Research Methods – II Unit 2 তথ্য সংগ্ৰহৰ পদ্ধতিসমূহ

Research Methods – II Unit 2 তথ্য সংগ্ৰহৰ পদ্ধতিসমূহ, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Research Methods – II Unit 2 তথ্য সংগ্ৰহৰ পদ্ধতিসমূহ Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Research Methods – II Unit 2 তথ্য সংগ্ৰহৰ পদ্ধতিসমূহ Question Answer can be of great value to excel in the examination.

Research Methods – II Unit 2 তথ্য সংগ্ৰহৰ পদ্ধতিসমূহ

Join Telegram channel

Research Methods – II Unit 2 তথ্য সংগ্ৰহৰ পদ্ধতিসমূহ Notes cover all the exercise questions in UGC Syllabus. Research Methods – II Unit 2 তথ্য সংগ্ৰহৰ পদ্ধতিসমূহ provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

৬৫। বৈজ্ঞানিক বা বিধিবদ্ধ প্ৰণালীৰ পদক্ষেপসমূহ উল্লেখ কৰা৷ (Mention the steps of scientific or statutory method.)

উত্তৰঃ বৈজ্ঞানিক বা বিধিবদ্ধ প্ৰণালীৰ পদক্ষেপসমূহ তলত উল্লেখ কৰা হ’ল—

(ক) প্রকল্প ৰচনা: কোনো এটা গৱেষণা বা বিষয়ৰ ওপৰত অধ্যয়ন চলাবলৈ যাওঁতে সেই বিষয়ে কোনো এক আগতীয়া সিদ্ধান্তত উপনীত হোৱাৰ কথা ধৰি লোৱাই হৈছে সাধাৰণ অৰ্থত প্ৰকল্প ৰচনা। এনেধৰণৰ আগতীয়া ধাৰণা বা সিদ্ধান্তই অধ্যয়নকাৰীক অধ্যয়নৰ কামত বিশেষভাৱে সহায় কৰে। গতিকে গৱেষণাৰ বাবে আগবঢ়োৱা প্ৰকল্প ৰচনা এক গুৰুত্বপূৰ্ণ পর্যায়।

(খ) নিৰীক্ষণ আৰু তথ্য সংগ্ৰহ: গৱেষণাৰ কাৰণে নিৰ্বাচন কৰা ঘটনা বা বিষয়ৰ ওপৰত পৰিশুদ্ধ আৰু প্ৰণালীবদ্ধ নিৰীক্ষণৰ জৰিয়তে তথ্যপাতি সংগ্ৰহ কৰা কাৰ্যও ঘটনা বা বিষয়ৰ লগত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে জড়িত ব্যক্তিসকলে মুখ্য ভূমিকা থাকে। সামাজিক গৱেষণা প্ৰণালীৰ অন্য এক পর্যায় হ’ল নিৰীক্ষণ আৰু তথ্য সংগ্রহ। প্ৰকল্পৰ সত্যতা নিৰ্ভৰ কৰে নিৰীক্ষণীয় তথ্যপাতিৰ ওপৰত।

(গ) তথ্য বিশ্লেষণ: সামাজিক গৱেষণা প্ৰণালীৰ অন্য এক পর্যায় হৈছে সংগৃহীত তথ্যপাতি সমূহৰ প্ৰয়োজনীয়তা আৰু যথাযথ বিশ্লেষণ। গৱেষণা কৰিবলৈ লোৱা বিষয় বা ঘটনা সংক্রান্তত সংগ্ৰহ কৰা তথ্যপাতি পুনৰীক্ষণ আৰু শ্ৰেণীকৰণ কৰা হয়। একেধৰণৰ লক্ষণ যুক্ত তথ্যসমূহ একত্ৰিত কৰা হয়।

(ঘ) প্ৰমাণিকৰণ: গৱেষণাৰ বাবে সংশ্লিষ্ট ঘটনাৰ সংক্ৰান্তত পৰিশুদ্ধভাৱে প্ৰমাণ কৰি দেখুওৱা হয়। নিৰীক্ষণৰ জৰিয়তে প্ৰমাণিকৰণ সম্ভৱপৰ কৰি তোলা হয়। সামাজিক প্ৰণালীৰ ফলাফল সাধাৰণতে পৰিশুদ্ধ আৰু নিৰ্ভৰযোগ্য। এই পৰিশুদ্ধতা আৰু নিৰ্ভৰযোগ্যতা সকলো স্থান, সময় আৰু অৱস্থাতে পৰিলক্ষিত হয়।

(ঙ) সাধাৰণীকৰণ: সাধাৰণীকৰণ বৈজ্ঞানিক গৱেষণা প্ৰণালীৰ অন্য এক পৰ্যায়। সংগৃহীত তথ্যপাতি সমূহ পুনৰীক্ষণ, বিশ্লেষণ আৰু শ্ৰেণীকৰণ কৰাৰ পিছত পর্যাপ্ত তথ্যপাতিৰ ভিত্তিত একোটা সাধাৰণ সিদ্ধান্ত প্ৰকাশেৰে গৱেষণাৰ কাম সমাধা কৰা হয়।

৬৬। সাক্ষাৎকাৰসূচী আৰু প্ৰশ্নসূচীৰ মাজত থকা পাৰ্থক্যসমূহ উল্লেখ কৰা। (Mention the differences between the interview schedule and the questionnaire.)

উত্তৰঃ প্ৰশ্নসূচী আৰু সাক্ষাৎকাৰসূচীৰ মাজত পৰিলক্ষি হোৱা পাৰ্থক্যসমুহ তলত উল্লেখ কৰা হ’ল—

(ক) সাক্ষাতকাৰ্যসূচী প্ৰত্যক্ষ। ইয়াক তথ্য সংগ্ৰহৰ কাৰণে ব্যৱহাৰ কৰা হয়। আনহাতে, প্রশ্নসূচী একক হিচাপে বাছনি কৰা ব্যক্তিজনলৈ ডাকযোগে প্ৰেৰণ কৰা হয় ৷

(খ) সাক্ষাৎকাৰসূচীত ব্যক্তিজনে যিখিনি উত্তৰ দিব সেইখিনি নিজেই লিখি দিব নালাগে৷ কিন্তু, প্রশ্নসূচীত ব্যক্তিজনে দিব লগা উত্তৰবোৰ নিজে লিখি দিব লাগে।

(গ) সাক্ষাৎকাৰসূচীৰ দ্বাৰা যিখিনি প্ৰশ্নৰ উত্তৰ পোৱা যায় সেইখিনি সাধাৰণতে গ্ৰহণযোগ্য বুলি ধৰিব পৰা নাযায়। কিন্তু প্রশ্নসূচীৰ দ্বাৰা যিখিনি প্রশ্নৰ উত্তৰ পোৱা যায় সেইখিনি গ্রহণযোগ্য বুলি ধৰিব পাৰি।

(ঘ) সাক্ষাৎকাৰ্যসূচীত এটা নিৰ্দিষ্ট অঞ্চল সামৰি লোৱা হয়। আনহাতে, প্রশ্নসূচীত এটা বৃহৎ অঞ্চলক সামৰি লোৱা হয়।

(ঙ) সাক্ষাৎকাৰসূচীত প্ৰশ্নবোৰ অতি চমু হোৱা দেখা যায়। আনহাতে, প্রশ্নসূচীত প্রশ্নবোৰ দীঘলীয়া হয়।

(চ) সাক্ষাৎকাৰসূচী অশিক্ষিত লোকৰ মাজতো প্রযোজ্য হয়। কিন্তু, প্রশ্নসূচী কেৱল শিক্ষিত লোকৰ মাজতহে প্রযোজ্য হয়।

(ছ) সাক্ষাৎকাৰ্যসূচীত সাক্ষাৎকাৰীয়ে যিজনে সাক্ষাৎকাৰ ল’ব তেওঁক সুধিও শুদ্ধ উত্তৰ দিয়াৰ থল থাকে। কিন্তু, প্রশ্নসূচীত এনে কোনো সুবিধা নাথাকে। 

(জ) সাক্ষাৎকাৰ্যসূচীৰ দ্বাৰা স্পৰ্শকাতৰ বিষয়ৰ ওপৰত তথ্য সংগ্ৰহ কৰা সম্ভৱ নহয়। কিন্তু, প্ৰশ্নসূচীৰ দ্বাৰা ই সম্ভৱ হয়।

৬৭। প্রশ্নসূচী প্রস্তুত কৰোতে কি কি সাৱধানতা অৱলম্বন কৰিব লাগে? (What precautions need to be taken to prepare the questionnaire.)

উত্তৰঃ প্রশ্নসূচী প্রস্তুত কৰোতে তলত সাৱধানতাসমুহ অৱলম্বন কৰিব লাগে— 

(ক) যি সংগঠনৰ বা ব্যক্তিয়ে তথ্য সংগ্ৰহৰ কাম কৰিবলৈ লয়, সেই সংগঠনখ গৱেষকজন, ব্যক্তিৰ নাম, ঠিকনা, সুস্পষ্টভাৱে প্ৰথম পৃষ্ঠাতে লিখা থাকিব লাগিব। লগতে গৱেষকৰ বা নিৰ্দেশকৰো নাম আৰু ঠিকনা ইত্যাদিৰ বিষয়ে সাক্ষাৎকাৰীৰ চকুত পৰিলে সহজে সাক্ষাৎকাৰীসকল পতিয়ন যাব আৰু গৱেষকসকলৰ ওপৰত কোনো সন্দেহ নকৰি প্ৰশ্নসমূহৰ উত্তৰ দিওঁতে সম্পূৰ্ণ সহযোগিতা আগবঢ়ায়।

(খ) গৱেষণাৰ বিষয়বস্তুৰ যি শিৰোনামা সেইটো সুস্পষ্টভাৱে প্রথম পৃষ্ঠাতে লিখা থাকিব লাগে। যেনে- অসমৰ হিন্দু সমাজত সামাজিক স্তৰীকৰণ, কিশোৰ অপৰাধৰ কাৰণ ইত্যাদি। গৱেষণাৰ শিৰোনামা স্পষ্ট হ’লে উত্তৰ দিওঁতাসকলে সহজে গৱেষণাৰ বিষয়বস্তু উপলব্ধি কৰিব পাৰে আৰু কিছুমান উত্তৰ সহজে দিব পাৰে। 

(গ) প্রশ্নসূচীখনত প্ৰশ্নবোৰৰ ক্ৰমিক নম্বৰ দিব লাগে। এনেকৈ ক্ৰমিক নম্বৰ থাকিলে পিছত উত্তৰবিলাক উচিতভাৱে নিয়মীয়াকৈ সজাবলৈ আৰু বিশ্লেষণ কৰি শতকৰা হাৰ উলিয়াবলৈ সুবিধা হয়।

(ঘ) এইটো প্ৰথম পৃষ্ঠাতে উল্লেখ কৰিব লাগিব যে প্রশ্নৰ উত্তৰবিলাক গোপনীয় কৰি ৰক হ’ব। তেনেকৈ লিখি দিলে উত্তৰ দিওঁতাই বিশ্বাসত ল’ব পাৰিব যে তেওঁ দিয়া উত্তৰবোৰ গৱেষকজনৰ বাহিৰে অন্য কোনেও নাজানে। তেনে ক্ষেত্ৰত সম্পূৰ্ণ গোপনীয় বহুতো তথ্য সংগ্ৰহ কৰাৰ ক্ষেত্ৰত বহুতো সুবিধা হ’ব।

(ঙ) প্রশ্নবোৰ ৰচনা কৰোঁতে পশ্নৰ বাক্যবোৰ যিমানদূৰ পৰা যায় সহজ-সৰল কৰিব লাগে। যাতে উত্তৰ দিওঁতাই অতি সহজে প্রশ্নবোৰৰ উত্তৰ বুজি পায়। প্রশ্নবোৰ বুজি ল’লে শুদ্ধ উত্তৰ পোৱাত সহজ হয়।

(চ) প্ৰশ্নসূচীত উল্লেখ কৰা প্ৰশ্নবোৰ বিভিন্ন অর্থসূচক হ’ব নালাগে। এনে ভিন্ন অর্থসূচক প্ৰশ্ন কৰিলে শুদ্ধ উত্তৰ পোৱাত অসুবিধা হয়।

(ছ) যিখিনি প্রশ্ন সোধা হয় সেই প্রশ্নবোৰে যাতে মানুহৰ আবেগ অনুভূতিক আঘাট নিদিয়ে তাৰ প্ৰতি সদায় সচেতন হ’ব লাগে। তেনেধৰণৰ প্ৰশ্ন কৰিলে উত্তৰ দিওতাৰ মনত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিব পাৰে। 

(জ) প্রশ্নসূচীখন কেইটামান নিৰ্দিষ্ট ভাগত ভাগ কৰি ল’ব লাগে আৰু প্ৰতিটো ভাগতে কি কি প্রশ্ন সুধিব সেইটো ঠিক কৰি ল’ব লাগে। গোটেই প্রশ্নসূচীখন ক্রম অনুসৰি পদ্ধতিমূলক হ’ব লাগে। যিকেইটা প্ৰসংগত প্রশ্ন সোধা হ’ব সেই প্রশ্নকেইটাৰ ভিতৰত কি কি প্ৰশ্ন হ’ব ঠিক সেইদৰে প্ৰশ্নসূচীখন ভাগ কৰি ল’লে সুবিধা হয় আৰু নিৰ্দিষ্ট প্ৰশ্নবোৰৰ উত্তৰ নিৰ্দিষ্ট পটভূমিতে পোৱা যায়৷

(ঝ) শেষত, গৱেষকজন বা তথ্য সংগ্ৰহ কৰোঁতাজনে প্রশ্নসূচী তৈয়াৰ কৰোঁতে বিশেষ সাৱধানতা অৱলম্বন কৰিব লগা হয় যে প্রশ্নসূচীখন কিমান দীঘল হৈছে আৰু সকলো প্ৰশ্নৰ উত্তৰ দিবলৈ কিমান সময়ৰ আৱশ্যক হ’ব। খুব বেছি দূঘলীয়া বা বেছি সময়ৰ প্ৰয়োজন হ’লে প্রশ্নৰ উত্তৰ উত্তৰ দিওঁতে অসুবিধা হ’ব। যাৰ ফলত প্ৰকৃত তথ্য সংগ্ৰহ কৰাৰ ক্ষেত্ৰত বাধা আহিল।

ওপৰোক্ত আটাইবোৰ দিশৰ ওপৰত এজন গৱেষকে বা সাক্ষাৎকাৰকে সদায় খুউৱ সাৱধানতা অৱলম্বন কৰি প্ৰশ্নসূচীখন প্ৰস্তুত কৰি ল’ব পাৰিলে সহজে সাক্ষাৎকাৰীসকলে শুদ্ধ উত্তৰ দিব পাৰিব আৰু গৱেষকসকলেও সহজে প্রশ্নসূচীৰ যোগেদি তথ্য কৰিব পাৰি। 

৬৮। পর্যবেক্ষণ পদ্ধতিৰ মূল সুবিধাসমূহ কি কি? সামাজিক গৱেষণাত পৰ্যবেক্ষণৰ সমস্যাসমূহ উল্লেখ কৰা। (What are the main advantages of the observation method? Mention the problems of observation in social studies.)

