SCERT Class 2 Assamese Chapter 9 যাতায়াত আৰু যোগাযোগ

SCERT Class 2 Assamese Chapter 9 যাতায়াত আৰু যোগাযোগ Question Answer As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SCERT Class 2 Assamese Chapter 9 যাতায়াত আৰু যোগাযোগ Solutions and select need one. SEBA Class 2 Assamese Question Answers Download PDF. SCERT Class 2 Assamese Notes.

SCERT Class 2 Assamese Chapter 9 যাতায়াত আৰু যোগাযোগ

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SCERT Class 2 Assamese Solutions are part of All Subject Solutions. Here we have given SEBA Class 2 Assamese Solutions for All Chapters, You can practice these here.

Chapter: 9

যান-বাহন

১। কথা পাতোঁ আহা-

(ক) দুচকীয়া বাহনৰ নাম কোৱা।

উত্তৰঃ চাইকেল,মটৰচাইকেল,স্কুটাৰ।

(খ) কিহৰ ওপৰেৰে ৰে’লগাড়ীবোৰ চলাচল কৰে?

উত্তৰঃ ৰে’লগাড়ীবোৰ লোৰ চিৰিৰ ওপৰেৰে চলাচল কৰে।

(গ) কোনবোৰ বাহন বায়ু পথেৰে যায়?

উত্তৰঃ উৰাজাহাজ বায়ুৰ পথেৰে যায়।

(ঘ) কোনবোৰ বাহনে পানীত চলাচল কৰে?

উত্তৰঃ নাও, জাহাজ, ফেৰী আদি বাহনে পানীত চলাচল কৰে।

(ঙ) যান-বাহন নাথাকিলে মানুহবোৰে কিদৰে যাতায়াত কৰিলেহেঁতেন?

উত্তৰঃ যান-বাহন নাথাকিলে মানুহবোৰে খোজকাঢ়ি, চাইকেল চলাই বা জন্তুৰ সহায় লৈ (যেনে—ঘোঁড়াগাড়ী, গৰুগাড়ী) যাতায়াত কৰিলেহেঁতেন। দূৰলৈ যোৱাৰ বাবে সময় বেছি লাগিলেহেঁতেন আৰু কষ্ট বেছি হ’লেহেঁতেন।

(চ) এখন তিনিচকীয়া বাহনৰ নাম কোৱা।

উত্তৰঃ ৰিক্সা এখন তিনিচকীয়া বাহন।

২। উত্তৰ লিখোঁ আহা-

(ক) চাইকেল কেনেদৰে চলায় লিখা।

উত্তৰঃ চাইকেল চলাবলৈ প্ৰথমে চাইকেলখন ঠিক আছে নে নাই চাব লাগে। তাৰ পিছত চাইকেলখনত উঠি দুয়ো ভৰিৰে পেডেল ঘুৰাব লাগে। হেণ্ডেল ধৰি সাম্ভালিব লাগে আৰু ব্ৰেক ব্যৱহাৰ কৰি গতি কমাব লাগে। এইদৰে চাইকেল চলায়।

(খ) পানীত চলা যান-বাহন দুখনৰ নাম লিখা।

উত্তৰঃ পানীত চলা যান-বাহন দুখনৰ নাম হ’ল: নাও আৰু ফেৰী।

(গ) তুমি উঠি ভালপোৱা কেইবিধমান বাহনৰ নাম লিখা।

উত্তৰঃ চাইকেল,ৰিক্সা,স্কুটাৰ আৰু গাড়ী আদি।

৩। তলত দিয়া বাহনবোৰৰ কোনবোৰত তুমি উঠি পাইছা (√) চন দিয়া-

মটৰগাডীৰেলগাড়ী
চাইকেলপানীজাহাজ
উৰাজাহাজগৰুগাডী

উত্তৰঃ 

মটৰগাডী√ৰেলগাড়ী√
চাইকেল√পানীজাহাজ√
উৰাজাহাজ√গৰুগাডী×

৪। লিখোঁ আহা-

(ক) তুমি বিদ্যালয়লৈ কাৰ সৈতে আৰু কিদৰে অহা-যোৱা কৰা?

