Introductory Microeconomics Unit 1 অর্থনৈতিক বিষয়বস্তুৰ বিৱৰণ, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Introductory Microeconomics Unit 1 অর্থনৈতিক বিষয়বস্তুৰ বিৱৰণ Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Introductory Microeconomics Unit 1 অর্থনৈতিক বিষয়বস্তুৰ বিৱৰণ Question Answer can be of great value to excel in the examination.
Introductory Microeconomics Unit 1 অর্থনৈতিক বিষয়বস্তুৰ বিৱৰণ
Introductory Microeconomics Unit 1 অর্থনৈতিক বিষয়বস্তুৰ বিৱৰণ Notes cover all the exercise questions in UGC Syllabus. Introductory Microeconomics Unit 1 অর্থনৈতিক বিষয়বস্তুৰ বিৱৰণ provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.
অর্থনৈতিক বিষয়বস্তুৰ বিৱৰণ
INTRODUCTORY MICROECONOMICS
অতি চমু প্রশ্নোত্তৰঃ |
১। নিগমন পদ্ধতি কাক বোলে?
উত্তৰঃ সাধাৰণ ঘটনাৰ বা সমস্যাৰ পৰা কোনো বিশেষ ঘটনাৰ বা সমস্যাৰ কাৰণ বা অৱস্থা ব্যাখ্যা যি ব্যৱস্থা তাকেই নিগমন পদ্ধতি বুলি কোৱা হয়। এই পদ্ধতিৰ বিশ্লেষণ পদ্ধতি সংক্ষেপ। নিগমন পদ্ধতিত কোনো সাধাৰণ ঘটনা নিৰীক্ষণ কৰি কোনো বিশেষ ঘটনাৰ যুক্তযুক্ততা প্রতিপন্ন কৰা হয়।
২। আগমন পদ্ধতি কাক বোলে?
উত্তৰঃ আগমন পদ্ধতিৰ অর্থনৈতিক বিশ্লেষণ বাস্তৱ ঘটনাৰ ওপৰত প্ৰতিষ্ঠিত। কোনো বিশেষ অর্থনৈতিক ঘটনা বা সমস্যাৰ সকলোবোৰ প্রয়োজনীয় তথ্যপাতি সংগ্রহ আৰু বিশ্লেষণ কৰি যেতিয়া অর্থনৈতিক ব্যাখ্যা বা সূত্র গঠন কৰা হয়। তাকেই আগমন পদ্ধতিব বিশ্লেষণ বুলি কোৱা হয়।
৩। ব্যষ্টিগত স্থিতিশীল বিশ্লেষণ বুলিলে কি বুজা?
উত্তৰঃ ব্যষ্টিগত অর্থনৈতিক বিশ্লেষণৰ যিটো ভাগত কোনো অর্থনৈতিক উপাদানে এক বিশেষ সময়ত উপনীত হোৱা ভাৰসাম্য অৱস্থাত ইয়াৰ লগত জড়িত উপাদানসমূহৰ সম্পৰ্কৰ বিষয়ে আলোচনা কৰা হয়। সেইটো ভাগকে ব্যষ্টিগত স্থিতিশীল বিশ্লেষণ বুলি কোৱা হয়।
8। তুলনামূলক ব্যষ্টিগত স্থিতিশীল বিশ্লেষণ বুলিলে কি বুজা?
উত্তৰঃ বিভিন্ন সময়ত ব্যক্তিগত উপাদানৰ প্রভাৱত যিবোৰ ভাৰসাম্য প্রতিষ্ঠা হয় সেই ভাৰসাম্যৰ তুলনামূলক অধ্যয়নেই হৈছে তুলনামূলক ব্যষ্টিগত স্থিতিশীল অর্থনৈতিক বিশ্লেষণ।
৫। গতিশীল ব্যষ্টিগত অর্থনৈতিক বিশ্লেষণ কাক বোলে?
উত্তৰঃ যি পদ্ধতিত এটা ভাৰসাম্য অৱস্থাৰ পৰা আন এটা ভাৰসাম্য অৱস্থালৈ কেনেকৈ আৰু কিয় গতি কৰা হ’ল সেই বিষয়ে সম্পূর্ণ তথ্য প্রদান কৰা হয় সেই পদ্ধতিটোকে গতিশীল ব্যষ্টিগত অর্থনৈতিক বিশ্লেষণ বোলে। দ্রৱ্য এটাৰ চাহিদা আৰু যোগানৰ কোনটোৰ পৰিৱৰ্তনৰ কাৰণে পূৰ্বৰ ভাৰসাম্যৰ মূল্যৰ পৰা আঁতৰি আহি নতুন ভাৰসাম্য মূল্য প্রতিষ্ঠা হ’ল সেই বিষয়ে গতিশীল ব্যষ্টিগত অর্থনৈতিক বিশ্লেষণৰ বিপদ ব্যাখ্যা প্রদান কৰা হয়।
৬। প্রধান অর্থনৈতিক সমস্যা কেইটা আৰু কি কি?
উত্তৰঃ যিকোনো অর্থনৈতিক ব্যৱস্থাই ইয়াৰ লক্ষ্যত উপনীত হ’বৰ কাৰণে তিনিটা প্রধান অর্থনৈতিক সমস্যা সমাধান কৰিবলগীয়া হয়।
এই সমস্যাকেইটা হৈছে-
(ক) কি কি দ্রৱ্য- সামগ্রী আৰু সেৱা উৎপাদন কৰা হ’ব।
(খ) কেনেকৈ উৎপাদন কৰা হ’ব।
(গ) কাৰ প্ৰয়োজনৰ অর্থে উৎপাদন কৰা হ’ব।
৭। অর্থনৈতিক ব্যবস্থা কি?
উত্তৰঃ অর্থনৈতিক ব্যবস্থা হ’ল অর্থনৈতিক প্রতিষ্ঠানৰ এটা দল যি এখন সংস্থাক পৰিচালনাৰ মাধ্যমেৰে নিয়ে য’ত দুষ্প্রাপ্য সম্পদবোৰ মানুহৰ ইচ্ছা পূৰণত ব্যবহৃত হয়।
৮। মুক্ত বজাৰ অর্থনীতি কাক বোলে?
উত্তৰঃ পুঁজিবাদক মুক্ত বজাৰ অর্থনীতি বুলিও কোৱা হয়। ই হ’ল সামাজিক আৰু অর্থনৈতিক ব্যবস্থা য’ত ব্যক্তি উৎপাদনৰ সাধনৰ বাবে স্বাধীন হয়।
৯। মিশ্র অর্থনীতি কি?
উত্তৰঃ মিশ্র অর্থনীতি হ’ল এক অর্থনৈতিক ব্যৱস্থা যিয়ে পুজিবাদ আৰু সমাজতন্ত্র উভয়ৰ উপাদানবোৰ একত্রিত কৰে।
১০। অর্থনৈতিক আর্হি কি?
উত্তৰঃ বাস্তৱ জগতখনত অর্থনৈতিক ঘটনাবোৰ অতিশয় জটিল হোৱাৰ কাৰণে এইবোৰৰ সহজ ব্যাখ্যা কৰাটো বহুতো সময়ত সম্ভৱপৰ নহয়। এই সমস্যা সমাধানৰ অর্থে অর্থনীতিবিদসকলে অর্থনৈতিক ঘটনাৰ তাত্ত্বিক ব্যাখ্যাৰ সৎক্ষিপ্তকৰণ বা সাৰাংশমূলক উপস্থাপনৰ ব্যৱস্থা গ্রহণ কৰে। এনে সাৰাংশমূলক উপস্থাপনৰ প্রধান উপায় হৈছে অর্থনৈতিক আর্হি।
১১। অর্থনৈতিক আৰ্হি গঠনৰ প্রধান উদ্দেশ্য দুটা কি কি?
উত্তৰঃ অর্থনৈতিক আৰ্হি গঠনৰ উদ্দেশ্য হৈছে দুটা। উক্ত উদ্দেশ্য দুটা হৈছে-
(ক) বিশ্লেষণ। আৰু
(খ) ভৱিষ্যদ্বাণী।
১২। প্রাথমিক অথবা মৌলিক প্রতিযোগিতামূলক আর্হি বুলিলে কি বুজা?
উত্তৰঃ প্রাথমিক প্রতিযোগিতামূলক আর্হি হ’ল এক অর্থনৈতিক ব্যৱস্থা যিয়ে অর্থনীতিৰ কিছু সমস্যাৰাজি যেনে কি কি দ্রৱ্য-সামগ্রী আৰু সেৱা উৎপাদন হ’ব, কেনেকৈ উৎপাদন কৰা হ’ব আৰু কাৰ বাবে উৎপাদন কৰা হ’ব এনেধৰণৰ প্ৰশ্নৰ উত্তৰ দিয়ে।
১৩। কেন্দ্রীয় পৰিকল্পিত অর্থনীতি বা কমাণ্ড অর্থনীতি কি?
উত্তৰঃ ই এক সামাজিক আৰু অর্থনৈতিক ব্যৱস্থা য’ত উৎপাদনৰ উপায়বোৰ সন্মিলিতভাৱে মালিকাধীন কৰা হয় আৰু সমতাক উচ্চ অগ্রাধিকাৰ দিয়া হয়।
১৪। যথার্থ বিজ্ঞান বুলিলে কি বুজা?
উত্তৰঃ যি বিজ্ঞানত আলোচ্য বস্তুসমূহে কেনেদৰে কাম কৰা উচিত সেই বিষয়ে আলোচনা নকৰি কেনেকৈ কাম বা আচৰণ কৰে সেই বিষয়েহে আলোচনা কৰা হয় তেনে বিজ্ঞানক যথার্থ বিজ্ঞান বুলি কোৱা হয়।
১৫। নীতি-নিৰ্ধাৰক বিজ্ঞান বুলিলে কি বুজা?
উত্তৰঃ যি বিজ্ঞানত বিষয়সমূহ কেনে ধৰণৰ হোৱাটো উচিত বা বস্তুসমূহে কেনে ধৰণেৰে আচৰণ কৰাটো উচিত সেই বিষয়ে আলোচনা কৰা হয় তেনে বিজ্ঞানক নীতি-নির্ধাৰক বিজ্ঞান বুলি কোৱা হয়।
চমু আৰু ৰচনাধর্মী প্রশ্নোত্তৰঃ |
১। আৰ্হি গঠনৰ উদ্দেশ্যসমূহ চমুকৈ ব্যাখ্য কৰা।
উত্তৰঃ আৰ্হি গঠনৰ উদ্দেশ্য হৈছেদুটা। উক্ত উদ্দেশ্য দুটা হৈছে-
(ক) বিশ্লেষণ। আৰু
(খ) ভৱিষ্যদ্বাণী।
অর্থনৈতিক আর্হি গঠনৰ ভিত্তি অর্থনৈতিক গোটৰ ব্যাখ্যাই হৈছে বিশ্লেষণ। এই ক্ষেত্রত এলানি অভিধাৰণাৰ সহায়ত অর্থনীতিবিদসকলে অর্থনৈতিক বিধি গঠন কৰে আৰু উক্ত বিধিয়ে উপভোক্তা অথবা উৎপাদকৰ আচৰণ বিধি সাধাৰণভাবে ব্যাখ্যা কৰে। উক্ত ব্যাখ্যাৰ ভিত্তিত অর্থনীতিবিদসকলে ভবিষ্যদ্বাণী কৰে বা ভবিষ্যতত ঘটিব পৰা ঘটনা বা পৰিবৰ্তনৰ বিষয়ে অনুমান কৰে। যদি অর্থনৈতিক আৰ্হি গাণিতিক সমীকৰণৰ মাধ্যমত উপস্থাপন কৰা হয়, তেতিয়া ভবিষ্যদ্বাণী কৰাটো সহজ হয়।
২। অর্থনৈতিক আৰ্হিৰ মূল বৈশিষ্ট্যবলী কি কি?
উত্তৰঃ অর্থনৈতিক আৰ্হিৰ মূল বৈশিষ্ট্যসমূহ হ’ল—
(ক) অন্য সকলো বস্তু একে থকাৰ ধাৰণা।
(খ) অনুকুলন ধাৰণা, য’ত অর্থনীতিৰ নির্ণায়কসকলে কোনো বস্তু অনুকুলন কৰিব চেষ্টা কৰে।
(গ) যথার্থ আৰু নীতি-নির্ধাৰক প্রশ্নসমূহৰ পাৰ্থক্যৰ ধাৰণা।
৩। অর্থনীতি বিজ্ঞান অধ্যয়নৰ প্ৰয়োজনীয়তা কি?