উত্তৰঃ সামাজিক গৱেষণাৰ পৰ্যবেক্ষণৰ সুবিধাসমূহ হ’ল— 

(ক) সামাজিক গৱেষণাত পৰ্যবেক্ষণৰ সহায়ত অতি সহজ আৰু সৰল পদ্ধতিৰে গৱেষণ তথ্য সংগ্ৰহ কৰিব পাৰি।

(খ) এই পদ্ধতিয়ে গৱেষণাৰ কাৰণে পৰ্যবেক্ষণ প্ৰকল্পৰ গঠনৰ বাবে প্ৰস্তুত কৰি তে আৰু প্ৰস্তুতিয়ে ভৱিষ্যৎ অধ্যয়নৰ বাবে প্ৰকল্প ৰচনা কৰাত প্ৰেৰণা যোগায়।

(গ) পৰ্যবেক্ষণৰ দ্বাৰা গৱেষণাৰ বাবে পোনে পোনে তথ্যবিলাক সংগ্ৰহ কৰিব পাৰি আৰু এই তথ্যসমূহৰ কাৰ্যকাৰিতা বেছি হয়। সেয়ে গৱেষণাৰ শুদ্ধ ফলাফল দিয়াত ই সহায়ক হয়। 

(ঘ) নিৰীক্ষণ পদ্ধতিয়ে প্রকল্প বিলাক পুনৰ নিৰীক্ষণ কৰি এটা প্ৰকল্পৰ কাৰ্যকাৰিতা সহজে প্ৰমাণ কৰাত গুৰুত্ব দিয়ে। 

(ঙ) নিৰীক্ষণ পদ্ধতিৰ দ্বাৰা তথ্য সংগ্ৰহ কৰা কাৰ্যক এক উমৈহতীয়া পদ্ধতিও বোলা হয়।

(চ) এই পর্যবেক্ষণ পদ্ধতিয়ে গৱেষণাৰ তথ্য সংগ্ৰহৰ ক্ষেত্ৰত নিৰ্ভৰযোগ্য ফলাফল দিব পাৰে ইত্যাদি।

সামাজিক গৱেষণাত পৰ্যবেক্ষণৰ সমস্যাসমূহ তলত উল্লেখ কৰা হ’ল — 

(ক) পর্যবেক্ষণ পদ্ধতিৰ সহায়ত সমাজৰ বহুতো ঘটনা বা সমস্যাৰ বিষয়ে শুদ্ধ তথ্য সংগ্ৰহ কৰাত অসুবিধা হয়।

(খ) পর্যবেক্ষণ পদ্ধতিত যিখিনি নিৰীক্ষণ কৰা হয় তাত তথ্য হিচাপে সংগ্ৰহ কৰা হয়। ইয়াত কোনোধৰণৰ সংৰচিত তথ্য সংগ্ৰহসূচী ব্যৱহাৰ কৰা নহয়। ফলত তথ্যবোৰ শ্ৰেণীকৰণ কৰাৰ ক্ষেত্ৰত অসুবিধা আহি পৰে।

(গ) এই পদ্ধতিৰ জৰিয়তে সমাজত ঘটনা সকলো কাৰ্য নিৰীক্ষণ অৱস্থাত লিপিৱদ্ধ কৰা‌ হয়। সেয়ে এইসমূহ শ্ৰেণীকৰণ কৰি শুদ্ধ ফলাফল লাভত অসুবিধাৰ সৃষ্টি হয়।

(ঘ) এই পদ্ধতিটো সামাজিক গৱেষণাৰ বাবে বিজ্ঞানসন্মত পদ্ধতি নহয়। যিহেতু পর্যবেক্ষকে নিৰ্ভৰ কৰা ধাৰণাৰ যোগেদি উদ্ধাৰ কৰা তথ্যবোৰহে লিপিবদ্ধ কৰে।

(ঙ) এই পদ্ধতি যোগে সংগ্ৰহ কৰা তথ্যবোৰ সম্পূৰ্ণ নিৰপেক্ষ আৰু গৱেষকৰ অনুভূতিক প্রভাৱৰ পৰা মুক্ত নহয়।

(চ) পর্যবেক্ষণ পদ্ধতি এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত শেষ কৰা হয়। ফলত ইয়াৰ আগত বা পাছত ঘটনাবিলাকৰ বিষয়ে পর্যাবেক্ষকজন অজ্ঞাত হৈ থাকিবলগীয়া হয়।

(ছ) যদিহে পৰ্যবেক্ষণ কৰিবলৈ লোৱা স্হটো বেছি শিক্ষিত আৰু সতর্ক হয় তেন্তে পর্যবেক্ষকৰ আগত তেওঁলোকে কৃত্রিম আচৰণ প্ৰদৰ্শন কৰিব পাৰে যাৰ ফলত তেওঁৰ শুদ্ধ তথ্য আহৰণত আউল লাগে।

(জ) জনসমাজৰ সকলোবিলাক সামাজিক ঘটনা আৰু আচৰণ এই পদ্ধতিৰ দ্বাৰা পৰ্যবেক্ষণ কৰাটো সম্ভৱ নহয়।

(ঝ) নিৰীক্ষণ পদ্ধতি যথোপযুক্ত নহ’লে প্ৰকৃত শুদ্ধ তথ্য আহৰণত সমস্যাৰ সৃষ্টি হয় ইত্যাদি।

৬৯। সামাজিক গৱেষণাৰ ক্ষেত্ৰত কি কি তথ্য সংগ্রহ প্রবিধি প্রয়োগ কৰা হয়? এই প্রবিধিবোৰ যি কোনো এটাৰ গুৰুত্ব আৰু সমস্যাৰ বিষয়ে আলোচনা কৰা। (What are the data collection techniques applied to social research? Discuss the importance and problems of any of these techniques.)

উত্তৰঃ সামাজিক গৱেষণাত তথ্য সংগ্রহ এক গুরুত্বপূর্ণ পদ্ধতি। যিকোনো বৈজ্ঞানিক অধ্যয়নৰ ই হ’ল মূল পদক্ষেপ।

পি. ভি. য়ঙৰ মতে এটা সামাজিক ঘটনা বা সমস্যাক প্রণালীবদ্ধভাৱে চোৱা কাৰ্যই হ’ল পর্যবেক্ষণ।

অন্যান্য প্রাকৃতিকবিজ্ঞানৰ ক্ষেত্ৰতো দেখা যায়, বিভিন্ন ধৰণৰ প্ৰাকৃতিক ঘটনাবিলাক পৰ্যবেক্ষণ কৰিয়েই বৈজ্ঞানিক গৱেষণা আৰম্ভ হৈছিল আৰু এতিয়াও পর্যবেক্ষণ পদ্ধতি প্রচলিত হৈ আছে। সমাজবিজ্ঞানৰ ক্ষেত্ৰতো সমাজৰ বিভিন্ন সামাজিক ঘটনা, সামাজকি সমস্যা, মানুহৰ আচৰণ, চৰিত্ৰ আদি পৰ্যবেক্ষণ কৰি সমাজবিজ্ঞানী সকলে প্রকৃত সত্য উদঘাটনৰ সন্ধানত বহল দৃষ্টিভংগী অধ্যয়নৰ দিশত যায়। সকলো বৈজ্ঞানিক গৱেষণা প্ৰক্ৰিয়াত ব্যৱহাৰ হোৱা পদ্ধতি সমূহৰ ভিতৰত ই আটাইতকৈ পুৰণি আৰু মৌলিক পদ্ধতি ।

সামাজিক গৱেষণাৰ ক্ষেত্ৰত তলত উল্লেখ কৰা তথ্য সংগ্ৰহ প্ৰবিধিসমূহ প্ৰয়োগ কৰা হয়— 

(ক) সাক্ষাৎকাৰ্যসূচী: সাক্ষাৎকাৰসূচীও সামাজিক গৱেষণাৰ তথ্য সংগ্ৰহৰ এক পদ্ধতি। শুদ্ধ আৰু প্ৰণালীবদ্ধভাৱে সাক্ষাৎকাৰৰ যোগেদি তথ্য সংগ্ৰহ কৰিলেহে গৱেষণাৰ শুদ্ধ উত্তৰ পোৱা যায়।সাক্ষাৎকাৰসূচী মানে হ’ল এখন প্রশ্ন তালিকা বা সূচী, যিখন প্রত্যক্ষ সাক্ষাৎকাৰত তথ্য সংগ্ৰহ কৰিবৰ কাৰণে গৱেষকসকলে ব্যৱহাৰ কৰে। মুখামুখিভাৱে সাক্ষাৎকাৰ গ্ৰহণ কৰোঁতে সাক্ষাৎ গ্ৰহণকাৰীয়ে যিখন তালিকা ব্যৱহাৰ কৰি প্রশ্ন সোধে আৰু ত্তসমূহ লিপিবদ্ধ কৰি যায় সেই প্রশ্নতালিকাখনেই সাক্ষাৎকাৰ সূচী বুলি কোৱা হয়।

(খ) প্রশ্নসূচী: প্রশ্নসূচীত প্রশ্নবিলাক সাক্ষাৎকাৰীৰ মাজত বিলাই দি তেওঁলোকক প্ৰশ্নখন চাই নিজে উত্তৰ কৰিবলৈ দিয়া হয়। প্রশ্নসূচীৰ যোগেদি তথ্য সমগ্ৰহ কৰোঁতে সাক্ষাৎ গ্ৰহণকাৰী উপস্থিতি নাথাকিবও পাৰে। ডাকযোগে বিভিন্ন ব্যক্তিলৈ প্ৰেৰণ কৰা হয়। প্রশ্নসূচীবিলাক বিভিন্ন ব্যক্তিলৈ প্ৰেৰণ কৰা হয় প্রশ্নসূচীৰ প্ৰশ্নবোৰৰ উত্তৰ লিপিবদ্ধ কৰি পুনৰ গৱেষকজনলৈ ডাকযোগে বা অন্যপ্রকাৰে ঘূৰাই পঠায়। প্রশ্নসূচীৰ যোগেদি তথ্য সংগ্ৰহ কৰোঁতে প্রত্যক্ষ সম্পর্ক স্থাপন নহয়।

(গ) নমুনা অধ্যয়ন: সামাজিক গৱেষণাৰ তথ্য অধ্যয়নৰ এটা প্ৰণালী হ’ল নমুনা অধ্যয়ন পদ্ধতি। নমুনা অধ্যয়ন হ’ল কোনো বিশেষ ঘটনা বা সমস্যাৰ সন্দৰ্ভত সুক্ষ্মভাৱে নিৰীক্ষণৰ মাধ্যমেৰে অধ্যয়ন কৰা পদ্ধতি। নমুনা অধ্যয়নৰ গোট কোনো ব্যক্তি, পৰিয়াল, সংগঠন আদি হ’ব পাৰে। নমুনা অধ্যয়নত সামাজিক একক এটাক স্বয়ংসম্পূর্ণ হিচাপে ধৰাৰ মূল কাৰণ ভ’ল সেই এককটোৰ নিজৰ চৰিত্ৰ একত্ৰিত ৰূপত প্রকাশ করে। এটা জনসমষ্টিৰ পৰা নমুনা। হিচাপে নিৰ্বাচিত এককবোৰক অধ্যয়ন কৰাৰ পাছত যি বাস্তৱ তথ্য লাভ কৰা যায় সেইবোৰৰ ওপৰত নিৰ্ভৰ কৰি ফলাফল উলিওৱা হয়।

