Introduction to Sociology Unit 1 সমাজতত্ত্ব: অধ্যয়নৰ বিষয় আৰু পৰিপেক্ষতা

Introduction to Sociology Unit 1 সমাজতত্ত্ব: অধ্যয়নৰ বিষয় আৰু পৰিপেক্ষতা, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Introduction to Sociology Unit 1 সমাজতত্ত্ব: অধ্যয়নৰ বিষয় আৰু পৰিপেক্ষতা Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Introduction to Sociology Unit 1 সমাজতত্ত্ব: অধ্যয়নৰ বিষয় আৰু পৰিপেক্ষতা Question Answer can be of great value to excel in the examination.

Introduction to Sociology Unit 1 সমাজতত্ত্ব: অধ্যয়নৰ বিষয় আৰু পৰিপেক্ষতা

Join Telegram channel

Introduction to Sociology Unit 1 সমাজতত্ত্ব: অধ্যয়নৰ বিষয় আৰু পৰিপেক্ষতা Notes cover all the exercise questions in UGC Syllabus. The Introduction to Sociology Unit 1 সমাজতত্ত্ব: অধ্যয়নৰ বিষয় আৰু পৰিপেক্ষতা provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

২। সমাজতত্ত্ব কি? ইয়াৰ সংজ্ঞা দাঙি ধৰা?

উত্তৰঃ পোন প্রথমে চেইন্ট চিমন এ যদিও (১৭৬০-১৮২৫ A D ) ত বৈজ্ঞানিক পদ্ধতিৰে সমাজৰ বিষয়ে অধ্যয়নৰ পাতনি মেলে, কিন্তু সমাজতত্ব নামৰ বিষয়টোৰ জন্ম ১৮৩৯ খ্ৰীষ্টাব্দতহে আগষ্ট ক’ট লিখনিত হয়। সেয়ে তেওঁকেই আমি সমাজতত্বৰ পিতৃ বুলি অভিহিত কৰা হয়।

সমাজতত্ত্বৰ অধ্যয়নৰ ক্ষেত্র হ’ল মানৱ আৰু মানৱ সমাজ। সমাজতত্ত্বই মানৱ সমাজক বৈজ্ঞানিক পদ্ধতিৰে আলোচনা কৰে। সমাজতত্ত্বই উৎপত্তিফালৰ পৰা বৰ্তমানৰ ক্ৰমবিকাশলৈকে পৰ্যালোচনা কৰিলে দেখা যায় যে ইয়াৰ বিষয়বস্তু আৰু অধ্যয়নৰ পৰিৱৰ্ত্তন ঘটি আহিছে। সেয়েহে বৰ্ত্তমানেও সমাজতত্ব এক সম্প্ৰসাৰণমূলক বিষয় হৈয়ে আছে। অধ্যয়নৰ তালিকাত নতুন নতুন বিষয় সন্নিবিষ্ট হৈ থকাৰ ফলত সমাজতত্ত্ব কাক বোলে ,এই  প্রশ্নৰ উত্তৰ সকলো দিশ সামৰি সংক্ষেপ্তে দিয়াটো সম্ভৱপৰ নহয়। তথাপি বিভিন্ন সমাজতত্ববিদে নিজা নিজা দৃষ্টিভংগীৰে সমাজতত্ত্বৰ সংজ্ঞা আগবঢ়াইছে। এই সংজ্ঞাসমূহ আলোচনা কৰিলে নিশ্চিতভাৱে সমাজতত্ত্বৰ সংজ্ঞা সম্পৰ্কীয় সমস্যা সমাধানৰ সহায়ক হ’ব।

সমাজতত্ত্বৰ জন্মদাতা আগষ্ট ক ‘টৰ মতে, “সমাজতত্ত্বই বিভিন্ন সমাজৰ সামাজিক পদ্ধতিৰে প্ৰকৃতি আৰু বিভিন্ন স্বৰূপ সম্পৰ্কে বৈজ্ঞানিক পদ্ধতিৰে অধ্যয়ন কৰে।”

আগষ্ট ক’টে নিশ্চিতভাৱে অভিমত প্ৰকাশ কৰিছে যে সামাজিকপদ্ধতি সম্পৰ্কে অধ্যয়নেই হ’ল সমাজতত্ত্বৰ মূল বিষয়। তেওঁৰ মতে, সমাজতত্বই পৃথিৱীৰ বিভিন্ন সমাজ পদ্ধতিক প্রধান বিষয় হিচাপে অধ্যয়ন কৰিব লাগে। সমাজৰ বিভিন্ন আন্তঃ সম্বন্ধ ব্যক্তিৰ চৰিত্র আদিও সমাজতত্বই অধ্যয়ন কৰা প্ৰয়োজন! ক’টৰ মতে, সমাজতত্বৰ যোগেদি সমাজ পদ্ধতিৰ বিভিন্ন দিশৰ ক্ৰিয়া আৰু প্রক্ৰিয়াৰ বিষয়ে অধ্যয়ন কৰা উচিত।

অন্যতম সমাজতত্ত্ববিদ মেক্স ৱেবাৰৰ মতে, “Sociology is science, which attempts the interpretive understanding of social action.” 

অৰ্থাৎ সমাজতত্ব এনে এক বিজ্ঞান যাৰ জৰিয়তে সামাজিক ক্ৰিয়াৰ বিষয়ে অর্থপূৰ্ণভাৱে বুজিবলৈ সম্ভৱপৰ হয়। সমাজতত্ত্বৰ জৰিয়তে সামাজিক ক্ৰিয়াৰ কাৰণ, প্ৰকাৰ আৰু ফলাফলৰ বিষয়ে একোটাকৈ সিদ্ধান্ত প্ৰকাশ কৰি বলৈ চেষ্টা কৰে। বহল অৰ্থত ক’বলৈ গ’লে সমাজতত্ত্বই মূলত সামাজিক সম্বন্ধৰ বিষয়ে অধ্যয়ন কৰে। তেওঁৰ মতে যিকোনো ক্ৰিয়া ঘটিবলৈ হ’লে উভয় ব্যক্তি বা সমূহৰ ক্ৰিয়াৰ অৰ্থপূৰ্ণ উদ্দেশ্য থাকে। অৰ্থাৎ যি ক্ৰিয়াৰ সামাজিক প্ৰক্ৰিয়া আছে  তাকে সামাজিক ক্ৰিয়া বোলে। উদাহৰণস্বৰূপে এজন বক্তা বা গায়কে সভাত বা শ্ৰোতাৰ সন্মুখত বক্তৃতা দিওঁতে বা গান গাওঁতে আনৰ ক্ৰিয়া প্রতিক্ৰিয়ালৈ লক্ষ্য ৰাখে।

আমেৰিকাৰ অন্যতম সমাজতত্বববিদ ইয়ং আৰু মেকৰ মতে “Sociology is the scientific study of the social life”,অৰ্থাৎ সমাজতত্ব সামাজিক জীৱন গঠন প্ৰণালীৰ বৈজ্ঞানিক অধ্যয়ন। তেওঁলোকৰ মতে সমাজতত্ত্বই সামাজিক সম্বন্ধৰ বিষয়ে অধ্যয়ন কৰে। সামাজিক সম্বন্ধ শব্দৰে তেওঁলোকে আন্তঃক্ৰিয়াৰ কথা কৈছে। দুজন বা ততোধিক ব্যক্তিৰ পাৰস্পৰিক সান্নিধ্য, আন্তঃউদ্দীপনা আৰু অনুক্ৰিয়াকে আন্তঃসম্পৰ্ক বুলি কৈছে।

ইংলেণ্ডৰ আন এজন সমাজতত্ত্বববিদ মৰিচ জীনচবাৰ্গৰ মতে, “Sociology is the study of human interaction and interrelation their contributions and consequences” অৰ্থাৎ সমাজতত্ত্বই  মানুহৰ আন্তঃক্ৰিয়া আৰু আন্তঃসম্বন্ধৰ আধাৰত অৱস্থা আৰু ফলাফলৰ বিষয়ে অধ্যয়ন কৰে। তেওঁৰ মতে সমাজতত্ত্বই সংস্থা আৰু সমিতিৰ অন্তৰ্ভূক্ত সামাজিক সম্বন্ধৰ প্ৰকাৰ আৰু স্বৰূপৰ বিষয়ে অধ্যায়ন কৰা উচিত। সামাজিক জীৱনৰ বিভিন্ন দিশ যেনে ৰাজনৈতিক, অর্থনৈতিক, ধৰ্মীয় আদিৰ যোগেদি ঘটা আন্তঃক্ৰিয়াবিলাকে সামাজিক সম্বন্ধ স্থাপন কৰে। এই সামাজিক সম্বন্ধবোৰৰ অধ্যয়নেই সমাজতত্ত্বৰ অন্যতম লক্ষ্য। ।

অনাতম সমাজতত্ত্ববিদ আৰ্ণল্ড গ্ৰীনৰ মতে, “Sociology is the synthesizing and generalising Science of man in all his social relationships.” অৰ্থাৎ সমাজতত্ত্ব হ’ল মানুহৰ সকলো সামাজিক সম্বন্ধ সাধাৰণীকৰণ আৰু একীভূত কৰা বিষয়। তেওঁলোকৰ মতে সমাজতত্ত্বই মূল বিষয় আৰু কাম হ’ল মানুহৰ বিভিন্ন সামাজিক ঘটনাবোৰ অধ্যয়ন কৰি সেইবিলাকৰ ওপৰত একোটা সাধাৰণ সিদ্ধান্ত প্রকাশ কৰ৷।

আধুনিক সমাজতত্ব বিদ এলেক্স ইকলেচৰ মতে “Sociology makes to explain the natures of social order and disorder”,অর্থাৎ সমাজতত্বই সামাজিক গাঠনি আৰু সামাজিক বিঘটন আদি বহুলভাৱে আলোচনা কৰে। সমাজতত্ত্বই সামাজিক ক্ৰিয়া পদ্ধতি আৰু ইহঁতৰ পাৰস্পৰিক সম্পৰ্কৰ বিষয়ে অধ্যয়ন কৰে।

সেয়েহে সমাজতত্ব সম্পৰ্কে ওপৰত আলোচনা কৰা সংজ্ঞাসমূহৰ ওপৰত ভিত্তি কৰি আমি তলত দিয়া সিদ্ধান্তসমূহত উপনীত হ’ব পাৰো । 

(ক) সামজতত্ব হৈছে সমাজৰ বিজ্ঞান।

(খ) সমাজতত্ব সামাজিক সম্বন্ধৰ বিজ্ঞান।

(গ) সমাজতত্বই সামাজিক জীৱনৰ বিষয়ে অধ্যয়ন কৰে ৷

(ঘ) সমাজতত্ত্বই সামাজিক ক্ৰিয়াৰ বিষয়ে অধ্যয়ন কৰে।

(ঙ) সমাজতত্বই সামাজিক সম্বন্ধৰ স্বৰূপৰ বিষয়ে অধ্যয়ন কৰাৰ লগতে সামাজিক পদ্ধতিসমূহৰ বিষয়েও আলোচনা কৰে।

৩। সমাজতত্ত্ব আৰু নৃতত্ব বিজ্ঞানৰ সম্পৰ্ক বৰ্ণনা কৰা।

উত্তৰঃ সমাজতত্ত্ব আৰু নৃতত্ব বিজ্ঞানৰ সম্পৰ্ক অতি ঘনিষ্ট৷ কোনো কোনো ক্ষেত্রত দুয়োটাৰ পাৰ্থক্য নিৰ্ণয় কৰাটো কঠিন৷ উৎপত্তিৰ দিশৰ পৰা পৰীক্ষা কৰিলেও দুয়োটা বিজ্ঞানৰে ওচৰ সম্বন্ধ পৰিলক্ষিত হয়। নৃতত্ত্ব বা Anthropology শব্দটো গ্ৰীক শব্দ “Anthropos’ (man) আৰু Logos’ শব্দ সমন্ধয় গঠিত গতিকে নৃতত্ব বিজ্ঞানেও মানৱ জাতিৰ বিষয়ে অৰ্থাৎ মানৱ জাতিৰ বিকাশৰ বিষয়ে অধ্যয়ন কৰে। এই দিশৰ পৰা সমাজতত্বৰ লগত ইয়াৰ ওচৰৰ সম্বন্ধৰ কথা অনুমান কৰিব পাৰি।দুয়োটা বিষয়ৰ সম্বন্ধৰ প্ৰতি লক্ষ্য ৰাখি এ. এল. ক্ৰুবাৰে সমাজতত্ত্ব আৰু নৃতত্বক যমজ ভগ্নী বুলি অভিহিত কৰিছে।দুয়োটা বিষয়ৰ অধ্যয়নৰ ক্ষেত্ৰ একেই বাবে ইভান প্ৰিটচাদে নৃতত্ত্ব বিজ্ঞানৰ সামাজিক নৃতত্ব নামৰশাখাটোক সমাজতত্ত্বৰ এটি শাখা বুলি কৈছে।

নৃতত্ত্ব বিজ্ঞানক তিনিটা ভাগত ভাগ কৰা হৈছে।সেইকেইটা হ’ল

(ক) প্ৰাকৃতিক নৃতত্ত্ব বিজ্ঞান :- ইয়াত আদিম অধিবাসীসকলৰ সামাজিক প্ৰকৃতি আৰু তেওঁলোকৰ শৰীৰৰ গঠন প্ৰণালীৰ বিষয়ে অধ্যয়ন কৰা হয়।

(খ) সাংস্কৃতিক নৃতত্ত্ব বিজ্ঞান :-এই বিভাগৰ অধীনত আদিম সমাজৰ সংস্কৃতিৰ স্বৰূপ আৰু সমন্বয়ৰ বিষয়ে অধ্যয়ন কৰা হয়।

(গ) সামাজিক নৃতত্ত্ব বিজ্ঞান :- অতীত জনজাতীয় সমাজৰ তুলনাত বৰ্তমানৰ সমাজ আৰু মানুহৰ আচৰণ প্ৰণালীৰ বিষয়ে ইয়াত অধ্যয়ন কৰা হয়।

ওপৰৰ শ্ৰেণীকৰণৰ পৰা বুজা যায় যে নৃতত্ত্ব বিজ্ঞানে মানুহৰ শৰীৰ সংৰচনা, আদিম সমাজৰ স্বৰূপ, ক্ৰমবিৱৰ্তন আৰু সংস্কৃতিৰ’ প্রভাৱৰ ওপৰত বিশেষভাৱে অধ্যয়ন কৰে। ঠিক একেদৰেই সমাজতত্ত্বইও সমাজত ঘটি থকা সামাজিক ঘটনাৰ ধৰণ সমাজৰ গঠন বিভিন্ন সামাজিক পদ্ধতিৰ মাজত পাৰস্পৰিক সম্বন্ধ সামাজিক ‘ সংস্থাবোৰৰ গঠন পদ্ধতি আৰু ইয়াৰ ক্ৰিয়া সামাজিক পদ্ধতি সংৰচণা আদি অধ্যয়ন কৰে দুয়োটা বিষয়ৰ অধ্যয়নত আনুষংগিকভাৱে বহুতো একে বিষয়বস্তু অধ্যয়ন কৰা হয়। নৃতত্ত্ব বিজ্ঞানে আদিম সমাজৰ বিৱৰ্তনৰ বিষয়ে কৰা অধ্যয়নত আধুনিক নগৰীয়া বা ঔদ্যোগিক সমাজকো অন্তৰ্ভূক্ত কৰি লৈছে। 

প্ৰখ্যাত নৃতত্ত্ববিদ ওৱাৰ্নাৰ, লিন্টন, কাৰ্ডিনাৰ, মেলিনাৱাষ্কি আদি বহুতো পণ্ডিতৰ আকিষ্কাৰে সমাজতাত্ত্বিক অধ্যয়নসমূহত প্রভাৱ বিস্তাৰ কৰিছে। লিন্টন আৰু কাৰ্ডিণাৰৰ অধ্যয়নত ব্যক্তিত্বৰ বিকাশৰ ওপৰত সংস্কৃতিৰ বিশেষ প্রভাৱ থকাৰ কথা উল্লেখ আছে।মেলিনাৱাষ্কিয়েও প্রায় একে কথাকে স্বীকাৰ কৰিছে। নৃতত্ববিদসকলৰ অধ্যয়নৰ পৰা দেখা গৈছে যে সমাজ মানেই সংস্কৃতি আছে আৰু ব্যক্তিৰ ব্যক্তিত্ব সংস্কৃতিৰদ্বাৰা প্রভাৱান্বিত হয়। নৃতত্ত্ববিদসকলে শাৰীৰিক বৈশিষ্ট্য আৰু মানসিক উৎকৰ্ষ সাধাৰণৰ কথা স্ৰীকাৰৰ পৰিৱৰ্তে প্ৰজাতীয় উৎকৰ্ষৰ কথাত বিশেষ গুৰুত্ব আৰোপ কৰিছে।সমাজতত্ব আৰু নৃতত্ব বিজ্ঞানৰ পাৰস্পৰিক নিৰ্ভৰশালতাৰ ওপৰত লক্ষ্য ৰাখি হবলে কৈছে, “বহল অৰ্থত সমাজতত্ব আৰু সামাজিক নৃতত্ব বিজ্ঞান এটা আৰু একে।”

অধ্যয়নৰ ক্ষেত্ৰ একে হ’লেও আৰু পাৰস্পৰিক নিৰ্ভৰশীলতা থাকিলেও অধ্যয়নৰ বিষয়বস্তু, পদ্ধতি আৰু অন্যান্য দিশত সমাজত আৰু নৃতত্ব বিজ্ঞানৰ কিছুমান মৌলিক পাৰ্থক্য আছে। দুয়োটা বিষয়েই একোটা স্বতন্ত্ৰ বিজ্ঞান বিষয় দুটা নিজা নিজা বিষয়বস্তুৰে সমৃদ্ধ ৷ এই ক্ষেত্ৰত কিছিংএ উল্লেখ কৰিছে যে- “দুয়োটা বিজ্ঞানেই স্বতস্ত্ৰভাৱে বিকাশ লাভ কৰিছে আৰু বিভিন্ন অধ্যয়ন পদ্ধতি প্রয়োগ কৰি সম্পূৰ্ণ পৃথক ধৰণৰ সমস্যাক অধ্যয়ন কৰে।

