Research Methods – II Unit 1 সামাজিক গৱেষণা কৰা

Research Methods – II Unit 1 সামাজিক গৱেষণা কৰা, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Research Methods – II Unit 1 সামাজিক গৱেষণা কৰা Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Research Methods – II Unit 1 সামাজিক গৱেষণা কৰা Question Answer can be of great value to excel in the examination.

Research Methods – II Unit 1 সামাজিক গৱেষণা কৰা

Join Telegram channel

Research Methods – II Unit 1 সামাজিক গৱেষণা কৰা Notes cover all the exercise questions in UGC Syllabus. Research Methods – II Unit 1 সামাজিক গৱেষণা কৰা provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

৫২। গবেষণা অভিকল্পৰ গাঁথনি সম্পর্কে এটি টোকা যুগুত কৰা (Prepares an annotation about the structure of the research hypothesis.)

উত্তৰঃ অভিকল্পৰ গাঁথনিৰ বাবে তলৰ পদক্ষেপ কেইটাৰ প্ৰয়োজন— 

(ক) গৱেষণাৰ শিৰোনামা: যিকোনো বিষয়ৰ গৱেষণা কৰিবলৈ যাওঁতে গৱেষণাৰ সংক্ষিপ্ত আৰু সুস্পষ্ট এটা শিৰোনামা দিব লাগে। শিৰোনামাবোৰ পৰাপক্ষত সংক্ষিপ্ত অথচ গৱেষণাৰ বিষয়বস্তু সম্পর্কে সংকেত দিব পৰা হ’ব লাগে।

(খ) প্ৰস্তাৱনা: গৱেষণাৰ অন্যান্য কাম আৰম্ভ কৰাৰ আগতে পোন প্ৰথমে যিটো বিষয়বস্তু বা সমস্যাক লৈ গৱষণা কৰিবলৈ লোৱা হৈছে সেই বিষয়ে এটা চমু অথচ স্পষ্ট পৰিচয় দিব ব লাগিব। প্রস্তাৱনাটোত অভাস দিবলগীয়া কথাখিনি কেইটামান উপশিৰোনামাত প্ৰকাশ কৰা হয়।

(গ) গৱেষণাৰ উদ্দেশ্য: গৱেষণাটোৰ মূল উদ্দেশ্য কি সেই বিষয়ে অতি চমুকৈ উপস্থাপন কৰা হয়। উদ্দেশ্য প্ৰকাশ কৰোঁতে যদি কিবা প্ৰকল্প থাকে তাৰ বিষয়েও উল্লেখ কৰিব লাগে।

(ঘ) মূল অৱধাৰণাৰ ওপৰত চমু আভাস: গৱেষণাৰ বিষয়বস্তুৰ লগত সমাজতত্ত্বৰ কিছুমান মূল অৱধাৰণা অন্তৰ্নিহিত হৈ থাকিব পাৰে। গৱেষণাৰ লগত অন্তৰ্নিহিত হৈ থকা এই সমাজতত্ত্বীয় অৱধাৰণা বিলাকৰ  চমু আভাস গৱেষণাৰ অভিকল্পত দাঙি ধৰা অতি প্ৰয়োজন।

(ঙ) গৱেষণাৰ সিদ্ধান্তক পুণৰ পৰীক্ষা কৰা: যিটো বিষয়ৰ ওপৰত গৱেষণা কৰিবলৈ লোৱা হয় সই বিষয়টো কি সিদ্ধান্তৰ প্ৰসংগত কৰা হৈছে তাৰ এটা ব্যাখ্যা কৰিব লাগে। বৰ্তমান গৱেষণাটো কৰিবলৈ লোৱা হয় সেই বিষয়ে এটা আভাস দিব লাগে। 

(চ) অধ্যয়নৰ ক্ষেত্ৰ: গৱেষণাৰ বাবে ক্ষেত্ৰত নিৰীক্ষণ, জৰীপ কাৰ্য আৰু তথ্য ক’ৰ পৰা সংগ্ৰহ কৰা হ’ব, অধ্যয়নটোৱে কাক, কোন জনসংখ্যাক জড়িত কৰিব সেইটো স্পষ্টভাৱে ব্যাখ্যা কৰা প্রয়োজন। গৱেষণাৰ ক্ষেত্ৰত সাধাৰণতে এটা নিৰ্দিষ্ট জনসংখ্যাহে সামৰি ল’ব পাৰি।

(ছ) নমুনা সংগ্রহ: গৱেষণাটোৰ কাৰণে নমুনা ক’ৰ পৰা সংগ্ৰহ কৰা হ’ব? কিমান নমুনা লোৱা হ’ব? কি পদ্ধতিৰে নমুনা সংগ্ৰহ কৰা হ’ব? তাৰ স্পষ্ট আভাস অভিকল্পত দাঙি ধৰা হয়।

(জ) তথ্য সংগ্রহ: সামাজিক গৱেষণাত তথ্যবোৰ সাধাৰণতে দুটা ভাগত ভাগ কৰা হয় । প্রাথমিক তথ্য আৰু দ্বিতীয়ক তথ্য। গৱেষণাৰ বাবে প্ৰয়োজনীয় তথ্যপাতিবোৰ কি প্ৰণালীৰে সংগ্ৰহ কৰা হ’ব সেই বিষয়ে আগতিয়াকৈ নিৰ্ধাৰণ কৰা হ’ব।

(ঝ) তথ্য বিশ্লেষণ: তথ্যপাতিবোৰ সংগ্ৰহ কৰাৰ পাছত সেইবোৰ কেনেকৈ বিশেষ একোটা শ্রেণীত বিভক্ত কৰা হ’ব সেই বিষয়ে আগতিয়াকৈ উল্লেখ থাকিব লাগে। 

(ঞ) মন্তব্য: তথ্যপাতিবোৰ শ্ৰেণীকৰণ কৰি অৰ্থ প্ৰকাশ কৰাৰ পাছত অধ্যয়নবোধৰ পৰা কি লোৱা হ’ল এই বিষয়ে আগতিয়াকৈ আভাস থকা প্রয়োজন।

ওপৰত উল্লেখ কৰা সমগ্ৰ কাৰ্যসূচীকেই গৱেষণাৰ অভিকল্প বুলি কোৱা হয়। এইখিনি কার্যসূচীয়েই গৱেষণাৰ কাম পদ্ধতিগত আৰু শুদ্ধভাৱে সমাপন কৰাত সহায় কৰে।

৫৩। বৰ্ণনাত্মক আৰু অন্বেষণী অভিকল্পৰ মাজত থকা পাৰ্থক্যবোৰ আলোচনা কৰা৷ (Discuss the differences between descriptive and exploratory hypothesis)

উত্তৰঃ অন্বেষণী অভিকল্প আৰু বৰ্ণনাত্মক অভিকল্পৰ মাজৰ পাৰ্থক্যসমূহ তলত উল্লেখ কৰা হ’ল—

(ক) অন্বেষণী অভিকল্প নমনীয় আৰু সংশোধনযোগ্য। কিন্তু বর্ণনাত্মক অভিকল্প স্থিৰ আৰু ইয়াক সংশোধন কৰিব নোৱাৰি।

(খ) অন্বেষণী অভিকল্প অধ্যয়নত জনসমষ্টিৰ পৰা একক নমুনা বাছনি পদ্ধতিৰে নিৰ্বাচন কৰিব পাৰি কিন্তু বৰ্ণনাত্মক অভিকল্প অধ্যয়নত জনসমষ্টিৰ পৰা একক নমুনা বাছনি পদ্ধতিৰে নির্বাচন কৰিব নোৱাৰি।

(গ) অন্বেষণী অভিকল্পত অসংৰচিত নিৰীক্ষণ পদ্ধতিৰ দ্বাৰা তথ্য সংগ্ৰহ কৰা হয়। কিন্তু বর্ণনাত্মক অভিকল্পৰ দ্বাৰা তথ্য সংগ্ৰহত সংৰচিত নিৰীক্ষণ পদ্ধতি ব্যৱহাৰ কৰা হয়।

(ঘ) অন্বেষণী অভিকল্প পদ্ধতি কোনো পূর্ব প্রস্তুতি আৰু স্থিৰ প্ৰায়োগিক কার্য প্রণালী নাথাকে। কিন্তু বর্ণনাত্মক অভিকল্পৰ আধাৰত কৰা অধ্যয়নবোৰ পূৰ্ব নিৰ্ধাৰিত কাৰ্যপ্ৰণালীৰ দ্বাৰা আগবাঢ়ি যায়।

(ঙ) অন্বেষী অভিকল্পত কোনো পূৰ্ব নিৰ্ধাৰিত পাৰিসাংখ্যিক পদ্ধতি আৰু প্ৰকল্প ব্যৱহাৰ নহয়। কিন্তু বর্ণনাত্মক অভিকল্পত পূর্ব নির্ধারিত প্রকল্প আৰু পদ্ধতি প্ৰয়োগ কৰা হয় ৷

৫৪। বর্ণনাত্মক গৱেষণা অভিকল্পৰ গুৰুত্বসমূহ আলোচনা কৰা। (Discuss the importance of descriptive research design.) 

উত্তৰঃ বর্ণনাত্মক গৱেষণা অভিকল্পৰ গুৰুত্বসমূহ: বর্ণনাত্মক অভিকল্প হ’ল যিকোনো সামাজিক ঘটনা, বিভিন্ন সামাজিক সমূহ আৰু সম্প্রদায়ৰ বিষয়ে বিস্তৃত আৰু সত্য শুদ্ধ তথ্য সংগ্ৰহ কৰাৰ ব্যৱস্থা। যিটোৱে বর্ণনাত্মক অধ্যয়নৰ যোগেদি তথ্যৰ বৰ্ণনাত্মক বিৱৰণ দাঙি ধৰে।

বর্ণনাত্মক অভিকল্পৰ মূল উদ্দেশ্য হৈছে যিকোনো সমূহ বা সমুদায় বা ঘটনাৰ বিষয়ে নিজস্ব তথ্য সংগ্ৰহ কৰা । সেয়ে এনে সমূহ, সম্প্রদায় বা ঘটনাৰ যি অধ্যয়ন কৰা হ’ব তাৰ এটা বিস্তৃত আৰু সুস্পষ্ট বর্ণনা প্ৰকাশ কৰা হয়। উদাহৰণস্বৰূপে গ্ৰাম্য অঞ্চলৰ শিক্ষিতৰ হাৰৰ ওপৰত অধ্যয়ন কৰিব লগা হ’লে কেইটামান গাঁৱক নমুনা হিচাপে বাছি লৈ প্ৰতিখন গাঁৱৰ এটা শুদ্ধ বর্ণনা প্ৰকাশ কৰিব লাগিব। যেনে- গাঁওসমূহৰ চমু ইতিহাস, পৰিয়ালৰ সংখ্যা, যুটীয়া আৰু প্রাথমিক পৰিয়াল, পুৰুষ-মহিলাৰ বেলেগ বেলেগ সংখ্যা, অর্থনৈতিক অৱস্থা, শিক্ষা, ধর্ম, শিক্ষানুষ্ঠানৰ সংখ্যা, ল’ৰা-ছোৱালীৰ শিক্ষাৰ প্ৰতি ধাউতি কেনেকুৱা প্ৰাথমিক বিদ্যালয়,‌‌  মহাবিদ্যালয়, বিশ্ববিদ্যালয় আৰু অন্যান্য কাৰিকৰী বা চিকিৎসা বিজ্ঞানত ছাত্ৰ-ছাত্ৰীৰ অংশগ্রহণ কিমান ইত্যাদিবিলাকৰ ওপৰত সম্পূৰ্ণ এটা বৰ্ণনা দিয়াৰ পাছত গাঁৱৰ মানুহৰ শিক্ষিতৰ হাৰ কিমান তাৰ ওপৰত বহুতো তথ্যপাতি প্রকাশ পাব।

সমাজতত্ত্ব অধ্যয়নৰ ক্ষেত্ৰত বৰ্ণনাত্মক অভিকল্পৰ গুৰুত্ব বহুতো আছে বুলি ক’ব পৰা যায়। সমাজতত্ত্বক যিটো সময়ৰে পৰা বৈজ্ঞানিক পদ্ধতিৰে অধ্যয়ন আৰম্ভ কৰা হৈছে সেইটো সময়ৰ পৰাই বৰ্ণনাত্মক অভিকল্পৰ গুৰুত্ব সমাজত প্ৰচলিত হৈ আহিছে। বৰ্ণনাত্মক অধ্যয়নৰ যোগেদি বহুতো নতুন নতুন পৰীক্ষামূলক গৱেষণা চলি আহিছে।

বৰ্ণনাত্মক গৱেষণাৰে যিকোনো সামাজিক ঘটনা, বিভিন্ন সামাজিকসমূহ আৰু সম্প্ৰদায়ৰ বিষয়ে বিস্তৃত আৰু সত্য শুদ্ধ তথ্য সংগ্ৰহ কৰাৰ ব্যৱস্থা কৰা হয়। সেয়ে বৰ্ণনাত্মক অধ্যয়নৰ যোগেদি সংগ্ৰহ কৰা তথ্য আৰু ঘটনাবোৰৰ বিস্তৃত বর্ণনামূলক বিৱৰণ দাঙি ধৰা হয়। উদাহৰণস্বৰূপে, এটা জনজাতিৰ জীৱন পদ্ধতিৰ বিষয়ে অধ্যয়ন কৰিবলৈ যাওঁতে তেওঁলোকৰ জীৱন পদ্ধতিৰ বিষয়ে যিখিনি তথ্য আৱিস্কাৰ নোহোৱাকৈ আছে সেই তথ্যখিনি উদ্ধাৰ কৰিবৰ কাৰণে বৰ্ণনাত্মক অভিকল্পৰ আশ্ৰয় ল’বলগা হয় এনে অৱস্থাত অধ্যয়নৰ বাবে অভিকল্প তৈয়াৰ কৰোঁতে গৱেষকজনে কি পৰিমাণ কৰিব বিচাৰিছে আৰু সেই পৰিমাপ পদ্ধতিৰে লোৱা হ’ব? অধ্যয়নৰ ক্ষেত্র কি হ’ব? আদি দিশবোৰ বিচাৰ কৰিব লাগিব।

বৰ্ণনাত্মক অভিকল্পৰ যোগেদি অধ্যয়নৰ মূল বিষয়বস্তুৰ বাহিৰেও কিছুমান আনুষংগিক তথ্য প্রকাশ পাব লাগিব। যেনে- শিক্ষিতৰ হাৰ উলিয়াবলৈ যাওঁতে গাঁৱৰ সমাজত সামাজিক নিয়ন্ত্ৰণৰ প্ৰভাৱ কেনে? সংঘৰ্ষ আৰু সহযোগিতা কেনেদৰে পোৱা যায় ইত্যাদি।

বৰ্ণনাত্মক অভিকল্পৰ এটা বিশেষ দিশত বেছি গুৰুত্ব দিয়া হয়। যিবিলাক ঘটনা বা সমূহৰ বিষয়ে আগতে প্রণালীবদ্ধ অধ্যয়ন হোৱা নাই বা সেই বিষয়ে জ্ঞানৰ অভাৱ তেনে ক্ষেত্ৰতহে বর্ণনাত্মক অধ্যয়ন কৰা হয়। অধ্যয়নটোৰ জনসংখ্যা যদি গাঁৱলীয়া বা নগৰীয়া হয় তেন্তে গৱেষকজন সেই নগৰ গাঁৱলৈ গৈ সেই অঞ্চলৰ বিভিন্ন মানুহৰ লগত মিলি তেওঁলোকৰ সকলোবোৰ দিশৰ বিষয়ে কিছুমান কথা জানিবলৈ সক্ষম হয়। এই অৱস্থাটোক প্রাথমিক ক্ষেত্ৰ নিৰীক্ষণ বুলি কোৱা হয়।

৫৫। অভিকল্পৰ শুদ্ধতা কেনেকৈ বিচাৰ কৰা হয়? (How is the accuracy of the design judged?)

