Introductory Microeconomics Unit 3 পৰিয়ালৰ আচৰণ আৰু উপভোক্তাৰ পছন্দ

Introductory Microeconomics Unit 3 পৰিয়ালৰ আচৰণ আৰু উপভোক্তাৰ পছন্দ, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Introductory Microeconomics Unit 3 পৰিয়ালৰ আচৰণ আৰু উপভোক্তাৰ পছন্দ Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Introductory Microeconomics Unit 3 পৰিয়ালৰ আচৰণ আৰু উপভোক্তাৰ পছন্দ Question Answer can be of great value to excel in the examination.

Introductory Microeconomics Unit 3 পৰিয়ালৰ আচৰণ আৰু উপভোক্তাৰ পছন্দ

Join Telegram channel

Introductory Microeconomics Unit 3 পৰিয়ালৰ আচৰণ আৰু উপভোক্তাৰ পছন্দ Notes cover all the exercise questions in UGC Syllabus. Introductory Microeconomics Unit 3 পৰিয়ালৰ আচৰণ আৰু উপভোক্তাৰ পছন্দ provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

পৰিয়ালৰ আচৰণ আৰু উপভোক্তাৰ পছন্দ

INTRODUCTORY MICROECONOMICS

অতি চমু প্রশ্নোত্তৰঃ

১। নিৰপেক্ষ ৰেখা কাক কয়?

উত্তৰঃ নিৰপেক্ষ ৰেখা বহুতো বিন্দুৰ সঞ্চাৰ পথ। যাৰ প্রতিটোৱে এজন এজন নির্দিষ্ট উপভোক্তাৰ কাৰণে এটা দ্ৰৱ্যৰ সমষ্টিৰ পৰা পোৱা একে পৰিমাণৰ মুঠ উপযোগিতাৰ প্রতিনিধিত্ব কৰে।

২। নিৰপেক্ষ সূচী কাক বোলে?

উত্তৰঃ নিৰপেক্ষ সূচী বা তালিকা এনে এখন তালিকা যাৰ দুটা দ্ৰৱ্যৰ বিভিন্ন গোটে এজন উপভোক্তাক সম-পৰিমাণে সন্তুষ্টি দিয়ে।

৩। প্রতিকল্পনৰ প্রান্তিক হাৰৰ বিধি কি?

উত্তৰঃ যি হাৰত এজন উপভোক্তাই এটা দ্ৰৱ্যৰ পৰিৱর্তে আন এটা দ্ৰৱ্যৰ ব্যৱহাৰ কৰি সম পৰিমাণৰ সন্তুষ্টি লাভ কৰিবলৈ সমর্থ হয় তাকেই প্রতিকল্পনৰ প্রান্তিক হাৰ বুলি কোৱা হয়।

৪। নিৰপেক্ষ ৰেখাৰ যিকোনো দুটা বৈশিষ্ট্য উল্লেখ কৰা। 

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

উত্তৰঃ নিৰপেক্ষ ৰেখাৰ দুটা বৈশিষ্ট্য হ’ল-

(ক) নিৰপেক্ষ ৰেখা সোঁফাললৈ নিম্নগামী হয়।

(খ) নিৰপেক্ষ বেখাসমূহ কেন্দ্রৰ প্রতি উত্তল।

৫। বাজেট ৰেখা কাক কয়?

উত্তৰঃ নিৰপেক্ষ ৰেখাৰ সহায়ত উপভোক্তাই কেনেভাৱে ভাৰসমতাৰ অৱস্থাত উপনীত হয় সেই বিষয়ে জানিবৰ অৰ্থে যি ৰেখাৰ সহায় লোৱা হয় তাকে বাজেট ৰেখা বোলে।

৬। বাজেট ৰেখাৰ অৱস্থানৰ পৰিৱৰ্তনৰ দুটা কাৰণ উল্লেখ কৰা।

উত্তৰঃ বাজেট ৰেখাৰ অৱস্থানৰ পৰিৱৰ্তন দুটা কাৰণত হ’ব পাৰে- প্রথমতে উপভোক্তাৰ আর্থিক উপাৰ্জনৰ পৰিৱর্তন। দ্বিতীয়তে যদি ক্ৰম কৰিবলৈ বিচৰা দ্রব্যও দুয়োটাৰে অথবা যিকোনো এটাৰ দৰৰ পৰিবর্তন হয় তেতিয়াও বাজেট ৰেখাৰ অৱস্থানৰ পৰিৱর্তন হয়।

৭। উপভোক্তাৰ ভাৰসমতা কাক কয়?

উত্তৰঃ উপভোক্তাৰ ভাৰসমতা এনে এটা অৱস্থা য’ত উপভোক্তাই সর্বাধিক পৰিতৃপ্তিৰ বিন্দুত উপনীত হয়।

৮। প্রতিকল্পনৰ প্রভাৱ বা বিপাক কাক বোলে?

উত্তৰঃ যেতিয়া এজন উপভোক্তাৰ দুটা দ্ৰৱ্যৰ ওপৰত ব্যয় কৰা আর্থিক উপাৰ্জনৰ পৰিমাণ অপৰিৱৰ্তিত থাকে, কিন্তু দ্রৱ্য দুটাৰ দাম এনেভাৱে পৰিবর্তন হয় যে উপভোক্তাজনে পুৰণি ভাৰসাম্য অৱস্থাৰ পৰা আঁতৰি আহি এক নতুন ভাৰসাম্য অৱস্থাত উপনীত হ’লেও তেওঁ দ্রৱ্য দুটাৰ উপভোক্তাৰ পৰা আহৰণ কৰা মুঠ উপযোগিতাৰ কোনো পৰিৱৰ্তন নঘটে তেতিয়া তাক প্রতিকল্পন প্রভাৱ বুলি কোৱা হয়।

৯। আয় বা উপার্জন বিপাক কাক বোলে?

উত্তৰঃ যেতিয়া দ্রৱ্য দুটাৰ দামৰ অনুপাতৰ কোনো পবিৱর্তন নঘটে কিন্তু তেওঁৰ উপার্জনৰ পৰিৱর্তন ঘটে তেতিয়া তেওঁ পুৰণি ভাৰসাম্যৰ পৰা আঁতৰি নতুন নিৰপেক্ষ ৰেখাত ভাৰসাম্য স্থাপন কৰিবলৈ সমর্থ হয়। এনেভাৱে আর্থিক উপাৰ্জনৰ পৰিৱৰ্তনৰ কাৰণে যেতিয়া এজন উপভোক্তাই আন এডাল নিৰপেক্ষ ৰেখাত নতুনকৈ ভাৰসাম্য স্থাপন কৰিবলৈ সক্ষম হয়, তাকেই আয় বা উপাৰ্জনৰ প্রভাৱ বা বিপাক বুলি কোৱা হয়।

১০। প্রতিকল্পন প্রভাৱ আৰু আয় বা উপার্জন প্রভাৱৰ সাজৰ পাৰ্থক্য উল্লেখ কৰা।

উত্তৰঃ প্রতিকল্পন প্ৰভাৱ আৰু আয় বা উপার্জন প্রভাৱৰ মাজত থকা গুৰুত্বপূর্ণ পার্থক্য হৈছে প্রতিকল্পন প্রভাৱৰ কাৰণে উপভোক্তাৰ মুঠ সন্তুষ্টিৰ কোনো পৰিৱর্তন নহয়, কাৰণ তেওঁ একেডালে নিৰপেক্ষ ৰেখাতে এটা ভাৰসাম্য অৱস্থাৰ পৰা আন এক ভাৰসাম্যৰ অৱস্থাত উপনীত হয়, কিন্তু আয়-প্রভাৱৰ ফলত উপভোক্তাৰ মুঠ সন্তুষ্টিৰ পৰিৱর্তন ঘটে কাৰণ এই ক্ষেত্ৰত তেওঁৰ নতুন ভাৰসাম্য আন এডাল নিৰপেক্ষ ৰেখাত স্থাপন হয়।

১১। নিৰপেক্ষ মানচিত্র কাক বোলে?

উত্তৰঃ নিৰপেক্ষ ৰেখা এজন উপভোক্তাই দুটা দ্রৱ্যৰ বিভিন্ন গোটৰ পৰা লাভ কৰা সম পৰিমাণৰ সন্তুষ্টিৰ এক মানসিক প্রতিফলন আৰু এজন উপভোক্তাৰ কাৰণে অধিক অথবা কম সন্তুষ্টি প্রদান কৰা অসংখ্য নিৰপেক্ষ ৰেখা থাকিব পাৰে। নিৰপেক্ষ বেখাৰ এনে সন্তুষ্টিকেই নিৰপেক্ষ মানচিত্র বুলি কোৱা হয়।

১২। নিৰপেক্ষ ৰেখাসমূহ কেন্দ্ৰৰ প্ৰতি উত্তল হোৱাৰ কাৰণ কি?

উত্তৰঃ নিৰপেক্ষ বেখাসমূহ কেন্দ্ৰৰ প্রতি উত্তল হোৱাৰ কাৰণ হৈছে- উপভোগৰ ক্ষেত্রত প্রয়োগ হোৱা প্রতিকল্পনৰ ক্ৰসহ্রাসমান প্রান্তিক হাৰ বিধি। 

১৩। নিৰপেক্ষ ৰেখা সোঁফাললৈ নিম্নগামী হোৱাৰ কাৰণ কি? 

উত্তৰঃ দুটা দ্ৰৱ্যৰ বিভিন্ন গোটৰ পৰা সম-পৰিমাণৰ উপযোগিতা পাবলৈ হ’লে এটা দ্রৱ্যৰ উপভোগৰ পৰিমাণ হ্রাস কৰিলে আনটোৰ উপভোগৰ পৰিমাণ বৃদ্ধি কৰিব লাগিব আৰু সেইকাৰণেই নিৰপেক্ষ ৰেখা সোঁফাললৈ নিম্নগামী।

১৪। নিকৃষ্ট মানৰ দ্ৰৱ্যৰ ক্ষেত্ৰত আয় উপভোগ ৰেখা কিয় নেতিবাচক হয়?

উত্তৰঃ নিকৃষ্ট দ্রৱ্যটোৰ মূল্য আৰু ইয়াৰ প্রতিফলন স্বাভাৱিক দ্ৰৱ্যটোৰ মূল্য অপৰিৱর্তিত থকাৰ অৱস্থাত এজন উপভোক্তাৰ উপাৰ্জন বৃদ্ধি হ’লে নিকৃষ্ট দ্রৱ্যটোৰ প্রতি তেওঁৰ চাহিদা হ্রাস হয় আৰু ইয়াৰ প্রতিকল্প স্বাভাৱিক দ্ৰৱ্যটোৰ প্ৰতি চাহিদা বৃদ্ধি পায়। সেইকাৰণে নিকৃষ্ট দ্রৱ্যৰ ক্ষেত্ৰত আয় উপভোগ ৰেখা নেতিবাচক হয়।

১৫। এঞ্জেলৰ উপভোগ ৰেখা কি প্রতিনিধিত্ব কৰে?

উত্তৰঃ এটা দ্রৱ্য মূল্য অপৰিৱর্তিত থকাৰ অৱস্থাত উপভোক্তাৰ আয়ৰ পৰিৱর্তনে দ্রৱ্যটোৰ প্রতি তেওঁৰ চাহিদাৰ যি পৰিবৰ্তন ঘটায় উক্ত পৰিবর্তনেই এঞ্জেলৰ উপভোগ ৰেখাই প্রতিনিধিত্ব কৰে।

১৬। কিয় দুডাল নিৰপেক্ষ ৰেখাই কটাকটি কৰিব নোৱাৰে?

উত্তৰঃ দুডাল নিৰপেক্ষ ৰেখাৰ এডালে আনডালক কেতিয়াও ছেদ কৰিব নোৱাৰে। ইয়াৰ প্রধান কাৰণ হৈছে প্রতিডাল নিৰপেক্ষ ৰেখাই এক নির্দিষ্ট সন্তষ্টিৰ প্রতিনিধিত্ব কৰে আৰু দুডাল এনে ৰেখাই যদি এটা বিন্দুত ছেদ কৰে তেতিয়া সেই বিন্দুত দুয়োডাল ৰেখাৰ পৰা পোৱা উপযোগিতা সমান হয়। কিন্তু ই অসম্ভৱ।

১৭। নিৰপেক্ষ ৰেখাৰ সংজ্ঞা দিয়া।

উত্তৰঃ অর্থনীতিবিদ হিক্স আৰু এলেনৰ উপভোক্তাৰ চাহিদাৰ বিশ্লেষণৰ মূল ভিত্তি হৈছে নিৰপেক্ষ ৰেখা। নিৰপেক্ষ ৰেখা এনে এডাল ৰেখা যিডালৰ বিভিন্ন বিন্দুত দুটা দ্ৰৱ্যৰ বিভন্ন গোটৰ পৰা সম পৰিমাণৰ উপভোগ উপভোক্তাই লাভ কৰে। এই ৰেখাৰ যিকোনো বিন্দুত দুটা দ্ৰৱ্যৰ গোটৰ উপযোগিতা ভোক্তাৰ বাবে সমান। সমান উপযোগিতা বিশিষ্ট বিন্দুৰে গঠিত এই নিৰপেক্ষ ৰেখাক সম উপযোগিতাৰ ৰেখাও বোলে। নিৰপেক্ষ ৰেখা বহুতো বিন্দুৰ সঞ্চাৰ পথ, যাৰ প্রতিটোৱে এজন নির্দিষ্ট উপভোক্তাৰ কাৰণে এটা দ্রৱ্যৰ সমষ্টিৰ পৰা পোৱা একে পৰিমাণৰ মুঠ উপযোগিতাৰ প্রতিনিধিত্ব কৰে।

চমু আৰু ৰচনাধর্মী প্রশ্নোত্তৰঃ

১। বাজেট ৰেখা কি? উপযুক্ত উদাহৰণৰ সহায়ত ব্যাখ্যা কৰা।

উত্তৰঃ উপভোক্তাৰ সর্বাধিক পৰিতৃপ্তিৰ অৱস্থা নির্ণয়ৰ কাৰণে নিৰপেক্ষ আৰু বাজেট ৰেখা দুয়োটাৰ প্রয়োজন। সীমিত উপাৰ্জনৰ যি অংশ যিকোনো দ্রৱ্য দুটা ক্রয়ৰ অৰ্থে ব্যৱহাৰৰ কাৰণে ধার্য কৰা হয় তাৰ দ্বাৰ এক নির্দিষ্ট পৰিমাণৰ দ্রৱ্যহে ক্ৰয় কৰিব পৰা যায়। সীমিত উপাৰ্জনৰ যি অংশ দুটা দ্রৱ্য ক্রয়ৰ অৰ্থে এজন উপভোক্তাই ব্যৱহাৰ কৰিবলৈ বিচাৰে আৰু দ্রৱ্য দুটাৰ দৰৰ ভিত্তিত উপভোক্তাৰ বাজেট ৰেখা অংকণ কৰা হয়। উপভোক্তাই ক্রয় কৰিব বিচৰা দ্রৱ্য দুটা তেওঁৰ সীমিত উপার্জনেৰে কি পৰিমাণে ক্ৰয় কৰিব পাৰিব সেই বিষয়েই বাজেট ৰেখাই ইংগিত দিয়ে। তলত উদাহৰণ আৰু চিত্ৰৰ সহায়ত বাজেট ৰেখা অংকণ কৰা হ’ল-

উদাহৰণস্বৰূপে ধৰা হ’ল এজন উপভোক্তাই তেওঁৰ সীমিত উপাৰ্জনৰ ১০ টকা কল আৰু কমলা ক্রয় কৰিবৰ অৰ্থে ব্যৱহাৰ কৰিবলৈ স্থিৰ কৰিছে। বজাৰত কলৰ দৰ প্ৰতি গোটত ৫০ পইচা আৰু কমলাৰ দৰ প্ৰতি গোটত ১ টকা। অর্থাৎ দ্রৱ্য দুটা উপভোগৰ অৰ্থে ব্যয় কৰিব বিচৰা ১০ টকা তেওঁ যদি কেৱল কল ক্রয়ব অর্থে ব্যৱহাৰ কৰিব বিচাৰে তেতিয়া উপভোক্তাজনে ১৬ টা কল ক্রয় কৰিব পাৰিব আৰু যদি কলৰ পৰিৱর্তে কেৱল কমলা ক্ৰয় কৰিব বিচাৰে তেতিয়া তেওঁ ৮ টা কমলা ক্রয় কৰিব পাৰিব। আন কথাত ক’বলৈ হ’লে ১৬ টা কল আৰু ৮ টা কমলাৰ ভিতৰৰ যিকোনো এটা গোট তেওঁৰ সীমিত উপার্জনেৰে ক্রয় কৰাটো সম্ভৱপৰ। তলত চিত্ৰৰ সহায়ত দেখুওৱা হ’ল-

তলত চিত্রত OX বাহুৱে উপভোক্তাই তেওঁৰ সীমিত উপার্জন ৮ টকাৰে ক্ৰয় কৰিব পৰা কমলাৰ পৰিমাণৰ আৰু OY বাহুৱে কলৰ পৰিমাণৰ প্রতিনিধিত্ব কৰিছে। ওপৰৰ উদাহৰণ অনুসৰি উপভোক্তাজনে তেওঁৰ সীমিত উপার্জন কল আৰু কমলাৰ নির্দিষ্ট দৰত সৰ্বাধিক ১৬ টা কল অথবা ৮ টা কমলা ক্রয় কৰিব পাৰে। কল আৰু কমলাৰ এই সর্বাধিক পৰিমাণক সংযোগ কৰি চিত্ৰত যিডাল ৰেখা অংকণ কৰা হৈছে, সেইডালেই হৈছে বাজেট ৰেখা বা দৰ ৰেখা। চিত্ৰত AB বাজেট ৰেখা উপভোক্তাৰ সীমিত উপার্জনেৰে ক্ৰয় কৰিব পৰা কল আৰু কমলাৰ পৰিমাণৰ ভিত্তিত অংকণ কৰা হৈছে। সীমিত উপার্জনেৰে আৰু নির্ধাৰিত মূল্যত উপভোক্তাজনে কল আৰু কমলাৰ কোনবোৰ গোট ক্রয় কৰিব পাৰে তাৰেই নির্দেশ বাজেট ৰেখাই দিছে। সীমিত উপার্জন আৰু দ্রৱ্য দুটাৰ উপৰোক্ত মূল্য অপৰিৱৰ্তিত থকা অৱস্থাত উপভোক্তাজনে AB বাজেট ৰেখাৰ অন্তর্গত কল আৰু কমলাৰ যিকোনো এটা জোঁট উপভোগ কৰিবলৈ সক্ষম কিন্তু সীমিত উপার্জন আৰু দ্রৱ্য দুটাৰ দৰ অপৰিৱৰ্তিত থকাৰ অৱস্থাত AB বাজেট ৰেখাৰ বাহিৰত অৱস্থিত কল আৰু কমলাৰ কোনো গোটেই উপভোগ কৰিব নোৱাৰে।

তলৰ চিত্ৰত F বিন্দুৱে প্রতিনিধিত্ব কৰা কল আৰু আপেলৰ জোঁট উপভোক্তাই উপভোগ কৰিব পাৰে, কিন্তু E বিন্দুৱে প্রতিনিধিত্ব কৰা কল আৰু কমলাৰ গোট তেওঁ ক্রয় আৰু উপভোগ কৰিব নোৱাৰে।

২। নিৰপেক্ষ সূচী কি? নিৰপেক্ষ ৰেখা উপযুক্ত চিত্ৰৰ আৰু তালিকাৰ সহায়ত বুজাই লিখা।

উত্তৰঃ নিৰপেক্ষ সূচী বা তালিকা এনে এখন তালিকা যাৰ দুটা দ্ৰৱ্যৰ বিভিন্ন গোটে এজন উপভোক্তাক সম-পৰিমাণে সন্তুষ্টি দিয়ে আৰু সেইকাৰণে দ্রৱ্য দুটাৰ যি কোনো এটা গোটেই তেওঁৰ কাৰণে সমানে গ্রহণযোগ্য। তলত এখন তালিকাৰ দ্বাৰা বর্ণনা কৰা হ’ল-

দ্রৱ্যৰ সমষ্টি বা গোটকলকমলা
প্রথম১৫
দ্বিতীয়১১
তৃতীয়
চতুর্থ
পঞ্চম

ওপৰৰ তালিকাত এই কথা প্রকাশ কৰা হৈছে এজন উপভোক্তাই ১৫ টা কল আৰু ১ টা কমলা খাই যিখিনি সন্তুষ্টি লাভ কৰিছে, ১১ টা কল আৰু ২ টা কমলা অথবা ৫ টা কল আৰু ৫ টা কমলা উপভোগ কৰি সমান পৰিমাণৰ সন্তুষ্টি লাভ কৰিছে। আন কথাত ক’বলৈ হ’লে তালিকাত উল্লেখ কৰা দ্রৱ্য দুটাৰ বিভিন্ন গোটৰ পৰা উপভোক্তাই লাভ কৰা সন্তুষ্টিৰ কোনো পার্থক্য নাই।

