Research Methods – II Unit 2 তথ্য সংগ্ৰহৰ পদ্ধতিসমূহ, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Research Methods – II Unit 2 তথ্য সংগ্ৰহৰ পদ্ধতিসমূহ Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Research Methods – II Unit 2 তথ্য সংগ্ৰহৰ পদ্ধতিসমূহ Question Answer can be of great value to excel in the examination.
Research Methods – II Unit 2 তথ্য সংগ্ৰহৰ পদ্ধতিসমূহ
Research Methods – II Unit 2 তথ্য সংগ্ৰহৰ পদ্ধতিসমূহ Notes cover all the exercise questions in UGC Syllabus. Research Methods – II Unit 2 তথ্য সংগ্ৰহৰ পদ্ধতিসমূহ provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.
Methods of Data Collection
SOCIOLOGY
RESEARCH METHODS – II
(গৱেষণা পদ্ধতি – II)
অতি চমু প্রশ্নোত্তৰঃ
(ক) শুদ্ধ উত্তৰটো বাছি উলিওৱা: (Choose the correct answer.)
১। Scientific Social Survey and Research নামৰ গ্ৰন্থ খনৰ ৰচক কোন? (Who is the author of the book “Scientific Social Survey and Research”?)
(ক) বি. এন. ঘোষ (BN.Ghosh).
(খ) গুড আৰু হাট্ (Goode and Hatt).
(গ) পি. ভি. ইয়ং (P.V. Yong).
উত্তৰঃ (গ) পি. ভি. ইয়ং।
২। বৈশিষ্ট্যৰ দিশৰ পৰা ভাৰতৰ লোকপিয়লক কি বুলি জনা যায়? (In terms of features, what is known as the census of India.)
(ক) সামাজিক গৱেষণা (Social research).
(খ) সামাজিক জৰীপ (Social survey).
(গ) ভাৰতীয় ইতিহাস (Indian history).
উত্তৰঃ (খ) সামাজিক জৰীপ।
৩ । তোমাৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত গ্রন্থসমূহক কোন শ্ৰেণীৰ তথ্যৰ উৎস বুলি ধৰা হয়? (In terms of features, what is known as the census of India.)
(ক) প্রাথমিক তথ্য (Primary Data).
(খ) দ্বিতীয়ক তথ্য (Secondary Data).
উত্তৰঃ (খ) দ্বিতীয়ক তথ্য।
৪ | বৈশিষ্ট্যৰ দিশৰ পৰা ভাৰতৰ লোকপিয়লক কি বুলি জনা যায়? (What is the census of India in terms of features?)
(ক) সামাজিক গৱেষণা (Social research).
(খ) সামাজিক জৰীপ (Social survey).
(গ) ভাৰতীয় ইতিহাস (Indian history).
উত্তৰঃ (গ) সামাজিক জৰীপ।
৫ | তালিকাকৰণ এটা পদ্ধতি যাৰ সহায়ত আমি চিহ্নিত কৰোঁ— (Listing is a method by which we identify-)
(ক) গৱেষণা অবিকল্প (Research design).
(খ) নমুনাৰ প্ৰকাৰ (Sample type).
(গ) তথ্যৰ পদ্ধতিগত ব্যবস্থা (Systematic arrangement of data).
উত্তৰঃ(গ) তথ্যৰ পদ্ধতিগত ব্যৱস্থা।
৬ | মুখামুখিভাবে প্রশ্ন কৰি বা কথোপকথনৰ জৰিয়তে তথ্য সংগ্ৰহ কৰিবৰ বাবে যি সূচী প্ৰস্তুত কৰা হয় তাক কোৱা হয় — (The questionnaire that is prepared for gathering data ough face-to-face questions or conversations is called-)
(ক) প্রশ্নসূচী (Questionnaire).
(খ) সাক্ষাৎকাৰ্যসূচী ( Interview schedule).
(গ) সাক্ষাৎকাৰ নিৰ্দেশনা (Interview instructions).
উত্তৰঃ (খ) সাক্ষাৎকাৰসূচী।
৭ | প্রাকৃতিক বা স্বাভাৱিক পৰিৱেশত মানুহৰ আচৰণ, কার্যকলাপ, ঘটনা আদি পর্যবেক্ষণ টোক কোৱা হয়— (Observing human behavior, events, etc. in a natural environment is called-)
(ক) অনিয়ন্ত্রিত পর্যবেক্ষণ (Uncontrolled observation).
(খ) অংশগ্রহী পর্যবেক্ষণ (Participant observation).
(গ) নিয়ন্ত্রিত পর্যবেক্ষণ (Controlled observation).
উত্তৰঃ (ক) অনিয়ন্ত্রিত পর্যবেক্ষণ।
৮। তোমাৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত গ্রন্থসমূহক কোন শ্ৰেণীৰ তথ্যৰ উৎস বুলি ধৰা হয়? (Which class of data is considered to be the textbooks included in your syllabus?)
(ক) প্রাথমিক তথ্য (Primary data).
(খ) দ্বিতীয়ক তথ্য (Secondary data).
উত্তৰঃ (খ) দ্বিতীয়ক তথ্য।
৯ | তোমাৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত গ্রন্থসমূহক কোন শ্ৰেণীৰ তথ্যৰ উৎস বুলি ধৰা হয়? (What class of data are the textbooks included in your syllabus?)
(ক) প্রাথমিক তথ্য (Preliminary data.)
(খ) দ্বিতীয়ক তথ্য (Secondary data.)
(গ) তৃতীয়ক তথ্য (Tertiary data.)
উত্তৰঃ (খ) দ্বিতীয়ক তথ্য।
১০। বৈশিষ্ট্যৰ দিশৰ পৰা ভাৰতৰ লোকপিয়লক কি বুলি জনা যায়? (What is known as Indian census in terms of features?)
(ক) সামাজিক গৱেষণা (Social research).
(খ) সামাজিক জৰীপ (Social survey).
(গ) ভাৰতীয় ইতিহাস (Indian history).
উত্তৰঃ (ক) সামাজিক জৰীপ।
চমু আৰু ৰচনাধৰ্মী প্রশ্নোত্তৰ
১ | তথ্যৰ উৎস বুলিলে কি বুজা? (What do you mean by source of data?)
উত্তৰঃ তথ্যৰ উৎস মানে হ’ল তথ্য সংগ্ৰহ ক’ৰ পৰা কৰা হয় তাকে বুজা যায়৷
২ | প্রাথমিক তথ্যৰ মূল উৎস কি? (What is the main source of preliminary data?)
উত্তৰঃ প্ৰাথমিক তথ্যৰ মূল উৎস হ’ল ব্যক্তি সমাজৰ ব্যক্তিসকল।
৩| তথ্যৰ শ্ৰেণীকৰণ মানে কি? (What is data classification?)
উত্তৰঃ তথ্যৰ শ্ৰেণীকৰণ মানে হ’ল কোনো এটা সামাজিক গৱেষণাৰ কাৰণে সংগ্ৰহ কৰা তথ্যসমূহ পৰিসাংখ্যিকভাৱে আৰু শৃংখলাবদ্ধভাৱে শ্ৰেণীকৰণ কৰা।
৪ | “Methods in Social Research” নামৰ গ্ৰন্থখনৰ ৰচক কোন? (Who is the author of the book “Methods in Social Research”?)
উত্তৰঃ পি. ভি. ইয়াং।
৫। বিভিন্ন ধৰণৰ চ’চিয়মেট্রিক স্কেলসমূহ কি কি? (What are the different types of sociometric scales?)
উত্তৰঃ বিভিন্নধৰণৰ চ’চিয়মেট্রিক স্কেলসমূহ হ’ল-
(ক) পইণ্ট স্কেল।
(খ) ৰেচিং স্কেল আৰু বগাদাস চ’চিয়েল ডিটেক্ট স্কেল।
৬ | তথ্যৰ উৎস বুলিলে কি বুজা? (What do you mean by source of data?)
উত্তৰঃ তথ্যৰ উৎস মানে হ’ল তথ্য সংগ্ৰহ ক’ৰ পৰা কৰা হয় তাকে বুজা যায়।
৭ | প্রাথমিক তথ্যৰ মূল উৎস কি? (What is the main source of primary data?)
উত্তৰঃ প্ৰাথমিক তথ্যৰ মূল উৎস হ’ল ব্যক্তি সমাজৰ ব্যক্তিসকল।
৮ | সামাজিক গৱেষণাৰ কাৰণে সংগ্ৰহ কৰা তথ্যসমূহক কি বোলে? (What is the information collected due to social research?)
উত্তৰঃ তথ্যৰ শ্ৰেণীকৰণ বোলে।
৯ | ‘Survey’ শব্দটোৰ অভিধানিক অর্থ কি? (What is the lexical meaning of the word ‘survey’?)
উত্তৰঃ ‘Survey’ শব্দৰ অভিধানিক অর্থ হ’ল ‘to look over’।
১০। জৰীপ শব্দৰ অসমীয়া অর্থ কি? (What is the Assamese meaning of the word survey?)
উত্তৰঃ জৰীপৰ অসমীয়া অৰ্থ হ’ল সচেতনভাৱে পৰ্যবেক্ষণ কৰা।
১১। অংশগ্ৰহণকাৰী পৰ্যবেক্ষণ বুলিলে কি বুজা? (What do you mean by participant observation?)
উত্তৰঃ যিটো পৰ্যবেক্ষণত গৱেষকজনে গৱেষণা সংক্রান্তত প্রয়োজনীয় তথ্যসমূহ বা এটা অঞ্চলৰ মানুহৰ লগত নিজে আন্তৰিকতাৰ মাজেৰে মিলিজুলি সেই সমূহটোৰে এজন সদস্যৰ নিচিনাকৈ থাকি তথ্য সংগ্ৰহ কৰা কাৰ্য সম্পাদিত কৰে, তেনে পর্যবেক্ষণকে অংশগ্ৰহণকাৰী পর্যবেক্ষণ বোলা হয়।
১২ । যিবোৰ তথ্য আন কোনো উৎসৰ পৰা বা আনৰ ওপৰত নিৰ্ভৰ কৰি তথ্য সংগ্ৰহ কৰা হয় তাক কি তথ্য বোলা হয়? (What is information that collects information from another source or relies on another?)
উত্তৰঃ দ্বিতীয়ক তথ্য বোলা হয়।
১৩। প্রশ্নসূচী বুলিলে কি বুজা? (What do you mean by questionnaire?)
উত্তৰঃ প্ৰশ্নসূচী বুলিলে প্রশ্নবিলাক সাক্ষাৎকাৰীৰ মাজত বিলাই দি তেওঁলোকক প্ৰশ্নবোৰ চাই উত্তৰ দিবলৈ দিয়া হয়। এই প্রশ্নবোৰ উত্তৰ সাক্ষাৎকাৰীয়ে গৱেষণাৰ লগত দেখা দেখি নোহোৱাকৈয়ে নিজে নিজে দিয়ে বা ডাকযোগে প্ৰেৰন কৰিব লাগে। এনেদৰে সাক্ষাৎকাৰীয়ে নিজে নিজে দিবলগা উত্তৰ প্ৰশ্নৰ তালিকাকে প্রশ্নসূচী বোলা হয়।
১৪। নিয়ন্ত্রিত পর্যবেক্ষণ বুলিলে কি বুজা? (What do you mean by controlled observation?)
উত্তৰঃ যি পৰ্যবেক্ষণৰ দ্বাৰা সামাজিক ঘটনাক নিয়ন্ত্ৰিত ৰাশি তথ্য সংগ্ৰহৰ ব্যৱস্থা আছে, যাৰ দ্বাৰা সামাজিক ঘটনাৰ পৰিৱেশ আৰু পৰ্যবেক্ষণৰ ওপৰত নিয়ন্ত্রিত ব্যৱস্থা আৰোপ কৰা হয় সেই পর্যবেক্ষণকে নিয়ন্ত্রিত পর্যবেক্ষণ বোলা হয়।
১৫। তথ্য সংগ্ৰহৰ অন্যান্য উৎসসমূহ কি কি? (What are the other sources of data collection?)
উত্তৰঃ তথ্য সংগ্ৰহৰ অন্যান্য উৎসমূহ হ’ল—
(ক) আলোচনাচক্র।
(খ) ব্যক্তিগত যোগাযোগ।
(গ) অনাতাঁৰ কেন্দ্ৰ। আৰু
(ঘ) দূৰদৰ্শন ইত্যাদি।
১৬। দ্বিতীয়ক তথ্য বুলিলে কি বুজা? (What do you mean by secondary data?)
