Sociology of Gender Unit 3 সামাজিক লিংগ : পাৰ্থক্য আৰু অসমতা

Sociology of Gender Unit 3 সামাজিক লিংগ : পাৰ্থক্য আৰু অসমতা Notes, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Sociology of Gender Unit 3 সামাজিক লিংগ : পাৰ্থক্য আৰু অসমতা to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Sociology of Gender Unit 3 সামাজিক লিংগ : পাৰ্থক্য আৰু অসমতা Question Answer can be of great value to excel in the examination.

Sociology of Gender Unit 3 সামাজিক লিংগ : পাৰ্থক্য আৰু অসমতা

Join Telegram channel

Sociology of Gender Unit 3 সামাজিক লিংগ : পাৰ্থক্য আৰু অসমতা Notes cover all the exercise questions in UGC Syllabus. The Sociology of Gender Unit 3 সামাজিক লিংগ : পাৰ্থক্য আৰু অসমতা provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

Q.15. Gender inequality in educational context by region minority in North- East.

Ans: উত্তৰ-পূবত চাৰিটা খিলঞ্জীয়া ধৰ্মাৱলম্বীৰ লোক আছে।সেই চাৰিটা হৈছে – হিন্দু, ইছলাম, খ্ৰীষ্টিয়ান আৰু বৌদ্ধ ধৰ্মাৱলম্বী। ইয়াৰ ভিতৰত হিন্দুসকল হৈছে সংখ্যাগৰিষ্ঠ ধৰ্মাৱলম্বী আৰু ইছলামসকল হৈছে উত্তৰ-পূব তথা সমগ্র ভাৰতৰ ভিতৰত সৰ্ববৃহৎ সংখ্যালঘু ধৰ্মাৱলম্বী।ইছলামৰ পিছতে উত্তৰ-পূৱৰ অন্য দুটা সংখ্যালঘু ধৰ্মাৱলম্বী হৈছে ক্ৰমে খ্ৰীষ্টিয়ান আৰু বৌদ্ধ ধৰ্মাৱলম্বী।ইছলাম, খ্ৰীষ্টিয়ান আৰু বৌদ্ধ ধৰ্মাৱলম্বী লোকসকলক উত্তৰ-পূবৰ, খিলঞ্জীয়া ধৰ্মীয় সংখ্যালঘু বোলা হয়।

আনহাতে উত্তৰ-পূৱৰ আঠখন ৰাজ্যত হিন্দু, ইছলাম, খ্ৰীষ্টিয়ান আৰু বৌদ্ধ ধৰ্মাৱলম্বীৰ লোকসকলৰ সংখ্যাগৰিষ্ঠতা আৰু সংখ্যালখিষ্ঠতা ভিন্ন।উদাহৰণস্বৰূপে ২০১১ চনৰ লোকপিয়ললৈ চকু ফুৰালে দেখা যায় যে অসম, মণিপুৰ, ত্ৰিপুৰা আৰু চিকিমত হিন্দুসকল হৈছে সংখ্যাগৰিষ্ঠ আৰু ইছলাম খ্ৰীষ্টিয়ান আৰু বৌদ্ধ ধৰ্মাৱলম্বীসকল সংখ্যালঘু ।ঠিক সেইদৰে অৰুণাচল প্ৰদেশ, নগালেণ্ড, মিজোৰাম,আৰু মেঘালয়ত খ্ৰীষ্টিয়ানসকল সংখ্যাগৰিষ্ঠ আৰু হিন্দু, ইছলাম আৰু বৌদ্ধ ধৰ্মাৱলম্বীসকল সংখ্যালঘু।এনেদৰে ৰাজ্য বা অঞ্চল বিশেকে যিসকল লোক সংখ্যাগৰিষ্ঠ তেঁওলোককে অঞ্চল বা ৰাজ্যিক ভিত্তিক সংখ্যলঘু বোলা হয়।তলত শৈক্ষিক প্ৰসংগত উত্তৰ-পূবত সমূহিকভাৱে সংখ্যালঘু ইছলাম, খ্ৰীষ্টিয়ান আৰু বৌদ্ধ ধৰ্মাৱলম্বীসকলৰ মাজত থকা লিংগ অসমতাৰ বিষয়ে চমুকৈ আলোচনা কৰা হ’ল।

(১) ইছলাম বা মুছলমান সংখ্যালঘু (Muslim minority): মুছলমানসকলৰ ৰাজত্বকালত নাৰী শিক্ষাৰ অধিক অৱনতি ঘটিছিল।সেই সময়ত নাৰীসকলক পৰ্দাৰ আঁৰত ৰখাৰ ব্যৱস্থা আছিল।সেইবাবে তেওঁলোকে শিক্ষা গ্ৰহণৰ পৰা বঞ্চিত হ’বলগীয়া হৈছিল।পুৰুষসকলেও নাৰীসকলক শিক্ষিত হোৱাটো বিচৰা নাছিল।এইটো সময়ত পুৰুষে নাৰীসকলৰ প্ৰতি প্ৰদৰ্শন কৰা এক লিংগ অসমতা।অবশ্য সেই সময়ত সৰ্বসাধাৰণ মহিলাসকলৰ বাবে শিক্ষা এক অৱহেলিত বিষয় আছিল যদিও ৰাজকীয় আৰু সম্ভ্ৰান্ত পৰিয়ালৰ ছোৱালীক ঘৰতে প্ৰয়োজনীয় শিক্ষা দিয়া হৈছিল।মোগল সম্ৰাটসকলৰ দিনত ৰাজকীয় আৰু সম্ভ্ৰান্ত ঘৰৰ নাৰীয়ে শিক্ষাৰ দ্বাৰা নিজস্ব বিদ্যা প্ৰতিপন্ন কৰিব পাৰিছিল।গুলবদন, ছালমা, চুলতানা, নুৰজাহান, মমতাজ,জেবুন্নিছা,জাহানাৰা, ৰেজিয়া আদি বিভিন্ন মহিলাই বিভিন্ন বিষয় অধ্যয়নৰ জৰিয়তে খ্যাতি লাভ কৰিবলৈ সক্ষম হৈছে।এই নাৰীসকলে আৰবী আৰু ফাৰ্চী ভাষাৰ বিশেষভাৱে চৰ্চা কৰি সমকালীন সাহিত্যলৈ নিজস্ব অৱদান আগবঢ়াইছে।

সম্প্ৰতি উত্তৰ-পূবৰ একাংশ মুছলমান সংখ্যালঘুৰ মহিলাৰ মাজত পৰ্দা প্ৰথা বা বুৰ্খাৰ প্ৰভাৱ অব্যাহত আছে।শিক্ষাৰ ক্ষেত্ৰত নগৰাঞ্চলতকৈ গ্ৰাম্যাঞ্চলৰ মুছলমান মহিলাসকল পিছপৰা।এই মহিলাসকলক আনুষ্ঠানিক শিক্ষা প্ৰদানৰ পৰিবৰ্তে ধৰ্মীয় উদ্দেশ্য আগত ৰাখি কিছুমান মুছলমান পুৰুষে মাদ্ৰাছা খুলি কেৱল ধৰ্মীয় শিক্ষা প্ৰদান কৰি আহিছে। এইসকল মহিলাৰ বাবে সকলোৰে বাবে ” সকলোৰে বাবে শিক্ষা”,”সহস্ৰাব্দ বিকাশৰ লক্ষ্য”,বিশ্বায়ন আদিৰ অৰ্থ বহু আঁতৰাত।তেওঁলোকক গণিত, বিজ্ঞান, সমাজ অধ্যয়ন আদি নিয়মীয়া বিষয়সমূহ শিকোৱাৰ পতিবর্তে কেৱল ধৰ্মীয় ৰীতি-নীতিহে শিকোৱা হয়।এইদৰে পুৰুষে একাংশ মুছলমান নাৰীক আনুষ্ঠানিক শিক্ষাৰ পৰা বঞ্চিত কৰিছে।আনহাতে অৱহেলিত বা উপেক্ষিত (Marginalised) বুলি গণ্য কৰা একাংশ মুছলমান নাৰীক কিছুমান মুছলমান পুৰুষে কেৱল কিছুমান সীমিত ধৰ্মীয় ৰীতি-নীতি ৰখাত ব্যস্ত ৰাখি আনুষ্ঠানিক শিক্ষাৰ পৰা বঞ্চিত কৰিছে।

এইটো সংখ্যলঘু মুছলমানসকলৰ মাজত দেখা পোৱা অন্য এটা লিংগ অসমতা।ইয়াৰোপৰি উপেক্ষিত আৰু দৰিদ্ৰ মুছলমানসকলে পুৰুষ প্ৰধান সমাজ ব্যৱস্থাৰ সুযোগ গ্ৰহণ কৰি ছোৱালী বা নাৰী শিক্ষাৰ প্ৰতি অনীহা প্ৰদৰ্শন কৰি আহিছে। জাতি আৰু শ্ৰেণীভেদ আজিও ভাৰতীয় সমাজত মজ্জাগত হৈ আছে।ভাৰতৰ বেছি ভাগ মুছলমানেই দুখীয়া, অশিক্ষিত, কৰ্মসংস্থান নোহোৱা আৰু নিম্নমানৰ জীৱন-যাপন কৰা লোক।নানা ক্ষেত্ৰত তেওঁলোকে জীৱন -যাপন কৰা লোক।নানা ক্ষেত্ৰত তেওঁলোকৰ জীৱন- যাপনৰ মান হিন্দুসকলৰ নিম্নশ্ৰেণীৰ মানুহবোৰতকৈও অধম।উচ্চ শ্ৰেণীৰ মুছলমানসকলক বৈষম্যমূলক আচৰণৰ উপৰিও তেওঁলোকে সংখ্যাগৰিষ্ঠ সমাজ আৰু প্ৰশাসনৰ নানা ধৰণৰ বৈষম্যমূলক আচৰণৰ সন্মুখীন হ’ব লগা হয়।মুছলমান প্ৰধান অঞ্চলবিলাকক ৰাজ্যিক আচনিয়ে প্ৰায়েই আওঁহেলা কৰে।মহিলাসকল প্ৰায় নিৰক্ষৰ আৰু সৰু ল’ৰা- ছোৱালীবোৰক বিদ্যালয়লৈ শিক্ষা লাভৰ কাৰণে পঠিওৱাতকৈ নিজৰ জীৱন ধাৰণৰ কাৰণে কামত নিয়োজিত কৰা হয়।দুবেলা দুমুঠি খোৱাৰ কাৰণে কষ্ট কৰিবলগীয়াসকলৰ কাৰণে লিংগভিত্তিক ন্যায়ৰ প্ৰশ্নই একো স্থান নাপায়। লিংগ-বৈষম্য দুৰ কৰিবলৈ কৰা আন্দোলনৰ ভাৰতকে ধৰি বিশ্বৰ আন আন ঠাইত মধ্যবিত্ত শিক্ষিত মহিলাই অগ্ৰণী ভূমিকা লৈছে।তেওঁলোকে এই কামৰ কাৰণে অনুষ্ঠান -প্ৰতিষ্ঠান গঢ়ি তুলিছে।বিভিন্ন মাধ্যমত এই বিষয়ে প্ৰচাৰ চলাই জনসচেতনতা সৃষ্টিৰ কাৰণে চেষ্টা কৰিছে আৰু এই আন্দোলনৰ এটা দিক দৰ্শক হিচাপে কাম কৰিবলৈ চেষ্টা কৰিছে।কিন্তু মুছলমানৰ ক্ষেত্ৰত এনে প্ৰচেষ্টা আপেক্ষিকভাৱে কম।

ভাৰতৰ মুছলমানসকলৰ ব্যক্তিগত আৰু সামাজিক অৰ্থ ব্যৱস্থাত শতকৰা ৯০ ভাগৰো বেছি ধন আহে জাকাত আৰু চদকাৰ পৰা।এইবোৰৰ সহায়ত হাজাৰ মাদ্ৰাছা আৰু মছজিদ চলি আছে।মুছলমানসকলৰ তুলনামূলকভাৱে কম সাক্ষৰতা আৰু প্ৰগতিশীল ইছলামিক ভাৱধাৰাৰ মানুহৰ অভাৱত সমাজ সেৱা কৰা মুছলমান সংস্থা বিশেষকৈ মুছলমান মহিলাৰ বিষয় লৈ কাম কৰা সংস্থাবোৰৰ সংখ্যা কম।আগত উল্লিখিত এই মাদ্ৰাছা আৰু মছজিদবোৰৰ আলিমহকলৰ প্ৰভাৱত বেছিভাগ সংস্থাই ,ধৰ্মীয় শিক্ষাৰ ওপৰতহে জোৰ দিয়ে।তাৰ উপৰি সাধাৰণ মুছলমানসকলৰ ইছলামৰ ঈমান আৰু পৰিচয়ৰ পৰিপন্থী বুলি ভাবে।মুছলমান সংস্থাই সঁচাকৈয়ে মুছলমান মহিলাক শিক্ষা আৰু বহুমুখী প্ৰশিক্ষণ দিয়াৰ কামত ব্রতী হৈ থাকিলেও এইবিলাকৰ অতি কমেইহে মুছলমানৰ সামাজিক জীৱনত পুৰুষতান্ত্ৰিক অধিকাৰৰ বিষয়ত কোনো সজাগতা সৃষ্টি কৰাৰ চেষ্টা কৰিছে।সেয়ে এনে মহিলা সংগঠনসমূহৰ যিসকলে পুৰুষতান্ত্ৰিক সংস্কাৰ আৰু আচৰাবোৰৰ বিষয়ে মানুহক সজাগ কৰা কাম কৰিছে।তেওঁলোকে নিজৰ কাম চলাবৰ কাৰণে নিজ জনগোষ্ঠীৰ বাহিৰৰ পৰা বা আন্ত:ৰাষ্ট্ৰীয় সংস্থাবোৰৰ পৰা সাহায্য গ্ৰহণ কৰিব লগা হয়।

তেনেক্ষেত্ৰত এওঁলোকৰ অনা-ইছলামিক শক্তিবোৰক প্ৰতিনিধি বা বহুতীয়া আখ্যা দিয়া হয়।মুছলমানৰ স্বাৰ্থত কাম কৰা বুলি সংবাদ মাধ্যমত প্ৰচাৰ কৰা আৰু ৰাজ্যিক প্ৰশাসনে গ্ৰহণ কৰা সংস্থাবোৰৰ প্ৰতিবোৰেই মুছলমান মহিলাৰ অৰ্থনৈতিক, শৈক্ষিক সমস্যা,অধিকাৰ আৰু উন্নতি আদিৰ বিষয়ত অগ্ৰাধিকাৰ নিদিয়ে।এই সংস্থাবোৰৰ নেতাসকল আৰু বিষয়ববীয়াহকল প্ৰায়বোৰত পুৰুষ।সৰ্বভাৰতীয় মুছলমান ব্যক্তিগত আইন পৰিষদত কেইগৰাকীমান মহিলা থাকিলেও তেওঁলোকৰ প্ৰভাৱ আৰু ভূমিকা গৌণ।

