🪔 Diwali Maha Offer Class 10 & 12 Bundles @ ₹299 ₹599
Ends in:
03d
14h
35m
40s

Niketan Class 8 Science Chapter 11 বল আৰু গতি

Niketan Class 8 Science Chapter 11 বল আৰু গতি is the answer to each chapter is provided in the list so that you can easily browse throughout different chapters Shankardev Shishu Niketan Class 8 Science Chapter 11 বল আৰু গতি and select need one.

Niketan Class 8 Science Chapter 11 বল আৰু গতি

Also, you can read the Assam Board book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of Shankardev Sishu Niketan All Subject Solutions. Here we have given Assam Board Shankardev Vidya Niketan Class 8 Science Chapter 11 বল আৰু গতি Solutions for All Subjects, You can practice these here…

বল আৰু গতি

Chapter – 11

বিজ্ঞান

SHANKARDEV SISHU VIDYA NIKETAN

TEXTUAL QUESTIONS AND ANSWERS

১। স্থিৰ অৱস্থাত থকা বস্তু এটাক কেনেকৈ গতি প্ৰদান কৰিব পাৰি ?

উত্তৰ: স্থিৰ অৱস্থাত থকা বস্তু এটাক টানি বা ঠেলি গতি প্ৰদান কৰিব পাৰি।

২। গৈ থকা বস্তু এটাৰ ওপৰত বল প্রয়োগ কৰিলে কি কি হ’ব পাৰে ?

উত্তৰ: গৈ থকা বস্তু এটাৰ ওপৰত গতিৰ বিপৰীত দিশত বল প্রয়োগ কৰিলে বস্তুটো ৰৈ যাব ৷

গৈ থকা বস্তু এটাক একে দিশতে বল প্রয়োগ কৰিলে মুঠ বল যোগ হৈ লব্ধ বল হয় আৰু দ্ৰুতি বাঢ়ে।

৩। গতিৰ দিশ সলনি কৰিবলৈ কি কৰিব লাগে ?

উত্তৰ : গতিৰ দিশ সলনি কৰিবলৈ গতিৰ বিপৰীত দিশত বল প্রয়োগ কৰিব লাগে।

৪। এটা গধুৰ বস্তু দাঙিবলৈ আমি বেছি বল প্রয়োগ কৰিব লাগে আৰু পাতল বস্তু দাঙিবলৈ কম বল প্রয়োগ কৰিব লাগে। কাৰণ কি বুজাই লিখা।

উত্তৰ : মহাকৰ্ষণ বলৰ বাবে এটা গধুৰ বস্তু ডাঙিবলৈ আমি বেছি বল প্রয়োগ কৰিব লাগে আৰু পাতল বস্তু দাঙিবলৈ কম বল প্রয়োগ কৰিব লাগে। প্ৰকৃততে, বিশ্ব ব্ৰহ্মাণ্ডৰ প্ৰতিটো বস্তুৱে এটাই আনটোৰ ওপৰত বল প্রয়োগ কৰে। গধুৰ বস্তু এটাত মহাকর্ষণ বল বেছি, সেইবাবে, এটা গধুৰ বস্তুৰ ওজন বেছি হয় আৰু দাঙিবলৈ আমি বেছি বল প্রয়োগ কৰিব লাগে। ইপিনে, পাতল বস্তু এটাত মহাকর্ষণ বল কম বাবে ইয়াৰ ওজন কম হয় আৰু দাঙিবলৈ কম বল প্রয়োগ কৰিব লাগে।

৫। বস্তুৰ গতিশীল অৱস্থাৰ পৰিবৰ্তন ঘটাবলৈ ঠেলা বা টনা দুটা প্ৰক্ৰিয়াৰ উদাহৰণ দিয়া ৷