উত্তৰঃ যিবোৰ তথ্য আন কোনো উৎসৰ পৰা বা আনৰ ওপৰত নিৰ্ভৰ কৰি তথ্য সংগ্ৰহ কৰা হয় বা যিবোৰ তথ্য আগতে সংগ্ৰহ আৰু লিপিবদ্ধ অৱস্থাত থাকে তেনে তথ্যক দ্বিতীয় তথ্য বোলা হয়।
১৭। পর্যবেক্ষণ মানে কি? (What does observation mean?)
উত্তৰঃ কোনো এটা ঘটনাক অন্তর্দৃষ্টিৰে আলোকপাত কৰি তাৰ প্ৰকৃতি আৰু স্বৰূপ বুজিবলৈ চেষ্টা কৰা প্ৰক্ৰিয়াই হ’ল পর্যবেক্ষণ। সেয়েহে, নিৰীক্ষণক এক অভিপ্রায়মূলক প্রত্যক্ষ (Perception) বুলি ক’ব পাৰি। সকলো বৈজ্ঞানিক গৱেষণাৰ বাবে পৰ্যবেক্ষণ হ’ল এক প্ৰাথমিক আৰু উমৈহতীয়া পদ্ধতি ।
১৮। অংশগ্রহণমূলক পর্যবেক্ষণ (Participant Observation) বুলিলে কি বুজা? (what do you mean Participant Observation?)
উত্তৰঃ যি পৰ্যবেক্ষণত গৱেষকজনে গৱেষণা সংক্রান্তত প্রয়োজনীয় তথ্যসমূহ সংগ্ৰহ কৰিবৰ বাবে এটা জনসমূহ বা অঞ্চলৰ মানুহৰ লগত নিজে আন্তৰিকতাৰ মাজেৰে মিলিজুলি সেই সমুহটোৰ এজন সদস্যৰ দৰে হৈ তথ্য কাৰ্য সম্পাদিত কৰে। তেনে পর্যবেক্ষণক অংশগ্ৰহণকাৰী পর্যবেক্ষণ (Participant Observation) বোলা হয়।
১৯। ক্ষেত্ৰ নিৰীক্ষণ কি? (What is Field Observation)
উত্তৰঃ ক্ষেত্ৰ নিৰীক্ষণ (Field Observation) ৰ অৰ্থ হ’ল সামাজিক ঘটনা এটা অধ্যয়ন কৰিবলৈ নিৰ্ধাৰিত সমূহ বা জনসমষ্টিটোক নিৰীক্ষণ কৰা আৰু তথ্য সংগ্ৰহ কৰা। অর্থাৎ,অধ্যয়ন ক্ষেত্ৰত তথ্য সংগ্ৰহৰ বাবে চলোৱা নিৰীক্ষণ কাৰ্যই হ’ল ক্ষেত্ৰ নিৰীক্ষণ পৰ্যবেক্ষণ।
২০ | চৰকাৰী আৰু অনাচৰকাৰী সংস্থাৰ দ্বাৰা আহৰণ কৰা তথ্য মানে কি? (What is the meaning of data gathered by government and non-government organisations?)
উত্তৰঃ চৰকাৰী আৰু অনাচৰকাৰী সংস্থাৰ দ্বাৰা সংগৃহীত তথ্যবোৰ হৈছে দ্বিতীয়ক তথ্যৰ উদাহৰণ। চৰকাৰী তথ্যৰ ভিতৰত প্ৰথম আৰু প্ৰয়োজনীয় তথ্য হ’ল লোকপিয়লৰ প্ৰতিবেদন। এই লোকপিয়লৰ পৰা প্ৰয়োজনীয় অনেক ধৰণৰ তথ্যপাতি যেনে— জনসংখ্যা, জনসংখ্যাৰ ঘনত্ব, জন্ম মৃত্যুৰ হাৰ, পুৰুষ-মহিলাৰ সংখ্যা, চাকৰিয়াল আৰু নিবনুৱাৰ সংখ্যা বৃত্তি, নগৰ আৰু গাঁৱৰ সংখ্যা, গাওঁ আৰু নগৰৰ জনসংখ্যাৰ পৰিমাণ, শিক্ষিত সংখ্যা ইত্যাদিৰ বিষয়ে সবিশেষ তথ্য পোৱা যায়।
ইয়াৰ উপৰিও চৰকাৰৰ বিভিন্ন কিছুমান তথ্য সংগ্ৰহ কৰি ৰাখে। যেনে আৰক্ষী বিভাগ, কাৰাগাৰ বিভাগ, প্রশাসন বিভাগ, নির্বাচনী বিভাগ ইত্যাদি বেলেগ বেলেগ বিভাগে তেওঁলোক প্রয়োজনীয় তথ্যবিলাক সংগ্ৰহ কৰি ৰাখে। এই বিভাগীয় প্রতিবেদনবিলাকৰ পৰা বহুবোৰ দ্বিতীয়ক তথ্য সংগ্ৰহ কৰা হয়।
২১। লিপিবদ্ধ তথ্যৰ মূল উৎসবোৰ কি কি? (What are the sources of recorded data?)
উত্তৰঃ লিপিবদ্ধ তথ্যৰ উৎস প্রকাশিত আৰু অপ্ৰকাশিত দুয়োটা ৰূপতে পোৱা যায়।
লিপিবদ্ধ তথ্যৰ মূল উৎসবোৰ হ’ল:
(ক) গ্রন্থালোচনী, বাতৰিকাকত ইত্যাদি।
(খ) চৰকাৰী আৰু অনাচৰকাৰী সংস্থাৰদ্বাৰা সংগৃহীত তথ্য।
(গ) গৱেষণা আৰু জৰীপ কাৰ্যৰ প্ৰতিবেদন।
(ঘ) ঐতিহাসিক নথিপত্ৰ। আৰু
(ঙ) ব্যক্তিগত নথিপত্র, ইত্যাদি।
২২। নমুনাৰ ভাগবোৰ কি কি? (What are the parts of the sample?)
উত্তৰঃ নমুনাৰ ভাগবোৰ হ’ল—
(ক) যাদৃচ্ছিক নমুনা বাছনি পদ্ধতি (Random Sampling)।
(খ) অভিপ্রায়মূলক নমুনা বাছনি পদ্ধতি (Purposive sampling)।
(গ) স্তৰীকৃত নমুনা (Stratified Sampling)।
(ঘ) ভাগ বিতৰণ নমুনা(Quota Sampling)।
(ঙ) বহুপর্যায়ী নমুনা বাছনি (Multistage Sampling)।
(চ) সুবিধাজনক নমুনা বাছনি (Convenience Sampling)।
(ছ) স্ব-নির্বাচিত নমুনা বাছনি (Self-selected sampling)।
২৩। সামাজিক ঘটনা বা সমস্যা অধ্যয়নত জৰীপ কাৰ্যৰ গুৰুত্ব কি? সামাজিক জৰীপ আৰু সামাজিক গৱেষণাৰ মাজৰ পাৰ্থক্যবোৰ উল্লেখ কৰা৷ (What is the importance of survey work in the study of social phenomena or problems? Mention the differences between social surveys and social studies.)
উত্তৰঃ জৰীপৰ ইংৰাজী প্রতিশব্দ “Survey” যাৰ অৰ্থ হ’ল “To took over” আৰু ইয়াৰ – অসমীয়া ৰূপান্তৰ হ’ল সচেতনভাৱে পৰ্যবেক্ষণ কৰা। সামাজিক জৰীপৰ যোগেদি বিশেষ এটা সমস্যা বা ঘটনাৰ বিষয়ে কিছুমান মানুহৰ পৰা প্ৰণালীবদ্ধভাৱে তথ্যপাতিবিলাকে সমাজৰ বিভিন্ন সমস্যা, বিভিন্ন ঘটনা ইত্যাদি জানিবৰ কাৰণে সহায় কৰে। তেনেকুৱা ঘটনা বা সমস্যাবিলাকৰ বিষয়ে জৰীপ পদ্ধতিৰ যোগেদি তথ্য আহৰণ কৰাৰ পাছত সমস্যা সমাধানৰ কাৰণে কিছুমান বিশেষ ব্যৱস্থা লোৱাৰ ক্ষেত্ৰটো জৰীপ পদ্ধতিয়ে সহায় কৰে।
সামাজিক জৰীপৰ অৰ্থ প্ৰকাশ কৰোঁতে বিভিন্ন সমাজবিজ্ঞানীয়ে দিয়া সামাজিক জৰীপৰ সংজ্ঞা সম্পর্কেও মন কৰিব লাগিব।
হাৰমেন. এন. ম’ৰচেচৰ মতে, “কোনো এক সামাজিক অৱস্থা বা সমস্যা বা জনসমষ্টিৰ উদ্দেশ্যৰে প্ৰণালীবদ্ধ আৰু বৈজ্ঞানিক পদ্ধতিৰে কৰা অধ্যয়ন কৰাকে জৰীপ বোলা হয়।
” এ. এফ. ৱেলচৰ মতে, “ সামাজিক জৰীপ হ’ল বিশেষকৈ শ্রমিক শ্ৰেণীৰ দৰিদ্ৰতা, ইয়াৰ প্ৰকৃতি আৰু সম্প্রদায়টোৰ সমস্যাসমূহৰ তথ্য অনুসন্ধান আৰু অধ্যয়ন।”
পি. ভি. ইয়ংৰ মতে, “সামাজিক জৰীপ মানে সামাজিক সংস্কাৰৰ বাবে গঠনমূলক আঁচনি প্ৰস্তুত কৰা,কোনো এক ভৌগোলিক অঞ্চলত সংঘটিত হোৱা বিঘটনমূলক কাৰ্যৰ পৰা সমাজক ৰক্ষা কৰা,সমাজত বিঘটনমূলক অৱস্থাৰ অধ্যয়ন কৰি বিঘটন নিৰাময় কৰিবলৈ চেষ্টা কৰা কার্য।”
ই. ডব্লিউ. বাৰগেছৰ মতে, “সামাজিক জৰীপ এনে এটা অন্তঃদ্বন্দ্বমূলক পদ্ধতি যিটোৰ দ্বাৰা পৰিসংখ্যাৰ জোখমাখ আৰু তুলনামূলক মানদণ্ডৰ বিশেষ সামাজিক অৱস্থা এটাৰ অধ্যয়ন কৰা হয়।”
সামাজিক ঘটনা বা সমস্যা অধ্যয়নত জৰীপ কাৰ্যৰ গুৰুত্ব সম্পর্কে তলত উল্লেখ কৰা হ’ল-
(ক) সামাজিক জৰীপৰ সহায়ত নিৰ্দিষ্ট এটা সামাজিক ঘটনা বা সমস্যাৰ কাৰণে এটা নিৰ্দিষ্ট ভৌগোলিক পৰিসীমাৰ ভিতৰত বসবাস কৰা জন সমাজৰ বাস্তৱ তথ্য সংগ্ৰহ কৰা সম্ভৱ হয়।
(খ) সামাজিক জৰীপৰ সহায়ত ব্যৱসায়িক, প্রায়োগিক আৰু কল্যাণমূলক এই দিশ কেইটাৰ প্রয়োজনীয় তথ্য সংগ্ৰহ কৰি উপযুক্ত ব্যৱস্থা গ্ৰহণৰ পদক্ষেপ গ্ৰহণ কৰিব পাৰি ।
(গ) সামাজিক জৰীপৰ সহায়ত এটা গৱেষণাৰ প্ৰকল্প এটা গ্রহণযোগ্য হয়নে নহয় সিদ্ধান্ত দিয়াটো সহজ হৈ পৰে।
(ঘ) সামাজিক জৰীপৰ অন্য এটা গুৰুত্বপূৰ্ণ দিশ হ’ল ই শিক্ষামূলক আৰু কল্যাণকামী কার্য সম্পাদনত বিশেষ সহায় কৰে।
(ঙ) সামাজিক জৰীপৰ দ্বাৰা চৰকাৰ, বিভিন্ন ৰাজনৈতিক দল, অর্থনৈতিক সংস্থাসমূহৰ উদ্দেশ্য সাধনত সহায় হয় ।
সামাজিক জৰীপ আৰু সামাজিক গৱেষণাৰ মাজত পৰিলক্ষিত হোৱা পাৰ্থক্যসমূহ তলত উল্লেখ কৰা হ’ল—
(ক) সামাজিক জীপে এটা নিৰ্দিষ্ট ভৌগোলিক সীমাৰ ভিতৰতে সীমাৱদ্ধ হৈ থাকে। কিন্তু সামাজিক গৱেষণাই সমাজৰ সমস্যাৰাজিৰ ওপৰত কেনেধৰণৰ নিয়মে ক্ৰিয়া কৰি আছে তাক উদ্ঘাটন কৰা।
(খ) সামাজিক জৰীপে কেৱল বৰ্তমান সমস্যাৰাজিৰ ওপৰতহে অধ্যয়ন কৰে। অন্যহাতে সামাজিক গৱেষণাই বৰ্তমানৰ লগতে ঐতিহাসিক ঘটনাৰ ওপৰতো অধ্যয়ন কৰে।
(গ) সামাজিক জৰীপে সামাজিক সমস্যাৰ কাৰণাত্মক দিশসমূহৰ ওপৰত অধ্যয়ন কৰি সমাধানৰ পথ দেখুৱাই দিয়ে। অন্যহাতে সামাজিক গৱেষণাই সামাজিক সমস্যাৰ কাৰণাত্মক দিশৰ সত্যাসত্য নিৰূপণ কৰে।
(ঘ) সমাজৰ অমূর্ত ঘটনা বা আন্তক্ৰিয়াৰ বিষয়ে সামাজিক জীপে অধ্যয়ন নকৰে। কিন্তু সামাজিক গৱেষণাই অমূর্ত ৰূপ, আন্তঃক্রিয়া, সামাজিক ঘটনা আদি অধ্যয়ন কৰে।
(ঙ) সামাজিক জৰীপে কোনো কোনো সময়ত অর্থনৈতিক লাভালাভৰ বাবে কাম কৰে। আনহাতে, সামাজিক গৱেষণা অর্থনৈতিক লাভালাভৰ বাবে কৰা নহয়।
(চ) সামাজিক জীপে সমাজৰ যিকোনো সমস্যাৰ ওপৰত তথ্য সংগ্ৰহ কৰি তাৰ সমাধানৰ পথ দেখুৱাই দিয়ে। অন্যহাতে সামাজিক গৱেষণাই সমাজৰ জ্ঞানৰ পৰিধি বৃদ্ধি কৰিবৰ কাৰণে সমাজৰ বাস্তৱ তথ্য সংগ্ৰহ কৰি তাৰ ওপৰত বস্তুনিষ্ঠ জ্ঞান লাভ কৰা।
(ছ) সামাজিক জৰীপৰ কোনো নিৰ্দিষ্ট প্ৰকল্প নাই। কিন্তু সামাজিক গৱেষণা কোনো নির্দিষ্ট প্ৰকল্পৰ ওপৰত নিৰ্ভৰ কৰে।
(জ) সামাজিক জীপে নিৰ্দিষ্ট এটা অঞ্চলৰ সমস্যাসমূহ অধ্যয়নৰ শেষত এটা সাৰ্বজনীন সিদ্ধান্ত দিয়াতকৈ এটা দিশৰ বিষয়েহে সিদ্ধান্ত দিব পাৰে। কিন্তু সামাজিক গৱেষণাই সামাজিক সমস্যাৰ অধ্যয়নৰ শেষত এটা সাৰ্বজনীন সিদ্ধান্ত দিব পাৰে।
(ঝ) সামাজিক জৰীপে নিৰ্দিষ্ট এটা অঞ্চলৰ এটা সমূহৰ সমস্যাসমূহ অধ্যয়ন কৰে। অন্যহাতে সামাজিক গৱেষণাই সমাজৰ অমূর্ত ঘটনা আদি সমস্যাবোৰ অধ্যয়ন কৰে।
(ঞ) সামাজিক জৰীপে গৱেষণাৰ ভেঁটি স্থাপন কৰে। কিন্তু সামাজিক গৱেষণাই গৱেষণাৰ অন্তত সিদ্ধান্ত প্ৰদান কৰে।
ওপৰত উল্লেখ কৰা সমূহেই হ’ল সামাজিক জৰীপ আৰু সামাজিক গৱেষণাৰ মাজত পৰিলক্ষিত হোৱা প্ৰধান পার্থক্য।
২৪। সামাজিক গৱেষণাত সামাজিক জৰীপৰ সুবিধা আৰু অসুবিধাসমূহ উল্লেখ কৰা। (Mention the advantages and disadvantages of social surveys in social studies.)
