Research Methods – II Unit 2 তথ্য সংগ্ৰহৰ পদ্ধতিসমূহ

Research Methods – II Unit 2 তথ্য সংগ্ৰহৰ পদ্ধতিসমূহ, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Research Methods – II Unit 2 তথ্য সংগ্ৰহৰ পদ্ধতিসমূহ Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Research Methods – II Unit 2 তথ্য সংগ্ৰহৰ পদ্ধতিসমূহ Question Answer can be of great value to excel in the examination.

Research Methods – II Unit 2 তথ্য সংগ্ৰহৰ পদ্ধতিসমূহ

Join Telegram channel

Research Methods – II Unit 2 তথ্য সংগ্ৰহৰ পদ্ধতিসমূহ Notes cover all the exercise questions in UGC Syllabus. Research Methods – II Unit 2 তথ্য সংগ্ৰহৰ পদ্ধতিসমূহ provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

৩৮। সামাজিক গৱেষণাৰ তথ্য সংগ্ৰহৰ বিভিন্ন কৌশলবিলাক চমুকৈ আলোচনা কৰা। (Briefly discuss the various techniques of social research data collection.)

উত্তৰঃ সাধাৰণতে যিবিলাক কৌশল বা প্রবিধি (technique)ৰ জৰিয়তে তথ্য সংগ্ৰহৰ কথা সম্পাদন কৰা হয়, তাকেই তথ্য সংগ্ৰহৰ প্রবিধি বা কৌশল বুলি কোৱা হয় সমাজতত্ত্বীয় অধ্যয়নৰ ক্ষেত্ৰত কেইটামান প্রবিধি নিৰ্ভৰযোগ্য বুলি পৰিগণিত হৈ আহিছে।

এইবোৰৰ বিষয়ে তলত আলোচনা কৰা হ’লঃ

(ক) সাক্ষাৎকাৰ্যসূচী (Interview schedule): সাক্ষাৎকাৰসূচী মানে হ’ল এখন প্রশ্ন তালিকা বা সূচী, যিখন প্ৰত্যক্ষ সাক্ষাৎকাৰত তথ্য সংগ্ৰহ কৰিবৰ কাৰণে গৱেষকসকলে ব্যৱহাৰ কৰে। শুদ্ধ আৰু প্ৰণালীবদ্ধভাৱে সাক্ষাৎকাৰৰ যোগেদি তথ্য সংগ্ৰহ কৰিব পাৰিলে গৱেষণাৰ শুদ্ধ উত্তৰ পোৱাত অসুবিধাৰ সন্মুখীন হ’ব লগা নহয়।

(খ) প্রশ্নসূচী (Questionnaire): গৱেষণাৰ প্ৰাথমিক তথ্য সংগ্ৰহ কৰিবৰ কাৰণে যি প্রশ্নৰ তালিকা প্ৰস্তুত কৰা হয়, তাকে প্রশ্নসূচী বুলি কোৱা হয়।

(গ) পর্যবেক্ষণ (Observation): নির্দিষ্ট ক্ষেত্ৰত ব্যক্তিৰ বাহ্যিক আচৰণ প্ৰণালীৰ বিষয়ে নিৰীক্ষণ কাৰ্যৰ জৰিয়তে তথ্যপাতি সংগ্ৰহ কৰা পদ্ধতিকে পর্যবেক্ষণ বোলা হয়। পর্যবেক্ষণ পদ্ধতিক মূলতঃ কেইটামান ভাগত বিভক্ত কৰিব পাৰি। যেনে— 

(i) নিয়ন্ত্রিত আৰু অনিয়ন্ত্রিত পর্যবেক্ষণ। আৰু 

(ii) অংশগ্ৰহী আৰু অনাঅংশগ্ৰহী পর্যবেক্ষণ।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

(ঘ) নমুনা অধ্যয়ন (Case Study): তথ্য সংগ্ৰহৰ আন এক প্ৰবিধি হ’ল নমুনা অধ্যয়ন। নমুনা অধ্যয়ন হ’ল কোনো বিশেষ ঘটনা বা সমস্যাৰ সন্দৰ্ভত সূক্ষ্মভাৱে নিৰীক্ষণৰ মাধ্যমেৰে অধ্যয়ন কৰা পদ্ধতি। নমুনা অধ্যয়নৰ গোট কোনো ব্যক্তি, পৰিয়াল, সংগঠন আদি হ’ব পাৰে । অধ্যয়ন যিহৰ বাবেই কৰা নহওঁক কিয়, এইটো ঠিক যে যিটোক লৈ অধ্যয়ন কৰা হয়, সেইটোক এটা সম্পূর্ণ গোট হিচাপে ধৰি লোৱা হয়।

আলোচনা কৰি অহা দিশসমূহৰ উপৰিও আৰু অনেক প্রবিধি আছে, যিবিলাকে তথ্য সংগ্ৰহ কৰাত সহায় কৰে। 

৩৯ । সামাজিক গৱেষণাৰ অনুসন্ধানৰ কৌশলসমূহৰ ভিতৰত পৰ্যবেক্ষণৰ গুৰুত্বৰ বিষয়ে আলোচনা কৰা। (Discuss the importance of observation within search strategies in social research.) 

উত্তৰঃ (ক) সামাজিক গৱেষণাত পৰ্যবেক্ষণৰ সহায়ত অতি সহজ আৰু সৰল পদ্ধতিৰে গৱেষণাৰ তথ্য সংগ্ৰহ কৰিব পাৰি।

(খ) এই পদ্ধতিয়ে গৱেষণাৰ কাৰণে পর্যবেক্ষণ প্ৰকল্পৰ গঠনৰ বাবে প্ৰস্তুত কৰি তোলে আৰু প্ৰস্তুতিয়ে ভৱিষ্যৎ অধ্যয়নৰ বাবে প্ৰকল্প ৰচনা কৰাত প্ৰেৰণা যোগায়। 

(গ) পৰ্যবেক্ষণৰ দ্বাৰা গৱেষণাৰ বাবে পোনে পোনে তথ্যবিলাক সংগ্ৰহ কৰিব পাৰি আৰু এই তথ্যসমূহৰ কাৰ্যকাৰিতা বেছি হয়। সেয়ে গৱেষণাৰ শুদ্ধ ফলাফল দিয়াত ই সহায়ক হয়।

(ঘ) নিৰীক্ষণ পদ্ধতিয়ে প্রকল্প বিলাক পুনৰ নিৰীক্ষণ কৰি এটা প্ৰকল্পৰ কাৰ্যকাৰিতা সহজে প্ৰমাণ কৰাত গুৰুত্ব দিয়ে।

(ঙ) নিৰীক্ষণ পদ্ধতিৰ দ্বাৰা তথ্য সংগ্ৰহ কৰা কাৰ্যক এক উমৈহতীয়া পদ্ধতিও বোলা হয়।

(চ) এই পর্যবেক্ষণ পদ্ধতিয়ে গৱেষণাৰ তথ্য সংগ্ৰহৰ ক্ষেত্ৰত নিৰ্ভৰযোগ্য ফলাফল দিব পাৰে ইত্যাদি।

৪০। নিৰীক্ষণ বা পর্যবেক্ষণ পদ্ধতিৰ সমস্যা বা অসুবিধাসমূহ আলোচনা কৰা। (Discuss the problems or disadvantages of the monitoring method.)

উত্তৰঃ সমাজিক গৱেষণাৰ পৰ্যবেক্ষণৰ সুবিধাসমূহ হ’ল—

(ক) সামাজিক গৱেষণাত পৰ্যবেক্ষণৰ সহায়ত অতি সহজ আৰু সৰল পদ্ধতিৰে গৱেষণাৰ তথ্য সংগ্ৰহ কৰিব পাৰি।

(খ) এই পদ্ধতিয়ে গৱেষণাৰ কাৰণে পর্যবেক্ষণ প্ৰকল্পৰ গঠনৰ বাবে প্রস্তুত করি তোলে আৰু প্ৰস্তুতিয়ে ভৱিষ্যৎ অধ্যয়নৰ বাবে প্ৰকল্প ৰচনা কৰাত প্ৰেৰণা যোগায়।

(গ) পৰ্যবেক্ষণৰ দ্বাৰা গৱেষণাৰ বাবে পোনে পোনে তথাবিলাক সংগ্ৰহ কৰিব পাৰি আৰু এই তথ্যসমূহৰ কাৰ্যকাৰিতা বেছি হয়। সেয়ে গৱেষণাৰ শুদ্ধ ফলাফল দিয়াত ই সহায়ক হয়। 

(ঘ) নিৰীক্ষণ পদ্ধতিয়ে প্রকল্প বিলাক পুনৰ নিৰীক্ষণ কৰি এটা প্ৰকল্পৰ কাৰ্যকারিতা সহজে প্ৰমাণ কৰাত গুরুত্ব দিয়ে।

(ঙ) নিৰীক্ষণ পদ্ধতিৰ দ্বাৰা তথ্য সংগ্ৰহ কৰা কাৰ্যক এক উমৈহতীয়া পদ্ধতিও বোলা হয়। 

(চ) এই পর্যবেক্ষণ পদ্ধতিয়ে গৱেষণাৰ তথ্য সংগ্ৰহৰ ক্ষেত্ৰত নিৰ্ভৰযোগ্য ফলাফল দিব পাৰে ইতাদি।

সামাজিক গবেষণাত পর্যবেক্ষণৰ সমস্যাসমূহ তলত উল্লেখ কৰা হ’ল—

(ক) পর্যবেক্ষণ পদ্ধতিৰ সহায়ত সমাজৰ বহুতো ঘটনা বা সমস্যার বিষয়ে শুদ্ধ তথ্য সংগ্রহ কৰাত অসুবিধা হয়।

(খ) পর্যবেক্ষণ পদ্ধতিত যিখিনি নিৰীক্ষণ কৰা হয় তাত তথ্য হিচাপে সংগ্ৰহ কৰা হয়। ইয়াত কোনোধৰণৰ সংৰচিত তথ্য সংগ্রহসূচী ব্যৱহাৰ কৰা নহয়। ফলত তথ্যবোৰ শ্ৰেণীকৰণ কৰাৰ ক্ষেত্ৰত অসুবিধা আহি পৰে।

(গ) এই পদ্ধতিৰ জৰিয়তে সমাজত ঘটনা সকলো কার্য নিৰীক্ষণ অৱস্থাত লিপিবদ্ধ কৰা হয়। সেয়ে এইসমূহ শ্রেণীকৰণ কৰি শুদ্ধ ফলাফল লাভত অসুবিধাৰ সৃষ্টি হয়।

(ঘ) এই পদ্ধতিটো সামাজিক গৱেষণাৰ বাবে বিজ্ঞানসম্মত পদ্ধতি নহয়। যিহেতু পর্যবেক্ষকে নিৰ্ভৰ কৰা ধাৰণাৰ যোগেদি উদ্ধাৰ কৰা তথ্যবোৰহে লিপিবদ্ধ করে। 

(ঙ) এই পদ্ধতি যোগে সংগ্ৰহ কৰা তথ্যবোৰ সম্পূৰ্ণ নিৰপেক্ষ আৰু গৱেষকৰ অনুভূতিক‌ প্রভাৱৰ পৰা মুক্ত নহয়।

(চ) পর্যবেক্ষণ পদ্ধতি এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত শেষ কৰা হয়। ফলত ইয়াৰ আগত বা পাছত ঘটনাবিলাকৰ বিষয়ে পর্যাবেক্ষকজন অজ্ঞাত হৈ থাকিবলগীয়া হয়।

(ছ) যদিহে পর্যবেক্ষণ কৰিবলৈ লোৱা সমুহটো বেছি শিক্ষিত আৰু সতর্ক হয় তেন্তে পর্যবেক্ষকৰ আগত তেওঁলোকে কৃত্রিম আচৰণ প্ৰদৰ্শন কৰিব পাৰে যাৰ ফলত তেওঁৰ শুদ্ধ। তথ্য আহৰণত আউল লাগে।

(জ) জনসমাজৰ সকলোবিলাক সামাজিক ঘটনা আৰু আচৰণ এই পদ্ধতিৰ দ্বাৰা পৰ্যবেক্ষণ‌ কৰাটো সম্ভৱ নহয়।

(ঝ) নিৰীক্ষণ পদ্ধতি যথোপযুক্ত নহ’লে প্রকৃত শুদ্ধ তথ্য আহৰণত সমস্যাৰ সৃষ্টি হয় ইত্যাদি।

৪১। নিয়ন্ত্ৰিত আৰু অনিয়ন্ত্রিত পর্যবেক্ষণ মানে কি বুজা? নিয়ন্ত্ৰিত আৰু অনিয়ন্ত্রিত পর্যবেক্ষণৰ মাজৰ পাৰ্থক্যবোৰ উল্লেখ কৰা। (What does controlled and uncontrolled observation mean? Mention the differences between controlled and uncontrolled observation.) 