উত্তৰঃ বস্তুৰ গতিশীল অৱস্থাৰ পৰিবৰ্তন ঘটাবলৈ ঠেলা প্ৰক্ৰিয়াৰ এটা উদাহৰণ – ক্রিকেট খেঁলোতে বেট ধৰোতাজনৰ ফাললৈ আহি থকা ক্ৰিকেটৰ বল এটা বেটখনেৰে বেঁকাকৈ কোবাই ঠেলি দিয়া অর্থাৎ বল প্রয়োগ কৰি বলটো (ঠেলি ) দিশ সলনি কৰি বেলেগ দিশত গতি কৰিব।

বস্তুৰ গতিশীল অৱস্থাৰ পৰিৱৰ্তন ঘটাবলৈ টনা প্ৰক্ৰিয়াৰ উদাহৰণ পোনে পোনে গৈ থকা পুতলা গাড়ী এখনৰ তাত আগতে লগাই থোৱা সুতা এডালেৰে সোঁ বা বাওঁফালে টানিলে গাড়ীখনে গতিৰ দিশ সলায় ৷

৬। বস্তুৰ আকৃতিৰ পৰিবৰ্তন ঘটাবলৈ বল প্রয়োগৰ দুটা উদাহৰণ দিয়া।

উত্তৰ: বস্তুৰ আকৃতিৰ পৰিবৰ্তন ঘটাবলৈ বল প্রয়োগৰ দুটা উদাহৰণ হ’ল –

(ক) বল প্রয়োগ কৰি লোৰ মাৰি এডালক বেঁকা কৰা।

(খ) হাতুৰীৰে কোবাই একে পাত ধাতুৰ পৰা বিভিন্ন আকাৰৰ বস্তু বনোৱা।

৭। তলৰ বল কেইটাৰ সংজ্ঞা দিয়া :

(ক) স্থিতিস্থাপক বল

(খ) চুম্বকীয় বল

(গ) মহাকর্ষণিক বল

(ঘ) নিউক্লিয় বল।

উত্তৰ : (ক) স্থিতিস্থাপক বল : বল প্রয়োগ কৰি কোনো বস্তুৰ দৈৰ্ঘ্য, আয়তন অথবা আকাৰ সলনি কৰিব বিচাৰিলে বস্তুটোৱে বাধা প্রদান কৰে। ফলত বস্তুটোৰ ভিতৰত প্ৰয়োগ কৰা বলৰ বিপৰীত দিশত এটা নিজা বলৰ সৃষ্টি হয়। এই বলকেই স্থিতিস্থাপক বল বোলে।

(খ) চুম্বকীয় বল :  চুম্বকে আন চুম্বকৰ ওপৰত বা চুম্বক জাতীয় পদাৰ্থৰ ওপৰত যি বল প্রয়োগ কৰে সেই বলকে চুম্বকীয় বল বোলে ৷

(গ) মহাকর্ষণিক বল : বিশ্ব ব্রহ্মাণ্ডৰ প্ৰতিটো বস্তুৱে প্ৰতিটো বস্তুক আকর্ষণ কৰি আছে। বিশ্ব ব্ৰহ্মাণ্ডৰ যিকোনো দুটা বস্তুৰ মাজত থকা এই আকর্ষণী বলকেই মহাকর্ষণিক বল বোলে।

(ঘ) নিউক্লিয় বল : প্রত্যেক পদাৰ্থৰ পৰমাণুৰ নিউক্লিয়াচত থকা ধনাত্মক আধান বিশিষ্ট প্ৰট’ন আৰু আধানহীন নিউট্রনবোৰক এক শক্তিশালী আকর্ষণী বলে বান্ধি থূপ খুৱাই ৰাখিছে। এই আকর্ষণী বলকে নিউক্লিয় বল বোলে।

৮। তলৰ অৱস্থাসমূহত বল প্রয়োগ কৰা কাৰকবোৰ আৰু কোনবোৰ বস্তুৰ ওপৰত বল প্রয়োগ কৰা হৈছে চিনাক্ত কৰা ৷

