Introductory Microeconomics Unit 5 আভ্যন্তৰীণ বজাৰ

Introductory Microeconomics Unit 5 আভ্যন্তৰীণ বজাৰ, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Introductory Microeconomics Unit 5 আভ্যন্তৰীণ বজাৰ Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Introductory Microeconomics Unit 5 আভ্যন্তৰীণ বজাৰ Question Answer can be of great value to excel in the examination.

Introductory Microeconomics Unit 5 আভ্যন্তৰীণ বজাৰ

Join Telegram channel

Introductory Microeconomics Unit 5 আভ্যন্তৰীণ বজাৰ Notes cover all the exercise questions in UGC Syllabus. Introductory Microeconomics Unit 5 আভ্যন্তৰীণ বজাৰ provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

আভ্যন্তৰীণ বজাৰ

INTRODUCTORY MICROECONOMICS

অতি চমু প্রশ্নোত্তৰঃ

১। আর্থিক মজুৰি কি?

উত্তৰঃ শ্রমিকে নিজৰ সময়ৰ মূল্য হিচাপে কোনো নির্দিষ্ট সময়ত যেনে- দৈনিক, সাপ্তাহিক, মাহিলি যি পৰিমাণৰ টকা পইচা পায় তাকে মুদ্রা বা আর্থিক মজুৰি বোলে।

২। প্রকৃত মজুৰি কাক বোলে?

উত্তৰঃ যি মজুৰিয়ে শ্রমিকব প্রকৃত অর্থনৈতিক অৱস্থাৰ স্পষ্ট ৰূপ দাঙি ধৰিব পাৰে তাকে প্রকৃত মজুৰি বুলি কোৱা হয়।

৩। শ্রমিক সংঘ কি?

উত্তৰঃ একগোট হৈ শ্রমিকসকলে যেতিয়া তেওঁলোকৰ বিভিন্ন দাবী পূৰণ কৰিবলৈ মালিকপক্ষক হেঁচা দিবলৈ সংকল্প গ্রহণ কৰে তাকেই শ্রমিক সংঘ বুলি কোৱা হয়।

8। সামূহিক দৰ-দাম কি?

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

উত্তৰঃ শ্রমিকসকলে যেতিয়া একগোট হৈ উপযুক্ত মজুৰি আহবণৰ ক্ষেত্ৰত মালিকপক্ষৰ লগত দৰ-দাম কৰে তাকেই সামুহিক দৰ-দাম বুলি কোৱা হয়।

৫। প্রান্তিক উৎপাদন কি?

উত্তৰঃ অতিৰিক্ত উৎপাদনৰ যি অতিৰিক্ত উৎপাদন তাকে প্রান্তিক উৎপাদন বোলে।

৬। প্রান্তিক উৎপাদনশীলতা কাক বোলে?

উত্তৰঃ শ্রমিক বা আন কোনো উপাদানৰ ‘প্রান্তিক উৎপাদনশীলতা’ শব্দটোৱে অতিৰিক্ত উপাদান নিযুক্তিৰ ফলত এটা দ্ৰৱ্যৰ যি অতিৰিক্ত গোট উৎপাদন হয় তাকেই উপাদানটোৰ প্রান্তিক উৎপাদনশীলতা বুলি কোৱা হয়।

৭। কায়িক প্রান্তিক উৎপাদনশীলতা বুলিলে কি বুজা?

উত্তৰঃ দ্ৰৱ্যৰ পৰিমাণত প্রান্তিক উৎপাদনশীলতা প্রকাশ কৰিলে তাক দ্রৱ্যমূলক বা কায়িক প্রান্তিক উৎপাদনশীলতা বুলি কোৱা হয়।

৮। খাজনা কি?

উত্তৰঃ ভূমিৰ প্রকৃতিদত্ত আৰু অবিনশ্বৰ শক্তিৰ ব্যৱহাৰৰ কাৰণে যি মূল্য দিবলগীয়া হয় সেয়েই হৈছে খাজনা।

৯। বন্দৱস্তি বা চুক্তিবদ্ধ খাজনা কি?

উত্তৰঃ ভূমি ব্যৱহাৰ কৰিবলৈ লোৱাৰ কাৰণে কৃষকসকলে ভূমিৰ গৰাকীৰ পৰা এক বিশেষ সময়ৰ কাৰণে নির্দিষ্ট পৰিমাণৰ মূল্য প্রদানৰ বন্দৱক্তিৰ ভিত্তিত যি খাজনা দিয়া হয়, সেয়েই হৈছে বন্দৱস্তিৰ খাজনা।

১০। প্রান্তিক ভূমি কি?

উত্তৰঃ ৰিকার্ডোৰ মতে, যিডোখৰ ভূমিয়ে নিজৰ উৎপাদিত শস্য বিক্ৰী কৰি মাত্র উৎপাদনৰ খৰচখিনিহে পায় তাতকৈ বেছিত নাপায় আৰু কমো নাপায় সেই ডোখৰেই হৈছে প্রান্তিক ভূমি।

১১। পার্থক্যজনিত খাজনা কি?

উত্তৰঃ ভূমিৰ উৰ্বৰতাৰ পাৰ্থক্যৰ কাৰণে সৃষ্টি হোৱা খাজনাকেই পার্থক্যজনিত খাজনা বুলি কোৱা হয়।

১২। দুষ্প্রাপ্যতাৰ খাজনা কি?

উত্তৰঃ ভূমিৰ উৰ্বৰতাৰ পাৰ্থক্য নথকা সত্বেও ইয়াৰ দুষ্প্রাপ্যতাৰ কাৰণে দিবলগীয়া হোৱা খাজনাকেই দুষ্প্রাপ্যতাৰ খাজনা বুলি কোৱা হয়।

১৩। উপ-খাজনা বা সদৃশ খাজনা কাক বোলে?

উত্তৰঃ ভূমিৰ যোগান হ্রস্বকালীন আৰু দীর্ঘকালীন দুয়োটা অৱস্থাতেই সীমাবদ্ধ বা অপৰিৱৰ্তিত হোৱাৰ কাৰণে, ভূমিয়ে খাজনা উপার্জন কৰিবলৈ সক্ষম হয়। কিন্তু ভূমিৰ উপৰিও আন উপাদানৰ যোগান হ্রস্বকালীন অৱস্থাত সীমাবদ্ধ হ’ব পাৰে। এনে অৱস্থাত সেই উপাদানবোৰে যি অস্বাভাৱিক উপার্জন কৰে তেনে উপার্জনক উপ বা সদৃশ খাজনা বুলি কোৱা হয়।

চমু আৰু ৰচনাধর্মী প্রশ্নোত্তৰঃ

১। আর্থিক মজুৰি আৰু প্ৰকৃত মজুৰিৰ মাজৰ পাৰ্থক্য বিচাৰ কৰা। প্রকৃত মজুৰি নিৰ্ভৰ কৰা মূল্য উপাদানসমূহ নিৰ্ণয় কৰা।

উত্তৰঃ মজুৰি দুই ধৰণৰ-মুদ্রা মজুৰি আৰু প্রকৃত মজুৰি। এই দুই ধৰণৰ মজুৰিৰ মাজত কিছু ক্ষেত্ৰত পার্থক্য থকা পৰিলক্ষিত হয়। যেনে- শ্রমিকে নিজৰ সময়ৰ মূল্য হিচাপে কোনো নির্দিষ্ট সময়ত যেনে- দৈনিক, সাপ্তাহিক, মাহিলি যি পৰিমাণৰ টকা-পইচা পায় তাকে মুদ্রা মজুৰি বোলে। উদাহৰণস্বৰূপে, এজন শ্রমিকে যদি মাহিলি ৫০০ টকা নগদ মজুৰি হিচাপে পায় তাকে মুদ্রা মজুৰি বুলি কোৱা হয়। মুদ্রা মজুৰিয়ে শ্রমিকৰ প্ৰকৃত অর্থনৈতিক অৱস্থাৰ নিৰ্দেশ দিব নোৱাৰে। শ্রমিকৰ প্রকৃত আর্থিক অৱস্থা মুদ্রা মজুৰিৰ উপৰিও অন্যান্য কিছুমান উপাদানৰ ওপৰত নিৰ্ভৰ কৰে। যি মজৰিয়ে শ্রমিকৰ প্রকৃত অর্থনৈতিক অবস্থাৰ স্পষ্ট ৰূপ দাঙি ধৰিব পাৰে তাকে প্রকৃত মজুৰি বুলি কোৱা হয়।

প্রকৃত মজুৰি নির্ধাৰণ কৰা উপাদানসমূহ তলত আলোচনা কৰা হ’ল-

(ক) দক্ষতাৰ পাৰ্থক্যঃ শ্রমিকসকলৰ দক্ষতাৰ পাৰ্থক্য মজুৰিৰ পাৰ্থক্যৰ এক অন্যতম কাৰণ। দক্ষ শ্রমিকসকলৰ উৎপাদন ক্ষমতা অধিক হোৱাৰ উপৰিও তেওঁলোকৰ যোগান। চাহিদাৰ তুলনাত কম হোৱাৰ কাৰণে সাধাৰণ শ্রমিকসকলতকৈ অধিক হাৰত দৰমহা পায়।

(খ) মুদ্রা মজুৰিঃ মুদ্রা মজুৰিয়েও শ্রমিকৰ প্রকৃত মজুৰি নির্ধাৰণ কৰাত সহায় কৰে। অপৰিৱৰ্তিত দ্রৱ্য-সামগ্ৰীৰ মূল্য সূচীত যদি শ্রমিকৰ মুদ্রা মজুৰি বৃদ্ধি হয়, তেতিয়া শ্রমিকৰ। প্রকৃত মজুৰিও বৃদ্ধি হয়। অন্যহাতেদি দ্রৱ্য-সামগ্ৰীৰ দৰ সূচীৰ বৃদ্ধিৰ হাৰ যদি মুদ্রা মজুৰৰ বৃদ্ধিৰ হাৰতকৈ অধিক হয়, তেতিয়া প্রকৃত মজুৰি কমি যায়।

(গ) উপৰুৱা আয়ৰ সুবিধাঃ যিবোৰ চাকৰিত উপৰুৱা উপাৰ্জন কৰাৰ সুবিধা থাকে তেনে চাকৰিত মকৰল হোৱা শ্রমিকসকলৰ প্রকৃত মজুৰি অধিক হয়। উদাহৰণস্বৰূপে যিবোৰ চাকৰিত অধিক সময় কাম কৰি উপৰুৱা উপাৰ্জন কৰাৰ সুবিধা আছে, তেনে চাকৰিত অতিৰিক্ত উপার্জনে শ্রমিকৰ প্রকৃত মজুৰি বৃদ্ধি কৰাত সহায় কৰে।

(ঘ) শ্রমিকৰ গতিশীলতাঃ উৎপাদনৰ সকলো উপাদানৰ ভিতৰত শ্রমিকৰ ক্ষেত্ৰতেই গতিশীলতাৰ অভাৱ বিশেষভাৱে পৰিলক্ষিত হয়। শ্রমিকসকলে সাধাৰণতে ঘৰৰ ওচৰৰ চাকৰিত অধিক অগ্রাধিকাৰ দিয়ে। সেইকাৰণে দূৰ স্থানলৈ শ্রমিকসকলক আকর্ষিত কৰিবলৈ অধিক দৰমহা দিয়া হয়। বিদেশত চাকৰিৰ দৰমহা অধিক হোৱাৰ ইয়ো এক প্রধান কাৰণ।

২। মজুৰিৰ তত্ত্বটো আলোচনা কৰা।

উত্তৰঃ মজুৰিৰ তত্ত্বত মজুৰি নির্ধাবণ বা শ্রমিকৰ মূল্য নির্ধাৰণৰ পদ্ধতিৰ বিষয়ে আলোচনা কৰা হয়। এই তত্ত্বসমূহৰ ভিতৰত উল্লেখযোগ্য তত্ত্বসমূহৰ বিষয়ে তলত আলোচনা কৰা হ’ল।

নুন্যতম মজুৰি তত্ত্ব-নূন্যতম মজুৰি তত্ত্ব সংস্থাপিত প্রাচীন অর্থনীতিবিদসকলে গঠন কৰা তত্ত্ব। এই তত্ত্ব অনুসৰি শ্রমিকৰ মজুৰিৰ পৰিমাণ তেওঁলোকৰ সর্বনিম্ন জীৱন ধাৰণৰ মানদণ্ডৰ দ্বাৰা নির্ধাবিত হয়। মজুৰিৰ এনে ধাৰণাটো মালথাচৰ জনসংখ্যাৰ তত্ত্বৰ ভিত্তিত গঠন হৈছিল। এই তত্ত্ব অনুসৰি যদি শ্ৰমিকসকলক তেওঁলোকৰ নিম্নতম প্রয়োজনতকৈ অধিক মজুৰি দিয়া হয়। তেতিয়া শ্রমিকসকলৰ মাজত বিয়া বাৰুৰ পৰিমাণ বৃদ্ধি পোৱাৰ ফলত জনসংখ্যা বৃদ্ধি হ’ব আৰু শ্ৰমিকৰ যোগান বৃদ্ধি হ’ব। চাহিদাৰ তুলনাত শ্রমিকৰ যোগান বৃদ্ধি হ’লে মজুৰিৰ হাৰ নিম্নগামী হ’ব আৰু নিম্নতম প্রয়োজনৰ হাৰতকৈ তললৈ নামি আহিব। ইয়াৰ ফলত বহুতো শ্রমিকে অনাহাৰে আৰু অর্ধহাৰে থাকি মৃত্যুৰ মুখত পৰিব। শ্রমিকৰ মৃত্যুৰ হাৰ বৃদ্ধিৰ লগে লগে শ্রমিকৰ যোগান কমি যাব আৰু চাহিদাৰ তুলনাত শ্রমিকৰ যোগান কমি গ’লে মজুৰিৰ হাৰ পুনৰ বৃদ্ধি হ’ব। গতিকে শ্ৰমিকৰ মজুৰিৰ হাৰৰ সুস্থিৰতা বা ভাৰসাম্যতা তেওঁলোকক নিম্নতম প্রয়োজনৰ ভিত্তিত মজুৰি প্ৰদান কৰিলেহে প্রতিষ্ঠা হ’ব।

