Research Methods – II Unit 1 সামাজিক গৱেষণা কৰা

Join Telegram channel

Research Methods – II Unit 1 সামাজিক গৱেষণা কৰা, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Research Methods – II Unit 1 সামাজিক গৱেষণা কৰা Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Research Methods – II Unit 1 সামাজিক গৱেষণা কৰা Question Answer can be of great value to excel in the examination.

Research Methods – II Unit 1 সামাজিক গৱেষণা কৰা

Research Methods – II Unit 1 সামাজিক গৱেষণা কৰা Notes cover all the exercise questions in UGC Syllabus. Research Methods – II Unit 1 সামাজিক গৱেষণা কৰা provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

Doing Social Research

SOCIOLOGY

RESEARCH METHODS – II

(গৱেষণা পদ্ধতি – II)

অতি চমু প্রশ্নোত্তৰঃ

(ক) শুদ্ধ উত্তৰটো বাছি উলিওৱা: (Choose the correct answer.)

১l কৌশলৰ ইংৰাজি প্রতিশব্দ কোনটো— (Which is the English synonym of technique-)

(ক) Method.

(খ) Technique.

(গ) Logis.

(ঘ) Research.

উত্তৰঃ (খ) Technique.

২l ঐতিহাসিক পদ্ধতিৰ মাধ্যমত সমাজ বিজ্ঞানত ব্যৱহৃত কোন পদ্ধতিৰ কথা কোৱা হৈছে- (Which of the following methods has been mentioned in the social sciences through historical methods?)

(ক) গতিৰ প্ৰকৃতি (Nature of motion)।

(খ) পৰিৱৰ্তন (Change)।

উত্তৰঃ (ক) গতিৰ প্ৰকৃতি‌।

৩l পদ্ধতি বা পন্থা অনুসৰণ কৰিব গ’লে যি উপায় অৱলম্বন কৰিব লাগে তাক কি বুলি কয়? (What is the method to be followed to follow the method or approach?)

(ক) পন্থা (Approach)।

(খ) পদ্ধতি (Method)।

(গ) কৌশল (Strategy)।    

(ঘ) প্রযুক্তি (Technology)।

উত্তৰঃ (গ) কৌশল।

৪l বৈজ্ঞানিক পদ্ধতিৰ প্ৰথম ধাপ কোনটো— (Which is the first step of the scientific method?)

(ক) উপাত্ত সংগ্রহ (Data collection)।

(খ) সমস্যা নির্বাচন (Problem selection)।

(গ) যথাৰ্থতা যাচাই কৰা (Verification of accuracy)।

(ঘ) উপাত্তৰ শ্রেণীবিন্যাস। (Data classification)।

উত্তৰঃ (খ) সমস্যা নির্বাচন।

৫l প্রকৃতিগত দিশৰ পৰা চলকক কেইটা ভাগত ভাগ কৰা যায়— (Naturally, the variable can be divided into how many parts.)

(ক) এটা (One)।            

(খ) দুটা (Two)।

(গ) তিনিটা (Three)।     

(ঘ) চাৰিটা (Four)।

উত্তৰঃ (খ) দুটা।

৬l Andrew Sayer (এনড্রেউ চায়েৰ) তত্ত্বক কোন তিনিটা অৰ্থত প্ৰকাশ কৰিছে— (In what three senses did Andrew Sayer express his theory?) 

(ক) ঘটনাৰ বিশ্লেষণ, ধাৰণায়ন, অনুমান (Analysis of events, conception, inference)

(খ) অনুমান, ব্যাখ্যা, অনুসন্ধান। (Inference, explanation, search)

(গ) ব্যাখ্যা, বিৱৰণ, ক্ষেত্র অনুসন্ধান। (Explanation, description, Field survey.)

উত্তৰঃ (ক) ঘটনাৰ বিশ্লেষণ, ধাৰণায়ন, অনুমান।

৭। সমাজ গৱেষণাৰ প্ৰথম স্তৰৰ কাৰ্য কি— (What is the function of the first level of social research-) 

(ক) সমাজ নির্বাচন। (Society selection)

(খ) ব্যক্তি নির্বাচন। (Personal selection)

(গ) বিষয় নির্বাচন। (Topic selection) 

(ঘ) গোষ্ঠী নির্বাচন। (Group selection) 

উত্তৰঃ (গ) বিষয় নির্বাচন।

৮l সমাজ বা সামাজিক গৱেষণাৰ বৈজ্ঞানিক সিদ্ধান্ত উপনীত হোৱাৰ বাবে যিসকল স্তৰবিলাক অতিক্ৰম কৰিব লাগে সেইবোৰ হ’ল— (What are the steps that need to be taken to reach a scientific conclusion in society or social research-)

(ক) গোষ্ঠী নির্বাচন। (Group selection) 

(খ) তথ্যৰ শ্ৰেণীবিভাগ। (Classification of information)

(গ) পূর্বানুমান প্ৰণয়ন, অভিজ্ঞতা দ্বাৰা পৰ্যবেক্ষণ। (Forecasting required, observation by experienced)

(ঘ) সমাজ নির্বাচন (Society selection)

উত্তৰঃ (গ) পূর্বানুমান প্ৰণয়ন, অভিজ্ঞতা দ্বাৰা পর্যবেক্ষন।

৯l Meta আৰু Logos কোন ভাষাৰ শব্দ- (Meta and logos are words in which language?)

(ক) লেটিন। (Latin)        

(খ) গ্রীক। (Greek)

(গ) ইংৰাজি। (English)   

(ঘ) কান্তি। (French)

উত্তৰঃ (ঘ) ফবাচি।

১০। আদর্শ নমুনা তত্ত্বটো কাৰ— (Whose ideal sampling theory-) 

(ক) ইমেইল দুখেইম। (Emile Durkheim)

(খ) মেক্স ৱেবাৰ। (Max Weber)

(গ) আগষ্ট ক’ট। (Auguste Comte)

(ঘ) হার্বাট স্পেনচাৰ। (Herbert Spencer)

উত্তৰঃ (খ) মেক্স ৱেবাৰ।

১১। মুখামুখিভাবে প্রশ্ন কৰি বা কথোপকথনৰ জৰিয়তে তথ্য সংগ্ৰহ কৰিবৰ বাবে প্রশ্নসচী প্ৰস্তুত কৰা হয় তাক কোৱা হয়— (The questionnaire that is prepared for collecting da through face-to-face questions or conversations is called-)

(ক) প্রশ্নসূচী। (Questionnaire) 

(খ) সাক্ষাৎকাৰ্যসূচী। (Interview schedule)

(গ) সাক্ষাৎকাৰ নিৰ্দেশনা। (Interview instructions)

উত্তৰঃ (খ) সাক্ষাৎকাৰসূচী।

১২। প্রাকৃতিক বা স্বাভাৱিক পৰিবেশত মানুহৰ আচৰণ, কার্যকলাপ, ঘটনা আদি পর্যবেক্ষণ কৰাটোক— (Observing human behavior, activities, events, etc. in a natural environment-)

(ক) অনিয়ন্ত্রিত পর্যবেক্ষণ। (Uncontrolled observation)

(খ) অংশগ্রহী পর্যবেক্ষণ। (Participant observation)

(গ) নিয়ন্ত্রিত পর্যবেক্ষণ। (Controlled observation)

উত্তৰঃ (ক) অনিয়ন্ত্রিত পর্যবেক্ষণ।

১৩। প্রকল্প হ’ল এনে এটা ধাৰণামূলক মন্তব্য যাৰ কাৰ্যকাৰিতা পৰীক্ষাৰ দ্বাৰা প্ৰমাণ কৰা হয়’— এই উক্তিটো কাৰ? (“Hypothesis is a conceptual commentary whose effectiveness is proved by tests” Whose statement?)

(ক) জি এ. লাগুবার্গ। (GL. Landbargh)

(খ) গুড় আৰু হাট। (Good and Hut) 

(গ) পি ভি য়াং (P.V. Yang)

উত্তৰঃ (খ) গুড় আৰু হাট।

১৪। ‘গবেষণাক শুদ্ধ পথত আগবঢ়াই নিয়াত সহায় কৰা যুক্তিমূলক আৰু প্ৰণালীবদ্ধ আঁচনিয়েই হ’ল ‘গৱেষণাৰ অভিকল্প – এই উক্তিটো কাৰ? (Whose statement is “the rational and systematic scheme to help research move in the right direction is the alternative to research”?)

(ক) পিডিয়াং। (P.V. Yang)

(খ) ই. এ চাচমেন। (E.A. Such an)

(গ) গুড় আৰু হাট (Good and Hut)

উত্তৰঃ (ক) পি. ভি. য়াং।

১৫। তলৰ কোনটো প্ৰকল্পৰ উৎস নহয়? (Which of the following is not a Hypothesis?) 

(ক) সাধাৰণ সংস্কৃতি। (General culture)

(খ) ব্যক্তিগত অভিজ্ঞতা। (Personal experience)

(গ) জীৱন বুৰঞ্জী। (Life history)

উত্তৰঃ (গ) জীৱন বুৰঞ্জী।

১৬। ‘গৱেষণাৰ আদর্শ আৰ্হি’ (Model plan of research) বুলি কাক কোৱা হয়? (What is a model plan of research?) 

(ক) গৱেষণা প্ৰকল্প। (Research Hypothesis)

(খ) গৱেষণা অভিকল্প। (Research options) 

(গ) সামাজিক জৰীপ। (Social survey)

উত্তৰঃ (খ) গৱেষণা অভিকল্প।

১৭। নমুনা গ্রহণ গৱেষণাৰ এটা পদ্ধতি যাৰ প্ৰধান বৈশিষ্ট্য হৈছে—  (A method of sampling research whose main features are-)

(ক) প্রতিনিধিত্বমূলক। (Representative)

(খ) সামূহিক। (Collective)

(গ) সামন্তবাদ। (Feudalism)

উত্তৰঃ (খ) সামুহিক।

১৮। “Methods in Social Research” নামৰ গ্ৰন্থখনৰ ৰচক কোন ? (Who is the author of the book “Methods in Social Research”?)

(ক) পি. ভি. ইয়াং। (P. V. Yong) 

(খ) গুড আৰু হাট্। (Goode and Hut)

(গ) বি. এন. গুপ্তা (B.N. Gupta)

উত্তৰঃ (ক) পি. ভি. ইয়াং।

১৯। “যিকোনো সিদ্ধান্তৰ ব্যাপক ৰূপটোৱেই হৈছে প্ৰকল্প”— এই উক্তিটো কাৰ? (The broadest form of any decision is the project-whose statement?)

(ক) গুড আৰু হাট্। (Goode and Hut) 

(খ) জি. এ. লুনবার্গ। (G. A. Lundberg)

(গ) উইলিয়াম এইচ. জ। (William H. George) 

উত্তৰঃ (গ) উইলিয়াম এইচ. জর্জ।

২০। সাধাৰণতে গৱেষণাৰ কৃতকার্যতা নিৰ্ভৰ কৰা হয় — (Usually the success of the research depends on-)

(ক) তথ্য বিশ্লেষণৰ ওপৰত। (Above data analysis)

(খ) শুদ্ধ অভিকল্প। (Just a choice)

(গ) তথ্য সংগ্রহ। (Data collection)

উত্তৰঃ (খ) শুদ্ধ অভিকল্প।

২১। প্রকল্প প্রস্তুত কৰিবৰ বাবে যি অভিকল্প প্ৰস্তুত কৰা হয়, সেয়া হৈছে— (The option that are prepared for the design of the hypothesis are-)

(ক) বর্ণনাত্মক অভিকল্প। (Descriptive design)

(খ) অন্বেষণী অভিকল্প। (Exploration Design)

(গ) পৰীক্ষামূলক অভিক। (Experimental design)

উত্তৰঃ (খ) অম্বেষণী অভিকল্প।

চমু আৰু ৰচনাধর্মী প্রশ্নোত্তৰ

১। গৱেষণাৰ অভিকল্প কেই প্ৰকাৰৰ আৰু কি কি ? (How many types of research design and what are they?) 