উত্তৰঃ মই বিদ্যালয়লৈ মাকৰ সৈতে চাইকেলেৰে অহা-যোৱা কৰোঁ।

(খ) মটৰগাড়ী নাথাকিলে আমাৰ কি কি অসুবিধা হ’লহেঁতেন?

উত্তৰঃ মটৰগাড়ী নাথাকিলে দূৰলৈ যোৱা কঠিন হ’লহেঁতেন, অসুখ হ’লে হস্পিটাললৈ সোনকালে যাব নোৱাৰিলোঁহেঁতেন আৰু সময়ো বেছি লাগিলেহেঁতেন।

ৰেণুকাহঁতৰ ভ্ৰমণ

১। লিখোঁ আহা-

(ক) ৰেণুকাহঁতে ক’লৈ ভ্ৰমণ কৰিবলৈ ওলাইছিল?

উত্তৰঃ ৰেণুকাহঁতে গুৱাহাটীলৈ ভ্ৰমণ কৰিবলৈ ওলাইছিল।

(খ) ৰেণুকাহঁত যাদুঘৰ চাবলৈ কোনদিনা আৰু কিহেৰে যাব?

উত্তৰঃ ৰেণুকাহঁত যাদুঘৰ চাবলৈ মঙ্গলবাৰে আৰু মটৰগাড়ীৰে যাব।

(গ) চিটিবাছেৰে সিহঁত ক’লৈ যাব?

উত্তৰঃ চিটিবাছেৰে সিহঁত কলাক্ষেত্ৰ আৰু শিল্পগ্ৰামলৈ যাব।

২। তালিকাখন পূৰাওঁ আহা –

প্রিয় ঠাইৰ নাম প্রিয় খাদ্যৰ নামপ্রিয় খেলৰ নাম প্রিয় গীতৰ নাম

উত্তৰঃ 

প্রিয় ঠাইৰ নাম প্রিয় খাদ্যৰ নামপ্রিয় খেলৰ নাম প্রিয় গীতৰ নাম
বিদ্যালয়চকলেটলুকা-ভাকুবৰগীত

পাঠঃ ২

উকি মাৰি ৰে’ল চলে

১। লিখোঁ আহা-

(ক) ৰে’লগাড়ী কেনেকৈ চলে?

উত্তৰঃ ৰে’লগাড়ী ঝক্ ঝক্ কৈ চলে।

(খ) মইনা ক’লৈ যাবলৈ ৰৈ আছিল?

উত্তৰঃ মইনা ধুবুৰীলৈ যাবলৈ ৰৈ আছিল।

(গ) আলিবাটত কি কি চলে?

উত্তৰঃ আলিবাটত মটৰ,অট’,চাইকেল, বাছ আদি চলে।

(ঘ) আকাশত আমি চৰাই উৰি ফুৰা দেখা পাওঁ। নদ-নদী, খাল-বিলত আমি কি দেখা পাওঁ? 

উত্তৰঃ আকাশত আমি চৰাই উৰি ফুৰা দেখা পাওঁ। নদ-নদী, খাল-বিলত আমি জাহাজ,নাও চলা দেখা পাওঁ।

(ঙ) তোমালোকে ৰে’ল, বাছ বা মটৰগাড়ীৰ খিৰিকীৰে বাহিৰলৈ চাই পাইছানে? কি কি দেখা পোৱা বাৰু?