উপভোক্তাৰ সন্তুষ্টিৰ এনে নিৰপেক্ষতা যিডাল ৰেখাই প্রতিনিধিত্ব কৰে সেইডালেই হৈছে নিৰপেক্ষে ৰেখা। ওপৰৰ তালিকাৰ ভিত্তিত তলৰ চিত্ৰত নিৰপেক্ষ ৰেখা অংকণ কৰা হয়।

নিৰপেক্ষ ৰেখা (IC₁) এ কল আৰু কমলাৰ বিভিন্ন সমষ্টিয়ে এজন উপভোক্তাৰ সম-পৰিমাণৰ সন্তুষ্টি প্রদানৰ নিৰ্দেশ দিছে। সেইকাৰণে কোৱা হয় যে যিডাল ৰেখাৰ বিভিন্ন বিন্দুৱে প্রতিনিধিত্ব কৰা ২ টা দ্ৰৱ্যৰ বিভিন্ন গোটে এজন উপভোক্তাক সম-পৰিমাণৰ সন্তুষ্টি প্রদানৰ নির্দেশ দিয়ে সেইডালেই নিৰপেক্ষ ৰেখা।

নিৰপেক্ষ ৰেখা এজন উপভোক্তাই দুটা দ্ৰৱ্যৰ বিভিন্ন গোটৰ পৰা লাভ কৰা সম-পৰিমাণৰ সন্তুষ্টিৰ এক মানসিক প্রতিফলন আৰু এজন উপভোক্তাৰ কাৰণে অধিক কম সন্তুষ্টি প্রদান কৰা অসংখ্য নিৰপেক্ষ ৰেখা থাকিব পাৰে। নিৰপেক্ষ ৰেখাৰ এনে সমষ্টিকেই নিৰপেক্ষ মানচিত্র বুলি কোৱা হয়। এনে নিৰপেক্ষ মানচিত্ৰৰ প্রতিডাল নিৰপেক্ষ ৰেখাৰ সোঁফালৰ নিৰপেক্ষ ৰেখাডালে উপভোক্তাৰ কাৰণে ইয়াৰ বাঁওফালৰ 

ৰেখাডালতকৈ অধিক সন্তুষ্টিৰ প্রতিনিধিত্ব কৰিছে। উদাহৰণস্বৰূপে ওপৰৰ চিত্ৰৰ IC₂ ৰেখাডালৰ D₁ E₁ F বিন্দুৱে উপভোক্তাৰ কাৰণে সম-পৰিমাণৰ সন্তুষ্টিব প্রতিনিধিত্ব কৰিলেও IC₁ ৰ A, B আক A বিন্দুৰ কল আৰু কমলাৰ পৰা লাভ কৰা সমষ্টিতকৈ অধিক সন্তুষ্টিৰ নির্দেশ দিছে। আনকথাত ক’বলৈ হ’লে নিৰপেক্ষ ৰেখাৰ উচ্চতা বৃদ্ধিৰ লগে লগে সন্তুষ্টিৰ পৰিমাণ বৃদ্ধি হয়।

৩। নিৰপেক্ষ ৰেখাৰ বৈশিষ্টসমূহ ব্যাখ্যা কৰা।

উত্তৰঃ নিৰপেক্ষ ৰেখাৰ কিছুমান প্রধান বৈশিষ্ট্য আছে আৰু এই বৈশিষ্ট। কেইটা তলত ব্যাখ্যা কৰা হ’ল-

(ক) নিৰপেক্ষ ৰেখা সোঁফাললৈ নিম্নগামী হয়- সকলো নিৰপেক্ষ ৰেখাই বাওঁফালৰ পৰা সোঁফাললৈ নিম্নগামী হয়। নিৰপেক্ষ ৰেখাৰ এনে ঢালে, ই প্রতিনিধিত্ব কৰা দ্রৱ্য দুটাৰ উপযোগিতা যে ইতিবাচক সেই বিষয়ে ইংগিত প্রদান কৰে। দুটা দ্রৱ্যৰ বিভিন্ন গোটৰ পৰা সম-পৰিমাণৰ উপযোগিতা পাবলৈ হ’লে এটা দ্ৰৱ্যৰ উপভোগৰ পৰিমাণ হ্রাস কৰিলে আনটোৰ উপভোগৰ পৰিমাণ বৃদ্ধি কৰিব লাগিব, এই বিষয়ে নিম্নগামী নিৰপেক্ষ ৰেখাই ইংগিত দিয়ে। তলৰ চিত্ৰত IC₁ ৰেখাই প্রতিনিধিত্ব কৰা X আৰু Y দ্রৱাৰ বিভিন্ন গোটে উপভোক্তাৰ কাৰণে সমপৰিমাণৰ উপযোগিতাৰ ইংগিত দিছে। চিত্রত দেখুওৱা অনুসৰি সপৰিমাণৰ উপযোগিতা পাবৰ অৰ্থে উপভোক্তাই Y দ্ৰৱ্যৰ উপভোগ হ্রাস কৰিলে X দ্ৰৱ্যৰ উপভোগ বৃদ্ধি কৰিব লাগিব। অর্থাৎ Y দ্রৱ্যৰ উপভোগ হ্রাস কৰাৰ কাৰণে যিখিনি সন্তুষ্টি হ্রাস হৈছে তাক X দ্ৰৱ্যৰ উপভোগৰ পৰিমাণ বৃদ্ধিৰ জৰিয়তে পূৰণ কৰিব লাগিব।

(খ) নিৰপেক্ষ ৰেখাসমূহ কেন্দ্রৰ প্রতি উত্তল- সকলো নিৰপেক্ষ ৰেখা সিহঁতৰ কেন্দ্রৰ প্রতি উত্তল। অর্থাৎ নিৰপেক্ষ ৰেখা ইয়াৰ উৎসৰ ফালে 

ঘেৰখোৱা। এই ৰেখাৰ এনে আকৃতিৰ কাৰণ হৈছে উপভোগৰ ক্ষেত্ৰত প্রয়োগ হোৱা প্রতিকল্পনৰ ক্ৰমহাসমান প্রান্তিক হাৰ বিধি। এই বিধি অনুসৰি যেতিয়া সমপৰিমাণৰ সন্তুষ্টি লাভ কৰিবৰ অৰ্থে এজন উপভোক্তাই এটা দ্ৰৱ্যৰ পৰিৱর্তে আনটো দ্রৱ্য অধিক পৰিমাণে ব্যৱহাৰ কৰে, তেতিয়া ক্রমান্বয়ে সিহঁতৰ প্ৰতিকল্পনৰ হাৰ কমি আহে। তলৰ চিত্ৰৰ পৰা এই কথা সহজে বুজা যায় যে উপভোক্তাই যি পৰিমাণে Y দ্রৱ্যৰ উপভোগ কমাইছে অধিক তাৰ সম পৰিমাণে, X দ্ৰৱ্যৰ উপভোগ বৃদ্ধি কৰা নাই। Y দ্ৰৱ্যৰ উপভোগ যি পৰিমাণে হ্রাস কৰিছে তাতকৈ অধিক পৰিমাণে X ৰ উপভোগ বৃদ্ধি কৰিছে। এয়েই হৈছে প্রতিকল্পনৰ ক্ৰম হ্রাসমান প্রান্তিক হাৰ বিধিৰ মূলকথা।

(গ) প্রতি নিৰপেক্ষ ৰেখাৰ সোঁফালৰ নিৰপেক্ষ ৰেখাডালে অধিক সন্তুষ্টিৰ প্রতিনিধত্ব কৰে।

ওপৰৰ চিত্ৰত 1C₁ ৰেখাৰ তুলনাত 1C₂ ৰেখাই প্রতিনিধিত্ব কৰা দ্রৱ্য দুটাৰ বিভিন্ন গোটে উপভোক্তাৰ কাৰণে অধিক সন্তুষ্টিৰ প্রতিনিধিত্ব কৰিছে। তেনেদৰে 1C₃ ৰেখাই প্রতিনিধিত্ব কৰা দ্রৱ্য ২ টাৰ বিভিন্ন গোটৰ পৰা IC₂ ৰেখাই প্রতিনিধিত্ব কৰা বিভিন্ন গোটতকৈ উপভোক্তাই অধিক সন্তুষ্টি লাভ কৰিব।

(ঘ) দুডাল নিৰপেক্ষ ৰেখাৰ এডালে আনডালক কেতিয়াও ছেদ কৰিব নোৱৰে।

ইয়াৰ প্ৰধান কাৰণ হৈছে প্রতিডাল নিৰপেক্ষ ৰেখাই এক নির্দিষ্ট সন্তুষ্টিৰ প্রতিনিধিত্ব কৰে আৰু দুডাল এনে ৰেখাই যদি এটা বিন্দুত ছেদ কৰে তেতিয়া সেই বিন্দুত দুয়োডাল ৰেখাৰ পৰা পোৱা উপযোগিতা সমান হয়, কিন্তু নিৰপেক্ষ ৰেখাৰ প্ৰকৃতিৰ ফালৰ পৰা এনে ঘটনা অসম্ভৱ।

(ঙ) নিৰপেক্ষ ৰেখাৰ পঞ্চম বৈশিষ্ট্য হৈছে এই ৰেখাবোৰ এডাল আনডালৰ সমান্তৰাল হোৱাৰ প্ৰয়োজন নাই। ইয়াৰ কাৰণ দুটা হ’ল- প্রথমতে উপযোগিতাৰ অনুমান কৰিব পাৰি; কিন্তু মাৰ্ছালে কোৱাৰ দৰে ইয়াৰ সুনির্দিষ্ট জোখ সম্ভৱপৰ নহয়। দ্বিতীয়তে দুটা দ্ৰৱ্যৰ প্ৰতিকল্পন হাৰ নিৰপেক্ষ সূচীত সদায় সমান নহ’বও পাৰে।

৪। নিৰপেক্ষ ৰেখাৰ বিশ্লেষণৰ প্ৰধান অভিধাৰণসমূহ লিখা।

উত্তৰঃ নিৰপেক্ষ ৰেখাৰ বিশ্লেষণ পদ্ধতি, নীতি-নিয়ম সংখ্যাবাচক উপযোগিতা বিশ্লেষণৰ পৰা আহৰণ কৰা হৈছে।

নিৰপেক্ষ ৰেখাৰ বিশ্লেষণৰ প্রধান অভিধাৰণাসমূহ তলত উল্লেখ কৰা হ’ল-

(ক) মাৰ্ছালৰ উপযোগিতা বিশ্লেষণৰ দৰে নিৰপেক্ষ ৰেখাৰ বিশ্লেষণতো এইটো ধাৰণা কৰা হৈছে যে উপভোক্তাই যি অর্থনৈতিক পৰিৱেশত দ্রৱ্য-সামগ্ৰী উপভোগৰ অৰ্থে আহৰণ কৰে সেই পৰিৱেশৰ বিষয়ে সম্পূর্ণ তথ্য তেওঁৰ হাতত আছে। অর্থাৎ দ্রৱ্য-সামগ্ৰীৰ দৰ আৰু বজাৰ তথা এইবোৰৰ পৰা পাব পৰা উপযোগিতাৰ বিষয়ে তেওঁৰ সম্পূর্ণ জ্ঞান আছে।

(খ) মাৰ্ছালৰ উপযোগিতা বিশ্লেষণৰ দৰেই নিৰপেক্ষ ৰেখাৰ বিশ্লেষণত এইটো অভিধাৰণা কৰা হৈছে যে উপভোক্তাৰ প্রধান লক্ষ্য হৈছে দ্রৱ্য-সামগ্রী উপভোগৰ জৰিয়তে সর্বাধিক সন্তুষ্টি আহৰণ, অর্থাৎ উপভোক্তাই তেওঁৰ সীমিত উপার্জন বিভিন্ন দ্রৱ্যৰ উপভোগৰ অৰ্থে ব্যয় কৰোঁতে বিবেচনা শক্তিৰ দ্বাৰা পৰিচালিত হয়।

(গ) মাৰ্ছালৰ উপযোগিতাৰ বিশ্লেষণৰ দৰেই নিৰপেক্ষ ৰেখাৰ বিশ্লেষণ চলমান অভিধাৰণৰ ভিত্তিত গঠন কৰা হৈছে। এই অভিধাৰণাটোৰ অর্থ হৈছে উপভোক্তাই উপভোগ কৰিব বিচৰা দ্ৰৱ্যৰ সকলো সম্ভাৱ্য গোটে তেওঁক দিব পৰা সন্তুষ্টিৰ ভিত্তিত গুৰুত্ব বা অগ্রাধিকাৰ স্থাপন কৰিব পাৰে।

(ঘ) নিৰপেক্ষ ৰেখা বিশ্লেষণৰ আন এক গুৰুত্বপূর্ণ অভিধাৰণা হৈছে সংগতিপূর্ণ বা সুস্থিৰ অগ্রাধিকাৰ। এই অভিধাৰণটোৰ অৰ্থ হৈছে এজন উপভোক্তাই তেওঁ উপভোগ কৰিব খোজা দ্ৰৱ্যৰ বিভিন্ন গোটে দিব পৰা উপযোগিতাৰ ভিত্তিত ওৰুত্বতা বা অগ্রাধিকাৰ স্থাপন কৰিবলৈ সক্ষম।

৫। উপযোগিতা বিশ্লেষণ আৰু নিৰপেক্ষ ৰেখাৰ বিশ্লেষণৰ মাজত তুলনা কৰা।

উত্তৰঃ নিৰপেক্ষ ৰেখাৰ বিশ্লেষণ পদ্ধতি, নীতি-নিয়ম সংখ্যাবাচক উপযোগিতা বিশ্লেষণৰ পৰা আহৰণ কৰা হৈছে। এই নতুন পদ্ধতিৰ পৃষ্টপোষকসকলে এইটো স্পষ্টভাৱে উল্লেখ কৰিছে যে, মাৰ্ছালৰ উপভোক্তাৰ চাহিদা সূত্ৰৰ তুলনাত নিৰপেক্ষ ৰেখাৰ সহায়ত ব্যাখ্যা কৰা চাহিদা সূত্র নিম্নতম কিন্তু অধিক বাস্তৱসন্মত অভিধাৰণাৰ ভিত্তিত গঠন কৰা হৈছে। নিৰপেক্ষ ৰেখাৰ বিশ্লেষণ উপযোগিতা বিশ্লেষণৰ কিছুমান অবাস্তৱ অভিধাৰণ ত্যাগ কৰি বাস্তৱ অভিধাৰণ গ্রহণ কৰা হৈছে।

নিৰপেক্ষ ৰেখা বিশ্লেষণ পদ্ধতিটোত মাৰ্ছালৰ উপযোগিতাৰ সংখ্যাবাচক নির্ধাৰণ পদ্ধতিৰ পৰিৱর্তে অগ্রাধিকাৰ ভিত্তিত উপযোগিতা নির্ধাৰণ পদ্ধতি ব্যৱহাৰ কৰা হৈছে। এই ব্যৱস্থা অনুসৰি এটা দ্ৰৱ্যৰ পৰা এজন উপভোক্তাই লাভ কৰা সন্তুষ্টি মুদ্রাৰ মানত নির্ধাৰণ কৰাটো সম্ভৱপৰ নহয়। কিন্তু তেওঁ বিভিন্ন দ্ৰৱ্যৰ ওপৰত দিয়া অগ্রাধিকাৰৰ ভিত্তিত কোনটো দ্ৰৱ্যৰ পৰা অধিক উপযোগিতা লাভ কৰিছে সেইটো অনুমান কৰাটো কঠিন নহয়। অগ্রাধিকাৰৰ ভিত্তিত উপযোগিতা নির্ধাৰণৰ পদ্ধতি অধিক বাস্তৱসন্মত। কাৰণ এজন উপভোক্তাই বিভিন্ন দ্রৱ্যৰ পৰা কি পৰিমাণে উপযোগিতা পাব সেই বিষয়ে মুদ্রাৰ মানত নির্ধাৰণ কৰিব নোৱাৰে, কিন্তু উপভোগ কৰিব বিচৰা কোনটো দ্রৱ্যৰ পৰা অধিক, কোনটোৰ পৰা কম আৰু কোনবিধৰ পৰা সম-পৰিমাণৰ উপযোগিতা লাভ কৰিব সেই বিষয়ে অনুমান কৰাটো কঠিন নহয়।

মাৰ্ছালৰ উপযোগিতাৰ বিশ্লেষণত এটা দ্ৰৱ্যৰ চাহিদা স্বতন্ত্র বুলি ধাৰণা কৰা হৈছিল। কিন্তু এই ধাৰণা বাস্তৱসন্মত নহয়। কাৰণ এজন উপভোক্তাৰ একে সময়তে এটাতকৈ অধিক দ্ৰৱ্যৰ প্রতি চাহিদা অনুভৱ হয় আৰু এটা দ্ৰৱ্যৰ চাহিদাৰ পৰিমাণ আনটো দ্ৰৱ্যৰ চাহিদাৰ ওপৰত নির্ভৰশীল হয়। নিৰপেক্ষ ৰেখাৰ বিশ্লেষণত বিভিন্ন দ্ৰৱ্যৰ চাহিদাব এনে সম্পৰ্কৰ প্রতি লক্ষ্য ৰাখিয়েই দুটা দ্ৰৱ্যৰ চাহিদাৰ বিষয়টো অৱতাৰণা কৰা হৈছে। অর্থাৎ এজন উপভোক্তাই একে সময়তে এটাতকৈ অধিক দ্ৰৱ্যৰ প্রতি প্রয়োজন অনুভৱ কৰে – এই অভিধাৰণাৰ ভিত্তিয়েই নিৰপেক্ষ ৰেখাৰ বিশ্লেষণ আগবঢ়োৱা হৈছে।

আকৌ নিৰপেক্ষ ৰেখা বিশ্লেষণ দুৰ্বল অগ্রাধিকাৰৰ ধাৰণাৰ ভিত্তিত গঠন কৰা হৈছে। কাৰণ এই বিশ্লেষণ অনুসৰি এজন উপভোক্তাই দুটা দ্ৰৱ্যৰ উপযোগিতাৰ পৰিমাণৰ ক্ষেত্ৰত নিৰপেক্ষতাও অৱলম্বন কৰিব পাৰে। ইয়াৰ বিপৰীতে মাৰ্ছালৰ উপযোগিতাৰ বিশ্লেষণ সবল অগ্রাধিকাৰৰ ধাৰণাৰ ভিত্তিত গঠিত। কাৰণ দ্ৰৱ্যৰ উপযোগিতা সংখ্যাৰ মাজত নির্ধাৰণ কৰি এটা দ্ৰৱ্যৰ কোনটো গোটে অধিক সন্তুষ্টি প্রদান কৰিব সেইটো স্পষ্টকৈ দেখুওৱা হৈছে।

মাৰ্ছালে উপযোগিতা বিশ্লেষণৰ সহায়ত উপভোক্তাৰ চাহিদা তত্ত্ব ব্যাখ্যা কৰোতে মুদ্রাৰ প্রান্তিক উপযোগিতা অপৰিৱর্তিত বুলি ধাৰণা কৰিছে। কিন্তু নিৰপেক্ষ ৰেখাৰ বিশ্লেষণত এই অবাস্তৱ অভিধাৰণাটো পৰিত্যাগ কৰা হৈছে।

অৱশ্যে মাৰ্ছালৰ উপযোগিতা বিশ্লেষণৰ দৰে নিৰপেক্ষ বেখাৰ বিশ্লেষণটো এইটো ধাৰণা কৰা হৈছে যে এজন উপভোক্তাই যি অর্থনৈতিক পৰিৱেশত দ্রৱ্য-সামগ্রী উপভোগৰ অৰ্থে আহৰণ কৰে সেই পৰিৱেশৰ বিষয়ে সম্পূর্ণ তথ্য তেওঁৰ হাতত আছে।

মাৰ্ছালৰ উপযোগিতা বিশ্লেষণৰ দৰেই নিৰপেক্ষ ৰেখাৰ বিশ্লেষণত এইটো অভিধাৰণা কৰা হৈছে যে উপভোক্তাৰ প্রধান লক্ষ্য হৈছে দ্রৱ্য-সামগ্রী উপভোগৰ জৰিয়তে সর্বাধিক সন্তুষ্টি আহৰণ, অর্থাৎ উপভোক্তাই তেওঁৰ সীমিত উপার্জন বিভিন্ন দ্ৰৱ্যৰ উপভোগৰ অর্থে ব্যয় কৰোতে বিবেচনা শক্তিৰ দ্বাৰা পৰিচালিত হয়।

৬। নিৰপেক্ষ ৰেখাৰ সহায়ত উপভোক্তাৰ ভাৱ সমতা ব্যাখ্যা কৰা।

উত্তৰঃ নিৰপেক্ষ ৰেখাৰ সহায়ত উপভোক্তাৰ ভাৰসমতাৰ বিষয়টো ব্যাখ্যা কৰোতে অর্থনীতিবিদ হিক্স আৰু এলেনে কেইটামান অভিধাৰণ কৰিছে। এই অভিধাৰণা কেইটা হৈছে-

(ক) উপভোক্তাজনৰ এক সীমিত বা নির্দিষ্ট পৰিমাণৰ উপাৰ্জন আছে। যিখিনি তেওঁ দুটা দ্রব্য উপভোগৰ অর্থে ব্যয় কৰিবলৈ বিচাৰে।