মুছলমান পুৰুষ-মহিলাসকল অশিক্ষিত, পিছপৰা আৰু দুখীয়া হৈ নাথাকিলে মুছলমান নেতাসকলে নিজকে তথাকথিত নেতা হিচাপে প্ৰক্ষেপ কৰিব নোৱাৰিব আৰু নিজৰ সুবিধাৰ কাৰণে মুছলমানসকলৰ ধৰ্মীয় আবেগ,অনুভূতি আৰু অজ্ঞতাৰ সুযোগ ল’ব নোৱাৰিব।তাৰ উপৰিও কেইজনমানক বাদ দি মুছলমানৰ নিৰ্বাচিত জনপ্ৰতিনিধিসকলেও মুছলমান মহিলাকে ধৰি মুছলমানৰ স্বাৰ্থৰ হকে কাম কৰিব পৰা নাই বা কৰা নাই, কাৰণ তেওঁলোক সংখ্যাগৰিষ্ঠ দলবোৰৰ সদস্য।তেওঁলোক মুছলমান ভোটদাতাতকৈ দলৰ নীতিৰ প্ৰতিহে বেছি দায়বদ্ধ।তেওঁলোক ভয় কৰে যে পুৰুষসকলৰ অন্যায়-অবিচাৰৰ বিৰুদ্ধে মুছলমান মহিলাৰ হৈ মাত মাতিলে তেওঁলোকে মুছলমান পুৰুষসকলৰ ভোট হেৰুৱাব উপৰি তেওঁলোকৰ দলৰ বিৰাগভাজন হ’ব লাগিব।সেইটো তেওঁলোকৰ নিজ স্বাৰ্থৰক্ষাৰ বিপৰীতে যায়, সেয়ে সেইটো তেওঁলোকে নিবিচাৰে।

মুছলমানসকলৰ বসতি প্ৰধান অঞ্চলবোৰত কোনো উল্লেখযোগ্য উন্নতিমূলক আঁচনি ৰূপায়ণ হোৱা নাই, যি দুই-এটা ৰূপায়িত হৈছে তাৰ পৰা প্ৰায়েই উচ্চশ্ৰেণীৰ মুছলমানসকলহেউপকৃত হৈছে আৰু সেইবোৰে সমূহ জনগোষ্ঠীক চুব পৰা নাই।মুছলমান মহিলাৰ কাৰণে কোনো ৰাজ্যিক আঁচনিৰ বব্যৱস্থা কৰা হোৱা নাই।এই ৰাজ্যিক কৰ্মনীতি মুছলমান মহিলাৰ শৈক্ষিক, অৰ্থনৈতিক অগ্ৰহৰতাৰ ক্ষেত্ৰত হেঙাৰ স্ফৰূপে ঠিয় দিয়াৰ উপৰি ই তেওঁলোকৰ বক্তব্যখিনি কোৱাৰ পথতো অসুবিধাৰ সৃষ্টি কৰিছে।সম্প্ৰতি একাংশ মুছলমান মহিলাক নাৰী সৱলীকৰণে স্পৰ্শ কৰিছে।

(২) খ্ৰীষ্টিয়ান সংখ্যালঘু (Christian Minority) : খ্ৰীষ্টিয়ান ধৰ্মৰ ধৰ্মগ্ৰন্থ বাইবেলৰ মতে,ভগৱানে পুৰুষ আৰু নাৰীক যদিও ভিন্ন ধৰণে সৃষ্টি কৰে কিন্তু দুয়ো সমান।যিশুখ্ৰীষ্টই নাৰীক মানুহ বুলি গণ্য কৰিছিল; ভৃত্য (চাকৰ) বা যৌন সামগ্ৰী হিচাপে নহয়।তেওঁ নাৰীৰ স্বাধীনতা আৰু সমতাৰ এজন সমৰ্থক আছিল।সেয়ে অস্পৃশ্য বুলি বিবেচনা কৰি নাৰীক তেওঁ শিকাইছিল, আৰোগ্য কৰিছিল।মহিলাসকলে তেওঁৰ লিংগভেদহীন প্ৰেমক স্বীকৃতি দিছিল আৰু তেওঁৰ মৃত্যুৰ পিছত তেওঁৰ অনুগামীসকলে তেওঁক পৰিত্যাগ কৰিছিল, কিন্তু মহিলাসকলে প্ৰতিদান হিচাপে তেওঁৰ চৰণত সুগন্ধি ঢালিছিল আৰু তেওঁৰ সমাধি দৰ্শন কৰিছিল।সেয়ে প্ৰবাদ আছে যে যীশুয়ে তেওঁৰ মৃত্যুৰ পৰা সাৰ পাইছিল তেতিয়া তেওঁ প্ৰথমে নাৰীকহে চাইছিল; ধৰ্মযাকসকলক নহয় বাইবেলত নাৰীসকলক সহ-নেতৃত্ব দিওঁতা, সহ- শিক্ষয়িত্ৰী, সহ-পৃষ্ঠপোষক আৰু সহ-ধৰ্ম যাজক হিচাপে বৰ্ণনা কৰিছে।ধর্মযাজক প’লে (Paul) কৈছে – “একেবাৰে অন্তঃকৰণেৰে বা পবিত্ৰতাৰে বয়সতকৈ সৰু পুৰুষৰ ভাতৃ হিচাপে, বয়সস্থ মহিলাক মাতৃ হিচাপে আৰু অনুজ মহিলাক ভগ্নী হিচাপে ব্যৱহাৰ কৰা।আমি নিজেকে লিংগ ,গোত্ৰ, জাতি বা শ্ৰেণী হিচাপে পৰিচয় দিব নালাগে।পুৰুষৰ আধিপত্য (Domination) এক অভিশাপ; কিন্তু যীশুৰ মনত সকলো সমান।”

কাৰাগাৰৰ পৰা প’লে ৰোমৰ গীৰ্জালৈ এইটোও লিখিছিল যে, “যদি সম্ভৱ হয়, যিটো যথাসম্ভৱ তোমাৰ ওপৰত নিৰ্ভৰ কৰে, সকলোৰে লগত মিলিজুলি শান্তিৰে জীয়াই থকা।” ইয়াৰ পৰা এইটো সু-স্পষ্ট যে বৌদ্ধ ধৰ্মত নাৰীবাদ (Feminism) পূৰ্বৰে পৰা চলি আহিছে।

কেথ’লিক মহিলাসকলক তেওঁলোকৰ গীৰ্জাঘৰৰ পৰা কোৱা হৈছিল যে তেওঁলোক যীশুৰ নিচিনা পৱিত্ৰ নহয় কাৰণ মাহটোৰ কোনো এটা সময়ত তেওঁলোকৰ ঋতুস্বাৱ হয়।সেই বাবে কোনোধৰণৰ নেতৃত্বমূলক ভূমিকাত তেওঁলোকে অংশগ্ৰহণ কৰাৰ কোনো অধিকাৰ নাই।এনে ঘোষণাৰ পিছতে মহিলাসকলক গীৰ্জাত নিস্তব্দে থাকিবলৈ কোৱা হৈছিল আৰু পুনৰ অনুমতি নিদিয়া পর্যন্ত নিস্তব্দে থাকি এই বাধ্যবাধকতা মানি যাবলৈ কোৱা হৈছিল আৰু যদি তেওঁলোকে কিবা শিকিব বিচাৰে তেন্তে ঘৰত স্বামীৰ পৰাহে শিকিব পাৰিব গীৰ্জাত কিবা সুধিলে মহিলাৰ বাবে এক লাজৰ কাৰণ হৈ পৰিছিল।ইহুদী মহিলাসকলক গীৰ্জাত পুৰুষৰ লগত বহাটো আৰু নুৰিয়াই ৰখা ধর্মমূলক পুথি স্পৰ্শ আৰু পঢ়াটো নিষিদ্ধ কৰা হৈছিল।খ্ৰীষ্টিয়ানসকলে তেওঁলোকৰ মাজত ঐশ্বৰিক প্ৰভাৱ আগমনৰ উপলক্ষে পালন কৰা পৰব বা উৎসৱসমূহ নাৰীসকলক ধৰ্ম প্ৰচাৰ কৰিবলৈ অনুমতি দিয়ে যদিও ধর্মযাজকৰ ভূমিকাৰ পৰা তেওঁলোকক নিলগাই ৰাখে।আনহাতে ধৰ্মবাণীসমূহত (Evangelicals),সজোৰে আহ্বান জনায় যে ভগৱানে নাৰীসকলক পুৰুষৰ আধিপত্য বা অধীনত থকাটো ইচ্ছা কৰে।খ্ৰীষ্টিয়ান ধৰ্মত এই সকলোবোৰ কথা ভগৱানে কোৱা বুলি মানি চলা হয়।প্ৰাৰ্থনা থলিৰ পবিত্ৰতা আৰু নিৰৱতা ৰক্ষাৰ খাতিৰত এই নীতিসমূহ আৰোপ কৰা হৈছিল।পৰিয়াল পৰিচালনা আৰু নেতৃত্ব প্ৰদানত পুৰুষৰ উপযুক্ত বুলি ভবা হয়।কেথ’লিকসকলে প্র’টেছটাণ্ট ধৰ্মাৱলম্বীৰ মাজৰ এটা মুখ্য পাৰ্থক্য হৈছে – কেথ’লিকসকলে মূৰ্তি পূজা কৰে,কিন্তু প্র’টেছটাণ্টসকলে মূৰ্তি পূজা নকৰে।সম্প্ৰতি উত্তৰ-পূৱৰ লগতে সমগ্ৰ ভাৰতবৰ্ষ আৰু পৃথিৱীতে ধৰ্মীয় শিক্ষাৰ ক্ষেত্ৰত এই নীতিসমূহ মানি চলা হৈছে।

আনহাতে আনুষ্ঠানিক শিক্ষাৰ ক্ষেত্ৰত দৰিদ্ৰ নিৰক্ষৰ বা কম শিক্ষিত আৰু পুৰুষপ্ৰধান খ্ৰীষ্টিয়ান ধৰ্মাৱলম্বী পৰিয়ালত অঞ্চল বিশেষে লিংগ অসমতা বৰ্তমানেও বিৰাজমান। এইখিনিতে এইটো উল্লেখ কৰিব পাৰি যে, উত্তৰ-পূৱৰ যিসকল জাতিয়ে নিজ ধৰ্ম এৰি খ্ৰীষ্টিয়ান ধৰ্ম গ্ৰহণ কৰিছে, তেওঁলোকে পূৰ্বতে মাতৃপ্ৰধান আছিল যদিও খ্ৰীষ্টিয়ান ধৰ্ম গ্ৰহণ কৰাৰ পিছত পুৰুষপ্ৰধান হৈ পৰিছে।

(৩) বৌদ্ধ ধৰ্মাৱলম্বী সংখ্যালঘু (Buddhist Minority): প্ৰথম অৱস্থাত বৌদ্ধ শিক্ষা ব্যৱস্থাত স্ত্ৰী -শিক্ষাক অৱহেলা কৰা হৈছিল।সমাজৰ উচ্চ শ্ৰেণীৰ দুই এগৰাকী মহিলাই সংঘত শিক্ষা লাভ কৰিবলৈ সুবিধা পাইছিল যদিও সাধাৰণ মহিলাসকল শিক্ষাৰ পৰা সম্পূৰ্ণ বঞ্চিত হৈছিল।সেয়ে সমাজত মহিলাৰ স্থান সন্তোষজনক নাছিল।তেওঁলোকক পুৰুষতকৈ নিকৃষ্ট বুলি বিবেচনা কৰি সমাজৰ চতুৰ্থ জাতি শুদ্ৰসকলৰ পৰ্যায়ত ৰখা হৈছিল।তেওঁলোকৰ স্বাধীনতাটো একেবাৰে সীমিত আছিল।সেই সময়ত এনে এক ভাৱধাৰাই বিৰাজ কৰিছিল যে মহিলাসকলে ল’ৰাবিলাকত পিতৃ -মাতৃৰ যতন ডাঙৰ- দীঘল হয়,বিবাহৰ পিছত স্বামী সুৰক্ষা লাভ কৰে আৰু বৃদ্ধ সময়ত পুত্ৰৰ সেৱা-শুশ্ৰূষা লাভ কৰে সেয়ে তেওঁলোকে কোনো স্বাধীনতা পোৱাৰ বাবে যোগ্য নহয়।তেওঁলোকৰ মুখ্য ভূমিকা হৈছে স্বামীৰ ইচ্ছানুসৰি ঘৰুৱা কাম-কাজ পৰিচালনা কৰা।

মহিলাসকলৰ শৈক্ষিক স্বাধীনতা নাছিল।শিক্ষা তেওঁলোকৰ বাবে গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰা নহৈছিল। ইয়াৰ সমান্তৰালভাৱে তেওঁলোকৰ ধৰ্মীয় স্বাধীনতাও সীমিত কৰা হৈছিল।তেওঁলোকক পৰিয়ালৰ বোজা বুলি বিবেচনা কৰা হৈছিল।কাৰণ পুৰুষে তেওঁলোকৰ সম্পূৰ্ণ দায়িত্ব বহন কৰিব লগা হৈছিল।এনে দৃষ্টিভংগীৰ বাবেই পৰিয়ালত ছোৱালী সন্তান জন্ম হ’লে দুৰ্ভাগ্যৰ চিন বা সংকেত বুলি বিবেচনা কৰা হৈছিল।সেয়ে বিবাহিত দম্পতীয়ে ল’ৰা সন্তানৰ বাবে প্ৰাৰ্থনা কৰিছিল যাতে ল’ৰা সন্তানে পৰিয়ালৰ নাম আৰু পৰম্পৰা বৰ্তাই ৰাখিব পাৰে আৰু মৃত্যু হ’লে প্ৰয়োজনীয় ধৰ্মীয় ৰীতি-নীতি সম্পন্ন কৰিব পাৰে।কিন্তু পৰৱৰ্তী সময়ত এই ভাব ধাৰাৰ পট পৰিৱৰ্তন ঘটিল।

বৌদ্ধ শিক্ষা ব্যৱস্থাত প্ৰথম অৱস্থাত মহিলাসকলক বৌদ্ধ বিহাৰত প্ৰবেশৰ অনুমতি দিয়া হোৱা নাছিল যদিও ভিক্ষুনীসকলৰ অনুৰোধ মৰ্মে পৰৱৰ্তী সময়ত মহিলাসকলকো বৌদ্ধ বিহাৰত প্ৰৱজা গ্ৰহণৰ জৰিয়তে প্ৰৱেশৰ অনুমতি দিয়ে।অৱশ্যে মহিলাসকলক কিছুমান চৰ্ত সাপেক্ষেহে প্ৰৱজা গ্ৰহণৰ অনুমতি দিয়ে।মহিলাসকলে বৌদ্ধ সংঘৰ স্থায়ী সদস্য হ’বৰ বাবে  দুবছৰ শিক্ষানবীশ হিচাপে কটাব লাগিছিল।একোগৰাকী সন্ন্যাসীয়ে অন্য ভিক্ষুসকলৰ উপস্থিতিত মহিলা ভিক্ষুনীসকলক মাহেকত দুবাৰকৈ শিক্ষা নিৰ্দেশনা প্ৰদান কৰে।বৌদ্ধ বিহাৰবোৰত মহিলাসকলক আধ্যাত্মিক শিক্ষা তথা তেওঁলোকৰ সংস্কৃতি আৰু সামাজিক উন্নয়নৰ প্ৰতি বিশেষ মনোযোগ দিয়া হৈছিল।বৌদ্ধ শিক্ষা ব্যৱস্থাত অতি ধৰ্মপৰায়ণ নাৰীসকল,যিসকলে সাংসাৰিক যন্ত্ৰণাৰ পৰা নিবৃত্তি পাব  বিচাৰে তেওঁলোককহে বৌদ্ধ ধৰ্ম আৰু বৌদ্ধ সংঘত শৰণ দিয়া হৈছিল।সেই মহিলাসকলৰ মাজৰ পৰাই কবি,সাহিত্যক,শিক্ষক, দাৰ্শনিক আৰু ৰাজনীতিবিদৰ সৃষ্টি হৈছিল।ৰজা অশোকৰ ভগ্নী সংঘমিত্ৰাই বৌদ্ধ ধৰ্ম প্ৰচাৰৰ বাবে লংকালৈও গৈছিল।ভকতক ৰাজ্যৰ প্ৰভাৱতী, চালুক্য ৰাজ্যৰ বদমি, সাতবাহন ৰাজ্যৰ নয়নিকা আদিয়ে ৰাজ্যৰ প্ৰশাসনীয় দায়িত্ব বহন কৰিছিল।

