SCERT Class 2 Assamese Chapter 3 আমাৰ চৌপাশ

SCERT Class 2 Assamese Chapter 3 আমাৰ চৌপাশ Question Answer As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SCERT Class 2 Assamese Chapter 3 আমাৰ চৌপাশ Solutions and select need one. SEBA Class 2 Assamese Question Answers Download PDF. SCERT Class 2 Assamese Notes.

SCERT Class 2 Assamese Chapter 3 আমাৰ চৌপাশ

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SCERT Class 2 Assamese Solutions are part of All Subject Solutions. Here we have given SEBA Class 2 Assamese Solutions for All Chapters, You can practice these here.

Chapter: 3

পাঠ-১

পখিলা

ক্রিয়া-কলাপ-

১। কথা পাতোঁ আহা-

(ক) পখিলাই কেনেকৈ নাচে?

উত্তৰঃ পখিলাই পাখি মেলি উৰি উৰি নাচে।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

(খ) পখিলাই কাৰ সৈতে খেলিব বিচাৰিছে?

উত্তৰঃ পখিলাই ফুলৰ কলিটিৰ সৈতে খেলিব বিচাৰিছে।

(গ) ফুলনিত তুমি পখিলাৰ বাহিৰে আৰু কি কি দেখা পোৱা?

উত্তৰঃ ভোমোৰা, মৌ-মাখি, বৰল।

(ঘ) তুমি কি কি ৰঙৰ পখিলা দেখিছা?

উত্তৰঃ মই হালধীয়া, নীলা, ৰঙা, সেউজীয়া, বগা, ক’লা

আদি ৰঙৰ পখিলা দেখিছোঁ। 

(ঙ) পখিলাৰ দৰে দুখন পাখি থাকিলে তুমি কি কৰিলাহেঁতেন?

উত্তৰঃ পখিলাৰ দৰে দুখন পাখি থাকিলে উৰি ফুৰিলোহেঁতেন।

২। কাষত দিয়া ছবিকেইখন চাই খালী ঠাই পূৰ কৰোঁ আহা।

উত্তৰঃ 

(ক) ফুলপাহত পখিলা পৰিছে।

(খ) আকাশত চৰাই উৰিছে।

৩। ছবি চাই কাহিনী কওঁ আহা-

উত্তৰঃ ছাত্র – ছাত্ৰী নিজে কৰা।

ক্রিয়া-কলাপ-

৪। সঠিক শব্দটো বাছি বাক্যবোৰ পূৰ কৰোঁ আহা-

(ক) ছোৱালীজনীয়ে এটা ডাঙৰ _______ লৈ খেলি আছিল।            বেলুন/বল

উত্তৰঃ ছোৱালীজনীয়ে এটা ডাঙৰ বেলুন লৈ খেলি আছিল।

(খ) ছোৱালীজনীৰ এজনী পোহনীয়া ________ আছিল।          মেকুৰী/কুকুৰ

উত্তৰঃ ছোৱালীজনীৰ এজনী পোহনীয়া মেকুৰী আছিল।

৫। তলত দিয়া ছবিখনত ৰং কৰোঁ আহা-

উত্তৰঃ 

৬। মেকুৰীৰ পোৱালিটোৰে কোনটো ৰাস্তাৰে গ’লে মাকক লগ পাব?

উত্তৰঃ 

পাঠ – ২

ছাগলী গ’ল ক’লৈ!

ক্রিয়া-কলাপ –

১। কথা পাতোঁ আহা –

(ক) তৰালীয়ে সদায় কাৰ সৈতে ওমলে?

উত্তৰঃ তৰালীয়ে সদায় ছাগলী পোৱালি দুটাৰ সৈতে ওমলে।

(খ) তৰালীয়ে ছাগলী পোৱালিদুটা ক’ত বিচাৰি পালে?

উত্তৰঃ তৰালীয়ে ছাগলী পোৱালিদুটা বাৰীৰ পাছফালে বিচাৰি পালে।

(গ) পোৱালিদুটাক চোতাললৈ আনি মাকে কি কৰিলে?