উত্তৰঃ যি পৰ্যবেক্ষণৰ দ্বাৰা সামাজিক ঘটনাৰ পৰিৱেশ আৰু পৰ্যবেক্ষণৰ ওপৰত নিয়ন্ত্ৰিত ব্যৱস্থা আৰোপ কৰা হয়, সেই পৰ্যবেক্ষণক নিয়ন্ত্ৰিণত পর্যবেক্ষণ বোলা হয়। ই এটা সামাজিক ঘটনাক নিয়ন্ত্ৰণত ৰাখি তথ্য সংগ্ৰহৰ ব্যৱস্থা কৰে।

যি পৰ্যবেক্ষণৰ দ্বাৰা সামাজিক ঘটনাৰ পৰিৱেশ আৰু পৰ্যবেক্ষণৰ ওপৰত নিয়ন্ত্ৰণ ব্যৱস্থা আৰোপ কৰা নহয় সেই পর্যবেক্ষণত অনিয়ন্ত্রিত পর্যবেক্ষণ বোলা হয়।

নিয়ন্ত্ৰিত আৰু অনিয়ন্ত্ৰিত পৰ্য্যবেক্ষণৰ মাজত থকা পাৰ্থক্যবোৰ তলত উল্লেখ কৰা হ’ল:

(ক) নিয়ন্ত্রিত পর্যবেক্ষণত এটা সামাজিক ঘটনাক এটা অনুৰূপ পৰিৱেশ সৃষ্টি কৰি বহুবাৰ পৰীক্ষা কৰা হয়। আনহাতে, অনিয়ন্ত্রিত পর্যবেক্ষণ পদ্ধতিত সামাজিক ঘটনা এটা নিৰীক্ষণ কৰাৰ ক্ষেত্ৰত সামাজিক সমূহবোৰক স্বাভাৱিক অৱস্থাত ৰখা হয়।

(খ) নিয়ন্ত্রিত পর্যবেক্ষণত বেলেগ বেলেগ পৰিৱেশৰ একোটা সামাজিক ঘটনাক নিয়ন্ত্রণ কৰি তথ্য সংগ্ৰহৰ ব্যৱস্থা কৰা হয়। আনহাতে, অনিয়ন্ত্রিত পর্যবেক্ষণ পদ্ধতিত পৰ্যবেক্ষণ কৰা সামাজিক সমূহৰ সদস্যসকলৰ আচৰণ বা কাৰ্যকলাপৰ ওপৰত কোনো কৃত্ৰিম অৱস্থাৰ সৃষ্টি কৰা নহয়।

(গ) নিয়ন্ত্রিত পর্যবেক্ষণত কোনোখিনি বস্তু বা ঘটনা নিৰীক্ষণ কৰিব আৰু আগতিয়াকৈ ঠিক কৰি লোৱা হয়। আনহাতে, অনিয়ন্ত্রিত পর্যবেক্ষণ পদ্ধতিত সামাজিক ঘটনা বা অন্যান্য পৰিস্থিতিৰ ওপৰত মানুহৰ যি মনোভাৱ ঠিক সেইদৰে এই পদ্ধতিৰ দ্বাৰা পৰ্যবেক্ষণ কৰা হয় ৷

(ঘ) নিয়ন্ত্ৰিত পৰ্যবেক্ষণৰ সহায়ত মানৱ সমাজৰ পৰা প্ৰকৃত শুদ্ধ আৰু সত্য তথ্য আহৰণ কৰিব পৰাটো সম্ভৱ হৈ উঠে। আনহাতে, অনিয়ন্ত্রিত পর্যবেক্ষণত এই পৰ্যবেক্ষণৰ দ্বাৰা ঘটনাৰ প্ৰকৃত সত্যৰ স্বৰূপ উদ্ঘাটন কৰিব পাৰি। 

(ঙ) সৰু সৰু গোট বা সমূহৰ ক্ষেত্ৰত নিয়ন্ত্ৰিত পৰ্যবেক্ষণ আৰোপ কৰিব পৰা যায় ৷ আনহাতে, অনিয়ন্ত্রিত পর্যবেক্ষণ সমাজৰ ডাঙৰ সমুহবোৰৰ ওপৰতো আৰোপ কৰিব পাৰি। 

(চ) নিয়ন্ত্রিত পর্যবেক্ষণত গৱেষকজনৰ ওপৰত নিয়ন্ত্ৰণ আৰোপ কৰা হয়। আনহাতে, অনিয়ন্ত্ৰিত পৰ্যবেক্ষণত গৱেষকজনৰ ওপৰতো কোনো ধৰণৰ নিয়ন্ত্ৰণ আৰোপ কৰা নহয়।

৪২। নিয়ন্ত্ৰিত পৰ্যবেক্ষণৰ সুবিধাবোৰ কি কি? (What are the advantages of controlled observation?)

উত্তৰঃ নিয়ন্ত্ৰিত পৰ্যবেক্ষণৰ সুবিধাবোৰ হ’ল—

(ক) নিয়ন্ত্রিত পর্যবেক্ষণত এটা সামাজিক ঘটনাক এটা অনুৰূপ পৰিৱেশ সৃষ্টি কৰি বহুবাৰ পৰীক্ষা কৰা হয়।

(খ) বেলেগ বেলেগ পৰিৱেশৰ একোটা সামাজিক ঘটনাক নিয়ন্ত্ৰণ কৰি তথ্য সংগ্ৰহৰ ব্যৱস্থা কৰা হয়।

(গ) নিয়ন্ত্রিত পর্যবেক্ষণত কোনোখিনি বস্তু বা ঘটনা নিৰীক্ষণ কৰিব আৰু আগতিয়াকৈ ঠিক কৰি লোৱা হয়।

(ঘ) সৰু সৰু গোট বা সমূহৰ ক্ষেত্ৰত নিয়ন্ত্ৰিত পৰ্যবেক্ষণ আৰোপ কৰিব পৰা যায়৷

(ঙ) এই পর্যবেক্ষণত প্রশ্নসূচী, সাক্ষাৎকাৰ সূচী, নমুনা পদ্ধতি আদি ব্যৱহাৰ কৰা হয়। 

(চ) ই পর্যবেক্ষকজনক পক্ষপাতিত্ব ভাৰৰ পৰা মুক্ত কৰি ৰাখে।

(ছ) নিয়ন্ত্ৰণৰ দ্বাৰা এজন গৱেষকে এটা বৃত্তিত পৰ্যবেক্ষণ কৰি প্ৰকৃত সত্য উদ্ঘাটন কৰিব পাৰে।

(জ) সামাজিক অধ্যয়নৰ ক্ষেত্ৰত নিয়ন্ত্রিত পর্যবেক্ষণ অতি প্রয়োজনীয়।

(ঝ) নিয়ন্ত্রিত পর্যবেক্ষণৰ সহায়ত মানৱ সমাজৰ পৰা প্ৰকৃত শুদ্ধ আৰু সত্য তথ্য আহৰণ কৰিব পৰাটো সম্ভৱ হৈ উঠে।

৪৩। নিয়ন্ত্রিত পর্যবেক্ষণ ৰ অসুবিধাসমূহ উল্লেখ কৰা। (Mention the disadvantages of controlled observation?) 

উত্তৰঃ নিয়ন্ত্রিত পর্যবেক্ষণৰ অসুবিধাসমূহ হ’ল—

(ক) এই পদ্ধতিত সামাজিক ঘটনা এটা নিৰীক্ষণ কৰাৰ ক্ষেত্ৰত সামাজিক সমূহবোৰক স্বাভাৱিক অৱস্থাত ৰখা নহয়।

(খ) পৰ্যবেক্ষণ কৰা সামাজিক সমূহৰ সদস্যসকলৰ আচৰণ বা কাৰ্যকলাপৰ ওপৰত কৃত্ৰিম অৱস্থাৰ সৃষ্টি কৰা হয়।

(গ) সামাজিক ঘটনা বা অন্যান্য পৰিস্থিতিৰ ওপৰত মানুহৰ যি মনোভাৱ ঠিক সেইদৰে এই পদ্ধতিৰ দ্বাৰা পৰ্যবেক্ষণ কৰা নহয়।

(ঘ) ইয়াত গৱেষকজনৰ নিয়ন্ত্ৰণ আৰোপ কৰা হয়।

(ঙ) এই পর্যবেক্ষণত গৱেষকজনে স্বাধীনভাৱে নিজৰ অধ্যয়ন ক্ষেত্ৰ বহল কৰিব নোৱাৰে।

(চ) এই পৰ্যবেক্ষণ সমাজৰ ডাঙৰ সমূহবোৰৰ ওপৰতো আৰোপ কৰিব নোৱাৰি।

(ছ) এই পর্যবেক্ষণৰ দ্বাৰা ঘটনাৰ প্ৰকৃত সত্যৰ স্বৰূপ উদ্ঘাটন কৰিব নোৱাৰি ইত্যাদি। 

৪৪। অনিয়ন্ত্রিত পর্যবেক্ষণৰ তিনিটা সুবিধা আৰু তিনিটা অসুবিধা উল্লেখ কৰা। (Mention three advantages and three disadvantages of uncontrolled observation.)

উত্তৰঃ অনিয়ন্ত্রিত পর্যবেক্ষণৰ সুবিধাবোৰ হ’ল-

(ক) এই পদ্ধতিত সামাজিক ঘটনা এটা নিৰীক্ষণ কৰাৰ ক্ষেত্ৰত সামাজিক সমূহবোৰক স্বাভাবিক অৱস্থাত ৰখা হয়।

(খ) পৰ্যবেক্ষণ কৰা সামাজিক সমূহৰ সদস্যসকলৰ আচৰণ বা কাৰ্যকলাপৰ ওপৰত কোনো কৃত্ৰিম অৱস্থাৰ সৃষ্টি কৰা নহয়।

(গ) সামাজিক ঘটনা বা অন্যান্য পৰিস্থিতিৰ ওপৰত মানুহৰ যি মনোভাব ঠিক সেইদৰে এই পদ্ধতিৰ দ্বাৰা পৰ্যবেক্ষণ কৰা হয়৷

অনিয়ন্ত্ৰিত পৰ্যবেক্ষণৰ অসুবিধাসমূহ তলত উল্লেখ কৰা হ’ল:

(ক) এই পর্যবেক্ষণত গৱেষকজনে তথ্য সংগ্ৰহৰ ক্ষেত্ৰত বেছি স্বাধীনতা লাভ কৰাৰ বাবে আৰু অনিয়ন্ত্ৰিত ভাৱে পৰ্যবেক্ষণ কৰাৰ বাবে যিটো প্ৰকৃত সত্য তথ্য বুলি ভবা হয় সেইটো গৱেষকে ভবা সত্যৰ পৰা বহু আঁতৰত হ’ব পাৰে।

(খ) অনিয়ন্ত্রিত পর্যবেক্ষণত গৱেষণাৰ তথ্য সংগ্ৰহ কৰি তাৰ পৰা যি ফল লাভ কৰা হয় যি বিপথগামীও হ’ব পাৰে।

(গ) এজন গৱেষকে গৱেষণা কৰিবলৈ এৰি দিলে তেওঁ নিজে শুদ্ধ বুলি ভবা তথ্যই প্রকৃত সত্যৰ সন্ধান নিদিবও পাৰে।

৪৫। ক্ষেত্ৰ পৰ্যবেক্ষণৰ পদক্ষেপবোৰ ব্যাখ্যা কৰা। (Explain the steps of observation in the case.)

