SEBA Class 6 Charitra Path Chapter 4 সকলো মানুহৰ প্ৰতি সমব্যৱহাৰ Question Answer Assamese Medium to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 6 Charitra Path Chapter 4 সকলো মানুহৰ প্ৰতি সমব্যৱহাৰ Solutions and select need one. SEBA Class 6 Charitra Path Chapter 4 সকলো মানুহৰ প্ৰতি সমব্যৱহাৰ Solutions Assamese Medium Download PDF. SEBA Class 6 Charitra Path Texbook Solutions Assamese Medium.
SEBA Class 6 Charitra Path Chapter 4 সকলো মানুহৰ প্ৰতি সমব্যৱহাৰ
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SEBA Class 6 Charitra Path Textual Solutions in Assamese are part of All Subject Solutions. Here we have given SCERT Class 6 Charitra Path Textbook Solutions, Charitra Path Class 6 Textbook Solutions for All Chapters, You can practice these here.
সকলো মানুহৰ প্ৰতি সমব্যৱহাৰ
Chapter: 4
প্ৰথম খণ্ড
অনুশীলনী
১। শিষ্টাচাৰ বুলিলে আমি কি বুজোঁ?
উত্তৰঃ শিষ্টাচাৰ বা সজ আচৰণৰ মূল হৈছে বিনয় বা নম্ৰতা। বিনয়ী মানুহে সহজে আনৰ মৰম আৰু সন্মান লাভ কৰে, যি আচৰণে অইনৰ প্ৰতি বিনয়, সহানুভূতি আৰু সন্মান প্ৰকাশ কৰে। এজন ব্যক্তি শিক্ষিত হ’লেও যদি তেওঁ বিনয়ী, সময়ানুবর্তী, সহিষ্ণু আৰু অইনৰ প্ৰতি সন্মানজনক নহয়, তেনেহ’লে তেখেত শিষ্টাচাৰী বুলি গণ্য নহ’ব। শিষ্ট আচৰণত সকলোৰে প্ৰতি সমান ব্যৱহাৰ, অতিথিৰ সন্মান, পথত শৃংখলা বজাই ৰখা, আৰু কথোপকথনত ভদ্ৰতা অতি প্ৰয়োজনীয়। সঁচা শিষ্টাচাৰ মানুহক সমাজত প্ৰিয়পাত্র কৰি তোলে আৰু শান্তিপূর্ণ সমাজ গঠনত সহায় কৰে। সেয়ে শিষ্ট আচৰণৰ অনুশীলন সকলোৰে বাবে আৱশ্যক।
২। সকলো মানুহকেই আমি কিয় সমান ব্যৱহাৰ কৰা উচিত?
উত্তৰঃ আমি সকলো মানুহক সমান ব্যৱহাৰ কৰা উচিত, কাৰণ সমাজৰ প্ৰতিজন ব্যক্তি নিজৰ নিজৰ স্থানত গুৰুত্বপূর্ণ। কোনো ব্যক্তিয়ে যদি তেওঁ সমাজৰ হিতত কাম কৰে, তেন্তে সেয়া সন্মানজনক কাম। এজন চাফাইকর্মীৰ কাম স্বাস্থ্য-সুৰক্ষাৰ বাবে যিমান প্ৰয়োজনীয়, তেনেদৰে এজন শিক্ষক বা চিকিৎসকৰো কাম সমাজৰ বাবে অতি গুৰুত্বপূর্ণ। এইবাবে কোনো কামক হীন বুলি ধৰা একেবাৰে ভুল। মানুহৰ মূল্য তেওঁ যি কাম কৰে তাৰ দ্বাৰা নহয়, তেওঁ কিমান সৎ, বিনয়ী, সহানুভূতিশীল আৰু দায়িত্বশীল, তাৰ দ্বাৰাতে ঠিক হয়। যদি এজন ব্যক্তি সমাজত তলৰ স্থানত থকা লোকৰ লগতো সমআচৰণ কৰে, তেনেহ’লে বুজিব লাগে তেওঁৰ আচৰণ অকৃত্ৰিম। মহাত্মা গান্ধীয়ে নিজৰ জীৱনৰ দ্বাৰা দেখুৱাইছে যে শাৰীৰিক পৰিশ্ৰমৰো মৰ্যাদা আছে, আৰু সকলো কামৰ নিজৰ মান থাকে। এইবাবে আমি জাতি, ধৰ্ম, ধন বা শিক্ষাৰ আধাৰত মানুহৰ মাজত ভেদাভেদ নকৰি সকলোৰে প্ৰতি সমব্যৱহাৰ কৰা উচিত। এনেদৰে আচৰণ কৰিলে সমাজত শান্তি, সম্প্ৰীতি আৰু সদ্ভাৱ বজাই থাকিব, আৰু আমি এক সুস্থ, সমতা-পূৰ্ণ সমাজ গঢ়ি তুলিব পাৰিম।
৩। শাৰীৰিক পৰিশ্ৰমৰ মৰ্যাদাৰ বিষয়ে বুজাই লিখা।
