Indian Society: Images and Realities Unit 1 Ideas of India: Civilization Colony, Nation and Society

Indian Society: Images and Realities Unit 1 Ideas of India: Civilization Colony, Nation and Society, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Indian Society: Images and Realities Unit 1 Ideas of India: Civilization Colony, Nation and Society Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Indian Society: Images and Realities Unit 1 Ideas of India: Civilization Colony, Nation and Society Question Answer can be of great value to excel in the examination.

Indian Society: Images and Realities Unit 1 Ideas of India: Civilization Colony, Nation and Society

Join Telegram channel

Indian Society: Images and Realities Unit 1 Ideas of India: Civilization Colony, Nation and Society Notes cover all the exercise questions in UGC Syllabus. Indian Society: Images and Realities Unit 1 Ideas of India: Civilization Colony, Nation and Society provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

39. স্বজন পদ্ধতিৰ গুৰুত্ব কি?

Ans. এটি শিশুৰ জন্ম হোৱাৰ লগে লগেই সি সমাজতত্ত্ব ভুক্ত হয় আৰু মৃত্যু হ’লেহে সমাজৰ পৰা আঁতৰ হয়। শিশুৱে জন্মগ্রহণ কৰি পিতৃ মাতৃ, ভাতৃ-ভগ্নী, পিতৃৰ ভাতৃ, মাতৃৰ ভাতৃ আদি অতি ওচৰ সম্বন্ধীয় ব্যক্তিৰ সৈতে আত্মীয়তা গঢ়ি তোলে। সেইদৰে বিবাহৰ জৰিয়তেও শহুৰ-শাহু, ননদ-দেৱৰ, খুলশালী-জেঠেৰী আদিৰ লগত আত্মীয়তা গঢ়ি তোলে। এইদৰে বিবাহ আৰু জন্মৰ জৰিয়তে যি এক আত্মীয় গোষ্ঠী গঢ়ি উঠে তাকে স্বজন পদ্ধতি বোলে।

বৃক্তিৰ অতি ঘনিষ্ট সম্পর্কিত গোটটোকে স্বজন গোট হিচাপে অভিহিত কৰিব পাৰি। বিবাহ, ধৰ্ম, পৰিয়াল পদ্ধতি আদিৰ দৰেই স্বজন পদ্ধতিৰয়ো সমাজৰ এক উল্লেখযোগ্য সংস্থা, আমাৰ সমাজত স্বজন পদ্ধতিৰ যথেষ্ট গুৰুত্ব আছে।

স্বজন পদ্ধতিৰ কামসমূহ তলত আলোচনা কৰা হ’ল:

(ক) সামাজিক ঐক্য বজাই ৰখাৰ ক্ষেত্ৰত স্বজন পদ্ধতিয়ে বিশেষ ভূমিকা পালন কৰে। আদিম সমাজত এই পদ্ধতিৰেই মানুহৰ কৰ্তব্য আৰু দায়িত্ব নিৰ্ধাৰণ কৰিছিল।

(খ) বিবাহ, উৎসৱ, শ্মশান যাত্রা আদিত স্বজন সম্বন্ধীয় লোকে পৰস্পৰে পৰস্পৰৰ সহায় কৰাৰ বাবে সুখ দুখৰ সময়ত ব্যক্তিয়ে যথেষ্ট সকাহ পায়।

(গ) অর্থনৈতিক ক্ষেত্রতো স্বজন পদ্ধতিৰ প্রভাৱ আছে। ব্যৱসায় বাণিজ্য বা বিপদে আপদে স্বজন পদ্ধতিৰে সম্পর্কিত ব্যক্তিয়ে ইজন সিজনক সহায়-সহযোগ আগবঢ়ায়।

(ঘ) সামাজিকৰণ ক্ষেত্ৰত স্বজন পদ্ধতিৰ বিশেষ গুৰুত্ব আছে। স্বজন সম্বন্ধীয় ব্যক্তিৰ মাজতেই শিশুৰ ভৱিষ্যত আৰু সামাজিকৰণৰ শিক্ষা দিয়া হয়।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

(ঙ) ৰাজনৈতিক ক্ষেত্ৰতো স্বজন পদ্ধতিৰ প্ৰভাৱ আছে। সাধাৰণতে নিৰ্বাচনত স্বজন গোষ্ঠীৰ লোকে নিজা সম্পৰ্কীয় প্রার্থীক সমর্থন জনায়।

সেইদৰে নিৰ্বাচিত নেতাকো স্বজন সম্বন্ধীয় ব্যক্তিৰ প্রতি সহানুভূতি দেখুওৱা পৰিলক্ষিত হয়।

40. উদাৰীকৰণৰ মূল উদ্দেশ্যবোৰ কি কি?

Ans. উদাৰীকৰণৰ মূল উদ্দেশ্যােবৰ হৈছে এটা সম্পূর্ণ মুক্ত বিশ্ব অর্থব্যৱস্থা গঢ় দি বিশ্বায়নৰ গতি খটকীয়া কৰা। ইয়াৰ বাবে, উদাৰীকৰণ প্রক্রিয়াই ৰাজহুৱাখণ্ডৰ ব্যক্তিগত কৰণ কৰা, বিদেশী বিনিয়োগ বৃদ্ধি কৰা, আমদানি ৰপ্তানীক শুদ্ধমত্ত কৰাৰ দৰে বিষয়সমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

উদাৰীকৰণৰ (Liberalization) হৈছে এনে এটা প্ৰক্ৰিয়া য’ত ৰাষ্ট্ৰই অৰ্থনৈতিক ক্রিয়াসমূহৰ ওপৰত থকা নিজৰ নিয়ন্ত্ৰণ নোহোৱা কৰি সকলোবোৰ বজাৰ শক্তিসমূহৰ ওপৰত এৰি দিয়ে। ইয়াৰ বাবে বাণিজ্যিক উদাৰীকৰণ বিদেশী বিনিয়োগ, ৰাজহুৱা খণ্ডক ব্যক্তিগতকৰণ ইত্যাদি বিভিন্ন নীতি গ্ৰহণ কৰা হয়।

বজাৰ বা বজাৰ ভিত্তিক প্ৰক্ৰিয়াৰ দ্বাৰা সামাজিক, ৰাজনৈতিক বা অর্থনৈতিক সমস্যাবোৰ, সমাধান কৰাৰ প্ৰয়াসেই হৈছে বজাৰকৰণ (Marketisation) বজাৰকৰণ প্ৰক্ৰিয়াৰ যোগে অর্থনৈতিক ক্ষেত্ৰত থকা নিষেধবোৰ পাৰ্যমানে শিথিল কৰা বা নাইকিয়া কৰিবলৈ চেষ্টা কৰা হয়।

সামগ্ৰীকৰণ হৈছে, এনে এটা প্ৰক্ৰিয়া যি প্ৰক্ৰিয়াৰ যোগেদি যিবোৰ বস্তু আগতে কেতিয়াও ক্রয়-বিক্রয়ৰ বাবে বজাৰলৈ উলিয়াই দিয়া হোৱা নাছিল। তেনে বস্তুক সামগ্ৰীৰূপে বজাৰত বিক্ৰী কৰা হয়। উদাহৰণস্বৰূপে বটলৰ পানী। আগেয়ে খোৱাপানী বজাৰত বিক্ৰী হোৱা কথা কোনেও ভাবিব পৰা নাছিল। কিন্তু তেনে বস্তুকেই বা বেচা-কিনা কৰিব পাৰো

41. ভাৰতীয় প্ৰসংগত ‘জনজাতি’ অ্যাখ্যাৰ ফলত উদ্ভৱ হোৱা কেইটামান জটিলতা কি কি?

Ans: জনজাতি শব্দটো ভাৰতত ঔপনিবেশিক যুগতহে ব্যৱহাৰ কৰা হৈছিল আৰু মূলতঃ প্ৰশাসনীয় সুবিধাৰ অৰ্থে এচাম সম্পূর্ণ সুকীয়া। ১৯৬০ ৰ দশকত জনজাতি সকলক হিন্দু সমাজৰ সৈতে সম্পর্কিত অথচ এটা পৃথক মুৰত অৱস্থান কৰা বুলি ধৰা হ’ব নে তেওঁলোকক এই সম্পূর্ণ সুকীয়া ধৰণৰ সম্প্ৰদায় বুলি ধৰা হ’ব তাক কেন্দ্ৰ কৰি তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছিল। সংক্ষেপে ক’বলৈ গলে জাতি- জনজাতিৰ মাজৰ পাৰ্থক্য বিতর্কই জনজাতি সংজ্ঞা আগবঢ়োৱাৰ ক্ষেত্ৰত থকা এটা ডাঙৰ অসুবিধা।

ইয়াৰোপৰি কিছু সংখ্যক পণ্ডিতৰ মতে জনজাতিসকল সভ্যতাৰ পোহৰ নোপোৱা পুৰাতণীয়া লোক। ইয়াৰ বিপৰীতে কিছু সংখ্যকৰ মতে কিছুমান শোষণমূলক পৰিঘটনাৰ ফলস্বৰূপেহে জনজাতিৰ উদ্ভৱ হৈছে। আন কিছু সংখ্যক পণ্ডিতৰ মতে আকৌ জনজাতিসকল পূৰ্বতে বৰ্তমানৰ দৰে নিষ্পেষিত নাছিল। কিছু সংখ্যক জনজাতিয়ে হাতী আৰু নিমখৰ ব্যৱসায়ত বিশেষ স্থান দখল কৰিছিল। এনেবোৰ পৰস্পৰ বিৰোধী ভাৱধাৰাৰ উপস্থিতিয়ে ভাৰতত জনজাতিসকলৰ সংজ্ঞা আগবঢ়োৱাত সমস্যাক চমুকৈ সৃষ্টি কৰে।

42. বৰ্তমান যুগত জাতি প্ৰথাৰ ভূমিকা ব্যাখ্যা কৰা।

Ans: জাতিভেদ এক সামাজিক ব্যাধি হিচাপে স্বাধীনতাৰ পূৰ্বৰে পৰা স্বীকৃত হৈছিল আৰু জাতীয়তাবাদী আন্দোলনৰ নেতাসকলে জাতিভেদ বিলুপ্তকৰণৰ পোষকতা কৰিছিল। সংবিধান জাতিভেদৰ বিলুপ্তি ঘটাইছিল আৰু জনজাতিসকলৰ কল্যাণৰ মতে সংৰক্ষণ দিহা কৰিছিল। ইয়াৰ ফলত অনুসূচিত জাতি-জনজাতি আৰু অনগ্ৰসৰ জাতিবোৰে নিজৰ জাতি পৰিচয় দৃঢ় কৰি তুলিছিল। তেওঁলোকৰ কাৰণে সংবিধানে প্ৰদান কৰা সংৰক্ষণ আঁচনি আৰু সুৰক্ষাদায়ক বৈষম্যমূলক নীতি গ্রহণ কৰা ব্যৱস্থাই ৰক্ষা কবচৰ দৰে কাম কৰে আৰু সেয়েহে তেওঁলোকে জাতি পৰিচায়ক বেছি গুৰুত্ব প্ৰদান কৰে দেখা যায়।

আনহাতে সাম্প্রতিক সময়ত ঔদ্যোগিক ক্ষেত্ৰত যথেষ্ট চাকৰিৰ সৃষ্টি হৈছে― য’ত জাতি বিষয়ক কোনো নিয়মাৱলী প্রয়োগ নহয়। ইউৰোপৰি মহানগৰত একেলগে বসবাস কৰিব লগা হোৱাৰ বাবে ও জাতি ব্যৱস্থাত শিথিলতা দেখা পোৱা গৈছে। অৱশ্য ভাৰতত সাৰ্বজনীন প্রাপ্তবয়স্ক ভোটধিকাৰৰ ভিত্তিত সৃষ্টি হোৱা নির্বচনী গণতন্ত্ৰত জনসংখ্যা বেছি থকা জাতিয়ে ৰাজনীতিত বেছি প্ৰভাৱশালী ভূমিকা গ্ৰহণ কৰা দেখা গৈছে। অৱশ্যে ভাৰতত সার্বজনীন প্রাপ্তবয়স্ক ভোটাধিকাৰৰ ভিত্তিত সৃষ্টি হোৱা নির্বাচনী গণতন্ত্ৰত জনসংখ্যা বেছি থকা জাতি ৰাজনীতিত বেছি প্রভাৱশালী ভূমিকা গ্রহণ কৰা দেখা গৈছে।

43. জনজাতিৰ বিভিন্ন বৈশিষ্ট্যােবৰ চমুকৈ ব্যাখ্যা কৰা। 

Ans: (ক) জনজাতীয় লোকসকলে নির্দিষ্ট একোটা বিশেষ, ভৌগোলিক অঞ্চলত বসবাস কৰে সেই অঞ্চলটোৰ লগত খাপ খোৱা জীৱন নিৰ্বাহ প্ৰণালীৰে এওঁলোক পৰিচিত হৈ উঠে।

(খ) প্রত্যেক জনজাতিৰে একোটা নির্দিষ্ট নাম থাকে। এই নামৰ দ্বাৰা এটা জনজাতিক আন এটাৰ পৰা পৃথকে বুজাত সহায় হয়। যেনে – মিচিং, বড়ো ইত্যাদি।

(গ) প্রত্যেক জনজাতিৰে একোটা নিজস্ব ভাষা বা উপভাষা থাকে।

(ঘ) যুৱগৃহ বা ডেকাচাং জনজাতীয় সমাজ আৰু সাংস্কৃতিক অন্যতম পৰিচয়। এই সংগঠনৰ মাধ্যমেৰে উঠি অহা ল’ৰা- ছোৱালীক সকলো দিশৰে প্ৰয়োজনীয় শিক্ষা প্ৰদান কৰা হয়।

(ঙ) প্রত্যেক জনজাতিৰে নিজস্ব একোটা ৰাজনৈতিক সংগঠন থাকে।

44. স্বাধীনতাৰ পিছত জনজাতীয় লোকসকলৰ জীৱন-ধাৰণৰ অৱস্থা কিদৰে পৰিবৰ্তিত হৈছে?

