Introductory Microeconomics Unit 2 যোগান আৰু চাহিদা, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Introductory Microeconomics Unit 2 যোগান আৰু চাহিদা Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Introductory Microeconomics Unit 2 যোগান আৰু চাহিদা Question Answer can be of great value to excel in the examination.
Introductory Microeconomics Unit 2 যোগান আৰু চাহিদা
Introductory Microeconomics Unit 2 যোগান আৰু চাহিদা Notes cover all the exercise questions in UGC Syllabus. Introductory Microeconomics Unit 2 যোগান আৰু চাহিদা provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.
যোগান আৰু চাহিদা
INTRODUCTORY MICROECONOMICS
অতি চমু প্রশ্নোত্তৰঃ |
১। চাহিদাৰ বিধিটো লিখা।
উত্তৰঃ চাহিদাৰ বিধি অনুসৰি “আন অৱস্থাসমূহ অপৰিৱৰ্তিত থাকিলে, এটা দ্ৰৱ্যৰ দাম বৃদ্ধি পালে, ইয়াৰ প্ৰতি উপভোক্তাৰ চাহিদাৰ সংকোচন ঘটে আৰু দাম বা দৰ কমিলে দ্রব্যটোৰ প্রতি চাহিদাৰ প্ৰসাৰণ হয়। “ইয়াত আন অৱস্থাসমূহ অপৰিবর্তিত এই ধাৰণাটোৱে উপভোক্তাৰ উপার্জন, ৰুচি আদি কিছুমান ব্যৱস্থা দ্রব্যটোৰ প্রতি সৃষ্টি হোৱা চাহিদাৰ সময়ছোৱাত অপৰিবর্তিত থকাৰ বিষয়ে ইংগিত দিয়ে।
২। চাহিদাৰ বিধি বুলিলে কি বুজা?
উত্তৰঃ দ্ৰৱ্যৰ চাহিদাৰ লগত দামৰ যি সম্বন্ধ সেই সম্বন্ধ ব্যাখ্যা কৰা বিধিটোৱেই হৈছে চাহিদাৰ বিধি বা চাহিদাৰ সূত্র।
৩। চাহিদাৰ অনুসূচী কি?
উত্তৰঃ কোনো এটা দ্ৰৱ্যৰ প্রতি গোটৰ দৰৰ পৰিৱৰ্তনৰ ফলত দ্রৱ্যটোৰ প্ৰতি উপভোক্তাৰ চাহিদাৰ পৰিমাণৰ যি পৰিৱর্তন হয় উক্ত পৰিৱর্তন যেতিয়া এখন তালিকাত প্রকাশ কৰা হয়, তাকেই চাহিদাৰ অনুসূচী আখ্যা দিয়া হয়।
8। চাহিদা ৰেখা বুলিলে কি বুজা?
উত্তৰঃ চাহিদা বিধিৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰা চাহিদাৰ তালিকাৰ ৰৈখিক পদ্ধতিৰ সহায়ত যেতিয়া ব্যাখ্যা কৰা হয়, তাকেই চাহিদা ৰেখা বুলি কোৱা হয়।
৫। চাহিদাৰ সম্প্ৰসাৰণ সংকোচন কি?
উত্তৰঃ এটা দ্ৰৱ্যৰ দামৰ পৰিৱৰ্তনৰ কাৰণে ইয়াৰ চাহিদাৰ যি পৰিৱর্তন হয়, তাকেই চাহিদাৰ সম্প্ৰসাৰণ আৰু সংকোচন বুলি কোৱা হয়।
৬। চাহিদাৰ হ্রাস-বৃদ্ধি কি?
উত্তৰঃ যেতিয়া এটা দ্ৰৱ্যৰ চাহিদাৰ পৰিবৰ্তন ইয়াৰ দৰ বা দামৰ পৰিৱৰ্তনৰ কাৰণে নহয়, আন কোনোবা কাৰণত সংঘটিত হয়, তাকেই চাহিদাৰ হ্রাস-বৃদ্ধি বুলি কোৱা হয়।
৭। চাহিদাৰ দৰ স্থিতিস্থাপকতা কি?
উত্তৰঃ দ্ৰৱ্যৰ দৰৰ পৰিৱৰ্তনৰ লগত ইয়াৰ চাহিদাৰ পৰিৱৰ্তনৰ যি সম্বন্ধ তাকে চাহিদাৰ দৰ স্থিতিস্থাপকতা বুলি কোৱা হয়।
৮। যোগানৰ সূত্ৰটো লিখা?
উত্তৰঃ যোগানৰ সূত্র অনুসৰি বস্তুৰ দাম বাড়িলে যোগান বাঢ়ে আৰু দাম কমিলে যোগন কমে। দাম বাঢ়িলে লাভৰ পৰিমাণ বাঢ়ে আৰু সেই কাৰণে বস্তুৰ যোগানো বৃদ্ধি হয়। আনহাতে দাম কমিলে লাভ কমে আৰু যোগানো কমি যায়।
৯। যোগানৰ অনুসূচী কি?
উত্তৰঃ কোনো এটা দ্ৰৱ্যৰ বিভিন্ন দাম, ইয়াৰ যোগানৰ পৰিমাণৰ বিষয়ে যি তালিকা প্রস্তুত কৰা হয়, তাকেই যোগনৰ অনুসূচী বুলি কোৱা হয়।
১০। যোগানৰ ৰেখা কি?
উত্তৰঃ যোগানৰ অনুসূচীক ৰৈখিক পদ্ধতিত প্রতিনিধিত্ব কৰা ব্যৱস্থাটোকেই যোগানৰ ৰেখা বুলি কোৱা হয়।
১১। যোগানৰ সম্প্ৰসাৰণ সংকোচন বুলিলে কি বুজা?
উত্তৰঃ যেতিয়া আন অৱস্থাসমূহ অপৰিৱৰ্তিত থকাৰ অৱস্থাত এটা দ্রৱ্য দামৰ বৃদ্ধি হ’লে ইয়াৰ যোগান বৃদ্ধি হয় আৰু দাম কমি গ’লে যোগান কমি যায়, তেনে যোগানৰ এনে পৰিৱৰ্তনক ক্রমান্বয়ে ইয়াৰ সম্প্ৰসাৰণ আৰু সংকোচন বা যোগানৰ পৰিমাণৰ পৰিৱৰ্তন বুলি কোৱা হয়।
১২। যোগানৰ দৰ-স্থিতিস্থাপকতা কি?
উত্তৰঃ এটা দ্রৱ্যৰ দামৰ পৰিৱৰ্তনৰ প্রতি তাৰ যোগনৰ পৰিমাণে জনোৱা সঁহাৰিৰ যাত্ৰাৰ আপেক্ষিক জোখেই হৈছে দ্রৱ্য পদৰ যোগনৰ দৰ-স্থিতিস্থাপকতা।
১৩। একক স্থিতিস্থাপকতাৰ যোগান বুলিলে কি বুজা?
উত্তৰঃ যেতিয়া কোনো এটা দ্ৰৱ্যৰ দামৰ পৰিবৰ্তনৰ পৰিমাণ বা হাৰ ইয়াৰ যোগানৰ পৰিৱৰ্তনৰ পৰিমাণ বা হাৰৰ সমান হয়, তেনে দ্রৱ্যৰ যোগনক একক স্থিতিস্থাপকতাৰ যোগান বুলি কোৱা হয়।
১৪। উপভোক্তাৰ উদ্ধৃত্তৰ বিধিটো লিখা।
উত্তৰঃ উপভোক্তাৰ উদ্বৃত্ত বিধি অনুসৰি এজন উপভোক্তাই এটা দ্রব্য আহৰণৰ অৰ্থে মুদ্রাৰ মানত যি উপযোগিতা ত্যাগ কৰিবলগীয়া হয় সেই উপযোগিতাতকৈ দ্রৱ্যটোৰ উপভোগৰ জৰিয়তে যেতিয়া অধিক উপযোগিতা বা সন্তুষ্টি লাভ কৰে তেতিয়াই তেওঁ উদ্বৃত্ত উপভোগ সন্তুষ্টি উপভোগ কৰিবলৈ সক্ষম হয়।
১৫। উৎপাদকৰ উদ্বৃত্ত বিধি মানে কি?
উত্তৰঃ উৎপাদকৰ উদ্বৃত্ত বিধি মানে হ’ল উৎপাদক এজনে দ্রব্যটো বিক্রি কৰি পাৱলৈ ইচ্ছা কৰা মূল্য আৰু দ্ৰৱ্যটো বিক্রি কৰি পোৱা মূল্যৰ পাৰ্থক্য।
১৬। ব্যক্তিগত চাহিদাৰ দুটা নির্ধাৰক লিখা।
উত্তৰঃ ব্যক্তিগত চাহিদাৰ দুটা নিৰ্ধাৰক হ’ল-
(ক) দ্রৱ্য-সামগ্ৰীৰ দাম।
(খ) মানুহৰ ৰুচি, জীবন-নিৰ্বাহৰ ধৰণ-কৰণ।
১৭। যোগান নির্ধাৰণ কৰা যিকোনো দুটা উপাদান উল্লেখ কৰা।
উত্তৰঃ যোগান নির্ধাৰণ কৰা যিকোনো দুটা উপাদান হ’ল-
(ক) দ্রৱ্য-সামগ্ৰীৰ দৰ।
(খ) উৎপাদন পদ্ধতিৰ প্রকৃতি।
১৮। চাহিদাৰ দৰ স্থিতিস্থাকতা নির্ধাৰণৰ পদ্ধতি কেইটা উল্লেখ কৰা।
উত্তৰঃ চাহিদাৰ দৰ-স্থিতিস্থাপকতা নির্ধাৰণৰ অৰ্থে তিনিটা পদ্ধতি ব্যৱহাৰ কৰা হয়।
এই পদ্ধতিকেইটা হৈছে-
(ক) মুঠ ব্যয় পদ্ধতি।
(খ) ৰৈখিক পদ্ধতি। আৰু
(গ) চাহিদাৰ বৃত্তাংশ স্থিতিস্থাপকতা।
১৯। সংযুক্ত চাহিদা কি?
উত্তৰঃ এটা দ্রৱ্যৰ চাহিদা সম্পূর্ণ স্বতন্ত্র বুলি ধাৰণা কৰিলেও বাস্তৱ ক্ষেত্রত দেখা যায় যে কোনো দ্রৱ্যৰে চাহিদা স্বতন্ত্র নহয়, বৰঞ্চ প্রতি দ্রৱ্যৰ চাহিদাৰ আন এটা দ্রৱ্যৰ এনে সম্পর্কৰ বিষয়ে আলোচনা কৰা বিষয়টোকে সংযুক্ত চাহিদা বুলি কোৱা হয়।
চমু আৰু ৰচনাধর্মী প্রশ্নোত্তৰঃ |
১। ব্যক্তিগত চাহিদা কেনেদৰে বজাৰ চাহিদাতকৈ পৃথক চমুকৈ আলোচনা কৰা।
উত্তৰঃ এজন উপভোক্তাৰ এটা দ্রৱ্যৰ প্রতি থকা চাহিদাক ব্যক্তিগত চাহিদা বোলে আৰু এনে চাহিদাৰ ভিত্তিত গঠন কৰা তালিকা হৈছে ব্যক্তিগত চাহিদা অনুসূচীৰ অন্তর্গত। অন্যহাতে দ্রব্যটোৰ প্ৰতি থকা সকলোবোৰ উপভোক্তাৰ চাহিদাৰ সমষ্টিকেই বজাৰ চাহিদা বুলি কোৱা হয়। অর্থাৎ বজাৰ চাহিদা হৈছে ব্যক্তিগত চাহিদাৰ সমষ্টি আৰু এনে ব্যক্তিগত চাহিদা অনুসুচী যোগ কৰিলে বজাৰ চাহিদা অনুসূচী পোৱা যায়।
ব্যক্তিগত চাহিদা সাধাৰণতে ব্যক্তিৰ ৰুচিৰ ওপৰত নিৰ্ভৰশীল। কাৰণ কিছুমান মানুহে দাম বৃদ্ধি হ’লে কোনো দ্রৱ্য কমকৈ ক্ৰয় কৰিলেও আন কিছুমানে অধিকভাৱে ক্রয় কৰা দেখা পায়। দ্ৰৱ্যৰ দৰ সংকোচন ঘটোতেও উপভোক্তাৰ এনে আচৰণ পৰিলক্ষিত হয়।
এজন ব্যক্তিৰ এটা দ্রব্যৰ প্রতি চাহিদা নির্ভৰ কৰে-
(ক) দ্রৱ্যটোৰ দৰ বা দাম।
(খ) তেওঁৰ উপার্জন।
(গ) দ্রৱ্যটোৰ তেওঁৰ কাৰণে উপযোগীতা।
(ঘ) তেওঁৰ দ্রৱ্যটোৰ প্রতি থকা ৰুচি বা ব্যৱহাৰৰ স্বভাৱ। আৰু
(ঙ) দ্রৱ্যটোৰ প্রতিকল্পন দ্ৰব্যৰ উপস্থিতি আৰু সেইবোৰৰ তুলনামূলক দামৰ ওপৰত।
উল্লেখিত উপাদানকেইটাৰ যিকোনো এটাৰ পৰিৱর্তন হ’লেই এঠা দ্রব্যৰ ব্যক্তিগত চাহিদাৰ পৰিবর্তন ঘটে।
তলত চাহিদাৰ বিধিত উল্লেখ কৰা দৰ বা চাহিদাৰ যি সম্পর্ক, সেই সম্পৰ্কৰ ওপৰত ভিত্তি কৰি এজন গ্রাহক বা উপভোক্তাৰ কমলাৰ প্রতি চাহিদাৰ তালিকা প্রস্তুত কৰা হ’ল-
ব্যক্তিগত চাহিদা অনুসূচী
কমলাৰ দাম | ব্যক্তিগত চাহিদাৰ পৰিমাণ |
৭০ পইচা | ১ টা |
৫০ পইচা | ২ টা |
৩০ পইচা | ৩ টা |
১০ পইচা | ৪ টা |
ওপৰত উল্লেখ কৰা হৈছে যে ব্যক্তিগত চাহিদা তালিকাৰ সমষ্টিয়েই হৈছে বজাৰৰ চাহিদা বা অনুসূচী। তলত বজাৰৰ চাহিদা তালিকাৰ এটি নমুনা প্রস্তুত কৰা হ’ল।
বজাৰৰ চাহিদা অনুসূচী বিভিন্ন ব্যক্তিৰ এটা দ্ৰৱ্যৰ চাহিদাৰ পৰিমাণ
দাম (টকাত) | ক + খ + গ | মুঠ বজাৰৰ চাহিদা |
৫ | ৫ + ৭ + ৩ | ১৫ |
৪ | ১০ + ১৪ +১১ | ৩৫ |
৩ | ২২ + ২৮ +২০ | ৭০ |
২ | ৪০ + ৪৫ + ৩০ | ১১৫ |
১ | ৬৫ + ৯৫ +৫০ | ২১০ |
২। চাহিদা বিধিৰ ব্যতিক্রমসমূহ উল্লেখ কৰা।
উত্তৰঃ চাহিদা বিধিৰ ব্যতিক্রমসমূহ তলত উল্লেখ কৰা হ’ল-
চাহিদা বিধিৰ প্রথম অনুমিত ধাৰণাটো হৈছে উপভোক্তাৰ এটা দ্রৱ্যৰ উপভোগৰ সময়ত স্বভাৱ আৰু ৰুচি অপৰিৱর্তিত থাকে, কিন্তু প্রকৃততে উপভোক্তাৰ ৰুচি আৰু স্বভাৱৰ পৰিৱর্তন ঘটিব পাৰে। উদাহৰণস্বৰূপে, এটা দ্রৱ্যৰ প্রথম গোটটো উপভোগ কৰাৰ পাছত যদি এজন উপভোক্তাৰ দ্রৱটোৰ প্ৰতি ৰুচি পৰিবর্তন হয়, তেতিয়া তেওঁ ইয়াৰ দাম কমিলেও দ্রৱ্যটোৰ প্রতি চাহিদাৰ সম্প্রসাৰণ নঘটে।
দ্বিতীয়তে, চাহিদা বিধি ব্যাখ্যা কৰোতে উপভোক্তা বা গ্রাহকৰ উপার্জন অপৰিৱর্তিত থাকে বুলি ধাৰণা কৰা হৈছে, কিন্তু প্রকৃততে উপভোক্তাৰ উপাৰ্জনৰ পৰিৱর্তন হয় আৰু এনে অৱস্থাত চাহিদাৰ বিধিটো প্রয়োগ নহ’বও পাৰে। উদাহৰণস্বৰূপে, কোনো এটা দ্রৱ্যৰ দৰ বৃদ্ধিৰ লগে লগে ইয়াৰ উপভোক্তাৰ উপার্জনো বৃদ্ধি হয়, তেতিয়া দ্রৱ্যটোৰ প্রতি চাহিদাৰ সংকোচন নঘটিবও পাৰে।
তৃতীয়তে, বিকল্প দ্রৱ্য নথকা দ্রৱ্যৰ ক্ষেত্ৰত চাহিদাৰ বিধিটো প্রয়োগ হোৱা দেখা নাযায়। উদাহৰণস্বৰূপে নিমখৰ কোনো বিকল্প দ্রৱ্য নথকাৰ কাৰণে ইয়াৰ দামৰ পৰিবর্তন হ’লেও চাহিদাৰ পৰিৱর্তন পৰিলক্ষিত নহয়।
চতুর্থতে, নিকৃষ্ট মানৰ দ্ৰৱ্যৰ ক্ষেত্ৰতো চাহিদাৰ বিধিটো প্রয়োগ হোৱা দেখা নাযায়। এনে দ্রৱ্যৰ ক্ষেত্ৰত দাম বৃদ্ধি হ’লে ইহঁতৰ চাহিদা বৃদ্ধি পোৱা আৰু দাম কমিলে চাহিদা সংকুচিত হোৱাহে পৰিলক্ষিত হয়। নিকৃষ্ট মানৰ দ্রৱ্যৰ ক্ষেত্ৰত চাহিদা বিধিৰ এনে ব্যতিক্রমৰ বিষয়ে চাব ৰবার্ট গিফেন নামৰ অর্থনীতিবিদজনে প্রথমে ব্যাখ্যা কৰিছিল আৰু চাহিদাৰ বিধিৰ এনে ব্যতিক্রমটোক গিফেনৰ সাঁথৰ নামে জনাজাত। নিকৃষ্ট মানৰ দ্রৱ্যৰ দৰে যিবিলাক দ্রৱ্যৰ ব্যৱহাৰৰ লগত মানুহৰ জীৱন-ধাৰণাৰ মানদণ্ড আৰু সন্মানৰ বিষয়টো জড়িত হৈ আছে তেনে দ্রৱ্য-সামগ্ৰীৰ ক্ষেত্ৰতো চাহিদাৰ বিধিটো প্রযোজ্য নহয়। উদাহৰণস্বৰূপে, হীৰা, মণি-মুক্তা আদি দ্রৱ্যৰ চাহিদাৰ বিষয়ে উল্লেখ কৰিব পাৰি।
৩। চাহিদাৰ অনুসূচী কি? চাহিদা বিধিটো ৰৈকিক চিত্ৰৰ সহায়ত ব্যাখ্যা কৰা।
উত্তৰঃ কোনো এটা দ্ৰৱ্যৰ প্রতি গোটৰ দৰৰ পৰিবৰ্তনৰ ফলত দ্রব্যটোৰ প্রতি উপভোক্তাৰ চাহিদাৰ পৰিমাণৰ যি পৰিৱর্তন হয়, উক্ত পৰিবর্তন যেতিয়া এখন তালিকাত প্রকাশ কৰা হয়, তাকেই চাহিদাৰ অনুসূচী আখ্যা দিয়া হয়। এজন উপভোক্তাৰ এটা দ্রৱ্যৰ প্ৰতি চাহিদাৰ ভিত্তিত গঠন কৰা এনে এখন তালিকা হৈছে ব্যক্তিগত চাহিদা অনুসূচীৰ অন্তর্ভুক্ত আৰু দ্রৱ্যটোৰ এনে ব্যক্তিগত চাহিদা অনুসূচী যোগ কৰিলেই বজাৰৰ চাহিদা অনুসূচী পোৱা যায়।
চাহিদাব বিধি অনুসৰি আন অৱস্থাসমূহ অপৰিৱৰ্তিত থাকিলে, এটা দ্ৰৱ্যৰ দাম বৃদ্ধি পালে, ইয়াৰ প্ৰতি উপভোক্তাৰ চাহিদাৰ সংকোচন ঘটে আৰু দাম বা দৰ কমিলে দ্রৱ্যটোৰ প্রতি চাহিদাৰ প্ৰসাৰণ হয়। চাহিদাৰ বিধিৰ ওপৰত ভিত্তি কৰি প্রস্তুত কৰা চাহিদাৰ তালিকাৰ ৰৈখিক পদ্ধতিৰ সহায়ত যেতিয়া ব্যাখ্যা কৰা হয়, তাকেই চাহিদাৰ ৰেখা বুলি কোৱা হয়। ব্যক্তিগত চাহিদাৰ তালিকাৰ দৰে বজাৰৰ চাহিদাৰ তালিকা চাহিদাৰ একেটা সূত্ৰৰ ওপৰত গঠন হোৱাৰ কাৰণে ব্যক্তিগত, স্বাভাৱিক বা সাধাৰণ চাহিদা ৰেখা আৰু বজাৰৰ সাধাৰণ চাহিদা ৰেখাৰ আকৃতিৰ কোনো প্রভেদ হ’ব নোৱাৰে। তলত বজাৰ চাহিদা তালিকাৰ এটি নমুনা প্রস্তুত কৰা হ’ল-
বজাৰ চাহিদা অনুসূচী বিভিন্ন ব্যক্তিৰ এটা দ্ৰব্যৰ চাহিদাৰ পৰিমাণ
দাম (টকাত) | ক + খ + গ | মুঠ বজাৰৰ চাহিদা |
৫ | ৬ + ৫ + ৪ | ১৫ |
৪ | ১০ + ১৫ + ৫ | ৩০ |
৩ | ৩০ + ২০ + ৩০ | ৮০ |