এই প্রবিধিবোৰৰ ভিতৰত সাক্ষাৎকাৰসূচীৰ গুৰুত্বৰ বিষয়ে তলত আলোচনা কৰা হ’ল—

সামাজিক গৱেষণাৰ কৌশল হিচাপে সাক্ষাৎকাৰ পদ্ধতিও এক অন্যতম পদ্ধতি। সাক্ষাৎকাৰ পদ্ধতি মানে হ’ল, যি পদ্ধতিৰ যোগেদি এজন সমাজ অধ্যয়নশীল বা গৱেষকে মুখামুখিভাৱে আলাপ-আলোচনাৰ মাজেদি তথ্য উদ্ঘাটন কৰে। যিকোনো এটা জটিল সামাজিক ঘটনা বা সমস্যাৰ তথ্যপাতিবোৰ সাক্ষাৎকাৰ পদ্ধতিৰ যোগেদি সহজে সংগ্ৰহ কৰিব পৰা যায়। গোডে আৰু হাট্ৰেৰ সাক্ষাৎকাৰ পদ্ধতি মানে সাক্ষাৎ গ্ৰহণ কৰোঁতে আৰু দিওতাৰ মাজত হোৱা এটি সামাজিক আন্তঃক্রিয়া বুলি কৈছে। মুঠ কথাত ক’বলৈ গ’লে, সাক্ষাৎকাৰৰ যোগেদি এজন ব্যক্তিৰ বিভিন্ন ঘটনা, আচাৰ-ব্যৱহাৰ, অনুভূতি, আচৰণ প্ৰণালী আদিৰ বিষয়ে মুখামুখিভাৱে জানিবলৈ সক্ষম হয়।

সামাজিক গৱেষণাত সমাজৰ ব্যক্তিসকলৰ পৰা তথ্য সংগ্ৰহ কৰা মাধ্যমবিলাক হৈছে মানুহৰ মতামত, বিশ্বাস, ধাৰণা, ভাৱ, চিন্তা, চিন্তা ইত্যাদি। এইবোৰ তথ্য সংগ্ৰহ কৰিবৰ কাৰণে সমাজত বিবিন্ন ব্যক্তিৰ লগত ব্যক্তিগতভাবে আলাপ – আলোচনা কৰিব লগা হয় আৰু সাক্ষাৎকাৰ ল’ব লগা হয়। নির্বাচিত সকলো ব্যক্তিকে যাতে একেধৰণৰ প্রশ্ন সোধা হয় সেই উদ্দেশ্য সাক্ষাৎকাৰ সূচীখন ব্যৱহাৰ কৰা হয়। ইয়াৰ ফলত একেটা প্রশ্নৰ ক্ষেত্ৰত বেলেগ বেলেগ উত্তৰ পাব পৰা হয়। যিবিলাক পিছত ক্রমহ্রাসমান পদ্ধতিত শ্ৰেণীকৰণ আৰু বিশ্লেষণ কৰিবলৈ সুবিধা হয়। এনে প্রশ্নসূচীয়েই হ’ল সাক্ষাৎকাৰসূচী।

সামাজিক গৱেষণাত সাক্ষাৎকাৰ সূচীৰ গুৰুত্ব অপৰিসীম। সাক্ষাৎকাৰৰ জৰিয়তে গৱেষণাত শুদ্ধ আৰু বাস্তৱ সন্মত তথ্যপাতি গ্ৰহণ কৰিব পাৰি। যিকোনো গৱেষণাৰ বিভিন্ন পদ্ধতিসমূহ আগবঢ়াত সহায় কৰে। সাক্ষাৎকাৰসূচীয়ে তথ্য সংগ্রহ প্রক্রিয়াটোক প্ৰণালীবদ্ধ আৰু শৃংখলাবদ্ধ কৰি তোলে। সাক্ষাৎকাৰসূচীয়ে সাক্ষাৎকাৰকে সাক্ষাৎকাৰীক সুধিব লগা প্রশবোৰ পেলাই দিয়ে। সাক্ষাৎকাৰসূচীয়ে আহৰণ কৰা তথ্যবোৰ সহজসাধ্য কৰি তোলে ইত্যাদি।

সংৰক্ষিত সাক্ষাৎকাৰ প্ৰশ্নসূচী প্রস্তুত কৰোঁতে বিশেষ সাৱধানতা অৱলম্বন কৰিব লগা হয়। ব্যক্তিক সুধিবলগীয়া প্রশ্নবিলাকৰ আৰম্ভণিৰ পৰা শেষলৈকে এটা ক্রমিক অনুসৰি সজোৱা হয়। প্ৰতিটো প্ৰশ্নৰ উত্তৰ কেনেদৰে পাবলৈ ইচ্ছা কৰে তেনেধৰণে সজোৱা হয় আৰু উত্তৰ পোৱাৰ ক্ষেত্ৰত এটা ইংগিত দিব লগা হয়। সাধাৰণতে এটা প্ৰশ্নৰ উত্তৰ হিচাপে কেইবাটাও উত্তৰ প্ৰশ্নকাকতখনত দিয়া থাকে। উত্তৰ দিওতাই তাৰ যিকোনো এটা উত্তৰ বাছি লৈ উত্তৰ দিব লগা হয়।

যিবিলাক গৱেষণাত কিছুমান নিৰ্দিষ্ট প্ৰকাৰৰ প্ৰশ্নৰ উত্তৰ সাক্ষাৎকাৰীৰ পৰা পালেই প্রয়োজনীয় তথ সংগ্ৰহ কৰিব পৰা হ’ব বুলি ভবা হয় তেনে ক্ষেত্ৰত সাক্ষাৎকাৰ প্ৰশ্নসূচী প্ৰস্তুত কৰা হয়। এনে সাক্ষাৎকাৰ প্ৰশ্নসূচীৰ যোগেদি অতি সহজে আৰু কম সময়ৰ ভিতৰতে গৱেষকে প্রয়োজনীয় তথ্য পেৱাত সহায় হয়। তদুপৰি প্ৰশ্নসূচীৰ যোগেদি লাভ কৰা তথ্যবোৰ ক্ৰম অনুযায়ী শৃংখলাবদ্ধ হৈ থকাত পৰিসংখ্যাগতভাৱে শ্ৰেণীকৰণ আৰু বিশ্লেষণত সহায় হয়। সাক্ষাৎকাৰত প্ৰশ্নৰ উত্তৰ সাক্ষাৎকাৰীৰ নিজৰ চিন্তা আৰু ভাষাৰ জৰিয়তে দিবলৈ সুবিধা হয়। এনে প্ৰশ্নসূচীৰ যোগেদি সাক্ষাৎ গ্ৰহণ কৰোতাই সাক্ষাৎকাৰীক কিছুমান নতুন প্রশ্ন কৰিবলৈ সুবিধা পায় আৰু তাৰ যোগেদি কিছু নতুন তথ্য সংগ্ৰহ কৰিবলৈ সুবিধা। 

অসংৰচিত সাক্ষাৎকাৰত মুকলি মনেৰে সাক্ষাৎকাৰীয়ে মনৰ প্ৰশ্ন ভাৱ প্ৰকাশ কৰিব পাৰে। তাৰোপৰি ক’বলগীয়া কথাখিনি কিছুমান বিশেষ বিৱৰণীৰ সৈতে উপস্থাপন কৰিব পাৰে।

কিন্তু দেখা যায় যে সাক্ষাৎকাৰৰ অসুবিধাও আছে। কিয়নো প্রতিজন সাক্ষাৎকাৰীয়ে একেটা উত্তৰ বেলেগে বেলেগে দিব পাৰে। সেয়ে উত্তৰবিলাক শ্ৰেণীকৰণ কৰাত অসুবিধা হয়। কেতিয়াবা এইটোও দেখা যায় যে সাক্ষাৎকাৰীয়ে উত্তৰবিলাক ভালকৈ নুবুজিবও পাৰে বা ভুলকৈ বুজিব পাৰে। যাৰ ফলস্বৰূপে গৱেষণাৰ ফলাফলত ভুল হোৱাৰ সম্ভাৱনা থাকে।

৭০। অনা অংশগ্ৰহণকাৰী পৰ্যবেক্ষণৰ সুবিধাসমূহ আৰু অসুবিধাসমূহ উল্লেখ কৰা। (Mention the advantages and disadvantages of non-participant observation.)

উত্তৰঃ অনা অংশগ্ৰহণকাৰী পৰ্যবেক্ষণৰ সুবিধাবোৰ হ’ল—

(ক) এই পর্যবেক্ষণত পর্যবেক্ষকজনে জনসমষ্টি বা সমাজৰ পৰা সম্পূর্ণ আঁতৰত থকাৰ বাবে গৱেষকজনে নিৰপেক্ষ দৃষ্টি ভংগী বজাই ৰাখিব পাৰে। এই পৰ্যবেক্ষণৰ সহায়ত গৱেষকজনে শুদ্ধ তথ্য আহৰণ কৰিব পাৰে। কিয়নো তেওঁসমূহৰ বাহিৰৰ হোৱাৰ বাবে সমূহৰ সদস্যসকলে বিনা সংকোচে কিছুমান সত্য তথ্য প্ৰকাশ কৰিব পাৰে।

(খ) নতুন সমষ্টিৰ সমূহ এটাৰ কিছুমান নতুন কথা জানিবৰ বাবে গৱেষকজন কৌতুহল হৈ উঠে আৰু অধিক উৎসাহেৰে নিৰীক্ষণ কাৰ্য চলায়। ফলত সম্পূর্ণ শুদ্ধ তথ্য আৱিস্কাৰ কৰাৰ সুবিধা পায়। 

(গ) এই পর্যবেক্ষণত গৱেষতজনে সমূহটোৰ বিবাহ ৰাজহুৱা মৌকৰ্দ্দমা আদিব পৰা আঁতৰি থকাৰ বাবে সমূহৰ প্ৰতি নিৰপেক্ষ ভাৱ ল’ব লগাত পৰে। সেয়ে তেওঁ শুদ্ধ আৰু নিৰপেক্ষ তথ্য আহৰণ কৰিব পাৰে।

অনা অংশগ্ৰহণকাৰী পৰ্যবেক্ষণৰ অসুবিধাসমূহ তলত উল্লেখ কৰা হ’ল— 

(ক) এজন গবেষকেক কোনো সমূহ বা জনসমষ্টিৰ বাহিৰত থাকি সামাজিক ঘটনাৰ সম্পূৰ্ণ শুদ্ধ তথ্য আহৰণ কৰিব নোৱাৰে।

(খ) এই পৰ্যবেক্ষণৰ আন এটা অসুবিধা হ’ল যে এজন পর্যবেক্ষকে সমাজৰ সম্পূৰ্ণ বাহিৰৰ পৰা সমাজ আভ্যন্তৰীণ ভাগত সংঘটিত কার্যকলাপবোৰৰ ওপৰত তথ্য আহৰণ কৰিব নোৱাৰে। 

(গ) এই পর্যবেক্ষণ পদ্ধতি ধাৰাবাহিকতাৰ অভাৱ পৰিলক্ষিত হয়। কাৰণ গৱেষকজনে কেৱল তেঁৰ সন্মুখত দেখা দিয়া তথ্যবোৰহে সংগ্ৰহ কৰিবলৈ সমৰ্থবান হয়।

(ঘ) এজন গৱেষকক সমূহৰ লোকসকলে বাহিৰৰ বুদ্ধি জনাৰ ফলত কিছুমান গুরুত্বপূর্ণ কথা প্ৰকাশ কৰিব নিবিচাৰে। ফলস্বৰূপে প্রকৃত সত্য তথ্য উদ্ধাৰ কৰিব নোৱাৰে। 

(ঙ) সমূহটোৰ ওপৰত গৱেষকজনৰ পূৰ্বধাৰণা পৰ্যবেক্ষণ কৰাৰ কোনো সুবিধা নাই। ফলত তেওঁৰ চিন্তাত আউল লাগে আৰু শুদ্ধ তথ্য সংগ্ৰহত বাধাৰ সৃষ্টি হয়। 

ওপৰোক্ত সমূহেই হ’ল অনা অংশগ্ৰহণকাৰী পৰ্যবেক্ষণ ত্রুটি।

৭১। সাক্ষাৎকাৰ্যসূচী বুলিলে কি বুজা? সামাজিক গৱেষণাত সাক্ষাৎকাৰ্যসূচীৰ সুবিধা আৰু অসুবিধাবোৰ আলোচনা কৰা। (What do you mean by interview schedule? Discuss the advantages and disadvantages of interviewing in social research.)

