জীৱনী: কুইন ওজা | Biography of Queen Oja

কুইন ওজা | Queen Oja Essay in Assamese | Biography of Queen Oja in Assamese | কুইন ওজা বিষয়ে জীৱনী | কুইন ওজা বিষয়ে ৰচনা | কুইন ওজাৰ চমু পৰিচয়।

Join Telegram channel

আৰ্থ-সামাজিক উন্নয়ন আৰু ৰাজনৈতিক ক্ষেত্ৰখনত এক নিৰ্ণায়ক শক্তি হ’ল মহিলাসকল। ৰাষ্ট্ৰ এখনৰ সংগঠক তথা মূল চালিকা শক্তি হ’ল মহিলা সকলেই। বৰ্তমান সময়ৰ এটা অতি গুৰুত্বপূৰ্ণ বিষয় হ’ল মহিলাসকলে ৰাজনীতিত অংশগ্ৰহণ  কৰা তথা  তেওঁলোকক ৰাজনৈতিক ক্ষমতা প্ৰদান কৰাটো। মহিলাসকলৰ ৰাজনৈতিক অংশগ্ৰহণে সামগ্ৰিকভাৱে মহিলা সবলীকৰণৰ দিশটোও প্ৰতিফলিত কৰে। তথাপিও উত্তৰ পূৰ্বাঞ্চলৰ আন আন ৰাজ্যৰ লগতে অসমতো মহিলাসকলৰ ৰাজনীতিত সক্ৰিয় অংশগ্ৰহণৰ হাৰ অত্যন্ত হতাশজনক। কিন্তু ইয়াৰ মাজতো কিছু সংখ্যক মহিলাই ৰাজনীতিত সংক্ৰিয় ভাৱে অংশগ্ৰহণ কৰি নিজৰ সবল ব্যক্তিত্বৰ পৰিচয় দিছে। তেনে এগৰাকী মহিলা হ’ল বৰ্তমান গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজা (Queen Oja)। ২০১৯ চনত ভাৰতীয় জনতা পাৰ্টী (BJP)-ৰ পৰা লোকসভা নিৰ্বাচনত গুৱাহাটী সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰি জয়লাভ কৰিছিল।

কুইন ওজা queen

কুইন ওজা জীৱনী | Queen Oja Biography

নাম (Name)কুইন ওজা (Queen Oja[1])
জন্ম চন (Date of Birth)১০ জুন, ১৯৫২(10th June, 1952)
জন্ম স্থান (Place of Birth)কামপুৰ, গুৱাহাটী (Kamrup, Guwahati)
অভিভাৱক (Parents)পিতৃ/Father: স্বৰ্গীয় মাধৱ বৰা
মাতৃ/Mother: স্বৰ্গীয় নলিনী বৰা
স্বামী (Spouse)দেৱৰাজ ওজা
শিক্ষা (Education)১/পানবজাৰ ছোৱালী হাইস্কুলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হয় ১৯৬৮ চনত
২/কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ ২০১২ চনত

একবিংশ শতিকাৰ বৰ্তমান সময়তো দেখা যায় যে অধিকাংশ মহিলা বহু সীমাবদ্ধতাৰ মাজত আৱদ্ধ হৈ থাকে। মুষ্টিমেয় কেইগৰাকী মান মহিলাইহে ব্যক্তিগত জীৱনৰ সমান্তৰালকৈ সামাজিক ক্ষেত্ৰখনতো সক্ৰীয় ভাৱে বহুবোৰ দায়িত্ব পালন কৰিছে। তেনে কেইগৰাকী মান মুষ্টিমেয় মহিলাৰ ভিতৰত কুইন ওজা হ’ল অন্যতম।

