ ধৰণে, ৰাছিয়াৰ মহিলাসকলৰ উত্তৰণৰ ক্ষেত্ৰত বিপ্লৱী নেত্ৰী লেৰিছা ৰেইছনা(Larisa Reisner) ৰ প্ৰচেষ্টাৰ গ্ৰহণ কৰা বিশেষ পদক্ষেপৰ ফলশ্ৰুতিতেই ১৯২০ চনত ৰাছিয়াৰ মহিলাসকলক চৰকাৰীভাৱে বিবাহ পঞ্জীয়ন কৰাৰ অধিকাৰ “Civil Marriage Registration Act 1920” প্ৰদান কৰা হৈছিল।ৰাজহুৱা-ব্যক্তিগত পৰ্যায়ৰ বিভাজনৰ পৰিসমাপ্তিৰ ইয়ো আন এক  সুন্দৰ নিদৰ্শন।পৰিয়ালৰ আবেষ্টনীত থাকি পৰিয়ালৰ বাবে ৰন্ধা-বঢ়াৰ কাম, সন্তান জন্ম দিয়া কাম, লালন-পালন কাৰ্যত নিয়োজিত হৈ থকা মহিলাসকলে ৰাজপথলৈ ওলাই আহি পাৰিবাৰিক দাসত্ব জীৱনৰ পৰা পৰিত্ৰাণ পাবৰ বাবে আন্দোলনৰ পথ বাচি লোৱাৰ সময়তে বহু ইউৰোপীয়ান মহিলাই বিভিন্ন ধৰণৰ ৰাজহুৱা পৰ্যায়ৰ কামত নিয়োজিত হ’বলৈ সক্ষম হৈছে।ইয়াৰ পৰাই অনুমেয় যে ইউৰোপীয়ান মহিলাসকলে ব্যক্তিগত অৰ্থাৎ পাৰিবাৰিক কাম-কাযত সীমাবদ্ধ নাথাকি ৰাজহুৱা অৰ্থাৎ সামাজিক পৰ্যায়ৰ বহু কাম-কাজতে অংশগ্ৰহণ কৰি অভূতপূৰ্ব সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে।

তৃতীয় বিশ্বৰ ৰাষ্ট্ৰসমূহৰ বেলিকা মন কৰিলে দেখা যায় যে প্ৰাক স্বাধীনতা কালৰে পৰাই এই ৰাষ্ট্ৰবিলাকত পিতৃতান্ত্ৰিক সমাজ ব্যৱস্থা,ধৰ্মীয় গোড়ামী,জাতিভেদ প্ৰথা, বৰ্ণ বৈষম্য আদি কু-প্ৰথাবিলাকে মহিলাসকলৰ জীৱন অন্ধকাৰৰ্চ্ছন্ন কৰি তুলিছিল কিন্তু সম্প্ৰতি আধুনিক গণতান্ত্ৰিক ৰাষ্ট্ৰ ব্যৱস্থাত মহিলাসকলে পুৰুষৰ সমানে সমানে প্ৰতিটো দিশতে অংশগ্ৰহণ কৰি সহযোগ কৰিবলৈ সক্ষম হৈছে ভাৰত,পাকিস্তান,নেপাল, ভূটান,শ্ৰীলংকা, বাংলাদেশ আদিৰ দৰে ৰাষ্ট্ৰবিলাকত মহিলাসকলে আৰ্থ-সামাজিক, সাংস্কৃতিক আৰু ৰাজনৈতিক কাৰ্যকলাপ সমূহত পুৰুষৰ সমানেই অংশগ্ৰহণ কৰি সমমৰ্যদা লাভ কৰিবলৈ সক্ষম হৈছে।এনেদৰে মহিলাসকলে ৰাজহুৱা-ব্যক্তিগত উভয় কৰ্মক্ষেত্ৰতে ফলপ্ৰসুভাৱে সহযোগিতা আগবঢ়াই মহিলা শক্তি(Women’s Force)ক বাস্তৱক্ষেত্ৰত প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে।এনে পৰিস্থিতিত সাম্প্ৰতিক সময়ত ৰাজহুৱা-ব্যক্তিগত বিভাজনৰ অৱধাৰণাটো অপ্ৰাসংগিক হৈ পৰা বুলি ক’লেও অত্যুক্তি কৰা নহ’ব।

10. Discuss about the sexual division of labour in the context of rural and urban India.

উত্তৰঃ ভাৰতৰ শ্ৰমৰ লিংগভিত্তিক বিভাজন ধাৰণাৰ ওপৰত সামান্যতমো চিন্তা-চৰ্চা হোৱা নাই যে ই একোটা প্ৰাথমিক তত্ত্বগত বিশ্লেষণ আগবঢ়াব পাৰে।সেয়ে ওপৰত উল্লেখিত বিষয়ৰ ওপৰত মন্তব্য আগবঢ়োৱাতো কঠিন হ’ব।অৱশ্যে কেইটামান লক্ষণীয় বিষয় আমি আলোচনা কৰিব পাৰো।

বৃহৎ জনসংখ্যাৰে ভাৰত এখন বিশাল দেশ,ইয়াত জাতি,ৰীতি-নীতি আৰু আচৰণ আদিৰ ক্ষেত্ৰত বিভিন্ন বিৰাজমান।ইয়াত শ্ৰেণী,জাতি,ধর্ম, নৃতাত্ত্বিক আৰু আঞ্চলিক ভিন্নতা ইমানেই আছে যে সকলো সামৰি এটা সামান্য তত্ত্ব আগবঢ়োৱাটো সম্ভৱ নহয়।তথাপি আমি Machu Kishwarআৰু Ruth Vanity ৰ দ্বাৰা সম্পাদিত “In Search of Answer”নামৰ গ্ৰন্থখনৰ আধাৰতেই কিছু বিশ্লেষণ আগবঢ়োৱাৰ প্ৰয়াস কৰিম।

গ্ৰাম্য ভাৰতৰ লিংগভিত্তিক বিভাজন : ভাৰতৰ অধিকাংশ লোকেই গাঁৱত বাস কৰে আৰু ফলত অধিকাংশ মহিলাই গাঁৱত বাস কৰে।ভাৰতৰ অধিকাংশ নাৰীয়েই সাধাৰণ কৃষক অথবা ভুমুহীন কৃষক শ্ৰমিক পৰিয়াল।দেশখনত বিশেষকৈ নাৰীৰ মাজত শিক্ষাৰ হাৰ দুখলগাকৈ কম।ইয়াত বেছিভাগ লোকেই দৰিদ্ৰ সীমাৰেখাৰ তলত বা সামান্য ওপৰত বাস কৰে।ফলত এওঁলোকে জীৱনটো জীৱন ধাৰণৰ নূন্যতম প্ৰয়োজন যেনে – খাদ্য,ইন্ধন আৰু পানীৰ সন্ধানতে পাৰ হয়।যদিও আজিকালি বহু নাৰীয়ে কৃষক শ্ৰমিকৰ বৃত্তি এৰি ফিছে তথাপিও বুজনসংখ্যক নাৰী কৃষিভিত্তিক শ্ৰমৰ সৈতে জড়িত।এই গ্ৰাম্য নাৰীসমাজৰ মাজত প্রকৃত স্বাধীনতা, মুক্তি আৰু আত্মবিশ্বাসৰ বাৰুকৈয়ে অভাৱ।তেওঁলোকৰ সামাজিক অৱস্থা আৰু উৎপাদনৰ ওপৰত কোনো আধিপত্য নাথাকে।পৰিয়ালৰ অৰ্থনৈতিক অৱস্থাত প্ৰভাৱ পেলোৱাকৈ সিদ্ধান্ত গ্ৰহণৰ ক্ষমতাৰ পৰা এওঁলোক বঞ্চিত।অবশ্য সকলো ভাৰতীয় নাৰীয়েই পাশ্চাত্য সভ্যতাৰ দৰে সম্পূৰ্ণৰূপে স্বাধীনতা হেৰুৱাব লগা নহয়।খ্ৰীষ্টান ধৰ্মত থকাৰ দৰে ভাৰতৰ ধৰ্ম আৰু নীতিৰ ক্ষেত্ৰত দ্বিতীয় নাগৰিকৰ দৰে মৰ্যাদা পাব লগা নহয়।কিন্তু ইয়াৰ অৰ্থ এয়া নহয় যে এওঁলোকৰ অৱস্থা প্ৰাচীন অথবা আধুনিক পাশ্চাত্য সমাজৰ নাৰীতকৈ ভাল আছিল।ঘৰ চলোৱা আৰু সন্তানৰ পালনৰ সকলো দায়িত্ব এতিয়াও নাৰীৰ ওপৰতে জাপি দিয়া হয়।ঘৰৰ সকলো গেবাৰী নাৰীৰ ৰাজহুৱা দায়িত্ব।উপযুক্ত পৰিয়ালৰ পৰিকল্পনাৰ অভাৱত অন্যান্য ঘৰুৱা কাৰ্যৰ লগতে নাৰীয়ে বাৰম্বাৰ গৰ্ভধাৰণৰ সমস্যায় ভুগিব লগা হয়।তথাপিও নাৰীৰ এনে কঠোৰ কৰ্মৰাজিকো নাৰীৰ সাধাৰণ স্বাভাৱিক কৰ্ম হিচাপে চোৱা হয় আৰু ইয়াকে নাৰীৰ ভাগ্য আখ্যা দিয়া হয়।গোটেই বিশ্বাস ভবাৰ দৰে নাৰীক ঘৰুৱা কৰ্মৰাজিৰ উৎপাদনশীল বুলি গণ্য কৰা নহয় আৰু সামাজিক মৰ্যাদাৰ পৰাও এনে কৰ্মই বঞ্চিত হ’ব লগা হয়।ইয়াৰ বিপৰীত নাৰীৰ কামক সমাজৰ বাবে লেতেৰা আৰু ৰীতিগতভাৱে অস্পৃশ্য জ্ঞান কৰা হয়।গ্রাম্য ভাৰতৰ নাৰীয়ে পুৰুষতকৈ অধিক কৰ্ম সম্পাদন কৰে।তাৰোপৰি গ্ৰাম্য সমাজৰ মাটিবিহীন শ্ৰমিক পৰিয়ালৰ নাৰীসকলে তেওঁলোকৰ স্থানীয় কৰ্মদাতাৰ যৌন নিষ্পেষণ বলি হ’ব লগা হয়।

আন এটা উল্লেখযোগ্য দিশ হ’ল – ভাৰতৰ গ্ৰাম্য সমাজত নাৰীয়ে অতি প্ৰতিকূল পৰিবেশত ঘৰুৱা কৰ্ম সম্পাদন কৰিব লগা হয়।তাৰোপৰি তেওঁলোকে একেৰাহে লেতেৰা,প্ৰদূষিত পানী আৰু সেমেকা পৰিবেশত থাকি কৰ্ম কৰিব লগা হোৱাত ইয়াৰ প্ৰভাৱ নাৰীৰ শৰীৰতো পৰে।

পৰিয়াল আৰু সামাজিক সম্পদৰ ওপৰত নাৰীৰ নিয়ন্ত্ৰণ নথকা বিষয়টো উন্নয়নৰ প্ৰক্ৰিয়াটো প্ৰতিফলিত হয়।উদাহৰণস্বৰূপে ধনী কৃষক শ্ৰেণীৰ অধিক আয়খিনি পৰিয়ালৰ পুৰুষ সদস্যজনৰ সুখ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখিহে ব্যয় কৰা হয়।কিন্তু পৰিয়ালত নাৰীৰ সুবিধাৰ বাবে এটা পৰিষ্কাৰ গা-ধোৱা ঘৰ অথবা টয়লেট ব্যৱস্থাকো অৱহেলা কৰা হয়।যদিও আয়ৰ পৰিমাণ অধিক হোৱা বাবে নাৰীয়ে কৃষিগত শ্ৰমৰ পৰা ৰেহাই পায়,তথাপিও ই নাৰীক ঘৰতে আবদ্ধ হৈ পৰা বন্ধীহে কৰি তোলে।

শেষৰ শ্ৰমৰ লিংগভিত্তিক বিভাজনৰ আন এটা প্ৰধান দিশ হ’ল সমাজ ব্যৱস্থাত থকা পতিতালয়ৰ ধাৰণা।বহু নিম্ন বংশত নাৰীয়ে ইয়াক অৰ্থনৈতিক বিভাজনৰ কাৰক হিচাপে ধৰি ল’লে।এনে অৱস্থাত নাৰীয়ে শৰীৰ গোটেই পৰিয়ালৰে ভৰণ-পোষণৰ মাধ্যম হৈ পৰে।