উত্তৰঃ সাক্ষাৎকাৰ সূচী মানে হ’ল — এখন প্ৰশ্নৰ তালিকা বা সূচী, যিখন প্ৰত্যক্ষ সাক্ষাৎকাৰত তথ্য সংগ্ৰহ কৰিবৰ কাৰণে গৱেষকসকলে ব্যৱস্থা কৰে। সামাজিক গৱেষণাত সমাজৰ ব্যক্তিসকলৰ পৰা তথ্য সংগ্ৰহ কৰা মাধ্যমবিলাক হৈছে মানুহৰ মতামত, বিশ্বাস, ধাৰণা, ভাৱ, চিন্তা, চিন্তা ইত্যাদি। এইবোৰ তথ্য সংগ্ৰহ কৰিবৰ কাৰণে সমাজত বিবিন্ন ব্যক্তিৰ লগত ব্যক্তিগতভাবে আলাপ-আলোচনা কৰিব লগা হয় আৰু সাক্ষাৎকাৰ ল’ব লগা হয়। নির্বাচিত সকলো ব্যক্তিকে যাতে একেধৰণৰ প্ৰশ্ন সোধা হয় সেই উদ্দেশ্য সাক্ষাৎকাৰ সূচীখন ব্যৱহাৰ কৰা হয় ইয়াৰ ফলত একেটা প্রশ্নৰ ক্ষেত্ৰত বেলেগ বেলেগ উত্তৰ পাব পৰা হয়। যিবিলাক পিছত ক্রমহ্রাসমান পদ্ধতিত শ্ৰেণীকৰণ আৰু বিশ্লেষণ কৰিবলৈ সুবিধা হয়। এনে প্রশ্নসূচীয়েই হ’ল সাক্ষাৎকাৰসূচী। 

মুখামুখিভাৱে সাক্ষাৎকাৰ গ্ৰহণ কৰোতে সাক্ষাৎ গ্ৰহণকাৰীয়ে যিখন প্রশ্ন তালিকা ব্যৱহাৰ কৰি প্রশ্ন সোধে আৰু উত্তৰসমূহ লিপিবদ্ধ কৰি যায় সেই প্রশ্ন তালিকাখনকেই সাক্ষাৎকাৰ সূচী বুলি কোৱা হয়, সাক্ষাৎকাৰসূচী দুটা প্ৰকৃতিত পোৱা যায়। এটা সাক্ষাৎকাৰ সূচী আৰু আনটো হ’ল প্ৰশ্নসূচী। দুয়োটাৰ গঠন প্ৰণালী একে। মাত্ৰ ব্যৱহাৰৰ ক্ষেত্ৰতহে পার্থক্য দেখা যায়।

সাক্ষাৎকাৰসূচী প্রত্যক্ষ তথ্য সংগ্ৰহৰ কাৰণে সাক্ষাৎকাৰ গ্ৰহণ কৰোঁতে ব্যৱহাৰ কৰা হয়। আনহাতে প্রশ্নসূচীখন ব্যৱহাৰ কৰোঁতে সাক্ষাৎ গ্ৰহণকাৰী উপস্থিত নাথাকিবও পাৰে। সাক্ষাৎকাৰ সূচীৰ যোগেদি তথ্য সংগ্ৰহ কৰোঁতে, সাক্ষাৎ লওঁতা আৰু দিওঁতাৰ মাজত পোনপটীয়া বা মুখামুখি আন্তঃক্রিয়া সম্পন্ন হয়।

সামাজিক গৱেষণাত সমাজৰ ব্যক্তিসকলৰ পৰা তথ্য সংগ্ৰহ কৰা মাধ্যমবিলাক হৈছে মানুহৰ মতামত, বিশ্বাস, ধাৰণা, ভাব, চিন্তা, চিন্তা ইত্যাদি। এইবোৰ তথ্য সংগ্ৰহ কৰিবৰ কাৰণে সমাজত বিবিন্ন ব্যক্তিৰ লগত ব্যক্তিগতভাৱে আলাপ – আলোচনা কৰিব লগা হয় আৰু সাক্ষাৎকাৰ ল’ব লগা হয়। নির্বাচিত সকলো ব্যক্তিকে যাতে একেধৰণৰ প্ৰশ্ন সোধা হয় সেই উদ্দেশ্য সাক্ষাৎকাৰ সূচীখন ব্যৱহাৰ কৰা হয়। ইয়াৰ ফলত একেটা প্ৰশ্নৰ ক্ষেত্ৰত বেলেগ বেলেগ উত্তৰ পাব পৰা হয়। যিবিলাক পিছত ক্রমহ্রাসমান পদ্ধতিত শ্ৰেণীকৰণ আৰু বিশ্লেষণ কৰিবলৈ সুবিধা হয়। এনে প্রশ্নসূচীয়েই হ’ল সাক্ষাৎকাৰসূচী।

সাক্ষাৎকাৰ প্ৰক্ৰিয়াৰ সুবিধাসমূহ তলত উল্লেখ কৰা হ’ল—

(ক) এই পদ্ধতিৰে যোগেদি আবেগ-অনুভূতি, মানসিক, দৃষ্টিভংগী, বিভিন্ন চিন্তাধাৰা আদি ব্যক্তিৰ অমূৰ্ত্ত দিশটোৰ বিষয়ে তথ্য সংগ্ৰহ কৰিব পাৰি। 

(খ) এই পদ্ধতিৰে যোগেদি গৱেষককে এটা সম্পূর্ণ ঘৰুৱা পৰিৱেশত সৃষ্টি কৰি সামাজিক ঘটনাৰ অন্তৰালত নিহিত হৈ থকা বহুতো শুদ্ধ তথ্য আহৰণ কৰিব পাৰে।

(গ) এই পদ্ধতিৰ সহায়ত গৱেষকে গৱেষণাৰ সকলো দিশ সাক্ষাৎকাৰীক বুজায় দি তেওঁৰ মনৰ পৰা সকলোধৰণৰ ভয়, সংকোচৰ ভাৱ আঁতৰাই শুদ্ধ তথ্য আহৰণ কৰিবলৈ সফলতা অৰ্জন কৰিব পাৰে।

(ঘ) এখন সমাজৰ অতীত, বৰ্তমান আৰু ভৱিষ্যতৰ বিষয়ে এজন গৱেষকে এই পদ্ধতিৰ সহায়েৰে তথ্য সংগ্ৰহ কৰিব পাৰে।

(ঙ) এজন গৱেষকে সাক্ষাৎকাৰ পদ্ধতিৰ যোগেদি সম্পূৰ্ণ শুদ্ধ তথ্য আহৰণ কৰিবলৈ সুবিধা পায়। এই পদ্ধতিত সাক্ষাৎকাৰী আৰু গৱেষকৰ মাজত মুখামুখি সম্পৰ্কৰ স্থাপন হয়। ফলত সাক্ষাৎকাৰীয়ে আন্তৰিক সমর্থনেৰে শুদ্ধ তথ্য প্রকৃত তথ্য গৱেষকক যোগান ধৰে। ফলস্বৰূপে গৱেষণা কাৰ্যই সলতা লাভ কৰে।

(চ) এই পদ্ধতিৰ যোগেদি গৱেষক জনে মাৰ্জিত আৰু সহজ-সৰল ব্যৱহাৰ আৰু কথোপকথনৰ যোগেদি অতিমাত্রা উত্তেজিত বা খঙৰ ব্যক্তি পৰাও তথ্য উদ্ঘাটন কৰিব পাৰে।

(ছ) এই পদ্ধতিৰে যোগেদি গৱেষকে সাক্ষাৎকাৰীৰ লগত আন্তৰিক সম্পৰ্কৰ স্থাপন, বিবাহ; অপৰাধ, হাই-কাজিয়া আদিৰ গোপন তথ্য আহৰণ কৰিব পাৰে।

(জ) এই পদ্ধতিৰ যোগেদি বর্তমান সংঘটিত হোৱা ঘটনা বা সমস্যা ঐতিহাসিক পটভূমিত অধ্যয়ন কৰিব পাৰি। পৰিয়াল বা উত্তৰপুৰুষৰ ভিত্তিত বহুতো অপৰাধমূলক তথ্য এই পদ্ধতিৰে অধ্যয়নৰ জৰিয়তে আহৰণ কৰিব পাৰি।

সাক্ষাৎকাৰ প্ৰক্ৰিয়াৰ অসুবিধাসমূহ তলত উল্লেখ কৰা হ’ল—

(ক) বহুসময়ত গৱেষকসকলে ক্ষেত্ৰ নিৰীক্ষণৰ বাবে কৰ্মচাৰী নিয়োগ কৰে। কিন্তু যদিহে কৰ্মচাৰীসকল বক্তিত্বসম্পন্নৰ আৰু প্ৰশিক্ষণপ্রাপ্ত নহয় তেনে ক্ষেত্ৰত শুদ্ধ তথ্য সংগ্ৰহ কৰাৰ ক্ষেত্ৰত সফল নহ’ব।

(খ) সাক্ষাৎকাৰ্যসূচী আৰু সাক্ষাৎকাৰৰ নিৰ্দেশনা প্রয়োগ নকৰাকৈ সাক্ষাৎকাৰ ল’লে গৱেষণাৰ কাৰণে বহুতো প্রয়োজনীয় তথ্য বাদ পৰি যাব পাৰে। ফলস্বৰূপে কিছুমান দৰকাৰী তথ্যৰ বাবে গৱেষকে পুনঃ পুনঃ সাক্ষাৎকাৰীক লগ ধৰিব লাগিব।

(গ) যদি সাক্ষাৎকাৰীয়ে তেওঁলোকৰ থকা ঠাই ঘনাই বদলাই থাকে বা তেওঁলোকৰ যদি সাক্ষাৎকাৰ অসম্ভৱ হৈ পৰে। ফলত সময় আৰু অৰ্থৰ অপচয় হয়।

(ঘ) কেতিয়াবা কেতিয়াবা এই পদ্ধতিৰে তথ্য সংগ্ৰহ কৰোঁতে সাক্ষাৎকাৰ সাক্ষাৎকাৰীৰ মাজৰ ব্যক্তিগত পক্ষপাতিত্বৰ প্ৰভাৱও পৰা দেখা যায়। ফলত গৱেষণাৰ বস্তুনিষ্ঠতা হ্ৰাস পায়। আৰু গৱেষণাটোক বিপথগামী কৰি তোলে।

(ঙ) এই পদ্ধতিৰে তথ্য সংগ্ৰহ কৰোঁতে সাক্ষাৎকাৰ লওতাজনক সদায়েই নিরপেক্ষ আৰু অভিজ্ঞ নহ’লে শুদ্ধ তথ্য আহৰণত অসুবিধাৰ সৃষ্টি হয় আৰু গৱেষণাটো ভুল দিশেৰে পৰিচালিত হ’ব পাৰে।

(চ) এই পদ্ধতিৰে সহায়েৰে তথ্য সংগ্ৰহ কৰোঁতে কোনো এটা জনসমষ্টিক প্রতিনিধিত্ব কৰিব পৰা ব্যক্তি নির্বাচন কৰিব নোৱাৰিলে যিকোনো সাক্ষাৎকাৰীৰ পৰা লোৱা তথ্যই গৱেষণাৰ দ্বিতীয় অধ্যায়: তথ্য সংগ্ৰহৰ পদ্ধতিসমূহ ক্ষেত্ৰত এটা জনসমষ্টিক প্রতিনিধিত্ব কৰা গুণাগুণ নাথাকিব। ফলত গৱেষণাটোৰ শুদ্ধ উত্তৰ পোৱা নাযাব। 

৭২। সাক্ষাৎকাৰ সূচীৰ উদ্দেশ্যসমূহ কি কি? সাক্ষাৎকাৰ প্ৰক্ৰিয়াত কি কি দিশৰ ওপৰত গুৰুত্ব দিব লাগে? (What are the objectives of the interview schedule? What aspects of the interview process need to be emphasised?)

উত্তৰঃ সাক্ষাৎকাৰসূচীৰ উদ্দেশ্য কেইটা হ’ল—

(ক) সাক্ষাৎকাৰসূচীয়ে তথ্য সংগ্ৰহ প্ৰক্ৰিয়াটোক প্ৰণালীবদ্ধ আৰু শৃংখলাবদ্ধ কৰি তোলে। 

(খ) সাক্ষাৎকাৰ্যসূচীয়ে সাক্ষাৎকাৰকে সাক্ষাৎকাৰীক সুধিব লগা প্ৰশ্নবোৰ পেলাই দিয়ে।

(গ) সাক্ষাৎকাৰ্যসূচীয়ে আহৰণ কৰা তথ্যবোৰ সহজসাধ্য কৰি তোলে ইত্যাদি। 

সামাজিক বিজ্ঞানসম্মত গৱেষণাৰ কাৰণে সাক্ষাৎকাৰ গ্ৰহণ কৰোঁতে তলৰ দিশকেইটাৰ ওপৰত বিশেষভাৱে গুৰুত্ব দিব লাগে—

(ক) যিটো সমূহ বা জনসমষ্টিৰ পৰা সাক্ষাৎ গ্ৰহণ কৰা হ’ব সেই সমূহ বা জনসমষ্টিৰ লগত সাক্ষাৎকাৰীজনে নিবিড় সম্পর্ক স্থাপন কৰিব লাগিব। তেতিয়াহে প্ৰকৃত তথ্য আহৰণ কৰিব পাৰিব।

(খ) সাক্ষাৎ লওঁতা জন কিছুমান অন্তদৰ্শীৰ যোগেদি তথ্য সংগ্ৰহ কৌশলৰ জ্ঞান ৰাখিব লাগিব। অন্যথা কিছুমান ব্যক্তিৰ পৰা গোপন তথ্য উদ্ধাৰ কৰা সম্ভৱ নহ’ব।

(গ) সাক্ষাৎ গ্ৰহণকাৰীজনে সাক্ষাৎ গ্ৰহণৰ সময়ত সাক্ষাৎকাৰীয়ে দিয়া উত্তৰবোৰ লিপিবদ্ধ কৰি যাব লাগে। নহ’লে পাছত পাহৰি যোৱাৰ সম্ভাৱনা থাকে যিটোৰ ফলত শুদ্ধ তথ্য আহৰণৰ পৰা বঞ্চিতও হ’ব লগা হয়।

৭৩। প্রশ্নসূচীৰ সুবিধা আৰু অসুবিধাসমূহ উল্লেখ কৰা। (Mention the advantages and disadvantages of the questionnaire.)