২ | ৪০ + ৪৫ + ৩০ | ১১৫ |
১ | ৬৫ + ৫০ + ৮৫ | ২০০ |
বজাৰৰ চাহিদা তালিকাখন ভিত্তি কৰি তলত স্বাভাৱিক চাহিদা ৰেখা অংকন কৰা হ’ল।
ওপৰৰ বজাৰৰ চাহিদা তালিকাৰ ভিত্তিত অংকন DD₁ চাহিদা ৰেখা ক্রমান্বয়ে বাওঁফালৰ ওপৰৰ পৰা সোঁফালৰ তললৈ গতি কৰিছে। সকলো দ্ৰৱ্যৰ দাম আৰু চাহিদাৰ সম্পৰ্কৰ ওপৰত ভিত্তি কৰি অংকন কৰা স্বাভাৱিক চাহিদা ৰেখাৰ ক্ষেত্ৰত এনে নেতিবাচক ঢাল পৰিলক্ষিত হয়। গতিকে DD₁ য়ে হৈছে চাহিদা ৰেখা।
8। যোগানৰ সূত্ৰটো যোগানৰ অনুসূচী আৰু ৰৈখিক চিত্ৰৰ সহায়ত ব্যাখ্যা কৰা।
উত্তৰঃ যোগানৰ সূত্র অনুসৰি বস্তুৰ দাম বাঢ়িলে যোগান বাঢ়ে আৰু দাম কমিলে যোগান কমে। দাম বাঢ়িলে লাভৰ পৰিমাণ বাঢ়ে আৰু সেই কাৰণে বস্তুৰ যোগানো বৃদ্ধি হয়। আনহাতে দাম কমিলে লাভ কমে আৰু যোগানো কমি যায়। যোগানৰ বিধিৰ এনে প্রকৃতিৰ কাৰণে দ্রৱ্যৰ যোগান ৰেখা চাহিদা ৰেখাৰ সম্পূর্ণ বিপৰীতধর্মী হয়। আকৌ কোনো এটা দ্রৱ্যৰ বিভিন্ন দাম, ইয়াৰ যোগানৰ পৰিমাণৰ বিষয়ে যি তালিকা প্রস্তুত কৰা হয়, তাকেই যোগানৰ অনুসূচী বুলি কোৱা হয়। ব্যক্তিগত আৰু বজাৰৰ চাহিদা তালিকাৰ দৰে ব্যক্তিগত আৰু বজাৰৰ যোগান তালিকা প্রস্তুত কৰিব পৰা যায়। এটা দ্রৱ্যৰ বিভিন্ন দাম বা দৰত এজন যোগনকাৰীয়ে দ্রৱটো যি পৰিমাণে বজাৰত যোগান ধৰে, সেই বিষয়ে তথ্যৰ যোগান ধৰা তালিকাখনেই হৈছে ব্যক্তিগত যোগান তালিকা। আনহাতে বজাৰৰ যোগান তালিকা হৈছে ব্যক্তিগত বিক্রীদাবন যোগান তালিকাৰ সমষ্টি।
তলৰ তালিকাত ব্যক্তিগত যোগান অনুসূচীৰ ওপৰত ভিত্তি কৰি কমলাৰ বজাৰ যোগান তালিকা প্রস্তুত কৰা হ’ল-
বজাৰৰ যোগান অনুসূচী
বজাৰৰ দৰ(পইচাত) | কমলা যোগানৰ পৰিমাণবিত্ৰুীদাৰ | বজাৰৰ যোগানতালিকা | ||
(ক) | (খ) | (গ) | ক + খ +গ | |
৬ | ৪ | ৬ | ১০ | ২০ |
৭ | ৮ | ১০ | ১২ | ৩০ |
৮ | ১০ | ১৪ | ১৬ | ৪০ |
৯ | ১৫ | ২০ | ২৫ | ৬০ |
১০ | ২০ | ২৪ | ৩০ | ৭৪ |
যোগানৰ অনুসূচীক, ৰৈখিক পদ্ধতিত কৰা ব্যৱস্থাটোকেই যোগানৰ ৰেখা বুলি কোৱা হয়। দ্রৱ্য-সামগ্ৰীৰ দৰ বৃদ্ধি হ’লে সিহঁতৰ যোগান সম্প্ৰসাৰণ হয় আৰু দৰ কমিলে, সিহঁতৰ যোগানৰ সংকোচন ঘটে। যোগানৰ এনে প্রকৃতিৰ কাৰণে এটা স্বাভাৱিক দ্রৱ্যৰ যোগান ৰেখা সদায় বাওঁফালৰ তলৰ পৰা সোঁফালৰ ওপৰলৈ গতি কৰে। ওপৰৰ তালিকাৰ সহায়ত ভিত্তি কৰি তলত যোগান ৰেখাডাল অংকন কৰা হ’ল।
ওপৰৰ চিত্ৰত বজাৰ যোগান ৰেখাই (SS) এটা স্বাভাৱিক দ্ৰৱ্যৰ যোগান ৰেখাৰ আকৃতি নির্দেশ কৰিছে।
৫। যোগানৰ হ্রাস বৃদ্ধি আৰু সংকোচন সম্প্ৰসাৰণৰ মাজত পাৰ্থক্য দেখুৱা। দ্ৰৱ্যৰ যোগানৰ পৰিৱৰ্তনৰ কাৰণসমূহ ব্যাখ্যা কৰা।
উত্তৰঃ যোগানৰ হ্রাস-বৃদ্ধিৰ লগত ইয়াৰ সম্প্ৰসাৰণ আৰু সংকোচনৰ পাৰ্থক্য আছে। যেতিয়া আন অৱস্থাসমূহ অপবিৱর্তিত থকাৰ অৱস্থাত এটা দ্ৰৱ্যৰ দাম বৃদ্ধি হ’লে ইয়াৰ যোগান বৃদ্ধি হয় আৰু দাম কমি গ’লে যোগান কমি যায়, তেতিয়া যোগানৰ এনে পৰিৱর্তনক ক্রমান্বয়ে ইয়াৰ সম্প্ৰসাৰণ আৰু সংকোচন বা যোগানৰ পৰিমাণৰ পৰিৱৰ্তন বুলি কোৱা হয়। যোগানৰ এনে পৰিৱর্তনক একেডাল যোগান ৰেখাই প্রতিনিধিত্ব কৰে। আনহাতে যেতিয়া দামৰ পৰিৱর্তন নহ’লেও আন কোনো উপাদানৰ প্রভাৱত এটা দ্রৱ্যৰ যোগানৰ পৰিৱর্তন হয় তাক যোগানৰ হ্রাস-বৃদ্ধি বা যোগানৰ পৰিৱর্তন বুলি কোৱা হয়। যোগানৰ হ্রাস-বৃদ্ধিৰ ক্ষেত্ৰত যোগান ৰেখা পূৰ্বৰ স্থানৰ পৰা নতুন স্থানলৈ গতি কৰে। তলৰ চিত্ৰৰ সহায়ত যোগানৰ হ্রাস-বৃদ্ধি আৰু সম্প্ৰসাৰণ সংকোচনৰ মাজত থকা পার্থক্য দেখুওৱা হ’ল-
ওপৰৰ চিত্ৰত SS¹ এটা দ্রৱ্যৰ যোগান ৰেখা। দ্রৱ্যটোৰ বজাৰৰ দাম OP ৰ পৰা OP¹ লৈ বৃদ্ধি পোৱাত ইয়াৰ যোগান OM পৰা OM₂ লৈ বৃদ্ধি পাইছে। একেডাল যোগান ৰেখাত যোগানৰ এনে বৃদ্ধিয়ে যোগানৰ সম্প্রসাৰণৰ নির্দেশ দিছে। যদি দ্রৱ্যটোৰ দাম OP¹ ৰ পৰা লৈ নামি আহে তেতিয়া ইয়াৰ যোগান OM লৈ কমি আহিব আৰু ই হৈছে যোগানৰ সংকোচন। অর্থাৎ SS যোগান ৰেখাত Q বিন্দুৰ পৰা Q₁ বিন্দুলৈ যোগানৰ পৰিৱর্তনে যোগানৰ সম্প্ৰসাৰণ আৰু সংকোচন বা যোগানৰ পৰিমাণৰ পৰিৱৰ্তনৰ বিষয়ে নির্দেশ দিছে। কিন্তু, যদি দ্রৱ্যটোৰ দৰ OP¹ ত অপৰিৱৰ্তিত হৈ থকাৰ অৱস্থাত ইয়াৰ যোগান OM₃ ৰ পৰা OM₂ লৈ বৃদ্ধি হয় তেতিয়া ইয়াক যোগান বৃদ্ধি আৰু OM₂ ৰ M₃ লৈ হ্রাস হ’লে তাক যোগান হ্রাস বুলি কোৱা হয়। কাৰণ এনে হ্রাস-বৃদ্ধিৰ ক্ষেত্ৰত কেৱল যোগানৰ পৰিমাণৰ পৰিৱর্তনেই হোৱা নাই যোগান ৰেখাৰ অৱস্থানৰো পৰিৱর্তন ঘটিছে।
দ্রৱ্যৰ যোগানৰ পৰিৱর্তন আৰু যোগান ৰেখাৰ অৱস্থানৰ পৰিৱৰ্তনৰ ওপৰত প্রভাৱ পেলোৱা উপাদান সমূহ তলত চমুকৈ আলোচনা কৰা হ’ল। এই উপাদানবোৰৰ প্রভাৱত যোগানৰ দাম বৃদ্ধি হয় আৰু ইয়াৰ ফলত যোগান ৰেখাৰ অৱস্থানৰ পৰিৱর্তন ঘটে।
এই প্রধান উপাদানকেইটা হৈছে-
(ক) উৎপাদনী ব্যয়ঃ এটা দ্রৱ্যৰ উৎপাদনী ব্যয়ে ইয়াৰ যোগানৰ ওপৰত প্রভাৱ বিস্তাৰ কৰা পৰিলক্ষিত হয়। যদি উৎপাদনৰ উপাদানসমূহৰ অথবা কোনো এটা বা ততোধিক উপাদানৰ দৰ বৃদ্ধি পোৱাৰ কাৰণে এটা দ্ৰৱ্যৰ উৎপাদনী ব্যয় বৃদ্ধি হয়, তেতিয়া দ্রৱ্যটোৰ যোগান কমি যায়। আনহাতে উৎপাদন ব্যয় হ্রাস হ’লে দ্রৱ্যৰ যোগান বৃদ্ধি পৰিলক্ষিত হয়। কাৰণ উৎপাদনী ব্যয় কম হোৱাৰ কাৰণে একে পৰিমাণৰ ব্যয়ৰ সহায়ত অধিক উৎপাদন সম্ভৱপৰ হয়।
(খ) প্রযুক্তি বিদ্যাৰ অৱস্থাঃ এখন দেশৰ কাৰিকৰী আৰু প্রযুক্তিবিদ্যাৰ অৱস্থা আৰু অগ্রগতিৰ ওপৰতো বিভিন্ন দ্রৱ্য-সামগ্ৰীৰ যোগান নির্ভৰশীল, যদি দেশখনৰ প্রযুক্তিবিদ্যাৰ উন্নতি ঘটে, তেতিয়া এনে উন্নত প্রযুক্তিবিদ্যা বিভিন্ন উৎপাদন ক্ষেত্ৰত ব্যৱহাৰ কৰি উৎপাদনী ব্যয়ৰ সংকোচন ঘটাই দ্রৱ্য-সামগ্ৰীৰ যোগান বৃদ্ধি কৰিব পাৰি।
(গ) অনা-অর্থনৈতিক উপাদানঃ বানপানী, খৰাং বতৰ ইত্যাদিয়ে কৃষিজাত দ্রৱ্যৰ যোগানৰ ওপৰত বিশেষভাৱে প্রভাৱ বিস্তাৰ কৰা দেখা যায়। তেনেদৰে যুদ্ধ-বিগ্রহ, ভূমিকম্প আদিয়ে দেশৰ সা-সম্পত্তি ধ্বংস কৰি বৰ্তমান আৰু ভৱিষ্যতত দ্রৱ্য-সামগ্রীৰ উৎপাদন আৰু যোগান বাধাগ্রস্ত কৰে। এনেধৰণৰ উপাদানসমূহৰ দ্রৱ্য-সামগ্ৰীৰ ওপৰত প্ৰভাৱ অনা-অর্থনৈতিক উপাদান হিচাপে বিবেচনা কৰা হয়।
(ঘ) কৰ-ব্যৱস্থাঃ যদি দ্রৱ্য-সামগ্ৰীৰ ওপৰত অথবা এনে দ্রৱ্য-সামগ্রী উৎপাদনৰ অৰ্থে ব্যৱহাৰ কৰা উপাদানসমূহৰ ওপৰত চৰকাৰে কৰ ধার্য কৰে তেতিয়া দ্রৱ্য-সামগ্ৰীৰ উৎপাদনী ব্যয় বৃদ্ধি হয় আৰু সিহঁতৰ যোগান কমি যায়। আনহাতে যদি চৰকাৰে কৰৰ পৰিৱৰ্তে উৎপাদন ব্যৱস্থাত উদগনি দিবৰ অৰ্থে ৰেহাই, সাহায্য ইত্যাদি আগবঢ়ায়, তেতিয়া উৎপাদনী ব্যয়ৰ সংকোচন ঘটে আৰু দ্রৱ্য-সামগ্ৰীৰ যোগান বৃদ্ধি হয়।
উপৰোক্ত উপাদানসমূহৰ উপৰিও কোনো দ্ৰৱ্যৰ প্ৰতি বজাৰৰ চাহিদা আৰু দ্রৱ্যটোৰ বিকল্প দ্ৰৱ্যৰ পৰিমাণ, দ্রৱ্যটোৰ উৎপাদনৰ অর্থে প্রয়োজনীয় উপাদানৰ উপস্থিতিয়ে ইয়াৰ যোগানৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰা পৰিলক্ষিত হয়।
৬। চাহিদাৰ হ্রাস বৃদ্ধি আৰু সংকোচন সম্প্ৰসাৰণৰ মাজত পাৰ্থক্য দেখুওৱা। দ্ৰৱ্যৰ চাহিদাৰ পৰিৱৰ্তনৰ কাৰণসমূহ ব্যাখ্যা কৰা।
উত্তৰঃ চাহিদাৰ সম্প্ৰসাৰণ আৰু সংকোচনৰ লগত চাহিদাৰ বৃদ্ধি আৰু চাহিদাৰ হ্ৰাসৰ পাৰ্থক্য আছে। এটা দ্ৰৱ্যৰ দামৰ পৰিৱৰ্তনৰ কাৰণে ইয়াৰ চাহিদাৰ যি পৰিৱৰ্তন হয়, তাকেই চাহিদাৰ সম্প্ৰসাৰণ আৰু সংকোচন বুলি কোৱা হয়। এনে চাহিদাৰ সম্প্ৰসাৰণ আৰু সংকোচন একেডাল চাহিদা ৰেখাৰ ওপৰত ভিত্তি কৰা হয়। আনহাতে, যেতিয়া এটা দ্ৰৱ্যৰ চাহিদাৰ পৰিৱৰ্তন ইয়াৰ দৰ বা দামৰ পৰিৱৰ্তনৰ কাৰণে নহয়, আন কোনোবা কাৰণত সংঘটিত হয়, তাকেই চাহিদাৰ হ্রাস-বৃদ্ধি বুলি কোৱা হয়। চাহিদাৰ এনে হ্রাস-বৃদ্ধিৰ ফলত চাহিদা ৰেখাৰ অৱস্থানৰ পৰিৱর্তন হয়। তলৰ চিত্ৰৰ সহায়ত চাহিদাৰ সম্প্ৰসাৰণ আৰু সংকোচনৰ লগত চাহিদাৰ হ্রাস বৃদ্ধিৰ পার্থক্য দেখুওৱা হৈছে। কেৱল দামৰ পৰিৱৰ্তনৰ কাৰণে হোৱা চাহিদাৰ পৰিৱৰ্তনক চাহিদাৰ পৰিমাণৰ পৰিৱর্তন বুলি কোৱা হয়। এনে পৰিৱর্তনক একেডাল চাহিদা ৰেখাই প্রতিনিধিত্ব কৰে।
কাষৰ চিত্ৰত দেখুওৱা হৈছে যে দ্রৱ্য এটাৰ দাম OP₁ ৰ পৰা OP₂ লৈ কমি যোৱাত ইয়াৰ চাহিদা OM₁ ৰ পৰা OM₂ লৈ বৃদ্ধি হৈছে। একেডালে চাহিদা ৰেখা হোবা চাহিদাৰ এনে বৃদ্ধি (a ৰ বিন্দুৰ পৰা b বিন্দুলৈ) হৈছে চাহিদাৰ সম্প্ৰসাৰণ। দামৰ কোনো পৰিৱর্তন নোহোৱাকৈ (OP₁) চাহিদা OM₁ ৰ পৰা OM₂ লৈ বৃদ্ধি পোৱাত নতুন চাহিদা ৰেখা অংকন কৰা হৈছে আৰু চাহিদাৰ এনে পৰিৱৰ্তন হৈছে চাহিদা বৃদ্ধি। অর্থাৎ দামৰ পৰিৱর্তন নোহোৱাকৈ চাহিদা a ৰ পৰা a¹ লৈ পৰিবৰ্তন হোৱাটোৱে চাহিদা বৃদ্ধিকে সূচাইছে। D₂ D₂ চাহিদা ৰেখাত দ্রৱ্যটোৰ দাম OP₂ ৰ পৰা OP₁ লৈ বৃদ্ধি পোৱাত উপভোক্তাৰ চাহিদাৰ পৰিমাণ যেতিয়া OM₃ ৰ পৰা OM₂ লৈ কমি আহিল আৰু ইয়াৰ ফলত উপভোক্তাই b¹ বিন্দুৰ পৰা a¹ বিন্দুলৈ গতি কৰিলে। দাম বৃদ্ধি হোৱাৰ ফলত চাহিদাৰ এনে পৰিৱর্তনেই হ’ল চাহিদাৰ সংকোচন। দামৰ কোনো পৰিৱর্তন নোহোৱাকৈ আন কোনো কাৰণত যেতিয়া দ্রৱ্যটোৰ প্ৰতি থকা উপভোক্তাৰ চাহিদা কমি যোৱাৰ ফলত তেওঁ D₂D₂ চাহিদা ৰেখাৰ পৰা পুনৰ D₁ D₁ চাহিদা ৰেখাৰ কোনো বিন্দুলৈ গতি কৰে, তেতিয়া তাকেই চাহিদাৰ হ্রাস বুলি কোৱা হয়।
চাহিদা ৰেখাৰ অৱস্থানৰ পৰিৱৰ্তনৰ কাৰণে অথবা দ্ৰৱ্যৰ চাহিদাৰ পৰিৱৰ্তনত প্রভাৱ বিস্তাৰ কৰা উপাদানসমূহ হ’ল- দৰ অপৰিৱৰ্তিত থকা অৱস্থাত এটা দ্ৰৱ্যৰ চাহিদাৰ হ্রাস-বৃদ্ধি আৰু ইয়াৰ ফলত ঘটা চাহিদা ৰেখাৰ অৱস্থিতিৰ পৰিবর্তন তলত উল্লেখিত উপাদানসমূহৰ প্ৰভাৱত হ’ব পাৰে।
(ক) আন দ্রৱ্য-সামগ্ৰীৰ দামঃ এটা দ্ৰৱ্যৰ চাহিদা আন এটা দ্ৰৱ্যৰ দামৰ ওপৰত নিৰ্ভৰশীল। বিশেষকৈ এটা দ্ৰব্যৰ দামে দ্ৰৱটোৰ চাহিদাৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰা দেখা যায়।
(খ) মানুহৰ ৰুচি, জীৱন-নির্বাহৰ ধৰণ-কৰণ আৰু সামাজিক দৃষ্টিভংগীঃ মানুহৰ ৰুচি, জীৱন ধাৰণৰ ধৰণ-কৰণ আৰু সামাজিক দৃষ্টিভংগীয়ে চাহিদাৰ প্ৰকৃতিৰ ওপৰত প্রভাৱ বিস্তাৰ কৰা পৰিলক্ষিত হয়। উদাহৰণস্বৰূপে, জাৰকালিতকৈ জহকালি ঠাণ্ডা পানীয়ৰ প্রতি চাহিদা বৃদ্ধিৰ মূলতে হৈছে ৰুচিৰ পৰিৱর্তন।
(গ) জনসংখ্যা আৰু ইয়াৰ গাঁথনিৰ পৰিৱৰ্তনঃ দেশত জনসংখ্যা বৃদ্ধি পোৱাৰ লগে লগে বিভিন্ন দ্রৱ্য-সামগ্ৰীৰ প্ৰতি চাহিদা বৃদ্ধি পোৱাটো স্বাভাবিক। জনসংখ্যা বৃদ্ধিৰ লগতে জনসংখ্যাৰ গাঁথনিৰ প্ৰভাৱো সুস্পষ্ট।
(ঘ) জনমূৰি আয় আৰু জীৱন-ধাৰণাৰ মানদণ্ডঃ জনমূৰি উপাৰ্জনৰ পৰিৱর্তনে মানুহৰ বিভিন্ন দ্রৱ্য-সামগ্ৰীৰ প্ৰতি চাহিদাৰ পৰিৱৰ্তন ঘটোৱা দেখা যায়। এখন দেশৰ মানুহৰ জনমূবি আয় বৃদ্ধি পোৱাৰ লগে লগে জীৱন ধাৰণাৰ মানদণ্ডৰ উন্নতি ঘটে। উন্নত জীৱন ধাৰণাৰ মানদণ্ড ৰক্ষার্থে মানুহে বিভিন্ন প্রয়োজনীয় আৰু অপ্রয়োজনীয় সামগ্ৰীৰ প্ৰতি চাহিদা সৃষ্টি কৰা পৰিলক্ষিত হয়। তদুপৰি উপাৰ্জন বৃদ্ধি হোৱাৰ লগে লগে মানুহে উন্নত সমাজৰ জীৱন-ধাৰণা ব্যৱস্থাৰ অনুকৰণ কৰাৰ কাৰণেও চাহিদাৰ পৰিৱর্তন পৰিলক্ষিত হয়।
(ঙ) ভৱিষ্যত মূল্য-বৃদ্ধিৰ অনুমানঃ দেশৰ চৰকাৰে প্ৰতি বছৰে আয়-ব্যয়ৰ পৰিমাণ নির্ধাৰণ কৰি প্ৰকাশ কৰা বাজেটৰ পূর্বে কিছুমান দ্রৱ্য-সামগ্ৰীৰ মূল্য বৃদ্ধি হ’ব বুলি মানুহে ধাৰণা কৰে। এনে ধাৰণাৰ কাৰণে তেনে দ্রৱ্য-সামগ্ৰীবোৰ বাজেট প্রণয়ন কৰাৰ পূর্বে সংগ্রহ কৰিবলৈ বিচৰাৰ কাৰণেও চাহিদাব পৰিৱর্তন পৰিলক্ষিত হয়।
(চ) উৎপাদন পদ্ধতিৰ পৰিৱৰ্তনঃ উৎপাদন পদ্ধতিৰ পৰিৱর্তনে নতুন আৰু বিকল্প কিছুমান দ্রৱ্যৰ বজাৰত প্রবেশ কৰাত সহায় কৰাৰ ফলতো চাহিদাৰ পৰিৱর্তন পৰিলক্ষিত হয়।
৭। চাহিদা ৰেখাডাল কিয় সোঁফালে তললৈ নামি আহে?