উত্তৰঃ অভিকল্পৰ শুদ্ধতা বিচাৰ কৰিবৰ বাবে কেইটামান ব্যৱস্থা আছে, সেইকেইটা হ’ল: 

(ক) এই অভিকল্পত গৱেষণাৰ বিষয়বস্তু কিমানদূৰ স্পষ্ট হৈছে তাক জনাটো নিতান্তই প্রয়োজন।

(খ) গৱেষণাৰ বাবে যিখিনি তথ্যপাতিৰ প্ৰয়োজন সেইখিনি নিৰ্দিষ্ট সময়ৰ ভিতৰত সংগ্ৰহ কৰিব পৰা হ’বনে নহয়? প্ৰচলিত প্ৰণালী অনুসৰি সংগ্ৰহ কৰিব পৰা হ’বনে নহয় তাৰ এটা স্পষ্ট নির্দেশনা অভিকল্প বুলি পাৰি।

(গ) এটা শুদ্ধ অভিকল্প হ’বলৈ হ’লে গৱেষণাৰ অভিকল্পটো পৰীক্ষা আৰু প্ৰমাণ কৰিব পৰা হ’ব লাগে।

(ঘ) অভিকল্পটোৱে গৱেষণাৰ কাৰণে প্ৰস্তুত কৰা মূল প্রশ্নবোৰৰ শুদ্ধ উত্তৰ পোৱা হ’বনে নহয় তাৰ বিষয়ে স্পষ্ট হ’ব লাগিব।

(ঙ) গৱেষণাৰ দ্বাৰা অভিকল্পটো প্ৰমাণ কৰাৰ ব্যৱস্থা নাথাকিলে শুদ্ধ বুলি ক’ব পৰা নাযায়।

অন্বেষণী অভিকল্পৰ সফলতাৰ বাবে প্ৰয়োজন হোৱা দিশকেইটা হ’ল: 

(ক) এই অভিকল্পটো বৈজ্ঞানিক পদ্ধতিৰ দ্বাৰা পৰিচালিত হ’ব লাগিব।

(খ) অভিজ্ঞ লোকৰ নিৰ্বাচন ও পৰামৰ্শ ইয়াত থাকিব লাগিব আৰু 

(গ) সমস্যা উদ্দীপক অধ্যয়ন কৰিব লাগিব।

৫৬। অম্বেষণী অভিকল্প কি? অন্বেষণী অভিকল্পৰ আৱশ্যকতা বা গুৰুত্বৰ বিষয়ে আলোচনা কৰা। (What is the exploration design? Discuss the necessity or importance of exploration design.)

উত্তৰঃ অম্বেষণী অভিকল্প হৈছে গৱেষণা অভিকল্পৰ এটা ভাগ। যিকোনো সামাজিক ঘটনা বা সমস্যাৰ সম্যক জ্ঞান লাভ কৰিবলৈ যি অভিকল্পৰ দ্বাৰা গৱেষণা চলোৱা হয় তাকে অন্বেষণী। অভিকল্প বুলি কোৱা হয়।

সামাজিক গৱেষণাৰ ক্ষেত্ৰত অম্বেষণী অভিকল্পৰ আৱশ্যকতা অতিশয় গুৰুত্বপূৰ্ণ। 

অম্বেষণী অভিকল্পৰ গুৰুত্বসমূহ তলত উল্লেখ কৰা হ’ল:

(ক) অম্বেষণী অভিকল্পই সমাজত ঘটি থকা সামাজিক ঘটনাসমূহৰ মূল কাৰণবিলাক উদ্ঘাটন। কৰাত গৱেষণামূলক কার্যত সহায় কৰে। সমাজত সংঘটিত সামাজিক ঘটনাবিলাকৰ ওপৰত প্রণালীবদ্ধভাৱে গৱেষণা কৰি প্ৰকৃত সত্য উদঘাটন কৰিবৰ কাৰণে প্ৰথমতে প্রকল্প প্রস্তুত কৰা হয় আৰু সেই প্রকল্প গবেষণাৰ যোগেদি প্ৰমাণ কৰিবৰ বাবে অভিকল্পই সামাজিক ঘটনাবিলাকৰ প্ৰকৃত সত্য উদ্ঘাটন কৰি গৱেষণা কাৰ্য কৰি প্ৰণালীবদ্ধভাৱে আগবাঢ়ি যোৱাৰ পথ প্রশস্ত কৰে।

(খ) অম্বেষণী অধ্যয়নৰ দ্বাৰা সমাজত সংঘটিত হোৱা বিভিন্ন সামাজিক ঘটনা বিলাকৰ বিষয়ে আৰু লগতে এই ঘটনা বিলাকৰ লগত জড়িত হৈ থকা অনেক তথ্যপাতি, উৎস, কাৰণ আদিৰ সম্পৰ্কত জানিব পৰা হয়।

(গ) সমাজতত্ত্বত এটা অতি লক্ষণীয় যে সমাজতত্ত্ব বিষয়টোৰ সিদ্ধান্তবিলাক এতিয়াও স্থিৰ অৱস্থালৈ আহিব পৰা নাই। বিভিন্ন সময়ত ইয়াৰ পৰিৱৰ্তন আৰু পুণৰীক্ষণ প্ৰয়োজন হৈ আছে। এনে অৱস্থাত অন্বেষণী অভিকল্পই সমাজতত্ত্বক সুস্থিৰ অৱস্থালৈ আনি সামাজিক ঘটনাবোৰৰ লগত গৱেষণাৰ যোগেদি সুনিশ্চিত সার্বজনীন সিদ্ধান্ত প্রকাশ কৰিব পাৰে।

৫৭। প্ৰকল্পৰ প্ৰকাৰবোৰ আলোচনা কৰা। (Discuss the types of hypothesis.)

উত্তৰঃ সাধাৰণতে প্রকল্পক বহুত প্ৰকাৰে বিভক্ত কৰিব পাৰি। গুড আৰু হাটৰ বিৱৰণ মতে, প্রকল্পক প্ৰধানকৈ তিনিটা বহল ভাগত ভাগ কৰিব পৰা যায় ৷

সেইসমূহ হ’ল:

(ক) মানুহৰ অভিজ্ঞতাজনিত (empirical): যি জ্ঞান, তেনে জ্ঞানৰ সহায়তে প্রকল্প গঢ় লৈ উঠা দেখা যায়। অনেক সময়ত দেখা যায় যে জৰীপ কাৰ্যৰ দ্বাৰা যি তথ্য আহৰণ কৰা হয় তাৰ দ্বাৰা লৌকিক জ্ঞানৰ (common sense) আধাৰ প্ৰস্তুত কৰা হয়। উদাহৰণস্বৰূপে, এখন নগৰৰ বিভিন্ন বাণিজ্যিক প্রতিষ্ঠানসমূহৰ জৰীপ কৰি দেখা গ’ল যে নগৰত একোটা বিশেষ অঞ্চলত কোনো বিশেষ ধৰণৰ বেপাৰ বাণিজ্যৰ প্ৰতিষ্ঠানবোৰ গঢ় লৈ উঠে। এয়া লৌকিক জ্ঞান। এনে লৌকিক জ্ঞানেৰে অৰ্জন কৰা অভিজ্ঞতাৰ দ্বাৰা আমি সেই জ্ঞানৰ ভিত্তিত প্রকল্প তৈয়াৰ কৰিব পাৰো।

(খ) দ্বিতীয়তে, আন এবিধ প্রকল্প হৈছে সমাজৰ আদৰ্শৰ ওপৰত গঢ় লৈ সৃষ্টি হোৱা প্রকল্প। যিকোনো সামাজিক ঘটনা বা বাস্তব অভিজ্ঞতাৰে অধ্যয়ন কৰিবলৈ যোৱাৰ আগতে আজি সেই ঘটনাৰ ওপৰত এটা আদৰ্শ ৰূপ (ideal type) কল্পনা কৰি ল’ব পাৰোঁ।

(গ) সমাজতত্ত্ববিদসকলে প্ৰস্তুত কৰা আন এবিধ উচ্চমানৰ প্ৰকল্প হ’ল বিশ্লেষণাত্মক “(analytic) প্রকল্প। সামাজিক গৱেষকসকলে বিশ্লেষণাত্মক প্ৰকল্পৰ যোগেদি অনুধাৱন কৰা দিশটো হৈছে একোটা কাৰণৰ কিছু গুণাগুণ সলনি হ’লে এনে কাৰণৰ দ্বাৰ সংঘটিত কাৰ্যৰ কিমান পৰিৱৰ্তন হ’ব পাৰে তাক অধ্যয়ন কৰাটো।

৫৮। প্ৰকল্প আৰু অভিকল্পৰ পাৰ্থক্য সম্পর্কে লিখা। (Write about the difference between hypothesis and design.) 

উত্তৰঃ (ক) এটা গৱেষণাক প্ৰণালীবদ্ধভাৱে শুদ্ধ আৰু নিখুঁত পথেৰে শৃংখলাবদ্ধতা ৰক্ষা কৰি, সকলো দিশ সামৰি, আগবঢ়াই নিবৰ বাবে এক আৰ্হি তৈয়াৰ কৰা হয়। সেই আৰ্হিকে গৱেষণাৰ অভিকল্প (Research design) বুলি কোৱা হয়। আনহাতে, কোনো এটা সামাজিক গৱেষণা আৰম্ভ কৰাৰ প্রাক্‌কালত এজন গৱেষকে পূৰ্বৰ অভিজ্ঞতা, ধাৰণা, তত্বাৱধানেৰে আগবঢ়াই নিয়া ধাৰণাবোৰৰ সমষ্টিকে গৱেষণা প্ৰকল্প (Research hypothesis) বুলি কোৱা হয়।

(খ) প্ৰকল্প হৈছে এটা ধাৰণা। এই ধাৰণাবোৰ বা মতামতবোৰক অনুসন্ধানৰ আধাৰ হিচাপে লৈ গ্ৰহণ কৰি অনুসন্ধান কৰা হয়। আনহাতে অভিকল্প হৈছে যুক্তিমূলক আৰু প্ৰণালীবদ্ধ আঁচনি। 

(গ) প্রকল্প হৈছে অপ্রমাণিত এক ধাৰণা। এনে ধাৰণা পৰীক্ষা কৰি উঠাৰ পাছত সত্য হ’বও পাৰে নহ’বও পাৰে। কিন্তু অভিকল্পৰ ক্ষেত্ৰত এনে কোনো কথা নাহে। কাৰণ অভিকল্প‌ সময় সাপেক্ষে সংশোধন কৰি লোৱাৰ ব্যৱস্থাও আছে। 

৫৯। সামাজিক গবেষণাত অভিকল্পৰ গুৰুত্ব সম্পর্কে আলোচনা কৰা ৷ (Discuss the importance of design in social research.)

উত্তৰঃ সামাজিক গৱেষণাত অভিকল্পৰ গুৰুত্ব উল্লেখ কৰা হ’ল— 

(ক) অভিকল্পই গৱেষণাৰ পথসমূহ সহজসাধ্য কৰি গৱেষণাৰ কামত আগবাঢ়ি যাবলৈ সহায় কৰে। 

(খ) ই গৱেষণাৰ কাম শৃংখলাবদ্ধতাৰ মাজেৰে গতি কৰিবলৈ প্ৰেৰণা যোগায়।

(গ) অভিকল্পই গৱেষণাৰ ক্ষেত্ৰত দেখা দিয়া বিশৃংখলতাক সমাধান কৰে।

(ঘ) গৱেষণাৰ ফলাফল অধিক নিৰ্ভৰশীল হ’বৰ বাবে গৱেষণাৰ কামত অভিকল্পৰ যোগেদি আগবাঢ়িলে সুফল পোৱা যায়৷

(ঙ) গৱেষণাৰ কামবোৰ সহজে পৰীক্ষা আৰু প্ৰমাণ কৰিৰ বাবে অভিকল্পৰ যোগেদি গৱেষণাৰ কামত আগবাঢ়িলে সুফল পোৱা যায়।

(চ) অভিকল্পৰ অবিহনে গৱষণা কৰিলে বহুতো সময়ত গৱেষকক সময় ও তথ্য অথলে যাব পাৰে। 

(ছ) অভিকল্প এটা আগত ৰাখি গৱেষণাৰ কামত আগবাঢ়িলে গৱেষণাৰ কাৰণে প্ৰয়োজনীয় সামগ্ৰীসমূহ আগতে আহৰণ কৰি ল’ব লাগে।

(জ) এজন গৱেষকক এটা অভিকল্পই গৱেষণাৰ প্ৰতিটো দিশতে সহায় কৰি গৱেষণাৰ কাৰ্য সুচাৰুৰূপে চলাবলৈ সুবিধা কৰি দিয়ে।

৬০। উপযুক্ত উদাহৰণসহ প্ৰকল্পৰ অৰ্থ প্ৰকাশ কৰা। প্ৰকল্পৰ আৱশ্যকীয় গুণসমূহ আলোচনা কৰা।  (Express the meaning of the hypothesis with appropriate examples.Discuss the essential features of the hypothesis.) 

উত্তৰঃ যিকোনো এটা সামাজিক গৱেষণাৰ আৰম্ভণিতে এটা প্ৰকল্প প্রস্তুত কৰাটো অতি প্রয়োজনীয়। সামাজিক গৱেষণাৰ ক্ষেত্ৰত শুদ্ধ আৰু সঠিক প্ৰকল্পই এটা গৱেষণা কার্য নিয়মীয়াকৈ আগবঢ়াই নিয়াত সহায় কৰে। বৈজ্ঞানিক গৱেষণাত সদায় কিছুমান নতুন তথ্য আৱিস্কাৰ কৰিবৰ কাৰণে চেষ্টা কৰা হয়। নতুন আৱিস্কাৰৰ কাৰণে সদায় নতুন ধাৰণা কিছুমান মনলৈ আনিব লাগে আৰু প্ৰয়োজন অনুসৰি কিছুমান ধাৰণা মনৰ পৰা আঁতৰো কৰিব লাগিব। এই ধাৰণাবিলাক শুদ্ধনে অশুদ্ধ প্ৰমাণ কৰিবলৈ যাওঁতে কেতিয়াবা সম্পূর্ণ শুদ্ধ হয়, কেতিয়াবা আংশিকভাৱে শুদ্ধ আৰু কেতিয়াবা ভুল হয়। প্ৰকৃতাৰ্থত প্ৰাথমিক অধ্যয়নত যিটো ধাৰণাই সমাজবিদসকলক নতুন গৱেষণা কৰিবৰ কাৰণে আগবঢ়াই লৈ যায়, সেই ধাৰণাটো প্ৰকল্প বুলি কোৱা হয়।

বিভিন্ন সমাজবিদে প্রকল্পৰ সংজ্ঞা বিভিন্নধৰণে আগবঢ়াইছে। যেনে- 

জে. এফ. ৰামেল আৰু ডব্লিউ, চি. বেলিনৰ মতে, “গৱেষণা প্ৰকল্প হ’ল এটা মন্তব্য যাক পৰীক্ষাৰ দ্বাৰা পুনৰীক্ষণ বা নাকচ কৰিব নোৱাৰি ৷

উইলিয়াম এইচ জৰ্জৰ মতে, ‘যিকোনো সিদ্ধান্তৰ ব্যাপক ৰূপটোৱেই হৈছে প্রকল্প।” 

গোড়ে হাট্টৰ মতে, গৱেষণা প্ৰকল্প হ’ল এনে এটা ধাৰণামূলক মন্তব্য যাৰ কাৰ্যকাৰিতা পৰীক্ষাৰ দ্বাৰা প্ৰমাণ কৰা হয়।

