মাতৃভাষা শিক্ষণত শ্ৰৱণ, কথন, পঠন, আৰু লিখনৰ ভূমিকা আৰু প্ৰশ্নোত্তৰ is the TET, APSC, PNRD, Assam Police, Post Office, other govt. exam Notes to be provided in the list so that you can easily browse throughout different Assamese Language syllabus wise notes for MCQ of মাতৃভাষা শিক্ষণত শ্ৰৱণ, কথন, পঠন, আৰু লিখনৰ ভূমিকা আৰু প্ৰশ্নোত্তৰ
মাতৃভাষা শিক্ষণত শ্ৰৱণ, কথন, পঠন, আৰু লিখনৰ ভূমিকা আৰু প্ৰশ্নোত্তৰ
Also, you can read the Assam TET, APSC, PNRD, Assam Police, Post Office, other govt. exam Objective-type questions online note in these sections as per Assam Competitive exam Syllabus guidelines. These notes are part of Assam TET Assamese Language also. Here we have given মাতৃভাষা শিক্ষণত শ্ৰৱণ, কথন, পঠন, আৰু লিখনৰ ভূমিকা আৰু প্ৰশ্নোত্তৰ of TET, APSC, PNRD, Assam Police, Post Office, other govt. exam for All Objective type questions, You can practice these here.
মাতৃভাষা শিক্ষণত শ্ৰৱণ, কথন, পঠন, আৰু লিখনৰ ভূমিকা আৰু প্ৰশ্নোত্তৰ
ASSAMESE LANGUAGE
মাতৃভাষা এটা ভালদৰে শিকিবলৈ হ’লে শ্ৰবণ, কথন, পঠন আৰু লিখন এই চাৰিটা অৱস্থা অতিক্ৰম কৰিব লাগিব। এই কেইটাৰ সুষম বিকাশৰ ওপৰতেই মাতৃভাষাৰ জ্ঞান নিৰ্ভৰশীল। শ্ৰৱণৰ দ্বাৰা এটা ভাষা বুজিব পৰা যায়। পঠনৰ দ্বাৰা সাহিত্য বা গ্ৰন্থক ৰিদৈয়ঙ্গম কৰিব পাৰি আৰু লিখনৰ দ্বাৰা মনৰ ভাব-অনুভূতিক ঠিকমতে প্ৰকাশ কৰিব পাৰি। সেয়ে ভাষা শিক্ষাৰ ক্ষেত্ৰত উক্ত চাৰিটা স্তৰৰ বিশেষ গুৰুত্ব আছে।
(ক) শ্ৰৱণ : ভাষা শিক্ষাৰ ক্ষেত্ৰত শ্ৰৱণৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে। কথা শুনিলেহে বোধৰ জন্ম হয় আৰু শ্ৰৱণ শক্তি বাঢ়ে। সেয়ে শুনাৰ সময়ত শিক্ষক বা অভিভাবকে ভুল-ক্ৰটি ৰাখিব নালাগে, শব্দৰ সঠিক উচ্চাৰণৰ ওপৰত গুৰুত্ব দিব লাগে আৰু শব্দবোৰৰ কোনখিনিত জোৰ দিব লাগে বা নালাগে সেই বিষয়ে সচকিত হৈহে তেওঁলোকক কথাবোৰ শুনাব লাগে। দ্বিতীয়তে পিতৃ-মাতৃ তথা অভিভাৱকসকলে ভাষা শিক্ষাৰ ক্ষেত্ৰত কোনটো ৰূপ গ্ৰহণীয় তাক ছাত্ৰসকলক বুজাই দিব লাগে। সাধাৰণতে কথিত ভাষাত ঘৰত কথা পতা হয়; কিন্তু বিদ্যালয়ত সেই ভাষা নচলে। গতিকে পৰাপক্ষত মান্য ভাষাতেই তেওঁলোকক কথাবোৰ শুনাব লাগে। তৃতীয়তে শ্ৰুতলিপি দিয়াৰ সময়ত শুদ্ধ উচ্চাৰণৰ ওপৰত গুৰুত্ব দিয়া প্ৰয়োজন।
