Niketan Class 4 Science Chapter 2 বায়ু পানী আৰু বতৰ

Niketan Class 4 Science Chapter 2 বায়ু পানী আৰু বতৰ, Sankardev Sishu Niketan Chapter 2 বায়ু পানী আৰু বতৰ Class 4 General Science Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board Sankardev Sishu Niketan Class 4 সাধাৰণ বিজ্ঞান Question Answer can be of great value to excel in the examination.

Join Telegram channel

বায়ু, পানী আৰু বতৰ

Chapter – 2

সাধাৰণ বিজ্ঞান

SANKARDEV SISHU NIKETAN

১) প্রশ্নঃ- উদ্ভিদ আৰু প্ৰাণীয়ে উশাহত কি গেছ গ্ৰহন কৰে ?

উত্তৰঃ উদ্ভিদ আৰু প্ৰাণীয়ে উশাহত অক্সিজেন গেছ গ্ৰহণ কৰে ।

২) প্রশ্নঃ- কি গাছে চূণপানী ঘোলা কৰে ?

উত্তৰঃ কাৰ্বন-ডাই-অক্সাইড গাছে চূণপানী ঘোলা কৰে ।

৩)প্রশ্নঃ- বায়ুত কি গেছৰ পৰিমাণ আটাইতকৈ বেছি ?

উত্তৰঃ বায়ুত নাইট্ৰ’জেন গেছৰ পৰিমাণ বেছি ।

৪) প্রশ্নঃ- পানী কিহৰ বাবে দূষিত হয় ?

উত্তৰঃ পানী বিভিন্ন কাৰণত দুষিত হয় ।

৫) প্রশ্নঃ- পানী কেনেকৈ বিশুদ্ধ কৰিব পাৰি ?

উত্তৰঃ চূণ, পটাছ, ব্লিচিং পাউদাৰ আদি দি পানী বিশুদ্ধ কৰিব পাৰি ।

৬)প্রশ্নঃ- বিশুদ্ধ পানী কেনেকুৱা ?

উত্তৰঃ বিশুদ্ধ পানী গোন্ধাহীন, বৰ্ণহীন, স্বাদহীন আৰু স্বচ্ছ ।

৭)প্রশ্নঃ- পানী কেইবিধ আৰু কি কি ?

উত্তৰঃ পানি মুলতঃ দুবিধ ―

ক) খৰ পানী বা কঠিন পানী ।

খ) মৃদু পানী বা কোমল পানী ।

৮) প্রশ্নঃ- কোনো এখন ঠাইৰ বতৰ কি কি কাৰকৰ ওপৰত নিৰ্ভৰ কৰে ?

উত্তৰঃ কোনো এখন ঠাইৰ বতৰ, সেই ঠাইৰ বায়ুমণ্ডলৰ উষ্ণতা, বায়ুৰ গতিৰ, বায়ুমণ্ডলত থকা জলীয় ভাপৰ পৰিমাণ, ডাৱৰ, বৰষুণ আদি কাৰকৰ ওপৰত নিৰ্ভৰ কৰে ।

৯) প্রশ্নঃ- বতৰৰ অৱস্থা কেনেকৈ জানিব পাৰি ?

উত্তৰঃ বতৰৰ অবস্থা ‘বতৰ বিজ্ঞান কেন্দ্র’ নামৰ বিশেষ সংস্থাৰ সহায়ত জানিব পাৰি ।

১০) প্রশ্নঃ- তাপ আৰু বতৰৰ অৱস্থা অনুসৰি বছৰটোক কেইটা ঋতুত ভগোৱা হৈছে আৰু কি কি ?

উত্তৰঃ তাপ আৰু বতৰৰ অৱস্থা অনুসৰি বছৰটোক ছয়টা ঋতুত ভাগ কৰা হৈছে― গ্ৰীষ্ম, বৰ্ষা, শৰৎ, হেমন্ত,শীত, আৰু  বসন্ত ।

১১) প্রশ্নঃ- বেৰ’মিটাৰৰ সহায়ত কি জোখা হয় ?