নৃতত্ব, বিজ্ঞান আৰু সমাজ বিজ্ঞানৰ কেতবোৰ পাৰ্থক্য হ’ল-

(ক) নৃতত্ব বিজ্ঞানে সাধাৰণতে আদিম প্ৰকৃতিৰ জনজাতীয় সমাজৰ বিষয়ে বিস্তৃত অধ্যয়ন কৰে,আনহাতে সমাজতত্ত্বই বৰ্ত্তমান জটিল ৰূপৰ সমাজ ব্যৱস্থাৰ বিষয়ে বিস্তৃত অধ্যয়ন কৰে। অৰ্থাৎ দুয়োটা বিষয়ে অধ্যয়ন কৰা সমাজৰ প্রকৃতি একে নহয়।

(খ) সমাজতত্ত্বই সামাজিক ঘটনাক বিস্তৃতভাৱে অধ্যয়ন কৰি একোটা সাধাৰণ সিদ্ধাত্ত অধ্যয়ন কৰে আৰু প্ৰকাশ কৰে। এনে অধ্যয়ন কৰোতে সমাজতত্ত্বই সামাজিক ক্ৰিয়াক বিশ্লেষনাত্মক গোট হিচাপে ল’ব লগা হয়। আনহাতে নৃতত্ব বিজ্ঞানে সিদ্ধান্ত প্ৰকাশৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ নকৰে আৰু ই সমাজতত্ত্বৰ দৰে সমাজৰ ক্ৰিয়াত্মক দিশটোক গোট হিচাপে গ্ৰহণ নকৰে। চমু অৰ্থত, সমাজতত্ত্ব সিদ্ধান্তধৰ্মী বিষয়, কিন্তু নৃতত্ত্ব সিদ্ধান্তধৰ্মী নহয়।

(গ) সমাজতত্বই কিছুমান সামাজিক ঘটনাৰ বিষয়ে পূৰ্বকথন কৰিব পাৰে। আনহাতে নৃতত্ত্ব পূৰ্বকথা নিয়তা গুণ নাই।

 (ঘ) সমাজতত্ত্বই ব্যক্তিতাত্বিক অধ্যয়ন ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰে। কিন্তু নৃতত্ত্ব বিজ্ঞানে বৈজ্ঞানিক পদ্ধতিৰ মান নিৰীক্ষণ প্ৰণালীৰ বাহিৰেও আন কিছুমান পদ্ধতিৰ ওপৰতো গুৰুক আৰোপ কৰে।

 (ঙ) সমাজতত্ত্বই সকলো ধৰণৰ মানৱ বিষয়ে অধ্যয়ন কৰে। নৃতত্ত্বই প্ৰাথমিক জনজাতীয় প্ৰকৃতিৰ সমাজৰ বিষয়ে অধ্যয়ন কৰে। অৰ্থাৎ সমাজতত্ত্বৰ অধ্যয়নৰ ক্ষেত্ৰ নৃতত্ত্ববিজ্ঞানতকৈ বহল।

ওপৰৰ আলোচনাৰ পৰা সমাজতত্ত্বৰ লগত নৃতত্ত্ব বিজ্ঞানৰ পাৰ্থক্যবোৰ অনুমান কৰিব পাৰি। কিন্তু লগতে এইটোও মনত ৰখা উচিত যে পাঠকবোৰৰ বাবে দুয়োটা বিষয়কে সুকীয়া সুকীয়াকৈ মৰ্যাদা দিব পাৰিলেও বিষয় দুটাৰ মাজত এটা ওতঃপ্ৰোত আন্তঃসম্পৰ্ক আছে। এই আন্তঃসম্পৰ্ক দুয়োটাই দুয়োটাকে প্ৰভাৱান্বিত কৰিছে। প্ৰাথমিক অৱস্থাত দুয়োটা বিষয়ৰ পাৰ্থক্য অতি কম। সেয়েহে দুয়োবিধ বিষয় সমাজতত্ত্ব আৰু নৃতত্ত্ব বিজ্ঞানৰ মাজত অতি ঘনিষ্ঠ সম্পৰ্ক বিৰাজ কৰা দেখা যায়।

 ৪। সমাজতত্ত্ব সৈতে বুৰঞ্জীৰ সম্পৰ্ক বৰ্ণনা কৰা।

উত্তৰঃ সমাজতত্ত্ব আৰু বুৰঞ্জীৰ সম্বন্ধৰ গভীৰতা ইমান বেছি যে বহুতো সমালোচকে সমাজতত্ত্বক বুৰঞ্জীৰ পৰা পৃথক বিষয় হিচাপে মানিবলৈ অস্বীকাৰ কৰিছে। কিয়নো বিষয়বস্তু অধ্যয়ন ফালৰ পৰা এই দুয়োবিধৰ মাজৰ পাৰ্থক্য বিচাৰি উলিওৱা জটিল, ৰাজনীতি, অৰ্থনীতি, ধৰ্ম, সংস্কৃতি আদি বিষয়বোৰে সমাজতত্ত্ব আৰু বুৰঞ্জী এই দুয়োটা বিষয়েই অধ্যয়ন কৰে। এইচ ই. হাৱাৰ্ড নামৰ এগৰাকী চিন্তাবিদৰ মতে “History is past-sociology and sociology is present history” অৰ্থাৎ বুৰঞ্জী অতীতৰ সমাজতত্ত্ব আৰু  সমাজতত্ত্ব বৰ্তমানৰ বুৰঞ্জী। দৰাচলতে সমাজতত্ত্ব আৰু বুৰঞ্জী পৰস্পৰে পৰস্পৰৰ ওপৰত নিৰ্ভৰশীল।বুৰঞ্জীয়ে যিদৰে কোনো এটা ঘটনাৰ উৎস, স্বৰূপ প্ৰকৃতি আদি অধ্যয়ন কৰোতে সামাজিক গঠন পদ্ধতি , সামাজিক মূল্যবোধ আদিৰ বিষয়েও অধ্যয়ন কৰে। সেইদৰেই সমাজতত্ত্বয়ো সামাজিক গঠন পদ্ধতি মূল্যবোধ আদি অধ্যয়ন কৰোতে ঐতিহাসিক উৎস, স্বৰূপ , প্ৰকৃতি আদি অধ্যয়ন, কৰে।

ঐতিহাসিক সমাজতত্ত্ব নামৰ এটি নতুন ধাৰা প্ৰচলন কৰি এচাম সমাজবিদে বুৰঞ্জী আৰু সমাজতত্ত্বৰ সম্বন্ধ আৰু গভীৰ ৰূপ দিছে। ইয়াৰ ভিতৰত উল্লেখনীয় হল চিগমাণ্ড ডাইমণ্ড, ৰবাৰ্ট বেলা, নৰ্মাণ বিনবাউম আদি। সমাজতত্ত্বৰ অধ্যায়নৰ বিষয়বস্তুক বাদ দি বুৰঞ্জীৰ প্ৰকৃত অধ্যয়ন হব নোৱাৰে বুলি বিশিষ্ট বুৰঞ্জীবিদ জি. জি. কলটন, জেকব বাৰ্কহাৰ্ডট আদিয়ে প্ৰকাশ কৰিছে। এই বুৰঞ্জীক গতানুগতিক প্ৰক্ৰিয়াতে সীমিত নাৰাখি সমাজতত্ত্বৰ বিষয়বস্তুৰ মাধ্যমেদি ঐতিহাসিক বৰ্ণনা দাঙি ধৰিছে। তেওঁলোকে বুৰঞ্জীত সামাজিক সম্বন্ধ , সামাজিক আৰ্হি, জনৰীতি, লোকাচাৰ আদিৰ উপৰিও বিভিন্ন সামাজিক সংস্থাৰ বিষয়েও আলোচনা কৰিছে। সমাজতত্ত্ববিদ মেক্স ৱেবাৰে সমাজতত্তিয় বৈশিষ্ট্যৰে ঐতিহাসিক ঘটনাৰ স্বৰূপ ব্যাখ্যা কৰিছে। ফলত বুৰঞ্জীৰ ক্ৰমবিকাশ ঘটি Social History বা সামাজিক বুৰঞ্জীৰ বিকাশ হয়। এই সামাজিক বুৰঞ্জী নামৰ বিষয়টোৱে সমাজতত্ত্বৰ লগত বুৰঞ্জীৰ গভীৰ সম্বন্ধ স্থাপন কৰিছে ।

সমাজতত্ত্ব আৰু বুৰঞ্জীৰ অধ্যয়নৰ কিছু মিল থাকিলেও দুয়োটা বিষয়ৰ আদৰ্শ আৰু অধ্যয়ন পদ্ধতি একে নহয়। সমাজতত্ত্ববিদ আলে’ ইনকেলছ আৰু টি. বি. বটম’ৰ এই দুয়োটা বিষয়ৰ মাতাৰসম্পৰ্ক বিষদভাৱে আলোচনা কৰিছে।সম্পৰ্ক বিশদভাৰে আলোচনা কৰিছে। বুৰঞ্জা হৈছে মানৱ সমাজত ঘটি অহাঁ উল্লেখযোগা ঘটনাৰাজিৰ বিশ্বাসযোগ্য বিৱৰণ । গতিকে মানৱ সভ্যতাৰ ক্ৰমবিকাশৰ দা৷পে৷ন হিচাপে বুৰঞ্জীত অভিহিত কৰিছে। কোন সময়ত সমাজে কিস্তৰত উপনাত হৈছে, কোন সময়ত সমাজত কি আদৰ্শবোধৰ প্রভাৱ অধিক, কোন সময়ত সমাজত শাপ্তি শৃংখলা ৰক্ষা হৈছিল কোন যুগৰ অর্থনৈতিক বা সাংস্কৃতিক অৱস্থা কোন আছিল এই সকলোবোৰ বিৱৰণ বুৰঞ্জীত পোৱা যায়।

সেইদৰেই কোন সময়ত কোন সংস্থাৰ প্রভাৱ বেছি আছিল, সংস্থাৰ গঠন, আৱশ্যকতা পূৰণত সংস্থাৰ অৱদান আদিৰ খতিয়ানে বুৰঞ্জীয়ে দাঙি দৰে। ফলত বুৰঞ্জীক এটা গৱেষণাগাৰ বুলি ক’ব পৰা হয়, যত সামাজিক আৰু ৰাজনৈতিক ঘটনাৱলী পৰীক্ষা নিৰীক্ষা কৰা হয়। বৰ্তমান সময়তো উদ্ভৱ হোৱা এটা সামাজিক ঘটনাৰ পৰিণতি কি হ’ব তাক বুৰঞ্জীৰ ওপৰত নিৰ্ভৰ কৰি আগতীয়াকৈ ক’ব পাৰি। অৱশ্যে সামাজিক জীৱন যাত্ৰাৰ প্রণালী আগতকৈ কিছু সুকীয়া হোৱাত ফলাফলৰ তাৰতম্য হ’বও পাৰে। সমাজতত্ত্বই এই পৰিৱৰ্ত্তিত সমাজখনক বৈজ্ঞানিক পদ্ধতিৰে আলোচনা কৰে। এনে আলোচনা কৰিবলৈ যাওঁতে সমাজতত্বই সমাজৰ অতীত অৱস্থাৰ বুৰঞ্জী অধ্যয়ন কৰে। 

আজি আমি যিটো সময়ক বৰ্তমান বুলি কৈছো কেইবছৰমান পিছত সেয়াই আকৌ অতীত হ’ব। অনাগত দিনবোৰতবা ভৱিষ্যতৰ সময়তো বৰ্তমানৰ সম্বন্ধতহে আহিব।গতিকে বৰ্তমানৰ আলোচনা কৰিবলৈ যাওঁতে সমাজতত্বই বুৰঞ্জীৰ লগত প্রত্যক্ষ ভাৱে জড়িত হৈ পৰে। গতিকে এইচ.ই.হবাৰ্ডে কোৱা বক্তব্য বুৰঞ্জী অতীতৰ সমাজতত্ব আৰু সমাজতত্ব বৰ্তমানৰ বুৰঞ্জীৰ যথেষ্ট তাংপৰ্য্য আছে উদাহৰণস্বৰূপে, সমাজতত্ত্বই সামাজিক সম্বন্ধৰ বিষয়ে আলোচনা কৰোতে ঐতিহাসিক দিশটো বিচাৰ কৰি চাবই লাগিব। ।

সমাজতত্ত্ব আৰু বুৰঞ্জীৰ মাজত গভীৰ সামঞ্জস্য পৰিলক্ষিত হ’লেও দুয়োটা বিষয়ৰ মাজত কিছুমান পাৰ্থক্য আছে। এই পাৰ্থক্যসমূহেই দুয়োটা বিষয়ক স্বকীয় মৰ্যাদা প্রদান কৰিছে।

প্ৰথমে দেখা যায় যে, সমাজতত্ব আৰু বুৰঞ্জাৰ অধ্যয়নৰ বিষয়বস্তু একে হ’লেও অধ্যয়ন পদ্ধতি বেলেগ বেলেগ ৷ সমাজতত্বৰ আলোচনাবোৰ বিজ্ঞানসন্মত। ড” ডি. দলেৰ মতে সমাজতত্বই বৈজ্ঞানিক নীতিৰ ভিত্তিত এতিয়ালৈকে যি কেইটা পদ্ধতিৰে অনুসন্ধানমূলক কাৰ্য্য চলাই আছে সেই পদ্ধতিসমূহক চাৰিটা ভাগত ভাগ কৰিব পাৰি। যেনে- জৰীপ পদ্ধতি, ক্ষেত্ৰ নিৰীক্ষণ পদ্ধতি, নিয়ন্ত্ৰণমূলক পদ্ধতি আৰু তুলনামূলক পদ্ধতি। বুৰঞ্জীয়ে এনেধৰণৰ বৈজ্ঞানিক পদ্ধতি অৱলম্বন নকৰে। 

দ্বিতীয়তে, কোলে এটা ঘটনা যিমানে প্রচাৰ হয়, সিমানে বুৰঞ্জীৰ বাবে গুৰুত্বপূর্ণ হয়। মানৱ সমাজৰ অতীতৰ লিপিবদ্ধ ৰূপেই হ’ল বুৰঞ্জী। আনহাতে, সমাজতত্বই বৰ্তমান সমাজৰ ৰূপটোহে, বতমানৰ ঘটনাৱলীহে আলোচনা কৰে। এনে আলোচন৷ কৰোতে সদায় বৈজ্ঞানিক পদ্ধতিৰে বুৰঞ্জীৰ অভিজ্ঞতাৰে কৰে।

তৃতায়তে, সমাজতত্ত্বই কাৰণ আৰু ফলাফল অধ্যয়ন কৰি সধাৰণ সিদ্ধান্ত প্রকাশ কৰে। এই সিদ্ধান্তবোৰ ভৱিষ্যৎ সমাজৰ বাবেও উপযোগী। বুৰঞ্জীয়ে কাৰণ আৰু ফলাফল অধ্যয়ন কৰি সিদ্ধান্ত প্ৰকাশ নকৰে। উদাহৰণস্বৰূপে বুৰঞ্জীয়ে ভাৰতৰ স্বাধীনতা সংগ্ৰাম ক’ত কি হৈছিল তাৰহে বৰ্ণনা-দিয়ে। কিন্তু সমাজতত্ত্বই সংগ্ৰামৰ পৰৱৰ্তীকালত হোৱা সামাজিক পৰিৱেশৰ বিষয়েও আলোচনা কৰে। 

চতুৰ্থতে, বুৰঞ্জীৰ অধ্যয়ন বৰ্ণনামূলক আৰু সমাজতত্ত্বৰ  অধ্যয়ন বিশেষাত্মক। উদাহৰণস্বৰূপে পৰিয়ালৰ বিষয়ে বুৰঞ্জী আৰু সমাজতত্ব দুয়োটাই আলোচনা কৰে। বুৰঞ্জীয়ে বিভিন্ন সময়ত পৰিয়ালৰ বিকাশ সম্পৰ্কে আলোচনা কৰে আৰু সমাজতত্ব্বই পৰিয়ালৰ গঠন আৰু কাৰ্য্যাবলীৰ ওপৰত ভিত্তি কৰি কিছুমান সাধাৰণ সিদ্ধান্ত প্রকাশ কৰে। বুৰঞ্জীয়ে সমাজত ঘটি থকা যি কোনো ঘটনাৰ বিৱৰণহে দাঙি ধৰে। ইয়াৰ কাৰণ আৰু ফলাফলৰ ওপৰত বিশেষ গুৰুত্ব নিদিয়ে। কিন্তু সমাজতত্বই যিকোনো ঘটনা বা বিষয়বস্তুক বিতংভাৱে আলোচনা কৰি সিদ্ধান্ত প্ৰকাশ কৰে।

পঞ্চমতে, বুৰঞ্জীক ব্যক্তিবাদী বোলা হয়, কাৰণ ৰজা, মহাৰজা, সেনাপতি, বিদ্ৰোহী আদি বিশেষ ব্যক্তিৰ জীৱনী , ৰাজনৈতিক কাৰ্যাবলী আদিহে বুৰঞ্জীয়ে আলোচনা কৰে। সেইদৰে কোনো এটা বংশৰ উন্নতি, অৱনতি বা কোনো এখন ৰাষ্ট্ৰৰ উখান পতন আদি বুৰঞ্জীৰ বিষয়বস্তু৷ কিন্তু সমাজতত্বব ব্যক্তি বিশেষৰ বা এখন সমাজৰ আলোচনা নহয়, সমাজতত্বই সামগ্রিক ভাৱেহে এখনত ই সমাজৰ বিষয়ে আলোচনা কৰে। অৱশ্যে তুলনা বা তথ্য অধ্যয়নৰ বাবে ব্যক্তি বিশেষ বা এখন সমাজৰ বিষয়েও কেতিয়াবা আলোচনা

যষ্ঠতে, বুৰঞ্জীয়ে ৰাষ্ট্ৰবিপ্লৱ, ধৰ্ম বিপ্লৱ, অর্থনৈতিক বিপ্লৱ, সাংস্কৃতিক বিপ্লৱ আদি যিবোৰ ঘটনাই সমাজত সামগ্ৰিকভাৱে প্রভাৱ পেলাই সেইবিলাকেই আলোচনা কৰে। সামাজিক জীৱনৰ বিভিন্ন অনুষ্ঠানত ঘটি থকা কাৰ্যকলাপসমূহৰ প্রতি বুৰঞ্জীসচেতন নহয়। যিকোনো বিপ্লৱকে সমাজতত্বই সংঘৰ্ষ হিচাপেহে আলোচন কৰে। বুৰঞ্জীত আলোচিত বিপ্লৱবোৰ যে প্রাথমিক পৰ্যায়তে পৰিয়াল বা ক্ষুদ্ৰ গোটসমূহৰ মাজতে আবদ্ধ থাকে, সেই কথা সমাজতত্ত্বই প্রমাণ সহকাৰে প্রতীয়মান কৰাইছে। বুৰঞ্জীয়ে সামাজিক সমস্যাহে আলোচনা কৰে, যিবোৰ সমাজতত্বও আলোচনা কৰে। 