উত্তৰঃ গৱেষণাৰ অভিকল্প মূলক তিনি প্ৰকাৰৰ। সেইকেইটা হ’ল—

(ক) অম্বেষণী অভিকল্প।

(খ) বর্ণনাত্মক অভিকল্প। আৰু 

(গ) পৰীক্ষামূলক অভিকল্প।

২। গৱেষণা অভিকল্প মানে কি? (What does research design mean?)

উত্তৰঃ কোনো এটা গৱেষণাক প্রণালীবদ্ধভাবে শুদ্ধ আৰু নিখুঁত পথেৰে শৃংখলাবদ্ধভাৱে সকলো দিশ সামৰি আগবঢ়াই নিবৰ কাৰণে এক আৰ্হি তৈয়াৰ কৰা হয়। সেই আৰ্হিকে গৱেষণাৰ অভিকল্প বোলা হয়।

৩l প্ৰকল্পৰ মূল বৈশিষ্ট্য কি? (What are the main features of the Hypothesis?) 

উত্তৰঃ প্ৰকল্পৰ মূল বৈশিষ্ট্য হৈছে পুনৰীক্ষণশীলতা, এটা প্রকল্প পুনঃ পুনঃ পৰীক্ষা কৰাকে পুণৰীক্ষণশীলতা বোলে।

৪l নমুনা নির্বাচন মানে কি? (What does sample selection mean?)

উত্তৰঃ সামাজিক ঘটনাবোৰৰ অধ্যয়নৰ বিষয়বস্তুৰ লগত সম্পৰ্ক ৰাখি এটা অধ্যয়নথলীৰ পৰা প্ৰতিনিধিত্বমূলক এক বিশেষ সংখ্যাৰ গোট বাছি লোৱা প্ৰক্ৰিয়াকে নমুনা নির্বাচন বোলা হয়।

৫l যাদৃচ্ছিক নমুনা পদ্ধতি মানে কি? (What does random sampling method mean?)

উত্তৰঃ যাদৃচ্ছিক মানে হৈছে বাছ-বিচাৰ নকৰাকৈ নিৰ্বাচন কৰা। অর্থাৎ যিবিলাক জনসমষ্টিৰ প্ৰতিটো একককে নমুনা হিচাপে বাছনি লোৱাৰ সুবিধা দিয়া হয় তাক যাদৃচ্ছিক নমুনা পদ্ধতি বোলা হয়।

৬l সামাজিক গৱেষণাৰ প্ৰকল্প মানে কি বুজা ? (What do you mean social research hypothesis?)

উত্তৰঃ কোনো এটা সামাজিক গৱেষণা আৰম্ভ কৰাৰ প্ৰাককালত এজন গৱেষকে পূৰ্বৰ অভিজ্ঞতা, ধাৰণা, তত্বাৱধানেৰে আগবঢ়াই নিয়া ধাৰণাবোৰৰ সমষ্টিকে গৱেষণা প্ৰকল্প বুলি কোৱা হয়। প্রকল্পবোৰ প্ৰথম অৱস্থাত ধাৰণাৰ ওপৰত বৰ্তি থাকে আৰু যেতিয়াই প্রকল্প শুদ্ধ প্রমাণিত হয় তেতিয়াই ই সিদ্ধান্তলৈ ৰূপান্তৰিত হয়।

৭l গৱেষণা প্ৰকল্পৰ সংজ্ঞা দিয়া। (Define research hypothesis.)

উত্তৰঃ গুড় আৰু হাটৰ মতে, গৱেষণা প্ৰকল্প হ’ল— এনে এটা ধাৰণামূলক মন্তব্য যাৰ কার্যকাৰিতা (Validity) পৰীক্ষাৰ দ্বাৰা প্ৰমাণ কৰা হয় ।

৮। “Methods in Social Research” নামৰ গ্ৰন্থখনৰ ৰচক কোন? (Who is the author of the book “Methods in SocialResearch”?) 

উত্তৰঃ পি. ভি. ইয়াং।

৯। ‘The open society and Its Enemies’ নামৰ গ্ৰন্থখনৰ লেখক কোন? (Who is the author of the book ‘The Open Society and Its Enemies’?)

উত্তৰঃ ‘The open society and Its Enemies’ নামৰ গ্ৰন্থখনৰ লেখক কাৰ্ল প’পাৰ।

১০। সমাজতত্ত্বৰ জনক বুলি কাক কোৱা হয়? (Who is called the father of sociology?)

উত্তৰঃ আগষ্ট কটক সমাজতত্ত্বৰ জনক বুলি কোৱা হয় ।

১১। আগষ্ট ক’টৰ মতে প্ৰাৰম্ভিক জ্ঞানৰ উৎস কি? (According to Auguste Comte, what is the source of primary knowledge?) 

উত্তৰঃ আগষ্ট ক’টৰ মতে প্ৰাৰম্ভিক জ্ঞানৰ উৎসৰ হৈছে ধর্মতত্ত্ব।

১২। কাৰ্ল প’পাৰৰ মতে ‘মিথ্যা’ কি? (What is a Falsification according to karl Popper?)

উত্তৰঃ কাৰ্ল প’পাৰৰ মতে ‘মিথ্যা’ (Falsification) হ’ল বিজ্ঞানসন্মত চিন্তা-চৰ্চাৰ আধাৰ।

১৩। কিমান চনত ‘The Open Society and Its Enemies’ গ্ৰন্থখন প্রকাশিত হৈছিল? (In which year was the book ‘Te Open Society and Its Enemies’ published?) 

উত্তৰঃ ১৯৪৫ চনত ‘The Open Society and Its Enemies’ গ্ৰন্থখন প্ৰকাশিত হৈছিল।

১৪। ‘Cogito ergo sum’- এই আপ্তবাক্যৰ জনক কোন? (Who is the father of ‘Cogito ergo sum?)

উত্তৰঃ ৰেনে ডেচকার্টিজ হ’ল ‘Cogito ergo sum’ এই আপ্তবাক্যষাৰিৰ জনক।

১৫। কোনে‘হেত্বান্বেষণবাদী’‘পৰম কাৰণবাদী ইতিহাসবাদক সমালোচনা কৰিছিল?  (Who criticised the “Hetanationist” and the “absolute” historian?) 

উত্তৰঃ কার্ল প’পাবে—হেত্বান্বেষণবাদী’ ‘পৰম কাৰণবাদী’ ইতিহাসবাদক সমালোচনা কৰিছিল।

১৬। কোনে বিজ্ঞানৰ ৰৈখিক অগ্ৰগতিৰ ধাৰণাটো অগ্ৰাহ্য কৰিছিল? (Who ignored the idea of linear progress in science?)

উত্তৰঃ টমাছ এছ কুহনে বিজ্ঞানৰ ৰৈখিক অগ্ৰগতিৰ ধাৰণাটো আগ্ৰাহ্য কৰিছিল। 

১৭। নিজকে প্ৰান্তত স্থিৰ কৰিব পৰা ব্যক্তিয়ে কোন সমালোচকৰ ভূমিকা পালন কৰে ? (Which critic plays the role of a person who can fix himself on the edge?)

উত্তৰঃ নিজকে প্ৰান্তত স্থিৰ কৰিব পৰা ব্যক্তিয়ে সামাজিক সমালোচকৰ ভূমিকা পালন কৰে।

১৮। কোনো গৱেষণা কালত বিষয়নিষ্ঠ পৰিস্থিতিৰ উদ্ভৱ হ’লে কি কাম কৰাটো সবাতোকৈ গুৰুত্বপূর্ণ? (What is the most important thing to do when a subjective situation arises during a study?)

উত্তৰঃ কোনো গৱেষণা কালত বিষয়নিষ্ঠ পৰিস্থিতিৰ উদ্ভৱ হ’লে গৱেষকে কৰিবলগীয়া সবাতোকৈ গুৰুত্বপূৰ্ণ কামটো হ’ল বিষয়নিষ্ঠ অৱস্থাটোৰ সুস্পষ্ট ব্যাখ্যা আগবঢ়োৱা।

১৯l কোনে ‘মিথ্যা’ শব্দটো ব্যৱহাৰ কৰিছিল? (Who used the word lie?) 

উত্তৰঃ কার্ল প’পাৰে ‘মিথ্যা’ শব্দটো ব্যৱহাৰ কৰিছিল।

২০। যিকোনো এটা গৱেষণা নীতি উল্লেখ কৰা। (Mention any research principle.) 

উত্তৰঃ অৱগত সন্মতিৰ নীতি।

২১। গৱেষণাৰ ন্যায়নিষ্ঠ নীতিক লৈ চিন্তা-চৰ্চা আৰম্ভ হোৱাৰ পটভূমি কি? (What is the background to the practice of thinking about the fair principles of research?)

উত্তৰঃ গৱেষণাৰ ন্যায়নিষ্ঠ নীতিক লৈ চিন্তা-চৰ্চা আৰম্ভ হোৱাৰ পটভূমি হ’ল ১৯৬০ দশকৰ আমেৰিকান সমাজতত্ত্ব আৰু পৰৱৰ্তী কালত ১৯৯০ দশকৰ জাৰ্মান সমাজশাস্ত্ৰৰ আধ্যয়ন কাল।

২২। কাৰ্ল প’পাৰৰ দৰে চিন্তাবিদসকলে আগবঢ়োৱা যুক্তিটো কি? (What is the argument given by thinkers like Karl Popper?) 

উত্তৰঃ কাৰ্ল প’পাৰৰ দৰে চিন্তাবিদসকলে আগবঢ়োৱা যুক্তি এটা হ’ল— সকলো অপ্রমাণিত যুক্তিসংগত ধাৰণা (hypothesis) ইপ্ৰমূল্যৰহিত (value free), বিজ্ঞানসন্মত (scientific) আৰু যৌক্তিক (rational) হোৱা উচিত।

২৩ l গৱেষণা পদ্ধতি বুলিলে কি বুজা? (What do you mean by research method?) 

উত্তৰঃ গৱেষণা কাৰ্যক্ৰম পৰিচালনাৰ সাধাৰণ পদ্ধতিই হৈছে গৱেষণা পদ্ধতি। উপাত্ত সংগ্রহ ,পৰিসাংখ্যিক বিশ্লেষণ, ফলাফল মূল্যায়ন প্রভৃতি গৱেষণা পদ্ধতিৰ অংশ।

২৪ l গৱেষণা নীতি কি? (What is research principle?)

উত্তৰঃ গৱেষণা নীতি হ’ল গৱেষকসকলে মানি চলিব বুলি ভাব কিছুমান স্বীকৃত নিয়ম আৰু নীতিৰ এটা বহল সমষ্টি। এই নীতি-নিয়মবোৰ অৱশ্যে পালনীয় প্ৰকৃতিৰ নহয়।

২৫ l গৱেষণা এটাক বিজ্ঞানসন্মত কৰি তোলা স্বীকৃত নীতিবোৰ উল্লেখ কৰা। (Mention the recognized principles to make research scientific?) 

উত্তৰঃ গৱেষণা এটাক বিজ্ঞানসন্মত কৰি তোলা স্বীকৃত নীতিবোৰ হ’ল— তথ্যভিত্তিক সিদ্ধান্তত উপনীত হোৱাৰ লক্ষ্য, ৰাজহুৱা কার্যপ্রণালী, অনিশ্চিত সামৰণি, বিষয়সূচীয়েই হ’ল গৱেষণা পদ্ধতি।

২৬। অৱগত সম্মতি কাক বোলে? (What is informed consent?)

উত্তৰঃ অৱগত সন্মতি মানে হ’ল অংশগ্ৰহণকাৰীসকলক যে কোনো এক গৱেষণা কাৰ্যৰ অধীনত অধ্যয়ন কৰা হৈছে সেই বিষয়ে সম্পূর্ণ সজাগ কৰি তোলা। বহু সময়ত অংশগ্ৰহণ কাৰীয়ে গম নাপায় যে কামটো এক গৱেষণা, ই কোনো চৰকাৰী সমীক্ষা নহয় গৱেষকে এই কথাটো সম্পর্কে অংশগ্ৰহণকাৰীক সজাগ কৰি তোলাটো প্ৰয়োজনীয়।

২৭। গৱেষণাৰ অভিকল্প কি? (What is research design?) 