উত্তৰঃ বেৰ মিটাৰৰ সহায়ত বায়ুৰ চাপ জোখা হয় ।

১২) প্রশ্নঃ- জুই জ্বলাত অক্সিজেন গেছ যে ব্যৱহাৰ হয় চিত্ৰসমুহ বুজাই লিখা ?

উত্তৰঃ                        

জুই জ্বলাত অক্সিজেন গেছ যে ব্যৱহাৰ হয় চিত্ৰসমুহ বুজাই লিখা ?

এডাল মমবাতি জুলাই লৈ তাক গিলাচ এটাৰে ঢাকি ধৰিলে কিছুসময় পিছত মমবাতি ডাল লুকাই যাব । কারণ গিলাচটোৰে  মমবাতিৰ শিখাদাল ঢাকি ধৰিলে জুই জ্বলি থাকিবলৈ প্ৰয়োজন হোৱা অক্সিজেন গেছ শিখাডালে নাপায় ফলত মমবাতি ডাল নুমায় যায়। 

১৩) প্রশ্নঃ- বায়ুত যে জুলীয় ভাপ আছে কেনেকৈ জানিব ?

উত্তৰঃ বায়ুত যে জ্বলীয় বাস্প আছে তাক তলৰ পৰীক্ষাটোৰ পৰা বুজিব পাৰি। 

বায়ুত যে জুলীয় ভাপ আছে কেনেকৈ জানিব ?

এগিলাচ ঠাণ্ডা পানী লৈ তাত এটুকুৰা বৰফ মিহলাই দিয়া হ’ল। কিছুসময় পিছত গিলাচৰ বাহিৰৰ ফালত কিছুমান পানীৰ কণিকা লাগি ধৰিব। কাৰণ গিলাচৰ ভিতৰৰ ঠাণ্ডা পানীয়ে গিলাচৰ বাহিৰত থকা জ্বলীয় ভাপক চেঁচা কৰিব আৰু আমি জানো যে জ্বলীয় ভাপ চেঁচা হৈ ঘনিভৱন হৈ পানী হয়। গতিকে আমি জানিব পাৰিলো বায়ুত জ্বলীয় ভাপ আছে। 

পাঠভিতিক প্ৰশ্নোত্তৰ (অনুশীলনী)

১।বায়ুক কিয় মিশ্ৰ পদাৰ্থ বোলা হয়? 

উত্তৰঃ বায়ুত নাইট্ৰ’জেন, অক্সিজেন,  কাৰ্বন-ডাই-অক্সাইড, ধূলিকণা, জ্বলিয় ভাপ আৰু অনান্য  বিভিন্ন গেছ থাকে বাবে বায়ুক মিশ্ৰ পদাৰ্থ বোলে। 

২। পানী আমাৰ কি কি কামত লাগে ?

উত্তৰঃ পানী আমাৰ খোৱা, কাপোৰ -কানি ধোৱা, ঘৰ চাফা কৰা,গা- ধোৱা, বাচন-বৰ্তন ধোৱা, গছ গছনিৰ বৃদ্ধি কৰা, যান বাহন চাফা কৰা, জুই নুমোৱা ইত্যাদি কামত লাগে।

৩। প্ৰদূষিত পানী খোৱাৰ ফলত আমাৰ কেনে ধৰণৰ বেমাৰ হ’ব পাৰে ?

উত্তৰঃ প্ৰদূষিত পানী খোৱাৰ ফলত ড্ৰিচেন্টি, কলেৰা, জণ্ডিচ, টাইফয়েড আদি বিভিন্ন ধৰণৰ বেমাৰ হ’ব পাৰে। 

৪। বতৰ বুলিলে কি বুজা ? বতৰ কি কি কাৰকৰ ওপৰত নিৰ্ভৰ কৰে ?

