SCERT Class 2 Assamese Chapter 6 বজাৰ

SCERT Class 2 Assamese Chapter 6 বজাৰ Question Answer As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SCERT Class 2 Assamese Chapter 6 বজাৰ Solutions and select need one. SEBA Class 2 Assamese Question Answers Download PDF. SCERT Class 2 Assamese Notes.

SCERT Class 2 Assamese Chapter 6 বজাৰ

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SCERT Class 2 Assamese Solutions are part of All Subject Solutions. Here we have given SEBA Class 2 Assamese Solutions for All Chapters, You can practice these here.

Chapter: 6

১। বজাৰৰ ছবিখনত কি কি ফল-মূল, শাক-পাচলি দেখা গৈছে কওঁ আহা –

উত্তৰঃ শাক – পাচলি, আলু, আম, জিকা, জাতি লাও, আপেল, লফা শাক, কল।

২। বজাৰৰ ছবিখনত ফল-মূলৰ বাদেও অন্য কি কি সামগ্রী ওলাইছে কওঁ আহা।

উত্তৰঃ দৈ, লাড়ু, জেকেট, আইচক্ৰীম।

৩। তলৰ ছবিকেইখন চাই কোৱা-

(ক) মাছৰ দোকানখনত মাছৰ বেপাৰী আৰু গ্রাহককেইজনে কি কথা পাতিছে বুলি ভাবা?

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

উত্তৰঃ মাছৰ বেপাৰীজনে মাছৰ দাম ক’বলৈছে আৰু গ্ৰাহককেইজনে মাছ ভাল নে নাই, দাম কমাব নোৱাৰিব নে বুলি কথা পাতিছে বুলি ভাৱো।

(খ) ডাঙৰ গছজোপাৰ তলত মানুহকেইজনে কি কথা পাতিছে বুলি ভাবা?

উত্তৰঃ ডাঙৰ গছজোপাৰ তলত মানুহকেইজনে বিশ্ৰাম লৈ নিজৰ কাম-কাজ আৰু গাঁৱৰ কথা পাতিছে বুলি ভাৱো।

(গ) ফল-মূলৰ দোকানীগৰাকীক ছোৱালীজনীয়ে কি কি সুধিছে বুলি ভাবা?

উত্তৰঃ ফল-মূলৰ দোকানীগৰাকীৰ পৰা গ্ৰাহকজনীয়ে তাজা ফল পায়, ভাল ফল বাছি ল’ব পাৰে আৰু দামৰ বিষয়ে কথা পাতি সুবিধা পায় বুলি ভাৱো।

৪। লিখোঁ আহা –

(ক) পথাৰত দীপাহঁতৰ মাক-দেউতাকে কি কৰি আছিল?

উত্তৰঃ পথাৰত দীপাহঁতৰ মাক-দেউতাকে ধান দাই আছিল।

(খ) দেউতাকে সিহঁতক কি সাজি দিছিল?

উত্তৰঃ দেউতাকে সিহঁতক নৰাৰে একোটাকৈ পেঁপা সাজি দিছিল।

(গ) মালতীয়ে ফৰিংটো ধৰি ক’লৈ লৈ গৈছিল?

উত্তৰঃ মালতীয়ে ফৰিংটো ধৰি মাক-দেউতাকৰ ওচৰলৈ লৈ গৈছিল।

৫। ছবিৰ সৈতে বাক্য আঁচ টানি মিলাওঁ আহা।

উত্তৰঃ 

৬। শব্দবোৰ পঢ়োঁ আৰু যুক্তাক্ষৰ লিখোঁ আহা।

স্থান = আ__ন, প্ৰ__ন।

স্কেল = নম__ৰ, পুৰ__ৰ।

স্তৰ = স__, ব__।

স্পৰ্শ = __হা, নি__হ।

স্ফুলিংগ = __তি, __টিক।

স্মৃতি = __ৰণ, বি__তি।

উত্তৰঃ স্থান = আস্থান, প্ৰস্থান।

স্কেল = নমস্কাৰ, পুৰষ্কাৰ।

স্তৰ = সস্ত, বস্ত।

স্পৰ্শ = স্পহা, নিস্পহ।

স্ফুলিংগ = স্ফুতি, স্ফুটিক।

স্মৃতি = স্মৃৰণ, বিস্মৃতি।

পাঠ – ১

শনিবৰীয়া বজাৰ

১। কওঁ আহা।

(ক) ওপৰৰ ছবিখনত কি কি গছ দেখিছা কোৱা?

উত্তৰঃ কল গছ আৰু দুটা ডাঙৰ গছ দেখা পাইছো।

(খ) ছবিখনত ল’ৰা-ছোৱালীবোৰে কি কৰিছে?

উত্তৰঃ ছবিখনত ল’ৰা-ছোৱালীবোৰে শাক-পাচলি বিক্ৰী কৰিছে।

(গ) বজাৰখনত কোনে বস্তু বিক্ৰী কৰিছে?