(খ) তেওঁ উপভোগ কৰিব বিচৰা দ্রৱ্য দুটাৰ নির্দিষ্ট দৰ আছে আৰু সেই বিষয়ে তেওঁ সম্পূর্ণৰূপে অৱগত।

(গ) উপভোক্তাই উপভোগ কৰিব বিচৰা দ্রৱ্য দুটা সমগুণবিশিষ্ট আৰু বিভাজ্য গুণৰ অধিকাৰী।

(ঘ) দ্রৱ্য দুটা উপভোগ কৰা কালছোৱাত তেওঁৰ ৰুচি অপৰিৱৰ্তিত। 

(ঙ) দ্রৱ্য দুটা উপভোগ কালত সিহঁতৰ দৰ অপৰিৱৰ্তিত হৈ থাকে।

(চ) উপভোক্তাই বিবেচক উপভোক্তাৰ দৰে আচৰণ কৰে।

উল্লেখিত অভিধাৰণাৰ ভিত্তিত উপভোক্তাই নিৰপেক্ষ ৰেখাৰ সহায়ত কেনেদৰে ভাৰসাম্য বা সর্বাধিক পৰিতৃপ্তিৰ বিন্দুত উপনীত হয় সেই বিষয়ে চিত্ৰৰ সহায়ত ব্যাখ্যা কৰা হ’ল-

ওপৰৰ চিত্ৰত দেখুওৱা হৈছে যে এজন উপভোক্তাই তেওঁ যি সীমিত উপার্জন দুটা দ্রৱ্য আপেল আৰু কমলাৰ ওপৰত ব্যয় কৰিবলৈ বিচাৰিছে সেইখিনিৰ সমুদায় অংশ আপেলৰ ওপৰত ব্যয় কৰিলে তেওঁ OA পৰিমাণৰ আপেল পাব আৰু যদি সেই সীমিত উপাৰ্জনৰ সমুদায় অংশ কমলাত ব্যয় কৰে তেতিয়া তেওঁ OB পৰিমাণৰ কমলা ক্রয় কৰিব পাৰিব। গতিকে AB হৈছে আপেল আৰু কমলাৰ দৰ ৰেখা। এই দৰ ৰেখাই আপেল আৰু কমলাৰ আপেক্ষিক দামৰ ইংগিত দিছে। চিত্রত দেখুওৱা অনুসৰি উপভোক্তাজনৰ মনত 1C₁, 1C₂ 1C₃, 1C₄ নিৰপেক্ষ ৰেথাৰ মানচিত্র আছে। আমি জানো যে নিৰপেক্ষ ৰেখাৰ উচ্চতা যিমানে বৃদ্ধি হয় সিমানে সি অধিক পৰিতৃপ্তি প্রদান কৰিব পাৰে। সেইকাৰণে প্রতিজন উপভোক্তাই তেওঁৰ মনত কল্পনা কৰা আটাইতকৈ উচ্চ নিৰপেক্ষ ৰেখাডালক স্পর্শ কৰিবলৈ ইচ্ছা প্রকাশ কৰে। কিন্তু সীমিত উপাৰ্জনৰ কাৰণে এনে কৰাটো তেওঁৰ কাৰণে সম্ভৱপৰ নহয়। এজন উপভোক্তাই তেওঁৰ উপার্জনে ঢুকি পোৱা নিৰপেক্ষ ৰেখাডালহে স্পর্শ কৰিব পাৰে। চিত্রত দেখুওৱা অনুসৰি উপভোক্তাজনে ১ নং নিৰপেক্ষ ৰেখাৰ D বিন্দুত অৱস্থান কৰিছে, কিন্তু যিহেতু তেওঁৰ বাজেট ৰেখা ১ নং নিৰপেক্ষ ৰেখাৰ ওপৰত আছে সেইকাৰণে আপেল আৰু কমলাৰ উপভোগৰ জৰিয়তে অধিক পৰিতৃপ্তি আহৰণৰ অর্থে তেওঁ উচ্চস্তৰত নিৰপেক্ষ ৰেখালৈ গতি কৰাটো স্বাভাবিক। তেওঁৰ উপার্জনে ৩ নং নিৰপেক্ষ (1C₃) ৰেখালৈ গতি কৰিবলৈ উপভোক্তাজনক অনুমতি দিছে আৰু সেই কাৰণে তেওঁ এই নিৰপেক্ষ ৰেখাৰ F বিন্দুত উপনীত হ’ব পাৰিছে। এই বিন্দু পোৱাৰ পিছত তেওঁ যদি অধিক অগ্রসৰ হ’বলৈ চেষ্টা কৰে তেতিয়া তেওঁ সীমিত উপার্জনেৰে আপেল আৰু কমলাৰ উপভোগৰ পৰা লাভ কৰা মুঠ সন্তুষ্টিৰ পৰিমাণ বৃদ্ধিৰ পৰিৱৰ্তে কমিবহে। গতিকে সীমিত উপার্জনেৰে আপেল আৰু কমলাৰ উপভোগৰ জৰিয়তে উপভোক্তাই সর্বাধিক পৰিতৃপ্তি লাভ কৰিব F বিন্দুত। এই বিন্দুত উপভোক্তাই ON পৰিমাণৰ আপেল আৰু OM পৰিমাণৰ কমলা উপভোগ কৰিব। অর্থাৎ গ্রাহকৰ নিজস্ব ৰুচি, আর্থিক উপার্জন আৰু উপভোগ কৰা দুটা দ্ৰৱ্যৰ দাম নির্ধাৰিত বুলি ধৰি ল’লে আমি ক’ব পাৰো যে এজন উপভোক্তাই সর্বাধিক পৰিতৃপ্তি লাভ কৰিব সেই বিন্দুত। যি বিন্দুত সিহঁতৰ দৰ ৰেখাই নিৰপেক্ষ ৰেখাক স্পর্শ কৰে। আন কথাত ক’বলৈ হ’লে যি বিন্দুত উপভোক্তাই উপভোগ কৰা দ্রৱ্য দুটাৰ প্রতিকল্পন প্রান্তিক হাৰ সিহঁতৰ দৰৰ অনুপাতৰ সমান হয় সেই বিন্দুতেই উপভোগৰ ভাৰসাম্য প্রতিষ্ঠা হয় (MRS = Price Ratio)।

উপভোক্তাৰ ভাৰসাম্য প্রতিষ্ঠাৰ অৰ্থে এইটো চর্ত পৰিপূৰণৰ উপনিত আন এটা চর্ত পৰিপূৰণ হ’ব লাগিব। দ্বিতীয় প্রয়োজনীয় চর্ত নামেৰে জনাজাত উক্ত চৰ্তটো হৈছে ভাৰসমতাৰ অৱস্থাত নিৰপেক্ষে ৰেখা উৎসৰ প্রতি উত্তল হ’ব লাগিব। অর্থাৎ ভাৰসমতাৰ অৱস্থাত Y ৰ বিপৰীতে X দ্ৰৱ্যৰ প্রান্তিক প্রতিকল্পনৰ হাৰ হাস পাব লাগিব। তলৰ চিত্ৰত উপভোক্তাৰ ভাৰসমতাৰ এই চৰ্তটো পৰিপূৰণ কৰিছে।

চিত্র (ক) ত F ত নিৰপেক্ষ ৰেখা 1C₃ ইয়াৰ উৎসৰ প্রতি উত্তল হৈছে। অর্থাৎ F₃ বিন্দুত ভাৰসমতাৰ দ্বিতীয় চৰ্তটো পূৰণ হৈছে।

চিত্র (খ) ত 1C₁ নিৰপেক্ষ ৰেখাৰ J বিন্দু উৎসৰ বিপৰীতে উত্তল হোৱাৰ অৱস্থাত উপভোক্তাৰ ভাৰসমতাৰ প্রথম চৰ্ত MRSxy = Pxy পৰিপূৰণ হৈছে। কাৰণ উক্ত বিন্দুত দৰ ৰেখা PL আৰু নিৰপেক্ষ ৰেখা IC₁ এ পৰস্পৰে পৰস্পৰক স্পর্শ কৰিছে, কিন্তু উক্ত বিন্দুৱে উপভোক্তাৰ সর্বাধিক পৰিতৃপ্তিৰ অৱস্থাৰ প্রতিনিধিত্ব কৰা নাই। কাৰণ যদি উপভোক্তাজনে PL দৰ ৰেখাৰ U অথবা T বিন্দুলৈ গতি কৰে তেতিয়া তেওঁ 1C₁ তকৈ উচ্চ স্থানত থকা নিৰপেক্ষ ৰেখাত অৱস্থান কৰিবলৈ সক্ষম হ’ব আৰু ইয়াৰ ফলত তেওঁৰ মুঠ পৰিতৃপ্তি বৃদ্ধি পাব। সেইকাৰণে নিৰপেক্ষ ৰেখাৰ সহায়ত উপভোক্তাৰ সুস্থিৰ ভাৰসমতা প্রতিষ্ঠাৰ অৰ্থে দুটা চর্ত একে সময়তে পৰিপূৰণ হোৱাটো প্রয়োজন। উক্ত চর্ত দুটা হৈছে উপভোক্তাই উপভোগ কৰা দ্রৱ্য দুটাৰ প্রান্তিক প্রতিকল্পনৰ হাৰ সিহঁতৰ দৰৰ অনুপাতৰ সমান হ’ব লাগিব আৰু উক্ত চর্ত পৰিপূৰণ হোৱাৰ অৱস্থাত নিৰপেক্ষ ৰেখা উৎসৰ প্রতি উত্তল হ’ব লাগিব।

৭। প্রতিকল্পনৰ প্রভাৱ বিধিটো নিৰপেক্ষ ৰেখাৰ সহায়ত ব্যাখ্যা কৰা।

উত্তৰঃ যেতিয়া এজন উপভোক্তাৰ দুটা দ্রৱ্যৰ ওপৰত ব্যয় কৰা আর্থিক উপাৰ্জনৰ পৰিমাণ অপৰিৱৰ্তিত থাকে, কিন্তু দ্রৱ্য দুটাৰ দাম এনেভাৱে পৰিৱর্তন হয় যে উপভোক্তাজনে পুৰণি ভাৰসাম্য অৱস্থাৰ পৰা আঁতৰি আহি এক নতুন ভাৰসাম্য অৱস্থাত উপনীত হ’লেও তেওঁ দ্রৱ্য দুটাৰ উপভোগৰ পৰা আহৰণ কৰা মুঠ উপযোগিতাৰ কোনো পৰিৱর্তন নঘটে তেতিয়া তাক প্রতিকল্পন প্রভাৱ বুলি কোৱা হয়। অর্থাৎ প্রতিকল্পন প্রভাৱৰ কাৰণে উপভোক্তাৰ মুঠ উপযোগিতাৰ কোনো পৰিৱর্তন নহয় তেওঁ কেৱল অধিক দামী দ্রৱ্যটোৰ পৰিৱৰ্তে সস্তীয়া দ্ৰৱটো অধিকভাৱে ব্যৱহাৰ কৰে। তলৰ চিত্ৰৰ সহায়ত প্রতিকল্পন প্ৰভাৱৰ বিষয়ে ব্যাখ্যা দাঙি ধবা হ’ল-

চিত্র অনুসৰি OX অক্ষই উপভোক্তা এজনে উপভোগ কৰা আপেলৰ পৰিমাণ আৰু OΥ অক্ষই কমলাৰ পৰিমাণৰ বিষয়ে নির্দেশ দিছে। চিত্রত দেখুওৱা অনুসৰি উপভোক্তাজনে সীমিত উপার্জনেবে OB পৰিমাণৰ আপেল অথবা OA পৰিমাণৰ কমলা ক্ৰয় কৰিব পাৰে আৰু সেই কাৰণে AB হৈছে দ্রৱ্য দুটাৰ দৰ ৰেখা অথবা উপভোক্তাজনৰ বাজেট ৰেখা। এনে অৱস্থাত উপভোক্তাজনে 1C₂ ৰেখাৰ Q₁ বিন্দুত সর্বাধিক পৰিতৃপ্তি বা ভাৰসমতাৰ অৱস্থাত উপনীত হৈছে। কাৰণ, এই বিন্দুত AB দৰ ৰেখাই IC₂ নিৰপেক্ষ ৰেখাক স্পর্শ কৰিছে। কিন্তু দ্রৱ্য দুটাৰ দামৰ পৰিৱৰ্তন ঘটাৰ ফলত কমলাৰ দাম বৃদ্ধি পালে আৰু আপেলৰ দাম কমি গ’ল। ইয়াৰ ফলত উপভোক্তাজনে তেওঁৰ পূৰ্বৰ পৰিমাণৰ উপার্জনেৰে OB₁ পৰিমাণৰ আপেল অথবা OA₁ পৰিমাণৰ কমলা কিনিবলৈ সমৰ্থ হৈছে। দ্রৱ্য দুটাৰ দৰৰ এনে পৰিৱৰ্তনৰ কাৰণে নতুন দৰ ৰেখা হ’ব A₁ B₁। এই নতুন দৰ বা বাজেট ৰেখাই 1C₂ ৰেখাক Q₂ বিন্দুত স্পৰ্শ কৰিছে। গতিকে উপভোক্তাৰ ভাৰসমতা Q₁ বিন্দুৰ পৰা Q₂ বিন্দুলৈ স্থানান্তৰিত হ’ল, কিন্তু ভাৰসাম্য অৱস্থাৰ এনে পৰিৱৰ্তনে উপভোক্তাজনৰ মুঠ পৰিতৃপ্তিৰ হ্ৰাস বৃদ্ধিৰ কোনো ইংগিত দিয়া নাই। কাৰণ তেওঁ একেডাল নিৰপেক্ষ ৰেখাৰ (IC₂) অধীনত এক ভাৰসাম্য অৱস্থাৰ পৰা আন এক ভাৰসাম্য অৱস্থালৈ গতি কৰিছে। উপভোক্তাজনে কেৱল অধিক মূল্যৰ কমলাৰ পৰিৱৰ্তে সস্তীয়া আপেল অধিক পৰিমাণে নতুন ভাৰসাম্যৰ অৱস্থাত উপভোগ (OM₁) কৰা পৰিলক্ষিত হৈছে।

এনেভাৱে প্রতিকল্পন প্রভাৱৰ ক্ষেত্ৰত এজন উপভোক্তাই পুৰণা ভাৰসাম্য অৱস্থাৰ পৰা নতুন ভাৰসাম্য অৱস্থালৈ গতি কৰিলেও তেওঁৰ মুঠ সন্তুষ্টিৰ কোনো পৰিৱৰ্তন নঘটে। নতুন ভাৰসাম্য অৱস্থাত তেওঁ কেৱল দামী দ্রৱ্যটোৰ পৰিৱর্তে আপেক্ষিকভাৱে অধিক সন্তী।

৮। আয় বা উপার্জন বিপাক বিধটো নিৰপেক্ষ ৰেখাৰ সহায়ত ব্যাখ্যা কৰা।

উত্তৰঃ নিৰপেক্ষ ৰেখাৰ সহায়ত উপভোক্তাৰ ভাৰসাম্য বিষয়টো ব্যাখ্যা কৰোতে উপভোক্তাজনে দ্রৱ্য দুটাৰ ওপৰত কৰিব খোজা অর্থিক ব্যয়ৰ পৰিমাণ আৰু দ্রৱ্য দুটাৰ দাম অপৰিৱৰ্তিত থাকে বুলি ধাৰণা কৰা হয়। কিন্তু বাস্তৱ ক্ষেত্রত দুয়োটাৰে বা যি কোনো এটাৰ পৰিৱর্তন ঘটিব পাৰে। যেতিয়া দ্রৱ্য দুটাৰ দামৰ অনুপাতৰ কোনো পৰিৱর্তন নঘটে কিন্তু তেওঁৰ উপাৰ্জনৰ পৰিৱর্তন ঘটে তেতিয়া তেওঁ পুৰণি ভাৰসাম্যৰ পৰা আঁতৰি নতুন নিৰপেক্ষ ৰেখাত ভাৰসাম্য স্থাপন কৰিবলৈ সমর্থ হয়। এনেভাৱে আর্থিক উপাৰ্জনৰ পৰিৱৰ্তনৰ কাৰণে যেতিয়া এজন উপভোক্তাই আন এডাল নিৰপেক্ষ ৰেখাত নতুনকৈ ভাৰসাম্য স্থাপন কৰিবলৈ সক্ষম হয়, তাকেই আয় বা উপাৰ্জনৰ প্রভাৱ বা বিপাক বুলি কোৱা হয়। তলত চিত্রৰ সহায়ত আয় প্রভাৱৰ ব্যাখ্যা দাঙি ধৰা হ’ল-

ওপৰৰ চিত্ৰত দেখুওৱা অনুসৰি এজন উপভোক্তাই যেতিয়া তেওঁৰ সীমিত উপার্জনেবে OA পৰিমাণৰ কমলা অথবা OB পৰিমাণৰ আপেল কিনিবলৈ সমর্থ হৈছিল তেতিয়া তেওঁৰ ভাৰসমতাৰ বিন্দু আছিল Q₁। আকৌ উপভোক্তাজনৰ আৰ্থিক উপার্জন বৃদ্ধি পোৱাত তেওঁ OA₁ পৰিমাণৰ কমলা আৰু OB₁ পৰিমাণৰ আপেল কিনিবলৈ সমর্থ হৈছে। অৱশ্যে এই ক্ষেত্ৰত দ্রৱ্য দুটাৰ দৰৰ যে কোনো পৰিৱর্তন ঘটা নাই, সেইটো AB আৰু A₁ B₁ বাজেট ৰেখাৰ সমান্তৰাল অৱস্থানে নির্দেশ দিছে। নতুন বাজেট বেথা A₁ B₁ নিৰপেক্ষ ৰেখা 1C₂ ক Q₂ বিন্দুত স্পর্শ কৰিছে। গতিকে উপভোক্তাজনৰ নতুন ভাৰসাম্য হৈছে Q₂। এই ভাৰসাম্য অৱস্থাত উপভোক্তাজনে দ্রৱ্য দুটাৰ পৰা আহৰণ কৰা মুঠ সন্তুষ্টিৰ পৰিমাণ বৃদ্ধি পাইছে। কাৰণ, এই ভাৰসাম্য 1C₂ ৰেখাত প্রতিষ্ঠিত। চিত্রত দেখুওৱা অনুসৰি উপভোক্তাজনৰ আৰ্থিক উপাৰ্জনৰ পৰিমাণ পুনৰ বৃদ্ধি পোৱাত তেওঁ 1C₃ ৰেখাৰ Q₃ বিন্দুত নতুন ভাৰসাম্য প্রতিষ্ঠা কৰিবলৈ সমৰ্থ হৈছে আৰু ইয়াৰ ফলত মুঠ সন্তুষ্টিৰ পৰিমাণ বৃদ্ধি পাইছে। চিত্রত Q₁, Q₂ আৰু Q₃ বিন্দুক যিডাল ৰেখাৰে সংযোগ কৰা হৈছে, সেই ৰেখাডাল হৈছে আয় উপভোগ ৰেখা। এই ৰেখাডালে উপভোক্তাৰ আর্থিক উপার্জনৰ পৰিৱর্তনৰ নির্দেশ দিছে।

৯। আয় উপভোগ ৰেখাৰ ভিত্তিত এঞ্জেলৰ উপভোগ ৰেখা অংকন কৰা।

উত্তৰঃ আয় উপভোগ ৰেখাৰ ভিত্তিত এঞ্জেলৰ উপভোগ ৰেখা অংকন কৰিব পৰা যায়। এটা দ্রৱ্যৰ মূল্য অপৰিৱর্তিত থকাৰ অৱস্থাত উপভোক্তাৰ আয়ৰ পৰিবর্তনে দ্রৱ্যটোৰ প্ৰতি তেওঁৰ চাহিদাৰ যি পৰিৱর্তন ঘটায় উক্ত পৰিৱর্তনেই এঞ্জেলৰ উপভোগ ৰেখাই প্রতিনিধিত্ব কৰে। অর্থাৎ এটা দ্ৰৱ্যৰ মূল্য অপৰিৱৰ্তিত থকাৰ অৱস্থাত উপভোক্তাৰ উপাৰ্জনৰ পৰিৱৰ্তনৰ লগত দ্রৱ্যটোৰ চাহিদা পৰিৱর্তনৰ সম্পর্কই এঞ্জেলৰ ৰেখাই প্রতিনিধিত্ব কৰে। এচিয়াৰ প্রখ্যাত অর্থনীতিবিদ আৰনেষ্ট এঞ্জেলে প্রথমতে দ্ৰৱ্যৰ আয় উপভোগৰ সম্পৰ্ক ব্যাখ্যা কৰিছিল আৰু উক্ত ব্যাখ্যাৰ ভিত্তিতেই আয় উপভাগ ৰেখা আহৰণ কৰা হৈছে। স্বাভাৱিক দ্রৱ্য অত্যাৱশ্যকীয় দ্ৰৱ্য আৰু নিকৃষ্ট দ্ৰৱ্যৰ ক্ষেত্ৰত আয় উপভোগ ৰেখাৰ আকৃতি কেনেকুৱা হ’ল চিত্ৰৰ সহায়ত তলত দেখুওৱা হ’ল-

