Indian Society: Images and Realities Unit 1 Ideas of India: Civilization Colony, Nation and Society, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Indian Society: Images and Realities Unit 1 Ideas of India: Civilization Colony, Nation and Society Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Indian Society: Images and Realities Unit 1 Ideas of India: Civilization Colony, Nation and Society Question Answer can be of great value to excel in the examination.
Indian Society: Images and Realities Unit 1 Ideas of India: Civilization Colony, Nation and Society
Indian Society: Images and Realities Unit 1 Ideas of India: Civilization Colony, Nation and Society Notes cover all the exercise questions in UGC Syllabus. Indian Society: Images and Realities Unit 1 Ideas of India: Civilization Colony, Nation and Society provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.
Ideas of India: Civilization Colony, Nation and Society
SOCIOLOGY
INDIAN SOCIETY: IMAGES AND REALITIES
(ভাৰতীয় সমাজৰ প্ৰকৃতি)
A. Objective Type Questions:
1. উপনিবেশবাদ কি? ঔপনিবেশিকতাবাদ কি?
Ans: যেতিয়া এখন দেশৰ বা অঞ্চলৰ মানুহে অন্য এখন দেশত বা অঞ্চলত তেওঁলোকৰ উপনিবেশ স্থাপন কৰে। তেতিয়া তেনেধৰণৰ প্ৰক্ৰিয়াক উপনিবেশবাদ বোলে। ই এনেধৰণৰ এক প্রক্ৰিয়া য’ত উপনিবেশখনৰ ক্ষমতা সেই নিৰ্দিষ্ট দেশখনে অধিগ্ৰহণ কৰে আৰু সেই উপনিবেশখনৰ সামাজিক সংৰচনা; চৰকাৰ, অৰ্থনীতি আদিত উপনিবেশবাদী সকলে পৰিৱৰ্তনৰ সূচনা কৰে।
2. ভাৰতত জাতীয়তাবাদৰ জন্ম কেতিয়া হৈছিল?
Ans: ইংৰাজ ঔপনিবেশিকতাবাদেই ভাৰত জাতীয়তাবাদৰ জন্ম দিছিল।
3. জনসংখ্যা গাঁথনি মানে কি?
Ans: সাধাৰণতে জনসংখ্যা গাঁথনি বুলিলে কোনো এক জনসমষ্টিত থকা পুৰুষ-মহিলাৰ অনুপাত বয়সৰ ভিত্তিত জনসংখ্যাৰ গাঁথনি আদিক বুজোৱা হয়।
4. জনসংখ্যাৰ ঘনত্ব মানে কি?
Ans: জনসংখ্যাৰ ঘনত্ব বুলিলে প্রতি বৰ্গ কিলোমিটাৰ এলেকাত বসবাস কৰা জনসংখ্যাৰ অনুপাতকে বুজোৱা হয়।
5. জনবিস্ফোৰণ মানে কি?
Ans: যেতিয়া কোনো এখন দেশৰ জনসংখ্যাৰ পৰিমাণ অস্বাভাৱিক হাৰত বৃদ্ধি পাই থাকে তেতিয়া তাক জন- বিস্ফোৰণ বুলি কোৱা হয়।
6. পৰিয়াল পৰিকল্পনা মানে কি?
Ans: বৰ্তমান জনসংখ্যা অস্বাভাৱিক হাৰত বৃদ্ধি পাইছে। সেয়েহে, জনসংখ্যা বৃদ্ধি নিয়ন্ত্ৰণ কৰাৰ উদ্দেশ্যে সৰু পৰিয়াল গঠন কৰা৷ জন্ম নিয়ন্ত্ৰণৰ বিভিন্ন কৌশল প্রয়োগ কৰা। ৰাজহুৱা স্বাস্থ্যসেৱা উন্নত কৰা আদিক পৰিয়াল পৰিকল্পনা বুলি কোৱা হয়।
7. জনসংখ্যা বিজ্ঞানৰ অৰ্থ কি?
Ans: সাধাৰণতে জনসংখ্যা বিজ্ঞান বুলিলে, মানৱ জনসাধাৰণ, তেওঁলোকৰ আকাৰ, তেওঁলোকৰ গঠন, তেওঁলোকৰ প্ৰগতি ইত্যাদিৰ ওপৰত কৰা বৈজ্ঞানিক অধ্যয়নক বুজায়।
8. ভাৰতত প্ৰথমটো আৰু একেবাৰে শেহতীয়া লোকপিয়ল কেতিয়া হৈছিল?
Ans: ইংৰাজ শাসনৰ সময়ত ১৮৬৭-৭২ চনৰ ভিতৰত ভাৰতত প্ৰথম লোকপিয়ল আৰম্ভ কৰা হয়। ইয়াৰ পিছত ১৮৮১ চনৰ পৰা প্ৰতি দহ বছৰৰ অন্তৰে অন্তৰে লোকপিয়লৰ কাম হাতত লোৱা হয়। স্বাধীন ভাৰতৰ প্ৰথমটো লোকপিয়ল আৰম্ভ হয় ১৯৫১ চনত আৰু তেতিয়াৰ পৰা এতিয়ালৈকে মুঠ ছটা লোকপিয়ল সম্পন্ন কৰা হয় আৰু সপ্তমটো লোকপিয়লৰ কাম ইতিমধ্যে চলাই থকা হৈছে৷ ভাৰতবৰ্ষৰ লোকপিয়ল বিশ্বৰ ভিতৰতে বৃহৎ লোকগণনা ৰূপে পৰিগণিত হৈছে।
9. ২০১১ চনৰ লোকপিয়ল অনুসৰি ভাৰতৰ মুঠ জনসংখ্যা কিমান?
Ans: প্রায় ১২০ কোটি।
10. কোনটো যুগক উপনিবেশবাদ যুগ বুলি কোৱা হয়।
Ans: পোন্ধৰ শতিকাৰ শেষভাগৰ পৰা কুৰি শতিকালৈকে এই সময়ছোৱাক উপনিবেশবাদ যুগ বুলি কোৱা হয়।
11. স্বাধীন ভাৰতৰ প্রথম আৰু শেষৰ লোকপিয়ল কেতিয়া কৰা হৈছিল?
Ans: স্বাধীন ভাৰতৰ প্রথম লোকপিয়ল ১৯৫১ চনত আৰু শেষৰ ২০১১ চনত কৰা হৈছিল।
B. Short Type Questions
1. উপনিৱেশিক অঞ্চলবোৰত জাতীয়তাবাদী ভাৱধাৰা কিয় উপনিবেশবাদ বিৰোধ আন্দোলনৰ লগত সংগতি ৰাখি গঢ় লৈ উঠিছিল?
Ans: ঔপনিবেশিকতাবাদ হৈছে এখন দেশৰ বা অঞ্চলৰ মানুহে অন্য এখন দেশত বা অঞ্চলত তেওঁলোকৰ ঔপনিবেশ স্থাপন কৰা এক প্রক্ৰিয়া অর্থাৎ সাধাৰণ অৰ্থত উপনিবেশিকতাবাদ হৈছে এখন দেশে আন এখন দেশৰ ওপৰত চলোৱা শাসন। উপনিৱেশিত শাসন ব্যৱস্থাই অধিক লাভালাভৰ মনোবৃত্তিৰে দেশৰ অৰ্থনীতিত আঘাত কৰে। উপনিৱেশিক শাসকসকলে সদায়েই দমন-উৎপীড়ন, শোষণ-দুনীৰ্তি, বঞ্চনামূলক নীতি গ্ৰহণ কৰাৰ ফলত জনগণৰ মনত উপনিৱেশবাদ বিৰোধী মনোভাৱৰ সৃষ্টি হয় আৰু ইয়াৰ আধাৰতে জাতীয়বাদী ভাৱধাৰা গঢ় লৈ উঠে।
2. জন বিস্ফোৰণে আমাৰ জীৱনধাৰণৰ মানদণ্ড কেনেকৈ হ্ৰাস কৰে?
Ans: মালথাছৰ মতে, কোনো এখন সমাজত জনসংখ্যাৰ বৃদ্ধিৰ হাৰ খাদ্য দ্ৰব্যৰ উৎপাদনৰ হাৰতকৈ সদায় বেছি। অর্থাৎ মানুহৰ জীৱিকা নিৰ্বাহৰ বাবে প্রয়োজনীয় সম্পদবোৰ যি হাৰত বুদ্ধি পায়, জনসংখ্যা বৃদ্ধিৰ গতি তাতকৈ অধিক খৰতকীয়া হয়। তেওঁৰ মতে জনসংখ্যাই সদায়েই জ্যামিতিক হাৰত (Geometrical Progression ) বৃদ্ধি হয় আৰু খাদ্যৰ উৎপাদন সদায়েই গাণিতিক হাৰত ( Arithmetic progression ) বৃদ্ধি পায়। উদাহৰণস্বৰূপে: জনসংখ্যাৰ বৃদ্ধি হয় সদায়ে ২ ৰ পৰা ৪, ৪ ৰ পৰা ৮, ৮ ৰ পৰা ১৬, ১৬ ৰ পৰা ৩২ হিচাপে বৃদ্ধি পায় আৰু আনহাতে খাদ্যদ্রব্য বৃদ্ধি হয় ১ ৰ পৰা ২, ২ ৰ পৰা ৩, ৩ ৰ পৰা ৪, ৪ ৰ পৰা ৫ আদি হিচাপে বৃদ্ধি পায়। অৰ্থাৎ জনসংখ্যা বৃদ্ধিৰ তীব্র গতিয়ে জীৱন-যাপনৰ বাবে প্ৰয়োজনীয় সম্পদৰ মাত্ৰা কমাই আনে। গতিকে অৱধাৰিতভাৱেই জনবিস্ফোৰণ আমাৰ জীৱন ধাৰণৰ মানদণ্ড হ্ৰাস কৰে।
3. জনসমষ্টি কিয় প্ৰয়োজনীয়?
Ans: এখন ৰাষ্ট্ৰৰ জনসমষ্টিয়েই ৰাষ্ট্ৰখনৰ মেৰুদণ্ডসদৃশ্য জনসমষ্টি নহ’লে ৰাষ্ট্ৰ হব নোৱাৰে। জনসমষ্টিয়ে ৰাষ্ট্ৰখন সকলো উৎপাদনমূলক তথা প্ৰশাসনীয়, ৰাজনৈতিক আৰু প্রতিৰক্ষা সম্পৰ্কীয় সকলো কাম কৰে। গতিকে জনসমষ্টি এটা প্রয়োজন হৈ পৰে।
4. বৰ্ধিত জনসংখ্যাৰ অসুবিধা বিলাক কি কি?
Ans: বৰ্ধিত জনসংখ্যাৰ বাবে বিভিন্ন দিশৰ পৰা বিভিন্ন সমস্যা পৰিলক্ষিত হয়। জনসংখ্যাৰ বৃদ্ধিয়ে সম্পদৰ বৃদ্ধি হোৱাটো দীবী কৰে৷ শিক্ষা, স্বাস্থ্য, সেৱা, পথ-যোগাযোগ আদি খণ্ডত তীব্ৰ হেঁচাৰ সৃষ্টি কৰে। অন্ন-বস্ত্ৰ আৰু বাসস্থান বৃদ্ধিৰ দাবী কৰে আৰু ইয়াৰ বাবে অত্যাধিক সম্পদৰ প্রয়োজন হয়। এইবোৰেই হ’ল বৰ্ধিত জনসংখ্যাৰ অসুবিধা।
5. ক্ৰমহ্ৰাসমান জনসংখ্যাৰ অসুবিধা বিলাক কি কি?