উত্তৰঃ বহুত মানুহে শাৰীৰিক পৰিশ্ৰম কৰিলে নিজৰ মান যায় বুলি ভাবে। এই ধাৰণা সমূলি ভুল। আমাৰ দেশৰ খেতিয়কসকলে কৃষিকৰ্মৰ দ্বাৰা সমাজখনক জীয়াই ৰাখিছে। দৈহিক পৰিশ্ৰমৰ দ্বাৰাইহে কৃষিকৰ্ম কৰিব পাৰি। কুটীৰ-শিল্প, গো-পালন, কমাৰৰ কাম, শিপিনীৰ কাম আদি দৈহিক শ্ৰমৰদ্বাৰাইহে হয়। এনেকি ডাঙৰ ডাঙৰ কল-কাৰখানাবিলাকো শাৰীৰিক পৰিশ্ৰম কৰা বনুৱাই চলায়। শাৰীৰিক পৰিশ্ৰম কৰোঁতা মানুহ নাথাকিলে সমাজ চলিব নোৱাৰে।
শাৰীৰিক পৰিশ্ৰম নকৰিলে আমাৰ স্বাস্থ্যও ভাল নাথাকে। শাৰীৰিক পৰিশ্ৰমৰদ্বাৰাইহে প্ৰকৃততে দেশৰ সম্পদ বৃদ্ধি হয়। আমি যি ফালৰপৰাই কথাটো বিবেচনা কৰি চাওঁ, তেতিয়া আমি দেখিবলৈ পাম যে, শাৰীৰিক পৰিশ্ৰম মানসিক পৰিশ্ৰমতকৈ কোনোগুণে হীন নহয়। ‘আমি মূৰৰ ঘাম মাটিত পেলাই শাৰীৰিক পৰিশ্ৰম কৰিহে আমাৰ ভাত মোকোলাব লাগে’। খ্রীষ্টান ধর্মশাস্ত্র বাইবেলৰ উপদেশ এনে আৰু এয়েই হয়তো বিধাতাৰ অভিপ্রায় আছিল।
৪। গান্ধীজীয়ে সকলোৰে প্ৰতি সমান ব্যৱহাৰ আৰু শাৰীৰিক পৰিশ্ৰমৰ মৰ্যাদা নিজৰ জীৱনত কেনেকৈ দেখুৱাইছিল চমুকৈ বৰ্ণনা কৰা।
উত্তৰঃ জাতিৰ জনক মহাত্মা গান্ধী আমাৰ সকলো বিষয়তে পথ প্রদর্শক আছিল। তেওঁ শাৰীৰিক পৰিশ্ৰমৰ মৰ্যাদা তেওঁৰ আচৰণৰদ্বাৰা ভালকৈ দেখুৱাই গৈছে। তেওঁ এবাৰ সদলবলে অর্থাৎ তেওঁৰ ফিনিক্স আশ্ৰমৰ আবাসীসকলক লৈ বিশ্বকবি ৰবীন্দ্রনাথ ঠাকুৰৰ শান্তিনিকেতন আশ্ৰমলৈ গৈছিল। তেওঁ শান্তিনিকেতনৰ আশ্রমবাসীসকলক স্বাৱলম্বন আৰু দৈহিক শ্ৰমৰ মৰ্যাদা বুজাবলৈ আশ্ৰমৰ ৰন্ধা-বঢ়াৰপৰা আৰম্ভ কৰি পায়খানা চাফা কৰালৈকে সকলো কাম নিজে নিজে কৰাৰ প্রস্তাৱ দিয়াত, এনে অভিনৱ প্রস্তাৱত অৱশ্যে বহুতেই প্রায় চক খাই উঠিছিল। কিন্তু তেখেতৰ অইন মানুহক বুজাই-বঢ়াই নিজ মতলৈ আনিবপৰা ক্ষমতাটো অসাধাৰণ আছিল। গতিকে আশ্রমবাসী ছাত্র-ছাত্রী, শিক্ষক সকলোৱে এই প্রস্তাৱ কার্যত পৰিণত কৰিবলৈ লাগি গ’ল। গান্ধীজী নিজে কামত লাগিল আৰু যেতিয়া তেখেতৰ আশ্ৰমৰ পায়খানা চাফা কৰাৰ কামটো নিজে গা-পাতি ল’লে, তেতিয়া সকলোৱে বিস্ময়ত অভিভূত হ’ল। এইদৰেই মহামানৱ গান্ধীজীয়ে দৈহিক শ্ৰমৰ মর্যাদা হাতে-কামে প্রমাণ কৰি দেখুৱালে আৰু এবাৰ গান্ধীজীয়ে কলিকতাত বহা জাতীয় কংগ্ৰেছ মহাসভাৰ অধিৱেশনত নিজে পাইখানা চাফা কৰি পৰিশ্ৰমৰ মৰ্যাদা বুজাইছিল। এই মহাপুৰুষজনে দক্ষিণ আফ্রিকাত থাকোঁতে নিজে চামৰাৰ জোতা চিলাই কৰিছিল। এবাৰ তেওঁ চামৰাৰ চেণ্ডেল এজোৰ চিলাই কৰি দক্ষিণ আফ্রিকাৰ শাসনকর্তা মনীষী জেনেৰেল স্মাটচক উপহাৰো দিছিল। গান্ধীজীৰ মহৎ জীৱনৰপৰা আমি নানা উপদেশ পাব পাৰোঁ। তেখেতৰ জীৱনৰ আদৰ্শই মানুহক স্বাৱলম্বন, দৈহিক শ্ৰমৰ মর্যাদা আৰু সকলো মানুহকেই সমান জ্ঞান কৰা ইত্যাদি মহৎ শিক্ষা গ্রহণত অনুপ্ৰেৰণা দিয়ে।

Hi! my Name is Parimal Roy. I have completed my Bachelor’s degree in Philosophy (B.A.) from Silapathar General College. Currently, I am working as an HR Manager at Dev Library. It is a website that provides study materials for students from Class 3 to 12, including SCERT and NCERT notes. It also offers resources for BA, B.Com, B.Sc, and Computer Science, along with postgraduate notes. Besides study materials, the website has novels, eBooks, health and finance articles, biographies, quotes, and more.