উত্তৰঃ এটা দ্ৰৱ্যৰ মূল্য বৃদ্ধি হ’লে ইয়াৰ চাহিদাৰ সংকোচন ঘটা আৰু মূল্য হ্রাস হ’লে ইয়াৰ চাহিদাৰ সম্প্ৰসাৰণ হোৱাৰ কাৰণ বিচাৰ কৰিলে চাৰিটা উপাদানৰ প্রভাৱ পৰিলক্ষিত হয়।
প্রথমতে, এটা দ্ৰৱ্যৰ দাম আৰু ইয়াৰ চাহিদাৰ উপৰোক্ত সম্বন্ধৰ কাৰণ হিচাপে দ্রৱ্যটোৰ উপভোগৰ ক্ষেত্ৰত ক্রম হ্রাসমান প্রান্তিক উপযোগিতা বিধিৰ প্ৰয়োগৰ কথা উল্লেখ কৰা হয়। দ্বিতীয়তে, বিকল্প বা বিভিন্ন ব্যৱহাৰ সূত্ৰৰ কাৰণেও চাহিদাৰ সূত্রটো প্রযোজ্য হয়। কিছুমান দ্রৱ্য আছে যিবোৰ বিভিন্ন কার্যত ব্যৱহাৰ কৰিব পৰা যায়। দ্ৰৱ্যৰ এনে বিকল্প ব্যৱহাৰৰ ভিতৰত কিছুমান উপভোক্তাৰ কাৰণে গুৰুত্বপূর্ণ ব্যৱহাৰ হিচাপে বিবেচিত হয় আৰু কিছুমান কার্যত ব্যৱহাৰ তেওঁৰ কাৰণে বিশেষ গুৰুত্বপূর্ণ নহয়। গতিকে যেতিয়া এটা দ্ৰৱ্যৰ দাম উচ্চ হয়, তেতিয়া উপভোক্তাই ইয়াৰ ব্যৱহাব গুৰুত্বপূর্ণ উদ্দেশ্যত সীমিত ৰাখে। অর্থাৎ এনে বিভিন্ন কার্যত ব্যৱহাৰ কৰিব পৰা দ্রৱ্যৰ দৰ বৃদ্ধি হ’লে সক্রিয় চাহিদা কমি যায়। অন্যহাতেদি তেতিয়া এনে দ্রৱ্যব দৰ হ্রাস হয় তেতিয়া কম গুৰুত্বপূর্ণ উদ্দেশ্যত ইয়াৰ ব্যৱহাৰ বৃদ্ধি হয়। ইয়াৰ পৰিমাণত দ্রৱ্যটোৰ সক্রিয় চাহিদা বৃদ্ধি হয়। উদাহৰণস্বৰূপে, বিভিন্ন উদ্দেশ্যত ব্যৱহাৰ হোৱা সৰিয়হৰ দৰে দ্ৰৱ্যৰ বিষয়ে উল্লেখ কৰিব পাৰি। সৰিয়হৰ দাম বৃদ্ধি হ’লে ইয়াক মানুহে কেৱল ৰন্ধন কার্যৰ কাৰণেহে ব্যৱহাৰ কৰে, কিন্তু সৰিয়হৰ দৰ হ্রাস হ’লে কম গুৰুত্বপূর্ণ উদ্দেশ্যত ব্যৱহাৰ হয়।
তৃতীয়তে, মানুহৰ দ্রৱ্য-সামগ্রী সম্ভোগৰ প্রয়োজনীয়তা আৰু ৰুচিৰ পাৰ্থক্যৰ কাৰণেও চাহিদা বিধি প্রযোজ্য হয়। উদাহৰণস্বৰূপে, কিছুমান মানুহৰ মাছ উপভোগ কৰা ইচ্ছা ইমানেই প্রবাল যে উচ্চ দামতো তেওঁলোক মাছ ক্রয় কৰিবলৈ সংকোচবোধ নকৰে। কিন্তু এচাম মানুহে উচ্চ দৰত মাছ ক্ৰয় কৰিবলৈ অমান্তি হয়। গতিকে এইচাম মানুহৰ কাৰণে মাছৰ ব্যৱসায়ীয়ে মাছৰ দৰ উপযুক্ত স্তৰলৈ হ্রাস কৰিবলৈ বাধ্য হয়।
চতুৰ্থতে, মানুহৰ উপাৰ্জনৰ পাৰ্থক্যৰ কাৰণেও চাহিদা বিধি প্রযোজ্য হয়। ধনী মানুহসকল উচ্চ ক্রয় ক্ষমতাৰ অধিকাৰী হোৱাৰ কাৰণে দ্রৱ্য-সামগ্ৰীৰ দৰ বৃদ্ধিৰ প্ৰতি সজাগ নহয়, কিন্তু দৰিদ্ৰ মানুহসকলৰ ক্রয় ক্ষমতা কম হোৱাৰ কাৰণে প্রয়োজনীয় দ্রৱ্য-সামগ্রীও তেওঁলোকে ক্রয় কৰিবলৈ অপৰাগ হয়। গতিকে যিটো দ্রৱ্যৰ যোগান সীমিত সেই দ্রব্যটো উচ্চ দৰত ধনী সম্প্রদায়ক বিক্রী কৰিব পৰা যায়, কিন্তু যোগান অধিক হোৱা দ্রৱ্যটো যেতিয়া কেবল ধনী সম্প্রদায়ক বিক্রী কৰি শেষ কৰিব পৰা নেযায় তেতিয়া ইয়াৰ একাংশ দুখীয়া গ্রাহকক বিক্র কৰিবৰ অৰ্থে দৰ হ্ৰাস কৰিবলগীয়া হয়।
দ্ৰৱ্যৰ দৰ আৰু চাহিদাৰ স্বাভাৱিক সম্পর্ক আন-বিপাক আৰু প্রতিকল্পন বিপাকৰ সহায়তো ব্যাখ্যা কৰিব পৰা যায়। তেতিয়া এটা দ্রৱ্যৰ দৰ হ্রাস হয় তেতিয়া এজন উপভোক্তাই তেওঁৰ অপৰিৱৰ্তিত উপার্জনেৰে দ্রৱ্যটো অধিক পৰিমাণে ক্ৰয় কৰিবলৈ সক্ষম হয়। অর্থাৎ তেওঁৰ আর্থিক উপার্জন একে থাকিলেও মুদ্রাৰ ক্রয়ক্ষমতা বৃদ্ধি হোৱাৰ কাৰণে প্রকৃত উপার্জন বৃিদ্ধি হয়। এয়েই হৈছে আয়-বিপাক আৰু এনে আয়-বিপাকৰ কাৰণেই এজন উপভোক্তাই এটা দ্রৱ্যৰ দৰ হ্রাস হ’লে অধিক পৰিমাণে দ্রৱ্যটো ক্রয় কৰে।
দ্বিতীয়তে, যেতিয়া এটা দ্ৰৱ্যৰ দৰ হ্রাস হয় তেতিয়া আন দ্রৱ্যৰ তুলনাত এই দ্রৱ্যটো উপভোক্তাৰ কাৰণে অধিক সস্তীয়া হয়। উপভোক্তাই সাধাৰণতে অধিক মূল্যৰ দ্রৱ্যৰ পৰিৱর্তে সস্তীয়া দ্রৱ্যটো অধিক পৰিমাণে ক্ৰয় কৰিবলৈ ইচ্ছা প্রকাশ কৰে। এয়েই হৈছে প্রতিকল্পন বিপাক আৰু এনে প্রতিকল্পন বিপাকৰ কাৰণেও এটা দ্ৰৱ্যৰ দৰ হ্রাস হ’লে ইয়াৰ চাহিদাৰ সম্প্ৰসাৰণ হয় আৰু দৰ বৃদ্ধি হ’লে চাহিদাৰ সংকোচন ঘটে।
উপৰোক্ত উপাদনসমূহৰ যিকোনো এটাৰ প্রভাৱৰ কাৰণে দ্ৰৱ্যৰ দৰ বৃদ্ধি হ’লে চাহিদা হ্রাস হয় আৰু দৰ হ্রাস হ’লে চাহিদা বৃদ্ধি হয় আৰু ইয়াৰ কাৰণেই স্বাভাৱিক চাহিদা বেখা বাওঁদিশৰ ওপৰৰ পৰা সোঁফাললৈ তললৈ ঢাল লয়।
৮। ভোক্তাৰ উদ্ধৃত ধাৰণাটো সহজভাৱে ব্যাখ্যা কৰা।
উত্তৰঃ উপভোক্তাৰ উদ্ধৃত্তৰ বিষয়টো যদিও ফৰাচী অভিযন্তা আৰু অর্থনীতিবিদ Duguit এ আগবঢ়াইছিল, বিধি হিচাপে এই বিষয়টোৰ এক সম্পূর্ণ ব্যাখ্যা আলফ্রেড মাৰ্ছালৰহে প্রাপ্ত। এই বিধি অনুসৰি এজন উপভোক্তাই এটা দ্রৱ্য আহৰণৰ অৰ্থে মুদ্রাৰ মানত যি উপযোগিতা ত্যাগ কৰিবলগীয়া হয় সেই উপযোগিতাতকৈ দ্রৱ্যটোৰ উপভোগৰ জৰিয়তে যেতিয়া অধিক উপযোগিতা বা সন্তুষ্টি লাভ কৰে তেতিয়াই তেওঁ উদ্বৃত্ত উপভোগ বা সন্তুষ্টি উপভোগ কৰিবলৈ সক্ষম হয়।
উপভোক্তাৰ উদ্ধৃত্তৰ ধাৰণাটো ক্রম হ্রাসমান প্রান্তিক উপযোগিতাৰ ভিত্তিত প্রতিষ্ঠিত। ক্রম হ্রাসমান প্রান্তিক উপযোগিতাৰ বিধি অনুসৰি এজন উপভোক্তাই কোনো এটা দ্রৱ্য একেৰাহে উপভোগ কৰিলে অতিৰিক্ত দ্রৱ্যসমূহৰ উপযোগিতা কমি আহে। যদি দ্রৱ্যটোৰ দামতকৈ ইয়াৰ উপযোগিতা অধিক হয়, তেতিয়া গ্রাহকে উপভোগৰ যোগেদি লাভ আহৰণ কৰে। আনহাতে দ্রৱ্যটোৰ দামতকৈ তাৰ উপযোগিতা কম হয়- যেতিয়া গ্রাহকৰ উপভোগৰপৰা লোকচান হয়। যেতিয়া এটা দ্ৰৱ্যৰ উপযোগিতা ইয়াৰ দামতকৈ অধিক হয়, তেতিয়া উপভোক্তাৰ উদ্ধৃত সৃষ্টি হয়।
আলফ্রেড মার্ছালৰ মতে, এজন গ্রাহকে কোনো এটা দ্রৱ্য উপভোগ কৰাৰ পৰা বঞ্চিত হোৱাৰ পৰিৱর্তে তাক পাবৰ কাৰণে যি দাম দিবলৈ ইচ্ছা কৰে আৰু প্ৰকৃততে বজাৰত তাৰ যি দাম ইহঁতৰ পাৰ্থক্যৰ ওপৰতেই উপভোক্তাৰ উদ্ধৃত নির্ভৰ কৰে।
তলত তালিকা আৰু চিত্ৰৰ সহায়ত উপভোক্তাৰ উদ্ধৃত বিষয়টো ব্যাখ্যা কৰা হ’ল-
দ্রৱ্যৰ একক Units | প্রান্তিক উপযোগিতা (Marginal Utility) (টকাৰ মানত) | বজাৰৰ দাম Market Price (টকাৰ মানত) | উপভোক্তাৰ ৰাহি Consumer surplus (টকাৰ মানত) |
১ | ১.০০ | ০.৩০ | ০.৭০ |
২ | ০.৮০ | ০.৩০ | ০.৫০ |
৩ | ০.৬০ | ০.৩০ | ০.৩০ |
৪ | ০.৪০ | ০.৩০ | ০.১০ |
৫ | ০ .৩০ | ০.৩০ | ০.০ |
৬ | ০.১০ | ০.৩০ | (-) ০.২০ |
৩.২০ | ১.৮০ | ১.৪০ |
ওপৰৰ তালিকাত এজন উপভোক্তাই দ্রৱ্য (যেনে-কমলাৰ) অতিৰিক্ত গোট উপভোগ কৰি লাভ কৰা প্রান্তিক উপযোগিতা আৰু ইয়াৰ বজাৰৰ দৰৰ ওপৰত ভিত্তি কৰি উপভোক্তাজনে উপভোগ কৰা উদ্ধৃত উপযোগিতাৰ পৰিমাণৰ বিষয়ে ইংগিত দিয়া হৈছে। তালিকাত দেখুওৱা অনুসৰি উপভোক্তাজনে কমলাৰ প্রথম গোটটোৰ কাৰণে ১ টকা দাম দিবলৈ ইচ্ছা কৰিছে, কাৰণ এই গোটটোৰ উপযোগিতা তেওঁ ১ টকাৰ সমান হ’ব বুলি অনুমান কৰিছে, কিন্তু বজাৰত কমলাৰ প্ৰতি গোটৰ দাম হৈছে ০.৩০ টকা। গতিকে প্রথম গোটতো তেওঁ ক্রয় কৰি উপভোগ কৰিলে (১.০০-৩.০০) ০.৭০ টকাৰ উদ্ধৃত্ত সন্তুষ্টি পাব। ক্রমহ্রাসমান প্রান্তিক উপযোগিতাৰ বিধি অনুসৰি কমলাৰ অতিৰিক্ত গোটবোৰৰ পৰা উপভোক্তাৰ প্রান্তিক উপযোগিতা ক্রমান্বয়ে কমি আহিলেও বজাৰৰ নির্ধাবিত দৰৰ ওপৰত ভিত্তি কৰি উপভোক্তাজনে কমলাৰ দ্বিতীয় গোটৰ পৰা ০.৫০ টকাৰ, তৃতীয় গোটৰ পৰা ০.৩০ টকাৰ আৰু চতুর্থ গোটৰ উপভোক্তাৰ পৰা ০.১০ টকাৰ উদ্বৃত্ত সন্তুষ্টি পাব। কিন্তু তালিকাত দেখুওৱা অনুসৰি, পঞ্চম গোটটো উপভোগ কৰি উপভোক্তাজনে কোনো অতিৰিক্ত সন্তুষ্টি নেপায়, কাৰণ কমলাৰ এই নির্দিষ্ট গোটটোৰ ক্ষেত্ৰত উপভোক্তাৰ প্রান্তিক উপযোগিতা আৰু বজাৰৰ দৰ সমান হৈছে। আকৌ উপভোক্তাজনে কমলাৰ যষ্ঠটো গোট উপভোগ কৰে তেতিয়া ০.২০ টকাৰ উপযোগিতা লোকচান হ’ব, কাৰণ এই গোটটোৰ বজাৰৰ দৰতকৈ প্রান্তিক উপযোগিতাৰ পৰিমাণ ০.২০ টকা কম হোৱা পৰিলক্ষিত হৈছে। ইয়াৰ ফলত তেওঁৰ মুঠ উদ্ধৃত্ত সন্তুষ্টিৰ পৰিমাণো ১.৬০ টকাৰ পৰা ১.৪০ টকালৈ হ্রাস পাব।
ভোগকর্তাৰ উদ্বৃত্ত তলত চিত্ৰৰ সহায়ত দেখুওৱা হ’ল-
ওপৰৰ চিত্ৰত DD¹ হৈছে প্রান্তিক উপযোগিতা বা চাহিদা ৰেখা। এই ৰেখা অনুসৰি এজন গ্রাহকে চিত্ৰত দেখুওৱাৰ দৰে OM পৰিমাণৰ দ্ৰৱ্যৰ কাৰণে OMQD পৰিমাণৰ দাম দিবলৈ ইচ্ছা কৰিছে। কিন্তু বজাৰত সেই পৰিমাণ দ্ৰৱ্যৰ দাম হৈছে OMQN। গতিকে OMQD – OMQN = DNQ হৈছে ভোগকৰ্ত্তাৰ উদ্বৃত্ত।
৯। উপভোক্তাৰ উদ্ধৃত্তৰ ব্যৱহাৰিক প্ৰয়োগ আৰু সীমাবদ্ধতাসমূহ লিখা।
উত্তৰঃ ভোগকর্তাৰ উদ্ধৃত্তৰ বিষয়টোৰ ব্যাখ্যা দিওঁতে মার্ছালে কেইটামান ধাৰণা কৰিছে। ভোগকর্তাৰ উদ্ধৃত্তৰ এনে ধাৰণাসমূহক আধুনিক অর্থনীতিবিদসকলে তীব্রভাৱে সমালোচনা কৰিছে।
(ক) মার্জালে উপভোক্তাৰ উদ্ধৃত্তৰ বিষয়ে আলোচনা কৰোতে এটা দ্রৱ্যৰ প্রান্তিক উপযোগিতা সেই দ্রৱ্যটোৰ অতিৰিক্ত গোটটোৰ উপভোগৰ অৰ্থে উপভোক্তাই দিবলৈ ইচ্ছা কৰা মূল্যৰ সমান বুলি ধাৰণা কৰিছে, কিন্তু আধুনিক অর্থনীতিবিদসকলৰ মতে, মার্জালে নির্ধাৰণ কৰা উপযোগিতা বাস্তৱ উপযোগিতাৰ মাজত পাৰ্থক্য আছে। তেওঁলোকৰ মতে মার্জালে উপযোগিতা আৰু সন্তুষ্টিৰ মাজত যি সামঞ্জস্যৰ বিষয়ে কৈছে, সেইটো সঁচা নহয়।
(খ) উপভোক্তাৰ উদ্ধৃত্তৰ বিষয়টো আলোচনা কৰোতে মাৰ্ছালে এটা দ্ৰৱ্যৰ দৰক বাদ দি আন যিবোৰ উপাদানে ইয়াৰ চাহিদা নিৰূপন কৰে সেইবোৰ সকলো অপৰিৱর্তিত থাকে বুলি ধাৰণা কৰিছে। কিন্তু আধুনিক অর্থনীতিবিদসকলৰ মতে, এটা দ্ৰৱ্যৰ চাহিদা নিৰূপন কৰা, এনে উপাদানবোৰৰ পৰিবর্তন হয় আৰু ইয়াৰ ফলত এটা দ্ৰৱ্যৰ চাহিদাৰ পৰিবৰ্তন হোৱাটো স্বাভাবিক।
(গ) মাৰ্ছালৰ মতে, এটা দ্রৱ্যৰ উপযোগিতা সম্পূর্ণ স্বতন্ত্র। কিন্তু আধুনিক অর্থনীতিবিদসকলৰ মতে, দ্ৰৱ্যৰ উপযোগিতা স্বতন্ত্র নহয়। উদাহৰণস্বৰূপে, চাহৰ উপযোগিতা কফিৰ যোগানৰ ওপৰত নিৰ্ভৰশীল। কফিৰ যোগান বৃদ্ধি আৰু দৰ হ্রাস হ’লে চাহৰ উপযোগিতা কমিব পাৰে। ইয়াৰ বিপৰীত অৱস্থাত চাহৰ উপযোগিতা বৃদ্ধি হ’ব।
(ঘ) মাৰ্ছালৰ মতে, যিবিলাক দ্রৱ্যৰ বিকল্প দ্রৱ্য আছে সেইবিলাক দ্ৰৱ্যৰ ক্ষেত্ৰত উপভোক্তাৰ উদ্বৃত্ত নির্ধাৰণৰ অর্থে সেই দ্রৱ্যসমূহক এটা দ্রৱ্য হিচাপে গণ্য কৰিব লাগে, কিন্তু আধুনিক অর্থনীতিবিদসকলে কয় যে এটা দ্ৰৱ্যৰ বহুতো বিকল্প দ্রৱ্য আছে। সেই কাৰণে বিকল্প থকা সকলো দ্রৱ্যকে এটা দ্রৱ্য হিচাপে গণ্য কৰাটো বিজ্ঞানসন্মত নহয়।
ওপৰত আলোচনা কৰা ত্রুটিসমূহ থাকিলেও উপভোক্তাৰ উদ্বৃত্ত বিষয়টোৰ গুৰুত্ব আছে। প্রতিজন গ্রাহকে দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা বিভিন্ন সামগ্ৰীৰ ক্ষেত্ৰত উপভোক্তাৰ উদ্ধৃত্তৰ উপস্থিতি অনুভৱ কৰে। ডাক-টিকট আৰু বাতৰি কাকতৰ উদাহৰণ এই ক্ষেত্ৰত দিব পৰা যায়। অধিকাংশ মানুহে দৈনিক বাতৰি কাকতখন আহৰণ কৰিবৰ অর্থে ইয়াৰ মূল্যতকৈ অধিক মূল্য দিবলৈ ইচ্ছা প্রকাশ কৰে। তেনেদৰে বহুতো উপভোক্তাই এটা দ্রৱ্য ক্রয় কৰিবৰ অৰ্থে যিটো মূল্য দিবলৈ ইচ্ছুক তাতকৈ কম মূল্যত দ্রৱ্যটো বজাৰৰ পৰা ক্ৰয় কৰিবলৈ সমর্থ হ’লে বিশেষভাৱে মানসিক সন্তুষ্টি লাভ কৰা পৰিলক্ষিত হয়।
উপভোক্তাৰ উপৰিও আন ক্ষেত্রতো উপভোক্তাৰ উদ্ধৃত্তৰ ব্যৱহাৰ হোৱা দেখা যায়। দেশৰ কৰ-নীতি গঠনৰ ক্ষেত্ৰত উপভোক্তাৰ উদ্ধৃত্তৰ ধাৰণাটোৱে সহায় কৰে। তদুপৰি দুষ্প্রাপ্য অত্যাৱশ্যকীয় দ্রৱ্য-সামগ্ৰীৰ বিতৰণ নিয়ন্ত্ৰণৰ কাৰণে দ্রৱ্যৰ বিতৰণ নিয়ন্ত্রণতকৈ যে দৰ নিয়ন্ত্রণ অধিক উপযোগী সেই বিষয়ে উপভোক্তাৰ উদ্বৃত্তৰ সহায়ত ব্যাখ্যা কৰিব পৰা যায়। একচেটীয়া ব্যৱসায়ীয়ে তেওঁৰ উৎপাদিত দ্রৱ্যৰ দৰ নিৰ্ধাৰণৰ ক্ষেত্ৰতো উপভোক্তাৰ উদ্ধৃত্তৰ ধাৰণাটোৰ সহায় ল’ব পাৰে।
একচেটীয়া ব্যৱসায়ীৰ কাৰণে উপভোক্তাৰ উদ্ধৃত্তৰ ব্যৱহাৰিক প্রয়োগ আছে কাৰণ তেওঁ উৎপাদন কৰা দ্রৱটোৰ পৰা উপভোক্তাই পাব পৰা ৰাহি উপযোগিতাৰ প্ৰতি লক্ষ্য ৰাখিহে ইয়াৰ দাম নির্ধাৰণ কৰে। যদি দ্ৰৱ্যৰ পৰা লাভ কৰা ৰাহি উপযোগিতা উচ্চ হয় তেতিয়া তেওঁ সহজেই তাৰ দাম বৃদ্ধি কবি পাৰে। অৱাশ্য যদি একচেটীয়া ব্যৱসায়ীয়ে দৰ বিভেদীকৰণ ঘটাই আৰু উক্ত দৰ বিভেদীকৰণ প্ৰথম শ্ৰেণীৰ হয় অর্থাৎ উপভোক্তা অনুসৰি দ্রৱ্যটোৰ ভিন্ন দাম লয় তেতিয়া উপভোক্তাৰ উদ্ধৃত্তৰ ব্যৱহাৰৰ নহয়। কাৰণ এই ক্ষেত্রত প্রতি ব্যক্তিৰ দ্রৱ্যটোৰ প্রতি চাহিদাৰ ভিত্তিত দামৰ পাৰ্থক্য ঘটে।
১০। উপযুক্ত উদাহৰণৰ সহায়ত চাহিদাৰ দৰ স্থিতিস্থাপকতা ব্যাখ্যা কৰা। আৰু চাহিদাব দৰ স্থিতিস্থাপকতাৰ প্ৰকাৰসমূহ লিখা।