Ans: জনসংখ্যা ক্ৰমান্বয়ে হ্ৰাস পাই আহিলে ৰাষ্ট্ৰ এখনৰ বাবে প্রয়োজনীয় দ্রব্য আৰু সেৱাৰ উৎপাদনত যতি আহি পৰে। ইয়াৰোপৰি ৰাষ্ট্ৰ এখনৰ ৰাজনৈতিক, প্রশাসনিক আৰু বিশেষকৈ প্রতিৰক্ষা সম্বন্ধীয় দিশবোৰত ক্ৰমহ্ৰাসমান জনসংখ্যাই কু-প্রভাৱ পেলায়। সাম্প্ৰতিক সময়ত জাপান, ৰাছিয়া, ইটালী আদিৰ দৰে বহু ৰাষ্ট্ৰই ক্ৰমহ্ৰাসমান জনসংখ্যাই কঢ়িয়াই অনা অসুবিধাৰ সন্মুখীন হ’বলগা হৈছে।
6. জনসংখ্যাই কেনেকৈ/কেনেদৰে আৰ্থিক বিকাশক প্রভাৱিত কৰে?
Ans: বিভিন্ন দিশৰ পৰা জনসংখ্যাৰ সংৰচনাই আৰ্থিক বিকাশক প্রভাৱিত কৰে। কোনো সমাজৰে সকলো মানুহেই কৰ্মঠ নহয়। শিশু (১৫ বছৰৰ তলত) আৰু বৃদ্ধ (৬৫ বছৰৰ ওপৰৰ) সকলে সাধাৰণতে আনৰ ওপৰত নির্ভৰ কৰিব লাগে বুলি ধৰা হয়। যদি জনসংখ্যাৰ পৰনিৰ্ভৰশীল অনুপাত বৃদ্ধি পায় অৰ্থাৎ বয়সস্থ লোকৰ সংখ্যা আৰু কৰ্মৰ উপযোগী নোহোৱা কম বয়সীয়া ল’ৰা-ছোৱালীৰ সংখ্যা কৰ্মঠ লোকৰ সংখ্যাৰ তুলনাত বৃদ্ধি পালে দেশৰ চিন্তাৰ কাৰণ হৈ উঠে। কাৰণ বৃহৎ সংখ্যক নির্ভৰশীল লোকৰ ভৰণ-পোষণৰ দায়িত্ব কম সংখ্যাৰ কৰ্মঠ লোকৰ ওপৰত পৰে। আনহাতে নির্ভৰশীল লোকৰ সংখ্যা কমি গ’লে অর্থনৈতিক উন্নতি আৰু সম্পদ আহৰণ বৃদ্ধি পায় এনেদৰে জনসংখ্যাই আৰ্থিক বিকাশৰ প্রভাৱিত কৰা দেখা যায়।
7. জনসাংখিক বিজ্ঞানৰ তথ্যবোৰৰ গুৰুত্ব কি?
Ans: জনসাংখ্যিক বিজ্ঞানৰ তথ্যবোৰ বিশেষভাৱে গুৰুত্বপূৰ্ণ অৰ্থনৈতিক উন্নয়ণ জনকল্যাণমূলক আঁচনি গ্ৰহণ, উন্নয়ণৰ ৰাষ্ট্ৰীয় নীতি নিৰ্ধাৰণ, পৰিকল্পনা গ্ৰহণ আদিৰ ক্ষেত্ৰত জনসাংখিক বিজ্ঞানৰ তথ্য বা জনসাংখ্যিক তথ্যৰ বিশেষ প্রয়োজনীয়তা আছে।
8. ঔপচাৰিক জনসাংখিক বিজ্ঞান আৰু সামাজিক জনসাংখিক বিজ্ঞানৰ মাজত পাৰ্থক্য কি?
Ans: জনসাংখিক বিজ্ঞান সাধাৰণতে দুই প্রকাৰৰ হয় যেনে –
(ক) ঔপচাৰিক বা আনুষ্ঠানিক জনসাংখিক বিজ্ঞান। আৰু
(খ) সামাজিক জনসাংখিক বিজ্ঞান।
আনুষ্ঠানিক জনসাংখিক বিজ্ঞানে সাধাৰণতে বিভিন্ন ধৰণেৰে আহৰণ কৰা পৰিসাংখিক তথ্যৰ ওপৰত অধ্যয়ন কৰে।
আনহাতে সামাজিক জনসাংখিক বিজ্ঞানে বিশেষকৈ জনসংখ্যাৰ ৰাজনৈতিক সামাজিক আৰু অৰ্থনৈতিক দিশবোৰ অধ্যয়ন কৰে।
9. জনসংখ্যা বিস্ফোৰণৰ যিকোনো দুটা কাৰণ উল্লেখ কৰা ৷
Ans: কোনো এখন দেশৰ জনসংখ্যা যেতিয়া ভবাতকৈ অধিক বৃদ্ধি পায় তেতিয়া তাক জনসংখ্যা বিস্ফোৰণ বোলা হয়।
জনসংখ্যা বিস্ফোৰণৰ দুটা কাৰণ হ’ল —
(১) আধুনিক উন্নত মানৰ প্ৰতিষেধক দ্বাৰা ৰোগ নিয়ন্ত্ৰণ।
(২) জনস্বাস্থ্য আৰু পুষ্টিকৰ খাদ্য যোগান ।
C. Essay Type Questions:
1. ভাৰতীয় জনসমষ্টিৰ মূল বৈশিষ্ট্যবোৰ কি কি?
Ans: ভাৰতবৰ্ষৰ জনসংখ্যাৰ গাথঁনিৰ ক্ষেত্রত বিচিত্ৰ পৰিলক্ষিত হয়। জনসংখ্যাৰ ফালৰ পৰা ভাৰতবৰ্ষই চীনৰ পিছতে দ্বিতীয় স্থানত আছে। ২০১১ চনৰ লোকগণনা অনুসৰি বৰ্তমান ভাৰতৰ জনসংখ্যা ১,২১০ কোটি। অনুমান কৰা হৈছে যে ২০০৫ চনত ভাৰতবৰ্ষই চীনক অতিক্ৰম কৰি পৃথিৱীৰ ভিতৰতে জনবহুল দেশ হিচাপে পৰিগণিত হয়।
২০০১ চনৰ পৰা ভাৰতৰ ১৮১ নিযুত জনসংখ্যা বৃদ্ধি পাইছে। উত্তৰপ্ৰদেশ হৈছে ভাৰতৰ ভিতৰতে জনবহুল ৰাজ্য। ইয়াৰ জনসংখ্যাৰ প্রায় ২০০ নিযুত। প্ৰতি ১০ জন ভাৰতীয়ৰ ৫ জনেই উত্তৰপ্ৰদেশ, মহাৰাষ্ট্ৰ, বিহাৰ, পশ্চিমবঙ্গ আৰু তামিলনাডুত বসবাস কৰে।
২০০১ চনৰ গণনামতে ভাৰতৰ জনসংখ্যাৰ ঘনত্ব প্রতি বৰ্গ কিঃ মিঃত ৩২৪ জন আছিল। কিন্তু ২০১১ চনৰ জনগণনাৰ এই সংখ্যা হয়গৈ প্রতি বৰ্গ কিঃ মিঃত ৩৮২ জন। এই দেশৰ প্রতি ১০০০ জন পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা হৈছে ৯৪০ গৰাকী।
ভাৰতবৰ্ষই পৃথিবীৰ ২.৪ শতাংশ ভূ-ভাগ আগুৰি আছে আৰু পৃথিৱীৰ মুঠ জনসংখ্যাৰ ১৭.৫ শতাংশ এই দেশে বহন কৰিছে। ভাৰতীয়সকলৰ অধিকাংশই কৃষি আৰু ইয়াৰ লগত সম্পৰ্কিত অন্যান্য কাৰ্যকৰি জীৱন নিৰ্বাহ কৰে। ভাৰতবৰ্ষৰ ৭০ শতাংশতকৈ অধিক লোক গাঁৱত বসবাস কৰে। ২০০১ চনৰ লোকগণনা অনুসৰি ভাৰতৰ ৭২.২ শতাংশ লোক প্ৰায় ৬৩৮.০০০ খন গাঁৱত বাস কৰে।
জনসংখ্যা বৃদ্ধিৰ অনুপাতে ভাৰতৰ শিক্ষিত লোকৰ হাৰ সন্তোষজনক হৈ উঠা নাই। ১৯১১ চনৰ লোকগণনা মতে ভাৰতৰ শিক্ষিত লোকৰ সংখ্যা ৫২.১৯% আছিল। ২০০১ চনত এই সংখ্যা হয়গৈ ৬৫.৩৮%। ২০১১ চনৰ লোকগণনামতে ভাৰতত শিক্ষিতলোকৰ সংখ্যা হৈছে ৭৪.০৪%। ইয়াৰ পুৰুষৰ শিক্ষিতৰ হাৰ হৈছে ৮২.১৪% আৰু মহিলাৰ শিক্ষিতৰ হাৰ হৈছে ৬৫.৪৬% ভাৰতবৰ্ষত ২ হাজাৰতকৈও অধিক প্ৰজাতীয় সমূহ আৰু বিভিন্ন ধৰ্মীয় লোক বসবাস কৰে। ভাৰতবৰ্ষত অনেক ধৰ্মীয় লোকে বাস কৰে। সাম্প্রতিক সময়ত ভাৰতবৰ্ষত প্ৰধান আঠটা ধৰ্মই অধিক মাত্ৰাত প্রসাৰ লাভ কৰিছে। যেনে – হিন্দু, ইসলাম, খ্ৰীষ্টান, শিখ, বৌদ্ধ, জৈন, জোৰষ্ট্ৰান, জিউচ ইত্যাদি।
ভাৰতৰ প্রতিখন ৰাজ্যত ধৰ্মীয় লোকৰ সংখ্যাৰ ক্ষেত্ৰত বিচিত্ৰতা দেখা যায়। জন্মু আৰু কাশ্মীৰ আৰু লাক্ষাদ্বীপ হৈছে ইছলাম প্রধান ৰাজ্য। নাগালেণ্ড, মিজোৰাম আৰু মেঘালয় হৈছে খ্ৰীষ্টান ধৰ্মীয় ৰাজ্য আৰু পাঞ্জাৱ হৈছে শিখ ধৰ্মীয় প্রধান ৰাজ্য। ভাৰতত হিন্দু লোকৰ সংখ্যা ৮২.৭ শতাংশ, ইচলাম ধৰ্মীয় লোকৰ সংখ্যা ১১.৮ শতাংশ, খ্ৰীষ্টান ২.৬ শতাংশ, শিখ ২ শতাংশ, বৌদ্ধ ০.৭ শতাংশ, জৈন ০.৪ শতাংশ, জোৰষ্ট্ৰান ০.৩ শতাংশ আৰু জিউচ ধৰ্মীয় লোকৰ সংখ্যা ০.১ শত়াংশ
ভাৰতবৰ্ষত বিভিন্ন ভাষিক গোষ্ঠীৰ লোক বসবাস কৰে। ভাৰতত ৪৩ শতাংশ হিন্দু লোকে হিন্দী ভাষা কয়। প্রায ৪৫ শতাংশ ইচলামে উৰ্দুভাষা কয়, প্রায় এক তৃতীয়াংশ খ্ৰীষ্টান লোকে মালয়ালম ভাষা কয় আৰু এক ষষ্ঠাংশ লোকে তামিল ভাষা কয়। চৰকাৰীভাৱে ভাৰতত প্রায় ১৬৫২ টা ভাষা আছে। ইয়াৰে ৩৫০ টা প্ৰধান ভাষা, ভাৰতীয় সংবিধানে ২২ টা ভাষাক চৰকাৰী ভাষা হিচাপে স্বীকৃতি প্ৰদান কৰিছে৷ এই ভাষাসমূহ হৈছে — অসমীয়া, বাংলা, মাৰাঠী, উৰিয়া, পাঞ্জাবী, সমন্তোলী, সংস্কৃত, হিন্দী, তেলেগু, তামিল, নেপালী, উৰ্দু, বড়ো, দগ্ৰী, বহুল প্ৰচাৰিত কথিত ভাষাটো হৈছে হিন্দী। ইয়াৰ পিছতে ইংৰাজী ভাষা হৈছে কাৰ্য্যলয়ত ব্যৱহৃত দ্বিতীয়টো প্ৰধান ভাষা।