শীলভট্টাৰিকা,প্ৰভুদেৱী আৰু ভিয়ংকা আছিল সাহিত্যিক। শোভা ,অনুপমা আৰু সুমিধা আদি ভিক্ষুনীয়ে সমগ্র জীৱন অধ্যয়ন কৰি কটাইছিল।বিম্বিসাৰৰ ধৰ্মগুৰুৰ কন্যা সোমাই ইচ্ছাকৃতভাৱে সংঘৰ ভিক্ষুণী জীৱন বাছি লৈছিল।এগৰাকী অভিজাত বংশৰ সুন্দৰী কন্যা অনুপমাইও ভিক্ষুণী জীৱন বাছি লৈছিল।মুঠৰ ওপৰত বহু উচ্চ বংশৰ মহিলাই নিজৰ যোগ্যতা, প্ৰয়োজন আৰু ইচ্ছা অনুসৰি সংঘত ভিক্ষুণী জীৱন কটাই শিক্ষা গ্ৰহণ কৰিছিল।

সম্প্ৰতি উত্তৰ-পূবৰ লগতে সমগ্ৰ ভাৰতবৰ্ষত বৌদ্ধ ধৰ্মাৱলম্বীলোকৰ মহিলাসকল লিংগ অসমতা বা বৈষম্যতাৰ বলি হ’বলগীয়া হোৱা নাই।গতিকে বৌদ্ধ ধৰ্মত নাৰীয়ে পুৰুষৰ বৈষম্যমূলক দৃষ্টিভংগীৰ পৰিপ্ৰেক্ষিতত শিক্ষা গ্ৰহণৰ পৰা বঞ্চিত হ’বলগীয়া হোৱা নাই।বৰঞ্চ পুৰুষে নাৰীক শিক্ষা গ্ৰহণৰ বাবে অধিক সুবিধা আৰু স্বাধীনতা প্ৰদান কৰি আহিছে।মুঠৰ ওপৰত বৌদ্ধ ধৰ্মত প্ৰথমে যদিও ধৰ্মীয় শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত লিংগ অসমতা আছিল কিন্তু পৰৱৰ্তী পৰ্যায়ত এই অসমতা ক্ৰমান্বয়ে হ্ৰাস পায় আহিল।অৱশ্যে আনুষ্ঠানিক শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত দৰিদ্ৰ নিৰক্ষৰ বা কম শিক্ষিত আৰু পুৰুষপ্ৰধান পৰিয়ালত অঞ্চল বিশেষে সম্প্ৰতি লিংগ অসমতা একেবাৰে নথকা নহয়।মহিলাৰ বাবে উপযুক্ত চৰকাৰী শিক্ষা আঁচনি নথকাৰ বাবেও কিছুক্ষেত্ৰত মহিলাসকল পুৰুষতকৈ পিছপৰা উত্তৰ-পূৱৰ যিসকল জাতিয়ে নিজ ধৰ্ম ত্যাগ কৰি বৌদ্ধ ধৰ্ম গ্ৰহণ কৰিছে তেওঁলোকে যদিও পূৰ্বতে মাতৃপ্ৰধান সমাজৰ আছিল বৌদ্ধ ধৰ্ম গ্ৰহণ কৰাৰ পিছত পুৰুষপ্ৰধান হৈ পৰিছে।

Short Notes

(a) Gender Inequality in Educational Context by Tribe.

Ans: শিক্ষাৰ ক্ষেত্ৰত উত্তৰ-পূৱৰ অনুসূচীত জাতিৰ লিংগ অসমতাৰ কেইটামান মুখ্য কাৰণ হৈছে – 

(১) অনুসূচীত জাতিৰ পৰিয়ালসমূহৰ পিতৃ -মাতৃঅভিভাৱকৰ ৰক্ষণশীল মনোভাৱ, কু-সংস্কাৰ,বাল্যবিবাহ আদিয়ে তেওঁলোকক নাৰী শিক্ষাৰ প্ৰতি উদাসীন কৰি তুলিছে।

(২) অনুসূচীত জাতি পুৰুষপ্ৰধান হোৱা বাবেও স্ত্ৰী-শিক্ষাৰ প্ৰতি বৈষম্যমূলক মনোভাৱ বৰ্তমানেও বৰ্তি আছে।

(৩) জন্ম নিয়ন্ত্ৰণ কৰাৰ ফলত যিবোৰ অনুসূচীত জাতিৰ দুখীয়া পৰিয়ালত ল’ৰা-ছোৱালীৰ সংখ্যা বেছি তেনে পৰিয়ালৰ পিতৃ- মাতৃয়ে আটাইবোৰ ল’ৰা -ছোৱালীৰ শিক্ষাৰ ব্যয় বহন কৰিব নোৱাৰাৰ প্ৰৰিপ্রেক্ষিতত  তুলনামূলকভাৱে ছোৱালীতকৈ ল’ৰাৰ শিক্ষক অধিক গুৰুত্ব প্ৰদান কৰে।

(৪) কিছুমান অনুসূচীত জাতিৰ পৰিয়ালৰ পিতৃ- মাতৃৰ নিৰক্ষৰতা ,আৰু দৰিদ্ৰতা, আৰু আত্ম-সজাগতাৰ অভাৱৰ বাবেও ছোৱালী শিক্ষাৰ বিপৰীতে তেওঁলোকৰ ওপৰত ঘৰুৱা কাম-কাজৰ অধিক দায়িত্ব অৰ্পণ কৰি বৈষম্যমূলক দৃষ্টিভংগী প্ৰদৰ্শন কৰা পৰিলক্ষিত হয়।

(৫) অনুসূচীত জাতিৰ ছোৱালীৰ বাবে পৰ্যাপ্তপৰিমাণে শিক্ষানুষ্ঠান আৰু ছাত্ৰীবাসৰ অভাৱ।বহুতো অনুসূচীত জাতিৰ ছোৱালীয়ে উমৈহতীয়া শিক্ষানুষ্ঠান বা ছাত্ৰীবাসত সাধাৰণ জাতি বা শ্ৰেণীৰ ল’ৰা-ছোৱালীৰ লগত সময়োজন সমস্যাৰ সন্মুখীন হয়।

(৬) বহুতো অনুসূচীত জাতিৰ পিতৃ -মাতৃয়ে পৰম্পৰাগত জাতিগত বৃত্তিক দোহাই দি ছোৱালীসকলক শিক্ষিতা আৰু অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰি তুলিব পৰা বৃত্তিমূলক শিক্ষা দিয়াৰ ইচ্ছুক নহয়।

(৭) উত্তৰ-পূৱৰ অনুসূচীত জাতিৰ ছোৱালীৰ শিক্ষাৰ বাবে বিশেষ কাৰ্যক্ষম চৰকাৰী আঁচনিৰ অভাৱ।

(৮) বয়স্ক শিক্ষাকেন্দ্ৰৰ অভাৱেও অনুসূচীত জাতিৰ অভিভাৱকক ছোৱালী শিক্ষাৰ প্ৰতি আগ্ৰহী কৰি তুলিব পৰা নাই।

(৯) প্ৰচলিত নীতিৰ প্ৰতি সমৰ্থন জনাই বহুতো নিৰক্ষৰ প্ৰাপ্তবয়স্ক অনুসূচীত জাতিৰ নাৰী আৰু পুৰুষে ছোৱালী শিক্ষাৰ বিপৰীতে ল’ৰাৰ শিক্ষকেহে প্ৰাধান্য দিয়ে।

(১০) উচ্চ জাতিৰ ক্ষেত্ৰত ল’ৰাৰ শিক্ষাৰ প্ৰতি থকা দুর্বলতাক অনুসৰণ কৰাৰ ফলতো বহুতো অনুসূচীত জাতিৰ অভিভাৱকে ছোৱালীৰ শিক্ষক গুৰুত্বহীন বুলি ভাবি ল’ৰাৰ শিক্ষক গুৰুত্ব প্ৰদান কৰে।

(b) Muslim minority : 

Ans: মুছলমানসকলৰ ৰাজত্বকালত নাৰী শিক্ষাৰ অধিক অৱনতি ঘটিছিল।সেই সময়ত নাৰীসকলক পৰ্দাৰ আঁৰত ৰখাৰ ব্যৱস্থা আছিল।সেইবাবে তেওঁলোকে শিক্ষা গ্ৰহণৰ পৰা বঞ্চিত হ’বলগীয়া হৈছিল।পুৰুষসকলেও নাৰীসকলক শিক্ষিত হোৱাটো বিচৰা নাছিল।এইটো সেই সময়ত পুৰুষে নাৰীসকলৰ প্ৰতি প্ৰদৰ্শন কৰা এক লিংগ অসমতা,অৱশ্যে সেই সময়ত সৰ্বসাধাৰণ মহিলাসকলৰ বাবে শিক্ষা এক অৱহেলিত বিষয় আছিল যদিও ৰাজকীয় আৰু সম্ভ্ৰান্ত পৰিয়ালৰ ছোৱালীক ঘৰতে প্ৰয়োজনীয় শিক্ষা দিয়া হৈছিল।মোগল সম্ৰাটসকলৰ দিনত ৰাজকীয় আৰু সম্ভ্ৰান্ত ঘৰৰ নাৰীয়ে শিক্ষাৰ দ্বাৰা নিজস্ব বিদ্যা প্ৰতিপন্ন কৰিব পাৰিছিল।গুলবদন,ছালমা,চুলতানা,নুৰজাহান, মমতাজ, জেবুন্নিছা,জাহানাৰা, ৰেজিয়া, আদি মহিলাই বিভিন্ন বিষয়ত অধ্যয়নৰ জৰীয়তে খ্যাতি লাভ কৰিবলৈ সক্ষম হৈছিল।এই নাৰীসকলে আৰবী আৰু ফাৰ্চী ভাষাৰ বিষেকভাৱে চর্চা কৰি সমকালীন সাহিত্যলৈ নিজস্ব অৱদান আগবঢ়াইছিল।

সম্প্ৰতি উত্তৰ-পূৱৰ একাংশ মুছলমান সংখ্যালঘুৰ মহিলাৰ মাজত পৰ্দা প্ৰথা বা বুৰ্খাৰ প্ৰভাৱ অব্যাহত আছে।শিক্ষাৰ ক্ষেত্ৰত নগৰাঞ্চলতকৈ গ্ৰাম্যাঞ্চলৰ মুছলমান মহিলাসকল পিছপৰা।এই মহিলাসকলক আনুষ্ঠানিক শিক্ষা প্ৰদানৰ পৰিবৰ্তে ধৰ্মীয় উদ্দেশ্য আগত ৰাখি কিছুমান মুছলমান পুৰুষে মাদ্ৰাছা খুলি কেৱল ধৰ্মীয় শিক্ষা প্ৰদান কৰি আহিছে।এইসকল মহিলাৰ বাবে সকলোৰে বাবে “সকলোৰে বাবে শিক্ষা”,”সহস্ৰাব্দ বিকাশৰ লক্ষ্য”,বিশ্বায়ন আদিৰ অৰ্থ বহু আঁতৰত।তেওঁলোকক গণিত,বিজ্ঞান, সমাজ অধ্যয়ন আদি নিয়মীয়া বিষয়সমূহ শিকোৱাৰ পৰিবৰ্তে কেৱল ধৰ্মীয় ৰীতি-নীতিহে শিকোৱা হয়।এইদৰে পুৰুষে একাংশ মুছলমান নাৰীক আনুষ্ঠানিক শিক্ষাৰ পৰা বঞ্চিত কৰিছে।আনহাতে অৱহেলিত বা উপেক্ষিত (Marginalized) বুলি গণ্য কৰা একাংশ মুছলমান নাৰীক কিছুমান মুছলমান পুৰুষে কেৱল সীমিত ধৰ্মীয় ৰীতি-নীতি শিকাত ব্যস্ত ৰাখি আনুষ্ঠানিক শিক্ষাৰ পৰা বঞ্চিত কৰিছে।এইটো সংখ্যালঘু মুছলমানসকলৰ মাজত দেখা পোৱা অন্য এটা লিংগ অসমতা।ইয়াৰোপৰি উপেক্ষিত আৰু দৰিদ্ৰ মুছলমানসকলে পুৰুষপ্ৰধান সমাজ ব্যৱস্থাৰ সুযোগ গ্ৰহণ কৰি ছোৱালী বা নাৰী শিক্ষাৰ প্ৰতি অনীহা প্ৰদৰ্শন কৰি আহিছে।

জাতি আৰু শ্ৰেণীভেদ আজিও ভাৰতীয় সমাজত মজ্জাগত হৈ আছে।ভাৰতৰ বেছিভাগ মুছলমানেই দুখীয়া,অশিক্ষিত, কৰ্মসংস্থান নোহোৱা আৰু নিম্নমানৰ জীৱন -যাপন কৰা লোক।নানা ক্ষেত্ৰত তেওঁলোকৰ জীৱন -যাপনৰ মান হিন্দুসকলৰ নিম্নশ্ৰেণীৰ মানুহবোৰতকৈও অধম।উচ্চ শ্ৰেণীৰ মুছলমানসকলৰ বৈষম্যমূলক আচৰণৰ উপৰি তেওঁলোক সংখ্যাগৰিষ্ঠ সমাজ আৰু প্ৰশাসনৰ নানা ধৰণৰ বৈষম্যমূলক আচৰণৰ সন্মুখীন হ’ব লগা হয়।মুছলমান প্ৰধান অঞ্চলবিলাকক ৰাজ্যিক আচঁনিয়ে প্ৰায়েই আওঁহেলা কৰে।মহিলাসকল প্ৰায় নিৰক্ষৰ আৰু সৰু ল’ৰা- ছোৱালীবোৰক বিদ্যালয়লৈ শিক্ষা লাভৰ কাৰণে পঠিওৱাতকৈ নিজৰ জীৱন- যাপনধাৰণাৰ কাৰণে কামত নিয়োজিত কৰা হয়।দুবেলা দুমুঠি খোৱাৰ কাৰণে কষ্ট কৰিবলগীয়াসকলৰ কাৰণে লিংগভিত্তিক ন্যায়ৰ প্ৰশ্নই একো স্থান নাপায়।লিংগ -বৈষম্য দূৰ কৰিবলৈ কৰা আন্দোলনৰ ভাৰতকে ধৰি আন আন ঠাইত মধ্যবিত্ত শিক্ষিত মহিলাই অগ্ৰণী ভূমিকা লৈছে।তেওঁলোকে এই কামৰ কাৰণে অনুষ্ঠান-প্ৰতিষ্ঠান গঢ়ি তুলিছে।বিভিন্ন মাধ্যমত এই বিষয়ে প্ৰচাৰ চলাই জনসচেতনতা সৃষ্টিৰ কাৰণে চেষ্টা কৰিছে আৰু এই আন্দোলনৰ এটা দিক দৰ্শক হিচাপে কাম কৰিবলৈ চেষ্টা কৰিছে।কিন্তু মুছলমানৰ ক্ষেত্ৰত এনে প্ৰচেষ্টা আপেক্ষিকভাৱে কম।

ভাৰতৰ মুছলমানসকলৰ ব্যক্তিগত আৰু সামাজিক অৰ্থ ব্যৱস্থাত শতকৰা ৯০ ভাগৰো বেছি ধন আহে জাকাত আৰু চদকাৰ পৰা এইবোৰৰ সহায়ত হাজাৰ মাদ্ৰাছা আৰু মছজিদ চলি আছে।মুছলমানসকলৰ তুলনামূলকভাৱে কম সাক্ষৰতা আৰু প্ৰগতিশীল ইছলামিক ভাৱধাৰাৰ মানুহৰ অভাৱত সমাঞ্জ সেৱা কৰা মুছলমান সংস্থা বিশেষকৈ মুছলমান মহিলাৰ বিষয় লৈ কাম কৰা সংস্থাবোৰৰ সংখ্যা কম।আগত উল্লিখিত এই মাদ্ৰাছা আৰু মছজিদবোৰৰ আলিমসকলৰ প্ৰভাৱত বেছিভাগ সংস্থাই ,ধৰ্মীয় শিক্ষাৰ ওপৰতহে জোৰ দিয়ে।তাৰ উপৰি সাধাৰণ মুছলমানসকলৰ ইছলামৰ ঈমান আৰু পৰিচয়ৰ পৰিপন্থী বুলি ভাবে।

