Introductory Microeconomics Unit 4 দৃঢ় আৰু সম্পূৰ্ণ বজাৰ গাঠনি

Introductory Microeconomics Unit 4 দৃঢ় আৰু সম্পূৰ্ণ বজাৰ গাঠনি, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Introductory Microeconomics Unit 4 দৃঢ় আৰু সম্পূৰ্ণ বজাৰ গাঠনি Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Introductory Microeconomics Unit 4 দৃঢ় আৰু সম্পূৰ্ণ বজাৰ গাঠনি Question Answer can be of great value to excel in the examination.

Introductory Microeconomics Unit 4 দৃঢ় আৰু সম্পূৰ্ণ বজাৰ গাঠনি

Join Telegram channel

Introductory Microeconomics Unit 4 দৃঢ় আৰু সম্পূৰ্ণ বজাৰ গাঠনি Notes cover all the exercise questions in UGC Syllabus. Introductory Microeconomics Unit 4 দৃঢ় আৰু সম্পূৰ্ণ বজাৰ গাঠনি provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

দৃঢ় আৰু সম্পূৰ্ণ বজাৰ গাঠনি

INTRODUCTORY MICROECONOMICS

অতি চমু প্রশ্নোত্তৰঃ

১। সম্পূর্ণ প্রতিযোগিতামূলক বজাৰ কি?

উত্তৰঃ যি দ্ৰৱ্যৰ বজাৰত অসংখ্য ক্রেতা আৰু বিক্রেতা থাকে, উৎপাদিত দ্রৱ্য সমগুণ বিশিষ্ট হয়, উদ্যোগ প্রতিষ্ঠানৰ অন্তর্ভুক্তি আৰু প্রস্থানত কোনো বাধা নাথাকে আৰু দ্ৰৱ্যৰ কোনো বিক্রী ব্যয় দেখা পোৱা নাযায় সেয়েই হৈছে বিশুদ্ধ বা সম্পূর্ণ প্রতিযোগিতামূলক বজাৰ।

২। বজাৰ দৰ কি?

উত্তৰঃ দ্ৰৱ্যৰ চাহিদা আৰু বজাৰ কালৰ যোগানৰ ভিত্তিত যি দাম নির্ধাৰণ হয়, সেয়ে হৈছে বজাৰ দৰ।

৩। স্বাভাৱিক দৰ কি?

উত্তৰঃ এটা উদ্যোগৰ উৎপাদিত দ্রৱ্যৰ দীর্ঘকালীন চাহিদা আৰু যোগানৰ সমতাৰ ভিত্তিত যি মূল্য বা দৰ প্রতিষ্ঠা হয়, সেয়ে হৈছে স্বাভাৱিক দৰ।

৪। পূর্ণ প্রতিযোগিতামূলক বজাৰত প্রান্তিক আয় আৰু গড় আয় ৰেখা একেধৰণৰ হোৱাৰ কাৰণ কি?

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

উত্তৰঃ পূর্ণ প্রতিযোগিতাত উদ্যোগৰ উৎপাদিত দ্ৰৱ্যৰ চাহিদা যোগানৰ সমতাৰ ভিত্তিত যি মূল্য নির্ধাৰণ হয়, সেই মূল্যতেই উৎপাদন প্রতিষ্ঠানসমূহে সিহঁতৰ উৎপাদিত দ্রৱ্য বিক্রী কৰিবলগীয়া হোৱাৰ কাৰণে উৎপাদন প্রতিষ্ঠানসমূহৰ প্রান্তিক আয় আৰু গড় আয়ৰ কোনো পার্থক্য নাথাকে।

৫। কাম্য উৎপাদন বুলিলে কি বুজা?

উত্তৰঃ প্রতিষ্ঠান এখনৰ উৎপাদনৰ যি ভাৰসমতাৰ অৱস্থাত গড় ব্যয় নিম্নতম হয় তাকে কাম্য উৎপাদন বুলি কোৱা হয়।

৬। একচেটীয়া বজাৰ কি?

উত্তৰঃ যেতিয়া এটা দ্ৰৱ্যৰ উৎপাদন আৰু যোগান এটা উৎপাদন প্রতিষ্ঠানে সম্পূর্ণৰূপে নিয়ন্ত্রণ কৰে তাকেই একচেটীয়া ব্যৱসায় বা বজাৰ বুলি কোৱা হয়।

৭। একচেটীয়া বজাৰৰ প্রধান বৈশিষ্ট্য কি?

উত্তৰঃ একচেটীয়া বজাৰৰ প্রধান বৈশিষ্ট্য হৈছে এনে দ্রৱ্যৰ উৎপাদনৰ ক্ষেত্ৰত উৎপাদন প্রতিষ্ঠান আৰু উদ্যোগৰ মাজত কোনো পার্থক্য নাথাকে।

৮। দৰ পাৰ্থক্য কি?

উত্তৰঃ যেতিয়া এটা একচেটীয়া উদ্যোগ প্রতিষ্ঠানে ইয়াৰ একোটা উৎপাদিত দ্রৱ্য বিভিন্ন গ্রাহকক অথবা বিভিন্ন বজাৰত বিভিন্ন দামত বিক্ৰী কৰে তাকেই দৰ-পাৰ্থক্য বুলি কোৱা হয়।

৯। একচেটীয়া ক্রেতা কি?

উত্তৰঃ যেতিয়া এটা উদ্যোগৰ দ্বাৰা উৎপাদিত দ্ৰৱ্যৰ মাত্র এজন ক্রেতা থাকে তেতিয়া তেওঁক একচেটীয়া ক্রেতা আখ্যা দিয়া হয়।

১০। দ্বিপাক্ষিক একচেটীয়া ব্যবসায় কি?

উত্তৰঃ যেতিয়া এটা দ্ৰৱ্যৰ মাত্র এজন বিক্রেতা আৰু এজন ক্রেতা থাকে তেতিয়া তাক দ্বিপাক্ষিক একচেটীয়া ব্যৱসায় বুলি কোৱা হয়।

১১। উৎপাদনী প্রতিষ্ঠান বন্ধ কৰাৰ ব্যয় কাক বোলে?

উত্তৰঃ হ্রস্বকালীন অৱস্থাত লোকচান ভৰা প্রতিষ্ঠানে যেতিয়া গড় পৰিৱর্তনশীল ব্যয়খিনি পৰিপূৰণ কৰি উৎপাদন কার্য চলাই থাকে তেতিয়া উক্ত উৎপাদনী ব্যয়ক উৎপাদনী প্রতিষ্ঠান বন্ধ কৰাৰ ব্যয় আখ্যা দিয়া হয়।

১২। উৎপাদনৰ মিতব্যয়িতা কাক বোলে?

উত্তৰঃ বৃহৎ উৎপাদন প্রতিষ্ঠানবোৰে সিহঁতৰ উৎপাদনৰ পৰিসৰ বৃহৎ বা বহল হোৱাৰ কাৰণে কিছুমান সুবিধা উপভোগ কৰে। ক্ষুদ্র উদ্যোগবোৰ এনে সুবিধাৰ পৰা বঞ্চিত হয়। উৎপাদনব পৰিসৰ বৃদ্ধিৰ লগত এনে সুবিধাসমূহৰ সম্বন্ধ থকা কাৰণে এইবোৰক পৰিসৰৰ সুবিধা বা বৃহৎ উৎপাদনৰ মিতব্যয়িতা বুলি কোৱা হয়।

১৩। উৎপাদনৰ অমিতব্যয়িতা কি?

উত্তৰঃ যিবিলাক উপাদানৰ প্রভাৱত কোনো এখন উৎপাদন প্রতিষ্ঠানৰ উৎপাদনৰ এক নির্দিষ্ট বিন্দু অতিক্রম কৰাৰ পাছত উৎপাদনী ব্যয় বৃদ্ধি পাবলৈ আৰম্ভ কৰে। সেই উৎপাদনসমূহক অমিত্যয়িতা হিচাপে গণ্য কৰা হয়।

চমু আৰু ৰচনাধর্মী প্রশ্নোত্তৰঃ

১। আভ্যন্তৰীণ আৰু বাহ্যিক পৰিমিত ব্যয়ৰ মাজত পার্থক্য লিখা।

উত্তৰঃ আভ্যন্তৰীণ আৰু বাহ্যিক পৰিমিত ব্যয়ৰ মাজত পার্থক্য হ’ল- আভ্যন্তৰীণ সুবিধাসমূহ এটা শিল্পৰ অন্তৰ্গত ব্যক্তিগত উৎপাদন প্রতিষ্ঠানৰ ভিতৰুৱা সুবিধা। এনে সুবিধা সেই প্রতিষ্ঠানটোৱে ব্যক্তিগত প্রচেষ্টাত লাভ কৰে আৰু একেটা উদ্যোগৰ অন্তর্গত আন উৎপাদন প্রতিষ্ঠানসমূহে তেনে সুবিধা উপভোগ নকৰিবও পাৰে। আনহাতে বাহ্যিক সুবিধা শিল্পৰ ভিতৰুৱা সুবিধা, কিন্তু উৎপাদন প্রতিষ্ঠানৰ বাহিৰৰ সুবিধা। এনে সুবিধা কোনো উদ্যোগ প্রতিষ্ঠানৰ ব্যক্তিগত সুবিধা নহয়। এইবোৰ উদ্যোগৰ সাধাৰণ সুবিধা আৰু উদ্যোগৰ অন্তর্গত সকলোবোৰ উদ্যোগ প্রতিষ্ঠানে এই সুবিধাবোৰ উপভোগ কৰে।

২। বাহ্যিক অমিতব্যয়িতা কি?

উত্তৰঃ এটা উদ্যোগৰ মাত্ৰাৰ সম্প্ৰসাৰণ সীমিত কৰাত প্রভাৱ বিস্তাৰ কৰা বাহ্যিক উপাদানসমূহকেই বাহ্যিক অমিতব্যয়িতা বুলি কোৱা হয়।

৩। অপূর্ণ প্রতিযোগিতা বজাৰৰ প্রধান বৈশিষ্ট্য কি?

উত্তৰঃ অপূর্ণ-প্রতিযোগিতাৰ প্রধান বৈশিষ্ট্য হৈছে যে এনে প্রতিযোগিতাত এটা খৃপৰ অন্তভূর্ত উপাদান প্রতিষ্ঠানৰ সংখ্যা পূর্ণ প্রতিযোগিতাৰ দৰে অসংখ্যও নহয় আৰু একচেটীয়া ব্যৱসায়ৰ দৰে এটাও নহয়।

8। একচেটীয়াধর্মী প্রতিযোগিতাক কিয় একাধিক দৰৰ বজাৰ বুলি কোৱা হয়? 

উত্তৰঃ একচেটীয়াধর্মী প্রতিযোগিতাত এটা উদ্যোগৰ অন্তভুক্ত প্রতিখন উৎপাদন প্রতিষ্ঠানে নিজৰ উৎপাদিত দ্রৱ্যৰ দৰ নিজাববীয়াকৈ নির্ধাৰণ কৰিব পাৰে আৰু এখনৰ উৎপাদিত দ্রৱ্যৰ দৰ আনখনৰ উৎপাদিত দ্ৰৱ্যৰ দৰৰ পৰা পৃথক হয়। সেইকাৰণে এই প্ৰকাৰৰ বজাৰক একাধিক দৰৰ বজাৰ বুলিও কোৱা হয়।

৫। পূর্ণ প্রতিযোগিতাৰ বজাৰ বুলিলে কি বুজায়? পূর্ণ প্রতিযোগিতামূলক বজাৰৰ বৈশিষ্ট্যসমূহ কি কি?

উত্তৰঃ যি দ্রৱ্যৰ বজাৰত অসংখ্য ক্রেতা আৰু বিক্রেতা থাকে, উৎপাদিত দ্রৱ্য সমগুণ বিশিষ্ট হয়, উদ্যোগ প্রতিষ্ঠানৰ অর্ন্তভুক্তি আৰু প্রস্থানত কোনো বাধা নাথাকে আৰু দ্ৰৱ্যৰ কোনো বিক্রী ব্যয় দেখা পোৱা নাযায় সেয়েই হৈছে পূর্ণ প্রতিযোগিতাৰ বজাৰ। পূর্ণ প্রতিযোগিতামূলক বজাৰৰ বৈশিষ্ট্যসমূহ তলত চমুকৈ উল্লেখ কৰা হ’ল-

(ক) পূর্ণ প্রতিযোগিতাত এটা দ্ৰৱ্যৰ উৎপাদনকাৰী বা যোগানকাৰীৰ পৰিমাণ অসংখ্য হয় আৰু প্ৰতিজন যোগানদাৰীয়ে দ্রৱ্যটোৰ মুঠ যোগানৰ সামান্য অংশহে বজাৰত যোগান ধৰে। গতিকে গাইগুটীয়াভাৱে এজেন যোগানদাৰীয়ে দ্ৰৱ্যটোৰ যোগানৰ পৰিমাণ পৰিৱৰ্তন কৰি ইয়াৰ দামৰ পৰিৱৰ্তন ঘটাব নোৱাৰে।

(খ) পূর্ণ প্রতিযোগিতাত এটা দ্ৰৱ্যৰ গ্ৰাহকৰ সংখ্যা যোগানদাৰীৰ দৰে অসংখ্য থাকে। প্রতিজন গ্রাহকে দ্রৱ্যটোৰ মুঠ যোগানৰ নগণ্য অংশহে ক্রয় কৰে।

(গ) পূর্ণ প্রতিযোগিতাত এটা দ্ৰৱ্যৰ উৎপাদনৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা উপাদানবোৰৰ যোগান সম্পূর্ণ স্থিতিস্থাপক হয়।

(ঘ) বিশুদ্ধ প্রতিযোগিতাত কোনো নতুন উদ্যোগ প্রতিষ্ঠানে এটা উদ্যোগৰ ভিতৰলৈ উৎপাদন কাৰ্য আৰম্ভ কৰিবৰ অর্থে সোমাই অহাত আৰু পুৰণি উদ্যোগ প্রতিষ্ঠানে উদ্যোগৰ বাহিৰ হৈ যোৱাত কোনো বাধ্য-বাধকতা নাথাকে।

(ঙ) পূর্ণ প্রতিযোগিতাৰ এটা উদ্যোগৰ অন্তর্ভুক্ত বিভিন্ন উদ্যোগ প্রতিষ্ঠানে উৎপাদন কৰা দ্রৱ্যৰ কোনো আকাৰগত বা গুণগত পার্থক্য থাকিব নোৱাৰে।

(চ) পূর্ণ প্রতিযোগিতাত এটা উদ্যোগৰ অন্তর্ভুক্ত উৎপাদন প্রতিষ্ঠানে সিহঁতৰ উৎপাদিত দ্রৱ্য উদ্যোগৰ দ্বাৰা নিৰ্ধাৰিত দৰত বিক্ৰী কৰিব লাগে।

৬। পূৰ্ণ প্রতিযোগিতামূলক বজাৰত চাহিদা ৰেখাৰ আকৃতি কেনেকুৱা হয়?

পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰত চাহিদা ৰেখাডাল ওপৰত চিত্ৰত দেখুওৱা অনুসৰি OX বাহুৰ সমান্তৰাল হয়। কাৰণ যোগানদাৰীয়ে দ্রৱ্যটোৰ যোগানৰ পৰিমাণ পৰিৱৰ্তন কৰি ইয়াৰ দামৰ পৰিৱর্তন ঘটাৱ নোৱাৰে, উৎপাদিত দ্রৱ্য উদ্যোগৰ দ্বাৰা নিৰ্ধাৰিত দৰত বিক্ৰী কৰিব লাগে। অর্থাৎ কোনো উদ্যোগ প্রতিষ্ঠানে গাইগুটীয়াভাৱে দৰ নির্ধাৰণ কৰি উৎপাদিত দ্রৱ্য বিক্রী কৰিব নোৱাৰে। আকৌ যিহেতু পূর্ণ প্রতিযোগিতাত এটা দ্ৰৱ্যৰ উৎপাদনৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা উপাদানবোৰৰ যোগান সম্পূর্ণ স্থিতিস্থাপক হয়, সেইবাবে চাহিদাৰেখাডালৰ আকৃতি পূর্ণ প্রতিযোগিতামূলক বজাৰত হেলনীয়া হয়।

৭। পূর্ণ প্রতিযোগিতামূলক বজাৰত প্রান্তিক আৰু গড় উপাৰ্জনৰ মাজৰ সম্বন্ধটো লিখা।

উত্তৰঃ পূর্ণ প্রতিযোগিতাৰ উদ্যোগ প্ৰতিষ্ঠানৰ চাহিদা সম্পূর্ণ স্থিতিস্থাপক। পূর্ণ প্রতিযোগিতাত উৎপাদন প্রতিষ্ঠান উৎপাদিত দ্রৱ্যৰ দৰ শিল্পই পৰিৱর্তন নকৰা পর্যন্ত অপৰিৱৰ্তিত হৈ থকাৰ কাৰণে প্রান্তিক উপার্জন অপৰিৱৰ্তিত হৈ থাকে আৰু প্রান্তিক উপার্জন অপৰিৱর্তিত হৈ থকাৰ কাৰণে গড় উপার্জন অপৰিৱৰ্তিত হৈ থকাৰ উপৰিও ই সদায় প্রান্তিক উপাৰ্জনৰ সমান হয়। তলৰ তালিকা আৰু চিত্ৰৰ সহায়ত গড় উপার্জন আৰু প্রান্তিক উপাৰ্জনৰ এনে সম্পর্ক তলত ব্যাখ্যা কৰা হৈছে

উৎপাদিত দ্রৱ্যৰ পৰিমাণপ্রান্তিক উপার্জনমুঠ উপার্জনগড় উপার্জন
১০
১৫
২০
২৫

ওপৰৰ তালিকাৰ পৰা দেখিবলৈ পাইছোঁ যে প্রান্তিক উপার্জন অপৰিৱৰ্তিত হৈ থকাৰ কাৰণে গড় উপার্জন অপৰিৱৰ্তিত হৈ থকাৰ উপৰিও ই প্রান্তিক উপাৰ্জনৰ সমান হৈ আছে। প্রান্তিক আৰু গড় উপাৰ্জনৰ এনে সম্বন্ধৰ কাৰণে পূর্ণ প্রতিযোগিতাত উদ্যোগ প্রতিষ্ঠানৰ গড় উপার্জন ৰেখা সদায় OX বাহুৰ সমান্তৰাল হয় আৰু ই প্রান্তিক আৰু ৰেখাৰ লগত মিলি থাকে। ওপৰৰ তালিকাৰ ভিত্তিত গঠন কৰা চিত্ৰত গড় উপার্জন আৰু প্রান্তিক উপাৰ্জনৰ এনে সম্বন্ধ ব্যাখ্যা কৰা হৈছে।

৮। পূর্ণ প্রতিযোগিতাৰ যোগান ব্যৱহাৰৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা।

উত্তৰঃ পূর্ণ-প্রতিযোগিতাৰ বজাৰত দ্রৱ্যটোৰ যোগনৰ দিশত থকা বৈশিষ্ট্যসমূহ তলত উল্লেখ কবা হ’ল-

(ক) পূর্ণ-প্রতিযোগিতাত এটা দ্ৰৱ্যৰ উৎপাদনকাৰী বা যোগানদাৰীৰ পৰিমাণ অসংখ্য হয় আৰু প্ৰতিজন যোগানদাৰীয়ে দ্রৱ্যটোৰ মুঠ যোগানৰ সামান্য অংশহে বজাৰত যোগান ধৰে। গতিকে গাইগুটীয়াভাৱে এজন যোগানদাৰীয়ে দ্রৱ্যটোৰ যোগানৰ পৰিমাণ পৰিৱৰ্তন কৰি ইয়াৰ দামৰ পৰিৱর্তন ঘটাব নোৱাৰে।

(খ) পূর্ণ-প্রতিযোগিতাত এটা দ্ৰৱ্যৰ উৎপাদনৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা উপাদানবোৰৰ যোগান সম্পূর্ণ স্থিতিস্থাপক হয়। অর্থাৎ প্রতিজন উৎপাদনকাৰীয়ে এনে উপাদানবোৰ সিহঁতৰ বজাৰৰ চলিত দৰত প্ৰয়োজন পৰিমাণে সংগ্ৰহ কৰিব পাৰে। উদাহৰণস্বৰূপে এনে বজাৰত বৃহৎ পৰিমাণৰ কেঁচামাল ক্রয় কৰা উৎপাদনকাৰী আৰু কম পৰিমাণৰ কেঁচামাল ক্রয় কৰা উৎপাদনকাৰীয়ে বজাৰৰ চলিত দামত কেঁচামাল ক্রয় কবিলগীয়া হয়। উৎপানৰ উপাদানৰ প্ৰতিটো গোটৰ দাম ক্ষুদ্ৰ আৰু বৃহৎ উৎপাদনকাৰীৰ কাৰণে সমান হয়।

(গ) বিশুদ্ধ প্রতিযোগিতাত কোনো নতুন উদ্যোগ প্রতিষ্ঠানে এটা উদ্যোগৰ ভিতৰলৈ উৎপাদন কাৰ্য আৰম্ভ কৰিবৰ অৰ্থে সোমাই অহাত আৰু পুৰণি উদ্যোগ প্রতিষ্ঠান উদ্যোগৰ বাহিৰ হৈ যোৱাত কোনো বাধ্য বাধকতা নাথাকে।

(ঘ) পূর্ণ-প্রতিযোগিতাৰ এটা উদ্যোগৰ অন্তর্ভুক্ত বিভিন্ন উদ্যোগ প্রতিষ্ঠানে উৎপাদন কৰা দ্ৰৱ্যৰ মাজত কোনো আকাৰগত বা গুণগত পার্থক্য থাকিব নোৱাৰে। উদাহৰণস্বৰূপে যদি ভাৰতবৰ্ষৰ কণাহী বস্ত্র উদ্যোগ বিশুদ্ধ প্রতিযোগিতাৰ উদ্যোগ বুলি ধৰা হয়, তেতিয়া এই উদ্যোগৰ ভিতৰৰ বিভিন্ন উৎপাদন প্রতিষ্ঠানবোৰে উৎপাদন কৰা কাপোৰৰ মাজত কোনো ধৰণৰ আকাৰগত আৰু গুণগত পার্থক্য থাকিব নোৱাৰিব।

(ঙ) পূর্ণ-প্রতিযোগিতাত এটা উদ্যোগৰ অন্তর্ভুক্ত উৎপাদন প্রতিষ্ঠানে সিহঁতৰ উৎপাদিত দ্রৱ্য উদ্যোগৰ দ্বাৰা নিৰ্ধাৰিত দৰত বিক্ৰী কৰিব লাগে। কোনো উদ্যোগ প্রতিষ্ঠানে এনে নির্ধাৰিত দৰতকৈ অধিক বা কম দামত নিজা উৎপাদিত দ্রৱ্য বিক্ৰী কৰিব নোৱৰিব। অর্থাৎ কোনো উদ্যোগ প্রতিষ্ঠানে গাইগুটীয়াভাৱে দৰ নির্ধাৰণ কৰি উৎপাদিত দ্রৱ্য বিক্ৰী কৰিব নোৱাৰে।

(চ) পূর্ণ-প্রতিযোগিতাত এটা উদ্যোগৰ অন্তর্ভুক্ত এটা উদ্যোগ প্রতিষ্ঠানে আন এটা উদ্যোগ প্রতিষ্ঠানে কিমান পৰিমাণৰ মুনাফা উপার্জন কৰে, সেই বিষয়ে সম্পূর্ণৰূপে অৱগত।

৯। পূর্ণ প্রতিযোগিতা চাহিদা বজাৰৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা।

উত্তৰঃ যোগানৰ দৰে পূৰ্ণ-প্রতিযোগিতাত এটা দ্ৰৱ্যৰ চাহিদাৰ ক্ষেত্ৰত কেইটামান বৈশিষ্ট্য পৰিলক্ষিত হয়।

এই বৈশিষ্ট্যকেইটা হ’ল-

(ক) পূর্ণ-প্রতিযোগিতাত এটা দ্ৰৱ্যৰ গ্ৰাহকৰ সংখ্যা যোগানদাৰীৰ দৰে অসংখ্য থাকে। প্রতিজন গ্রাহকে দ্রৱ্যটোৰ মুঠ যোগানৰ নগণ্য অংশহে ক্রয় কৰে আৰু সেই কাৰণে এজন গ্রাহকৰ ব্যক্তিগত চাহিদাৰ পৰিৱর্তনে দ্রৱ্যটোৰ দৰৰ কোনো তাৰতম্য ঘটাব নোৱাৰে।

(খ) পূর্ণ প্রতিযোগিতাত এটা দ্ৰৱ্যৰ বজাৰৰ বিভিন্ন অংশত দৰৰ বিষয়ে গ্রাহকৰ সম্পূর্ণ জ্ঞান থাকিব লাগিব। এনে প্রতিযোগিতাৰ বজাৰত দ্রৱ্যৰ পৰিবহণ ব্যয় অনুপস্থিত বুলি ধৰা হয়। অর্থাৎ পৰিবহণৰ ব্যয়ে বজাৰৰ বিভিন্ন অংশত এটা দ্ৰৱ্যৰ দৰৰ কোনো পার্থক্য ঘটাব নোৱাৰে। 

(গ) গ্রাহকসকলে এটা উদ্যোগৰ অন্তর্ভুক্ত বিভিন্ন উদ্যোগ প্রতিষ্ঠাবোৰে উৎপাদন কৰা দ্রৱ্যসমূহৰ মাজত কোনো আকাৰগত আৰু গুণগত পার্থক্য দেখা পাব নোৱাৰে।

১০। পূর্ণ-প্রতিযোগিতাসমূহত বজাৰ দৰ কেনেদৰে নিৰ্ধাৰণ কৰা হয় উপযুক্ত চিত্রসহ ব্যাখ্যা কৰা।