কোৱা হয় ভাৰতবৰ্ষই গাঁৱত বাস কৰে। প্ৰায় ৭০ শতাংশ ভাৰতীয়ই গাঁৱত বাস কৰে আৰু প্রাথমিক খণ্ডত নিয়োজিত হৈছে। কিন্তু সাম্প্ৰতিক কালত ভাৰতৰ গ্ৰাম্য আৰু নগৰীয়া জনসংখ্যাৰ হাৰৰ ক্ষেত্ৰত দ্ৰুত পৰিবৰ্তন আহিছে। ইয়াৰ প্রধান কাৰণ হৈছে প্ৰব্ৰজন। গাওঁ অঞ্চলত জীৱিকাৰ অভাৱ আৰু, অন্যান্য বহুতো সুবিধাৰ অভাৱৰ বাবে গাঁৱৰ পৰা মানুহবোৰে কাম আৰু ভালকৈ থাকিবৰ সুবিধা বিচাৰি নগৰলৈ প্ৰব্ৰজন কৰে। এইদৰে হোৱা প্ৰব্ৰজনৰ ফলত নগৰত সা-সুবিধাৰ ক্ষেত্রত ঘন জনবসতিপূৰ্ণ অঞ্চলৰ সৃষ্টি হয় য’ত মানুহে সৰু সৰু জুপুৰিত বাস কৰে। ২০০১ চনৰ লোকগণনা অনুসৰি কেৱল দিল্লীতে এনে জনসংখ্যা হৈছে ১,৮৫১,২৩১ জন। ই হৈছে দিল্লীত মুঠ জনসংখ্যাৰ ১৮.৭ শতাংশ।
2. মালথাছৰ মতে জনসংখ্যা নিয়ন্ত্ৰণৰ উপায় দুটা কি?
Ans: জনসংখ্যিক বিজ্ঞানৰ বিখ্যাত সূত্ৰসমূহৰ ভিতৰত এটা প্রধান সূত্ৰ হৈছে মালথাছৰ সূত্ৰ। এই সূত্র প্ৰতিষ্ঠাপক হৈছে ইংৰাজ ৰাজনৈতিক অৰ্থনীতিবিদ থমাচ্ ৰবাৰ্ট মালথাছ (Thomas Robert Malthus)। তেওঁৰ এই সূত্ৰটো ১৭৯৮ চনত প্ৰকাশ পোৱা (Essay on population) নামৰ ৰচনাত পোৱা যায়। তেওঁৰ জনসংখ্যা বৃদ্ধিৰ সূত্ৰটোৰ মতে মানুহৰ জীৱিকা নিৰ্বাহৰ উপায়বোৰতকৈ (অন্ন, বস্ত্ৰ আৰু কৃষিভিত্তিক উৎপাদনবোৰ) জনসংখ্যাৰ বৃদ্ধি অধিক খৰতকীয়া গতিৰে আগবাঢ়ে। সেইবাবে মানুহে আজীৱন দুৰ্ভিক্ষত ভুগিব লাগিব, কিয়নো জনসংখ্যাৰ বৃদ্ধিয়ে কৃষিৰ উৎপাদনৰ বৃদ্ধিক চেৰ পেলাই যাৱ। তেওঁৰ মতে জনসংখ্যা জ্যামিতিক হাৰত বৃদ্ধি পায় আৰু আনহাতে, কৃষি উৎপাদনে গাণিতিক হাৰত বৃদ্ধি পায়। জনসংখ্যা বৃদ্ধিয়ে যেতিয়া মানুহৰ প্রয়োজনীয় সম্পদক চেৰ পেলাই যায়। তেতিয়া সম্পদ আহৰণৰ পথ সুগত কৰিবৰ বাবে একমাত্ৰ উপায় হৈছে। জনসংখ্যা বৃদ্ধি৷ নিয়ন্ত্ৰণ। মানুহে যিহেতু স্বইচ্ছাৰে প্রতিষেধক বাধাৰ যোগেদি (যেনে – পলমকৈ বিয়া হোৱা অথবা যৌন মিতাচাৰ অৱলম্বন কৰি অথবা বিয়া নপতা ৷) জনসংখ্যা হ্ৰাস কৰাৰ পক্ষপাতী নহয় সেইবাবে জনসংখ্যা বৃদ্ধি ৰোধ কৰিব পৰা যাব কেৱল প্ৰকৃতিজাতৰ জৰিয়তেহে। এই ক্ষেত্ৰত দুৰ্ভিক্ষ আৰু প্রলয়াংকী বেমাৰ -আজাৰ অৱশ্যম্ভাৱী হৈ পৰিব। কাৰণ যেতিয়া জনসংখ্যা বৃদ্ধি আৰু খাদ্য সামগ্ৰীৰ যোগানৰ মাজত কোনো সামঞ্জস্য নাথাকিব। সেইসময়ত ভাৰসাম্য ৰক্ষা কৰিবলৈ প্ৰকৃতিয়ে আপোনা-আপুনি এনে পন্থা ল’ব।
3. সামাজিক জনসংখ্যা বিজ্ঞানৰ অন্তৰ্গত বিষয়বোৰ কি কি?
Ans: সামাজিক জনসংখ্যা বিজ্ঞানৰ জৰিয়তে জনসংখ্যাৰ সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক দিশবোৰ অধ্যয়ন কৰা হয়। জনসংখ্যা বিজ্ঞানৰ সকলো অধ্যয়নেই জৰীপ বা গণনা কাৰ্যৰ ওপৰত নিৰ্ভৰ কৰে।
4. সামাজিক জনসংখ্যা বিজ্ঞানৰ পৰিসৰ আলোচনা কৰা৷
Ans: সামাজিক জনসংখ্যা বিজ্ঞানে জনসংখ্যাৰ সামাজিক, অর্থনৈতিক আৰু ৰাজনৈতিক দিশবোৰ অধ্যয়ন কৰে। আধুনিক কল্যাণকামী ৰাষ্ট্ৰই সমূহৰ জনগণৰ কল্যাণৰ উদ্দেশ্যে বিভিন্ন নীতি আঁচনি আদি গ্রহণ কৰিবলগীয়া হয়। এনে নীতি আঁচনি আদি গ্রহণ কৰাত জনসমষ্টিৰ বিভিন্ন দিশৰ বিষয়ে জানিবলগীয়া হয়। জনসংখ্যা বৃদ্ধিৰ হাৰ, প্ৰজনন ক্ষমতাৰ হাৰ, শিশুৰ মৃত্যুৰ হাৰ, মাতৃৰ মৃত্যুৰ হাৰ, আশা কৰা মতে জীৱনৰ আয়ুস, লিংগ অনুপাত, পৰনিৰ্ভৰশীল অনুপাত, গাঁও অঞ্চলৰ পৰা চহৰ অঞ্চললৈ হোৱা প্রৱজন আদিৰ দৰে বিষয়সমূহ সামাজিক জনসংখ্যা বিজ্ঞানৰ পৰিসৰৰ অন্তৰ্গত।
5. পৰিয়াল পৰিকল্পনা কাৰ্যসূচীৰ সফলতা বিফলতাসমূহ আলোচনা কৰা।
Ans: ভাৰতত পৰিয়াল পৰিকল্পনা কাৰ্যসূচীয়ে যথেষ্ট সফলতা লাভ কৰিছে। সেইসমূহ তলত আলোচনা কৰা হৈছে।
পৰিয়াল পৰিকল্পনাৰ কাৰ্যসূচীৰ সফলতা সমূহ হল―
( i ) জীৱনৰ আয়ুস কাল ৩৭ বছৰৰ পৰা ৬২ বছৰলৈ বৃদ্ধি কৰা ৷
( ii ) ১৯৫১ চনত অসংশোধিত জন্ম হাৰ আছিল ৪০.৮ শতাংশ। কিন্তু ২০০৪ চনত এই হাৰ ৭.৫ শতাংশলৈ হ্ৰাস পায়।
(iii) ১৯৫১ চনত অসংশোধিত মৃত্যুৰ হাৰ আছিল ২৫ শতাংশ। ২০০৪ চনত এই হাৰ ৭.৫ শতাংশলৈ হ্ৰাস পায়।
(iv) শিশুৰ মৃত্যুৰ হাৰ ১৯৫১ চনত আছিল ১৪৬। ২০০৪ চনত ই হ্ৰাস পাইছিল ৫৮লৈ।
পৰিয়াল পৰিকল্পনাৰ কাৰ্যসূচীৰ সফলতা সমূহ হল ―
( i ) জন্মৰ হাৰ এতিয়াও বিশ্বৰ অন্য ৰাষ্ট্ৰৰ তুলনাত যথেষ্ট বেছি বেছি হৈয়েই আছে।
(ii ) শিশুৰ লিংগ অনুপাতৰ নিম্নগামী ছবিখনে ভাৰতত পৰিয়াল পৰিকল্পনা কাৰ্যসূচীৰ বিফলতাক ইংগিত কৰে।
6. ভাৰতীয় জনসমষ্টিৰ বয়স সংৰচনাৰ মূল বৈশিষ্ট্যসমূহ উল্লেখ কৰা।
Ans: ভাৰতীয় জনসমষ্টিৰ বয়স সংৰচনাৰ কিছুমান বৈশিষ্ট্য আছে।
সেইসমূহ তলত আলোচনা কৰা হল ―
(i) প্ৰথমতে, ভাৰতৰ জনসংখ্যাৰ অধিকাংশই কম বয়সৰ আৰু আন বহু দেশৰ তুলনাত জনসংখ্যাৰ গড় বয়সো কম। ভাৰতত ১৫ বছৰৰ তলৰ জনসংখ্যা ক্ৰমান্বয়ে কমি অহা দেখা গৈছে। ২০০১ চনত ১৫ বছৰৰ তলৰ জনসংশ্যাৰ পৰিমাণ আছিল, ৩৪ শতাংশ। যিটো ২০১১ চনত ২৯ শতাংশলৈ কমিছিল আৰু ২০২৬ চনলৈ ২৩ শতাংশলৈ কমি যোৱাৰ সম্ভাৱনা আছে। ই ভাৰতত জন্মৰ হাৰ হ্ৰাস পোৱাৰ ইংগিত দিয়ে।
(ii) দ্বিতীয়তে, ভাৰতত ১৫-১৬ বছৰীয়া জনসংখ্যাৰ পৰিমাণ ক্ৰমান্বয়ে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। ১৯৯১ চনত ১৫-৬০ বছৰীয়া জনসংখ্যাৰ পৰিমাণ আছিল ৫৬ শতাংশ। ২০০১ চনত ই বৃদ্ধি পাইছিল ৫৯ শতাংশলৈ আৰু ২০১১ চনত হৈ গৈ ৬৩ শতাংশ। ই কৰ্মঠ লোকৰ পৰিমাণ বৃদ্ধি হোৱাটো সূচায়। কৰ্মত লোকৰ সংখ্যা বৃদ্ধি হোৱাটো এখন দেশৰ বাবে অর্থনৈতিক দিশত মংগলজনক।
(iii) তৃতীয়তে, ভাৰতৰ জনসংখ্যাত ৬০ বছৰৰ ওপৰৰ লোকৰ সংখ্যাৰ বৃদ্ধি পোৱাও দেখা গৈছে। ১৯৬১ চনত ৬০ বছৰৰ ওপৰৰ লোকৰ পৰিমাণ আছিল ৬ শতাংশ। ২০১১ চনত ই হৈছে গৈ ৮ শতাংশ আৰু ২০১১ চন ই ১২ শতাংশলৈ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। স্বাস্থ্য সেৱাৰ সুবিধা বৃদ্ধি আৰু আৰ্থিক কল্যাণমূলক আঁচনিবোৰৰ সুপ্রভাৱৰ ফলতেই ই সম্ভৱ হৈছে।
7. লিংগ অনুপাত হ্ৰাস পোৱাৰ কাৰণবোৰ কি?