উত্তৰঃ প্ৰশ্নসূচীৰ অসুবিধাসমূহ তলত উল্লেখ কৰা হ’ল—

(ক) পৰীক্ষাৰ্থীয়ে বা তথ্য সংগ্ৰহ কৰিবলৈ বিচৰা ব্যক্তিয়ে গৱেষকজন তেওঁৰ ওচৰত নথকাৰ বাবে প্ৰশ্নবোৰৰ প্ৰতি বিশেষ গুৰুত্ব নিদিয়ে। বহুতে উত্তৰ দিবলৈ ইচ্ছা নকৰে। বহুতে ভুল উত্তৰ লিখি পঠিয়ায়, বহুতে আকৌ একেবাৰে একো উত্তৰ নিদিয়াকৈ প্ৰশ্নসূচীখন ঘূৰাই পঠায়। ফলত গৱেষণাৰ কাম সফল নহয়।

(খ) বহুসময়ত প্রশ্নসূচীৰ উত্তৰ দিওতাসকলে গৱেষকৰ বিপথে পৰিচালিত কৰিব পাৰে। যিহেতু উত্তৰ দিওতা ব্যক্তিজন ভানুভূতিৰ ওপৰতে সম্পূর্ণ তথ্যবোৰৰ সত্যতা নিৰ্ভৰ কৰে। 

(গ) কিছুমান প্ৰশ্নৰ উত্তৰ প্ৰশ্নসূচীৰ যোগেদি আহৰণ কৰা সম্ভৱ নহয়। যিবিলাক মানুহৰ অনুভূতি জড়িত হৈ থাকে।

(ঘ) বহু সময়ত উত্তৰ দিওতাজনে প্রশ্নসূচীৰ প্ৰশ্নসমূহ বুজি নাপাবও পাৰে আৰু এই ক্ষেত্ৰত গৱেষকসকলৰ অনুপস্থিতিৰ বাবে সম্পূর্ণ শুদ্ধ উত্তৰ আশা কৰিব পৰা নাযায়। ফলত গৱেষণাৰ বিফল হৈ পৰে। 

(ঙ) নিৰক্ষৰ বা অশিক্ষিত লোকৰ পৰা এই প্রশ্নসূচীৰ সহায়ত তথ্য সংগ্ৰহ কৰা সম্ভৱ নহয়। ফলত গৱেষণাৰ শুদ্ধ তথ্য আহৰণ কৰিব পৰা নাযায়।

৭৪।  সাক্ষাৎকাৰ পদ্ধতিৰ গুৰুত্বসমূহ উল্লেখ কৰা। (Mention the importance of the interview method.)

উত্তৰঃ সাক্ষাৎকাৰ পদ্ধতি গুৰুত্ব তলত উল্লেখ কৰা হ’ল—

(ক) এখন সমাজৰ অতীত, বৰ্তমান আৰু ভৱিষ্যতৰ বিষয়ে এজন গবেষকে এই পদ্ধতিৰ সহায়েৰে তথ্য সংগ্ৰহ কৰিব পাৰে।

(খ) এই পদ্ধতিৰ যোগেদি গৱেষকে সাক্ষাৎকাৰীৰ লগত আন্তৰিক সম্পৰ্ক স্থাপন কৰি বিবাহ, অপৰাধ, হাই-কাজিয়া আদিৰ গোপন তথ্য আহৰণ কৰিব পাৰে।

(গ) এই পদ্ধতিযোগে গৱেষকদনে মাৰ্জিত আৰু সহজ-সৰল ব্যৱহাৰ আৰু কথোপকথনৰ যোগেদি অতিমাত্রা উত্তেজিত বা খণ্ডৰ ব্যক্তি পৰাও তথ্য উদ্ঘাটন কৰিব পাৰে। 

(ঘ) এই পদ্ধতিৰ যোগেদি গৱেষককে এটা সম্পূর্ণ ঘৰৱা পৰিৱেশত সৃষ্টি কৰি সামাজিক ঘটনা অন্তৰালত নিহিত হৈ থকা বহুতো শুদ্ধ তথ্য আহৰণ কৰিব পাৰে।

(ঙ) এজন গৱেষকে সাক্ষাৎকাৰ পদ্ধতিৰ যোগেদি সম্পূৰ্ণ শুদ্ধ তথ্য আহৰণ কৰিবলৈ সুবিধা পায়। এই পদ্ধতিত সাক্ষাৎকাৰী আৰু গৱেষকৰ মাজত মুখামুখি সম্পৰ্কৰ স্থাপন হয় ফলত সাক্ষাৎকাৰীয়ে আন্তৰিক সমৰ্থনেৰে শুদ্ধ তথ্য প্রকৃত তথ্য গৱেষকক যোগান ধৰে। ফলস্বৰূপে গবেষণা কার্যই সফলতা লাভ কৰে।

(ত) এই পদ্ধতিৰ যোগেদি মানুহৰ আবেগ অনুভূতি, মানসিক, দৃষ্টিভংগী, বিভিন্ন চিন্তাধাৰা আদি ব্যক্তিৰ অমূৰ্ত্ত দিশটোৰ বিষয়ে তথ্য সংগ্ৰহ কৰিব পাৰি।

(ছ) এই পদ্ধতিৰ সহায়ত গৱেষণাৰ সকলো দিশ সাক্ষাৎকাৰীক বুজায় দি তেওঁৰ মনৰ পৰা সকলোধৰণৰ ভয়, সংকোচৰ ভাৱ আঁতৰাই শুদ্ধ তথ্য আহৰণ কৰিবলৈ সফলতা অৰ্জন কৰিব পাৰি।

(জ) এই পদ্ধতিৰ যোগেদি বৰ্তমান সংঘটিত হোৱা ঘটনা বা সমস্যা ঐতিহাসিক পটভূমিত অধ্যয়ন কৰিব পাৰি। পৰিয়াল বা উত্তৰপুৰুষৰ ভিত্তিত বহুতো অপৰাধমূলক তথ্য এই পদ্ধতিৰে অধ্যয়নৰ জৰিয়তে আহৰণ কৰিব পাৰি।

৭৫। নমুনা বাছনি পদ্ধতিৰ সুবিধাসমূহ কি কি? (What are the advantages of sampling method?) 

উত্তৰঃ নমুনা বাছনি অধ্যয়নৰ সুবিধাসমুহ হ’ল—

(ক) পিয়ল পদ্ধতি প্ৰয়োগ কৰি বৃহৎ পৰিসৰৰ সামাজিক ঘটনা এটা অধ্যয়ন কৰাতো সম্ভৱ নহয়। গতিকে এনেবোৰ গৱেষণা সম্পন্ন কৰাৰ অকমাত্র বিকল্প উপায় হ’ল নমুনা বাছনিৰ যোগেদি প্ৰতিনিধিত্বমূলক সামাজিক ঘটনাক সার্থকতাৰে অধ্যয়ন কৰিব পৰাটো নমুনা বাছনিৰ কৃতিত্ব।

(খ) নমুনা বাছনিৰ দ্বাৰা বাছি লোৱা কম সংখ্যক সংখ্যক এককক অতি নিখুতভাৱে খৰচি মাৰি অধ্যয়ন কৰাৰ অৱকাশ থাকে। নমুনা বা এককৰ সংখ্যা কম হোৱাৰ বাবে গৱেষণাত মিতব্যয়িতাত লাভ কৰিব পাৰিব।

(গ) কম সংখ্যক প্রতিনিধিত্বমূললক একক অধ্যয়ন কৰিব লগা হোৱাৰ বাবে নমুনা বাছনি পদ্ধতিত প্রসাশনীয় সুবিধাও বিশদভাৱে লাভ কৰা হয়।

(ঘ) নমুনা বাছনিৰ দ্বাৰা এটা সঠিক ভাৱে নিৰ্দ্ধাৰিত জনসমষ্টিৰ পৰা সম্পূর্ণ প্রতিনিধিত্বমূলক একক নির্বাচন কৰি অধ্যয়ন কৰিব পাৰিলে তাক নিৰ্ভৰযোগ্য ফলাফল লাভ কৰিব পৰা হয়।

(ঙ) সামাজিক গৱেষণাৰ বহুতো বিষয়বস্তুৰ ক্ষেত্ৰত পিয়ল পদ্ধতি প্রয়োগ কৰিব নোৱাৰি।

৭৬। অভিপ্রায়মূলক নমুনা বাছনি পদ্ধতিৰ অসুবিধাসমূহ বৰ্ণনা কৰা। (the disadvantages of intentional sampling.)

উত্তৰঃ বহুতো সমাজতত্ববিদে অভিপ্রায়মূলক নমুনা পদ্ধতি সঠিক পদ্ধতি নহয় বুলি মত প্ৰকাশ কৰিছে, বহুতৰ মতে, অভিপ্ৰায়মূলক নমুনা বাছনি পদ্ধতিয়ে এটি জনসমষ্টিক নিৰপেক্ষভাৱে অধ্যয়ন কৰিব নোৱাৰে। ইয়াৰ উপৰিও পৰিসংখ্যামূলক গৱেষণা পদ্ধতিত অভিপ্রায়মূলক নমুনা সংগ্রহ পদ্ধতি কৃতকাৰ্য হোৱাত কিছু বাধা আছে। 

এই অধ্যয়ন পদ্ধতিৰ প্ৰধান অসুবিধাসমূহ তলত উল্লেখ কৰা হ’ল—

(ক) এটা জনসমষ্টিৰ বিষয়ে জ্ঞান নাথাকিলে অভিপ্ৰায়মূলক নমুনা বাছনিৰ কৌশল সফল হ’ব নোৱাৰে।

(খ) এটা জনসমষ্টিত অধ্যয়নৰ ফলত নিয়ন্ত্রিত অৱস্থাত নাথাকিলে অভিপ্রায়মূলক নমুনা বাছনি সফল হ’ব নোৱাৰে। বৃহৎ আকাৰৰ এটি জনসমষ্টিত এনে নমুনা বাছনি পদ্ধতি প্রয়োগ কৰাৰ অসুবিধা আহি পৰে।

(গ) যিকোনো এটি গৱেষণাত অভিপ্রায়মূলক নমুনা পদ্ধতি কিমান দূৰ কৃতকার্য হ’ব তাক প্রথম অবস্থাতে প্রমাণ কৰি চোৱাত অসুবিধা হয়।

৭৭। তথ্যৰ উৎস মানে কি বুজা? তথ্যৰ উৎসৰ বিষয়ে আলোচনা কৰা। (What does the source of the data mean? Discuss the source of the data.)

উত্তৰঃ তথ্যৰ উৎস বুলি ক’লে তথ্য সংগ্ৰহ ক’ৰ পৰা কৰা হয় তাকে বুজায়। সামাজিক গৱেষণাৰ কাৰণে সাধাৰণতে যিবোৰ তথ্য সংগ্ৰহ কৰা হয় সেই তথ্যবোৰক মূলত দুটা ভাগত ভাগ কৰা হৈছে। যেনে— 

(ক) প্রাথমিক তথ্য (Primary data)।

(খ) দ্বিতীয়ক তথ্য (Secondary data)।

প্রাথমিক তথ্যৰ মূল উৎস হ’ল সমাজৰ ব্যক্তিসকল। আনহাতে দ্বিতীয়ক তথ্যৰ উৎস দুটা সমাজ গৱেষক পি. ভি. য়ঙৰ মতে দ্বিতীয়ক তথ্যৰ উৎস দুটা হ’ল – 

(i) লিপিবদ্ধ উৎস (Documentary or written source)। আৰু 

(ii) ক্ষেত্ৰ অধ্যয়নকেন্দ্রিক উৎস (Field source)।

(i) লিপিবদ্ধ উৎস: লিপিবদ্ধ উৎস প্রকাশিত আৰু অপ্ৰকাশিত দুয়োটা ৰূপতে পোৱা যায়, লিপিবন্ধ তথ্যৰ মূল উৎসবোৰ হ’ল—

(ক) গ্রন্থালোচনী, বাতৰি কাকত ইত্যাদি।

(খ) চৰকাৰী আৰু অনাচৰকাৰী সংস্থাৰ দ্বাৰা সংগৃহীত তথ্য।

(গ) গৱেষণা আৰু জৰীপ কাৰ্যৰ প্ৰতিবেদন।

(ঘ) ঐতিহাসিক নথিপত্ৰ। আৰু

(ঙ) ব্যক্তিগত নথিপত্র ইত্যাদি।

(ii) ক্ষেত্র অধ্যয়নকাৰী উৎসঃ ক্ষেত্র অধ্যয়ন (Field study)ৰ যোগেদি গবেষকসকলে যি দ্বিতীয়ক তথ্য সংগ্ৰহ কৰে, সেই পদ্ধতিক ক্ষেত্ৰ অধ্যয়নকাৰী তথ্য বুলি কোৱা হয়।

সেই সমূহ হ’ল: 

(ক) নিৰীক্ষণ।

(খ) সাক্ষাৎকাৰ।

(গ) প্ৰশ্নসূচীৰ প্ৰয়োগ।

(ঘ) সাক্ষীৰ পৰা লাভ কৰা তথ্যপাতি ইত্যাদি।

এই সমূহৰ উপৰিও অনা কেইটামান মাধ্যমেৰেও তথ্য সংগ্ৰহ কৰা হয়, যেনে আলোচনা চক্র, ব্যক্তিগত যোগাযোগ, অনাতাঁৰ কেন্দ্ৰ, দূৰদৰ্শন ইত্যাদি।

৭৮। সামাজিক গৱেষণাত প্ৰাথমিক আৰু দ্বিতীয়ক তথ্যৰ গুৰুত্ব সম্পর্কে আলোচনা কৰা। (Discuss the importance of primary and secondary data in social studies.)

