Niketan Class 8 Science Chapter 4 পদাৰ্থ: ধাতু আৰু অধাতু is the answer to each chapter is provided in the list so that you can easily browse throughout different chapters Shankardev Shishu Niketan Class 8 Science Chapter 4 পদাৰ্থ: ধাতু আৰু অধাতু and select need one.
Niketan Class 8 Science Chapter 4 পদাৰ্থ: ধাতু আৰু অধাতু
Also, you can read the Assam Board book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of Shankardev Sishu Niketan All Subject Solutions. Here we have given Assam Board Shankardev Vidya Niketan Class 8 Science Chapter 4 পদাৰ্থ: ধাতু আৰু অধাতু Solutions for All Subjects, You can practice these here…
পদাৰ্থ: ধাতু আৰু অধাতু
Chapter – 3
বিজ্ঞান
SHANKARDEV SISHU VIDYA NIKETAN
TEXTUAL QUESTIONS AND ANSWERS
১। তলৰ কোনবোৰ উক্তি শুদ্ধ আৰু কোনবোৰ অশুদ্ধ বাছি উলিওৱা ।
(ক) অধাতুবোৰ তাপ আৰু বিদ্যুতৰ সুপৰিবাহী
উত্তৰ: অশুদ্ধ।
(খ) ফছফৰাছ এবিধ ধাতু।
উত্তৰ: অশুদ্ধ।
(গ) লো নমনীয় আৰু ঘাত সহনীয়।
উত্তৰ: শুদ্ধ।
(ঘ) কয়লাৰ টুকুৰাত হাতুৰীৰে কোবালে চেপেটা হৈ যাব।
উত্তৰ: অশুদ্ধ।
(ঙ) পাৰা এবিধ ধাতু।
উত্তৰ: শুদ্ধ।
(চ) ছ’ডিয়াম ধাতু যথেষ্ট টান।
উত্তৰ: অশুদ্ধ।
২। খালী ঠাই পূৰ কৰা।
(ক) ধাতুবোৰক কোবালে ইহঁতে ধ্বনিৰ সৃষ্টি কৰে বাবে ইহঁতক —— বুলি কোৱা হয়।
উত্তৰ: সনাদ ।
(খ) ধাতুৱে পানীৰ লগত বিক্ৰিয়া কৰি —— গেছ উৎপন্ন কৰে।
উত্তৰ : হাইড্ৰ’জেন ।
(গ) জিংক লোতকৈ —— সক্রিয়।
উত্তৰ: জিংক লোতকৈ অধিক সক্রিয়।
(ঘ) কোঠালি উষ্ণতাত জুলীয়া অৱস্থাত পোৱা একমাত্র ধাতুটোৰ নাম হ’ল –
উত্তৰ: কোঠালি উষ্ণতাত জুলীয়া অৱস্থাত পোৱা একমাত্ৰ ধাতুটোৰ নাম হ’ল —— পাৰা।
৩। কাৰণ দৰ্শোৱা –
(ক) ছডিয়াম আৰু পটেছিয়ামক কিয় কেৰাচিনত ডুবাই ৰখা হয় ?
উত্তৰ: ছডিয়াম আৰু পটেছিয়াম ধাতু অতি সক্রিয়। ইহঁতে অক্সিজেন আৰু পানীৰ সৈতে প্ৰৱলভাৱে বিক্ৰিয়া কৰে। এই বিক্ৰিয়াত প্ৰচুৰ তাপ উৎপন্ন হয়। সেইবাবে ছডিয়াম আৰু পটেছিয়ামক কেৰাচিনত ডুবাই ৰখা হয়।
(খ) খাদ্য সামগ্ৰী মেৰিয়াবলৈ এলুমিনিয়ামৰ পাত ব্যৱহাৰ কৰা হয় কিয় ?