সত্তৰ দশকৰ শেষৰফালে অৰ্থাৎ আশী দশকৰ আৰম্ভণিৰ পৰা  একবিংশ শতিকা অৰ্থাৎ বৰ্তমান সময়লৈকে ৰাজনৈতিক ক্ষেত্ৰখনত বিৰাম নোহোৱাকৈ সক্ৰীয় হৈ থকা এগৰাকী শক্তিশালী মহিলা হ’ল কুইন ওজা। এক কথাত ৰাজনৈতিক ক্ষেত্ৰখনৰ এগৰাকী সফল তথা সবল নেত্ৰী হ’ল কুইন ওজা । এগৰাকী নাৰীয়ে ইচ্ছা কৰিলে বিভিন্ন কাম কৰিব পাৰে। এই কথাকে কুইন ওজাই নিজৰ কৰ্মৰ জৰিয়তে প্ৰতিফলিত কৰিছে বিভিন্ন সময়ত। মানুহক ভাল পোৱা মানুহৰ মাজত থাকি ভালপোৱা কুইন ওজাই সমাজত বাস কৰা এজন ব্যক্তি হিচাপে সমাজৰ প্ৰতি থকা নিজৰ দায়িত্ব অনুভৱ কৰিয়ে সক্ৰিয় ৰাজনীতিৰ লগত জড়িত হৈ পৰিছিল। 

Also Read: ৰঘুনাথ চৌধাৰী – জীৱনী | Raghunath Chaudhary

কুইন ওজা প্ৰাৰম্ভিক জীৱন | Early Life of Queen Oja

কুইন ওজাই প্ৰথমে অসম আন্দোলনত প্ৰথম অৱস্থাৰ পৰাই সক্ৰিয় অংশগ্ৰহণ কৰি এক সুদীৰ্ঘ পৰিক্ৰমাৰ মাজেৰে সংসদীয় ৰাজনীতিত প্ৰৱেশ কৰিছিল। অসম আন্দোলন হ’ল স্বাধীন ভাৰতৰ এটা অন্যতম শক্তিশালী ছাত্ৰ আন্দোলন। অসমত অবৈধ ভাৱে প্ৰৱেশ কৰা অনুপ্ৰৱেশকাৰী সকলৰ বিৰুদ্ধে ১৯৭৯ চনৰ পৰা ১৯৮৫ চনলৈকে অসমীয়া লোক সকলে এটা বৃহৎ আন্দোলনৰ সূত্ৰপাত ঘটাইছিল। সদৌ অসম গণ সংগ্ৰাম পৰিষদ  আৰু  সদৌ অসম ছাত্ৰ সন্থাই  নেতৃত্ব বহন কৰা এই আন্দোলনত অংশগ্ৰহণ কৰিবলৈ ৰাজ্যৰ সকলো প্ৰান্তৰ মানুহ ওলাই আহিছিল। গুৰুত্বপূৰ্ণ কথা যে সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মেই কুইন ওজাৰ দৰে আন বহু মহিলাও ৰাজপথলৈ ওলাই আহি অসম আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল।

গুৰুত্বপূৰ্ণ কথা যে অসম আন্দোলনৰ সময়ত এখন ঘৰৰ সকলো দায়িত্ব বহন কৰিও কুইন ওজাই সময়ৰ আহ্বানত অবৈধ ভাৱে অসমলৈ প্ৰবজন হোৱা বিদেশী সকলৰ বিৰুদ্ধে ৰাজপথত আন্দোলন কৰিবলৈ ওলাই গৈছিল। ইতিবাচক কথা যে, আন্দোলনত অংশগ্ৰহণ কৰিবলৈ তেওঁ পৰিয়ালৰ সকলোৰে সমৰ্থন তথা সহযোগীতা লাভ কৰিছিল। অসম আন্দোলনত কুইন ওজাৰ সক্ৰীয় অংশগ্ৰহণৰ সময়ত তেখেতৰ কইনা সন্তান ন/দহ বছৰীয়া আছিল। তথাপিও সমাজৰ প্ৰতি থকা দায়বদ্ধতা তথা অসম ভূমিৰ প্ৰতি থকা তেওঁৰ প্ৰেমৰ বাবেই তেখেতে অসম আন্দোলনত অংশগ্ৰহণ কৰিছিল। এই সময়খিনিত কুইন ওজাৰ স্বামী দেৱৰাজ ওজাৰ ভূমিকাও অনস্বীকাৰ্য।