জনসংখ্যাৰ পৰিমাণ পৰিৱৰ্তনৰ সুস্থিৰতা ৰক্ষাৰ্থে মালথার্চে পৃষ্টপোষকতা কৰা সর্বনিম্ন মজুৰি তত্ত্বৰ প্রয়োগ ৰিকার্ডো আৰু কার্ল মার্ক্সেও স্বীকৃতি প্রদান কৰিছে। অৱেশ্য কার্ল মার্ক্সৰ মতে পুঁজিবাদী দেশত অত্যাধিক পৰিমাণৰ নিৱনুৱাৰ কাৰণেহে শ্রমিকসকলক নিম্নতম মজুৰি প্ৰদান কৰা সম্ভৱপৰ হয়। যিবিলাক অনুন্নত দেশত উচ্চ হাৰত জনসংখ্যা বৃদ্ধিৰ কাৰণে নিৰক্ষৰ আৰু দক্ষতাবিহীন শ্রমিকৰ যোগান চাহিদাৰ তুলনাত অসীম, তেনে দেশবোৰতো শ্রমিকসকলক সর্বনিম্ন মজুৰি প্ৰদান কৰা দেখা যায়। নূন্যতম মজুৰি তত্ত্বটো তলত চিত্ৰৰ সহায়ত ব্যাখ্যা কৰা হৈছে।

চিত্রত OX অক্ষই শ্রমিকৰ চাহিদা আৰু যোগানৰ পৰিমাণ আৰু OY অক্ষই মজুৰিৰ হাৰৰ প্রতিনিধিত্ব কৰিছে। চিত্ৰ অনুসৰি OW হৈছে শ্রমিকৰ নূন্যতম মজুৰিৰ হাৰ। OW মজুৰিৰ হাৰত শ্রমিকৰ যোগান পূর্ণ স্থিতিস্থাপক। কাৰণ, এই মজুৰিৰ হাৰত মজুৰিৰ ৰেখাডাল OX অক্ষৰ আনুভূমিক হৈ আছে। শ্রমিকৰ যোগান পূর্ণস্থিতিস্থাপক হোৱাৰ কাৰণে ইয়াৰ চাহিদা DD ৰ পৰা D₁D₁ লৈ বৃদ্ধি পোৱা সত্ত্বেও মজুৰি হাৰৰ কোনো পৰিৱর্তন ঘটা নাই।

সমালোচনাঃ নূন্যতম মজুৰি তত্ত্বটো আধুনিক অর্থনীতিবিদসকলে গ্রহণ কৰা নাই। কাৰণ তেখেতসকলৰ মতে, সামাজিক কল্যাণৰ নীতিৰ দ্বাৰা পৰিচালিত হোৱা কোনো ৰাষ্ট্ৰৰ চৰকাৰেই সর্বনিম্ন প্রয়োজনৰ ভিত্তিত শ্ৰমিকসকলৰ মজুৰি প্ৰদান কৰাৰ বিষয়টো মানি ল’ব নোৱাৰে।

দ্বিতীয়তে, বর্তমান যুগৰ শ্ৰমিকসকলৰ শক্তিও যথেষ্ট। উৎপাদন ব্যৱস্থালৈ তেওঁলোকৰ বৰঙণিৰ বিনিময়ত যুক্তিসংগত পৰিশ্রমিক উপাৰ্জন কৰিবৰ কাৰণে শ্রমিক শক্তিয়ে শ্রমিক সংঘৰ লগত সংঘবদ্ধ হৈ সংগ্রাম চলোৱাৰ কাৰণে তেওঁলোকক নিম্নতম মজুৰি দিয়াৰ পৰা নিয়োগকাৰী বিৰত হ’বলৈ বাধ্য হৈছে।

৩। মজুৰিৰ প্রান্তিক উৎপাদনশীলতাৰ তত্ত্বটো আলোচনা কৰা। ইয়াৰ ত্রুটিসমূহ উল্লেখ কৰা।

উত্তৰঃ প্রান্তিক উৎপাদনৰ তত্ত্বটো উৎপাদনৰ উপাদানসমূহৰ মাজত জাতীয় উপার্জন বিতৰণ কৰাৰ সাধাৰণ তত্ত্ব। কোনো বস্তুৰ দাম বা মূল্য যেনেকৈ ইয়াৰ প্রান্তিক। উপযোগিতাৰ ওপৰত নির্ভৰ কৰে তেনেদৰে উৎপাদনৰ উপাদানসমূহৰ মূল্য সিহঁতৰ প্রান্তিক উৎপাদনৰ ওপৰত নির্ভৰশীল। অতিৰিক্ত উপাদানৰ যি অতিৰিক্ত উৎপাদন তাকে প্রান্তিক উৎপাদন বুলি কোৱা হয়।

বস্তুৰ প্রান্তিক উপযোগিতা যেতিয়া বজাৰৰ দামৰ সমান হয় তাতেই উপভোক্তাৰ চৰম তৃপ্তি সাধন হয় আৰু বজাৰৰ মূল্য বা দাম স্থিৰ হয়। তেনেদৰে যেতিয়া উৎপাদনৰ এটা উপাদানৰ অতিৰিক্ত একক নিয়োগ কৰাৰ ফলত যি অতিৰিক্ত উৎপাদন হয়, সেই অতিৰিক্ত উৎপাদনৰ মূল্য যদি সেই উপাদানটোৰ নিয়োজিত অতিৰিক্ত এককে পোৱা আয়ৰ সমান হয়, তাতেই উপাদানটোৰ নিয়োগ কৰা কাৰ্য বন্ধ হয়। উদাহৰণস্বৰূপে, যি পর্যন্ত কোনো উৎপাদনকাৰীয়ে শ্রমিকসকলক তেওঁলোকৰ প্রান্তিক উৎপাদনতকৈ কম মজুৰি দি নিয়োগ কৰিব পাৰে সেই পর্যন্ত তেওঁ অতিৰিক্ত শ্রমিক নিয়োগ কৰে। কিন্তু অতিৰিক্ত শ্রমিক নিয়োগ কৰি উৎপাদন বৃদ্ধি কৰাৰ প্ৰচেষ্টাৰ ফলত শ্রমিকৰ বজাৰৰ মূল্য বৃদ্ধি হয় আৰু এটা সময়ত শ্রমিকৰ প্রান্তিক উৎপাদন সিহঁতৰ বজাৰৰ মূল্যৰ সমান হয়। এই বিন্দুতেই উৎপাদনকাৰীয়ে অতিৰিক্ত শ্রমিকৰ নিয়োগ বন্ধ কৰে। কাৰণ, উক্ত বিন্দু অতিক্রম কৰি অধিক শ্রমিক নিয়োগ কৰিলে সিহঁতৰ প্রান্তিক উৎপাদনতকৈ বজাৰৰ মূল্য বৃদ্ধি হ’ব আৰু ব্যবসায়ত লোকচান হ’ব। শ্রমিককে ধৰি সকলো উপাদানৰ ক্ষেত্ৰত ক্রমহ্রাসমান উৎপাদন নীতি প্রয়োগ হয়। যিমানে অতিৰিক্ত উপাদান নিয়োগ কৰা হয় সিমানে সিহঁতৰ প্রান্তিক উৎপাদন কমি আহে। আনহাতে, অতিৰিক্ত উপাদানৰ চাহিদাই বজাৰত সিহঁতৰ মূল্য বৃদ্ধি কৰে। গতিকে যি বিন্দুত শ্রমিকৰ প্রান্তিক উৎপাদন আৰু বজাৰৰ মূল্য সমান হয় সেই বিন্দুতেই মজুৰিৰ হাৰ নিৰ্ধাৰণ হয়।

শ্ৰমিকৰ প্রান্তিক উৎপাদন আৰু সিহঁতৰ বজাৰৰ মূল্যৰ সমতাৰ ভিত্তিত এটা উদ্যোগ প্রতিষ্ঠানৰ মজুৰিৰ হাৰ কেনেকৈ নিৰ্ধাৰণ হয় তলত চিত্ৰৰ সহায়ত ব্যাখ্যা কৰা হ’ল-

চিত্ৰত প্রান্তিক উৎপাদন ৰেখাডালে এখন উৎপাদন প্রতিষ্ঠানে বিভিন্ন মজুৰিৰ পৰিমাণত কিমান শ্রমিক নিয়োজিত কৰিলে লাভজনক হ’ব তাৰ নির্দেশ দিছে। উদাহৰণস্বৰূপে যদি বজাৰত শ্রমিকৰ মজুৰিৰ হাৰ OW₁ পৰিমাণৰ হয় তেতিয়া উদ্যোগটোৰ কাৰণে OL₁ পৰিমাণৰ শ্রমিক নিয়োগ কৰাটো লাভজনক হ’ব। কাৰণ, OL₁ পৰিমাণ শ্রমিক নিয়োজিত কৰিলে শ্রমিকৰ প্রান্তিক উৎপাদন আৰু মজুৰিব হাৰ সমান হ’ব। যদি তেওঁ OW₁ মজুৰিৰ হাৰত OL₁ তকৈ অধিক পৰিমাণে শ্রমিক নিয়োজিত কৰে তেতিয়া বজাৰৰ মজুৰিৰ হাৰতকৈ শ্রমিকৰ প্রান্তিক উৎপাদন কম হ’ব আৰু ব্যৱসায়ত লোকচান হ’ব। গতিকে বিবেচক উৎপাদনকাৰী হিচাপে তেওঁ যি পৰিমাণৰ শ্রমিক নিয়োগ কৰোঁতে শ্রমিকৰ মজুৰিৰ হাৰ আৰু প্রান্তিক উৎপাদন সমান হয় তাতেই ভাৰসাম্য প্রতিষ্ঠা কৰিব। যদি মজুৰিৰ হাৰ OW₂ হয়, তেতিয়া শ্রমিকৰ নিযুক্তিৰ পৰিমাণ OL₂ লৈ বৃদ্ধি হ’ব।

সমালোচনাঃ প্রান্তিক উৎপাদনৰ তত্ত্বটো সমালোচনাৰ বাহিৰত নহয়। প্রথমতে, এই তত্ত্ব অনুসৰি প্রান্তিক উৎপাদনৰ ভিত্তিত দেশৰ জাতীয় আয় উৎপাদনৰ উপাদানবোৰৰ মাজত বিতৰণ হয়। অর্থাৎ এই তত্ত্বৰ ভিত্তিত জাতীয় আয় নির্ধাৰণৰ অৰ্থে প্রতিটো উৎপাদনৰ উপাদানৰ প্রান্তিক উৎপাদন জনাটো প্রয়োজন কিন্তু প্রতিজন শ্রমিকৰ বা প্রতিটো উৎপাদনৰ উপাদানৰ প্রান্তিক উৎপাদন নির্ধাৰণ কৰাটো সম্ভৱ নহয়।

দ্বিতীয়তে, প্রান্তিক উৎপাদনৰ সংজ্ঞা সম্পূর্ণ অবাস্তৱ। অতিৰিক্ত উপাদানৰ যি অতিৰিক্ত উৎপাদন হয় তাকেই প্রান্তিক উৎপাদন বুলি কোৱা হয়। কিন্তু শ্রমিক বা কোনো উপাদানে ব্যক্তিগতভাৱে কোনো উৎপাদন কৰিব নোৱাৰে। ভূমি, শ্রম, মূলধন আৰু পৰিচালনাৰ সামুহিক প্রচেষ্টাতহে এটা দ্রৱ্য উৎপাদন হয়। গতিকে শ্রমিক বা অন্য কোনো উপাদানৰ কোনো প্রান্তিক উৎপাদন নাই। এই উৎপাদন হৈছে যুক্ত উৎপাদন।

তৃতীয়তে, প্রান্তিক উৎপাদনৰ তত্ত্বটোৱে শ্ৰমিক বা উপাদানৰ যোগানৰ ওপৰত কোনো গুৰুত আৰোপ কৰা নাই।

চতুৰ্থতে, প্রান্তিক উৎপাদনৰ তত্ত্বটো বিশুদ্ধ প্রতিযোগিতাৰ ধাৰণাৰ ওপৰত প্ৰতিষ্ঠিত। কিন্তু বিশুদ্ধ প্রতিযোগিতা এক কাল্পনিক ব্যৱস্থা। এনে বাস্তৱ ব্যৱস্থাৰ ভিত্তিত গঠিত হোৱাৰ কাৰণে এই তত্ত্বটো বাস্তৱক্ষেত্রত শ্রমিকৰ মজুৰি নির্ধাৰণ বা অন্য উপাদানৰ ক্ষেত্ৰত জলীয় আয় বিতৰণ কৰাৰ ক্ষেত্ৰত সফল নহয়।