কাৰণ শ্ৰুতলিপি লেখি যোৱাৰ সময়ত ছাত্ৰসকলৰ শ্ৰৱণ শক্তি সূক্ষ্ম হোৱাৰ লগতে লিখাতো হাতখন ভালকৈ আহে। গতিকে শ্ৰুতলিপিৰ অভ্যাস বিদ্যালয়ত অতি দৰকাৰ। চতুৰ্থতে মাক-দেউতাক, অভিভাৱক আদিয়ে কথা পাতোতে দৃষ্টি ৰাখিব লাগে যাতে সিহঁতে শুনা শব্দবোৰে সিহঁতৰ চৰিত্ৰ গঠনত সহায় কৰিব পাৰে। পঞ্চমতে পৰিবেশৰ পৰাও শ্ৰৱণ শক্তিৰ বিশেষ বিকাশ হ’ব পাৰে। যেনে- এজন শিশুৱে যেতিয়া হিন্দী কয় তেতিয়া বুজিব লাগিব তাৰ সেই পৰিবেশত কোনোবা হিন্দী ভাষী লোক আছে যাৰ পৰা কথা শুনি সি হিন্দী ভাষাটো আয়ত্ত কৰিলে। গতিকে পৰিবেশে ভাষা শিক্ষাৰ ক্ষেত্ৰত শ্ৰৱণৰ মাধ্যমত এক বিশেষ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
(খ) কথন : শিশুৱে প্ৰথম মাতৃভাষাতেই কথা ক’বলৈ আৰম্ভ কৰে আৰু ইয়াক ই মাকৰ পৰাই শিকি লয়। তাৰ পিছত অন্যক অনুকৰণ কৰি কথা ক’বলৈ আৰম্ভ কৰে। এইখিনি সময়ত মাকে যত্ন লোৱা উচিত যাতে শিশুটোৱে ঠিকমতে কথাখিনি উচ্চাৰণ কৰিব পাৰিছে। সেইখিনি সময়ত ব্যাকৰণৰ প্ৰয়োজন নাথাকে। গতিকে দুই-এটা ভুলকৈ হ’লেও তাক স্পষ্টভাৱে কথা ক’ব দিব লাগে আৰু ইয়াৰ যোগেদিয়ে তাৰ বাকশক্তি বাঢ়ে। ল’ৰা-ছোৱালীয়ে যিমানে কথা কয় সিমানেই তাৰ ভাষা কোৱাৰ দক্ষতা বাঢ়ে। বিদ্যালয়লৈ নোযোৱাকৈ কথিত ভাষাতেই মাতৃভাষাক আয়ত্ত কৰা সম্ভৱ। সেয়ে কথিত ভাষাৰ অনুশীলন কেতিয়াও বন্ধ কৰিব নালাগে।
(গ) পঠন : পঠনৰ যোগেদি ভাষা শিক্ষাৰ পাঠ আৰম্ভ হয়। ইয়াৰ যোগেদি জ্ঞান-ভাণ্ডাৰ উন্মুক্ত হয়। ভাষাৰ কিতাপ এখন পঢ়িলে সেই ভাষাটোৰ বৈজ্ঞানিক বিশ্লেষণ আমাৰ জ্ঞাত হয়। সাহিত্য পাঠে অমাৰ মনত ৰুচিবোধ জন্মায়। বিজ্ঞানৰ গ্ৰন্থই বিশ্লেষণ ক্ষমতা বঢ়ায় আৰু দৰ্শন শাস্ত্ৰৰ অধ্যয়নে আমাৰ মননশীলতাৰ বিকাশ ঘটায়। গতিকে ছাত্র-ছাত্রী বা শিশুক ভাষা শিক্ষা তথা জ্ঞান দিবলৈ পঠনৰ অভ্যাস কৰাব লাগিব। পঠনৰ যোগেদিয়ে বিভিন্ন গ্ৰন্থৰ ৰচনা ৰীতিত শব্দ প্ৰয়োগ, শব্দবিলাকৰ গুৰুত্বৰ এই বিষয়ে তেওঁলোকে জ্ঞান আহৰণ কৰে। গতিকে পঠন নোহোৱাকৈ ভাষা শিকাটোও অসম্ভৱ কথা।