মুছলমান সংস্থাই সঁচাকৈয়ে মুছলমান মহিলাক শিক্ষা আৰু বৃত্তিমুখী প্ৰশিক্ষণ দিয়াৰ কামত ব্ৰতী হৈ থাকিলেও এইবিলাকৰ অতি কমইহে মুছলমানৰ সামাজিক জীৱনত পুৰুষতান্ত্ৰিক অধিকাৰৰ বিষয়ত কোনো সজাগতা সৃষ্টি কৰাৰ চেষ্টা কৰিছে।সেয়ে এনে মহিলা সংগঠনসমূহৰ যিসকলে পুৰুষতান্ত্ৰিক সংস্কাৰ আৰু আচাৰবোৰৰ বিষয়ে মানুহক সজাগ কৰাৰ বাবে কাম কৰিছে।তেওঁলোকে নিজৰ কাম চলাবৰ কাৰণে নিজ জনগোষ্ঠীৰ বাহিৰৰ পৰা বা আন্তৰাষ্ট্ৰীয় সংস্থাবোৰৰ পৰা সাহায্য গ্ৰহণ কৰিব লগা হয়।তেনেক্ষেত্ৰত এওঁলোকক অনা-ইছলামী শক্তিবোৰৰ প্ৰতিনিধি বা বহুতীয়া আখ্যা দিয়া হয়।মুছলমানৰ স্বাৰ্থত কাম কৰা বুলি সংবাদ মাধ্যমে প্ৰচাৰ কৰা আৰু ৰাজ্যিক প্ৰশাসনে গ্ৰহণ কৰা সংস্থাবোৰৰ প্ৰায়বোৰেই মুছলমান মহিলাৰ অৰ্থনৈতিক, শৈক্ষিক সমস্যা, অধিকাৰ আৰু উন্নতি আদিৰ বিষয়ত অগ্ৰাধিকাৰ নিদিয়ে।এই সংস্থাবোৰৰ নেতাসকল বিষয়ববীয়াসকল প্ৰায়বোৰতে পুৰুষ।সৰ্বভাৰতীয় মুছলমান ব্যক্তিগত আইন পৰিষদত কেইগৰাকীমান মহিলা থাকিলেও তেওঁলোকৰ প্ৰভাৱ আৰু ভূমিকা গৌণ ।

মুছলমান পুৰুষ-মহিলাসকল অশিক্ষিত, পিছপৰা আৰু দুখীয়া হৈ নাথাকিলে মুছলমান নেতাসকলে নিজকে তথাকথিত নেতা হিচাপে প্ৰক্ষেপ কৰিব নোৱাৰিব আৰু নিজৰ সুবিধাৰ কাৰণে মুছলমানসকলৰ ধৰ্মীয় আবেগ ,অনুভূতি আৰু অজ্ঞতাৰ সুযোগ ল’ব নোৱাৰিব।তাৰ উপৰি কেইজনমানক বাদ দি মুছলমানৰ নিৰ্বাচিত জন প্ৰতিনিধিসকলেও মুছলমান মহিলাকে ধৰি মুছলমানৰ স্বাৰ্থৰ হকে কাম কৰিব পৰা নাই বা কৰা নাই, কাৰণ তেওঁলোকে হিন্দু সংখ্যাগৰিষ্ঠ দলবোৰৰ সদস্য।তেওঁলোক মুছলমান ভোটদাতাতকৈ দলৰ নীতিৰ প্ৰতিহে বেছি দায়বদ্ধ।তেওঁলোকে ভয় কৰে যে পুৰুষসকলৰ অন্যায় -অবিচাৰৰ বিৰুদ্ধে মুছলমান মহিলাৰ হৈ মাত মাতিলে তেওঁলোকে মুছলমান পুৰুষসকলৰ ভোট হেৰুওৱাৰ উপৰি তেওঁলোকৰ দলৰ বিৰাগভাজন হ’ব লাগিব।

সেইটো তেওঁলোকৰ নিজ স্বাৰ্থৰক্ষাৰ বিপৰীতে যায়, সেয়ে সেইটো তেওঁলোকে নিবিচাৰে।মুছলমানসকলৰ বসতি প্ৰধান অঞ্চলবোৰত কোনো উল্লেখযোগ্য উন্নতিমূলক আঁচনি ৰূপায়ণ হোৱা নাই, যি দুই এটা ৰূপায়িত হৈছে তাৰ পৰা প্ৰায়েই উচ্চশ্ৰেণীৰ মুছলমানসকলহে উপকৃত হৈছে আৰু এইবোৰে সমূহ জনগোষ্ঠীক চুব পৰা নাই।মুছলমান মহিলাৰ কাৰণে কোনো ৰাজ্যিক আঁচনিৰ ব্যৱস্থা কৰা হোৱা নাই।এই ৰাজ্যিক কৰ্মনীতি মুছলমান মহিলাৰ শৈক্ষিক, অৰ্থনৈতিক অগ্ৰসৰতাৰ ক্ষেত্ৰত হেঙাৰ স্বৰূপে ঠিয় দিয়াৰ উপৰি ই তেওঁলোকৰ বক্তব্যখিনি কোৱাৰ পথতো অসুবিধাৰ সৃষ্টি কৰিছে।

সম্প্ৰতি একাংশ মুছলমান মহিলাক নাৰী সৱলীকৰণে স্পৰ্শ কৰিছে।

(c) Christian Minority.

Ans: খ্ৰীষ্টিয়ান ধৰ্মৰ ধৰ্মগ্ৰন্থ বাইবেলৰ মতে,ভগৱানে পুৰুষ আৰু নাৰীক যদিও ভিন্ন ধৰণে সৃষ্টি কৰে কিন্তু দুয়ো সমান।যিশুখ্ৰীষ্টই নাৰীক মানুহ বুলি গণ্য কৰিছিল; ভৃত্য (চাকৰ) বা যৌন সামগ্ৰী হিচাপে নহয়।তেওঁ নাৰীৰ স্বাধীনতা আৰু সমতাৰ এজন সমৰ্থক আছিল।সেয়ে অস্পৃশ্য বুলি বিবেচনা কৰা নাৰীক তেওঁ শিকাইছিল, আৰোগ্য কৰিছিল আৰু তেওঁ গ্ৰহণ কৰিছিল।মহিলাসকলে তেওঁৰ লিংগভেদহীন প্ৰেমক স্বীকৃতি দিছিল আৰু তেওঁৰ মৃত্যুৰ পিছত তেওঁৰ অনুগামীসকলে তেওঁক পৰিত্যাগ কৰিছিল,কিন্তু মহিলাসকলে প্ৰতিদান হিচাপে তেওঁৰ চৰণত সুগন্ধি ঢালিছিল আৰু তেওঁৰ সমাধি দৰ্শন কৰিছিল।সেয়ে প্ৰবাদ আছে যে যিশুৱে যেতিয়া মৃত্যুৰ পৰা সাৰ পাইছিল তেতিয়া তেওঁ প্ৰথমে নাৰীকহে চাইছিল;ধর্মযাজকসকলক নহয়।বাইবেলত নাৰীসকলক সহ-নেতৃত্ব দিওঁতা,সহ-শিক্ষয়িত্ৰী,সহ-পৃষ্ঠপোষক আৰু সহ-ধৰ্ম যাজক হিচাপে বৰ্ণনা কৰিছে।ধর্মযাজক প’লে (Paul) কৈছে – “একেবাৰে অন্ত:কৰণেৰে বা পবিত্ৰতাৰে বয়সতকৈ সৰু পুৰুষৰ ভাতৃ হিচাপে, বয়সস্থ মহিলাক মাতৃ হিচাপে আৰু অনুজ মহিলাক ভগ্নী হিচাপে ব্যৱহাৰ কৰা।আমি নিজকে লিংগ,গোত্ৰ, জাতি বা শ্ৰেণী হিচাপে পৰিচয় দিব নালাগে। পুৰুষৰ আধিপত্য(Domination) এক অভিশাপ; কিন্তু যীশুৰ মনত সকলো সমান।”

কাৰাগাৰৰ পৰা প’লে ৰোমৰ গীৰ্জালৈ এইটোও লিখিছিল যে, “যদি সম্ভৱ হয়, যিটো যথাসম্ভৱ তোমাৰ ওপৰতে নিৰ্ভৰ কৰে, সকলোৰে লগত মিলিজুলি শান্তিৰে জীয়াই থকা।” ইয়াৰ পৰা এইটো সু-স্পষ্ট যে বৌদ্ধ ধৰ্মত নাৰীবাদ (Feminism) পূৰ্বৰে পৰা চলি আহিছে।

কেথ’লিক মহিলাসকলক তেওঁলোকৰ গীৰ্জাঘৰৰ পৰা কোৱা হৈছিল যে তেওঁলোক যীশুৰ নিচিনা পৱিত্ৰ নহয়।কাৰণ মাহটোত কোনো এটা সময়ত তেওঁলোকৰ ঋতুস্বাৱ হয়।সেই বাবে কোনোধৰণৰ নেতৃত্বমূলক ভূমিকাত তেওঁলোকে অংশগ্ৰহণ কৰাৰ কোনো অধিকাৰ নাই।এনে ঘোষণাৰ পিছতে মহিলাসকলক গীৰ্জাত নিস্তব্দে থাকিবলৈ কোৱা হৈছিল আৰু পুনৰ অনুমতি নিদিয়া পৰ্যন্ত নিস্তব্দে থাকি এই বাধ্যবাধকতা মানি যাবলৈ কোৱা হৈছিল আৰু যদি তেওঁলোকে কিবা শিকিব বিচাৰে তেন্তে ঘৰত স্বামীৰ পৰাহে শিকিব পাৰিব।গীৰ্জাত কিবা সুধাটো মহিলাৰ বাবে এক লাজৰ কাৰণ হৈ পৰিছিল।ইহুদী মহিলাসকলক গীৰ্জাত পুৰুষৰ লগত বহাতো আৰু নুৰিয়াই ৰখা ধর্মমূলক পুথি স্পৰ্শ আৰু পঢ়াটো নিষিদ্ধ কৰা হৈছিল।খ্ৰীষ্টিয়ানসকলে তেওঁলোকৰ মাজত ঐশ্বৰিক প্ৰভাৱ আগমনৰ উপলক্ষে পালন কৰা পৰব বা উৎসৱসমূহত নাৰীসকলক ধৰ্ম প্ৰচাৰ কৰিবলৈ অনুমতি দিয়ে যদিও ধর্মযাজকৰ ভূমিকাৰ পৰা তেওঁলোকক নিলগাই ৰাখে।আনহাতে ধৰ্মবাণীসমূহত( Evangelicals), সজোৰে আহ্বান জনাই যে ভগৱানে নাৰীসকলক পুৰুষৰ আধিপত্য বা অধীনত থকাটো ইচ্ছা কৰে।খ্ৰীষ্টিয়ান ধৰ্মত এই সকলোবোৰ কথা ভগৱানে কোৱা বুলি মানি চলা হয়।প্ৰাৰ্থনা থলিৰ পবিত্ৰতা আৰু নীৰৱতা ৰক্ষাৰ খতিৰত এই নীতিসমূহ আৰোপ কৰা হৈছিল।পৰিয়াল পৰিচালনা আৰু নেতৃত্ব প্ৰদানত পুৰুষৰ উপযুক্ত বুলি ভবা হয়।কেথ’লিকসকলে প্র’টেছটেণ্ট ধৰ্মাৱলম্বীসকলৰ মাজৰ এটা মুখ্য পাৰ্থক্য হৈছে – কেথ’লিকসকলে মূৰ্তি পূজা কৰে,কিন্তু প্র’টেছটেণ্টসকলে মূৰ্তি পূজা নকৰে।সম্প্ৰতি উত্তৰ-পূৱৰ লগতে সমগ্র ভাৰতবর্ষ আৰু পৃথিৱীতে ধৰ্মীয় শিক্ষাৰ ক্ষেত্ৰত এই নীতিসমূহ মানি চলা হৈছে।আনহাতে আনুষ্ঠানিক শিক্ষাৰ ক্ষেত্ৰত দৰিদ্ৰ নিৰক্ষৰ বা কম শিক্ষিত আৰু পুৰুষ প্ৰধান খ্ৰীষ্টিয়ান ধৰ্মাৱলম্বী পৰিয়ালত অঞ্চল বিশেষে লিংগ অসমতা বৰ্তমানেও বিৰাজমান। এইখিনিতে এইটো উল্লেখ কৰিব পাৰি যে, উত্তৰ-পূবৰ যিসকল জাতিয়ে নিজ ধৰ্ম এৰি খ্ৰীষ্টিয়ান ধৰ্ম গ্ৰহণ কৰিছে, তেওঁলোকে পুৰ্বত মাতৃপ্ৰধান আছিল যদিও খ্ৰীষ্টিয়ান ধৰ্ম গ্ৰহণ কৰাৰ পিছত পুৰুষপ্ৰধান হৈ পৰিছে।

(d) Buddhist Minority.

Ans: প্ৰথম অৱস্থাত বৌদ্ধ শিক্ষা ব্যৱস্থাত স্ত্ৰী-শিক্ষাক অৱহেলা কৰা হৈছিল।সমাজৰ উচ্চ শ্ৰেণীৰ দুই এগৰাকী মহিলাই সংঘত শিক্ষা লাভ কৰাৰ সুবিধা পাইছিল যদিও সাধাৰণ মহিলাসকল শিক্ষাৰ পৰা সম্পূৰ্ণ বঞ্চিত হৈছিল।সেয়ে সমাজত মহিলাৰ স্থান সন্তোষজনক নাছিল।তেওঁলোকক পুৰুষতকৈ নিকৃষ্ট বুলি বিবেচনা কৰি সমাজৰ চতুৰ্থ জাতি শূদ্ৰসকলৰ পৰ্যায়ত ৰখা হৈছিল।তেওঁলোকৰ স্বাধীনতাটো একেবাৰে সীমিত আছিল।সেই সময়ত এনে এক ভাবধাৰাই বিৰাজ কৰিছিল যে মহিলাসকলে ল’ৰালিকালত পিতৃ -মাতৃৰ যত্নত ডাঙৰ- দীঘল হয়,বিবাহৰ পিছত স্বামীৰ সুৰক্ষা লাভ কৰে আৰু বৃদ্ধ বয়সত পুত্ৰৰ সেৱা-শুশ্ৰূষা লাভ কৰে সেয়ে তেওঁলোকে কোনো স্বাধীনতা পোৱাৰ বাবে যোগ্য নহয়।তেওঁলোকৰ মুখ্য ভূমিকা হৈছে স্বামীৰ ইচ্ছানুসৰি ঘৰুৱা কাম- কাজ পৰিচালনা কৰা।