ভাৰতৰ নগৰাঞ্চলত শ্ৰমৰ লিংগভিত্তিক বিভাজন : যদিও ভাৰতৰ চহৰীয়া জীৱনত শ্ৰমৰ লিংগভিত্তিক বিভাজনৰ বিষয়ে অধিক তথ্য পোৱা যায়, তথাপিও এক পদ্ধতিমূলক তথ্য সংগ্ৰহৰ মাধ্যমেদি ইয়াৰ ওপৰত বিশ্বাসযোগ্য মন্তব্য প্ৰদান কৰাৰ সময় আহি পৰিছে।

শিক্ষিত আৰু উচ্চ বংশজাত পৰিয়ালত নাৰীক এটা স্বাধীন কেৰিয়াৰ নিৰ্বাচন কৰাৰ ক্ষেত্ৰত সহযোগিতা কৰা নহয়।ফলত আমি এনে বহু মহিলাক পাব পাৰো যি চিকিৎসা বিভাগৰ স্নাতকোত্তৰ হৈও এটা সম্পূৰ্ণ গৃহিনীৰ জীৱন কথাই থাকিব লগাত পৰিছে।এনে পৰিয়ালত নাৰীৰ দক্ষতা আৰু পাৰদৰ্শিতা উলাই কৰা হয় আৰু তেওঁলোকে এটা সজ্জিত পুতলাৰ জীৱন উপহাৰ দিয়া হয়।নিয়োজিত শিক্ষিত মহিলাৰ ক্ষেত্ৰত এওঁলোকে সাধাৰণতে নাৰ্ছ, শিক্ষক, কেৰাণী, টাইপিষ্ট, ৰিচিপচনিষ্ট আদি চাকৰিতে সীমাবদ্ধ।যদিও নাৰীয়ে এনে কৰ্মক্ষেত্ৰত কঠিন কাম সম্পাদন কৰিব লগা হয়, তথাপিও এওঁলোকে কামক সদায় দ্বিতীয় পৰ্যায়ত হিচাপে গণ্য কৰা হয়।তাৰোপৰি নিজৰ ব্যক্তিত্ব বিকাশৰ বাবে নাৰীয়ে একোটা স্বাধীন কেৰিয়াৰ বাছি লোৱাৰ ক্ষেত্ৰতো তেওঁলোক বাৰে বাৰে অৱহেলিত হ’ব লগা হয়।

এটা কথা উল্লেখনীয় যে নাৰীৰ যি ধৰণেনে কাৰিকৰী বিদ্যা নাথাকক কিয় তেওঁলোকে সদায়ে নিম্ন কৌশলৰ প্ৰয়োজন থকা কৰ্মতহে নিযুক্তি দিয়া হয়।যদিও সংবিধানত নাৰীৰ বাবে বহুখিনি সুবিধা(প্ৰসৱকালীন ছুটি আদি)আছে,তৎসত্বেও চাকৰিৰ সুযোগ অথবা পদোন্নতিৰ ক্ষেত্ৰত এইবোৰক নাৰীৰ বিপৰীতেহে ব্যৱহাৰ কৰা হয়।চাকৰিয়াল নাৰীয়ে সদায়ে পুৰুষ শাসিত পৰিবেশত মাজত সংকুচিত আৰু ব্যক্তিত্বহীন জীৱন কথাব লগা হয়।নাৰীৰ কৰ্মৰ সাৰ্বজনীন মূল্যহীনতাৰ ধাৰণাই নাৰীক পুৰুষসকলক নাৰীৰ বিৰুদ্ধে লঘু মন্তব্য আৰু নিষ্পেষণ কৰিবলৈ প্ৰেৰণা দিয়ে।গ্ৰাম্য সমাজৰ দৰেই শিক্ষিত চহৰীয়া সমাজতো নাৰীয়ে নিজৰ আয়ৰ ওপৰতো অধিকাৰ সাব্যস্ত কৰিব নোৱাৰে।

আনহাতে চহৰীয়া দুখীয়া আৰু অশিক্ষিত সমাজতো নাৰীয়ে সমানেই প্ৰতিকূল পৰিবেশত জীৱন অতিবাহিত কৰিব লগা হয়। যিসকলে সম্পূৰ্ণৰূপে এটা গৃহিনীৰ জীৱন কটাব লগা হয়,তেওঁলোকে গ্ৰাম্য তিৰোতাৰ দৰেই এটা অস্বাস্থ্যকৰ পৰিবেশত কঠোৰ পৰিশ্ৰম কৰিব লগা হয়।প্ৰকৃততে এওঁলোকৰ অৱস্থা গ্ৰাম্য তিৰোতাতকৈও অধিক শোচনীয় হৈ পৰে কিয়নো এওঁলোকৰ আনকি পৰিস্কাৰ পানী,বায়ু আৰু পোহৰ একোকে নাপায়।আনহাতে যিসকলে কৰ্মত নিযুক্তি হয়,তেওঁলোকও কম বেতনত ঘৰুৱা চাকৰ আদি কাম কৰিব লগা হয়।তাৰোপৰি আন বহুতো কাৰখানা আদিত কৰ্মত নাৰীসকলে মৰ্যাদাহীন কৰ্মত নিজকে নিয়োগ কৰিব লগা হয়।আনহাতে অতি ভয়ংকৰ কথাটো হ’ল যে দুখীয়া অশিক্ষিত চহৰীয়া পৰিবেশত পুৰুষে নিজৰ আয়ৰ অধিকাংশ চিগাৰেট, মদ আদিৰ নামত ব্যয় কৰে।ফলত সন্তানৰ পোষণ আদি কাৰ্যত নাৰীয়ে দুৰ্ভোগ ভুগিব লগা হয়।

আমি যদি গ্ৰাম্য আৰু চহৰীয়া পৰ্যায়ত শ্ৰমৰ লিংগভিত্তিক বিভাজনলৈ লক্ষ্য কৰো তেন্তে ভাৰতীয় নাৰীৰ নিষ্পেষিত অৱস্থা সহজেই আমাৰ দৃষ্টিগোচৰ হ’ব।নাৰীক সদায় কম বেতনৰ আৰু কম কৌশলৰ কৰ্মতহে নিয়োগ কৰা হয়।তেওঁলোকৰ হাতত কোনো ধৰণৰ প্ৰশাসনিক ক্ষমতা অৰ্পণ কৰা নহয় ফলত কৰ্মস্থানত তেওঁলোকে বাৰুকৈয়ে যন্ত্ৰণা ভুগিব লগা হয়।দৈনিক মজদূৰীৰ কাৰ্যত পুৰুষতলৈ নাৰীৰ অধিক শোষণ কৰা হয়।নাৰীক প্ৰাকৃতিকভাৱেই কৃষিজাত আৰু ইয়াৰ বাহিৰেও আন কাৰ্যত শ্ৰমিকৰূপে ব্যৱহাৰ কৰা হয় আৰু ঘৰুৱা সকলো দ্বায়িত্ব অৰ্পণ কৰা হয়।এনেদৰে নিজৰ দীঘলীয়া কৰ্মৰাজিৰ পাছতো নাৰীয়ে পৰিয়ালৰ অৰ্থনৈতিক সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত সমগুৰুত্ব নাপায়।সমাজৰ প্ৰতিটো পৰ্যায়তে নাৰীয়ে অৱহেলিত হ’ব লগাত পৰে।উৎপাদনৰ সকলো ক্ষেত্ৰতে, সাংগঠনিক বা অসাংগঠনিক সকলো পৰ্যায়তে নাৰীক সস্তীয়া শ্ৰমৰ উৎস জ্ঞান কৰা হয়।এনেদৰে ভাৰতীয় সমাজত নাৰী সদা উপেক্ষিত আৰু নিষ্পেষিত হোৱাৰ বিপৰীতে এওঁলোকৰ পুৰুষৰ সৈতে থকা সম্পৰ্কই ওপৰত উল্লেখিত শ্ৰমৰ লিংগভিত্তিক বিভাজনক সুন্দৰ ৰূপত প্ৰতিফলিত কৰে।

11. Write a note on role of Gender in patriarchal Society.

উত্তৰঃ পিতৃয়াত্মক সমাজত লিংগৰ ভূমিকা(Role of Gender in patriarchal Masculinity Society) পিতৃয়াত্মক সমাজত পুৰুষে পালন কৰিব লগা মূল ভূমিকাসমূহ হ’ল – 

১) পিতৃয়াত্মক সমাজত যিহেতু পৰিয়ালৰ মুৰব্বী পিতৃ বা জ্যেষ্ঠ পুৰুষ ব্যক্তি সেয়ে পৰিয়ালৰ সকলো কৰ্তৃত্ব পিতৃৰ হাততে ন্যস্ত থাকে।পিতৃ বা জ্যেষ্ঠ পুৰুষ ব্যক্তিজনে পৰিয়াল পৰিয়ালৰ সকলোবোৰ কাম কৰিব লাগে।

২) পিতৃপ্ৰধান পৰিয়ালত যিহেতু পিতৃয়েই সম্পত্তিৰ অধিকাৰী হয় সেয়ে বাসগৃহ,সাজ-পাৰ,বাহন,ব্যৱহৃত সামগ্ৰী, খাদ্য, অৱসৰ বিনোদন আদি সকলোবোৰ পৰিচালনা পিতৃ বা জ্যেষ্ঠ পুৰুষজনে কৰিব লগা হয়।

৩) পিতৃপ্ৰধান পৰিয়ালত মুৰব্বীজনে (পুৰুষ ব্যক্তি)পৰিয়ালৰ, অৰ্থনৈতিক, ৰাজনৈতিক, সামাজিক, ধৰ্মীয়, ঘৰ পৰিচালনা, আদিৰ সকলো দায়িত্ব পিতৃয়ে গ্ৰহণ কৰিব লাগে আৰু সকলো দিশতে সিদ্ধান্ত লোৱাৰ ভূমিকা পালন কৰিব লাগে।

৪) পৰিয়ালৰ মুৰব্বীজনে খাদ্য,কাপোৰ-কানি,সন্তানৰ পঢ়া শুনাৰ যাবতীয় বস্তু, শিক্ষাৰ খৰচ,ঘৰুৱা খৰচ আদিৰ যোগান ধৰিব লাগে।

৫) পিতৃপ্ৰধান পৰিয়ালত মুৰবীজনে নিম্নবয়স্ক সন্তানৰ ৰক্ষণাবেক্ষণ আৰু সুৰক্ষা প্ৰদান কৰিব লাগে।দুৰ্যোগ বা বিপদৰ সময়ত সাহসেৰে পৰিয়ালৰ সকলোকে সুৰক্ষা দিব লাগে।

৬) পিতৃয়াত্মক ব্যৱস্থাত উৎপাদনমূলক কামত আৰু কষ্টকৰ কামবোৰত পুৰুষে আগভাগ হ’ব লাগে।কৃষি কৰ্মত হাল-বোৱা আদি কাম পুৰুষে কৰিব লাগে।

৭) পৰিয়ালৰ কোনো ব্যক্তিৰ বেমাৰ-আজাৰ আদি হ’লে চিকিৎসা কৰা আদি কামৰ দায়িত্ব পৰিয়ালৰ মুৰবীজনে ল’ব লাগে। শত্ৰুৰ আক্ৰমণৰ পৰা পৰিয়ালক ৰক্ষা কৰা দায়িত্বও পৰিয়ালৰ মুৰব্বী পুৰুষ ব্যক্তিজনৰ।

৮) পিতৃতান্ত্ৰিক সমাজ ব্যৱস্থাত পুৰুষে শক্তিশালী ব্যক্তিৰূপে ৰাজনৈতিক নেতৃত্বৰ ভূমিকা পালন কৰি দেশ শাসন কৰা, বন্ধু-বান্ধৱ আৰু সামাজিক সংহতি বজাই ৰখা,শত্ৰুক দমন কৰা, সম্পত্তি নিয়ন্ত্ৰণ কৰা,পত্নী-মহিলা আৰু সন্তানৰ ওপৰত কৰ্তৃত্ব বজাই ৰখা,আদি গুৰুত্বপূৰ্ণ ভূমিকাবোৰ পালন কৰিব লাগে।

৯) পিতৃয়াত্মক সমাজত পিতৃ বা জ্যেষ্ঠ পুৰুষজনে পৰিয়ালৰ লোকসকলৰ মাজত কোন কোনবোৰ কাম কৰিব তাক ভাগ কৰিব অৰ্থাৎ শ্ৰম বিভাজন কৰিব লাগে।

১০) ঘৰৰ পৰিয়াল পৰিচালনাৰ নীতি-নিৰ্ধাৰণ কৰা, পৰিয়ালৰ যিকোনো বিপদ বিঘিনি মুৰপাতি লোৱা, সামাজিক সম্পৰ্ক বজাই ৰখা আদি কাম পিতৃপ্ৰধান পৰিয়ালত জ্যেষ্ঠ পুৰুষজনেই কৰিব লাগে।