8। শ্রমিকৰ যোগান ৰেখাডাল চিত্ৰৰ সহায়ত ব্যাখ্যা কৰা।

উত্তৰঃ শ্রমিকৰ যোগান কেৱল ইয়াৰ দামৰ ওপৰত নিৰ্ভৰশীল নহয়। আন কিছুমান উপাদানেও শ্রমিকৰ যোগানৰ ওপৰত প্রভাৱ বিস্তাৰ কৰা পৰিলক্ষিত হয়। শ্রমিকৰ যোগানৰ বিষয়টো তিনিটা দৃষ্টিকোণৰ পৰা বিচাৰ কৰিব পৰা যায়। প্ৰথমতে, উৎপাদন প্রতিষ্ঠানৰ দৃষ্টিকোণৰ পৰা বিচাৰ কৰি চালে দেখা যায় যে, পূর্ণ প্রতিযোগিতাত উৎপাদন প্রতিষ্ঠানৰ যোগান ৰেখাডাল আনুভূমিক হয়। কাৰণ পূর্ণ প্রতিযোগিতাত এখন উৎপাদন প্রতিষ্ঠানে উদ্যোগৰ দ্বাৰা নিৰ্ধাৰিত মজুৰিৰ হাৰত শ্রমিকৰ মজুৰি প্ৰদান কৰে। এই নির্ধাৰিত মজুৰিৰ হাৰত উৎপাদন প্রতিষ্ঠানলৈ শ্রমিকৰ যোগান অপৰিসীম হয়। অর্থাৎ পূর্ণ প্রতিযোগিতাত এখন উৎপাদন প্রতিষ্ঠানৰ শ্ৰমিকৰ যোগান ৰেখা তলত চিত্ৰত দেখুওৱাৰ দৰে পূৰ্ণ স্থিতিস্থাপক হয়।

চিত্রত শ্রমিকৰ যোগান ৰেখা SS, OX অক্ষৰ আনুভূমিক। এনে আনুভূমিক যোগান ৰেখাই এইটোৱেই নির্দেশ দিছে যে, উৎপাদন প্রতিষ্ঠানখনে OW মজুৰিৰ হাৰত নিজস্ব প্রয়োজনৰ পৰিমাণ অনুসৰি শ্ৰমিকৰ যোগান পাব পাৰে। এটা উদ্যোগৰ ক্ষেত্ৰত শ্রমিকৰ যোগান ৰেখা বাওঁফালৰ পৰা সোঁফালৰ ওপৰলৈ গতি কৰে। শ্রমিকৰ যোগান ৰেখাৰ এনে আকৃতিৰ পৰা এইটো স্পষ্ট হয় যে, অধিক শ্রমিক আহৰণ কৰিবৰ অৰ্থে মজুৰিৰ হাৰ বৃদ্ধি কৰিব লগা হয়। অর্থাৎ মজুৰিৰ হাৰ বৃদ্ধি হ’লে উদ্যোগলৈ শ্ৰমিকৰ যোগান বৃদ্ধি হয় আৰু মজুৰিৰ হাৰ কমি গ’লে শ্রমিকৰ যোগান হ্রাস হয়।

ওপৰৰ চিত্ৰত SS যোগান ৰেখা বাওঁফালৰ তলৰ পৰা সোঁফালৰ ওপৰলৈ গতি কৰিছে। শ্রমিকৰ যোগান ৰেখাৰ এনে আকৃতিৰ পৰা এইটো অনুমান কৰা সহজ যে, মজুৰিৰ হাৰ যিমানে বৃদ্ধি হয়, সিমানে শ্রমিকৰ যোগান বৃদ্ধি পায়। উদাহৰণস্বৰূপে, শ্রমিকৰ মজুৰিৰ হাৰ OW ৰ পৰা OW₁ লৈ বৃদ্ধি হওঁতে শ্রমিকৰ যোগান OM ৰ পৰা OM₁ লৈ বৃদ্ধি পাইছে। আনহাতে, মজুৰিৰ হাৰ OW₂ লৈ হ্রাস হোৱাৰ কাৰণে শ্রমিকৰ যোগান OM₂ লৈ হ্রাস হৈছে।

সমগ্ৰ অৰ্থনীতিৰ দৃষ্টিকোণৰ পৰা মজুৰিৰ হাৰ আৰু শ্রমিকৰ যোগানৰ সম্পর্কটো সহজ সম্পর্ক নহয়। এক নির্দিষ্ট বিন্দুলৈকে মজুৰি বৃদ্ধিয়ে শ্রমিকৰ যোগান হ্রাস কৰে। চিত্ৰৰ সহায়ত এনে অর্থনীতিত শ্ৰমিকৰ যোগান ৰেখাৰ আকৃতিৰ বিষয়ে নির্দেশ দিয়া হ’ল-

চিত্ৰত OX অক্ষই শ্রমিকৰ যোগান আৰু OY অক্ষই মজুৰিৰ হাৰৰ প্রতিনিধিত্ব কৰিছে। চিত্রত SS হৈছে শ্রমিকৰ যোগান ৰেখা। SS যোগান ৰেখা Q বিন্দু পর্যন্ত ওপৰৰ ফাললৈ ঢাল লৈছে আৰু Q বিন্দুৰ পিছত এই ৰেখাডালে Y অক্ষৰ ফাললৈ ভাঁজ লৈছে। শ্ৰমিকৰ যোগান ৰেখাৰ এনে আকৃতিৰ পৰা এইটো অনুমান কৰা সহজ যে, এই Q বিন্দু পর্যন্ত মজুৰি বৃদ্ধিয়ে শ্রমিকৰ যোগান বৃদ্ধি কৰিছে। কিন্তু Q বিন্দু অতিক্রম কৰাৰ পিছত মজুৰি বৃদ্ধিৰ ফলত শ্রমিকৰ যোগান হ্রাস পাইছে। উদাহৰণস্বৰূপে, মজুৰিৰ হাৰ OW ৰ পৰা OW₁ লৈ বৃদ্ধি পোৱাত শ্ৰমিকৰ যোগান OM ৰ পৰা OM₁ লৈ হ্রাস পাইছে। মজুৰিৰ হাৰৰ লগত শ্রমিকৰ যোগানৰ এনে সম্পৰ্কৰ কাৰণে শ্রমিকৰ যোগান ৰেখা চিত্ৰত দেখুওৱাৰ দৰে পশ্চাদগামী ঢাল লয়।

৫। প্রকৃতি মজুৰি নিৰ্ভৰ কৰা উপাদানসমূহ আলোচনা কৰা।

উত্তৰঃ শ্রমিকৰ প্রকৃত মজুৰি বা প্রকৃত অর্থনৈতিক অৱস্থা কিছুমান উপাদানৰ ওপৰত নিৰ্ভৰশীল আৰু সেইবোৰৰ বিষয়ে তলত আলোচনা কৰা হ’ল-

(ক) মূল্যস্তৰঃ শ্ৰমিকৰ প্রকৃত মজুৰি দ্রৱ্য-সামগ্ৰীৰ মূল্যস্তৰৰ ওপৰত নিৰ্ভৰ কৰে। যদি মূল্যস্তৰ স্থিৰ থাকে বা মূল্যস্তৰ নিম্নগামী হয় তেতিয়া মুদ্রাৰ ক্রয়ক্ষমতা বৃদ্ধি হয় আৰু শ্রমিকৰ প্রকৃতি মজুৰি বা অর্থনৈতিক অৱস্থাৰ উন্নতি হয়। আনহাতে মূল্যস্তৰ উর্ধ্বগামী হ’লে মুদ্রাৰ ক্রয়ক্ষমতা কমি আহে আৰু এনে ক্ষেত্ৰত শ্রমিকৰ আৰ্থিক মজুৰি বৃদ্ধি হ’লে প্রকৃত, মজুৰি বৃদ্ধি নহয়।

(খ) মুদ্রা মজুৰিঃ মুদ্রা মজুৰিয়েও শ্রমিকৰ প্রকৃত মজুৰি নির্ধাৰণ কৰাত সহায় কৰে। অপৰিৱৰ্তিত দ্রৱ্য-সামগ্ৰীৰ মূল্যসূচীত যদি শ্ৰমিকৰ মুদ্রা মজুৰি বৃদ্ধি হয়, তেতিয়া শ্রমিকৰ প্রকৃত মজুৰিও বৃদ্ধি হয়। অন্যহাতেদি দ্রব্য-সামগ্ৰীৰ দৰসূচীৰ বৃদ্ধিৰ হাৰ যদি মুদ্রা মজুৰিব্ব বৃদ্ধিৰ হাৰতকৈ অধিক হয়, তেতিয়া প্রকৃত মজুৰি কমি যায়।

(গ) শ্রমিকে ভোগ কৰা উপৰুৱা সা-সুবিধাঃ প্রকৃত মজুৰি শ্রমিকে চাকৰিত ভোগ কৰা উপৰুৱা সা-সুবিধাৰ ওপৰতো নিৰ্ভৰ কৰে। যদি শ্রমিকসকলে মুদ্রা মজুৰিৰ উপৰিও কিছুমান বিনামূলীয়া সেৱা। যেনে- বিনামূলীয়া ঘৰ, পানী যোগান, শিক্ষা, ইন্ধন শক্তি ইত্যাদিৰ যোগান পায় তেতিয়া তেওঁলোকৰ প্রকৃত অর্থনৈতিক অৱস্থা বা প্রকৃত মজুৰি বৃদ্ধি পায়।

(ঘ) উপৰুৱা আয়ৰ সুবিধাঃ যিবোৰ চাকৰিত উপৰুৱা উপাৰ্জন কৰাৰ সুবিধা থাকে তেনে চাকৰিত মকৰল হোৱা শ্রমিকসকলৰ প্ৰকৃত মজুৰি অধিক হয়। উদাহৰণস্বৰূপে যিবোৰ চাকৰিত অধিক সময় কাম কৰি উপৰুৱা উপার্জন কৰাৰ সুবিধা আছে, তেনে চাকৰিত অতিৰিক্ত উপার্জনে শ্রমিকৰ প্রকৃত মজুৰি বৃদ্ধি কৰাত সহায় কৰে।

(ঙ) কামৰ প্ৰকৃতিঃ কামৰ প্ৰকৃতিয়েও শ্রমিকৰ প্রকৃত মজুৰি নির্ধাৰণ কৰে। উদাহৰণস্বৰূপে যিবোৰ চাকৰি বিপদপূর্ণ তেনে চাকৰিত মুদ্রা মজুৰি অধিক হ’লেও প্রকৃত মজুৰি অধিক নহয়। কাৰণ এনে চাকৰিত ভৱিষ্যতৰ কোনো নিৰাপত্তা নাই। সেইদৰে স্বাস্থ্যকৰ পৰিৱেশ বা ভবিষ্যতৰ উন্নতি থকা চাকৰিসমূহত আর্থিক মজুৰি কম হ’লেও প্রকৃত মজুৰি অধিক হয়। কাৰণ এনে চাকৰিত সুখে-শান্তিৰে নিৰাপত্তাপূর্ণ জীবন-যাপন কৰাটো সম্ভৱপৰ হয়।

(চ) সময়ভিত্তিক মজুৰি আৰু কার্যভিত্তিক মজুৰিঃ মজুৰি প্ৰদানৰ প্ৰকৃতিৰ ওপৰত ভিত্তি কৰি মজুৰিক সময়ভিত্তিক মজুৰি আৰু কাৰ্যভিত্তিক মজুৰি এই দুটা ভাগত ভাগ কৰা হয়। যেতিয়া শ্রমিকসকলক সময়ৰ ওপৰত ভিত্তি কৰি মজুৰি দিয়া হয় আৰু কামৰ সময়ছোৱাত সম্পূর্ণ কৰা কাম-কাজৰ খতিয়ান লোৱা নহয় তাকেই সময়ভিত্তিক মজুৰি বুলি কোৱা হয়। আনহাতেদি যেতিয়া শ্রমিকসকলক কামৰ ওপৰত ভিত্তি কৰি মজুৰি দিয়া হয় আৰু দায়িত্ব অর্পণ কৰা কাম সম্পূর্ণ কৰোঁতে কিমান সময়ৰ প্রয়োজন হ’ল, সেই বিষয়ে বিচাৰ-বিবেচনা কৰা নহয় তেনে মজুৰিকেই কার্যভিত্তিক মজুৰি বুলি কোৱা হয়।

৬। প্রান্তিক উৎপাদনশীলতাৰ তত্ত্বত শ্রমিক সংঘৰ ভূমিকা আলোচনা কৰা।

উত্তৰঃ প্রান্তিক উৎপাদনশীলতাৰ তত্ত্ব অনুসৰি শ্রমিক সংঘ এক অপ্রয়োজনীয় ব্যৱস্থা। কাৰণ যেতিয়া শ্রমিকসকলক তেওঁলোকৰ প্রান্তিক উৎপাদনশীলতাৰ সমান মজুৰি প্ৰদান কৰা অৱস্থাত শ্রমিক সংঘই অধিক মজুৰি দাবী কৰিলে নিবনুৱা বৃদ্ধি হ’ব। ‘কাৰণ, শ্রমিক সংঘৰ দাবীত নিয়োগকর্তাই অধিক মজুৰি প্রদান কৰিবলৈ বাধ্য হ’লে, তেওঁৰ লোকচান হ’ব আৰু লোকচান ভৰা অৱস্থাত তেওঁ শ্ৰমিকৰ নিযুক্তি হ্রাস কৰিবলৈ বাধ্য হয়। অৱশ্যে, কুৰি শতিকাত প্রান্তিক উৎপাদনশীলতাৰ তত্ত্বটোৰ সংশোধন ঘটোৱা অর্থনীতিবিদসকলৰ মতে শ্রমিকসকলক তেওঁলোকৰ প্রান্তিক উৎপাদনশীলতাৰ সমান মজুৰি প্ৰদান কৰাৰ পিছত শ্রমিক সংঘৰ দ্বাৰা কৰা অধিক মজুৰিৰ দাবীয়ে শ্ৰমিকৰ নিযুক্তি হ্রাস নকৰিবও পাৰে। কাৰণ মজুৰি বৃদ্ধিয়ে শ্রমিকৰ উৎপাদনশীলতা বৃদ্ধিত ইন্ধন যোগাব পাৰে। শ্ৰমিকৰ উৎপাদনশীলতা বৃদ্ধি পালে নিবনুৱাৰ সৃষ্টি নহয়। এনে অৱস্থাত মজুৰি বৃদ্ধিয়ে নিয়োগকর্তাৰ মুনাফাৰ পৰিমাণ হ্রাস নকৰে। চিত্ৰৰ সহায়ত এনে পৰিস্থিতিৰ বিষদ ব্যাখ্যা দাঙি ধৰা হ’ল-