উত্তৰঃ বজাৰখনত ল’ৰা-ছোৱালীবোৰে বস্তু বিক্ৰী কৰিছে।

(ঘ) বজাৰত কি কি বস্তু ওলাইছে?

উত্তৰঃ বজাৰত বিভিন্ন ধৰণৰ বস্তু যেনে: বেঙেনা, বান্ধকবি, গাজৰ, আলু, জাতি লাও, ৰঙা লাও আৰু দৈ আদি বস্তু ওলাইছে।

(ঙ) বজাৰখন ক’ত বহিছে?

উত্তৰঃ বজাৰখন বিদ্যালয়ৰ ওচৰত বহিছে।

২। শুদ্ধ উত্তৰটোত শুদ্ধ (✔) চিন দিওঁ আহা –

(খ) মেৰীয়ে ১০টা ____ আনিছিল। (কৰদৈ/নেমু/পাণ)

উত্তৰঃ মেৰীয়ে ১০টা নেমু আনিছিল।

৩। লিখোঁ আহা-

(ক) মেৰীহঁতৰ বিদ্যালয়ত আজি কি বহিছে?

উত্তৰঃ মেৰীহঁতৰ বিদ্যালয়ত আজি শনিবৰীয়া বজাৰ বহিছে।

(খ) মেৰীয়ে কি কি বেচিছে?

উত্তৰঃ মেৰীয়ে নেমু, পাণ আৰু কৰদৈ বেচিছে।

(গ) মেৰীয়ে কি কি বস্তু বেচিলে আৰু মুঠ কিমান টকা পালে?

উত্তৰঃ মেৰীয়ে ১০ টা নেমু, ২ গুচি পাণ আৰু ৫ টা কৰদৈ আনিছিল। নেমুকেইটা তাই ৫ টকাকৈ বেচিলে, পাণ দুগুচি বেচি ৫ টকা আৰু কৰদৈকেইটা বেচি ১৫ টকা পালে।মেৰীয়ে মুঠ টকা পালে = ২৫.

(ঘ) বজাৰত কি কৰা হয়?

উত্তৰঃ বজাৰত মানুহে বস্তু ক্ৰয়-বিক্ৰয় কৰে। বজাৰত শাক-পাচলি, ফল-মূল, মাছ, কাপোৰ আদি কিনা-বেচা কৰা হয়।

৪। ‘কওঁ আৰু লিখোঁ আহা-

পদ্ম = দ্ম – ছ__।

যুগ্ম = গ্ম – বা__তা।

আত্মা = ত্ম – মহা__।

কুসুম্বৰ = ম্ব – অ__কা।

সম্ভাৰ = ম্ভ – ৰ__।

সম্পদ = ম্প – ভূমিক__।

উত্তৰঃ পদ্ম = দ্ম – ছদ্ম।

যুগ্ম = গ্ম – বাগ্মতা।

আত্মা = ত্ম – মহাত্মা।

কুসুম্বৰ = ম্ব – অম্বকা।

সম্ভাৰ = ম্ভ – ৰম্ভা।

সম্পদ = ম্প – ভূমিকম্প।

পাঠ – ২

পুতলা কিনিবা কোনে?

১। শুদ্ধ উত্তৰত (√) চিন দিওঁ আহা।

(i) মিতালী, অনু আৰু অংকুৰ ক’লৈ গৈছিল?

(ক) বিদ্যালয়লৈ।

(খ) বজাৰলৈ।

(গ) মেলালৈ।

(ঘ) পূজালৈ।

উত্তৰঃ (খ) বজাৰলৈ।

(ii) মিতালীৰ কি খাবলৈ মন গৈছিল?

(ক) জিলাপি।

(খ) নিমকি।

(গ) লাডু।

(ঘ) পিঠা।

উত্তৰঃ (ক) জিলাপি।

(iii) পুতলাবোৰৰ ভিতৰত পইচা জমা কৰিবলৈ কোনে কৈছিল?

(ক) মিতালীয়ে।

(খ) মামাকে।

(গ) অংকুৰে।

(ঘ) অনুৱে।

উত্তৰঃ (খ) মামাকে।

২। লিখোঁ আহা।

(ক) তোমালোকে খুচুৰা পইচা ক’ত জমা কৰা?

উত্তৰঃ মই খুচুৰা পইচা মাটিৰ টেকেলিত জমা কৰোঁ।

(খ) জমা কৰা পইচাৰে তুমি কি কি কৰিবা?

উত্তৰঃ জমা কৰা পইচাৰে মই কিতাপ কিনিম, পেঞ্চিল কিনিম, খেলাৰ বস্তু কিনিম।

৩। সঠিক ঠাইত যতি চিহ্ন বহুৱাওঁ আহা। , ? ।

আজি বজাৰৰ দিন মিতালী অনু 

আৰু অংকুৰ বজাৰলৈ আহিছে 

তুমি বজাৰলৈ যাবানে

উত্তৰঃ আজি বজাৰৰ দিন মিতালী, অনু

আৰু অংকুৰ বজাৰলৈ আহিছে।

তুমি বজাৰলৈ যাবানে?

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top