উত্তৰঃ গৱেষণাৰ অভিকল্প মানে হৈছে একো একোটা গৱেষণাক শুদ্ধ পথেৰে প্ৰণালীবদ্ধভাবেআগবঢ়াই নিবৰ কাৰণে প্ৰস্তুত কৰা এক আৰ্হি। এই আৰ্হিয়ে গৱেষক আৰু গৱেষণা দুয়োটাকে শৃংখলাবদ্ধভাৱে আগবাঢ়ি যোৱাত সহায় কৰে।

সমাজবিজ্ঞানী পি ভি য়ঙৰ সংজ্ঞা মতে, ‘গৱেষণাক শুদ্ধ পথত আগবঢ়াই নিয়াত সহায় কৰা যুক্তিমূলক আৰু প্ৰণালীবদ্ধ আঁচনিয়েই হ’ল ‘গবেষণা অভিকল্প’।

২৮। সামাজিক গৱেষণাত তথ্য বিশ্লেষণৰ পদক্ষেপসমূহ কি কি? (What are the steps of data analysis in social research?)

উত্তৰঃ সামাজিক গৱেষণাত তথ্য বিশ্লেষণৰ পদক্ষেপবোৰ হ’ল— 

(ক) গৱেষণাৰ বিষয়বস্তুৰ বিভিন্ন দিশৰ ওপৰত সংগ্ৰহ কৰা

তথ্যপাতিবোৰক বেলেগ বেলেগ তালিকাবদ্ধ কৰিব লাগিব।

(খ) অধ্যয়ন কৰা জনসমষ্টিটোৰ গোটবোৰৰ ওপৰত সংগ্ৰহ কৰা তথ্যবোৰ বেলেগ বেলেগকৈ তালিকাবদ্ধ আৰু পৰিমাণাত্মক বিশ্লেষণ কৰিব লাগে।

(গ) বিভিন্ন পৰিসাংখ্যিক পদ্ধতিৰে বিষয়বস্তুটোৰ বিশ্লেষণ আৰু সংশ্লেষণ কৰি ফলাফল বা সাধাৰণ মন্তব্য প্রকাশ কৰিব লাগে।

২৯। সামাজিক গৱেষণাৰ বিজ্ঞানসন্মত পদ্ধতি তিনিটা কি কি? (What are the three scientific methods of social research?)

উত্তৰঃ সামাজিক গবেষণাৰ বিজ্ঞানসম্মত পদ্ধতি তিনিটা হ’ল— 

(ক) পৰিমানগত গবেষণা পদ্ধতি (Quantitative Research Method)।

(খ) গুণগত গৱেষণা পদ্ধতি (Qualitative Research Method)। 

(গ) মিশ্রিত গৱেষণা পদ্ধতি (Mixed Research Method)। 

৩০l গবেষণা কৌশল বুলিলে কি বুজা? (What do you mean by research technique?)

উত্তৰঃ গৱেষণা কৌশল হৈছে প্ৰকৃতি আৰু যন্ত্ৰপাতি যাৰ প্ৰয়োগৰ দ্বাৰা গৱেষণা কার্যক্রম সুষ্ঠভাৱে সম্পাদন কৰা যায়। আন কথাত গৱেষণা পদ্ধতিৰ সুষ্ঠ প্রয়োগেই হৈছে গৱেষণা কৌশল। পর্যবেক্ষণ, উপাত্ত সংগ্ৰহ আৰু প্ৰক্ৰিয়াকৰণ কৰা উপাত্ত বিশ্লেষণৰ উপায় প্রভৃতি গৱেষণা কৌশলৰ অন্তৰ্ভুক্ত। এই ক্ষেত্ৰত পদ্ধতি সর্বদায় কৌশল সৃষ্টিক উদ্বুদ্ধ কৰে। পদ্ধতি আৰু কৌশল এটা আনটোৰ লগত নিবিড় সম্পর্কযুক্ত।

৩১। গৱেষণা পদ্ধতিবিদ্যা সম্পর্কে লিখা। (Write about research methodology?)

উত্তৰঃ গৱেষণা পদ্ধতিবিদ্যাৰ অৰ্থ ব্যাপক। গৱেষণা সমস্যাৰ ৰীতিবদ্ধ সমাধানৰ বৈজ্ঞানিক পদ্ধতি আৰু কৌশলৰ নিয়ম বা প্রণালীক গৱেষণা পদ্ধতিবিদ্যা বোলা হয়। গৱেষণা পদ্ধতি বা কৌশল হৈছে গৱেষণা পদ্ধতিবিদ্যাৰ অংশ বিশেষ। পদ্ধতিৰ পৰিধি সীমিত কিন্তু পদ্ধতি বিদ্যাৰ পৰিধি ব্যাপক। গৱেষণা পদ্ধতিবিদ্যাত কোনো গৱেষণা সমস্যাৰ সমাধান কোনো নির্দিষ্ট পদ্ধতিত সম্পন্ন হ’ব, সেই পদ্ধতি আৰোপৰ যৌক্তিকতা কিমানখিনি আৰু অন্য পদ্ধতি কিয় আৰোপ কৰা হোৱা নাই, আদিৰ ওপৰত দৃষ্টিনিক্ষেপ কৰা হয়। ইয়াৰ বাহিৰেও কিয় গবেষণা কার্য গ্ৰহণ কৰা হ’ল, কেনেকৈ গৱেষণা সমস্যা ব্যাখ্যা কৰা যায়, কেনেকৈ আৰু কিয় অনুকল্প প্ৰস্তুত কৰা হয়, কি ধৰণৰ উপাত্ত সংগৃহীত হ’ব, নির্দিষ্ট কোনো ধৰণৰ পদ্ধতি উপাত্ত বিশ্লেষণত গ্ৰহণ কৰা হ’ব, কোন তথ্য প্রযুক্তি বা উপাত্ত বিশ্লেষণে পৰিসংখ্যাণৰ কোন পদ্ধতি প্রয়োগ কৰা হ’ব আদি গৱেষণা পদ্ধতিবিদ্যাৰ বিষয়বস্তু হিচাপে বিবেচিত হয়।

৩২। সামাজিক গৱেষণাৰ প্ৰকল্প মানে কি বুজা?  (What does social research hypothesis mean?)

উত্তৰঃ কোনো এটা সামাজিক গৱেষণা আৰম্ভ কৰাৰ প্ৰাক্কালত এজন গৱেষকে পূৰ্বৰ অভিজ্ঞতা, ধাৰণা, তত্বাৱধানেৰে আগবঢ়াই নিয়া ধাৰণাবোৰৰ সমষ্টিকে গৱেষণা প্ৰকল্প বুলি কোৱা হয়। প্রকল্পবোৰ প্ৰথম অৱস্থাত ধাৰণাৰ ওপৰত বৰ্তি থাকে আৰু যেতিয়াই প্ৰকল্প শুদ্ধ প্রমাণিত হয় তেতিয়াই ই সিদ্ধান্তলৈ ৰূপান্তৰিত হয়।

৩৩। গৱেষণা প্ৰকল্পৰ সংজ্ঞা দিয়া। (Define research hypothesis.)

উত্তৰঃ গুড় আৰু হাটৰ মতে, গৱেষণা প্ৰকল্প হ’ল এনে এটা ধাৰণামূলক মন্তব্য যাৰ কাৰ্যকাৰিতা (Validity) পৰীক্ষাৰদ্বাৰা প্ৰমাণ কৰা হয়।

৩৪। গৱেষণা পদ্ধতিবিদ্যাৰ গুৰুত্বসমূহ লিখা। (Write down the importance of research methodology.) 

উত্তৰঃ গৱেষণা পদ্ধতিবিদ্যা অধ্যয়নত নব্য গৱেষক আৰু ছাত্ৰ-ছাত্ৰীসকলক গৱেষণা উপাদান সংগ্ৰহত আৰু তাৰ পৰীক্ষণত দক্ষ হোৱাৰ প্ৰশিক্ষণ দিয়ে, ক্ষেত্ৰকৰ্মৰ সুযোগ সৃষ্টি কৰে আৰু উপাত্ত সংগ্ৰহৰ কৌশল আয়ত্ত কৰাত সহায় কৰে। গৱেষণা পদ্ধতিবিদ্যাৰ গুৰুত্বসমূহ নিম্নরূপ—

(ক) এজন সার্থক গৱেষকৰ বাবে গৱেষণা পদ্ধতিবিদ্যা অধ্যয়ন অত্যাৱশ্যক। ইয়াৰ ফলত গৱেষকৰ দক্ষতা বৃদ্ধি হয়।

(খ) গৱেষণা পদ্ধতিবিদ্যাৰ জ্ঞান অর্জিত হ’লে যিকোনো গৱেষণাৰ ফলাফল মূল্যায়ন কৰিব সহজ হয়।

(গ) গৱেষণা পদ্ধতিবিদ্যাৰ জ্ঞানৰ দ্বাৰা ব্যৱহাৰিক জীৱনৰ নানাবিধ সমস্যা সমাধানৰ ক্ষেত্ৰত বুদ্ধিদীপ্ত সিদ্ধান্ত দিয়া সম্ভৱ হয়।

(ঘ) গৱেষণা পদ্ধতিবিদ্যা এজনক কর্মকুশলী হোৱাত সার্বিকভাৱে সহায় কৰে। 

(ঙ) গবেষণা পদ্ধতিবিদ্যা এজনক স্বাৱলম্বী আৰু সাৰ্থক গৱেষক হোৱাত সহায় কৰে।

৩৫। গৱেষণা প্ৰকল্পৰ উৎসসমূহ উল্লেখ কৰা। (Mention the sources of the research hypothesis.)

উত্তৰঃ গুড্‌ আৰু হাটৰ মতে গৱেষণা প্ৰকল্পৰ উৎসসমূহ হ’ল-

(ক) সাধাৰণ সংস্কৃতি।

(খ) বৈজ্ঞানিক সিদ্ধান্ত।

(গ) সাদৃশ্যমূলক।

(ঘ) ব্যক্তিগত অভিজ্ঞতা।

৩৬। অম্বেষণী অভিকল্প প্রস্তুত কৰাৰ পদক্ষেপসমূহ কি কি? (What are the steps to prepare an exploratory design?)

উত্তৰঃ অন্বেষণী অভিকল্প প্রস্তুত কৰাৰ প্ৰধান পদক্ষেপসমূহ তলত উল্লেখ কৰা হ’লঃ 

(ক) অন্বেষণী অভিকল্প বৈজ্ঞানিক পদ্ধতি দ্বাৰা পৰিচালিত হ’ব লাগিব।

(খ) যিটো বিষয়ৰ ওপৰত গৱেষণা কৰা হ’ব সেই বিষয় বা ঘটনাৰ লগত জড়িত থকা ব্যক্তি বা সেই বিষয়ৰ ওপৰত জ্ঞান থকা অভিজ্ঞ লোকৰ নিৰ্বাচন কৰি তেওঁলোকৰ পৰা প্রয়োজনীয় তথ্যপাতি সংগ্ৰহ কৰা অতি প্রয়োজন। 

(গ) সমস্যা উদ্দীপক অধ্যয়ন কৰিব লাগিব।

৩৭। তত্ত্ব বুলিলে কি বুজা? তত্ত্বৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা। (What do you mean by theory? Mention the features of the theory.)