১১) এনে পৰিয়ালত পৰিয়ালৰ মুৰবীজনে, অৰ্থনৈতিক, ৰাজনৈতিক, সামাজিক, ধৰ্মীয়,সাংস্কৃতিক কাম-কাজৰ বাহিৰেও ল’ৰা-ছোৱালীৰ বিবাহ সম্পৰ্কীয় সকলো দিশতে সিদ্ধান্ত গ্ৰহণৰ ভূমিকা পালন কৰিব লাগে।

১২) পিতৃতান্ত্ৰিক সমাজত পুৰুষে যুদ্ধৰ সিদ্ধান্ত ৰহণ কৰা আৰু নেতৃত্ব দিয়া, ব্যৱসায়-বাণিজ্য কৰা, উৎপাদনমূখী কাম কৰা, উত্তৰ পুৰুষক পৰিয়ালৰ দায়িত্ব ল’ব পৰাকৈ প্ৰস্তুত কৰা আদি কাম কৰিব লাগে।

১৩) পিতৃতান্ত্ৰিক ব্যৱস্থাত সামাজিক আৰু ধৰ্মীয় কাম-কাজত পুৰুষে আগস্থান পায়।সামাজিক পৰম্পৰা ৰক্ষা,গতিশীলতা প্ৰদান, ঈশ্বৰ উপাসনা,কাৰ্যত অগ্ৰণী ভূমিকা পালন কৰে।

১৪) পিতৃতান্ত্ৰিক সমাজ ব্যৱস্থাত নাৰী সদায় পুৰুষৰ অধীন আৰু সেয়ে নাৰীৰ ভূমিকা পুৰুষে নিৰ্ধাৰণ কৰে।পুৰুষৰ নিৰ্দেশতে নাৰীয়ে পৰিয়াল তথা সমাজত নিজৰ ভূমিকা পালন কৰে।

১৫) পিতৃপ্ৰধান পিতৃয়াত্মক সমাজত,নাৰীৰ সামাজিক স্থান নিম্নত আৰু পুৰুষৰ কর্তৃত্বাধীন ।সেয়ে নাৰীয়ে পুৰুষৰ নিৰ্দ্দেশমতে সন্তান জন্মদিয়া,লালন-পালন কৰা, চাফ-চিকুনকৈ ৰখা আৰু থকা,ঘৰ দুৱাৰ পৰিষ্কাৰকৈ ৰখা,ৰন্ধা-বঢ়া কৰা, বাচন-বৰ্তন ধোঁৱা,কাপোৰ-কানি ধোঁৱা,পুৰুষক শুশ্ৰূষা কৰা আদি দৈনন্দিন কামসমূহ কৰিব লাগে।

১৬) পিতৃতান্ত্ৰিক সমাজত মহিলাই স্বামীক সন্মান জনোৱা, স্বামীক বিভিন্ন কামত পাৰ্যমানে সহায় কৰা,স্বামীৰ যৌন আকাংক্ষা পূৰণ কৰা, আদিত ভূমিকা পালন কৰিব লাগে।

১৭) পিতৃতান্ত্ৰিক সমাজত নাৰীয়ে বোৱা-কটা কৰা, জীৱ-জন্তু পোহা, কৃষি কৰ্ম কৰা, ঘৰুৱা কুটিৰ শিল্পত কাম কৰা আদি অৰ্থনৈতিক উন্নয়নমূলক কাম-কাজ কৰিব লাগে।

১৮) পিতৃতান্ত্ৰিক সমাজত ৰাজনৈতিক আৰু ধৰ্মৰ ক্ষেত্ৰত নাৰীৰ ভূমিকা নগণ্য।কোনো নাৰীয়ে ৰাণীৰ দৰে স্থান পালেও তেনে নাৰীও পুৰুষৰ অধীন,সম্পূৰ্ণ স্বাধীনতাৰে কোনো কাম কৰিব নোৱাৰে।

12. Write a note on role of Gender in Matriarchal Society?

উত্তৰঃ মাতৃয়াত্মক সমাজত লিংগৰ ভূমিকা(Role of Gender in Matriarchal society)

মাতৃয়াত্মক বা মাতৃপ্ৰধান (Matriarchal or Femininity)সমাজত নাৰীৰ/মহিলাৰ ভূমিকাসমূহ তলত উল্লেখ কৰা হ’ল।

১) মাতৃপ্ৰধান বা মাতৃয়াত্মক বা মাতৃতান্ত্ৰিক সমাজত নাৰীয়ে পৰিয়ালৰ মুৰব্বীৰ ভূমিকা পালন কৰিব লাগে।অৰ্থাৎ পৰিয়ালৰ মুৰব্বীৰ কতৃত্ব নাৰীৰ হাতত থাকে।

২) মাতৃপ্ৰধান পৰিয়ালত নাৰীয়ে সন্তান জন্ম দিয়া লালন-পালন কৰা আদিৰ লগতে পৰিয়ালৰ অৰ্থনৈতিক দিশৰ ওপৰতো এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব লাগে।

৩) মাতৃপ্ৰধান সমাজ ব্যৱস্থাত পৰিয়ালৰ লগতে সমাজ পৰিচালনা দায়িত্ব নাৰীয়েই বহন কৰিব লাগিব।নাৰীয়ে উৎপাদনমূখী কামতো দায়িত্ব গ্ৰহণ কৰিব লাগে।

৪) মাতৃয়াত্মক সমাজত নাৰীয়ে ধৰ্মীয় কাৰ্য পালন কৰে।এনে সমাজত উপাস্য দেৱ-দেবীও নাৰী জাতীয় হয়।নাৰীয়ে পুৰোহিতৰ কাৰ্যও কৰে।

৫) মাতৃপ্ৰধান সমাজত একেবাৰে কণিষ্ঠ নাৰী গৰাকীয়ে ধৰ্মীয় কাৰ্য পালনত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে আৰু সেয়ে পৰিয়ালত কনিষ্ঠা কন্যাৰ গুৰুত্ব বেছি।

৬) মাতৃয়াত্মক সমাজত পৰিয়ালত কোনো কন্যাসন্তান নাথাকিলে ছোৱালী তুলি লোৱাৰ ব্যৱস্থা আছে যাতে সেই ছোৱালীয়ে পৰবর্তা সময়ত পৰিয়ালৰ সমস্ত দায়িত্ব পালন কৰিব পাৰে।

৭) মাতৃয়াত্মক সমাজত নাৰীয়ে সকলো সা-সম্পত্তিৰ অধিকাৰী হয়।আনকি সেই উপাৰ্জন পত্নীয়ে লাভ কৰে।

৮) মাতৃপ্ৰধান সমাজত নাৰীয়েই পৰিয়ালটোৰ চোৱা-চিতা কৰা, নিয়ন্ত্ৰণ কৰা আৰু সতি-সম্ভতিৰ শিক্ষা-দীক্ষাৰ ব্যৱস্থাৰ দায়িত্ব ল’ব লাগে।ছোৱালীয়ে ইচ্ছামতে শিক্ষা আহৰণৰ পূৰ্ণ স্বাধীনতা পায়।

৯) মাতৃপ্ৰধান সমাজ ব্যৱস্থাত সন্তানে মাতৃবংশৰ দ্বাৰাই নিজৰ পৰিচয় দিব লাগে আৰু নিজৰ বংশক আগুৱাই নিব লাগে।

১০) মাতৃতান্ত্ৰিক সমাজ ব্যৱস্থাত বিয়াৰ পাছত পতি(পুৰুষ) পত্নী(নাৰী)গৃহলৈ যাব লাগে।পত্নীৰ গৃহতে পুৰুষজনে থাকিব পাৰে বা মাতৃগৃহৰ পৰা মাজে মাজে গৈ পত্নীগৃহত থাকিব পাৰে।

১১) মাতৃপ্ৰধান পৰিয়ালত পুৰুষে নিজৰ উপাৰ্জনৰ সমস্ত স্ত্ৰীৰ হাতত অৰ্পণ কৰিব লাগে।পুৰুষে ঘৰ বা পৰিয়াল পৰিচালনা কৰিব নালাগে।

১২) মাতৃপ্ৰধান পৰিয়ালত ল’ৰা-ছোৱালীৰ লালন-পালন, ব্যৱসায় বাণিজ্য, কৃষি কৰ্ম আদি সকলোতে পুৰুষে পত্নীক সহায় কৰিব লাগে।এই ক্ষেত্ৰত পুৰুষৰ ভূমিকা পুৰুষপ্ৰধান সমাজতকৈ বহুত কম।

Short Question answer

1. Why Women are also in favour of patriarchy?

উত্তৰঃ পিতৃতান্ত্ৰিকতাৰ প্ৰচলন অব্যাহত ৰখাৰ ক্ষেত্ৰত মহিলাসকলেও সমৰ্থন জনোৱা পৰিলক্ষিত হয়।এনে বহু জটিল সমস্যা তথা কাৰক আছে যিবিলাকৰ পৰিপ্ৰেক্ষিতত মহিলাসকলে প্ৰত্যক্ষভাৱেই হওক বা পৰোক্ষভাৱেই হওক পুৰুষতন্ত্ৰবাদক অক্ষুন্ন ৰখাত অৰিহণা যোগাইছে।তলত তাৰে কেইটামান উল্লেখ কৰা হ’ল – 

(ক) নাৰীৰ মানসিকতা বৰ্তমানেও ওপৰত নিৰ্ভৰশীল।বিশেষকৈ দৈহিক প্ৰয়োজনীয়তাৰ খাতিৰত কাৰণত তেওঁলোকে আত্মৰক্ষাৰ বাবে পুৰুষৰ সহায় বিচাৰে।

(খ) মাতৃ হিচাপে নাৰীয়ে সন্তান প্ৰসৱ কৰাৰ পিছত সন্তানটিৰ লগত এনেদৰে থাকি ভাল পায় যে বাকী সকলোকে ত্যাগ কৰি হ’লেও তেওঁলোকে সন্তানটিক নিজে যত্ন লোৱাৰ বাবে আগ্ৰহী হৈ পৰে।

(গ) মহিলাসকলৰ অন্য এগৰাকী মহিলাৰ সৈতে একগোট হৈ তেওঁলোকৰ হিতৰ কাৰণে কাম কৰাৰ নিৰ্দশন পুৰুষৰ তুলনাত নিচেই কম।যদিওবা কেতিয়াবা কৰা দেখা যায় তথাপি সেয়া চিৰস্থায়ী নহয়।

(ঘ) মহিলাসকলে তেওঁলোকৰ ঐতিহাসিক বুৰঞ্জীবিলাকৰ বিষয়ে সচেতন নহয়।পৰম্পৰাগত মূল্যবোধ ৰাজিৰে প্ৰতি বিশ্বাস আৰু ইয়াৰ লগত মানসিক আৰু অভ্যাসগতভাৱে মহিলাসকল জড়িত হৈ থাকে।

(ঙ) মহিলাসকলে বৰ্তমানেও শিক্ষা, অৰ্থনৈতিক, ৰাজনৈতিক, ক্ষমতা দখলৰ ক্ষেত্ৰত পুৰুষৰ সমতুল্য হ’ব পৰা নাই।

2. Structure of patriarchy.

Ans : চিলভিয়া ওৱালবি(Sylvia Want)য়ে পিতৃতান্ত্ৰিকতাৰ ছটা সংৰচনা(Structure)সংজ্ঞায়িত কৰিছিল আৰু সেইবোৰ তলত উল্লেখ কৰা হ’ল।

(১) মজুৰিপ্রাপ্ত শ্ৰমিকসকল পিতৃতান্ত্ৰিকতাৰ প্ৰথমটো আৰ্হি বা গাঁথনি।মহিলা শ্ৰমিকসকলে একোটা কামকে কৰি পুৰুষতকৈ কম পাৰিশ্ৰমিক লাভ কৰাটোৱে পিতৃতান্ত্ৰিকতাৰ প্ৰথমটো গাঁথনি সূচিত কৰিছে।

(২) ঘৰৰ ভিতৰত শ্ৰমৰ লিংগভিত্তিক বিভাজন(Social division of labour)ৰ জৰিয়তে মহিলাসকলে ঘৰুৱা কাম-কাজ,সন্তান লালন-পালন কৰাৰ দৰে প্ৰাথমিক দায়বদ্ধতাসমূহ পালন কৰিবলগীয়া হৈছে।

(৩) পিতৃতান্ত্ৰিকতা সংজ্ঞায়িত কৰাৰ ক্ষেত্ৰত সংস্কৃতি (Culture)য়ে এক তাৎপৰ্যপূৰ্ণ ভূমিকা গ্ৰহণ কৰে।সাধাৰণতে, সংস্কৃতিৰ নামতে বহু ক্ষেত্ৰত মহিলাসকল পুৰুষৰ অধীনস্থ হৈ ৰোৱা পৰিলক্ষিত হয়।আমাৰ সংস্কৃতিক সংৰক্ষণ কৰাৰ ক্ষেত্ৰত পৌৰাণিক শাস্ত্ৰ (Mythology)বিলাকেও অতিশয় গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে।যি কি নহওক,বহু সময়ত এই সংস্কৃতিয়ে নিজেই মহিলাসকলক ব্যৱহাৰৰ আহিলা হিচাপে চিত্ৰায়িত কৰাও পৰিলক্ষিত হয়।