উত্তৰঃ পূর্ণ-প্রতিযোগিতাত বজাৰৰ মূল্য নিৰ্ভৰ কৰে সেই দ্রৱ্যটোৰ চাহিদা আৰু যোগানৰ ওপৰত। দ্ৰৱ্যটোৰ যি মূল্যত বজাৰ চাহিদা আৰু যোগান সমান হয়, সেই মূল্যই হৈছে দ্রৱ্যটোৰ ভাৰসাম্য মূল্য। চাহিদাৰ সূত্র অনুসৰি এটা দ্ৰৱ্যৰ দাম বৃদ্ধি পোৱাৰ লগে লগে ইয়াৰ চাহিদাৰ সংকোচন ঘটে আৰু দাম কমি যোৱাৰ লগে লগে ইয়াৰ চাহিদা বৃদ্ধি হয়। সেইকাৰণে পূর্ণ-প্রতিযোগিতাত বজাৰৰ চাহিদা ৰেখাডাল বাওঁফালৰ পৰা সোঁফালে মুখ কৰি তললৈ নামি আহে। আনহাতে যদি যোগনৰ সূত্র অনুসৰি এটা দ্ৰৱ্যৰ দাম যিমানে বদ্ধি হয়, সিমানে ইয়াৰ যোগান বৃদ্ধি হয় আৰু দাম কমি যোৱাৰ লগে লগে যোগানৰ সংকোচন ঘটে। ইয়াৰ ফলত যোগান ৰেখাডাল ক্রমান্বয়ে বাওঁফালৰ তলৰ পৰা সোঁফালে ওপৰলৈ গতি কৰে। এনে বিপৰীতমুখী চাহিদা আৰু যোগান ৰেখাই যি বিন্দুতইে ছেদ কৰে, সেই বিন্দুতেই ভাৰসাম্য মূল্য বা দৰ নিৰ্ধাৰণ হয়। চাহিদা আৰু যোগানৰ সূত্ৰৰ ভিত্তিত কেনেদৰে বজাৰৰ দৰ নিৰ্ধাৰণ হয় তাৰ স্পষ্ট ব্যাখ্যা তলত চিত্ৰৰ সহায়ত কৰা হ’ল–

চিত্ৰত OX অক্ষই দ্রৱ্যৰ বজাৰ চাহিদা আৰু যোগানৰ প্রতিনিধিত্ব কৰিছে। একেদবে OY অক্ষই দ্রৱ্যৰ দৰ প্রতিনিধিত্ব কৰিছে। চাহিদা ৰেখা DD বাওঁফালৰ পৰা সোঁফালে মুখ কৰি তললৈ নামি আহিছে আৰু যোগান ৰেখা SS বাওঁফালৰ তলৰ পৰা সোঁফালে ওপৰলৈ গতি কৰিছে। আৰু এই দুয়োডাল ৰেখাই N বিন্দুত ছেদ কৰিছে। গতিকে এই বিন্দুতেই দ্ৰৱ্যৰ বজাৰ দৰৰ ভাৰসাম্য প্রতিষ্ঠা হৈছে। এই বিন্দুত নির্ধাৰিত হোৱা দৰেই হৈছে ভাৰসাম্য দৰ। চাহিদা আৰু যোগান ৰেখাৰ অৱস্থানৰ পৰিৱর্তন নোহোৱালৈকে বজাৰত এই ভাৰসাম্য দৰ বাহাল থাকে।

১১। বজাৰ দৰ আৰু স্বাভাৱিক দৰৰ মাজত পার্থক্য দেখুওৱা। 

উত্তৰঃ বজাৰ দৰ আৰু স্বাভাৱিক দৰৰ মাজত পাৰ্থক্যসমূহ তলত উল্লেখ কৰা হ’ল-

(ক) বজাৰ দৰ হৈছে অতি-হ্রস্বকালীন দৰ। এই সময়ছোৱাত যোগানৰ কোনো পৰিৱৰ্তন ঘটিব নোৱাৰে। আনহাতে, স্বাভাৱিক দৰ হৈছে দীর্ঘকালীন দৰ। দীর্ঘকালত চাহিদা অনুসৰি, যোগনৰ প্ৰয়োজনীৰ পৰিৱৰ্তন সম্ভৱপৰ হয়।

(খ) বজাৰ দৰ চাহিদাৰ দ্বাৰা আৰু স্বাভাৱিক দৰ যোগানৰ দ্বাৰা প্রভাবান্বিত হয়। অর্থাৎ, বজাৰ দৰৰ ওপৰত উৎপাদনী ব্যয়ৰ কোনো প্রভাৱ নাথাকে, কিন্তু স্বাভাৱিক দৰত উৎপাদনী ব্যয়ৰ প্রভাব স্পষ্ট।

(গ) বজাৰ দৰ হৈছে, এক বিশেষ সময়ৰ ভিতৰত প্রাধান্য লাভ কৰা দৰ আৰু স্বাভাৱিক দৰ হৈছে, দীর্ঘকালীন চাহিদা আৰু যোগান সমতাৰ ভিত্তিত প্রতিষ্ঠা হ’ব বুলি আশা কৰা এক দৰ। বাস্তৱক্ষেত্ৰত, বজাৰ দৰ প্রতিষ্ঠা হয়, কিন্তু স্বাভাৱিক দৰ প্ৰতিষ্ঠা নহ’বও পাৰে। কাৰণ, স্বাভাৱিক দৰ প্রতিষ্ঠা হোৱাৰ পূর্বেই কোনো কাৰণবশতঃ চাহিদা আৰু যোগানৰ পৰিৱৰ্তন ঘটিব পাৰে। সেইকাৰণে স্বাভাৱিক দৰক আনুমানিক দৰ বা মূল্য আখ্যা দিয়া হয়।

(ঘ) বজাৰ দৰৰ ধাৰণাটো স্থায়ী-অস্থায়ী, পুনৰ উৎপাদন কৰিব পৰা আৰু পুনৰ উৎপাদন কৰিব নোৱাৰা, ইত্যাদি বিভিন্ন দ্রৱ্যৰ ক্ষেত্ৰত প্রযোজ্য হয়, কিন্তু স্বাভাৱিক দৰৰ ধাৰণাটো কেৱল স্থায়ী আৰু পুনৰ উৎপাদন কৰিব পৰা দ্ৰৱ্যৰ ক্ষেত্ৰতহে প্রযোজ্য। কাৰণ, এনে দ্রৱ্যৰ ক্ষেত্ৰতহে দীর্ঘকালীন দৰৰ সংজ্ঞটো প্রযোজ্য হয়।

(ঙ) বজাৰ দৰ হৈছে, চাহিদা আৰু যোগানৰ সমতাৰ ভিত্তিত প্রতিষ্ঠা হোৱা এক সমসাময়িক দৰ। এনে দৰৰ সঘনাই পৰিৱর্তন ঘটাটো স্বাভাৱিক। আনহাতে স্বাভাৱিক দৰে এক সুস্থিৰ ভাৰসমতাৰ বিষয়ে ইংগিত দিয়ে। দীর্ঘকালীন অৱস্থাত দ্ৰৱ্যৰ চাহিদা আৰু যোগানৰ সমতাৰ ভিত্তিত স্বাভাৱিক দৰ প্ৰতিষ্ঠা হয়।

(চ) বজাৰ দৰৰ লগত গড় ব্যয়ৰ সম্পর্ক নাই। বজাৰ দৰ সঘনাই পৰিৱৰ্তন হোৱাৰ বাবে বিক্রেতাই এটা দ্রৱ্য কেতিয়াবা ইয়াৰ গড় ব্যয়তকৈ কম দামত বিক্ৰী কৰিব পাৰে, কাৰণ পিছত দৰ বৃদ্ধি হ’লে, এনে বিক্ৰীৰ জৰিয়তে হোৱা লোকচান সহজে পূৰণ কৰিব পৰা যায়, কিন্তু স্বাভাৱিক দৰ দীর্ঘকালীন দৰ আৰু এই দৰ গড় ব্যয়তকৈ কম হ’ব নোৱাৰে। কাৰণ, দীর্ঘকালীন অৱস্থাত কোনো উৎপাদনকাৰীয়ে লোকচান ভৰিব নোৱাৰে। স্বাভাৱিক দৰ সদায় গড় ব্যয়ৰ সমান হয় আৰু ইয়াত উৎপাদনকাৰীৰ নিম্নতম লাভ অন্তর্ভুক্ত।

(ছ) বজাৰ দৰ প্রতি ঘন্টাত পৰিৱর্তন হ’ব পাৰে। উদাহৰণস্বৰূপে, চাহিদাৰ পৰিৱৰ্তনৰ কাৰণে, ৰাতিপুৱাৰ বজাৰত মাছৰ দাম আৰু সন্ধ্যাৰ বজাৰত মাছৰ দামৰ পাৰ্থক্য দেখা যায়। আনহাতে, স্বাভাৱিক দৰ এক সুস্থিৰ দৰ। স্বাভাৱিক দৰক সাগৰৰ গড় পৃষ্টৰ আৰু বজাৰ দৰক সাগৰীয়া ঢৌৰ লগত তুলনা কৰা হয়।

১২। পূর্ণ প্রতিযোগিতামূলক বজাৰত উৎপাদন প্রতিষ্ঠান আৰু উদ্যোগে কেনেদৰে হ্রস্বকালীন ভাৰসমতা পায় উপযুক্ত চিত্ৰৰ সহায়ত ব্যাখ্যা কৰা।

উত্তৰঃ হ্রস্বকালীন অৱস্থাত এটা উদ্যোগৰ অন্তর্ভুক্ত উৎপাদন প্রতিষ্ঠানৰ সংখ্যাৰ পৰিৱৰ্তন সম্ভৱপৰ নহয় আৰু সেই কাৰণেই উদ্যোগটোৰ দ্ৰৱ্যৰ চাহিদাৰ পৰিৱৰ্তন অনুসৰি যোগানৰ পৰিৱর্তন সম্ভৱপৰ নহয়। হ্রস্বকালীন অৱস্থাত উৎপাদন কার্যত ব্যৱহাৰ কৰা উপাদানসমূহক দুটা ভাগত ভাগ কৰা হয় – স্থিৰ উপাদন আৰু পৰিৱর্তনশীল উপাদন। আকৌ হ্রস্বকালীন অৱস্থাত উৎপাদন প্রতিষ্ঠান আৰু উদ্যোগৰ ভাৰসমতাৰ বিষয়টো উৎপাদনী ব্যয়ৰ ভিত্তিত আলোচনা কৰা হয়। উৎপাদনী ব্যয়ৰ ওপৰত ভিত্তি কৰি ভাৰসমতাৰ বিষয়টো দুই প্রকাৰে আলোচনা কৰা হয়। এই দুই প্রকাৰৰ বিশ্লেষণ হৈছে- 

(ক) সম-পৰিমাণৰ ব্যয়ৰ অৱস্থাত উৎপাদন প্রতিষ্ঠান আৰু উদ্যোগৰ ভাৰসমতা। আৰু 

(খ) পৃথক ব্যয়ৰ অৱস্থাত উৎপাদন প্রতিষ্ঠান আৰু উদ্যোগৰ ভাৰসমতাৰ বিশ্লেষণ।

(ক) সম-পৰিমাণৰ উৎপাদনী ব্যয়ত উদ্যোগ প্রতিষ্ঠান আৰু উদ্যোগৰ ভাৰসমতাঃ উপাদানৰ বজাৰত পূর্ণ-প্রতিযোগিতা আৰু উপাদানসমূহৰ সমগোষ্টীৰ হ’লে উপাদানসমূহৰ যোগান মূল্য পৃথক হ’ব নোৱাৰে। এনে অৱস্থাত প্রতিটো উৎপাদনী প্রতিষ্ঠানৰ উৎপাদিত দ্ৰৱ্যৰ উৎপাদনী ব্যয় সমান হয়। অর্থাৎ, এটা উৎপাদনী প্রতিষ্ঠানৰ উৎপাদনী ব্যয় ৰেখাৰ লগত উদ্যোগটোৰ অন্তর্ভুক্ত আন উৎপাদন প্রতিষ্ঠানৰ উৎপাদন ব্যয়ৰ কোনো পার্থক্য নাথাকে। তলত চিত্রত সম-ব্যয় অৱস্থাত এটা উৎপাদন প্রতিষ্ঠানৰ ভাৰসমতাৰ বিষয়টো ব্যাখ্যা কৰা হৈছে-

চিত্ৰৰ বাওঁফালৰ অংশটোৱে হ্রস্বকালীন অৱস্থাত এটা উদ্যোগৰ ভাৰসমতা আৰু সোঁফালৰ অংশটোৱে উদ্যোগটোৰ অন্তর্ভুক্ত এটা উৎপাদন প্রতিষ্ঠানৰ ভাৰসমতাৰ নির্দেশ দিছে। চিত্রত দেখুওৱা অনুসৰি যেতিয়া উদ্যোগৰ উৎপাদিত দ্ৰৱ্যৰ চাহিদা আৰু যোগানৰ সমতাৰ ভিত্তিত OP₂ মূল্য নির্ধাৰণ হৈছে, তেতিয়া উদ্যোগ প্রতিষ্ঠানটোৰ গড় আয় ৰেখা হৈছে AR₂ আৰু এই ৰেখা প্রান্তিক আয় ৰেখা MR₂ ৰ লগত মিলি আছে। চিত্র অনুসৰি, MR₂ ৰেখাত হ্রস্বকালীন প্রান্তিক ব্যয় ৰেখা SMC ত Q₂ বিন্দুত তলফালৰ পৰা ছেদ কৰিছে। গতিকে, এই বিন্দুত উদ্যোগ প্ৰতিষ্ঠানৰ ভাৰসমতাৰ বাবে প্ৰয়োজন হোৱা দুয়োটা অৱস্থাই পুৰণ হৈছে। এই ভাৰসাম্য বিন্দুত উৎপাদন প্রতিষ্ঠানটোৱে উৎপাদন কৰা উৎপাদিত দ্রৱ্যৰ পৰিমাণ হৈছে OM₂। অৱশ্যে, এই ভাৰসাম্য উৎপাদনত উৎপাদন প্রতিষ্ঠানটোৱে লাভ আহৰণৰ পৰিৱৰ্তে লোকচানহে ভৰিছে আৰু ইয়াৰ পৰিমাণ হৈছে Q₂TRP₂। কাৰণ, উৎপাদন প্ৰতিষ্ঠানটোৰ হ্রস্বকালীন গড় ব্যয় ৰেখা SAC গড় আয় ৰেখা AR₂ তকৈ ওপৰত আছে। আকৌ চিত্ৰত Q₂ বিন্দুক উৎপাদন প্রতিষ্ঠান বন্ধ বিন্দু আখ্যা দিয়া হয়। এনে অৱস্থাত উৎপাদন প্রতিষ্ঠানৰ দৰক স্বাভাৱকি দৰতকৈ নিম্ন দৰ আৰু উক্ত অৱস্থাত আহৰণ কৰা মুঠ উপার্জনক (OM₂Q₂P₂) স্বাভাৱিক লাভতকৈ নিম্ন লাভ আখ্যা দিয়া হয়।

যদি উদ্যোগৰ উৎপাদিত দ্ৰৱ্যৰ মূল্য চিত্ৰৰ সোঁফালৰ অংশত দেখুওৱা অনুসৰি OP হয়, তেতিয়া উৎপাদন প্রতিষ্ঠানটোৰ ভাৰসমতা OM পৰিমাণৰ উৎপাদনত স্থাপন হ’ব। কাৰণ এই পৰিমাণৰ উৎপাদনত উৎপাদন প্রতিষ্ঠানটোৰ প্রান্তিক ব্যয় ৰেখা SMC এ নতুন প্রান্তিক আয় ৰেখা MR ক Q বিন্দুত ছেদ কৰিছে। এই নতুন ভাৰসমতাৰ অৱস্থাত উৎপাদন প্রতিষ্ঠানটোৱে স্বাভাবিক লাভ আহৰণ কৰিছে। কাৰণ, এই ভাৰসাম্য উৎপাদনত উৎপাদন প্রতিষ্ঠানটোৰ গড় ব্যয় আৰু গড় আয় সমান হৈছে। চিত্ৰৰ AR ৰেখাই SAC ৰেখাক স্পর্শ কৰাটোৱে প্রতিষ্ঠানটোৱে OM পৰিমাণৰ উৎপাদনত স্বাভাৱিক লাভ আহৰণৰ স্বাক্ষৰ হৰণ কৰিছে।

যদি উদ্যোগৰ উৎপাদিত মূল্যৰ চিত্ৰৰ সোঁফালৰ অংশত দেখুওৱা অনুসৰি OP₁ ত স্থাপন হয়, তেতিয়া উৎপাদন প্রতিষ্ঠাটোৰ ভাৰসমতা সোঁফালৰ অংশত দেখুওৱা অনুসৰি OM₁ পৰিমাণত স্থাপন হ’ব। কাৰণ এই নতুন ৰূপত (OP₁) উৎপাদন প্রতিষ্ঠানটোৰ প্রান্তিক আয় ৰেখা হ’ল MR₁ আৰু এই ৰেখাক SMC ৰেখাই Q₁ বিন্দুত তলফালৰ পৰা ছেদ কৰিছে। এই নতুন ভাৰসমতা অৱস্থাত উৎপাদন প্রতিষ্ঠানটোৱে অস্বাভাৱিক লাভ উপাৰ্জন কৰিছে। কাৰণ OM₁ ভাৰসাম্য উৎপাদনত উৎপাদন প্রতিষ্ঠানটোৰ গড় আয় ৰেখা AR, ইয়াৰ গড় ব্যয় ৰেখা SAC তকৈ ওপৰত আছে। OM₁ পৰিমাণৰ ভাৰসাম্য উৎপাদনত উৎপাদন প্রতিষ্ঠানটোৰ P₁Q₁SN পৰিমাণৰ অস্বাভাৱিক লাভ আহৰণ কৰিছে। অনুৰূপ উৎপাদনী ব্যয়ৰ অৱস্থাত উদ্যোগৰ অন্তর্ভুক্ত আন উৎপাদন প্রতিষ্ঠানসমূহৰো ভাৰসমতা সমপৰিমাণৰ উৎপাদন আৰু সমপৰিমাণৰ অস্বাভাৱিক লাভ আহৰণৰ অৱস্থাত স্থাপন হ’ব।

পৃথক ব্যয়ৰ অৱস্থাত উৎপাদন প্রতিষ্ঠান আৰু উদ্যোগৰ হ্রস্বকালীন ভাৰসমতা- এই উদ্যোগৰ অন্তর্ভুক্ত উৎপাদন প্রতিষ্ঠানসমূহৰ উৎপাদনী ব্যয় অনুৰূপ হোৱাৰ পৰিৱর্তে পৃথক হোৱাৰহে সম্ভাৱনা অধিক। উদ্যোগ প্রতিষ্ঠানসমূহে উৎপাদনৰ অৰ্থে আহৰণ কৰা উপাদানসমূহৰ গুণাগুণৰ পাৰ্থক্যৰ কাৰণেই সিহঁতৰ মাজত উৎপাদনী ব্যয়ৰ পাৰ্থক্য ঘটে। এটা উদ্যোগৰ অন্তর্ভুক্ত উৎপাদন প্রতিষ্ঠানসমূহৰ উৎপাদনী ব্যয় পৃথক হয়, তেতিয়া ভাৰসাম্য অৱস্থাত কোনো উৎপাদন প্রতিষ্ঠানে অস্বাভাৱিক লাভ, কোনোবাই স্বাভাৱিক লাভ আৰু আন কিছুমানে লোকচান ভৰা পৰিলক্ষিত হয়। তলত চিত্ৰৰ সহায়ত পৃথক উৎপাদনী ব্যয়ত উৎপাদন প্রতিষ্ঠানৰ হ্রস্বকালীন ভাৰসমতাৰ বিষয়ে ব্যাখ্যা কৰা হ’ল-

চিত্ৰত সোঁফালৰ অংশত উদ্যোগৰ উৎপাদিত দ্ৰৱ্যৰ চাহিদা আৰু যোগানৰ সমতাৰ ভিত্তিত হ্রস্বকালীন দৰ নির্ধাৰণৰ বিষয়ে নির্দেশ দিছে। চিত্র অনুসৰি উদ্যোগৰ দ্বাৰা নিৰ্ধাৰিত দৰ হৈছে OP আৰু এই দৰত চিত্ৰত প্রতিনিধিত্ব কৰা চাৰিটা উৎপাদন প্রতিষ্ঠানে সিহঁতৰ উৎপাদিত দ্রৱ্য বিক্ৰী কৰিবলগীয়া হৈছে। সেই কাৰণে, উৎপাদন প্রতিষ্ঠানকেইটাৰ গড় আয় আৰু প্রান্তিক আয়ৰ পার্থক্য দেখা পোৱা হোৱা নাই। প্রথমখন উৎপাদন প্রতিষ্ঠানে কম উৎপাদনী ব্যয়ত ভাৰসমতা স্থাপন কৰিবলৈ সক্ষম হোৱাৰ কাৰণে এই প্রতিস্থানটো হ্রস্বকালীন অৱস্থাত অস্পভাৱিক লাভ আহৰণ কৰিবলৈ সক্ষম হৈছে।

চিত্রত দেখুওৱা অনুসৰি প্রথমখন উৎপাদন প্রতিষ্ঠানে ইয়াৰ OM পৰিমাণৰ ভাৰসাম্য উৎপাদনত PQRS পৰিমাণৰ অস্বাভাৱিক লাভ আহৰণ কৰিছে। দ্বিতীয়খনে উৎপাদন প্রতিষ্ঠানে OM₁ পৰিমাণৰ উৎপাদনৰ ভাৰসমতা স্থাপন কৰিছে। কিন্তু এইটো প্রতিষ্ঠানৰ উৎপাদনী ব্যয়, প্রথমখন উৎপাদন প্রতিষ্ঠানতকৈ অধিক। কাৰণ, ইয়াৰ গড় ব্যয় ৰেখা (SAC) প্রথমখন উৎপাদন প্রতিষ্ঠানতকৈ ওপৰত আছে। ভাৰসমতাৰ অৱস্থাত দ্বিতীয়খন উৎপাদন প্রতিষ্ঠানে স্বাভাৱিক লাভ আহৰণ কৰিছে। কাৰণ ভাৰসাম্য উৎপাদন OM₁ ত এইখন উৎপাদন প্রতিষ্ঠানৰ গড় আয় আৰু গড় ব্যয় সমান হৈছে। তৃতীয়খন উৎপাদন প্রতিষ্ঠানে ইয়াৰ ভাৰসমতাৰ অৱস্থাত লোকচানহে ভৰিছে। কাৰণ, উদ্যোগ প্রতিষ্ঠানটোৰ গড় ব্যয় ৰেখা SAC, গড় আয় ৰেখা AR তকৈ ওপৰত আছে। অৱশ্যে, হ্রস্বকালীন অৱস্থাত এই উৎপাদন প্রতিষ্ঠানটোৱে উৎপাদন কার্য চলাই থাকিব। কাৰণ, ভাৰসমতাৰ অৱস্থাত উৎপাদন প্রতিষ্ঠানটোৰ গড় পৰিৱর্তনশীল ব্যয় (SVC) আৰু গড় আয় (AR) সমান হোৱাৰ কাৰণে উৎপাদিত দ্রৱ্য বিক্ৰীৰ কৰি, এই প্রতিষ্ঠানটোৱে পৰিৱর্তনশীল ব্যয়সমূহ পূৰণ কৰিব পাৰিছে। চতুর্থখন উৎপাদন প্রতিষ্ঠানৰ (Firm D) অৱস্থিতি হ্রস্বকালীন অৱস্থাত সম্ভৱপৰ নহয়। দক্ষহীনতাৰ কাৰণে এই উৎপাদন প্রতিষ্ঠানটোৱে উৎপাদিত দ্রৱ্যৰ বিক্ৰীৰ জৰিয়তে পৰিৱৰ্তনশীল ব্যয়খিনিও আহৰণ কৰিব পৰা নাই।

১৩। পূর্ণ প্রতিযোগিতামূলক বজাৰত উৎপাদন প্রতিষ্ঠান আৰু উদ্যোগে কেনেদৰে দীর্ঘকালত ভাৰসমতা লাভ কৰে উপযুক্ত চিত্ৰৰ সহায়ত ব্যাখ্যা কৰা।

উত্তৰঃ দীর্ঘকালীন অৱস্থাত এটা দ্রৱ্য উৎপাদনৰ অৰ্থে প্রয়োজন হোৱা প্ৰায় সকলোবিলাক উপাদানেই পৰিৱর্তনশীল। সেইকাৰণে এটা উদ্যোগৰ অন্তর্ভুক্ত উৎপাদন প্রতিষ্ঠানৰ সংখ্যাৰ হ্রাস-বৃদ্ধি দীর্ঘকালীন অৱস্থাত সম্ভৱ হয়। এনে কাৰণতে, এটা উদ্যোগৰ উৎপাদিত দ্রৱ্যৰ চাহিদাৰ ভিত্তিত দ্রৱ্যটোৰ উৎপাদন আৰু যোগান ধৰাটো দীর্ঘকালীন অৱস্থাত সম্ভৱপৰ হয়। দ্রৱ্যৰ চাহিদা বৃদ্ধি পালে নতুন উদ্যোগ স্থাপনৰ জৰিয়তে যেনেদৰে উৎপাদন বৃদ্ধি কৰিব পৰা যায়, তেনেদৰে চাহিদাৰো সংকোচন সম্ভৱপৰ হয়। পূর্ণ প্রতিযোগিতা কোনো নতুন প্রতিষ্ঠান এটা উদ্যোগত প্রৱেশ কৰাত আৰু পুৰণি উৎপাদন প্রতিষ্ঠানে উদ্যোগৰ বাহিৰ হৈ অহাত কোনো বাধা নাথাকে। পূর্ণ প্রতিযোগিতাৰ এনে বৈশিষ্ট্যৰ কাৰণে উৎপাদন প্রতিষ্ঠানৰ দীর্ঘকালীন ভাৰসমতা সাধাৰণতে স্বাভাৱিক লাভ উপার্জন কৰা উৎপাদন পৰিমাণতহে হোৱা দেখা যায়। তলত চিত্ৰৰ সহায়ত দীর্ঘকালীন অৱস্থাত এখন উৎপাদন প্রতিষ্ঠানৰ ভাৰসমতাৰ বিষয়ে ব্যাখ্যা প্রদান কৰা হ’ল-