চিত্ৰত OX অক্ষই শ্রমিকৰ নিযুক্তিৰ পৰিমাণ আৰু OY অক্ষই শ্রমিকৰ প্রান্তিক উৎপাদনশীলতা (MRP) আৰু মজুৰিৰ প্রতিনিধিত্ব কৰিছে। ইয়াত MRP ৰেখা হৈছে শ্রমিকৰ প্রান্তিক উৎপাদনশীলতাৰ ৰেখা। এই ৰেখা অনুসৰি OW মজুৰিব হাৰত ON পৰিমাণৰ শ্রমিক নিযুক্তি হ’ব। সংস্থাপিত অর্থনীতিবিদসকলৰ মতে, যদি মজুৰিৰ হাব OW ৰ পৰা OW₁ লৈ বৃদ্ধি হয়, তেতিয়া শ্রমিকৰ নিযুক্তিৰ পৰিমাণ ON ৰ পৰা ON₁ লৈ হ্রাস পাব। কিন্তু আধুনিক অর্থনীতিবিদসকলৰ মতে মজুৰিৰ হাৰ OW ৰ পৰা OW₁ লৈ বৃদ্ধি হ’লে শ্রমিকৰ প্রান্তিক উৎপাদনশীলতা বৃদ্ধি পাব আৰু ইয়াৰ ফলত নতুন প্রান্তিক উৎপাদনশীলতা ৰেখা হ’ব MRP₁। এই নতুন প্রান্তিক উৎপাদনশীলতা ৰেখা অনুসৰি OW₁ মজুৰিৰ হাৰত ON পৰিমাণৰ শ্ৰমিকৰ নিযুক্তি সম্ভৱপৰ হৈছে। এনেভাৱে আধুনিক অর্থনীতিবিদসকলে প্রমাণ কৰি দেখুৱাইছে যে শ্রমিকসকলক তেওঁলোকৰ প্রান্তিক উৎপাদনশীলতাৰ সমান মজুৰি প্ৰদান কৰাৰ পিছত শ্রমিক সংঘৰ দ্বাৰা কৰা অধিক মজুৰিৰ দাবীয়ে শ্রমিকৰ নিয়োগ হ্রাস নকৰে।

অপূর্ণ প্রতিযোগিতাত শ্রমিকসকলক তেওঁলোকৰ প্রান্তিক উৎপাদনশীলতাতকৈ কম মজুৰি প্রদান কৰা হয় আৰু এনে ব্যৱস্থাত শ্রমিকৰ ওপৰত চলোৱা এক শোষণ হিচাপে গণ্য কৰা হয়। এনে প্ৰকাৰ বজাৰত শ্রমিক সংঘই মজুৰি বৃদ্ধিৰ দাবীত সফল হোৱাও পৰিলক্ষিত হয়।

৭।  শ্রমিক সংঘই কেনেদৰে মজুৰিৰ হাৰৰ ওপৰত প্ৰভাৱ পেলায়?

উত্তৰঃ বর্তমান যুগৰ শিল্প উদ্যোগত শ্রমিক সংঘই গুৰুত্বপূর্ণ স্থান দখল কৰা পৰিলক্ষিত হয়। শ্রমিক সংঘৰ প্ৰধান উদ্দেশ্য হৈছে শ্রমিকসকলৰ সামাজিক আৰু অৰ্থনৈতিক অৱস্থাৰ উন্নতি সাধন। অৱশ্যে বিভিন্ন উদ্দেশ্য লৈ শ্রমিক সংঘ গঠন হ’লেও ইয়াৰ মুখ্য উদ্দেশ্য হৈছে মজুৰি বৃদ্ধিৰ অৰ্থে দাবী জনাই উৎপাদনৰ ন্যায্য অংশ আহৰণ কৰা।

প্রান্তিক উৎপাদনৰ তত্ত্ব অনুসৰি শ্রমিকক মজুৰিৰ হাৰ সিহঁতৰ প্রান্তিক উৎপাদনৰ সমান হয়। বাস্তৱ ক্ষেত্রত দেখা যায় যে অপূর্ণ প্রতিযোগিতাৰ শ্ৰমিকসকল কেতিয়াবাহে তেওঁলোকৰ প্রান্তিক উৎপাদনৰ ভিত্তিত মজুৰি লাভ কৰিবলৈ সক্ষম হয়। এটা উৎপাদন প্রতিষ্ঠানত নিয়োজিত হৈ থকা প্রতিজন শ্রমিকৰ প্রান্তিক উৎপাদন নির্ধাৰণ কৰাটো সম্ভৱপৰ নহয়। প্রান্তিক উৎপাদন নির্ধাৰণৰ এনে অসুবিধাৰ কাৰণে শ্রমিকসকলে সংঘবদ্ধ হৈ মজুৰি বৃদ্ধিৰ কাৰণে মালিকপক্ষৰ লগত যুঁজ কৰিবলৈ সমর্থ হয়।

শ্রমিক সংঘই মজুৰি বৃদ্ধিৰ ক্ষেত্ৰত কিমান দূৰ সফলতা লাভ কৰিব পাৰে সেইটো নির্ভব কৰিব এটা উদ্যোগত নিয়োজিত হৈ থকা শ্রমিকসকলৰ ঐক্যবদ্ধতাৰ ওপৰত। সাধাৰণতে শ্রমিক সংঘই মজুৰি বৃদ্ধিৰ অর্থে মালিকপক্ষক হেঁচা দিবলৈ তলাবদ্ধ, ধর্মঘট ইত্যাদিৰ আশ্রয় লয়। এনে ব্যৱস্থাৰ জৰিয়তে যদি শ্রমিক সংঘই উদ্যোগটোলৈ শ্ৰমিকৰ যোগান সম্পূর্ণৰূপে বন্ধ কৰিবলৈ সক্ষম হয়, তেনেহ’লে ই শ্রমিকৰ মজুৰি বৃদ্ধিৰ কাৰণে মলিকপক্ষক আলোচনাৰ মাজত বহুৱাবলৈ সক্ষম হয় আৰু মজুৰি বৃদ্ধিতো সফলতা লাভ কৰিব পাৰে।

শ্রমিক সংঘই মজুৰি বৃদ্ধিৰ দাবী পূৰণত সফলতা লাভ কৰিলেও মজুৰি বৃদ্ধিৰ দাবীৰ এটা নির্দিষ্ট সীমা আছে। কাৰণ শ্রমিকৰ প্রান্তিক উৎপাদন নির্ধাৰণ কৰাটো সম্ভৱপৰ নহ’লেও এনে এটা সময় আহি পৰে যিটো সময়ত অধিক মজুৰি বৃদ্ধি মালিকপক্ষৰ কাৰণে লোকচানজনক হয়। এনে অৱস্থাত যদি শ্রমিক সংঘই অধিক মজুৰিৰ দাবী বাহাল ৰাখে তেতিয়া মালিকপক্ষই শ্রমিকৰ নিযুক্তিৰ পৰিমাণ সংকুচিত কৰিবলৈ বাধ্য হয়। যেতিয়া অধিক মজুৰিৰ দাবীয়ে নিবনুৱা সমস্যাৰ সৃষ্টি কৰে তেতিয়া শ্রমিক সংঘইও ইয়াৰ মজুৰি বৃদ্ধিৰ দাবী শিথিল কৰিবলৈ বাধ্য হয়।

শ্রমিক সংঘই শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ দাবীত কিমানদূৰ সফলতা লাভ কৰিব পাৰিব সেইটো উদ্যোগৰ উৎপাদিত দ্ৰৱ্যৰ চাহিদাৰ ওপৰতো নিৰ্ভৰ কৰে। যদি দ্রৱ্যটোৰ চাহিদা অস্থিতিস্থাপক হয় তেতিয়া মালিকপক্ষই মজুৰি বৃদ্ধিৰ দাবী মানি লোৱাৰ সম্ভাৱনা থাকে। কাৰণ বর্ধিত মজুৰিৰ কাৰণে যি অতিৰিক্ত পুঁজিৰ প্রয়োজন হ’ব সেইখিনি উৎপাদিত দ্রৱ্যৰ দাম বৃদ্ধি কৰি গ্রাহকৰ পৰা সহজেই সংগ্রহ কৰিব পৰা যায়। কিন্তু, যদি দ্ৰৱ্যটোৰ চাহিদা স্থিতিস্থাপক হয় তেতিয়া মালিকপক্ষই সহজে মজুৰি বৃদ্ধিৰ দাবী মানি নলয়। কাৰণ এনে ক্ষেত্ৰত দ্রৱ্যটোৰ বজাৰৰ দাম বৃদ্ধি কৰি গ্ৰাহকৰ পৰা অতিৰিক্ত মজুৰিৰ কাৰণে প্রয়োজনীয় পুঁজি সংগ্ৰহ কৰাটো সম্ভৱপৰ নহয়।

৮। প্রান্তিক উৎপাদনশীলতাৰ তত্ত্বটো ব্যাখ্যা কৰা।

উত্তৰঃ শ্রমিক বা আন কোনো উপাদানৰ ‘প্রান্তিক উৎপাদনশীলতা’ শব্দটোৱে অতিৰিক্ত উপাদান নিযুক্তিৰ ফলত এটা দ্ৰৱ্যৰ যি অতিৰিক্ত গোট উৎপাদন হয়, তাকেই উপাদানটোৰ প্রান্তিক উৎপাদনশীলতা বুলি কোৱা হয়। অৱশ্যে, এজন শ্রমিক বা এটা উৎপাদনৰ প্রান্তিক উৎপাদনশীলতা নির্ধাৰণৰ অৰ্থে যেতিয়া, উপাদানটোৰ অতিৰিক্ত গোট ব্যৱহাৰ কৰা হয়, তেতিয়া আন উপাদানসমূহৰ প্ৰয়োগৰ পৰিমাণ অপৰিৱৰ্তিত ৰাখিব লাগে। আনকথাত ক’বলৈ হ’লে আন উপাদানসমূহৰ প্ৰয়োগৰ পৰিমাণ অপৰিৱৰ্তিত থকা অৱস্থাত এটা উপাদানৰ অতিৰিক্ত গোটৰ নিযুক্তিৰ ফলত যি অতিৰিক্ত উৎপাদন হয়, সেয়ে হৈছে উক্ত উপাদানটোৰ প্রান্তিক উৎপাদন।

প্রান্তিক উৎপাদনশীলতাৰ তত্ত্বটো উৎপাদনৰ উপাদানসমূহৰ দাম নির্ধাৰণৰ অৰ্থে গঠন কৰা হ’লেও শ্রমিকৰ মজুৰি বা দাম নির্ধাৰণৰ ক্ষেত্ৰত বিশেষভাৱে কাৰ্যকাৰী হয় বুলি অর্থনীতিবিদসকলে ধাৰণা কৰিছে। উৎপাদনৰ উপাদানৰ দৰ নিৰ্ধাৰণৰ প্রান্তিক উৎপাদনশীলতাৰ তত্ত্বটো উপাদানৰ বজাৰত পূৰ্ণ-প্রতিযোগিতাৰ প্রাধান্যৰ ধাৰণাৰ ভিত্তিত প্রতিষ্ঠিত। অর্থাৎ উপাদানৰ বজাৰত অসংখ্য বিক্রেতা আৰু ক্রেতা উপস্থিতিৰ কাৰণে কোনো নির্দিষ্ট ক্রেতা বা বিক্রেতাই উপাদানটোৰ দৰৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰে। প্ৰতিজন বিক্রেতাই বজাৰৰ নির্ধাৰিত মূল্যত উপাদানটো বিক্ৰী কৰে আৰু প্ৰতিজন ক্রেতাই উক্ত দৰত উপাদানটো ক্রয় কৰে। এনে কাৰণত পূর্ণ-প্রতিযোগিতাৰ বজাৰৰ এটা দ্ৰৱ্যৰ দৰেই উপাদানটোৰ গড় আয় (AR) আৰু প্রান্তিক আয় (MR) সমান হয়। প্রান্তিক উৎপাদনশীলতা আৰু প্রান্তিক ব্যয়ৰ সমতাৰ ভিত্তিত মজুৰিৰ হাৰ কেনেকৈ নিৰ্ধাৰণ হয়, সেই বিষয়ে চিত্ৰৰ সহায়ত ব্যাখ্যা কৰা হ’ল।