উত্তৰঃ সামাজিক গৱেষণাত সামাজিক জৰীপৰ সুবিধাসমূহ হ’ল—
(ক) সামাজিক গৱেষণাৰ ক্ষেত্ৰত সামাজিক জৰীপে বিশেষকৈ পৰ্যবেক্ষণৰ যোগেদি সামাজিক অৱস্থাটোৰ আবেগিক প্ৰভাৱৰ বিষয়ে বুজি উঠাত সহায় কৰে।
(খ) সামাজিক জীপে জৰীপ কৰোতাজনক ব্যক্তিসকলৰ সৈতে প্ৰত্যক্ষভাৱে জৰীপ ক্ষেত্ৰৰ পৰিৱেশটোৰ বিভিন্ন সমস্যাৰ বাস্তৱ ৰূপক অনুধাৱন কৰাত সহায় কৰে।
(গ) জৰীপৰ দ্বাৰা এক বুজন সংখ্যক ক্ষেত্ৰ কৰ্মীক তথ্য সংগ্ৰহৰ বাবে নিয়োগ কৰা হয়।
(ঘ) জৰীপৰ দ্বাৰা লাভ কৰা ফলাফল অধিক নিৰ্ভৰযোগ্য হয়।
(ঙ) জৰীপৰ ব্যৱহাৰিক মূল্য অধিক। ইয়াৰ বিভিন্ন কৌশল সমাজতত্ত্ব, নৃ-তত্ত্ব, প্রাকৃতিক বিজ্ঞান, মনোবিজ্ঞান আদিত ব্যৱহাৰ কৰা হয়।
(চ) সামাজিক জৰীপৰ দ্বাৰা সংগ্ৰহ কৰা ফলাফলবোৰ পক্ষপাতিত্বহীন হয়।
সামাজিক গবেষণাত সামাজিক জৰীপৰ অসুবিধা:
(ক) সামাজিক জৰীপৰ বাবে এটা বিশাল জনসমষ্টিৰ পৰা প্ৰতিনিধিত্বমূলক নমুনা নির্বাচন কৰাটো সম্ভৱ নহয়।
(খ) সীমিত পৰিসৰৰ পৰা জৰীপ কৰি লাভ কৰা ফলাফল জাতীয় পৰ্যায়ত গ্রহণযোগ্য নহবও পাৰে।
(গ) সামাজিক জৰীপৰ দ্বাৰা বুৰঞ্জীমূলক ঘটনা অধ্যয়ন কৰা সম্ভৱ নহয়।
(ঘ) জৰীপ কাৰ্য চলি থকা অৱস্থাত কোনো নতুন সমস্যা উদ্ভৱ হ’লে বা পৰিৱেশ পৰিৱৰ্তন হ’লে নতুনকৈ সমগ্ৰ জৰীপ কাৰ্য আৰম্ভ কৰিব লাগে ফলত ইয়াত শ্ৰম, অৰ্থ আৰু কষ্টৰ অপব্যয় হয়।
(ঙ) জৰীপ কাৰ্যৰ জৰিয়তে সামাজিক সমস্যাক বহুলভাৱে অধ্যয়ন কৰাটো সম্ভৱ নহয়।
(চ) যদিহে সঠিকভাৱে নমুনা নির্বাচন কৰা নহয় তেতিয়া জৰীপৰ ফলাফলো সঠিক নহয়।
(ছ) জৰীপ কাৰ্য এক দীঘলীয়া প্রক্রিয়া। কিন্তু সমাজৰ পৰিৱৰ্তনৰ লগে লগে দীঘলীয়া জৰীপৰ জৰিয়তে সংগ্ৰহ কৰা তথ্যপাতিৰ পৰা নিৰ্ভৰযোগ্য ফলাফল আশা কৰিব নোৱাৰি।
(জ) জৰীপ পদ্ধতিৰে সংগ্ৰহ কৰা ফলাফলক যোগ্য ফলাফল বুলি মানি লোৱা নহয়।
২৫। সামাজিক জৰীপৰ উদ্দেশ্যসমূহ লিখা। (Write the objectives of the social survey.)
উত্তৰঃ সামাজিক জৰীপৰ উদ্দেশ্যসমূহ তলত উল্লেখ কৰা হ’ল:
(ক) সামাজিক জৰীপৰ দ্বাৰা নিৰ্দিষ্ট এটা সামাজিক অৱস্থা বা সামাজিক সমস্যাৰ বিষয়ে বাস্তৱ তথ্য সংগ্ৰহ কৰিব পাৰি।
(খ) সামাজিক জৰীপে সমাজৰ যিকোনো প্রয়োজনীয় জৰুৰী সমস্যাৰ ওপৰত তথ্য সংগ্ৰহ কৰি সমাধানৰ পথ দেখুৱায় ।
(গ) সামাজিক জৰীপে সামাজিক সমস্যাৰ বিষয়ে তথ্য সংগ্ৰহ কৰোতে সমাজৰ ব্যক্তিসকলৰ সামাজিক আন্তঃক্ৰিয়াৰ ওপৰতো গুৰুত্ব আৰোপ কৰে।
(ঘ) সামাজিক জৰীপে যিকোনো এটা প্ৰকল্পৰ গ্ৰহণযোগ্যতা আছে নে নাই তাক জানিবলৈ সহায় কৰে।
(ঙ) সামাজিক জীপে শিক্ষা সম্পৰ্কীয় জ্ঞান আহৰণ কৰাৰ লগতে সামাজিক সমস্যা প্ৰতিৰোধৰ বাবে উপায় উদঘাটন কৰে।
(চ) সামাজিক জীপে ভূমি আবণ্টন, ৰাজনৈতিক দিশ আদিৰ বিষয়ে তথ্য সংগ্ৰহ কৰাত সহায় কৰে।
(ছ) সামাজিক গৱেষণাৰ ক্ষেত্ৰত সামাজিক জৰীপে বিশেষকৈ পৰ্যবেক্ষণৰ যোগেদি সামাজিক অৱস্থাটোৰ আবেগিক প্ৰভাৱৰ বিষয়ে বুজি উঠাত সহায় কৰে।
(জ) সামাজিক জীপে জৰীপ কৰোতাজনক ব্যক্তিসকলৰ সৈতে প্ৰত্যক্ষভাৱে জৰীপ ক্ষেত্ৰৰ পৰিবেশটোৰ বিভিন্ন সমস্যাৰ বাস্তৱ ৰূপক অনুধাৱন কৰাত সহায় কৰে।
(ঝ) জৰীপৰ দ্বাৰা এক বুজন সংখ্যক ক্ষেত্ৰ কৰ্মীক তথ্য সংগ্ৰহৰ বাবে নিয়োগ কৰা হয়।
২৬। সামাজিক জৰীপৰ পদক্ষেপসমূহ আলোচনা কৰা। (Discuss the steps of social survey.)