গতিকে দেখা যায় যে প্রকল্প এনে এটা ধাৰণা, যি ধাৰণাৰ ওপৰত ভিত্তি কৰি সমাজবিজ্ঞানীসকল গৱেষণা কার্যত সুন্দৰভাৱে মনোনিৱেশ কৰিব পাৰে।

এটা কাৰ্যকৰী গৱেষণা প্ৰকল্পৰ আৱশ্যকীয় গুণসমূহ তলত উল্লেখ কৰা হ’ল— 

(ক)‌ প্রকল্প হ’ল গৱেষণাৰ পথ প্ৰদৰ্শক স্বৰূপ। ই প্ৰকল্প এটাক সুচাৰুৰূপে চলাই নিয়াত সহায় কৰে।

(খ) কোনো এক গৱেষণাৰ বিষয়বস্তুৰ সকলো দিশৰ ওপৰত পুংখানুপুংখকৈ চিন্তাকৰণ আৰু অনুসন্ধান কাৰ্য সম্পাদিত হয় প্ৰকল্পৰ সহায়ত।

(গ) গৱেষণাৰ বিষয়বস্তু নিৰীক্ষণত প্ৰকল্পই সহায় কৰে।

(ঘ) প্ৰকল্পই গৱেষণাৰ চূড়ান্ত ফলাফল নির্ণয় কৰাত সহায় কৰে।

(ঙ) প্রকল্পই পর্যবেক্ষণ, অনুসন্ধান, তথ্য সংগ্রহ, তথ্য বিশ্লেষণ আদিত সহায় কৰি গৱেষণাৰ পথ প্রদর্শন কৰে।

(চ) বিভিন্ন সিদ্ধান্তবোৰৰ মাজত প্ৰকল্পই অৰ্থপূৰ্ণ সম্পর্ক স্থাপন কৰোৱায়।

(ছ) ই গৱেষকসকলক নতুন নতুন দিশত গৱেষণা কৰাৰ চিন্তাত উদ্‌গনি যোগায়।

(জ) গৱেষণাৰ পথসমূহ সহজসাধ্য কৰি গৱেষণাৰ কামত আগবাঢ়ি যাবলৈ সহায় কৰে। 

(ঝ) ই গৱেষণাৰ কাম শৃংখলাবদ্ধতাৰ মাজেৰে গতি কৰিবলৈ প্ৰেৰণা যোগায়।

(ঞ) ই গৱেষণাৰ ক্ষেত্ৰত দেখা দিয়া বিশৃংখলতাক সমাধান কৰে।

(ট) গৱেষণাৰ ফলাফল অধিক নিৰ্ভৰশীল হ’বৰ বাবে গৱেষণাৰ কামত প্ৰকল্পৰ যোগেদি আগবাঢ়িলে সুফল পোৱা যায়।

(ঠ) গৱেষণাৰ কামবোৰ সহজে পৰীক্ষা আৰু প্ৰমাণ কৰিৰ বাবে প্ৰকল্পৰ যোগেদি গৱেষণাৰ কামত আগবাঢ়িলে সুফল পোৱা যায়। 

(ড) প্ৰকল্পৰ অবিহনে গৱষণা কৰিলে বহুতো সময়ত গবেষকক সময় ও তথ্য অথলে যাব পাৰে।

(ঢ) প্ৰকল্প এটা আগত ৰাখি গৱেষণাৰ কামত আগবাঢ়িলে গৱেষণাৰ কাৰণে প্রয়োজনীয় সামগ্ৰীসমূহ আগতে আহৰণ কৰি ল’ব লাগে। 

(ণ) এজন গৱেষকক এটা প্ৰকল্পই গৱেষণাৰ প্ৰতিটো দিশতে সহায় কৰি গৱেষণাৰ কাৰ্য সুচাৰুৰূপে চলাবলৈ সুবিধা কৰি দিয়ে।

৬১। সামাজিক গৱেষণাত অভিকল্পৰ গুৰুত্ব ব্যাখ্যা কৰা। (Explain the importance of design in social research.)

উত্তৰঃ সামাজিক গৱেষণাত অভিকল্পৰ গুৰুত্ব উল্লেখ কৰা হ’ল- 

(ক) অভিকল্পই গৱেষণাৰ পথসমূহ সহজসাধ্য কৰি গৱেষণাৰ কামত আগবাঢ়ি যাবলৈ সহায় কৰে।

(খ) ই গৱেষণাৰ কাম শৃংখলাবদ্ধতাৰ মাজেৰে গতি কৰিবলৈ প্ৰেৰণা যোগায়।

(গ) অভিকল্পই গৱেশষণাৰ ক্ষেত্ৰত দেখা দিয়া বিশৃংখলতাক সমাধান কৰে।

(ঘ) গৱেষণাৰ ফলাফল অধিক নিৰ্ভৰশীল হ’বৰ বাবে গৱেষণাৰ কামত অভিকল্পৰ যোগেদি আগবাঢ়িলে সুফল পোৱা যায় ৷

(ঙ)গৱেষণাৰ কামবোৰ সহজে পৰীক্ষা আৰু প্ৰমাণ কৰিব বাবে অভিকল্পৰ যোগেদি গৱেষণাৰ কামত আগবাঢ়িলে সুফল পোৱা যায়।

(চ) অভিকল্পৰ অবিহনে গৱষণা কৰিলে বহুতো সময়ত গৱেষকক সময় ও তথ্য অথলে যাব পাৰে।

(ছ) অভিকল্প এটা আগত ৰাখি গৱেষণাৰ কামত আগবাঢ়িলে গৱেষণাৰ কাৰণে প্ৰয়োজনীয় সামগ্ৰীসমূহ আগতে আহৰণ কৰি ল’ব লাগে। 

(জ) এজন গৱেষকক এটা অভিকল্পই গৱেষণাৰ প্ৰতিটো দিশতে সহায় কৰি গৱেষণাৰ কার্যসুচাৰুৰূপে চলাবলৈ সুবিধা কৰি দিয়ে।

(ঝ) অভিকল্পই কোনো এটা গৱেষণাত কি নিৰীক্ষণ কৰিব আৰু কিহৰ ওপৰত নিৰীক্ষণ কৰিব, কাক নিৰীক্ষণ কৰিব, কেনেকৈ নিৰীক্ষণ কৰিব, কি উদ্দেশ্য নিৰীক্ষণ কৰিব, নিৰীক্ষণৰ যোগেদি পোৱা তথ্যপাতি কেনেকৈ নিৰীক্ষণ কৰিব, আহৰণ কৰা তথ্যপাতিসমূহ কেনেকৈ বিশ্লেষণ কৰিব, বিশ্লেষণৰ পাছত কি মন্তব্য কৰিব ইত্যাদি দিশবোৰ বুজি উঠাত সহায় কৰিব পাৰে।

৬২। বর্ণনাত্মক অভিকল্প তৈয়াৰ কৰোঁতে কি কি প্ৰণালীৰ প্ৰয়োজন হয় উল্লেখ কৰা। (Mention what methods are needed to create a descriptive design.)

উত্তৰঃ বর্ণনাত্মক অভিকল্পৰ তৈয়াৰ কৰোঁতে গ্ৰহণ কৰিবলগীয়া প্ৰণালী কেইটা হ’ল— 

(ক) অধ্যয়নৰ আঁচনি আগতিয়াকৈ নিৰ্ণয় কৰা।

(খ) তথ্য সংগ্ৰহৰ কৌশল নিৰ্দ্ধাৰণ আৰু কিমান সময়ৰ প্ৰয়োজন হ’ব তাক নিৰ্ণয় কৰা।

(গ) গৱেষণাৰ ক্ষেত্ৰ নিৰ্দ্ধাৰণ আৰু কিমান সময়ৰ প্ৰয়োজন হ’ব তাক নিৰ্ণয় কৰা।

(ঘ) অধ্যয়ন কৰিব বিচৰা সমাজৰ প্ৰতিনিধিত্বমূলক নমুনা নির্বআচন কৰা।

(ঙ) বাহিৰৰ তথ্যসমূহ কিমান সময়লৈকে প্ৰাসংগিক হৈ থাকিব তাক নিৰ্ণয় কৰা।

(চ) তথ্যবোৰ প্ৰণালীবদ্ধভাৱে সজোৱা আৰু বিশ্লেষণ কৰা ইত্যাদি।

৬৩। সামাজিক গৱেষণাৰ প্ৰকল্প সম্পৰ্কে চমুকৈ লিখা। (Write briefly about social research hypothesis.) 

উত্তৰঃ প্ৰকল্পৰ অভিধানিক ইংৰাজী শব্দ “Hypothesis”। সামাজিক গৱেষণাৰ ক্ষেত্ৰত প্ৰকল্প এটা গুৰুত্বপূৰ্ণ আহিলা। সামাজিক গৱেষণা এটা আৰম্ভ কৰাৰ আৰম্ভণিতে এটা প্ৰকল্প প্রস্তুত কৰাটো অতি প্রয়োজন। সামাজিক গৱেষণাৰ ক্ষেত্ৰত শুদ্ধ আৰু সঠিক প্রকল্প এটাই গৱেষণা কার্য নিয়াৰিকৈ আগবঢ়াই নিয়াত সহায় কৰে।

প্ৰকল্পৰ উৎসকেইটা হ’ল—

(ক) সাধাৰণ সংস্কৃতি।

(খ) বৈজ্ঞানিক সিদ্ধান্ত।

(গ) সাদৃশ্যমূলক।

(ঘ) ব্যক্তিগত অভিকল্প ইত্যাদি।

প্ৰকল্পৰ প্ৰয়োজনীয় গুণসমূহ—

(ক) নিৰ্দিষ্টতা আৰু প্ৰণালীবদ্ধতা।

(খ) অৱধাৰণা প্ৰয়োগৰ স্পষ্টতা।

(গ) বিজ্ঞানসন্মত আৰু বস্তুনিষ্ঠ।

(ঘ) প্রকল্পবোৰ প্ৰচলিত সিদ্ধান্তৰ লগত হ’ব লাগিব।

(ঙ) প্রকল্পবিলাক কার্যক্রম।

(চ) প্রকল্পবোৰ সহজ আৰু পোনপটীয়া হ’ব লাগে। 

সামাজিক গৱেষণাত প্ৰকল্পৰ গুৰুত্ব অতি প্রয়োজনীয়। সেয়ে সামাজিৰ গৱেষণাত প্ৰকল্পৰ মূল গুৰুত্ব কেইটা হ’ল-

(ক) প্রকল্প হ’ল গৱেষণাৰ পথ প্ৰদৰ্শক।

(খ) কোনো এক গৱেষণাৰ বিষয়বস্তুৰ সকলো দিশৰ ওপৰত পুংখানুপুংখকৈ চিন্তাকৰণ আৰু অনুসন্ধান কাৰ্য সম্পাদিত হয় প্ৰকল্পৰ সহায়ত।

(গ) গৱেষণাৰ বিষয়বস্তু নিৰীক্ষণত প্ৰকল্পই সহায় কৰে।

(ঘ) প্ৰকল্পই গৱেষণাৰ চূড়ান্ত ফলাফল নিৰ্ণয় কৰাত সহায় কৰে। 

(ঙ) প্রকল্পই পর্যবেক্ষণ, অনুসন্ধান, তথ্য সংগ্রহ, তথ্য বিশ্লেষণ আদিত সহায় কৰি গা প্ৰদৰ্শন কৰে।

(চ) বিভিন্ন সিদ্ধান্তবোৰৰ মাজত প্ৰকল্পই অৰ্থপূৰ্ণ সম্পর্ক স্থাপন কৰোৱায়। 

(ছ) ই গৱেষকসকলক নতুন নতুন দিশত গৱেষণা কৰাৰ চিন্তাত উদ্‌গনি যোগায়।

৬৪ | অভিকল্প গাঁথনিৰ দিশকেইটা কি কি? (What are the aspects of the design structure?) 

উওৰঃ অভিকল্প গাঁথনিৰ দিশকেইটা হ’ল—

(ক) কি নিৰীক্ষণ কৰিব আৰু কিহৰ নিৰীক্ষণ কৰিব।

(খ) কাক নিৰীক্ষণ কৰিব? 

(গ) কেনেকৈ নিৰীক্ষণ কৰিব?

(ঘ) কি উদ্দেশ্য নিৰীক্ষণ কৰিব?

(ঙ) নিৰীক্ষণৰ যোগেদি পোৱা তথ্যপাতি কেনেকৈ নিৰীক্ষণ কৰিব? 

(চ) আহৰণ কৰা তথ্যপাতিসমূহ কেনেকৈ বিশ্লেষণ কৰিব?

(ছ) বিশ্লেষণৰ পাছত কি মন্তব্য কৰিব ইত্যাদি।

অভিকল্পৰ গাঁথনিৰ বাবে তলৰ পদক্ষেপ কেইটাৰ প্ৰয়োজন—

(ক) গৱেষণাৰ শিৰোনামা।

(খ) প্রস্তাৱনা।

(গ) গৱেষণাৰ উদ্দেশ্য।

(ঘ) মূল অৱধাৰণাৰ ওপৰত চমু আভাস।

(ঙ) গৱেষণাৰ সিদ্ধান্তক পুনৰ পৰীক্ষা কৰা।

(চ) অধ্যয়ন ক্ষেত্র।

(ছ) নমুনা সংগ্রহ।

(জ) তথ্য সংগ্রহ।

(ঝ) তথ্য বিশ্লেষণ।

(ঞ) মন্তব্য।

(ট) সমবায় আৰু বায়ৰ এটা সীমা নির্ধাৰণ।

(ঠ) অধ্যয়নৰ গুৰুত্ব ইত্যাদি।

বৈজ্ঞানিক গৱেষমাত সদায় কিছুমান নতুন নতুন তথ্য আৱিস্কাৰ কৰিবৰ বাবে প্রচেষ্টা চলোৱা হয়। নতুন আৱিস্কাৰৰ কাৰণে সদায় নতুন ধাৰণা কিছুমান মনলৈ আনিব লাগিব আৰু প্ৰয়োজন অনুসৰি কিছুমান ধাৰণা মনৰ পৰা আঁতৰো কৰিব লাগিব। এই ধাৰণাবিলাক শুদ্ধনে অশুদ্ধ প্ৰমাণ কৰিবৰ বাবে এটা প্ৰকল্প গ্ৰহণ কৰা হয়। এনে প্রকল্পবিলাক প্রমাণ কৰিবলৈ যাওঁতে কেতিয়াবা সম্পূর্ণ শুদ্ধ হয়, কেতিয়াবা আংশিকভাৱে শুদ্ধ হয় আৰু কেতিয়াবা ভুল হয়। প্ৰকৃতাৰ্থত গৱেষণাৰ আৰম্ভণিতে যিটো ধাৰণাই সমাজবিদসকলক নতুন এটা গৱেষণাৰ বাবে পথ নিৰ্দেশ কৰে সেই ধাৰণাটোকে প্রকল্প বুলি কোৱা হয়।

৬৫। নমুনা বাছনি পদ্ধতি বুলিলে কি বুজা ? নমুনা বাছনি অধ্যয়নৰ সুবিধা আৰু অসুবিধাসমূহ উল্লেখ কৰা। (What do you mean by sample selection method? Mention the advantages and disadvantages of sample selection study.) 