উত্তৰঃ খাদ্য সামগ্ৰী মেৰিয়াবলৈ এলুমিনিয়ামৰ পাত ব্যৱহাৰ কৰা হয়। কাৰণ এলুমিনিয়াম ধাতুক কোবাই অতি পাতল পাতৰ আকাৰত গঢ় দিব পৰা যায় আৰু খাদ্য সামগ্রী মেৰিওৱাত সহজ হয়। এই পাত দেখিবলৈ ধুনীয়া হোৱাৰ লগতে খাদ্য বেয়া নোহোৱাকৈ বহু সময়লৈ ৰাখিব পাৰি।
(গ) তামে জিংকক ইয়াৰ লৱণ দ্ৰৱৰ পৰা অপসাৰিত কৰিব নোৱাৰে কিয় ?
উত্তৰ: তামে জিংকক ইয়াৰ লৱণ দ্ৰৱৰ পৰা অপসাৰিত কৰিব নোৱাৰে কাৰণ – তাম, জিংকতকৈ কম সক্রিয় ধাতু। এটা কম সক্রিয় ধাতুৱে অধিক সক্রিয় ধাতু এটাক ইয়াৰ লৱণ দ্ৰৱৰ পৰা অপসাৰিত কৰিব নোৱাৰে।
(ঘ) ফছফৰাছক কিয় পানীত ডুৱাই ৰখা হয় ?
উত্তৰঃ ফছফৰাছ এবিধ বৰ সক্রিয় অধাতু। ই বায়ুৰ সংস্পৰ্শলৈ আহিলে জ্বলি উঠে। সেইবাবে ফছফৰাছক পানীত ডুবাই ৰখা হয় যাতে ই বায়ুৰ সংস্পৰ্শলৈ আহিব নোৱাৰে।
৪। কি ঘটিব যেতিয়া –
(ক) এটি কাঁচৰ গিলাছত অলপ পানীলৈ তাত ছডিয়ামৰ সৰু টুকুৰা এটা যোগ কৰা হয়।
(খ) কপাৰ ছালফেটৰ দ্ৰবত লোৰ গজাল ৰখা হয়।
(গ) এলুমিনিয়ামৰ পাত এটুকুৰাৰ ওপৰত লঘু হাইড্ৰ’ক্ল’ৰিক এছিড ঢলা হয়।
(ঘ) কপাৰ ছালফেটৰ দ্ৰৱত জিংক টুকুৰা ৰখা হয়।
উত্তৰঃ (ক) ছ’ডিয়াম অতি সক্রিয় ধাতু। সেইবাবে কাঁচৰ গিলাচত যেতিয়া অলপ পানীলৈ তাত ছ’ডিয়ামৰ সৰু টুকুৰা এটা যোগ কৰা হয়, তেতিয়াই পানীৰ সৈতে প্রবলভাৱে বিক্রিয়া কৰে। বিক্ৰিয়াটোত প্ৰচুৰ পৰিমাণে তাপ উৎপন্ন হয় ৷
(খ) যদি কপাৰ ছালফেটৰ দ্ৰৱত লোৰ গজাল ৰখা হয়, লোৱে (Fe) কপাৰ ছালফেট (FeSO4) ৰ পৰা তাম অপসাৰিত কৰিব। ফলত ফেৰাছ ছালফেট (FeSO4) আৰু তাম (Cu) উৎপন্ন হ’ব।সেই কাৰণে কপাৰ ছালফেটৰ ৰঙটো নোহোৱা হ’ব আৰু বিকাৰৰ তলিত তামৰ ৰঙা গুড়ি জমা হ’ব। যিহেতু ফ্ৰোছছাল ফেটৰ ৰং ঈষৎ সেউজীয়া, সেয়ে দ্রৱটোৰ ৰং ঈষৎ সেউজীয়া হ’ব। এই বিক্ৰিয়াটো তলত দিয়া ধৰণে লিখিব পাৰি।
CuSO4 + Fe → FeSO4+ Cu
(নীলা) (ঈষৎ সেউজীয়া) (ৰঙা)
(গ) এলুমিনিয়াম পাত এটুকুৰাৰ ওপৰত লঘু হাইড্ৰ’ক্লৰিক এছিড ঢালিলে, হাইড্ৰ’ক্ল’ৰিক এছিডে এলুমিনিয়ামৰ সৈতে বিক্ৰিয়া কৰি এলুমিনিয়ামৰ লবণ আৰু হাইড্ৰ’জেন গেছ উৎপন্ন কৰিব।