উত্তৰঃ অর্থনীতিৰ প্রণালীবদ্ধ আলোচনাৰ পথ প্রদর্শক আৰু পিতৃস্বৰূপ আদাম স্মিথে তেখেতৰ “An Enquiry into the Nature and Causes of the Wealth of Nations” নামৰ গ্রন্থত পোন প্রথমে অর্থনীতিৰ বিষয়বস্তু বিষয়ে এটা স্পষ্ট সংজ্ঞা দিয়ে। তেখেতে অর্থশাস্ত্রক এক ধন সম্পদৰ বিজ্ঞান হিচাপে ব্যাখ্যা কৰিছিল। সম্পদ আহৰণ, সম্পদ ব্যয় আৰু সম্পদ সঞ্চয় এই তিনিটা বিষয়ত জ্ঞান প্রদানেই হৈছে অর্থবিজ্ঞানৰ প্রধান উদ্দেশ্য। সম্পদৰ প্রদান বৈশিষ্ট্য হৈছে দুস্প্রাপ্যতা আৰু সেইকাৰণে সম্পদৰ ব্যৱহাৰ এনেভাৱে হোৱা উচিত যাতে অপচয়ৰ পৰিৱর্তে সেইবোৰৰ ব্যৱহাৰৰ পৰা সৰ্বাধিক পৰিতৃপ্তি লাভ কৰিব পৰা যায়। অর্থবিজ্ঞানে মানুহক দুষ্প্রাপ্য সম্পদসমূহৰ ব্যৱহাৰৰ ক্ষেত্ৰত বিবেচনা শক্তিৰ দ্বাৰা পৰিচালিত হোৱাত সহায় আৰু জ্ঞান প্রদান কৰে।
অর্থনীতি বিজ্ঞানৰ অধ্যয়ন অপৰিহার্য। কাৰণ সম্পদ উৎপাদন আৰু উপভোগৰ অৰ্থে মানুহে কৰিবলগীয়া হোৱা সকলোবোৰ কাম-কাজেই হৈছে অর্থনৈতিক কার্য আৰু অর্থবিজ্ঞানৰ আলোচনাৰ বিষয়বস্তু। সম্পদৰ উৎপাদন আৰু উপভোগৰ জৰিয়তে জাগতিক কল্যাণ সাধন কৰাটোহে অর্থবিজ্ঞানৰ প্রধান লক্ষ্য। সম্পদ হৈছে জাগতিক কল্যাণ সাধনৰ এক উপায় আৰু এনে উপায়ৰ সহায়ত মানৱ জাতিৰ পার্থিৱ কল্যাণ কেনেধৰণৰ সাধন কৰিব পাৰি, সেই বিষয়ে অর্থনীতি বিজ্ঞানে অধ্যয়ন কৰে। আকৌ প্রাকৃতিক বিজ্ঞানৰ দৰে অর্থবিজ্ঞানেও কিছুমান বাস্তৱ ঘটনা নিৰীক্ষণ কৰে আৰু কিছুমান অনুমিত স্বীকাৰ্যৰ সহায়ত এনে ঘটনাৰ কাৰণ ব্যাখ্যা কৰে। এনে অনুমিত ধাৰণাৰ ভিত্তিতেই উপাদান বা কাৰণসমূহৰ দ্বাৰা ভৱিষ্যতত হ’ব পৰা ঘটনাৰ বিষয়ে অর্থশাস্ত্রই আলোকপাত কৰে।
৪। অর্থবিজ্ঞানৰ এটা উপযুক্ত সংজ্ঞা দিয়া। ইয়াৰ পৰিসৰ আলোচনা কৰা।
উত্তৰঃ অর্থশাস্ত্রৰ পিতৃ আদাম স্মিথৰ পৰা আৰম্ভ কৰি বৰ্তমান যুগৰ অর্থনীতিবিদসকলৰ ভিতৰত বহুতো অর্থনীতিবিদে এই বিজ্ঞানৰ সংজ্ঞা দিছে। মাৰ্ছালব মতে, “মানৱ জাতিৰ দৈনন্দিন জীৱনৰ কার্যাৱলীৰ অধ্যয়নেই হৈছে অর্থবিজ্ঞান, ই কল্যাণ লাভৰ অৰ্থে প্রয়োজন হোৱা ভৌতিক অহিলাসমূহৰ উপাৰ্জন আৰু ব্যৱহাৰৰ সৈতে ঘনিষ্ট সম্পর্ক থকা ব্যক্তিগত আৰু সমাজিক কার্যাবলী অধ্যয়ন কৰে। এনেভাৱে এহাতেদি সম্পদৰ অধ্যয়ন আৰু অন্যহাতেদি অধিক গুৰুত্বপূর্ণ দিশত ই মানুহৰ কাৰ্যাৱলীৰ অংশ বিশেষ অধ্যয়ন।”
অর্থবিজ্ঞানৰ পৰিসৰৰ বিষয়ে আলোচনা কৰিবলৈ যাওঁতে এই বিজ্ঞানৰ অধ্যয়নৰ বিষয়বস্তু বিষয়ে আলোচনা কৰাৰ উপৰিও এই বিজ্ঞানৰ প্রকৃতি, অর্থাৎ এই বিজ্ঞান যথার্থ বিজ্ঞান নে নীতি নির্ধাবক বিজ্ঞান সেই বিষয়েও আলোচনা কৰা হয়। ব্যক্তি হিচাপে বা সমাজ পাতি বাস কৰা যি কোনো দেশৰ মানুহে সীমিত সম্পদৰ দ্বাৰা তেওঁলোকৰ অপৰিসীম অভাৱ পূৰণ কৰাৰ সমস্যাৰ সন্মুখীন হয়। অর্থবিজ্ঞানত এনে সীমিত সম্পদৰ দ্বাৰা মানুহৰ অপৰিসীম অভাৱসমূহ যিমান দূৰ সম্ভৱ কেনেকৈ পূৰণ কৰিব পাৰি সেই বিষয়ে আলোচনা কৰা হয়। আনকথাত ক’বলৈ হ’লে অর্থনৈতিক বিশ্লেষণৰ ভিত্তিতেই মানুহে সীমিত সম্পদেৰে কোনটো অভাৱ পূৰণ কৰিব আৰু কোনটো ত্যাগ কৰিব, কেনে ধৰণৰ উৎপাদন পদ্ধতি দ্রৱ্য-সামগ্রী উৎপাদনৰ অর্থে ব্যৱহাৰ কৰিব, উৎপাদিত দ্রৱ্য সামগ্রীৰ মূল্য কেনেভাৱে নির্ধাৰণ কৰিব আৰু উৎপাদন কার্যত অংশগ্রহণ কৰা উপাদানসমূহৰ মাজত মুঠ উৎপাদন কেনেকৈ বিতৰণ হ’ব সেই বিষয়ে সিদ্ধান্ত গ্রহণ কৰে। এনেভাবে দ্রৱ্য-সামগ্ৰীৰ উৎপাদন, উপভোগ আৰু বিতৰণক কেন্দ্র কৰি যিবোৰ সমস্যাৰ সৃষ্টি হয়। সেই সকলোৰেই অর্থবিজ্ঞানৰ আলোচনাৰ বিষয়বস্তু আৰু পৰিসৰৰ অন্তর্ভুক্ত। আকৌ অর্থবিজ্ঞানৰ বিভিন্ন সমস্যাসমূহক প্রধানকৈ দুটা ভাগত ভাগ কৰা হয়। এটা ভাগত জাতীয় আয়ৰ অধ্যয়নৰ লগত জড়িত হৈ থাকে। জাতীয় আয়ৰ পৰিমাণ আৰু শ্রমিক, পুঁজিপাতি ইত্যাদি সমাজৰ বিভিন্ন শ্রেণীৰ মানুহৰ মাজত ইয়াৰ বিতৰণ, জাতীয় আয় বৃদ্ধি আৰু মাজে সময়ে হোৱা ইয়াৰ হ্রাস বৃদ্ধিৰ বিষয়ে অধ্যয়ন চলোৱা হয়। অর্থবিজ্ঞানৰ এই সমষ্টিগত অর্থনীতি নামেৰে পৰিচিত। আনহাতে অর্থবিজ্ঞানৰ দ্বিতীয় ভাগটোত জাতীয় উৎপাদনৰ গাঁথনিৰ বিষয়ে অধ্যয়ন চলোৱা হয়। কি কি উপাদানে জাতীয় উৎপাদনৰ গাঁথনি নির্ণয় কৰে অথবা বিভিন্ন দ্রব্য সামগ্ৰীৰ পৰিমাণ নির্ণয় কৰে, এনে উৎপাদিত দ্রব্যৰ মূল্য কি কি উপাদানৰ ওপৰত নিৰ্ভৰ কৰে সেই বিষয়ে এই ভাগটোত বিতংভাবে আলোচনা কৰা হয়। ইয়াৰোপৰি, উৎপাদন কার্যত ব্যৱহাৰ হোৱা উপাদানসমূহৰ মূল্য নির্ধাৰণৰ বিষয়েও এই ভাগটোত অধ্যয়ন কৰা হয়। অর্থবিজ্ঞানৰ এই ভাগটো ব্যষ্টিবাদী অর্থনীতি হিচাপে পৰিচিত।
অর্থবিজ্ঞানৰ পৰিসৰৰ বিষয়ে আলোচনা কৰোঁতে এটা কথা মন কৰিবলগীয়া যে অর্থবিজ্ঞানৰ লক্ষ্য কেৱল সীমিত সম্পদেৰে মানুহৰ বিভিন্ন অভাৱসমূহ পূৰণ কৰাই নহয়, সম্পদৰ দক্ষতাপূর্ণ ব্যৱহাৰৰ প্রতি লক্ষ্য ৰখাটোও ইয়াৰ পৰিসৰৰ ভিতৰত পৰে। অর্থনীতিৰ কার্যনির্বাহে কি প্ৰকাৰে সমাজৰ সর্বাধিক কল্যাণ সাধন কৰিছে সেই বিষয়ে অর্থবিজ্ঞানত অধ্যয়ন কৰিবলগীয়া হয়। কল্যাণৰ বিষয়টো কল্যাণ অর্থনীতিৰ মূল ভেটি আৰু কল্যাণ অর্থনীতি হৈছে অর্থবিজ্ঞানৰ এক গুৰুত্বপূর্ণ ভাগ। কল্যাণ অর্থনীতিৰ পৰিসৰৰ ভিতৰত পৰা সকলো বিষয়েই আলোচনাৰ অন্তর্ভুক্ত। আকৌ অর্থবিজ্ঞানৰ পৰিসৰৰ বিষয়ে আলোচনা কৰিবলৈ যাওঁতে এই বিষয়টো বিজ্ঞান নে কলা সেই বিষয়েও আলোচনা কৰা হয়। বিজ্ঞানৰ অর্থ হৈছে বিশেষ জ্ঞান। অর্থাৎ কোনো এটা বিষয়ৰ প্রণালীবদ্ধ জ্ঞানেই হৈছে বিজ্ঞান। বিজ্ঞানে প্রকৃতি বা মানুহ সম্পর্কীয় কোনো বিষয়ৰ লগত জড়িত বাস্তৱ ঘটনাসমূহৰ পর্যবেক্ষণ আৰু পৰীক্ষামূলক ব্যৱস্থাৰ সহায়েৰে অধ্যয়ন কৰে আৰু সেই বিষয়ৰ সাধাৰণ বিধি উদ্ভাৱন কৰে। কিছুমান বাস্তৱ ঘটনাৰ সমষ্টিয়েই বিজ্ঞান হ’ব নোৱাৰে। কোনো এটা বিষয়ৰ ঘটনাসমূহক প্রণালীবদ্ধ হিচাপে শ্রেণী বিভাজন কৰিবলৈ চলোৱা অধ্যয়নৰ ফলস্বৰূপেই বিজ্ঞানৰ জন্ম হয়। এই দৃষ্টিকোণৰ পৰা অর্থশাস্ত্রত বিজ্ঞান। কাৰণ এই শাস্ত্রতো কিছুমান বাস্তৱ ঘটনাৰ সমষ্টিকেই প্রণালীবদ্ধ হিচাপে সজাই পুংখানুপুংখভাৱে বিশ্লেষণ কৰা হয় আৰু এনে বিশ্লেষণৰ ভিত্তিত কিছুমান সাধাৰণ নীতি বা নিযম প্রতিষ্ঠা কৰা হয়। এচাম অর্থনীতিবিদে অর্থশাস্ত্রক কলা হিচাপেহে বিবেচনা কৰে। জ্ঞানক কামত লগোৱা পদ্ধতিয়েই হৈছে কলা। কলা আৰু বিজ্ঞানৰ মাজত প্রভেদ এইখিনিতে যে বিজ্ঞানে আমাক বস্তু বা বিষয় এটাৰ ওপৰত জ্ঞান প্রদান কৰে আৰু কলাই এনে জ্ঞানক ব্যৱহাৰিক জীৱনত প্রয়োগ কৰিবলৈ শিক্ষা দিয়ে। এনে দৃষ্টিকোণৰ পৰা বিচাৰ কৰি চালে অর্থনীতিক কলাৰ শাৰীত অন্তর্ভুক্ত কৰিব পৰা যায়। কাৰণ আমাৰ মাজত দেখা দিয়া বিভিন্ন ধৰণৰ অর্থনৈতিক সমস্যাসমূহ সমাধানৰ বাবে অর্থনীতি শাস্ত্রই আমাক পথ প্রদর্শকৰূপে কাম কৰে।
৫। অর্থনীতি বিজ্ঞানৰ পদ্ধতিসমূহ কি কি? আলোচনা কৰা।
উত্তৰঃ অর্থশাস্ত্ৰত ইয়াৰ অন্তর্ভুক্ত বিষয়সমূহ ব্যাখ্যাৰ কাৰণে নির্দিষ্ট পদ্ধতি অৱলম্বন কৰা হয়। অর্থনীতিবিদসকলে ইয়াৰ অন্তর্ভুক্ত বিষয়সমূহ ব্যাখ্যাৰ অৰ্থত যিবোৰ পদ্ধতি অৱলম্বন কৰে সেইবোৰৰ ভিতৰত আগমন আৰু নিগমন পদ্ধতি উল্লেখযোগ্য।
নিগমন পদ্ধতিঃ সাধাৰণ ঘটনাৰ বা সমস্যাৰ পৰা কোনো বিশেষ ঘটনাৰ বা সমস্যাৰ কাৰণ বা অৱস্থা ব্যাখ্যাৰ যি ব্যৱস্থা তাকেই নিগমন পদ্ধতি বুলি কোৱা হয়। এই পদ্ধতিৰ বিশ্লেষণ পদ্ধতি সংক্ষেপ। নিগমন পদ্ধতিত কোনো সাধাৰণ ঘটনা নিৰীক্ষণ কৰি কোনো বিশেষ ঘটনাৰ যুক্তিযুক্ততা প্রতিপন্ন কৰা হয়। উদাহৰণস্বৰূপে, চাহিদাৰ বিধিৰ উল্লেখ কৰিব পাৰি। এই বিধিটো নিগমন পদ্ধতিৰ অন্তর্ভুক্ত। কাৰণ বজাৰত দ্ৰব্যৰ দামৰ লগত গ্রাহকৰ চাহিদাৰ সাধাৰণ সম্পৰ্ক বিচাৰ কৰি চাহিদাৰ বিধিটোত কোৱো হৈছে যে এটা দ্রৰ্য্যৰ দাম বৃদ্ধি ইয়াৰ চাহিদা কমি যায় আৰু দাম কমি গ’লে চাহিদা বৃদ্ধি হয়। প্রতিটো দ্ৰৱ্যৰ দামৰ লগত চাহিদাৰ সম্পৰ্কৰ বিষয়ে তথ্যপাতি সংগ্রহ নকৰাকৈ গ্ৰাহকৰ সাধাৰণ প্রতিক্রিয়া লক্ষ্য কৰি চাহিদাৰ বিধিটো গঠন কৰা হৈছে। নিগমন পদ্ধতিত সাধাৰণ ঘটনাৰ পৰা কোনো বিশেষ ঘটনাৰ ব্যাখ্যা প্রদান কৰোতে কিছুমান চর্ত আৰোপ কৰা হয় আৰু এই চর্তসমূহৰ উপস্থিতিত বিশেষ ঘটনাৰ ব্যাখ্যাৰ সততা প্রমাণিত হয়।
নিগমন পদ্ধতিৰ বিশেষ সুবিধা হৈছে সময় আৰু পুঁজিৰ কোনো বিশেষ ব্যয় নকৰাকৈ এই পদ্ধতিৰ সহায়ত কোনো নির্দিষ্ট অর্থনৈতিক ব্যাখ্যা প্রদান কৰিব পৰা যায়। এই ধৰণৰ বিশ্লেষণত কোনো বিশেষ ঘটনাৰ ব্যাখ্যাৰ সত্যতা নিৰূপন কৰিবলৈ তথ্যপাতি সংগ্রহত সময় আৰু অর্থ ব্যয় নহয়। যুক্তিতর্কৰ দ্বাৰা সমৃদ্ধ এই পদ্ধতি মানুহৰ অৰ্থনৈতিক ব্যৱহাৰ ব্যাখ্যা কৰিবলৈ অতি উত্তম ব্যবস্থা অৱশ্যে, গতিশীল অর্থনীতিত প্রকৃততে কি ঘটিছে সেই বিষয়ে অনুসন্ধান নকৰাকৈ কিছুমান ধাৰণাৰ ওপৰত ভিত্তি কৰি নিগমন পদ্ধতিত অর্থনৈতিক ব্যাখ্যা প্রদান কৰাৰ কাৰণে এনে ব্যাখ্যাবোৰক স্থিতিশীল বা গতিহীন ব্যাখ্যা বুলি ধৰিবৰ যথেষ্ট থল আছে। ইয়াৰোপৰি ধাৰণাসমূহৰ উপস্থিতিৰ অহিবনে এনে ধৰণৰ অৰ্থনৈতিক ব্যাখ্যাবোৰ অকামিলা হৈ পৰাৰ কাৰণেও নিগমন পদ্ধতিৰ অৰ্থনৈতিক বিশ্লেষণক সমালোচনা কৰা হয়।
আগমন পদ্ধতিঃ আগমন পদ্ধতিৰ অর্থনৈতিক বিশ্লেষণ বাস্তৱ ঘটনাৰ ওপৰত প্রতিষ্ঠিত। কোনো বিশেষ অর্থনৈতিক ঘটনা বা ঘটনাৰ ওপৰত প্রতিষ্ঠিত। কোনো বিশেষ অর্থনৈতিক ঘটনা বা সমস্যাৰ সকলোবোৰ প্ৰয়োজনীয় তথ্যপাতি সংগ্রহ আৰু বিশ্লেষণ কৰি যেতিয়া অর্থনৈতিক ব্যাখ্যা বা সূত্র গঠন কৰা হয় তাকেই আগমন পদ্ধতিৰ বিশ্লেষণ বুলি কোৱা হয়। এনে ধৰণৰ ব্যাখ্যাত যিবিলাক ধাৰণা কৰা হয় সেইবিলাক অনুসন্ধান আৰু বাস্তৱ পৰীক্ষা নিৰীক্ষাৰ জৰিয়তে প্রমাণিত কৰাৰ ব্যৱস্থা আছে। আগমন পদ্ধতিৰ সহায়ত অর্থনৈতিক ঘটনা বা সমস্যাৰ বিশ্লেষণ দুই ধৰণেৰে কৰা হয়। এই ব্যৱস্থাত পদার্থ বা বসায়ন বিজ্ঞানৰ দৰে পৰীক্ষা-নিৰীক্ষাৰ ভিত্তিত কোনো অর্থনৈতিক ঘটনাৰ ব্যাখ্যা প্রমাণিত কৰাৰ ব্যৱস্থা আছে আৰু পৰিসংখ্যাৰ ভিত্তিত কোনো অর্থনৈতিক ঘটনাৰ ব্যাখ্যা প্রমাণিত কৰাৰ ব্যৱস্থা আছে আৰু পৰিসংখ্যাৰ ভিত্তিত এনে ঘটনাৰ সত্যতা নিৰূপন কৰাৰো ব্যৱস্থা আছে। উদাহৰণস্বৰূপে, মানুহৰ উপাৰ্জন বৃদ্ধিৰ লগে লগে সঞ্চয়ৰ হাৰ বৃদ্ধি হয় আৰু দ্রৱ্য-সামগ্ৰীৰ উপভোগৰ হাৰ কমি যায় উপভোগৰ এই সূত্ৰটো তথ্য-পাতিৰ ভিত্তিত প্রতিষ্টিত আৰু আগমন পদ্ধতিৰ বিশ্লেষণৰ অন্তর্ভুক্ত।