উত্তৰঃ সামাজিক গৱেষণাৰ কাৰণে সাধাৰণতে যিবোৰ তথ্য সংগ্ৰহ কৰা হয়, সেই তথ্যবোৰক প্ৰধানকৈ দুটা ভাগত ভাগ কৰা হয়। যেনে— প্রাথমিক তথ্য আৰু দ্বিতীয়ক তথ্য।

যদিও সামাজিক গৱেষণাত প্ৰাথমিক আৰু দ্বিতীয়ক তথ্য দুয়োটাৰে গুৰুত্ব আছে তথাপিও দ্বিতীয়ক তথ্যবোৰতকৈ প্ৰাথমিক তথ্যৰ গুৰুত্ব অধিক। কাৰণ, প্ৰাথমিক তথ্যবোৰ মৌলিকত্ব গুণসম্পন্ন। আনাহাতে দ্বিতীয়ক তথ্যবোৰ আগতে উদ্ঘাটন তথ্য আৰু সেইবাবে এইবোৰ সংগ্ৰহ কৰোঁতে বিশেষ সতর্কতা অৱলম্বন কৰিব লাগিব। তথ্যসমূহৰ প্ৰাসংগিকতা, নিৰ্ভৰযোগ্যতা আৰু স্থায়ীত্ব সুক্ষ্মভাৱে পৰীক্ষা কৰিহে দ্বিতীয়ক তথ্যবোৰ গ্ৰহণ কৰিব লাগে। অন্যথা, গৱেষণা বিপথগামী হ’ব পাৰে। সেইবাবে, এইবোৰ তথ্য, প্রাথমিক তথ্যৰ আলমত সংগ্ৰহ কৰিব লাগে। যথা সম্ভৱ মূল উৎসৰ পৰা দ্বিতীয়ক তথ্যবোৰ প্ৰত্যক্ষভাৱে সংগ্ৰহ কৰা উচিত।

কোনো এক বিষয় বা ঘটনাৰ ওপৰত এজন গবেষকে গবেষণা বা অধ্যয়ন চলাবলৈ যাওঁতে পূৰ্বসংগৃহীত আৰু লিপিবদ্ধ তথ্যপাতিৰ সহায় ল’বলগীয়া হয়। এই পূর্বসংগৃহীত আৰু লিপিবন্ধ তথ্যপাতিৰ সহায় ল’বলগীয়া হয়। এই পূৰ্বসংগৃহীত আৰু লিপিবদ্ধ তথ্যপাতি সমূহকে দ্বিতীয়ক তথ্যৰূপে অভিহিত কৰা হয়।

দ্বিতীয়ক তথ্যৰ প্ৰধান উৎস হৈছে চৰকাৰী বেচৰকাৰী বিভাগসমূহৰ প্ৰতিবেদন, নথি-পত্র, পুথি, আলোচনী পুস্তিকা ইত্যাদি বিলাক। চৰকাৰী প্ৰতিবেদন সমূহত বিশেষভাবে উল্লেখযোগ্য কিছুমান তথ্যপাতি থাকে। উদাহৰণস্বৰূপে কোনো এটা অঞ্চলৰ জনসংখ্যা, পৰিয়াল, জনমূৰি আয়, বার্ষিক আয়, অর্থনৈতিক ক্ষেত্ৰ ইত্যাদিৰ কথাকে ক’ব পাৰি। এই বোৰ দ্বিতীয়ক তথ্যৰ প্রধান উৎসস্বৰূপ।

ইয়াৰ উপৰিও চৰকাৰৰ কিছুমান বিশেষষৰণৰ বিভাগ আছে। এই বিভাগবিলাক যেনে— পৰিসংখ্যা বিভাগ, নায্যবিভাগ, জনসংযোগ বিভাগ ইত্যাদিয়ে সংগ্ৰহ কৰা নথি-পত্ৰ, প্ৰতিবেদন, পুস্তিকা আদিয়ে গৱেষণাৰ কামত এজন গৱেষকক সহায় কৰিব পাৰে।

এইবোৰৰ উপৰিও ব্যক্তিগত নথিপত্র, গৱেষণা আৰু জৰীপকাৰ্যৰ প্ৰতিবেদন, ঐতিহাসিক নথিপত্ৰ আদিবোৰো দ্বিতীয়ক তথ্যৰ উৎসস্বৰূপ আৰু এইবিলাকে সামাজিক গৱেষণাৰ ক্ষেত্ৰত গৱেষকক যথেষ্ট সহায় কৰে।

৭৯। নমুনাভিত্তিক অধ্যয়ন পূর্বানুমান আৰু চৰিত্ৰবোৰৰ বিষয়ে আলোচনা কৰা। (Discuss the prognosis and characters of the sample study.) 

উত্তৰঃ নমুনাভিত্তিক অধ্যয়নৰ আধাৰ বা পূর্বানুমানসমূহ (Basic postulates of case study method): কিছুমান আধাৰ বা পূর্বানুমানৰ ভিত্তিত নমুনাভিত্তিক অধ্যয়ন কৰা হয়।

সেইবোৰ হ’ল:

(ক) প্ৰথমতে, এটা এককক (Unit) অবিভাজ্য বুলি ধৰা হয়। অর্থাৎ, এটা সামাজিক এককক আংশিক বা ভাগ ভাগকৈ অধ্যয়ন কৰিব নোৱাৰি।

(খ) দ্বিতীয়তে, এটা জনসমষ্টিৰ এককবোৰৰ মাজত বিভিন্ন বৈসাদৃশ্য থাকিলেও মূল সামাজিক আৰু মানবীয় চৰিত্ৰবোৰৰ ক্ষেত্ৰত উমৈহতীয়া ঐক্য বা সাদৃশ্য থাকে বুলি ধৰা হয়। ফলত প্রতিনিধিত্বমূলক নমুনা ভিত্তিক অধ্যয়ন অর্থপূর্ণ হয়।

(গ) তৃতীয়তে, কোৱা হয় যে, সামাজিক ঘটনাসমূহ অতি জটিল প্ৰকৃতিৰ। কাৰণ, মানুহৰ আচৰণ প্ৰণালী আৰু মনস্তত্ব ও অতি জটিল। গতিকে, অন্য পৰিসাংখ্যিক পদ্ধতিৰ দ্বাৰা এই সমস্যাবোৰ অধ্যয়ন কৰাটো সম্ভৱ নহয় বুলি ধৰা হয়, একমাত্ৰ নমুনাভিত্তিক অধ্যয়নহে এই ক্ষেত্ৰত কাৰ্যকৰী পদ্ধতি।

(ঘ) চতুর্থতে, সামাজিক ঘটনাবোৰ সময় সাপেক্ষ হ’লেও অতীতৰ সৈতে ইয়াৰ নিবিড় সম্পর্ক থাকে। গতিকে নমুনাভিত্তিক অধ্যয়নৰ দ্বাৰাহে সামাজিক একক এটাৰ সম্পূৰ্ণ জীৱনচক্র বিশ্লেষণ কৰি ঘটনা এটাৰ প্ৰকৃতি নির্ণয় কৰিব পাৰি বুলি ধৰা হয়।

৮০। অভিপ্রায়মূলক নমুনা বাছনি মানে কি? অভিপ্রায়মূলক নমুনা বাছনি পদ্ধতিৰ মূল চৰিত্ৰবোৰ লিখা। (What does it mean to choose intentional samples? Write the main characters of the intentional sample selection method.)

উত্তৰঃ এজন গৱেষকে স্বপ্রণোদিত বা অভিপ্রায়মূলকভাৱে জনসমষ্টি এটাৰ পৰা নমুনাবোৰ নির্বাচন কৰিলে তাক অভিপ্রায়মূলক নমুনা বাছনি পদ্ধতি বুলি কোৱা হয়। 

এটা জনসমষ্টি নিজস্ব বৈশিষ্ট্যসম্পন্ন বেলেগ বেলেগ সৰু সৰু সমূহৰ দ্বাৰা গঠিত হ’ব পাৰে। এনে জনসমষ্টিৰ পৰা অভিপ্ৰায়মূলকভাৱে নমুনা বাছনি কৰিবলৈ হ’লে এককবোৰৰ পৰিমাপযোগ্য বৈশিষ্ট্যসমূহৰ গড় হাৰৰ ওপৰত নিৰ্ভৰ কৰিব লাগিব। উদাহৰণস্বৰূপে, এককবোৰৰ বয়স, শিক্ষা, বৃত্তি, আয়, লিঙ্গ আদিক পাৰিসাংখ্যিকভাৱে প্ৰকাশ কৰিব পাৰি। এটা জনসমষ্টিৰ সমূহবোৰৰ আকৰ বা এককৰ সংখ্যা অনুপাতে সৰু সৰু প্ৰতিনিধিত্বমূলক সমূহবোৰ নমুনা হিচাপে বাছি ল’ব পৰা যায়। এনে বাছনিক অভিপ্ৰায়মূলক বাছনি বুলি কোৱা হয়।

অভিপ্রায়মূলক নমুনা বাছনি পদ্ধতিৰ মূল চৰিত্ৰবোৰ তলত আলোচনা কৰা হ’ল— 

(ক) এটা জনসমষ্টিৰ পৰা ইচ্ছামূলকভাৱে প্ৰতিনিধিত্বমূলক নমুনা বাছনি কৰা হয় । এটা একক প্রতিনিধিত্বমূলক হ’বলৈ হ’লে জনসমষ্টিৰ মুঠ চৰিত্ৰবোৰক আনুপাতিকভাৱে বহন কৰিব লাগিব। অর্থাৎ, জনসমষ্টিটোৰ সামগ্রিক বৈশিষ্ট্যসমূহ নমুনাটোৰ আকাৰ অনুসৰি আনুপাতিকভাৱে প্রতিফলিত হ’ব লাগিব। জনসমষ্টিত থকা চলকৰ মুঠ সংখ্যাৰ অনুপাতেৰে প্রতিনিধিত্বমূলক এককটোৰ চলকৰ সংখ্যাও নিৰ্দ্ধাৰিত হ’ব লাগিব। অর্থাৎ এটা নমুনাৰ বৈশিষ্ট্য জনসমষ্টিটোৰ মুঠ এককবোৰৰ গড় বৈশিষ্ট্যৰ সৈতে সমান হ’ব লাগে। অন্যথা, অভিপ্রায়মূলকভাৱে বাছনি কৰা এককবোৰ প্ৰতিনিধিত্বমূলক নহ’ব।

(খ) অভিপ্রায়মূলক নমুনা বাছনি কৰোঁতে এজন গৱেষকে মুঠ জনসমষ্টিটোৰ বিষয়ে সম্পূর্ণ জ্ঞান আহৰণ কৰিব লাগিব। তাৰ উপৰি তেওঁ জনসমষ্টিটোৰ বা এককবোৰৰ বিভিন্ন চৰিত্ৰবোৰক পাৰিসাংখ্যিকভাৱে জোখ-মাখ কৰিব পাৰিব লাগে। 

(গ) সম্পূৰ্ণ বস্তুনিষ্ঠ বা নিৰপেক্ষ দৃষ্টিভংগীৰে পৰিচালিত হোৱা গৱেষক এজনৰ দ্বাৰাহে অভিপ্রায়মূলক নমুনা বাছনি সম্ভৱ হয়। সেইবাবে এনে বাছনিত এজনতকৈ অধিক গৱেষকে অংশ ল’ব লাগে ৷

৮১। সামাজিক ঘটনা বা সমস্যা অধ্যয়নত জৰীপ কাৰ্যৰ গুৰুত্ব কি? সামাজিক জৰীপ আৰু সামাজিক গৱেষণাৰ মাজৰ পাৰ্থক্যবোৰ উল্লেখ কৰা। (What is the importance of survey work in the study of social phenomena or problems? Mention the differences between social surveys and social studies.)