Ans: জনসংখ্যিক আলোচনাৰ ক্ষেত্ৰত পুৰুষ মহিলাৰ অনুপাত বা লিঙ্গ অনুপাত এক আলোচ্য ক্ষেত্ৰ। জনসংখ্যিক বিজ্ঞানী আৰু সমাজতত্ববিদসকলে লিংগ অনুপাতৰ বৈষম্যতাৰ বাবে ভালেমান কাৰণ আলোচনা কৰিছে। ইয়াৰ ভিতৰত প্রধানকৈ স্বাস্থ্য সম্বন্ধীয় কাৰণেই প্ৰধান৷
লিংগ অনুপাত হ্ৰাস পোৱাৰ কাৰণবোৰ তলত আলোচনা কৰা হল ―
(i) শিশুৰ জন্মৰ সময়ত মাতৃয়ে ল’ব লগী প্ৰতিষেধক মূলক ব্যৱস্থা, সুখাদ্য, সাধাৰণ শিক্ষা, স্বাস্থ্যজনিত সজাগতা, চিকিৎসা সেৱাৰ উপযুক্ত সা-সুবিধাৰ অভাৱ।
(ii) কেঁচুৱা অৱস্থাত কন্যা সম্তানৰ প্রতি অৱহেলা, শিশুৰ উচ্চ হাৰৰ মৃত্যু, লিংগ বিশেষে গৰ্ভপাত কৰা আদি কাৰণৰ পৰা কন্যা সন্তান জন্মত বাধা আহে।
(iii) কিছুমান পৰিয়ালে তেওঁলোকৰ পৰিয়ালত এটা বা দুটা সন্তান বিচাৰে আৰু একে সময়তে লিংগ বিবেচনাৰ ওপৰতো প্রাধান্য দিয়ে।
ধৰ্মীয় আৰু অন্যান্য বিভিন্ন সাংস্কৃতিক অন্ধবিশ্বাসৰ কাৰণে ভাৰতৰ অনেক ঠাইত কন্যা সন্তানক হত্যা কৰাৰো উদাহৰণ আছে।
ওপৰোক্ত আলোচনাৰ পৰা দেখা গ’ল যে লিংগ অনুপাত হ্ৰাস পোৱাৰ বহুতো কাৰণ আছে। জনসংখ্যিক বিজ্ঞানী আৰু সমাজতত্ববিদসকলে লিংগ অনুপাতৰ বৈষম্যতাৰ বাবে ভালেমান কাৰণ আলোচনা কৰিছে। ইয়াৰ ভিতৰত প্রধানকৈ স্বাস্থ্য সম্বন্ধীয় কাৰণেই প্রধান।
8. ভাৰতৰ জনসংখ্যা নীতিৰ কৃতকাৰ্যতাসমূহ চমুকৈ ব্যাখ্যা কৰা।
Ans: ১৯৫১ চনৰে পৰা ভাৰতৰ জনসংখ্যা নীতি মানি অহা হৈছে। আৰম্ভণিতে জন্ম নিয়ন্ত্ৰণৰ বিভিন্ন কৌশল সম্পৰ্কে প্রচাৰ কৰা। ৰাজহুৱা স্বাস্থ্যসেৱা উন্নত কৰা স্বাস্থ্য কিছুমান উল্লেখযোগ্য কৃতকাৰ্যতা হ’ল-
(i) শিশুৰ জন্মৰ হাৰ হ্ৰাস পোৱা। ১৯৫১ চনত অসংশোধিত জন্মৰ হাৰ আছিল ৪০.৮ শতাংশ। ২০০৪ চনত এই হ্ৰাস পাইছিল ২৪.১ শতাংশলৈ।
(ii) শিশুৰ মৃত্যুৰ হাৰ হ্ৰাস পোৱা। ১৯৫১ চনত প্ৰতি এহেজাৰ শিশুৰ ১৪৬ টা মৃত্যু মুখত পৰিছিল। ২০০৪ চনত এই সংখ্যা কমি হৈছিলগৈ ৫৮ টা।
(iii) জীৱনৰ গড় আয়ুস কাল ৩৭ বছৰৰ পৰা বৃদ্ধি পাইছিল ৬২ বছৰলৈ।
(iv) ১৯৫১ চনত প্ৰজননৰ হাৰ আছিল ৬ শতাংশ। ২০০৪ চনত ই হ্ৰাস পাইছিল তিনি শতাংশলৈ।
9. জাতি আৰু বৰ্ণ।
উত্তৰঃ আগতে মানুহে জাতি আৰু বৰ্ণ শব্দ দুটা একেটা অৰ্থতে ব্যৱহাৰ কৰিছিল, যদিও দুয়োটা শব্দৰ অৰ্থ একে নহয়। বর্ণ মূলত লোক পৰম্পৰাৰ ওপৰত ভিত্তি কৰি মানুহক কৰা অমূর্ত শ্ৰেণীকৰণ আৰু জাতি হ’ল জন্মৰ সৈতে থকা ধাৰণা। শব্দগত অৰ্থৰ ফালৰ পৰা বৰ্ণৰ অৰ্থ হ’ল বৰণ বা বাছি লোৱা। তদুপৰি কোনো বিশেষ সামাজিক সমূহে এটা বিশেষ ধৰণৰ বৃত্তি বাছি লৈ কিছুমান সামাজিক নীতি নিয়মেৰে সেই জীৱিকাক জাতি বা গোষ্ঠীগত বৃত্তি হিচাপে অৱলম্বন কৰা বুজাবলৈও বর্ণ শব্দৰ ব্যৱহাৰ কৰা হয়। গতিকে বৰ্ণ এজনৰ বৰণ বা বৃত্তি লোৱাৰ সৈতে জড়িত। আনহাতে জাতি শব্দৰ অৰ্থ জন্ম লোৱা আৰু সেয়ে ই জন্মৰ সৈতে জড়িত।
ভাৰতীয় সমাজত প্ৰধানত ব্ৰাহ্মণ, ক্ষত্রিয়, বৈশ্য আৰু শূদ্ৰ – এই চাৰি প্ৰকাৰৰ বৰ্ণ আছে। কিন্তু সমাজত শ শ জাতি আৰু উপজাতি আছে। গতিকে জাতিৰ অৰ্থ বহল। আনহাতে, বৰ্ণ ব্যৱস্থা হৈছে সৰ্বভাৰতীয় পৰিঘটনা কিন্তু ভাষিক ভিন্নতাৰ ওপৰত ভিত্তি কৰি অঞ্চল ভিত্তিক বহুজাতি গঢ় লৈ উঠিছে। সেইদৰে বৰ্ণ ব্যৱস্থাত গুৰুত্ব অনুসৰি পৃথিক পদমৰ্য্যদাৰে ওপৰৰ পৰা নিম্নস্তৰ পদ্ধতিত শ্রেণী বিন্যাস কৰা হৈছে। কিন্তু জাতি ব্যৱস্থাত সদায়েই জাতি-শ্ৰেণীৰ মাজত যোগাত্মক সম্পৰ্ক পৰিস্ফুট নহয়। অর্থনৈতিক, ৰাজনৈতিক, শিক্ষা আদি বিভিন্ন ক্ষেত্ৰত একেটা জাতিৰ মাজতে পৃথক শ্ৰেণীৰ সৃষ্টি হয়। সামাজিক গতিশীলতাৰ ক্ষেত্ৰত জাতিকৈ বৰ্ণ নমনীয়। জাতিৰ প্ৰস্থিতি জন্মৰ ওপৰত নিৰ্ভৰশীল; কিন্তু বৰ্ণৰ প্ৰস্তুতি পৰিবৰ্তন সাম্প্রতিক সময়ত ক্রমাগত কৰ্মৰ ওপৰতো নিৰ্ভৰশীল হোৱাটো পৰিলক্ষিত হৈছে। তদুপৰি বৰ্ণক লোক-পৰম্পৰাৰ ওপৰত ভিত্তি কৰি সমাজৰ মানুহক অমূৰ্ত ৰূপত শ্ৰেণীকৰণ বুলি বাখ্যা কৰা হয়, কিন্তু জাতি মূৰ্ত। সেইদৰে বৰ্ণ ব্যৱস্থা আৰ্থ সামাজিক আৰু ৰাজনৈতিক অদক্ষতা আৰু বাধ্যবাধকতাৰ পৰা মুক্ত; কিন্তু জাতি ব্যৱস্থাত সদস্যসকলৰ ওপৰত বিভিন্ন বাধ্যবাধকতা আৰোপ কৰে।
10 . ভাৰতীয় প্ৰসংগত ‘জনজাতি’ অ্যাখ্যাৰ ফলত উদ্ভৱ হোৱা কেইটামান জটিলতা কি কি?