আগমন পদ্ধতিৰ অর্থনৈতিক বিশ্লেষণৰ প্রধান সুবিধা হৈছে যে এনে পদ্ধতিৰ অৰ্থনৈতিক ব্যাখ্যাসমূহৰ সত্যতা প্রমাণ কৰি দেখুৱাব পাৰি আৰু এনে ধৰণৰ ব্যাখ্যা বা সূত্রসমূহ বাস্তৱত প্রয়োগ কৰাৰো সুবিধা থাকে। অৱশ্যে, এই পদ্ধতিৰ সহায়ত অর্থনৈতিক ব্যাখ্যা প্রদান কৰোতে যথেষ্ট সময় আৰু অর্থ ব্যয় হয়। কাৰণ এই ক্ষেত্ৰত প্রতিটো প্রয়োজনীয় তথ্য পাতি সংগ্রহ আৰু বিশ্লেষণৰ প্রয়োজন হয়। ইয়াৰোপৰি উপযুক্ত পৰিমাণৰ তথ্যপাতি সংগ্রহ নকৰাকৈ অর্থনৈতিক বিশ্লেষণ দাঙি ধৰিলে ভুল ব্যাখ্যাৰ সম্ভাবনাও নুই কৰিব নোৱাৰি।
অর্থনৈতিক বিষয় বা সমস্যাসমূহৰ বিশ্লষণত আগমন আৰু নিগমন এই দুয়োটা পদ্ধতিৰেই প্রয়োজন। যিবোৰ বিষয়ৰ ওপৰত প্রয়োজনীয় তথ্য পাতি সংগ্ৰহ কৰাৰ অসুবিধা আছে বা সময় নহয় তেনে বিষয় ব্যাখ্যা কৰাত নিগমন পদ্ধতি আৰু যিবোৰত তেনে সুবিধা বা সময় থাকে, সেইবোৰত আগমন বিশ্লেষণ পদ্ধতি ব্যৱহাৰ কৰা হয়।
৬। অৰ্থনীতিৰ প্ৰদান সমস্যাৰাজি দুর্লভতা আৰু নির্বাচন বিষয়ে বহলাই লিখা।
উত্তৰঃ প্রকৃতিৰ সীমিত সম্পদৰ সহায়ত ব্যক্তি তথা সমস্যাৰ অসীম অভাৱ পূৰণ কৰিবলৈ যাওঁতে যি সমস্যাৰ সন্মুখীন হোৱা যায় সেয়েই হৈছে অর্থনৈতিক সমস্যা।
মানুহৰ অভাৱৰ কোনো সীমা নাই। মানুহৰ অসীম অভাৱ পূৰণৰ উপায় হৈছে দুস্প্রাপ্য সম্পদ। এনে দুষ্প্রাপ্য সম্পদৰ দ্বাৰা অসীম অভাৱ কেনেকৈ পূৰণ কৰিব পৰা যায়, সেই বিষয়েই অর্থবিজ্ঞানত অধ্যয়ন কৰা হয়। অর্থাৎ, অর্থবিজ্ঞানৰ লক্ষ্য হৈছে সীমিত সম্পদৰ দ্বাৰা অসীম অভাৱ পূৰণ কৰিবলৈ যাওঁতে যি অর্থনৈতিক সমস্যাৰ উদ্ভৱ হয় সেই সমস্যা সমাধানৰ পথ আৰু উপায় নির্ধাৰণ কৰা।
সম্পদৰ দুষ্প্রাপ্যতাই যে সকলো অর্থনৈতিক সমস্যাৰ মূল সেই বিষয়ে নিঃ সন্দেহে ক’ব পৰা যায়। আমেৰিকা যুক্তৰাষ্ট্ৰৰ দৰে সম্পদৰ প্রাচুেেৰ্যতা আৰু উন্নয়নৰ শীর্ষবিন্দুত থকা দেশেও দুস্তাত্ৰতাৰ সমস্যাৰ পৰা মুক্ত নহয়। পৃথিৱীৰ অধিকাংশ মানুহে দৰিদ্ৰতাৰ সমস্যাত ভুগিছে আৰু এই সমস্যাৰ মূলতে হৈছে এই দেশবোৰত বাস কৰা নিযুত কোটি জনসাধাৰণৰ অপৰিসীম অভাৱৰ তুলনাত সীমিত দ্রৱ্য-সামগ্রী আৰু সেৱাৰ উৎপাদন। মানুহৰ অভাৱ পূৰণৰ দুটা প্রধান উপায় হৈছে সময় আৰু আর্থিক উপার্জন, কিন্তু সেই দুয়োটা উপায়েই হৈছে সীমিত আৰু দুষ্প্রাপ্য। সীমিত সম্পদ আৰু উপায়েৰে অসীম অভাৱ পূৰণ কৰিবলৈ যাওঁতে এনে সম্পদৰ আৰু উপায়সমূহৰ দক্ষতাপূর্ণ ব্যৱহাৰত অগ্রাধিকাৰ দিয়াটো নিতান্তই প্রয়োজনীয়। উল্লেখযোগ্য যে, সীমিত উপকৰণৰ সহায়ত মানুহৰ সকলো অভাৱ পূৰণ কৰাটো সম্ভৱপৰ নহয় আৰু সেইকাৰণে এনে সীমিত সম্পদ বা, উপকৰণৰ সহায়ত কোনবোৰ অভাৱ পূৰণ কৰা হ’ব, সেই বিষয়ে মানুহে নির্বাচন কৰিবলগীয়া হয়। অভাৱ পূৰণৰ উপকৰণসমূহৰ বিকল্প ব্যৱহাৰ যোগ্যতাৰ কাৰণেই প্রতিজন মানুহে এনে উপকৰণসমূহ কোনবোৰ অভাৱ পূৰণৰ অৰ্থে ব্যৱহাৰ কৰিব সেই বিষয়ে সিদ্ধান্ত গ্রহণ কৰিবলগীয়া হয়। এনে দৃষ্টিকোণৰ পৰা বিচাৰ কৰি চালে দেখা যায় যে, কেৱল সম্পদ আৰু উপায়ৰ দুষ্প্রাপ্যতাই অর্থনৈতিক সমস্যাৰ সৃষ্টি নকৰে, এইবোৰৰ বিকল্প ব্যৱহাৰৰ যোগ্যতাও অর্থনৈতিক সমস্যা সৃষ্টি হোৱাৰ আন এটা প্রধান কাৰণ। মানুহৰ বিভিন্ন অভাৱ পূৰণৰ অৰ্থে সময়, আর্থিক উপার্জন আৰু অভাৱ পূৰণৰ আন দুস্ত্রাপ্য উপকৰণসমূহৰ প্রয়োজন হয় আৰু এইবোৰৰ প্রতিটোবে বিকল্প ব্যৱহাৰযোগ্যতা আছে।
মানুহৰ অপৰিসীমা অভাৱৰ তুলনাত অভাৱ পূৰণৰ উপায় বা উপকৰণসমূহ সীমিত হোৱাৰ কাৰণে আন এক অর্থনৈতিক সমস্যাৰ সৃষ্টি হয়। এই সমস্যাটো হৈছে মানুহৰ অভাৱ পূৰণৰ অর্থে ব্যৱহাৰ কৰা বিভিন্ন দ্রৱ্য-সামগ্রী আৰু সেৱাৰ উৎপাদন কার্যত নিয়োগ কৰা উপাদান বা উপকৰণসমূহৰ ব্যৱহাৰ কি ধৰণেৰে বা কি পদ্ধতিৰ সহায়ত কৰা হ’ব সেই বিষয়ে সিদ্ধান্ত গ্রহণ কৰা। কাৰণ উপাদানসমূহৰ দ্বাৰা দ্ৰৱ্য-সামগ্রী উৎপাদন কৰোঁতে বিকল্প পদ্ধতি ব্যৱহাৰ কৰিব পৰা যায় আৰু সীমিত সম্পদৰ দ্বাৰা অসীম অভাৱ পূৰণ কৰিবলৈ হ’লে উৎপাদন পদ্ধতি দক্ষতাপূর্ণ হোৱাটো বাঞ্জনীয়। আনকথাত ক’বলৈ হ’লে উৎপাদন পদ্ধতিৰ নিৰ্বাচন অথবা দ্রৱ-সামগ্রী কেনেকৈ উৎপাদন কৰা হ’ব সেই বিষয়ে সিদ্ধান্ত গ্রহণক এক প্রধান অর্থনৈতিক সমস্যাৰূপে বিবেচনা কৰা হয়।
সীমতি সম্পদন সহায়ত অপৰিসীমা দ্রৱ্য-সামগ্ৰী আৰু সেৱা উৎপাদন কৰি সমাজত বাস কৰা মানুহৰ সকলোবোৰ অভাৱ পূৰণ কৰাটো সম্ভৱপৰ নহয়। এনে কাৰণবশতঃ এখন দেশত উৎপাদিত দ্রৱ্য-সামগ্রী আৰু সেৱাৰ বিতৰণৰ সমস্যাৰ উদ্ভব হয়। অর্থাৎ দেশৰ জাতীয় উৎপাদন কার্যত নিয়োজিত উৎপাদনৰ উপাদানেৰে এনে উৎপাদনৰ কিমান পৰিমাণৰ অংশ লাভ কৰিব সেই বিষয়ে নির্ধাৰণৰ সমস্যাৰ উদ্ভৱ হয়। আনকথাত ক’বলৈ হ’লে জাতীয় উৎপাদনৰ বিতৰণৰ সমস্যাক আন এক প্রধান অর্থনৈতিক সমস্যাৰূপে বিবেচনা কৰা হয়।
৭। ব্যষ্টিগত অর্থবিজ্ঞানৰ প্ৰকাৰসমূহ কি কি? আলোচনা কৰা।
উত্তৰঃ ব্যষ্টিগত অর্থনৈতিক বিশ্লেষণক প্রধানকৈ তিনিটা ভাগত ভাগ কৰা হয়।
এই ভাগকেইটা তলত চমুকৈ আলোচনা কৰা হ’ল-
(ক) ব্যষ্টিগত স্থিতিশীল বিশ্লেষণ।
(খ) তুলনামূলক ব্যষ্টিগত স্থিতিশীল বিশ্লেষণ।
(গ) গতিশীল ব্যষ্টিগত বিশ্লেষণ।
(ক) ব্যষ্টিগত স্থিতিশীল বিশ্লেষণঃ ব্যষ্টিগত স্থিতিশীল বিশ্লেষণত কোনো অর্থনৈতিক উপাদানে এক বিশেষ সময়ত উপনীত হোৱা ভাৰসাম্য অৱস্থাত ইয়াৰ লগত জড়িত উপাদনসমূহৰ সম্পৰ্কৰ বিষয়ে আলোচনা কৰা হয়। উদাহৰণস্বৰূপে, বজাৰৰ কোনো এটা দ্ৰৱ্যৰ মূল্য কোনো এক নির্দিষ্ট সময়ত ইয়াৰ চাহিদা আৰু যোগানৰ সমতাৰ ভিত্তিত প্রতিষ্ঠা হয়। ব্যষ্টিগত স্থিতীয় বিশ্লেষণত চাহিদা আৰু যোগনৰ পৰিবৰ্তনৰ জৰিয়তে এনে ভাৰসাম্য কেনেকৈ প্রতিষ্ঠা হ’ল সেই বিষয়ে কোনো ব্যাখ্যা আগবঢ়োৱা নহয়। চাহিদা আৰু যোগানৰ সমতাৰ মূল্য নির্ধাৰণৰ বিষয়টোহে আলোচনা কৰা হয়।
(খ) তুলনামূলক ব্যষ্টিগত স্থিতিশীল বিশ্লেষণঃ বিভিন্ন সময়ত ব্যক্তিগত উপাদানৰ প্রভাৱত যিবোৰ ভাৰসাম্য প্রতিষ্ঠা হয় সেই ভাৰসাম্যৰ তুলনামূলক অধ্যয়নেই হৈছে তুলনামূলক ব্যষ্টিগত স্থিতিশীল অর্থনৈতিক বিশ্লেষণ। উদাহৰণস্বৰূপে, বজাৰত কোনো এটা দ্ৰৱ্যৰ চাহিদা আৰু যোগানৰ সমতাৰ ভিত্তিত কোনো এক সময়ত ভাৰসাম্য মূল্য আছিল প্রতি গোটত ১২ টকা আৰু আন এটা সময়ত দ্রব্যটোৰ ভাৰসাম্য মূল্য হ’ল ১৪ টকা। তুলনামূলক ব্যষ্টিগত স্থিতীয় অর্থনৈতিক বিশ্লেষণত এই দুয়োটা মূল্যৰ বিষয়ে তুলনা কৰা হয়, কিন্তু ভাৰসাম্য মূল্যৰ এনে পৰিৱৰ্তনৰ অন্তৱর্তী সময়ৰ দ্রৱ্যটোৰ মূল্যৰ অৱস্থাৰ বিষয়ে কোনো আলোচনা কৰা নহয়।
তুলনামূলক ব্যক্তিগত স্থিতিশীল অর্থনৈতিক অধ্যয়নৰ উদাহৰণ দেৱালত ওলোমাই থোৱা চিত্ৰ দুখনৰ ভিতৰত এখন আনখনতকৈ উৎকৃষ্ট বুলি কওঁতে যেতিয়া সেহ উৎকৃষ্টতাৰ কোনো কাৰণ ব্যাখ্যা কৰা নহয়, তেনে ব্যাখ্যা তুলনামূলক ব্যক্তিগত স্থিতিশীল বিশ্লেষণৰ অন্তর্ভুক্ত হয়। অর্থাৎ তুলনামূলক স্থিতীয় বিশ্লেষণত দুটা বা ততোধিক ভাৰসাম্য তুলনা কৰা হয়, কিন্তু কেনেভাৱে আৰু কোনবোৰ উপাদানৰ প্রভাৱত এটা ভাৰসমতা ভংগ হ’ল আৰু কোনটো প্রক্রিয়াৰে নতুন ভাৰসমতা প্রতিষ্ঠা হ’ল তাৰ কোনো ব্যাখ্যা প্রদান কৰা নহয়।
(গ) গতিশীল ব্যষ্টিগত অর্থনৈতিক বিশ্লেষণঃ এই পদ্ধতিত এটা ভাৰসাম্য অৱস্থাৰ পৰা আন এটা ভাৰসাম্য অবস্থালৈ কেনেকৈ আৰু কিয় গতি কৰা হ’ল, সেই বিষয়ে সম্পূর্ণ তথ্য প্রদান কৰা হয়। উদাহৰণস্বৰূপে কোনো এক নির্দিষ্ট সময়ত এটা দ্রব্যৰ ভাৰসাম্য মূল্য আছিল ১০ টকা আৰু আন এটা সময়ত দ্রৱ্যটোৰ ভাৰসাম্য মূল্য হৈছিল ১২ টকা। দ্রব্যটোৰ চাহিদা আৰু যোগানৰ কোনটোৰ পৰিবৰ্তনৰ কাৰণে পূৰ্বৰ ভাৰসাম্যৰ মূল্যৰ পৰা আঁতৰি আহি নতুন ভাৰসাম্য মূল্য প্রতিষ্ঠা হ’ল সেই বিষয়ে গতিশীল ব্যষ্টিগত অর্থনৈতিক বিশ্লেষণৰ বিপদ ব্যাখ্যা প্রদান কৰা হয়।
তলত এটা চিত্ৰৰ সহায়ত স্থিতীয়, তুলনামূলক আৰু গতিশীল ব্যষ্টিগত অর্থনৈতিক বিশ্লেষণৰ পার্থক্যৰ বিষয়ে ব্যাখ্যা প্রদান কৰা হ’ল-
ওপৰৰ চিত্ৰত এটা দ্রৱ্যৰ ভাৰসাম্যৰ ইয়াৰ চাহিদা আৰু যোগানৰ সমতাৰ ভিত্তিত E₁ বিন্দুত প্রতিষ্ঠা হৈছে। এই বিন্দুত প্রতিষ্ঠা হোৱা দ্রব্যটোৰ ভাৰসাম্য মূল্য হৈছে OP₁ ব্যষ্টিগত স্থিতীয় অর্থনৈতিক বিশ্লেষণত চাহিদা আৰু যোগানৰ সমতাৰ ভিত্তিতে দ্রৱ্যটোৰ ভাৰসাম্য মূল্য কেনেভাৱে প্রতিষ্ঠা হ’ল সেই বিষয়ে ব্যাখ্যা প্রদান কৰা হয়। আকৌ সময়ৰ পৰিৱৰ্তনৰ লগে লগে দ্রব্যটোৰ চাহিদা বৃদ্ধি পোৱাৰ ফলত আৰু দ্রব্যটোৰ নতুন চাহিদা D/ D/ য়ে এনে চাহিদা বৃদ্ধিৰ নিৰ্দেশ দিছে। কিন্তু দ্রৱ্যটোৰ যোগানৰ কোনো পৰিৱর্তন ঘটা নাই। সেই কাৰণে পূর্বৰ ভাৰসাম্যৰ অৱস্থাৰ পৰা আঁতৰি আহি E₂ বিন্দুত দ্রৱ্যটোৰ নতুন চাহিদা আৰু পূৰ্বৰ যোগান ৰেখাৰ সমতাৰ ভিত্তিত নতুন ভাবসাম্য প্রতিষ্ঠা হৈছে। এইনতুন ভাৰসমতাত দ্রব্যটোৰ নির্ধাবিত মূল্য হৈছে OP₂। তুলনামূলক ব্যষ্টিগত স্থিতিশীল অর্থনৈতিক বিশ্লেষণত দ্রৱ্যটোৰ চাহিদাৰ পৰিৱর্তনৰ কাৰণে যে নতুন ভাৰসাম্য মূল্য প্রতিষ্ঠা হৈছে, সেই বিষয়ে কোনো ব্যাখ্যা প্রদান নকৰাকৈ কোৱা হয় যে নতুন ভাৰসাম্য অবস্থাত দ্রব্যটোৰ মূল্য পূৰ্বৰ ভাৰসাম্যৰ অৱস্থাতকৈ অধিক। আনহাতে গতিশীল ব্যষ্টিগত অর্থনৈতিক বিশ্লেষণত দ্রৱ্যটোৰ চাহিদা বৃদ্ধিৰ কাৰণে যে ইয়াৰ নতুন ভাৰসাম্য মূল্য প্রতিষ্ঠা হৈছে সেই বিষয়ে স্পষ্টভাবে আৰু পুংখানুপুংখ ব্যাখ্যা প্রদান কৰা হয়।
৮। প্রধান অর্থনৈতিক সমস্যাসমূহৰ বিষয়ে চমুকৈ ব্যাখ্যা কৰা।
উত্তৰঃ যিকোনো অর্থনৈতিক ব্যবস্থাই ইয়াৰ লক্ষ্যত উপনীত হ’বৰ কাৰণে তিনিটা প্রধান অর্থনৈতিক সমস্যা সমাধান কৰিবলগীয়া হয়।
এই সমস্যাকেইটা হৈছে-
(ক) কি কি দ্রৱ্য-সামগ্রী আৰু সেবা উৎপাদন কৰা হ’ব?