উওৰঃ নমুনা বাছনি পদ্ধতি: সামাজিক গৱেষণা আৰু জৰীপ কাৰ্যত দুটা প্ৰধান পদ্ধতিৰ দ্বাৰা এককসমূহৰ অধ্যয়ন কৰা হয়। এটা হ’ল পিয়ল পদ্ধতি আৰু আনটো হ’ল নমুনা বাছনি। পদ্ধতি। নমুনা বাছনি পদ্ধতি বুলিলে এটা জনসমষ্টিৰ পৰা ক্ৰমসংখ্যক এককক নমুনা হিচাপে গঢ়ি লৈ সামাজিক ঘটনা এটাক অধ্যয়ন কৰাকে বুজায়।

পি. ভি. য়ঙৰ মতে এটা জনসমষ্টিৰ প্ৰত্যেকটো একক অধ্যয়ন কৰাৰ পৰিৱৰ্তে নমুনা বাছনিৰ সহায়ত কিছু সংখ্যক এককক বাছনি আৰু অধ্যয়ন কৰি ফলাফল নিৰ্ধাৰণ কৰা হয়। তেওঁৰ মতে যিটো জাঙৰসমূহৰ পৰা এনেদৰে নমুনা বাছনি কৰা হয় সেই সমূহটোক জনসমষ্টি বা ইউনিভার্সিটি কোৱা হয়।

গতিকে নমুনা পদ্ধতি বুলিলে এটা জনসমষ্টিৰ পৰা কম সংখ্যক একক নমুনা হিচাপে সামাজিক ঘটনা এটা অধ্যয়ন কৰাকে বুজায়।

নমুনা বাছনি অধ্যয়নৰ সুবিধাসমূহ হ’ল—

(ক) পিয়ল পদ্ধতি প্ৰয়োগ কৰি বৃহৎ পৰিসৰৰ সামাজিক ঘটনা এটা অধ্যয়ন কৰাতো সম্ভৱ নহয়। গতিকে এনেবোৰ গৱেষণা সম্পন্ন কৰাৰ একমাত্ৰ বিকল্প উপায় হ’ল নমুনা বাছনিৰ যোগেদি প্ৰতিনিধিত্বমূলক সামাজিক ঘটনাক সাৰ্থকতাৰে অধ্যয়ন কৰিব পৰাটো নমুনা বাছনিৰ কৃতিত্ব।

(খ) নমুনা বাছনিৰ দ্বাৰা বাছি লোৱা কম সংখ্যক এককক অতি নিখুঁতভাৱে খৰচি মাৰি অধ্যয়ন কৰাৰ অৱকাশ থাকে। নমুনা বা এককৰ সংখ্যা কম হোৱাৰ বাবে গৱেষণাত মিতব্যয়িতাত লাভ কৰিব পাৰিব।

(গ) কম সংখ্যক প্রতিনিধিত্বমূলক একক অধ্যয়ন কৰিব লগা হোৱাৰ বাবে নমুনা বাছনি পদ্ধতিত প্রসাশনীয় সুবিধাও বিশদভাৱে লাভ কৰা হয়।

(ঘ) নমুনা বাছনিৰ দ্বাৰা এটা সঠিক ভাৱে নিৰ্ধাৰিত জনসমষ্টিৰ পৰা সম্পূৰ্ণ প্ৰতিনিধিত্বমূলক একক নির্বাচন কৰি অধ্যয়ন কৰিব পাৰিলে তাক নিৰ্ভৰযোগ্য ফলাফল লাভ কৰিব পৰা হয়।

(ঙ) সামাজিক গৱেষণাৰ বহুতো বিষয়বস্তুৰ ক্ষেত্ৰত পিয়ল পদ্ধতি প্ৰয়োগ কৰিব নোৱাৰি।

নমুনা বাছনি অধ্যয়নৰ অসুবিধাসমূহ হ’ল— 

(ক) নমুনা বাছনিৰ পক্ষপাতিত্বমূলক গৱেষণাৰ নিৰৰ্থক হৈ পৰিব। বস্তুনিষ্ঠ নমুনা বাছনি ক. বৈলৈ হ’লে গৱেষকজন সম্পূর্ণ নিৰপেক্ষ, ব্যক্তিগত আবেগ অনুভূতি আদিৰ পৰা মুক্ত হ’ব লাগিব।

(খ) যিকোনো এজন সাধাৰণ গৱেষক বা অনুসন্ধানকাৰীয়ে নমুনা বাছনি কৰিব নোৱাৰে। কাৰণ নমুনা বাছনিৰ বাবে গৱেষকজন অভিজ্ঞতাৰ পুষ্ট আৰু তথ্য বিশ্লেষণৰ ক্ষেত্ৰত নিপুণ হ’ব লাগিব।

(গ) নমুনা বাছনি পদ্ধতিৰে অন্যতম অসুবিধা সম্পূর্ণ প্রতিনিধিত্বমূলক নমুনা বাছনি কৰিব নোৱাৰাটো। কাৰণ সামাজিক এককবোৰ অতি জটিল আৰু নিজস্ব চৰিত্র সম্পন্ন। গতিকে এটা জনসমষ্টিৰ কোনকেইটা একক প্রতিনিধিত্ব কৰাৰ বাবে যোগ্য তাক নিৰ্ণয় কৰাটো অতি দুঃসাধ্য।

(ঘ) এটা গৱেষণাৰ বাবে বাছনি কৰা এককবোৰ বা নমুনাবোৰ বিশাল অঞ্চল এটাত পৰিব্যাপৃত হৈ থাকিলে অধ্যয়ন কৰাটো বহু অসুবিধা হয়।

(ঙ) কিছুমান গৱেষণাৰ ক্ষেত্ৰত নমুনাবোৰে গৱেষকৰ সৈতে সহযোগিতা নকৰিবও পাৰে।

৬৬। যাদৃচ্ছিক নমুনা পদ্ধতিৰ সুবিধা আৰু অসুবিধাসমূহ উল্লেখ কৰা। (Mention the advantages and disadvantages of random sampling.)

উওৰঃ যাদৃচ্ছিক নমুনা পদ্ধতিৰ সুবিধা আৰু অসুবিধাসমূহ তলত উল্লেখ কৰা হ’ল—

সুবিধাসমূহ:

(ক) সামাজিক গৱেষণাৰ ক্ষেত্ৰত যাদৃচ্ছিক পদ্ধতিয়ে সম্পূর্ণ বৈজ্ঞানিক দৃষ্টিভংগী গ্রহণ কৰে। এই পদ্ধতিৰ পক্ষপাতিত্ব কৰিবলৈ কোনোধৰণৰ সুবিধা নথকাৰ বাবে ই সকলো একককে নিৰপেক্ষতা অৱলম্বন কৰি নিৰ্বাচন কৰে।

(খ) এই পদ্ধতিৰ কাৰণে কোনো বিশেষ ধৰণৰ প্ৰশিক্ষণৰ প্ৰয়োজন নহয়।

(গ) এই পদ্ধতিৰে কম সময় আৰু কম খৰচত এক ব্যাপক জনসমষ্টিৰ পৰা তথ্য সংগ্রহ কৰিব পাৰি।

(ঘ) একে গুণসম্পন্ন একক বিলাকক এই পদ্ধতিত নমুনা হিচাপে লোৱা হয় বাবে এটা জনসমষ্টিক নমুনাবোৰে সম্পূৰ্ণ প্ৰতিনিধিত্ব কৰিব পাৰে।

(ঙ) এই পদ্ধতিত নমুনা বাছনিৰ ত্রুটিসমূহ সহজে পৰিমাপ কৰিব পৰা হয়।

অসুবিধাসমূহ:

(ক) সকলো অধ্যয়ন ক্ষেত্র বা জনসমষ্টিত এই যাদৃচ্ছিক পদ্ধতি প্রয়োগ কৰিব নোৱাৰি। 

(খ) অধ্যয়ন ক্ষেত্ৰটো প্ৰয়োগ কৰিব নোৱাৰি। 

(গ) জটিল আৰু বৈসাদৃশ্যপূর্ণ এককবিলাকক নমুনা নিৰ্বাচনৰ বাবে এই পদ্ধতি প্রয়োগ কৰিব নোৱাৰি।

৬৭। নমুনা অধ্যয়ন মানে কি? সামাজিক অনুসন্ধান কার্যত নমুনা অধ্যয়নৰ গুৰুত্ব সম্পর্কে আলোচনা কৰা। (What does sample study mean? Discuss the importance of sample study in social research work.) 

উওৰঃ নমুনা ভিত্তিক অধ্যয়ন সামাজিক গৱেষণার তথ্যসংগ্ৰহৰ এক অন্যতম পদ্ধতি। ই এটা অপৰিমাণাত্মক তথ্যসংগ্রহ পদ্ধতি নমুনা ভিত্তিক অধ্যয়নত কম সংখ্যক একক সূক্ষ্ম আৰু গভীৰ অন্তদৃষ্টিৰে সুবিস্তৃতভাৱে অধ্যায়ন করা হয়। বিভিন্ন সমাজতত্ত্ববিদে নমুনা অধ্যয়ন সম্পর্কে বিভিন্ন সংজ্ঞা আগবঢ়াই আহিছে। তেওঁলোকৰ কেইজনমানৰ সংজ্ঞা তলত উল্লেখ কৰা হ’ল। পি. ভি. য়ঙৰ মতে, “ এটা সামাজিক এককৰ জীৱন সামগ্ৰীক আৰু গভীৰভাৱে অধ্যয়ন কৰি তথ্য উদঘাটন আৰু বিশ্লেষণ কৰা পদ্ধতিটোৱেই হ’ল নমুনা অধ্যয়ন পদ্ধতি। এই সামাজিক এককটো এজন ব্যক্তি, এটা পৰিয়াল, এটা সংস্থা, এটা সাংস্কৃতিক সমূহ বা এটা সম্প্রদায়ো হ’ব। পাৰে।”

গোড়ে আৰু হাট্ৰেৰ মতে, “এটা সামাজিক এককৰ সুকীয়া চৰিত্ৰ অক্ষুণ্ণ ৰাখি সামাজিক তথ্যবোৰ সংগঠিত কৰা পদ্ধতিয়েই হ’ল নমুনা অধ্যয়ন পদ্ধতি আন অর্থত ক’বলৈ গ’লে ই হ’ল এক অধ্যয়ন প্রণালী যিটোৱে এটা এককৰ সম্পূৰ্ণ হিচাপে ধৰে। 

সামাজিক অনুসন্ধান কার্যত নমুনা অধ্যয়নৰ গুৰুত্ব সম্পৰ্কে তলত আলোচনা কৰা হ’ল—

(ক) ব্যক্তিগত অভিজ্ঞতাৰ বৃদ্ধি: ইয়াৰ যোগেদি এজন গবেষকে স্বাধীনভাবে বিষয়বস্তু ওপৰত অধ্যয়ন কৰিবলৈ সুবিধা পায়। এনেকৈ স্বাধীনভাৱে অধ্যয়ন কৰাৰ সুবিধা পোৱাৰ কাৰণে গৱেষকৰ ব্যক্তিগত অভিজ্ঞতা আৰু অৰ্হতা বৃদ্ধি পায়। সেয়ে জটিল সামাজিক ঘটনাবোৰ অধ্যয়ন কৰোঁতে পাৰিসাংখ্যিক পদ্ধতিবোৰতকৈ নমুনাভিত্তিক অধ্যয়ন পদ্ধতিহে বেছি ফলব্ৰতী হয়।

(খ) নমুনা স্তৰীকৰণ সুবিধা: এনে অধ্যয়নৰ যোগেদি এককসমূহৰ চাৰিত্ৰিক বৈশিষ্ট্য আৰু সামাজিক অৱস্থান সহজে নিৰ্ণয় কৰিব পাৰি। ফলত নমুনাবোৰক স্তৰীকৰণ কৰাটো সহজ হয়। 

(গ) প্ৰশ্নসূচী প্ৰস্তুত কৰাৰ সুবিধা: নমুনা ভিত্তিক অধ্যয়নৰ সূক্ষ্ম পৰ্যবেক্ষণ কৰাৰ কাৰণে ঘটনা এটাৰ ওপৰত যথেষ্ট জ্ঞান আহৰণ কৰিব পাৰি। এনেকৈ সুক্ষ্মভাৱে আহৰণ কৰা জ্ঞানে কাৰ্যকৰী প্ৰশ্নসূচী নিৰ্মাণ কৰাৰ পথ উজ্জ্বল কৰে।

(ঘ) প্ৰকল্প ৰচনাৰ সুবিধা: এনে অধ্যয়নত একক বিলাকক সূক্ষ্মভাৱে অধ্যয়ন কৰি তথ্যসমূহ সতর্কভাৱে বিশ্লেষণ কৰা হয়। এনে বিশ্লেষণে গৱেষকক এটা সাধাৰণ সিদ্ধান্ত লোৱাত সহায় কৰে। এনে ঘটনা ফলাফল নির্ণয় কৰিব পৰা সুবিধাই যিকোনো এটা সাধাৰণ ঘটনাৰ ওপৰত প্রকল্প তৈয়াৰ কৰা গৱেষকজনক অভিজ্ঞ কৰি তোলে।

(ঙ) গভীৰ অধ্যয়ন: নমুনাভিত্তিক পদ্ধতিত সদায়ে বিস্তৃত আৰু গভীৰ অধ্যয়নৰ ওপৰত গুৰুত্ব দিয়া হয়। যিকোনো সামাজিক বা ব্যক্তিৰ আচৰণৰ অন্তৰালত নিহিত হৈ থকা প্ৰকৃত সত্য উদ্ঘাটন কৰিবলৈ চেষ্টা কৰা হয়। ফলত এটা সামাজিক ঘটনা বা ব্যক্তিৰ অন্তৰালত থকা দিশবোৰৰ সূক্ষ্ম পর্যবেক্ষণ কৰিব পাৰিব।

(চ) গুণগত বিশ্লেষণৰ সুবিধা: নমুনাভিত্তিক অধ্যয়নৰ এটা সামাজিক ঘটনাৰ গুণগত তথ্যবোৰ সংগ্ৰহ আৰু বিশ্লেষণ কৰাৰ সুবিধা হয়। সামাজিক আচৰণবোৰ কিছুমান ভাৱাত্মক কাৰকৰ দ্বাৰা প্ৰভাৱিত হয়। সেয়েহে নমুনাভিত্তিক অধ্যয়নৰ দ্বাৰা সামাজিক ঘটনাৰ ভাৱাত্মক দিশটো আৰু ইয়াৰ স্বৰূপ সূক্ষ্মভাৱে অধ্যয়ন কৰিব পাৰি।

(ছ) সামাজিক প্ৰক্ৰিয়াৰ সুবিধা: নমুনাভিত্তিক অধ্যয়নে এটা জনসমষ্টিত চলি থকা সামাজিক প্ৰক্ৰিয়াবোৰ অধ্যয়ন কৰাত সহায় কৰে।

গতিকে দেখা যায় যে নমুনা অধ্যয়নৰ লগত জড়িত থকা বিভিন্ন সমস্যা গৱেষকসকলৰ অভিজ্ঞতাৰ যোগেদি আঁতৰ কৰিব পৰা হৈছে। নমুনা অধ্যয়ন এতিয়া সমাজ অধ্যয়নৰ ক্ষেত্ৰত জনপ্রিয় প্রণালী হিচাপে পৰিগণিত হৈছে। যিকোনো জটিল সামাজিক ঘটনা আৰু জনসমষ্টি অধ্যয়ন কৰাৰ ক্ষেত্ৰত নমুনা পদ্ধতিৰ বহুতো বা সুবিধা আছে বুলি ক’ব পাৰি।

৬৮। যাদৃচ্ছিক নমুনা পদ্ধতি কাক কয়? সামাজিক গৱেষণাত যাদৃচ্ছিক নমুনা পদ্ধতিৰ গুৰুত্ব ব্যাখ্যা কৰা। (What is a random sampling method? Explain the importance of random sampling methods in social research.) 