উত্তৰঃ দ্ৰৱ্যৰ দৰ পৰিৱৰ্তনৰ লগত ইয়াৰ চাহিদাৰ পৰিৱৰ্তনৰ যি সম্বন্ধ তাকেই চাহিদাৰ দৰ স্থিতিস্থাপকতা বুলি কোৱা হয়। আনকথাত ক’বলৈ হ’লে এটা দ্ৰৱ্যৰ দৰৰ পৰিৱৰ্তনৰ প্রতি ইয়াৰ চাহিদাৰ পৰিৱৰ্তনৰ পৰিমাণৰ সঁহাৰিৰ মাত্রাই হৈছে দ্রৱ্যটোৰ চাহিদাৰ দৰ-স্থিতিস্থাপকতা। যিবোৰ দ্ৰৱ্যৰ দৰৰ সামান্য পৰিবর্তনে সিহঁতৰ চাহিদাৰ ব্যাপক পৰিৱৰ্তন হয়, তেনে দ্রৱ্যৰ চাহিদাক স্থিতিস্থাপক বুলি কোৱা হয়। উদাহৰণস্বৰূপে বিলাসৰ সামগ্ৰীসমূহৰ কথা উল্লেখ কৰিব পাৰি। এনে দ্রৱ্যৰ দাম কমিলে চাহিদা যথেষ্ট পৰিমাণে কমি যায়। আনহাতে যিবোৰ দ্ৰৱ্যৰ দামৰ পৰিৱৰ্তন সত্ত্বেও চাহিদাৰ কোনো বিশেষ পৰিবর্তন নহয় তেনে দ্ৰৱ্যৰ চাহিদাক অস্থিতিস্থাপক বুলি কোৱা হয়। উদাহৰণস্বৰূপে, জীৱন-ধাৰণৰ প্রয়োজনীয় সামগ্রী নিমখৰ কথা উল্লেখ কৰিব পাৰি। এনে দ্রৱ্যৰ দামৰ তাৰতম্য ঘটিলেও চাহিদাৰ কোনো পৰিৱর্তন নহয়।
চাহিদাৰ দৰ স্থিতিস্থাপকতাৰ প্ৰকাৰ-চাহিদাৰ দৰ স্থিতিস্থাপকতাক আলফ্রেড মার্জালে তিনিটা প্রধান ভাগত ভাগ কৰিছিল। সেইভাগকেইটা হৈছে-
(ক) একক স্থিতিস্থাপক চাহিদা।
(খ) এককতকৈ অধিক বা অস্থিতিস্থাপক চাহিদা।
(গ) এককতকৈ কম বা অস্থিতিস্থাপক চাহিদা।
আধুনিক অর্থনীতিবিদসকলে মাৰ্ছালৰ চাহিদাৰ স্থিতিস্থাপকতাৰ বিভাজনক পুনৰ পাঁচটা ভাগত ভাগ কৰিছে আৰু এই ভাগকেইটাক তলত চমুকৈ আলোচনা কৰা হ’ল-
(ক) পূর্ণ স্থিতিস্থাপক চাহিদা (Perfectly elasticity demand): এক নির্দিষ্ট দামত যিটো দ্ৰৱ্যৰ চাহিদা অসীম, কিন্তু সেই নির্দিষ্ট দৰ সামান্য ওপৰলৈ উঠিলেই দ্রৱ্যটোৰ চাহিদা সম্পূর্ণৰূপে নাইকিয়া হয়, তেনে দ্ৰৱ্যৰ চাহিদাক পূর্ণ স্থিতিস্থাপক বুলি কোৱা হয়। বিশুদ্ধ প্রতিযোগিতাৰ বজাৰত এটা দ্ৰৱ্যৰ চাহিদা এনে ধৰণৰ হয়।
কাষৰ চিত্ৰত DD ৰেখাডালে পূর্ণস্থিতিস্থাপক চাহিদাৰ প্রতিনিধিত্ব কৰিছে আৰু ই OX বাহুৰ সমান্তৰাল হয়।
(খ) পূর্ণ অস্থিতিস্থাপক চাহিদা (Perfectly inelastic demand): যিটো দ্ৰৱ্যৰ দৰৰ পৰিৱৰ্তন হ’লেও চাহিদাৰ কোনো পৰিৱৰ্তন নহয়। তেনে দ্ৰৱ্যৰ চাহিদাক পূর্ণ অস্থিতিস্থাপক চাহিদা বুলি কোৱা হয়। নিমখৰ চাহিদা পূর্ণ অস্থিতিস্থাপক বা শূণ্য হয়। কাৰণ দামৰ পৰিৱর্তন হ’লেও নিমখৰ চাহিদাৰ কোনো পৰিৱর্তন নহয়। এনে পূর্ণ অস্থিতিস্থাপক চাহিদা ৰেখাডাল তলত দেখুওৱা হ’ল-
ওপৰৰ চিত্ৰত DD ৰেখাডালে পূর্ণ অস্থিতিস্থাপক চাহিদা প্রতিনিধিত্ব কৰে আৰু এই ৰেখাডাল OX বাহুৰ লম্বমান হয়।
(গ) একক স্থিতিস্থাপক চাহিদা (Unitary elastic demand): যেতিয়া এটা দ্রব্যৰ দৰৰ পৰিৱৰ্তনৰ হাৰ ইয়াৰ চাহিদাৰ পৰিবৰ্তনৰ হাৰৰ সমান হয়, তেনে চাহিদাক একক স্থিতিস্থাপক চাহিদা বুলি কোৱা হয়।
ওপৰৰ চিত্ৰত একক স্থিতিস্থাপক চাহিদা ৰেখা অংকণ কৰা হৈছে। চিত্ৰৰ চাহিদা ৰেখাৰ পৰা দেখা যায় যে চাহিদা ৰেখাডালে প্রতিনিধিত্ব কৰা দ্রব্যটোৰ দৰৰ পৰিৱৰ্তনৰ পৰিমাণ (PP¹) আৰু চাহিদাৰ পৰিৱৰ্তনৰ পৰিমাণ (MM¹) ৰ সমান।
(ঘ) আপেক্ষিকভাৱে স্থিতিস্থাপক বা এককতকৈ অধিক স্থিতিস্থাপক চাহিদা (Relatively elastic or elasticity more than unity): যেতিয়া কোনো এটা দ্ৰৱ্যৰ দৰৰ পৰিৱর্তনতকৈ চাহিদাৰ পৰিৱর্তন অধিক হয়, তেনে দ্ৰৱ্যৰ চাহিদাক আপেক্ষিকভাৱে স্থিতিস্থাপক বা এককতকৈ অধিক স্থিতিস্থাপক বুলি কোৱা হয়।
কাষৰ চিত্ৰত এনে স্থিতিস্থাপক চাহিদাৰ প্রতিনিধিত্ব কৰা চাহিদা ৰেখা অংকণ কৰা হৈছে। ইয়াত চাহিদা ৰেখা DD ই প্রতিনিধিত্ব কৰা দৰৰ পৰিৱর্তনকৈ PP¹ চাহিদাৰ পৰিৱৰ্তনৰ পৰিমাণ MM¹ অধিক।
(ঙ) আপেক্ষিকভাৱে স্থিতিস্থাপক বা এককতকৈ কম স্থিতিস্থাপক চাহিদা (Relatively inelastic or elastic less than unity): যেতিয়া এটা দ্ৰব্যৰ দৰৰ পৰিৱৰ্তনতকৈ চাহিদাৰ পৰিৱৰ্তনৰ হাৰ বা পৰিমাণ কম হয়, তেনে দ্রব্যৰ চাহিদাক এককতকৈ কম বা আপেক্ষিকভাৱে অস্থিতিস্থাপক চাহিদা বুলি কোৱা হয়।
ওপৰৰ চিত্ৰত DD ৰেখাডাল হৈছে এককতকৈ কম স্থিতিস্থাপক চাহিদা ৰেখা। আকৌ চিত্রত দেখুওৱা অনুসৰি এনে দ্ৰব্যৰ দৰৰ পৰিৱৰ্তন PP¹ ইয়াৰ চাহিদাৰ পৰিবৰ্তনতকৈ অধিক MM¹।
১১। চাহিদাৰ দৰ স্থিতিস্থাপকতা কেনেদৰে নিৰ্ধাৰণ কৰা হয়।
উত্তৰঃ এটা দ্ৰৱ্যৰ চাহিদাৰ পৰিৱৰ্তনত প্রভাৱ বিস্তাৰ কৰা আন চলকসমূহ অপৰিৱৰ্তিত থকা অৱস্থাত দ্রৱ্যটোৰ দৰৰ পৰিৱর্তনৰ লগত চাহিদাৰ পৰিৱৰ্তনৰ সম্বন্ধৰ বিষয়েই দৰ-স্থিতিস্থাপকতাই ব্যাখ্যা প্রদান কৰে। অর্থনীতিবিদ জোৱান ৰবিনচনৰ মতে, দ্ৰৱ্যৰ দৰৰ সামান্য পৰিৱর্তনে ইয়াৰ চাহিদাৰ যি আনুপাতিক পৰিৱর্তন ঘটায় তাক দৰৰ আনুপাতিক পৰিৱর্তনেৰে হৰণ কৰিলেই দৰ স্থিতিস্থাপকতাৰ প্রকৃত পৰিমাণ জানিব পৰা যায়। দ্ৰব্যৰ দৰ-স্থিতিস্থপকতা নিৰ্ণয়ৰ সমীকৰণটো হৈছে-
উপৰোক্ত সমীকৰণ অনুসৰি এটা দ্ৰৱ্যৰ চাহিদাৰ পৰিৱৰ্তনৰ পৰিমাণক (∆q) ইয়াৰ মূল চাহিদাৰ পৰিমাণেৰে (q¹) ভাগ কৰিলে ইয়াৰ চাহিদাৰ শতাংশৰ পৰিৱৰ্তন আৰু দৰৰ পৰিৱৰ্তনক (∆p) ইয়াৰ মূল দৰৰ (p) দ্বাৰা ভাগ কৰিলে দৰৰ শতাংশ পৰিৱৰ্তনৰ পৰিমাণ পাব পাৰি। দৰৰ শতাংশ পৰিৱর্তনেৰে চাহিদাৰ শতকৰা পৰিৱৰ্তনক ভাগ কৰিলেই দ্ৰৱ্যৰ চাহিদাৰ দৰ স্থিতিস্থাপকতাৰ পৰিমাণ পোৱা যায়। তলত এটা উদাহৰণসহ দ্ৰৱ্যৰ চাহিদাৰ দৰ স্থিতিস্থাপকতা নির্ণয় কৰা এই পদ্ধতিৰ ব্যাখ্যা কৰা হ’ল-
আপেলৰ প্ৰতি কিলো দৰ ৫ টকা থাকোতে ইয়াৰ দৈনিক বজাৰৰ চাহিদাৰ পৰিমাণ আছিল ১০০ কিলোগ্রাম আৰু দৰ ৪ টকালৈ হ্রাস পোৱাৰ পাছত চাহিদা ১২৫ কিলোগ্রামলৈ বৃদ্ধি হৈছে। উপৰোক্ত সমীকৰণৰ ভিত্তিত এই ক্ষেত্ৰত আপেলৰ চাহিদাৰ স্থিতিস্থাপকতা হ’ব-
উল্লেখযোগ্য যে গাণিতিক পদ্ধতি অনুসৰি দ্ৰৱ্যৰ চাহিদাৰ দৰ-স্থিতিস্থাপকতা সদায় ঋণাত্মক হয়। ইয়াৰ কাৰণ হৈছে দ্রৱ্যৰ চাহিদাৰ পৰিৱর্তন সদায় ইয়াৰ দৰৰ পৰিবৰ্তনৰ বিপৰীতগামী হয়। ওপৰৰ উল্লেখিত দ্রৱ্যটোৰ চাহিদাৰ দৰ-স্থিতিস্থাপকতা ১.৫ বা এককতকৈ অধিক বুলি কোৱা হয়। এই পদ্ধতিৰ সহায়ত নির্ধাৰণ কৰা দ্ৰৱ্যৰ চাহিদাৰ দৰ-স্থিতিস্থাপকতা এককৰ সমান বা এককতকৈ কম হ’বও পাৰে।
১২। চাহিদাৰ দৰ স্থিতিস্থাপকতা নির্ধাৰণৰ পদ্ধতিসমূহ আলোচনা কৰা।
উত্তৰঃ অর্থনীতিবিদসকলে কোনো দ্ৰৱ্যৰ চাহিদাৰ দৰ-স্থিতিস্থাপকতা নির্ধাৰণৰ অৰ্থে তিনিট পদ্ধতি ব্যৱহাৰ কৰা পৰিলক্ষিত হয়। এই পদ্ধতিকেইটা হৈছে-
(ক) মুঠ ব্যয় পদ্ধতি।
(খ) ৰৈখিক পদ্ধতি চাহিদা ৰেখাৰ এটা বিন্দুত দৰ স্থিতিস্থাপকতা নির্ধাৰণ পদ্ধতি।
(গ) চাহিদাৰ বৃত্তাংশ স্থিতিস্থাপকতা।
(ক) মুঠ ব্যয় পদ্ধতিঃ কোনো এটা দ্ৰৱ্যৰ দামৰ পৰিৱৰ্তনৰ পূর্বে গ্রাহকে সেই দ্রৱ্যটোত কিমান ব্যয় কৰে আৰু দামৰ পৰিৱৰ্তনৰ পিছত কিমান ব্যয় কৰে তাৰ তুলনাৰ ভিত্তিত যেতিয়া চাহিদাৰ স্থিতিস্থাপকতা নির্ধাৰণ কৰা হয় তাক মুঠ ব্যয় পদ্ধতি বুলি কোৱা হয়।
মুঠ ব্যয় পদ্ধতিৰ সহায়ত কেনেদৰে চাহিদাৰ দৰ স্থিতিস্থাপকতা নির্ধাৰণ কৰা হয় তলত দেখুওৱা হ’ল-
ওপৰৰ চিত্ৰত OX অক্ষই দ্ৰৱ্যৰ দৰৰ আৰু OY অক্ষই দ্রৱ্যটোৰ ওপৰত কৰা গ্ৰাহকৰ মুঠ ব্যয়ৰ প্রতিনিধিত্ব কৰিছে। চিত্ৰত মুঠ ব্যয় ৰেখাডালে দ্ৰৱ্যৰ তিনিটা বিভিন্ন দৰৰ প্ৰতিনিধিত্ব কৰিছে। দ্ৰৱ্যৰ এই তিনিটা দৰৰ এটা OP ৰ পৰা ON ৰ ভিতৰত, আনটো ON ৰ পৰা OM ৰ ভিতৰত আৰু শেষৰ দৰ OM ৰ তলৰ অংশত আৱদ্ধ আছে। চিত্ৰত দেখুওৱা অনুসৰি দ্রৱ্যৰ দৰ OP ৰ পৰা ON লৈ হ্রাস পাওঁতে ইয়াৰ মুঠ ব্যয় ৰেখা সোঁফাললৈ ঢাল লৈছে। মুঠ ব্যয় ৰেখাৰ এনে ঢালৰ পৰা এইটো অনুমান কৰা সহজ যে, দ্ৰৱ্যৰ দৰ হ্ৰাস হোৱাৰ ফলত ইয়াৰ গ্রাহকে কৰা ব্যয়ৰ পৰিমাণ বৃদ্ধি পাইছে আৰু যদি দৰ ON ৰ পৰা OP লৈ বৃদ্ধি হয় তেতিয়া দ্রৱ্যটোত গ্রাহকৰ মুঠ ব্যয়ৰ পৰিমাণ হ্রাস পাব। গতিকে OP আৰু ON দৰৰ পৰিসীমাৰ ভিতৰত দ্রৱ্যটোৰ চাহিদাৰ দৰ স্থিতিস্থাপকতা এককতকৈ অধিক হ’ব। ON আৰু OM দৰ সীমাৰ ভিতৰত মুঠ ব্যয় ৰেখা OY বাহুৰ লম্বমান হৈ থকাটোৱে দ্রৱ্যটোৰ উপভোক্তাৰ মুঠ ব্যয় স্থিতাৱস্থাত থকাৰ বিষয়ে নির্দেশ দিছে। অর্থাৎ দ্রৱ্যটোৰ দৰ ON আৰু OM ৰ ভিতৰত হোৱা পৰিৱর্তনে গ্রাহকৰ মুঠ ব্যয়ৰ কোনো পৰিৱর্তন ঘটোৱা নাই। গতিকে এই দৰ-সীমাৰ ভিতৰত দ্রৱ্যৰ চাহিদাৰ দৰ-স্থিতিস্থাপকতা এককৰ সমান (Ed =1)। OM দৰ সীমাৰ ভিতৰত মুঠ ব্যয় ৰেখা তলৰ বাওঁফাললৈ ঢাল লৈছে। কাৰণ দ্ৰৱ্যটোৰ দৰ হ্রাস পাওঁতে ইয়াৰ ওপৰত উপভোক্তাৰ মুঠ ব্যয় হ্রাস পাইছে আৰু দৰ বৃদ্ধি পালে মুঠ ব্যয়ৰ পৰিমাণ বৃদ্ধি পাব। গতিকে OM দৰ-সীমাৰ ভিতৰত দ্রব্যটোৰ চাহিদাৰ দৰ স্থিতিস্থাপকতা এককতকৈ কম (Ed<1) বা অস্থিতিস্থাপক।
(খ) ৰৈখিক পদ্ধতিঃ অর্থনীতিবিদ আলফ্রেড মাৰ্ছালে, সৰল চাহিদা ৰেখাৰ কোনো বিন্দুত দৰ স্থিতিস্থাপকতা নির্ধাৰণৰ অর্থে এক জ্যামিতিক পদ্ধতি ব্যৱহাৰ কৰিছে। এই পদ্ধতিত চাহিদাৰ দৰ-স্থিতিস্থাপকতা নির্ধাৰণৰ বিষয়টো তলত চিত্ৰৰ সহায়ত ব্যাখ্যা কৰা হ’ল-
ওপৰৰ চিত্ৰত tT হৈছে এডাল সৰল চাহিদা ৰেখা আৰু এই ৰেখাডালৰ R বিন্দুত স্থিতিস্থাপকতা কিমান, সেইটো নির্ধাৰণ কৰাটো প্রয়োজন হৈছে। চিত্ৰত tT চাহিদা ৰেখাৰ R বিন্দুত দ্রৱ্যটোৰ দৰ হৈছে OP আৰু ইয়াৰ চাহিদাৰ পৰিমাণ হৈছে OQ। দ্রৱ্যটোৰ দৰ OP ৰ পৰা OP¹ লৈ সামান্য পৰিমাণে হ্রাস হোৱাৰ ফলত ইয়াৰ চাহিদা OQ ৰ পৰা OQ¹ লৈ বৃদ্ধি পাইছে।
(গ) বৃত্তাংশ স্থিতিস্থাপকতাঃ যদি দ্ৰৱ্যৰ দৰ আৰু চাহিদাৰ পৰিৱৰ্তনৰ পৰিমাণ বিশাল বা অধিক হয়, তেতিয়া উল্লেখিত ওপৰৰ পদ্ধতি দুটা ব্যৱহাৰ কৰিলে উল্লেখযোগ্য পার্থক্য থকা উত্তৰ পোৱা যায়। দ্ৰৱ্যৰ দৰ আৰু চাহিদাৰ অতি সামান্য পৰিৱৰ্তনৰ বিষয়ে তথ্য থাকিলেহে দুয়োটা পদ্ধতিৰ সহায়ত দৰ-স্থিতিস্থাপকতা নির্ধাৰণ কৰিব পৰা যায়। কিন্তু বাস্তৱ ক্ষেত্রত দৰ আৰু চাহিদাৰ ক্ষুদ্রাংশ পৰিৱর্তনৰ বিষয়ে তথ্য পোৱা নাযায়। এনে ক্ষেত্ৰত দ্ৰৱ্যৰ চাহিদাৰ দৰ স্থিতিস্থাপকতা নির্ধাৰণৰ অৰ্থে স্থিতিস্থাপক বৃত্তাংশ পদ্ধতি ব্যৱহাৰ কৰা হয়। এই পদ্ধতিত চাহিদা ৰেখাৰ এক বৃত্তাংশৰ দৰ-স্থিতিস্থাপকতা নির্ধাৰণ কৰা হয়। তলৰ চিত্ৰৰ সহায়ত বৃত্তাংশ স্থিতিস্থাপকতা নির্ধাৰণৰ বিষয়ে ব্যাখ্যা কৰা হয়।
চিত্ৰত DD চাহিদা ৰেখাৰ A আৰু B বিন্দুৰ ভিতৰত দৰ-স্থিতিস্থাপকতাৰ পৰিমাণ চাহিদা ৰেখাৰ কোনো বিন্দুত দৰ-স্থিতিস্থাপকতাৰ নির্ধাৰণ পদ্ধতিৰ সহায়ত নির্ধাৰণ কৰাটো সম্ভৱপৰ নহয়। কাৰণ চাহিদা ৰেখাডালে দৰ আৰু চাহিদাৰ ক্ষুদ্রাংশ পৰিৱৰ্তনৰ কোনো নির্দেশ দিয়া নাই। ইয়াৰ পৰিৱৰ্তে চাহিদা ৰেখাডালৰ বৃত্তাংশত দৰ আৰু চাহিদাৰ পৰিবৰ্তনৰ বিশাল পৰিমাণৰ বিষয়েহে নির্দেশ পোৱা গৈছে। এনে পৰিস্থিতিত দ্ৰৱ্যটোৰ মূল দৰ আৰু পৰিৱৰ্তিত দৰৰ গড় আৰু মূল চাহিদা আৰু পৰিৱৰ্তিত চাহিদাৰ গঢ় নির্ধাৰণৰ ভিত্তিত দৰ-স্থিতিস্থাপকতা নির্ধাৰণ কৰা হয়। দৰ-স্থিতিস্থাপকতা নির্ধাৰণৰ এই পদ্ধতিটোৱেই হৈছে বৃত্তাংশ স্থিতিস্থাপকৰ নির্ধাৰণ পদ্ধতি।
বৃত্তাংশ স্থিতিস্থাপকতা নির্ধাৰণৰ অৰ্থে কোনো বিন্দুত স্থিতিস্থাপকতা নির্ধাৰণৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা p ৰ পৰির্ৱতে p1 + p2 / 2 আৰু q ৰ পৰির্ৱতে q1 + q12 / 2 ব্যৱহাৰ কৰা হয়।
১৩। চাহিদাৰ স্থিতিস্থাপকতা নির্ণয়কাৰী উপাদানসমূহ উল্লেখ কৰা।
উত্তৰঃ চাহিদাৰ স্থিতিস্থাপকতা নিৰ্ভৰ কৰা উপাদানসমূহৰ বিৱৰণ তলত দাঙি ধৰা হ’ল-
(ক) সামগ্ৰীৰ প্রকৃতিঃ চাহিদাৰ স্থিতিস্থাপকতা দ্রৱ্য-সামগ্ৰীৰ প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰে। যদি দ্রৱ্যটো জীৱনধাৰণৰ কাৰণে অপৰিহাৰ্য হয় তেতিয়া ইয়াৰ চাহিদা অস্থিতিস্থাপক হয়। আনহাতে যিবিলাক দ্রৱ্য-সামগ্রী জীৱন-ধাৰণৰ কাৰণে বিশেষ প্রয়োজনীয় নহয় তেনে দ্রৱ্যবোৰৰ চাহিদা স্থিতিস্থাপক হয়। উদাহৰণস্বৰূপে, বিলাসৰ সামগ্ৰীবোৰৰ কথা উল্লেখ কৰিব পাৰি।
(খ) বিকল্প দ্রৱ্যঃ যিবোৰ দ্রৱ্যৰ বিকল্প দ্রৱ্য আছে তেনে দ্রব্যৰ চাহিদা স্থিতিস্থাপক হয়। উদাহৰণস্বৰূপে চাহ আৰু কফিৰ কথা ক’ব পাৰি। চাহৰ দাম বাঢ়িলে মানুহে কফি পান কৰে আৰু কফিৰ দাম বাঢ়িলে চাহ পান কৰে। ফলত দুয়োটা দ্ৰৱ্যৰ চাহিদা স্থিতিস্থাপক হয়। আনহাতে যিবোৰ দ্ৰব্যৰ বিকল্প দ্রব্য নাই তেনে দ্ৰৱ্যৰ চাহিদা অস্থিতিস্থাপক হয়।
(গ) দ্ৰৱ্যৰ স্থায়িত্বঃ দ্ৰৱ্যৰ স্থায়িত্বই চাহিদাৰ স্থিতিস্থাপকতা নির্ধাৰণ কৰে। যিবিলাক দ্রৱ্য স্থায়ী তেনে দ্ৰৱ্যৰ চাহিদা স্থিতিস্থাপক হয়। উদাহৰণস্বৰূপে, মটৰগাড়ী স্থায়ী দ্রৱ্য। মটৰগাড়ীৰ দাম বাড়িলে চাহিদা কমে আৰু দাম কমিলে চাহিদা বাড়ে। আনহাতে যিবোৰ দ্রব্য অস্থায়ী তেনে দ্রৱ্যৰ চাহিদা অস্থিতিস্থাপক হয়। উদাহৰণস্বৰূপে, বিজুলী বাতিৰ কথা ক’ব পাৰি। ই অস্থায়ী দ্রৱ্য আৰু নষ্ট হোৱাৰ লগে লগে মানুহে যিকোনো দামত নতুন বিজুলী বাতি ক্রয় কৰে। অর্থাৎ, এনে অস্থায়ী দ্ৰৱ্যৰ ক্ষেত্ৰত দামৰ পৰিৱৰ্তন হ’লেও চাহিদাৰ পৰিৱর্তন নহয়।