(খ) কেনেকৈ উৎপাদন কৰা হ’ব।
(গ) কাৰ প্ৰয়োজনৰ অৰ্থে উৎপাদন কৰা হ’ব।
(ক) কি কি দ্রৱ্য-সামগ্রী আৰু সেৱা উৎপাদন কৰা হ’বঃ এখন দেশৰ সীমিত সম্পদেৰে সকলোবোৰ দ্রৱ্য-সামগ্রী আৰু সেৱাব উৎপাদন সম্ভৱপৰ নহয়। গতিকে কি কি দ্রৱ্য-সামগ্রী আৰু সেৱা উৎপাদন কৰা হ’ব সেই বিষয়ে নির্বাচন কৰিবলগীয়া হয়। সীমিত সম্পদেৰে কি কি দ্রব্য উৎপাদন কৰা হ’ব সেইটো প্রধানকৈ নিৰ্ভৰ কৰে দুটা উপাদানৰ ওপৰত। এই উপাদাদন দুটা হৈছে-
১। দেশৰ প্রযুক্তি বিদ্যা। আৰু
২। উপভোক্তাব কচি আৰু অভিকচি।
দেশ এখনৰ সম্পদৰ পৰিমাণ সীমিত হোৱাৰ কাৰণে যিবিলাক দ্রৱ্য-সামগ্রী উৎপাদনৰ কাৰণে দেশত প্রযুক্তিবিদ্যা আছে আৰু যিবিলাকৰ ব্যৱহাৰৰ অর্থে দেশৰ উপভোক্তাই তেওঁলোকৰ ৰুচি ব্যক্ত কৰে তেনে দ্রৱ্য-সামগ্রী উৎপাদনৰ অৰ্থে নিৰ্বাচন কৰা হয়। যদি দেশৰ প্ৰযুক্তিবিদ্যাৰ পৰিৱর্তনৰ লগতে উপভোক্তাৰ ৰুচিৰো পৰিৱর্তন হয় তেতিয়া সম্পদৰ পুনৰ নিয়োগ পদ্ধতিৰ সহায়ত উৎপাদনৰ পৰিবর্তন সাধন কৰাৰ ব্যৱস্থা কৰা হয়।
(খ) কেনেকৈ উৎপাদন কৰা হ’বঃ এখন সমাজে নিজৰ অভাৱ পূৰণৰ অর্থে এলানি উপভোগ্য আৰু মূলধনী দ্রৱ্য-সামগ্রী নিৰ্বাচন কৰাৰ পাছত এই দ্রব্য-সানগ্রীসমূহ কেনেভাৱে উৎপাদন কৰা হ’ব সেই সমস্যাৰ সমাধান কৰিবলগীয়া হয়। উৎপাদনৰ ক্ষেত্ৰত কোনটো পদ্ধতি ব্যৱহাৰ কৰা হ’ব সেই বিষয়ে সিদ্ধান্ত গ্রহণ কৰিব দ্রৱ্যৰ উৎপাদনকাৰী উৎপাদন প্রতিষ্ঠানে। উৎপাদনৰ পদ্ধতিৰ নির্বাচন কৰোতে উৎপাদনকাৰীয়ে উৎপাদনী দক্ষতাৰ আহৰণৰ জৰিয়তে নিম্নতম ব্যয়ত দ্রৱ্য উৎপাদন আৰু উচ্চ দৰত উৎপাদিত দ্রৱ্য বিক্রি কৰি সৰ্বাধিক মুনাফা আহৰণৰ লক্ষ্যৰ দ্বাৰা পৰিচালিত হয়। এনে লক্ষ্যত উপনীত হ’বৰ কাৰণে যিবোৰ উপাদান দেশখনত অপর্যাপ্ত পৰিমাণে পোৱা যায় সেইবোৰ উপাদান অধিক পৰিমাণে আৰু যিবোৰৰ যোগন অপ্ৰচুৰ তেনে উপাদানবোৰ কম পৰিমাণে ব্যৱহাৰ কৰাৰ উৎপাদন পদ্ধতি ব্যৱহাৰ কৰাটো প্রয়োজন। অর্থাৎ উৎপাদন পদ্ধতিৰ নিৰ্বাচন উপাদানসমূহৰ উপস্থিতিৰ পৰিমাণ আৰু এইবোৰৰ আপেক্ষিক মূলৰ ওপৰত নিৰ্ভৰশীল।
(গ) কাৰ প্ৰয়োজনৰ অৰ্থে উৎপাদন কৰা হ’বঃ দেশ এখনত দ্রৱ্য-সামগ্রী কাৰ কাৰণে উৎপাদন কৰা হয় এই বিষয়টোৰ লগত জাতীয় উৎপাদনৰ বিতৰণৰ সমস্যাটো জড়িত হৈ আছে। মুক্ত অর্থনীতিত জাতীয় উৎপাদনৰ বিতৰণ উৎপাদনৰ উপাদানসমূহৰ আৰ্থিক উপাৰ্জনৰ ওপৰত নিৰ্ভৰ কৰে। যিজনৰ আৰ্থিক উপার্জন অধিক সেইজনেই অধিক দ্রৱ্য-সামগ্রী আৰু সেৱা উপভোগ কৰিবলৈ সক্ষম হয়। অর্থাৎ দেশৰ সমতাহীন উপার্জনৰ বিতৰণ ব্যৱস্থাৰ উপস্থিতি জাতীয় উৎপাদনৰ সমতাহীন বিতৰণৰ পৰিচায়ক। জাতীয় উৎপাদনৰ উপাদানসমূহৰ উপার্জন কেনেভাৱে নির্ধাৰণ হয় সেই বিষয়ে ব্যাখ্যা কৰাৰ প্রয়োজন হয়।
৯। অর্থনীতি বিষয়টো বিজ্ঞান নে কলা? চমুকৈ আলোচনা কৰা।
উত্তৰঃ অর্থশাস্ত্র বিজ্ঞান নে কলা এই বিষয়ে আলোচনা কৰোঁতে বিজ্ঞান আৰু কলাৰ বিষয়ে সম্যক জ্ঞান থকাটো নিতান্ত বাঞ্জনীয়। বিজ্ঞানৰ অৰ্থ হৈছে বিশেষ জ্ঞান। অর্থাৎ কোনো এটা বিষয়ৰ প্ৰণালীবদ্ধ জ্ঞানেই হৈছে বিজ্ঞান। বিজ্ঞানে প্রকৃতি বা মানুহ সম্পর্কীয় কোনো বিষয়ৰ লগত জড়িত বাস্তৱ ঘটনাসমূহৰ পর্যবেক্ষণ আৰু পৰীক্ষামূলক ব্যৱস্থাৰ সহায়েৰে অধ্যয়ন কৰে আৰু সেই বিষয়ৰ সাধাৰণ বিধি উদ্ভাৱন কৰে। কিছুমান বাস্তৱ ঘটনাৰ সমষ্টিয়েই বিজ্ঞান হ’ব নোৱাৰে। কেনো এটা বিষয়ৰ ঘটনাসমূহক প্রণালীবদ্ধ হিচাপে শ্রেণীবিভাজন কৰি লৈ চলোৱা অধ্যয়নৰ ফলস্বৰূপেই বিজ্ঞান। কাৰণ, এই শাস্ত্রতো কিছুমান বাস্তৱ ঘটনাৰ সমষ্টিকেই প্রণালীবদ্ধ হিচাপে সজাই পুংখানুপুংখভাৱে বিশ্লেষণ কৰা হয় আৰু এনে বিশ্লেষণৰ ভিত্তিত কিছুমান সাধাৰণ নীতি বা নিয়ম প্রতিষ্ঠা কৰা হয়। এচাম অর্থনীতিবিদে অর্থশাস্ত্রক কলা হিচাপেহে বিবেচনা কৰে। জ্ঞানক কামত লগোৱা পদ্ধতিয়েই হৈছে কলা। কলা আৰু বিজ্ঞানৰ মাজত প্রভেদ এইখিনিতে যে বিজ্ঞানে আমাক বস্তু বা বিষয় এটাৰ ওপৰত জ্ঞান প্রদান কৰে আৰু কলাই এনে জ্ঞানক ব্যৱহাৰিক জীৱনত প্রয়োগ কৰিবলৈ শিক্ষা দিয়ে। এনে দৃষ্টিকোণৰ পৰা বিচাৰ কৰি চালে অর্থনীতিক কলাৰ শাৰীত অন্তর্ভুক্ত কৰিব পৰা যায়। কাৰণ আমাৰ মাজত দেখা দিয়া বিভিন্নধৰণৰ অৰ্থনৈতিক সমস্যাসমূহ সমাধনৰ বাবে অর্থনীতি শাস্ত্রই আমাক পদ-প্রদর্শকৰূপে কাম কৰে।
১০। যথার্থ অর্থবিজ্ঞান আৰু নীতি-নির্ধাৰক অর্থবিজ্ঞানৰ মাজত পাৰ্থক্য আলোচনা কৰা।
উত্তৰঃ যথার্থ অর্থবিজ্ঞান আৰু নীতি-নির্ধাৰক অর্থবিজ্ঞানৰ মাজত পাৰ্থক্যসমূহ মূলত তলত চমুকৈ আলোচনা কৰা হ’ল-
যথার্থ বিজ্ঞানত আলোচ্য বস্তুসমূহে কেনেদৰে কাম কৰা উচিত সেই বিষয়ে আলোচনা নকৰি কেনেকৈ কাম বা আচৰণ কৰে সেই বিষয়েহে আলোচনা কৰা হয়। আনহাতে নীতি-নির্ধাৰক বিজ্ঞান বিষয়সমূহ কেনেধৰণৰ হোৱাটো উচিত বা বস্তুসমূহে কেনেধৰণেৰে আচৰণ কৰাটো উচিত সেই বিষয়ে আলোচনা কৰা হয়। আন কথাত ক’বলৈ যথার্থ বিজ্ঞানে বিশ্লেষণত আৰু নীতি-নির্ধাৰক বিজ্ঞানে উপায় উদ্ভাৱনত গুৰুত্ব আৰোপ কৰে।
যথার্থ বিজ্ঞান আৰু নীতি-নির্ধাৰক বিজ্ঞান এই দুয়োবিধ বিজ্ঞানেই অর্থনৈতিক সমস্যাৰ প্ৰণালীবদ্ধ আলোচনা পদ্ধতি, কিন্তু যথার্থ বিজ্ঞানত প্রকৃত বিষয়টোৰ ওপৰত আলোচনা কৰা হয় আৰু নীতি-নিৰ্ধাৰক বিজ্ঞানত বিষয়টো কেনে হোৱা উচিত সেই বিষয়ে আলোচনা কৰা হয়। উদাহৰণস্বৰূপে যথার্থ অর্থশাস্ত্রত দৰসূচী কেনেধৰণৰ হোৱাটো উচিত অথবা দেশৰ অৰ্থনৈতিক উপাদানবোৰৰ সম্পর্কে কেনেধৰণৰ হোৱাটো উচিত আৰু সম্পদৰ বিতৰণ ব্যৱস্থা কেনেধৰণৰ হোৱাটো উচিত সেই বিষয়ে কোনো ধৰণৰ আলোচনা কৰা নহয়। মজুৰিৰ হাৰ কেনেকৈ নির্ধাৰণ কৰা হয়, বিভিন্ন প্ৰকাৰৰ বজাৰত দ্ৰৱ্যৰ পৰসূচী কেনেকৈ নিৰ্ধাৰণ হয়, উৎপাদন প্রতিষ্ঠানে কেনেকৈ ভাৰসাম্য প্রতিষ্ঠা কৰে, জাতীয় আয় কেনেকৈ বিতৰণ কৰা হয়, সেই বিষয়ে যথার্থ বিজ্ঞানে বিশদ ব্যাখ্যা প্রদান নকৰে। অর্থনৈতিক ব্যৱস্থাৰ অন্তর্ভুক্ত বিভিন্ন ব্যৱস্থাসমূহ কেনে হোৱা উচিত অথবা উপাদানসমূহে কেনেধৰণৰ আচৰণ কৰাটো উচিত সেই বিষয়ে ব্যাখ্যা প্রদান নীতি-নির্ধাবক বিজ্ঞানেহে কৰে।
১১। অর্থনৈতিক আর্হি বিষয়টোৰ বিষয়ে চমুকৈ লিখা।
উত্তৰঃ কোনো বাস্তৱ অর্থনৈতিক ঘটনাৰ সহজ উপস্থাপনৰ ব্যৱস্থাকেহ অর্থনৈতিক আর্হি বুলি কোৱা হয়। এটা অর্থনৈতিক ঘটনাৰ প্রভাৱ পেলোৱা অপ্রয়োজনীয় বুলি বিবেচিত হোৱা বিষয় বা উপাদানবোৰৰ পুংখানুপুংখ ব্যাখ্যা দি কেৱল বাস্তৱ ক্ষেত্রত প্রভাৱ পেলোৱা প্রয়োজনীয় উপাদানকেইটাক অন্তর্ভুক্ত কৰি উক্ত ঘটনাৰ ব্যাখ্যা দাঙি ধৰাৰ ব্যৱস্থাকেই ইয়াৰ সহজ ব্যাখ্যা আখ্যা দিয়া হয়। উল্লেখযোগ্য যে অর্থনৈতিক ঘটনাৰ তাত্ত্বিক সাৰাংশকৰণৰ অৰ্থে প্রয়োজন হয় কেইটামান সুস্থিৰ চৰ্ত বা অভিধাৰণাৰ অর্থাৎ কোনো এটা অর্থনৈতিক ঘটনাৰ ক্ষেত্ৰত প্রযোজ্য সুস্থিৰ অভিধাৰণাৰ ভিত্তিত ইয়াৰ যুক্তিপূর্ণ বিশ্লেষণ আৰু উক্ত বিশ্লেষণৰ সহায়ত এলানি সিদ্ধান্ত বা ভৱিষ্যদ্বাণী প্রদান কৰাৰ ব্যৱস্থাই হৈছে অর্থনৈতিক আৰ্হি গঠনৰ উদ্দেশ্য। অর্থাৎ বাস্তৱ অর্থনৈতিক ঘটনাৰ সাৰাংশমূলক সহজ উপস্থাপনেই হৈছে অর্থনৈতিক আর্হি।
অর্থনৈতিক আর্হি প্রথমতে শব্দৰ মাধ্যমত ব্যক্ত কৰা হয়। এনে ব্যাখ্যাৰ লগতে অন্তর্ভুক্ত হয় তালিকা অথবা বৈখিক চিত্র অথবা গাণিতিক সমীকৰণ। বিশ্লেষণ আৰু ভবিষ্যদ্বাশীৰ ক্ষেত্ৰত গাণিতিক সমীকৰণ বিশেষভাৱে সহায়ক হোৱাৰ কাৰণে অধিকাংশ অর্থনৈতিক আর্হিত গাণিতিক সমীকৰণ ব্যৱহাৰ কৰা হয়। উল্লেখযোগ্য এটা বিজ্ঞানসন্মত আর্হিত সদায় অতি গুৰুত্বপূর্ণ চলককেইটা অন্তর্ভুক্ত হৈ থাকিব লাগে। উদাহৰণস্বৰূপে উপভোক্তাৰ আচৰণৰ বিষয়ে আর্হি গঠন কৰোঁতে সকলোবোৰ উপাদান অন্তর্ভুক্ত কৰাটো সম্ভৱপৰ নহয় আৰু চাৰিটা উপাদান বা নির্ণায়কহে অন্তর্ভুক্ত কৰা হয়। উক্ত নির্ণায়ককেইটা হৈছে-
(ক) দ্রৱ্যটোৰ দৰ।
(খ) উপভোক্তাব উপার্জন।
(গ) দ্রৱ্যটোৰ প্রতিকল্প দ্ৰৱ্যৰ দৰ। আৰু
(ঘ) দ্রৱ্যটোৰ পৰিপূৰক দ্ৰৱ্যৰ দৰ।
নিৰ্ণায়কৰ সহায়ত গঠন কৰা এইটো অর্থনৈতিক আর্হি অবাস্তৱ যেন পৰিলক্ষিত হ’লেও ই উপভোক্তাৰ আচৰণ উপযুক্তভাৱে ব্যাখ্যা কৰে।
১২। অর্থনৈতিক সমস্যা সৃষ্টিৰ কাৰণসমূহ কি কি?
