SEBA Class 6 Charitra Path Chapter 6 ব্যক্তিগত আৰু ৰাজহুৱা সম্পত্তিৰ সংৰক্ষণ

SEBA Class 6 Charitra Path Chapter 6 ব্যক্তিগত আৰু ৰাজহুৱা সম্পত্তিৰ সংৰক্ষণ Question Answer Assamese Medium to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 6 Charitra Path Chapter 6 ব্যক্তিগত আৰু ৰাজহুৱা সম্পত্তিৰ সংৰক্ষণ Solutions and select need one. SEBA Class 6 Charitra Path Chapter 6 ব্যক্তিগত আৰু ৰাজহুৱা সম্পত্তিৰ সংৰক্ষণ Solutions Assamese Medium Download PDF. SEBA Class 6 Charitra Path Texbook Solutions Assamese Medium.

SEBA Class 6 Charitra Path Chapter 6 ব্যক্তিগত আৰু ৰাজহুৱা সম্পত্তিৰ সংৰক্ষণ

Join Telegram channel

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SEBA Class 6 Charitra Path Textual Solutions in Assamese are part of All Subject Solutions. Here we have given SCERT Class 6 Charitra Path Textbook Solutions, Charitra Path Class 6 Textbook Solutions for All Chapters, You can practice these here.

ব্যক্তিগত আৰু ৰাজহুৱা সম্পত্তিৰ সংৰক্ষণ

Chapter: 6

প্ৰথম খণ্ড

অনুশীলনী

১। ব্যক্তিগত আৰু ৰাজহুৱা সম্পত্তিৰ সংৰক্ষণ কৰাটো কিয় আমাৰ কৰ্তব্য-বুজাই লিখা।

উত্তৰঃ ব্যক্তিগত আৰু ৰাজহুৱা সম্পত্তিৰ সংৰক্ষণ কৰাটো এজন সচেতন নাগৰিকৰ প্ৰধান কৰ্তব্য। সম্পত্তি হ’ল সমাজ আৰু দেশৰ মূল্যৱান সম্পদ।

ব্যক্তিগত সম্পত্তি হৈছে কোনো মানুহৰ নিজস্ব সম্পত্তি। যদি কোনো ব্যক্তিৰ ব্যক্তিগত সম্পত্তিৰ ক্ষতি হয়, তেন্তে কেৱল সেই ব্যক্তিয়ে নহয়, সমাজেও পৰোক্ষভাৱে ক্ষতিগ্ৰস্ত হয়। ব্যক্তিগত সম্পত্তিৰ ধ্বংসৰ ফলত সেই ব্যক্তি যদি আৰ্থিকভাৱে নিঃসম্বল হৈ পৰে, তেন্তে তেওঁক সহায় কৰিবলৈ চৰকাৰী ভঁৰালৰ পৰা ধন খৰচ হ’ব লাগে। ই দেশৰ ওপৰত অতিৰিক্ত আৰ্থিক ভাৰ সৃষ্টি কৰে। লগতে, বহু জনহিতৈষী অনুষ্ঠান ব্যক্তিগত দান-সহায়ৰ ওপৰত নিৰ্ভৰ কৰি চলে; ব্যক্তিগত ধন-সম্পত্তিৰ অভাৱ হলে সেইবোৰো বন্ধ হোৱাৰ সম্ভাৱনা থাকে। এইদৰে ব্যক্তিগত সম্পত্তিৰ ক্ষতি মানেই দেশৰো ক্ষতি।

ৰাজহুৱা সম্পত্তি হৈছে— স্কুল, কলেজ, চিকিৎসালয়, ৰেলগাড়ী, গছ-গছনি, পানী-যোগান, পথঘাট আদি— যিবোৰ সকলোৰে উপযোগিতাৰ বাবে চৰকাৰে গঢ়ি তোলে। এই সম্পত্তি ধ্বংস হ’লে আমিয়েই ক্ষতিগ্ৰস্ত হ’ম। ৰে’লৰ সীটত লিখা, ৰাস্তাৰ গছ ভাঙি পেলোৱা, পানীৰ কল ভাঙি দিয়া, আদি কাৰ্য দেশৰ সম্পত্তিৰ ওপৰত এক প্ৰত্যক্ষ আঘাত। এনে ক্ষতি পূৰণ কৰিবলৈ চৰকাৰে পুনৰ ধন খৰচ কৰে, যি ৰাইজৰেই কৰদ্বাৰা সংগৃহীত। ইয়াৰ ফলত দেশৰ আন উন্নয়নমূলক কাম-কাজ বিঘ্নিত হয়।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

২। ব্যক্তিগত সম্পত্তিৰ ক্ষতি হ’লে কেনেকৈ দেশৰ ক্ষতি হয়?

উত্তৰঃ ব্যক্তিগত সম্পত্তি কোনো মানুহৰ নিজস্ব সম্পত্তি হলেও, তাৰ ক্ষতি হ’লে দেশৰো ক্ষতি হয়। ব্যক্তিয়ে সমাজ গঠন কৰে, আৰু ব্যক্তিৰ অনিষ্ট হ’লে সমাজৰো অনিষ্ট হয়। ব্যক্তিগতভাৱে মানুহ দুখীয়া হ’লে সমাজ দুখীয়া হয়, আৰু সমাজ দুখীয়া হ’লে দেশো পশ্চাদপসৰণ কৰে। ব্যক্তিগত সম্পত্তিৰ ধ্বংস হ’লে সেই ব্যক্তি নিঃসম্বল হৈ পৰে, আৰু তেওঁলোকক আৰ্থিক সাহায্য দিবলৈ চৰকাৰে ধন ভাঙিব লগা হয়। ইয়াৰ ফলত চৰকাৰী ভঁৰালত চাপ পৰে আৰু দেশৰ সকলো মানুহৰ ওপৰতে ইয়াৰ প্ৰভাৱ পৰে। সেয়ে ব্যক্তিগত সম্পত্তিৰ সংৰক্ষণ কৰাটো দেশৰ স্বাৰ্থৰ লগত জড়িত।

৩। অন্যান্য উপায়েৰে ধনী হোৱা ব্যক্তিসকলৰ কাৰ্যই কেনেকৈ দেশৰ ক্ষতি কৰে?