বিদেশী বহিৰাগত বহিষ্কাৰ কৰিবলৈ সূচনা কৰা অসম আন্দোলনৰ অংশীদাৰ কেৱল মাত্ৰ ছাত্ৰ সমাজেই হোৱা নাছিল। আবাল বৃদ্ধ বণিতাৰ লগতে অসম আন্দোলনত মহিলা সকলৰ ভূমিকাও অপৰিসীম আছিল। গুৰুত্বপূৰ্ণ কথা যে অসম আন্দোলনৰ সময়ত মহিলা সকলক সংগঠিত কৰিবলৈ নগেন শৰ্মাই সদৌ অসম মহিলা সমন্বয় ৰক্ষী সমিতি  গঠন কৰিছিল। আন্দোলন চলি থকাৰ  সময়ত প্ৰয়াত ৰাজীৱ গান্ধীক অসম আন্দোলনৰ দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰদান কৰিছিল বিমলা গোস্বামী(Bimala Goswami), মনোৰমা ভট্টাচাৰ্যৰৰ(Manorama Bhattacharya)  নেতৃত্বত কুইন ওজা সহ: প্ৰায় ২০ গৰাকী মহিলাই দিল্লীলৈ গৈ ৰাজীৱ গান্ধী(Rajiv Gandhi) ক স্মাৰক পত্ৰ প্ৰদান কৰিছিল।

১৯৭৯ চনৰ পৰা আৰম্ভ হোৱা এই বিদেশী বহিষ্কাৰ আন্দোলনটো পৰৱৰ্তী সময়ত ভাৰত চৰকাৰ আৰু অসম আন্দোলনৰ নেতৃত্বৰ মাজত ১৯৮৫ চনত অসম চুক্তি সাক্ষৰিত হৈ অসম আন্দোলনৰ পৰিসমাপ্তি ঘটিছিল। অসম চুক্তিৰ পৰৱৰ্তী সময়ত অসম আন্দোলনৰ নেতৃত্বই অসম গণ পৰিষদ(Asom Gana Parishad) নামেৰে এটা ৰাজনৈতিক দল গঠন কৰিছিল। আৰু এই দলেই চৰকাৰ গঠন কৰিছিল। সেই সময়ত অসম আন্দোলনত সক্ৰীয় ভাৱে অংশগ্ৰহণ কৰা এগৰাকী কৰ্মী হিচাপে কুইন ওজাই অসম গণ পৰিষদ দলত যোগদান কৰি প্ৰত্যক্ষ ভাৱে ৰাজনৈতিক ক্ষেত্ৰখনত ভৰি থৈছিল।

Also Read: মনমোহন সিং | Manmohan Singh

ব্যক্তিগত জীৱনৰ এক জিলিঙনি | A spark of the personal life

ৰাজনীতিবিদ হিচাপে পৰিচিত হ’লেও কুইন ওজা শৈশৱ কালত সাংস্কৃতিক জগত খনৰ লগতো জড়িত হৈ আছিল। শৈশৱত তেওঁ সংগীত চৰ্চা কৰিছিল। তেওঁ  সংগীতত বিশাৰদ লাভ কৰিছিল। ইয়াৰ উপৰিও তেওঁ বাদ্যযন্ত্ৰ ভায়োলিনো শিকিছিল। তেওঁ এগৰাকী সাংস্কৃতিক ভাৱাপন্ন মহিলা। ইয়াৰ উপৰিও গুৰুত্বপূৰ্ণ কথাটো হৈছে তেওঁ এগৰাকী উদ্যোগী মহিলা।

কুইন ওজাৰ মতে কোনো মানুহ অকলে আগবাঢ়ি যাব নোৱাৰে। কোনো মানুহ স্বাৰ্থপৰ হ’ব নালাগে। সকলোৱে লগত এটা মানসিক সম্পৰ্ক সৃদুঢ় কৰিহে এজন মানুহ আগবাঢ়ি যাব পাৰি।‌ তেওঁৰ মতে জীৱন যুঁজত আগবাঢ়ি যাবলৈ সকলোৰে সহযোগিতা প্ৰয়োজন।

নিজৰ পিতৃ-মাতৃক আদৰ্শ হিচাপে লৈ জীৱনৰ প্ৰতিটো ঘাট-প্ৰতিঘাটক প্ৰত্যাহ্বান হিচাবে লৈ আৰু সামাজিক ক্ষেত্ৰখনত নিজৰ খোজ সবল কৰিবৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে কুইন ওজাই। 

কৰ্মজীৱন তথা জীৱনৰ কীৰ্তিস্তম্ভ | Professional Life & Achievements

১৯৮৮ চনত গঠিত হোৱা অসম গণ পৰিষদৰ ভগ্নী সংগঠন অসম মহিলা পৰিষদৰ লগত ওতঃপ্ৰোত ভাৱে জড়িত হৈ পৰিছিল কুইন ওজা।