উত্তৰঃ যিবিলাক জনসমষ্টিৰ প্ৰতিটো একককে নমুনা হিচাপে নিৰ্বাচিত হোৱাৰ সমান সুবিধা প্ৰদান কৰে তাক যাদৃচ্ছিক নমুনা বুলি কোৱা হয়। এনে নমুনা বাছনিত জনসমষ্টি সকলো এককক সমান গুণসম্পন্ন প্রতিনিধি বুলি ধৰা হয়।

পি. ভি. য়ঙৰ মতে, “যাদৃচ্ছিক বাছনি পদ্ধতিত এটা জনসমষ্টি পৰা যাদৃচ্ছিকভাৱে নমুনা বাছনি কৰা হয়। কিন্তু এনে বাছনিৰ ক্ষেত্ৰত বিশৃংখল অসতর্ক, অপ্ৰণালীবদ্ধ আৰু সস্তীয়া হ’লে নহ’ব। এটা জনসমষ্টি পৰা লোৱা সকলো নমুনা সমান মানদণ্ডৰ হ’ব লাগিব।

গোডে আৰু হাট্ৰেৰ মতে, নমুনা বাছনি পদ্ধতিত “এটা জনগোষ্ঠীৰ এককবোৰৰ এনেদৰে প্রণালীবদ্ধভাৱে সজাব লাগে যাতে প্ৰতিটো একক নির্বাচিত হোৱাৰ সমান সম্ভাৱনা থাকে”। যাদৃচ্ছিক নমুনা পদ্ধতিক ‘আনুপাতিক নমুনা পদ্ধতি’ বুলিও কোৱা হয়।

যাদৃচ্ছিক নমুনা পদ্ধতিক দুটা ভাগত ভাগ কৰিব পাৰি। যেনে—

(ক) সাধাৰণ যাদৃচ্ছিক নমুনা। আৰু 

(খ) স্তৰীকৃত যাদৃচ্ছিক।

(ক) সাধাৰণ যাদৃচ্ছিক নমুনা: এই পদ্ধতিত নমুনাবিলাক এনেভাৱে বাছনি কৰা হয় যাতে, সমগ্ৰ থলৰ প্ৰতিটো গোট অন্তর্ভুক্ত হোৱাৰ সম্ভাৱনা থাকে। যিবোৰ গোটৰ পৰা নমুনা ল’ব লাগে সেই গোটবোৰৰ নাম লিখি শেষ কৰি যিমান সংখ্যক গোট পোৱা যায় যিমান বেলেগ বেলেগ ৰাশি এডাখৰ কাগজত লিখি লোৱা হয়। সেই ৰাশিযুক্ত সংখ্যাবোৰ এটা পাত্ৰত ভৰাই মিহলি কৰি দিয়া হয়। তাৰ পাছত নমুনাৰ বাবে প্ৰয়োজনীয় সংখ্যা কাগজৰ টুকুৰা পাত্ৰৰ পৰা যাদৃচ্ছিকভাৱে টানি অনা হয়। এইদৰে টানি অনা কাগজ বিলাকত ৰাশি সংখ্যাৰ বিপৰীতে যিবিলাক নাম পোৱা হ’ব সেইসকলকে নমুনা হিচাপে লোৱা হয়৷

সাধাৰণ যাদৃচ্ছিক নমুনাৰ থল একে জাতীয় হ’ব লাগে। যিবিলাক থলৰ পৰা নমুনা লোৱা হয়। আৰু যিবোৰ চৰিত্ৰ আৰু গুণাগুণৰ ভিত্তিত নমুনা গ্ৰহণ কৰা হয় সেইবোৰৰ সাদৃশ্যতা থাকিব লাগে। যেনে— ছাত্র-ছাত্রীসকলৰ পৰা যাদৃচ্ছিক নমুনা সংগ্ৰহ কৰোঁতে ছাত্র-ছাত্রীসকলৰ বয়স, বিদ্যালয়, অধ্যয়নৰ পৰ্যায় আৰু শিক্ষাৰ পদ্ধতি একে হ’ব লাগিব।

(খ) স্তৰীকৃত যাদৃচ্ছিক নমুনা: যাদৃচ্ছিক পদ্ধতিৰ আনটো ভাগ হ’ল স্তৰীকৃত নমুনা পদ্ধতি। এনে নমুনা পদ্ধতিৰ আনটো ভাগ হ’ল স্তৰীকৃত নমুনা পদ্ধতি। এনে নমুনা পদ্ধতিৰ নমুনা ল’ব লগা গোটবোৰক কেইটামান ভিত্তিত প্রথমে শ্ৰেণীকৰণ কৰা হয়। এইদৰে ভাগ কৰাৰ পিছত ভাগ বা শ্ৰেণীকৰণ এটা নিৰ্দিষ্ট সংখ্যাৰ নমুনা যাদৃচ্ছিক ভিত্তিত নিৰ্বাচন কৰা হয়। উদাহৰণস্বৰূপে— অসমৰ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে সন্মুখীন হোৱা সমস্যার বিষয়ে অধ্যয়ন কৰিব বিচৰা হৈছে। যেনে— অসমৰ সমূহ ছাত্র-ছাত্রী, জাতি, ধর্ম, বর্ণ, লিংগ, গাঁও, ধনী-দুখীয়া আদিসকলো ছাত্ৰ-ছাত্ৰীৰ প্ৰতিনিধিত্ব কৰা হ’ব লাগিব।

যাদৃচ্ছিক নমুনা বাছনিৰ কৌশল প্ৰণালী: কোনো এটা জনসমষ্টিৰ পৰা যাদৃচ্ছিকভাৱে নমুনা নির্বাচন কৰিবলৈ বিশেষ কিছুমান কৌশল পদ্ধতিত অনুসৰণ কৰা হয়। 

সেইবোৰ হ’ল—

(ক) লটাৰী পদ্ধতি: এই প্ৰণালীত এটা জনসমষ্টিৰ সকলো এককৰ নাম বা ক্রমিক সংখ্যা সৰু সৰু কাগজত প্ৰথমে লিখি লোৱা হয়। কাগজৰ টুকুৰাবোৰ কোনো এটা পাত্ৰত ভালদৰে মিহলি কৰা হ’ল। এই পাত্ৰৰ পৰা নিৰ্দিষ্ট সংখ্যাৰ কাগজৰ টুকুৰা লোৱা হয় আৰু এই টুকুৰাবোৰত থকা নাম বা ক্রমিক নং অনুসৰি এককবোৰ নমুনা হিচাপে বাছি লোৱা হয়।

(খ) টিপ্লেট নাম্বাৰ: এল, এইচ, টি, টিপ্লেট নাম্বাৰ এজন পৰিসংখ্যাবিদে এই সংখ্যাবোৰ উদ্ভাৱন কৰিছিল। তেওঁ চাৰিটা ৰাশিযুক্ত ১০,৪০০ টা সংখ্যা যাদৃচ্ছিকভাৱে প্ৰতিটো পৃষ্ঠাতে লিখি এখন পুস্তিকা কৰে। এই পুস্তিকাৰ সহায়ত নমুনা বাছনি কৰাটো অতি সহজ।

(গ) অনুক্রম তালিকাৰ পৰা বাছনি: এই প্ৰণালীত জনসমষ্টি সমূহৰ এটাৰ এককবোৰক সংখ্যাক্রম, বর্ণনামূলক জনসমষ্টি এককবোৰৰ চৰিত্ৰৰ ক্ৰমৰ ওপৰত নিৰ্ভৰ কৰি ক্রমানুসাৰে সজাই আৱশ্যকীয় সংখ্যক নমুনা বাছি ল’ব পাৰি।

(ঘ) গ্রীড পদ্ধতিঃ এই পদ্ধতি সাধাৰণতে বিভিন্ন ভৌগোলিক স্থাপন নমুনা হিচাপে বাছনি কৰিবৰ বাবে প্ৰয়োগ কৰা হয়। প্রথমে অধ্যয়ন ক্ষেত্র বা সমগ্র ভৌগোলিক এলেকাটোৰ এখন মেপ অঁকা হয়। ইয়াৰ পাছত সমান সমান বৰ্গক্ষেত্ৰ আকৃতিৰ ফুটা থকা কাগজ বা কাপোৰ মেপখনৰ ওপৰত বহুওৱা হয়। ইয়াৰে কিছুমান বর্গক্ষেত্ৰক যাদৃচ্ছিকভাৱে নমুনা হিচাপে বাছনি কৰা হয়। অর্থাৎ বর্গক্ষেত্ৰবোৰে আৱৰি লোৱা এলেকাবোৰেই হ’ব অধ্যয়নৰ নমুনা।

৬৯। এটা প্ৰকল্প কাৰ্যৰ প্ৰতিবেদন প্রস্তুত কৰোতে কি কি কথা মনত ৰাখিব লাগে? (What it takes to prepare a project performance report.) 

উত্তৰঃ প্ৰতিবেদন প্রস্তুতি হৈছে প্ৰকল্প কাৰ্যৰ একেবাৰে শেষ স্তব। প্রকল্প কার্য কৰোতে কি আৱিস্কাৰ বা নতুন সত্য উদ্ভাৱন কৰা হ’ল— এই সকলোবোৰ কথা প্ৰতিবেদনত প্ৰকাশ কৰা হয়। গতিকে প্রকল্প কার্যৰ প্ৰতিবেদন প্রস্তুত কৰোতে অতি সাৱধানেৰে কৰিব লাগে।

গৱেষণাৰ বা প্ৰকল্প কাৰ্যৰ প্ৰতিবেদন প্রস্তুত কৰিবৰ কাৰণে কোনো নিৰ্দিষ্ট প্ৰণালী নাই বুলিয়েই। ক’ব পাৰি। তথাপিও প্ৰকল্প কার্যত যিখিনি পোৱা হ’ল বা যিখিনি কথা জানিব লগা আছে সেই দিশকেইটা পৰিস্কাৰকৈ তাত উল্লেখ কৰিব লাগে। এটা সুস্পষ্ট প্রতিবেদন প্রস্তুত কৰিবলৈ হ’লে আগতীয়াকৈ কেনেকৈ প্ৰস্তুত কৰা হ’ব, কিহৰ কিহৰ ওপৰত প্ৰতিবেদন লিখা হ’ব, কি কি কথা সন্নিবিষ্ট কৰা হ’ব, ছবি, নক্সা আৰু তালিকাৰ যোগেদি কেনেকৈ তথ্যবিলাক ক’ত দেখুওৱা হ’ব, শেষ মন্তব্য কি হ’ব, এই বিষয়ে এটা স্পষ্ট আঁচনি প্রস্তুত কৰি ল’ব লাগে। অধ্যায়বিলাকৰ শিৰোনামা দিব লাগে। শিৰোনামাবোৰ এনে ধৰণেৰে নামাকৰণ কৰিব লাগে যাতে প্ৰতিটো শিৰোনামাৰ যোগেদি অধ্যায়টোৰ মূল বিষয়বস্তু বুজিব পৰা হয়। 

সৰ্বসাধাৰণতে প্ৰতিবেদন প্রস্তুত কৰোতে তলত দিয়া বিষয়কেইটা সন্নিবিষ্ট কৰা হয় —

(ক) পৰিচয় (Introduction)।

(খ) অধ্যয়ন কৌশল বা পদ্ধতি (Methodology)।

(গ) তথ্যসমূহৰ বিশ্লেষণ আৰু উপস্থাপন (Presentation and analysis of data)। 

(ঘ) সামৰণি (Conclusion)।

(ঙ) পৰিশিষ্ট (Appendix)।

(চ) পাদটীকা (Foot-notes)।

৭০। সামাজিক ঘটনা অধ্যয়নত বৈজ্ঞানিক পদ্ধতি প্রয়োগ কৰোঁতে কি কি সমস্যাৰ সন্মুখীন হ’ব লগা হয়? (What are the problems to be applied to the scientific method that studies social phenomena?)

উত্তৰঃ সামাজিক ঘটনা অধ্যয়নত বৈজ্ঞানিক পদ্ধতি প্ৰয়োগৰ সমস্যা সম্পর্কে তলত আলোচনা কৰা হ’ল-

(ক) মানুহৰ জটিল আৰু অনিশ্চিত আচৰণ প্ৰক্ৰিয়াত নিৰ্দিষ্ট বিধি প্রয়োগ কৰিবলৈ বা বৈজ্ঞানিক পদ্ধতিৰ দ্বাৰা প্ৰয়োগ কৰাটো সহজসাধ্য নহয়। সেয়েহে ভৌতিক ঘটনাৰ লগত সামাজিক ঘটনাৰ এই প্ৰাথমিক পার্থক্যসমূহৰ ভিত্তিত সামাজিক ঘটনাৰ প্ৰকৃতি বিচাৰ কৰি চোৱাৰ লগতে বৈজ্ঞানিক পদ্ধতি প্ৰয়োগৰ ক্ষেত্ৰত সন্মুখীন হোৱা সমস্যা সম্মুখীন হয়।

(খ) সামাজিক ঘটনাসমূহৰ কাৰণ আৰু ফলাফল বা প্রভাৱসমূহৰ মাজত পাৰস্পৰিক ভাৱে আত্মনিৰ্ভৰশীলতা বিৰাজ কৰে। সামাজিক ঘটনাবোৰৰ ক্ষেত্ৰত কোনবোৰ কাৰ আৰু কোনবোৰ ফলাফল তাক নিৰ্ধাৰণ কৰাটোৱেই কেতিয়াবা কঠিন হৈ পৰে। এনে ক্ষেত্ৰত প্ৰকৃত কাৰণ আৰু ফলাফল বিচাৰি উলিওৱাটোৱে সমাজ নহয়।

(গ) সামাজিক আচৰণবোৰ অনিয়মীয়া, অনিশ্চিত আৰু পূর্বকথনীয়তাহীন। সামাজিক ঘটনা এটা কেতিয়াও উদ্ভৱ হব, কেতিয়া অন্ত পৰিব, তাক পূৰ্বকথন কৰাটো কঠিন। মানুহৰ আচৰণ আৰু মনোবৃত্তিৰ ওপৰতহে ইয়াৰ আৰম্ভণি, অগ্ৰগতি আৰু সামৰণি নিৰ্ভৰ কৰে বাবেই সামাজিক ঘটনাবোৰক পূর্বকথন কৰিব নোৱাৰি। প্ৰাকৃতিক বিজ্ঞানৰ ক্ষেত্ৰত দেখা গৈছে যে সঠিকভাৱে পূৰ্ব কথন কৰি প্ৰাকৃতিক বিজ্ঞানে প্ৰকৃত বিজ্ঞান হিচাপে স্বীকৃতি লাভ কৰিছে যদিও সমাজবিজ্ঞানৰ ক্ষেত্ৰত এনে সার্বজনীন নীতি প্রযোজ্য কৰিব নোৱাৰি।

(ঘ) ভৌতিক বা প্রাকৃতিক বিজ্ঞানৰ বিষয়বস্তু অনুভৱ শক্তিৰে বুজিব পাৰি। সামাজিক বিজ্ঞানৰ বিষয়বস্তুৰ ধাৰণাবোৰ প্ৰকৃতাৰ্থক কথা, লোকাচাৰ, পৰম্পৰা আদি শব্দৰ প্ৰয়োগৰ দ্বাৰাহে ইয়াৰ প্ৰকাশ ঘটোৱা হয়। সমাজবাদী বিজ্ঞান বস্তুতাত্বিক। সেয়েহে সামাজিক ঘটনাৰ অধ্যয়নত বস্তুনিষ্ঠতাৰ আভাৱ পৰিলক্ষিত হয় আৰু নিৰীক্ষণ কৰিবলৈ জটিল হয়।

