SEBA Class 6 Charitra Path Chapter 2 শিষ্টাচাৰ বা সজ আচৰণ

SEBA Class 6 Charitra Path Chapter 2 শিষ্টাচাৰ বা সজ আচৰণ Question Answer Assamese Medium to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 6 Charitra Path Chapter 2 শিষ্টাচাৰ বা সজ আচৰণ Solutions and select need one. SEBA Class 6 Charitra Path Chapter 2 শিষ্টাচাৰ বা সজ আচৰণ Solutions Assamese Medium Download PDF. SEBA Class 6 Charitra Path Texbook Solutions Assamese Medium.

SEBA Class 6 Charitra Path Chapter 2 শিষ্টাচাৰ বা সজ আচৰণ

Join Telegram channel

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SEBA Class 6 Charitra Path Textual Solutions in Assamese are part of All Subject Solutions. Here we have given SCERT Class 6 Charitra Path Textbook Solutions, Charitra Path Class 6 Textbook Solutions for All Chapters, You can practice these here.

শিষ্টাচাৰ বা সজ আচৰণ

Chapter: 2

প্ৰথম খণ্ড

অনুশীলনী

১। সজ আচৰণ কাক বোলে বুজাই লিখা।

উত্তৰঃ সকলোৰে প্ৰতি সন্মানজনক ব্যৱহাৰ কৰাটোৱে হ’ল সজ আচৰণ, মনৰ সুন্দৰ ভাৱ, সংস্কৃতি আৰু আদৰ্শৰ প্ৰতি গ্ৰহণশীলতা প্ৰদৰ্শন কৰি অহংকাৰ আৰু অসভ্যতা নোহোৱাকৈ, বিনয় আৰু নম্ৰতাৰ সৈতে আচৰণ কৰা। সজ আচৰণ ডাঙৰ মানুহ, পৰিয়াল আৰু সমাজৰ পৰা শিকা হয়, যি নিজৰ স্বভাৱত পৰিণত হয় আৰু আনৰ প্ৰতি সহানুভূতি, মৰম, শ্ৰদ্ধা সদায় হয়। সজ আচৰণৰ মূল হৈছে বিনয়, নম্ৰতা, সত্যবাদিতা আৰু অন্যৰ প্ৰতি দেখুৱা সম্মান। এই আচৰণে মানুহক সুন্দৰ আৰু প্ৰিয়পাত্ৰ কৰি তোলে। সজ আচৰণ অকল বাহিৰত দেখুৱাওঁতে সীমাবদ্ধ নহয়, এই আচৰণ প্ৰকৃত আৰু আন্তৰিক হ’ব লাগে। সজ আচৰণৰ অভাৱত মানুহৰ ব্যক্তিত্ব, সামাজিক সম্পর্ক আৰু মৰ্যাদা ক্ষুণ্ণ হয়। সেয়ে সকলোৰে উচিত সজ আচৰণক নিজৰ জীৱনৰ অংশ হিচাপে গ্ৰহণ কৰা উচিত।

২। আমি ৰাজহুৱা ঠাইবিলাকত কেনে আচৰণ কৰা উচিত?

উত্তৰঃ আমি সকলোৱে সমাজৰ নিৰ্দিষ্ট নিয়ম-কানুন আৰু শিষ্ট আচৰণ অনুসৰণ কৰাটো অতি প্ৰয়োজনীয়। বিশেষকৈ ৰাজহুৱা ঠাইত আমি কেনেকৈ আচৰণ কৰিছো, সেইটো আমাৰ সভ্যতা, শিক্ষা আৰু মানৱতা প্ৰকাশ কৰে। ৰাজহুৱা ঠাইবোৰ যেনে— বজাৰ, ৰে’লষ্টেচন, চিকিৎসালয়, বিদ্যালয়, পৰিবহন ব্যৱস্থা, উদ্যান আদিত বহু প্ৰকাৰৰ মানুহে অহা-যোৱা কৰে। এনে ঠাইত আচৰণ কৰোঁতে আমি সদায় মনত ৰাখিব লাগে যে আমি কেৱল নিজৰ বাবে নহয়, আন মানুহৰ সুবিধা আৰু সুৰক্ষাৰ ক্ষেত্ৰতো দায়িত্বশীল।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