মহিলাসকলৰ শৈক্ষিক স্বাধীনতা নাছিল।শিক্ষা তেওঁলোকৰ বাবে গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰা নহৈছিল।ইয়াৰ সমান্তৰালভাৱে তেওঁলোকৰ ধৰ্মীয় স্বাধীনতাও সীমিত কৰা হৈছিল।তেওঁলোকক পৰিয়ালৰ বোজা বুলি বিবেচনা কৰা হৈছিল।কাৰণ পুৰুষে তেওঁলোকৰ সম্পূৰ্ণ দায়িত্ব বহন কৰিব লগা হৈছিল।এনে দৃষ্টিভংগীৰ বাবেই পৰিয়ালত ছোৱালী সন্তান জন্ম হ’লে দুৰ্ভাগ্যৰ চিন বা সংকেত বুলি বিবেচনা কৰা হৈছিল।সেয়ে বিবাহিত দম্পতীয়ে ল’ৰা সন্তানৰ বাবে প্ৰাৰ্থনা কৰিছিল যাতে ল’ৰা সন্তানে পৰিয়ালৰ নাম আৰু পৰম্পৰা বৰ্তাই ৰাখিব পাৰে আৰু মৃত্যু হ’লে প্ৰয়োজনীয় ধৰ্মীয় ৰীতি-নীতি সম্পন্ন কৰিব পাৰে।কিন্তু পৰৱৰ্তী সময়ত এই ভাব ধাৰাৰ পট পৰিৱৰ্তন ঘটিল।

বৌদ্ধ শিক্ষা ব্যৱস্থাত প্ৰথম অৱস্থাত মহিলাসকল বৌদ্ধ বিহাৰত প্ৰবেশৰ অনুমতি দিয়া হোৱা নাছিল যদিও ভিক্ষুনীসকলৰ অনুৰোধ মৰ্মে পৰবৰ্তী সময়ত মহিলাসকলকো বৌদ্ধ বিহাৰত প্ৰৱজা গ্ৰহণৰ জৰীয়তে প্ৰবেশৰ অনুমতি দিয়ে।অৱশ্যে মহিলাসকলক কিছুমান চৰ্ত সাপেক্ষেহে প্ৰৱজা গ্ৰহণৰ অনুমতি দিয়ে।মহিলাসকলে বৌদ্ধ সংঘৰ স্থায়ী সদস্য হ’বৰ বাবে দুবছৰ শিক্ষণবীশ হিচাপে কটাব লাগিছিল। এগৰাকী সন্ন্যাসীয়ে অন্য ভিক্ষুসকলৰ উপস্থিতিত মহিলা ভিক্ষুনীসকলক মাহেকত দুবাৰকৈ শিক্ষা নিৰ্দেশনা প্ৰদান কৰে।বৌদ্ধ বিহাৰবোৰত মহিলাসকলক আধ্যাত্মিক শিক্ষা তথা তেওঁলোকৰ সংস্কৃতি আৰু সামাজিক উন্নয়নৰ প্ৰতি বিশেষ মনোযোগ দিয়া হৈছিল।বৌদ্ধ শিক্ষা ব্যৱস্থাত অতি ধর্মপৰায়ন নাৰীসকল ,যিসকলে সাংসাৰিক যন্ত্ৰণাৰ পৰা নিবৃত্তি পাব বিচাৰে তেওঁলোককহে বৌদ্ধ ধৰ্ম আৰু বৌদ্ধ সংঘত শৰণ দিয়া হৈছিল।সেই মহিলাসকলৰ মাজৰ পৰাই কবি,সাহিত্যিক, শিক্ষক, দাৰ্শনিক আৰু ৰাজনীতিবিদৰ সৃষ্টি হৈছিল।ৰজা অশোকৰ ভগ্নী সংঘমিত্ৰাই বৌদ্ধ ধৰ্ম প্ৰচাৰৰ বাবে লংকালৈও গৈছিল।ভকতক ৰাজ্যৰ প্ৰভাৱতী,চালুক্য ৰাজ্যৰ বদমি,সাতবাসন ৰাজ্যৰ নয়নিকা আদিয়ে ৰাজ্যৰ প্ৰশাসনীয় দায়িত্ব বহন কৰিছিল।

শীলভট্টাৰিকা,প্ৰভুদেৱী আৰু ভিয়ংকা আছিল সাহিত্যিক। শোভা, অনুপমা আৰু সুমিধা আদি ভিক্ষুণীয়ে সমগ্র জীৱন অধ্যয়ন কৰি কটাইছিল।বিম্বিসাৰৰ ধৰ্মগুৰুৰ কন্যা সোমাই ইচ্ছাকৃতভাৱে সংঘৰ ভিক্ষুণী জীৱন বাছি লৈছিল।এগৰাকী অভিজাত বংশৰ সুন্দৰী কন্যা অনুপমাইও ভিক্ষুণী জীৱন বাছি লৈছিল।মুঠৰ ওপৰত বহু উচ্চ বংশৰ মহিলাই নিজৰ যোগ্যতা, প্ৰয়োজন আৰু ইচ্ছা অনুসৰি সংঘত ভিক্ষুণী জীৱন কটাই শিক্ষা গ্ৰহণ কৰিছিল।

সম্প্ৰতি উত্তৰ-পূৱৰ লগতে সমগ্র ভাৰতবৰ্ষত বৌদ্ধ ধৰ্মাৱলম্বীলোকৰ মহিলাসকল লিংগ অসমতা বা বৈষম্যতাৰ বলি হ’বলগীয়া হোৱা নাই।গতিকে বৌদ্ধ ধৰ্মত নাৰীয়ে পুৰুষৰ বৈষম্যমূলক দৃষ্টিভংগীৰ প্ৰৰিপেক্ষিতত শিক্ষা গ্ৰহণৰ পৰা বঞ্চিত হ’বলগীয়া হোৱা নাই ।বৰঞ্চ পুৰুষে নাৰীক শিক্ষা গ্ৰহণৰ বাবে অধিক সুবিধা আৰু স্বাধীনতা প্ৰদান কৰি আহিছে।মুঠৰ ওপৰত বৌদ্ধ ধৰ্মত প্ৰথমে যদিও শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত লিংগ অসমতা আছিল।অৱশ্যে আনুষ্ঠানিক শিক্ষা গ্ৰহণৰ ক্ষেত্রত দৰিদ্ৰ নিৰক্ষৰ বা কম শিক্ষিত পুৰুষপ্ৰধান পৰিয়ালত অঞ্চল বিশেষে সম্প্ৰতি লিংগ অসমতা একেবাৰে নথকা নহয়।মহিলাৰ বাবে উপযুক্ত চৰকাৰী শিক্ষা আঁচনি নথকাৰ বাবেও কিছুক্ষেত্ৰত মহিলাসকল পুৰুষতকৈ পিছপৰা আঁচনি উত্তৰ-পূৱৰ যিসকল জাতিয়ে নিজ ধৰ্ম ত্যাগ কৰি বৌদ্ধ ধৰ্ম গ্ৰহণ কৰিছে তেওঁলোকে যদিও পূৰ্বতে মাতৃপ্ৰধান সমাজৰ আছিল বৌদ্ধ ধৰ্ম গ্ৰহণ কৰাৰ পিছত পুৰুষ প্ৰধান হৈ পৰিছে।

(e) Definitions of Caste.

Ans: অসমীয়া ভাষাত ব্যবহৃত জাতি শব্দটোৰ ইংৰাজী প্ৰতিশব্দ হৈছে ‘কাষ্ট'(Caste) ।এই ‘কাষ্ট’শব্দটো পৰ্টুগীজ শব্দ ‘কাষ্ট'(Caste) ৰ পৰা আহিছে;যাৰ অৰ্থ হৈছে (breed)বা(lineage)। অৰ্থাৎ জাতি হৈছে গোষ্ঠী,বংশ বা পৰিয়াল সমষ্টি।পৰ্টুগীজসকলেই ভাৰতীয় জাতি ব্যৱস্থাক বুজাবৰ বাবে প্ৰথম ‘কাষ্ট’ শব্দটো ব্যৱহাৰ কৰিছিল।এই ‘কাষ্ট’ শব্দটো ‘Race’ বা ‘Kind’ ক বুজায়।সংস্কৃত ভাষাত ‘ কাষ্ট’ শব্দটো (Varna) বা ‘বৰণ’ (Colour) বুলিহে ব্যৱহাৰ কৰা হয়।জাতি বা বর্ণই হৈছে ভাৰতীয় জাতি ব্যৱস্থাৰ মূল ভিত্তি যি মানুহৰ শ্ৰম আৰু জীৱিকা নিৰ্ধাৰণ কৰে।জাতি বা বর্ণই কোনো কোনোৱ সমাৰ্থক হিচাপে ব্যৱহাৰ কৰিলেও দুয়োটা কিন্তু ভিন্ন অৱধাৰণাহে জাতি শব্দটো আকৌ ভাৰতীয় সংস্কৃত ভাষাৰ ‘জোন’ শব্দটোৰ পৰাহে উৎপত্তি হৈছে বুলি জনা যায়।’জোন’ মানে ‘জন্ম লাভ কৰা’।অৰ্থাৎ, ভাৰতীয় সমাজ ব্যৱস্থায় জন্মৰ দ্বাৰাহে মানুহৰ জাতি নিৰ্ধাৰিত হয়।

জাতি ব্যৱস্থা অনুসৰি এজন ব্যক্তিৰ জাতি জন্মসূত্রেই নিৰ্ধাৰিত হয়।যি ব্যক্তি যি জাতিত জন্ম গ্ৰহণ কৰে, তেওঁ সেই জাতিৰ বুলি চিনাক্ত হয়।জাতি ব্যৱস্থা গতিশীল নহয় আৰু ইয়াক জন্মসূত্রৰ বাহিৰে আন উপায়েৰে গ্ৰহণ কৰিব নোৱাৰি। ভাৰতীয় হিন্দু সমাজক  ‘চতুবৰ্ণ’ৰ  আধাৰত স্তৰীকৰণ কৰা হৈছে। এই ‘চতুবৰ্ণ’ অনুসৰি ভাৰতীয় সমাজত ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য আৰু শূদ্ৰ এই চাৰিটা স্তৰত বিভক্ত কৰা হৈছে।এই জাতি ব্যৱস্থা অনুসৰি ব্ৰাহ্মণসকলক সামাজিক প্রস্থিতি বা স্থান সৰ্বোচ্চ আৰু শূদ্ৰসকলৰ প্রস্থিতি সৰ্বনিম্ন।এই চাৰিটা স্তৰৰ লোকসকলৰ সামাজিক প্রস্থিতি বা স্থান জন্মৰ জৰিয়তে নিৰূপিত হয়।

সমাজতত্বৰ অভিধান মতে, “A caste is from of social stratification in which caste have been hierarchically organized and separated from each other by ruled of ritual purity.”।অৰ্থাৎ, জাতি ব্যৱস্থা হৈছে সামাজিক স্তৰীকৰণৰ এটা ব্যৱস্থা, যিটোৱে প্ৰচলিত ৰীতি-নীতিৰ আধাৰত ব্যক্তিৰ সংস্তৰণ ঘটায়।জাতি ব্যৱস্থা সম্পৰ্কত বিভিন্ন সমাজবিদে বিভিন্ন সংজ্ঞা আগবঢ়াইছে।

সমাজতত্ববিদ চাৰ হাবাৰ্ট ৰিজলি (Sir Herbert Risley) মতে, জাতি হৈছে একে নামধাৰী কিছুমান পৰিয়ালৰ সমষ্টি,যি সমষ্টিৰ লোকসকলে কোনো মানুহ বা কাল্পনিক পূৰ্বপুৰুষৰ বংশধৰ বুলি পৰিচয় দিয়ে, একোটা বংশগত বৃত্তিধাৰী বুলি দাবী কৰে আৰু স্বজাতীয় সম্প্ৰদায় বুলি অভিমত প্ৰকাশ কৰিব পাৰে। (Caste is a collection of families or groups of families bearing a common name which is associated with specific occupation, claiming common descent from a mythical ancestor, human or divine, processing to follow the same hereditary calling and regarded by those who are competent to give an opinion as forming a single homogeneous community.)ভি.এ. স্মিথ (V.A.Smith) ৰ মতে, “এটা জাতি হৈছে কিছুমান পৰিয়ালৰ সমষ্টি,যি বিশেষকৈ খোৱা-বোৱা আৰু বৈবাহিক ক্ষেত্ৰত পবিত্ৰতা ৰক্ষা কৰিবলৈ বিশেষ কেতবোৰ নীতি-নিয়মৰ দ্বাৰা আভ্যন্তৰীণভাৱে বান্ধ খাই থাকে” (A caste is a group of families internally united by peculiar rules for the observance of ceremonial purity especially in matters of diet and marriage.) ।ডি. এন. মজুমদাৰ আৰু টি. এন. মদন (D.N. Majumdar and T.N. Madan)  ৰ মতে, “বন্দ শ্ৰেণী একোটাই হৈছে জাতি।”(Caste is a closed class.)

চি. এইচ.কুলে (C.H. Cooley) ৰ মতে, “যেতিয়াই এটা শ্ৰেণী কঠোৰভাৱে বংশগত হৈ পৰে, তাকে আমি জাতি বুলি ক’ব পাৰোঁ।” (When a Class is somewhat strictly hereditary we may call it a caste.)।আৰ্ণল্ড গ্ৰীণৰ মতে, “জাতি ব্যৱস্থা হৈছে সামাজিক স্তৰীকৰণৰ এটা পদ্ধতি,যিটোৱে উচ্চ-নীচ গতিশীলতা বন্ধ হয়।” তেওঁ আকৌ কৈছে যে, “জাতি প্ৰথা অনুযায়ী অন্তত: আদৰ্শগতভাৱে সামাজিক প্রস্থিতিৰ গতিশীলতা সম্ভৱপৰ নহয়।” (Caste is a system of stratification in which mobility up down the status ladder, at least ideally may not occur.” )

ৰবাৰ্ট বায়ৰষ্টেডৰ মতে, “যেতিয়া সামাজিক শ্ৰেণীবোৰৰ মাজত পাৰস্পৰিক গতিশীলতা বন্ধ হয়, তেতিয়া আমি সেই শ্ৰেণী সংৰচনাক জাতি বুলি কওঁ।” লুণ্ডবাৰ্গৰ মতে, “জাতি হৈছে জন্মৰ জৰিয়তে সৃষ্টি হোৱা এটা কঠোৰ সামাজিক শ্ৰেণী ব্যৱস্থা, যিটোৰ পৰিৱৰ্তনৰ ক্ষেত্ৰত চূড়ান্ত অসুবিধাৰ সন্মুখীন হ’বলগীয়া হয়।”

ই.এ. ব্লাণ্টৰ মতে, “এটা জাতি হৈছে এটা অন্তবিবাহী সামাজিক গোট,যি গোটৰ সদস্যসকলে বংশগত উমৈহতীয়া উপাধি গ্ৰহণ কৰি সামাজিক চাল-চলন কৰি থাকে।এটা জাতিৰ লোকসকলে পৰম্পৰাগত জীৱিকা গ্ৰহণ কৰে আৰু তেওঁলোকৰ উৎপত্তি একে বুলি দাবী কৰে।সাধাৰণতে স্বজাতীয় সমুদায়ৰ ৰূপত বিবেচনা কৰা হয়।” ষ্টিভেনচনৰ মতে, “প্ৰস্থিতিযুক্ত পৰিয়ালসমূহ বংশানুক্ৰম পদ্ধতিৰে গঠিত হৈ জাতি প্ৰথাৰ সৃষ্টি হয়।কিছুমান বিশেষ ব্যক্তিৰে গঠিত প্ৰত্যেক জাতিৰে একোটা নাম থাকে আৰু জাতি অনুযায়ী একো একোটা সুকীয়া জীৱনশৈলীও থাকে।” 

মেক আইভাৰ আৰু পেজ (Mac Ivar and Page) ৰ মতে “When status is wholly predetermined so that men are born to their lot without any hope of changing it , then the class takes the extreme from of caste.”

(e) Characteristics of caste.