উত্তৰঃ ক্ষেত্ৰ নিৰীক্ষণ বা পৰ্যবেক্ষণৰ অৰ্থ হ’ল সামাজিক ঘটনা এটা অধ্যয়ন কৰিবলৈ নিৰ্ধাৰিত সমূহ বা জনসমষ্টিটোক নিৰীক্ষণ কৰা আৰু তথ্য সংগ্ৰহ কৰা। কিছুমান নিৰ্দিষ্ট পদক্ষেপৰ মাজেদি ক্ষেত্র পর্যবেক্ষণ পদ্ধতি আগবঢ়াই নিয়া হয়।

ক্ষেত্ৰ পৰ্যবেক্ষণৰ মূল পদক্ষেপবোৰ তলত চমুকৈ উল্লেখ কৰা হ’ল:

(ক) বিষয়বস্তু নিৰ্ধাৰণ (Determination of the topic): ক্ষেত্র পর্যবেক্ষণৰ বাবে প্রথম পদক্ষেপ হ’ল এটা যথোপযুক্ত বিষয়বস্তু নিৰ্ধাৰণ কৰা, কাৰণ, সকলো সামাজিক ঘটনাৰ ওপৰত ক্ষেত্ৰ অধ্যয়ন কৰিব নোৱাৰি।

(খ) পৰ্যবেক্ষণৰ পদ্ধতি নিৰ্ধাৰণ (Determination of the method of study): ক্ষেত্ৰ নিৰীক্ষণৰ দ্বিতীয় পদক্ষেপত নিৰীক্ষণ পদ্ধতি বা কৌশলবোৰ নিৰ্ধাৰণ কৰিব লাগে, পর্যবেক্ষণ কৰিব লগা বিষয়বস্তুৰ প্ৰকৃতি অনুসৰি পৰ্যবেক্ষণৰ পদ্ধতিও নিৰ্ধাৰিত হয়।

(গ) জনসমষ্টি, সময় আৰু স্থান নিৰ্ধাৰণ (Determination of universe, time and place): ক্ষেত্ৰ নিৰীক্ষণৰ তৃতীয় পদক্ষেপত নিৰীক্ষণ কৰিব লগা জনসমষ্টিটো নিশ্চিত কৰি ল’ব লাগে। অধ্যয়ন ক্ষেত্র বা জনসমষ্টিটো নিৰ্ধাৰিত হোৱাৰ পাছত নিৰীক্ষণৰ সময় ঠিক কৰিব লাগে।

(ঘ) ক্ষেত্র পর্যবেক্ষক নিয়োগ ( Appointment of field workers or investigators): এই পদক্ষেপত ক্ষেত্র পর্যবেক্ষক, ক্ষেত্রকর্মী বা ক্ষেত্র অনুসন্ধানকাৰী সকলক নিয়োগ কৰা হয়। যদি গৱেষকজনে নিজেই পর্যবেক্ষণ কার্য সম্পন্ন কৰিব পাৰে তেন্তে পর্যবেক্ষকসকলক নিয়োগ কৰিব নালাগে।

(ঙ) তথ্যবিশ্লেষণ আৰু ফলাফল নির্ণয় (Data analysis and determination of results): ক্ষেত্ৰ নিৰীক্ষণৰ শেষ পদক্ষেপ হ’ল সংগৃহীত তথ্যবোৰ বৰ্গীকৰণ, শ্রেণীবদ্ধকৰণ, তালিকাকৰণ, তুলনাকৰণ আৰু যথোপযুক্ত পৰিসাংখ্যিক পদ্ধতিৰে বিশ্লেষণ আৰু সংশ্লেষণ (Synthesising) কৰি ফলাফল নিৰ্ধাৰণ কৰা হয়।

৪৬। অংশগ্ৰহণকাৰী পৰ্যবেক্ষণ বুলিলে কি বুজা? এই পর্যবেক্ষণৰ গুৰুত্ব বা সুবিধাসমূহ উল্লেখ কৰা। (What do you mean by participant observation? Mention the importance or benefits of this observation.) 

উত্তৰঃ যিটো পৰ্যবেক্ষণত গৱেষকজনে গৱেষণা সংক্রান্ত প্রয়োজনীয় তথ্যসমূহ বা এটা অঞ্চলৰ মানুহৰ লগত নিজে আন্তৰিকতাৰ মাজেৰে মিলিজুলি সেই সমূহটোৰে এজন সদস্যৰ নিচিনাকৈ থাকি তথ্য সংগ্ৰহ কৰা কাৰ্য সম্পাদিত কৰে, তেনে পর্যবেক্ষণকে অংশগ্ৰহণকাৰী পৰ্যবেক্ষণ বোলা হয়।

অংশগ্ৰহণকাৰী পৰ্যবেক্ষণৰ সুবিধাসমূহ তলত উল্লেখ কৰা হ’ল:

(ক) এই পর্যবেক্ষণত এজন গৱেষকে পর্যবেক্ষণৰ দ্বাৰা কোনো সমূহৰ কাৰ্যকলাপ বা ঘটনাৰ বিষয়ে প্রকৃত তথ্য সংগ্ৰহৰ সুবিধা পায়।

(খ) এই পর্যবেক্ষণত অধ্যয়নকাৰীজনে সমূহৰ এজন সদস্য হিচাপে আত্মনিয়োগ কৰি সমাজত লুকাই থকা বহুতো তথ্য আহৰণ কৰিবলৈ সুবিধা পায়। 

(গ) অংশগ্ৰহণকাৰী পৰ্যবেক্ষণত গৱেষকজনে এটা সমূহৰ সংঘটিত হোৱা বিভিন্ন ঘটনাব প্ৰতি প্ৰকাশ কৰা ক্রিয়া – প্রক্রিয়াবিলাক আৰু তাৰ লগত নিহিত হৈ থকা কাৰণ সম্পর্কে স্পষ্ট জ্ঞান লাভ কৰিবলৈ সক্ষম হয়।

(ঘ) অংশগ্ৰহণকাৰী পৰ্যবেক্ষণৰ সহায়ত এজন পর্যবেক্ষকে স্বাভাৱিক পৰিৱেশত সংগ্রহ কৰা তথ্যতকৈ বেছি শুদ্ধ আৰু প্ৰকৃত তথ্য সংগ্ৰহ কৰিব পাৰে।

(ঙ) এই পর্যবেক্ষণৰ দ্বাৰা গৱেষকে প্ৰচুৰ অভিজ্ঞতা লাভ কৰিবলৈ সমর্থবান হয়।

(চ) ইয়াৰ জৰিয়তে গৱেষকজনে তথ্যপাতিৰ তাৎপৰ্য সুন্দৰভাৱে উপলব্ধি কৰিব পাৰে যিহেতু ঘটনা সম্পৰ্কত এখন সুন্দৰ বাস্তৱ প্ৰতিচ্ছবি তেওঁ চকুত ভাহি উঠিব।

৪৭। অংশগ্ৰহণকাৰী পৰ্যবেক্ষণৰ অসুবিধাসমূহ কি কি? (What are the disadvantages of participant observation.)

উত্তৰঃ (ক) এই পৰ্যবেক্ষণত বিভিন্ন ভাষাভাষী, বিভিন্ন জনগোষ্ঠী, সম্প্রদায়, ধৰ্ম আৰু জাতি উপজাতিৰ সমষ্টি ভাৰতীয় সমাজত কোনো জনসমূহৰ বহুতো কাৰ্যকলাপৰ বেলেগ ঠাইৰ পৰা অহা গৱেষকে অংশগ্ৰহণ কৰা সম্ভৱ নহয়। 

(খ) এই পর্যবেক্ষণৰ সহায়ত সম্পূৰ্ণ নিৰপেক্ষ তথ্য প্রকাশ নাপায় কাৰণ অংশগ্ৰহণকাৰী গৱেষকজনে কোনো এটা সমূহৰ এজন সদস্য হিচাপে বহুদিন থকাৰ পিছত সমূহটোৰ লগত আন্তৰিকতাৰ ভাৱ গঢ়ি উঠে। ফলত সমূহৰ কাৰ্য-কলাপত ফুটি উঠা আবেগ অনুভূতিক প্রকাশ কৰাত বাধাৰ সৃষ্টি হয়।

(গ) এই পর্যবেক্ষণত অংশগ্ৰহণকাৰী গৱেষকজনে যিহেতু সমূহটোৰ আচৰণ কাৰ্য পদ্ধতিৰ লগত অভ্যস্ত হয়। সেয়ে তেওঁ কেতিয়াবা গুৰুত্বপূৰ্ণ সামাজিক ঘটনাকো গুৰুত্ব নিদিয়ে। ফলস্বৰূপে গৱেষকজনে গৱেষণাৰ শুদ্ধ তথ্য আহৰণ কৰাত বিফল হয়। 

(ঘ) এই পর্যবেক্ষণত কেতিয়বা গৱেষকজন সহটোৰ বিবাহ, ৰাজহুৱা মুকৰ্দ্দমা আদিত সোমাই পৰে। ফলত কেতিয়াবা তেওঁৰ পৰ্যবেক্ষণত পক্ষপাতিত্বমূলক হোৱা পৰিলক্ষিত হয়।

(ঙ) অংশগ্ৰহণকাৰী পৰ্যবেক্ষণত গৱেষকজনক পর্যবেক্ষণৰ বাবে যথেষ্ট সময় আৰু প্ৰস্তুতিৰ প্রয়োজন নাই ।

৪৮। অনা অংশগ্ৰহণকাৰী পৰ্যবেক্ষণৰ অসুবিধাসমূহ কি কি? (What are the disadvantages of non-participant observation.) 

উত্তৰঃ অনা অংশগ্ৰহণকাৰী পৰ্যবেক্ষণৰ অসুবিধাসমূহ তলত উল্লেখ কৰা হ’ল: 

(ক) এজন গৱেষকেক কোনো সমূহ বা জনসমষ্টিৰ বাহিৰত থাকি সামাজিক ঘটনাৰ সম্পূৰ্ণ শুদ্ধ তথ্য আহৰণ কৰিব নোৱাৰে।

(খ) এই পৰ্যবেক্ষণৰ আন এটা অসুবিধা হ’ল যে এজন পর্যবেক্ষকে সমাজৰ সম্পূৰ্ণ বাহিৰৰ পৰা সমাজ আভ্যন্তৰীণ ভাগত সংঘটিত কার্যকলাপবোৰৰ ওপৰত তথ্য আহৰণ কৰিব নোৱাৰে। 

(গ) এই পর্যবেক্ষণ পদ্ধতি ধাৰাবাহিকতাৰ অভাৱ পৰিলক্ষিত হয়। কাৰণ গৱেষকজনেকেৱল তেওঁৰ সন্মুখত দেখা দিয়া তথ্যবোৰহে সংগ্ৰহ কৰিবলৈ সমৰ্থবান হয়।

(ঘ) এজন গৱেষকক সমূহৰ লোকসকলে বাহিৰৰ বুদ্ধি জনাৰ ফলত কিছুমান গুৰুত্বপূৰ্ণ কথা প্ৰকাশ কৰিব নিবিচাৰে। ফলস্বৰূপে প্রকৃত সত্য তথ্য উদ্ধাৰ কৰিব নোৱাৰে।

(ঙ) সমূহটোৰ ওপৰত গৱেষকজনৰ পূৰ্বধাৰণা পৰ্যবেক্ষণ কৰাৰ কোনো সুবিধা নাই। ফলত তেওঁৰ চিন্তাত আউল লাগে আৰু শুদ্ধ তথ্য সংগ্ৰহত বাধাৰ সৃষ্টি হয়।

৪৯। সাক্ষাৎকাৰ্যসূচী মানে কি বুজা? সামাজিক গৱেষণাত সাক্ষাৎকাৰ্যসূচীৰ প্ৰয়োজনীয়তা আলোচনা কৰা। (what does the interview schedule means? Discuss the need for interviews in social research.)