উত্তৰঃ তত্ত্ব কথাটো প্রাত্যহিক জীৱনত বহুল প্ৰচলিত আৰু ব্যৱহৃত হ’লেও বিজ্ঞানভিত্তিক সামাজিক গৱেষণাত এইটো বিশেষ অৰ্থত ব্যৱহৃত হয়। কিন্তু সামাজিক গৱেষকসকলৰ মাজত তত্ত্বৰ সংজ্ঞাৰ ব্যাপাৰে সম্পূৰ্ণ ঐক্যমত প্রতিষ্ঠিত হোৱা নাই। এইটো বিভিন্ন অৱস্থাত বিভিন্ন অৰ্থত ব্যৱহৃত হয়।

সামাজিক গৱেষণাত তত্ত্বৰ বিভিন্ন অর্থ আৰু ভিন্ন ভিন্ন ব্যৱহাৰৰ কাৰণে সৰ্বসন্মত সংজ্ঞা নিৰূপণ কৰা কঠিন। কিন্তু সাধাৰণভাৱে কোৱা যায়, কোনো সামাজিক ঘটনাক বিশ্লেষণৰ লক্ষ্যে কেতিয়াবা ধাৰণা (concept) সাধাৰণীকৰণ (generalization), বিধি (law) এইবোৰৰ অৰ্থপূৰ্ণ আৰু সমন্বিত ব্যৱহাৰেই হৈছে তত্ত্ব। এই কাৰণে তত্ত্বক বোলা হয় আন্তঃসম্পর্কিত কিছুমান বিধিৰ ব্যৱস্থাবিশেষ যাৰ বিশ্লেষণী ক্ষমতা আছে। পি. এচ. চোহেনে কৈছে “সামাজিক

তত্ত্ব হৈছে সামাজিক ঘটনাৱলী বর্ণনাৰ লক্ষ্যে ব্যৱহৃত ধাৰণাসমূহৰ বিন্যাস মাত্ৰ যিবোৰক বিশেষভাৱে ব্যৱহাৰ কৰিলে কাৰ্যকাৰণ সম্পৰ্ক ব্যাখ্যা কৰে”।

নান লিন তত্ত্বৰ তিনিটা বৈশিষ্ট্যৰ কথা উল্লেখ কৰিছে— 

(ক) এইটো কিছুমান প্ৰস্তাৱনাৰ (Propositions) দ্বাৰা গঠিত।

(খ) এইবোৰ প্ৰস্তাৱনা পৰস্পৰ সম্পৰ্কযুক্ত। 

(গ) এইবোৰ অভিজ্ঞতামূলক পৰীক্ষাযোগ্য।

৩৮। গৱেষণাক বিজ্ঞানসন্মত কৰি তোলাৰ স্বীকৃত নীতিবোৰৰ বিষয়ে চমুকৈ আলোচনা কৰা। (Briefly discuss the recognized principles to make research scientific.)

উত্তৰঃ পৰম্পৰাগত দৃষ্টিভংগী মতে গুণগত গৱেষণা বিষয়নিষ্ঠ আৰু পৰিমাণগত গৱেষণা বস্তুনিষ্ঠ। কিন্তু, এই অনুমান শুদ্ধ নহয়। দুয়োবিধ গৱেষণাৰ মাজত কেৱল শৈলী আৰু কৌশলৰহে পার্থক্য আছে। দুয়োবিধ গৱেষণাৰ লক্ষ্য একে। তলত দুয়োবিধ গৱেষণাকে বিজ্ঞানসন্মত কৰি তোলাৰ স্বীকৃত নীতিবোৰৰ চমু ব্যাখ্যা আগবঢ়োৱা হ’ল—

(ক) তথ্যভিত্তিক সিদ্ধান্ত উপনীত হোৱাটো গৱেষণাৰ লক্ষ্য: সকলো বিজ্ঞানসন্মত গৱেষণাৰে লক্ষ্য হ’ল পৰিঘটনাৰ ব্যাখ্যা আৰু ভিন ভিন পৰিঘটনাৰ বৰ্ণনামূলক অথবা ব্যাখ্যামূলক তথ্য ভিত্তিক সিদ্ধান্তত উপনীত হোৱা। বিশ্ব সম্পৰ্কীয় পৰীক্ষালব্ধ তথ্যৰ আধাৰত এই কামটো কৰা হয়।

(খ) ৰাজহুৱা কাৰ্যপ্ৰণালী: বিজ্ঞানসন্মত গৱেষণাত (ডেটা) অথবা তথ্য সৃষ্টি আৰু বিশ্লেষণ কৰিবলৈ সুস্পষ্ট, শ্রেণীবিভক্ত আৰু ৰাজহুৱা প্ৰণালীবিদ্যা ব্যৱহাৰ কৰা হয় আৰু সেয়েহে তথ্য অথবা (ডেটাৰ) ভাৰসাম্য যোগ্যতাৰ মূল্যায়ন কৰিব পৰা যায়।

(গ) অনিশ্চিত সামৰণি: সুস্পষ্টতা সদায়েই এক ত্রুটিপূৰ্ণ প্ৰক্ৰিয়া। ইয়াৰ লক্ষ্য হ’ল পৃথিৱীখনৰ বিষয়ে পৃথিৱীয়ে নিজে উৎপন্ন কৰা গুণগত অথবা পৰিমাণত তথ্যবোৰ বুজাৰ প্ৰয়াস কৰা। কিন্তু, গৱেষণালব্ধ জ্ঞানে কেতিয়াও নিশ্চয়তাৰ দাবী কৰিব নোৱাৰে। এনে জ্ঞান সদায় পৰৱৰ্তী পৰীক্ষা, সমালোচনা, শুধৰণি আৰু নাকচৰ বাবে মুকলি হৈ থাকে।

(ঘ) বিষয়সূচীয়েই হ’ল গৱেষণা আগবঢ়াই নিয়াৰ পদ্ধতি: কোনো অধ্যয়ন শাখা এটা বিজ্ঞানসন্মত হয়নে নহয় সেয়া অধ্যয়নটোৰ বিষয়সূচীয়ে নহয় অধ্যয়ন পদ্ধতিটোৱে নিৰ্ধাৰণ কবে। এটা সহজ উদাহৰণ হ’ল— জ্যোতিষশাস্ত্ৰ (Astrology) ক বিজ্ঞানসন্মত অধ্যয়নৰ বিষয় বুলি ধৰা নহয়৷ জ্যোতিষশাস্ত্ৰৰ বিষয়সূচীৰ আধাৰত এই কথা নিৰ্ধাৰণ কৰা হোৱা নাই। জ্যোতিষশাস্ত্রই কোৱা কথাবোৰৰ পৰৱৰ্তী সত্যাপন অসম্ভৱ বাবেহে ইয়াক বিজ্ঞানসন্মত অধ্যয়নৰ বিষয় বুলি ধৰা নহয়।

ওপৰত উল্লেখ কৰা স্বীকৃত নীতিবোৰে পৰিমাণগত, গুণগত অথবা মিশ্ৰিত যিকোনো প্ৰকাৰৰ গবেষণা এটাক বিজ্ঞানসম্মত কৰি তোলে।

৩৯। সামাজিক গবেষণাৰ বিজ্ঞানসম্মত পদ্ধতিসমূহ বৰ্ণনা কৰা। (Describe the scientific methods yin social research.) 

উত্তৰঃ সমাজ বিজ্ঞানত মানৱ সমাজৰ অধ্যয়ন কৰিবলৈ পৰম্পৰাগতভাবে গুণগত (Qualitative) অথবা পৰিমাণগত (Quantitative) গৱেষণা পদ্ধতি ব্যৱহাৰ কৰা হয়। কিন্তু শেহতীয়াভাবে গুণগত আৰু পৰিমাণগত গৱেষণাৰ মিশ্রিত পদ্ধতিটোৰ ব্যৱহাৰ বাঢ়িছে। মাত্ৰ এটা গৱেষণা পদ্ধতিৰ ওপৰত নিৰ্ভৰ কৰাতকৈ মিশ্রিত পদ্ধতিটোৱে অধিক নির্ভুল আৰু ভাৰসাম্যযোগ্য ফলাফল দিব পাৰে বুলি ভবা হয়। গুণগত আৰু পৰিমাণগত গৱেষণাক দুটা পৃথক পদ্ধতি বুলি গণ্য কৰা হয় যদিও পদ্ধতি দুটাৰ মাজত শৈলী (style) আৰু কৌশল (technique) ৰ হে পার্থক্য আছে। দুয়োটা পদ্ধতিৰে উদ্দেশ্য হ’ল সামাজিক সত্যবোৰৰ পৰা সিদ্ধান্ত বাহিৰ কৰা।

তলত তিনিওটা পদ্ধতি বর্ণনা কৰা হ’ল—

(ক) পৰিমাণগত গবেষণা (Quantitative Research): পৰিমাণগত গৱেষণাত সাংখ্যিক আৰু পৰিসাংখ্যিক পদ্ধতি প্রয়োগ কৰা হয়। অধ্যয়নৰ বাবে লোৱা পৰিঘটনাটোৰ সাংখ্যিক দিশটোৰ ওপৰত এনে গৱেষণাই অধিক নিৰ্ভৰ কৰা দেখা যায়। ই প্রধানতঃ মানৱীয় বিজ্ঞানৰ সৈতে জড়িত ‘কি’ প্রশ্নবোৰৰ (‘What’ questions) উত্তৰ উলিওৱাৰ চেষ্টা কৰে। এনে গৱেষণাত বিভিন্ন জোখ-মাখ ব্যৱহাৰ কৰা হয়। এই কৌশলটো অতি সহজে আন গৱেষকে পুনৰ পৰীক্ষণ কৰিব পাৰে। এই গৱেষণাৰ প্ৰধান আহিলা হ’ল পৰিসংখ্যা। পৰিমাণগত গৱেষণাই বিভিন্ন ধৰণৰ সমীক্ষাৰ পৰা প্ৰয়োজনীয় তথ্য সংগ্ৰহ কৰে।

(খ) গুণগত গবেষণা (Qualitative Research): এনে গৱেষণাত বিভিন্ন পন্থা অৱলম্বন কৰি তথ্য সংগ্ৰহ কৰা হয়। গুণগত গৱেষণা সাংখ্যিক জোখ-মাখৰ ওপৰত আধাৰিত নহয়। এনে গৱেষণা পদ্ধতিত বিস্তৃত আলোচনামূলক সাক্ষাৎকাৰ, নৃগোষ্ঠীয় তত্ত্বমূলক অধ্যয়ন, দল বিশ্লেষণ আদিৰ দৰে কাৰ্য সামৰি লোৱা হয়। এনে গৱেষণাৰ প্ৰকৃতি অধিক বর্ণনা তথা বিশ্লেষণমূলক। গুণগত গবেষণাই সমাজ বিজ্ঞানৰ সৈতে জড়িত ‘কিয়’ (Why) প্রশ্নবোৰৰ উত্তৰ উলিওৱাৰ চেষ্টা কৰে। সাধাৰণতে ক্ষেত্ৰ অধ্যয়নৰ সময়ত এই গবেষণা পদ্ধতিটো অধিক পছন্দ কৰা হয়। কাৰণ, ক্ষেত্ৰ অধ্যয়নৰ সময়ত এক নিৰ্দিষ্ট এলেকাৰ ইতিহাস তথা সংস্কৃতিৰ ওপৰত সৰ্বাধিক মনোনিৱেশ কৰি অঞ্চলটোৰ বিশদ তথ্য বিস্তৃতভাৱে আলোচনা কৰা হয়। গুণগত গবেষণাই এই অধ্যয়নত সহায় কৰে।

(গ) মিশ্রিত পদ্ধতি (Mixed Method): মিশ্ৰিত গৱেষণা পদ্ধতিটো কোনো এক অধ্যয়নক গুণগত আৰু পৰিমাণগত দুয়োটা দিশৰ পৰাই এটা অধিক বিস্তৃত ৰূপ প্ৰদান কৰে। যেনে— ধৰা হ’ল, কোনো এখন ঠাইৰ জনসংখ্যা গাঁথনিটো অধ্যয়ন কৰিব খোজা হৈছে। এই অধ্যয়নত জনসংখ্যা বৃদ্ধিৰ হাব, লিংগ অনুপাত, জন্ম-মৃত্যুৰ হাৰ আদিৰ তথ্য আহৰণ কৰিবলৈ পৰিমাণগত গৱেষণাৰ অংশ পৰিসংখ্যা ব্যৱহাৰ কৰা হ’ব। একেদৰে, বিভিন্ন পৰিঘটনাৰ আন্তসম্পর্ক ব্যাখ্যা, যেনে— জাতি আৰু উপাৰ্জনৰ স্তৰ আদিৰ দৰে ভৌগলিক বৈশিষ্ট্য ব্যাখ্যা কৰাত গুণগত গৱেষণাই সহায় কৰে। অৰ্থাৎ, অধ্যয়নটোত এটা মিশ্রিত পদ্ধতি প্রয়োগ কৰা হয় ।

৪০। গৱেষণা নীতি কি? গৱেষণা নীতিসমূহ আলোচনা কৰা। (What is research ethics? Discuss the research ethics.) 

