SCERT Class 2 Assamese Chapter 5 আমাৰ সংস্কৃতি

SCERT Class 2 Assamese Chapter 5 আমাৰ সংস্কৃতি Question Answer As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SCERT Class 2 Assamese Chapter 5 আমাৰ সংস্কৃতি Solutions and select need one. SEBA Class 2 Assamese Question Answers Download PDF. SCERT Class 2 Assamese Notes.

SCERT Class 2 Assamese Chapter 5 আমাৰ সংস্কৃতি

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SCERT Class 2 Assamese Solutions are part of All Subject Solutions. Here we have given SEBA Class 2 Assamese Solutions for All Chapters, You can practice these here.

Chapter: 5

পাঠ – ১

আইতাৰ বৰপেৰা

ক্রিয়া-কলাপ-

১। কথা পাতোঁ আহা –

(ক) আইতাই গহনাবোৰ ক’ত ভৰাই ৰাখিছিল?

উত্তৰঃ আইতাই গহনাবোৰ টোপোলা এটাত ভৰাই ৰাখিছিল।

(খ) সুলেখাহঁতে কি কি গহনা পিন্ধিছিল?

উত্তৰঃ সুলেখাহঁতে জোনবিৰি আৰু ঢোলবিৰি গহনা পিন্ধিছিল।

(গ) বৰপেৰাৰ পৰা আইতাকে কি কি কাপোৰ উলিয়াইছিল?

উত্তৰঃ বৰপেৰাৰ পৰা আইতাকে ৰিহা, মেখেলা, টঙালি, চুৰীয়া আৰু গামোচা আদি কাপোৰ উলিয়াইছিল।

(ঘ) বিহুত নাচনীয়ে কিদৰে সাজোন-কাচোন কৰে?

উত্তৰঃ বিহুত নাচনীয়ে পৰম্পৰাগত অসমীয়া সাজ-পোছাক পিন্ধি নিজকে সুন্দৰকৈ সাজোন-কাচোন কৰে। তেওঁলোকে সাধাৰণতে মেখেলা-চাদৰ পিন্ধে। মূৰত কপৌফুল লগায়, কাণত থুৰিয়া, হাতত গামখাৰু, ডিঙিত ডুগডুগী আৰু ভৰিত পায়েল পিন্ধে। এই সকলো সাজ-পোছাকে বিহু নৃত্যক অধিক মনোমোহা কৰি তোলে।

২। লিখোঁ আহা-

(ক) সুলেখাহঁতে কি কৰিবলৈ যাব?

উত্তৰঃ সুলেখাহঁতে হুচৰি গাবলৈ যাব।

(খ) আইতাকে কাপোৰ আৰু অলংকাৰ ক’ত ভৰাই থৈছিল?

উত্তৰঃ আইতাকে কাপোৰ বৰপেৰাত আৰু অলংকাৰ টোপোলাত ভৰাই থৈছিল।

(গ) অমলে হুঁচৰি গাবলৈ যোৱাৰ আগতে ককাকে তাক কি কি দিছিল?

উত্তৰঃ অমলে হুঁচৰি গাবলৈ যোৱাৰ আগতে ককাকে পুৰণি ঢোল আৰু বাহৰ টকা এটাও দিছিল।

(ঘ) আইতাকে সুলেখাহঁতক কি কি পিন্ধাই দিছিল?

উত্তৰঃ আইতাকে সুলেখাহঁতক ৰিহা-মেখেলা,জোনবিৰি আৰু ঢোলবিৰি পিন্ধাই দিছিল।

৩। ছবি চাই বাক্য লিখোঁ আহা:

উত্তৰঃ(ক) খেতিয়কজনে নাঙলেৰে হাল বাই আছে।

(খ) ল’ৰা আৰু ছোৱালী দুজনে ফুল ৰুই পানী দি আছে।

(গ) পথাৰত বহুতো চৰাই আছে।

৪। কিহৰ লগত কি মিলিব আঁচ টানি মিলাওঁ আহা।

উত্তৰঃ 

৫। সাঁথৰ ভাঙো আহা।

উত্তৰঃ 

শাহটো পেলাই বাকলিটো খায় সেইটোনো কি কোৱাচোন ভাই?ঔ- টেঙা।
তিনিকোণীয়া মাজত খাল ঘাৰত ধৰি মাৰিবলৈ ভাল। কি?জাকৈ।
এযোৰ পখী আছে। পিছে কোনেও কাকো নেদেখে। কি?চকু।

৬। লিখোঁ আৰু পঢ়োঁ আহা।

উল্লাসপ__ৱউচ্চউ__ৰণ
অন্নউ__য়নউজ্জীৱনউ__ৱিত
উত্তৰউ__ৰণউদ্দামউ__শ্য
অট্টালিকাপ__

উত্তৰঃ

উল্লাসপল্লৱউচ্চউচ্চাৰণ
অন্নউন্নয়নউজ্জীৱনউজ্জীৱিত
উত্তৰউত্তৰণউদ্দামউদ্দেশ্য
অট্টালিকাপট্ট