উত্তৰঃ সাক্ষাৎকাৰসূচী মানে হ’ল এখন প্রশ্ন তালিকা বা সূচীৰ যিখন প্ৰত্যক্ষ সাক্ষাৎকাৰত তথ্য সংগ্ৰহ কৰিবৰ কাৰণে গৱেষকসকলে ব্যৱহাৰ কৰে। মুখামুখীভাৱে সাক্ষাৎকাৰ গ্ৰহণ কৰোতে সাক্ষাৎ গ্ৰহণকাৰীয়ে যিখন প্রশ্নতালিকা ব্যৱহাৰ কৰি প্রশ্ন সোধে আৰু উত্তৰসমূহ লিপিবদ্ধ কৰি যায়, সেই প্রশ্নতালিকাখনকেই সাক্ষাৎকাৰসূচী বুলি কোৱা হয়। 

সামাজিক গৱেষণাত সাক্ষাৎকাৰ্যসূচীৰ প্ৰয়োজনীয়তা:

(ক) গৱেষণাৰ বিষয়বস্তু সকলো দিশ খৰচি মাৰি অধ্যয়ন কৰাৰ পাছত সাক্ষাৎকাৰসূচী এখন প্ৰস্তুত কৰা হয় গতিকে, তথ্যসংগ্রহ কার্য প্রণালীবদ্ধ হয়। গৱেষণা বিষয়বস্তুৰ কোনো তথ্য বাদ পৰিও নাযায়।

(খ) সাক্ষাৎকাৰসূচী মুখা-মুখী তথ্য সংগ্ৰহ কৰোতে ব্যৱহাৰ কৰা হয়। ফলত, ব্যক্তিসকলৰ পৰা সম্পূৰ্ণ সঁহাৰি লাভ কৰা যায়।

(গ) তথ্য সংগ্ৰহৰ সময়ত প্রশ্নসূচীসহ গৱেষক বা সাক্ষাৎগ্রহণকাৰীজন সোঁশৰীৰে উপস্থিত থকাৰ বাবে গৱেষণা সম্পৰ্কে সাক্ষাৎকাৰীৰ মনত উদয় হোৱা যিকোনো সন্দেহ মৰিষণ কৰিব পাৰে।

(ঘ) সাক্ষাৎগ্ৰহণকাৰীয়ে যিহেতু উত্তৰসমূহ সাক্ষাৎকাৰ্যসূচীত লিপিবদ্ধ কৰি যায়। গতিকে উত্তৰবোৰ চমুকৈ খৰতকীয়াভাৱে লিখি যোৱাৰ ব্যৱস্থা কৰিব পাৰি।

(ঙ) সাক্ষাৎকাৰসূচীৰ আধাৰত সংগ্ৰহ কৰা তথ্যবোৰ বিশ্লেষণ কৰাৰ বাবে সহজসাধ্য হয়। তথ্যবোৰ সহজে বৰ্গীকৰণ, শ্ৰেণীকৰণ, তালিকাকৰণ, তুলনামূলক বিশ্লেষণ আদি কৰিব পাৰি।

৫০। সাক্ষাৎকাৰ্যসূচী আৰু প্ৰশ্নসূচীৰ মাজৰ পাৰ্থক্যবোৰ উল্লেখ কৰা। (Mention the differences between the interview schedule and the questionnaire.)

উত্তৰঃ সাক্ষাৎকাৰ্যসূচী আৰু প্ৰশ্নসূচীৰ মাজৰ পাৰ্থক্যবোৰ তলত উল্লেখ কৰা হ’ল—

(ক) সাক্ষাৎকাৰসূচীত সাক্ষাৎকাৰজনে এজন এজনকৈ সাক্ষাৎকাৰীৰ প্ৰশ্নবোৰ সুধিব লাগে। কিন্তু প্রশ্নসূচীত সাক্ষাৎকাৰে সাক্ষাৎকাৰীক এজন এজনকৈ প্রশ্ন সুধিব নালাগে।

(খ) সাক্ষাৎকাৰ সূচীত সাক্ষাৎকাৰ আৰু সাক্ষাৎকাৰীৰ মাজত মুখামুখি সম্বন্ধ গঢ়ি উঠে। আনহাতে প্রশ্নসূচীত উত্তৰসমূহ ডাকযোগে প্ৰেৰণ কৰিব লগা হোৱাৰ বাবে মুখামুখি সম্বন্ধ গঢ়ি নুঠে। 

(গ) সাক্ষাৎকাৰ্যসূচীত বেছি সময় আৰু শ্ৰমৰ প্ৰয়োজন হয়। কিন্তু প্রশ্নসূচীত বেছি অর্থ ব্যয় হয়।

(ঘ) সাক্ষাৎকাৰ্যসূচীৰ সহায়ত গৱেষকজনে সাক্ষাৎকাৰীক ব্যক্তিগত ভাৱে জানিব পাৰে। আনহাতে প্রশ্নসূচীত তেনে কোনো সুবিধা নাই ইত্যাদি।

৫১। সাক্ষাৎকাৰ্যসূচীৰ গঠন প্রণালী ব্যাখ্যা কৰা। (Explain the structure of the interview schedule.)

উত্তৰঃ উপযুক্তভাৱে কাৰ্যকৰী প্ৰশ্নসূচী বা সাক্ষাৎকাৰসূচী প্ৰস্তুত কৰোতে তলত উল্লেখ কৰা প্ৰণালী বা ব্যৱস্থাবোৰ অৱলম্বন কৰিব লাগে।

সাক্ষাৎকাৰসূচী এখন বস্তুনিষ্ঠ আৰু প্ৰণালীবদ্ধ হ’লেহে সঠিক সঁহাৰি লাভ কৰা যায়। প্ৰশ্নসমূহ আকর্ষণীয়, প্রাসংগিকতাপূর্ণ, সহজ-সৰল হ’লে সঠিক সহাঁৰি পোৱা যায়।

সাক্ষাৎকাৰসূচী এখনৰ মূল অংশ তিনিটা। প্ৰথম অংশক আৰম্ভণী বা প্ৰস্তাৱনা (Introductory part) বুলি কোৱা হয়। এই অংশত গৱেষণা বিষয়বস্তু, অধ্যয়নক্ষেত্ৰ আৰু জনসমষ্টি, সাক্ষাৎকাৰসূচী আৰু অনুসন্ধানৰ প্ৰকৃতিৰ বিষয়ে উল্লেখ কৰা হয়। ইয়াত গৱেষণা বিষয়বস্তুৰ শিৰোনামা, গৱেষকৰ ঠিকনা, সাক্ষাৎকাৰ সম্পৰ্কে সাধাৰণ বিৱৰণ, সাক্ষাৎকাৰৰ স্থান, সময় আদি লিখা হয়।

দ্বিতীয় অংশক মূল অংশ (main schedule) বুলি কোৱা হয়। ইয়াত মূল প্রশ্নসমূহ আৰু তালিকাবোৰ উপস্থাপন কৰা হয়। গতিকে ই হ’ল সাক্ষাৎকাৰসূচীৰ অতি গুৰুত্বপূৰ্ণ অংশ। তৃতীয় অংশত সাক্ষাৎ লওঁতাৰ বাবে কিছুমান নিদের্শনা (instructions) সন্নিবিষ্ট কৰা হয় । অর্থাৎ সাক্ষাৎ গ্রহণ প্ৰক্ৰিয়াত ক্ষেত্রকর্মী বা অন্য সাক্ষাৎ গ্ৰহণকাৰীয়ে অনুসন্ধান কৰিব লগা নীতি নিয়মবোৰ এই অংশত লিখা হয়।

৫২। সংৰচিত সাক্ষাৎকাৰ্যসূচী কি? সংৰচিত সাক্ষাৎকাৰ্যসূচীৰ সম্পৰ্কে লিখা। (What is a reserve interview schedule? Write about the reserve interview schedule.)

উত্তৰঃ যি সাক্ষাৎকাৰ্যসূচীত ব্যক্তিক সুধিবলগীয়া প্ৰশ্নসূচীত প্ৰতিটো প্ৰশ্নৰ উত্তৰ যেনেদৰে পাবলৈ ইচ্ছা কৰে তেনে ধৰণে সজোৱা হয় আৰু উত্তৰ পোৱাৰ ক্ষেত্ৰত এটা ইংগিত দিব লগা হয়, তেনে প্রশ্নসূচীক সংৰচিত সাক্ষাৎকাৰসূচী বোলা হয়। ইয়াত সাধাৰণতে এটা প্ৰশ্নৰ উত্তৰ হিচাপে কেইবাটাও প্রশ্নৰ উত্তৰ প্ৰশ্নকাকতখনত দিয়া থাকে। উত্তৰ দিওতাই তাৰ যিকোনো এটা উত্তৰ বাছি লৈ উত্তৰ দিব লগা হয়। 

যেনে— প্রশ্ন: আপুনি বিবাহিতা নে? হয় / নহয়।

এই প্ৰশ্নৰ উত্তৰ হিচাপে দুটা সম্ভাৱনীয় উত্তৰ দিয়া আছে এইদৰে প্ৰথমৰ পৰা কি প্রশ্ন ক্রমিকভাৱে সোধা হ’ব আৰু প্ৰতিটো প্ৰশ্নৰ উত্তৰ কি ভাৱে পোৱা হ’ব এই বিষয়ে আগতীয়াকৈ প্ৰস্তুত কৰা সাক্ষাৎকাৰসূচীকে সংৰচিত সাক্ষাৎকাৰসূচী বুলি কোৱা হয়। আৰ্থ-সামাজিক সমস্যা অধ্যয়ন, প্রশাসনীয় দিশ, সামাজিক পৰিৱৰ্তন, জীৱনধাৰণৰ মানদণ্ড, জনস্বাস্থ্য, সামাজিক কল্যাণ, জনসংখ্যা ইত্যাদিৰ অধ্যয়নত সংৰচিত সাক্ষাৎকাৰ প্ৰশ্নসূচী ব্যৱহাৰ কৰা হয়।

৫৩। তথ্য আহৰণৰ কৌশল হিচাপে সাক্ষাৎকাৰ্যসূচীৰ অযোগ্যতাৰ বিষয়ে উল্লেখ কৰা। (Mention the qualifications of the interview schedule as a strategy to gather data.)

উত্তৰঃ তথ্য আহৰণৰ কৌশল হিচাপে সাক্ষাৎকাৰ্যসূচীৰ কিছুমান দুৰ্বলতা বা সীমাবদ্ধতাও আছে।

সেইবোৰ হ’ল:

(ক) সাক্ষাৎকাৰসূচীৰ দ্বাৰা তথ্যসংগ্ৰহ অধিক ব্যয়বহুল হয়। সাক্ষাৎ গ্ৰহণৰ বাবে বহু সংখ্যক ক্ষেত্ৰকৰ্মীক নিয়োগ কৰিব লগা হোৱাৰ বাবে তেওঁলোকক প্রশিক্ষণ দিয়া। বেতন দিয়া, যোগাযোগৰ খৰচ আদিৰ বাবে ব্যয় বৃদ্ধি পায়।

(খ) জনসমষ্টিটো বৃহৎ আৰু নমুনাবোৰ সিঁচৰতি হৈ থাকিলে আৰু ভ্ৰমণশীল হ’লে সাক্ষাৎকাৰ্যসূচীৰ দ্বাৰা তথ্য সংগ্ৰহ কৰাটো দুঃসাধ্য হৈ পৰে। এই অসুবিধাবোৰে প্ৰশাসনীয় সমস্যাৰ সৃষ্টি কৰে। কাৰণ স্থান পৰিৱৰ্তন কৰি থকা ব্যক্তিসকলৰ সৈতে যোগাযোগ স্থাপন কৰাটো কঠিন।

৫৪। প্রশ্নসূচী কেনেকৈ প্ৰস্তুত কৰা হয়? (How is the questionnaire prepared?)

উত্তৰঃ প্ৰশ্নসচীত প্রশ্নবিলাক সাক্ষাৎকাৰীৰ মাজত বিলাই দি তেওঁলোকৰ প্রশ্নখন চাই নিজেই উত্তৰ কৰিবলৈ দিয়া হয়। গতিকে লিপিবদ্ধ কৰা প্ৰশ্নবোৰৰ উত্তৰ সাক্ষাৎকাৰ বা গৱেষকৰ লগত দেখা দেখি নোহোৱাকৈ সাক্ষাৎকাৰীয়ে নিজে নিজে দিয়া প্ৰশ্নৰ তালিকাক প্ৰশ্নসূচী বুলি কোৱা হয়।

প্রশ্নসূচী তলত উল্লেখ কৰাৰ দৰে প্ৰস্তুত কৰিব পাৰি। যেনে—

(ক) যি সংগঠনৰ বা ব্যক্তিয়ে তথ্য সংগ্ৰহৰ কাম কৰিবলৈ লয়, সেই সংগঠন, গৱেষকজন, ব্যক্তিৰ নাম, ঠিকনা,সুস্পষ্টভাৱে প্রথম পৃষ্ঠাতে লিখা থাকিব লাগিব। 

(খ) গৱেষণাৰ বিষয়বস্তুৰ যি শিৰোনামা সেইটো সুস্পষ্টভাৱে প্ৰথম পৃষ্ঠাতে লিখা থাকিব লাগে।

(গ) প্রশ্নসূচীখনত প্ৰশ্নবোৰৰ ক্ৰমিক নম্বৰ দিব লাগে। এনেকৈ ক্ৰমিক নম্বৰ থাকিলে পিছত উত্তৰবিলাক উচিতভাৱে নিয়মীয়াকৈ সজাবলৈ আৰু বিশ্লেষণ কৰি শতকৰা হাৰ উলিয়াবলৈ সুবিধা হয়।