Ans: বিভিন্ন সমাজবিদে জাতিৰ বৈশিষ্ট্যসমুহ তলত উল্লেখ কৰাৰ দৰে আগবঢ়াইছে।

অধ্যাপক জি. এচ. ঘোৰী এ তেওঁৰ বিখ্যাত গ্ৰন্থ ‘Caste and Class in India’ত জাতিৰ বৈশিষ্ট্যবোৰ নিম্নলিখিত ধৰণৰ বুলি উল্লেখ কৰিছিল।

(১) জাতি ব্যৱস্থাই ভাৰতীয় সমাজখনক বিভিন্ন স্তৰত বিভক্ত কৰিছে।প্ৰত্যেক স্বৰৰ জাতিয়েই কিছুমান সু-নিৰ্দিষ্ট প্রস্থিতি,ভূমিকা আৰু কৰ্তব্যৰ দ্বাৰা পৰিচালিত হয়।(২)জাতিসমূহ নিজৰ জাতিৰ মাজত বৰ্তি থকা পালন কৰিবলগীয়া কৰ্তব্যসমূহ পালন নকৰিলে অৰ্থদণ্ড, প্রায়শ্চিও,জাত্যান্তকৰণ,উধৰণি ভোজ ,শাৰীৰিক শাস্তি আদিৰ সন্মুখীন হ’বলগীয়া হয়।

(৩) জাতি ব্যৱস্থাত জাতিবোৰৰ মাজত উচ্চ-নীচ সংস্তৰণ আছে আৰু প্ৰত্যেকৰে প্রস্থিতি বা স্থান বেলেগ বেলেগ।হিন্দু সমাজত ব্ৰাহ্মণৰ প্রস্থিতি সৰ্বোচ্চ, তাৰ পিছত ক্ষত্ৰিয় আৰু বৈশ্যৰ স্থান আৰু শূদ্ৰসকলৰ স্থান সৰ্বনিম্ন।

(৪) জাতি ব্যৱস্থাত জাতিবোৰৰ মাজত খোৱা-লোৱা ,চাল-চলন আদিৰ ক্ষেত্ৰত বাধা- নিষেধ আছে।ব্ৰাহ্মণসকলৰ মাজত বা অন্য জাতিৰ মাজতো কিছুমান বস্তু খোৱা-লোৱাৰ ক্ষেত্ৰত কঠোৰ আৰু অলংঘনিয় বাধা-নিষেধ আছে।ব্ৰাহ্মণসকলে অন্য জাতিৰ ঘৰত বা সকলো ধৰণৰ আহাৰ গ্ৰহণ কৰিব।

(৫) জাতি অন্তবিবাহী।অৰ্থাৎ, প্ৰত্যেক জাতিৰ লোকে নিজৰ জাতিৰ ভিতৰতে বিবাহ সম্পন্ন কৰিবলৈ বিচাৰে; ফলত বিবাহৰ ক্ষেত্ৰত প্ৰত্যেক জাতিৰে কিছুমান কঠোৰ বাধা -নিষেধ বা নীতি-নিয়ম আছে আৰু সেইবোৰ সকলোৱে মানি চলে।

(৬) প্ৰত্যেক জাতিৰ একোটা নিৰ্দিষ্ট বৃত্তি থাকে।ব্ৰাহ্মণসকলে যাগ-যজ্ঞ, পূজা-পাতল কৰা, ক্ষত্ৰিয়সকলে যুদ্ধ-বিগ্ৰহ কৰা, বৈশ্যসকলে কৃষিকাৰ্য কৰা ইত্যাদি প্ৰত্যেকৰে একোটা নিৰ্ধাৰিত বৃত্তি আছে।জাতি ব্যৱস্থাত নিজস্ব বৃত্তি এৰি আন বৃত্তি গ্ৰহণ কৰাটো অনুচিত বুলি ভবা হয়।

(৭) উচ্চনীচ বা স্পৃশ্য-অস্পৃশ্য ধাৰণা জাতি ব্যৱস্থাৰ আন এটা বৈশিষ্ট্য।স্পৃশ্যসকলক পবিত্ৰ আৰু অস্পৃশ্যসকলক অপবিত্র বুলি গণ্য কৰা হয়।

এন. কে.দত্ত নামৰ সমাজবিজ্ঞানীজনৰ মতে জাতিৰ বৈশিষ্ট্যবোৰ হৈছে – 

(১) জাতি এক অন্তবিবাহী সমূহ ।এটা জাতিৰ সদস্যসকলে নিজৰ জাতিৰ বাহিৰত বৈবাহিক সম্বন্ধ স্থাপনক বাধা-নিষেধ আছে।

(২) খোৱা-লোৱা,চাল-চলন আদিৰ ক্ষেত্ৰত এটা জাতিৰ সদস্যসকলে আন এটা জাতিৰ সদস্যসকলৰ লগত কিছুমান বাধা-নিষেধ মানি চলে।

(৩) প্ৰত্যেক জাতিৰে একোটা নিৰ্ধাৰিত জাতিগত বৃত্তি থাকে আৰু জাতিটোৰ সদস্যসকলে সেই বৃত্তিৰ দ্বাৰাই পৰিচালিত হোৱাটো বাঞ্ছা কৰে।

(৪) জাতি জন্মৰ ওপৰত আধাৰিত।যি যিটো জাতিত জন্ম হয়, তেওঁ সেই জাতিৰ বুলিয়েই পৰিচিত হয়।এটা জাতিৰ সদস্যসকল আন এটা জাতিলৈ পৰিৱৰ্তিত হ’ব নোৱাৰে।

(৫) জাতি ব্যৱস্থাত উচ্চ-নীচ সংৱতৰণ আছে।হিন্দু সমাজত আন সকলো জাতিতকৈ ব্ৰাহ্মণৰ স্থান উচ্চ।

(৬) সমগ্র জাতি ব্যৱস্থাটোৱেই ব্ৰাহ্মণৰ প্রস্থিতিৰ ওপৰত নিৰ্ভৰশীল।

এই বৈশিষ্ট্যসমূহৰ উপৰি জাতি ব্যৱস্থাৰ আন কিছুমান বৈশিষ্ট্যও পৰিলক্ষিত হয়।সেইবোৰ হৈছে – 

(১) জাতি ব্যৱস্থাই সমাজক খণ্ড -উপখণ্ডত বিভক্ত কৰে;সেয়ে জাতি ব্যৱস্থা হৈছে সমাজৰ এক খণ্ড বিভাজন ব্যৱস্থা।

(২) ই হৈছে ধর্মীয় আৰু সামাজিক সংস্তৰণ ব্যৱস্থা।

(৩) সামাজিক ৰীতি-নীতি, খোৱা-বোৱাৰ ক্ষেত্ৰতো সমাজৰ জাতিবোৰৰ মাজত প্ৰভেদ আছে।

(৪) জাতি অন্তবিবাহী সমূহ।

(৫) জাতি ব্যৱস্থাত জাতিৰ নিৰ্ধাৰিত বৃত্তিৰ বাহিৰে পৃথক বৃত্তি গ্ৰহণত বাধা-নিষেধ আছে।

(৬) সামাজিক আৰু ধৰ্মীয় নিৰ্ভৰযোগ্যতাৰ স্থান জাতি -ব্যৱস্থাত বিদ্যমান।

ওপৰত বৈশিষ্ট্যসমূহৰ পৰা ক’ব পাৰি যে, জাতি ব্যৱস্থা এক জটিল প্ৰকৃতিৰ সামাজিক ব্যৱস্থা।জাতি-ব্যৱস্থাত খাদ্যাভ্যাস, চাল-চলন,বিবাহ, বৃত্তি আদিৰ লগত সম্পৰ্কযুক্ত। জন্মৰ দ্বাৰাই জাতিৰ সদস্যতা নিৰূপিত হয়।এটা জাতিৰ সদস্যসকলে আন জাতিৰ লগত খোৱা-লোৱা,বিয়া-বাৰু কৰোৱা আদিৰ ক্ষেত্ৰত বাধা-নিষেধ আছে।জাতিৰ সদস্যতা পৰিবৰ্তন নহয়।ব্যক্তিয়ে যিটো জাতিত জন্ম গ্ৰহণ কৰে সেই জাতিৰে সদস্য হয়।

জাতি ব্যৱস্থাত স্ফজন পদ্ধতি, বিবাহ, খোৱা-লোৱা আদিত ভিন্নতা দেখা যায়।

ভাৰতৰ হিন্দু সমাজ ব্যৱস্থাৰ অনন্য সংস্তৰণ পদ্ধতিত বিভিন্ন সমূহবিলাকৰ ভিতৰত নিম্নতম ভৰত থকা লোকসকলক পৰম্পৰাগতভাৱে ‘অস্পৃশ্য জাতি’ বা ‘অনুসূচীত জাতি’ বুলি জনা যায়।এই লোকসকলক হিন্দু সংস্তৰণৰ চাৰিবৰ্ণ ; যেনে – ব্ৰাহ্মণ,ক্ষত্ৰিয়,বৈশ্য আৰু শূদ্ৰৰ বাহিৰত ৰখা হৈছিল।বৈদিক যুগ তথা ৰামায়ণ, মহাভাৰতৰ যুগতো অস্পৃশ্য জাতিৰ উল্লেখ আছে।সেই সময়ত তেওঁলোকক ‘চণ্ডাল’ , ‘নিষাদ’ আদি নামেৰে জনা গৈছিল।

ইংৰাজসকলে ভাৰত শাসন কৰি থকা সময়ছোৱাত সাধাৰণ অস্পৃশ্য জাতিৰ লোকসকলক ‘বাহ্য জাতি’ বা Exterior Caste বুলি অভিহিত কৰিছিল।

১৯২৮ চনত চাইমন আয়োগে পোন প্ৰথমবাৰৰ বাবে অস্পৃশ্য জাতি বা Untouchable Caste শব্দটো ব্যৱহাৰ কৰিছিল।এই অস্পৃশ্য জাতিৰ লোকসকলৰ আৰ্থ-সামাজিক উন্নয়নৰ বাবে চৰকাৰে ১৯৩৫ চনত তেওঁলোক এক বিশেষ অনুসূচীত অন্তৰ্ভুক্ত কৰে। ১৯৫৩ চনত ভাৰতবৰ্ষৰ সংবিধানত তেওঁলোকেক অনুসূচীত জাতি হিচাপে অন্তৰ্ভুক্ত কৰা হয়।কিন্তু জাতিৰ পিতা মহামানৱ মহাত্মা কৰিছিল।তেওঁৰ মতে হৰিজন (Harijan) মানে ভগৱানৰ মানুহ (The people of the God.)।

Q.1. Discuss about the Gender discrimination on the basis of Caste System.

Ans: জাতিৰ ভিত্তিত লিংগৰ বৈষম্যৰ কিছুমান কাৰক তলত উল্লেখ কৰা হ’ল – 

১) উচ্চ-নীচ মনোভাৱ : জাতি ব্যৱস্থাত সংস্তৰণ আছে।কিছুমান মানুহে জন্মগত ভাৱে উচ্চজাতিৰ হোৱাৰ বাবে উচ্চস্থান পায় আৰু আন কিছুমানে সমাজত নিম্নস্থানতে থাকে।ব্ৰাহ্মণৰ ঘৰত জন্মা পুৰুষ ধৰ্মীয় গুৰু,কিন্তু মহিলা নহয়,ক্ষত্ৰিয় পুৰুষকল ৰজা বা দেশৰ ৰক্ষক, কিন্তু মহিলাসকল গৃহ কৰ্মী,বৈশ্যৰ পুৰুষসকলে বাণিজ্য কৰিবলৈ যায় কিন্তু মহিলাসকল গৃহ কৰ্মী,শূদ্ৰৰ পুৰুষে বিভিন্ন কাম কৰে, নাৰীয়ে স্বামীৰ যত্ন লোৱা,সন্তান প্ৰতিপালন, গৃহকৰ্ম আদি কৰে।অৰ্থাৎ প্রতিটো জাতিৰ ক্ষেত্ৰতে লিংগ বৈষম্য আছে।প্ৰতিটো জাতিতে পুৰুষৰ স্থান উচ্ছত আৰু মহিলাৰ স্থান নিম্নত তথা পুৰুষৰ অধীনত।গতিকে নাৰীক নিম্ন বুলি ভবাটোৱেই হ’ল লিংগ বৈষম্য বা লিংগ পক্ষপাত।

২) সামাজিক আদান-প্ৰদান : জাতিব্যৱস্থাত সামাজিক আদান -প্ৰদান,বিয়া-বাৰু,খোৱা-বোৱাত বাধা নিষেধ আছে।নিম্ন জাতৰ কন্যা যিমানেই উপযুক্ত হ’লেও উচ্চজাতৰ ল’ৰাই বিয়া কৰাব নোৱাৰে নিম্ন জাতৰ নাৰীয়ে অধিক মাত্ৰাৰ নিম্ন সামাজিক স্থান পায়।নাৰীক নিম্ন বুলি জ্ঞান কৰাটো নাৰীৰ প্ৰতি থকা সামাজিক বৈষম্য ।এই বৈষম্য সামাজিক লিংগৰ ওপৰত আধাৰিত।

৩) পিতৃপ্ৰধান : জাতিব্যৱস্থা প্ৰচলন থকা সমাজবোৰত পিতৃপ্ৰধান পৰিয়ালৰ প্ৰচলন আছে।পিতৃপ্ৰধান পৰিয়ালৰ পুৰুষৰ প্ৰধান্য বেছি।নাৰীয়ে কোনো ক্ষেত্ৰতে পুৰুষৰ সমান প্ৰাধান্য নাপায়।সামাজিক, শৈক্ষিক, ৰাজনৈতিক, অৰ্থনৈতিক, ধৰ্মীয় আদি সকলো দিশতে নাৰী পিছপৰি ৰ’ব লগা হয়।সেয়ে নাৰীৰ প্ৰতি থকা লিংগ বৈষম্য ।

৪) জাতি অন্তবিবাহী : জাতি ব্যৱস্থাত পৰিয়ালবোৰ জাতি অন্তবিবাহী হোৱাৰ বাবে যদি কোনো জাতিৰ ছোৱালী বেছি শিক্ষিতা হৈ বেছি উপযুক্ত হয় তেতিয়া তেওঁৰ বাবে উপযুক্ত দৰাৰ সমস্যা হ’ব পাৰে।এনেবোৰ কথা ভাবিও বহুতো অভিভাৱকে নিজৰ কন্যাসন্তানবোৰক উচ্চ শিক্ষিত কৰিব নিবিচাৰে।কন্যাসন্তান উচ্চ ডিগ্ৰীধাৰী হোৱাটো এতিয়াও বহুতো পৰিয়ালে কামনা নকৰে।

৫) সন্তানৰ সংখ্যা : যিবোৰ পৰিয়ালত সতি – সন্ততিৰ সংখ্যা বেছি সেইবোৰ পৰিবৰ্তে ল’ৰা সন্তান কেইটাৰ পঢ়োৱাৰ ব্যৱস্থা কৰে।ল’ৰাক পঢ়ুৱাই শুনাই স্বাৱলম্বী হোৱাত গুৰুত্ব প্ৰদান কৰে।অৰ্থাৎ নাৰীৰ প্ৰতি বৈষম্যমূলক মনোভাৱ পোষণ কৰে।

৬) ৰক্ষণশীল মনোভাৱ : ৰক্ষণশীল মনোভাৱৰ বহুতো পৰিয়ালে এতিয়াও ভাবে যে ল’ৰাইহে ভৱিষ্যতে পিতৃ- মাতৃক লালন-পালন বা ভৰণ-পোষণৰ দায়িত্ব ল’ব ।ছোৱালীক বেলেগৰ ঘৰলৈহে দিয়া হ’ব।গতিকে ৰক্ষণশীল জাতি ব্যৱস্থাত ল’ৰাৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰা হয়।

৭) সাধাৰণ বৃত্তি : জাতি ব্যৱস্থাত প্রতিটো জাতিৰে একোটা সাধাৰণ বৃত্তি থাকে।পৰম্পৰাগত বৃত্তি গ্ৰহণৰ ফলত বহুতো লোকে দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰিব লগা হয়।আৰ্থিক দৈনিক দোহাই দি বহুতে ছোৱালীক শিক্ষা-দীক্ষা বা অন্যান্য সা-সুবিধা প্ৰদানৰ পৰা বঞ্চিত কৰে।ল’ৰাক পাৰ্যমানে সুবিধা দিয়ে।এইদৰে লিংগবৈষম্য হোৱা দেখা যায়।