১৯৯৬ চনত গুৱাহাটীৰ পৰা তেওঁ মেয়ৰ হিচাপে নিৰ্বাচিত হৈছিল। সেই সময়চোৱাত কুইন ওজাই ৰাইজৰ মাজত থাকি বিভিন্ন সমস্যা সমাধানৰ বাবে চেষ্টা কৰিছিল।

মহিলা আয়োগৰ অধ্যক্ষা হিচাপেও কাৰ্যনিৰ্বাহ কৰা কুইন ওজাই ২০১১ চনত অসম গণ পৰিষদৰ তৰফৰ পৰা  বিধানসভা নিৰ্বাচনত পূব গুৱাহাটী সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা আগবঢ়াইছিল যদিও তেওঁ জয়ী হ’ব নোৱাৰিলে।

গুৰুত্বপূৰ্ণ কথা যে ২০১৪ চনত তেখেতে অসম গণ পৰিষদৰ পৰা পদত্যাগ কৰি ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছিল। ইয়াৰ পৰৱৰ্তী সময়ত ২০১৯ চনত তেওঁ গুৱাহাটী লোকসভা সমষ্টিৰ পৰা লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰি জয়লাভ কৰি সাংসদ হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিছিল । ২০১৯ ৰ লোকসভা‌ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰি অসমৰ পৰা জয়লাভ কৰা একমাত্ৰ মহিলা সাংসদ হ’ল কুইন ওজা।

কুইন ওজা হ’ল এক সামাজিক সত্বা। সমাজপ্ৰিয় কুইন ওজাই বিভিন্ন সামাজিক কামত জড়িত হৈ সমাজৰ হকে কাম কৰি ভাল পাই। ৰাজনৈতিক ক্ষেত্ৰখনৰ সমান্তৰালকৈ বিভিন্ন অৰাজনৈতিক অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে জড়িত হৈ তেখেতে বিভিন্ন সময়ত নিজৰ সমাজ সচেতনতাৰ পৰিচয় দিছে। 

গুৱাহাটীত অৱস্থিত উলুবাৰী হাই স্কুল পৰিচালনা সমিতিৰ সভানেত্ৰী আছিল কুইন ওজা। গুৰুত্বপূৰ্ণ কথা যে এই স্কুল খন প্ৰতিষ্ঠা কৰাত কুইন ওজাৰ পিতৃয়েও গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। 

ইয়াৰ উপৰিও assam horticulture society ৰ দুবাৰকৈ সভাপতিৰ দায়িত্বত কাৰ্যনিৰ্বাহ কৰিছিল কুইন ওজাই। তেখেত River line Clubৰ  লগতো জড়িত আছিল। ইতিবাচক কথা যে এই ক্লাবৰ জৰিয়তে ক্ৰিকেট খেলৰ প্ৰতি আগ্ৰহী লোকসকলক ক্ৰিকেট খেলৰ প্ৰশিক্ষণ দিয়া হয়। ইয়াৰ উপৰিও এই ক্লাবৰ উদ্যোগত বিভিন্ন সময়ত ক্ৰিকেট খেলৰ প্ৰতিযোগিতাও অনুষ্ঠিত কৰা হৈছিল।

Pragjyotika Assam Emporium লগতো জড়িত আছিল কুইন ওজা। ইয়াৰ ওপৰিও ভূপেন হাজৰিকা সমন্বয় পৰিষদৰ উপদেষ্টা হিচাপে দায়িত্বভাৰ পালন কৰিছিল‌ কুইন ওজাই।

Wild life society লগত জড়িত হৈ থকা কুইন ওজা assam craft council প্ৰতিষ্ঠাপক সদস্য আছিল। গুৰুত্বপূৰ্ণ কথা যে তেওঁ FICCI FLO ৰ চেয়াৰপাৰচন(Chairperson) আছিল। FICCI FLO ৰ সম্পূৰ্ণ নাম হৈছে Federation of Indian Chambers of Commerce and Industry (FICCI)ই হ’ল মহিলা সকলৰ বাবে এখন সৰ্বভাৰতীয় মঞ্চ। যাৰ জৰিয়তে মহিলাসকলে ব্যৱসায় বাণিজ্যৰ কৰিবলৈ এখন উপযুক্ত ক্ষেত্ৰ লাভ কৰে।