(৪) বিসদৃশ যৌনগত (Heterosexual) সম্পৰ্কক পিতৃতান্ত্ৰিকতাৰ এক উপাদান হিচাপে বিবেচনা কৰা হয়।

(৫) মহিলাসকলৰ বিৰুদ্ধে ঘৰৰ ভিতৰত আৰু কাৰ্যলয়ত পুৰুষৰ যি অতিশর্য্য সেই আতিশৰ্য্যক পিতৃতান্ত্ৰিকতাৰ এক গাঁথনি স্বৰূপ বুলি অভিহিত কৰা হয়।

(৬) পুৰুষ আৰু মহিলাক বিভাজিত কৰণৰ ক্ষেত্ৰত ৰাষ্ট্ৰই এক আধিপত্যমূলক আৰু পিতৃতান্ত্ৰিক ভূমিকা পালন কৰে।

3. Define Gender.

Ans: লিংগৰ অৱধাৰণাটো সম্প্ৰতি এক অতি গুৰুত্বপূৰ্ণ বিতৰ্কৰ বিষয়ৰূপ পৰিগণিত হৈছে। “লিংগ” অভিধাটো বৰ্তমান সমাজতাত্ত্বিকভাৱে আৰু এক অৱধাৰণাগত শ্রেণীৰূপে ব্যৱহৃত কৰা হয়।আৰু ইয়াৰ এক নিৰ্দিষ্ট অৰ্থ আছে।লিংগই পুৰুষ আৰু মহিলাৰ সামাজিক আৰু সাংস্কৃতিক সংজ্ঞাৰ লগতে সমাজে পুৰুষ আৰু মহিলাৰ মাজত বৈষম্য নিৰূপণ কৰি তেওঁলোকৰ ওপৰত পৃথক পৃথক সামাজিক ভূমিকা ন্যস্ত কৰাৰ পথক সূচিত কৰে।

কুৰি শতিকাৰ মাজভাগত সমাজতাত্বিক শৃংখলা নাৰীবাদী আদৰ্শই এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিবলৈ লোৱাৰ লগে লগেই লিংগৰ অৱধাৰণাটো পোহৰলৈ আহে।নাৰীবাদৰ অন্যতম বাটকটীয়া এন ওৱাকলে-ই পোন প্ৰথমবাৰৰ কাৰণে  “লিংগ” শব্দটোৰ তেওঁৰ “Sex, Gender of Society (1972)” শীর্ষক গ্ৰন্থখনত ব্যাখ্যা আগবঢ়াইছিল।যদিওবা ওৱকলেৰ পূৰ্বেও  “লিংগ” অভিধানটো ব্যৱহাৰ কৰা হৈছিল তথাপি অভিধাৰটোৰ এক সৰ্বজন গ্ৰহণযোগ্য সংজ্ঞা আগবঢ়াব পৰা নাছিল। Simone de Beauvoir য়ে তেওঁৰ “The Second Sex” শীৰ্ষক গ্ৰন্থখনত এই বুলি বৰ্ণনা কৰিছে যে সমাজত লিংগ অসমতাই পুৰুষসকলক পাউৰুটি উপাৰ্যক হিচাপে গ্ৰহণ কৰা ভূমিকাৰ জৰিয়তে সমাজৰ উৰ্ধত স্থান দিয়াৰ অৱকাশ হৈছে।লিংগ অসমতাই সমাজত এনে এক অধিক্ৰমৰ সূচনা কৰিছে য’ত নেকি মহিলাসকলৰ স্থান মৰ্যাদা অবদমিত কৰাৰ উপক্ৰম হৈছে। “লিংগ”  অভিধাটো সংজ্ঞায়িত কৰাৰ ক্ষেত্ৰত সমাজতত্ববিদকলে যুক্তি দৰ্শাইছে যে “লিংগ” অভিধাটোৰ সংজ্ঞা দিবলৈ হ’লে তিনিটা বৈশিষ্ট্য অপৰিহাৰ্য।এই বৈশিষ্ট্যকেইটা হৈছে – 

(ক) এক নিৰ্দিষ্ট অৱস্থাৰ পৰিবৰ্তে এক প্ৰক্ৰিয়া হিচাপে লিংগ (Gender as a process rather than a fixed state)

(খ) ব্যক্তিগত আৰু সমাজৰ এক বৈশিষ্ট্য হিচাপে লিংগ (Gender as a characteristic of Society as individuals.)

(গ) বৈষম্য আৰু অসমতা সৃষ্টি কৰা এক ব্যৱস্থা হিচাপে লিংগ (Gender as a system that creates difference and inequalities.)

লিংগ অভিধাটোৰ সংজ্ঞা আগবঢ়াই এন ওৱাকলি (Anm Oakley)য়ে কৈছে -“Gender is a matter of culture,it refers to social classification of men and women into ‘Masculine’ and feminine”.অৰ্থাৎ লিংগ হৈছে সংস্কৃতিৰ লগত জড়িত এক বিষয়,ই পুৰুষ আৰু মহিলাসকলক ক্ৰমে ‘পূলিংগ’ ,আৰু ‘স্ত্ৰী-লিংগ’ লৈ সামাজিক শ্ৰেণীবিভাজন কৰাক সূচায়। জনসাধাৰণৰ মাজত পুৰুষ আৰু মহিলাসকলক সাধাৰণতে দৈহিক প্ৰামান্যতাৰ প্ৰসংগৰে সূচিত কৰা হয়।লিংগ হৈছে যৌন সম্পৰ্কীয় অসমতাৰ সামাজিক আনুষ্ঠানিকতা।ই এক সামাজিক পৰ্যায় বা স্তৰৰ ধাৰণা যিয়েই নেকি পুৰুষ আৰু মহিলাক নিৰ্দেশিত কৰাৰ লগতে সমাজত তেওঁলোকক তেওঁলোকৰ সম্পৰ্কিত ভূমিকা প্ৰদান কৰা হয় আৰু তেনেদৰে যোগাত্মক সামাজিক স্থান নিৰূপণ কৰা হয়।গতিকে ক’ব পৰা যায় যে জীৱ বিজ্ঞানত লিংগতা বা যৌনতাক যিটো ধাৰণা হয় সেইটোক সমাজ বিজ্ঞানত লিংগ বুলি অভিহিত কৰা হয়।মুঠৰ ওপৰত যিয়েই নহওঁক লাগে, পিতৃপ্ৰধান সমাজ ব্যৱস্থাৰ ক্ষেত্ৰত লিংগৰ ধাৰণা মহিলাৰ অধীনস্থতাৰ এক আদৰ্শগত ব্যৱস্থা স্বৰূপ।

4. Distinction between Gender and Sex.

Ans : যদিও সাধাৰণতে লিংগ আৰু যৌনতা (লিংগভেদৰ) মাজত পাৰ্থক্য নাই যেন লাগে তথাপি উভয়ৰ মাজত পাৰ্থক্য বিশেষকৈ শিক্ষাগত স্তৰত তলত দিয়া ধৰণৰ বিষয়ত প্ৰভেদ দেখা যায়- যেনে – 

(১) সমাজত মানুহক লিংগৰ ভিত্তিত শ্ৰেণীবিভাজন কৰাৰ বাবে লিংগক এক পদ্ধতি বুলি অভিহিত কৰিব পাৰি। আনহাতে যৌনতা হৈছে গাথঁনিৰ পাৰ্থক্যৰ ভিত্তিত সমাজত মানুহক শ্ৰেণীবিভাজন কৰা।লিংগ হৈছে মানুহৰ সামাজিক শ্ৰেণীবিভাজন, যৌনতা হৈছে মানুহৰ জৈৱিক শ্ৰেণীবিভাজন।

(২) লিংগ গঢ় দিয়া হয় আনহাতে যৌনতা (লিংগভেদ)ৰ জন্ম দিয়া হয়।এজন শিশুৱে ল’ৰা শিশু বা ছোৱালী শিশু হিচাপে জন্মগ্ৰহণ কৰে আৰু যেতিয়া সমাজত এক বিশেষ ভূমিকা পালন কৰে তেতিয়া এজন পুৰুষ আৰু এগৰাকী মহিলা হিচাপেহে বিকাশ লাভ কৰে।লিংগ হৈছে যৌনতাৰ কাৰ্যভিত্তিক ধাৰণা, যৌনতা হৈছে লিংগৰ জৈৱিক ধাৰণা।

(৩) লিংগৰ বৈশিষ্ট্যসমূহ (অৰ্থাৎ পূলিংগ আৰু স্ত্ৰীলিংগ) সাংস্কৃতিক আৰু সামাজিকভাৱে সংগঠিত আনহাতে যৌনতাৰ ক্ষেত্ৰত সেইবিলাক জৈৱিক আৰু প্ৰাকৃতিকভাৱে সংগঠিত।

(৪) লিংগই প্ৰতিপালন আদিৰ প্ৰতিফলন ঘটায় আৰু যৌনতাই প্ৰকৃতিৰ প্ৰতিফলন কৰে।আন কথাত ক’বলৈ হ’লে লিংগই প্ৰতিপালনৰ ফলস্বৰূপে বিকাশ লাভ কৰে আৰু যৌনতাৰ বিকাশ হ’ল প্ৰকৃতিৰ প্ৰতিফলন।এগৰাকী পুৰুষ লিংগই প্ৰতিপালনৰ জৰিয়তে তেওঁৰ সংস্পৰ্শিত ভূমিকাত অভ্যস্ত হয়, কিন্তু মহিলা লিংগই নিজে নিজে অভ্যস্ত হয়।

(৫) পুৰুষৰ দৰে মহিলাৰ প্ৰকৃতিও যেতিয়া জৈৱিকতাৰ দ্বাৰা চূড়ান্ত কৰা হয় তেতিয়াও লিংগৰ আধিপত্যৰ সৈতে সম্পৰ্ক থাকে, পুৰুষৰ লগত মহিলাৰ প্ৰকৃতিও যেতিয়া সামাজিকভাৱে সংগঠিত হয় তেতিয়াৰ লিংগৰ আধিপত্যৰ ভিত্তিত হয়।

(৬) নাৰীবাদৰ মূল বিষয় হ’ল লিংগভিত্তিক বৈষম্যক দূৰ কৰা,কিন্তু যৌনতাক নহয়।নাৰীবাদ হৈছে এক স্ত্ৰীবাদী লিংগৰ আদৰ্শ যৌনতাৰ গাঁথনিত থকা অসমতাৰ ভিতৰত লিংগ সমতাৰ বাবে যুক্তি প্ৰদৰ্শন কৰে।

5. Point out the different aspects of shipping Gender Socialization.

উত্তৰঃ পুৰুষ আৰু মহিলাৰ মাজৰ লিংগ বৈসাদৃশ্যসমূহ কিছুমান কাৰকে নিৰ্ধাৰণ কৰে।এই কাৰকসমূহ তলত আলোচনা কৰা হ’ল – 

(১) সামাজিকীকৰণৰ প্ৰক্ৰিয়াৰ জৰিয়তে : 

সামাজিকীকৰণ প্ৰক্ৰিয়াৰ জৰিয়তে পুৰুষ-মহিলাৰ মাজত লিংগ অসমতাক অধিক প্ৰকট কৰি তুলিছে।এটা শিশু জন্ম হোৱাৰ লগে লগেই লিংগ অসমতাৰ সন্মুখীন হয়।ল’ৰা সন্তান(যি পৰিয়ালৰ সম্পত্তিৰ ওপৰত উত্তৰাধিকাৰ আৰু নিয়ন্ত্ৰণ সাব্যস্ত কৰিব, যাৰ ওপৰত পৰিয়ালৰ সম্প্ৰসাৰণৰ দায়িত্ব ন্যস্ত কৰা হয় ইত্যাদি)ক অগ্ৰাধিকাৰ দিয়াৰ সামাজিক প্ৰক্ৰিয়াই লিংগ প্ৰভেদ কৰণত অৰিহণা যোগায়।

(২) এক মতাদৰ্শ হিচাপে পিতৃতান্ত্ৰিকতাৰ ভূমিকা :