(ক) ৰস উলিয়াবলৈ হাতৰ আঙুলিৰে এটুকুৰা নেমু চেপি ধৰা

(খ) টুথপেষ্ট টিউবৰ পৰা পেষ্ট উলিওৱা।

(গ) বেৰৰ হাকোটাৰ পৰা ওলোমাই থোৱা স্প্রিং এডালৰ আনটো মূৰত গধুৰ ভাৰ এটা ওলোমাই ৰখা হৈছে।

(ঘ) নিৰ্দিষ্ট উচ্চতাৰ প্ৰতিষ্ঠাপিত দণ্ড এডাল অতিক্ৰম কৰিবলৈ খেলুৰৈ এজনে জপিওৱা।

উত্তৰ:

কাৰকবল প্রয়োগ কৰা বস্তুপৰিণতি
(ক) হাতৰ আঙুলিনেমুৰস নির্গত হয়।
(খ) হাতৰ আঙুলিটুথপেষ্টপেষ্ট ওলায় ৷
(গ) গধুৰ ভাৰওলোমাই থোৱা স্প্রিংআকৃতিৰ পৰিৱৰ্তন
(ঘ) প্রতিষ্ঠাপিত দণ্ডখেলুৱৈঠাইৰ পৰিবৰ্তন

৯। এটা বস্তুৰ ওপৰত দুটা বলে একে সময়তে ক্ৰিয়া কৰিলে মুঠ ফল কি হ’ব ?

উত্তৰঃ যেতিয়া দুটা বলে এটা বস্তুৰ ওপৰত একে দিশত অথবা বিপৰীত দিশত ক্ৰিয়া কৰে বস্তুটোৱে লব্ধ বলৰ দিশত ক্রিয়া কৰে। এইক্ষেত্ৰত বল দুটাৰ মুঠ প্রযুক্ত বল বা বল দুটাৰ পাৰ্থক্যৰ ওপৰত নিৰ্ভৰ কৰে।

১০। যেতিয়া দুটা বা ততোধিক বলে এটা বস্তুৰ ওপৰত বিভিন্ন দিশত ক্ৰিয়া কৰে কি ঘটিব ?

উত্তৰঃ যেতিয়া এটা বস্তুৰ ওপৰত দুটা বা তাতোধিক বলে বিভিন্ন দিশত ক্রিয়া কৰে বস্তুটোৰ ওপৰত ক্ৰিয়া কৰা বলৰ মান আৰু দিশ মুঠ লব্ধ বল অনুযায়ীহে বস্তুৰ ওপৰত প্ৰভাৱ পৰিব।

১১। দ্রুতি কাক বোলে ? দ্ৰুতিৰ মান কেতিয়া বৃদ্ধি পায় আৰু কেতিয়া কমে ?

উত্তৰঃ কোনো এটা বস্তুৰ গতিশীল অৱস্থাক ইয়াৰ দ্ৰুতি বোলা হয়। বস্তু এটাৰ স্থিৰ অৱস্থা মানে দ্ৰুতি শূন্য। 

কোনো বস্তুৰ ওপৰত বল প্রয়োগ কৰিলে তাৰ দ্ৰুতিৰ পৰিবৰ্তন ঘটে। যদি বস্তুটোৰ গতিৰ দিশত বল প্রয়োগ কৰা হয় তেন্তে ইয়াৰ দ্ৰুতি বাঢ়ি যাব, আনহাতে, গতিৰ বিপৰীত দিশত বল প্রয়োগ কৰিলে বস্তুটোৰ দ্ৰুতি কমি যাব ৷

১২। বল প্রয়োগ কৰিলে বস্তুৰ গতি অৱস্থাৰ পৰিবৰ্তন হ’বই নে ? এটা উদাহৰণ দি বুজাই লিখা ৷

উত্তৰ : বল প্রয়োগ কৰিলেও বহুক্ষেত্ৰত গতি অৱস্থাৰ পৰিবৰ্তন নহয়। 

উদাহৰণ স্বৰূপে, গধুৰ বাকচ এটা আমি সৰ্বোচ্চ বল প্রয়োগ কৰিও লৰাব নোৱাৰিব পাৰো ৷ ঠিক তেনেদৰে, পকী বেৰ এখন জোৰেৰে ঠেলিও লৰাব নোৱাৰি।