Ans: মানৱ সমাজ পৰিবর্তনশীল। সেয়েহে জনজাতীয় সমাজ জীৱনলৈও পৰিৱৰ্তন আহিছে। জনজাতীয় সমাজ জীৱনলৈ ক্ৰমাগতভাৱে অহা পৰিবৰ্তন প্রক্রিয়াই তেওঁলোকৰ ধ্যান-ধাৰণা, ৰীতি-নীতি, শিক্ষা, অর্থনৈতিক ক্ষেত্ৰ, ৰাজনৈতিক দৃষ্টিভঙ্গী আদিৰ লগতে জীৱন-যাপনৰ শৈলীত অনেক প্রভাৱ পেলাইছে। জনজাতীয় সমাজত কি কি দিশত পৰিবৰ্তনে দেখা দিছে তলত চমুকৈ আলোচনা কৰা হ’ল –

(ক) স্বাধীনতাৰ পাছৰ পৰা চৰকাৰী পৃষ্ঠপোষকতাত জনজাতীয় লোকসকলৰ সামগ্রিক বিকাশৰ ভাৱে প্ৰচেষ্টা চলাই থকা হৈছে। ইয়াৰ ফলস্বৰূপে, জনজাতীয় লোকসকল শিক্ষা-দীক্ষাত বহুখিনি আগবাঢ়ি গৈছে।

(খ) জনজাতীয় সমাজৰ জীৱিকা নিৰ্বাহৰ প্ৰধান মাধ্যম হৈছে ঝুমখেতি। সাম্প্ৰতিক কালত ঝুম পদ্ধতিৰ পৰিবর্তন ঘটিছে। বিশেষকৈ ভৈয়াম অঞ্চলত বসবাস কৰিবলৈ লোৱা জনজাতীয় লোকসকলে অন্যান্য থলুৱা জনসাধাৰণৰ দৰেই স্থায়ী পদ্ধতিৰ কৃষি কৰিবলৈ লোৱা পৰিলক্ষিত হৈছে।

(গ) ৰাজনৈতিক ক্ষেত্ৰটো জনজাতীসকলৰ মাজত পৰিৱৰ্তনে দেখা দিছে। পৰম্পৰাগত জনজাতীয় সমাজত প্রত্যেক জনজাতীৰে নিজাকৈ এটা ৰাজনৈতিক সংগঠন আছিল। বৰ্তমান পৰম্পৰাগত ৰাজনৈতিক ব্যৱস্থাৰ ঠাইত গণতান্ত্রিক শাসন ব্যৱস্থাৰ তেওঁলোক অন্তর্ভূক্ত।

(ঘ) বর্তমান জনজাতীয় সমাজৰ পৰা ডেকাচাংবোৰ উঠি গৈছে।’ জনজাতীয় সমাজত এতিয়া ডেকাচাঙৰ উঠি অহা যুৱক-যুৱতীসকলক শিক্ষা প্ৰদান কৰা নহয়। ইয়াৰ ঠাইত বিভিন্ন শিক্ষানুষ্ঠানসমূহ গঢ়লৈ উঠিছে।

(ঙ) আগেয়ে জনজাতীয় লোকসকল একোটা নির্দিষ্ট ভৌগোলিক অঞ্চলত বসবাস কৰিছিল। কিন্তু বর্তমান শিক্ষা-দীক্ষাৰ উন্নতি সাধনৰ লগে লগে শিক্ষিতসকলে চাকৰি বাকৰি, ব্যৱসায়-বাণিজ্য, উদ্যোগ আদিত কাম কৰিবৰ বাবে নিজৰ ঠাই এৰি আন ঠাইতো বসতি কৰিবলৈ লৈছে।

45. স্থায়ী বৈশিষ্ট্যৰ ভিত্তিত জনজাতীয় সমাজবোৰক শ্ৰেণী কৰাৰ পদ্ধতিবোৰ ব্যাখ্যা কৰা।

Ans: স্থায়ী চাৰিত্ৰিক বৈশিষ্ট্যবোৰৰ ভিতৰত অঞ্চল, ভাষা, শাৰীৰিক বৈশিষ্ট্য আৰু পাৰিপাৰ্শ্বিক বাসস্থানক সামৰি লোৱা হৈছে।

ভাৰতীয় জনজাতীয় লোকসকল বিভিন্ন অঞ্চলত সিঁচৰিত হৈ থকাৰ লগতে কোনো কোনো অঞ্চলত কেন্দ্ৰীভূতহৈ ও আছে। উদাহৰণ স্বৰূপে, জনজাতীয় লোকৰ ৪৬% ই মধ্যভাৰত বাস কৰে। অৱশিষ্ট ১৫ শতাংশৰ ভিতৰত ১১ শতাংশই উত্তৰ- পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ আৰু ত শতাংশতকৈ কিছু বেছি ভাৰতৰ অন্যান্য ঠাইত পোৱা যায়। বাসোপযোগী পাৰিপাৰ্শ্বিক অৱস্থাৰ ও স্থানসমূহে পাহাৰ, জংগল, সমতল, গ্রামাঞ্চল আৰু ঔদ্যোগিক চহৰাঞ্চলক সামৰি লৈছে।

ভাষাৰ পিনৰ পৰা জনজাতিবোৰক চাৰিটা ভাগত ভগোৱা হৈছে। তাৰ ভিতৰত ইন্দো-আর্য ভাষাগোষ্ঠীত প্রায় ১ শতাংশ জনজাতীয় লোক আৰু দ্রাবিড় ভাষাগোষ্ঠীৰ প্ৰায় ৩ শতাংশত জনজাতীয় লোক আছে। অষ্ট্ৰিক ভাষাগোষ্ঠীৰ ভাষা ব্যৱহাৰ কৰা আটাইখিনি লোকে মৌলিকভাৱে জনজাতীয় লোক আৰু ৮০ শতাংশতকৈ অধিক জনজাতীয় লোক তিব্বত বৰ্মন ভাষাগোষ্ঠীৰ।

শাৰীৰিক গঠনৰ ভিত্তিত জনজাতিবোৰক নেগ্ৰিট, অষ্ট্ৰেলীয়া, মঙ্গোলীয়া, দ্রাবিড়ী আৰু আৰ্য বৰ্গত ভাগ কৰা হৈছে। শেষৰ বৰ্গ দুটাত ভাৰতীয় অ-জনজাতীয় লোকসকলো পৰে।

আকাৰৰ ক্ষেত্ৰত জনজাতিবোৰৰ মাজত যথেষ্ট পার্থক্য পৰিলক্ষিত হয়। এহাতে আন্দামান জনসংখ্যা হয়তো এশজনৰো কম, আনহাতে, ৭০ লাখ জনসংখ্যাৰ জনজাতিও আছে।

46. শেহতীয়াকৈ জনজাতীয় সত্ত্বাৰ গঠনত প্ৰভাৱ পেলোৱা মুখ্য কাৰকবোৰ ব্যাখ্যা কৰা।

Ans: বর্তমান সময়ত জনজাতীয় পৰিচয়ৰ গঠনৰ মূল কাৰণ হৈছে মূলসুঁতি প্রক্রিয়া সৈতে জনজাতীয় সম্প্রদায়বোৰৰ বলপূর্বক সন্নিবিষ্টকৰণ। কাৰণ বৰ্তমানৰ জনজাতীয় পরিচয় কোনো জনজাতিৰ মূল বৈশিষ্ট্যৰ পৰিবৰ্তে এই প্ৰক্ৰিয়াৰ দ্বাৰাহে গঢ় লৈছে। বৰ্তমানৰ বেছিভাগ জনজাতিৰেই পৰিচয়ৰ কেন্দ্ৰ হৈছে জনজাতীয় লোকসকলৰ প্ৰৱল শক্তিক প্ৰতিৰোধ আৰু বিৰোধিতা কৰা ধাৰণাৰ ওপৰত।

জনজাতীয় সম্প্ৰদায়ৰ মাজৰ পৰা শিক্ষিত মধ্যম শ্ৰেণীটোৰ উদ্ভৱ হোৱাৰ লগে লগেই জনজাতীয় পৰিচয়ৰ পথটো উদয় হয়। সংৰক্ষণ নীতিৰ সংযোজনে আৰু শিক্ষাই জনজাতীয় লোকসকলৰ মাজত এক চহৰীয়া বৃত্তিধাৰী শ্ৰেণীৰ সৃষ্টি কৰিলে। জনজাতীয় লোকসকলক মাজৰ পৰাই উদ্ভৱ হোৱা শ্ৰেণী আৰু অন্যান্য বিভাজনে জনজাতীয় সমাজবোৰত অধিক বিভাজনৰ সৃষ্টি কৰিলে আৰু ইয়ে বেলেগ বেলেগ ভিত্তিৰ সূচনাকে জনজাতীয় পৰিচয়ৰ দাবী তুলিছে।

47. উদাৰীকৰণ আৰু বজাৰকৰণ সপক্ষে আৰু বিপক্ষে থকা প্ৰধান মতবোৰ কি কি? এই বিতৰ্কত তোমাৰ স্থিতি কি হ’ব আৰু কিয়?

Ans: উদাৰীকৰণে বহুনীতি সাঙুৰি ৰাখে। যেনে― ৰাজহুৱা খণ্ডৰ প্রতিষ্ঠানবোৰ ব্যক্তিগত খণ্ডলৈ হস্তান্তৰ কৰা, আৰ্থিক ক্ষেত্ৰত থকা ৰাষ্ট্ৰৰ নিয়ন্ত্রণ শিথিল কৰা, বিদেশী কোম্পানীসমূহৰ ভাৰতত উদ্যোগ প্ৰতিষ্ঠানৰ বাট মুকলি কৰি দিয়া আদি। এনেধৰণৰ পৰিৱৰ্তনবোৰক বজাৰকৰণ বুলি কোৱা হয়। বজাকৰণ হ’ল বজাৰ ভিত্তিক প্ৰক্ৰিয়াৰ দ্বাৰা সামাজিক, ৰাজনৈতিক বা অর্থনৈতিক সমস্যাবোৰ সমাধান কৰাৰ প্ৰয়াস। বজাৰকৰণ প্ৰক্ৰিয়াৰ জৰিয়তে ৰাজহুৱা খণ্ডক ব্যক্তিগতকৰণ কৰা, শ্ৰমিকৰ মজুৰি বা বস্তুৰ দামৰ ওপৰত থকা, চৰকাৰী নিয়ন্ত্ৰণ আঁতৰোৱাৰ ব্যৱস্থা কৰা হয়। বজাৰকৰণ প্ৰক্ৰিয়াৰ সপক্ষে মত পোষণ কৰাসকলৰ মতে এনে প্ৰক্ৰিয়াই দেশৰ অৰ্থনৈতিক প্রগতি বৃদ্ধি কৰে। তেওঁলোকৰ মতে ৰাজহুৱা খণ্ডতকৈ ব্যক্তিগত খণ্ডবোৰ অধিক কার্যদক্ষতাৰ বাবে এই পদক্ষেপ সামগ্রিকভাবে দেশত আর্থিক প্রগতিও সহায় কৰে। ইয়াৰোপৰি উদাৰীকৰণৰ বাবে বিদেশী কোম্পানীবোৰে ভাৰতত উদ্যোগ আৰু কাৰ্য্যালয় স্থাপন কৰাৰ সুবিধা পাইছে। ইয়াৰ ফলত দেশৰ নিয়োগৰ সুবিধা বৃদ্ধি পাইছে। তদুপৰি উদাৰীকৰণৰ ফলত দেশত বিদেশী বিনিয়োগ বৃদ্ধি পাইছে। যাৰ ফলত দেশৰ আন্তঃগাথনি উন্নত হোৱাত সহায়ক হৈছে। উদাৰীকৰণৰ সমৰ্থকসকলৰ মতে ভাৰতীয় উৎপাদকে এতিয়া বিদেশী বজাৰত উৎপাদিত সামগ্ৰী বিক্ৰী কৰাৰো সুবিধা পাইছে। এনেবোৰ যুক্তিতে বহুতো পণ্ডিতে উদাৰীকৰণক সমৰ্থন কৰে।

আনহাতে একাংশ পণ্ডিতৰ মতে আকৌ উদাৰীকৰণে ভাৰতীয় অর্থ ব্যৱস্থাই সাময়িক প্রগতি আনিলেও ই ভাৰতীয় অর্থব্যৱস্থালৈ বহুতো কু ফল আনিছে। এই মতৰ সমৰ্থকসকলৰ মতে উদাৰীকৰণৰ দ্বাৰা ভাৰতীয় কৃষকসকল আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে। কৃষিক্ষেত্ৰত থকা ৰাজ সাহায্য কৰ্তন কৰি আৰু উৎপাদিত সামগ্ৰীৰ নূন্যতম সমর্থিত মূল্য প্রত্যাহাৰ কৰাৰ ফলত ভাৰতীয় কৃষকসকল ক্ষতিগ্ৰস্ত হৈছে। উদাৰীকৰণৰ পিছত কৃষকৰ আত্মাহত্যাৰ মাত্রা বৃদ্ধি পোৱা দেখা গৈছে।

48. জাতিৰ সংজ্ঞা দিয়া। ভাৰতত জাতি ব্যৱস্থাৰ উৎপত্তিৰ যি কোনো দুটা সিদ্ধান্ত আলোচনা কৰা।

Ans: জাতিৰ সংজ্ঞাকলৈ সমাজতত্ববিদসকলৰ মাজত মতভেদ আছে। ইংৰাজী Caste শব্দটো পৰ্তুগীজ Casta শব্দৰ পৰা আহিছে, যাৰ অৰ্থ হ’ল গোষ্ঠী বংশ বা পৰিয়ালৰ সমষ্টি। জাতি হৈছে এক নামধাৰী কিছুমান পৰিয়াল বা পৰিয়ালৰ সমষ্টি। এই সমষ্টিৰ ব্যক্তিসকলে কোনোবা মানুহ বা দেৱতাৰূপী কাল্পনিক উপৰিপুৰুষৰ বংশধৰ বুলি পৰিচয় দিয়ে। তেওঁলোক একে বংশগত বৃত্তিধাৰী বুলি দাবী কৰে আৰু এটা স্বজাতীৰ সমুদায়ৰ সংগঠনৰ বুলি যিসকলৰ মত প্ৰকাশ কৰা যোগতা থাকে তেওঁলোকে সেইদৰেই ইয়াক বিবেচনা কৰে। জাতিসম্বন্ধে এক সার্বজনীন সংজ্ঞা আগবঢ়োৱাটো সম্ভৱ নহয়। জাতি হৈছে একোটা সামাজিক সমূহ বা সমূহৰ সমষ্টি, যিবিলাকৰ সদস্যতা জন্মগতভাবে নির্ধারিত হয়। সামাজিক সংস্পর্শ বা আদান-প্রদান একে সমূহ বা সমুহৰ সমষ্টিৰ মাজত সীমাবদ্ধ থাকে আৰু তেওঁলোকৰ মাজত অন্তঃবিবাহ প্ৰচলিত হৈ থাকে।

ভাৰতীয় জাতি ব্যৱস্থাৰ বিচিত্ৰতা আৰু জটিলতাৰ বাবে পণ্ডিতসকলে বিভিন্ন তত্ত্ব আগবঢ়াইছে। তাৰে ভিতৰত দুটা সিদ্ধান্ত তলত আলোচনা কৰা হৈছে।

(১) ৰাজনৈতিক সিদ্ধান্ত: এই সিদ্ধান্তৰ প্ৰধান সমৰ্থক হ’ল ফ্ৰান্সৰ আরে ডুবয়। এই সিদ্ধান্ত অনুসৰি জাতি ব্যৱস্থা ব্ৰাহ্মণসকলৰ ছাল চতুৰালিৰে সংগঠিত এক ৰাজনৈতিক আঁচনি। ডুবয়ৰ মতে, জাতি ব্যৱস্থা ব্ৰাহ্মণৰ দ্বাৰা ব্ৰাহ্মণৰ স্বাৰ্থ, প্রভুত্ব সুৰক্ষিত কৰিবৰ কাৰণে সৃষ্টি কৰি লোৱা হয়। এই ক্ষেত্ৰত ধৰ্মৰ আলম লৈ সকলোধৰণৰ ক্ৰিয়া কৰ্ম কৰাৰ অধিকাৰ ব্ৰাহ্মণসকলে নিজৰ হাতত ৰাখিছিল। ডুবয়ে উদাহৰণ হিচাপে মিচৰ আৰু ইজৰাইলৰ উদাহৰণ দি কৈছে যে, সেইবোৰ দেশত বৃত্তি পুৰুষানুক্রমে হস্তান্তৰিত কৰা হৈছিল আৰু কোণেও নিজৰ বংশৰ বৃত্তি এৰি অন্য বৃত্তি গ্ৰহণ কৰিব নোৱাৰিছিল। ভাৰতবৰ্ষতো ব্ৰাহ্মণসকলে ধর্মীয় ক্রিয়া কর্ম নিজৰ হাতত ৰাখি সমাজত তেওঁলোকৰ স্ব-প্রস্থিতি উচ্চ স্থানত প্ৰতিস্থা কৰিছিল। ব্ৰাহ্মণসকলৰ ক্ৰিয়া কৰ্মত যি সকলে সহযোগ কৰিছিল, সেইসকলৰ স্থান ব্ৰাহ্মণসকলৰ পাছতেই নিৰূপণ কৰা হৈছিল। এনেদৰে এক বৃত্তিকে গ্ৰহণ কৰি প্ৰস্থিতি সংৰক্ষণ কৰাৰ বাবেই জাতি ব্যৱস্থাৰ উৎপত্তি হৈছিল বুলি এই তত্ত্বৰ সমৰ্থক সকলে মতপোষণ কৰে। মূখ্য সমর্থক ডুবয়ৰ দৰে ইবেটনত, খুৰী আদি সমাজতত্ত্ববিদসকলে আংশকিভাবে জাতি ব্যবস্থা উৎপত্তিত ব্ৰাহ্মণৰ ভূমিকাৰ ওপৰত গুৰুত্ব দি এই সিদ্ধান্ত সমর্থন জনায়।