Ans: জনজাতি শব্দটো ভাৰতত ঔপনিবেশিক যুগতহে ব্যৱহাৰ কৰা হৈছিল আৰু মূলতঃ প্ৰশাসনীয় সুবিধাৰ অৰ্থে এচাম সম্পূর্ণ সুকীয়া। ১৯৬০ ৰ দশকত জনজাতি সকলক হিন্দু সমাজৰ সৈতে সম্পর্কিত অথচ এটা পৃথক মূৰত অৱস্থান কৰা বুলি ধৰা হ’ব নে তেওঁলোকক এই সম্পূৰ্ণ সুকীয়া ধৰণৰ সম্প্ৰদায় বুলি ধৰা হ’ব তাক কেন্দ্ৰ কৰি তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছিল। সংক্ষেপে ক’বলৈ গলে জাতি – জনজাতিৰ মাজৰ পার্থক্য বিতর্কই জনজাতি সংজ্ঞা আগবঢ়োৱাৰ ক্ষেত্ৰত থকা এটা ডাঙৰ অসুবিধা।
ইয়াৰোপৰি কিছু সংখ্যক পণ্ডিতৰ মতে জনজাতিসকল সভ্যতাৰ পোহৰ নোপোৱা পুৰাতণীয়া লোক। ইয়াৰ বিপৰীতে কিছু সংখ্যকৰ মতে কিছুমান শোষণমূলক পৰিঘটনাৰ ফলস্বৰূপেহে জনজাতিৰ উদ্ভৱ হৈছে। আন কিছু সংখ্যক পণ্ডিতৰ মতে আকৌ জনজাতিসকল পূৰ্বতে বৰ্তমানৰ দৰে নিষ্পেষিত নাছিল। কিছু সংখ্যক জনজাতিয়ে হাতী আৰু নিমখৰ ব্যৱসায়ত বিশেষ স্থান দখল কৰিছিল। এনেবোৰ পৰস্পৰ বিৰোধী ভাৱধাৰাৰ উপস্থিতিয়ে ভাৰতত জনজাতিসকলৰ সংজ্ঞা আগবঢ়োৱাত সমস্যাক চমুকৈ সৃষ্টি কৰে।
11. যৌথ পৰিয়ালৰ প্ৰধান বৈশিষ্ট্যবোৰ চমুকৈ আলোচনা কৰা।
Ans: বহুলাকৃতি, উমৈহতীয়া বাসস্থান, উমৈহতীয়া ৰান্ধনিশাল, উমৈহতীয়া সম্পত্তি, উমৈহতীয়া সামাজিক আৰু ধৰ্মীয় কৰ্তব্য, উৎপাদনৰ গোট, পাৰস্পৰিক অধিকাৰ আৰু কৰ্তব্য, আর্থিক স্থিৰতা, সাংস্কৃতিক ধাৰাবাহিকতা আদি শিতানত যুটীয়া পৰিয়ালৰ মূল বৈশিষ্ট্যসমূহ আলোচনা কৰিব পাৰি।
(ক) বহুলাকৃতি: পিতৃ-মাতৃ, তেওঁলোকৰ বিবাহিত আৰু অবিবাহিত ল’ৰা-ছোৱালী আৰু নিকট সম্পর্কীয় ব্যক্তিক লৈ যুটীয়া পৰিয়াল গঠিত হয়। গতিকে, স্বাভাৱিকতে, যুটীয়া পৰিয়ালৰ আকাৰ ডাঙৰ বা সদস্য সংখ্যা বেছি। বর্তমান আধুনিক পৰিয়ালটোত যিমান সদস্য থাকে। যুটীয়া পৰিয়ালত তাতোকৈ কেইবাগুনো বেছি সদস্য থাকে। অবশ্যে অতীতৰ যুটীয়া পৰিয়ালবোৰতকৈ বৰ্তমানৰ পৰিয়ালৰ সদস্য সংখ্যা কম।
(খ) উমৈহতীয়া বাসস্থান: সাধাৰণতে, যুটীয়া পৰিয়ালৰ সদস্যসকলে একোটা ঘৰতে বাস কৰে। হিন্দু আইনৰ মতে ও কোনো এটা পৰিয়াল যুটীয়া পৰিয়াল হিচাপে পৰিগণিত হ’বলৈ হলে একেটা ঘৰতে বসবাস কৰিবই লাগিব। কিন্তু সমাজতাত্ত্বিক দৃষ্টিভঙ্গীত যদিহে উমৈহতীয়া সম্পত্তিৰ অধিবাসীসকলে পৃথক পৃথক গৃহতো বাস কৰে তাক মূল ঘৰখনৰ লগত প্রত্যক্ষ সম্বন্ধ ৰাখে তেস্তে তাকো যুটীয়া পৰিয়াল হিচাপে অভিহিত কৰিব পাৰি।
(গ) উমৈহতীয়া ৰান্ধনিশাল: যুটীয়া পৰিয়ালৰ অন্য এটা বৈশিষ্ট্য হৈছে উমৈহতীয়া ৰান্ধনিশাল। যুটীয়া পৰিয়ালৰ সদস্যসকলে একেটা ৰান্ধনিশাল বা একেটা চৰুৰ পৰা আহাৰ খায়। একেটা ঘৰতে বসবাস কৰিলে সদস্যসকলে যদি উমৈহতীয়া ৰান্ধনিশালৰ পৰা আহাৰ গ্ৰহণ নকৰে তেন্তে তাক যুটীয়া পৰিয়াল হিচাপে আহাৰ গ্ৰহণ কৰিলে যুটীয়া পৰিয়াল হিচাপে বিবেচিত হয়। ভাৰতীয় সমাজৰ প্ৰচলিত প্ৰথমতে পৃথক পৰিয়ালহে ৰান্ধনিশালৰ আহাৰ গ্ৰহণ কৰোঁতে সাধাৰণতে, সামুহিকভাৱে পুৰুষ আৰু মহিলাক পৃথকে আহাৰ গ্ৰহণ কৰা দেখা যায়। সামুহিকভাৱে আহাৰ গ্ৰহণ কৰাৰ ফলত একাত্মভাৱে জাগৃত হয়।
(ঘ) উমৈহতীয়া সম্পত্তি: উমৈহতীয়া সম্পত্তি যুটীয়া পৰিয়ালৰ সদস্যসকলে সম্পত্তিৰ উমৈহতীয়া অধিকাৰ লাভ কৰে। পৰিয়ালটোৰ সকলো সদস্যই সামর্থ অনুযায়ী পৰিয়ালটোৰ উন্নতিৰ হকে শ্ৰম কৰে বা অৰ্থ আহৰণ বা উপাৰ্জন কৰে। এনেকৈ আহৰণ কৰা টকা-পইচা বা সম্পত্তি পৰিয়ালটোৰ উমৈহতীয়া পুঁজিত জমা হয়। কোনো সদস্যই ইচ্ছামতে এনে পুঁজিৰ পৰা অৰ্থ ব্যয় কৰিব নোৱাৰে বা সম্পত্তিৰ ভাগ বিচৰিব নোৱাৰে। কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে, পৰিয়ালটোৰ সদস্যসকলৰ সম্পত্তিৰ অধিকাৰ নাই। সকলো সদস্যৰে সম্পত্তিৰ সমঅধিকাৰ থাকে আৰু প্ৰয়োজন সাপেক্ষে সদস্যসকলৰ বাবে অর্থ ব্যয় কৰা হয়। তেনেকৈ বিশেষ প্রয়োজন সাপেক্ষে উমৈহতীয়া সম্পত্তিৰ পৃথকীকৰণ বা ভাগবাটোৱাৰা হোৱা দেখা যায়। সাধাৰণতে, যুটীয়া পৰিয়ালটোৰ মুৰব্বীজনৰ নিৰ্দেশত বা সদস্যসকলৰ সামূহিক মতামত ওপৰত ভিত্তি কৰি উমৈহতীয়া সম্পত্তি আহৰণ বা বিভাজন কৰা হয়।
(ঙ) উমৈহতীয়া সামাজিক আৰু ধৰ্মীয় কৰ্তব্য: যুটীয়া পৰিয়ালৰ সদস্যসকলে উমৈহতীয়াভাৱে সামাজিক আৰু ধৰ্মীয় কৰ্তব্য পালন কৰে। যুটীয়া পৰিয়ালবোৰ একে গোত্র বা উপৰি পুৰুষৰ পৰা জন্ম হোৱা বুলি সদস্যসকলৰ বিশ্বাস। গতিকে তেওঁলোকে একেজন কুলদেবতাকে পূজা সেৱা কৰে। ফলত সকলো সদস্যই ধর্মীয় কর্তব্য পালন কৰোঁতে সামুহিকভাৱে কৰা পৰিলক্ষিত হয়। বিবাহ, ধর্মীয় পূজা-পার্বন আদি পৰিয়ালটোৰ সকলোবোৰ সদস্যই একতা আৰু সহযোগেৰে সম্পন্ন কৰে। সেইদৰেই দৈনন্দিন কাম-কাজ, প্রথা, ৰীতি-নীতি আদি পৰিয়ালৰ সকলোবোৰ সদস্যই পালন কৰে। যুটীয়া পৰিয়ালৰ সমূহ সদস্যই সামাজিক প্ৰস্থিতি লাভৰ বাবে উমৈহতীয়া প্রচেষ্টা চলায়। বহুৰেকীয়া উৎসৱ, শ্ৰাদ্ধ, বিবাহ, পার্বন আদিতো যুটীয়া পৰিয়ালৰ সদস্যসকলৰ উমৈহতীয়া সহযোগিতা পৰিলক্ষিত হয়।
12. বর্তমান যুগত জাতি প্ৰথাৰ ভূমিকা ব্যাখ্যা কৰা।
Ans: জাতিভেদ এক সামাজিক ব্যাধি হিচাপে স্বাধীনতাৰ পূৰ্বৰে পৰা স্বীকৃত হৈছিল আৰু জাতীয়তাবাদী আন্দোলনৰ নেতাসকলে জাতিভেদ বিলুপ্তকৰণৰ পোষকতা কৰিছিল। সংবিধান জাতিভেদৰ বিলুপ্তি ঘটাইছিল আৰু জনজাতিসকলৰ কল্যাণৰ মতে সংৰক্ষণ দিহা কৰিছিল। ইয়াৰ ফলত অনুসূচিত জাতি-জনজাতি আৰু অনগ্ৰসৰ জাতিবোৰে নিজৰ জাতি পৰিচয় দৃঢ় কৰি তুলিছিল। তেওঁলোকৰ কাৰণে সংবিধানে প্ৰদান কৰা সংৰক্ষণ আঁচনি আৰু সুৰক্ষাদায়ক বৈষম্যমূলক নীতি গ্ৰহণ কৰা ব্যৱস্থাই ৰক্ষা কবচৰ দৰে কাম কৰে আৰু সেয়েহে তেওঁলোকে জাতি পৰিচায়ক বেছি গুৰুত্ব প্ৰদান কৰে দেখা যায়।
আনহাতে সাম্প্রতিক সময়ত ঔদ্যোগিক ক্ষেত্ৰত যথেষ্ট চাকৰিৰ সৃষ্টি হৈছে – য’ত জাতি বিষয়ক কোনো নিয়মাবলী প্রয়োগ নহয়। ইউৰোপৰি মহানগৰত একেলগে বসবাস কৰিব লগা হোৱাৰ বাবে ও জাতি ব্যৱস্থাত শিথিলতা দেখা পোৱা গৈছে। অৱশ্য ভাৰতত সার্বজনীন প্রাপ্তবয়স্ক ভোটধিকাৰৰ ভিত্তিত সৃষ্টি হোৱা নির্বচনী গণতন্ত্ৰত জনসংখ্যা বেছি থকা জাতিয়ে ৰাজনীতিত বেছি প্ৰভাৱশালী ভূমিকা গ্ৰহণ কৰা দেখা গৈছে। অৱশ্যে ভাৰতত সাৰ্বজনীন প্রাপ্তবয়স্ক ভোটাধিকাৰৰ ভিত্তিত সৃষ্টি হোৱা নির্বাচনী গণতন্ত্ৰত জনসংখ্যা বেছি থকা জাতি ৰাজনীতিত বেছি প্ৰভাৱশালী ভূমিকা গ্ৰহণ কৰা দেখা গৈছে।
13. জনজাতিৰ বিভিন্ন বৈশিষ্ট্যবোৰ চমুকৈ ব্যাখ্যা কৰা।
Ans: (ক) জনজাতীয় লোকসকলে নির্দিষ্ট একোটা বিশেষ ভৌগোলিক অঞ্চলত বসবাস কৰে সেই অঞ্চলটোৰ লগত খাপ খোৱা জীৱন নিৰ্বাহ প্ৰণালীৰে এওঁলোক পৰিচিত হৈ উঠে।
(খ) প্রত্যেক জনজাতিৰে একোটা নিৰ্দিষ্ট নাম থাকে। এই নামৰ দ্বাৰা এটা জনজাতিক আন এটাৰ পৰা পৃথকে বুজাত সহায় হয়। যেনে – মিচিং, বড়ো ইত্যাদি।
(গ) প্রত্যেক জনজাতিৰে একোটা নিজস্ব ভাষা বা উপভাষা থাকে।
(ঘ) যুৱগৃহ বা ডেকাচাং জনজাতীয় সমাজ আৰু সাংস্কৃতিক অন্যতম পৰিচয়। এই সংগঠনৰ মাধ্যমেৰে উঠি অহা ল’ৰা-ছোৱালীক সকলো দিশৰে প্রয়োজনীয় শিক্ষা প্ৰদান কৰা হয়।
(ঙ) প্রত্যেক জনজাতিৰে নিজস্ব একোটা ৰাজনৈতিক সংগঠন থাকে।
14 . স্বাধীনতাৰ পিছত জনজাতীয় লোকসকলৰ জীৱন-ধাৰণৰ অৱস্থা কিদৰে পৰিবৰ্তিত হৈছে?