উত্তৰঃ বতৰ বুলিলে কোনো এখন ঠাইৰ সামগ্ৰিক অৱস্থাটোকে ঠাইখনৰ বতৰ বোলে। 

৫। চমুটোকা লিখা :-

জলচক্ৰ :- সূৰ্য্যৰ তাপত পৃথিৱীৰ উপৰিভাগত থকা পানী জ্বলীয় ভাপ হৈ আকাশলৈ উৰি যায়। জ্বলীয় ভাপ লগ লাগি আকাশত ডাৱৰ হয়। ডাৱৰৰ পৰা বৰষুণ হয়। এইদৰে পৃথিৱীৰ জলভাগত জুলীয় ভাপ, ডাৱৰ আৰু বৰুষণৰ চক্ৰ চলি থাকে। ইয়াকে জলচক্ৰ বোলে। 

জলবতাহ :- পানীতকৈ মাটি সোনকালে গৰমো হয় আৰু সোনকালে চেঁচাও  হয়। পানী গৰম হওঁতে যিদৰে সৰহ সময় লয়, সেইদৰে ঠাণ্ডা হওঁতেও সৰহ সময় লয়। দিনৰ ভাগত মাটিভাগ সোনকালে গৰম হ’লে তাৰ ওপৰত থকা বায়ুও সোনকালে গৰম হয়। বায়ু গৰম হ’লে পাতল হয়। এই পাতল বায়ু ওপৰলৈ উঠে, ফলত সেই ঠাইৰ বায়ুৰ পৰিমাণ  কমি যায় আৰু সেই ঠাই পূৰাবলৈ জলভাগৰ পৰা শীতল বতাহ স্থলভাগলৈ বয়, ইয়াকে জলবতাহ বোলে। 

স্থলবতাহ :- ৰাতি পানীতকৈ মাটি সোনকালে চেঁচা হয়। ফলত ইয়াৰ ওপৰৰ বায়ুখিনিও সোনকালে চেঁচা হয়। কিন্তু পানী গৰম হৈ থকা বাবে পানীৰ ওপৰৰ বায়ুখিনিও গৰম হৈ থাকে আৰু সেই ঠাইৰ গৰম বায়ু ওপৰলৈ উঠে, ফলত সেই ঠাই পূৰাবলৈ স্থলভাগৰ পৰা শীতল বতাহ জলভাগলৈ বয়। ইয়াকে স্থলবতাহ বোলে। 

কুঁৱলী আৰু নিয়ৰ :- জাৰকালি মাটি বৰ চেঁচা হৈ পৰে। মাটিৰ লগত মাটিৰ ওপৰৰ বায়ুও চেঁচা হয়। তেতিয়া বায়ুত থকা জ্বলীয় ভাপ চেঁচা হৈ পানীৰ সৰু সৰু কণিকাত পৰিণত হয়। বহুতো একে কণিকা লগ হৈ পানীৰ টোপোলা হৈ পৰে আৰু পৃথিৱীৰ উপৰিভাগত থকা ঘাঁহ-বন, শিল, গছ- গছনি আদিৰ জমা হয়। ইয়াকে নিয়ৰ বোলে। 

জাৰকালি সন্দিয়াৰ লগে লগে পৃথিৱীৰ উপৰিভাগো চেঁচা হৈ পৰাৰ ফলত ইয়াৰ চাৰিওফালে থকা বায়ুও চেঁচা হৈ পৰে। তেতিয়া বিয়োমণ্ডলত থকা জলীয় ভাপ ক্ষুদ্র ক্ষুদ্ৰ পানীৰ কণিকাত পৰিণত হৈ মাটিৰ ওচৰৰ বায়ুত ভাঁহি থাকে তাকে কুঁৱলি বোলে। 

৬। ধুমুহাৰ ফলত কেনে ধৰণৰ ক্ষয়-ক্ষতি হয় ?

উত্তৰঃ ধুমুহাৰ ফলত নানা ধৰণৰ ক্ষয়-ক্ষতি হয় যেনে:-

ক) ধুমুহাৰ ফলত গছ-গছনি ভাঙি-ছিঙি মানুহৰ নানা ধৰণৰ অনিষ্ট হয়। 

খ) ধুমুহাৰ ফলত ঘৰ-দুৱাৰ ভাঙি মানুহৰ নানা আহুকালৰ সৃষ্টি হয়। 

গ) ধুমুহাই গছ-গছনি উভালি পেলাই যাতায়ত ব্যৱস্থা ব্যাহত কৰে। 

ঘ) বিজুলী বাতি আদি ছিঙি মানুহৰ নানা বিপদৰ সূচনা কৰে। 

৭। তিতা কাপোৰ মেলি দিলে শুকাই কিয় ?

