SEBA Class 6 Charitra Path Chapter 7 অহিংসা-জীৱনৰ এটা পথ

SEBA Class 6 Charitra Path Chapter 7 অহিংসা-জীৱনৰ এটা পথ Question Answer Assamese Medium to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 6 Charitra Path Chapter 7 অহিংসা-জীৱনৰ এটা পথ Solutions and select need one. SEBA Class 6 Charitra Path Chapter 7 অহিংসা-জীৱনৰ এটা পথ Solutions Assamese Medium Download PDF. SEBA Class 6 Charitra Path Texbook Solutions Assamese Medium.

SEBA Class 6 Charitra Path Chapter 7 অহিংসা-জীৱনৰ এটা পথ

Join Telegram channel

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SEBA Class 6 Charitra Path Textual Solutions in Assamese are part of All Subject Solutions. Here we have given SCERT Class 6 Charitra Path Textbook Solutions, Charitra Path Class 6 Textbook Solutions for All Chapters, You can practice these here.

অহিংসা-জীৱনৰ এটা পথ

Chapter: 7

প্ৰথম খণ্ড

অনুশীলনী

১। অহিংসা কিহক বোলে? অহিংসাৰ লগত প্ৰেমৰ সম্পৰ্ক কি?

উত্তৰঃ কোনো জীৱৰ প্ৰতি হিংসাৰ ভাৱ নথকা মনৰ অৱস্থাটোকেই অহিংসা বোলা হয়। কিন্তু অহিংসা শব্দৰ অৰ্থ কেৱল হিংসাৰ অভাৱ বুলি ভাবিলে ভুল কৰা হ’ব। অহিংসাৰ দুটা ফাল আছে। এফালে আছে কোনো জীৱৰ প্ৰতি হিংসাৰ অভাৱ, অইনটো ফালত আছে সকলো জীৱৰ প্ৰতি প্রেম বা ভাল পোৱা। ঠিক যেনেকৈ ভাৰতীয় মুদ্রা এটাৰ এটা ফালত খোদিত আছে অশোক চক্র বা ধর্মচক্র আৰু আনটো ফালত থাকে মুদ্ৰাটোৰ মূল্য। আচলতে অহিংসা কোনো নিষ্ক্রিয় কথা নহয়। ই এটা বিশেষভাৱে সক্রিয় শক্তি। জগতত হিংসাৰ শক্তি দেখি মানুহে ভয় খায়; কিন্তু প্ৰেমৰ শক্তিতকৈ ডাঙৰ শক্তি এই বিশ্বত একোৱেই নাই। গতিকে মহাভাৰতত ব্যাসদেৱে লিখিছে ‘অহিংসা পৰমো ধৰ্মঃ।’

অহিংসাৰ লগত প্ৰেমৰ সম্পৰ্ক অতি গভীৰ। যাৰ মনত সত্যিকাৰ অহিংসা থাকে, তেনে ব্যক্তিৰ হৃদয়ত সকলো প্ৰাণীৰ প্ৰতি আন্তৰিক মৰম, সহানুভূতি আৰু ক্ষমাৰ ভাব থাকে। তেওঁ জানে — সকলো জীৱত একেই ভগৱানৰ বাস আছে, আৰু সেই অনুভৱই তেওঁক সকলোৰে প্ৰতি সদ্ভাৱ, ধৈৰ্য আৰু দয়া দেখুৱাবলৈ বাধ্য কৰে।

মহাত্মা গান্ধীয়ে দেখুৱাইছে যে অহিংসা কেৱল ব্যক্তিগত নহয়, ই সামূহিকভাৱে সমাজ বা ৰাষ্ট্ৰৰ জীৱনতো প্ৰয়োগ কৰিব পৰা যায়। ভাৰতৰ স্বাধীনতা আন্দোলনত অহিংসা ব্যৱহাৰ কৰি তেওঁ সফলভাৱে দেশক স্বাধীনতাৰ পথেৰে আগবঢ়াইছিল।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

সেয়ে, অহিংসা মানে হ’ল শুদ্ধ হৃদয়, বিশুদ্ধ চিন্তা আৰু সকলোৰে প্রতি সম মৰম। এই পথত চলিলে মানুহে কেৱল নিজৰো নহয়, সৰ্বপ্ৰাণীৰ কল্যাণ নিশ্চিত কৰে। এইয়ে মহাভাৰতত কোৱা হৈছে — “অহিংসা পৰমো ধৰ্মঃ” — অৰ্থাৎ অহিংসাই আটাইতকৈ মহান ধৰ্ম।

২। অহিংসাৰ পথেদি কেনেকৈ সত্যত উপনীত হ’ব পাৰি?