Ans: মানৱ সমাজ পৰিবৰ্তনশীল। সেয়েহে জনজাতীয় সমাজ জীৱনলৈও পৰিৱৰ্তন আহিছে। জনজাতীয় সমাজ জীৱনলৈ ক্ৰমাগতভাৱে অহা পৰিবৰ্তন প্রক্রিয়াই তেওঁলোকৰ ধ্যান- ধাৰণা, ৰীতি নীতি, শিক্ষা, অর্থনৈতিক ক্ষেত্র, ৰাজনৈতিক দৃষ্টিভঙ্গী আদিৰ লগতে জীৱন-যাপনৰ শৈলীত অনেক প্রভাৱ পেলাইছে। জনজাতীয় সমাজত কি কি দিশত পৰিৱৰ্তনে দেখা দিছে তলত চমুকৈ আলোচনা কৰা হ’ল―
(ক) স্বাধীনতাৰ পাছৰ পৰা চৰকাৰী পৃষ্ঠপোষকতাত জনজাতীয় লোকসকলৰ সামগ্রিক বিকাশৰ ভাৱে প্ৰচেষ্টা চলাই থকা হৈছে। ইয়াৰ ফলস্বৰূপে, জনজাতীয় লোকসকল শিক্ষা-দীক্ষাত বহুখিনি আগবাঢ়ি গৈছে।
(খ) জনজাতীয় সমাজৰ জীৱিকা নিৰ্বাহৰ প্ৰধান মাধ্যম হৈছে ঝুমখেতি। সাম্প্ৰতিক কালত ঝুম পদ্ধতিৰ পৰিবর্তন ঘটিছে। বিশেষকৈ ভৈয়াম অঞ্চলত বসবাস কৰিবলৈ লোৱা জনজাতীয় লোকসকলে অন্যান্য থলুৱা জনসাধাৰণৰ দৰেই স্থায়ী পদ্ধতিৰ কৃষি কৰিবলৈ লোৱা পৰিলক্ষিত হৈছে।
(গ) ৰাজনৈতিক ক্ষেত্ৰটো জনজাতীসকলৰ মাজত পৰিবৰ্তনে দেখা দিছে। পৰম্পৰাগত জনজাতীয় সমাজত প্রত্যেক জনজাতীৰে নিজাকৈ এটা ৰাজনৈতিক সংগঠন আছিল। বর্তমান পৰম্পৰাগত ৰাজনৈতিক ব্যৱস্থাৰ ঠাইত গণতান্ত্রিক শাসন ব্যৱস্থাৰ তেওঁলোক অন্তর্ভুক্ত।
(ঘ) বর্তমান জনজাতীয় সমাজৰ পৰা ডেকাচাংবোৰ উঠি গৈছে। জনজাতীয় সমাজত এতিয়া ডেকাচাঙৰ উঠি অহা যুৱক-যুৱতীসকলক শিক্ষা প্ৰদান কৰা নহয়। ইয়াৰ ঠাইত বিভিন্ন শিক্ষানুষ্ঠানসমূহ গঢ়লৈ উঠিছে৷
(ঙ) আগেয়ে জনজাতীয় লোকসকল একোটা নির্দিষ্ট ভৌগোলিক অঞ্চলত বসবাস কৰিছিল। কিন্তু বর্তমান শিক্ষা-দীক্ষাৰ উন্নতি সাধনৰ লগে লগে শিক্ষিতসকলে চাকৰি-বাকৰি, ব্যৱসায়-বাণিজ্য, উদ্যোগ আদিত কাম কৰিবৰ বাবে নিজৰ ঠাই এৰি আন ঠাইতো বসতি কৰিবলৈ লৈছে।
15. স্থায়ী বৈশিষ্ট্যৰ ভিত্তিত জনজাতীয় সমাজবোৰক শ্রেণী কৰাৰ পদ্ধতিবোৰ ব্যাখ্যা কৰা।
Ans: স্থায়ী চাৰিত্ৰিক বৈশিষ্ট্যবোৰৰ ভিতৰত অঞ্চল, ভাষা, শাৰীৰিক বৈশিষ্ট্য আৰু পাৰিপাৰ্শ্বিক বাসস্থানক সামৰি লোৱা হৈছে।
ভাৰতীয় জনজাতীয় লোকসকল বিভিন্ন অঞ্চলত সিঁচৰিত হৈ থকাৰ লগতে কোনো কোনো অঞ্চলত কেন্দ্ৰীভূতহৈ ও আছে। উদাহৰণ স্বৰূপে, জনজাতীয় লোকৰ ৪৬% ই মধ্যভাৰত বাস কৰে। অৱশিষ্ট ১৫ শতাংশৰ ভিতৰত ১১ শতাংশই উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ আৰু ৩ শতাংশতকৈ কিছু বেছি ভাৰতৰ অন্যান্য ঠাইত পোৱা যায়। বাসোপযোগী পারিপার্শ্বিক অৱস্থাৰ ও স্থানসমূহে পাহাৰ, জংগল, সমতল, গ্রামাঞ্চল আৰু ঔদ্যোগিক চহৰাঞ্চলক সামৰি লৈছে।
ভাষাৰ পিনৰ পৰা জনজাতিবোৰক চাৰিটা ভাগত ভগোৱা হৈছে। তাৰ ভিতৰত ইন্দো-আর্য ভাষাগোষ্ঠীত প্রায় ১ শতাংশ জনজাতীয় লোক আৰু দ্রাবিড় ভাষাগোষ্ঠীৰ প্ৰায় ৩ শতাংশত জনজাতীয় লোক আছে।
অষ্ট্রিক ভাষাগোষ্ঠীৰ ভাষা ব্যৱহাৰ কৰা আটাইখিনি লোকে মৌলিকভাৱে জনজাতীয় লোক আৰু ৮০ শতাংশতকৈ অধিক জনজাতীয় লোক তিব্বত বৰ্মন ভাষাগোষ্ঠীৰ।
শাৰীৰিক গঠনৰ ভিত্তিত জনজাতিবোৰক নেগ্ৰিট, অষ্ট্ৰেলীয়া, মঙ্গোলীয়া, দ্রাবিড়ী আৰু আৰ্য বৰ্গত ভাগ কৰা হৈছে। শেষৰ বৰ্গ দুটাত ভাৰতীয় অ-জনজাতীয় লোকসকলো পৰে।
আকাৰৰ ক্ষেত্ৰত জনজাতিবোৰৰ মাজত যথেষ্ট পার্থক্য পৰিলক্ষিত হয়। এহাতে আন্দামান জনসংখ্যা হয়তো এশজনৰো কম, আনহাতে, ৭০ লাখ জনসংখ্যাৰ জনজাতিও আছে।
16. শেহতীয়াকৈ জনজাতীয় সত্ত্বাৰ গঠনত প্ৰভাৱ পেলোৱা মুখ্য কাৰকবোৰ ব্যাখ্যা কৰা।
Ans: বর্তমান সময়ত জনজাতীয় পৰিচয়ৰ গঠনৰ মূল কাৰণ হৈছে মূলসুঁতি প্রক্রিয়া সৈতে জনজাতীয় সম্প্রদায়বোৰৰ বলপূর্বক সন্নিবিষ্টকৰণ। কাৰণ বৰ্তমানৰ জনজাতীয় পরিচয় কোনো জনজাতিৰ মূল বৈশিষ্ট্যৰ পৰিবৰ্তে এই প্ৰক্ৰিয়াৰ দ্বাৰাহে গঢ় লৈছে। বৰ্তমানৰ বেছিভাগ জনজাতিৰেই পৰিচয়ৰ কেন্দ্ৰ হৈছে জনজাতীয় লোকসকলৰ প্ৰৱল শক্তিক প্ৰতিৰোধ আৰু বিৰোধিতা কৰা ধাৰণাৰ ওপৰত।
জনজাতীয় সম্প্ৰদায়ৰ মাজৰ পৰা শিক্ষিত মধ্যম শ্ৰেণীটোৰ উদ্ভৱ হোৱাৰ লগে লগেই জনজাতীয় পৰিচয়ৰ পথটো উদয় হয়। সংৰক্ষণ নীতিৰ সংযোজনে আৰু শিক্ষাই জনজাতীয় লোকসকলৰ মাজত এক চহৰীয়া বৃত্তিধাৰী শ্ৰেণীৰ সৃষ্টি কৰিলে। জনজাতীয় লোকসকলক মাজৰ পৰাই উদ্ভৱ হোৱা শ্ৰেণী আৰু অন্যান্য বিভাজনে জনজাতীয় সমাজবোৰত অধিক বিভাজনৰ সৃষ্টি কৰিলে আৰু ইয়ে বেলেগ বেলেগ ভিত্তিৰ সূচনাকে জনজাতীয় পৰিচয়ৰ দাবী তুলিছে।
17. গোলকীকৰণ বিভিন্ন বৈশিষ্ট্যবোৰ চমুকৈ ব্যাখ্যা কৰা ।
Ans: (ক) গোলকীকৰণ এটা সম্পূৰ্ণ নতুন ধাৰণ নহয় (Globalisation is not entirely a new concept): গোলকীকৰণ ধাৰণটোৱে ১৯৮০ চন মানৰ পৰা গোটেই বিশ্বতে বিকাশ লাভ কৰিছে যদিও ই নতুন ধাৰণা নহয়। এই ধাৰণাটো উদ্যোগ বিপ্লৱৰ পাছতেই বিকশিত হৈছিল আৰু তাৰপাছত ঔপনিবেশিক কালত ধাৰণাৰে বিকাশ লাভ কৰিছিল। ১৮, ১৯ আৰু ২০ শতিকাত ব্ৰিটিছ শাসিত, দেশসমূহত মূলধন আৰু প্ৰযুক্তিবিদ্যাৰ অবাধে সৰবৰাহ হৈছিল। ইয়েই গোলকীকৰণৰ আৰম্ভণি।