উত্তৰঃ তিতা কাপোৰ ৰ’দত মেলি দিলে তাত থকা পানীৰ কণিকাবোৰ 

জলীয় ভাপ হৈ বায়ুৰ মাজেৰে আকাশলৈ উৰি যায়। ফলত কাপোৰখন শুকায় যায়।

৮। শুদ্ধ নে অশুদ্ধ লিখা :-

ক) সূৰ্য্যৰ তাপত জলভাগ স্থলভাগতকৈ পিছত গৰম হয়। 

উত্তৰঃ শুদ্ধ

খ) বায়ু এবিধ মিশ্ৰ পদাৰ্থ। 

উত্তৰঃ শুদ্ধ। 

গ) শীতকালত দিন দীঘল ৰাতি চুটি হয়। 

উত্তৰঃ অশুদ্ধ। 

ঘ) সূৰ্য্য আৰু পৃথিৱীৰ মাজৰ দূৰত্ব বেছি হ’লে পৃথিৱীত জাৰকালি হয়। 

উত্তৰঃ শুদ্ধ। 

ঙ) বায়ুৱে ঠাই আগুৰি থাকে। 

উত্তৰঃ শুদ্ধ। 

৯। ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলাই লিখা :-

‘ক’‘খ’
বায়ুনিচানবৰষুণৰ পৰিমাণ
থাৰ্ম’মিটাৰবতাহৰ দিশ
বেৰ’মিটেরবায়ুত থকা জলীয় ভাপৰ পৰিমাণ
বৃষ্টিমান যন্ত্ৰবায়ুৰ চাপ
হাইগ্ৰ’মিটাৰশৰীৰৰ তাপ

উত্তৰঃ   

‘ক’‘খ’
বায়ুনিচানবতাহৰ দিশ
থাৰ্ম’মিটাৰশৰীৰৰ তাপ
বেৰ’মিটেরবায়ুৰ চাপ
বৃষ্টিমান যন্ত্ৰবৰষুণৰ পৰিমাণ
হাইগ্ৰ’মিটাৰবায়ুত থকা জলীয় ভাপৰ পৰিমাণ

অতিৰিক্ত সম্ভাব্য প্ৰশ্নোত্তৰঃ

১। জুই জ্বলোৱা আৰু নুমোৱাত সহায় কৰা গেছ বিধৰ নাম কি ? 

উত্তৰঃ অক্সিজেন।

২। চূণপানী ঘোলা কৰা গেছ বিধৰ নাম কি ?

উত্তৰঃ কাৰ্বন-ডাই-অক্সাইড। 

৩। উদ্ভিদে খাদ্য প্ৰস্তুত কৰোতে ব্যৱহাৰ কৰা গেছ বিধৰ নাম কি ?

উত্তৰঃ কাৰ্বন-ডাই-অক্সাইড

৪। বায়ুত আটাইতকৈ বেছি পৰিমানে থকা গেছবিধাৰ নাম কি ?

উত্তৰঃ নাইট্ৰ’জেন

৫। মানুহৰ দেহত শতকৰা কিমান ভাগ পানী থাকে ?

উত্তৰঃ ৭০ ভাগ পানী থাকে। 

৬। মানুহৰ দেহত কিমান শতাংশ পানী থাকে ?

উত্তৰঃ ১০ শতাংশ পানী থাকে। 

৭। বিশুদ্ধ পানী কেনেকুৱা ?

উত্তৰঃ বিশুদ্ধ পানী গোন্ধহীন, বৰ্ণহীন, স্বাদহীন, আৰু স্বস্থ। 

৮। পানীৰ অৱস্থা কেইটা আৰু কি কি ? প্রতিটো অৱস্থাত পানীক কি বোলে ?