উত্তৰঃ মানুহৰ বেলিকা কথাটো সুকীয়া। মানুহ অকল প্রাণীয়েই নহয়, বৰং মানুহ বিচাৰ-বুদ্ধি সম্পন্ন প্রাণী। মানুহৰ বিবেক আছে অর্থাৎ ভাল-বেয়া বিবেচনা কৰা শক্তি আছে। ইতৰ জীৱ-জন্তুবিলাকে হিংসা নীতিত চলিলেও সেইবিলাক জীব লয় পোৱা নাই। কিন্তু মানুহে হিংসা নীতিত চলিব নোৱাৰে। মানুহ সকলো জীৱ-জন্তুৰ ভিতৰতেই শ্ৰেষ্ঠ জীৱ। সেইবাবে তাৰ দায়িত্বও সৱাতোকৈ বেছি। মানুহে হিংসা নীতি অনুসৰণ কৰিলে বিধাতাৰ সৃষ্টি ধ্বংসপ্রাপ্ত হ’ব। কিয়নো মানুহৰ হিংসাৰ শক্তি অসীম। দ্বিতীয়তে, ইতৰ জীৱ-জন্তুৰ ক্ষেত্ৰত আত্মোৎকৰ্ষৰ কথা নাই। কিন্তু মানুহে ইতৰ জীৱ-জন্তুৰ নিচিনাকৈ চলিব নোৱাৰে; কিয়নো মানুহৰ আত্মোৎকর্ষ কৰিবলগীয়া আছে। মানুহৰ শাৰীৰিক সৌন্দর্য বা শক্তিৱেই আচল পৰিচয় নহয়, মানুহৰ মানসিক বিকাশ আৰু নিজকে নিজৰ দেহৰ গৰাকী আত্মা বুলি অনুভৱ কৰাটোৱেই মানুহৰ শ্ৰেষ্ঠতাৰ পৰিচয়। মানুহৰ আত্মোৎকর্ষ, নিজৰ সাধনা বা একাণপতীয়া চেষ্টাৰ যোগেদিহে হ’ব পাৰে আৰু এই সাধনাত সত্য আৰু অহিংসাই প্রধান সম্বল। আচলতে অহিংসাৰ বাটেদি গ’লেহে আমি সত্যত উপনীত হ’ব পাৰোঁ।

অহিংসাৰ যোগেদিয়ে সত্যৰ ওচৰ চাপিব পাৰোঁ। সত্যৰ স্বৰূপ আমি হিংসাৰ মাজেদি দেখিবলৈ নাপাওঁ। হিংসাই মানুহৰ বিচাৰ-বুদ্ধিক স্বাভাৱিক অৱস্থাত থাকিবলৈ নিদিয়ে আৰু সেইদেখি মনত হিংসা থাকিলে আমি সত্য বা ঈশ্বৰৰ স্বৰূপ উপলব্ধি কৰিব নোৱাৰোঁ। হিংসাই আমাৰ বিচাৰ-বুদ্ধি ক বিকৃত কৰি পেলায় আৰু আমাৰ বিকৃত বিচাৰ-বুদ্ধিৰে আমি জগত বা ঈশ্বৰৰ স্বৰূপ বুজিব নোৱাৰোঁ অর্থাৎ আমি সত্যৰ উপলব্ধি কৰিব নোৱাৰোঁ। গতিকে অহিংসাৰ সহায়তহে আমি সত্য-দৰ্শনৰ পথত আগবাঢ়িব পাৰোঁ। এই দেখি মানৱ জীৱন সার্থক কৰিবলৈ অহিংসাই উৎকৃষ্ট পন্থা।

৩। ‘অহিংসাই জীৱনৰ শ্ৰেষ্ঠ পথ’। কথাষাৰ বুজাই লিখা।

উত্তৰঃ অহিংসাই জীৱনৰ শ্ৰেষ্ঠ পথ” কথাষাৰৰ অৰ্থ হৈছে— জীৱন কটাবলৈ অহিংসা, অৰ্থাৎ হিংসাৰ অভাৱ আৰু সকলো প্ৰাণীৰ প্ৰতি মৰম, দয়া, সহানুভূতি আৰু সহিষ্ণুতাৰে ভৰপূৰ পথটো হৈছে আটাইতকৈ উৎকৃষ্ট আৰু কল্যাণময় পথ।