চিত্ৰ অনুসৰি শ্ৰমিকৰ গড় মজুৰি আৰু প্ৰান্তিক মজুৰি ৰেখাডাল OX বাহুৰ আনুভূতিক আৰু একেডাল ৰেখা হোৱাৰ পৰা শ্ৰমিকৰ বজাৰ যে পূর্ণ-প্রতিযোগিতামূলক বজাৰ, সেই বিষয়ে অনুমান কৰিব পৰা যায়। চিত্র অনুসৰি E বিন্দুত গড় আৰু প্রান্তিক মজুৰি শ্ৰমিকৰ বিক্ৰী আয়মূলক প্রান্তিক উৎপাদনশীলতাৰ (MRP) সমান হৈছে। গতিকে, এই বিন্দুতেই উৎপাদনকাৰীৰ ভাৰসমতা প্রতিষ্ঠা হ’ব। এই ভাৰসমতাৰ অৱস্থাত উৎপাদনকাৰীয়ে নিয়োগ কৰা শ্ৰমিকৰ পৰিমাণ হৈছে ON আৰু মজুৰিৰ হাৰ হৈছে NE। ON পৰিমাণৰ শ্রমিক নিযুক্তিৰ অৱস্থাতেই উৎপাদনকাৰীয়ে সৰ্বাধিক লাভ অৰ্জন কৰিব, যদি তেওঁ ON₁ পৰিমাণৰ শ্রমিক নিযুক্তি দিয়ে, তেতিয়া তেওঁৰ লাভৰ পৰিমাণ সর্বাধিক বা কাম্য বিন্দুৰ পৰা বহু আঁতৰত থাকিব। কাৰণ, এনে অৱস্থাত শ্রমিকৰ মজুৰিৰ হাৰতকৈ (N₁E₁) বিক্রী আয়মূলক প্রান্তিক উৎপাদনশীলতা (N₁P) অধিক হ’ব। আনহাতে, যদি উৎপাদনকাৰীজনে ON₂ পৰিমাণৰ শ্রমিক নিযুক্তি দিয়ে, তেতিয়া তেওঁৰ লোকচান হ’ব। কাৰণ, এই অৱস্থাত শ্রমিকৰ বিক্ৰী আয়মূলক প্রান্তিক উৎপাদনশীলতা হ’ল N₂P₁ আৰু মজুৰিৰ হাৰ হ’ব N₂E₂। গতিকে, বিবেচক উৎপাদনকাৰীয়ে ON পৰিমাণৰ শ্রমিক নিযুক্তিৰ জৰিয়তে ভাৰসমতা অৱস্থাত উপনীত হ’ব। এই ভাৰসমতা অৱস্থাত নির্ধাৰণ হোৱা মজুৰিৰ হাৰ NE ই হৈছে ভাৰসমতাৰ মজুৰিৰ হাৰ।

দীর্ঘকালীন অৱস্থাত মজুৰিৰ হাৰৰ সমতাৰ অৰ্থে বিক্রী আয়মূলক প্রান্তিক উৎপাদনশীলতা (MRP), বিক্রী আয়মূলক গড় উৎপাদনশীলতা (ARP) আৰু মজুৰিৰ হাৰ এই তিনিটা সমান হোৱাটো নিশ্চিত। দীর্ঘকালীন অৱস্থাত মজুৰিৰ হাৰ নির্ধাৰণৰ বিষয়টো চিত্ৰৰ সহায়ত ব্যাখ্যা কৰা হ’ল-

চিত্ৰত E হৈছে মজুৰিৰ হাৰৰ দীর্ঘকালীন ভাৰসমতাৰ বিন্দু। কাৰণ, এই বিন্দুত মজুৰিৰ হাৰ, গড় মজুৰি (AW), প্রান্তিক মজুৰি (MW), বিক্রী আয়মূলক প্রান্তিক উৎপাদনশীলতা (MRP) আৰু বিক্রী আয়মূলক গড় উৎপাদনশীলতা (ARP) সমান হৈছে। এই ভাৰসমতাৰ অৱস্থাত উৎপাদন প্রতিষ্ঠানটোৱে ON পৰিমাণৰ শ্রমিক নিযুক্তি দিছে আৰু দীর্ঘকালীন অৱস্থাৰ স্বাভাৱিক লাভ উপার্জন কৰিছে। যদি মজুৰিৰ হাৰ হ্রস্বকালীন অৱস্থাত OW₁ হয়, তেতিয়া উৎপাদন প্রতিষ্ঠানটোৱে লোকচান ভৰিব। কাৰণ, এই পৰিমাণৰ মজুৰিৰ হাৰ শ্ৰমিকৰ বিক্ৰী আয়মূলক গড় উৎপাদনশীলতাতকৈ (ARP) E₁Q পৰিমাণে অধিক। দীর্ঘকালীন অৱস্থাত লোকচান ভৰা উৎপাদন প্রতিষ্ঠানে উৎপাদন কার্য চলাই থাকিব নোৱাৰে। কিছুমান উৎপাদন প্রতিষ্ঠান বন্ধ হোৱাৰ ফলত শ্রমিকৰ প্রতি চাহিদা হ্রাস হ’ব আৰু মজুৰিৰ হাৰ OW লৈ হ্রাস পাব। আনহাতে, হ্রস্বকালীন অৱস্থাত শ্রমিকৰ মজুৰি হাৰ যদি OW₂ হয় তেতিয়া উৎপাদন প্রতিষ্ঠানটোৱে অস্বাভাৱিক লাভ উপার্জন কৰিব, কাৰণ এই অৱস্থাত মজুৰিৰ হাৰ বিক্রী আয়মূলক গড় উৎপাদনশীলতাতকৈ E₂R পৰিমাণে কম হ’ব। দীর্ঘকালীন অৱস্থাত শ্রমিক বা কোনো উপাদানৰ দৰ সদায় ইয়াৰ বিক্ৰী আয়মূলক গড় উৎপাদনশীলতা আৰু বিক্রী আয়মূলক উৎপাদনশীলতাৰ সমান হয় (W = ARP = MRP)

৯। প্রান্তিক উৎপাদনশীলতাৰ তত্ত্বৰ অভিধাৰণসমূহ লিখা।

উত্তৰঃ প্রান্তিক উৎপাদনশীলতা তত্ত্বটো তলত দিয়া অভিধাৰণাসমূহৰ ওপৰত প্রতিষ্ঠিত। 

(ক) পণ্য-সামগ্রী আৰু উৎপাদনৰ উপাদান উভয় বজাৰেই পূর্ণ-প্রতিযোগী বজাৰ হ’লেহে এই তত্ত্বটো প্রযোজ্য হ’ব। পণ্য-সামগ্রী বজাৰ পূৰ্ণ-প্রতিযোগী নহ’লে দ্ৰৱ্যৰ গড়, দৰ, গড় উৎপাদন ব্যয়ৰ সমান নহয় আৰু এনে অৱস্থাত উপাদানসমূহে দ্রৱ্যমূলক প্রান্তিক উৎপাদনশীলতাতকৈ কম মজুৰি পাব আৰু উৎপাদনকাৰীয়ে অস্বাভাৱিক লাভ উপার্জন কৰিব। একেভাৱেই যদি উপাদানৰ বজাৰ পূৰ্ণ-প্রতিযোগী বজাৰ নহয়, তেতিয়াও শ্রমিক বা আন উপাদানসমূহক, তেওঁলোকৰ বিক্ৰী আয়মূলক প্রান্তিক উৎপাদনশীলতাতকৈ কম মজুৰি দিয়া হয় আৰু এনে অৱস্থাত উৎপাদনকাৰীয়ে অস্বাভাৱিক লাভ উপার্জন কৰিব।

(খ) উৎপাদন কার্যত নিয়োজিত থকা প্রতিটো উপাদানৰ সকলো গোট পূর্ণসদৃশ। অর্থাৎ এটা উপাদানৰ গোটসমূহৰ মাজত কোনো গুণগত পার্থক্য পৰিলক্ষিত নহয়।

(গ) প্ৰতিটো উপাদানৰ গোটসমূহ পূর্ণসদৃশ হোৱাৰ কাৰণে গোটসমূহৰ এটাক আনটোল পূর্ণপ্রতিকল্প হিচাপে ব্যৱহাৰ কৰিব পৰা হয়।

(ঘ) প্রান্তিক উৎপাদনশীলতা তত্ত্বটোৰ আন এটা গুৰুত্বপূর্ণ অভিধাৰণ হৈছে, উৎপাদনৰ উপাদানসমূহ সম্পূর্ণ চলনশীল। উপাদানসমূহ সম্পূর্ণ চলনশীল নহ’লে সকলো নিয়োগ ক্ষেত্রত সিহঁতৰ প্রান্তিক উৎপাদনশীলতা সমান হ’ব নোৱাৰে কাৰণেই এই অভিধাৰণা কৰা হৈছে।

(ঙ) উৎপাদনৰ প্রতিটো উপাদানেই বিভাজ্য। অর্থাৎ প্রতিটো উপাদানকেই ক্ষুদ্র গোটত ভাগ কৰিব পৰা যায়। অবিভাজ্য উপাদানৰ প্রান্তিক উৎপাদনশীলতা নিৰূপণত সমস্যাই দেখা দিয়াৰ কাৰণেই উপাদানসমূহক সম্পূর্ণ বিভাজ্য বুলি অভিধাৰণা কৰা হৈছে।

(চ) উপাদানসমূহৰ যোগান স্থিতিস্থাপক। যোগানৰ স্থিতিস্থাপকতাৰ কাৰণে প্ৰতিটো উপাদানৰ অতিৰিক্ত গোটসমূহৰ যোগান মূল্যৰ পার্থক্য ঘটিব নোৱাৰে।

(ছ) উপাদানসমূহ বিভিন্ন অনুপাতত প্রয়োগ কৰিব পৰা যায়। কাৰণ এই অভিধাৰণাৰ অবিহনে এটা উপাদানৰ নিয়োগ বৃদ্ধি কৰি, তাৰ প্রান্তিক উৎপাদনশীলতা নিৰূপণ কৰাটো সম্ভব নহয়।

(জ) আন সংস্থাপিত সূত্ৰসমূহৰ দৰেই প্রান্তিক উৎপাদনশীলতাৰ তত্ত্বটো পূর্ণ নিয়োগৰ অভিধাৰণাৰ ভিত্তিত গঠন কৰা হৈছে। কাৰণ, উপাদানসমূহৰ পূৰ্ণনিয়োগ নাথাকিলেও সিহঁতৰ দৰ প্রান্তিক উৎপাদনশীলতাতকৈ কম হ’ব পাৰে।

(ঝ) প্রান্তিক উৎপাদনশীলতাৰ তত্ত্বটো দীর্ঘকালীন অৱস্থাত প্রযোগ্য হোৱা এক তত্ত্ব। হ্রস্বকালীন অৱস্থাত উপাদানসমূহৰ দৰ নিৰ্ধাৰণৰ কাৰণে এই তত্ত্বটো প্রয়োগ কৰিব পৰা নাযায়।

১০। গড় বিক্রী আয়মূলক উৎপাদনশীলতা আৰু প্রান্তিক বিক্রী আয়মূলক উৎপাদনশীলতাৰ মাজৰ সম্বন্ধ লিখা।

উত্তৰঃ গড় বিক্রী আয়মূলক উৎপাদনশীলতা আৰু প্রান্তিক বিক্রী আয়মূলক উৎপাদনশীলতাৰ সম্বন্ধৰ লগত, গড় ব্যয় আৰু প্রান্তিক ব্যয়ৰ সম্বন্ধৰ সামঞ্জস্য আছে। দুয়োটা সম্বন্ধৰ মাজত মূল পার্থক্য হৈছে- ব্যয় ৰেখা ইংৰাজী U আখৰৰ আকৃতিৰ হয় আৰু গড় আৰু প্রান্তিক উৎপাদনশীলতাৰ আকৃতি U আখৰৰ বিপৰীত আকৃতিৰ (n) হয়।

এটা উৎপাদন প্রতিষ্ঠানে আন উপাদানৰ পৰিমাণ একে ৰাখি এটা উপাদানব নিযুক্তি বৃদ্ধিৰ জৰিয়তে উৎপাদন বৃদ্ধিৰ প্রচেষ্টা চলালে, মুঠ উৎপাদন প্রথমতে ক্রমবর্ধমান হাৰত আৰু এক বিশেষ পর্যায়ৰ পাছত ক্রমহ্রাসমান হাৰত বৃদ্ধি হয়। প্রথমতে ক্রমবর্ধমান হাৰত আৰু এক বিশেষ পৰ্যায়ৰ পাছত ক্রমহ্রাসমান হাৰত বৃদ্ধি হয়। প্রথমতে, ক্রমবর্ধমান আৰু পিছত ক্রমহ্রাসমান প্রতিদান বিধি প্রয়োগ হোৱাৰ কাৰণে, উপাদানটোৰ গড় আৰু প্রান্তিক উভয় উৎপাদনশীলতাৰ ৰেখা দুডাল প্রথমে উর্ধ্বগামী আৰু পাছত নিম্নগামী হয়। এই ৰেখা দুডাল ঊর্ধ্বগামী হোৱাৰ অৱস্থাত প্রান্তিক উৎপাদনশীলতাৰ ৰেখাডাল গড় উৎপাদনশীলতাৰ ৰেখাতকৈ ওপৰত আৰু নিম্নগামী হোৱাৰ অৱস্থাত তলত থাকে তদুপৰি প্রান্তিক উৎপাদনশীলতাৰ ৰেখাই গড় উৎপাদনশীলতাৰ ৰেখাক ইয়াৰ আটাইতকৈ উচ্চ বিন্দুত ছেদ কৰে। তলৰ চিত্ৰৰ সহায়ত উৎপাদনৰ এটা উপাদানৰ গড় উৎপাদনশীলতা আৰু প্রান্তিক উৎপাদনশীলতাৰ সম্বন্ধৰ বিষয়ে ব্যাখ্যা প্রদান কৰা হৈছে-