উত্তৰঃ সামাজিক জৰীপৰ পদক্ষেপসমূহ তলত আলোচনা কৰা হ’ল-
(ক) সামাজিক গৱেষণাৰ বিষয়বস্তু নির্বাচন: সামাজিক জৰীপত প্রথমে বিষয়বস্তু শুদ্ধভাৱে নির্বাচন কৰিব লাগে। এই ক্ষেত্ৰত যিটো বিষয়ৰ ওপৰত গৱেষণা কৰিব, যি গৱেষণা কৰিব সেইটো বিষয়বস্তুটোৰ লগত কিহৰ সম্পৰ্ক থাকিব, গৱেষণাৰ বিষয়বস্তুৱে নতুন ফলাফল পাব নে নাই গৱেষণাৰ ফলাফলবোৰ ভৱিষ্যতে ব্যৱহাৰ হ’ব নে নহয় তাৰ ওপৰত দৃষ্টি ৰাখি বিষয়বস্তুৰ নিৰ্বাচন কৰিব লাগিব।
(খ) প্রাথমিক অধ্যয়ন: সামাজিক ঘটনা জৰীপ কৰাৰ আৰম্ভণিতে ঘটনা সম্বন্ধীয় বিভিন্ন কিতাপ, আলোচনী, প্ৰৱন্ধ অধ্যয়ন কৰি জৰীপত দেখা দিয়া সমস্যাবিলাক সমাধান কৰাৰ উপায় উলিয়াব লাগিব।
(গ) জৰীপ অভিকল্প প্রস্তুতি: সামাজিক জৰীপ কাৰ্য আৰম্ভ কৰাৰ সময়ত এটা অভিকল্প প্রস্তুত কৰিব লাগে।
(ঘ) নমুনা নির্বাচন: জৰীপ কৰাৰ সময়ত বিষয়টো জটিল নহ’বৰ কাৰণে এক বৃহৎ জনসমষ্টিক নমুনা হিচাপে বাছি ল’ব লাগে।
(ঙ) তথ্য সংগ্ৰহ কৌশল নিৰ্ধাৰণ: সামাজিক গৱেষণাৰ প্ৰকৃত তথ্য সংগ্ৰহৰ বাবে প্রশ্নসূচী, সাক্ষাৎকাৰ আদি তথ্য সংগ্ৰহৰ কৌশল নিৰ্ধাৰণ কৰিব লাগে।
(চ) জৰীপ কৰ্মীসকলক নিয়োগ আৰু প্ৰশিক্ষণ: সামাজিক জৰীপত জৰীপক্ষেত্ৰৰ বাবে উপযুক্ত প্রশিক্ষণ দি কৰ্মীক নিয়োগ কৰিব লাগে।
(ছ) জৰীপৰ ক্ষেত্ৰ অধ্যয়ন: কোনো ধৰণৰ ত্ৰুটি নথকাকৈ জৰীপ কাৰ্য সম্পাদন কৰিবৰ বাবে এক নির্দিষ্ট ক্ষেত্র অধ্যয়ন কৰাটো অতি প্রয়োজন।
(জ) প্ৰাক্ পৰীক্ষা: বিষয়টোৰ ব্যৱহাৰিক জ্ঞান লাভ কৰিবৰ বাবে আৰু তথ্য সংগ্ৰহৰ কৌশল, জনসমষ্টিৰ জৰীপ কাৰ্য, সংগঠন আদি বিভিন্ন দিশৰ ওপৰত জ্ঞান লাভ কৰিবৰ বাবে জৰীপ কাৰ্যত প্ৰাক্ পৰীক্ষাৰ প্ৰয়োজন।
(ঝ) তথ্য বিশ্লেষণ আৰু প্ৰতিবেদন প্রস্তুত: জৰীপৰ দ্বাৰা লাভ কৰা তথ্যসমূহ বিশ্লেষণ কৰি শ্ৰেণীকৰণ, তালিকাকৰণ, পাৰিসাংখ্যিক পদ্ধতিৰ দ্বাৰা গড় নিৰ্ধাৰণ আদি কাৰ্য সম্পাদন কৰিব লাগে।
(ঞ) সময় আৰু ব্যয় নির্ধাৰণ: জৰীপ কাৰ্য আৰম্ভ কৰাৰ আগতে কিমান সময়ত শেষ কৰিব, কিমান অৰ্থৰ প্ৰয়োজন হ’ব তাৰ আনুমানিক ধাৰণা এটা কৰিব লাগে।
২৭ | দ্বিতীয়ক তথ্য সংগ্ৰহ কৰাৰ উৎসসমূহ কি কি? চমুকৈ বৰ্ণনা কৰা। (What are the sources of secondary data collection? Briefly describe.)
উত্তৰঃ দ্বিতীয়ক তথ্য সংগ্ৰহ কৰাৰ সাধাৰণতে দুটা উৎস দেখিবলৈ পোৱা যায়। সেইকেইটা হৈছে—
(ক) লিপিবদ্ধ: এনেকুৱা তথ্যবিলাক প্ৰকাশিত আৰু অপ্ৰকাশিত দুয়ো ৰূপত দেখিবলৈ পোৱা যায়। এনে তথ্য চৰকাৰী আৰু বেচৰকাৰী বিভাগ, সংস্থা, ব্যক্তিগত নথি-পত্ৰ আদিৰ পৰা সংগ্ৰহ কৰা হয়। লিপিবদ্ধ তথ্যৰ উৎসবোৰ হ’ল গ্ৰন্থ, আলোচনী, বাতৰি কাকত ইত্যাদি। কিছুমান গ্ৰন্থত ব্যক্তি আৰু সমাজ জীৱনৰ ঘটনা, সামাজিক সমস্যা, মানুহৰ ভাৱনা, চিন্তা, ধাৰণা আদি লিপিবদ্ধ কৰি থোৱা থাকে। বিভিন্নধৰণৰ আলোচনী, বাতৰি কাকত আদিতো বিভিন্ন ঘটনা আৰু সমাজৰ বিৱৰণ তথ্য-পাতি আদি পোৱা যায়। এনেকৈ সমাজ অধ্যয়নকাৰী গৱেষকে তেওঁৰ প্ৰয়োজনীয় দ্বিতীয়ক তথ্যবোৰ গ্ৰহণ কৰিব পাৰে। চৰকাৰী তথ্যৰ ভিতৰত প্ৰথম আৰু প্ৰয়োজনীয় তথ্য হ’ল লোকপিয়লৰ প্ৰতিবেদন। চৰকাৰে প্ৰথম আৰু দহবছৰৰ মূৰে মুৰে নিৰ্দিষ্ট সময়ত লোকপিয়ল কৰে। এই লোকপিয়লৰ পৰা প্ৰয়োজনীয় তথ্য-পাতি, জনসংখ্যা, জনসংখ্যাৰ ঘনত্ব, জন্ম-মৃত্যুৰ হাৰ, পুৰুষ-মহিলাৰ সংখ্যা, চাকৰিয়াল আৰু নিবনুৱা সংখ্যা, নগৰ আৰু গাঁৱৰ সংখ্যা, শিক্ষিতৰ সংখ্যা আদিৰ বিষয়ে সবিশেষ তথ্য পোৱা যায়।
ইয়াৰ উপৰিও চৰকাৰৰ বিভিন্ন কিছুমান বিভাগ যেনে- আৰক্ষী বিভাগ আছে যি বিভাগে নিজৰ নিজৰ কাম সম্পর্কে কিছুমান তথ্য সংগ্ৰহ কৰি ৰাখে। তেওঁলোকৰ ওচৰত অপৰাধৰ তথ্য সংগৃহীত হৈ থাকে। তেনেদৰে প্ৰশাসন বিভাগত প্রশাসন বিভাগীয় সকলোবোৰ তথ্য সংগৃহীত হৈ থাকে। সামাজিক ঘটনা আৰু সমস্যাৰ ওপৰত বিভিন্ন গৱেষণাৰ প্ৰতিবেদন প্রকাশ পায়। যিবিলাকৰ ওপৰত ভিত্তি কৰি দ্বিতীয়ক তথ্য আহৰণ কৰিব পাৰি।
ঐতিহাসিক নথিপত্র বিলাকৰ পৰা ঐতিহাসিক সম্পর্কিত বহুতো বিৱৰণ, দলিল আদি দ্বিতীয়ক তথ্য আহৰণ কৰিব পাৰি। যিবোৰ ঘটনা আহৰণ কৰোঁতে ঐতিহাসিক পটভূমি প্রয়োজন হয়। সেই তথ্যবিলাক দ্বিতীয়ক তথ্য হিচাপে ঐতিহাসিক নথিপত্ৰৰ দ্বাৰা অধ্যয়ন কৰা হয়।
বহুতো সমাজ সচেতন ব্যক্তিয়ে সমাজ বিভিন্ন ঘটনা, অভিজ্ঞতা আদি সংগ্ৰহ কৰি লয়। আনহাতে কিছুমান ব্যক্তিৰ বিষয়ে অধ্যয়ন কৰোঁতে এনেধৰণৰ সংগ্ৰহ কৰি ৰখা নথিপত্ৰৰ পৰা বহুতো দ্বিতীয়ক তথ্য উদ্ধাৰ কৰা হয়।
(খ) ক্ষেত্র অধ্যয়ন উৎস: ক্ষেত্র অধ্যয়নকাৰী সকলে ক্ষেত্ৰত অধ্যয়নৰ যোগেদি কিছুমান দ্বিতীয়ক তথ্য সংগ্ৰহ কৰে। নিৰীক্ষণ বা পর্যবেক্ষণৰ সম্পৰ্কে তথ্য সংগ্ৰহৰ কাৰণে নিৰীক্ষণ পদ্ধতি প্রয়োগ কৰিব লগা হয়। নিৰীক্ষণৰ দ্বাৰা এজন গবেষকে তেওঁৰ গৱেষণাৰ দ্বিতীয়ক তথ্য উদ্ধাৰ কৰে। ক্ষেত্ৰ অধ্যয়নকাৰীৰ উৎসব আন এটা ব্যৱস্থা হ’ল সাক্ষাৎকাৰ। সংৰচিত বা অসংৰচিত দুয়োপ্ৰকাৰৰ সাক্ষাৎকাৰৰ যাগেদি ব্যক্তি বা সামাজিক এককবিলাকৰ পৰা তথ্য সংগ্ৰহ কৰা হয়।
কিছুমান অপৰাধমূলক তথ্য বিভিন্ন ঘটনা বা আত্মহত্যাৰ নিচিনাৰ ওপৰত গৱেষণা কৰোঁতে কিছুমান সাক্ষীৰ প্ৰয়োজন হয়। এই সাক্ষীৰ পৰা দ্বিতীয়ক তথ্য উদ্ধাৰ কৰা হয়। কিছুমান বিষয়ত অনুসন্ধান কমিটি, তদন্ত কমিটি আদিয়েও সাক্ষাৎকাৰৰ যোগেদি দ্বিতীয়ক তথ্য আহৰণ কৰে।
সামাজিক ঘটনা আৰু সমস্যাৰ বিষয়ে অধ্যয়ন কৰিবৰ কাৰণে কিছুমান প্রশ্নসূচী তৈয়াৰ কৰা হয় আৰু এই প্ৰশ্নসূচীৰ যোগেদি কিছুমান গৱেষণাৰ তথ্য সংগ্ৰহ কৰা হয়।
ওপৰত উল্লেখ কৰা পদ্ধতিবোৰৰ বাহিৰেও সামাজিক গৱেষণাৰ তথ্য সংগ্ৰহৰ ক্ষেত্ৰত আলোচনা চক্ৰ, অনাতাঁৰ, দূৰদৰ্শন আদি মাধ্যমৰ যোগেদি তথ্য সংগ্ৰহ কৰিব পাৰি।
২৮। প্রাথমিক তথ্য মানে কি বুজায়? ভাৰতীয় লোকপিয়লৰ তথ্যসমূহ প্রাথমিক তথ্য নে দ্বিতীয়ক তথ্য? বিশ্লেষণ কৰা। (What does primary data mean? Data of Indian Mass Census Primary or secondary data? Analyze )
উত্তৰঃ প্ৰাথমিক তথ্য: প্রাথমিক তথ্যবোৰ পোনে পোনে বা প্রত্যক্ষভাৱে মূল উৎসৰ পৰা সংগ্ৰহ কৰা হয়। গতিকে যিবিলাক তথ্য আন কোনো উৎসৰ পৰা সহায় নলৈ বা কাৰো ওপৰত নিৰ্ভৰ নকৰি পোনপটীয়াকৈ মূল অধ্যয়নথলী বা উৎসৰ পৰা সংগ্ৰহ কৰা হয় সেইবিলাক তথ্যকে প্রাথমিক তথ্য বুলি কোৱা হয়। মূল উৎসৰ পৰা এনে তথ্যবোৰ গৱেষক বা অধ্যয়নকাৰীয়ে আৱিস্কাৰ কৰে।
প্রাথমিক তথ্যবোৰ পোনে পোনে বা প্রত্যক্ষভাৱে মূল উৎসৰ পৰা সংগ্ৰহ কৰা হয়। যেনে- অসমৰ নিবনুৱা সমস্যাৰ ওপৰত যদি এটা অধ্যয়ন কৰিবলৈ লোৱা হয় তেন্তে প্ৰথমতেই নিবনুৱাসকলৰ পৰা প্ৰত্যক্ষভাৱে যিবোৰ তথ্য সংগ্ৰহ কৰা হয় সেইবোৰেই হ’ল প্ৰাথমিক তথ্য। নবনুৱাৰ নাম, বয়স, শিক্ষাগত অৰ্হতা, ধর্ম, পূৰ্বপুৰুষৰ বৃত্তি, পৰিয়ালৰ সদস্য সংখ্যা, বিবাহিত নে অবিবাহিত ইত্যাদিৰ ওপৰত প্ৰাথমিক তথ্য সংগ্ৰহ কৰা হ’ব। এনে প্ৰাথমিক তথ্যবোৰ যদি আগতে সংগৃহীত হোৱা নাই তেতিয়াহে ই প্রাথমিক তথ্য হ’ব। অন্যভাৱে ক’বলৈ হ’লে গৱেষক বা অধ্যয়নকাৰীয়ে মুখামুখিভাৱে সাক্ষাৎকাৰ, জৰীপ, পর্যবেক্ষণ আৰু প্রশ্নসূচী লৈ যিবোৰ তথ্যপাতি সংগ্ৰহ কৰা হয় সেই তথ্যবোৰক প্ৰাথমিক তথ্য বোলা হয়।
ভাৰতীয় লোক পিয়লৰ তথ্যসমূহক প্রাথমিক তথ্য বলি কোৱা হয়। কিয়নো এই তথ্যবোৰ পোন প্ৰথমবাৰৰ বাবে সংগ্ৰহ কৰা হয়। এই লোকপিয়লৰ তথ্যবোৰ মূল গৱেষণা কাৰ্যৰ প্রয়োজনীয়তা পূৰণ কৰে আৰু সেই তথ্যবোৰৰ সহায়ত এটা শুদ্ধ ফলাফল অধ্যয়ন কৰিবলৈ সক্ষম হয়। এনে তথ্যবোৰ কিতাপ পত্ৰ বা অন্যান্য উৎসৰ পৰা সংগ্ৰহ কৰা নহয়। এই তথ্যবোৰ যদি আগতে সংগৃহীত হোৱা নাই তেতিয়াহে সি প্রাথমিক তথ্য হ’ব।
২৯। সামাজিক গবেষণাত তথ্য বিশ্লেষণ কেনেদৰে হয় লিখা। (How to write data analysis in social research?)