সপ্তমতে,বুৰঞ্জীৰ আলোচনা সময় সাপেক্ষ বুৰঞ্জীয়ে কোনো নিৰ্দিষ্ট সময়ত হোৱা ঘটনাৱলীহে আলোচনা কৰে। উদাহৰণস্বৰূপে ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ কথা আলোচনা কৰোঁতে ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহ, ১৯০৫ চনৰ বংগ বিভাজন, ১৯২০ চনৰ অসহযোগ আন্দোলন, ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলন আদি সময়ৰ ওপৰত নির্ভৰ কৰিহে আলোচনা কৰে। কিন্তু সমাজতত্বই উক্ত ঘটনাবোৰ আলোচনা কৰোঁতে সময়তকৈ ঘটনাবোৰে সমাজৰ কোনো ধৰণৰ প্রভাৱ পেলালে সেইটোতহে গুৰুত্ব দিয়ে।

শেষত উল্লেখ কৰিব পাৰি যে বুৰঞ্জীতকৈ সমাজতত্বৰ অধ্যয়নৰ পৰিসৰ ব্যাপক। দুয়োটা বিষয়ৰ মাজত যথেষ্ট পাৰ্থক্য আৰু ঘনিষ্ঠ সম্পৰ্ক আছে। 

৫। বিজ্ঞান হিচাপে সমাজতত্ত্বক বিচাৰ কৰা।

উত্তৰঃ সমাজতত্ত্ব এক সমাজ বিজ্ঞান, যাৰ জৰিয়তে সামাজিক ক্ৰিয়াৰ বিষয়ে অৰ্থপূৰ্ণ ভাৱে বুজিবলৈ সম্ভৱপৰ হয়। ই সমাজৰ বিভিন্ন দিশ যেনে – সামাজিক পদ্ধতি, সামাজিক দিশ, সামাজিক সমূহ, সামাজিক সম্প্ৰদায়, সমিতি আদি প্ৰতিফলিত হোৱা সামাজিক আন্তঃক্ৰিয়া আৰু আন্তঃসম্বন্ধবোৰ অধ্যয়ন কৰে। সমাজতত্ত্বৰ ইংৰাজী প্ৰতিশব্দ হৈছে ‘Sociology “এই sociology ‘ শব্দটো ‘socius’ আৰু Logos শব্দ দুটাৰ পৰা উৎপত্তি হৈছে।’Socius’ মানে সমাজ বিজ্ঞান। “Logos’ মানে বিজ্ঞান। অৰ্থাৎ উৎপত্তিৰ ফালৰ পৰা সমাজতত্ত্ব এক সামাজিক বিজ্ঞান। ১৮৩৯ চনত ফ্ৰান্সৰ সমাজ দাৰ্শনিক আগষ্ট ক ‘টৰ মতে, সমাজ শাস্ত্ৰ হৈছে সমাজ পদ্ধতিৰ বিষয়ে বৈজ্ঞানিকভাৱে অধ্যয়ন কৰা এক বিজ্ঞান।সমাজতত্ত্বৰ উৎপত্তিৰ কাৰণ, উদ্দেশ্য আদিৰ ফালৰ পৰা ইয়াৰ প্ৰকৃতি বৈজ্ঞানিক পদ্ধতিৰে বিভিন্ন সামাজিক ঘটনাবোৰ অধ্যয়ন কৰি আহিছে। গতিকে সমাজতত্বক বিজ্ঞানসন্মত বিষয় বুলি কোৱাৰ যথেষ্ট থল আছে।

যেনে–

(ক) সমাজতত্বৰ সিদ্ধান্তবোৰো সৰ্বজনীন প্ৰকৃতিৰ। এখন সমাজৰ ওপৰত থকা বা দিয়া সিদ্ধান্ত আন এখন সমাজত প্ৰযোজ্য।

(খ) বিজ্ঞানৰ চৰিত্ৰৰ দৰি সমাজতত্ত্বও এক সিদ্ধান্তধৰ্মী বিষয়। সমাজতত্বই কোনো এটা বিষয় বা ঘটনা অধ্যয়ন কৰোঁতে তথ্য উদ্ঘাটনতে ক্ষন্ত নাথাকি বিশুদ্ধ সিদ্ধান্ত প্ৰকাশৰ বাবে যত্নৱান হয়।

(গ) বিজ্ঞানৰ দৰে সমাজতনত্বও নিৰপেক্ষ বিষয়। গতিকে ইয়াক বিজ্ঞান বুলিব পাৰি।

(ঘ) বিজ্ঞানৰ দৰে সমাজতত্বৰো সামাজিক ক্ৰিয়া, সামাজিক গতিশীলতা, সামুহিক আচৰণ আদি সিদ্ধান্তবোৰ নিৰক্ষণীয় তথ্যপাতি, পৰীক্ষা আৰু প্ৰমাণৰ ওপৰত প্ৰতিষ্ঠিত।

(ঙ) বিজ্ঞানৰ দৰে সমাজতনত্বৰ সিদ্ধান্তবোৰো শ্ৰেণীবিভাজন কৰোঁতে সঘনে পৰিসংখ্যা বিজ্ঞানৰ সৈতে সম্পর্ক ৰখাৰ লগতে-কোনো কোনো ক্ষেত্ৰত যুক্তি তৰ্কৰো ব্যৱহাৰ হয়।

(চ) বিজ্ঞানৰ দৰে সমাজতত্বইও পৰ্যবেক্ষণত গুৰুত্ব দিয়ে।

(ছ) বিজ্ঞানৰদৰে সমাজতনত্বতো পৰীক্ষাক অনুসন্ধানৰ এক অপৰিহাৰ্য আহিলা বুলি গণ্য কৰা হয়।

 (জ) বিজ্ঞান দৰেই. বৰ্তমান সমাজতত্ত্বৰ অধ্যয়ন 

গৱেষণাৰ সুকীয়া পৰীক্ষাগাৰ স্থাপন কৰা হৈছে। 

এনেবোৰ কাৰণৰ বাবেই সমাজতত্বক বিজ্ঞান হিচাপে আখ্যা দিব পাৰি।

৬। সমাজতত্ত্বৰ গুৰুত্বৰ বিষয়ে বহলাই আলোচনা কৰা।

উত্তৰঃ সমাজতত্বৰ  গুৰুত্ববোৰ তলত আলোচনা কৰা হ’ল-

(ক) আমি বাস কৰা সমাজৰ সকলোবোৰ দিশৰ বিষয়ে জানিবলৈ বুজিবলৈ আমাৰ সদায়েই মন যায়। সমাজৰ কি দৰে বিৱৰ্তন ঘটিছে, কেনেকৈ পৰিবৰ্তন হয়, কিদৰে ধাৰাবাহিকতা অক্ষুন্ন থাকে, কি কি কাৰণৰ প্ৰভাৱত সমাজৰ পৰিবৰ্তন ইত্যাদিবোৰৰ বিষয়ে বিজ্ঞানসন্মত পদ্ধতিৰে অধ্যয়ন চলাই সমাজতত্বই আমাক জ্ঞান প্রদান কৰে। অৰ্থাৎ সমাজ সন্দৰ্ভত বিজ্ঞানসন্মত আৰু পদ্ধতিগত জ্ঞান আহৰণত সমাজতত্বৰ গুৰুত্ব অন্ত নিহিত হৈ আছে৷”হাৰ্বাট স্পেনচাৰ, ইমাইল,দুৰখেইমৰ দৰে সমাজতত্ববিদৰ আলোচনাত এইবোৰ কথা স্পষ্টভাৱে প্ৰকাশ পাইছে।

(খ) ব্যক্তি হৈছে সমাজ গঠনৰ প্ৰাথমিক উপাদান। এই ব্যক্তিসকলৰ আচৰণ প্রণালী, কাৰ্যকলাপ ইত্যাদিবোৰে সামাজিক শৃংখলা, সুস্থিৰতা আৰু ধাৰাবাহিকতা বজাই ৰখাৰ ক্ষেত্ৰত সহায় কৰে। সম্বন্ধ, পৰিস্থিতি, পৰিবেশ, অৱস্থা ভেদে ব্যক্তিৰ আচৰণ আৰু প্ৰিয়া বেলেগ বেলেগ হোৱা পৰিলক্ষিত হয়। এইদৰে ভিন্নতাত আশানুৰূপ ভিন্ন আচৰণ আৰু ক্ৰিয়াকলাপৰ বিষয়ে সমাজতত্ত্বই অধ্যয়ন কৰে মেক্স ৱেবাৰ, মেক আইভাৰ আৰু পেজৰ দৰে দাৰ্শনিকৰ লিখনিত এইবোৰ কথা প্ৰকাশ পাইছে। অৰ্থাৎ সমাজতত্ত্বই আমাৰ নিজৰেই আচৰণ আৰু ক্ৰিয়া কলাপৰ বিষয়ে জনাত সহায় কৰে।

(গ) সমাজতত্ত্বই এখন সমাজৰ সংস্কৃতি, তাৰ উপাদান স্বৰূপ আৰ্হি, প্ৰতিৰূপ, ব্যক্তিত্ব গঠনত তাৰ প্ৰভাৱ প্ৰকাৰ ইত্যাদিবোৰৰ বিষয়ে সম্যক জ্ঞান আহৰণত সহায় কৰে। সংস্কৃতি প্ৰতিটো সমাজ আৰু ব্যক্তিৰ বাবে এক গুৰুত্বপূৰ্ণ প্ৰসংগ কাৰণ সংস্কৃতি অবিহনে আমি মানুহ হৈ নাথাকো। ই আমাক সভ্য কৰি তোলে। এডৱাৰ্ড বি. টাইলৰ, অগ্বাৰ্ণৰ দৰে দাৰ্শনিকৰ বৰ্ণনাত এইবোৰ কথা প্ৰতিফলিত হৈছে।

(ঘ) সমাজতত্ত্বই সামাজিক সংস্থা সিবোৰৰ সৈতে ব্যক্তিৰ আন্তঃসম্পৰ্কৰ বিষয়ে অধ্যয়ন কৰে পৰিয়াল, বিৱাহ, ধৰ্ম, শিক্ষা,ৰাজনীতি, অৰ্থনীতি ইত্যাদিবোৰ সমাজতত্বৰ অনুসন্ধানৰ বিষয়বস্তু। এইবোৰ ইটো-সিটোৰ সৈতে আন্তঃসম্পকিত। মানুহ মানুহ হৈ থকাত এইবোৰৰ ভূমিকা অনস্বীকাৰ্য বিবাহৰ জৰিয়তে গঠন হোৱা পৰিয়ালতেই শিশুৰ জন্ম হয়। সামাজিক আচৰণৰ আদিপাঠ শিকে,

সামাজিকীকৰণৰ শিক্ষা লাভ কৰে,শিক্ষা-দীক্ষা, ব্যক্তিত্ব গঠন পৰিয়ালৰ পৰাই আৰম্ভ হয় আৰু এইবোৰেই হৈছে সমাজতত্ত্বৰ অধ্যয়নৰ একো একোটা ক্ষেত্ৰ।

(ঙ) ব্যক্তি অবিহনে সমাজ গঠন নহয়। ব্যক্তিৰ ক্ৰিয়া, আন্তঃক্ৰিয়া , সামাজিক সম্বন্ধ, প্ৰস্থিতি, ভূমিকা ইত্যাদিবোৰৰ বিষয়ে নজনাকৈ এখন সমাজৰ বিষয়ে সম্যক জ্ঞান আহৰণ কৰিব নোৱাৰি। নীত প্ৰণেতাসকলেও সমাজৰ আন্তঃগাঠনি, প্ৰচলিত পৰস্পৰা, বিশ্বাস, ধৰ্ম, প্ৰথা, নীতি-নিয়ম ইত্যাদিবোৰৰ বিষয়ে নজনাকৈ কোনো পৰিকল্পনা প্রস্তুত কৰিব নোৱাৰে। বিংশ শতাব্দীৰ মাজভাগত যেতিয়া ভাৰতৰ পৰিকল্পনাৰ আয়োগ গঠন কৰা হৈছিল তেতিয়া ক্ষেত্ৰভিত্তিক অধ্যয়ন কৰা ব্যক্তিৰ গুৰুত্ব যথেষ্ট বৃদ্ধি পাইছিল বুলি ডি. এন. ধনাগিৰিয়ে উল্লেখ কৰিছে।

৭। পাশ্চাত্যত সমাজতত্ত্বৰ ঐতিহাসিক উৎপত্তিৰ বিষয়ে বহলাই আলোচনা কৰা।

 উত্তৰঃ পাশ্চাত্যত সমাজতত্ত্বৰ বিকাশৰ এক এতিহাসিক কাৰণ থকা দেখা যায়। আমি জানো যে ফ্ৰান্সত ১৮৩৯ চনত আগষ্ট ক’টৰ হাতত সমাজতত্ত্বৰ উৎপতি হয়। কিন্তু সামাজিক চিন্তাধাৰাৰ শিপাডাল পুৰণি দৰ্শন বিশেষকৈ গ্ৰীক আৰু ৰোমান দৰ্শনৰ লগত অতি নিবিড়ভাৱে সম্পৰ্কিত। এয়া উল্লেখ কৰাটো সমীচীন হব যে সমাজতত্ব হৈছে সমাজৰ আটাইতকৈ যুৱ বিজ্ঞান আৰু ই একেদিনাই সৃষ্টি হোৱা নাই। এই ক্ষেত্ৰত আগষ্টক’টৰ অৱদান অনস্বীকাৰ্য যদিও আমি প্লেটো, এৰিষ্ট’টেল, চিচেৰ’, চেইন্ট আগষ্টাইন, থমাচ মুৰ, পৌৰাণিক ভাৰতীয় খষি মুনিসকল, মনু, কৌটিল্যৰ দৰে ব্যক্তিৰ অৱদানকো আওকাণ কৰিব নোৱাৰো। আজি আমি সমাজতত্ত্বৰ অধ্যয়নৰ বিষয় হিচাপে যাক আলোচনা কৰো অৰ্থাৎ সমাজ, ইয়াৰ বিষয়ে এইসকল দাৰ্শনিকে সমাজতত্ব উৎপত্তি হোৱাৰ বহু আগেয়ে আলোচনা কৰিছিল। অৰ্থাৎ সামাজিক চিন্তাধাৰাৰ ইতিহাসে সমাজতত্বৰ বিকাশত সহায় কৰা পৰিলক্ষিত হয়। সেয়ে সমাজতত্বৰ উৎপত্তি আৰু ক্ৰমবিকাশৰ ক্ষেত্ৰত আমি তলত উল্লেখ কৰা দিশসমূহৰ বিষয়ে আলোচনা কৰিব পাৰো।

(ক) গ্ৰীচৰ অৱদান :- সামাজিক চিন্তাধাৰাৰ ইতিহাসত গ্ৰীক সভ্যতাৰ অৱদান অপৰিসীম। গ্ৰীক সভ্যতাৰ লেখত লবলগীয়া দাৰ্শনিকসকল হ’ল প্লেটো আৰু এৰিষ্ট’টেল | প্লেটোৰ (খ্ৰীষ্টপূৰ্ব ৪২৭-৩৪৭) Republic নামৰ গ্ৰন্থ আৰু এৰিষ্ট’টেলৰ (খ্ৰীষ্টপূৰ্ব ৩৮৪-৩২২) Ethics and politics  নামৰ গ্ৰন্থখন এইক্ষেত্ৰত অতি উল্লেখযোগ্য গ্রন্থ। গ্লেটোৱে Republic  নামৰ গ্ৰন্থত সেইসময়ৰ গ্ৰীকসকলৰ সামাজিক জীৱনৰ বিষয়ে বৰ্ণনা কৰাৰ বিপৰীতে এৰিষ্ট’টলে Ethics and Republic নামৰ গ্রন্থৰ যোগেদি সেই সময়ৰ গ্ৰীচ দেশৰ ৰাজনীতি , আইন-কানুন, নীতি-নিয়ম,  সামাজিক পদ্ধতি ইত্যাদিবোৰৰ বিষয়ে প্রণালীবদ্ধভাৱে অধ্যয়ন কৰিছিল। অৰ্থাৎ এই দুজন দাৰ্শনিকৰ লিখনিত সমাজৰ বিভিন্ন দিশবোৰ প্রতিফলিত হৈছিল।

কিন্তু এই দুজন দাৰ্শনিকে সমাজ আৰু ৰাষ্ট্ৰৰ মাজত পাৰ্থক্য নিৰূপণত কোনো গুৰত্ব দিয়া নাছিল। তদুপৰি তেওলোকে সামাজিক সমস্যা আৰু ৰাষ্ট্ৰীয় সমস্যাৰ মাজতো কোনো পাৰ্থক্য অনা নাছিল। কিন্তু তেওঁলোকে সামাজিক বিষয় বস্তুবোৰকেই আলোচনা কৰিছিল যদিও এই আলোচনা মুখ্যত ৰাজনৈতিক দৃষ্টিভংগীকেন্দ্ৰিক আছিল।

(খ) ৰোমৰ অৱদান :- সামাজিক চিন্তাধাৰাৰ ইতিহাসৰ ক্ৰমবিকাশত ৰোমসকলৰ অৱদানো কম নহয়। ৰোমান সভ্যতাৰ এজন নামজ্বলা দাৰ্শনিক হ’ল মাৰকাচ তুলিয়াচ চিচেৰ’। তেও De officious নামৰ গ্ৰন্থখন ৰচনা কৰিছিল যাক পিছৰ সময়ছোৱাত on justice নাম দি ইংৰাজীলৈ অনুবাদ কৰা হয়। ৰোমানসকলে গ্ৰীচদেশৰ দৰ্শন, ৰাজনীতি, সামাজিক পদ্ধতি, নীতি নিয়ম, আইন কানুন ইত্যাদিবোৰক অন্যান্য দেশবোৰলৈ প্ৰচাৰ কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। দৰ্শন প্রচাৰ আৰু হস্তান্তৰকৰণত ৰোমৰ অৱদান অতি গুৰুত্বপূৰ্ণ৷

(গ) অন্যান্যসকলৰ অৱদান :- মধ্যযুগৰ আদি অৱস্থাত সামাজিক চিন্তাধাৰাৰ প্রসাৰণত বিভিন্নজনে যথেষ্ট বৰঙনি আগবঢ়াইছিল। এইসকল দাৰ্শনিকৰ নাম, তেওঁলোকৰ সময় আৰু প্ৰধান গ্রন্থৰ বিষয়ে তলত উল্লেখ কৰা হ’ল।

চেইণ্ট আগষ্টাইন(৩৫৪-৪৩০) De Civitate Dei

থমাচ এ্ৰকুইনাচ ১২২৭-৭৪ The summa theologica and de Regimine

ডাণ্টে(১২৬৫-১৩২১) De Monarchia.