(ঘ) লিখন : লিখা কথাটো শ্ৰৱণৰ দৰে প্ৰাথমিক কথা নহয় কাৰণ লিখিবলৈ কিছুমান উপকৰণৰ প্ৰয়োজন হয়। যেনে- বৰ্ণমালা, আখৰ আদিৰ বিষয়ে শিশুৱে জানিব লাগিব। আকৌ লিখনৰ যোগেদি অইনক মনৰ কথাখিনি অৱগত কৰিব পাৰি। গতিকে অইনক অৱগত কৰিব পৰাকৈ লিখনক সম্পূৰ্ণৰকমে উপযুক্ত কৰি তুলিব লাগিব। লিখনৰ দ্বাৰাই শাৰীৰিকভাবে বাধাগ্ৰস্ত শিশুয়েও নিজৰ মনৰ কথা প্ৰকাশ কৰিব পাৰে। গতিকে শিশুক পঢ়াশালিলৈ অহাৰ লগে লগে লিখনৰ গুৰুত্ব সম্পৰ্কে ভালদৰে বুজাই কোৱাৰ দৰকাৰ। দ্বিতীয়তে লিখনৰ লগত ৰুচিবোধৰ কথা জড়িত হৈ আছে। ভাল আখৰ হ’লে লিখা কথাখিনি সহজে বুজি পায়। আখৰক লাগ-বান্ধ নোহোৱাকৈ ব্যৱহাৰ কৰাটো মানুহৰ এটা অন্য মনস্কতাৰ চিন। গতিকে সুস্থ মন এটাৰ চিনাকি দিয়াৰ লগতে সুলিখনে কথাখিনি অইনক বুজাত সহায় কৰে আৰু লিখকৰ সৌন্দৰ্যবোধৰ ধাৰণা প্ৰকট কৰে। সেয়ে অভিভাৱক বা শিক্ষকসকলে লিখন বিদ্যাৰ ওপৰত বিশেষ গুৰুত্ব দিব লাগে। লিখন বিদ্যাই জ্ঞানক আৰু ভাৱক স্থায়িত্ব দিয়ে। এই কথা মনত ৰাখি লিখন বিদ্যাৰ প্ৰতি সচেষ্ট হোৱাতো অতি দৰকাৰ।
প্ৰশ্নোত্তৰ
প্ৰশ্ন ১। মাতৃভাষা ভালদৰে শিকিবলৈ কেইটা স্তৰ পাৰ হ’ব লাগে ?
(ক) তিনিটা।
(খ) দুটা।
(গ) চাৰিটা।
(ঘ) পাচটা।
উত্তৰ :(গ) চাৰিটা।
প্ৰশ্ন ২। মাতৃভাষা শিক্ষাৰ ক্ষেত্ৰত শ্ৰৱণৰ দ্বাৰা প্ৰথমে কি বুজিব পৰা যায় ?
(ক) ভাষা।
(খ) সাহিত্য।
(গ) গীত।
(ঘ) কবিতা।
উত্তৰ :(ক) ভাষা।
প্ৰশ্ন ৩। শ্ৰৱণৰ দ্বাৰা কি শক্তি বাঢ়ে
(ক) স্মৰণ।
(খ) বিচাৰ।
(গ) বোধ।
(ঘ) সহন।
উত্তৰ : (ক) স্মৰণ।
প্ৰশ্ন ৪। শিশুক কোনো কথা শুনোৱাৰ পূৰ্বে পিতৃ-মাতৃ সকলোৱে কি হ’ব লাগে ?
(ক) সাহসী।
(খ) উৎসাহী।
(গ) সতৰ্ক।
(ঘ) অভিমানী।
উত্তৰ : (গ) সতৰ্ক।
প্ৰশ্ন ৫। ধ্বনিবোৰ কেনেকৈ উচ্চাৰণ কৰিব লাগে
(ক) ডাঙৰকৈ।
(খ) সৰুকৈ।
(গ) বুজি পোৱাকৈ।
(ঘ) সঠিকভাৱে।
উত্তৰ : (ঘ) সঠিকভাৱে।
প্ৰশ্ন ৬। বিদ্যালয়ত উচ্চাৰণৰ অনুশীলনৰ কাৰণে কি ব্যৱস্থা ল’ব পাৰি ?
(ক) শ্ৰুতলিপি দিয়া।
(খ) আবৃত্তি কৰা।
(গ) পাঠ পঢ়িবলৈ দিয়া।
(ঘ) মুখস্থ কৰিবলৈ দিয়া।
উত্তৰ : (ক) শ্ৰুতলিপি দিয়া।
প্ৰশ্ন ৭। (ক) শ্ৰৱণ শক্তিৰ বিকাশৰ ক্ষেত্ৰত কিহৰ ভূমিকা আছে ?