উত্তৰঃ সামাজিক তথ্যবোৰৰ পৰিসাংখ্যিক ভাৱে শৃংখলাবদ্ধ কৰোঁতে মূলতঃ দুটা উপায় ম্লম্বন কৰা হয়। এটা হ’ল শ্ৰেণীকৰণ আৰু আনটো হ’ল তালিকাকৰণ। শ্ৰেণীকৰণৰ দ্বাৰা লক্ষণ অনুসৰি তথ্যবোৰ বিভিন্ন শ্রেণী বা পর্বগত অন্তৰ্ভুক্ত কৰা হয়। উদাহৰণস্বৰূপে এটা সমষ্টিৰ ব্যক্তিগত সংৰচনাৰ বিষয়ে আলোচনা কৰোঁতে কৃষিজীৱি, চাকৰিজীৱি ব্যৱসায়ী আদি শ্ৰেণীত বিভিক্ত কৰিব পাৰি। সেইদৰে জনসমষ্টিৰ লোকসকলক নমুনাবোৰৰ শিক্ষাৰ মান সম্পর্কে বিশ্লেষণ কৰোঁতে তেওঁলোকৰ অশিক্ষিত, মেট্রিক পাছ, প্রাক্-স্নাতক, স্নাতক অন্যান্য আদি বিভিন্ন শ্রেণীত বিভক্ত কৰিব পাৰি।
সামাজিক গৱেষণাৰ এটাৰ সংগৃহিত তথ্যবোৰ শ্ৰেণীকৰণ কৰাৰ পাছত সেইবোৰক তালিকাবৃদ্ধি কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হয়। সংগৃহিত তথ্যবোৰ প্ৰণালীবদ্ধভাৱে অর্থপূর্ণকৈ সজোৱা পদ্ধতিয়েই হ’ল তালিকাকৰণ । শ্ৰেণীকৰণৰ জটিল প্রকৃতিয়ে হ’লে তালিকাকৰণো প্ৰকৃতিৰ হয়। শ্ৰেণীকৰণ আৰু তালিকাকৰণ যিহেতু পাৰস্পৰিক ভাৱে নিৰ্ভৰশীল সেইবাবে সাধাৰণতে দুয়োটা কাৰ্য একেলগে আৰম্ভ কৰা হয়। তালিকাকৰণত তথ্যসমূহ প্ৰণালীবদ্ধভআৱে স্তম্ভ আৰু সাৰীত উপস্থাপন কৰা হয়।
তালিকা বিশ্লেষণৰ পদ্ধতিসমুহ তলত উল্লেখ কৰা হ’ল—
(ক) তালিকাখনৰ মুখ্য দফাবোৰ ডাঠ আখৰেৰে লিখিব পাৰিলে ভাল। তালিকাখন যুক্তিপূর্ণ, সহজ-সৰল আৰু আকৰ্ষণীয় হ’ব লাগিব। তালিকাখনৰ পৰা শতকৰা হাৰ, অনুপাত, গড় আদি সহজে উলিয়াব পৰা হ’ব লাগে। অন্যথা তুলনামূলক বিশ্লেষণৰ বাবে তালিকাখনযোগ্য নহ’ব। মুঠৰ ওপৰত সম্পূৰ্ণ বিজতানিক কৌশলৰে প্ৰণালীবদ্ধভাৱে তালিকাবোৰ প্ৰস্তুত কৰিব লাগিব।
(খ) তালিকাত উপস্থাপন কৰা দফা, একক বা তথ্যপাতি নাইবা সম্পূর্ণ তালিকাখনৰ বিষয়ে বিশেষ কিবা বুজিব লগা থাকিলে সেইবোৰ তলত ফুট নোট তাত লিখিব লাগে। ফুট নোটত তথ্যৰ প্ৰকাৰৰ প্ৰকৃতি উৎস আদিৰ বিষয়েও সংক্ষিপ্ত বিৱৰণ দিব পাৰি। তালিকাত কিবা সংক্ষিপ্ত শব্দ ব্যৱহাৰ কৰিলে সেইবোৰকো ইয়াত সম্পূৰ্ণকৈ লিখিব লাগে।
(গ) তথ্য বা দফাবোৰৰ বা এককবোৰৰ পৰিমাণ বা জোখ মাখৰ একক দিব লগা হ’লে সেইবোৰ তালিকাত বা তালিকাৰ তলত উল্লেখ কৰিব লাগিব।
(ঘ) প্ৰতিখন তালিকাৰে এটা ক্ৰমিক নম্বৰ দিব লাগে। এই সংখ্যাৰ সহায়ত তালিকাখন শৃংখলাবদ্ধ হয় আৰু ইয়াত প্ৰসংগ বিচাৰ কৰাও সহজ হয়।
(ঙ) প্রত্যেক স্তম্ভশাৰী আৰু আনভূমিক শাৰীত মুঠ সংখ্যাবোৰ বেলেগ বেলেগকৈ দিব লাগে।
(চ) প্ৰতিখন তালিকা উদ্দেশ্য আৰু বিষয়বস্তু স্পষ্টকৈ বুজাব পৰা এটা নাম বা শিৰোনামা থাকিব লাগে। মূল শিৰোনামাৰ উপৰিও বিষয়বস্তুটোৰ উপদিশবোৰ নিৰ্দেশ কৰিবলৈ উপশিৰোনামাবোৰ দিব লাগে। এই শিৰোনামা বা উপশিৰোনামাৰ নামবোৰ অতি সংক্ষিপ্ত হ’ব লাগে।
(ছ) তালিকা এখনত যদি অন্যান্য বুলি দফা বা শিতান এটা থাকে তেন্তে তাক তালিকাখনৰ একেবাৰে শেষৰ আনুভূমিক শাৰীত লিখিব লাগে।
(জ) তালিকাস্তম্ভ আৰু আনুভূতিক শাৰীবোৰ দফা বা অন্তর্ভুক্ত কৰিব লগা তথ্যপাতিবোৰর আয়তন অনুসৰি অংকণ কৰিব লাগে। প্রত্যেক স্তম্ভৰ উপশিৰোনামাৰ বা দফাবোৰ সংক্ষিপ্তভাৱে লিখিব লাগে। সাধাৰণতে উপশিৰোনামা বোৰে শ্ৰেণীকৰণভিত্তিক যেনে- শিক্ষা, লিংগ, বৃত্তি আৰু আনুভূমিক শাৰীত পৰিমাণবোধক সংখ্যাবোৰ বাৰংবাৰতাবোৰ দিয়া হয়। আনুভূতিক শাৰীত প্ৰথম শাৰীটো সাধাৰণতে আটাইতকৈ ডাঙৰ হয়। তাত মানুহৰ নাম আদি লিখা থাকে। প্ৰত্যেকটো দফাৰ বাবে বেলেগ আঁচনি স্তম্ভ তৈয়াৰ কৰিব লাগে।
৩০। সামাজিক তথ্যৰ প্ৰকাৰবোৰ কি কি? প্রত্যেক বিধৰ তথ্যৰ প্ৰধান উৎসবোৰ উদাহৰণসহ বৰ্ণনা কৰা৷ (What are the types of social data? Analyse each type of data source with examples.)
উত্তৰঃ সামাজিক গৱেষণাৰ কাৰণে সাধাৰণতে যিবোৰ তথ্য সংগ্ৰহ কৰা হয় সেই তথ্যবোৰক মূলতে দুটা ভাগত বিভক্ত কৰা হয় — (ক) প্ৰাথমিক তথ্য আৰু (খ) দ্বিতীয়ক তথ্য।
প্রাথমিক তথ্যবোৰ পোনে পোনে বা প্রত্যক্ষভাৱে মূল উৎসৰ পৰা সংগ্ৰহ কৰা হয় । গতিকে যিবিলাক তথ্য আন কোনো উৎসৰ পৰা সহায় নলৈ বা কাৰো ওপৰত নিৰ্ভৰ নকৰি পোনপটীয়াকৈ মূল অধ্যয়নথলী বা উৎসৰ পৰা সংগ্ৰহ কৰা হয় সেইবিলাক তথ্যকে প্রাথমিক তথ্য বুলি কোৱা হয়। মূল উৎসৰ পৰা এনে তথ্যবোৰ গৱেষক বা অধ্যয়নকাৰীয়ে আৱিস্কাৰ কৰে।
দ্বিতীয়ক তথ্যবোৰ পৰোক্ষ উৎসৰ পৰা সংগ্ৰহ কৰা হয়। যিবোৰ তথ্য আগতে সংগ্ৰহক আৰু লিপিবদ্ধ কৰা হৈছে সেইবোৰক দ্বিতীয়ক তথ্য বুলি কোৱা হয়। এনে দ্বিতীয়ক তথ্যবোৰ প্রকাশিত আৰু অপ্ৰকাশিত দুয়োটা ৰূপতে পোৱা যায়। উদাহৰণস্বৰূপে, অসমৰ জনসংখ্যা, পুৰুষ মহিলাৰ সংখ্যা, শিক্ষিত নিবনুৱাৰ সংখ্যা, বৰষুণৰ বাৰ্ষিক পৰিমাণ ইত্যাদি। এই তথ্যবিলাকপূৰ্বতে লিপিবদ্ধ কৰি ৰখা হৈছে। এনে তথ্যবিলাকক প্রকাশিত দ্বিতীয়ক তথ্য বুলি কোৱা হয়। পঞ্চায়ত বা গাঁও বিভাগ বা আৰক্ষী বিভাগত বহুতো লিপিবদ্ধ তথ্য পোৱা যায়। কিন্তু সেই তথ্যবিলাক প্রকাশিত ৰূপত পোৱা যায়। কিন্তু সেই তথ্যবিলাক প্রকাশিত ৰূপত পোৱা নাযায় । এটা সামাজিক গৱেষণাই প্ৰকাশিত আৰু অপ্ৰকাশিত দুয়োবিদ তথ্যৰ প্ৰয়োজন অস্বীকাৰ কৰিব নোৱাৰে।
প্রাথমিক তথ্যৰ প্ৰধান উৎসঃ প্রাথমিক তথ্যবোৰ পোনে পোনে বা প্রত্যক্ষভাৱে মূল উৎসৰ পৰা সংগ্ৰহ কৰা হয় । যেনে— অসমৰ নিবনুৱা সমস্যাৰ ওপৰত যদি এটা অধ্যয়ন কৰিবলৈ লোৱা হয় তেন্তে প্ৰথমতেই নিবনুৱাসকলৰ পৰা প্ৰত্যক্ষভাৱে যিবোৰ তথ্য সংগ্ৰহ কৰা হয় সেইবোৰেই হ’ল প্ৰাথমিক তথ্য। নবনুৱাৰ নাম, বয়স, শিক্ষাগত অৰ্হতা, ধৰ্ম, পূৰ্বপুৰুষৰ বৃত্তি, পৰিয়ালৰ সদস্য সংখ্যা, বিবাহিত নে অবিবাহিত ইত্যাদিৰ ওপৰত প্ৰাথমিক তথ্য সংগ্ৰহ কৰা হ’ব। এনে প্ৰাথমিক তথ্যবোৰ যদি আগতে সংগৃহীত হোৱা নাই তেতিয়াহে ই প্ৰাথমিক তথ্য হব। অন্যভাৱে ক’বলৈ হ’লে গৱেষক বা অধ্যয়নকাৰীয়ে মুখামুখিভাৱে সাক্ষাৎকাৰ, জৰীপ, পৰ্যবেক্ষণ আৰু প্ৰশ্নসূচী লৈ যিবোৰ তথ্যপাতি সংগ্ৰহ কৰা হয় সেই তথ্যবোৰক প্ৰাথমিক তথ্য বোলা হয়।
দ্বিতীয় তথ্য সংগ্ৰহ কৰাৰ সাধাৰণতে দুটা উৎস দেখিবলৈ পোৱা যায়। সেইকেইটা হৈছে—
(ক) লিপিবদ্ধ। আৰু
(খ) ক্ষেত্র অধ্যয়ন উৎস।