উত্তৰঃ গৱেষণাৰ ন্যায়নিষ্ঠ নীতিক লৈ চিন্তা-চৰ্চা আৰম্ভ হোৱাৰ পটভূমি হ’ল ১৯৬০ দশকৰ আমেৰিকান সমাজতত্ত্ব আৰু পৰৱৰ্তী কালত ১৯৯০ ৰ দশকৰ জাৰ্মান সমাজশাস্ত্ৰৰ অধ্যয়নকাল। এই দুয়োটা দশকতে গৱেষণা চলি থাকোতে আৰু গৱেষণাৰ পৰিমাণক লৈ দেখা দিব পৰা বিভিন্ন সমস্যা সম্পর্কে আলোচনা চলিছিল। বহুতো গৱেষণাত গৱেষণা বিষয়’ (subjects) বোৰক তেওঁলোকৰ অজ্ঞাতে সামৰি লোৱা হৈছিল। গৱেষণা শেষ হোৱাৰ পাচত ‘গবেষণা বিষয়’ৰ পৰিচয় সদৰি হোৱাৰো উদাহৰণ আছে। ইয়াৰ পৰিণাম স্বৰূপ অধ্যয়নৰ বিষয় হোৱা ব্যক্তি অথবা সমুহটোৰ বিভিন্ন হাৰাশাস্তি আৰু পক্ষপাতিত্বমূলক আচৰণৰ বলি হ’বলগীয়া হৈছে। এনে ঘটনাবোৰে সমাজতত্ত্বৰ সৈতে জড়িত বিভিন্নজনক গৱেষণাকালত মানি চলিবলগীয়া কিছুমান ন্যায়নিষ্ঠ নীতি গঢ়িবলৈ বাধ্য কৰিছিল। ‘গৱেষণা নীতি’ হ’ল গৱেষকসকলে মানি চলিব বুলি ভবা কিছুমান স্বীকৃত নিয়ম অথবা প্রতিমান (norms) আৰু নীতিৰ এটা বহল সমষ্টি।

তলত কেইটামান গবেষণা নীতি উল্লেখ কৰা হ’ল—

(ক) প্রচলিত সাহিত্যলৈ অৱদান: গৱেষকসকল এই বিষয়ত সম্পূৰ্ণ সজাগ হ’ব লাগে যে তেওঁলোকে নতুন সত্য আৰু সত্যবাদী উদ্‌ঘাটনত অৰিহণা আগবঢ়াই আছে। গৱেষণা কেতিয়াও ইতিপূর্বে কৈ যোৱা কথা অথবা গৱেষণাৰ পুৰনৰাবৃত্তি হোৱা উচিত নহয়।

(খ) প্রয়োগ সাধ্যতা: গবেষকে এনে অন্তদৃষ্টি আগবঢ়োৱাৰ প্ৰয়াস কৰিব লাগে যিবোৰক মানৱীয় পৰিস্থিতি উন্নততৰ কৰি তুলিবলৈ প্ৰয়োগ কৰিব পৰা যায়। বর্তমান ‘ব্যৱহাৰিক গৱেষণা’ (applied research) ই গৱেষকৰ মাজত জনপ্ৰিয়তা অৰ্জন কৰিছে। কাৰণ ই গৱেষণাৰ প্ৰয়োগসাধ্যতাৰ ওপৰত জোৰ দিয়ে।

(গ) অৱগত সম্মতিৰ নাতি: অৱগত সন্মতি মানে হ’ল অংশগ্ৰহণকাৰীসকলক যে কোনো এক গৱেষণা কার্যৰ অধীনত অধ্যয়ন কৰা হৈছে সেই বিষয়ে সম্পূর্ণ সজাগ কৰি তোলা। বহু সময়ত অংশগ্ৰহণকাৰীয়ে গম নাপায় যে কামটো এক গৱেষণা, ই কোনো চৰকাৰী সমীক্ষা নহয়। গৱেষকে এই কথাটো সম্পর্কে অংশগ্ৰহণকাৰীক সজাগ কৰি তুলিব লাগে।

(ঘ) ক্ষতি এৰাই চলাৰ নীতি: বহুতো সময়ত গৱেষণা কার্য এটা প্রকাশিত হোৱাৰ পাছত অধ্যয়নৰ বাবে লোৱা ব্যক্তি অথবা গোটবোৰ নানা হাৰাশাস্তি অথবা পক্ষপাতিত্বমূলক আচৰণৰ বলি হোৱা দেখা যায়। সেয়েহে গৱেষকে নিজৰ গৱেষণা প্ৰকাশিত হোৱাৰ পাছতো গৱেষণাত অংশগ্ৰহণ কৰা সকলৰ পৰিচয় গোপনে ৰখাৰ চেষ্টা কৰা উচিত।

৪১। তত্ত্ব আৰু তথ্যৰ মাজত সম্বন্ধটো আলোচনা কৰা। (Discuss the relationship between theory and data.) 

উত্তৰঃ বিজ্ঞানৰ মৌল আকৰ্ষণ হ’ল তত্ত্ব আৰু তথ্যৰ মাজত থকা নিবিড় সম্পর্ক। কিয়নো এটাক বাদ দি আনটো প্ৰতিষ্ঠিত হ’ব নোৱাৰে। এই প্ৰসংগত বিজ্ঞানীসকল গৱেষণা কৰি যি অভিমত দিছে সেয়া হ’ল—

(ক) তত্ত্ব আৰু তথ্য পৰস্পৰ বিৰোধী নহয়।

(খ) তত্ত্ব কেৱল মাত্র কল্পনাৰ বিষয় নহয়। 

(গ) তত্ত্ব আৰু তথ্যৰ সম্পৰ্কৰ বাস্তবায়নেই বিজ্ঞানীৰ কাৰ্য।

তত্ত্ব আৰু তথ্য সম্পৰ্কে সাধাৰণ মানুহ যি ধাৰণা কৰে, আচলতে বিজ্ঞানীসকলৰ দৃষ্টিভংগীত সেয়া এটা বেলেগ বিষয়। বিজ্ঞানীসকল মন কৰে যে তথ্য হৈছে বাস্তৱভাৱে প্রমাণ সাপেক্ষ পর্যবেক্ষণ। আকৌ তত্ত্ব হ’ল বিভিন্ন তথ্যৰ পাৰস্পৰিক সম্পৰ্কৰ বৰ্ণনা অথবা তথ্যবোৰক অৰ্থপূৰ্ণভাৱে শৃঙ্খলাবদ্ধ কৰাৰ এটা পদ্ধতি। আধুনিক বিজ্ঞান সৃষ্টিৰ আঁৰতে আছে সুশৃংখল সংগৃহীত তথ্য। তথ্য সংগ্ৰহৰ ক্ষেত্ৰত যদি বিশৃংখলাৰ সৃষ্টি হ’লেহেঁতেন তেনেহ’লে আধুনিক বিজ্ঞানৰ জন্ম নহ’লেহেতেন। বিজ্ঞানৰ তথ্য হ’ল পৰ্যবেক্ষণৰ ফল আৰু এইবোৰ তথ্য বিসংগত নহয়, অর্থপূর্ণ বা তাৎপর্যপূর্ণ। আচলতে তথ্য তাত্ত্বিকভাৱে প্ৰাসংগিক। তত্ত্ব আৰু তথ্যৰ মাজত কোনো বিৰোধ নাই বৰং বহুবিধ জটিল উপায়ত দুটা প্ৰত্যয়ৰ মাজত এটা গভীৰ সম্পৰ্ক বিৰাজ কৰে। আধুনিক বিজ্ঞানৰ উন্নতিত তত্ত্ব আৰু তথ্যৰ পাৰস্পৰিক নিৰ্ভৰশীলতাৰ ফল হিচাপে দেখাব পৰা যায়। তত্ত্ব পাঁচটা উপায়ত বিজ্ঞানক সহায় কৰে—

(ক) তত্ত্ব বিজ্ঞানৰ প্ৰধান দৃষ্টিভংগী বা দিশ নির্দেশক হিচাপত কাম কৰে। কোনো ধৰণৰ তথ্য সংগ্ৰহ কৰা হ’ব সেয়া তত্ত্বৰ মাপকাঠিতেই নিৰ্ধাৰণ কৰা হয়।

(খ) সংশ্লিষ্ট ঘটনাৱলী বা তথ্য সমূহক কেনেদৰে শ্ৰেণীবিভাগ কৰা হ’ব, শৃংখলাবদ্ধ কৰা হ’ব আৰু পৰস্পৰৰ মাজত যোগসূত্র স্থাপন কৰা হ’ব সেয়া তত্ত্বৰ দ্বাৰা নিৰ্বাচিত হয়।

(গ) তত্ত্ব তথ্যসমূহক সংক্ষিপ্ত কৰিব সহায় কৰে। যেনে— সাধাৰণীকৰণৰ মাধ্যমত আৰু সাধাৰণীকৰণৰ পদ্ধতিৰ মাধ্যমত।

(ঘ) তত্ত্ব তথ্যক পূর্বানুমান কৰিব সহায় কৰে। আনফালে তথ্য বিজ্ঞানীক তত্ত্ব গঠনত সহায় কৰে প্ৰধানত পাঁচ ভাৱত—

(১) তথ্য তত্ত্ব সৃষ্টিৰ উদ্দীপক হিচাপে কাম কৰে।

(২) অভিনৱ তথ্য প্রচলিত তত্ত্বৰ পৰিমাৰ্জনত উদ্বুদ্ধ কৰে।

(৩) কোনো তথ্য প্রচলিত তত্ত্বৰ গাঠনিৰ লগত সংগতি পূণ নহ’লে তত্ত্বটোক বৰ্জন কৰিব লাগে।

(8) তথ্য তত্ত্বৰ মনোযোগৰ কেন্দ্ৰ আৰু দিশ নির্দেশ কৰে।

(৫) তথ্য তত্ত্বৰ পুনর্গঠনে সহায় কৰে আৰু তত্ত্বক ব্যাখ্যা কৰে।

৪২। সামাজিক গৱেষণাৰ ক্ষেত্ৰত কি কি তথ্য সংগ্রহ প্রবিধি প্রয়োগ কৰা হয়? এই প্রবিধিবোৰৰ যি কোনো এটাৰ গুৰুত্ব আৰু সমস্যাৰ বিষয়ে আলোচনা কৰা। (What data collection regulations are applied in social research? Discuss the importance and problems of any one of these regulations.)