কুইন ওজা Industrial Cooperative Bank  চেয়াৰপাৰচন আছিল। গুৰুত্বপূৰ্ণ কথা যে এই বেংকটো প্ৰতিষ্ঠা কৰাত কুইন ওজাৰ পিতৃৰো গুৰুত্বপূৰ্ণ ভূমিকা আছিল।

Also Read: জীৱনী: পদ্মনাথ গোহাঞি বৰুৱা | Padmanath Gohain Baruah Biography

সামৰণি | Conclusion

প্ৰত্যক্ষ ভাৱে ৰাজনৈতিক ক্ষেত্ৰখনত জড়িত নাথাকিলেও বিভিন্ন ধৰণৰ সামাজিক কাম কাজত জড়িত আছিল কুইন ওজাৰ পিতৃ মাধৱ বৰা । সামাজিক কাম কাজত জড়িত থকাৰ অৱস্থাত মাধৱ বৰাক উদ্যোগত তথা প্ৰচেষ্টাত বিভিন্ন ধৰণৰ কাম সম্পাদন হৈ উঠিছিল যদিও ইয়াৰ বাবে কোনো স্বীকৃতি বিচৰা নাছিল তেওঁ।কুইন ওজাৰ শহুৰ দেউতাকো এজন সমাজ সচেতন ব্যক্তি আছিল।

জীৱনত আহৰণ কৰা বিভিন্ন অভিজ্ঞতাৰ পৰা কেৱল ইতিবাচক অভিজ্ঞতা সমূহ লৈ আগবাঢ়ি যোৱাতহে বেছিকৈ গুৰুত্ব দিয়ে কুইন ওজাই। জীৱনক লৈ বহু বেছি উচ্চাকাংক্ষীও নহয় তেওঁ। পোৱাখিনিক লৈয়ে সন্তুষ্ট কুইন ওজা (Queen Oja)।

বৰ্তমান সময়ত সংসদীয় ৰাজনীতিত মহিলাসকলৰ অংশগ্ৰহণ বৃদ্ধি পাইছে যদিও এইয়া আশানুৰূপ নহয়। কিন্তু ইয়াৰ মাজতে কুইন ওজাৰ দৰে সবল ব্যক্তিত্বৰ অধিকাৰী মহিলাই এক দীঘলীয়া পৰিক্ৰমাৰ মাজেৰে জনতাক প্ৰতিনিধিত্ব কৰিব পৰাটো এটা ইতিবাচক বাৰ্তা। উত্তৰাধিকাৰ সূত্ৰে নহয় নিজৰ কষ্ট, ত্যাগ কৰ্মৰ জৰিয়তে  ৰাজনৈতিক ক্ষেত্ৰখনত সবল ভূমিকা পালন কৰা কুইন ওজা নিসন্দেহে সকলো মহিলাৰ বাবে এটা আশাৰ প্ৰতীক। কেৱল ৰাজনীতিবিদ নহয় এগৰাকী শক্তিশালী মহিলা (empowered women) হিচাপে তেওঁ হ’ল নৱ-প্ৰজন্মৰ বাবে অনুপ্ৰেৰণা উৎস।

Also Read: জীৱনী: স্বামী বিবেকানন্দ | Swami Vivekananda Biography

FAQ

১) কুইন ওজা কোন দলৰ?

উঃ- ভাৰতীয় জনতা পাৰ্টী (BJP)-ৰ গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ।

২) কুইন ওজাৰ জন্ম কেতিয়া?

উঃ- ১০ জুন, ১৯৫২ চনত।

৩) কুইন ওজাৰ অভিভাৱক কোন?

উঃ- কুইন ওজাৰ পিতৃ- স্বৰ্গীয় মাধৱ বৰা আৰু মাতৃ- স্বৰ্গীয় নলিনী বৰা।

৪) কুইন ওজাৰ পতি কোন?

উঃ- দেৱৰাজ ওজা।

৫) কুইন ওজা প্ৰথমে কোন দলৰ সদস্য আছিল?

উঃ- অসম গণ পৰিষদ (AGP)।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top