(২) বৃত্তিয়াত্মক সিদ্ধান্ত: এই সিদ্ধান্ত আগবঢ়াইছে নেচ ফিল্ড আৰু এই সিদ্ধান্ত মতে বৃত্তিৰ ভিন্নতাৰ বাবেই জাতি ব্যৱস্থাৰ সৃষ্টি হৈছে। বৃত্তিৰ উচ্চতা আৰু নীচতা অনুসবি জাতিসমূহ নিৰূপণ কৰা হয়। নেফিল্ডৰ মতে সামাজিক উচ্চ নীচ সংস্কৰণ স্বাভাবিক যিহেতু বৃত্তিৰ ভিত্তিত পৃথিৱীৰ বিভিন্ন সমাজত এনে সংস্কৰণ দেখা যায়। তেওঁ জাতি ব্যৱস্থাৰ উৎপত্তি ধর্মীয় আৰু প্ৰজাতীয় দিশবিলাক মানি লোৱা নাই। তেওঁৰ মতে, মানুহ জীয়াই থকাৰ বাবে অতি প্রয়োজনীয় জীৱিকাৰ সৈতে বৃত্তি সম্বন্ধ আছে। সেইবাবে মানুহৰ জীৱন-যাপনৰ প্ৰতিটো মুহূৰ্ত্ততে ইয়াৰ গুৰুত্ব অধিক। এই বৃত্তিবোৰ সামাজিক প্ৰমূল্যৰ ওপৰত ভিত্তি কৰি উচ্চ-নীচ হিচাপে বিভাজন হোৱাৰ পৰিপ্রেক্ষিততে জাতিবোৰৰ মাজত ভিন্নতাই গা কৰি উঠিছে।

নেচফিল্ডৰ এই বৃত্তিয়াত্মক সিদ্ধান্ত সমালোচনাৰ পৰা মুক্ত নহয়। দেখা যায় যে, বহুতো জাতি এনে ধৰণে বৃত্তিৰ সৈতে জড়িত হৈ থাকিলেও তেওঁলোকৰ সামাজিক প্রস্থিতি একে নহয়। উদাহৰণ হিচাপে ক’ব পাৰি যে ভাৰতৰ অধিকাংশ লোক অর্থাৎ প্রায় ৭৫ শতাংশ লোক জীৱিকাৰ প্রধান উৎস একে যদিও তেওঁলোক এটা জাতি হিচাপে পৰিগণিত হোৱা নাই। ইয়াৰ উপৰিও তেওঁলোকৰ সামাজিক প্রস্থিতিও স্থানভেদে বেলেগ হোৱা দেখা যায়। তদুপৰি বৃত্তিৰ উচ্চতা নীচতা কিহৰ ওপৰত নিৰ্ভৰ কৰি নিৰ্ধাৰণ কৰা হয়, এই কথা এই সিদ্ধান্তত কোনো উল্লেখ নাই।

49. জনজাতীয় লোকসকলৰ কল্যাণৰ বাবে ৰাজ্য চৰকাৰে কি কি পদক্ষেপ গ্রহণ কৰিছে?

Ans: স্বাধীনতাৰ কালত জনজাতিসকলৰ উন্নয়ন আৰু সমস্যাসমূহ সামাধানৰ বাবে ভাৰতীয় সংবিধানে কিছুমান ব্যৱস্থা গ্ৰহণ কৰিছে।

এই ব্যৱস্থাসমূহ হ’ল―

1. সংবিধানৰ ১৫ নং অনুচ্ছেদ অনুসৰি সকলো নাগৰিকৰে সমান অধিকাৰ আৰু সা-সুবিধা লাভ কৰাৰ ওপৰত গুৰুত্ব দিছে। জনজাতি লোকসকলোকো ইয়াত সামৰি লোৱা হৈছে।

2. সংবিধানৰ ১৯ আৰু ১৬ নং দফা মতে অনুসূচীত জনজাতিৰ লোকে চাকৰি আৰু শিক্ষানুষ্ঠানৰ নাম ভৰ্তিৰ অধিকাৰ পাইছে।

3. সংবিধানৰ ৪৫ নং দফাৰ অনুসূচীৰ জনজাতি লোকৰ বাবে শৈক্ষিক আৰু আৰ্থিক সুৰক্ষা প্ৰদান আৰু তেওঁলোকৰ সামাজিক শোষণ আৰু অন্যায়ৰ পৰা মুক্ত ৰাখিবলৈ ৰাজ্য চৰকাৰ সমূহক নির্দেশ দিছে।

4. সংবিধানৰ ১৯ (৫) নং অনুচ্ছেদ অনুসৰি জনজাতিসকলৰ সম্পত্তিৰ ওপৰত অধিকাৰ থকাৰ লগতে ভাৰতবৰ্ষৰ যিকোনো স্থানতে এই অধিকাৰ উপভোগ কৰাৰ কৰ্তৃত্ব থাকিব।

5. সংবিধানৰ ১৬(৪), ২২০ (৪) আৰু ৩৩৫ নং অনুচ্ছেদ অনুসৰি সকলো ক্ষেত্রতে প্রধানতত্ব চৰকাৰী চাকৰি আদিত মকৰলৰ ক্ষেত্ৰত জনজাতিসকলক বিশেষ সুবিধা প্ৰদান কৰা হৈছে।

6. সংবিধানৰ দফা ৩৩০, ৩৩২ আৰু ৩৩৪ ৰ মতে লোকসভা আৰু ৰাজ্যিক বিধান সভালৈ জনজাতীয় লোকৰ বাবে আসন সংৰক্ষণৰ ব্যৱস্থা আছে।

7. জনজাতিৰ সমস্যা সমাধান আৰু উন্নয়নৰ ক্ষেত্ৰত ভাৰতীয় সংবিধানে গ্ৰহণ কৰা আন আন দিশসমূহ হ’ল―

(ক) সৰ্বভাৰতীয় চাকৰিৰ ক্ষেত্ৰত অনুসূচীত জনজাতিৰ বাবে পাঁচ শতাংশ আসন সংৰক্ষণ।

(খ) পদোন্নতিৰ ক্ষেত্ৰত জনজাতিৰ বাবে সংৰক্ষণ ব্যৱস্থা।

(গ) বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানত বয়সৰ সীমা, উপযুক্ততা, শিক্ষা আৰু অৰ্হতা আদিৰ দিশত বিশেষ ৰেহাই।

(ঘ) জনজাতি অধ্যুষিত এলেকাত বন্ধৱা নিবনুৱা (Bonded Labour) নিষেধ আদি।

50. অস্পৃশ্য বুলি কোৱা জাতিসমূহক কি কি বিভিন্ন নাম দিয়া হৈছে?

Ans: শব্দগত অৰ্থত ‘অস্পৃশ্য’ শব্দৰ অৰ্থ হৈছে যাক স্পৰ্শ কৰিব নোৱাৰি। হিন্দু সমাজৰ সংস্কৰণ ব্যৱস্থাৰ একেবাৰে নিম্নস্তৰত থকা লোকসকলেই অস্পৃশ্য জাতি বুলি হোৱা হয়। এই লোকসকলক চাৰি জাতিৰ বাহিৰৰ জাতি বুলা বোলা হয়। আন অৰ্থত অস্পৃশ্যতা হৈছে এনে এটা সামাজিক ব্যৱস্থা য’ত অনুসূচীত জাতিৰ লোকসকলক উচ্চ জাতিৰ লোকসকলে অপবিত্র বুলি গণ্য কৰি বিভিন্ন সামাজিক কাৰ্যৰ পৰা বিৰত ৰাখে। অস্পৃশ্য জাতিসমূহক দলিত, হৰিজন আদি নামেেৰ জনা যায়।

51. অনুসূচীত জাতিৰ সামাজিক অসমর্থততাৰ কেইটামান উদাহৰণ দিয়া।

Ans: অনুসূচীত জাতিৰ লোকসকল আর্থিকভাৱে অতি পিছপৰা। 

তেওঁলোকৰ আৰ্থিক অনগ্ৰসৰতাৰ কাৰণসমূহ হ’ল:

1. পৰম্পৰাগত ভাৰতীয় সমাজ ব্যৱস্থাত নিম্ন জাতিৰ লোকসকলৰ কোনো ব্যক্তিগত সম্পত্তি নাছিল। উচ্চ জাতিৰ অধীনতহে তেওঁলোক এতিয়াও আর্থিকভাৱে দূৰ্বল হৈয়েই আছে।

2. অনুসূচীত জাতিৰ লোকসকলে ইচ্ছামতে যিকোনো বৃত্তি গ্রহণ কৰিব নোৱাৰে। সেয়েহে পৰম্পৰাগতভাৱে পূৰ্বপুৰুষৰ বৃত্তিকেই গ্রহণ কৰাৰ ফলস্বৰূপে তেওঁলোকৰ আৰ্থিক অৱস্থা অতি দুর্বল।

3. ৬ অনুসূচীত জাতিৰ লোকসকল ভূমিহীন, নিজা ভূমি নথকাৰ ববে উৎপাদনৰ সম্পূর্ণ অংশ তেওঁলোক ভোগ কৰিবলৈ নাপায়। ফলস্বৰূপে তেওঁলোকৰ আৰ্থিক দিশ উন্নত দিশ উন্নত হোৱা নাই।

4. শিক্ষাৰ অভাৱৰ বাবেই এই জাতিৰ লোকসকলে কম বেতন। চাকৰি কৰিব লগা হয়। সেয়েহে আর্থিক ক্ষেত্ৰত এওঁলোক পিছপৰা।

52. অনুসূচীত জাতিৰ মৰ্য্যদাৰ কি কি ধৰণৰ পৰিবৰ্তন পৰিলক্ষিত হৈছে ব্যাখ্যা কৰা।

Ans: হিন্দু সমাজৰ সংস্কৰণ পদ্ধতিত নিম্ন স্তৰত বাস কৰা লোকসকলকে অনুসূচীত জাতি বা পৰম্পৰাগত অস্পৃশ্য জাতি হিচাপে জনা যায়। যিসকল লোক সামাজিক, ৰাজনৈতিক, আর্থিক, শিক্ষা, ধর্মীয় আদি দিশত সমাজৰ অন্যান্য শ্ৰেণীৰ লোকতকৈ পিছপৰা আৰু যিসকল লোকক পৰম্পৰাগতভাৱে হিন্দু সামাজিক সংস্কৰণৰ উচ্চ শ্ৰেণীৰ লোকসকলে হীন আৰু অস্পৃশ্য বুলি গণ্য কৰি সামাজিকভাৱে শোষণ কৰি আহিছে, সেইসকল ব্যক্তিকে অনুসূচীত জাতি বুলি ক’ব পাৰি। উদাহৰণস্বৰূপে, মদিগা, বিলাবাস, বৈবো, মোহৰ, মংগ, চমাৰ আদি।

বৈদিক যুগত বৰ্ণ ব্যৱস্থা প্রচলিত থকা সময়ৰ পৰা অনুসূচীত জাতিৰ লোকসকলে সামাজিক, ৰাজনৈতিক, আর্থিক শিক্ষা আদি সকলো বিষয়তে সমস্যাৰ সন্মুখীন হৈ আহিছে কেন্দ্ৰীয় চৰকাৰে অনুসূচীত জাতিৰ লোকৰ বিকাশৰ বাবে বিভিন্ন আঁচনি গ্ৰহণ কৰিছে।

এইবোৰৰ ভিতৰত কেতবোৰ উল্লেখযোগ্য আঁচনি হ’ল―

(ক) বিভিন্ন প্রতিযোগিতামূলক পীক্ষাসমূহৰ বাবে অনুসূচীত জাতিৰ লোকক প্ৰশিক্ষণৰ জৰিয়তে উপযুক্ত কৰি হোৱা।

(খ) উচ্চ শিক্ষা আহৰণৰ বাবে উদগনিমলুক বিত্তীয় সাহায্য আগবঢ়োৱা। 

(গ) বিদ্যালয়, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ত গঢ়ি থকা ছাত্ৰ-ছাত্ৰীৰ বাবে আৱাসগৃহৰ সুবিধা দিয়া।

(ঘ) অনুসূচীত জাতিৰ সমস্যাৰ বিষয়ে গৱেষণা কৰা সংস্থাসমূহলৈ বিত্তীয় অনুদান আগবঢ়োৱা।

(ঙ) চিকিৎসা, অভিযন্তা আদিৰ দৰে কাৰিকৰী শিক্ষা লোৱা ছাত্ৰ ছাত্ৰীৰ বাবে পাঠ্যপুথিৰ যোগান ধৰা।

(চ) ভাৰতৰ উচ্চ শিক্ষা জগতৰ বাবে ও বিত্তৰ যোগান ধৰা আদি।

উপৰোক্ত আঁচনিসমূহৰ সুফল স্বৰূপে বর্তমান অনুসূচীত জাতিৰ লোকৰ মাজত শিক্ষিতৰ হাৰ বৃদ্ধি হৈছে, দৰিদ্ৰতা হ্ৰাস পাইছে আৰু চৰকাৰী আৰু বেচৰকাৰী খণ্ডতো তেওঁলোকৰ অংশগ্রহণ যথেষ্ট বৃদ্ধি পাইছে। এক কথাতে ক’বলৈ গলে তেওঁলোকৰ সামাজিক মৰ্য্যাদা বৃদ্ধি পাইছে।

53. জনজাতীয় সমস্যাবোৰ আঁতৰাবলৈ কি কি প্রচেষ্টা চলোৱা হৈছে?