৮) বৰ্ধিত ব্যয় : আমি জানো যে জাতিব্যৱস্থা এক ৰক্ষণশীল সমাজ ব্যৱস্থা।এই ব্যৱস্থাত মানুহৰ অৰ্থনীতিও সিমান ভাল নহয়।বহুত অভিভাৱকে বৰ্ধিত খৰচৰ বাবে সকলো সন্তানকে সমানে উচ্চ শিক্ষিত কৰিব নোৱাৰে।তেনে ক্ষেত্ৰত শিক্ষাৰ দিশত ছোৱালীক বাধা দি ল’ৰাক আগস্থান দিয়ে।

৯) জাতি পৰম্পৰা : জাতি ব্যৱস্থাত জাতি অন্তবিবাহ এক পৰম্পৰা।একে জাতিৰ ব্যক্তিৰ মাজতহে বিয়া-বাৰুৰ অনুমতি দিছে।কিবা কাৰণত কোনো ব্যক্তিয়ে বেলেগ জাতিৰ বিয়া কৰালে জাত্যান্তকৰণৰ ব্যৱস্থা আছে।কোনো ব্যক্তিয়ে সামাজিক শাস্তিৰ সন্মুখীন হ’বলৈ নিবিচাৰে।গতিকে উপযুক্ত নহলেও একে জাতিৰ হ’লেই কন্যা সম্প্ৰদান কৰা সামাজিক শাস্তিৰ পৰা ৰক্ষা পোৱাটো বহুত অভিভাৱকে বিচাৰে।ফলত নিজৰ কন্যাসন্তানক অনুপযুক্ত ল’ৰা বা কম বয়সতে বিয়া দিয়ে।ই নাৰীৰ প্ৰতি এক বৈষম্য।অৰ্থাৎ লিংগ বৈষম্য।

১০) যৌতুক প্ৰথা : জাতি ব্যৱস্থাত বহুতো জাতিৰ (সম্প্ৰদায়ৰ) মাজত যৌতুক প্ৰথাৰ প্ৰচলন আছে।বহুতো অভিভাৱকে যৌতুকৰ ব্যয়বহুল বোজা বহন কৰিব লগা হোৱাৰ বাবে কন্যা সন্তানকেই এক বৃহৎ বোজা বুলি ভাবে।যৌতুকত কৰিব লগা খৰচৰ প্ৰতি লক্ষ্য ৰাখি কন্যা সন্তানৰ লগত অধিক খৰচ কৰিব নোখোজে।ছোৱালীক বিভিন্ন সুবিধা, শিক্ষা আদিৰ পৰা বিৰত ৰখা হয়।এইবাৰো লিংগ বৈষম্যৰ উদাহৰণ।

১১) কু-সংস্কাৰ : জাতিভিত্তিক সমাজত বহুতো সামাজিক কু-সংস্কাৰৰ প্ৰচলন আছে।বাল্য বিবাহ, নাৰী শিক্ষা,সতীদাহ প্ৰথা,বিধবাৰ পুনৰ বিবাহ নিষিদ্ধ, আদি বিভিন্ন দিশৰ কু-সংস্কাৰৰ প্ৰভাৱ কিছু হ’লেও বৰ্তমানৰ জাতিভিত্তিক সমাজত আছে।এই কু-সংস্কাৰবোৰে নাৰীক পুৰুষতকৈ বহুত নিম্নত ৰাখিছে।এনেবোৰ দিশত নাৰীৰ প্ৰতি বৈষম্যপক্ষপাত মূলক আচৰণ স্পষ্ট।

১২) নিৰক্ষৰতা : জাতিভিত্তিক সমাজব্যৱস্থাত বহুতো অভিভাৱক এতিয়াও নিৰক্ষৰ।নিৰক্ষৰ লোকসকলৰ মাজত পৰম্পৰা ৰক্ষাৰ মনোভাৱ অধিক গোড়া।সেয়ে ৰক্ষণশীল সমাজব্যৱস্থাত নাৰীক নিম্নপ্রস্থিতিৰ বুলি গণ্য কৰাৰ ধাৰণা নিৰক্ষৰ সমাজত বেছি।সেয়ে নাৰীৰ প্ৰতি বৈষম্যমূলক আচৰণ প্ৰদৰ্শন কৰা হয়।

১৩) সুবিধাৰ অভাব : জাতিভিত্তিক গ্ৰাম্য সমাজত উন্নয়নৰ ক্ষেত্ৰত এতিয়াও বহুতো অসুবিধা দেখা যায়।ৰাস্তা-পদুলী, যাতায়ত, স্বাস্থ্য, শিক্ষা,খেলাধূলা,ব্যৱসায় বাণিজ্য আদিত বহুতো অসুবিধা আছে।এই অসুবিধাবিলাক অতিক্ৰম কৰি ঘৰৰ পৰা বাহিৰ ওলাই উন্নতি কৰাটো মহিলাৰ বাবে অসম্ভৱ বুলি সমাজে ভাবে যি পৰা যায় সেই সুবিধা ল’ৰাকহে প্ৰদান কৰে।অসুবিধা সমূহৰ বাবেও নাৰীৰ প্ৰতি বৈষম্যমূলক আচৰণ কৰা হয়।

১৪) সজাগতাহীনতা : পৰম্পৰাগত জাতি ব্যৱস্থাত নাৰীৰ প্রস্থিতিযস্থান উন্নয়নৰ বা সজাগতাৰ অভাৱ দেখা যায়।নাৰীৰ উন্নয়নৰ বাবে পৰম্পৰাক উলাই কৰি নতুন চিন্তা-চৰ্চ্চাৰ প্ৰভাৱ পৰা দেখা নাযায়।সমাজ যেনেকৈ চলি আহিছে তেনেকৈ চলি থকাটোকে বহুতো বিচাৰে।সজাগতাৰ অভাবতো পৰম্পৰাগত লিংগবৈষম্য চলিয়েই আছে।

Q.2. Discuss about the Gender discrimination on the basis of Class System.

Ans: জাতি ব্যৱস্থাতকৈ শ্ৰেণী ব্যৱস্থাত সামাজিক লিংগ ব্যৱধানৰ বৈষম্যৰ পৰিমাণ বহুত কম।তথাপি শ্ৰেণীব্যৱস্থাৰ বৈষম্যৰ কেইটামান দিশ তলত উল্লেখ কৰা হ’ল – 

১) ৰক্ষণশীল মনোভাৱ : শ্ৰেণী ব্যৱস্থা জাতি ব্যৱস্থাতকৈ বহুত মুক্ত যদিও পৰম্পৰাগত ব্যৱস্থা আৰু জাতিব্যৱস্থাৰ চিন্তা আৰু ৰীতি-নীতিৰ পৰা সম্পূৰ্ণ মুক্ত নহয়।পূৰ্বৰ পৰা অভ্যস্ত ব্যৱস্থা এটাৰ পৰা মানুহৰ ৰক্ষণশীল মনোবৃত্তিৰ বাবে কিছুমান ধ্যান-ধাৰণা আৰু চিন্তাৰ পৰিৱর্তন নহয়।অতীতৰ পৰা নাৰীৰ প্ৰতি থকা সেই মনোবৃত্তিৰ শ্ৰেণী ব্যৱস্থাতো বহুতৰে পৰিৱৰ্তন হোৱা নাই।সেয়ে শ্ৰেণী ব্যৱস্থাতো নাৰীৰ প্ৰতি বৈষম্যমূলক আচৰণ হোৱা দেখা যায়।অৰ্থাৎ, শ্ৰেণীব্যৱস্থাতো মানুহৰ ৰক্ষণশীল মনোভাৱৰ বাবে লিংগ বৈষম্য বিদ্যমান।

২) নাৰীৰ প্ৰতি ধাৰণা  : শ্ৰেণী ব্যৱস্থাতো মানুহৰ মানসিক ধাৰণাৰ প্ৰভাৱ পৰে।ভাৰতৰ দৰে দেশত যুগ যুগ ধৰি নাৰীৰ প্ৰতি চলি থকা পক্ষপাতমূলক ধাৰনাৰ বহুতো এতিয়াও চলি আছে।উচ্চ,মধ্য বা নিম্ন শ্ৰেণীৰ ব্যক্তি হলেও নাৰীৰ প্ৰতি এতিয়াও গৃহলক্ষী,পতীব্রতা,ধৰ্ম পত্নী, দিহিতা আদি দৃষ্টিভংগীৰে চায়।নাৰীক বহুতেই  ‘অৰ্ধাংগিনী’ বুলি ক’ব নোখোজে।পিতৃ আৰু পাছত পতিহে নাৰীৰ দেৱতা বুলি জ্ঞান কৰা হয়।এনেবোৰ ধাৰণাৰ বাবে শ্ৰেনীভিত্তিক সমাজতো নাৰীৰ প্ৰতি বৈষম্যমূলক আচৰণ চলি আছে।

৩) ধৰ্মীয় দিশ : জাতি ব্যৱস্থাৰ বিপৰীতে শ্ৰেণী ব্যৱস্থাৰ প্ৰৱৰ্তন হ’ল যদিও জাতিভিত্তিক গোড়ামিহে কিছু কমিল।মানুহৰ ধৰ্মীয় চিন্তা-চৰ্চা,গোড়ামীৰ প্ৰভাৱ বহুত শ্ৰেণী ব্যৱস্থাতো থাকিল।হিন্দুধৰ্মৰ মহাকাব্যত নাৰীক নিম্নস্থান দিয়া হৈছিল।উদাহৰণস্বৰূপে ৰামায়ণত সীতাৰ অগ্নি পৰীক্ষা, গৰ্ভৱতী সীতাৰ নিৰ্বাস;মহাভাৰতত দ্ৰৌপদীৰ বস্তুহৰণ, দ্ৰৌপদীক পাশা(জুৱা)খেলৰ পণ হিচাপে ৰখা, পতিৰ বাবে গান্ধাৰীয়ে গোটেই জীৱন চকু বান্ধি ৰখা আদি নাৰীৰ প্ৰতি কৰা বৈষম্যৰ জলন্ত উদাহৰণ।এনে ধাৰণা আজিৰ শ্ৰেনীভিত্তিক সমাজতো থকাৰ বাবে পুৰুষে নাৰীক সমমৰ্যদা নিদিয়ে, বৰং বৈষম্যমূলক আচৰণহে  প্ৰদৰ্শন কৰে।ফলত লিংগবৈষম্য শ্ৰেনীভিত্তিক সমাজতো দেখা যায়।

৪) পুৰুষ প্ৰধান্যতা : ভাৰতীয় তথা বহুতো সমাজতে পুৰুষৰ প্ৰধান্যতা সমাজৰ পৰম্পৰা ৰক্ষাৰ দৰে।শ্ৰেণী ব্যৱস্থাতো বহুতো পুৰুষেই পুৰুষৰ শ্ৰেষ্ঠতা আৰু নাৰী পুৰুষৰ অধীন ৰূপে গণ্য কৰে।বহুতো সামাজিক কাম-কাজত পুৰুষৰ পূৰ্ণ স্বাধীনতা থাকে কিন্তু নাৰী বা মহিলা স্বাধীন নহয়।সেয়ে শ্ৰেণী ব্যবস্থাতো মহিলাৰ প্ৰতি বৈষম্যৰ মনোভাৱ দেখা যায়।

৫) সামাজিক আদান-প্ৰদান : জাতি ব্যৱস্থাত বিভিন্ন জাতিৰ মাজত সামাজিক আদান-প্ৰদান বন্ধ থকাৰ দৰে শ্ৰেণী ব্যৱস্থাত বিভিন্ন শ্ৰেণীৰ মাজত সামাজিক আদান-প্ৰদানৰ মাজত অ-কথিত নিষেধাজ্ঞা আছে।উচ্চ শ্ৰেণীৰ ব্যক্তিয়ে নিম্নশ্ৰেণীৰ লগত খোৱা-বোৱা,আদান-প্ৰদান কৰিব নোখোজে।ফলত নিম্নশ্ৰেণীত উপযুক্ত ছোৱালী থাকিলেও উচ্চশ্ৰেণীৰ ল’ৰালৈ বিয়া-বাৰুৰ ক্ষেত্ৰত অসুবিধা আহে। সেইদৰে পঢ়াশুনা,ব্যৱসায়,ৰাজনীতি, আদিৰ ক্ষেত্ৰতো অসুবিধা আহে ফলত শ্ৰেণীব্যৱস্থাত এই ৰীতি-নীতিৰ বাবে লিংগ বৈষম্য দেখা যায়।৬)সামাজিক কু-প্ৰথা :-সমাজত প্ৰচলিত বহুতো কু-প্ৰথাই শ্ৰেনীভিত্তিক সমাজতো প্ৰভাৱ পেলায়।যৌতুক প্ৰথা, বিধবাৰ পুনৰবিবাহত বাধা,নাৰী নিৰ্যাতন, ধৰ্ষণ, আদিৰ বলি হোৱা নাৰীৰ উদাহৰণ শ্ৰেনীভিত্তিক সমাজত কম নহয়, এইবাৰো লিংগ বৈষম্যৰ উদাহৰণ।

৭) মনোবৈজ্ঞানীক দৃষ্টিভংগী : ল’ৰা আৰু ছোৱালীৰ মনত সৰুৰে পৰাই কিছুমান মনোবৈজ্ঞানীক দৃষ্টিভংগীয়ে গঢ় লয়।বহুতো ল’ৰাই সৰুৰে পৰাই ভাবে তেওঁলোক ছোৱালীতকৈ শ্ৰেষ্ঠ, কৰ্মপটু,শক্তিশালী।গতিকে নাৰী তেওঁলোকৰ অধীন।আকৌ ছোৱালিবিলাকে সৰুৰে পৰা ভাবে পুৰুষ মহিলাতকৈ শ্ৰেষ্ঠ।পুৰুষ অবিহনে নাৰীৰ কোনো অস্তিত্ব নাই।পতিৰ আঞ্জা পালনেই ভগৱৎ সেৱা।এই ধাৰণাবোৰো লিংগ বৈষম্যকে সূচায়।এনে মনোবৈজ্ঞানীক ধাৰণা শ্ৰেনীভিত্তিক সমাজতো দেখা যায়।

৮) শোষণ : শ্ৰেনীভিত্তিক সমাজত উচ্চশ্ৰেণীয়ে নিম্নশ্ৰেণীক শোষণ কৰে।আৰ্থিক,ৰাজনৈতিক আদি শোষণৰ বলি হোৱা নিম্নশ্ৰেণীৰ ব্যক্তিসকলে শোষণৰ পৰা মুক্ত হ’বলৈ অথবা বিপদ কালত বাচিবলৈ নিজৰ পত্নী বা কন্যাক বিক্ৰী কৰা, বন্ধকত দিয়া, শ্ৰমিক ৰূপে দিয়া, অনুপযুক্তজনক গতাই দিয়া আদি কৰ্ম দেখা যায়।ইয়ো মহিলাৰ প্ৰতি কৰা লিংগ বৈষম্যৰে ফল।

Q.3. Discuss about the Gender discrimination in Family.