১৩। তলৰ উক্তিবোৰত খালী স্থান পুৰ কৰা –

(ক) কুঁৱাৰ পৰা পানী তুলিবলৈ আমি —– টানিব লাগে ।

উত্তৰ : ৰছীডাল ।

(খ) বোজাই কৰা ট্ৰলিগাড়ী এখন গতি কৰাবলৈ আমি ইয়াক —– লাগিব ৷

উত্তৰ : ঠেলিব ।

(গ) দুটা বস্তুৰ —– ক্ৰিয়াৰ বাবে বলৰ জন্ম হয়। 

উত্তৰ : পাৰস্পৰিক ।

  (ঘ) —– বলৰ উৎস বৈদ্যুতিক আধান।

উত্তৰ : বৈদ্যুতিক ।

(ঙ) —– বলৰ কাৰণে গ্ৰহবোৰে সূৰ্যৰ চাৰিওফালে ঘুৰে ৷

অতিৰিক্ত প্রশ্নোত্তৰ

১। লব্ধ বল কি ? লব্ধ বলে একে দিশতে, বিপৰীত দিশত ক্ৰিয়া কৰিলে কি হ’ব ? লব্ধ বল কেতিয়া শূন্য হয় ?

উত্তৰঃ বস্তু এটাৰ ওপৰত প্ৰয়োগ কৰা মুঠ বলেই লব্ধ বল ৷ যেতিয়া বস্তু এটাত একে দিশত বল প্রয়োগ কৰা হয় মুঠ বল যোগ হয়। এটা বস্তুৰ ওপৰত মুঠ প্রযুক্ত বল এটা লব্ধ বল। এই লব্ধ বলে একে দিশতে ক্ৰিয়া কৰে। 

যেতিয়া এটা বলৰ ওপৰত বিপৰীত দিশত প্ৰয়োগ কৰা হয় তেতিয়া ইটোৱে সিটোৰ ওপৰত ক্ৰিয়া কৰে। এই ক্ষেত্ৰত মুঠ লব্ধ বল, বল দুটাৰ পাৰ্থক্যৰ ওপৰত নিৰ্ভৰ কৰে। লব্ধ বলে ডাঙৰ বলটোৰ দিশত ক্রিয়া কৰে। যদি দুয়োটা বিপৰীত বলৰ মান একে হয় লব্ধ বল শূন্য হ’ব।

২। স্থিতিস্থাপক গুণ কাক বোলে ?

উত্তৰ : বল প্রয়োগ কৰি কোনো এটা বস্তুৰ দৈৰ্ঘ্য, আয়তন অথবা আকাৰ সলনি কৰিব খুজিলে বস্তুটোত প্ৰয়োগ কৰা বলৰ বিপৰীতে এটা বলৰ সৃষ্টি হয় – যি বলে বস্তুটোক আগৰ অৱস্থালৈ ঘুৰাই নিব বিচাৰে ৷ পদাৰ্থৰ এই গুণটোক স্থিতিস্থাপক গুণ বোলে ৷

৩। চমুটোকা লিখা –

(ক) পেশীয় বল 

(খ) বৈদ্যুতিক বল।

উত্তৰ : (ক) পেশীয় বল : মানুহে ঠেলি বা টানি বস্তু এটাৰ ওপৰত যি বল প্রয়োগ কৰে সেই বল আমাৰ দেহৰ মাংসপেশীৰ পৰা উদ্ভৱ হয়। সেই কাৰণে এই বল আমি পেশীয় বল বুলি কওঁ।