ওপৰৰ চিত্ৰৰ বাওঁফালৰ অংশটোৱে এটা উদ্যোগৰ উৎপাদিত দ্ৰৱ্যৰ চাহিদা আৰু যোগানৰ ভিত্তিত স্থাপন হোৱা দীর্ঘকালীন ভাৰসাম্য দৰ আৰু সোঁফালৰ অংশটোত উদ্যোগটোৰ অন্তর্ভুক্ত এখন উৎপাদন প্ৰতিষ্ঠানৰ ভাৰসমতাৰ বিষয়ে নির্দেশ দিছে। চিত্ৰত দেখুওৱা অনুসৰি উদ্যোগটোৰ দ্বাৰা নিৰ্ধাৰিত OP দামত উৎপাদন প্রতিষ্ঠানটোৱে ইয়াৰ উৎপাদিত দ্রৱ্য বিক্ৰী কৰিবলগীয়া হোৱাত এই প্রতিষ্ঠানটোৰ দীর্ঘকালীন গড় আয় ৰেখা হৈছে LAR আৰু এই ৰেখা প্রান্তিক আয় ৰেখা LMR ৰ লগত মিলি আছে। চিত্রত দেখুওৱা অনুসৰি, উৎপাদন প্রতিষ্ঠানখনৰ দীর্ঘকালীন প্রান্তিক ব্যয় ৰেখা LMC য়ে ইয়াৰ LMR ৰেখাক Q বিন্দুত তলফালৰ পৰা ছেদ কৰিছে। গতিকে Q বিন্দুত উৎপাদন প্রতিষ্ঠানৰ ভাৰসমতা স্থাপনৰ অর্থে প্রয়োজন হোৱা দুয়োটা অৱস্থাই পূৰণ হৈছে। গতিকে Q বিন্দু হৈছে উৎপাদন প্রতিষ্ঠানটোৰ দীর্ঘকালীন ভাৰসাম্য আৰু OM হৈছে ভাৰসাম্য উৎপাদন। কিন্তু এই ভাৰসাম্য উৎপাদনত উৎপাদন প্রতিষ্ঠানটোৱে স্বাভাৱিক লাভহে উপাৰ্জন কৰিছে। কাৰণ OM পৰিমাণৰ উৎপাদনত উৎপাদন প্রতিষ্ঠানটোৰ দীর্ঘকালীন গড় আয় (LAR) ইয়াৰ দীর্ঘকালীন গড় ব্যয়ৰ (LAC) সমান হৈছে। যদি উদ্যোগটোৰ অন্তর্ভুক্ত আন উৎপাদন প্রতিষ্ঠানসমূহৰ উৎপাদনী ব্যয়ৰ লগত চিত্ৰত দেখুওৱা উৎপাদন প্রতিষ্ঠানখনৰ উৎপাদনী ব্যয়ৰ সমান হয়, তেতিয়া আনবিলাক উৎপাদন প্রতিষ্ঠানেও সিহঁতৰ ভাৰসাম্য উৎপাদনত স্বাভাৱিক লাভ উপার্জন কৰে। যেতিয়া এটা উদ্যোগৰ অন্তর্ভুক্ত সকলো উৎপাদন প্রতিষ্ঠানে সিহঁতৰ ভাৰসমতাৰ অৱস্থাত স্বাভাবিক লাভ আহৰণ কৰে, তেতিয়া উদ্যোগৰ ভাৰসমতাও স্থাপন হয়।

১৪। পূর্ণ প্রতিযোগিতামূলক বজাৰৰ উৎপাদন প্ৰতিষ্ঠানৰ হ্রস্বকালীন যোাগন ৰেখা চিত্ৰৰ সহায়ত ব্যাখ্যা কৰা।

উত্তৰঃ হ্রস্বকালীন অৱস্থা এনে সময় যিটো সময়ৰ ভিতৰত এটা উৎপাদন প্রতিষ্ঠান ইয়াৰ কাৰখানাৰ সম্প্ৰসাৰণ অথবা সংকোচনৰ মাধ্যমত উৎপাদন বৃদ্ধি বা হ্রাস কৰিব নোৱাৰে। হ্রস্বকালীন অৱস্থাত উৎপাদন বৃদ্ধিৰ প্ৰয়োজন হ’লে উৎপাদন প্রতিষ্ঠানে ইয়াৰ চলিত যন্ত্রপাতিৰ লগত কেঁচামাল আৰু শ্রমিকৰ দৰে পৰিবর্তনশীল উপাদান অধিক পৰিমাণে ব্যৱহাৰ কৰি উৎপাদন বৃদ্ধিৰ ব্যৱস্থা কৰে। অর্থাৎ হ্রস্বকালীন অৱস্থান উৎপাদন প্রতিষ্ঠানে ইয়াৰ স্থায়ী উপাদানৰ লগত অধিক পৰিৱর্তনশীল উপাদান ব্যৱহাৰ কৰি উৎপাদন বৃদ্ধিৰ ব্যৱস্থা কৰে।

পূর্ণ-প্রতিযোগিতামূলক বজাৰৰ উৎপাদন প্রতিষ্ঠানৰ ভাৰসমতাৰ বিষয়ে আলোচনা কৰিলে দেখা যায় যে এনে প্রতিষ্ঠানে ইয়াৰ প্রান্তিক ব্যয় আৰু উৎপাদিত দ্ৰৱ্যৰ দৰ সমান হোৱা অৱস্থাত ভাৰসমতা স্থাপন কৰে। আনুভূমিক গড় আয় আৰু প্রান্তিক আয় ৰেখাক প্রান্তিক ব্যয় ৰেখাই যি বিন্দুত তলফালৰ পৰা ছেদ কৰে। উক্ত বিন্দুতেই উৎপাদন প্রতিষ্ঠানটোৱে উৎপাদনৰ পৰিমাণ নির্ধাৰণ কৰে। সেই কাৰণে হ্রস্বকালীন অৱস্থাত এটা উৎপাদন প্রতিষ্ঠানে বিভিন্ন দামত কি পৰিমাণৰ দ্রৱ্য উৎপাদন আৰু যোগান ধৰিব সেইটো ইয়াৰ প্রান্তিক ব্যয় ৰেখাডালে নির্ণয় কৰে। এনে কাৰণত উৎপাদন প্রতিষ্ঠানৰ হ্রস্বকালীন প্রান্তিক ব্যয় ৰেখাডালকেই ইয়াৰ হ্রস্বকালীন যোগান ৰেখা বুলি কোৱা হয়। চিত্ৰৰ সহায়ত তলত পূর্ণ-প্রতিযোগিতামূলক উৎপাদন প্রতিষ্ঠানৰ হ্রস্বকালীন যোগান ৰেখা অংকণ কৰা হ’ল-

চিত্রত স্পষ্ট হৈছে যে OP মূল্যত উৎপাদন প্রতিষ্ঠানটোৱে OM পৰিমাণৰ দ্রৱ্য উৎপাদন আৰু যোগান ধৰিব, কাৰণ উক্ত মূল্যত ইয়াৰ প্রান্তিক ব্যয় উৎপাদিত দ্ৰৱ্যৰ মূল্যৰ সমান হৈছে। যদি উৎপাদিত দ্রৱ্যৰ মূল্য OP₁ লৈ বৃদ্ধি হয় তেতিয়া উৎপাদন প্রতিষ্ঠানটোৱে OM₁ পৰিমাণৰ দ্রৱ্য উৎপাদন আৰু যোগান ধৰিব। যদি উদ্যোগৰ দ্বাৰা নিৰ্ধাৰিত মূল্য OP₂ লৈ হ্রাস হয় তেতিয়া চিত্রই প্রতিনিধিত্ব কৰা উৎপাদন প্রতিষ্ঠানটোৱে উৎপাদন আৰু যোগান ধৰা দ্ৰৱ্যৰ পৰিমাণ হ’ব OM₂। এনেভাৱে প্রান্তিক ব্যয় আৰু মূল্যৰ সমতাৰ ভিত্তিত হ্রস্বকালীন অৱস্থাত উৎপাদন প্রতিষ্ঠানৰ দ্ৰৱ্যৰ উৎপাদন আৰু যোগানৰ পৰিমাণ নির্ণয় হোৱাৰ কাৰণে হ্রস্বকালীন প্রান্তিক ব্যয় ৰেখা SMC প্রতিষ্ঠানটোৰ হ্রস্বকালীন যোগান ৰেখা বুলি কোৱা হয়। অৱশ্যে উৎপাদন প্রতিষ্ঠানটোৰ গড় পৰিবর্তনশীল ব্যয় ৰেখা AVC ৰ ওপৰত থকা প্রান্তিক ব্যয় ৰেখাৰ অংশটোৱেহে উদ্যোগিক প্রতিষ্ঠানটোৰ হ্রস্বকালীন যোগান ৰেখাৰ প্রতিনিধিত্ব কৰে। সিহেতু পূর্ণ প্রতিযোগিতামূলক উৎপাদন প্রতিষ্ঠানৰ প্রান্তিক ব্যয় আৰু উৎপাদিত দ্ৰৱ্যৰ মূল্যৰ (AR) সমতা স্থাপনৰ অৰ্থে প্রান্তিক ব্যয় ৰেখা ঊর্ধ্বগাম্য হোৱাটো প্রয়োজন, সেই কাৰণে পূর্ণ-প্রতিযোগিতামূলক বজাৰৰ অন্তর্ভুক্ত উৎপাদন প্রতিষ্ঠানটোৰ হ্রস্বকালীন যোগান ৰেখা সদায় সোঁফালৰ ওপৰলৈ ঢাল লয়।

১৫। পূর্ণ প্রতিযোগিতামূলক বজাৰৰ উদ্যোগৰ হ্রস্বকালীন যোগান ৰেখা চিত্ৰৰ সহায়ত ব্যাখ্যা কৰা।

উত্তৰঃ যেনেদৰে এটা দ্ৰৱ্যৰ বজাৰৰ চাহিদা ৰেখা ইয়াৰ ব্যক্তিগত চাহিদা ৰেখাসমূহক আনুভূমিকভাৱে যোগ কৰি আহৰণ কৰা হয় তেনেদৰে এটা উদ্যোগৰ যোগান ৰেখাও ইয়াৰ অন্তর্ভুক্ত উৎপাদন প্রতিষ্ঠানসমূহৰ হ্রস্বকালীন যোগান ৰেখাসমূহ আনুভূমিকভাৱে যোগ কৰি আহৰণ কৰিব পৰা যায়। উল্লেখিত পদ্ধতিৰ সহায়ত উদ্যোগৰ যোগান ৰেখা কেনেকৈ আহৰণ কৰা হয় সেই বিষয়ে তলত চিত্ৰৰ সহায়ত ব্যাখ্যা কৰা হ’ল-

চিত্ৰত বাঁওফালৰ অংশটোৱে এটা উৎপাদন প্রতিষ্ঠানৰ আৰু সোঁফালৰ অংশটোৱে উক্ত প্রতিষ্ঠানটো অন্তর্ভুক্ত হোৱা এটা পূর্ণ-প্রতিযোগিতামূলক উদ্যোগৰ উৎপাদিত দ্ৰৱ্যৰ যোগান ৰেখাৰ প্রতিনিধিত্ব কৰিছে। চিত্রৰ SMC ৰেখা হৈছে উৎপাদন প্রতিষ্ঠানটোৰ হ্রস্বকালীন যোগান ৰেখা। চিত্ৰৰ পৰা এইটো স্পষ্ট হৈছে যে OP₁ মূল্যত উৎপাদন প্রতিষ্ঠানটোৱে OM₁ পৰিমাণৰ দ্রৱ্য উৎপাদন আৰু যোগান ধৰিব। উদ্যোগটোৰ অন্তর্ভুক্ত আন সকলো উৎপাদন প্রতিষ্ঠানেও OP₁ মূল্যত OM₁ পৰিমাণৰ উৎপাদিত দ্রৱ্য যোগান ধৰিব। কাৰণ পূৰ্ণ-প্রতিযোগিতাত উৎপাদনৰ উপাদানসমূহৰ যোগান পূর্ণ স্থিতিস্থাপক হোৱাৰ কাৰণে SMC ৰেখা প্রতিটো প্রতিষ্ঠানৰে প্রান্তিক ব্যয় ৰেখা হ’ব। হ্রস্বকালীন অৱস্থাত উদ্যোগৰ অন্তর্ভুক্ত উৎপাদন প্ৰতিষ্ঠানৰ সংখ্যা হ্রাস-বৃদ্ধি নহয়। যদি উদ্যোগটোৰ অন্তর্ভুক্ত উৎপাদন প্রতিষ্ঠানৰ সংখ্যা ২০০ টা বুলি ধৰা হয় তেতিয়া OF₁ মূল্যত সমুদায় উদ্যোগটোৱে যোগান ধৰা দ্ৰৱ্যৰ পৰিমাণ হ’ব OM₁ x 200 = ON₁। উদ্যোগৰ দ্বাৰা নিৰ্ধাৰিত OP₂ দৰত উৎপাদন প্রতিষ্ঠানটোৱে প্রান্তিক ব্যয় ইয়াৰ মূল্যৰ সমতাৰ ভিত্তিত উৎপাদন আৰু যোগান ধৰা দ্ৰৱ্যৰ পৰিমাণ OM₂ আৰু সমুদায় উদ্যোগটোৱে যোগান ধৰা দ্ৰৱ্যৰ পৰিমাণ হৈছে OM₃ x 200 = ON₂। তেনেদৰে OP₃ মূল্যত উৎপাদন প্রতিষ্ঠানটোৱে OM₃ পৰিমাণৰ আৰু সমুদায় উদ্যোগটোৱে OM₃ x 200 = ON₃ পৰিমাণৰ দ্ৰৱ্যৰ যোগান ধৰিব। OP₄ মূল্যত উৎপাদন প্রতিষ্ঠানটোৱে যোগান ধৰা দ্ৰৱ্যৰ পৰিমাণ হৈছে OM₄ আৰু সমুদায় উদ্যোগটোৱে যোগান ধৰা দ্ৰৱ্যৰ পৰিমাণ হৈছে OM₄ x 200 = ON₄। বিভিন্ন মূল্যত উদ্যোগটোৱে যোগান ধৰা দ্ৰৱ্যৰ বিভিন্ন পৰিমাণৰ ভিত্তিত চিত্ৰৰ সোঁ অংশৰ SRS ৰেখা অংকণ কৰা হৈছে। SRS হৈছে পূর্ণ প্রতিযোগিতামূলক উদ্যোগটোৰ হ্রস্বকালীন যোগান ৰেখা, আৰু স্বাভাৱিক যোগান ৰেখাৰ দৰে এই যোগান ৰেখাডাল সোঁদিশলৈ উর্ধ্বগামী হৈছে।

১৬। পূর্ণ-প্রতিযোগিতাৰ দীর্ঘকালীন যোগান ৰেখা আঁকা। 

উত্তৰঃ দীর্ঘকালীন অৱস্থাত উৎপাদন প্রতিষ্ঠানৰ গড় ব্যয় ৰেখাৰ নিম্নতম বিন্দুৱে ইয়াৰ যোগানৰ প্রতিনিধিত্ব কৰে। উক্ত গড় ব্যয়ৰ লগত উদ্যোগৰ দ্বাৰা নিৰ্ধাৰিত মূল্যও সমান হয়। পূর্ণ প্রতিযোগিতামূলক উদ্যোগৰ উৎপাদনৰ উপাদানসমূহৰ যোগান পূর্ণ স্থিতিস্থাপক হোৱাৰ কাৰণে এটা উদ্যোগৰ অন্তর্ভুক্ত সকলো উৎপাদন প্রতিষ্ঠানৰ ব্যয় ৰেখাৰ অৱস্থান একে হয় আৰু কায্য উৎপাদনৰ পৰিমাণ একে হয়। সেই কাৰণে এটা কায্য উৎপাদনৰ পৰিমাণক উদ্যোগৰ অন্তর্ভুক্ত প্ৰতিষ্ঠানৰ সংখ্যাৰে পূৰণ কৰিলে উদ্যোগৰ দীর্ঘকালীন যোগানৰ পৰিমাণ জানিব পাৰি। অৱশ্যে উৎপাদন প্রতিষ্ঠানে উপভোগ কৰা ব্যয় বিধিৰ ভিত্তিত উদ্যোগৰ যোগান ৰেখা ঊর্ধ্বগামী, নিম্নগামী অথবা সমান্তৰাল হ’ব পাৰে। তলত বিভিন্ন অৱস্থাত পূর্ণ- প্রতিযোগিতামূলক উদ্যোগৰ দীর্ঘকালীন যোগান ৰেখাৰ আকৃতিৰ বিষয়ে ব্যাখ্যা দাঙি ধৰা হ’ল-

(ক) ক্রমহ্রাসমান ব্যয় বিধি প্রযোজ্য হোৱা উদ্যোগৰ দীর্ঘকালীন যোগান ৰেখা- যেতিয়া এটা উদ্যোগৰ সম্প্ৰসাৰণে সৃষ্টি কৰা বাহ্যিক মিতব্যয়িতাৰ পৰিমাণ বাহ্যিক অমিতব্যয়িতাতকৈ অধিক হয় তেতিয়া উদ্যোগৰ উৎপাদন ব্যৱস্থা ক্রম হ্রাসমান ব্যয় বিধিৰ অন্তর্ভুক্ত হয়। এনে অৱস্থাত উদ্যোগৰ দীর্ঘকালীন যোগান ৰেখাৰ ৰূপ ঋণাত্মক বা নিম্নগামী হয়। তলত চিত্রৰ সহায়ত ক্রমহ্রাসমান ব্যয়বিধিৰ অৱস্থাত উদ্যোগৰ দীর্ঘকালীন যোগান ৰেখাৰ আকৃতিৰ বিষয়ে ব্যাখ্যা কৰা হ’ল-

ওপৰত দিয়া চিত্ৰৰ সোঁফালৰ অংশটোৱে এটা পূর্ণ-প্রতিযোগিতামূলক উদ্যোগৰ দীর্ঘকালীন যোগান ৰেখাৰ প্রতিনিধিত্ব কৰিছে আৰু বাওঁফালৰ অংশটোৱে উদ্যোগটোৰ অন্তর্ভুক্ত এটা উৎপাদন প্রতিষ্ঠানৰ দীর্ঘকালীন ভাৰসমতাৰ প্রতিনিধিত্ব কৰিছে। চিত্ৰৰ পৰা এইটো স্পষ্ট হৈছে যে উদ্যোগৰ দ্বাৰা নিৰ্ধাৰিত OP₁ দৰত উৎপাদন প্রতিষ্ঠানটোৱে OM₁ পৰিমাণৰ দ্রৱ্য উৎপাদন কৰি ভাৰসমতা স্থাপন কৰিছে। যদি OP₁ মূল্যত উদ্যোগটোত উৎপাদন কার্য চলাই থকা উৎপাদন প্রতিষ্ঠানৰ সংখ্যা ১০০ টা বুলি ধৰা হয় তেতিয়া উক্ত মূল্যত উদ্যোগটোৱে যোগান ধৰা দ্ৰৱ্যৰ মুঠ পৰিমাণ হ’ব OM₁ x 100 = OQ₁। যদি উদ্যোগটোৰ উৎপাদিত দ্ৰৱ্যৰ প্ৰতি চাহিদা বৃদ্ধি পায় আৰু বর্ধিত চাহিদাৰ প্রয়োজন পূৰণৰ অর্থে নতুন উৎপাদন প্রতিষ্ঠানৰ প্রৱেশ ঘটিছে। এনেভাৱে উদ্যোগৰ সম্প্ৰসাৰণ ঘটাৰ ফলত যি নিশুট বাহ্যিক মিতব্যয়িতাৰ সৃষ্টি হৈছে তাৰ ফলত উদ্যোগটোৰ অন্তর্ভুক্ত উৎপাদন প্রতিষ্ঠানৰ দীর্ঘকালীন গড় ব্যয় ৰেখা তললৈ স্থানান্তৰিত হৈছে। গড় ব্যয় ৰেখা স্থানান্তৰিত হোৱাৰ লগে লগে উদ্যোগৰ উৎপাদিত দ্ৰৱ্যৰ মূল্যও OP₂ লৈ হ্রাস পাইছে। উদ্যোগৰ নতুন দৰ OP₂ আৰু নতুন গড় ব্যয় ৰেখা LAC₂ ভিত্তিত উৎপাদন প্রতিষ্ঠানটোৱে ইয়াৰ নতুন ভাৰসমতা অৱস্থাত OM₂ পৰিমাণৰ দ্রৱ্য উৎপাদন কৰিছে। OP₁ মূল্যত OQ₁ পৰিমাণৰ যোগান আৰু OP₂ মূল্যত OQ₂ পৰিমাণৰ যোগানৰ ভিত্তিত চিত্ৰৰ সোঁ অংশত উদ্যোগৰ দীর্ঘকালীন যোগান ৰেখা LRS অংকণ কৰা হৈছে। এই দীর্ঘকালীন যোগান ৰেখাৰ ঢাল ঋণাত্মক।

(খ) অপৰিৱৰ্তিত ব্যয় বিধিৰ অন্তর্ভুক্ত উদ্যোগৰ দীর্ঘকালীন যোগান ৰেখা যেতিয়া এটা উদ্যোগৰ সম্প্ৰসাৰণে যি পৰিমাণে বাহ্যিক মিতব্যয়িতাৰ সৃষ্টি কৰে তাৰ সমপৰিমাণে বাহ্যিক অমিতব্যয়িতাৰ সৃষ্টি কৰে, তেতিয়া নিগুট বাহ্যিক সুবিধা শূণ্য হয় আৰু এনে অৱস্থাত উদ্যোগৰ উৎপাদন ব্যৱস্থা অপৰিৱৰ্তিত ব্যয় বিধিৰ অন্তর্ভুক্ত হয়। এনে অৱস্থাত উদ্যোগৰ অন্তর্ভুক্ত উৎপাদন প্রতিষ্ঠানে উৎপাদনৰ হ্রাস বৃদ্ধি ঘটালেও ইয়াৰ ব্যয় ৰেখাৰ অৱস্থান কোনো পৰিৱর্তন নঘটে। অপৰিৱৰ্তিত ব্যয় বিধি প্রযোজ্য হোৱা অৱস্থাত উদ্যোগৰ যোগন ৰেখা আকৃতি তলত ব্যাখ্যা কৰা হ’ল-

ওপৰৰ চিত্ৰত বাওঁফালৰ অংশটোৱে এটা পূর্ণ-প্রতিযোগিতামূলক উদ্যোগৰ অন্তর্ভুক্ত উৎপাদন প্রতিষ্ঠানৰ দীর্ঘকালীন যোগান ৰেখাৰ প্রতিনিধিত্ব কৰিছে আৰু সোঁফালৰ অংশটোৱে উদ্যোগটোৰ দীর্ঘকালীন যোগান ৰেখাৰ প্রতিনিধিত্ব কৰিছে। চিত্ৰৰ পৰা এইটো স্পষ্ট হৈছে যে OP₁ মূল্যত উৎপান প্রতিষ্ঠাটোৱে OM পৰিমাণৰ দ্রৱ্য উৎপাদন কৰি ভাৰসমতা স্থাপন কৰিছে। যদি উদ্যোগটোৰ দ্ৰৱ্যৰ প্ৰতি চাহিদা বৃদ্ধি হোৱাত উদ্যোগটোৰ সম্প্ৰসাৰণ ঘটে আৰু ইয়াৰ অন্তর্ভুক্ত উৎপাদন প্রতিষ্ঠানৰ সংখ্যা বৃদ্ধি পায় কিন্তু উদ্যোগৰ সম্প্রসাৰণে শূণ্য পৰিমাণৰ নিগুট বাহ্যিক মিতব্যয়িতাৰ সৃষ্টি কৰাত উদ্যোগৰ উৎপাদন ব্যৱস্থা অপৰিৱৰ্তিত ব্যয় বিধিৰ অন্তর্ভুক্ত হৈছে। অর্থাৎ উদ্যোগৰ সম্প্ৰসাৰণে ইয়াৰ অন্তর্ভুক্ত উৎপাদন প্ৰতিষ্ঠানৰ গড় ৰেখাৰ অৱস্থানৰ কোনো পৰিৱৰ্তন ঘটোৱা নাই। গড় ব্যয় ৰেখাৰ অৱস্থানৰ পৰিৱর্তন নোহোৱাৰ কাৰণে উৎপাদিত দ্ৰৱ্যৰ মূল্য OP অপৰিৱৰ্তিত হৈ আছে আৰু উৎপাদন প্রতিষ্ঠানটোৱেও পূৰ্বৰ OM পৰিমাণৰ উৎপাদনত ভাৰসমতা বাহাল ৰাখিছে। অৱশ্যে উদ্যোগৰ অন্তর্ভুক্ত উৎপাদন প্ৰতিষ্ঠানৰ সংখ্যা বৃদ্ধি পোৱাত OP মূল্যত উদ্যোগটোৱে যোগান ধৰা দ্ৰৱ্যৰ পৰিমাণ OQ₂ লৈ বৃদ্ধি পাইছে। OP₁ মূল্যত উদ্যোগটোৱে যোগান ধৰা যথাক্রমে OQ₁ আৰু OQ₂ ভিত্তিত উদ্যোগৰ দীর্ঘকালীন যোগান ৰেখা LRS অংকণ কৰা হৈছে। LRS যোগান ৰেখাৰ আকৃতিয়ে এইটো নির্দেশ দিছে যে অপৰিৱৰ্তিত ব্যয় বিধি প্রযোজ্য হোৱাৰ অৱস্থাত উদ্যোগৰ দীর্ঘকালীন যোগান ৰেখা পৰিমাণ বাহুৰ সমান্তৰাল বা আনুভূমিক হয়।

(গ) ক্রমবর্ধমান ব্যয় বিধি প্রযোজ্য হোৱাৰ অৱস্থাত উদ্যোগৰ দীর্ঘকালীন যোগান ৰেখা যেতিয়া এটা উদ্যোগৰ সম্প্ৰসাৰণ সৃষ্টি কৰা বাহ্যিক মিতব্যয়িতাতকৈ অমিতব্যয়িতাৰ পৰিমাণ অধিক হয় তেতিয়াই উদ্যোগৰ উৎপাদন ব্যৱস্থাত ক্রমবর্ধমান ব্যয়বিধি প্রযোজ্য হয়। ক্রমবর্ধমান ব্যয়বিধি প্রযোজ্য হোৱা অৱস্থাত উদ্যোগৰ দীর্ঘকালীন যোগান ৰেখাৰ আকৃতি চিত্ৰৰ সহায়ত দেখুওৱা হ’ল-