(ঘ) গ্ৰাহকৰ বাজেটত এটা দ্ৰৱ্যৰ গুৰুত্বতাঃ গ্রাহকৰ বাজেটত এটা দ্ৰৱ্যৰ গুৰুত্বতাই তাৰ স্থিতিস্থাপকতা নির্ধাৰণ কৰে। যিটো দ্ৰৱ্যৰ ওপৰত গ্রাহকে তেওঁৰ বাজেটৰ অধিকাংশ অর্থ ব্যয় কৰে তেনে দ্ৰৱ্যৰ চাহিদা স্থিতিস্থাপক হয় আৰু যিটো দ্রৱ্যৰ ওপৰত এজন গ্রাহকে তেওঁৰ মুঠ বাজেটৰ সামান্য অংশ খৰচ কৰে তেনে দ্ৰৱ্যৰ চাহিদা অস্থিতিস্থাপক হয়।
(ঙ) দ্ৰৱ্যৰ প্ৰচলিত দৰঃ সাধাৰণ গ্রাহকৰ দৃষ্টিকোণৰ পৰা এটা দ্ৰৱ্যৰ বজাৰৰ প্ৰচলিত দৰ উচ্চ নে কম তাৰ ওপৰত দ্রৱ্যটোৰ চাহিদাৰ স্থিতিস্থাপকতা নিৰ্ভৰশীল। উদাহৰণস্বৰূপে, অতি উচ্চ মূল্যৰ হীৰা আৰু নিমখৰ দৰে নিম্ন-দৰৰ দ্রৱ্যৰ চাহিদা উপভোক্তৰ দৃষ্টিকোণৰ পৰা অস্থিতিস্থাপক হয়, কিন্তু যিবোৰ দ্ৰৱ্যৰ দৰ অতি উচ্চও নহয় নিম্নও নহয় তেনে দ্রৱ্য সামগ্রীসমূহৰ চাহিদা স্থিতিস্থাপক হয়। কাৰণ, এই দ্রৱ্যবোৰৰ মূল্যৰ প্রতি গ্রাহকসকল সচেতন হোৱা দেখ যায়। উদাহৰণস্বৰূপে, ৰেডিঅ’, টেলিভিশ্বন আদি দ্রৱ্যৰ বিষয়ে উল্লেখ কৰিব পাৰি।
(চ) সময়ঃ সময়ৰ ব্যৱধানৰ ওপৰতো দ্ৰৱ্যৰ চাহিদাৰ দৰ-স্থিতিস্থাপকতা নির্ভৰশীল। হ্রস্বকালীন অৱস্থাতকৈ দীর্ঘকালীন অৱস্থাত এটা দ্ৰৱ্যৰ চাহিদাৰ দৰ-স্থিতিস্থাপকতা অধিদ হোৱা দেখা যায়। ইয়াৰ প্ৰধান কাৰণ হৈছে দীর্ঘকালীন অৱস্থাত উপভোক্তাই অভ্যাসৰ পৰিৱর্তন ঘটায়। উচ্চমূল্যৰ দ্ৰৱ্যৰ পৰিৱৰ্তে সস্তীয়া বিকল্প দ্রৱ্য ব্যৱহাৰ কৰিবলৈ সক্ষম হয়।
(ছ) যুক্ত চাহিদাঃ যুক্ত বা সংযুক্ত চাহিদাৰ অন্তর্ভুক্ত এটা দ্রৱ্যৰ দৰ স্থিতিস্থাপকতাৰ ওপৰত আনটো দ্ৰৱ্যৰ দৰ-স্থিতিস্থাপকতা নির্ভৰশীল। উদাহৰণস্বৰূপে, মটৰ গাড়ীৰ চাহিদা অস্থিতিস্থাপক হ’লে পেট্রলৰ চাহিদা অস্থিতিস্থাপক হোৱাটো স্বাভাৱিক।
১৪। চাহিদাৰ আয় স্থিতিস্থাপকতা বিষয়টো উপযুক্ত ৰৈখিক চিত্ৰৰে আলোচনা কৰা।
উত্তৰঃ চাহিদাৰ দৰ-স্থিতিস্থাপকতাৰ বিষয়ে আলোচনা কৰোতে ক্রেতাৰ উপাৰ্জনৰ পৰিমাণ অপৰিৱৰ্তিত বুলি ধাৰণা কৰা হয়। কিন্তু বাস্তৱ ক্ষেত্ৰত উপাৰ্জনৰ পৰিৱর্তন হ’ব পাৰে ক্রেতাৰ উপার্জন পৰিৱৰ্তনৰ কাৰণে দ্রৱ্যৰ চাহিদাৰ পৰিৱৰ্তনৰ প্ৰতি যি সঁহাৰি প্রতিফলিত হয়, সেয়েহে হৈছে চাহিদাৰ উপাৰ্জনৰ স্থিতিস্থাপকতা। চাহিদাৰ উপাৰ্জনৰ স্থিতিস্থাপকতা নির্ধাৰণৰ কাৰণে ব্যবহাৰ কৰা সমীকৰণটো হৈছে-
Ey = চাহিদাৰ পৰিমাণৰ আনুপাতিক পৰিৱৰ্তন / উপাৰ্জনৰ আনুপাতিক পৰিৱৰ্তন
= চাহিদাৰ পৰিমাণৰ পৰিৱৰ্তন / চাহিদাৰ মূল পৰিমাণ ÷ উপাৰ্জন পৰিমাণৰ পৰিৱৰ্তন / মূল উপার্জন
আংকিক পদ্ধতিত-
ইয়াত Ey = চাহিদাৰ উপার্জন বা আয় স্থিতিস্থাপকতা, ∆q = চাহিদাৰ পৰিৱৰ্তনৰ পৰিমাণ, q = দ্ৰব্যৰ মূল চাহিদা, y = ক্রেতাৰ মূল উপার্জন আৰু ∆y = ক্রেতাৰ উপাৰ্জন পৰিৱর্তন পৰিমাণ।
ক্রেতাৰ উপার্জন পৰিৱর্তনৰ অনুপাত আৰু তেওঁৰ কোনো দ্রৱ্যৰ প্রতি চাহিদা পৰিৱর্তনৰ অনুপাতৰ সম্বন্ধৰ ভিত্তিত চাহিদাৰ উপার্জন ইতিবাচক নেতিবাচক অথবা শূন্যৰ সমান হ’ব পাৰে। ইতিবাচক উপার্জন স্থিতিস্থাপকতা এককৰ সমান, এককতকৈ অধিক অথবা কম ব’ব পাৰে। তলত চিত্ৰৰ সহায়ত বিভিন্ন প্ৰকাৰৰ চাহিদাৰ আয় স্থিতিস্থাপকতাৰ বিষয়ে আলোচনা কৰা হ’ল-
কাষৰ চিত্ৰত OX অক্ষই ক্রেতাব X দ্রৱ্যৰ প্ৰতি চাহিদা আৰু OY অক্ষই তেওঁৰ উপাৰ্জনৰ পৰিমাণৰ প্রতিনিধিত্ব কৰিছে। চিত্ৰত X অক্ষৰ লগত ৪৫° কোণ সৃষ্টি কৰা চাহিদা ৰেখাডালেৰে চাহিদাৰ উপার্জন স্থিতিস্থাপকতা এককৰ সমান (Ey = 1)। কাৰণ এই ৰেখাডালে ক্রেতাৰ উপার্জন আৰু চাহিদাৰ সমানুপাতিক পৰিৱর্তনৰ বিষয়ে ইংগিত দিছে। এই চাহিদা ৰেখাৰ সোঁফালে থকা উপার্জন চাহিদা ৰেখাই এককতকৈ অধিক উপার্জন স্থিতিস্থাপকতাৰ (Ey = >1) বিষয়ে ইংগিত দিছে। কাৰণ, এই চাহিদা ৰেখা অনুসৰি ক্রেতাৰ উপাৰ্জনৰ পৰিবৰ্তনৰ পৰিমাণতকৈ চাহিদাৰ পৰিৱৰ্তন অধিক। চাহিদাৰ একক উপার্জন স্থিতিস্থাপকতা প্রতিনিধিত্ব কৰা ৰেখাডালৰ বাওঁফালে থকা চাহিদা ৰেখাই এককতকৈ কম চাহিদাৰ আয় স্থিতিস্থাপকতাৰ প্রতিনিধিত্ব কৰিছে। উদাহৰণস্বৰূপে OY অক্ষৰ ফালে ঢাল লোৱা ৰেখাডালে চাহিদাৰ নেতিবাচক উপার্জন স্থিতিস্থাপকতাৰ প্রতিনিধিত্ব কৰিছে। কাৰণ এই ৰেখাৰ ঢাল অনুসৰি ক্রেতাৰ উপার্জন বৃদ্ধি হ’লে চাহিদা ৰেখাডালে প্রতিনিধিত্ব কৰা দ্রৱ্যটোৰ চাহিদা কমি যাব আৰু উপার্জন হ্রাস পালে ইয়াৰ প্রতি চাহিদা বৃদ্ধি পাব। চিত্রত OY অক্ষৰ লম্বমান চাহিদা ৰেখাই চাহিদাৰ শূন্য আয় স্থিতিস্থাপকতাৰ প্রতিনিধিত্ব কৰিছে। কাৰণ, এই ৰেখাৰ প্ৰাকৃতি অনুসৰি ক্রেতাৰ উপাৰ্জনৰ পৰিবৰ্তনৰ ফলত দ্রৱ্যটোৰ প্রতি তেওঁৰ X দ্ৰৱ্যৰ প্ৰতি চাহিদাৰ কোনো পৰিৱর্তন পৰিলক্ষিত হোৱা নাই। চিত্রত এককতকৈ কম চাহিদাৰ উপার্জন স্থিতিস্থাপকতাৰ প্রতিনিধিত্ব কৰা ৰেখাডালৰ (Ey > 1) আকৃতিৰ পৰা এই বিষয়ে অনুমান কৰা সহজ যে, ক্রেতাৰ উপাৰ্জনৰ পৰিৱর্তনৰ পৰিমাণতকৈ দ্ৰৱ্যৰ প্ৰতি চাহিদাৰ পৰিৱর্তনৰ পৰিমান সমান।
১৫। যোগানৰ স্থিতিস্থাপকতা নির্ণয়কাৰী উপাদানসমূহ চমুকৈ ব্যাখ্যা কৰা।
উত্তৰঃ এটা দ্ৰৱ্যৰ যোগানৰ স্থিতিস্থাপকতা তলত উল্লেখিত উপাদানবোৰৰ ওপৰত নিৰ্ভৰ কৰে-
(ক) দ্ৰৱ্যৰ স্থায়িত্বঃ দ্ৰৱ্যৰ স্থায়িত্বৰ ওপৰত যোগানৰ স্থিতিস্থাপকতা নির্ভৰশীল। যিটো দ্রৱ্য সহজে নষ্ট হয়, তেনে দ্রৱ্যৰ যোগান অস্থিতিস্থাপক হয়। আনহাতে যিটো দ্রৱ্য সহজে নষ্ট নহয়, তেনে দ্ৰৱ্যৰ মজুতকৰণ সম্ভৱপৰ হয়। মজুত কৰিব পৰা দ্রৱ্যৰ যোগান স্থিতিস্থাপক হয়। এনে দ্ৰৱ্যৰ যোগান ইয়াৰ দৰ আৰু চাহিদাৰ পৰিৱৰ্তনলৈ লক্ষ্য ৰাখি পৰিৱৰ্তন কৰিব পৰা যায়।
(খ) উৎপাদন পদ্ধতিৰ প্রকৃতিঃ এটা দ্ৰৱ্যৰ যোগান ইয়াৰ উৎপাদন প্রক্রিয়াৰ প্ৰকৃতিৰ ওপৰতো নিৰ্ভৰশীল। যদি দ্রৱ্যটোৰ উৎপাদন পদ্ধতিৰ পৰিৱর্তন সহজ নহয়, তেতিয়া দ্রৱ্যটোৰ যোগান অস্থিতিস্থাপক হয়। কাৰণ, উৎপাদন পদ্ধতিৰ পৰিৱর্তন সাধন কৰিব নোৱাৰিলে দ্রৱ্যটোৰ যোগান পৰিৱৰ্তন সম্ভৱপৰ নহয়। কিন্তু, যিটো দ্ৰৱ্যৰ উৎপাদন পদ্ধতিৰ পৰিবর্তন সাধন সহজ আৰু কম ব্যয়সাপেক্ষে হয়, তেনে দ্ৰৱ্যৰ যোগনৰ হ্রাস-বৃদ্ধি সম্ভৱপৰ আৰু সেইকাৰণে ইয়াৰ যোগান স্থিতিস্থাপক হয়।
(গ) বজাৰৰ পৰিসৰঃ এটা দ্ৰৱ্যৰ বজাৰৰ পৰিসৰৰ ওপৰতো ইয়াৰ যোগানৰ স্থিতিস্থাপকতা নির্ভৰ কৰে। যিটো দ্ৰৱ্যৰ বজাৰ বৃহৎ বা সুবিস্তৃত তেনে দ্ৰৱ্যৰ যোগান স্থিতিস্থাপক হয়। কিন্তু যিটো দ্ৰৱ্যৰ বজাৰ সীমিত, তেনে দ্ৰৱ্যৰ ক্ষেত্ৰত বিক্ৰীৰ এনে সুবিধা নাথাকে আৰু সেই কাৰণে দ্রৱ্যটোৰ যোগান অস্থিতিস্থাপক হয়।
(ঘ) এটা উৎপাদন ব্যৱস্থাৰ দ্বাৰা বিভিন্ন দ্রৱ্য উৎপাদনঃ যদি কোনো উৎপাদনকাৰীয়ে তেওঁৰ উৎপাদন প্রতিষ্ঠানত কেইবাপ্ৰকাৰৰো দ্রৱ্য উৎপাদন কৰে, তেতিয়া দ্রৱ্যসমূহৰ একগোটভাৱে যোগান স্থিতিস্থাপকতা হয়। কাৰণ, এনে উৎপাদন ব্যৱস্থাত উৎপাদিত দ্ৰসমূহৰ এটাৰ দৰ হ্রাস হ’লে সেইটো দ্ৰৱ্যৰ যোগান হ্রাস কৰি আন দ্ৰৱ্যসমূহৰ যোগান বৃদ্ধিৰ সুবিধা থাকে।
(ঙ) সময়ঃ এটা দ্ৰৱ্যৰ যোগানৰ স্থিতিস্থাপকতা উৎপাদনৰ সময়ৰ ওপৰতো নির্ভৰশীল। হ্রস্বকালীন অৱস্থাত দ্ৰৱ্যৰ যোগান পৰিৱৰ্তনৰ সুবিধা সীমিত আৰু সেইকাৰণে এনে অৱস্থাত দ্রৱ্যটোৰ যোগান কম-বেছি পৰিমাণে অস্থিতিস্থাপক হৈ থাকে। আনহাতে দীর্ঘকালীন অৱস্থাত উৎপাদন ব্যৱস্থাৰ সম্প্ৰসাৰণ আৰু সংকোচনৰ জৰিয়তে দ্ৰৱ্যৰ উৎপাদনৰ পৰিমাণৰ পৰিৱৰ্তন সম্ভৱপৰ। সেইকাৰণে দীর্ঘকালীন অৱস্থাত দ্ৰৱ্যৰ যোগান স্থিতিস্থাপক হয়।
(চ) প্রাকৃতিক উপাদানৰ প্রভাৱঃ প্রকৃতিৰ ওপৰত যিবিলাক দ্ৰৱ্যৰ উৎপাদন নির্ভৰ কৰে তেনে দ্ৰৱ্যৰ যোগান সময়কালত অস্থিতিস্থাপক। উদাহৰণস্বৰূপে কৃষিজাত দ্রৱ্যৰ যোগান নির্দিষ্ট সময়কালত অস্থিতিস্থাপক। এনে দ্রৱ্যৰ উৎপাদন প্রকৃতিৰ ওপৰত নিৰ্ভৰশীল। আনহাতে উদ্যোগৰ দ্বাৰা উৎপাদিত দ্রৱ্যৰ যোগান স্থিতিস্থাপক হয়। কাৰণ এনে দ্রৱ্যৰ উৎপাদন মানুহৰ দ্বাৰা নিয়ন্ত্রণ কৰিব পৰা যায়।
১৬। চাহিদাৰ সংকোচন আৰু সম্প্ৰসাৰণ হোৱাৰ উপাদানসমূহ কি উল্লেখ কৰা।
উত্তৰঃ এটা দ্ৰৱ্যৰ মূল্য বৃদ্ধি হ’লে ইয়াৰ চাহিদাৰ সংকোচন ঘটা আৰু মূল্য হ্রাস হ’লে ইয়াৰ চাহিদাৰ সম্প্ৰসাৰণ হোৱাৰ কাৰণ বিচাৰ কৰিলে চাৰিটা উপাদানৰ প্রভাৱ পৰিলক্ষিত হয়।
উপাদানসমূহ তলত চমুকৈ ব্যাখ্যা কৰা হ’ল-
প্রথমতে, এটা দ্ৰৱ্যৰ দাম আৰু ইয়াৰ চাহিদাৰ উপৰোক্ত সম্বন্ধৰ কাৰণ হিচাপে দ্রৱ্যটোৰ উপভোগৰ ক্ষেত্ৰত ক্রমহ্রাসমান প্রান্তিক উপযোগিতা বিধিৰ প্ৰয়োগৰ কথা উল্লেখ কৰা হয়। এটা দ্ৰৱ্যৰ উপযোগিতাৰ পৰিমাণ নির্ধাৰিত কৰাটো সম্ভৱপৰ নহয়, কিন্তু দ্রৱ্যটোৰ যেতিয়া অতিৰিক্ত গোটসমূহ এটাৰ পাছত আনটো উপভোগ কৰা হয়, তেতিয়া দ্রৱ্যটোৰ উপভোগৰপৰা লাভ কৰা উপযোগিতা তেওঁৰ কাৰণে ক্রমান্বয়ে কমি আহে সেইটো তেওঁৰ কাৰণে অনুমান কৰা কঠিন নহয়। অতিৰিক্ত গোটৰ উপযোগিতা হ্রাস হোৱাৰ কাৰণে উপভোক্তাজনে দ্রৱ্যটোৰ অতিৰিক্ত গোটসমূহ উচ্চ দৰত উপভোগ কৰিবলৈ নিবিচাৰে। গতিকে দ্ৰৱ্যৰ বিক্রেতাই দ্রৱ্যটোৰ অতিৰিক্ত গোটসমূহৰ দৰ হ্ৰাস কৰি বিক্রি বৃদ্ধিৰ ব্যৱস্থা কৰিবলগীয়া হয়।
দ্বিতীয়তে, বিকল্প বা বিভিন্ন ব্যৱহাৰৰ সূত্ৰৰ কাৰণেও চাহিদাৰ সূত্ৰটো প্রযোজ্য হয়। কিছুমান দ্রৱ্য আছে যিবোৰ বিভিন্ন কার্যত ব্যৱহাৰ কৰিব পৰা যায়। দ্ৰৱ্যৰ এনে বিকল্প ব্যৱহাৰৰ ভিতৰৰ কিছুমান উপভোক্তাৰ কাৰণে গুৰুত্বপূর্ণ ব্যৱহাৰ হিচাপে বিবেচিত হয় আৰু কিছুমান কার্যত ব্যৱহাৰ তেওঁৰ কাৰণে বিশেষ গুৰুত্বপূর্ণ নহয়। গতিকে যেতিয়া এটা দ্ৰৱ্যৰ দাম উচ্চ হয়, তেতিয়া উপভোক্তাই ইয়াৰ ব্যৱহাৰ গুৰুত্বপূর্ণ উদ্দেশ্যত সীমিত ৰাখে। অর্থাৎ এনে বিভিন্ন কার্যত ব্যৱহাৰ কৰিব পৰা দ্ৰৱ্যৰ দৰ বৃদ্ধি হ’লে সক্রিয় চাহিদা কমি যায়। আনহাতে যেতিয়া এনে দ্রৱ্যৰ দৰ হ্রাস হয় তেতিয়া কম গুৰুত্বপূর্ণ উদ্দেশ্যত ইয়াৰ ব্যৱহাৰ বৃদ্ধি হয়। ইয়াৰ পৰিণামত দ্রৱ্যটোৰ সক্রিয় চাহিদা বৃদ্ধি হয়।
তৃতীয়তে, মানুহৰ দ্রৱ্য-সামগ্রী সম্ভোগৰ প্রয়োজনীয়তা আৰু ৰুচিৰ পাৰ্থক্য কাৰণেও চাহিদা বিধি প্রযোজ্য হয়। উদাহৰণস্বৰূপে কিছুমান মানুহৰ কোনো নির্দিষ্ট বস্তু উপভোগ কৰা ইচ্ছা ইমানেই প্রবল যে উচ্চ দামতো তেওঁলোকে সেই নির্দিষ্ট বস্তুবিধ ক্রয় কৰিবলৈ সংকোচবোধ নকৰে। কিন্তু আন এচাম মানুহে উচ্চ দৰত সেই একে বস্তু ক্রয় কৰিবলৈ অমান্তি হয়। গতিকে এইচাম মানুহৰ কাৰণে ব্যৱসায়ীয়ে সামগ্ৰীবিধৰ দৰ উপযুক্ত স্তৰলৈ হ্রাস কৰিবলৈ বাধ্য হয়।
চতুর্থেতে, মানুহৰ উপাৰ্জনৰ পাৰ্থক্যৰ কাৰণেও চাহিদা বিধি প্রযোজ্য হয়। ধনী মানুহসকল উচ্চ ক্রয়-ক্ষমতাৰ অধিকাৰী হোৱাৰ কাৰণে দ্রৱ্য-সামগ্রী দৰ বৃদ্ধিৰ প্ৰতি সজাগ নহয়, কিন্তু দৰিদ্ৰ মানুহসকলৰ ক্রয়-ক্ষমতা কম হোৱাৰ কাৰণে প্রয়োজনীয় দ্রৱ্য-সামগ্রীত তেওঁলোকে ক্ৰয় কৰিবলৈ অপাৰগ হয়। গতিকে যিটো দ্রৱ্যৰ যোগান সীমিত সেই দ্রৱ্যটো উচ্চ দৰত ধনী সম্প্রদায়ক বিক্রী কৰিব পৰা যায়, কিন্তু যোগান অধিক হোৱা দ্রৱ্যটো যেতিয়া কেৱল ধনী সম্প্রদায়ক বিক্রী কৰি শেষ কৰিব পৰা নেযায় তেতিয়া ইয়াৰ একাংশ দুখীয়া গ্রাহকক বিক্রী কৰিবৰ অৰ্থে দৰ হ্ৰাস কৰিবলগীয়া হয়।
১৭। চাহিদাৰ তির্যক স্থিতিস্থাপকতা বিষয়টো উপযুক্ত ৰৈখিক চিত্ৰৰ সহায়ত ব্যাখ্যা কৰা।
উত্তৰঃ উপভোক্তাই উপভোগ কৰা দ্রৱ্যসমূহৰ সম্পৰ্ক তিনি প্রকাৰৰ হ’ব পাৰে। দ্রৱ্যসমূহৰ সম্পর্ক প্রতিকল্পন অথবা পৰিপূৰক অথবা স্বতন্ত্র হ’ব পাৰে। প্রতিকল্পন আৰু পৰিপূৰক দ্ৰৱ্যসমূহৰ ক্ষেত্ৰত এটাৰ দৰৰ পৰিৱর্তনে আনটোৰ চাহিদাৰ পৰিৱৰ্তন ঘটোৱা পৰিলক্ষিত হয়। এটা দ্ৰৱ্যৰ দৰৰ পৰিৱর্তনে আন এটা দ্রৱ্যৰ চাহিদাৰ যি পৰিৱর্তন ঘটায় সেই বিষয়টো ব্যাখ্যা কৰিবৰ অর্থে চাহিদাৰ তির্যক স্থিতিস্থাপকতা প্রত্যেয়টো ব্যৱহাৰ কৰা হয়। প্রতিকল্প আৰু পৰিপূৰক দ্ৰৱ্যৰ দৰ আৰু চাহিদাৰ এনে সম্পর্কই হৈছে চাহিদাৰ তির্যক স্থিতিস্থাপকতা প্রত্যেয়টো ব্যৱহাৰ কৰা হয়। প্রতিকল্প আৰু পৰিপূৰক দ্ৰৱ্যৰ দৰ আৰু চাহিদাৰ এনে সম্পর্কই হৈছে চাহিদাৰ তির্যক স্থিতিস্থাপকতাৰ প্রধান বিষয়। এনে দ্রৱ্যসমূহৰ এটাৰ দৰৰ আনুপাতিক পৰিৱৰ্তন আৰু আনটোৰ চাহিদাৰ আনুপাতিক পৰিৱর্তন যি সম্পর্ক তাকেই চাহিদাৰ তির্যক স্থিতিস্থাপকতা বুলি কোৱা হয়। যদি X আৰু Y দুটা পৰিপূৰক অথবা প্রতিকল্প দ্রৱ্য হিচাপে ধৰা হয়, তেতিয়া X ৰ দৰৰ পৰিৱর্তনে Y চাহিদাৰ ওপৰত আৰু Y ৰ দৰৰ পৰিৱর্তনে X ৰ চাহিদাৰ ওপৰত প্রভাৱ বিস্তাৰ কৰিব। প্রতিকল্প অথবা পৰিপূৰক দ্রৱ্যসমূহৰ ক্ষেত্ৰত দেখা পোৱা এনে তির্যক স্থিতিস্থাপকতা প্রত্যেয়টো তলত চিত্ৰৰ সহায়ত ব্যাখ্যা কৰা হ’ল-