উত্তৰঃ হʼয়, আমি ৰেʼল, বাছ বা মটৰগাড়ীৰ খিৰিকীৰে বাহিৰলৈ চাই বহুত বস্তু দেখা পাইছোঁ। খিৰিকীৰে বাহিৰলৈ চাই গছ-গছনি, ঘৰ-বাৰী, পথাৰ, নদী, পাহাৰ, ৰাস্তাৰে চলা অন্য গাড়ী, মানুহ, পশু-পক্ষী আদি দেখা পাওঁ। কেতিয়াবা বজাৰ, দোকান আৰু বিদ্যালয়ো দেখা পোৱা যায়।

২। তলৰ শাৰীবোৰ নিজে সম্পূৰ্ণ কৰোঁ আহা:

(ক) ৰীণাই খেলি ভালপায়

পুতলাৰ খেল,

মই খেলি ভালপাওঁ

………………………………..।

উত্তৰঃ লুকা-ভাকু খেল।

(খ) ডাল ভৰি লাগি আছে 

পকা পকা আম, 

হাকুটিৰে পাৰি আনি

……………………………’খাম।

উত্তৰঃ মিঠা মিঠা আম খাম।

৩। সাঁথৰ ভাঙি লিখোঁ আহা-

(ক) ওপৰৰ পৰা পৰিল টেকেলি 

তাৰ ভিতৰত এশ ভেকুলী।

উত্তৰঃ কঁঠাল।

(খ) এদঁতীয়া হাতী 

ধান খায় পাচি-পাচি।

উত্তৰঃ ঢেঁকী।

৪। শেষৰ আখৰেৰে নতুন শব্দ লিখোঁ আহা –

কলমমইনানাহৰ
উকি

উত্তৰঃ 

কলমমইনানাহৰৰাতিতিতা
উকিকিতাপপখিলালাওওলকবি

৫। ‘উৰাজাহাজ’ শব্দত থকা প্ৰতিটো আখৰৰ পৰা তিনিটাকৈ নতুন শব্দ সাজোঁ আহা-

উউল্কা
ৰাৰাইজ
জাজাহাজ
হাহাতী
জজলপান

 উত্তৰঃ 

উউল্কাউষাউটউল্লেখ
ৰাৰাইজৰাজাৰামৰাৱণ
জাজাহাজজালজাকৈজামু
হাহাতীহাতহাঁহিহাঁহ
জজলপানজলফাইজলজলকীয়া

৬। কি কি নিয়ম মানি চলিবা, লিখোঁ আহা:

(ক) বাটেৰে খোজ কাঢ়োঁতে।

উত্তৰঃ বাটৰ বাঁওফালে খোজ কাঢ়িব লাগে, যান-বাহন চাই ক্ৰছ কৰিব লাগে আৰু দৌৰি যাব নালাগে।

(খ) মটৰ গাড়ীত উঠি যাওঁতে।

উত্তৰঃ খিৰিকীৰে হাত বা ডিঙি বাহিৰত উলিয়াই দিব নালাগে।

(গ) মটৰচাইকেলত উঠিলে।

উত্তৰঃ হেলমেট পিন্ধিব লাগে।

পৰিভ্ৰমী চৰাই

১। লিখোঁ আহা-

(ক) পৰিভ্ৰমী মানে কি?

উত্তৰঃ পৰিভ্ৰমী মানে হৈছে- যি এখন ঠাইৰ পৰা আন এখন ঠাইলৈ আহে।

(খ) ককাকে সিহঁতক কি দেখুৱাইছিল?

উত্তৰঃ ককাকে সিহঁতক পৰিভ্ৰমী চৰাই দেখুৱাইছিল।

(গ) ৰতন আৰু ৰীমাৰ মনত কি কথা খু-দুৱাই আছিল?

উত্তৰঃ ৰতন আৰু ৰীমাই ওচৰৰ বিলখনত বিভিন্ন অচিনাকি চৰাই দেখিছে আৰু সেই চৰাইবোৰ চাবলৈ কিয় বহুতো মানুহ দূৰ-দূৰণিৰ পৰা আহিছে—এই কথাবোৰেই ৰতন আৰু ৰীমাৰ মনত খু-দুৱাই আছিল।

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top