Indian Society: Images and Realities Unit 1 Ideas of India: Civilization Colony, Nation and Society, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Indian Society: Images and Realities Unit 1 Ideas of India: Civilization Colony, Nation and Society Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Indian Society: Images and Realities Unit 1 Ideas of India: Civilization Colony, Nation and Society Question Answer can be of great value to excel in the examination.
Indian Society: Images and Realities Unit 1 Ideas of India: Civilization Colony, Nation and Society
Indian Society: Images and Realities Unit 1 Ideas of India: Civilization Colony, Nation and Society Notes cover all the exercise questions in UGC Syllabus. Indian Society: Images and Realities Unit 1 Ideas of India: Civilization Colony, Nation and Society provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.
24. জাতিৰ সংজ্ঞা দিয়া। ভাৰতত জাতি ব্যৱস্থাৰ উৎপত্তিৰ যি কোনো দুটা সিদ্ধান্ত আলোচনা কৰা ৷
Ans: জাতিৰ সংজ্ঞাকলৈ সমাজতত্ববিদসকলৰ মাজত মতভেদ আছে। ইংৰাজী Caste শব্দটো পৰ্তুগীজ Casta শব্দৰ পৰা আহিছে, যাৰ অৰ্থ হ’ল গোষ্ঠী বংশ বা পৰিয়ালৰ সমষ্টি। জাতি হৈছে এক নামধাৰী কিছুমান পৰিয়াল বা পৰিয়ালৰ সমষ্টি। এই সমষ্টিৰ ব্যক্তিসকলে কোনোবা মানুহ বা দেৱতাৰূপী কাল্পনিক উপৰিপুৰুষৰ বংশধৰ বুলি পৰিচয় দিয়ে। তেওঁলোক একে বংশগত বৃত্তিধাৰী বুলি দাবী কৰে আৰু এটা স্বজাতীৰ সমুদায়ৰ সংগঠনৰ বুলি যিসকলৰ মত প্ৰকাশ কৰা যোগতা থাকে তেওঁলোকে সেইদৰেই ইয়াক বিবেচনা কৰে। জাতিসম্বন্ধে এক সার্বজনীন সংজ্ঞা আগবঢ়োৱাটো সম্ভৱ নহয়। জাতি হৈছে একোটা সামাজিক সমূহ বা সমূহৰ সমষ্টি, যিবিলাকৰ সদস্যতা জন্মগতভাবে নির্ধারিত হয়। সামাজিক সংস্পর্শ বা আদান-প্রদান একে সমূহ বা সমুহৰ সমষ্টিৰ মাজত সীমাবদ্ধ থাকে আৰু তেওঁলোকৰ মাজত অন্তঃবিবাহ প্ৰচলিত হৈ থাকে।
ভাৰতীয় জাতি ব্যৱস্থাৰ বিচিত্ৰতা আৰু জটিলতাৰ বাবে পণ্ডিতসকলে বিভিন্ন তত্ত্ব আগবঢ়াইছে। তাৰে ভিতৰত দুটা সিদ্ধান্ত তলত আলোচনা কৰা হৈছে।
(১) ৰাজনৈতিক সিদ্ধান্ত: এই সিদ্ধান্তৰ প্ৰধান সমৰ্থক হ’ল ফ্ৰান্সৰ আরে ডুবয়। এই সিদ্ধান্ত অনুসৰি জাতি ব্যৱস্থা ব্ৰাহ্মণসকলৰ ছাল চতুৰালিৰে সংগঠিত এক ৰাজনৈতিক আঁচনি। ডুবয়ৰ মতে, জাতি ব্যৱস্থা ব্ৰাহ্মণৰ দ্বাৰা ব্ৰাহ্মণৰ স্বাৰ্থ, প্রভুত্ব সুৰক্ষিত কৰিবৰ কাৰণে সৃষ্টি কৰি লোৱা হয়। এই ক্ষেত্ৰত ধৰ্মৰ আলম লৈ সকলোধৰণৰ ক্ৰিয়া কৰ্ম কৰাৰ অধিকাৰ ব্ৰাহ্মণসকলে নিজৰ হাতত ৰাখিছিল। ডুবয়ে উদাহৰণ হিচাপে মিচৰ আৰু ইজৰাইলৰ উদাহৰণ দি কৈছে যে, সেইবোৰ দেশত বৃত্তি পুৰুষানুক্রমে হস্তান্তৰিত কৰা হৈছিল আৰু কোণেও নিজৰ বংশৰ বৃত্তি এৰি অন্য বৃত্তি গ্ৰহণ কৰিব নোৱাৰিছিল। ভাৰতবৰ্ষতো ব্ৰাহ্মণসকলে ধর্মীয় ক্রিয়া কর্ম নিজৰ হাতত ৰাখি সমাজত তেওঁলোকৰ স্ব-প্রস্থিতি উচ্চ স্থানত প্ৰতিস্থা কৰিছিল। ব্ৰাহ্মণসকলৰ ক্ৰিয়া কৰ্মত যি সকলে সহযোগ কৰিছিল, সেইসকলৰ স্থান ব্ৰাহ্মণসকলৰ পাছতেই নিৰূপণ কৰা হৈছিল। এনেদৰে এক বৃত্তিকে গ্ৰহণ কৰি প্ৰস্থিতি সংৰক্ষণ কৰাৰ বাবেই জাতি ব্যৱস্থাৰ উৎপত্তি হৈছিল বুলি এই তত্ত্বৰ সমৰ্থক সকলে মতপোষণ কৰে। মূখ্য সমর্থক ডুবয়ৰ দৰে ইবেটনত, খুৰী আদি সমাজতত্ত্ববিদসকলে আংশকিভাবে জাতি ব্যবস্থা উৎপত্তিত ব্ৰাহ্মণৰ ভূমিকাৰ ওপৰত গুৰুত্ব দি এই সিদ্ধান্ত সমর্থন জনায়।
(২) বৃত্তিয়াত্মক সিদ্ধান্ত: এই সিদ্ধান্ত আগবঢ়াইছে নেচ ফিল্ড আৰু এই সিদ্ধান্ত মতে বৃত্তিৰ ভিন্নতাৰ বাবেই জাতি ব্যৱস্থাৰ সৃষ্টি হৈছে। বৃত্তিৰ উচ্চতা আৰু নীচতা অনুসবি জাতিসমূহ নিৰূপণ কৰা হয়। নেফিল্ডৰ মতে সামাজিক উচ্চ নীচ সংস্কৰণ স্বাভাবিক যিহেতু বৃত্তিৰ ভিত্তিত পৃথিৱীৰ বিভিন্ন সমাজত এনে সংস্কৰণ দেখা যায়। তেওঁ জাতি ব্যৱস্থাৰ উৎপত্তি ধর্মীয় আৰু প্ৰজাতীয় দিশবিলাক মানি লোৱা নাই। তেওঁৰ মতে, মানুহ জীয়াই থকাৰ বাবে অতি প্রয়োজনীয় জীৱিকাৰ সৈতে বৃত্তি সম্বন্ধ আছে। সেইবাবে মানুহৰ জীৱন-যাপনৰ প্ৰতিটো মুহূৰ্ত্ততে ইয়াৰ গুৰুত্ব অধিক। এই বৃত্তিবোৰ সামাজিক প্ৰমূল্যৰ ওপৰত ভিত্তি কৰি উচ্চ-নীচ হিচাপে বিভাজন হোৱাৰ পৰিপ্রেক্ষিততে জাতিবোৰৰ মাজত ভিন্নতাই গা কৰি উঠিছে।
নেচফিল্ডৰ এই বৃত্তিয়াত্মক সিদ্ধান্ত সমালোচনাৰ পৰা মুক্ত নহয়। দেখা যায় যে, বহুতো জাতি এনে ধৰণে বৃত্তিৰ সৈতে জড়িত হৈ থাকিলেও তেওঁলোকৰ সামাজিক প্রস্থিতি একে নহয়। উদাহৰণ হিচাপে ক’ব পাৰি যে ভাৰতৰ অধিকাংশ লোক অর্থাৎ প্রায় ৭৫ শতাংশ লোক জীৱিকাৰ প্রধান উৎস একে যদিও তেওঁলোক এটা জাতি হিচাপে পৰিগণিত হোৱা নাই। ইয়াৰ উপৰিও তেওঁলোকৰ সামাজিক প্রস্থিতিও স্থানভেদে বেলেগ হোৱা দেখা যায়। তদুপৰি বৃত্তিৰ উচ্চতা নীচতা কিহৰ ওপৰত নিৰ্ভৰ কৰি নিৰ্ধাৰণ কৰা হয়, এই কথা এই সিদ্ধান্তত কোনো উল্লেখ নাই।
25. যুটীয়া পৰিয়ালৰ বিঘটনৰ কাৰণসমূহ আলোচনা কৰা ৷
Ans: সামাজিক পৰিবৰ্তন এক স্বাভাবিক প্রক্রিয়া। এই পৰিবৰ্তনে প্রচলিত সংস্থাসমূহৰ নীতি-নিয়মবোৰৰ পৰিবর্তনকে নির্দেশ কৰে। যুটীয়া পৰিয়ালৰ বিঘটন ঘটি সমাজত প্ৰাথমিক পৰিয়ালৰ প্ৰাধান্য বৃদ্ধি পাইছে। যুটীয়া পৰিয়াল বিঘটন হোৱাৰ প্ৰধান কাৰণসমূহ হ’ল এনেধৰণৰ –
(১) উদ্যোগীকৰণ: সাধাৰণতে গ্রাম্য সমাজতহে যুটীয়া পৰিয়াল দেখা যায়। সাম্প্রতিক সময়ত উদ্যোগীকৰণৰ ব্যাপক প্ৰসাৰণৰ ফলত নগৰ চহৰসমূহত বহুতো কল-কাৰখানা গঢ়ি উঠিছে। ইয়াৰ ফলত যুটীয়া পৰিয়ালৰ সদস্যসকলে পৰিয়ালৰ পৰা বিচ্ছিন্ন হৈ জীৱিকৰ সন্ধান্ত নগৰমুখী হবলৈ ধৰিছে।
(২) উন্নত পৰিবহন আৰু যোগাযোগ ব্যবস্থা: উন্নত পৰিবহণ আৰু যোগাযোগ ব্যৱস্থাই উদ্যোগ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত সহায় কৰিছে। ইয়াৰ ফলত গাওঁ অঞ্চলৰ বহুলোক জীবিকাৰ সন্ধানত নগৰলৈ ৰাওনা হৈছে। গাঁৱৰ যুটীয়া পৰিয়ালৰ বিপৰীতে নগৰত এওঁলোকে সৰু আকাৰৰ পৰিয়াল পাতি বাস কৰিবলৈ লৈছে। কাৰণ পৰিবহণ আৰু যোগাযোগ ব্যৱস্থাৰ পৰিবৰ্তনে ব্যক্তিৰ উপাৰ্জনৰ উৎসও পৃথক কৰে আৰু প্ৰাচীন সামাজিক পৰম্পৰাসমূহ বিসর্জন দিয়ে। ইয়াৰ ফলত যুটীয়া পৰিয়ালৰ অস্তিত্ব নাইকিয়া হোৱাৰ উপক্ৰম হৈছে।
(৩) পশ্চিমীয়া সংস্কৃতিৰ প্ৰভাৱ: পশ্চিমীয়া সংস্কৃতিৰ বিভিন্ন উপাদান যেনে – পাশ্চাত্য শিক্ষা, বিজ্ঞান, প্রযুক্তিবিদ্যা আৰু পাশ্চাত্য সংস্কৃতিৰ সম্প্রসাৰণেও যুটীয়া পৰিয়ালৰ বিঘটনত যথেষ্ট অৰিহণা যোগাইছে। হিন্দু সমাজত থকা সহযোগিতা, সহিষ্ণুতা, প্রেম আদি মনোভাৱৰ পৰিবৰ্তন হৈছে। পশ্চিমীয়া আদর্শত ব্যক্তিবাদ, স্বতন্ত্রতা আদি আমাৰ সমাজত প্রচলিত হ’বলৈ ধৰিছে। পশ্চিমীয়া সমাজত একক পৰিয়ালৰ প্ৰাধান্য বেছি যিহেতু তেনে পৰিয়ালত পতি-পত্নীৰ মাজত স্বাধীনতভাৱে মৰম স্নেহ প্রকাশৰ সুবিধা বেছি। আমাৰ দেশলৈ পশ্চিমীয়া সংস্কৃতি সম্প্ৰসাৰণ হোৱাৰ লগে লগে ভাৰতীয়সকলে যুটীয়া পৰিয়ালৰ পৰিবৰ্তে একক পৰিয়ালৰ পোষকতা কৰিবলৈ ধৰে। এনে একক পৰিয়ালৰ ধাৰণাই যুটীয়া পৰিয়াল পদ্ধতিক বিলুপ্তি ঘটোৱাৰ সম্পূর্ণভাৱে সহযোগ কৰিছে।
(৪) নাৰী সচেতনতা: আধুনিক শিক্ষাৰ দ্ৰুত সম্প্ৰসাৰণৰ ফলস্বৰূপে ভাৰতীয় নাৰীসকলে নিজকে আধুনিক শিক্ষাৰে শিক্ষিতা কৰি তুলিছে। এনে শিক্ষিতা মহিলাসকল পশ্চিমীয়া সংস্কৃতির প্রতি আকৰ্ষিত হোৱাৰ উপৰিও তেওঁলোকৰ অধিকাৰ আৰু সমতাৰ প্ৰতি সচেতন হ’বলৈ ধৰিছে। ফলস্বৰূপে তেওঁলোকৰ চিন্তা-চৰ্চাত ব্যক্তিবাদে গঢ় লৈছে আৰু সেয়ে পৰম্পৰাগত যুটীয়া পৰিয়ালৰ পোষকতা নকৰে। অর্থনৈতিক স্বাৱলম্বিতা আৰু প্ৰস্থিতিৰ ক্ষেত্ৰত নাৰীসকল সচেতন হোৱা বাবে যুটীয়া পৰিয়াল বিলুপ্তিৰ পথত আগবাঢ়ি গৈছে।
(৫) সামাজিক আইন: আমাৰ দেশলৈ ইংৰাজসকল তাহাৰ পাছত ভাৰতীয় সমাজৰ ৰীতি-নীতি, নিয়ম-কানুন আদিৰ বহু পৰিবৰ্তন ঘটে। ইংৰাজ শাসন কালত প্ৰবৰ্তন কৰা কেইবাখনো আইনে প্রত্যক্ষ বা পৰোক্ষভাৱে যুটীয়া পৰিয়ালৰ ওপৰত যথেষ্ট প্রভাৱ পেলায়। ইয়াৰ ভিতৰত ১৮৭২ চনৰ The Civil Marriage Act, ১৯৫৫ চনৰ The Hindu Marriage Act, ১৯৫৬ চনৰ The Hindu Succession Act. আৰু ১৯৩৭ চনৰ The Hindu Women’s Right to property আদি আইনে যুটীয়া পৰিয়ালৰ বিঘটনত যথেষ্ট প্রভাৱ পেলায়। এই আইনসমূহৰ জৰিয়তে গোড়া হিন্দু নীতি-নিয়ম বিলুপ্তি ঘটাই স্বাধীনতা আৰু সাম্যবাদ প্রতিস্থা কৰাৰ উপৰিও নাৰীক স্বাধীনতা আৰু অধিকাৰ প্ৰদান কৰে। ফলত নাৰী-পুৰুষে পৰিয়ালৰ পৰা নিজকে বিচ্ছিন্ন কৰি একক পৰিয়ালৰ গঢ় দিয়ে।
ইয়াৰ বাহিৰেও কিছুমান সামাজিক, অর্থনৈতিক আৰু ধৰ্মীয় কাৰণৰ বাবে যুটীয়া পৰিয়ালৰ বিঘটন হৈছে। ইয়াৰে এটা কাৰণ হ’ল বৰ্ধিত জনসংখ্যা। জনসংখ্যা বৃদ্ধিৰ অনুপাতে কৃষিক্ষেত্ৰ সম্প্ৰসাৰণ নোহোৱাৰ বাবে কৃষিৰ ওপৰত নিৰ্ভৰশীল পৰিয়ালৰ ভৰণ-পোষণৰ সৃষ্টি হৈছে আৰু ইয়াৰ ফলত বহু পৰিয়ালৰ বহুসদস্য জীৱিকাৰ সন্ধানত বিভিন্ন ঠাইলৈ আতঁৰি যাব লগা হোৱাৰ বাবে যুটীয়া পৰিয়ালত বিঘটনৰ সৃষ্টি হৈছে। প্রাচীন হিন্দু পৰিয়ালত পালন কৰা নানা ধৰ্মীয় যাগ-যজ্ঞ আদি মাঙ্গলিক কাৰ্যসমূহে পৰিয়ালৰ সদস্যসমূহক একগোট কৰি ৰাখিছিল। আধুনিক শিক্ষাৰ প্ৰভাৱত মানুহৰ মনৰপৰা ধৰ্মীয় ভাৱ আঁতৰি যোৱাত ব্যক্তিবাদে প্রাধান্য লাভ কৰাৰ বাবে যুটীয়া পৰিয়ালৰ বিঘটন আৰম্ভ হয়। তদুপৰি প্রাচীন সবল সমাজ ব্যৱস্থা ক্ৰমে জটিল আৰু যান্ত্ৰিক অৱস্থালৈ ধাবমান হোৱাত যুটীয়া পৰিয়ালত বসবাস কৰা পৃথক প্ৰজন্মৰ মাজত সংঘাতৰ সৃষ্টি হয়, যাৰ ফলত কিছুসংখ্যক সদস্যই যুটীয়া পৰিয়ালৰ পৰা আতৰি স্বাধীনভাবে বসবাস কৰিবলৈ লোৱাত যুটীয়া পৰিয়ালৰ ভাঙোন আৰম্ভ হয়। সর্বশেষত ইয়াকে ক’ব পাৰি যে, থকা-মেলাৰ সা-সুবিধাৰ অভাৱৰ বাবেও নগৰ অঞ্চলৰ যুটীয়া পৰিয়ালৰ বিঘটন ঘটে।
26. জাতি শব্দটোৰ অৰ্থ কি? জাতি ব্যৱস্থাত দেখা পোৱা বৈশিষ্ট্যসমূহ উল্লেখ কৰা?
Ans: ‘জাতি’ বুজোৱা ইংৰাজী শব্দ ‘Caste’ৰ মূল হ’ল স্পেনিছ শব্দ ‘Caste’। ইয়াৰ অৰ্থ হ’ল সঁচ (Breed), জনগোষ্ঠী (Race), বংশ [Lineage) নাইবা বংশগতভাৱে লাভ কৰা গুণৰ এক সংমিশ্ৰণ পর্তুগীজসকলে এই শব্দটোৰে মানুহৰ শ্ৰেণী (Classes of People) ক বুজায়। ভাৰতত ‘Caste’ৰ সমাৰ্থক শব্দটো হ’ল ‘জাতি’।
ৰিচলে’ৰ সংজ্ঞা মতে, “এটা উমৈহতীয়া নাম থকা; কোনো এক পৌৰাণিক মানৱীয় অথবা সৰগীয় সত্বাৰ পৰা সৃষ্ট এক উমৈহতীয়া পূৰ্বপুৰুষ থকা বুলি দাবী কৰা; লাভ কৰা একেটা বৃত্তিকে অনুসৰণ কৰা বুলি কোৱা আৰু মতামত দাঙি ধৰিব পৰাকৈ অৰ্হতা থকাসকলে এটা একক সমরূপ সম্প্রদায় গঠন কৰিব পাৰিব বুলি কোৱা একাধিক পৰিয়াল নাইবা সমূহ এটাকে জাতি বোলা হয়।”
লান্দবাৰ্গৰ মতে, “এটা জাতি মানে হ’ল এটা অনমনীয় সামাজিক শ্রেণী, যিটোত সদস্যসকলে জন্মগ্রহণ কৰে আৰু যিটোৰ পৰা চৰম কন্টকভাৱে নিজৰ সংযোগ চ্ছিন্ন কৰে নাইবা নিস্তাৰ পায়।” গতিশীলতা আৰু সামাজিক প্ৰস্থিতিৰ বৈশিষ্ট্য আদিৰ দৰে বিষয়বোৰত অতি অনমনীয়তা প্ৰদৰ্শন কৰা স্তৰীকৰণ ব্যৱস্থাৰ প্ৰকাৰটোৱেই হ’ল জাতি।
গ্ৰীণৰ মতে, “জাতি হ’ল স্তৰীকৰণ এনে এক ব্যৱস্থা য’ত সামাজিক প্ৰস্থিতিৰ জখলাডালেৰে ওপৰ-তল কৰিব পৰা গতিশীলতাৰ উদ্ভৱ নহ’বও পাবে।”
বৈশিষ্ট্য: সামাজিক স্তৰীকৰণৰ এটা ৰূপ হিচাপে জাতিয়ে প্রচলিত ৰীতি-নীতিগত পবিত্ৰতা আৰু অপবিত্ৰতাৰ আধাৰত এক উচ্চৰ পৰা নিম্নগামী পদানুক্ৰমত সমাজখনক বিভিন্ন সামাজিক সমূহত ভাগ কৰে। জাতি হ’ল এটা বংশানুক্রমিক আৰু সবৰ্ণ সমূহ। ইয়াৰ পৰম্পৰাগত জীৱিকা/বৃত্তিৰ সৈতে সম্পর্ক আছে।
জাতি ব্যৱস্থাৰ বহুকেইটা বৈশিষ্ট্য আছে। তলত বৈশিষ্ট্যবোৰ আলোচনা কৰা হ’ল—
গৌণ বিভাজন: প্ৰতিটো জাতিয়েই একোটা স্বনিয়ন্ত্রিত সমুহ। জাতিবোৰ পৰস্পৰৰ পৰা স্বতন্ত্ৰ। মানুহ জন্মসূত্রে কোনো এটা জাতিৰ সদস্য হয়। জাতি অপৰিৱৰ্তনীয়। সেয়েহে মানুহে নিজৰ জাতি সলনি কৰি অন্য জাতিৰ সদস্য হ’ব নোৱাৰে। প্ৰতিটো জাতিৰে নিজস্ব জীৱন যাপন পন্থা আছে। প্ৰতিটো জাতিৰে নিজস্ব নীতি-নিয়ম, প্রথা, পৰম্পৰা, ধৰ্মীয় অনুশীলন আৰু ৰীতি আছে। জাতিভিত্তিক নীতি-নিয়মবোৰ বলৱৎ কৰিবলৈ প্ৰতিটো জাতিৰে ‘জাতি পৰিষদ’ নামৰ নিজস্ব প্রশাসনিক অভিকৰণ একোটা থাকে।
পদানুক্রম: জাতি ব্যৱস্থাটোৰ প্ৰকৃতি পদানুক্রমিক। এটা জাতিত চাৰিটা বর্ণ নাইবা জাতি থাকে। জাতিবোৰ ক্ৰমে উচ্চৰ পৰা নিন্নলৈ ভাগ কৰা হয়। পদানুক্রম তালিকাৰ শীৰ্ষৰ পৰা নিম্ন স্থানত থকা জাতিকেইটা হ’ল— ব্ৰাহ্মণ, ক্ষত্রিয়, বৈশ্য আৰু শূদ্ৰ। ব্ৰাহ্মণ আৰু শূদ্র এই দুটা চৰম জাতিৰ মাজত আৰু বহুতো জাতি আছে। এই জাতিবোৰ ব্ৰাহ্মণসকলৰ পৰা কিমান আঁতৰত/তলত তাৰ ওপৰত এইবোৰৰ সামাজিক প্ৰস্থিতি নিৰ্ভৰশীল।
বৰ্ণ ব্যৱস্থাৰ বাহিৰতো অস্পৃশ্যতাৰ অস্তিত্ব আছে। বর্ণ বৱস্থাত যিটো চতুঃস্তৰীয় শ্ৰেণীবিভাজন আছে সেইটো দৰাচলতে ধর্মকেন্দ্রিক বিভাজন। আপেক্ষিক ধাৰ্মিক আচাৰ বিধিৰ পবিত্ৰতাৰ ভিত্তিত এই শ্রেণীবিভাজন কৰা হয়। ডি. চি. ভট্টাচাৰ্যৰ ভাষাত, “ই বিভিন্ন জাতিক একোটা পদানুক্রম গঢ়ি দিয়াৰ লগতে এটা জাতিৰ সদস্যসকলে নিৰ্বাহ কৰা জীৱিকা, খাদ্য হিচাপে গ্ৰহণ কৰা বিভিন্ন সামগ্ৰী আৰু ভিন্ন পদানুক্রম অনুসৰি মানি চলা প্ৰথাবোৰকো সূচায়।”
আন্তঃবিবাহ: ৱেষ্টাৰমাৰ্কৰ মতে অন্ত বিবাহেই হ’ল জাতি ব্যৱস্থাৰ মূলাধাৰ। অন্ত বিবাহে একেটা জাতিৰ ভিতৰতে বিবাহ সম্পন্ন হোৱাটোক বুজায়। আন্তঃ বিবাহ নীতিয়ে জাতি এটাৰ সদস্যসকলক নিজ জাতিৰ বাহিৰত বিবাহ নিষেধ কৰা। আন্তঃ বিবাহৰ এই নীতি উলংঘা কৰিলে জাতিৰ পৰা এঘৰীয়া কৰা নাইবা জাতিৰ পৰিচয় হেৰুৱাবলগীয়া হ’ব পাৰে। একেটা ‘গোত্র’তে (Clan) বিয়া কৰাটোও নিষিদ্ধ কার্য। গাঁৱলীয়া সমাজবোৰত সৰ্বৰ্ণ বিবাহৰ এই নীতি কঠোৰভাৱে মানি চলা হয়। অৱশ্যে এইখিনিতে এটা কথা উল্লেখ কৰা ভাল হ’ব যে আন্তঃ বিবাহ নীতিত কিছুমান ব্যতিক্রমো আছে। এনে ব্যতিক্রম দুটা হ’ল অনুলোম আৰু প্ৰতিলোম বিবাহ।
জীৱিকা স্থিৰকৰণ: জাতি ব্যৱস্থাৰ আন এক বৈশিষ্ট্য হ’ল ইয়াৰ জীৱিকা স্থিৰভাৱে নিৰ্ধাৰণ কৰিব পৰা গুণটো। জীৱিকা/বৃত্তিবোৰক বংশগত বুলি ধৰা হয়। জাতি এটাৰ সদস্যসকলে নিজ নিজ পৰম্পৰাগত জীৱিকাবোৰেই গ্রহণ কৰিব বুলি ধৰা হয়। ব্ৰাহ্মণসকলে ধৰ্মীয় আচাৰ-বিধি সম্পন্ন কৰা কামত জড়িত হৈ থকাটোৱেই ইয়াৰ প্ৰমাণ। অন্য জাতিৰ লোকৰ কাপোৰ ধোৱাই হ’ল ধোৱাৰ পৰম্পৰাগত জীৱিকা। ব্যৱসায়-বাণিজ্য, কৃষি, সামৰিক সেৱা আদিৰ দৰে বৃত্তি দুটামান অৱশ্যে সকলোৰে বাবে মুকলি। কিছুমান জাতিৰ মানুহৰ উপাধিৰ পৰাই তেওঁলোকৰ জীৱিকাৰ বিষয়ে গম পোৱা যায়। যেনে— নাপিত, ধোবা, মুচী, মালী ইত্যাদি।
খাদ্য আৰু পেয় পদাৰ্থত থকা বাধা-নিষেধ: (Restriction of Food and Drink): এটা নিৰ্দিষ্ট জাতিৰ সদস্যই কেনে ধৰণৰ খাদ্য খাব পাৰিব অথবা কি কি পেয় পদার্থ গ্ৰহণ কৰিব পাৰি তাৰ কিছুমান নিয়ম আছে। সাধাৰণতে এটা জাতিয়ে সামাজিক মান্যতাৰ তুলাচনীত নিজতকৈ তলৰ জাতিবোৰৰ হাতেৰে, খাদ্য গ্ৰহণ নকৰে। উচ্চ জাতিৰ লোক এজনে নিম্ন জাতিৰ লোকৰ ছাঁটোৱে স্পৰ্শ কৰিলেও নিজকে অপবিত্ৰ হৈ পৰা বুলি বিশ্বাস কৰে। নিম্ন জাতিৰ লোকৰ হাতৰ পৰা খাদ্য নাইবা পেয় পদার্থ গ্রহণ কৰাৰ সময়তো একেটা বিশ্বাসেই ক্ৰিয়া কৰে।
সাংস্কৃতিক পার্থক্য (Cultural Difference): প্ৰতিটো জাতিৰে সবর্ণ অথবা আস্ত বিবাহ, পবিত্র-অপবিত্ৰৰ ধাৰণা, বৃত্তিগত বিশেষ জ্ঞান আদিৰ ক্ষেত্ৰত নিজা নিজা নীতি-নিয়মৰ সমষ্টি একোটা আছে। প্ৰতিগৰাকী ব্যক্তিৰে আচৰণ তেওঁৰ জাতিৰ প্রয়োজনীয়তাবোৰে নিয়ন্ত্ৰণ কৰে বাবে প্ৰতিটো জাতিয়েই নিজ নিজ উপ সংস্কৃতি বিকশিত কৰে। নীতি মতে, যিমানেই আকর্ষণীয় নহওক কিয় অন্য জাতিৰ ধৰ্ম’ পালন কৰাতকৈ মানুহে যিমানেই নিম্ন নহওক কিয় নিজ জাতিৰ ‘ধৰ্ম’ (ধৰ্মীয় বাধ্যবাধকতা) পালন কৰাটোহে শ্রেয়। এই নীতিৰ ফলস্বৰূপে বিভিন্ন জাতিৰ ‘জীৱনশৈলী’ ভিন ভিন ধৰণৰ হৈছে। অধ্যাপক ঘাৰ্মাৰ মতে, “সেয়েহে জাতিবোৰ নিজেই একো একোখন ক্ষুদ্ৰ আৰু সম্পূর্ণ সামাজিক পৃথিৱী জাতিবোৰ পৰস্পৰৰ পৰা পৃথক কিন্তু বৃহত্তৰ সমাজখনৰ ভিতৰত সকলো জাতিয়েই সহাৱস্থান কৰে।”
পবিত্ৰতা আৰু অপৰিত্ৰতাৰ ধাৰণা: অপবিত্ৰতাৰ ধাৰণাটোৱে বিভিন্ন জাতিৰ মাজৰ প্ৰয়োজনীয় ব্যৱধান বৰ্তাই ৰখাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। “এগৰাকী উচ্চ জাতিৰ মানুহে নিম্ন জাতিৰ মানুহে ৰন্ধা খাদ্য আৰু যঁচা পানী গ্ৰহণ কৰাটোতো বাদেই, তেনে মানুহক আনকি স্পৰ্শই নকৰিব। আন্তঃক্ৰিয়াত জড়িত দুয়োটা জাতি যদি পদানুক্রম তালিকাৰ চৰম জাতি দুটাৰ সদস্য হয়, তেন্তে নিম্ন জাতিৰ মানুহ উচ্চ জাতিৰ মানুহৰ পৰা নূনতম দূৰত্ব বৰ্তাই ৰাখিব লগা হয়। জাতি আৰু স্থানভেদ এই অপবিত্ৰতাৰ পৰিমাণ ভিন ভিন হ’ব পাৰে।
এক নির্দিষ্ট নাম: প্ৰতিটো জাতিৰে একোটা বিশেষ নাম থাকে। আমি এনে নামেৰে জাতিবোৰ চিনো। কেতিয়াবা কোনো নির্দিষ্ট জাতিৰ নামৰ সৈতে জাতিটোৰ বৃত্তিটো সাঙোৰ খাই থাকে। আমি নামৰ দ্বাৰাই জাতি এটাৰ বৃত্তি নাইবা জীৱিকাৰ কথা গম পাওঁ।
উলম্ব গতিশীলতাৰ অনুপস্থিতি: এটা জাতি ব্যৱস্থাত কোনো ব্যক্তিয়েই প্রস্থিতি জখলাৰে ওপৰলৈ অথবা তললৈ গতি কৰিব নোৱাৰে। ব্যক্তিয়ে জন্মৰ সময়ত লাভ কৰা প্ৰস্থিতিকে সমগ্ৰ জীৱনৰ বাবে কঢ়িয়াব লাগে।
27. জাতি আৰু বৰ্ণৰ পৰিচয় দিয়া।
উত্তৰঃ ভাৰতীয় সামাজিক ব্যৱস্থা অধ্যয়ন কৰাৰ সময়ত সততে মুখামুখি হোৱা দুটা গুৰুত্বপূৰ্ণ শব্দ হ’ল ‘জাতি’ আৰু ‘বৰ্ণ’ দুয়োটা শব্দই পৰম্পৰাগত ভাৰতীয় সমাজৰ কিছুমান শ্ৰেণীবিভাজনৰ কথা বুজায় আৰ বহুতৰে মনত বিভ্ৰান্তিৰ সৃষ্টি কৰে। এগৰাকী হিন্দু ব্যক্তিৰ জীৱনত জাতি আৰু বৰ্ণই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। প্ৰাচীন ভাৰতৰ সমাজত প্রচলিত শ্রেণী বিভাজন ব্যৱস্থা এটাৰ নাম হ’ল ‘বৰ্ণ ব্যৱস্থা’। বর্ণ ব্যৱস্থাই সমাজ এখনক চাৰিটা শ্ৰেণীত ভাগ কৰিছিল।
শ্ৰেণীকেইটা হ’ল—
(ক) ব্ৰাহ্মণ, পুৰোহিত শ্রেণী।
(খ) ক্ষত্রিয়, যোদ্ধা শ্রেণী।
(গ) বৈশ্য, ব্যৱসায়ী শ্রেণী।
(ঘ) শূদ্র,ভৃত্য নাইবা শ্রমিক শ্রেণী।
বর্ণ: বৰ্ণ শব্দৰ আক্ষরিক অর্থ হ’ল ৰং। কিন্তু বৰ্ণ ব্যৱস্থাৰ মানুহৰ গাৰ বৰণৰ সৈতে কোনো সম্পর্ক নাই। এই ব্যৱস্থাই মানুহৰ গাত আৰোপিত গুণ অথবা বৈশিষ্ট্যৰ আধাৰত মানুহক বিভিন্ন সামাজিক শ্রেণীত ভাগ কৰিছিল। সময়ৰ সৌত বৰ্ণ ব্যৱস্থাৰ প্রভাৱ স্নান হৈ পৰিল আৰু অধিক বিদ্বেষপূর্ণ জাতি ব্যৱস্থাৰ বিকাশ ঘটিল । এই জাতি ব্যৱস্থাৰ অস্তিত্ব আজিও আছে। জাতি ব্যৱস্থা অনুসৰি এগৰাকী ব্যক্তিৰ উৰ্দ্ধমুখী সামাজিক গতিশীলতা লাভৰ কোনো অৱকাশ নাই। তেওঁ যিটো জাতিত জন্মিছে সেইটো জাতিৰ সদস্য হৈয়েই জীৱন পাৰ কৰিব লাগিব।
মৌলিক বৰ্ণ ব্যৱস্থাৰ উদ্দেশ্য আছিল সমাজত বাস কৰা লোকৰ মাজৰ সমন্বয় আৰু সহযোগিতা বৃদ্ধি কৰা। বেলেগ বৰ্ণৰ লোকে কেতিয়াও অন্য বৰ্ণৰ লোকৰ জীৱনত প্ৰতিদ্বন্দ্বিতা কৰিম বুলি হস্তক্ষেপ নকৰিছিল। যেতিয়া মানুহৰ গুণৰ আধাৰত নহৈ জন্মৰ আধাৰত বৰ্ণ নিৰ্ণয়ৰ প্ৰথা আৰম্ভ হ’ল তেতিয়াৰ পৰাই ব্যৱস্থাটোত ঘুণে ধৰিবলৈ আৰম্ভ কৰিলে।
জাতি: প্রাচীন বৰ্ণ ব্যৱস্থাৰ সামাজিক শৃংখলাৱদ্ধতাৰ দিশৰ পৰা কোনো বিশেষ গুৰুত্ব নাছিল। এগৰাকী ব্ৰাহ্মণক অন্য বর্ণৰ লোকে অন্য দৃষ্টিৰে চাইছিল। কিন্তু নিজ বৰ্ণৰ ভিতৰত তেওঁ অন্য দহজনৰ দৰেই এগৰাকী সাধাৰণ ব্যক্তি আছিল আৰু তেওঁৰ কোনো পৃথক চিনাকি নাছিল। একেটা বৰ্ণৰ ভিতৰতে পৃথক চিনাকিৰ প্ৰয়োজন উদ্ভৱ হোৱা বাবেই বৰ্ণ ব্যৱস্থাৰ ভিতৰতে জাতি ব্যৱস্থাৰ বিকাশ ঘটিল। ভাৰতত পৰৱৰ্তী সময়ত বহুতো জাতিৰ বিকাশ ঘটিল। এনে ব্যক্তিয়ে কোনো এক নিৰ্দিষ্ট সম্প্ৰদায়ৰ ব্যৱসায় নাইবা বৃত্তিক প্রতিফলিত কৰিছিল। ধোবা সম্প্রদায়টোৰ নাম আহিছে ‘ধোনা’ শব্দটোৰ পৰা। ইয়াৰ অৰ্থ হ’ল ‘ধোৱা। অর্থাৎ ধোবাসকল হ’ল অন্যৰ কাপোৰ ধুই চাফা কৰি দিয়া লোক। অর্থাৎ জাতি হ’ল কোনো এক নির্দিষ্ট বৃত্তি অথবা ব্যৱসায়ত জড়িত থকা একোটা সম্প্রদায়। আধুনিক ভাৰতত কেইদিনমানৰ আগলৈকে জাতি ব্যৱস্থাৰে সমাজৰ শ্ৰেণী বিভাজন কৰাৰ প্ৰক্ৰিয়া চলি আছিল এজন মানুহৰ উপাধিৰ পৰাই মানুহজনৰ জাতিগত জীৱিকা/বৃত্তি কি সেয়া গম পোৱা যায়। অৱশ্যে আধুনিক শিক্ষা ব্যৱস্থা আৰু ৰাষ্ট্ৰৰ বৈষম্যহীন আচৰণৰ ফলত লাহে লাহে এই জাতি ব্যৱস্থাৰ গুৰুত্ব কমিবলৈ ধৰিছে।
28. জাতি আৰু শ্ৰেণীৰ মাজৰ প্ৰভেদসমূহ কি কি?
উত্তৰঃ (ক) জাতিৰ কেৱল ভাৰতীয় উপ-মহাদেশতহে অস্তিত্ব আছে। বিশেষকৈ ভাৰতত জাতিৰ অস্তিত্ব অধিক স্পষ্ট। আনহাতে, পৃথিৱীৰ সকলো সমাজতে শ্রেণী আছে। শ্রেণী বিশেষকৈ ইউৰোপ আৰু আমেৰিকাৰ ঔদ্যোগিক সমাজবোৰৰ বৈশিষ্ট্য। ডুম’ণ্ট আৰু লীচ্চৰ মতে জাতি কেৱল ভাৰতত অস্তিত্ব থকা এক বিশেষ পৰিঘটনা।
(খ) ব্যক্তিক পার্থিৱ সম্পদৰ ওপৰত থকা দখল আৰু নিয়ন্ত্ৰণৰ ক্ষেত্ৰত দেখা পোৱা অসমতাৰ আধাৰত বিভিন্ন সমূহত ভাগ কৰাৰ দৰে মূলতঃ অর্থনৈতিক পাৰ্থক্যৰ আধাৰত ভাগ কৰাকে শ্রেণী বোলে । জাতি প্রথাত ধৰ্মৰ দৰে অনা-অর্থনৈতিক প্রভাৱে (পুনর্জন্ম আৰু পবিত্ৰতা অপবিত্রতা সুচিত কৰা ধৰ্মীয় বিধি-বিধানৰ পালন আদি) অধিক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
(গ) জাতি আৰু অন্য ধৰণৰ সামাজিক স্তৰীকৰণৰ দৰে শ্ৰেণী কোনো ন্যায়িক অথবা ধৰ্মীয় পন্থাৰে গঢ় লৈ নুঠে। ন্যায়িক নাইবা পৰম্পৰাগত প্ৰথাই সুনির্দিষ্ট কৰি দিয়া কোনো উত্তৰাধিকাৰীসূত্ৰে লাভ কৰা প্ৰস্থিতিৰ আধাৰত শ্ৰেণীৰ সদস্য হ’ব নোৱাৰি। জাতি ব্যৱস্থাতহে মানুহে সদস্যপদ উত্তৰাধিকাৰীসূত্ৰে লাভ কৰে।
(ঘ) জাতি ব্যৱস্থা স্থিৰ; শ্ৰেণী ব্যৱস্থা গতিশীল।
(ঙ) জাতি ব্যৱস্থাত থকাৰ দৰে শ্ৰেণী ব্যৱস্থাত বিভিন্ন শ্ৰেণীৰ লোকৰ মাজত আন্তঃ খাদ্যগ্ৰহণ আৰু আন্তঃ বিবাহৰ কোনো আনুষ্ঠানিক বাধা নিষেধ নাই। জাতি ব্যৱস্থাৰ মূলাধাৰ হ’ল সবৰ্ণ অথবা আন্তঃ বিবাহ আৰু ইয়েই ব্যৱস্থাটোক বৰ্তমানলৈকে জীয়াই ৰাখিছে।
(চ) জাতি ব্যৱস্থা হ’ল এক সংকীর্ণ ব্যৱস্থা। ইয়াত গতিশীলতাক বাধা দিয়া হয়। আনহাতে, শ্ৰেণী ব্যৱস্থা হ’ল এক মুক্ত ব্যৱস্থা । ইয়াত জন্মতকৈ ব্যক্তিৰ সফলতাৰ ওপৰত সামাজিক গতিশীলতা নিৰ্ভৰশীল।
(ছ) এটা শ্রেণী গঠন কৰিবলৈ শ্রেণী সচেতনতাবোধ গঢ়ি উঠাটো প্রয়োজনীয়। কিন্তু জাতি ব্যৱস্থাত সদস্যসকলৰ কোনো বিষয়নিষ্ঠ সজাগতাৰ কোনো প্রয়োজন নাই।
(জ) জাতি ব্যৱস্থাত আন্তঃ বিবাহ নীতিৰে জীৱনসংগী বাছিব লাগে। অর্থাৎ নিজৰ জাতিৰ ভিতৰতে বিয়া কৰাব লাগে। শ্ৰেণী ব্যৱস্থাত এনে কোনো বাধা-নিষেধ নাই।
(ঝ) জাতি ব্যবস্থা ঈশ্বৰৰ সৃষ্টি বুলি ভবা হয়। শ্ৰেণীৰ উৎস ধৰ্মনিৰপেক্ষ। কোনো ধৰ্মীয় গোড়ামিৰ আধাৰত শ্ৰেণী গঠন কৰা নহয়।
(ঞ) বিভিন্ন জাতিৰ আপেক্ষিক মর্যাদা সমাজত সুপ্রতিষ্ঠিত। শ্রেণী ব্যৱস্থাত এনে কোনো অনমনীয়াভাৱে নিৰ্ধাৰণ কৰি দিয়া মৰ্যাদা ক্রম নাথাকে।
29. যজমানি ব্যৱস্থা আৰু প্ৰতিপত্তিশালী জাতি বুলিলে কি বুজা?
Ans: জাতি ব্যৱস্থা হ’ল ভাৰতীয় সমাজৰ এক বিশেষত্ব। নগৰ চহৰতকৈ গ্ৰামোঞ্চলত ইয়াৰ প্ৰভাৱ অধিক শক্তিশালী। জাতিয়ে সামাজিক আচৰণৰ নীতি-নিয়ম বান্ধি দিয়ে। এনে নীতি-নিয়ম উলংঘা কৰিব নোৱাৰি। জাতি ব্যৱস্থাৰ অন্তৰ্ভুক্ত প্ৰতিটো জাতিয়েই নিজৰ সদস্যসকলক বান্ধি ৰখা আৰু তেওঁলোকৰ আচৰণ নিয়ন্ত্ৰণ কৰাৰ প্ৰয়াস কৰে। জাতিভেদে পৰম্পৰা, প্ৰথা আৰু আচৰণৰ নীতি-নিয়ম ভিন ভিন হ’ব পাৰে। জাতিবোৰক সামাজিকভাৱে বহুতো গৌণ উপভাগত ভগোৱা হৈছে যদিও এনে বহুতো সামাজিক পৰিস্থিতিৰ উদ্ভৱ হয় যিবোৰত এটা জাতিক আন এটা জাতিৰ সহায়/সেৱাৰ প্ৰয়োজন হয়। জাতিবোৰৰ মাজত থকা এনে ধৰণৰ নির্ভৰশীলতাকে ‘যজমানি ব্যবস্থা’ বোলা হয়। এই ব্যৱস্থাৰ অধীনত গাঁও এখনত বাস কৰা প্ৰতিটো দলেই অন্য জাতিক কিছুমান নির্দিষ্ট স্বীকৃত মানৱন্ধ সেৱা আগবঢ়াব বুলি ভবা হয়। যেনে- ব্রাহ্মণ জাতিৰ প্ৰধান কাম হ’ল বিভিন্ন ধৰ্মীয় আৰু উৎসৱ-পাৰ্বণৰ সৈতে জড়িত পূজা-পাতল কৰা। এগৰাকী ব্ৰাহ্মণে অন্য জাতিৰ লোকক পূজা-পাতলেৰে প্ৰয়োজনীয় ধর্মীয় ৰীতি-নীতি পালনত সহায় কৰি দিয়াৰ বিনিময়ত ধন নাইবা অন্য দ্ৰব্যৰ ৰূপত মূল্য লাভ কৰে। একেদৰে, ধোবাই অন্যৰ কাপোৰ ধোৱাটো হ’ল তেওঁৰ যজমান’। তেওঁ আগবঢ়োৱা সেৱাৰ বিনিময়ত খাদ্য শস্যৰ অংশ এটা লাভ কৰিব পাৰে। বিয়া আৰু সন্তান জন্মাৰ দৰে কোনো বিশেষ উপলক্ষত ধোবাই বস্ত্ৰ আৰু বাচন-বৰ্তনো লাভ কৰিব পাৰে।
প্রতিপত্তিশালী জাতি:
এম. এন. শ্রীনিবাসে প্রতিপত্তিশালী জাতি ৰ ধাৰণাটো আগবঢ়াই কৈছিল যে অন্য জাতিতকৈ সদস্যৰ সংখ্যা অধিক জাতিটোকে প্রতিপত্তিশালী জাতি বোলা হয়।
এটা জাতি প্ৰতিপত্তিশালী হ’বলৈ প্ৰয়োজন হোৱা প্ৰধান চৰ্তবোৰ হ’ল—
(ক) অর্থনৈতিক শক্তি।
(খ) ৰাজনৈতিক ক্ষমতা।
(গ) ধর্মীয় বিধি-বিধানে প্ৰদান কৰা পবিত্ৰতা ।
(ঘ) সাংখ্যক শক্তি।
শ্ৰীনিবাসৰ মতে, ‘ “এটা জাতিক তেতিয়াহে প্রতিপত্তিশালী বোলা হয়। যেতিয়া অন্য জাতিতকৈ সাংখ্যিক দিশেৰে ইয়াৰ সদস্য অধিক হয় আৰু লগতে জাতিটো অর্থনৈতিক তথা ৰাজনৈতিক ক্ষমতাৰেও অন্যতকৈ বলীয়ান হয়। এটা বৃহৎ আৰু শক্তিশালী জাতি যদি স্থানীয় জাতি পদানুক্রম। তালিকাত অতি নিম্ন স্থান নাথাকে তেন্তে ই সহজে প্রতিপত্তিশালী জাতিৰূপে মূৰ দাঙি উঠিব পাৰে।”
প্রতিপত্তিশালী জাতিৰ প্ৰকাৰ্য:
(ক) প্রতিপত্তিশালী জাতি এটাই প্রায়েই নিম্ন জাতি সমূহৰ বাবে একোটা উল্লেখ আৰ্হিৰ কাম কৰে। নিম্ন জাতিৰ মানুহে প্ৰতিপত্তিশালী জাতিটোৰ আচৰণ, ধৰ্মীয় আচাৰ-বিধিৰ নমুনা, প্ৰথা আদিৰ নকল কৰে। এইদৰে প্ৰতিপত্তিশালী জাতি একোটাই সাংস্কৃতিক প্ৰচাৰ কাৰ্যত বৰঙনি আগবঢ়ায়।
(খ) এক নিৰ্দিষ্ট স্থানৰ প্ৰতিপত্তিশালী জাতিবোৰে স্থানডোখৰত প্ৰচলিত বহুত্ববাদী সংস্কৃতি তথা ব্যৱস্থাবোৰৰ পহৰাদাৰৰ ভূমিকা পালন কৰে। তেওঁলোকে সামাজিক জীৱনৰ প্ৰতিমান আৰু নিৰ্দেশনাৱলী নিৰ্ধাৰণ কৰি দিয়ে। তেওঁলোকে পৌৰ তথা অর্থনৈতিক সা-সুবিধাবোৰো নিৰ্ধাৰণ কৰিব পাৰে।
(গ) প্রতিপত্তিশালী জাতিবোৰ হ’ল সমাজৰ প্ৰধান ক্ষমতাৰ গৰাকী। তেওঁলোকে বাহিৰৰ চৰকাৰী বিষয়া, নিৰ্বাচিত প্রতিনিধি আৰু ৰাজনৈতিক নেতাবোৰৰ সৈতে সম্পৰ্ক স্থাপন কৰে। তেওঁলোকে ৰাজনৈতিক প্ৰক্ৰিয়াবোৰক প্ৰভাৱিত কৰিব পাৰে।
(ঘ) প্রতিপত্তিশালী জাতিবোৰে সম্প্ৰদায়ৰ প্ৰমূল্য তথা প্ৰতিমানবোৰ নিৰূপণ কৰে। পৰম্পৰাগতভাৱে এই জাতিবোৰৰ প্ৰধান প্ৰকাৰ্যবোৰ ন্যায়িক, কাৰ্যকৰী আৰু বৈধতাৰ সৈতে জড়িত আছিল। তেওঁলোকে গাঁও আৰু বাহিৰৰ পৃথিৱীখনৰ মাজত যোগসূত্র স্থাপন কৰে।
(ঙ) গ্রাম্য সমাজত প্ৰভাৱশালী স্থিতিত থকা প্রতিপত্তিশালী জাতিবোৰে বিভিন্ন ধৰণে গ্ৰাম্য অৰ্থনীতি নিয়ন্ত্ৰণ কৰে।
প্রতিপত্তিশালী জাতিয়ে অন্য জাতি নাইবা সমূহৰ ওপৰত অৰ্থনৈতিক তথা ৰাজনৈতিক ক্ষমতা প্রয়োগ কৰে। এনে জাতিবোৰে স্থানীয় জাতিভিত্তিক পদানুক্ৰমত এক উচ্চ স্তৰৰ বিধি-বিধান সংগত প্ৰস্থিতি উপভোগ কৰে। প্রতিপত্তিশালী জাতি এটা ধৰ্মীয় বিধি-বিধানৰ দিশেৰে উচ্চ নহ’বও পাৰে। কিন্তু এনে জাতিক ধন-সম্পত্তি, ৰাজনৈতিক ক্ষমতা আৰু সাংখ্যিক শক্তিৰ দৰে কাৰকবোৰে এক উচ্চ প্ৰস্থিতি উপভোগৰ সুবিধা প্ৰদান কৰে। এনে জাতিত অধিক শিক্ষিত লোকৰ উপস্থিতি আৰু বৃত্তিজীবী লোকৰ হাৰ উচ্চ হোৱা বাবেও তেওঁলোকে অন্য জাতি দলৰ ওপৰত নিজৰ প্ৰভাৱ খটুৱাব পাৰে। কেতিয়াবা প্রতিপত্তিশালী জাতিৰ একক ‘গোত্র’ এটাই বহুতো অঞ্চলৰ একাধিক গাঁও নিয়ণ কৰা দেখা যায়। প্রতিপত্তিশালী জাতিয়ে নিজ জাতিৰ ভিতৰত তথা অন্য জাতিৰ সদস্যৰ মাজত চলা নানা বিবাদ নিষ্পত্তি কৰে। প্ৰতিপত্তিশালী জাতিৰ সদস্যবোৰ বিশেষভাৱে ধনবান আৰু ক্ষমতাশালী পৰিয়ালৰ সদস্য। তেওঁলোকে বিভিন্ন চৰকাৰী বিষয় বৰীয়াৰ সৈতে মিলি গাঁৱৰ বিভিন্ন কাম-কাজ সম্পন্ন কৰাৰ বাবে প্ৰতিনিধিৰ ভূমিকা পালন কৰে।
30. নগৰীয়া সমাজ বা চহৰীয়া সমাজ কোনখন? শ্রেণীবিভাজন কৰি নগৰীয়া সমাজৰ ভূমিকা বিচাৰ কৰা?
উত্তৰঃ নগৰিকৰণ পদ্ধতিৰ ফলস্বৰূপেই নগৰীয়া সমাজৰ সৃষ্টি হৈছে। সমাজতত্ত্বৰ উল্লেখ থকা মতে, নগৰিকীকৰণে চহৰ বা নগৰ আৰু মহানগৰৰ গঠন প্রক্রিয়াকে বুজায়। বৰ্তমান জনসংখ্যা আৰু অ-কৃষিভিত্তিক বৃত্তি নাগৰিক সমাজৰ বৈশিষ্ট্য। ভাৰতীয় সভ্যতাৰ ইতিহাসৰ বিভিন্ন সময়ত নাগৰিক সমাজৰ গঠন আৰু বিকাশৰ সাক্ষৰ দেখা যায়। এনেকুৱা কিছুমান ইতিহাস প্রসিদ্ধ নগৰ হ’ল- হৰাপ্পা, মহেন-ঞ্জা-ডাৰো, ইন্দ্ৰপ্ৰস্থ, পাটলিপুত্ৰ, নালান্দা, তক্ষশীল, আগ্রা আদি। সময়ৰ লগে লগে, বিজ্ঞান আৰু প্ৰযুক্তিৰ অগ্রগতি, নতুন ৰাজনৈতিক আৰু অৰ্থনৈতিক পদ্ধতিৰ প্ৰভাৱত পুৰণি চহৰসমূহে নতুন ৰূপ লয় আৰু বহু নতুন চহৰৰ সৃষ্টি হয়।
চহৰসমূহৰ শ্ৰেণীবিভাজন:
ভাৰতৰ চহৰসমূহক ইয়াত বাস কৰা জনসংখ্যাৰ গাঁথনিৰ ভিত্তিত আৰু চহৰসমূহৰ ভূমিকাৰ ওপৰত ভিত্তি কৰি শ্ৰেণীবিভাগ কৰা হয়।
জনসংখ্যাৰ ভিত্তিত শ্ৰেণীবিভাজন: ভাৰতৰ পৰিসংখ্যা বিভাগে জনসংখ্যাৰ ওপৰত ভিত্তি কৰি ভাৰতৰ চহৰসমূহক ছয় প্ৰকাৰত ভাগ কৰিছে। প্ৰথম শ্ৰেণীৰ চহৰ এখনৰ মৰ্যাদাৰ বাবে চহৰখনত প্ৰায় ১০০,০০০ বা ওপৰৰ জনসংখ্যা ধাৰ্য কৰা হৈছে। তেনেদৰে ৫০,০০০-৯৯,৯৯ জনসংখ্যাযুক্ত চহৰসমূহক দ্বিতীয় শ্ৰেণীৰ চহৰ আৰু ২০,০০০ ৪৯,০০০ জনসংখ্যাযুক্ত চহসমূহক তৃতীয় শ্ৰেণীৰ চহৰত ভাগ কৰা হয়। ১০,০০০ ১৯,০০০ জনসংখ্যাযুক্ত চহৰসমূহক চতুর্থ শ্রেণী, ৫,০০০-৯,৯৯৯ জনসংখ্যাৰ চহৰসমূহক পঞ্চম শ্ৰেণীৰ আৰু ৫,০০০ তকৈ কম জনসংখ্যাৰ চহৰসমূহক ষষ্ঠ শ্ৰেণীৰ চহৰ বুলি শ্ৰেণীভুক্ত কৰা হয়। নিম্নতম জনসংখ্যা ৫,০০০, কমেও ৭৫ শতাংশ যুব জনসংখ্যাৰ অ-কৃষিভিত্তিক বৃত্তি আৰু জনবসতিৰ ঘনত্ব ৪০০ বর্গ কিঃমিঃ হ’লে চহৰখনক জনগণনা চহৰ হিচাপে গণ্য কৰা হয়। এই মানদণ্ডৰ উপৰিও পৌৰসভা, বৃহৎ ব্যৱসায়িক প্রতিষ্ঠান আৰু ধাৰ্য কৰা চহৰৰ পৰিসীমাযুক্ত চহৰসমূহক ব্যৱস্থাপিত বা আইনমতে সিদ্ধ চহৰ বুলি কোৱা হয়।
ভূমিকা বা কাৰ্য: ভাৰতবৰ্ষৰ চহৰসমূহক ইয়াৰ প্ৰভাৱশালী ভূমিকাৰ ওপৰত ভিত্তি কৰিও শ্রেণীবিভাগ কৰিব পাৰি ।
ধার্মিক কেন্দ্র: কিছুমান চহৰ ইয়াৰ ধৰ্মীয় অনুষ্ঠানসমূহৰ বাবে বিশেষভাৱে পৰিচিত হয় আৰু বহু মানুহ এই অনুষ্ঠানসমূহৰ দ্বাৰা প্ৰভাৱান্বিত হয়। এই চহৰসমূহক মন্দিৰ চহৰ বুলি জনা যায়। মন্দিৰসমূহৰ দ্বাৰা এই চহৰসমূহৰ অৰ্থব্যৱস্থা বহু পৰিমাণে পৰিচালিত হয় আৰু ভোজনালয়, হোটেল, ধৰ্মশালা, স্মাৰক বিক্ৰীৰ দোকান, পথপ্রদর্শক ব্যৱসায় আদি এই মন্দিসমূহক কেন্দ্ৰ কৰি গঢ়ি উঠে। মন্দিৰ চহৰৰ দুটা উদাহৰণ হ’ল দক্ষিণ ভাৰতৰ তিৰুপতি আৰু উত্তৰ ভাৰতৰ নাথদ্বাৰা।
ব্যৱসায়িক কেন্দ্র: উদ্যোগীকৰণৰ বিস্তৃত ব্যৱসায়িক প্ৰতিষ্ঠান আৰু ব্যৱসায়িক সঞ্চালনৰ দ্বাৰা ভাৰতবৰ্ষৰ কিছুমান চহৰৰ জন্ম হোৱাৰ লগতে ই বহু মানুহক প্ৰভাৱিত কৰি চহৰমুখী কৰি তোলে। উদাহৰণ স্বৰূপে ক’লকাতা, মুম্বাই, জামছেদপুৰ, বাঙ্গালোৰ আদি।
পৰ্যটনৰ কেন্দ্ৰ: কিছুমান চহৰ ইয়াৰ প্ৰাকৃতিক শোভাৰ ওপৰত ভিত্তি কৰি আৰু অন্য কিছুমান পৰ্যটন স্থলীৰ আকৰ্ষণৰ কাৰণে গঢ়ি উঠে৷ এই চহৰসমূহৰ অৰ্থনীতি প্ৰধানকৈ পৰ্যটনৰ ওপৰত প্ৰতিষ্ঠিত। উদাহৰণ স্বৰূপে চিমলা, মানালি আদি চহৰৰ কথা ক’ব পাৰি।
প্ৰসাৰিত চহৰ: ডাঙৰ মেট্রোপলিটান চহৰসমূহৰ অত্যধিক জনসংখ্যার হেঁচা লাঘৱৰ উদ্দেশ্যে এই চহৰসমূহৰ নিকটৱৰ্তী অঞ্চলত সৰু চহৰ কিছুমান গঢ়ি উঠে। উদাহৰণ স্বৰূপে নবী মুম্বাই এনে এখন সৰু চহৰ তেনেদৰে দিল্লীৰ নিকৱৰ্তী, আহমেদাবাদৰ ওচৰত গান্ধীনগৰ এনেভাবেই গঠন হৈছিল।
31. নগৰীয়া বা চহৰীয়া সমাজৰ সমস্যাসমূহ কি কি?
উত্তৰঃ অপেক্ষাকৃতভাৱে অধিক সুবিধাৰ প্ৰত্যাশাত ক্রমাগতভাৱে চহৰ অভিমুখী লোকৰ আগমণত ভাৰতবৰ্ষৰ চহৰসমূহ প্ৰসাৰিত হৈ আহিছে। গাঁও আৰু চহৰৰ মাজত থকা অসমানুপাতিক উন্নয়নৰ ফলত চহৰ অঞ্চললৈ প্ৰবৱজনৰ হাৰ বাঢ়িছে। ইয়াৰ ফলত চহৰসমূহত আকস্মিকভাৱে বৃদ্ধি পোৱা জনসংখ্যাৰ হাৰে কিছুমান সমস্যাৰ সৃষ্টি কৰিছে।
এই সমস্যাসমূহৰ কিছুমান আলোচনা কৰা হ’ল—
জনসংখ্যাৰ অত্যধিক হেঁচা: জনসংখ্যাৰ অত্যধিক চহৰ কেন্দ্ৰিকতাই চহৰসমূহত জনস্ফীতি ঘটাইছে। ইয়াৰ ফলত চহৰৰ পূৰ্বস্থিত সম্পদ যেনে ভূ-ভাগৰ ওপৰত অত্যধিক হেঁচাৰ সৃষ্টি কৰিছে। ভূ-সম্পদৰ যোগানী সীমিত বাবে ই প্রয়োজন অনুসৰি পৰিমাণত কম হৈ ৰোৱা বাবে মানুহে অৱশেষত চৰকাৰীভাৱে সংৰক্ষিত অঞ্চলসমূহতো বাস কৰিবলৈ লয় আৰু প্ৰকৃতি ইয়াৰ ফলত ক্ষতিগ্ৰস্ত হয় আৰু অন্যান্য সমস্যাৰো সৃষ্টি, কৰে। বহুচহৰৰ অপৰিকল্পিত পৰিচালনাৰ ফলত জধে-মধে গঢ়ি উঠা গৃহ নিৰ্মাণ, নলী- নৰ্দমাৰ অবৈজ্ঞানিক গাঁথনি আদিয়ে সমস্যাৰ সৃষ্টি কৰে। উদাহৰণ স্বৰূপে গুৱাহাটীৰ কথাই ক’ব পাৰে। বৰ্তমান সময়ত গুৱাহাটী এখন জনসংখ্যা বহুল চহৰ। এই ক্রমবৃদ্ধিপ্রাণ্ড জনসংখ্যাৰ প্ৰয়োজন অনুসৰি গৃহ নিৰ্মাণ কৰিব যাওঁতে বহু সময়ত জলাশয় আৰু জলনির্গমন অঞ্চলসমূহ ব্যৱহাৰ কৰি অহা হৈছে। চহৰৰ পৰিসীমাৰ মুকলি ঠাইসমূহ বৃহৎ অট্টালিকাই গ্ৰাস কৰি এই ঠাইসমূহৰ পাৰিপাৰ্শ্বিকতাক ক্ষতি কৰিছে। চহৰখনত কৃত্ৰিম বানপানীৰ সমস্যাই এক চিন্তনীয় বিষয় হিচাবে দেখা দিছে।
বস্তি অঞ্চলৰ সৃষ্টি: অপর্যাপ্ত গৃহৰ সমস্যাই চহৰ অঞ্চলত প্ৰায়েই বস্তি অঞ্চলৰ সৃষ্টি কৰে। এই অঞ্চলসমূহ স্বাস্থ্যকৰ জীৱন নিৰ্বাহৰ বাবে বিশেষ সন্তোষজনক নহয়, কিয়নো এইবোৰত প্ৰায়ে প্রয়োজনীয় অনাময় ব্যৱস্থা, খোৱাপানীৰ ব্যৱস্থাৰ অভাৱৰ উপৰিও গৃহসমূহ সুস্থ বতাহ বা বায়ুৰ চলাচলৰ অভাৱৰ বাবে, আৰু ৰ’দৰ অভাৱত বহু বেমাৰৰ বীজাণু বহন কৰি ঠাইলৈ পৰ্যবসিত হয়। এই বস্তি অঞ্চলত আর্থিকভাৱে দুৰ্বল লোকসকল বাস কৰে। বহু সময়ত এই বস্তিসমূহ অনৈতিক কার্যকলাপৰ এক গুপ্তথলী হৈ পৰে। ড° ৰাধাকমল মুখাৰ্জীৰ উক্তিয়ে বস্তি অঞ্চলৰ ছবি এখন প্ৰকাশ কৰে- “ভাৰতবৰ্ষৰ উদ্যোগিক চহৰসমূহত গঢ়ি উঠা হাজাৰৰ ওচৰৰ বস্তিসমূহত মানৱীয় আচৰণসমূহ প্ৰায়েই বিপথগামী হয়, মহিলাৰ প্ৰতি অন্যায় আচৰণ আৰু শিশুসকলৰ বাল্যকালছোৱা নষ্ট কৰি পেলোৱা হয়।”
যাতায়তৰ সমস্যা: চহৰসমূহত ৰাজহুৱা যাতায়ত ব্যৱস্থাৰ ক্ষেত্ৰত সুবিধা আছে। চহৰ অঞ্চলত ৰাজহুৱা পৰিবহণৰ সুচল বাৱস্থা থকা সত্বেও বেছিভাগ নাগৰিকে ব্যক্তিগত পৰিবহণৰ ব্যৱস্থা ৰাখে আৰু নিজাকৈ গাড়ী মটৰ ক্ৰয় কৰে। ব্যক্তিগতভাৱে গাড়ীৰ গৰাকী হোৱাটো এক মৰ্যদাৰ চিহ্ন বুলি গণ্য কৰাৰ উপৰিও ই দ্রুত নগৰীয়া জীৱনৰ বিশেষ সহায়ক হয়। সেয়েহে যান-জঁট চহৰীয়া জীৱনৰ এক দৈনন্দিন ঘটনা হিচাবে দেখা দিছে আৰু নাগৰিকসকলৰ চহৰ সম্বন্ধীয় সমস্যাৰ এক কাৰক হৈ পৰিছে।
বিদ্যুতৰ নাটনি: বৈদ্যুতিক সামগ্ৰীৰ বহুল ব্যৱহাৰ ক্ৰমাগতভাৱে বৃদ্ধি পাই অহাৰ পৰিণতিত বিদ্যুতৰ চাহিদাও বৃদ্ধি পাইছে। তেনেদৰে নগৰৰ ক্ৰমগতিত বদ্ধি পোৱা জনসংখ্যাৰ অনুপাতে বিদ্যুতৰ যোগান কম হোৱাত নগৰৰ কিছুমান অঞ্চল যেনে- বস্তি অঞ্চলত বেছিভাগ সময়তে বিদ্যুতৰ যোগান ব্যাহত হৈ থাকে। তদুপৰি চহৰৰ ম’ল, কাৰখানা, হোটেল, নাগৰিকৰ বাসগৃহ আদিত প্রয়োজন হোৱা বিদ্যুতৰ চাহিদা পূৰণ কৰিবলৈ উপকণ্ঠীয় গাঁওসমূহত প্ৰায়েই দুৰ্বল বিদ্যুতৰ যোগান ধৰা হয়।
পৰিবেশৰ বিনষ্টকৰণ: জনসংখ্যা বৃদ্ধিৰ পৰিণতি স্বৰূপে জধে মধে, অপরিকল্পিতভাৱে গঢ় লৈ উঠা অট্টালিকা আৰু হাবি-গছ কাটি মানুহৰ বাসস্থান নিৰ্মাণ কৰিবলৈ লোৱাৰ ফলত প্রাকৃতিক পৰিবেশ বিনষ্ট হৈছে। প্ৰাকৃতিক ভাৰসাম্যহীনতাৰ ফলত মানৱ জাতিয়ে ভবিষ্যতে ভয়ানক সমস্যাৰ সন্মুখীন হোৱাৰ সম্ভাৱনাৰ লগতে বৰ্তমানেও ই মানুহৰ কাৰণে ক্ষতিকাৰকৰূপে দেখা দিছে। উদাহৰণ স্বৰূপে, জনসংখ্যা বৃদ্ধিৰ ফলস্বৰূপে গুৱাহাটী মহানগৰী ক্ৰমাৎ আয়তনৰ ফালৰ পৰা বৃদ্ধি হৈ আহিছে অৰ্থাৎ ইয়াৰ ভূমিভাগৰ প্ৰসাৰ ঘটোৱা হৈছে। ইয়াকে কৰিবলৈ যাওঁতে গুৱাহাটীৰ মাজমজিয়াত ভূমিৰ গছ-গছনি ধ্বংস কৰি আৰু প্ৰয়োজন হলৈ কাষৰীয়া ঠাইৰ গছ-গছনি কাটি মানুহৰ বাসস্থান,উদ্যোগ আদিৰ কাৰণে ঠাই উলিয়াই সুবিধা কৰি লোৱা হৈছে। বহু সময়ত জলাশয়সমূহ মাটিৰে পুতি বাসস্থান নির্মাণ, অফিচ নির্মাণ, ম’লকে আদি কৰি বৃহৎ অট্টালিকা নিৰ্মাণ কৰা হৈছে। এই কাৰ্যৰ প্ৰত্যক্ষ ফল হিচাবে কৃত্রিম বানপানীৰ সমস্যা ক্ৰমাগতভাৱে বৃদ্ধি পাই আহিছে। আকৌ, ক্ৰমাৎ বৃদ্ধিপ্রাপ্ত মটৰ গাড়ী আদি যাতায়তৰ ব্যৱস্থাসমূহে বায়ুমণ্ডল দূষিত কৰাৰ উপৰিও বর্ধিত জনসংখ্যাই অন্য কিছুমান প্ৰদূষণৰো সৃষ্টি কৰি পাৰিপাৰ্শ্বিকতাক ক্ষতিগ্ৰস্থ কৰিছে।
32. ভাৰতবৰ্ষৰ গ্ৰাম্যসমাজ পৰিচয় দি গাঁওসমূহৰ প্ৰকাৰসমূহ বিভাজন কৰি দেখুওৱা?
উত্তৰঃ এ. ডবলিউ ৰ মতে গ্রাম্য সমুদায় হ’ল এক ঠেক পৰিসীমাৰ ভিতৰত বাস কৰা সামুহিক গোট, যাৰ জীৱন পদ্ধতি একেই ধৰণৰ হয়।
সমাজ বিজ্ঞানীয়ে মত দিয়ে যে মানৱ সভ্যতাৰ বিকাশ গ্ৰাম্য সমাজতেই হৈছিল। সেয়েহে গ্রাম্যসমাজৰ আৰম্ভণি ইতিহাসৰো আগত বুলি বিশ্বাস কৰা হয়। বৰ্তমান সময়ত অগণন নগৰ আৰু মহানগৰৰ প্ৰসাৰ ঘটিছে যদিও বিশ্বৰ এক বুজন সংখ্যক লোক এতিয়াও গাঁওতেই বাস কৰে। ভাৰতবৰ্ষৰো অধিক সংখ্যক লোক গাঁও অঞ্চলত বাস কৰে। ২০শ শতিকালৈ ভাৰতবৰ্ষৰ মাত্র ১১ শতাংশ লোকহে নগৰ অঞ্চলত বাস কৰিছিল। সেয়েহে মহাত্মা গান্ধীয়ে কৈছিল— “ভাৰতৰ প্রকৃত ছবিখন গাঁৱতহে পোৱা যায়”। প্রাচীন ভাৰততো উপনিবেশৰ ক্ষেত্ৰত গাঁৱৰ এক উল্লেখযোগ্য অৰিহণা দেখা যায়। ঋকবেদৰ দৰে প্ৰাচীন উপনিষদ পুথিতো গাঁৱৰ উল্লেখ আছে। এ উল্লেখ কৰে যে ৰামায়ণত দুই ধৰণৰ গাঁৱৰ উল্লেখ আছে- ঘোশ আৰু, গাঁও। গাঁৱৰ তুলনাত ঘোশৰ আকাৰ সৰু হয়। ঘোশক ‘ব্রজ’ বা ‘বৃজ’ বুলিও জনা যায় আৰু এইবিলাক গৰু-ম’হৰ শাল থাকে। তদুপৰি এই দুই ধৰণৰ গাঁৱতেই কিছুমান বিষয়া থাকে, যিসকলক মহত্তৰ বুলি জনা গৈছিল। এই মহত্তৰসকলৰ জ্যেষ্ঠজনক আকৌ প্রামাণী বা গ্রামীক বুলি জনা গৈছিল। মহাভাৰততো তেনেদৰে আকৌ বিভিন্ন প্ৰকাৰৰ গাঁৱৰ উল্লেখ আছে। দুৰ্গৰ আশেপাশে থকা উপনিবেশসমূহক গাঁও, সৰু পঁজা ঘৰেৰে আগুৰা একোডোখৰ ঠাইক পালি), ডাঙৰ পশুশালৰে ভৰা গাঁওসমূহক ঘোশ বা বৃজ বুলি জনা গৈছিল। গাঁওসমূহৰ পৰস্পৰৰ সৈতে সাংস্কৃতিক, সামাজিক আৰু প্ৰশাসনীয়ভাৱে সংযুক্ত আছিল।
দাসী আছিল দহখন গাঁৱৰ মাজত থকা সর্বোচ্চ প্রশাসনীয় বিষয়া। তেনেদৰে ২০খন গাঁৱক যুক্ত কৰি এজন প্ৰশাসনীয় বিষয়াৰ ওপৰত এইবোৰৰ প্ৰশাসনৰ ভাৰ ন্যস্ত কৰা হৈছিল আৰু এই বিষয়াগৰাকীক বিংশতী বুলি জনা গৈছিল। এশ গাঁৱৰ বাবে থকা প্ৰশাসনীয় বিষয়াগৰাকীৰ ‘সহস্ৰ গ্ৰামধিপতি’ বুলি জনা গৈছিল। ‘কৌটিল্যৰ অৰ্থশাস্ত্ৰত ‘ত ভাৰতীয় গ্ৰাম্য জীৱনৰ বিভিন্ন দিশ বৰ্ণনা কৰা। হৈছিল। তেওঁ কৈছিল যে গাঁওসমূহৰ এখনৰ পৰা আনখনৰ দূৰত্ব এক বা দুই ক্রোশ (৩.২১৯ কি: মি:) ৰ হোৱা উচিত আৰু তেতিয়াহ’লে কোনো বিপদত এখন গাঁৱে আনখনক সাহায্য কৰা সম্ভৱ হয়। অর্থশাস্ত্ৰত উল্লেখ আছে যে ১০খন গাঁৱৰ সমষ্টিক একেলগে ‘সমৃগ্রহান।’), ২০০ গাঁৱৰ সমষ্টিক ‘কটিকা’, ৪০০খন গাঁৱৰ সমষ্টিক ‘দ্রোণামুখ’ (Dronamukha) আৰু ৮০০খন গাঁৱৰ সমষ্টিক ‘মহাগ্রাম’ বা ‘স্থাটনুজ’ বুলি জনা গৈছিল। বৃটিছৰ শাসনৰ কালছোৱাত যদিও দেশীয় ৰাজ্যসমূহৰ গাঁৱৰ পৰা নিয়মানুসৰি কৰ সংগ্ৰহ কৰা হৈছিল তথাপিও এই গাঁওসমূহ বহু পৰিমাণে আত্মনিৰ্ভৰশীল আছিল। পঞ্চায়ত ব্যৱস্থাৰ দ্বাৰা সামাজিক জীৱনৰ বিভিন্ন সিদ্ধান্ত এই গাঁওসমূহে নিৰ্ধাৰণ কৰিছিল।
ভাৰতবৰ্ষৰ গাঁওসমূহৰ প্ৰকাৰ: বসতি স্থাপনৰ ব্যৱস্থাপনাৰ গাঁথনিৰ গাঁওসমূহৰ অবয়বৰ ওপৰত ভিত্তি কৰি আৰু D.S.Tyogi য়ে ভাৰতবৰ্ষৰ গাঁওসমূহক চাৰিটা ভিন্ন প্ৰকাৰত ভাগ কৰিছে—
অবয়বহীন গোট বা গুচ্ছ: এই গাঁওসমূহ বহুল জনবসতিপূর্ণ কিন্তু বসতিসমূহ সিঁচৰতি হৈ থাকে। বসতিসমূহৰ কিছুমান সৰু আকাৰত বিভক্ত হৈ থাকে।
ৰৈখিক গোট: এই গাঁওসমূহত বসতি সমান্তৰালভাৱে স্থাপিত হয়। গোটসমূহক একোটা খালী ঠায়ে বিচ্ছিন্ন কৰে বা কেতিয়াবা সমান্তৰাল ৰাস্তা এটাইহে এটা গোটক আনটোৰ পৰা পৃথক কৰে।
বৰ্গীয় বা আয়তকাৰ গোট: এই গাঁওসমূহৰ মাজেৰে পোন ৰাস্তা কিছুমান থাকে আৰু এইবোৰ প্ৰত্যেকটোৱে সমান্তৰালভাৱে আন এটা ৰাস্তাৰ পৰা অৱস্থান কৰে। ৰাস্তাসমূহ সমকোণীয়ভাৱে পৰস্পৰৰ ওচৰত অৱস্থান কৰে আৰু বসতিসমূহ বৰ্গীয় বা আয়তাকৃতিৰ হয়।
পৃথক হাউলী: কিছুমান গাঁও আকৌ পৃথক হাউলী কিছুমানৰ দ্বাৰা সৃষ্ট নোট হিচাবে থাকে। ৰাজহ সংগ্ৰহৰ উদ্দেশ্যে এইবোৰ মৌজা হিচাবে স্বীকৃতি দিয়া হয় ৷
33. গ্ৰাম্য অঞ্চলত স্বায়ত্ব শাসন ব্যৱস্থাৰ বিষয়ে উল্লেখ কৰি ইয়াৰ আসোঁৱহসমূহ প্ৰকাশ কৰা?
উত্তৰঃ ভাৰতবৰ্ষৰ চৰকাৰে পঞ্চায়তী ৰাজ প্ৰতিষ্ঠাৰ দ্বাৰা ১৯৯২/৯৩ চনৰ পৰা সংবিধান ৭৩ দফাৰ নিৰ্দেশ অনুযায়ী গ্রাম্য অঞ্চলত স্থানীয় স্বায়ত্ব শাসনৰ আৰম্ভণি কৰিছিল। এই পদ্ধতিৰ প্ৰয়োগৰ ক্ষেত্ৰত এই ধাৰণাৰ উদ্ভৱ হৈছিল যে গণতান্ত্রিক ব্যৱস্থাত ক্ষমতাৰ বিকেন্দ্ৰীকৰণ গ্ৰাম্য তৃণমূল পৰ্যায়লৈ বিয়পি পৰা উচিত। এই বিকেন্দ্ৰীকৰণ ব্যৱস্থাই গাঁৱত বাস কৰা লোকসকলকো অধিক আত্মবিশ্বাসী কৰি তুলিব, কিয়নো এই পদ্ধতিত চৰকাৰৰ ওচৰত সম্পূৰ্ণ নিৰ্ভৰশীল হোৱাৰ বিপৰীতে চৰকাৰী পৃষ্ঠপোষকতাত গাঁৱৰ উন্নয়নৰ পৰিকল্পনাত গাঁওবাসীয়ে নিজে ভাগ ল’ব পাৰিব। এইক্ষেত্ৰত জাতি, শ্রেণী, লিঙ্গ আৰু গোটৰ সমান অংশগ্রহণ নিশ্চিতকৰণৰ অৰ্থে, চৰকাৰে সংবিধানৰ ৭৩ নং অধিসূচনাৰ প্রয়োগেৰে পঞ্চায়তত আসন সংৰক্ষণৰ ব্যৱস্থা কৰিছে। এই অধিসূচনা অনুসৰি এক তৃতীয়াংশ আসন মহিলাৰ বাবে সংৰক্ষিত হোৱাৰ উপৰিও অন্য এক তৃতীয়াংশ অনুসূচিত জাতি আৰু জনজাতিৰ বাবে সংৰক্ষণ কৰা হয়।
সকলো পঞ্চায়ত ব্যৱস্থাতে তলত উল্লেখ কৰা ধৰণে আনুষ্ঠানিক কিছুমান গাঁথনি পালন কৰা হয়—
গাঁওসভা: এই গাঁওসভাক গাঁৱলীয়া বা গ্রাম্য সদন বুলিও কোৱা হয়। গাঁৱৰ সকলো যুৱ সদস্যকে এই সভাৰ অংশীদাৰ বুলি গণ্য কৰা হয়।
পঞ্চায়ত: এইখন গ্রাম্য পৰিষদ আৰু গাঁওসভাই এই পৰিষদক নির্বাচিত কৰে।
পঞ্চায়ত সমিতি: এইখনক ক্ষেত্র সমিতি বা ক্ষেত্রীয় পৰিষদ বুলিও কোৱা হয় আৰু ই তহছিল বা ব্লক পৰ্যায়ত গঠিত। বিভিন্ন পঞ্চায়তৰ নিৰ্বাচিত সদস্যৰ দ্বাৰা ইয়াৰ গঠন হয় আৰু ই ন্যায়িকভাৱে গঠিত ব্লক বা শাখাৰ অন্তৰ্গত হয়।
জিলা পৰিষদ: জিলা পৰিষদ পঞ্চায়ত সমিতিৰ সদস্যসকলৰ মাজৰ পৰা নিৰ্বাচিত প্রতিনিধি, বিধানসভাৰ সদস্য আৰু কৃষি, জনস্বাস্থ্য, কাৰিকৰী শাখা, পশু চিকিৎসা, শিক্ষা আদি শাখাৰ জিলা পৰ্যায়ৰ সদস্যসকল, সদনৰ সদস্য যিয়ে কোনো জিলা বা জিলাখনৰ এটা ভাগৰ প্ৰতিনিধিত্ব কৰে এইসকলৰ দ্বাৰা গঠিত হয়। জিলা পৰিষদে পঞ্চায়ত সমিতিসমূহৰ কাৰ্যৰ এক নিৰ্দিষ্ট নিয়ম অনুসৰি পৰ্যবেক্ষণ আৰু সমন্বয় সাধন কৰে।
স্থানীয় স্বায়ত্বশাসনৰ আসোঁৱাহসমূহ: গ্রাম্য সমাজ আৰু এই সমাজৰ পিছপৰা শ্ৰেণীৰ সৱলীকৰণৰ উদ্দেশ্যে পঞ্চায়ত ব্যৱস্থা প্রতিষ্ঠা কৰা হৈছে। অৱশ্যে বাস্তৱক্ষেত্ৰত এই লক্ষ্য সম্পূর্ণ সফল হ’বলৈ এতিয়াও বাকী।
এই ব্যৱস্থাৰ কিছুমান আঁসোৱাহ তলত আলোচনা কৰা হ’ল―
১. এইটো প্ৰায়েই লক্ষ্য কৰিব পাৰি যে সকলো সময়তে লক্ষ্য ৰাখিবলগীয়া কথা হ’ল যে পঞ্চায়তৰ কৰ্মীসকল ৰাজনৈতিক দলসমূহৰ দ্বাৰা নিজৰ কৰ্ম আৰু লক্ষ্য পূৰণত বাধাপ্রাপ্ত হয়। বহু সময়ত আকৌ পঞ্চায়তৰ নেতৃস্থানীয় পদটো সক্ষম, নীতিগত লোকৰ সলনি ৰাজনৈতিক দলৰ সুবিধা অনুসৰি মনোনীত প্ৰাৰ্থীৰ দ্বাৰাহে পূৰণ কৰা হয়। ইয়েই পঞ্চায়তৰ সঠিক সিদ্ধান্ত গ্ৰহণত বাধাৰ সৃষ্টি কৰে।
২. চৰকাৰে গ্ৰহণ কৰা বহু সাহাস্যমূলক আঁচনি পঞ্চায়তৰ দ্বাৰা ৰাইজৰ মাজত বিতৰণ কৰা হয়। বহু সময়ত এই আঁচনিৰ অধীনত লাভ কৰা সুবিধাসমূহ আৰু লাভালাভ সঠিকভাৱে বিতৰণ কৰা নহয় আৰু গ্ৰাম্য অঞ্চলৰ প্ৰকৃত সাহায্য অভিলাষী দৰিদ্ৰ লোকসকল বঞ্চিত হয়। অন্যহাতে, এই সুযোগ ৰাজনৈতিক উপদ্দেশ্যধৰ্মী মনোভাৱেৰে প্ৰকৃত অভাৱীজনৰ সলনি অন্য লোকৰ হাতলৈ যায়।
৩. পঞ্চায়ত ব্যৱস্থাত আসন সংৰক্ষণ ব্যৱস্থাৰ দ্বাৰা সমাজৰ নিম্নশ্রেণীৰ লোকসকলৰ মাজৰ পৰা প্ৰতিনিধি নির্বাচন কৰি তেওঁলোকৰ সমস্যা আৰু দৃষ্টিভংগীৰ ওপৰত গুৰুত্ব দিয়া হয়। এই ব্যৱস্থাৰ উদ্দেশ্য হ’ল গাঁৱৰ নিম্নশ্রেণীৰ লোকসকলৰ সামূহিক উন্নতি। উদাহৰণ স্বৰূপে পঞ্চায়তৰ এক-তৃতীয়াংশ আসন মহিলাৰ বাবে সংৰক্ষণ কৰা হয়। কিন্তু এইটো প্রায়েই দেখা যায় যে এই নির্বাচিত মহিলা সদস্যসকল পঞ্চায়তৰ সদস্য হ’লেও সিদ্ধান্ত গ্ৰহণৰ সময়ত মহিলাগৰাকীৰ আত্মীয় পুৰুষেহে আচল সিদ্ধান্ত গ্ৰহণ কৰে। এই পদ্ধতিয়ে মহিলাৰ আসন সংৰক্ষণৰ উদ্দেশ্য পূৰণ নকৰে।
34. ভাৰতবৰ্ষৰ জনজাতীয় সমাজৰ সংজ্ঞা দিয়া। জনজাতি সমাজৰ বৈশিষ্ট্যসমূহ কি কি?
উত্তৰঃ ভাৰতবৰ্ষৰ জনজাতীয় এতিহ্য অতি চহকী। সমগ্ৰ ভাৰতবৰ্ষতেই বিভিন্ন জনজাতীয় লোকসকলে ইতিহাসৰ পাতনি মেলিছে। জনজাতীয় সমাজৰ বিষয়ে জ্ঞান লাভ কৰিব যাওঁতে এইটো জনাটো নিতান্তই আৱশ্যক যে জনজাতীয় লোক কোনসকল?
Ghurey য়ে জনজাতিৰ সংজ্ঞা দি কৈছে যে “পিছপৰা শ্ৰেণীৰ হিন্দুসকল।”
Dubey ৰ মতে জনজাতীয়সকল হ’ল— “নৃ-গোষ্ঠী শ্ৰেণীৰ, প্ৰকৃত বা কল্পিত বংশজাত আৰু সংস্কৃতিৰ বিভিন্নতাৰে বৈশিষ্ট্যযুক্ত।”
Andre Beteill য়ে জনজাতি সম্বন্ধে সংজ্ঞা দিছে- “ৰাজনীতি, ভাষাতত্ত্ব আৰু কিছু অস্পষ্টভাৱে নির্দেশিত সাংস্কৃতিক ক্ষেত্ৰৰে গঠিত এখন সমাজ; এখন সমাজ আত্মীয়সকলৰ ওপৰত প্ৰতিষ্ঠিত য’ত সামাজিক বিভাজন নাথাকে।”
Majumdar ৰ মতে জনজাতি হ’ল— “কিছুমান পৰিয়ালৰ গোট যিসকলে এক সর্বজনীন নাম গ্ৰহণ কৰে, এটা গোটৰ সদস্যই এক নিৰ্দিষ্ট ভূ-খণ্ড অধিকাৰ কৰে; একেই ভাষা কয়, বিবাহ, কর্মসংস্থান বা বৃত্তি সম্বন্ধে এক নির্দিষ্ট নিষেধাজ্ঞা পালন কৰে আৰু পৰস্পৰৰ প্ৰতি কৰ্তব্য আৰু পাৰস্পৰিকতাৰ সুদৃঢ় সম্বন্ধ গঢ়ি তোলে।”
জনজাতিসকলৰ বৈশিষ্ট্য:
(ক) প্রত্যেক জনজাতিয়েই নিজকে এক নির্দিষ্ট ভূ-খণ্ডৰ লগত জড়িত কৰে।
(খ) এজন নির্দিষ্ট জনজাতীয়ই নিজকে এজন উমৈহতীয়া পূৰ্বজৰ পৰা বংশোদ্ভূত বুলি দাবী কৰে।
(গ) প্রত্যেক জনজাতিয়ই এনে কিছুমান ধৰ্মীয় আচাৰ-অনুষ্ঠান পালন কৰে যিবোৰো তেওঁলোকৰ জীৱনশৈলী আৰু বিশ্বাসৰ ৰূপৰেখা গঠন কৰে।
(ঘ) প্রত্যেক জনজাতীয়ই এক নির্দিষ্ট ভাষা কয় যিটোৱে তেওঁলোকৰ মাজত মৈত্ৰীৰ ভাৱ বৃদ্ধি কৰে।
(ঙ) জনজাতীয়সকলে সাধাৰণতে প্ৰকৃতিৰ নিকট আৰু সমাজৰ বাকীসকল গোষ্ঠী বা জাতিৰ পৰা দূৰত্বত বাস কৰে।
অৱশ্যেই ভাৰতবৰ্ষৰ জনজাতীয় লোকসকলে নিজকে পৃথকভাৱে ৰাখি বাস নকৰে। ভাৰতবৰ্ষৰ সংবিধানে বহু জনজাতীয় সম্প্রদায়ক অনুসূচিত জনজাতিৰ মৰ্যাদা দিছে আৰু তেওঁলোকৰ স্বাৰ্থ ৰক্ষাৰ্থে বিধিও প্রস্তুত কৰিছে। বর্তমান সময়ত অনুসূচিত জাতিৰ লোকসকলক চহৰ আৰু গাঁও উভয়তে দেখা যায়। জনজাতীয় সংস্কৃতিৰ সংৰক্ষণৰ কাৰণে ভাৰতীয় সংবিধানত বিভিন্ন ব্যৱস্থা কৰা হৈছে আৰু এইবোৰ আলোচনা কৰা হ’ব।
35. অনুসূচিত জাতি বুলিলে কি বুজা? ইয়াৰ সংজ্ঞা আগবঢ়োৱা? অনুসূচিত জাতিৰ প্ৰধান সমসাসমূহ উল্লেখ কৰা?
উত্তৰঃ অনুসূচিত জাতিক সামাজিক পদানুক্ৰমত সবাতোকৈ তলত স্থান দিয়া হয়। অধিকাংশ পিছপৰা নাইবা নিষ্পেষিত শ্ৰেণীৰে অনুসুচিত জাতি গঠিত। তেওঁলোকক সাধাৰণতে অস্পৃশ্য বুলি গণ্য কৰা হয়। তেওঁলোক ‘হৰিজন’ নামেৰে জনাজাত। অৱশ্যে ভাৰতৰ সকলো অঞ্চলতে সকলো অনুসূচিত জাতিৰ লোককে অস্পৃশ্য বুলি গণ্য কৰা নহয়। এই জাতিবোৰ আৰ্থিকভাৱে পিছপৰা আৰু সামাজিকভাৱে অৱদমিত। তেওঁলোক মুঠ ভাৰতীয় জনসংখ্যাৰ ভিতৰত শৈক্ষিকভাৱেও সবাতোকৈ উপেক্ষিত জাতি।
বৃটিছসকলে তথাকথিত ‘অস্পৃশ্য ‘সকলক ‘বহিস্থ জাতি’ বুলি কৈছিল। চাইমন আয়োগে পোন প্ৰথমবাৰৰ বাবে ‘অস্পৃশ্য জাতি’ৰ অভিধাটো ব্যৱহাৰ কৰিছিল। ১৯৩৫ চনৰ ভাৰত চৰকাৰ আইনৰ অধীনত অস্পৃশ্যসকলক ‘অনুসূচিত জাতি”ৰ মৰ্যাদা দিয়া হৈছিল। ভাৰতীয় সংবিধানেও এই লোকসকলক ‘অনুসূচিত জাতি’ বুলি উল্লেখ কৰে। মহাত্মা গান্ধীয়ে তেওঁলোক ‘হৰিজন’ ঈশ্বৰৰ লোক বুলি সম্বোধন কৰিছিল।
সংজ্ঞা: ডি. এম. মজুমদাৰৰ মতে ‘অনুসূচিত জাতি’ অভিধাটোৰে ‘অস্পৃশ্য জাতি’বোৰক বুজোৱা হয়। বিভিন্ন ধৰণৰ সামাজিক আৰু ৰাজনৈতিক প্রতিবন্ধকতাৰ মুখামুখি হ’বলগীয়া হোৱা জাতিবোৰক অস্পৃশ্য জাতি বোলে। এনে প্রতিবন্ধকতাবোৰৰ অধিকাংশই পৰম্পৰাগতভাৱে ঠিৰাং কৰা। এইবোৰ উচ্চ জাতিৰ লোকে সামাজিকভাৱে বলবৎ কৰি আহিছে।
আর্থিক, সামাজিক, শৈক্ষিক তথা ৰাজনৈতিকভাৱে পিছপৰা জাতিবোৰকে অনুসূচিত জাতি বোলা হয়। অন্য জাতিৰ লোকে ‘অস্পৃশ্য’ আখ্যা দি তেওঁলোকক নিজৰ পৰা আঁতৰত ৰাখে।
অনুসূচিত জাতিৰ সমস্যাসমূহ: অনুসূচিত জাতিবোৰে বিভিন্ন সামাজিক, ধর্মীয়, ন্যায়িক, আর্থিক, শৈক্ষিক আৰু অন্য প্রতিবন্ধিকতাৰ সন্মুখীন হৈ আহিছে।
তেওঁলোকৰ সমস্যাবোৰ তলৰ শিতানবোৰৰ জৰিয়তে বুজিব পৰা যাব—
(ক) অস্পৃশ্যতাৰ সমস্যা: অনুসূচিত জাতিৰ লোকসকলে জাবৰ-জোথৰ আৰু মৰা জন্তুপেলোৱা, শৌচ-প্ৰস্ৰাৱগ্ৰাৰ আৰু গোহালি আদি পৰিষ্কাৰ কৰা, কাপোৰ -ধোৱা আৰু শ্মশানৰ কিছুমান নিৰ্দিষ্ট কাম কৰা আদিৰ দৰে অপৰিষ্কাৰ কাৰ্যক বৃত্তি হিচাপে গ্ৰহণ কৰিবলগীয়া হৈছিল। এনে বৃত্তিবোৰক অপবিত্র বুলি গণ্য কৰা হৈছিল। সেয়েহে যিসকল লোকে এই কামবোৰ কৰে তেওঁলোকক অস্পৃশ্য বুলি ধৰা হৈছিল।
(খ) শৰীৰ স্পৰ্শ কৰিব নোৱাৰিছিল: অস্পৃশ্যসকলে উচ্চ জাতিৰ লোকৰ পৰা দূৰত্ব বৰ্তাই ৰাখিব লাগিছিল।
(গ) উমৈহতীয়া কুঁৱা আৰু জলভাণ্ডাৰ ব্যৱহাৰ কৰিব নোৱাৰিছিল: সমাজৰ নিম্নস্তৰৰ জাতিবোৰৰ সদস্যসকলে উমৈহতীয়া গাঁৱলীয়া কুঁৱা নাইবা পুখুৰী আদিৰ পৰা খোৱাপানী সংগ্ৰহ কৰিব নোৱাৰিছিল।
(ঘ) মন্দিৰত সোমাব নোৱাৰিছিল: অনুসূচিত জাতিৰ লোকে ঈশ্বৰ পূজা কৰিবলৈ মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰিব নোৱাৰিছিল।
(ঙ) অস্পৃশ্যই তৈয়াৰ কৰা খাদ্য গ্ৰহণ কৰা নহৈছিল: অনুসুচিত জাতিৰ লোকে তৈয়াৰ কৰা খাদ্য উচ্চ জাতিৰ লোকে গ্ৰহণ নকৰিছিল।
(চ) নিৰ্ভৰশীল প্ৰৱণতা: অনুসূচিত জাতিৰ লোকসকল জীৱিকাতথা অস্তিত্ব বৰ্তাই ৰখাৰ বাবে অন্যৰ ওপৰত নিৰ্ভৰশীল আছিল।
(ছ) দৰিদ্ৰতাৰ সমস্যা: অনুসূচিত জাতিৰ লোকসকল অর্থনৈতিক অধিকাৰৰ পৰা বঞ্চিত আছিল। সেয়েহে তেওঁলোক দুখীয়া হৈয়েই ৰৈ গৈছিল আৰু অন্যৰ ওপৰত নিৰ্ভৰশীল আছিল।
অনুসূচিত জাতিৰ দৰিদ্ৰতাৰ সৈতে জড়িত সমস্যাবোৰ আছিল এনেধৰণৰ —
পার্থিৱ সম্পত্তিৰ পৰা বঞ্চিত: অনুসূচিত জাতিৰ লোকক কোনো ধৰণৰ পাৰ্থিৱ সম্পত্তিৰ গৰাকী হ’বলৈ দিয়া নহৈছিল ।
ভূমিহীন অবস্থা: অনুসূচিত জাতিৰ লোকৰ ঘৰ বান্ধিবলৈ আৰু খেতি কৰিবলৈ মাটি নাছিল।
শৈক্ষিক অনগ্ৰসৰতা: বন্ধনা আৰু শোচনীয় আৰ্থ-সামাজিক অৱস্থাৰ বাবে অনুসূচিত জাতিৰ লোকসকল বিদ্যালয়লৈ নগৈছিল। ফলত তেওঁলোক শৈক্ষিকভাৱেও পিছপৰি ৰৈছিল।
কর্মসংস্থাপন আৰু চৰকাৰী সেৱা: দেশে স্বাধীনতা লাভ কৰাৰ পাছত অনুসূচিত দিয়া হৈছিল। বৰ্তমান বহুতো অনুসূচিত জাতিৰ লোকে উচ্চ শিক্ষা গ্ৰহণ কৰি গুৰুত্বপূৰ্ণ পদবীত চাকৰি কৰি আছে। তথাপিও এক বুজন সংখ্যক অনুসূচিত জাতিৰ লোকে এতিয়াও কৃষিখণ্ডত কাম কৰা শ্রমিক হিচাপে পেট প্ৰৱৰ্তাই আছে। তেওঁলোকক আজিও মজুৰি পৰিশোধ কৰাৰ সময়ত নানা ধৰণে শোষণ কৰা হয়।
ঋণগ্রস্ততা আৰু বন্ধুৱা শ্ৰমিক: অর্থনৈতিক বঞ্চনা আৰু শোচনীয় আৰ্থিক অৱস্থাৰ বাবে অনুসূচিত জাতিৰ লোকে বিভিন্ন সময়ত জীয়াই থকাৰ স্বাৰ্থত ঋণ ল’বলগীয়া হয়। সময় মতে সুতসহ মূলধন ওভটাব নোৱাৰি তেওঁলোকৰ বহুতেই ধৰুৱা হৈ পৰে। কেতিয়াবা তেওঁলোকে উপায়হীন হৈ বনুৱা শ্ৰমিকৰূপে কাম কৰিবলগীয়া হয়।
বৃত্তিবাছনিৰ সীমাৱদ্ধতা: জাতি ব্যৱস্থাই অনুসূচিত জাতিৰ লোকসকলৰ ওপৰত বৃত্তি বাছি লোৱাৰ ক্ষেত্ৰত নানা ধৰণৰ বাধা-নিষেধ আৰোপ কৰে। হৰিজনসকলৰ বাবে বৃত্তি বাছনিৰ সুযোগ আগতে যথেষ্ট সীমাবদ্ধ আছিল।
ৰাজনৈতিক প্রতিবন্ধকতা: অস্পৃশ্যসকলে ৰাজনৈতিক বিষয়ত অংশগ্ৰহণ নকৰে বুলিয়েই ক’ব পাৰি। ভাৰতৰ ৰাজনীতি, প্ৰশাসন আৰু সাধাৰণ শাসন ব্যৱস্থাত তেওঁলোকক কোনো স্থান দিয়া হোৱা নাছিল। তেওঁলোকৰ কোনো ৰাজহুৱা পদ গ্ৰহণ কৰাৰ অধিকাৰ নাছিল। তেওঁলোকৰ ৰাজনৈতিক প্ৰতিনিধিত্বক অস্বীকাৰ কৰা হৈছিল। তেওঁলোকৰ ভোট দিয়াৰ অধিকাৰ আছে যদিও এক সংগঠিত শক্তিৰ ৰূপ ল’বলৈ অনুসূচিত জাতিবোৰক যথেষ্ট সময়ৰ প্ৰয়োজন হ’ব।
36. নগৰীয়া সমাজৰ মূল চৰিত্ৰসমূহ ব্যাখ্যা কৰা।
Ans: পৰিবৰ্তনশীলতা মানৱ সমাজৰ অন্যতম বৈশিষ্ট্য। পৃথিৱীৰ কোনো সমাজেই স্থবিৰ নহয়। সময়ৰ পৰিৱৰ্তনৰ লগে লগেই সকলো সমাজতে পৰিৱৰ্তনৰ সূচনা হয়। আধুনিকীকৰণৰ ফলস্বৰূপেও বর্তমান গ্রাম্য সমাজত নগৰীয়া বা পাশ্চাত্য সংস্কৃতিৰ প্রভাৱ পৰিছে, ফলত গ্ৰাম্য সমাজতো দ্রুত পৰিৱৰ্তন ঘটিছে। গ্রাম্য অঞ্চলসমূহে ক্ৰমে নগৰ অঞ্চলৰ চৰিত্ৰ আহৰণ কৰিছে।
নগৰীয়া সমাজ অর্থাৎ নগৰ ভাৰতীয় সমাজৰ এক অভিন্ন অংগ। সাধাৰণতে নগৰীয়া সমাজ বুলি কলেই ‘নগৰ’ – ৰ ধাৰণা এটাই মনলৈ আহে।
নগৰীয়া সমাজৰ চৰিত্ৰ বা বৈশিষ্ট্য:
নগৰীয়া সমাজৰ প্ৰধান চৰিত্ৰ বা বৈশিষ্ট্য সমূহ তলত আলোচনা কৰা হল ―
(i) জটিল জীবননির্বাহ পদ্ধতি: নগৰীয়া সমাজত জীবননির্বাহ পদ্ধতি অতি সৰল নহয়। নগৰ অঞ্চলৰ লোকসকল গ্ৰাম্যাঞ্চলৰ লোকৰ দৰে অতিথি পৰায়ণ নহয় ।
(ii) নিয়োগৰ সুবিধা: নগৰীয়া সমাজত নিয়োগৰ সুবিধা অধিক হেতুকে অধিক প্রগতিবাদীসকলে জীৱন অধিক উন্নতি কৰাৰ সুবিধা গ্রহণ কৰিব পাৰে। তেওঁলোক নিৰাশাবাদী নহৈ অধিক উৎসাহেৰে কৰ্মত লিপ্ত হয়।
(iii) একক পৰিয়ালৰ গুৰুত্ব অধিক/একক পৰিয়াল: সৰু পৰিয়াল: নগৰীয়া সমাজত একক পৰিয়ালৰ ওপৰতহে প্ৰাধান্য বেছি দিয়ে আৰু থকাৰ অসুবিধাৰ আৰু নিয়ন্ত্ৰণৰ বাবে ব্যক্তিসকলে সৰু সৰু পৰিয়াল পাতি থাকিবলৈহে ভাল পায়। তেওঁলোক অধিক শক্তিশালী।
(iv) অধিক জনসংখ্যা: অধিক জনসংখ্যাৰ থকাটো নগৰীয়া সমাজৰ এক উল্লেখযোগ্য বৈশিষ্ট্য। নগৰীয়া অঞ্চলত ব্যৱসায় প্রতিষ্ঠান, উদ্যোগ, কল-কাৰখানা, শিক্ষানুষ্ঠান আদিৰ সুবিধা থকাৰ বাবে গাঁৱৰ পৰা ব্যক্তিসকল নগৰলৈ যায় আৰু তাতে বসতি কৰেগৈ। সেয়েহে নগৰ অঞ্চলত জনসংখ্যা অধিক হোৱা দেখা যায়।
(v) ভিন্ন পৰিবেশ: একেখন নগৰতে ভিন্ন পৰিবেশ পৰিলক্ষিত হয়, অর্থাৎ একোখন নগৰত বিভিন্ন স্থানৰ পৰা বিভিন্ন লোক আহি বসতি কৰেহি। এই লোকসকলক জাতি, ধর্ম, বর্ণ, উদ্দেশ্য আদি মাজত বিভিন্নতা থাকে। সেয়ে একেখন নগৰতে অথবা একেটা এলেকাতে বিভিন্নধৰণৰ পৰিবেশ লক্ষ্য কৰিব পাৰি।
(vi) আনুষ্ঠানিক সম্পর্ক: নগৰৰ জনসংখ্যা অধিক আৰু প্ৰত্যেকেই নিজক লৈ ব্যস্ত হৈ থকাৰ কাৰণে ব্যক্তিৰ মাজত স্বাভাৱিক আৰু পোনপটীয়া সম্পৰ্কৰ অভাব দেখা যায়। নগৰীয়া সমাজৰ ব্যক্তিসকলৰ মাজত মুখামুখি বন্ধুত্বপূর্ণ সম্পতি প্রায় নাথাকেই।
(vii) ভিন্ন বৃত্তি: নগৰীয়া সমাজত উদ্যোগ, কল-কাৰখানা, ব্যৱসায় প্রতিষ্ঠান, কার্যালয় আদিৰ সুবিধা থকাৰ বাবে অহতা সম্পন্ন লোকসকলে যিকোনো বৃত্তি গ্ৰহণৰ সুবিধা পায়। নগৰীয়া সমাজৰ লোকসকলৰ মাজত সেয়েহে বৃত্তিৰ ভিন্নতা দেখা যায়।
ওপৰোক্ত আলোচনাৰ পৰা দেখা গ’ল যে, নগৰীয়া সমাজৰ বহুত বৈশিষ্ট্য আছে আৰু সেই বৈশিষ্ট্য সমূহ আলোচনা কৰি আমি জানিব পাৰিলো যে, এই সমাজত জীৱনিৰ্বাহ পদ্ধতি অতি সৰল নহয়। নগৰ অঞ্চলৰ লোকসকল গ্ৰাম্যাঞ্চলৰ লোকৰ দৰে অতিথি পৰায়ণ নহয়। ইয়াৰ ওপৰিও নগৰীয়া সমাজত সাম্প্ৰদায়িকতাৰ মনোভাৱ আৰু ঐক্যতাৰ বান্ধোন কম। নগৰীয়া সমাজত যাতায়াত যোগাযোগ, শিক্ষা দীক্ষা আদিৰ সুবিধা অধিক আধুনিক সভ্যতাই নগৰত সোণকালে প্রবেশ কৰে।
37. গ্রাম্য সমাজৰ মূল চৰিত্ৰসমূহ ব্যাখ্যা কৰা।
Ans: ভাৰতীয় সমাজ বুলিলে আমি মূলতঃ গ্ৰাম্য সমাজৰ কথাই বুজোঁ। ভাৰতীয় জনসাধাৰণৰ চাৰিভাগৰ তিনি অংশৰো অধিক গ্রাম্যবাসী। কিন্তু অতীতৰ গাঁও আৰু বৰ্তমানৰ গাঁৱৰ মাজত বহুতো পাৰ্থক্য আছে। বৰ্তমানৰ ভাৰতীয় গ্ৰাম্য সমাজৰ এক স্পষ্ট চানেকি দাঙি ধৰাটো অতিকৈ দূৰত। কিয়নো বৰ্তমানৰ ভাৰতীয় গাঁওবোৰৰ কেৱল একেধৰণৰ সামাজিক পদ্ধতি, সংস্কৃতি, ধৰ্ম, ৰীতি-নীতি আদি বিদ্যমান নহয়। আধুনিকীকৰণ, নগৰীকৰণ আৰু পাশ্চাত্য সংস্কৃতিৰ প্ৰভাৱত গ্ৰাম্য সমাজত দ্ৰুত পৰিবৰ্তন হৈছে। গতিকে, বর্তমান কালত গ্ৰাম্য সমাজৰ প্রকৃত ছবি ভাৰতৰ সকলো অঞ্চলতেই পোৱা নাযায়। তথাপিতো বর্তমানো ভাৰতীয় গ্ৰাম্য সমাজ কৃষিপ্ৰধান আৰু অধিকাংশ মানুহৰে কৃষিয়েই হল জীৱন নিৰ্বাহৰ মূল পথ। ভাৰতৰ অধিকাংশ গাঁৱেই অতিয়াও পিছপৰা।
আনহাতে কৃষিখণ্ডৰ আধুনিকীকৰণো ভাৰতীয় গ্রাম্য সমাজত আশানুৰূপভাৱে হোৱা নাই। শিক্ষা-দীক্ষা, যাতায়াত ব্যৱস্থা, বৈদ্যুতিকৰণ, জনসংযোগ আদি দিশতো ভাৰতৰ সকলো গ্ৰাম্যাঞ্চলৰ সমউন্নয়ণ হোৱা নাই। অৱশ্যে বৰ্তমান চৰকাৰে পৰিসল্পনাৰ জৰিয়তে গ্রাম্য সমাজৰ উন্নয়ণৰ গুৰুত্ব আৰোপ কৰিছে।
গ্রাম্য সমাজৰ চৰিত্ৰ বা বৈশিষ্ট্য: ভাৰতবৰ্ষত গ্রাম্য সমাজৰ কিছুমান স্বকীয় বৈশিষ্ট্য আছে। এই বৈশিষ্ট্যবোৰৰ ভিত্তিতে আমি কোনো এখন সমাজক গ্রাম্য সমাজ হিচাপে চিনাক্ত কৰিব পাৰি।
তলত গ্রাম সমাজৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা হল:
(i) কৃষিৰ ওপৰত নিৰ্ভৰশীলতা: গ্ৰাম্যাঞ্চলত জীৱিকা নিৰ্বাহৰ পৰিৱৰ্তনৰ সুবিধা অতি কম আৰু ভাৰতীয় গ্ৰাম্য সমাজৰ অধিকাংশ লোকেই কৃষিজীবী। কৃষিয়েই হৈছে ভাৰতীয় গ্ৰাম্য সমাজৰ লোকসকলৰ জীৱিকা নিৰ্বাহৰ প্ৰধান মাধ্যম। সেয়েহে গ্ৰাম্য অৰ্থনীতিৰ মূল ভিত্তি হৈছে কৃষি।
(ii) শ্ৰমৰ বিশেষীকৰণ কম: গ্রাম্য সমাজত শ্রম বিভাজন কম। পৰিয়াল বা সমাজৰ সকলো লোকেই সকলো ধৰণৰ কাম কৰে আৰু সেয়ে শ্ৰমৰ বিশেষীকৰণ গ্ৰাম্যাঞ্চত কম।
(iii) যুটীয়া পৰিয়াল ব্যৱস্থা: গ্ৰাম্য সমাজৰ পৰিয়াল ব্যৱস্থা মূলতঃ যুটীয়া প্ৰকৃতিৰ। সাধাৰণতে গ্রাম্য সমাজৰ লোকসকলে যুটীয়া পৰিয়ালৰ মাজত মিলিজুলি বসবাস কৰে।
(iv) ভৌগোলিক বিচ্ছিন্নতা: সাধাৰণতে ভাৰতবৰ্ষৰ গ্ৰাম্য সমাজ বিলাক ভৌগোলিকভাৱে বিভিন্ন স্থানত বিচ্ছিন্ন হৈ থকা দেখা যায়। যাতায়াত আৰু যোগাযোগ ব্যৱস্থা সন্তোষজনক নোহোৱাৰ বাবেই গ্রাম্য অঞ্চলৰ লোকসকলে নগৰ অঞ্চলৰ পৰা নিজক বিচ্ছিন্ন কৰি ৰাখে।
(v) পাৰস্পৰিক নিৰ্ভৰশীলতা: গ্রাম্য লোকসকল সাধাৰণতে সামাজিক, অর্থনৈতিক, ধর্মীয় আদি প্রায়বিলাক দিশতে পাৰস্পৰিক নিৰ্ভৰশীল। একেটা পৰিয়ালৰ দৰে গ্ৰাম্য সমাজৰ লোকসকলে আপোনভাৱেৰে জীৱন যাপন কৰে।
(vi) গভীৰ ধৰ্মবিশ্বাস: গ্ৰাম্য জীৱনৰ ধৰ্মৰ প্ৰভাৱ মন কৰিবলগীয়া। তেওঁলোকৰ দৈনন্দিন জীৱন প্ৰায় প্ৰতিটো ক্ষেত্রতে ধর্মই নিবিড়ভাৱে প্রভাৱ বিস্তাৰ কৰি থকা দেখা যায়।
(vii) পম্পৰাগত সংস্কৃতি: গ্ৰাম্য সম্প্ৰদায়ৰ মাজত পৰম্পৰাগত সংস্কৃতি এক অবিচ্ছেদ্য অংগস্বৰূপ। সকলোৱে নিজা সংস্কৃতিৰ প্ৰতা সজাগ আৰু পৰম্পৰা ৰক্ষাৰ চেষ্টা চলায়।
ওপৰোক্ত আলোচনাৰ পৰা দেখা গ’ল যে, গ্রাম্য সমাজত জীবন নিৰ্বাহ অতি সৰল প্ৰকৃতিৰ। গ্ৰাম্য অঞ্চলৰ লোকসকল অতিশয় অতিথি পৰায়ণ। একোখন গাঁৱৰ লোকসকলে অতিশয় অতিথি পৰায়ণ। একোখন গাঁৱৰ লোকসকলৰ সাধাৰণতে ভাষা, ধৰ্ম, জাতি আদি একে। গ্ৰাম্যাঞ্চলত জীৱিকা নিৰ্বাহ পৰিৱৰ্তনৰ সুবিধা অতি কম আৰু ভাৰতীয় গ্ৰাম্য সমাজৰ অধিকাংশ লোকেই কৃষিজীৱি গ্ৰাম্য সমাজৰ সকলো ব্যক্তিয়েই প্রায় একে ধৰণৰ সুখ-সুবিধা ভোগ কৰে। ইয়াত বৈষম্য কম।
38. শ্ৰেণী ব্যৱস্থাৰ বিভিন্ন বৈশিষ্ট্যবিলাক কি কি?
Ans: সামাজিক শ্ৰেণী ব্যৱস্থা হৈছে সামাজিক অসমতাৰ আন এক উদাহৰণ। শ্ৰেণী ব্যৱস্থাৰ জড়িয়তেও সমাজৰ মানুহক উচ্চ নিম্নভাৱে শ্ৰেণীকৰণ কৰা হৈছে। কিন্তু এই শ্ৰেণীকৰণ জাতি ব্যৱস্থা বা সামন্ত প্ৰথাৰ দৰে জন্মৰ ভিত্তিত প্রতিষ্ঠিত অর্থাৎ বন্ধ স্তৰীকৰণ নহয় আধুনিক সমাজৰ অন্যতম বৈশিষ্ট্যৰ ভিতৰত শ্ৰেণী ব্যৱস্থাও অন্যতম। গতিকে, সামাজিক শ্রেণী ব্যৱস্থাৰ বিশেষ অধ্যয়ন কৰাটো সমাজতত্ত্বৰ অন্যতম কাম।
পৃথিৱীৰ সকলোবোৰ মানৱ সমাজতেই অতি প্রাচীনকালৰ পৰাই শ্ৰেণী ব্যৱস্থা দেখিবলৈ পোৱা যায়। শ্রেণী বিভাজনৰ বিষয়ে উল্লেখ কৰি কার্ল মার্ক্সে যথার্থতে কৈছে যে “মানৱ জাতিৰ ইতিহাস মানেই শ্ৰেণী সংগ্ৰামৰ ইতিহাস।” অর্থাৎ শ্ৰেণী ব্যৱস্থাৰ কথা দিলে মানৱ জাতিৰ ইতিহাসৰ কোনো অর্থই নাথাকিব।
শ্ৰেণী ব্যৱস্থাৰ বৈশিষ্ট্য সমূহ:
প্রত্যেক শ্ৰেণীৰেই নিজস্ব স্বকীয় বৈশিষ্ট্য থকাৰ বাবে এটা শ্ৰেণীৰ পৰা আন এটা শ্ৰেণীৰ পৃথকতা পৰিলক্ষিত হয়।
তলত সামাজিক শ্ৰেণীৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা হ’ল ―
(i) আন্তঃক্রিয়াবাহী (Endogamous): একোটা শ্ৰেণী: সমপ্রস্থিতিসম্পন্ন। কোনো এটা শ্ৰেণীয়ে নজিৰ শ্ৰেণীটোক অন্য এটা শ্ৰেণীতকৈ উচ্চ বা নিম্ন বুলি ভাবে। গতিকে, সমপ্রস্থিতিসম্পন্ন শ্ৰেণীৰ ব্যক্তিৰ লগতেই বৈবাহিক সম্বন্ধ স্থাপন কৰা, বন্ধুত্ব স্থাপন কৰা, আদান প্ৰদান কৰা, সামাজিক চাল-চালন, খোৱা-বোৱা, উৎসৱ-পাৰ্বণত সমভাগ লোৱা আদি পৰিলক্ষিত হয়। উদাহৰণ স্বৰূপে, সাধাৰণতে ধনীক শ্ৰেণীৰ দৰা-কন্যাৰ মাজতেই বা দুখীয়া দৰা-কন্যাৰ মাজতেই বৈবাহিক সম্বন্ধ স্থাপন হোৱা দেখা যায়।
(ii) গতিশীলতা (Mobility): শ্ৰেণী ব্যৱস্থা মতে এটা শ্ৰেণীৰ লোক আন এটা শ্ৰেণীলৈ পৰিৱৰ্তিত হব পাৰে। গতিকে সামাজিক শ্ৰেণী ব্যৱস্থাত গতিশীলতা পৰিলক্ষিত হয়। সাধাৰণতে, প্ৰত্যেকটো শ্রেণীয়েই ক্রমোন্নতিৰ বাবে প্ৰচেষ্টা চলায়। উদাহৰণ স্বৰূপে। কোনো এটা দুখীয়া শ্ৰেণীৰ পৰিয়ালক ধনীক শ্ৰেণীলৈ পৰিৱৰ্তিত হোৱা বা গতিশীলতা লাভ কৰা দেখা যায়। সেইদৰেই এটা ধনীক শ্ৰেণীৰ ব্যক্তি স্থায়ীভাৱে ধনী হৈ নাথাকিবও পাবে।
(iii) উচ্চ-নীচ ভাৱ (Superiority and inferiority complex): এটা শ্ৰেণীৰ লোকসকলে অন্য এটা শ্ৰেণীৰ লোকসকলতকৈ নিজকে উচ্চ বা নিম্ন শ্ৰেণীৰ প্ৰস্থিতিৰ বুলি বিবেচনা কৰা। উপসংস্কৃতিৰ জৰিয়তে এই উচ্চ-নীচ প্রকাশ পায়। ঘাইকৈ জীৱন নিৰ্বাহৰ মানদণ্ড, সংস্কৃতি আদিত এই ভাৱ পৰিলক্ষিত হয়। সাধাৰণতে উচ্চ শ্ৰেণীৰ ব্যক্তিৰ উচ্চাত্মক ভাৱ আৰু নিম্ন শ্রেণীৰ ব্যক্তিৰ মাজত নীচাত্মক ভাব দেখা যায়।
(iv) জন্মৰ ওপৰত কম গুরুত্ব (Less importance on birth): সামাজিক শ্রেণী ব্যৱস্থাত জন্মৰ ওপৰত কম গুৰুত্ব আৰোপ কৰা পৰিলক্ষিত হয়। জন্মৰ দ্বাৰাই কোনো ব্যক্তিক সামাজিক শ্ৰেণীত প্রতিষ্ঠিত কৰিলেই ই স্থায়ী হৈ নৰয়। উদাহৰণস্বৰূপে দুখীয়া বা নিম্ন পৰিয়ালত জন্মগ্ৰহণ কৰা বহু ব্যক্তিয়ে নিজৰ দক্ষতা বা প্ৰতিভাৰ জৰিয়তে সমাজৰ প্ৰস্থিতি গ্ৰহণ কৰি উচ্চ শ্ৰেণীৰ ব্যক্তি হিচাপে প্রতিষ্ঠিত হোৱাৰ বহুত উদাহৰণ আছে। সেইদৰেই ধনীক শ্ৰেণীক বা উচ্চ শ্ৰেণীত জন্মগ্ৰহণ কৰা বহুত ব্যক্তিয়ে নিজৰ প্ৰস্থিতি ৰক্ষা কৰিব নোৱাৰি তললৈ আহে।
(v) ক্ষণস্থায়িত্ব (Stabeless): শ্ৰেণী ব্যৱস্থাৰ আন এটা উল্লেখযোগ্য বৈশিষ্ট্য হৈছে ক্ষণস্থায়িত্ব। শ্রেণী ব্যৱস্থাটো জাতিপ্ৰথা বা সামস্ত প্ৰথাৰ দৰে দীৰ্ঘস্থায়ী ব্যৱস্থা নহয়। গতিশীলতা বা মুক্ত স্তৱীকৰণৰ ব্যৱস্থা থকাৰ বাবেই এটা শ্ৰেণীৰ ব্যক্তি অন্য এটা শ্ৰেণীটো সহজে গীত কৰিব পাৰে, ফলত শ্ৰেণী ব্যৱস্থাত ক্ষণস্থায়িত্ব পৰিলক্ষিত হয়।
ওপৰোক্ত আলোচনাৰ পৰা দেখা গ’ল যে, প্রত্যেক শ্ৰেণীৰে একোটা স্বকীয় বৈশিষ্ট্য আছে। আৰু বৈশিষ্ট্য সমূহ থকাৰ বাবেহে এটা শ্ৰেণীৰ পৰা আন এটা শ্ৰেণীৰ পৃথকতা পৰিলক্ষিত হয়। লগেই সি সমাজতত্ত্ব ভুক্ত হয়।