(ঘ) এইটো প্ৰথম পৃষ্ঠাতে উল্লেখ কৰিব লাগিব যে প্ৰশ্নৰ উত্তৰবিলাক গোপনীয় কৰি ৰখা হ’ব। তেনেকৈ লিখি দিলে উত্তৰ দিওঁতাই বিশ্বাসত ল’ব পাৰিব যে তেওঁ দিয়া উত্তৰবোৰ গৱেষকজনৰ বাহিৰে অন্য কোনেও নাজানে।

(ঙ) প্রশ্নবোৰ ৰচনা কৰোঁতে প্ৰশ্নৰ বাক্যবোৰ যিমানদূৰ পৰা যায় সহজ-সৰল কৰিব লাগে। যাতে উত্তৰ দিওঁতাই অতি সহজে প্রশ্নবোৰৰ উত্তৰ বুজি পায়। প্রশ্নবোৰ বুজি ল’লে শুদ্ধ উত্তৰ পোৱাত সহজ হয়।

(চ) প্রশ্নসূচীত উল্লেখ কৰা প্ৰশ্নবোৰ বিভিন্ন অর্থসূচক হ’ব নালাগে। এনে ভিন্ন অর্থসূচক প্রশ্ন কৰিলে শুদ্ধ উত্তৰ পোৱাত অসুবিধা হয়।

(ছ) যিখিনি প্রশ্ন সোধা হয় সেই প্রশ্নবোৰে যাতে মানুহৰ আবেগ অনুভূতিক আঘাট নিদিয়ে। তাৰ প্ৰতি সদায় সচেতন হ’ব লাগে। তেনেধৰণৰ প্ৰশ্ন কৰিলে উত্তৰ দিওতাৰ মনত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিব পাৰে।

(জ) প্রশ্নসূচীখন কেইটামান নিৰ্দিষ্ট ভাগত ভাগ কৰি ল’ব লাগে আৰু প্ৰতিটো ভাগতে কি কি প্রশ্ন সুধিব সেইটো ঠিক কৰি ল’ব লাগে। গোটেই প্রশ্নসূচীখন ক্ৰম অনুসৰি পদ্ধতিমূলক হ’ব লাগে।

(ঝ) শেষত, গৱেষকজন বা তথ্য সংগ্ৰহ কৰোঁতাজনে প্রশ্নসূচী তৈয়াৰ কৰোঁতে প্ৰশ্নসূচীখন কিমান দীঘল হৈছে আৰু সকলো প্ৰশ্নৰ উত্তৰ দিবলৈ কিমান সময়ৰ আৱশ্যক হ’ব সেই দিশত গুৰুত্ব দিব লাগে। খুব বেছি দুঘলীয়া বা বেছি সময়ৰ প্ৰয়োজন হ’লে প্ৰশ্নৰ উত্তৰ উত্তৰ দিওঁতে অসুবিধা হ’ব । যাৰ ফলত প্ৰকৃত তথ্য সংগ্ৰহ কৰাৰ ক্ষেত্ৰত বাধা আহিল।

(ঞ) নির্দেশকৰো নাম আৰু ঠিকনা ইত্যাদিৰ বিষয়ে সাক্ষাৎকাৰীৰ চকুত পৰিলে সহজে সাক্ষাৎকাৰীসকল পতিয়ন যাব আৰু গৱেষকসকলৰ ওপৰত কোনো সন্দেহ নকৰি প্ৰশ্নসমূহৰ উত্তৰ দিওঁতে সম্পূর্ণ সহযোগিতা আগবঢ়ায়।

ওপৰোক্ত আটাইবোৰ দিশৰ ওপৰত এজন গবেষকে বা সাক্ষাৎকাৰকে সদায় খুউৱ সাৱধানতা অৱলম্বন কৰি প্ৰশ্নসূচীখন প্ৰস্তুত কৰি ল’ব পাৰিলে সহজে সাক্ষাৎকাৰীসকলে শুদ্ধ উত্তৰ দিব পাৰিব আৰু গৱেষকসকলেও সহজে প্রশ্নসূচীৰ যোগেদি তথ্য কৰিব পাৰি।

৫৫। প্রশ্নসূচীৰ কাৰ্যকাৰিতা কেনেকৈ প্ৰমাণ কৰিব পাৰি? (How can I prove the validity of the questionnaire?) 

উত্তৰঃ প্রশ্নসূচী এখনৰ কাৰ্যকাৰিতা (validity) আৰু গ্ৰহণযোগ্যতা তলত উল্লেখ কৰা উপায়েৰে প্ৰমাণ কৰিব পাৰি।

(ক) কোনো এটা বিষয়ৰ ওপৰত তথ্য সংগ্ৰহৰ বাবে প্ৰস্তুত কৰা প্ৰশ্নসূচীখনক এটা সময়ৰ ব্যৱধানত একেজন মানুহলৈকে দুবাৰ পঠোৱা হয়। যদি দুয়োবাৰতে প্রশ্নসূচীত লিপিবদ্ধ কৰা তথ্যসমূহ একে থাকে তেন্তে প্রশ্নসূচীখন নিৰ্ভৰযোগ্য হয়। অৱশ্যে এই সময়ৰ ব্যবধানটোত নমুনারূপী ব্যক্তিসকলৰ সামাজিক প্ৰস্থিতি আৰু গবেষণা বিষয়বস্তুটোৰ প্ৰকৃতি একে থাকিব লাগিব।

(খ) একেখন প্রশ্নসূচীকে দুটা সমরূপী বা সদৃশ্যপূর্ণ (homogeneous) সমূহৰ ক্ষেত্ৰত একে সময়তে ব্যৱহাৰ কৰি ইয়াৰ কাৰ্যকাৰিতা নির্ণয় কৰিব পাৰি। যদি দুয়োটা সমূহৰ ব্যক্তিসকলৰ পৰা লাভ কৰা সঁহাৰি তথ্যপাতিৰ প্রকৃতি আদি একে হয়, তেন্তে প্রশ্নসূচীখন গ্রহণযোগ্য হয়। অৱশ্যে এই ক্ষেত্ৰত গড় পৰিমাণৰ আধাৰত তাৰতম্য নিৰ্ণয় কৰা হয়। সামান্য তাৰতম্য হলেও প্রশ্নসূচীখন গ্রহণযোগ্য হ’ব।

এনেবোৰ পৰীক্ষাৰ দ্বাৰা প্ৰশ্নসূচী এখন উপযুক্তভাবে বচনা কৰা হয় যদিও পাৰিসাংশিকভাবে সম্পূর্ণ এশভাগ শুল্ক প্রশ্নসূচী বা সাক্ষাৎকাৰ্যসূচী এখন প্ৰস্তুত কৰাটো সম্ভৱ নহয়।

৫৬। সাক্ষাৎকাৰসূচী কেনেকৈ প্ৰস্তুত কৰা হয়? (How is the interview schedule prepared?)

উত্তৰঃ মুখামুখিভাবে সাক্ষাৎকার গ্রহণ কৰোঁতে সাক্ষ্যগ্রহনকাৰীয়ে যিখন প্রশ্নতালিকা ব্যৱহান কৰি প্ৰশ্ন সোতে আৰু উত্তৰসমূহ লিপিবদ্ধ কৰি যায়। সেই প্রশ্ন তালিকাখনকেই সাক্ষাৎকাৰ্যসূচী বুলি কোৱা হয়।

সাক্ষাৎকাৰসূচী তলত দিয়া ধৰণে প্ৰস্তুত কৰিব পাৰি: 

(ক) প্ৰথমতে, অধ্যয়নৰ বিষয়বস্তুটো পুংখানুপুংখভাৱে অধ্যয়ন কৰি বিষয়বস্তুটোৰ সকলো দিশ সামৰি প্ৰশ্নসমূহ গঠন কৰিব লাগিব। বিষয়বস্তুৰ স্পষ্ট জ্ঞানৰ অবিহনে সাক্ষাৎকাৰ্যসূচী প্ৰণয়ন কৰাটো অবৈজ্ঞানিক।

(খ) দ্বিতীয়তে, গৱেষণা বিষয়বস্তুৰ প্ৰতিটো প্ৰধান দিশ একাধিক উপভাগত ভাগ কৰিব লাগে। উদাহৰণস্বৰূপে, বৃত্তিৰ বিষয়ে প্রশ্ন সন্নিবিষ্ট কৰোঁতে বৃত্তিটো কাৰিকৰী নে অকাৰিকৰী ব্যৱসায়, চাকৰি, কৃষি নে অন্যান্য, পৰম্পৰাগত নে নতুন আদি অনেক দিশ উল্লেখ কৰিব পাৰি।

(গ) তৃতীয়তে, সাক্ষাৎকাৰসূচী প্ৰস্তুত কৰাৰ তৃতীয় আৰু গুৰুত্বপূৰ্ণ পদক্ষেপটো হ’ল প্ৰকৃত প্রশ্নবোৰ বাছি উলিয়াই সেইবোৰ লিপিবদ্ধ কৰা। প্রশ্নসমূহ সহজবোধ্য, আকৰ্ষণীয় আৰু অর্থপূর্ণ হ’ব লাগে।

(ঘ) চতুর্থ পৰ্যায়ত প্রশ্নবোৰ ক্রমানুসাৰে আৰু প্ৰাসংগিকতাপূর্ণ ভাৱে সজাই নিয়াৰিকৈ তা উপস্থাপন কৰিব লাগে।

(ঙ) সর্বশেষত প্রস্তুত সাক্ষাৎকাৰসূচী এখনৰ কাৰ্যকারিতা নমুনামূলক সৰু জনসমষ্টি এটাৰ ক্ষেত্ৰত প্ৰয়োগ কৰি পৰীক্ষা কৰিব পাৰিলে ভাল। ইয়াৰ ফলত সাক্ষাৎকাৰসূচীখনৰ সীমাবদ্ধতা বা দোষ-ত্রুটীবোৰ উদ্ঘাটিত হয় আৰু সেইবোৰ সংশোধন কৰি অধিক নিৰ্ভৰযোগ্য হিচাপে ৰচনা কৰিব পাৰি।

৫৭। সাক্ষাৎকাৰ প্ৰক্ৰিয়া সম্পর্কে চমুকৈ আলোচনা কৰা। (Briefly discuss the interview process.)

উত্তৰঃ সামাজিক গৱেষণাত তথ্য-সংগ্ৰহৰ বাবে বহুলভাৱে প্ৰয়োগ হোৱা এক অন্যতম পদ্ধতি হ’ল সাক্ষাৎকাৰ প্ৰক্ৰিয়া। সহজ অৰ্থত মুখা-মুখী পৰিৱেশত মৌখিক আলাপ – আলোচনাৰ যোগেদি তথ্য উদঘাটন আৰু সংগ্ৰহ কৰা প্ৰক্ৰিয়াটোৱেই হ’ল সাক্ষাৎকাৰ পি. ভি. য়ঙে (P.V.Young) সাক্ষাৎকাৰ প্ৰক্ৰিয়াক এক সামাজিক আন্তঃক্রিয়া হিচাপে অভিহিত কৰিছে। সাক্ষাৎকাৰ প্ৰক্ৰিয়াৰ মূল লক্ষ্য দুটা। (ক) প্ৰথমটো হ’ল সাক্ষাৎকাৰৰ যোগেদি এজন ব্যক্তিৰ জীৱনৰ অনুঘাটিত, আচুতীয়া আৰু গোপন তথ্যসমূহ সংগ্ৰহ কৰা আৰু (খ) দ্বিতীয়তে এটা নির্দিষ্ট সামাজিক পৰিস্থিতিত এজন ব্যক্তিৰ আচৰণ প্ৰণালীক সূক্ষ্মভাৱে অধ্যয়ন কৰা।

প্রথমক্ষেত্ৰত, এজন ব্যক্তিৰ সৈতে আন্তৰিক বাৰ্তালাপ আৰু মতামত বিনিময় কৰি তথ্য আহৰণ কৰা হয়। দ্বিতীয় ক্ষেত্ৰত পৰিস্থিতি বা বিশেষ ঘটনাটোৰ প্ৰতি ব্যক্তিজনৰ দৃষ্টিভংগী মতামত, প্রতিক্রিয়া কেনেকুৱা সেই বিষয়ে অন্তর্দৃষ্টিৰে আয়ত্ত কৰা হয় আৰু তথ্য আহৰণ কৰা হয়।

সাক্ষাৎকাৰ প্ৰক্ৰিয়াৰ মূল প্ৰকাৰবোৰ হ’ল: 

(ক) সংবচিত সাক্ষাৎকাৰ।

(খ) অসত্ৰচিত সাক্ষাৎকাৰ।

(গ) কেন্দ্ৰীভূত সাক্ষাৎকাৰ। আৰু

(ঘ) পুনৰাবৃত্তিমূলক সাক্ষাৎকাৰ।

উল্লেখযোগ্য যে বৈজ্ঞানিক অধ্যয়ন বা গৱেষণাৰ বাবে সাক্ষাৎকাৰ প্ৰক্ৰিয়াৰ গুৰুত্ব অনস্বীকাৰ্য। এই পদ্ধতিত গবেষকে অনুমানৰ ওপৰত ভিত্তি কৰি বিষয়বস্তুৰ অধ্যয়ন কৰাৰ পৰিৱৰ্তে উত্তৰদাতাৰ উত্তৰৰ ওপৰত ভিত্তি কৰাৰ সুবিধা থকাৰ বাবে পৰিশুদ্ধ তথ্যপাতি সংগৃহীত হোৱাৰ আশা কৰিব পাৰি। তদুপৰি এইটোও কোৱা প্ৰয়োজন যে, সাক্ষাৎকাৰ প্ৰক্ৰিয়াৰ সফলতা নিৰ্ভৰ কৰে উপযুক্ত পৰিৱেশ ৰচনা, প্রশ্ন কৰাৰ ধৰণ কৰণ, উত্তৰদাতা নিৰ্বাচন আৰু গৱেষকসকলৰ কলাসুলভ কৌশল ৰচনাৰ ওপৰত।

৫৮। সামাজিক গৱেষণাৰ তথ্য বিশ্লেষণ মানে কি বুজা? উদাহৰণসহ বুজাই দিয়া৷ (What does data analysis means in social research? Explain with examples.)

