SCERT Class 2 Assamese Chapter 7 আমাৰ স্বাস্থ্য Question Answer As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SCERT Class 2 Assamese Chapter 7 আমাৰ স্বাস্থ্য Solutions and select need one. SEBA Class 2 Assamese Question Answers Download PDF. SCERT Class 2 Assamese Notes.
SCERT Class 2 Assamese Chapter 7 আমাৰ স্বাস্থ্য
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SCERT Class 2 Assamese Solutions are part of All Subject Solutions. Here we have given SEBA Class 2 Assamese Solutions for All Chapters, You can practice these here.
আমাৰ স্বাস্থ্য
Chapter: 7
বনৌষধি
১। কথা পাতোঁ আহা –
(ক) পদ্যটোত কি কি পাতে ৰোগ নিৰাময় কৰে বুলি কৈছে?
উত্তৰঃ তুলসীৰ পাত, মানিমুনি, মছন্দৰী, নার্জী পাত, চিৰতা তিতা, নিম পাত আদি পাতে পদ্যটোত ৰোগ নিৰাময় কৰে বুলি কৈছে।
(খ) কাহ হ’লে কি কৰিব লাগে?
উত্তৰঃ কাহ হ’লে তুলসীৰ ৰসৰ লগত মৌ খাব লাগে।
(গ) কি কি পাতে ছালৰ ৰোগ নিৰাময়ত সহায় কৰে?
উত্তৰঃ চিৰতা তিতা আৰু নিম পাতে ছালৰ ৰোগ নিৰাময়ত সহায় কৰে।
(ঘ) তোমাৰ ঘৰত ৰোগ নিৰাময়ত সহায় কৰা কি কি গছ আছে?
উত্তৰঃ মোৰ ঘৰত ৰোগ নিৰাময়ত সহায় কৰা গছ: নৰসিংহ, চিৰতা পাত, তুলসী, মানিমুনি, নিমপাত আদি।
(ঙ) তোমাৰ ঘৰত কাৰোবাৰ বেমাৰ হ’লে তুমি কি কৰা?
উত্তৰঃ (ক) মোৰ ঘৰত কাৰোবাৰ বেমাৰ হ’লে মই তেওঁক যত্ন লওঁ।
(খ) মই তেওঁক ঔষধ খুৱাওঁ।
(গ) মই বিশ্ৰাম ল’বলৈ সহায় কৰোঁ।
(ঘ) প্ৰয়োজন হ’লে মই চিকিৎসকৰ ওচৰলৈ লৈ যাওঁ।
(চ) কেতিয়াবা ক’ৰবাত দুখ পাই তেজ ওলালে কি কৰা ?
উত্তৰঃ (ক) কেতিয়াবা ক’ৰবাত দুখ পাই তেজ ওলালে মই চিঞৰি ডাঙৰক জনাওঁ।
(খ) মই ঘাঁত পৰিষ্কাৰ কাপোৰে চেপি ধৰি তেজ বন্ধ কৰোঁ।
(গ) তাৰ পিছত মই ঔষধ লগাওঁ।
২। লিখোঁ আহা:
(ক) তুলসী পাতৰ ৰসৰ লগত কি খালে কাহ ভাল হয়?
উত্তৰঃ তুলসী পাতৰ ৰসৰ লগত মৌ খালে কাহ ভাল হয়।
(খ) কি কৰিলে ছালৰ ৰোগ ভাল হয়?
উত্তৰঃ চিৰতা তিতা আৰু নিম পাতৰ বটা ছালত লগালে ছালৰ ৰোগ ভাল হয়।
(গ) পেট ভালে থাকিবলৈ কি কি গছৰ পাতৰ ৰস খাব লাগে?
উত্তৰঃ পেট ভালে থাকিবলৈ মানিমুনি আৰু মছন্দৰী গছৰ পাতৰ ৰস খাব লাগে।
(ঘ) কটা ছিঙাত নাৰ্জী পাতৰ বাহিৰে আৰু কি কি লগাব পাৰি?
উত্তৰঃ জার্মানীৰ পাত (ফিৰিঙি লতা), মানিমুনিৰ পাত।
৩। প্রকল্পঃ
১। বিভিন্ন ঠাইৰ পৰা সংগ্ৰহ কৰা গছৰ পাতবোৰ সঠিক ঠাইত আঠা লগাওঁ আহা:
(ক) নিম পাত।
উত্তৰঃ