ওপৰৰ চিত্ৰৰ বাওঁফালৰ অংশটোৱে ক্রমবর্ধমান ব্যয়বিধি প্রযোজ্য হোৱা অৱস্থাত এটা পূর্ণ-প্রতিযোগিতামূলক উৎপাদন প্রতিষ্ঠানৰ ভাৰসমতা প্রতিনিধিত্ব কৰিছে আৰু সোঁফালৰ অংশটোৱে উক্ত প্রতিষ্ঠানটো অন্তর্ভুক্ত হোৱা উদ্যোগটোৰ দীর্ঘকালীন যোগন ৰেখাৰ প্রতিনিধিত্ব কৰিছে। চিত্ৰৰ পৰা এইটো স্পষ্ট হৈছে যে উদ্যোগৰ দ্বাৰা নির্ধাৰিত OP₁ মূল্যত প্রতিষ্ঠানটোৱে OM₁ পৰিমাণৰ দ্রৱ্য উৎপাদন কৰি ভাৰসমতা স্থাপন কৰিছে। যদি উদ্যোগটোৰ উৎপাদিত দ্ৰৱ্যৰ প্ৰতি চাহিদা বৃদ্ধি পায় উদ্যোগটোলৈ অতিৰিক্ত প্রতিষ্ঠানৰ প্রবেশ ঘটিব। অৱশ্যে উদ্যোগৰ সম্প্ৰসাৰণ নিশুট বাহ্যিক অমিতব্যয়িতাৰ সৃষ্টি কৰাত উদ্যোগৰ উৎপাদন ব্যবস্থা ক্রমবর্ধমান ব্যয় বিধিৰ অন্তর্ভুক্ত হৈছে আৰু ইয়াৰ ফলত চিত্রই প্রতিনিধিত্ব কৰা উৎপাদন প্রতিষ্ঠানটোৰ দীর্ঘকালীন ব্যয় ৰেখা (LAC₁) উচ্চ স্থানলৈ স্থানান্তৰিত হৈছে আৰু উদ্যোগৰ উৎপাদিত দ্ৰৱ্যৰ মূল্য OP₂ লৈ বৃদ্ধি পাইছে। OP₂ মূল্যত উৎপাদন প্রতিষ্ঠানটোৱে OM₂ পৰিমাণৰ দ্রৱ্য উৎপাদন কৰি নতুন ভাৰসমতা স্থাপন কৰিছে। OP₂ মূল্যত সমুদায় উদ্যোগটোৱে যোগান ধৰা দ্ৰৱ্যৰ পৰিমাণ হৈছে OQ₂ IOP₂ মূল্যত OQ₁ পৰিমাণৰ আৰু OP₂ মূল্যত OQ₂ পৰিমাণৰ দ্ৰৱ্যৰ যোগানৰ ভিত্তিত চিত্ৰৰ সোঁ-অংশত উদ্যোগৰ দীর্ঘকালীন যোগান ৰেখা LRS অংকণ কৰা হৈছে। উর্ধগামী যোগান ৰেখাই নির্দেশ দিছে যে যিহেতু ক্রমবর্ধমান ব্যয় বিধি প্রযোজ্য হোৱাৰ অৱস্থাত উৎপাদন প্রতিষ্ঠানৰ ব্যয় বৃদ্ধি হয়, সেয়ে উৎপাদিত দ্রব্যৰ মূল্য বৃদ্ধি হ’লেহে উদ্যোগৰ দ্বাৰা উৎপাদিত দ্রৱ্যৰ যোগান বৃদ্ধি হয়।

১৭। পূর্ণ-প্রতিযোগিতামূলক বজাৰত এখন উৎপাদন প্রতিষ্ঠানে কেনেদৰে উৎপাদন বন্ধৰ বিন্দুত উপনীত হ’ব লগা হয় উপযুক্ত চিত্ৰৰ সহায়ত ব্যাখ্যা কৰা।

উত্তৰঃ যেতিয়া এটা উদ্যোগৰ অন্তর্ভুক্ত উৎপাদন প্রতিষ্ঠানসমূহে দ্রৱ্য উৎপাদনৰ অৰ্থে ব্যৱহাৰ কৰা উদ্যোগসমূহৰ যোগান মূল্যৰ কোনো পার্থক্য নাথাকে, তেতিয়া সকলো উৎপাদন প্রতিষ্ঠানে সমান দৰত উপাদানসমূহৰ ক্ৰয় কৰিবলৈ সক্ষম হয়। এনে অৱস্থাত প্রতিটো উৎপাদনী প্রতিষ্ঠানৰ উৎপাদিত দ্ৰৱ্যৰ উৎপাদনী ব্যয় সমান হয়। আনহাতে পূর্ণ প্রতিযোগিতাত উদ্যোগৰ উৎপাদিত দ্ৰৱ্যৰ চাহিদা, যোগানৰ সমতাৰ ভিত্তিত যি মূল্য নির্ধাৰণ হয়, সেই মূল্যতেই উৎপাদন প্রতিষ্টানসমূহে সিহঁতৰ উৎপাদিত দ্রৱ্য বিক্ৰী কৰিবলগীয়া হোৱাৰ কাৰণে উৎপাদন প্রতিষ্ঠানসমূহৰ প্ৰান্তিক আয় আৰু গড় আয়ৰ কোনো পার্থক্য নাথাকে। গতিকে, একে ব্যয় ৰেখা আৰু গড় ৰেখাৰ উপস্থিতিৰ অৱস্থাত এটা উৎপাদন প্ৰতিষ্ঠানৰ ভাৰসমতাৰ পৰা জানিব পাৰি। পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰত এখন উৎপাদন প্রতিষ্ঠানে কেনেদৰে উৎপাদন বন্ধৰ বিন্দুত উপনীত হয় তলত চিত্ৰৰ সহায়ত দেখুওৱা হ’ল-

ওপৰৰ চিত্ৰত সোফালৰ অংশই এটা উদ্যোগৰ উৎপাদিত দ্রৱ্যৰ যোগান আৰু চাহিদাৰ ভিত্তিত দৰ নির্ধাৰণ আৰু সোঁফালৰ অংশটোৱে উদ্যোগটোৰ অন্তর্ভুক্ত এটা উৎপাদন প্রতিষ্ঠানৰ ভাৰসমতা বিষয়ে নির্দেশ দিছে। চিত্রত দেখুওৱা অনুসৰি যেতিয়া উদ্যোগৰ উৎপাদিত দ্রৱ্যৰ চাহিদা আৰু যোগানৰ সমতাৰ ভিত্তিত OP₂ মূল্য নির্ধাৰণ হৈছে তেতিয়া উদ্যোগ প্রতিষ্ঠানটোৰ গড় আয় ৰেখা হৈছে AR₂ আৰু এই ৰেখা প্রান্তিক আয় ৰেখা MR₂ ৰ লগত মিলি আছে। চিত্র অনুসৰি MR₂ ৰেখাত হ্রস্বকালীন প্রান্তিক ব্যয় ৰেখা SMC এ Q₂ বিন্দুত তলফালৰ পৰা ছেদ কৰিছে। গতিকে এই বিন্দুত উদ্যোগ প্রতিষ্ঠানৰ ভাৰসমতাৰ বাবে প্রয়োজন হোবা দুয়োটা অৱস্থাই পূৰণ হৈছে। এই ভাৰসাম্য বিন্দুত উৎপাদন প্রতিষ্ঠানটোৱে উৎপাদন কৰা উৎপাদিত দ্ৰৱ্যৰ পৰিমাণ হৈছে OM₂। অৱশ্যে, এই ভাৰসাম্য উৎপাদনত উৎপাদন প্রতিষ্ঠানটোৱে লাভ আহৰণৰ পৰিৱর্তে লোকচানহে ভৰিছে আৰু ইয়াৰ পৰিমাণ হৈছে Q₂TRP₂। কাৰণ উৎপাদন প্রতিষ্ঠানটোৰ হ্রস্বকালীন গড় ব্যয় ৰেখা SAC গড় আয় ৰেখা AR₂ তকৈ ওপৰত আছে। চিত্ৰৰ OM₂ ভাৰসাম্য উৎপাদনত উৎপাদন প্রতিষ্ঠানটোৱে লোকচান ভৰিলেও হ্রস্বকালীন অৱস্থাত উৎপাদন কার্য চলাই থাকিব। কাৰণ উৎপাদন প্রতিষ্ঠানটোৰ গড় পৰিৱর্তনশীল ব্যয় ৰেখা SVC ক গড় আয় ৰেখা AR₂ এ স্পৰ্শ কৰাটোৱে এৰিটৌৰ নিৰ্দেশ দিছে যে উৎপাদিত দ্রৱ্য বিক্ৰীৰ জৰিয়তে প্রতিষ্ঠানটোৰ পৰিৱর্তনশীল উপাদানৰ ওপৰত কৰিবলগীয়া ব্যয় আহৰণ কৰিবলৈ সক্ষম হৈছে। হ্রস্বকালীন অৱস্থাত লোকচান ভৰা প্রতিষ্ঠানে যেতিয়া গড় পৰিৱর্তনশীল ব্যয়খিনি পৰিপূৰণ কৰি উৎপাদন কার্য চলাই থাকে তেতিয়া উক্ত উৎপাদনী ব্যয়ক উৎপাদনী প্রতিষ্ঠান বন্ধ কৰাৰ আখ্যা দিয়া হয়, কাৰণ উৎপাদিত দ্রৱ্য বিক্রী কৰি পৰিৱর্তনশীল ব্যয়খিনি পৰিপূৰণ কৰিব নোৱাৰিলে উৎপাদন প্রতিষ্ঠান বন্ধ হৈ যাব। চিত্রত Q₂ বিন্দুক উৎপাদন প্রতিষ্ঠান বন্ধৰ বিন্দু আখ্যা দিয়া হয়। এনে অৱস্থাত উৎপাদন প্রতিষ্ঠানৰ দৰক স্বাভাৱিক দৰতকৈ নিম্ন দৰ আৰু উক্ত অৱস্থাত আহৰণ কৰা মুঠ উপার্জনক (OM₂Q₂P₂) স্বাভাৱিক লাভতকৈ নিম্ন লাভ আখ্যা দিয়া হয়।

১৮। উৎপাদনৰ পৰিসৰৰ মিতব্যয়িতাৰ সৃষ্টিৰ কাৰণসমূহ লিখা।

উত্তৰঃ বৃহৎ উৎপাদন প্রতিষ্ঠানে উপভোগ কৰা মিতব্যয়িতাৰ উৎসসমূহ তলত ব্যাখ্যা কৰা হ’ল-

(ক) প্রাকৃতিক উপাদানঃ এটা অঞ্চলত এটা উদ্যোগ কেন্দ্রীভূত হোৱাব ফলত কিছুমান প্রাকৃতিক সুবিধাৰ সৃষ্টি হয় যাৰ সুফল উদ্যোগটোৰ অন্তর্ভুক্ত সকলো প্রতিষ্ঠানে উপভোগ কৰিব পাৰে। উদাহৰণস্বৰূপে, এটা কয়লাখনিৰ অঞ্চলত বিভিন্ন প্রতিষ্ঠানে কয়লাখনিৰ ভূ- গৰ্ভৰ পানী পাম্পৰ সহায়ত বাহিৰ কৰাৰ ব্যৱস্থা গ্রহণ কৰে আৰু তেতিয়া প্রতিখন প্রতিষ্ঠানৰ ভূ-গর্ভৰ পানী উত্তোলনৰ ব্যয় কম হয়।

(খ) স্থানীয়কৰণৰ মিতব্যয়িতাঃ এটা উদ্যোগ যেতিয়া কোনো এক অঞ্চলত কেন্দ্রীভূত হয় তেতিয়া এই উদ্যোগৰ অন্তর্ভুক্ত প্রতিষ্ঠানসমূহে কিছুমান সাধাৰণ সুবিধা উপভোগ কৰা পৰিলক্ষিত হয়। এনে সুবিধাসমূহৰ ভিতৰত পৰিবহণ ব্যৱস্থাৰ উন্নতি, দক্ষতাপূর্ণ শ্রমিকৰ যোগান, বেংক আৰু বিত্তীয় অনুষ্টান আদি। এনে ধৰণৰ সুবিধা বৃদ্ধিয়ে প্রতিখন উদ্যোগ প্রতিষ্ঠানৰ উৎপাদনী ব্যয় সংকোচন কৰাত নিশ্চিয়তভাৱে সহায় কৰে।

(গ) তথ্যপাতিৰ মিতব্যয়িতাঃ এটা উদ্যোগৰ অন্তর্ভুক্ত সকলো উদ্যোগ প্রতিষ্ঠান এটা অঞ্চলত কেন্দ্রীভূত হোৱাৰ ফলত তথ্যপাতি আহৰণৰ কিছুমান সামুহিক সুবিধাৰ সৃষ্টি কৰাটো সূচল হয়। সকলো উদ্যোগ প্রতিষ্ঠানৰ ব্যৱসায় আৰু অন্যান্য বিষয়ৰ তথ্যপাতিৰ যোগানৰ কাৰণে বাতৰি-কাকত, বাণিজ্যিক পত্রিকা প্রকাশ হয়। এনে পত্রিকাসমূহৰ পৰা উদ্যোগৰ বিত্ত আৰু ব্যৱসায় বাণিজ্য সংক্রান্তিয় সকলোবোৰ তথ্য উদ্যোগ প্রতিষ্ঠানসমূহে সংগ্রহ কৰিবলৈ সক্ষম হয়। এনে বিভিন্ন ধৰণৰ তথ্যপাতিষ মিতব্যয়িতাৰ দ্বাৰা প্ৰতিখন উদ্যোগিক প্রতিষ্ঠানে উৎপাদয়ী ব্যয় সংকোচন আৰু উৎপাদন বৃদ্ধি কৰিবলৈ সক্ষম হয়।

(ঘ) উৎপাদন বিন্যাসৰ মিতব্যয়িতাঃ এটা অঞ্চলত এটা উদ্যোগৰ স্থাপন আৰু অগ্রগতিয়ে উৎপাদনৰ বিভিন্ন প্রক্রিয়াসমূহৰ বিভাজন আৰু প্ৰতিটো বিভাগৰ দায়িত্ব বিশেষ প্রতিষ্ঠানৰ হাতত ন্যস্ত কৰাৰ ব্যৱস্থাত সহায় কৰে। উৎপাদনৰ এনে বিভাজন বা বিশেষীকৰণ ব্যৱস্থাই উৎপাদনী ব্যয় সংকোচন আৰু উৎপাদিত দ্রৱ্যৰ পৰিমাণ আৰু মান উন্নীত কৰাত সহায়ক হয়।

১৯। অমিতব্যয়িতাৰ উপাদানবোৰক কেনেদৰে ভাগ কৰিব পাৰি? ভাগকেইটা ব্যাখ্যা কৰা।

উত্তৰঃ অমিতব্যয়িতা উপাদানবোৰক প্ৰধানকৈ তলত দিয়া ধৰণেৰে ভাগ কৰা হয়-

(ক) পৰিচালনাৰ অমিতব্যয়িতাঃ বৃহৎ উৎপাদন প্রতিষ্ঠানৰ পৰিসৰ বা মাত্রা বহল হোৱাৰ লগে লগে পৰিচালনাৰ ক্ষেত্ৰত বিভিন্ন বিভাগৰ পৰিচালনা আৰু সমন্বয়ৰ ক্ষেত্ৰত সমস্যা আহি পৰে। বৃহৎ উৎপাদন প্রতিষ্ঠানত উৎপাদন প্রক্রিয়াৰ বিভিন্ন বিভাগ স্থাপনৰ ব্যৱস্থা থাকিলেও সেইবোৰ পৰিচালনা ব্যৱস্থাৰ সম্পূর্ণ বিকেন্দ্রীকৰণ সম্ভৱপৰ নহয়। গতিকে উৎপাদন ব্যৱস্থাৰ মাত্রা দক্ষতাপূর্ণ নিয়ন্ত্রণ আৰু সমন্বয়ৰ বাহিৰত হোৱাৰ লগে লগে পৰিচালনা দক্ষতাৰ অৱনতি ঘটে। পৰিচালনাৰ দক্ষতাৰ অৱনতিয়ে উৎপাদনৰ বৃদ্ধিৰ হাব নিম্নমুখী কৰাৰ লগতে উৎপাদনী ব্যয় বৃদ্ধি কৰে।

(খ) কাৰিকৰী অমিতব্যয়িতাঃ অমিতব্যয়িতাৰ আন এটা কাৰণ হৈছে কাৰিকৰী সমস্যা। কাৰিকৰী অমিতব্যয়িতা নামেৰে জনাজাত এই সুবিধা সৃষ্টিৰ মূলতেও হৈছে বৃহৎ উৎপাদন প্রতিষ্টানৰ মাত্রা। এখন বৃহৎ উৎপাদন প্রতিষ্ঠানৰ মাত্রা বিশাল হোৱাৰ লগে লগে শ্রমবিভাজনৰ পৰিসীমাসমূহ প্ৰকট হৈ পৰা পৰিলক্ষিত নহয়। কলকজাৰ দৰে মূলধনী সামগ্ৰী আৰু উদ্যোক্তাৰ দৰে উপাদানৰ অবিভাজ্য উপাদানৰ কাৰণে শ্রমবিভাজনে উৎপাদনৰ এটা স্তৰলৈকে উৎপাদন হাৰ বৃদ্ধিত ইন্ধন যোগাব পাৰে। এই স্তৰ অতিক্ৰম কৰাৰ পাছত অধিক শ্রমবিভাজনৰ ব্যৱস্থা বা শ্রমিকৰ প্রয়োগে উৎপাদনৰ হাৰ বৃদ্ধিৰ পৰিৱৰ্তে সংকোচনহে কৰে।

(গ) বাহ্যিক অমিতব্যয়িতাঃ এটা উদ্যোগৰ মাত্ৰাৰ সম্প্ৰসাৰণ সীমিত কৰাত প্রভাৱ বিস্তাৰ কৰা বাহ্যিক উপাদানসমূহকেই বাহ্যিক অমিতব্যয়িতা বুলি কোৱা হয়। এনে বাহ্যিক অমিতব্যয়িতা তিনিটা প্রধান কাৰণত সৃষ্টি হ’ব পাৰে। প্ৰথমতে এটা উদ্যোগ এটা অঞ্চলত কেন্দ্রীভূত হোৱাৰ ফলত যানবাহনৰ সংখ্যা অত্যাধিক পৰিমাণে বৃদ্ধি পোৱাৰ ফলত সুচলৰূপে আৰু ক্ষিপ্রগতিত যান-বাহন চলোৱাৰ ক্ষেত্ৰত সমস্যাই দেখা দিয়ে আৰু ইয়াৰ ফলত পৰিবহনৰ ব্যয় বৃদ্ধি পায়। দ্বিতীয়তে, উদ্যোগৰ সম্প্ৰসাৰণে কেঁচামালৰ প্ৰতি চাহিদা বৃদ্ধি কৰি এইবোৰৰ মূল্যবৃদ্ধিত ইন্ধন যোগায়। ইয়াৰ ফলত উৎপাদনী ব্যয় বৃদ্ধি পায়। তৃতীয়তে, উদ্যোগৰ সম্প্ৰসাৰণৰ লগে লগে মূলধনৰ চাহিদা বৃদ্ধি পোৱাত সুদৰ হাৰ বৃদ্ধি হয় আৰু শ্রমিকৰ চাহিদা বৃদ্ধি পোৱাত মজুৰিৰ হাৰ বৃদ্ধি হয়। সুদ আৰু মজুৰিৰ হাৰ বৃদ্ধিয়েও উৎপাদনী ব্যয় বৃদ্ধি কৰে।

২০। একচেটায়া বজাৰ কি? ইয়াৰ প্ৰধান বৈশিষ্ট্যসমূহ কি কি?

উত্তৰঃ যেতিয়া এটা দ্ৰৱ্যৰ উৎপাদন আৰু যোগান এটা উৎপাদন প্রতিষ্ঠানে সম্পূর্ণৰূপে নিয়ন্ত্ৰণ কৰে তাকেই একচেটীয়া ব্যৱসায় বা বজাৰ বুলি কোৱা হয়।

একচেটীয়া বজাৰৰ প্ৰধান বৈশিষ্ট্য হৈছে এনে দ্ৰৱ্যৰ উৎপাদনৰ ক্ষেত্ৰত উৎপাদন প্রতিষ্ঠান আৰু উদ্যোগৰ মাজত কোনো পার্থক্য নাথাকে। একচেটীয়া বজাৰত এটা দ্রৱ্য উৎপাদন কৰা এটা উৎপাদন প্রতিষ্টানহে থাকে, সেয়ে উৎপাদন প্রতিষ্ঠানটো উদ্যোগ হিচাপেও পৰিগণিত হয়। উৎপাদন প্রতিষ্ঠানৰ ভাৰসাম্যই উদ্যোগৰো ভাৰসাম্য হয়।

একচেটীয়া ব্যৱসায়ৰ দ্বিতীয় প্রধান বৈশিষ্ট্য হৈছে এনে বজাৰত উৎপাদনকাৰী বা বিক্রেতাই দ্রৱ্যটোৰ যোগান আৰু দৰৰ ওপৰত সম্পূর্ণ নিয়ন্ত্রণ চলাব পাৰে।

একচেটীয়া বজাৰত কোনো নতুন উদ্যোগ প্রতিষ্ঠানে এটা উদ্যোগৰ ভিতৰলৈ উৎপাদন কার্য আৰম্ভ কৰিবৰ অৰ্থে সোমাই অহাত আৰু পুৰণি উদ্যোগ প্রতিষ্ঠান উদ্যোগৰ বাহিৰ হৈ যোৱাত সম্পূর্ণ বাধ্য-বাধকতা থাকে।

একচেটীয়া ব্যৱসায় প্ৰতিষ্ঠানৰ উৎপাদিত দ্ৰৱ্যৰ দৰৰ মাজত পাৰ্থক্য থাকে। অর্থাৎ এই বজাৰ ব্যৱস্থাত একোটা উৎপাদিত দ্ৰৱ্যৰ দৰ বিভেদীকৰণ হোৱা পৰিলক্ষিত হয়।

২১। একচেটীয়া বজাৰ ব্যৱস্থাত প্রান্তিক আয় আৰু গড় আয়ৰ মাজত সম্বন্ধটো লিখা।

উত্তৰঃ একচেটীয়া ব্যৱসায়ীয়ে উৎপাদিত দ্রৱ্য নিজা নির্ধাৰিত দৰত বিক্ৰী কৰিব পাৰে, কিন্তু তেওঁ অধিক দ্রৱ্য বিক্রী কৰিবলৈ বিচাৰিলে দ্রৱ্যসমূহৰ দৰ কমাবলগীয়া হয়। দৰ হৈছে গড় উপার্জন বা আয় আৰু এনে গড় উপার্জন উৎপাদিত দ্ৰৱ্যৰ বর্ধিত বিক্ৰী আৰু দৰ কমাৰ লগে লগে কমিবলৈ আৰম্ভ কৰে। গড় উপার্জন কমাৰ লগে লগে মুঠ উপার্জন ক্রমহ্রাসমান গতিত বৃদ্ধি হয়। গড় উপার্জন কমাৰ লগে লগে অতিৰিক্ত দ্ৰৱ্যৰ পৰা আহৰণ কৰা প্রান্তিক উপাৰ্জন কমি যোৱাটো স্বাভাবিক। আনকথাত ক’বলৈ হ’লে একচেটীয়া ব্যৱসায়ীৰ গড় উপার্জন কমাৰ লগে লগে প্রান্তিক উপার্জনো কমি যায়। কিন্তু এনে অৱস্থাত গড় উপার্জন সদায় প্রান্তিক উপার্জনতকৈ ওপৰত থাকে। এয়েই হৈছে গড় উপার্জন আৰু প্রান্তিক উপাৰ্জনৰ মাজত সম্বন্ধ। এনে সম্বন্ধ অপূর্ণ-প্রতিযোগিতাৰ উৎপাদন প্ৰতিষ্ঠানৰ প্ৰান্তিক আয় আৰু গড় ৰেখাৰ মাজতো দেখা যায়। গড় উৎপাদন আৰু প্রান্তিক উপাৰ্জনৰ এনে সম্বন্ধৰ কাৰণে একচেটীয়া ব্যৱসায়ী আৰু অপূর্ণ প্রতিযোগিতাৰ উৎপাদন প্ৰতিষ্ঠানৰ গড় উপাৰ্জন ৰেখা সদায় নিম্নগামী হয় আৰু প্রান্তিক উপাজচ্ছন ৰেখাও নিম্নগামী হয়। কিন্তু এনে অৱস্থাত গড় উপার্জন ৰেখা সদায় প্রান্তিক উপার্জন ৰেখাৰ ওপৰত থাকে। তলত চিত্ৰৰ সহায়ত দেখুওৱা হ’ল-

