SCERT Class 2 Assamese Chapter 10 উৎসৱ আৰু উদ্ যাপন

SCERT Class 2 Assamese Chapter 10 উৎসৱ আৰু উদ্ যাপন Question Answer As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SCERT Class 2 Assamese Chapter 10 উৎসৱ আৰু উদ্ যাপন Solutions and select need one. SEBA Class 2 Assamese Question Answers Download PDF. SCERT Class 2 Assamese Notes.

SCERT Class 2 Assamese Chapter 10 উৎসৱ আৰু উদ্ যাপন

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SCERT Class 2 Assamese Solutions are part of All Subject Solutions. Here we have given SEBA Class 2 Assamese Solutions for All Chapters, You can practice these here.

Chapter: 10

পাঠঃ ১

মনালীৰ নৃত্য

১। কথা পাতোঁ আহা –

(ক) মানুহবোৰ জাক পাতি ক’লৈ আহিছিল?

উত্তৰঃ মানুহবোৰ জাক পাতি বিষ্ণুৰাভা দিৱসৰ অনুষ্ঠান চাবলৈ আহিছিল।

(খ) মনালীক নাচিবলৈ কোনে শিকাইছিল?

উত্তৰঃ নবীন খুৰাই মনালীক নাচিবলৈ শিকাইছিল।

(গ) মনালীয়ে কোনটো গীতত নৃত্য কৰিছিল?

উত্তৰঃ মনালীয়ে ৰাভাদেৱৰ “টিলাই টিলাই ঘূৰি ফুৰে ……” গীতটোত নৃত্য কৰিছিল।

২। লিখোঁ আহা:

(ক) মনালীহঁতৰ গাঁৱত কি দিৱস পাতিছিল?

উত্তৰঃ মনালীহঁতৰ গাঁৱত বিষ্ণুৰাভা দিৱস পাতিছিল।

(খ) নবীন খুড়াই মনালীক কি শিকাইছিল?

উত্তৰঃ নবীন খুড়াই মনালীক ৰাভাদেৱৰ গীতত নাচিবলৈ শিকাইছিল।

(গ) মনালীৰ কেতিয়া সাহস ঘূৰি আহিল?

উত্তৰঃ নবীন খুড়াক মঞ্চৰ সম্মুখত নাচি থকা দেখি মনালীৰ সাহস ঘূৰি আহিল।

৩।  লগ লগাই লিখোঁ আহা।

উত্তৰঃ ষ্ক, ষ্ট, ষ্ঠ, ষ্ণ, ষ্ম, ষ্প।

৪। ওলট-পালটকে থকা আখৰবোৰ মিলাই অর্থপূর্ণ শব্দ গঠন কৰোঁ আহা-

স্কনিক – 

ষ্ঠানতিপ্র –

ৱিৰআঙ্কা –

ৰিপুৰষ্কা –

হিষ্ণুস –

কম্পপু –

উত্তৰঃ স্কনিক – কনিষ্ক।

ষ্ঠানতিপ্র – প্ৰতিষ্ঠান।

ৱিৰআঙ্কা -আৱিস্কাৰ।

ৰিপুৰষ্কা -পুৰষ্কাৰ।

হিষ্ণুস – সহিষ্ণু।

কম্পপু – পুষ্পক।

পাঠ – ২

আমাৰ ৰবীন মামা

১। কথা পাতোঁ আহা:

(ক) গাঁৱৰ সংঘটোত কোনে চিত্রপ্রদর্শনী পাতিছিল?

উত্তৰঃ ৰবীন মামাই গাঁৱৰ সংঘটোত চিত্ৰপ্ৰদৰ্শনী পাতিছিল।

(খ) তোমালোকৰ গাঁৱত সংঘ আছেনে?

উত্তৰঃ হয়, আমাৰ গাঁৱত এটা সংঘ আছে।

(গ) সংঘত তোমালোকে কি কি কৰা?

উত্তৰঃ সংঘত আমি সভা কৰোঁ, উৎসৱ পাতোঁ, খেল-ধেমালি কৰোঁ আৰু সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰোঁ।

(ঘ) মামাই সংঘটো কেনেকৈ সজাইছিল?

উত্তৰঃ মামাই সংঘৰ পদূলিমুখত কলপুলি পুতি ৰঙীন কাগজৰ মালা লগাই সংঘটো সজাইছিল।

(ঙ) মামাই তেওঁলোকক ইংগিতেৰে কি কৈছিল?

উত্তৰঃ মামাই ছবিবোৰ সাৱধানে খুলি বেৰত আঁৰিবলৈ ইংগিতেৰে কৈছিল।

২। ছন্দ মিল থকা শব্দ লিখোঁ আহা –

পালে –

ছেই –

মূঢ়া –

উত্তৰঃ পালে – খালে।

ছেই – দেই।

মূঢ়া – বূঢ়া।

৩। কওঁ আহা:

(ক) শিশু দিৱস কোন দিনা উদ্ যাপন কৰা হ’ব?

উত্তৰঃ শিশু দিৱস ১৪ নৱেম্বৰৰ দিনা উদ্ যাপন কৰা হ’ব।

(খ) শিশু দিৱস কোন ঠাইত উদ্ যাপন কৰা হ’ব?

উত্তৰঃ শিশু দিৱস কদমতলি খেলপথাৰত উদ্ যাপন কৰা হ’ব।

(গ) শিশু দিৱসৰ দিনা কি কি অনুষ্ঠিত হ’ব?

উত্তৰঃ শিশু দিৱসৰ দিনা অকণিৰ গীত-মাত আৰু চিত্রাঙ্কণ প্রতিযোগিতা অনুষ্ঠিত হ’ব।

বনভোজ

১। লিখোঁ আহা –

(ক) ছাত্র-ছাত্রীসকলক লগত লৈ জয়ন্ত ছাৰ আৰু সোণালী বাইদেউ ক’লৈ গৈছিল?

উত্তৰঃ ছাত্র-ছাত্রীসকলক লগত লৈ জয়ন্ত ছাৰ আৰু সোণালী বাইদেউ বনভোজ খাবলৈ গৈছিল।

(খ) বনভোজলৈ আহোঁতে জয়ন্ত ছাৰে কি আনিবলৈ পাহৰিছিল?

উত্তৰঃ বনভোজলৈ আহোঁতে জয়ন্ত ছাৰে খাবৰ বাবে থাল আনিবলৈ পাহৰিছিল।

(গ) সোণালী বাইদেৱে পাতেৰে কি সাজিবলৈ শিকাইছিল?

উত্তৰঃ সোণালী বাইদেৱে পাতেৰে থাল বনাবলৈ শিকাইছিল।

২। লগ লগাই লিখোঁ আহা।

উত্তৰঃ শব্দ, জব্দ, শকাব্দ।

৩। তলত দিয়া যুক্তাক্ষৰবোৰ থকা দুটাকৈ শব্দ লিখা-

প্ত –

ব্দ – 

উত্তৰঃ প্ত – গুপ্ত, সপ্তম।

ব্দ – শব্দ, জব্দ।

৪। তলত দিয়া প্রশ্নটোৰ শুদ্ধ উত্তৰটোত (✔) চিন দিয়া।

(i) ৰংজুলি প্রাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ নাম কি?

(ক) যাদৱ পায়েং।

(খ) হৰেণ বৰুৱা।

(গ) মুকুল নাৰ্জাৰী।

(ঘ) অর্চনা হাজং।

উত্তৰঃ (খ) হৰেণ বৰুৱা।

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top