তলত চিত্র দুটাত (ক আৰু খ) X আৰু Y দ্ৰৱ্যৰ চাহিদা ৰেখা অংকণ কৰা হৈছে। চিত্র অনুসৰি X দ্ৰৱ্যৰ দৰ OP থকা অৱস্থাত ইয়াৰ মুঠ চাহিদাৰ পৰিমাণ হৈছে OM₁ আৰু Y দ্ৰৱ্যৰ দৰ OP₁ থকা অৱস্থাত ইয়াৰ চাহিদাব পৰিমাণ হৈছে OQ₁।
আকৌ Y দ্ৰৱ্যৰ দৰ OP₁ ৰ পৰা OP₂ লৈ হ্রাস পোৱাৰ ফলত ইয়াৰ চাহিদাৰ পৰিমাণ OQ₁ ৰ পৰা OQ₂ লৈ বৃদ্ধি পাইছে। যিহেতু X আৰু Y প্রতিকল্পন দ্রৱ্য হয়, X দ্ৰৱ্যৰ দৰ অপৰিৱৰ্তিত থকা অৱস্থাত Y দ্ৰৱ্যৰ দৰ হ্রাস পোৱাৰ ফলত X দ্রৱ্যৰ চাহিদা ৰেখা পূৰ্বৰ স্থানৰ বাওঁদিশত অৱস্থান কৰিব অর্থাৎ X দ্রৱ্যৰ চাহিদাৰ সংকোচন ঘটিব। ওপৰৰ চিত্ৰ অনুসৰি Y দ্ৰৱ্যৰ দৰ হ্রাস হোৱাৰ ফলত X দ্ৰৱ্যৰ চাহিদা ৰেখা Dx Dx ৰ পৰিৱর্তে D¹x D¹x হৈছে। এই নতুন চাহিদা ৰেখা অনুসৰি X দ্রৱ্যৰ OP দৰত পূৰ্বৰ OM₁ দ্রৱ্যৰ পৰিৱর্তে OM₂ পৰিমাণে ক্রেতাই ক্রয় কৰিব বিচাৰিছে। অর্থাৎ X দ্ৰৱ্যৰ চাহিদা M₁ M₂ পৰিমাণে হ্রাস হৈছে আৰু ইয়াৰ পৰিৱর্তে Y দ্রৱ্যৰ Q₁Q₂ পৰিমাণৰ চাহিদা বৃদ্ধি পাইছে।
আনহাতে যদি X আৰু Y দ্রৱ্য পৰিপূৰক দ্রৱ্য হয় তেতিয়া Y দ্রৱ্যৰ দৰ হ্রাস পালে ইয়াৰ চাহিদা বৃদ্ধিৰ লগতে X দ্ৰৱ্যৰ প্রতিও চাহিদা বৃদ্ধি পাব। এনে অৱস্থাত X দ্ৰৱ্যৰ চাহিদা ৰেখা সোঁদিশলৈহে স্থানান্তৰিত হ’ব।
দ্রৱ্যৰ চাহিদাৰ তির্যক স্থিতিস্থাপকতা নির্ধাৰণ অর্থে ব্যৱহাৰ কৰা সমীকৰণটো হৈছে-
Exy = X দ্ৰৱ্যৰ চাহিদাৰ আনুপাতিক পৰিৱৰ্তন / Y দ্ৰৱ্যৰ দৰৰ আনুপাতিক পৰিৱৰ্তন
আংশিক চিহ্নৰ ভিত্তিত তির্যক স্থিতিস্থাপকতা নির্ধাৰণৰ অৰ্থে ব্যবহাৰ কৰা সমীকৰণটো হৈছে-
Exy = y দ্ৰৱ্যৰ মানত x দ্ৰৱ্যৰ চাহিদাৰ তির্যক স্থিতিস্থাপকতা।
∆Qx = x দ্ৰৱ্যৰ চাহিদাৰ পৰিৱৰ্তনৰ পৰিমাণ।
Qx = x দ্ৰৱ্যৰ মূল চাহিদাৰ পৰিমাণ।
∆Py = y দ্ৰৱ্যৰ দৰৰ পৰিৱৰ্তনৰ পৰিমাণ।
Py = y দ্ৰৱ্যৰ মূল দৰ।
চাহিদাৰ তির্যক স্থিতিস্থাপকতা ইতিবাচক অথবা শূন্য অথবা নেতিবাচক হ’ব পাৰে। প্ৰতিকল্পন দ্রৱ্যৰ তির্যক স্থিতিস্থাপকতা ইতিবাচক হয়। স্বতন্ত্র চাহিদাৰ দ্ৰৱ্যৰ চাহিদাৰ তির্যক স্থিতিস্থাপকতা নেতিবাচক হয়। তলত চিত্ৰৰ সহায়ত এই তিনি প্ৰকাৰৰ তির্যক স্থিতিস্থাপকতাৰ বিষয়ে ব্যাখ্যা প্রদান কৰা হ’ল-
চিত্র (ক) ত DD চাহিদা ৰেখাই ইতিবাচক তির্যক স্থিতিস্থাপকতাৰ প্রতিনিধিত্ব কৰিছে কাৰণ এই চাহিদা ৰেখাৰ ঢাল অনুসৰি Y দ্ৰৱ্যৰ দৰ বৃদ্ধিয়ে X দ্রৱ্যৰ চাহিদা বৃদ্ধি আৰু দৰ হ্রাসে X দুৱাৰ চাহিদাৰ সংকোচন বিষয়ে নির্দেশ দিছে।
(খ) চিত্ৰৰ DD চাহিদা ৰেখাই শূন্য তির্যক স্থিতিস্থাপকতাৰ প্রতিনিধিত্ব কৰিছে। OX অক্ষৰ লম্বমান এই চাহিদা ৰেখাডালৰ পৰা এইটো অনুমান কৰিব পাৰি যে Y দ্ৰৱ্যৰ দৰৰ পৰিৱর্তনে X দ্রৱ্যৰ চাহিদাৰ কোনো পৰিৱর্তন ঘটাব নোৱাৰে।
(গ) চিত্রই প্রতিনিধিত্ব কৰা DD চাহিদা ৰেখাডালে নেতিবাচক তির্যক স্থিতিস্থাপকতাৰ প্রতিনিধিত্ব কৰিছে। কাৰণ চাহিদা ৰেখাৰ ঢালৰ পৰা এইটো সহজে অনুমেয় যে Y দ্ৰৱ্যৰ দৰ বৃদ্ধি পালে X দ্ৰৱৰ প্ৰতি চাহিদা হ্রাস হ’ব আৰু Y দ্ৰৱৰ দৰ হ্ৰাস হ’লে X দ্ৰৱ্যৰ প্ৰতি চাহিদা বৃদ্ধি পাব। যুগ্ম বা পৰিপূৰক দ্ৰৱৰ চাহিদাৰ তির্যক স্থিতিস্থাপকতা নেতিবাচক হয়।
ওপৰৰ আলোচনাৰ পৰা দেখা যায় যে, প্রতিকল্প আৰু পৰিপূৰক দ্রৱসমূহৰ মাজত থকা পার্থক্য সিহঁতৰ চাহিদাৰ তির্যক স্থিতিস্থাপকতাৰ ভিত্তিত নির্ধাৰণ কৰাটো সম্ভৱপৰ।
১৮। যোগানৰ স্থিতিস্থাপকতাৰ ধাৰণাটো ব্যাখ্যা কৰা। যোগানৰ স্থিতিস্থাপকতা নির্ধাৰণৰ পদ্ধতিটো ব্যাখ্যা কৰা।
উত্তৰঃ দ্ৰৱ্যৰ দৰ আৰু যোগানৰ পৰিমাণৰ সম্বন্ধ ব্যাখ্যাৰ অর্থেই যোগানৰ দৰ-স্থিতিস্থাপকতাৰ ধাৰণাটো অৱধাৰণা কৰা হৈছে। এটা দ্ৰৱ্যৰ দামৰ পৰিৱৰ্তনৰ প্রতি তাৰ যোগানৰ পৰিমাণে জনোৱা সঁহাৰিৰ মাত্ৰাৰ আপেক্ষিক জোখেই হৈছে দ্রৱ্যপদৰ যোগানৰ দৰ-স্থিতিস্থাপকতা। সহজ ভাষাত ক’বলৈ গ’লে দ্রৱ্য এবিধৰ দৰৰ বাহিৰে আন চলকসমূহ অপৰিৱৰ্তিত বা স্থিতাৱস্থাত থকা বুলি ধাৰণা কৰি দ্ৰৱ্যবিধৰ যোগানৰ আনুপাতিক পৰিৱৰ্তন আৰু দৰৰ পৰিৱৰ্তনৰ অনুপাত উলিয়াই দ্রৱ্যটোৰ যোগানৰ দৰ-স্থিতিস্থাপকতাৰ পৰিমাণ জানিব পাৰি। যেতিয়া এটা দ্ৰৱ্যৰ দামৰ পৰিৱৰ্তন সত্বেও যোগানৰ কোনো পৰিবৰ্তন নহয়, তেনে দ্রৱ্যৰ যোগানক সম্পূর্ণ অস্থিতিস্থাপক যোগান বুলি কোৱা হয়। আনহাতে যেতিয়া এটা দ্রৱ্যৰ নির্দিষ্ট দামত ইয়াৰ যোগান অপৰিসীম হয়, তেনে দ্ৰৱ্যৰ যোগানক সম্পূর্ণ স্থিতিস্থাপক যোগান বুলি কোৱা হয়। অৱশ্যে বাস্তৱ ক্ষেত্রত দেখা যায় যে দ্রৱ্য-সামগ্ৰীৰ যোগান সম্পূর্ণ স্থিতিস্থাপকো নহয়, সম্পূর্ণ অস্থিতিস্থাপকো নহয। যোগানৰ স্থিতিস্থাপকতা সাধাৰণতে এই দুটা শীর্ষ বিন্দুৰ মাজতে থকা দেখা যায়।
দুই শীর্ষ বিন্দুৰ মাজত যোগানৰ স্থিতিস্থাপকতা তিনি প্ৰকাৰৰ হ’ব পাৰে আৰু সেইকেইটা হৈছে- এককৰ সমান, এককতকৈ অধিক আৰু এককতকৈ কম। যেতিয়া কোনো এটা দ্ৰৱ্যৰ দামৰ পৰিৱৰ্তনৰ পৰিমাণ বা হাৰ ইয়াৰ যোগানৰ পৰিৱৰ্তনৰ পৰিমাণ বা হাৰৰ সমান হয়, তেনে দ্রৱ্যৰ যোগানক একক স্থিতিস্থাপকতাৰ যোগান বুলি কোৱা হয়। দ্বিতীয়তে যেতিয়া এটা দ্ৰৱ্যৰ দৰৰ পৰিৱৰ্তনৰ পৰিমাণ বা হাৰতকৈ ইয়াৰ যোগানৰ পৰিৱৰ্তনৰ পৰিমাণ বা হাৰ কম হয়, তেনে দ্রৱ্যৰ যোগানক এককতকৈ কম স্থিতিস্থাপক বুলি কোৱা হয়। আকৌ যোগানৰ হাৰৰ পৰিৱৰ্তন দৰতকৈ অধিক হ’লে তেনে দ্রৱ্যৰ যোগানৰ স্থিতিস্থাপকতা এককতকৈ অধিক হয়।
তলত চিত্ৰৰ সহায়ত বিভিন্ন প্রকাৰৰ যোগানৰ স্থিতিস্থাপকতা দেখুওৱা হ’ল-
আকৌ দ্ৰৱ্যৰ যোগানৰ দৰ-স্থিতিস্থাপকতা নির্ণয়ৰ অর্থে দ্রৱ্যটোৰ যোগানৰ আনুপাতিক পৰিৱৰ্তনক ইয়াৰ দামৰ আনুপাতিক পৰিৱৰ্তেনেৰে ভাগ কৰা হয়।
অর্থাৎ যোগানৰ দৰ স্থিতিস্থাপকতা = যোগানৰ পৰিমাণৰ আনুপাতিক পৰিৱৰ্তন / দৰৰ আনুপাতিক পৰিৱৰ্তন
যোগানৰ দৰ স্থিতিস্থাপকতা নির্ধাৰণৰ কাৰণে ব্যৱহাৰ কৰা গাণিতিক পদ্ধতিৰ সহায়ত এডাল সৰল যোগান ৰেখাৰ কোনো বিন্দুত যোগানৰ দৰ-স্থিতিস্থাপকতাৰ পৰিমাণ নির্ধাৰণ কৰিব পৰা যায়। তলৰ চিত্ৰত অংকণ কৰা সৰলযোগান ৰেখাডালৰ Q বিন্দুত যোগানৰহ স্থিতিস্থাপকতাৰ নির্ধাৰণৰ পদ্ধতিৰ বিষয়ে ব্যাখ্যা কৰা হ’ল।
চিত্ৰত Q বিন্দুত দ্রব্যটোৰ দাম হৈছে OP আৰু এই দামত ইয়াৰ যোগানৰ পৰিমাণ হৈছে OM। যেতিয়া দ্রব্যটোৰ দাম OP ৰ পৰা OP¹ লৈ বৃদ্ধি পাইছে তেতিয়া ইয়াৰ যোগান OM ৰ পৰা OM¹ লৈ বৃদ্ধি হৈছে। দৰ আৰু যোগানৰ এনে সম্পৰ্কৰ ভিত্তিত Q বিন্দুত দ্রৱ্যটোৰ যোগানৰ দৰ-স্থিতিস্থাপকতা নির্ধাৰণৰ অর্থে চিত্রত SS যোগান ৰেখাডালৰ নিম্নাংশ অধিক দীঘল কৰি X অক্ষৰ T বিন্দুত স্পর্শ কৰা দেখা গৈছে।
যোগানৰ দৰ-স্থিতিস্থাপকতাৰ নির্ধাৰণৰ অর্থে ব্যৱহাৰ কৰা সমীকৰণ অনুসৰি Q বিন্দুত যোগানৰ দৰ-স্থিতিস্থাপকতাৰ পৰিমাণ হৈছে-
Q = MM1 × OP/OM
যিহেতু চিত্রৰ MM¹ আৰু QR ৰ মাজত কোনো পার্থক্য নাই সেই কাৰণে সমীকৰণটোত MM¹ ৰ পৰিৱর্তে OR ব্যৱহাৰ কৰিব পাৰি। একে কাৰণতে PP¹ ৰ পৰিৱর্তে RL আৰু OP ৰ পৰিৱর্তে MQ ব্যৱহাৰ কৰিব পাৰি। এনে কাৰণত যোগানৰ স্থিতিস্থাপকতা নির্ধাৰণৰ সমীকৰণটো তলত দিয়া ধৰণে লিখিব পৰা যায়।
Ps at Q = QR/RL × MQ/OM
১৯। গিফেনৰ সাঁথৰটো ব্যাখ্যা কৰা।
উত্তৰঃ চাহিদাৰ সাধাৰণ বিধি অনুসৰি যেতিয়া কোনো এটা দ্রৱ্যৰ দাম বৃদ্ধি হয় তাৰ প্রতি চাহিদা কমি যায় আৰু দাম কমি গ’লে চাহিদা বৃদ্ধি হয়, কিন্তু চাহিদাৰ এই সাধাৰণ বিধিটো নিকৃষ্ট দ্রৱ্যৰ ক্ষেত্ৰত প্রযোজ্য নহয়। চাৰ ৰবাৰ্ট গিফেনৰ মতে, নিকৃষ্ট মানৰ দ্ৰৱ্যৰ ক্ষেত্ৰত চাহিদা বিধিৰ বিপৰীত প্রতিক্রিয়াহে পৰিলক্ষিত হয়। অর্থাৎ, এনে দ্রৱ্যবোৰৰ দাম কমি গ’লে ইহঁতৰ প্রতি চাহিদা কমি যায় আৰু দাম বৃদ্ধি হ’লে চাহিদা বৃদ্ধি হয়। নিকৃষ্ট দ্ৰৱ্যৰ চাহিদাৰ ক্ষেত্ৰত চাহিদা বিধিৰ এনে বিপৰীত প্রতিক্রিয়াৰ বিষয়ে প্রথমে ববার্ট গিফেনে উল্লেখ কৰিছিল আৰু সেই কাৰণেই ইয়াক গিফেনৰ সাঁথৰ বুলি কোৱা হয়। গিফেনৰ দ্ৰৱ্যৰ চাহিদা ৰেখাৰ আকৃতি তলত চিত্ৰৰ সহায়ত ব্যাখ্যা কৰা হ’ল।
ওপৰৰ চিত্ৰত OX বাহুৱে এটা নিকৃষ্টমান দ্রৱ্যৰ চাহিদাৰ পৰিমাণ আৰু OY বাহুৱে ইয়াৰ দৰৰ প্রতিনিধিত্ব কৰিছে। চিত্ৰত DD হৈছে নিকৃষ্ট দ্রৱ্যটোৰ চাহিদা ৰেখা। এই চাহিদা ৰেখা অনুসৰি যেতিয়া দ্রৱ্যটোৰ দৰ OP আছিল তেতিয়া ইয়াৰ চাহিদাৰ পৰিমাণ আছিল OM আৰু দৰ OP¹ লৈ বৃদ্ধি হোৱাৰ ফলত ইয়াৰ চাহিদা OM¹ লৈ বৃদ্ধি পাইছে। দৰ বৃদ্ধিৰ কাৰণে চাহিদা বৃদ্ধি হোৱাটো সাধাৰণ চাহিদা বিধিৰ এক ব্যতিক্রম। নিকৃষ্ট দ্রৱ্যসমূহৰ দাম বৃদ্ধি হ’লে ইহঁতৰ প্রতি চাহিদা বৃদ্ধি হয় আৰু দাম কমি গ’লে ইহঁতৰ প্রতি চাহিদা কমি যায়। এনে কাৰণত নিকৃষ্ট দ্ৰৱ্যৰ চাহিদা ৰেখাৰ ঢাল ইতিবাচক হয়। অধ্যাপক হিকছ্ আৰু এলেনৰ ব্যাখ্যা অনুসৰি নিকৃষ্ট দ্রৱ্য নেতিবাচক আয় প্রভাৱ ইহঁতৰ ইতিবাচক প্রতিকল্পন প্রভাৱতকৈ অধিক শক্তিশালী হয়। আৰু নিকৃষ্ট দ্ৰৱ্যৰ দাম বৃদ্ধি হ’লে চাহিদা বৃদ্ধি হয় আৰু দাম কমি গলে চাহিদা কমি যায়। যদি নিকৃষ্ট দ্ৰৱ্যৰ দৰৰ পৰিৱৰ্তনৰ ফলত সংঘটিত হোৱা নেতিবাচক আয় প্রভাৱ ইয়াৰ ইতিবাচক প্রতিকল্পন প্রভাৱৰ সমান হয় তেতিয়া দ্রৱ্যটোৰ প্রতি চাহিদাৰ কোনো পৰিৱর্তন নঘটে। এনে অৱস্থাত দ্রৱ্যটোৰ চাহিদা ৰেখা ইয়াৰ পৰিমাণ বাহুৰ লম্বমান হয়। অন্যহাতেদি নিকৃষ্ট দ্রৱ্যটোৰ দৰৰ পৰিৱৰ্তনৰ ফলত সংঘটিত হোৱা নেতিবাচক আয় প্রভাৱতকৈ ইতিবাচক প্রতিকল্পনৰ প্রভাৱ অধিক শক্তিশালী হয় তেতিয়া ইয়াৰ দাম হ্রাস হ’লে চাহিদা বৃদ্ধি হ’ব। এনে অৱস্থাত দ্রব্যটোৰ চাহিদা ৰেখাৰ ঢাল নেতিবাচক হ’ব।
২০। উৎপাদনকাৰীৰ উদ্ধৃত্ত ধাৰণাটো সহজভাৱে ব্যাখ্যা কৰা।
উত্তৰঃ উৎপাদনকাৰীৰ উদ্বৃত্ত বুলিলে উৎপাদনকাৰী এজনে এক নির্দিষ্ট পৰিমাণৰ দ্রৱ্য যোগান ধৰি লাভ কৰা বিক্রী আয় আৰু সেই পৰিমাণৰ দ্রৱ্য যোগানত তেওঁ প্রত্যাশা কৰা বিক্রীয় আয়ৰ মাজৰ পাৰ্থক্যক বুজা যায়।
অর্থাৎ, উৎপাদনকাৰীৰ উদ্বৃত্ত প্রকৃততে লাভ কৰা বিক্রী আয়-প্রত্যাশীত আয়।
তলৰ চিত্ৰৰ সহায়ত উৎপাদনকাৰীৰ উদ্বৃত্ত ধাৰণাটো সহজে ব্যাখ্যা কৰিব পৰা যায়।
চিত্রত SS হ’ল উৎপাদনকাৰীয়ে বজাৰত কোনো এটা দ্রৱ্য যোগান ধৰিবলৈ ইচ্ছা কৰা দৰ আৰু যোগানক প্রতিনিধিত্ব কৰা ৰেখা। যোগান ৰেখা SS য়ে ইয়াকে নির্দেশ কৰিছে যে দৰ বৃদ্ধি পোৱা অৱস্থাত যোগান বৃদ্ধি পাব আৰু প্ৰথম অৱস্থাত কম দৰটো উৎপাদনকাৰীয়ে বজাৰত দ্রৱ্যৰ যোগান ধৰিব।
ধৰা হ’ল বজাৰত দ্রৱ্যটোৰ দৰ Po আৰু এই দৰত উৎপাদনকাৰীজনে Qo পৰিমাণে দ্রৱ্যটো যোগান ধৰে। গতিকে উৎপাদনকাৰীজনে প্রকৃততে লাভ কৰা বিক্রি আয়ৰ পৰিমাণ হ’ব–
Po × Qo = OPo AQo
কিন্তু উৎপাদনকাৰীজনে Qo পৰিমাণৰ দ্রৱ্য যোগান ধৰা অৱস্থাত প্রত্যাশিত আয়ৰ পৰিমাণ হ’ব Qo লৈকে প্রতিটো গোটৰ যোগান দৰৰ যোগফল। চিত্র অনুসৰি এনে প্রত্যাশিত বিক্রী আয়ৰ পৰিমাণ হ’ব OSAQ০। গতিকে,
উৎপাদনকাৰীৰ উদ্বৃত্ত = OPo AQo – OSAQo = SPoA
২১। কোনো এটা দ্ৰৱ্যৰ যোগান ফলন হ’ল- P=X²-X+5, য’ত X এ যোগান বুজাইছে উৎপাদনকাৰীৰ উদ্ধৃত্ত নির্ণয় কৰা যেতিয়া দৰ 11 টকা হয়।
সমাধানঃ দিয়া আছে, যোগান ফলন,
P = X² – X + 5,
আৰু দৰ, P = 11
P = 11, যোগান ফলনত বহুৱাই পাওঁ
11 = X2 – X + 5
⇒ X2 – X + 5 – 11 = 0
⇒ X2 – X – 6 = 0
⇒ (X – 3) (X + 2) =0
∴ X = 3 বা X = – 2
কিন্তু X = – 2, অৰ্থনৈতিক ক্ষেত্ৰত তাৎপৰ্যহীন।
∴ P = 11 আৰু X = 3
২২। যদি চাহিদা ফলন P = 35 – 2x – x² হয় আৰু চাহিদা x₀ = 3 তেন্তে উপভোক্তাৰ উদ্বৃত্ত কিমান হ’ব?
সমাধানঃ দিয়া আছে, P = 35 – 2x – x²
আৰু x₀ = 3
x₀ = 3 ৰ মান চাহিদা ফলনত বহুৱাই পাওঁ–
P₀ = 35 – 2 × 3 – 3
= 35 – 6 – 9
= 20
গতিকে P₀ = 20 আৰু x₀ = 3
= 105 – 9 -9 -60
= 27
∴ উপভোক্তাৰ উদ্ধৃত্ত = 27
২৩। সংযুক্ত চাহিদা কি? ই কেইপ্ৰকাৰৰ আৰু কি কি?