উত্তৰঃ প্রকৃতিৰ সীমিত সম্পদৰ সহায়ত ব্যক্তি তথা সমস্যাৰ অসীম অভাৱ পূৰণ কৰিবলৈ যাওঁতে যি সমস্যাৰ সন্মুখীন হোৱা যায় সেয়েই হৈছে অর্থনৈতিক সমস্যা। সম্পদৰ দুস্ত্ৰাপ্যতাই যে সকলো অর্থনৈতিক সমস্যাৰ মূল সেই বিষয়ে নিঃসন্দেহে ক’ব পৰা যায়। পৃথিৱীৰ অধিকাংশ মানুহে দৰিদ্ৰতাৰ সমস্যাত ভুগিছে আৰু এই সমস্যাৰ মূলতে হৈছে এই দেশবোৰত বাস কৰা নিযুত-কোটি জনসাধাৰণৰ অপৰিসীম অভাৱৰ তুলনাত সীমিত দ্রৱ্য-সামগ্ৰী আৰু সেৱাৰ উৎপাদন। মানুহৰ অভাৱ পূৰণৰ দুটা প্রধান হৈছে সময় আৰু আর্থিক উপার্জন, কিন্তু এই দুয়োটা উপায়েই হৈছে সীমিত আৰু দুষ্প্রাপ্য। সীমিত সম্পদৰ সহায়ত অপৰিসীম দ্রৱ্য-সামগ্রী আৰু সেৱা উৎপাদন কৰি সমাজত বাস কৰা মানুহৰ সকলোবোৰ অভাৱ পূৰণ কৰাটো সম্ভৱপৰ নহয়। এনে কাৰণবশতঃ এখন দেশত উৎপাদিত দ্রৱ্য-সামগ্রী আৰু সেৱাৰ বিতৰণৰ সমস্যাৰ উদ্ভৱ হয়। অর্থাৎ দেশৰ জাতীয় উৎপাদন কার্যত নিয়োজিত উৎপাদনৰ উপাদানবোৰ এনে উৎপাদনৰ কিমান পৰিমাণৰ অংশ লাভা কৰিব সেই বিষয়ে নির্ধাৰণৰ সমস্যাৰ উদ্ভৱ হয়। আনকথাত ক’বলৈ হ’লে জাতীয় উৎপাদনৰ বিতৰণৰ সমস্যাক আন এক প্রধান অর্থনৈতিক সমস্যাৰূপে বিবেচনা কৰা হয়।
১৩। প্রধান অর্থনৈতিক সমস্যাসমূহ সমাধানৰ উপায়সমূহ কি কি? চমুকৈ আলোচনা কৰা।
উত্তৰঃ অর্থনীতিৰ চাৰিটা প্রধান সমস্যা কোনবোৰ দ্রৱ্য-সামগ্রী কিমান পৰিমাণে আৰু কাৰ কাৰণে উৎপাদন কৰা হ’ব এই বিষয়ৰ আলোচনা ব্যষ্টিগত অর্থবিজ্ঞানৰ অন্তর্ভুক্ত আৰু অর্থনৈতিক উন্নয়ন তথা পূর্ণ নিয়োগৰ সমস্যাৰ আলোচনা সমষ্টিগত অর্থবিজ্ঞানৰ আলোচনাৰ অন্তর্ভুক্ত। এই চাৰিটা প্রধান অর্থনৈতিক সমস্যা সমাধানকল্পে দুটা প্রধান পদ্ধতি বা উপায় আছে। প্রথমটো পদ্ধতি হৈছে বজাৰ বা মূল্য পদ্ধতি। এই পদ্ধতি অনুসৰি চাহিদা আৰু যোগনৰ মুক্ত আচৰণৰ সহায়ত কোনবোৰ দ্রৱ্য কিমান পৰিমাণে কি পদ্ধতি অনুসৰি উৎপাদন কৰা হ’ব আৰু কেনেকৈ এনে উৎপাদিত দ্রৱ্য বিতৰণ কৰা হ’ব সেই বিষয়ে সিদ্ধান্ত গ্রহণ কৰা হয়। এনে মুক্ত বজাৰ ব্যৱস্থাত বিভিন্ন দ্রৱ্য-সামগ্ৰীৰ চাহিদা আৰু যোগানৰ ভিত্তিত সেইবোৰৰ মূল্য আৰু কি পৰিমাণৰ দ্রব্য উৎপাদন কৰা হ’ব সেই বিষয়ে সিদ্ধান্ত গ্রহণ কৰা হয়। ইয়াৰোপৰি উৎপাদনৰ উপাদানসমূহৰ মূল্য বা উপার্জন এইবোৰৰ চাহিদা আৰু যোগানৰ ওপৰত ভিত্তি কৰি নির্ধাৰণ হয় আৰু উৎপাদনৰ উপাদানসমূহৰ উপাৰ্জনৰ ওপৰত ভিত্তি কৰিয়েই সমাজৰ বিভিন্ন ব্যক্তিৰ মাজত দ্রৱ্য-সামগ্ৰীৰ বিতৰণ নির্ধাৰিত হয়। প্রধান অর্থনৈতিক সমস্যাসমূহ সমাধানৰ ব্যৱস্থা হিচাপে অর্থনৈতিক পৰিকল্পনাও গ্রহণ কৰিব পৰা যায়। এনে ব্যৱস্থাত চাহিদা আৰু যোগানে মুখ্য অর্থনৈতিক সমস্যা সমাধান কৰাৰ পৰিৱৰ্তে চৰকাৰে গঠন কৰা কেন্দ্ৰীয় পৰিকল্পনা সংস্থাইহে সমাধান কৰে। অর্থাৎ কি দ্রব্য কিমান পৰিমাণে আৰু কি পদ্ধতিত উৎপাদন কৰা হ’ব আৰু উৎপাদিত দ্রব্য কেনেকৈ বিতৰণ কৰা হ’ব সেই বিষয়ক সিদ্ধান্ত কেন্দ্রীয় পৰিকল্পনা সংস্থাই গ্রহণ কৰে।
১৪। প্রাথমিক বা মৌলিক প্রতিযোগিতামূলক আৰ্হি বুলিলে কি বুজা? ইয়াৰ বৈশিষ্ট্যসমূহ চমুকৈ আলোচনা কৰা।
উত্তৰঃ প্রাথমিক প্রতিযোগিতামূলক আর্হি হ’ল এক অর্থনৈতিক ব্যৱস্থা যিয়ে অর্থনীতিৰ কিছুসমস্যাৰাজি যেনে কি কি দ্রৱ্য সামগ্রী আৰু সেৱা উৎপাদন হ’ব, কেনেকৈ উৎপাদন কৰা হ’ব আৰু কাৰ বাবে উৎপাদন কৰা হ’ব এনেধৰণৰ প্ৰশ্নৰ উত্তৰ দিয়ে। আমি জানো যে অর্থনীতি এখনৰ বিকাশ নিৰ্ভৰ কৰে সমাজত বাস কৰা ব্যক্তিসমূহৰ আৰু উৎপাদন প্রতিষ্ঠানসমূহৰ ওচৰত থকা পূজিৰ ওপৰত। এনেদৰেই এক বজাৰ অর্থনীতিয়ে সম্পত্তিৰ অধিকাৰৰ স্বীকৃতি আৰু সুৰক্ষা দিয়ে। মৌলিক প্রতিযোগিতামূলক আহিৰ প্রধান বৈশিষ্ট্যসমূহ তলত উল্লেখ কৰা হ’ল-
যুক্তিযুক্ত স্ব-আগ্রহী গ্রাহকঃ বাজেট অনুসৰি উপভোক্তাই নিজৰ যুক্তযুক্ততা নির্বাচন কৰে যুক্তিযুক্ত নির্বাচন বা পছন্দৰ অৰ্থ হ’ল গ্রাহকে তেওঁৰ বাজেটৰ সীমাবদ্ধতা অনুসৰি তেওঁৰ সন্তুষ্টি সর্বাধিক কৰাৰ চেষ্টা কৰে আৰু ধাৰাবাহিকভাৱে কাম কৰাৰ চেষ্টা কৰে। যুক্তিযুক্ত ধাৰণাই ভোক্তাৰ আচৰণ অনুধাৱন কৰাৰ লগতে ভোক্তাৰ নিজৰ পছন্দ অনুসৰি নিজৰ স্বার্থক উৎসাহিত কৰে। বিভিন্ন ব্যক্তিয়ে নিজৰ স্বাদ আৰু পছন্দ অনুসৰি যুক্তিযুক্ততা বিচাৰ কৰে।
লাভ-সর্বাধিককৰণ সংস্থাঃ অর্থনীতিবিদসকলৰ মতে উপভোক্তাৰ দৰে উৎপাদন প্রতিষ্ঠানসমূহেও পছন্দ অনুসৰি নিজৰ স্বার্থ অনুসৰণ কৰে। সাধাৰণতে উৎপাদন প্রতিষ্ঠান এখনৰ যুক্তিযুক্ত আচৰণৰ অৰ্থ হ’লে প্রতিষ্ঠানটোৱে কি দ্রৱ্য উৎপাদন কৰিব, কিমান পৰিমাণৰ দ্রৱ্য উৎপাদন কৰিব আৰু কেনেদৰে উৎপাদন কৰিব এইবোৰৰ ওপৰত গুৰুত্ব প্রদান কৰাৰ লগতে উক্ত উৎপাদনে প্রতিষ্ঠানখনৰ উদ্দেশ্য লাভদায়ক হ’বনে নহয় তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। ইয়াৰোপৰি প্রতিষ্ঠানসমূহেও সীমিত সম্পদৰ বাধাৰ সন্মুখীন হোৱা দেখা যায়।
সম্পত্তিৰ অধিকাৰঃ ই হ’ল এক সামাজিক প্রতিষ্ঠান য’ত সেৱা, দ্রৱ্য আৰু পণ্যসমূহৰ ব্যৱহাৰ আাক নিষ্পত্তি নিয়ন্ত্রণ কৰে। বিভিন্ন ধৰণৰ সম্পত্তিসমূহ যিবোৰ কিছু ব্যক্তিগতভাৱে আৰু উৎপাদন প্রতিষ্ঠানসমূহৰ দ্বাৰা নিয়ন্ত্রণ কৰা হয়। উদাহৰণস্বৰূপে- বাস্তৱিক সম্পত্তি ইয়াত ভূমি, অট্টালিকা, মূলধন, উপকৰণ ইত্যাদি অন্তর্ভুক্ত হয়। আর্থিক বিত্তীয় সম্পত্তি ইয়াত ঋণপত্ৰ আৰু অংশপত্র, বেংক জমা ইত্যাদি অন্তর্ভুক্ত হয়। বৌদ্ধিক সম্পত্তি-ইৰচনাত্মক উৎপাদনৰ প্রতিনিধিত্ব কৰে, য’ত লিখিত কিতাপ, শ্রৱণপ্রণালী অন্তর্ভুক্ত হয়।
সম্পত্তিৰ অধিকাৰৰ দুটা মূল বৈশিষ্ট্য হৈছে, অধিকাৰ, অর্থাৎ স্বত্বাধিকাৰীয়ে নিজৰ পছন্দ অনুযায়ী সম্পত্তিসমূহ ব্যৱহাৰৰ অধিকাৰ আৰু বিক্রীৰ অধিকাৰ য’ত স্বত্বাধিকাৰীয়ে নিজৰ সম্পত্তিৰ দক্ষতা অনুসৰি ব্যৱহাৰৰ সুবিধা প্রদান কৰে।
আর্থিক লাভ আৰু মূল্যঃ উদ্দীপক আৰু তথ্য আমি জানো যে প্রত্যেকে কাম কৰে মজুৰিৰ বাবে আৰু সংৰক্ষণ কৰে সুন্দৰ বাবে। ঠিক তেনেদৰে প্রতিষ্ঠান এখনেও তেওঁলোকৰ দ্রব্য আৰু সেৱা উৎপাদন নকৰে যদিহে তেওঁলোকক পর্যাপ্ত পৰিমানৰ উদ্দীপক দিয়া হয়। আর্থিক লাভ নিৰ্ভৰ কৰে দ্ৰৱ্য আৰু সেৱাৰ উৎপাদনৰ মূল্যৰ ওপৰত আৰু উৎপাদন কৰোঁতে প্রয়োজন হোৱা ব্যয়ৰ ওপৰত। যেনেদৰে পূর্ণ প্রতিযোগিতামূলক বজাৰত অন্তর্ভুক্ত এটা উৎপাদন প্রতিষ্ঠানে সিহঁতৰ উৎপাদিত দ্রৱ্য উদ্যোগৰ দ্বাৰা নিৰ্ধাৰিত দৰত বিক্ৰী কৰিব লাগে, দৰৰ ওপৰত সিহঁতৰ কোনো নিয়ন্ত্রণ নাথাকে। তেওঁলোকে লাভ বৃদ্ধি কৰিবলৈ হ’লে দ্রৱ্যৰ উৎপাদন ব্যয় কমোৱাৰ ওপৰত গুৰুত্ব দিব লগাত বাধ্য হয়। এনেদৰেই আর্থিক লাভেই কুশলতাপূর্বক উৎপাদন কৰা এখন উৎপাদন প্রতিষ্ঠানৰ উদ্দীপক হিচাপে কাম কৰে। কোনো দ্রৱ্য-সামগ্রী আৰু সেৱাৰ দৰে এয়েই নির্দেশ কৰে যে কোনো ব্যক্তিয়ে কিমান পৰিমাণৰ অর্থ সেই দ্রৱ্য-সামগ্ৰীৰ অর্থে প্রদান কৰিবলৈ ইচ্ছক বা সক্ষম।
প্রতিযোগিতামূলক বজাৰঃ ইয়াত নিখুঁত প্রতিযোগিতামূলক বজাৰে বিৰাজ কৰে, য’ত দ্ৰৱ্যৰ দৰৰ ওপৰত কোনো ব্যক্তিৰ আৰু উৎপাদন প্রতিষ্ঠানৰ নিয়ন্ত্রণ নাথাকে অথবা এটা উৎপাদন প্রতিষ্ঠানে সিহঁতৰ উৎপাদিত দ্রৱ্য উদ্যোগৰ দ্বাৰা নির্ধাৰিত দৰত বিক্ৰী কৰে। আকৌ এইধৰণৰ বজাৰত এটা দ্ৰৱ্যৰ গ্ৰাহকৰ সংখ্যা যোগানদাৰীৰ দৰে অসংখ্য থাকে। প্রতিজন গ্রাহকে দ্রৱ্যটোৰ মুঠ যোগানৰ নগণ্য অংশহে ক্রয় কৰে। এইধৰণৰ বজাৰত উৎপাদকৰ প্রাথমিক লক্ষ্য হৈছে আর্থিক লাভ অর্জন কৰা আৰু এটা দ্রৱ্যৰ উৎপাদনৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা উপাদানবোৰৰ সম্পূর্ণ স্থিতিস্থাপক হয়।
১৫। অর্থনৈতিক ব্যৱস্থাৰ বিষয় বস্তু চমুকৈ আলোচনা কৰা।
উত্তৰঃ অর্থনৈতিক ব্যৱস্থা হ’ল অর্থনৈতিক প্রতিষ্ঠানৰ এটা দল যি এখন সংস্থাক পৰিচালনাৰ মাধ্যমেৰে নিয়ে য’ত দুষ্প্রাপ্য সম্পদবোৰ মানুহৰ ইচ্ছা পুৰণত ব্যৱহৃত হয়।
এখন সমাজে কি, কেনেকৈ আৰু কাৰ বাবে উৎপাদন কৰিব। এইবোৰ প্ৰশ্নৰ উত্তৰ বিভিন্ন ধৰণে দিব পাৰে। বিভিন্ন সমাজ বিকল্প অর্থনৈতিক ব্যৱস্থাৰে সংগঠিত হয় আৰু অর্থনীতিয়ে বিভিন্ন প্রক্রিয়া অধ্যয়ন কৰে যি এখন সংগঠিত হয় আৰু অর্থনীতিয়ে বিভিন্ন প্রক্রিয়া অধ্যয়ন কৰে যি এখন সমাজে তাৰ দুষ্প্রাপ্য সম্পদ আৱণ্টন কৰিবলৈ ব্যৱহাৰ কৰিব পাৰে। বর্তমান সময়ত যিধৰণৰ অর্থনৈতিক ব্যৱস্থা প্রাসংগিক সেয়া হ’ল মিশ্র অর্থনীতি (বা নিয়ন্ত্রিত বজাৰমুখী অর্থনীতি) কিন্তু বিশুদ্ধ পুজিবাদ (বজাৰ অর্থনীতি) আৰু সমাজতন্ত্র (কেন্দ্রীয় পৰিকল্পনামূলক অর্থনীতি) আজিৰ বহু সংহত আৰু যদিও জটিল বিশ্বত কম পৰিচিত।
কেন্দ্রীয় সমস্যাবোৰ সমাধান কৰাৰ বাবে এই অর্থনীতিসমূহত গৃহীত কৌশল তলত দিয়াৰ দৰে ব্যাপকভাৱে পৰিৱৰ্তিত হয়-
পুঁজিবাদ (বজাৰ অর্থনীতি): ইয়াক মুক্ত বজাৰ অর্থনীতি বুলিও কোৱা হয়। পুজিবাদ হ’ল সামাজিক আৰু অর্থনৈতিক ব্যৱস্থা য’ত ব্যক্তি উৎপাদনৰ সাধনৰ বাবে স্বাধীন হয়। বিভিন্ন বিভাগ। ‘মূলধন আৰু উপভোক্তা দ্রৱ্য’ মাজত সম্পদৰ আৱণ্টন দৰ তত্ত্বৰ দ্বাৰা নিৰ্ধাৰিত কৰা হয়। অর্থনৈতিক ক্রিয়াকলাপবোৰ লাভৰ উদ্দেশ্যৰে পৰিচালিত হয়। চাহিদা, যোগান আৰু প্রদানৰ ক্ষমতা সিদ্ধান্ত গ্রহণত গুৰুত্বপূর্ণ ভূমিকা পালন কৰে। যিহেতু ব্যৱসায়িক সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত ৰাজ্যৰ হস্তক্ষেপ নূন্যতম, অর্থনৈতিক কার্যক্রম বেছিভাগ অপৰিকল্পিত আৰু লাভ পৰিচালিত। সংক্ষেপে, বজাৰ অর্থনৈতিত কি, কেনেকৈ আৰু কাৰ বাবে উৎপাদন কৰা হয় তাৰ কেন্দ্রীয় সমস্যাবোৰ দৰ ব্যৱাস্থা (অর্থাৎ চাহিদা আৰু যোগান শক্তি) ৰ মাধ্যমেৰে সমাধান কৰা হয়। জাপান, ইংলেণ্ড, USA ইত্যাদি দেশবোৰ যি পুজিবাদৰ ওপৰত জোৰ দিয়ে।