চিত্রত অত্যাৱশ্যকীয় দ্রৱ্য, বিলাসী দ্রৱ্য আৰু নিকৃষ্ট দ্ৰৱ্যৰ এঞ্জেলৰ উপভোগ ৰেখা অংকন কৰা হৈছে। ৰেখা তিনিডালৰ আকৃতিৰ পৰা সিহঁতৰ মাজত থকা আয়ৰ পৰিৱৰ্তন আৰু চাহিদাৰ পৰিৱৰ্তনৰ সম্পর্ক স্পষ্ট হয়। বিলাসী দ্ৰৱ্যৰ চাহিদা প্রতিনিধিত্ব কৰা এঞ্জেলৰ ৰেখাডালৰ ঢালৰ পৰা এইটো স্পষ্ট হৈছে যে উপভোক্তাৰ উপাৰ্জন বৃদ্ধিয়ে এনে দ্ৰৱ্যৰ প্ৰতি চাহিদা উচ্চ হাৰত বৃদ্ধি কৰে। প্রকৃত পক্ষে ক’বলৈ গ’লে অতি উচ্চস্তৰৰ উপাৰ্জনত উপার্জন বৃদ্ধিৰ হাৰতকৈ বিলাসী দ্ৰৱ্যৰ প্ৰতি চাহিদা বৃদ্ধিৰ হাৰ অধিক হয়। অত্যাৱশ্যকীয় দ্রৱ্যৰ প্রতিনিধিত্ব কৰা এঞ্জেলৰ ৰেখাডালৰ ঢালে এইটো স্পষ্ট কৰি দিছে যে উপাৰ্জনৰ এটা স্তৰলৈকে উপভোক্তাৰ উপার্জন বৃদ্ধিয়ে এনে দ্ৰৱ্যৰ প্রতি চাহিদা বৃদ্ধি কৰে; কিন্তু উপাৰ্জনৰ স্তৰ উচ্চ হোৱাৰ লগে লগে উপার্জন বৃদ্ধিৰ হাৰতকৈ এনে দ্রৱ্যৰ প্রতি চাহিদা বৃদ্ধিৰ হাৰ কম হয়। নিকৃষ্ট দ্রৱ্য প্রতিনিধিত্ব কৰা এঞ্জেলৰ উপভোগ ৰেখাডালৰ পৰা এইটো স্পষ্ট হৈছে যে উপভোক্তাৰ উপার্জন বৃদ্ধিয়ে এনে দ্রৱ্যৰ প্রতি চাহিদা সংকোচন ঘটায়। অর্থাৎ উপভোক্তাৰ উপার্জন এটা নির্দিষ্ট স্তৰ অতিক্রম কৰাৰ পাছত নিকৃষ্ট দ্রৱ্যৰ প্রতি উপভোক্তাৰ চাহিদা হ্রাস হয়।

১০। দৰ পৰিৱৰ্তন আয় বিপাক আৰু প্রতিকল্পন বিপাক পৃথকীকৰণ পদ্ধতিটো ব্যাখ্যা কৰা।

উত্তৰঃ দৰ প্ৰভাৱ হৈছে প্রতিকল্পন প্রভাৱ আৰু আয় প্রভাৱ সমষ্টি। কাৰণ, দৰ-প্রভাৱৰ কাৰণে উপভোক্তাই আন এডাল নিৰপেক্ষ ৰেখাত ভাৰসমতা প্রতিষ্ঠা কৰিবলৈ সক্ষম হয় আৰু ইয়াৰ পৰা উপভোক্তাৰ প্ৰকৃত উপাৰ্জনৰ পৰিৱৰ্তনৰ বিষয়ে অনুমান কৰিব পৰা যায়। দ্বিতীয়তে, এনে দৰ-প্রভাৱৰ কাৰণে নতুন ভাৰসাম্যব অৱস্থাত উপভোক্তাই অধিক মূল্যৰ দ্ৰৱ্যটোৰ তুলনাত আপেক্ষিকভাৱে কম দৰৰ দ্ৰৱ্যটো অধিকভাৱে ক্রয় কৰা পৰিলক্ষিত হয় আৰু দ্রৱ্য দুটাৰ ক্ৰয়ৰ পৰিৱর্তনে প্রতিকল্পন প্ৰভাৱৰ পৃথকীকৰণ সম্ভৱপৰ। আয় বিপাক আৰু প্রতিকল্পন বিপাক পৃথকীকৰণৰ অৰ্থে উপভোক্তাৰ প্রকৃত উপার্জন অপৰিৱৰ্তনীয় কৰি ৰখাৰ প্রয়োজন হয় আৰু এইটো কৰিবৰ অৰ্থে উপভোক্তাৰ আর্থিক উপার্জন হ্রাস কৰাৰ প্রয়োজন হয়।

ৰাচিয়াৰ অর্থনীতিবিদ ইউজেন শ্লুটস্কি নামৰ অর্থনীতিবিদজনে গঠন কৰা পদ্ধতি অনুসৰি উপভোক্তাজনৰ প্ৰকৃত উপার্জন অপৰিৱৰ্তিত ৰাখিবৰ কাৰণ তেওঁৰ আৰ্থিক উপার্জন এনে পৰিমানে হ্রাস কৰিব লাগিব যাতে তেওঁ ইচ্ছা কৰিলে উপভোগ কৰা দ্রৱ্য দুটাৰ প্ৰথম বা মূল জোঁটটো উপভোগ কৰিব পাৰিব। দৰ-প্ৰভাৱৰ ফলত বৃদ্ধি হোৱা উপভোক্তাজনৰ প্রকৃত উপার্জন এনেভাৱে হ্রাস কৰিবৰ অৰ্থে শ্লুটস্কিৰ মতে পুৰণা বা প্রথম দৰ ৰেখাডালৰ সমান্তৰালভাৱে এডাল নতুন ৰেখা এনেভাৱে অংকণ কৰিব লাগিব যাতে এই ৰেখাডাল উপভোক্তাই উপভোগ কৰা দ্রৱ্য দুটাৰ প্রথম বা মূল জোঁটটোৰ সংযোগস্থলেদি ভেদ কৰি যায়। তলৰ চিত্ৰৰ সহায়ত এই পদ্ধতিৰ সহায়ত আয় প্রভাৱ আৰু প্রতিকল্পন প্রভাৱৰ পৃথকীকৰণ ব্যৱস্থাৰ ব্যাখ্যা প্রদান কৰা হ’ল-

চিত্ৰত AB হৈছে X আৰু Y দ্ৰৱ্যৰ উপভোগৰ অর্থে এজন উপভোক্তাই ব্যয় কৰিব বিচৰা উপার্জন আৰু দ্রৱ্য দুটাৰ নির্দিষ্ট দৰৰ ভিত্তিত অংকন কৰা প্রথম বা মূল দৰ ৰেখা। AB দৰ ৰেখাই 1C₁ ৰেখাক Q₁ বিন্দুত স্পর্শ কৰিছে। গতিকে Q₁ হৈছে উপভোক্তাৰ প্রথম ভাৰসমতাৰ বিন্দু আৰু এই ভাৰসাম্য অৱস্থাত উপভোক্তাই OM₁ পৰিমাণৰ X দ্রৱ্য উপভোগ কৰিছিল। কিন্তু X দ্ৰৱ্যৰ দৰ হ্রাস হোৱাৰ কাৰণে নতুন দৰ ৰেখা হৈছে AB₁ আৰু এই বেখাই 1C₃ ৰেখাক Q₃ বিন্দুত স্পর্শ কৰিছে। এই নতুন ভাৰসাম্যৰ অৱস্থাত উপভোক্তাজনে X দ্ৰৱ্যৰ উপভোগৰ পৰিমাণ OM ৰ পৰা OM₃ লৈ বৃদ্ধি কৰিছে। অৰ্থাৎ X দ্ৰৱ্যৰ দৰ হ্ৰাস হোৱাৰ ফলত এই দ্ৰৱ্য- উপভোগৰ নিগুটি পৰিমাণ MM₃ পৰিমাণে বৃদ্ধি পাইছে।

শ্লুটস্কিৰ পদ্ধতি অনুসৰি উপৰোক্ত পৰিমাণৰ X দ্ৰৱ্যৰ উপভোগ বৃদ্ধিৰ কিমানখিনি আয় প্রভাৱৰ কাৰণ হৈছে আৰু কিমানখিনি প্রতিকল্পন প্রভাৱৰ কাৰণ হৈছে সেইটো দেখুৱাৰ কাৰে নতুন বাজেট ৰেখা AB₁ ৰ সমান্তৰালকৈ আৰু প্ৰথম ভাৰসাম্য বিন্দু Q₁ ৰ মাজেদি অতিক্র কৰাকৈ KK দৰ ৰেখা অংকণ কৰা হৈছে। এই নতুন দৰ ৰেখাই এইটো নির্দেশ দিছে যে দৰ প্রভাৱৰ ফলত উপভোক্তাৰ যি পৰিমাণৰ প্ৰকৃত উপাৰ্জন বৃদ্ধি পালে তাক হ্রাস কৰি দ্রৱ্য দুটাৰ প্রথম জোঁট (OM₁ আৰু ON₁) উপভোগ কৰিব পৰা অৱস্থালৈ উপভোক্তাক ঘূৰাই আনিবৈ হ’লে তেওঁৰ আৰ্থিক উপার্জন AK পৰিমাণে হ্রাস কৰিব লাগিব। কিন্তু চিত্ৰৰ পৰা এইটো স্পষ্ট হৈছে যে উপভোক্তাজনৰ আৰ্থিক উপার্জন হ্রাস কৰি তেওঁৰ প্রকৃত উপাৰ্জনৰ পৰিমাণ পূৰ্বৰ অৱস্থালৈ হ্রাস কৰাৰ সত্বেও বিবেচক উপভোক্তা হিচাপে তেওঁ Q₁ বিন্দুত ভাৰসাম্য স্থাপন নকৰে। কাৰণ নতুন দৰ-ৰেখা KK Q₁ বিন্দুৰ মাজেদি গৈছে আৰু এই ৰেখাই 1C₂ ৰেখাকহে Q₂ বিন্দুত স্পর্শ কৰিছে। গতিকে উপার্জন হ্রাস কৰাৰ সত্বেও তেওঁ Q₂ বিন্দুতে ভাৰসমতা স্থাপন কৰিব আৰু এই ভাৰসাম্য বিন্দুত তেওঁ X দ্রৱ্যৰ OM₂ পৰিমাণ উপভোগ কৰিব। শ্লুটস্কিৰ মতে, উপভোক্তাজনে Q₁ ৰ পৰা Q₃ লৈ গতি কৰিছে সেইয়া হৈছে প্রতিকল্পন প্রভাৱৰ ফল আৰু Q₂ ৰ পৰা Q₃ লৈ তেওঁৰ গতি উপার্জন প্রভাৱৰ কাৰণে সম্ভৱ হৈছে। অর্থাৎ মুঠ দৰ-প্রভাৱৰ ফল M₁ M₃ ৰ ভিতৰত M₁ M₂ প্রতিকল্পন প্রভাৱৰ অন্তর্ভুক্ত আৰু M₂ M₃ আয় প্রভাৱৰ অন্তর্ভুক্ত।

১১। আয় বিপাক নিকৃষ্ট মানৰ দ্ৰৱ্যৰ ক্ষেত্ৰত আলোচনা কৰা?

উত্তৰঃ দুটা স্বাভাৱিক দ্রৱ্যৰ আয়-বিপাক ইতিবাচক হয় আৰু সেই কাৰণে আয় উপভোগ ৰেখাডাল সোঁ দিশলৈ গতি কৰে। অর্থাৎ আয় উপভোগ ৰেখাৰ ঢাল ইতিবাচক হয়, কিন্তু এজন উপভোক্তাৰ আয় বৃদ্ধি পালে এটা নিকৃষ্ট দ্ৰৱ্যৰ প্রতি চাহিদা কমি যায়। অর্থাৎ নিকৃষ্ট দ্রৱাটোৰ মূল্য আৰু ইয়াৰ প্রতিফলন স্বাভাৱিক দ্রৱ্যটোৰ মূল্য অপৰিৱৰ্তিত থকাৰ অৱস্থাত এজন উপভক্তাৰ উপাৰ্জন বৃদ্ধি হ’লে, নিকৃষ্ট দ্রৱ্যটোৰ পৰতি তেওঁৰ চাহিদা হ্রাস হয় আৰু ইয়াৰ প্রতিকল্প স্বাভাৱিক দ্রৱ্যটোৰ প্ৰতি চাহিদা বৃদ্ধি পায়। সেইকাৰণে নিকৃষ্ট দ্রৱ্যৰ ক্ষেত্ৰত আয় উপভোগ ৰেখা নেতিবাচক হয়। চিত্রৰ সহায়ত আয় বিপাক নিকৃষ্ট মানৰ দ্রৱ্যৰ ক্ষেত্ৰত তলত আলোচনা কৰা।

ওপৰৰ চিত্ৰত X অক্ষই এটা নিকৃষ্ট দ্ৰৱ্যৰ আৰু Y অক্ষই এটা স্বাভাৱিক বা উচ্চমান বিশিষ্ট দ্রৱ্যৰ প্রতিনিধিত্ব কৰিছে। দ্রৱ্য দুটা এটা আনটোৰ প্রতিকল্পন। চিত্ৰৰ পৰা এইটো স্পষ্ট হৈছে যে দ্রৱ্য দুটাৰ মূল্য অপৰিৱৰ্তিত থকাৰ অৱস্থাত উপভোক্তাৰ উপাৰ্জন বৃদ্ধি পাইছে। কিন্তু উপার্জন বৃদ্ধিয়ে উপভোক্তাৰ X দ্ৰৱ্যটোৰ প্ৰতি চাহিদা হ্রাস কৰিছে আৰু Y দ্রৱ্যটোৰ প্ৰতি চাহিদা বৃদ্ধি কৰিছে। এজন উপভোক্তাই তেওঁৰ উপাৰ্জন বৃদ্ধি পালে নিকৃষ্টমানৰ দ্ৰৱ্যৰ পৰিৱর্তে উৎকৃষ্ট মানৰ দ্রৱ্য উপভোগ কৰাৰ কাৰণেই X দ্ৰৱ্যটোৰ প্ৰতি চাহিদা হ্রাস আৰু Y দ্রব্যটোৰ প্রতি চাহিদা বৃদ্ধি পাইছে। সেইকাৰণেই চিত্ৰত উপভোক্তাৰ আয় উপভোগ ৰেখাডালৰ ঢাল পশ্চাদগামী হৈছে। অর্থাৎ নিকৃষ্ট দ্ৰৱ্যৰ আয় উপভোগৰ ৰেখাৰ ঢাল নেতিবাচক হয়। যদি X দ্রৱ্যটো এটা স্বাভাৱিক দ্রব্য হয় আৰু Y দ্রৱ্যটো এটা নিকৃষ্ট দ্রব্য হয় তেতিয়া উপভোক্তাৰ আয় উপভোগ ৰেখাৰ ঢাল চিত্র (খ) ত দেখুওৱাৰ দৰে হ’ব। এই ক্ষেত্ৰতো নিকৃষ্ট দ্রব্যটোৰ আয় উপভোগ ৰেখাৰ ঢাল নেতিবাচক হৈছে।

১২। দৰ-উপভোগ ৰেখাৰ সহায়ত চাহিদা ৰেখা অংকন কৰা।

উত্তৰঃ দৰ ফলৰ পৰা আমি জানিব পাৰো যে দ্রৱ্যৰ বজাৰৰ দৰ পৰিৱর্তন হ’লে উপভোক্তাৰ মৌদ্রিক আয় অপৰিৱৰ্তিত থকাৰ অৱস্থাত তেওঁৰ প্ৰকৃত উপাৰ্জনৰ পৰিবৰ্তন হয়, এনে পৰিৱৰ্তনৰ কাৰণে দ্ৰৱ্যৰ প্ৰতি উপভোক্তাৰ চাহিদাৰ পৰিবৰ্তন হয়। দৰ-প্রভাৱৰ দৰ-উপভোগ ৰেখা আৰু সাধাৰণ চাহিদা ৰেখাৰ সামঞ্জস্য আছে। দৰ-উপভোগ ৰেখাই এটা দ্ৰৱ্যৰ দৰৰ পৰিৱৰ্তনৰ লগত ইয়াৰ চাহিদাৰ সম্পৰ্ক ব্যাখ্যা কৰে। তেনেদৰে সংস্থাপিত চাহিদা ৰেখাই এটা দ্ৰৱ্যৰ দৰৰ পৰিৱৰ্তনৰ লগত ইয়াৰ চাহিদাৰ সম্পর্ক ব্যাখ্যা কৰে।

দৰ-উপভোক্তা ৰেখা আৰু সংস্থাপিত চাহিদা ৰেখাৰ দুয়োৰে মাজত সম্পর্ক আছে আৰু এনে সম্পৰ্কৰ কাৰণে দৰ-উপভোগ ৰেখাৰ ভিত্তিত চাহিদা ৰেখা অংকণ কৰিব পৰা যায়। বিশেষকৈ যদি উপভোক্তাৰ নিৰপেক্ষ মানচিত্রৰ বিষয়ে জনা যায় আৰু উপার্জন সীমিত হয় তেতিয়া চাহিদা ৰেখা অংকন কৰাটো কঠিন নহয়। তলত চিত্ৰৰ সহায়ত দৰ উপভোগ ৰেখাৰ ভিত্তিত কেনেভাৱে চাহিদা ৰেখা অংকন কৰা হয় সেই বিষয়ে ব্যাখ্যা প্রদান কৰা হ’ল-

তলত চিত্ৰৰ অন্তৰ্গত ওপৰৰ চিত্রত OX অক্ষই এজন উপভোক্তাই উপভোগ কৰিব বিচৰা আপেলৰ পৰিমাণ আৰু OY অক্ষই উপভোক্তাজনে আপেল ক্রয়ৰ অর্থে ব্যয় কৰিব বিচৰা উপাৰ্জনৰ পৰিমাণৰ প্রতিনিধিত্ব কৰিছে। চিত্রত দেখুওৱা অনুসৰি উপভোক্তাজনে আপেলৰ ওপৰত ব্যয় কৰিবলৈ ধার্য কৰা মৌদ্রিক উপাৰ্জনৰ পৰিমাণ হৈছে OA। আৰু এই পৰিমাণৰ উপার্জনেৰে প্রথম অৱস্থাত OB পৰিমাণৰ আপেল ক্ৰয় কৰিব পৰা হৈছিল। অর্থাৎ ১ টা আপেলৰ দৰ হৈছে OA / OB। আপেলৰ এনে দৰৰ ভিত্তিত AB দৰ ৰেখা অংকণ কৰা হৈছে। এই দৰ ৰেখাই 1C₁ ৰেখাক Q বিন্দুত স্পর্শ কৰিছে আৰু সেইকাৰণে প্ৰথম ভাৰসাম্য বিন্দু Q ত উপভোক্তাজনে OM পৰিমাণৰ দ্রব্য উপভোগ কৰিছে। অর্থাৎ আপেলৰ প্রতিগোটত দৰ OA/OB হোৱাৰ অৱস্থাত উপভোক্তাজনে ইয়াৰ OM পৰিমাণৰ চাহিদা কৰিছে।

আপেলৰ দৰ ক্ৰমাৎ হ্রাস পোৱাত নতুন দৰ ৰেখা হৈছে ক্রমান্বয়ে AB₁ আৰু AB₂ আৰু উপভোক্তাজনৰ নতুন ভাৰসমতা হৈছে ক্রমান্বয়ে Q₁ আৰু Q₂। এই নতুন ভাৰসাম্যৰ অৱস্থাত উপভোক্তাই উপভোগ কৰা আপেলৰ পৰিমাণ হৈছে ক্রমান্বয়ে OM₁ আৰু OM₂ চিত্ৰত Q, Q₁ আৰু Q₂ বিন্দুক সংযোগ কৰি যিডাল ৰেখা অংকন কৰা হৈছে দৰ-উপভোগ ৰেখা (PCC) এই দৰ-উপভোগ ৰেখাই আপেলৰ দৰ হ্ৰাসৰ ফলত ইয়াৰ চাহিদা বৃদ্ধিৰ পৰিমাণৰ বিষয়ে ইংগিত দিছে। আপেলৰ দৰ OA/OB লৈ হ্রাস হোৱাত ইয়াৰ চাহিদা OM আৰু OA/OB₂ লৈ হ্রাস হোবাত ইয়াৰ চাহিদা OM₂ লৈ বৃদ্ধি পাইছে। যদি OA/OB₂ OP₂ OA / OB₂ = OP₁ বুলি ধৰা হয় তেতিয়া PCC দৰ-উপভোগ ৰেখাৰ ভিত্তিত গঠন কৰিব পৰা উপভোক্তাৰ চাহিদাৰ অনুসূচীখন তলত দেখুৱাৰ দৰে হ’ব। তলত দৰ-উপভোগ ৰেখাৰ ভিত্তিত আপেলৰ চাহিদা অনুসূচী গঠন কৰা হৈছে।

আপেলৰ দৰ (প্রতি গোটত)চাহিদাৰ পৰিমাণ
(OA ÷ OB) = OPOM
(OA ÷ OB₁) = OP₁OM₁
(OA ÷ OB₂) = OP₂OM₂