(ঘ) কপাৰ ছালফেটৰ দ্ৰবত জিংকৰ টুকুৰা ৰাখিলে, জিংকে (Zn) ক’পাৰ ছালফেটৰ পৰা তাম (Cu) অপসাৰিত কৰে, ফলত জিংক ছালফেট (ZnSO4) আৰু তাম (Cu) উৎপন্ন হয়। কাৰণ জিংক (Zn) কপাৰতকৈ (Cu) অধিক সক্রিয় ধাতু।
৫। স্তস্ত ‘ক’ ত থকা পদার্থ সমূহক স্তম্ভ ‘খ’ ত থকা সিহঁতৰ ব্যৱহাৰৰ লগত মিলোৱা।
ক | খ |
(ক) অক্সিজেন। | (ক) সাৰ |
(খ) ৰূপ | (খ) আতচবাজি |
(গ) লো | (গ) জুইশলা |
(ঘ) নাইট্ৰ’জেন | (ঘ) অলংকাৰ |
(ঙ) তাম | (ঙ) যন্ত্রপাতি |
(চ) এলুমিনিয়াম | (চ) ৰকেটৰ ইন্ধন |
(ছ) ফছফৰাছক | (ছ) মুদ্রা |
ক | খ |
(ক) অক্সিজেন | (চ)ৰকেটৰ ইন্ধন |
(খ) ৰূপ | (ছ) মুদ্রা |
(গ) লো | (ঙ) যন্ত্রপাতি |
(ঘ) নাইট্ৰ’জেন | (ক) সাৰ |
(ঙ) তাম | (ঘ) অলংকাৰ |
(চ) এলুমিনিয়াম | (খ) আতচবাজি |
(ছ) ফছফৰাছক | (গ) জুইশলা |
উত্তৰ:
৬। ধাতু সমূহক জোৰকৈ পিটিলে ইহঁত একোছটা পাতলৈ পৰিৱৰ্তিত হয়। এই ধর্মটোক কি বুলি কোৱা হয় ?
উত্তৰ: ধাতুসমূহক জোৰকৈ পিটিলে ইহঁত একো ছটা পাতলৈ পৰিৱৰ্তিত হয়। ধাতুৰ এই ধর্মটোক ঘাত সহনীয়তা বোলে।
৭। তলৰ কোনটো পদাৰ্থক পাতল পাতৰ আকাৰলৈ পিটিব পাৰি ?
(ক) গন্ধক (খ) এলুমিনিয়াম
(গ) ফছফৰাছ (ঘ) নাইট্রজেন
উত্তৰ: (খ) এলুমিনিয়াম।
৮। তলৰ কোনটো পদাৰ্থক কেৰাচিনত ডুৱাই ৰখা হয় ?
(ক) লো (খ) ছ’ডিয়াম
(গ) এলুমিনিয়াম (ঘ) গন্ধক
উত্তৰ: (খ) ছ’ডিয়াম।
অতিৰিক্ত প্রশ্নোত্তৰ
১। ধাতুকল্প কাক বোলে ? তিনিবিধ ধাতকল্পৰ নাম লিখা।
উত্তৰঃ কিছুমান মৌলই ধাতু আৰু অধাতু দুয়োৰে ধৰ্ম দেখুৱায়। ইহঁতক ধাতুকল্প বোলে।
তিনিবিধ ধাতুকল্পৰ নাম হ’ল – আৰ্ছেনিক, এন্টিমণি আৰু ব’ৰ’ণ।
২। ধাতু আৰু অধাতুৰ ভৌতিক ধৰ্মৰ পাৰ্থক্য লিখা।
উত্তৰ: তালিকা : ধাতু আৰু অধাতুৰ ভৌতিক ধৰ্মৰ পাৰ্থক্য :
ভৌতিক ধর্ম | ধাতু | অধাতু |
উজ্জ্বলতা | উজ্জ্বল | অনুজ্জ্বল |
কঠিনতা | কঠিন | কম কঠিন |
পৰিবাহিতা | তাপ আৰু বিদ্যুতৰ পৰিবাহী | তাপ আৰু বিদ্যুতৰ অপৰিবাহী |