(ঙ) সামাজিক গৱেষণা সামাজিক ঘটনাৰ লগত জড়িত। এই সামাজিক ঘটনাসমূহৰ ভৌতিক ঘটনাৰ দৰে একে নহয়। কিয়নো ভৌতিক ঘটনাক নিয়ন্ত্ৰণ কৰাৰ দৰে মানৱ সমাজক সম্পূৰ্ণ নিয়ন্ত্ৰণ কৰিব পৰা নাযায় আৰু এই মানৱ সমাজক গৱেষণাগাৰত কিছুমান অৱস্থাৰ জৰিয়তে নিয়ন্ত্ৰণ কৰি পৰীক্ষা কৰিব পৰা নাযায়।

(চ) প্রায়বিলাক প্রাকৃিতিক বিজ্ঞান বা ভৌতিক বিজ্ঞানতে পৰীক্ষা নিৰীক্ষাৰ বিশ্লেষণৰ ফলস্বৰূপে পোৱা ফলাফলবোৰৰ যথেষ্ট যথাৰ্থতা আৰু সত্যতা থাকে। এনেধৰণৰ সুবিধা থকাৰ বাবেই ভৌতিক বিজ্ঞানক যথার্থ বিজ্ঞান হিচাপে স্বীকৃতি পাইছে। মানৱ বিজ্ঞানৰ ক্ষেত্ৰত এনে সুবিধাৰ যথেষ্ট অভাৱ দেখিবলৈ পোৱা যায়। মানৱ সমাজক পৰীক্ষাগাৰত পৰীক্ষা কৰাটো সম্ভৱ নহয়।

(ছ) মানুহৰ আচৰণত বিভিন্ন কাৰকে ক্ৰিয়া কৰি থাকে। মানুহৰ আচৰণ প্ৰণালী জটিল প্ৰকৃতিৰ ইয়াত শাৰিৰীক, মনস্তাত্ত্বিক অৱস্থা, পৰিৱেশ আদিৰ ভিন্নতাই প্ৰভাৱ পেলাই থাকে। সেয়েহে মানৱ সমাজত ঘটি থকা সামাজিক ঘটনাবিলাক অতি জটিল প্ৰকৃতিৰ আৰু জটিল প্ৰকৃতিৰ সামাজিক ঘটনাৰ ওপৰত তথ্য সংগ্ৰহ কৰাৰ ক্ষেত্ৰত গৱেষক সকল বিভিন্ন সমস্যাৰ সন্মুখীন হ’ব লগা হয়।

(জ) তেওঁলোকে সামাজিক ঘটনা প্রকৃতি, স্বৰূপ, ইয়াৰ অন্তৰালত থকা কাৰক, প্রাকৃতিক বিধি, ঘটনাৰ ক্ৰম আদি অনুধাৱন কৰাত অসুবিধাৰ সন্মুখীন হয়।

(ঝ) দেখা যায় যে সময়ে সময়ে মানুহৰ আচৰণ, ধাৰণা, বিশ্বাস, বিভিন্ন সামাজিক পৰিৱেশত, ভৌগোলিক পৰিৱেশত, ৰাজনৈতিক পৰিৱেশত পৰিৱৰ্তন হৈ থাকে। গতিকে সামাজিক ঘটনাসমূহ স্বাভাৱিকতে পৰিৱৰ্তিত পৰিস্থিতিত পৰি জটিল ৰূপ ধাৰণ কৰে। এনে অৱস্থাত মানৱ আচৰণৰ ওপৰত নিৰ্দিষ্ট বিধি প্ৰস্তুত কৰাটো জটিল হৈ উঠে।

(ঞ) মানুহৰ আচৰণ আৰু বস্তুতাত্বিক গুণ যেনে— প্রথা, আকাংক্ষা, প্ৰমূল্য, ধাৰণা, আবেগ আদিৰ স্বৰূপৰ বাবে নিৰক্ষণ কৰিবলৈ জটিল, সামাজিক ঘটনাবোৰ গুণবাধক। মানুহৰ বিভিন্ন প্ৰমূল্যগত ধাৰণা, মনস্তাত্ত্বিক চৰিত্ৰ, উচিত-অনুচিত, ভাল-বেয়া আদি ভাৱাত্মক পক্ষপাতিত্ব গুণৰ দ্বাৰাই সামাজিক ঘটনাসমূহ প্ৰভান্বিত হৈ থাকে। সেয়েহে বস্তুনিষ্ঠ বৈজ্ঞানিক পদ্ধতিৰে এইবোৰ অধ্যয়ন কৰাটো জটিল হৈ পৰে।

৭১। সামাজিক গবেষণা মানে কি? সামাজিক গৱেষণাৰ লক্ষ্যৰ বিষয়ে আলোচনা কৰা। (What does social research mean? Discuss writing social research.)

উত্তৰঃ সমাজত ঘটি থকা ঘটনা, সমস্যা বা সামাজিক স্বৰূপবিলাকৰ বিষয়ে শুদ্ধ জ্ঞান আহৰণৰ বাবে যি গৱেষণা কার্য চলোৱা হয় তাকে সামাজিক গবেষণা বুলি কোৱা হয়। 

সমাজত সচৰাচৰ ঘটি থাকা ঘটনা আৰু কাৰ্য যেনে— শিক্ষাগত কাৰ্য, নৰহত্যা, নগৰীকৰণ, সংস্কৃতকৰণ ইত্যাদিবোৰক সামাজিক ঘটনা আৰু সামাজিক কার্য বুলি কোৱা হয়। সমাজত ঘটি থকা শ্রমিক আন্দোলন, সামাজিক সংঘৰ্ষৰ, শ্রমবিভাজন, জনসংখ্যা পৰিৱৰ্তন আদি বিভিন্ন সামাজিক ঘটনাবোৰৰ লগত জড়িত হৈ থকা কাৰণবোৰ উদ্ঘাটন কৰিবলৈ যি গৱেষণা কার্য কৰা হয় তাকে সামাজিক গৱেষণা বুলি ক’ব পাৰি। সামাজিক গৱেষণাই সমাজত ঘটি থকা বিভিন্ন সামাজিক ঘটনাৱলীৰ লগত জড়িত হৈ থকা অন্তর্নিহিত কাৰণবোৰ উদ্ধাৰ কৰি বাস্তৱ সত্য আৰু নিয়ম প্ৰকাশ কৰে। সামাজিক বিজ্ঞানীসকলে বিভিন্ন সামাজিক ঘটনা আৰু সমাজৰ প্রকৃত স্বৰূপ বিলাকৰ বিষয়ে বৈজ্ঞানিক পদ্ধতি প্রয়োগ কৰি বিশুদ্ধ জ্ঞান লাভ কৰিবলৈ প্ৰচেষ্টা কৰিছে তাকেই সামাজিক গবেষণা বোলা হয়।

সামাজিক গৱেষণাৰ মূল লক্ষ্য আৰু উদ্দেশ্য দুটা ভাগত ভাগ কৰিব পাৰি। যেনে—

(ক) শিক্ষামূলক আৰু

(খ) কল্যাণমূলক।

শিক্ষামূলক লক্ষ্য বা উদ্দেশ্য: সমাজত ঘটা বিভিন্ন ঘটনাবোৰৰ কাৰণ সম্বন্ধে প্ৰণালীবদ্ধভাবে জ্ঞান আহৰণ কৰি তাৰ কাৰণ আৰু ফলাফল জানিবলৈ যি আগ্রহ হয় তাৰ গুৰিতে আছে। সামাজিক গবেষণা। শিক্ষামূলক সামাজিক গৱেষণাৰ লক্ষ্যই সমাজতত্ত্বৰ জ্ঞানৰ ভঁড়াল চহকী কৰিছে আৰু সমাজ সম্বন্ধে মানুহৰ জ্ঞান বৃদ্ধি কৰিছে বুলি ক’ব পাৰি। মানুহে সদায় নজনা বস্তুটো জানিবলৈ আৰু শিকিবলৈ আগ্ৰহী আৰু কৌতূহলী হৈ থাকে। জ্ঞান আহৰণ কৰাই সামাজিক গৱেষণাৰ মূল লক্ষ্য বুলি কোৱা হয়।

কল্যাণমূলক লক্ষ্য: সামাজিক ঘটনা বা সমস্যাবোৰৰ প্ৰকৃত কাৰণ উদ্ঘাটন কৰি সমাজৰ আগত প্ৰকাশ কৰিলে সমাজে এনে কাৰ্যৰ প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ব্যৱস্থা ল’ব পাৰে। কিছুমান গৱেষণা জ্ঞানৰ বাবে কৰা হয় যদিও সেই জ্ঞানৰ দ্বাৰা সমাজৰ কিছুমান দিশৰ বহুতো কল্যাণ সাধন হয়। বহুতো সমাজ সংস্কাৰকে সামাজিক গৱেষণাৰ ওপৰত নিৰ্ভৰ কৰি সমাজ সংস্কাৰমূলক কার্যত আত্মনিয়োগ কৰা দেখা যায় সমাজত এনে সংস্কাৰমূলক কার্যই সহায় কৰা সামাজিক গৱেষণাক কল্যাণমুখী বুলি কোৱা হয়। মানুহৰ সামাজিক জীৱন আৰু সামাজিক ঘটনাবোৰ বৈজ্ঞানিক পদ্ধতিৰে অধ্যয়ন কৰি সমাজক শুদ্ধ পথেৰে পৰিচালিত কৰিবলৈ প্ৰয়াস কৰা হয়। 

বিভিন্ন প্ৰকাৰৰ সামাজিক সমস্যা যেনে-আত্মহত্যা, চুৰি-ডকাইতি, সংঘর্ষ, সংঘাত, হিংসা, বিবাহ-বিচ্ছেদ, পৰিয়াল বিঘটন আদি দেখা যায় যিবিলাকে ব্যক্তিৰ জীৱন বিপন্ন কৰি তুলিব পাৰে। এইদৰে সমাজত ঘটি থকা বিভিন্ন ঘটনা আৰু সামাজিক সমস্যাবিলাকৰ ওপৰত প্ৰণালীবদ্ধভাৱে অধ্যয়ন কৰি তাৰ প্ৰকৃত কাৰণবিলাক উদ্ঘাটন কৰাই সামাজিক গৱেষণাৰ মুখ্য লক্ষ্য। এইদৰে সমাজত সৃষ্টি হোৱা বহুতো সামাজিক সমস্যাৰ সমাপ্তি ঘটোৱাত সামাজিক গৱেষণাই বিশেষ অৰিহণা যোগাইছে।

সামাজিক গৱেষণাৰ এই কেইটা লক্ষ্যৰ ওপৰিও আৰু কিছুমান লক্ষ্য আমি দেখা পাওঁ ৷

সামাজিক গৱেষণাৰ বৈশিষ্ট্যসমূহ তলত উল্লেখ কৰা হ’ল— 

(ক) সামাজিক গৱেষণাই নতুন নতুন বাস্তৱ তথ্য আৱিস্কাৰ কৰা হয়।

(খ) সামাজিক গৱেষণাই সঠিক সিদ্ধান্তৰ দ্বাৰা সামাজিক ঘটনাসমূহৰ আন্তঃসম্পর্ক তথা কাৰণ আৰু প্ৰভাৱ বিশ্লেষণ কৰা হয়।

(গ) সামাজিক গৱেষণাই বৈজ্ঞানিক সঁজুলিৰ অৱধাৰণা আৰু সিদ্ধান্তৰ বিকাশ ঘটোৱা হয়।

(ঘ) বিজ্ঞানসন্মত পদ্ধতিৰে সামাজিক ঘটনাবোৰ অধ্যয়ন কৰা।

(ঙ) নতুন নতুন বাস্তৱ সত্যবোৰ আৱিস্কাৰ কৰা যিবোৰ সামাজিক ঘটনাৰ লগত জড়িত আৰু সেইবোৰৰ আধাৰত প্ৰতিষ্ঠিত সিদ্ধান্তবোৰ আৰু সত্যবোৰক প্ৰতিষ্ঠা কৰা।

(চ) ইয়াৰ সহায়ত মানুহৰ আচৰণ আৰু কাৰ্যকলাপৰ মাজত নিহিত হৈ থকা আন্তঃসম্পর্ক নিৰ্ণয় কৰা।

(ছ) সামাজিক ঘটনাবোৰ সময় অনুক্ৰম নিৰ্ণয় কৰি সামাজিক গৱেষণাৰ যোগেদি পৰীক্ষা আৰু প্ৰমাণ কৰা ইত্যাদি।

(জ) বৈজ্ঞানিক গৱেষণাৰ যোগেদি যিকোনো ঘটনাৰ বাস্তৱ সত্যবোৰ আৱিস্কাৰ কৰি সেইবোৰ পুনৰীক্ষণ কৰা আৰু বিশ্লেষণ কৰি সেইবোৰৰ মাজত থকা আন্তঃসম্পর্ক নির্ণয় কৰি যিকোনা সিদ্ধান্তধৰ্মী আৰু পদ্ধতিগত সমস্যাৰ সমাধান কৰা।

(ঝ) সামাজিক সংৰচনা বা পদ্ধতিৰ যোগেদি গৱেষণা কার্যত আগবাঢ়ি যোৱা।

(ঞ) সমাজতত্ত্বৰ বিকাশৰ ক্ষেত্ৰত আগবঢ়াই নিবলৈ বৈজ্ঞানিক গৱেষণাসমূহে মূল ভূমিকা পালন কৰা।

(ট) সঠিক সিদ্ধান্ত কেন্দ্রিক গৱেষণা, বাস্তৱ সত্য উদঘাটনৰ বাবে যেনেকৈ উপযুক্ত ঠিক সেইদৰে সমাজতত্ত্বৰ সিদ্ধান্তসমূহৰ বিকাশত অৰিহণা যোগোৱা।

মুঠৰ ওপৰত সামাজিক গৱেষণাৰ লক্ষ্য হ’ল- বিশুদ্ধ পদ্ধতিৰে মানুহৰ আচৰণ, সামাজিক জীৱন প্ৰণালী, ব্যক্তিৰ পাৰস্পৰিক নিৰ্ভৰশীলতা, ব্যক্তিসকলৰ আন্তঃসম্বন্ধ, সামাজিক সংস্থা। আদিৰ সম্পৰ্কে অধ্যয়ন কৰা, সামাজিক গৱেষণাৰ দ্বাৰা প্ৰকল্প পৰীক্ষা আৰু সিদ্ধান্ত সংৰচনাৰ প্রয়োগ কৰা।

৭২। নমুনা ভিত্তিক অধ্যয়নৰ মূল উৎবোৰ কি কি? এই পদ্ধতিত গ্ৰহণ কৰিব লগা সতর্কতা মূলক ব্যৱস্থাবোৰ উল্লেখ কৰা। (What are the main sources of sample study? Mention the precautionary measures to be taken in this manner.)