(ক) ভৌগোলিক অৱস্থানৰ।
(খ) পাৰিপাৰ্শ্বিকতাৰ।
(গ) সমাজৰ।
(ঘ) বিদ্যালয়ৰ।
উত্তৰ: (খ) পাৰিপাৰ্শ্বিকতাৰ।
(খ) ল’ৰা-ছোৱালীৰ কাণত পৰা কথা-বতৰাবোৰে কি চৰিত্ৰ গঠন কৰে ?
(ক) নৈতিক।
(খ) দুষ্ট।
(গ) কথকী।
(ঘ) অনুসন্ধিৎসু।
উত্তৰ: (ক) নৈতিক।
(গ) কথা ক’লে কিহৰ দক্ষতা বাঢ়ে ?
(ক) শ্ৰৱণ শক্তিৰ।
(খ) বিচাৰ শক্তিৰ।
(গ) বুদ্ধি বঢ়ায়।
(ঘ) ভাষা কোৱাৰ।
উত্তৰ : (ঘ) ভাষা কোৱাৰ।
(ঘ) ভাষা শিক্ষাৰ প্ৰাৰম্ভিক কালত কি জ্ঞানৰ প্ৰয়োজন নহয় ?
(ক) ব্যাকৰণৰ।
(খ) ভাষাৰ উদ্ভৱ।
(গ) ভাষাৰ বিকাশ।
(ঘ) সৃজনীজ্ঞানৰ।
উত্তৰ : (খ) ভাষাৰ উদ্ভৱ।
(ঙ) কিমান বয়সৰ পৰা পৰ্যাপ্ত ভাষাৰে নিজৰ মনৰ ভাব প্ৰকাশ কৰি দিব লাগে ?
(ক) ৩ ৰ পৰা ৪।
(খ) ২ ৰ পৰা ৫।
(গ) ৬ ৰ পৰা ৭।
(ঘ) ৫ ৰ পৰা ৭।
উত্তৰ : (খ) ২ ৰ পৰা ৫।
(চ) কেৱল মাত্ৰ কি ভাষাতেই মাতৃভাষা শিকা সম্ভৱ ?
(ক) লিখিত।
(খ) বিদেশী।
(গ) কথিত।
(ঘ) উপভাষাত।
উত্তৰ : (গ) কথিত।
প্ৰশ্ন ৮। লিখনৰ অভ্যাস প্ৰাথমিক স্তৰত কেতিয়া কৰিব লাগে ?
(ক) স্কুললৈ অহাৰ লগে লগে।
(খ) ঘৰত থকা কালত।
(গ) খেলা-ধূলাৰ মাজতে।
(ঘ) বন্ধু-বান্ধবৰ লগত থকা সময়ত।
উত্তৰ : (ক) স্কুললৈ অহাৰ লগে লগে।
প্ৰশ্ন ৯। লিখন বিদ্যাই মানুহৰ কি বোধ সৃষ্টি কৰে ?
(ক) আত্ম-অভিমানবোধ।
(খ) দেশপ্ৰেমবোধ।
(গ) ৰুচিবোধ।
(ঘ) জাতীয়তাবোধ।
উত্তৰ :(গ) ৰুচিবোধ।
প্ৰশ্ন ১০। হাতৰ আখৰ ভাল হ’বৰ বাবে কিহৰ দৰকাৰ ?
(ক) লিখন বিদ্যাৰ।
(খ) পঠন বিদ্যাৰ।
(গ) শ্ৰৱণ বিদ্যাৰ।
(ঘ) আবৃত্তি বিদ্যাৰ।
উত্তৰ : (ক) লিখন বিদ্যাৰ।
প্ৰশ্ন ১১। নিৰক্ষৰ মানুহৰ জ্ঞানখিনি কিহেৰে সাচি ৰাখিব পাৰি ?