সমাজতন্ত্র (কেন্দ্রীয় পৰিকল্পিত অর্থনীতি): ই এক সামাজিক আৰু অর্থনৈতিক ব্যৱস্থা য’ত উৎপাদনৰ উপায়বোৰ সন্মিলিতভাৱে মালিকাধীন কৰা হয় আৰু সমতাক উচ্চ অগ্রাধিকাৰ দিয়া হয়। ইয়াক কমাণ্ড বা কেন্দ্রীয় পৰিকল্পিত অর্থনীতি বুলিও কোৱা হয় যি আয় আৰু সম্পদ বণ্টনৰ নূন্যতম বৈষ্যমৰ দ্বাৰা চিহ্নিত। সমাজতান্ত্রিক অর্থনীতিসমূহত কেন্দ্রীয় পৰিকল্পনাৰ মাধ্যমেৰে কি, কেনেকৈ আৰু কাৰ বাবে উৎপাদন কৰা আদি কেন্দ্রীয় সমস্যাবোৰ সমাধান কৰা হয়। সকলো অর্থনৈতিক ক্রিয়াকলাপবোৰক সামাজিক কল্যাণ সর্বাধিক কৰাৰ অনুৰূপত নিয়ন্ত্রিত কৰা হয়।
সাধাৰণতে ৰাষ্ট্ৰই তিনিটা স্তৰত পৰিকল্পনা কৰে-
(ক) বৃহৎ স্তৰত, কেন্দ্রীয় কর্তৃপক্ষসকলে (অ) বৰ্তমানৰ জীৱনমাত্ৰাৰ মান বঢ়াৰ বাবে উপভোগ দ্ৰব্যৰ সম্পদ আৱণ্টন আৰু (আ) বিনিয়োগ দ্রব্য যি ভৱিষ্যতৰ বাবে অর্থাৎ কি উৎপাদন কৰিব পাৰি তাৰ মাজত সিদ্ধান্ত লয়।
(খ) সূক্ষ্ম স্তৰত, ই প্রতিটো উদ্যোগ আৰু প্রতিষ্ঠানৰ উৎপাদন পৰিকল্পনা কৰে। মূলতঃ ই কেনেকৈ উৎপাদন উৎপাদন কৰিব সমস্যাৰ লগত সম্পর্কিত।
(গ) ই উপভোক্তাৰ মাজত উৎপাদনত বিতৰণৰ পৰিকল্পনা কৰে। সমতাপূর্ণ বিতৰণক প্রায়েই গুৰুত্ব দিয়া হয়। যিবোৰ দেশে কম বেছি হ’লেও সমাজতান্ত্রিক কমাণ্ড অর্থনীতি হিচাপে অর্থনৈতিক ব্যৱস্থা অনুসৰণ কৰে সেয়া হ’ল উত্তৰ কোৰিয়া আৰু চীন।
সুবিধাসমূহঃ
(ক) কমাণ্ড অর্থনীতিবোৰত চক্রীয় উঠা-নমা সম্ভাৱনা কম থাকে।
(খ) এনে অর্থনীতিত নিৱনুৱা সমস্যা আৰু অৱহেলিত দৰিদ্রতা কম হয়।
(গ) ক’লা ধনৰ উৎপত্তি ব্যক্তিগত পর্যায়ত সম্পদ আহৰণ ইত্যাদিও কম।
অসুবিধাসমূহঃ
(ক) বিনিয়োগৰ অভাৱ হ’ল কমাণ্ড অর্থনীতিৰ প্রধান সমস্যা। যিহেতু ব্যক্তিগত বিনিয়োগৰ অনুমতি নাই সেয়ে আন্তর্জাতিক মূলধনৰ প্রৱাহও কম।
(খ) দেশীয় বজাৰত প্রায় কোনো প্রতিযোগিতা নথকাৰ কাৰণে উৎপাদনশীলতাত উৎসাহ পোৱাও নাযায়।
(গ) উদ্ভাৱন আৰু অভিযোজনৰ ঘটনাবোৰ অনেক কম আৰু সম্পদৰ অপচয় বহুত বেছি।
মিশ্র অর্থনীতিঃ ই হ’ল এটা অর্থনৈতিক ব্যৱস্থা যিয়ে পুজিবাদ আৰু সমাজতন্ত্র উভয়ৰ উপাদানবোৰ একত্রিত কৰে। ই এনেকুৱা এটা বজাৰ ব্যৱস্থা য’ত ব্যক্তিগত আৰু চৰকাৰী উভয় উদ্যোগেই অর্থনৈতিক ক্রিয়াকলাপত অংশ লয়, যদিও সকলো বিভাগতে নহয়। এই ধৰণৰ অৰ্থনীতিত বজাৰ শক্তি আৰু ৰাষ্ট্ৰৰ হস্তক্ষেপৰ মাজত ভাৰসাম্য থাকে।
মিশ্র অর্থনীতিত, তি, কেনেকৈ আৰু কাৰ বাবে উৎপাদন কৰা হয় তাৰ কেন্দ্রীয় সমস্যাবোৰ চৰকাৰে আংশিকভাবে সমাধান কৰে। কৌশলগতভাৱে গুৰুত্বপূৰ্ণ ভাগবোৰৰ বাদে সকলো অর্থনৈতিক ক্রিয়াকলাপ বজাৰৰ দ্বাৰা পৰিচালিত হয়। অর্থনৈতিক সিদ্ধান্তবোৰ লাভ অৰ্জনৰ লগতে সমাজকল্যাণ সর্বাধিককৰণৰ দ্বাৰা পৰিচালিত হয়। উদাহৰণ হ’ল ভাৰত, ব্রাজিল, দক্ষিণ আফ্রিকা অত্যাদি।
সাধাৰণতে এখন মিশ্র অর্থনীতি গঠিত হয়-
(ক) এখন মুক্ত উদ্যোগ ভাগ, য’ত অর্থনৈতিক সিদ্ধান্তবোৰ বজাৰ শক্তিৰ ওপৰত নিৰ্ভৰ কৰে।
(খ) মূল উদ্যোগ আৰু প্রাকৃতিক সম্পদবোৰৰ ৰাজহুৱা মালিকানা আৰু নিয়ন্ত্রণ।
(গ) কল্যাণ ক্ষেত্র সম্পদ নির্বিশেষে সকলো নাগৰিকৰ বাবে নূন্যতম স্তৰৰ চিকিৎসা, সামাজিক আৰু শিক্ষামূলক সেৱা প্ৰদান কৰিবৰ বাবে।
১৬। অর্থনৈতিক ব্যৱস্থাৰ বৈশিষ্ট্যৱলী আঙুলিয়াই দিয়া।
উত্তৰঃ অর্থনৈতিক ব্যৱস্থাৰ বৈশিষ্ট্যসমূহ তলত চমুকৈ আলোচনা কৰা হ’ল-
বজাৰ অর্থনীতি (পুজিবাদ):
(ক) উদ্যোগৰ স্বাধীনতা আৰু উৎপাদনৰ উপাদানবোৰৰ ব্যক্তিগত মালিকানা।
(খ) সমাজৰ মৌলিক সমস্যা সমাধানৰ বাবে দৰ ব্যৱস্থাৰ পৰিচালনা। ই এটা মুক্ত উদ্যোগ অর্থনীতি য’ত যোগান আৰু চাহিদাই অর্থনৈতিক ক্রিয়াকলাপ সংগঠিত কৰে। অন্য কথাত, কি, কেনেকৈ আৰু কাৰ বাবে উৎপাদন কৰিব এই কেন্দ্ৰীয় সমস্যাবোৰ দৰ ব্যৱস্থাৰ দ্বাৰা সমাধান কৰা হয়।
(গ) উৎপাদন কার্যক্রমৰ প্রধান লক্ষ্য হ’ল লাভৰ উদ্দেশ্য।
(ঘ) চৰকাৰৰ দ্বাৰা প্রত্যেক্ষ বজাৰ হস্তক্ষেপ অনুপস্থিত।
(ঙ) অর্থনৈতিক স্বাধীনতা পৰম বা যথেষ্ট বেছি।
(চ) কঠোৰ প্রতিযোগিতা বিদ্যমান।
কমাণ্ড অর্থনীতি (কেন্দ্রীয় পৰিকল্পনা অর্থনীতি):
(ক) উৎপাদনৰ উপাদানবোৰৰ (সম্পদবোৰ) ৰাষ্ট্র মালিকানা।
(খ) কেন্দ্রীয় পৰিকল্পনা আৰু নিয়ন্ত্রণ সর্বোচ্চ। দৰ ব্যৱস্থাৰ অনুপস্থিত, অর্থনৈতিক কার্যকলাপবোৰ চৰকাৰৰ দ্বাৰা নিয়ন্ত্রিত হয়। চৰকাৰে সকলো সম্পদ অবণ্টনৰ উপায় পৰিকল্পনা কৰে।
(গ) অর্থনৈতিক কার্যকলাপৰ মূল উদ্দেশ্য হ’ল সমাজ কল্যাণ। প্রনোদনা ব্যৱস্থাৰ অনুপস্থিতি, ইয়াৰ অন্য এক বৈশিষ্ট্য।
(ঘ) চৰকাৰে উৎপাদন আৰু সম্পদৰ বিতৰণৰ ওপৰত সম্পূর্ণ নিয়ন্ত্রণ প্রয়োগ কৰে।
(ঙ) অর্থনৈতিক আচৰণত সীমাবদ্ধতা।
(চ) কোনো প্রতিযোগিতাৰ অনুমতি নাই।
মিশ্র অর্থনীতিঃ
(ক) ব্যক্তিগত আৰু চৰকাৰী ক্ষেত্ৰৰ সহ অস্তিত্ব।
(খ) একে সময়তে পৰিকল্পনা আৰু দৰ ব্যৱস্থাৰ অস্তিত্ব। তদুপৰি বজাৰ শক্তিৰ অধীনত পৰিচালিত অর্থনৈতিক কার্যকলাপক প্ৰভাৱিত কৰিবলৈ চৰকাৰে গুৰুত্বপূর্ণ সিদ্ধান্ত গ্রহণ কৰে।
(গ) সমাজ কল্যাণৰ লক্ষ্য চৰকাৰী ক্ষেত্ৰৰ দ্বাৰা অনুসৰণ কৰা হয় আৰু লাভ উদ্দেশ্য হ’ল ব্যক্তিগত কাৰ্যকলাপৰ বাবে নির্দেশিকা শক্তি।
(ঘ) চৰকাৰে উৎপাদন আৰু বিতৰণ প্রক্রিয়াত নির্বাচিত অঞ্চলবোৰত সক্রিয় ভূমিকা পালন কৰে।
(ঙ) অর্থনৈতিক আচৰণত কিছুমান সীমাবদ্ধতা আছে।
(চ) মূলতঃ ব্যক্তিগত খণ্ডত প্রতিযোগিতা বিদ্যমান।
১৭। “মানৱ জাতিৰ দৈনন্দিন জীৱনৰ কাৰ্যাৱলীৰ অধ্যয়নেই হৈছে অর্থবিজ্ঞান, ই কল্যাণ আহৰণৰ অৰ্থে প্ৰয়োজন হোৱা ভৌতিক আহিলাসমূহৰ উপার্জন আৰু ব্যৱহাৰৰ সৈতে ঘনিষ্টভাৱে জড়িত থকা ব্যক্তিগত আৰু সামাজিক কার্যাৱলী অধ্যয়ন কৰে। এনেভাৱ এহাতেদি ই সম্পদৰ অধ্যয়ন আৰু আনহাতেদি অধিক গুৰুত্বপূর্ণ দিশত ই মানুহৰ কাৰ্যাৱলীৰ অংশবিশেষ অধ্যয়ন”- এই উক্তিযাৰৰ মূল্যাংকন কৰা।
উত্তৰঃ উক্ত উক্তিটো মার্ছালে অর্থনীতি বিজ্ঞানৰ সংজ্ঞা হিচাপে আগবঢ়াইছে। আদাম স্মিথৰ অর্থবিজ্ঞানৰ সংজ্ঞাৰ ত্রুটিসমূহ অর্থনীতিবিদ মাৰ্ছালৰ দৃষ্টিগোচৰ হৈছিল আৰু তেখেতে স্মিথৰ সংজ্ঞাৰ ক্ৰতিসমূহ আঁতৰাই এক গ্রহণযোগ্য সংজ্ঞা দিয়াৰ বাবে চেষ্টা কৰিছিল। তেওঁৰ এই সংজ্ঞাত সম্পদৰ পৰিৱর্তে গণকল্যাণৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰিছিল। মাৰ্ছালৰ মতে প্রতিজন মানুহে পুৱা শুই উঠাৰ পৰা নিশাৰ আহাৰৰ পৰলৈকে বিভিন্ন কাম-কাজত জড়িত হৈ থাকে আৰু দৈনন্দিন জীবনৰ এনে কাম-কাজবোৰেই অর্থবিজ্ঞানৰ আলোচনাৰ বিষয়বস্তু। কাৰণ এনে কাম-কাজসমূহ প্রত্যেক্ষ বা পৰোক্ষভাৱে সম্পদ উৎপাদন সম্পদ আহৰণ আৰু সম্পদ উপভোগৰ লগত জড়িত হৈ থাকে।
সম্পদ উৎপাদন আৰু উপভোগৰ অৰ্থে মানুহে কৰিবলগীয়া হোৱা সকলোবোৰ কাম-কাজেই হৈছে অর্থনৈতিক কার্য আৰু অর্থবিজ্ঞানৰ আলোচনাৰ বিষয়বস্তু। তেখেতৰ মতে, সম্পদৰ উৎপাদন আৰু উপভোগৰ জৰিয়তে জাগতিক কল্যাণ সাধন কৰাটো অর্থবিজ্ঞানৰ প্রধান লক্ষ্য। সম্পদ হৈছে জাগতিক কল্যাণ সাধনৰ এক উপায় আৰু এনে উপায়ৰ সহায়ত মানৱ জাতিৰ পার্থিৱ কল্যাণ কেনে ধৰণেৰে সাধন কৰিব পাৰি, সেই বিষয়ে অধ্যয়ন চলোৱাটো অর্থবিজ্ঞানৰ প্রধান লক্ষ্য।
মাৰ্ছালৰ অৰ্থবিজ্ঞানৰ সংজ্ঞাব তাৎপর্য বিচাৰ কৰিলে দেখা যায় যে সম্পদৰ দ্বাৰা অভাৱ পূৰণৰ লক্ষ্যৰ ভিত্তিত তেখেতে সম্পদক দুটা প্রধান ভাগত ভাগ কৰিছে- ভাল আৰু বেয়া। বেয়া সম্পদসমূহৰ উৎপাদন আৰু উপভোগৰ জৰিয়তে মানৱ সমাজৰ জাগতিক কল্যাণ সাধিত হ’ব নোৱাৰে। উদাহৰণস্বৰূপে মদ, ভাং, কানি আদি মাদক দ্রব্যৰ কথা উল্লেখ কৰিব পাৰি। মাৰ্ছালৰ মতে যিবোৰ সম্পদ ভাল যিবোৰৰ উৎপাদন আৰু উপভোগৰ জৰিয়তে মানৱ জাতিৰ পার্থিৱ কল্যাণ সাধিত হয়, তেনে সম্পদবোৰেহে অর্থবিজ্ঞানৰ আলোচনাত স্থান পোৱাটো উচিত। উক্ত সংজ্ঞাটোৰ দ্বাৰা মাৰ্ছালে সম্পদৰ পৰিৱর্তে কল্যাণৰ ওপৰত গুৰুত্ব আৰোপ কৰি উনুকিয়াই দিয়াত বিশেষভাৱে সফল হৈছে বুলি ক’ব পৰা যায়।
মাৰ্ছালৰ মতে অর্থবিজ্ঞান সম্পদৰ বিজ্ঞান এই বিষয়ে কোনো সন্দেহ, কিন্তু এই বিজ্ঞানৰ গুৰুত্বপূর্ণ অধ্যয়নৰ বিষয় আৰু লক্ষ্য হৈছে মানৱ কল্যাণ। আনকথাত ক’বলৈ হ’লে সম্পদৰ পৰিৱর্তে কল্যাণৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰাটো তেখেতৰ অর্থবিজ্ঞানৰ সংজ্ঞাত পৰিলক্ষিত হয়।
১৮। “যি বিজ্ঞানে অসীম অভাৱ আৰু সেইবোৰ পূৰণৰ অৰ্থে থকা বিকল্প ব্যৱহাৰযোগ্য তাকৰীয়া উপকৰণবোৰৰ মাজত সম্পর্ক স্থাপনৰ বাবে কৰা মানৱীয় আচৰণ অধ্যয়ন কৰে সেই বিজ্ঞানেই হৈছে অর্থবিজ্ঞান।”- মূল্যাংকন কৰা।
উত্তৰঃ উক্ত উক্তিষাৰ অধ্যাপক ৰবিন্সে অর্থবিজ্ঞানৰ সংজ্ঞা হিচাপে আগবঢ়াইছে। তেখেতৰ মতে যিবিলাক দ্রব্য দুষ্প্রাপ্য আৰু যিবিলাকৰঙ্গে বিকল্প ব্যৱহাৰ আছে তেনে দ্রব্য-সামগ্রীসমূহেই অর্থবিজ্ঞানৰ আলোচনাৰ বিষয়বস্তু। ৰবিলৰ এই সংজ্ঞা তিনিটা মৌলিক ধাৰণাৰ ভিত্তিত প্রতিষ্ঠিত। যেনে-