থমাচ মুৰ (১৪৭৭-১৫৩৫) Utopia.

কেস্পেনেলা(১৫৬৮-১৬৩৯) The city of the sun.

ফ্ৰান্সিচ বেকন (১৫৬১-১৬২৮) the New Atlantic’s.

এইসকলৰ উপৰিও আন বহু দাৰ্শনকে সমসামায়ক সমাজৰ বিভিন্ন দিশৰ বিষয়ে অধ্যয়ন কৰাৰ কথা পোৱা যায়। ইটালীৰ সমাজ দাৰ্শনিক মেকিয়াভেলিয়ে Prince গ্ৰন্থত চৰকাৰী আঁচনি আৰু নীতি নিয়মৰ বিষয়ে বৰ্ণনা কৰিছে। থমাচ মুৰেই Utopia নামৰ গ্ৰন্থৰ যোগেদি এক আদৰ্শ সমাজৰ আৰ্হি তথা প্ৰতিচ্ছবি দাঙি ধৰিছিল। Vico এ New Science নামৰ গ্ৰন্থত উল্লেখ কৰিছিল যে প্রত্যেক সমাজৰেই কিছুমান নিৰ্দিষ্ট নীতি নিয়ম থাকে আৰু ইয়াক বুজি পাবলৈ হ’লে সেইখন সমাজক বস্তুতাত্বিকঁভাৱে পৰ্যবেক্ষণ আৰু অধ্যয়ন কৰিব লাগিব। অৰ্থত বস্তুতাত্বিকতাৰ বিষয়ে বহু আগৰে পৰাই চিন্তা চৰ্চা হৈছিল। মন্টেছকুৱে Spirit of the Laws নামৰ গ্ৰন্থত উল্লেখ কৰিছে যে জলবায়ুয়ে সমাজৰ ওপৰত প্রভাৱ পেলায়। ই ব্যক্তিসকলৰ জীৱন ধাৰণ পদ্ধতিকো প্রভাৱান্ফিত কৰে। সেয়ে হয়তো গৰম আৰু ঠাণ্ডা দেশৰ লোকসকলৰ খাদ্যভ্যাস, সাজ-পাৰ, বাসস্থান, থকাৰ ধৰণ কৰণ ইত্যাদিবোৰত ভিন্নতা থক| দেখা যায়। জীৱ বিজ্ঞানী চাৰ্লচ ডাৰউইনে Origin of the species নামৰ গ্ৰন্থত বিৱৰ্তনৰ কথা উল্লেখ কৰিছে। ডাৰউইনবাদৰ প্রভাৱ পিছৰ সময়ছোৱাত ইংৰাজ দাৰ্শনিক হাৰ্বাট স্পেনচাৰৰ ওপৰত গতীৰ ভাৱে পৰা দেখা যায়। তদুপৰি চাৰ আইজাক গতিসূত্ৰ “ক্ৰিয়াৰ প্ৰতিক্ৰিয়া থাকে ‘ তত্ত্বই সামাজিক ক্ৰিয়া আন্তঃক্ৰিয়া ইত্যাদিবোৰক অধ্যয়ন কৰাত যথেষ্ট প্ৰভাৱ পেলাইছে।

(ঘ) নৱজাগৰণৰ প্রভাৱ :- নৱজাগৰণ মানেই ইউৰোপৰ পুনৰ আবিষ্কাৰ বা পুনৰউথান। ই হৈছে জ্ঞানৰ আন্দোলন। জ্ঞান কর্ষণৰ  বিপ্লৱ। ই হৈছে ইটালিৰ ফ্লৰেন্স চহৰৰ পৰা আৰম্ভ হোৱা এক সাংস্কৃতিক আন্দোলন যিটো পিছৰ সময়ছোৱাত সমগ্ৰ ইউৰোপতেই বিয়পিছিল। কিন্তু নৱজাগৰণৰ প্রভাৱ ইউৰোপত সমান ভাবে পৰা নাছিল। ই ধ্ৰুপদী সমলসমূহৰ ভিত্তি কৰি গঢ় লৈ উঠা এক আন্দোলন যাৰ প্রভাৱ চিত্ৰ, বিজ্ঞান, ক’লা, সাহিত্য, শিক্ষাকে ধৰি সকলোবোৰ দিশত কম বেছি পৰিমাণে পৰিছিল। বহুতে ইয়াক মধ্য যুগ আৰু আধুনিক যুগৰ সেতু বুলি কয়। এলকেমি, পদার্থ বিদ্যা,ৰসায়ন বিদ্যা, জীৱ বিদ্যা, জ্যোতিবিজ্ঞান, ভূগোল, চিকিৎসাকে ধৰি সকলোনলোৰ দিশত ই অভূতপূৰ্বভাৱে পৰিবৰ্তনৰ জোৱাৰ আনিছিল। কত পৰিৱর্তন হোৱা নাছিল নৱজাগৰণৰ ফলত সম্ভৱত কোনো এটা দিশেই ইয়াৰ পৰা বাদ পৰি ৰোৱা নাছিল। ই আছিল জ্ঞান কৰ্ষণৰ বৈজ্ঞানিক বিপ্লৱ। ই মানুহৰ চিন্তাধাৰা, দৃষ্টিভংগী সকলোতে প্রভাৱ পেলাইছিল। ই যুক্তিসন্মত আৰু বিজ্ঞানসন্মত বিশ্লেষণৰ সূচনা ঘটাইছিল। কপাৰনিকাচ আৰু গেলিলিঅ’ৰ মাজৰ বিতৰ্কই গীজৰি প্রভাৱ কমাই যুক্তিনিষ্ট, প্ৰগতিবাদী, বিজ্ঞানসন্মত আৰু বস্তুনিষ্ট জ্ঞান আহৰণ প্ৰক্ৰিয়াক অতি সবলভাৱে প্রতিষ্ঠা কৰিছিল। অৰ্থত প্ৰকৃত সত্য উদঘাটনৰ বাবে ই মানুহৰ মনত জাগৰণৰ সৃষ্টি কৰিছিল। এই জাগৰণেই নানান আৱিষ্কাৰৰ পথ সুচল কৰিলে।

(ঙ) ঔদ্যোগিক বিপ্লৱ :- ইউৰোপত হোৱা নৱজাগৰণৰ অভূতপূৰ্ব আৱিষ্কাৰসমূহে পিছৰ সময়ছোৱাত ওু্দ্যোগিক বিপ্লৱত প্রত্যক্ষভাব প্রভাৱ পেলাইছিল। এই বিপ্লৱে উদ্যোগ খণ্ডত এক আমূল পৰিৱৰ্তন আনিছিল। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰখখত হোৱা উন্নয়নে উৎপাদন ব্যৱস্থাত আলোড়নৰ সৃষ্টি কৰিছিল। ই উৎপাদন ব্যৱস্থাত যস্তুপাতি, মেচিনৰ প্ৰয়োগ সুচল কৰাৰ লগতে উদ্যোগীকৰণ, নগৰীকৰণৰ দৰে প্রক্ৰিয়াকো প্রভাৱিত কৰিছিল। উৎপূদন ব্যৱস্থাত যন্ত্ৰপাতিৰ ব্যৱহাৰে হাতেৰে কাম কৰা পদ্ধতিৰ বহুখিনি হ্ৰাস কৰালে। শাৰীৰিক শ্ৰমৰ প্রয়োজনীয়তাকো ই কমাই অনালে। অন্যহাতেদি উৎপাদন ব্যৱস্থাত মেচিনৰ ব্যৱহাৰৰ ফলত কম সময়তে কম খৰচতে আৰু কম শ্ৰমতে অতি উন্নত মানদণ্ডৰে অধিক উৎপাদন কৰিব পৰা সম্ভৱ হ’ল। শ্ৰমৰ বিভাজন আৰু বিশেষীকৰণ হ’ল। মুঠৰ ওপৰত কবলৈ গ’লে ঔদ্যোগিক বিপ্লৱে উৎপাদনত এক আমুল পৰিৱৰ্তন অনাৰ লগতে অন্যান্য দিশতো ইয়াৰ প্রভাৱ নপৰাকৈ থকা নাছিল।

এইদৰে ঔদ্যোগিক বিপ্লৱে বৈপ্লৱিক পৰিৱর্তন অনাৰ সমান্তৰালভাৱে কিছুমান সমস্যাৰো সৃষ্টি নকৰাকৈ থকা নাছিল৷ উৎপাদনত মেচিনৰ ব্যৱহাৰে শাৰীৰিক শ্রমক সীমাবদ্ধ কৰাৰ বিপৰীতে দৰিদ্ৰতা, নিৱনুৱা, খাতুকালীন নিৱনুৱাৰ সমস্যাই সমাজত ক্ৰমশ ভয়ংকৰ ৰূপ ধাৰণ কৰিব ল’লে। ইয়াৰ সমান্তৰালকৈ সমাজত অপৰাধ, দুষ্ক্ৰিয়াতমক কাৰ্য, বেশ্যাবৃত্তি, দলগত ধৰ্যণ, বস্তি অঞ্চলৰ সমস্যা, বাসস্থান, খোৱা পানীকে ধৰি অন্যান্য আনুষংগিক সমস্যাই এক গুৰুতৰ ৰূপ ধাৰণ কৰিবলৈ ধৰিছিল। তদুপৰি ঔদ্যোগিক বিবাদ, দুৰ্ঘটনা, পৰিচালক-্শ্ৰমিকৰ সম্বন্ধ;তলা বন্ধ, ঘেৰাও, বয়কটৰ দৰে উদ্যোগ খণ্ডৰ লগত জড়িত সমস্যাৰো সৃষ্টি হৈছিল৷

এইসমস্যাসমূহে সমাজ দাৰ্শনিকসকলক যথেষ্ট চিন্তাম্বিত কৰি তুলিছিল। সমস্যাসমূহৰ প্ৰতি সমাজ বিজ্ঞানীসকল সচেতন হৈছিল। এনে সচেতনতাই সেইসমস্যাসমূহক অধ্যয়ন কৰাত উদগনি যোগাইছিল। এলণ্টন মেয়’ নামৰ বিজ্ঞানীজনে ‘হৰ্থন পৰীক্ষা’ৰ যোগেদি উদ্যোগত মানৱীয় সম্বন্ধক প্ৰতিষ্ঠা কৰাৰ বাবে প্ৰয়াস কৰিছিল। পিটাৰ ব্লাউ নামৰ সমাজ বিজ্ঞানীজনে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্যক্তিগত খণ্ডৰ উদ্যোগবোৰত অধ্যয়ন চলাইছিল তাত ৰঙাফিতাৰ মেৰপাক থকাৰ কথাক বৰ্ণনা কৰিছিল। ৰাফ্‌ ডাৰেহনদফৰ শ্ৰেণীসংঘৰ্ষ সিদ্ধান্ত উদ্যোগিক সমাজভিত্তিক অধ্যয়নৰ ফচল। কাৰ্ল মার্ক্সৰ দৰে সমাজতত্ত্ববিদৰ শ্ৰেণী সংঘৰ্ষৰ সিদ্ধান্তত ঔদ্যোগিক সমাজে এক গুৰুত্বপূৰ্ণ স্থান দখল কৰে। এইদৰে ইংলেণ্ডত হোৱা শিল্প বিপ্লৱ বা বিপ্লৱেও সমাজতত্ত্বৰ বিকাশত যথেষ্ট অৰিহণা আগবঢ়াইছে।

(চ) ফৰাচী বিপ্লৱ :- ফৰাচী বিপ্লৱ ফ্ৰান্সত ১৭৮৯ চনত হৈছিল। সেই সময়ত তাৰ ৰজা আছিল ষষ্ঠদশ লুই ( XVI Louis )। প্ৰধানত ৰাজনৈতিক, অর্থনৈতিক, সামাজিক ইত্যাদিবোৰ কাৰণৰ প্রভাৱত ফৰাচী বিপ্লৱ হোৱাৰ কথা বুৰঞ্জীয়ে কয়। বিখ্যাত ইতিহাসবিদ সকলৰ মতে ৰজা লুইৰ চৈৰাচাৰি শাসনেই ফৰাচী বিপ্লৱত সাৰ- পানী যোগাইছিল। ইয়াৰ উপৰিও ৰজাৰ বিলাসিতা, প্ৰজাক কৰা সীমাহীন অত্যাচাৰ, শোষণ আদিবোৰেও ফৰাচী বিপ্লৱত অনুঘটকৰ কাম কৰিছিল। 

ফৰাচী বিপ্লৱৰ ফলস্ফৰূপে ফান্সত অ-ৰাজকতাৰ সৃষ্টি হৈছিল। সামাজিক নীতি-নিয়ম, প্রতিমান এই সকলোবোৰ অ-কাৰ্যকৰী হেছিল। ই সমাজ, পৰিয়াল পদ্ধতি, স্বজনসমূহ, সামাজিক আন্তঃক্ৰিয়াৰ প্রক্ৰিয়া, ৰাজনীতি, অর্থনীতি, ধৰ্মীয় বিশ্বাস, শিক্ষা, জীৱন-ধাৰণ প্রণালী ইত্যাদিবোৰত গভীৰ ভাৱে প্রভাৱ পেলাইছিল। এইবোৰৰ ফলত সংৰচনাগত আৰু ক্ৰিয়াত্নক দিশ যথেষ্ট প্ৰত্যাহলানৰ সন্মুখীন হৈছিল। মুঠৰ ওপৰত ফ্ৰান্সৰ সামাজিক পৰিস্থিতি আৰু পৰিবেশ ফৰাচী বিপ্লৱে প্ৰতিকুল কৰি পেলাইছিল যাৰ বাবে সামাজিক দাৰ্শনিকসকল অতি চিন্তাশ্বিত হৈ পৰিছিল। এৰিষ্ট’’টেলে মানুহক সামাজিক প্রাণী বুলি উল্লেখ কৰিছিল অর্থাৎ মানুহে সমাজত সমূহগতভাৱে শৃংখলাবদ্ধতাৰে জীৱন-যাপন কৰিব বিচাৰে। অন্যহাতেদি নৱজাগৰণে মানুহৰ চৈতন্য, চিন্তা আৰু দৃষ্টিভংগীত এক পৰিৱৰ্তন আনিছিল। গতিকে আমি ধৰি লব পাৰো যে ফৰাচী বিপ্লৱ সংঘটিত হোৱাৰ ৯ বছৰৰ পাছত জন্ম লাভ কৰা অতি তীক্ষ্ম মেধা সম্পন্ন আৰু এক ব্যতিক্ৰমী চিন্তাৰ গৰাকী আগষ্ট ক’টে ওপৰত উল্লেখ কৰা দুটা পৰিঘটনাৰ সমন্বয় ঘটাই এক নতুন সামাজিক বিজ্ঞান প্রতিষ্ঠা কৰাৰ পথ বিচাৰি পাইছিল। এই নতুন বিজ্ঞানেই হৈছে সমাজতত্ব।

(ছ) ভাৰতীয় চিন্তাবিদসকলৰ অৱদান :- সামাজিক চিন্তাধাৰাৰ ইতিহাসত ভাৰতীয় ধ্রুপদী চিন্তাবিদসকল আৰু পৌৰাণিক গ্ৰন্থসমূহৰ অৱদান অনস্বীকাৰ্য। মহাকাব্য, ধৰ্মীয় গ্ৰহ, উপনিষদ, বেদ, স্মৃতিবোৰে দাৰ্শনিক তত্ব, ঘৰুবা আৰু সামাজিক নীতি নিয়ম, বুৰঞ্জী, নৈতিকতা ইত্যাদি দিশৰ বিষয়ে অতি সুন্দৰ ব্যাখ্যা আগবঢ়াইছে। মহাভাৰতত আমি সেইসময়ত ৰাজনৈতিক দৰ্শন, সামাজিক নীতি নিয়ম যুদ্ধ বিগ্ৰহ; পৰিয়াল ব্যৱস্থা, বিবাহ পদ্ধতি, অর্থনীতি, শাসন ব্যৱস্থা, নৈতিকতা, সামাজিক ক্ৰিয়া-আন্তক্ৰিয়া, সামাজিক সম্বন্ধ, সংস্কৃতি, পৰম্পৰা, বিশ্বাস,অন্ধবিশ্বাস, প্রতিমান, প্ৰমূল্যবোধ, সহযোগিতা, প্রতিযোগিতা, সংঘৰ্ষ, কুটনীতি, শিক্ষা ব্যৱস্থা ইত্যাদিবোৰৰ বিষয়ে বৰ্ণনা পাওঁ। সেয়ে মহাভাৰতক ‘ক্ষুদ্ৰ সমাজতত্ব্ব’ বুলি কব পাৰি৷ ইয়াত সেই সময়ৰ সামাজিক ব্যৱস্থাৰ এক সুন্দৰ বৰ্ণনা আছে ৷

ইয়াৰ উপৰিও মনুৰ ‘মনু সংহিতা’ ভাৰতীয় সমাজৰ এক আপুৰুগীয়া সম্পদ। ইয়াত সেই সময়ৰ আইন-কানুন, প্ৰথা-পৰম্পৰা, সামাজিক আদৰ্শ, সামাজিক চিন্তাধাৰা, ধৰ্মীয় নীতি নিয়ম, সামাজিক বাধা নিষেধ ইত্যাদিবোৰৰ বৰ্ণনা পোৱা যায় শুক্ৰাচাৰ্যৰ নীতিশাস্ত্ৰ আন এক লেখত লবলগীয়া গ্ৰন্থ যাক নৈতিকতাৰ বিজ্ঞান বুলি আখ্যা দিয়া হয়। কৌটিল্যৰ অৰ্থশাস্ত্ৰ এইক্ষেত্ৰত আন এক আপুৰুগীয়া গ্ৰন্থ। তোমালোকে নিশ্চয় জানা যে শূন্য (০)ৰআবিষ্কাৰ ভাৰতৰ মাটিত হৈছিল । মহামতি আকবৰ (১৫৫৬-১৬০৫) ৰ সহায়ক আৰু উপদেষ্টা আবুল ফজলে এইন-ই-আকবৰা লিখি উলিয়াইছিল যিটোৱে সমসাময়িক সময়ৰ এক দলিল প্রস্তুত কৰিছিল। এইদৰে সামাজিক চিত্তাধাৰা আৰু সমাজ সম্পৰ্কীয় বৰ্ণনা আৰু ব্যাখ্যাত ভাৰতীয়সকলৰ অৱদানো কোনো গুণে কম নহয়।