উত্তৰঃ জৰীপৰ ইংৰাজী প্রতিশব্দ “Survey” যাৰ অৰ্থ হ’ল “To took over” আৰু ইয়াৰ অসমীয়া ৰূপান্তৰ হ’ল সচেতনভাৱে পৰ্যবেক্ষণ কৰা। সামাজিক জৰীপৰ যোগেদি বিশেষ এটা সমস্যা বা ঘটনাৰ বিষয়ে কিছুমান মানুহৰ পৰা প্ৰণালীবদ্ধভাৱে তথ্যপাতিবিলাকে সমাজৰ বিভিন্ন সমস্যা, বিভিন্ন ঘটনা ইত্যাদি জানিবৰ কাৰণে সহায় কৰে। তেনেকুৱা ঘটনা বা সমস্যাবিলাকৰ বিষয়ে জৰীপ পদ্ধতিৰ যোগেদি তথ্য আহৰণ কৰাৰ পাছত সমস্যা সমাধানৰ কাৰণে কিছুমান বিশেষ ব্যৱস্থা লোৱাৰ ক্ষেত্ৰটো জৰীপ পদ্ধতিয়ে সহায় কৰে।

সামাজিক জৰীপৰ অর্থ প্রকাশ কৰোঁতে বিভিন্ন সমাজবিজ্ঞানীয়ে দিয়া সামাজিক জৰীপৰ সংজ্ঞা সম্পর্কেও মন কৰিব লাগিব। 

হাৰমেন. এন. ম’ৰচেচৰ মতে, “কোনো এক সামাজিক অৱস্থা বা সমস্যা বা জনসমষ্টিৰ উদ্দেশ্যৰে প্ৰণালীবদ্ধ আৰু বৈজ্ঞানিক পদ্ধতিৰে কৰা অধ্যয়ন কৰাকে জৰীপ বোলা হয়।”

এ. এফ. বেলচৰ মতে,“ সামাজিক জৰীপ হ’ল বিশেষকৈ শ্রমিক শ্ৰেণীৰ দৰিদ্ৰতা, ইয়াৰ প্ৰকৃতি আৰু সম্প্রদায়টোৰ সমস্যাসমূহৰ তথ্য অনুসন্ধান আৰু অধ্যয়ন।” 

পি. ভি. ইয়ংত্ৰ মতে, “সামাজিক জৰীপ মানে সামাজিক সংস্কাৰৰ বাবে গঠনমূলক আঁচনি প্রস্তুত কৰা, কোনো এক ভৌগোলিক অঞ্চলত সংঘটিত হোৱা বিঘটনমূলক কাৰ্যৰ পৰা সমাজক‌ ৰক্ষা কৰা, সমাজত বিঘটনমূলক অৱস্থাৰ অধ্যয়ন কৰি বিঘটন নিৰাময় কৰিবলৈ চেষ্টা কৰা কাৰ্য।”

ই. ডব্লিউ. বাৰগেছৰ মতে, “সামাজিক জৰীপ এনে এটা অন্তঃদমূলক পদ্ধতি যিটোৰ দ্বাৰা পৰিসংখ্যাৰ জোখমাখ আৰু তুলনামূলক মানদণ্ডৰ বিশেষ সামাজিক অৱস্থা এটাৰ অধ্যয়ন কৰা হয়।”

সামাজিক ঘটনা বা সমস্যা অধ্যয়নত জৰীপ কাৰ্যৰ গুৰুত্ব সম্পর্কে তলত উল্লেখ কৰা হ’ল—

(ক) সামাজিক জৰীপৰ সহায়ত নিৰ্দিষ্ট এটা সামাজিক ঘটনা বা সমস্যাৰ কাৰণে এটা নির্দিষ্ট ভৌগোলিক পৰিসীমাৰ ভিতৰত বসবাস কৰা জন সমাজৰ বাস্তৱ তথ্য সংগ্ৰহ কৰা সম্ভব হয়।

(খ) সামাজিক জৰীপৰ সহায়ত ব্যৱসায়িক, প্রায়োগিক আৰু কল্যাণমূলক এই দিশ কেইটাৰ প্রয়োজনীয় তথ্য সংগ্ৰহ কৰি উপযুক্ত ব্যৱস্থা গ্ৰহণৰ পদক্ষেপ গ্ৰহণ কৰিব পাৰি।

(গ) সামাজিক জনীৰ সহায়তহ’ল এটা গৱেষণাধ প্রকল্প এটা গ্রহণযোগ্য হয়নে নহয় সিদ্ধান্ত দিয়াটো সহজ হৈ পৰে।

(ঘ) সামাজিক অৰীপৰ অন্য এটা গুৰুত্বপূৰ্ণ দিশ হ’ল ই শিক্ষামূলক আৰু কল্যাণকামী কার্য সম্পাদনত বিশেষ সহায় কৰে।

(ঙ) সামাজিক জৰী পৰ দ্বাৰা চৰকাৰ, বিভিন্ন ৰাজনৈতিক দল, অর্থনৈতিক সংস্থাসমূহৰ উদ্দেশ্য সাধনত সহায় হয়।

সামাজিক জৰীপ আৰু সামাজিক গৱেষণাৰ মাজত পৰিলক্ষিত হোৱা পার্থক্যসমূহ তলত উল্লেখ কৰা হ’ল—

(ক) সামাজিক জৰীপে এটা নিৰ্দিষ্ট ভৌগোলিক সীমাৰ ভিতৰতে সীমাৱদ্ধ হৈ থাকে। কিন্তু সামাজিক গৱেষণাই সমাজৰ সমস্যাৰাজিৰ ওপৰত কেনেধৰণৰ নিয়মে ক্ৰিয়া কৰি আছে তাক উদ্ঘাটন কৰা।

(খ) সামাজিক জৰীপে কেৱল বৰ্তমান সমস্যাৰাজিৰ ওপৰতহে অধ্যয়ন কৰে। অন্যহাতে সামাজিক গৱেষণাই বৰ্তমানৰ লগতে ঐতিহাসিক ঘটনাৰ ওপৰতো অধ্যয়ন কৰে।

(গ) সামাজিক জৰীপে সামাজিক সমস্যাৰ কাৰণাত্মক দিশসমূহৰ ওপৰত অধ্যয়ন কৰি সমাধানৰ পথ দেখুৱাই দিয়ে। অন্যহাতে সামাজিক গৱেষণাই সামাজিক সমস্যাৰ কাৰণাত্মক দিশৰ সত্যাসত্য নিৰূপণ কৰে।

(ঘ) সমাজৰ অমূৰ্ত্ত ঘটনা বা আন্তঃক্ৰিয়াৰ বিষয়ে সামাজিক জীপে অধ্যয়ন নকৰে। কিন্তু সামাজিক গৱেষণাই অমূৰ্ত্ত ৰূপ, আন্তঃক্রিয়া, সামাজিক ঘটনা আদি অধ্যয়ন কৰে।

(ঙ) সামাজিক জৰীপে কোনো কোনো সময়ত অর্থনৈতিক লাভালাভৰ বাবে কাম কৰে। আনহাতে, সামাজিক গৱেষণা অর্থনৈতিক লাভালাভৰ বাবে কৰা নহয়।

(চ) সামাজিক জৰীপে সমাজৰ যিকোনো সমস্যাৰ ওপৰত তথ্য সংগ্ৰহ কৰি তাৰ সমাধানৰ পথ দেখুৱাই দিয়ে। অন্যহাতে সামাজিক গৱেষণাই সমাজৰ জ্ঞানৰ পৰিধি বৃদ্ধি কৰিবৰ কাৰণে সমাজৰ বাস্তৱ তথ্য সংগ্ৰহ কৰি তাৰ ওপৰত বস্তুনিষ্ঠ জ্ঞান লাভ কৰা। 

(ছ) সামাজিক জৰীপৰ কোনো নির্দিষ্ট প্রকল্প নাই। কিন্তু সামাজিক গৱেষণা কোনো নির্দিষ্ট প্ৰকল্পৰ ওপৰত নিৰ্ভৰ কৰে।

(জ) সামাজিক জীপে নিৰ্দিষ্ট এটা অঞ্চলৰ সমস্যাসমূহ অধ্যয়নৰ শেষত এটা সাৰ্বজনীন সিন্ধান্ত দিয়াতকৈ এটা দিশৰ বিষয়েহে সিদ্ধান্ত দিব পাৰে। কিন্তু সামাজিক গৱেষণাই সামাজিক সমস্যাৰ অধ্যয়নৰ শেষত এটা সাৰ্বজনীন সিদ্ধান্ত দিব পাৰে।

(ঝ) সামাজিক জৰীপে নিৰ্দিষ্ট এটা অঞ্চলৰ এটা সমূহৰ সমস্যাসমূহ অধ্যয়ন কৰে। অন্যহাতে সামাজিক গবেষণাই সমাজৰ অমূৰ্ত্ত ঘটনা আদি সমস্যাবোৰ অধ্যয়ন কেৰ।

(ঞ) সামাজিক জীপে গৱেষণাৰ ভেঁটি স্থাপন কৰে। কিন্তু সামাজিক গৱেষণাই গৱেষণাৰ অন্তত সিদ্ধান্ত প্রদান কৰে।

ওপৰত উল্লেখ কৰা সমূহেই হ’ল সামাজিক জৰীপ আৰু সামাজিক গৱেষণাৰ মাজত পৰিলক্ষিত হোৱা প্রধান পার্থক্য।

৮২। চমুটোকা লিখা: (Write short note)

(ক) সাক্ষাৎকাৰ সূচী (Interview Schedule)।

উত্তৰঃ সাক্ষাৎকাৰ সূচী মানে হ’ল এখন প্রশ্ন তালিকা বা সূচী, যিখন প্রত্যক্ষ সাক্ষাৎকাৰত তথ্য সংগ্ৰহ কৰিবৰ কাৰণে গৱেষকসকলে ব্যৱহাৰ কৰে। মুখামুখিভাৱে সাক্ষাৎকাৰ গ্ৰহণ কৰোতে সাক্ষাৎ গ্ৰহণকাৰীয়ে যিখন প্রশ্নতালিকা ব্যৱহাৰ কৰি প্ৰশ্ন সোধে আৰু উত্তৰসমূহ লিপিবদ্ধ কৰি যায়, সেই প্রশ্ন তালিকাখনকেই সাক্ষাৎকাৰ সূচী বুলি কোৱা হয়। সমাজতত্ত্বীয় অধ্যয়নত এতিয়ালৈকে ব্যৱহাৰ কৰা তথ্য সংগ্ৰহ পদ্ধতিৰ ভিতৰত সাক্ষাৎকাৰ সূচীৰ বিশেষ গুৰুত্ব আছে। সামাজিক জৰীপ কাৰ্যতো এই সূচী ব্যৱহাৰ কৰিব পাৰি।

সাক্ষাৎকাৰ সুচীত প্ৰধানকৈ দুই প্ৰকাৰৰ প্ৰশ্ন থাকে, এবিধ প্রত্যক্ষ আৰু আনবিধ হ’ল তালিকা (table)। সাধাৰণতে অপৰিমাণাত্মক বা গুণবোধক (Qualitative or subjective data) তথ্যবোৰ প্ৰশ্নৰ দ্বাৰা সংগ্ৰহ কৰা হয়। যেনে— মনোবৃত্তি, মতামত, পৰামৰ্শ, পছন্দ, অপছন্দ আদিৰ ওপৰত প্ৰশ্ন সোধা হয়। কিন্তু পৰিমাণাত্মক (Quantitative data) তথ্যবোৰ তালিকাৰ দ্বাৰাও সংগ্ৰহ কৰা হয়, যেনে— মানুহৰ আয়, বৃত্তি, শিক্ষা, পৰিয়ালৰ সদস্যৰ সংখ্যা আদিৰ তথ্যবোৰ তালিকাত লিপিবন্ধ কৰি যাব পাৰি।

(খ) সাক্ষাৎকাৰ নিৰ্দেশনা (Interview Guide)।

উত্তৰঃ সাক্ষাৎকাৰ প্ৰক্ৰিয়াৰ দ্বাৰা সামাজিক গৱেষণা এটাৰ তথ্যসংগ্ৰহ কৰোঁতে ‘সাক্ষাৎকাৰ নির্দেশনা’ (Interview Guide) নামৰ এক তালিকা ব্যৱহাৰ কৰা হয়। কিন্তু, এই নিদের্শনাতে সাক্ষাৎকাৰসূচী বা প্রশ্নসূচীৰ দৰে প্ৰশ্নৰ তালিকা নাথাকে। ইয়াত, মাত্র সংক্ষিপ্তভাবে গৱেষণা বিষয়বস্তুটোৰ প্ৰধান দিশ (aspect) বা শিতানবোৰ (Broad headings) লিখা থাকে। ইয়াত অধ্যয়ন ক্ষেত্র, জনসমষ্টি, নমুনা আদিৰ বিৱৰণো থাকে। সাক্ষাৎ গ্ৰহণৰ দ্বাৰা তথ্য সংগ্ৰহ কৰোঁতে নিৰ্দেশনাত থকা প্ৰতিটো দিশৰ ওপৰত তথ্য সংগ্ৰহ কৰিব লাগে। গতিকে, সাক্ষাৎকাৰ নির্দেশনাখনে সাক্ষাৎ লওঁতাৰ বাবে পথ প্ৰদৰ্শক আৰু তত্ত্বাবধায়কৰ দৰে কাম কৰে।

(গ) সংৰচিত আৰু অসংৰচিত প্রশ্নসূচী (Structured and unstructured Questions)।

উত্তৰঃ সমাজতত্ববিদ, পি ভি য়ঙে (P. V. Young) প্রশ্নসূচীক দুটা প্ৰধান ভাগত ভাগ কৰিছে ৷ সেই দুটা ভাগ হ’ল : (i)সংৰচিত প্ৰশ্নসূচী আৰু (II) অসংৰচিত প্রশ্নসূচী। সংৰচিত প্রশ্নসূচীত নির্দিষ্ট, সংগঠিত আৰু পূর্বপ্রস্তুত প্রশ্নসমূহ অন্তর্ভূক্ত কৰা হয়। এনে ধৰণৰ প্রশ্নকে সংৰচিত প্রশ্ন বোলে। এই প্রশ্নবোৰ প্ৰত্যক্ষ প্রশ্ন। সাধাৰণতে, বৃহৎ অধ্যয়নক্ষেত্র বা জনসমষ্টি এটা সামৰি লোৱা গৱেষণা বিষয় বস্তুৰ তথ্যসংগ্রহত প্রশ্নসূচী ব্যৱহাৰ কৰা হয়। আর্থ-সামাজিক সমস্যা, জনমত সম্পর্কীয় অধ্যয়ন, প্রশাসন নীতি আৰু পৰিবৰ্তনৰ বিষয়ে অধ্যয়ন, প্ৰশাসনীয় নীতি আৰু পৰিৱৰ্তনৰ বিষয়ে অধ্যয়ন, জীৱন ধাৰণৰ মানদণ্ড, গ্ৰাহকৰ ব্যয়ৰ পৰিমাপ, জনস্বাস্থ্য, শিশু কল্যাণ আৰু অন্যান্য জন সাংখ্যিক অধ্যয়নত সংৰচিত প্রশ্ন ব্যৱহাৰ কৰা হয়। 