(ক) লিপিবদ্ধ: এনেকুৱা তথ্যবিলাক প্রকাশিত আৰু অপ্ৰকাশিত দুয়ো ৰূপত দেখিবলৈ পোৱা যায়। এনে তথ্য চৰকাৰী আৰু বেচৰকাৰী বিভাগ, সংস্থা, ব্যক্তিগত নথি-পত্ৰ আদিৰ পৰা সংগ্ৰহ কৰা হয়। লিপিবদ্ধ তথ্যৰ উৎসবোৰ হ’ল গ্ৰন্থ, আলোচনী, বাতৰি কাকত ইত্যাদি। কিছুমান গ্ৰন্থত ব্যক্তি আৰু সমাজ জীৱনৰ ঘটনা, সামাজিক সমস্যা, মানুহৰ ভাৱ, চিন্তা, ধাৰণা আদি লিপিবদ্ধ কৰি থোৱা থাকে। বিভিন্নধৰণৰ আলোচনী, বাতৰি কাকত আদিতো বিভিন্ন ঘটনা আৰু সমাজৰ বিৱৰণ তথ্য-পাতি আদি পোৱা যায়। এনেকৈ সমাজ অধ্যয়নকাৰী গৱেষকে তেওঁৰ প্ৰয়োজনীয় দ্বিতীয়ক তথ্যবোৰ গ্ৰহণ কৰিব পাৰে। চৰকাৰী তথ্যৰ ভিতৰত প্ৰথম আৰু প্ৰয়োজনীয় তথ্য হ’ল লোকপিয়লৰ প্ৰতিবেদন। চৰকাৰে প্ৰথম আৰু দহবছৰৰ মূৰে মূৰে নিৰ্দিষ্ট সময়ত লোকপিয়ল কৰে। এই লোকপিয়লৰ পৰা প্ৰয়োজনীয় তথ্য-পাতি, জনসংখ্যা, জনসংখ্যাৰ ঘনত্ব, জন্ম-মৃত্যুৰ হাৰ, পুৰুষ-মহিলাৰ সংখ্যা, চাকৰিয়াল আৰু নিবনুৱা সংখ্যা, নগৰ আৰু গাঁৱৰ সংখ্যা, শিক্ষিত সংখ্যা আদিৰ বিষয়ে সবিশেষ তথ্য পোৱা যায় ৷
ইয়াৰ উপৰিও চৰকাৰৰ বিভিন্ন কিছুমান বিভাগ যেনে- আৰক্ষী বিভাগ আছে যি বিভাগে নিজৰ নিজৰ কাম সম্পর্কে কিছুমান তথ্য সংগ্ৰহ কৰি ৰাখে। তেওঁলোকৰ ওচৰত অপৰাধৰ তথ্য সংগৃহীত হৈ থাকে। তেনেদৰে প্রশান বিভাগত প্রশাসন বিভাগীয় সকলোবোৰ তথ্য সংগৃহীত হৈ থাকে। সামাজিক ঘটনা আৰু সমস্যাৰ ওপৰত বিভিন্ন গৱেষণাৰ প্ৰতিবেদন প্রকাশ পায়। যিবিলাকৰ ওপৰত ভিত্তি কৰি দ্বিতীয়ক তথ্য আহৰণ কৰিব পাৰি।
ঐতিহাসিক নথিপত্ৰ বিলাকৰ পৰা ঐতিহাসিক সম্পর্কিত বহুতো বিৱৰণ, দলিল আদি দ্বিতীয়ক তথ্য আহৰণ কৰিব পাৰি যিবোৰ ঘটনা আহৰণ কৰোঁতে ঐতিহাসিক পটভূমি প্রয়োজন হয় সেই তথ্যবিলাক দ্বিতীয়ক তথ্য হিচাপে ঐতিহাসিক নথিপত্ৰৰ দ্বাৰা অধ্যয়ন কৰা হয়।
বহুতো সমাজ সচেতন ব্যক্তিয়ে সমাজ বিভিন্ন ঘটনা, অভিজ্ঞতা আদি সংগ্ৰহ কৰি লয়। আনহাতে কিছুমান ব্যক্তিৰ বিষয়ে অধ্যয়ন কৰোঁতে এনেধৰণৰ সংগ্ৰহ কৰি ৰখা নথিপত্ৰৰ পৰা বহুতো দ্বিতীয়ক তথ্য উদ্ধাৰ কৰা হয়।
(খ) ক্ষেত্র অধ্যয়ন উৎস: ক্ষেত্ৰ অধ্যয়নকাৰী সকলে ক্ষেত্ৰত অধ্যয়নৰ যোগেদি কিছুমান দ্বিতীয়ক তথ্য সংগ্ৰহ কৰে। নিৰীক্ষণ বা পৰ্যবেক্ষণৰ সম্পৰ্কে তথ্য সংগ্ৰহৰ কাৰণে নিৰীক্ষণ পদ্ধতি প্ৰয়োগ কৰিব লগা হয়। নিৰীক্ষণৰদ্বাৰা এজন গৱেষকে তেওঁৰ গৱেষণাৰ দ্বিতীয়ক তথ্য উদ্ধাৰ কৰে ৷ ক্ষেত্ৰ অধ্যয়নকাৰীৰ উৎসৰ আন এটা ব্যৱস্থা হ’ল সাক্ষাৎকাৰ। সংৰচিত বা অসংৰচিত দুয়োপ্ৰকাৰৰ সাক্ষাৎকাৰৰ যাগেদি ব্যক্তি বা সামাজিক এককবিলাকৰ পৰা তথ্য সংগ্ৰহ কৰা হয়।
কিছুমান অপৰাধমূলক তথ্য বিভিন্ন ঘটনা বা আত্মহত্যাৰ নিচিনাৰ ওপৰত গৱেষণা কৰোঁতে কিছুমান সাক্ষীৰ প্ৰয়োজন হয়। এই সাক্ষীৰ পৰা দ্বিতীয়ক তথ্য উদ্ধাৰ কৰা হয়। কিছুমান বিষয়ত অনুসন্ধান কমিটি, তদন্ত কমিটি আদিয়েও সাক্ষাৰ যোগেদি দ্বিতীয়ক তথ্য আহৰণ কৰে।
সামাজিক ঘটনা আৰু সমস্যাৰ বিষয়ে অধ্যয়ন কৰিবৰ কাৰণে কিছুমান প্ৰশ্নসূচী তৈয়াৰ কৰা হয় আৰু এই প্ৰশ্নসূচীৰ যোগেদি কিছুমান গৱেষণাৰ তথ্য সংগ্ৰহ কৰা হয়।
ওপৰত উল্লেখ কৰা পদ্ধতিবোৰৰ বাহিৰেও সামাজিক গৱেষণাৰ তথ্য সংগ্ৰহৰ ক্ষেত্ৰত আলোচনা চক্ৰ, অনাতাঁৰ, দূৰদৰ্শন আদি মাধ্যমৰ যোগেদি তথ্য সংগ্ৰহ কৰিব পাৰি।
প্রাথমিক তথ্য আৰু দ্বিতীয়ক তথ্য দুয়োটাকে যদিও সামাজিক গৱেষণা কার্যত ব্যৱহাৰ কৰা হয় তথাপি দুয়ো প্ৰকাৰৰ তথ্য আহৰণৰ মাজত পাৰ্থক্য আছে। প্রাথমিক তথ্যবোৰৰ উৎস সুকীয়া। সেইবাবে শুদ্ধভাৱে যাতে সংগ্ৰহ কৰিব পাৰি তাৰ প্ৰতি বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হয়।
দ্বিতীয় তথ্যবোৰৰ উৎস প্রাথমিক তথ্য সংগ্ৰহৰ নিচিনা নহয়। ইয়াৰ সংগ্ৰহ প্ৰণালী পৃথক ধৰণৰ। উৎসবিলাকৰ বিষয়ে জ্ঞান নাথাকিলে আৰু গৱেষকজন বা অধ্যয়নকাৰীজন বিশেষ সচেতন নহ’লে দ্বিতীয় তথ্য শুদ্ধভাৱে আৰু পৰিস্কাৰকৈ সংগ্ৰহ কৰাটো কঠিন।
যিকোনো এটা গৱেষণাৰ ক্ষেত্ৰত তথ্যবোৰ সংগ্ৰহ কৰা কিমানদূৰ সম্ভৱ হৈছে তাক বিচাৰ কৰি চোৱা হয় কোনখিনি তথ্য প্রাথমিক তথ্য আৰু প্ৰত্যক্ষভা সংগ্ৰহ কৰা হৈছে সেই তথ্যখিনি গবেষণাৰ প্ৰতিবেদনত উল্লেখ কৰিব লাগিব। কোনখিনি তথ্য দ্বিতীয়ক তথ্য, কোনটো উৎসৰ
পৰা সংগ্ৰহ কৰা হৈছে সেই বিষয়ে ব্যাখ্যা দিব লাগিব। গতিকে গৱেষণাৰ সফলতা আৰু বিফলতা নিৰ্ভৰ কৰে তথ্য সংগ্ৰহৰ ওপৰত। প্রাথমিক বা দ্বিতীয়ক যি তথ্যই নহওক কোনো এটা গৱেষণা তথ্যবিহীনভাৱে কেতিয়াও সম্ভৱ হ’ব নোৱাৰে।
৩১। প্ৰাথমিক আৰু দ্বিতীয়ত তথ্যৰ মাজৰ পাৰ্থক্যসমূহ উল্লেখ কৰা। (Mention the differences between primary and secondary information.)
উত্তৰঃ প্ৰাথমিক আৰু দ্বিতীয়ক তথ্যৰ মাজৰ পাৰ্থক্যসমূহ তলত উল্লেখ কৰা হ’ল—
(ক) প্রাথমিক তথ্যৰ মূল উৎস হৈ সামাজিক ব্যক্তিসমল। অন্যহাতে দ্বিতীয়ক তথ্যৰ মূল উৎস হৈছে লিপিবদ্ধ তথ্য আৰু ক্ষেত্ৰ নিৰীক্ষণৰ পৰা সংগ্ৰহ কৰা উৎস।
(খ) প্রাথমিক তথ্য প্রথমবাৰৰ কাৰণে মূল উৎসৰ পৰা সংগ্ৰহ কৰি অনা হয়। এই তথ্য এজন গৱেষকৰ কাৰণে মৌলিক বুলি ক’ব পাৰি। কিন্তু দ্বিতীয়ক তথ্য হৈছে পূর্বেই সংগৃহীত তথ্য। ইয়াক গৱষক এজনৰ বাবে মৌলিক তথ্য বুলি ক’ব পৰা নাযায়।
(গ) প্রাথমিক তথ্য সংগ্রহে বা উদ্ঘাটনে নতুনত্ব দাবী কৰাৰ সুযোগ দিয়ে। আনহাতে দ্বিতীয়ক তথ্যবোৰ যিহেতু গবেষক এজন উদ্ঘাটন কৰা তথ্য নহয় সেয়ে এনে তথ্যই নতুনত্বৰ দাবী কৰাৰ সুযোগ নিদিয়ে।
(ঘ) প্রাথমিক তথ্যবোৰ গৱেষক এজনে কৰা গৱেষণাৰ বিষয়বস্তুৰ লগত সংগতি ৰাখি মূল উৎসৰ পৰা পোন প্ৰথমবাৰৰ বাবে আহৰণ কৰা হয়। কিন্তু দ্বিতীয়ক তথ্যসমূহ ইতিপূর্বেই লিপিবদ্ধ কৰি ৰখা তথ্যৰ পৰা সংগ্ৰহ কৰা হয়।
(ঙ) গৱেষকৰ বাবে অধ্যয়নৰ ক্ষেত্ৰই হ’ল প্ৰাথমিক তথ্যৰ প্ৰধান উৎস হৈছে পূর্বলিপিবদ্ধ উৎস আৰু ক্ষেত্ৰ অধ্যয়নকাৰী উৎসসমূহ। ওপৰত উল্লেখ কৰা সমূহেই হ’ল প্ৰাথমিক আৰু দ্বিতীয়ক তথ্যৰ পাৰ্থক্য।
৩২। সামাজিক গবেষণাত পৰিসংখ্যাৰ আবশ্যকতাৰ বিষয়ে আলোচনা কৰা। (Discuss the need for statistics in social research.)