Ans: স্বাধীনতাৰ কালত জনজাতিসকলৰ উন্নয়ন আৰু সমস্যাসমূহ সামাধানৰ বাবে ভাৰতীয় সংবিধানে কিছুমান ব্যৱস্থা গ্ৰহণ কৰিছে।

এই ব্যৱস্থাসমূহ হ’ল―

1. সংবিধানৰ ১৫ নং অনুচ্ছেদ অনুসৰি সকলো নাগৰিকৰে সমান অধিকাৰ আৰু সা-সুবিধা লাভ কৰাৰ ওপৰত গুৰুত্ব দিছে। জনজাতি লোকসকলোকো ইয়াত সামৰি লোৱা হৈছে।

2. সংবিধানৰ ১৯ আৰু ১৬ নং দফা মতে অনুসূচীত জনজাতিৰ লোকে চাকৰি আৰু শিক্ষানুষ্ঠানৰ নাম ভৰ্তিৰ অধিকাৰ পাইছে।

3. সংবিধানৰ ৪৫ নং দফাৰ অনুসূচীৰ জনজাতি লোকৰ বাবে শৈক্ষিক আৰু আৰ্থিক সুৰক্ষা প্ৰদান আৰু তেওঁলোকৰ সামাজিক শোষণ আৰু অন্যায়ৰ পৰা মুক্ত ৰাখিবলৈ ৰাজ্য চৰকাৰ সমূহক নির্দেশ দিছে।

4. সংবিধানৰ ১৯ (৫) নং অনুচ্ছেদ অনুসৰি জনজাতিসকলৰ সম্পত্তিৰ ওপৰত অধিকাৰ থকাৰ লগতে ভাৰতবৰ্ষৰ যিকোনো স্থানতে এই অধিকাৰ উপভোগ কৰাৰ কৰ্তৃত্ব থাকিব।

5. সংবিধানৰ ১৬(৪), ২২০ (৪) আৰু ৩৩৫ নং অনুচ্ছেদ অনুসৰি সকলো ক্ষেত্রতে প্রধানতত্ব চৰকাৰী চাকৰি আদিত মকৰলৰ ক্ষেত্ৰত জনজাতিসকলক বিশেষ সুবিধা প্ৰদান কৰা হৈছে।

6. সংবিধানৰ দফা ৩৩০, ৩৩২ আৰু ৩৩৪ ৰ মতে লোকসভা আৰু ৰাজ্যিক বিধান সভালৈ জনজাতীয় লোকৰ বাবে আসন সংৰক্ষণৰ ব্যৱস্থা আছে।

7. জনজাতিৰ সমস্যা সমাধান আৰু উন্নয়নৰ ক্ষেত্ৰত ভাৰতীয় সংবিধানে গ্ৰহণ কৰা আন আন দিশসমূহ হ’ল―

(ক) সৰ্বভাৰতীয় চাকৰিৰ ক্ষেত্ৰত অনুসূচীত জনজাতিৰ বাবে পাঁচ শতাংশ আসন সংৰক্ষণ।

(খ) পদোন্নতিৰ ক্ষেত্ৰত জনজাতিৰ বাবে সংৰক্ষণ ব্যৱস্থা।

(গ) বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানত বয়সৰ সীমা, উপযুক্ততা, শিক্ষা আৰু অৰ্হতা আদিৰ দিশত বিশেষ ৰেহাই।

(ঘ) জনজাতি অধ্যুষিত এলেকাত বন্ধৱা নিবনুৱা (Bonded Labour) নিষেধ আদি।

54. অন্যান্য পিছপৰা শ্ৰেণী বুলিলে কি বুজা? তেওঁলোকৰ সমস্যাবোৰ কি কি?

Ans: অনুসূচীত জাতি আৰু জনজাতিৰ উপৰিও এনে কিছুমান সমুদায় আছে, যিবিলাক শিক্ষা আৰু আৰ্থিক দিশৰ অতিকে পিছপৰা। এই লোকসকলক অন্যান্য পিছপৰা শ্ৰেণী বুলি কোৱা হৈছে। এই সমুদায়ৰ ভিতৰত হিন্দুৰ নিম্ন জাতি, মুছলমান, খ্রীষ্টান, বৌদ্ধ আদি ধৰ্মৰ মানুহ অন্তৰ্ভূক্ত হৈ আছে।

ভাৰতৰ অন্যান্য পিছপৰা শ্ৰেণীক চিনাক্ত কৰিবৰ বাবে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ১৯৫৩ চনত কাকাচাহেব কালেনকাৰৰ নেতৃত্বত এখন আয়োগ গঠন কৰি দিয়ে। এই আয়োগে চাৰিটা ভিত্তিত এটা জাতি বা সম্প্রদায়ক পিছপৰা শ্ৰেণী হিচাপে চিনাক্ত কৰে।

এই ভিত্তি কেইটা হ’ল ―

(ক) পৰম্পৰাগত জাতি ব্যৱস্থাৰ যিসকলৰ সামাজিক স্থান নিম্নতম।

(খ) যি জাতি বা সম্প্ৰদায়ৰ সৰহ সংখ্যক লোকৰ মাজত শিক্ষাৰ অভাৱ।

(গ) যি জাতি বা সম্প্ৰদায়ৰ মাজৰ উদ্যোগ আৰু বাণিজ্যত আত্মনিয়োগ কৰা মানুহৰ অভাৱ।

(ঘ) যি জাতি বা সম্প্ৰদায়ৰ মাজত চৰকাৰী চাকৰি কৰা মানুহ অতি কম বা একেবাৰেই নাই।

গতিকে আমি ক’ব পাৰো যে সামাজিক, ৰাজনৈতিক, অর্থনৈতিক, শিক্ষা আদি বিভিন্ন দিশত পিছপৰা, চৰকাৰী বা ব্যক্তিগত নিয়োগত কম প্রতিনিধি থকা সমাজৰ কিছু অস্পৃশ্য বুলি গণ্য কৰা জনগোষ্ঠীসমুহেই হ’ল অন্যান্য পিছপৰা শ্ৰেণী।

অন্যান্য পিছপৰা শ্ৰেণীৰ সমস্যাসমূহ:

(ক) যিসকল অন্যান্য পিছপৰা শ্ৰেণীৰ অন্তৰ্ভূক্ত লোক তেওঁলোকৰ অধিকাংশই হ’ল নিম্ন হিন্দু জাতি। এতিয়াও তেওঁলোকৰ সামাজিক স্থান নিম্ন।

(খ) হিন্দু জাতি ব্যবস্থা মতে, নিম্ন জাতি বিলাকৰ বৃত্তি আছিল খেতি বাতি কৰা, খেতিৰ সঁজুলি তৈয়াৰ কৰা, কাপোৰ বোৱা, ৰন্ধা-বঢ়াৰ পাল সজা, সোন-ৰূপৰ অলংকাৰ গঢ়া ইত্যাদি। জাতিগতভাৱে তেওঁলোক যিবোৰ কাম কৰিব লগীয়া হৈছিল সেইবোৰৰ বাবে কোনোধৰণৰ শিক্ষাৰ প্রতি আগ্রহশীল নাছিল। তদুপৰি শিক্ষা লাভৰ পৰা তেওঁলোকক উচ্চ জাতিৰ দ্বাৰা বঞ্চিত কৰা হৈছিল। গতিকে শিক্ষাৰ ক্ষেত্ৰত তেওঁলোক পিছপৰি থাকিল।

(গ) শিক্ষাই হৈছে সামাজিক উন্নতিৰ মূল ভেটি। শিক্ষাৰ অবিহনে কোনো সমাজেই অর্থনৈতিক দিশৰ আনবাঢ়িব নোৱাৰে। শিক্ষাৰ অভাৱৰ বাবে অন্যান্য পিছপৰা শ্ৰেণীৰ লোকসকল আর্থিকভাৱে পিছপৰি থাকিল । শিক্ষাৰ অভাৱৰ বাবেই তেওঁলোক চাকৰি-বাকৰি, ব্যৱসায় আদি কৰাৰ পৰা বিৰত থাকিব লগা হৈছিল।

55. ঔদ্যোগীকৰণৰ বৈশিষ্ট্যবোৰ কি কি?

Ans: ভাৰতীয় সমাজত সামাজিক পৰিবৰ্তনৰ এক উল্লেখনীয় প্ৰক্ৰিয়া হ’ল ঔদ্যোগীকৰণ। উৎপাদন কার্যত মানৱীয় শক্তিৰ ঠাইত যান্ত্রিক শক্তি ব্যৱহাৰ কৰাকেই উদ্যোগীকৰণ বুলিব পাৰি। ঔদ্যোগীকৰণৰ ফলত ক্ষুদ্র উৎপাদন ব্যবস্থা বৃহৎ উৎপাদনলৈ পৰিবর্তীত হয় আৰু ফলত যথেষ্ট উপভোক্তা আৰু বজাৰৰ প্ৰয়োজন হয়। ঔদ্যোগীকৰণৰ কিছুমান বৈশিষ্ট্য। আছে তলত এইবোৰ আলোচনা কৰা হল―

(১) ঔদ্যোগীকৰণ ফলত নতুন নতুন উদ্যোগ গঢ়ি উঠাত কর্মসংস্থানৰ বাবে জনসংখ্যা বৃদ্ধি পাইছে।

(২) ঔদ্যোগিক সমাজ হৈছে গতিশীল সমাজ। এনে সমাজত ব্যক্তির প্রস্থিতি নিৰ্ধাৰণ কৰা হয় যোগাযোগৰ ওপৰত। সেইবাবে যোগ্যভিত্তিৰ সমাজ সদায় গতিশীল হোৱা দেখা যায়।

(৩) ঔদ্যোগিক সমাজ হৈছে দ্রুত পৰিৱৰ্তনশীল সমাজ। এনে সমাজত আর্থিক সামাজিক, ৰাজনৈতিক আৰু অন্যান্য বস্তুগত দিশত দ্রুত পৰিবৰ্তন সূচনা হয়।

(৪) ঔদ্যোগিক সমাজৰ বৃত্তিজীৱী সমাজ হিচাবেও অভিহিত কৰিব পৰা যায়। এনে সমাজত বিভিন্ন বৃত্তিধাৰী মানুহৰ উপস্থিতি দেখা যায় ইয়াক বৃত্তিজীৱী সমাজ বোলা হয়।

56. ঔদ্যোগিকীকৰণ প্ৰক্ৰিয়াৰ পৰিণতিবোৰ কি কি? এইবোৰৰ বিশদ ব্যাখ্যা কৰা।

Ans: ভাৰতীয় সমাজত সামাজিক পৰিৱৰ্তনৰ এক উল্লেখনীয় প্ৰক্ৰিয়া হ’ল ঔদ্যোগীকৰণ। উৎপাদন কার্যত মানৱীয় শক্তিৰ ঠাইত যান্ত্ৰিক শক্তি ব্যৱহাৰ কৰাকেই ঔদ্যোগীকৰণ বুলিব পাৰি। ঔদ্যোগীকৰণৰ ফলত ক্ষুদ্র উৎপাদন ব্য ৱস্থা বৃহৎ উৎপাদনলৈ পৰিৱৰ্তীত হয় আৰু ফলত যথেষ্ট উপভোক্তা আৰু বজাৰৰ প্ৰয়োজন হয়। ঔদ্যোগীকৰণৰ ফলত সদায় সমাজৰ দুখীয়া শ্ৰেণীটো ধনী শ্ৰেণীৰ দ্বাৰা শোষিত হয়।

ঔদ্যোগীকৰণৰ ফলাফল:

(১) উদ্যোগীকৰণৰ ফলত বহুসংখ্যক বনুৱা বা কৰ্ম্মী সেই অঞ্চললৈ আহে। এইদৰে জনসংখ্যা বৃদ্ধি হয় আৰু নগৰীকৰণৰ আৰম্ভ হয়। গতিকে ঔদ্যোগীকৰণৰ ফলত নগৰ আৰু নগৰীকৰণৰ সংখ্যা বৃদ্ধি হয়।

(২) উদ্যোগীকৰণৰ ফলত জনসংখ্যা বৃদ্ধি হোৱাৰ বাবে বাসস্থান, পানী, যোগান, যাতায়াত উন্নতি জনস্বাস্থ্য ৰক্ষা আদি দিশত বহুতো সমস্যাৰ সৃষ্টি হয়। এনে সমস্যাৰ বাবে মানুহৰ শাৰীৰিক আৰু মানসিক অৱনতি ঘটিব পাৰে।

(৩) উদ্যোগীকৰণৰ ফলত বিভিন্নধৰণৰ মানুহে একেলগে বসবাস কৰিব লগা হোৱাত সমাজ বিৰোধী কাম কাজ বৃদ্ধি পায়। ঔদ্যোগীক সমাজত অপৰাধ পৰিয়াল বিঘটন আদি সামাজিক সমস্যা বৃদ্ধি হয়।

(৪) ঔদ্যোগীকৰণৰ ফলত বিভিন্নধৰণৰ মানুহে একেলগে বসবাস কৰিব লগা হোৱাত সমাজ বিৰোধী কাম কাজ বৃদ্ধি পায়। ঔদ্যোগীক সমাজত অপৰাধ পৰিয়াল বিঘটন আদি সামাজিক সমস্যা বৃদ্ধি হয়।

(৫) ঔদ্যোগীকৰণৰ ফলত সমাজত বিভিন্ন ধৰণৰ নতুন নতুন বৃত্তি সৃষ্টি কৰে। এই বৃত্তিবোৰৰ বাবে সুকীয়া সুকীয়া অৰ্হতাৰ প্ৰয়োজন হয়। গতিকে ঔদ্যোগীক সমাজত মানুহে নিজা নিজা কচি আৰু অৰ্হতা অনুসৰি আত্মনিয়োগ কৰাৰ সুবিধা পায়।

ঔদ্যোগীকৰণৰ ফলত ওপৰত উল্লেখ কৰা দিশসমূহৰ বাহিৰেও আৰু বহুতো আনুষঙ্গিক প্ৰভাৱ সমাজত পৰা দেখা যায়। ঔদ্যোগীকৰণৰ ফলাফল কেৱল উদ্যোকীক সমাজতে আবদ্ধ নাথাকি অন্যান্য সমাজলৈও বিয়পি পৰে। ইয়াৰ ফলত সমগ্ৰ সমাজ ব্যৱস্থাতেই পৰিবৰ্তনৰ সূচনা হয় ।

57. নগৰীয়াকৰণ প্ৰক্ৰিয়াৰ মূল সামাজিক দিশটো ব্যাখ্যা কৰা।

Ans. ভাৰতীয় সমাজত সামাজিক পৰিবৰ্তনৰ এক উল্লেখযোগ প্ৰক্ৰিয়া হ’ল নগৰীকৰণ। কোনো এক গ্ৰাম্যাঞ্চল নগৰ অঞ্চললৈ পৰিৱৰ্তন হোৱাকে নগৰীকৰণ বুলি কব পাৰি। নগৰীকৰণ প্ৰক্ৰিয়াৰ ফলত ভাৰতীয় সমাজত বিভিন্ন দিশৰ পৰিৱৰ্তন হৈ আছে। নগৰীকৰণৰ প্ৰভাৱ সামাজিক, আৰ্থিক যোগাযোগ ধৰ্মীয় ৰাজনৈতিক আদি সকলো দিশতে দেখা যায়। 

মুঠৰ ওপৰত নগৰীকৰণ সামাজিক পৰিৱৰ্তনৰ এক উল্লেখযোগ্য প্রক্রিয়া আৰু এই পৰিৱৰ্তন সমূহ তলত আলোচনা কৰা হল-

(১) সামাজিক গতিশীলতা: নগৰীয়া সমাজত সামাজিক গতিশীলতাৰ মাত্রা অধিক। ব্যক্তিৰ সামাজিক প্ৰস্থিতিৰ পৰিৱৰ্তন সহজে হব পাৰে। এটা শ্ৰেণীৰ পৰা আন এটা শ্ৰেণীলৈ গতি কৰাৰ ক্ষেত্ৰত কোনো বাধা নাই।

(২) যুটীয়া পৰিয়াল পদ্ধতিৰ বিঘটন: নগৰীয়া সমাজত যুটীয়া পৰিয়াল পদ্ধতিৰ বিঘটন ঘটে। বিভিন্ন কাৰণ লোকে যুটীয়া পৰিয়ালত বসবাস কৰিবলৈ নিবিচাৰে। তদুপৰি বৰ্তমানে প্ৰায়বোৰ নগৰীয়া লোকেই কম। সংখ্যক জন সংখ্যাৰ ক্ষুদ্ৰ ক্ষুদ্ৰ পৰিয়ালেহে কামনা কৰে।

(৩) নাৰী প্ৰস্থিতি: নগৰ অঞ্চলত নাৰী প্ৰস্থিতি পুৰুষৰ সৈতে সমান। সামাজিক, ৰাজনৈতিক, অর্থনৈতিক, ধর্মীয় আদি সকলো কামতে পুৰুষৰ সৈতে সমান অংশগ্ৰহণ কৰিব পাৰে।

(৪) অপৰাধৰ মাত্ৰা বেছি: নগৰীয়া সমাজত অপৰাধৰ মাত্ৰা ইত্যাদি নগৰীয়া সমাজত বেছি।

(৫) কৃষি অর্থনীতি হ্রাস: নগৰীয়া সমাজত কৃষি অর্থনীতি হ্ৰাস পাইছে। নগৰীকৰণৰ প্ৰভাৱত ভাৰতীয় সমাজত কৃষি ভূমি ঔদ্যোগীক অঞ্চলত পৰিণত হৈছে।

58. পূৰ্বৰ নিচিনা বলেৰে দখল কৰা বা আধিপত্য বিস্তাৰৰ পৰা ঔপনিবেশিকতাবাদ কিদৰে পৃথক আৰু ভাৰতীয় সামাজক কি উপায়েৰে প্রভাৱিত কৰিছিল?