উত্তৰঃ যিসকলে অন্যায় উপায়েৰে, বিশেষকৈ ঘুষ বা দুর্নীতিৰ দ্বাৰা ধন-সম্পত্তি সংগ্ৰহ কৰে, তেওঁলোকে দেশৰ সম্পদ অপহৰণ কৰে। এইধৰণৰ ব্যক্তি সমাজৰ নৈতিকতাক ক্ষুণ্ণ কৰে আৰু সমাজত ধনী-দুখীয়া বৈষম্য সৃষ্টি কৰে। ফলস্বৰূপে দুখীয়া আৰু অধিক দুখীয়াহে হয়। এইসকল ধন অপহাৰকৰ কাৰ্যই সামগ্ৰিকভাৱে দেশৰ অৰ্থনৈতিক আৰু সামাজিক বিকাশত বাধা সৃষ্টি কৰে। সেয়ে এইসকল ব্যক্তিৰ আচৰণো দেশৰ স্বাৰ্থৰ বিৰোধী।

৪। ব্যক্তিগত আৰু চৰকাৰী সম্পত্তিৰ সংৰক্ষণ সমাজ আৰু ৰাষ্ট্ৰৰ বাবে কিদৰে সহায়ক?

উত্তৰঃ ব্যক্তিগত সম্পত্তি সংৰক্ষণ কৰিলে ব্যক্তি শক্তিশালী হয়, ফলত সমাজো শক্তিশালী হয়। ব্যক্তিৰ উন্নতি সমাজৰ উন্নতিৰ বাবে প্ৰয়োজন। আনহাতে, চৰকাৰী সম্পত্তি সংৰক্ষণ কৰিলে ৰাইজৰ প্ৰয়োজনীয় সেৱাসমূহ—যেনে শিক্ষা, চিকিৎসা, যাতায়াত—সমান্তৰালভাৱে লাভ কৰিব পৰা যায়। এই সম্পত্তিসমূহ ধ্বংস হ’লে বা ক্ষতিগ্ৰস্ত হ’লে ৰাইজৰ জীৱনত অসুবিধা হয় আৰু দেশৰ উন্নয়ন ব্যাহত হয়। সেয়েহে দুয়ো ধৰণৰ সম্পত্তিৰ সংৰক্ষণেই ৰাষ্ট্ৰীয় দায়িত্ব, যাৰ দ্বাৰা সমাজ, ৰাইজ আৰু দেশ সুস্থ, শক্তিশালী আৰু বিকাশশীল হৈ উঠে।

৫। মানুহে চৰকাৰী সম্পত্তি ধ্বংসক নিজৰ ক্ষতি বুলি কিয় নুবুজে? ইয়াৰ ফলাফল কি হয়?

উত্তৰঃ অনেক মানুহে চৰকাৰী সম্পত্তি ধ্বংস কৰাটো নিজৰ ক্ষতি বুলি নুবুজে, কাৰণ তেওঁলোকে ভাবে যে সেইবোৰ সম্পত্তি নিজৰ নহয়, চৰকাৰৰ। কিন্তু আচলতে চৰকাৰী সম্পত্তি মানে হৈছে ৰাইজৰ—অর্থাৎ আমাৰ সকলোৰে উমৈহতীয়া সম্পত্তি। এই সম্পত্তিৰ অন্তৰ্গত—বিদ্যালয়, কলেজ, চিকিৎসালয়, ৰে’ল, ৰাস্তাঘাট, পানী-যোগান, গছ-পাহাৰ আদি। যেতিয়া কোনো ব্যক্তিয়ে আন্দোলন বা বিক্ষোভত এইবোৰ ধ্বংস কৰে, তেওঁ এই কথা নুবুজে যে এই সম্পত্তিৰ ক্ষতি হ’লে শেষত ৰাইজেই ভূগিব লগা হয়।

চৰকাৰে এই সম্পত্তিবোৰ পুনৰ বানাবলৈ ধন খৰচ কৰিবলাগে। এই ধন খৰচৰ ফলত আন গঠনমূলক খিনিত, যেনে—শিক্ষা, স্বাস্থ্য, পানী যোগান আদি বিভাগত টকাৰ অভাৱ হয়। ফলস্বৰূপে দেশৰ উন্নয়ন ব্যাহত হয় আৰু সামগ্ৰিকভাৱে ৰাইজৰ কষ্ট বাঢ়ে। সেয়ে চৰকাৰী সম্পত্তি ধ্বংস কৰা মানেই নিজৰেই ক্ষতি কৰা, আৰু এনে ধৰণৰ আচৰণ দেশ-বিৰোধী বুলি গণ্য কৰা উচিত।

Leave a Comment

Your email address will not be published. Required fields are marked *

This will close in 0 seconds

Scroll to Top