(ক) শ্ৰৱণেৰে।
(খ) লিখন বিদ্যাৰে।
(গ) পঠন বিদ্যাৰে।
(ঘ) স্মৃতিৰে।
উত্তৰ : (খ) লিখন বিদ্যাৰে।
প্ৰশ্ন ১২। তলৰ বাক্যবোৰৰ কোনটো শুদ্ধ লিখা
(ক) শিশুই নিজস্বভাবে ক’বলৈ শিকা সময়খিনিয়ে ভাষা শিক্ষাৰ সময়।
(খ) ল’ৰা-ছোৱালীয়ে কথা ক’লে ভাষাৰ দক্ষতা কমি যায়।
(গ) পঠনৰ দ্বাৰা জ্ঞান-ভাণ্ডাৰ উন্মুক্ত নহয়।
(ঘ) ভাষা শিক্ষণৰ ক্ষেত্ৰত কথিত ভাষা শিকিব নালাগে।
উত্তৰ : (ক) শিশুই নিজস্বভাবে ক’বলৈ শিকা সময়খিনিয়ে ভাষা শিক্ষাৰ সময়।
প্ৰশ্ন ১৩। তলৰ কোনটো পদ্ধতিৰ মাতৃভাষা শিক্ষাত ভূমিকা নাই-
(ক) কথন।
(খ) পঠন।
(গ) শ্ৰৱণ।
(ঘ) দৰ্শন।
উত্তৰ :(ঘ) দৰ্শন।
প্ৰশ্ন ১৪। মাতৃভাষাৰ শিক্ষা আহৰণত কোনটো পদ্ধতি সহজ ?
(ক) কথন।
(খ) পঠন।
(গ) লিখন।
(ঘ) এটাও নহয়।
উত্তৰ :(ক) কথন।
প্ৰশ্ন ১৫। অশুদ্ধটো বাছি উলিওৱা। শ্ৰৱণ কৰোৱাৰ সময়ত-
(ক) তাৰ বিষয়বস্তু আকৰ্ষণীয় হ’ব লাগে।
(খ) কোৱাৰ কৌশল সঠিক হ’ব লাগে।
(গ) কোৱা কথাৰ লগত মিলাকৈ শিক্ষণীয় উপকৰণ ব্যৱহাৰ কৰিব লাগে।
(ঘ) সাহিত্যত ব্যৱহৃত অলংকাৰখচিত ভাষা ব্যৱহাৰ কৰিব লাগে।
উত্তৰ : (ঘ) সাহিত্যত ব্যৱহৃত অলংকাৰখচিত ভাষা ব্যৱহাৰ কৰিব লাগে।
প্ৰশ্ন ১৬। কথন পক্ৰিয়াত সফল হ’বলৈ লাগে-
(ক) শুদ্ধ উচ্চাৰণ।
(খ) লিখন।
(গ) পঠন।
(ঘ) ওপৰৰ এটাও নহয়।
উত্তৰ : (ক) শুদ্ধ উচ্চাৰণ।
প্ৰশ্ন ১৭। বেঞ্চ-ডেক্সৰ অৱস্থাপাতি ভাল হ’লে- ভাল হয় ? (খালী ঠাই পুৰণ কৰা)
(ক) কথন।
(খ) পঠন।
(গ) শ্ৰৱণ।
(ঘ) লিখন।
উত্তৰ :(ঘ) লিখন।
প্ৰশ্ন ১৮। শিক্ষা গ্ৰহণৰ প্ৰধান আৰু প্ৰথম ঠাই হ’ল-
(ক) বিদ্যালয়।
(খ) ঘৰ।
(গ) খেলপথাৰ।
(ঘ) পুথিভঁৰাল।
উত্তৰ : (গ) খেলপথাৰ।
প্ৰশ্ন ১৯। শিক্ষকৰ ভুল উচ্চাৰণৰ বাবে ছাত্ৰ-ছাত্ৰীৰ উচ্চাৰণ-
(ক) সঠিক হয়।
(খ) দোষযুক্ত হয়।
(গ) দোষমুক্ত হয়।
(ঘ) স্পষ্ট হয়।
উত্তৰ : (খ) দোষযুক্ত হয়।
প্ৰশ্ন ২০। যিবোৰ ছাত্র-ছাত্ৰীয়ে শুনাত বা দেখাত কষ্ট পায়, তেওঁলোকক-
(ক) বিদ্যালয়ত নামভৰ্ত্তিৰ সুযোগ দিব নালাগে।
(খ) বুজাবলৈ জোৰ কৰিব নালাগে।
(গ) কথাটো ভ্ৰূক্ষেপ কৰিব নালাগে।
(ঘ) বিশেষ যত্ন ল’ব লাগে।