উত্তৰঃ বৈজ্ঞানিক অধ্যয়নৰ এটা বৈশিষ্ট্য হৈছে প্ৰণালীবদ্ধতা, এই প্রণালীবদ্ধতাৰ চৰিত্ৰ হৈছে নিয়মীয়াকৈ এটাৰ পিছত এটাকৈ ক্ৰমান্বয়ে কিছুমান কাম কৰি যোৱা হয়। যেনে- সমাজবিজ্ঞানৰ বিষয়ে এটা বৈজ্ঞানিক অধ্যয়ন কৰিবলৈ যাওতে প্ৰথম পদক্ষেপ হিচাপে এটা প্ৰকল্প প্ৰস্তুত কৰা হয়। সেই প্ৰকল্পটোৰ সত্যাসত্য নিৰ্ধাৰণৰ কাৰণে কিছুমান তথ্য আহৰণ কৰিব লগা হ’ল। সেই তথ্যবোৰৰ ওপৰত নিৰ্ভৰ কৰিয়েই এটা সিদ্ধান্তত উপনীত হ’ব লাগিব। কিন্তু তথ্যখিনি আহৰণ কৰি আনিলেই নহ’ব বা এনেয়ে কিছুমান তথ্য গোটাই ল’লেও একো। লাভ নহ’ব। কাৰণ নিজাকৈ তথ্যবিলাকে একো কাম কৰিব নোৱাৰে। উদাহৰণস্বৰূপে, এখন গাঁৱৰ আৰ্থ-সামাজিক দিশৰ অধ্যয়ন কৰিবৰ কাৰণে ৩০০, ২১০০, ১১০০, ১০০০, ৭০০, ৯০০ ইত্যাদি কিছুমান তথ্য পোৱা হ’ল। কিন্তু এই তথ্যবিলাকে একো অর্থ প্রকাশ কৰিব.. নোৱাৰে। কিন্তু এই তথ্যবিলাক যদি এখন গাঁৱৰ বিষয়ত তথ্য হয়, যেনে গাঁওখনৰ মানুহৰ মুঠ ঘৰৰ সংখ্যা ৩০০, মুঠ জনসংখ্যা ২১০০, পুৰুষ ১১০০, মহিলা ১০০০ ইত্যাদি। এনেকৈ তথ্য বিভাগ পোৱা হ’লে গাঁওখনৰ আৰ্থ-সামাজিক দিশৰ বিষয়ে কিছু আভাস পোৱা হ’ব। এইদৰে সংগৃহীত তথ্যবোৰক প্ৰয়োজন অনুসৰি সজাব লাগিব আৰু ওপৰত দেখুওৱা তথ্যখিনিৰ লগত আৰ্থ-সামাজিক দিশত প্ৰভাৱ বিস্তাৰ কৰিব পৰা বহুতো দিশৰ বিষয়ে তথ্য সংগ্ৰহ কৰি সেইবোৰৰ অৰ্থ প্ৰকাশ কৰা কাৰ্যকে তথ্য বিশ্লেষণ বুলি কোৱা হয়। 

৫৯। সামাজিক গৱেষণাৰ তথ্য বিশ্লেষণত শ্ৰেণীকৰণ আৰু তালিকাকৰণৰ গুৰুত্ব ব্যাখ্যা কৰা। (Discuss the importance of classification and listing in data analysis in social research.)

উত্তৰঃ সামাজিক তথ্যবোৰৰ পৰিসাংখ্যিক ভাৱে শৃংখলাবদ্ধ কৰোঁতে মূলতঃ দুটা উপায় অনলম্বন কৰা হয়। এটা হ’ল শ্ৰেণীকৰণ আৰু আনটো হ’ল তালিকাকৰণ।

শ্ৰেণীকৰণৰ দ্বাৰা লক্ষণ অনুসৰি তথ্যবোৰ বিভিন্ন শ্রেণী বা পর্বগত অন্তর্ভুক্ত কৰা হয়। উদাহৰণস্বৰূপে এটা সমষ্টিৰ ব্যক্তিগত সংৰচনাৰ বিষয়ে আলোচনা কৰোঁতে কৃষিজীৱি চাকৰিজীৱি ব্যৱসায়ী আদি শ্ৰেণীত বিভিক্ত কৰিব পাৰি। সেইদৰে জনসমষ্টিৰ লোকসকলক নমুনাবোৰৰ শিক্ষাৰ মান সম্পর্কে বিশ্লেষণ কৰোঁতে তেওঁলোকৰ অশিক্ষিত, মেট্ৰিক পাছ, প্রাক্-স্নাতক, স্নাতক অন্যান্য আদি বিভিন্ন শ্ৰেণীত বিভক্ত কৰিব পাৰি।

সামাজিক গৱেষণাৰ এটাৰ সংগৃহিত তথ্যবোৰ শ্ৰেণীকৰণ কৰাৰ পাছত সেইবোৰক তালিকাবৃদ্ধি কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হয়। সংগৃহিত তথ্যবোৰ প্ৰণালীবদ্ধভাৱে অর্থপূর্ণকৈ সজোৱা পদ্ধতিয়েই হ’ল তালিকাকৰণ। শ্ৰেণীকৰণৰ জটিল প্রকৃতিয়ে হ’লে তালিকাকৰণো প্ৰকৃতিৰ হয়। শ্ৰেণীকৰণ আৰু তালিকাকৰণ যিহেতু পাৰস্পৰিক ভাৱে নিৰ্ভৰশীল সেইবাবে সাধাৰণতে দুয়োটা কাৰ্য একেলগে আৰম্ভ কৰা হয়। তালিকাকৰণত তথ্যসমূহ প্রণালীবদ্ধভআৱে স্তম্ভ আৰু সাৰীত উপস্থাপন কৰা হয়। ইয়াৰ দ্বাৰা তথ্যবোৰক অর্থবহ ব্যাখ্যা কৰা সহজ হয়।

৬০। সামাজিক গৱেষণাত দ্বিতীয়ক তথ্যৰ প্ৰয়োজনীয়তা সম্পর্কে লিখা। (Write about the need for secondary data in social research)

উত্তৰঃ সামাজিক গৱেষণাৰ কাৰণে সাধাৰণতে যিবোৰ তথ্য সংগ্ৰহ কৰা হয় সেই তথ্যবোৰৰ মূলতে দুটা ভাগত ভাগত বিভক্ত কৰা হয়। যেনে— 

(ক) প্রাথমিক তথ্য। আৰু 

(খ) দ্বিতীয়ক তথ্য।

দ্বিতীয়ক তথ্যবোৰ পৰোক্ষ উৎসৰ পৰা সংগ্ৰহ কৰা হয়। যিবোৰ তথ্য আগতে সংগ্ৰহক আৰু লিপিবদ্ধ কৰা হৈছে সেইবোৰক দ্বিতীয়ক তথ্য বুলি কোৱা হয়। এনে দ্বিতীয়ক তথ্যবোৰ প্রকাশিত আৰু অপ্রকাশিত দুয়োটা ৰূপতে পোৱা যায়। উদাহৰণস্বৰূপে অসমৰ জনসংখ্যা, পুৰুষ মহিলাৰ সংখ্যা, শিক্ষিত নিবনুৱাৰ সংখ্যা, বৰষুণৰ বাৰ্ষিক পৰিমাণ ইত্যাদি। এই তথ্যবিলাক পূৰ্বতে লিপিবদ্ধ কৰি ৰখা হৈছে। এনে তথ্যবিলাকক প্রকাশিত দ্বিতীয়ক তথ্য বুলি কোৱা হয়। পঞ্চায়ত বা গাঁও বিভাগ বা আৰক্ষী বিভাগত বহুতো লিপিবদ্ধ তথ্য পোৱা যায়। কিন্তু সেই তথ্যবিলাক প্রকাতি ৰূপত পোৱা যায়। কিন্তু সেই তথ্যবিলাক প্ৰকাশিত ৰূপত পোৱা নাযায়। এটা সামাজিক গৱেষণাই প্রকাশিত আৰু অপ্রকাশিত দুয়োবিধ তথ্যৰ প্ৰয়োজন অস্বীকাৰ কৰিব নোৱাৰে।

৬১। তথ্য আহৰণৰ কৌশল হিচাপে সাক্ষাৎকাৰ সূচীৰ যোগ্যতা আৰু অযোগ্যতাৰ বিষয়ে উল্লেখ কৰা। (Mention the merits and demerits of the interview schedule as a data collection strategy.)

উত্তৰঃ সামাজিক গৱেষণাত সমাজৰ ব্যক্তিসকলৰ পৰা তথ্য সংগ্ৰহ কৰা মাধ্যমবিলাক হৈছে। মানুহৰ মতামত, বিশ্বাস, ধাৰণা, ভাব, চিন্তা, চিন্তা ইত্যাদি। এইবোৰ তথ্য সংগ্ৰহ কৰিবৰ কাৰণে সমাজত বিবিন্ন ব্যক্তিৰ লগত ব্যক্তিগতভাৱে আলাপ-আলোচনা কৰিব লগা হয় আৰু সাক্ষাৎকাৰ ল’ব লগা হয়। নির্বাচিত সকলো ব্যক্তিকে যাতে একেধৰণৰ প্রশ্ন সোধা হয় সেই উদ্দেশ্য সাক্ষাৎকাৰ সূচীখন ব্যৱহাৰ কৰা হয়। ইয়াৰ ফলত একেটা প্রশ্নৰ ক্ষেত্ৰত বেলেগ বেলেগ উত্তৰ পাব পৰা হয়। যিবিলাক পিছত ক্রমহ্রাসমান পদ্ধতিত শ্ৰেণীকৰণ আৰু বিশ্লেষণ কৰিবলৈ সুবিধা হয়। এনে প্রশ্নসূচীয়েই হ’ল সাক্ষাৎকাৰ্যসূচী।

সাক্ষাৎকাৰ সূচীৰ যোগ্যতা অযোগ্যতা সম্পর্কে তলত আলোচনা কৰা হ’ল— 

সামাজিক গৱেষণাত সাক্ষাৎকাৰ সূচীৰ গুৰুত্ব অপৰিসীম। সাক্ষাৎকাৰৰ জৰিয়তে গৱেষণাত শুদ্ধ আৰু বাস্তৱ সন্মত তথ্যপাতি গ্ৰহণ কৰিব পাৰি। যিকোনো গৱেষণাৰ বিভিন্ন পদ্ধতিসমূহ আগবঢ়াত সহায় কৰে। সাক্ষাৎকাৰসূচীয়ে তথ্য সংগ্ৰহ প্ৰক্ৰিয়াটোক প্ৰণালীবদ্ধ আৰু শৃংখলাবদ্ধ কৰি তোলে। সাক্ষাৎকাৰসূচীয়ে সাক্ষাৎকাৰকে সাক্ষাৎকাৰীক সুধিব লগা প্রশ্নবোৰ পেলাই দিয়ে। সাক্ষাৎকাৰসূচীয়ে আহৰণ কৰা তথ্যবোৰ সহজসাধ্য কৰি তোলে ইত্যাদি।