উত্তৰঃ সামাজিক গৱেষণাত তথ্য সংগ্ৰহ এক গুৰুত্বপূৰ্ণ পদ্ধতি। যিকোনো বৈজ্ঞানিক অধ্যয়নৰ ই হ’ল মূল পদক্ষেপ।

পি. ভি. য়ঙৰ মতে এটা সামাজিক ঘটনা বা সমস্যাক প্রণালীবদ্ধভাৱে চোৱা কাৰ্যই হ’ল পর্যবেক্ষণ।

অন্যান্য প্রাকৃতিক বিজ্ঞানৰ ক্ষেত্ৰতো দেখা যায়, বিভিন্ন ধৰণৰ প্ৰাকৃতিক ঘটনাবিলাক পর্যবেক্ষণ কৰিয়েই বৈজ্ঞানিক গৱেষণা আৰম্ভ হৈছিল আৰু এতিয়াও পর্যবেক্ষণ পদ্ধতি প্রচলিত হৈ আছে। সমাজবিজ্ঞানৰ ক্ষেত্ৰতো সমাজৰ বিভিন্ন সামাজিক ঘটনা, সামাজকি সমস্যা, মানুহৰ আচৰণ, চৰিত্ৰ আদি পৰ্যবেক্ষণ কৰি সমাজবিজ্ঞানীসকলে প্রকৃত সত্য উদঘাটনৰ সন্ধানত বহল দৃষ্টিভংগী অধ্যয়নৰ দিশত আগিবাঢ়ি যায়। সকলো বৈজ্ঞানিক গৱেষণা প্ৰক্ৰিয়াত ব্যৱহাৰ হোৱা পদ্ধতি সমূহৰ ভিতৰত ই আটাইতকৈ পুৰণি আৰু মৌলিক পদ্ধতি।

সামাজিক গৱেষণাৰ ক্ষেত্ৰত তলত উল্লেখ কৰা তথ্য সংগ্ৰহ প্ৰবিধিসমূহ প্ৰয়োগ কৰা হয়। 

(ক) সাক্ষাৎকাৰ্যসূচী।

(খ) প্রশ্নসূচী।

(গ) নমুনা অধ্যয়ন।

এই প্রবিধিবোৰৰ ভিতৰত সাক্ষৎকাৰসূচীৰ গুৰুত্বৰ বিষয়ে তলত আলোচনা কৰা হ’ল — সামাজিক গৱেষণাৰ কৌশল হিচাপে সাক্ষাৎকাৰ পদ্ধতিও এক অন্যতম পদ্ধতি। সাক্ষাৎকাৰ পদ্ধতি মানে হ’ল, যি পদ্ধতিৰ যোগেদি এজন সমাজ অধ্যয়নশীল বা গবেষকে মুখামুখিভাবে আলাপ-আলোচনাৰ মাজেদি তথ্য উদ্ঘাটন কৰে। যিকোনো এটা জটিল সামাজিক ঘটনা বা সমস্যাৰ তথ্যপাতিবোৰ সাক্ষাৎকাৰ পদ্ধতিৰ যোগেদি সহজে সংগ্ৰহ কৰিব পৰা যায়। গোডে আৰু হাটেৰ সাক্ষাৎকাৰ পদ্ধতি মানে সাক্ষাৎ গ্ৰহণ কৰোঁতে আৰু দিওতাৰ মাজত হোৱা এটি সামাজিক আন্তঃক্রিয়া বুলি কৈছে। মুঠ কথাত ক’বলৈ গ’লে, সাক্ষাৎকাৰৰ যোগেদি এজন ব্যক্তিৰ বিভিন্ন ঘটনা, আচাৰ-ব্যৱহাৰ, অনুভূতি, আচৰণ প্ৰণালী আদিৰ বিষয়ে মুখামুখিভাবে জানিবলৈ সক্ষম হয়।

সামাজিক গৱেষণাত সমাজৰ ব্যক্তিসকলৰ পৰা তথ্য সংগ্ৰহ কৰা মাধ্যমবিলাক হৈছে মানুহৰ মতামত, বিশ্বাস, ধাৰণা, ভাব, চিন্তা ইত্যাদি। এইবোৰ তথ্য সংগ্ৰহ কৰিবৰ কাৰণে সমাজত বিভিন্ন ব্যক্তিৰ লগত ব্যক্তিগতভাৱে আলাপ-আলোচনা কৰিব লগা হয় আৰু সাক্ষাৎকাৰ ল’ব লগা হয়। নির্বাচিত সকলো ব্যক্তিকে যাতে একেধৰণৰ প্ৰশ্ন সোধা হয় সেই উদ্দেশ্যে সাক্ষাৎকাৰ সূচীখন ব্যৱহাৰ কৰা হয়। ইয়াৰ ফলত একেটা প্রশ্নৰ ক্ষেত্ৰত বেলেগ বেলেগ উত্তৰ পাব পৰা হয়। যিবিলাক পিছত ক্রমহ্রাসমান পদ্ধতিত শ্ৰেণীকৰণ আৰু বিশ্লেষণ কৰিবলৈ সুবিধা হয়। এনে প্রশ্নসূচীয়েই হ’ল সাক্ষাৎকাৰসূচী।

সামাজিক গৱেষণাত সাক্ষাৎকাৰ সূচীৰ গুৰুত্ব অপৰিসীম। সাক্ষাৎকাৰৰ জৰিয়তে গৱেষণাত শুদ্ধ আৰু বাস্তৱ সন্মত তথ্যপাতি গ্ৰহণ কৰিব পাৰি। যিকোনো গৱেষণাৰ বিভিন্ন পদ্ধতিসমূহ আগবঢ়াত সহায় কৰে। সাক্ষাৎকাৰসূচীয়ে তথ্য সংগ্ৰহ প্ৰক্ৰিয়াটোক প্ৰণালীবদ্ধ আৰু শৃংখলাবদ্ধ কৰি তোলে। সাক্ষাৎকাৰ্যসূচীয়ে সাক্ষাৎকাৰকে সাক্ষাৎকাৰীক সুধিব লগা প্রশ্নবোৰ পেলাই দিয়ে। সাক্ষাৎকাৰসূচীয়ে আহৰণ কৰা তথ্যবোৰ সহজসাধ্য কৰি তোলে ইত্যাদি।

সংৰক্ষিত সাক্ষাৎকাৰ প্ৰশ্নসূচী প্ৰস্তুত কৰোতে বিশেষ সাৱধানতা অৱলম্বন কৰিব লগা হয়। ব্যক্তিক সুধিবলগীয়া প্রশ্নবিলাকৰ আৰম্ভণিৰ পৰা শেষলৈকে এটা ক্ৰমিক অনুসৰি সজোৱা হয়। প্ৰতিটো প্ৰশ্নৰ উত্তৰ কেনেদৰে পাবলৈ ইচ্ছা কৰে তেনেধৰণে সজোৱা হয় আৰু উত্তৰ পোৱাৰ ক্ষেত্ৰত এটা ইংগিত দিব লগা হয়। সাধাৰণতে এটা প্ৰশ্নৰ উত্তৰ হিচাপে কেইবাটাও। উত্তৰ প্ৰশ্নকাকতখনত নিয়া থাকে। উত্তৰ নিওতাই তাৰ যিকোনো এটা উত্তৰ বাহি লৈ উত্তৰ দিব লগা হয়।

যিবিলাক গৱেষণাত কিছুমান নিৰ্দিষ্ট প্ৰকাৰৰ প্ৰশ্নৰ উত্তৰ সাক্ষাৎকাৰীৰ পৰা পালেই প্রয়োজনীয় তথ সংগ্ৰহ কৰিব পৰা হ’ব বুলি ভবা হয় তেনে ক্ষেত্ৰত সাক্ষাৎকাৰ প্ৰশ্নসূচী প্ৰস্তুত কৰা হয় ৷ এনে সাক্ষাৎকাৰ প্ৰশ্নসূচীৰ যোগেদি অতি সহজে আৰু কম সময়ৰ ভিতৰতে গৱেষকে প্রয়োজনীয় তথ্য পেৱাত সহায় হয়। তদুপৰি প্ৰশ্নসূচীৰ যোগেদি লাভ কৰা তথ্যবোৰ ক্ৰম অনুযায়ী শৃংখলাবদ্ধ হৈ থকাত পৰিসংখ্যাগতভাৱে শ্ৰেণীকৰণ আৰু বিশ্লেষণত সহায় হয়।

সাক্ষাৎকাৰত প্ৰশ্নৰ উত্তৰ সাক্ষাৎকাৰীৰ নিজৰ চিন্তা আৰু ভাষাৰ জৰিয়তে দিবলৈ সুবিধা হয়। এনে প্রশ্নসূচীৰ যোগেদি সাক্ষাৎ গ্ৰহণ কৰোতাই সাক্ষাৎকাৰীক কিছুমান নতুন প্রশ্ন কৰিবলৈ সুবিধা পায় আৰু তাৰ যোগেদি কিছু নতুন তথ্য সংগ্ৰহ কৰিবলৈ সুবিধা। অসংৰচিত সাক্ষাৎকাৰত মুকলি মনেৰে সাক্ষাৎকাৰীয়ে মনৰ প্ৰশ্ন ভাৱ প্ৰকাশ কৰিব পাৰে। তাৰোপৰি ক’বলগীয়া কথাখিনি কিছুমান বিশেষ বিৱৰণীৰ সৈতে উপস্থাপন কৰিব পাৰে।

কিন্তু দেখা যায় যে সাক্ষাৎকাৰৰ অসুবিধাও আছে। কিয়নো প্ৰতিজন সাক্ষাৎকাৰীয়ে একেটা উত্তৰ বেলেগে বেলেগে দিব পাৰে। সেয়ে উত্তৰবিলাক শ্ৰেণীকৰণ কৰাত অসুবিধা হয়। কেতিয়াবা এইটোও দেখা যায় যে সাক্ষাৎকাৰীয়ে উত্তৰবিলাক ভালকৈ নুবুজিবও পাৰে বা ভুলকৈ বুজিব পাৰে। যাৰ ফলস্বৰূপে গৱেষণাৰ ফলাফলত ভুল হোৱাৰ সম্ভাৱনা থাকে।

৪৩। গবেষণা বিষয়বস্তু নিৰ্ধাৰণৰ সমস্যাসমূহৰ বিষয়ে লিখা। (Write the formulation of research problems.)

উত্তৰঃ গবেষণা বিষয়বস্তু নিৰ্ধাৰণৰ সমস্যাসমূহৰ বিষয়ে তলত উল্লেখ কৰা হ’ল – 

(ক) গৱেষণাৰ উদ্দেশ্য: এটা বিষয়বস্তুৰ ওপৰত গৱেষণা কৰাৰ আগতে এটা নিৰ্দিষ্ট উদ্দেশ্য নির্ধাৰিত কৰিব ল’ব লাগে। এটা সুনির্দিষ্ট উদ্দেশ্য আগত ৰাখি গৱেষণা আৰম্ভ কৰিলে তথ্যবোৰ আহৰণ কৰাত সহজ হয়। গৱেষণাটো কিয় কৰা হৈছে তাক আৰম্ভণিতে নির্ণয় কৰি নল’লে গৱেষণাৰ বিষয়বস্তুবোৰ সুচাৰুৰূপে নিৰ্ধাৰণৰ সময়ত বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হ’বলগা হয়। উদ্দেশ্যবিহীন গৱেষণা সুচাৰুৰূপে আগবঢ়াই নিয়াত অসুবিধা হয়।

(খ) গৱেষণাৰ বিষয়বস্তু আৰু সংগ্ৰহ কৰিব লগা তথ্যসমূহৰ প্ৰকৃতি: গৱেষণা আৰম্ভণিৰ পূৰ্বে কি ধৰণৰ তথ্য সংগ্ৰহ কৰা হ’ব তাক নিৰ্ধাৰণ কৰিব লাগিব আৰু লগতে গৱেষণাত উল্লেখ কৰিব লগা বিষয়বস্তুবোৰে আগতীয়াকৈ নিৰ্ধাৰণ কৰি ল’ব লাগে। গৱেষণাত গৱেষকজনে কি প্ৰণালীৰে প্ৰয়োজনীয় তথ্যপাতি আৰু বিষয়বস্তুবোৰ সংগ্ৰহ কৰিব সেই বিষয়েও আগতীয়াকৈ নিৰ্ধাৰণ কৰিব লাগে৷ 

(গ) তথ্যসমূহৰ উৎস বা প্রাপ্তিৰ স্থান: তথ্যসমূহৰ উৎস বা কোনটো স্থানত পোৱা যাব তাক ভালকৈ জানি ল’ব লাগে।