উত্তৰঃ পানীৰ অৱস্থা তিনিটা। সেইবোৰ হ’ল― গোটা বা কঠিন, তৰল বা জুলীয়া, আৰু গেছীয়। 

গোটা বা কঠিন অৱস্থা = বৰফ। 

জুলীয়া অৱস্থা = পানী। 

গেছীয় অৱস্থা = জলীয় ভাস্প। 

৯। পানীৰ ভাগ কেইটা আৰু কি কি? 

উত্তৰঃ পানীৰ ভাগ দুটা। সেইবোৰ হ’ল―

ক) মৃদু পানী। 

খ) কঠিন পানী। 

১০। মৃদু পানী আৰু কঠিন পানী কাক বোলে ?

উত্তৰঃ যি পানীত সামান্য চাবোন ঘঁহিলে সহজে বহুত ফেন উঠে, তাকে মৃদু বা কোমল পানী বোলে। 

যি পানীত চাবোন ঘঁহিলে সহজে ফেন নুঠে, তাকে খৰপানী বা কঠিন পানী বোলে। 

১১। বতৰ পৰিৱৰ্তনৰ মূল উৎস কি ?

উত্তৰঃ বতৰ পৰিৱৰ্তনৰ মূল উৎস হ’ল― সূৰ্য্য। 

১২। সালোক সংশ্লেষণ কাক বোলে ?

উত্তৰঃ সূৰ্য্যৰ তাপ আৰু পোহৰৰ সহায়ত উদ্ভিদৰ পাতত থকা পএহৰিৎৰ উপস্থিতিতি খাদ্য প্ৰস্তুত কৰা প্ৰক্ৰিয়াটোক সালোক সংশ্লেষণ বোলে। 

১৩। বতাহ কাক বোলে ? ই কেই প্ৰকাৰৰ আৰু কি কি ? প্ৰতিবিধৰে সূত্ৰ লিখা ?

উত্তৰঃ বায়ু চলাচল কৰাকে বতাহ বোলে। এ দুই প্ৰকাৰৰ সেইকেইটা হ’ল―

ক) মৃদু বতাহ

খ) ধুমুহা বতাহ

বতাহ লাহে লাহে বলিলে তাকে মৃদু বতাহ বোলে আনহাতে বতাহ জোৰেৰে বলিলে তাকে ধুমুহা বতাহ বোলে। 

১৪। বাস্পী ভৱন কাক বোলে ?

উত্তৰঃ সূৰ্য্যৰ তাপত পৃথিৱীৰ জলভাগ গৰম হ’লে তাৰ পানী ভাপ হৈ ওপৰলৈ উঠে। ইয়াকে বাষ্পীভূৱন বোলে। 

১৫। বতৰৰ আগলি বতৰা দিয়া কেন্দ্ৰটোৰ নাম কি ?

উত্তৰঃ বতৰৰ আগলি বতৰা দিয়া কেন্দ্ৰৰটোৰ নাম হ’ল―বতৰ বিজ্ঞান কেন্দ্ৰ। 

১৬। কোনো এখন ঠাইৰ বতৰ কেতিয়া গৰম আৰু ঠাণ্ডা হয় ?

উত্তৰঃ কোনো এখন ঠাইৰ উষ্ণতা ২৬° ছেলছিয়াছ বা তাৰ বেছি হ’লে বতৰ গৰম হ’য় আনহাতে উষ্ণতা ১৮° ছেলছিয়াতকৈ কম হ’লে বতৰ ঠাণ্ডা হ’য়। 

১৭। তাপ আৰু বতৰৰ অৱস্থা অনুযায়ী বছৰটোক কেইটা ঋতুত ভগোৱা হৈছে আৰু কি কি ?

উত্তৰঃ তাপ আৰু বতৰৰ অৱস্থা অনুযায়ী বছৰটোক ৬টা ঋতুত ভগোৱা হৈছে। সেইবোৰ হ’ল― গ্ৰীষ্ম, বৰ্ষা, শৰৎ, হেমন্ত, শীত আৰু বসন্ত।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top