২২। একচেটীয়া ব্যৱসায়ৰ ভাৰসাম্য অৱস্থাটো উপযুক্ত চিত্ৰৰ সহায়ত ব্যাখ্যা কৰা।

উত্তৰঃ সকলো উৎপাদনকাৰীৰ দৰে একচেটীয়া উৎপাদনকাৰীব প্রধান উদ্দেশ্য হৈছে সর্বাধিক আর্থিক মুনাফা উপার্জন। এনে লক্ষ্যত উপনীত হ’বলৈ আন সকলো উৎপাদনকাৰীৰ দৰেই একচেটীয়া উৎপাদনকাৰীয়েও তেওঁব উৎপাদিত দ্রৱ্যৰ প্রান্তিক আয় বা বিক্রীলব্ধ ধন আৰু প্রান্তিক ব্যয়ৰ সমতাৰ ভিত্তিত উৎপাদনৰ ভাৰসাম্য প্রতিষ্ঠা কৰে। কাৰণ যি পর্যন্ত তেওঁৰ উৎপাদিত দ্রৱ্যৰ প্রান্তিক ব্যয়তকৈ প্রান্তিক আয় বা বিক্রীলব্ধ ধন অধিক হৈ থাকে সেই পর্যন্ত অতিৰিক্ত দ্রৱ্য উৎপাদনৰ জৰিয়তে মুঠ লাভ আৰু উৎপাদন বৃদ্ধি হয়। কিন্তু যেতিয়া তেওঁৰ প্রান্তিক ব্যয় আৰু প্রান্তিক আয় বা বিক্রীলব্ধ ধন সমান হয় তাৰ পাছত উৎপাদন বৃদ্ধি কৰিলে তেওঁৰ উৎপাদিত দ্রৱ্যৰ প্রান্তিক আয় বা বিক্রীলব্ধ ধনতকৈ প্রান্তিক ব্যয়ব পৰিমাণ অধিক হয় আৰু অতিৰিক্ত উৎপাদিত গোটৰ পৰা লোকচান হোৱাৰ কাৰণে তেওঁৰ মুঠ লাভৰ পৰিমাণ কমি যায়। গতিকে বিবেচক ব্যয়সায়ী হিচাপে তেওঁ উৎপাদিত দ্রৱ্যৰ প্রান্তিক আয় বা বিক্রীলব্ধ ধন আৰু প্রান্তিক ব্যয় যেতিয়া সমান হয় তেতিয়াই উৎপাদন বৃদ্ধি বন্ধ কৰি উৎপাদনৰ ভাৰসাম্য প্রতিষ্ঠা কৰে আৰু সৰ্বাধিক লাভ উপাৰ্জনৰ অৱস্থাত উপনীত হয়।

সকলো উৎপাদন প্রতিষ্ঠানৰ দৰেই একচেটীয়া ব্যৱসায়ৰ ভাৰসাম্য প্রান্তিক ব্যয় আৰু প্রান্তিক আয়ৰ সমতাৰ ভিত্তিত প্রতিষ্ঠা হয়। তদুপৰি ভাৰসাম্য প্রতিষ্ঠাৰ কাৰণে দ্বিতীয় প্রয়োজনীয় অৱস্থা হৈছে – প্রান্তিক ব্যয় ৰেখাই উৎপাদন প্রতিষ্ঠানৰ প্রান্তিক উপার্জন ৰেখাক সদায় তলফালৰ পৰা ছেদ কৰাটো প্রয়োজন। তলত চিত্ৰৰ সহায়ত একচেটীয়া ব্যৱসায়ীয়ে প্রান্তিক বিক্রীলব্ধ ধন আৰু প্রান্তিক ব্যয়ৰ সমতাৰ ভিত্তিত কেনেভাৱে ভাৰসাম্য প্রতিষ্ঠা কৰে তাৰ ব্যাখ্যা কৰা হ’ল-

ওপৰৰ চিত্ৰত একচেটীয়া ব্যৱসায়ীৰ গড় আয় আৰু প্রান্তিক আয় ৰেখা ওপৰৰ বাওঁফালৰ পৰা সোঁফালৰ তললৈ গতি কৰিছে। কাৰণ একচেটীয়া ব্যৱসায়ীয়ে যিমানে অতিৰিক্ত দ্রৱ্য বিক্রী কৰে সিমানে সেইবোৰৰ দাম কমি আহে। সেইকাৰণে গড় আয় আৰু প্রান্তিক আয় কমি যায়। চিত্রত প্রান্তিক ব্যয় ৰেখাই (MC) প্রান্তিক আয় (MR) ৰেখাক N বিন্দুত কাটিছে। গতিকে একচেটীয়া ব্যৱসায়ীৰ উৎপাদিত দ্রৱ্যৰ পৰিমাণ হ’ব OM আৰু দাম হ’ব OP। একচেটীয়া ব্যৱসায়ীৰ OM উৎপাদনৰ পৰা মুঠ আয়ৰ পৰিমাণ হৈছে OM x OP = OMQP। একচেটীয়া ব্যৱসায়ীৰ OM উৎপাদিত দ্রৱ্যৰ মুঠ উৎপাদনৰ ব্যয় হৈছে OMQP – OMKC – CKQP। চিত্রত CKQP বর্গক্ষেত্রই একচেটীয়া ব্যৱসায়ৰ মুঠ লাভৰ নির্দেশ দিছে।

২৩। পূর্ণ প্রতিযোগিতামূলক বজাৰ আৰু একচেটীয়া বজাৰৰ দৰ নিৰ্ধাৰণৰ পার্থক্যসমূহ উপযুক্ত চিত্ৰৰ সহায়ত ব্যাখ্যা কৰা। 

উত্তৰঃ একচেটীয়া ব্যৱসায় বিশুদ্ধ বা পূর্ণ প্রতিযোগিতাৰ সম্পূর্ণভাৱে এক বিপৰীত ব্যবস্থা। এই দুয়োবিধ বজাৰৰ স্বকীয় বৈশিষ্ট্য আছে আৰু এই স্বকীয় বৈশিষ্ট্যসমূহৰ ওপৰত ভিত্তি কৰি দুয়োবিধ বজাৰৰ মাজত থকা পাৰ্থক্য আৰু সিহঁতৰ ভাৰসমতাৰ মাজত থকা পাৰ্থক্য আলোচনা কৰা হ’ল।

বিশুদ্ধ প্রতিযোগিতাত এটা দ্ৰৱ্যৰ দাম নির্ধাৰণ হয় ইয়াৰ চাহিদা আৰু যোগানৰ সমতাৰ ভিত্তিত। এনে ধৰণৰ বজাৰ ব্যৱস্থাত উৎপাদন প্রতিষ্ঠান আৰু শিল্পৰ মাজত পার্থক্য থাকে। আনহাতে একচেটীয়া ব্যৱসায়ত শিল্প আৰু উৎপাদন প্রতিষ্ঠানৰ মাজত কোনো পার্থক্য নাথাকে। পূর্ণ প্রতিযোগিতামূলক উৎপাদন প্রতিষ্ঠান আৰু একচেটীয়া উৎপাদন প্ৰতিষ্ঠানৰ ভাৰসাম্যৰ ক্ষেত্ৰত থকা এটা মৌলিক পার্থক্য হৈছে পূর্ণ প্রতিযোগিতামূলক উৎপাদন প্রতিষ্ঠানৰ ভাৰসমতা উৎপাদনৰ ইয়াৰ উৎপাদিত দ্রৱ্য দৰ (AR) ইয়াৰ প্রান্তিক ব্যয় সমান হয়, কিন্তু একচেটিয়া উদ্যোগ প্রতিষ্ঠানৰ ভাৰসমতা উৎপাদনৰ ইয়াৰ উৎপাদিত মূল্য (AR) প্রান্তিক ব্যয়তকৈ অধিক হয়।

পূর্ণ প্রতিযোগিতামূলক উৎপাদন প্রতিষ্ঠানৰ গড় বিক্রী আয় ৰেখা ইয়াৰ উৎপাদনৰ পৰিমাণ প্রতিনিধিত্ব কৰা বাহুৰ আনুভূমিক হয় আৰু এই ৰেখা প্রান্তিক আয় ৰেখাৰ লগত মিলি থাকে। সেই কাৰণে প্রান্তিক আয় আৰু প্রান্তিক ব্যয়ৰ ভিত্তিত ভাৰসমতা প্রতিষ্ঠা হোৱা উৎপাদনৰ আয় আৰু প্রান্তিক ব্যয় সমান হয়, আনহাতে একচেটীয়া উৎপাদন প্রতিষ্ঠানৰ গড় বিক্রী আয় ৰেখা নিম্নগামী হয় আৰু প্রান্তিক বিক্রী আয় ৰেখা গড় বিক্রী আয় ৰেখাৰ তলত থাকে। এনে কাৰণত একচেটীয়া প্রতিষ্ঠানৰ প্রান্তিক বিক্রী আয় আৰু প্রান্তিক বিক্রী ব্যয় সমতাৰ বিন্দুত প্রতিষ্ঠা হোৱা ভাৰসমতাৰ উৎপাদনত গড় আয় প্রান্তিক ব্যয়তকৈ অধিক হয়। তলত চিত্ৰৰ সহায়ত পূর্ণ-প্রতিযোগিতামূলক উৎপাদন প্রতিষ্ঠান আৰু একচেটীয়া উৎপাদন প্রতিষ্ঠানৰ ভাৰসমতাৰ ক্ষেত্ৰত থকা পার্থক্যটো ব্যাখ্যা কৰা হ’ল-

ওপৰৰ চিত্র (ক) ই এখন পূর্ণ প্রতিযোগিতামূলক উৎপাদন প্রতিষ্ঠানৰ আৰু চিত্র (খ) ই একচেটীয়া উৎপাদন প্রতিষ্ঠানৰ ভাবসমতা প্রতিনিধিত্ব কৰিছে। চিত্রত দেখা গৈছে যে পূর্ণ প্রতিযোগিতামূলক উৎপাদন প্রতিষ্ঠানটোৰ ভাৰসমতা উৎপাদনত ইয়াৰ উৎপাদিত দ্ৰৱ্যৰ মূল্য আৰু প্রান্তিক ব্যয় সমান হৈছে (OP = MQ)। আনহাতে একচেটীয়া উৎপাদনত প্রতিষ্ঠানটোৰ ভাৰসমতা উৎপাদনত উৎপাদিত দ্ৰৱ্যৰ দৰ প্রান্তিক ব্যয়তকৈ অধিক (OP₂ > MC)

দুয়োপ্রকাৰৰ বজাৰৰ ভাৰসমতাৰ ক্ষেত্ৰত থকা আন এটা গুৰুত্বপূর্ণ পার্থক্য হৈছে পূর্ণ প্রতিযোগিতামূলক উৎপাদন প্রতিষ্ঠানৰ ভাৰসমতা প্রতিষ্ঠাৰ কাৰণে ভাৰসমতা বিন্দুত প্রান্তিক ব্যয় বৃদ্ধি পোৱাটো প্রয়োজনীয়, কিন্তু একচেটীয়া ব্যৱসায় প্ৰতিষ্ঠানৰ ভাৰসমতা ইয়াৰ প্ৰান্তিক ব্যয় ঊর্ধ্বগামী অৱস্থাত অথবা নিম্নগামী অথবা সমান্তৰাল হোৱাৰ অৱস্থাতো প্রতিষ্ঠা হ’ব পাৰে।

তলত চিত্র (ক) ত ঊর্ধ্বগামী প্রান্তিক ব্যয়ৰ অৱস্থাত একচেটীয়া ব্যৱসায়ৰ ভাৰসমতা প্রতিনিধিত্ব কৰিছে। আৰু চিত্র (খ) আৰু (গ) ই যথাক্রমে অপৰিৱৰ্তিত প্রান্তিক ব্যয় আৰু নিম্নগামী প্রান্তিক ব্যয়ৰ অৱস্থাত একচেটীয়া উৎপাদন প্রতিষ্ঠানৰ ভাৰসমতা প্রতিনিধিত্ব কৰিছে।

তিনিওটা চিত্রত OM হৈছে উৎপাদন প্রতিষ্ঠানৰ ভাৰসমতাৰ উৎপাদন আৰু RNQP মুঠ লাভৰ পৰিমাণ। অৱশ্যে তিনিওটা ক্ষেত্রত মুঠ মুনাফা একে নহয়। দুয়োপ্রকাৰ ভাৰসমতাৰ ক্ষেত্রত আন এটা উল্লেখযোগ্য পার্থক্য হৈছে পূর্ণ প্রতিযোগিতামূলক উৎপাদন প্রতিষ্ঠানৰ দীর্ঘকালীন ভাৰসমতা ইয়াৰ দীর্ঘকালীন গড় ব্যয় ৰেখা নিম্নতম হোবা অৱস্থাত প্রতিষ্ঠা হয়, কিন্তু একচেটীয়া উৎপাদন প্রতিষ্ঠানৰ ভাৰসমতা ইয়াৰ গড় ব্যয় ৰেখা নিম্নৰ বিন্দুত উপনীত হোৱাব পূর্বেই প্রতিষ্ঠা হয়।

দুয়ো প্ৰকাৰৰ উৎপাদন প্রতিষ্ঠানৰ ভাৰসাম্যৰ ক্ষেত্ৰত থকা আন এটা উল্লেখযোগ্য পার্থক্য হৈছে পূর্ণ-প্রতিযোগিতা উৎপাদন প্রতিষ্ঠানটোৱে দীর্ঘকালীন অৱস্থাত কেৱল স্বাভাৱিক লাভ আহৰণ কৰিব পাৰে। এনে প্রতিষ্ঠানে যদি ভাৰসাম্য অৱস্থাত অস্বাভাৱিক লাভ আহৰণ কৰে তেতিয়া নতুন উদ্যোগ প্রতিষ্ঠানে উদ্যোগত প্রৱেশ কৰে আৰু পুৰণি উদ্যোগ প্রতিষ্ঠানৰ অস্বাভাৱিক লাভৰ প্রতিযোগিতাৰ দ্বাৰা অৱসান ঘটায়। আনহাতে একচেটীয়া ব্যবসায়ে দীর্ঘকালীন অৱস্থাতো অস্বাভাৱিক লাভ আহৰণ কৰিব পাৰে। কাৰণ একচেটীয়া ব্যৱসায়ৰ উদ্যোগৰ ভিতৰলৈ নতুন উদ্যোগ প্রতিষ্ঠানৰ প্ৰৱেশ দীর্ঘকালীন সময়তো সম্ভৱ নহয়। নতুন উৎপাদন প্রতিষ্ঠানৰ প্ৰৱেশৰ প্রতিবন্ধকতাই একচেটীয়া উৎপাদন প্রতিষ্ঠানৰ দীর্ঘকালীন অৱস্থাতো অস্বাভাৱিক লাভ আহৰণৰ সুযোগ দিয়ে।

২৪। দৰ-বিভেদীকৰণ কি? দৰ-বিভেদীকৰণৰ পূৰ্ব চৰ্তসমূহ কি কি?

উত্তৰঃ যেতিয়া এটা একচেটীয়া উদ্যোগ প্রতিষ্ঠানে ইয়াৰ একোটা উৎপাদিত দ্রৱ্য বিভিন্ন গ্রাহকক অথবা বিভিন্ন বজাৰত বিভিন্ন দামত বিক্ৰী কৰে তাকেই দৰ-পার্থক্য বুলি কোৱা হয়। দৰ-বিভেদীকৰণ তিনি প্ৰকাৰৰ হ’ব পাবে, ব্যক্তিগত, স্থানগতা আৰু ব্যৱসায়ভিত্তিক বা ব্যৱহাৰগত। যেতিয়া এজন বিক্রেতাই এটা উৎপাদিত দ্রৱ্য প্রতিজন গ্রাহকক পৃথক দামত বিক্রী কৰে, তেতিয়া সেই দৰ স্থানগত দৰ-বিভেদীকৰণ হিচাপে বিবেচিত হয়। ব্যৱসায় বা ব্যৱহাৰৰ ভিত্তিত গঠিত হোৱা দৰ-বিভেদীকৰণক ব্যৱসায় বা ব্যৱহাৰগত দৰ বিভেদীকৰণ আখ্যা দিয়া হয়। 

অপূর্ণ-প্রতিযোগিতা অথবা একাধিকাৰ বজাৰতহে দৰ-বিভেদীকৰণ সম্ভৱ। কিন্তু এনে বজাৰতো উৎপাদন প্রতিষ্ঠানে দৰ-বিভেদীকৰণ কৰিবলৈ হ’লে কেইটামান চর্ত বা প্রয়োজনীয় অৱস্থাৰ উপস্থিতি অপৰিহার্য। দৰ-বিভেদীকৰণ তিনিটা পৰিস্থিতিতহে সম্ভব হ’ব পাৰে। এই পৰিস্থিতি কেইটা তলত উল্লেখ কৰা হ’ল-

(ক) দৰ-পার্থক্য ঘটোৱা উদ্যোগ প্রতিষ্ঠানটোৱে একচেটীয়া প্রতিষ্ঠান হোৱাটো প্রয়োজন। দৰ-পার্থক্য অপূর্ণ-প্রতিযোগিতাতহে সম্ভৱ। কাৰণ এনে প্রতিযোগিতাত গ্রাহকৰ এটা দ্ৰৱ্যৰ দামৰ বিষয়ে অপূর্ণ জ্ঞান থকাৰ উপৰিও দৰ নির্ধাৰণৰ ক্ষেত্ৰত উদ্যোগ প্রতিষ্ঠানসমূহৰ মাজত কিছু বুজাবুজি থকা পৰিলক্ষিত হয়।

(খ) দৰ-পার্থক্য ঘটাবৰ কাৰণে একচেটীয়া উদ্যোগ প্রতিষ্ঠানৰ উৎপাদিত দ্রৱ্যটোৰ বজাৰ দুখন হ’ব লাগিব আৰু দুয়োখন বজাৰত এটা দামত দ্রৱ্যটোৰ চাহিদাৰ স্থিতিস্থাপকতা পৃথক হোৱাটো প্রয়োজন। যিখন বজাৰত তেওঁৰ দ্রৱ্যটোৰ চাহিদাৰ স্থিতিস্থাপকতাৰ কম সেইখনত ইয়াক অধিক দামত বিক্রী কৰিব আৰু যিখনত চাহিদাৰ স্থিতিস্থাপকতা অধিক তাত কম দামত বিক্রী কৰিব, যদি দুয়োখন বজাৰত চাহিদাৰ স্থিতিস্থাপকতা সমান হয় তেতিয়া দৰ-পার্থক্য ঘটোৱাটো লাভজনক নহয়।

(গ) দৰ-পার্থক্যৰ কৃতকার্যতাৰ কাৰণে এখন বজাৰৰ লগত আন এখন বজাৰৰ কোনো সম্পর্ক থকাটো উচিত নহয়। কাৰণ, এনে সম্পর্ক থাকিলে কোনোবা বিক্রেতাই কম দামৰ বজাৰৰ পৰা দ্রৱ্যটো ক্ৰয় কৰি তাক পুনৰ উচ্চ দামৰ বজাৰত বিক্ৰী কৰিব আৰু ইয়াৰ ফলত একচেটীয়া ব্যৱসায়ীৰ দৰ-পার্থক্য সফল নহয়। সেই কাৰণেই একচেটীয়া ব্যৱসায়ীয়ে ঘৰুবা বজাৰ আৰু বৈদিশিক বজাৰৰ মাজত অধিক সফলতাৰ দৰ-পার্থক্য ঘটাব পাৰে।

২৫। দৰ বিভেদীকৰণ ঘটোৱা একচেটায়া প্রতিষ্ঠানৰ দৰ আৰু উৎপাদন কেনেদৰে নির্ধাৰণ কৰা হয়?

উত্তৰঃ দৰ-পার্থক্য ঘটোৱা একচেটীয়া ব্যৱসায়ীৰ ভাৰসাম্য নির্ধাৰণ কৰোঁতে দুটা অৱস্থাৰ উপস্থিতিৰ কথা ধৰাণা কৰা হয়। ইয়াৰ প্রথম ধাৰণাটো হৈছে দুয়োখন বজাৰতে দ্রৱ্যটোৰ অসংখ্য গ্রাহক আছে আৰু গ্রাহকসকলৰ মাজত পূর্ণ প্রতিযোগিতাৰ উপস্থিতি পৰিলক্ষিত হয়। দ্বিতীয়তে, দুয়োখন বজাৰতে বিক্রেতা একচেটীয়া ব্যৱসায়ী আৰু সেই কাৰণে ইয়াৰ গড় আয় ৰেখা দুয়োখন বজাৰতে সোঁফালৰ তললৈ গতি কৰে। একচেটীয়া উৎপাদন প্রতিষ্ঠানৰ ভাৰসাম্য প্রতিষ্ঠাৰ কাৰণে দুটা অৱস্থা পূৰণ হ’ব লাগিব। প্রথমতে, প্রতিষ্ঠানটোৰ মুঠ উৎপাদিত দ্রৱ্যৰ প্রান্তিক ব্যয় দ্রৱ্যটোৰ দুয়োখন বজাৰৰ মুঠ প্রান্তিক আয়ব সমান হোৱাটো প্রয়োজন। দ্বিতীয়তে, দুয়োখন বজাৰত দ্রৱ্যটোৰ প্রান্তিক আয় সমান হ’ব লাগিব। এই দুটা অৱস্থা একে সময়তে পূৰণ হ’লেহে দৰ পাৰ্থক্য ঘটোৱা উদ্যোগ প্রতিষ্ঠানৰ ভাৰসাম্য প্রতিষ্ঠা হয়।

আমি জানো যে দৰ-পার্থক্য লাভজনক হয় যেতিয়া যি দুখন বজাৰত একচেটীয়া উৎপাদনকাৰীয়ে দৰ-পার্থক্য ঘটায় সেই দুখন বজাৰত তেওঁৰ উৎপাদিত দ্রৱ্যটোৰ চাহিদাৰ স্থিতিস্থাপকতা পৃথক হয়। যদি চাহিদাৰ স্থিতিস্থাপকতা কোনো এটা দামত সমান হয় তেতিয়া দৰ-পাৰ্থক্য ঘটোৱাটো তেওঁৰ কাৰণে লাভজনক নহয়। আন কোনো দামত চাহিদাৰ স্থিতিস্থাপকতাৰ পার্থক্য ঘটিলেও এই নির্দিষ্ট দামত দুয়োখন বজাৰত দ্রৱ্যটোৰ চাহিদাৰ স্থিতিস্থাপকতা সমান হোৱাৰ লগে লগে দুয়োখন বজাৰতে ইয়াৰ প্ৰান্তিক আয় সমান হয়। এনে অৱস্থাত উপনীত হোৱাৰ পাছত অধিক দৰ-পার্থক্য ঘটোৱাটো লাভজনক নহয়। দৰ বৃদ্ধি কৰা বজাৰৰ প্রান্তিক আয় বৃদ্ধিৰ তুলনাত দৰ হ্রাস কৰা বজাৰৰ প্রান্তিক আয়ৰ অধিক হাৰত হ্রাস হ’ব আৰু ইয়াৰ ফলত একচেটীয়া ব্যৱসায়ীয়ে দুয়োখন বজাৰত দ্রৱ্য বিক্ৰী কৰি উপনীত হোৱা সর্বাধিক লাভ আহৰণৰ অৱস্থাৰ পৰা আঁতৰি আহিব। গতিকে সর্বাধিক লাভ উপাৰ্জনৰ অৱস্থাত উপনীত হ’বৰ কাৰণে দৰ-পার্থক্য ঘটোৱা একচেটীয়া ব্যৱসায়ীৰ উৎপাদিত দ্রৱ্যৰ প্রান্তিক আয় দুয়োখন বজাৰত সমান হ’ব লাগিব।

সাধাৰণতে দৰ-পার্থক্য ঘটোৱা একচেটীয়া ব্যৱসায়ীয়ে যিখন বজাৰত উৎপাদিত দ্রৱ্যটোৰ চাহিদা কম স্থিতিস্থাপক সেইখন বজাৰত ইয়াৰ দাম বৃদ্ধি কৰে আৰু যিখন বজাৰত চাহিদাৰ স্থিতিস্থাপকতা অধিক তাত দাম হ্রাস কৰে। এনে দৰ নীতিৰ সফলতাৰ কাৰণে তেওঁ ক্রমান্বয়ে উচ্চ দামৰ বজাৰৰ পৰা নিম্ন দামৰ বজাৰলৈ দ্রৱ্যটো পৰিচালিত কৰে। এনে ব্যৱস্থাৰ ফলত উচ্চ দামৰ বজাৰত দ্রৱ্যটোৰ যোগান ক্রমান্বয়ে কমি যায় আৰু দাম আৰু প্রান্তিক আয় ক্রমান্বয়ে বৃদ্ধি হয়। আনহাতে অধিক স্থিতিস্থাপক চাহিদাৰ বজাৰত দ্রৱ্যটোৰ যোগান বৃদ্ধি কৰাৰ কাৰণে ইয়াৰ দাম ক্রমান্বয়ে কমি আহে আৰু ইয়াৰ লগে লগে সেই বজাৰত প্রান্তিক আয়ও নিম্নগামী হয়। এনেভাৱে কম স্থিতিস্থাপক চাহিদাৰ বজাৰত দ্রৱ্যটোৰ প্রান্তিক আয় ক্রমান্বয়ে বৃদ্ধি হৈ আৰু অধিক স্থিতিস্থাপক চাহিদাৰ বজাৰত ইয়াৰ প্রান্তিক আয় ক্রমান্বয়ে কমি আহে এনে এটা অৱস্থাত উপনীত হয় যিটো অৱস্থাত দুয়োখন বজাৰত দ্রৱ্যটোৰ প্রান্তিক আয় সমান হয়। এনে অৱস্থাত উপনীত হ’লেও দৰ-পার্থক্য ঘটোৱা একচেটীয়া উৎপাদন প্রতিষ্ঠানৰ ভাৰসাম্য প্রতিষ্ঠা হয়। চিত্রত এনে প্রতিষ্ঠানে কেনেভাৱে ভাৰসাম্য প্রতিষ্ঠা কৰে তাৰ ব্যাখ্যা দাঙি ধৰা হ’ল-