পৃথিৱীৰ প্ৰায় সকলো জীৱ-জন্তু হিংসাৰ মাধ্যমে জীৱন নিৰ্বাহ কৰে, কিন্তু মানুহ একমাত্ৰ চিন্তাশীল, বিবেকসম্পন্ন আৰু আত্ম-উন্নয়নক্ষম প্ৰাণী। মানুহৰ দায়িত্ব হৈছে — হিংসা নকৰাকৈ, সকলোৰে কল্যাণ চাওঁতে, শান্তিপূৰ্ণ আৰু সম্প্ৰীতিৰ জীৱন গঠন কৰা।

অহিংসাৰ পথেদি জীৱন অতিবাহিত কৰাৰ উদাহৰণ মানৱ সভ্যতাৰ আৰম্ভণিৰেপৰা দেখা যায়। জীৱন-যাপনৰ এই শুদ্ধ পথটো দিব্যদৃষ্টিসম্পন্ন জ্ঞানীসকলৰ দৃষ্টিত কাহানিবাই ধৰা পৰিছিল। তথাপি অহিংসা সম্বন্ধে সাধাৰণ মানুহৰ মনত নানা প্ৰকাৰৰ ভুল ধাৰণা আছে। বহুতে ভাবে যে অহিংসা দুৰ্বলতাৰ লক্ষণ আৰু ই আচলতে বলে নোৱাৰি ক্ষমা কৰাৰ নিচিনা কথা। আচলতে হিংসা বা অনিষ্ট কৰিবপৰা ক্ষমতা থাকোতেও যিজনে হিংসা বা অনিষ্ট কৰাৰপৰা বিৰত থাকে, তেওঁৰহে অহিংসা আছে বুলি ক’ব পাৰি। হিংসাৰ ভাব মনত পুহি ৰাখি হিংসা কৰিব পৰা শক্তিৰ অভাৱত হিংসা কাৰ্যৰপৰা বিৰত থকাটো একো অহিংসা নহয়। সেই দেখি আত্মজ্ঞানত বলী মানুহেহে অহিংসা আচৰণ কৰিব পাৰে। প্ৰকৃততে অহিংসাৰ আদৰ্শ মানি চলাজনে এই কথা জানে যে জগতৰ সকলো মানুহেই তেওঁৰ আপোন, মাথোন অজ্ঞানতা বা মনৰ দুৰ্বলতাৰ কাৰণেহে মানুহে অইনৰ হিংসা কৰে, সেই দেখি অইনে তেওঁক হিংসা কৰিলে উভতি তেওঁ হিংসা নকৰে। তেওঁ নিজে কষ্ট ভুঞ্জিব তথাপি, তেওঁ অইনক কষ্ট নিদিয়ে। গতিকে দেখা যায় অহিংসাৰ মূলতে আছে প্রেম। 

অহিংসা কেৱল বাহ্যিক হিংসা এৰাৰ নাম নহয়; ই এক আন্তৰিক মানসিকতা, য’ত মনত কোনো জন্তু-মানুহৰ প্ৰতি ঘিণ, ইর্ষা বা অনিষ্টৰ চিন্তা থাকে নে নাই। ই মানৱতাৰ মূল আধাৰ —যাৰ ভিতৰত আছে ক্ষমা, ধৈৰ্য, দয়া, সহানুভূতি আৰু মানৱ প্রেম।

৪। “অহিংসা কোনো নিষ্ক্ৰিয় কথা নহয়”—এই কথাটিৰ অৰ্থ কি?

উত্তৰঃ এই কথাটিৰ অৰ্থ হৈছে, অহিংসা মানে কেৱল হিংসা নকৰা নহয়। ই এটা শক্তিশালী, সক্ৰিয়, আৰু ইতিবাচক শক্তি।

অহিংসাৰ দুটা দিশ আছে—

১। হিংসাৰ অনুপস্থিতি। আৰু

২। সকলো জীৱৰ প্ৰতি প্রেম আৰু শুভ কামনা।

এই শক্তিয়ে সমাজ আৰু জগতৰ ভিতৰত সংহতি, একতা, আৰু শান্তিৰ সৃষ্টি কৰে। সেয়ে অহিংসা নিষ্ক্ৰিয় হৈ থাকি কিছুমান কাম নকৰা নহয়, বৰং অহিংসা এক সক্ৰিয় আত্মিক শক্তি যাৰ যোগেৰে সত্য, ন্যায় আৰু মিলনৰ পথত আগবঢ়া যায়।

Leave a Comment

Your email address will not be published. Required fields are marked *

This will close in 0 seconds

Scroll to Top