উত্তৰঃ নমুনা ভিত্তিক অধ্যয়নত কিছুমান বিশেষ উৎসৰ পৰা তথ্য সংগ্ৰহ কৰা হয়। যিবোৰৰ দ্বাৰা এটা সামাজিক এককক পুংখানুপুংখ আৰু সুবিস্তৃতভাৱে অধ্যয়ন কৰি তথ্য সংগ্ৰহ কৰিব পৰা যায়। সেই উৎসসমূহ হ’ল—

(ক) ব্যক্তিগত নথিপত্র: এজন ব্যক্তিৰ জীৱন চক্ৰৰ ধাৰা বাহ্যিকতা, জীৱন দৰ্শন, অভিজ্ঞতা,সামাজিক সম্পর্ক ব্যক্তিত্ব আদি ব্যক্তিগত নথিপত্ৰসমূহৰ মাধ্যমেৰে প্ৰকাশ পায়। আত্মজীৱনী,স্মৃতিলিপি, দিনলিপি, চিঠি-পত্ৰ, সোৱৰণি, ব্যক্তিগত জীৱনৰ বিশেষ ঘটনাসমূহৰ উল্লেখ থকা

অন্যান্য নথিপত্ৰ আদিক ইয়াৰ অন্তৰ্ভুক্ত কৰিব পাৰি। ব্যক্তিগত নথিপত্ৰসমূহে এজন ব্যক্তিৰ মানসিক গঠন, গতিশীল মনোভাৱ, কম প্ৰেৰণা দিয়ে। ব্যক্তিগত নথিপত্রসমূহ গুণগত বিশ্লেষণ যদিও এইবোৰৰ মাজেদি লেখকজনৰ মানসিক আৰু সামাজিক অভিব্যক্তি প্রকাশ পায়।

গতিকে এইবোৰ নমুনাভিত্তিক অধ্যয়নৰ অৰ্থপূৰ্ণ উৎস।

(খ) জীৱন বুৰঞ্জী: জীৱন বুৰঞ্জীত নথিপত্ৰবোৰ অন্তৰ্ভুক্ত থাকে। অৱশ্যে ই বেছি বর্ণনাত্মক। এজন ব্যক্তিৰ জীৱনৰ প্ৰধান ঘটনাবোৰ এইবোৰত লিপিবদ্ধ থাকে। গতিকে এইবোৰৰ নমুনাভিত্তিক অধ্যয়নৰ প্ৰয়োজন হোৱা তথ্যসমূহৰ অন্যতম উৎস।

নমুনাভিত্তিক অধ্যয়ন প্রণালীত কিছুমান সাৱধানতা আগতীয়াকৈ গ্ৰহণ কৰিব লাগে। সেই সাৱধানতা হ’ল—

(ক) যোজনা নমুনাক পুনৰ অধ্যয়ন কৰিব লাগিব নেকি তাক পৰীক্ষা কৰা বা পুনৰ অধ্যয়নৰ সম্ভাৱনা নিশ্চিত কৰা। 

(খ) তথ্য বিশ্লেষণ আৰু সংশ্লেষণ পদ্ধতিবোৰ নিৰ্দ্ধাৰণ কৰা।

(গ) প্ৰস্তাৱিত অধ্যয়নটোৰ বিভিন্ন দিশবোৰ বাছি উলিয়াই কি কি তথ্য সংগ্ৰহ কৰিব তাকে ঠিৰাং কৰা।

(ঘ) একক এটা ঐকিক বা একত্ৰিত চৰিত্ৰযুক্ত নাইবা সম্পূর্ণ হয়নে নহয় তাক আগতে পৰীক্ষা কৰা আৰু এনে চৰিত্ৰ অক্ষুন্ন ৰখা।

(ঙ) নমুনাভিত্তিক অধ্যয়নৰ বাবে এটা যথোপযুক্ত বিষয়বস্তু নিৰ্দ্ধাৰণ কৰা। 

(চ) তথ্য সংগ্ৰহৰ উপযুক্ত পদ্ধতি বা কৌশলবোৰ ঠিৰাং কৰা।

(ছ) তথ্য সংগ্ৰহৰ সময় নিৰ্দ্ধাৰণ কৰা আৰু এটা সময় সীমাৰ ভিতৰত অধ্যয়ন সম্পন্ন কৰাৰ ব্যৱস্থা কৰা।

(জ) নমুনা ভিত্তিক অধ্যয়নবোৰ মুঠ খৰচ কিমান হ’ব তাক নিশ্চিত কৰা।

(ঝ) নমুনাবোৰৰ পৰা প্ৰত্যাশিত পৰিমাণৰ তথ্য পাবনে নাপাব আৰু তথ্যবোৰ কাৰ্যকৰী ধৰণৰ হ’বনে নাই সেই বিষয়ে যথাসম্ভৱ পূর্বানুমান কৰা।

(ঞ) জনসমষ্টি বা অধ্যয়ন ক্ষেত্ৰটোক নিৰ্দিষ্ট কৰা। জনসমষ্টিটোৰ পৰা আৱশ্যক অনুযায়ী যথাসম্ভৱ প্ৰতিনিধিত্বমূলক একক বাছনি কৰা।

এই ব্যৱস্থাসমূহ গ্ৰহণ কৰিলে নমুনা ভিত্তিক অধ্যয়ন কাৰ্যকৰী আৰু বস্তুনিষ্ঠ।

৭৩। সামাজিক গৱেষণাত অভিকৰণৰ গুৰুত্ব ব্যাখ্যা কৰা। (Explain the importance of agency in social research.)

উত্তৰঃ সামাজিক গৱেষণাত অভিকল্পৰ গুৰুত্ব উল্লেখ কৰা হ’ল— 

(ক) অভিকল্পই গৱেষণাৰ পথসমূহ সহজসাধ্য কৰি গৱেষণাৰ কামত আগবাঢ়ি যাবলৈ সহায় কৰে।

(খ) ই গৱেষণাৰ কাম শৃংখলাবদ্ধতাৰ মাজেৰে গতি কৰিবলৈ প্ৰেৰণা যোগায়। 

(গ) অভিকল্পই গৱেষণাৰ ক্ষেত্ৰত দেখা দিয়া বিশৃংখলতাক সমাধান কৰে।

(ঘ) গৱেষণাৰ ফলাফল অধিক নিৰ্ভৰশীল হ’বৰ বাবে গৱেষণাৰ কামত অভিকল্পৰ যোগেদি আগবাঢ়িলে সুফল পোৱা যায়।

(ঙ) গৱেষণাৰ কামবোৰ সহজে পৰীক্ষা আৰু প্ৰমাণ কৰিৰ বাবে অভিকল্পৰ যোগেদি গৱেষণাৰ কামত আগবাঢ়িলে সুফল পোৱা যায়।

(চ) অভিকল্পৰ অবিহনে গৱষণা কৰিলে বহুতো সময়ত গৱেষকক সময় ও তথ্য অথলে যাব পাৰে।

(ছ) অভিকল্প এটা আগত ৰাখি গৱেষণাৰ কামত আগবাঢ়িলে গৱেষণাৰ কাৰণে প্ৰয়োজনীয় সামগ্ৰীসমূহ আগতে আহৰণ কৰি ল’ব লাগে।

(জ) এজন গৱেষকক এটা অভিকল্পই গৱেষণাৰ প্ৰতিটো দিশতে সহায় কৰি গৱেষণাৰ কাৰ্য সুচাৰুৰূপে চলাবলৈ সুবিধা কৰি দিয়ে।

(ঝ) অভিকল্পই কোনো এটা গৱেষণাত কি নিৰীক্ষণ কৰিব আৰু কিহৰ ওপৰত নিৰীক্ষণ কৰিব, কাক নিৰীক্ষণ কৰিব, কেনেকৈ নিৰীক্ষণ কৰিব, কি উদ্দেশ্য নিৰীক্ষণ কৰিব, নিৰীক্ষণৰ যোগেদি পোৱা তথ্যপাতি কেনেকৈ নিৰীক্ষণ কৰিব, আহৰণ কৰা তথ্যপাতিসমূহ কেনেকৈ বিশ্লেষণ কৰিব, বিশ্লেষণৰ পাছত কি মন্তব্য কৰিব ইত্যাদি দিশবোৰ বুজি উঠাত সহায় কৰিব পাৰে।

৭৪। বর্ণনাত্মক গবেষণা অভিকল্পৰ গুৰুত্বসমূহ আলোচনা কৰা। (Discuss the importance of descriptive research design.) 

উত্তৰঃ বর্ণনাত্মক গবেষণা অভিকল্পৰ গুৰুত্বসমূহ : বর্ণনাত্মক অভিকল্প হ’ল যিকোনো সামাজিক ঘটনা, বিভিন্ন সামাজিক সমূহ আৰু সম্প্ৰদায়ৰ বিষয়ে বিস্তৃত আৰু সত্য শুদ্ধ তথ্য সংগ্ৰহ কৰাৰ ব্যৱস্থা। যিটোৱে বর্ণনাত্মক অধ্যয়নৰ যোগেদি তথ্যৰ বৰ্ণনাত্মক বিৱৰণ দাঙি ধৰে।

বৰ্ণনাত্মক অভিকল্পৰ মূল উদ্দেশ্য হৈছে যিকোনো সমূহ বা সমুদায় বা ঘটনাৰ বিষয়ে নিজস্ব তথ্য সংগ্ৰহ কৰা । সেয়ে এনে সমূহ, সম্প্রদায় বা ঘটনাৰ যি অধ্যয়ন কৰা হ’ব তাৰ এটা বিস্তৃত। আৰু সুস্পষ্ট বর্ণনা প্ৰকাশ কৰা হয়। উদাহৰণস্বৰূপে গ্ৰাম্য অঞ্চলৰ শিক্ষিতৰ হাৰৰ ওপৰত অধ্যয়ন কৰিব লগা হ’লে কেইটামান গাঁৱক নমুনা হিচাপে বাচি লৈ প্ৰতিখন গাঁৱৰ এটা শুদ্ধ বর্ণনা প্ৰকাশ কৰিব লাগিব। যেনে— গাঁওসমূহৰ চমু ইতিহাস, পৰিয়ালৰ সংখ্যা, যুটীয়া আৰু প্রাথমিক পৰিয়াল, পুৰুষ-মহিলাৰ বেলেগ বেলেগ সংখ্যা, অর্থনৈতিক অৱস্থা, শিক্ষা, ধর্ম, শিক্ষানুষ্ঠানৰ সংখ্যা, ল’ৰা-ছোৱালীৰ শিক্ষাৰ প্ৰতি ধাউতি কেনেকুৱা প্ৰাথমিক বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয় আৰু অন্যান্য কাৰিকৰী বা চিকিৎসা বিজ্ঞানত ছাত্ৰ-ছাত্ৰীৰ অংশগ্রহণ কিমান ইত্যাদিবিলাকৰ ওপৰত সম্পূৰ্ণ এটা বৰ্ণনা দিয়াৰ পাছত গাঁৱৰ মানুহৰ শিক্ষিতৰ হাৰ কিমান তাৰ ওপৰত বহুতো তথ্যপাতি প্রকাশ পাব।

সমাজতত্ব অধ্যয়নৰ ক্ষেত্ৰত বৰ্ণনাত্মক অভিকল্পৰ গুৰুত্ব বহুতো আছে বুলি ক’ব পৰা যায়। সমাজতত্বক যিটো সময়ৰে পৰা বৈজ্ঞানিক পদ্ধতিৰে অধ্যয়ন আৰম্ভ কৰা হৈছে সেইটো সময়ৰ পৰাই বৰ্ণনাত্মক অভিকল্পৰ গুৰুত্ব সমাজত প্ৰচলিত হৈ আহিছে। বৰ্ণনাত্মক অধ্যয়নৰ যোগেদি বহুতো নতুন নতুন পৰীক্ষামূলক গৱেষণা চলি আহিছে।

বর্ণনাত্মক গৱেষণাৰে যিকোনো সামাজিক ঘটনা, বিভিন্ন সামাজিকসমূহ আৰু সম্প্ৰদায়ৰ বিষয়ে বিস্তৃত আৰু সত্য শুদ্ধ তথ্য সংগ্ৰহ কৰাৰ ব্যৱস্থা কৰা হয়। সেয়ে বৰ্ণনাত্মক অধ্যয়নৰ যোগেদি সংগ্ৰহ কৰা তথ্য আৰু ঘটনাবোৰৰ বিস্তৃত বর্ণনামূলক বিৱৰণ দাঙি ধৰা হয়। উদাহৰণস্বৰূপে,

এটা জনজাতিৰ জীৱন পদ্ধতিৰ বিষয়ে অধ্যয়ন কৰিবলৈ যাওঁতে তেওঁলোকৰ জীৱন পদ্ধতিৰ বিষয়ে যিখিনি তথ্য আৱিস্কাৰ নোহোৱাকৈ আছে সেই তথ্যখিনি উদ্ধাৰ কৰিবৰ কাৰণে বৰ্ণনাত্মক অভিকল্পৰ আশ্ৰয় ল’বলগা হয় এনে অৱস্থাত অধ্যয়নৰ বাবে অভিকল্প তৈয়াৰ কৰোঁতে গৱেষকজনে কি পৰিমাণ কৰিব বিচাৰিছে আৰু সেই পৰিমাপ পদ্ধতিৰে লোৱা হ’ব? অধ্যয়নৰ ক্ষেত্র কি হ’ব? আদি দিশবোৰ বিচাৰ কৰিব লাগিব।

বর্ণনাত্মক অভিকল্পৰ যোগেদি অধ্যয়নৰ মূল বিষয়বস্তুৰ বাহিৰেও কিছুমান আনুষংগিক তথ্য প্রকাশ পাব লাগিব। যেনে— শিক্ষিতৰ হাৰ উলিয়াবলৈ যাওঁতে গাঁৱৰ সমাজত সামাজিক নিয়ন্ত্ৰণৰ প্ৰভাৱ কেনে? সংঘৰ্ষ আৰু সহযোগিতা কেনেদৰে পোৱা যায় ইত্যাদি।

বৰ্ণনাত্মক অভিকল্পৰ এটা বিশেষ দিশত বেছি গুৰুত্ব দিয়া হয়। যিবিলাক ঘটনা বা সমূহৰ বিষয়ে আগতে প্রণালীবদ্ধ অধ্যয়ন হোৱা নাই বা সেই বিষয়ে জ্ঞানৰ অভাৱ তেনে ক্ষেত্ৰতহে বৰ্ণনত্মক অধ্যয়ন কৰা হয়। অধ্যয়নটোৰ জনসংখ্যা যদি গাঁৱলীয়া বা নগৰীয়া হয় তেন্তে গৱেষকজন সেই নগৰ গাঁৱলৈ গৈ সেই অঞ্চলৰ বিভিন্ন মানুহৰ লগত মিলি তেওঁলোকৰ সকলোবোৰ দিশৰ বিষয়ে কিছুমান কথা জানিবলৈ সক্ষম হয়। এই অৱস্থাটোক প্রাথমিক ক্ষেত্র নিৰীক্ষণ বুলি কোৱা হয়।

৭৫। ক্ষেত্র অধ্যয়নকাৰী উৎস বুলিলে কি বুজা ? ক্ষেত্র অধ্যয়নকাৰী উৎসসমূহ কি কি? (What do you mean by the source of the case study? What are the sources of the case study?) 

উত্তৰঃ ক্ষেত্ৰ অধ্যয়নৰ যোগেদি গৱেষকসকলে যি দ্বিতীয়ক তথ্য সংগ্ৰহ কৰে, সেই পদ্ধতিক ক্ষেত্ৰ অধ্যয়নকাৰী উৎস (Field sources) বুলি কোৱা হয়।

ক্ষেত্র অধ্যয়নকাৰী উৎসসমূহ হ’ল:

(ক) নিৰীক্ষণ (observation)।

(খ) সাক্ষাৎকাৰ (Interview)।

(গ) প্ৰশ্নসূচীৰ প্ৰয়োগ (Application of schedule) আৰু

(ঘ) সাক্ষীৰ পৰা লাভ কৰা তথ্যপাতি (Information from the witness) ইত্যাদি।

৭৬। চমু টোকা লিখা: (Write short notes.)

(ক) নমুনা বাছনি আৰু পিয়ল পদ্ধতি। (Sample selection and Census method.)