(খ) গোলকীকৰণে উৎপাদনৰ গোলকীকৰণকো বুজায় (Globalisation also means Globalisation of production): গোলকীকৰণৰ জৰিয়তে অৰ্থনৈতিক পৰিকল্পনা আৰু নিয়ন্ত্রণক তুলনামূলক এক ঠেক গণ্ডীৰ পৰা এক বহল পৰিসৰলৈ লৈ যোৱা হয়। গোলকীয় পৰিসৰত গোটেই পৃথিৱীক একে শ্রম, কেঁচা সামগ্ৰী আৰু বজাৰ ৰূপে গণ্য কৰা হয়। গোলকীকৰণৰ ফলত শ্ৰম, কেঁচা সামগ্ৰী আৰু বজাৰ মাত্ৰ এটা নিৰ্দিষ্ট আৰ্থ-সামাজিক পৰিধিৰ মাজত আৱদ্ধ নাথাকে।
(গ) ৰপ্তানিৰ ওপৰত গুৰুত্ব প্রদান (Importance of export sectors): গোলকীকৰণ অৰ্থনীতিত ৰপ্তানি বাণিজ্যই বিশেষ প্রাধান্য পায়। ৰপ্তানিৰ ওপৰত নিৰ্ভৰ কৰি উদ্যোগখণ্ডৰ বিশেষ প্রসাৰ ঘটে। ৰপ্তানিৰ বাবে প্ৰবাৰ আন্তঃৰাষ্ট্ৰীয় মূল্যমানো প্রায় একে থাকে। বিত্তীয় প্রতিষ্ঠানসমূহেও ৰপ্তানি বাণিজ্যৰ ক্ষেত্ৰত বিশেষ প্রভাৱ বিস্তাৰ কৰে।
(ঘ) দেশীয় অর্থনীতিয়ে গোলকীয় অৰ্থনীতিৰ ওপৰত নিৰ্ভৰ কৰে (Dependence of Domestic economy on the Global Economy): গোলকীকৰণৰ আন এটা বৈশিষ্ট্য হ’ল যে ই দেশীয় অৰ্থনীতিৰ ওপৰত প্ৰভাৱ নেপেলোৱাকৈ হোৱা স্বাধীন প্রক্রিয়া নহয়। দেশীয় উৎপাদন বাঢ়িলে ৰপ্তানি বাঢ়ে আৰু দেশত অৰ্থনীতিৰ উন্নতি হয়। সেইদৰে ইয়াৰো ওলোটা প্রভাব পেলায়। আকৌ দেশৰ মুঠ উৎপাদনৰ ওপৰতো গোলকীয় অর্থনীতিয়ে নিৰ্ভৰ কৰে।
(ঙ) কিছুমান সীমাবদ্ধতাৰ মাজতহে গোলকীকৰণ হয় (Globalisation has to take place within certain limits): গোলকীকৰণৰ ফলত বিশ্বত মুক্ত বাণিজ্যৰ কথা কোৱা হয়। যদিও প্রকৃত পক্ষে কোনো দেশেই উৎপাদনৰ কথা চিন্তা নকৰাকৈ অবাধ মুক্ত বাণিজ্যত অংশগ্রহণ কৰা নাই। দ্রব্য আমদানিৰ ক্ষেত্ৰত প্ৰতিখন দেশেই নিজা নিজা ব্যৱস্থা গ্ৰহণ কৰে। একেদৰে ৰপ্তানিৰ ক্ষেত্ৰতো দেশবোৰৰ সম্পৰ্কৰ কথা জড়িত হৈ থাকে। সেয়ে সময় আৰু দেশভেদে গোলকীকৰণৰ ওপৰত প্ৰভাৱ পেলায় বেলেগ। ই দেশত ৰাজনৈতিক অৱস্থা আৰু সম্বন্ধৰ নিৰ্ভৰ কৰে।
18. পুঁজিবাদ বুলিলে কী বুজা?
Ans: পুঁজিবাদ হল এক অৰ্থনৈতিক পদ্ধতি, যিটোৰ মূল উদ্দেশ্য হ’ল পুঁজি (মূলধন) খটুৱাই ব্যক্তিগতভাৱে উদ্যোগপতিয়ে ইউৰোপত হোৱা শিল্প বিপ্লৱ (Industrial Revolution) ৰ পাছৰ পৰাই পুঁজিবাদ অর্থনৈতিয়ে গা কৰি উঠে।
মাক্সৰ মতে, সামগ্ৰী বা দ্রব্য উৎপাদন ব্যৱস্থাটোৱেই হৈছে পুঁজিবাদ। এই পুঁজিবাদৰ লগত মজুৰি প্ৰাপ্ত বনুৱাৰ দ্বাৰা বজাৰৰ লক্ষ্য কৰা উৎপাদন প্ৰক্ৰিয়াটো জড়িত আছিল। তেওঁ কৈছে যে পুঁজিবাদী উৎপাদন ব্যৱস্থাত বন ৱা শ্ৰেণীয়ে দ্ৰবলৈ পৰিণত হয়। কিয়নো মজুৰিৰ বাবে তেওঁলোকে নিজৰ শ্ৰম বিক্ৰী কৰিব লগা হয়। ইয়েই সমাজত দুটা প্রধান শ্ৰেণীৰ জন্ম দিয়ে― এটা হৈছে পুঁজিপতি বা উৎপাদনৰ আহিলাৰ মালিক আৰু শ্রমিক বা যিসকলে পুঁজিপতিসকলক তেওঁলোকৰ শ্ৰম বিক্ৰী কৰে।
পুঁজিবাদ সমাজ ব্যৱস্থাৰ এটা উল্লেখযোগ্য বৈশিষ্ট্য হৈছে উপভোগ (Consumption)। ই অর্থনৈতিক ব্যৱস্থাৰ উন্নতিকৰণৰ লক্ষণ নহয়। বৰঞ্চ জীৱনৰ প্ৰতীকৰূপেহে ইয়াক গণ্য কৰিব পাৰি। উপভোগসকলে এই মাধ্যমৰ যোগেদি নিজৰ আৰ্থ-সামাজিক পৰিচয় দিয়াৰ উপৰিও কোনো সামগ্ৰী গ্ৰহণৰ জৰিয়তে নিজৰ সাংস্কৃতিক পৰিচয় বিস্তাৰ কৰাত ব্যপ্তনি হৈ পৰে। কোম্পানীবোৰেও ইয়াৰ পূৰ্ণ সুযোগ ল’বলৈ চেষ্টা কৰে।
19. প্রশস্তকৰণৰ অৰ্থ উদাহৰণসহ ব্যাখ্যা কৰা।
Ans: প্রশস্তকৰণ হৈছে এনে এটা প্রক্রিয়া যি প্ৰক্ৰিয়াৰ যোগেদি যিবোৰ বস্তু আগতে কেতিয়াও ক্রয়-বিক্রয়ৰ বাবে বজাৰলৈ উলিয়াই দিয়া হোৱা নাছিল। তেনে বস্তুক সামগ্ৰীৰূপে বজাৰত বিক্ৰী কৰা হয়। উদাহৰণস্বৰূপে ― বটল পানী। আগেয়ে খোৱাপানী বজাৰত বিক্ৰী হোৱা? কথা কোনেও ভাবিব পৰা নাছিল। কিন্তু তেনে বস্তুকেই বা পানীকেই বটলৰ পানী হিচাপে অতি সহজভাৱেই বেচা-কিনা কৰিব পাৰো।
20. ভাৰতীয় অৰ্থনীতিত গোলকীকৰণৰ প্ৰভাৱ সমূহ কেনেধৰণৰ?
Ans: ভাৰতত অর্থনৈতিক উদাৰীকৰণ আৰম্ভ হৈছিল ১৯৮০ দশকৰ শেষৰ পিনে। উদাৰীকৰণ আৰম্ভ হোৱাৰ লগে লগে ভাৰতৰ বজাৰ বিদেশী কোম্পানীৰ বাবে মুক্ত হৈ পৰিছিল আৰু ফলত সকলোধৰণৰ বিদেশী সামগ্ৰী ভাৰতৰ বজাৰত সুলভ হৈ পৰিছিল। গোলকীয় আর্থিক ব্যৱস্থাৰ লগত সংগতি ৰাখি ভাৰততো ব্যক্তিগতকৰণ প্ৰক্ৰিয়া আৰম্ভ হৈছিল। ৰাজহুৱা কোম্পানীবোৰৰ অংশ স্বত্ব বিদেশী কোম্পানীক বিক্রী কৰা হৈছিল। পূৰ্বতে ভাৰতত কৃষি ক্ষেত্ৰত ৰাজ সাহায্য প্ৰদান কৰি ভাৰতীয় কৃষকক সকাহ দিয়া হৈছিল। কিন্তু উদাৰীকৰণৰ ফলত কৃষি ক্ষেত্ৰত থকা ৰাজ সাহায্য উঠাই দিয়া হৈছিল। গোলকীকৰণৰ ফলস্বৰূপে ভাৰতত বহুতো পশ্চিমীয়া কোম্পানীয়ে নিজৰ কাৰ্য্যালয় খোলাৰ বাবে ভাৰতত নিয়োগৰ সুবিধা যথেষ্ট বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। এনেদৰে গোলকীকৰণে ভাৰতত নিয়োগৰ সুবিধা বৃদ্ধি কৰাৰ লগতে ভাৰতীয় অৰ্থনীতিৰ বিকাশৰ গতি খৰতকীয়া কৰিছে।
21. উদাৰীকৰণ আৰু বজাৰকৰণ সপক্ষে আৰু বিপক্ষে থকা প্ৰধান মতবোৰ কি কি? এই বিতৰ্কত তোমাৰ স্থিতি কি হ’ব আৰু কিয়?