Ans: ইংৰাজ ঔপনিবেশিক শাসনৰ পূৰ্বে যি সমূহ বিদেশী শাসনভাৰ ভাৰতত প্রতিষ্ঠিত হৈছিল তেওঁলোকে অধিক লাভালাভৰ মনোবৃত্তি তথা সাম্রাজ্যবাদ মনোভাৱেৰে ভাৰতীয় অর্থনৈতিক গাঁথনিক আঘাত কৰিছিল। ব্ৰিটিছ শাসনৰ মূল উদ্দ্যেশ্য আছিল ভাৰতক শোষণ কৰা।

ভাৰতবৰ্ষত ঔপনিৱেশিক শাসনৰ ফলস্বৰূপে ভাৰতীয় সমাজৰ গাঁঠনি যথেষ্ট পৰিৱৰ্তন ঘটে। ১৫, ১৬ শতিকাত ভাৰতবৰ্ষলৈ পর্তুগীজ সকলে বেহা বেপাৰ কৰিবলৈ অহা পৰিপ্ৰেক্ষিতত ভাৰতবৰ্ষত পশ্চিমীয়া সংস্কৃতিয়ে গা কৰি উঠে। ১৫০ বছৰীয়া ইংৰাজ শাসনৰ ফলস্বৰূপে ভাৰতীয় মানুহে পশ্চিমৰ শিক্ষা সংস্কৃতি, বিজ্ঞান, প্রযুক্তিবিদ্যা মূল্যবোধ আদি অনুকৰণ কৰিবলৈ আৰম্ভ কৰে। জাতি ব্যৱস্থাত থকা বৈষম্যসমূহ আঁতৰ হল জাতি ব্যৱস্থাৰ পৰিৱৰ্তে শ্ৰেণী ব্যৱস্থাৰ প্ৰৱৰ্ত্তন হল। উদ্যোগীকৰণ আৰু নগৰীকৰণৰ প্ৰভাৱ পৰাৰ ফলত ভাৰতবৰ্ষৰ গ্ৰাম্য গাঁঠনিৰ পৰিবৰ্তন হবলৈ দেখা যায়।

নগৰীকৰণৰ ফলত যুটীয়া পৰিয়ালৰ ঠাইত একক পৰিয়ালৰ প্রাধান্য বাঢ়িল। বিবাহৰ ক্ষেত্ৰত থকা কিছুমান ৰীতিনীতি সামাজিক কুপ্রথা যেনে – বাল্যবিবাহ, বিধৱা বিবাহ বাধা আদি আঁতৰ কৰা হল। 

59. সামাজিক আন্দোলনৰ বাবে ভাৰতীয় সমাজলৈ কেনেকুৱা পৰিবৰ্তন আহিছিল?

Ans: ভাৰতৰ সামাজিক পৰিৱৰ্তনৰ অন্যতম কাৰণ সামাজিক আন্দোলন। ফৰাচী বিপ্লৱ, ইংলেণ্ডৰ শিল্প বিপ্লৱ আদি সামাজিক আন্দোলনে সামাজিক পৰিৱৰ্তনত গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাইছিল। ১৭৮৯ খ্ৰীষ্টাব্দত ফ্ৰান্সত যি বিপ্লৱে দেখা দিয়ে সেই বিপ্লৱে ফৰাচী বিপ্লৱ নামে জনাজাত।

এই বিপ্লৱৰ ফলত ফ্ৰান্সত স্বেচ্ছাচাৰী শাসনৰ পৰিৱৰ্তে গণতন্ত্ৰৰ প্ৰতিষ্ঠা হয়। সপ্তদশ শতিকাৰ ইংলেণ্ডৰ শিল্পবিপ্লৱৰ ফলত শিল্প-বাণিজ্যৰ আমূল পৰিৱৰ্তন হয়। এই সময়ত নানা যন্ত্রপাতি আবিস্কাৰ হয় আৰু মানুহৰ বৈজ্ঞানিক জ্ঞানৰ প্ৰসাৰতা হয়। সামাজিক আন্দোলন সমুহে হিন্দু ধৰ্মৰ গোড়ামী আৰু সমাজৰ বিভিন্ন কুপ্রথা আঁতৰ কৰিছিল। ৰাজা ৰামমোহন ৰায়, দয়ানন্দ সৰস্বতী, কেশৱ চন্দ্র সেন আদি সমাজ সংস্কাৰকসকলৰ প্ৰচেষ্টাত কিছুমান জলন্ত সমস্যা যেনে – সতীদাহ প্রথা বন্ধষ বিধবা বিবাহ প্ৰচলন আৰু অস্পৃশ্যতা দূৰীকৰণৰ বাবে চেষ্টা চলিল। পাশ্চাত্য শিক্ষা আৰু ধ্যান ধাৰণাৰ সহায়ত জনসাধাৰণৰ মনত সংস্কাৰবাদী মনোভাৱে গা কৰি উঠিল। হিন্দু ধৰ্মৰ গোড়ামীৰ বিৰুদ্ধে ৰাজা ৰামমোহন ৰায় ব্ৰাহ্ম সমাজ প্রতিষ্ঠা কৰি ভাৰতীয় সমাজ আৰু হিন্দু ধৰ্মত নৱজাগৰণৰ সূচনা কৰে।

60. ভাৰতীয় সমাজত পাশ্চাত্যকৰণৰ প্ৰভাৱবোৰ কি কি আছিল?

Ans. ভাৰতীয় সমাজত সামাজিক পৰিৱৰ্তন সাধন কৰাৰ ক্ষেত্ৰত সংস্কৃতিকৰণৰ দৰেই পাশ্চাত্যকৰণো এক উল্লেখযোগ্য প্রক্রিয়া উনৈশ শতিকাত অধ্যাপক এম. এন. শ্রীনিবাসে পাশ্চাত্যকৰণৰ ওপৰত বহল ব্যাখ্যা দাঙি ধৰে। শ্ৰীনিবাসৰ মতে, নিম্নজাতৰ লোকে উচ্চজাতৰ লোকক সামাজিক আৰু সাংস্কৃতিক দিশত অনুকৰণ কৰাৰ দৰে প্ৰাচ্যৰ সমাজবোৰৰ পশ্চিমীয়া সমাজৰ সংস্কৃতি আৰু জীৱন নিৰ্বাহৰ প্ৰণালী অনুকৰণ কৰিবলৈ চেষ্টা কৰে।

ভাৰতীয় সমাজত পাশ্চাত্যকৰণৰ প্রভাৱ সমূহ হল―

(১) জাতি ব্যৱস্থাৰ পৰিৱৰ্তন: পাশ্চাত্যকৰণে ভাৰতীয় জাতি ব্যৱস্থাত বিশেষ পৰিৱর্তন সাধন কৰিছে। জাতি ব্যৱস্থাত থকা কিছুমান বাধা নিষেধ আৰু জটিলতা বৰ্তমানৰ ভাৰতীয় সমাজৰ পৰা নোহোৱা হৈছে। উদ্যোগ বা কল-কাৰখানাত কাম কৰা লোকসকল জাতি ভিত্তিৰ পৰিৱৰ্তে সংস্পৰ্শলৈ আহে। এই ব্যৱস্থাই জাতি ব্যৱস্থাৰ উচ্চ নিম্ন ব্যৱস্থাৰ পৰিৱৰ্তন ঘটাইছে।

(২) অস্পৃশ্যতাত পৰিবৰ্তন: পাশ্চাত্যকৰণৰ ফলত জাতি ব্যৱস্থাৰ পৰিৱৰ্তনৰ লগে লগে অস্পৃশ্যতাৰ ধাৰণৰ ক্ষেত্ৰতো পৰিবৰ্তন আহিছে। যাতায়াত আৰু যোগাযোগৰ দ্ৰুত উন্নতি, নগৰীকৰণ ঔদ্যোগীকৰণ আদিৰ ফলত অস্পৃশ্যতা কিছু কমিছে। পাশ্চাত্য শিক্ষাই সামাজিক, ৰাজনৈতিক আদি দিশত সকলো মানুহেই সমান বুলি ধাৰণাৰ সৃষ্টি কৰিছে সেয়ে পাশ্চাত্যকৰণে ভাৰতীয় সমাজত অস্পৃশ্যতাৰ দিশত পৰিবৰ্তন সাধন কৰিছে।

(৩) নাৰীৰ প্ৰস্থিতিৰ পৰিৱৰ্তন: পাশ্চাত্যকৰণে ভাৰতীয় নাৰীর সমাজত প্ৰস্থিতিৰ পৰিৱৰ্তন ঘটাইছে। পাশ্চাত্য শিক্ষা আহৰণ কৰি নাৰী সমাজে প্ৰমাণ কৰি দেখুৱালে যে তেওঁলোক সামাজিকভাৱে পুৰুষতকৈ পিছপৰা নহয়। ভাৰতীয় সমাজত এটা সময়ত মাহিলাৰ ক্ষেত্ৰত উচ্চ শিক্ষা নিষিদ্ধ আছিল। সমাজ সংস্কাৰ আন্দোলন বিলাকৰ জৰিয়তে ভাৰতীয় সমাজত নাৰীৰ উচ্চ শিক্ষাৰ ব্যৱস্থা কৰা হল।

(৪) সমাজ সংৰচনাৰ পৰিৱৰ্তন: পাশ্চাত্যকৰণৰ ফলত ভাৰতীয় সমাজ সংৰচনাতো পৰিৱৰ্তন ঘটিছে। ভাৰতীয় সমাজ সংৰচনাৰ এটা বৈশিষ্ট্য হল জাতি ব্যৱস্থা। পাশ্চাত্য কৰণৰ প্ৰভাৱত জাতি ব্যৱস্থাৰ পৰিৱৰ্তন ঘটি শ্রেণী ব্যৱস্থাৰ প্ৰচলন হৈছে। ভাৰতীয় সমাজত জাতিৰ পৰিৱৰ্তে অর্থনৈতিক সম্পত্তিয়েহে সামাজিক স্থান নির্ণয় কৰিবলৈ লৈছে।

(৫) পৰিয়াল ব্যৱস্থাত পৰিৱৰ্তন: পাশ্চাত্যকৰণে পৰিয়ালৰ বহুতো পৰিৱৰ্তন সাধন কৰিছে। পাশ্চাত্যকৰণৰ ফলত পৰম্পৰাগত ভাৰতীয় সমাজত যুটীয়া পৰিয়াল ব্যৱস্থাৰ বিঘটন ঘটিছে। পাশ্চাত্যৰ সমাজবোৰত একক পৰিয়ালৰ প্ৰাধান্য দেখা যায়।

61. ধৰ্মনিৰপেক্ষকৰণৰ অৰ্থ কি? ইয়াৰ বিভিন্ন উপাদানবোৰ ব্যাখ্যা কৰা?

Ans: সংবিধানত ব্যৱহাৰ কৰা ধৰ্মনিৰপেক্ষ- 

(1) শব্দৰ অৰ্থ হ’ল―

(ক) ভাৰতৰ সকলো নাগৰিককে নিজৰ ধৰ্ম আৰু বিশ্বাস পালন কৰি চলিবলৈ পূৰ্ণ স্বাধীনতাৰ আশ্বাস প্রদান। 

(খ) কোনো চৰকাৰী ধৰ্ম নাথাকিব। 

(গ) নিজা নিজা ধর্মবিশ্বাস কৰিলেও সকলো নাগৰিককে সমানভাৱে চোৱা হয়। অর্থাৎ ধৰ্মনিৰপেক্ষকৰণ মানে ৰাষ্ট্ৰক ধৰ্মৰ পৰা সম্পূৰ্ণ আঁতৰত ৰাখি ধৰ্মবোৰৰ মাজত বিভেদ সৃষ্টি নকৰি সকলো ধৰ্মীয় সম্প্রদায়কে সম মৰ্য্যদা দিয়া।

তলত ধৰ্মনিৰপেক্ষকৰণৰ উপাদনবোৰ আলোচনা কৰা হ’ল―

(ক) ধৰ্মৰ গুৰুত্ব হ্ৰাস: যেতিয়া ধৰ্মনিৰপেক্ষবাদীৰ নীতি গতি শক্তিশালী হয় সিমানেই ধৰ্মৰ গতিৰ বান্ধোন শিখিল হয় আৰু ধৰ্ম দুর্বল হৈ পৰে।

(খ) পৃথকীকৰণ প্ৰক্ৰিয়া: ধৰ্মনিৰপেক্ষতাই সমাজৰ বিভিন্ন ক্ষেত্ৰত পৃথকীকৰণৰ সৃষ্টি কৰিছে। বৰ্তমান আধুনিক যুগত এজন শিক্ষিত ব্যক্তিয়ে অর্থনৈতিক, ৰাজনৈতিক আইন, নৈতিকতা আদি বিষয়বোৰ একেলগে কৰি বিষয়টো অধিক জটিল কৰিব নিবিচাৰে।

(গ) যুক্তিবাদীতা: ধর্মনিরপেক্ষতাৰ আন এটা উপাদান হৈছে যুক্তিবাদীতা। ইয়াত অন্ধবিশ্বাসৰ পৰিৱৰ্তে সকলোবোৰ কথা যুক্তিৰে বিচাৰ কৰে।

(ঘ) বৈজ্ঞানিক দৃষ্টিভংগী: জীৱনৰ প্ৰতি বৈজ্ঞানিক দৃষ্টিভংগী গ্রহণ কৰাটো ধৰ্মনিৰপেক্ষতাৰ এক উল্লেখযোগ্য উপাদান। আধুনিক শিক্ষা প্রসাবেও ধৰ্মনিৰপেক্ষ নীতি গ্ৰহণ কৰাত মানুহক অৰিহণা যোগায়।

62. ভাৰতীয় সমাজত সামাজিক পৰিৱৰ্তনৰ প্ৰক্ৰিয়া হিচাপে সংস্কৃতকৰণ আৰু পাশ্চাত্যকৰণৰ তুলনা কৰা আৰু পাৰ্থক্য দেখুওৱা। 