(জ) আগষ্ট ক’’টৰ অৱদান :- সমাজতত্ত্বৰ উৎপত্তিত আগষ্ট ক’টৰ অৱদান আটাইতকৈ বেছি। ওপৰৰ কাৰকসমূহৰ প্রভাৱ থকা স্বত্বেও আন সমাজ দাৰ্শনিকসকলে আগষ্ট ক’টৰ দৰে সমাজৰ এক নতুন বিজ্ঞান প্রতিষ্ঠা কৰা নাছিল। ক’টে বৈজ্ঞানিক পদ্ধতিৰে সমাজক অধ্যয়ন কৰাৰ পোষকতা কৰিছিল। যাৰ ফচলেই হৈছে প্রত্যক্ষবাদী ধাৰণাৰ সৃষ্টি। আগষ্ট ক’টে মানৱ সমাজৰ বিৱৰ্তনক তিনিটা ভাগত ভাগ কৰি সিবোৰৰ পুংখানুপুংখ বিশ্লেষণ আগবঢ়াইছে।

এই ভাগ তিনিটা হ’ল- 

(a) দেৱিক স্তৰ।

(b) আধিভৌতিক স্তৰ।

(c) প্ৰত্যক্ষবাদ বা বৈজ্ঞানিক স্তৰ। 

তেওঁ এই তিনিটা স্তৰৰ মাজত থকা আন্তঃসম্পৰ্ক অতি যুক্তিযুক্ততাৰে বিশ্লেষণ কৰিছে। ক’’টে সমাজতত্ত্বক বিজ্ঞানসন্মত বিষয় হিচাপে প্রতিষ্ঠা কৰাৰ বাবে মানুহৰ চিন্তাধাৰাক বিজ্ঞানসন্মতভাৱে পৰ্যবেক্ষণ কৰি বিজ্ঞানৰ সংস্তৰণৰ শ্ৰেণীকৰণ আগবঢ়াইছে। এই শ্ৰেণীকৰণ হ’ল-

অংক ( Mathematics )

জ্যোতিবিজ্ঞান ( Astronomy )

পদাৰ্থ বিজ্ঞান ( Physics )

ৰসায়ন বিজ্ঞান ( Chemistry )

জীৱ বিজ্ঞান ( Biology )

সমাজতত্ত্ব ( Sociology )

তেওঁ সামাজিক বিজ্ঞানত এক নম্ৰ আৰু পুণ্য দৃষ্টিভঙ্জীৰ অৱতাৰণ| কৰিছিল। অৰ্থত তেওঁ মানবীয়তাৰ এক প্রকৃত বিজ্ঞানৰ  সৃষ্টি কৰিছিল। তেওঁৰ মতে, “মানুহে আবেগিক ভাৱে কাম কৰে আৰু কাম কৰাৰ বাবে শৃংখলিতভাৱে চিন্তা কৰে।” কটৰ মতে সমাজেই সমাজতত্বৰ অধ্যয়নৰ বিষয়বস্তু৷ ই সমাজক ৷”বিজ্ঞানসন্মতভাৱে অধ্যয়ন কৰে। তেওঁৰ মতে সমাজতত্ব এক ব্যাপকভাৱে প্ৰসাৰিত বিষয় আৰু ইয়াৰ অধ্যয়নক শৃংখলাবদ্ধ কৰিবৰ বাবে তেওঁ সমাজতত্বক দুটা ভাগত ভাগ কৰিছে; যথা।

(a)  সামাজিক স্থায়িত্ব।

(b) সামাজিক গতিশীলতা।

আগষ্ট ক’টে সমাজতাত্বিক পদ্ধতি আৰু মানৱতাৰ ধৰ্মৰ বিষয়েও আলোচনা কৰিছিল। আনকি তেওঁ সামাজিক পুনৰ নিৰ্মাণৰ আচঁনিৰ কথাও বৰ্ণনা কৰিছিল। ,

আগষ্ট ক’টৰ উপৰি সমাজতত্ত্বৰৰ বিকাশত ইংলেণ্ডৰ দাৰ্শনিক হাবটি স্পেনচাৰ (১৮২০-১৯০৩), ফ্ৰান্সৰ দাৰ্শনিক ইমাইল দুৰখেইম (১৮৫৭-১৯১৭), জাৰ্মনদাৰ্শনিক কাৰ্লমাৰ্ক্স (১৮১৮-১৮৮৩),আৰু মেক্স ৱেবাৰ (১৮৬৪-১৯২০), ফৰাচী দাৰ্শনিক, ভিলফেড’_

পেৰেট’ (১৮৪৮-১ ৯২৩), হাংগেৰীত জন্মলাভ কৰা কাৰ্ল,মেনুহেইম(১৮৯৩-১৯৪৭), আমেৰিকান দাৰ্শনিক থষ্টিটেইন ভেবলেন (১৮৪৭-১৯২৯), আৰু ফেংকলিন হেনৰী গিদিংছ  (১৮৫৪-১৯৩১), ইংলেণ্ডৰ লিওনাৰ্ড টি. হবহাউচ.ৰুচ দেশৰ পিটিৰিম এ.চৰ’কিন (১৮৮৯-১৯৬৮), ইংলেণ্ডৰ আৰ্নল্ড যোচেফ টইনবিৰদৰে দাৰ্শনিক সমাজ বিজ্ঞানী আৰু সমাজতত্ত্ববিদসকলৰ অৱদান অস্বীকাৰ্য।

১৮৩৯ চনত আগষ্ট ক’টৰ হাতত জন্ম লাভ কৰা সমাজতত্ত্বৰ প্রথম শৈক্ষিক উত্তৰণ আমেৰিকা যুক্তৰাষ্ট্ৰত হয় । ইয়াৰ য়ালেবিশ্ববিদ্যালয়ত জন্মৰ ৩৭ বছৰৰ পিছত সমাজতত্ব্বৰ প্ৰথম পাঠ্যক্ৰম ১৮৭৬ চনত আৰম্ভ হয়। ১৮৮৯ চনত ই ফ্ৰাসত আৰু ১৯০৭ চনত ইংলেণ্ডত ই স্বীকৃতি লাভ কৰে। বিংশ শতাবীৰ ভাৰতক সময়ছোৱাৰ পৰা চিকাগো বিশ্ববিদ্যালয়ে সমাজতন্ব্ব উত্তৰণ আৰু প্রসাৰণত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। ১৮৯৩ চনত জাপানৰ টকিঅ’ বিশ্ববিদ্যালয়ত সমাজতত্ত্বৰ পাঠ্যক্ৰম মুকলি হয়। ১৯১৯ চনত চাৰ পেট্রক গেড্‌চৰ তত্ত্বাৱধানত ভাৰতৰ বন্বে বিশ্ববিদ্যালয়ত সামাজিক নৃতত্ত্ব বিজ্ঞানৰ সৈতে সমাজতত্ত্ব বিভাগ খোলা হয়।

৮। সমাজতত্ত্ব বিকাশ ভাৰতত কিয় পলমকৈ হৈছিল? বহলাই লিখা।

উত্তৰঃ ফৰাচী দাৰ্শনিক আগষ্ট ক’টৰ হাতত ১৮৩৯ চনত সমাজতত্ত্বৰ উৎপত্তি হয়। ই ভাৰতবৰ্ষলৈ আহে ১৯১৯ চনতহে। বন্বে বিশ্ববিদ্যালয়ত ছাৰ পেট্রক গেডছৰ তত্ত্বাৱধানত সামাজিক নৃ-তত্বৰ সৈতে সমাজতত্ত্বৰ আৰম্ভণি হৈছিল। অন্যহাতেদি সামাজিক চিন্তাধাৰাৰ ইতিহাসত ভাৰতীয় ধনষি-মুনিসকলৰ অৱদানৰ অনস্বীকাৰ্য। অথচ সমাজতত্ত্ব ইয়াৰ উৎপত্তিৰ ৮০ বছৰৰ পিছতহে ভাৰতলৈ আহিছে। মহাভাৰত, যাক ক্ষুদ্ৰ সমাজতত্ত্ব’বুলি কোৱা হয়, ভাৰতৰ এক অনুপম সৃষ্টি। ভাৰতীয় বিশ্ববিদ্যালয়ৰ উপৰি বিদেশী বিশ্ববিদ্যালয়ত সমাজতত্ত্বৰ পাঠদান কৰোতে বিশেষকৈ ‘বিবাহৰ প্ৰকাৰ’ৰ বিষয়ে আলোচনা কৰোতে ভাৰতীয় সমাজৰ প্ৰেক্ষাপটত ‘পঞ্চপাণ্ডৱ আৰু দ্ৰোপদী’ৰ বিবাহক ‘বহু-পতি বিবাহৰ’ উদাহৰণ হিচাপে দেখুওৱা হয়। অথচ এই বিষয়টোৰ বহু পলমকৈ ভাৰতলৈ আগমন হয়। ভাৰতত সমাজতত্ত্বৰ পলম বিকাশত নিম্নোক্ত কাৰণসমূহ প্ৰধানত দায়ী।

(ক) ব্ৰিটিছৰশাসন :- এখন পৰাধীন ৰাষ্ট্ৰই উদ্ভাৱন আৰু আৱিষ্কাৰৰ পিনে অগ্ৰসৰ হোৱাটো যথেষ্ট কষ্টকৰ পদক্ষেপ। ১৫৯৯ চনত বেহা-বেপাৰ কৰাৰ মানসেৰে ইষ্ট ইণ্ডিয়া কোম্পানী ভাৰতলৈ আহিছিল যদিও পাছৰ সময়ছোৱাত তেওঁলোকে ভাৰতৰ ৰাজনৈতিক ক্ষমতা হস্তগত কৰিছিল। ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহৰ পিছত ইংৰাজসকল ভাৰতৰ সৰ্বদশৰ অভিকৰ্তা হৈ পৰিল। ভাৰতীয়সকলৰ কোনো ধৰণৰ স্ফাধীনতা নোহোৱা হ’ল। বিটিছে চল-চাতুৰি অথবা শক্তি প্ৰয়োগেৰে ভাৰতক দমন কৰাৰ লগতে ইয়াৰ সমলসমূহক শৌষণ কৰিব ধৰিলে। বিটিছ ঔপনিৱেশিকতাৰ হেতু ভাৰত সৰ্বদিশত পিছ পৰি ৰ’ল। এনে স্থলত কাজেই এক নতুন বিষয় উদ্ভাৱন অথবা বিদেশী ষ্টুত সদ্যজন্মজাত বিষয় এটাক ভৰিতলৈ অনাত ,কোনো ভাৰতীয়ই পদক্ষেপ ল’ব পৰা নাছিল। আনকি সেইসময়ৰ শিক্ষিত ভাৰতীয় নেতাসকলে ভাৰতক স্বাধীন কৰাৰ ওপৰতহে গুৰুত্ব দিছিল, এক নতুন বিষয়ক ভাৰতলৈ আমদানি কৰাৰ ওপৰত নহয়। মহাত্মা গান্ধী, নেহৰু, পেটেলৰদৰে নেতাই স্বাধীনতা সংগ্ৰামৰ ওপৰতহে মনোনিৱেশ কৰিছিল।সেইসময়ৰ আৰ্থ সামাজিক অৱস্থা আৰু শিক্ষাখণ্ড নতুন বিষয় এটিৰ আমদানিৰ অনুকূলে নাছিল। বাবে দায়ী কৰিব পাৰি। 

(খ) আধুনিক শিক্ষাত পিচপৰা :- শিক্ষাই জ্ঞানৰ কৰ্ষণ ঘটায়। ই জ্ঞানৰ পৰিধিক বৃদ্ধি কৰে। ১৯১৯ চনৰ আগৰ সময়ছোৱাত ভাৰতবৰ্ষ আধুনিক শিক্ষাৰ ক্ষেত্ৰত পিচপৰি আছিল। বিটিছৰ শাসনৰ সময়ত ভাৰতবৰ্ষ শিক্ষাৰ ক্ষেত্ৰত পিছপৰি আছিল ইংৰাজসকলৰ সংস্পৰ্শত থকা সেই সময়ৰ সন্ত্ৰান্ত ভাৰতীয়সকলে কিছু আধুনিক শিক্ষা গ্ৰহণ কৰিছিল যদিও সি এপাচি শাকত এটা জলকীয়া আছিল উচ্চ শিক্ষাৰ অবিহনে বিদ্যায়তনিক দিশত ক’ত,কেনেকৈ, কি আৱিষ্কাৰ বা উদ্ভাৱন হৈছে তাক জনা নাযায়। সেই সময়ৰ অধিকসংখ্যক ভাৰতীয় নিৰক্ষৰ আছিল আৰু তেওঁলোক দৈনিক৷ ৰুটি-মাখন যোগাৰ কৰাত ব্যস্ত আছিল।

নিৰক্ষৰ লোকৰ বাবে বিষয় এটা আৱিষ্কাৰ হোৱাটো, তাকো বিদেশত মূল্যহীন কথা আছিল। এনে লোক-সংৰচনাৰে গঠিত তেতিয়াৰ ভাৰতীয় সমাজত সমাজতত্ত্বৰ বিকাশ নোহোৱাটোৱেই স্বাভাৱিক আছিল। বিংশ শতাব্দীৰ দ্বিতীয় তৃতীয় দশকত ভাৰতবৰ্ষত সমাজতত্বৰ আৰম্ভণি ঘটোৱাত অগ্রণী ভূমিকা পালন কৰা ব্যক্তিসকললৈ চালে এটা কথা -গম পোৱা যে তেওঁলোক শিক্ষিত আছিল, বিদেশী বিশ্ববিদ্যালয়সমূহত তেওঁলোকে শিক্ষা লৈছিল আৰু কিছুসকলৰ ওপৰত ইংৰাজ লোকৰ প্রভাৱ পৰিছিল। অগ্ৰণী ভাৰতীয় সমাজতনত্ব্বববিদ জি. এচ. ঘূৰীৰ ওপৰত চাৰ পেট্ৰিক গেড্‌চৰ প্রভাৱ অপৰিসীম আছিল। গেড্ছেই ঘূৰীক পাশ্চাত্যৰ বিশ্ববিদ্যালয়ত উচ্চ শিক্ষাৰ বাবে প্ৰেৰণ কৰিছিল। ঘূৰীয়ে কেমবিজ বিশ্ববিদ্যালয়ত ডব্লিড, এইচ. আৰ. ডি. ৰিভাৰচ্‌ৰ তত্বাৱধানত প্ৰশিক্ষণ লৈছিল কলিকতা বিশ্ববিদ্যালয়ত সমাজতত্ত্বক পৰিচয় কৰোৱাত আগ্ৰনী ভূমিকা লোৱা কে.পি.চট্টোপাধ্যাইয়ে কেম্ব্ৰিজ বিশ্ববিদ্যালয়ত

সামাজিক নৃতন্ত্বত প্ৰশিক্ষণ লৈছিল। অন্যহাতেদি লক্ষ বিশ্ববিদ্যালয়ত সমাজতত্ত্বক প্ৰতিষ্ঠা কৰোৱা অগ্রণী দাৰ্শনিক ডি.এন. মজুমদাৰে কেমব্ৰিজ বিশ্ববিদ্যালয়ত অধ্যাপক হেডনৰ তন্ত্বাৱধানত গৱেষণা কৰি পি.এইচ.ডি. লাভ কৰিছিল। তেওঁ লণুন স্থুল অফ ইকণমি’ত মেলিৱনস্কিয়ে পাঠ কৰা গৱেষণা পত্ৰ শুনি তেওঁৰ প্ৰতি আকৰ্ষিত হৈছিল।

তদুপৰি ৰাধাকমল মুখাৰ্জীয়ে ইংলেণ্ডত সামাজিক নৃতত্ত্বববিজ্ঞানত উচ্চ প্রশিক্ষণ লৈছিল। অৰ্থাৎ আমি ক’ব বিচৰা কথাটো হ’ল ভাৰতত যিসকল ব্যক্তিয়ে সমাজতত্ত্বৰ আৰম্ভণি আৰু প্রসাৰণত মুখ্য ভূমিকা লৈছিল তেওঁলোক বিদেশৰ উচ্চ শিক্ষাৰে শিক্ষিত, আছিল। সমাজতত্বৰ সৈতে অতি ওচৰ সম্বন্ধ থকা নৃতত্ত্বতভতেওঁলোকে উচ্চ প্ৰশিক্ষণ লৈছিল। কাজেই তেওঁলোক সেই সময়ৰ বিদ্যায়তনিক,দিশৰ উন্নয়ন, প্ৰসাৰণ, পৰিধি, নব্য গতি, ধাৰা, স্বৰূপ ইত্যাদিৰ বিষয়ে জ্ঞাত আছিল। অৰ্থাৎ আধুনিক উচ্চ শিক্ষাই তেওঁলোকক সচেতন আৰু সক্ৰিয় কৰি ৰাখিছিল। গতিকে ভাৰতবৰ্ষ সেই সময়ত আধুনিক শিক্ষাত পিছ পৰি আছিল, অধিক সংখ্যক লোকেই নিৰক্ষৰ আছিল যাৰ ফলস্ফৰূপে স্বাভাৱিকতেই ভাৰতত সমাজতত্ত্বৰ আৰম্ভণি আৰু বিকাশ পলমকৈ হৈছিল।

(গ) বাহিৰৰ পৃথিৱীৰ সৈতে সীমাবদ্ধ সংযোগ :- যাতায়ত আৰু যোগাযোগ ব্যৱস্থাৰ অ-সুচলতা আৰু বিদেশী ৰাষ্ট্ৰৰ শাসনৰ বাবে বাহিৰৰ পৃথিৱীৰ সৈতে ভাৰতীয়সকলৰ আদান-প্রদান আৰু আনন্তঃক্ৰিয়া সীমাবদ্ধ আছিল। অধিক সংখ্যক ভাৰতীয়ই সেই সময়ত কত কি আছিল তাক নাজানিছিল। বাহিৰৰ পৃথিৱীৰ সৈতে সংযোগ থাকিলেহে সংঘটিত হৈ থকা ঘটনা-প্ৰবাহৰ বিষয়ে জানিব পাৰি। যিহেতু ভাৰতীয় সকলে সমাজতত্ত্ব নামৰ বিষয় এটা জন্ম হৈছে বুলি নাজানিছিলেই তেনেস্থলত বিষয়টি ভাৰতত পলমকৈ আৰম্ভণি হোৱাটোৱেই স্বাভাৱিক। আমি যিদৰে পাশ্চাত্যকৰণ আধুনিকীকৰণ আৰু গোলকীকৰণৰ ফলস্বৰূপে বৰ্তমান সময়ত বিশ্ব সংবাদ মুহূর্তে মুহূর্তে পাই থাকো, তেতিয়া সেইটো সম্ভৱ নাছিল।ফলত ভাৰতত সমাজতত্ত্বৰ বিকাশ পলমকৈ হয়।

(ঘ) বৌদ্ধিক সমাজৰ নিষ্ক্ৰিয়তা :- বৌদ্ধিক সমাজৰ সক্ৰিয়তাই এখন দেশৰ প্ৰগতি আৰু উন্নয়ন আনে। বৌদ্ধিক সমাজ মানেই শিক্ষিত ব্যক্তিসমূহ। সেই সময়ৰ ভাৰতীয় বুদ্ধিজীৱীসকল, অন্ততঃ এক নতুন বিষয় আমদানি কৰাত নিষ্ক্ৰিয় আছিল। যিসকল ব্যক্তি বিলাতলৈ অধ্যয়নৰ বাবে গৈছিল তেওঁলোকে পৰম্পৰাগত শৈক্ষিক বিষয়; যেনে,বিজ্ঞান, আইন আদিত উচ্চ শিক্ষা গ্ৰহণ কৰিছিল। ১৮৭৬ চনত আমেৰিকাৰ য়ালে বিশ্ববিদ্যালয়ত যেতিয়া সমাজতত্ত্বৰ পাঠদান আৰম্ভ হৈছিল তেতিয়া তাত হয়তো কোনোবা এজন ভাৰতীয় ছাত্র আছিল। তদুপৰি সেই সময়ৰ ভাৰতীয় ছাত্ৰসকলৰ বাবে য়ালে বিশ্ববিদ্যালয় প্রথম পচন্দৰ শিক্ষানুষ্ঠান নাছিল। তেওঁলোকে কেম্ব্ৰিজ বা অক্সফৰ্ড বিশ্ববিদ্যালয়ত অধ্যয়ন কৰাতহে গুৰুত্ব আৰোপ কৰিছিল। ইয়াৰ উপৰি নতুন বিষয়ত উচ্চ শিক্ষা ল’লে ভৱিষ্যত সংস্থাপনৰ বিষয়ে হয়তো তেওঁলোকে নেতিবাচক ধাৰণা লৈছিল কাৰণ ভাৰতত তেতিয়ালৈকে বিষয়টো আৰম্ভই হোৱা নাছিল। অন্যহাতেদি দেশীয় বুদ্ধিজীৱীসকলে ভাৰতক স্বাধীন কৰাৰ ওপৰতহে তেওঁলোকৰ বৌদ্ধিক জ্ঞানক ব্যৱহাৰ কৰিছিল, বিষয় এটি আৰম্ভ কৰাৰ ওপৰত নহয়। ফলত সমাজতনত্বৰ বিকাশ পলমকৈ হ’ল। 

(৬) ক্ষেত্ৰভিত্তিক অধ্যয়নতকৈ আৰামী চকী অধ্যয়নৰ ওপৰত গুৰুত্ব :- সমাজতত্ত্ব হৈছে সমাজৰ বিজ্ঞান। মানৱ সমাজেই সমাজতত্ত্বৰ পৰীক্ষাগাৰ অৰ্থাৎ অধ্যয়নৰ ক্ষেত্ৰ। কিন্তু ডি. প্ৰসাদ মুখাৰ্জীৰ দৰে ভাৰতীয় সমাজতত্ত্ববিদে ক্ষেত্ৰ ভিত্তিত অধ্যয়ন তকৈ আৰামী চকী অধ্যয়নৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰিছিল। অধ্যয়ন ক্ষেত্ৰলৈ গৈ চৰজমীন পৰ্যবেক্ষন কৰাৰ বিপৰীতে মুখাৰ্জীয়ে পঢ়া কোঠাৰ আৰামী চকীত বহি সমালোচনা কৰাৰ পোষকতা কৰিছিল। তেওঁ প্ৰধানত ভাৰতীয় সংস্কৃতিৰ অনুপম সৃষ্টি সংগীত আৰু কলা তথা আধুনিকতাৰ লগত সংগতি ৰাখি ভাৰতীয় পৰম্পৰাক-আলোচনা কৰিছিল। কিন্তু এইখিনিতে আমি এটা কথা পাহৰি যোৱাটো সমীচীন নহ’ব যে বিদেশী দাৰ্শনিকসকলে অশেষবকষ্ট কৰিহে সমাজতত্ত্বক প্রতিষ্ঠা কৰিছিল। ৰবাৰ্ট ৰেডফিল্ডে Eural Urban Continum। আলোচনা কৰোতে পাঁচ খন ঠাইলৈ গৈছিল। চিকাগো বিশ্ববিদ্যালয়ৰ সমাজতত্বববিদ পাৰ্ক আৰু বার্জেছে চহৰ সন্দৰ্ভত (Concentric Zone Theory, হসাৰ হইটে Sector Theory আগবঢ়াওতেও অধ্যয়ন ক্ষেত্ৰলে গৈছিল। অৰ্থাৎ ক্ষেত্ৰভিত্তিক অধ্যয়নে সমাজতত্ত্বৰ আৰম্ভণি কিছু সোনকালে হয়তো কৰিলেহেতেন।

উপৰোক্ত পাঁচটা কাৰণৰ উপৰি আৰু অন্যান্য আনুষংগিক কাৰণৰ বাবে ভাৰতত সমাজতত্ত্বৰ আৰম্ভণি আৰু বিকাশ কিছু পলমকৈ হয় উদ্যোগীকৰণ আৰু : নগৰীকৰণত পিছপৰা, ভাৰতীয়সকলৰ দুৰ্বল অৰ্থনৈতিক অৱস্থা, যাতায়ত আৰু যোগাযোগ ব্যৱস্থাৰ অধোন্নতি, ভাৰতীয় সমাজৰ ৰক্ষণশীলতা আৰু গৌড়ামী ইত্যাদিবোৰকো ইয়াৰ বাবে দায়ী কৰিব পাৰি। আনহাতেদি ভাৰতীয় সমাজত খীষ্টান মিছনাৰীয়ে সেই সময়ত যথেষ্ট প্ৰভাৱ পেলাইছিল যদিও সমাজতত্ত্বৰ বিকাশত প্ৰত্যক্ষভাৱে কোনো অৰিহণা আগ নবঢ়ালে। তদুপৰি ১৯৪৭ চনৰ ভাৰতৰ স্বাধীনতা লাভকো এক কাৰণ হিচাপে দৰ্শাব পাৰি। যিহেতু বিংশ শতিকাৰ ৫০ দশকত সমাজতত্ত্বৰ প্ৰথম স্বতন্ত্ৰ বিভাগ খোলা হয় অৰ্থাৎ স্বাধীনতা প্ৰায়  ৪/৫ বছৰৰ পিছত। স্বাধীনতাৰ ঠিক ৩ বছৰ পিছত পৰিকল্পনা আয়োগ গঠন কৰা হয় যি আয়োগ ক্ষেত্ৰ ভিত্তিক অধ্যয়নৰ জ্ঞান থকা ব্যক্তিৰ অগ্ৰাধিকাৰ দিছিল। পৰিকল্পনা আয়োগ ‘আঁচনি মূল্যাংকন বোড’” গঠন কৰে যিয়ে সমাজতত্ত্ব আৰু নৃ-তত্ত্বৰ সৈতে জড়িত ব্যক্তিক সংস্থাপন দিছিল। স্বাধীনতাৰ ৪ বছৰ পিছত প্ৰণয়ন  কৰা প্রথম পঞ্চবাৰ্বিক পৰিকল্পনাৰ সময়ছোৱাত ১৯৫২ চনত অৰ্থাৎ স্বাধীনতাৰ ঠিক ৫ বছৰৰ পিছত ‘সমূহগত উন্নয়ন আঁচনি’ (CDP) ৰ শুভাৰম্ভ কৰা হয় য’ত আমেৰিকান গ্রাম্য সমাজতত্ব্বৰ প্রভাৱ স্পষ্টভাৱে বিৰাজমান। অৰ্থাৎ যদি ভাৰতৰ স্বাধীনতা আৰু আগত হ’লহেতেন তেন্তে নিশ্চয় সমাজতত্ত্বৰো বিকাশ আৰু অলপ আগৰ সময়ৰ পৰাই হ’লহেতেন।

গতিকে ওপৰৰ কাৰকসমূহৰ প্রভাৱত ভাৰতত সমাজতত্বৰ আৰম্ভণি আৰু বিকাশ বহু পলমকৈ হয়। বিষয়টি উৎপত্তি হোৱাৰ ৮০ বছৰৰ পিছত, প্ৰথম বিশ্ববিদ্যালয়ত পাঠদান হোৱাৰ (অৰ্থাৎ আমেৰিকাৰ য়ালে বিশ্ববিদ্যালয়ত প্ৰথম সমাজতত্ত্বৰ পাঠদান কৰা হৈছিল) ৪৩ বছৰৰ পিছত, ফ্ৰান্সত বিষয়টি সংস্থাপিত হোৱাৰ ৩০ বছৰৰ পিছত, জাপানত সংস্থাপিত হোৱা ২৬ বছৰৰ পিছত, ইংলেণ্ডত বিষয়টি সংস্থাপিত হোৱাৰ ১২ বছৰৰ পিছত, ভাৰতত ১৯১৯ চনত বস্বে বিশ্ববিদ্যালয়ত সমাজতত্ব সংস্থাপিত হয়।

৯। ইমাইল দুৰখেইম (Emile Durkheim)ৰ বিষয়ে চমু টোকা লিখা।

উত্তৰঃ বিশিষ্ট সমাজতত্ত্ববিদ ইমাইল দূৰখেইমে ১৮৫৮ চনত ফৰাচীত জন্ম গ্ৰহণ কৰে। তেখেতে ১৮৭৯ চনত সৰ্ব্বোচ্চ ইক’ল নৰ্মালত যোগদান কৰে। দূৰখেইমে ১৮৮২ চনলৈ এই পাঁচ বছৰ কালতে ভাল শিক্ষক হিচাপে প্ৰতিষ্ঠিত হয়। ১৮৮৭ চনত দূৰখেইমে বৰডিয়াক্স বিশ্ববিদ্যালয়ৰ দৰ্শন  বিভাগত যোগদান কৰে তাতেই তেওঁ অন্য বিষয়ৰ পৰা পৃথককৈ সমাজতত্ত্ব শিকাবলৈ আৰম্ভ কৰে। অৰ্থাৎ দুৰখেইমেই বৰডিয়াক্স বিশ্ববিদ্যালয়ৰ শৈক্ষিক পাঠ্যক্ৰমত সমাজতত্ব বিষয়টো অন্তৰ্ভুক্ত কৰে। ১৯০২ চনত পেৰিচৰ সৰবৰ্ণ বিশ্ববিদ্যালয়ত সমাজতত্ত্ব বিষয়ৰ অধ্যাপক হিচাপে নিযুক্ত হয়। জীৱনৰ মাত্ৰ ৫৪ টা বছৰতে তেওঁ সমাজতত্বলৈ বিশিষ্ট বৰঙণি আগবঢ়াই সমাজতত্বৰ প্রতিষ্ঠাপক বিশিষ্ট্য ব্যক্তিসকলৰ অন্যতম স্থান অধিকাৰ কৰে। দুৰখেইমৰ প্রকাশিত সমাজতত্ব বিষয়ক গ্ৰন্থসমূহৰ সৰল চিন্তাধাৰা সন্নিৱিষ্ট হৈছে। তেওঁৰ প্রকাশিত উল্লেখযোগ্য গ্ৰন্থসমূহ হ’ল –

(i ) De la Division du travail social (1893)

(ii) De regles de la method sociologique (1895)

(iii) De suiside (1897)

(iv) Des forums elementariness de le vie religieuse (1912)

ইয়াৰ উপৰি তেখেতৰ প্রকাশিত অন্য কেইখনমান গ্ৰন্থ হৈছে-

(a) Sociology and philosophy published by: Glencoe 12 free press.

(b) Moral Education: Study in the theory and application of the sociology of Education, NY Free press.

(c) Primitive classification, Chicago University press.

ইমাইল দুৰখেইমৰ ১৯১৭ চনৰ ১৫ নৱেম্বৰত মৃত্যু হয়৷ কিন্তু তেখেতৰ সমাজতত্ত্বীয় চিন্তা-চৰ্চাই তেখেতক সমাজতত্ত্বত অমৰ কৰি ৰাখিছে।

১০। মেক্স ৱেবাৰৰ ( max weber) ৰ বিষয়ে চমু টোকা লিখা।

উত্তৰঃ সমাজ দাৰ্শনিক সকলৰ ভিতৰত মেক্স ৱেবাৰৰ নামো প্রধানযোগ্য। তীক্ষ্ণ বুদ্ধি আৰু ব্যক্তিগত যোগ্যতাৰ তেওঁ এজন আগশাৰীৰ সমাজ দাৰ্শনিক ৰূপে খ্যাত হৈ পৰে। তেখেতৰ বুদ্ধিমত্তাৰ গুনতেই সমাজতত্ত্বৰ বাহিৰেও আইন , অৰ্থনীতি, দৰ্শন আৰু ইতিহাস আদি বিষয়তো গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰে। সমাজতত্ত্বত তেখেত (Interpretative sociology) নামৰ নতুন অৱধাৰণাটোৰ সংযোজন কৰাৰ ফলতেই সমাজতাত্বিক দৰ্শনত উল্লেখনীয় স্থান অধিকাৰ কৰিবলৈ সমৰ্থ হয়। এই গৰাকী মহান দাৰ্শনিকৰ জন্ম হৈছিল ১৮৬৪ চনৰ ২১ এপ্রিলত জাৰ্মানৰ আৰফুট থুৰাংগীয়া নামৰ ঠাইত। তেখেতৰ দেউতাক এজন প্রখ্যাত ৰাজনৈতিক নেতা তথা৷ আইনজ্ঞ আছিল। সেয়েহে সৰু অৱস্থাৰ পৰাই তেওঁৰ জীৱনৰ ৰাজনীতিৰ প্রভাৱ পৰিছিল। বিভিন্ন ৰাজনীতিবিদৰ লগতে তেখেতে বহুতো অৰ্থনীতিবিদৰ সান্নিধ্যলৈ আহিছিল। দেউতাকৰ উৎসাহত তেওঁ ১৮ বছৰ বয়সত হাইভেলবাৰ্গ বিশ্ববিদ্যালয়ত (Heidelberg University)  আইন শিক্ষা গ্ৰহণৰ কালতেই তেওঁ সামৰিক বাহিনীৰ কামত যোগ দিয়ে যদিও খুউব কম দিনৰ ভিতৰতে পুনৰ শিক্ষা আহৰণৰ বাবে বাৰ্লিন বিশ্ববিদ্যালয়ত (University of Berlin) ভৰ্তি হয়। ইয়াত তেখেতে আইনৰ লগতে অৰ্থনীতি বিষয়তো শিক্ষা গ্ৰহণ.কৰে। 

আইন বিষয়ত উপাধি প্রহণ কৰাৰ পাছতেই ৱেবাৰ ‘Roman Agregion History’ নামৰ এখন গ্ৰন্থ প্ৰকাশ কৰে। এই গ্ৰন্থখনেই তেখেতক এজন লেখক হিচাপে সমাজৰ লগত পৰিচয় কৰি দিয়ে। ইয়াৰ পাছতেই তেখেতে “ History of  commercial societies in the middle Ages”নামৰ গৱেষণা গ্ৰন্থখনৰ যোগেদি ডক্টৰেট (Ph. D) উপাধি লাভ কৰে। ১৮৮২ চনত । তেখেতে প্ৰকাশ কৰা আন এখন কিতাপে তেখেতক এজন ৰাজনৈতিক অৰ্থনীতিবিদ হিচাপে প্রতিষ্ঠিত কৰাত সহায় কৰে। 

১৯০০ চনৰ পৰা একেৰাহে চাৰি বছৰৰ বাবে ৱেবাৰে শাৰীৰিক অসুস্থতাত ভোগে। এই কালছোৱাতেই তেখেতৰ শৈক্ষিক উন্নয়নৰ গতি বাধাগ্ৰস্ত হয় যদিও তেখেতে অধ্যয়নৰ পৰা বিৰত থকা নাছিল।

১১। কাৰ্ল মার্ক্স ( Max Weber) ৰ সম্পৰ্কে চমু টোকা লিখা।

উত্তৰঃ উনৈশ শতিকাৰ বিখ্যাত সমাজ দাৰ্শনিকসকলৰ ভিতৰত  কাৰ্ল মাৰ্ক্সে অন্যতম। এই গৰাকী জাৰ্মান দাৰ্শনিক হল সাম্যবাদ (communism) ৰ প্রতিষ্ঠাপক। সাম্যবাদৰ প্ৰতিষ্ঠাপক মাৰ্ক্স প্রকৃততে সমাজতত্ববিদ নাছিল যদিও তেওঁৰ জীৱনৰ সকলো কাম মানৱ সমাজৰ উন্নয়নৰ হকে কৰাৰ বাবে নিঃসন্দেহে তেওঁক এজন সমাজ দাৰ্শনিক ৰূপে আখ্যা দিব পাৰি। এই গৰাকী মহান দাৰ্শনিকৰ জন্ম হৈছিল ১৮৮১ খ্ৰীষ্টাব্দৰ ৫ মে’ত জাৰ্মানীৰ এখন সৰু চহৰত মার্ক্সৰ দেউতাক আছিল এটা মধ্যবিত্ত ইহুদী পৰিয়ালৰ লোক। ১৮৩০ চনৰ পৰা ১৮৩৫ চনলৈকে তেওঁ নিজ চহৰ ট্রেভচ (Traves)ত স্কুলীয়া শিক্ষা গ্ৰহণ কৰে। ইয়াৰ পাছতেই (তেওঁ ক্ৰমে ব’ন (Bon) আৰু বাৰ্লিন (Barlin) বিশ্ববিদ্যালয়ত শিক্ষা গ্ৰহণ কৰিবলৈ আহে। ইয়াত তেওঁ আইনৰ বিষয়ে শিক্ষা গ্ৰহণ কৰে। কাৰ্ল মার্ক্স দৰ্শন আৰু ইতিহাস অধ্যয়নকাৰী আছিল। বাৰ্লিন বিশ্ববিদ্যালয়ত থকা কালতে মার্ক্স বিখ্যাত দাৰ্শনিক হেগেলৰ (Hegel) সংস্পৰ্শলৈ আহে। ১৮৩৮ চনত তেওঁৰ পিতৃ বিয়োগ হয়। ইয়াৰ পাছত ১৮৪১ চনত মার্ক্সে জেনা (jena) বিশ্ববিদ্যালয়ৰ পৰা “ Difference Between the philosophy Democrats and Epicurus” নামৰ গৱেষণা গ্ৰন্থৰ যোগেদি ডক্টৰেট উপাধি গ্ৰহণ কৰে।

বিশ্ববিদ্যালয়ৰ শিক্ষা সাং কৰাৰ পাছতেই কাৰ্ল মাৰ্ক্সে ব’ন বিশ্ববিদ্যালয়ত (University of Born ) অধ্যাপনা কৰাৰ ইচ্ছা কৰিছিল। কিন্তু চৰকাৰ তেওঁৰ সপক্ষে নথকাত তেওঁ সেই পদবীৰ পৰা বঞ্চিত হ’ল। তাৰ পাছৰ পৰাই মার্ক্সে সাংবাদিকতাৰ কাম আৰম্ভ কৰে ৷

মাৰ্ক্সে ১৮৪৬ চনত “ The German Ideology” লিখি উলিয়াই আৰু ১৯০৩ চনৰ পৰা ১৯৩২ চনৰ ভিতৰত কেইবাটাও খণ্ডত ইয়াৰ প্ৰকাশ হয়। মার্ক্সৰ বিখ্যাত ” ১৮৪৮ চনৰ ফেব্রুৱাৰী মাহত প্ৰকাশ হয়। ১৮৪৯ চনত মার্ক্সে পুনৰবাৰ প্রুচিয়া (Prussia) ত্যাগ কৰিবলগীয়া হয় আৰু তেওঁ ইংলেণ্ডলৈ ৰাওনা হয়। ১৮৫১ চনৰ পৰা ১৮৬২ চনলৈকে মার্ক্সে “ New York Daily Tribune ” ৰ নিয়মীয়া লেখক হয়। ১৮৬৭ চনৰ বিশ্ববিখ্যাত গ্ৰন্থ( The Capital ” ৰ প্রথম খণ্ড প্রকাশ কৰি উলিয়ায়। মার্ক্সৰ এই অতুলনীয় গ্ৰন্থ চাৰিটা খণ্ডত প্রকাশ পায়। অৱশ্যে ইয়াৰ প্ৰকাশৰ কাম মৃত্যুৰ পাছতহে শেষ হয়। এইবোৰৰ বাহিৰেও মার্ক্সে আৰু ভালেকেইটা লিখনি প্রকাশ কৰে। বিশ্ববাসীয়ে মার্ক্সক একাধাৰে ৰাজনীতিবিদ, অৰ্থনীতিবিদ, ইতিহাসবিদ, সমাজতত্ববিদ আৰু সাহিত্যিক ৰূপে স্বীকৃতি দিছে। তেখেত আছিল বস্তুবাদী দৰ্শনৰ প্ৰধান হোতা।

১২। কাৰ্ল মাৰ্ক্সৰ ঐতিহাসিক বস্তুবাদ ( Historical Materialism ) ৰ বিষয়ে আলোচনা কৰা।

উত্তৰঃ ঐতিহাসিক বস্তুবাদৰ যোগেদি কাৰ্ল মাৰ্ক্সে মানৱ জাতিৰ ইতিহাসৰ বিষয়ে বৈজ্ঞানিক ব্যাখ্যা দাঙি ধৰিছে। মাৰ্ক্সৰ মতে মানৱ জাতিৰ ইতিহাস মানেই শ্ৰেণী সংগ্ৰামৰ ইতিহাস। অৰ্থাৎ শাসক আৰু শাসিতসকলৰ মাজত হোৱা সংগ্ৰামৰ ফলতেই মানৱ জাতিৰ ৰচনা হৈছে। এই সন্দৰ্ভত এঞ্চেলচে মন্তব্য কৰিছে যে ডাৰউইনে জৈৱিক বিৱৰ্তনৰ সূত্ৰ আবিষ্কাৰ কৰাৰ দৰেমাৰ্ক্সেও ঐতিহাসিক ঘটনাৰ বস্তুবাদী দিশটোৰ ওপৰত নিৰ্ভৰ কৰি ইতিহাসক বৈজ্ঞানিক দৃষ্টিৰে অধ্যয়ন কৰিছে। মাৰ্ক্সে মানৱ সমাজৰ লগত ইতিহাসৰ যি সম্পৰ্ক স্থাপন কৰিব বিচাৰিছে তাকেই ঐতিহাসিকবস্তুবাদ বুলি উল্লেখ কৰা হৈছে।

ঐতিহাসিক ঘটনাবিলাক কিছুমান অতিমানৱীয় শক্তিৰে পৰিচালিত হয় বুলি মার্ক্সে বিশ্বাস কৰা নাছিল। তেওঁ পূৰ্বজসকলৰ দৰে ইতিহাসৰ ব্যাখ্যা ভৌগোলিক বা জনসাংখ্যিক দিশৰ পৰাও দিব বিচৰা নাছিল। মার্ক্সৰ মতে ইতিহাসৰ প্রতিটো ঘটনাই মানুহৰ কৰ্মৰাজিৰ লগত জড়িত আৰু ই অৰ্থনৈতিক দিশত প্রভাৱ বিস্তাৰ কৰে। মার্ক্সৰ কোনো শাসক বা বিশিষ্ট লোকৰ কাৰ্যক ইতিহাস বুলি নকৈ সাধাৰণ মানুহ কৰ্মৰ ফলাফলক ইতিহাস বুলি ক’ৰ খোজে। গতিকে মাৰ্ক্সীয় ইতিহাসৰ আলোচনাত এটা বস্তুতাত্বিক দিশ সন্নিৱিষ্ট হৈ আছে। সেয়ে তেওঁৰ অৱধাৰণাটিক ঐতিহাসিক বস্তুবাদ বুলি উল্লেখ কৰা হৈছে।

মার্ক্সৰ উপৰি উক্ত ইতিহাসৰ ব্যাখ্যামতে বস্তুতাত্বিক জগতত বেছি গুৰুত্ব দিয়া হৈছে। তেওঁৰ ইতিহাসৰ ব্যাখ্যাৰ বাবে কেইটামান উপাদানৰ কথা উল্লেখ কৰিছে।এই উপাদানকেইটা হ’ল-

(i) মানৱ সমাজ সৃষ্টি :- ইতিহাস ৰচনাৰ বাবে মানৱ সমাজৰ প্রয়োজন। মানুহ জীয়াই থাকিবলৈ অন্ন, বস্তু, বাসস্থান আদিৰ প্ৰয়োজন হয় আৰু এই প্রয়োজন পূৰাবলৈ উৎপাদন কৌশল ব্যৱহাৰ কৰা হয়। উৎপাদন কৌশলৰ উন্নয়নৰ লগে লগেই ইতিহাসৰো উন্নয়ন হয়। সেয়ে মানৱ ইতিহাসত সাধাৰণ মনুহ তিষ্টি থাকিব পৰাটোহে প্ৰয়োজনীয় দিশ।

(ii) সামাজিক আৰু ৰাজনৈতিক সংস্থাবিলাক উৎপাদনৰ লগত জড়িত :- মানুহৰ প্ৰয়োজনীয়তা পূৰাবলৈ বিভিন্ন উৎপাদন কৌশল প্ৰয়োগৰ লগে লগে সমাজৰ পৰিবৰ্তন হয়। পৰিবৰ্তনৰ লগত খাপ খাই খুৱাই চলিবৰ বাবে বিভিন্ন সামাজিক আৰু ৰাজনৈতিকসংস্থাৰ জন্ম হয়। গতিকে উৎপাদন ব্যৱস্থাৰ লগত সংস্থাৰ বিশেষ সম্বন্ধ আছে।

(iii) আদৰ্শবাদ আৰু ধৰ্মান্ধতাই ইতিহাসৰ বৈজ্ঞানিক ব্যাখ্যা দিব নোৱাৰে :- ইতিহাসৰ বৈজ্ঞানিক ব্যাখ্যা দিবৰ বাবে অর্থনৈতিক জীৱনৰ লগত উৎপাদন কৌশলৰ সম্বন্ধ বিচাৰ কৰা দৰকাৰ। ইতিহাস মানে সাধাৰণ জনগণে জীয়াই থাকিবৰ বাবে কৰা সংগ্রাম। গতিকে আদৰ্শবাদ বা ধৰ্মান্ধতা প্ৰকৃত ইতিহাস নহয়।

(iv) ইতিহাসৰ বিভিন্ন স্তৰ আছে :- ইতিহাসৰ বস্তুতাত্বিক দিশৰওপৰত নিৰ্ভৰ কৰি মানৱ ইতিহাসক কেইটামান স্তৰত ভাগ কৰা হৈছে। এই স্তৰসমূহ হ’ল –

(ক) আদিম স্তৰ :- মানুহে আদিম কালতে খাদ্য সংগ্ৰহৰ বাবে জীৱ-জন্তু চিকাৰ বা ফল-মূল সংগ্ৰহ কৰিছিল সেই অৱস্থাত উৎপাদনৰ আহিলা হিচাপে কোনো গোট বা সমাজে পৰিচালনা কৰিছিল। অৰ্থাৎ সেই সময়ত সাম্যবাদৰ প্ৰচলন আছিল। মাৰ্ক্সে সেই স্তৰকে আদিম স্তৰ (Primitive)বুলি অভিহিত কৰিছে।

(খ) দাসত্বৰ স্তৰ :- মানুহৰ অভাৱ বৃদ্ধিৰ লগে লগে নতুন উৎপাদন কৌশলৰ উদ্ভৱ হ’ল। ফলস্বৰূপে কৃষি ব্যৱস্থাৰ উদ্ভাৱন আৰু জীৱ-জন্তু পালনৰ ব্যৱস্থা প্রচলন হ’ল। কৃষি ক্ষেত্ৰ আৰু কৃষি কৰ্মৰ বাবে জীৱ জন্তু বিশেষ কিছুমান ব্যক্তিৰ হাতত থকাৰ বাবে বহুলোকে তেওঁলোকৰ অধীনত কাম কৰিব লগা হয়। কাজেই, দাস প্রথাৰ প্রচলন হ’ল। এই স্তৰকে মাৰ্ক্সে দাসত্ত্ব স্তৰ (Age of Slavery) বুলি উল্লেখ কৰিছে।

(গ) ভূমিপতি স্তৰ :- লাহে লাহে কৃষি ব্যৱস্থাৰ উন্নয়নৰ লগে লগে কৃষি ভূমিক সম্পত্তি হিচাপে গণ্য কৰা হল। যিবিলাক লোকৰ হাতত বৃহৎ বৃহৎ ভূমিখণ্ড আছিল তেওঁলোকৰ ভূমি পাতি বা সামন্ত বোলা হ’ল। বাকী লোকসকলে ভূমিপাতিৰ মাটিত কৃষিকৰ্ম কৰি তাৰে এটা অংশৰে জীৱন নিৰ্বাহ কৰিব লগা হ’ল। এই সময়ত সমাজত ভূমিপাতি আৰু ভূমিহীন এই দুটা শ্ৰেণীৰ সৃষ্টি হ’ল। এইটো স্তৰকে মার্ক্সে ভূমিপতি ( Feudalism ) স্তৰ বুলি কৈছে।

(ঘ) পুঁজিপতিৰ স্তৰ :- ক্ৰমে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উন্নয়নৰ লগে লগে উদ্যোগ ব্যৱস্থাই খোপনি পুতিলে। উদ্যোগৰ উন্নয়নৰ লগে লগে মূলধনৰ ( Capital ) ওপৰত গুৰুত্ব বাঢ়িল। গতিকে অধিক মূলধন থকা ব্যক্তিসকলে উৎপাদন ব্যবস্থা নিয়ন্ত্ৰণ কৰিবলৈ ধৰিলে। আন ব্যক্তিসকলে জীৱন নিৰ্বাহৰ বাবে নিজৰ শাৰীৰিক আৰু মানসিক পৰিশ্ৰম কৰিব লগা হ’ল। যিসকল লোকে এই উৎপাদন কৌশলৰ নিয়ন্তুণৰ সুবিধা পালে তেওঁলোকে নিজৰ লাভৰ বাবে উৎপাদন কৰিবলৈ ল’লে। এই সময়ত সমাজত বুৰ্জোৱা ( Bourgeoise ) আৰু প্ৰলিটেৰিয়েট ( Prolitalism ) নামৰ দুটা শ্ৰেণীৰ সৃষ্টি হল। এই স্তৰকে মার্ক্সে পুঁজিপতি ( Capitalism ) স্তৰ বুলি অভিহিত কৰিছে।

(ঙ) সমাজতত্ববাদী স্তৰ :- এইটো স্তৰত উৎপাদনৰ সকলো আহিলাই পুনৰ সমাজৰ হাতলৈ গতি কৰে। এনে ব্যৱস্থাত সকলো লোকেই নিজৰ সাধ্য অনুসৰি কাম আৰু অভাৱ পূৰণৰ সুবিধা পায়। এনে সময়ত কোনো শ্ৰেণী বৈষম্য নাথাকে আৰু ব্যক্তিসকল অৰ্থনৈতিকভাৱে সন্তুষ্ট হোৱা বাবে মানসিক চিন্তা-চৰ্চা উন্নত হয়। মার্ক্সে এই স্তৰকে সমাজবাদী ( Communism ) স্তৰ বুলি কৈছে।

১৩। সমাজতত্বৰ অধ্যয়নৰ ক্ষেত্ৰ নিৰূপণত দুৰখেইমৰ সমন্বয়াত্মক চিন্তাধাৰাৰ বিষয়ে লিখা।

উত্তৰঃ সমাজতত্বৰ অধ্যয়নৰ ক্ষেত্র নিৰূপণত দুৰখেইমে সমন্বয়াত্মক চিন্তাধাৰাৰ পোষকতা কৰিছে। সমন্বয়াত্মক চিন্তাধাৰাৰ মতে, সমাজতত্বই সকলো বিজ্ঞানৰ মাতৃ হিচাপে বিভিন্ন সামাজিক ঘটনাৰ বিষয়ে অধ্যয়ন আৰু সিদ্ধান্ত প্ৰকাশ কৰিব লাগে। এওঁলোকে সামাজিক ঘটনাবোৰৰ আন্তঃসম্বন্ধৰ ওপৰত গুৰুত্ব দিছে। ইমাইল দুৰখেইমৰ মতে, সমাজতত্বৰ অধ্যয়নৰ মূল বিষয়বস্তু হ’ল সামাজিক সংস্থা আৰু সামাজিক প্রক্ৰিয়া। সামাজিক প্ৰক্ৰিয়া আৰু সংস্থাৰ ভিন্নতা অনুযায়ী সমাজতত্বৰ অধ্যয়নৰ শাখা বিভিন্ন হ’ব লাগে। ইমাইল দুৰখেইমে বিষয়বস্তু অনুসৰি সমাজতত্বৰ অধ্যয়নক তিনিটা ভাগত ভাগ কৰিছে। এই কেইটা হ’ল – 

(i) সামাজিক সংগঠন তত্ব (Social Morphology).

(ii) সামাজিক শৰীৰ সংৰচনাতত্ব (Social sociology). 

(iii)সাধাৰণ সমাজতত্ব (General sociology).

দুৰখেইমৰ মতে সামাজিক সংগঠন তত্বই প্রাকৃতিক আৰু ভৌতিক পৰিৱেশৰ লগত সামাজিক জীৱনৰ বিভিন্ন অৱস্থা, সামাজিক সংগঠনৰ প্রকাশ আদিৰ বিষয়ে অধ্যয়ন কৰে। মানৱ সমাজ আৰু ইয়াৰ বিভিন্ন সংগঠনৰ ওপৰত ভৌগোলিক অৱস্থাৰ প্রভাৱ অপৰিসীম। ভৌগোলিক পৰিৱেশৰ প্রভাৱতেই ঘাইকৈ জনসংখ্যা, জনসংখ্যাৰ ঘনত্ব, প্ৰব্ৰজন আদি নিৰ্ভৰশীল। সমাজতত্বৰ প্রথমটো শাখাই অৰ্থাৎ সামাজিক সংগঠনতত্বই জনসংখ্যা সম্পৰ্কীয় বিষয়সমূহ আলোচনা কৰিব লাগে।

১৪। ক্ৰম বিভাজনৰ (Division of Labour) ক্ষেত্ৰত দুৰখেইমৰ মতামত কি?

উত্তৰঃ দুৰখেইমৰ শ্রমবিভাজনৰ ধাৰণা সমাজতত্বলৈ অন্যতম অধদান। তেওঁ শ্ৰমবিভাজনৰ জৰিয়তে, সামাজিক বিৱৰ্তন হৈছে বুলি উল্লেখ কৰিছে। তেওঁ শ্রমবিভাজন এই ধাৰণাটো ১৮৯৩চনত প্রকাশিত  Division of labour in society নামৰ বিখ্যাত গ্ৰন্থখনত ব্যাখ্যা কৰিছে। দুৰখেইমৰ মতে, শ্রম বিভাজন সমাজৰ নতুন কথা নহয়। সমাজত এই প্রক্ৰিয়াটোৰ প্রভাৱ প্রতিদিনে নতুনকৈ পৰিছে। তেওঁৰ মতে, শ্রমবিভাজন গতিশীল বাবেহে সামাজিক প্রগতি বা সামাজিক বিৱৰ্তন ঘটে জনসংখ্যা বৃদ্ধিৰ লগত শ্রমৰ পৰিমাণৰো সম্বন্ধ আছে। আকৌ জনসংখ্যা বৃদ্ধিৰ লগে লগে উৎপাদনৰ পৰিমাণো বৃদ্ধি হ’ব লাগে। দুৰখেইমৰ মতে, শ্ৰমবিভাজন প্ৰক্ৰিয়াটোৰ ওপৰতে সামাজিক বিৱৰ্তন গতি নিৰ্ভৰ, কৰে। তেওঁৰ মতে সমাজত যিমানেই শ্ৰমবিভাজন হয়, সামাজিক বিৱৰ্তনৰ গতিও সিমানেই খৰতকীয়া হয়।

শ্ৰমবিভাজনৰ ওপৰত দুৰখেইমে সমাজক দুটা ভাগত ভাগ কৰিছে। যেনে – 

(i) যান্ত্ৰিক সমাজ (Mechanical society). আৰু 

(ii) জৈৱিক সমাজ (Organic society)। 

যান্ত্ৰিক সমাজ হ’ল সৰল সহজ আদিম প্রকৃতিৰ সমাজ। যান্ত্ৰিক সমাজৰ ব্যক্তি সকলৰ মাজত যথেষ্ট সাদৃশ্য পৰিলক্ষিত হয়। এনে সাদৃশ্যতাৰ বৃত্তি, সামাজিক ৰীতি-নীতি, ভাষা, ধৰ্ম, পৰিয়াল পদ্ধতি, সামাজিক মূল্যবোধ আদিত পৰিলক্ষিত হয়।

১৫। ইমাইল দূৰখেইমৰ মতে সামাজিক তত্ত্ব ব্যাখ্যা কৰা।

উত্তৰঃ দূৰখেইমৰ মতে, সামাজিকতত্ত্ব ব্যক্তিগত কাৰ্যকলাপৰ আলোচনাৰ পৰিৱৰ্তে সামূহিক আচৰণ পদ্ধতিৰ আলোচনাৰ ওপৰতহে গুৰুত্ব দিব লাগে। তেওঁৰ মতে, ব্যক্তিগত আচৰণ বা কাৰ্যপ্ৰণালীৰ কেৱল পাৰ্থক্যই নাই, সাদৃশ্যতাও আছে। উদাহৰণ হিচাপে দূৰখেইমে উল্লেখ কৰিছে যে, আত্মহত্যা সামাজিক ক্ৰিয়া, যিহেতু ই ব্যক্তিগতভাৱে সংগঠিত হয় যদিও ইয়াৰ সামূহিক গুৰুত্ব অসীম। ইমাইল দূৰখেইমৰ মতে ব্যক্তিৰ যি কাৰ্যকলাপ , আচৰণ বা ঘটনা সামূহিক জীৱনৰ লগত সম্পর্ক থাকে। সেইবোৰকহে সামাজিক তত্ব বুলিব পাৰি। অৰ্থাৎ, কিছুমান কাৰ্য দেখাত ব্যক্তিগত’ যেন লাগিলেও ই সামূহিক কাৰ্যও হ’ব পাৰে। এনে দৃষ্টিভংগীৰেই ইমাইল দুৰখেইমে কাৰ্যক সামাজিক কাৰ্য বা সামূহিক কাৰ্য হিচাপেহে অভিহিত কৰিছে।

ইমাইল দুৰখেইমে সামাজিক তত্বৰ বিষয়ে আলোচনা কৰোঁতে দুটা প্রধান চৰিত্ৰৰ কথা প্রকাশ কৰিছে৷ এটা হৈছে বাহ্যিকতা (Exteriority) আৰু আনটো চৰিত্ৰ হৈছে বাধ্যতা (Correction) বাহ্যিকতা মানে হৈছে মানুহৰ আচৰণ, কাৰ্য বা ঘটনা লক্ষ্য কৰিব পৰা অৱস্থাটো। মানুহৰ আচৰণ বা ক্ৰিয়াকে আভ্যন্তৰীণ আৰু বাহ্যিক হিচাপে বিভক্ত কৰিব পাৰি। মানুহৰভভাৱ-চিন্তা, সুখ-দুখ বা হৰ্ষ বিষাদ আদি আবেগ. অনুভূতিবোৰ নিৰীক্ষণ কৰিব নোৱাৰি। এই নিৰীক্ষণ কৰিব নোৱাৰা বিষয়ৰ সত্যাসত্য বিচাৰ কৰাত বা প্ৰমাণ কৰাত জটিলতা আছে। কিন্তু কিছুমানঅৱস্থা, যেনে -ঐশ্বৰিক শক্তিৰ প্রতি আকৃষ্ট হৈ পূজা সেৱা কৰা, কোনো ব্যক্তিক সন্মান জনাবলৈ সেৱা বা নমস্কাৰ জনোৱা, আবেগ-অনুভূতি প্রকাশ কৰি হঁহা বা কন্দা আদি কাৰ্যবোৰআমি নিৰীক্ষণ কৰিব পাৰোঁ। এই নিৰীক্ষণ কৰিব পৰা কাৰ্যবোৰকে বাহ্যিক কাৰ্য হিচাপে অভিহিত কৰিব পাৰি। ইমাইল দুৰখেইমে সামাজিক তত্ববোৰক ‘বস্তুৰ দৰে বিবেচনা কৰাত গুৰুত্ব আৰোপ কৰিছে। নিৰীক্ষণীয় আৰু প্রমাণিক তত্বৰ ওপৰত প্রতিষ্ঠিত সকলোবোৰ ঘটনা, আচৰণ বা ক্ৰিয়া-প্ৰতিক্ৰিয়াকে দুৰখেইমে বস্তু বুলি অভিহিত কৰিছে। তেওঁৰ মতে বাহ্যিকভাৱে নিৰীক্ষণ আৰু প্রামাণিক তত্বৰ ওপৰত প্রতিষ্ঠিত ব্যক্তিৰ চিন্তা-চৰ্চা বা আৱেগ অনুভূতি, বিশ্বাস আদিকে ‘বস্তু’ হিচাপে পৰিগণিত কৰিব পৰা যায়।

১৬। মেক্স ৱেবাৰৰ মতে আমোলাসকলক দিব লগা কিছুমান সুবিধাৰ কথা উল্লেখ কৰা।

উত্তৰঃ (i) কৰ্মৰ প্ৰতি সাধুতা ( Sincerity towards job) :- কাৰ্য পৰিচালনাত আৰু কৰ্তব্য সাধু লোকসকলক যোগ্যতা অনুসৰি উচ্চ প্রস্থিতি দিব লাগে। তেনে কৰিলে বিষয়াসকলৰ কম তৎপৰতা বৃদ্ধি হ’ব আৰু প্ৰশাসন সুন্দৰ হ’ব। অসাধু লোকসকলক উচ্চ প্রস্থিতিত ৰাখিলে সুফল আশা কৰিব নোৱাৰি। সাধুতা আৰু কৰ্তব্যনিষ্ঠা আমোলাসকলৰ অবিচ্ছেদ্য অংগ।

(ii) সাধাৰণ জনসাধাৰণতকৈ উচ্চ প্ৰস্থিতি (Better status than the general public) :- আমোলাতাস্ত্ৰিক ব্যৱস্থাত বিষয়াসকলক উচ্চ প্ৰস্থিতি প্রদান কৰিব লাগে। তেনে কৰিলে কৰ্তৃত্বৰ ভিত্তিত বিষয়া সকলে প্রশাসন সু-পৰিচালনা কৰিব পাৰে লগতে আমোলাসকলৰ মানসিকতাও উচ্চ হয়।

(iii) নিযুক্তিত উচ্চ-নিন্ন সংস্তৰণ (Hierarchical order in Appointment) :- আমোলাতন্ত্ৰত নিযুক্তিৰ ক্ষেত্ৰত উচ্চ-নিম্ন সংস্তৰণ থকাটো বাঞ্চনীয়। যোগ্যতাৰ ভিত্তিত উচ্চ বিষয়াসকলক নিয়োগ কৰিব লাগে আৰু তেওঁলোকক নিম্ন প্রস্থিতিৰ কৰ্মচাৰীসকলক নিয়োগ কৰাৰ সুবিধা দিব লাগে।

(iv) পদোন্নতিৰ সুবিধা (Avenues for promotion) :- আমোলাতাস্তিক ব্যৱস্থাত পদোন্নতিৰ সুবিধা থাকিব লাগে। নিম্ন প্রস্থিতিৰ বিষয়াসকলক পদোন্নতিৰ জৰিয়তে উচ্চ-প্রস্থিতি প্রদান কৰিব লাগে। যোগ্যতা, জ্যেষ্ঠতা, সৰলতা আৰু উপযুক্ততাৰ ভিত্তিত এনে পদোন্নতি হ’ব লাগে। এই ব্যৱস্থাৰ ফলত বিষয়াসকলৰ কৰ্মপ্রেৰণা বৃদ্ধি হয়।

(v) ৰাজনৈতিক নিযুক্তি ( Political Appointment) :- আমোলাতন্ত্ৰত কিছুমান নিযুক্তি ৰাজনৈতিক বিবেচনাৰ দ্বাৰা হোৱাটো বাঞ্চনীয়। কেতিয়াবা আমোলাতন্ত্ৰত বিশেষ জ্ঞান নথকা ব্যক্তিকো উচ্চ প্রস্থিতিত থকা দেখা যায়। তেওঁলোকে অজ্ঞতাৰ বাবে কনিষ্ঠসকলৰ সহায় ল’ব লগা হয়। এই অৱস্থাই অযোগ্যতাকেই সূচায়। আমোলাতন্ত্ৰৰ বাবে ই উপযুক্ত নহয়।

(vi) সুৰক্ষী আৰু অৱসৰৰ পাছত সাহায্য ( Security of pressure and Retirement Benefits) :- আমোলা ব্যৱস্থাত বিষয়াসকলক সুৰক্ষা দিয়াৰ প্রয়োজন যিকোনো বিষয়াৰ প্রতি স্বাৰ্থত বাধা পৰাৰ বাবে কোনো লোক অসন্তুষ্ট হ’ব পাৰে। আকৌ ৰাজনৈতিক নেতাৰ সলনি হ’লেও কোনো লোকে অসন্তুষ্ট বিষয়াৰ ওপৰত শাস্তিৰ ব্যৱস্থা কৰিব পাৰে। তেনে ক্ষেত্ৰত বিষয়াক সুৰক্ষা দিয়াৰ ব্যৱস্থা থাকিব লাগে।

১৭। মেক্স ৱেবাৰৰ আদৰর্শৰূপৰ ( Ideal type ) বৈশিষ্ট্য কেইটাৰ বিষয়ে লিখা।

উত্তৰঃ (i) আদৰ্শৰূপৰ বিষয় ভিত্তিক ( Ideal types ever subjective) :- সদায় আদৰ্শৰূপ কোনো এটা বিষয়ৰ লগত জড়িত। ই প্রকৃতিৰ নীতিৰ দৰে নিৰ্দিষ্ট নহয়। মানুহৰ আশা, আকাংক্ষা, ইচ্ছা, মনোভাৱ আদি নির্ভৰ কৰে কিছুমান বিশেষ পৰিস্থিতিৰ ওপৰত। প্রত্যেক মানুহৰ চিন্তা-চচচা, বুদ্ধি, জ্ঞান একে নহয়। ইয়াৰ প্রভাৱ আদৰ্শৰূপত পৰে। গতিকে আদৰ্শ ৰূপ বিশ্বজনীন নহৈ, বিষয়ৰ লগত মিল খোৱা ব্যক্তিবিশেষৰ একোটা ধাৰণাহে মাথোন। 

(ii) আদৰ্শৰূপ আবেগিক ধাৰণা ( Ideal types are Emotions) :- প্রাকৃতিক বিজ্ঞানৰ নিৰ্দিষ্টি সিদ্ধান্ত, যেনে মাধ্যাকৰ্ষণ শক্তি, গতিসূত্ৰ আদিৰ দৰে আদৰ্শৰূপৰ এটা নিৰ্দিষ্ট নীতি নাই৷ তদুপৰি ই বিশ্বজনীনো নহয়। গতিকে ব্যক্তিয়ে প্ৰয়োজনীয় মতেই আদৰ্শৰূপৰ কল্পনা কৰি ল’ব পাৰে, যেনে চিকটা মানুহ, ধৰ্মান্ধ ব্যক্তি আদি। এইবোৰৰ নিৰ্দিষ্ট কোনো জোখ-পৰিসীমা নাই। ব্যক্তিয়ে ইচ্ছা কৰিলেই এনে ধাৰণা কৰিব ল’ব পাৰে। সেয়ে আদৰ্শ ৰূপ মানুহৰ আৱেগ-অনুভূতিৰ দ্বাৰাও পৰিচালিত হয়।

(iii) আদৰ্শৰূপ পৰিৱৰ্তনশীল ( Ideal types are changeables ) :- পূৰ্বতেই উল্লেখ কৰা হৈছে যে আদৰ্শৰূপ এটা মানসিক ধাৰণাহে। গতিকে সময়, ঠাই আৰু পৰিস্থিতি বিশেষে আদৰ্শ ৰূপৰ ধাৰণা সলনি হ’ব পাৰে৷ এসময়ত ভাৰতৰ যুটীয়া পৰিয়াল পদ্ধতিকেই আদৰ্শ পৰিয়াল পদ্ধতি হিচাপে গণ্য কৰা হৈছিল। অৰ্থাৎ সময়ৰ পৰিৱৰ্তনৰ লগে লগে আদৰ্শ ৰূপৰ পৰিৱৰ্তন অৱশ্যস্ভাৱী।

১৮। মেক্স বেবাৰৰ মতে আমোলাতন্ত্ৰৰ ( Bureaucracy) বৈশিষ্ট্য সমূহ উল্লেখ কৰা।

উত্তৰঃ মেক্সৱেবাৰৰ মতে আমোলাতন্ত্ৰৰ বৈশিষ্ট্যসমূহ হ’ল-

(i) আইনগতভাৱে শ্ৰম আৰু কৰ্তৃত্বৰ বিভাজন ( Division of labour and authority of law ) :- যিকোনো এটা প্ৰশাসন সুচাৰুৰূপে চলিবৰ বাবে বহুতো ব্যক্তিৰ ওপৰত ভাৰ দিব লগা হয়। ব্যক্তিসকলৰ ওপৰত ন্যস্ত কৰা ক্ষমতা আইনসংগত হ’ব লাগিব। ক্ষমতা লাভ কৰা ব্যক্তিসকলেও ক্ষমতাৰ সদস্য ব্যৱহাৰকৰিব লাগিব আৰু তেওঁলোকে নিৰ্দিষ্ট সীমা চেৰাই যাব নোৱাৰিব।

(ii) উচ্চ-নিম্নভাবে সংস্তৰণ (Hierarchical order) :- আমোলাতন্ত্ৰত নিয়োজিত হৈ থকা ব্যক্তিসকলক উচ্চ নিন্নভাৱে সংস্তৰিত কৰা হয়। কোনো ব্যক্তিক একেবাৰে উচ্চ স্থান দিয়া হয়। তাৰ পাছতেই আন ব্যক্তিক স্থান দিয়া হয়। কিছুমান ব্যক্তিৰ স্থান সৰ্বনিম্নত থাকে।

(iii) লিখিত নথি-পত্ৰ (Written Documents) :- আমোলাতান্ত্রিক ব্যৱস্থাত কাৰ্যালয়ৰ সকলো কাম-কাজ লিখিত নথি-পত্ৰৰ দ্বাৰা কৰা হয়। প্ৰয়োজনবোধে বেলেগ বেলেগ ফাইল (File ) তৈয়াৰ কৰি তাৰ জৰিয়তে কাম কৰা হয়।

(iv) কৰ্মত বিশেষীকৰণ (Specialisation in work ) :- আমোলাতন্ত্ৰৰ বিভিন্ন বিষয়াসকলক বেলেগ বেলেগ কৰ্মত নিয়োগ কৰা হয়। বেলেগ বেলেগ ব্যক্তিয়ে সুকীয়া সুকীয়া প্ৰশাসন পৰিচালনা কৰাৰ বাবে প্রশাসন বেছি সুবিধাজনক হৈ পৰে। একোজন ব্যক্তিয়ে বিশেষ এটা কামহে কৰিব লগা হোৱাৰ বাবে তেওঁৰ কাম ক্ষিপ্ৰ আৰু নিপুণ হোৱা সম্ভৱ। 

(v) আইন আৰু সুবিধাসন্মত প্ৰশাসন ( Administration according to laws and constitution) :- আমোলাতন্ত্ৰত প্ৰশাসন ব্যৱস্থাটো নীতি আৰু আইনেৰে পৰিচালিত হয়। প্ৰশাসনত জড়িত সকলো ব্যক্তিয়ে নীতি-নিয়ম আৰু আইনৰ বিষয়ে অৱগত হ’ব ল্মগিব। বিষয়াসকলে এই আইনসমূহ পুংখানুপুংখৰূপে নাজানিলে প্ৰশাসন চলোৱাত অসুবিধা হৈ পৰে।

১৯। কাৰ্ল মার্ক্সৰ শ্ৰেণী সংগ্ৰামৰ বিষয়ে আলোচনা কৰা।

উত্তৰঃ কাৰ্ল মার্ক্সৰ মতে, শ্ৰেণী সচেতনতাই শ্ৰেণী সংঘৰ্ষৰ মূল উৎস আৰু এই শ্ৰেণী সচেতনতাৰ আধাৰ হ’ল আৰ্থিক স্বাৰ্থ ৷ বিভিন্ন গোট বা শ্ৰেণীৰ লোকে তেওঁলোকৰ নিজস্ব আৰ্থিক অৱস্থাৰ কথা উপলব্ধি কৰাৰ বাবেই শ্ৰেণী সচেতনতাৰ উদ্ভৱ হয়। শ্ৰেণী: সচেতনতাৰ পৰিপ্ৰেক্ষিতত শোষক শ্ৰেণী সমূহে শোষিত শ্রেণীৰ লগত পৰম্পৰাগতভাৱে চলি অহা উৎপাদন সম্পৰ্ক জীয়াই-ৰাখিব বিচাৰে। কাৰণ, তেতিয়াহে তেওঁলোকৰ আৰ্থিক স্বাৰ্থ সুৰক্ষিত হৈ থাকিব। আনহাতে, শোষিত শ্রেণী সমূহে পৰম্পৰাগতভাৱে চলি অহা উৎপাদন সম্পৰ্কৰ পৰিৱৰ্তে নতুন সম্পৰ্ক গঢ়ি তুলিবলৈ বিচাৰে। ইয়াকে হৈ নুঠাৰ বাবে শ্রেণী সংগ্ৰামৰ সূত্ৰপাত হয়।

মার্ক্সৰ মতে, সমগ্ৰ ইতিহাসেই শ্রেণী সংগ্ৰামেৰে পৰিপূৰ্ণ৷ সামাজিক শ্ৰেণীৰ অস্তিত্ব বিশ্বৰ সকলো মানৱ সমাজতেই দেখিবলৈ পোৱা যায় আৰু একে ধৰণেৰেই শ্ৰেণীবোৰৰ মাজত অবিৰাম সংগ্ৰাম চলি থাকে। উদাহৰণস্বৰূপে, দাস প্ৰথাৰ প্ৰচলন থকা গ্ৰীচৰ ৰাষ্ট্ৰ সমূহ দাস বিদ্ৰোহীৰ হুংকাৰত কঁপি উঠিছিল, সামন্ত তান্ত্ৰিকতাৰ আমোলত কৃষক গণ-অভ্যুত্থান ঘটিছিল, জাৰ্মানী আৰু চীনত কৃষক যুদ্ধৰ সূত্ৰপাত হৈছিল। সেইদৰে উনবিংশ শতিকাৰ আৰম্ভণিৰ পৰা বৰ্তমানলৈকে পুঁজিবাদী দেশবোৰত সৰ্বহাৰাৰ মুক্তিৰ কাৰণে শ্রেণী সংগ্ৰাম ব্যাপক ৰূপত চলি আহিছে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top