ওপৰৰ (ক) চিত্রই এনে এখন বজাৰৰ প্রতিনিধিত্ব কৰিছে যিখনত দৰ-পার্থক্য ঘটোৱা একচেটীয়া উৎপাদন প্রতিষ্ঠান এটাৰ উৎপাদিত দ্ৰৱ্যৰ চাহিদা কম স্থিতিস্থাপক আৰু (খ) চিত্রই এনে এখন বজাৰৰ প্রতিনিধিত্ব কৰিছে যিখনত ইয়াৰ চাহিদা অধিক স্থিতিস্থাপক। দুয়োখন বজাৰৰ গড় আয় ৰেখাৰ ঢালৰ পাৰ্থক্যই ইয়াৰ নির্দেশ দিছে। (গ) চিত্র দুয়োখন বজাৰৰ ওপৰত ভিত্তি কৰি গঠন কৰা হৈছে। ইয়াৰ CMR ৰেখা (ক) বজাৰত প্রান্তিক আয় ৰেখা (MRa) আৰু (খ) বজাৰৰ প্রান্তিক আয় ৰেখা (MRb) ৰ সমষ্টি। যিহেতু দৰ-পার্থক্য ঘটোৱা একচেটীয়া ব্যৱসায়ীয়ে দুয়োখন বজাৰৰ কাৰণে দ্রৱ্যটো উৎপাদন কৰোঁতে একেলগেই উৎপাদন কৰে সেই কাৰণে তেওঁৰ প্রান্তিক ব্যয় ৰেখা একেভালেই হ’ব। (গ) চিত্ৰত একচেটীয়া ব্যৱসায়ীৰ প্রান্তিক ব্যয় ৰেখাই ইয়াৰ দুয়োখন বজাৰৰ সংযুক্ত আয় ৰেখাক (CMR) N বিন্দুত ছেদ কৰিছে। গতিকে উৎপাদনকাৰী হিচাপে প্রান্তিক আয় আৰু প্রান্তিক ব্যয়ৰ সমতাৰ ভিত্তিত এই বিন্দুতেই তেওঁৰ ভাৰসাম্য প্রতিষ্ঠা হ’ব। এনে ভাৰসাম্য অৱস্থাত তেওঁ উৎপাদন কৰা দ্ৰৱ্যৰ পৰিমাণ হ’ব OM। গতিকে দৰ-পার্থক্য ঘটোৱা একচেটীয়া ব্যৱসায়ৰ ভাৰসাম্যৰ প্ৰথম অৱস্থা পূৰণ হৈছে।

আকৌ দ্বিতীয় অৱস্থা পূৰণৰ কাৰণে চাব লাগিব যে মুঠ উৎপাদিত দ্রৱ্য OM ৰ কিমান পৰিমাণ তেওঁক বজাৰত আৰু কিমান পৰিমাণ (খ) বজাৰত বিক্ৰী কৰিলে দুয়োখন বজাৰৰ প্রান্তিক আয় সামন হ’ব। চিত্ৰত দেখুওৱা অনুসৰি যদি একচেটীয়া ব্যৱসায়ীয়ে তেওঁৰ মুঠ উৎপাদিত দ্রৱ্য OM ৰ OMa পৰিমাণৰ দ্রৱ্য (ক) বজাৰত আৰু বাকী OMa পৰিমাণৰ দ্রৱ্য (খ) বজাৰত বিক্ৰী কৰে তেতিয়াই দুয়োখন বজাৰৰ প্রান্তিক আয় সামন হয়। কাৰণ ORa = ORb। এনে অৱস্থাত দৰ-পার্থক্য ঘটোৱা একচেটীয়া উদ্যোগ প্রতিষ্ঠানৰ ভাৰসাম্যৰ কাৰণে প্রয়োজনীয় দ্বিতীয় অৱস্থাত পূৰণ হ’ল। অৱশ্যে এনে ভাৰসাম্য অৱস্থাত (খ) বজাৰৰ তুলনাত দ্রৱ্যটোৰ দাম (ক) বজাৰত অধিক হ’ব।

২৬। অপূর্ণ-প্রতিযোগিতা অথবা একচেটীয়াধর্মী প্রতিযোগিতা বজাৰৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা।

উত্তৰঃ অপূর্ণ-প্রতিযোগী বজাৰ আৰু একচেটীয়াধর্মী প্রতিযোগী বজাৰৰ বৈশিষ্ট্যৰ মাজত কিছু সামঞ্জস্য থকা দেখিবলৈ পোৱা যায়। কাৰণ, একচেটীয়াধর্মী প্রতিযোগী বজাৰ অপূর্ণ-প্রতিযোগিতা বজাৰৰ এটা ভাগ। এনে বজাৰৰ প্রধান বৈশিষ্ট্যসমূহ তলত ব্যাখ্যা কৰা হ’ল-

(ক) অপূর্ণ-প্রতিযোগিতাৰ প্রথম বৈশিষ্ট্য হৈছে যে এনে প্রতিযোগিতাত এটা থুপৰ অন্তর্ভুক্ত উৎপাদন প্রতিষ্ঠানৰ সংখ্যা পূর্ণ-প্রতিযোগিতাৰ দৰে অসংখ্যও নহয় আৰু একচেটীয়া ব্যৱসায়ৰ দৰে এটাও নহয়। এনে প্রতিযোগিতাত এটা থুপত সীমিত সংখ্যক উৎপাদন প্রতিষ্ঠান থকা পৰিলক্ষিত হয়।

(খ) একচেটীয়াধর্মী বা অপূর্ণ প্রতিযোগিতাৰ দ্বিতীয় প্রধান বৈশিষ্ট্য হৈছে এটা থুপৰ অন্তর্ভুক্ত প্রতিটো উৎপাদন প্রতিষ্ঠানৰ উৎপাদিত দ্রৱ্যৰ লগত আন এটা উৎপাদন প্রতিষ্ঠানৰ উৎপাদিত দ্রৱ্যৰ লগত আন এটা উৎপাদন প্রতিষ্ঠানৰ উৎপাদিত দ্রৱ্যৰ আকাৰগত আৰু গুণগত পার্থক্য থকা পৰিলক্ষিত হয়। অর্থাৎ পূর্ণ-প্রতিযোগিতাৰ দৰে অপূর্ণ প্রতিযোগিতাত এটা উৎপাদন প্রতিষ্ঠানৰ উৎপাদিত দ্রৱ্যসমূহ আন এটা উৎপাদন প্রতিষ্ঠানৰ উৎপাদিত দ্রৱ্যৰ সম্পূৰ্ণৰূপে বিকল্প নহয়।

(গ) অপূর্ণ বা একচেটীয়াধর্মী প্রতিযোগিতাৰ তৃতীয় প্রধান বৈশিষ্ট্য হৈছে যে এনে প্রতিযোগিতাত উৎপাদন প্রতিষ্ঠানৰ গড় আয় ৰেখা বাওঁফালৰ ওপৰৰ পৰা সোঁফালৰ তললৈ ঢাল লয় আৰু প্রান্তিক আয় ৰেখাইও একেই ঢাল লয়। অৱশ্যে এনে ক্ষেত্রত গড় আয় ৰেখা প্রান্তিক আয় ৰেখাতকৈ সদায় ওপৰত থাকে।

এই প্রকাৰ বজাৰত একচেটীয়া বজাৰৰ দৰে উৎপাদন প্রতিষ্ঠানে নিজৰ উৎপাদিত দ্রৱ্যৰ বিক্ৰীৰ বৃদ্ধিৰ অর্থে অতিৰিক্ত গোটৰ দৰ হ্রাস কৰিবলগীয়া হয়। ইয়াৰ ফলত প্রান্তিক আয় আৰু হ্রাস হয় আৰু প্রান্তিক আয় হ্রাস হোৱাৰ লগে লগে গড় আয়ো হ্রাস হয়। সেই কাৰণেই প্রতিষ্ঠানখনৰ গড় আয় বা চাহিদা ৰেখা ওপৰৰ বাওঁফালৰ পৰা সোঁফালৰ তললৈ ঢাল লয়।

২৭। একচেটীয়াধর্মী প্রতিযোগিতাত উৎপাদন প্রতিষ্ঠানৰ হ্রস্বকালীন ভাৰসমতা উপযুক্ত চিত্ৰৰ সহায়ত ব্যাখ্যা কৰা।

উত্তৰঃ আমি জানো যে, উৎপাদন প্রতিষ্ঠানৰ ভাৰসাম্য প্রতিষ্ঠাৰ কাৰণে ইয়াৰ প্রান্তিক ব্যয়ৰ সমতাৰ (MR = MC) প্রয়োজন আৰু এই ব্যৱস্থা একচেটীয়াধর্মী উৎপাদন প্রতিষ্ঠানৰ ক্ষেত্রতো প্রযোজ্য।

হ্রস্বকালীন অৱস্থাত একচেটীয়াধর্মী উৎপাদন প্রতিষ্ঠানৰ ভাৰসাম্য আয় আৰু প্রান্তিক ব্যয়ৰ সমতাৰ ভিত্তিত প্রতিষ্টিত হ’লেও দক্ষতাৰ পাৰ্থক্যৰ ভিত্তিত এটা থুপৰ অন্তর্ভুক্ত কোনো উৎপাদন প্রতিষ্ঠানে অস্বাভাৱিক লাভ আহৰণ কৰিব পাৰে আৰু আন কোনো উৎপাদন প্রতিষ্ঠানে স্বাভাৱিক লাভ বা লোকচান ভৰিব পাৰে।

ওপৰৰ চিত্ৰত দেখুওৱা অনুসৰি চাৰিটা উৎপাদন প্রতিষ্ঠানৰ ভাৰসাম্য দৰ আৰু উৎপাদন প্রতিষ্ঠানটোৰ প্রান্তিক আয় আৰু প্রান্তিক ব্যয়ৰ সমতাৰ ভিত্তিত প্রতিষ্টিত হ’লেও (ক) চিত্রই প্রতিনিধিত্ব কৰা উৎপাদন প্রতিষ্ঠানটোৱে ইয়াৰ গড় আয় (SAR) আৰু গড় ব্যয়ব (SAC) পার্থক্যৰ ভিত্তিত হ্রস্বকালীন অৱস্থাত NQRS পৰিমাণৰ অস্বাভাৱিক লাভ আহৰণ কৰিবলৈ সক্ষম হৈছে। (খ) চিত্রত প্রতিনিধিত্ব কৰা উৎপাদন প্রতিষ্ঠানটোৱে ভাৰসাম্য অৱস্থাত স্বাভাৱিক লাভহে আহৰণ কৰিছে। কাৰণ এই উৎপাদন প্রতিষ্ঠানটোৰ ভাৰসাম্যৰ অৱস্থাত ইয়াৰ গড় আয় (SAR) আৰু গড় ব্যয় (SAC) সমান হোৱা দেখা গৈছে। ‘গ’ চিত্রই প্রতিনিধিত্ব কৰা উৎপাদন প্রতিষ্ঠানটোৱে ইয়াৰ ভাৰসাম্য অৱস্থাত লোকচান ভৰিছে। কাৰণ ইয়াৰ গড় আয় ৰেখাতকৈ (SAR) গড় ব্যয় ৰেখা (SAC) ওপৰত আছে। এই উদ্যোগ প্রতিষ্ঠানটোৱে হ্রস্বকালীন অৱস্থাত NQRS পৰিমাণৰ লোকচান ভৰিছে। অৱশ্যে এই উৎপাদন প্রতিষ্ঠানটো ইয়াৰ উৎপাদিত দ্রৱ্য বিক্ৰী কৰি গড় পৰিবর্তনীয় ব্যয়খিনি (SVC) আহৰণ কৰিবলৈ সক্ষম হোৱাৰ কাৰণে হ্রস্বকালীন অৱস্থাত উৎপাদন কার্য চলাই থাকিবলৈ সক্ষম হ’ব। ‘ঘ’ চিত্রত প্রতিনিধিত্ব কৰা উৎপাদন প্রতিষ্ঠানটোৱে ভাৰসাম্য অৱস্থাত লোকচান ভৰাই নহয় (SAC> SAR), ই হ্রস্বকালীন গড় পৰিৱর্তনীয় ব্যয় (SVC) খিনিও আহৰণ কৰিব পৰা নাই। এই উৎপাদন প্রতিষ্ঠানৰ ব্যৱসায় বন্ধ কৰাৰ বাহিৰে কোনো বিকল্প উপায় নাথাকে।

ওপৰৰ আলোচনাৰ পৰা দেখা গ’ল যে অপূর্ণ-প্রতিযোগিতা বা একচেটীয়াধর্মী প্রতিযোগিতাৰ হ্রস্বকালীন অৱস্থাত এটা থুপৰ অন্তর্ভুক্ত কোনো উৎপাদন প্রতিষ্ঠানে ভাৰসাম্য অৱস্থাত অস্বাভাৱিক লাভ আহৰণ কৰিব পাৰে আৰু আন কোনো প্রতিষ্ঠানে লোকচান ভৰিব পাৰে। হ্রস্বকালীন অৱস্থাত যেনেদৰে কিছুমান উৎপাদন প্রতিষ্ঠানৰ অস্বাভাৱিক লাভে নতুন উৎপাদন প্রতিষ্ঠানৰ আগমন ঘটায় তেনেদৰেই লোকচান হোৱা উৎপাদন প্রতিষ্ঠানসমূহৰ নিগমনো পৰিলক্ষিত হয়। সেই কাৰণে হ্রস্বকালীন অৱস্থাত থুপৰ ভাৰসাম্য স্থাপন সহজে পৰিলক্ষিত নহয়।

২৮। একচেটীয়াধর্মী প্রতিযোগিতাত উৎপাদন প্রতিষ্ঠানৰ দীর্ঘকালীন ভাৰসমতা উপযুক্ত চিত্ৰৰ সহায়ত ব্যাখ্যা কৰা।

উত্তৰঃ দীর্ঘকালীন অৱস্থাত একচেটীয়াধর্মী প্রতিযোগিতাত উৎপাদান প্রতিষ্ঠান আৰু থুপৰ ভাৰসমতা প্রতিষ্ঠা হ’ব পাৰে। দীর্ঘকালীন অৱস্থাত সম্পূর্ণ ভাৰসমতা প্রতিষ্ঠান কাৰণে এটা থুপৰ অন্তর্ভুক্ত একচেটীয়াধর্মী প্রতিযোগী উৎপাদন প্রতিষ্ঠানসমূহৰ ক্ষেত্ৰত দুই ধৰণৰ পৰিৱৰ্তন ঘটিব লাগিব। প্ৰথমতে, থুপৰ দ্বাৰা উৎপাদিত দ্ৰৱ্যৰ মুঠ যোগান ইয়াৰ বজাৰৰ মুঠ চাহিদাৰ সমান হ’ব লাগিব আৰু দ্বিতীয়তে নতুন উৎপাদন প্রতিষ্ঠানৰ আগমন আৰু পুৰণি উৎপাদন প্ৰতিষ্ঠানৰ নিগমনৰ ক্ষেত্ৰত উপযুক্ত পৰিৱর্তন ঘটিব লাগিব। এই দুয়োটা অৱস্থা একেলগে পূৰণ হ’লে একচেটীয়াধর্মী প্রতিযোগী বজাৰত পূৰ্ণ ভাৰসমতা স্থাপন সম্ভৱপৰ হয়।

দীর্ঘকালীন অৱস্থাত উপৰোক্ত দুয়োটা অৱস্থা পুৰণ হয় আৰু সেই কাৰণে পূর্ণ-ভাৰসমতাৰ অৱস্থাত উপনীত হ’ব পৰা যায়। দীর্ঘকালীন অৱস্থাতো উৎপাদন প্রতিষ্ঠানৰ ভাৰসাম্যৰ কাৰণে প্রান্তিক আয় আৰু প্রান্তিক ব্যয়ৰ সমতাৰ প্রয়োজন হয়। অৱশ্যে দীর্ঘকালীন অৱস্থাত কোনো উৎপাদন প্রতিষ্ঠানে অস্বাভাৱিক লাভ আহৰণ কৰিব নোৱাৰে। কাৰণ, কোনো উৎপাদন প্রতিষ্ঠানে এনে অৱস্থাত অস্বাভাৱিক লাভ আহৰণ কৰিলে নতুন উৎপাদন প্রতিষ্ঠানে লোকচান ভৰে তেনে উৎপাদন প্রতিষ্ঠানসমূহে দীর্ঘকালীন অৱস্থাত উৎপাদন বন্ধ কৰি থুপৰ পৰা বাহিৰ হৈ যায়। গতিকে দীর্ঘকালীন অৱস্থাত উৎপাদন প্রতিষ্ঠানৰ ভাৰসাম্য প্রতিষ্ঠা হয় যেতিয়া থুপৰ অন্তর্ভুক্ত সকলো উৎপাদন প্রতিষ্ঠানে সিহঁতৰ ভাৰসমতাৰ বিন্দুত স্বাভাৱিক লাভ উপার্জন কৰে, তেতিয়া উৎপাদন প্রতিষ্ঠানৰ লগতে থুপৰ ভাৰসমতা প্রতিষ্ঠা হয়। এয়ে হৈছে একচেটীয়াধর্মী প্রতিযোগিতাৰ পূৰ্ণ-ভাৰসমতা।

দীর্ঘকালীন অৱস্থাত এখন উৎপাদন প্রতিষ্ঠানে স্বাভাৱিক লাভ আহৰণ কৰিবলৈ হ’লে ইয়াৰ ভাৰসমতাৰ অৱস্থাত প্রান্তিক আয় আৰু প্রান্তিক ব্যয় সমান হোৱাৰ উপৰিও গড় আয় আৰু গড় ব্যয় সিহঁতৰ সমান হ’ব লাগিব। ওপৰত চিত্ৰৰ সহায়ত একচেটীয়াধর্মী উৎপাদন প্রতিষ্ঠানৰ দীর্ঘকালীন ভাৰসমতাৰ বিষয়ে ব্যাখ্যা কৰা হৈছে। 

ওপৰৰ চিত্ৰত দেখুওৱা অনুসৰি উৎপাদন প্রতিষ্ঠানটোৰ ভাৰসাম্য উৎপাদন হৈছে OM আৰু দাম হৈছে ON। কাৰণ এই পৰিমাণৰ উৎপাদনতেই উৎপাদন প্রতিষ্ঠানটোৰ দীর্ঘকালীন প্রান্তিক ব্যয় ৰেখাই (LMC) দীর্ঘকালীন প্রান্তিক আয় ৰেখাক (LMR) তলফালৰ পৰা ছেদ কৰিছে, কিন্তু এই ভাৰসাম্য অৱস্থাত উৎপাদন প্রতিষ্ঠানটোৱে স্বাভাৱিক লাভহে আহৰণ কৰিছে। কাৰণ, এনে ভাৰসাম্য অৱস্থাত ইয়াৰ গড় আয় আৰু গড় ব্যয় সমান হৈছে। চিত্রত দেখুওৱা অনুসৰি উৎপাদন প্রতিষ্ঠানটোৰ গড় আয় আৰু গড় ব্যয় দুয়োটাই হৈছে MN।

দীর্ঘকালীন অৱস্থাত একচেটীয়াধর্মী প্রতিযোগিতাত এটা থুপৰ অন্তর্ভুক্ত সকলোবোৰ উৎপাদন প্রতিষ্ঠানে স্বাভাৱিক লাভ আহৰণ কৰাৰ কাৰণে থুপৰ ভাৰসাম্যও প্রতিষ্ঠা হয়। থুপৰ অন্তর্ভুক্ত উদ্যোগ প্রতিষ্ঠানৰ সংখ্যাৰ হ্রাস-বৃদ্ধি নঘটে। অর্থাৎ থুপত সম্পূর্ণ শান্তি বিৰাজ কৰে আৰু এই অৱস্থাই হৈছে থুপৰ ভাৰসাম্য অৱস্থা।

২৯। একচেটীয়াধর্মী প্রতিযোগিতাৰ থুপৰ ভাৰসমতা ধাৰণাটো ব্যাখ্যা কৰা।

উত্তৰঃ অধ্যাপক চেম্বাৰলিন এ পূর্ণ-প্রতিযোগিতা আৰু একচেটীয়াধর্মী বজাৰৰ পার্থক্য দেখুৱাৱৰ অর্থে ‘উদ্যোগ’ শব্দটোৰ পৰিৱৰ্তে ‘থুপ’ শব্দটো ব্যৱহাৰ কৰিছে। অধ্যাপক চেম্বাৰলিন এ থুপৰ ভাৰসমতা দুটা ভাগত আলোচনা কৰিছে। এই ভাগকেইটা হৈছে- 

(ক) হ্রস্বকালীন স্থিৰবিহীন ভাৰসমতা। আৰু 

(খ) দীর্ঘকালীন সুস্থিব ভাবসমতা। 

পূর্ণ প্রতিযোগিতাৰ উদ্যোগৰ ভাৰসমতাৰ দৰে একচেটায়াধর্মী প্রতিযোগী বজাৰত থুপৰ হ্রস্বকালীন আৰু দীর্ঘকালীন ভাৰসমতা ইয়াৰ অন্তর্ভুক্ত উৎপাদন প্রতিষ্ঠানসমূহৰ উৎপাদিত দ্ৰৱ্যৰ মুঠ যোগান আৰু মুঠ চাহিদাৰ সমতাৰ ভিত্তিত প্রতিষ্ঠা হয়। কিন্তু থুপৰ হ্রস্বকালীন ভাৰসমতাৰ ক্ষেত্ৰত ইয়াৰ অন্তর্ভুক্ত উৎপাদন প্রতিষ্ঠানসমূহৰ কিছুমানে সিহঁতৰ নিজস্ব ভাৰসমতাৰ অৱস্থাত অস্বাভাৱিক লাভ আহৰণ কৰে, আৰু কিছুমানে স্বাভাৱিক লাভ আহৰণ কৰে আৰু কিছুমানে লোকচান ভৰে। খৃপৰ দীর্ঘকালীন ভাৰসমতাৰ অর্থে ইয়াৰ অন্তর্ভুক্ত সকলো উৎপাদন প্রতিষ্ঠানে নিজস্ব ভাৰসাম্য অৱস্থাত স্বাভাৱিক লাভ আহৰণ কৰিব লাগিব। দীর্ঘকালীন অৱস্থাত উৎপাদন প্রতিষ্ঠানে অস্বাভাৱিক লাভ উপার্জন কৰিব নোৱাৰে। কাৰণ, দীর্ঘকালীন অৱস্থাত নতুন উৎপাদন প্রতিষ্ঠানৰ থুপত অন্তর্ভুক্তি আৰু পুৰণি উৎপাদন প্রতিষ্ঠানৰ লগত এনে নতুন উৎপাদন প্রতিষ্ঠানৰ প্রতিযোগিতাৰ ফলত পুৰণি উৎপাদন প্রতিষ্ঠানৰ অস্পভাৱিক লাভ নাইকিয়া হয়। থুপৰ দীর্ঘকালীন ভাৰসমতা চিত্ৰৰ সহায়ত ব্যাখ্যা কৰা হ’ল-

ওপৰৰ চিত্ৰত দেখুওৱা অনুসৰি চিত্ৰৰ চাহিদা ৰেখা (d₁ d₁) আৰু গড় ব্যয় ৰেখা (AC) থুপৰ অন্তর্ভুক্ত সকলো উৎপাদন প্ৰতিষ্ঠানৰ সম-পৰিমাণৰ উৎপাদন ব্যয় আৰু সম-পৰিমাণৰ গড় বিক্ৰীলব্ধ ধনৰ ধাৰণাৰ ভিত্তিত অংকন কৰা হৈছে। সেইকাৰণে d₁d₁ চাহিদা ৰেখা আৰু AC ব্যয় ৰেখা থুপৰ অন্তর্ভুক্ত সকলো উৎপাদন প্রতিষ্ঠানৰ গড় আয় আৰু গড় ব্যয় ৰেখা। চিত্রত দেখুওৱা অনুসৰি উৎপাদন প্রতিষ্ঠানৰ গড় আয় বা চাহিদা ৰেখা d₁d₁ আৰু গড় ব্যয় ৰেখা AC থকাৰ অৱস্থাত সকলো উৎপাদন প্রতিষ্ঠানে অস্বাভাৱিক লাভ আহৰণ কৰিছে। কাৰণ গড় আয় গড় ব্যয়তকৈ অধিক হ’লে, উৎপাদন প্রতিষ্ঠানে অস্বাভাৱিক লাভ আহৰণ কৰে। চিত্ৰত D₂D₂ হৈছে থুপৰ অন্তর্ভুক্ত প্রতিটো উৎপাদন প্রতিষ্ঠানৰ গড় আয় বা চাহিদা ৰেখা আৰু এই ৰেখাডালে উৎপাদন প্রতিষ্ঠানৰ গড় ব্যয় ৰেখাক স্পর্শ কৰিছে। প্রান্তিক আয় আৰু প্রান্তিক ব্যয়ৰ সমতাৰ ওপৰত প্রতিষ্ঠা হোবা উৎপাদন প্রতিষ্ঠানৰ ভাৰসমতাৰ অৱস্থাত গড় আয় আৰু গড় ব্যয় সমান হ’লে, উৎপাদন প্রতিষ্ঠানে স্বাভাৱিক লাভ উপার্জন কৰে।

ওপৰৰ চিত্ৰৰ পৰা দেখা যায় যে, একচেটীয়াধর্মী প্রতিযোগী বজাৰৰ গড় আয় আৰু গড় ব্যয়ৰ সমতাৰ ভিত্তিত যি দীর্ঘকালীন ভাৰসমতা স্থাপন হৈছে, সেই ভাৰসমতাৰ অৱস্থাত উৎপাদিত দ্রৱ্যৰ পৰিমাণ হৈছে OQ₁, কিন্তু যদি উৎপাদন প্রতিষ্ঠানটো পূর্ণ-প্রতিযোগিতামূলক বজাৰৰ অন্তৰ্ভুক্ত হ’লেহেতেন, তেতিয়া ইয়াৰ উৎপাদিত দ্রৱ্যৰ পৰিমাণ OQ ৰ পৰিৱর্তে OQ₁ হ’ব। কাৰণ পৰিমাণৰ উৎপাদনত উৎপাদন প্রতিষ্ঠানৰ দীর্ঘকালীন গড় ব্যয় নিম্নতম হৈছে।