পিতৃতান্ত্ৰিকতা হৈছে এক মতাদৰ্শ বা পদ্ধতি যিটোৱে প্ৰকাশ কৰে যে পুৰুষসকল মহিলাসকলতকৈ উচ্চ মহিলাসকল পুৰুষৰ দ্বাৰা নিয়ন্ত্ৰিত বা নিয়ন্ত্ৰণ হোৱা উচিত।মহিলা হৈছে পুৰুষৰ সম্পত্তিৰ অংশস্বৰূপ।পুৰুষ সদায় নিয়ন্ত্ৰণকাৰী স্থানত,কিন্তু এনে নিয়ন্ত্ৰণৰ প্ৰকৃতি বেলেগ বেলেগ হ’ব পাৰে।পিতৃতান্ত্ৰিক ব্যৱস্থাই সামাজিক শৃংখলাত ইমান দকৈ শিপাইছে যে মহিলাসকলেই লিংগ বৈসাদৃশ্য নিৰ্ধাৰণৰ ক্ষেত্ৰত অগ্ৰণী সংস্থিতি গ্ৰহণ কৰা পৰিলক্ষিত হয়।কেতিয়াবা কেতিয়াবা দেখা যায় যে মহিলাসকলৰ ওপৰত পুৰুষৰ আধিপত্য আৰু নিয়ন্ত্ৰণ ইমান স্পষ্ট যে এনে নিয়ন্ত্ৰণ দৃশ্যমান নহয় কেৱল মাত্ৰ অনুভৱহে কৰিব পাৰি।আমাৰ প্ৰচলিত সমাজ ব্যৱস্থাত  “পিতৃতান্ত্ৰিক আধিপত্য”(Paternalistic Dominance) ইমান গভীৰভাৱে শিপাইছে যে মহিলাসকলে নিজেও নাজানে যে তেওঁলোক সামাজিক প্ৰমূল্যৰাজিৰ বলি হৈছে।এইক্ষেত্ৰত চিলভিয়া ওৱালবি(Sylvia Walby) ৰ মন্তব্য প্ৰণিধানযোগ্য -“patriarchy is a system of social structure and practices in which men dominate, oppress and exploit women” অৰ্থাৎ, পিতৃতান্ত্ৰিকতা হৈছে “সামাজিক সংৰচনা আৰু অনুশীলনৰ এক ব্যৱস্থা য’ত নেকি পুৰুষে ওপৰত আধিপত্য, নিৰ্যাতন আৰু শোষণ চলায়।

(৩) পৰিচয় জ্ঞাপক আৰু নিৰূপক হিচাপে ধৰ্মৰ ভূমিকা :

ধৰ্ম হৈছে একপ্ৰকাৰৰ অনুভূতি আৰু হৃদয়ৰ বিশ্বাস।এক কথাত ক’বলৈ হ’লে মহাজাগতিক এক চূড়ান্ত শক্তিৰ অৱস্থিতিৰ ওপৰত থকা আনুগত্যমূলক তথা সত্যৰ ওপৰত প্ৰতিষ্ঠিত হৃদয়ৰ শুদ্ধ বিশ্বাসেই হৈছে ধৰ্ম।আলোচ্য বিষয়ৰ ক্ষেত্ৰত ধৰ্ম হৈছে আধুনিক ধাৰণা যি ধৰ্ম পিতৃতান্ত্ৰিক অৰ্থাৎ, যিয়েই নেকি পুৰুষ কৰ্তৃত্বক জ্যেষ্ঠ হিচাপে ব্যাখ্যা কৰে।যিসকলে পুৰুষতন্ত্ৰক বিশ্বাস কৰে তেওঁলোকে পিতৃতান্ত্ৰিক শৃংখলাত অতি স্বাভাৱিকভাৱে বাস্তৱিক বুলি দাবী কৰে।ক্ষমতা নাৰীবাদী মতামত, যিটো আনুষ্ঠানিক ধৰ্মসমূহৰ বিকাশৰ পূৰ্বতে চলিছিল ক্ৰমাগতভাৱে সেইটো দুৰ্বল হৈছে।দেৱীৰ অস্তিত্বৰ স্থানান্তৰিত কৰা প্ৰয়াস চলিছে।সকলো প্ৰধান ধৰ্মকেই উচ্চ শ্ৰেণীৰ বা উচ্চ বৰ্ণৰ পুৰুষৰ দ্বাৰা সৃষ্টি বুলি ব্যাখ্যা আৰু নিয়ন্ত্ৰণ কৰা হৈছে।তেওঁলোকে নৈতিকতা, আচৰণ আৰু আনকি আইন আদিৰ ব্যাখ্যা দিছে। তেওঁলোকে পুৰুষ আৰু মহিলাৰ কৰ্তব্যও নিৰ্ধাৰণ কৰি দিয়াৰ লগতে উভয়ৰ মাজত সম্পৰ্ক নিৰ্ণয় কৰি দিছে। তেওঁলোকে ৰাষ্ট্ৰীয় নীতি নিৰ্ধাৰণৰ প্ৰভাৱ বিস্তাৰ কৰিছে আৰু সমাজত এক বিশেষ শক্তি হিচাপে ক্ৰিয়া কৰি আছে।উদাহৰণস্বৰূপে ভাৰতবৰ্ষ এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ হোৱা সত্বেও বিচ্ছেদৰ ক্ষেত্ৰত আৰু উত্তৰাধিকাৰী আদিৰ ক্ষেত্ৰত সংশ্লিষ্ট ব্যক্তিজনৰ ধর্মৰ দ্বাৰা এইবিলাক নিৰূপণ কৰা হয়।এনেধৰণৰ যথেষ্ট ব্যাখ্যা আছে যিবোৰে নেকি প্ৰতিটো ধৰ্মই মহিলাসকলক কেনেদৰে কণিষ্ঠ, অপবিত্ৰ,অসন্মানীয় বুলি বিবেচনা কৰাৰ লগতে, কেনেকৈ সিবিলাকো নৈতিকতা আৰু আচৰণৰn দৰে দুই ধৰণৰ অৱস্থানৰ সৃষ্টি কৰে, কেনেকৈ ধৰ্মীয় আইনে প্রায়েই পথভ্ৰষ্ট মহিলাৰ বিৰুদ্ধে উগ্ৰতা প্ৰয়োগক ন্যায্যতা প্ৰদান কৰে ইত্যাদি।

(৪) মহিলাসকলৰ শোষণমূলক আর্থ-সামাজিক মর্যাদা : 

সমাজত মহিলাসকলে গ্ৰহণ কৰা ভূমিকাৰ দ্বাৰাই এগৰাকী মহিলাৰ আৰ্থ সামাজিক মর্যাদা সমাজত নিৰ্ধাৰণ কৰা হয়। যদিহে এগৰাকী মহিলাৰ পর্যাপ্ত পৰিমাণৰ অৰ্থ সংক্রান্তীয় ক্ষমতা থাকে তেন্তে মহিলাগৰাকীয়ে সমাজত বিশেষ সংস্থিতি লাভ কৰাত সহায়ক হ’ব পাৰে। ই উৎপাদন পদ্ধতি উপভোগ আৰু বিতৰণৰ অংশস্বৰূপ যি নেকি লিংগৰ দ্বাৰা সংৰচিত।

(৫) প্রভেদকৰণ আৰু একীকৰণৰ ভূমিকা : 

সমাজত পুৰুষ আৰু মহিলাৰ কাম-কাজসমূহৰ মাজত এক লিংগভিত্তিক বিভাজন (Sexual division) পৰিলক্ষিত হয়। মহিলাসকলক ভৱিষ্যৎ‍ প্ৰজন্মৰ উৎপাদক হিচাপে গ্ৰহণ কৰা হয়। মহিলাসকলে পুৰুষৰ তত্বাৱধান লোৱাৰ দায়িত্ব পালন কৰে আৰু এনেদৰে তেওঁলোকৰ ভূমিকাক একেৰকমৰ কৰি গঢ়ি তোলা হয়। তাৰোপৰি পুৰুষৰ পুৰুষত্ব আৰু নাৰীৰ নাৰীত্বৰ অৱধাৰণাক চিহ্নিত কৰি তোলাৰ ক্ষেত্ৰত ভাষাও এক অন্যতম গুৰুত্বপূৰ্ণ কাৰক স্বৰূপে বিবেচিত হৈছে।

6. What do you mean by public Sphere? What is Private Sphere? 

Ans : সমাজত মহিলাসকলৰ ক্ষেত্ৰত প্ৰচলিত বৈষম্য আৰু অসমতাৰ বিষয়টো ৰাজহুৱা ( সামাজিক ) আৰু ব্যক্তিগত ( পৰিয়াল পৰ্যায়ৰ বিভাজনৰ জৰিয়তে অনুধাৱন কৰিব পাৰি । সেয়েহে ৰাজহুৱা আৰু ব্যক্তিগত ক্ষেত্ৰৰ আদৰ্শগত বিভাজনকো মহিলাৰ অধ্যয়নৰ ক্ষেত্ৰত এক গুৰুত্বপূর্ণ মৌলিক ধাৰণা হিচাপে বিবেচনা কৰা হয় । ঊনবিংশ আৰু বিংশ শতিকাত পুৰুসকলে ৰাজহুৱা জীৱনৰ প্ৰতিটো দিশতে প্রভুত্ব বিস্তার করার বিপরীতে মহিলাসকল পৰিয়াল আৰু ঘৰৰ চাৰিবেৰৰ কাম – কাজসমূহৰ লগত জড়িত হৈ পৰাৰ লগে লগে “ ৰাজহ্বা – ব্যক্তিগত । বিভাজনৰ অৱধাৰণাতো বহু পৰিমাণে স্পষ্ট হৈ পৰিছিল । অৱশ্যে কুৰি শতিকাৰ শেষৰ ফালে কেতবোৰ সামাজিক আৰু আইনগত নীতিৰ জৰিয়তে শ্রম শক্তি ( Labour Force ) ত পুৰুষ – মহিলাৰ বাবে সমান । অংশগ্রহণ আৰু পৰিয়ালৰ দায়বদ্ধতাৰো সম ভাগ – বাটোৱাৰাৰ উত্তৰণ ঘটোৱা হৈছিল । কিন্তু “ ৰাজহুৱা আৰু ব্যক্তিগত ” অভিধা দুটাই দুই বৃহৎ পৃথক পৃথক ক্ষেত্রক সূচায় । 

এনে অগ্রগতি সত্ত্বেও মহিলাসকলে দৈনন্দিন জীৱনৰ প্ৰতিটো ক্ষেত্রতে বিভিন্ন ৰূপত অসমতা আৰু বৈষম্যৰ বলি হোৱা স্পষ্ট ৰূপত পৰিলক্ষিত হয় । ৰাজহুৱা কৰ্ম পৰিধিৰ ভিতৰত ৰাষ্ট্ৰ বা চৰকাৰৰ সামগ্ৰিক কৰ্তৃত্বাধীন আৰু আইনৰ নিয়ন্ত্রণাধীনভাৱে ব্যক্তিয়ে সম্পাদন কৰা সকলো ধৰণৰ উৎপাদনশীল বা বৈতনিক কার্যসমূহ , ৰাজনৈতিক কাৰ্যসমূহক সামৰি লোৱা হয় । ইয়াৰ পৰিৱৰ্তে ব্যক্তিগত কৰ্মৰাজি যি কোনো প্ৰকাৰৰ ৰাষ্ট্ৰীয় নিয়ন্ত্ৰণৰ প্ৰভাৱৰ পৰা মুক্ত এনে কাৰ্যসমূহ মূলতঃ গৃহ কৰ্মৰ মাজতে সীমাবদ্ধ । এইটো সচৰাচৰ দেখা যায় যে সংখ্যাগৰিষ্ঠ মহিলাই এই ব্যক্তিগত কৰ্মৰাজিৰ মাজতে নিয়োজিত হৈ থাকে । ঐতিহাসিকভাৱে , পুৰুষসকলে ৰাজহুৱা কৰ্মৰাজি অৰ্থাৎ ৰাজহুৱা ক্ষেত্ৰৰ লগত জড়িত হৈ থকাৰ উপৰিও ৰাজহুৱা আৰু ব্যক্তিগত কর্ম পৰিধিৰ মাজত স্বাধীনভাৱে বিচৰণ কৰিব পাৰে । অন্যহাতে , মহিলাসকল প্ৰায়েই ব্যক্তিগত কৰ্মৰাজিৰ মাজতেই সীমাবদ্ধ । উল্লেখযোগ্য যে এই ব্যক্তিগত কৰ্মৰাজি পুৰুষৰ সম্পূৰ্ণৰূপে কৰ্তৃত্বাধীন এই ৰাজহুৱা ব্যক্তিগত বিভাজন পুৰুষ আৰু মহিলাৰ মাজত দেখা দিয়া বৈষম্য আৰু অসমতার অন্যতম প্ৰধান আহিলাৰূপে পৰিগণিত হয়।

7. Discuss about the sexual division of labour in the context of rural India.

উত্তৰঃ ভাৰতৰ শ্ৰমৰ লিংগভিত্তিক বিভাজন ধাৰণাৰ ওপৰত সমান্যতমো চিন্তা-চৰ্চা হোৱা নাই যে ই একোটা প্ৰাথমিক তত্ত্বগত বিশ্লেষণ আগবঢ়াব পাৰে।সেয়ে ওপৰত উল্লিখিত বিষয়ৰ ওপৰত মন্তব্য আগবঢ়োৱাতো কঠিন হ’ব।অৱশ্যে কেইটামান লক্ষণীয় বিষয় আমি আলোচনা কৰিব পাৰো।