Ans: উদাৰীকৰণে বহুনীতি সাঙুৰি ৰাখে। যেনে― ৰাজহুৱা খণ্ডৰ প্রতিষ্ঠানবোৰ ব্যক্তিগত খণ্ডলৈ হস্তান্তৰ কৰা, আর্থিক ক্ষেত্ৰত থকা ৰাষ্ট্ৰৰ নিয়ন্ত্রণ শিথিল কৰা, বিদেশী কোম্পানীসমূহৰ ভাৰতত উদ্যোগ প্ৰতিষ্ঠানৰ বাট মুকলি কৰি দিয়া আদি। এনেধৰণৰ পৰিৱৰ্তনবোৰক বজাৰকৰণ বুলি কোৱা হয়। বজাকৰণ হ’ল বজাৰ ভিত্তিক প্ৰক্ৰিয়াৰ দ্বাৰা সামাজিক, ৰাজনৈতিক বা অর্থনৈতিক সমস্যাবোৰ সমাধান কৰাৰ প্ৰয়াস। বজাৰকৰণ প্ৰক্ৰিয়াৰ জৰিয়তে ৰাজহুৱা খণ্ডক ব্যক্তিগতকৰণ কৰা, শ্ৰমিকৰ মজুৰি বা বস্তুৰ দামৰ ওপৰত থকা, চৰকাৰী নিয়ন্ত্ৰণ আঁতৰোৱাৰ ব্যৱস্থা কৰা হয়। বজাৰকৰণ প্ৰক্ৰিয়াৰ সপক্ষে মত পোষণ কৰাসকলৰ মতে এনে প্রক্রিয়াই দেশৰ অৰ্থনৈতিক প্রগতি বৃদ্ধি কৰে। তেওঁলোকৰ মতে ৰাজহুৱা খণ্ডতকৈ ব্যক্তিগত খণ্ডবোৰ অধিক কাৰ্যদক্ষতাৰ বাবে এই পদক্ষেপ সামগ্রিকভাবে দেশত আর্থিক প্রগতিও সহায় কৰে। ইয়াৰোপৰি উদাৰীকৰণৰ বাবে বিদেশী কোম্পানীবোৰে ভাৰতত উদ্যোগ আৰু কাৰ্য্যালয় স্থাপন কৰাৰ সুবিধা পাইছে। ইয়াৰ ফলত দেশৰ নিয়োগৰ সুবিধা বৃদ্ধি পাইছে। তদুপৰি উদাৰীকৰণৰ ফলত দেশত বিদেশী বিনিয়োগ বৃদ্ধি পাইছে। যাৰ ফলত দেশৰ আন্তঃগাথনি উন্নত হোৱাত সহায়ক হৈছে। উদাৰীকৰণৰ সমৰ্থকসকলৰ মতে ভাৰতীয় উৎপাদকে এতিয়া বিদেশী বজাৰত উৎপাদিত সামগ্ৰী বিক্ৰী কৰাৰো সুবিধা পাইছে। এনেবোৰ যুক্তিতে বহুতো পণ্ডিতে উদাৰীকৰণক সমৰ্থন কৰে।
আনহাতে একাংশ পণ্ডিতৰ মতে আকৌ উদাৰীকৰণে ভাৰতীয় অর্থ ব্যৱস্থাই সাময়িক প্রগতি আনিলেও ই ভাৰতীয় অর্থব্যৱস্থালৈ বহুতো কু-ফল আনিছে। এই মতৰ সমৰ্থকসকলৰ মতে উদাৰীকৰণৰ দ্বাৰা ভাৰতীয় কৃষকসকল আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে। কৃষিক্ষেত্ৰত থকা ৰাজ-সাহায্য কৰ্তন কৰি আৰু উৎপাদিত সামগ্ৰীৰ নূন্যতম সমর্থিত মূল্য প্ৰত্যাহাৰ কৰাৰ ফলত ভাৰতীয় কৃষকসকল ক্ষতিগ্ৰস্ত হৈছে। উদাৰীকৰণৰ পিছত কৃষকৰ আত্মাহত্যাৰ মাত্ৰা বৃদ্ধি পোৱা দেখা গৈছে।
22. নতুন বজাৰ সৃষ্টিৰ ক্ষেত্ৰত ঔপনিবেশিকতা বাদৰ ভূমিকা কি?
Ans: ঔপনিবেশিকতাবাদৰ আৰম্ভণিৰ লগে লগে ভাৰতবৰ্ষৰ অৰ্থনীতিৰ ক্ষেত্ৰত বহু পৰিৱৰ্তন সাধন হয়। ইয়াৰ এটা স্পষ্ট উদাহৰণ হৈছে, ভাৰতৰ বজাৰটো ইংলেণ্ডৰ পৰা বস্তুৰ আগমনৰ লগে লগে বক্ত তাঁত শিল্পৰ গনত হ’বলৈ ধৰাটো ঔপনিবেশিক যুগত ভাৰত বিশ্বৰ ‘পুঁজিবাদীৰ অৰ্থনীতিৰ লগত বেছি ভালকৈ সংযুক্ত হ’বলৈ আৰম্ভ কৰিলে। বৃটিছসকলে ভাৰতত ঔপনিবেশ স্থাপন কৰাৰ আগতে বিশ্বৰ বজাৰত উৎপাদিত সামগ্ৰীৰ সৰবৰাহ কৰা ভাৰতত আছিল। এখন প্রধান দেশ। কিন্তু ঔপনিবেশিকতাবাদৰ পিছত ঔদ্যোগিক দেশ ইংলেণ্ডৰ লাভালাভৰ বাবে কেঁচা সামগ্ৰী, কৃষিজাত সামগ্ৰী আৰু অন্যান্য উৎপাদিত সামগ্রী সৰবৰাহ হ’বলৈ ধৰিলে। ইয়াৰ লগে লগে ভাৰতৰ ব্যৱসায়িক সম্প্রদায়সমূহৰ সৈতে একেলগে আৰু কেতিয়াবা তেওঁলোকক আঁতৰাই এওঁলোকে ব্যৱসায় কৰিবলৈ ধৰিলে। ভাৰতবৰ্ষত বজাৰ অৰ্থনীতিৰ বিস্তাবে বহু ব্যৱসায়ী সম্প্রদায়ক পৰিবৰ্ত্তিত অর্থনৈতিক পৰিস্থিতৰ লগত নিজকে খাপ খুৱাই নিজৰ নিজৰ প্ৰস্থিতিৰ উন্নতি ঘটাবলৈ সুবিধা প্ৰদান কৰিলে।
যিসকল লোকে ঔপনিবেশিকতাবাদ আগবঢ়োৱা অর্থনৈতিক সুবিধা গ্রহণ কৰিলে, তেওঁলোকে স্বাধীনতাৰ পিছৰ যুগলৈকে তেওঁলোকৰ অর্থনৈতিক ক্ষমতা অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হ’ল। ঔপনিবেশিক সময়ত মাৰোৱাৰীসকলেই আছিল একমাত্র সফল ব্যৱসায়িক সম্প্রদায় যিয়ে সুদলৈ টকা ধাৰ দিয়া আৰু অন্যান্য ব্যৱসায়ৰ বাবে কলিকতাৰ দৰে ঔপনিবেশবাদী চহৰ আৰু ভাৰতৰ অন্যান্য ঠাইত বসতি কৰিবলৈ ল’লে। ঔপনিবেশ যুগৰ শেষৰ ফালে আৰু স্বাধীনতাৰ পিছত কিছুমান মাৰোৱাৰী পৰিয়ালে নিজকে আধুনিক উদ্যোগপতি হিচাপে গঢ়ি তোলে আৰু তেতিয়াৰ পাৰ বৰ্তমানলৈকে অন্যান্য সম্প্রাদয়তকৈ মাৰোৱাৰীসকলেই ভাৰতৰ বেছিভাগ উদ্যোগ নিয়ন্ত্ৰণ কৰি আছে।
23. সামাজিক গতিশীলতা বুলিলে কি বুজা ব্যাখ্যা কৰা।
Ans: গতিশীলতা অকল ব্যক্তিৰ ক্ষেত্ৰতেই নহয় সমাজ, জাতি আৰু শ্ৰেণীৰ ক্ষেত্ৰটো সমানেই প্রযোজ্য। গতিশীলতাই ব্যক্তি বা সমাজ জীৱনলৈ পৰিবৰ্তন আনে আৰু এনে পৰিবৰ্তন ভাললৈ বা বেয়ালৈও হ’ব পাৰে। সামাজিক গতিশীলতাই সমাজ এখনলৈ অৰ্থাৎ ব্যক্তিসমূহৰ জীৱনলৈ পৰিবৰ্তন আনে। উদাহৰণস্বৰূপে, এটা শ্ৰেণীৰ লোক অন্য এটা শ্ৰেণীলৈ পৰিবৰ্তিত হব পাৰে। যিদৰে এজন ব্যক্তিয়ে নিজৰ দক্ষতা আৰু পৰিশ্ৰমৰ জৰিয়তে নিম্ন শ্ৰেণীৰ পৰাক্ৰমান্বয়ে উচ্চ শ্ৰেণীলৈ অগ্ৰসৰ হব পাৰে, তেনেদৰে এখন সমাজেও নিম্নস্তৰৰ পৰা উচ্চ পৰ্য্যায়ৰ স্তৰলৈ গতি কৰে বা কৰিব পাৰে। উদাহৰণস্বৰূপে, কিছু বছৰৰ আগলৈকে আমাৰ দেশত গাওঁ আৰু চহৰৰ মাজত বৃহৎ পাৰ্থক্য পৰিলক্ষিত হৈছিল। গাওঁ মানেই জুপুৰি ঘৰৰ সমষ্টি, অশিক্ষিত মানুহৰ প্ৰচুৰ্য্যতা, বোকা পানীৰে ভৰপূৰ বাট-পথ আদিৰ ছবি মানুহৰ মনলৈ আহিছিল। কিন্তু তেনে গাৱলীয়া সমাজলৈ বহুত পৰিবৰ্তন আহিল। যোগাযোগ ব্যৱস্থা উন্নতিৰ লগে গাওঁৰ চেহেৰা সম্পূৰ্ণ সলনি হৈ গ’ল। আজি গাঁৱৰ মানুহ আৰু চহৰৰ মানুহৰ মাজত বিশেষ পার্থক্য নাই। আগৰ সেই কু-সংস্কাৰ আৰু অন্ধবিশ্বাসেৰে ভৰা গাওঁ আজি আৰু নাই। ই সম্ভৱ হৈছে একমাত্র সামাজিক গতিশীলতাৰ বাবে। গতিশীলতাৰ বাবেই আজি আমি উন্নতি কৰিছোঁ। সামাজিক বাতাবৰণ সলনি হৈছে। জীৱন-যাপনৰ পদ্ধতি উন্নত হৈছে। মুহূৰ্ততে পৃথিৱীৰ সিটো মুৰে বাস কৰা লোকৰ লগত যোগাযোগ সম্ভৱ হৈছে। গতিকে ক’ব পাৰি যে গতিশীলতা ব্যক্তি আৰু সমাজৰ এক গুৰুত্বপূৰ্ণ বৈশিষ্ট্য।