৩০। একচেটীয়াধর্মী প্রতিযোগিতাত পার্থক্যযুক্ত দ্ৰৱ্যৰ ধাৰণাটো ব্যাখ্যা কৰা। 

উত্তৰঃ যেতিয়া এটা একচেটীয়াধর্মী প্রতিযোগিতাৰ অন্তর্ভুক্ত উৎপাদন প্রতিষ্ঠানসমূহে নিজৰ উৎপাদিত দ্ৰৱ্যৰ বিক্ৰী বৃদ্ধিৰ অর্থে ইয়াৰ আকাৰ, আকৃতি আৰু গুণ উদ্যোগটোৰ অন্তর্ভুক্ত আন উৎপাদন প্রতিষ্ঠানৰ উৎপাদিত দ্ৰৱ্যৰ পৰা পৃথক কৰে তাকেই দ্ৰৱ্যৰ পৃথকীকৰণ আখ্যা দিয়া হয়। প্রতিখন উৎপাদন প্রতিষ্ঠানে এনে ব্যৱস্থা গ্রহণ কৰে আৰু ইয়াৰ ফলত উদ্যোগটোৰ অন্তর্ভুক্ত এখন উৎপাদন প্রতিষ্ঠানৰ উৎপাদিত দ্ৰৱ্যৰ লগত আন এখন উৎপাদন প্রতিষ্ঠানৰ উৎপাদিত দ্ৰৱ্যৰ আকাৰগত আৰু গুণগত পার্থক্য সৃষ্টি হয়। প্ৰতিখন উৎপাদন প্রতিষ্ঠানৰে উৎপাদিত দ্ৰৱ্যৰ নিজস্বমান আৰু আকৃতি থাকে যিখিনি আন উৎপাদন প্রতিষ্ঠানৰ উৎপাদিত দ্ৰৱ্যৰ মান আৰু আকৃতিৰ পৰা পৃথক হয়। উৎপাদিত দ্ৰৱ্যৰ মান আৰু আকৃতি পৃথক কৰাৰ প্রধান উদ্দেশ্য হৈছে গ্রাহকক আকৰ্ষণ কৰি ইয়াৰ বিক্ৰী বৃদ্ধি কৰা। উল্লেখযোগ্য যে এখন উৎপাদন প্রতিষ্ঠানে নিজৰ উৎপাদিত দ্রৱ্যৰ গুণ বা মান একে উদ্যোগৰ অন্তর্ভুক্ত আন এখন উৎপাদন প্রতিষ্ঠানৰ উৎপাদিত দ্রৱ্যতকৈ উন্নত কৰিবলৈ তাৰ উৎপাদনী ব্যয় বৃদ্ধি হয়। তলত চিত্ৰৰ সহায়ত উৎপাদিত দ্রৱ্যৰ মানদণ্ড উন্নত কৰি এখন উৎপাদন প্রতিষ্ঠানে কেনেকৈ মুঠ লাভৰ পৰিমাণ বৃদ্ধি কৰিব পাৰে সেই বিষয়টো ব্যাখ্যা কৰা হৈছে।

ধৰা দুই প্ৰকাৰৰ উৎপাদনী দ্রৱ্য যথাক্রমে দ্রৱ্য A আৰু B দ্রৱ্য। A দ্ৰৱ্যৰ উৎপাদনী ব্যয় ৰেখা চিত্ৰত ACₐ ৰেখাই আৰু B দ্ৰৱ্যৰ গড় উৎপাদনী ব্যয় ৰেখা ACb ৰেখাই প্রতিনিধিত্ব কৰিছে। B দ্ৰৱ্যৰ মান A দ্ৰৱ্যতকৈ যথেষ্ট উচ্চ আৰু সেইকাৰণে ACb ৰেখাডাল ACₐ ৰেখাতকৈ ওপৰত অৱস্থান কৰিছে। অৱশ্যে দ্ৰৱ্যৰ গুণাগুণৰ পাৰ্থক্য থাকিলেও দুয়োটা দ্ৰৱ্যৰ দৰ OP ত স্থিৰ হৈ আছে বুলি ধৰা হৈছে। যদি প্রতিষ্ঠান এখনে A মানৱিশিষ্ট দ্রৱ্য উৎপাদন কৰে তেতিয়া ই OG পৰিমাণৰ দ্রৱ্য আশা কৰিব পাৰে। OG পৰিমাণৰ দ্রৱ্য উৎপাদন কৰোতে প্রতিষ্ঠানখনৰ মুঠ ব্যয় হৈছে OGRC আৰু উক্ত পৰিমাণৰ উৎপাদনৰ পৰা মুঠ উপার্জন হ’ব OGMP। গতিকে প্রতিষ্ঠানখনৰ মুঠ অস্বাভাৱিক লাভৰ পৰিমাণ হ’ব CRMP। যদি প্রতিষ্ঠানখনে B মান বিশিষ্ট দ্রৱ্য উৎপাদন কৰে তেতিয়া ইয়াৰ বিক্ৰী OH লৈ বৃদ্ধি হ’ব আৰু ইয়াৰ পৰা প্রতিষ্ঠানখনৰ মুঠ উপার্জন হ’ব OHNP। যিহেতু OH পৰিমাণৰ দ্রৱ্য উৎপাদন কৰোতে প্রতিষ্ঠানখনৰ মুঠ ব্যয় হ’ব OHED সেইকাৰণে ইয়াৰ মুঠ অস্বাভাৱিক লাভৰ পৰিমাণ হৈছে DENP। যিহেতু DENP > CRMP, সেইকাৰণে প্রতিষ্ঠানখনে B গুণৰ অধিকাৰী দ্রৱ্যটোহে উৎপাদন কৰাৰ সিদ্ধান্ত গ্রহণ কৰিব।

৩১। স্বল্প বিক্রেতাৰ বজাৰ কাক বোলে? এইধৰণৰ বজাৰৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা।

উত্তৰঃ পূৰ্ণ-প্রতিযোগিতাৰ অন্তৰ্ভূক্ত আন একপ্ৰকাৰৰ বজাৰ হৈছে স্বল্প-বিক্রেতাৰ বজাৰ। যেতিয়া, কোনো এটা দ্ৰৱ্যৰ উৎপাদন আৰু বজাৰত যোগানৰ ব্যৱস্থা মুষ্টিমেয় কেইটামান উৎপাদন প্রতিষ্ঠানে নিয়ন্ত্রণ কৰে, তাকেই স্বল্প-বিক্রেতাৰ বজাৰ আখ্যা দিয়া হয়। স্বল্প-বিক্রেতাৰ বজাৰক প্ৰধানকৈ দুটা ভাগত ভাগ কৰা হয়। যেনে- উৎপাদিত দ্রৱ্যৰ পার্থক্য থকা স্বল্পবিক্রেতা আৰু উৎপাদিত দ্ৰৱ্যৰ পাৰ্থক্যবিহীন স্বল্পবিক্রেতা। প্রথম প্ৰকাৰ স্বল্পবিক্রেতাৰ উৎপাদিত দ্রৱ্যৰ মাজত আকাৰগত আৰু গুণগত পার্থক্য পৰিলক্ষিত হয়। দ্বিতীয় প্ৰকাৰ স্বল্পবিক্রেতাৰ ক্ষেত্ৰত উৎপাদিত দ্ৰৱ্যৰ মাজত কোনো ধৰণৰ আকাৰগত আৰু গুণগত পার্থক্য পৰিলক্ষিত নহয়।

স্বল্পবিক্রেতাৰ বজাৰ গাঁথনিত কেইটামান মুখ্য বৈশিষ্ট্য পৰিলক্ষিত হয়। এই বৈশিষ্ট্যকেইটা হ’ল-

(ক) স্বল্পবিক্রেতাৰ অন্তর্ভুক্ত উৎপাদন প্রতিষ্ঠানসমূহৰ পাৰস্পৰিক নিৰ্ভৰশীলতা। স্বল্পবিক্রেতাৰ বজাৰ গাঁথনিৰ অন্তর্ভুক্ত উৎপাদন প্রতিষ্ঠানকেইটাৰ এটাই আনটোৰ গতি-বিধি অতি সূক্ষ্মভাৱে পর্যবেক্ষণ কৰে। প্ৰতিটো উৎপাদন প্রতিষ্ঠানে প্রতিযোগী উৎপাদন প্রতিষ্ঠানৰ গতি-বিধি সূক্ষ্মভাৱে পর্যবেক্ষণ কৰাৰ কাৰণে স্বল্পবিক্রেতাৰ বজাৰ গাঁথনিৰ অন্তর্ভুক্ত উৎপাদন প্রতিষ্ঠানে নিজা উৎপাদিত দ্রৱ্যৰ দাম বা আন কোনো ক্ষেত্রত কিবা সংশোধন ঘটালে, প্রতিযোগী উৎপাদন প্রতিষ্ঠানসমূহ নীৰৱ দর্শক হৈ থকা দেখা নাযায়। সেইকাৰণে, প্রতিটো উৎপাদন প্রতিষ্ঠানে নিজৰ উৎপাদনৰ পৰিমাণ আৰু দৰ নিৰূপন কৰোঁতে, প্রতিদ্বন্দ্বী প্রতিষ্ঠানৰ সম্ভাৱ্য আচৰণ বা প্রতিক্রিয়াৰ বিষয়ে চিন্তা কৰি চাবলৈ বাধ্য হয়।

(খ) স্বল্পবিক্রেতা বজাৰ গাঁথনিৰ অন্তর্ভুক্ত উৎপাদন প্রতিষ্ঠানে নিজৰ উৎপাদিত দ্রৱ্যৰ চাহিদা বা গড় আয় ৰেখাৰ অৱস্থান আৰু আকৃতিৰ বিষয়ে নিশ্চিত নহয়। কাৰণ, প্রতিটো উৎপাদন প্রতিষ্ঠানৰ উৎপাদিত দ্ৰৱ্যৰ চাহিদা প্রতিযোগী উৎপাদনকাৰীৰ দৰ আৰু উৎপাদন সম্পৰ্কীয় নীতিৰ ওপৰত নিৰ্ভৰশীল। এনে বজাৰ ব্যৱস্থাৰ এখন উৎপাদন প্রতিষ্ঠানে উৎপাদিত দ্ৰৱ্যৰ দৰ হ্ৰাস কৰা নীতি গ্রহণ কৰিলে, প্রতিযোগী উৎপাদন প্রতিষ্ঠানেও অনুৰূপ ব্যৱস্থা গ্রহণ কৰে আৰু এবাৰ দৰ যুদ্ধত অৱতীৰ্ণ হোৱাৰ পিছত এই যুদ্ধই গভীৰ ৰূপ ধাৰণ কৰে আৰু উৎপাদন প্রতিষ্ঠানৰ চাহিদা ৰেখাৰ অৱস্থানৰ ক্ষেত্ৰত সম্পূর্ণ অনিশ্চয়তা পৰিলক্ষিত হয়।

(গ) এই বজাৰৰ গাঁথনিৰ অন্তৰ্ভুক্ত প্রতিদ্বন্দ্বী প্রতিষ্ঠানকেইটাৰ মাজত তীব্র প্রতিযোগিতা চলিব পাৰে অথবা প্রতিষ্ঠানকেইটা একত্রিত হৈ উমৈহতীয়া দৰ আৰু উৎপাদন নীতি গঠনৰ ব্যৱস্থা গ্রহণ কৰিব পাৰে। দৰ আৰু উৎপাদন নির্ধাৰণৰ ক্ষেত্ৰত প্রতিদ্বন্দ্বিতাত অৱতীর্ণ হ’লে স্বল্পবিক্রেতাৰ বজাৰ গাঁথনিত পূর্ণ-প্রতিযোগিতাৰ বৈশিষ্ট্য প্রকাশ পায় আৰু একত্রিত হ’লে একচেটীয়া ব্যৱসায়ৰ বৈশিষ্ট্য পৰিলক্ষিত হয়।

৩২। স্বল্পবিক্রেতাৰ বজাৰত দৰ আৰু উৎপাদন কেনেদৰে নির্ধাৰণ কৰা হয়?

উত্তৰঃ স্বল্পবিক্রেতা বজাৰৰ দৰ আৰু উৎপাদন নির্ধাৰণৰ বিষয়টো নিৰ্ভৰ কৰে প্রতিযোগী উৎপাদন প্রতিষ্ঠানৰ প্রতিযোগিতাৰ তীব্রতাৰ ওপৰত আৰু প্রতিযোগিতা পৰিত্যাগ কৰি একত্রিতভাৱে উমৈহতীয়া দৰ আৰু উৎপাদনৰ নীতি গ্রহণ কৰাৰ ব্যৱস্থা।

বিশুদ্ধ স্বল্পবিক্রেতাৰ বজাৰ গাঁথনিৰ দৰ আৰু উৎপাদন নির্ধাৰণৰ উল্লেখিত পদ্ধতি দুটাৰ ভিতৰত প্ৰথমটো পদ্ধতিৰ জৰিয়তে দৰ আৰু উৎপাদন নির্ধাৰণৰ সম্ভাৱনা অধিক হয়। বিশেষকৈ যেতিয়া এনে বজাৰৰ অন্তর্ভুক্ত উৎপাদন প্রতিষ্ঠানব সংখ্যা অধিক হয়, তেতিয়া প্রতিষ্ঠানসমূহ একত্রিত হৈ উমৈহতীয়া দৰ আৰু উৎপাদন নীতি গঠনত একমতত উপনীত হোৱাৰ সম্ভাৱনীয়তা কম হয়। এনে অৱস্থাত দৰ প্ৰতিযোগিতাৰ সম্ভাৱনীয়তাই অধিক হয় আৰু দৰ প্ৰতিযোগিতাত অৱতীর্ণ হ’লে, স্বল্পবিক্রেতাৰ বজাৰ গাঁথনিৰ অন্তর্ভুক্ত প্রতিষ্ঠানৰ দৰ আৰু উৎপাদন নির্ধাৰণৰ নীতি পূর্ণ-প্রতিযোগিতা বজাৰৰ অন্তর্ভুক্ত উৎপাদন প্রতিষ্ঠানৰ দৰ আৰু উৎপাদন নির্ধাৰণ নীতিৰ অনুৰূপ হয়।

পার্থক্যযুক্ত স্বল্পবিক্রেতাৰ বজাৰ গাঁথনিৰ অন্তর্ভুক্ত উৎপাদন প্রতিষ্ঠানকেইটাৰ উৎপাদিত দ্রৱ্যব মাজত আকাৰগত আৰু গুণগত পার্থক্য থাকে। প্রতিটো প্রতিষ্ঠানৰ উৎপাদিত দ্রৱ্যৰ স্বকীয় বৈশিষ্ট্য থকাৰ কাৰণে এটা প্রতিষ্ঠানে উৎপাদিত দ্রৱ্যৰ দৰ বৃদ্ধি কৰিলে, বিশুদ্ধ স্বল্পবিক্রেতাৰ বজাৰ গাঁথনিৰ প্ৰতিষ্ঠানৰ দৰে সকলো গ্রাহক হেৰুৱাবলগীয়া নহয়। উৎপাদিত দ্রৱ্যৰ পাৰ্থক্যৰ কাৰণে দৰ-যুদ্ধৰ সম্ভাৱনাও কম। নিজস্ব উৎপাদিত দ্রৱ্যৰ স্বকীয় বৈশিষ্ট্য থকাৰ কাৰণে এটা প্রতিষ্ঠানে নিজা উৎপাদিত দ্ৰৱ্যৰ দৰ হ্ৰাস কৰিলে প্রতিদ্বন্দ্বী উৎপাদন প্রতিষ্ঠানে অনুৰূপ ব্যৱস্থা গ্রহণ নকৰিবও পাৰে। অৱশ্যে, এনে ধৰণৰ বজাৰ গাঁথনিৰ সৰ্বসম্মত দৰ আৰু উৎপাদন নীতি গঠন হোৱাতকৈ দৰ-যুদ্ধৰ সম্ভাৱনাহে বেছি। যদি উৎপাদন প্রতিষ্ঠানকেইটা দৰ-যুদ্ধত অৱতীর্ণ হয়, তেতিয়া একচেটীয়াধর্মী প্রতিযোগী বজাৰৰ দৰেই নিজস্ব গড় আয় আৰু গড় ব্যয়ৰ সমতাৰ ভিত্তিত প্রতিটো প্রতিষ্ঠানৰ দৰ আৰু উৎপাদন নির্ধাৰণ সম্ভাৱনাই অধিক।

তলৰ চিত্র (ক) ত বিশুদ্ধ স্বল্পবিক্রেতাৰ বজাৰ গাঁথনিৰ উৎপাদন প্রতিষ্ঠানৰ দৰ আৰু উৎপাদন নির্ধাৰণ আৰু চিত্র (খ) ত পার্থক্যযুক্ত স্বল্পবিক্রেতাৰ বজাৰ গাঁথনিত উৎপাদন প্রতিষ্ঠানৰ দৰ আৰু উৎপাদন নির্ধাৰণৰ বিষয়ে নির্দেশ দিয়া হৈছে-

(ক) চিত্রই বিশুদ্ধ স্বল্পবিক্রেতাৰ বজাৰ গাঁথনিক অন্তর্ভুক্ত এটা উৎপাদন প্ৰতিষ্ঠানৰ দৰ আৰু উৎপাদন নির্ধাৰণৰ বিষয়ে নির্দেশ দিছে। দৰ-যুদ্ধত অৱতীর্ণ হোৱাৰ ফলত প্রতিষ্ঠানটোৰ উৎপাদিত দ্রৱ্যৰ দৰ OP লৈ হ্রাস পাইছে আৰু এই দৰত প্রতিষ্ঠানটোৰ OM পৰিমাণৰ উৎপাদনত প্রতিষ্ঠানখনৰ গড় আয় আৰু গড় ব্যয় সমান হৈছে। অৱশ্যে, বিশুদ্ধ প্রতিযোগিতাৰ অন্তর্ভুক্ত উৎপাদন প্রতিষ্ঠানৰ দৰে চিত্ৰত দেখুওৱা প্রতিষ্ঠানটোৰ OM পৰিমাণৰ উৎপাদন হৈছে সর্বাধিক উৎপাদন। কাৰণ OM পৰিমাণৰ উৎপাদন প্রতিষ্ঠানটোৰ গড় আয় ৰেখাই (AR) গড় ব্যয় (AC) ৰেখাক ইয়াৰ নিম্নতম বিন্দুত স্পর্শ কৰিছে। চিত্ৰৰ পৰা এই বিষয়ে অনুমান কৰা সহজ যে, যদি উৎপাদন প্রতিষ্ঠানটোৱে উৎপাদিত দ্রৱ্যৰ দৰ OP ৰ তললৈ হ্রাস কৰে, তেতিয়া ইয়াৰ গড় ব্যয় গড় আয়তকৈ অধিক হ’ব আৰু এনে অৱস্থাত লাভৰ পৰিৱৰ্তে লোকচানহে ভৰিব লাগিব। দীর্ঘকালীন অৱস্থাত প্রতিষ্ঠানটোৱে যদি লোকচান ভৰি থাকে, তেতিয়া উৎপাদন কার্য বন্ধ কৰি দিয়াৰ কোনো বিকল্প ব্যবস্থা নাথাকে। (খ) নং চিত্রই পার্থক্যযুক্ত স্বল্পবিক্রেতাৰ বজাৰ গাঁথনিৰ অন্তর্ভুক্ত এটা উৎপাদন প্রতিষ্ঠানৰ ভাৰসমতা নির্দেশ দিছে। এই প্রতিষ্ঠানটোৱেও দৰ-যুদ্ধত অৱতীৰ্ণ হোৱাৰ কাৰণে উৎপাদিত দ্রৱ্যৰ দৰ OP লৈ হ্রাস পাইছে। OP দৰত প্রতিষ্ঠানটোৱে OM পৰিমাণৰ দ্রৱ্য বিক্ৰী কৰি কেৱল স্বাভাবিক লাভহে উপার্জন কৰিছে। কাৰণ OM পৰিমাণৰ উৎপাদনত উৎপাদন প্রতিষ্ঠানটোৰ গড় আয় আৰু গড় ব্যয় সমান হৈছে। চিত্রত দেখুওৱা প্রতিষ্ঠানটোৰ ভাৰসমতাৰ দৰ আৰু উৎপাদন হৈছে ক্রমান্বয়ে OP আৰু OM। কাৰণ, দৰ যদি OP ৰ তললৈ হ্রাস হয়, তেতিয়া উৎপাদন প্রতিষ্ঠানটোৰ লোকচান হ’ব আৰু দীর্ঘকালীন অৱস্থাত এনে উৎপাদন প্রতিষ্ঠান জীয়াই থাকিব নোৱাৰে।

৩৩। একচেটীয়া বজাৰ নিয়ন্ত্ৰণত চৰকাৰৰ ভূমিকাৰ বিষয়ে লিখা।

উত্তৰঃ একচেটীয়া বজাৰৰ কিছু অযাচিত বিষয় আছে, বিশেষকৈ য’ত বেচৰকাৰী সংস্থাবোৰ লাভৰ বাবে পৰিচালিত হয় যিয়ে চৰকাৰৰ হস্তক্ষেপৰ আদেশ দিয়ে। বেচৰকাৰী একচেটীয়াৰ ধনাত্মক সুবিধা যেনে মাত্ৰাৰ মিতব্যয়িতা, এনে উদ্যোগৰ বিস্তাৰৰ মাধ্যমত অৰ্থনীতিত উৎপাদক ক্ষমতা বৃদ্ধি, বেচৰকাৰী একচেটীয়াৰ লগত জড়িত অবাঞ্চনীয় লক্ষণসমূহৰ গুৰুত্ব কম।

একচেটীয়া নিয়ন্ত্ৰণৰ বিভিন্ন চৰকাৰী পদ্ধতি হ’ল-

(ক) একচেটীয়া উৎপাদনৰ ওপৰত সৰ্বাধিক মূল্য নির্ধাৰণ।

(খ) দৰ, উৎপাদন আৰু লাভ নিয়ন্ত্রণ কৰাৰ বাবে একচেটীয়া প্ৰতিষ্ঠানৰ ওপৰত কৰ আদায় (অর্থাৎ একচেটীয়া মনোভাৱৰ আচৰণ নিয়ন্ত্রণৰ চেষ্টা)।

(গ) একচেটীয়া বিৰোধী আইন তৈয়াৰ কৰি আৰু এইদৰে এনেকুৱা প্রতিষ্ঠানসমূহৰ বিকাশক প্রতিবন্ধিত কৰে।

(ঘ) সম্পূর্ণৰূপে এই প্রতিষ্ঠানসমূহৰ জাতীয়কৰণৰ মাধ্যমেৰে।

উপভোক্তাৰ একচেটীয়াধর্মী শোষণ আৰু মূল্যৱান সম্পদৰ অপব্যয় নিয়ন্ত্রণ কৰিবলৈ চৰকাৰে ব্যক্তিগত মালিকানাৰ অধীনত প্রাকৃতিক একচেটীয়াৰ ক্ষেত্ৰত দৰ বা উৎপাদন উভয়ক নির্ধাৰণ কৰিব পাৰে। অৱশ্যে একচেটীয়াধর্মীৰ লাভক নিয়ন্ত্রিত কৰা সকলো সময়তে সম্ভৱ নহয়, কিয়নো বেয়া সময়ত হ’ব পৰা সম্ভাৱিত লোকচানৰ বাবেও বিধান ৰখা উচিত। তলত চিত্ৰৰ সহায়ত ব্যাখ্যা কৰা হ’ল-

চৰকাৰী নিয়ন্ত্ৰণৰ অনুপস্থিতিত একচেটীয়াধর্মীয়ে Qm য’ত (MC = MR) উৎপাদন কৰিব আৰু QmPm দৰ লগাব।প্রতিযোগিতামূলক দৰ আৰু উৎপাদন ক্রমশ QePe আৰু OQe হ’ব। সেয়ে চৰকাৰ বা দৰ ন্যায়াধিকৰণে দৰ QePe নিৰ্ধাৰণ কৰিব পাৰে আৰু একচেটীয়াধর্মীক OQe উৎপাদন কৰাৰ বাবে জোৰ দিব পাৰে।

লক্ষণীয় যে চৰকাৰৰ দ্বাৰা নিযুক্ত ন্যায়াধিকৰণে সেই স্তৰত দৰ নিৰ্ধাৰণ কৰিব পাৰে য’ত একচেটীয়াধর্মীৰ AR আৰু উৎপাদনৰ MC সমান হয়। এনে ধৰণৰ দৰ চিত্ৰ (ক) ত QₑPₑ ৰ দ্বাৰা নির্দেশিত। দৰ নির্ধাৰণৰ এই পদ্ধতিৰ যুক্তিটো হ’ল যে উপভোক্তাৰ দ্ৰৱ্যৰ চাহিদা কাম্যভাৱে সন্তুষ্ট যেতিয়া P (AR) = MC। যেতিয়া P> MC হয়, ইয়াৰ তাৎপর্য হ’ল যে উপভোক্তাই তেওঁলোকৰ উৎপাদন ব্যয়তকৈ অতিৰিক্ত গোটৰ উৎপাদনত অধিক মূল্য (P= MU) লগাই আছিল।

চিত্র (খ) ৰ পৰা এয়া স্পষ্ট যে চৰকাৰে কৰৰ মাধ্যমেৰে একচেটীয়া নিয়ন্ত্রণ কৰিব পাৰে। কৰৰ প্রতি গোট উৎপাদনক শুল্ক নির্দিষ্ট কৰ হিচাপে জনা যায় যি পৰিৱর্তনশীল ব্যয় হিচাপে বিবেচিত হয়। প্রাক কৰৰ ভাৰসাম্য উৎপাদন, দৰ আৰু লাভ যথাক্রমে OQ, OP (QP) আৰু PRSP আছিল। এতিয়া, যিহেতু চৰকাৰে প্রতিষ্ঠানখনৰ ওপৰত এক বিশিষ্ট কৰ আৰোপ কৰিছে AC ৰেখা AC₁ লৈ উর্ধগামী হয় আৰু MC ৰেখা MC₁ লৈ যায়। MC₁ ৰেখাই T ৰ বাওঁফালে T₁ ত পুৰণি MR ৰেখাক কাটে। নতুন ভাৰসাম্য, উৎপাদন, দৰ আৰু লাভ হ’ব ক্রমে QQ₁; Q₁ P₁ (OP₁) আৰু P₁ R₁ S₁ P₁। একচেটীয়াৰ ওপৰত বিশিষ্ট কৰ, সেয়ে উৎপাদনৰ লগতে লাভক কম কৰে আৰু দৰক বৃদ্ধি কৰে।