ওপৰৰ চিত্ৰত MRP হৈছে, বিক্রী আয়মূলক প্রান্তিক উৎপাদনশীলতাৰ ৰেখা আৰু ARP হৈছে বিক্রী আয়মূলক গড় উৎপাদনশীলতাৰ ৰেখা। চিত্র অনুসৰি দুয়োডাল ৰেখাৰ ঊর্ধ্বগামী অৱস্থাত MRP, ARP ৰেখাৰ ওপৰত আছে আৰু নিম্নগামী অৱস্থাত MRP, ARP ৰেখাৰ তলত আছে। MRP আৰু ARP ৰেখাৰ এনে সম্বন্ধৰ কাৰণ হৈছে, যেতিয়া প্রান্তিক উৎপাদনশীলতা বৃদ্ধি হয়, তেতিয়া গড় উৎপাদনশীলতাত বৃদ্ধি পায়, কিন্তু এনে অৱস্থাত গড় উৎপাদনশীলতাৰ পৰিমাণ প্রান্তিক উৎপাদনশীলতাৰ পৰিমাণতকৈ তলত থাকে। আনহাতে, প্রান্তিক উৎপাদনশীলতাত হ্রাস হ’লে গড় উৎপাদনশীলতাও হ্রাস হয়, কিন্তু এনে অৱস্থাত প্রান্তিক উৎপাদনশীলতা গড় উৎপাদনশীলতকৈও তলত থাকে। চিত্র অনুসৰি E বিন্দু পর্যন্ত ARP, MRP ৰ তলত আছে আৰু E বিন্দুত MRP ৰেখা, ARP ৰেখা ঊর্ধ্বতম বিন্দুৰ মাজেৰে পাৰ হৈ যোৱাৰ অৱস্থাই MRP আৰু ARP সমতাৰ বিষয়ে নির্দেশ দিছে। E বিন্দুৰ পাছত দুয়োডাল ৰেখাই নিম্নগামী হৈছে, কিন্তু এই ক্ষেত্রত MRP ৰেখা, ARP ৰেখাৰ তলত আছে।

১১। ভূমিৰ চাহিদা আৰু যোগানৰ সমতাৰ ভিত্তিত কেনেদৰে খাজনা নির্ধাৰণ কৰা হয় বহলাই আলোচনা কৰা।

উত্তৰঃ আধুনিক অর্থনীতিবিদসকলৰ মতে ভূমিৰ খাজনা নির্ধাৰণৰ দ্ৰৱ্য আৰু আন উপাদানৰ দৰ নিৰ্ধাৰণৰ দৰেই খাজনা নিৰ্ধাৰণো চাহিদা আৰু যোগানৰ শক্তিৰ ওপৰত নিৰ্ভৰশীল। ভূমিৰ চাহিদা আৰু যোগানৰ ভিত্তিত গঢ়ি উঠা খাজনাৰ আধুনিক তত্ত্বটো দুষ্প্রাপ্যতাৰ তত্ত্ব নামেৰে পৰিচিত। ভূমি আৰু অন্যান্য উপাদানসমূহৰ যোগানৰ তুলনাত চাহিদা যিমানে অধিক হয়, সিমানে খাজনাৰ পৰিমাণ বৃদ্ধি হয়। ভূমিৰ চাহিদা আৰু যোগানৰ ওপৰত ভিত্তি কৰি খাজনা কেনেভাৱে নির্ধাৰণ, সেই বিষয়ে তলত ব্যাখ্যা কৰা হ’ল-

ভূমিৰ চাহিদাঃ ভূমিৰ চাহিদা আহৰিত চাহিদা। কাৰণ, কোনো দ্রৱ্য বা শস্য উৎপাদনৰ অৰ্থেহে ভূমিৰ প্রতি চাহিদাৰ সৃষ্টি হয়। ভূমিত উৎপাদন হোৱা শস্যৰ চাহিদা যিমানে বৃদ্ধি হয়, ভূমিৰ প্রতি চাহিদাও সিমানে বৃদ্ধি হয় আৰু ভূমিৰ চাহিদা বৃদ্ধি হ’লে খাজনাৰ পৰিমাণো বৃদ্ধি পায়। ভূমিৰ চাহিদা ইয়াৰ প্রান্তিক উৎপাদনশীলতাৰ ওপৰত নিৰ্ভৰশীল। একে জোখৰ ভূমিতে অধিক মূলধন আৰু শ্রমিক প্রয়োগ কৰি উৎপাদন বৃদ্ধিৰ প্রচেষ্টা চলালে ভূমিৰ প্রান্তিক উৎপাদনশীলতা কমি আহে। ভূমিৰ প্রান্তিক উৎপাদনশীলতা আৰু ইয়াৰ দাম বা খাজনাৰ সমান হোৱা অৱস্থাত ভূমিৰ চাহিদাৰ পৰিমাণ নির্ধাৰণ হয়। ইয়াৰ পৰা এইটো অনুমান কৰা সহজ যে খাজনা বৃদ্ধি পালে ভূমিৰ প্ৰতি চাহিদা কমি যায় আৰু খাজনা হ্রাস হ’লে ইয়াৰ প্ৰতি চাহিদা বৃদ্ধি হয়। সেইকাৰণে, ভূমিৰ চাহিদা ৰেখাডাল বাওঁফালৰ ওপৰৰ পৰা সোঁফালৰ তললৈ গতি কৰে।

ভূমিৰ যোগানঃ সমগ্র দেশ বা সমাজৰ দৃষ্টিকোণৰ পৰা ভূমিৰ যোগান সীমাবদ্ধ। অর্থাৎ খাজনা হ্রাস-বৃদ্ধিয়ে ভূমিৰ যোগানৰ পৰিৱর্তন ঘটাব নোৱাৰে। অৱশ্যে যিহেতু ভূমিৰ বিকল্প ব্যৱহাৰ আছে, সেইকাৰণে কোনো ব্যক্তি, অথবা উৎপাদন প্রতিষ্ঠানৰ দৃষ্টিকোণৰ পৰা ভূমিৰ মূল্য বৃদ্ধিয়ে ইয়াৰ যোগান বৃদ্ধি কৰে। অর্থাৎ, ব্যক্তিগত দৃষ্টিকোণৰ পৰা ভূমিৰ মূল্য বৃদ্ধিয়ে ইয়াৰ যোগান বৃদ্ধি কৰে। সেইকাৰণে ভূমিৰ যোগান ৰেখাডাল বাওঁফালৰ ওপৰৰ পৰা সোঁফালৰ তললৈ গতি কৰে।

তলত চিত্ৰৰ সহায়ত ভূমিৰ চাহিদা আৰু যোগানৰ সমতাৰ ভিত্তিত খাজনা কেনেকৈ নির্ধাৰণ হয়, সেই বিষয়ে ব্যাখ্যা প্রদান কৰা হ’ল-

চিত্ৰত SS₁ হৈছে ভূমিৰ যোগান ৰেখা আৰু DD হৈছে চাহিদা ৰেখা। ভূমিৰ চাহিদা আৰু যোগান ৰেখাৰ সমতাৰ বিন্দু হৈছে E। এই ভাৰসমতাৰ বিন্দুত ভূমিৰ চাহিদা আৰু যোগানৰ পৰিমাণ হৈছে OQ আৰু ইয়াৰ দাম বা খাজনাৰ পৰিমাণ হৈছে OR। যদি কোনো কাৰণত ভূমিৰ চাহিদা বৃদ্ধি হয়, তেতিয়া খাজনাৰ পৰিমাণো বৃদ্ধি হ’ব আৰু চাহিদা হ্রাস হ’লে, খাজনাৰ পৰিমাণো কমি যাব। উদাহৰণস্বৰূপে, ভূমিৰ চাহিদা D₁ D₁ ৰেখাই প্রতিনিধিত্ব কৰা অৱস্থাত ভূমিৰ খাজনাৰ পৰিমাণ হ’ব OR₁ আৰু ভূমিৰ চাহিদা D₂D₂ ৰেখাই প্রতিনিধিত্ব কৰাৰ অৱস্থাত ইয়াৰ খাজনাৰ পৰিমাণ হ’ব OR₂।

১২। খাজনা আৰু দৰৰ সম্পৰ্ক আলোচনা কৰা।

উত্তৰঃ ডেভিড ৰিকার্ডোৰ মতে খাজনা হৈছে কৃষিকার্যৰ উৎপাদন ব্যয়ৰ ওপৰত হোৱা এক ৰাহি আৰু ই দ্রৱ্যমূলৰ অন্তর্ভুক্ত নহয়, তেখেতৰ মতে, কৃষিজাত সামগ্ৰীৰ বজাৰত দাম বৃদ্ধি হ’লে ৰাহি তথা খাজনাৰ পৰিমাণ বৃদ্ধি হ’ব পাৰে, কিন্তু খাজনা বৃদ্ধিৰ কাৰণে উৎপাদিত শস্যৰ দাম বৃদ্ধি হ’ব নোৱাৰে। খাজনা বৃদ্ধি দৰ বৃদ্ধিৰ কাৰণ নহয় কাৰণে খাজনা দ্রৱ্যমূল্যৰ অন্তর্গত নহয়।

আধুনিক অর্থনীতিবিদসকলৰ মতে কোনো কোনো ক্ষেত্ৰত উৎপাদনৰ খৰচৰ অংশ হৈ পৰে আৰু উৎপাদিত শস্যৰ দৰ নির্ধাৰণত এনে খাজনাই প্রভাৱ পেলাবলৈ সক্ষম হয়। এনে দৃষ্টিকোণৰ পৰা বিচাৰ কৰি চালে খাজনা দৰৰ অন্তর্ভুক্ত বুলি ক’ব পৰা যায়। সকলো দুষ্প্রাপ্য দ্ৰৱ্যৰ দৰেই ভূমিবো বিকল্প ব্যৱহাৰ আছে। ভূমিৰ এনে বিকল্প ব্যৱহাৰৰ কাৰণেই খাজনা দ্রৱ্যমূল্যৰ অন্তর্ভুক্ত হয়।

উদাহৰণস্বৰূপে, নির্দিষ্ট ১ একৰ ভূমিত ধান খেতিও কৰিব পাৰি আৰু মৰাপাটৰ খেতিও কৰিব পৰা যায়। অৱশ্যে ভূমিডোখৰত একে সময়তে দুয়োটা খেতি কৰিব পৰা নাযায়। যদি মাটিডোখৰত ধান খেতি কৰা হয়, তেতিয়া মৰাপাটৰ খেতি কৰিব নোৱাৰি আৰু মৰাপাটৰ খেতি কৰিলে ধান খেতি কৰিব নোৱাৰি। মাটিডোখৰত ধান খেতি কৰি উপার্জন হয় ৩০০ টকা আৰু মৰাপাটৰ খেতি কৰিলে উপার্জন হয় ২০০ টকা। স্বাভাৱিকতেই মাটিডোখৰ ধান খেতিৰ কাৰণে ব্যৱহাৰ হ’ব, কিন্তু ধানৰ খেতিয়কজনে মাটিডোখৰত ধান খেতিৰ পৰিৱর্তে মৰাপাটৰ খেতিৰ বাবে ব্যৱহাৰ হ’ব। কাৰণ, মাটিডোখৰৰ ধান খেতিৰ পিছতে উৎকৃষ্ট উপার্জন দিয়া বিকল্প ব্যৱহাৰ হৈছে মৰাপাটৰ খেতি। গতিকে মৰাপাটৰ খেতিৰ পৰা হ’ব পৰা উপার্জন ২০০ টকা হৈছে মাটিডোখৰৰ ব্যৱহাৰৰ পৰিৱৰ্তন বা হস্তান্তৰকৰণৰ ব্যয়। কাৰণ, এই নিম্ন ২০০ টকাৰ উপাৰ্জনৰ ওপৰতেই মাটিডোখৰ ব্যৱহাৰৰ কোনবিধ দ্ৰৱ্যৰ উৎপাদনৰ কাৰণে হ’ব, সেইটো নির্ভৰ কৰিছে। যদি ধান খেতিয়কজনে মাটিডোখৰ ধান খেতিৰ কাৰণে ৰাখিবলৈ ইচ্ছা কৰে তেতিয়া তেওঁ নিম্নতম ২০০ টকা উপার্জন কৰিব লাগিব। গতিকে ২০০ টকা হৈছে মাটিডোখৰ হস্তান্তৰকৰণৰ ব্যয় আৰু উক্ত ব্যয় দ্রৱ্যমূলক অন্তর্ভুক্ত হয়। কাৰণ ধান খেতিয়কজনে মাটিডোখৰ ধান খেতিৰ অৰ্থে ৰাখিবলৈ হ’লে ধান উৎপাদন আৰু বিক্ৰীৰ মাধ্যমত নিম্নতম ২০০ টকা উপার্জন কৰিব লাগিব। হস্তান্তৰ ব্যয়ৰ ওপৰত যি অতিৰিক্ত উপার্জন হ’ব সেয়েই হৈছে মাটিডোখৰৰ খাজনা। উদাহৰণস্বৰূপে ধান খেতিয়কজনে যদি ধানখেতিৰ পৰা ৩০০ টকা উপার্জন কৰে, তেতিয়া মাটিডোখৰৰ খাজনা হ’ব (৩০০-২০০)= ১০০ টকা।