৭। তলৰ আখৰ-জালৰ পৰা আখৰ বিচাৰি শব্দ গঠন কৰি পঢ়োঁ আৰু লিখোঁ আহা।

উত্তৰঃ ধুনীয়া, বিহু গামোচা, জাপি, টঙালী, কঙালী, গাব।

৮। শেষৰ আখৰেৰে নতুন শব্দ সাজোঁ আহা-

উত্তৰঃ নীলা, লাজ, জল, লতা, তৰা।

পাঠ – ২

বিহুগীত

১। কথা পাতোঁ আহা-

(ক) তোমালোকে কেতিয়াবা বিহু নাচি পাইছানে?

উত্তৰঃ হয়, আমি কেতিয়াবা স্কুলৰ কাৰ্য্যসূচীত আৰু বিহুৰ সময়ত বিহু নাচি পাইছোঁ। বিহু নাচিবলৈ বৰ ভাল লাগে—ঢোলৰ শব্দ, গীত আৰু সাজ-পোছাক সকলোৱে আনন্দ দিয়ে।

(খ) বিহুৰ উপৰি তোমালোকে আন কি কি নাচ দেখিছা?

উত্তৰঃ বিহুৰ উপৰি আমি ভাৰতৰ ধ্ৰুপদী নাচ সত্ৰীয়া, ভৰতনাট্যম, কথক, আদি) আৰু অসমৰ লোক-নৃত্য (বিহু, ঝুমুৰা, বাগৰুম্বা, ভোৰতাল, দেওধনী, আদি)।

(গ) বিহু নাচনীয়ে কি কি অলংকাৰ পিন্ধে?

উত্তৰঃ বিহু নাচনীয়ে জোনবিৰি, ঢোলবিৰি,থুৰীয়া, গামখাৰু, মুঠিখাৰু, ডুগডুগী আদি অলংকাৰ পিন্ধে।

(ঘ) তোমালোকৰ ঘৰত কোনে কি কাপোৰ পিন্ধে কোৱা?

উত্তৰঃ আমাৰ ঘৰত:

দেউতাই ধুতি বা পেণ্ট-শাৰ্ট পিন্ধে।

মায়ে শাৰী বা মেখেলা-চাদৰ পিন্ধে।

দাদা/ভাইটি পেণ্ট-শাৰ্ট পিন্ধে।

বাইদেউ চুৰিদাৰ বা ফ্ৰক পিন্ধে।

মই ফ্ৰক বা পেণ্ট-টপ পিন্ধোঁ।

ঘৰত সকলোয়ে নিজৰ সুবিধামতে কাপোৰ পিন্ধে।

২। কিহৰ লগত কি মিলে আঁচ টানি মিলাওঁ আহা।

উত্তৰঃ 

৩। শব্দবোৰ পঢ়ো আৰু যুক্তাক্ষৰ বহুৱাই লিখোঁ আহা।

(ক) বান্দৰ = সু__ৰ, ন__ন।

উত্তৰঃ বান্দৰ = সুন্দৰ, নন্দন।

(খ) অন্তৰ = অ__ম, চি__।

উত্তৰঃ অন্তৰ = অন্তিম, চিন্তা।

(গ) বন্ধ = আ__ৰ, সুগ__।

উত্তৰঃ বন্ধ = আন্ধাৰ, সুগন্ধি।

(ঘ) জন্ম = উ__ষ, উ__লন।

উত্তৰঃ জন্ম = উম্নেষ, উম্নীলন।

৪। কথা পাতোঁ আহা-

(ক) শুৱালকুছি কিহৰ বাবে বিখ্যাত?

উত্তৰঃ শুৱালকুছি পাট-মুগা কাপোৰৰ বাবে বিখ্যাত।

(খ) শিপিনীয়ে সূতা কাটিবৰ বাবে কি ব্যৱহাৰ কৰে?

উত্তৰঃ শিপিনীয়ে সূতা কাটিবৰ বাবে যঁতৰ ব্যৱহাৰ কৰে।

(গ) এৰী সূতাৰ পৰা কি তৈয়াৰ কৰা হয়?

উত্তৰঃ এৰী সূতাৰ পৰা এৰী কাপোৰ তৈয়াৰ কৰা হয়।

(ঘ) তাঁতশালত আৰু কি কি সঁজুলি ব্যৱহাৰ কৰা হয়?

উত্তৰঃ বান্দৰী,চালিমাৰি,নাচনী,কানমাৰি, জখলা মাৰি বা চতিবাৰি, গৰকা আদি।

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top