Ans:  সংস্কৃতকৰণ আৰু পাশ্চাত্যকৰণ সামাজিক পৰিৱৰ্তন এক প্রক্রিয়া। সমাজতাত্বিক এম. এন. শ্রীনিবাসে পোনপ্রথমে সংস্কৃতকৰণ অৱধাৰণাটো আগবঢ়ায়। এম. এন. শ্রীনিবাসৰ মতে, নিম্নজাতৰ মানুহে পৰম্পৰা পদ্ধতি পৰিত্যাগ কৰি বিশ্বাস প্ৰথা আৰু ৰীতি-নীৰিৰে পৰিচালিত হয়, তেন্তে তাকেই সংস্কৃতিকৰণ বোলে।

সংস্কৃতিকৰণে এনে এটা প্ৰক্ৰিয়াৰ আভাস দিয়ে যাৰ যোগেদি মানুহে সাংস্কৃতিক দিশত তেওঁলোকতকৈ আগশাৰীৰ অৱস্থানত থকা লোকৰ নাম আৰু ৰীতিনীতি অবলম্বন কৰি নিজৰ সামাজিক স্থিতি আগবঢ়াই নিয়াৰ প্ৰয়াস কৰে। কিন্তু সামলোচকসকলৰ মতে, সংস্কৃতিকৰণে কেৱল ব্যক্তিৰ সামাজিক স্থিতিয়ে সলনি কৰে, সংৰচনাত্মক পৰিবৰ্তন নকৰে। তদুপৰি সংস্কৃতকৰণ প্ৰক্ৰিয়া সমাজৰ অসমতা আৰু নিষিদ্ধকৰণৰ ভিত্তিতহে বৰ্তি থাকে। সংস্কৃতিকৰণৰ ফলত উচ্চ জাতিৰ নীতি অনুকৰণ কৰা হৈছিল যি সমাজত মহিলাৰ স্থান অধিক নিম্ন কৰিছিল।

ম এন শ্রীনিবাসৰ মতে সংস্কৃতিকৰণৰ দৰেই পশ্চিমীয়া দেশৰ আৰ্হি প্রাচ্য দেশে অনুকৰণ কৰা পদ্ধতিটোৱেই পাশ্চাত্যকৰণ। সমাজতত্ববিদ মিল্টন ছিংগাৰ, ডেনিয়েল, গোগেন্দ্র সিং। তেওঁলোকৰ মতে পাশ্চাত্যকৰণ হৈছে ভাৰতীয় সমাজে পশ্চিমীয়া সমাজৰ শিক্ষা সংস্কৃতি বিজ্ঞান আৰু প্রযুক্তিবিদ্যাৰ প্ৰয়োগ আদিৰ ফলত ভাৰতীয় সমাজ সংস্কৃতিত ব্যাপক পৰিৱৰ্তনৰ সূচনা হৈছিল। এনে পৰিৱৰ্তনশীলতা ভাৰতীয় সমাজ সংৰচনাৰ দিশৰো পৰিৱৰ্তন সাধন কৰিছিল। সেই হিচাপে সংস্কৃতিকৰণে অনা পৰিৱৰ্তনতকৈ পাশ্চাত্যকৰণে অনা পৰিৱৰ্তন বহু বেছি গুণে ব‍্যাপক আছিল। গতিকে দেখা যায় যে ভাৰতীয় সমাজ সংস্কৃতিত পাশ্চাত্যকৰণৰ প্ৰভাৱ সংস্কৃতিকৰণৰ তুলনাত বেছি গভীৰ।

63. ঔপনিবেশিক দিনৰ পৰা বৰ্তমানলৈ জাতি প্ৰথাৰ প্ৰধান পৰিৱৰ্তনসমূহৰ সাৰাংশ লিখা।

Ans: জাতি ব্যৱস্থাত অতি প্রাচীনকালৰ পৰাই কিছুমান পৰিৱৰ্তন হোৱা দেখা যায়। উদাহৰণস্বৰূপে বৈদিক যুগত জাতি ব্যবস্থা জন্মৰ পৰিৱৰ্তে গুণ বা কৰ্মৰ দ্বাৰাহে নিৰ্ধাৰন কৰা হৈছিল। সেইধৰণেই মুছলমান শাসনকালত পুণৰ জাতি ব্যৱস্থাৰ পৰিৱৰ্তন দেখা দিলে। সম্রাট আকবৰে হিন্দু আৰু মুছলমান ধৰ্মৰ সংমিশ্ৰণত দিন এ ইলাহী ধৰ্মৰ প্ৰচলন কৰে। ফলত সমাজত জাতৰ উচ্চ নীচৰ ধাৰণা হ্রাস পালে। বর্তমান সময়তো জাতি ব্যৱস্থাৰ সংৰচনাত যথেষ্ট পৰিবৰ্তন ঘটিছে। পৰম্পৰাগত জাতি ব্যৱস্থা মতে জন্মই মানুহৰ জাতি আৰু প্ৰস্থিতি নির্ণয় কৰে। কিন্তু বর্তমান সময়ত মানুহে জন্মৰ ওপৰত ভিত্তি কৰি এজন মানুহৰ সামাজিক স্থান নিৰ্ণয় কৰাতকৈ ব্যক্তিৰ কাৰ্যক্ষমতা, যোগ্যতা, পদমর্যাদা আদিৰ ওপৰতহে বেছি গুৰুত্ব আৰোপ কৰাত সমাজত পৰিবৰ্তন ঘটিছে। পৰম্পৰাগত জাতি ব্যবস্থা মতে, প্রত্যেক জাতিৰ বাবে নির্দিষ্ট চালচলন খোৱা-বোৱাৰ প্ৰচলন আছিল। 

কিন্তু বর্তমান কালত শিক্ষাৰ প্ৰসাৰ, বিভিন্ন ঠাইৰ মানুহৰ লগত হোৱা আদান প্রদান, যাতায়াত আৰু যানবাহনৰ উন্নতি আদিৰ বাবে খোৱা বোৱা চালচলন আদিৰ পৰিৱৰ্তন ঘটিছে। পাশ্চাত্য শিক্ষা গ্রহণ কৰাৰ লগে লগে মানুহৰ মূল্যবোধৰো পৰিৱৰ্তন হ’বলৈ ধৰিলে ফলস্বৰূপে বিবাহ আৰু বৃত্তি বাচনিৰ ক্ষেত্ৰত জাতিবোৰৰ মাজত থকা বাধা নিষেধসমূহ লাহে লাহে আতৰি গল । প্রাচীনকালত শিক্ষা কেৱল উচ্চ জাতিৰ লোকসকল বাবেহে আছিল। নিম্ন জাতিৰ মানুহে শিক্ষা লাভৰ সুবিধা পোৱা নাছিল। কিন্তু পশ্চিমীয়া শিক্ষাৰ প্ৰসাৰৰ লগে লগে সকলোৱে জাতি, ধর্ম, বর্ণ নির্বিশেষে শিক্ষা লাভ কৰিবলৈ সুবিধা পালে। ভাৰতবৰ্ষত গণতান্ত্রিক শাসন ব্যৱস্থাক প্রচলন হোৱাত জনমতৰ ওপৰত অধিক মূল্য আৰোপ কৰা হল। আধুনিক শিক্ষাৰে শিক্ষিত ব্যক্তিয়ে জাতি প্ৰস্থিতিতকৈ স্বলব্ধ প্ৰস্থিতিৰ ওপৰত গুৰুতৰ আৰোপ কৰে। এনেবোৰ কাৰণতে পৰম্পৰাগত জাতি ব্যৱস্থাৰ পৰিৱৰ্তন ঘটিছে।

64. জাতিৰ ধৰ্মনিৰপেক্ষকৰণ মানে কি? উদাহৰণসহ ব্যাখ্যা কৰা। 

Ans: ধৰ্মনিৰপেক্ষতাই ভাৰতীয় সমাজত জাতি ব্যৱস্থাত দেখা দিয়া পৰিবৰ্তআনৰ সূচনা কৰিব। ভাৰতীয় সমাজৰ নিম্ন জাতিৰ লোকসকলক উচ্চ জাতিৰ লোকসকলে ঘৃণাৰ চকুৰে চাইছিল। কিয়নো ইয়াৰ লগত হিন্দু ধৰ্মৰ পৱিত্ৰ আৰু অপৱিত্ৰ এই ধাৰণা দুটা জড়িত আছে। উচ্চ জাতিৰ এজন ব্যক্তিয়ে যেতিয়া নিম্ন জাতিয়ে কৰা কাম কৰিছিল তেতিয়া সেই ব্যক্তিজনক অপৱিত্ৰ বুলি গণ্য কৰা হৈছিল নিম্ন জাতিৰ লোকসকল উচ্চ জাতিয়ে লোকসকলে অস্পৃশ্য বুলি গণ্য কৰিছিল। আনকি উচ্চ বৰ্ণৰ হিন্দু মন্দিৰত অস্পৃশ্যসকলৰ প্ৰৱেশৰ ক্ষেত্ৰতো বাধা দেখা যায়। ধৰ্মনিৰপেক্ষতাৰ প্ৰভাৱৰ ফলত ভাৰতীয় সমাজৰ পৱিত্ৰ আৰু অপবিত্ৰৰ ধাৰণাটোত যথেষ্ট পৰিবৰ্তন আহিল। বৰ্তমান এটিয়ে জাতিয়ে নিম্ন শ্রেণীৰ জাতিৰ লগত মিলা-মিছা চাল চলনৰ ক্ষেত্ৰত কোনো বাধা নাই। সকলো জাতি সমান । এইদৰে, বর্তমান অপবিত্র আৰু পবিত্ৰৰ এই ধাৰণাটো ধৰ্মৰ ওপৰত আধাৰিত নহয়। ই এতিয়া ধৰ্মনিৰপেক্ষতাৰ ওপৰতহে আধাৰিত কিয়।

65. চিপাহী বিদ্ৰোহৰ প্ৰধান কাৰণসমূহৰ বিচাৰ কৰা?

উত্তৰঃ ১৮৫৭ চনত ভাৰতত চিপাহী বিদ্ৰোহ আৰম্ভ হোৱাৰ বহুতো কাৰণ আছে আৰু ইয়াৰে কেইটামান তলত আলোচনা কৰিবলৈ লোৱা হৈছে–

1. স্বত্বৰলোপ নীতি: ভাৰতত ব্ৰিটিছ সাম্ৰাজ্য বিস্তাৰত বাধা দিবলৈ বংগদেশৰ মিৰকাচিম, মহীশুৰৰ হাইদৰ আলি আৰু টিপু চুলতান, মাৰাঠী আৰু শিখসকলে যি সংগ্ৰাম কৰিছিল সেই সংগ্ৰাম সাফল্যমণ্ডিত নহ’ল। লৰ্ড ডেলহাউচিৰ স্বত্ববিলোপ নীতিয়ে দেশীয় ৰাজ্যবিলাকৰ ৰজা-মহাৰাজা বিলাকক আতঙ্কিত কৰি তুলিছিল। এই নীতি অনুসৰি কোনো দেশীয় ৰজাই সন্তান-বিহীন হৈ মৃত্যুবৰণ কৰিলে কোম্পানীৰ অনুমতি লৈহে সিংহাসনৰ উত্তৰাধিকাৰী নিৰ্বাচন কৰিব পাৰিছিল।এই ব্যৱস্থাৰ ফলত ভালেকেইজন দেশীয় ৰজা সন্ধানবিহীন হৈ মৃত্যু বৰণ কৰাৰ বাবে তেওঁলোকৰ ৰাজ্যবোৰ ব্ৰিটিছ ৰাজ্যৰ অন্তৰ্ভুক্ত কৰে। এই ব্যৱস্থাৰ যোগেদি যি সকল দেশীয় ৰজাই ৰাজ্য বিষয় , বৃত্তি আদি হেৰুৱালে সেইসকলে তাৰ প্ৰতিশোধ লবলৈ তলে তলে সাজু হৈ উঠিল। তেওঁলোকে ইংৰাজৰ বিৰুদ্ধে মানুহক উত্তেজিত কৰি তুলিছিল। ক্রমান্বয়ে ভাৰতীয় জনসাধাৰণেও ব্ৰিটিছ শাসনৰ প্ৰকৃত স্বৰূপ বুজিবলৈ সক্ষম হৈছিল আৰু এই বিক্ষোভ ভাৰতৰ নানা ঠাইত প্ৰকাশিত হৈছিল।

2. এনফিল্ড ৰাইফলৰ ব্যৱহাৰ: ১৮৫৭ চনৰ প্রথম ভাগত ভাৰতীয় চিপাহীবিলাকক এনফিল্ড ৰাইফল নামৰ এবিধ নতুন বন্দুক দিয়া হৈছিল। এই বন্দুকৰ কাৰ্টিজটো দাঁতেৰে কামুৰি বন্দুকত ভৰোৱা হৈছিল। ভাৰতীয় চিপাহীসকলৰ মাজত এনে এটা গুজব ওলাল যে কাৰ্টিজবিলাকৰ গাত গৰু আৰু গাহৰীৰ চৰ্বি থাকে। এই খবৰ শুনাৰ পিছত হিন্দু-মুছলমান দুয়ো শ্ৰেণীৰ চিপাহীবিলাকক উচতাই দি বিদ্ৰোহৰ নেতৃত্ব দিবলৈ আগবাঢ়ি আহিল। বিদ্রোহৰ এই নেতাসকলৰ ভিতৰত নানা চাহেব, ঝান্সিৰ ৰাণী লক্ষ্মীবাই, কোঁৱৰ সিংহ আৰু বাহাদুৰ ছাহেই প্রধান আছিল।

3. অৰ্থনৈতিক দুৰাবস্থা: লৰ্ড ডেলহাউচিৰ স্বত্ববিলোপ নীতি অনুসৰি বহুতো ৰজা, জমিদাৰ আদিয়ে নিজ নিজ ৰাজ্য হেৰুৱাৰ পিছত অৰ্থনৈতিকভাৱে দুৰ্বল হৈ পৰিছিল। কাৰণ তেওঁলোকৰ আয়ৰ পথ বন্ধ হৈ গৈছিল। ফলত অতদিনে ভোগ কৰি অহা বিভিন্ন সা-সুবিধাৰপৰা লোক বঞ্চিত হ’বলগা হৈছিল আৰু এই অর্থনৈতিক দুৰৱস্থাই তেওঁলোকক ব্ৰিটিছ বিদ্ৰোহী কৰি তুলিছিল।

4. বৈষম্যমূলক নীতি: ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতীয়সকল এক বৈষম্যমূলুক নীতি গ্ৰহণ কৰিছিল। ভাৰতীয়সকলক কোনো উচ্চ পদত মকৰল কৰা নাছিল। ইয়াৰ উপৰি বেতনৰ ক্ষেত্ৰত ইংৰাজ চাকৰিয়ালক ভাৰতীয়চাকৰিয়ালতকৈ উচ্চ-হাৰত বেতন দিয়াৰ ব্যৱস্থা কৰিছিল। সৈন্যবাহিনীৰ ক্ষেত্ৰতো সেই একে ধৰণৰ বৈষম্যমূলক নীতি গ্ৰহণ কৰিছিল। ইংৰাজ সৈন্যবাহিনীক অধিক সা-সুবিধা, বেতন আৰু পদোন্নতি দিয়াৰ ব্যৱস্থা কৰিছিল। ফলত ভাৰতীয় সৈন্যসকল ক্ষুদ্ধ হৈ পৰিছিল।

5. সংস্কাৰমূলক কাৰ্য: ইংৰাজসকলে তেওঁলোকৰ শাসনকালত ভালেমান সংস্কাৰমূলক আঁচনি প্রৱৰ্তন কৰিছিল। এই সংস্কাৰমূলক আঁচনিসমূহৰ উদ্দেশ্য সৎ আছিল যদিও ভাৰতীয়সকলে এইবিলাকৰ ওপৰত সন্দেহৰ ভাৱ প্রকাশ কৰিছিল। সতীদাহ প্রথা বন্ধ কৰা, শিশুবধ প্রথাৰ অৱসান ঘটোৱা ব্যৱস্থা উন্নত কৰা আৰু মিচনেৰীসকলৰণদ্বাৰা প্রচাৰ কৰা খৃষ্টান ধৰ্ম আদি সকলোতে ভাৰতীয়সকলে সন্দেহ প্রকাশ কৰিছিল। 

6. উত্তৰাধিকাৰী নীতিৰ পৰিৱৰ্তন: ভাৰতীয়সকলে অতদিনে চলাই অহা উত্তৰাধিকাৰী নীতিৰ পৰিৱৰ্তন ঘটোৱাৰ বাবেও ভাৰতীয়সকল ক্ষুব্ধ হৈ পৰিছিল। ইংৰাজসকলে প্ৰৱৰ্তন কৰা নতুন উত্তৰাধিকাৰী নীতি অনুসৰি এজন লোক হিন্দু ধৰ্মৰ পৰা খৃষ্টান ধৰ্মত দীক্ষিত হ’লেহে তেওঁ পুৰণি সম্পত্তিৰ উত্তৰাধিকাৰী দাবী কৰিব পাৰিছিল।

66. ভাৰতত জাতীয়তাবাদী আৰু জাতীয় আন্দোলন গঢ়ি উঠাৰ কাৰণসমূহ কি কি? আলোচনা কৰা?

উত্তৰঃ ১৮৫৭ চনৰ বিদ্ৰোহৰ পৰাই জাতীয় আন্দোলনৰ আৰম্ভণি বুলি অনুমান কৰা হয় যদিও সেই সময়ছোঁয়াত জাতীয় চেতনাবোধ পূৰ্ণাংগৰূপত গা কৰি উঠিব পৰা নাছিল। আনকি ইয়াৰ পাছৰ দুটা দশকৰ ভিতৰতো ভাৰতীয় জাতীয় আন্দোলনে সংগঠিতভাৱে নিয়মীয়া ৰূপত গঢ় লৈ উঠিব পৰা নাছিল। গতিকে প্ৰকৃত অৰ্থত কবলৈ গলে ১৮৮৫ চনত ভাৰতীয় কংগ্ৰেছৰ জন্মৰ পাছৰপৰাহে ভাৰতৰ জাতীয় আন্দোলনে এক স্পষ্ট ৰূপ লাভ কৰিবলৈ সক্ষম হ’ল।

ভাৰতীয় জাতীয় আন্দোলন গঢ়ি উঠাৰ কেইটামান উল্লেখযোগ্য কাৰক তলত উল্লেখ কৰা হ’ল-

১৮শ আৰু ১৯শ শতিকাৰ সামাজিক আৰু ধৰ্মীয় আন্দোলন:

১৮শ আৰু ১৯শ শতিকাৰ সময়ছোৱাত ভাৰতত ভালেমান সামাজিক আৰু ধৰ্মীয় অনুষ্ঠানে সংস্কাৰকামী আন্দোলন গঢ়ি  তুলিছিল আৰু এই আন্দোলনবিলাকে ভাৰতবাসীৰ মাজত নতুন জাতীয় চেতনাবোধ জগাই তুলিছিল। এইবিলাকৰ ভিতৰত আছিল ব্ৰাহ্ম সমাজ, আৰ্য সমাজ, ৰামকৃষ্ণ মিছন আৰু থিয়চফিকেল চ’চাইটি। ১৮২৮ চনত ব্ৰাহ্ম সমাজ গঠন কৰা ৰাজা ৰামমোহন ৰায়ক ভাৰতবৰ্ষত জাতীয়তাবাদৰ জন্মদাতা বুলি আখ্যা দিয়া হয়। তেওঁক আনকি ভাৰতৰ নৱজাগৰণৰ হোতা বুলিও স্বীকৃতি দিয়া হৈছে। ভাৰতীয় সমাজ সংস্কাৰৰ বাবে তেওঁ যোগোৱা বৰঙণি উল্লেখযোগ্য ধৰণৰ আছিল। সেইদৰে স্বামী দয়ানন্দ সৰস্বতীয়ে আৰ্যসমাজ প্ৰতিষ্ঠা কৰি ভালেমান সংস্কাৰমূলক আঁচনি গ্ৰহণ কৰিছিল। ৰামকৃষ্ণ পৰমহংস, স্বামী বিবেকানন্দ আদি ধৰ্মগুৰুসকলে ধৰ্মীয় সংস্কাৰমূলক কামত নিজকে নিয়োগ কৰিছিল। এইবিলাকৰ উপৰি এনি বেচান্তে ‘থিয়চফিকেল সমাজ’ প্ৰতিষ্ঠা কৰি হিন্দু সভ্যতা আৰু সংস্কৃতিৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰি ভাৰতীয়সকলৰ মনত জাতীয় চেতনা আৰু আত্ম-সন্মানৰ ভাৱ জগাই তুলি ব্ৰিটিছ শাসনৰ বিৰুদ্ধে থিয় দিবলৈ ভাৰতীয়সকলক উদ্‌গনি দিছিল।

পশ্চিমীয়া শিক্ষা: ভাৰতত ইংৰাজী শিক্ষাৰ প্ৰসাৰেও জাতীয় আন্দোলনৰ বিকাশত বিশেষ ভাৱে অৰিহণা যোগাইছিল। মেক’লে নামৰ এজন ইংৰাজ শিক্ষাবিদেই প্ৰথমে ভাৰতত নতুন শিক্ষা পদ্ধতিৰ প্ৰচলন কৰিছিল। এই ক্ষেত্ৰত তেওঁৰ উদ্দেশ্য আছিল ভাৰতীয় সকলৰ মাজত পশ্চিমীয়া শিক্ষাৰ প্ৰসাৰ ঘটাই ভাৰতীয় সকলক ব্ৰিটিছ আদৱ কায়দাৰে গঢ়ি তুলি সামাজিক, সাংস্কৃতিক আৰু ৰাজনৈতিকভাৱে দুয়োটা জাতিকে ওচৰ চপাই অনা। প্ৰথম অৱস্থাত ইংৰাজী শিক্ষাই ভালেমান ভাৰতীয়ৰ বাবে অভিশাপ জেনেহে হৈ পৰিল। কাৰণ তেওঁলোক পিন্ধন-উৰণ আৰু চাল-চলনৰ পুৰামাত্ৰাই পশ্চিমীয়া হৈ পৰিল আৰু লগে লগে তেওঁলোকৰ নিজা কলা-কৃষ্টি-সংস্কৃতিৰ ওপৰত বিশ্বাস হেৰুৱাই পেলালে। কিন্তু সেই একে সময়তে এই শিক্ষাই ভাৰতীয়সকলৰ ক্ষেত্রত আৰ্শীবাদ স্বৰূপো হৈ পৰিল। কাৰণ ইংৰাজী ভাষাৰ জ্ঞান লাভ কৰাৰ পাছত গণতান্ত্ৰিক আদৰ্শৰে ভৰপুৰ হৈ থকা পশ্চিমীয়া দৰ্শন, বিজ্ঞান, সাহিত্য, ৰাজনীতি, বুৰঞ্জী আদি বিভিন্ন বিষয়সমূহ অধ্যয়ন কৰি জ্ঞান লাভ কৰিবলৈ ভাৰতীয়সকল সক্ষম হ’ল। 

বাৰ্ক, মিল্টন, মিল, মেকলে, হাৰ্বাট স্পেন্সাৰ আদি লেখকসকলৰ লেখনিৰ পৰা জ্ঞান লাভ কৰাটো ভাৰতীয়সকলৰ বাবে সহজসাধ্য হৈ পৰিল। পশ্চিমীয়া লেখকসকলৰ লেখনিয়ে ভাৰতীয় লোকৰ মাজত স্বাধীনতাৰ ভাৱ সৃষ্টি কৰাত সহায় কৰিছিল। ইয়াৰ উপৰি ইংৰাজী ভাষাৰ জ্ঞান লাভ কৰাৰ পাছত ভালেমান ভাৰতীয় লোকে পশ্চিমীয়া দেশসমূহ ভ্ৰমণ কৰি সেই দেশবিলাকৰ জনসাধাৰণৰ জীৱন ধাৰণৰ পদ্ধতি, তেওঁলোকৰ গণতান্ত্ৰিক ৰাজনৈতিক অনুষ্ঠান প্রতিষ্ঠানবিলাকৰ জীৱন ধাৰণৰ পদ্ধতি, তেওঁলোকৰ গণতান্ত্রিক ৰাজনৈতিক অনুষ্ঠান প্রতিষ্ঠানবিলাকৰ কাম-কাজ অধ্যয়ন কৰিবলৈ সক্ষম হৈছিল। এই স্বাধীন দেশবিলাকৰ এনে ব্যৱস্থাসমূহ অধ্যয়ন কৰি ভাৰতলৈ ঘূৰি অহাৰ পাছত তেওঁলোকৰ মন ব্ৰিটিছ শাসনৰ প্রতি ক্ষুব্ধ হৈ পৰিছিল। আৰু অৱশেষত ১৮৮৫ চনত এটা জাতীয় অনুষ্ঠান গঢ়ি তোলাৰ বাবে ভাৰতৰ বিভিন্ন প্ৰান্তৰ বাসত্তৰজন লোক বোম্বেত মিলিত হৈছিল। ভাৰতীয় জাতীয় আন্দোলনটো প্রায় পোন্ধৰ বছৰমান এই পশ্চিমীয়া শিক্ষাৰে শিক্ষিত লোকসকলৰ মাজতে আৱদ্ধ হৈ আছিল।

ব্ৰিটিছ শাসনকালত আগবঢ়োৱা ব্যৱস্থাৰাজি: ব্ৰিটিছ শাসনেও আওপকীয়াকৈ ভাৰতীয়সকলৰ মাজত জাতীয় চেতনাবোধ জাগি উঠাত সহায় কৰিছিল। ব্ৰিটিছসকলে, ভাৰতত যোগাযোগ ব্যৱস্থাৰ অভূতপূৰ্ব উন্নতি ঘটাইছিল। এই যোগাযোগ ব্যৱস্থা উন্নতি সাধন কৰাত ভাৰতীয়সকল সহজে এঠাইৰ পৰা আন এঠাইলৈ গৈ জাতীয় আন্দোলনৰ বিষয়ে আলোচনা কৰিবলৈ সুবিধা হ’ল। সন্দেহ নাই যে ব্ৰিটিছসকলে ৰেল, পথ, জাহাজ, পোষ্ট আৰু টেলিগ্ৰাম আদিৰ ব্যৱস্থা কৰিছিল ভাৰতক দক্ষতাৰে শাসন কৰিবৰ বাবেহে। কিন্তু এই ব্যৱস্থাৰাজিয়ে ভাৰতীয় জাতীয় আন্দোলনৰ সকলো কৰ্মীকে এঠাইৰ পৰা আন এঠাইলৈ গৈ ইজনে সিজনক ব্যক্তিগতভাৱে জনাৰ উপৰি ব্ৰিটিছৰ কু-শাসনৰ বিষয়ে আলোচনা কৰি উপযুক্ত ব্যৱস্থা গ্ৰহণৰ বাবে বিভিন্ন উদ্ভাৱন কৰাত সহায় কৰিছিল। 

‘লৰ্ড লিটন’ৰ দমনমূলক নীতি: লৰ্ড লিটন ১৮৬৭ চনৰ পৰা ১৮৭০ চনলৈকে ভাৰতৰ গৱৰ্ণৰ জেনেৰেল আছিল। তেওঁৰ এই চাৰি বছৰীয়া কাৰ্যকালত ভাৰতীয়সকলৰ ওপৰত যি দমনমূলক নীতি গ্ৰহণ কৰিছিল সেই নীতিয়ে ভাৰতীয়সকলৰ মনত এক অসন্তুষ্টিৰ ভাবৰ সৃষ্টি কৰিছিল। ভাৰতীয়সকলক দমন কৰিবৰ বাবে তেওঁ ভালেকেইখন আইন প্ৰণয়ন কৰিছিল। এইবিলাকৰ ভিতৰত আছিল অস্ত্ৰ নিষিদ্ধ আইন, সংবাদ পত্ৰ নিষিদ্ধ আইন আদিয়েই প্ৰধান। অস্ত্ৰ-শস্ত্ৰ নিষিদ্ধ আইনৰ জৰিয়তে ভাৰতীয় সকলক অস্ত্ৰ-শস্ত্ৰ লৈ ফুৰা আৰু এইবিলাকৰ ব্যৱহাৰৰ ক্ষেত্ৰত বাধা আৰোপ কৰা হৈছিল। কিন্তু এই আইনখন ইংৰাজ সকলৰ ক্ষেত্ৰত প্ৰয়োগ কৰা হোৱা নাছিল। ফলত ভাৰতীয় আৰু ইংৰাজসকলে মাজত এক অবিশ্বাসৰ ভাবে গা কৰি উঠিছিল। ইয়াৰ উপৰি লৰ্ড লিটনৰ চৰকাৰে সংবাদপত্ৰ সমূহৰ ওপৰত বাধা আৰোপ কৰি এইবিলাকক শ্বাসৰুদ্ধ কৰি পেলাইছিল। আকৌ লিটনৰ সময়তে ভাৰতবৰ্ষত এক দুৰ্ভিক্ষই দেখা দিছিল আৰু এই দুৰ্ভিক্ষত হাজাৰ হাজাৰ ভাৰতীয় লোকে প্ৰাণ হেৰুৱাইছিল। লিটনৰ প্ৰশাসনে ভাৰতীয়সকলৰ এই দুৰ্যোগৰ প্রতি একেবাৰে চিন্তা কৰা নাছিল। লৰ্ড লিটনৰ এনেবিলাক কাৰ্যৰ বাবে ভাৰতবাসী ক্ষুব্ধ হৈ উঠিছিল আৰু ইয়াৰ প্রতিবাদ জনাবলৈ ভাৰতৰ বিভিন্ন ঠাইত ব্ৰিটিছ বিৰোধী সংগঠন গঢ়ি তুলিছিল। 

ভাৰতীয় লোকক উচ্চ পদবীৰ পৰা বঞ্চিত (Denial of Higher jobs to indians): ব্ৰিটিছ শাসনকালত ভাৰতৰ প্ৰশাসন ব্যৱস্থাত ভাৰতীয়সকলক বঞ্চিত কৰাৰ প্ৰচেষ্টাইও ভাৰতীয়সকলৰ জাতীয় চেতনা জাগ্ৰত কৰি তুলিছিল। ব্ৰিটিছ চৰকাৰে বিভিন্ন সময়ত ভাৰতীয় লোকক উপযুক্ত চৰকাৰী চাকৰি দিয়াৰ আশ্বাস প্ৰদান কৰিছিল। যদিও সেইবিলাক কাৰ্যত পৰিণত কৰাৰ কোনো আঁচনি গ্ৰহণ কৰা নাছিল। উদাহৰণস্বৰূপে ১৮৩৩ চনৰ আইনত কোৱা হৈছিল যে জাতি, ধৰ্ম, বৰ্ণ, ভাষা, ৰং আদিৰ ভিত্তিত কোনো ধৰণৰ বৈষম্য নৰখাকৈ সকলোবিলাক উচ্চ পদবীতে ভাৰতীয় লোকক মকৰল কৰা হ’ব। ১৮৫৮ চনত মহাৰাণী ভিক্টোৰীয়ায়ো এক ঘোষণাযোগে এনে আশ্বাস পুনৰ দোহাৰিছিল। কিন্তু বাস্তৱ ক্ষেত্ৰত এই আশ্বাস কাৰ্যকৰী নকৰাই নহয় বিভিন্ন ধৰণে ভাৰতীয়সকলক বঞ্চিত কৰাৰ আঁচনিহে গ্রহণ কৰা হৈছিল। উদাহৰণস্বৰূপে, সুৰেন্দ্ৰনাথ বেনাৰ্জীয়ে ১৮৬৯ চনত ভাৰতীয় অসামৰিক সেৱাৰ বাবে হোৱা পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈছিল। উল্লেখযোগ্য যে সেই সময়ত এই পৰীক্ষা কেৱল ইংলেণ্ডতহে হৈছিল আৰু এই পৰীক্ষাত বহাৰ বাবে বয়সৰ সীমা ধাৰ্য কৰা হৈছিল ২১ বছৰ। ইয়াৰ পৰাই অনুমান কৰিব পাৰি যে এজন ভাৰতীয় ছাত্ৰৰ বাবে এই পৰীক্ষাত যোগদান কৰাতো কিমান কষ্টসাধ্য। সুৰেন্দ্ৰনাথ বেনাৰ্জীয়ে এই সকলোবিলাক দুৰ্যোগ সুখ্যাতিৰে অতিক্ৰম কৰিছিল। কিন্তু বয়সৰ খেলিমেলি উলিয়াই তেওঁক বঞ্চিত কৰাৰ চেষ্টা কৰা হৈছিল। অৱশ্যে ৰাণীৰ ন্যায়ালয়ৰ হস্তক্ষেপত তেওঁক এক উচ্চপদবীত মকৰল কৰা হৈছিল। কিন্তু দুবছৰৰ ভিতৰতে তেওঁৰ বিৰুদ্ধে মিছা অভিযোগ আনি বৰ্খস্ত কৰা হ’ল। ঠিক সেইদৰে অৰবিন্দ ঘোষেও মূল পৰীক্ষাত উত্তীৰ্ণ হৈছিল যদিও ঘোঁৰা ডাকোৱা পৰীক্ষাত তেওঁক অযোগ্য বুলি বিবেচনা কৰা হল। ইয়াৰ পাছত ভাৰতীয় সকলক বঞ্চিত কৰা উদ্দেশ্য এই পৰীক্ষাৰ বাবে ধাৰ্য কৰা বয়সৰ সীমা ২১ বছৰৰ পৰা ১৯ বছৰলৈ হ্ৰাস কৰা হ’ল আৰু এই ব্যৱস্থাৰ দ্বাৰা ভাৰতীয়সকলক ইংলেণ্ডেলৈ গৈ এই পৰীক্ষাত বহাটো অসম্ভৱ কৰি তোলা হ’ল।

এই ব্যৱস্থাৰ প্রতিবাদ জনোৱাৰ উদ্দেশ্যে ১৮৭৬ চনত সুৰেন্দ্ৰনাথ বেনাৰ্জীয়ে ইণ্ডিয়ান এছ’চিয়েচন নামৰে এটা সৰ্বভাৰতীয় সংস্থা গঠন কৰিছিল। ব্ৰিটিছ চৰকাৰৰ এনেবিলাক ভাৰতীয় বিৰোধী নীতিৰ প্ৰতিবাদ জনাবৰ বাবে তেওঁ সমগ্ৰ ভাৰত ভ্ৰমণ কৰিছিল আৰু সকলোতে উৎসাজনক সঁহাৰি লাভ কৰিছিল। ব্ৰিটিছ কৰ্তৃপক্ষক এনেধৰণৰ ভাৰতীয় বিৰোধী কাৰ্যকলাপৰ বিষয়ে অৱগত কৰোৱাৰ বাবে লালমোহন ঘোষক ইংলেণ্ডলৈ পঠোৱা হৈছিল যদিও সুফল পোৱা নগ’ল।

ভাৰতৰ বাবে গ্রহণ কৰা অৰ্থনৈতিক শোষণ ব্যৱস্থা 

(Economic Exploration of India): ব্ৰিটিছ চৰকাৰে ভাৰতৰ বাবে গ্ৰহণ কৰা অর্থনৈতিক নীতিয়েও ভাৰতবাসীৰ মনত চেতনা জগাই তুলিছিল। ১৮১৩ চনত প্ৰকাশ কৰা চনদত উল্লেখ কৰা হৈছিল যে ভাৰতীয়সকলৰ সুখ-শান্তিৰ বাবে ব্যৱস্থা লোৱাটো এই দেশৰ বাবে অন্যতম কৰ্তব্য হ’ব। ইয়াৰ পৰা আৰু এখোপ আগুৱাই ১৮৩৩ চনত ঘোষণা কৰা হ’ল যে ইংৰাজ আৰু ভাৰতীয়সকলৰ মাজত প্ৰতিদ্বন্দ্বিতা হ’লে ভাৰতীয়সকলক অগ্ৰাধিকাৰ প্রদান কৰা হ’ব। ঠিক একেধৰণৰ ব্যৱস্থাৱলীৰ বিষয়ে ১৮৫৮ চনৰ ৰাণী ভিক্টোৰিয়াৰ ঘোষণাপত্ৰতো উল্লেখ কৰা হৈছিল। কিন্তু কাৰ্যক্ষেত্ৰত ভাৰতবৰ্ষৰ অৰ্থনৈতিক উন্নতিৰ পৰিবৰ্তে ইংৰাজ চৰকাৰে ভাৰতবৰ্ষক শোষণ কৰা নীতিহে অৱলম্বন কৰিছিল। ভাৰতৰ প্ৰশাসনক ওপৰ গধুৰ কৰি অত্যাধিক ব্যয়বহুল কৰা হৈছিল। পৰিকল্পিতভাৱে ভাৰতত ইতিমধ্যে গঢ়ি উঠা উদ্যোগবিলাক ধ্বংস কৰি ইংলেণ্ডত উৎপাদিত হোৱা বস্তুহে ভাৰতলৈ অনাৰ ব্যৱস্থা কৰিছিল। ভাৰতত উৎপাদিত হোৱা প্ৰচুৰ পৰিমাণৰ কেঁচামাল নিজ দেশলৈ নি বিভিন্ন কল-কাৰখানাত ব্যৱহাৰ কৰিছিল আৰু এইবিলাকৰ পৰা উৎপাদিত হোৱা সামগ্ৰীসমূহ ভাৰতীয় বজাৰত উচ্চ দামত বিক্ৰী কৰাৰ ব্যৱস্থা কৰিছিল। ভাৰতীয় উদ্যোগক ৰক্ষণাবেক্ষণ দিয়া আৰু এইবিলাকৰ উন্নতি ঘটোৱা দূৰৰ কথা এইবিলাক ধ্বংস কৰাৰহে চেষ্টা কৰিছিল। ভাৰতক এখন উন্নত কৃষিপ্রধান দেশ হিচাপে গঢ়ি তোলাৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল যদিও এইক্ষেত্ৰতো কোনো ধৰণৰ আধুনিক পদ্ধতি গ্ৰহণ কৰাৰ ব্যৱস্থা কৰা হোৱা নাছিল। ব্ৰিটিছ চৰকাৰৰ এনে ধৰণৰ অৰ্থনৈতিক শোষণ নীতিয়ে ভাৰতীয়সকলৰ মনত গভীৰ অসন্তুষ্টিৰ ভাব সৃষ্টি কৰিছিল আৰু এই অসন্তষ্টিয়ে তেওঁলোকক স্বাধীনতাৰ বাবে সংগ্ৰাম কৰিবলৈ বাধ্য কৰিছিল। 

বাতৰি কাকতসমূহে গ্ৰহণ কৰা ভূমিকা (The Role played by the press in India): ভাৰতীয় বাতৰি কাকতসমূহেও ভাৰতীয় লোকৰ মাজত স্বাধীনতাৰ ভাব জগাই তোলাত উল্লেখযোগ্য ভূমিকা পালন কৰিছিল। উনবিংশ শতিকাৰ আশীৰ দশকত ভাৰতীয় সংবাদ পত্ৰসমূহ অতি শক্তিশালী হৈ উঠিছিল। ১৮৭৭ চনত ভাৰতত অতি কমেও ৬৪৪ খন বাতৰি কাকতৰ প্রচলন হৈছিল আৰু ইয়াৰ প্রায়বিলাকেই আছিল দেশীয় ভাষাৰ। লৰ্ড লিটনৰ প্ৰশাসনে সংবাদপত্ৰ আইনৰ জৰিয়তে এই বাতৰি ৷কাকতসমূহৰ ওপৰত বাধা নিষেধ কৰিছিল যাতে বাতৰি কাকতসমূহে ব্ৰিটিছৰ শাসনৰ ভাৰতবিৰোধী কাম-কাজসমূহৰ বিষয়ে জনসাধাৰণক অৱগত কৰিব নোৱাৰে, কিন্তু পাছত এই আইন প্ৰত্যাহাৰ কৰিবলৈ বাধ্য হ’ল। 

মুঠতে বিভিন্ন ধৰণৰ বাধা-বিঘিনি পোৱা সত্বেও সংবাদপত্ৰসমূহে ব্ৰিটিছ শাসনৰ অন্যায়, অবিচাৰ আৰু শোষণ নীতিৰ বিষয়ে ভাৰতীয় সকলক অৱগত কৰি তেওঁলোকৰ মনত জাতীয় চেতনাবোধ বৃদ্ধি কৰাত সফল ভূমিকা পালন কৰিবলৈ সক্ষম হৈছিল ৷ ব্ৰিটিছ দাসত্বৰ শিকলিত বান্ধ খাই থকাটোৱেই যে ভাৰতীয়সকলৰ উন্নতিৰ ক্ষেত্ৰত হেঙাৰস্বৰূপ আৰু স্বাধীনতা লাভৰ বাবে যে ৰাজনৈতিক অনুষ্ঠানৰ প্রয়োজন সেই কথা ভাৰতীয়সকলৰ অন্তৰত সুমুৱাই দিয়াত। বাতৰি কাকতসমূহ সফল হৈছিল। এই বাতৰি কাকতবিলাকৰ ভিতৰত অমৃত বজাৰ পত্ৰিকা, হিন্দু, সঞ্জীৱনী, কেৰালা পত্ৰিকা, মহাৰাষ্ট্ৰ, কেশৰী, কহিনুৰ আদি উল্লেখযোগ্য।

ইলবাৰ্ট বিলৰ দ্বাৰা সৃষ্টি কৰা বৈষম্য (Ilbert Bill Controversy): চাৰ চি পি ইলবাৰ্ট লৰ্ড ৰিপনৰ কাৰ্যনিৰ্বাহক পৰিষদৰ এজন আইন সদস্য আছিল। ইলবাৰ্টে ভাৰতীয় আৰু ইংৰাজ বিচাৰকৰ মাজত থকা বৈষম্য আঁতৰ কঁৰি ভাৰতীয় বিচাৰকক ইংৰাজ অপৰাধীৰ বিচাৰৰ ক্ষমতা প্ৰদান কৰাৰ অভিপ্ৰায়ে কাৰ্যনিৰ্বাহক পৰিষদত এখন বিল উখাপন কৰিছিল। কিন্তু যদিও এইবিলখন এজন ইংৰাজ লোকেই এক শুদ্ধ নীতি গ্ৰহণ কৰাৰ বাবে উত্থাপন কৰিছিল ভাৰতত থকা ইংৰাজসকলে এই বিলৰ তীব্ৰ বিৰোধিতা কৰি একগোট হৈ থিয় দিছিল। তেওঁলোকে এই যুক্তি আগবঢ়াইছিল যে ইংৰাজসকল দাগী অপৰাধী হলেও ভাৰতীয় বিচাৰকসকলে বিচাৰ কৰাৰ বাবে যোগ্য নহয়। এই বিৰল বিৰুদ্ধে আন্দোলন চলোৱাৰ উদ্দেশ্য তেওঁলোকে আনকি ইউৰোপীয়ান ডিফেন্স এছ’চিয়েচন নামৰ এটা সংগঠনে গঢ়ি তুলিছিল আৰু শ্ৰেণীবিভাজন বাহাল ৰখাৰ বাবে অতি কম সময়ৰ ভিতৰতে একলাখ পঞ্চাশ হাজাৰ টকা সংগ্ৰহ কাৰিছিল।

ইংৰাজসকলৰ এই আন্দোলনে ভাৰতীয়সকলৰ চকু মেল খোৱাই দিছিল আৰু ভাধিবলৈ বাধ্য কৰিছিল যে যেতিয়ালৈকে তেওঁলোক বিদেশী শাসনৰ পৰা মুক্ত হ’ব নোৱাৰে তেতিয়ালৈকে একে ধৰণৰ অপমান সহ্য কৰি যাব লাগিব। কাৰণ এই সামান্য বিলখনৰ বিৰুদ্ধে উঠা প্ৰতিবাদত ভাৰত চৰকাৰে মুৰ দোৱাই বিলখন উঠাই লব লগা হ’ল। ইউৰোপীয়ান ডিফেন্স এছ’চিয়েন এনেবিলাক কাৰ্যকলাপৰ পটভূমিত সুৰেন্দ্ৰনাথ বেনাৰ্জীয়ে ১৮৮৩ চনত এখন জাতীয় মহাসভা গঠন কৰাৰ সিদ্ধান্ত গ্রহণ কৰে আৰু ইয়ে পাছত ভাৰতীয় জাতীয় কংগ্ৰেছ পূৰ্বাভাষ হিচাপে পৰিগণিত হয়।

মহাৰাণী ঘোষণাপত্ৰ (Proclamation of Queen Victoria): চিপাহী বিদ্ৰোহৰ পিছত ভাৰতৰ শাসনভাৰ ইষ্ট ইণ্ডিয়া কোম্পানীৰ পৰা নিজৰ হাতলৈ অনাৰ লগে লগে অৰ্থাৎ ১৮৫৮ চনৰ ১ নৱেম্বৰ তাৰিখে মহাৰাণী ভিক্টোৰিয়াই এখন ঘোষণাপত্ৰ জাৰি কৰিছিল।এই ঘোষণাপত্ৰৰ জৰিয়তে ৰাণীয়ে ইংৰাজ  ভাৰতত আৰু ৰাজ্য বিস্তাৰ নকৰাৰ আশ্বাস দিয়াৰ উপৰি ভাৰতৰ ৰজাসকলৰ লগত ইতিমধ্যে স্বাক্ষৰ কৰা চুক্তিবিলাকৰ লগতে তেওঁলোকৰ অধিকাৰ আৰু মৰ্যাদাক সন্মান জনোৱা হ’ব বুলি উল্লেখ কৰিছিল।

এই বিলাকৰ উপৰি জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলো উপযুক্ত ভাৰতীয় লোকক চৰকাৰী চাকৰি দিয়া আৰু কোনো ক্ষেত্ৰতে ভাৰতীয়সকলৰ ধৰ্মৰ ওপৰত হাত দিয়া নহ’ব বুলি ঘোষণা কৰিছিল, কিন্তু বাস্তৱক্ষেত্ৰত এই প্রতিশ্ৰুতিসমূহৰ এটাও পালন কৰা দেখা নগ’ল, ফলত ভাৰতীয়সকল ক্ষুব্ধ হৈ উঠে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top