(ঘ) গৱেষণা ক্ষেত্র বা জনসমষ্টিৰ প্ৰকৃতি: এটা জনসমষ্টিৰ প্ৰত্যেকটো একক অধ্যয়ন কৰাৰ পৰিৱৰ্তে নমুনা বাছনিৰ পদ্ধতিৰ সহায়ত কিছু সংখ্যক একক বাছনি আৰু অধ্যয়ন কৰি ফলাফল নিৰ্ধাৰণ কৰি ল’ব লাগে।

(ঙ) গৱেষণাৰ নিৰ্ধাৰিত সময়সীমা (আদিৰ পৰা অন্তলৈ): গৱেষণাত লগত সময়সীমা আগতীয়াকৈ আৰম্ভণিৰ পৰা শেষলৈ নিৰ্ধাৰণ কৰি ল’ব লাগে। সেই সময়সীমাৰ ভিতৰত সমাপ্ত কৰিব লাগে।

(চ) একক বা নমুনাৰ পৰিমাণ: কিমান সংখ্যক নমুনা সংগ্ৰহ কৰা হ’ব গৱেষণাৰ বাবে‌ তাৰ এটা পৰিমাণ কৰি ল’ব লাগে।

(ছ) নমুনা বাছনি পদ্ধতি: গৱেষণাটোৰ কাৰণে নমুনা ক’ৰ পৰা সংগ্ৰহ কৰা হ’ব? কিমান নমুনা লোৱা হ’ব? কি পদ্ধতিৰে নমুনা সংগ্ৰহ কৰা হ’ব। এই বাছনি পদ্ধতিৰ স্পষ্ট নির্বাচন কৰি ল’ব লাগে। 

(জ) তথ্য সংগ্ৰহৰ কৌশল: গৱেষণা আৰম্ভণি প্ৰস্তুত কৰাৰ আগত কি ধৰণৰ কৌশল প্রয়োগ কৰা হ’ব তথ্য সংগ্ৰহত তাক নিৰ্ধাৰণ কৰি ল’লে সমস্যাৰ সন্মুখীন হ’ব লগা নহয়। ই গৱেষণাৰ কাম শৃংখলাবদ্ধতাৰ মাজেৰে গতি কৰিবলৈ প্ৰেৰণা যোগায়।

(ঝ) তথ্য বিশ্লেষণ আৰু সংশ্লেষণ কৰাৰ পদ্ধতি: তথ্যপাতিবোৰ সংগ্ৰহ কৰাৰ পাছত সেইবোৰ কেনেকৈ বিশেষ একোটা শ্রেণীত বিভক্ত কৰা হ’ব সেই বিষয়ে আগতীয়াকৈ উল্লেখ কৰি ল’ব লাগে।

(ঞ) গৱেষণাৰ বাবে সম্ভাব্য খৰচ: গৱেষণাৰ বাবে লগা মূলধনৰ পৰিমাণ নির্ণয় কৰি নললে গৱেষণাৰ সমাপ্তিৰ বাধাৰ সন্মুখীন হ’বলগা হ’ব পাৰে। সেইবাবে গৱেষণাৰ বাবে সম্ভাব্য খৰচ আগতীয়াকৈ নিৰ্ধাৰণ কৰি ল’ব লাগে।

৪৪। প্ৰকল্পৰ লগত এখন সমাজৰ সংস্কৃতি কেনেকৈ জড়িত হৈ আছে উদাহৰণসহ বুজাই লিখা। (Explain with examples how the culture of a society is involved with the hypothesis.)

উত্তৰঃ সাধাৰণতে যিটো সংস্কৃতিৰ পটভূমিতে বিজ্ঞানৰ বিকাশ হয়, সেই একেটা পটভূমিতে প্ৰকল্পৰো বিকাশ হয়। সংস্কৃতিয়ে সদায়ে মানুহৰ মনৰ ভৱা শক্তিৰ ওপৰত প্ৰভাৱ পেলায় আৰু এই ভৱা শক্তিক পৰীক্ষা আৰু প্ৰমাণ কৰিবৰ কাৰণে প্ৰকল্প প্ৰস্তুত কৰা হয়। উদাহৰণস্বৰূপে, এখন সমাজৰ বিশেষ এটা ঘটনা অধ্যয়ন কৰিবৰ কাৰণে সেই সমাজৰ সংস্কৃতিৰ পটভূমিত প্রকল্প তৈয়াৰ কৰিব লাগিব। যেনেকৈ ভাৰতীয় সমাজৰ জাতি ব্যৱস্থাৰ ওপৰত গৱেষণা কৰিবলৈ যাওঁতে ভাৰতীয় হিন্দু সংস্কৃতিৰ পটভূমিতে প্রকল্প কৰিব লাগিব। ইয়াকে নকৰি পশ্চিমীয়া সমাজৰ সংস্কৃতিৰ আধাৰত প্ৰকল্প নিৰ্মাণ কৰিলে ভাৰতীয় জাতি ব্যৱস্থাৰ গৱেষণাৰ ওপৰত প্ৰকৃত সত্য উদ্ঘাটন কৰাত অসমৰ্থ হ’ব। সেয়েহে প্ৰকল্পৰ লগত এখন সমাজৰ সংস্কৃতি জড়িত হৈ আছে বুলি ক’ব পাৰি।

৪৫। সামাজিক গৱেষণাৰ প্ৰকল্প প্রস্তুত কৰাৰ ক্ষেত্ৰত ব্যক্তিগত অভিজ্ঞতাৰ ভূমিকা কি?  (What is the role of personal experience in preparing social research hypothesis?)

উত্তৰঃ ব্যক্তিগত অভিজ্ঞতা (Personal Experience) ই সামাজিক গৱেষণাৰ প্ৰকল্প প্রস্তুত কৰাত বিশেষ ভূমিকা গ্ৰহণ কৰে। এজন গৱেষকে মনৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে তেওঁ আহৰণ কৰা অভিজ্ঞতা আৰু দক্ষতাৰ দ্বাৰা, গৱেষকজনে নিজৰ অভিজ্ঞতাৰ যোগেদিহে গৱেষণাৰ শুদ্ধ প্রকল্প প্রস্তুত কৰিব পাৰে। উদাহৰণস্বৰূপে— এজন গৱেষকে খুউব সূক্ষ্মভাৱে পর্যবেক্ষণ আৰু বিশ্লেষণৰ দ্বাৰা এটা ঘটনাৰ আঁৰত লুকাই থকা বাস্তৱ সত্যবোৰ উদ্‌ঘাটন বা চিন্তা কৰিব পাৰে। গতিকে সামাজিক গৱেষণাৰ প্ৰকল্প প্ৰস্তুত কৰাৰ ক্ষেত্ৰত বাস্তৱ ব্যক্তিগত অভিজ্ঞতাৰ গুৰুত্ব বহুত বেছি বুলি ক’ব পাৰি।

৪৬। পি. ভি. য়ুঙৰ মতে গৱেষণা অভিকল্প প্রস্তুত কৰোঁতে কি কি দিশৰ গুৰুত্ব দিব লাগে? (According to P.V Young, what are the important aspects of research design?)

উত্তৰঃ পি. ভি. য়ঙৰ মতে, গৱেষণা অভিকল্প প্রস্তুত কৰোঁতে তলত উল্লেখ কৰা দিশসমূহৰ ওপৰত নজৰ ৰখাটো অত্যন্ত প্রয়োজনীয়।

(ক) গৱেষণাৰ উদ্দেশ্য।

(খ) গৱেষণাৰ বিষয়বস্তু আৰু সংগ্ৰহ কৰিব লগা তথ্যসমূহৰ প্ৰকৃতি।

(গ) তথ্যসমূহৰ উৎস বা প্রাপ্তিৰ স্থান। 

(ঘ) গৱেষণা ক্ষেত্র বা জনসমষ্টিৰ প্ৰকৃত।

(ঙ) গৱেষণাৰ নিৰ্ধাৰিত সময়সীমা (আদিৰ পৰা অন্তলৈ)। 

(চ) একক বা নমুনা (Unit of samples) ৰ পৰিমাণ।

(ছ) নমুনা বাছনি পদ্ধতি (Selection of Sampling)।

(জ) তথ্য সংগ্ৰহৰ কৌশল (Techniques of data collection)। 

(ঝ) তথ্য বিশ্লেষণ আৰু সংশ্লেষণ কৰাৰ পদ্ধতি (Analysis and Synthesis)।

(ঞ) গৱেষণাৰ বাবে সম্ভাব্য খৰচ।

৪৭। অভিপ্রায়মূলক অনমুনা বাছনিৰ মূল বৈশিষ্ট্যসমূহ কি কি? (What are the main features of intentional non-sample selection?) 

উত্তৰঃ অভিপ্ৰায়মূলক নমুনা বাছনিৰ মূল বৈশিষ্ট্যসমূহ তলত উল্লেখ কৰা হ’ল—

(ক) এই পদ্ধতিক মূল বৈশিষ্ট্য হৈছে অধ্যয়ন কৰিবলগা জনসমষ্টিটো প্ৰতিনিধিত্ব কৰিব পৰা মূল চৰিত্ৰবোৰ বহন কৰিছে নে নাই তাৰ লক্ষ্য ৰখা।

(খ) এই পদ্ধতিৰ গৱেষকজনে জনসমষ্টিটোৰ বিষয়ে সম্পূৰ্ণ জ্ঞান আহৰণ আগতিয়াকৈ কৰি ল’ব লাগিব। তেওঁৰ এটা জনসমষ্টিৰ এককবোৰ সম্পূৰ্ণ পৰিসাংখ্যিক জোখ-মাখ কৰিব পৰা জ্ঞান থাকিব লাগিব।

(গ) অভিপ্রায়মূলক নমুনা পদ্ধতি সম্পূৰ্ণ নিৰপেক্ষ গৱেষকৰ কাৰণেহে সফল হ’ব পাৰে। 

৪৮। অভিপ্রায়মূলক নমুনা বাছনি পদ্ধতিৰ অসুবিধাসমূহ উল্লেখ কৰা। (Mention the disadvantages of intentional sampling.)

উত্তৰঃ অভিপ্ৰায়মূলক নমুনা বাছনি পদ্ধতিৰ অসুবিধাসমূহ হ’ল— 

(ক) এটা জনসমষ্টিৰ ওপৰত সম্পূৰ্ণ জ্ঞান নাথাকিলে এই পদ্ধতিৰ কৌশল বিফল হ’ব পাৰে।

(খ) এই পদ্ধতি এটা জনসমষ্টি বা অধ্যয়নৰ ফলাফল নিয়ন্ত্রিত অৱস্থান নাথাকিলে সফল হ’ব নোৱাৰে। 

(গ) এক বৃহৎ সংখ্যক জনসমষ্টিত এনে বাছনি পদ্ধতি প্রয়োগ কৰা সম্ভৱ নহয়।

(ঘ) কোনো এটা গৱেষণাৰ অভিপ্ৰায়মূলক নমুনা পদ্ধতি কিমানদূৰ কৃতকার্য হ’ব তাক‌ প্ৰথমতেই প্ৰমাণ কৰি চোৱাত অসুবিধাৰ সৃষ্টি হয় ইত্যাদি। 

৪৯। সামাজিক গৱেষণা প্ৰকল্পৰ উৎসসমূহৰ বিষয়ে আলোচনা কৰা। (Discuss the sources of social research hypothesis.)