বৃহৎ জনসংখ্যাৰে ভাৰত এখন বিশাল দেশ।ইয়াত জাতি,ৰীতি-নীতি আৰু আচৰণ আদিৰ ক্ষেত্ৰত বিভিন্ন বিৰাজমান।ইয়াত শ্ৰেণী জাতি,ধৰ্ম,নৃতাত্ত্বিক আৰু আঞ্চলিক ভিন্নতা ইমানেই আছে যে সকলো সামৰি এটা সাধাৰণ তত্ত্ব আগবঢ়োৱাতো সম্ভৱ নহয়।তথাপিও আমি Madhu Kishwar আৰু Ruth Vanita ৰ দ্বাৰা সম্পাদিত “In Search of Answer” গ্ৰন্থখনৰ আধাৰতেই কিছু বিশ্লেষণ আগবঢ়োৱাৰ প্ৰয়াস কৰিম।

গ্ৰাম্য ভাৰতৰ লিংগভিত্তিক বিভাজন : 

ভাৰতৰ অধিকাংশ লোকেই গাঁৱত বাস কৰে আৰু ফলত অধিকাংশ মহিলাই গাঁৱত বাস কৰে।ভাৰতৰ অধিকাংশ নাৰীয়েই সাধাৰণ কৃষক অথবা ভূমিহীন কৃষক শ্ৰমিক পৰিয়ালৰ।দেশখনত বিশেষকৈ নাৰীৰ মাজত শিক্ষাৰ হাৰ দুখ লগতকৈ কম।ইয়াত বেছিভাগ লোকে দৰিদ্ৰ সীমাৰেখাৰ তলত বা সামান্য ওপৰত বাস কৰে । ফলত এওঁলোকৰ জীৱনটো জীৱন ধাৰণৰ  নূন্যতম প্ৰয়োজন যেনে – খাদ্য , ইন্ধন আৰু পানীৰ সন্ধানতে পৰা হয় । যদিও আজিকালি বহু নাৰীয়ে কৃষক শ্ৰমিকৰ বৃত্তি এৰি দিছে তথাপিও বুজনসংখ্যক নাৰী কৃষিভিত্তিক শ্রমৰ  সৈতে জড়িত ।এই গ্ৰাম্য নাৰীসমাজৰ মাজত প্ৰকৃত স্বাধীনতা , মুক্তি আৰু আত্মবিশ্বাস বাৰুকৈয়ে অভাৱ।তেওঁলোকৰ সামাজিক অৱস্থা আৰু উৎপাদন ওপৰত কোনো আধিপত্য নাথাকে । পৰিয়ালৰ অৰ্থনৈতিক অৱস্থাত প্ৰভাৱ পেলোৱাকৈ সিদ্ধান্ত গ্ৰহণৰ ক্ষমতাৰ পৰা এওঁলোক বঞ্চিত । অৱশ্যে সকলো ভাৰতীয় নাৰীয়েই পাশ্চাত্য সভ্যতাৰ দৰে সম্পূৰ্ণৰূপে স্বাধীনতা হেৰুৱাব লগা নহয়।খ্ৰীষ্টান ধর্মৰ থকাৰ দৰে ভাৰতৰ ধৰ্ম অথবা নীতিৰ ক্ষেত্ৰত দ্বিতীয় নাগৰিকৰ দৰে মৰ্যাদা পাব লগা নহয়।কিন্তু ইয়াৰ অৰ্থ এয়া নহয় যে এওঁলোকৰ অৱস্থা প্ৰাচীন অথবা আধুনিক পাশ্চাত্য সমাজৰ নাৰীতকৈ ভাল আছিল।ঘৰ চলোৱা আৰু সন্তানৰ পালনৰ সকলো দায়িত্ব এতিয়াও নাৰীৰ ওপৰতে জাপি দিয়া হয়। ঘৰৰ সকলো গেবাৰী নাৰীৰ ৰাজহুৱা দায়িত্ব।উপযুক্ত পৰিয়াল পৰিকল্পনাৰ অভাৱত অন্যান্য ঘৰুৱা কাৰ্যৰ লগতে নাৰীয়ে বাৰম্বাৰ গৰ্ভধাৰণৰ সমস্যাত ভুগিব লগা হয়।তথাপিও নাৰীৰ এনে কঠোৰ কৰ্মৰাজিকো নাৰীৰ স্বাভাৱিক কৰ্ম হিচাপে চোৱা হয়।আৰু ইয়াকেই নাৰীৰ ভাগ্য আখ্যা দিয়া হয়।গোটেই বিশ্বাস ভবাৰ দৰে নাৰীক ঘৰুৱা কৰ্মৰাজিক উৎপাদনশীল বুলি গণ্য কৰা নহয় আৰু সামাজিক মৰ্যাদাৰ পৰাও এনে কৰ্মই বঞ্চিত হ’ব লগা হয়।ইয়াৰ বিপৰীত নাৰীৰ কামক সমাজৰ বাবে লেতেৰা আৰু ৰীতিগতভাৱে অস্পৃশ্য জ্ঞান কৰা হয়।গ্ৰাম্য ভাৰতৰ নাৰীয়ে পুৰুষতকৈ অধিক কৰ্ম সম্পাদন কৰে।তাৰোপৰি গ্ৰাম্য সমাজৰ মাটিবিহীন শ্ৰমিক পৰিয়ালৰ নাৰীসকলে তেওঁলোকৰ স্থানীয় কৰ্মদাতাৰ যৌন নিষ্পেষণ বলি হ’ব লগা হয়।

আন এটা উল্লেখযোগ্য দিশ হ’ল – ভাৰতৰ গ্ৰাম্য সমাজত নাৰীয়ে অতি প্ৰতিকূল পৰিবেশত ঘৰুৱা কৰ্ম সম্পাদন কৰিব লগা হয়।তাৰোপৰি তেওঁলোকে একেৰাহে লেতেৰা, প্ৰদূষিত পানী আৰু সেমেকা পৰিবেশত থাকি কৰ্ম কৰিব লগা হোৱাত ইয়াৰ প্ৰভাৱ নাৰীৰ শৰীৰতো পৰে।

পৰিয়াল আৰু সামাজিক সম্পদৰ ওপৰত নাৰীৰ নিয়ন্ত্ৰণ নথকা বিষয়তো উন্নয়নৰ প্ৰক্ৰিয়াটো প্ৰতিফলিত হয়।উদাহৰণস্বৰূপে ধনী কৃষক শ্ৰেণীৰ অধিক আয়খিনি পৰিয়ালৰ পুৰুষ সদস্যসকলৰ সুখ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখিহে ব্যয় কৰা হয়।কিন্তু পৰিয়ালত নাৰীৰ সুবিধাৰ বাবে এটা পৰিস্কাৰ গা-ধোৱা ঘৰ অথবা টয়লেট ব্যৱস্থাকো অৱহেলা কৰা হয়।যদিও আয়ৰ পৰিমাণ অধিক হোৱা বাবে নাৰীয়ে কৃষিগত শ্ৰমৰ পৰা ৰেহাই পায়,তথাপিও ই নাৰীক ঘৰতে আবদ্ধ হৈ পৰা বন্ধীহে কৰি তোলে।

শেষৰ শ্ৰমৰ লিংগভিত্তিক বিভাজনৰ আন এটা প্ৰধান দিশ হ’ল সমাজ ব্যৱস্থাত থকা পতিতালয়ৰ ধাৰণা।বহু নিম্ন বংশৰ নাৰীয়ে ইয়াক অৰ্থনৈতিক বিভাজনৰ কাৰক হিচাপে ধৰি ল’লে।এনে অৱস্থাত নাৰীয়ে শৰীৰ গোটেই পৰিয়ালৰে ভৰণ-পোষণৰ মাধ্যম হৈ পৰে।

8. Discuss about the sexual division of labour in the context of urban India.

উত্তৰঃ ভাৰতৰ শ্ৰমৰ লিংগভিত্তিক বিভাজন ধাৰণাৰ ওপৰত সমান্যতমো চিন্তা-চৰ্চা হোৱা নাই যে ই একোটা প্ৰাথমিক তত্বগত বিশ্লেষণ আগবঢ়াব পাৰে।সেয়ে ওপৰত উল্লেখিত বিষয়ৰ ওপৰত মন্তব্য আগবঢ়োৱাতো কঠিন হ’ব।অৱশ্যে কেইটামান লক্ষণীয় বিষয় আমি আলোচনা কৰিব পাৰো।

বৃহৎ জনসংখ্যাৰে ভাৰত এখন বিশাল দেশ। ইয়াত জাতি,ৰীতি-নীতি আৰু আচৰণ আদিৰ ক্ষেত্ৰত বিভিন্ন বিৰাজমান।ইয়াত শ্ৰেণী,জাতি,ধৰ্ম,নৃতাত্ত্বিক আৰু আঞ্চলিক ভিন্নতা ইমানেই আছে যে সকলো সামৰি এটা সাধাৰণ তত্ত্ব আগবঢ়োৱাটো সম্ভৱ নহয়।তথাপি আমি Madhy Kishwar আৰু Ruth Vanita ৰ দ্বাৰা সম্পাদিত “In Search of Answer” গ্ৰন্থখনৰ আধাৰতেই কিছু বিশ্লেষণ আগবঢ়োৱাৰ প্ৰয়াস কৰিম।

ভাৰতৰ নগৰাঞ্চলত শ্ৰমৰ লিংগভিত্তিক বিভাজন : 

যদিও ভাৰতৰ চহৰীয়া জীৱনত শ্ৰমৰ লিংগভিত্তিক বিভাজনৰ বিষয়ে অধিক তথ্য পোৱা যায়, তথাপিও এক পদ্ধতিমূলক তথ্য সংগ্ৰহৰ মাধ্যমেদি ইয়াৰ ওপৰত বিশ্বাসযোগ্য মন্তব্য প্ৰদান কৰাৰ সময় আহি পৰিছে।

শিক্ষিত আৰু উচ্চ বংশজাত পৰিয়ালত নাৰীয়ে এটা স্বাধীন কেৰিয়াৰ নিৰ্বাচন কৰাৰ ক্ষেত্ৰত সহযোগিতা কৰা নহয়।ফলত আমি এনে বহু মহিলা পাব পাৰো যি চিকিৎসা বিভাগৰ স্নাতকোত্তৰ হৈও এটা সম্পূৰ্ণ গৃহিনীৰ জীৱন কটাব লগাত পৰিছে।এনে পৰিয়ালত নাৰীৰ দক্ষতা আৰু পাৰদৰ্শিতা উলাই কৰা হয় তেওঁলোকক এটা সজ্জিত পুতলাৰ জীৱন উপহাৰ দিয়া হয়।নিয়োজিত শিক্ষিত মহিলাৰ ক্ষেত্ৰত এওঁলোকে সাধাৰণতে নাৰ্ছ,শিক্ষক,কেৰাণী,টাইপিষ্ট,ৰিচিপচনিষ্ট আদি চাকৰিতে সীমাবদ্ধ।যদিও নাৰীয়ে এনে কৰ্মক্ষেত্ৰত কঠিন কাম সম্পাদন কৰিব লগা হয়, তথাপিও এওঁলোকৰ কামক সদায় দ্বিতীয় পৰ্যায়ত হিচাপে গণ্য কৰা হয়।তাৰোপৰি নিজৰ ব্যক্তিত্ব বিকাশৰ বাবে নাৰীয়ে একোটা স্বাধীন কেৰিয়াৰ বাছি লোৱাৰ ক্ষেত্ৰতো তেওঁলোক বাৰে বাৰে অৱহেলিত হ’ব লগা হয়।

এটা কথা উল্লেখণীয় যে নাৰীৰ যি ধৰণেৰে কাৰিকৰী বিদ্যা নাথাকক কিয় তেওঁলোকক সদায়ে নিম্ন কৌশলৰ প্ৰয়োজন থকা কৰ্মতহে নিযুক্তি দিয়া হয়।যদিও সংবিধানত নাৰীৰ বাবে বহুখিনি সুবিধা(প্ৰসবকালীন ছুটি আদি)আছে,তৎসত্বেও চাকৰিৰ সুযোগ অথবা পদোন্নতিৰ ক্ষেত্ৰত এইবোৰক নাৰীৰ বিপৰীতেহে ব্যৱহাৰ কৰা হয়।চাকৰিয়াল নাৰীয়ে সদায়ে পুৰুষ শাসিত পৰিবেশৰ মাজত সংকুচিত আৰু ব্যক্তিত্বহীন জীৱন কটাব লগা হয়।নাৰীৰ কৰ্মৰ সাৰ্বজনীন মূল্যহীনতাৰ ধাৰণাই নাৰীক পুৰুষসকলক নাৰীৰ বিৰুদ্ধে লঘু মন্তব্য আৰু নিষ্পেষণ কৰিবলৈ প্ৰেৰণা দিয়ে।গ্ৰাম্য সমাজৰ দৰেই শিক্ষিত চহৰীয়া সমাজতো নাৰীয়ে নিজৰ আয়ৰ ওপৰতো অধিকাৰ সাব্যস্ত কৰিব নোৱাৰে।