এয়া লক্ষ কৰা প্ৰাসংগিক হ’ব যে দৰ আৰু পৰিমাণ নিয়ন্ত্ৰণৰ মাধ্যমেৰে একচেটীয়াধৰ্মীৰ নিয়ন্ত্রণত কিছু সমস্যা আছে। প্রতিষ্ঠানখনৰ বাবে বজাৰৰ চাহিদা ৰেখা সঠিকভাৱে জনা নাযাবও পাৰে আৰু একে দৰে ব্যয় ৰেখাবোৰো ভুলভাৱে অনুমান কৰা যাব পাৰে। যদি এনেকুৱা হয়, তেনেহ’লে দৰ আৰু পৰিমাণৰ নিয়ন্ত্রণ একচেটীয়াৰ নিয়ন্ত্রণ সম্পর্কে বাঞ্চিত ফলাফল লৈ আনিব নোৱাৰিব। কৰ আৰোপৰ মাধ্যমেৰে একচেটীয়া নিয়ন্ত্ৰণৰ ক্ষেত্ৰত কেৱল লাম্প-চাম কৰ বা লাভৰ ওপৰত এক কৰ একচেটীয়াক নিয়ন্ত্রণ কৰা সম্ভৱ হ’ব আৰু ইয়াৰ ওপৰত পণ্য কৰ বা এড্‌ ভেলোৰেম কৰ নহয়।

এন্টিট্রাষ্ট আইনঃ যি আইনে একচেটীয়াৰ বৃদ্ধিত বাধা দিয়ে তাক এন্টিট্রাষ্ট আইন বুলি কোৱা হয় যেনে ভাৰতত থকা MRTP এক্ট (বর্তমান বিলুপ্ত কৰা হৈছে)। চৰকাৰে প্রতিযোগিতা প্ৰচাৰ কৰে আৰু বজাৰ শক্তিক সীমাবদ্ধ কৰে, মূলতঃ এন্টিট্রাষ্ট আইন আৰু অন্যান্য কংগ্রেশ্বনেল আইনৰ মাধ্যমেৰে। লগতে, তেওঁলোক অর্থনীতিৰ দীর্ঘকালীন সুত অনুযায়ী উদ্যোগসমূহ নিয়ন্ত্রণ কৰি প্রতিযোগিতা সীমাবদ্ধতা কৰে। পেটেন্ট, লাইসেঞ্চ ক্ষমতায়িত কমিটিৰ গঠন ইত্যাদি বিভিন্ন উপায় আৰু যাৰ মাধ্যমত চৰকাৰে একচেটীয়া আৰু স্বল্পবিক্রেতাব প্রতিষ্ঠানসমূহে উপভোগ কৰা বজাৰ শক্তি নিয়ন্ত্রণ কৰে। উদাহৰণস্বৰূপে ভাৰতত প্রতিযোগিতা কমিটিয়ে উপভোক্তাৰ শোষণ কৰিবলৈ উদ্যোগসমূহে গ্রহণ কৰা অন্যায় উপায়বোৰ দৃষ্টিগোচৰ কৰে। সংহতকৰণ, অধিগ্রহণ, স্বচ্ছলতা বা আনুষ্ঠানিক বুজাপৰা ইত্যাদিৰ মাধ্যমেদি একচেটিয়াধর্মীৰ বৃদ্ধি ৰোধ কৰিবলৈ CEI ৰ দৰে কমিটিবোৰে একচেটিয়াধৰ্মীৰ ওপৰত অৱিচ্ছিন্ন নজৰদাৰি ৰাখে।

৩৪। চমুটোকা লিখাঃ

একচেতীয়া বজাৰ আৰু এন্টিট্রাষ্ট প্রীতি বা বিশ্বাস বিৰোধী নীতি 

উত্তৰঃ এন্টিট্রাষ্ট নীতি হ’ল অত্যাধিক লাভৰ অৰ্থে একচেটীয়া ব্যৱসায়ীয়ে যেতিয়া উৎপাদিত দ্ৰৱ্যৰ উচ্চমূল্য ধার্য কৰে, ৰাজহুৱা স্বাৰ্থৰ খাতিৰত চৰকাৰে এনে ব্যৱসায়সমূহক নিয়ন্ত্রণ কৰিবলৈ লোবা এক নীতি আৰু কম দামত বিক্রী কৰিবলৈ এই নীতিৰ দ্বাৰা বাধ্য কৰোৱা হয়। প্রতিযোগিতাৰ অনুপস্থিতিৰ সুবিধা লৈ একচেটীয়া ব্যৱসায়ীয়ে নিজ ইচ্ছা অনুযায়ী উৎপাদিত দ্ৰৱ্যৰ দামৰ পৰিৱর্তন ঘটাব পাৰে আৰু সুবিধা লৈ এনে প্রতিষ্ঠানে গ্রাহকক দ্রৱ্যটো উচ্চ দামত বিক্ৰী কৰে আৰু ইয়াৰ ফলত গ্রাহকসকলে কষ্টভোগ কৰিব লগা হয়। ইয়াৰোপৰি দৰ- পার্থক্যই গ্রাহকৰ মাজত অসন্তুষ্টি বঢ়ায়। একেটা দ্রৱ্যক বিভিন্ন গ্রাহকক বিভিন্ন দামত বিক্রী কৰাত গ্রাহক উপভোক্তাসকলৰ মাজত তীব্র প্রতিক্রিয়াৰ সৃষ্টি হয়, সেইবাবে এই নীতিৰ সহায়ত চৰকাৰে একচেটীয়া ব্যৱসায়ীসকলক এটা পর্যায়লৈকে নিয়ন্ত্রণ কৰাত সফল হয়।

৩৫। মুঠ আয় আৰু মুঠ ব্যয়ৰ ৰেখাৰ ভিত্তিত এখন উৎপাদন প্রতিষ্ঠানে কেনেদৰে সর্বাধিক লাভত উপনীত হয় ব্যাখ্যা কৰা। 

উত্তৰঃ উদ্যোগ প্রতিষ্ঠান এটাই ইয়াৰ মুঠ আয় আৰু মুঠ ব্যয়ৰ পাৰ্থক্যৰ ভিত্তিত সর্বাধিক মুনাফা আহৰণৰ জৰিয়তে ভাৰসমতা কেনেকৈ প্রতিষ্ঠা কৰে, সেই বিষয়ে অতি সহজে ব্যাখ্যা কৰিব পৰা যায়। উদ্যোগ প্ৰতিষ্ঠানৰ মূল লক্ষ্য হৈছে সর্বাধিক মুনাফা আহৰণ আৰু যি পৰিমাণৰ উৎপাদনত উদ্যোগ প্রতিষ্ঠানে এটাৰ মুঠ আয় আৰু মুঠ ব্যয়ৰ পার্থক্য সর্বাধিক হয়, সেই পৰিমাণৰ উৎপাদনতেই মুঠ লাভৰ পৰিমাণ সর্বাধিক হোৱাটো স্বাভাবিক। গতিকে, সর্বাধিক লাভ আহৰণৰ জৰিয়তে ভাৰসমতা স্থাপনৰ অৰ্থে প্রতিটো উদ্যোগ প্রতিষ্ঠানে সেই বিন্দু পর্যন্ত উৎপাদন বৃদ্ধি কৰিব, যি বিন্দুত ইয়াৰ মুঠ উপার্জন আৰু মুঠ ব্যয়ৰ পাৰ্থক্য সর্বাধিক হয়। মুঠ আয় আৰু মুঠ ব্যয়ৰ পাৰ্থক্যৰ ভিত্তিত উৎপাদন প্রতিষ্ঠানে কেনেদৰে ভাৰসমতা স্থাপন কৰে সেই বিষয়ে চিত্ৰৰ সহায়ত ব্যাখ্যা কৰা হ’ল-

চিত্রত OX অক্ষই এখন উৎপাদন প্রতিষ্ঠানৰ উৎপাদিত দ্রৱ্যৰ পৰিমাণ আৰু OY অক্ষই উৎপাদিত দ্রব্যৰ মুঠ উপার্জন আৰু মুঠ ব্যয়ৰ পৰিমাণ প্রতিনিধিত্ব কৰিছে। চিত্রত TR হৈছে উৎপাদন প্রতিষ্ঠানটোৰ মুঠ উপার্জন ৰেখা আৰু TC হৈছে মুঠ ব্যয় ৰেখা। TR ৰেখাৰ উৎস বিন্দু O হোৱাৰ কাৰণ হৈছে যেতিয়া উৎপাদন প্রতিষ্ঠানটোৱে কোনো দ্রব্য উৎপাদন নকৰে, তেতিয়া উপার্জন শূন্য হয়। আনহাতে, মুঠ ব্যয় ৰেখাৰ উৎস বিন্দু হোৱাৰ কাৰণ হৈছে উদ্যোগ প্রতিষ্ঠানটোৱে দ্রব্য উৎপাদন নকৰাৰ অৱস্থাটো কিছু পৰিমাণৰ স্থায়ী ব্যয় বহন কৰিবলগীয়া হয়। চিত্রই উদ্যোগ প্রতিষ্ঠানটোৰ শূন্য পৰিমাণৰ উৎপাদনৰ পৰা উৎপাদন ক্রমান্বয়ে বৃদ্ধি পোৱাৰ লগে লগে মুঠ ব্যয় আৰু মুঠ আয়ৰ পৰিবৰ্তনৰ বিশেষ নির্দেশ দিছে। প্ৰাৰম্ভিক অৱস্থাত উদ্যোগ প্রতিষ্ঠানটোৰ মুঠ ব্যয় ৰেখা মুঠ আয় ৰেখাতকৈ ওপৰত আছে। গতিকে, উদ্যোগ প্রতিষ্ঠানটোৱে কোনো লাভ আহৰণ কৰিব পৰা নাই। OL পৰিমাণৰ উৎপাদনত উদ্যোগ প্রতিষ্ঠানটোৰ মুঠ আয় আৰু মুঠ ব্যয় ৰেখাৰ সমতা স্থাপন হৈছে। IL পৰিমাণৰ উৎপাদন অতিক্রম কৰাৰ লগে লগেই উৎপাদন প্রতিষ্ঠানটোৰ মুঠ উপার্জন ব্যয়তকৈ অধিক হৈছে আৰু লাভৰ পৰিমাণ বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে। চিত্রত দেখুওৱা OM পৰিমাণৰ উৎপাদনত উৎপাদন প্রতিষ্ঠানটোৰ মুঠ ব্যয় আৰু মুঠ আয়ৰ পাৰ্থক্য সর্বাধিক হৈছে। চিত্ৰৰ TR ৰেখা আৰু TC ৰেখাৰ স্পর্শক দুডালৰ পৰা এই বিষয়ে সহজে অনুমান কৰা যায়। এই দুডাল পাৰস্পৰিক সমান্তৰাল ৰেখাই এডালে TR ৰেখাৰ Q বিন্দুত আৰু আনডালে TC ৰেখাৰ P বিন্দুত স্পর্শ কৰিছে। গতিকে, TR আৰু TC ৰেখাৰ মাজত পার্থক্য এই দুটা বিন্দুতেই সর্বাধিক হৈছে আৰু উদ্যোগ প্রতিষ্ঠানটোৰ মুনাফাৰ পৰিমাণো সর্বাধিক হৈছে। চিত্রত অংকণ কৰা TP ৰেখাই উদ্যোগ প্রতিষ্ঠানটোৰ বিভিন্ন পৰিমাণৰ উৎপাদনত মুঠ লাভৰ পৰিমাণৰ বিষয়ে নির্দেশ দিছে। চিত্ৰত দেখুওৱা অনুসৰি OL পৰিমাণৰ উৎপাদনলৈকে TP ৰেখা X অক্ষৰ তলত আছে। কাৰণ, OL পৰিমাণৰ উৎপাদনলৈকে উদ্যোগ প্রতিষ্ঠানটোৱে কোনো মুনাফা অর্জন কৰিব পৰা নাই। উৎপাদন OLৰ পৰ্যায় অতিক্রম কৰাৰ লগে লগে উদ্যোগ প্রতিষ্ঠানটোৱে লাভ আহৰণ কৰিবলৈ আৰম্ভ কৰা কাৰণে TP ৰেখা X অক্ষৰ ওপৰলৈ আহিছে। উৎপাদন বৃদ্ধিৰ লগে লগে TP ৰেখা উর্ধগামী হৈছে আৰু OM পৰিমাণৰ উৎপাদনত এই ৰেখাডাল ইয়াৰ শীর্ষবিন্দু N ত অৱস্থান কৰিছে। গতিকে OM পৰিমাণৰ উদ্যোগ প্রতিষ্ঠানটোৰ মুঠ লাভৰ পৰিমাণ সর্বাধিক হৈছে সেই বিষয়ে TP ৰেখাৰ পৰাও অনুমান কৰা যায়।

৩৬। হ্রস্বকালীন গড় ব্যয় ৰেখাৰ সহায়ত কেনেকৈ দীর্ঘকালীন গড় ব্যয় ৰেখা পাব পাৰি?

উত্তৰঃ দীর্ঘকালীন গড় ব্যয় ৰেখা হ্রস্বকালীন ব্যয় ৰেখাৰ দৰেই ইংৰাজী U আখৰ আকৃতিৰ হয়। কাৰণ হৈছে উৎপাদন কার্যত পৰিৱর্তনশীল অনুপাত বিধিৰ প্রয়োগ। দীর্ঘকালত উৎপাদনৰ হ্রাস-বৃদ্ধিৰ প্ৰয়োজন অনুসৰি উৎপাদন প্রতিষ্ঠানে ইয়াৰ পৰিসৰৰ সংকোচন অথবা সম্প্ৰসাৰণ ঘটাব পাৰে। সেইকাৰণে, যেতিয়াই উৎপাদন প্রতিষ্ঠানটোৱে ইয়াৰ উৎপাদনৰ পৰিসৰৰ পৰিৱৰ্তন ঘটায়, তেতিয়াই আমি ইয়াৰ নতুন হ্রস্বকালীন গড় ব্যয় ৰেখা অংকণ কৰিবলগীয়া হয়। দীর্ঘকালীন অৱস্থা হৈছে এলানি হ্রস্বকালৰ সমষ্টি আৰু সেই কাৰণে এলানি হ্রস্বকালীন গড় ব্যয় ৰেখাৰ সহায়ত দীর্ঘকালীন গড় ব্যয় ৰেখা অংকণ কৰিব পাৰি। হ্রস্বকালীন গড় ব্যয় ৰেখাৰ সহায়ত কেনেকৈ দীর্ঘকালীন গড় ব্যয় অংকণ কৰা হয় সেই বিষয়ে চিত্ৰৰ সহায়ত ব্যাখ্যা কৰা হ’ল-

চিত্রত SAC₁, SAC₂ আৰু SAC₃ তিনিডাল হ্রস্বকালীন গড় ব্যয় ৰেখা অংকণ কৰা হৈছে। প্রতিডাল ব্যয় ৰেখাই এক বিশেষ উৎপাদন পৰিসৰৰ প্রতিনিধিত্ব কৰিছে। হ্রস্বকালীন অৱস্থাত প্রথমডাল ব্যয় ৰেখাৰ (SAC₁) কাম্য উৎপাদন হৈছে OM₁। কাৰণ এই পৰিমাণৰ উৎপাদনত গড় ব্যয় নিম্নতৰ (M₁L₁) হৈছে। হ্রস্বকালীন অৱস্থাত এটা উৎপাদনী গোটৰ সহায়ত এই সর্বাধিক উৎপাদনৰ লক্ষ্য অতিক্রম কৰিলে উৎপাদনী ব্যয় বৃদ্ধি পাব। চিত্রত দেখুওৱা অনুসৰি যেতিয়া উৎপাদন প্রতিষ্ঠানটোৱে হ্রস্বকালীন অৱস্থাত একেটা উৎপাদন গোটৰ সহায়ত (SAC₁ এ প্রতিনিধিত্ব কৰা) উৎপাদন OM₂ লৈ বৃদ্ধি কৰিছে তেতিয়া গড় ব্যয় M₁L₁ৰ পৰা M₂L₂ লৈ বৃদ্ধি পাইছে। কিন্তু দীর্ঘকালীন অৱস্থাত উৎপাদন প্রতিষ্ঠানটোৱে উৎপাদনৰ এটা অতিৰিক্ত যন্ত্র প্রতিষ্ঠা কৰিব পাৰে। চিত্ৰত দেখুওৱা অনুসৰি এনে অতিৰিক্ত উৎপাদন গোটৰ সহায়ত (SAC₂ এ প্রতিনিধিত্ব কৰা) OM₂ পৰিমাণৰ উৎপাদন প্রতিষ্ঠানটোৱে M₃L₃ পৰিমাণৰ গড় ব্যয়ত উৎপাদন কৰিবলৈ সক্ষম হৈছে। চিত্রত দেখুওৱা অনুসৰি দ্বিতীয়টো উৎপাদন গোটৰ কাম্য উৎপাদন হৈছে OM₃। যদি উৎপাদন প্রতিষ্ঠানটোৱে দ্বিতীয় উৎপাদন গোটৰ সহায়ত OM₄ পৰিমাণৰ উৎপাদন কৰিবলৈ বিচাৰে তেতিয়া গড় ব্যয় M₃L₄ ৰ পৰা M₄L₅ লৈ বৃদ্ধি পাব কিন্তু দীর্ঘকালীন অৱস্থাত তৃতীয় এটা উৎপাদন গোট স্থাপন কৰি OM₄ পৰিমাণৰ উৎপাদন M₄L₆ গড় ব্যয়ৰ সহায়ত উৎপাদন কৰিব পৰা যায়।

ওপৰৰ আলোচনাৰ পৰা দেখা যায় যে দীর্ঘকালীন অৱস্থাত উৎপাদনৰ সকলোবোৰ উপাদানেই পৰিৱৰ্তনীয় হোৱাৰ কাৰণে হ্রস্বকালীন অৱস্থাৰ তুলনাত এটা দ্রব্য কম খৰচত উৎপাদন কৰিব পাৰি। চিত্ৰত অংকণ কৰা তিনিডাল হ্রস্বকালীন গড় ব্যয় ৰেখাৰ ভিত্তিত দীর্ঘকালীন গড় ব্যয় ৰেখা অংকণ কৰিব পাৰি। চিত্রত হ্রস্বকালীন ব্যয় ৰেখা কেইডালক স্পৰ্শ কৰাই যিডাল ৰেখা অংকণ কৰা হৈছে সেইডালেই হৈছে দীর্ঘকালীন গড় ব্যয় ৰেখা।

৩৭। উৎপাদন পৰিসৰৰ মিতব্যয়িতা আৰু অমিতব্যয়িতাৰ সহায়ত দীর্ঘকালীন গড় ব্যয় ৰেখাৰ আকাৰ ব্যাখ্যা কৰা।

উত্তৰঃ আধুনিক অর্থনীতিবিদসকলৰ ব্যাখ্যা অনুসৰি উৎপাদনৰ তিনিটা প্রধান বিধিৰ উৎপাদন ব্যৱস্থাত প্রয়োগৰ প্ৰধান কাৰণ হৈছে উৎপাদন ব্যৱস্থাৰ পৰিসৰৰ সুবিধা আৰু অসুবিধাসমূহ। যেতিয়া কোনো উৎপাদন ব্যৱস্থাই বৃহৎ উৎপাদনৰ সুবিধাবোৰ উপভোগ কৰে তেতিয়া উৎপাদন ক্রমবর্ধমান গতিত বৃদ্ধি হয় আৰু উৎপাদনী প্রতিষ্ঠানে সংকোচন ঘটে। আনহাতে যেতিয়া কোনো উৎপাদন প্রতিষ্ঠানে যিখিনি পৰিসৰৰ সুবিধা উপভোগ কৰে তাৰ সমপৰিমাণৰ অসুবিধাই দেখা দিয়া অৱস্থাত আনুপাতিক উৎপাদন বিধি প্রয়োগ হয়। কিন্তু যেতিয়া পৰিসৰৰ সুবিধাসমূহতকৈ অসুবিধাসমূহ অধিক প্রকট হৈ পৰে তেতিয়া উৎপাদন ব্যৱস্থাত ক্রমহ্রাসমান উৎপাদন বিধি প্রযোজ্য হয়।

উৎপাদন পৰিসৰ বা মাত্ৰাৰ মিতব্যয়িতাৰ লগত উৎপাদনী ব্যয়ৰও স্পষ্ট সম্পর্ক আছে। কাৰণ উৎপাদনৰ প্ৰতিদান বিধি তিনিটাৰ আলোচনাৰ পৰা আমি জানিব পাৰো যে উৎপাদন ব্যৱস্থাত ক্রমবর্দ্ধমান প্রতিদান বিধি প্রযোজ্য হ’লে উৎপাদনৰ গড় আৰু প্রান্তীয় ব্যয় হ্রাস হয়। আনুপাতিক প্রতিদান বিধি প্রযোজ্য হ’লে, গড় আৰু প্রান্তীয় ব্যয় অপৰিৱৰ্তিত থাকে আৰু ক্রমহ্রাসমান প্রতিদান বিধি প্রযোজ্য হ’লে, গড় আৰু প্রান্তিক উৎপাদনী ব্যয় বৃদ্ধি পায়। উৎপাদন ব্যৱস্থাৰ প্রথম অৱস্থাত ক্রমবর্ধমান প্রতিদান বিধি অথবা ক্রমহ্রাসমান ব্যয় বিধি আৰু পাছত ক্রমহ্রাসমান প্রতিদান বিধি অথবা ক্রমবর্ধমান ব্যয় বিধি প্রযোজ্য হোৱাৰ কাৰণেই উৎপাদনী প্রতিষ্ঠানৰ গড় আৰু প্রান্তিক ব্যয় ৰেখা ইংৰাজীৰ U আখৰৰ আকৃতিৰ হয়।

গড় ব্যয় ৰেখা ইংৰাজী U আখৰৰ আকৃতি হোৱাৰ প্ৰধান কাৰণ হৈছে উৎপাদন প্রতিষ্ঠানটোৱে উপভোগ কৰা আভ্যন্তৰীণ পৰিমিত ব্যয়ৰ সুবিধা আৰু অসুবিধাসমূহ। হ্রস্বকালীন স্বাভাৱিক উৎপাদন ক্ষমতা উৎপাদন নকৰালৈকে প্রতিষ্ঠানটোৱে বিভিন্ন সুবিধা উপভোগ কৰে আৰু ইয়াৰ ফলত উৎপাদন কার্যত ক্রমবর্দ্ধমান প্রতিদান বিধি প্রযোজ্য হয় আৰু উৎপাদনী ব্যয় ক্রমান্বয়ে হ্রাস পায়। আনহাতে স্বাভাৱিক উৎপাদন ক্ষমতা অতিক্ৰম কৰাৰ পিছত উদ্যোগ প্রতিষ্ঠানে বিভিন্ন প্ৰকাৰৰ আভ্যন্তৰীণ পৰিমিত ব্যয় অসুবিধাৰ সন্মুখীন হয় আৰু ইয়াৰ ফলত উৎপাদন ব্যৱস্থাত ক্রমহ্রাসমান প্রতিদান বিধি প্রযোজ্য হয়। উৎপাদন কার্যত ক্রমহ্রাসমান প্রতিদান বিধি প্রযোজ্য হোৱাৰ ফলত প্রতি গোটৰ গড় ব্যয় ক্রমান্বয়ে বৃদ্ধি হয় আৰু গড় ব্যয় ৰেখা উর্ধগামী হয়। আন কথাত ক’বলৈ গ’লে উৎপাদন কার্যত পৰিৱর্তনশীল অনুপাত বিধি প্রযোজ্য হোৱাৰ কাৰণে হ্রস্বকালীন গড় ব্যয় ৰেখা ইংৰাজী U আখৰৰ আকৃতিৰ হয়। দীর্ঘকালীন গড় ব্যয় ৰেখা হ্রস্বকালীন ব্যয় ৰেখাৰ দৰেই ইংৰাজী U আখৰ আকৃতিৰ হয়। অৱশ্যে দীর্ঘকালীন অৱস্থাত গড় ব্যয় ৰেখাত U আখৰৰ আকৃতি কমভাৱে প্রতিফলিত হয়। হ্ৰস্বকালীন গড় ব্যয় ৰেখাৰ দৰে দীর্ঘকালীন গড় ব্যয় ৰেখা ইংৰাজী U আখৰৰ আকৃতিৰ হোৱাৰ কাৰণ হৈছে উৎপাদন কার্যত পৰিৱর্তনশীল অনুপাত বিধিব প্রয়োগ। যেতিয়ালৈকে এখন উৎপাদন প্রতিষ্ঠানে উৎপাদনৰ আভ্যন্তৰীণ সুবিধাসমূহ উপভোগ কৰে, সেই পর্যন্ত উৎপাদন কার্যত ক্রমবর্দ্ধমান প্রতিদান বিধি প্রযোজ্য হয় আৰু উৎপাদনৰ গড় ব্যয় বৃদ্ধি পাবলৈ আৰম্ভ কৰে। এনেদৰে উৎপাদন কার্যত পৰিৱৰ্তনশীল অনুপাত বিধিৰ প্ৰয়োগৰ কাৰণে দীর্ঘকালীন ব্যয় ৰেখা ইংৰাজী U আখৰৰ আকৃতিৰ হয়। অৱশ্যে দীর্ঘকালীন অৱস্থাত গড় ব্যয় ৰেখাত U আখৰৰ আকৃতি কমভাৱে প্রতিফলিত হয়। দীর্ঘকালীন অৱস্থাই উৎপাদনৰ অধিকাংশ উপাদান পৰিৱর্তনশীল হোৱাৰ কাৰণে হ্রস্বকালৰ তুলনাত যিকোনো পৰিমাণৰ উৎপাদন কম খৰচত কৰিব পৰা যায়। দীর্ঘকালীন অৱস্থাত উৎপাদনৰ হ্রাস-বৃদ্ধিৰ প্রয়োজন অনুসৰি যন্ত্রপাতি আৰু ঘৰ-দুৱাৰৰ দৰে স্থিৰ উপাদানৰ যোগানৰ পৰিবৰ্তন ঘটাব পৰা যায। এনে কাৰণত দীর্ঘকালীন অৱস্থাত উৎপাদনৰ সংকোচন ঘটালে গড় ব্যয় হ্রস্বকালৰ তুলনাত কম পৰিমাণে বৃদ্ধি হয় আৰু উৎপাদনৰ সম্প্রসাবণ ঘটালৈ কম পৰিমাণে হ্রাস হয়। দীর্ঘকালীন গড় ব্যয়ৰ এনে প্রকৃতিৰ কাৰণেই এই ব্যয়ৰ প্রতিনিধিত্ব কৰা ৰেখাডালত U আখৰৰ আকৃতি কমভাৱে প্রতিফলিত হয়।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top