(ক) অসীম অভাৱঃ মানুহৰ বিভিন্ন দ্রৱ্য-সামগ্রী আৰু সেৱাৰ প্রতি অভাব সৃষ্টি হয়। অভাৱৰ কোনো সীমা নাই এই অভাৱ পূৰণ হোৱাৰ লগে লগে নতুন অভাৱৰ সৃষ্টি হয়। অসীম অভাৱৰ কাৰণেই মানুহে সকলো অভাব একে সময়তে পূৰণ কৰিব নোৱাৰে আৰু অভাৱসমূহৰ গুৰুত্বৰ ভিত্তিত প্রয়োজনীয় অভার বাছি উলিয়াবলগীয়া হয়।
(খ) সসীম উপায়ঃ মানুহৰ অভাৱ অসীম, কিন্তু অভাৱ পূৰণৰ উপায় সীমিত। পৃথিৱীৰ মুক্ত দ্রব্য সমূহৰ বাহিৰে সকলো দ্রব্যৰে যোগান সীমিত। অর্থনৈতিক দ্রব্য বা সম্পদৰ যোগান সীমিত হোৱাত দুষ্প্রাপ্যতাৰ সমস্যাৰ সৃষ্টি হৈছে। যদি সম্পদসমূহ দুষ্প্রাপ্য নহ’লহেতেন, তেতিয়া পৃথিৱীত কোনো ধৰণৰ অৰ্থনৈতিক সমস্যাৰ সৃষ্টি নহ’লহেতেন।
(গ) সসীম উপায়ৰ বিকল্প ব্যৱহাৰঃ অভাৱ পূৰণৰ উপকৰণবোৰৰ যোগানেই কেৱল সীমিত নহয়, এইবোৰৰ বিকল্প ব্যৱহাৰো আছে। অর্থাৎ, একেটা উপকৰণকে বিভিন্ন অভাৱ মোচনৰ অৰ্থে ব্যৱহাৰ কৰিব পাৰি।
সসীম উপকৰণৰ দ্বাৰা পুৰণ কৰিব পৰা বিভিন্ন অভাৱৰ ভিতৰত কোনটো অভাৱ পূৰণৰ অর্থে ব্যৱহাৰ কৰা হ’ব সেই বিষয়ে সিদ্ধান্ত গ্রহণ কৰিবলগীয়া হয়। দুষ্প্রাপ্য সম্পদ ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত প্ৰতিজন মানুহেই এনে পছন্দৰ সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়। ৰবিন্সৰ মতে, যদি অভাৱ পূৰণৰ অর্থে ব্যৱহাৰ হোৱা কোনো উপকৰণৰ বিকল্প ব্যৱহাৰ নেথাকে তেতিয়া ই কোনো অর্থনৈতিক গুৰুত্বও নেথাকে। কাৰণ, যিটো উদ্দেশ্যৰ অর্থে উপকৰণটো ব্যৱহাব কৰিব পাৰি, সেই উদ্দেশ্যত ব্যৱহাৰ কৰাৰ পাছত ইয়াৰ গুৰুত্ব শেষ হৈ যায়। এনে ধৰণৰ উপকৰণৰ ক্ষেত্ৰত নিৰ্বাচনৰ সমস্যা উদ্ভৱ নোহোৱাৰ কাৰণে কোনো অর্থনৈতিক সমস্যাৰো সৃষ্টি হ’ব নোৱাৰে।
ৰবিন্সৰ মতে, কেৱল অসীম অভাৱ বা সীমিত উপকৰণ অথবা কেৱল উপকৰণসমূহৰ বিকল্প ব্যৱহাৰে কোনো অর্থনৈতিক সমস্যাৰ সৃষ্টি কৰিব নোৱাৰে। এই তিনিটা বৈশিষ্ট্য যেতিয়া কোনো অভাৱ বা কাম-কাজৰ ক্ষেত্ৰত একে সময়তে দেখা পোৱা যাব তেতিয়াহে অর্থনৈতিক সমস্যাৰ সৃষ্টি হ’ব আৰু ই অর্থবিজ্ঞানৰ আলোচ্য বিষয় হৈ পৰে।
১৯। মুদ্রাৰ ব্যৱহাৰ বা ব্যৱহাৰ নকৰাকৈ ব্যক্তি আৰু সমাজে কেনেধৰণৰ বিকল্প ব্যৱহাৰ থকা উৎপাদনশীল দুষ্প্রাপ্য আহিলাসমূহক বিভিন্ন সময়ত বিভিন্ন দ্রব্য উৎপাদনৰ অর্থে নিয়োগ আৰু সেইবোৰ সমাজৰ বিভিন্ন মানুহ আৰু গোষ্ঠীৰ বৰ্তমান আৰু ভৱিষ্যতৰ উপভোগৰ অর্থে বিতৰণৰ কাৰণে মনোনীত কৰে তাকেই অর্থবিজ্ঞানত আলোচনা কৰা হয়- আলোচনা কৰা।
উত্তৰঃ উক্ত উক্তিটো চেমুৱেলচনৰ অৰ্থশাস্ত্ৰৰ এক উৎকৃষ্ট সংজ্ঞা। চেমুৱেলচনৰ অৰ্থশাস্ত্রৰ এই সংজ্ঞাটোৰ উৎকৃষ্টতাৰ ব্যাখ্যা তলত দিয়া ধৰণৰ-
(ক) ৰবিন্সৰ দৰেই চেমুৱেলচনেও কৈছে যে মানুহৰ সীমাহীন অভাৱৰ তুলনাত অভাৱ পুৰণৰ সীমিত উপায় আৰু সেই সীমিত উপায়সমূহৰ বিকল্প ব্যৱহাৰেই সকলো অর্থনৈতিক সমস্যাৰ মূল।
(খ) গতিশীল সমাজত সময়ৰ পৰিৱৰ্তনৰ লগে লগে মানুহৰ অভাৱ আৰু অভাৱ পুৰণৰ উপকৰণসমূহৰ ক্ষেত্ৰত ঘটিব পৰা পৰিৱর্তনৰ বিষয়েও চেমুৱেলচনে আলোকপাত কৰিছে। কাৰন তেখেতৰ সংজ্ঞাত উন্নয়নৰ সমস্যাটো অন্তর্ভুক্ত কৰা হৈছে।
(গ) চেমুৱেলচনৰ সংজ্ঞাটো গতিশীল হোৱাৰ উপৰিও ইয়াৰ পৰিসৰো যথেষ্ট বহল। মুদ্রাবিহীন অথবা দ্রৱ্য বিনিময় প্রচলন থকা অর্থনীতিতো তেখেতৰ সংজ্ঞাটো প্রযোজ্য। অসীম অভাৱৰ তুলনাত সীমিত উপায়ে যি অর্থনৈতিক সমস্যাৰ সৃষ্টি কৰে তেনে সমস্যা কেৱল মুদ্রাগত অর্থনীতিয়েই নহয় মুদ্রাবিহীন অর্থনীতিতো সৃষ্টি হয়। যিসকল অর্থনীতিবিদে মুদ্রাক কেন্দ্র কৰিয়েই অর্থবিজ্ঞানৰ জন্ম আৰু ক্রমবিকাশ ঘটিছে বুলি মত পোষণ কৰিছিল তাক চেমুৱেলচনৰ সংজ্ঞাই ভুল বুলি প্রতিপন্ন কৰিছে।
(ঘ) চেমুৱেলচনৰ অৰ্থবিজ্ঞানৰ সংজ্ঞাটোৰ প্রধান বৈশিষ্ট্য হৈছে যে এই সংজ্ঞাই গতিশীল সমাজত দেখা দিয়া পছন্দৰ সমস্যাৰ ওপৰত উপযুক্তভাৱে গুৰুত্ব আৰোপ কৰিছে। মানুহৰ অভাৱ অপৰিৱর্তনীয় নহয়। সময় আৰু সমাজৰ অগ্রগতিৰ লগে লগে মানুহৰ অভাৱৰ পৰিৱর্তন আৰু বৃদ্ধি উল্লেখযোগ্য। ৰুচি আৰু স্বভাৱৰ কাৰণে পৰিৱর্তনে অভাৱৰ চৰিত্ৰৰ পৰিৱর্তন ঘটায়। অভাৱৰ পৰিমাণ আৰু প্ৰকৃতিৰ পৰিৱৰ্তনৰ লগে লগে সম্পদৰ ক্ষেত্ৰতো পৰিৱর্তন সাধন কৰাটো প্রয়োজনীয় হৈ পৰে। অভাৱ বৃদ্ধিৰ লগে লগে সম্পদৰ উৎপাদন বৃদ্ধি নিতান্ত প্রয়োজনীয়। গতিকে, গতিশীল সমাজত অবাৱ বৃদ্ধিৰ লগে লগে উৎপাদন বৃদ্ধি, উপার্জন বৃদ্ধি আৰু নিয়োগ বৃদ্ধিৰ যি সম্বন্ধ আছে তাৰ বিষয়ে স্পষ্টভাৱে উল্লেখ কৰি চেমুৱেলচনে অর্থবিজ্ঞানৰ এক বাস্তৱসন্মত ব্যাখ্যা আগবঢ়াইছে। এনে দৃষ্টিকোণৰ পৰা বিচাৰ কৰি চালে অর্থবিজ্ঞানক অসীম অভাৱ পূৰণৰ অর্থে সীমিত সম্পদৰ প্রয়োগ আৰু উপার্জন, উৎপাদন, নিয়োগ আৰু উন্নয়নৰ নিৰ্ধাৰিত অধ্যয়ন হিচাপে গণ্য কৰিব পৰা যায়।
চেমুৱেলচনৰ অর্থবিজ্ঞানৰ সংজ্ঞাই বর্তমান আৰু ভৱিষ্যতৰ সকলো বিষয়েই অর্থবিজ্ঞানৰ পৰিসৰৰ ভিতৰলৈ আনি ইয়াক গতিশীল বিজ্ঞান হিচাপে প্রতিষ্ঠা কৰিছে।
২০। অর্থনীতিক সম্পদৰ বিজ্ঞান বুলি কয়। এই সংজ্ঞাটো যুক্তিযুক্ত নে?
উত্তৰঃ অর্থনীতিৰ প্রণালীবদ্ধ আলোচনাৰ পথ-প্রদর্শক আৰু পিতৃস্বৰূপ আদাম স্মিথে পোনপ্রথমে অর্থনীতিৰ বিষয়বস্তু বিষয়ে এটা স্পষ্ট সংজ্ঞা দিয়ে। তেখেতে অর্থশাস্ত্রক এক ধন সম্পদৰ বিজ্ঞান হিচাপে ব্যাখ্যা কৰিছিল। কাৰণ তেখেতৰ মতে অর্থবিজ্ঞানত এখন ৰাষ্ট্রৰ ধনসম্পদৰ প্ৰকৃতি আৰু ইয়াৰ বর্ধনৰ কাৰণ সম্পর্কে বিচাৰ কৰা হয়। সম্পদৰ উৎপাদন আৰু সম্পদৰ উপভোগৰ বিষয়েই অর্থবিজ্ঞানত প্রধানকৈ আলোচনা কৰা হয়। সম্পদ আহৰণ, সম্পদ ব্যয় আৰু সম্পদ সঞ্চয় এই তিনিটা বিষয়ত জ্ঞান প্রদানেই হৈছে অর্থবিজ্ঞানৰ প্ৰধান উদ্দেশ্য। সম্পদৰ প্রধান বৈশিষ্ট্য হৈছে দুষ্প্রাপ্যতা আৰু সেইকাৰণে সম্পদৰ ব্যৱহাৰ এনেভাৱে হোৱা উচিত যাতে অপচয়ৰ পৰিৱৰ্তে সেইবোৰৰ ব্যৱহাৰৰ পৰা সর্বাধিক পৰিতৃপ্তি লাভ কৰিব পৰা যায়। সীমিত যোগানৰ সম্পদবোৰ ব্যৱহাৰ কৰি সৰ্বাধিক পৰিতৃপ্তি লাভ কৰিবলৈ মানুহৰ বিবেচনা শক্তিৰ প্ৰয়োজন হয়। অর্থবিজ্ঞানে মানুহক দুষ্প্রাপ্য সম্পদসমূহৰ ব্যৱহাৰৰ ক্ষেত্ৰত বিবেচনা শক্তিৰ দ্বাৰা পৰিচালিত হোৱাত সহায় আৰু জ্ঞান প্রদান কৰে।
অর্থবিজ্ঞানৰ বিষয়ে আদাম স্মিথৰ ধাৰণা বা দৃষ্টিভংগী প্রায় সম্পূর্ণৰূপে বস্তুবাদী। সম্পদ আহৰণ আৰু উপভোগৰ ক্ষেত্ৰত মানুহৰ নৈতিক দায়িত্বৰ কথা আদাম স্মিথে আলোচনা কৰা নাই বা এনে নৈতিক দায়িত্ব তেখেতে নুই কৰিছে বুলি ক’লেও ভুল কোৱা নহ’ব। কাৰণ তেখেতৰ মতে মানৱ জীৱনৰ প্রয়োজনীয় সমাগ্রী, সা-সুবিধা আৰু আমোদ-প্রমোদ যি পৰিমাণে উপভোগ কৰাৰ ক্ষমতা এজন মানুহৰ থাকে তাৰ ভিত্তিতেই তেওঁ চহকী বা দুখীয়া হয়।
২১। অর্থবিজ্ঞান আৰু মুদ্রাৰ সম্পৰ্ক বিশ্লেষণ কৰা।
উত্তৰঃ ৰবিন্সে তেখেতৰ অর্থবিজ্ঞানৰ সংজ্ঞাত উল্লেখ কৰিছে যে সসীম উপকৰণসমূহৰ বিকল্প ব্যৱহাৰ আছে আৰু এনে বিকল্প ব্যৱহাৰৰ কাৰণেই অভাৱ নিৰ্বাচনৰ সমস্যাৰ উদ্ভৱ হয়। এনে অভাৱ নিৰ্বাচনৰ সমস্যা সমাধান হোৱাৰ লগে লগে বিনিময়ৰ সমস্যাৰ উদ্ভৱ হয়। কাৰণ মুক্ত দ্রৱ্য সমূহৰ দৰে সম্পদ সহজলভ্য নহয়। সম্পদ আহৰণ বা অভাৱ পূৰণৰ অর্থে বিনিময়ৰ সহায়ৰ প্রয়োজন হয়। বিনিময় হৈছে অভাৱ পূৰণৰ শেষ উপায় আৰু সেই কাৰণে বিনিময় অর্থবিজ্ঞানৰ আলোচনাৰ অতি গুৰুত্বপূর্ণ বিষয়বস্তু। বিনিময়ৰ এনে গুৰুত্বৰ কাৰণেই অর্থনীতিবিদ কেয়ার্ন ক্রছে কৈছে “দুষ্প্রাপ্য সামগ্ৰীৰ দ্বাৰা মানুহে কেনেভাৱে সীমাহীন অভাৱ পূৰণৰ প্ৰচেষ্টা চলায় আৰু এনে প্রচেষ্টা বিনিময়ৰ যোগেদি কেনেকৈ ফলৱতী কৰা হয় তাকেই অর্থবিজ্ঞানে আলোচনা কৰে”।
দুষ্প্রাপ্য দ্রব্যসমূহৰ অভাৱ পূৰণৰ ক্ষেত্ৰত বিনিময়ৰ ভূমিকাৰ প্ৰতি লক্ষ্য ৰাখি এচাম অর্থনীতিবিদে অর্থবিজ্ঞানক মানৱ জীৱনৰ কাম-কাজত মুদ্রাৰ ভূমিকাৰ অধ্যয়ন হিচাপে ব্যাখ্যা কৰিছে। কাৰণ মুদ্রাৰ অবিহনে বিনিময় ব্যৱস্থা অচল হৈ পৰিব। কিন্তু এই কথাষাৰ সম্পূর্ণ শুভ নহয়। কাৰণ, প্রাচীন কালত পৃথিবীৰ মানুহে যেতিয়া মুদ্রাৰ ব্যৱহাৰ নাজানিছিল, তেতিয়াও মানুহৰ অৰ্থনৈতিক সমস্যা আছিল। সেই সময়ত মানুহে প্রয়োজনীয় অভাৱ পূৰণৰ অৰ্থে পণ্য বিনিময় প্রথাৰ সহায় লৈছিল। গতিকে মুদ্রাৰ জন্মতকৈ অর্থনীতি বিজ্ঞানৰ জন্ম আগতীয়া। অৱশ্যে মুদ্রাৰ প্রচলন আৰু ব্যৱহাৰে পণ্য বিনিময়ৰ সকলো অসুবিধা দূৰ কৰাৰ উপৰিও বিনিময় ইমান সহজ আৰু সুবিধাজনক কৰি তুলিলে যে মুদ্রা মানুহৰ সকলো অর্থনৈতিক কাম-কাজৰ প্ৰাণকেন্দ্ৰ হৈ পৰিল। মানৱ সমাজৰ সকলোবোৰ অর্থনৈতিক কাম-কাজ মুদ্রান লগত জড়িত হৈ পৰাত, মুদ্রা উপার্জন আৰু ব্যয় অর্থবিজ্ঞানৰ আলোচনাৰ প্রধান বিষয়বস্তু সৈ পৰিছে। মুদ্রাৰ এনে গুৰুত্বপূর্ণ ভূমিকাৰ কাৰণেই মুদ্রাক কেন্দ্ৰ কৰিয়েই অর্থবিজ্ঞানৰ ক্ৰমবিকাশ ঘটিছে বুলি এচাম অর্থনীতিবিদে মত পোষণ কৰে।
২২। চমুটোকা লিখাঃ
(ক) সুযোগ সেট বা গোট।
উত্তৰঃ উৎপাদনৰ অর্থে ব্যৱহাৰ কৰা প্ৰতিটো উপাদান কেৱল দুষ্প্রাপই নহয়, সিহঁতৰ প্রতিটোৰে বিকল্প ব্যৱহাৰ আছে। উৎপাদনৰ এই গোটসমূহকে সুযোগ গোট বুলি কোৱা হয়। বিকল্প ব্যৱহাৰ থকা এটা উপাদান যেতিয়া কোনো এটা নির্দিষ্ট উদ্দেশ্যত ব্যৱহাৰৰ কাৰণে নির্বাচন কৰা হয়। তেতিয়া উপাদানটো আনটো বিকল্প উদ্দেশ্যত ব্যৱহাৰ কৰিব নোৱাৰি। এই গোটৰ জৰিয়তে এটা উপাদানৰ উৎকৃষ্ট ব্যৱহাৰৰ বিষয়ে নিশ্চিত হোৱাৰ উপৰিও সীমিত উপকৰণবোৰৰ ব্যৱহাৰৰ জৰিয়তে সর্বাধিক পৰিতৃপ্তি আৰু উৎপাদন লক্ষ্যত উপনীত হোৱাৰ বিষয়ে নিশ্চিত হ’ব পৰা যায়।