(খ) বৈদ্যুতিক বল : এটা বিদ্যুৎ আধানে আন এটা বিদ্যুৎ আধানৰ ওপৰত যি বল প্রয়োগ কৰে সেই বলেই বৈদ্যুতিক বল। অর্থাৎ বৈদ্যুতিক বলৰ উৎস বিদ্যুৎ আধান ৷ পদাৰ্থৰ পৰমাণুত নিউক্লিয়াচৰ চাৰিওফালে এই বলৰ কাৰণেই ইলেকট্রনবোৰ ঘূৰি ফুৰে।এই বলৰ কাৰণেই পৰিবাহী তাঁৰৰ মাজেৰে বিদ্যুৎ প্রবাহিত হয়।

৪। বল প্রয়োগ কৰিলেও বস্তুৰ গতি অৱস্থাৰ পৰিৱৰ্তন হ’বই নে ? পৰীক্ষাৰ দ্বাৰা প্ৰয়োগ কৰা।

উত্তৰঃ সাধাৰণতে অভিজ্ঞতাৰ পৰা আমি জানো যে বহু ক্ষেত্ৰত  বল প্রয়োগ কৰিলেও বস্তুৰ গতিৰ সলনি নহয় ৷ উদাহৰণ স্বৰূপে গধুৰ বাকচ এটা আমি আমাৰ সর্বোচ্চ বল প্রয়োগ কৰিও লৰাব নোৱাৰিব পাৰো। ঠিক তেনেদৰে, পকী বেৰ এখনত আমি জোৰেৰে ঠেলিও লৰাব নোৱাৰো।

৫। কুমাৰে উত্তপ্ত লোৰ টুকুৰা হাতুৰিৰে পিটি সঁজুলি তৈয়াৰ কৰে ৷ হাতুৰিৰে মৰিয়াওতে বলে কেনেকৈ লোৰ টুকুৰাৰ ওপৰত ক্ৰিয়া কৰে  ?

উত্তৰ : লোৰ টুকুৰাক বিভিন্ন আকৃতি দি।

৬। ফুলোৱা বেলুন এটা সাংশ্লেষিক কাপোৰ এটুকুৰাৰে ঘঁহি লৈ বেৰত হেঁচি ধৰা হ’ল। দেখা গ’ল যে বেলুনটো বেৰত লাগি ধৰিছে। বেলুন আৰু বেৰখনৰ মাজৰ আকৰ্ষণত কি বলে ভূমিকা লৈছে ?

উত্তৰ : ঘৰ্ষণ বলে।

৭। কক্ষ পথত স্থাপনৰ বাবে ৰকেট এটা ওপৰলৈ নিক্ষেপ কৰিলে নিক্ষেপ স্থলী এৰাৰ পাছ মূহূৰ্ততে ৰকেটৰ ওপৰত ক্ৰিয়া কৰা বল দুবিধৰ নাম লিখা।

উত্তৰ : উৰ্দ্ধমুখী বল আৰু নিম্নমুখী বল।

৮। মাটিৰ পৰা কিছু ওপৰত হাতেৰে দাঙি ধৰি থকা অৱস্থাত পানী পূৰ্ণ বাল্টি এটাত ক্রিয়াশীল বলবোৰ চিনাক্ত কৰা। বাল্টিটোৰ ওপৰত ক্ৰিয়া কৰা বলসমূহে কিয় ইয়াৰ গতিৰ পৰিৱৰ্তন ঘটাব পৰা নাই আলোচনা কৰা ৷

উত্তৰ : মহাকৰ্ষণ বল আৰু পেশীয় বল। ইয়াত গতিৰ সলনি কৰিব পৰা নাই কাৰণ সম পৰিমাণৰ বল ওপৰলৈও প্ৰয়োগ কৰা হৈছে ।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

1 thought on “Niketan Class 8 Science Chapter 11 বল আৰু গতি”

  1. Drimly kalita

    Respected. Dev library 🙏🏻
    Thank you Dev library
    Your answers are very helpful for me
    Your all questions and answers are very good . Your all subjects question answer are nice . I wish your always good stay for
    Your all sweet pupils 😊
    ___your believable pupil –drimly.from ssn mushalpur. Baksa .class 8th

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top