আনহাতে চহৰীয়া দুখীয়া আৰু অশিক্ষিত সমাজতো নাৰীয়ে সমানেই প্ৰতিকূল পৰিবেশত জীৱন অতিবাহিত কৰিব লগা হয়।যিসকলে সম্পূৰ্ণৰূপে এটা গৃহিনীৰ জীৱন কটাব লগা হয়, তেওঁলোকে গ্ৰাম্য তিৰোতাৰ দৰেই এটা অস্বাস্ত্যকৰ পৰিবেশত কঠোৰ পৰিশ্ৰম কৰিব লগা হয়।প্ৰকৃততে এওঁলোকৰ অৱস্থা গ্ৰাম্য তিৰোতাতকৈও অধিক শোচনীয় হৈ পৰে কিয়নো এওঁলোকৰ আনকি পৰিস্কাৰ পানী,বায়ু আৰু পোহৰ একোকে নাপায়।আনহাতে যিসকলে কৰ্মত নিযুক্তি হয়, তেওঁলোকেও কম বেতনত ঘৰুৱা চাকৰ আদি কাম কৰিব লগা হয়। তাৰোপৰি আন বহুতো কাৰখানা আদিত কৰ্মত নাৰীসকলে মৰ্যাদাহীন কৰ্মত নিজকে নিয়োগ কৰিব লগা হয়।আনহাতে অতি ভয়ংকৰ কথাটো হ’ল য়ে দুখীয়া অশিক্ষিত চহৰীয়া পৰিয়ালত পুৰুষে নিজৰ আয়ৰ অধিকাংশই চিগাৰেট, মদ আদিৰ নামত ব্যয় কৰে, ফলত সন্তানৰ পোষণ আদি কাৰ্যত নাৰীয়ে দুৰ্ভোগ ভুগিব লগা হয়।

আমি যদি গ্ৰাম্য আৰু চহৰীয়া পৰ্যায়ত শ্ৰমৰ লিংগভিত্তিক বিভাজনলৈ লক্ষ্য কৰো তেন্তে ভাৰতীয় নাৰীৰ নিষ্পেষিত অৱস্থা সহজেই আমাৰ দৃষ্টিগোচৰ হ’ব।নাৰীক সদায় কম বেতনৰ আৰু কম কৌশলৰ কৰ্মতহে নিয়োগ কৰা হয়।তেওঁলোকৰ হাতত কোনো ধৰণৰ প্ৰশাসনিক ক্ষমতা অৰ্পণ কৰা নহয় ফলত কৰ্মস্থানত তেওঁলোকে বাৰুকৈয়ে যন্ত্ৰণা ভুগিব লগা হয়।দৈনিক মজদূৰীৰ কাৰ্যত পুৰুষতকৈ নাৰীৰ অধিক শোষণ কৰা হয়।নাৰীক প্ৰাকৃতিকভাৱেই কৃষিজাত আৰু ইয়াৰ বাহিৰেও আন কৰ্মত শ্ৰমিকৰূপে ব্যৱহাৰ কৰা হয় আৰু ঘৰুৱা সকলো দায়িত্ব অৰ্পণ কৰা হয়।এনেদৰে নিজৰ দীঘলীয়া কৰ্মৰাজিৰ পাছতো নাৰীয়ে পৰিয়ালৰ অৰ্থনৈতিক সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত সমগুৰুত্ব নাপায়।সমাজৰ প্রতিটো পৰ্যায়তে নাৰীয়ে অৱহেলিত হ’ব লগাত পৰে।উৎপাদনৰ সকলো ক্ষেত্ৰতে ,সাংগঠনিক বা অসাংগঠনিক সকলো পৰ্যায়তে নাৰীক সস্তীয়া শ্ৰমৰ উৎস জ্ঞান কৰা হয়।এনেদৰে ভাৰতীয় সমাজত নাৰী সদা উপেক্ষিত আৰু নিষ্পেষিত হোৱাৰ বিপৰীতে এওঁলোকৰ পুৰুষৰ সৈতে থকা সম্পৰ্কই ওপৰত উল্লেখিত শ্ৰমৰ লিংগভিত্তিক বিভাজনক সুন্দৰ ৰূপত প্ৰতিফলিত কৰে।

9. What do you mean by Gender?

উত্তৰঃ লিংগৰ অৱধাৰণাটো সম্প্ৰতি এক অতি গুৰুত্বপূৰ্ণ বিতৰ্কৰ বিষয়ৰূপে পৰিগণিত হৈছে।”লিংগ অভিধাটো বৰ্তমান সমাজতাত্বিকভাৱে আৰু এক অৱধাৰণাগত শ্রেণীৰূপে ব্যৱহৃত কৰা হয় আৰু ইয়াৰ এক নিৰ্দিষ্ট অৰ্থ আছে।লিংগই পুৰুষ আৰু মহিলাৰ সামাজিক আৰু সাংস্কৃতিক সংজ্ঞাৰ লগতে সমাজে পুৰুষ আৰু মহিলাৰ মাজত বৈষম্য নিৰূপণ কৰি তেওঁলোকৰ ওপৰত পৃথক পৃথক সামাজিক ভূমিকা ন্যস্ত কৰাৰ পথক সূচিত কৰে।

কুৰি শতিকাৰ মাজভাগত সমাজতাত্বিক শৃংখলাত নাৰীবাদী আদৰ্শই এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিবলৈ লোৱাৰ লগে লগেই লিংগৰ অৱধাৰণাটো পোহৰলৈ আহে।নাৰীবাদৰ অন্যতম বাটকটীয়া এন ওৱাকলেই পোন প্ৰথমবাৰৰ কাৰণে  “লিংগ” শব্দটোৰ তেওঁৰ “Sex, Gender and Society (1972)” শীৰ্ষক গ্ৰন্থখনত ব্যাখ্যা আগবঢ়াইছিল।যদিওবা অকলেৰ পূৰ্বেও”লিংগ”অভিধাটো ব্যৱহাৰ কৰা হছিল যদিও অভিধাটোৰ এক সৰ্বজন গ্ৰহণযোগ্য সংজ্ঞা আগবঢ়াব পৰা নাছিল। Simone de Beauvoir য়ে তেওঁৰ “The Second Sex” শীৰ্ষক গ্ৰন্থখনত এই বুলি বৰ্ণনা কৰিছে যে সমাজত লিংগ অসমতাই পুৰুষসকলক পাউৰুটি উপার্জক হিচাপে গ্ৰহণ কৰা ভূমিকাৰ জৰিয়তে সমাজৰ উৰ্ধত স্থান দিয়াৰ অৱকাশ হৈছে।লিংগ অসমতাই সমাজত এনে এক অধিক্ৰমৰ সূচনা কৰিছে য’ত নেকি মহিলাসকলৰ স্থান মৰ্যাদা অৱদমিত কৰাৰ উপক্ৰম হৈছে।”লিংগ” অভিধাটো সংজ্ঞায়িত কৰাৰ ক্ষেত্ৰত সমাজতত্ববিদসকলে যুক্তি দৰ্শাইছে যে “লিংগ” অভিধাটোৰ সংজ্ঞা দিবলৈ হ’লে তিনিটা বৈশিষ্ট্য অপৰিহাৰ্য।

এই বৈশিষ্ট্যকেইটা হৈছে – 

(ক) এক নিৰ্দিষ্ট অৱস্থাৰ পৰিবৰ্তে এক প্ৰক্ৰিয়া হিচাপে লিংগ।

(খ) ব্যক্তিগত আৰু সমাজৰ এক বৈশিষ্ট্য হিচাপে লিংগ।

(গ) বৈষম্য আৰু অসমতা সৃষ্টি কৰা এক ব্যৱস্থা হৈছে লিংগ।

লিংগ অভিধাটোৰ সংজ্ঞা আগবঢ়াই এন ওৱাকলিয়ে কৈছে – “Gender is a matter of culture,it refers to the social classification of men and women into ‘Masculine’ and feminine.”অৰ্থাৎ লিংগ হৈছে সংস্কৃতিৰ লগত জড়িত এক বিষয়,ই পুৰুষ আৰু মহিলাসকলৰ ক্ৰমে ‘পূলিংগ’ আৰু ‘স্ত্ৰী-লিংগ’ লৈ সামাজিক শ্ৰেণীবিভাজন কৰাক সূচায়। জনসাধাৰণৰ মাজত পুৰুষ আৰু মহিলাসকলক সাধাৰণতে দৈহিক প্ৰামান্যতাৰ প্ৰসংগৰে সূচিত কৰা হয়।লিংগ হৈছে যৌন সম্পৰ্কীয় অসমতাৰ সামাজিক আনুষ্ঠানিকতা।ই এক সামাজিক পৰ্যায় বা স্তৰৰ ধাৰণা যিয়েই নেকি পুৰুষ আৰু মহিলাক নিৰ্দেশিত কৰাৰ লগতে সমাজত তেওঁলোকক তেওঁলোকৰ সম্পৰ্কিত ভূমিকা প্ৰদান কৰা হয় আৰু তেনেদৰে যোগাত্মক সামাজিক স্থান নিৰূপণ কৰা হয়।গতিকে ক’ব পাৰা যায় যে জীৱ বিজ্ঞানত লিংগতা বা যৌনতাক যিটো ধাৰণা কৰা হয় সেইটোক সমাজ বিজ্ঞানত লিংগ বুলি অভিহিত কৰা হয়।মুঠৰ ওপৰত যিয়েই নহওঁক লাগে, পিতৃতান্ত্ৰিক সমাজ ব্যৱস্থাৰ ক্ষেত্ৰত লিংগৰ ধাৰণা মহিলাৰ অধীনস্থতাৰ এক আদৰ্শগত ব্যৱস্থাস্বৰূপ।

10. Distinguish between Gender and Sex?

উত্তৰঃ যদিও সাধাৰণতে লিংগ আৰু যৌনতা (লিংগভেদৰ) মাজত পাৰ্থক্য নাই যেন লাগে তথাপিও উভয়ৰ মাজত পাৰ্থক্য বিশেষকৈ শিক্ষাগত স্তৰত তলত দিয়া ধৰণৰ বিষয়ত প্ৰভেদ দেখা যায়।যেনে – 

(১) সমাজত মানুহৰ লিংগৰ ভিত্তিত শ্ৰেণীবিভাজন কৰাৰ বাবে লিংগক এক পদ্ধতি বুলি অভিহিত কৰিব পাৰি। আনহাতে যৌনতা হৈছে গাথঁনিৰ পাৰ্থক্যৰ ভিত্তিত সমাজত মানুহক শ্ৰেণীবিভাগ কৰা। লিংগ হৈছে মানুহৰ সামাজিক শ্ৰেণীবিভাজন, যৌনতা হৈছে মানুহৰ জৈৱিক শ্ৰেণীবিভাজন।

(২) লিংগ গঢ় দিয়া হয় আনহাতে যৌনতা(লিংগভেদ)ৰ জন্ম দিয়া হয়।এজন শিশুৱে ল’ৰা শিশু বা ছোৱালী শিশু হিচাপে জন্মগ্ৰহণ কৰে আৰু যেতিয়া সমাজত এক বিশেষ ভূমিকা পালন কৰে তেতিয়া এজন পুৰুষ আৰু এগৰাকী মহিলা হিচাপেহে বিকাশ লাভ কৰে।লিংগ হৈছে যৌনতাৰ কাৰ্যভিত্তিক ধাৰণা, যৌনতা হৈছে লিংগৰ জৈৱিক ধাৰণা।

(৩) লিংগৰ বৈশিষ্ট্যসমূহ (অৰ্থাৎ পুলিংগ আৰু স্ত্ৰীলিংগ) সাংস্কৃতিক আৰু সামাজিকভাৱে সংগঠিত আনহাতে যৌনতাৰ ক্ষেত্ৰত সেইবিলাক জৈৱিক আৰু প্ৰাকৃতিকভাৱে সংগঠিত।

(৪) লিংগই প্ৰতিপালন আদিৰ প্ৰতিফলন ঘটাই আৰু যৌনতাক প্ৰকৃতিক প্ৰতিফলন কৰে।আন কথাত ক’বলৈ হ’লে লিংগই প্ৰতিপালনৰ ফলস্বৰূপে বিকাশ লাভ কৰে আৰু যৌনতাৰ বিকাশ হ’ল প্রকৃতিৰ প্ৰতিফলন ।এগৰাকী পুৰুষ লিংগই প্ৰতিফলনৰ জৰিয়তে তেওঁৰ সংস্পৰ্শিত ভূমিকাত অভ্যস্ত হয়, কিন্তু মহিলা লিংগই নিজে নিজে অভ্যস্ত হয়।