উত্তৰঃ সামাজিক গৱেষণাত পাৰিসাংখ্যিক পদ্ধতিৰ গুৰুত্বপূৰ্ণ স্থান আছে। কিছুমান সমাজবিজ্ঞানীর মতে, মানৱ সভ্যতাৰ আৰম্ভণিৰ পৰাই পৰিসংখ্যাই অধ্যয়নৰ সকলো দিশতে অৱদান আগবঢ়াই আহিছে।
যিকোনো সামাজিক ঘটনা বা সমস্যাৰ বিষয়ে গৱেষণা কৰিবলৈ হ’লে গৱেষণাৰ বিভিন্ন দিশৰ ওপৰত পাৰিসাংখ্যিক পদ্ধতিৰ সহায় লোৱা হয়। পাৰিসাংখ্যিক পদ্ধতিৰ ওপৰত নিৰ্ভৰ কৰি তথ্যপাতি সংগ্ৰহ কৰিব পাৰিলে, সংগৃহীত তথ্যপাতিৰ ওপৰত অধিক নিৰ্ভৰ যোগ্যতাৰে প্রকল্প সংৰচনা হাতত ল’ব পাৰি।
তলত সামাজিক গৱেষণাৰ ক্ষেত্ৰত পৰিসংখ্যাৰ ব্যৱহাৰ সম্পৰ্কে উল্লেখ কৰা হ’ল—
(ক) সামাজিক গৱেষণাৰ মূল কাম হ’ল তথ্য সংগ্ৰহ কৰা। তথ্যসমূহৰ পিয়ল পদ্ধতি বা নমুনা বাছনি পদ্ধতিৰ সহায়ত অধ্যয়ন ক্ষেত্ৰৰ পৰা সংগ্ৰহ কৰা হয়। এই তথ্যসমূহক সাংখ্যিক জোখমাপ ব্যৱহাৰ কৰি নিৰ্দিষ্ট কিছুমান ফলাফলৰ বাবে চেষ্টা কৰা হয়। পাৰিসাংখ্যিক পদ্ধতিৰ ব্যৱহাৰৰ যোগেদি বস্তুতাত্ত্বিক, যথাৰ্থতা আৰু সংক্ষিপ্ততাৰে সামাজিক গৱেষণা চলাই যাব পাৰি। পাৰিসাংখ্যিক পদ্ধতিৰ ব্যৱহাৰে গৱেষকক নিৰ্দিষ্ট কিছুমান পদ্ধতি ব্যৱহাৰ কৰিবলৈ বাধ্য কৰি তোলে। যাৰ দ্বাৰা গৱেষণা কার্য বস্তুতাত্ত্বিক আৰু বিশ্বাসযোগ্য হৈ উঠে।
(খ) সামাজিক গৱেষণাত তথ্যসমূহৰ বিশ্লেষণ আৰু তালিকাকৰণ, শ্ৰেণীকৰণ আদি প্রণালীবদ্ধভাৱে কৰা হয়। এই ক্ষেত্ৰত তথ্যসমূহক বিশ্লেষণ কৰি তালিকাকৰণ কৰোঁতে জোখ- মাপ বা পৰিমাপৰ বাবে উচিত মানদণ্ডৰ স্কেল ব্যৱহাৰ কৰা হয়। এই পাৰিসাংখ্যিক পদ্ধতিৰ ব্যৱহাৰৰ যোগেদি গুণগত তথ্যসমূহ সংখ্যাগত তথ্যৰ আকাৰত প্ৰকাশ কৰি জোখ-মাপৰ সুবিধা কৰি তোলাৰ লগতে অধিক সঠিক আৰু যথাৰ্থ ৰূপত বিশ্লেষণ কৰিব পৰাত সহায় হয়।
(গ) সামাজিক গৱেষণাত পাৰিসাংখ্যিক পদ্ধতি ব্যৱহাৰৰ দ্বাৰা সময়, স্থান আদিৰ ওপৰত নিৰ্ভৰ কৰি সামাজিক ঘটনাসমূহক তুলনা কৰি চাবৰ বাবে সুবিধা হয়। এই পদ্ধতিৰে অতিশয় জটিল আৰু বিশৃংখল সামাজিক সংখ্যাবিলাক গৱেষণা কৰিব পাৰি।
(ঘ) পাৰিসাংখ্যিক পদ্ধতিৰ ব্যৱহাৰে দুটা চলকৰ মাজত সম্বন্ধক প্ৰতিষ্ঠা কৰে। তাৰোপৰি বিভিন্ন চলকৰ মাজৰ পদ্ধতিকো অধ্যয়ন কৰিব পাৰি। সামাজিক ঘটনাৰ পৰিৱৰ্তনত চলক পৰিৱৰ্তনৰ দিশ, পৰিৱৰ্তনৰ মাত্ৰা বা মান আদি নিৰূপণ কৰিব পাৰি।
(ঙ) সমাজ গৱেষকসকলৰ পাৰিসাংখ্যিক পদ্ধতিৰে অধিক জ্ঞান আৰু অভিজ্ঞতা যোগান ধৰে। বিভিন্ন বৈজ্ঞানিক নীতিসমূহক পুনৰীক্ষণ, পৰীক্ষা আদি পাৰিসাংখ্যিক পদ্ধতিৰ ওপৰত নিৰ্ভৰ কৰিয়েই কৰা হয়।
পাৰিসাংখ্যিক এবিধ বিজ্ঞান বা পদ্ধতি যাৰ দ্বাৰা গৱেষণাত সংগৃহীত তথ্যসমূহক বিশ্লেষণ আৰু প্ৰণালীবদ্ধভাৱে সংশ্লেষণ আৰু উপস্থাপন কৰি পাৰিসাংখ্যিকলৈ তথ্যসমূহক বিশ্লেষণ আৰু প্ৰণালীবদ্ধভাৱে সংশ্লেষণ আৰু উপস্থাপন কৰি পাৰিসাংখ্যিকলৈ ৰূপান্তৰ ঘটোৱা হয়। এই পাৰিসাংখ্যিত বিলাকৰ ওপৰত নিৰ্ভৰ কৰিয়েই প্রকল্প আৰু সাধাৰীকৰণ কৰা হয়।
পাৰিসাংখ্যিক পদ্ধতিৰ সহায়ত তথ্যসমূহ তালিকাকৰণ কৰি বিভিন্ন শ্রেণীৰ তথ্যবোৰক তুলনা কৰিব পাৰি। মানুহৰ বুদ্ধি, দক্ষতা, উৎপাদনশীলতা আদিক মাধ্যিকীৰ দ্বাৰা ছবি মেট্ৰিক স্কেলৰ দ্বাৰা জটিল সামাজিক কাৰকবোৰৰ পৰিমাণ, ব্যক্তিৰ মনোভাৱ, প্রভাৱ, মতামত আদিক পৰিমাপ কৰাৰ লগতে তুলনা কৰি চোৱাৰ পাৰিসংখ্যাৰ গুৰুত্ব সামাজিক গৱেষণাত অপৰিসীম।
৩৩। নমুনাভিত্তিক অধ্যয়ন বুলিলে কি বুজা? (What do you mean by sample study?)
উত্তৰঃ সামাজিক গৱেষণাৰ বাবে তথ্য সংগ্ৰহৰ বিভিন্ন পদ্ধতিসমূহৰ ভিতৰত এটা অতি জনপ্রিয় পদ্ধতি হ’ল নমুনা ভিত্তিক অধ্যয়ন বা নমুনা অধ্যয়ন পদ্ধতি (Case study)। এই পদ্ধতিৰ প্ৰচলন মার্কিন যুক্তৰাজ্যত বেছি আছিল। নমুনাভিত্তিক অধ্যয়ন পদ্ধতিৰ বিষয়ে সমাজতত্ত্ববিদসকলে নানা সংজ্ঞা আগবঢ়াইছে। গুড় আৰু হাট্ মতে, ‘এটা সামাজিক এককৰ সুকীয়া চৰিত্ৰ অক্ষুন্ন ৰাখি সামাজিক তথ্যবোৰ সংগঠিত কৰা পদ্ধতিয়েই হ’ল নমুনা ভিত্তিক অধ্যয়ন।
পি. ভি. য়ঙৰ মতে, ‘এটা সামাজিক এককৰ জীৱন সামগ্ৰিক আৰু গভীৰভাৱে অধ্যয়ন কৰা তথ্য উদ্ঘাটন আৰু বিশ্লেষণ কৰা পদ্ধতিটোৱেই হ’ল নমুনা অধ্যয়ন পদ্ধতি।’ এই সামাজিক একক এজন ব্যক্তি, এটা পৰিয়াল, এটা সংস্থা এটা সাংস্কৃতিক সমূহ বা সম্প্রদায়ো হ’ব পাৰে।
এই সংজ্ঞাসমূহৰ পৰা ক’ব পাৰি যে, নমুনাভিত্তিক অধ্যয়ন পদ্ধতি হ’ল এটা গোটৰ বিষয়ে সামগ্রিকভাৱে অধ্যয়ন কৰাৰ এটা ব্যৱস্থা।
৩৪। সামাজিক অনুসন্ধান কার্যত নমুনা অধ্যয়নৰ গুৰুত্ব আৰু সুবিধা সম্পর্কে আলোচনা কৰা। (Discuss the importance and benefits of sample study in social research work.)
উত্তৰঃ সামাজিক অনুসন্ধান কার্যত নমুনা অধ্যয়নৰ গুৰুত্ব সম্পৰ্কে তলত আলোচনা কৰা হ’ল-
(ক) ব্যক্তিগত অভিজ্ঞতাৰ বৃদ্ধি: ইয়াৰ যোগেদি এজন গৱেষকে স্বাধীনভাৱে বিষয়বস্তুৰ ওপৰত অধ্যয়ন কৰিবলৈ সুবিধা পায়। এনেকৈ স্বাধীনভাৱে অধ্যয়ন কৰাৰ সুবিধা পোৱাৰ কাৰণে গৱেষকৰ ব্যক্তিগত অভিজ্ঞতা আৰু অৰ্হতা বৃদ্ধি পায়। সেয়ে জটিল সামাজিক ঘটনাবোৰ অধ্যয়ন কৰোঁতে পাৰিসাংখ্যিক পদ্ধতিবোৰতকৈ নমুনাভিত্তিক অধ্যয়ন পদ্ধতিহে বেছি ফলব্রতী হয়।
(খ) নমুনা স্তৰীকৰণ সুবিধা: এনে অধ্যয়নৰ যোগেদি এককসমূহৰ চাৰিত্ৰিক বৈশিষ্ট্য আৰু সামাজিক অৱস্থান সহজে নিৰ্ণয় কৰিব পাৰি। ফলত নমুনাবোৰক স্তৰীকৰণ কৰাটো সহজ হয়।
(গ) প্ৰশ্নসূচী প্ৰস্তুত কৰাৰ সুবিধা: নমুনা ভিত্তিক অধ্যয়নৰ সূক্ষ্ম পৰ্যবেক্ষণ কৰাৰ কাৰণে ঘটনা এটাৰ ওপৰত যথেষ্ট জ্ঞান আহৰণ কৰিব পাৰি। এনেকৈ সূক্ষ্মভাৱে আহৰণ কৰা জ্ঞানে কাৰ্যকৰী প্ৰশ্নসূচী নিৰ্মাণ কৰাৰ পথ উজ্জ্বল কৰে।
(ঘ) প্ৰকল্প ৰচনাৰ সুবিধা: এনে অধ্যয়নত একক বিলাকক সূক্ষ্মভাৱে অধ্যয়ন কৰি তথ্যসমূহ সতর্কভাৱে বিশ্লেষণ কৰা হয়। এনে বিশ্লেষণে গৱেষকক এটা সাধাৰণ সিদ্ধান্ত লোৱাত সহায়। কৰে। এনে ঘটনা ফলাফল নির্ণয় কৰিব পৰা সুবিধাই যিকোনো এটা সাধাৰণ ঘটনাৰ ওপৰত প্রকল্প তৈয়াৰ কৰা গৱেষকজনক অভিজ্ঞ কৰি তোলে।
(ঙ) গভীৰ অধ্যয়ন: নমুনাভিত্তিক পদ্ধতিত সদায়ে বিস্তৃত আৰু গভীৰ অধ্যয়নৰ ওপৰত গুৰুত্ব দিয়া হয়। যিকোনো সামাজিক বা ব্যক্তিৰ আচৰণৰ অন্তৰালত নিহিত হৈ থকা প্ৰকৃত সত্য উদঘাটন কৰিবলৈ চেষ্টা কৰা হয়। ফলত এটা সামাজিক ঘটনা বা ব্যক্তিৰ অন্তৰালত থকা দিশবোৰৰ সূক্ষ্ম পর্যবেক্ষণ কৰিব পাৰিব।
(চ) গুণগত বিশ্লেষণৰ সুবিধা: নমুনাভিত্তিক অধ্যয়নৰ এটা সামাজিক ঘটনাৰ গুণগত তথ্যবোৰ সংগ্ৰহ আৰু বিশ্লেষণ কৰাৰ সুবিধা হয়। সামাজিক আচৰণবোৰ কিছুমান ভাৱাত্মক কাৰকৰ দ্বাৰা প্ৰভাৱিত হয়। সেয়েহে নমুনাভিত্তিক অধ্যয়নৰ দ্বাৰা সামাজিক ঘটনাৰ ভাৱাত্মক দিশটো আৰু ইয়াৰ স্বৰূপ সূক্ষ্মভাৱে অধ্যয়ন কৰিব পাৰি৷
(ছ) সামাজিক প্ৰক্ৰিয়াৰ সুবিধা: নমুনাভিত্তিক অধ্যয়নে এটা জনসমষ্টিত চলি থকা সামাজিক প্ৰক্ৰিয়াবোৰ অধ্যয়ন কৰাত সহায় কৰে।
গতিকে দেখা যায় যে নমুনা অধ্যয়নৰ লগত জড়িত থকা বিভিন্ন সমস্যা গৱেষকসকলৰ অভিজ্ঞতাৰ যোগেদি আঁতৰ কৰিব পৰা হৈছে। নমুনা অধ্যয়ন এতিয়া সমাজ অধ্যয়নৰ ক্ষেত্ৰত জনপ্রিয় প্রণালী হিচাপে পৰিগণিত হৈছে। যিকোনো জটিল সামাজিক ঘটনা আৰু জনসমষ্টি অধ্যয়ন কৰাৰ ক্ষেত্ৰত নমুনা পদ্ধতিৰ বহুতো বা সুবিধা আছে বুলি ক’ব পাৰি।
৩৫। নমুনা অধ্যয়ন পদ্ধতিৰ অসুবিধাসমূহ আলোচনা কৰা। (Discuss the disadvantages of the sample study method.)