উপৰোক্ত চাহিদা অনুসূচীৰ ভিত্তিত উপভোক্তাৰ চাহিদা ৰেখা অংকণ কৰিব পৰা যায়।

১৩। নিৰপেক্ষ ৰেখাৰ সহায়ত গিফেনৰ সাঁথৰ ব্যাখ্যা কৰা।

উত্তৰঃ গিফেনৰ দ্ৰৱ্যসমূহৰ দৰ বৃদ্ধি হ’লে এইবোৰৰ প্ৰতি চাহিদা বৃদ্ধি হয় আৰু দৰ হ্ৰাস হ’লে এইবোৰৰ প্ৰতি চাহিদা হ্রাস হয়। নিৰপেক্ষ ৰেখাৰ বিশ্লেষণত দ্ৰৱ্যৰ দৰৰ পৰিৱর্তন যে উপভোক্তাৰ উপাৰ্জনৰ পৰিৱৰ্তন ঘটায় সেই বিষয়ে ব্যাখ্যা প্রদান কৰা হয় আৰু সেইকাৰণে এই ৰেখাৰ সহায়ত গিফেনৰ সাঁথৰৰ ব্যাখ্যা প্রদান কৰাটো সম্ভৱপৰ।

গিফেনৰ দ্ৰৱ্যৰ চাহিদা ৰেখা বাওঁফালৰ পৰা সোঁফালৰ ওপৰলৈ ঢাল লয়। চাহিদা ৰেখাৰ এনে আকৃতিৰ কৰাণ হৈছে গিফেনৰ দ্ৰৱ্যৰ দৰৰ পৰিৱৰ্তনৰ ফলত স্বাভাৱিক দ্ৰৱ্যৰ দৰেই আয় প্ৰভাৱ আৰু প্রতিকল্পন প্রভাৱ দৃষ্টি গোচৰ হয়। কিন্তু গিফেনৰ দ্ৰৱ্যৰ আয়-প্রভাৱ নেতিবাচক আৰু ই প্রতিকল্পন প্রভাৱৰ বিপৰীতমুখী হ’লেও আয়-প্রভাৱ ইমানেইশক্তিসম্পন্ন যে ইইতিবাচক প্রতিকল্পন প্রভাৱক নিষ্প্রভ কৰি ৰাখে। সেইকাৰণে ই গিফেনৰ দ্ৰৱ্যৰ দৰ হ্রাস পালে ইয়াৰ প্রতি চাহিদা বৃদ্ধিৰ পৰিৱৰ্তে চাহিদা হ্রাস হয় আৰু দৰ বৃদ্ধি হ’লে এই দ্ৰৱ্যৰ চাহিদা বৃদ্ধি হয়। তলত চিত্ৰৰ সহায়ত নিৰপেক্ষ ৰেখাৰ সহায়ত গিফেনৰ দ্ৰৱ্যৰ চাহিদা ৰেখা অংকন কৰা হ’ল-

চিত্ৰত গিফেনৰ দ্রৱ্যৰ নিৰপেক্ষ ৰেখা আৰু বিভিন্ন দৰৰ ভিত্তিত দৰ- উপভোগ ৰেখা (PCC) অংকণ কৰা হ’ল। চিত্রত উপভোক্তাৰ ভাৰসমতাৰ Q, Q₁ আৰু Q₂ ৰ ভিত্তিত দৰ-উপভোগ ৰেখা অংকণ কৰা হ’ল। গিফেনৰ দ্ৰৱ্যৰ দৰ- উপভোগ ৰেখাই (PCC) পশ্চাদগামী ঢাল লৈছে। দৰ উপভোগ ৰেখাৰ এনে পশ্চাদগামী ঢালৰ পৰা এইটো অনুমান কৰা সহজ যে গিফেনৰ দ্ৰৱ্যৰ দৰ হ্রাস হ’লে ইয়াৰ প্রতি চাহিদাৰ সংকোচন ঘটে। এই দৰ উপভোগ ৰেখাৰ ভিত্তিত গিফেনৰ দ্ৰৱ্যৰ চাহিদা অনুসূচী তলত দিয়া ধৰণৰ হ’ব। চিত্ৰৰ ওপৰৰ অংশত দেখুওৱা গিফেনৰ দ্ৰৱ্যৰ দৰ OA/OB থকাৰ অৱস্থাত উপভোক্তাই ভাৰসমতাৰ বিন্দুত স্থাপন কৰা হৈছে। অর্থাৎ উক্ত দৰত তেওঁ দ্রৱ্যটোৰ OM পৰিমাণৰ চাহিদা হৈছে। তেনেদৰে OA/OB₁ দৰত OM₁ আৰু OA/OB₂ দৰত OM₂ পৰিমাণৰ চাহিদা। গতিকে গিফেনৰ দ্রৱ্যৰ ব্যক্তিগত দ্রৱ্যৰ চাহিদা অনুসূচী তলত দিয়া ধৰণৰ হয়–

গিফেনৰ দ্রৱ্যৰ প্রতিগোটত দৰচাহিদাৰ পৰিমাণ
(OA ÷ OB) = POM
(OA ÷ OB₁) = P₁OM₁
(OA ÷ OB₂) = P₂OM₂

ওপৰৰ তালিকাৰ ভিত্তিত ওপৰৰ চিত্ৰত তলৰ অংশত গিফেনৰ দ্ৰৱ্যৰ চাহিদা ৰেখা অংকণ কৰা হৈছে।

১৪। নিৰপেক্ষ ৰেখাৰ মূল্যাংকন কৰা।

উত্তৰঃ নিৰপেক্ষ ৰেখাৰ বিশ্লেষণৰ উৎকৃষ্টতাৰ সপক্ষে মত পোষণ কৰোতে মুষ্টিমেয় কেইগৰাকীমান অর্থনীতিবিদে এই পদ্ধতিৰ কেইটামান বিজ্ঞানসন্মত দিশৰ বিষয়ে উল্লেখ কৰিছে। তলত নিৰপেক্ষ ৰেখাৰ বিশ্লেষণৰ উৎকৃষ্টতাৰ বিষয়ে ব্যাখ্যা কৰা হ’ল-

নিৰপেক্ষ ৰেখাৰ বিশ্লেষণত সংখ্যাবাচক উপযোগিতা নির্ধাৰণ ব্যৱস্থাৰ পৰিৱর্তে ভোক্তাৰ পছন্দৰ ক্ৰমৰ ভিত্তিত দ্রৱ্যৰ উপযোগিতা নির্ধাৰণ পদ্ধতি গ্রহণ কৰা হৈছে। এই পদ্ধতি অধিক বিজ্ঞানসম্মত। কাৰণ এই পদ্ধতিত উপভোক্তাৰ পছন্দৰ ক্ৰমৰ ভিত্তিত এটা দ্রব্য বা দ্রৱ্যৰ জোঁটে আন দ্রব্যতকৈ অধিক কম অথবা সম-পৰিমাণৰ সন্তুষ্টি উপভোক্তাক প্রদান কৰাৰ বিষয়ে নির্ধাৰণ কৰাৰ ব্যৱস্থা কৰা হৈছে। এই নতুন পদ্ধতিত দ্রৱ্যৰ উপযোগিতাৰ সাংখ্যিক হিচাপৰ ব্যৱস্থা নাই। ইয়াৰ পৰিৱর্তে এজন উপভোক্তাই এটা দ্ৰৱ্যৰ পৰা আন এটা দ্রব্যতকৈ অধিক অথবা কম অথবা সম-পৰিমাণৰ সন্তুষ্টি লাভ কৰিছে সেই বিষয়েহে নির্ধাৰণৰ ব্যৱস্থা আছে। সেই কাৰণে এই নতুন পদ্ধতিত উপভোক্তাৰ অগ্নাধিকাৰ ভিত্তিত তেওঁ উপভোগ কৰিব বিচৰা দ্রৱ্যক প্রথম, দ্বিতীয়, তৃতীয় ইত্যাদি ক্রম অনুসৰি স্থাপন কৰা হয়।

মাৰ্ছালৰ উপযোগিতা বিশ্লেষণত মুদ্রাৰ প্রান্তিক উপযোগিতা অপৰিৱৰ্তিত থাকে বুলি ধৰা ধাৰণাটো সম্পূর্ণৰূপে বাদ দিয়া হৈছে। এই ধাৰণা বাদ দি উপভোক্তাৰ চাহিদাৰ বিষয়টোৰ ব্যাখ্যা কৰা নিৰপেক্ষ বেখাৰ বিশ্লেষণ অধিক বিজ্ঞানসম্মত হিচাপে গণ্য কৰা হয়।

নিৰপেক্ষ ৰেখাৰ বিশ্লেষণে দৰ-প্রভাৱৰ ফলত সংঘটিত হোৱা উপার্জন প্রভাৱ আৰু প্রতিকল্পন প্রভাৱৰ ব্যাখ্যা প্রদান সম্ভৱপৰ আৰু সেইকাৰণে এই পদ্ধতিৰ সহায়ত গিফেনৰ সাঁথৰ ব্যাখ্যা কৰিব পৰা যায়। আকৌ উপযোগিতা বিশ্লেষণৰ তুলনাত নিৰপেক্ষ ৰেখাৰ বিশ্লেষণত নিম্নতম অভিধাৰণা কৰা হৈছে। তদুপৰি এই বিশ্লেষণত দ্ৰৱ্যৰ চাহিদা যে স্বতন্ত্র নহয় সেই বিষয়ে উল্লেখ কৰা হৈছে আৰু বিভিন্ন দ্ৰৱ্যৰ চাহিদাৰ সম্পৰ্কৰ বিষয়টো ব্যাখ্যা কৰিবৰ কাৰণেই নিৰপেক্ষ ৰেখাৰ বিশ্লেষণত দুটা দ্রৱ্যৰ চাহিদাৰ বিষয়ে আলোচনা কৰাৰ ব্যৱস্থা কৰা হৈছে।

অৱশ্যে নিৰপেক্ষ ৰেখা সমালোচকসকলৰ মতে, এই পদ্ধতিৰ কোনো নতুনত্ব নাই। কাৰণ এই পদ্ধতিত সংখ্যাবাচক উপযোগিতা নির্ধাৰণৰ পৰিৱৰ্তে পছন্দৰ অনুক্ৰমৰ ভিত্তিত উপযোগিতা নির্ধাৰণৰ ব্যৱস্থা কৰা হৈছে। দ্বিতীয়তে ক্রমহ্রাসমান প্রান্তিক উপযোগিতাৰ পৰিবর্তে প্রতিকল্পনৰ ক্রমহ্রাসমান প্রান্তিক হাৰৰ বিধি প্রয়োগ কৰা হৈছে।

নিৰপেক্ষ ৰেখাৰ সমালোচকসকলৰ মতে, মাৰ্ছালৰ উপযোগিতা বিশ্লেষণৰ তুলনাত নিৰপেক্ষ ৰেখাৰ বিশ্লেষণ কম বাস্তবসন্মত। অধ্যাপক হিক্স আৰু তেখেতৰ অনুগামীসকলে উপভোক্তাৰ পৰা বহুতো অধিক দাবী কৰিছে। কাৰণ, উপভোক্তাৰ মানসপটত একে সময়তে বহুতো নিৰপেক্ষ ৰেখাৰ অংকন আৰু বিবেচক উপভোক্তাৰ পৰিচয় দিবলৈ সর্বাধিক সন্তুষ্টি দিব পৰা নিৰপেক্ষ ৰেখাৰ নিৰ্বাচন পদ্ধতিৰ ব্যৱহাৰ ইত্যাদিৰ বিষয়সমূহ অতি জটিল বিষয়। সাধাৰণ উপভোক্তাৰ কাৰণে এই ব্যৱস্থা প্রযোজ্য নহয়।

এজন উপভোক্তাই যেতিয়া দুটাতকৈ অধিক দ্ৰৱ্যৰ প্রতি তেওঁৰ অগ্রাধিকাৰ প্ৰকাশ কৰিবলগীয়া হয় তেতিয়া নিৰপেক্ষ ৰেখাৰ বিশ্লেষণ সম্পূর্ণভাৱে অকামিলা হৈ পৰে। এই ক্ষেত্রত জ্যামিতিক পদ্ধতিৰ পৰিৱর্তে গাণিতিক পদ্ধতিৰ প্রয়োজন হয়। অধ্যাপক হিক্সেও নিৰপেক্ষ ৰেখাৰ এনে সীমাবদ্ধতাৰ বিষয়টো স্বীকাৰ কৰিছে।

১৫। নিৰপেক্ষ ৰেখা বিশ্লেষণৰ কেইটামান ব্যৱহাৰিক প্রয়োগ দেখুওৱা।

উত্তৰঃ উপভোক্তাৰ চাহিদাৰ বিধিটো ব্যাখ্যাৰ ক্ষেত্ৰত নিৰপেক্ষ ৰেখাৰ বিশ্লেষণটো প্রয়োগ কৰাৰ উপৰিও আন বহুতো ক্ষেত্রত এই বিশ্লেষণটো প্রয়োগ হয়। উদাহৰণস্বৰূপে কল্যাণ বৃদ্ধিৰ অৰ্থে মূল্যনিয়ন্ত্ৰণ আৰু দ্রৱ্যৰ যোগান নিয়ন্ত্রণ কোনটো উত্তম সেই বিষয়ে নিৰপেক্ষ ৰেখাৰ বিশ্লেষণৰ সহায়ত ব্যাখ্যা কৰিব পৰা যায়। নিৰপেক্ষ ৰেখাৰ বিশ্লেষণে এইটো প্রমাণ কৰে যে কল্যাণ বৃদ্ধিৰ অৰ্থে দ্ৰৱ্যৰ যোগন নিয়ন্ত্রণতকৈ মূল্য নিয়ন্ত্রণ অধিক উপযোগী। তলত চিত্ৰৰ সহায়ত দ্রৱ্যৰ যোগান নিয়ন্ত্রণতকৈ মূল্য বা দৰ নিয়ন্ত্রণ কিয় অধিক উপযোগী সেই বিষয়টো ব্যাখ্যা কৰা হ’ল-

চিত্রই এইটো প্রমাণ কৰিছে যে মূল্য নিয়ন্ত্রণ কৰিলে উপভোক্তাই পূৰ্বৰ পৰিমাণৰ দ্রব্য উপভোগ কৰিবলৈ পায় আৰু ইয়াৰ কাৰণে তেওঁৰ মুঠ সন্তুষ্টি হ্রাস নহয়, কিন্তু দ্রৱ্যৰ যোগান নিয়ন্ত্রণ কৰিলে উপভোক্তাই পূৰ্বৰ পৰিমাণৰ উপভোগৰ পৰা বঞ্চিত হয়; আৰু অয়াৰ ফলত তেওঁ মুঠ সন্তুষ্টি হ্রাস হয়। চিত্ৰত দেখুওৱা হ’ল–

চিত্রত OY অক্ষই এজন উপভোক্তাৰ আৰ্থিক উপার্জন আৰু OX অক্ষই ঘেঁহুৰ পৰিমাণৰ প্রতিনিধিত্ব কৰিছে। চিত্রত ML₃ ৰেখাই ঘেঁছৰ মূল্য প্রতিনিধিত্ব কৰিছে আৰু উক্ত মূল্যত উপভোক্তাই P₃ বিন্দুত OQ₃ পৰিমাণ ঘেঁহু ক্রয় কৰি ভাৰসমতা স্থাপন কৰিছে। এতিয়া ঘেঁহুৰ নাটনি হোৱাত চৰকাৰে ৰেচনিং ব্যৱস্থা প্রৱর্তন কৰি ঘেঁহুৰ মূল্য পূৰ্বৰ স্তৰত (ML₃) ৰখাৰ ব্যৱস্থা কৰিছে। উপভোক্তাজনক চৰকাৰে O₂ Q₂ পৰিমাণৰ ঘেঁহু ক্রয় কৰাৰহে সুবিধা দিছে। গতিকে তেওঁ নিজ বাজেট ৰেখা R বিন্দুত উপনীত হ’ব। কিন্তু R বিন্দুত তেওঁৰ সন্তুষ্টি হ্রাস পাইছে কাৰণ উক্ত বিন্দু 1C₂ ৰেখাত অৱস্থিত। এনেভাৱে দেখা যায় যে ৰেচনিং ব্যৱস্থাৰ প্ৰৱৰ্তনৰ মাধ্যমত দ্ৰৱ্যৰ মূল্য নিয়ন্ত্রণ কৰিলে উপভোক্তাৰ কল্যাণ হ্রাস হয়।

১৬। নিৰপেক্ষ ৰেখাৰ সহায়ত উপভোক্তাৰ উদ্ধৃত্তৰ ব্যাখ্যা কৰা।

উত্তৰঃ অধ্যাপক হিক্সে নিৰপেক্ষ ৰেখাৰ সহায়ত উপভোক্তাৰ উদ্ধৃত্তৰ প্রত্যেয়টো ব্যাখ্যা কৰিছে। তলত চিত্ৰৰ সহায়ত উদ্বৃত্তৰ প্ৰত্যেয়টো ব্যাখ্য কৰা হ’ল-

চিত্রত X অক্ষই X দ্রৱ্যৰ পৰিমাণ আৰু Y অক্ষই এজন উপভোক্তাৰ উপাৰ্জনৰ পৰিমাণৰ প্রতিনিধিত্ব কৰিছে। চিত্ৰত আয় দৰ ৰেখাই (AB) 

1C₂ ৰেখাৰ R₁ বিন্দুত স্পর্শ কৰিছে।

উক্ত বিন্দুত উপভোক্তাই OS পৰিমাণৰ X দ্ৰৱ্য উপভোগ কৰিছে আৰু তেওঁৰ হাতত OY₂ পৰিমাণৰ উপার্জন আছে। অর্থাৎ তেওঁ OS পৰিমাণৰ দ্ৰৱ্য ক্ৰয় কৰিবৰ অর্থে AY₂ উপার্জন ব্যয় কৰিছে। এতিয়া ধৰা হওঁক উপভোক্তাজন X দ্ৰৱ্যৰ মূল্যৰ বিষয়ে অৱগত নহয়; কিন্তু তেওঁ দ্রৱ্যটো OS পৰিমাণৰ ক্ৰয় কৰিবলৈ ইচ্ছুক। উক্ত পৰিমাণৰ দ্রৱ্য ক্ৰয় কৰিবৰ অর্থে তেওঁ AY₁ আয় ব্যয় কৰিবলৈ ইচ্ছা প্রকাশ কৰিছিল। কিন্তু যিহেতু তেওঁ OS পৰিমাণৰ দ্রৱ্য AY₂ পৰিমাণৰ আয় ব্যয় কৰি সংগ্ৰহ কৰিবলৈ সমর্থ হৈছে সেইকাৰণে OS পৰিমাণৰ দ্রৱ্যৰ দৰ তেওঁ AY₁ – AY₂  = Y₁Y₂ এ পৰিমাণৰ উদ্বৃত্ত সন্তুষ্টি পাইছে, আৰু উক্ত পৰিমাণেই হৈছে উপভোক্তাৰ উদ্বৃত্ত। Y₁ Y₂ উপভোক্তাজনে OS পৰিমাণৰ দ্রব্যৰ কাৰণে দিব খোজা দাম আৰু উক্ত পৰিমাণৰ দ্ৰৱ্যৰ বজাৰৰ প্ৰকৃত দামৰ পাৰ্থক্যৰ প্রতিনিধিত্ব কৰিছে। Y₁ Y₂ ৰাহিৰ কাৰণেই উপভোক্তাজনে 1C₁ ৰ পৰা 1C₂ লৈ গতি কৰি অধিক সন্তুষ্টি লাভ কৰিবলৈ সক্ষম হৈছে। সন্তুষ্টিৰ এনে বৃদ্ধিয়েই হৈছে মাৰ্ছালৰ উপভোক্তাৰ উদ্ধৃত্তৰ পৰিমাণ।