উত্তৰঃ পোৱালিদুটাক চোতাললৈ আনি মাকে ডিঙিত দুটা টিলিঙা ওলোমাই দিলে।

(ঘ) ছাগলী পোৱালিদুটা কি কি ৰঙৰ আছিল?

উত্তৰঃ ছাগলী পোৱালিদুটা এটা বগা আৰু এটা ক’লা ৰঙৰ আছিল।

(ঙ) তোমাৰ বস্তু হেৰালে তুমি কি কৰা?

উত্তৰঃ মোৰ কোনো বস্তু হেৰালে মই প্ৰথমে শান্ত হৈ থাকো আৰু ক’ত থৈছিলোঁ সেয়া মনত পেলাবলৈ চেষ্টা কৰো। তাৰ পিছত মই ঘৰখনত ভালকৈ বিচাৰি চাওঁ। যদি নাপাওঁ তেন্তে দেউতা-মাক বা ডাঙৰ মানুহক কওঁ। এইদৰে মই মোৰ হেৰোৱা বস্তুটো বিচাৰোঁ।

(চ) তোমাৰ ঘৰৰ আশে-পাশে কি কি জীৱ-জন্তু দেখা পোৱা?

উত্তৰঃ গৰু, ছাগলী, মেকুৰী, চৰাই, কুকুৰ, ভেড়া আদি জীৱ-জন্তু দেখা পোৱা।

২। কওঁ আৰু লিখোঁ আহা –

(ক) তৰালীহঁতৰ ছাগলীজনীৰ কেইটা পোৱালি আছিল?

উত্তৰঃ তৰালীহঁতৰ ছাগলীজনীৰ দুটা পোৱালি আছিল।

(খ) পোৱালিকেইটাৰ ডিঙিত কি ওলোমাই দিয়া হৈছিল?

উত্তৰঃ পোৱালিকেইটাৰ ডিঙিত দুটা টিলিঙা ওলোমাই দিয়া হৈছিল।

(গ) ছাগলীৰ ডিঙিৰ টিলিঙাকেইটা বাজিলে কেনে শব্দ হয়?

উত্তৰঃ ছাগলীৰ ডিঙিৰ টিলিঙাকেইটা বাজিলে টিলিং  টিলিংকৈ শব্দ হয়।

৩। তলৰ ছবিবোৰত থকা জীৱ-জন্তুবোৰৰ নাম কওঁ আৰু লিখোঁ আহা।

উত্তৰঃ গৰু, ছাগলী, ঘোঁৰা, ম’হ, ভেড়া, শহা পশু।

৪। কাষৰ ছবিখন চোৱা আৰু ছবিখনৰ বিষয়ে দুটা বাক্য লিখা-

(ক) _________________________________।

উত্তৰ: দুটা ছাগলীৰ পোৱালী আছে। এটা ক’লা এটা বগা ছাগলী দুটাই ঘাঁহ খাই আছে।

(খ) _________________________________।

উত্তৰ: ছোৱালীজনীয়ে ছাগলী দুটালৈ চাই আছে।

৫। গাঁও আহা।

সদায় পুৱা গৰ্গ মামাই 

কৰ্কৰা ভাত খাই

ধৈর্য ধৰি কৰ্ম কৰে 

গর্ব অকণো নাই।

অযথা তর্ক নকৰে কদাপি 

সকলোতে তেওঁ পাৰ্গত, 

হৰ্ষমনেৰে থাকে নিতৌ 

বগাবও পাৰে পৰ্বত।

পদ্যটোত থকা ৰেফযুক্ত (‍ ) আখৰবোৰত ঘেৰ দিওঁ আহা-

উত্তৰঃ সদায় পুৱা গৰ্গ মামাই 

ৰ্কৰা ভাত খাই

ধৈর্য ধৰি কৰ্ম কৰে 

র্ব অকণো নাই।

অযথা তর্ক নকৰে কদাপি 

সকলোতে তেওঁ পাৰ্গত, 

ৰ্ষমনেৰে থাকে নিতৌ 

বগাবও পাৰে পৰ্বত।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top