খাতসহনীয়তা | ঘাতসহনীয় হয় | ঘাত সহনীয় নহয়। কোবালে গুড়ি হৈ যায় |
নমনীয়তা | নমনীয় হয় | নমনীয় নহয় |
ধ্বনিৰ সৃষ্টি | কোবালে ধ্বনিৰ সৃষ্টি হয় | কোবালে ধ্বনিৰ সৃষ্টি নহয়। |
৩। ধাতু আৰু অধাতুৰ ৰাসায়নিক ধৰ্মৰ পাৰ্থক্য সমূহ লিখা।
উত্তৰ: তালিকা ধাতু আৰু অধাতুৰ ৰাসায়নিক ধৰ্মবোৰৰ পাৰ্থক্য :
ৰাসায়নিক ধর্ম | ধাতু | অধাতু |
অক্সিজেনৰ সৈতে বিক্রিয়া | ধাতৱ অক্সাইড উৎপন্ন কৰে যিবোৰৰ প্ৰকৃতি ক্ষাৰকীয় । | অধাতৱ অক্সাইড উৎপন্ন কৰে যিবোৰৰ প্ৰকৃতি আম্লিক |
পানীৰ সৈতে বিক্রয়৷ | ধাতৱ হাইড্ৰ’ক্সাইড আৰু হাইড্রজেন গেছ উৎপন্ন কৰে। | সাধাৰণতে পানীৰ লগত বিক্রিয়া নকৰে। |
অম্লৰ সৈতে বিক্রিয়া | সাধাৰণতে হাইড্রজেন গেছ উৎপন্ন কৰে। | সাধাৰণতে অম্লৰ সৈতে বিক্রিয়া নকৰে। |
ক্ষাৰকৰ সৈতে বিক্রিয়া | কিছুমান ধাতৱে হাইড্রজেন গেছ উৎপন্ন কৰে। | ক্ষাৰকৰ সৈতে অধাতুৰ বিক্ৰিয়াবোৰ জটিল। |
৪। ধাতুৰ অপসাৰণ বিক্রিয়া কাক বোলে ? উদাহৰণ দিয়া ৷
উত্তৰঃ জলীয় দ্ৰৱত এটা ধাতুৱে আন এটা ধাতুকতাৰ যৌগৰ পৰা অপসাৰিত কৰিব পাৰে। ইয়াকে ধাতুৰ অপসাৰণ বিক্রিয়া বোলে।
উদাহৰণ: CuSO4 + Zn → ZnSO4+ Cu
ওপৰৰ বিক্ৰিয়াটোত জিংকে কপাৰ ছালফেটৰ পৰা তাম অপসাৰিত কৰিছে। ফলত জিংক ছালফেট আৰু তাম উৎপন্ন হৈছে।
৫। দৈনন্দিন জীৱনত ধাতু আৰু অধাতুৰ ব্যৱহাৰৰ এখন তালিকা প্রস্তুত কৰা।
উত্তৰ: তালিকা: ধাতুৰ ব্যৱহাৰ:
ধাতু | ব্যৱহাৰ |
লো | বিভিন্ন যন্ত্রপাতি, ৰেলৰ চিৰি, পুতলা আদি বনোৱাত লো ব্যৱহাৰ কৰা হয়। |
এলুমিনিয়াম | বিভিন্ন বাচন-বৰ্তন, ফ্রেম, বৈদ্যুতিক মটৰ, ডাইনামৰ কুণ্ডলী, কিছুমান ৰঞ্জক পদার্থ, আতচবাজি আদিত এলুমিনিয়াম ব্যৱহাৰ কৰা হয়। |
তাম | বিদ্যুতৰ তাঁৰ, অন্যান্য বৈদ্যুতিক সৰঞ্জাম, বাচন-বৰ্তন, মুদ্রা, বীজানু নাশক, কীটনাশক, ৰং আদি তৈয়াৰ কৰোঁতে তাম ব্যৱহাৰ কৰা হয়। |
ৰূপ | মুদ্রা, অলংকাৰ, অন্যান্য শোভাব নকাৰী বস্তু, বাচন-বৰ্তন, আদি প্ৰস্তুত কৰাত ৰূপ ব্যৱহাৰ কৰা হয়। |
তালিকা: অধাতুৰ ব্যৱহাৰ:
অধাতু | ব্যৱহাৰ |
অক্সিজেন | সকলো জীৱই শ্বাস-প্রশ্বাসত অক্সিজেন ব্যৱহাৰ কৰে। আকৌ কৃত্রিম শ্বাস – প্রশ্বাসৰ বাবেও অক্সিজেন ব্যৱহাৰ কৰা হয়। তৰল অক্সিজেনৰ ৰকেটৰ ইন্ধন হিচাপে ব্যৱহৃত হয়। |
গন্ধক | জুই শলা, বাৰুদ, কিছুমান বীজানু নাশক কীট নাশক প্ৰস্তুত কৰিবলৈ গন্ধক ব্যৱহাৰ কৰা হয়। |
নাইট্ৰ’জেন | কিছুমান এছিড, কিছুমান সাৰ আদিৰ প্ৰস্তুত কৰণত নাইট্ৰ’জেন ব্যৱহৃত হয়। তদুপৰি, উষ্ণ উষ্ণতাৰ তাপমান যন্ত্ৰ আৰু বৈদ্যুতিক বাল্ব পূৰাবলৈ নাইট্ৰ’জেন ব্যৱহাৰ কৰা হয়। |
ফছফৰাছ | জুইশলা প্রস্তুতিৰ বাবে আৰু অন্যান্য কেতবোৰ দৰকাৰী ৰাসায়নিক পদার্থ প্রস্তুত কৰিবলৈ ফছফৰাছ ব্যৱহাৰ কৰা হয়। |
৬। খালী ঠাই পূৰ কৰা :
(ক) যদিহে এবিধ পদার্থক ৰাসায়নিক বিক্রিয়াৰ দ্বাৰা, শীতলীকৰণৰ দ্বাৰা, উত্তপনৰ দ্বাৰ অথবা বিদ্যুৎ বিশ্লেষণৰ দ্বাৰা পুনৰ ভাঙিব পৰা নাযায় তেন্তে তাক —– বোলে।
উত্তৰ: মৌল।
(খ) প্রাকৃতিক ভাৱে পোৱা মৌলৰ সংখ্যা —– টাতকৈ অধিক নহয়।
উত্তৰ: 94 ।
(গ) —— সংখ্যা 20 টা তকৈ কম।
উত্তৰ: অধাতুৰ।
(ঘ) আছেনিক হৈছে —– উদাহৰণ।
উত্তৰ: ধাতুকল্পৰ
(ঙ) সাধাৰণতে —- সমূহ তাপ আৰু বিদ্যুতৰ সুপৰিবাহী আৰু —- আৰু বিদ্যুতৰ কুপৰিবাহী।
উত্তৰ: ধাতু, অধাতু।
(চ) ফছফৰাছ এবিধ অতি —– অধাতু।
উত্তৰঃ সক্রিয়।
(ছ) জিংকত কৈ লো —– সক্রিয়।
উত্তৰঃ কম
(জ) ধাতুসমূহে অম্লৰ সৈতে বিক্ৰিয়া কৰি —– গেছ উৎপন্ন কৰে।
উত্তৰ: হাইড্ৰজেন।
৭। কি ঘটিব যেতিয়া –
(ক) তামৰ প্লেটৰ ওপৰত লঘু ছালফিউৰিক এছিড ঢলা হয়।
উত্তৰ: Cu + H2SO4 → Cu SO4 + H2
(খ) জিংক ছালফেট দ্ৰৱত তামৰ চোঁচ ৰখা হয়।
উত্তৰ: কোনো বিক্রিয়া নহয়, কাৰণ তাম, জিংকতকৈ কম সক্রিয়।
(গ) ক’পাৰ ছালফেট দ্ৰৱত লোৰ গজাল ৰখা হয়।
উত্তৰ: CuSO4 + Fe → Fe SO4 + Cu
(ঘ) ছ’ডিয়াম ধাতু পানীৰ লগত বিক্রিয়া কৰা হয়।
উত্তৰ: 2Na + 2H2O → 2NaOH + H2
Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.
Thanku so much for all of them ??
wlcm