Charles Dickens Biography | চাৰ্লছ ডিকেন্সৰ জীৱনী

চাৰ্লচ ডিকেন্স (Charles Dickens) সম্পূৰ্ণ নাম Charles John Huffam Dickens) এজন ইংৰাজী সাহিত্যিক আৰু সমাজ সমালোচক আছিল। চাৰ্লচ ডিকেন্স ১৮১২ চনৰ ৭ ফেব্ৰুৱাৰীত ইংলেণ্ডৰ পৰ্টচমাউথত জন্মগ্ৰহণ কৰিছিল। শৈশৱকাল দুখ-দুৰ্দশাৰে ভৰা আছিল, যাৰ প্ৰভাৱ তেওঁৰ সাহিত্যত গভীৰভাৱে পৰিলক্ষিত হয়। দুখ-দুৰ্দশাৰে ভৰা নিজৰ জীৱনৰ অভিজ্ঞতাৰ আধাৰত তেওঁ সাহিত্য ৰচনা কৰি ইংৰাজী সাহিত্যক সমৃদ্ধিশালী কৰি তুলিছিল। 

Join Telegram channel

চাৰ্লচ ডিকেন্সৰ ১২ বছৰ বয়সতে তেওঁৰ দেউতাক জন ডিকেন্স ঋণৰ বাবে বিপদত পৰে আৰু জেললৈ যাব লগীয়া হয়। সংসাৰৰ দায়িত্ব মূৰ পাতি ল’ব লগীয়া হোৱা চাৰ্লচে সেই সময়ত মজুৰি খাটিবলৈ বাধ্য হয়। তথাপি কঠোৰ পৰিশ্ৰমৰ পাছতো তেওঁ দেউতাকৰ ঋণৰ ৪০ পাউণ্ড পৰিশোধ কৰিবলৈ সক্ষম নহয়। কাৰখানাত কাম কৰি তেওঁ দিনে মাত্ৰ ১ চিলিং উপাৰ্জন কৰিছিল, যি নিজ উপার্জিত ধনে খাবলৈ, থাকিবলৈ আৰু পঢ়াৰ খৰচ বহন কৰাটো প্ৰায় অসম্ভৱ কৰি তুলিছিল। জন ডিকেন্সে ঋণ শোধ কৰিব নোৱাৰাৰ বাবে তিনিমাহ জেলত কটাব লগীয়া হয়। তিনিমাহৰ পিছত জেলৰ পৰা মুক্তি লাভ কৰি তেওঁ পুনৰ চাকৰি লাভ কৰে আৰু তেতিয়াৰে পৰাই চাৰ্লচক পুনৰ বিদ্যালয়লৈ যোৱাৰ সুবিধা প্ৰদান কৰে।

Charles Dickens Biography | চাৰ্লছ ডিকেন্সৰ জীৱনী
নামচাৰ্লছ ডিকেন্স (Charles Dickens) 
জন্ম           ৭ ফেব্ৰুৱাৰী, ১৮১২ চন        
মৃত্যু        ৯ জুন, ১৮৭০ 
পেচা          লেখক

Read also: William Shakespeare Biography | উইলিয়াম শ্বেইকছপীয়েৰৰ জীৱনী

চাৰ্লচ ডিকেন্স (Charles Dickens) ৰ কৰ্মজীৱন

প্ৰাৰম্ভিক জীৱন আৰু চাকৰি

১৮২৭ চনত, ১৫ বছৰ বয়সত, চাৰ্লচ ডিকেন্সে স্কুল এৰি লণ্ডনৰ এখন ‘চলিচিটৰ ফাৰ্ম’ত (আইন-সংক্রান্ত পৰামৰ্শ দিয়া প্ৰতিষ্ঠান) কেৰেণীৰ চাকৰি গ্ৰহণ কৰে। দিনটো নথিপত্ৰ আৰু আইন-সংক্রান্ত কামত ব্যস্ত থাকি, অফিচ ছুটিৰ পিছত থিয়েটাৰ চাবলৈ গৈছিল। তাত তেওঁ নাটক প্ৰতি গভীৰভাৱে আকৃষ্ট হয় আৰু মনে মনে অভিনেতা অথবা নাট্যকাৰ হোৱাৰ সপোন দেখা আৰম্ভ কৰে। নাটকৰ কপি কিনি আনিছিল আৰু ঘৰত আইনাৰ সন্মুখত অভিনয়ৰ অনুশীলন কৰিছিল। যদিও তেওঁ অভিনেতা বা নাট্যকাৰ হ’ব পৰা নাছিল, এই অভ্যাসে তেওঁৰ সাহিত্যিক জীৱনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