উত্তৰঃ নমুনা অধ্যয়ন পদ্ধতিৰ কেইটামান মূল সমস্যা দেখিবলৈ পোৱা যায় যেনে—
(ক) সংখ্যাগত নহয় (Not quantitative): নমুনা অধ্যয়ন পদ্ধতি সংখ্যাগত চৰিত্ৰ ওপৰত নিৰ্ভৰশীল নহয়। ইয়াৰ চৰিত্ৰ গুণগতহে। এনে গুণগত হোৱাৰ কাৰণে অধ্যয়নবোৰৰ বৈধতা নিৰ্ণয় কৰাটো কঠিন হৈ পৰে।
(খ) ঐতিহাসিক তথ্য সংগ্ৰহৰ সমস্যা (Difficulties in collection of historical data): নমুনাভিত্তিক অধ্যয়নত ঐতিহাসিক ঘটনা অধ্যয়ন কৰিব নোৱাৰি।
(গ) অনিয়ন্ত্ৰিত আৰু অসংগঠিত (Uncontrolled and Unorganised): এনে অধ্যয়নত গৱেষকজনক নিয়ন্ত্ৰণ কৰাৰ কোনো ব্যৱস্থা নাই। অন্যহাতেদি অধ্যয়নটো সু-সংগঠিত নহয়। যিকোনো এটা একক সু-সংগঠিত কৰি সম্পূৰ্ণ ধাৰাবাহিকতা ৰক্ষা কৰি তথ্য সংগ্ৰহ কৰাটো অসবিধাজনক হৈ পৰে।
(ঘ) ভুল তথ্য সংগ্ৰহৰ সম্ভাৱনা (Possibility of errors in collection of data): কেতিয়াবা অশুদ্ধ আৰু কেতিয়াবা অপ্রতিনিধিত্বমূলক নমুনা বাছনি কৰি তথ্য সংগ্ৰহ হোৱাৰ ভয় থাকে।
(ঙ) ভুল সাধাৰণীকৰণ (False generalisation): বহুতো সময়ত নমুনা অধ্যয়ন গুণগত নহৈ ভাৱবোধক হোৱা দেখা যায়। ফলস্বৰূপে ভ্ৰান্ত সাধাৰণীকৰণ হোৱাৰ সম্ভাৱনা থাকে।
(চ) অত্যাধিক ব্যয (More expensive ): নমুনা অধ্যয়ন পদ্ধতি অতি ব্যয় বহুল। এনে অধ্যয়নত কম নির্ধাৰিত সময়ত শেষ কৰাৰ কোনো নিশ্চয়তা নাই। বেছি সময়ৰ প্ৰয়োজন হোৱাৰ কাৰণে খৰচৰ মাত্ৰাও এনে অধ্যয়নত বহু পৰিমাণে বৃদ্ধি পায়।
৩৬। নমুনা অধ্যয়ন পদ্ধতিৰ প্ৰণালীসমূহ আলোচনা কৰা। (Discuss the methods of sample study method.)
উত্তৰঃ নমুনা অধ্যয়নৰ ক্ষেত্ৰত কেইটামান নিৰ্দিষ্ট প্ৰণালীৰ ওপৰত গুৰুত্ব দিয়া হয়।
সেই প্রণালীকেইটা হৈছে:
(ক) যিটো গোটৰ সম্পর্কে নমুনাভিত্তিক অধ্যয়ন কৰিবলৈ লোৱা হয়, সেই গোটটোৰ বিভিন্ন দিশৰ লগত সম্পৰ্ক থকা তথ্য সংগ্ৰহ কৰা হয়। এনে ধৰণৰ তথ্যবোৰ হৈছে ব্যক্তিগত কাম কাজ, অন্যান্য চিঠি পত্র, দিনপঞ্জী, যোগাযোগ বিভিন্ন লিখনি ইত্যাদি।
(খ) নমুনা অধ্যয়ন কৰা গোটবোৰৰ সম্পূৰ্ণ অতীতৰ পৰা বৰ্তমানলৈকে ইতিহাস অধ্যয়ন কৰা হয়। এনে ধৰণৰ তথ্যপাতি সংগ্ৰহ কৰিবৰ কাৰণে লিখিত পুথি, প্রতিবেদন পত্ৰ আৰু সমাজত মুখে মুখে চলি অহা কাহিনী, কথা বতৰা আদিৰ সহায় লোৱা হয়।
(গ) নমুনা অধ্যয়ন এটা অতি সুক্ষ্ম আৰু গভীৰ প্ৰকৃতিৰ। সেইবাবে গোটবোৰৰ লগত জড়িত থকা সকলোধৰণৰ তথ্যপাতি সংগ্ৰহ কৰিব লগা হয়। কিন্তু এনে সূক্ষ্ম আৰু গভীৰ প্ৰকৃতিৰ তথ্য সংগ্ৰহ কৰিবৰ কাৰণে কেৱল নথিপত্র বা লিপিবদ্ধ পুথি আৰু প্ৰতিবেদনেই যথেষ্ট নহয়। সেই কাৰণে নমুনা অধ্যয়নৰ এককবোৰ সকলো তথ্য সংগ্ৰহ কৰিবৰ বাবে কিছুমান নিৰ্বাচিত ব্যক্তিৰ সাক্ষাৎকাৰৰ যোগেদি কিছুমান তথ্য সংগ্ৰহ কৰা হয়। অন্য কিছুমান তথ্য যেনে— গোটটোৰ আচৰণ, কার্যকলাপ আৰু আন কিছুমান জড়িত ঘটনা পর্যবেক্ষণ কৰি তথ্য সংগ্ৰহ কৰা।
নমুনা অধ্যয়নৰ মূল সুবিধা এইটোৱেই যে, এনে অধ্যয়নত তথ্য সংগ্ৰহৰ বাবে একেলগে একে সময়তে বিভিন্ন কৌশল প্রয়োগ কৰিব পৰা যায়।
৩৭। নমুনাভিত্তিক অধ্যয়নৰ তথ্যৰ উৎসসমূহৰ বিষয়ে আলোচনা কৰা। (Discuss the data sources of sample-based studies.)
উত্তৰঃ নমুনা ভিত্তিক অধ্যয়নত কিছুমান বিশেষ উৎসৰ পৰা তথ্য সংগ্ৰহ কৰা হয়। যিবোৰৰ দ্বাৰা এটা সামাজিক এককক পুংখানুপুংখ আৰু সুবিস্তৃতভাৱে অধ্যয়ন কৰি তথ্য সংগ্ৰহ কৰিব পৰা যায়।
সেই উৎসসমূহ হ’ল:
(ক) ব্যক্তিগত নথিপত্র: এজন ব্যক্তিৰ জীৱন চক্ৰৰ ধাৰা বাহ্যিকতা, জীৱন দৰ্শন, অভিজ্ঞতা, সাাজিক সম্পর্ক ব্যক্তিত্ব আদি ব্যক্তিগত নথিপত্ৰসমূহৰ মাধ্যমেৰে প্ৰকাশ পায়। আত্মজীৱনী, স্মৃতিলিপি, দিনলিপি, চিঠি-পত্ৰ, সোৱৰণি, ব্যক্তিগত জীৱনৰ বিশেষ ঘটনাসমূহৰ উল্লেখ থকা অন্যান্য নথিপত্র আদিক ইয়াৰ অন্তৰ্ভুক্ত কৰিব পাৰি। ব্যক্তিগত নথিপত্ৰসমূহে এজন ব্যক্তিৰ মানসিক গঠন, গতিশীল মনোভাৱ, কম প্ৰেৰণা দিয়ে। ব্যক্তিগত নথিপত্ৰসমূহ গুণগত বিশ্লেষণ যদিও এইবোৰৰ মাজেদি লেখকজনৰ মানসিক আৰু সামাজিক অভিব্যক্তি প্রকাশ পায়। গতিকে এইবোৰ নমুনাভিত্তিক অধ্যয়নৰ অৰ্থপূৰ্ণ উৎস।
(খ) জীৱন বুৰঞ্জী: জীৱন বুৰঞ্জীত নথিপত্ৰবোৰ অন্তৰ্ভুক্ত থাকে। অৱশ্যে ই বেছি বর্ণনাত্মক। এজন ব্যক্তিৰ জীৱনৰ প্ৰধান ঘটনাবোৰ এইবোৰত লিপিবদ্ধ থাকে। গতিকে এইবোৰৰ নমুনাভিত্তিক অধ্যয়নৰ প্ৰয়োজন হোৱা তথ্যসমূহৰ অন্যতম উৎস।
নমুনাভিত্তিক অধ্যয়ন প্রণালীত কিছুমান সাৱধানতা আগতীয়াকৈ গ্ৰহণ কৰিব লাগে।
সেই সাৱধানতা হলঃ
(ক) যোজনা নমুনাক পুনৰ অধ্যয়ন কৰিব লাগিব নেকি তাক পৰীক্ষা কৰা বা পুনৰ অধ্যয়নৰ সম্ভাবনা নিশ্চিত কৰা।
(খ) তথ্য বিশ্লেষণ আৰু সংশ্লেষণ পদ্ধতিবোৰ নিৰ্ধাৰণ কৰা।
(গ) প্রস্তাবিত অধ্যয়নটোৰ বিভিন্ন দিশবোৰ বাছি উলিয়াই কি কি তথ্য সংগ্ৰহ কৰিব তাকে ঠিৰাং কৰা।
(ঘ) একক এটা ঐকিক বা একত্ৰিত চৰিত্ৰযুক্ত নাইবা সম্পূর্ণ হয়নে নহয় তাক আগতে পৰীক্ষা কৰা আৰু এনে চৰিত্ৰ অক্ষুণ্ণ ৰখা।
(ঙ) নমুনাভিত্তিক অধ্যয়নৰ বাবে এটা যথোপযুক্ত বিষয়বস্তু নিৰ্ধাৰণ কৰা।
(চ) তথ্য সংগ্ৰহৰ উপযুক্ত পদ্ধতি বা কৌশলবোৰ ঠিৰাং কৰা।
(ছ) তথ্য সংগ্ৰহৰ সময় নিৰ্ধাৰণ কৰা আৰু এটা সময় সীমাৰ ভিতৰত অধ্যয়ন সম্পন্ন কৰাৰ ব্যৱস্থা কৰা।
(জ) নমুনা ভিত্তিক অধ্যয়নবোৰ মুঠ খৰচ কিমান হ’ব তাক নিশ্চিত কৰা।
(ঝ) নমুনাবোৰৰ পৰা প্ৰত্যাশিত পৰিমাণৰ তথ্য পাবনে নাপাব আৰু তথ্যবোৰ কাৰ্যকৰী ধৰণৰ হ’বনে নাই সেই বিষয়ে যথাসম্ভৱ পূৰ্বানুমান কৰা।
(ঞ) জনসমষ্টি বা অধ্যয়ন ক্ষেত্ৰটোক নিৰ্দিষ্ট কৰা। জনসমষ্টিটোৰ পৰা আৱশ্যক অনুযায়ী যথাসম্ভৱ প্রতিনিধিত্বমূলক একক বাছনি কৰা।
এই ব্যৱস্থাসমূহ গ্ৰহণ কৰিলে নমুনা ভিত্তিক অধ্যয়ন কাৰ্যকৰী আৰু বস্তুনিষ্ঠ।