সংৰক্ষিত সাক্ষাৎকাৰ প্ৰশ্নসূচী প্রস্তুত কৰোঁতে বিশেষ সাৱধানতা অৱলম্বন কৰিব লগা হয়। ব্যক্তিক সুধিবলগীয়া প্রশ্নবিলাকৰ আৰম্ভণিৰ পৰা শেষলৈকে এটা ক্রমিক অনুসৰি সজোৱা হয়। প্ৰতিটো প্ৰশ্নৰ উত্তৰ কেনেদৰে পাবলৈ ইচ্ছা কৰে তেনেধৰণে সজোৱা হয় আৰু উত্তৰ পোৱাৰ ক্ষেত্ৰত এটা ইংগিত দিব লগা হয়। সাধাৰণতে এটা প্ৰশ্নৰ উত্তৰ হিচাপে কেইবাটাও উত্তৰ প্ৰশ্নকাকতখনত দিয়া থাকে। উত্তৰ দিওতাই তাৰ যিকোনো এটা উত্তৰ বাছি লৈ উত্তৰ দিব লগা হয়।

যিবিলাক গৱেষণাত কিছুমান নিৰ্দিষ্ট প্ৰকাৰৰ প্ৰশ্নৰ উত্তৰ সাক্ষাৎকাৰীৰ পৰা পালেই প্রয়োজনীয় তথ্য সংগ্ৰহ কৰিব পৰা হ’ব বুলি ভবা হয় তেনে ক্ষেত্ৰত সাক্ষাৎকাৰ প্ৰশ্নসূচী প্ৰস্তুত কৰা হয়। এনে সাক্ষাৎকাৰ প্ৰশ্নসূচীৰ যোগেদি অতি সহজে আৰু কম সময়ৰ ভিতৰতে গৱেষকে প্রয়োজনীয় তথ্য পেৱাত সহায় হয়। তদুপৰি প্ৰশ্নসূচীৰ যোগেদি লাভ কৰা তথ্যবোৰ ক্ৰম অনুযায়ী শৃংখলাবদ্ধ হৈ থকাত পৰিসংখ্যাগতভাৱে শ্ৰেণীকৰণ আৰু বিশ্লেষণত সহায় হয় । 

সাক্ষাৎকাৰত প্ৰশ্নৰ উত্তৰ সাক্ষাৎকাৰীৰ নিজৰ চিন্তা আৰু ভাষাৰ জৰিয়তে দিবলৈ সুবিধা হয়। এনে প্রশ্নসূচীৰ যোগেদি সাক্ষাৎ গ্ৰহণ কৰোতাই সাক্ষাৎকাৰীক কিছুমান নতুন প্রশ্ন কৰিবলৈ সুবিধা পায় আৰু তাৰ যোগেদি কিছু নতুন তথ্য সংগ্ৰহ কৰিবলৈ সুবিধা। অসংৰচিত সাক্ষাৎকাৰত মুকলি মনেৰে সাক্ষাৎকাৰীয়ে মনৰ প্রশ্ন ভাৱ প্ৰকাশ কৰিব পাৰে। তাৰোপৰি ক’বলগীয়া কথাখিনি কিছুমান বিশেষ বিৱৰণীৰ সৈতে উপস্থাপন কৰিব পাৰে।

কিন্তু দেখা যায় যে সাক্ষাৎকাৰৰ অসুবিধাও আছে। কিয়নো প্ৰতিজন সাক্ষাৎকাৰীয়ে একেটা উত্তৰ বেলেগে বেলেগে দিব পাৰে। সেয়ে উত্তৰবিলাক শ্ৰেণীকৰণ কৰাত অসুবিধা হয়। কেতিয়াবা এইটোও দেখা যায় যে সাক্ষাৎকাৰীয়ে উত্তৰবিলাক ভালকৈ নুবুজিবও পাৰে বা ভুলকৈ বুজিব পাৰে। যাৰ ফলস্বৰূপে গৱেষণাৰ ফলাফলত ভুল হোৱাৰ সম্ভাৱনা থাকে।

৬২। পৰীক্ষামূলক অভিকল্প মানে কি বুজা? সামাজিক ঘটনা অধ্যয়নতত পৰীক্ষামূলক অভিকল্পৰ ভূমিকাৰ বিষয়ে আলোচনা কৰা। (What do you mean by experimental design? Discuss the role of experimental design in the study of social phenomena.) 

উত্তৰঃ পি. ভি.য়ঙৰ মতে গৱেষণাৰ পৰীক্ষামূলক অভিকল্প মানে গৱেষকক শুদ্ধ পথেৰে আগবঢ়াই য়িাত সহায় কৰা যুক্তিমূলক আৰু প্ৰণালীবদ্ধ আঁচনি।

ই. এ. চাচমেনৰ মতে গৱেষণা পৰীক্ষামূলক অভিকল্প মানে মনত ৰাখিবলগীয়া কিছুমান নির্দেশ, নির্দেশনা, যিবিলাকে এজন গৱেষকক সঠিক পথত আগুৱাই যোৱাত সহায় কৰে। 

সামাজিক ঘটনা অধ্যয়নতত পৰীক্ষামূলক অভিকল্পৰ ভূমিকাৰ বিষয়ে তলত উল্লেখ কৰা হ’ল—

(ক) অভিকল্পই গৱেষণাৰ পথসমূহ সহজসাধ্য কৰি গৱেষণাৰ কামত আগবাঢ়ি যাবলৈ সহায় কৰে।

(খ) ই ই গৱেষণাৰ কাম শৃংখলাবদ্ধতাৰ মাজেৰে গতি কৰিবলৈ প্ৰেৰণা যোগায়।

(গ) অভিকল্পই গৱেশষণাৰ ক্ষেত্ৰত দেখা দিয়া বিশৃংখলতাক সমাধান কৰে। 

(ঘ) গৱেষণাৰ ফলাফল অধিক নিৰ্ভৰশীল হ’বৰ বাবে গৱেষণাৰ কামত অভিকল্পৰ যোগেদি আগবাঢ়িলে সুফল পোৱা যায়।

(ঙ) গৱেষণাৰ কামবোৰ সহজে পৰীক্ষা আৰু প্ৰমাণ কৰিৰ বাবে অভিকল্পৰ যোগেদি গৱেষণাৰ কামত আগবাঢ়িলে সুফল পোৱা যায়।

(চ) অভিকল্পৰ অবিহনে গৱষণা কৰিলে বহুতো সময়ত গৱেষকক সময় ও তথ্য অথলে যাব পাৰে।

(ছ) অভিকল্প এটা আগত ৰাখি গৱেষণাৰ কামত আগবাঢ়িলে গৱেষণাৰ কাৰণে প্ৰয়োজনীয় সামগ্ৰীসমূহ আগতে আহৰণ কৰি ল’ব লাগে ৷

(জ) এজন গৱেষকক এটা অভিকল্পই গৱেষণাৰ প্ৰতিটো দিশতে সহায় কৰি গৱেষণাৰ কাৰ্য সুচাৰুৰূপে চলাবলৈ সুবিধা কৰি দিয়ে।

(ঝ) অভিকল্পই কোনো এটা গৱেষণাত কি নিৰীক্ষণ কৰিব আৰু কিহৰ ওপৰত নিৰীক্ষণ কৰিব, কাক নিৰীক্ষণ কৰিব, কেনেকৈ নিৰীক্ষণ কৰিব, কি উদ্দেশ্য নিৰীক্ষণ কৰিব, নিৰীক্ষণৰ যোগেদি পোৱা তথ্যপাতি কেনেকৈ নিৰীক্ষণ কৰিব, আহৰণ কৰা তথ্যপাতিসমূহ কেনেকৈ বিশ্লেষণ কৰিব, বিশ্লেষণৰ পাছত কি মন্তব্য কৰিব ইত্যাদি দিশবোৰ বুজি উঠাত সহায় কৰিব পাৰে।

৬৩। নিয়ন্ত্ৰিত আৰু অনিয়ন্ত্ৰিত পৰ্যবেক্ষণৰ মাজত থকা পাৰ্থক্যবোৰ উল্লেখ কৰি সেইবোৰৰ সুবিধা আৰু অসুবিধাবোৰৰ বৰ্ণনা কৰা। (Describe the differences between controlled and uncontrolled observations and their advantages and disadvantages.) 

উত্তৰঃ নিয়ন্ত্ৰিত আৰু অনিয়ন্ত্ৰিত পৰ্যবেক্ষণৰ মাজত থকা পাৰ্থক্যবোৰ তলত উল্লেখ কৰা হ’ল—

(ক) নিয়ন্ত্রিত পর্যবেক্ষণত এটা সামাজিক ঘটনাক এটা অনুৰূপ পৰিৱেশ সৃষ্টি কৰি বহুবাৰ পৰীক্ষা কৰা হয় ৷ আনহাতে, অনিয়ন্ত্রিত পর্যবেক্ষণ পদ্ধতিত সামাজিক ঘটনা এটা নিৰীক্ষণ কৰাৰ ক্ষেত্ৰত সামাজিক সমূহবোৰক স্বাভাৱিক অৱস্থাত ৰখা হয়।

(খ) নিয়ন্ত্রিত পর্যবেক্ষণত বেলেগ বেলেগ পৰিৱেশৰ একোটা সামাজিক ঘটনাক নিয়ন্ত্রণ কৰি তথ্য সংগ্ৰহৰ ব্যৱস্থা কৰা হয়। আনহাতে, অনিয়ন্ত্রিত পর্যবেক্ষণ পদ্ধতিত পৰ্যবেক্ষণ কৰা সামাজিক সমূহৰ সদস্যসকলৰ আচৰণ বা কাৰ্যকলাপৰ ওপৰত কোনো কৃত্রিম অৱস্থাৰ সৃষ্টি কৰা নহয়।

(গ) নিয়ন্ত্রিত পর্যবেক্ষণত কোনোখিনি বস্তু বা ঘটনা নিৰীক্ষণ কৰিব আৰু আগতিয়াকৈ ঠিক কৰি লোৱা হয়। আনহাতে, অনিয়ন্ত্রিত পর্যবেক্ষণ পদ্ধতিত সামাজিক ঘটনা বা অন্যান্য পৰিস্থিতিৰ ওপৰত মানুহৰ যি মনোভাৱ ঠিক সেইদৰে এই পদ্ধতিৰ দ্বাৰা পৰ্যবেক্ষণ কৰা হয়।

(ঘ) নিয়ন্ত্ৰিত পৰ্যবেক্ষণৰ সহায়ত মানৱ সমাজৰ পৰা প্ৰকৃত শুদ্ধ আৰু সত্য তথ্য আহৰণ কৰিব পৰাটো সম্ভৱ হৈ উঠে। আনহাতে, অনিয়ন্ত্রিত পর্যবেক্ষণত এই পৰ্যবেক্ষণৰ দ্বাৰা ঘটনাৰ প্রকৃত সত্যৰ স্বৰূপ উদঘাটন কৰিব পাৰি।

(ঙ) সৰু সৰু গোট বা সমূহৰ ক্ষেত্ৰত নিয়ন্ত্ৰিত পৰ্যবেক্ষণ আৰোপ কৰিব পৰা যায়। আনহাতে, অনিয়ন্ত্রিত পর্যবেক্ষণ সমাজৰ ডাঙৰ সমূহবোৰৰ ওপৰতো আৰোপ কৰিব পাৰি।

(চ) নিয়ন্ত্রিত পর্যবেক্ষণত গৱেষকজনৰ ওপৰত নিয়ন্ত্ৰণ আৰোপ কৰা হয়। আনহাতে, অনিয়ন্ত্রিত পর্যবেক্ষণত গৱেষকজনৰ ওপৰতো কোনো ধৰণৰ নিয়ন্ত্ৰণ আৰোপ কৰা নহয়।

নিয়ন্ত্ৰিত পৰ্যবেক্ষণৰ সুবিধাসমূহ হ’ল—

(ক) নিয়ন্ত্রিত পর্যবেক্ষণত এটা সামাজিক ঘটনাক এটা অনুৰূপ পৰিৱেশ সৃষ্টি কৰি বহুবাৰ পৰীক্ষা কৰা হয় ৷

(খ) বেলেগগ বেলেগ পৰিৱেশৰ একোটা সামাজিক ঘটনাক নিয়ন্ত্ৰণ কৰি তথ্য সংগ্ৰহৰ ব্যৱস্থা কৰা হয়।