সাংবাদিকতাৰ জগতলৈ প্ৰৱেশ

১৮৩২ চনত, ডিকেন্সে লণ্ডনৰ এখন বাতৰি কাকতৰ সম্পাদকীয় বিভাগত কাম কৰিবলৈ আৰম্ভ কৰে। সংবাদদাতা হিচাপে, তেওঁ সংসদ ‘হাউচ অৱ কমন্‌চ’ত প্ৰৱেশৰ সুযোগ লাভ কৰে। এই সময়ত তেওঁ ইংলেণ্ডৰ সংসদীয় ব্যৱস্থাৰ ত্ৰুটি-বিচ্যুতি প্ৰকাশ কৰি জনসাধাৰণক সজাগ কৰাৰ চেষ্টা কৰিছিল।

সংবাদ প্ৰতিনিধি হিচাপে খ্যাতি

সংসদৰ অধিবেশন আৰু ৰাজনৈতিক ভাষণসমূহৰ প্ৰতিবেদন তৈয়াৰ কৰিবলৈ, তেওঁ দেশৰ বিভিন্ন অঞ্চল ভ্ৰমণ কৰিছিল। তেওঁৰ লিখনিৰ বাস্তৱসিদ্ধ আৰু প্ৰভাৱশালী ধৰণে পাঠকৰ মনোযোগ আকৰ্ষণ কৰে। ডিকেন্সৰ ৰচনাৰ প্ৰভাৱত কাকতৰ বিক্ৰীৰ হাৰ বাঢ়িছিল, ফলত তেওঁ অধিক দৰমহা লাভ কৰিছিল। কিন্তু, বাবৰচী বাব দেউতাকৰ অধিক ঋণৰ বাবে তেওঁৰ পৰিয়ালৰ আৰ্থিক সংকট অব্যাহত থাকে। এই সমস্যাৰ পৰা মুক্তি পাবলৈ, তেওঁ বিভিন্ন কাকত-পত্ৰত লিখা আৰম্ভ কৰে।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

সাহিত্যিক হিচাপে প্ৰতিষ্ঠা

ডিকেন্সৰ লিখনি ইতিমধ্যে ‘লিটাৰেৰী গেজেট’ (Literary Gazette) সম্পাদনাৰ দৃষ্টি আকৰ্ষণ কৰিছিল। এই কাকতে নতুন লেখকৰ সমীক্ষা আৰু সমালোচনা প্ৰকাশ কৰি তেওঁলোকৰ প্ৰতিভাক উৎসাহিত কৰিছিল। তেওঁক প্ৰশংসা কৰা এই সমালোচনাই সাহিত্যিক হোৱাৰ পথত ডিকেন্সক অনুপ্ৰাণিত কৰে।

১৮৩৬ চনত, ২৪ বছৰ বয়সত, তেওঁৰ প্ৰথম গ্ৰন্থ ‘Sketches by Boz: Illustrative of Everyday Life and Everyday People’ প্ৰকাশ পায়। ‘বজ’ (Boz) ছদ্ম নামেৰে লিখা এই পুথি জনজীৱনৰ বিভিন্ন দিশৰ ওপৰত ভিত্তি কৰি প্ৰসিদ্ধি লাভ কৰে। গ্ৰন্থৰ সফলতাই ডিকেন্সক সাহিত্যজগতলৈ সম্পূৰ্ণভাৱে মনোনিবেশ কৰিবলৈ অনুপ্ৰাণিত কৰে, আৰু তেওঁ সাংবাদিকতাৰ পেছা পৰিত্যাগ কৰি একনিষ্ঠভাৱে সাহিত্য সৃষ্টিত আত্মনিয়োগ কৰে।

চাৰ্লচ ডিকেন্স (Charles Dickens) ৰ বৈবাহিক জীৱন

চাৰ্লচ ডিকেঞ্চে ‘পিক্‌ উইক’ আলোচনীখন প্ৰকাশৰ কিছুদিনৰ আগতে কেট্‌ হগাৰ্থ নামে এগৰাকী যুৱতীৰ সৈতে বিবাহ সম্পন্ন কৰে। যদিও দুয়োৰে বৈবাহিক জীৱন সুখদায়ক নাছিল, ফলস্বৰূপে তেওঁলোকৰ বিবাহ-বিচ্ছেদ হয়। তাৰ পিছত ডিকেঞ্চে তেওঁৰ খুলশালীয়েক জৰ্জিয়ানাৰ সৈতে পুনৰ বিবাহ পাতি লয়। তেওঁ দুয়োগৰাকী পত্নীৰ পৰা মুঠ দহোতা সন্তানের পিতৃ হৈছিল।

