🪔 Diwali Maha Offer Class 10 & 12 Bundles @ ₹299 ₹599
Ends in:
03d
14h
35m
40s

SEBA Class 6 Charitra Path Chapter 14 জুইৰ ব্যৱহাৰ নকৰাকৈ খাদ্য প্ৰস্তুতকৰণ

SEBA Class 6 Charitra Path Chapter 14 জুইৰ ব্যৱহাৰ নকৰাকৈ খাদ্য প্ৰস্তুতকৰণ Question Answer Assamese Medium to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 6 Charitra Path Chapter 14 জুইৰ ব্যৱহাৰ নকৰাকৈ খাদ্য প্ৰস্তুতকৰণ Solutions and select need one. SEBA Class 6 Charitra Path Solutions Assamese Medium Download PDF. SEBA Class 6 Charitra Path Texbook Solutions Assamese Medium.

SEBA Class 6 Charitra Path Chapter 14 জুইৰ ব্যৱহাৰ নকৰাকৈ খাদ্য প্ৰস্তুতকৰণ

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SEBA Class 6 Charitra Path Textual Solutions in Assamese are part of All Subject Solutions. Here we have given SCERT Class 6 Charitra Path Textbook Solutions, Charitra Path Class 6 Textbook Solutions for All Chapters, You can practice these here.

জুইৰ ব্যৱহাৰ নকৰাকৈ খাদ্য প্ৰস্তুতকৰণ

Chapter: 14

দ্বিতীয় খণ্ড

অনুশীলনী

১। প্রজ্বলনহীন ৰন্ধন’ বুলিলে কি বুজায়?

উত্তৰঃ জুইৰ ব্যৱহাৰ নকৰাকৈ খাদ্য প্ৰস্তুত কৰা কাৰ্যক ‘প্রজ্বলনহীন ৰন্ধন’ বুলি কোৱা হয়।

২। কেঁচা খাদ্য খোৱাৰ উপকাৰিতা কি?

উত্তৰঃ কেঁচা খাদ্যত অধিক পুষ্টিগুণ থাকে আৰু এইবোৰ সহজে হজম হয়।

৩। কাজি নেমুৰ উপকাৰিতা কি কি?

উত্তৰঃ কাজি নেমু ভিটামিন C ৰে সমৃদ্ধ, হজমত সহায় কৰে আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে।

৪। জুইৰ ব্যৱহাৰ নকৰাকৈ খাদ্য প্ৰস্তুতকৰণ কেতিয়াবা কিয় বেছি উপযোগী হয়?

উত্তৰঃ যেতিয়া জুই ব্যৱহাৰ অসম্ভৱ হয় বা পুষ্টিগুণ সংৰক্ষণৰ প্ৰয়োজন হয়, তেতিয়া এই পদ্ধতি উপযোগী হয়।

৫। নিমখৰ সহায়ত কাজি নেমু কেনেকৈ সংৰক্ষণ কৰা হয়?

উত্তৰঃ কাজি নেমু ধুই শুকুৱাই, কাটি, বৈয়ামত নিমখৰে সৈতে ভৰাই, বৈয়ামটো ৰ’দত ৰাখি সংৰক্ষণ কৰা হয়।

খালী ঠাই পূৰ কৰা:

১। জুইৰ অবিহনে খাদ্য প্ৰস্তুতকৰণক ____________ বুলি কোৱা হয়।

উত্তৰঃ জুইৰ অবিহনে খাদ্য প্ৰস্তুতকৰণক প্রজ্বলনহীন ৰন্ধন বুলি কোৱা হয়।

২। কাজি নেমু ভিটামিন __________ ৰে সমৃদ্ধ।

উত্তৰঃ কাজি নেমু ভিটামিন C ৰে সমৃদ্ধ।

৩। __________ শুকোৱাটো প্রাকৃতিকভাৱে খাদ্য সংৰক্ষণৰ এটা উপায়।

উত্তৰঃ ৰ’দত শুকোৱাটো প্রাকৃতিকভাৱে খাদ্য সংৰক্ষণৰ এটা উপায়।

৪। ___________ মাহত অসম চৰকাৰে কাজি নেমুক অসমৰ জাতীয় ফল হিচাপে স্বীকৃতি প্রদান কৰে।

উত্তৰঃ ২০২৪ চনৰ ফেব্ৰুৱাৰী মাহত অসম চৰকাৰে কাজি নেমুক অসমৰ জাতীয় ফল হিচাপে স্বীকৃতি প্রদান কৰে।

৫। অসমীয়া সংস্কৃতি আৰু ৰন্ধন-প্রণালীত __________ৰ এক সুকীয়া স্থান।

উত্তৰঃ অসমীয়া সংস্কৃতি আৰু ৰন্ধন-প্রণালীত কাজি নেমুৰ এক সুকীয়া স্থান।

শুদ্ধ আৰু অশুদ্ধ বাছি উলিওৱা।

১। জুইৰ ব্যৱহাৰ নকৰাকৈ প্ৰস্তুত কৰা খাদ্যৰ বহুতো উপকাৰিতা আছে।

উত্তৰঃ শুদ্ধ।

২। জুইৰ ব্যৱহাৰ অবিহনে খাদ্য প্ৰস্তুতকৰণে খাদ্যত মজুত থকা পুষ্টি সংৰক্ষণ কৰাত সহায় নকৰে।

উত্তৰঃ অশুদ্ধ।

৩। অসমীয়া সংস্কৃতি আৰু ৰন্ধন-প্রণালীত কাজি নেমুৰ (Citrus limon) এক সুকীয়া স্থান আছে।

উত্তৰঃ শুদ্ধ।

৪। পেটৰ বিষ নিৰাময় কৰিবলৈ পৰম্পৰাগত পদ্ধতিত নিমখত সংৰক্ষিত কাজি নেমু ব্যৱহাৰ কৰা নহয়।

উত্তৰঃ অশুদ্ধ।

৫। ২০২৪ চনৰ ফেব্ৰুৱাৰী মাহত অসম চৰকাৰে কাজি নেমুক অসমৰ জাতীয় ফল হিচাপে স্বীকৃতি প্রদান কৰে।

উত্তৰঃ শুদ্ধ।

‘ক’ অংশৰ লগত ‘খ’ অংশ মিলোৱা।

‘ক’ অংশ‘খ’ অংশ
কাজি নেমুঅধিক পুষ্টিগুণ থাকে
নিমখজুইৰ সহায়ত খাদ্য প্ৰস্তুতকৰণ
ৰ’দত শুকোৱাটোভিটামিন C ৰে সমৃদ্ধ
ভাপত দিয়াখাদ্য সংৰক্ষণত ব্যৱহৃত হয়
কেঁচা শাক-পাচলিপৰম্পৰাগত প্ৰাকৃতিক সংৰক্ষণ পদ্ধতি

উত্তৰঃ

‘ক’ অংশ‘খ’ অংশ
কাজি নেমুভিটামিন C ৰে সমৃদ্ধ
নিমখখাদ্য সংৰক্ষণত ব্যৱহৃত হয়
ৰ’দত শুকোৱাটোপৰম্পৰাগত প্ৰাকৃতিক সংৰক্ষণ পদ্ধতি
ভাপত দিয়াজুইৰ সহায়ত খাদ্য প্ৰস্তুতকৰণ
কেঁচা শাক-পাচলিঅধিক পুষ্টিগুণ থাকে
NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top