Ans: পৰিয়ালত পিতৃ- মাতৃ, আত্মীয় স্বজনৰ মাজত লিংগ পক্ষপাত বা বৈষম্যমূলক আচৰণ এক সাধাৰণ আৰু নৈমিত্তিক কথাৰ দৰে।পৰিয়ালত বিভিন্ন ক্ষেত্ৰৰ বিভিন্ন কাৰণত পক্ষপাতমূলক বৈষম্যমূলক আচৰণ প্ৰদৰ্শন হয় আৰু ছোৱালীক নিম্ন পৰ্যায়ত ৰখা হয়।পৰিয়ালত লিংগ পক্ষপাতৰ বিভিন্ন দিশসমূহ তলত চমুকৈ উল্লেখ কৰা হ’ল।

১) জন্মৰ পূৰ্বৰ পক্ষপাত : এটি গৰ্ভস্ত সন্তান ল’ৰা নে ছোৱালী তাক পৰীক্ষা কৰি চোৱাৰ প্ৰতি হাবিয়াস, ল’ৰা সন্তান জন্ম দিয়াৰ প্ৰতি বেছি আগ্ৰহ।গৰ্ভস্থ সন্তান কন্যা বুলি জানিলে ভ্ৰণহত্যা বা গৰ্ভপাত কৰা আদি কাৰ্যই লিংগ বৈষম্যমূলক আচৰণকেই বুজায়।আমাৰ সমাজৰ বহুতো মহিলাই এক বা একাধিক কন্যাশিশুৰ জন্ম দিয়াৰ বাবে নিৰ্যাতনৰ বলি হ’ব লগা হৈছে।কন্যা জন্মৰ বাবে মাতৃৰ ওপৰত চলোৱা অত্যাচাৰ, ভ্ৰূণহত্যাৰ মনোভাৱ আদিয়ে স্পষ্ট কৰে যে মানুহৰ লিংগ বৈষম্য কেনেকুৱা।এইখিনি কার্য সন্তান জন্মৰ পূৰ্বেই হোৱাৰ বাবে ইয়াক জন্মৰ পূৰ্বৰ পক্ষপাত বোলা হয়।

২) জন্মৰ পিছত অসমান (Discrimination after Birth): বহুত ঠাইত শিশুৰ জন্মৰ লগে লগে বেলেগ বেলেগ কাপোৰ বেলেগ বেলেগ শিশুৰ প্ৰতি ব্যৱহাৰ কৰি লিংগ অসমতা প্ৰদৰ্শন কৰা হয়।কন্যাশিশুৰ বাবে বেলেগ ৰং আৰু ল’ৰা শিশুৰ বাবে বেলেগ ৰং ব্যৱহাৰ কৰা হয়।পৰিয়ালৰ লোকে জন্মৰ লগে লগে পুত্ৰ নে কন্যা তাক জানিবৰ বাবে আগ্ৰহী হৈ থাকে।পুত্ৰ জন্ম হ’লে অধিক আনন্দ বা আনক মিঠাই খুওৱা আৰু কন্যা জন্ম হ’লে মনত দুখ-বেজাৰ কৰা আদিও পৰিলক্ষিত হয়।পুত্ৰ জন্ম হ’লে ওচৰ- চুবুৰীয়া,আত্মীয় স্বজনক ভোজ- ভাত খুওৱা, মিঠাই খুওৱা আৰু কন্যা জন্ম হ’লে বেজাৰ কৰা কাৰ্যই লিংগ বৈষম্যতাকে সমান কৰে।

৩) সন্তান লালন-পালন (Child Caressing): সন্তান জন্ম হোৱাৰ পিছত তুলি-তালি ডাঙৰ -দীঘল কৰাৰ ক্ষেত্ৰতো লিংগৰ ভিত্তিত বৈষম্যমূলক আচৰণ প্ৰদৰ্শন কৰা দেখা যায়।পুত্ৰ সন্তান হ’লে খাই ভাল পোৱা খাদ্য ,পুষ্টিকৰ খাদ্য,অধিক আদৰ আৰু যতন লোৱা, অধিক মৰম কৰাৰ বিপৰীতে কন্যা সন্তানৰ ক্ষেত্ৰত খাদ্যৰ আৰু অন্যান্য দিশৰ প্ৰতি বিশেষ যতন লোৱা পৰিলক্ষিত নহয়।বহুতো ব্যক্তিয়ে কন্যা সন্তান জন্ম দিয়াৰ বাবে মাকে যত্নত কমকৈ কৰে।সেয়ে পুষ্টিহীনতাত ভোগা শিশুৰ ভিতৰত ল’ৰাতকৈ ছোৱালীৰ সংখ্যা বেছি।সেইদৰে বহুতো মহিলাৰে কন্যাসন্তান জন্ম দিয়াৰ পাছত স্বাস্থ্য অধিক অৱনতি ঘটে।অৱশ্যে এইখিনিতে এই কথাও উল্লেখ কৰা ভাল হ’ব যে বৰ্তমান একক পৰিয়ালৰ দিনত প্ৰথম সন্তান কন্যা বা পুত্ৰ হ’লেও লালন-পালনৰ দিশত বা মাতৃগৰাকী বিশেষ সমস্যাৰ সন্মুখীন নহয়।কিন্তু একাধিক কন্যাসন্তান জন্ম দিয়ে সন্তান আৰু মাতৃ অধিক লিংগ বৈষম্যতাৰ বলি হ’ব লাগে।বহুতো ব্যক্তিয়ে আকৌ পুত্ৰসন্তানৰ আশাত কেইবাটাও সন্তানৰ জন্ম দিয়ে।আকৌ একাধিক কন্যা সন্তানৰ জন্ম দিয়াৰ বাবে বহুত পুৰুষে দ্বিতীয় পত্নীও গ্ৰহণ কৰা দেখা যায়।এইবোৰ লিংগ বৈষম্যৰ উদাহৰণ।

৪) সম্পত্তিৰ বিতৰণ (Property Distribution): সম্পত্তিৰ বিতৰণৰ ক্ষেত্ৰতো পৰিয়ালত ল’ৰা আৰু ছোৱালীৰ মাজত বৈষম্য দেখা যায়।পৈতৃক সম্পত্তি উত্তৰাধিকাৰী সূত্ৰে ল’ৰাইহে লাভ কৰাৰ প্ৰৱণতা সমাজত বেছি।এজনী ছোৱালীক এজন পুৰুষৰ হাতত যেনেতেনে গতাব পাৰিলেই দায়িত্ব শেষ বুলি বহুতে ভাবে।কোনো কোনো লোকে ছোৱালীক সামান্য অংশ দিলেও সমান অংশ দিব নোখোজে।এনে আচৰণ আৰু মনোভাৱে ছোৱালীৰ প্ৰতি পৰিয়ালৰ বৈষম্য বা পক্ষপাতমূলক আচৰণকে সূচায়।অৱশ্যে আজিকালি সম্পত্তিৰ অধিকাৰ আইনৰ জৰিয়তে ল’ৰা-ছোৱালী উভয়েই সম্পত্তিৰ সম অধিকাৰ পায়।কিন্তু এই আইন এতিয়াও বহুত সমাজতে সামাজিকভাৱে প্ৰযোজ্য হোৱা নাই।

৫) শিক্ষা (Education): বহুতো পৰিয়ালত ল’ৰা আৰু ছোৱালীৰ মাজত শিক্ষাৰ ক্ষেত্ৰতো বৈষম্যমূলক আচৰণ প্ৰদৰ্শন কৰা দেখা যায়।বহুতো ভিতৰুৱা অঞ্চল বা জনজাতীয় সমাজত ছোৱালীক শিক্ষাৰ পৰা আঁতৰাই ঘৰুৱা কাম- বন, ভাই-ভনীৰ চোৱা চিতা বা কেঁচুৱা লালন পালন কৰা আদি কামত লগোৱা হয় আৰু ইয়াৰ বিপৰীতে ল’ৰাক শিক্ষালাভৰ সুবিধা দিয়া হয়।ছোৱালীক যিহেতু এঘৰলৈ বিয়া দিব লাগিব গতিকে পঢ়ি শুনি লাভ নাই অথচ ধনৰ খৰচহে হ’ব, ছোৱালীয়ে ঘৰুৱা কাম শিকাই ভাল আদিৰ ধাৰণা এতিয়াও আমাৰ সমাজত আছে।ছোৱালীয়ে স্বামী,শহুৰ-শাহুৰ সেৱা শুশ্ৰূষা কৰা আদি কাম শিকিব লাগে আৰু ল’ৰাই পঢ়া শুনা কৰি স্বাৱলম্বী হোৱাৰ পথ বাছি ল’ব লাগে এনে বৈষম্যমূলক ধাৰণা আজিও বহুত সমাজতে আছে।আকৌ কিছুমান পৰিয়ালত ছোৱালীক পঢ়াৰ অনুমতি দিলেও বিশেষ সুবিধা প্ৰদান কৰা নহয়, কিন্তু ল’ৰাক পাৰ্যমানে সুবিধা প্ৰদান কৰা হয়।

৬) খেলা-ধূলা (Game and Play): পৰিয়ালৰ লোকসকলৰ মাজত খেলা-ধূলাৰ ক্ষেত্ৰতো লিংগ বৈষম্যমূলক আচৰণ কৰা পৰিলক্ষিত হয়।সাধাৰণতে ছোৱালীক ফটা কাপোৰ, পেলনীয়া বাচন,আৰু সাধাৰণ বস্তুৰে পুতলা বনোৱায় খেলা,ভাতৰন্ধা আদি খেল খেলিবলৈ দিয়া হয় আৰু ল’ৰাক বীৰত্ব প্ৰদৰ্শনৰ তথা গুৰুক থকা খেলবোৰ খেলিবলৈ দিয়া হয়।ল’ৰাক খেলৰ সামগ্ৰী ক্ৰয়ত যিমান গুৰুত্ব দিয়া হয় আৰু খেলৰ প্ৰতি যিমান উৎসাহ দিয়া হয় ছোৱালীক সিমান কৰা নহয় ।কোনো ঠাইত গৈ খেল প্ৰদৰ্শন কৰাৰ ক্ষেত্ৰত ছোৱালীক বাধা দিয়া হয় কিন্তু ল’ৰাক উৎসাহিত কৰা হয়।ছোৱালীয়ে সুযোগ-সুবিধা বিচাৰিলেও জ্যেষ্ঠ সকলে অনীহা প্ৰদৰ্শন কৰে।এইদৰে খেলা -ধূলাৰ ক্ষেত্ৰতো লিংগ বৈষম্যযপক্ষপাত দেখা যায়।

৭) পৰম্পৰা আৰু মান্যতা(Tradition and Honour): বহুতো সমাজত পৰম্পৰাগত ভাবে চলি অহা ৰীতি-নীতিৰ মাজত লিংগ বৈষম্য সোমাই আছে।ভাৰতীয় পৰম্পৰাত হিন্দু ধৰ্মৰ মতে পুত্ৰইহে পিণ্ডদান কৰি মৃত্যুৰ পাছত পিতৃ- মাতৃক মুক্তিযনিৰ্বান দিব পাৰে বা পুত্ৰইহে অন্তষ্টি-ক্ৰিয়া সম্পন্ন কৰিব পাৰে।পিণ্ডদান, মুখাগ্নি আদি ধৰ্ম পৰম্পৰাৰ মতে পুত্ৰৰ অধিকাৰ।তদুপৰি বংশৰক্ষা, বংশৰ নাম উজ্জ্বল কৰা আদি কামত দায়িত্বও পুৰুষৰহে।ইছলাম ধৰ্মৰ মতেও পৰম্পৰাগত ভাৱে মহিলাৰ স্থান পুৰুষতকৈ বহুত নিম্ন।ধৰ্মীয় অধিকাৰ, সম্পত্তিৰ অধিকাৰ আদি তেওঁলোকৰ পৰম্পৰাগত নাৰীৰ বাবে নাই।হিন্দু পৰম্পৰা মতে ছোৱালীয়ে পিণ্ডদান কৰিলে পূৰ্বপুৰুষ নৰকতহে পৰিব।এনেবোৰ পৰম্পৰাৰ বাবে সমাজত পুৰুষক প্ৰাধান্য আৰু মান্যতা প্ৰদান কৰা হয় আৰু মহিলাক বহুত দিশৰ পৰা বঞ্চিত কৰা হয়।বহুতো পৰিয়ালত কন্যা সন্তানক একোটা বোজা ৰূপে গণ্য কৰা হয়।এইবোৰোই সামাজিক লিংগ বৈষম্যৰ উদাহৰণ।হিন্দু ধৰ্মৰ ধৰ্ম ব্যাখ্যাক মনুৰ মতে নাৰী বাল্য কালত পিতৃৰ অধীন ,যৌৱন কালত পতিৰ অধীন আৰু বৃদ্ধ কালত পুত্ৰৰ অধীন ।অৰ্থাৎ নাৰীক সকলো কালতে পুৰুষৰ অধীন ৰূপে গণ্য কৰা হৈছে। এনেবোৰ পৰম্পৰা পৰিয়ালত চলি অহাৰ বাবে নাৰীৰ অস্তিত্ব,মান্যতা,প্রস্থিতি আৰু সুৰক্ষাৰ ক্ষেত্রত বৈষম্য হোৱা দেখা যায়।

৮) সামাজিক আৰু ধৰ্মীয় কামত অংশগ্ৰহণ (Participation in social and Religious Activities) : বহুতো পৰিয়ালত পিতৃ- মাতৃয়ে ছোৱালীক বহুতো সামাজিক আৰু ধৰ্মীয় কাম-কাজত আগভাগ লোৱাত বাধা প্ৰদান কৰে আৰু ল’ৰাক সেইবোৰ কাম কৰিবলৈ উৎসাহিত কৰে।বহুতো কামত ছোৱালী হৈ এনেকুৱা নকৰিবি,ছোৱালীয়ে কৰিব নাপায়, ছোৱালীয়ে কৰিলে মানুহে (সমাজ) বেয়া দেখিব,এইটো ছোৱালীৰ কাম নহয় আদি বাধা আৰোপ কৰা দেখা যায়।অৰ্থাৎ ছোৱালী হোৱাৰ বাবে (লিংগৰ ভিত্তিত),তেওঁলোকক বৈষম্য কৰা হয়।ইয়াৰ বিপৰীতে ধৰ্মীয় আৰু সামাজিক সন্মানীয় বহুতো কামৰ বাবে ল’ৰাক উৎসাহিত কৰা হয়।মাতৃসকলেও একে লিংগৰ হৈও ছোৱালীক বহুক্ষেত্ৰত বঞ্চিত কৰি ল’ৰাক অগ্ৰাধিকাৰ দিয়ে।এইবোৰ লিংগবৈষম্য প্ৰকট কৰে। 

৯) দৰিদ্ৰতা : কন্যা সন্তানক পঢ়োৱা-শুনোৱাত গুৰুত্ব নিদিয়া,বহুত ক্ষেত্ৰতে কন্যাক বঞ্চিত কৰা, কন্যাক ঘৰুৱা কামত নিয়োগ কৰা, দৰিদ্ৰতাৰ বাবে কন্যাসন্তানক বিক্ৰী কৰা, কন্যা সন্তানক কম সুবিধা প্ৰদান কৰা, কন্যাক সোনকালে বিয়া দি আজৰি হোৱাৰ মনোভাৱ, কন্যাৰ বাবে অৰ্থব্যয় কৰি লাভ নাই বুলি ভবাৰ মনোভাৱ আদিৰ ধাৰণা পৰিয়ালত থকা লিংগ বৈষম্যৰ বাবেই হৈছে।এনেবোৰ মনোভাৱে ছোৱালীৰ প্ৰতিভা বিকাশত বাধাৰ সৃষ্টি কৰে আৰু ল’ৰা-ছোৱালীৰ মাজত বিভেদৰ সৃষ্টি হয়।ল’ৰাই ছোৱালীক নিম্ন বুলি ভাবিবলৈ লয় আৰু দমন,শোষণ আদি কৰিবলৈ লয়।ছোৱালীবোৰেও এনে পৰিবেশত নিৰাপত্তাহীনতাত ভোগে আৰু নিজকে দুৰ্বল বুলি ভাবে।লিংগ বৈষম্যৰ বাবে ছোৱালীয়ে নিজৰ প্ৰতিভা আৰু দক্ষতা বিকাশৰ সুবিধা নাপায়।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top