চিত্র অনুসৰি উপভোক্তাজনে 1C₁ ৰ পৰা 1C₂ লৈ গতি কৰাৰ প্ৰধান কাৰণ হৈছে X দ্ৰৱ্যৰ কম দাম। X দ্ৰৱ্যৰ বজাৰৰ দৰ চাহিদা দৰতকৈ কম হোৱাৰ কাৰণেই উপভোক্তাজনে ৰাহি সন্তুষ্টি বা উদ্বৃত্ত লাভ কৰে। যদি কৰ ধাৰ্যৰ মাধ্যমত উপভোক্তাজনৰ উপাৰ্জনৰ একাংশ তেওঁৰ পৰা আঁতৰাই আনি তেওঁক A₁B₁ বাজেট ৰেখালৈ স্থানান্তৰিত কৰা হয় তেতিয়া তেওঁ 1C₁ ৰেখাৰ C বিন্দুত ভাৰসাম্যতা স্থাপন কৰিব। এনে অৱস্থাত তেওঁৰ X দ্ৰৱ্যৰ উপভোক্তাৰ পৰিমাণ কমি যাব। অৱশ্যে উপভোক্তাজনক পূৰ্বৰ পৰিমাণ X দ্রৱ্য (OS পৰিমাণ) উপভোগ কৰিবলৈ দিব পৰা যায়। যদি এনে কৰা হয় তেতিয়া উপভোক্তাজনে A₁ B₁ বাজেট ৰেখাৰ R₃ বিন্দুত অৱস্থান কৰিব। এনে অৱস্থাত উপভোক্তাজনৰ কৰ্তন কৰা সত্বেও উপভোক্তাজনে X দ্ৰৱ্যৰ OS পৰিমাণৰ উপভোগ কৰিবলৈ সমর্থ হ’ব। অর্থনীতিবিদ হিক্সে OS ক উপাৰ্জনৰ ক্ষতি পূৰণ মূলক পৰিৱর্তন আখ্যা দিছে আৰু তেখেতৰ মতে ই হৈছে এক প্রকাৰৰ উপভোক্তাৰ উদ্বৃত্ত। যদি উপভোক্তাজনে X দ্ৰৱ্যৰ এটা গোটে ক্রয় নকৰে তেতিয়া তেওঁ 1C₁ ৰ পৰা 1C₂ লৈ গতি কৰিবৰ অৰ্থে কি পৰিমাণৰ ৰেহাই সাহাৰ্য্য দিব লাগিব সেই বিষয়েও হিক্সে আলোচনা কৰিছে। হিক্সৰ মতে যদি উপভোক্তাজনক AC পৰিমাণৰ ৰেহাইমূলক সাহায্য প্রদান কৰা হয় তেতিয়া তেওঁ 1C₁ ৰ পৰা 1C₂ লৈ যাবলৈ সক্ষম হ’ব। AC ক তেখেতে উপাৰ্জনৰ সম-পৰিমাণৰ পৰিৱর্তন আখ্যা দিছে। এইটো হৈছে উপভোক্তাৰ উদ্ধৃত্তৰ আন এটা প্রত্যেয়।

১৭। দৰ পৰিবৰ্তনৰ আয় বিপাক আৰু প্ৰতিকল্পন বিপাক পৃথকীকৰণ পদ্ধতিৰ হিক্সৰ পদ্ধতিটো ব্যাখ্যা কৰা।

উত্তৰঃ দৰ প্রভাৱ হৈছে প্রতিকল্পন প্রভাৱ আয় প্রভাৱৰ সমষ্টি। কাৰণ দৰ-প্রভাৱৰ কাৰণে উপভোক্তাই আন এডাল নিৰপেক্ষ ৰেখাত ভাৰসমতা প্রতিষ্ঠা কৰিবলৈ সক্ষম হয় আৰু ইয়াৰ পৰা উপভোক্তাৰ প্ৰকৃত উপাৰ্জনৰ পৰিৱৰ্তনৰ বিষয়ে অনুমান কৰিব পৰা যায়। উপভাক্তাৰ আর্থিক উপার্জন হ্রাস কৰি প্ৰকৃত উপার্জন অপৰিৱৰ্তিত কৰি ৰাখিবৰ অৰ্থে অর্থনীতিবিদ জে. আৰ. হিক্সে এটা পদ্ধতি অৱলম্বন কৰিছে। এই পদ্ধতি উপভোক্তাৰ দৃষ্টিকোণৰ পৰা জটিল হ’লেও সজ্ঞাৰ দৃষ্টিকোণৰ পৰা উন্নত। এইজনা অর্থনীতিবিদৰ মতে দৰ-প্রভাৱৰ ফলত উপভোক্তাৰ যি প্রকৃত উপার্জন বৃদ্ধি পাইছে তাক হ্রাস কৰি পূৰ্বৰ প্ৰকৃত উপাৰ্জনৰ অৱস্থালৈ ঘূৰাই আনিবৰ কাৰণে তেওঁৰ আৰ্থিক উপার্জন এনে পৰিমাণে হ্রাস কৰিব লাগিব যাতে তেওঁৰ মূল নিৰপেক্ষ ৰেখাডালত অৱস্থান কৰিবলগীয়া হয়। তলত এটা চিত্রত হিক্সৰ পদ্ধতিৰ সহায়ত এটা স্বাভাবিক দ্ৰৱ্যৰ দৰ-প্রভাৱৰ পৃথকীকৰণ কৰা হৈছে-

চিত্ৰত প্রতিনিধিত্ব কৰা X আৰু Y দুয়োটা দ্রৱ্যই হৈছে স্বাভাৱিক দ্রৱ্য আৰু দ্রৱ্য দুটা হৈছে এটা আনটোৰ প্রতিকল্পন। চিত্র অনুসৰি উপভোক্তাজনে দ্রৱ্য দুটাৰ মূল দৰ ৰেখা AB ৰ ভিত্তিত 1C₁ ৰেখাৰ Q₁ বিন্দুত ভাৰসমতা স্থাপন কৰিছে। এতিয়া X দ্ৰৱ্যটোৰ দৰ হ্রাস পাইছে আৰু Y দ্ৰৱ্যৰ দৰ অপৰিৱৰ্তিত হৈ থকাৰ কাৰণে নতুন দৰ ৰেখা হৈছে AB₁ আৰু উক্ত দৰ ৰেখাৰ ভিত্তিত তেওঁ 1C₂ ৰেখাৰ Q₃ বিন্দুত নতুন ভাৰসমতা স্থাপন কৰিছে। অৰ্থাৎ X দ্রৱ্যটোৰ মূল্য হ্রাস হোৱাৰ ফলত ইয়াৰ চাহিদা X₁ X₂ পৰিমাণে বৃদ্ধি পাইছে। হিক্সৰ পদ্ধতিৰ সহায়ত দৰ-প্ৰভাৱ পৃথকীকৰণৰ অৰ্থে নতুন দৰ ৰেখা AB₁ ৰ সমান্তৰালকৈ আৰু 1C₁ ৰেখাক স্পর্শ কৰাকৈ LL দৰ ৰেখা অংকণ কৰা হৈছে। অর্থাৎ হিক্সৰ পদ্ধতি অনুসৰি উপভোক্তাক পুনৰ তেওঁ মূল নিৰপেক্ষ ৰেখা বা পূৰ্বৰ অৱস্থালৈ ঘূৰাই আনিবৰ অৰ্থে তেওঁৰ উপার্জন AL পৰিমাণে হ্রাস কৰা হৈছে। LL দৰ ৰেখাই 1C₁ ৰেখাক Q₁ বিন্দুৰ পৰিৱৰ্তে Q₂ বিন্দুত স্পর্শ কৰিছে। গতিকে উপভোক্তাজনে Q₁ ৰ পৰা Q₂ লৈ কৰা গতি প্রতিকল্পন প্রভাৱৰ অন্তর্ভুক্ত। অর্থাৎ নিওর্চ দৰ প্রভাৱ X₁ X₂ ভিতৰত X₁ X₃ হৈছে প্রতিকল্পন বিপাক আৰু বাকী X₃ X₂ হৈছে আয় প্রভাৱ।

১৮। প্রতিকল্পনৰ প্রান্তিক হাৰৰ বিধি ব্যাখ্যা কৰা।

উত্তৰঃ প্রতিকল্পন প্রান্তিক হাৰৰ সূত্রটোৱেই হৈছে নিৰপেক্ষ ৰেখাৰ সহায়ত উপভাক্তাৰ আচৰণবিধি ব্যাখ্যা কৰাৰ মূল ভেটি। যি হাৰত এজন উপভোক্তাই এটা দ্ৰৱ্যৰ পৰিৱর্তে আন এটা দ্ৰৱ্যৰ ব্যৱহাৰ কৰি সম-পৰিমাণৰ সন্তুষ্টি লাভ কৰিবলৈ সমর্থ হয় তাকেই প্রতিকল্পনৰ প্রান্তিক হাৰ বুলি কোৱা হয়। আনকথাত ক’বলৈ হ’লে দুটা দ্ৰৱ্যৰ প্রান্তিক গোটৰ উপভোগৰ ক্ষেত্ৰত বিনিময়ৰ অনুপাতেই হৈছে প্রতিকল্পনৰ প্রান্তিক হাৰ। এনে প্রতিকল্পনৰ প্রান্তিক হাৰৰ দুটা দ্ৰৱ্যৰ এজন উপভোক্তাৰ কাৰণে উপযোগিতাৰ যি অনুপাত, সেয়াই হৈছে প্রতিকল্পনৰ প্রান্তিক হাৰ।

সকলো স্বাভাবিক দ্ৰৱ্যৰ উপভোগৰ ক্ষেত্ৰতেই দেখা যায় যে, যেতিয়া এজন উপভোক্তাই এনে দুটা দ্ৰৱ্যৰ এটাৰ পৰিৱৰ্তে আনটো বেছিকৈ ব্যৱহাৰ কৰে, তেতিয়া সিহঁতৰ প্ৰতিকল্পনৰ প্রান্তিক হাৰ ক্রমান্বয়ে কমি আহে। সেই কাৰণেই প্রতিকল্পন হাৰৰ বিধিটোক ক্রমহ্রাসমান প্রতিকল্পনৰ প্রান্তিক বিধি আখ্যা দিয়া হয়। তলৰ তালিকাৰ সহায়ত প্রতিকল্পনৰ প্রান্তিক হাৰৰ বিধিটো ব্যাখ্যা কৰা হ’ল-

দ্রৱ্যৰ গোটকলআপেলপ্রতিকল্পনৰ প্রান্তিক হাৰ
প্রথম২০
দ্বিতীয়১৫১ টা আপেলঃ ৫ টা আপেল
তৃতীয়১১১ টা আপেলঃ ৪ টা আপেল
চতুর্থ১ টা আপেলঃ ৩ টা আপেল
পঞ্চম১ টা আপেলঃ ২ টা আপেল

ওপৰৰ তালিকাত এজন উপভোক্তাই কলৰ উপভোগৰ পৰিমাণ কমাই আপেলৰ উপভোগ বৃদ্ধি কৰাৰ বিষয়ে নির্দেশ দিছে। তালিকাৰ পৰা এইটো স্পষ্টভাৱে দেখা গৈছে যে উপভোক্তাজনে যেতিয়া কলৰ পৰিমাণ হ্রাস কৰি আপেলৰ উপভোগৰ পৰিমাণ বৃদ্ধি কৰিছে, তেতিয়া দ্রৱ্য দুটাৰ প্রতিকল্পনৰ প্রান্তিক হাৰ ক্রমান্বয়ে কমি আহিছে। উদাহৰণস্বৰূপে উপভোক্তাজনে প্রথমতে ৫ টা কলৰ পৰিৱর্তে ১ টা আপেল উপভোগ কৰিছিল। কিন্তু তৃতীয়, চতুর্থ আৰু পঞ্চম গোটৰ আপেল আৰু কলৰ উপভোগৰ পৰিমাণৰ পৰা এইটো স্পষ্ট হৈ পৰিছে প্রতিটো অতিৰিক্ত আপেলৰ উপভোগৰ পৰিৱর্তে তেওঁ ক্রমান্বয়ে কম পৰিমাণৰ কলৰ উপভোগ ত্যাগ কৰিছে। কল আৰু আপেলৰ অনুপাতৰ এনে গতিকে স্পষ্ট কৰি দিছে যে, উপভোক্তাজনে কলৰ পৰিৱৰ্তে আপেলৰ উপভোগ বৃদ্ধি কৰাৰ লগে লগে আপেলৰ উপযোগিতা কলৰ তুলনাত অধিক বৰত হ্রাস পাইছে। দ্রৱ্য দুটাৰ ব্যৱহাৰৰ ক্ষেত্ৰত বিনিময়ৰ অনুপাতৰ হ্রাস হোৱাটো পৰিলক্ষিত হৈছে আৰু ব্যৱহাৰৰ এনে বিনিময়ৰ অনুপাতে ক্রমহ্রাসমান প্রতিকল্পনৰ প্রান্তিক হাৰৰ বিধিৰ প্ৰয়োগৰ নিৰ্দেশ দিছে। নিৰপেক্ষ ৰেখাৰ আকৃতিৰ পৰা দুটা দ্ৰৱ্যৰ প্রান্তিক প্রতিকল্পনৰ বিষয়ে সহজে অনুমান কৰিব পৰা যায়। তলৰ চিত্ৰৰ সহায়ত দেখুওৱা হ’ল- 

চিত্ৰৰ নিৰপেক্ষ ৰেখাৰ আকৃতিয়ে X আৰু Y দ্ৰৱ্যৰ ক্ৰমহাসমান প্রান্তিক প্রতিকল্পনাৰ বিষয়ে নির্দেশ দিছে। চিত্ৰৰ 1C ৰেখাই প্রতিনিধিত্ব কৰা X আৰু Y দ্ৰৱ্যৰ বিভিন্ন গোটৰ পৰা এজন উপভোক্তাই সম-পৰিমাণৰ সন্তুষ্টি লাভ কৰিছে। উদাহৰণস্বৰূপে যদি নিৰপেক্ষ ৰেখাডালৰ A বিন্দুৱে প্রতিনিধিত্ব কৰা X আৰু Y দ্ৰৱ্যৰ গোটটোৰ পৰিৱৰ্তে উপভোক্তাজনে B বিন্দুৱে প্রতিনিধিত্ব কৰা গোটটো উপভোগ কৰে তেতিয়া তেওঁৰ মুঠ সন্তুষ্টি অপৰিৱর্তিত থাকে। অর্থাৎ Y দ্ৰৱ্যৰ উপভোগ AN পৰিমাণে হ্রাস কৰাৰ ফলত উপভোক্তাৰ যি পৰিমাণৰ সন্তুষ্টি হ্রাস হৈছে সেই পৰিমাণৰ সন্তুষ্টি X দ্ৰৱ্যৰ BN পৰিমাণৰ উপভোগৰ দ্বাৰা পূৰণ হৈছে। যদি Y দ্ৰৱ্যৰ সামান্য পৰিবৰ্তনৰ পৰিমাণ AN ক ∆Y আৰু X দ্রৱ্যৰ সামান্য পৰিৱৰ্তন BN ক ∆X হিচাপে চিহ্নিত কৰা হয়, তেতিয়া Y ৰ পৰিৱৰ্তে X দ্ৰৱ্যৰ প্ৰতিকল্পনৰ প্রান্তিক হাৰ হ’ব (MRSXY) = AN/NB = ΔY/ΔX। উৎসৰফালে উত্তল আৰু নেতিবাচক ঢালৰ নিৰপেক্ষ ৰেখাৰ পৰা দুটা দ্ৰৱ্যৰ উপভোগৰ ক্ষেত্ৰত প্রযোজ্য হোৱা প্ৰতিকল্পনৰ ক্রমহ্রাসমান প্রান্তিক হাৰ বিধি প্রয়োগৰ বিষয়ে সহজে অনুমান কৰিব পৰা যায়।

১৯। সংখ্যাবাচক উপযোগিতাৰ বিশ্লেষণ পদ্ধতিৰে উপভোক্তাৰ ভাৰসমতা ব্যাখ্যা কৰা। 

উত্তৰঃ বার্ণলীৰ সম্ভাৱ্য উপযোগিতাৰ বিশ্লেষণৰ সহায়ত ভন নিউমেন আৰু মৰগেনস্তাৰ্ণে এখন উপযোগিতা অনুসূচী গঠন কৰিছে। উক্ত উপযোগিতাৰ অনুসূচীৰ সহায়ত অনিশ্চয়তাৰ অৱস্থাৰ ফলাফলৰ বিষয়ে উপভোক্তাই অনুমান কৰিব পাৰে। সংখ্যাবাচক উপযোগিতাৰ বিশ্লেষণ নামেৰে পৰিচিত তেখেতসকলৰ উপযোগিতা সূচকৰ প্রধান চর্ত কেইটা হৈছে সম্পূর্ণ অগ্রাধিকাৰ ব্যৱস্থা, চলনশীলতাৰ চৰ্ত, অসম সম্ভাৱনীয়তাৰ স্বীকার্য ইত্যাদি। এই অভিধাৰণাৰ ভিত্তিত নিউমেন আৰু মৰগেনস্তার্ণে তেওঁলোকৰ উপযোগিতাৰ অনুসূচী গঠন কৰিছে। উপযোগিতাৰ সংখ্যাবাচক নির্ধাৰণৰ পদ্ধতিৰ সহায়ত গঠন কৰা অনুসূচী এটা উদাহৰণৰ সহায়ত ব্যাখ্যা কৰা হ’ল- ধৰা হ’ল A, B আৰু C এই তিনিটা ঘটনাৰ সম্পৰ্কত এজন ব্যক্তিৰ অগ্রাধিকাৰ নিৰ্ণয় কৰিবলগীয়া হৈছে। আকৌ ধৰা হ’ল A আৰু Cৰ ফলাফল সম্পৰ্কত অনিশ্চয়তাই বিৰাজ কৰিছে। যদি A ৰ সম্ভাৱনীয়তা P বুলি ধৰা হয় আৰু C ৰ সম্ভাৱনীয়তা। -P বুলি ধৰা হয় তেতিয়া সিহঁত দুয়োটাৰ পৰা আশা কৰা উপযোগিতাৰ পৰিমাণ হ’ব PUA + (1-P)UC ইয়াত UA আৰু UC য়ে যথাক্রমে A আৰু C ৰ পৰা আশা কৰা উপযোগিতাৰ প্ৰতিনিধিত্ব কৰিছে। এতিয়া ধৰা হ’ল B ঘটনাৰ উপযোগিতা UB ৰ ক্ষেত্ৰত উপভোক্তা নিশ্চিত হৈ আছে। এনে অৱস্থাত যদি A আৰু C ৰ সম্ভাৱ্য উপযোগিতা আৰু B ৰ উপযোগিতা তুলনা হয় তেতিয়া সিহঁতৰ সম্ভাৱনীয়তা হ’ব UB > < PUA + (1-P) UC। যদি UB > P (UA) + (1-P) UC হয়, তেতিয়া B নিশ্চিতভাৱে অধিক গ্রহণযোগ্য হ’ব। যদি UB <P (UA) + (1-P) UC হয়, তেতিয়া B ক সহজেই প্রত্যখ্যান কৰিব পৰা যায়। যদি UB = P(UA)+ (1 – P) UC হয় তেতিয়া উপভোক্তাইনিৰপেক্ষতা অৱলম্বন কৰিব। এনে অৱস্থাত সম্ভাৱনীয়তাৰ স্তৰ ‘P’ হ’ব B ৰ পৰা লাভ কৰা নিশ্চিত উপযোগিতা আৰু A আৰু C ৰ অনিশ্চয়তাৰ মাজত উপভোক্তাৰ নিৰপেক্ষতা। এনেভাৱে আমি UB, UB, UC ইত্যাদি সকলোৰে সংখ্যাবাচক উপযোগিতা নিৰ্ণয় কৰিব পাৰো আৰু ইয়াৰ ভিত্তিত এখন পূৰ্ণাংগ উপযোগিতাৰ অনুসূচী গঠন কৰিব পৰা যায়। এনে উপযোগিতাৰ অনুসূচীৰ উপযোগিতাৰ নির্বাচন বা অগ্ৰাধিকাৰৰ বিষয়ে অনুমান কৰিব পৰা যায় ৷

২০। সংখ্যাবাচক উপযোগিতাৰ বিশ্লেষণৰ প্ৰধান চর্ত কেইটা উল্লেখ কৰা।

উত্তৰঃ সংখ্যাবাচক উপযোগিতা বিশ্লেষণ সূচকৰ প্রধান চর্ত কেইটা তলত উল্লেখ কৰা হ’ল-

(ক) সম্পূর্ণ অগ্রাধিকাৰ ব্যৱস্থাঃ উপভোক্তাৰ অগ্রাধিকাৰ ব্যৱস্থা পূর্ণাংগ। অর্থাৎ উপভোক্তাৰ অগ্রাধিকাৰৰ ক্ষেত্ৰত সংক্রমণশীলতা চর্তটো প্রযোজ্য হয়। এইটো চর্ত অনুসৰি তিনিটা বিকল্প ব্যৱস্থা A, B আৰু C ৰ ভিতৰত উপভোক্তা এজনে যদি B তকৈ A ৰ ওপৰত অধিক অগ্রাধিকাৰ আৰু C ত কৈ B ৰ ওপৰত অধিক অগ্রাধিকাৰ প্ৰদান কৰে তেতিয়া আমি ক’ব পাৰো যে তেওঁ C তকৈ A ৰ ওপৰত অধিক অগ্রাধিকাৰ দিছে।

(খ) চলনশীলতাৰ চৰ্তঃ নিউমেনৰ উপযোগিতা বিশ্লেষণৰ দ্বিতীয় গুৰুত্বপূর্ণ অভিধাৰণা হৈছে চলনশীলতা। অর্থাৎ A, B তকৈ অধিক আৰু B, C তকৈ অধিক গ্রহণযোগ্য হয় তেতিয়া চলনশীলতাৰ অভিধাৰণ অনুসৰি সম্ভাৱনীয়তা P, O<P<1 এনেকুৱা হয় যে B ৰ নিশ্চিত ফলাফল আৰু A আৰু C ৰ সম্ভাৱনীয়তা যথাক্রমে P আৰু 1-P হোৱাৰ অৱস্থাত সিহঁতৰ সম্ভাৱ্য মূল্যৰ সম্পৰ্কে উপভোক্তাই নিৰপেক্ষতা অৱলম্বন কৰে।