(খ) তুলসী পাত।
উত্তৰঃ

(গ) নেমু পাত।
উত্তৰঃ

(ঘ) নার্জী পাত।
উত্তৰঃ

(ঙ) মানিমুনি পাত।
উত্তৰঃ

(চ) নৰসিংহৰ পাত।
উত্তৰঃ

৪। লিখোঁ আহা:
ৰাতিপুৱা শুই উঠি তুমি কি কৰা?
মই দাঁত মাজোঁ।
মই…………………………………….।
মই…………………………………….।
মই…………………………………….।
উত্তৰঃমই নখ কাটো।
মই গাঁ ধো।
মই চুলি আঁচুৰোঁ।
৫। ছবিখনত কোনে কি কৰি আছে লিখোঁ আহা:

(ক) ছোৱালীজনীয়ে………………………………..।
(খ) ………………………………………………..।
(গ)………………………………………………..।
উত্তৰঃ (ক) ছোৱালীজনীয়ে কিতাপ পঢ়ি আছে।
(খ) ল’ৰাটোৱে গছত পানী দি আছে।
(গ) ল’ৰাজনে নদীত কাপোৰ ধুই আছে।
৬। তলত দিয়া বাক্যটোৰ সৈতে সম্পর্কিত এখন ছবি আকোঁ আহা –
“গছত কঁঠাল লাগিছে।”
উত্তৰঃ কঁঠাল।

পাঠ – ২
সিংহ আৰু নাপিত
১। কথা পাতোঁ আহা।
(ক) কাৰ মূৰ খজুৱাইছিল?
উত্তৰঃ সিংহৰ মূৰ খজুৱাইছিল।
(খ) “লৰচৰ নকৰিবা, ভালদৰে বহি থাকা।” বুলি কোনে কাক কৈছিল?
উত্তৰঃ “লৰচৰ নকৰিবা, ভালদৰে বহি থাকা।” বুলি নাপিতে সিংহক কৈছিল।
(গ) সিংহটোৰ কিয় খং উঠিছিল?
উত্তৰঃ সিংহটোৰ নাপিতে সিংহক তপা বনাইদিছিল বাবে খং উঠিছিল।
(ঘ) মূৰ খজুৱাই খজুৱাই সিংহ কাৰ ওচৰলৈ গৈছিল?
উত্তৰঃ মূৰ খজুৱাই খজুৱাই সিংহ নাপিতৰ ওচৰলৈ গৈছিল।
২। লিখোঁ আহা –
(ক) সিংহ আৰু নাপিতৰ কাহিনীটো নিজাববীয়াকৈ নিজৰ নিজৰ বহীত লিখোঁ আহা।
উত্তৰঃ ছাত্ৰ – ছাত্ৰী নিজে কৰা।
(খ) তলৰ সংলাপফাকি সম্পূৰ্ণ কৰা:
“এয়া তুমি কি কৰিলা? মই চোন ………….. হৈ পৰিলোঁ।”
উত্তৰঃ “এয়া তুমি কি কৰিলা? মই চোন তপা হৈ পৰিলোঁ।”
২। লিখোঁ আৰু পঢ়োঁ আহা –
স্বৰ – ____ধীন, নিজ_____।
বিশ্ব – অ___, শা___ত।
বিদ্বান – ___তীয়, উ____গ।
ধ্বনি – ___জা, ____ংস।
অন্বয় – সম ___য়, অ__ষণ।
উত্তৰঃ স্বৰ – স্বাধীন, নিজস্ব।
বিশ্ব – অশ্ব, শাশ্বত।
বিদ্বান – দ্বিতীয়, উদ্বগ।
ধ্বনি – ধ্বজা, ধ্ব_ংস।
অন্বয় – সমন্বয়, অন্বষণ।
৩। ছবি চাই বাক্য লিখোঁ আহা-