উত্তৰঃ বাস্তৱ ক্ষেত্ৰত কোনো দ্রৱ্যৰ চাহিদা স্বতন্ত্র নহয়, বৰঞ্চ প্রতি দ্রৱ্যৰ চাহিদাৰ আন এটা দ্ৰৱ্যৰ চাহিদাৰ লগত সম্পর্ক থাকে। দ্রৱ্য-সামগ্ৰীৰ চাহিদাৰ এনে সম্পৰ্কৰ ওপৰত ভিত্তি কৰি সংযুক্ত চাহিদাৰ বিষয়টোৱে অর্থবিজ্ঞানৰ আলোচনাত স্থান পাইছে। দ্রৱ্য-সামগ্রীৰ এনে সংযুক্ত চাহিদা তিনি প্রকাৰৰ হ’ব পাৰে–
(ক) প্রতিযোগিতামূলক চাহিদাঃ যেতিয়া কোনো দ্রৱ্য-সামগ্ৰীৰ উপযুক্ত কল্প দ্রৱ্য থাকে, তেনে দ্রৱ্যৰ চাহিদাক প্রতিযোগিতামূলক চাহিদা বুলি কোৱা হয়। উদাহৰণস্বৰূপে, এই ক্ষেত্রত চাহ আৰু কফি, বিদ্যুৎ আৰু গেছ আদি বিকল্প দ্ৰৱ্যৰ কথা উল্লেখ কৰিব পাৰি। এনে দ্ৰৱ্যৰ ক্ষেত্ৰত এটা বিকল্প দ্ৰৱ্যৰ চাহিদা বৃদ্ধি হ’লে আনটোৰ প্রতি চাহিদা কমি যোৱা পৰিলক্ষিত হয়।
(খ) সংমিশ্রিত বা বহুমুখী চাহিদাঃ যেতিয়া এটাতকৈ অধিক কার্যত ব্যৱহাৰ কৰাৰ অৰ্থে কোনো দ্রৱ্যৰ প্ৰতি চাহিদাৰ সৃষ্টি হয়, তেন্তে দ্রৱ্য বা সেৱাৰ চাহিদাক বহুমুখী চাহিদা বুলি কোৱা হয়। উদাহৰণস্বৰূপে, কয়লাৰ বিষয়ে উল্লেখ কৰিব পাৰি। বন্ধা-বঢ়াৰ কাৰণে, কল-কাৰখানাত ব্যৱহাৰ কাৰণে, বিদ্যুৎ শক্তি উৎপাদনৰ অৰ্থে আন কিছুমান ক্ষেত্ৰত ব্যৱহাৰৰ কাৰণে কয়লাৰ প্ৰতি চাহিদাৰ সৃষ্টি হয়।
(গ) যুক্ত চাহিদাঃ কোনো এটা দ্ৰৱ্যৰ বা সেৱাৰ চাহিদা পূৰণ কৰিবৰ কাৰণে যেতিয়া একে সময়তে কেইবাবিধো দ্রৱ্যৰ প্রয়োজন হয় তেনে দ্ৰৱ্যসমূহৰ চাহিদাক যুক্ত চাহিদা বুলি কোৱা হয়। উদাহৰণস্বৰূপে, একাপ চাহৰ চাহিদা পূৰণ কৰিবৰ অৰ্থে একে সময়তে চাহপাত, গাখীৰ আৰু চেনিৰ প্রয়োজন হয়। তেনেদৰে এটা ঘৰৰ চাহিদা পূৰণ কৰিবৰ অর্থে বিলাতী মাটি, ইটা, কাঠ, টিনপাত ইত্যাদিৰ প্রয়োজন হয়।
২৪। উপভোক্তাৰ উদ্ধৃত্তৰ বিধিৰ সীমাবদ্ধতাখিনি চমুকৈ লিখা।
উত্তৰঃ ভোগকর্তাৰ উদ্ধৃত্তৰ ধাৰণাসমূহক আধুনিক অর্থনীতিবিদসকলে তীব্রভাৱে সমালোচনা কৰিছে।
তলত চমুকৈ আলোচনা কৰা হ’ল-
(ক) উপভোক্তাৰ উদ্বৃত্তৰ বিষয়টো আলোচনা কৰোতে মাৰ্ছালে এটা দ্ৰৱ্যৰ দৰক বাদ দি আন যিবোৰ উপাদানে ইয়াৰ চাহিদা নিৰূপণ কৰে সেইবোৰ সকলো অপৰিবৰ্তিত থাকে বুলি ধাৰণা কৰিছে। কিন্তু আধুনিক অর্থনীতিবিদসকলৰ মতে, এটা দ্ৰৱ্যৰ চাহিদা নিৰূপন কৰা এনে উপাদানবোৰৰ পৰিৱর্তন হয় আৰু ইয়াৰ ফলত এটা দ্রৱ্যৰ চাহিদাৰ পৰিৱর্তন হোৱাটো স্বাভাৱিক। চাহিদাৰ পৰিৱর্তনে দ্রৱ্যটোৰ উপযোগিতাৰ পৰিৱৰ্তনৰ নির্দেশ দিয়ে। ইয়াৰ উপভোক্তাৰ উদ্ধৃত্তৰ পৰিমাণৰ পৰিৱর্তন হোৱাটো স্বাভাৱিক। এটা দ্ৰৱ্যৰ চাহিদাৰ পৰিৱর্তনত প্রভাৱ বিস্তাৰ কৰা এনে উপাদানসমূহৰ ভিতৰত উল্লেখযোগ্য উপাদান কেইটা হৈছে মানুহৰ ৰুচি, স্বভাৱ আৰু উপার্জন। এই তিনিটা উপাদানৰ পৰিৱর্তনে দ্রৱ্য এটাৰ চাহিদাৰ পৰিৱর্তন ঘটোৱাটো স্বাভাৱিক।
(খ) উপভোক্তাৰ উদ্ধৃত্তৰ বিষয়টো আলোচনা কৰোতে মাৰ্ছালে মুদ্রাৰ প্রান্তিক উপযোগিতা অপৰিৱর্তিত হৈ থাকে বুলি অনুমান কৰিছে। এই ধাৰণাৰ সপক্ষে যুক্তি হৈছে এজন উপভোক্তাই তেওঁৰ মুঠ উপাৰ্জনৰ সামান্য অংশহে এটা দ্ৰৱ্যৰ উপভোগৰ অর্থে ব্যয় কৰে, কিন্তু আধুনিক অর্থনীতিবিদসকলে এই ধাৰণাৰ সপক্ষে দিয়া যুক্তি গ্রহণ কৰা নাই। তেখেতসকলৰ মতে, আন দ্রৱ্যৰ দৰেই মুদ্রাও এটা দ্রৱ্য আৰু ইয়াৰ আহৰণৰ ক্ষেত্ৰতো ক্রমহ্রাসমান প্রান্তিক উপযোগিতা বিধি প্রযোজ্য হয়। কাৰণ, এজন মানুহে অধিক উপাৰ্জন কৰিলে তেওঁৰ কাৰণে অতিৰিক্ত উপাৰ্জনৰ উপযোগিতা হ্রাস হোৱা পৰিলক্ষিত হয়। গতিকে মুদ্রাৰ প্রান্তিক উপযোগিতাৰ পৰিবর্তন ঘটিলে মাছালৰ ব্যৱস্থাৰ ভিত্তিত উপভোক্তাৰ উদ্বৃত্ত নির্ধাৰণ কৰাটো সম্ভৱপৰ নহয়।
(গ) মার্ক্সলে উপভোক্তাৰ উদ্ধৃত্তৰ বিষয়ে আলোচনা কৰোতে এটা দ্ৰৱ্যৰ প্রান্তিক উপযোগিতা সেই দ্রৱ্যটোৰ অতিৰিক্ত গোটটোৰ উপভোগৰ অর্থে উপভোক্তাই দিবলৈ ইচ্ছা কৰা মূল্যৰ সমান বুলি ধাৰণা কৰিছে, কিন্তু আধুনিক অর্থনীতিবিদসকলৰ মতে, মাৰ্ছালে নির্ধাৰণ কৰা উপযোগিতা আৰু বাস্তৱ উপযোগিতাৰ মাজত পার্থক্য আছে। উদাহৰণস্বৰূপে, এজন ভোগকর্তাই এটা দ্ৰৱ্যৰ পৰা ৯০ পইচাৰ উপযোগিতা পাব বুলি আশা কৰিছিল। যদি দ্রৱ্যটোৰ দাম ৮০ পইচা হয় তেতিয়া হ’লে ১০ পইচাৰ অতিৰিক্ত উপযোগিতা লাভ কৰিব লাগে। কিন্তু দ্রৱ্যটো উপভোগ কৰাৰ পাছত তেওঁৰ ধাৰণা হয় যে তেওঁ মাত্র ৭০ পইচাৰহে উপযোগিতা পালে, তেতিয়া ৰাহি উপযোগিতাৰ পৰিৱৰ্তে ১০ পইচাৰ লোকচানহে হ’ল। অর্থাৎ আধুনিক অর্থনীতিবিদসকলৰ মতে, মাৰ্ছালে উপযোগিতা আৰু সন্তুষ্টিৰ মাজত যি সামঞ্জস্যৰ বিষয়ে কৈছে, সেইটো সচা নহয়।
(ঘ) মাৰ্ছালৰ মতে, এটা দ্ৰৱ্যৰ উপযোগিতা সম্পূর্ণ স্বতন্ত্র। কিন্তু আধুনিক অর্থনীতিবিদসকলৰ মতে, দ্ৰৱ্যৰ উপযোগিতা স্বতন্ত্র নহয়। উদাহৰণস্বৰূপে, চাহৰ উপযোগিতা কফিৰ যোগানৰ ওপৰত নিৰ্ভৰশীল। কফিৰ যোগান বৃদ্ধি আৰু দৰ হ্রাস হ’লে চাহৰ উপযোগিতা কমিব পাৰে। ইয়াৰ বিপৰীত অৱস্থাত চাহৰ উপযোগিতা বৃদ্ধি হ’ব।
(ঙ) মাৰ্ছালৰ মতে, যিবিলাক দ্ৰৱ্যৰ বিকল্প দ্রৱ্য আছে সেইবিলাক দ্রৱ্যৰ ক্ষেত্ৰত উপভোক্তাৰ উদ্বৃত্ত নির্ধাৰণৰ অৰ্থে সেই দ্রৱ্যসমূহক এটা দ্রৱ্য হিচাপে গণ্য কৰিব লাগে, কিন্তু আধুনিক অর্থনীতিবিদসকলে কয় যে এটা দ্ৰৱ্যৰ বহুতো বিকল্প দ্রৱ্য আছে। সেই কাৰণে বিকল্প থকা সকলো দ্রৱ্যকে এটা দ্রৱ্য হিচাপে গণ্য কৰাটো বিজ্ঞানসম্মত নহয়।
২৫। চমুটোকা লিখাঃ
(ক) চাহিদাৰ দৰ স্থিতিস্থাপকতাৰ প্রয়োগ
উত্তৰঃ এটা দ্ৰৱ্যৰ চাহিদাৰ পৰিৱর্তনত প্রভাৱ বিস্তাৰ কৰা আন চলকসমূহ অপৰিৱৰ্তিত থকা অৱস্থাত দ্রৱ্যটোৰ দৰৰ পৰিৱৰ্তনৰ লগত চাহিদাৰ পৰিৱৰ্তনৰ সম্বন্ধৰ বিষয়েই দৰ স্থিতিস্থাপকতাই ব্যাখ্যা প্রদান কৰে অর্থাৎ দ্রৱ্য পদৰ দৰৰ পৰিৱৰ্তনৰ প্রতি তাৰ চাহিদাৰ পৰিমাণে জনোৱা সঁহাৰিৰ মাত্রাই হৈছে দ্রৱ্য পদৰ দৰ স্থিতিস্থাপকতা। দ্ৰৱ্যৰ দৰ স্থিতিস্থাপকতা নির্ধাৰণৰ সমীকৰণটো হৈছে-
উৎপাদিত দ্রৱ্যৰ পৰিমাণ নির্ধাৰণ আৰু দৰ নির্ধাৰণৰ বিষয়ে ইয়াৰ চাহিদাৰ দৰ-স্থিতিস্থাপকতাৰ ওপৰত নিৰ্ভৰশীল। যেতিযা উৎপাদিত দ্ৰৱ্যৰ চাহিদাৰ দৰ-স্থিতিস্থাপকতা অধিক হয়, তেতিয়া উৎপাদনকাৰীয়ে কম মূল্য আৰু দৰ-স্থিতিস্থাপকতা কম হ’লে অধিক মূল্য ধার্য কৰিবলৈ সক্ষম হয়। একচেটীয়া ব্যৱসায়ীৰ উৎপাদিত দ্রৱ্য বিক্ৰীৰ ক্ষেত্ৰত দৰ-পার্থক্য নীতিৰ প্ৰয়োগৰ সফলতাও বিভিন্ন বজাৰত তেওঁৰ উৎপাদিত দ্রৱ্যটোৰ চাহিদাৰ দৰ-স্থিতিস্থাপকতাৰ ওপৰত নির্ভৰশীল। কৃষকসকলৰ দৰিদ্ৰতাৰ কাৰণ ব্যাখ্যা কৰাৰ ক্ষেত্ৰতো চাহিদাৰ দৰ-স্থিতিস্থাপকতাৰ বিষয়টোৰ গুৰুত্বতা আছে। ইয়াৰ উপৰিও উৎপাদনৰ উপাদানৰ মূল্য চাহিদাৰ নির্ধাৰণৰ ক্ষেত্ৰত চাহিদাৰ স্থিতিস্থাপকতাৰ প্ৰয়োগ আছে। কাৰণ উৎপাদনৰ বিভিন্ন উপাদানসমূহৰ আপেক্ষিক মূল্য-উৎপাদন প্রক্রিয়াত সিহঁতৰ চাহিদাৰ স্থিতিস্থাপকতাৰ ওপৰত নিৰ্ভৰশীল। দেশৰ বৈদেশিক বাণিজ্যৰ নীতি আৰু দেশীয় মুদ্রাৰ বাহ্যিক মূল্য হ্রাসৰ নীতি সফলতাৰ বিষয়ত চাহিদাৰ স্থিতিস্থাপকতাৰ ওপৰত নিৰ্ভৰশীল।
২৬। অর্থনৈতিক ব্যৱস্থাৰ প্রধান সমস্যাসমূহ কি কি? মুক্ত বজাৰ আৰু মিশ্র অর্থনৈতিক ব্যৱস্থাত কেনেদৰে অৰ্থনীতিৰ প্ৰধান সমস্যাসমূহ সমাধান কৰা হয় আলোচনা কৰা।
উত্তৰঃ যিকোনো অর্থনৈতিক ব্যৱস্থাই ইয়াৰ লক্ষ্যত উপনীত হ’বৰ কাৰণে চাৰিটা প্রধান অর্থনৈতিক সমস্যা সমাধান কৰিবলগীয়া হয়। এই সমস্যা কেইটা তলত চমুকৈ আলোচনা কৰা হ’ল-
(i) দ্রৱ্য সামগ্ৰীৰ নিৰ্বাচনঃ এখন দেশৰ সীমিত সম্পদেৰে সকলোবোৰ দ্রৱ্য-সামগ্রী আৰু সেৱাৰ উৎপাদন সম্ভৱপৰ নহয়। গতিকে কি কি দ্রৱ্য-সামগ্রী আৰু সেৱা উৎপাদন কৰা হ’ব সেই বিষয়ে নির্বাচন কৰিবলগীয়া হয়। এখন সমাজে নিজৰ প্ৰয়োজনৰ অৰ্থে বিভিন্ন উপভোগ্য আৰু মূলধনী দ্ৰৱৰ উৎপাদনৰ কাৰণে নিৰ্বাচন কৰাৰ লগতে প্রতিটো দ্রৱ্য কি পৰিমাণে উৎপাদন কৰিব সেই বিষয়েও সিদ্ধান্ত গ্রহণ কৰিবলগীয়া হয়। কাৰণ সীমিত উপাদানেৰে প্রতিটো নির্বাচিত দ্রৱ্য অপৰিসীম পৰিমাণে উৎপাদন কৰা সম্ভৱপৰ নহয়।
(ii) উৎপাদন পদ্ধতিৰ নির্বাচনঃ এখন সমাজে নিজৰ অভাৱ পূৰণৰ অর্থে এলানি উপভোগ্য আৰু মূলধনী দ্রৱ্য-সামগ্রী নিৰ্বাচন কৰাৰ পাছত এই দ্রৱ্য-সামগ্রীসমূহ কেনেভাৱে উৎপাদন কৰা হ’ব সেই সমস্যাৰ সমাধান কৰিবলগীয়া হয়। দ্রৱ্য-সামগ্ৰীৰ উৎপাদনৰ ক্ষেত্ৰত শ্রমিকব তুলনাত অধিক মূলধনৰ ব্যৱহাৰৰ উৎপাদন পদ্ধতি অথবা মূলধনৰ তুলনাত অধিক শ্রমিক ব্যৱহাৰৰ উৎপাদন পদ্ধতিৰ ব্যৱহাৰ কৰিব পাৰি। উৎপাদনৰ ক্ষেত্ৰত কোনটো পদ্ধতি ব্যৱহাৰ কৰা হ’ব সেই বিষয়ে সিদ্ধান্ত গ্রহণ কৰিব দ্রব্যৰ উৎপাদনকাৰী উৎপাদন প্রতিষ্টানে।
(iii) উৎপাদিত দ্রৱ্য-সামগ্রী বিতৰণৰ সমস্যাঃ দেশ এখনত দ্রৱ্য-সামগ্ৰী কাৰ কাৰণে উৎপাদন কৰা হ’ব এই বিষয়ৰ লগত জাতীয় উৎপাদনৰ বিতৰণৰ সমস্যাটো জড়িত হৈ আছে। মুক্ত অর্থনীতিত জাতীয় উৎপাদনৰ বিতৰণ উৎপাদনৰ উপাদানসমূহৰ আৰ্থিক উপাৰ্জনৰ ওপৰত নিৰ্ভৰ কৰে। যিজনৰ আর্থিক উপার্জন অধিক সেইজনেই অধিক দ্রৱ্য-সামগ্রী আৰু সেৱা উপভোগ কৰিবলৈ সক্ষম হয়। জাতীয় উৎপাদনৰ বিতৰণৰ লগত উপাৰ্জনৰ এনে সম্বন্ধৰ কাৰণে উৎপাদনৰ উপাদানসমূহৰ উপার্জন কেনেভাৱে নির্ধাৰণ হয় সেই বিষয়ে ব্যাখ্যা কৰাৰ প্রয়োজন হয়।
উল্লেখিত চাৰিটা প্রধান অর্থনৈতিক সমস্যা সমাধানকল্পে দুটা প্রধান পদ্ধতি বা উপায় আছে। প্রথমটো পদ্ধতি হৈছে বজাৰ বা মূল্য পদ্ধতি। এই পদ্ধতি অনুসৰি চাহিদা আৰু যোগানৰ মুক্ত আচৰণৰ সহায়ত কোনবোৰ দ্রৱ্য কিমান পৰিমাণে, কি পদ্ধতি অনুসৰি উৎপাদন কৰা হ’ব আৰু কেনেকৈ এনে উৎপাদিত দ্রৱ্য বিতৰণ কৰা হ’ব সেই বিষয়ে সিদ্ধান্ত গ্রহণ কৰা হয়। দ্ৰৱ্য মূল্যৰ মুক্ত আচৰণ ব্যৱস্থা বাহাল থকা অর্থনৈতিক ব্যৱস্থাত উৎপাদন ব্যৱস্থা ব্যক্তিগত খণ্ডৰ হাতত ন্যস্ত থাকে। উপভোক্তাৰ দ্রৱ্য-সামগ্রী উপভোগৰ ক্ষেত্রত স্বতন্ত্রতা এনে অর্থনীতিৰ এক উল্লেখযোগ্য বৈশিষ্ট্য। এনে মুক্ত বজাৰ ব্যৱস্থাত বিভিন্ন দ্রৱ্য-সামগ্ৰীৰ চাহিদা আৰু যোগানৰ ভিত্তিত সেইবোৰৰ মূল্য আৰু কি পৰিমাণৰ দ্রৱ্য উৎপাদন কৰা হ’ব সেই বিষয়ে সিদ্ধান্ত গ্রহণ কৰা হয়। ইয়াৰোপৰি উৎপাদনৰ উপাদানসমূহৰ মূল্য বা উপার্জন এইবোৰৰ চাহিদা আৰু যোগানৰ ওপৰত ভিত্তি কৰি নির্ধাৰণ হয় আৰু উৎপাদনৰ উপাদানসমূহৰ উপাৰ্জনৰ ওপৰত ভিত্তি কৰিয়েই সমাজৰ বিভিন্ন ব্যক্তিৰ মাজত দ্রৱ্য-সামগ্রীৰ বিতৰণ নির্ধাবিত হয়।
প্রধান অর্থনৈতিক সমস্যাসমূহ সমাধানৰ ব্যৱস্থা হিচাপে অর্থনৈতিক পৰিকল্পনাও গ্রহণ কৰিব পৰা যায়। এনে ব্যৱস্থাত চাহিদা আৰু যোগানে মুখ্য অর্থনৈতিক সমস্যা সমাধান কৰাৰ পাৰিৱৰ্তে চৰকাৰে গঠন কৰা কেন্দ্রীয় পৰিকল্পনা সংস্থাইহে সমাধান কৰে। অর্থাৎ কি দ্রৱ্য, কিমান পৰিমাণে আৰু কি পদ্ধতিত উৎপাদন কৰা হ’ব আৰু উৎপাদিত দ্রৱ্য কেনেকৈ বিতৰণ কৰা হ’ব সেই বিষয়ক সিদ্ধান্ত কেন্দ্রীয় পৰিকল্পনা সংস্থাই গ্রহণ কৰে।
অর্থনৈতিক সমস্যা সমাধানৰ প্ৰথমটো ব্যৱস্থা পুঁজিবাদী দেশত প্রয়োগ কৰা দেখা যায় আৰু দ্বিতীয়টো পদ্ধতি সমাজবাদী দেশসমূহত প্রয়োগ কৰা দেখা যায়। বিশেষকৈ পুঁজিবাদী দেশৰ অর্থনৈতিক কার্যকলাপত চৰকাৰী হস্তক্ষেপ অত্যাৱশ্যকীয়ৰূপে বিবেচিত হৈছে। এনে হস্তক্ষেপৰ কাৰণে সাম্পতিক কালৰ পুঁজিবাদী দেশত বজাৰৰ শক্তিৰ মুক্ত প্রবাহ পৰিলক্ষিত নহয়। সাম্প্রতিক কালৰ পুঁজিবাদী ব্যৱস্থাক সেই কাৰণেই নিয়ন্ত্রিত পুঁজিবাদ অথবা মিশ্র অর্থনীতি আখ্যা দিয়া হয়। চৰকাৰ নীতি আৰু বজাৰৰ শক্তিৰ সমন্বয়ত এনে অর্থনীতিত মুখ্য অর্থনৈতিক সমস্যাৰ সমাধানৰ পথ বাহিৰ কৰা হয়। অৱশ্যে উন্নত দেশৰ এনে মিশ্র অর্থনৈতিক ব্যৱস্থাৰ লগত ভাৰতবৰ্ষৰ দৰে অনুন্নত দেশৰ মিশ্র অর্থনীতিৰ পাৰ্থক্য আছে। ভাৰতৰ দৰে অনুন্নত দেশৰ মিশ্র অর্থনীতিত উদ্যোগ আৰু বিভিন্ন প্রকল্প স্থাপন আৰু পৰিচালনাত চৰকাৰে প্রত্যেক্ষভাৱে অংশগ্রহণ কৰা দেখা যায়। এনে দেশত পৰিকল্পনা আয়োগে কি দ্রৱ্য-সামগ্নী কেনে পদ্ধতিত উৎপাদন কৰা হ’ব সেই বিষয়ে সিদ্ধান্ত গ্রহণ কৰে, কিন্তু উন্নত দেশৰ মিশ্ন অর্থনীতিত চৰকাৰী হস্তক্ষেপ নীতিৰ ক্ষেত্ৰতে আৱদ্ধ। এনে অর্থনীতিত চৰকাৰে উৎপাদন ব্যৱস্থাত প্রত্যেক্ষভাৱে জড়িত হোৱাৰ পৰিৱর্তে উপযুক্ত নীতিৰ সহায়ত ব্যক্তিগত খণ্ডক নিয়ন্ত্রণ কৰে।
২৭। চাহিদা আৰু যোগান ৰেখাৰ পৰিবৰ্তনৰ অৰ্থ ব্যাখ্যা কৰা।
উত্তৰঃ দাম অপৰিৱৰ্তিত থকাৰ অৱস্থাত আনকোনো কাৰণত যেতিয়া এটা দ্ৰৱ্যৰ চাহিদাৰ পৰিৱৰ্তন ঘটে তাক চাহিদাৰ পৰিৱৰ্তন বুলি কোৱা হয়। চাহিদাৰ পৰিবৰ্তনৰ ফলত চাহিদা ৰেখাৰ অৱস্থানৰ পৰিৱৰ্তন ঘটে। কিছুমান উৎপাদনৰ প্রভাৱত চাহিদাৰেখাৰ অৱস্থিতিৰ পৰিৱর্তন হোৱা দেখা যায়। এই উপাদানসমূহৰ ভিতৰত আন দ্রৱ্য সামগ্ৰীৰ দাম, মানুহৰ ৰুচি, জীৱন- নিৰ্বাহৰ ধৰণ-কৰণ আৰু সামাজিক দৃষ্টিভংগী, জনসংখ্যা আৰু ইয়াৰ গাঁথনিৰ পৰিৱর্তন ইত্যাদি উল্লেখযোগ্য।
ওপৰৰ চিত্ৰত D₂D₂ এটা দ্ৰৱ্যৰ চাহিদা ৰেখা। উপাদানসমূহৰ পৰিৱৰ্তনৰ ফলত পূৰ্বৰ চাহিদাৰেখাডাল ওপৰলৈ গতি কৰিছে।
যেতিয়া আন অৱস্থাসমূহ অপৰিৱৰ্তিত থকাৰ অৱস্থাত এটা দ্ৰৱ্যৰ দাম বৃদ্ধি হ’লে ইয়াৰ যোগান বৃদ্ধি হয় আৰু দাম কমি গ’লে যোগান কমি যায়, তেতিয়া যোগানৰ এনে পৰিৱর্তনক ক্রমান্বয়ে ইয়াৰ সম্প্ৰসাৰণ আৰু সংকোচন বা যোগানৰ পৰিমাণৰ পৰিৱৰ্তন বুলি কোৱা হয়। যেতিয়া দামৰ পৰিৱৰ্তন নহ’লেও আন কোনো উপাদানৰ প্ৰভাৱত এটা দ্ৰৱ্যৰ যোগানৰ পৰিৱৰ্তন হয় তাক যোগানৰ হ্রাস-বৃদ্ধি বা যোগানৰ পৰিৱৰ্তন বুলি কোৱা হয়। যোগানৰ হ্রাস-বৃদ্ধিৰ ক্ষেত্ৰত যোগান ৰেখা পূৰ্বৰ স্থানৰ পৰা নতুন স্থানলৈ গতি কৰে।
ওপৰৰ চিত্ৰত দেখুওৱা হৈছে যে উপাদানসমূহৰ পৰিৱৰ্তনৰ ফলত পূৰ্বৰ যোগান ৰেখা বাওঁফালে। ওপৰলৈ গতি কৰিছে।
২৮। উপযুক্ত চিত্ৰৰ সহায়ত ব্যাখ্যা কৰা কৰৰ প্ৰভাৱ নিম্নলিখিত বিষয়সমূহৰ ওপৰত-
(ক) উপভোক্তাৰ উদ্বৃত্ত।
(খ) উৎপাদকৰ উদ্ধৃত্ত।
(গ) বজাৰৰ দক্ষতা।