উত্তৰ : (ঘ) বিশেষ যত্ন ল’ব লাগে।
প্ৰশ্ন ২১। তলৰ কোনটো বানান শুদ্ধ কৰাৰ উপায় নহয়-
(ক) শ্ৰুতলিপি।
(খ) হস্তলিপি।
(গ) অনুলিপি।
(ঘ) প্ৰতিলিপি।
উত্তৰ :(খ) হস্তলিপি।
প্ৰশ্ন ২২। বানানৰ অশুদ্ধতা কমাৰ উপায় হ’ল-
(ক) ব্যাকৰণ শিক্ষা।
(খ) শিষ্টাচাৰ শিক্ষা।
(গ) সময়ানুবৰ্তিতা।
(ঘ) কথা-বৰ্তাৰ মধুৰতা।
উত্তৰ: (ক) ব্যাকৰণ শিক্ষা।
প্ৰশ্ন ২৩। বানান বিভ্ৰাটৰ এটা কাৰণ হ’ল-
(ক) অশুদ্ধ উচ্চাৰণ।
(খ) কথনৰীতিৰ মধুৰতা।
(গ) ব্লেকবোৰ্ডৰ ব্যৱহাৰ।
(ঘ) ব্যাকৰণ শিক্ষা।
উত্তৰ : (ক) অশুদ্ধ উচ্চাৰণ।
প্ৰশ্ন ২৪। অশুদ্ধ উচ্চাৰণ নিৰাময়ৰ এটা উপায় হ’ল-
(ক) আলোচনী-সংবাদপত্ৰ আদিৰ অধ্যয়ন।
(খ) ভাষাতত্ত্বৰ জ্ঞান।
(গ) সভা-সমিতিত যোগদান।
(ঘ) ওপৰৰ এটাও নহয়।
উত্তৰ : (খ) ভাষাতত্ত্বৰ জ্ঞান।
প্ৰশ্ন ২৫। কবিতাৰ ক্ষেত্ৰত বেছি লাভদায়ক হ’ল-
(ক) সৰৱ পঠন।
(খ) নীৰৱ পঠন।
(গ) কথন।
(ঘ) লিখন।
উত্তৰ : (ক) সৰৱ পঠন।
প্ৰশ্ন ২৬। কথন প্ৰক্ৰিয়াত ভুল নহয়, যদিহে-
(ক) শিক্ষকক সন্মান কৰে।
(খ) শ্ৰেণীত মনোযোগ দিয়ে।
(গ) হাতৰ আখৰ ভাল হয়।
(ঘ) উচ্চাৰণ শুদ্ধ হয়।
উত্তৰ :(ঘ) উচ্চাৰণ শুদ্ধ হয়।
প্ৰশ্ন ২৭। শিক্ষকৰ কণ্ঠস্বৰৰ অস্পষ্টতাই-
(ক) ছাত্ৰ-ছাত্ৰীৰ ভাল ফলাফলত সহায় কৰে।
(খ) ছাত্র-ছাত্ৰীৰ উচ্চাৰণৰ বিকৃতি ঘটায়।
(গ) শ্ৰেণীকোঠাত ছাত্র-ছাত্রীৰ মনোযোগ বৃদ্ধি কৰে।
(ঘ) হাতৰ আখৰ ভাল হোৱাত সহায় কৰে।
উত্তৰ :(খ) ছাত্র-ছাত্ৰীৰ উচ্চাৰণৰ বিকৃতি ঘটায়।
প্ৰশ্ন ২৮। তলৰ কোনটো অশুদ্ধ-
(ক) ঘৰখন শিশুৰ শিক্ষা আহৰণৰ প্ৰকৃত কঠিয়াতলী।
(খ) শিক্ষকৰ প্ৰতি থকা ভয় আৰু শংকা আদিৰ ফলত ছাত্র-ছাত্রীৰ শুদ্ধ উচ্চাৰণত ব্যাঘাত জন্মে।
(গ) শ্ৰৱণত সফলতা লাভ কৰিবলৈ ছাত্র-ছাত্রীৰ আগ্ৰহ আৰু মনোযোগৰ দৰকাৰ।
(ঘ) ওপৰৰ এটাও নহয়।
উত্তৰ :(ঘ) ওপৰৰ এটাও নহয়।
প্ৰশ্ন ২৯। সক্ৰিয় আৰু প্ৰকাশাত্মক কৌশলৰূপে কোন দুটা কৌশলক জনা যায় ?
(ক) কথন আৰু লিখন।
(খ) শ্ৰৱণ আৰু পঠন।
(গ) কথন আৰু শ্ৰৱণ।
(ঘ) পঠন আৰু লিখন।
উত্তৰ : (ক) কথন আৰু লিখন।
Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.