আনহাতে অসংৰচিত প্রশ্নসূচীক পি ভি য়ঙে (P. V. Young) সাক্ষাৎকাৰ নিৰ্দেশনা (Interview Guide) হিচাপে অভিহিত কৰিছে। সাক্ষাৎকাৰ নিৰ্দেশনাত সাক্ষাৎকাৰসূচী বা প্রশ্নসূচীৰ দৰে প্রশ্নৰ তালিকা নাথাকে। ইয়াত মাত্র সংক্ষিপ্তভাৱে গবেষণা বিষয়বস্তুটোৰ প্ৰধান দিশ বা শিতানবোৰ লিখা থাকে। ইয়াত অধ্যয়নক্ষেত্র, জনসমষ্টি, নমুনা আদিৰ বিৱৰণো থাকে।

(ঘ) সাক্ষাৎকাৰ সূচীৰ উদ্দেশ্য (Objective of Interview schedule)।

উত্তৰঃ সামাজিক গৱেষণাৰ সাক্ষাৎকাৰসূচী তথ্য সংগ্ৰহ কৰিবৰ কাৰণে এটা অতি প্ৰয়োজনীয় ব্যৱস্থা, সাক্ষাৎকাৰ্যসূচীৰ অবিহনে এটা সামাজিক গৱেষণা সম্পূৰ্ণ কৰাত বহুত অসুবিধা আহি পৰে। গতিকে সামাজিক গৱেষণাৰ কাৰণে তথ্য সংগ্ৰহ কৰিবৰ উদ্দেশ্যৰেই সাক্ষাৎকাৰ্যসূচী প্ৰস্তুত কৰা হয়। সাক্ষাৎকাৰ্যসূচীৰ মুল তিনিটা উদ্দেশ্য দেখিবলৈ পোৱা যায়।

সেইবোৰ হ’ল:

(i) যিকোনো সাক্ষাৎকাৰ সূচীয়ে তথ্য সংগ্ৰহ প্ৰক্ৰিয়াটোক প্ৰণালীবদ্ধ কৰি তোলেষ।

(ii) সাক্ষাৎকাৰ সুচীয়ে সুধিব লগা প্রশ্নবোৰ গৱেষকক মনত পেলাই দিয়ে।

(iii) সাক্ষাৎকাৰ সূচীৰ যোগেদি আহৰণ কৰা তথ্যবোৰ বিশ্লেষণ কৰিবলৈ সহজ হয়।

(ঙ) নমুনা অধ্যয়নৰ বৈশিষ্ট্য (Characteristics of Case Study)।

উত্তৰঃ নমুনা অধ্যয়নৰ কিছুমান বৈশিষ্ট্য দেখিবলৈ পোৱা যায়।

তাৰে কেইটামান তলত উল্লেখ কৰা হ’ল:

(i) নমুনা অধ্যয়নৰ প্ৰথম বৈশিষ্ট্য হৈছে যে, নমুনা অধ্যয়নৰ বাবে যিটোক লৈ অধ্যয়ন কৰা হয়, সেইটোক এটা সম্পূর্ণ গোট (Unit as a whole) হিচাপে ধৰা হয়। এই গোটটো এজন ব্যক্তিও হ’ব পাৰে, বা ব্যক্তিৰ সমুহো হ’ব পাৰে। এটা গোট বা সন্থা বা সংগঠন যিয়েই নহওঁক এই গোটটোক সামগ্রিকভাৱে অধ্যয়ন কৰা হয়।

(ii) নমুনা অধ্যয়নৰ আন এটা বৈশিষ্ট্য হৈছে এই অধ্যয়ন সদায়ে সুক্ষ্মভাৱে কৰা হয় আৰু অধ্যয়নৰ দিশটো গভীৰ আৰু বিস্তৃত প্ৰকৃতিৰ হয়, অধ্যয়নৰ সকলো দিশ সামৰি অধ্যয়ন কার্য চলোৱা হয় আৰু বিভিন্ন ঘটনা বা আচৰণৰ লগত জড়িত থকা কিছুমান প্রক্রিয়া অতি সুক্ষ্মভাৱে অধ্যয়ন কৰা হয় ।

(চ) অংশগ্ৰহণকাৰী পদ্ধতি (Participatory method)।

উত্তৰঃ সামাজিক গৱেষণাত তথ্য সংগ্ৰহ পদ্ধতিয়ে অতি গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰি আহিছে। যিকোনো বৈজ্ঞানিক অধ্যয়নৰ ই এটা মূল পদক্ষেপ। সমাজতত্ত্বীয় অধ্যয়নত তথ্য সংগ্ৰহ কৰিবৰ কাৰণে কেইটামান নিৰ্দিষ্ট পদ্ধতি আছে ইয়াৰ ভিতৰত অন্যতম হৈছে অংশগ্ৰহণকাৰী পদ্ধতি, এই অংশগ্ৰহণকাৰী পদ্ধতি বা গৱেষণা সাধাৰণতে জড়িত হৈ থাকে তথ্য সংগ্ৰহৰ গুণগত পদ্ধতিসমূহৰ লগত সংখ্যাগত পদ্ধতিসমূহৰ তুলনাত গুণগত পদ্ধতিসমূহ সংখ্যাতকৈ শব্দৰ লগত অধিক জড়িত হৈ থাকে। সেয়েহে গুণগত পদ্ধতিসমূহ তথ্য সংগ্ৰহ আৰু বিশ্লেষণৰ ওপৰত আধাৰিত যিয়ে কোনো এক বিশেষ সামাজিক বাস্তৱতাৰ অংশগ্ৰহণকাৰীসকলৰ মতামতৰ ওপৰত নিৰ্ভৰ কৰে।

অংশগ্ৰহণকাৰী পদ্ধতিত বিভিন্ন প্ৰকাৰৰ তথ্য সংগ্ৰহৰ কৌশল ব্যৱহাৰ কৰা হয়। 

(ক) অংশগ্রহণমূলক শুনানী আৰু পৰ্যবেক্ষণ।

(খ) দৃশ্য আহিলাসমূহ যেনে— মানচিত্র, দৈনন্দিন কার্যকলাপ নক্সা।

(গ) অর্ধ সংৰচিত সাক্ষাৎকাৰ। 

(ঘ) সামূহিক আলোচনা আদি।

(ছ) গৌণ তথ্য (Secondary data)।

উত্তৰঃ যিবোৰ সমূহৰ সদস্যসকলৰ সম্বন্ধ কিছুমান নিৰ্ধাৰিত বা উপচাৰিক নিয়মৰ দ্বাৰা নিয়ন্ত্ৰিত আৰু সেই অনুক্ৰমে যি সকলৰ সম্বন্ধ নিৰ্ধাৰিত কামৰ ভিতৰতে গঠিত তেনে সমূহক দ্বিতীয়ক সমূহ বুলি কোৱা হয়। এই তথ্য পৰোক্ষ উৎসৰ পৰা সংগ্ৰহ কৰা হয়। এনে তথ্য প্রকাশিত আৰু অপ্ৰকাশিত দুয়োটা ৰূপতে পোৱা যায়।

(জ) নিয়ন্ত্রিত পর্যবেক্ষণ (Controlled observation)।

উত্তৰঃ নিয়ন্ত্ৰিত পৰ্যবেক্ষণত সামাজিক ঘটনাৰ পৰিৱেশ আৰু পৰ্যবেক্ষকৰ ওপৰত নিয়ন্ত্ৰণ আৰোপ কৰা হয়। এই প্ৰক্ৰিয়াত এটা সামাজিক ঘটনাক অনুৰূপ পৰিৱেশত বাৰম্বাৰ পৰ্যবেক্ষণ কৰা হয়। অর্থাৎ, এটা সামাজিক ঘটনাক ইয়াৰ মূল পৰিৱেশৰ অনুৰূপ, কিন্তু নিয়ন্ত্ৰিত পৰিৱেশত পৰ্যবেক্ষণ কৰা হয়। অর্থাৎ, বিভিন্ন পৰিৱেশত এটা সামাজিক ঘটনাক পৰ্যবেক্ষণ কৰি লাভ কৰা তথ্যবোৰৰ পাৰ্থক্য উলিওৱা হয়। পর্যবেক্ষক এজনৰ পক্ষপাতিত্বমূলক ভাবধাৰাৰ পৰা মুক্ত ৰাখি সামাজিক ঘটনা এটাক বস্তুনিষ্ঠভাৱে অধ্যয়ন কৰাটোৱেই এনে পৰ্যবেক্ষণৰ উদ্দেশ্য। সামাজিক ঘটনাৰ ওপৰত নিয়ন্ত্ৰণ আৰোপ কৰাটো অৱশ্যে অতি কঠিন কাম। কিন্তু, এটা সামাজিক ঘটনা উদ্ভৱ হোৱা সমূহ বা জনসমষ্টিটোৰ ওপৰত কিছু নিয়ন্ত্ৰণ আৰোপ কৰিব পাৰি।

নিয়ন্ত্রিত পর্যবেক্ষণ পদ্ধতিত পর্যবেক্ষকজনৰ ওপৰত নিয়ন্ত্ৰণ আৰোপ কৰিহে বিশেষ সফলতা লাভ কৰিব পাৰি। এইক্ষেত্ৰত গৱেষকজনে নিজেই নিয়ন্ত্রিতভাৱে পর্যবেক্ষণ চলাব পাৰে।

নাইবা, তেওঁক বাহিৰৰ পৰা নিয়ন্ত্ৰণ কৰিব পাৰি। সাধাৰণতে, সাক্ষাৎকাৰসূচী, প্রশ্নতালিকা আদিৰ প্ৰয়োগ, গৱেষণা নিৰ্দেশনা ব্যৱহাৰ, ফটো ফিল্মৰ ব্যৱহাৰ, বিভিন্ন যান্ত্ৰিক কৌশল প্রয়োগ আদিৰ যোগেদি পৰ্যবেক্ষণ কাৰ্যত নিয়ন্ত্ৰণ আৰোপ কৰা হয়। তাৰ উপৰি পৰ্যবেক্ষণ কাৰ্যত বিভিন্ন পৰিমাপ পদ্ধতি প্ৰয়োগ কৰি আৰু পৰ্যবেক্ষকৰ পৰা লাভ কৰা তথ্যসমূহৰ শৃংখলাবদ্ধ ‘ৰেকৰ্ড’ প্ৰস্তুত কৰিও নিয়ন্ত্ৰণ আৰোপ কৰিব পৰা যায় ।

(ঝ) নমুনা বাছনি পদ্ধতি (Sample selection method)।

উত্তৰঃ সামাজিক গৱেষণা আৰু জৰীপকাৰ্যত ব্যৱহৃত হোৱা এটা পদ্ধতি হৈছে নমুনা বাছনি পদ্ধতি। যেতিয়া এটা অধ্যয়নক্ষেত্র বা জনসমূহৰ পৰা নিৰ্দিষ্ট সংখ্যক প্ৰতিনিধিত্বমূলক একক নির্বাচন কৰি অধ্যয়ন কৰা বা তথ্যসংগ্ৰহ কৰা হয় তেতিয়া তাক নমুনা বাছনি পদ্ধতি বোলে। অর্থাৎ নমুনা পদ্ধতিত জনসমষ্টিৰ প্ৰতিটো এককৰ পৰা তথ্যসংগ্ৰহ কৰা নহয়; জনসমষ্টিটোক প্রতিনিধিত্ব কৰিব পৰা সীমিত সংখ্যক একক বাছনি কৰি সেইবোৰৰ পৰা তথ্য সংগ্ৰহ কৰা হয়।

গোড় আৰু হাটৰ মতে নমুনা হ’ল এটা বৃহৎ সমূহৰ সৰু প্ৰতিনিধি।

পি.ভি.য়ুঙৰ মতে, এটা জনসমষ্টিৰ প্ৰত্যেকটো একক অধ্যয়ন কৰাৰ পৰিৱৰ্তে নমুনা বাছনিৰ সহায়ত কিছুসংখ্যক এককক বাছনি আৰু অধ্যয়ন কৰি ফলাফল নিৰ্দ্ধাৰণ কৰা হয়।

গতিকে, নমুনা পদ্ধতি বুলিলে এটা জনসমষ্টিৰ পৰা কমসংখ্যক এককক নমুনা হিচাপে বাছি লৈ সামাজিক ঘটনা এটা অধ্যয়ন কৰাকে বজায়। এই নমুনাবোৰে জনসমষ্টিটোক প্রতিনিধিত্ব কৰে। নমুনাবোৰক অধ্যয়ন কৰি যিবোৰ তথ্যপাতি পোৱা হয় সেইবোৰক বিশ্লেষণ কৰি সামাজিক ঘটনা এটাৰ সাধাৰণ ফলাফল নিৰ্দ্ধাৰণ কৰা হয়।

এইখিনিতে এটা কথা উল্লেখ কৰিব পাৰি যে নমুনা বাছনিত ‘জনসমূহ’ বা ‘জনসমষ্টিৰ’এক পৃথক গুৰুত্ব আৰু অৰ্থ আছে। এটা গৱেষণা বিষয়বস্তুৱে সামৰি লোৱা এককবোৰৰ সমষ্টিয়েই হ’ল জনসমষ্টি বা অধ্যয়ন সমূহ। কিন্তু সামাজিক গৱেষণাৰ বিষয়বস্তুৰ প্ৰকৃতি অনুসৰি জনসমষ্টি বা Population বা Universe ৰ অৰ্থ বেলেগ বেলেগ হ’ব পাৰে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top