উত্তৰঃ যেতিয়া কোনো চৰকাৰে কৰ নির্ধাৰণ কৰে, তেতিয়া অৱশ্যে তেওঁলোকে ভোক্তাৰ ওপৰত যে উৎপাদনকাৰীৰ ওপৰত কৰ নির্ধাৰণ কৰিব সেই প্রথমে সিদ্ধান্ত গ্রহণ কৰা হয়। ইয়াক আইনী কৰৰ ঘটনা বা পশ্চাদ্ভাৱ বুলি কোৱা হয়। সর্বাধিক সুপৰিচিত কৰ সমূহৰ ভিতৰত ভোক্তাৰ ওপৰত আৰোপ কৰা প্ৰধান কৰসমূহ হ’ল চৰকাৰী বিক্রয় কৰ (GST) আৰু প্রাদেশিক বিক্রয় কৰ (PST) হিচাপে ধার্য্য কৰা হয়। চৰকাৰে উৎপাদনকাৰী সমূহৰ ওপৰত বিভিন্ন কৰ আৰোপ কৰে, তাৰে ভিতৰত গেছ কৰ, যিয়ে উৎপাদনকাৰীৰ লাভ হ্রাস কৰে। শুল্ক আইনী কৰে কাক প্রভাৱিত কৰে তাৰ নির্ধাৰণ অপ্রাসংগিক। যেতিয়া চৰকাৰে গেছ কৰ আৰোপ কৰে উৎপাদকে তেওঁৰ কৰৰ কিছু বোজা বা কিছু ব্যয় কমোৱাৰ উদ্দেশ্য উৎপাদিত দ্রব্যসমূহৰ দৰ-
উৎপাদকৰ উদ্বৃত্ত = $ ৪ মিলিয়ন।
মুঠ বজাৰৰ উদ্বৃত্ত = $ 12 মিলিয়ন।
কৰ আৰোপৰ পিছত,
উপভোক্তাৰ উদ্বৃত্ত = $ 1 মিলিয়ন।
উৎপাদকৰ উদ্বৃত্ত = $ 2 মিলিয়ন।
চৰকাৰৰ আয় = $ 6 মিলিয়ন।
মুঠ বজাৰৰ উদ্বৃত্ত = $ 9 মিলিয়ন।
২৯। এটা দ্ৰব্যৰ চাহিদাৰ ওপৰত আয়বৃদ্ধিৰ প্রভাৱ ব্যাখ্যা কৰা চিত্ৰৰ সহায়ত।
উত্তৰঃ যদি দ্রব্যটো স্বাভাৱিক দ্রব্য হয় তেন্তে ক্রেতাৰ আয় বৃদ্ধিয়ে একেটা দৰতে চাহিদা বৃদ্ধি কৰিব আৰু চাহিদা ৰেখাডাল সোঁহাতে পৰিবর্তন হয়। তলত চিত্ৰৰ সহায়ত দেখুওৱা হ’ল-
চিত্রত DD হৈছে প্রকৃত চাহিদা ৰেখা। যেতিয়া ক্রেতাৰ আয় বৃদ্ধি হয় তেতিয়া চাহিদা ৰেখাডাল সোঁহাতে DD ৰ পৰা D₁D₁ লৈ পৰিৱৰ্তন হয়। এই অৱস্থাত আয় প্রভাৱ ইতিবাচক। অর্থাৎ একেটা দৰতে চাহিদা অধিক হয়।
নিকৃষ্ট দ্ৰব্যৰ ক্ষেত্ৰত আয়বৃদ্ধি পালে বিক্রী কমি যায়। গতিকে চাহিদা ৰেখাডাল বাওঁহাতে পৰিৱৰ্তন হয়। একেটা দৰতে চাহিদা হ্রাস পায়। কাৰণ নিকৃষ্ট দ্ৰব্যৰ ক্রেতাসকলে আয় বৃদ্ধিৰ লগে লগে গুণ সম্পন্ন বিকল্প দ্রব্য কিনিবলৈ আৰম্ভ কৰে। চিত্ৰত আয় বৃদ্ধিৰ লগে লগে চাহিদা ৰেখাডাল বাওঁহাতে DD ৰ পৰা D₁D₁ লৈ পৰিৱৰ্তন হৈছে। নিকৃষ্ট দ্ৰব্যৰ ক্ষেত্ৰত আয় প্রভাৱ ঋণাত্মক।
৩০। চাহিদা অনুসূচী এখনৰ সহায়ত চাহিদা বিধিটো ব্যাখ্যা কৰা।
উত্তৰঃ চাহিদা বিধি অনুসৰি অন্য সকলো অপৰিবর্তিত থাকিলে এটা দ্রব্যৰ দৰ আৰু তাৰ চাহিদাৰ সম্পৰ্ক বিপৰীতমুখী। অর্থাৎ যেতিয়া এটা দ্রব্যৰ দৰ বৃদ্ধি পায় তেতিয়া তাৰ চাহিদা হ্রাস পায় আৰু দৰ হ্রাস পালে চাহিদা বাঢ়ে। চাহিদা বিধিটো কাৰ্য্যকাৰী হ’বলৈ হ’লে কিছুমান বিষয় অপৰিৱর্তনীয় হিচাপে গ্রহণ কৰিব লাগিব। ইয়াৰ অৰ্থ হৈছে চাহিদা প্রভাৱিত কৰিব পৰা উপাদনবোৰ স্থিৰে থাকে বুলি ধৰি ল’ব লাগিব। এই উপাদানবোৰকে চাহিদা বিধিৰ স্বীকাৰ্য্য বুলি কোৱা হয়।
এই স্বীকাৰ্য্যসমূহ হ’ল-
(ক) উপভোক্তাৰ ৰুচি আৰু পছন্দ অপৰিৱর্তনীয়।
(খ) উপভোক্তাৰ আয় পৰিৱৰ্তন নহয়।
(গ) পৰিপূৰক আৰু বিকল্প দ্রব্যৰ দৰ একে থাকে।
(ঘ) উপভোক্তাসকলে ভৱিষ্যতে দৰ পৰিৱর্তন প্রত্যাশা নকৰে।
এখন চাহিদা অনুসূচীৰ সহায়ত চাহিদা বিধিটো ব্যাখ্যা কৰা হ’ল- দৰ আৰু চাহিদাৰ সম্পর্ক ব্যাখ্যা কৰা তালিকাখনকে চাহিদা অনুসূচী বোলা হয়। চাহিদা অনুসূচী দুই প্রকাৰৰ। এক নির্দিষ্ট সময়ত এজন ব্যক্তিয়ে বিভিন্ন দৰত ক্ৰয় কৰিব পৰা দ্রব্যৰ বিভিন্ন পৰিমাণ যেতিয়া তালিকাৰ মাধ্যমত উপস্থাপন কৰা হয় তাকে ব্যক্তিগত চাহিদা অনুসূচী বোলে। কিন্তু যেতিয়া বিভিন্ন বৃদ্ধিত আৰোপ কৰে আৰু ইয়াৰ ফলত উৎপাদিত দ্রৱ্য-সামগ্ৰীৰ চাহিদা কমে আৰু উৎপাদকৰ উদ্বৃত্ত পৰিমাণ হ্রাস হয়। উৎপাদকসকলৰ দৃষ্টিকোণৰ পৰা, তেওঁলোকৰ ওপৰত আৰোপ কৰা সকলো কৰ কেৱল দ্ৰৱ্যৰ প্রতিটো এককৰ প্রান্তিক ব্যয়ৰ বৃদ্ধিৰ কাৰণেহে। এক উদাহৰণৰ সহায়ত বুজোৱা হ’ল, যদি চৰকাৰে $ 35 গেছ কৰ উৎপাদকৰ ওপৰত আৰোপ কৰে, তেতিয়া যোগান ৰেখাডাল ওপৰলৈ গতি কৰিব, চিত্ৰত দেখুওৱাৰ দৰে এক নতুন ভাৰসাম্য অৱস্থাত উপনীত হ’ব য’ত দৰ (P) $ 5 আৰু তেলৰ পৰিমাণ (3) = 2 মিলিয়ন বেৰেল হ’ব। উৎপাদকে এতিয়া পাব মাত্র $ 2 কাৰণ $ 3 চৰকাৰলৈ পঠিয়াটো বাঞ্জনীয়। আকৌ উপভোক্তাৰ দৃষ্টিকোণৰ পৰা চালে, এই $ 1 দৰ বৃদ্ধিয়ে তেলৰ চাহিদা কমাব।
ওপৰৰ চিত্ৰত দেখুওৱা হৈছে যে যদি চৰকাৰে প্রতি একক তেলত $ 3 কৰ উৎপাদকৰ ওপৰত আৰোপ কৰে, তেতিয়া যোগান ৰেখা ওপৰলৈ গতি কৰিব আৰু পূৰ্বৰ ভাৰসাম্য অৱস্থান এৰি (E) এক নতুন অবস্থাত (E₁) উপনীতি হ’ব, য’ত তেলৰ দৰ বাঢ়িব, যাৰ ফলত উপভোক্তাৰ চাহিদা কমিব ফলত উৎপাদকৰ লাভ হ্রাস পাব কাৰণ $ 3 তেওঁ কৰ হিচাপে চৰকাৰক আদায় দিব লাগিব।
আনহাতে চৰকাৰে যদি উপভোক্তাৰ ওপৰত যিকোনো আইনী কৰ আৰোপ কৰে তেনেক্ষেত্রত উপভোক্তাৰ বস্তুটোৰ প্ৰতি চাহিদা কমিব ফলত চাহিদা ৰেখা তললৈ পৰিৱর্তন হ’ব। তলত চিত্ৰৰ সহায়ত আলোচনা কৰা হ’ল।
চিত্ৰত দেখুৱা হৈছে যে চৰকাৰে কৰ আৰোপ কৰাৰ ফলত উপভোক্তাৰ চাহিদা ৰেখা পূর্বৰ ভাৰসাম্য অৱস্থা, E ৰ পৰা তললৈ গতি কৰিছে। নতুন ভাৰসাম্য অৱস্থা E₁ ত উপভোক্তাই পূৰ্বৰ তুলনাত কমকৈ তেল উপভোগ কৰিব কাৰণ তেওঁলোক $ 3 কৰ হিচাপে চৰকাৰক আদায় দিব লাগিব। কৰ আৰোপৰ আগতে উপভোক্তাই 4 মিলিয়ন গেলন তেল $ 4 দৰত উপভোগ কৰিছিল, কিন্তু কৰ আৰোপৰ পিছত তেলৰ উপভোগৰ পৰিমাণ হ্রাস হয়, 2 মিলিয়ন গেলনলৈ। কৰ আৰোপ নকৰাৰ আগতে,
উপভোক্তাৰ উদ্বৃত্ত = $ 4 মিলিয়ন।
ব্যক্তিৰ সামগ্রীক চাহিদা প্রকাশ কৰা হয় তাক বজাৰ চাহিদা অনুসূচী আখ্যা দিয়া হয়। বিভিন্ন ব্যক্তিগত চাহিদাৰ অনুসূচী সমূহৰ সমান্তৰাল যোগফলেই বজাৰ চাহিদা অনুসূচী বুজায়। তলৰ তালিকাত ইয়াক প্রকাশ কৰা হৈছে।
ব্যক্তিগত আৰু বজাৰ চাহিদা অনুসূচী | |||
আইচক্রীমৰ দৰ | ক’ৰ চাহিদা | খ’ৰ চাহিদা | বজাৰ চাহিদা |
১ | ৪ | ৫ | ৪ + ৫ = ৯ |
২ | ৩ | ৪ | ৩ + ৪ = ৭ |
৩ | ২ | ৩ | ২ + ৩ = ৫ |
৪ | ১ | ২ | ১ + ২ = ৩ |
তাকিলাখন ২ টা স্বীকাৰ্য্যৰ ওপৰত প্রতিষ্ঠিত। যেনে বজাৰত কেৱল দুজন উপভোক্তা আছে আৰু চাহিদাৰ প্রভাৱকাৰী উপাদানবোৰ স্থিৰে থাকে। উপৰোক্ত তালিকাখনত দুজন ব্যক্তিৰ ব্যক্তিগত চাহিদা আৰু লগতে বজাৰ চাহিদা অনুসূচী দেখুওৱা হৈছে। অনুসূচীৰ পৰা দেখা যায় যে আইচক্ৰীমৰ দৰ বৃদ্ধিৰ লগে লগে চাহিদাৰ পৰিমাণ হ্রাস পাইছে। উদাহৰণস্বৰূপে আইচক্রীমৰ দৰ প্রতিটোত এটকা হওঁতে বজাৰ চাহিদাৰ পৰিমাণ যেতিয়া দুটকালৈ বৃদ্ধি পাইছে তেতিয়া বজাৰ চাহিদা ৭ হৈছে। ক’ৰ চাহিদা ৩ আৰু খ’ৰ চাহিদা ৪ হৈছে।
৩১। চাহিদাৰেখাৰ স্থানান্তৰ অথবা চাহিদাৰ বৃদ্ধি আৰু হ্রাস বুলিলে কি বুজা। চিত্ৰৰ সহায়ত ব্যাখ্যা কৰা।
উত্তৰঃ যেতিয়া দৰৰ পৰিৱৰ্তনৰ বাবে চাহিদাৰ পৰিৱৰ্তন ঘটে তেতিয়া তাক কোৱা হয় চাহিদাৰ বিস্তৃতি বা সংকোচন। অর্থাৎ চাহিদাৰ পৰিমানৰ বৃদ্ধি বা হ্রাস। ইয়াৰ ফলত চাহিদা ৰেখাৰ স্থানান্তৰ হয়।
যেতিয়া এজন গ্রাহকে দৰ হ্রাস হোৱাৰ বাবে অধিক চেনি ক্রয় কৰে তাক বোলা হয় চাহিদাৰ বিস্তৃতি বা চাহিদাৰ পৰিমাণৰ বৃদ্ধি। যেতিয়া দৰ বৃদ্ধিৰ বাবে কম ক্রয় কৰে তাক বোলা হয় সংকোচন বা চাহিদাৰ পৰিমাণৰ হ্রাস। দৰৰ পৰিৱর্তন নোহোৱা সত্বেও যেতিয়া এজন গ্রাহকে অধিক চেনি ক্রয় কৰে, তাক বোলা হয় চাহিদাৰ বৃদ্ধি। আনহাতে, দৰ একে অৱস্থাত থকা সত্ত্বেও যেতিয়া গ্রাহক এজনে আগতকৈ কম ক্রয় কৰে, তাক বোলা হয় চাহিদাৰ হ্রাস। নাইবা দৰ হ্ৰাস হোৱা সত্বেও যদি এজন গ্রাহকে আগৰ সমানে ক্রয় কৰে, তাক বোলা হয় চাহিদাৰ হ্রাস। তলত চিত্ৰৰ সহায়ত চাহিদাৰ পৰিমাণৰ বৃদ্ধি হ্রাস দেখুওঁৱা হৈছে।
চিত্ৰত যেতিয়া দৰ PM ৰ পৰা P/M/ লৈ হ্রাস পায়, চাহিদাৰ বিস্তৃতি ঘটে OM ৰ পৰা OM/ লৈ। যেতিয়া দৰ P/M/ ৰ পৰা PM লৈ বৃদ্ধি পায় চাহিদা OM/ ৰ পৰা OM লৈ সংকুচিত হয়। চিত্র (খ) চাহিদাৰ বৃদ্ধি আৰু হ্রাস দেখুওৱা হৈছে।
চাহিদা ৰেখা D²D³ লোৱা হ’ল। এই চাহিদা ৰেখাই চাহিদাৰ বৃদ্ধি হোৱা বুজায়। দৰ PM থাকোতে ক্ৰয়ৰ পৰিমাণ আছিল OM। এতিয়া LM/ দৰত (= PM) OM/ পৰিমাণৰ বস্তু ক্রয় কৰে। দৰ যেতিয়া PM/ লৈ বৃদ্ধি পায় ক্রয়ৰ পৰিমাণ OM ত থাকে। গতিকে D²D³ ৰেখাই চাহিদা বৃদ্ধিক বুজায়। সেই একেদৰে dd/ ৰেখাই চাহিদাৰ হ্রাসক বুজায়।
৩২। কি কি কাৰণত যোগান ৰেখা পৰিৱৰ্তন হোৱা দেখা যায়?
উত্তৰঃ যোগান পৰিৱৰ্তনৰ বিভিন্ন কাৰণবোৰ হ’ল-
(ক) উৎপাদনৰ উপাদানৰ দৰ পৰিৱৰ্তনঃ উৎপাদন প্রতিষ্ঠানবোৰে উৎপাদন কার্যত বিভিন্ন উপাদান যেনে বেচা সামগ্রী, শ্রমিক, যন্ত্রপাতি আদি ব্যৱহাৰ কৰে। অন্য সকলো একে থাকিলে যি কোনো উপাদানৰ দৰ বৃদ্ধিয়ে উৎপাদকৰ লাভৰ পৰিমাণ হ্রাস কৰে। গতিকে প্রতিষ্ঠানখনে কম পৰিমাণৰ দ্রব্যহে উৎপাদন কৰি বিক্ৰী কৰিবলৈ বিচাৰে। ফলত যোগান ৰেখাডাল বাওঁপিনে গতি কৰে।
(খ) প্রযুক্তিৰ পৰিৱর্তনঃ যি কোনো সময়তে কি দ্রব্য আৰু কেনেকৈ উৎপাদন কৰা হ’ব সি নিৰ্ভৰ কৰে প্রযুক্তি কৌশলৰ ওপৰত। যদি প্রযুক্তিৰ উন্নয়ন হয় তেন্তে উৎপাদন ব্যয় হ্রাস পাব আৰু ফলস্বৰূপে উৎপাদকৰ লাভ বৃদ্ধি হ’ব। গতিকে এক নির্দিষ্ট দৰত প্রতিষ্ঠান এখনে পূর্বতকৈ অধিক দ্রব্য উৎপাদন কৰি বিক্ৰী কৰিবলৈ ইচ্ছুক হ’ব। সেয়েহে যোগান ৰেখাডাল সোঁহাতে পৰিবর্তন হ’ব। উৎপাদন প্রযুক্তিৰ মান নিম্নগামী হ’লে যোগান ৰেখাডাল বাওঁহাতে পৰিৱৰ্তন হ’ব।
(গ) আৱকাৰী কৰৰ হাৰ পৰিৱৰ্তনঃ আৱকাৰী কৰ দ্রব্য আৰু সেৱাৰ উৎপাদনৰ ওপৰত আৰোপ কৰা হয়। এই কৰ উৎপাদন ব্যয়ৰ অন্তর্ভুক্ত হয়। আৱকাৰী কৰৰ হাৰ পৰিৱর্তনে প্রান্তীয় ব্যয়ৰ ওপৰত প্ৰভাৱ পেলায়। ফলত যোগান ৰেখা বাওঁহাতে পৰিৱর্তন হ’ব। আনহাতে, আৱকাৰী শুল্কৰ হাৰ হ্রাস পালে যোগান ৰেখাডাল সোঁহাতে পৰিৱৰ্তন হ’ব।
(ঘ) উৎপাদন প্রতিষ্ঠানৰ লক্ষ্য পৰিৱৰ্তনঃ সাধাৰণতে প্রতিখন উৎপাদন প্রতিষ্ঠানৰে লক্ষ্য হৈছে লাভ সর্বাধিক কৰা। কিন্তু বিভিন্ন প্রতিষ্ঠানৰ অন্যান্য লক্ষ্যও থাকিব পাৰে। কিছুমান প্রতিষ্ঠানে লাভৰ বিপৰীতে বিক্রী সর্বাধিক কৰিবলৈ বিচাৰিব পাৰে। এনে ক্ষেত্ৰত প্ৰতিটো দৰতে আগতকৈ অধিক বিক্রী কৰিব। ফলস্বৰূপে যোগান ৰেখা সোঁহাতে পৰিৱৰ্তন হ’ব। আকৌ কিছুমান প্রতিষ্ঠানে নিৰাপদে থকাকৈ কম লাভ অর্জন কৰাৰ লক্ষ্য গ্রহণ কৰিব। ফলস্বৰূপে পূৰ্বতকৈ কম পৰিমাণে দ্রব্য উৎপাদন আৰু বিক্ৰী কৰিব। যোগান ৰেখাডাল তেতিয়া বাওঁহাতে পৰিৱর্তন হ’ব।
৩৩। যোগান নিৰ্দ্ধাৰণকাৰী উপাদানসমূহ কি কি?
উত্তৰঃ যোগান নিৰ্দ্ধাৰণকাৰী উপাদানসমূহ হ’ল-
(ক) দ্রব্যটোৰ নিজা দৰঃ দ্রব্য এটাৰ দৰ আটাইতকৈ উল্লেখযোগ্য নিৰ্দ্ধাৰণকাৰী উপাদান। দৰ অধিক হ’লে যোগানো বৃদ্ধি পায়। অধিক দৰত উৎপাদকে সাধাৰণতে বজাৰত অধিক দ্রব্যৰ যোগান ধৰে। আনহাতে দৰ হ্রাস পালে যোগানো হ্রাস পায়।
(খ) অন্যান্য দ্ৰব্যৰ দৰঃ দ্রব্য এটাৰ যোগান অন্যান্য দ্ৰব্যৰ দৰৰ ওপৰতো নিৰ্ভৰ কৰে। অন্যান্য দ্রব্যবোৰৰ দৰ বৃদ্ধিয়ে সিহঁতৰ উৎপাদন অধিক লাভজনক কৰি তোলে। আনহাতে যিবোৰ দ্ৰব্যৰ দৰ পৰিৱর্তন নহয় সেইবোৰ দ্রব্য কম পৰিমাণে লাভজনক হয়। সেয়েহে এনেবোৰ দ্রব্যৰ যোগান হ্রাস পায়।
(গ) নিকট সম্পৰ্কীয় দ্রব্যৰ দৰঃ এটা দ্রব্যৰ যোগান তাৰ নিকট সম্পৰ্কীয় দ্রব্য বিশেষকৈ বিকল্প দ্ৰব্যৰ ওপৰতো নিৰ্ভৰ কৰে। উৎপাদক সকলৰ মাজত সদায় এটা দ্রব্য উৎপাদনৰ পৰা অন্য এটা লাভজনক দ্রব্য উৎপাদনলৈ পৰিৱৰ্তনৰ সম্ভাবনা থাকে।
(ঘ) উৎপাদনৰ উপাদানবোৰৰ দৰঃ দ্রব্য এটা উৎপাদন কৰিবলৈ এখন উৎপাদন প্রতিষ্ঠানে বহুবোৰ উপাদান ব্যৱহাৰ কৰিবলগীয়া হয়। যেনে কেঁচা সামগ্রী, যন্ত্রপাতি ইত্যাদি। যদি এই উপাদানবোৰৰ দৰ বৃদ্ধি পায়, তেন্তে প্রতিষ্ঠানখনৰ লাভৰ পৰিমাণ হ্রাস পাব। এনে হোৱাৰ বাবে চলিতদৰত প্ৰতিষ্ঠানখনৰ যোগান পূৰ্বতকৈ কমি যাব। আনহাতে উপাদনবোৰৰ দৰ হ্ৰাস পালে প্রতিষ্ঠানখনৰ লাভৰ সম্ভাৱনা বৃদ্ধি পাব। সেয়েহে প্রতিষ্ঠানখনে যোগানৰ পৰিমাণ পূর্বতকৈ বৃদ্ধি কৰিব।
(ঙ) প্রযুক্তিৰ স্তৰঃ উৎপাদন প্রযুক্তিৰ উন্নয়নে নির্দিষ্ট পৰিমাণৰ সম্পদৰ সহায়ত অধিক উৎপাদন সুনিশ্চিত কৰে। এনে অৱস্থাত গড় আয় হ্রাস পায় আৰু নির্দিষ্ট দৰত উৎপাদন প্রতিষ্ঠানখনে অধিক দ্রব্য যোগান ধৰিবলৈ ইচ্ছুক হয়। গতিকে নতুন প্রযুক্তিৰ উদ্ভাবনে এটা দ্রব্যৰ যোগান বৃদ্ধিত এক গুৰুত্বপূর্ণ ভূমিকা পালন কৰে।
(চ) প্রতিষ্ঠানখনৰ লক্ষ্যঃ প্রতিষ্ঠান এখনৰ লক্ষ্যৰ ওপৰতো দ্রব্য এটাৰ যোগান নির্জৰ কৰে। এখন প্রতিষ্ঠানৰ লক্ষ্য হ’ব পাৰে ‘লাভ সর্বাধিক কৰা বিক্রী সর্বাধিক কৰা নাইবা ক্ষয় ক্ষতি হ্রাস কৰা’। লাভ সর্বাধিক হ’লে যোগানো বৃদ্ধি পায়।
(ছ) প্রতিষ্ঠানৰ সংখ্যাঃ যদি একে সামগ্ৰীৰ যোগানকাৰী প্ৰতিষ্ঠানৰ সংখ্যা অধিক হয় তেন্তে দ্রব্যৰ যোগান বৃদ্ধি পায়। ইয়াৰ বিপৰীতে যদি উৎপাদন প্রতিষ্ঠানৰ সংখ্যা কম তেন্তে দ্রব্যৰ যোগান হ্রাস পাব।
(জ) চৰকাৰী নীতিঃ চৰকাৰী নীতিও যোগানৰ পৰিমাণ প্রভাৱিত কৰে। যদি চৰকাৰে দ্ৰব্যৰ বিক্ৰীৰ ওপৰত বিক্ৰী কৰ আৰোপ কৰে বিক্ৰী ফলত বিক্ৰীৰ দৰ বৃদ্ধি পাব। আকৌ চৰকাৰে যদি বিক্রেতাক বিক্রী মূল্যৰ ওপৰত ৰাজ সাহাৰ্য্য প্রদান কৰে তেন্তে বিক্রেতাই একে পৰিমাণৰ দ্রব্য আগতকৈ কম দৰত বিক্ৰী কৰিব পাৰিব।
৩৪। সন্তুলন দাম আৰু পৰিমাণত চাহিদা আৰু যোগানৰ একে সময়তে হোৱা পৰিৱৰ্তনৰ প্রভাৱ লেখচিত্ৰৰে ব্যাখ্যা কৰা।
উত্তৰঃ যোগান আৰু চাহিদা ৰেখাৰ পৰিৱর্তন ফলত সম্ভলন বিন্দুৰ পৰিৱৰ্তন ঘটে। দ্ৰব্যৰ দৰ নিৰ্দ্ধাৰণ কৰোঁতে চাহিদা আৰু যোগানে প্রভাৱ বিস্তাৰ কৰে। সম্ভলন বিন্দু এটাত দ্রব্যৰ চাহিদা আৰু যোগান সমান হয় তেনে অৱস্থাত নিৰ্দ্ধাৰিত দৰক ভাৰসাম্য দৰ আৰু দ্রব্যৰ পৰিমাণ ভাৰসাম্য দ্রব্য বোলে।
ভাৰসাম্য অৱস্থাত চাহিদা আৰু যোগানৰ পৰিৱৰ্তন সমানুপাতিক হাৰত হ’লে ভাৰসাম্য অৱস্থাৰ পৰিৱর্তন নহয়। এনে অৱস্থাত দ্রব্যব দৰ একে থাকে মাত্র চাহিদাৰ পৰিমাণ বৃদ্ধি পায়।
চিত্রত DD চাহিদা আৰু SS যোগান ৰেখাই E বিন্দুত ছেদ কৰিছে। প্রথম অৱস্থাত চাহিদা ৰেখাই বিন্দুলৈ পৰিৱৰ্তন হোৱাত দৰ পৰিৱৰ্তন হৈছিল। চাহিদাৰ লগে লগে যোগান ৰেখাৰ সমানুপাতিক পৰিৱৰ্তনৰ ফলত দৰ আগৰ অৱস্থাতে থাকে কিন্তু যোগান পৰিমাণ বৃদ্ধি পায়।