২৩। সম্পদৰ দুষ্প্রাপ্যতাই মূলত নিৰ্বাচনৰ সমস্যাৰ মূল কাৰণ বুলি কিয় কোৱা হয়? অর্থনীতি অধ্যয়নৰ যুক্তিযুক্ততা ব্যাখ্যা কৰা।
উত্তৰঃ প্রকৃতিৰ সীমিত সম্পদৰ সহায়ত ব্যক্তি তথা সমস্যাৰ অসীম অভাৱ পূৰণ কৰিবলৈ যাওঁতে যি সমস্যাৰ সন্মুখীন হোৱা যায়, সেয়েই হৈছে অর্থনৈতিক সমস্যা। সম্পদৰ দুষ্প্রাপ্যতাই যে সকলো অর্থনৈতিক সমস্যাৰ মূল সেই বিষয়ে নিঃ সন্দেহে ক’ব পৰা যায়। মানুহৰ অভাৱ পূৰণৰ দুটা প্রধান উপায় হৈছে সময় আৰু আর্থিক উপার্জন, কিন্তু এই দুয়োটা উপায়েই হৈছে সীমিত আৰু দুষ্প্রাপ্য। সীমিত উপকৰণৰ সহায়ত মানুহৰ সকলো অভাৱ পূৰণ কৰাটো সম্ভৱপৰ নহয় আৰু সেইকাৰণে এনে সীমিত সম্পদ বা উপকৰণৰ সহায়ত কোনবোৰ অভাৱ পূৰণ কৰা হ’ব, সেইবিষয়ে মানুহে নির্বাচন কৰিবলগীয়া হয়। অভাৱ পূৰণৰ উপকৰণসমূহৰ বিকল্প ব্যৱহাৰ-যোগ্যতাৰ কাৰণেই প্রতিজন মানুহে এনে উপকৰণসমূহ কোনবোৰ অভাৱ পূৰণৰ অর্থে ব্যৱহাৰ কৰিব সেই বিষয়ে সিদ্ধান্ত গ্রহণ কৰিবলগীয়া হয়। এনে দৃষ্টিকোণৰ পৰা বিচাৰ কৰি চালে দেখা যায় যে, কেৱল সম্পদ আৰু উপায়ৰ দুষ্প্রাপ্যতাই অর্থনৈতিক সমস্যাৰ সৃষ্টি নকৰে, এইবোৰৰ বিকল্প-ব্যৱহাৰ যোগ্যতাও অর্থনৈতিক সমস্যা সৃষ্টি হোৱাৰ আন এক প্রধান কাৰণ। সীমিত সম্পদৰ তুলনাত অসীম অভাৱ আৰু অভাৱ পূৰণৰ উপকৰণসমূহৰ বিকল্প ব্যৱহাৰেই সকলো অর্থনৈতিক সমস্যাৰ মূল। কিন্তু যদি দেশৰ এক বুজন পৰিমাণৰ মানৱ আৰু অন্যান্য সম্পদ অব্যৱহৃত হৈ থাকে তেনে অৱস্থাত সম্পদৰ বিকল্প ব্যৱহাৰ আৰু নিৰ্বাচনৰ বিষয়টোৱে অর্থনৈতিক সমস্যাৰ সৃষ্টি কৰিব নোৱাৰে। দেশত অব্যৱহৃত হৈ থকা বুজন পৰিমাণৰ সম্পদসমূহক কোনটো উদ্দেশ্যত ব্যৱহাৰৰ অৰ্থে নিৰ্বাচন কৰা হ’ব সেই প্রশ্নটো সমাধানৰ ক্ষেত্ৰত বিশেষ সমস্যাৰ সৃষ্টি নহয়।
অর্থনীতি হ’ল এক সমাজ বিজ্ঞান। সমাজবিজ্ঞান হিচাপে অর্থশাস্ত্রই বিকল্প ব্যৱহাৰ থকা সীমাবদ্ধ উপায়ক মানুহৰ সীমাহীন অভাৱ পূৰণৰ অৰ্থে কেনেকৈ উপযুক্তভাৱে ব্যৱহাৰ কৰিব পাৰি সেই বিষয়ে আলোচনা কৰে। অর্থশাস্ত্র অধ্যয়নৰ যোগেদি বিকল্প ব্যৱহাৰ থকা সীমিত দ্রব্যসমূহৰ ব্যৱহাৰৰ পৰা কেনেকৈ সর্বোচ্চ প্রতিদান লাভ কৰিব পাৰি তাৰ সন্ধান পোৱা যায়। সভ্যতাৰ অগ্রগতি আৰু দ্রুত গতিত জনসংখ্যা বৃদ্ধিৰ লগে লগে পৃথিৱীৰ প্ৰায়বোৰ দেশতেই উৎপাদন, ভোগকার্য, দৰিদ্ৰতা, নিবনুৱা আদি বিভিন্ন সমস্যাই দেখা দিছে। এনে সমস্যাৰ বিষয়ে বিস্তৃত জ্ঞান আৰু সমাধানৰ উপায় অর্থশাস্ত্রই দিব পাৰে।
অর্থনীতি বিজ্ঞান অধ্যয়নৰ জৰিয়তে মানুহৰ অর্থনৈতিক কার্যকলাপ আৰু অর্থনৈতিক অৱস্থাৰ বিষয়ে সম্যক জ্ঞান লাভ কৰিব পাৰি। এখন দেশৰ অৰ্থনৈতিক উন্নয়নৰ কাৰণে আৰু দেশখনৰ বিভিন্ন অর্থনৈতিক সমস্যা কেনেভাৱে সমাধান কৰা হৈছে, সেই বিষয়ে অর্থশাস্ত্র অধ্যয়নৰ জৰিয়তে জানিব পাৰি। দ্রৱ্য-সামগ্ৰীৰ চাহিদা আৰু এইবোৰৰ মূল্যৰ পৰিৱৰ্তনৰ কাৰণ, উপভোক্তাৰ চাহিদাৰ পৰিৱৰ্তন, ক্রয়-বিক্রয়ৰ নিয়ম প্রণালী, মুদ্রাৰ প্রয়োগ, আভ্যন্তৰীণ আৰু আন্তর্জাতিক ব্যৱসায়-বাণিজ্যৰ জ্ঞান, ব্যৱসায়ীসকলৰ ব্যৱসায়ৰ সফলতাৰ কাৰণে অতি প্রয়োজন।
অর্থনীতিৰ জ্ঞান প্রতিজন নাগৰিকৰে প্রয়োজন। সমাজকর্মী আৰু শ্রমিক নেতাসকলৰ কাৰণেও অর্থশাস্ত্রব জ্ঞানৰ প্রয়োজন। দেশৰ অৰ্থনৈতিক অৱস্থা, দৰ সূচী, শ্ৰমিকৰ কল্যাণমূলক আঁচনি, দক্ষতা বর্ধনৰ কাৰণসমূহ জনা নাথাকিলে সফল সমাজকর্মী বা শ্রমিক নেতা হ’ব নোৱাৰি। অর্থনীতিৰ জ্ঞান নথকা কোনো ৰাজনীতিবিদে মানৱজাতিৰ কল্যাণ সাধিব নোৱাৰে, অর্থনৈতিক অৱস্থাইহে ৰাজনৈতিক কার্যকলাপৰ পৰিধি নিৰূপণ কৰে। দেশৰ কৃষি, ব্যৱসায়-বাণিজ্যিৰ বিস্তৃত জ্ঞান থাকিলেহে সফল ৰাজনীতিবিদ হিচাপে দেশৰ শাসন যন্ত্ৰৰ কাৰ্যভাৰ পৰিচালনা কৰিব পৰা যায়। দেশৰ সাধাৰণ নাগৰিকৰ কাৰণে অর্থশাস্ত্ৰৰ জ্ঞান অপৰিহার্য। অর্থশাস্ত্রৰ জ্ঞানৰ সহায়ত মানুহে সীমিত উপার্জন আৰু সময় প্রয়োগ কৰি কেনেভাৱে সীমাহীন অভাৱ পূৰণ কৰিব পাৰি আৰু এনে অভাৱ পূৰণৰ দ্বাৰা সর্বাধিক পৰিতৃপ্তি লাভ কৰিব পৰা যায় সেই বিষয়ে পথৰ সন্ধান পাব পাৰে। সীমিত সম্পদৰ দ্বাৰা অপৰিসীম অভাৱ পূৰণ কৰিবলৈ যাওঁতে মানুহে কেনেভাৱে বিবেচকৰ দৰে আচৰণ কৰিব লাগে, সেই বিষয়েও অর্থবিজ্ঞানে পথ-প্রদর্শন কৰে।
২৪। অর্থনৈতিক আৰ্হিৰ বৈশিষ্টবোৰ ব্যাখ্যা কৰা।
উত্তৰঃ বাস্তৱ জগতখনত অর্থনৈতিক ঘটনাবোৰ অতিশয় জটিল হোৱাৰ কাৰণে এইবোৰৰ সহজ ব্যাখ্যা কৰাটো বহুতো সময়ত সম্ভৱপৰ নহয়। কাৰণ প্ৰতিটো অর্থনৈতিক ঘটনা অসংখ্য উপাদানৰ দ্বাৰা প্রভাৱান্বিত হয় আৰু সকলো উপাদান অন্তর্ভুক্ত কৰি ইয়াৰ সহজ ব্যাখ্যা কৰাটো কঠিন হোৱাৰ উপৰি এনে ব্যাখ্যা যথেষ্ট দীঘলীয়া হয়। এইটো সমস্যা সমাধানৰ অৰ্থে অর্থনীতিবিদসকলৰ অর্থনৈতিক ঘটনাৰ তাত্ত্বিক ব্যাখ্যাৰ সংক্ষিপ্তকৰণ বা সাৰাংশমূলক উপস্থাপনৰ ব্যৱস্থা গ্রহণ কৰে। এনে সাৰাংশমূলক উপস্থাপনৰ প্রধান উপায় হৈছে অর্থনৈতিক আর্হি।
এটা অর্থনৈতিক ঘটনাৰ প্রভাৱ পেলোৱা অপ্রয়োজনীয় বুলি বিবেচিত হোৱা বিষয় বা উপাদানবোৰৰ পুংখানুপুংখ ব্যাখ্যা বাদ দি কেৱল বাস্তৱ ক্ষেত্রত প্রভাৱ পেলোৱা প্রয়োজনীয় উপাদানকেইটাক অন্তর্ভুক্ত কৰি উক্ত ঘটনাৰ ব্যাখ্যা দাঙি ধৰাৰ ব্যৱস্থাকেই ইয়াৰ সহজ ব্যাখ্যা আখ্যা দিয়া হয়। উল্লেখযোগ্য যে অর্থনৈতিক ঘটনাৰ তাত্ত্বিক সাৰাংশকৰণৰ অর্থে প্রয়োজন হয় কেইটামান সুস্থিৰ চর্ত বা অভিধাৰণাৰ অর্থাৎ কোনো এটা অর্থনৈতিক ঘটনাৰ ক্ষেত্রত প্রযোজ্য সুস্থিৰ অভিধাৰণাৰ ভিত্তিত ইয়াৰ যুক্তিপূর্ণ বিশ্লেষণ আৰু উক্ত বিশ্লেষণৰ সহায়ত এলানি সিদ্ধান্ত বা ভৱিষ্যদ্বাণী প্রদান কৰাৰ ব্যৱস্থাই হৈছে অর্থনৈতিক আৰ্হি গঠনৰ প্রধান উদ্দেশ্য।
অর্থনৈতিক আর্হি প্রথমতে শব্দৰ মাধ্যমত ব্যক্ত কৰা হয়। এনে ব্যাখ্যাৰ লগতে অন্তর্ভুক্ত হয় তালিকা অথবা ৰৈখিক চিত্র অথবা গাণিতিক সমীকৰণ। বিশ্লেষণ আৰু ভৱিষ্যদ্বাণীৰ ক্ষেত্ৰত গাণিতিক সমীকৰণ বিশেষভাৱে সহায়ক হোৱাৰ কাৰণে অধিকাংশ অর্থনৈতিক আর্হিত গাণিতিক সমীকৰণ ব্যৱহাৰ কৰা হয়। উল্লেখযোগ্য যে এটা বিজ্ঞানসন্মত আর্হিত সদায় অতি গুৰুত্বপূর্ণ চলককেইটা অন্তর্ভুক্ত হৈ থাকিব লাগে। উদাহৰণস্বৰূপে দ্ৰৱ্যৰ দৰৰ পৰিৱর্তনে উপভোক্তাৰ আচৰণৰ ওপৰত কেনেভাৱে প্রবাৱ বিস্তাৰ কৰে সেই বিষয়ে বিশ্লেষণ কৰোঁতে সহস্রাধিক উপাদান বা চলকৰ প্ৰভাৱ দৃষ্টিগোচৰ হয় আৰু এই সকলো উপাদান অন্তর্ভুক্ত কৰি ইয়াৰ আর্হি বা সাৰাংশমূলক বিশ্লেষণ প্রদান কৰাটো সম্ভৱপৰ নহয়।
২৫। ব্যষ্টিবাদী অর্থনীতিৰ বিকাশ আৰু দক্ষতাৰ লক্ষ্যসমূহ ব্যাখ্যা কৰা।
উত্তৰঃ ব্যষ্টিবাদী বা ব্যষ্টিবাচক অর্থনীতিয়ে অর্থনীতিৰ ক্ষুদ্র ক্ষুদ্র অংশবোৰ, যেনে- চাহিদা, দৰ, যোগান, বজাৰ অৰ্থনীতিৰ প্রকৃতি, পৰিসৰ, বৈশিষ্ঠ, ভোক্তাৰ আচৰণ, ব্যৱসায় প্ৰতিষ্ঠানৰ আচৰণ, উৎপাদন কার্য বা ফলন, দৰ তত্ত্বৰ বিশ্লেষণ, মুদ্রাক্ষীতি আদিৰ বিশ্লেষণ আগবঢ়ায়। ব্যষ্টিবাচক অর্থনীতিয়ে সদায় অর্থনৈতিক তত্ত্বসমূহৰ সূক্ষ্মাতিসূক্ষ্ম বিচাৰ বিশ্লেষণত গুৰুত্বপূর্ণ ভূমিকা আগবঢ়ায়। তাত্ত্বিক আৰু ব্যৱহাৰিক বিশ্লেষণত ব্যষ্টিবাচক অর্থনীতিৰ তাৎপর্যপূর্ণ ভূমিকা লক্ষ্য কৰা যায়, অৱশ্যে মুক্ত বাণিজ্যৰ বিচাৰ বিশ্লেষণত ব্যষ্টিবাচক অর্থনীতিয়ে অনন্য ভূমিকা লয়।
ব্যষ্টিবাচক অর্থনীতিৰ আন এক গুৰুত্বপূর্ণ কথা হ’ল এই যে, ই অর্থনীতি এখনৰ সামগ্রিকতাক প্রতিফলিত কৰে। অর্থনীতিৰ ক্ষুদ্র ক্ষুদ্র অংশৰ পৰ্যালোচনাৰ জৰিয়তে সামূহিক আর্থিক সিদ্ধান্ত গ্রহণত ই সহায় কৰে। ভোক্তাৰ আচৰণ অধ্যয়নৰ জৰিয়তে আমি জাতীয় আয়, জাতীয় সঞ্চয়, সাধাৰণ দৰ স্তৰ, বাণিজ্যি চক্রৰ গতি, মুদ্রাস্ফীতিৰ হাৰ নির্ণয়, সঞ্চয় বিনিয়োগ নিয়োগ তত্ত্ব আদিৰ সামূহিক বা সার্বিক তাত্ত্বিক বিশ্লেষণ আগবঢ়াব পাৰোঁ। সেয়ে আমি ক’ব পাৰোঁ যে, ব্যষ্টিবাচক অর্থনীতিয়ে সামগ্রিক আর্থিক প্রতিফলন ঘটায়।
ব্যষ্টিবাচক অর্থনীতিয়ে ভোক্তাৰ আচৰণ বিশ্লেষণ কৰাত অধিক গুৰুত্ব দিয়ে। ইয়াৰ দ্বাৰা ভোক্তাৰ চাহিদা আৰু উপযোগিৰ সম্বন্ধে জ্ঞাত হ’ব পৰা যায়। বর্তমানৰ চাহিদা তথা উপযোগিতাৰ ওপৰত ভিত্তি কৰি ভৱিষ্যতে অর্থনৈতিক আঁচনি গ্রহণত ব্যষ্টিবাদী অর্থনীতিয়ে যথেষ্ট গুৰুত্ব প্রদান কৰে। পৰৱর্তী পর্যায়ত পৰিকল্পনা, আঁচনি আৰু সম্ভাব্য চাহিদাৰ ওপৰত পর্যালোচনা কৰৰ সুবিধা ব্যষ্টিবাদী অর্থনীতিয়ে প্রদান কৰে।
ব্যষ্টিবাচক অর্থনীতি ব্যৱহাৰিক আৰু প্রয়োগিক বিজ্ঞান। ভোক্তা, ব্যৱসায়ী, উদ্যোক্তা আদিৰ আচৰণৰ দিশত এই অর্থনীতিয়ে ব্যাখ্যা আগবঢ়ায়। চৰকাৰেও বিভিন্ন নীতি-নির্দেশনা ব্যষ্টিবাচক অর্থনীতিয়ে আগবঢ়োৱা বিশ্লেষণৰ ওপৰত নিৰ্ভৰ কৰি প্রস্তুত কৰে। ৰাজকোষীয় নীতি, মুদ্রা-নীতি, বৈদেশিক নীতি, আমদানি-ৰপ্তানি, নীতি, কৰৰ নীতি আদিৰ প্রকৃতি কেনে হ’ব সি নির্ভৰ কৰে ব্যষ্টিবাদী অর্থনীতিয়ে গ্রহণ কৰা উপভোক্তাৰ আচৰণ সম্পৰ্কীয় বিশ্লেষণ তথা তাত্ত্বিক বিচাৰৰ ওপৰত। ব্যষ্টিবাদী বা ব্যষ্টিবাচক অর্থনীতিয়ে অর্থনীতি এখনৰ বিভিন্ন চৰকাৰী নীতি-নির্দেশনা প্রস্তুতকৰণত গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰে।