Indian Society: Images and Realities Unit 1 Ideas of India: Civilization Colony, Nation and Society

Indian Society: Images and Realities Unit 1 Ideas of India: Civilization Colony, Nation and Society, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Indian Society: Images and Realities Unit 1 Ideas of India: Civilization Colony, Nation and Society Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Indian Society: Images and Realities Unit 1 Ideas of India: Civilization Colony, Nation and Society Question Answer can be of great value to excel in the examination.

Indian Society: Images and Realities Unit 1 Ideas of India: Civilization Colony, Nation and Society

Join Telegram channel

Indian Society: Images and Realities Unit 1 Ideas of India: Civilization Colony, Nation and Society Notes cover all the exercise questions in UGC Syllabus. Indian Society: Images and Realities Unit 1 Ideas of India: Civilization Colony, Nation and Society provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

আলিগড় আন্দোলনৰ কেইটিমান বৈশিষ্ট্য:

(১) চাৰ চৈয়দ আহমদ খানৰ সাম্প্ৰদায়িক কাৰ্যকলাপ ব্ৰিটিছৰ প্রভাৱ নীতিৰ ফলতহে গা কৰি উঠে। তেওঁ ব্ৰিটিছ বিৰোধী আন্দোলনৰ অংশীদাৰ হোৱাতকৈ মুছলমানসকলৰ স্বাৰ্থত ব্ৰিটিছ নীতিৰ লগত তাল মিলাই চলিবলৈহে বিচাৰিছিল।

(২) এই আন্দোলনৰ লগত সাধাৰণ দুখীয়া আৰু পিছপৰি থকা মুছলমান লোকসকলৰ কোনো সম্পৰ্ক নাছিল৷ উত্তৰ প্ৰদেশৰ কিছু সংখ্যক জমিদাৰ, উচ্চবিত্ত মানুহ আৰু চাকৰিজীৱি লোকৰ স্বাৰ্থই সামাজিক ভিত্তি আছিল।

(৩) ব্ৰিটিছ চৰকাৰে আলিগড় আন্দোলনক ভাৰতীয় জাতীয় কংগ্ৰেছৰ বিকল্প হিচাপে ঠিয় কৰোৱা নাছিল। কিন্তু ওৱাহাবী আৰু ফৰাচী আন্দোলনৰ সময়ত দেখা দিয়া ধৰ্ম উন্মাদনা আৰু হিংসাৰ ভয় ব্ৰিটিছ চৰকাৰে পাহৰা নাছিল।গতিকে আলিগড় আন্দোলনৰ পৃষ্ঠপোষকতা ব্ৰিটিছ সাম্ৰাজ্যবাদী স্বাৰ্থৰ বাবে প্রয়োজনীয় হৈ পৰে।

76. ভাৰতৰ স্বাধীনতা আন্দোলনত অসহযোগ আন্দোলনৰ ভূমিকা আলোচনা কৰা। 

উত্তৰঃ ১৮৫৫ চনত গঠন হোৱা ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধীনত ভাৰতবাসীয়ে ‘বিভিন্ন সমস্যাবিলাকৰ সমাধানকল্পে ব্ৰিটিছ চৰকাৰক অধিক ধৈৰ্য আৰু শান্তিপূৰ্ণ উপায়েৰেই হেঁচা প্ৰয়োগ কৰি আহিছিল। ভাৰতবাসীয়ে আশা কৰিছিল ইংৰাজ শাসকবৰ্গই এওঁলোকৰ সমস্যাবিলাকৰ ওপৰত উচিত ব্যৱস্থা গ্ৰহণ কৰিব; কিন্তু ১৯০৫ চনৰ পাছৰ পৰা কংগ্ৰেছৰ ভালেসংখ্যক নেতাই এই ধাৰণা অমূলক বুলি বিবেচনা কৰিবলৈ ধৰিলে। ফলত কংগ্ৰেছৰ মাজত ফাট মেলিল- নৰমপন্থী আৰু চৰমপন্থী গোট ৷ এই চৰমপন্থী গোটটোৰ হেঁচাত কংগ্ৰেছে স্বৰাজৰ দাবী মানি ল’বলৈ বাধ্য হ’ল আৰু লগে লগে ভাৰতীয় জাতীয় আন্দোলনটোৰ চৰিত্ৰৰ সলনি হ’বলৈ আৰম্ভ কৰিলে। এনে সময়তে গোখলেৰ প্ৰচেষ্টাত ১৯১৫ চনৰ জানুৱাৰী মাহত মহাত্মা গান্ধী দক্ষিণ আফ্ৰিকাৰৰ পৰা ভাৰতত উপস্থিত হ’ল। তেওঁ ভাৰতত উপস্থিত হোৱাৰ সময়ত প্রথম মহাযুদ্ধ চলি আছিল আৰু ভাৰতক যুদ্ধত লিপ্ত হোৱা দেশ হিচাপে ঘোষণা কৰা হৈছিল। 

সেই সময়ত গান্ধীজীয়ে ব্ৰিটিছৰ এজন বিশ্বাসী লোক হিচাপে কাম কৰি গৈছিল। তেওঁ নিজেই ব্ৰিটিছ শাসনৰ প্রতি থকা তেওঁৰ আনুগত্যৰ কথা গৌৰৱেৰে প্ৰকাশ কৰিছিল। যুদ্ধৰ সময়ছোৱাত তেওঁ ব্ৰিটিছক বিভিন্ন প্ৰকাৰে সহায় কৰিছিল। এনেদৰে সহযোগিতা আগবঢ়োৱাৰ বাবে তেওঁক ব্ৰিটিছ চৰকাৰে সন্মানিতও কৰিছিল; কিন্তু এই সময়ছোৱাৰ ভিতৰত ব্ৰিটিছ চৰকাৰে ভাৰতবাসীৰ ওপৰত লোৱা কিছুমান অমানুষিক ব্যৱস্থাৱলীয়ে মহাত্মা গান্ধীক ব্ৰিটিছ চৰকাৰৰ প্রতি তেওঁৰ মনোভাৱ সলনি কৰিবলৈ বাধ্য কৰিলে। তলত ব্ৰিটিছ চৰকাৰে লোৱা কেইটামান উল্লেখযোগ্য ব্যৱস্থাৰ বিষয়ে বৰ্ণনা কৰা হৈছে।

ৰাওলাট আইন (Rowlatt Act): ভাৰতত আৰম্ভ হোৱা আন্দোলনবিলাকৰ আঁৰত চলি থকা অসামাজিক আৰু হিংসাত্মক কাৰ্যবিলাকৰ মোকাবিলা কৰাৰ অৰ্থে ব্ৰিটিছ চৰকাৰে ৰাওলাটৰ নেতৃত্বত ১৯১৭ চনৰ ১০ ডিচেম্বৰত এখন অনুসন্ধান আয়োগ গঠন কৰি দিছিল। এই আয়োগৰ প্রতিবেদনৰ ভিত্তিত ব্ৰিটিছ আইনসভাত এখন বিল উত্থাপন কৰা হৈছিল আৰু ১৯১৯ চনৰ ১৭ মাৰ্চ তাৰিখে এই বিলখন পাচ কৰিছিল। এই আইনৰ জৰিয়তে ব্ৰিটিছ আমোলাসকলক আইন শৃংখলা অটুত ৰাখিবৰ বাবে বিনা বিচাৰে তেওঁলোকে বিচৰা সময়লৈকে কাৰাগাৰত ৰখাৰ ব্যৱস্থা কৰা হৈছিল। ব্ৰিটিছ আইনসভাত ভাৰতীয় সদস্যসকলে এই বিলৰ তীব্র প্ৰতিবাদ কৰিছিল যদিও তেওঁলোকৰ দাবী নৰজিল। মহাত্মা গান্ধীয়ে এই বিল পাচ কৰিলে আন্দোলন কৰিব বুলিও সকীয়াই দিছিল আৰু তেওঁ জনসাধাৰণৰ সত্য আৰু অহিংসা পদ্ধতিৰে এই আইন অমান্য কৰিবলৈ উপদেশ দিছিল। কিন্তু ব্ৰিটিছ চৰকাৰে এইবিলাকৰ প্রতি কৰ্ণপাত নকৰিলে। ফলত ভাৰতৰ বিভিন্ন ঠাইত সৰু-সুৰা হিংসাত্মক ঘটনাও ঘটিল। চৰকাৰে আইন-শৃংখলা পৰিস্থিতি চম্ভালিবৰ বাবে নানা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ ল’লে। গান্ধীজীক কিছুমান অঞ্চলত বিশেষকৈ দিল্লী আৰু পঞ্জাৱত প্রৱেশ কৰাত বাধা আৰোপ কৰিলে আৰু পাছত তেওঁক বন্দী কৰা হ’ল। গান্ধীজীক আটক কৰাৰ খবৰ বিয়পি পৰাৰলগে লগে আন্দোলন আৰু তীব্ৰতৰ হ’বলৈ আৰম্ভ কৰিলে। চৰকাৰেও আন্দোলন দমন কৰিবলৈ কঠোৰতম ব্যৱস্থা ল’বলৈ আৰম্ভ কৰিলে। চৰকাৰৰ এনে কঠোৰ দমনমূলক ব্যৱস্থাই মহাত্মা গান্ধী আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ ব্ৰিটিছ চৰকাৰৰ প্রতি মনোভাৱ সলনি কৰি তুলিলে।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

উল্লেখযোগ্য যে ৰাওলাটৰ অনুমোদনৰ ওপৰত দুখন বিল উত্থাপন কৰা হৈছিল যদিও এখন চৰকাৰে পৰিত্যাগ কৰিলে আৰু আনখন পাচ হৈছিল যদিও কামত প্রয়োগ কৰা নহ’ল। কিন্তু তথাপিও এইটো ক’ব পৰা যায় যে ভালেমান শোকাৱহ ঘটনাৱলীৰ সৃষ্টি কৰা আৰু জাতীয় কংগ্ৰেছে ব্রিটিছ চৰকাৰৰ প্রতি মনোভাব সলনি কৰি বৈপ্লৱিক কাৰ্যসূচী গ্ৰহণ কৰাত এই বিলকেইখনে বিশেষভাৱে অৰিহণা যোগাইছিল।

জালিবানবালাবাগৰ হত্যাকাণ্ড: জালিৱানৱালাবাগ হত্যাকাণ্ডৰ লগত ৰাওলাট বিলৰ পোনপটীয়া সম্বন্ধ থকা বুলি ক’ব পৰা যায়; কাৰণ ৰাওলাটৰ বিৰুদ্ধে যেতিয়া ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত প্ৰতিবাদৰ ঢৌ উঠিছিল, পঞ্জাৱত এই আন্দোলনে হিংসাত্মক ৰূপ লৈছিল। পঞ্জাৱৰ আন্দোলন দমন কৰাৰ অৰ্থে চৰকাৰে বিভিন্ন ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছিল। এই ব্যৱস্থাৱলীৰ ভিতৰত জনপ্ৰিয় নেতাসকলক জনসাধাৰণৰ পৰা আঁতৰাই ৰখা ব্যৱস্থা আছিল অন্যতম। এই সন্দৰ্ভত -১৯১৯ চনৰ ৯ এপ্ৰিল তাৰিখে মহাত্মা গান্ধীক আটক কৰি ৰখা হ’ল। ড’ সত্যপাল আৰু কিটচলু নামৰ দুজন জনপ্ৰিয় নেতাক ১০ এপ্ৰিল তাৰিখে কোনো অজ্ঞাত স্থানলৈ প্ৰেৰণ কৰা হ’ল। চৰকাৰৰ এনেবিলাক ব্যৱস্থাৱলীয়ে পঞ্জাৱৰ জনসাধাৰণক অধিক ক্ষুব্ধ  কৰি তুলিলে আৰু ইয়াৰ প্রতিবাদ জনাবলৈ এক বিৰাট শৌভাযাত্ৰাৰ আয়োজন কৰিলে। ফলত পঞ্জাৱৰ আইন-শৃংখলা পৰিস্থিতিটো এক জটিল ৰূপ ল’লে। চৰকাৰে এই আন্দোলন দমন কৰিবলৈ সৈন্যবাহিনীক তলব কৰিলে আৰু অমৃতসৰ নগৰৰ প্ৰশাসনিক দায়িত্ব সৈন্যবাহিনীৰ হাতত অৰ্পণ কৰিলে। সেন্যবাহিনীৰ জলন্ধৰ গেটিৰ সেনাধ্যক্ষ ডায়াৰক অমৃতসৰলৈ বদলি কঁৰা হ’ল। উল্লেখযোগ্য যে ১৯১৯ চনৰ ১৩ এপ্ৰিল তাৰিখে পঞ্জাবৰ জনসাধাৰণে পুলিচৰ গুলীচালনা আৰু তেওঁলোকৰ নেতাসকলক অজ্ঞাত স্থানলৈ প্ৰেৰণ কৰাৰ প্ৰতিবাদ জনাবলৈ অমৃতসৰৰ জালিৱানৱালৱাগত সমবেত হোৱাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছিল। জেনেৰেল ডায়াৰে ১২ এপ্রিল তাৰিখে অমৃতসৰত কাৰ্যভাৰ গ্রহণ কৰিলেহি। ডায়াৰে এই সমাৱেশক নিষিদ্ধ ঘোষণা কৰিলেও পঞ্জাৱৰ বিভিন্ন প্ৰান্তৰ পৰা হাজাৰ হাজাৰ লোক আহি নিৰ্দিষ্ট ঠাইত উপস্থিত হ’লহি আৰু শান্তিপূৰ্ণ পৰিবেশত সমাবেশৰ কাৰ্যসূচী আৰম্ভ হ’ল। জেনেৰেল ডায়াৰ সৈন্যবাহিনীৰ সৈতে সেই ঠাইত উপস্থিত হ’ল আৰু কোনো ধৰণৰ সাৱধান বাণী ঘোষণা নকৰাকৈয়ে খাৰ-বাৰুদ শেষ নোহোৱা পৰ্যন্ত গুলী চলাবলৈ ধৰিলে। চৰকাৰী ৰিপ’ৰ্ট অনুসৰি এই গুলী চালনাত ৩৭৯ জনে প্ৰাণ হেৰুৱালে আৰু ১১৩৭ জন আঘাতপ্ৰাপ্ত হ’ল। কিন্তু বেচৰকাৰী বাতৰি মতে এই সংখ্যা অত্যাধিক কাৰণ দহ মিনিট সময় একেৰাহে গুলীবৰ্ষণ কাৰ্য চলি আছিল।

চৰকাৰৰ এনে অমানুষিক কাৰ্যই মহাত্মা গান্ধী তথা কংগ্ৰেছ চৰকাৰৰ প্ৰতি বিদ্ৰোহাত্মক কৰি তুলিছিল।

হাণ্টাৰ আয়োগৰ প্ৰতিবেদন (The Hunter Report): পঞ্জাবৰ অমৃতসৰত ঘটা শোকাৱহ ঘটনাৱলীৰ বিষয়ে যাতে ভাৰতৰ অন্যান্য ঠাইৰ মানুহে জানিবলৈ নাপায় তাৰ বাবে চৰকাৰে বাতৰি পৰিবেশনত বাধা আৰোপ কৰিছিল; কিন্তু চৰকাৰে এই ঘটনাৱলী ঢাকি ৰাখিবলৈ সক্ষম নহ’ল। ৰবীন্দ্ৰনাথ ঠাকুৰে গৱৰ্ণৰ জেনেৰেলৰ ওচৰত প্ৰতিবাদ জনালে ৷ সংকৰণ নায়াৰে ভাইচৰয় কাৰ্যনিৰ্বাহক পৰিষদৰ পৰা সদস্য পদ ইস্তাফা দিলে। ভাৰতীয়সকলৰ প্ৰতিবাদৰ হেঁচাই চৰকাৰী মহলত তল- ওপৰ লগালে৷ শেষত ছমাহ মানৰ পাছত ১৯১৯ চনৰ অক্টোবৰ মাহত চৰকাৰে হাণ্টাৰ আয়োগ গঠন কৰিবলৈ বাধ্য হ’ল। পাঁচ মাহৰ পাছত ১৯২০ চনৰ মাৰ্চত এই আয়োগে চৰকাৰৰ ওচৰত প্ৰতিবেদন দাখিল কৰিলে ৷ 

আয়োগৰ প্ৰতিবেদনৰ পৰা এইটো স্পষ্ট হৈ পৰিছিল যে এই আয়োগখন কেৱল ভাৰতীয়সকলক ভুৱা দিবৰ বাবেহে গঠন কৰা হৈছিল; কাৰণ প্ৰতিবেদনত ঘটনাৰ নায়ক ডায়াৰক কোনো ধৰণে দোষী সাব্যস্ত কৰা নহ’ল। তেওঁক কেৱল বিচাৰত ভুল হোৱা বুলি কোৱা হ’ল আৰু শাস্তি হিচাপে কামৰ পৰাহে মাথোন বৰ্খাস্ত কৰা হ’ল; কিন্তু ব্ৰিটিছ লৰ্ড সভাত তেওঁক ব্ৰিটিছ সাম্ৰাজ্যৰ বীৰ আখ্যাহে দিয়া হ’ল আৰু উপহাৰস্বৰূপে এখন তৰোৱাল আৰু দুহাজাৰ পাউণ্ড ধনহে দিয়া হ’ল। 

ভাৰতীয় জাতীয় কংগ্ৰেছে হাণ্টাৰ আয়োগৰ প্ৰতিবেদন প্ৰত্যাখ্যান কৰিলে আৰু নিজাববীয়াকৈ এখন তদন্ত কমিটী গঠন কৰিলে। এই কমিটীৰ প্ৰতিবেদনত অসংখ্য লোক নিহত আৰু আঘাতপ্রাপ্ত হোৱাটো প্রকাশ পালে আৰু এই নৃশংস মৃত্যুকাণ্ডৰ বাবে জেনেৰেল ডায়াৰক অভিযুক্ত কৰিছিল। এই তদন্ত কমিটীৰ এজন সদস্য হিচাপে মহাত্মা গান্ধীয়ে নিহত আৰু আহতসকলৰ বাবে উপযুক্ত পৰিমাণৰ ক্ষতিপূৰণ আৰু দোষীসকলক শাস্তি বিহিবলৈ দাবী কৰিছিল। কিন্তু চৰকাৰে এই দাবীৰ প্রতি কোনো ধৰণৰ সহানুভূতি নেদেখুৱালে।  চৰকাৰৰ এনে মনোভাবে মহাত্মা গান্ধীক অসহযোগ আন্দোলনৰ নেতৃত্ব দিবলৈ বাধ্য কৰিলে।

খিলাফত আন্দোলন (The Khilafat Movement): খিলাফত আন্দোলনেও মহাত্মা গান্ধী আৰু জাতীয় কংগ্ৰেছক ব্ৰিটিছ চৰকাৰৰ প্ৰতি বিৰূপ মনোভাৱ লোৱাত সহায় কৰিছিল।

ভাৰতবৰ্ষৰ মুছলমানসকলে তুৰ্কীৰ চুলতানক তেওঁলোকৰ ধৰ্মীয় প্রধান বা খিলাফত বুলি গণ্য কৰি আহিছিল; কিন্তু তুৰ্কী যেতিয়া প্ৰথম মহাযুদ্ধত মিত্ৰ পক্ষৰ বিৰুদ্ধে যুদ্ধত লিপ্ত হ’ল তেতিয়া ভাৰতৰ মুছলমানসকল এক দোধোৰ-মোধোৰ অৱস্থাত পৰিল; কাৰণ তেওঁলোকৰ ধৰ্মীয় আনুগত্য আছিল তুৰ্কীৰ ফালে আৰু ৰাজনৈতিক সমৰ্থন ব্ৰিটিছৰ ফালে। কিন্তু তথাপি ভাৰতীয় মুছলমানসকলে ব্ৰিটিছৰ ফুচুলনিত ব্ৰিটিছকে অন্তঃকৰণেৰে সহায় কৰিছিল। যুদ্ধৰ পাছত যেতিয়া বাতৰি ওলাল যে মিত্ৰ পক্ষই তুৰ্কীক বিভক্ত কৰাৰ কথা চিন্তা কৰিছে তেতিয়া ভাৰতীয় মুছলমানসকল উগ্ৰ হৈ উঠিল আৰু এই প্রচেষ্টাত বাধা দিবৰ বাবে খিলাফত আন্দোলন গঢ়ি উঠিল।

মহাত্মা গান্ধীয়ে মুছলমানসকলৰ সমৰ্থন লাভ কৰাৰ উদ্দেশ্যে এই ব্যৱস্থাবলীৰ সুযোগ গ্ৰহণ কৰিবলৈ আগবাঢ়ি আহিল। গান্ধীজীয়ে মুছলমানসকলৰ নিঃসহায় অৱস্থাত চৰকাৰৰ বিৰুদ্ধে অসহযোগ আন্দোলনত যোগদান কৰিবলৈ আহ্বান জনালে। গান্ধীজীৰ এই আহ্বানৰ প্ৰতি খিলাফত সমিতিয়ে এক প্রস্তাৱযোগে আদৰণি জনালে। এই প্রস্তাৱত উৎসাহিত হৈ কংগ্ৰেছে মাত্ৰ দুটা দিনৰ পাছতে ১৯২০ চনৰ ছেপ্টেম্বৰ মাহত অসহযোগ আন্দোলনৰ বিষয়ে আলোচনা কৰিবলৈ কলিকতাত মিলিত হ’ল। এই অধিৱেশনত ভালেমান নেতাৰ বিৰোধিতা সত্বেও ৮৫৫ আৰু ৮৭৩ টা ভোটত এই ঐতিহাসিক অসহযোগ আন্দোলনৰ প্রস্তাৱটো গৃহীত হ’ল। এই প্ৰস্তাৱটো যে কংগ্ৰেছৰ বাবে এক বৈপ্লৱিক পদক্ষেপ আছিল তাত অলপো সন্দেহ নাই, কাৰণ আৰম্ভণিৰ পৰা ৩৫ বছৰ কাল ৰাজনৈতিক ভিক্ষাৰ বাদে কংগ্ৰেছে পোন প্রথমবাৰৰ বাবে ব্ৰিটিছ চৰকাৰৰ লগত পোনপটীয়া সংঘৰ্ষত লিপ্ত হোৱাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছিল। 

অসহযোগ আন্দোলনৰ প্রস্তাৱটোতে ইয়াৰ আঁৰৰ কাৰ্যব্যৱস্থাৰ বিষয়ে সন্নিৱিষ্ট কৰা হৈছিল। 

এইবিলাকৰ ভিতৰত আছিল–

(ক) ব্ৰিটিছ চৰকাৰে প্রদান কৰা সকলো ধৰণৰ উপাধি আৰু বিষয়বাব ঘূৰাই দিয়া।

(খ) স্থানীয় স্বায়ত্তশাসিত গোটবিলাকৰ মনোনীত সদস্যপদ ইস্তাফা দিয়া।

(গ) চৰকাৰৰ দ্বাৰা আয়োজিত সকলো কাৰ্যসূচী বৰ্জন কৰা।

(ঘ) চৰকাৰৰ অধীনত থকা বা সাহায্য লৈ চলোৱা স্কুল-কলেজৰ পৰা ল’ৰা-ছোৱালীবিলাকক পৰ্যায়ক্ৰমে প্ৰত্যাহাৰ কৰা।

(ঙ) আইনজীৱী আৰু মোকৰ্দমা কৰাসকলে ক্ৰমান্বয়ে ব্ৰিটিছ আদালত বৰ্জন কৰা।

(চ) সংস্কাৰ আয়োগৰ নিৰ্বাচনৰ পৰা প্রাৰ্থিত্ব প্ৰত্যাহাৰ কৰা আৰু ভোট দানৰ পৰা বিৰত থকা। আৰু

(ছ) বিদেশী বস্তু বৰ্জন কৰা।

এই প্ৰস্তাৱত কিছুমান ধ্বংসাত্মক ব্যৱস্থাৰ উল্লেখ কৰা হৈছে যদিও কংগ্ৰেছে একেটা প্রস্তাৱতে এইবিলাকৰ বিকল্প ব্যৱস্থাৰ বিষয়েও চকু নিদিয়াকৈ থকা নাছিল; কাৰণ সমগ্ৰ ভাৰতবৰ্ষতে জাতীয় স্কুল, কলেজ, বেচৰকাৰী আদালত, বস্তু শিল্প আদি নিৰ্মাণৰ বাবেও আহ্বান জনাইছিল। এই প্রস্তাৱৰ যোগেদি হিন্দু-মুছলমানৰ একতা প্ৰতিষ্ঠা আৰু অস্পৃশ্যতা নিবাৰণৰ বাবেও আহ্বান জনোৱা হৈছিল। এই প্ৰস্তাৱটো উখাপন কৰি গান্ধীজীয়ে কৈছিল যে যদি ভাৰতৰ জনগণে তেওঁৰ এই তালিকাখন মানি চলে তেন্তে তেওঁ এবছৰৰ ভিতৰতে স্বৰাজ আনি দিব পাৰিব। উল্লেখযোগ্য যে এই অধিৱেশনত লেখত ল’বলগীয়াকৈ ১৪,৫৮২ জন প্রতিনিধিয়ে যোগদান কৰিছিল আৰু ইয়াৰ ভিতৰত ১০৫০ জন মুছলমান আৰু ১৬৯ গৰাকী মহিলা প্ৰতিনিধি আছিল। এই অধিৱেশনে ভাৰতীয়সকলৰ মনত দেশপ্ৰেমৰ ভাব দুগুণে বৃদ্ধি কৰিছিল আৰু সকলোৰে মনত এক উজ্জ্বল আশাৰ ৰেঙণি বিয়পাই তুলিছিল। ভৱিষ্যতৰ সোণালী স্বপ্নত আগ্লুত হৈ আনকি এনে কথাও ব্যক্ত কৰা হৈছিল যে যিকোনো মূল্যৰ বিনিময়তে ব্ৰিটিছৰ লগত কোনো ধৰণৰ সম্বন্ধ ৰক্ষা কৰি চলাটো ভাৰতৰ জাতীয় সন্মানৰ প্রতি আঘাতস্বৰূপ হ’ব।

আন্দোলনৰ অগ্ৰগতি (Progress of the Movement): 

অসহযোগ আন্দোলনে ততালিকে জনসমর্থন লাভ কৰিবলৈ সক্ষ হৈছিল। অসহযোগ আন্দোলনৰ কাৰ্যক্ৰমৰ প্ৰতি সঁহাৰি জনাই ভালেমান বিশিষ্ট ব্যক্তিয়ে নিজৰ ব্যৱসায় বাদ দি আন্দোলনত জপিয়াই পৰিল। চি আৰ দাশ, মতিলাল নেহৰু, জৱাহৰলাল নেহৰু, লাজপত ৰায়, বল্লভভাই পেটেল, ৰাজেন্দ্ৰপ্ৰসাদ আদি নামী নেতাসকলে এই আন্দোলনত যোগ দিবলৈ নিজ আইন ব্যৱসায় ত্যাগ কৰিলে। ভালেমান বিশিষ্ট মুছলমান নেতায়ো এই আন্দোলনত যোগদান কৰিলেহি। এওঁলোকৰ ভিতৰত মৌলানা মহম্মদ আলী, মৌলানা চৌকত আলী, ড° আনচাৰি আৰু মৌলানা আবুল কালাম আজাদৰ নাম বিশেষভাৱে উল্লেখ কৰিব পাৰি। ভালেমান ছাত্ৰই চৰকাৰী স্কুল ত্যাগ কৰি জাতীয় স্কুলত নামভৰ্তি কৰিলেহি। গান্ধীজীয়ে তেওঁক প্ৰদান কৰা ‘কেইজাৰ-ই-হিন্দ’ উপাধি ঘূৰাই দিলে আৰু বহুতে তেওঁৰ পথ অনুসৰণ কৰিলে। উল্লেখ কৰিব পৰা যায় যে যমুনালাল বাজাজে আইনজীৱীসকলৰ বাবে বছৰি ১ লাখ টকাকৈ দিয়াৰ ঘোষণা কৰিছিল। আন্দোলন চলি থকা সময়তে বিদেশী বস্ত্ৰৰ ঠাইত দেশীয় বস্ত্ৰৰ প্ৰচলন হ’ল। 

হিন্দু-মুছলমান সম্পর্ক পূৰ্বৰ যিকোনো সময়তকৈ উন্নত হ’ল আৰু অস্পৃশ্যতাৰ অশুভ ফলবিলাকৰ প্ৰতি জনসাধাৰণ সচেতন হৈ পৰিল। ১৯২১ চনত বেজৱাদাত বহা কংগ্ৰেছ কমিটীৰ সভাই এক কোটি টকাৰ পুঁজি সংগ্ৰহৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছিল আৰু অতি কম দিনৰ ভিতৰতে এই টকা সংগ্ৰহ হৈছিল। কংগ্ৰেছৰ কৰ্মী চল্লিশ লাখলৈ বৃদ্ধি পালে আৰু বিশ হাজাৰ যঁতৰ তৈয়াৰ কৰি উলিয়ালে।

এই আন্দোলনটোৰ কালছোৱাত অ’ত-ত’ত ঘটা দুই-এটা সৰু-সুৰা ঘটনা আৰু কংগ্ৰেছ কৰ্মী আৰু চৰকাৰী বাহিনীৰ মাজত হোৱা কিছু হতাহতিৰ বাদে কংগ্ৰেছে অনুমোদন জনোৱাৰ দৰে অহিংস আন্দোলনেই আছিল। স্কুল, কলেজ, আদালত আদি নিয়মীয়াকৈ চলি আছিল।

চৰকাৰৰ দমনমূলক কার্য: অসহযোগ আন্দোলনটো আশা কৰাতকৈ বেছি শক্তিশালী হৈ উঠিছিল আৰু এটা সময়ত চৰকাৰৰ নিয়ন্ত্ৰণৰ বাহিৰ হৈ গৈছিল। আন্দোলন দমন কৰিবলৈ আন্দোলনকাৰী সকলক যধেমধে মাৰপিট কৰা হ’ল। সভা- সমিতি পতাত বাধা প্ৰদান কৰা হ’ল আৰু শেষত সভা নিষিদ্ধ আইন বলৱৎ কৰি হাজাৰ হাজাৰ জাতীয় কৰ্মীক আটক কৰা হ’ল। বিশিষ্ট নেতাসকলক কিছুমান ঠাইত প্ৰৱেশ কৰাত বাধা দিয়া হ’ল। মহাত্মা গান্ধীয়ে চৰকাৰৰ দমনমূলক নীতিৰ কঠোৰ ভাষাৰে সমালোচনা কৰিছিল।

চৰকাৰৰ দমনমূলক কাৰ্য চলি থকাৰ সময়তে ১৯২১ চনৰ নৱেম্বৰ মাহত ওৱেলচৰ যুৱৰাজ ভাৰতলৈ অহাৰ সিদ্ধান্ত হ’ল। তেওঁ ভাৰতলৈ অহা বুলি বোম্বেত উপস্থিত হোৱাৰ লগে লগে চৰকাৰৰ সাৱধানবাণী সত্ত্বেও বোম্বেৰ জনসাধাৰণে তেওঁক ক’লা পতাকা দেখুৱাই হৰতাল পালন কৰিলে। চৰকাৰ এই কাৰ্যত ক্ষুব্ধ হ’ল আৰু লগে লগে কঠোৰতম ব্যৱস্থা ল’বলৈ সিদ্ধান্ত গ্ৰহণ কৰিলে। ফলত ভালেমান ভাৰতীয় লোকে প্ৰাণ হেৰুৱাবলগা হ’ল আৰু ভালেমান ঘূণীয়া হ’ল। ইয়াতে ক্ষান্ত নাথাকি চৰকাৰে কংগ্ৰেছ আৰু খিলাফত ভলণ্টিয়াৰ বাহিনীক বেআইনী ঘোষণা কৰিলে; কিন্তু এই ব্যৱস্থা গ্ৰহণ কৰিও যেতিয়া চৰকাৰে আন্দোলন দমন কৰিবলৈ সক্ষম নহ’ল আৰু ভলণ্টিয়াৰ বাহিনীৰ সংখ্যা দিনক দিনে বুদ্ধি পাবলৈ ধৰিলে তেতিয়া চৰকাৰে কোনো বিচাৰ নকৰাকৈ মাৰপিট আৰু গুলীচালনা কৰাৰ নিৰ্দেশ জাৰি কৰিলে। প্ৰায় দুহেজাৰ পাঁচশতকৈও অধিক লোকক জে’লত আটক কৰি ৰখা হ’ল। চৰকাৰৰ এইবিলাক কাৰ্যাৱলীয়ে কংগ্ৰেছৰ বিদ্বেষভাৱ দুগুণে বৃদ্ধি কৰিলে আৰু সেয়ে ১৯২১ চনৰ ডিচেম্বৰত বহা কংগ্ৰেছ অধিৱেশনে আন্দোলন তীব্ৰ কৰি আৰু আইন অমান্য আন্দোলনৰ প্ৰতি অনুমোদন জনালে। এই অধিবেশনতে মহাত্মা গান্ধীক কংগ্ৰেছৰ সৰ্বেসর্বা হিচাপে নিযুক্তি দিয়া হৈছিল।

অসহযোগ আন্দোলন স্থগিতকৰণ (Suspension of the Non- Cooperation Movement):

কংগ্ৰেছে ইতিমধ্যে গ্রহণ কৰা আইন অমান্য আন্দোলন প্রস্তাৱৰ আলমত ১৯২৮ চনৰ ফেব্ৰুৱাৰী মাহত মহাত্মা গান্ধীয়ে লর্ড বিদিংচক সাতদিনৰ ভিতৰত চৰকাৰৰ দমনমূলক নীতি পৰিহাৰ নকৰিলে আইন অমান্য আন্দোলনৰ কাৰ্যসূচী হাতত ল’ব বুলি এক চিঠিযোগে জানিবলৈ দিছিল। এই সাৱধান বাণীৰ মুখ্য উদ্দেশ্য আছিল কংগ্ৰেছৰ নেতৃস্থানীয় ব্যক্তিসকলক জে’লৰ পৰা মুক্ত কৰা; কিম্বা সাতদিনৰ সময়সীমা শেষ হ’বলৈ নৌপাওঁতেই অর্থাৎ ৫ ফেব্ৰুৱাৰী তাৰিখে গোৰখপুৰ চৌৰীচৌৰাত আন্দোলনকাৰীয়ে একৈশজন পুলিচ কনিষ্টবল আৰু এজন উপ-পৰিদৰ্শকক এটা আৰক্ষী থানাত জ্বলাই দিলে। আন্দোলনকাৰীৰ এই কাৰ্যই কংগ্ৰেছৰ ভবিষ্যত কাৰ্যপন্থাক সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলালে। গান্ধীৰ আদৰ্শৰ পৰিপন্থী এই অমানৱীয় কার্যত তেওঁ গভীৰ দুখ প্ৰকাশ কৰিলে আৰু লগে লগে এই আন্দোলন স্থগিত ৰাখিবলৈ নিৰ্দেশ জাৰি কৰিলে।

মহাত্মা গান্ধীৰ এই নিৰ্দেশক কংগ্ৰেছৰ ভালেমান সদস্যই সমর্থন কৰিব পৰা নাছিল। এই ক্ষেত্ৰত বিশেষকৈ মুছলমান সদস্যসকলে যিবিলাকে গান্ধীৰ সত্য আৰু অহিংস নীতিক ৰাজনৈতিক আন্দোলনৰ অস্ত্ৰ হিচাপে মানি ল’ব খোজা নাছিল; তেওঁলোকে গান্ধীক নানা ধৰণে সমালোচনা কৰিবলৈ ধৰিলে। মুঠতে কংগ্ৰেছৰ প্ৰায়বিলাক শীৰ্ষস্থানীয় নেতাই যেনে চি আৰ দাস, মতিলাল নেহৰু, জৱাহৰলাল নেহৰু, লাজপত ৰায়, দুই ভাই-ককাই ক্রমে চৌকত আলী, মহম্মদ আলী আদি নেতাসকলে গান্ধীৰ এই সিদ্ধান্ত মানি ল’ব পৰা নাছিল ৷ পণ্ডিত নেহৰু আৰু লালা লাজপত ৰায়ে মন্তব্য কৰিছিল এনেদৰে “এডোখৰ ঠাইত ঘটা ঘটনাৰ বাবে গান্ধীয়ে গোটেই দেশখনকে শাস্তি দিবলৈ লৈছে।” জৱাহৰলাল নেহৰুৱে মন্তব্য কৰিছিল এনেদৰে— “যদি কন্যাকুমাৰীৰ এখন গাঁৱত অহিংস নীতি মানি চলা নহয় তেন্তে হিমালয়ৰ এখন নগৰৰ জনসাধাৰণক কিয় শাস্তি প্রদান কৰিব লাগে?” তেওঁ আৰু কৈছিল “চৌৰীচৌৰা কি আবশ্যক হ’লে গোৰখপুৰকেই পৃথক কৰিব লাগে কিন্তু আইন অমান্য আন্দোলন ব্যক্তিগত আৰু ৰাজহুৱাভাৱে চলাই যাব লাগে।” 

কিন্তু পাছলৈ গান্ধীৰ এই সিদ্ধান্তক শুদ্ধ বুলি স্বীকাৰ কৰি ল’বলৈ বাধ্য হৈছিল। আনকি জৱাহৰলাল নেহৰুৱে ৰাজনৈতিক দৃষ্টিকোণৰ পৰা বিবেচনা কৰি এই সিদ্ধান্ত শুদ্ধ আছিল বুলি মন্তব্য কৰিছিল। কাৰণ কেৱল চৌৰীচৌৰাতেই নহয় আন ভালেমান ঠাইত হিংসাত্মক কার্য সংঘটিত হৈছিল। আনহাতেদি কংগ্ৰেছৰ নেতাসকলৰ মাজতো বহু ক্ষেত্ৰত নিয়মানুৱৰ্তিতাৰ অভাৱ পৰিলক্ষিত হৈছিল। তেওঁলোকে গান্ধীৰ অহিংসা নীতি উলংঘা কৰিছিল। ইয়াৰ উপৰি বহুতো জ্যেষ্ঠ নেতা জেলত থকা বাবে এই আন্দোলন সুকলমে চলাই নিয়াত ব্যাঘাত ঘটিছিল। পণ্ডিত নেহৰুৱে এই বিষয়ে তেওঁৰ আত্মজীৱনীত উল্লেখ কৰিছে এনেদৰে— “আন্দোলন বন্ধ কৰাৰ সিদ্ধান্ত নোলোৱাহেঁতেন চৰকাৰে শক্তি প্রয়োগ কৰি আন্দোলনটো মষিমূৰ কৰি পেলালেহেঁতেন | আৰু জনসাধাৰণক হতাশ কৰিবৰ বাবে সন্ত্ৰাসৰ সৃষ্টি কৰিলেহেঁতেন।” অৱশ্যে এই কথা ঠিক যে বিভিন্ন ধৰণৰ সমালোচকবিলাকে গান্ধীৰ জনপ্রিয়তাক অবনমিত কৰিছিল আৰু এই অন্ধকাৰময় দিনবিলাকত জনসাধাৰণে লোকমান্য তিলকক শ্ৰদ্ধাৰে সুঁৱৰিছিল।

মহাত্মা গান্ধীৰ আটককৰণ আৰু কাৰাদণ্ড: অসহযোগ আন্দোলনৰ বতাহ মহাত্মা গান্ধীৰ বিপক্ষে চলাৰ সুযোগ গ্ৰহণ কৰি ১৯২২ চনৰ ১০ মাৰ্চ তাৰিখে চৰকাৰে গান্ধীক আটক কৰে। মন কৰিবলগীয়া যে গান্ধীৰ এই আটককৰণে জনসাধাৰণৰ মাজত কোনে৷ ধৰণৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিব নোৱাৰিলে। ৰাচক্ৰক উইলিয়ামচৰ ভাষাত ক’বলৈ হ’লে গান্ধীক এনে এটা সময়ত আটক কৰা হৈছিল যি সময়ত তেওঁৰ ৰাজনৈতিক প্রভাব একেবাৰে কমি আহিছিল। ১৯২২ চনৰ ১৮ মাৰ্চ তাৰিখে আহমদাবাদৰ চেচন বিচাৰক ক্ৰমচফিল্ডে বিচাৰ চলাই চৰকাৰৰ। বিৰুদ্ধে উচটনি দিয়া কার্যত দোষী সাব্যস্ত কৰি তেওঁক ছয় মাহৰ সাধাৰণ কাৰাদণ্ড বিহে। উল্লেখযোগ্য যে এই কাৰাদণ্ডৰ বায় ঘোষণা কৰাৰ পাছতো তেওঁ মুক্তি লাভ কৰাৰ পাছতো একে ধৰণৰ কামত লিপ্ত হ’ব বুলি চৰকাৰক সঁকীয়াই দিছিল।

গান্ধীৰ আটককৰণৰ পাছতে অসহযোগ আন্দোলনটো আপাতদৃষ্টিত প্রায় শেষ হৈয়ে গৈছিল। কিছু বছৰলৈ কেৱল বিধান পৰিষদসমূহতহে চৰকাৰৰ বিৰুদ্ধে যুদ্ধ চলি আছিল। অৱশ্যে ৬ বছৰ পূৰ্ণ হোৱাৰ আগেয়েই ১৯২৪ চনৰ ৫ ফেব্ৰুৱাৰী তাৰিখে তেওঁক মুক্তি দিয়ে।

77. ভাৰত ত্যাগ আন্দোলনৰ বিষয়ে লিখা।

Ans: ক্ৰীপচৰ প্রস্তাৱ আগ্ৰাহ হোৱাৰ পাছতে ভাৰতত এক অভূতপূৰ্ব আইন-শৃংখলা পৰিস্থিতিৰ সৃষ্টি হৈছিল। ব্ৰিটিছ চৰকাৰে ক্ষমতাৰ বাঘজৰীডাল এৰি দিবৰ বাবে প্রস্তুত নাছিল আৰু কংগ্ৰেছে জাপানৰ আক্ৰমণ প্রতিহত কৰিবৰ বাবে এখন জনপ্ৰিয় চৰকাৰৰ প্ৰয়োজনীয়তাত দৃঢ় মনোভাব লৈছিল। এনে এক পৃথক মনোভাৱত দুয়োপক্ষৰ মাজত বুজা-পৰালৈ অহাৰো কোনো পথ নাছিল। ব্যক্তিগতভাৱে চলাই যোৱা সত্যাগ্ৰহৰ জৰিয়তে কংগ্ৰেছে চৰকাৰক লৰাব নোৱাৰিলে, সেয়েহে কংগ্ৰেছে এক দৃঢ় পদক্ষেপ লোৱাৰ কথা চিন্তা কৰিবলৈ ধৰিলে। এই উদ্দেশ্যে মহাত্মা গান্ধীয়ে হৰিজন নামৰ এখন আলোচনীৰ যোগেদি ‘ভাৰত ত্যাগ’ নামৰ এটা প্ৰৱন্ধৰ জৰিয়তে তেওঁৰ মনৰ ভাব প্রকাশ কৰিলে। গান্ধীজীৰ মনৰ ভাৱৰ লগত সংগতি ৰাখি কংগ্ৰেছৰ কাৰ্যকৰী সভাই ১৯৪২ চনৰ ১৪ জুলাইত বাৰ্ধাত ভাৰত ত্যাগ প্রস্তাৱ গ্ৰহণ কৰে আৰু ১৯৪২ চনৰ ৮ আগষ্টত বহা কংগ্ৰেছৰ সাধাৰণ সভাই গ্ৰহণ কৰিলে। এই প্ৰস্তাৱৰ জৰিয়তে কংগ্ৰেছে আৰম্ভ কৰা আন্দোলনটোক ভাৰত ত্যাগ আন্দোলন বুলি কোৱা হয়।

এই প্রস্তাৱটো উল্লেখ কৰা হৈছিল― অনতিপলমে ভাৰতবৰ্ষৰ ব্ৰিটিছ শাসনৰ অন্ত পেলোৱাটো ভাৰত আৰু ৰাষ্ট্ৰসংঘ উভয়ৰ বাবে অপৰিহাৰ্য। ভাৰতত ব্ৰিটিছ শাসন চলি থাকিলে ভাৰত দুৰ্বল হৈ পৰিব।আৰু নিজকে ৰক্ষা কৰাৰ  ক্ষমতা নোহোৱা হৈ পৰাৰ উপৰি পৃথিৱীৰ মুক্তিকামী জনগণক সহায় কৰিব নোৱৰিব আৰু ভাৰতে মুক্তি লাভ কৰিলে এখন সাময়িক চৰকাৰ গঠন কৰি ৰাষ্ট্ৰসংঘত যোগদান কৰিব। দেশৰ সকলোবিলাক প্ৰধান দল আৰু গোটৰ সহযোগিতাতহে তেনে এখন চৰকাৰ গঠন কৰিব পৰা হব আৰু এনে হলে দেশৰ সকলো শ্ৰেণী লোকৰ প্ৰতিনিধিৰে ই এখন মিশ্ৰিত চৰকাৰ হব। এই চৰকাৰৰ মুখ্য কাম হ ব হিংসা বা অহিংসাৰ উপায়েৰে যিকোনো আক্ৰমণ প্ৰতিহত কৰি দেশখনক ৰক্ষা কৰাটো। এই চৰকাৰে সকলোৰে গ্ৰহণযোগ্য হোৱাকৈ এখন সংবিধান প্রণয়ন কৰিবৰ বাবে এখন সংবিধান সমিতি গঠন কৰিব। এই সংবিধানত ভাৰতক যুক্তৰাষ্ট্ৰ কৰাৰ ব্যৱস্থা কৰি অংগৰাজ্যবিলাকক অৱশিষ্ট ক্ষমতাৰে সৈতে অধিক ক্ষমতা প্ৰদান কৰা হ’ব। কংগ্ৰেছৰ কাৰ্যকৰী সমিতিয়ে প্ৰস্তাৱটোত ভাৰতৰ মুক্তি আৰু স্বাধীনতাৰ দাবীৰ প্রতি সমৰ্থন জনায় ২২ বছৰৰ শান্তিপূৰ্ণ আন্দোলনৰ দ্বাৰা লাভ কৰা অভিজ্ঞতাৰে অহিংসভাৱে গণ আন্দোলন চলাই যোৱাৰ কথা উল্লেখ আছিল আৰু মহাত্মা গান্ধীক সমিতিয়ে এই আন্দোলনত নেতৃত্ব দিবৰ বাবে অনুৰোধ জনাইছিল।

সমিতিয়ে জনসাধাৰণক গান্ধীজীৰ নেতৃত্বত একগোট হৈ ভাৰতৰ মুক্তি সংগ্ৰামৰ এজন সৈনিক হিচাপে কাম কৰি যাবলৈও আহ্বান জনহিছিল আৰু লগতে অহিংস নীতিত ব্ৰতী হবলৈও উপদেশ দিছিল গান্ধীজীয়েও আন্দোলনটোৰ বিভিন্ন দিশৰ ওপৰত আলোকপাত কৰি কংগ্ৰেছৰ এই সিদ্ধান্তক ‘কৰিম কিম্বা মৰিম’ আখ্যা দিছিল আৰু লগতে ভাৰতৰ স্বাধীনতাৰ বাবে তেওঁৰ জীৱনৰ শেষ সংগ্ৰাম বুলিও উল্লেখ কৰিছিল।

কংগ্ৰেছৰ এই সিদ্ধান্তই ব্ৰিটিছ চৰকাৰক দুগুণে ভবাই তুলিছিল আৰু এই সংকটৰ পৰা ৰক্ষা পাবৰ বাবে আৰম্ভণিতে ব্যৱস্থা ল’বলৈ আগবাঢ়ি আহিল। সেয়ে আন্দোলনৰ বাবে প্রস্তাৱ গ্ৰহণ কৰাৰ পিছদিনাই অৰ্থাৎ ৯ আগষ্ট তাৰিখে গান্ধীজীকে ধৰি কংগ্ৰেছৰ কাৰ্যকৰী সভাৰ সকলো সদস্যকে আটক কৰা হ’ল। মহাত্মা গান্ধীক আন সদস্যসকলৰ পৰা আঁতৰাই ৰখা হ’ল। লগে লগে কংগ্ৰেছকো বে-আইনী বুলি ঘোষণা কৰা হ’ল আৰু কংগ্ৰেছৰ কাৰ্যালয়ত তালাচী চলাই বিভিন্ন নথি-পত্ৰ আৰু টকা-পইচা বাজেয়াপ্ত কৰা হ’ল। গতিকে দেখা গ’ল পূৰ্ব অভিজ্ঞতাৰে পুষ্ট ব্ৰিটিছ চৰকাৰে এই আন্দোলনৰ মষিমূৰ কৰিবৰ বাবে পূৰ্বৰে পৰা সাজু হৈ আছিল।

আন্দোলন আৰু চৰকাৰৰ দমনমূলক ব্যৱস্থা (Movement and Repression by the Government):

ওপৰত উল্লেখ কৰা হৈছে যে এই আন্দোলনটোক জন্মৰ লগে লগেই মৃত্যু ঘটোৱাৰ বাবে বদ্ধপৰিকৰ হৈ ব্ৰিটিছ চৰকাৰে ৯ আগষ্ট তাৰিখেই কংগ্ৰেছৰ প্রায় সকলো নেতাক আটক কৰিলে। যিসকল বাকী থাকিল তেওঁলোককো দুই-চাৰিদিনৰ ভিতৰতে আটক কৰিলে। গতিকে এই আন্দোলনটো নেতাবিহীন হৈ পৰিল। এই ব্যৱস্থাৰ জৰিয়তে কিন্তু ব্ৰিটিছ চৰকাৰৰ মনৰ কামনা পুৰণ নহ’ল। কাৰণ ব্ৰিটিছ চৰকাৰৰ এই কাৰ্যত ভাৰতীয় জনসাধাৰণ বিতুষ্ট হৈ উঠিল আৰু হৰতাল, শোভাযাত্ৰা, সভা-সমিতি অনুষ্ঠিত কৰি এই কাৰ্যৰ প্ৰতিবাদ জনাই তেওঁলোকে ক্ষোভ প্রকাশ কৰিলে। ব্ৰিটিছ চৰকাৰো মনে মনে বহি নাথাকিল। নিষ্ঠুৰভাৱে আন্দোলন দমন কৰিবলৈ আগবাঢ়ি আহিল। লাঠী, গুলী আৰু অন্যান্য অস্ত্ৰ শস্ত্ৰ লৈ সমৰ সজ্জাৰে আগবাঢ়ি আহিল আন্দোলন প্ৰতিহত কৰিবলৈ চৰকাৰৰ এই কঠোৰ বাৱস্থাই জনসাধাৰণৰ ক্ষোভ দুগুণে বৃদ্ধি কৰিছিল; আৰু বহুতো লোকে হিংসাৰ পথ বাছি ল’বলৈ বাধ্য হ’ল। 

চৰকাৰী বাতৰি অনুসৰি প্ৰায় ২৫০ টা ৰে’ল ষ্টেচন ধ্বংস হৈছিল, ৫০০ টা ডাকঘৰ আৰু ১৫০ টা পুলিচ চকী আক্ৰমণৰ বলি হৈছিল। চৰকাৰে ৫৩৮ বাৰ গুলী চলাইছিল আৰু তাৰ ফলত ৯৪০ জন লোকে প্রাণ হেৰুৱাইছিল আৰু ১৬৩০ জন আঘাতপ্রাপ্ত হৈছিল। প্রায় ২৬,০০০ জন লোকক আটক কৰা হৈছিল। এনে ধৰণৰ কঠোৰ নীতি গ্ৰহণ কৰি চৰকাৰে তিনিমাহ মানৰ ভিতৰত এই জনসাধাৰণক দমাবলৈ সক্ষম হৈছিল যদিও বহুতো লোকে আত্মগোপন কৰি আন্দোলনলৈ গোপনে দিহা-পৰামৰ্শ দিছিল।

আন্দোলনৰ প্ৰতি বিভিন্ন ৰাজনৈতিক দলৰ মনোভাৱ (Attitudes of Various political to the Movement):

ভাৰতীয় সমাজবাদী দলে এই আন্দোলনটোত এক উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিছিল। এই দলৰ নেতাসকল যেনে জয়প্রকাশ নাৰায়ণ, ৰাম মনোহৰ লোহিয়া, অৰুণা আচফ আলী আদিয়ে ব্ৰিটিছৰ  শাসন ওফৰাবৰ বাবে গোপনে হিংসাত্মক আন্দোলনৰ প্ৰস্তুতি চলাইছিল। জয়প্ৰকাশ নাৰায়ণ হাজাৰিবাগ জে’লৰ পৰা ওলাই আহি ব্ৰিটিছ চৰকাৰৰ মূৰৰ বিষ তুলিছিল; কিন্তু পাছত তেওঁক আকৌ লাহোৰৰ ওচৰত গ্ৰেপ্তাৰ কৰি জে’লত অমাৱীয় অত্যাচাৰ চলাইছিল।

ভাৰতীয় কমিউনিষ্ট দলে দ্বিতীয় মহাযুদ্ধৰ আৰম্ভণিতে সাম্ৰাজ্যবাদৰ গোন্ধ পোৱা বুলি ব্ৰিটিছক সমালোচনা কৰিছিল। যদিও ৰাছিয়াৰ যোগদানৰ পিছত এই যুদ্ধক জনগণৰ যুদ্ধ বুলি অভিহিত কৰিছিল। গতিকে এই দলে ব্ৰিটিছ চৰকাৰৰ লগত সকলো প্রকাৰে সহযোগিতা কৰাই নহয় কংগ্ৰেছক ভাৰত ত্যাগ আন্দোলন প্রত্যাহাৰ কৰিবলৈও দাবী জনাইছিল। ইয়াৰ উপৰি এই দলে পাকিস্তানৰ ভিত্তিত কংগ্রেছে মুছলিম লীগৰ লগত আলোচনাত বহাৰ পোষকতা কৰিছিল। চৰকাৰৰ প্রতি দেখুওৱা এনে মনোভাবৰ বাবে যুদ্ধৰ প্ৰথম অৱস্থাত আটক কৰি থোৱা আটাইবিলাক কমিউনিষ্ট নেতাকে চৰকাৰে মুক্তি দিছিল। কমিউনিষ্ট দলৰ এনে কাৰ্য নিশ্চিতভাৱেই জাতীয়তাবাদী শক্তিসমূহক পিছ ফালৰ পৰা আঘাত কৰি দুৰ্বল কৰিবলৈ চলোৱা এক প্ৰচেষ্টা আছিল বুলিব পৰা যায়।

মুছলিম লীগে পৰিস্থিতিৰ সম্পূৰ্ণ সুযোগ গ্ৰহণৰ অপেক্ষাত আছিল। লীগে এই আন্দোলনটোক মুছলমানসকলক সংখ্যাগৰিষ্ঠ হিন্দুসকলৰ অধীনত ৰাখিবৰ বাবে এখন মুক্ত আৰু সংযুক্ত ভাৰত গঢ়ি তুলিবৰ বাবে ব্ৰিটিছ চৰকাৰক হেঁচা প্রয়োগ কৰিবৰ বাবে কৰা আন্দোলন বুলি অভিহিত কৰিছিল। এই সমস্যাৰ অন্ত পেলাবৰ বাবে আপ্ৰাণ চেষ্টা চলাইছিল কিন্ত তেওঁৰ এই প্ৰচেষ্টা সফল নহ’ল।

গান্ধীজীৰ 21 দিনীয়া ঐতিহাসিক অনশন: ভাৰত ত্যাগ আন্দোলনে দেশত অভূতপূৰ্ব আইন-শৃংখলাপৰিস্থিতিৰ সৃষ্টি কৰিছিল। তাৰ বাবে চৰকাৰি মহাত্মা গান্ধী আৰু কংগ্ৰেছৰ কাৰ্যকৰী সমিতিৰ সদস্যসকলক জগৰীয়া কৰিছিল। এই নেতাসকলে জনসাধাৰণক হিংসাত্মক কাৰ্যত লিপ্ত হ’বৰ বাবে উচটনি দিয়া বুলি অভিযোগ তুলিছিল। চৰকাৰৰ এনে মন্তব্যত গান্ধীজীয়ে তীব্র প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল আৰু তেওঁক এই বিষয়ত ৰাজহুৱাভাৱে বিবৃতি দিবলৈ বা ন্যায়ালয়ত বিচাৰ কৰাৰ বাবে দাবী কৰিছিল। কিন্তু ভাৰত ত্যাগ আন্দোলন প্ৰত্যাহাৰ নকৰা পৰ্যন্ত গান্ধীজীক মুক্তি দিবলৈ চৰকাৰে অস্বীকাৰ কৰিছিল।

এনে এক অসহায় আৰু অস্থিৰতাৰ মাজেৰে কিছুদিন কটোৱাৰ পাছত ১৯৪৩ চনৰ ১০ ফেব্ৰুৱাৰী তাৰিখে ব্ৰিটিছ চৰকাৰক হেঁচা প্রয়োগ কৰাৰ অৰ্থে তেওঁ ২১ দিনীয়া ঐতিহাসিক অনশনৰ সিদ্ধান্ত ল’বলৈ বাধ্য হৈছিল। অনশন কাৰ্যসূচীৰ ১৩ দিন অতিবাহিত হোৱাৰ পাছতে গান্ধীজীৰ অৱস্থা শোচনীয় হৈ আহিবলৈ ধৰিলে আৰু ২৪ ঘণ্টাৰ ভিতৰতে ডাক্তৰে তেওঁক মুক্তি দিয়াৰ বাবে পৰামৰ্শ আগবঢ়াইছিল। গান্ধীজীৰ শাৰীৰিক অৱস্থাৰ বুজ লোৱাৰ বাবে ভাইচৰয়ে কাৰ্যনিৰ্বাহকৰ এখন বৈঠক আহ্বান কৰিছিল। এই বৈঠকত সৰহসংখ্যক সদস্যই গৱৰ্ণৰ জেনেৰেলৰ ইচ্ছাৰ সপক্ষে থিয় দিছিল। গান্ধীজীৰ মুক্তিয়ে ৰাজহুৱা জীৱনত অশান্তি সৃষ্টি কৰাৰ আশংকাত তেওঁক মুক্তি নিদিবলৈ সভাই সিদ্ধান্ত গ্ৰহণ কৰিলে।

গান্ধীজীৰ জীৱন মৰণ অৱস্থাৰ বিষয়ে আলোচনা কৰিবলৈ দল নিৰ্বিশেষে ভালেমান ভাৰতীয় নেতা দিল্লীত মিলিত হৈ তৎকালীনভাৱে গান্ধীজীৰ মুক্তিৰ দাবী কৰিছিল। অৱশ্যে জিন্না চাহাবৰ মুছলিম লীগে এই সভাত যোগদান নকৰাৰ সুযোগ লৈ চৰকাৰে গান্ধীজীক মুক্তি দিবলৈ অমান্তি হ’ল। লীগে ভাৰত ত্যাগ আন্দোলন উঠাই লৈ গান্ধীজীয়ে ৰাজহুৱাভাৱে ক্ষমা বিচৰাৰ বাবে দাবী তুলিছিল। গতিকে চৰকাৰে গান্ধীজীক মুক্তি দিয়াৰ দূৰৰে কথা তেওঁৰ অনশনত মৃত্যু হ’লে কেনে ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা উচিত হ’ব সেই বিষয়েও ব্ৰিটিছ চৰকাৰে স্থানীয় বিয়াসকলক দিহা দি থৈছিল; কিন্তু ভাৰতৰ বাবে সৌভাগ্য গান্ধীজীৰ অনশনত কোনো ধৰণৰ অঘটন নঘটিল।

অৱশ্যে গান্ধীজীৰ শৰীৰ অৱনতি ঘটাত ১৯৪৪ চনৰ ৬ মে’ তাৰিখে তেওঁক মুক্তি দিয়া হ’ল।গান্ধীজীক এই যুক্তিৰ আধাৰতে মুক্তি দিয়া হ’ল যদিও এই কথাও অস্বীকাৰ কৰিব নোৱাৰিলে যে সুভাষ চন্দ্ৰ বসুৰ নেতৃত্বত ভাৰতীয় জাতীয় সৈন্যই ভাৰতৰ ভূমিখণ্ডত আক্ৰমণ কৰাৰ ঘটনায়ো গন্ধীজীক মুক্তি দিবৰ বাবে ব্ৰিটিছ চৰকাৰক বাধ্য কৰিছিল; কাৰণ ভাৰতীয় জাতীয় সৈন্যই ইতিমধ্যে ১০,০০০ বৰ্গ কিলোমিটাৰ জুৰি থকা মণিপুৰ আৰু আইচেভপুৰ অঞ্চললৈ প্ৰৱেশ কৰি নিজৰ দখললৈ নিছিল।

জে’লৰ পৰা মুক্তি লাভ কৰাৰ পাছতেই গান্ধীজীয়ে কংগ্ৰেছৰ কাৰ্যকৰী সমিতিৰ সদস্যবৰ্গৰ লগত দেশৰ ৰাজনৈতিক পৰিস্থিতিৰ বিষয়ে আলোচনা কৰিবলৈ সুবিধা দিবৰ বাবে ব্ৰিটিছ চৰকাৰৰ ওচৰত অনুৰোধ জনাইছিল যদিও চৰকাৰে তেওঁক এই সুবিধা নিদিলে।

ভাৰত ত্যাগ আন্দোলন আগৰ যিকোনো আন্দোলনতকৈ বেছি শক্তিশালী হৈ উঠিছিল যদিও বিভিন্ন কাৰণত এই আন্দোলনেও নিৰ্ধাৰিত উদ্দেশ্যত উপনীত হ’ব নোৱাৰিলে।

78. ভাৰতীয় জাতীয় আন্দোলনলৈ কংগ্ৰেছ সমাজবাদীসকলে আগবঢ়োৱা অৱদান আলোচনা কৰা।

উত্তৰঃ একাধিক কাৰণত ভাৰতৰ জাতীয় জীৱনত কংগ্ৰেছ দলে এক বিশিষ্ট স্থান অধিকাৰ কৰি আছে। ৰাজনৈতিক দলসমূহৰ ভিতৰত জাতীয় কংগ্ৰেছ যে অকল প্রাচীনতম ৰাজনৈতিক দল কেবল সেয়ে নহয়, এই বিশাল দেশ ভাৰতবৰ্ষৰ অজ্ঞ আৰু দৰিদ্ৰ জনসাধাৰণৰ মাজত দেশাত্মবোধ জাগৰিত কৰি পৰাধীনতাৰ গ্লানি মোচন কৰি এই দলে মহত্বৰ পৰিচয় দিছে; পৃথিৱীৰ ইতিহাসত ই বিৰল জাতীয় কংগ্ৰেছ দলে ভাৰতীয় জাতীয় জীৱনৰ সকলো দিশৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰা স্পষ্ট পৰিলক্ষিত হয়।

১৮৮৫ চনৰ ডিচেম্বৰ মাহত ভাৰতীয় কংগ্ৰেছৰ জন্ম হয়। প্রথম অৱস্থাত কংগ্ৰেছ ইংৰাজ বিৰোধী অনুষ্ঠান নাছিল। সেই সময়ত ই নৰমপন্থী অনুষ্ঠান আছিল আৰু ইংৰাজ শাসনৰ অধীনত থাকিয়ে কিছুমান সংস্কাৰ সাধনৰ বাবে আবেদন- নিবেদন কৰাতে ইয়াৰ কাম সীমিত নাছিল। এই জাতীয় কংগ্ৰেছ ১৯০৫ চনলৈ নৰমপন্থী সকলেই পৰিচালনা কৰি আছিল। কিন্তু লাহে লাহে কংগ্ৰেছত প্ৰগতিশীল নেতা সকলৰ সংখ্যা বৃদ্ধি পাই আহে আৰু তেওঁলোকে ইংৰাজ চৰকাৰৰ লগত সহযোগিতা আবেদন- নিবেদনৰ দ্বাৰা দেশৰ সমস্যা দূৰ কৰাৰ চিন্তা পৰিত্যাগ কৰি আন্দোলনৰ সহায় লবলৈ পৰিকল্পনা হাতত লয়। ফলত ভাৰতৰ জাতীয় কংগ্ৰেছ বৃটিছ চৰকাৰৰ শাসন ব্যৱস্থাৰ বিৰুদ্ধে আন্দোলন চলোৱা এটা অনুষ্ঠানত পৰিণত হ’ল। কংগ্ৰেছ আন্দোলনে সমগ্র দেশত জনপ্ৰিয়তা লাভ কৰে আৰু সমগ্ৰ ভাৰতবাসী কংগ্ৰেছৰ দ্বাৰা পৰিচালিত হৈ স্বাধীনতা আন্দোলনত যোগদান কৰে। 

কংগ্ৰেছৰ দ্বাৰা গঢ়ি উঠা স্বাধীনতা আন্দোলন জাতীয়তাবাদী আন্দোলনলৈ ৰূপান্তৰিত হয়। প্রথম মহাসমৰ আৰম্ভ হোৱাৰ পিছত মহাত্মা গান্ধীয়ে যেতিয়া কংগ্ৰেছত যোগদান কৰি ইয়াৰ অবিসংবাদী নেতাৰুপে স্বীকৃত হ’ল তেতিয়াৰ পৰাই কংগ্ৰেছৰ ইতিহাসত দ্বিতীয় অধ্যায় আৰম্ভ হ’ল। বৃটিছ চৰকাৰৰ শাসনকালত কংগ্ৰেছৰ মুখ্য উদ্দেশ্যে আছিল ভাৰতৰ পৰা বৃটিছ শাসনৰ অৱসান ঘটোৱা। পৰাধীন তথা নিৰস্তু জাতিৰ বাবে বৃটিছ চৰকাৰৰ নিচিনা এটা সৰ্বশক্তিমান চৰকাৰৰ লগত যুদ্ধ কৰি স্বাধীনতা অৰ্জন কৰা যে এটা দুঃসাধ্য কার্য তাক কংগ্ৰেছে ভাৰতীয় জনসাধাৰণৰ অধিকাংশক বুজাবলৈ সক্ষম হৈছিল। মহাত্মা গান্ধী প্রৱৰ্তিত অসহযোগ আন্দোলন, আইন অমান্য আন্দোলন প্রভৃতি শান্তিপুর্ণ পদ্ধতি অৱলম্বন কৰি কংগ্ৰেছে নিৰস্ত্ৰ ভাৱে বিদেশী চৰকাৰৰ লগত যুদ্ধ পৰিচালনা কৰিছিল।

১৯৪৭ চনত ভাৰতে স্বাধীনতা লাভ কৰাৰ পাছত ভাৰতীয় জাতীয় কংগ্ৰেছে এটা ভিন্ন ভূমিকা গ্ৰহণ কৰিলে। এসময়ত যি কংগ্ৰেছ দলে এটা জাতীয়তাবাদী আন্দোলন হিচাপে স্বাধীনতা কামী বিভিন্ন শ্রেণী আৰু স্বাৰ্থৰ সকলো লোকক সংঘবদ্ধ কৰিছিল, সেই কংগ্ৰেছ এতিয়া জাতীয় আন্দোলনৰ পৰিৱৰ্তে এটা ৰাজনৈতিক দলত পৰিণত হ’ল।

স্বাধীনতা লাভৰ পাছত সংখ্যাগৰিষ্ঠ দল হিচাপে কংগ্ৰেছ দলেই ক্ষমতাত অধিষ্ঠিত হয়। তেতিয়াৰ পৰা জাতীয় কংগ্ৰেছে অপ্রতিদ্বন্দ্বী দল হিচাপে দেশৰ শাসন ক্ষমতা একচেটীয়া ভাৱে নিজৰ হাতত ৰাখিবলৈ সক্ষম হয়। কিন্তু ১৯৬৭ চনৰ পৰা কংগ্ৰেছৰ অৱস্থা কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰ উভয়তে পোন প্ৰথম বাৰৰ বাবে দুৰ্বল হৈ পৰা পৰিলক্ষিত হয়। প্রায় ৮৪ বছৰ এটা দীঘলীয়া সময়ৰ বাবে সংস্থাৰুপে থকাৰ পাছত ১৯৬৯ চনত কংগ্ৰেছ দলৰ মাজত নীতিগত ভাৱে বিভাজনে দেখা দিয়ে আৰু ভাৰতৰ ঐতিহাসিক জাতীয় কংগ্ৰেছ দুটা দলত বিভক্ত হৈ পৰে-সংগঠক কংগ্ৰেছ আৰু ইন্দিৰাপন্থী কংগ্ৰেছ, ১৯৭১ চনৰ পঞ্চম সাধাৰণ নিৰ্বাচনত ইন্দিৰাপন্থী কংগ্ৰেছ (আই) নামে জনাজাত। বিপুল সংখ্যাধিক্য লাভ কৰি ক্ষমতাত অধিষ্ঠিত হয়। 

কিন্তু ১৯৭৭ চনৰ ষষ্ঠ সাধাৰণ নিৰ্বাচনত শাসক কংগ্ৰেছ দলৰ অভাৱনীয় পৰাজয়ে নৱগঠিত জনতা দলক পোন প্ৰথম বাৰৰ কাৰণে ক্ষমতাত অধিষ্ঠিত কৰে। কিন্তু অন্তদ্বন্দ্ব আৰু দলীয় কন্দলৰ ফলত জনতা দলে ইয়াৰ ওপৰত ন্যস্ত কৰা দায়িত্ব পালন কৰাত ব্যৰ্থ হয়। ফলত ১৯৮০ চনৰ অন্তৱৰ্তী নিৰ্বাচনত ইন্দিৰাপন্থী কংগ্ৰেছ দল পুনৰ ক্ষমতাত অধিষ্ঠিত হয়। অষ্টম সাধারণ নির্বাচনতো এই দলেই বিপুল সংখ্যাধিক্য আসন লাভ কৰি ক্ষমতাসীন হৈছিল। কিন্তু নৱম সাধারণ নিৰ্বাচনত এই দলে চৰকাৰ গঠন কৰিবলৈ প্ৰয়োজনীয় সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ ব্যৰ্থ হৈছে।

প্ৰাথমিক আৰু সক্ৰিয় এই দুই ৰকমৰ সদস্য লৈ বৰ্তমান কংগ্ৰেছ দল গঠিত। গাঁও, সৰু নগৰ বা কোনো অঞ্চল হ’ল ইয়াৰ প্রাথমিক সংগঠন। এই স্থানীয় কমিটিৰ ওপৰত মণ্ডল কংগ্ৰেছ কমিটি, মহকুমা কংগ্ৰেছ কমিটি, জিলা কংগ্ৰেছ কমিটি, জিলা কংগ্ৰেছ কমিটি, প্রদেশ কংগ্ৰেছ কমিটি আৰু শীৰ্ষস্থানত অৱস্থিত হ’ল সৰ্বভাৰতীয় কংগ্ৰেছ কমিটি। স্থানীয় কমিটিৰ পৰা আৰম্ভ কৰি এই সংগঠনে ক্রমে পিৰামিড আকাতৰ সৰ্বভাৰতীয় বা কেন্দ্ৰীয় কমিটিলৈ বিস্তাৰিত হৈ আছে। কংগ্ৰেছৰ এগৰাকী সভাপতি আৰু সভাপতিৰ এখন কাৰ্যকাৰী সমিতি আছে। দলৰ এখন সংসদীয় কমিটিও আছে।

নিখিল ভাৰতীয় কংগ্ৰেছ কমিটি এটা বুজন আকাৰৰ সংস্থা বুলি ক’ব পাৰি। প্ৰদেশ কংগ্ৰেছ কমিটিবোৰে এই কমিটিৰ সদস্য সকলক নির্বাচিত কৰে। ই বছৰত একাধিকবাৰ সন্মিলিত হয়। কাৰ্যকৰী কমিটি কংগ্ৰেছ সংগঠনৰ আটাইতকৈ প্রয়োজনীয় সংস্থা বুলি কোৱা হয়। সৰহভাগ শীর্ষস্থানীয় কংগ্ৰেছী নেতা ইয়াৰ সদস্য। কংগ্ৰেছ দলৰ মুল নেতাসমূহ সাধাৰণতে এই কমিটিয়ে প্ৰণয়ন কৰে অথবা অনুমোদন কৰিব লাগে। কাৰ্যকৰী কমিটিৰ দুখন উপ-কমিটি আছে-সংসদীয় বৰ্ড আৰু কেন্দ্ৰীয় নির্বাচন কমিটি। প্রথমখন ৰাজ্যিক পৰ্যায়ত দল আৰু চৰকাৰৰ মাজত সমন্বয় ৰক্ষা বিষয়ৰ লগত জড়িত আৰু দ্বিতীয়খন সকলো নিৰ্বাচন, দলৰ প্রার্থী বাছনি আদি কাৰ্যৰ লগত জড়িত।

স্বাধীন ভাৰতৰ সংখ্যাগৰিষ্ঠ দল হিচাপে সেই সময়তে কংগ্ৰেছে ইয়াৰ উদ্দেশ্যে আৰু নীতি ঘোষণা কৰে। এই দলৰ বৰ্তমানৰ নীতি আৰু লক্ষ্য সমূহ তলত দিয়া ধৰণে বৰ্ণনা কৰিব পাৰি। 

(১) আভ্যন্তৰীণ ক্ষেত্ৰত জনসাধাৰণৰ সৰ্বাংগীণ উন্নতি সাধন কৰা।

(২) সম্পূর্ণ কর্মসংস্থান আৰু কাম কৰাৰ অধিকাৰ।

(২) জাতীয় সম্পত্তিৰ সৰ্বোচ্চ উৎপাদন আৰু দেশৰ অৰ্থনৈতিক জীৱনৰ মানদণ্ড উন্নত কৰাৰ কাৰণে প্ৰয়োজনীয় ব্যৱস্থা গ্রহণ। 

(৪) জাতীয় জীৱনত সৰ্বোচ্চ পৰিমাণৰ স্বাৱলম্বিতাত উপনীত হোৱাৰ লক্ষ্য।

(৫) সামাজিক আৰু অৰ্থনৈতিক ন্যায় প্রতিষ্ঠা, অস্পৃশ্যতা বিলোপ, নাৰীৰ মৰ্যাদা বৃদ্ধি, সুৰাপাণ আৰু দুৰ্নীতি নিবাৰণ, ধনী আৰু দুখীয়াৰ মাজত থকা বৈষম্য আঁতৰ কৰা আৰু গাঁও আৰু নগৰ অঞ্চলৰ অৰ্থনৈতিক অসমতা দূৰীকৰণ।

(৬) সমাজবাদী সমাজ প্রতিষ্ঠা কৰাৰ লক্ষ্যত উপনীত হবলৈ শান্তিপূর্ণ, অহিংস আৰু গণতান্ত্রিক উপায় গ্রহণ।

(৭) গাঁও পঞ্চায়ত আৰু ঔদ্যোগিক সমবায় প্ৰতিষ্ঠাৰ যোগেদি অর্থনৈতিক আৰু ৰাজনৈতিক শক্তিৰ বিকেন্দ্ৰীকৰণ।

(৮) জনসাধাৰণৰ মাজৰ আটাইতকৈ দুখীয়া আৰু নিম্নতম শ্ৰেণীৰ লোকসকলৰ প্ৰয়োজন আৰু অৱশ্যকতা পুৰণৰ ক্ষেত্ৰত সৰ্বাধিক অগ্রাধিকাৰ দিয়া।

(৯) বৈদেশিক নীতি সম্পৰ্কত কংগ্ৰেছ দল বিশ্ব শান্তিত বিশ্বাসী। আন্তর্জাতিক ৰাজনীতিৰ ক্ষেত্ৰত ই গোষ্ঠীনিৰপেক্ষ নীতিত বিশ্বাসী। কংগ্ৰেছ দলে শান্তিপূর্ণ উপায়েৰে বিশ্বশান্তি প্রতিষ্ঠা কৰাত আগ্রহ প্রকাশ কৰে।

আৰম্ভণিৰে পৰা কংগ্ৰেছ দল ভাৰতৰ আটাইতকৈ সু-সংগঠিত ৰাজনৈতিক দল। ইয়াৰ সংগঠন কেন্দ্ৰৰ পৰা আৰম্ভ কৰি ভিতৰুৱা অঞ্চললৈ বিয়পি আছে। ইয়াৰ কেন্দ্ৰীয় কাৰ্যালয় ভাৰতৰ ৰাজধানী দিল্লীত অৱস্থিত। কংগ্ৰেছ দলে আৰম্ভণিৰে পৰা ভাৰতৰ জাতীয় জীৱনত বিশেষ উল্লেখযোগ্য আৰু তাৎপৰ্যপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আছে বুলি নিঃসন্দেহে কব পাৰি। নৱম লোকসভা নিৰ্বাচনত ক্ষমতাচ্যুত হোৱা কংগ্ৰেছ দলে দশম লোকসভা নিৰ্বাচনত পুনৰ ক্ষমতা দখল কৰে। পি.ভি.নৰসিংহ ৰাওৰ নেতৃত্বত এই দলে ২১ য৬২৯১ তাৰিখে চৰকাৰ গঠন কৰে। নৰসিংহ ৰাওৰ চৰকাৰ ১৯৯৬ চনলৈকে ক্ষমতাত অধিষ্ঠিত হৈ আছিল। ইয়াৰ পিছত নিৰ্বাচন বিলাকত কংগ্ৰেছ দলে চৰকাৰ গঠন কৰিব পৰা জোখাৰে আসন লাভ কৰিব পৰা নাই। ত্রয়োদশ লোকসভাৰ নিৰ্বাচনতো এই দলে লোকসভাত নিংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰিব নোৱাৰিলে। ফলত এই দলেও সংসদত বিৰোধী দলৰ ভূমিকা গ্ৰহণ কৰিবলগা হৈছিল। কিন্তু ২০০৪ চনত অনুষ্ঠিত চতুৰ্দশ সাধাৰণ নিৰ্বাচনত কংগ্ৰেছ দলে যথেষ্ট ভাল দেখুৱাবলৈ সক্ষম হয়। কংগ্ৰেছ দলৰ নেতৃত্বত গঠিত হোৱা সংযুক্ত প্রগতিশীল মৰ্চাই চৰকাৰ গঠন কৰে। কংগ্ৰেছ সংসদীয় বৰ্ডে এই দলৰ সভানেত্রী শ্রীমতী চোনিয়া গান্ধীক দলৰ নেতা নিৰ্বাচিত কৰে। কিন্তু তেঁও প্রধানমন্ত্রী হবলৈ অনিচ্ছা প্ৰকাশ কৰাত দলৰ জ্যেষ্ঠ নেতা ড° মনমোহন সিং প্রধানমন্ত্রী হয়।

২০০৯ চনৰ পঞ্চদশ লোকসভাৰ সাধাৰণ নিৰ্বাচনৰ ফলাফল অনুসৰি কংগ্ৰেছ নেতৃত্বাধীন সংযুক্ত প্রগতিশীল মৰ্চাই সাফল্য লাভ কৰিছে। নিৰ্বাচনত ইউ.পি.এ. মিত্রজোঁটে ২৬২ খন আসন লাভ কৰিবলৈ সক্ষম হৈছে আৰু নিৰ্দলীয় সদস্যৰ সমৰ্থনলৈ ড° মনমোহন সিঙে পুনৰ দ্বিতীয়বাৰ চৰকাৰ গঠন কৰে। প্ৰধানমন্ত্ৰী ড° মনমোহন সিঙৰ ব্যক্তিত্ব আৰু ইউ.পি.এ.ৰ ন্যূনতম কৰ্মসূচীৰ জনপ্ৰিয়তাই কংগ্ৰেছ দলৰ লগতে এই দলৰ মিত্ৰজোঁটত পুনৰ দ্বিতীয়বাৰলৈ ক্ষমতাত আহিবলৈ সুবিধা পাইছে। এই নিৰ্বাচনত কংগ্ৰেছ দলে ২০৬ খন আসন লাভ কৰিছিল।

২০০৬ চনৰ অসম বিধান সভাৰ নিৰ্বাচনত কংগ্ৰেছ দলে চৰকাৰ গঠন কৰিবৰ বাবে প্ৰয়োজনীয় আসন লাভ কৰিব পৰা নাছিল। এই নির্বাচনত কংগ্ৰেছ দলে ৫৩ খন আসন দখল কৰিবলৈ সক্ষম হৈছিল। ২০০১ চনৰ বিধানসভাৰ নিৰ্বাচনৰ তুলনাত এইবাৰ কংগ্ৰেছৰ জনপ্ৰিয়তা হ্রাস পালে। তথাপিও B.P.F. (Bodoland People’s Front) দলৰ ১২ জন সদস্যৰ সমৰ্থনত কংগ্ৰেছ দলে অসমত চৰকাৰ গঠন কৰিলে। মন্ত্ৰী পৰিষদৰ B.P.F. দলৰে তিনিজন সদস্যক মন্ত্রীত্ব প্ৰদান কৰা হৈছিল। ২০০৬ বৰ্ষৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলৰ জনপ্ৰিয়তা হ্ৰাসৰ প্ৰধান কাৰণ হ’ল A.U.D.F. ( Assam United Democratic Front) নামৰ নতুন ৰাজনৈতিক দলৰ আৱিৰ্ভাৱ। এই নিৰ্বাচনত A.U.D.F. দলে দহখন আসন লাভ কৰিলে। A.U.D.F. দলৰ জন্ম নোহোৱা হ’লে এইকেইখন আসন কংগ্ৰেছে লাভ কৰাৰ আশা আছিল।

২০১১ চনৰ অসম বিধানসভা নির্বাচন ৪ আৰু ১১ এপ্রিল তাৰিখলৈ দুটা পৰ্যায়ত অনুষ্ঠিত হৈছিল। ইয়াত কংগ্ৰেছ দলে নিৰংকুশ সংখ্যাগৰিষ্ঠাতা অৰ্জন কৰিছে। এই নির্বাচনত কংগ্ৰেছ দলে নিজাববীয়াকৈ ৭৮ খন আসন লাভ কৰি তৰুণ গগৈৰ নেতৃত্বত একেলেঠাৰিয়ে তৃতীয়বাৰলৈ চৰকাৰ ‘গঠন কৰিবলৈ সক্ষম হয়।

79. ভাৰত ত্যাগ আন্দোলনৰ বিফলতাৰ কাৰণসমূহ কি কি। (Causes of the Failure of the Quit India Movement)

Ans: ১ ৷ ভাৰত ত্যাগ আন্দোলন বিফল হোৱাৰ বহুতো কাৰণ আছে। ইয়াৰ ভিতৰত সাংগঠনিক দুৰ্বলতা আৰু ভুল পৰিকল্পনাই প্রথম আৰু মুখ্য কাৰণ বুলি ক’ব পৰা যায়। কাৰণ মহাত্মা গান্ধী আৰু কংগ্ৰেছৰ আন শীৰ্ষস্থানীয় নেতাসকলক চৰকাৰে আটক কৰাৰ পাছৰ পৰা সাধাৰণ আন্দোলনকাৰী সকলে নেতাবিহীন হৈ আন্দোলন চলাই যাব লগা হৈছিল। গতিকে অপৰিকল্পিতভাৱে চলাই যোৱা আন্দোলনটোত বিভিন্নধৰণৰ খেলিমেলিৰ সৃষ্টি হৈছিল। অভিজ্ঞ নেতাৰ অভাৱত বিভিন্ন প্রকাৰে আন্দোলন পৰিচালনা কৰাৰ বাবে গোটেই আন্দোলনটোৱেই গুৰিয়াল নোহোৱা নাৱৰ দৰে হৈ পৰিছিল।

২৷ আন্দোলনত জড়িত হোৱা বিভিন্ন গোটবিলাকৰ মাজতো কোনোধৰণৰ যোগাযোগ নোহোৱা হৈ পৰিল।

৩। আন্দোলনৰ নেতৃত্ব বহন কৰাসকলৰ মাজতো মত পার্থক্যই দেখা দিছিল।

৪। সমাজৰ উচ্চ শ্ৰেণীৰ লোক, ধনী ব্যৱসায়ী, জমিদাৰ আৰু ৰাজন্যবৰ্গৰ এই আন্দোলনৰ প্রতি সমৰ্থন নাছিল।

৫। মুছলিমসকলৰ অসহযোগিতাও এই আন্দোলন বিফল হোৱাৰ অন্য এটা কাৰণ। মুছলিমসকলে এই আন্দোলনটোক তেওঁলোকৰ বিৰুদ্ধে কৰা সংগ্ৰাম বুলি অভিহিত কৰিছিল। ১৯৪২ চনৰ ৮ আগষ্ট তাৰিখে কংগ্ৰেছে ভাৰত ত্যাগ আন্দোলনৰ প্রস্তাৱ গ্ৰহণ কৰাৰ পাছত লণ্ডনৰ পৰা প্রকাশিত দৈনিক ‘হেৰল্ড’ নামৰ কাকতখনত ১৪ আগষ্টত বোম্বেত দিয়া এটা সাক্ষাৎকাৰত জিন্না চাহাবে এই কথা স্পষ্টভাৱেই প্রকাশ কৰিছিল। তেওঁ কৈছিল, কংগ্ৰেছৰ নেতাসকলে মনৰ ভাব সলনি কৰি তেওঁলোকৰ আন্দোলন প্রত্যাহাৰ নকৰালৈকে তেওঁলোকৰ লগত কোনো ধৰণৰ বুজা-পৰা হ’ব নোৱাৰে। কংগ্ৰেছৰ এই আন্দোলনৰ মুখ্য উদ্দেশ্য হৈছে ব্ৰিটিছ ৰাজৰ পৰা হিন্দু ৰাজলৈ ক্ষমতা হস্তান্তৰ কৰা”। সেয়ে জিন্নাই মুছলমানসকলক কংগ্ৰেছৰ এই আন্দোলনৰ বিৰুদ্ধে ব্যৱহাৰ কৰিছিল। অৱশ্যে এই ক্ষেত্ৰত জিন্নাৰ কিছু সুবিধাও আছিল। কাৰণ ১৯৪২ চনৰ পৰা ১৯৪৪ চনলৈকে কংগ্ৰেছৰ নেতাসকল জে’লত থকাৰ বাবে তেওঁৰ কোনো শত্ৰু নাছিল। তদুপৰি তেওঁ মুছলিম লীগক শক্তিশালী কৰিবলৈ ব্ৰিটিছ চৰকাৰৰ পৰা সহায়-সহযোগ লাভ কৰিছিল।

৬। এই ক্ষেত্ৰত উনুকিয়াব পৰা আন এটা কাৰণ হ’ল, গান্ধীজীয়ে এই আন্দোলনটোক ‘‘ধৰ্ম-যুদ্ধ’ৰ শাৰীত ৰাখিছিল যাৰ অর্থ আছিল নিজক সম্পূৰ্ণ সাজু কৰি নোলোৱাকৈ শত্ৰুক আক্ৰমণ কৰাৰ পৰা বিৰত থকা। গান্ধীজীৰ এই ভাবধাৰা ব্ৰিটিছসকলৰ ক্ষেত্ৰত একেবাৰে অপ্ৰাসংগিক আছিল। কাৰণ ব্ৰিটিছসকল সাধু-সন্ন্যাসী নাছিল-তেওঁলোকে ৰাজনীতিবিদহে আছিল। তদুপৰি তেওঁলোকে তেওঁলোকৰ যুদ্ধৰ নীতি-নিয়ম মহাভাৰত বা মনুসংহিতাৰ পৰা অনুসৰণ কৰা নাছিল। সকলোধৰণৰ নৈতিকতা বিসৰ্জন দি তেওঁলোকে অতি নিষ্ঠুৰভাৱে কংগ্ৰেছ আৰু জনসাধাৰণৰ ওপৰত জঁপিয়াই পৰিছিল। ভাৰতীয় জনসাধাৰণে ‘কৰিম কিম্বা মৰিম’ আদৰ্শত ব্ৰতী হৈ দেশৰ স্বাধীনতা আন্দোলনত নামি পৰিছিল যদিও অভিজ্ঞ নেতাৰ অভাৱৰ বাবে ফলপ্ৰসূ কাৰ্যসূচী গ্ৰহণ কবাত ব্যৰ্থ হৈছিল। ফলত তেওঁলোকে আন্দোলন মষিমূৰ কৰিবলৈ ব্ৰিটিছ চৰকাৰে লোৱা কঠোৰতম শাস্তিৰ বলি হ’বলগা হৈছিল।

৭। গান্ধীজীৰ অনুগামীসকলক গান্ধীজীৰ অনুপস্থিতিয়েই এই বিফলতাৰ মূল কাৰণ বুলি ক’বলৈ বিচাৰে কিন্তু ড’ আৰ চি মজুমদাৰে এই যুক্তি মানি ল’বলৈ বিচৰা নাছিল। তেওঁৰ মতে আন্দোলনটো সম্পূৰ্ণভাৱে অহিংস হৈ থকাহেঁতেন গান্ধী থকা হ’লেও সফলতা অৰ্জন কৰিব নোৱাৰিলেহেতেন। ব্ৰিটিছ চৰকাৰে ১৯৪২ চনৰ আন্দোলনৰ সময়ছোৱাত হোৱা ধ্বংসাত্মক কাৰ্যবিলাকৰ বাবেহে চিন্তিত হৈছিল; কাৰণ এইবিলাকে যুদ্ধৰ কালছোৱাত যোগাযোগ ব্যৱস্থাত ব্যাঘাত জন্মাইছিল। আন্দোলন দমন কৰিবলৈ লোৱা ব্যৱস্থা বা জনসাধাৰণৰ আলৈ আহুকালৰ বাবে চিন্তিত হোৱা নাছিল।

৮ ৷ কমিউনিষ্টসকলৰ আত্মঘাতী কাৰ্যপন্থাও আন্দোলনটোৰ ব্যৰ্থতাৰ এটা কাৰণ বুলি চৰকাৰৰ বিৰুদ্ধে প্রত্যক্ষ সংগ্ৰামত লিপ্ত হৈছিল, সেই সময়ত কমিউনিষ্টসকলে ব্ৰিটিছৰ সপক্ষে চোৰাংচোৱাগিৰি কৰি ব্ৰিটিছ চৰকাৰক সহায় কৰিছিল।

৯। আন এটা উল্লেখযোগ্য কাৰণ আছিল ব্ৰিটিছ চৰকাৰৰ সামৰিক শক্তি। এই যুদ্ধ চলিছিল নিৰস্ত্ৰ, অসংগঠিত নেতাবিহীন জনসাধাৰণ আৰু ইউনিফৰ্ম পৰিহিত, বন্দুক, ৰাইফল, মেচিনগান আদি অন্ত্ৰ-শস্ত্ৰৰে সুসজ্জিত আৰক্ষী আৰু সৈনিকৰ মাজত। গতিকে কোনটো পক্ষৰ জয় হ’ব সেইটো সহজেই অনুমেয়।

80. ভাৰত ত্যাগ আন্দোলনৰ সফলতাৰ দিশবোৰ উল্লেখ কৰা?

Ans: ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলন বিফল হোৱা বুলি ধৰি ল’লেও এই আন্দোলনৰ গুৰুত্ব অস্বীকাৰ কৰিব নোৱাৰি; কাৰণ এই আন্দোলনেই ১৯৪৭ চনত ভাৰতৰ স্বাধীনতা লাভৰ ভেটি তৈয়াৰ কৰি দিছিল। ভাৰতৰ জনসাধাৰণে যেতিয়া স্বতঃস্ফুৰ্তভাৱে আন্দোলনত যোগদান কৰি নিজৰ জীৱনকো তুচ্ছ কৰি স্বাধীনতা লাভৰ বাবে বদ্ধপৰিকৰ হৈছিল তেনে এক পৰিস্থিতিত বিদেশী শাসন এৰাই চলাই যোৱাটোও অসম্ভৱ হৈ উঠিছিল। এই আন্দোলনে ভাৰতীয়সকল যে তেওঁলোকৰ শাসন মানি চলিবলৈ প্রস্তুত নহয়, সেই কথা ব্ৰিটিছ চৰকাৰক অনুভৱ কৰিবলৈ বাধ্য কৰিছিল। এই কথা অনুভৱ কৰিয়েই কেবিনেটমিছনৰ উপদেষ্টা হিচাপে ভাৰতলৈ অহা উদৰো বাইটে (Woodraw wyatt) কৈছিল― যদি ব্ৰিটিছে ভাৰতীয়সকলৰ হাতলৈ শান্তিপূৰ্ণভাৱে ক্ষমতা হস্তান্তৰ কৰিবলৈ সোনকালে ব্যৱস্থা নকৰে তেন্তে ব্ৰিটিছক বহিষ্কাৰ কৰিবৰ বাবে ভাৰতীয়সকলে এক তীব্ৰ আন্দোলন গঢ়ি তুলিব পাৰে; কাৰণ ১৯৪২ চনৰ আন্দোলন আৰম্ভ হোৱাৰ পৰা ভাৰতৰ চাৰিওফালে ব্ৰিটিছবিৰোধী মনোভাৱে গা কৰি উঠিছিল।

সেইদৰে এই আন্দোলনে স্বাধীনতা লাভ কৰাত বিফল হ’লেও ভাৰতীয়সকলৰ বাবে জাতীয় চেতনা  জগাই তোলাত দুগুণে সহায় কৰিছিল। এই আন্দোলন কেৱল ভাৰতৰ এটা অংশত গঢ়ি উঠা নাছিল প্রায় সকলো শ্ৰেণীৰ জনসাধাৰণক সাঙুৰি সমগ্ৰ ভাৰতবৰ্ষকে সামৰি লৈছিল। সেয়ে ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহৰ পিছত এই আন্দোলনেই ব্ৰিটিছ চৰকাৰক কঁপাই তুলিবলৈ সক্ষম হৈছিল। ভাৰতৰ ভাইচৰয়েও আনকি এই কথা স্বীকাৰ কৰি গৈছে।

সেইদৰে অতদিনে ব্ৰিটিছ শাসন প্রৱৰ্তাই ৰখাত সহায় কৰি অহা ভাৰতৰ আৰক্ষী, সৈনিক আৰু আমোলাসকলৰ মনো ব্ৰিটিছবিৰোধী কৰি তোলাত এই আন্দোলনেই বৰঙণি যোগাইছিল।

তদুপৰি এই আন্দোলনেই ভাৰতীয়সকলৰ মনত জাতীয় চেতনাবোধ জন্ম দি মুছলিম লীগৰ বাহিৰে সকলো দল আৰু গোটকে একেলগে ব্ৰিটিছৰ বিৰুদ্ধে থিয় দিয়াত উৎসাহ যোগাইছিল। অৰ্থাৎ এই আন্দোলন ব্ৰিটিছৰ বাবে এক সাৱধানবাণীস্বৰূপ হৈছিল। এই আন্দোলনৰ পাছত ইংলেণ্ডবাসীয়ে আনকি যুদ্ধ শেষ হোৱাৰ লগে লগে ভাৰতবৰ্ষক স্বাধীনতা প্রদান কৰাৰ বিষয়টো পলম কৰিব পৰা নাযাব বুলি ভাবিবলৈ বাধ্য হৈছিল।

শেষত এই আন্দোলনেই ভাৰতৰ স্বাধীনতাৰ বীজ ৰোপণ কৰিছিল আৰু সাম্ৰাজ্যবাদৰ বিৰুদ্ধে ভাৰতীয়সকলৰ ক্ষোভ আৰু স্বাধীনতাৰ বাবে থকা দৃঢ়তাক স্পষ্ট ভাষাত প্রকাশ কৰিছিল। ১৯৪২ চনৰ আন্দোলনৰ পিছত ক্ষমতা হস্তান্তৰ কেৱল সময়সাপেক্ষ আছিল। অৱশ্যে এইটো ঠিক যে ১৯৪২ চনৰ বিদ্ৰোহ আৰু ১৯৪৭ চনৰ ১৫ আগষ্টত ভাৰতে প্ৰকৃত অৰ্থত স্বাধীনতা লাভ কৰা সময়ছোৱাৰ ভিতৰত নানা ধৰণৰ ৰাজনৈতিক ঘটনা ঘটিছিল, আলাপ-আলোচনা হৈছিল আৰু বহু বিষয়ত দৰদাম চলিছিল; কিন্তু ১৯৪২ চনৰ পিছৰ স্বাধীনতা আন্দোলন যে জয়যুক্ত হোৱাৰ নিচেই ওচৰ চাপিছিল, সেই বিষয়ে অলপো সন্দেহ নাছিল। 

81. ভাৰতৰ স্বাধীনতা আন্দোলনত মহাত্মা গান্ধীৰ ভূমিকাৰ বিষয়ে আলোচনা কৰা?

Ans: ভাৰতীয় জাতীয় কংগ্ৰেছৰ অবিসম্বাদী নেতা হিচাপে মহাত্মা গান্ধীৰ অভ্যুদ্বয় ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ এক অবিস্মৰণীয় ঘটনা। ১৮৮৭ চনত ইংলেণ্ডলৈ গৈ ১৮৯১ চনত বেৰিষ্টাৰ পাচ কৰি ভাৰতলৈ ঘূৰি আহি ওকালতি আৰম্ভ কৰা এই মহান ব্যক্তিজন ১৮৯৩ চনত কিছুমান মোকৰ্দমাৰ ওকালতি কৰাৰ অৰ্থে দক্ষিণ আফ্ৰিকালৈ যায়; কিন্তু উক্ত সময়ছোৱাত দক্ষিণ আফ্ৰিকা চৰকাৰে বৰ্ণ বৈষম্য নীতি গ্রহণ কৰি সেই দেশত বসবাস কৰি থকা ভাৰতীয়সকলক অতি নীচ ব্যৱহাৰ কৰিছিল। দক্ষিণ আফ্ৰিকা চৰকাৰে ভাৰতীয়সকলৰ প্রতি দেখুওৱা এনে মনোভাৱে মহাত্মা গান্ধীক একেবাৰে মৰ্মাহত কৰি তুলিছিল আৰু সেয়ে ভাৰতীয়সকলক এনেকুৱা অৱস্থাৰ পৰা উদ্ধাৰ কৰাৰ অৰ্থে মোকৰ্দমা চলাবলৈ যোৱা মহাত্মা গন্ধীয়ে তাত কিছুদিন থকাৰ সিদ্ধান্ত ল’লে। ভাৰতীয়সকলৰ হেৰোৱা সন্মান ঘূৰাই অনাৰ বাবে তেওঁ বিশ বছৰ দক্ষিণ আফ্ৰিকা চৰকাৰৰ বিৰুদ্ধে যুঁজ দি বহুতো কষ্ট ভুগিব লগা হৈছিল। গান্ধীজীয়ে দক্ষিণ আফ্ৰিকাত কৰা কামবিলাকৰ বৰ্ণনা দাঙি ধৰি গোখলেই কৈছিল–গান্ধীজীয়ে কৰা নিঃস্বাৰ্থ প্ৰচেষ্টাৰ ফলতে ভাৰতীয়সকলৰ ৰক্ষা পৰিল। তেওঁ ভাৰতৰ হৈ দক্ষিণ আফ্ৰিকা চৰকাৰৰ বিৰুদ্ধে এখন ডাঙৰ যুদ্ধত অৱতীৰ্ণ হ’ল আৰু ইয়াৰ বাবে তেওঁৰ ওচৰত ভাৰতবাসী কৃতজ্ঞ হৈ থাকিব।”

গতিকে ক’ব পৰা যায় যে দক্ষিণ আফ্ৰিকাত ভাৰতীয়সকলৰ বাবে কৰা সাহসিকতাপূৰ্ণ যুঁজৰ বাবে তেওঁ ইতিমধ্যে বিখ্যাত হৈ পৰিছিল। ১৯১৪ চনৰ শেষৰফালে তেওঁ দক্ষিণ আফ্ৰিকাৰ পৰা ভাৰতলৈ ঘূৰি আহে। উল্লেখযোগ্য যে ১৯১৫ চনত ভাৰতত আহি উপস্থিত নোহোৱালৈকে তেওঁ কংগ্ৰেছ মহলত গুৰুত্বপূৰ্ণ ভূমিকা গ্রহণ কৰা নাছিল আৰু সেয়ে তেওঁ জনসাধাৰণৰ মাজতো বিশেষ জনপ্ৰিয় হ’ব পৰা নাছিল; কিন্তু তেওঁৰ সংযমী আচৰণ, সৎগুণ, ভাৰতীয় ভাষাৰ প্রতি থকা দুৰ্বলতা আৰু ধৰ্মৰ প্ৰতি থকা আগ্ৰহে সকলোকে আকৰ্ষিত কৰিছিল আৰু সেয়ে ভাৰতৰ জনসাধাৰণে তেওঁক মনৰ মাজত সুমুৱাই লৈছিল। 

দক্ষিণ আফ্ৰিকাত বৰ্ণবৈষম্য নীতিবিৰোধী আন্দোলন কৰা সময়তে তেওঁ সত্যাগ্ৰহৰ দৰ্শন প্রচাৰ কৰিছিল। সত্যাগ্ৰহ শব্দটো সংস্কৃত শব্দ আৰু ইয়াৰ অৰ্থ হৈছে সত্য আৰু অহিংসা। মহাত্মা গান্ধীয়ে এই দৰ্শনক আত্মশক্তি বুলি বৰ্ণনা কৰিছে। তেওঁৰ মতে এই শক্তিৰ জন্ম সত্য আৰু অহিংসাৰ পৰাহে হয়। সত্যাগ্ৰহীসকল সফল হ’বলৈ হ’লে ভয়-নীতি, ঘৃণা আৰু মিছাৰ আশ্রয় সম্পূৰ্ণৰূপে পৰিত্যাগ কৰিব লাগিব। ভাৰতলৈ ঘূৰি আহি ভাৰতৰ ব্ৰিটিছ চৰকাৰৰ বিৰুদ্ধেও তেওঁ এই সত্যাগ্ৰহ দৰ্শনকে কামত লগোৱাৰ কথা ঘোষণা কৰিলে। তেওঁ কৈছিল সত্যাগ্ৰহ যদি আফ্ৰিকাত সফল হয় তেন্তে ভাৰতত নহ’ব কিয়? এই ক্ষেত্ৰত তেওঁ আৰু কৈছিল যে ব্ৰিটিছ চৰকাৰ যে অতি শক্তিশালী  সেই কথাত মোৰ সন্দেহ নাই, কিন্তু সত্যাগ্ৰহো যে সৰ্বভৌম ঔষধ সেই বিষয়েও মোৰ সন্দেহ নাই। তেওঁ অৱশ্যে সৰ্বভাৰতীয় ভিত্তিত এই কাৰ্যসূচী গ্ৰহণ কৰাৰ আগতে ১৯১৫ চনৰ পৰা ১৯১৯ চনৰ ভিতৰত মুঠ পাঁচবাৰ পৰীক্ষা কৰি চাইছিল। প্ৰথমে তেওঁ বিহাৰৰ চম্পাৰণৰ খেতিয়কসকলক নীল খেতিৰ গৰাকীসকলে আইনীভাৱে কৰা জোৰ-জোলোমৰ ওপৰত অনুসন্ধান চনালে আৰু পিছত এই দুৰ্ভোগত ভুগি থকা খেতিয়কসকলৰ হৈ চৰকাৰৰ ওচৰত এনেভাৱে দাবী উত্থাপন কৰিলে যে অৱশেষত চৰকাৰে এখন অনুসন্ধান সমিতি গঠন কৰিবলৈ বাধ্য হ’ল। 

গান্ধীজীও এই সমিতিৰ এজন সদস্য হ’ল। সমিতিৰ এজন সদস্য হিচাপে কৃষকসকলক ব্ৰিটিছ নীল খেতিৰ গৰাকীসকলে বান্ধি দিয়া নিৰ্দিষ্ট দামত তেওঁলোকৰ শস্য বিক্ৰী কৰিবলৈ বাধ্য কৰোৱাতো যে বে-আইনী হৈছে সেইটো বুজাই দিয়াত সফল হৈছিল। ফলত চৰকাৰে এই ব্যৱস্থা উঠাই দিবলৈ বাধ্য হ’ল। গান্ধীজীৰ এই কাৰ্যই গাঁও অঞ্চলৰ কৃষক ৰাইজক বাৰুকৈয়ে আকৰ্ষিত কৰিছিল লগে লগে জাতীয়তাবাদী নেতা, যেনে― ৰাজেন্দ্ৰপ্ৰসাদ, মহাদেৱ দেশাই, মহজৰ-উল-হক, জে বি কৃপালনীকে আদি কৰি ভালেমান লোক গান্ধীজীৰ আদৰ্শ, নিভীকতা, ৰাজনৈতিক কাৰ্যাৱলী আদিৰ দ্বাৰা অতিকৈ প্রভাৱান্বিত হৈছিল।

গুজৰাটৰ খেডা (Kheda) অঞ্চলতো এই সত্যাগ্ৰহ কাৰ্যসূচী পৰীক্ষা কৰি চোৱাৰ সুযোগ গান্ধীজীয়ে লাভ কৰিছিল। ১৯১৮ চনত সেই অঞ্চলত খেতি পথাৰৰ শস্য নষ্ট হৈছিল। খেতিয়কসকলে মাটিৰ খাজনা মাফ কৰিবলৈ চৰকাৰক অনুৰোধ জনালে; কিন্তু ব্রিটিছ চৰকাৰৰ বিষয়াসকলে মাটিৰ খাজনা পূৰাকৈ ল’বৰ বাবে দৃঢ়প্ৰতিজ্ঞ হ’ল। এনেতে গান্ধীজীয়ে কৃষকসকলক সত্যাগ্ৰহ কৰিবলৈ সংগঠিত হ’বলৈ আহ্বান জনালে। খেতিয়কসকলে খাজনা দিবলৈ অমান্তি হ’ল আৰু ইয়াৰ বাবে যিকোনো ফল ভোগ কৰিবলৈও সাজু হ’ল। আনকি যিসকলে দিব পাৰে সেইসকলেও খাজনা নিদিবলৈ দৃঢ় মনোভাব গ্রহণ কৰিলে৷ ফলত চৰকাৰ কৃষকসকলৰ লগত এক বুজাবুজিত আহিবলৈ বাধ্য হ’ল। উল্লেখযোগ্য যে গান্ধীজীৰ এই সত্যাগ্ৰহৰ সফলতা দেখি আহমেদাবাদৰ বেৰিষ্টাৰ চৰ্দাৰ বল্লভভাই পেটেল এনেদৰে প্ৰভাৱান্বিত হ’ল যে তেওঁ গান্ধীজীৰ এজন বিশ্বস্ত অনুসৰণকাৰী হৈ পৰিল।

সেই একে চনতে অৰ্থাৎ ১৯১৮ চনত আহমেদাবাদৰ কাপোৰৰ মিলৰ শ্রমিকসকলেও গান্ধীজীৰ দৃষ্টি আকৰ্ষণ কৰিলে, অধিক মজুৰীৰ দাবীত মালিকসকলৰ বিৰুদ্ধে তেওঁ নিজে নৃতৃত্ত্ব বহন কৰি শ্ৰমিকসকলৰ দ্বাৰা এটা হৰতালৰ আয়োজন কৰালে; কিন্তু কিছুদিনৰ পিছত যেতিয়া শ্রমিকসকলৰ মনোবল ভাঙি পৰিবলৈ ধৰিলে তেতিয়া তেওঁ নিজে অনশনত বহি শ্রমিকসকলক একগোট কৰিলে। ইয়াৰ  উপৰি গান্ধীজীৰ এই অনশন কাৰ্যসূচীয়ে সমগ্ৰ ভাৰতৰ জনসাধাৰণৰ মন আকৃষ্ট কৰিলে আৰু সেয়ে সাম্ভাব্য প্রতিকুল অৱস্থাৰ আশংকা কৰি বস্ত্ৰ মিলৰ মালিকসকলে গান্ধীজীৰ অনশনৰ চতুৰ্থ দিনা শ্রমিকসকলৰ দাবী মানি লৈ শতকৰা ৩৫ ভাগ মজুৰি বৃদ্ধি কৰিবলৈ সিদ্ধান্ত ল’লে।

সত্যাগ্ৰহৰ এই সফল পৰীক্ষাবোৰে গান্ধীজীৰ মনলৈ দৃঢ়তা কঢ়িয়াই আনিলে আৰু ইয়াৰ লগতে গাঁও অঞ্চলৰ খেতিয়ক ৰাইজ আৰু নগৰ অঞ্চলৰ শ্রমিক এই উভয় শ্ৰেণীৰ লোককে তেওঁৰ কাষলৈ টানি আনিলে। গতিকে জাতীয় আন্দোলনৰ প্রতি যে গান্ধীজীৰ এইটো মহান অৱদান সেই ক্ষেত্ৰত কোনো সন্দেহৰ অৱকাশ নাই। এইটো নকলেও হ’ব যে গান্ধীজী ভাৰত আহি পোৱাৰ আগলৈকে জাতীয় আন্দোলনবিলাক কেৱল নগৰ অঞ্চলত বসবাস কৰা নিম্নমধ্যবিত্ত, মধ্যবিত্ত শ্ৰেণী আৰু বুদ্ধিজীৱীসকলৰ মাজতে আবদ্ধ হৈ আছিল। গান্ধীজী ভাৰতলৈ অহাৰ পিছৰ পৰাহে সাধাৰণ শ্রেণীৰ লোকৰ সকলোৱে একেলগে একে সময়তে আন্দোলনত জপিয়াই পৰিছিল। এইটোও অনস্বীকাৰ্য যে গান্ধীজীয়ে বোধহয় ভাৰতৰ একমাত্ৰ নেতা আছিল যিজনৰ ব্যক্তিত্ব চহা গাঁৱলীয়া জনসাধাৰণৰ লগত পূৰ্ণমাত্ৰাই মিলি গৈছিল। গাঁওবাসীৰ আচাৰ-ব্যৱহাৰ, ৰীতি-নীতিৰ লগত তেওঁ একাত্ম হৈ পৰিছিল আৰু অতিসহজ-সৰল ভাষাত তেওঁলোকৰ লগত কথা-বতৰা পাতিছিল। এইদৰে অৱশেষত তেওঁ দুখীয়া নিচলা গাীওবাসীৰ প্রতীক স্বৰূপ হৈ পৰিছিল। এই ফালৰ পৰা বিচাৰ কৰিলে গান্ধীজীয়েহে যে প্রকৃত ভাৰতবাসীৰ প্ৰতিনিধিত্ব কৰিছিল সেই সম্পৰ্কত অলপো সন্দেহৰ অৱকাশ নাই।

উল্লেখযোগ্য যে ভাৰতত আৰম্ভ হোৱা আন্দোলনবিলাকৰ আঁৰত চলি থকা অসামাজিক আৰু হিংসাত্মক কাৰ্যাবিলাকৰ মোকাবিলা কৰাৰ অৰ্থে ব্ৰিটিছ চৰকাৰে ৰাওলাটৰ নেতৃত্বত ১৯১৭ চনৰ ১০ ডিচেম্বৰত এখন অনুসন্ধান আয়োগ গঠন কৰি দিছিল। এই আয়োগৰ প্রতিবেদনৰ ভিত্তিত ব্রিটিছ আমোলাসকলক ভাৰতত আইন-শৃংখলা অটুত ৰাখিবৰ বাবে বিনা বিচাৰে অপৰাধীসকলক তেওঁলোকে বিচৰা সময়লৈকে কাৰাবন্দী কৰি ৰখাৰ ক্ষমতা দিয়া হৈছিল। ভাৰতীয়সকলে এই বিলৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ গঢ়ি তুলিছিল যদিও তেওঁলোক সফল নহ’ল মহাত্মা গান্ধীয়ে এই বিল গৃহীত হ’লে তীব্ৰ আন্দোলন গঢ়ি তোলা হ’ব গান্ধীজীৰ ধৈৰ্য্যৰ সীমা চেৰাই গ’ল আৰু লগে লগে তেওঁ সত্যাগ্ৰহেৰে এই আইনৰ বিৰোধিতা কৰাৰ সিদ্ধান্ত ল’লে। গান্ধীজীৰ সত্যাগ্ৰহ এইবাৰ স্থানীয় অভিযানতে সীমাবদ্ধ নাথাকিল। তেওঁ এখন সত্যাগ্ৰহ সমিতি গঠন কৰি ৰাওলাট আইনৰ দমনমূলক ব্যৱস্থাবলী সজোৰে অমান্য কৰিবলৈ দৃঢ় সংকল্প গ্ৰহণ কৰিলে। ১৯১৯ চনৰ ৬ এপ্ৰিল তাৰিখে সমগ্ৰ দেশতে সাধাৰণ হৰতালৰ আহ্বান দিয়া হ’ল আৰু ইয়াৰ লগে লগে আইন অমান্য আন্দোলন আৰম্ভ কৰাৰ দিহা হ’ল। 

এই হৰতাল অভূতপূৰ্ব সাফল্যৰে পালন কৰা হ’ল যদিও বিভিন্ন ঠাইত অশান্তিৰ সূত্ৰপাত হ’ল।পঞ্জাৱত এই আন্দোলনে হিংসাত্মক ৰূপ ল’লে। চৰকাৰে এই হিংসাত্মক কাৰ্য দমন কৰাৰ অৰ্থে ভালেমান কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিলে। চৰকাৰৰ এনেবিলাক দমনমূলক ব্যৱস্থাই পঞ্জাবৰ জনসাধাৰণক অধিক ক্ষুব্ধ কৰি তুলিলে আৰু এইবিলাকৰ প্রতিবাদকল্পে এক বিৰাট শোভাযাত্ৰাৰ আহ্বান দিলে,চৰকাৰেও এই আন্দোলন দমন কৰাৰ বাবে দুগুণে প্রস্তুতি চলালে। পঞ্জাৱৰ অমৃতসৰ নগৰৰ প্ৰশাসনিক দায়িত্ব সেনাবাহিনীৰ হাতত অৰ্পণ কৰিলে আৰু জলন্ধৰ গোটৰ সেনাধ্যক্ষ ডায়াৰক অমৃতসৰলৈ বদলি কৰি আনিলে; কিন্তু এই সকলোবিলাক সত্বেও ব্ৰিটিছ চৰকাৰৰ দমনমূলক কাৰ্যাৱলীৰ প্ৰতিবাদ জনাবলৈ পঞ্জাবৰ জনসাধাৰণে ১৯১৯ চনৰ ১৩ এপ্ৰিল তাৰিখে অমৃতসৰ নগৰৰ জালিৱানৱালাবাগত সমবেত হোৱাৰ সিন্ধান্ত গ্ৰহণ কৰিছিল। ১২ এপ্ৰিল তাৰিখে জেনেৰেল ডায়াৰে অমৃতসৰত কাৰ্যভাৰ গ্ৰহণ কৰিয়ে সমাবেশটোক নিষিদ্ধ ঘোষণা কৰিছিল। কিন্তু সকলো পৰিণাম আওকাণ কৰি নিৰ্দিষ্ট তাৰিখত নিৰ্দিষ্ট স্থানত হাজাৰ হাজাৰ লোক আহি সমবেত হ’লহি। 

কিছু সময়ৰ পিছতে জেনেৰেল ডায়াৰে এক বিশাল সৈন্যবাহিনীৰ সৈতে সেই ঠাইত উপস্থিত হ’ল আৰু কোনো ধৰণৰ সাৱধান বাণী ঘোষণা নকৰাকৈয়ে বিক্ষোভকাৰীসকলৰ ওপৰত অপৰোচিতভাৱে গুলী চলাবলৈ ধৰিলে। ফলত বহুলোকে প্রাণ হেৰুৱালে আৰু অন্য বহুলোক আঘাতপ্রাপ্ত হ’ল। অমৃতসৰৰ এই কৰুণ ঘটনাৱলীৰ পিচতে আৰু কিছুমান কঠোৰ ব্যৱস্থাৱলী গ্ৰহণ কৰা হ’ল। এইবিলাকৰ ভিতৰত সান্ধ্য আইন জাৰী কৰা, বাটে-পথে মানুহক বেত্ৰাঘাত কৰা, গ্ৰেপ্তাৰ কৰা লোককে বন্ধ কুঠৰীতে সোমাই ৰখা, সম্পত্তি বাজেয়াপ্ত বা ধ্বংস কৰা, হিন্দু-মুছলমান উভয় সম্প্ৰদায়ৰ লোকক একেলগে বান্ধি দিয়া, সামৰিক আইন ঘোষণা ইত্যাদি উল্লেখযোগ্য।

পঞ্জাবৰ এই কৰুণ ঘটনাৱলীয়ে গান্ধীজীৰ ধৈৰ্যৰ বান্ধ সোলোকাই দিলে আৰু যিকোনো মূল্যৰ বিনিময়ত ব্ৰিটিছক ভাৰতৰ পৰা বিতাড়ন কৰিবলৈ দৃঢ় সংকল্প গ্ৰহণ কৰিলে। লগে লগে নৰমপস্থী জাতীয়তাবাদী সকলোৰে সৰহসংখ্যকে গান্ধীজীৰ লগত সহযোগিতা কৰিলে। গান্ধীজীয়ে অমৃতসৰৰ ঘটনাত নিহত আৰু আহতসকলৰ বাবে উপযুক্ত পৰিমাণৰ ক্ষতিপূৰণ আৰু দোষী সেনাবিষয়াসকলক শাস্তি বিহিবলৈ চৰকাৰৰ ওচৰত দাবী জনালে; কিন্তু চৰকাৰে তেওৰ দাবীৰ প্ৰতি কোনো ধৰণৰ সহানুভূতি নেদেখুৱালে। চৰকাৰৰ এলে মনেভাৱে মহাত্মা গান্ধীক অসহযোগ আন্দোলনৰ নেতৃত্ব দিবলৈ বাধ্য কৰিলে। সেয়ে ক’ব পাৰি যে পঞ্জাবৰ কৰুণ ঘটনাৱলীয়ে গান্ধীজীক ভাৰতীয় ৰাজনীতিৰ আগশীৰীলৈ আনিলে আৰু ক্ৰমে তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ অবিসম্বাদী নেতা হৈ পৰিল। ১৯২০ চনৰ পিছৰ পৰা  ভাৰতৰ স্বাধীনতা আন্দোলনৰ সকলো কাৰ্যসূচীৰ ক্ষেত্ৰতে এইজনা মহান নেতাৰ তত্বাৱধানতে পৰিচালিত হৈছিল। মুঠৰ ওপৰত ক’বলৈ গ’লে ১৯২০ চনৰ পৰা ১৯৪৭ চনৰ ১৫ আগষ্ট পৰ্যন্ত স্বাধীনতা সংগ্ৰামৰ সকলো কাৰ্যসূচীৰ ক্ষেত্ৰতে এইজন নেতাৰ কথাই শেষ কথা হিচাপে পৰিগণিত হৈছিল। 

ভাৰতৰ স্বাধীনতা লাভৰ হকে ব্ৰিটিছৰ বিৰুদ্ধে গ্ৰহণ কৰা আন্দোলনৰ পদ্ধতিসমূহ, যেনে— অহিংসা, অসহযোগ, আইন অমান্য ইত্যাদি সকলো এইজন মহান পুৰুষৰ মহান অদান। উপৰোক্ত কাৰ্যসূচীবিলাকৰ জৰিয়তে তেওঁ ভাৰতৰ সকলো প্রান্তৰে লোকক আকৰ্ষিত কৰিবলৈ সক্ষম হৈছিল। তেওঁ ভাৰত আহি পোৱাৰ আগলৈকে ভাৰতীয় জাতীয় কংগ্ৰেছৰ সাংগঠনিক ভেটি নগৰ অঞ্চলতে আবদ্বহে আছিল যদিও তেওঁ জাতীয় কংগ্ৰেছত যোগদান কৰিয়েই ইয়াৰ কাৰ্যক্ষেত্ৰ গাঁও অঞ্চলৈকে বৃদ্ধি কৰি জাতীয় আন্দোলনটোক এক জনসাধাৰণৰ আন্দোলনলৈ ৰূপান্তৰ ঘটাইছিল। সেয়ে ১৯২৩ চনৰ ভিতৰত গাওবিলাকৰ  সভ্যৰ সংখ্যা নগৰৰ সংখ্যাৰ দুগুণলৈ বৃদ্ধি পাইছিল।

গতিকে ক’ব পৰা যায় যে জনসাধাৰণৰ সমৰ্থন তথা সহযোগিতাৰ ওপৰত প্ৰতিষ্ঠিত হোৱা কংগ্ৰেছ দলে নেতৃত্বত এপাট নতুন অস্ত্ৰৰ জৰিয়তে সাম্ৰাজ্যবাদৰ যুজঁ দি সফলতা অর্জন কৰিবলৈ সক্ষম হৈছিল।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top