(গ) স্বতন্ত্রতাৰ স্বীকার্যঃ এইটো চর্ত অনুসৰি এটা লটাৰীৰ টিকট অথবা বিনিয়োগৰ প্রস্তাৱৰ ফলাফল A আৰু C হয় আৰু সিহঁতৰ সম্ভাৱনীয়তা যথাক্রমে P আৰু 1-P হয় আৰু আন এটা ফলাফল B আৰু C ৰ সম্ভাৱনীয়তা P আৰু 1-P হয় তেতিয়া উপভোক্তাই লটাৰী টিকট আৰু বিনিয়োগৰ পৰিকল্পনা নিৰ্বাচনৰ ক্ষেত্ৰত নিৰপেক্ষতা অৱলম্বন কৰে।

(ঘ) অসম সম্ভাৱনীয়তাৰ স্বীকার্য়ঃ এইটো স্বীকার্য অনুসৰি আন বিষয়সমূহ অপৰিৱর্তিত থকাৰ অৱস্থাত আমি সদায় উক্ত বিনিয়োগৰ সুবিধাত অধিক অগ্রাধিকাৰ দিম যিটোৰ ক্ষেত্ৰত অনুকুল ফলাফলৰ সম্ভাৱনা অধিক অর্থাৎ যিটোৰ পৰা সন্তুষ্টি বা উপার্জন অধিক হোৱাৰ আশা কৰা হয় তাৰ ওপৰতেই উপভোক্তাই অধিক অগ্রাধিকাৰ দিয়ে।

(ঙ) মিশ্রিত সম্ভাৱনীয়তাৰ স্বীকার্যঃ এইটো স্বীকার্য অনুসৰি এজন ব্যক্তিক যদি এটা লটাৰী টিকট দিয়া হয় আৰু উক্ত টিকটৰ পুৰস্কাৰ হিচাপে তেওঁ আন লটাৰীৰ টিকট পাব বুলি কোৱা হয় তেতিয়া উক্ত লটাৰী টিকটসমূহ লাভ কৰিবনে নকৰে সেইটো নির্ধাৰণৰ অৰ্থে তেওঁ সম্ভাৱনীয়তাৰ সকলো জোখ-মাখ প্রয়োগ কৰিব পাৰিব।

২১। নিৰপেক্ষ ৰেখাৰ ধাৰণাটো উপযোগিতা বিশ্লেষণৰ ধাৰণাতকৈ উন্নত নে? কাৰণ দর্শোবা।

উত্তৰঃ নিৰপেক্ষ ৰেখাৰ বিশ্লেষণ পদ্ধতি, নীতি নিয়ম সংখ্যাবাচক উপযোগিতা বিশ্লেষণৰ পৰা আহৰণ কৰা হৈছে। এই নতুন পদ্ধতিৰ পৃষ্টপোষকসকলে এইটো স্পষ্টভাৱে উল্লেখ কৰিছে যে মাছালৰ উপভোক্তাৰ চাহিদাৰ সূত্ৰৰ তুলনাত নিৰপেক্ষ ৰেখাৰ সহায়ত ব্যাখ্যা কৰা চাহিদা সূত্র নিম্নতম কিন্তু অধিক বাস্তৱসন্মত অভিধাৰণাৰ ভিত্তিত গঠন কৰা হৈছে।

নিৰপেক্ষ ৰেখা বিশ্লেষণ পদ্ধতিটো মাৰ্ছালৰ উপযোগিতাৰ সংখ্যাবাচক নির্ধাৰণ পদ্ধতিৰ পৰিৱর্তে অগ্রাধিকাৰ ভিত্তিত উপযোগিতা নির্ধাৰণ পদ্ধতি ব্যৱহাৰ কৰা হৈছে। এই ব্যৱস্থা অনুসৰি এটা দ্ৰৱ্যৰ পৰা এজন উপভোক্তাই লাভ কৰা সন্তুষ্টি মুদ্রাৰ মানত নির্ধাৰণ কৰাটো সম্ভৱপৰ নহয়, কিন্তু তেওঁ বিভিন্ন দ্রৱ্যৰ ওপৰত দিয়া অগ্রাধিকাৰ ভিত্তিত কোনটো দ্ৰৱ্যৰ পৰা অধিক উপযোগিতা লাভ কৰিছে সেইটো অনুমান কৰাটো কঠিন নহয়। অগ্রাধিকাৰৰ ভিত্তিত উপযোগিতা নির্ধাৰণৰ পদ্ধতি অধিক বাস্তৱসম্মত। কাৰণ এজন উপভোক্তাই বিভিন্ন দ্ৰৱ্যৰ পৰা কি পৰিমাণে উপযোগিতা পাব সেই বিষয়ে মুদ্রাৰ মানত নির্ধাৰণ কৰিব নোৱাৰে, কিন্তু উপভোগ কৰিব বিচৰা কোনটো দ্রৱ্যৰ পৰা অধিক কোনটোৰ পৰা কম আৰু কোনবিধৰ পৰা সম-পৰিমাণৰ উপযোগিতা লাভ কৰিব সেই বিষয়ে অনুমান কৰাটো কঠিন নহয়।

মাৰ্ছালৰ উপযোগিতাৰ বিশ্লেষণত এটা দ্ৰৱ্যৰ চাহিদা স্বতন্ত্র বুলি ধাৰণা কৰা হৈছিল। কিন্তু এই ধাৰণা বাস্তৱসন্মত নহয়। কাৰণ এজন উপভোক্তাৰ একে সময়তে এটাতকৈ অধিক দ্রৱ্যৰ প্রতি চাহিদা অনুভব হয় আৰু এটা দ্রৱ্যৰ চাহিদাৰ পৰিমাণ আনটো দ্ৰৱ্যৰ চাহিদাৰ ওপৰত নির্ভৰশীল হয়। নিৰপেক্ষ ৰেখাৰ বিশ্লেষণত বিভিন্ন দ্ৰৱ্যৰ চাহিদাৰ এনে সম্পৰ্কৰ প্রতি লক্ষ্য ৰাখিয়েই দুটা দ্ৰৱ্যৰ চাহিদাৰ বিষয়টো অৱতাৰণা কৰা হৈছে। অর্থাৎ এজন উপভোক্তাই একে সময়তে এটাতকৈ অধিক দ্ৰৱ্যৰ প্রতি প্রয়োজন অনুভৱ কৰে- এই অভিধাৰণাৰ ভিত্তিতেই নিৰপেক্ষ ৰেখাৰ বিশ্লেষণ আগবঢ়োৱা হৈছে।

আকৌ নিৰপেক্ষ ৰেখা বিশ্লেষণ দুর্বল অগ্রাধিকাবৰ ধাৰণাৰ ভিত্তিত গঠন কৰা হৈছে। কাৰণ এই বিশ্লেষণ অনুসৰি এজন উপভোক্তাই দুটা দ্ৰৱ্যৰ উপযোগিতাৰ পৰিমাণৰ ক্ষেত্ৰত নিৰপেক্ষতাও অৱলম্বন কৰিব পাৰে। ইয়াৰ বিপৰীতে মাৰ্ছালৰ উপযোগিতাৰ বিশ্লেষণ সবল অগ্রাধিকাৰৰ ধাৰণাৰ ভিত্তিত গঠিত। কাৰণ দ্ৰৱ্যৰ উপযোগিতা সংখ্যাৰ মাজত নির্ধাৰণ কৰি এটা দ্ৰৱ্যৰ কোনটো গোটে অধিক সন্তুষ্টি প্রদান কৰিব সেইটো স্পষ্টকৈ দেখুওৱা হৈছে।

২২। নিৰপেক্ষ ৰেখা সোঁফাললৈ নিম্নগামী হোৱাৰ কাৰণ চিত্ৰৰ সহায়ত ব্যাখ্যা কৰা।

উত্তৰঃ সকলো নিৰপেক্ষ ৰেখাই বাওঁফালৰ পৰা সোঁফাললৈ নিম্নগামী হয়। নিৰপেক্ষ ৰেখাৰ এনে ঢালে, ই প্রতিনিধিত্ব কৰা দ্রৱ্য দুটাৰ উপযোগিতা যে ইতিবাচক সেই বিষয়ে ইংগিত প্রদান কৰে। দুটা দ্রৱ্যৰ বিভিন্ন গোটৰ পৰা সম-পৰিমাণৰ উপযোগিতা পাবলৈ হ’লে এটা দ্ৰৱ্যৰ উপভোগৰ পৰিমাণ হ্রাস কৰিলে আনটোৰ উপভোগৰ পৰিমাণ হ্রাস কৰিব লাগিব। এই বিষয়েই নিম্ন গামী নিৰপেক্ষ বেখাই ইংগিত দিয়ে। তলত চিত্ৰৰ সহায়ত ব্যাখ্যা কৰা হ’ল- 

চিত্রত (ক) 1C₁ ৰেখাই প্রতিনিধিত্ব কৰা X আৰু Y দ্ৰৱ্যৰ বিভিন্ন গোটে উপভোক্তাৰ কাৰণে সমপৰিমাণৰ উপযোগিতাৰ ইংগিত দিছে। চিত্রত দেখুওৱা অনুসৰি সমপৰিমাণৰ উপযোগিতা পাবৰ অৰ্থে উপভোক্তাই Y দ্ৰৱ্যৰ উপভোগ হ্রাস কৰিলে X দ্ৰৱ্যৰ উপভোগ বৃদ্ধি কৰিব লাগিব। অর্থাৎ Y দ্ৰৱ্যৰ উপভোগ হ্রাস কৰাৰ কাৰণে যিখিনি সন্তুষ্টি হ্রাস হৈছে তাক X দ্ৰৱ্যৰ উপভোগৰ পৰিমাণ বৃদ্ধিৰ জৰিয়তে পূৰণ কৰিব লাগিব।

ওপৰৰ চিত্ৰত (ক) দেখুওৱাৰ দৰে OX বাহুৰ সমান্তৰাল হ’ব নোৱাৰে অথবা (গ) চিত্রত দেখুওৱাৰ দৰে ক্রমান্বয়ে বাওঁফালৰ তলৰ পৰা সোঁফালৰ ওপৰ দিশলৈ গতি কৰিব নোৱাৰে। যদি নিৰপেক্ষ ৰেখা OX বাহুৰ সমান্তৰাল হয় তেতিয়া নিৰপেক্ষ ৰেখাই এইটো ইংগিত দিয়ে যে ক্রমান্বয়ে উপভোগ বৃদ্ধি কৰা X দ্রৱ্যটোৰ উপযোগিতা উপভোক্তাৰ কাৰণে নেতিবাচক। কাৰণ, এই ক্ষেত্রত Y দ্ৰৱ্যৰ উপভোগৰ পৰিমাণ অপৰিৱৰ্তিত ৰাখি X দ্ৰৱ্যৰ উপভোগৰ পৰিমাণ বৃদ্ধি কৰা সত্বেও উপভোক্তাৰ মুঠ সন্তুষ্টি অপৰিৱৰ্তিত হৈ আছে। নিৰপেক্ষ ৰেখা যদি OX বাহুৰ লম্বমান হয় তেতিয়াই Y দ্রৱ্যৰ নেতিবাচক উপযোগিতাৰ স্বাক্ষৰ বহন কৰে। কাৰণ, এই ক্ষেত্ৰত X দ্ৰৱ্যৰ উপভোগৰ পৰিমাণ অপৰিৱৰ্তিত থকাৰ অৱস্থাত Y দ্ৰৱ্যৰ উপভোগৰ পৰিমাণ বৃদ্ধি কৰা সত্বেও উপভোক্তাৰ মুঠ উপযোগিতাৰ পৰিমাণৰ পৰিৱৰ্তন নহয়। নিৰপেক্ষ ৰেখা যদি (গ) চিত্ৰত দেখুওৱাৰ দৰে সোঁফালৰ ওপৰলৈ গতি কৰে তেতিয়া এই ৰেখাই প্রতিনিধিত্ব কৰা দুয়োটা দ্ৰৱ্যৰ অতিৰিক্ত গোটৰ পৰা যে উপভোক্তাই নেতিবাচক সন্তুষ্টি লাভ কৰে সেই বিষয়ে অনুমান কৰিব পাৰি। কাৰণ দুয়োটা দ্ৰৱ্যৰ উপভোগৰ পৰিমাণ উপভোক্তাই বৃদ্ধি কৰা সত্বেও যেতিয়া মুঠ সন্তুষ্টি বৃদ্ধি নহয় তেতিয়া দুয়োটা দ্ৰৱ্যৰ উপযোগিতা নেতিবাচক বুলি ধৰা হয়।

২৩। নিৰপেক্ষ ৰেখাসমূহ কেন্দ্ৰৰ প্ৰতি উত্তল হোৱাৰ কাৰণ কি?

উত্তৰঃ সকলো নিৰপেক্ষ ৰেখা সিহতৰ কেন্দ্ৰৰ প্রতি উত্তল। অর্থাৎ নিৰপেক্ষ ৰেখা ইয়াব উৎসৰফালে ঘেৰখোৱা। নিৰপেক্ষ ৰেখাৰ বাওঁফালৰ অংশটো সাধাৰণতে থিয় আৰু সোঁফালৰ দিশটো আপেক্ষিকভাৱে বহল হয়। এই ৰেখাৰ এনে আকৃতিৰ কাৰণ হৈছে উপভোগৰ ক্ষেত্ৰত প্রয়োগ হোৱা প্ৰতিকল্পনৰ ক্রমহ্রাসমান প্রান্তিক হাৰ বিধি। হিক্স, এলেন আদি অর্থনীতিবিদসকলে মাৰ্ছালৰ ক্রমহ্রাসমান উপযোগিতাৰ বিধিটো ত্রুটিপূর্ণ বুলি মন্তব্য কৰিছে আৰু উপভোক্তাৰ আচৰণ বিধি ব্যাখ্যা কৰিবৰ কাৰণে এই নতুন বিধিটোৰ অৱতাৰণা কৰিছে।

এই বিধি অনুসৰি যেতিয়া সমপৰিমাণৰ সন্তুষ্টি লাভ কৰিবৰ অৰ্থে এজন উপভোক্তাই এটা দ্ৰৱ্যৰ পৰিবর্তে আনটো দ্রৱ্য অধিক পৰিমাণে ব্যৱহাৰ কৰে, তেতিয়া ক্রমান্বয়ে সিহঁতৰ প্রতিকল্পনৰ হাৰ কমি আহে। ওপৰৰ চিত্ৰৰ পৰা এই কথা সহজেই বুজা যায় যে উপভোক্তাই যি পৰিমাণে Y দ্ৰৱ্যৰ উপভোগ কমাইছে অধিক তাৰ সম পৰিমাণে, X দ্ৰৱ্যৰ উপভোগ বৃদ্ধি কৰা নই। Y দ্ৰৱ্যৰ উপভোগ যি পৰিমাণে হ্রাস কৰিছে তাতকৈ অধিক পৰিমাণে X ৰ উপভোগ বৃদ্ধি কৰিছে। এয়েই হৈছে প্রতিকল্পনৰ ক্রমহ্রাসমান প্রান্তিক হাৰ বিধিৰ মূলকথা আৰু এই বিধি প্রয়োগৰ কাৰণেই নিৰপেক্ষ ৰেখা ইয়াৰ উৎপত্তি স্থলৰফালে ঘেৰ খোৱা হয়।

২৪। উপভোক্তাৰ ভাৰসমতা সমপ্রান্তিক উপযোগিতাৰ বিধিৰ সহায়ত ব্যাখ্যা কৰা।

উত্তৰঃ উপভোক্তাৰ ভাৰসমতাৰ বিধিটোৰ ব্যাখ্যা প্ৰথমতে অষ্ট্ৰীয়াৰ অর্থনীতিবিদ এইচ. এইচ. গচেন (H. H. Gosen) এ প্রদান কৰিছিল। উপভোক্তাৰ ভাৰসমতাৰ বিশ্লেষণ কেইটামান অনুমতি স্বীকাৰ্যৰ ভিত্তিত গঠন কৰা হৈছে। এই স্বীকার্য কেইটা হৈছে-

(ক) দ্রৱ্য উপভোগৰ ক্ষেত্ৰত উপভোক্তাই বিবেচক ব্যক্তিৰ দৰে আচৰণ কৰে। অর্থাৎ দ্রৱ্য উপভোগৰ জৰিয়তে সর্বাধিক পৰিতৃপ্তি তেওঁৰ দৃশ্য।

(খ) উপভোক্তাই এটা বা ততোধিক দ্ৰৱ্যৰ ওপৰত ব্যয় কৰিব খোজা উপাৰ্জনৰ পৰিমাণ সীমিত।

(গ) উপভোগ কৰিব বিচৰা দ্রৱ্যটো বা দ্রৱ্যকেইটাৰ দৰ অপৰিৱৰ্তিত হৈ থাকে।

(ঘ) উপভোগ কৰিব খোজা দ্ৰৱ্যৰ উপযোগিতা স্বতন্ত্র আৰু এনে দ্ৰৱ্যৰ উপভোগৰ ক্ষেত্ৰত ক্রমহ্রাসমান উপযোগিতা বিধি প্রযোজ্য।

(ঙ) দ্ৰৱ্যৰ উপযোগিতা সংখ্যাৰ মানত নির্ধাৰণ কৰিব পৰা যায়।

(চ) উপভোগৰ কাৰণে দ্রৱ্য ক্রয় কৰাৰ সময়ত মুদ্রাৰ প্রান্তিক উপযোগিতা অপৰিৱৰ্তিত হৈ থাকে।

উপৰোক্ত অনুমতি স্বীকাৰ্যৰ ভিত্তিত এটা দ্ৰৱ্যৰ উপভোগৰ ক্ষেত্ৰত উপভোক্তাৰ ভাৰসমতা অথবা সর্বাধিক পৰিতৃপ্তিৰ অৱস্থা প্রাপ্তিৰ কাৰণে উপভোক্তাজনে দ্রৱ্যটো সেইটো গোট পর্যন্ত উপভোগ কৰিব যিটোত ইয়াৰ প্রান্তিক উপযোগিতা বজাৰ দৰৰ সমান হয়। এই দ্ৰৱ্যৰ উপভোগৰ ক্ষেত্ৰত উপভোক্তাৰ ভাৰসমতাৰ ক্ষেত্ৰত প্রযোজ্য সমীকৰণটো হৈছে-

MUX = Px MUM

ইয়াত, MU = প্রান্তিক উপযোগিতা।

X = উপভোগ কৰা দ্ৰৱ্যটো।

PX = উপভোগ কৰা দ্ৰৱ্যটোৰ দৰ।

MUM = দ্ৰৱ্যটো ক্ৰয় কৰিবৰ অৰ্থে ব্যৱহাৰ কৰা মুদ্ৰাৰ প্ৰান্তিক উপযোগিতা।

উপৰোক্ত সমীকৰণটোৱে এইটোৱেই নির্দেশ দিছে যে ভাৰসাম্য অৱস্থাত এটা দ্ৰৱ্যৰ প্রান্তিক উপযোগিতা আৰু দৰৰ অনুপাত দ্রৱ্যটো ক্ৰয় কৰিবৰ অৰ্থে ব্যৱহাৰ কৰা মুদ্রাৰ প্ৰান্তিক উপযোগিতাৰ সমান হ’ব লাগিব।

সমপ্রান্তিক উপযোগিতাৰ বিধিঃ বিভিন্ন দ্রৱ্য-সামগ্ৰীৰ উপভোগৰ কাৰণে উপভোক্তাই তেওঁৰ সীমিত উপার্জন বিতৰণ কৰি কেনেকৈ সৰ্বাধিক পৰিতৃপ্তি লাভ কৰিব পাৰে সেই বিষয়ৰ ব্যাখ্যা সম-প্রান্তিক উপযোগিতা বিধিয়েহে প্রদান কৰিছে।

সমপ্রান্তিক উপযোগিতাৰ বিধিটো ক্রমহ্রাসমান প্রান্তিক উপযোগিতা বিধিৰ ভিত্তিত গঠন কৰা হৈছে। বিকল্প ব্যৱহাৰ থকা দ্ৰৱ্যৰ ব্যৱহাৰৰ জৰিয়তে কেনেকৈ সর্বাধিক সন্তুষ্টি লাভ কৰিব পৰা যায় সেই বিষয়ে এই বিধিত ব্যাখ্যা প্রদান কৰা হৈছে।

