SCERT Class 2 Assamese Chapter 2 আমাৰ পৰিয়াল Question Answer As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SCERT Class 2 Assamese Chapter 2 আমাৰ পৰিয়াল Solutions and select need one. SEBA Class 2 Assamese Question Answers Download PDF. SCERT Class 2 Assamese Notes.
SCERT Class 2 Assamese Chapter 2 আমাৰ পৰিয়াল
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SCERT Class 2 Assamese Solutions are part of All Subject Solutions. Here we have given SEBA Class 2 Assamese Solutions for All Chapters, You can practice these here.
আমাৰ পৰিয়াল
Chapter: 2
পাঠ – ১
শ্ৰৱণ কুমাৰ
ক্রিয়া-কলাপ
১। কথা পাতোঁ আহা-
(ক) কাহিনীটোত থকা ল’ৰাজনৰ নাম কি?
উত্তৰঃ কাহিনীটোত থকা ল’ৰাজনৰ নাম আছিল শ্রৱণ কুমাৰ।
(খ) শ্ৰৱণ কুমাৰে মাক-দেউতাকৰ বাবে কি কি কৰিছিল?
উত্তৰঃ মাক-দেউতাকৰ বাবে গা-ধুবলৈ পানী অনা, ভাত-ৰন্ধা আদি সকলো কাম শ্ৰৱণে নিজে কৰিছিল।
(গ) শ্ৰৱণ কুমাৰে মাক-দেউতাকক কেনেদৰে তীৰ্থলৈ লৈ গৈছিল?
উত্তৰঃ শ্ৰৱণে দুটা ডাঙৰ পাচিত মাক-দেউতাকক বহুৱাই ভাৰ বান্ধি তীৰ্থলৈ লৈ গ’ল।
(ঘ) তুমি তোমাৰ ঘৰখনত কি কি দায়িত্ব পালন কৰা?
উত্তৰঃ মোৰ ঘৰখনত মই এই দায়িত্ববোৰ পালন কৰোঁ—
মই সময়মতে পঢ়া-লেখা কৰোঁ।
মাক-দেউতাক সৰু সৰু কামত সহায় কৰোঁ।
নিজৰ কোঠাটো পৰিষ্কাৰ কৰি ৰাখোঁ।
সৰুজনক চাই ৰখাত সহায় কৰোঁ।
সময়মতে উঠি নিজৰ কাম নিজে কৰিবলৈ চেষ্টা কৰোঁ।
ঘৰৰ নিয়ম-কানুন মানি চলোঁ।
এইদৰে মই মোৰ ঘৰখনত দায়িত্ব পালন কৰোঁ।
২। পৰিয়ালৰ বিষয়ে জানো আহা-
কাক কি বুলি মাতা কোৱা-
| দেউতাৰ /মাৰ দেউতাকক: ________। | দেউতাৰ/মাৰ মাকক: __________। |
| দেউতাৰ ককায়েকক: _________। | দেউতাৰ ভায়েকক: _________। |
| দেউতাৰ বায়েকক: _________। | দেউতাৰ ভনীয়েকক: ________। |
| মাৰ ককায়েকক: __________। | মাৰ ভনীয়েকক: _______। |
উত্তৰঃ
| দেউতাৰ /মাৰ দেউতাকক: ককা। | দেউতাৰ/মাৰ মাকক: আইতা। |
| দেউতাৰ ককায়েকক: বৰদেউতা। | দেউতাৰ ভায়েকক: খুৰা। |
| দেউতাৰ বায়েকক: জেঠী। | দেউতাৰ ভনীয়েকক: পেহী। |
| মাৰ ককায়েকক: মামা। | মাৰ ভনীয়েকক: মাহী। |
৩। কওঁ আহা –
(ক) ৰিমঝিম কি চাবলৈ দৌৰি আহিছিল?
উত্তৰঃ ৰিমঝিম দৰা চাবলৈ দৌৰি আহিছিল।
(খ) মানুহবোৰে কাক আগুৰি ধৰি আছিল?
উত্তৰঃ মানুহবোৰে দৰাজনক আগুৰি ধৰি আছিল।
(গ) কোনে ৰিমঝিমক হাতত ধৰি আগুৱাই নিছিল?
উত্তৰঃ খুৰাকে ৰিমঝিমক হাতত ধৰি আগুৱাই নিছিল।
(ঘ) তুমি কেতিয়াবা বিয়া খাবলৈ গৈ পাইছানে? বিয়ালৈ গৈ তোমাৰ কেনেকুৱা লাগে?
উত্তৰঃ হয়, মই বিয়া খাবলৈ গৈ পাইছোঁ।
বিয়ালৈ গৈ মোৰ বহুত ভাল লাগে। বিয়াত ৰঙীন সাজ-পোছাক, ধুনীয়া ফুলেৰে সাজোৱা মণ্ডপ, গান-বাজনা সকলো চাবলৈ ভাল লাগে। বন্ধু-বান্ধৱীসকলৰ সৈতে লগ পাই আনন্দ কৰোঁ। নানা ধৰণৰ খাদ্য খাবলৈ পাই আনন্দ লাগে। এইবাবে বিয়ালৈ যোৱা মানেই মোৰ বাবে আনন্দ আৰু উৎসৱৰ সময়।
৪। তলৰ ছবিকেইখনত কি দেখিছা কোৱা-

উত্তৰঃ ছাত্ৰ – ছাত্ৰী নিজে কৰা।
৫। ছবি চাই খালী ঠাইত কি হ’ব লিখোঁ আহা-

উত্তৰঃ গৰু, শগুন, শিশু, পশু।
৬। তলৰ আখৰ-জালৰ পৰা আখৰ বিচাৰি শব্দ গঠন কৰি পঢ়োঁ আৰু লিখোঁ আহা।

উত্তৰঃ
| নহৰু | শুৱনি |
| ৰাতি | ৰূপ |
| গৰু | মহুৰা |
| গুৰ | তিনি |
| শুৱ | নিগনি |
পাঠ – ২
ঘঁৰিয়াল আৰু বান্দৰ
১। ক্রিয়া-কলাপ –
কথা পাতোঁ আহা-
(ক) ছবিখনত কি কি জন্তু দেখিছা?
উত্তৰঃ ছবিখনত বান্দৰ, শহা পহু, ঘৰিয়াঁল, ভালুক, হাঁহ আদি জন্তু দেখিছা।
(খ) নদীৰ সিপাৰে কি ফলৰ গছ আছিল?
উত্তৰঃ নদীৰ সিপাৰে কল গছ আছিল।
(গ) বান্দৰটো কেনেকৈ নদীখন পাৰ হ’ল?
উত্তৰঃ বান্দৰটো ঘৰিয়াঁলৰ পিঠিত উঠি নদীখন পাৰ হ’ল।
(ঘ) বান্দৰটোৱে হাতত কি লৈ আহিছিল?
উত্তৰঃ বান্দৰটোৱে হাতত কল লৈ আহিছিল।
(ঙ) সাধুটো নিজৰ কথাৰে কোৱা।
উত্তৰঃ ছাত্র – ছাত্ৰী নিজে কৰা।
২। ছবি চাই খালী ঠাই পূৰ কৰোঁ আহা।
(ক) নদীৰ সিপাৰে __________ পকি আছিল।
উত্তৰঃ নদীৰ সিপাৰে কল পকি আছিল।
(খ) নদীত এটা _________ আছিল।
উত্তৰঃ নদীত এটা ঘঁৰিয়াল আছিল।
৩। সাঁথৰ ভাঙো আহা-
চিত পখিলা, চিত পখিলা
তিনি মূৰ, দহ ঠেং ক’ত দেখিলা?
উত্তৰঃ হালোৱা আৰু দুটা গৰু।
৪। কওঁ আহা-
(ক) ৰাজীৱ আৰু কৰিমে কি আনিবলৈ পাহৰিছিল?
উত্তৰঃ ৰাজীৱ আৰু কৰিমে ছাতি আনিবলৈ পাহৰিছিল।
(খ) মটৰগাড়ী চলাই কোন আহি আছিল?
উত্তৰঃ মটৰগাড়ী চলাই ৰামধন খুৰা আহি আছিল।
(গ) ৰামধন খুৰাই সিহঁতক গাড়ীত উঠিবলৈ কিয় মাতিলে?
উত্তৰঃ সিহঁতক তিতি তিতি গৈ থকা দেখি ৰামধন খুৰাই সিহঁতক গাড়ীত উঠিবলৈ মাতিলে।
৫। ছবি চাই নামবোৰ সম্পূৰ্ণ কৰা-

উত্তৰঃ গৰু, শিয়াল, মকৰা।
৬। তলত দিয়া আখৰকেইটাৰে খালি ঠাইত নতুন শব্দ লিখা-
| গু | গুৰ | |
| ৰু | গৰু | |
| ৰূ | ৰূপ | |
| শু | শুৰ | |
| হু | পহু |
উত্তৰঃ
| গু | গুৰ | গুণ |
| ৰু | গৰু | সৰু |
| ৰূ | ৰূপ | ৰূপালী |
| শু | শুৰ | শুৱনি |
| হু | পহু | বিহু |
৭। খেলিমেলিকৈ দিয়া আখৰবোৰ মিলাই শব্দ সাঁজো আহা-
| য়ালঘঁৰি | |
| লশিয়া | |
| হংসি | |
| ঘবা | |
| কলুভা | |
| হুপ |
উত্তৰঃ
| য়ালঘঁৰি | ঘঁৰিয়াল |
| লশিয়া | শিয়াল |
| হংসি | সিংহ |
| ঘবা | বাঘ |
| কলুভা | ভালুক |
| হুপ | পহু |

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.