(৫) পুৰুষৰ দৰে মহিলাৰ প্ৰকৃতিও যেতিয়া জৈৱিকতাৰ দ্বাৰা চূড়ান্ত কৰা হয় তেতিয়াই লিংগৰ আধিপত্যৰ সৈতে সম্পৰ্ক থাকে, পুৰুষৰ লগতে মহিলাৰ প্ৰকৃতিও যেতিয়া সামাজিকভাৱে সংগঠিত হয় তেতিয়া লিংগৰ আধিপত্যৰ ভিত্তিত হয়।

(৬) নাৰীবাদীৰ মূল বিষয় হ’ল লিংগভিত্তিক বৈষম্যৰ দূৰ কৰা, কিন্তু যৌনতাক নহয়।নাৰীবাদ হৈছে এক স্ত্ৰীবাদী লিংগৰ আদৰ্শ যৌনতাৰ গাথঁনিত থকা অসমতাৰ ভিতৰত লিংগ সমতাৰ বাবে যুক্তি প্ৰদৰ্শন কৰে।

(৭) লিংগভিত্তিক বঞ্চিতকৰণ এটা সামাজিক সমস্যা, আনহাতে যৌনতা অসমতা জন্মগত বিষয়।

(৮) যৌনতাৰ ভিত্তিক পুৰুষ আৰু মহিলাৰ মাজৰ পাৰ্থক্যই পৰিসংখ্যামূলক বিভাগৰ বিষয়ে ব্যক্ত কৰে, পুৰুষ এটা ভাগত পৰে আৰু মহিলা অন্য এটা ভাগত পৰে।পৰিসংখ্যামূলক শ্ৰেণীবোৰ নিজেই সামাজিক ধাৰণা মাত্র আৰু সেয়ে এইবোৰ শ্ৰেণীয়ে সামাজিক সম্পৰ্কৰ ক্ষেত্ৰত বেছি অৰ্থ নকৰে।এইটো হয় যেতিয়া সেইবোৰ বিভাগে সামাজিক গঠন আয়ত্ব কৰে আৰু বিশেষ ভূমিকা পালন কৰে আৰু তেতিয়াই এইবিলাক লিংগ সমতাৰ ভিতৰত সোমাই পৰে।

তাৰোপৰি, লিংগ আৰু যৌনতাৰ মাজত অতিৰঞ্জিতভাৱে পাৰ্থক্য কৰাটো ভুল।কেৱল শৈক্ষিক ধাৰণাৰ ফালৰ পৰাহে উভয়ৰ মাজত পাৰ্থক্য কৰা হয়,কিন্তু অধিক ব্যপক হিচাপে লোৱাটো উচিত নহয়।বাস্তৱিকতে জৈৱিক আৰু লিংগভিত্তিক পাৰ্থক্যবোৰ সাৰশূন্য  সদৃশ ইয়াৰ যুক্তি হ’ল জৈৱিক পাৰ্থক্যবোৰ লিংগৰ পাৰ্থক্যৰ ভেঁটি হ’ব নোৱাৰে। মহিলাসকল মাতৃ হ’ব লাগে কিন্তু মাতৃত্বৰ দায়িত্ববোৰ গ্ৰহণ কৰিব নালাগে।শিশু জন্ম দিয়া আৰু লালন-পালন কৰা দুটা পৃথক বিষয়।পুৰুষে মাতৃত্বৰ দায়িত্ব ল’ব পাৰে আৰু শিশুৰ লালন-পালনত সহায় কৰিব পাৰে।তদুপৰি শিশু জন্ম দিয়াটো এক সামাজিক অসুবিধা বা অৰ্হতাহীনতা বুলি মন্তব্য দিয়াটো ভুল কথা,ৰাজহুৱা জীৱনত মহিলাৰ ভূমিকাত অস্বীকাৰ কৰাটো উচিত নহয়।এই ধাৰণাটো কৰাটো ভুল যে কোনটো ব্যক্তিগত, বে-চৰকাৰী, ঘৰুৱা আৰু পাৰিবাৰিক সদায় অ-ৰাজনৈতিক।পুৰুষক ৰাজহুৱা আৰু মহিলাক ব্যক্তিগত হিচাপে প্ৰকাশ কৰাটো হৈছে ৰাজনীতিৰ সীমা সীমিত কৰা।সেই কাৰণে নাৰীবাদীসকলে বক্তব্য দিয়ে যে – “The Policies of everyday life”।চাইমন দ্য ব্যুভেৰে (Simone de Beauvoir) ইংগিত দিছে যে –  “Women are made, they are not born”।পৰিশেষত ক’ব পাৰি যে লিংগ বিভেদকৰণবোৰ হ’ল উগ্ৰ পুৰুষ জাতীয়তাবাদীসকলে সঠিক যুক্তিৰে সৃষ্টি কৰা বিষয়।

11. Discuss about the Characteristics of Gender?

উত্তৰঃ সামাজিক লিংগৰহ বৈশিষ্ট্য(Characteristics of Gender)

সামাজিক লিংগৰ বৈশিষ্ট্যসমূহ জানিলেহে ইয়াৰ ধাৰণা অধিক স্পষ্ট হ’ব।সেয়ে তলত সামাজিক লিংগৰ কেতবোৰ বৈশিষ্ট্য চমুকৈ উল্লেখ কৰা হ’ল – 

ক) সামাজিক লিংগই সমাজত পুৰুষ আৰু নাৰী বা পুংলিংগ আৰু স্ত্ৰীলিংগৰ ভূমিকা আৰু দায়িত্বক বুজায়।

খ) সামাজিক লিংগই মানুহৰ জৈৱিক লিংগৰ পাৰ্থক্যৰ ভিত্তিত উদ্ভৱ হোৱা সাংস্কৃতিক বৈশিষ্ট্য বা চৰিত্ৰ সমূহক নিৰ্দ্দেশ কৰে।

গ) মানৱ সমাজ আৰু সংস্কৃতিয়ে সামাজিক লিংগৰ ধাৰণা সৃষ্টি আৰু প্ৰসাৰ কৰে।

ঘ) সমাজ-সংস্কৃতিয়ে নিৰ্দ্বৰণ কৰা প্ৰতিমান আৰু ভূমিকা সামাজিক লিংগ অনুসৰি পালন কৰিব লাগে।

ঙ) সামাজিক লিংগৰ নিৰ্দ্বাৰণ কোনো ব্যক্তিবিশেষৰ নহয়।সামাজিক পদ্ধতি অনুসৰি সমাজে নিৰ্দ্বাৰণ কৰা ই এক সুস্থিৰ ব্যৱস্থা।

চ) সামাজিক লিংগ অৱধাৰণাত পুৰুষ আৰু মহিলা দুয়োৰে আকাংক্ষিত আচৰণ,বৈশিষ্ট্য আৰু দৃষ্টিভংগীৰ লগত জড়িত দিশবোৰ অন্তনিৰ্হিত হৈ থাকে।

ছ) সামাজিক লিংগ ভূমিকা আৰু আচৰণবোৰ সামাজিকৰণৰ জৰিয়তে শিকোৱা হয় আৰু শিকা হয়।

জ) সময় আৰু সমাজৰ পৰিৱৰ্তনৰ লগে লগে পৰিবৰ্তনৰ প্ৰয়োজনীয়তা অনুসৰি সামাজিক লিংগৰ ভূমিকা আৰু আচৰণৰ পৰিৱৰ্তন ঘটোৱা হয়।

ঝ) সকলো সমাজতে সামাজিক লিংগৰ প্ৰকৃতি একে নহয়।সমাজৰ সভ্যতা-সংস্কৃতি অনুসৰি সামাজিক লিংগৰ ভূমিকা বেলেগ বেলেগ হয়।

ঞ) সামাজিক লিংগৰ ভূমিকা প্ৰতিখন সমাজৰ সভ্যতা-সংস্কৃতিৰ ভিতৰুৱা।

ট) সামাজিক লিংগৰ ভূমিকাত সংশোধিত কৰা হয়।ৰাজনৈতিক পদ্ধতি, শ্ৰেণী,জাতিয়তা,শাৰীৰিক আৰু মানসিক সক্ষমতা,বয়স আদিৰ ওপৰত নিৰ্ভৰ কৰি সামাজিক লিংগৰ ভূমিকাক সংশোধন কৰা হয়।

ঠ) সামাজিক লিংগই সমাজে নিৰ্ধাৰণ কৰি দিয়া গুণবোৰ বা চৰিত্ৰবোৰ পুৰুষ আৰু মহিলাৰ গাত পৃথকে পৃথকে থাকিব লাগে।

ড) সামাজিক লিংগ জন্মগত বা প্ৰাকৃতিক নহয়।ই সমাজ-সংস্কৃতিয়ে নিৰ্ধাৰণ কৰা মনোবৈজ্ঞানীক অৱধাৰণ।ই মানৱসৃষ্ট আৰু সমাজসৃষ্ট।

ঢ) পুৰুষ মহিলাৰ কৰ্মৰাজি,আচাৰ-ব্যৱহাৰ,আচৰণ,দায়িত্ব আৰু ভূমিকাৰ আধাৰতহে সামাজিক লিংগ নিৰ্ণয় কৰা হয়।

ণ) সামাজিক লিংগৰ আধাৰত লিংগকৰণ এক সামাজিক প্ৰক্ৰিয়া।ই সামাজিকৰণৰ লগত জড়িত।

ত) সামাজিক লিংগ অৱধাৰণাটো সমাজ আৰু সংস্কৃতিয়ে নিৰ্ধাৰণ কৰা মানদণ্ড আৰু বৈশিষ্ট্যৰ ওপৰত নিৰ্ভৰ কৰে।

উক্ত বৈশিষ্ট্যসমূহৰ পৰা সামাজিক লিংগৰ ধাৰণা অধিক স্পষ্ট হয়।

12. Discuss about the characteristics of Sex?

উত্তৰঃ জৈৱিক লিংগক ভালদৰে বুজিবলৈ ইয়াৰ প্ৰধান বৈশিষ্ট্যবোৰ তলত উল্লেখ কৰা হ’ল – 

১) জৈৱিক লিংগই পুৰুষ আৰু মহিলাৰ জৈৱিক আৰু দৈহিক পাৰ্থক্যক বুজায়।

২) জৈৱিক লিংগৰ পাৰ্থক্য জন্মৰ লগে লগে নিৰ্দ্বাৰণ হয় আৰু ই সাৰ্বজনীন।

৩) পৃথিৱীৰ সকলো স্থানতে (সমাজ,জাতি,শ্ৰেণী,সংস্কৃতি) সকলোতে পুৰুষ আৰু মহিলাৰ জৈৱিক লিংগ একে নহয়।

৪) জৈৱিক লিংগ প্ৰাকৃতিক ভাৱে নিৰ্দ্বাৰিত হয় আৰু শিশুৰ জন্মৰ লগে লগে জৈৱিক লিংগৰ দ্বাৰা ল’ৰা- ছোৱালী (মতা-মাইকী) চিনাক্তকৰণ হয়।

৫) জৈৱিক লিংগ জন্মসূত্রে আহে আৰু পুৰুষ আৰু মহিলাৰ যৌনাংগ পৃথক।

৬) জৈৱিক লিংগই কিছুমান দৃশ্যমান দৈহিক গঠনৰ পৃথক অংগকে সূচায়।

৭) জৈৱিক লিংগ ব্যক্তিৰ জৈৱিক লক্ষণ অথবা যৌনাংগ বা প্ৰজনন অংগৰ লগত সম্বন্ধযুক্ত।

৮) জৈৱিক লিংগক প্ৰাথমিক জৈৱিক লিংগ আৰু দ্বিতীয়ক জৈৱিক লিংগ এই দুই শ্ৰেণীত বিভক্ত কৰিব পাৰি।

৯) ক্ৰম’জম, হৰমন, আভ্যন্তৰীণ আৰু বাহ্যিক যৌনাংগ আদিয়ে জৈৱিক লিংগ চিনাক্তকৰণত বিশেষভাৱে সহায় কৰে।

১০) জৈৱিক লিংগই পুৰুষ বা মহিলাৰ পুৰুষ সুলভ বা মহিলাসুলভ শাৰীৰিক সংৰচনা আৰু শাৰীৰিক বৈশিষ্ট্যক বুজায়।

১১) কোনো ব্যক্তিয়ে জন্মতে লাভ কৰা জৈৱিক লিংগক কোনোমতে পৰিৱৰ্তন কৰিব নোৱাৰে।

১২) জৈৱিক লিংগই পুৰুষ আৰু নাৰীৰ(মহিলাৰ)শাৰীৰিক, হ’ৰমনত, ৰাসায়নিক তথা ভৌতিক পৰিৱৰ্তনকে বুজায় ইত্যাদি।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top