১৩ । বন্দবস্তি বা চুক্তিবদ্ধ খাজনা আৰু অর্থনৈতিক খাজনাৰ বিষয়ে লিখা।

উত্তৰঃ ৰিকার্ডোৰ মতে, ভূমিৰ প্রকৃতিদত্ত আৰু অৱিনশ্বৰ শক্তিৰ ব্যৱহাৰ কাৰণে যি মূল্য দিবলগীয়া হয়, সেয়েই হৈছে খাজনা। প্রকৃতিদত্ত ভূমিৰ যোগান অস্থিতিস্থাপক হোৱাৰ কাৰণেই এনে খাজনা সৃষ্টি হয়। কিন্তু আমি বাস্তৱ ক্ষেত্রত দেখিবলৈ পাওঁ যে, কৃষকসকলে ভূমিৰ গৰাকীৰ পৰা এক বিশেষ সময়ৰ কাৰণে নির্দিষ্ট পৰিমাণৰ মূল্য প্রদানৰ বন্দৱক্তিৰ ভিত্তিত ভূমি কৃষিকার্যৰ কাৰণে আহৰণ কৰে। ভূমি ব্যৱহাৰ কৰিবলৈ লোৱাৰ কাৰণে এনেভাৱে যি খাজনা দিয়া হয়, সেই খাজনা ৰিকার্ডোৰ খাজনাৰ যিটো সংজ্ঞা বা ধাৰণা তাৰ পৰা পৃথক। এনে বন্দৱস্তিত যি খাজনা দিয়া হয়, সেয়েই হৈছে বন্দৱক্তিৰ খাজনা। ৰিকার্ডোৰ খাজনাৰ সংৰাৰ লগত বন্দৱস্তিৰ খাজনা পার্থক্য আছে। ৰিকার্ডোৰ খাজনা সৃষ্টি হোৱাৰ মূল কাৰণ হৈছে- প্রকৃতিদত্ত ভূমিৰ উৎপাদিকা শক্তি বা সেৱাৰ ব্যৱহাৰ। আনহাতে বন্দৱস্তিৰ খাজনাত দুটা উপাদান অন্তর্ভুক্ত হৈ আছে। সেই উপাদান দুটা হৈছে-

(ক) প্রকৃতিদত্ত ভূমিৰ উৎপাদিকা শক্তি বা সেৱাৰ ব্যৱহাৰৰ মূল্য অথবা ৰিকাৰ্ডোৰ খাজনা। আৰু

(খ) ভূমিৰ গৰাকীয়ে ভূমি এডোখৰ কৃষিকার্যৰ উপযোগী কৰি তুলিবলৈ ভূমি উন্নয়ন, জলসিঞ্চন, বান্ধ-খাৱৈ ইত্যাদিৰ ব্যৱস্থা কৰাত যি ব্যয় কৰে তাৰ বিনিময়ত আহৰণ কৰিব বিচৰা উপার্জন বা কৃষকৰ পৰা বিচৰা মূল্য।

১৪। ৰিকাৰ্ডোৰ খাজনা তত্ত্বটো ব্যাখ্যা কৰা।

উত্তৰঃ ৰিকার্ডোৰ মতে ভূমিৰ প্রকৃতিদত্ত আৰু অবিনিশ্বৰ শক্তি ব্যৱহাৰ কৰাৰ কাৰণে ভূ- স্বামীক উৎপাদনৰ যি অংশ দিয়া হয় সেই অংশই হৈছে খাজনা। ভূমিৰ গৰাকীক দিবলগীয়া উৎপাদন অংশটো নির্ধাবণৰ অর্থে ৰিকার্ডোৱে এটা নীতি স্থাপন কৰিছে আৰু সেইটোৱেই হৈছে ৰিকার্ডোৰ খাজনা তত্ত্ব। ৰিকার্ডোৰ তত্ত্বটোৰ মূল ভেটি হ’ল দুটা- 

(ক) ভূমিৰ যোগানৰ সীমাবদ্ধতা। আৰু 

(খ) ভূমিৰ উৰ্বৰতাৰ পাৰ্থক্য। 

তলত উদাহৰণৰ সহায়ত ৰিকাৰ্ডোৰ মতে কেনেকৈ খাজনা নির্ধাৰণ হয় তাৰ বিশদ বিৱৰণ দাঙি ধৰা হ’ল।

ৰিকার্ডোৱে তেখেতৰ খাজনা তত্ত্বত এনে এটা দ্বীপৰ কথা উল্লেখ কৰিছে যিটো জনবসতিহীন। সেই দ্বীপটোলৈ ওচৰৰ কোনো দেশৰ পৰা এচাম মানুহ কৃষিকার্য কৰি বসতি কৰিবৰ উদ্দেশ্যে যাত্রা কৰিলে। ৰিকার্ডোৰ মতে প্ৰথমতে মানুহে দ্বীপটোৰ আটাইতকৈ উৰ্বৰ তেনে ভূমিবোৰত কৃষিকার্য আৰম্ভ কৰিব। এই ভূমিবোৰক ৰিকার্ডোৱে প্রথম শ্রেণীৰ ভূমি আখ্যা দিছে। এই প্রথম শ্ৰেণীৰ ভূমিৰ প্ৰতি এবাৰত উৎপাদনৰ ব্যয় ৫০ টকা আৰু উৎপাদিত শস্যৰ পৰিমাণ হৈছে ১৫ কুইন্টল ধান। ইয়াৰ পিছত দ্বিতীয় এচাম মানুহে খেতি-বাতি কৰিবৰ উদ্দেশে দ্বীপটোলৈ যাত্রা কৰিলে। কিন্তু, প্রথম শ্রেণীৰ ভূমিবোৰ ইতিমধ্যে দ্বীপটোৰ মানুহে খেতি-বাতি কৰিবলৈ লোৱাত দ্বিতীয় চাম মানুহে তাতকৈ কম উৰ্বৰ ভূমিবোৰত খেতি-বাতি কৰিবলৈ স’লে এই ভূমিবোৰক দ্বিতীয় শ্ৰেণীৰ ভূমিত অন্তর্ভুক্ত কৰা হৈছে। এই দ্বিতীয় শ্রেণীৰ ভূমিৰ প্ৰতি এবাৰত উৎপাদনৰ খৰচ প্রথম শ্রেণীৰ ভূমিৰ দৰে ৫০ টকা, কিন্তু কম উৰ্বৰতাৰ কাৰণে প্রতি একৰত উৎপাদনৰ পৰিমাণ হৈছে ১০ কুইন্টল ধান। কালক্ৰমত দ্বীপটোৰ জনসংখ্যা বৃদ্ধি পোৱাত আৰু নতুন মানুহ তালৈ বসবাসৰ উদ্দেশ্য যাত্ৰা কৰাত প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ ভূমিৰ উৎপাদিত শস্যই তেওঁলোকৰ জীৱন ধাৰণাৰ কাৰণে অপর্যাপ্ত নোহোৱাত আটাইতকৈ নিকৃষ্ট বা কম উৰ্বৰ ভূমিবোৰত কৃষিকাৰ্য আৰম্ভ হয়। ৰিকার্ডোই এইবোৰক তৃতীয় শ্ৰেণীৰ ভূমি আখ্যা দিছে। তৃতীয় শ্রেণীৰ ভূমিৰ প্ৰতি একৰত উৎপাদন ব্যয় ৫০ টকা হ’লেও উৎপাদিত শস্যৰ পৰিমাণ কম। ইয়াৰ প্রতি একৰত উৎপাদনৰ পৰিমাণ হৈছে ৫ কুইন্টল ধান। ধানৰ এটা বজাৰ মূল্য আছে। ধৰি লোৱা হওক, ধানৰ প্রতি কুইন্টলত বজাৰ দাম ১০ টকা। এনে ক্ষেত্ৰত প্ৰথম শ্ৰেণীৰ ভূমিৰ খেতিয়কে এক একৰ ভূমিৰ ধান বিক্ৰী কৰি ১৫০ টকা পাব দ্বিতীয় শ্রেণীৰ ভূমিৰ খেতিয়কে (১০ × ১০) = ১০০ টকা আৰু তৃতীয় শ্রেণীৰ ভূমিৰ খেতিয়কে (৫ × ১০) = ৫০ টকা পাব। তৃতীয় শ্রেণীৰ ভূমিয়ে উৎপাদনৰ পৰা উৎপাদনৰ ব্যয়ৰ খৰচখিনিহে পাইছে তাতকৈ বেছিও পোৱা নাই আৰু কমো পোৱা নাই। ওপৰৰ উল্লেখিত প্রথম শ্রেণীৰ ভূমিয়ে এই ক্ষেত্রত ৰাহি অংশ পাইছে ১০০ টকা আৰু দ্বিতীয় শ্রেণীৰ ভূমিয়ে পাইছে ৫০ টকা। তালিকাৰ সহায়ত প্রতিডোখৰ ভূমিৰ খাজনাৰ পৰিমাণৰ নিৰ্দেশ দিয়া হৈছে-

উৎপাদন ব্যয় (প্রতি একৰ)উৎপাদিত শস্য (কুইন্টলত)বজাৰ দাম (প্রতি কুইন্টল)মুঠ আয়খাজনা
প্রথম শ্রেণী ৫০ টকা১৫১০১৫০ টকা১০০ টকা
দ্বিতীয় শ্রেণী ৫০ টকা১০১০১০০ টকা৫০ টকা
তৃতীয় শ্রেণী ৫০ টকা১০৫০ টকা

ওপৰৰ তালিকাৰ পৰা দেখা যায় যে প্রথম আৰু দ্বিতীয় শ্রেণীৰ ভূমিয়ে যথাক্রমে ১০০ টকা আৰু ৫০ টকা খাজনা পাইছে আৰু তৃতীয় শ্রেণীৰ ভূমিৰ কোনো খাজনা নাই। ৰিকাৰ্ডোৰ এই ভূমিবোৰক খাজনাবিহীন ভূমি বুলি কোৱা হৈছে। যদি ভূমিৰ গৰাকী খেতিয়ক নিজেই হয় তেতিয়া এই খাজনা খেতিয়কে নিজেই লাভ কৰিব।

এনেভাৱে উৰ্বৰতাৰ পাৰ্থক্যৰ কাৰণে ৰিকার্ডোই খাজনা উদ্ভৱ হয় বুলি কৈছে। ৰিকার্ডোৰ মতে উৎপাদিত শস্যৰ যদি বজাৰৰ মূল্য বৃদ্ধি পায় তেতিয়া খাজনাৰ পৰিমাণ বৃদ্ধি হ’ব। কিন্তু এজন কৃষকে চুক্তি অনুসৰি কোনো ভূমিৰ গৰাকীক অধিক খাজনা দিবলৈ স্থিৰ কৰিলে তেওঁৰ উৎপাদিত শস্যৰ অধিক মূল্য দাবী কৰিব নোৱাৰিব। কাৰণ, ধান বা অন্য কোনো শস্যৰ বজাৰৰ মূল্য আছে আৰু সেই মূল্যতেই তেওঁ উৎপাদিত শস্য বিক্রী কৰিব পাৰিব। এটা কৃষিজ দ্ৰৱ্যৰ বজাৰ দৰ ইয়াৰ চাহিদা আৰু যোগানৰ দ্বাৰা নিৰ্ণয় হয়, চুক্তিবদ্ধ খাজনা বৃদ্ধিৰ কাৰণে খাজনা বৃদ্ধি হ’ব নোৱৰে। সেইকাৰণে ৰিকার্ডোই কৈছে খাজনা বৃদ্ধি হয় শস্যৰ দাম বৃদ্ধি হ’লে, কিন্তু অধিক খাজনা বর্ধিত মূল্যৰ কাৰণ হ’ব নোৱাৰে। অর্থাৎ খাজনা উৎপাদনৰ খৰচৰ ওপৰত হোৱা এক ৰাহি আৰু ই দ্রৱ্য মূল্যৰ অন্তৰ্গত নহয়।

ওপৰৰ চিত্ৰত ‘ক’, ‘খ’, ‘গ’, ‘ঘ’ এই চাৰিডোখৰ সম-পৰিমাণৰ ভূমি হ’লেও সিহঁতৰ উৰ্বৰতাৰ পার্থক্য আছে। উৰ্বৰতাৰ পাৰ্থক্যৰ কাৰণে ‘ক’ আৰু ‘খ’ ভূমিয়ে উৎপাদন ব্যয়ৰ ওপৰত ৰাহি উপার্জন বা খাজনা আহৰণ কৰিছে। আনহাতে ‘গ’ ভূমিডোখৰৰ উপাৰ্জন আৰু উৎপাদনী ব্যয় সমান আৰু এইডোখৰ হৈছে প্রান্তিক ভূমি। ‘ঘ’ ভূমিডোখৰ উৎপাদিত দ্রৱ্য বিক্ৰী কৰি উৎপাদনৰ খৰাখিনিও আহৰণ কৰিব পৰা নাই। গতিকে, এই ভূমিডোখৰে খাজনা উপাৰ্জনৰ পৰিৱর্তে লোকচানহে ভৰিছে। গতিকে এইডোখৰ ভূমি প্রান্তিয় ভূমিতকৈ নিকৃষ্ট ভূমি। 

সমালোচনাঃ ৰিকার্ডোৰ খাজনা তত্ত্বটো আধুনিক অর্থনীতিবিদসকলে কিছুমান কাৰণত সমালোচনা কৰিছে। প্রথমতে, ৰিকার্ডোই কৈছে যে ভূমিৰ যি উৰ্বৰতা শক্তি সি প্রকৃতিদত্ত আৰু অবিনশ্বৰ। কিন্তু, এই কথা সত্য নহয়। মানুহে নিজৰ প্ৰচেষ্টাত ভূমিৰ উৎপাদিকা শক্তি বৃদ্ধি কৰিব পাৰে আৰু একেৰাহে ব্যৱহাৰ কৰিলে ভূমিৰ উৎপাদিত শক্তিৰ অবনতি ঘটে।