উত্তৰঃ পৰিসংখ্যামূলক অধ্যয়ন কেইবা প্ৰকাৰৰো পোৱা যায়। তাৰে এটা হ’ল নমুনা বাছনি আৰু আনটো হ’ল পিয়ল পদ্ধতি। নমুনা আৰু পিয়ল একে নহয়। নমুনা বাছনি মানে হ’ল এটা বৃহৎ জনসমষ্টি, সংগঠন আৰু সমস্যাৰ লগত জড়িত হৈ থকা সকলোতথ্যৰ মাজৰ পৰা প্রতিনিধিত্বমূলকভাৱে অলপ সংখ্যক তথ্য বাছি লোৱাকে নমুনা বাছনি বুলি কোৱা হয়। আনহাতে পিয়ল মানে হ’ল অধ্যয়ন থলত সকলো ব্যক্তিৰপৰা তথ্য সংগ্ৰহ কৰা। যেনে- লোক পিয়ল, লোক পিয়লত প্রত্যেকৰে ঘৰে ঘৰে গৈ অনুসন্ধান কৰা হয়। গোটেই দেশখনকে থল (Universe) বুলি ধৰি ল’লে প্ৰতি ঘৰ মানুহ হ’ব একো একোটা গোট। প্রতিগোটকে অনুসন্ধান কৰা কাৰ্যকে পিয়ল (Census) বুলি কোৱা হয়। গতিকে দেখা গ’ল নমুনা আৰু পিয়ল দুয়োটা একে নহয়।

(খ) জনসমষ্টি বা অধ্যয়নক্ষেত্র। (In the case of public opinion or study.)

 উত্তৰঃ এটা জনসমষ্টিৰ প্ৰত্যেকটো একক অধ্যয়ন কৰাৰ পৰিৱৰ্তে নমুনা বাছনিৰ সহায়ত কিছুসংখ্যক এককক বাছনি আৰু অধ্যয়ন কৰি ফলাফল নিৰ্ধাৰণ কৰা হয়। যিটো ডাঙৰ সমূহৰ পৰা এনেদৰে নমুনা বাছনি কৰা হয়, সেই সমূহটোক জনসমষ্টি বা অধ্যয়নক্ষেত্ৰ বুলি কোৱা হয়।

(গ) অভিপ্রায়মূলক নমুনা বাছনি পদ্ধতি। (The Purposive sampling method.) 

উত্তৰঃ এজন গৱেষকে স্ব-ইচ্ছাই বা অভিপ্রায়মূলকভাৱে জনসমষ্টি এটাৰপৰা নমুনাবোৰ নির্বাচন কৰিলে তাকে অভিপ্রায়মূলক নমুনা বাছনি পদ্ধতি (The Purposive sampling method) বুলি কোৱা হয়। এনে নমুনা বাছনিত গৱেষকজনে ইচ্ছা অনুসৰি উদ্দেশ্যমূলকভাৱে নমুনা নির্বাচন কৰিব পাবে। গুড় আৰু হাটৰ মতে, নমুনা বাছনি কৰা পদ্ধতি সকলো গৱেষকৰ কাৰণে বেলেগ বেলেগ হ’ব পাৰে আৰু প্ৰতিজন গবেষকে নিৰ্বাচন কৰাৰ স্বাধীনতা লাভ কৰে।

(ঘ) যাদৃচ্ছিক নমুনা বাছনিৰ কৌশলসমূহ। (Techniques of random sampling.)

উত্তৰঃ কোনো এটা জনসমষ্টিৰপৰা যাদৃচ্ছিকভাৱে নমুনা নির্বাচন কৰিবলৈ বিশেষ কিছুমান কৌশল পদ্ধতি অনুসৰণ কৰা হয়।

সেইবোৰ হ’ল:

(১) লটাৰী পদ্ধতি (Lottery Method)।

(২) টিপ্লেট নাম্বাৰ (Tippett’s number)।

(৩) অনুক্রমিক তালিকাৰ পৰা বাছনি (Selection from sequential list)।

(৪) গ্রীড পদ্ধতি (Grid system) আদি।

(ঙ) ভাগ বিতৰণ নমুনা বাছনি। (Shared distribution sample selected.) 

উত্তৰঃ স্তৰীকৃত নমুনা বাছনি পদ্ধতিৰ ভিতৰত ভাগ বিতৰণ নমুনা বাছনি পদ্ধতি হ’ল এটা অংশ। এই ভাগ বিতৰণ নমুনা পদ্ধতি অনুযায়ী এটি জনসমষ্টি বা অধ্যয়নৰ ফলটোক কেবাটাও ভৰত ভাগ কৰা হয়। ইয়াৰ পিছত প্ৰতিটো স্তৰৰ পৰা কিমান সংখ্যক নমুনা নির্বাচন কৰিব সেইটো ঠিক কৰি লোৱা হয়। তেনেকুৱা সংখ্যাটোকে ভাগ বিতৰণ (Quota) বুলি কোৱা হয়। এজন গবেষকে এটি জনসমষ্টিত বা অধ্যয়নৰ ফলক কিমান ভাগ কৰি ল’ব সেইটো তেওঁৰ ওপৰত নিৰ্ভৰ কৰে।

(চ) বহুপর্যায়ী নমুনা পদ্ধতি। (Multi Stage sampling) 

উত্তৰঃ যিকোনো এটি গৱেষণাত যেতিয়া কেইবাটাও পৰ্যায় গৱেষণা কৰিব লগা হয় তেনে নমুনা নির্বাচন পদ্ধতিক বহুপৰ্যায়ী নমুনা বাছনি বুলি কোৱা হয়। যেনে- প্ৰতিখন জিলাৰ পৰা এটা মহকুমা নিৰ্বাচন কৰা। প্ৰতিখন গাঁও পঞ্চায়তৰ পৰা এখন বা দুখন গাওঁ নিৰ্বাচন কৰা, এনেকৈ অনুমান কৰা নিৰ্বাচনেই হ’ল বহু পর্যায়ী নমুনা নির্বাচন (Multi Stage sampling)।

(ছ) সুবিধাজনক নমুনা বাছনি। (Convenience sampling) 

উত্তৰঃ সুবিধাজনক নমুনা বাছনি পদ্ধতিক বহুতে অশৃংখলিত নমুনা বাছনি বুলি ক’ব বিচাৰে কাৰণ এনে নমুনা বাছনিত অসাৱধানভাৱে গৱেষকে নিজৰ সুবিধা অনুযায়ী নিজৰ নমুনা নিৰ্বাচন কৰে। এনেকুৱা নমুনা নির্বাচন সাধাৰণতে কেইটামান নির্দিষ্ট ক্ষেত্ৰত প্ৰয়োগ কৰা হয়, যেনে – 

(i) অধ্যয়নৰ থল (Universe of study) পৰিষ্কাৰ হিচাপে নাপালে, আৰু 

(ii) নমুনা উৎসৰ সম্পূৰ্ণ এখন তালিকা আৰু প্ৰতিচ্ছবি যদি পোৱা নাযায়।

(জ) বর্ণনাত্মক অভিকল্প। (Descriptive Design)

উত্তৰঃ বর্ণনাত্মক অভিকল্প হ’ল যিকোনো সামাজিক ঘটনা, বিভিন্ন সামাজিক সমূহ আৰু সম্প্রদায়ৰ বিষয়ে বিস্তৃত আৰু সত্য শুদ্ধ তথ্য সংগ্ৰহ কৰাৰ ব্যৱস্থা। যিটোৱে বৰ্ণনাত্মক অধ্যয়নৰ যোগেদি তথ্যৰ ওপৰত বৰ্ণনাত্মক বিৱৰণ দাঙি ধৰে। এই অভিকল্পৰ মূল উদ্দেশ্য হৈছে যিকোনো এটা সমূহৰ সমস্যাৰাজিৰ ওপৰত নিখুঁত তথ্য সংগ্ৰহ কৰা, মূল বিষয়বস্তুৰ অধ্যয়নৰ উপৰিও আনুষংগিক তথ্য প্ৰকাশ কৰা, প্ৰাথমিক ক্ষেত্ৰ নিৰীক্ষণ কৰা, নিৰীক্ষণ কৰাৰ পাছত তথ্য সংগ্ৰহৰ বাবে প্ৰথা প্ৰণালীবদ্ধভাৱে আগবঢ়া ইত্যাদি।

(ঝ) পৰীক্ষামূলক অভিকল্প। (Experimental design) 

উত্তৰঃ যিকোনো সামাজিক ঘটনা বা সমস্যাৰ লগত জড়িত থকা সম্পৰ্ক নিৰ্ধাৰণৰ বাবে পৰীক্ষামূলক গৱেষণা অভিকল্প প্রয়োগ কৰা হয়, উদাহৰণস্বৰূপে— মাদকদ্ৰব্য সেৱন আৰু পৰিয়াল বিঘটন যুদ্ধ আৰু সামাজিক পৰিস্থিতি ইত্যাদি দিশবোৰৰ মাজত থকা পৰিৱৰ্তনীয় গুণাগুণৰ (Variables) সম্পর্ক নির্ণয় কৰিবৰ বাবে পৰীক্ষামূলক অভিকল্প প্ৰয়োগ কৰা হয়।

(ঞ) অন্বেষণী অভিকল্প। (Exploration design) 

উত্তৰঃ অন্বেষণী অভিকল্প হ’ল এনে এটা অভিকল্প, যাৰ সহায়ত সমাজত ঘটি থকা বিভিন্ন সমস্যা আৰু সামাজিক ঘটনা আদিৰ লগত জড়িত কাৰণসমূহৰ বিষয়ে তন্ন তন্নকৈ বিশ্লেষণ কৰিবৰ বাবে আৰু সামাজিক সমস্যা আৰু ঘটনাৰ অন্তৰ্নিহিত এই কাৰকসমূহক আৱিষ্কাৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়।

(ট) প্ৰকল্পৰ নিৰ্দিষ্টতা আৰু প্ৰণালীবদ্ধতা। (hypothesis specificity and methodology)

উত্তৰঃ প্ৰকল্পৰ এটা প্ৰধান গুণ হৈছে, ইয়াৰ সদায়ে নির্দিষ্টতা আৰু প্ৰণালীবদ্ধতা থাকিব লাগিব। প্ৰকল্পৰ লগত জড়িত থকা ধাৰণাবোৰ নিৰ্দিষ্ট আৰু অৰ্থপূৰ্ণ হ’ব লাগিব। বহুতো অৰ্থপূৰ্ণ ধাৰণা আৰু বেলেগ বেলেগে স্বার্থবোধক ধাৰণা প্ৰকল্পত অন্তৰ্ভুক্ত হ’ব নালাগে। উদাহৰণস্বৰূপে, অতিমাত্ৰা সুৰাপানে মানুহৰ মাজত নানা বেমাৰৰ সৃষ্টি কৰে, ইয়াত ‘অতিমাত্ৰা সুৰাপান আৰু ‘নানা বেমাৰ’ দুয়োটা ধাৰণাই স্পষ্ট নহয়। গতিকে এইটো এটা ভাল প্রকল্প বুলি ল’ব নোৱাৰি । আনহাতে পৰিয়ালত অপৰাধমূলক কাৰ্যত লিপ্ত হ’বলৈ সুবিধা পায় । অপৰাধ সম্পৰ্কীয় গৱেষণাৰ বাবে ই এটা ভাল প্রকল্প বুলি ক’ব পাৰি।

(ঠ) বৈজ্ঞানিক সিদ্ধান্ত আৰু প্ৰকল্প। (Scientific decisions and projects) 

উত্তৰঃ বিজ্ঞানৰ আৰম্ভনিটোৱেই হৈছে প্ৰকল্প গঠন, এজন গৱেষকক বিজ্ঞানৰ প্ৰচলিত সিদ্ধান্তবিলাকে প্ৰকল্প গঠনৰ ক্ষেত্ৰত সহায় কৰে। উদাহৰণস্বৰূপে, অর্থনৈতিক দুৰৱস্থাই মানুহক অপৰাধমূলক কাৰ্যত লিপ্ত কৰোৱাই। এই সিদ্ধান্তক পর্যালোচনা কৰি নতুন প্রকল্প। প্রস্তুত কৰিব পাৰি। যিকোনো এটা ঘটনাৰ ওপৰত প্ৰতিষ্ঠিত সিদ্ধান্তসমূহৰ প্ৰকল্পই সুক্ষ্ম অধ্যয়ন কৰাত সহায় কৰে। ইয়াৰ ফলত সামাজবিজ্ঞানী সকলে বেলেগ বেলেগ প্রকল্প প্রস্তুত কৰি বিভিন্ন প্ৰকাৰৰ অধ্যয়ন কৰাত সহায়ক হয়।

(ড) বৈজ্ঞানিক সিদ্ধান্ত। (Scientific theory)

উত্তৰঃ বিজ্ঞানৰ আৰম্ভনিটোৱেই হৈছে প্ৰকল্প গঠন, এজন গৱেষকক বিজ্ঞানৰ প্ৰচলিত সিদ্ধান্তবিলাকে প্ৰকল্প গঠনৰ ক্ষেত্ৰত সহায় কৰে। উদাহৰণস্বৰূপে, অর্থনৈতিক দুৰৱস্থাই মানুহক অপৰাধমূলক কাৰ্যত লিপ্ত কৰোৱাই। এই সিদ্ধান্তক পর্যালোচনা কৰি নতুন প্রকল্প প্রস্তুত কৰিব পাৰি। যিকোনো এটা ঘটনাৰ ওপৰত প্ৰতিষ্ঠিত সিদ্ধান্তসমূহৰ প্ৰকল্পই সূক্ষ্ম অধ্যয়ন। কৰাত সহায় কৰে। ইয়াৰ ফলত সামাজবিজ্ঞানী সকলে বেলেগ বেলেগ প্রকল্প প্রস্তুত কৰি বিভিন্ন প্ৰকাৰৰ অধ্যয়ন কৰাত সহায়ক হয়।

(ঢ) বস্তুনিষ্ঠতা। (Objectivity)

উত্তৰঃ বিজ্ঞান মানে হৈছে প্ৰকৃত জ্ঞান, পৰীক্ষা নিৰীক্ষা কৰি প্ৰমাণৰ সৈতে যি সত্য বা শুদ্ধ। জ্ঞান পোৱা যায় তাকে বিজ্ঞান বুলি কোৱা হয়। পৰীক্ষা আৰু প্ৰমাণৰ অবিহনে কোনো জ্ঞানকে বিজ্ঞান বা শুদ্ধ জ্ঞান বুলি ক’ব নোৱাৰি। শুদ্ধ জ্ঞান লাভ কৰিবৰ কাৰণে পৰীক্ষা আৰু প্রমাণ পদ্ধতি শুদ্ধ হ’ব লাগিব। সেয়েহে, বিজ্ঞানৰ পৰীক্ষা আৰু প্ৰমাণ পদ্ধতিৰ কেইটামান বিশেষ গুণ থাকিব লাগিব। ইয়াৰ ভিতৰত এটা হৈছে ইয়াৰ বস্তুনিষ্ঠতা।

বৈজ্ঞানিক পদ্ধতিৰ দ্বাৰা উদ্‌ঘাটন কৰা সমাজৰ যিকোনো এটা দিশৰ মূল সত্য সিদ্ধান্তসমূহৰ ফলাফল নিৰপেক্ষ হ’ব লাগিব। কোনো এটা ঘটনা বা বস্তুক সদায়ে নিৰপেক্ষ বা বস্তুনিষ্ঠভাৱে অধ্যয়ন কৰিব লাগিব। বৈজ্ঞানিক পদ্ধতি অৱলম্বন কৰি আহৰণ কৰা ফলাফল ব্যক্তিগত মানুহৰ পছন্দ-অপছন্দৰ ওপৰত কেনে প্ৰভাৱ পেলায় তাৰ ওপৰত গুৰুত্ব দিব নালাগিব। ভাল বেয়া বিবেচনাৰ পৰা সকলো ফলাফল মুক্ত হ’ব লাগিব। বৈজ্ঞানিক পদ্ধতিৰ মূল লক্ষ্য হৈছে প্ৰকৃত নিৰপেক্ষ ফলাফল নিৰ্ণয় কৰাটো। নিৰপেক্ষ বা বস্তুনিষ্ঠ ফলাফল দিব নোৱাৰিলে। যিকোনো অধ্যয়নেই বৈজ্ঞানিক অধ্যয়ন নহয়।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top