উত্তৰঃ ১ নং ছবি: ছবিখনত এজনী ছোৱালীয়ে নলৰ তলত থাল-প্লেট ধুই আছে। তাই স্পঞ্জেৰে থালখন ভালদৰে পৰিষ্কাৰ কৰি আছে।
২ নং ছবি: এই ছবিখনত ছোৱালীয়ে নলৰ পানীত ফল-মূল ধুই আছে। তাই ফলবোৰ পৰিষ্কাৰ কৰি খোৱাৰ বাবে সাজু কৰিছে।
৩ নং ছবি: ছবিখনত এজন ল’ৰাই হাতত এখন ঝাড়ু লৈ মজিয়া ঝাড়ু মাৰি আছে। সি ঘৰখন পৰিষ্কাৰ কৰি ৰাখিবলৈ ঝাড়ু দি আছে। ঘৰ পৰিষ্কাৰ কৰিলে ঘৰখন সুন্দৰ আৰু স্বাস্থ্যকৰ হয়।
৪। ছবি চাই কওঁ আহা —

(ক) ছবিখনত দেখা সমস্যাটো কিদৰে সমাধান কৰিব পাৰি? উপায়বোৰ কোৱা।
উত্তৰঃ ছবিখনত গাঁৱৰ কাষত লেতেৰা আৱৰ্জনা পেলোৱা, দুৰ্গন্ধ আৰু অসুস্থ পৰিৱেশ দেখা গৈছে। এই সমস্যা সমাধান কৰিবৰ বাবে—
আৱৰ্জনা য’ত-ত’ত পেলাব নালাগে।
ডাষ্টবিন ব্যৱহাৰ কৰিব লাগে।
গাঁওখন নিয়মিত পৰিষ্কাৰ কৰিব লাগে।
প্লাষ্টিক ব্যৱহাৰ কমাব লাগে।
সজাগতা সভা আয়োজন কৰিব লাগে।
(খ) সমস্যাটো সমাধান কৰিবলৈ কাৰ কাৰ সহায় ল’ব লাগিব কোৱা।
উত্তৰঃ সমস্যাটো সমাধান কৰিবলৈ: গাঁৱৰ লোকসকল,পঞ্চায়ত,বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, পৰিষ্কাৰ কৰ্মচাৰী,স্থানীয় প্ৰশাসনৰ সহায় ল’ব লাগিব।
শিক্ষা: গাঁও পৰিষ্কাৰ ৰাখিলে আমি সুস্থ আৰু সুখী হৈ থাকিব পাৰোঁ।
চাফ – চিকুণতা
১। লিখোঁ আহা –
ল্ক, ক্ল, ক্ত
(ক) খেলপথাৰত খেলাৰ আগতে সিহঁতে কি কৰিছিল?
উত্তৰঃ খেলপথাৰত খেলাৰ আগতে সিহঁতে খেল পথাৰৰ পৰা জাৱৰবোৰ আঁতৰাই দি চাফা কৰিছিল।
(খ) খোৱাৰ আগতে কি কৰিব লাগে?
উত্তৰঃ খোৱাৰ আগতে আমি চাবোনেৰে ভালদৰে হাতদুখন দুই লব লাগে।
(গ) চাবোনেৰে কিয় হাত ধুব লাগে?
উত্তৰঃ চাবোনেৰে হাত ধুলে আমাৰ হাতত বীজাণু নাশ হয়। তেতিয়া আমাৰ বেমাৰ নহয় সেইবাবে।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.