উত্তৰঃ গুড্‌ আৰু হাটৰ মতে প্ৰকল্পৰ উৎসসমূহ হৈছে – 

(ক) সাধাৰণ সংস্কৃতি।

(খ) বৈজ্ঞানিক সিদ্ধান্ত।

(গ) ঘটনাৰ সাদৃশ্যতা। আৰু 

(ঘ) ব্যক্তিগত অভিজ্ঞতা।

এই উৎসসমূহ তলত চমুকৈ আলোচনা কৰা হ’ল: 

(ক) সাধাৰণ সংস্কৃতি (General Culture): সমাজৰ প্ৰচলিত সাধাৰণ সংস্কৃতি গৱেষণা প্ৰকল্প ৰচনাৰ বাবে অতি সহায়ক হয়। সংস্কৃতি বুলি কওঁতে সমাজ-জীৱনত মানুহে, আচাৰ-ব্যৱহাৰ, ৰীতি-নীতি, চাল-চলন ইত্যাদিৰ মাধ্যমেৰে প্ৰদৰ্শন কৰা সাংস্কৃতিৰ কথাকে কোৱা হৈছে। সমাজত ঘটি থকা ঘটনাসমূহ এই দিশসমূহৰে প্ৰতিফলনস্বৰূপ, গতিকে, সংস্কৃতিৰ ক্ষেত্ৰৰ মাজত উদ্ভৱ হোৱা যিকোনো ঘটনাৰ বিষয়ে গৱেষণা কৰিবলৈ লওঁতে প্ৰয়োজন হোৱা প্ৰকল্প ৰচনা সংস্কৃতিৰ ভিত্তিতেই কৰিব পৰা যায়৷

(খ) বৈজ্ঞানিক সিদ্ধান্ত (Scientific theory): বৈজ্ঞানিক সিদ্ধান্তৰ অভিজ্ঞতা বা জ্ঞানৰ ভিত্তিত গৱেষণাৰ প্ৰকল্প ৰচনা কৰিব পাৰি। ইয়াৰ অৰ্থ এইটোৱেই যে সমাজত ঘটি যোৱা। ঘটনাৰ বিষয়ে ইতিমধ্যে প্রকাশিত সিদ্ধান্তসমূহৰ ওপৰত ভিত্তি কৰি প্ৰকল্প ৰচনা কৰিব পৰা যায়। গতিকে, বৈজ্ঞানিক সিদ্ধান্তসমূহকো প্ৰকল্পৰ উৎস বুলি ক’ব পাৰি।

(গ) ঘটনাৰ সাদৃশ্যতা (Analogies): বহু সময়ত ঘটনাৰ মিল বা তুলনাৰ ওপৰত ভিত্তি কৰিও প্ৰকল্প ৰচনা কৰা হয়। একে ধৰণৰ লক্ষণযুক্ত দুটা ঘটনাৰ মাজত পর্যবেক্ষণ প্ৰক্ৰিয়াৰে প্রকল্প ৰচনা কৰা হয়।

(ঘ) ব্যক্তিগত অভিজ্ঞতা (Personal Experience): ব্যক্তিগত অভিজ্ঞতাও প্রকল্পৰ অন্যতম উৎস। কাৰণ, চিন্তাশীল অন্তর্দৃষ্টিসম্পন্ন ব্যক্তিয়ে নিজৰ অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰিও প্রকল্প ৰচনা কৰিব পাৰে।

৫০। প্ৰকল্পৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা। (Discuss the features of the hypothesis.)

উত্তৰঃ প্ৰকল্পৰ কেইটামান প্ৰধান বৈশিষ্ট্য পৰিলক্ষিত হয়। সেইবোৰ তলত আলোচনা কৰা হ’ল—

(ক) প্রকল্প সদায়েই সহজ-সৰল, পোনপটীয়া আৰু নিৰ্ভৰযোগ্য। আচলতে, পৰিশুদ্ধ জ্ঞানৰ‌ ওপৰত প্ৰকল্প নিৰ্ভৰশীল।

(খ) প্রকল্প সদায়ে অনুভৱসিদ্ধ (empirical) তথ্যযুক্ত, যিবোৰ তথ্য মানুহে অনুভৱ বা দৃষ্টিগোচৰ কৰিব পাৰে, সেইবোৰক অনুভৱসিদ্ধ তথ্য আখ্যা দিয়া হয়।

(গ) প্রকল্প ঘটনাৰ ওপৰত কৰা আগতীয়া ধাৰণা। প্ৰকল্পৰ ৰচনা ক্ষেত্ৰ সদায়ে বিস্তৃত হোৱা বাঞ্ছনীয় যাতে ইয়াৰ পৰ্যবেক্ষণ সম্ভৱপৰ হয়।

(ঘ) প্রকল্পবোৰ সদায় সু-স্পষ্ট আৰু নিৰ্দিষ্ট সূচক (Specific) হোৱা বাঞ্ছনীয়। 

(ঙ) প্রকল্পবোৰৰ সফলতা ইয়াৰ উপযুক্ততাৰ ওপৰত নিৰ্ভৰশীল।

(চ) প্রকল্পবোৰৰ প্ৰচলিত সিদ্ধান্তৰ লগত সম্পর্ক থাকে। গৱেষণাৰ বাবে ৰচনা কৰা প্রকল্পবোৰ এনেভাৱে কৰা হয় যাতে, ঘটনাটোৰ ক্ষেত্ৰত প্ৰচলিত সিদ্ধান্ত থাকে।

৫১। সামাজিক গৱেষণাত প্ৰকল্পৰ ইতিবাচক কাৰ্যৰ বিষয়ে বৰ্ণনা কৰা। (Describe the positive work of the hypothesis in social research.)

নাইবা

এটা কাৰ্যকৰী প্ৰকল্পৰ আৱশ্যকীয় গুণসমূহ আলোচনা কৰা। (Discuss the essentials of an effective hypothesis.) 

উত্তৰঃ যিকোনো এটা সামাজিক গৱেষণাৰ আৰম্ভণিতে এটা প্ৰকল্প প্ৰস্তুত কৰাটো অতি প্রয়োজনীয়। সামাজিক গৱেষণাৰ ক্ষেত্ৰত শুদ্ধ আৰু সঠিক প্ৰকল্পই এটা গৱেষণা কার্য নিয়মীয়াকৈ আগবঢ়াই নিয়াত সহায় কৰে। বৈজ্ঞানিক গৱেষণাত সদায় কিছুমান নতুন তথ্য আৱিস্কাৰ কৰিবৰ কাৰণে চেষ্টা কৰা হয়। নতুন আৱিস্কাৰৰ কাৰণে সদায় নতুন ধাৰণা কিছুমান মনলৈ আনিব লাগে আৰু প্ৰয়োজন অনুসৰি কিছুমান ধাৰণা মনৰ পৰা আঁতৰো কৰিব লাগিব। এই ধাৰণাবিলাক শুদ্ধনে অশুদ্ধ প্ৰমাণ কৰিবলৈ যাওঁতে কেতিয়াবা সম্পূর্ণ শুদ্ধ হয়, কেতিয়াবা আংশিকভাৱে শুদ্ধ আৰু কেতিয়াবা ভুল হয় প্ৰকৃতাৰ্থত প্ৰাথমিক অধ্যয়নত যিটো ধাৰণাই সমাজতত্ত্ববিদসকলক নতুন গৱেষণা কৰিবৰ কাৰণে আগবঢ়াই লৈ যায়, সেই ধাৰণাটো প্ৰকল্প বুলি কোৱা হয়।

বিভিন্ন সমাজতত্ত্ববিদে প্ৰকল্পৰ সংজ্ঞা বিভিন্নধৰণে আগবঢ়াইছে।

সেইবোৰ হ’ল—

জে. এফ. ৰামেল আৰু ডব্লিউ, চি. বেলিনৰ মতে, “গৱেষণা প্ৰকল্প হ’ল এটা মন্তব্য যাক পৰীক্ষাৰ দ্বাৰা পুনৰীক্ষণ বা নাকচ কৰিব নোৱাৰি।

উইলিয়াম এইচ জৰ্জৰ মতে, “যিকোনো সিদ্ধান্তৰ ব্যাপক ৰূপটোৱেই হৈছে প্রকল্প।” 

গোডে হাট্ৰৰ মতে, গৱেষণা প্ৰকল্প হ’ল এনে এটা ধাৰণামূলক মন্তব্য যাৰ কাৰ্যকাৰিতা পৰীক্ষাৰ দ্বাৰা প্ৰমাণ কৰা হয়।

গতিকে দেখা যায় যে প্রকল্প এনে এটা ধাৰণা, যি ধাৰণাৰ ওপৰত ভিত্তি কৰি সমাজবিজ্ঞানীসকল গৱেষণা কার্যত সুন্দৰভাৱে মনোনিৱেশ কৰিব পাৰে।

এটা কাৰ্যকৰী গৱেষণা প্ৰকল্পৰ ইতিবাচক কার্যসমূহ তলত উল্লেখ কৰা হ’ল: 

(ক) প্ৰকল্প হ’ল গৱেষণাৰ পথ প্ৰদৰ্শক স্বৰূপ। ই প্ৰকল্প এটাক সুচাৰুৰূপে চলাই নিয়াত সহায় কৰে।

(খ) কোনো এক গৱেষণা বিষয়বস্তুৰ সকলো দিশৰ ওপৰত পুংখানুপুংখকৈ চিন্তাকৰণ আৰু অনুসন্ধান কার্য সম্পাদিত হয় প্ৰকল্পৰ সহায়ত।

(গ) গৱেষণাৰ বিষয়বস্তু নিৰীক্ষণত প্ৰকল্পই সহায় কৰে।

(ঘ) প্ৰকল্প‍ই গৱেষণাৰ চূড়ান্ত ফলাফল নিৰ্ণয় কৰাত সহায় কৰে।

(ঙ) প্রকল্পই পর্যবেক্ষণ, অনুসন্ধান, তথ্য সংগ্রহ, তথ্য বিশ্লেষণ আদিত সহায় কৰি গৱেষণাৰ পথ প্রদর্শন কৰে।

(চ) বিভিন্ন সিদ্ধান্তবোৰৰ মাজত প্ৰকল্পই অর্থপূর্ণ সম্পর্ক স্থাপন কৰোৱায়।

(ছ) ই গৱেষকসকলক নতুন নতুন দিশত গৱেষণা কৰাৰ চিন্তাত উদ্‌গনি যোগায়।

(জ) গৱেষণাৰ পথসমূহ সহজসাধ্য কৰি গৱেষণাৰ কামত আগবাঢ়ি যাবলৈ সহায় কৰে। 

(ঝ) ই গৱেষণাৰ কাম শৃংখলাবদ্ধতাৰ মাজেৰে গতি কৰিবলৈ প্ৰেৰণা যোগায়।

(ঞ) ই গৱেষণাৰ ক্ষেত্ৰত দেখা দিয়া বিশৃংখলতাক সমাধান কৰে।

(ট) গৱেষণাৰ ফলাফল অধিক নিৰ্ভৰশীল হ’বৰ বাবে গৱেষণাৰ কামত প্ৰকল্পৰ যোগেদি আগবাঢ়িলে সুফল পোৱা যায়। 

(ঠ) গৱেষণাৰ কামবোৰ সহজে পৰীক্ষা আৰু প্ৰমাণ কৰিৰ বাবে প্ৰকল্পৰ যোগেদি গৱেষণাৰ‌ কামত আগবাঢ়িলে সুফল পোৱা যায়। 

(ড) প্ৰকল্পৰ অবিহনে গৱষণা কৰিলে বহুতো সময়ত গৱেষকক সময় ও তথ্য অথলে যাব পাৰে।

(ঢ) প্রকল্প এটা আগত ৰাখি গৱেষণাৰ কামত আগবাঢ়িলে গৱেষণাৰ কাৰণে প্ৰয়োজনীয়‌ সামগ্ৰীসমূহ আগতে আহৰণ কৰি ল’ব লাগে। 

(ণ) এজন গৱেষকক এটা প্ৰকল্পই গৱেষণাৰ প্ৰতিটো দিশতে সহায় কৰি গৱেষণাৰ কাৰ্য সুচাৰুৰূপে চলাবলৈ সুবিধা কৰি দিয়ে।

যিকোনো সামাজিক গৱেষণাত প্ৰকল্পৰ গুৰুত্ব অতিশয় বেছি। কোনো বৈজ্ঞানিক অধ্যয়নৰ প্ৰকল্পৰ অবিহনে ফলদায়ক হিচাপে আগবাঢ়িব নোৱাৰে। প্ৰকল্পক বৈজ্ঞানিক গৱেষণাৰ বুনিয়াদ বুলি ক’ব পাৰি। এটা ভাল প্রকল্পক এটা প্রাথমিক জ্ঞান দিবলৈ সক্ষম হয়।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top