দ্বিতীয়তে, ৰিকাৰ্ডোই তেখেতৰ তত্ত্বত উৰ্বৰতা ভিত্তিত ভূমিব যি শ্রেণী বিভাগ কৰিছে তেনে। শ্রেণীবিভাজন এখন দেশৰ সকলো ভূমিত কৃষিকার্য কৰাৰ পাছতহে সম্ভৱ। তৃতীয়তে, ৰিকার্ডোৰ মতে ভূমিৰ উৰ্বৰতাৰ পাৰ্থক্যৰ কাৰণে খাজনাৰ সৃষ্টি হয়। অর্থাৎ ৰিকার্ডোৰ মতে এখন দেশৰ যদি সকলো ভূমি সমান উৰ্বৰ হয় তেতিয়া খাজনাৰ সৃষ্টি হ’ব নোৱাৰে। কিন্তু, আধুনিক অর্থনীতিবিদসকলৰ মতে এনে অৱস্থাত ভূমিৰ দুষ্প্রাপ্যতাৰ ভিত্তিত খাজনা নির্ধাৰণ হ’ব।

চতুর্থতে, ৰিকার্ডোৰ ‘প্রান্তিক ভূমিৰ’ সংজ্ঞা ভিত্তিহীন কাৰণ, প্রান্তিক ভূমি কোনডোখৰ সেইটো নির্ধাৰণ কৰা সহজ নহয়।

১৫। চমুটোকা লিখাঃ

(ক) উপাদানৰ উৎপাদকতা।

উত্তৰঃ এক নির্দিষ্ট পৰিমাণৰ উৎপাদকৰ লগত এক নির্দিষ্ট পৰিমাণৰ উৎপাদনৰ যি সম্বন্ধ, সেই সম্বন্ধৰ ব্যাখ্যাই হৈছে উৎপাদন কাৰ্যৰ সূত্ৰৰ মূল বিষয়। বাস্তৱ ক্ষেত্রত উৎপাদন কার্যত প্রয়োগ কৰা উৎপাদনসমূহৰ এটাতকৈ অধিক উৎপাদন পৰিৱর্তনশীল হ’ব পাৰে। যদি উৎপাদন কার্যত ব্যৱহাৰ কৰা উৎপাদকসমূহৰ দুটা উৎপাদক পৰিৱৰ্তনশীল হয়, তেতিয়া উৎপাদনৰ সম্পর্ক বা উৎপাদন কার্যৰ বিষয়টো এক জ্যামিতিক পদ্ধতিৰ সহায়ত ব্যাখ্যা কৰিব পৰা যায়। উৎপাদনৰ সম্পর্ক ব্যাখ্যা কৰা এই পদ্ধতিটো সম উৎপাদন ৰেখাৰ পদ্ধতি নামেৰে পৰিচিত। এনে সম উৎপাদন ৰেখাৰ সহায়ত দুটা পৰিৱর্তনশীল উৎপাদকৰ বিভিন্ন সমষ্টিৰ প্ৰয়োগৰ জৰিয়তে কেনেকৈ এক নির্দিষ্ট পৰিমাণৰ দ্রৱ্য উৎপাদন কৰিব পাৰি তাক ব্যাখ্যা কৰা হয়। অর্থাৎ, এডাল সম-উৎপাদন ৰেখাই কেনেকৈ এক নির্দিষ্ট পৰিমাণৰ দ্রৱ্য দুটা পৰিৱৰ্তনীয় উপাদানৰ বিভিন্ন সমষ্টিৰ সহায়ত উৎপাদন কৰিব পৰা যায়, সেই বিষয়ে নির্দেশ দিছে।

১৬। উৎপাদন চাহিদা ৰেখাৰ নিৰ্ধাৰকসমূহ কি কি? উপাদান বজাৰৰ এখন উৎপাদন প্ৰতিষ্ঠানৰ সৰ্বাধিক লাভৰ অৱস্থাটো ব্যাখ্যা কৰা।

উত্তৰঃ উৎপাদন চাহিদা ৰেখাৰ নিৰ্ধাৰকসমূহ হ’ল- ভূমি, শ্রম, মূলধন আৰু সংগঠন। এই চাৰিটা উপাদানৰ সংঘবদ্ধ বৰঙণিত যিটো দ্ৰব্যৰ সৃষ্টি হয়, সেই দ্রব্যটোৰ পৰা আহৰণ কৰা উপার্জন পুনৰ সিহঁতৰ মাজত বিতৰণ কৰা হয়। এটা দ্রব্য উৎপাদনৰ অৰ্থেহে উপাদানসমূহৰ চাহিদা সৃষ্টি হয়। প্রত্যেক উপভোগৰ অৰ্থে উপাদানসমূহৰ প্ৰতি চাহিদাৰ সৃষ্টি নহয়। তদুপৰি কোনো দ্ৰব্যৰ চাহিদা স্বতন্ত্র হ’ব পাৰে, কিন্তু উপাদানসমূহৰ চাহিদা সদায় সংযুক্ত চাহিদা কাৰণ, এটা দ্রব্য উৎপাদনৰ অর্থে একে সময়তে ভূমি, শ্রম, মূলধন আৰু সংগঠন এই চাৰিটা উপাদানৰ প্রয়োজন হয়। যিহেতু কোনো দ্রব্য-সামগ্রী উৎপাদনৰ অৰ্থেহে উপাদানসমূহৰ প্ৰতি চাহিদাৰ সৃষ্টি হয়। প্রতিটো উপাদানৰ নিজস্ব উৎপাদনশীলতা থকাৰ কাৰণে, সিহঁতে উৎপাদন কার্যত সহায় কৰিব পাৰে। অর্থাৎ উৎপাদনৰ উপাদানসমূহৰ প্ৰতি চাহিদা সিহঁতৰ উৎপাদনশীলতাৰ ওপৰত নিৰ্ভৰশীল। শ্রমিককে ধৰি বিভিন্ন উপাদানৰ উৎপাদনশীলতা বৃদ্ধি পালে, সিহঁতৰ প্রতি চাহিদা বৃদ্ধি হয় আৰু উৎপাদনশীলতা কমি গ’লে, সিহঁতৰ প্রতি চাহিদা কমি যায়।

উপাদান বজাৰৰ এখন উৎপাদন প্রতিষ্ঠানৰ সর্বাধিক লাভ বা ভাৰসমতা অৱস্থা কেনেদৰে প্রান্তিক উৎপাদনশীলতা আৰু প্রান্তিক ব্যয়ৰ সমতাৰ ভিত্তিত চিত্ৰত দেখুওৱা হ’ল-

চিত্র অনুসৰি শ্ৰমিকৰ গড় মজুৰি আৰু প্রান্তিক মজুৰি ৰেখাডাল OX বাহুব আনুভূমিক আৰু একেডাল ৰেখা হোৱাৰ পৰা শ্ৰমিকৰ বজাৰ যে পূর্ণ-প্রতিযোগিতামূলক বজাৰ, সেই অনুমান কৰিব পৰা যায়। E₂ বিন্দুত গড় আৰু প্রান্তিক মজুৰি শ্ৰমিকৰ বিক্ৰী আয়মূলক প্রান্তিক উৎপাদনশীলতাৰ (MRP) সমান হৈছে। গতিকে এই বিন্দুতেই উৎপাদনকাৰীৰ ভাৰসমতা প্রতিষ্ঠা হ’ব। এই ভাৰসমতাৰ অৱস্থাত উৎপাদনকাৰীয়ে নিয়োগ কৰা শ্রমিকৰ পৰিমাণ হৈছে ON আৰু মজুৰিৰ হাৰ হৈছে NE। ON পৰিমাণৰ শ্রমিক নিযুক্তিৰ অৱস্থাতেই উৎপাদনকাৰীয়ে সর্বাধিক লাভ অর্জন কৰিব। গতিকে বিবেচক উৎপাদনকাৰীয়ে ON পৰিমাণৰ শ্রমিক নিযুক্তিৰ জৰিয়তে ভাৰসমতা অৱস্থাত উপনীত হ’ব। এই ভাৰসমতা অৱস্থাত নির্ধাৰণ হোৱা মজুৰিৰ হাৰ NE হৈছে ভাৰসমতাৰ মজুৰিৰ হাৰ।

১৭। উৎপাদন চাহিদা ৰেখাৰ পৰিৱৰ্তন কেনেদৰে ঘটে ব্যাখ্যা কৰা।

উত্তৰঃ উপাদান চাহিদা ৰেখাৰ পৰিৱর্তন হয় তেতিয়া যেতিয়া এখন উৎপাদন প্রতিষ্ঠানে উৎপাদিত দ্রব্যৰ পৰিমাণৰ পৰিৱর্তন কৰে লগতে উপাদানসমূহৰ দৰ কিন্তু অপৰিৱর্তিত থাকে। চিত্ৰৰ সহায়ত চমুকৈ ব্যাখ্যা কৰা হ’ল–

ওপৰৰ চিত্রত X অক্ষই উৎপাদিত দ্রব্যৰ পৰিমাণ আৰু Y অক্ষই দ্রব্যৰ দৰ সূচাইছে। DD হৈছে উপাদান চাহিদা ৰেখা। যেতিয়া উৎপাদন প্রতিষ্ঠান এখনে উৎপাদিত দ্রব্যসমূহৰ উপাদানৰ দৰ স্থিৰ বা অপৰিৱর্তিত থকা অৱস্থাত উৎপাদিত দ্রব্য বা উৎপাদন বৃদ্ধি কৰে তেতিয়া উপাদানসমূহৰ চাহিদাৰেখা সোঁফালে পৰিবর্তন হয়। D₁D₁ হৈছে নতুন চাহিদা ৰেখা য’ত উৎপাদনৰ পৰিমাণ পূৰ্বৰ তুলনাত QQ₁, বৃদ্ধিও পাইছে অর্থাৎ OQ ৰ পৰা OQ₁ লৈ বৃদ্ধি পাইছে, কিন্তু দৰ P ত স্থিৰ হৈ থকা দেখা গৈছে।

১৮। মূল্যই সম্পদসমূহক কেনেদৰে বন্টন কৰে আলোচনা কৰা।

উত্তৰঃ সাধাৰণ অর্থত ঐশ্বর্য, বিভূতি বা ধন সম্পত্তিক সম্পদ বুলি কোৱা হয়। কিন্তু অর্থবিজ্ঞানত যিবোৰ দুস্প্রাপ্য দ্রৱ্যই মানুহৰ অভাৱ পূৰম্ভ কৰিব পাৰে সেইবোৰকহে সম্পদ বুলি কোৱা হয়। অর্থাৎ অর্থনৈতিক দ্রৱ্যসমূহেই হৈছে সম্পদ আৰু দ্রৱ্যসমূহ সম্পদ হিচাপে পৰিগণিত হ’বলৈ হ’লে তাৰ উপযোগিতা, সীমাবদ্ধতা, হস্তান্তৰযোগ্যতা আৰু বাহ্যিকৰ এই চাৰিটা বৈশিষ্ট্য থকা দৰকাৰ। আকৌ অর্থনীতিত মূল্য শব্দটো দুটা অর্থত ব্যৱহৃত হয় ব্যৱহাৰিক মূল্য আৰু বিনিময় মূল্য। অর্থনীতিত ব্যৱহাৰিক মূল্যতকৈ বিনিময় মূল্যৰহে গুৰুত্ব অধিক। যিহেতু মানুহৰ অভাৱৰ তুলনাত সম্পদসমূহ দুষ্প্রাপ্য, সেয়ে বণ্টনৰ প্রধান সমস্যাসমূহকলৈ অর্থনীতিবিদসমূহ চিন্তিত। মুক্ত বজাৰ প্রক্রিয়াই এই সমস্যাসমূহ যেনে কি কি দ্রৱ্য সামগ্রী আৰু সেৱা উৎপাদন কৰা হ’ব, কেনেকৈ উৎপাদন কৰা হ’ব, কাৰ প্রয়োজনৰ অৰ্থে উৎপাদন কৰা হ’ব, অর্থনৈতিক উন্নয়নৰ কাৰণে কেনে ব্যৱস্থা গ্রহণ কৰা হ’ব অথবা অর্থনৈতিক উন্নয়ন কেনেকৈ অব্যাহত ৰখা হ’ব এই সমস্যাসমূহ সমাধান কৰাত সক্ষম হয়। এখন বজাৰত, সম্পদসমূহৰ বণ্টন চাহিদা আৰু যোগানৰ সৰবৰাহৰ ভিত্তিত কৰা হয় আৰু য’ত বস্তুৰ দৰে উৎপাদন কৰা বিভিন্ন দ্রৱ্যসমূহৰ বন্টন প্রক্রিয়াত সংকেত হিচাপে এক কার্যকৰী ভূমিকা পালন কৰে। ইয়াৰ উপৰিও এই দৰে ক্রেতা আৰু বিক্রেতাৰ মাজতো এক সাংকেতিক প্রক্রিয়া হিচাপে কাম কৰে, য’ত তেওঁলোকক নির্দেশ দিয়ে যে দ্রৱ্যসমূহ কি পৰিমাণৰ উৎপাদন কৰা হ’ব আৰু কি কি দ্রৱ্য-সামগ্রী আৰু সেৱা উৎপাদন কৰা হ’ব।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top