(গ) নিয়ন্ত্রিত পর্যবেক্ষণত কোনোখিনি বস্তু বা ঘটনা নিৰীক্ষণ কৰিব আৰু আগতিয়াকৈ ঠিক কৰি লোৱা হয়।

(ঘ) সৰু সৰু গোট বা সমূহৰ ক্ষেত্ৰত নিয়ন্ত্ৰিত পৰ্যবেক্ষণ আৰোপ কৰিব পৰা যায়।

(ঙ) এই পর্যবেক্ষণত প্রশ্নসূচী, সাক্ষাৎকাৰ সূচী, নমুনা পদ্ধতি আদি ব্যৱহাৰ কৰা হয়।

(চ) ই পর্যবেক্ষকজনক পক্ষপাতিত্ব ভাৰৰ পৰা মুক্ত কৰি ৰাখে। 

(ছ) নিয়ন্ত্ৰণৰ দ্বাৰা এজন গৱেষকে এটা বৃত্তিত পৰ্যবেক্ষণ কৰি প্ৰকৃত সত্য উদ্ঘাটন কৰিব পাৰে।

(জ) সামাজিক অধ্যয়নৰ ক্ষেত্ৰত নিয়ন্ত্রিত পর্যবেক্ষণ অতি প্রয়োজনীয়। 

(ঝ) নিয়ন্ত্রিত পর্যবেক্ষণৰ সহায়ত মানৱ সমাজৰ পৰা প্ৰকৃত শুদ্ধ আৰু সত্য তথ্য আহৰণ কৰিব পৰাটো সম্ভৱ হৈ উঠে।

নিয়ন্ত্ৰিত পৰ্যবেক্ষণৰ অসুবিধাসমূহ হ’ল—

(ক) এই পদ্ধতিত সামাজিক ঘটনা এটা নিৰীক্ষণ কৰাৰ ক্ষেত্ৰত সামাজিক সমূহবোৰক স্বাভাৱিক অৱস্থাত ৰখা নহয়।

(খ) পৰ্যবেক্ষণ কৰা সামাজিক সমূহৰ সদস্যসকলৰ আচৰণ বা কাৰ্যকলাপৰ ওপৰত কৃত্রিম অৱস্থাৰ সৃষ্টি কৰা হয়।

(গ) সামাজিক ঘটনা বা অন্যান্য পৰিস্থিতিৰ ওপৰত মানুহৰ যি মনোভাৱ ঠিক সেইদৰে এই পদ্ধতিৰ দ্বাৰা পৰ্যবেক্ষণ কৰা নহয়।

(ঘ) ইয়াত গৱেষকজনৰ নিয়ন্ত্ৰণ আৰোপ কৰা হয়।

(ঙ)‌ এই পর্যবেক্ষণত গৱেষকজনে স্বাধীনভাৱে নিজৰ অধ্যয়ন ক্ষেত্ৰ বহল কৰিব নোৱাৰে।

(চ) এই পর্যবেক্ষণ সমাজৰ ডাঙৰ সমূহবোৰৰ ওপৰতো আৰোপ কৰিব নোৱাৰি। 

(ছ) এই পর্যবেক্ষণৰ দ্বাৰা ঘটনাৰ প্ৰকৃত সত্যৰ স্বৰূপ উদ্ঘাটন কৰিব নোৱাৰি ইত্যাদি।

অনিয়ন্ত্ৰিত পৰ্যবেক্ষণৰ সুবিধাবোৰ হ’ল—

(ক) এই পদ্ধতিত সামাজিক ঘটনা এটা নিৰীক্ষণ কৰাৰ ক্ষেত্ৰত সামাজিক সমূহবোৰক স্বাভাৱিক অৱস্থাত ৰখা হয়।

(খ) পৰ্যবেক্ষণ কৰা সামাজিক সমূহৰ সদস্যসকলৰ আচৰণ বা কাৰ্যকলাপৰ ওপৰত কোনো কৃত্রিম অৱস্থাৰ সৃষ্টি কৰা নহয়।

(গ) সামাজিক ঘটনা বা অন্যান্য পৰিস্থিতিৰ ওপৰত মানুহৰ যি মনোভাৱ ঠিক সেইদৰে এই পদ্ধতিৰ দ্বাৰা পৰ্যবেক্ষণ কৰা হয়।

(ঘ) ইয়াত গৱেষকজনৰ ওপৰতো কোনো ধৰণৰ নিয়ন্ত্ৰণ আৰোপ কৰা নহয়।

(ঙ) এই পৰ্যবেক্ষণত গৱেষকজনে স্বাধীনভাৱে নিজৰ অধ্যয়ন ক্ষেত্ৰ বহল কৰিব পাৰে।

(চ) এই পর্যবেক্ষণ সমাজৰ ডাঙৰ সমূহবোৰৰ ওপৰতো আৰোপ কৰিব পাৰি। 

(ছ) এই পৰ্যবেক্ষণৰ দ্বাৰা ঘটনাৰ প্ৰকৃত সত্যৰ স্বৰূপ উদ্ঘাটন কৰিব পাৰি ইত্যাদি।

অনিয়ন্ত্ৰিত পৰ্যবেক্ষণৰ অসুবিধাসমূহ তলত উল্লেখ কৰা হ’ল—

(ক) এই পর্যবেক্ষণত গৱেষকজনে তথ্য সংগ্ৰহৰ ক্ষেত্ৰত বেছি স্বাধীনতা লাভ কৰাৰ বাবে আৰু অনিয়ন্ত্রিত ভাৱে পর্যবেক্ষণ কৰাৰ বাবে যিটো প্রকৃত সত্য তথ্য বুলি ভবা হয় সেইটো গৱেষকে ভবা সত্যৰ পৰা বহু আঁতৰত হ’ব পাৰে।

(খ) অনিয়ন্ত্রিত পর্যবেক্ষণত গৱেষণাৰ তথ্য সংগ্ৰহ কৰি তাৰ পৰা যি ফল লাভ কৰা হয় যি বিপথগামীও হ’ব পাৰে।

(গ) এজন গৱেষকে গৱেষণা কৰিবলৈ এৰি দিলে তেওঁ নিজে শুদ্ধ বুলি ভবা তথ্যই প্রকৃত সত্যৰ সন্ধান নিদিবও পাৰে।

(ঘ) ই পর্যবেক্ষকজনক পক্ষপাতিত্ব কৰাৰ পৰা মুক্ত ৰাখিব নোৱাৰে। 

(ঙ) অনিয়ন্ত্ৰিত পৰ্যবেক্ষণৰ দ্বাৰা এটা সামাজিক ঘটনাৰ এটাক অনুৰূপ পৰিৱেশ সৃষ্টি কৰি বহুবাৰ পৰীক্ষা কৰাৰ কোনো সুবিধা নাই ইত্যাদি।

৬৪। নমুনা বাছনি পদ্ধতি বুলিলে কি বুজা? নমুনা বাছনি অধ্যয়নৰ সুবিধা আৰু অসুবিধাসমুহ উল্লেখ কৰা। (What do you mean by sample selection method? Mention the advantages and disadvantages of sampling method.) 

উত্তৰঃ নমুনা বাছনি পদ্ধতি: সামাজিক গৱেষণা আৰু জৰীপ কাৰ্যত দুটা প্ৰধান পদ্ধতিৰ দ্বাৰা এককসমূহৰ অধ্যয়ন কৰা হয়। এটা হ’ল পিয়ল পদ্ধতি আৰু আনটো হ’ল নমুনা বাছনি পদ্ধতি। নমুনা বাছনি পদ্ধতি বুলিলে এটা জনসমষ্টিৰ পৰা ক্ৰমসংখ্যক এককক নমুনা হিচাপে গঢ়ি লৈ সামাজিক ঘটনা এটাক অধ্যয়ন কৰাকে বুজায়।

পি. ভি. য়ঙৰ মতে এটা জনসমষ্টিৰ প্ৰত্যেকটো একক অধ্যয়ন কৰাৰ পৰিৱৰ্তে নমুনা বাছনিৰ সহায়ত কিছু সংখ্যক এককক বাছনি আৰু অধ্যয়ন কৰি ফলাফল নিৰ্দ্ধাৰণ কৰা হয়। তেওঁৰ মেতে যিটো জাঙৰসমূহৰ পৰা এনেদৰে নমুনা বাছনি কৰা হয় সেই সমূহটোক জনসমষ্টি বা ইউনিভাৰ্চিটি কোৱা হয়।

গতিকে নমুনা পদ্ধতি বুলিলে এটা জনসমষ্টিৰ পৰা কমসংখ্যক একক নমুনা হিচাপে সামাজিক ঘটনা এটা অধ্যয়ন কৰাকে বুজায়।

নমুনা বাছনি অধ্যয়নৰ সুবিধাসমুহ হ’ল—

(ক) পিয়ল পদ্ধতি প্রয়োগ কৰি বৃহৎ পৰিসৰৰ সামাজিক ঘটনা এটা অধ্যয়ন কৰাতো সম্ভৱ নহয়।

(খ)‌ নমুনা বাছনিৰ দ্বাৰা বাছি লোৱা কম সংখ্যক সংখ্যক এককক অতি নিখুতভাৱে খৰচি মাৰি অধ্যয়ন কৰাৰ অৱকাশ থাকে। 

(গ) কম সংখ্যক প্রতিনিধিত্বমূললক একক অধ্যয়ন কৰিব লগা হোৱাৰ বাবে নমুনা বাছনি পদ্ধতিত প্রসাশনীয় সুবিধাও বিশদভাৱে লাভ কৰা হয় ৷

(ঘ) নমুনা বাছনিৰ দ্বাৰা এটা সঠিক ভাৱে নিৰ্দ্ধাৰিত জনসমষ্টিৰ পৰা সম্পূৰ্ণ প্ৰতিনিধিত্বমূলক একক নির্বাচন কৰি অধ্যয়ন কৰিব পাৰিলে তাক নিৰ্ভৰযোগ্য ফলাফল লাভ কৰিব পৰা হয়৷

(ঙ) সামাজিক গৱেষণাৰ বহুতো বিষয়বস্তুৰ ক্ষেত্ৰত পিয়ল পদ্ধতি প্ৰয়োগ কৰিব নোৱাৰি। 

(চ) গৱেষণা সম্পন্ন কৰাৰ অকমাত্র বিকল্প উপায় হ’ল নমুনা বাছনিৰ যোগেদি প্রতিনিধিত্বমূলক সামাজিক ঘটনাক সার্থকতাৰে অধ্যয়ন কৰিব পৰাটো নমুনা বাছনিৰ কৃতিত্ব।

(ছ) নমুনা বা এককৰ সংখ্যা কম হোৱাৰ বাবে গৱেষণাত মিতব্যয়িতাত লাভ কৰিব পাৰিব।

নমুনা বাছনি অধ্যয়নৰ অসুবিধাসমুহ হ’ল—

(ক) নমুনা বাছনিৰ পক্ষপাতিত্বমূলক গৱেষণাৰ নিৰৰ্থক হৈ পৰিব। বস্তুনিষ্ঠৰ নমুনা বাছনি কৰিবলৈ হ’লে গৱেষকজন সম্পূৰ্ণ নিৰপেক্ষ, ব্যক্তিগত আবেগ অনুভূতি আদিৰ পৰা মুক্ত হ’ব লাগিব।

(খ) যিকোনো এজন সাধাৰণ গৱেষক বা অনুসস্থানকাৰীয়ে নমুনা বাছনি কৰিব নোৱাৰে। কাৰণ নমুনাৰ বাছনিৰ বাবে গৱেষকজন অভিজ্ঞতাৰ পুষ্ট আৰু তথ্য বিশ্লেষণৰ ক্ষেত্ৰত নিপুণ হ’ব লাগিব।

(গ) নমুনা বাছনি পদ্ধতিৰে অন্যতম অসুবিধা সম্পূর্ণ প্রতিনিধিত্বমূলক নমুনা বাছনি কৰিব নোৱাৰাটো। এটা জনসমষ্টিৰ কোনকেইটা একক প্ৰতিনিধিত্ব কৰাৰ বাবে যোগ্য তাক নিৰ্ণয় কৰাটো অতি দুঃসাধ্য।

(ঘ) এটা গৱেষণাৰ বাবে বাছনি কৰা এককবোৰ বা নমুনাবোৰ বিশাল অঞ্চল এটাত পৰিব্যাপত হৈ থাকিলে অধ্যয়ন কৰাটো বহু অসুবিধা হয়।

(ঙ) কিছুমান গৱেষণাৰ ক্ষেত্ৰত নমুনাবোৰে গৱেষকৰ সৈতে সহযোগিতা নকৰিবও পাৰে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top