চাৰ্লচ ডিকেন্স (Charles Dickens) ৰ সাহিত্যিক জীৱন

১৮৩৬ চনৰ মাৰ্চ মাহত চাৰ্লচ ডিকেঞ্চে প্ৰকাশিত আৰু সম্পাদিত ‘পিক্‌ উইক’ আলোচনীৰ প্ৰথম সংখ্যা প্ৰকাশ পায়। যদিও আলোচনীখন আকাৰত ক্ষুদ্ৰ আছিল, পাঠকৰ মাজত ইয়াৰ চাহিদা যথেষ্ট বৃদ্ধি পাইছিল। ডিকেঞ্চে লিখা-মেলাৰ যোগেদি ভাল উপাৰ্জন কৰিছিল, কিন্তু সেই উপাৰ্জনেৰে দেউতাকৰ ঋণ পৰিশোধ কৰাত ব্যস্ত আছিল। অধিক উপাৰ্জনৰ প্ৰয়োজনে তেওঁ অধিক কাম কৰিবলৈ উৎসাহিত কৰিছিল।

ডিকেঞ্চে বিভিন্ন নামী-অনামী পত্ৰিকাৰ বাবে নিৰলসভাৱে লিখি গৈছিল। তেওঁৰ অতুলনীয় লেখনিৰ শৈলী পাঠকৰ মন কঢ়িয়াই লৈছিল। অতি কম সময়ৰ ভিতৰতেই তেওঁৰ সাহিত্যিক গুণে তেওঁক সমসাময়িক যুগৰ অন্যতম প্ৰখ্যাত সাহিত্যিক হিচাপে প্ৰতিষ্ঠা কৰে।

চাৰ্লচ ডিকেন্স (Charles Dickens) ৰ সৃষ্টিৰাজি

প্ৰাৰম্ভিক সাহিত্যিক কৰ্ম

১৮৪২ চনত চাৰ্লচ ডিকেঞ্চে একে সময়তে চাৰিখন কালজয়ী গ্ৰন্থ প্ৰকাশ কৰে। এই বিখ্যাত গ্ৰন্থসমূহ হ’ল—

  • অলিভাৰ টুইষ্ট (Oliver Twist)
  • নিকলাচ নিকেলবী (Nicholas Nickleby)
  • দি অল্ড কিউৰচিটি ছপ (The Old Curiosity Shop)
  • বাৰ্নবি ৰজ (Barnaby Rudge)

এই গ্ৰন্থসমূহৰ আগতে পিকউইক পেপাৰচ (Pickwick Papers) আৰু স্কেট্‌চেজ বৈ বজ (Sketches by Boz) গ্ৰন্থাকাৰে প্ৰকাশ পাইছিল। কিন্তু অলিভাৰ টুইষ্ট আৰু নিকেলবীই ডিকেঞ্চক অসাধাৰণ খ্যাতি প্ৰদান কৰে। এই কিতাপসমূহত তেওঁ ইংলেণ্ডৰ সমাজত থকা বৈষম্য, শিক্ষানুষ্ঠানসমূহৰ কঠোৰ নিয়ম আৰু সামাজিক কদৰ্যতাৰ ছবি সুস্পষ্টভাৱে উপস্থাপন কৰে। সেই সময়ৰ ব্ৰিটিছ সাম্ৰাজ্যৰ ভিতৰুৱা ফোঁপোলা অৱস্থাও এই গ্ৰন্থসমূহত প্ৰকাশ পাইছে।

দ্বিতীয় পৰ্যায়ৰ সাহিত্যকর্ম

১৮৪২-৪৩ ৰ পৰা ১৮৬২-৬৩ চনৰ ভিতৰত চাৰ্লচ ডিকেঞ্চে তলৰ গ্ৰন্থসমূহ ৰচনা কৰে—

  • মাৰ্টিন চাজলউইট (Martin Chuzzlewit)
  • ডম্বে এণ্ড চনচ্‌ (Dombey and Sons)
  • ডেভিদ কোপাৰফিল্ড (David Copperfield)
  • খ্ৰীষ্টমাচ ষ্টৰিজ (Christmas Stories)
  • ব্লীকহাউচ (Bleak House)
  • হাৰ্ড টাইমচ (Hard Times)
  • লিটিল ডৰিট (Little Dorrit)

এই সময়ছোৱাত তেওঁৰ ব্যক্তিগত জীৱনতো উল্লেখযোগ্য পৰিবৰ্তন ঘটে। তেওঁ স্ত্ৰী কেথৰিন হোগাৰ্থৰ সৈতে বিবাহ-বিচ্ছেদ কৰে আৰু আমেৰিকা, পেৰিচ, ইটালী আদি ঠাই ভ্ৰমণ কৰে।