সম-প্রান্তিক উপযোগিতা বা সর্বাধিক সন্তুষ্টিৰ বিধি অনুসৰি যদি এজন মানুহৰ এনে এটা বস্তু থাকে যিটোক কেইবাটাও ব্যৱহাৰত প্ৰয়োগ কৰিব পাৰি তেতিয়া মানুহজনে বিভিন্ন ব্যৱহাৰৰ মাজত বস্তুটোৰ বিতৰণ এনেদৰে কৰিব যাতে আটাইকেইটা ব্যৱহাৰৰ পৰা সমপৰিমাণৰ সন্তুষ্টি লাভ হয়। বিভিন্ন ব্যৱহাৰ পৰা সম-পৰিমাণৰ প্রান্তিক উপযোগিতা লাভ হ’লে উপভোক্তাজনৰ মুঠ উপযোগিতা সর্বোচ্চ পৰিমাণৰ হয়। যদি কোনো উপভোক্তাই দেখিবলৈ পায় যে প্রথমটো ব্যৱহাৰত দ্রৱ্যটো লগাওঁতে তাৰ পৰা পোৱা উপযোগিতা দ্বিতীয়টোতকৈ কম, তেতিয়া হ’লে তেওঁ দ্বিতীয় ব্যৱহাৰত বস্তুৰ পৰিমাণ বঢ়াব আৰু প্ৰথমটো কমাব। এনেভাৱে দ্রৱ্যটোৰ ব্যৱহাৰৰ পৰিৱৰ্তনৰ জৰিয়তে যেতিয়া উপভোক্তাই দুয়োটাৰ পৰা সমান পৰিমাণৰ প্রান্তিক উপযোগিতা উপভোগ কৰিব তেতিয়াই তেওঁ সর্বোচ্চ সন্তুষ্টি লাভ কৰে। এজন উপভোক্তাই সর্বাধিক উপভোগ লাভ কৰিবৰ অর্থে তেওঁৰ ব্যয় বিভিন্ন দ্ৰৱ্যৰ ওপৰত এনেভাৱে বিতৰণ কৰিব যাতে এটা দ্রৱ্যৰ শেষ এককটোৰ পৰা উপযোগিতা আনটো দ্রৱ্যৰ শেষ এককটোৰ উপযোগিতাৰ সমান হয়। উপযোগিতাৰ এই বিধিটোকেই সম-প্রান্তিক উপযোগিতাৰ বিধি আখ্যা দিয়া হয়। তলত চিত্ৰৰ সহায়ত সম-প্রান্তিক উপযোগিতাৰ বিধিটো ব্যাখ্যা কৰা হৈছে-

চিত্ৰত S – MUₓ ৰেখাৰ উৎস হিচাপে O বিন্দুক ব্যৱহাৰ কৰা হৈছে আৰু এই ৰেখাই X দ্রৱ্যৰ অতিৰিক্ত গোটৰ উপভোগৰ পৰা এজন উপভোক্তাই আহৰণ কৰা প্রান্তিক উপযোগিতাৰ প্রতিনিধিত্ব কৰিছে, T-MUY ৰেখাৰ উৎস হৈছে O₁ আৰু এই ৰেখাই Y দ্ৰৱ্যৰ প্রান্তিক উপযোগিতাৰ প্রতিনিধিত্ব কৰিছে। উপভোক্তাজনে তেওঁৰ সীমিত উপার্জন এই দ্রৱ্য দুটাৰ ওপৰত ব্যয় কৰি সর্বাধিক সন্তুষ্টি আহৰণ কৰিবলৈ হ’লে OM পৰিমাণৰ উপাৰ্জন X দ্রৱ্যটোৰ ওপৰত আৰু বাকী MO₁ পৰিমাণৰ উপাৰ্জন Y দ্ৰৱ্যটোৰ ওপৰত ব্যয় কৰিব। কাৰণ, এই অৱস্থাত দুয়োটা দ্ৰৱ্যৰ প্রান্তিক উপযোগিতা ৰেখাই P বিন্দুত ছেদ কৰাটোৱে এইটো নির্দেশ দিছে যে উপভোক্তাজনে X দ্রৱ্যটোৰ ওপৰত ব্যয় কৰা শেষৰ টকাটোৰ পৰা আহৰণ কৰা প্রান্তিক উপযোগিতা আৰু Y দ্রৱ্যটোৰ ওপৰত ব্যয় কৰা শেষৰ টকাটোৰ পৰা আহৰণ কৰা প্রান্তিক উপযোগিতা সমান হৈছে। সম-প্রান্তিক উপযোগিতা বিধি অনুসৰি উপভোক্তাজনে দুয়োটা দ্ৰৱ্যৰ পৰা আহৰণ কৰা উপযোগিতাৰ মুঠ পৰিমাণ হৈছে OSPTO₁ আৰু এই পৰিমাণৰ উপযোগিতা তেওঁৰ সীমিত উপার্জন OQ₁ ৰ পৰা আহৰণ কৰা সর্বাধিক উপযোগিতা। চিত্ৰত দেখুওৱা অনুসৰি P বিন্দুৰ বাহিৰে আন কোনো অৱস্থাত উপভোক্তাজনে তেওঁৰ সীমিত উপার্জন দুয়োটা দ্ৰৱ্যৰ উপভোগৰ ক্ষেত্ৰত বিতৰণ কৰি সৰ্বাধিক পৰিতৃপ্তি লাভ কৰিব নোৱাৰে। উহাহৰণস্বৰূপে, যদি উপভোক্তাজনে তেওঁৰ সীমিত উপাৰ্জনৰ OM₁ পৰিমাণ X দ্ৰৱ্যত আৰু O₁M₁ পৰিমাণ Y দ্রৱ্যত ব্যয় কৰে তেতিয়া দ্রৱ্য দুটাৰ পৰা আহৰণ কৰা মুঠ উপযোগিতাৰ পৰিমাণ হ’ব OSP₁ QTQ₁। অর্থাৎ পূৰ্বৰ অৱস্থাতকৈ এই ক্ষেত্রত দ্রৱ্য দুটাৰ উপভোগৰ পৰা আহৰণ কৰা মুঠ উপযোগিতা O₁ PQ পৰিমাণ কম হ’ব।

২৫। নিকৃষ্ট দ্ৰৱ্যৰ দৰ-বিপাকৰ পৃথকীকৰণ পদ্ধতিটো ব্যাখ্যা কৰা।

উত্তৰঃ নিকৃষ্ট দ্ৰৱ্যৰ চাহিদা স্বাভাৱিক দ্ৰৱ্যৰ চাহিদা বিধিৰ ব্যতিক্রম। এনে দ্ৰৱ্যৰ মূল্য বৃদ্ধি হ’লে চাহিদা বৃদ্ধি হয় আৰু মূল্য হ্রাস হ’লে চাহিদা হ্রাস হয়। ইয়াৰ প্ৰধান কাৰণ হৈছে নিকৃষ্ট দ্ৰৱ্যৰ আয় প্রভাৱ আৰু প্ৰতিকল্পন বিপৰীতমুখে গতি কৰে। অর্থাৎ যেতিয়া নিকৃষ্ট দ্ৰৱ্যৰ মূল্য হ্রাস হয় তেতিয়া ইয়াৰ ফলত সংঘটিত হোৱা আয়-প্রভাৱে দ্রৱ্যটোৰ প্রতি চাহিদা হ্রাস কৰে আৰু প্রতিকল্পন প্রভাৱে দ্রৱ্যটোৰ প্ৰতি চাহিদা বৃদ্ধি কৰে। অৱশ্যে নিকৃষ্ট দ্রৱ্যৰ নেতিবাচক আয় প্রভাৱতকৈ প্রতিকল্পন প্রভাৱ অধিক শক্তিশালী হয় আৰু সেইকাৰণে নিকৃষ্ট দ্ৰৱ্যৰ মূল্য হ্রাসে ইয়াৰ নিশুট চাহিদা বৃদ্ধি কৰে। তলত চিত্ৰৰ সহায়ত নিকৃষ্ট দ্ৰৱ্যৰ দৰ প্ৰভাৱৰ ফলত সংঘটিত হোৱা আয়- প্রভাৱ আৰু প্রতিকল্পন প্ৰভাৱৰ পৰিমাণৰ বিষয়ে ব্যাখ্যা প্রদান কৰা হ’ল-

চিত্রত OX অক্ষই এটা নিকৃষ্ট দ্রৱ্যৰ আৰু OY অক্ষই এটা স্বাভাৱিক দ্রৱ্যৰ প্রতিনিধিত্ব কৰিছে। AB হৈছে উপভোক্তাৰ মূল বাজেট ৰেখা আৰু উক্ত বাজেট ৰেখাৰ ভিত্তিত তেওঁ 1C₁ ৰেখাৰ E₁ বিন্দুত ভাৰসমতা স্থাপন কৰিছে। এতিয়া নিকৃষ্ট দ্রৱ্যটোৰ দাম হ্রাস হোবাত নতুন বাজেট ৰেখা হৈছে AB₁ আৰু উক্ত বাজেট ৰেখাৰ ভিত্তিত উপভোক্তাজনে 1C₂ ৰেখাৰ E₂ বিন্দুত নতুন ভাৰসমতা স্থাপন কৰিছে। অর্থাৎ নিকৃষ্ট দ্রৱ্যটোৰ মূল্য হ্রাস হোৱাৰ ফলত উপভোক্তাৰ ইয়াৰ প্রতি নিশুট চাহিদা X₁ X₂ পৰিমাণে বৃদ্ধি পাইছে। হিক্সৰ পদ্ধতিৰ ভিত্তিত নিকৃষ্ট দ্রৱ্যটোৰ দৰ-প্রভাৱ পৃথকীকৰণ কৰিলে দেখা যায় যে উপভোক্তাজনে E₁ ভাৰসমতাৰ বিন্দুৰ পৰা E₃ ভাৰসমতা বিন্দুলৈ কৰা গতি হৈছে প্রতিকল্পন প্রভাৱৰ ফল আৰু E₃ ৰ পৰা E₂ লৈ কৰা গতি হৈছে আয় প্রভাৱৰ ফল। আন কথাত ক’বলৈ গ’লে নিকৃষ্ট দ্রৱ্যটোৰ নিশুট চাহিদা বৃদ্ধি X₁ X₂ ৰ ভিতৰত X₁ X₃ হৈছে প্রতিকল্পন প্রভাৱ আৰু X₃ X₂ হৈছে আয় প্রভাৱ। নিকৃষ্ট দ্রৱ্যটোৰ ক্ষেত্ৰত আয় প্রভাৱ আৰু প্রতিকল্পন প্রভাৱ যে বিপৰীত মুখে গতি কৰে সেই বিষয়ে চিত্ৰৰ পৰা এইটো স্পষ্ট হৈছে। কাৰণ X দ্রৱ্যটোৰ মূল্য হ্রাসে ইয়াৰ চাহিদা X₁ X₃ পৰিমাণ বৃদ্ধি কৰিলেও দ্রৱ্যটোৰ মূল্য হ্রাসৰ কাৰণে যি আয় প্রভাৱ সংঘটিত হৈছে উক্ত আয় প্রভাৱে X দ্রৱ্যটোৰ প্রতি চাহিদা X₃ X₂ পৰিমাণে বৃদ্ধি পাইছে। এনে বৃদ্ধিৰ মূল কাৰণ হৈছে আয় প্রভাৱতকৈ প্রতিকল্পন প্রভাৱৰ পৰিমাণ অধিক (X₁X₃>X₁X₂) আন কথাত ক’বলৈ গ’লে X দ্ৰৱ্যৰ মূল্য হ্রাস হোৱাৰ ফলত উপভোক্তাৰ প্রকৃত উপার্জন বৃদ্ধি হোৱাৰ কাৰণে X দ্ৰৱ্যৰ চাহিদা হ্রাস পাইছে, কিন্তু প্রতিকল্পন প্রভাৱ অধিক হোৱাৰ বাবে মুঠ প্রভাৱ ইতিবাচক হৈছে।

মুঠ প্রভাৱ (দৰ-বিপাক) = প্রতিকল্পন বিপাক আয় + বিপাক

X₁ X₂  = X₁ X₃  + X₂ X₃

আৰু |X₁ X₃| > |X₁ X₃| so |X₁ X₂| < |X₁ X₃|

২৬। চমুটোকা লিখাঃ 

বাজেট বাধ্যতা বা বাজেটৰ সীমাবদ্ধতা

উত্তৰঃ বাজেট বাধ্যতা মানে হ’ল কোনো নির্দিষ্ট আয়ত গ্রাহকৰ উপভোগৰ সীমাবদ্ধতা। চাহিদা অনুসূচীক চাবলৈ গ’লে প্রধানত সক্রিয় চাহিদাৰ ওপৰত বিচাৰ কৰা হয়। যেতিয়া কোনো উপভোক্তাই এটা দ্ৰৱ্যৰ প্ৰয়োজন অনুভৱ কৰাৰ লগতে সেই দ্রৱ্যটো ক্ৰয় কৰাৰ ক্ষমতাও থাকে, তাকেই সক্রিয় চাহিদা বুলি কোৱা হয়। অস্থায়ী বাজেট বাধ্যকতা ধাৰ গ্রহণেৰে অতিক্রম কৰিব পাৰি, কিন্তু দীর্ঘম্যাদী বাজেট বাধ্যতা আয় যেনে খাজনা আৰু মজুৰিৰ দ্বাৰা নির্ধাৰণ কৰা হয়। চিত্ৰৰ সহায়ত বাজেট বাধ্যকতা আৰু নিৰপেক্ষ ৰেখা দেখুওৱা হ’ল- চিত্রত AB বাজেট ৰেখাই নির্দিষ্ট আয়ত এজন উপভোক্তাৰ সৰ্ব্বোচ্চ উপভোগ দেখুওৱা হৈছে। ধৰা হ’ল উপভোক্তাজনৰ আয় 40 টকা, প্রতিটো আপেলৰ দাম ধৰা হ’ল 1 টকা আৰু প্ৰতিটো কলৰ দাম 2 টকা। দুই অক্ষ ৰেখাই ক্ৰমে আপেল আৰু কলৰ পৰিমাণ দেখাইছে। সর্ব্বোচ্চ উপযোগিতা পাবলৈ হ’লে উপভোক্তাই C বিন্দুত নির্ণয় কৰিব য’ত নিৰপেক্ষ ৰেখা আৰু বাজেট ৰেখা পৰস্পৰে কটাকটি কৰিছে, য’ত তেওঁ 20 টা আপেল আৰু 10 টা কল উপভোগ কৰিব। যদি উপভোক্তাজনৰ আয় বৃদ্ধি হয়, তেতিয়া তেওঁ বাজেট ৰেখা সোঁফালে গতি কৰিব।

২৭। আয়ৰ ক্ষতিপূৰণৰ বিভিন্নতা কি? দৰ বিপাকৰ পৰা আয় বিপাক আৰু প্ৰতিকল্পন বিপাক পৃথক কৰা। 

উত্তৰঃ অর্থনীতিত, ক্ষতিপূৰণৰ বিভিন্নতা বিষয়টো উপযোগিতাৰ এক পৰিমাণ হিচাপে ‘জন হিকস’ এ (১৯৯৯) ত প্রৱর্তন কৰিছিল। ক্ষতিপূৰণ বিভিন্নতা হ’ল এক অতিৰিক্ত পৰিমাণৰ আয় য’ত উপভোক্তা এজনে দ্রৱ্যসমূহৰ দৰ, গুণ আৰু কোনো নতুন দ্রৱ্য উদ্ভৱ কৰাৰ পিছতো তেওঁৰ প্ৰাৰম্ভিক উপযোগিতা পাবলৈ সক্ষম হয়। ক্ষতিপূৰণ বিভিন্নতাই নতুন দৰ আৰু পূর্বৰ উপযোগিতা বা প্রতিফলিত কৰে। তলত এক ব্যয় ফলনৰ সহায়ত ইয়াক দেখুওৱা হ’ল- e (P, U) 

CV, (ক্ষতি পুৰণ বিভিন্নতা) = e (P1,X1) – e (P₁,X₀) = w – e (P₁,X₀) 

= e(P₀,X₀) – e (P₁,X₀)

য’ত, w এ সম্পদৰ সমতা বুজায়, P₀ আৰু P₁ ক্রমান্বয়ে পুৰণি আৰু নতুন দৰ, X₀ আৰু X₁ ক্রমান্বয়ে পূৰ্বৰ আৰু নতুন উপযোগিতা সূচাইছে।

দৰ-প্রভাৱ হৈছে প্রতিকল্পন প্রভাৱ আৰু আয়-প্রভাৱৰ সমষ্টি। কাৰণ, দৰ-প্ৰভাৱৰ কাৰণে উপভোক্তাই আন এডাল নিৰপেক্ষ ৰেখাত ভাৰসাম্য প্রতিষ্ঠা কৰিবলৈ সক্ষম হয় আৰু ইয়াৰ পৰা উপভোক্তাৰ প্ৰকৃত উপাৰ্জনৰ পৰিৱৰ্তনৰ বিষয়ে অনুমান কৰিব পৰা যায়। দ্বিতীয়তে, এনে দৰ-প্রভাৱৰ কাৰণে নতুন ভাৰসাম্যৰ অৱস্থাত উপভোক্তাই অধিক মূল্যৰ দ্রৱ্যটোৰ তুলনাত আপেক্ষিকভাৱে কম দৰৰ দ্রৱ্যটো অধিকভাৱে ক্রয় কৰা পৰিলক্ষিত হয় আৰু দ্রৱ্য দুটাৰ ক্ৰয়ৰ পৰিৱর্তনে প্রতিকল্পন প্রভাৱৰ বিষয়ে ইংগিত দিয়ে। দৰ পৰিৱর্তনৰ ফলত সংঘটিত হোৱা আয় প্রভাৱ আৰু প্রতিকল্পন প্রবাৱৰ পৃথকীকৰণ সম্ভৱপৰ। আয় বিপাক আৰু প্রতিকল্পন বিপাক পৃথকীকৰণৰ অৰ্থে অর্থনীতিবিদে সকলো পদ্ধতিসমূহ অৱলম্বন কৰিছে। তলত এটা পদ্ধতি চমুকৈ আলোচনা কৰা হ’ল-

ৰাচিয়াৰ অর্থনীতিবিদ শ্লুটস্কি গঠন কৰা পদ্ধতি অনুসৰি উপভোক্তাজনৰ প্রকৃত উপার্জন অপৰিৱৰ্তিত ৰাখিবৰ কাৰণে তেওঁৰ আর্থিক উপার্জন এনে পৰিমাণে হ্রাস কৰিব লাগিব যাতে তেওঁ ইচ্ছা কৰিলে উপভোগ কৰা দ্রৱ্য দুটাৰ প্রথম বা মূল জোঁটটো উপভোগ কৰিব পাৰিব।

চিত্রত AB হৈছে X আৰু Y দ্রৱ্যৰ উপভোগৰ অর্থে এজন উপভোক্তাই ব্যয় কৰিব বিচৰা উপার্জন আৰু দ্রৱ্য দুটাৰ নির্দিষ্ট দৰৰ ভিতৰত অংকন কৰা মূল দৰ ৰেখা। AB দৰ ৰেখাই 1C₁ ৰেখাক Q₁ বিন্দুত স্পর্শ কৰিছে। গতিকে Q₁ হৈছে উপভোক্তাৰ প্রথম ভাৰসমতাৰ বিন্দু আৰু এই ভাৰসাম্য অৱস্থাত উপভোক্তাই OM₁ পৰিমাণৰ X দ্রৱ্য উপভোগ কৰিছিল। কিন্তু X দ্রৱ্যৰ দৰ হ্ৰাস হোৱাৰ ফলত নতুন দৰ ৰেখা হৈছে AB₁ আৰু এই ৰেখাই 1C3 ৰেখাক Q₃ বিন্দুত স্পর্শ কৰিছে। এই নতুন ভাৰসাম্যৰ অৱস্থাত উপভোক্তাজনে X দ্ৰৱ্যৰ উপভোগৰ পৰিমাণ OM ৰ পৰা OM₃ লৈ বৃদ্ধি পাইছে। শ্লুটাস্কিৰ পদ্ধতি অনুসৰি উপৰোক্ত পৰিমাণৰ X দ্রৱ্যৰ উপভোগ বৃদ্ধিৰ কিমানখিনি আয় প্রভাৱৰ কাৰণে হৈছে আৰু কিমানখিনি প্রতিকল্পন প্রভাৱৰ কাৰণে হৈছে সেইটো দেখুৱাবৰ কাৰণে নতুন বাজেট ৰেখা AB₁ ৰ সমান্তৰালকৈ আৰু প্ৰথম ভাৰসাম্য বিন্দু Q₁ ৰ মাজেদি অতিক্রম কৰাকৈ KK দৰ ৰেখা অংকণ কৰা হৈছে। এই ৰেখাই 1C₂ ৰেখাক Q₂ বিন্দুত স্পর্শ কৰিছে। চিত্ৰৰ পৰা এইটো স্পষ্ট যে উপভোক্তাজনৰ আৰ্থিক উপার্জন হ্রাস কৰি তেওঁৰ প্ৰকৃত উপাৰ্জনৰ পৰিমাণ পূৰ্বৰ অৱস্থালৈ হ্রাস কৰাৰ সত্বেও তেওঁ Q₂ বিন্দুত ভাৰসাম্য স্থাপন কৰিব আৰু এই ভাৰসাম্য বিন্দুত তেওঁ X দ্ৰৱ্যৰ OM₂ পৰিমাণ উপভোগ কৰিব। শ্লুটাস্কিৰ মতে উপভোক্তাজনে Q₁ ৰ পৰা Q₂ লৈ যি গতি কৰিছে সেইয়া হৈছে প্রতিকল্পন প্ৰভাৱৰ ফল আৰু Q₂ ৰ পৰা Q₃ লৈ তেওঁৰ গতি উপার্জন প্রবাৱৰ কাৰণে সম্ভৱ হৈছে। অর্থাৎ মুঠ দৰ-প্রভাৱৰ ফল M₁M₃ ৰ ভিতৰত M₁M₂ প্রতিকল্পন প্ৰভাৱৰ অন্তৰ্ভূক্ত আৰু M₂M₃ আয় প্ৰভাৱৰ অন্তৰ্ভুক্ত।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top