ৰাজহুৱা ঠাইত সদায় নম্ৰভাৱে কথা ক’ব লাগে। চিঞৰ-বাখৰ কৰা অনুচিত। যিমানেই ভিৰ বা অসুবিধা হওক, আমি ধৈৰ্য সহকাৰে আচৰণ কৰাটো দৰকাৰ। পৰিষ্কাৰ-পৰিচ্ছন্নতা ৰক্ষা কৰা আমাৰ অন্যতম দায়িত্ব।

৩। আমি পিতৃ-মাতৃৰ প্ৰতি কেনে আচৰণ কৰা উচিত? পুৰুৰ কাহিনীটো চমুকৈ বৰ্ণনা কৰা।

উত্তৰঃ আমি পিতৃ-মাতৃৰ প্ৰতি সদায় সজ, নম্ৰ আৰু সন্মানজনক আচৰণ কৰা উচিত। তেওঁলোকে পৰিয়ালৰ চালনা আৰু ভৱিষ্যৎ নিৰ্ধাৰণত অভিজ্ঞ, সেয়ে তেওঁলোকৰ মতামতক মানি চলা আমাৰ কৰ্তব্য। পিতৃ-মাতৃ আমাৰ জীৱনৰ নিস্বার্থ বন্ধু, যিসকলে সদায় আমাৰ কল্যাণৰ চিন্তা কৰে। যেতিয়া আমি তেওঁলোকৰ সৈতে মতবিৰোধ বা আলোচনা কৰোঁ, তেতিয়াও নম্ৰতা আৰু বিনয় বজাই ৰাখিব লাগিব। পিতৃ-মাতৃৰ প্ৰতি অবজ্ঞাসূচক বা বেয়া ব্যৱহাৰ কৰাটো অগ্ৰহণীয় আৰু পৰিয়ালৰ সংস্কৃতিৰ অভাৱৰ চিহ্ন। সেয়েহে পিতৃ-মাতৃক আদৰ, সন্মান আৰু যত্ন দিয়া আমাৰ সামাজিক আৰু নৈতিক দায়িত্ব। এই ধৰণৰ সজ আচৰণ পৰিয়ালৰ মজবুত ভিত্তি গঢ়ি তোলে আৰু সুখী পৰিৱেশৰ সৃষ্টি কৰে।

পুৰু আছিল মহাৰাজ যযাতিৰ নুমলীয়া পুত্ৰ। যযাতিয়ে পতিৰ কৰ্তব্য পালন নকৰাত শুক্রাচাৰ্যৰ শাপ পাই যৌৱন কালতেই বয়সৰ ভোগত পৰা হয়। দৈত্যগুকৰ পৰামৰ্শত যযাতিয়ে নিজৰ বয়স পুত্ৰই ল’ব লাগে বুলি কৈছিল। পুত্ৰসকলে এই দায়িত্ব ল’বলৈ অস্বীকাৰ কৰিলেও পুৰুৱে সন্মানপূৰ্বক নিজৰ পিতৃৰ বয়স গ্ৰহণ কৰি তেওঁক যৌৱন দান কৰে। ইয়াৰ ফলত যযাতিয়ে পুনৰ যৌৱন লাভ কৰে আৰু পুৰুক সিংহাসন দান কৰে। পুৰুৰ এই নিস্বাৰ্থ আৰু মহৎ ত্যাগৰ ভক্তি আজিও আদৰ্শ হিচাপে পৰিগণিত।

৪। শিক্ষকৰ প্ৰতি আমাৰ আচৰণ কেনে হোৱা উচিত? উপমন্যুৰ কাহিনীটো চমুকৈ বৰ্ণনা কৰা।

উত্তৰঃ আমাৰ শিক্ষকৰ প্ৰতি সদায় বিনয়ী, সন্মানজনক আৰু ভক্তিপূৰ্ণ আচৰণ থাকিব লাগে। শিক্ষকসকলে আমাৰ জ্ঞানৰ দিশা দেখুৱায় আৰু জীৱনৰ মূল্যৱান শিক্ষা দিয়ে। তেওঁলোকৰ কথা মন দি শুনা, শিষ্টাচাৰৰ নিয়ম মানি চলা আৰু কেতিয়াও তেওঁলোকক অবজ্ঞা বা অসম্মান নকৰা উচিত। শিক্ষকসকলৰ স্নেহ আৰু যত্নৰ ফলতেই আমাৰ জ্ঞানৰ চকু মেল খায়। শিক্ষকসকলক সমাদৰ জনাই, নম্ৰতাৰ সৈতে আচৰণ কৰাটো আমাৰ কৰ্তব্য।

উপমন্যুৰ কাহিনী এজন শিষ্যৰ গুৰুৰ প্ৰতি অসীম ভক্তিৰ কথা বৰ্ণনা কৰে।উপমন্যু বৰ মনোযোগেৰে শাস্ত্র অধ্যয়ন কৰা বাবে অলপ দিনৰ ভিতৰতে, গুৰুৰ বৰ প্রিয়পাত্ৰ হৈছিল। সেই সময়ত গুৰুসকলে শিষ্যৰ বিশ্বাস, ভক্তি আদি পৰীক্ষা কৰি চাইহে শিষ্যৰ জ্ঞান লাভৰ বিষয়ত সন্তুষ্ট আৰু নিশ্চিত হৈছিল। উপমন্যু তেওঁৰ গুৰুৰ আদেশ অতি নিষ্ঠাৰে মানি, গৰু চৰোৱাৰ লগতে ভিক্ষা মাগি জীৱন ধাৰণ কৰিছিল। একসময়ত গুৰুৱে উপমন্যুক কঠিন পৰীক্ষাত পেলালে, কিন্তু উপমন্যুৱে ধৈৰ্য্য আৰু নম্ৰতাৰে সকলো কঠিনতা পাৰ হৈ যায়। গুৰুৰ সন্তুষ্টিত উপমন্যুৱে চাৰি বেদ আৰু ছখন দর্শনত গভীৰ জ্ঞান লাভ কৰে। এই কাহিনীৰ দ্বাৰা শিকিব পৰা যায় যে শিক্ষকক সন্মান আৰু ভক্তি জনোৱাৰ লগতে, শিষ্যৰ ধৈৰ্য্য, নিষ্ঠা আৰু নম্ৰতা অতি প্ৰয়োজনীয়।

৫। আলহী আৰু মগনীয়াৰ প্ৰতি আমাৰ আচৰণ কেনে হোৱা উচিত?

উত্তৰঃ আলহী মানে অতিথি। অতিথিক আমি সদায় আদৰেৰে আদৰিবলৈ আৰু সন্মান জনাবলৈ শিকিব লাগে। অতিথিক সদায় মৰম, সন্মান আৰু যত্ন সহকাৰে ব্যৱহাৰ কৰা উচিত। তেওঁলোকক সুকীয়া আসন দিয়াটো, খাবলৈ পৰিষ্কাৰ পৰিৱেশত খোৱাবলৈ সাজু কৰা, আৰু মনৰ পৰা মৰম আৰু বিনয় দেখুওৱাটো আমাৰ দায়িত্ব। অতিথিয়ে যেন কষ্ট নাপায় আৰু সুস্থ, সুখী অনুভৱ কৰে সেয়া নিশ্চিত কৰাটো আমাৰ কৰ্তব্য। আমাৰ এই আচৰণে অতিথিক আনন্দিত কৰে আৰু সমাজত মিলন-সদ্ভাৱ বজাই ৰাখে।

মগনীয়া মানে দুখীয়া, নিৰাশ্রয় বা সহায়ৰ প্রয়োজনীয় লোক। আমি মগনীয়াৰ প্ৰতি সদায় দয়া, সহানুভূতি আৰু সহায়ৰ মনোভাৱ ৰাখিব লাগিব। যদিও কিছুমানে মগনীয়া কাম কৰি নিজৰ জীৱন চলাই, কিছুমান অসহায় আৰু বেমাৰী হয়। তেওঁলোকক অবজ্ঞা কৰা, টান কথা কোৱা বা খেদি পঠিয়োৱা উচিত নহয়। সমাজ আৰু চৰকাৰে এনে লোকৰ যত্ন লোৱাটো উচিত। আমি নিজেও যদি সক্ষম হওঁ, তেন্তে তেওঁলোকক সহায় কৰাটো আমাৰ নৈতিক দায়িত্ব। মগনীয়াৰ প্ৰতি সজ আৰু সদয় আচৰণে আমাৰ মানৱতা আৰু ধৰ্মীয় শিক্ষা প্ৰকাশ পায়।

Leave a Comment

Your email address will not be published. Required fields are marked *

This will close in 0 seconds

Scroll to Top