জীৱনৰ অন্তিম কাল আৰু উল্লেখযোগ্য কিতাপসমূহ

চাৰ্লচ ডিকেঞ্চৰ জীৱনৰ শেষৰ কালত ৰচিত কেইখনমান বিখ্যাত গ্ৰন্থ হ’ল—

  • এ টেল অৱ টু চিটিজ (A Tale of Two Cities)
  • গ্ৰেট এক্সপেকটেচন (Great Expectations)
  • আৱাৰ মিউচুৱেল ফ্ৰেণ্ডচ (Our Mutual Friends)

ইয়াৰ উপৰিও তেওঁৰ এড্‌উইন ড্ৰড (Edwin Drood) নামৰ কিতাপখন অৰ্ধ সমাপ্ত হৈ থাকে।

মৃত্যু | Death

১৮৭০ চনত এড্‌উইন ড্ৰডৰ ৰচনা চলি থাকোতেই হঠাৎ অসুস্থ হৈ চাৰ্লচ ডিকেঞ্চ কেণ্টৰ বাসগৃহত পৰলোকপ্ৰাপ্ত হয়। তেওঁৰ মৃত্যুৰে এক যুগৰ অন্ত পৰে, কিন্তু তেওঁৰ সাহিত্য আজিও অমৰ হৈ আছে।

উপসংহাৰ | Conclusion 

চাৰ্লচ ডিকেন্স বিশ্ব সাহিত্যৰ অন্যতম প্ৰসিদ্ধ লেখকসকলৰ ভিতৰত এজন। তেওঁৰ উপন্যাসসমূহ সমাজৰ গভীৰ বাস্তৱতা, দৰিদ্ৰতা, আৰু নৈতিক মূল্যৰ প্ৰতিফলন কৰে। ইংৰাজী সাহিত্যত তেওঁৰ অৱদান অপৰিসীম, বিশেষকৈ সমাজৰ নিম্নবৰ্গীয় লোকসকলৰ জীৱনযাত্ৰা আৰু শোষণৰ ওপৰত তেওঁৰ দৃষ্টিভংগী অত্যন্ত গভীৰ। “Oliver Twist,” “Great Expectations,” আৰু “A Tale of Two Cities” যেনেকুৱা উপন্যাসসমূহ আজিও বিশ্বজুৰি পাঠকৰ হৃদয় জিনিব পাৰিছে। তেওঁৰ সাহিত্য আজিও প্ৰাসংগিক, যি মানুহৰ মৰম, ন্যায়, আৰু সমতা নিশ্চিত কৰাৰ প্ৰয়াসক প্ৰতিফলিত কৰে।

FAQ

1. চাৰ্লচ ডিকেন্স কোন আছিল?
A: চাৰ্লচ ডিকেন্স ১৯শ শতিকাৰ অন্যতম বিখ্যাত ইংৰাজী সাহিত্যিক আছিল, যিজনে সমাজৰ বাস্তৱতা, দৰিদ্ৰতা, আৰু সামাজিক ন্যায়ৰ বিষয়সমূহত ভিত্তি কৰি বহুতো উপন্যাস লিখিছিল।

2. চাৰ্লচ ডিকেন্সৰ প্ৰসিদ্ধ কিতাপসমূহ কি কি?
A: তেওঁৰ কিছু প্ৰসিদ্ধ গ্ৰন্থৰ ভিতৰত “Oliver Twist,” “David Copperfield,” “A Christmas Carol,” “Great Expectations,” আৰু “A Tale of Two Cities” অন্তৰ্ভুক্ত।

3. চাৰ্লচ ডিকেন্স কিয় প্ৰসিদ্ধ?
A: ডিকেন্স সমাজৰ দৰিদ্ৰ আৰু নিম্নবৰ্গীয় লোকসকলৰ জীৱন, শিশুশ্ৰম, আৰু সমাজৰ অসাম্যতা নিজৰ সাহিত্যত অত্যন্ত গভীৰভাৱে প্ৰতিফলিত কৰিছিল, যি সেই সময়ৰ বাবে অতি গুৰুত্বপূর্ণ বিষয় আছিল।

4. চাৰ্লচ ডিকেন্সৰ জন্ম আৰু মৃত্যু কেতিয়া হৈছিল?
A: চাৰ্লচ ডিকেন্সৰ জন্ম ১৮১২ চনৰ ৭ ফেব্ৰুৱাৰীত হৈছিল।

5. চাৰ্লচ ডিকেন্সৰ লেখা কিয় আজিও জনপ্ৰিয়?
A: তেওঁৰ উপন্যাসসমূহ সমাজৰ ন্যায়-অন্যায়, দৰিদ্ৰতা, আৰু জীৱনৰ নানান দিশৰ ওপৰত ভিত্তি কৰি লিখা, যিয়ে আজিও বহুতো পাঠকৰ মন আকর্ষণ কৰে।

Leave a Comment

Your email address will not be published. Required fields are marked *

This will close in 0 seconds

Scroll to Top